text stringlengths 0 188k |
|---|
উচ্চতৰ মাধ্যমিক পৰ্যায়ত বিহুভিত্তিক বিষয়ৰ অৱতাৰণা : কিছু প্ৰশ্ন |
অতি সম্প্ৰতি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে সিদ্ধান্ত লৈছে যে ২০২০ বৰ্ষৰপৰা কাৰ্যকৰী হোৱাকৈ “বিহু” সম্পৰ্কীয় এটি পাঠ্যবিষয় আৰম্ভ কৰা... |
Page 1 of 3 1 2 3 Next |
Recent News |
কুকুৰ হত্যাৰ অভিযোগত আইনী ৰোষত পঞ্চায়ত সভানেত্ৰী: অভিযোগ ৰুজু আৰক্ষীৰ |
নতুন ৰূপত উচ্চতম ন্যায়ালয়ৰ ডিজিটেল সংস্কৰণ: উচ্চতম ন্যায়ালয়ৰ মোবাইল এপ্লিকেচনৰ এণ্ড্ৰইড সংস্কৰণ 2.0 মুকলি |
অসম কেবিনেটৰ বৃহৎ সিদ্ধান্ত: এ পি এছ চি- ৰ পৰা আঁতৰিল ঐচ্ছিক বিষয়ৰ প্ৰশ্ন কাকত |
পান্না বাঘ সংৰক্ষিত বনাঞ্চলত চাঞ্চল্য: গছত ওলমাই থোৱা অৱস্থাত উদ্ধাৰ বাঘৰ মৃতদেহ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
কাৰ হাতলৈ গুজৰাট! মচনদ দখলৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে বিজেপি, অসাৰ হোৱাৰ দিশে আপৰ চমক |
আৰম্ভ হৈছে বিজেপিৰ খেল! আপৰ নৱনিৰ্বাচিত কাউন্সিলাৰক ‘ক্ৰয়’ কৰাৰ চেষ্টা বিজেপিৰ! |
কৰ্তব্যৰত অৱস্থাতে চাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা চি.আই.এছ.এফ জোৱানৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
কাঞ্চন বাইদেৱে এদিন ৰূমমেটৰ আগত স্বীকাৰ কৰিলে – তাই প্ৰেগনেণ্ট বুলি! তাইৰ চহৰৰ প্ৰেমিক দেৱাশিসে এদিন তাইক লগ কৰিবলৈ আহিছিল৷ তাই ঘৰলৈ যাওঁ বুলি চুপাৰক কৈ দেৱাশিসৰ লগত হোটেলত দুটা ৰাতি কটাই আহিলে৷ এতিয়া সেই ভুলৰ পৰিণাম তাই ভুগিব লগা হৈছে৷ কথাবোৰ ঘৰতো গম নাপায়৷ দেৱাশিসৰো খবৰ নাই তেতিয়াৰ পৰা৷ তাই এতিয়া অসহায় হৈ পৰিছে৷ কাঞ্... |
০০০০০০০০০০০০ |
বৰগোহাঁই চাৰৰ এক্সট্ৰা হাই ভল্টেজ ক্লাছটো কৰি ভাল পাইছিলোঁ আমি! সিদিনা চাৰে আমাক লেবত এক্সট্ৰা হাই ভল্টেজ টেষ্ট এটা কৰাই দেখাইছিল৷ চাৰে কৈছিল – “তোমালোকক আজি বিজুলী সৃষ্টি কৰি দেখুৱাম”৷ আমি খুউব উৎসুকতাৰে লেব পাইছিলোঁগৈ৷ দেখিছিলোঁ এটা সৰু গ্ৰীল লগোৱা চেম্বাৰত দুটা ইলেক্ট্ৰডৰ লগত কেবল আদিৰ কানেকচন! চাৰে গোটেইবোৰ কানেকচন... |
