text stringlengths 0 188k |
|---|
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
শেহতীয়া তথ্য অনুযায়ী দীপিকা পাডুকন আৰু ৰনবীৰ কাপুৰে ডাইৰেক্টৰ লভ ৰঞ্জনৰ এখন ছবিত অভিনয় কৰিব ৷ ইফালে লভ ৰঞ্জনৰ এক তথ্য অনুযায়ী ২০১৫ চনত মুক্তি প্ৰাপ্ত দীপিকা পাডুকন আৰু ৰনবীৰ কাপুৰৰ"তামাশা" ছবিখনৰ পিছত দুয়ো গৰাকী ষ্টাৰ সাজু হৈছে নতুন ছবিখনৰ কাৰণে ৷ দীপিকা পাডুকন আৰু ৰনবীৰ কাপুৰৰৰ উপৰিও লভ ৰঞ্জনৰ ছবিখনত আছে বলীউডৰ অন্য এ... |
আয়ুষ্মান খুৰানা আৰু ভূমি পেডনেকাৰক শেহতীয়াকৈ দৰ্শকে দেখিবলৈ পাব অমৰ কৌশিকৰ এখন ছবি "বালা"ত ৷ ইফালে বালা ছবিখনত ভূমি পেডনেকাৰক এগৰাকী মিঠা বৰণীয়া যুৱতীৰ চৰিত্ৰত দেখা যাব ৷ আয়ুষ্মান খুৰানাৰ বাধাই হোৰ সফলতাৰ পিছত সম্প্ৰতি অভিনেতাজন ব্যস্ত আছে ড্ৰীম গাৰ্ল ছবিখনৰ শ্বুটিঙত ৷ ইয়াৰ পিছত উত্তৰ প্ৰদেশত ভূমিৰ লগত বালা ছবিখনৰ দৃশ্... |
বলীউডৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰ আৰু কৰীনা কাপুৰ খান সাজু হৈছে ৰাজ মেহতাৰ গুড নিউজ ছবিখনৰ কাৰণে ৷ শেহতীয়াকৈ অক্ষয় কুমাৰে ১০ বছৰৰ প্ৰত্যাহ্বান শীৰ্ষক এখন ফ’টো শ্বেয়াৰ কৰিছে। পূৰ্বৰ ছবিখন আছিল কৰীনা কাপুৰ খান আৰু অক্ষয় কুমাৰৰ কমবখত ইস্ক ছবিখনৰ দৃশ্য গ্ৰহণ স্থলীত লোৱা ৷ ২.০ ৰ ষ্টাৰ অক্ষয় কুমাৰে কৰীনা কাপুৰ লগত গুড নিউজৰ দৃশ্... |
এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি ৰোহিত চেট্টীৰ ছবি সুৰ্যবংগীত বলীউডৰ অভিনেত্ৰী কেটেৰীনা কাইফ চুক্তি বদ্ধ হোৱা নাই ৷ সম্প্ৰতি কেটেৰীনা কাইফে অভিনয় কৰিছে ভাৰত নামৰ ছবিখনত ৷ চলমান খান আৰু কেটেৰীনা কাইফৰ ভাৰত ছবিখনে সকলো চলচ্চিত্ৰত প্ৰেমিকে উৎসুকতা প্ৰদান কৰিছে ৷ |
সম্প্ৰতি সকলোৱে অধীৰ আগ্ৰহেৰে প্ৰতীক্ষা কৰি আছে বলীউডৰ সুন্দৰী ঐশ্বৰ্য্য ৰায় বচ্চন আৰু অভিষেক বচ্চনক ছবিত একেলগে চাবলৈ ৷গতিকে সেই সকলৰ কাৰণে সুখবৰ ৷ কাৰণ গুলাব জামুন ছবিখনৰ জৰিয়তে বলীউডৰ ছবিত অভিনয় কৰিব ঐশ্বৰ্য্য ৰায় বচ্চন আৰু অভিষেক বচ্চনে ৷ ইফালে অভিষেক বচ্চন সম্প্ৰতি ব্যস্ত হৈ পৰিব পৃৃথক কামত আৰু ঐশ্বৰ্য্য ৰায় বচ্চন... |
হাছী টো ফ’ছী ছবিখনৰ অন স্কীণ কপ’ল পৰিনীতি চোপ্ৰা আৰু সিদ্ধাৰ্থ মালহোত্ৰাৰ অনুৰাগীসকলৰ অপেক্ষাৰ অন্ত পেলাই ছবিগৃহলৈ আহিব জাবাৰিয়া দোস্তী৷ছবিখনৰ ফাষ্ট লুক ইতিমধ্যে মুকলি হৈ গৈছে ৷ পৰিণীতি চোপ্ৰাই ইতিমধ্যে টুইটাৰ যোগে ছবিখনৰ এটি টুইট কৰিছে ৷ |
অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন |
Tags: বলীউড |
Categories: মনোৰঞ্জন |
Sentinel Digital Desk |
Next Story |
চাকৰি |
Similar Posts |
News |
ব্ৰেকিং নিউজশীৰ্ষ বাতৰিৰাজ্যিক-বাতৰিচাকৰিখেলৰ পৃথিৱীমনোৰঞ্জনবিবিধ |
Supplements |
Language |
Englishসময় প্ৰবাহআজিৰ অসমहिन्दी सेंन्टिनेलबर’ सेंन्टिनेल |
The Sentinel |
AboutContact UsAdvertise With Us |
Contact |
The Sentinel Building, |
G.S. Road, Six Mile, Guwahati |
Assam. Pin - 781022 |
Mail: sentinelgroup@gmail.com |
thesentinelmedia@gmail.com |
Ph: 0361 2229312, 0361 2262048 |
© 2019-20. All rights reserved under Omega Printers & Publishers Pvt. Ltd. |
Powered By Hocalwire |
We use cookies for analytics, advertising and to improve our site. You agree to our use of cookies by continuing to use our site. To know more, see our Cookie Policy and Cookie Settings.Ok<eot>শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ৰাজনৈতিক আক্ৰোশৰ বাবেই অসম সচিবালয়ৰ এগৰাকী কৰ্মচাৰী অপদস্থ তথা নিলম্বিত হ’বলগীয়া হোৱাৰ অভিয... |
সন্থাৰ অভিযোগ অনুসৰি প্ৰাথমিক শিক্ষা বিভাগৰ এগৰাকী জ্যেষ্ঠ প্ৰশাসনীয় সহায়ক চন্দন কাকতিয়ে শক্তিমন্ত্ৰী তপন গগৈৰ চুপাৰিশ অনুসৰি বদলিৰ ফাইল এটা প্ৰস্তুত কৰাক কেন্দ্ৰ কৰিয়েই মন্ত্ৰী ভট্টাচাৰ্য কৰ্মচাৰীগৰাকীৰ ওপৰত খড়্গহস্ত হৈ পৰে। মন্ত্ৰীৰ নিৰ্দেশ অনুসৰিয়েই কৰ্মচাৰীজনক বৃহস্পতিবাৰে নিলম্বন কৰা হয়। |
বিষয়টো আলোচনা কৰাৰ বাবে শুকুৰবাৰে অসম সচিবালয় সেৱা সন্থাৰ এখন জৰুৰী কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাই মন্ত্ৰী ভট্টাচাৰ্যৰ আচৰণক দুৰ্ভাগ্যজনক আখ্যা দি তাৎক্ষনিকভাৱে কৰ্মচাৰীজনৰ নিলম্বন প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে। |
তেওঁলোকৰ দাবী নামানিলে গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি সন্থাই সকীয়াই দিয়ে। আনহাতে, কোনো তদন্ত নকৰাকৈয়ে কৰ্মচাৰীজনক নিলম্বন কৰা কাৰ্যত সন্থাই আক্ষেপ প্ৰকাশ কৰে আৰু এইক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰে। |
