text
stringlengths
0
188k
December 9, 2022
দৈনিক কেঁচা পিঁয়াজ খায় নেকি? যদি খায় তেন্তে শৰীৰত হ’ব পাৰে এনে পৰিঘটনা!
December 9, 2022
অনাকাংক্ষিত মৃত্যুৰ যেন আন নাম সুৰাপান !
December 9, 2022
Shraddha Walkar Murder: Aaftab Poonawala’s Jail Custody Extended By 14 Days
December 9, 2022
সম্পত্তিৰ অধিষ্টাত্ৰী মা-লক্ষ্মীৰ আশীষ লাভৰ উদ্দেশ্যৰে নাৰীৰ কৰণীয়
December 9, 2022
Rani Mukerji’s ‘Mrs Chatterjee Vs Norway’ to release on this date; deets inside
December 9, 2022
Check out other tags:
'Chehre'" Says Droupadi Murmu"Johar(DRDO)#Mayalu #rahulrajkhowa #chellomeme #humithaosen #subitaba #bipashahrangkhawl #karishmakakoti #mariachanu #hasinakharbhih #zuchobenitungoe<eot>কাৰ্বিসকলৰ চমাংকান হৈছে মূলতঃ কাৰ্বিসকলে তেওঁলোকৰ স্বৰ্গগামী পূৰ্বপুৰুষ পিতৃ-পিতামহ আদিসকলক যথাযোগ্যভাৱে জনোৱা শ্ৰদ্ধাপূর্বক অনুষ্ঠান। সা...
Table of Contents
চমাংকান উৎসৱ উদযাপনৰ সময়
উপাসিত দেৱগণ
উপাসনা থলীৰ সজ্জা
আচাৰানুষ্ঠান
চেদি (Sadi)
কাৰ্কলি (Karkli)
ৰংফু-ৰংলিং-কাঙথিন (Rongphu-Rongling-Kangthin)
লংহে ৰংকেৰ (Langhe Rongker)
চমাংকান সময়ত পালিত নিষেধনীতি
চমাংকান উৎসৱৰ সৈতে জড়িত কাৰ্বি শব্দাৱলীৰ কিয়দংশ
চমাংকান উৎসৱৰ উদ্দেশ্যে
References
চমাংকান উৎসৱ উদযাপনৰ সময়
ৰংকেৰ উৎসৱ উদযাপনৰ কোনো নিৰ্দিষ্ট ধৰাবন্ধা তাৰিখ বা সময় নাথাকে যদিও কাৰ্বি সংস্কৃতিৰ জড়িত বৰ্ষপঞ্জীৰ নৱবৰ্ষৰ আৰম্ভনিতে পালন কৰা হয়। কাৰ্বি নৱবৰ্ষৰ থাং থাং মাহ ৰোমান বৰ্ষপঞ্জীৰ ফেব্ৰুৱাৰী মাহত পৰে। গাঁৱৰ অধিবাসীসকলৰ সময় সুবিধাৰ্থে ভিন ভিন গাৱঁত এই উৎসৱ ভিন ভিন সময়ত পালন কৰা হয়।
চমাংকান কাৰ্বিসকলৰ কৃষ্টি-সংস্কৃতিৰ প্ৰধান উৎসৱ। চমাংকান শব্দৰ অৰ্থ হ’ল খাচীয়া নৃত্য৷ খাচীয়াসকলৰ ৰীতি-নীতিৰ মাজেৰেই মৃতকৰ আত্মাৰ শ্ৰদ্ধাৰ অনুষ্ঠান নৃত্যসহ পালন কৰা হয় বাবেই এই উৎসৱৰ নাম চমাংকান। চমাংকান তিনিধৰণৰ— ‘কানফ্লাফা’, ‘লাকটুক’ আৰু ‘হাৰনে’। ‘কানফ্লাফা’ সাধাৰণ শ্ৰেণীৰ, ‘লাংটুক’ আৰু ‘হাৰ্‌নে’ উচ্চ শ্ৰেণীৰ চমাংক...
