text stringlengths 0 188k |
|---|
সাৱধান! ‘চীনে বৃদ্ধি কৰিছে পাৰমাণৱিক অস্ত্ৰৰ ভাণ্ডাৰ!’ |
চূণশিল খনিত ভয়ংকৰ স্খলন, মহিলাসহ ৭ শ্ৰমিকৰ মৃত্যু, বহু শ্ৰমিক আৱদ্ধ |
যোগীৰ দুই সতীৰ্থলৈ মুখ্যমন্ত্ৰীত্বৰ টোপ অখিলেশৰ; গাদী যাব নেকি যোগীৰ? |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
Prabir Mitra |
Translator : Pankaj Das |
Language |
Assamese |
English |
Odia |
Tamil |
Urdu |
Hindi |
Marathi |
Assamese |
Kannada |
Bengali |
Malayalam |
Read the story in pictures |
Share |
Print this story |
Belgaum , Karnataka |
See more from this region |
এদিন আবেলি মই লগ পোৱাৰ সময়ত নিজৰ ভেড়াছাগলীৰ জাকটোৰ সৈতে এছ বান্দেপ্পা বাগালকোট-বেলগৌম পথেৰে গৈ আছিল। ভেড়াৰ জাকটোৰ সৈতে অলপ সময় থমকি ৰোৱাৰ বাবে তেওঁ পথাৰ বিচাৰি আছিল। “এতিয়া মোৰ কাম হ’ল মাটিৰ মালিকক বিচাৰি উলিওৱা, কিয়নো তেওঁৰ মাটিৰ বাবে মোৰ ভেড়াজাকে যি সাৰ এৰিব, তাৰ বাবে মাটিৰ মালিকে মোক ভাল পৰিমাণৰ টকা দিব,” তেওঁ কয়... |
অক্টোবৰ-নৱেম্বৰৰ পৰা মাৰ্চ-এপ্ৰিল পৰ্যন্ত কৰ্ণাটকৰ পশুপালক কুৰুবাসকলৰ (ৰাজ্য চৰকাৰৰ তালিকাত অনুসূচিত জাতিৰূপে তালিকাভূক্ত) দুই-তিনিটা পৰিয়ালৰ একোটা গোটে এখন ঠাইৰ পৰা আন ঠাইলৈ গৈ থাকে। সাধাৰণতে একেটা পথেৰে তেওঁলোকে যায় আৰু আনুমানিক মুঠ ৬০০ৰ পৰা ৮০০ কিলোমিটাৰ পৰ্যন্ত এই যাত্ৰাত সামৰি লোৱা হয়। তেওঁলোকৰ ভেড়া আৰু ছাগলীবিলা... |
“ভূ-স্বামীৰ মাটিত ভেড়া আৰু ল’ৰা-ছোৱালীক লৈ থকা এতিয়া ইমান সহজ নহয়,” নীলাপ্পা চাচড়িয়ে কয়। বেলগৌম (এতিয়াৰ বেলগাভি) জিলাৰ বালিহোংগাল তালুকত বালিহোংগাল-মুনাৱাল্লি পথৰ ওচৰত এখন পথাৰত মই তেওঁক লগ পাইছিলো, সেই সময়ত তেওঁ ভেড়াবোৰক বাবে ৰছীৰে গঁৰাল তৈয়াৰ কৰাত ব্যস্ত আছিল। |
এয়াই একমাত্ৰ পৰিৱৰ্তন নহয়, যি পশুপালক কুৰুবাসকলে সন্মুখীন হ’বলগীয়া হৈছে। যোৱা দুটা দশকত তেওঁলোকৰ ভেড়াৰ ঊল (যি ভেড়া কেৱল দক্ষিণ-মধ্য ভাৰতৰ দাক্ষিণাত্য অঞ্চলৰ পাৰ্বত্য ভূমিত জন্ম হয়)ৰ চাহিদা হ্ৰাস পাইছে। দাক্ষিণাত্যৰ স্বাস্থ্যৱান হৃষ্টপুষ্ট ভেড়াবিলাকে দীৰ্ঘদিনৰ পৰা ভূমিৰ অৰ্ধ-অনুৰ্ব্বৰ অৱস্থা প্ৰতিহত কৰি আহিছে। স্থানী... |