সচিবালয় সেৱা সন্থাই পৰৱৰ্তী কাৰ্যপন্থা গ্ৰহণৰ বাবে অহা ১৬ জুলাইত এখন বিশেষ সাধাৰণ সভা অনুষ্ঠিত কৰিব। ইপিনে মন্ত্ৰী ভট্টাচাৰ্যৰ আচৰণক লৈ সচিবালয় চৌহদত ব্যাপক চৰ্চা চলিছে। |
Recent News |
Oxford English Dictionary: ২০২২ চনৰ ‘বছৰটোৰ শব্দ’ ঘোষণা কৰিছে অক্সফৰ্ড অভিধানে; শব্দটো কি? |
ৰেগিং কৰাৰ বাবে শিলচৰৰ ১৪ জন দন্ত চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীক হোষ্টেলৰ পৰা বহিস্কাৰ |
ছাত্ৰীক দুবছৰ ধৰি ধৰ্ষণ শিক্ষকৰ! মুখ খুলিলে গোটেই পৰিয়ালকে শেষ কৰি দিয়াৰ ভাবুকি |
FIFA World Cup 2022: খেলপথাৰলৈ ঘুৰি আহিল চাম্বাৰ ছন্দ! দক্ষিণ কোৰিয়াক বিদায় দি কোৱাৰ্টাৰ ফাইনেলত ব্ৰাজিল |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
প্ৰতিবাদকাৰীসকলে ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথটোত অহা যোৱা কৰা যানবাহন সমূহত অসমত আন্তঃৰাজ্যিক পাৰপত্ৰৰ প্ৰৱৰ্তনৰ দাবীত বিভিন্ন প্ৰচাৰ পত্ৰ বিলাই প্ৰতিবাদ সাৱ্যস্ত কৰা দেখা যায়। যুৱ ছাত্ৰৰ প্ৰতিবাদকাৰীসকলে এই অভিনৱ প্ৰতিবাদেৰে অসমত অতি সোনকালে আন্তঃৰাজ্যিক পাৰপত্ৰৰ প্ৰৱৰ্তন কৰিবলৈ দাবী জনায়। |
আনহাতে, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আজিৰে পৰা আৰম্ভ হোৱা প্ৰতিবাদী কাৰ্যসূচী জিলাখনৰ অন্তৰ্গত সমূহ আঞ্চলিক সমিতিয়ে ৰূপায়ণ কৰিব বুলি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সুৰজিৎ মৰাণে জানিবলৈ দিয়ে। |
উল্লেখ্য যে অসম জাতীয়তাবাদী য়ুৱ ছাত্ৰ পৰিষদে জন্ম লগ্নৰে পৰা অসমত আন্তঃৰাজ্যিক পাৰপত্ৰৰ প্ৰৱৰ্তনৰ দাবী কৰি আহিছে। আনহাতে, বছৰ বছৰ ধৰি বিভিন্ন চৰকাৰ শাসনলৈ আহিছে যদিও কোনো এখন চৰকাৰে বিষয়টোৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকাৰৰ অভিযোগ উত্থাপিত হৈছে। |
Recent News |
কৰ্তব্যৰত অৱস্থাতে সহকৰ্মীৰ গুলীত নিহত দুই অৰ্ধসামৰিক বাহিনীৰ জোৱান |
যাত্ৰাপথতে ইন্ধন শেষ হ’ল চিকিৎসালয় অভিমুখী এম্বুলেন্সত: শোকাৱহভাৱে মৃত্যুক সাবটিলে ৰোগীয়ে |
হিন্দী আগ্ৰাসনৰ বিৰুদ্ধে চৰম প্ৰতিবাদ: তামিলনাডুত আত্মজাহ ৮৫ বছৰীয়া কৃষকৰ |
শ্ৰদ্ধা ৱালকাৰ হত্যাকাণ্ডৰ অভিযুক্ত আফতাব আমিন পুনাৱালাক ১৩ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
এগৰাকী প্ৰত্যক্ষদৰ্শী চুবুৰীয়াই জুই দেখি চিঞৰ-বাখৰ কৰি অগ্নিকাণ্ডৰ বিষয়ে চুবুৰীটোৰ মানুহক অৱগত কৰে। গাঁৱৰ লোকে আহি যিয়ে যেনেকৈ পাৰে জুই নুমুৱাবলৈ চেষ্টা কৰে। |
