text
stringlengths
0
188k
Recent News
গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ?
পুটিনৰ সতৰ্কবাণী! পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ দৰে পৰিস্থিতিয়েই কিন্তু ক্ৰমে সৃষ্টি হৈছে
কোন জিকিল পাঁচখন ৰাজ্যৰ বিধান সভাৰ উপনিৰ্বাচনত ??
মহাভিযোগত অপসাৰিত ৰাষ্ট্ৰপতি পেদ্ৰো কাষ্টিলো; পেৰুৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হ’ল দিনা বোলুয়াৰ্ট
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
কৰ্ণাটকৰ যক্ষগণত দৰ্শোৱাৰ দৰে ৰাক্ষস
সূচী
1 হিন্দু বিশ্বাসত
1.1 বৈদিক আৰু পৌৰাণিক আখ্যানত
1.2 উৎস
1.3 বিৱৰণ
1.4 হিন্দু কাব্যত
1.4.1 ৰামায়ণত
1.4.2 মহাভাৰতত
2 বৌদ্ধ বিশ্বাসত
2.1 থেৰাৱাডা বৌদ্ধ সাহিত্যত
2.2 মহায়ানা বৌদ্ধ সাহিত্যত
3 বিভিন্ন ভাষাত ৰাক্ষস
4 তথ্য সংগ্ৰহ
5 আৰু পঢ়ক
6 বাহ্যিক সংযোগ
হিন্দু বিশ্বাসতসম্পাদনা কৰক
বৈদিক আৰু পৌৰাণিক আখ্যানতসম্পাদনা কৰক
বৰাহৰ হাতত হিৰণ্যক্ষৰ মৃত্যু
কোৱা হয় যে সত্য যুগৰ শেষৰ ফালে ব্ৰহ্মাৰ নিদ্ৰাৱস্থাৰ শ্বাসৰ পৰা ৰাক্ষসৰ সৃষ্টি হ'ল। ৰাক্ষসসকলে ৰক্ত ইমানেই ভাল পাইছিলে যে জন্ম হৈয়ে তেওঁলোকে ব্ৰহ্মাকে খাবলৈ ধৰিলে। ব্ৰহ্মাই চিঞৰিলে "ৰক্ষাম" (যাৰ অৰ্থ সংস্কৃতত ৰক্ষা কৰা) আৰু বিষ্ণু তেওঁক ৰক্ষা কৰিবলৈ প্ৰকট হ'ল। বিষ্ণুৱে ৰাক্ষসসকলক পৃথিবীলৈ খেদি দিলে।
তেওঁলোকৰ ভাষিক উৎস ঋকবেদৰ ৮৭ নং স্তুতিত পোৱা যায়। তাত তেওঁলোকক মানৱ মাংস ভক্ষণ কৰা যতুধনৰ লগত মিলোৱা হৈছে।[1]
কোনো কোনোৱে ৰাক্ষসসকলক কাশ্যপৰ বংশৰ বুলি কয়, পিছে শৈল্পিক কাৰণত বেদত তেনে কোনো উল্লেখ নাই। সম্ভৱ যে বেদৰ সৃষ্টিৰ সময়ত ৰাক্ষস কাশ্যপৰ বংশৰ হোৱাৰ কথা প্ৰচলিত আছিল যদিও বংশৰ ধাৰণা বেদৰ লিখনশৈলীৰ বাবে সম্পূৰ্ণ বিদেশী আছিল সেয়েহে হয়টো যদিও পুৰাণ আদিত ৰাক্ষসক কাশ্যপৰ বংশধৰ বুলি কোৱা হয়, বেদে সেই কথা নকয়।
উৎসসম্পাদনা কৰক
কাশ্যপৰ বিবাহ দক্ষৰ ১৩জনী কন্যাৰ সৈতে হৈছিল, যাৰ মাজত আছিল অদিতি, দিতি আৰু দনু।
দনুৰ পুত্ৰসকল দানৱ
দিতিৰ পুত্ৰসকল দৈত্য আৰু
অদিতিৰ পুত্ৰসকল আদিত্য, দেৱ বা সুৰ।
বিৱৰণসম্পাদনা কৰক
ৰাক্ষসসকলক দেখাত সদায় কুৎসিত বুলি কোৱা হয়৷ তেওঁলোক বিশাল, ভয়ংকৰ, তেওঁলোকৰ মুখৰ পৰা দুটা বিষদাঁত বাহিৰ হৈ থাকে আৰু তেওঁলোকৰ দীঘল দীঘল নখ থাকে। তেওঁলোক স্বাৰ্থপৰ, জন্তুৰ দৰে আৰু মানৱ ভক্ষণকাৰী; তেওঁলোকে মাংসৰ গন্ধ চিনাক্ত কৰিব পাৰে; অধিক ভয়ানক ৰাক্ষসসকলৰ চকু আৰু চুলি ৰঙা আৰু তেওঁলোকে হাতেৰে মানৱ ৰক্ত গ্ৰহণ কৰে; তেওঁল...
