text
stringlengths
0
188k
Notify of
new follow-up comments new replies to my comments
Label
Name*
Email*
Website
Δ
Label
Name*
Email*
Website
Δ
0 Comments
Inline Feedbacks
View all comments
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানত লেখাৰ সংখ্যা
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)...
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>কবি হিচাপে ৰঘুনাথ চৌধাৰী অসমীয়া ৰমন্যাস যুগৰ এজন আগশাৰীৰ কবি৷ ৰমন্যাসিক কবিসকলৰ প্ৰধান বৈশিষ্ট হ’ল এইটোৱেই যে তেওঁলোক কল্পনাপ্ৰিয় আৰু কল্পনাতে উটি ভাঁহি ফুৰে৷ সদায়ে দেখি থকা প্ৰকৃতি জগ...
ৰঘুনাথ চৌধাৰী আছিল প্ৰকৃতি সৌন্দৰ্য পিপাসু৷ প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যত তেওঁ অকল বিমোহিত হোৱাই নহয় সেই সৌন্দৰ্যত কল্পনাবিভোৰ হৈ কল্পনাৰ ডেউকাৰে উৰি গৈছিল দূৰ অতীতলৈকো৷ কল্পনাৰ চক্ষুৰে যি দেখিছিল তাকেই বৰ্ণনা কৰিছিল কবিতাত৷ তাৰ ফলত তেওঁৰ কবিতা হৈ পৰিছিল চিত্ৰবৎ (Picturesque) প্ৰতীকধৰ্মী৷
“কিবা অপৰূপ প্ৰকৃতিৰ শোভা
আহা কি সুখৰ দিন
য’ত সমবেদী কৰে বেদপাঠ
প্ৰেমানন্দে সৱে লীন৷৷” (আৱাহান)
প্ৰকৃতিৰ এনে মনোমোহা সৌন্দৰ্যত সুদূৰ অতীতত ইন্দ্ৰিয়সংযমী মৃদু মলয়া বতাহে মৃত সঞ্জীবনী আনি মূমুৰ্ষুজনৰ মৰ্মস্থলত সানি দিছে৷ সদালাপি কুলিৰ মাতত বিলাসী যুৱতীৰ মনত চাঞ্চল্য প্ৰতিফলিত হৈছে৷ ম’ৰা-ৰাজহাঁহে সঙ্গিনীলৈ চাই আনন্দ প্ৰকাশ কৰিছে৷ এই কবিতাটিত কবিৰ বিশেষ বৈশিষ্ট পৰিলক্ষিত হয় তেওঁৰ ভাষা শব্দ-যোজনা আৰু ঝংকাৰত৷ সমালোচকসক...
ৰঘুনাথ চৌধাৰীদেৱে অকল গছ-লতাৰ সৌন্দৰ্যৰ বৰ্ণনাৰে প্ৰকৃতিৰ বৰ্ণনা কৰা নাই৷ তেখেতে প্ৰকৃতিৰ সৌন্দৰ্যতা পূৰ্ণভাৱে অনুভৱ কৰিছে আৰু সেয়েহে প্ৰকৃতিৰ অন্তৰ্নিহিত সৌন্দৰ্য আৰু বসন্তকালৰ পূৰ্ণ মোহিনীৰূপ কবিৰ কল্পনাত এগৰাকী মূৰ্ত্তিমান গাভৰুৰূপে দেখা দিছে৷ বসন্ত কালৰ প্ৰকৃতি সৌন্দৰ্যত জড়-জগত আৰু জীৱ-জগতৰ যি পূৰ্ণ পয়োভৰৰ আনন্দ উৎ...