উপাসিত দেৱগণ
ৰংকেৰ উৎসৱৰ ধৰ্মীয় লোকাচাৰত ১২ জন দেৱ-দেৱীৰ উপাসনা জড়িত হৈ আছে। তেওঁলোক হৈছে
লঙৰি চাৰ্প’ (Longri sarpo): অতিথিসেৱক গাৱঁৰ গ্ৰাম্য-দেৱতা আৰু অধিষ্ঠাতা। লংৰি (Longri) (অৰ্থাৎ ৰাজ্য বা অধিক্ষেত্ৰত কল্যাণৰ বাবে এইগৰাকী দেৱতা দায়িত্বশীল)।
হেম্ফু (Hemphu): কাৰ্বি জনবিশ্বাসত সৰ্বোচ্চ পাৰিবাৰিক দেৱতা।
মুকৰং (Mukrang): হেম্ফুৰ পিছতেই দ্বিতীয় স্থানৰ অধিষ্ঠাতা দেৱতা।
ৰাচিঞ্জা (Rasinja): পাৰিবাৰিক দেৱী।
বামুণ (Bamun): স্থানীয় নিৰামাষাহাৰী দেৱতা।
নিংডিং চাৰ্প’ (Ningding Sarpo): ধৈৰ্যৰ দেৱতা।
ৰিত্-আংলং (Rit-Anglong): কৃষিকৰ্মৰ দায়িত্ববাহী দেৱতা।
থান (Than): অৰণ্যবাসী স্থানীয় দেৱতা, তেওঁ বন্য জন্তু আৰু অনিষ্টকাৰী কীট-পতংগ ইত্যাদিৰ পৰা শস্য আৰু জনসমাজক ৰক্ষাৰ দায়িত্ববাহী।
মূৰ্তি (Murti): মাটিৰ তলৰ কূপত বসবাস কৰা শিৰহীন পৰশ্ৰীকাতৰ অনিষ্টকাৰী প্ৰেত।
আৰ্ল’ক (Arlock): দুটা পাহাৰৰ মাজৰ ভূমিভাগত বাস কৰা দেৱতা।
কুথেপী (Kuthepi): কুথেপী ৰাজ্যক্ষেত্ৰ তত্ত্বাৱধানকাৰী দেৱতা।
থেং (Theng): অৰণ্যবাসী দেৱতা যি জ্বৰ, বিষ, মূৰৰ বিষ, দাঁত-বিষ আৰু অন্যান্য শাৰিৰিক বিষ ইত্যাদিৰ উপশম কৰিব পাৰে।
উপাসনা থলীৰ সজ্জা
ৰংকেৰ উৎসৱ উদযাপন থলীৰ পূৱদিশত দেৱ-দেৱীগণক প্ৰতিস্থাপিত কৰা হয় আৰু এই সকলো বিগ্ৰহৰ বিপৰীতে মাটিৰে নিৰ্মিত ১০ টা বেদী স্থাপন কৰা হয়। এই বেদীসমূহ দক্ষিণ-উত্তৰ মুৱাকৈ এটা শাৰীত সজা হয় আৰু বেদীসমূহক দেৱ-দেৱীসমূহৰ নামেৰেই নামকৰণ কৰা হয়। বেদীৰ আকৃতি এইভাৱে স্থিৰ কৰা কৰা হয় যাতে প্ৰতি বিগ্ৰহ ইয়াত সুচাৰুৰূপে স্থাপিত হয়।...
ওপৰফালে চিচা আৰু তলৰফালে শকত এবিধ বিশেষ লাওৰ খোলা চাউলেৰে তৈয়াৰী সুৰাৰে ভৰ্তি কৰি প্ৰতিটো বেদীত ৰাখি সেই বেদীৰ দেৱতালৈ উৎসৰ্গা কৰা হয়। সুৰা ভৰ্তি লাওৰ খোলাকেইটাৰ ব্যতিৰেকে আন একো দ্ৰব্য বেদীসমূহত ৰখা নহয় যদিও নিংডিং চাৰ্পৰ বেদীত দুটূকুৰা সৰু বাঁহ থিয়কৈ প্ৰতিস্থাপিত কৰা হয়। ইয়াৰ লগতে, মূৰ্তিৰ বেদীত তুলসীৰ কেইটামান...
আচাৰানুষ্ঠান
ৰংকেৰ উৎসৱ তিনিদিন ধৰি উদযাপিত হয়। গাওঁৰ সকলো অধিবাসীয়েই ধনে-জনে বৰঙণি আগবঢ়ায়। প্ৰতিৱেশী অঞ্চলৰ শুভাকাংক্ষীসকলৰ পৰা দান ইত্যাদিও সংগ্ৰহ কৰা হয়। উৎসৱৰ আচাৰানুষ্ঠান চাৰিটা মুখ্য অংশত বিভক্ত।:
চেদি (Sadi)
এই প্ৰক্ৰিয়াত উপাস্য দেৱগণক আমন্ত্ৰণ জনোৱা হয়।
কাৰ্কলি (Karkli)
এই অনুষ্ঠানত উপাস্য দেৱগণক দুই ধৰণেৰে স্তুতি কৰা হয়- কিব’-কাবা (Kibo-kaba), কৈয়া-আবিদা (Koia-abida) আৰু দেৱগণলৈ খাদ্যসম্ভাৰ উৎসৰ্গা; দেৱগণলৈ তামোল আৰু পান উৎসৰ্গা। এই অনুষ্ঠানত সকলো পুৰুষেই ভাগ লয় আৰু উৎসৱৰ মূল দিনৰ পুৱা তেওঁলোক সকলো প্ৰয়োজনীয় বয়-বস্তুৰে সৈতে আহি উপস্থিত হয়। উপাসনাৰ কৰ্ম সম্পাদন কৰা মূল ধৰ্মযাজক...