হিন্দু কাব্যতসম্পাদনা কৰক
ৰামায়ণ আৰু মহাভাৰতৰ জগতত ৰাক্ষসসকল আছিল এক জনবহুল গোষ্ঠী। ভাল আৰু বেয়া, দুয়ো প্ৰকাৰৰে ৰাক্ষসৰ উদাহৰণ পোৱা যায়। ৰাক্ষসসকলে যুদ্ধত ভাল আৰু বেয়া, দুয়ো পক্ষৰ হৈ যুদ্ধ কৰিছিল। তেওঁলোক অতি শক্তিশালী যোদ্ধা, নিপুণ জাদুকৰ আৰু মায়াবী আছিল। ৰাক্ষসসকলে মায়াৰে এনে দৃশ্য সৃষ্টি কৰিছিল যি বিশ্বাস কৰোঁতা বা সত্য নজনাসকলৰ বাবে...
ৰাক্ষসসকলক প্ৰায় পৰাধীন সৈনিকৰ ৰূপত দেখুৱা হৈছিল। পিছে কিছু ৰাক্ষসে অত্যন্ত বল অৰ্জন কৰি নায়ক বা অধিনায়ক হিচাপে খ্যাতি লাভ কৰিলে।
ৰামায়ণতসম্পাদনা কৰক
লংকাৰ যুদ্ধ ৰাৱণৰ ৰাক্ষস সেনা আৰু ৰামৰ বানৰ সেনাৰ মাজত হৈছিল।
তাৰকা
দহোটা মূৰ থকা ৰাবণ আছিল ৰাক্ষসসকলৰ এজন ৰজা, আৰু ৰামৰ শত্ৰু। মাৰ্কণ্ডেয় ঋষিয়ে লিখাৰ মতে, ৰাৱণে ৰামৰ পত্নী সিতাক হৰণ কৰি নিজৰ আধিপত্য থকা লংকালৈ লৈ গ'ল। ৰামে বানৰ ৰজা সুগ্ৰীবৰ সহায়ত বানৰ সেনাৰ সহায় লৈ ৰাবণক বধ কৰি সিতাক উদ্ধাৰ কৰিলে।[3]
ৰাবণৰ সৰু ভায়েক বিভীষণে ৰামক সীতা অন্বেষণত সহায় কৰিছিলে[4], বিভীষণৰ সহায়ত ৰামৰ সেনাই সাগৰ পাৰ কৰিলে, অদৃশ্য ৰাক্ষসক হৰুৱালে, ৰামৰ বিজয়ৰ পিছত বিভীষণ লংকাৰ ৰজা হ'ল। ব্ৰহ্মাৰ বৰ লাভ কৰাৰ পিছত বিভীষণে কেতিয়াও বেয়া শক্তিৰ সহায় নকৰাৰ পণ কৰিছিলে[5]।
কুম্ভকৰ্ণ ৰাবণৰ আন এক ভায়েক আছিলে। তেওঁ আছিলে বিশাল আৰু শক্তিশালী। ব্ৰহ্মাৰ দ্বাৰা দীৰ্ঘ নিদ্ৰাৰ বৰ লাভ কৰা কুম্বকৰ্ণ যুদ্ধৰ প্ৰায়ভাগতেই নিদ্ৰাৱস্থাত আছিল। পিছলৈ ৰাবণৰ অনুৰোধত তেওঁ ৰামৰ সেনাৰ সৈতে যুদ্ধ কৰিবলৈ ওলাল-- পিছে তেনেতে বানৰসকলে তেওঁক আক্ৰমণ কৰিলে আৰু তেওঁ হাঁহিবলৈ ধৰিলে। ৰাম আৰু লক্ষ্মণে গোপন ব্ৰহ্মাস্ত্ৰৰে...
