text stringlengths 0 188k |
|---|
নতুন দিল্লীৰ পুছাত অৱস্থিত ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান একাডেমীৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া এটি অনুষ্ঠানত কেন্দ্ৰীয় কৃষি মন্ত্ৰী ৰাধামোহন সিঙে মহিলা কৃষক দুগৰাকীক সন্মান জনাব। |
আনহাতে, মহিলা কৃষক দুগৰাকীৰ সফলতাৰ বাবে ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই তেওঁলোকক অভিনন্দন জনাইছে। |
নৱনীতা দাসে প্ৰায় ৬৭ বিঘা মাটিত সৰিয়হ, ৰঙা চাউল, ক’লা চাউল, বকুল জহা, জিৰা জহা, ৰঙা বৰা আদি বিভিন্ন জাতৰ ধান খেতিৰ লগতে কেপচিকাম, ভোট জলকীয়া, আলু, মাকৈ, সৰিয়হ, ৰঙালাও আৰু বিভিন্ন ফুলৰ খেতি কৰি ব্যৱসায়িকভাৱে সফল কৃষক হিচাপে প্ৰতিষ্ঠা কৰিছে। |
আনহাতে, আনগৰাকী মহিলা কৃষক দীপিকা ৰাভাই ১৮ বিঘা কৃষি ভূমিত তামোল-পাণ, নাৰিকল, আনাৰস, তৈল খেজুৰ, ছজিনা আৰু অন্যান্য শাক-পাচলিৰ খেতিৰ লগতে ১২ বিঘা মাটিত জৈৱিক জহা ধানৰ খেতি আৰু পাঁচ বিঘা মাটিত উন্নত প্ৰজাতিৰ অমিতা খেতি কৰি বাণিজ্যিক সফলতা লাভ কৰিছে। |
তদুপৰি, দীপিকা ৰাভাই গাহৰি পাম, কুকুৰা পাম, মীন পালন আদিৰ জৰিয়তেও লাভৱান হৈছে। কৃষি সঞ্চালকালয়ৰ সহকাৰী কৃষি তথ্য বিষয়া পংকজনাভ দাসে এক প্ৰেছ বিবৃতিযোগে এই কথা প্ৰকাশ কৰিছে। |
উল্লেখযোগ্য যে অসম চৰকাৰে চলিত বছৰৰ মে’ মাহত ভিয়েটনাম ভ্ৰমণলৈ পঠিওৱা কৃষক দলটোৰ এগৰাকী সদস্য হিচাপে নৱনীতা দাসে অংশগ্ৰহণ কৰিছিল। তদুপৰি, কৃষি ক্ষেত্ৰত লাভ কৰা সফলতাৰ বাবে বিভিন্ন বঁটাৰে সন্মানিত হোৱা নৱনীতা দাসক উপ-ৰাষ্ট্ৰপতি এম ভেংকায়ানাইডুৱে শ্ৰেষ্ঠ কৃষকৰ সন্মান প্ৰদান কৰিছিল। |
Recent News |
সস্তাত বিচাৰিছিল তেল; পাকিস্তানৰ অনুৰোধ কৰ্ণপাতেই নকৰিলে ৰাছিয়াই |
আজি অসম দিৱস; বৰ অসমৰ ভেটি গঢ়োতা স্বর্গদেউ চাওলুং চুকাফাক সুঁবৰিছে ৰাজ্যবাসীয়ে |
আফগানিস্তানলৈ গৈছে লস্কৰ-জৈশৰ দৰে পাকিস্তানী সন্ত্ৰাসবাদী গোট: দাবী প্ৰাক্তন আফগান সুৰক্ষা প্ৰধানৰ |
পঞ্জাৱী গায়ক সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড গোল্ডি ব্ৰাৰক কেলিফৰ্ণিয়াত আটক |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
Recent News |
FIFA World Cup 2022: খেলপথাৰলৈ ঘুৰি আহিল চাম্বাৰ ছন্দ! দক্ষিণ কোৰিয়াক বিদায় দি কোৱাৰ্টাৰ ফাইনেলত ব্ৰাজিল |
মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াক আন্ত:ৰাষ্ট্ৰীয় বিশ্ব সংবিধান সাংসদ বঁটা |
মহিলাক চোকা অস্ত্ৰৰে আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ; মুৰ্মুষু অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ |
ধৰ্মগুৰুৰ ‘পৰমাত্মা’ স্বীকৃতি বিচৰা আবেদনকৰ্তাক দৃষ্টান্তমূলক শাস্তি স্বৰূপে ১ লাখ টকাৰ জৰিমনা বিহিলে উচ্চতম ন্যায়ালয়ে |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
বৰ্তমান নলবাৰী জিলাৰ বেলশৰ নামৰ এখন গাঁৱত জন্ম লাভ কৰা এই ব্যক্তি গৰাকীয়ে এসময়ত ‘পণ্ডিত’ নামেৰেও সমাদৰ লাভ কৰিছিল৷ |
তেওঁৰ নাম আছিল দণ্ডীৰাম দত্ত৷ মানুহজনক দেখিলেই গাঁৱৰ বুঢ়া-মেথাই এটি বিশেষ ঘটনালৈ মনত পেলাইছিল৷ তেওঁ জন্ম হোৱাৰ সময়তেই অসমত বৰ ভূঁইকঁপ এটা আহিছিল৷ সেইয়েহে বহুদিনৰ বিৰতিৰ পাছত গাঁৱৰ কোনো জ্যেষ্ঠ ব্যক্তিয়ে তেওঁক দেখিলেই মনত পেলাইছিল সেই ভূঁইকঁপটোৰ কথা৷ |
এই লেখাটিত আমি আলোকপাত কৰিবলৈ ওলাইছো দণ্ডীৰাম দত্তই মৌখিক সাহিত্যৰ পৰা লিখিত সাহিত্যৰ ৰূপত প্ৰকাশ কৰা কৌতুক আৰু কাইথেলী অঙ্ক সম্পৰ্কে৷ লেখাটিৰ মাজে মাজে দত্ত ডাঙৰীয়াই কাইথেলী অঙ্ক সম্পৰ্কে কেনেদৰে অহোপুৰুষাৰ্থ কৰি তথ্য সংগ্ৰহ কৰিছিল, সেই বিষয়েও এক আভাস দিবলৈ চেষ্টা কৰা হৈছে৷ |
১৮৯৭ চনত দত্তই জন্ম গ্ৰহণ কৰিছিল সেইসময়ৰ অবিভক্ত কামৰূপ জিলাৰ নলবাৰী অঞ্চলৰ বেলশৰ নামৰ ঠাইত৷ সেয়া আছিল বিংশ শতিকাৰ প্ৰথম দশক৷ সৰুৰে পৰাই নিজৰ মেধাশক্তিৰ পৰিচয় দিয়া সেই সন্তানটিৰ পিতৃ আছিল স্বৰ্গীয় মাধৱৰাম দত্ত আৰু মাতৃ আছিল জল্টিপ্ৰিয়া দত্ত৷ দণ্ডীৰাম দত্তক সমনীয়াই দণ্ডী বুলি সম্বোধন কৰিছিল৷ সেই দণ্ডীয়ে নিজৰ মেধাশক্তিৰ ... |
অসমৰ বিশেষকৈ নামনি অসমৰ বিভিন্ন ঠাইত শিক্ষক হিচাবে কৰ্মৰত দত্তই লাহে লাহে আকৰ্ষিত হৈছিল অসমৰ লোক সংস্কৃতিৰ প্ৰতি৷ অসমৰ বিভিন্ন ঠাইত সিচৰতি হৈ থকা সাঁচিপাতৰ পুথিয়ে তেওঁৰ দৃষ্টি আকৰ্ষণ কৰিছিল৷ কালক্ৰমত অসমৰ প্ৰাচীন পুথি তথা সংস্কৃতিৰ অনুসন্ধানত ব্ৰতী হোৱা দত্তই অসম সাহিত্য সভাৰ প্ৰাচীন অনুসন্ধানকাৰী হিচাবে খ্যাতি লাভ কৰি... |
