source_url stringlengths 202 245 | target_url stringlengths 202 245 | text stringlengths 169 36.1k | summary stringlengths 26 293 |
|---|---|---|---|
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A9%E0%A7%A6-%E0%A6%9C%E0%A7%81%E0%A6%B2%E0%A6%BE%E0%A6%87%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A5%E0%A6%AE-%E0%A6%B8%E0%A7%B0%E0%A7%8D%E0%A6%AC%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A9%E0%A7%A6-%E0%A6%9C%E0%A7%81%E0%A6%B2%E0%A6%BE%E0%A6%87%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A5%E0%A6%AE-%E0%A6%B8%E0%A7%B0%E0%A7%8D%E0%A6%AC%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ জুলাই, ২০২২ৰ পুৱা ১০ বজাত প্ৰথম সৰ্বভাৰতীয় জিলা আইন সেৱা প্ৰাধিকৰণৰ বৈঠকৰ উদ্বোধনী অধিৱেশনত ভাষণ আগবঢ়াব৷ ৩০ আৰু ৩১ জুলাই, ২০২২ৰ পৰা বিজ্ঞান ভৱনত ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণ (নালছা)ৰ উদ্যোগত জিলা আইন সেৱা প্ৰাধিকৰণসমূহ (ডিএলএছএ)ৰ প্ৰথমখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈঠকৰ আয়োজন কৰা হৈছে। ডিএলএছএসমূহৰ জৰিয়তে ঐক্যতা আৰু সমন্বয় আনিবলৈ এই বৈঠকত এক সংহত পদ্ধতি গঢ় দিয়াৰ ওপৰত আলোচনা কৰা হ’ব। দেশত মুঠ ৬৭৬খন জিলা আইনী সেৱা প্ৰাধিকৰণ (ডিএলএছএ) আছে। এইবোৰৰ নেতৃত্বত থাকে জিলা ন্যায়াধীশ, যি প্ৰাধিকৰণৰ অধ্যক্ষ হিচাপে কাম কৰে। ডিএলএছএ আৰু ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণ (এছএলএছএ)ৰ জৰিয়তে নালছাই বিভিন্ন আইনী সাহায্য আৰু সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰে। ডিএলএছএসমূহে নালছাই চলোৱা লোক আদালতসমূহ নিয়ন্ত্ৰণ কৰি আদালতৰ ওপৰত বোজা হ্ৰাস কৰাৰ দিশতো অৰিহণা যোগায়। | ৩০ জুলাইত প্ৰথম সৰ্বভাৰতীয় জিলা আইন সেৱা প্ৰাধিকৰণৰ বৈঠকৰ উদ্বোধনী অধিৱেশনত ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয় |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A6%9C%E0%A6%BF%E0%A6%AC%E0%A7%81-%E0%A6%9A%E0%A7%87%E0%A6%87%E0%A7%B0%E0%A6%BE%E0%A6%93%E0%A6%AC%E0%A6%BE-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87-%E0%A6%AE/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A6%9C%E0%A6%BF%E0%A6%AC%E0%A7%81-%E0%A6%9A%E0%A7%87%E0%A6%87%E0%A7%B0%E0%A6%BE%E0%A6%93%E0%A6%AC%E0%A6%BE-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87-%E0%A6%AE/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সজিবু চেইৰাওবা উপলক্ষে মণিপুৰৰ জনসাধাৰণকে প্ৰমুখ্য কৰি আটাইলৈকে শুভেচ্ছা জ্ঞাপন কৰিছে। এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়; "সজিবু চেইৰাওবাৰ বিশেষ উপলক্ষত মণিপুৰৰ জনসাধাৰণকে প্ৰমুখ্য কৰি আটাইকে শুভেচ্ছা জনাইছো। এটি সুখদায়ক আৰু সুস্থ বৰ্ষৰ বাবে জনালো প্ৰাৰ্থনা।" | সজিবু চেইৰাওবা উপলক্ষে মণিপুৰৰ জনসাধাৰণক শুভেচ্ছা প্ৰধানমন্ত্ৰী |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%AE%E0%A7%B0%E0%A6%95%E0%A7%8D%E0%A6%95%E0%A7%8B%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%AE%E0%A7%B0%E0%A6%95%E0%A7%8D%E0%A6%95%E0%A7%8B%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0/ | প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ভাৰত আৰু মৰক্কোৰ মাজত প্ৰত্যর্পণ চুক্তি স্বাক্ষৰ আৰু ইয়াৰ সংশোধনৰ সিদ্ধান্তত অনুমোদন জনায়। ১১-১৮ নৱেম্বৰত দুয়ো দেশৰ মাজত একাংশ ভিআইপি লোকৰ প্ৰস্তাৱিত ভ্ৰমণকালত এই চুক্তিখন স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। এই চুক্তিখন স্বাক্ষৰিত হ’লে অর্থনৈতিক অপৰাধ, সন্ত্রাসবাদ আৰু অন্যান্য গুৰুতৰ অপৰাধত জড়িত পলাতক ব্যক্তিসকলক দুয়ো দেশৰ মাজত প্ৰত্যর্পণৰ বাবে এক শক্তিশালী আইনী ভেঁটি গঢ় লৈ উঠিব। তদুপৰি, এই চুক্তিখনে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পর্ক আৰু অধিক শক্তিশালী কৰাৰ লগতে ভাৰত আৰু মৰক্কোৰ পাৰস্পৰিক স্বার্থ বিৰোধী কামত জড়িত অপৰাধীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাটো সহজ হ’ব। | ভাৰত আৰু মৰক্কোৰ মাজত প্ৰত্যর্পণ চুক্তি স্বাক্ষৰ আৰু সংশোধনত কেবিনেটৰ অনুমোদন |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%A8-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%87/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%A8-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%87/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জন্ম বাৰ্ষিকী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰীমতী ইন্দিৰা গান্ধীৰ জন্ম বাৰ্ষিকী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাইছো।” | প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জন্ম বাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%87-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%8F%E0%A6%95%E0%A7%8D%E0%A6%B8%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%9B-%E0%A6%86%E0%A7%B0%E0%A7%81/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%87-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%8F%E0%A6%95%E0%A7%8D%E0%A6%B8%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%9B-%E0%A6%86%E0%A7%B0%E0%A7%81/ | ভাৰত মাতা কী- জয়, ভাৰত মাতা কী- জয়, ভাৰত মাতা কী- জয়, আজি ২১শ শতিকাৰ ভাৰতৰ বাবে, আৰ্বান কানেক্টিভিটীৰ বাবে আৰু আত্মনিৰ্ভৰ হোৱা ভাৰতৰ বাবে বহুত ডাঙৰ দিন। অলপ সময়ৰ আগতে মই গান্ধীনগৰ-মুম্বাই, বন্দে ভাৰত এক্সপ্ৰেছৰ দ্ৰুত গতিৰ ভ্ৰমণৰ অভিজ্ঞতা লাভ কৰিলো। এই ভ্ৰমণ আছিল কেইমিনিটমানৰ, কিন্তু এয়া মোৰ বাবে বহুত গৌৰৱেৰে ভৰা ক্ষণ আছিল। এয়া দেশৰ তৃতীয় আৰু গুজৰাটৰ প্ৰথম বন্দে ভাৰত ট্ৰেইন। কালপুৰ ৰে'লৱে ষ্টেচনৰ পৰা কালপুৰ মেট্ৰো ষ্টেচন আৰু আকৌ তাৰ পৰা আহমেদাবাদ মেট্ৰোৰ ভ্ৰমণ কৰি মই থলতেজ পালোগৈ। অৰ্থাৎ কোনোবা বাহিৰৰ পৰা বন্দে ভাৰতৰ জৰিয়তে আহিলে তাৰ পাছত পোনপটীয়াকৈ মেট্ৰোত উঠি নিজৰ ঘৰলৈ যাব পাৰে বা কামৰ বাবে চহৰৰ আন অংশলৈ যাব পাৰে আৰু গতি ইমানেই দ্ৰুত যে যি শ্বিডিউলড কাৰ্যক্ৰমত প্ৰস্তুত কৰা হৈছিল, তাতকৈ ২০ মিনিট আগতেই মই থলতেজ পালোগৈ। মই আজি ট্ৰেইনত ভ্ৰমণ কৰি আছিলো, ডিপাৰ্টমেণ্টৰ মানুহে বিভিন্ন সুফলৰ কথা কৈ থাকে, বিজ্ঞাপনো দি থাকে। কিমান স্পীড আছে, কি আছে, কি ব্যৱস্থা আছে সকলো। কিন্তু আৰু এটা পদক্ষেপ যিটোত হয়তো ডিপাৰ্টমেণ্টৰ মনোযোগ পৰা নাই। মোৰ সেয়া ভাল লাগিল, মই ক'ব বিচাৰিছো। মই এই যি বন্দে ভাৰত ট্ৰেইন, মই কোনো গণিতজ্ঞ নহওঁ, কোনো বৈজ্ঞানিক নহওঁ। কিন্তু মোতামুতি মই অনুমান কৰিব পাৰো যে বিমানত যাত্ৰা কৰাৰ সময়ত ভিতৰলৈ যিমান শব্দ আহে, বন্দে ভাৰত ট্ৰেইনত সেই শব্দ হয়তো এশভাগ কমি যায়। অৰ্থাৎ এগুণ বেছি শব্দ বিমানত হয়। বিমানত যদি কথা-বতৰা পাতিবলগা হয় তেতিয়া যথেষ্ট অসুবিধা থাকে। মই বন্দে ভাৰত ট্ৰেইনত দেখি আছিলো, আৰামেৰে মই মানুহৰ সৈতে কথা পাতিছিলো। কিয়নো বেলেগ কোনো শব্দই নাছিল। ইয়াৰ অৰ্থ হৈছে যিসকল লোক আকাশী যানত অভ্যস্ত, তেওঁলোকে যদি এই শব্দৰ বিষয়ে জানিব পাৰে, মই পূৰা বিশ্বাস কৰো যে তেওঁলোকে আকাশী যান নহয় বৰং বন্দে ভাৰত ট্ৰেইন পছন্দ কৰিব। আৰু মোৰ আহমেদাবাদবাসীয়ে মোৰ আহমেদাবাদক শতবাৰ প্ৰণাম কৰিব, নৱৰাত্ৰিৰ উৎসৱ হওক, ৰাতি পূৰা দাণ্ডিয়া চলি থাকক, নিজৰ চহৰ, নিজৰ গুজৰাট শুই নপৰক, এনে নৱৰাত্ৰিৰ দিনত এনে গৰমৰ মাজত ইমান ডাঙৰ বিশাল জনসমূহৰ সাগৰ, মই প্ৰথমবাৰ দেখিছো ভাই, মই ইয়াতে ডাঙৰ হৈছো, এনেকুৱা ডাঙৰ কাৰ্যক্ৰম আহমেদাবাদে কৰিছে, এয়া মোৰ প্ৰথম অভিজ্ঞতা। আৰু সেয়ে আহমেদাবাদবাসীক মোৰ শ শ প্ৰণাম। আৰু তাৰ অৰ্থ এইটোৱেই যে আহমেদাবাদবাসীক মেট্ৰো কি তাৰ উপলব্ধি আছে। মই এবাৰ মোৰ আৰবান ডেভেলপমেণ্টৰ মন্ত্ৰীসকলৰ সৈতে কথা পাতিছিলো। মই ক'লো যে আপোনালোকে মেট্ৰো, যিটো সমগ্ৰ দেশত কৰা দৰকাৰ, আমাৰ দায়িত্ব, কিন্তু আপোনালোকক আহমেদাবাদবাসীয়ে সকলোতকৈ অধিক ৰিটাৰ্ণ দিব, তেওঁলোকে মোক সুধিছিল কেনেকৈ, মই ক'লো আমাৰ আহমেদাবাদীয়ে হিচাপ কৰে যে অটোৰিক্সাত যাওঁ যদি কিমান হ'ব, কিমান সময় লাগিব, কিমান গৰম লাগিব আৰু মেট্ৰোত যাওঁ যদি ইমান হ'ব, তুৰন্তেই তেওঁ মেট্ৰোলৈ আহি যাব। সবাতোকৈ অধিক আৰ্থিক লাভ কৰিব, সেয়া আহমেদাবাদৰ পেছেঞ্জাৰে কৰিব। সেয়ে তো আমাৰ আহমেদাবাদত এটা সময়ত, মই আহমেদাবাদৰ অটো ৰিক্সাৱালা এইবুলি গীত গাইছিল। এতিয়া মেট্ৰোৱালাই এনেকৈ গীত গাব। মই সঁচাই আজি আহমেদাবাদক যিমানেই অভিনন্দন নজনাওঁ, যিমানেই প্ৰণাম নজনাওঁ, সিমানেই কম হ'ব বন্ধুসকল। আজি আহমেদাবাদে মোৰ অন্তৰ জয় কৰিলে। ভাতৃ আৰু ভগ্নীসকলৰ, ২১শ শতিকাৰ ভাৰতে দেশৰ চহৰসমূহৰ পৰা নতুন গতি লাভ কৰিব। আমি সলনি হোৱা সময় আৰু সলনি হোৱা প্ৰয়োজনৰ সৈতে নিজৰ চহৰকো নিৰন্তৰ আধুনিক কৰা উচিত। চহৰত পৰিবহনৰ প্ৰণালী আধুনিক হওক, ছিমলেছ কানেক্টিভিটী হওক, যাতায়াতৰ এটা সম্পদে আনটোক ছাপ'ৰ্ট কৰক, এয়া কৰাটো বহুত আৱশ্যকীয়, আৰু যি গুজৰাটত মোদীৰ ওপৰত তন্ন তন্নকৈ নজৰ ৰখা লোক আছে, তেওঁলোক এনেয়েও এক ভাল সমুদায় আৰু এক চতুৰ সমুদায়ো। তেওঁলোকৰ হয়তো মনত আছে যে যেতিয়া মই ইয়াৰ মুখ্যমন্ত্ৰী আছিলো, মোৰ বছৰ মনত নাই, বহুত বছৰৰ আগতে আমি আহমেদাবাদত মাল্টি মডেল ট্ৰেন্সপোৰ্টেচনক লৈ এখন গ্লবেল ছামিট কৰিছিলো। অৰ্থাৎ সেই সময়তো মোৰ মগজুত খেলাইছিল। কিন্তু কিছুমান বিষয় ভাৰত চৰকাৰৰ হোৱা বাবে মই তেতিয়া কৰিব পৰা নাছিলো। এতিয়া আপোনালোকে মোক তালৈ পঠিয়ালে বাবে মই এই কাম কৰিলো। কিন্তু এই ভাবনা আজি সাকাৰ হোৱা দেখিছো আৰু এই ভাবনাৰেই যোৱা আঠ বছৰত চহৰসমূহৰ আন্তঃগাঁথনিৰ ওপৰত ইমান ডাঙৰ বিনিয়োগ কৰি থকা হৈছে। আঠ বছৰত এখনৰ পাছত এখন দুই ডজনৰো অধিক চহৰত মেট্ৰো হয় আৰম্ভ হৈছে অথবা দ্ৰুতগতিত কাম চলি আছে। দেশৰ কেইবাডজন সৰু চহৰক এয়াৰ কানেক্টিভিটীৰে সংযুক্ত কৰা হৈছে। উড়ান যোজনাই সৰু চহৰসমূহত বিমান সুবিধা দিয়াত বহুত ডাঙৰ ভূমিকা পালন কৰি আছে। আমাৰ যি ৰে'লৱে ষ্টেচন আছিল, তাৰ কি স্থিতি আছিল সেয়া আপোনালোকে ভালদৰেই জানে। আজি গান্ধীনগৰ ৰে'লৱে ষ্টেচন পৃথিৱীৰ যিকোনো এয়াৰপৰ্টতকৈ কম নহয় আৰু দুদিন আগতে ভাৰত চৰকাৰে আহমেদাবাদ ৰে'লৱে ষ্টেচনকো আধুনিক বনোৱাৰ স্বীকৃতি দিলে। বন্ধুসকল, দেশৰ চহৰসমূহৰ বিকাশৰ ওপৰত ইমান অধিক ফোকাছ, ইমান ডাঙৰ বিনিয়োগ এইবাবেই কৰি থকা হৈছে কিয়নো এই চহৰে অহা ২৫ বছৰত বিকশিত ভাৰতৰ নিৰ্মাণ সুনিশ্চিত কৰিব। এয়াই আহমেদাবাদ, সুৰাত, বৰোদা, ভোপাল, ইন্দৌৰ, জয়পুৰ এই সকলোৱে হিন্দুস্তানৰ ২৫ বছৰৰ ভাগ্য গঢ়িব। এই বিনিয়োগ কেৱল কানেক্টিভিটীতে সীমিত নহয়, বৰং কেইবাডজন চহৰত স্মাৰ্ট সুবিধা হৈ আছে, মূল সুবিধাৱলীৰ সংশোধন কৰি থকা হৈছে। মুখ্য চহৰসমূহৰ আশেপাশে থকা এলেকা, ছাবআৰ্বৰ বিকাশ কৰি থকা হৈছে। টুইন চিটীৰ বিকাশ কেনেকৈ হয়, গান্ধীনগৰ, আহমেদাবাদ ইয়াৰ উত্তম উদাহৰণ। অনাগত সময়ত গুজৰাটত অনেক টুইন চিটীৰ বিকাশৰ আধাৰ প্ৰস্তুত হৈ আছে। এতিয়ালৈকে আমি কেৱল নিউয়ৰ্ক-নিউজাৰ্ছি, নিউয়ৰ্ক-নিউছাৰ্ছি টুইন চিটী শুনি আছিলো। মোৰ হিন্দুস্তান পিছপৰি থাকিব নোৱাৰে আৰু আপোনালোকে নিজৰ চকুৰ আগত চাব পাৰিব। আহমেদাবাদ, গান্ধীনগৰৰ বিকাশ টুইন চিটীৰ সেই মডেল, তেনেকৈয়ে আমাৰ ওচৰত আনন্দ-নডীয়াদ, সিফালে ভৰুচ-অংকলেশ্বৰ, বলসাড আৰু বাপী, সুৰাত আৰু নৱচাৰী, ভদোদৰা-হালোল কালোল, মোৰবী-বাংকানেৰ আৰু মেহসাণা-কড়ী এনেকুৱা বহুত টুইন চিটীয়ে গুজৰাটৰ পৰিচয় আৰু শক্তিশালী কৰিব। পুৰণি চহৰসমূহৰ সংশোধন আৰু সিবিলাকৰ বিস্তাৰত মনোযোগৰ লগতে এনে নতুন চহৰো নিৰ্মাণ কৰি থকা হৈছে, যি গ্লবেল বিজনেছ ডিমাণ্ড অনুসৰি প্ৰস্তুত হৈ আছে। গিফ্ট চিটীও এনেকুৱা প্লাগ এণ্ড প্লে সুবিধাযুক্ত চহৰৰ বহুত উত্তম উদাহৰণ। বন্ধুসকল, মোৰ মনত আছে, যেতিয়া মই গিফ্ট চিটীৰ কথা হয়তো ২০০৫-০৬ত কৈছিলো আৰু সেই সময়ত যি মোৰ ভিজন আছিল, তাৰ এটা ভিডিঅ' প্ৰজেকচন কৰা হৈছিল। তেতিয়া বহুত মানুহে ভাবিছিল যে এইবোৰ কি কথা কৈছে বাৰু, এইবোৰ আমাৰ দেশত হ'ব পাৰে জানো। এনেকৈ মই সেই সময়ত লিখা পঢ়িছিলো আৰু শুনিছিলোও। আজি গিফ্ট চিটী আপোনালোকৰ চকুৰ আগত থিয় হৈছে বন্ধুসকল। আৰু চাওঁতে চাওঁতেই হাজাৰ হাজাৰ লোকক ৰোজগাৰ দিয়া কেন্দ্ৰ হৈ আছে। বন্ধুসকল, এটা সময় আছিল যেতিয়া আহমেদাবাদত পৰিবহনৰ অৰ্থ কি, আমাৰ ইয়াত পৰিবহনৰ অৰ্থ কি ৰঙা বাছ, ৰঙা দুৱাৰ আৰু ৰঙা বাছ আৰু ঘুৰি পকি ৰিক্সাৱালা। বন্ধুসকল, যেতিয়া মোক গুজৰাটে আপোনালোকৰ সেৱাৰ সুযোগ দিলে তেতিয়া মোৰ সৌভাগ্য হ'ল যে আমি ইয়াত বিআৰটি কৰিডৰত কাম কৰিবলৈ পালো। এয়াও দেশত প্ৰথম আছিল। মোৰ তো বিআৰটি বাছৰ প্ৰথম যাত্ৰাৰ সাক্ষী হোৱাৰ সৌভাগ্যও হৈছিল, আৰু মোৰ মনত আছে যে মানুহ বিদেশৰ পৰা আহোতে নিজৰ পৰিবাৰক কৈছিল যে এইবাৰ যেতিয়া গুজৰাটলৈ যাম তেতিয়া অলপ বিআৰটিত ভ্ৰমণ কৰিব লাগিব, বহুত পঢ়িছো, বহুত শুনিছো। বন্ধুসকল, তেতিয়াও প্ৰচেষ্টা এয়াই আছিল যে সাধাৰণ নাগৰিক, সাধাৰণ লোকৰ সুবিধা কেনেকৈ বাঢ়িব। তেওঁলোকৰ বাবে বাধাহীন কানেক্টিভিটীৰ লাভ কেনেকৈ হ'ব। আৰু গণতন্ত্ৰ আৰু শাসনৰ এইটোৱেই কাম যে সাধাৰণ মানুহৰ আৱশ্যকতা অনুসৰি আৰু দেশক নতুন উচ্চতালৈ লৈ যোৱাৰ সংকল্পৰে বিকাশৰ যাত্ৰাক এই দুটা চিৰিত চলাব লাগিব। আজি সেই সপোনকে ভব্য ৰূপত আমি সঁচা হোৱা দেখি আছো। মই এই উপলক্ষে হৃদয়ৰ পৰা আপোনালোক সকলোকে বহুত বহুত অভিনন্দন জনাইছো। বন্ধুসকল, আজি আহমেদাবাদ মেট্ৰোৰ প্ৰায় ৩২ কিঃমিঃ ছেকচনত যাত্ৰা আৰম্ভ হৈছে, আৰু এই কথা শুনি আপোনালোক আচৰিত হ'ব। ভাৰতত মেট্ৰো আৰম্ভ হোৱাৰে পৰা এতিয়ালৈকে এয়া প্ৰথমবাৰ এনে ৰেকৰ্ড হৈছে যে একেলগে প্ৰায় ৩২ কিঃমিঃ যাত্ৰাৰ লোকাৰ্পণ হৈছে। ইয়াৰ আৰু এটা বিশেষত্ব আছে। ৰে'লৱে লাইনৰ ওপৰেৰে মেট্ৰো ট্ৰেক নিৰ্মাণৰ কঠিন প্ৰত্যাহ্বান সত্বেও এই কাম দ্ৰুতগতিত সম্পূৰ্ণ হৈছে। ইয়াৰ ফলত মেট্ৰোৰ বাবে অতিৰিক্ত মাটিৰ আৱশ্যকো নহ'ল। আজি মেট্ৰোৰ প্ৰথম ফেজৰ লোকাৰ্পণ হৈছে, একেদৰে ফেজ-২ত গান্ধীনগৰক সংযোগ কৰা হৈছে। ভাতৃ আৰু ভগ্নীসকল, আহমেদাবাদ আৰু মুম্বাইৰ মাজত আৰম্ভ হোৱা বন্দে ভাৰত ট্ৰেইনে দেশৰ দুখন ডাঙৰ চহৰৰ মাজৰ যাত্ৰা আৰামদায়কো কৰিব আৰু দূৰত্বও কম কৰিব। সাধাৰণ এক্সপ্ৰেছ ট্ৰেইনেৰে আহমেদাবাদৰ পৰা মুম্বাই পাওঁতে প্ৰায় সাত-চাৰে সাত, আঠ-চাৰে আঠ ঘণ্টা লাগি যায়। কেতিয়াবা তাতকৈও বেছি সময় লাগে। শতাব্দী ট্ৰেইনেও কেতিয়াবা ছয়-চাৰে ছয়, সাত-চাৰে সাত ঘণ্টালৈকে সময় লয়। কিন্তু বন্দেভাৰত ট্ৰেইনে এতিয়া খুওব বেছি ৫ ঘণ্টাতে আহমেদাবাদৰ পৰা মুম্বাই পোৱাব। লাহে লাহে ইয়াত আৰু সংশোধন হ'ব, আৰু আজি যেতিয়াই মই বন্দে ভাৰত ট্ৰেইন বনোৱা চেন্নাইত আছিলো। তাক বনোৱা সকলো ইঞ্জিনিয়াৰ, ৱায়াৰমেন, ফিটাৰ, ইলেক্ট্ৰিচিয়ান, এই সকলোৰে সৈতে লগ হওঁ আৰু মই তেওঁলোকক সুধিলো, ক'লে চাহাব আপুনি আমাক কাম দিয়ক, আমি ইয়াতকৈও ভাল বনাম, ইয়াতকৈও বেগী বনাম আৰু সোনকালে বনাম। মোৰ দেশৰ ইঞ্জিনিয়াৰ, টেকনিচিয়ান