text stringlengths 0 188k |
|---|
স্পৰ্টছ ডেস্ক,৮ ছেপ্টেম্বৰ : চলিত টেষ্ট শৃংখলাত ইংলেণ্ডৰ বিৰুদ্ধে চতুৰ্থখন টেষ্টত ভাৰতে জয়লাভ কৰিছে । ভাৰত সম্প্ৰতি ২-১ ত অগ্ৰগতি লাভ কৰি আছে । ভাৰতীয় বলাৰসকলে সোমবাৰে কেনিংটন ওভালত অনুষ্ঠিত চতুৰ্থ টেষ্টৰ অন্তিম দিনটোত উন্নত প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হয় । যাৰ বাবে ইংলেণ্ড ১৫৭ ৰাণত পৰাজিত হয় । |
ইয়াৰ পাছতে বিৰাট কোহলী (Virat Kohli) নেতৃত্বধীন ভাৰতীয় দলটোক প্ৰাক্তন ক্ৰিকেটাৰসকলে প্ৰশংসা কৰা দেখা গৈছে । অষ্ট্ৰেলিয়াৰ প্ৰাক্তন স্পিনাৰ শ্বেন ৱাৰ্ণেও (Shane Warne) কোহলীক প্ৰশংসা কৰি কয় যে কোহলীৰ নেতৃত্বত ভাৰতীয় দলটোৱে যথেষ্ট সন্মান আজুৰিবলৈ সক্ষম হৈছে যাৰ বাবে সকলো খেলুৱৈয়ে তেওঁৰ নেতৃত্বত খেলিব বিচাৰে । উল্লেখ্য যে... |
শ্বেন ৱাৰ্ণৰ মতে সকলোৱে বিৰাটক অনুসৰণ কৰে । সকলো খেলুৱৈয়ে তেওঁৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে । এগৰাকী অধিনায়কৰ বাবে এয়া অতি গুৰুত্বপূৰ্ণ । |
বিৰাট কোহলীয়ে যিধৰণে পৰিচালনা কৰে তেওঁ ধন্যবাদৰ পাত্ৰ বুলিও কয় শ্বেন ৱাৰ্ণে । বিশ্বাস ক্ৰীড়াৰ এক অপৰিহাৰ্য অংগ আৰু সেই বিশ্বাস বিৰাট কোহলীয়ে খেলুৱৈসকলক দিবলৈ সক্ষম হৈছে । বিৰাট কোহলী থকালৈ টেষ্ট ক্ৰিকেট চিৰস্থায়ী হওক বুলিও কামনা কৰে খেলুৱৈগৰাকীয়ে । |
শৃংখলাৰ চতুৰ্থখন খেলত বেটিঙৰ বাবে যথেষ্ট ভাল পৰিস্থিতিৰ সৈতে ইংলেণ্ডৰ অপেনাৰসকলে এক সুন্দৰ আৰম্ভণি দিছিল । দুয়োজনে অৰ্ধশতক অৰ্জন কৰিছিল । অৱশ্যে শ্বাৰ্দুল ঠাকুৰ (Shardul Thakur) আক্ৰমণলৈ আহিছিল আৰু পঞ্চম দিনৰ প্ৰথম অভাৰতে বাৰ্ণছৰ উইকেট দখল কৰিছিল । |
দ্বিতীয় ইনিংছত ৫০ ৰাণতকৈ অধিক ৰাণ সংগ্ৰহ কৰি অভিলেখ সৃষ্টি কৰা শ্বাৰ্দুল ঠাকুৰে পিছত জো ৰুটক (Joe Root) পেভিলিয়নলৈ ঘূৰাই পঠিয়াইছিল । ৫ম দিনা দুপৰীয়াৰ আহাৰৰ ঠিক পিছলৈকে ইংলেণ্ড দলটো আক্ৰমণাত্মক হৈ আছিল কিন্তু যশপ্ৰীট বুমৰাহৰ (Jasprit Bumrah) এটা স্পেলে ভাৰতক বিজয়ৰ দিশে লৈ গৈছিল । ভাৰত আৰু ইংলেণ্ডে মানচেষ্টাৰত অহা ১... |
Likes |
Subscribers |
Likes |
Subscribers |
Trending |
শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’ল সংগীত প্ৰবাহ অনুষ্ঠান |
অসম সচিবালয়ত সংবিধান দিৱস পালন |