এই জুই গৃহস্থগৰাকীৰ ভঁড়ালঘৰত উৎপত্তি হৈছিল অনুমান কৰা হৈছে। জুইত জাহ যোৱা গৰু, ছাগলী আৰু হাঁহবোৰ ভড়ালঘৰৰ তলতে বন্ধা আছিল। এই জুইত ৪টা গৰু, ৬টা ছাগলী আৰু ৭টা হাঁহ সম্পূৰ্ণ জ্বলি যায়। |
ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছত গৌৰীসাগৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী ততাতয়াকৈ আহি ঘটনাৰ বুজ লয়। তাৰ পাছত স্থানীয় লোক আৰু অগ্নি নিৰ্বাপক বাহিনীৰ সহায়ত জুই নিৰ্বাপিত কৰা হয়। |
বিভিন্নজনে পোহনীয়া জীৱ-জন্তু আৰু সা-সম্পত্তিৰ হানি হোৱাটোত তেওঁলোকৰ আন্তৰিক সমবেদনা প্ৰকাশ কৰে। |
Recent News |
ভাৰত জোড়ো যাত্ৰাত অঘটন : গাত জুই লগাই আত্মহত্যাৰ চেষ্টা বিজেপি সমৰ্থকৰ |
সলনি হোৱা নাই তালিবান! আফগানিস্তানত পুনৰ ৰাজহুৱাভাৱে দিয়া হ’ল মৃত্যুদণ্ড |
‘অপাৰেচন লটাছ’ৰ সংশয়! জয়ৰ দিশে অগ্ৰসৰ হৈও ভীতিগ্ৰস্ত কংগ্ৰেছ |
ধৰ্মঘটৰ সন্মুখীন হৈছে আন্তঃৰাষ্ট্ৰীয় কাকত নিউয়ৰ্ক টাইমছ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
বসন্ত উৎসৱ চেৰী ব্লজম: |
বসন্তত আমাৰ অসমত ৰঙালী বিহু পালন কৰাৰ দৰেই এই দেশতো উদযাপন কৰা হয় চেৰী ব্লজম। ঠিক মানুহে সৃষ্টি কৰা উৎসৱ নহয়, প্ৰকৃতিয়ে নিজ হাতেৰে গঢ় দিয়ে এই উৎসৱ। চাৰি পাঁচমাহ বৰফেৰে ঢাকি ৰখা বননিৰ সেউজখিনি আকৌ পোহৰ হৈ উঠে বসন্ততেই। বসন্ত অহাৰ লগে লগেই গছবোৰত কুঁহিপাতে দেখা দিয়ে। মেগনলিয়া, এজেলীয়া, হাইড্ৰজিয়া, টিউলিপ, চেৰীফুলেৰে জাতি... |
চেৰীফুলৰ গছবোৰ জোপোহা আকৃতিৰ হয়। ডালবোৰত ফুলবোৰ ইমান বেছিকৈ ফুলে যে ফুলৰ ভৰত দোঁ খাই ডালবোৰে মাটি চোৱেগৈ। দূৰৰ পৰা চেৰীফুলৰ গছবোৰ দেখিলে বগা বা গোলাপী ৰঙৰ ছাটি এটা মেলি থোৱাৰ দৰে লাগে। চেৰীফুলৰ গছবোৰ শাৰী শাৰীকৈ ৰোৱা হয়। ভৰি ভৰি ফুলি থকা চেৰীফুলবোৰে ৰাস্তাৰ দুয়োকাষে থাকি তোৰণৰ দৰে সৃষ্টি কৰে। সপোনত দেখাৰ দৰে ফুলৰ পাপৰি... |
ৱাচিংটন ডি চি আৰু ব্ৰাঞ্চ ব্ৰক পার্কৰ চেৰী ব্লজম: |
চেৰীফুলৰ গছ জাপানৰ পৰা প্ৰথমে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ আহিছিল ১৯১২ চনত। বন্ধুত্বৰ চিনস্বৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰক জাপানে উপহাৰ দিছিল ৩০২০ জোপা চেৰী ফুলৰ পুলি। ১৯১২ চনৰ মার্চৰ ২৭ তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি প্ৰেচিডেন্ট উইলিয়াম টেফ্টৰ পত্নী লেডী হেলেন টেফ্ট (Helen Taft) আৰু ভিচকনটেচ চিনডা (The Viscountess Chin... |