তেওঁলোকৰ এই আত্মবিশ্বাস, তেওঁলোকৰ এই ভৰষাই মোক এই কথাৰ ওপৰত বিশ্বাসেৰে ক'বলৈ অনুপ্ৰাণিত কৰিছে যে দেশে ইয়াতকৈও দ্ৰুতগতিত অগ্ৰসৰ হ'ব। ইমানেই নহয়, বাকী ট্ৰেইনবিলাকৰ তুলনাত ইয়াত অধিক যাত্ৰী যাব পাৰিব। মই এবাৰ কাশী ষ্টেচনত সুধিছিলো। মই ক'লো ভাই বন্দে ভাৰত ট্ৰেইনৰ কি অভিজ্ঞতা? ক'লে আটাইতকৈ বেছি টিকট বন্দে ভাৰতৰ গৈ আছে। মই ক'লো সেয়া কেনেকৈ সম্ভৱ? ক'লে চাহাব, দুখীয়া মানুহে ইয়াত যাবলৈ পছন্দ কৰে, মজদুৰ মানুহে পছন্দ কৰে। মই ক'লো কিয়? ক'লে চাহাব তাৰ দুটা লজিক আছে। এক-লাগেজ ভিতৰলৈ নিবলৈ যথেষ্ট ঠাই আছে। আৰু দ্বিতীয়তে ইমান সোনকালে পাই যায় যে গৈ যদি কাম কৰে তেন্তে সিমান ঘণ্টাত টিকটৰ যি পইচা, সেয়াও ওলাই যায়। এয়া বন্দে ভাৰতৰ শক্তি। বন্ধুসকল, আজি এই উপলক্ষে মই আপোনালোকক এই কথাও ক'ব বিচাৰো যে ডবল ইঞ্জিনৰ চৰকাৰৰ লাভ কেনেকৈ আহমেদাবাদ প্ৰজেক্টে পালে। যেতিয়া বোটাদ ৰে'ল লাইনৰ অভাৰহেড স্পেচ মেট্ৰো প্ৰজেক্টৰ বাবে ব্যৱহাৰ কৰাৰ কথা আহে, তেতিয়া কেন্দ্ৰ চৰকাৰে লগেলগে ইয়াক মঞ্জুৰী দি দিলে। ইয়াৰ ফলত ৱাসণা-ওল্ড হাইক'ৰ্ট ৰুটৰ মেট্ৰোৰ কাম সোনকালেই আৰম্ভ হোৱাটো সম্ভৱপৰ হ'ল। আহমেদাবাদ মেট্ৰোৰ ওপৰত যেতিয়া আমি কাম কৰিবলৈ আৰম্ভ কৰো তেতিয়া ৰুট এনেকৈ প্লেন কৰা হ'ল যে যাৰ ফলত দুখীয়াৰো দুখীয়াৰ যাতে লাভ হয়। এই কথা মনত ৰখা হয় যে য'ত পাব্লিক ট্ৰেন্সপোৰ্টৰ সবাতোকৈ বেছি প্ৰয়োজন, য'ত ৰাস্তা পাৰ হোৱাত বহুত বেছি সময় লাগে, তাৰ মাজেৰে মেট্ৰো যাব। আহমেদাবাদ মাল্টিমডেল কানেক্টিভিটীৰ কেন্দ্ৰ হওক, ইয়াৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়া হয়। কালুপুৰত আজি মাল্টিমডেল হাব বনাই থকা হৈছে। ইয়াত বিআৰটি ষ্টেচনৰ সন্মুখতে আৰু গ্ৰাউণ্ড ফ্লৰত চিটী বাছ ৰ'ব, টেক্সি আৰু প্ৰাইভেট কাৰৰ বাবে আপাৰ ফ্লৰত সুবিধা থাকিব। সৰসপুৰ এণ্ট্ৰীৰ ফালে নতুন মেট্ৰো ষ্টেচন আছে আৰু হাই স্পীড ৰে'ল ষ্টেচনকো ড্ৰপ আৰু পিকআপ, পাৰ্কিঙৰ দৰে সুবিধাৰে সংযুক্ত কৰি থকা হৈছে। কালুপুৰ ৰোড অভাৰব্ৰীজক সৰসপুৰ ৰোড অভাৰব্ৰীজেৰে সংযুক্ত কৰিবলৈ ষ্টেচনৰ সন্মুখত ১৩ লেনৰ ৰোড বনোৱা হ'ব। কালুপুৰৰ উপৰিও সবৰমতী বুলেট ট্ৰেইন ষ্টেচনকো মাল্টিমডেল ট্ৰেন্সপোৰ্ট হাবৰ ৰূপত বিকশিত কৰি থকা হৈছে। বন্ধুসকল, চহৰৰ আমাৰ দুখীয়া, আমাৰ মধ্য শ্ৰেণীৰ পৰিয়াল, মিডল ক্লাছৰ বন্ধুসকল ধোঁৱাযুক্ত বাছৰ পৰা মুক্ত হওক, ইয়াৰ বাবে ইলেকট্ৰিক বাছ নিৰ্মাণ আৰু সঞ্চালনৰ বাবে ভাৰত চৰকাৰে এফএএমই যোজনা বনাইছে। যাতে পৰিৱেশৰো ৰক্ষা হয়, মানুহে শব্দৰ পৰাও মুক্তি পাব, ধোঁৱাৰ পৰাও মুক্তি পাব আৰু গতি দ্ৰুত পাব। এই যোজনাৰ জৰিয়তে এতিয়ালৈকে দেশত ৭ হাজাৰৰো অধিক ইলেকট্ৰিক বাছ স্বীকৃতি দিয়া হৈছে। এই বাছবোৰত কেন্দ্ৰ চৰকাৰে প্ৰায় চাৰে ৩ হাজাৰ কোটি টকা খৰচ কৰিছে। গুজৰাটৰ বাবেও এতিয়ালৈকে চাৰে ৮ শ ইলেকট্ৰিক বাছ স্বীকৃত হৈছে, যাৰ মাজৰ বহু বাছ আজি ইয়াত ৰাস্তাতো নামিছে। ভাতৃ আৰু ভগ্নীসকল, দীৰ্ঘ সময় ধৰি আমাৰ ইয়াত চহৰসমূহক জামৰ পৰা মুক্ত কৰা, আমাৰ ট্ৰেইনৰ গতি বঢ়াবলৈ গম্ভীৰ প্ৰয়াস হোৱা নাই। কিন্তু আজিৰ ভাৰতে স্পীডক, গতিক, জৰুৰী বুলি ভাবে, দ্ৰুততা বিকাশৰ গেৰাণ্টী বুলি ভাবে। গতিক লৈ এই আগ্ৰহ আজি গতিশক্তি নেচনেল মাষ্টাৰ প্লেনতো দেখা যায়, নেচনেল লজিষ্টিকছ পলিচীতো দেখা যায়, আৰু আমাৰ ৰে'লৱেৰ গতি বঢ়োৱাৰ অভিযানতো স্পষ্ট হয়। আজি দেশৰ ৰে'ল নেটৱৰ্ক, আজি মেড ইন ইণ্ডিয়া, বন্দে ভাৰত ট্ৰেইনক চলাবলৈ দ্ৰুতগতিত সাজু হৈ আছে। ঘণ্টাত ১৮০ কিঃমিঃলৈকে গতিৰ এই ভাৰতীয় ৰে'লৱেৰ দশাও সলনি হ'ব, দিশো সলনি হ'ব, এয়া মোৰ সম্পূৰ্ণ বিশ্বাস। অহা বছৰ আগষ্ট মাহলৈকে ৭৫খন বন্দে ভাৰত এক্সপ্ৰেছ ট্ৰেইন চলাৰ লক্ষ্যত আমি দ্ৰুতগতিত কাম কৰি আছো। ভাৰতৰ বন্দে ভাৰত ট্ৰেইনৰ ভাল গুণ হৈছে যে ই মাত্ৰ ৫২ ছেকেণ্ডত ১০০ কিঃমিঃ প্ৰতি ঘণ্টাত গতি কৰে। এতিয়া চীতা অহাত বেছিভাগ মিডিয়াত ইয়াৰ চৰ্চাও কৰিছে যে চীতাই দৌৰাৰ গতি কিমান ছেকেণ্ডত ধৰি লয়। ৫২ ছেকেণ্ডত এই ট্ৰেইনে গতি ধৰি লয়। বন্ধুসকল, আজি দেশৰ ৰে'ল নেটৱৰ্কৰ বহুত ডাঙৰ অংশ মানৱ ৰহিত গেটৰ পৰা মুক্ত হৈছে। ইষ্টাৰ্ণ আৰু ৱেষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেট কৰিডৰ যেতিয়া সাজু হৈ যাব তেতিয়া মালগাড়ীৰ স্পীডো বাঢ়িব আৰু পেছেঞ্জাৰ ট্ৰেইনত হোৱা পলমো কম হ'ব। আৰু বন্ধুসকল, যেতিয়া মালগাড়ীৰ স্পীড বাঢ়িব তেতিয়া গুজৰাটৰ যি বন্দৰ আছে, পৰ্ট যে আছে আমাৰ, সেয়া ইয়াতকৈ কেইবাগুণ বেছি দ্ৰুততাৰে কাম কৰিবলৈ আৰম্ভ কৰিব। হিন্দুস্তান পৃথিৱীজুৰি পাবলৈ লাগি যাব। আমাৰ মাল এক্সপৰ্ট হ'বলৈ লাগিব আৰু বিদেশৰ পৰা যি বস্তু আহে সেইবোৰেও বহুত দ্ৰুতগতিত আমাক আগবঢ়াই নিব। কিয়নো গুজৰাট ভৌগোলিক ৰূপত উত্তৰ ভাৰতৰ একেবাৰে ওচৰত। লেণ্ড লক এৰিয়াৰ পৰা ওচৰ। সেয়ে গুজৰাটৰ সমুদ্ৰ তীৰৰ সৰ্বাধিক লাভ হোৱাৰ সম্ভাৱনা আছে। সমগ্ৰ সৌৰাষ্ট্ৰ আৰু কচ্চৰ বহুত বেছি মুনাফা হ'ব। বন্ধুসকল, স্পীডৰ লগতে আজি আন্তঃগাঁথনিৰ বিকাশক লৈ চিন্তাতো বহুত ডাঙৰ পৰিৱৰ্তন আহিছে। যোৱা ৮ বছৰত আমি আন্তঃগাঁথনিক জন আকাংক্ষাৰ সৈতে সংযুক্ত কৰিছো। এটা সময় এনেকুৱাও আছিল যেতিয়া আন্তঃগাঁথনিক লৈ ঘোষণা কেৱল নিৰ্বাচনী লাভালাভৰ কথা মনত ৰাখি হৈছিল। কৰদাতাৰ আয়ৰ ব্যৱহাৰ ৰাজনৈতিক স্বাৰ্থত কৰা হৈছিল। ডবল ইঞ্জিনৰ চৰকাৰে এই ভাবনা সলনি কৰিলে। স্থায়ী প্ৰগতিৰ আধাৰ মজবুত আৰু দূৰদৰ্শী ভাবনাৰে নিৰ্মিত আন্তঃগাঁথনিৰ সৈতে থাকে, আজি এই ভাবনাৰেই ভাৰতে কাম কৰি আছে, ভাৰতে বিশ্বত নিজৰ স্থান প্ৰস্তুত কৰি আছে। বন্ধুসকল, স্বাধীনতাৰ অমৃত কালত বিকশিত ভাৰতৰ নিৰ্মাণৰ বাবে আধুনিক আন্তঃগাঁথনিৰ নিৰ্মাণক আমি আৰু গতি দিব লাগিব। গুজৰাটত ডবল-ইঞ্জিনৰ চৰকাৰে ইয়াৰ বাবে গম্ভীৰতাৰে প্ৰয়াসো কৰি আছে। মোৰ বিশ্বাস আছে যে সকলোৰে প্ৰয়াসত এই কাম আমি যি সময়ত বিচাৰো, সেই সময়লৈকে আমি কৰি উঠিম। এয়া মই বিশ্বাস দিছো। বন্ধুসকল, আজিৰ দিনটো মহত্বপূৰ্ণ। কিন্তু মই আজি গুজৰাটৰ মানুহক আৰু এটা কামৰ বাবে অনুৰোধ কৰিব বিচাৰো। মই জানো যে দুই-চাৰি দিনতে যেতিয়া মেট্ৰো সকলোৰে বাবে মুকলি হ'ব তেতিয়া সোনকালে যাব, চাব বহুত মানুহ যাব। কিন্তু মই বিচাৰো আমাৰ নবম, দশম, একাদশ, দ্বাদশৰ শিশু, আমাৰ ইঞ্জিনিয়াৰিঙৰ ষ্টুডেণ্ট, ৰে'লৱেৰ পৰা আৰ্বান মিনিষ্ট্ৰীৰ সৈতে কথা পাতি, মেট্ৰোৰ লোকৰ সৈতে কথা পাতি গৈ অধ্যয়ন কৰক যে ইমান দলৈ খান্দি এই ৰে'লৱে ষ্টেচন কেনেকৈ নিৰ্মাণ হ'ল? কিমান খৰচ কৰিবলগা হ'ল? এই পইচা কাৰ? আমি দেশবাসীৰ। এবাৰ আমি এই শিক্ষা দি থাকিম যে এই কাম কেনেকৈ হ'ল? কিমান ডাঙৰ হ'ল? কিমান সময়ত হ'ল? কি কি ধৰণৰ প্ৰযুক্তি লাগিছে? তেতিয়া আমাৰ শিশুৰ বিকাশৰ বাবেও কামত আহিব আৰু সেয়ে শিক্ষা বিভাগৰ প্ৰতি মোৰ আহ্বান যে মেট্ৰো ষ্টেচনৰ সংগ কেৱল মেট্ৰো ট্ৰেইনত যাত্ৰা কৰিবৰ বাবে নহয়। তেওঁলোকক দেখুৱাব লাগে যে এয়া কেনেকৈ নিৰ্মাণ হৈছে? কেনেকৈ চলে? কি কাম কৰে? ইমান তলত টানেল কেনেকৈ নিৰ্মাণ হ'ল? ইমান দীঘল দীঘল টানেল কেনেকৈ নিৰ্মাণ হ'ল? তেওঁলোকৰ এটা বিশ্বাস জন্ম হ'ব যে টেকনলজিৰে দেশত কি প্ৰগতি হৈ আছে আৰু তাৰ অউনাৰশ্বিপ হ'ব। যেতিয়া আপোনালোকে মোৰ দেশৰ নতুন প্ৰজন্মক এয়া তোমাৰ, এয়া তোমাৰ ভৱিষ্যতৰ বাবে, যেতিয়া এবাৰ মোৰ নজোৱানৰ এই কথাৰ উপলব্ধি হ'ব, তেওঁলোকে কেতিয়াও কোনো আন্দোলনত এনে সম্পত্তিৰ ওপৰত হাত লগোৱাৰ চেষ্টা নকৰিব। তেওঁলোকৰ সিমানেই যন্ত্ৰণা হ'ব যিমান তেওঁলোকৰ নিজৰ ঘৰৰ সম্পত্তিৰ লোকচান হ'লে হয়। তেওঁৰ চাইকেলখন যদি সামান্য ক্ষতি হ'লে যি যন্ত্ৰণা হয়, সেই যন্ত্ৰণা তেওঁ মেট্ৰোৰ ক্ষতি হ'লে অনুভৱ হ'ব। কিন্তু ইয়াৰ বাবে আমাৰ সকলোৰে দায়িত্ব আছে যে আমি আমাৰ নতুন প্ৰজন্মক প্ৰশিক্ষিত কৰিব লাগিব। তেওঁলোকৰ সহানুভূতি জগাব লাগিব, বন্দে ভাৰত বুলি ক'লেই মা ভাৰতীৰ ছবি মনলৈ অহা উচিত। মোৰ ভাৰত মাৰ উজ্জ্বল ভৱিষ্যতৰ বাবে এই বন্দে ভাৰত দৌৰি আছে, যি বন্দে ভাৰতে দেশক দৌৰাব। এয়া মনোভাব, এয়া সংবেদনশীলতা, এয়া শিক্ষাৰ নতুন নতুন মাধ্যম, কিয়নো ৰাষ্ট্ৰীয় শিক্ষা নীতিত ব্যৱস্থা আছে যে আপোনালোকে শিশুক সেই ঠাইবোৰলৈ নি তেওঁলোকক দেখুৱাওক, যদি ঘৰত কলহ আছে তেন্তে কওক কুমাৰৰ ঘৰলৈ নি তেওঁলোকে কলহ কেনেকৈ বনায়। তেওঁলোকক এই মেট্ৰো ষ্টেচনো দেখুৱাব লাগে। মেট্ৰোৰ সকলো ব্যৱস্থা বুজাব লাগে। আপোনালোকে চাওক সেই শিশুসকলৰ মনত সেই ভাব হ'ব, তেওঁলোকৰো কেতিয়াবা লাগিব, ময়ো ইঞ্জিনিয়াৰ হৈ যাওঁ, ময়ো মোৰ দেশৰ বাবে কিবা কাম কৰো। এনে সপোন তেওঁলোকৰ ভিতৰত ৰাখিব পাৰি বন্ধুসকল। সেয়ে মেট্ৰো কেৱল যাত্ৰাৰ বাবে নহয়, মেট্ৰো সফলতাৰ বাবেও কামত অহা দৰকাৰ। এই আহ্বানেৰেই মই আকৌ এবাৰ আজি আহমেদাবাদবাসীক, গুজৰাটৰ মানুহক আৰু দেশবাসীক এয়া বহুত ডাঙৰ উপহাৰ দি গৰ্ব অনুভৱ কৰিছো, সন্তোষ পাইছো আৰু আপোনালোক সকলোকে বহুত বহুত অভিনন্দন জনাইছো। মোৰ সৈতে সম্পূৰ্ণ হাত ওপৰলৈ তুলি সম্পূৰ্ণ জোৰেৰে কওক, ভাৰত মাতা কী- জয়, ভাৰত মাতা কী- জয়, ভাৰত মাতা কী- জয়, বহুত বহুত ধন্যবাদ! | বন্দে ভাৰত এক্সপ্ৰেছ আৰু আহমেদাবাদ মেট্ৰো ৰে’ল প্ৰকল্প পৰ্যায়-১ৰ উদ্বোধনত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পা |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A7%81%E0%A6%9A%E0%A6%B2-%E0%A6%AC%E0%A7%8D%E0%A6%AF%E0%A7%B1%E0%A6%B8%E0%A6%BE%E0%A7%9F%E0%A7%B0-%E0%A6%89%E0%A6%A8%E0%A7%8D%E0%A6%A8%E0%A6%A4%E0%A6%BF%E0%A7%B0-%E0%A6%95%E0%A7%8D/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A7%81%E0%A6%9A%E0%A6%B2-%E0%A6%AC%E0%A7%8D%E0%A6%AF%E0%A7%B1%E0%A6%B8%E0%A6%BE%E0%A7%9F%E0%A7%B0-%E0%A6%89%E0%A6%A8%E0%A7%8D%E0%A6%A8%E0%A6%A4%E0%A6%BF%E0%A7%B0-%E0%A6%95%E0%A7%8D/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি “সুচল ব্যৱসায়”ৰ অগ্ৰগতিৰ সন্দৰ্ভত আয়োজিত উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে৷ বৈঠকত অৰ্থনৈতিক বিষয়সমূহৰ সৈতে জড়িত জ্যেষ্ঠ কেন্দ্ৰীয় মন্ত্ৰীবৰ্গ; মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাড়নাবিছ, দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ শ্ৰী অনিল বাইজলৰ লগতে কেন্দ্ৰীয় চৰকাৰ, মহাৰাষ্ট্ৰ চৰকাৰ আৰু দিল্লী চৰকাৰৰ একাংশ জ্যেষ্ঠ বিষয়া উপস্থিত থাকে৷ এই উপলক্ষে সুচল ব্যৱসায়ৰ সৈতে জড়িত বিভিন্ন মাপকাঠিৰ অগ্ৰগতিৰ সম্পৰ্কে প্ৰধানমন্ত্ৰীক অৱগত কৰা হয়৷ সেইবোৰ ভিতৰত নিৰ্মাণৰ অনুমতি, চুক্তি বলবৎ, সম্পত্তি নথিভুক্তকৰণ, নতুন ব্যৱসায় আৰম্ভ কৰা, বিদ্যুৎ সংযোগ, ঋণ সাহায্যসহ ঋণ পৰিশোধৰ অক্ষমতাৰ দৰে বিষয়সমূহ উত্থাপিত হয়৷ বিগত চাৰি বছৰত সুচল ব্যৱসায়ৰ ক্ষেত্রত বিশ্ব বেংকৰ সূচক অনুযায়ী ভাৰতে ১৪২ৰ পৰা ৭৭তম স্থানলৈ উন্নীত হোৱাৰ সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয়৷ ব্যৱসায়ৰ সুচল পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে গ্ৰহণ কৰা সংস্কাৰমূলক পদক্ষেপসমূহ ৰূপায়ণত যিবোৰ বাধা আছে, সেয়া দূৰ কৰাৰ পন্থাক লৈ বিষয়াসকলে আলোচনা কৰে৷ সমাজৰ আটাইতকৈ দৰিদ্ৰ লোকসকলক উন্নত সেৱা প্ৰদানৰ ওপৰত জোৰ দি প্ৰধানমন্ত্রীয়ে বিভিন্ন ব্যৱস্থাপনাক আৰু সুবিন্যস্ত কৰাত গুৰুত্ব দিয়ে। তেওঁ কয় যে সুবিন্যস্ত প্ৰণালীয়ে কেৱল সুচল ব্যৱসায়ৰ সূচকেই নহয়, সহজ জীৱনযাপনৰ মান উনন্নয়কে ধৰি ক্ষুদ্ৰ ব্যৱসায়ৰ বিকাশতো সহায় কৰিব। উদীয়মান তথা প্ৰগতিশীল অর্থনীতি হিচাপে ভাৰতৰ বাবে এই ধৰণৰ সহায়ক ব্যৱস্থা গ্ৰহণ কৰাটো অতি জৰুৰী৷ সুচল ব্যৱসায়ৰ সূচকত ভাৰতৰ অগ্ৰগতিৰ বিষয়ে সমগ্ৰ বিশ্বত আগ্ৰহ বৃদ্ধি পোৱা বুলিও প্ৰধানমন্ত্রীয়ে কয়৷ | সুচল ব্যৱসায়ৰ উন্নতিৰ ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ পৰ্যালোচনা প্ৰধানমন্ত্ৰীৰ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A8%E0%A7%AD-%E0%A6%AB%E0%A7%87%E0%A6%AC%E0%A7%8D%E0%A7%B0%E0%A7%81%E0%A7%B1%E0%A6%BE%E0%A7%B0%E0%A7%80-%E0%A7%A8%E0%A7%A6%E0%A7%A8%E0%A7%A8%E0%A7%B0-%E0%A6%AE%E0%A6%A8-%E0%A6%95%E0%A6%BF/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A8%E0%A7%AD-%E0%A6%AB%E0%A7%87%E0%A6%AC%E0%A7%8D%E0%A7%B0%E0%A7%81%E0%A7%B1%E0%A6%BE%E0%A7%B0%E0%A7%80-%E0%A7%A8%E0%A7%A6%E0%A7%A8%E0%A7%A8%E0%A7%B0-%E0%A6%AE%E0%A6%A8-%E0%A6%95%E0%A6%BF/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৭ ফেব্ৰুৱাৰীৰ মন কি বাত অনুষ্ঠানৰ বাবে জনসাধাৰণক নিজৰ মতামত আৰু পৰামৰ্শ ব্যক্ত কৰাৰ উদ্দেশ্যে আহ্বান জনাইছে। এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়; ‘এই মাহৰ ২৭ তাৰিখে মন কি বাত সম্প্ৰচাৰিত হ’ব। প্ৰতিবাৰৰ দৰে এইবাৰো মই অনুষ্ঠানৰ বাবে আপোনাৰ পৰামৰ্শ লাভ কৰিবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছোঁ। আপোনাসৱে মাইগভ নাইবা নমো এপত মতামত লিখি প্ৰেৰণ কৰক নাইবা ১৮০০-১১-৭৮০০ নম্বৰ ডায়েল কৰি আৰু আপোনাৰ বাৰ্তা ৰেকৰ্ড কৰক।’ | ২৭ ফেব্ৰুৱাৰী, ২০২২ৰ মন কি বাত অনুষ্ঠানৰ বাবে জনসাধাৰণক নিজৰ মতামত ব্যক্ত কৰাৰ আহ্বান প্ৰধানমন্ত্ৰী |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A6%B6-%E0%A6%9A%E0%A7%B0%E0%A6%95%E0%A6%BE%E0%A7%B0%E0%A7%B0-%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A6%B6-%E0%A6%9A%E0%A7%B0%E0%A6%95%E0%A6%BE%E0%A7%B0%E0%A7%B0-%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4/ | উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰী পৰিষদৰ সৈতে মত বিনিময় কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁলোকে সুশাসন আৰু সকলো নাগৰিকৰ বাবে 'জীৱন ধাৰণৰ সহজতা' সম্পৰ্কীয় বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে টুইট কৰে এইদৰে; "উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰী পৰিষদৰ সৈতে এক বিস্তৃত বাৰ্তালাপ হৈছিল। আমি সকলোৱে নাগৰিকসকলৰ বাবে সুশাসন আৰু 'জীৱন ধাৰণৰ সহজতা' সম্পৰ্কীয় বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰিছিলোঁ।" | উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰী পৰিষদৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰী |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A6%BF-%E0%A6%97%E0%A7%8B%E0%A6%AA%E0%A7%80%E0%A6%A8%E0%A6%BE%E0%A6%A5%E0%A6%A8-%E0%A6%A8%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A7%B0%E0%A7%B0-%E0%A6%AC%E0%A6%BF%E0%A7%9F%E0%A7%8B/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A6%BF-%E0%A6%97%E0%A7%8B%E0%A6%AA%E0%A7%80%E0%A6%A8%E0%A6%BE%E0%A6%A5%E0%A6%A8-%E0%A6%A8%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A7%B0%E0%A7%B0-%E0%A6%AC%E0%A6%BF%E0%A7%9F%E0%A7%8B/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট গান্ধীবাদী আৰু স্বাধীনতা সংগ্ৰামী পি. গোপীনাথন নায়াৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি টুইট কৰেঃ “ভাৰতৰ স্বাধীনতা সংগ্ৰামলৈ আগবঢ়োৱা বৰঙণি আৰু গান্ধীবাদী নীতিৰাজিৰ প্ৰতি অটল অংগীকাৰৰ বাবে পি. গোপীনাথন নায়াৰ স্মৰণীয় হৈ থাকিব। তেওঁৰ দেহাৱসানত মৰ্মাহত হৈছো। মই তেওঁৰ পৰিয়ালবৰ্গ আৰু অনুৰাগীসকলক সমবেদনা জনালো। ঔম শান্তি।” | পি. গোপীনাথন নায়াৰৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক |
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A7%E0%A7%AD-%E0%A6%AE%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%9A%E0%A6%A4-%E0%A6%86%E0%A6%87%E0%A6%8F%E0%A6%86%E0%A7%B0%E0%A6%86%E0%A6%87%E0%A6%A4-%E0%A6%95%E0%A7%83%E0%A6%B7%E0%A6%BF/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A7%E0%A7%AD-%E0%A6%AE%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%9A%E0%A6%A4-%E0%A6%86%E0%A6%87%E0%A6%8F%E0%A6%86%E0%A7%B0%E0%A6%86%E0%A6%87%E0%A6%A4-%E0%A6%95%E0%A7%83%E0%A6%B7%E0%A6%BF/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজধানীৰ পুছাস্থিত ভাৰতীয় কৃষিজাত গৱেষণা প্ৰতিষ্ঠানত বাৰ্ষিক ‘কৃষি উন্নতি মেলা’ত ভাষণ আগবঢ়াব। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে কৃষকসকলক সম্বোধন কৰাৰ লগতে ২৫টা কৃষি বিজ্ঞান কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত কৃষি কৰ্ম বঁটা আৰু পণ্ডিত দীনদয়াল উপাধ্যায় কৃষি বিজ্ঞান প্ৰোৎসাহন পুৰষ্কাৰো প্ৰদান কৰিব। এই মেলাৰ উদ্দেশ্য হৈছে ২০২২ চনৰ ভিতৰত কৃষকৰ উপাৰ্জন দুগুন কৰা। ‘কৃষি উন্নতি মেলা’ৰ লক্ষ্য হৈছে কৃষকসকলৰ মাজত কৃষি আৰু প্ৰায়োগিক খণ্ডত শেহতীয়াকৈ বিকশিত প্ৰযুক্তিৰ সন্দৰ্ভত সজাগতা সৃষ্টি কৰা। এই উপলক্ষে আয়োজিত প্ৰদৰ্শনীত কৃষকৰ আয় দুগুন কৰা, ক্ষুদ্ৰ জলসিঞ্চনৰ জীৱন্ত প্ৰদৰ্শন, অপচয় হোৱা পানীৰ উপযুক্ত ব্যৱহাৰ, পশুপালন আৰু মীন পালন হৈছে ইয়াৰ মুখ্য আকৰ্ষণ। মেলাৰ প্ৰদৰ্শনীত বীজ, সাৰ আৰু কীটনাশকো প্ৰদৰ্শন কৰা হ’ব। | ১৭ মাৰ্চত আইএআৰআইত ‘কৃষি উন্নতি মেলা’ত কৃষকসকলক উদ্দেশ্যি ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A7%8C%E0%A6%B2%E0%A6%BE%E0%A6%A8%E0%A6%BE-%E0%A6%86%E0%A6%9C%E0%A6%BE%E0%A6%A6%E0%A7%B0-%E0%A6%9C%E0%A6%A8%E0%A7%8D%E0%A6%AE-%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%B7%E0%A6%BF/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A7%8C%E0%A6%B2%E0%A6%BE%E0%A6%A8%E0%A6%BE-%E0%A6%86%E0%A6%9C%E0%A6%BE%E0%A6%A6%E0%A7%B0-%E0%A6%9C%E0%A6%A8%E0%A7%8D%E0%A6%AE-%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%B7%E0%A6%BF/ | মৌলানা আজাদৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধাৰ্ঘ্য নিৱেদন কৰে। স্বাধীনতা সংগ্ৰামত তেওঁ আগবঢ়োৱা অৱদানৰ লগতে শিক্ষাৰ প্ৰতি থকা তেওঁৰ বিশেষ অনুৰাগৰ কথাও স্মৰণ কৰে প্ৰধানমন্ত্ৰীয়ে। এক ‘টুইট’ত প্ৰধানমন্ত্ৰীয়ে কয়; “জন্ম বাৰ্ষিকীত মৌলানা আজাদক স্মৰণ কৰিছো। পাণ্ডিত্যপূৰ্ণ প্ৰকৃতি আৰু বুদ্ধিদীপ্ত দক্ষতাৰ বাবে তেওঁ ব্যাপক প্ৰশংসা লাভ কৰিছিল। স্বাধীনতা সংগ্ৰামত তেওঁ অগ্ৰণী ভূমিকা পালন কৰিছিল, অন্যান্য নেতৃস্থানীয় প্ৰতিভাধৰসকলৰ সৈতে ঘনিষ্ঠ ভাবে কাম কৰিছিল। শিক্ষাৰ প্ৰতি তেওঁৰ বিশেষ অনুৰাগ আছিল”। | মৌলানা আজাদৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাৰ্ঘ্ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%A8%E0%A6%97%E0%A7%B0%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%83/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%A8%E0%A6%97%E0%A7%B0%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%83/ | শ্ৰীনগৰত আজি এক অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কিষাণগঞ্জ জলবিদ্যুৎ প্ৰকল্প দেশবাসীৰ নামত উচৰ্গা কৰে। তেওঁ লগতে শ্ৰীনগৰ ৰিং ৰোডৰো আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে সমবেত ৰাইজক উদ্দেশ্যি আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে বিগত চাৰি বছৰত বিভিন্ন কাৰণত জম্মু আৰু কাশ্মীৰলৈ অহাৰ কথা দোঁহাৰে। তেওঁ কয় যে ৰমজান মাহ হৈছে হজৰত মহম্মদৰ শিক্ষা আৰু বাণীসমূহ স্মৰণ কৰাৰ এক সময়। প্ৰধানমন্ত্ৰীয়ে কয় যে ৩৩০ মেগাৱাট কিষাণগঞ্জ জলবিদ্যুৎ প্ৰকল্পই ৰাজ্যখনৰ দীৰ্ঘদিনীয়া বিদ্যুতৰ প্ৰয়োজনীয়তা পুৰন কৰিব। তেওঁ ৰাজ্যখনৰ তিনিটা অঞ্চল ক্ৰমে-কাশ্মীৰ, জম্মু আৰু লাডাখৰ সম উন্নয়নত গুৰুত্ব আৰোপ কৰে। | শ্ৰীনগৰত প্ৰধানমন্ত্ৰীঃ দেশবাসীৰ নামত উচৰ্গা কিষাণগঞ্জ জলবিদ্যুৎ প্ৰকল্প |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%AB%E0%A6%97%E0%A6%BE%E0%A6%A8%E0%A6%BF%E0%A6%B8%E0%A7%8D%E0%A6%A4%E0%A6%BE%E0%A6%A8%E0%A7%B0-%E0%A6%AE%E0%A7%81%E0%A6%96%E0%A7%8D%E0%A6%AF-%E0%A6%95%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%AF/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%AB%E0%A6%97%E0%A6%BE%E0%A6%A8%E0%A6%BF%E0%A6%B8%E0%A7%8D%E0%A6%A4%E0%A6%BE%E0%A6%A8%E0%A7%B0-%E0%A6%AE%E0%A7%81%E0%A6%96%E0%A7%8D%E0%A6%AF-%E0%A6%95%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%AF/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আবেলি আফগানিস্তানৰ মুখ্য কাৰ্যবাহী ড০ আব্দুল্লা আব্দুল্লাক সাক্ষাৎ কৰে। দুদিনীয়া ভ্ৰমণসূচী লৈ ভাৰত ভ্ৰমণলৈ অহা জ০ আব্দুল্লাক প্ৰধানমন্ত্ৰীয়ে উষ্ম আদৰণী জনায়। দুয়োগৰাকী নেতাই ভাৰত আৰু আফগানিস্তানৰ ভাৰত বহুমুখী কৌশলগত সহযোগিতাৰ শক্তি আৰু ঘনিষ্ঠ সম্পৰ্কৰ অধিক দৃঢ় কৰাৰ সন্দৰ্ভত আলোচনা কৰে। নতুন দিল্লীত অনুষ্ঠিত দ্বিপাক্ষিক কৌশলগত সহযোগিতামুলক পৰিষদৰ বৈঠকত এটি নতুন উন্নয়ন সহযোগিতামুলক শেহতীয়া ঘোষণা জৰিয়তে ত্বৰাম্বিত সহযোগিতাক আদৰণী জনায়। তেওঁলোকে দ্বিপাক্ষিক অৰ্থনৈতিক আৰু উন্নয়ন সহযোগিতা বৃদ্ধি আৰু প্ৰচুৰ সূযোগৰ সন্দৰ্ভত আলোচনা কৰে। আফগানিস্তানৰ আন্তঃগাঁথনি উন্নয়ন আৰু সক্ষমতা সৃষ্টিত ভাৰতে আগবঢ়োৱা নিৰন্তৰ সহায়-সহযোগিতাৰ বাবে ড০ আব্দুল্লাই ভূয়সী প্ৰশংসা কৰে। এখন শান্তিপূৰ্ণ, ঐক্য, সমৃদ্ধিশালী, সামগ্ৰিক তথা গণতান্ত্ৰিক আফগানিস্তান নিৰ্মাণৰ প্ৰচেষ্টাৰ প্ৰতি ভাৰতে দিয়া প্ৰতিশ্ৰুতিৰ কথাও দোঁহাৰে প্ৰধানমন্ত্ৰীয়ে। দুয়োগৰাকী নেতাই আফগানিস্তানৰ লগতে সমগ্ৰ অঞ্চলটোৰ নিৰাপত্তাজনিত পৰিৱেশ সন্দৰ্ভত নিজা মত ব্যক্ত কৰে আৰু এই দিশত ঘনিষ্ঠ যোগাযোগ তথা সহযোগিতা অব্যাহত ৰখাৰ অৰ্থে সহমত পোষণ কৰে। দুয়োগৰাকী নেতাৰ উপস্থিতিত আৰক্ষীৰ প্ৰশিক্ষণ আৰু উন্নয়নৰ কাৰিকৰী সহযোগিতাৰ দিশত এখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰি বৈঠকৰ সামৰণী মাৰে। প্ৰধানমন্ত্ৰীয়ে ড০ আব্দুল্লাই তেওঁক প্ৰদান কৰা সুন্দৰকৈ কাৰু-কাৰ্যখচিত কৰা প্ৰতিচ্ছবিৰ প্ৰশংসা কৰে। | আফগানিস্তানৰ মুখ্য কাৰ্যবাহী ড০ আব্দুল্লা আব্দুল্লাক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰীয়ে |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A4%E0%A6%BE%E0%A6%AE%E0%A6%BF%E0%A6%B2%E0%A6%A8%E0%A6%BE%E0%A6%A1%E0%A7%81%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%A1%E0%A7%81%E0%A7%B0%E0%A6%BE%E0%A6%87%E0%A6%A4-%E0%A6%8F%E0%A6%87%E0%A6%AE%E0%A6%9B/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A4%E0%A6%BE%E0%A6%AE%E0%A6%BF%E0%A6%B2%E0%A6%A8%E0%A6%BE%E0%A6%A1%E0%A7%81%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%A1%E0%A7%81%E0%A7%B0%E0%A6%BE%E0%A6%87%E0%A6%A4-%E0%A6%8F%E0%A6%87%E0%A6%AE%E0%A6%9B/ | মিনাক্ষী-সুন্দৰেশ্বৰা মন্দিৰৰ বাবে বিখ্যাত মাডুৰাইত উপস্থিত থাকি আজি মই অত্যন্ত উৎফুল্লিত৷ দেশবাসীয়ে কালি ব্যাপক উলহ-মালহেৰে গণৰাজ্য দিৱস উদযাপন কৰিলে৷ আজি মাডুৰাইত এইমছৰ আধাৰশিলা স্থাপনে চৰকাৰৰ ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ নীতিক প্ৰতিফলিত কৰিছে৷ বন্ধুসকল, আমি সকলোৱে জানো যে দিল্লীৰ এইমছ প্ৰতিষ্ঠানে স্বাস্থ্যসেৱা খণ্ডত এক ব্ৰেণ্ড নাম হিচাপে পৰিচিত হৈছে৷ মাডুৰাইত এইমছৰ আধাৰশিলা স্থাপন কৰি আমি ক’ব পাৰো স্বাস্থ্যখণ্ডৰ এই ব্ৰেণ্ড কাশ্মীৰৰ পৰা মাডুৰাই, গুৱাহাটীৰ পৰা গুজৰাটলৈ—দেশৰ প্ৰতিটো প্ৰান্তলৈ লৈ যোৱা হ’ব৷ মাডুৰাইৰ এইমছ প্ৰতিষ্ঠান ১৬হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব৷ ইয়ে সমগ্ৰ তামিলনাডুৰ জনসাধাৰণক উপকৃত কৰিব৷ বন্ধুসকল, এনডিএ চৰকাৰে দেশৰ স্বাস্থ্য খণ্ডত অত্যন্ত গুৰুত্ব প্ৰদান কৰিছে, যাতে প্ৰতিগৰাকী ব্যক্তি স্বাস্থ্যৱান হৈ থাকে আৰু সকলোৰে বাবে স্বাস্থ্যসেৱা সুলভ হয়৷ প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনাৰ অধীনত আমি দেশৰ ভিন্ন প্ৰান্তৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ উন্নীতকৰণৰ পদক্ষেপ গ্ৰহণ কৰিছো৷ আজি মই মাডুৰাই, থানঝাভুৰ আৰু তিৰুনেলভেলি মেডিকেল কলেজত ছুপাৰ স্পেচিয়েলিটী ব্ল’ক উদ্বোধন কৰি গভীৰ সন্তুষ্টি অনুভৱ কৰিছো৷ মিছন ইন্দ্ৰধনুষে ক্ষিপ্ৰ গতিৰে কাম কৰি স্বাস্থ্যসেৱা খণ্ডত এক নতুন দৃষ্টান্ত দাঙি ধৰিছে৷ প্ৰধানমন্ত্ৰী মাতৃ মাতৃত্ব বন্দনা যোজনা আৰু প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানে নিৰাপদ অন্তঃসত্ত্বা নিশ্চিত কৰিছে৷ যোৱা চাৰি বছৰত দেশত মেডিকেল আসনৰ সংখ্যা ৩০%লৈ বৃদ্ধি পাইছে৷ আয়ুস্মান ভাৰতৰ মুকলিও এক বৃহৎ পদক্ষেপ৷ এই আঁচনিৰ অধীনত তামিলনাডুৰ ১ কোটি ৫৭লাখ লোক জড়িত হৈছে৷ মাত্ৰ তিনি মাহৰ ভিতৰতে তামিলনাডুৰ প্ৰায় ৮৯০০ লোকে আঁচনিখনৰদ্বাৰা উপকৃত হৈছে আৰু চিকিৎসালয়ত ভৰ্তি হোৱা ৰাজ্যখনৰ ৰোগীৰ বাবে ২০০ কোটিৰো অধিক ধন মুকলি কৰি দিয়া হৈছে৷ তামিলনাডুত ইতিমধ্যে ১৩২০ টা স্বাস্থ্য আৰু আৰোগ্য কেন্দ্ৰ মুকলি হোৱাক লৈ মই সন্তুষ্টি৷ প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাই প্ৰায় ১০ কোটি দৰিদ্ৰ পৰিয়ালক চিকিৎসালয়ত ভৰ্তি কৰাৰ ক্ষেত্ৰত ৫ লাখ টকাৰ আৰ্থিক নিৰাপত্তা প্ৰদান কৰিছে৷ এয়া হ’ল বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্য বীমা যোজনা৷ ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত আমি ৰাজ্য চৰকাৰসমূহক কাৰিকৰী আৰু বিত্তীয় সাহায্য আগবঢ়াও৷ ২০২৫ৰ ভিতৰত আমাৰ চৰকাৰে দেশক টিবি মুক্ত কৰাৰ লক্ষ্য লৈছে৷ মই জানিব পাৰি সুখী হৈছো যে, ৰাজ্য চৰকাৰে টিবি মুক্ত চেন্নাই অভিযান আৰম্ভ কৰিছে আৰু ২০২৩ৰ ভিতৰত ৰাজ্যখনক টিবি মুক্ত কৰাৰ লক্ষ্য লৈছে৷ তামিলনাডুত আজি ১২ টা ডাকঘৰ পাছপ’ৰ্ট সেৱা কেন্দ্ৰ মুকলি কৰিও মই অত্যন্ত সুখ অনুভৱ কৰিছো৷ জনসাধাৰণৰ জীৱন-ধাৰণৰ মান উন্নত কৰিবলৈ চৰকাৰে লোৱা পদক্ষেপৰ ই এটা অন্যতম উদাহৰণ৷ জয় হিন্দ !!!! | তামিলনাডুৰ মাডুৰাইত এইমছৰ আধাৰশিলা স্থাপন অনু্ষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ লিখিত ৰূপ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A7%81%E0%A6%B6%E0%A6%BE%E0%A6%B8%E0%A6%A8%E0%A7%B0-%E0%A7%AE-%E0%A6%AC%E0%A6%9B%E0%A7%B0-%E0%A7%B0-%E0%A6%89%E0%A6%B2%E0%A7%8D%E0%A6%B2%E0%A7%87%E0%A6%96%E0%A6%AF/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A7%81%E0%A6%B6%E0%A6%BE%E0%A6%B8%E0%A6%A8%E0%A7%B0-%E0%A7%AE-%E0%A6%AC%E0%A6%9B%E0%A7%B0-%E0%A7%B0-%E0%A6%89%E0%A6%B2%E0%A7%8D%E0%A6%B2%E0%A7%87%E0%A6%96%E0%A6%AF/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ৮ বছৰত দেশৰ শাসন ব্যৱস্থাত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ আৰু সংস্কাৰ সন্দৰ্ভত তেওঁৰ ৱেবছাইট (narendramodi.in) আৰু MyGovৰ পৰা প্ৰবন্ধ আৰু টুইটৰ যোগসূত্ৰ শ্বেয়াৰ কৰিছে। এই প্ৰবন্ধ আৰু টুইটৰ যোগসূত্ৰৰ জৰিয়তে আত্মনিৰ্ভৰ ভাৰত, চৰকাৰৰ জনকেন্দ্ৰিক আৰু মানৱীয় দৃষ্টিভংগী, প্ৰতিৰক্ষা খণ্ডৰ সংস্কাৰ আৰু দৰিদ্ৰ কল্যাণমূলক প্ৰশাসনিক ব্যৱস্থাৰ বিকাশৰ দিশসমূহ দাঙি ধৰা হৈছে। এক শৃংখলাবদ্ধ টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়ঃ "১৩০ কোটি ভাৰতীয়ই সিদ্ধান্ত লৈছে যে তেওঁলোকে ভাৰতক আত্মনিৰ্ভৰ কৰি তুলিব। আত্মনিৰ্ভৰশীলতাৰ বাবে আমাৰ প্ৰচেষ্টা বিশ্বব্যাপী সমৃদ্ধিত অৰিহণা যোগোৱাৰ দৃষ্টিভংগীৰ মাধ্যমেৰে পৰিচালিত হয়। #সুশাসনৰ ৮বছৰ" "আমাৰ চৰকাৰ প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে যত্নশীল। আমি জনকেন্দ্ৰিক আৰু মানৱীয় দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত। #সুশাসনৰ ৮বছৰ" "নমো এপৰ এই প্ৰবন্ধটোৱে স্বদেশীকৰণ, প্ৰতিৰক্ষা কৰিডৰ নিৰ্মাণ, প্ৰতিৰক্ষা সৰঞ্জাম ৰপ্তানি বৃদ্ধি আৰু আন বহু খণ্ডত গুৰুত্ব আৰোপ কৰাৰ উপৰি প্ৰতিৰক্ষা খণ্ডত কেইবাটাও সংস্কাৰৰ ওপৰত আলোকপাত কৰিছে। #সুশাসনৰ ৮বছৰ" "সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস'ৰ মন্ত্ৰৰ দ্বাৰা অনুপ্ৰাণিত হৈ আমাৰ চৰকাৰে জনসাধাৰণৰ কল্যাণৰ উপযোগী প্ৰশাসনিক ব্যৱস্থাক জোৰদাৰ কৰি তোলাৰ বাবে কেইবাটাও প্ৰচেষ্টা হাতত লৈছে, যিয়ে দৰিদ্ৰ, যুৱক, কৃষক, মহিলা আৰু প্রান্তীয় লোকসকলক সহায় কৰিছে। #সুশাসনৰ ৮বছৰ" | ‘সুশাসনৰ ৮ বছৰ’ ৰ উল্লেখযোগ্য দিশসমূহ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয় |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%87%E0%A6%A4%E0%A6%AC%E0%A7%8B%E0%A7%B0-%E0%A6%96%E0%A6%A8%E0%A6%BF%E0%A6%9C-%E0%A6%AA%E0%A6%A6%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%A5%E0%A7%B0-%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%87%E0%A6%A4%E0%A6%AC%E0%A7%8B%E0%A7%B0-%E0%A6%96%E0%A6%A8%E0%A6%BF%E0%A6%9C-%E0%A6%AA%E0%A6%A6%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%A5%E0%A7%B0-%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে গ্লুকনাইট, পটাছ, এমাৰ্ল্ড, প্লেটিনাম গ্ৰুপ অৱ মেটেলছ (PGM), এণ্ডালুচাইট, চিলিমানাইট আৰু মলিবডেনামৰ ক্ষেত্ৰত ৰয়েলিটিৰ হাৰ নিৰ্ধাৰণৰ অৰ্থে খনি আৰু খনিজ (উন্নয়ন আৰু নিয়ন্ত্ৰণ) আইন, ১৯৫৭ (ইয়াৰ পিছত 'আইনখন' বুলি উল্লেখ কৰা হ’ব) ৰ দ্বিতীয় অনুসূচীৰ সংশোধনৰ বাবে খনি মন্ত্ৰালয়ৰ প্ৰস্তাৱত অনুমোদন জনালে। এই অনুমোদনে গ্লুকনাইট, পটাছ, এমাৰ্ল্ড, প্লেটিনাম গ্ৰুপ অৱ মেটেলছ, এণ্ডালুচাইট আৰু মলিবডেনামৰ ক্ষেত্ৰত খনিজ ব্লকসমূহৰ নিলাম নিশ্চিত কৰিব যাৰ ফলত এই খনিজ পদাৰ্থসমূহৰ আমদানি হ্ৰাস হ'ব, খনি খণ্ডটোৰ লগতে উৎপাদন খণ্ডত সবলীকৰণৰ সুযোগ সৃষ্টি হ'ব যিয়ে সমাজখনৰ এক বৃহৎ অংশৰ সামগ্ৰিক বিকাশ নিশ্চিত কৰাত সহায় আগবঢ়াব। খনিজ বহুৰূপী (polymorphs) এণ্ডালুচাইট, চিলিমানাইট আৰু কিয়ানাইটৰ বাবে ৰয়েলটিৰ হাৰ একে স্তৰত ৰখা হয়। এই অনুমোদনৰ ফলত দেশখনৰ অৰ্থনীতিৰ বাবে বহুতো গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ ক্ষেত্ৰত আমদানি প্ৰতিস্থাপন হ'ব যাৰ ফলত মূল্যৱান বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ ৰাহি হ'ব। ই খনিজ পদাৰ্থৰ স্থানীয় উৎপাদনৰ জৰিয়তে দেশৰ বৈদেশিক নিৰ্ভৰশীলতা হ্ৰাস কৰিব। এই অনুমোদনে দেশখনত প্ৰথমবাৰৰ বাবে গ্লুকনাইট, পটাছ, এমাৰ্ল্ড, প্লেটিনাম গ্ৰুপ অৱ মেটেল, এণ্ডালুচাইট আৰু