চৰাই-ফুল-জোন-জোনাকীপৰুৱা আদিও প্ৰকৃতি জগতৰেই৷ চৌধাৰীদেৱে এইবোৰো বাদ দিয়া নাই৷ আনকি গছৰ পাতকলৈও তেখেতে কবিতা লিখিছে আৰু এইবোৰতো তেওঁৰ নিপুনতা প্ৰকাশ পাইছে৷ ফুলৰ ভিতৰত গোলাপৰ কথা সুকীয়া৷
“কাৰ পৰশত ফুলিলি বান্ধৈ
অ’ মোৰ সাদৰী ফুলাম পাহি
শ্যামলী পাতৰ ওৰণী গুছাই
কাৰ ফালে চাই মাৰিলি হাঁহি।।” (গোলাপ)
গোলাপৰ ৰূপ-সৌন্দৰ্য্যই তেওঁক অকল দূৰ অতীতলৈ উটুৱাই নিয়াই নহয়; দেশ-দেশান্তৰলৈকো উটুৱাই নিছে৷ তথাপিও কবি ক্ষান্ত নাই হোৱা৷ কবিয়ে আকুলভাবে গোলাপক সুধিছে।
“ফুলিবি নে মোৰ মানস কুঞ্জত
অ’ মোৰ দৰদী ফুলাম পাহি;
উঠিব নে বাজি প্ৰিয়া পাপিয়াৰ
পুলক ভৰা মিলন বাঁহী?”
ৰঘুনাথ চৌধাৰীদেৱৰ চৰাই অতি প্ৰিয় আছিল৷ চৰাইক লৈ লিখিছিল-
“মৰতত যেন অমিয়াৰ সোত
দিগন্ত বিয়পি বলে
অস্ফুট সঙ্গীতে লগে লগে মোৰ
প্ৰাণ মন আকৰ্ষিলে৷”
ৰঘুনাথ চৌধাৰীদেৱৰ প্ৰকৃতি বিষয়ক কবিতাকেইটা পঢ়িলে তেওঁ যে প্ৰকৃতিৰ নীৰৱ সেৱক, প্ৰকৃতিৰ নীৰৱ পূজাৰী এই কথা স্পষ্টকৈ বুজা যায়৷ প্ৰকৃতিত তেওঁ বিচাৰি পাইছিল শান্তি-সৌন্দৰ্য আৰু শক্তিৰ উৎস৷
ৰমন্যাসিক কবিসকলৰ আন এটা বৈশিষ্ট হৈছে ৰহস্য চেতনা৷ ৰহস্য বোলোতে সাধাৰণতে গোপনীয় অৰ্থাৎ যিটোৰ তত্ব জনা বা বুজা নাযায় তাকে বুজায়৷ এনে ৰহস্য তিনি ধৰণৰ হ’ব পাৰে৷ ধৰ্ম ৰহস্য, অৰ্থ ৰহস্য আৰু কাম ৰহস্য৷ এই অৰ্থত ৰহস্য শব্দটো সংস্কৃত ৰহস শব্দৰ সমাৰ্থক৷
ৰমন্যাসিক কবিসকলে প্ৰকৃতিৰ সৌন্দৰ্য বৰ্ণনাৰ জৰিয়তে পাঠকক আনন্দ প্ৰদান কৰাৰ লগতে প্ৰকৃতিৰ কাৰ্যাৱলীৰ বৰ্ণনাৰ মাজেদি জীৱনৰ ৰহস্য উদ্ঘাটন কৰি পাঠকক আনন্দ প্ৰদান কৰে৷ উদাহৰণস্বৰূপে, গছৰ পাত কবিতাটোলৈ আঙুলিয়াব পাৰি৷ ফাগুনৰ পছোৱা বতাহত নঙঠা হৈ পৰা গছবোৰত বসন্ত কালৰ আগমনৰ লগে লগে কুঁহিপাত ওলাবলৈ আৰম্ভ কৰে আৰু সেই কুঁহিপাতেই,
“তৰুণ লাৱণ্য আভা মনোমোহা ৰূপ
সেউজীয়া দেহৰ গঠন
সুবিশাল অভ্ৰভেদী নঙঠা গছৰ
তুমিয়েই দিব্য আভৰণ।।”
ইয়াত কবিয়ে সেউজীয়া পাতে নঙঠা গছক দিব্য আভৰণ পিন্ধাই মনোমোহা কৰি দিয়াৰ কথা বুজাইছে৷