বেলগাভি জিলাৰ ৰামদুৰ্গ তালুকৰ দাৰিভাৱি সালাপুৰ গাঁৱৰ বোৱনীসকলো এই ঊলৰ ক্ৰেতা আছিল। অধিকাংশ বোৱনী সম্প্ৰদায়টোৰ উপগোট কুৰুবাৰ ভিতৰত পৰে। (কুৰুবাসকলৰ স্থায়ী ঘৰ আৰু গাওঁ থাকে, বিভিন্ন উপগোট আছে, যেনে পশুপালক, বোৱনী, খেতিয়ক তথা আনান্য)। এসময়ত তেওঁলোকে তাঁতশালত প্ৰস্তুত কৰা কম্বল দেশৰ সেনাবাহিনীৰ মাজত জনপ্ৰিয় আছিল, এতিয়া সেই... |
“মিশ্ৰিত সংশ্লেষিত (চিন্থেটিক) সূতাৰ লগতে আন আন ধৰণৰ ঊলৰ সামগ্ৰীকে ধৰি সস্তীয়া বিকল্প বজাৰত উপচি পৰাৰ ফলত দাক্ষিণাত্যৰ ঊলৰ চাহিদা হ্ৰাস পাবলৈ ধৰিছে,” দাৰিভাৱি সালাপুৰ গাঁৱৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ দূৰৰ হাভেৰি জিলাৰ ৰাণেবেন্নুৰ চহৰৰ এখন দোকানৰ মালিক দীনেশ শেঠে কয়। |
PHOTO • Prabir Mitra |
PHOTO • Prabir Mitra |
বাওঁফালেঃ মূল পথেৰে (ইয়াত বাগালকোট-বেলগৌম) খোজকাঢ়ি যোৱা ইমান সহজ নহয়, কেতিয়াবা ভেড়াবিলাক বেমাৰত পৰে বা আহত হয়। সোঁফালেঃ ওখোৰা-মোখোৰা ভূ-ভাগত প্ৰব্ৰজন কৰা সিহঁতৰ নিজৰ সমস্যা। ভূস্বামীৰ লগত যদি ভেড়া চৰোৱা আৰু সাৰৰ চুক্তি নাথাকে, তেন্তে ভেড়া পালকসকলে তেনে পথাৰৰ পৰা আঁতৰি থাকিব লাগিব |
দুই দশকৰ আগতে যেতিয়া এই কম্বল আৰু ৰাগবোৰৰ চাহিদা অতি বেছি আছিল, তেতিয়া বোৱনীসকলে কুৰুবা পশুপালকসকলৰ পৰা কিলোগ্ৰামত ৩০-৪০ টকাকৈ ঊল ক্ৰয় কৰিছিল। এতিয়া তেনে ঊল ৮-১০ টকাত পোৱা যায়। বোৱাৰ পিছত ডাঙৰ কম্বলবিলাক স্থানীয় দোকানত ৬০০-৮০০ টকাত বিক্ৰী হয় আৰু সৰু আকাৰৰ বিলাক ২০০-৩০০ টকাত বিক্ৰী কৰিব লাগে। পশুপালকসকলৰ বাবে এই উপাৰ্জন... |
দাৰিভাৱি সালাপুৰ আৰু আন গাঁৱৰ মহিলাসকলে ঊলৰ উপাৰ্জন স্থিৰ কৰিবলৈ চলোৱা প্ৰচেষ্টা হিচাপে নিজে তাঁতশালত ঊল বব পৰা কৰি সেই ঊলেৰে তাঁতশালত কম্বল বয়- ইয়াৰ বাবে আত্মসহায়ক গোটত মহিলাসকল সংগঠিত হৈছে। এই সম্প্ৰদায়ৰ পুৰুষসকলে এতিয়া কৃষিকাৰ্যত বেছিকৈ মনোনিবেশ কৰিছে। |