দণ্ডীৰাম দত্তই অসমৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰিছিল৷ তাৰ কাৰণ আছিল মুখ্যতঃ এটা৷ সেইয়া আছিল প্ৰাচীন পুথিসমূহৰ সংৰক্ষণ৷ এই পুথিসমূহ সংৰক্ষণৰ বাবে ৰাজ্যখনৰ দশোদিশে তেওঁ ঘূৰি ফুৰিছিল৷ বিভিন্ন সত্ৰ, সত্ৰাধিকাৰ তথা বিদ্বানসকলক সাক্ষাৎ কৰি তেওঁ তেওঁৰ লক্ষ্যত উপনীত হৈছিল৷ দোকমোকালিৰ বেলিৰ কিৰণত পৃথিৱী আলোকিত হোৱাৰ দৰেই তেওঁৱো যেন... |
পিছে জ্ঞানপিপাসু দত্তই অনুসন্ধানৰ সময়ছোৱাত আন এক তথ্য লাভ কৰিবলৈ সক্ষম হৈছিল৷ তেখেতে নামনি অসমৰ বিভিন্ন স্থানত এক বিশেষ ধৰণৰ অঙ্ক চৰ্চা চলি থকা বুলি জানিব পাৰে৷ মুখে মুখে প্ৰচলিত এই গণিতৰ সহায়ত চকুৰ পলকতে বহু কঠিন প্ৰশ্নৰো উত্তৰ লাভ কৰিব পাৰি বুলি তেওঁ অৱগত হয়৷ বিভিন্নজন সহকৰ্মী তথা বিশিষ্ট ব্যক্তিসকলৰ যোগেৰে তেওঁ এই ক... |
সেই সময়ত গুৱাহাটীৰ পানবজাৰত বৰপেটাৰ পৰা উঠি অহা একাংশ লোকে ঘৰ সাজি নিগাজীকৈ থকাৰ ব্যৱস্থা কৰিছিল৷ এই ঠাইৰ নাম আছিল বৰপেটীয়া পাৰা৷ এই বৰপেটীয়া পাৰাত বাস কৰা স্বৰ্গীয় প্ৰসন্ন নাৰায়ণ চৌধুৰীৰপৰা এই বিশেষ অঙ্ক চৰ্চা মাখিবাহাত প্ৰচলিত হৈ আছে বুলি দণ্ডীৰাম দত্তই জানিব পাৰে৷ স্বৰ্গীয় চৌধুৰীৰ উপদেশমৰ্মে দত্তই মাখিবাহাত সাক্ষাৎ ... |
“পৰমপূজ্যপদ শ্ৰীযুত প্ৰসন্ন নাৰায়ণ চৌধুৰী মহাশয়ে এই অঙ্কৰ কথা কৈ উৎসাহ দিয়ে আৰু মাখিবাহা গাঁৱৰ মাননীয় ভূতপুৰ্ব কাইথেলী বিদ্যাৰ বুঢ়া পণ্ডিত স্বৰ্গীয় বুদ্ধি নাৰায়ণ চৌধুৰী মহাশয়ে বহুত অঙ্ক মুখেৰে কয় আৰু আখৰ শিকায়৷ ” ( দত্ত, কাইথেলী অঙ্ক ) |
দণ্ডীৰাম দত্তই স্বৰ্গীয় বুদ্ধি নাৰায়ণ চৌধুৰীৰপৰা এইবিধ অঙ্কৰ নাম কাইথেলী অঙ্ক বুলি জানিব পাৰে৷ পৰৱৰ্তী সময়ত দত্তই নামনি অসমৰ কেইবাজনো পণ্ডিত যেনে স্বৰ্গীয় চন্দ্ৰকান্ত শৰ্মা (মাখিবাহা), স্বৰ্গীয় দেউৰাজ মহন্ত (সৰ্থেবাৰী), স্বৰ্গীয় ঘনকান্ত অধিকাৰী (পাটবাউসী) আদিক সাক্ষাৎ কৰে আৰু কাইথেলী অঙ্কৰ বিষয়ে তেওঁ খৰচি মাৰি অধ্যয়ন ক... |
ইংৰাজ আমোলৰ আগভাগলৈ কায়স্থসকলে মাটিৰ জৰীপ, শষ্য ভাণ্ডাৰত সংৰক্ষণ কৰি ৰখা শষ্যৰ হিচাপ, ঘৰ নিৰ্মাণৰ জোখমাখ, বাঁহ-বেত আদিৰ হিচাপ, ৰাজকীয় সম্পদৰ হিচাপ-নিকাচ আদি বিভিন্ন ধৰণৰ হিচাপ-কৰাৰ উদ্দেশ্যে এই অঙ্কৰ অভ্যাস কৰিছিল বুলি দত্তই কালক্ৰমত জানিব পাৰে৷ এই অঙ্ক চৰ্চাৰ যোগেৰে কাইথেলী অঙ্কৰ বিভিন্ন ভাগ যেনে আঠকঠা দশাংক, বিদ্যাউঠ... |