চাহু চাৰৰ “পাৱাৰ ইলেকট্ৰনিক্স” ক্লাছটোৰ কথাও পাহৰিব নোৱাৰোঁ৷ ভাবি নাপাওঁ – চাৰ কিয় এনেকুৱা! ছাত্ৰ-ছাত্ৰীয়ে যিমানেই দুষ্টালি নকৰক চাৰে কেতিয়াও একো প্ৰতিক্ৰিয়া নেদেখুৱায়৷ চাৰে ক্লাছ টেষ্ট ল’লে সকলো ছাত্ৰ-ছাত্ৰীয়ে চাৰৰ সমুখতে কিতাপ মেলি উত্তৰ লিখে! চাৰে দেখিও উদাসীন হৈয়েই ৰয়৷ কেতিয়াবা সীমা চেৰাই গ’লে মাথোঁ কয়—“ষ্টেণ্ড আপ”... |
পিছে বৰগোহাঁই চাৰক সকলোৱে বাঘ দেখাদি দেখিছিলোঁ৷ চাৰৰ ক্লাছত সকলো উপস্থিত আছিল বাধ্য ছাত্ৰ-ছাত্ৰীৰ দৰে৷ চাৰে সকলো ছাত্ৰ-ছাত্ৰীৰে নাম মনত ৰাখিছিল৷ কন্দলী চাৰলৈ মনত পৰে৷ চাৰে কম্পিউটাৰ প্ৰগেমিং পাইছিল৷ চাৰে বহু এক্সট্ৰা ক্লাছ লৈছিল আমাৰ! ক্লাছত মোৰ ইমানেই টোপনি ধৰিছিল যে চাৰে নোটছ লিখালে টোপনিতে আখৰবোৰৰ গতি নোহোৱা হৈছিল৷ |
০০০০০০ |
গতানুগতিক ভাৱে দিনবোৰ পাৰ হৈছিল৷ আমাৰ তৃতীয় বৰ্ষৰ ফাইনেল পৰীক্ষা ওচৰ চাপি আহিছিল৷ ষ্টাডি লিভৰ বাবে ঘৰলৈ যাবলৈ সাজু হৈছিলোঁ৷ মনত পৰিছিল নিবিড়লৈ৷ তাৰ অভাৱ খুউব অনুভৱ কৰিছিলোঁ৷ সি থকা হ’লে এইবাৰ অভিযন্তা হৈ ওলালেহেঁতেন নিবিড়! তাৰ ধুনীয়া চকুযুৰি, তাৰ কথাবোৰ, তাৰ গানে প্ৰায়ে আমনি কৰে মোক! স্মৃতিৰ বেদনাৰে দগ্ধ হওঁ মই! চকুমুদ... |
এদিন নিবিড়ে বয়জ হোষ্টেলৰ ৰেগিঙৰ কথা কৈছিল! নতুনকৈ অহা ল’ৰাবোৰৰ গালত কিমান যে কাণতলীয়া চৰ নপৰিছিল! এবাৰ এটা ল’ৰাৰ এনেকৈ চৰ খাওঁতে কাণৰ পৰ্দা ফাটিছিল৷ অনিমেষ নামৰ দাদাজনে বোলে নিবিড়ক য’তে দেখে তাতে “নীলডাউন” হ’বলৈ দিছিল৷ পিছত অৱশ্যে সেই ল’ৰাটো তাৰ মৰমৰ দাদা হৈ পৰিছিল৷ বিছনাৰ তলত সোমাই সিহঁতক ম’হ মাৰিব লগাইছিল৷ সিহঁতক ৰেগ... |
০০০০০০ |
সেইদিনা ঘৰলৈ যাবলৈ বুলি এ এছ টি চি বাছ ষ্টেণ্ডত বাছৰ চিটত বহিলোঁ৷ মোৰ লগত আছিল জবা৷ বাছখনে যেতিয়া ষ্টাৰ্ট দিবলৈ ল’লে হঠাতে জবাক ভালপোৱা নবিউল ওলালহি—হাতত তাৰ গিফ্টৰ পেকেট আৰু এটা ৰঙা গোলাপৰ বোকে৷ সি ঘামি জামি দৌৰি আহিছিল আৰু ফোঁপাই ফোঁপাই জবালৈ বুলি আগবঢ়াই দিলে তাৰ হাতৰ গিফ্টটো৷ তাক দেখি এনেকুৱা লাগিল গাড়ীখন গুচি যোৱা ... |
নবিউলে হাত ডাঙি বিদায় দিলে আমাক! আজি নিবিড় থকা হ’লে সিও চাগৈ মোক এনেকৈয়ে বিদায় জনাব আহিলহেঁতেন—নীৰৱে বৈ অহা দুটোপাল অশ্ৰুকণা জবাই গম নোপোৱাকৈ হাতেৰে মোহাৰিছিলোঁ মই! জবাই গিফ্টৰ পেকেট খুলিছিল – পঙ্কজ উধাছৰ গজলৰ কেছেট! |