ঢকুৱাখনাত মিচিং জাতীয় সংগঠনৰ উদ্যোগত গ্ৰাম্য ক্ৰীড়া সমাৰোহ |
অসমৰ ৫ গৰাকীলৈ সঙ্গীত নাটক অকাডেমী বঁটা |
ৰাণীত ১৭৫ চি আৰ পি এফৰ নৱনিযুক্ত কমাণ্ডেণ্ট ৰাজীৱ কুমাৰ ঝাৰ কাৰ্যভাৰ গ্ৰহণ |
Grateful to people of Assam for their wholesalehearted cooperation CM Dr. Sarma. |
এছিয়া কাপ আৰ্চাৰী টীম ইণ্ডিয়াত অসমৰ বিশাল চাংমা |
বকোত লাচিত দিৱস উপলক্ষে অনুষ্ঠিত বেডমিণ্টন প্ৰতিযোগিতাৰ সফল সামৰণি |
লাচিত দিৱসত তিনিচুকীয়াত বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা |
গুৱাহাটীত ৰমেশ চন্দ্ৰ বড়া আৰু লিচুমাই বড়া ন্যাসৰ প্ৰতিষ্ঠা দিৱস উদযাপন |
NE Focus - |
সম্পাদনাৰ মেজৰ পৰা |
অনুভৱ |
উদ্যমী |
উদ্যমী |
খাদ্য সম্ভাৰ |
পৰ্যটন |
ফটোগ্ৰাফী |
ENGLISH |
ব্যৱসায় |
সম সাময়িক |
সুখবৰ |
Home |
সুখবৰ |
ইণ্ডিয়ান মেডিচিন ফাৰ্মাচিউটিকেল কৰ্প’ৰেচন লিমিটেড আই এম পি চি এল আয়ুষ মন্ত্ৰালয়ৰ প্ৰশাসনিক নিয়ন্ত্ৰণাধীন ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠাটোৰ বিষয়ববীয়াসকলে কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ |
ইণ্ডিয়ান মেডিচিন ফাৰ্মাচিউটিকেল কৰ্প’ৰেচন লিমিটেড আই এম পি চি এল আয়ুষ মন্ত্ৰালয়ৰ প্ৰশাসনিক নিয়ন্ত্ৰণাধীন ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠাটোৰ বিষয়ববীয়াসকলে কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ |
সুখবৰ |
By admin On Nov 10, 2022 |
0 46 |
Share |
ইণ্ডিয়ান মেডিচিন ফাৰ্মাচিউটিকেল কৰ্পৰেচন লিমিটেড আই এম পি চি এল হৈছে আয়ুষ মন্ত্ৰালয়ৰ প্ৰশাসনিক নিয়ন্ত্ৰণাধীন এক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান।এই প্ৰতিষ্ঠাটোৰ বিষয়ববীয়াসকলে কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক নতুন দিল্লীত সাক্ষাৎ কৰে আৰু প্ৰায় ১০ কোটি টকাৰ ডিভিডেণ্ড আয়ুষ মন্ত্ৰালয়ৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে হাতত প্... |
উল্লেখযোগ্য যে ভাৰত চৰকাৰে প্ৰতিষ্ঠাটোক মিনি ৰত্ন শ্ৰেণী ২ৰ মৰ্য্যদা প্ৰদান কৰিছে আৰু প্ৰতিষ্ঠানটোৰ হৈছে আই .এছও ৯০০১.২০১৫ প্ৰমানপত্ৰ প্ৰাপ্ত।ইণ্ডিয়ান মেডিচিন ফাৰ্মাচিউটিকেল কৰ্পৰেচন লিমিটেডে ১৮ টা আয়ুৰ্বেদিক সামগ্ৰীৰ বাবে ডি চি জি দ্বাৰা বিশ্ব স্বাস্থ্য সংস্থা জি. এম পি চি ও পি পি প্ৰমানপত্ৰ লাভ কৰিছে।প্ৰতিষ্ঠানটোৱে ব... |