পানীত হাঁহ নচৰা অৱস্থা নহ’বলৈ কুৰুবাসকলেও বেলেগ বেলেগ পন্থা বাচি লৈছে। বেলাগাভিৰ বেইলহোংগাল তালুকৰ চম্পাগাওঁ ব্লকৰ মেকালমাৰাভি গাঁৱৰ বিশেষভাৱে সক্ষম কুৰুবা বোৱনী দাস্তাগিৰ জামদাৰ নামৰ লোকজনে মৰাপাট, চামৰা আৰু ঊল মিহলি কৰি বেগ আৰু ৰাগ তৈয়াৰ কৰিছে। “এই সামগ্ৰীবিলাক স্থানীয় বজাৰত বিক্ৰী কৰিবপৰা যাব। মাজে-সময়ে বেংগালুৰুৰ প... |
কিছুমান ভেড়াপালকে জীৱিকা উপাৰ্জন কৰিবলৈ ভেড়াৰ গাখীৰ বিক্ৰী কৰে আৰু মাংসৰ বাবে ভেড়া বিক্ৰী কৰিবলৈ ধৰিছে। ৰাজ্য চৰকাৰে (কৰ্ণাটক ভেড়া ছাগলী আৰু ঊল উন্নয়ন নিগমৰ জৰিয়তে) ঊলতকৈ বেছি মাংস ওলোৱা ডেক্কানী ভেড়াৰ উপৰি ৰেড নেল্লোৰ, য়েলগু আৰু মদগ্যাল প্ৰজাতিৰ ভেড়া পালনত গুৰুত্ব দিছে, কুৰুবা সম্প্ৰদায়ৰ একাংশ লোকেও ডেক্কানীৰ উপ... |
দুই দশক ধৰি কৰ্ণাটকৰ পশুপালকসকলৰ মাজত কাম কৰি অহা এজন স্থানীয় পশু চিকিৎসকে মোক কয় যে তেওঁলোকৰ ভেড়াবিলাক দেখাত স্বাস্থ্যৱান কৰি তুলিবলৈ কিছুমান কুৰুবা পশুপালকে ভেড়াবোৰক ঔষধ খুৱায়। সমস্যাটো হৈছে যে ভেড়াপালকসকলে প্ৰায়ে পশু চিকিৎসকৰ লগত আলোচনা নকৰাকৈ অৰ্হতাহীন ঔষধ বিক্ৰেতাৰ পৰা ঔষধ ক্ৰয় কৰে। |
পুনৰ বাগালকোট-বেলগৌম ৰোডৰ প্ৰসংগলৈ আহিছো, এছ বান্দেপ্পাই সুবিধাজনক পথাৰৰ সন্ধান চলাই আছে। প্ৰায় এক দশকমানৰ আগৰে পৰা উত্তৰ কৰ্ণাটকৰ বহুতো খেতিয়কে জৈৱসাৰ ব্যৱহাৰৰ প্ৰতি পিঠি দি ৰাসায়নিক সাৰ প্ৰয়োগ কৰাত গুৰুত্ব দিবলৈ ধৰিছে। ফলস্বৰূপে বান্দেপ্পা বা আন ভেড়াপালকৰ বাবে এতিয়া ভেড়াৰ গোবৰ নিশ্চিত উপাৰ্জনৰ উৎস হৈ থকা নাই, বছৰৰ ... |
খেতিয়ক আৰু পশুপালকৰ মাজৰ পৰম্পৰাগত সহজীৱিতাৰো অৱসান ঘটিছে। বুজাবুজি কৰিব পৰা কৃষক আৰু সমতলীয় পথাৰৰ সন্ধানত কিছুমান ভেড়াপালকে কষ্টকৰ যাত্ৰা কৰি বহু দূৰ-দূৰণিলৈ নিজৰ ভেড়াবিলাক আৰু প্ৰয়োজনীয় সামগ্ৰী লগত লৈ প্ৰব্ৰজন কৰে। |
PHOTO • Prabir Mitra |
PHOTO • Prabir Mitra |
বাওঁফালেঃ কিছুমান পৰিয়ালে ঘৰুৱা লাগতিয়াল সামগ্ৰী, ল’ৰা-ছোৱালী, ভেড়া আৰু ছাগলী সকলো লগত লৈ ভেন ভাড়া কৰি বহু দূৰলৈ প্ৰব্ৰজন কৰে। ঘোৰাৰ দৰে ডাঙৰ জন্তু থাকিলে নতুন ঠাইলৈ খোজ কঢ়াই নিয়ে। সোঁফালেঃ কিছুমান পৰিয়াল এতিয়াও গৰুৰ গাড়ীৰে যাত্ৰা কৰে। বেলাগাভি জিলাৰ পৰাশগড় ব্লকৰ চাচাৰি গাঁৱৰ আশে-পাশে এই দৃশ্য |