-ফুলৰ বোকেটো ক’ৰবাত লুকুৱাব লাগিব! ঘৰত নবিউলৰ কথা গম নাপাই নহয় প্ৰাপ্তি! —জবাই কৈ উঠিল! |
জবাৰ কথাত মোৰ হাঁহি উঠিল৷ |
-অ’ই প্ৰাপ্তি, নবিউলৰ লগত বিয়াৰ কথা ভাবিলেই মোৰ ভয় লাগে! আমাৰ যে ধৰ্মই নিমিলে! ভাল ৰাম-ৰাৱনৰ যুদ্ধ এখন হ’ব চাগৈ৷ |
-চিন্তা নকৰিবি৷ এতিয়া পঢ়া-শুনাত মন দে৷ সঁচা প্ৰেমৰ কেতিয়াও পৰাজয় নহয়৷ |
— মই জবাক ক’লো৷ |
আমাৰ বাছখনে গতি ল’লে৷ পাৰ হৈ যোৱা গছ-গছনি, নীলা আকাশলৈ চাই চাই নিবিড়ৰ কথাই ভাবি থাকিলোঁ৷ হৃদয়ত অনুভৱ কৰিলোঁ – প্ৰেমৰ গুঞ্জন-নিবিড়ৰ সান্নিধ্যৰ! |
অৰুন্ধতীয়ে ডায়েৰিখন সামৰি থ’লে—“আৰু বেছি পৃষ্ঠা নাই”—ভাবিলে তাই৷ অনুৰাগৰ ফোন আহিল – অহা সপ্তাহত পাবহি অনুৰাগ৷ |
“এনেকৈ দূৰে দূৰে আৰু কিমানদিন সংসাৰ কৰিম? অসমলৈ যাবলৈ, অনুৰাগৰ লগত সদায় একেলগে থাকিবলৈ অসমতে কৰিব পৰা চাকৰি এটা বিচাৰিব লাগিব”—ভাবিলে অৰুন্ধতীয়ে৷ এইবাৰ অনুৰাগ আহিলে তাইৰ মনৰ কথাটো ক’ব অনুৰাগক৷ |
০০০০০০০০০ |
প্ৰাপ্তিৰ ডায়েৰিখন সোনকালে পঢ়ি শেষ কৰাৰ কথা ভাবিলে অৰুন্ধতীয়ে —– |
ইঞ্জিনীয়াৰিঙৰ আমাৰ শেষৰটো বছৰ আৰম্ভ হ’ল৷ চকুৰ পচাৰতে কেনেকৈ যে দিনবোৰ পাৰ হৈ গ’ল ধৰিবই নোৱাৰিলোঁ৷ পূৰাদমে ক্লাছবোৰ চলি থাকিল৷ প্ৰজেক্টৰ কামো আৰম্ভ হ’ল৷ প্ৰজেক্টৰ কাম কলেজত দেৰিলৈকে কৰিবৰ বাবে হোষ্টেল চুপাৰৰ পৰা পাৰমিশ্যন লোৱা হ’ল৷ আমাৰ প্ৰজেক্টটো আছিল “মাইক্ৰপ্ৰচেছৰ বেছড টেম্পাৰেশ্যাৰ কণ্ট্ৰল চিছটেম ফৰ এপলিকেশ্যন ইন মে... |
এদিন আমি সকলো হলত চিনেমা চাবলৈ ওলালোঁ৷ সাধাৰণতে মই স্মৃতিগোপাল হলত চিনেমা চাই বৰ বেয়া পাওঁ কাৰণ তাৰ টিকেট চিষ্টেমটো ইমান যে বেয়া! জেণ্টচ লাইন, লেডিজ লাইন বুলি একো নাই, পুৰুষ-মহিলা উভয়ে একেলগে লাইন পাতিব লাগে৷ হলত “ডিল ত’ পাগল হে” চিনেমাখন চলি আছিল৷ আমি নিমাখিত কেইজনী লাইনৰ বাহিৰত থাকিলোঁ আৰু হৰ্তাকৰ্তা কেইগৰাকী টিকেট ক... |