0 46 |
Share FacebookTwitterGoogle+ReddItWhatsAppPinterestEmail |
admin 6313 posts 25 comments |
Prev Post |
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰূপালী জয়ন্তী বৰ্ষ উদযাপন উদ্বোধনী অনুষ্ঠানত অংশ ল’লে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা<eot>গুৱাহাটী বিশ্ববিদ্যালয় ৭২ বছৰীয়া ইতিহাসত ২৪ ফ্ৰেব্ৰুৱাৰীত বিশ্ববিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব ২৮ সংখ্যক দীক্ষান্ত সমাৰোহ ৷ ২০১৬ চনত বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহৰ পৰিৱৰ্তে বিশ্ববিদ্যালয় খেলপথাৰত... |
ইয়াৰ পূৰ্বে সমাৰোহ সমূহত যিমান সংখ্যক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল তাৰ পৰিৱৰ্তে এইবাৰ প্ৰায় চাৰি হেজাৰ ক্ষমতাযুক্ত আসনৰ লগতে ৩৮ লাখ টকাৰ ব্যয়ৰে বৃহৎ পেণ্ডেল নিৰ্মাণ কৰা হৈছে ৷ |
ৰাজ্যপাল জগদীশ মুখী আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিজ্ঞানী শান্তি স্বৰূপ ভাটনগৰ বঁটাৰে বিভূষিত আৰু জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয় প্ৰাক্তন উপাচাৰ্য্যৰ অধ্যাপক সুধীৰ কুমাৰ মজৰীয়ে এইবাৰ সমাৰোহত বিশিষ্ট সাহিত্যিক অৰুপ কুমাৰ দত্তক সন্মানীয় ডি লিট আৰু ভাস্কৰ্য্য সিন্ধি বীৰেণ সিংহক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হ’ব ব... |
আনহাতে সংবাদমেলত সমাৰোহৰ আহ্বায়ক অধ্যাপক অখিল ৰঞ্জন দত্তই কয় যে এইবাৰ সমাৰোহত ভাগ লোৱা শিক্ষাৰ্থী সকলৰ মাজৰপৰা ৰাজ্যৰ পৰম্পৰাগত কৃষ্টি , সংস্কৃতি প্ৰতিফলিত হ’ব আৰু শিক্ষাৰ্থী সকলে পৰিধান কৰা সাজপাৰ সমূহ এইবাৰ প্ৰথমবাৰলৈ ঘৰলৈ নিব পাৰিব ৷ মূল অনুষ্ঠান ১১ বজাত আৰম্ভ হ’ব আৰু ৯ বজাত পঞ্জীয়নৰ কাম আৰম্ভ হ’ব ৷<eot>শিবিৰটোৰ নঙল... |
দেউতাকে পিছফালে ঘূৰি চাই দেখে, বিজয়ে দেখোন এবাৰ সোঁফালে চাই এবাৰ বাওঁফালে চাই হাতখনৰে বিশেষ ভংগী এটাৰে ‘চেল্যুট’ মাৰি আছে ।ইফালে সিফালে চাই দেখে ওচৰে পাজৰে কোনো নাই । মাজে মাজে মূৰৰ ওপৰতো হাতবুলায় । দুয়োখন হাতেৰে মূৰটোত কিবা এটা ঠিকঠাক কৰি লয় আৰু তাৰ পিছত আকৌ ‘চেল্যুট’ দিয়া আৰম্ভ কৰি দিয়ে । দেউতাকে বিজয়ৰ মূৰটোলৈ... |