লাহে লাহে দত্ত এই বিশেষ অঙ্ক চৰ্চা সম্পৰ্কে উৎসাহী লোকসকলক অৱগত কৰা জৰুৰী বুলি অনুভৱ কৰে৷ সেই সময়তেই অসম ভ্ৰমণ কৰিবলৈ অহা বঙালী ভদ্ৰলোক জনৈক বিজয়ভূষণ ঘোষ চৌধুৰীৰ স’তে তেওঁ এই কাইথেলী অঙ্ক সম্পৰ্ক আলোচনা কৰে৷ দত্তই অৱগত কৰা কাইথেলী অঙ্ক সম্পৰ্কে জানিব পাৰি চৌধুৰী দেৱে তেখেতৰ স’তে নামনি অসমৰ বিভিন্ন ঠাইলৈ গৈ কাইথেলী অঙ্... |
কাইথেলী অঙ্কক সাঁথৰ (riddle)ৰ লগত তুলনা কৰিব পৰা যায়৷ এই অঙ্কই চৰ্চাকাৰীসকলক সততে হাঁহিৰ খোৰাক যোগায় আৰু তেওঁলোকৰ জ্ঞান বৰ্ধনতো বিশেষ অৰিহণা যোগোৱা দেখা যায়৷ সাধাৰণতে মানুহৰ মুখে মুখে প্ৰচলিত এই অঙ্কক কৌতুক অঙ্ক ( Mathematical Zest) বুলিও অভিহিত কৰিব পাৰি৷ আনহাতে যিহেতু এইবিধ অঙ্ক কায়স্থসকলে চৰ্চা কৰি এই বিশেষ ধাৰাটো স... |
কাইথেলী অঙ্ক সম্পৰ্কে কৰা এই আলোচনাত নিমোক্ত অঙ্ক তথা পদ দুটামান সন্নিবিষ্ট কৰা হল৷ আমাৰ বিশ্বাস যে সন্নিবিষ্ট অঙ্কসমূহে পাঠকসকলক কাইথেলী অঙ্ক সম্পৰ্কে সম্যক জ্ঞান দিবলৈ সক্ষম হব৷ |
অঙ্ক: ১ |
“মাহিনা যতেক বোলে কৰিবা দুগুণ৷ |
বুৰী বৎ কণ্ঠ তত কৰিবা একুণ৷ ৷ |
একুণ কৰিলে জানা ৰহয় যে যত৷ |
দিনে প্ৰতি পৰে নিষ্টে জানিবাহা তত৷ ৷ |
অঙ্ক: ২ |
“এক বুঢ়াৰ নটা তিৰী |
নটা নটা হ’ল ছলী৷ |
নটা নটা দিলাক কল |
ছলী ক’লে কিমান হ’ল? |
পদ: ১ |
এক মূৰ দুই জিহ্বা কালকুট খায়৷ |
খৰতৰ বেগে চলে দূৰকো নাযায়৷ ৷ |
পদ: ২ |
ইন্দ্ৰৰ অমৰাৱতী বনে পাৰিজাত আছে৷ |
নিতে দশলক্ষ পুষ্প ফুটি থাকে গাছে৷ ৷ |
শতেক বৎসৰে কোনে কৰিবে কওনা৷ |
একৈক পুষ্পৰ মূল্য লক্ষ কোটি সোণা৷ ৷ |
কাইথেলী অঙ্কই যে অকল সাঁথৰৰ কামহে কৰে, তেনে নহয়৷ বিভিন্ন ব্যাধিত আক্ৰান্ত হ’লে কৰিবলগীয়া আৰু নকৰিবলগীয়া কাৰ্য সম্পৰ্কেও এই কাইথেলী অঙ্কই বিভিন্ন পৰামৰ্শ দান কৰে৷ |
দণ্ডীৰাম দত্তই এই বিশেষ অঙ্কবিধক সংৰক্ষণ কৰাৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা পালন কৰিছিল৷ উল্লেখযোগ্য যে এই কাইথেলী অঙ্ক প্ৰথম অৱস্থাত মানুহৰ মুখে মুখে প্ৰচলিত হৈ আছিল৷ অৱশ্যে বিভিন্ন প্ৰাচীন পুথিতো এই কাইথেলী অঙ্ক সম্পৰ্কে ব্যাখ্যা কৰা হৈছিল৷ নামনি অসমৰ বিভিন্ন ঠাই ভ্ৰমণ কৰি দণ্ডীৰাম দত্তই এই অঙ্ক সম্পৰ্কে যথেষ্ট তথ্য আৱিষ্... |
কাইথেলী অঙ্ক অন্বেষনৰ প্ৰক্ৰিয়াৰ সতে দত্ত একাত্ম হৈ পৰিল৷ তেও এই বিষয়ৰ ওপৰত ভিত্তি কৰি ‘কাইথেলী অঙ্ক’, ‘কৌতুক’, ‘কৌতুক আৰু কাইথেলী অঙ্ক’ আদিকে ধৰি কেইখনমান গ্ৰন্থ প্ৰকাশ কৰিলে৷ এনেদৰে নামনি অসমত প্ৰচলিত এই বিশেষ গণিত চৰ্চাক তেওঁ জনপ্ৰিয় কৰি তুলিলে তেওঁৰ গ্ৰন্থসমূহৰ যোগেদি৷ দণ্ডীৰাম দত্ত সেই সময়ৰ অসমৰ ৰাজধানী শ্বিলং চ... |