আমি মাজে মাজে এনেকৈয়ে চিনেমা উপভোগ কৰিছিলোঁ৷ “লগান” চিনেমাখন চোৱা মনত পৰে৷ সেই যে ক্ৰিকেট খেল হৈছিল –বৃটিছ আৰু ভাৰতীয় সকলৰ মাজত! খেল চাই দৰ্শকসকল ইমান উত্তেজিত হৈছিল যে “দে মাৰ, দে মাৰ” ধ্বনিৰে গোটেই হলঘৰটো মুখৰিত হৈ পৰিছিল৷ আননালাগে আমাৰ প্ৰিয়াইও বাকী দৰ্শকসকলৰ লগত যোগ দিছিল৷ |
মাজে মাজে আমি বন্ধু-বান্ধৱসকলে শেষৰটো বছৰ বুলি বেলিআমিজ, উডলেণ্ডত পাৰ্টি কৰিছিলোঁ৷ এই পাৰ্টিবোৰ হ’লে মোৰ যে নিবিড়লৈ ইমান মনত পৰে! সি গোৱা গানবোৰলৈ মনত পৰে! এদিন সি এটা কবিতা গাই শুনাইছিল মোক লেইকৰ পাৰত বহি৷ সেইদিনা বতৰ ডাৱৰীয়া আছিল! আকাশলৈ চালে এনে লাগে–এইযেন এজাক বৰষুণ আহিব! নিবিড়ে গাইছিল – |
“বৰষুণজাকে আনে সোঁৱৰণী এদিনৰ |
সিদিনাৰ |
যিদিনা মোৰ প্ৰথম দেখা তোমাৰ লগত |
সেই কোঠাটিত |
য’ত বতাহ আছিল কম্পমান |
ধূপকাঠিৰ নিৰ্যাস আৰু |
নতুনকৈ তিওৱা মাটিৰ গোন্ধৰ সুৰভিৰে |
মোৰ মৰ্মপৰশি উথলি উঠিছিল |
কিবা এক অনুভূতি |
পৰাণ জগোৱা |
মোৰ অনুভৱ আছিল সহজাত |
সেই বৰষুণ জাকৰ দৰেই” |
মই কৈছিলোঁ… |
– ইমান কোমল মিঠা কবিতা, কাৰ কবিতা নিবিড়! তোমাৰ? |
সি সশব্দে হাঁহি উঠিছিল আৰু কৈছিল— |
– ধেৎ পাগলীজনী! মই আৰু কবিতা লিখোনে? কাৰ কবিতা নাজানো, এই কবিতাটো মোৰ ভাল লাগে৷ |
মই কৈছিলোঁ… |
– কবিতাটোৱে যেন তোমাৰ আৰু মোৰ কথাই কৈছে, তেনে লাগিছে৷ |
সি লেইকৰ পানীত চকু থৈ কৈছিল— |
– ওঁ কবিতাটোৱে তোমাৰ আৰু মোৰ কথাই কৈছে |
মই সেইদিনা নিবিড়ৰ কান্ধত মূৰ থৈছিলোঁ, কিবা এক সুখানুভূতিৰে মন ভৰি গৈছিল! |
এৰা, নিবিড়ৰ কথা ভাবিলেই স্মৃতিবোৰে সাৰ পাই উঠে, চকুৰ পাহি তিতি জুৰুলি হয়! শান্তিৰ সন্ধান বিচাৰি পিছমুহূৰ্ততে মই পৰমপিতাৰ বুকুত সোমাই পৰোঁ, যি মোক আশ্ৰয় দিয়ে, সুখ দিয়ে, মৰমেৰে চকুপানী মচি দিয়ে মোৰ! |
টি ব্ৰেকত আমি বৰা কেণ্টিনত চাহ খোৱাৰ উপৰিও মা ধাবাত চাহ খাইছিলোঁ, আবেলি চিনাকি-জোনাকীত ৰুটি খাইছিলোঁ৷ দিনবোৰ চুটি হৈ আহি আছিল! আমি মাজে মাজে আবেগিক হৈছিলো আমাৰ মৰমৰ কলেজখন, হোষ্টেল, চৌপাশ, বন্ধু-বান্ধৱী, জুনিয়ৰ সকলক এৰি থৈ যোৱাৰ দুখত! |
এদিন সেই মুহূৰ্তটো আহিল যিটো মুহূৰ্তৰ বাবে আমি মাজে মাজে দুখী হৈছিলোঁ৷ আমাৰ বাবে কলেজ বিদায় মিটিং পতা হৈছিল৷ ছাত্ৰীসকলে শাৰী, চাদৰ-মেখেলা আদি পিন্ধিছিল আৰু ছাত্ৰসকলে চ্যুট-টাই লগাইছিল–এনেকৈ নিজকে সজাই পৰাই কলেজ অডিটৰিয়ামত আমি বহিছিলোঁগৈ৷ একোটাকৈ স্মৃতিচিহ্নৰে আমাক সম্বৰ্ধনা জনোৱা হৈছিল৷ চাৰ-বাইদেউ সকলে আমাৰ ভৱিষ্যত জীৱ... |