মলিবডেনামৰ ক্ষেত্ৰত খনিজ ব্লকসমূহৰ নিলাম নিশ্চিত কৰিব। দেশখনৰ খনিজ সম্পদৰ আবন্টনত স্বচ্ছতা আৰু বৈষম্য-হীনতা নিশ্চিতকৰণৰ অৰ্থে নিলামৰ জৰিয়তে খনিজ ৰেহাই (concessions) প্ৰদানৰ নতুন ব্যৱস্থা আৰম্ভ কৰিবলৈ ২০১৫ ত এই আইনখনৰ সংশোধন কৰা হৈছিল। তেতিয়াৰেপৰা নিলাম ব্যৱস্থা পৰিপক্ক হৈছে। খনিজ খণ্ডটোক অধিক গতি প্ৰদান কৰিবলৈ, আইনখন ২০২১ ত অধিক সংশোধন কৰা হয়। সংস্কাৰৰাজিৰ অধীনত, চৰকাৰখনে খনিজ ব্লকসমূহৰ নিলাম, উৎপাদন বৃদ্ধি, দেশখনত ইজ অৱ ডুয়িং বিজনেছৰ অগ্ৰগতি সাধন আৰু মুঠ ঘৰুৱা উৎপাদন (GDP) ত খনিজ উৎপাদনৰ বৰঙণি বৃদ্ধিত গুৰুত্বপূৰ্ণ উদ্দীপনা প্ৰদান কৰিছে। মাননীয় প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিৰ নেতৃত্বত খনি মন্ত্ৰালয়েও দেশখনত খনিজ পদাৰ্থৰ অন্বেষণ বৃদ্ধিৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে, যাৰ ফলত নিলামৰ বাবে অধিক ব্লক উপলব্ধ হৈছে। অন্বেষণ কাৰ্য্যকলাপ কেৱল পৰম্পৰাগত খনিজ যেনেঃ লৌহ আকৰিক, বক্সাইট, চূণশিলৰ বাবেই নহয়, লগতে গভীৰভাৱে-অৱস্থিত (deep-seated) খনিজ পদাৰ্থ, সাৰ খনিজ, গুৰুত্বপূৰ্ণ খনিজ আৰু খনিজ পদাৰ্থৰ বাবেও বৃদ্ধি পাইছে যিবোৰ আমদানি কৰা হয়। যোৱা ৪-৫ বছৰে, ভাৰতীয় ভূতাত্ত্বিক জৰীপ আৰু খনিজ অন্বেষণ নিগম লিমিটেডৰ দৰে কেন্দ্ৰীয় সংস্থাসমূহে অন্বেষণ চলাইছে আৰু দেশখনত এতিয়ালৈকে খনন নকৰা খনিজ পদাৰ্থৰ কেইবাটাও ব্লকৰ প্ৰতিবেদন ৰাজ্য চৰকাৰসমূহক হস্তান্তৰ কৰিছে। গ্লুকনাইট/ পটাছ, এমাৰ্ল্ড, প্লেটিনাম গ্ৰুপ অৱ মেটেলছ (PGM), এণ্ডালুচাইট আৰু মলিবডেনাম আদি খনিজ পদাৰ্থসমূহৰ কথা আহি পৰা মাত্ৰেকে, দেশখন আমাৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে এই খনিজ পদাৰ্থসমূহৰ আমদানিৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল। খনিজ স্ব-নিৰ্ভৰশীলতাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে, বহু ৰাজ্য চৰকাৰে নিলামৰ বাবে এনে খনিজ ব্লকসমূহ চিনাক্ত কৰিছে। অৱশ্যে, এই খনিজ পদাৰ্থসমূহৰ বাবে ৰয়েলিটিৰ হাৰ পৃথকে প্ৰদান কৰা হোৱা নাছিল আৰু এই খনিজ পদাৰ্থসমূহৰ খননত গতি প্ৰদানৰ বাবে ই উপযুক্ত নাছিল। সেই অনুসৰি, মন্ত্ৰালয়ে নিলামত উন্নত অংশগ্ৰহণক উৎসাহিত কৰিবলৈ ৰয়েলিটিৰ যুক্তিসংগত হাৰৰ প্ৰস্তাৱ আগবঢ়াইছিল, যাক মাননীয় প্ৰধানমন্ত্ৰীৰ নেতৃত্বত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে। ৰাজ্য চৰকাৰসমূহ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়/ বিভাগৰ সৈতে বিস্তৃত আলোচনাৰ পিছত এই হাৰসমূহ নিৰ্ধাৰণ কৰা হৈছে। খনি মন্ত্ৰালয়ে এই খনিজ ব্লকসমূহৰ নিলাম সক্ষম কৰাৰ বাবে প্ৰয়োজনীয় এই খনিজ পদাৰ্থসমূহৰ গড় বিক্ৰী মূল্য () হৈছে বিভিন্ন উদ্যোগ আৰু নতুন উদ্ভাৱনীমূলক প্ৰয়োগত ব্যৱহৃত উচ্চ মূল্যৰ ধাতু। এণ্ডালুচাইট, মলিবডেনামৰ দৰে খনিজ পদাৰ্থসমূহ হৈছে ঔদ্যোগিক প্ৰয়োগত ব্যৱহৃত গুৰুত্বপূৰ্ণ খনিজ। এই খনিজ পদাৰ্থসমূহৰ থলুৱা খননক উৎসাহিত কৰাটো হৈছে ৰাষ্ট্ৰীয় স্বাৰ্থ যাৰ ফলত পটাছ সাৰ আৰু অন্যান্য খনিজ পদাৰ্থৰ আমদানি হ্ৰাস হ'ব। খনি মন্ত্ৰালয়ে গ্ৰহণ কৰা এই পদক্ষেপে খনি খণ্ডত নিয়োগ সৃষ্টিৰ বৰ্ধন ঘটাব বুলিও আশা কৰা হৈছে। ই তদুপৰি ডাউনষ্ট্ৰীম উদ্যোগসমূহৰ বাবে খনিজ পদাৰ্থৰ বৰ্ধিত উপলব্ধতা নিশ্চিত আৰু কৃষিক সহায় আগবঢ়াব। | কেতবোৰ খনিজ পদাৰ্থৰ ক্ষেত্ৰত ৰয়েলিটিৰ হাৰ নিৰ্ধাৰণৰ অৰ্থে খনি আৰু খনিজ (উন্নয়ন আৰু নিয়ন্ত্ৰণ) আইন, ১৯৫৭ ৰ দ্বিতীয় অনুসূচীৰ সংশোধনত অনুমোদন কেবিনেট |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%AE%E0%A7%80%E0%A6%A8%E0%A6%BE%E0%A7%B0%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%A3-%E0%A6%97%E0%A7%81%E0%A7%B0%E0%A7%81%E0%A6%95/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%AE%E0%A7%80%E0%A6%A8%E0%A6%BE%E0%A7%B0%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%A3-%E0%A6%97%E0%A7%81%E0%A7%B0%E0%A7%81%E0%A6%95/ | জয় স্বামীনাৰায়ণ। পূজ্য শ্ৰী দেৱকৃষ্ণ দাসজী স্বামী, মহন্ত শ্ৰী দেৱপ্ৰসাদ দাসজী স্বামী, পূজ্য ধৰ্মবল্লভ স্বামী জী, অনুষ্ঠানটোত উপস্থিত থকা সকলো শ্ৰদ্ধাৰ সাধু, অন্যান্য গণ্যমান্য ব্যক্তি আৰু মোৰ মৰমৰ যুৱ বন্ধুসকলে এই পবিত্ৰ কাৰ্যসূচীক নিৰ্দেশনা দি আছে! আপোনালোক সকলোকে জয় স্বামীনাৰায়ণ॥ পূজ্য শাস্ত্ৰীজী মহাৰাজ শ্ৰী ধৰ্মজীৱন দাসজী স্বামীৰ অনুপ্ৰেৰণাত ৰাজকোট গুৰুকুলে ৭৫ বছৰ সম্পূৰ্ণ কৰিছে। ৰাজকোট গুৰুকুলৰ ৭৫ বছৰীয়া এই যাত্ৰাৰ বাবে মই আপোনালোক সকলোকে হৃদয়েৰে অভিনন্দন জনাইছো। ভগৱান শ্ৰী স্বামী নাৰায়ণৰ নাম স্মৰণ কৰিলে এক নতুন চেতনা আহে আৰু আজি আপোনালোক সকলো সাধুৰ উপস্থিতিত স্বামীনাৰায়ণৰ নাম স্মৰণ কৰাটো এক পৃথক বিশেষাধিকাৰৰ উপলক্ষ। মই নিশ্চিত যে এই ঐতিহাসিক প্ৰতিষ্ঠানটোৰ ভৱিষ্যত আৰু অধিক সফল হ'ব। ইয়াৰ অৱদান আৰু অধিক অতুলনীয় হ'ব। বন্ধুসকল, শ্ৰী স্বামীনাৰায়ণ গুৰুকুল ৰাজকোট যাত্ৰাৰ ৭৫ বছৰ এনে এক সময়ত সম্পূৰ্ণ হৈছে যেতিয়া দেশখনে স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰি আছে। এয়া কেৱল এক সুখী কাকতালীয় ঘটনা নহয়, ই এক আনন্দদায়ক কাকতালীয় ঘটনাও। এনে কাকতালীয় ঘটনা আৰু হাজাৰ হাজাৰ বছৰৰ আমাৰ মহান পৰম্পৰাৰ জৰিয়তে এখন ৰাষ্ট্ৰ হিচাপে ভাৰতৰ স্বাধীন ভাৰতৰ যাত্ৰাও এনে কাকতালীয় ঘটনাৰ দ্বাৰা ত্বৰান্বিত হৈছে। এইবোৰ হৈছে অধ্যৱসায় আৰু কৰ্তব্যৰ পৰিমাণ! এইবোৰ হৈছে সংস্কৃতি আৰু সমৰ্পণৰ সুযোগ! এইবোৰ হৈছে আধ্যাত্মিকতা আৰু আধুনিকতাৰ সুযোগ! যেতিয়া দেশ স্বাধীন হৈছিল, ভাৰতৰ প্ৰাচীন গৌৰৱ আৰু শিক্ষাৰ ক্ষেত্ৰত আমাৰ গৌৰৱ পুনৰুজ্জীৱিত কৰাটো আমাৰ দায়িত্ব আছিল। কিন্তু দাসত্বৰ মানসিকতাৰ হেঁচাত চৰকাৰবোৰ সেই দিশত আগবাঢ়ি যোৱা নাছিল। আৰু কিছুমান ক্ষেত্ৰত, বিপৰীত ভৰিটো চলি থাকিল। আৰু এই পৰিস্থিতিত, আকৌ এবাৰ আমাৰ সাধুসকল, আচাৰ্যসকলে দেশৰ প্ৰতি এই কৰ্তব্য পালন কৰাৰ দায়িত্ব লৈছিল। স্বামীনাৰায়ণ গুৰুকুল এই সুযোগৰ এক জীৱন্ত উদাহৰণ। স্বাধীনতাৰ ঠিক পিছতে ভাৰতীয় মূল্যবোধ আৰু আদৰ্শৰ ভেটিত এই আন্দোলন, এই প্ৰতিষ্ঠানটো নিৰ্মাণ কৰা হৈছিল। ৰাজকোট গুৰুকুলৰ প্ৰতি পূজ্য ধৰ্মজীৱদাস স্বামীজীৰ দৃষ্টিভংগীত আধ্যাত্মিকতা আৰু আধুনিকতাৰ পৰা সংস্কৃতি আৰু মূল্যবোধলৈকে সকলো অন্তৰ্ভুক্ত আছিল। আজি সেই চিন্তা-বীজটো আমাৰ সন্মুখত এই বিশাল বট গছৰ ৰূপত আছে। মই গুজৰাটত আপোনালোক সকলোৰে মাজত বাস কৰিছো, মই আপোনালোকৰ মাজত ডাঙৰ-দীঘল হৈছো। আৰু মোৰ নিজৰ চকুৰে এই বট গছজোপা ভালদৰে চোৱাৰ সুযোগ পোৱাটো মোৰ সৌভাগ্যৰ বিষয়। এই গুৰুকুলৰ মূলত ভগৱান স্বামীনাৰায়ণৰ অনুপ্ৰেৰণা আছিল – "প্ৰৱৰ্তিয়া সাদৱী ভুৱী যত সুক্ৰিতাম মহাৰাম"! অৰ্থাৎ সত্যৰ প্ৰসাৰ হৈছে পৃথিৱীৰ আটাইতকৈ পৱিত্ৰ, আটাইতকৈ গুৰুত্বপূৰ্ণ কাম। জ্ঞান আৰু শিক্ষাৰ প্ৰতি ভাৰতৰ এই চিৰন্তন সমৰ্পণেই আমাৰ সভ্যতাৰ ভেটি স্থাপন কৰিছে। ইয়াৰ প্ৰভাৱ হৈছে যে এসময়ত ৰাজকোটত মাত্ৰ ৭ জন শিক্ষাৰ্থীৰ সৈতে আৰম্ভ হোৱা গুৰুকুল বিদ্যা প্ৰতিষ্ঠনমৰ আজি দেশ আৰু বিদেশত প্ৰায় ৮০ টা শাখা আছে। প্ৰতি বছৰে হাজাৰ হাজাৰ শিক্ষাৰ্থী ইয়ালৈ আহে। যোৱা ৭৫ বছৰত, গুৰুকুলে ভাল ধাৰণা আৰু মূল্যবোধেৰে শিক্ষাৰ্থীসকলৰ মন আৰু মন প্ৰতিপালন কৰিছে, যাতে তেওঁলোকৰ সামগ্ৰিক বিকাশ হ'ব পাৰে। আধ্যাত্মিকতাৰ ক্ষেত্ৰত সমৰ্পিত যুৱক-যুৱতীৰ পৰা আৰম্ভ কৰি ইছৰো আৰু বিএআৰচিৰ বিজ্ঞানীলৈকে, আমি গুৰুকুল পৰম্পৰাই প্ৰতিটো ক্ষেত্ৰতে দেশৰ বুদ্ধি মহিমান্বিত কৰি আহিছো। আৰু আমি সকলোৱে গুৰুকুলৰ এটা বিশেষত্ব জানো আৰু আজিৰ যুগত, ই সকলোকে প্ৰভাৱিত কৰে। খুব কম লোকেই জানে যে সেই কঠিন সময়তো আৰু আজিও, এই গুৰুকুল হৈছে এনে এক প্ৰতিষ্ঠান যি প্ৰতিজন দৰিদ্ৰ শিক্ষাৰ্থীৰ পৰা শিক্ষাৰ বাবে দিনে মাত্ৰ এটকা মাচুল লয়। এইটোৱে দৰিদ্ৰ শিক্ষাৰ্থীসকলৰ বাবে শিক্ষা লাভ কৰাটো সহজ কৰি তুলিছে। বন্ধুসকল, আপুনি সকলোৱে জানে যে জ্ঞান হৈছে ভাৰতত জীৱনৰ সৰ্বোচ্চ উদ্দেশ্য। সেয়েহে, যেতিয়া পৃথিৱীৰ আন দেশবোৰক তেওঁলোকৰ ৰাজ্য আৰু ৰাজ্যৰ সৈতে চিনাক্ত কৰা হৈছিল, সেই সময়ছোৱাত ভাৰতক ভাৰতভূমিৰ গুৰুকুলসকলে জানিছিল। গুৰুকুল মানে গুৰুৰ বংশ, জ্ঞানৰ মুঠ! আমাৰ গুৰুকুলবোৰ বহু শতাব্দী ধৰি সমতা, স্নেহ, সমতা আৰু সেৱাৰ বাগিচাৰ দৰে হৈ আহিছে। নালন্দা আৰু তক্ষচিলাৰ দৰে বিশ্ববিদ্যালয়সমূহ ভাৰতৰ এই গুৰুকুল পৰম্পৰাৰ গোলকীয় সৌন্দৰ্যৰ সমাৰ্থক আছিল। আৱিষ্কাৰ আৰু গৱেষণা ভাৰতৰ জীৱন শৃংখলাৰ অংশ আছিল। আজি আমি ভাৰতৰ প্ৰতিটো কণাত যি বৈচিত্ৰ্য দেখিছোঁ, আমি যি সাংস্কৃতিক সমৃদ্ধি দেখিছোঁ, এইবোৰ একেটা গৱেষণা আৰু আৱিষ্কাৰৰ ফলাফল। পৰমাত্মা তৎভালৈকে, আধ্যাত্মিকতাৰ পৰা আয়ুৰ্বেদলৈ, সামাজিক বিজ্ঞানৰ পৰা সৌৰ বিজ্ঞানৰ পৰা অংকলৈকে ধাতুবিদ্যালৈকে, আৰু শূন্যৰ পৰা অসীমলৈকে, আমি প্ৰতিটো ক্ষেত্ৰতে গৱেষণা চলাইছিলো, নতুন সিদ্ধান্ত লৈছিলো। ভাৰতে মানৱজাতিক অন্ধকাৰৰ সেই যুগবোৰত পোহৰৰ ৰশ্মি দিছিল যাৰ পৰা আধুনিক বিশ্ব আৰু আধুনিক বিজ্ঞানৰ যাত্ৰা আৰম্ভ হৈছিল। আৰু এই সাফল্যসমূহৰ মাজতে আমাৰ গুৰুকুলসকলৰ আন এক শক্তিয়ে বিশ্বৰ বাবে পথ প্ৰশস্ত কৰিছে। যি সময়ত লিংগ সমতাৰ দৰে শব্দপৃথিৱীত জন্ম হোৱা নাছিল, সেই সময়ত গাৰ্গী-মৈত্ৰেয়ীৰ দৰে পণ্ডিতসকলে আমাৰ দেশত অধ্যয়ন কৰিছিল। লৱ-কুশৰ সৈতে, আত্ৰেয়ীয়ে মহৰ্ষি বাল্মীকিৰ আশ্ৰমতো অধ্যয়ন কৰি আছিল। মই সুখী যে স্বামীনাৰায়ণ গুৰুকুলে এই প্ৰাচীন পৰম্পৰা, আধুনিক ভাৰতক আগুৱাই নিয়াৰ বাবে 'কন্যা গুৰুকুল' আৰম্ভ কৰিছে। ৭৫ বছৰীয়া অমৃত মহোৎসৱত, স্বাধীনতাৰ অমৃত কালত এই প্ৰতিষ্ঠানটোৰ এক ডাঙৰ সাফল্য হ'ব, আৰু লগতে দেশলৈ এক গুৰুত্বপূৰ্ণ অৱদান হ'ব। বন্ধুসকল, ভাৰতৰ উজ্জ্বল ভৱিষ্যতত আমাৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠানসমূহে কিমান ডাঙৰ ভূমিকা পালন কৰে আপুনি সকলোৱে ভালদৰে জানে। সেয়েহে, স্বাধীনতাৰ এই অমৃত কালত, সেয়া দেশ, শিক্ষা আন্তঃগাঁথনি বা শিক্ষা নীতি হওঁক, আমি প্ৰতিটো স্তৰত দ্ৰুত গতিত অধিক বিতংভাৱে জড়িত হৈ আছোঁ। আজি, দেশৰ বৃহৎ শিক্ষানুষ্ঠানৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে – আইআইটি, ট্ৰিপল আইটি, আইআইএম, এইমছৰ দৰে প্ৰতিষ্ঠান। ২০১৪ চনৰ পৰা, চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ৬৫ শতাংশতকৈও অধিক বৃদ্ধি হৈছে। নতুন 'ৰাষ্ট্ৰীয় শিক্ষা নীতি'ৰ জৰিয়তে, দেশখনে প্ৰথমবাৰৰ বাবে এক শিক্ষা ব্যৱস্থা প্ৰস্তুত কৰি আছে যি আগুৱাই গৈ আছে, ভৱিষ্যতবাদী। যেতিয়া নতুন প্ৰজন্ম শৈশৱৰ পৰাউন্নত শিক্ষা ব্যৱস্থাত ডাঙৰ-ডাঙৰ হ'ব, তেতিয়া দেশৰ বাবে আদৰ্শ নাগৰিকৰ সৃষ্টিও স্বয়ংক্ৰিয়ভাৱে কৰা হ'ব। ২০৪৭ চনত, যেতিয়া দেশখনে স্বাধীনতাৰ ১০০ বছৰ উদযাপন কৰে, আমি উন্নত ভাৰতৰ সপোনক উপলব্ধিলৈ লৈ যাম। আৰু শ্ৰী স্বামীনাৰায়ণ গুৰুকুলৰ দৰে শিক্ষানুষ্ঠানৰ প্ৰচেষ্টা নিশ্চিতভাৱে ইয়াত অতি গুৰুত্বপূৰ্ণ হ'ব। বন্ধুসকল, অমৃত কালৰ পৰৱৰ্তী ২৫ বছৰৰ যাত্ৰাত আপোনালোক সাধুসকলৰ আশীৰ্বাদ আৰু আপোনালোক সকলোৰে সমৰ্থন অতি গুৰুত্বপূৰ্ণ। আজি ভাৰত আৰু ভাৰতবৰ্ষৰ প্ৰস্তাৱসমূহো নতুন, সেই প্ৰস্তাৱসমূহ পূৰণকৰাৰ প্ৰচেষ্টাও নতুন। আজি দেশখন ডিজিটেল ইণ্ডিয়া, স্বাৱলম্বী ভাৰত, ভোকেল ফৰ লোকেল, প্ৰতিখন জিলাত ৭৫ টা অমৃত হ্ৰদ নিৰ্মাণ, এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ দৃষ্টিভংগীৰে আগবাঢ়িছে। সামাজিক পৰিৱৰ্তন আৰু সামাজিক সংস্কাৰৰ এই কামবোৰত সকলোৰে প্ৰচেষ্টাই কোটি কোটি লোকৰ জীৱনপ্ৰভাৱিত কৰিব। মই নিশ্চিত যে স্বামীনাৰায়ণ গুৰুকুল বিদ্যা প্ৰতিষ্ঠনমৰ দৰে প্ৰতিষ্ঠানসমূহে একেধৰণে এই সংকল্প যাত্ৰাক উজ্জীৱিত কৰি থাকিব। আৰু যেতিয়া মই আজি আপোনালোক সকলোৰে মাজত আহিছোঁ, ৭৫ বছৰৰ এক অতি ডাঙৰ যাত্ৰা, যিটো আপুনি সফলতাৰে আগবঢ়াই নিছে। এতিয়া ইয়াক দেশৰ যুৱপ্ৰজন্মৰ হিতৰ বাবেও সম্প্ৰসাৰিত কৰিব লাগে। মই আজি স্বামীনাৰায়ণ গুৰুকুলসকলক প্ৰাৰ্থনা কৰিব পাৰোনে? আমাৰ উত্তৰ-পূৰ্বাঞ্চল, আপুনি সিদ্ধান্ত লোৱা উচিত যে প্ৰতি বছৰে কমেও ১০০ গৰাকী যুৱক-যুৱতী ১৫ দিনৰ বাবে উত্তৰ-পূৰ্বাঞ্চললৈ যাব, নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, ছিকিম আছে। তালৈ ১৫ দিনৰ বাবে গৈ, যুৱক-যুৱতীসকলক লগ কৰা, তেওঁলোকৰ পৰিচয় দিয়া, তাত থকা বস্তুবোৰ জনা, অহা আৰু ইয়াত লিখা, প্ৰতি বছৰে কমেও ১৫০ জন যুৱকে তালৈ ১৫ দিনৰ বাবে যাব লাগে। আপুনি দেখিছে যে আমাৰ সাধুসকলে ৭৫ বছৰ আগতে এই যাত্ৰা আৰম্ভ কৰিব লাগিব, আপুনি দেখিব যে আমাৰ উত্তৰ-পূৰ্বাঞ্চলত কিমান জন প্ৰতিশ্ৰুতিশীল যুৱক আছে। যদি তেওঁলোকৰ সৈতে আমাৰ সম্পৰ্ক সম্পৰ্কিত হয়, তেন্তে দেশৰ বাবে এক নতুন শক্তি যোগ কৰা হ'ব। একেদৰে, আমাৰ সন্ত সম্প্ৰদায়ত, মোৰ মনত আছে নে যেতিয়া আমি বেটি বচাও অভিযান কৰি আছিলো, সৰু ছোৱালীবোৰে মঞ্চলৈ আহি ছিল আৰু ৭ মিনিট, ৮ মিনিট, ১০ মিনিটৰ বাবে মহান হৃদয় আৰু ডাঙৰ অভিনয়েৰে ভাষণ দিছিল। তেওঁ গোটেই দৰ্শকক কান্দিছিল। আৰু তাই মাকৰ গৰ্ভৰ পৰা কৈছিল যে মাতৃয়ে মোক হত্যা কৰিব নালাগে। গুজৰাটত আমাৰ ছোৱালীবোৰে ভ্ৰূণ হত্যাৰ বিৰুদ্ধে আন্দোলনটো বহুত নেতৃত্ব দিছিল। আমাৰ গুৰুকুলৰ শিক্ষাৰ্থীসকলে পৃথিৱী মাতৃৰ ৰূপত মানুহক সম্বোধন কৰা উচিত নেকি যে মই আপোনাৰ মাতৃ? মই আপোনাৰ বাবে খাদ্য, ফল, ফুল উৎপাদন কৰোঁ। মোক এই সাৰ, এই ৰাসায়নিক পদাৰ্থ, এই ঔষধবোৰেৰে মাৰিব নালাগে, মোক ইয়াৰ পৰা পৰিত্ৰাণ দিয়ক। আৰু তেওঁলোকক প্ৰাকৃতিক কৃষিৰ প্ৰতি অনুপ্ৰাণিত কৰিবলৈ, মোৰ গুৰুকুলৰ শিক্ষাৰ্থীসকলে কৃষকসকলৰ মাজত এনেদৰে পথৰ নাটক বজাব লাগে, নগৰীয়া নাটক কৰিব লাগে। গুৰুকুলে এটা বৃহৎ অভিযান চলাব পাৰে। আৰু মই সুখী যে আমাৰ গুজৰাটৰ ৰাজ্যপাল শ্ৰীযুত আচাৰ্য দেৱব্ৰতজীৰ নেতৃত্বত প্ৰাকৃতিক কৃষিৰ এক বৃহৎ অভিযান আৰম্ভ কৰা হৈছে। যিদৰে আপুনি মানুহক আসক্তিৰ পৰা মুক্ত কৰিবলৈ এটা অভিযান চলাই আছে, আপুনি কৃষকসকলক এনে ধৰণৰ ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰতিশ্ৰুতি ল'বলৈ অনুপ্ৰাণিত কৰিবলৈও কাম কৰিব পাৰে। কিয়নো গুৰুকুললৈ অহা লোকসকল মূল গাওঁৰ পৰা, কৃষক পৰিয়ালৰ পৰা আহে। সেইবোৰৰ জৰিয়তে, বস্তুবোৰ সহজে উপনীত হ'ব পাৰি। সেয়েহে, স্বাধীনতাৰ এই অমৃত কালত, আমাৰ গুৰুকুল, আমাৰ সংস্কৃত শিক্ষিত যুৱক-যুৱতীসকলে এক উজ্জ্বল ভৱিষ্যতৰ বাবে, পৰিৱেশ সুৰক্ষিত কৰিবলৈ, এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ সপোন বাস্তৱায়িত কৰিবলৈ বহুতো নতুন ধাৰণা, আদৰ্শ, সংকল্প বহন কৰিব পাৰে। আৰু মই বিশ্বাস কৰোঁ যে স্বামীনাৰায়ণ পৰম্পৰা মোৰ বাবে এক ডাঙৰ সৌভাগ্য ৰখা হৈছে যে যেতিয়াই মই স্বামীনাৰায়ণ পৰম্পৰাত আপোনাক লগ পাইছো, মই যি বিচাৰিছো আপুনি পূৰণ কৰিছে। আজি, যেতিয়া মই এই বোৰ বিচাৰিআছো, মই নিশ্চিত যে আপুনিও ইয়াক পূৰণ কৰিব। আৰু গুজৰাটৰ নাম আলোকিত হ'ব, ভৱিষ্যত প্ৰজন্মৰ জীৱন সহজ হ'ব। আকৌ এবাৰ, আপোনালোক সকলোকে বহুত ধন্যবাদ। জয় স্বামী নাৰায়ণ। | শ্ৰী স্বামীনাৰায়ণ গুৰুকুল ৰাজকোট সংস্থানৰ ৭৫ তম অমৃত মহোৎসৱত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবা |
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%AC-%E0%A6%AE%E0%A7%87%E0%A6%A4-%E0%A6%9C%E0%A7%80%E0%A6%9F%E0%A7%8B-%E0%A6%95%E0%A6%BE%E0%A6%A8%E0%A7%87%E0%A6%95%E0%A7%8D%E0%A6%9F-%E0%A7%A8%E0%A7%A6%E0%A7%A8%E0%A7%A8%E0%A7%B0-%E0%A6%89/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A7%AC-%E0%A6%AE%E0%A7%87%E0%A6%A4-%E0%A6%9C%E0%A7%80%E0%A6%9F%E0%A7%8B-%E0%A6%95%E0%A6%BE%E0%A6%A8%E0%A7%87%E0%A6%95%E0%A7%8D%E0%A6%9F-%E0%A7%A8%E0%A7%A6%E0%A7%A8%E0%A7%A8%E0%A7%B0-%E0%A6%89/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৬ মে, ২০২২ তাৰিখে পুৱা ১০:৩০ বজাত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে জৈন আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সংস্থাৰ ‘জীটো কানেক্ট ২০২২’ৰ উদ্বোধনী অধিৱেশনত ভাষণ প্ৰদান কৰিব। জৈন আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সংস্থা (জেইইটিঅ’) হৈছে বিশ্বজুৰি জৈনসকলক সংযোগ কৰা এক বিশ্বব্যাপী সংগঠন। জীটো কানেক্ট হৈছে পাৰস্পৰিক নেটৱৰ্কিং আৰু ব্যক্তিগত বাৰ্তালাপৰ সুযোগ প্ৰদান কৰি ব্যৱসায় আৰু উদ্যোগক সহায় কৰাৰ এক প্ৰয়াস। ‘জীটো কানেক্ট ২০২২’ হৈছে পুনেৰ গংগাধাম পৰিশিষ্টত ৬ ৰ পৰা ৮ মে’লৈ অনুষ্ঠিত হ’বলগীয়া তিনিদিনীয়া অনুষ্ঠান আৰু ইয়াত বাণিজ্য আৰু অৰ্থনীতি সম্পৰ্কীয় বিভিন্ন বিষয়ত কেইবাটাও অধিৱেশন অন্তৰ্ভুক্ত থাকিব। | ৬ মে’ত ‘জীটো কানেক্ট ২০২২’ৰ উদ্বোধনী অধিৱেশনত ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A7%87%E0%A6%A8%E0%A6%BF%E0%A6%B2%E0%A6%BE%E0%A6%A4-%E0%A6%86%E0%A6%9B%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A6%A8-%E0%A6%AC%E0%A6%BE%E0%A6%A3%E0%A6%BF%E0%A6%9C%E0%A7%8D%E0%A6%AF-%E0%A6%86/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A7%87%E0%A6%A8%E0%A6%BF%E0%A6%B2%E0%A6%BE%E0%A6%A4-%E0%A6%86%E0%A6%9B%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A6%A8-%E0%A6%AC%E0%A6%BE%E0%A6%A3%E0%A6%BF%E0%A6%9C%E0%A7%8D%E0%A6%AF-%E0%A6%86/ | মাননীয় জো কনছেপচিয়ন, অধ্যক্ষ, আছিয়ান বাণিজ্য উপদেষ্টা পৰিষদ; মাননীয় অতিথিবৃন্দ, উপস্থিত বিশিষ্ট ব্যক্তিসকল, সৰ্বপ্রথমে, কিছু সময় পলম হোৱাৰ বাবে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছো। ৰাজনীতিৰ দৰে বাণিজ্যিক কাম-কাজো সময় আৰু সেয়া সঠিকভাবে অনুসৰণ কৰাটো অতি গুৰুত্বপূর্ণ। কিন্তু কেতিয়াবা কেতিয়াবা আমাৰ অ্প্ৰাণ চেষ্টা কৰিলেও সেয়া সময়মতে সম্ভৱ হৈ নুঠে। ফিলিপাইনছৰ প্রথম ভ্ৰমণলৈ আহি আৰু মেনিলাত উপস্থিত থাকিবলৈ পাই মই অত্যন্থ সুখ অনুভৱ কৰিছো। ভাৰত আৰু ফিলিপাইনছৰ মাজত কেতবোৰ বিষয়ত যথেষ্ট সাদৃশ্য আছে: আমাৰ দুয়োখন দেশতে বহুত্ববাদী সমাজ ব্যৱস্থা আৰু এক ব্যাপক গণতন্ত্র বিদ্যমান। বিশ্বৰ দ্রুত বিকাশশীল অর্থনীতিৰ দেশসমূহৰ ভিতৰত আমাৰ দুয়োখন দেশেই অন্যতম। আমাৰ দুয়ো দেশৰ জনসংথ্যাৰ গৰিষ্ঠ সংখ্যকেই তৰুণ আৰু আশা-আকাংক্ষাত উদ্দীপ্ত লোক, যিসকল অতি পৰিশ্রমী আৰু উদ্ভাৱনী প্রচেষ্টাৰ প্ৰতি বিশেষভাৱে আগ্রহী। কেৱল ইমানেই নহয়, ভাৰতৰ দৰে ফিলিপাইনছ চৰকাৰেও পৰিৱর্তন বিচৰাৰ লগতে, অন্তর্ভুক্তিমূলক বিকাশ, আন্তঃগাঁথনিৰ উন্নয়ন আৰু দুর্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণাৰ প্ৰতি আগ্রহী। আমাৰ শীর্ষস্থানীয় কেইবাটাও তথ্যপ্রযুক্তি প্ৰতিষ্ঠানে যে ইয়াৰ বিনিয়োগ প্রচেষ্টাৰ সৈতে জড়িত হৈছে, তাক লৈ আচৰিত হ’বলগীয়া একো নাই। তাৰ জৰিয়তে হাজাৰ হাজাৰ কর্মসংস্থাপনৰ সুযোগ সৃষ্টিৰ সমান্তৰালভাৱে ফিলিপাইনছৰ সেৱা ব্যৱস্থাটোক সমগ্ৰ বিশ্বত উপলব্ধ হোৱাটো সম্ভৱ হৈছে। বন্ধুসকল, আজি পুৱাৰ ভাগত আছিয়ান সন্মিনলৰ শুভাৰম্ভণি অনুষ্ঠানত ৰামায়ণৰ আধাৰিত ‘ৰাম হৰি’ শীৰ্ষক এটি নৃত্যানুষ্ঠান পৰিবেশন কৰা আমি প্রত্যক্ষ কৰিলো। ভাৰত আৰু আছিয়ানৰ অন্তৰ্ভূক্ত দেশসমূহৰ জনসাধাৰণ কেনেকৈ ঐতিহাসিক দিশৰ পৰাও পৰস্পৰৰ মাজত মিলিত হৈছে তাতে সেই নৃত্যৰ জৰিয়তে তুলি ধৰা হৈছে। এই বন্ধন কেৱল ঐতিহাসিকেই নহয়, ই হৈছে সদা প্রাণোচ্ছল এক মিলিত ঐতিহ্যৰ বন্ধন। আমাৰ চৰকাৰৰ ‘এক্ট ইষ্ট’ নীতিৰ প্ৰধান কেন্দ্রবিন্দু হৈছে এই অঞ্চলটো। আছিয়ানৰ অন্তৰ্ভূক্ত প্রত্যেকখন দেশৰ সৈতে আমাৰ এক ব্যতিক্রমী ৰাজনৈতিক তথা জনসাধাৰণৰ মাজত পাৰস্পৰিক সম্পর্ক আছে। আমাৰ অর্থনৈতিক আৰু বাণিজ্যিক সম্পর্ককো আমি সেই উচ্চতালৈ উন্নীত কৰাৰ বাবে আগ্রহী। বন্ধুসকল, ভাৰতৰ পৰিৱৰ্তন প্রক্রিয়াৰ কাম অভূতপূৰ্ব গতিত আগুৱাই গৈছে। এক সহজ, ফলপ্ৰসূ আৰু স্বচ্ছ প্রশাসনিক ব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্যৰে প্রশাসন আৰু পৰিচালনাক যাতে অধিক ভালকৈ আৰু দক্ষ কৰি তুলিব পৰা যায়, সেয়া নিশ্চিত কৰাৰ বাবে আমি দিন-ৰাতিয়ে অহৰহ পৰিশ্রম কৰি আহিছো। মই আপোনালোকক এটা উদাহৰণ দিব বিচাৰিছোঃ আমি প্ৰাকৃতি সম্পদৰে ধৰি দূৰসংযোগ স্পেকট্রাম, কয়লা খনি আৰু অন্যান্য খনিজ পদার্থৰ নিলাম ব্যৱস্থাক আমি মুক্ত কৰিছো। এইবোৰৰ পৰা প্রায় ৭৫ বিলিয়ন মার্কিন ডলাৰ ৰাজহ সংগ্ৰহ হৈছে। প্রযুক্তি ব্যৱহাৰৰ জৰিয়তে এফালে যেনেকৈ আমি আমাৰ দায়িত্বশীলতাৰ প্রসাৰ ঘটাইছো, আনফালে সিমানেই বৈষম্য আৰু দুর্নীতিক হ্ৰাস কৰিবলৈ সক্ষম হৈছো। আর্থিক লেনদেন আৰু কৰ ব্যৱস্থাত আমি এক অভিন্ন পৰিচিতি ব্যৱস্থা আৰম্ভ কৰিছো যাৰ ফলাফল ইতিমধ্যে সকলোৱে প্ৰত্যক্ষ কৰিছে। এই সকলো প্রচেষ্টা আৰু তাৰ সমান্তৰালভাৱে উচ্চ মূল্যৰ বেংক নোটৰ বিমুদ্রাকৰণ আমাৰ অর্থনীতিৰ এক বিশাল ক্ষেত্রক ব্যৱহাৰিক কৰি তুলিছে। নতুন কৰদাতাসকলৰ আয়কৰ ৰিটার্ন দাখিলৰ সংখ্যাও দুগুনলৈ বৃদ্ধি পাইছে। অন্যহাতে, ডিজিটেল পদ্ধতিত লেনদেনৰ হাৰ এবছৰৰ ভিতৰতে ৩৪ শতাংশলৈ বৃদ্ধি পাইছে। কাৰণ, কম নগদ ধনৰ অর্থনীতিৰ দিশত আমি ক্রমান্বয়ে আগুৱাই গৈছো। সাধাৰণ জনতাৰ ওচৰত সহজে পোৱাৰ লক্ষ্যেৰে আমি প্ৰযুক্তিৰ আশ্রয় লৈছো। নাগৰিকসলকৰ সৈতে যোগাযোগ ৰক্ষাৰ বাবে আমি ‘মাই গভ’ নামেৰে এক অনলাইন ব্যৱস্থা গঢ় দিছো, যাৰ জৰিয়তে প্রায় ২ নিযুট লোক নাগৰিকে আমাৰ নীতি আৰু আঁচনি সংক্রান্তীয় বিভিন্ন ধৰণৰ পৰামর্শ লাভ কৰিবলৈ সক্ষম হৈছো। আমি ‘প্রগতি’ অৰ্থাৎ ইতিবাচক কর্মপ্রচেষ্টা আৰু সময়ানুৱৰ্তী ৰূপায়ণ সম্পর্কীয় এটা নতুন আন্তঃগাঁথনিমুলক মঞ্চ আৰম্ভ কৰিছো। এই মঞ্চতে দেশৰ বিভিন্ন প্রান্তৰ কর্মী আৰু বিষয়াসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে আঁচনি ৰূপায়ণ আৰু জনসাধাৰণৰ অভাৱ-অভিযোগৰ সমাধান সম্পর্কীয় বিষয়বোৰ আমি পর্যালোচনা কৰাৰ সুযোগ পাও। ‘ন্যূনতম চৰকাৰ, সর্বোচ্চ প্রশাসন’–এই নীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি আমি বিগত তিনি বছৰত ইতিমধ্যে ১,২০০তকৈ অধিক অপ্রচলিত আইন বাতিল কৰিছো। দেৱলীয়া আৰু ঋণ অনাদায় সম্পর্কীয় নতুন নতুন আইন আৰু প্রতিষ্ঠাগত ব্যৱস্থা আৰু তাৰ সমান্তৰালভাৱে আইপিআৰ আৰু মধ্যস্থতা সম্পৰ্কীয় বিষয়বোৰ আমি এটা এটাকৈ আৰম্ভ কৰিছো। পৰিৱেশ সংক্রান্তীয় অনুমতি আদায়ৰ বাধ্যবাধকতাৰ পৰা আমি প্ৰায় ৩৬টামান শ্বেত উদ্যোগ মুক্ত কৰে দিছো। কোনো সংস্থা বা কোম্পানীৰ নথিভুক্তিকৰণ এতিয়া একেদিনাই সম্ভৱ হয়। উদ্যোগৰ অনুজ্ঞাপত্ৰৰ দৰে বিষয় বিষয়টো আমি সৰল কৰি তুলিছো আৰু পৰিবেশ আৰু বন সংক্রান্তীয় অনুমতি পত্র লাভৰ বাবে অনলাইনৰ মাধ্যমত আবেদন ব্যৱস্থাৰ আৰম্ভ কৰিছো। এই সকলোবোৰ নতুন বাণিজ্যিক উদ্যোগ গঢ়ি তোলাৰ কামক অধিক সহজ কৰি তুলিছে। ইয়াৰ ফল পোৱাটো স্বাভাবিক। সহজে বাণিজ্যিক কাম-কাজ কৰিব পৰাৰ ক্ষেত্রত চলিত বছৰৰ বিশ্ব বেংকে ঘোষণা কৰাৰ সূচকাংক অনুসৰি ভাৰতে ৩০টা স্থান আগুৱাই গৈছে। চলিত বছৰত এনে উত্থান অন্য কোনে দেশতে পৰিলক্ষিত হোৱা নাই। ভাৰতৰ দীর্ঘম্যাদী সংস্কাৰ প্রচেষ্টাৰ ই এক সফল স্বীকৃতি। সমগ্র বিশ্বই বৰ্তমান লক্ষ্য কৰিছে যেঃ – বিশ্ব অর্থনৈতিক ফোৰামৰ আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতামুখী সুচকত বিগত দুবছৰত আমি ৩২টা স্থান অতিক্রম কৰিছো। – ডব্লিউআইপিঅ’ৰ বিশ্ব উদ্ভাৱনী সুচক মতে বিগত দুবছৰত আমাৰ দেশে ২১টা স্থান উন্নীত হৈছে। – বিশ্ব বেংকৰ ২০১৬ৰ সৰ্বাংগীন সাফল্যৰ সুচক অনুসৰি আমি ১৯টা স্থান আগুৱাবলৈ সক্ষম হৈছো। বন্ধুসকল, আমাৰ অর্থনীতিৰ অধিকাংশ ক্ষেত্র এতিয়া প্রত্যক্ষ বিদেশী বিনিয়োগৰ বাবে মুক্ত। প্রত্যক্ষ বিদেশী বিনিয়োগেৰ ৯০ শতাংশ ক্ষেত্রতে স্বয়ংক্রিয় অনুমোদন ব্যৱস্থা আৰম্ভ কৰা হৈছে। সেয়েহে, ভাৰত এতিয়া প্রত্যক্ষ বিদেশী বিনিয়োগৰ ক্ষেত্ৰত আগৰণুৱা। বিগত তিনি বছৰৰ তুলনাত এইবছৰ আমাৰ প্রত্যক্ষ বিদেশী বিনিয়োগৰ পৰিমাণ ৬৭ শতাংশতকৈ অধিক। সেই কাৰণে বর্তমান আমি বিশ্বত এক সুসংহত অর্থনীতি ৰূপে স্বীকৃতি লাভ কৰিছো। তাতকৈও ডাঙৰ কথাটো হ’ল যে এই সকলোৰে মাইল খুঁটি শেহতীয়াভাৱে কৰা কেইটামান সংস্কাৰমুলক ব্যৱস্থাৰ আগতেই স্থাপন হৈছে। চলিত বৰ্ষৰ জুলাই মাহত আমি সমগ্ৰ দেশত অভিন্ন সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দৰে দুঃসাধ্য সাধন কৰিবলৈ সক্ষম হৈছো। ইয়াৰ ফলত ভাৰতত ৰাজ্য আৰু কেন্দ্রীয় পর্যায়ত কেইবাপ্ৰকাৰৰ কৰ আৰোপৰ ব্যৱস্থা বিলুপ্ত কৰা হৈছে। আমাৰ দেশৰ বিশালতা তথা বৈচিত্র্য আৰু ৰাষ্ট্র পৰিচালনাৰ যুক্তৰাষ্ট্রীয় ধ্যান-ধাৰণাৰ পৰিপ্ৰেক্ষিতত এই সফলতা কোনো ক্ষেত্ৰতে কম নহয়। এতিয়াও এয়া যথেষ্ট বুলি আমি ভাবিব পৰা নাই। বন্ধুসকল, ভাৰতৰ বহু সংখ্যক লোকৰ বেংকিং ব্যৱস্থাৰ আওঁতালৈ অহা নাছিল। ইয়াৰ ফলত সঞ্চয় আৰু প্রতিষ্ঠানগত ঋণৰ সুযোগ-সুবিধাৰ পৰা তেওঁলোক বঞ্চিত হৈ আছিল। কিন্তু ‘জন ধন যোজনা’ৰ জৰিয়তে কেইটামান মাহৰ ভিতৰতে কোটি কোটি ভাৰতীয়ৰ জীৱনত পৰিৱর্তন সূচনা হয়। এবছৰৰ ভিতৰতে দেশৰত ১৯ কোটি ৭০ লাখ বেংক একাউণ্ট খোলা পৰিলক্ষিত হৈছে। চলিত বৰ্ষৰ আগষ্ট মাহলৈকে ভাৰতৰ বেংকসমূহত এনে ২৯ কোটি একাউণ্ট খোলা হৈছে। নগদ ধন অবিহনে খুব সহজে আর্থিক লেনদেন কৰিব পৰাকৈ প্রায় ২০ কোটি ৰুপে কার্ড বৰ্তমানলৈকে বিতৰণ কৰা হৈছে। ইয়াৰ দ্বাৰা বেংকি সেৱাৰ সৈতে দৰিদ্র লোকসকলক জড়িত কৰাৰ ফলত চৰকাৰী কাম-কাজত দুর্নীতিৰ মোকাবিলাৰ ক্ষেত্রত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। বর্তমান দৰিদ্র লোকসকলৰ একাউণ্টত ৰাজসাহাৰ্য প্রত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাৰ জৰিয়তে কম সময়তে জমা কৰিব পৰা হৈছে। ইয়াৰ ফলত এফালে যিমান বৈষম্যৰ আশংকা দূৰ হৈছে, আনফালে সিমানেই যাবতীয় ফাঁকি-ফুকা আৰু ত্রুটি-বিচ্যুতিও হ্ৰাস কৰিব পৰা হৈছে। ১৪ কোটি ৬০ লাখতকৈও অধিক লোকে তেওঁলোকৰ বেংক একাউণ্টত এতিয়া কেৱল ৰন্ধন গেছৰ বিপৰীতে নগদ ৰাজসাহাৰ্যৰ সুযোগ লাভ কৰিছে। এই ধৰণৰ ৫৯খন পৃথক চৰকাৰী আঁচনিৰ ক্ষেত্রত প্রত্যক্ষ লাভ হস্তান্তৰৰ সুযোগ সম্প্রসাৰিত হৈছে। যোগ্য আৰু সঠিক সুফল লাভ কৰোতাৰ বেংক একাউণ্টসমূহত হস্তান্তৰিত ৰাজসাহাৰ্যৰ পৰিমাণ ১০বিলিয়ন মার্কিন ডলাৰ হ’ব। বন্ধুসকল, শেহতীয়া সন্মিলনসমূহৰ প্রধান বিষয়সমূহৰ অন্যতম হ’ল উদ্যমিতা, যাৰ পৰিপেক্ষিতত ভাৰতে ‘মেক ইন ইণ্ডিয়া’ নামেৰে এক বিশেষ অভিযান আৰম্ভ কৰিছে। এই উদ্যোগৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় মূল্য শৃঙ্খলাত এক প্রধান ভূমিকাত অৱতীর্ণ হোৱাৰ বাবে ভাৰতৰ পৰিৱৰ্তনৰ লক্ষ্যৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ। ভাৰতক আমি বিশ্বৰ এক বিশেষ উৎপাদন কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ আগ্রহী। তাৰবাবে আমাৰ দেশৰ যুবশক্তিক আমি চাকৰি প্ৰত্যাশীৰ বিপৰীতে চাকৰি সৃষ্টিকাৰী হিচাপে গঢ়ি তুলিব বিচাৰো। ইয়াৰ বাবে আমি ‘ষ্টার্ট আপ ইণ্ডিয়া’ আৰু ‘ষ্টেণ্ডআপ ইণ্ডিয়া’ৰ দৰে আঁচনি শুভাৰম্ভ কৰিছো। ক্ষুদ্র উদ্যোগীসকলক শিল্পোৎসাহী কৰি তোলাৰ ক্ষেত্রত আর্থিক ঋণ সাহাৰ্য ব্যৱস্থা এক বাধা হিচাপে দেখা দিছিল। সেয়েহে, ভাৰতত প্রথমবাৰলৈ সীমিত চর্তত ৯ কোটিতকৈও অধিক ক্ষুদ্র উদ্যোগীৰ বাবে ‘মুদ্রা’ যোজনাৰ জৰিয়তে ঋণ সাহাৰ্যৰ প্রসাৰ ঘটোৱা হৈছে। এই সংখ্যা ফিলিপাইনছৰ মুঠ জনসংখ্যাৰ সমান। ইয়াৰ ফলত দেশৰ অর্থনীতিত ক্ষুদ্র উদ্যোগীসকলৰ অৱদানক স্বীকৃতি দিয়াৰ লগতে ব্যৱসায়িক দিশৰ পৰা কর্মীসকলক সবলীকৰণৰ ব্যৱস্থা কৰা হৈছে। মই লক্ষ্য কৰিছো যে ফিলিপাইনছ আৰু আছিয়ান অঞ্চল উদ্যোগ প্রচেষ্টাৰ ওপৰত বিশেষভাবে গুৰুত্ব দিয়া হৈছে। এই সন্মিলনত উদ্যোগীসকলৰ প্রয়োজনৰ খাতিৰত আছিয়ানৰ ফালৰ পৰা পৰামর্শ আৰু মাৰ্গদর্শনৰ ব্যৱস্থা কৰা হৈছে। নিঃসন্দেহে ই এক প্রশংসনীয় পদক্ষেপ। সঁচা কথা কবলৈ হ’লে অদূৰ ভৱিষ্যতে দক্ষিণ আৰু দক্ষিণ-পূব এছিয়া আন্তঃৰাষ্ট্ৰীয় উন্নয়নৰ ক্ষেত্রত এক বিশেষ চালিকাশক্তি হিচাপে পৰিগণিত হোৱাৰ দিশত অগ্ৰসৰ হৈছে। সেয়েহে আছিয়ানৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰি চলাটো ভাৰতৰ এক বিশেষ লক্ষ্য আৰু উদ্দেশ্য। এই অঞ্চলটিৰ বাবে আমি স্থল, জল আৰু আকাশীপথৰ সংযোগ আৰু যোগাযোগ ব্যৱস্থা গঢ়ি তুলিবলৈ আগ্রহী। দক্ষিণ-পূব এছিয়াৰ অন্যান্য দেশসমূহক জড়িত কৰাৰ লক্ষ্যৰে ম্যনমাৰ আৰু থাইলেণ্ডৰ সৈতে এক ত্রিপাক্ষিক ঘাইপথ গঢ়ি তোলাৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। ভাৰত আৰু আছিয়ানৰ সদস্য দেশসমূহৰ সৈতে সমুদ্রপথত পৰিবহণ সম্পর্কীয় এখন চুক্তিৰ ক্ষীপ্ৰতাৰে সম্পাদন কৰাৰ দিশত আমি অগ্ৰসৰ হৈছো। সামুদ্রিক দিশৰ পৰা আমাৰ চুবুৰীয়া দেশসমূহৰ সৈতে উপকূলৱর্তী জাহাজ সেৱা আৰম্ভ কৰাৰ বাবে আমি পথ আৰু উপায় অন্বেষণ কৰি আছো। বিমান যোগাযোগৰ ক্ষেত্রত ভাৰতৰ চাৰিখন মেট্রো চহৰৰ সৈতে আছিয়ান সদস্য ৰাষ্ট্রসমূহৰ পৰা প্রতিদিনে এবাৰকৈ সেৱা আৰম্ভ কৰাৰ ক্ষেত্ৰত যথেষ্ট সুযোগ আছে। তদুপৰি, আন ১৮টা গন্তব্য স্থানলৈ বিমান সেৱা শুভাৰম্ভ কৰাৰ সুযোগ আছে। ভাৰতত পর্যটনৰ প্রসাৰত অনলাইন ভিছা পদ্ধতিৰ দৰে কেতবোৰ ব্যৱস্থা গঢ়ি তুলিবলৈ আমি পদক্ষেপ লৈছো। বিশ্বৰ ভিতৰত ভাৰতত ক্ষীপ্ৰগতিত পর্যটনৰ প্রসাৰ ঘটিছে। একেদৰে যোগাযোগেৰ বিষয়টোক বিশেষ গুৰুত্ব প্ৰদান কৰি অহা মাহত নতুন দিল্লীত আছিয়ান-ভাৰত যোগাযোগ সম্পর্কীয় সন্মিলন অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি চলাইছে। সকলো আছিয়ান সদস্য ৰাষ্ট্ৰৰ মন্ত্রী, চৰকাৰী বিষয়া-কর্মী আৰু বাণিজ্যিক প্রতিনিধিসকলে তাত অংশগ্রহণ কৰিব। ভাৰতে যিদৰে এই অঞ্চলৰ ব্যৱসায়-বাণিজ্যৰ সুযোগ-সুবিধা প্রসাৰৰ কথা চিন্তা কৰিছে, তাকলৈ মই নিশ্চিত যে আছিয়ানৰ বাণিজ্য সংস্থাসমূহেও ভাৰতত বাণিজ্যিক উদ্যোগ গ্রহণৰ সম্ভাৱনাক স্বীকাৰ কৰিছে। আপোনালোকৰ ভিতৰত বহুতেই যেতিয়া ভাৰতৰ সৈতে ইতিমধ্যে নিবিড়ভাবে যুক্ত হৈছে, অন্যসকলে তেতিয়া হয়তো চিন্তা কৰিছে যে এই সম্ভাৱনাক কিদৰে কামত লগাব পৰা যায়। অহা বছৰৰ জানুৱাৰীত আছিয়ান-ভাৰত স্মাৰক সন্মিলনৰপ্ৰতি সংগতি ৰাখি আমি আছিয়ান-ভাৰত বাণিজ্য আৰু বিনিয়োগ বৈঠক তথা প্রদর্শনীৰো আয়োজন কৰিবলৈ আগবাঢ়িছো। তাত সকলোকে অংশগ্রহণৰ বাবে মই আপোনালোকক আমন্ত্রণ জনাইছো। এই ধৰণৰ আছিয়ানকেন্দ্রিক এক বৃহত্তম বাণিজ্যিক অনুষ্ঠান এই প্রথমবাৰলৈ ভাৰতত অনুষ্ঠিত হোৱাৰ দিশত অগ্ৰসৰ হৈছে। আপোনালোকৰ উন্নয়ন আৰু অগ্রগতিত অংশগ্রহণৰ বাবে ভাৰত যিমান আগ্রহী, ঠিক সিমানেই আমি আছিয়ানৰ সদস্য ৰাষ্ট্ৰসমূহক আমাদৰ উন্নয়ন প্রচেষ্টাৰ অংশীদাৰ হ’বলৈ আমন্ত্রণ জনাইছো। মাবুহায়! মৰাংমিগ সালামাৎ! ধন্যবাদ! | মেনিলাত আছিয়ান বাণিজ্য আৰু বিনিয়োগ সন্মিলনত প্রধানমন্ত্রীৰ ভাষণ (১৩ নৱেম্বৰ, ২০১৭) |