PHOTO • Prabir Mitra |
প্ৰায়ে দুই-তিনিটা পৰিয়ালে একেলগে ভেড়াবিলাক চোৱাচিতাৰ দায়িত্ব ভগায় লয়। তেওঁলোকে ডাঙৰ পৰিয়ালৰ দৰে বাস কৰে আৰু (অক্টোবৰ-নৱেম্বৰত) দেৱালীৰ পিছত একেলগে প্ৰব্ৰজন কৰে আৰু বসন্তকালত (মাৰ্চ-এপ্ৰিল মাহত) নিজৰ গাঁৱলৈ ঘূৰি আহে |
PHOTO • Prabir Mitra |
এজাক ভেড়াৰ মাজত থাকিলেও ৫ বছৰীয়া বিজয় আৰু ৮ বছৰীয়া নাগাৰাজুৱে ততালিকে নিজৰ ভেড়াবোৰ চিনাক্ত কৰিব পাৰে। “ই মোৰ ভাল বন্ধু,” নাগাৰাজুৱে মিচিকীয়াই হাঁহি মাৰি কয় |
PHOTO • Prabir Mitra |
PHOTO • Prabir Mitra |
বাওঁফালেঃ পিতৃ নীলাপ্পা চাচড়িৰ সৈতে কণমানি বিজয় আৰু নাগাৰাজুৱে তেওঁলোকৰ ঘোৰাটো (গধূৰ সামগ্ৰী কঢ়িওৱাৰ বাবে ঘোৰা ব্যৱহাৰ কৰা হয়)ৰ সৈতে। সোঁফালেঃ কেইবাদিনো পথৰ ওপৰত কটোৱাৰ পিছত নতুন ঠাইত এখন ঘৰ পাতি লোৱা অতি জৰুৰী কাম। ল’ৰা দুটাও কামত লাগিছে। বিজয় মাত্ৰ ৫ বছৰীয়া, কিন্তু কামত খৰ |
PHOTO • Prabir Mitra |
PHOTO • Prabir Mitra |
বেলগাভি জিলাৰ বালিহোংগাল-মুনাৱাল্লি ৰোডৰ এখন খেতি নথকা পথাৰত এপাল ভেড়াৰ সৈতে ভেড়াপালকসকল। সাৰ সংগ্ৰহৰ এনে পৰিৱেশ অনুকূল উপায়ৰ অৱসান ঘটিছে। বহুতো খেতিয়কে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিছে। সোঁফালেঃ যাত্ৰাপথত এখন পথাৰত ৰৈ কুৰুবা পশুপালক গায়ত্ৰী বিমলাই ভেড়াবোৰৰ ওপৰত চকু ৰাখিছে আৰু নিজৰ কণমানি শিশুটিৰ বাবে আহাৰ প্ৰস্তুত কৰিছে।... |
PHOTO • Prabir Mitra |
দ্বিতীয় এখন ঠাইলৈ যোৱাৰ সময়ত সৰু সৰু ভেড়া পোৱালীবোৰক লগত লৈ যোৱা আৰু লালন-পালন কৰা বৰ টান কাম আৰু কণমানি মানৱ শিশুতকৈ ই বেলেগ নহয় |
PHOTO • Prabir Mitra |
PHOTO • Prabir Mitra |
বাওঁফালেঃ প্ৰব্ৰজনৰ সময়ত গৈ থাকোতে আহত বা ৰুগীয়া ভেড়াৰ খুব যত্ন ল’ব লাগে। ইয়াতে আহত ভেড়া এটাক এখন ভেনৰ যাত্ৰীৰ সন্মুখৰ আসনত ৰাখিছে। সোঁফালেঃ কুৰুবাসকলে তেওঁলোকৰ পশুবিলাকক সন্মান কৰে, বিশেষকৈ ঘোৰাক; আলাখানুৰ গাঁৱত ভেড়াপালক এজনে ঘোৰাটোৰ আগত মূৰ দোৱাইছে |