ৰামায়ণত কবন্ধ, তাৰক, সূৰ্পনখা, মৰিচ, সুবাহু, খৰ, ইন্দ্ৰজিৎ আদি ৰাক্ষসৰো ভূমিকা আছিল।
মহাভাৰততসম্পাদনা কৰক
হিড়িম্বী - হিড়িম্বা ভগ্নী
Karna Attacks Ghatotkacha
পাণ্ডৱ নায়ক ভীম এজনী ৰাক্ষসীৰ গিৰিয়েক আছিল। হিড়িম্বা এজন ৰাক্ষস আছিল। তেওঁ আছিল মানৱ ভক্ষণকাৰী। পাণ্ডৱসকলৰ গন্ধ পাই, তেওঁ ভগ্নী হিড়িম্বীক পঠিয়ালে। পিছে হিড়িম্বী ভীমৰ প্ৰেমত পৰিল আৰু ভীমক সকলো সত্য ক'লে। ঘটোৎকচ ভীম আৰু হিড়িম্বীৰ পুত্ৰ, তেওঁৰ নাম তেওঁৰ ঘতৰ দৰে মূৰৰ বাবে পৰিল। ঘটোৎকচ সৰুতে হিড়িম্বীৰ লগত থাকিছিল, এ...
বকাসুৰ অন্য এক ৰাক্ষস আছিলে, যিয়ে মানৱো ভক্ষণ কৰিছিলে। প্ৰতিদিনে কোনো এঘৰে তেওঁক খাদ্য যোগান ধৰিব লাগে। এবাৰ ব্ৰাহ্মণ পৰিয়াল এটাৰ পাল আহিল। পিছে তেওঁলোকৰ ঘৰত সেই সময়ত আছিল পাণ্ডৱ। ভীমে কৌশলেৰে বকাসুৰৰ অন্ত কৰিলে।
জতাসুৰ অন্য এক ৰাক্ষস আছিলে যিয়ে ব্ৰাহ্মণ বেশত পাণ্ডৱৰ অস্ত্ৰ চুৰি কৰাৰ চেষ্টা কৰিছিলে। পিছে ভীমে জতাসুৰক বধ কৰিলে। (Book III: Varna Parva, Section 156)। জতাসুৰৰ পুত্ৰই কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ হৈ যুদ্ধ কৰিছিলে। দুয়ো পক্ষতে ৰাক্ষস নায়কসকলৰ বিশেষ ভূমিকা আছিল।
বৌদ্ধ বিশ্বাসতসম্পাদনা কৰক
থেৰাৱাডা বৌদ্ধ সাহিত্যতসম্পাদনা কৰক
মহায়ানা বৌদ্ধ সাহিত্যতসম্পাদনা কৰক
লটাচ সূত্ৰত বুদ্ধদেৱে কিছু ৰাক্ষস ভগ্নীক সূত্ৰটোৰ সুৰক্ষাৰ দায়িত্ব অৰ্পণ কৰাৰ কথা উল্লেখ আছে। তেওঁলোকে সুৰক্ষাৰ বাবে জাদুকৰী ধৰণীও শিকালে।[6]
জাপানী পৰম্পৰাত ৰাক্ষসক ৰাচেৎচু(羅刹) বোলা হয়।
বিভিন্ন ভাষাত ৰাক্ষসসম্পাদনা কৰক
ইণ্ড'নেচিয়ান আৰু মালায় ভাষাত ' ৰাক্সাচা 'ৰ অৰ্থ "বিশালকায় মানুহ", "ডাঙৰ" বা "বৃহৎ আৰু শক্তিশালী" বা "ৰাক্ষস"।[7] Indonesian and Malay are very closely related languages with significant Sanskrit influence.