ৰংফু-ৰংলিং-কাঙথিন (Rongphu-Rongling-Kangthin)
এই অনুষ্ঠানবিশেষক আজ’-ৰংকেৰ (Ajo-Rongker) নামেৰেও জনা যায় আৰু উৎসৱৰ দ্বিতীয় নিশা পালিত হয়। অনিষ্টকাৰী প্ৰেতবোৰক নৃত্যৰ জৰিয়তে গাৱঁৰ নামনিৰ পৰা উজনিৰ দিশলৈ খেদি পথিওৱা হয়। গাৱঁৰ এটা মূৰত এটা বিশেষ বেদী প্ৰতিস্থাপিত কৰি আজ’-এংতৰ্পি (Ajo-Angtarpi) নামত কুকুৰা বলি দিয়া হয়।
লংহে ৰংকেৰ (Langhe Rongker)
এয়া হৈছে ৰংকেৰ উৎসৱৰ অন্তিম অংশ আৰু উৎসৱৰ তৃতীয় দিনা উদযাপিত হয়। সেইদিনা নৈৰ ঘাটত এটা বেদী প্ৰতিস্থাপত কৰি এটা মতা কুকুৰা ব্যাঘ্ৰ দেৱতা আৰ্নাম-তেকেৰ নামত বলি দিয়া হয়। ইয়াৰ জৰিয়তে বাঘৰ আক্ৰমণৰ গাৱঁৰ সুৰক্ষা কামনা কৰা হয়।।
চমাংকান সময়ত পালিত নিষেধনীতি
ৰংকেৰ কাছিৰদম উৎসৱ চলাকালীন সামাজিকভাৱে কিছুমান নিষেধনীতি মানি চলা হয়। এইবোৰৰ ভিতৰত হৈছে: [2]
ধান বনা নিষেধ
উৎসৱৰ মূল পূজাত মহিলাৰ অংশ্ৰগ্ৰহণ অগ্ৰহণীয়
কোনো ব্যক্তি কোনো কৃষিকৰ্মত জড়িত হোৱা নিষেধ
কোনো গঞাই গাওঁ‌ এৰি ক’লৈকো যোৱা বাৰণ
চমাংকান উৎসৱৰ সৈতে জড়িত কাৰ্বি শব্দাৱলীৰ কিয়দংশ
দুৱান (Duwan): বেদী
হৰবং (Horbong): হৰলাং (চাউলেৰে তৈয়াৰী সুৰা) ৰাখিবৰ বাবে ব্যৱহৃত এক বিশেষ লাওৰ খোলা
হৰচ’ (Horso): উপাস্য দেৱতালৈ উৎসৰ্গা কৰা প্ৰথম প্ৰস্তুত হৰলাং (চাউলৰ পৰা তৈয়াৰী সুৰা)
কুৰুচাৰ (Kurusar): মুখ্য ধৰ্মযাজক
দেউৰী, বাৰ্ৱা, থেক্-কেৰে (Deuri, Barwa, Thek-kere): ধৰ্মীয় উপাচাৰৰ বিশেষজ্ঞ
বুৰ্তমান (Burtaman): কাৰ্বি ৰাজপ্ৰতিনিধি
ৰং-এ’-চাৰ্থে (Rong-A-sarthe): গাওঁবুঢ়া
ৰিচ’-বাচা (Riso Basa): গাওঁৰ যুৱনেতা
আৰ্নাম-তেকে (Arnam-teke): ব্ৰ্যাঘ্ৰ দেৱতা
আৰ (Aar): ঝুম কৃষি
চমাংকান উৎসৱৰ উদ্দেশ্যে
ইয়াৰ নৃত্য-গীতবোৰৰ একাংশত পোৱা যায় কাৰ্বি সমাজৰ আধ্যাত্মিক চিন্তা-চৰ্চা, ধ্যান-ধাৰণা আদি — যিবোৰক সাধাৰণতে স্তুতি গীত বুলি ক’ব পাৰি। সেইদৰে আন একাংশত পোৱা যায় কাৰ্বি ডেকা-গাভৰুহঁতৰ প্রেম-ভালপোৱা, জীৱন-যৌৱন আদিৰ সন্মোহনী ৰূপ— যাক পূৰ্ণাংগ অৰ্থত জীৱন-প্ৰেমৰ গীত বুলিব পাৰি। সাধাৰণতে চমাংকান উৎসৱত প্ৰথমতে মৃতকৰ উদ্দেশ্যে...