PHOTO • Prabir Mitra |
ডেক্কানী ঊলৰ পৰা ভাল উপাৰ্জন পাবলৈ কিছুমান গাঁৱত মহিলাসকলে আত্মসহায়ক গোট গঠন কৰিছে। দাৰিভাৱি সালাপুৰ গাঁৱত শান্তৱা বেউৰে যঁতৰত সূতা কাটিছে, সাবিত্ৰীয়ে ভেড়াৰ ঊলবিলাক সাহ কৰিছে আৰু লাম্মাছ বেউৰে মহুৰা ফুৰোৱাত তেওঁৰ পালৰ বাবে অপেক্ষা কৰিছে |
PHOTO • Prabir Mitra |
ডেক্কানী কম্বল বয়নৰ বাবে গাঁত তাঁতশাল ব্যৱহাৰ কৰা হয়। তাঁতশালত কনিষ্ঠ নাতিনী নাৰায়নকে ধৰি পি ইশ্বৰাপ্পা আৰু তেওঁ পুত্ৰ বীৰেন্দ্ৰ |
PHOTO • Prabir Mitra |
PHOTO • Prabir Mitra |
বাওঁফালেঃ মেকালমাৰি গাঁৱত উপাৰ্জন বঢ়াবলৈ দাস্তাগিৰ জামদাৰে মৰাপাট, চামৰা আৰু ঊল মিহলি কৰি বেগ আৰু আন সামগ্ৰী বনাবলৈ লৈছে। সোঁফালেঃ দোকানৰ মালিক দীনেশ শেঠে কম্বলৰ গুণাগুণ পৰীক্ষা কৰিছে। দোকানত তেনেকুৱা এখন কম্বলৰ মূল্য ৮০০ টকাৰ পৰা ১৫০০ টকা পৰ্যন্ত হয় আৰু ৰাগবিলাকৰ দাম ৪০০ৰ পৰা ৬০০ টকা হয়। কিন্তু ডেক্কানী কম্বলৰ চাহিদা... |
PHOTO • Prabir Mitra |
ভেড়া-ছাগলী বিক্ৰী কৰা বজাৰত সিহঁতক দেখাত নোদোকা লগাৰ বাবে কিছুমান কুৰুবা লোকে যধেমধে ঔষধ খুৱায়। পশুপালক মাইলাৰা বান্দেপ্পাই নিজৰ ভেড়াবিলাকক (পেলু আৰু বীজাণুনাশক) ঔষধ খুৱায়, তাৰ কাৰণে পশু চিকিৎসকৰ পৰামৰ্শও নলয় |
PHOTO • Prabir Mitra |
কেইটামান ভেড়া বিক্ৰী কৰাৰ আশাত কাকা নাগাপ্পাই তেওঁৰ ভেড়াৰ পালটো ছিৰাত থকা বজাৰলৈ লৈ গৈছে। ডেক্কানীৰ উপৰি আন প্ৰজাতিৰ ভেড়াপালনক উৎসাহিত কৰাৰ বাবে কিছুমান কুৰুবালোকে আন প্ৰজাতিৰ ভেড়া পুহিবলৈ আৰম্ভ কৰিছে। মাংসৰ উদ্যোগত মতা ভেড়াৰ পৰা বেছি দাম পোৱা যায় |
PHOTO • Prabir Mitra |
টুমকুৰ জিলাৰ ছিৰা চহৰত থকা ছাগলী আৰু ভেড়াৰ মঙলবৰীয়া বজাৰলৈ নিয়াৰ বাবে ভেড়াবিলাক এখন ট্ৰাকত উঠোৱা হৈছে |
অনুবাদঃ পংকজ দাস |
Prabir Mitra |
Share |
Prabir Mitra is a general physician and Fellow of The Royal College of Physicians, London, UK. He is an associate of the Royal Photographic Society and a documentary photographer with an interest in rural Indian cultural heritage. |