বিজয় এটা এঘাৰ বছৰীয়া লৰা । দেউতাক আৰু ঘৰখনৰ জীৱন সংগ্রামে তাক যে একো কথাই শিকোৱা নাই তেনে নহয় । তথাপিও সি যে বহু কথাই নুবুজে । সি শুনিবলৈ পায় ৰাতি হ’লে মাক দেউতাকে বহুতো কিবা কিবিকথা পাতি থাকে । তাৰ বায়েকজনীৰ কথাই বেছিকৈ পাতে, তাইৰ বিয়াৰ কথা । ইস কিবা!! বিনন্দি বাৰ বিয়া দিবলগীয়া হ’লেইনে, তাতকৈ সাতবছৰ মানৰহে ডাঙ... |
ধেৎ আজি কিবা এইবোৰ কথা ভাবিবলৈ পাৰি নেকি!! বিজয়েএইবাৰ দুয়ো হাত ওপৰ কৰি নিজৰে মূৰটো চুই চালে, মানে মূৰৰ ওপৰত থকা টুপীটোচুই চালে । সি চাইকেল খনৰ ‘কেৰিয়াৰ’ খনত ভালকৈ বহি ললে । মুখত এটা ভূবনবিজয় কৰা হাঁহি । বিজয়ে এইবাৰ ইমান সময়ে মাজে মাজে চুই থকা, মূৰৰ ওপৰতপিন্ধি থকা টুপীটো খুলি আনি আলফুলে দুই হাতৰ মাজত ল’লে । |
এটা টুপী । |
এটা উৱলি যোৱা টুপী । |
এটা ৰং ধূসৰ হৈ যোৱা টুপী । |
অ’ত ত’ত সূতা ওলাই থকা এটা টুপী । |
ভিতৰখন মলিয়ন হৈ অ’ত ত’ত কিবা কিবি লাগি থকা এটা টুপী । |
ভিতৰত কেঁচা পকা চুলি লাগি থকা কিবা এটা তেল মিশ্রিত গোন্ধ থকা এটা টুপী । |
কিন্তু এটা সেউজীয়া টুপী … … … … … …। |
এজন সৈনিকে পিন্ধা টুপী … … … … … … । |
যি সৈনিকে আমাৰ দেশ খনক অনবৰতে ৰক্ষা কৰিবলৈ অঙ্গীকাৰবদ্ধ হৈ থাকে । তেওঁলোকৰ মাজৰে এজন সৈনিকৰ টুপী । |
যি সৈনিকে আমাক ভবাই তোলে ‘এইখন মোৰ দেশ আৰু মোৰ দেশক ৰক্ষা কৰাটো আমাৰ সকলোৰে পবিত্র কর্তব্য । দেশ বুলিলে আদেশ নালাগে ।’ |
যি সৈনিকৰ বুট জোতাৰ শব্দত আমাৰ মনত দেশপ্রেমৰ জোৱাৰ-ভাটা আনে । |
যি সৈনিকৰ এটা চেল্যুটত আমৰ হৃদয়ত দেশৰ প্রতি থকা শ্রদ্ধা ভক্তি জাগ্রত কৰে । |
ঠিক তেনেকুৱা এজন সৈনিকে পিন্ধা এটা সেউজীয়া টুপি… |
(দুই) |
বিজয়হতঁৰ চহৰ খনত বোলে আগতে ইমান অশান্তি নাছিল । মানুহো ইমানকৈ নাছিল ।অ’ৰ ত’ৰ পৰা বিভিন্ন মানুহ আহি সিহঁতৰ সৰু চহৰখনৰ জনবসতি বঢ়াবলৈ ধৰিছিল ।মানুহবোৰৰ অভাৱো বেছি হ’ল । বেছ মাটি বাৰী থকা মানুহবোৰে খেতি মাটিবোৰ নতুনকৈ অহা মানুহবোৰৰ পৰা বেছি টকা পাই বিক্রী কৰি পেলালে । কিছু মানুহে প্রকৃততে কোনোদিনে বোলে কোনো অভাৱেই অনুভৱ ... |