স্থিতি শক্তি
ধনু কাঁড়ৰ ক্ষেত্ৰত, যেতিয়া ধনুৰ্ধৰে ধনুৰ গুণাডাল টানি ধনুৰ ওপৰত কাৰ্য কৰে, ধনুৰ্ধৰজনৰ শৰীৰৰ কিছু ৰাসায়নিক শক্তি বেঁকা হোৱাৰ ধনুৰ ইলাষ্টিক স্থিতি শক্তিলৈ স্থানান্তৰ হয়। যেতিয়া গুণাডাল এৰা হয়, গুণা আৰু কাঁড়ৰ মাজৰ বলে কাঁড়ৰ ওপৰত কাৰ্য সম্পন্ন কৰে। ধনুৰ স্থিতিশক্তি কাঁড়ৰ গতিশক্তিলৈ স্থানান্তৰ হয় আৰু কাঁড়ডাল উৰি ...
SI চিহ্ন: PE, U, or V
SI একক: জুল (J)
অন্য ৰাশিৰ দ্বাৰা প্ৰকাশ: U = ভৰ · পৃথিৱীৰ মহাকৰ্ষণিক ত্বৰণ · উচ্চতা (মহাকৰ্ষণীয় স্থিতি শক্তি)
U = ½ · হুকৰ সূত্ৰ · চাপ2 (ইলাষ্টিক স্থিতি শক্তি)
U = ½ · ধাৰক · বৈদ্যুতিক বিভৱ2 (বৈদ্যুতিক বিভৱ শক্তি)
U = -চুম্বকীয় মমেণ্ট · চুম্বকীয় ক্ষেত্ৰ (চুম্বকীয় স্থিতি শক্তি)
স্থিতি শক্তিৰ বিষয়ে ১৯ শতিকাত স্কটিছ অভিযন্তা তথা পদাৰ্থ বিজ্ঞানী উইলিয়াম ৰেংকিনে[3][4] আগবঢ়াইছিল যদিও গ্ৰীক দাৰ্শনিক এৰিষ্টটলৰ potentiality ধাৰণাৰ লগত ইয়াৰ সামঞ্জস্য পোৱা যায়। স্থিতি শক্তিয়ে কোনো বস্তুৰ ওপৰত এনেদৰে ক্ৰিয়া কৰে যাতে এই শক্তিয়ে বস্তুটোৰ ওপৰত কৰা সৰ্বমুঠ কাৰ্যৰ পৰিমাণ বস্তুটোৰ শেষৰ আৰু প্ৰাৰম্ভিক ...
স্থিতি বলৰ দ্বাৰা প্ৰভাৱিত হৈ কোনো বস্তু যেতিয়া এটা স্থানৰ পৰা আন এটা স্থানলৈ গতি কৰে, তেতিয়া সম্পন্ন হোৱা কাৰ্যৰ পৰিমাণ বস্তুটোৰ স্থানৰ ওপৰতহে নিৰ্ভৰ কৰে, গতিপথৰ ওপৰত নিৰ্ভৰ নকৰে। কাৰ্যৰ পৰিমাণ জানিবৰ বাবে এই দুটা স্থানৰ এক ফলন 'বিভৱ' বা 'বিভৱ শক্তি' নিৰ্ণয় কৰা হয়।
পৰিদৰ্শনসম্পাদনা কৰক
স্থিতি শক্তি হৈছে কোনো বস্তুৰ অন্তৰ্নিহিত শক্তি। কোনো এটা বস্তুৱে বেলেগ এটা বস্তুৰ সাপেক্ষে নিজৰ স্থানৰ কাৰণে লাভ কৰা শক্তিয়ে হৈছে স্থিতিশক্তি[5]। কোনো স্প্ৰিং এডাল টানি পুনৰাই এৰি দিলে আগৰ অৱস্থালৈ ঘূৰি অহা অৱস্থাৰ বল বা মহাকৰ্ষণ বলৰ সৈতে প্ৰায়ে স্থিতি শক্তি সংযুক্ত হৈ থাকে। স্প্ৰিংডাল টানি দিয়া অথবা কোনো ভৰ উঠোৱা ...