Other stories by Prabir Mitra |
Translator : Pankaj Das |
Share |
Pankaj Das is a journalist and translator, based in Guwahati. He is the co-founder of newsnextone.com, an Assamese language news portal focused on news related to Assam.<eot>তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত লিডু অঞ্চলৰ অন্যতম ধৰ্মীয় অনুষ্ঠান লিডু কেন্দ্ৰীয় নামঘৰে গৌৰৱোজ্জ্বল ৫০ বছৰ সম্পূৰ্ণ কৰা উপলক্ষে ৫ দি... |
অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকি আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱ গোস্বামীয়ে সাৰগৰ্ভ বক্তব্য ডাঙি ধৰি ধৰ্মপ্ৰাণ ৰাইজক মন্ত্ৰমুগ্ধ কৰে৷ তেওঁ শৰাই ভাঙিবলৈ বা সকাম ভাঙিবলৈকে নাম নহয় বুলি উল্লেখ কৰি নামৰ তাৎপৰ্য হৃদয়ঙ্গম কৰি তাৰ পালন কৰিব পৰাটোহে নামৰ সাৰ্থকতা বুলি কয়৷ |
সন্ধিয়া উদযাপন সমিতিৰ সভাপতি লোকনাথ কোঁৱৰৰ পৌৰোহিত্যত এখন মুকলি সভা অনুষ্ঠিত হয়৷ মুখ্য সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে উদ্দেশ্য ব্যাখ্যা কৰা আৰু আতঁ ধৰা সভাখনত মুখ্য অতিথি ৰূপে সত্ৰাধিকাৰ প্ৰেম নাৰায়ণ গোস্বামী উপস্থিত থাকি নামঘৰটিৰ সোণালী ইতিহাস ৰোমন্থন কৰে৷ |
নিশা যোৰহাটৰ পৰা আমন্ত্ৰিত বৃন্দাবন নাট্যগোষ্ঠীৰ দ্বাৰা বিদুৰথ বিপ্ৰ দামোদৰ আখ্যান শীৰ্ষক নাট ভাওঁনা খনি মঞ্চস্থ কৰা হয়৷ |
দ্বিতীয় দিনা সদৌ তিনিচুকীয়া জিলা ভিত্তিত প্ৰাইজমানি বৰগীত প্ৰতিযোগিতা শিশু সকলৰ মাজত দিহা নাম সদৌ অসম ভিত্তিত মহিলা সকলৰ মাজত দিহা নাম প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ |
বিয়লি ৫ বজাত ডঃ ৰমেন হাজৰিকাৰ সঞ্চালনাত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শৰ তাৎপৰ্য শীৰ্ষক বিষয়ৰ ওপৰত এখনি আলোচনা চক্ৰ আৰু স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হয়৷ |