সিহঁতৰ শান্ত চহৰখনত মাজে মাজেকিবা কিবি অশান্তি হ’বলৈ ধৰিলে । বিজয়ৰ এইবোৰ কথা ভাল নালাগে । সিবিচাৰে বকুল, চেলিম, হাৰাধন, পণ্ডিতৰ পুতেক, গয়াৰী ককাৰ ঘৰত থকা বিজেন্দ্রহতঁৰ লগত টাংগুটি, ফুটবল খেলিবলৈ । স্কুলৰ পৰা আহি ৰকিবহঁতৰ পুখুৰীটোত বৰশীৰে মাছ টুপিয়াবলৈ । নহ’লে দৈমাৰী খুৰাৰ পৰা গল্পৰ নিচিনাকৈ কোৱা সিহঁতৰ চহৰৰ বহু পুৰণ... |
চহৰ খনত নিজৰ মাজতে অশান্তি বোৰ বাঢ়িবলৈ লোৱাত পুলিচ মিলেটাৰী বোৰো আহিবলৈ ধৰিলে । দুই চাৰি জনক মাজে মাজে ধৰিও লৈ যায় । মানুহ বোৰ ইমান বেয়া, কষ্টকৰি সঁজা ঘৰ বোৰ ৰাতি হলে জ্বলাই দিয়ে । বিজয়হঁতৰ দেউতাকৰ এই লৈ বৰ চিন্তা, ভয়ো খাইছিল । এনেবোৰ হ’লে মানুহবোৰৰ বৰ কষ্ট হয় । সি এবাৰ নিজে দেখিছে, সিহঁতৰ স্কুলখনতে মানুহবোৰ আছি... |
শেষত গৈ এদিন চহৰখনৰ পুৰণি মানুহখিনিয়ে কেইবাখনো সভা অনুষ্ঠিত কৰিলে । পোন্ধৰ কিঃমিঃ দুৰত থকা কিবাএটা ডাঙৰ অফিছলৈও ভালেকেইবাৰ গ’ল । এদিন সিহঁতৰ সৰু চহৰ খনত কেইবাখনো ট্রাকতবহু কিবা কিবি বস্তু লৈ সৈনিকৰ দল এটা উপস্থিত হ’লহি । আহিয়েই খালি হৈ থকামাটি এডোখৰত ঘৰ কিছুমান সাজিবলৈ ধৰিলে । এনেকৈয়ে দিনটো কাম কৰি সন্ধিয়াউভতি যায়... |
সেইপিনেৰে গাখীৰ দিবলৈ যাওঁতে এদিন এজন সৈনিকে বিজয়ৰ দেউতাকক ৰখাই কিবা সুধিছিল । বিজয়ে দুই এটা হিন্দী বুজি পায়, ক’বহে নোৱাৰে । সৈনিকজনে তেঁওলোকৰ শিবিৰটোত কিছু গাখীৰ দিব পাৰিব নেকি সুধিছিল । দেউতাকে পিছতহে এইবিষয়ে জনাব পাৰিব বুলি সৈনিকজনক কৈছিল । ৰাস্তাত আহি থাকোতে বিজয়ে দেউতাকক অনুৰোধ কৰিছিল “দেউতা, তেঁওলোকক কালিৰে ... |
দিনটোৰ কথাবোৰ ভাবি ভাবিয়ে বিজয় বিছনাতপৰিল । বিনন্দিবাক সি দিনটোত কি কি হয় সকলো কথা খুলি কয় । সি আজিৰ দিনটোৰ কথাটোও কলে, সেই যে সৈনিক জনে গাখীৰ লোৱাৰ কথা কৈছিল । তাকে শুনি বিনন্দিয়ে তাক ক’লে “অ’ সেইকাৰনে মায়ে আজি ৰশ্মিহঁতৰ ঘৰলৈ গৈছিল, দহ দিনমান আগতে সিহঁতৰ সিন্ধ্রী গাইজনীয়ে পোৱালী জগাইছিল নহয় । দুই লিটাৰমান গাখী... |
-“কি ক’লে, কি ক’লে… পাৰিবনে দিব”- বিজয়ে উত্রাৱল হৈ সুধিলে । |
-“মই কি জানো, মাক সোধগৈ”- বিনন্দিয়ে উত্তৰ দিলে । |
এক জাপে বিজয়ে বিছনাৰ পৰা উঠি মাকৰ ওচৰ পালেগৈ । মাকে চাকি এটাৰে পোহৰ কৰি পুখুৰীটোৰ পাৰত বহি বাচনবোৰ মাজি আছিল । |
মাকে বিজয় অহা দেখি খং কৰিলে -“তোক কৈছিলোনে মই শুই থাক বুলি, কিয় উঠি আহিলি” |