ৱাচিংটন ডি চি ৰ চেৰী ব্লজম চাবলৈ আমিও গৈছিলোঁ তিনিবাৰ মান। সাধাৰণতে পট’মেক পার্কৰ পূব আৰু পশ্চিম অংশত আৰু ৱাচিংটন মনুমেণ্টৰ কাষৰ ঘাঁহনিত চেৰীফুলৰ গছবোৰ বেছিকৈ ফুলে। টাইডেল বেচিনৰ ফালে হাউলি পৰা চেৰীফুলৰ সেই বর্ণময় শোভা কিযে মোহনীয় সেইয়া নেদেখিলে বুজা নাযায়। আমি যাওঁতে গছৰ পৰা সৰি, কোমল কোমল চেৰীফুলৰ পাহিবোৰ পানীত ওপঙি ... |
ৱাচিংটন ডি চি ৰ চেৰী ব্লজম এবাৰ আমি ৰাতিও চাইছিলোঁ। সেইদিনা আকাশৰ জোনটো টাইডেল বেচিনৰ পানীত ডুবি আছিল। কোমল পোহৰত ফুলৰ পাপৰিবোৰ জিলিকি আছিল। মনত পৰে এটা কথা, খুউব বয়সীয়া এহাল দম্পতী বহি আছিল পট’মেক পার্কৰ বেঞ্চত। তেওঁলোকৰ কাষত আছিল চেৰীফুলৰ গছ। তেওঁলোকৰ সমুখত, টাইডেল বেচিনৰ সিটো পাৰে জোনাকৰ পোহৰত মুকুটাৰ দৰে জিলমিলাই আ... |
নিউজার্চিৰ ব্ৰাঞ্চ ব্ৰক(Branch Brook) পার্কতো খুউব ধুনীয়া চেৰী ব্লজম দেখা যায়। আমি থকা ঠাইৰ পৰা বেছি দূৰ নহয় বাবে আমি প্ৰতিবছৰেই এই পার্কখনলৈ যাও।পার্কত গীত মাতৰ অনুষ্ঠানো হয়। আমাৰ অসমত পূজাত মেলা বহাৰ দৰে চেৰী ব্লজমটো মেলা বহে। বিভিন্ন ধৰনৰ খাদ্য সম্ভাৰ আৰু অন্যান্য সামগ্ৰীৰে উপচি থাকে এই মেলা। আনন্দত আত্মহাৰা হৈ সকলো... |
সঁচাই বসন্ত খুবেই সুন্দৰ। পৃথিৱীৰ প্ৰতিটো কোণেই বসন্তত প্ৰাণ পাই উঠে। জী উঠে মানুহৰ মন। জী উঠে জীৱন। জীপাল হৈ পৰা সেউজী ধৰাত, আমোলমোলাই ফুলি থকা ফুলবোৰ দেখিলে মোৰ খুউব মনত পৰে বৈকুন্ঠ নাথ গগৈদেৱৰ এটি গীতলৈ |
ফুল ফুলক ৰ’দৰে ফুল হৃদয় সেউজী ধৰা |
ফুল ফুলক সূৰ্য্যমুখী ফুল প্ৰিয়তমা তোমাৰ খোপাত |
নাহৰ পাতত মেঘৰ ছাঁয়াই নাচক আজি |
মন আকাশত ডাৱৰৰে ফুল ফুলক আজি |
প্ৰজাপতি মেলা পোহৰ পাখি মুগ্ধ হিয়াত |
ফুল ফুলক সূৰ্য্যমুখী ফুল প্ৰিয়তমা তোমাৰ খোপাত… |
← উপলব্ধি (মধুস্মিতা দাস) |
ভালপোৱাৰ পাতৰ বাগিছা (কিশোৰ বৰো) → |
You May Also Like |
জাপানৰ অভিজ্ঞতা –ডা° ভূপেন শইকীয়া |
June 16, 2019 March 10, 2021 0 |
দেউতাৰ অসুখ,ডাক্তৰ আৰু কিছু তিতা-কেঁহা (ৰশ্মিতা কাশ্যপ বৰা) |
March 16, 2014 March 10, 2021 0 |
ৰাম সেতুৰ তীৰ্থ ভূমিত- পৰী শ্যামলী ভূঞা |
April 14, 2017 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
0 Comments |
Inline Feedbacks |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.