প্ৰকৃতিত নিহিত থকা এনেবোৰ ৰহস্য ৰমন্যাসিক কবিসকলেহে উদ্ঘাটন কৰিছে৷ চৌধাৰীদেৱৰ কবিতাত বিষাদৰ সুৰো প্ৰতিফলিত হৈছে৷ ইয়ো ৰমন্যাসৰে আন এটি বৈশিষ্ট৷ কবিতাত প্ৰকাশ পোৱা বিষাদৰ সুৰ ৰঘুনাথ চৌধাৰীৰ বাহ্যিক আৰু মানসিক সমন্বয়৷ কিন্তু কবি হতাশ হৈ পৰা নাই৷ বৰং তেওঁ দৃঢ়তাৰে সকলো কষ্ট সহ্য কৰিবলৈ সাজু৷
“ভুগিছো ভুগিম আৰু দগ্ধ হৃদয়ত
শত শত বৃশ্চিক দংশন
নকৰোঁ বেজাৰ প্ৰভু তোমাৰ কাষত
আনন্দত থাকিম মগন৷” (ভিক্ষা)
বিষাদ, মধুলিহ অন্তিমজ্যোতি ফুলশয্যা আদি কবিতাত ৰঘুনাথ চৌধাৰীৰ অন্তৰৰ পঞ্জীভূত হোৱা বেদনাৰাজি দেখা যায়৷ জীবনভৰা বেদনাই মানুহক চিন্তাশীল কৰি তোলে আৰু ইয়াৰ সহায়তে তেওঁলোকে সকলো বেদনা-দুখ-কষ্ট সহ্য কৰিব পৰা হয়৷ চৌধাৰীদেৱৰ ক্ষেত্ৰতো সেয়াই হৈছে আৰু সেয়েহে কবিয়ে ক’ব পাৰিছে,
“সুখ-দুখ হাঁহি অশ্ৰু-বৰ্ষা
তোমাতেই উদ্ভৱ বিলয়
অনুকূল-প্ৰতিকূল তুমিয়েই জীৱৰ
সকলোতে দেখোঁ তুমিময়।” (ভিক্ষা)
জ্ঞানৰ প্ৰতি কৌতুহ’ল ৰমন্যাসৰ অন্যতম বৈশিষ্ট্য৷ ৱৰ্ডছৱৰ্থে মানুহৰ মন আৰু প্ৰকৃতিৰ একত্ৰীকৰণ (The unison of mind and nature)-ৰ দ্বাৰাই অন্তৰ্নিহিত বিশ্বৰ (The inner locked universe) যি তাৎপৰ্য উদ্ঘাটন কৰিছিল, বিশ্বৰ সকলো বস্তু ঈশ্বৰৰে অংশ বুলি ধাৰণা কৰিছিল ৰঘুনাথ চৌধাৰীৰ কবিতাটো তাৰেই নিদৰ্শন পোৱা যায়৷ এইটোৱেই হ’ল অদ্বৈ...
“দয়াময় চৰণত মাগোঁ এটি ভিক্ষা
দিয়া মোক প্ৰাণত আশ্বাস
শিলৰ ৰেখাৰ দৰে তোমাতে সদায়
থাকে যেন অটল বিশ্বাস৷”
এনেধৰণৰ ৰমন্যাসৰ প্ৰায়কেইটা বৈশিষ্ট্যই চৌধাৰীদেৱৰ কবিতাত প্ৰতিফলিত হৈছে আৰু সেইফালৰ পৰা ইংৰাজী ৰমন্যাসিক কাব্য-সাহিত্যত ৱৰ্ডছৱৰ্থক যি অৰ্থত শ্ৰেষ্ঠ ৰমন্যাসিক কবি বোলা হয় সেই একে অৰ্থতে ৰঘুনাথ চৌধাৰীকো অসমীয়া ৰমন্যাসিক কাব্য সাহিত্যৰ শ্ৰেষ্ঠ ৰমন্যাসিক কবি বুলি নিঃসন্দেহে ক’ব পাৰি৷
← কবি নীলমণি ফুকন দেৱৰ কবিতাৰ বিষয়ে এক চমু আলোকপাত – (ইন্দ্ৰনীল গায়ন)
অসমীয়া কাব্য সাহিত্যত পাশ্চাত্যৰ প্ৰভাৱ -(অঞ্জনা তামুলী) →
You May Also Like
চলচ্চিত্ৰীয় বাস্তৱতাঃ এক টোকা – ড॰সুব্ৰত জ্যোতি নেওগ
December 16, 2020 March 10, 2021 0
শ্ৰীমন্ত শঙ্কৰদেৱৰ সাহিত্যত কাব্যিক সৌন্দৰ্য্য -( নিবেদিতা হাজৰিকা )