-“নহয় মা, ৰশ্মিহতেঁ কাইলৈ গাখীৰ দিব পাৰিবনে ? পাৰিব নহয়নে মা, তেতিয়া আমি কাইলৈৰ পৰাই শিবিৰত গাখীৰ দিবলৈ যাব পাৰিম” |
-“কি সুধিব আহিছ তই এইবোৰ, এইবোৰ কথা তোৰ দেউতাই ভাবিব । শুই থাকগৈ যা, অই’ বিনন্দি ইয়াক লৈ যা” –মাকে এইদৰে চিঞৰিলে । মাকৰ ভাল নালাগিল । পঢ়াশুনা কৰি থকা ল’ৰাটোৱে এতিয়া এইবোৰ চিন্তাহে মূৰত লয় । কিবা এটা কৰিব লাগিব, দেউতাকৰ লগত কালিৰে পৰা গাখীৰ দিবলৈ যোৱাটোৱেই বন্ধ কৰিব লাগিব । |
দেউতাকে বাঁহৰ জপনাখন বান্ধিবলৈ গৈছিল । তেঁও মাক পুতেকৰ কথাবোৰ শুনি আছিল, হাঁহিও উঠিছিল । খং নকৰিলে, বিজয়ৰ ওচৰলৈ আহিল । দেউতাকক দেখি সি ভয় খালে গালি শুনিব লাগিব বুলি । দেউতাকে তাৰ উৎসু্কতাৰ কাৰন বুজে । সেয়ে তেঁও বিজয়ৰমূৰত হাত থৈ ক’লে : |
-“কালিৰ পৰা শিবিৰত গাখীৰ দিয়াৰ দ্বায়িত্ব তোৰ, দুইলিটাৰৰ পাত্রটো দাঙিবলৈ পাৰিবি নহয় । মই আজি সন্ধিয়া শিবিৰলৈ গৈ কথা দিআহিছো । যা এতিয়া শুগৈ ।” |
(তিনি) |
কিবা কিবিবোৰ ভাবি থাকোতে কেতিয়ানো টোপনি আহিল বিজয়ে ক’বই নোৱাৰিলে । দেউতাকৰ চাইকেলৰ টিলিঙাৰ শব্দতহে টোপনি ভাগিল । সেইয়া তাৰ মানে দেউতাকে চুবুৰীটোৰ পৰা গাখীৰ সংগ্রহকৰি ঘৰ আহি পালেহিয়েই । বিজয়ে একেকোবে বিছনাৰ পৰা নামি আহিল । ‘টুথব্রাছ’ ডাল লৈয়েই চিধা পুখুৰীৰ পাৰলৈ গ’ল । মুখ হাত ধুই পানী এগিলাচৰ সৈতে দুখন ‘বিস্কুট’ খ... |
-“আজি যাওঁক দিয়াচোন, পিছলৈ দেখা যাব কি কৰো ।” –দেউতাকে উত্তৰ দিলে । |
ওস্ ৰক্ষা! ভাল লাগি গ’ল বিজয়ৰ মনটো, মাকে দেখোন গাখীৰ দিবলৈ যোৱাটো বন্ধ কৰিবই ওলাইছিল । |
বিজয়ৰ আজি কিয় এনে ভাব হ’ল যে শিবিৰটোলৈ ইমান দূৰ বাটনে !সদায়ে দেখোন আহিয়েই থাকে এইফালেৰে; কেতিয়া পাব, কেতিয়া পাব ! দেউতাকক বেগেৰে চাইকেলখনচলাবলৈও ক’ব নোৱাৰে । হেন্দেলৰ দুয়োফালে গাখীৰৰে ভৰা ডাঙৰ ডাঙৰ দুটা পাত্র, তাতে আকৌ তাৰ হাততো দুই লিটাৰৰ পাত্র এটা । পৰি যাব পাৰে, সেয়ে সি তাৰহাতত থকাটো ভালদৰে খামুচ মাৰি ধৰি আছ... |
“সৈনিক শিবিৰৰ ভিতৰখন চাবলৈ, |
আমাক বেয়া মানুহখিনিৰ পৰা ৰক্ষা কৰিবলৈ অহা সৈনিককেইজনক ওচৰৰ পৰা চাবলৈ, |
ৰাতিপুৱা মাজে মাজে পৰিষ্কাৰ কৰিবলৈ লোৱা দীঘল নল থকা বন্দুক কেইটা ওচৰৰ পৰা চাবলৈ, |
ৰঙা ৰঙা বাল্টিৰ নিচিনা পাত্রকেইটাতনো কি ৰাখিছে চাবলৈ, |
আৰু আৰু সৈনিকে পিন্ধা সেউজীয়া টুপী এটা এবাৰ নিজ হাতেৰে চুই চাবলৈ ।” |