ধৰা হ'ল, এটা বল, যাৰ ভৰ m, আৰু ইয়াক কোনো এক উচ্চতা h লৈ নিয়া হৈছে। যদি মুক্ত পতনৰ ত্বৰণ g, তেন্তে বলটোৰ ওজন হ'ব mg। গতিকে সৰ্বমুঠ কাৰ্য অথবা শক্তি হ'ব বল x সৰণ = mg × h = mgh
E p = m g h {\displaystyle E_{p}=mgh}
সাধাৰণভাৱে কবলৈ গ'লে স্থিতি শক্তি হৈছে কোনো এটা বস্তুৰ কোনো এটা স্থান আৰু তাৰ প্ৰসংগ স্থানৰ শক্তিৰ পাৰ্থক্য।
বিভিন্ন প্ৰকাৰৰ স্থিতি শক্তি নিৰ্দিষ্ট বলৰ সৈতে সংযুক্ত হৈ থাকে। উদাহৰণস্বৰূপে, ইলাষ্টিক বলৰ সৈতে ইলাষ্টিক স্থিতি শক্তি, মহাকৰ্ষণিক বলৰ সৈতে মহাকৰ্ষণীয় স্থিতি শক্তি, কুলম্ব বলৰ কাৰ্য বৈদ্যুতিক স্থিতি শক্তি, বেৰিয়ন আধানৰ ওপৰত সবল নিউক্লিয়েৰ বল বা দুৰ্বল নিউক্লিয়েৰ বলে কৰা আন্তঃআণৱিক স্থিতি শক্তি ইত্যাদি। তাপীয় শক্ত...
বিভৱৰ পৰা ব্যুৎপন্ন হোৱা বলক ৰক্ষণশীল বল বুলি কোৱা হয়। ৰক্ষণশীল বলৰ দ্বাৰা কৰা কাৰ্য হৈছে W = − Δ U {\displaystyle \,W=-\Delta U}
য'ত Δ U {\displaystyle \Delta U}
হৈছে বলৰ সৈতে সংযুক্ত স্থিতি শক্তিৰ পাৰ্থক্য। কোনো বলৰ ক্ষেত্ৰৰ বিপৰীতে কৰা কাৰ্যৰ ফলত স্থিতি শক্তিৰ বৃদ্ধি বুজাবলৈ বিয়োগ চিহ্ন ব্যৱহাৰ কৰা বিপৰীতে কোনো বলৰ ক্ষেত্ৰই কাৰ্য কৰিলে স্থিতি শক্তিৰ অৱক্ষয় ঘটে। স্থিতি শক্তি বুজাবলৈ সাধাৰণতে U, V, Ep চিহ্নৰ ব্যৱহাৰ কৰা হয়।
তথ্য সংগ্ৰহসম্পাদনা কৰক
↑ Jain, Mahesh C.. "Fundamental forces and laws: a brief review". Textbook Of Engineering Physics, Part 1. PHI Learning Pvt. Ltd.. পৃষ্ঠা. 10. ISBN 9788120338623. https://books.google.com/books?id=DqZlU3RJTywC&pg=PA10#v=onepage&q&f=false.
↑ McCall, Robert P. (2010). "Energy, Work and Metabolism". Physics of the Human Body. JHU Press. পৃষ্ঠা. 74. ISBN 978-0-8018-9455-8. https://books.google.com/books?id=LSyC41h6CG8C&pg=PA74.
↑ William John Macquorn Rankine (1853) "On the general law of the transformation of energy," Proceedings of the Philosophical Society of Glasgow, vol. 3, no. 5, pages 276-280; reprinted in: (1) Philosophical Magazine, series 4, vol. 5, no. 30, pages 106-117 (February 1853); and (2) W. J. Millar, ed., Miscellaneous Scie...
↑ Smith, Crosbie (1998). The Science of Energy - a Cultural History of Energy Physics in Victorian Britain. The University of Chicago Press. ISBN 0-226-76420-6.
↑ Brown, Theodore L. (2006). Chemistry The Central Science. প্ৰকাশক Upper Saddle River, New Jersey: Pearson Education, Inc.. পৃষ্ঠা. 168. ISBN 0-13-109686-9.<eot>শনিবাৰে এই সন্দৰ্ভত ডিব্ৰুগড়স্থিত কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত সংঘৰ সভাপতি পৱনসিং ঘটোৱাৰে অসমৰ মাটিতে চাহ বাগিচা স্থাপন কৰি ব্যৱসায় চলাই থকা অস...