হোষ্টেলতো মৰমৰ ভণ্টিসকলে আমাৰ বিদায় মিটিঙৰ যো-জা কৰিছিল৷ মনলৈ ভাব আহিছিল–হোষ্টেললৈ অহা দিনটো সৌ সিদিনাৰ কথা যেন হে লাগে অথচ এতিয়া যাবৰে হ’ল৷ হোষ্টেল চুপাৰ চাৰে আমাৰ ভৱিষ্যত জীৱনৰ বাবে শুভকামনা দিছিল আৰু আৰ্শীবাদ কৰিছিল ভাল মানুহ হ’বলৈ৷ |
সকলোৰে অনুৰোধত নীহাৰিকাই গান গাবলৈ আগবাঢ়িছিলল, তাই গাইছিল– |
“যোৱাৰ পৰত/সৰা শেৱালি বুটলি/কি হ’ব কোৱা/নাই যে সময়/ |
উভতি চোৱাৰ/এতিয়া বিদায় দিয়া….. |
মই ভাবিছিলো–এৰা, এতিয়া যে যাবই লাগিব……জীৱন সমুদ্ৰত জঁপিয়াই পৰিব লাগিব, জনসমুদ্ৰত মিছিল হ’ব লাগিব, দুচকুত দুটোপাল চকুলো বিৰিঙি উঠিছিল মোৰ! |
নীহাৰিকাই গানটো আৰু গাব নোৱাৰা হৈছিল৷ অলপ সময়ৰ বাবে এক বেদনামুখৰ পৰিৱেশে গ্ৰাস কৰিছিল কমন ৰূমটো! তাৰপিছত ভণ্টি নাৰ্জীৰ কৌতুক অভিনয়ে সকলোকে হহুঁৱাইছিল৷ ইয়াৰ পিছত মণিমালা উঠিছিল গান গাবলৈ, তাই গাইছিল— |
“মুছাফিৰ হুঁ য়াৰ’ না ঘৰ হ্যে না ঠিকানা/মুজে ছলটে জানা হ্যে বছ ছলটে জানা” |
মই এটা কবিতা আবৃতি কৰিছিলোঁ…. |
“তুমি মোক হাত বাউল দি মাতিবা |
য’তে থাকোঁ তাৰপৰাই উভতিম |
কথা দিলোঁ তোমাক |
এদিন, |
সোণসেৰীয়া এটি সপোন বুকুত লৈ |
তোমাৰ কাষলৈ আহিছিলোঁ |
তুমি আদৰিছিলা নীৰৱ ভাষাৰে৷ |
এনেকৈয়ে, |
সময়ৰ লেছেৰি বুটলি বুটলি |
আগবাঢ়িছিল সপোন৷ |
সপোনটো কেতিয়াবা |
আঁউসী ৰাতিত হেৰাইছিল |
আৰু কেতিয়াবা |
স্নিগ্ধ জোনাকৰ কোমল বতাহত |
জিৰণি লৈছিল |
তোমাৰ কাষতে বৃত্তৰ দৰে ঘূৰি আছিল |
জীৱনৰ প্ৰাত্যহিকতাবোৰ |
কেতিয়াবা কঠিন সময়ৰ আঘাতত |
অভিমানৰ ৰং সানি |
তোমাৰ কাষলৈ |
কাহানিও উভতি নহাৰ কথা কৈছিলোঁ৷ |
তুমি আদৰি লোৱা |
বিষণ্ণ, নিৰ্জন অথচ সুন্দৰ আবেলিবোৰত |
সদায় ব্যস্ত হৈ পৰিছিল |
বৰা কেণ্টিন, মা ধাবা, পিচি অ’, গ্ৰীনলেণ্ড, চিনাকি |
জোনাকী, হাজৰিকা ব্ৰাদাৰ্ছ |
কেলিফৰ্ণিয়া, লেইকৰ পানী |
কলেজ বাছ… |
আজি, |
তোমাক এৰি থৈ যোৱাৰ কথা ভাবি |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.