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A7%E0%A7%AE%E0%A7%AF%E0%A7%A9-%E0%A6%9A%E0%A6%A8%E0%A6%A4-%E0%A6%9A%E0%A6%BF%E0%A6%95%E0%A6%BE%E0%A6%97%E0%A7%8B%E0%A6%A4-%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%AE%E0%A7%80-%E0%A6%AC/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A7%E0%A7%AE%E0%A7%AF%E0%A7%A9-%E0%A6%9A%E0%A6%A8%E0%A6%A4-%E0%A6%9A%E0%A6%BF%E0%A6%95%E0%A6%BE%E0%A6%97%E0%A7%8B%E0%A6%A4-%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%AE%E0%A7%80-%E0%A6%AC/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৮৯৩ চনত চিকাগোত স্বামী বিবেকানন্দৰ অসাধাৰণ ভাষণৰ কথা স্মৰণ কৰিছে। শ্ৰী মোদীয়ে কৈছে যে ১৮৯৩ চনৰ আজিৰ দিনটোতে তেওঁ চিকাগোত তেওঁৰ অন্যতম উল্লেখযোগ্য ভাষণ প্ৰদান কৰিছিল। তেওঁৰ এই ভাষণত বিশ্ববাসীক ভাৰতৰ সংস্কৃতি আৰু নীতি-নিয়মৰ আভাস পোৱা গ’ল। এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, "১১ ছেপ্টেম্বৰৰ স্বামী বিবেকানন্দৰ সৈতে বিশেষ সম্পৰ্ক আছে। ১৮৯৩ চনৰ আজিৰ দিনটোতে তেওঁ চিকাগোত তেওঁৰ অন্যতম উল্লেখযোগ্য ভাষণ প্ৰদান কৰে। তেওঁৰ ভাষণে বিশ্ববাসীক ভাৰতৰ সংস্কৃতি আৰু নীতি-নিয়মৰ আভাস দিলে।" | ১৮৯৩ চনত চিকাগোত স্বামী বিবেকানন্দৰ অসাধাৰণ ভাষণৰ কথা স্মৰণ কৰে প্ৰধানমন্ত্ৰীয় |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A4%E0%A6%A5%E0%A7%8D%E0%A6%AF-%E0%A6%AF%E0%A7%8B%E0%A6%97%E0%A6%BE%E0%A6%AF%E0%A7%8B%E0%A6%97-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%AF%E0%A7%81%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF-%E0%A6%86/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A4%E0%A6%A5%E0%A7%8D%E0%A6%AF-%E0%A6%AF%E0%A7%8B%E0%A6%97%E0%A6%BE%E0%A6%AF%E0%A7%8B%E0%A6%97-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%AF%E0%A7%81%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF-%E0%A6%86/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত তথ্য যোগাযোগ প্ৰযুক্তি আৰু বৈদ্যুতিন(আইচিটি এণ্ড ই) খণ্ডৰ সহযোগিতাৰ অৰ্থে ভাৰত আৰু বেলজিয়ামৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিত অনুমোদন জনায়। বেলজিয়ামৰ ৰজা ফিলিপৰ ভাৰত ভ্ৰমণৰ সময়ত ২০১৭ চনৰ ৭ নৱেম্বৰত এই বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হৈছিল। এই বুজাবুজি চুক্তিয়ে ভাৰত আৰু বেলজিয়ামৰ মাজত আইচিটি এণ্ড ই নীতিৰ উন্নত অনুশীলন; আইচিটি এণ্ড ইৰ নিৰ্মাণ আৰু সেৱাক বিশেষ গুৰুত্ব প্ৰদান কৰি এই ক্ষেত্ৰত ডিজিটেল প্ৰযুক্তি আৰু গৱেষণাৰ বিষয়; ই-প্ৰশাসন আৰু ই-ৰাজহৱা সেৱা প্ৰদান, সন্মিলনত অংশগ্ৰহণ, অধ্যয়নমুলক ভ্ৰমণ আৰু বিশেষজ্ঞৰ আদান-প্ৰদান, চাইবাৰ নিৰাপত্তা আৰু ডাটাৰ শুদ্ধতা সম্পৰ্কীয় বিষয়ৰ সমাধান, বজাৰ ব্যৱস্থা, বাণিজ্য আৰু সেৱা ইত্যাদি দিশত সহযোগিতা আগবঢ়াব। পটভূমিঃ ভাৰতৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযু্ক্তি মন্ত্ৰালয়ে(MeitY) তথ্য যোগাযোগ প্ৰযুক্তিৰ দিশত সহযোগিতাৰ অৰ্থে বিভিন্ন দেশৰ সৈতে দ্বিপাক্ষিক আৰু বহুপাক্ষিক চুক্তি স্বাক্ষৰ কৰিছে। বৰ্তমান সময়ত এই তথ্য যোগাযোগ প্ৰযুক্তিয়ে দেশৰ দ্ৰুত অৰ্থনৈতিক বিকাশৰ সমান্তৰালভাৱে অন্যান্য দিশত অৰ্থনৈতিক আৰু সামাজিক উন্নয়নত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ভাৰত চৰকাৰে শেহতীয়াভাৱে গ্ৰহণ কৰা নতুন প্ৰচেষ্টা ‘ডিজিটেল ইণ্ডিয়া’ আৰু ‘মেক ইন ইণ্ডিয়া’ৰ দৰে বিষয়ত বিভিন্ন দেশৰ সহযোগিতা বৃদ্ধিৰ লগতে ইয়াৰ ব্যৱসায় প্ৰসাৰৰ সূযোগ আৰু প্ৰযুক্তি খণ্ডত আগ্ৰহী লোকসকলৰ বিনিয়োগৰ প্ৰতি আকৰ্ষিত কৰিবলৈ এই বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হৈছে। ভাৰত আৰু বেলজিয়ামৰ মাজত সম্পৰ্ক সুদৃঢ়। ইউৰোপীয়ান সংঘৰ ভিতৰত বেলজিয়াম হৈছে ভাৰতৰ বৃহত্তম বাণিজ্য সহযোগী। যোগাযোগ প্ৰযুক্তি খণ্ডত বেলজিয়াম এখন অভিজ্ঞ দেশ, বিশেষকৈ ই-প্ৰশাসন আৰু ইলেক্ট্ৰনিক আইডি কাৰ্ড আৰু ৱেবৰ জৰিয়তে কৰ সংগ্ৰহ ইত্যাদি দিশত দেশখন অধিক আগবঢ়া। ২০১৬ৰ মাৰ্চত প্ৰধানমন্ত্ৰী ইউৰোপীয়ান সংঘৰ সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে ব্ৰুছেলছ ভ্ৰমণ কৰাৰ সময়তে দ্বিপাক্ষিক বৈঠকত মিলিত হৈ তথ্য প্ৰযুক্তি আৰু ইলেক্ট্ৰনিকছ খণ্ডত দুয়োখন দেশৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ প্ৰস্তাৱ দিছিল। তাৰপাছতে ভাৰতৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযু্ক্তি মন্ত্ৰালয়ে বেলজিয়ামৰ উপ-প্ৰধানমন্ত্ৰী তথা বেলজিয়ামৰ উন্নয়ন সহযোগিতা, ডিজিটেল এজেণ্ডা, দূৰসংযোগ আৰু ডাক সেৱা বিভাগৰ মন্ত্ৰী মাননীয় শ্ৰী যুত আলেক্সজেণ্ডাৰ ক্ৰুৰ প্ৰতিনিধিত্বত ভাৰত ভ্ৰমণ কৰাৰ বেলজিয়ামৰ দলৰ সৈতে (৭ ফেব্ৰুৱাৰী, ২০১৭ত) এক বৈঠক অনুষ্ঠিত হয়। সেই বৈঠকতে দুয়ো দেশৰ নাগৰিকক ডিজিটেল ইণ্ডিয়া আৰু ডিজিটেল বেলজিয়াম আঁচনিৰ অধীনত ডিজিটেলৰ দিশত সবলীকৰণ কৰাৰ পৰস্পৰে আগ্ৰহ প্ৰকাশ কৰে। | তথ্য যোগাযোগ প্ৰযুক্তি আৰু বৈদ্যুতিন (আইচিটি এণ্ড ই) খণ্ডৰ সহযোগিতাৰ অৰ্থে ভাৰত আৰু বেলজিয়ামৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰত কেবিনেটৰ অনুমোদন |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%81%E0%A6%A8%E0%A7%8B-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC-%E0%A6%89%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%A8%E0%A6%A4/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%81%E0%A6%A8%E0%A7%8B-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC-%E0%A6%89%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%A8%E0%A6%A4/ | মোৰ মৰমৰ দেশবাসী, মানৱতাৰ সন্মুখত খুব কমেহে এনে সময় আহে যেতিয়া সময়ৰ চক্ৰই আমাক অতীত সংশোধন কৰি এক নতুন ভৱিষ্যত গঢ়াৰ সুযোগ দিয়ে। আজি সৌভাগ্যক্ৰমে আমাৰ হাতলৈ এনে এক ক্ষণ আহিছে। কেইবা দশক পূৰ্বে, জৈৱ বৈচিত্ৰ্যৰ বহু পুৰণি সংযোগ বিচ্ছিন্ন হৈছিল, বিলুপ্ত হৈ গৈছিল, আৰু আজি আমি ইয়াক পুনৰুদ্ধাৰৰ সুযোগ পাইছো। আজি, ভাৰতৰ মাটিলৈ চিতা ঘূৰি আহিছে। আৰু মই এইটোও ক'ম যে এই চিতাবোৰৰ লগতে ভাৰতৰ প্ৰকৃতিপ্ৰেমী চেতনাও সম্পূৰ্ণৰূপে জাগ্ৰত হৈছে। এই ঐতিহাসিক অনুষ্ঠানত মই সকলো দেশবাসীক অভিনন্দন জনাইছোঁ। বিশেষকৈ, মই আমাৰ বন্ধু দেশ নামিবিয়া আৰু তাৰ চৰকাৰকো ধন্যবাদ জনাইছো, যাৰ সহযোগিতাত কেইবা দশকৰ পিছত ভাৰতৰ মাটিলৈ চিতা ঘূৰি আহিছে। মই নিশ্চিত, এই চিতাবোৰে আমাক কেৱল প্ৰকৃতিৰ প্ৰতি আমাৰ দায়বদ্ধতাৰ বিষয়ে সজাগ কৰাই নহয়, আমাৰ মানৱীয় মূল্যবোধ আৰু পৰম্পৰাৰ প্ৰতিও সচেতন কৰি তুলিব। বন্ধুসকল, যেতিয়া আমি আমাৰ শিপাৰ পৰা আঁতৰত থাকো তেতিয়া আমি বহুত হেৰুৱাওঁ। সেয়েহে স্বাধীনতাৰ এই অমৃত কালত আমি 'আমাৰ ঐতিহ্যক লৈ গৌৰৱ কৰা' আৰু 'দাসত্বৰ মানসিকতাৰ পৰা মুক্তি'ৰ দৰে পঞ্চ প্ৰণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰিছোঁ। বিগত শতিকাবোৰত, আমি সেই সময়ো দেখিছোঁ যেতিয়া প্ৰকৃতিৰ শোষণক শক্তি আৰু আধুনিকতাৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছিল। ১৯৪৭ চনত, যেতিয়া দেশখনত কেৱল অন্তিম তিনিটা চিতাহে বাকী আছিল, তেওঁলোককো শাল অৰণ্যত নিৰ্মমভাৱে আৰু দায়িত্বহীনভাৱে চিকাৰ কৰা হৈছিল। এইয়া দুৰ্ভাগ্যজনক যে আমি ১৯৫২ চনত দেশৰ পৰা চিতা বিলুপ্ত বুলি ঘোষণা কৰিছিলোঁ, কিন্তু চিতাবোৰক পুনৰুদ্ধাৰ কৰাৰ বাবে কেইবা দশক ধৰি কোনো অৰ্থপূৰ্ণ প্ৰচেষ্টা কৰা হোৱা নাছিল। আজি, স্বাধীনতাৰ অমৃত সময়ত, দেশখনে এতিয়া নতুন শক্তিৰে চিতাবোৰক পুনৰুদ্ধাৰ কৰিবলৈ একত্ৰিত হৈছে। মৃতককো পুনৰুজ্জীৱিত কৰাৰ শক্তি আছে অমৃতৰ । মই সুখী যে স্বাধীনতাৰ অমৃত কালত কৰ্তব্য আৰু বিশ্বাসৰ এই অমৃতে আমাৰ ঐতিহ্যক পুনৰুজ্জীৱিত কৰাৰ লগতে ভাৰতৰ মাটিলৈ এতিয়া চিতাবোৰ ওভতাই আনিছে। ইয়াৰ আঁৰত আমাৰ বহু বছৰৰ কঠোৰ পৰিশ্ৰম আছে। আমি এনে এটা কামৰ আঁৰত যথেষ্ট শক্তি ৰাখিছোঁ যাক ৰাজনৈতিক দৃষ্টিকোণৰ পৰা কোনেও গুৰুত্ব নিদিয়ে। ইয়াৰ বাবে, এক বিতং চিতা কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰা হৈছিল। আমাৰ বিজ্ঞানীসকলে দীঘলীয়া গৱেষণা কৰিছিল, দক্ষিণ আফ্ৰিকা আৰু নামিবিয়াৰ বিশেষজ্ঞসকলৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিছিল। আমাৰ দলবোৰ তালৈ গৈছিল, তাৰ বিশেষজ্ঞসকলো ভাৰতলৈ আহিছিল। সমগ্ৰ দেশতে চিতাৰ বাবে আটাইতকৈ উপযুক্ত এলেকাৰ বাবে বৈজ্ঞানিক জৰীপ কৰা হৈছিল, আৰু তাৰ পিছত এই শুভ আৰম্ভণিৰ বাবে কুনো ৰাষ্ট্ৰীয় উদ্যান বাছনি কৰা হৈছিল। আৰু আজি, ইয়াৰ ফলস্বৰূপে আমাৰ সেই কঠোৰ পৰিশ্ৰমৰ ফল আমাৰ সন্মুখত আছে। বন্ধুসকল, এইটো সঁচা যে যেতিয়া প্ৰকৃতি আৰু পৰিৱেশ সুৰক্ষিত হয়, তেতিয়া আমাৰ ভৱিষ্যতো সুৰক্ষিত হয়। বিকাশ আৰু সমৃদ্ধিৰ পথো মুকলি হয়। যেতিয়া কুনো ৰাষ্ট্ৰীয় উদ্যানত চিতাবোৰে পুনৰ দৌৰিব, ইয়াৰ ঘাঁহনি পৰিৱেশ-প্ৰণালী পুনৰ পুনৰুদ্ধাৰ হ'ব, জৈৱ-বৈচিত্ৰ্য আৰু বৃদ্ধি হ'ব। আগন্তুক দিনত, ইয়াত পৰিৱেশ-পৰ্যটনো বৃদ্ধি পাব, ইয়াত উন্নয়নৰ নতুন সম্ভাৱনা সৃষ্টি হ'ব, নিযুক্তিৰ সুযোগ বৃদ্ধি পাব। কিন্তু বন্ধুসকল, মই আজি আপোনালোক, সকলো দেশবাসীৰ ওচৰত এটা আহ্বান কৰিব বিচাৰো। দেশবাসীয়ে কেইমাহমান ধৈৰ্য্য দেখুৱাব লাগিব, কুনো ৰাষ্ট্ৰীয় উদ্যানত এৰি দিয়া চিতাবোৰ চাবলৈ অপেক্ষা কৰিব লাগিব। আজি এই চিতাবোৰ অতিথি হিচাপে আহিছে, চিতাবোৰ এই অঞ্চলটোৰ বিষয়ে অজ্ঞাত। কুনো ৰাষ্ট্ৰীয় উদ্যানক তেওঁলোকৰ ঘৰ হিচাপে গঢ়ি তুলিবলৈ আমি এই চিতাবোৰক কেইমাহমান দিব লাগিব। আন্তৰ্জাতিক নিৰ্দেশনা অনুসৰণ কৰি, ভাৰতে এই চিতাবোৰক বসতি স্থাপনৰ বাবে যথাসাধ্য চেষ্টা কৰি আছে। আমি আমাৰ প্ৰচেষ্টা বিফল হ'বলৈ দিব নালাগে। বন্ধুসকল, আজি, যেতিয়া বিশ্বই প্ৰকৃতি আৰু পৰিৱেশৰ প্ৰতি লক্ষ্য কৰে, ই বহনক্ষম বিকাশৰ কথা কয়। কিন্তু ভাৰতৰ বাবে প্ৰকৃতি আৰু পৰিৱেশ, জীৱ-জন্তু আৰু চৰাই, এইবোৰ কেৱল বহনক্ষমতা আৰু সুৰক্ষাৰ বিষয় নহয়। আমাৰ বাবে, সেইবোৰ আমাৰ সংবেদনশীলতা আৰু আধ্যাত্মিকতাৰ আধাৰ। আমি সেইসকল লোক যাৰ সাংস্কৃতিক অস্তিত্ব 'सर्वम् खल्विदम् ब्रह्म' মন্ত্ৰৰ ওপৰত নিৰ্ভৰশীল। অৰ্থাৎ, পৃথিৱীত পশু-চৰাই, গছ-গছনি, শিপা-পুলি যিয়েই নহওঁক, ই হৈছে ঈশ্বৰৰ ৰূপ, আমাৰ নিজৰ সম্প্ৰসাৰণ। আমি সেইসকল লোক যিয়ে কয়- 'परम् परोपकारार्थम् यो जीवति स जीवति'। অৰ্থাৎ নিজৰ সুবিধাবোৰৰ কথা মনত ৰাখি জীয়াই থকাটো বাস্তৱ জীৱন নহয়। বাস্তৱ জীৱন সেয়া যিয়ে পৰোপকাৰৰ বাবে যি জীয়াই থাকে। সেয়েহে, যেতিয়া আমি নিজে খাওঁ, তাৰ আগতে জন্তু আৰু চৰাইৰ বাবে খাদ্য ভগাই দিও। আমাক আমাৰ চাৰিওফালে বাস কৰা আটাইতকৈ সৰু জীৱটোৰ বিষয়ে চিন্তা কৰিবলৈ শিকোৱা হয়। আমাৰ মূল্যবোধ এনেকুৱা যে যদি কোনো কাৰণ নোহোৱাকৈ জীৱৰ মৃত্যু হয়, তেন্তে আমি অপৰাধবোধ অনুভৱ কৰোঁ। তেনেহ'লে আমি কেনেকৈ স্বীকাৰ কৰিব পাৰোঁ যে আমাৰ বাবে এটা জীৱৰ সম্পূৰ্ণ অস্তিত্ব নাইকিয়া কৰি পেলোৱা হৈছে? আপোনাসৱে ভাবক, আমাৰ দেশৰ কিমান শিশুৱে আনকি নাজানে যে তেওঁলোকে যি চিতাৰ নাম শুনি ডাঙৰ হৈছিল সেই চিতা যোৱা শতিকাত তেওঁলোকৰ দেশৰ পৰা নাইকিয়া হৈ হৈছে। আজি, আফ্ৰিকাৰ কিছুমান দেশত, ইৰাণত চিতা পোৱা যায়, কিন্তু বহু আগতে ভাৰতৰ নাম সেই তালিকাৰ পৰা মচি দিয়া হৈছিল। শিশুসকলে অনাগত বছৰবোৰত এই বিড়ম্বনাৰ মাজেৰে পাৰ হব নালাগিব। মই নিশ্চিত, তেওঁলোকে তেওঁলোকৰ নিজৰ দেশত, কুনো ৰাষ্ট্ৰীয় উদ্যানত চিতা দৌৰি থকা দেখিবলৈ সক্ষম হ'ব। চিতাৰ জৰিয়তে, আজি আমাৰ অৰণ্য আৰু জীৱনৰ এক ডাঙৰ শূন্যতা পূৰণ কৰা হৈছে। বন্ধুসকল, আজি একবিংশ শতিকাৰ ভাৰতে সমগ্ৰ বিশ্বক এক বাৰ্তা প্ৰদান কৰিছে যে অৰ্থনীতি আৰু পৰিৱেশ বিজ্ঞান বিৰোধী ক্ষেত্ৰ নহয়। পৰিৱেশ সুৰক্ষাৰ সমান্তৰালভাৱে দেশ এখনে যে উন্নতি কৰিব পাৰে সেই কথা ভাৰতে বিশ্বক দেখুৱাইছে। আজি, এফালে, আমি বিশ্বৰ দ্ৰুততম বিকাশশীল অৰ্থনীতিবোৰৰ ভিতৰত অন্যতম, আৰু একে সময়তে, দেশৰ বনাঞ্চলবোৰো দ্ৰুতগতিত সম্প্ৰসাৰিত হৈ আছে। বন্ধুসকল, ২০১৪ চনত আমাৰ চৰকাৰ গঠন হোৱাৰ পিছত, দেশখনত প্ৰায় ২৫০টা নতুন সংৰক্ষিত এলেকা সংযোজন কৰা হৈছে। ইয়াত এছিয়াটিক সিংহৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে। আজি গুজৰাটে দেশত এছিয়াটিক সিংহৰ এক মুখ্য অঞ্চল হিচাপে আত্মপ্ৰকাশ কৰিছে। কেইবা দশকৰ কঠোৰ পৰিশ্ৰম, গৱেষণাভিত্তিক নীতি আৰু জনসাধাৰণৰ অংশগ্ৰহণে ইয়াৰ আঁৰত এক ডাঙৰ ভূমিকা পালন কৰিছে। মোৰ মনত আছে, আমি গুজৰাটত এটা প্ৰস্তাৱ লৈছিলোঁ – আমি বন্য জন্তুৰ প্ৰতি সন্মান বৃদ্ধি কৰিম, আৰু সংঘাত হ্ৰাস কৰিম। আজি সেই চিন্তাধাৰাৰ প্ৰভাৱ আমাৰ সন্মুখত আছে। দেশত আমি সময়ৰ পূৰ্বে বাঘৰ সংখ্যা দুগুণ কৰাৰ লক্ষ্যত উপনীত হৈছোঁ। অসমত এটা সময়ত, এটা শিঙৰ গঁড়ৰ অস্তিত্ব বিপদাপন্ন হ'বলৈ ধৰিছিল, কিন্তু আজি ইয়াৰ সংখ্যাও বৃদ্ধি পাইছে। যোৱা বছৰবোৰত হাতীৰ সংখ্যাও ৩০ হাজাৰতকৈও অধিক হৈছে। ভাই-ভনীসকল, দেশৰ প্ৰকৃতি আৰু পৰিৱেশৰ দৃষ্টিকোণৰ পৰা কৰা আন এটা ডাঙৰ কাম হ'ল আৰ্দ্ৰভূমিৰ সম্প্ৰসাৰণ! কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বৰ লাখ লাখ লোকৰ জীৱন আৰু প্ৰয়োজনীয়তা আৰ্দ্ৰভূমিৰ পৰিস্থিতিতন্ত্ৰৰ ওপৰত নিৰ্ভৰশীল। আজি, দেশৰ ৭৫ টা আৰ্দ্ৰভূমিক ৰামচাৰ স্থান হিচাপে ঘোষণা কৰা হৈছে, যাৰ ভিতৰত যোৱা ৪ বছৰত ২৬টা স্থান সংযোগ কৰা হৈছে। দেশৰ এই প্ৰচেষ্টাৰ প্ৰভাৱ অনাগত শতিকাজুৰি দেখা যাব আৰু প্ৰগতিৰ নতুন পথ প্ৰশস্ত কৰিব। বন্ধুসকল, আজি আমি গোলকীয় সমস্যা, সমাধান আৰু আনকি আমাৰ জীৱনকো সামগ্ৰিকভাৱে চাব লাগিব। সেয়েহে, আজি ভাৰতে লাইফ অৰ্থাৎ বিশ্বৰ বাবে পৰিৱেশৰ বাবে জীৱনশৈলীৰ দৰে এক জীৱন-মন্ত্ৰ প্ৰদান কৰিছে। আজি আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ দৰে প্ৰচেষ্টাৰ জৰিয়তে ভাৰতে বিশ্বক এক মঞ্চ প্ৰদান কৰিছে, যিয়ে এক দৃষ্টিভংগী প্ৰদান কৰিছে। এই প্ৰচেষ্টাসমূহৰ সফলতাই পৃথিৱীৰ দিশ আৰু ভৱিষ্যত নিৰ্ণয় কৰিব। সেয়েহে, আজি বিশ্বৰ প্ৰত্যাহ্বানসমূহক বিশ্বৰ নহয়, আমাৰ ব্যক্তিগত প্ৰত্যাহ্বান হিচাপে বিবেচনা কৰাৰ সময়। আমাৰ জীৱনৰ এটা সৰু পৰিৱৰ্তন সমগ্ৰ পৃথিৱীৰ ভৱিষ্যতৰ আধাৰ হ'ব পাৰে। মই নিশ্চিত যে ভাৰতৰ প্ৰচেষ্টা আৰু পৰম্পৰাই সমগ্ৰ মানৱ জাতিক এই দিশত পথ প্ৰদৰ্শন কৰিব, এখন উন্নত বিশ্বৰ সপোনক শক্তি প্ৰদান কৰিব। এই বিশ্বাসৰ সৈতে, মই এই মূল্যৱান সময়ত আপোনালোক সকলোকে বহুত ধন্যবাদ জনাইছোঁ, এই ঐতিহাসিক সময়ত, মই আপোনালোকক বহুত অভিনন্দন জনাইছোঁ। | কুনো ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া চিতা মুকলি কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পা |