আলোচক ৰূপে ডঃ ৰঞ্জিত দত্ত উপস্থিত থাকি মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ জীৱনাদৰ্শৰ কথা ব্যক্ত কৰে৷ |
তৃতীয় দিনা সন্ধিয়া ৭ বজাত স্থানীয় যুৱক সকলৰ দ্বাৰা পঙ্কজ শইকীয়াৰ পৰিচালনাত বেদৱতী উপাখ্যান ভাওঁনা মঞ্চস্থ কৰা হয়। চতুৰ্থ দিনা পুৱা ৭-০০ বজাত আই সকলৰ নাম, যুৱক সকলৰ নাম আৰু শিশু সকলৰ নাম দিনৰ ১১-০০ বজাত নাম প্ৰসংগ অনুষ্ঠিত হয়৷ |
Recent News |
ভাৰত জোড়ো যাত্ৰাক উদ্দেশ্যি বিজেপি সমৰ্থকৰ ‘মোদী, মোদী’ ধ্বনি: ‘ফ্লাইং কিছ’-এৰে সঁহাৰি ৰাহুল গান্ধীৰ |
ছিংগাপুৰত সফলতাৰে সম্পন্ন লালু প্ৰসাদ যাদৱৰ বৃক্ক সংৰোপণৰ অস্ত্ৰোপচাৰ: জনালে পুত্ৰ তেজস্বীয়ে |
কিম জঙ উনৰ নতুন ফতোৱা; দেশৰ শিশুসকলৰ নাম ৰাখিব লাগিব ‘বোমা’,’বন্দুক’! |
অস্কাৰলৈ ৰাজামৌলীৰ ‘আৰআৰআৰ’! ভিজুৱেল ইফেক্ট শাখাত মনোনয়ন? |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
বৰপেটা জিলা নেতৃত্বৰ উপস্থিতিত বাঘমাৰা ৰ’জ বাদ একাডেমিত অনুষ্ঠিত সভাখনত ধৰ্মেন্দ্ৰ দাসক সভাপতি, তপন কলিতাক উপ সভাপতি, কিশোৰ কলিতাক সাধাৰণ সম্পাদক, ধনীৰাম দাসক সহকাৰী সাধাৰণ সম্পাদক, অপূৰ্ব দাসক প্ৰচাৰ সম্পাদক আৰু সঞ্জীৱ দাসক সাংগঠনিক সম্পাদকৰূপে লৈ এখন ২১জনীয়া সমিতি গঠন কৰা হৈছে। |
কাৰ্য্যভাৰ গ্ৰহণ কৰি সদস্যসকলে কয় যে আগন্তুক দিনত তেওঁলোকে নিজ জাতিৰ হকে কাম কৰি যাব। |
সাংগঠনিক ভেটি মজবুত কৰাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা সভাখনত জিলা সভাপতি মিহিৰ মেধী, সম্পাদক সত্যজিৎ দেউৰী, উপ সভাপতি হেমন্ত তালুকদাৰ, সাধাৰণ সম্পাদক হিমাংশু কাকতি আৰু সঞ্জীৱ দাস উপস্থিত আছিল। |
Recent News |
ভাৰত জোড়ো যাত্ৰাক উদ্দেশ্যি বিজেপি সমৰ্থকৰ ‘মোদী, মোদী’ ধ্বনি: ‘ফ্লাইং কিছ’-এৰে সঁহাৰি ৰাহুল গান্ধীৰ |
ছিংগাপুৰত সফলতাৰে সম্পন্ন লালু প্ৰসাদ যাদৱৰ বৃক্ক সংৰোপণৰ অস্ত্ৰোপচাৰ: জনালে পুত্ৰ তেজস্বীয়ে |
কিম জঙ উনৰ নতুন ফতোৱা; দেশৰ শিশুসকলৰ নাম ৰাখিব লাগিব ‘বোমা’,’বন্দুক’! |
অস্কাৰলৈ ৰাজামৌলীৰ ‘আৰআৰআৰ’! ভিজুৱেল ইফেক্ট শাখাত মনোনয়ন? |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.