বঙালী ভাষাত ' ৰাখচ 'ৰ অৰ্থ এনে ব্যক্তি যিয়ে কোনো লাজ বা বোজা অনুভৱ নকৰাকৈ খায়। তেনেদৰে মালায় আৰু ইণ্ড'নেচিয়ান ভাষাতো " ৰাকুচ "ৰ অৰ্থ লুভীয়া।[7]
তথ্য সংগ্ৰহসম্পাদনা কৰক
↑ http://en.wikisource.org/wiki/The_Rig_Veda/Mandala_10/Hymn_87
↑ Gopal, Madan (1990). K.S. Gautam. ed. India through the ages. Publication Division, Ministry of Information and Broadcasting, Government of India. পৃষ্ঠা. 72.
↑ Ramayana (Book III: Vana Parva, Section 271 ff.)
↑ Ramayana (Book III: Vana Parva, Section 281 ff.)
↑ Ramayana (Book III: Vana Parva, Section 273 ff.)
↑ Lotus Sutra, chapter 26, Burton Watson translation
↑ 7.0 7.1 Atmosumarto, Sutanto (2004). A learner's comprehensive dictionary of Indonesian. Atma Stanton. পৃষ্ঠা. 445. ISBN 9780954682804. http://books.google.com/books?id=0PV0NSjCdFAC&pg=PA445.
Freeman, Michael and Claude Jacques (2003). Ancient Angkor. প্ৰকাশক Bangkok: River Books.
Rovedo, Vittorio (1997). Khmer Mythology: Secrets of Angkor. প্ৰকাশক New York: Weatherhill.
আৰু পঢ়কসম্পাদনা কৰক
Pollock, Sheldon (1985/1986). Rakshasas and others, Indologica Taurinensia 13, 263-281
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ৰাক্ষস সম্পৰ্কীয় মিডিয়া ফাইল আছে।
The Mahabharata of Vyasa translated from Sanskrit into English by Kisari Mohan Ganguli, online version<eot>তাজমহল ভাৰতৰ উত্তৰ প্ৰদেশৰ আগ্ৰাত অৱস্থিত এখন ৰাজকীয় সমাধি। মোগল সম্ৰাট শ্বাহজাহানে তেওঁৰ পত্নী অৰ্জুমান্দ বাণু বেগমক মনত ৰাখিবলৈ এই সুন্দৰ স্মৃতিস্তম্ভটো নিৰ্মাণ কৰিছিল, যাক মমতাজ মহল বুলি কোৱা হয়। স্মৃতিস্তম্ভ...
তাজমহল (কেতিয়াবা কেৱল তাজ বুলি কোৱা হয়) মোগল স্থাপত্যৰ এক আকৰ্ষণীয় উদাহৰণ বুলি গণ্য কৰা হয়, যাৰ নিৰ্মাণ পাৰ্চী, তুৰ্কী, ভাৰতীয় আৰু ইছলামিক স্থাপত্যৰ সৈতে জড়িত। যদিও বগা মাৰ্বেল গোমবুজা আকৃতিৰ ৰাজকীয় প্ৰাসাদটো অধিক শ্ৰদ্ধাপূৰ্ণ, তাজ মহল প্ৰকৃততে সামগ্ৰিকভাৱে এক জটিল অভ্যন্তৰীণ স্থাপত্য। ইয়াক ১৯৮৩ চনত ইউনেস্কো বি...