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A7%E0%A7%AF-%E0%A6%9C%E0%A7%81%E0%A6%A8%E0%A6%A4-%E0%A7%AA%E0%A7%AA%E0%A6%B8%E0%A6%82%E0%A6%96%E0%A7%8D%E0%A6%AF%E0%A6%95-%E0%A6%A6%E0%A6%AC%E0%A6%BE-%E0%A6%85%E0%A6%B2%E0%A6%BF%E0%A6%AE/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A7%E0%A7%AF-%E0%A6%9C%E0%A7%81%E0%A6%A8%E0%A6%A4-%E0%A7%AA%E0%A7%AA%E0%A6%B8%E0%A6%82%E0%A6%96%E0%A7%8D%E0%A6%AF%E0%A6%95-%E0%A6%A6%E0%A6%AC%E0%A6%BE-%E0%A6%85%E0%A6%B2%E0%A6%BF%E0%A6%AE/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ জুনত সন্ধিয়া ৫ বজাত নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত ৪৪সংখ্যক দবা অলিম্পিয়াডৰ বাবে ঐতিহাসিক শিখা দৌৰ আৰম্ভ কৰিব। এই উপলক্ষে তেওঁ উপস্থিত দৰ্শক সম্বোধি ভাষণ আগবঢ়াব। এই বছৰ প্ৰথমবাৰৰ বাবে অলিম্পিক পৰম্পৰাৰ অংশ হিচাপে আন্তঃৰাষ্ট্ৰীয় দবা সংস্থা ফিডেই দবা অলিম্পিয়াডৰ শিখা দৌৰ আৰম্ভ কৰিছে, যিটো দবা অলিম্পিয়াডত পূৰ্বতে কেতিয়াও কৰা হোৱা নাছিল। দবা অলিম্পিয়াড শিখা দৌৰ উলিওৱা ভাৰত হৈছে প্ৰথমখন দেশ। উল্লেখযোগ্য যে দবাৰ ভাৰতীয় শিপাক অধিক উচ্চতালৈ লৈ গৈ দবা অলিম্পিয়াডৰ বাবে শিখা দৌৰৰ এই পৰম্পৰা এতিয়াৰে পৰা সদায় ভাৰতত আৰম্ভ হ’ব আৰু আয়োজক দেশত উপনীত হোৱাৰ আগতে সকলো মহাদেশ ভ্ৰমণ কৰিব। ফিডেৰ সভাপতি আৰ্কাডি ভ’ৰকোভিচে প্ৰধানমন্ত্ৰীক শিখা অৰ্পণ কৰিব, ইয়াৰ পাছত প্ৰধানমন্ত্ৰীয়ে গ্ৰেণ্ডমাষ্টাৰ বিশ্বনাথন আনন্দৰ হাতত শিখা তুলি দিব। ইয়াৰ পিছত চেন্নাইৰ সমীপৰ মহাৱলীপুৰমত উপনীত হোৱাৰ পূৰ্বে ৪০ দিনৰ ভিতৰত এই শিখা ৭৫খন চহৰলৈ লৈ যোৱা হ’ব। প্ৰতিটো স্থানতে ৰাজ্যৰ দবা গ্ৰেণ্ডমাষ্টাৰসকলে শিখা লাভ কৰিব৷ ৪৪সংখ্যক দবা অলিম্পিয়াড ২৮ জুলাইৰ পৰা ১০ আগষ্ট, ২০২২লৈ চেন্নাইত অনুষ্ঠিত হ’ব৷ ১৯২৭ চনৰ পৰা অনুষ্ঠিত এই সন্মানীয় প্ৰতিযোগিতাখনি ভাৰতত প্ৰথমবাৰলৈ আৰু ৩০ বছৰৰ পাছত এছিয়াত অনুষ্ঠিত হৈছে৷ এই প্ৰতিযোগিতাত ১৮৯খন দেশে অংশগ্ৰহণ কৰিছে, যিটো পূৰ্বতে অনুষ্ঠিত সকলো দবা অলিম্পিয়াডৰ ভিতৰতে সৰ্বাধিক৷ | ১৯ জুনত ৪৪সংখ্যক দবা অলিম্পিয়াডৰ বাবে ঐতিহাসিক শিখা দৌৰ আৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয় |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%B8%E0%A6%BF%E0%A6%A6%E0%A7%8D%E0%A6%A7-%E0%A6%93%E0%A6%A1%E0%A6%BC%E0%A7%80%E0%A7%9F%E0%A6%BE-%E0%A6%B8%E0%A6%82%E0%A6%97%E0%A7%80%E0%A6%A4%E0%A6%9C%E0%A7%8D%E0%A6%9E/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%B8%E0%A6%BF%E0%A6%A6%E0%A7%8D%E0%A6%A7-%E0%A6%93%E0%A6%A1%E0%A6%BC%E0%A7%80%E0%A7%9F%E0%A6%BE-%E0%A6%B8%E0%A6%82%E0%A6%97%E0%A7%80%E0%A6%A4%E0%A6%9C%E0%A7%8D%E0%A6%9E/ | প্ৰসিদ্ধ ওড়ীয়া সংগীতজ্ঞ তথা গায়ক প্ৰফুল্ল কৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। শ্ৰী মোদীয়ে কয় যে ওড়ীয়া সংস্কৃতি তথা সংগীতৰ ক্ষেত্ৰখনলৈ আগবঢ়াই থৈ যোৱা অনবদ্য অৱদানৰ বাবেই প্ৰফুল্ল জীক স্মৰণ কৰা হ’ব। এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়; “শ্ৰী প্ৰফুল্ল কৰ জীৰ মৃত্যুয়ে ব্যথিত কৰিছে। ওড়ীয়া সংস্কৃতি তথা সংগীতৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবেই তেওঁক স্মৰণ কৰা হ’ব। বহুমুখী ব্যক্তিত্বৰ গৰাকী হোৱাৰ সৌভাগ্য লভা তেওঁৰ কাম-কাজত সৃষ্টিশীলতা প্ৰতিফলিত হৈছিল। শোকসন্তপ্ত পৰিয়াল আৰু প্ৰশংসকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো। ওঁম শান্তি”! | প্ৰসিদ্ধ ওড়ীয়া সংগীতজ্ঞ তথা গায়ক প্ৰফুল্ল কৰৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকা |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A6%A4%E0%A6%B8%E0%A7%B0%E0%A7%80-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87-%E0%A6%9C%E0%A6%A8%E0%A6%B8%E0%A6%BE%E0%A6%A7%E0%A6%BE%E0%A7%B0/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A6%A4%E0%A6%B8%E0%A7%B0%E0%A7%80-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87-%E0%A6%9C%E0%A6%A8%E0%A6%B8%E0%A6%BE%E0%A6%A7%E0%A6%BE%E0%A7%B0/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বতসৰী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়; ‘ক্ষমাৰ জৰিয়তে বহল হৃদয়ৰ উমান পাব পাৰি। দয়ালু হোৱাৰ লগতে ক্ষমাশীল হোৱা আৰু ইজনে সিজনৰ প্ৰতি বৈৰী ভাৱ নৰখাটো আমাৰ সংস্কৃতিৰ এটা অংশ। মিচামি ডুক্কাদম! সম্বতসৰী সন্দৰ্ভত আগতে মই যি কৈছিলোঁ সেয়া চাবলৈ ক্লিক কৰক https://t.co/cWZppmn0PM।’ | সম্বতসৰী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%AA%E0%A7%80%E0%A7%9F/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%AA%E0%A7%80%E0%A7%9F/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীয়ুষ গোয়েলৰ বাসভৱনত গণেশ চতুৰ্থী উদযাপনত অংশগ্ৰহণ কৰে । প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে: "গণেশ চতুৰ্থীৰ পৱিত্ৰ উপলক্ষত, মোৰ সতীৰ্থ @PiyushGoyal জীৰ বাসভৱনৰ কাৰ্যক্ৰমলৈ গ'লো। ভগৱান শ্ৰী গণেশৰ আশীষ আমাৰ ওপৰত যেন সদায়ে থাকে।" | প্রধানমন্ত্রীয়ে শ্ৰী পীয়ুষ গোয়েলৰ বাসভৱনত গণেশ চতুৰ্থীত অংশগ্ৰহণ কৰ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A9%E0%A7%A6-%E0%A6%85%E0%A6%95%E0%A7%8D%E0%A6%9F%E0%A7%8B%E0%A6%AC%E0%A7%B0%E0%A7%B0-%E0%A6%AA%E0%A7%B0%E0%A6%BE-%E0%A7%A7-%E0%A6%A8%E0%A7%B1%E0%A7%87%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A7%B0/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A9%E0%A7%A6-%E0%A6%85%E0%A6%95%E0%A7%8D%E0%A6%9F%E0%A7%8B%E0%A6%AC%E0%A7%B0%E0%A7%B0-%E0%A6%AA%E0%A7%B0%E0%A6%BE-%E0%A7%A7-%E0%A6%A8%E0%A7%B1%E0%A7%87%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A7%B0/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ অক্টোবৰৰ পৰা ১ নৱেম্বৰ, ২০২২লৈ গুজৰাট আৰু ৰাজস্থান ভ্ৰমণ কৰিব৷ ৩০ অক্টোবৰত প্ৰধানমন্ত্ৰীয়ে বদোদৰাত চি-২৯৫ বিমান নিৰ্মাণ সুবিধাৰ আধাৰশিলা স্থাপন কৰিব। ৩১ অক্টোবৰত কেৱাদিয়া ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ পাছতে তেওঁ ষ্টেছু অফ ইউনিটীত চৰ্দাৰ পেটেলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। তাৰ পিছত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে। আৰম্ভ ৪.০ৰ লগত সংগতি ৰাখি ৯৭সংখ্যক কমন ফাউণ্ডেশ্যন পাঠ্যক্ৰমৰ প্ৰশিক্ষণৰত বিষয়াসকলক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে বনাছকাণ্ঠ জিলালৈ যাব, য’ত তেওঁ থাৰাডত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। আহমেদাবাদৰ মূল ৰে’ল প্ৰকল্পসমূহো তেওঁ দেশবাসীৰ নামত উচৰ্গা কৰিব। ১ নৱেম্বৰত প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানৰ বানশ্বৰ জিলালৈ যাব, য’ত তেওঁ ‘মংগড় ধাম কী গৌৰৱ গাথা’ শীৰ্ষক এক ৰাজহুৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ইয়াৰ পিছতে তেওঁ গুজৰাটৰ পঞ্চমহল জিলাৰ জাম্বুঘোডাত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দেশবাসীৰ নামত উচৰ্গা কৰিব। বদোদৰাত প্ৰধানমন্ত্ৰী প্ৰধানমন্ত্ৰীয়ে দেশৰ ব্যক্তিগত খণ্ডত প্ৰথমটো বিমান নিৰ্মাণৰ সুবিধা চি-২৯৫ বিমান নিৰ্মাণ সুবিধাৰ আধাৰশিলা স্থাপন কৰিব৷ টাটা এডভান্সড ছিষ্টেমছ লিমিটেড আৰু এয়াৰবাছ ডিফেন্স এণ্ড স্পেচ, স্পেইনৰ সহযোগিতাত এই সুবিধা ভাৰতীয় বায়ুসেনাৰ বাবে ৪০খন চি-২৯৫ বিমান নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা হ’ব। এই সুবিধা প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰতা লাভৰ দিশত এক মূল পদক্ষেপ হ’ব আৰু এই খণ্ডৰ ব্যক্তিগত প্ৰতিষ্ঠানসমূহৰ সম্ভাৱনাক মুকলি কৰাত সহায় কৰিব। প্ৰধানমন্ত্ৰীয়ে আত্মনিৰ্ভৰ ভাৰতৰ অধীনত এৰোস্পেচৰ উদ্যোগত প্ৰযুক্তিগত আৰু নিৰ্মাণৰ অগ্ৰগতি প্ৰদৰ্শন কৰা এখন প্ৰদৰ্শনীও পৰিদৰ্শন কৰিব। কেৱাদিয়াত প্ৰধানমন্ত্ৰী প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত হৈ ২০১৪ চনত চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্ম বাৰ্ষিকীৰ দিনটো অৰ্থাৎ ৩১ অক্টোবৰত ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে উদযাপনৰ সিদ্ধান্ত লোৱা হৈছিল যাতে দেশৰ ঐক্য, অখণ্ডতা আৰু নিৰাপত্তা ৰক্ষা আৰু সুদৃঢ় কৰাৰ বাবে আমাৰ সমৰ্পণক শক্তিশালী কৰিব পৰা যায়৷ প্ৰধানমন্ত্ৰীয়ে কেৱাদিয়াত ষ্টেছু অৱ ইউনিটিত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। অনুষ্ঠানত ৰাষ্ট্ৰীয় একতা দিৱস পেৰেডৰ সাক্ষী হ’ব, য’ত বিএছএফ আৰু পাঁচটা ৰাজ্যিক আৰক্ষী বাহিনীৰ দল, উত্তৰ মণ্ডল (হাৰিয়ানা), পশ্চিম মণ্ডল (মধ্যপ্ৰদেশ), দক্ষিণ মণ্ডল (তেলেংগানা), পূব মণ্ডল (ওড়িশা) আৰু উত্তৰ-পূব মণ্ডল (ত্ৰিপুৰা)। অংশগ্ৰহণকাৰীৰ উপৰিও কমনৱেলথ গেমছ ২০২২ৰ ৬জন আৰক্ষী ক্ৰীড়া পদক বিজয়ী খেলুৱৈয়েও পেৰেডত অংশগ্ৰহণ কৰিব। অনুষ্ঠানৰ এক বিশেষ আকৰ্ষণ হ’ব আম্বাজীৰ জনজাতীয় শিশুৰ মিউজিকেল বেণ্ড। বেণ্ডৰ সদস্যসকলে এসময়ত আম্বাজী মন্দিৰত ভিক্ষা খুজিছিল। প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পূৰ্বেও এই শিশুসকলে যোৱা মাহত আম্বাজী ভ্ৰমণৰ সময়ত তেওঁৰ সন্মুখত অনুষ্ঠান পৰিৱেশন কৰাৰ সময়ত উৎসাহিত কৰিছিল। অনুষ্ঠানৰ আন মূল আকৰ্ষণসমূহৰ ভিতৰত “হম এক হ্যে, হম শ্ৰেষ্ঠ হ্যে” শীৰ্ষক বিষয়বস্তুৰ ওপৰত এনচিচিৰ বিশেষ অনুষ্ঠান আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ সন্দৰ্ভত সাংস্কৃতিক অনুষ্ঠান, যিটোৱে ৰাজ্যসমূহক একেলগে অনুষ্ঠান পৰিৱেশন কৰাৰ জৰিয়তে আমাৰ সংস্কৃতি প্ৰদৰ্শন কৰিব। প্ৰধানমন্ত্ৰীয়ে আৰম্ভ ৪.০ৰ লগত সংগতি ৰাখি ৯৭সংখ্যক কমন ফাউণ্ডেশ্যন পাঠ্যক্ৰমৰ প্ৰশিক্ষণৰত বিষয়াসকলক উদ্দেশ্যি ভাষণ আগবঢ়াব। প্ৰশিক্ষণৰত বিষয়াসকলক লোকসেৱা প্ৰদান শক্তিশালী কৰাৰ বাবে প্ৰযুক্তিগত সমাধানসমূহৰ লাভ উঠাবলৈ সহায় কৰাৰ উদ্দেশ্যে আৰু অন্তিমজন ব্যক্তিক স্বচ্ছ, ফলপ্ৰসূ আৰু দক্ষ কৰি তোলা হৈছে৷ এই বেচত ২৯খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৩টা সেৱাৰ ৪৫৫গৰাকী প্ৰশিক্ষণৰত বিষয়াক অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কেৱাদিয়াত দুটা নতুন পৰ্যটনস্থলী মেজ গাৰ্ডেন আৰু মিয়াৱাকি বনাঞ্চল দেশবাসীৰ নামত উচৰ্গা কৰিব। ৩একৰ ভূমিত বিস্তৃত এই মেজ গাৰ্ডেনখন দেশৰ আটাইতকৈ ডাঙৰ মেজ গাৰ্ডেন। ই মুঠ প্ৰায় ২.১ কিলোমিটাৰ পথৰে বিস্তৃত। ইয়াক ‘শ্ৰীয়ন্ত্ৰ’ৰ আকৃতিত ডিজাইন কৰা হৈছে, যিয়ে ঠাইখনলৈ ইতিবাচক শক্তি আনিব বুলি আশা কৰা হৈছে। বাগিচাখনত মুঠ প্ৰায় ১.৮ লাখ উদ্ভিদ ৰোপণ কৰা হৈছে, যিয়ে প্ৰাকৃতিক দৃশ্যৰ নান্দনিক সৌন্দৰ্য্য বৃদ্ধি কৰিছে। প্ৰায় ২ একৰ ভূমিত মিয়াৱাকি বনাঞ্চল উন্নয়ন কৰা হৈছে। ইয়াত থলুৱা ফুলৰ বাগিচা, কাঠৰ বাগিচা, ফলৰ বাগিচা, ঔষধি বাগিচা, মিশ্ৰিত প্ৰজাতিৰ মিয়াৱাকি অংশ, ঔষধি বাগিচা আৰু ডিজিটেল অৰিয়েণ্টেচন চেণ্টাৰ আছে। জাপানী উদ্ভিদবিজ্ঞানী আকিৰা মিয়াৱাকিয়ে আৰম্ভ কৰা কৌশল ব্যৱহাৰ কৰি ইয়াক বিকশিত কৰা হৈছে, যিয়ে কম সময়ৰ ভিতৰতে ঘন, থলুৱা অৰণ্য গঢ়ি তোলাত সহায় কৰে। বনাছকাণ্ঠত প্ৰধানমন্ত্ৰী প্ৰধানমন্ত্ৰীয়ে বনাছকাণ্ঠৰ থাৰাড ভ্ৰমণ কৰিব৷ এক ৰাজহুৱা কাৰ্যসূচীত ৮,০০০ কোটি টকাৰো অধিক মূল্যৰ পানী যোগান প্ৰকল্পৰ কাম আৰম্ভ কৰা হ’ব৷ প্ৰধানমন্ত্ৰীয়ে মূল নৰ্মদা খালৰ পৰা কাছাৰাৰ পৰা দন্তৱাড়ালৈ পাইপলাইনকে ধৰি কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব, যাৰ ব্যয় ১,৫৬০ কোটি টকাৰো অধিক হ’ব। এই প্ৰকল্পই পানী যোগান বৃদ্ধি কৰিব আৰু অঞ্চলটোৰ কৃষকসকলৰ বাবেও উপযোগী হিচাপে প্ৰমাণিত হ’ব। কাৰ্যসূচীৰ সময়ছোৱাত সুজলাম সুফলাম খাল শক্তিশালী কৰা, মুক্তেশ্বৰ বান্ধ-কৰ্মাৱত হ্ৰদলৈ মোধেৰা-মতি দৌ পাইপলাইন সম্প্ৰসাৰণ, শান্তলপুৰ তালুকৰ ১১খন গাঁৱৰ বাবে জলসিঞ্চন উত্তোলন আঁচনি আদি কেইবাটাও প্ৰকল্প ঘোষণা কৰিব। আহমেদাবাদত প্ৰধানমন্ত্ৰী প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদৰ আছাৰভাত ২৯০০ কোটি টকাৰো অধিক মূল্যৰ দুটা ৰে’ল প্ৰকল্প দেশবাসীৰ নামত উচৰ্গা কৰিব। এই প্ৰকল্পসমূহৰ ভিতৰত আছে আহমেদাবাদ (আছৰ্ব)–হিম্মতনগৰ–উদয়পুৰ গজ পৰিৱৰ্তন লাইন আৰু লুনিধৰ-জেতালছাৰ গজ পৰিৱৰ্তন লাইন। প্ৰধানমন্ত্ৰীয়ে ভাৱনগৰ-জেতালছাৰৰ মাজত আৰু আছাৰভা- উদয়পুৰৰ মাজত নতুন ৰে'লৰো ফ্লেগ অফ কৰিব। সমগ্ৰ দেশতে ইউনি-গজ ৰে’ল ব্যৱস্থা থকাৰ লক্ষ্যৰে ৰে’লৱেই বৰ্তমানৰ অনা ব্ৰড গজ ৰে’ল লাইনসমূহক ব্ৰড গজলৈ ৰূপান্তৰিত কৰিছে। প্ৰধানমন্ত্ৰীয়ে উৎসৰ্গা কৰা প্ৰকল্পসমূহ এই দিশত আন এক পদক্ষেপ হিচাপে চিহ্নিত কৰিছে। আহমেদাবাদ (আছাৰভা)–হিম্মতনগৰ– উদয়পুৰ গজ পৰিৱৰ্তন লাইন প্ৰায় ৩০০ কিলোমিটাৰ দীঘল। এইটোৱে যোগাযোগ ব্যৱস্থা উন্নত কৰিব আৰু অঞ্চলটোৰ পৰ্যটক, ব্যৱসায়ী, উৎপাদন ইউনিট আৰু উদ্যোগসমূহৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব, যিয়ে পাছলৈ নিয়োগ বৃদ্ধি আৰু অঞ্চলটোৰ আৰ্থ-সামাজিক উন্নয়নত সহায় কৰিব। ৫৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ লুনিধৰ-জেচালছাৰ গজ পৰিৱৰ্তন লাইনে ভেৰাভাল আৰু পোৰবন্দৰৰ পৰা পিপাৱৱ বন্দৰ আৰু ভাৱনগৰৰ বাবে এটা চুটি পথ প্ৰদান কৰিব। এই প্ৰকল্পই এই অংশত মাল কঢ়িয়াই নিয়াৰ ক্ষমতা বৃদ্ধি কৰিব, যাৰ ফলত ব্যস্ত কানালুছ-ৰাজকোট-বিৰামগাম পথত যান-জঁট হ্ৰাস পাব৷ এই পথে এতিয়া গিৰ অভয়াৰণ্য, সোমনাথ মন্দিৰ, দিউ আৰু গিৰ্নাৰ পাহাৰৰ সৈতেও নিৰৱচ্ছিন্ন যোগাযোগৰ সুবিধা প্ৰদান কৰিব, যাৰ ফলত অঞ্চলটোৰ পৰ্যটন বৃদ্ধি পাব। পঞ্চমহলত প্ৰধানমন্ত্ৰী প্ৰধানমন্ত্ৰীয়ে পঞ্চমহলৰ জম্বুঘোদাত ৮৬০ কোটি টকা মূল্যৰ প্ৰকল্পৰ দেশবাসীৰ নামত উচৰ্গা কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব। তেওঁ শ্ৰী গোবিন্দ গুৰু বিশ্ববিদ্যালয়, গোধৰাৰ নতুন চৌহদ দেশবাসীৰ নামত উচৰ্গা কৰিব। লগতে ৱাডেক গাঁৱত অৱস্থিত সন্ত যোৰীয়া পৰমেশ্বৰ প্ৰাথমিক বিদ্যালয় আৰু স্মাৰক আৰু দণ্ডিয়াপুৰা গাঁৱত অৱস্থিত ৰাজা ৰূপ সিং নায়ক প্ৰাথমিক বিদ্যালয় আৰু স্মাৰক উচৰ্গা কৰিব। গোধৰাৰ কেন্দ্ৰীয় বিদ্যালয় নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে। তদুপৰি গোধৰা চিকিৎসা মহাবিদ্যালয়ৰ উন্নয়ন আৰু দক্ষতা-দ্য স্কিল বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণৰ বাবে আধাৰশিলা স্থাপন কৰিব, যাৰবাবে ৬৮০ কোটি টকা ব্যয় হ’ব। বানশ্বৰত প্ৰধানমন্ত্ৰী আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে চৰকাৰে স্বাধীনতা সংগ্ৰামৰ অখ্যাত জনজাতীয় বীৰসকলক উদযাপনৰ বাবে কেইবাটাও পদক্ষেপৰ সূচনা কৰিছে। ইয়াৰ ভিতৰত ১৫ নৱেম্বৰ (জনজাতি স্বাধীনতা সংগ্ৰামী বীৰছা মুণ্ডাৰ জন্ম জয়ন্তী)ক ‘জনজাতীয় গৌৰৱ দিৱস’ হিচাপে ঘোষণা কৰা, সমগ্ৰ দেশতে জনজাতীয় সংগ্ৰহালয় স্থাপন কৰা আদি জনজাতীয় লোকসকলে সমাজলৈ আগবঢ়োৱা অৱদানক স্বীকৃতি দিয়াৰ লগতে স্বাধীনতা সংগ্ৰামত তেওঁলোকৰ ত্যাগ সম্পৰ্কে সজাগতা বৃদ্ধি কৰা ইত্যাদি উল্লেখযোগ্য। এই দিশত আৰু এটা পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানৰ বানশ্বৰৰ মংগড় পাহাৰত অনুষ্ঠিত হ’বলগীয়া ‘মংগড় ধাম কী গৌৰৱ গাথা’ শীৰ্ষক এক ৰাজহুৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰি অখ্যাত জনজাতীয় বীৰ আৰু স্বাধীনতা সংগ্ৰামৰ শ্বহীদসকলৰ ত্যাগক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ভীল স্বাধীনতা সংগ্ৰামী শ্ৰী গোবিন্দ গুৰুলৈও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে ভীল আদিবাসী আৰু অঞ্চলটোৰ অন্যান্য জনজাতীয় লোকৰ সমাৱেশত ভাষণ প্ৰদান কৰিব। ৰাজস্থান, গুজৰাট, মধ্যপ্ৰদেশৰ ভীল জনগোষ্ঠী আৰু অন্যান্য জনজাতিৰ বাবে মংগড় পাহাৰে বিশেষ গুৰুত্ব প্ৰদান কৰে। যি স্বাধীনতা সংগ্ৰামৰ সময়ত ভীল আৰু অন্যান্য জনগোষ্ঠীয়ে ব্ৰিটিছৰ সৈতে দীঘলীয়া যুঁজত লিপ্ত হৈছিল, সেই সময়ত ১৯১৩ চনৰ ১৭ নৱেম্বৰত শ্ৰী গোবিন্দ গুৰুৰ নেতৃত্বত ১.