ভালেই হ’ল, এই কথাবোৰ ভাবি ভাবি আহি থাকোতে কেতিয়ানো সৈনিক শিবিৰটো আহি পালেহি কবই নোৱাৰিলে ! তাৰ সৰু বুকুখন অলপ ধপধপাইছে নেকি বাৰু । নহ’বনো বাৰু কিয়, তাৰ যে সপোনটো ফলিয়াবলৈ আগবাঢ়িছে । দেউতাকে তাক ক’লে- |
-“যা, গাখীৰখিনি দি আহগৈ । তোক সকলোৱেই চিনে, মোৰ লগত যে আহি থাক এইপিনেৰে । তোক দেখিলেই তেঁওলোকৰ কোনোবা নহয় কোনোবা এজন আগবাঢ়ি আহিবই । মই পূৱফালৰ মানুহকেইঘৰত গাখীৰখিনি দি আহোগৈ, মই অহালৈ ইয়াতে ৰৈ থাকিবি । তেওঁলোক ভাল মানুহ, তোৰ কথাও বুজি পাব । আমাৰ কথা বুজি পোৱা, কব জনা কেইবাজনো লোক শিবিৰটোত আছে।” |
শিবিৰটোৰ জপনামুখৰ পৰাই দেখিলে এজনে দীঘল নল থকা বন্দুক এটাপৰিষ্কাৰ কৰি থকা । সি আগবাঢ়ি গ’ল । তাক দেখি সৈনিক এজনে মুখত হাঁহি এটা লৈআগবাঢ়ি আহিল । ভঙা ভঙা হিন্দী-অসমীয়াৰে তাৰ নামটো সুধিলে, গাখীৰৰ পাত্রটো হাতত ল’লে । “বিজয়” নামটো শুনি সৈনিকজনে খুব ভাল পালে । বিজয়ে কৌতুহলবোৰ দমাব নোৱাৰি তাত থকা বস্তু বোৰৰ বিষয়ে এফালৰ প... |
তেঁওলোকৰ ৰাতিপুৱাৰ আহাৰ খাবৰ সময় হৈছিল বোধকৰো, তাকো দেখোন পানী এগিলাচৰ সৈতে এখন প্লেটত ৰুটি তৰকাৰী দি গ’ল । বাপৰে ইমানডাঙৰ আৰু মোটা ৰুটি । সি কিন্তু নাখাওঁ বুলি নকলে । ৰুটি এটুকুৰা ছিঙি লৈঅলপ তৰকাৰীৰ লগত মুখত ভৰা্লে । ইমান জ্বলা দিছে তৰকাৰীখনত, ৰুটিখনো বৰ টান ।দুধোকমান পানী পি ল’লে কিন্তু তথাপিও সি খাবলৈ নেৰিলে । কাৰন... |
বিজয়ক দেউতাক অহালৈ আপেক্ষা কৰিবলৈ দি কোঠালীটোৰ পৰা সৈনিক কেইজন বাহিৰলৈ ওলাই গ’ল । সিথিয় হ’ল, ক’ত কি থাকে চাবলৈ ধৰিলে । বেৰত কেইটামান গজাল মাৰি থোৱা আছে । তাত কেইবাটাও টুপী ওলোমাই থৈ দিয়া আছে । টুপী, সৈনিকে পিন্ধা সেউজীয়া টুপী “এবাৰ যদি পিন্ধিবলৈ পালোহেতেন ! নহ’লে এবাৰ চুই চাবলৈ পোৱা হেতেনো” কোনো নাই কাষত । বিজয়ে গ... |
এটা সেউজীয়া টুপী… সি স্পৰ্শ কৰিবলৈ হাত খন আগবঢ়ালে । |
আঃ কি সুখানুভুতি!!সি সেইখিনি যদি একেবাৰে নিজৰ কৰি ধৰি ৰাখিব পাৰিলেহেতেন ! |
ইফালে সিফালে চাই সি মূৰত টুপীটো পিন্ধি ললে । বিজয়ৰ নিজকে এজন সৈনিকৰ দৰেঅনুভৱ হ’ল । ইফালে সিফালে চাই কোঠাটোৰ এমূৰত থকা আর্চি খনত নিজকে চাই এটা ‘চেল্যুট’ মাৰিলে । |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.