প্ৰায় এশৰো অধিক পুথি প্ৰণয়ন কৰা দণ্ডীৰাম দত্তই অকল যে কাইথেলী অঙ্ক সম্পৰ্কে অধ্যয়ন কৰি ইয়াক জনপ্ৰিয় কৰি তুলিছিল, তেনে নহয়৷ অসমৰ বিভিন্ন ঠাইত সিচৰতি হৈ থকা প্ৰাচীন সাঁচিপতীয়া পুথিসমূহ তেওঁ সংগ্ৰহ কৰি অসমীয়া লোকসংস্কৃতিক চহকী কৰি থৈ গৈছে৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোকসংস্কৃতি গৱেষণা বিভাগৰ অধীনত তেওঁ এই সাঁচিপতীয়া পুথিসমূহ... |
আজীৱন কাইথেলী অঙ্ক আৰু সাঁচিপতীয়া পুথি সংগ্ৰহত নিয়োজিত হৈ থকা দণ্ডীৰাম দত্তই ১৯৮৬ চনত মৃত্যুবৰণ কৰে৷ যদিও তেওঁৰ দ্বাৰা সংগৃহীত আৰু প্ৰচাৰিত কাইথেলী অঙ্ক সম্পৰ্কে আজিকোপতি বহুলভাবে আলোচনা কৰা হোৱা নাই, তেওঁৰ গ্ৰন্থসমূহ বিশদভাবে অধ্যয়ন কৰি কাইথেলী অঙ্ক সম্পৰ্কে পঢ়ুৱৈ সকলে বহু তথ্য লাভ কৰিবলৈ সক্ষম হয়৷ |
সহায়ক গ্ৰন্থ: |
অসমীয়া: |
১৷ দণ্ডীৰাম দত্ত: কাইথেলী অঙ্ক |
২৷ দণ্ডীৰাম দত্ত: কৌতুক আৰু কাইথেলী অঙ্ক |
৩৷ দণ্ডীৰাম দত্ত: কৌতুক আৰু কাইথেলী অঙ্কৰ গৱেষণা |
৪৷ দণ্ডীৰাম দত্ত: কৌতুক (খুহুতীয়া হাঁহি ধেমালিৰ) |
৫৷ হৰিনাৰায়ণ দত্তবৰুৱা৷ (সম্পাদিত): প্ৰাচীন কামৰূপীয় কায়স্থ – সমাজৰ ইতিবৃত্ত |
বাংলা: |
১৷ দণ্ডীৰাম দত্ত: কৌতুক ( বঙ্গভাষায়) |
ইংৰাজী: |
১৷ Dandiram Dutta: Kautuk (Translated by Tarini Kanta Bhattacharya) |
তথ্যদাতাৰ নাম: |
১৷ শ্ৰীৰমা দত্ত |
২৷ শ্ৰীউদয় বৰ্মন |
৩৷ শ্ৰীসত্য তালুকদাৰ |
← কৃত্ৰিম বানপানীৰ পৰা চহৰীয়া অঞ্চলক ৰক্ষা কৰোঁ আহক৷ —ড. অনুজ বৰুৱা |
জাপানৰ অভিজ্ঞতা –ডা° ভূপেন শইকীয়া → |
You May Also Like |
ব্যক্তিগত শিক্ষানুষ্ঠানবোৰৰ আকাশলঙ্ঘী মাচুলত অতিষ্ঠ দুখীয়া-নিচলা (নিতুল বৰা) |
August 14, 2014 0 |
কৰ্মবিমুখতাৰ বাবে অসমীয়াই চাহবাগিচা হেৰুৱাইছিল নেকি? (ৰঞ্জীত গোবিন্দ বৰা) |
September 15, 2012 0 |
ভাৰতত যৌন শিক্ষাৰ স্বৰূপ – আৰহান ইনামূল |
August 20, 2019 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
1 Comment |
Oldest |
Newest Most Voted |
Inline Feedbacks |
View all comments |
“কাইথেলী অংক”ৰ পৰিচয় - এই সময়ত ᴾᴶᴹ |
2 years ago |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.