Table of Contents
আৰম্ভ আৰু প্ৰেৰণা
বাগিচা
অন্যান্য ইমাৰাট
সমাধি
ভিত্তি
গম্বুজ
শীৰ্ষ
মিনাৰ
শিলৰ কাৰুকাজ
নির্মাণ
পানী সঞ্চালন আন্তঃগাঁথনি
কারিগর
সামগ্ৰী
ব্যয়
ইতিহাস
পৰ্যটন গন্তব্য
References
আৰম্ভ আৰু প্ৰেৰণা
তাজমহল হৈছে বিশ্বৰ বাবে এটা সুন্দৰ স্মৃতিস্তম্ভ আৰু মনোমোহা স্মৃতিস্তম্ভ। প্ৰেমৰ অবিশ্বাস্যভাৱে স্মৰণীয় ভাস্কৰ্য। ইছলামিক স্থাপত্যৰ এক আশ্চৰ্যকৰ চিহ্ন যি শান্তি আৰু সৌন্দৰ্যৰ প্ৰতীক।
শ্বাহজাহান, যিয়ে তাজ মহল নিৰ্মাণ কৰিছিল
১৬৩১ চনত মোগল কালৰ সমৃদ্ধিশালী সম্ৰাট শ্বাহজাহান তেওঁৰ দ্বিতীয় পত্নী মমতাজ মহলৰ মৃত্যুত গভীৰভাৱে দুখিত হৈছিল। ইয়াৰ পিছত মমতাজ মহলৰ ১৪তম কন্যা গৌহৰ বেগমৰ জন্ম দিয়াৰ সময়ত মৃত্যু হৈছিল।
মমতাজৰ মৃত্যুৰ পিছত তাজ মহলৰ নিৰ্মাণ আৰম্ভ হৈছিল। মূল সমাধিটো ১৬৪৮ চনত সম্পূৰ্ণ হৈছিল আৰু ইয়াৰ চাৰিওফালে থকা অট্টালিকা আৰু বাগিচাটো আৰু পাঁচ বছৰ পিছত নিৰ্মাণ কৰা হৈছিল। ফৰাচী পৰ্যটক ফ্ৰান্সিছ বাৰ্নিয়াৰে ১৬৬৩ চনত আগ্ৰা ভ্ৰমণ কৰি লিখি আছিল:
“i shall finish this letter with a description of the two wonderful mausoleums which constitute the chief superiority of Agra over Delhi. One was erected by Jehan-guyre [sic] in honor of his father Ekbar; and Chah-Jehan raised the other to the memory of his wife Tage Mehale, that extraordinary and celebrated beauty, of...
“মই আগ্ৰাক দিল্লীতকৈ ভাল কৰি তুলিছে বুলি দুটা আশ্চৰ্যকৰ সমাধিবিৱৰণেৰে চিঠিখন শেষ কৰিম। এটা সম্ৰাট জাহাংগীৰে তেওঁৰ পিতৃ আকবৰৰ সন্মানত আৰু আনটো সম্ৰাট শ্বাহজাহানৰ দ্বাৰা তেওঁৰ পত্নীৰ স্মৃতিত নিৰ্মাণ কৰা হৈছিল, য’ত অসাধাৰণ সৌন্দৰ্য আছে, ইমান বেছি যে স্বামী তেওঁৰ পত্নীৰ টোপনিত আছে যে তেওঁৰ পত্নী তেওঁৰ জীৱনত তেওঁৰ পত্নীৰ সৈ...