৫ লাখতকৈ অধিক ভীলে মংগড় পাহাৰত সমবেত হৈছিল। এই সমাৱেশত ব্ৰিটিছসকলে গুলীচালনা কৰে, যাৰ ফলত মংগড় হত্যাকাণ্ড হয়, য’ত প্ৰায় ১৫০০ জনজাতীয় লোক শ্বহীদ হৈছিল। | ৩০ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ গুজৰাট আৰু ৰাজস্থান ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয় |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%9A%E0%A7%8D%E0%A6%9B-%E0%A6%B6%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF-%E0%A7%A8%E0%A7%A6%E0%A7%A7%E0%A7%AF-%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%9A%E0%A7%8D/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%9A%E0%A7%8D%E0%A6%9B-%E0%A6%B6%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF-%E0%A7%A8%E0%A7%A6%E0%A7%A7%E0%A7%AF-%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%9A%E0%A7%8D/ | প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কাইলৈ (১২ ফেব্ৰুৱাৰী, ২০১৯) হাৰিয়ানাৰ কুৰুক্ষেত্ৰ ভ্ৰমণ কৰিব। তাতেই প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ শক্তি ২০১৯, মহিলা পঞ্চায়ত প্রধানসকলৰ সভাত অংশ গ্ৰহণ কৰি প্রধানমন্ত্রী স্বচ্ছ শক্তি ২০১৯ – ৰ পুৰস্কাৰ প্রদান কৰিব। প্রধানমন্ত্রীয়ে কুৰুক্ষেত্রে স্বচ্ছ সুন্দৰ শৌচালয় প্রদর্শনীটোও ভালকৈ চাব আৰু তাত আয়োজিত এক বিশাল জনসভাতো অংশগ্ৰহণ কৰিব। প্রধানমন্ত্রীয়ে হাৰিয়ানাত একাধিক উন্নয়নমূলক প্রকল্পও উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব। স্বচ্ছ শক্তি, ২০১৯ হৈছে এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠান, যাৰ লক্ষ্য হৈছে স্বচ্ছ ভাৰত অভিযান ৰূপায়ণত গ্রামীণ মহিলাসকলৰ অগ্রণী ভুমিকা জনচক্ষুত তুলি ধৰা। সমগ্ৰ দেশৰ পৰা অহা মহিলা পঞ্চায়ত প্রধানসকলে এই অনুষ্ঠানত অংশগ্রহণ কৰিব। এই বছৰৰ স্বচ্ছ শক্তি অনুষ্ঠানৰ লক্ষ্য হৈছে মহিলাসকলৰ সবলীকৰণ। এইবছৰ প্রায় ১৫ হাজাৰ মহিলাই অংশগ্ৰহণ কৰিব এই অনুষ্ঠানত। পানীয়, জল আৰু অনাময় মন্ত্ৰালয়ে হাৰিয়ানা চৰকাৰৰ সৈতে যৌথভাবে স্বচ্ছ শক্তি ২০১৯ আয়োজনৰ দায়িত্ব গ্ৰহণ কৰিছে। উদ্যোক্তাসকলে স্বচ্ছ ভাৰত অভিযানত গ্রামাঞ্চল তৃণমূল স্তৰৰ পৰা শ্ৰেষ্ঠতম বা শীৰ্ষ পৰ্যায়ৰ কামলৈ সকলোকে অৱগত কৰা হ’ব। অনুষ্ঠানত স্বচ্ছ ভাৰত আৰু তাতেই আৰম্ভ কৰা স্বচ্ছ সুন্দৰ শৌচালয় নামৰ অভিনৱ প্রচাৰানুষ্ঠানৰ সাফল্যসমূহ তুলি ধৰা হ’ব। পটভূমি: প্রসঙ্গক্ৰমে, প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ২০১৭ চনত প্রথমবাৰৰ বাবে গুজৰাটৰ গান্ধীনগৰত স্বচ্ছ শক্তি আঁচনিখন আৰম্ভ কৰা হৈছিল। আন্তর্জাতিক মহিলা দিৱসত অনুষ্ঠিত স্বচ্ছ শক্তি ২০১৭ কাৰ্যক্ৰমণিকাত সমগ্ৰ দেশৰ পৰা অহা প্ৰায় ৬ হেজাৰ মহিলা পঞ্চায়ত প্রধান গুজৰাটত একত্রিত হৈছিল। ইয়াৰ পিছৰ বছৰতেই স্বচ্ছ শক্তি ২০১৮ উত্তৰ প্রদেশৰ লক্ষ্ণৌত অনুষ্ঠিত হৈছিল। ৮ হাজাৰ গৰাকী মহিলা পঞ্চায়ত প্রধান, ৩ হাজাৰ মহিলা স্বেচ্ছাকৰ্মী আৰু অন্যান্য ক্ষেত্রত জড়িত মহিলাসকলে স্বচ্ছ ভাৰত গঢ়ি তোলাৰ বাবে আগবঢ়োৱা অসাধাৰণ প্ৰয়াসক স্বীকৃতি দিয়া হ’ব। এইবাৰ এই কাৰ্যসূচীৰ তৃতীয় পর্বটো কুৰুক্ষেত্রৰ পৰাই আৰম্ভ কৰা হ’ব। তৃণমূল স্তৰত, গ্রামীণ মহিলাসকলে কেনেদৰে সমাজলৈ পৰিৱর্তন আনিবলৈ দূত হিচাপে কাম কৰিছে আৰু এখন স্বচ্ছ ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত সমূখত থাকি নেতৃত্ব প্ৰদান কৰি মহিলাসকলৰ দ্বাৰা আৰম্ভ কৰা উদ্যোগসমূহেই হৈছে এই স্বচ্ছ শক্তি। দুই অক্টোবৰ, ২০১৪ তাৰিখে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে যি স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰিছিল, সেই কাৰ্যসূচীৰ অধীনতে চলি থকা উদ্যোগসমূহৰো অংশ হিচাপে আছে এই আন্দোলন। স্বচ্ছ ভাৰত অভিযানৰ লক্ষ্য হৈছে দুই অক্টোবৰ, ২০১৯ৰ ভিতৰত এক পৰিচ্ছন্ন আৰু মুকলিত মলত্যাগ মুক্ত ভাৰত গঢ়ি তোলা। | স্বচ্ছ শক্তি ২০১৯ – স্বচ্ছ ভাৰতৰ বাবে গ্ৰাম্য মহিলা চেম্পিয়ন |
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A7%8D%E0%A6%AF%E0%A6%B8%E0%A6%AD%E0%A6%BE%E0%A7%B0-%E0%A6%AC%E0%A6%BF%E0%A6%A6%E0%A6%BE%E0%A7%9F%E0%A7%80-%E0%A6%B8%E0%A6%A6%E0%A6%B8%E0%A7%8D%E0%A6%AF%E0%A6%B8%E0%A6%95/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A7%8D%E0%A6%AF%E0%A6%B8%E0%A6%AD%E0%A6%BE%E0%A7%B0-%E0%A6%AC%E0%A6%BF%E0%A6%A6%E0%A6%BE%E0%A7%9F%E0%A7%80-%E0%A6%B8%E0%A6%A6%E0%A6%B8%E0%A7%8D%E0%A6%AF%E0%A6%B8%E0%A6%95/ | প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ৰাজ্যসভাৰ বিদায়ী সদস্যসকলৰ অৱদানৰ প্রশংসা কৰি তেওঁলোকৰ ভৱিষ্যত জীৱনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে৷ অৱসৰ গ্ৰহণ কৰা সদস্যসকলৰ অভিজ্ঞতাৰ প্রসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এওঁলোকৰ অৱসৰৰ লগে লগে সংসদৰ বাকী সদস্যসকলৰ দায়িত্ব আৰু কর্তব্য বৃদ্ধি পায়, কাৰণ সংসদৰ বর্তমান সদস্যসকলে বিদায়ী সদস্যসকলৰ কর্তব্য পালনৰ প্রথাক আগুৱাই লৈ যাব৷ প্রধানমন্ত্রীয়ে কয় যে সংসদৰ এই সংসদত সমগ্ৰ দেশৰ সংবেদনশীলতা, সংবেদনশীলতা, মনোভাৱ, দুখ আৰু উৎসাহৰ প্রতিফলন ঘটে। তেওঁ লগতে কয় যে সদস্য হিচাপে আমি যেনেকৈ এই সংসদত বহু অৱদান ৰখাটো যিদৰে সঁচা, তেনেদৰে এইটোও বাস্তৱ যে সমাজৰ বিভিন্ন ৰূপ সম্পর্কে এই সংসদে জনাৰ তথা উপলব্ধি কৰাৰ সুযোগ দিয়ে৷ প্রধানমন্ত্রীয়ে লগতে কয় যে এই সংসদৰ কেইবাজনো সদস্যই অৱসৰ গ্ৰহণ কৰিব৷ সেয়েহে তেওঁলোকে তেওঁলোকৰ সুদীর্ঘ অভিজ্ঞতা দেশৰ প্রতিটো প্রান্তলৈ লৈ যাব। প্রধানমন্ত্রীয়ে ভৱিষ্যৎ প্রজন্মৰ ওচৰত সংসদৰ প্রকৃত ৰূপ তুলি ধৰিবলৈ বিভিন্ন স্মৰণীয় ঘটনা লিখি ৰখাৰ বাবে সদস্যসকলক পৰামর্শ আগবঢ়ায়৷ তেওঁ লগতে কয় যে সংসদৰ সদস্যসকলে দেশক সঠিক পথ দেখুওৱাৰ লগতে প্রভাৱিত কৰে৷ সেয়েহে, তেওঁলোকৰ স্মৃতিচাৰণক আনুষ্ঠানিকভাৱে দেশৰ উন্নয়নত ব্যৱহাৰ কৰিব পাৰে বুলিও প্ৰধানমন্ত্ৰীয়ে সদৰে কৰে৷ ‘আজাদী কা অমৃত মহোৎসৱ’ উদযাপনত সাধাৰণ মানুহক অনুপ্রাণিত কৰাৰ বাবেও প্ৰধানমন্ত্ৰীয়ে সংসদৰ বিদায়ী সদস্যসকলক অনুৰোধ জনায়৷ | ৰাজ্যসভাৰ বিদায়ী সদস্যসকলক বিদায় সম্ভাষণ প্রধানমন্ত্রী |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%9B%E0%A6%BF%E0%A6%82%E0%A6%97%E0%A6%BE%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4-%E0%A6%AC/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%9B%E0%A6%BF%E0%A6%82%E0%A6%97%E0%A6%BE%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4-%E0%A6%AC/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ভাৰত আৰু ছিংগাপুৰৰ মাজত ব্যাপক অৰ্থনৈতিক সহযোগিতা চুক্তি(চিইচিএ)ৰ দ্বিতীয় প্ৰ’ট’কল সংশোধনীৰ পূৰ্বপ্ৰস্তাৱিত সিদ্ধান্তত অনুমোদন জনাইছে। ২০১৮ৰ ২৪ আগষ্টত এই চিইচিএ স্বাক্ষৰ কৰা হৈছিল। দ্বিতীয় প্ৰ’ট’কল স্বাক্ষৰিত কৰাৰ ফলত দ্বিপাক্ষিক ব্যৱসায় বৃদ্ধি পোৱাৰ লগতে ভাৰত আৰু ছিংগাপুৰৰ অৰ্থনৈতিক সহযোগিতা সুদৃঢ় হ’ব। ইয়াৰ জৰিয়তে চিইচিএৰ সঠিক ব্যৱহাৰ হ’ব। | ভাৰত আৰু ছিংগাপুৰৰ মাজত ব্যাপক অৰ্থনৈতিক সহযোগিতা চুক্তি(চিইচিএ)ৰ দ্বিতীয় প্ৰ’ট’কল সংশোধনীত কেবিনেটৰ অনুমোদন |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A7%B0%E0%A6%BE%E0%A6%9B%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4-%E0%A6%AF%E0%A7%81%E0%A6%9F/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A7%B0%E0%A6%BE%E0%A6%9B%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4-%E0%A6%AF%E0%A7%81%E0%A6%9F/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ভাৰতৰ ডাক বিভাগ আৰু ৰাছিয়াৰ ডাক বিভাগৰ মাজত ডাক ব্যৱস্থাৰ সহযোগিতা স্থাপন আৰু ডাক টিকট মুকলিৰ ক্ষেত্ৰত পাৰস্পৰিক লাভালাভজনিত বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ যুটীয়াভাৱে ডাক টিকট প্ৰকাশৰ সন্দৰ্ভত চুক্তি স্বাক্ষৰ কৰা বুলি অৱগত কৰে। ভাৰত আৰু ৰাছিয়াৰ মাজত দ্বিপাক্ষিক সম্পর্ক দৃঢ় কৰাৰ ক্ষেত্রত পাৰস্পৰিক স্বার্থজড়িত বিষয়সমূহ আদান-প্রদান আৰু শক্তিশালী কৰা আৱশ্যক। এইক্ষেত্রত ভাৰত আৰু ৰাছিয়াৰ মাজৰ দ্বিপাক্ষিক সম্পর্ক বিষয়ক সকলো ক্ষেত্রতে এখনে আনখনক সহযোগিতা আগবঢ়োৱা আৱশ্যক হৈ পৰিছে। | ভাৰত আৰু ৰাছিয়াৰ মাজত যুটীয়াভাৱে ডাক টিকট প্ৰকাশত কেবিনেটৰ অনুমোদন |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%89%E0%A6%AA-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A6%B0%E0%A6%AA%E0%A6%A4%E0%A6%BF-%E0%A6%AD%E0%A7%87%E0%A6%82%E0%A6%95%E0%A6%BE%E0%A7%9F%E0%A6%BE-%E0%A6%A8%E0%A6%BE/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%89%E0%A6%AA-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A6%B0%E0%A6%AA%E0%A6%A4%E0%A6%BF-%E0%A6%AD%E0%A7%87%E0%A6%82%E0%A6%95%E0%A6%BE%E0%A7%9F%E0%A6%BE-%E0%A6%A8%E0%A6%BE/ | বহুতে ভেংকায়া ডাঙৰীয়াক যি কাৰণত শুভেচ্ছা জনাইছে, মই শুভেচ্ছা জনাইছো তেওঁৰ দীর্ঘদিনীয়া স্বভাৱৰ বিপৰীতে গৈ নতুন কামত লাভ কৰা সাফল্যৰ বাবে। মই যেতিয়া সংসদ ভৱনত তেওঁক দেখো, বিভিন্ন সময়ত তেওঁ কিমান ধৈর্য আৰু সংযম কৰে–মই ভাবো সেই ভূমিকা সফলতাৰে পালন কৰি তেওঁ বহুত ডাঙৰ কাম কৰিছে। অধিৱেশন সঠিকভাৱে চলিলে সভাপতিৰ আসনত কোন বহি আছে, তালৈ কাৰো দৃষ্টি নাথাকে। তেওঁৰ ক্ষমতা কিমান, বৈশিষ্ট্য কি–সেয়া গুৰুত্বপূর্ণ নহয়, সাংসদসকলৰ সামর্থ্য আৰু চিন্তা-ভাৱনাইহে গুৰুত্ব লাভ কৰে। কিন্তু যেতিয়া অভিৱেশন বন্ধ থাকে, তেতিয়া সকলোৰে দৃষ্টি সেই সভাপতিৰ আসনত কোন বহি আছে, তালে যায়। তেওঁ কেনে নিয়মানুৱর্তিতা আৰু শৃঙ্খলা-পৰায়ণতা পালন কৰি কিদৰে সকলোকে নিয়ন্ত্রণ কৰে, সেয়া গুৰুত্বপূর্ণ হৈ পৰে। বিগত এবছৰত তেওঁক এই সভাপতিৰ আসনত দেখাৰ সুযোগ হৈছে দেশবাসীৰ। আৰু আমি এনে এক ৰাজনৈতিক সংস্কৃতিত লালিত-পালিত হৈছো, যেনেকৈ–মই যেতিয়া ৰাষ্ট্রীয় সচিব আছিলো, তেতিয়া তেওঁ অন্ধ্রপ্রদেশৰ ৰাষ্ট্ৰীয় সম্পাদক আছিল, যেতিয়া ৰাষ্ট্রীয় সভাপতিৰ দায়িত্ব প্ৰদান কৰা হৈছিল, তেতিয়া মই ভেংকায়াজীৰ এজন সহকাৰী ৰাষ্ট্ৰীয় সম্পাদক ৰূপে কাম কৰিছিলো, ইয়াৰ দায়িত্ব বহুত। পদৰ গুৰুত্বৰ পৰা কার্যভাৰ অধিক আছিল আৰু তাক লৈয়েই ভেংকায়াজীয়ে সফলতাৰে কাম কৰি আহিছে। জানিব পৰা মতে ভেংকায়া ডাঙৰীয়াই বিগত এবছৰত দেশৰ এখনৰ বাদে সকলো ৰাজ্য ভ্ৰমণ কৰিছে। যিখন ৰাজ্যলৈ যোৱা নাই, সেয়া এনে নহয় যে সেই ৰাজ্যত কোনো কার্যসূচী নাছিল। নির্ধাৰিত সময়ত পৰিস্থিতি বেয়া আছিল, সেয়েহে তালৈ হেলিকপ্টাৰ যাব পৰা নাছিল। নহ’লে তেওঁ সেইখন ৰাজ্যলৈও গ’লহেতেন। আমি সদনত কাম কৰিছিলো, কেতিয়াবা সভা কৰিয়ে বাহিৰ হৈছিলো। তেতিয়াই ভাবো তেওঁৰ সৈতে যোগাযোগ কৰি কথা হম। কিন্তু অধিকাংশ সময়তে শুনো, তেওঁ সেইসময়ত কেৰালা, তামিলনাডু অথবা অন্ধ্রপ্রদেশ পাইছেগৈ। অর্থাৎ যিদিনাৰ পৰা দায়িত্ব পাইছে, সেই দিনাৰ পৰাই সেই দায়িত্ব পালনৰ বাবে নিজকে যোগ্য কৰি তুলিবলৈ প্রয়োজনীয় পৰিশ্রমৰ জৰিয়তে নিজকে সেই পদৰ উপযোগী হিচাপে গঢ়ি তোলাৰ চেষ্টা অব্যাহত ৰাখিছে। ফলস্বৰূপে, য’তে হাত দিছে, তাতে সাফল্য অৰ্জন কৰিছে। ৫০ বছৰীয়া ৰাজনৈতিক জীৱন কম নহয়। প্রথম ১০ বছৰৰ ৰাজনৈতিক জীৱন ছাত্র হিচাপে সংঘ সেৱক ৰূপে আৰু প্ৰায় ৪০ বছৰ কাল ৰাজনৈতিক জীৱন। এই দীঘলীয়া কার্যকালত তেওঁ নিজে বহু কথা শিকিছে, সতীৰ্থসকলকো বহু কথা শিকাইছে। মই বহু সময় ধৰি তেওঁৰ সৈতে কাম কৰিছো, কেতিয়াবা কাৰোবাৰ সৈতে ঘনিষ্ঠভাবে কাম কৰিলে তেওঁক চিনি পোৱাত সমস্যা হৈ হৈ পৰে। কিন্তু যেতিয়া সকলোৰ মুখত শুনো, আমাৰ চিনাকী বন্ধুৰ ইমান সামর্থ্য আৰু অমুক গুণ আছে, তেতিয়া ইমান গর্ব আৰু আনন্দ হয় যে ইমান দিন এই মহাপুৰুষৰ সৈতে কাম কৰিছিলো। ভেংকায়া ডাঙৰীয়া অতি নিয়মানুৱৰ্তী ব্যক্তি। আৰু আমাৰ দেশত এতিয়া এনে পৰিস্থিতি হৈ যে নিয়মানুৱৰ্তী অগণতান্ত্রিক বুলি কোৱাটো অতি সহজ। কোনোবাই অলপ নিয়মানুৱৰ্তিতা দেখালেই তেৱেই সমস্যাত পৰি যায়। তেওঁক স্বৈৰতান্ত্রিক বুলি কোৱাৰ লগতে আৰু এনে বহুত শব্দ তেওঁলোকৰ অভিধানত ওলাই যাব। কিন্তু ভেংকায়া ডাঙৰীয়া যে নিয়মানৱৰ্তিতাৰ প্ৰতি আগ্রহী, সেই নিয়মসমূহ তেওঁ নিজৰ ক্ষেত্রতো নিষ্ঠা সহকাৰে পালন কৰে। তেওঁৰ সৈতে ক’ৰবালৈ ভ্ৰমণত গ’লে সকলো সময়তে সতর্ক থাকিব লগা হয়। তেওঁৰ ওচৰত কেতিয়াও ঘড়ী, কলম এইবোৰ সামগ্ৰী নাথাকে। অধিকাংশ সময়ত তেওঁৰ পকেটত এটকাও নাথাকে। তাৰ মানে হ’ল আপুনি তেওঁৰ সৈতে গ’লে এইবোৰ সামগ্ৰ আপোনাৰ মনত পেলাই নিজে ৰাখিব লাগিব। অথচ, তেওঁ ইমানেই নিয়মানুৱৰ্তী আৰু সময়ানুৱর্তী যে ক’তোৱেই পলমকৈ নাযায়, কোনো কাম পলমকৈ কৰাটো পছন্দ নকৰে। কেতিয়াবা কোনো অনুষ্ঠানত পলম হৈ গ’লে তেওঁ মঞ্চত বহি পৰৱর্তী অনুষ্ঠানত যোৱাৰ বাবে এনেকৈ ছটফটাই থাকে যে বাধ্য হৈ আনৰ ভাষণ সংক্ষিপ্ত কৰিব লগা হয়। অর্থাৎ নিয়মানুৱর্তিতা তেওঁৰ স্বভাৱতগত। সেইবাবে যেতিয়া যি দায়িত্ব পাইছে, সকলো দূৰদৃষ্টিৰে ৰোডমেপ, কর্মপদ্ধতি আৰু কৌশল ঠিক কৰি সেই অনুসৰি প্রয়োজনীয় সম্পদ যোগাৰ কৰি যোগ্য ব্যক্তিসকলৰ দায়িত্ব দি কামটো সফল কৰি তোলে। প্রথমবাৰ যেতিয়া তেওঁ কেন্দ্রীয় মন্ত্রী হৈছিল, অটলজীয়ে তেওঁক এটি বিশেষ বিভাগৰ দায়িত্ব দিব বিচাৰিছিল। দক্ষিণ ভাৰতৰ জনপ্রতিনিধি হিচাপে ভেংকায়া ডাঙৰীয়াৰ ইংৰাজী ভাষাত দক্ষ, সুবক্তা; সেইবাবে তেওঁ এই দায়িত্ব দিয়া হৈছিল। কিন্তু ভেংকায়া ডাঙৰীয়াই জানিব পাৰি মোৰ ওচৰলৈ আহিল। মই তেতিয়া ৰাষ্ট্ৰীয় সম্পাদক আছিলো। তেওঁ আহি ক’লে, ভাই, মোক কিয় এনেকৈ ফছাইছে? এয়া মোৰ কাম নহয়। মই সুধিলো কৰি, আপুনি কি কৰিব বিচাৰে? তেওঁ ক’লে, ‘মোক এই ডাঙৰ বিভাগ নালাগে দিব। মোক গ্রামোন্নয়ণ বিভাগ দিয়ক, মই তাত দেহে-কেহে লাগিম। মই ক’লো, যাওঁক অটলজীক গৈ কৈ দিয়ক। আপোনালোকে শুনিলে আচৰিত হ’ব, তেওঁ পোনচাতেই অটলজীক গৈ ক’লেগৈ, মই স্বভাৱ, বৃত্তি আৰু প্রবৃত্তিত কৃষক। কৃষকসকলৰ বাবে কিবা এটা কৰিব পাৰিলে মই নিজকে ধন্য মানিম। সেইবাবে মন্ত্রীত্ব যদি দিয়ে, তেতিয়া হ’লে মোক গ্রামোন্নয়ণ বিভাগৰ মন্ত্ৰী দিয়ক। ফলস্বৰূপে, তেওঁ এক ইতিহাস ৰচনা কৰিলে। কিছু সময়ৰ আগতে যেনেকৈ অৰুণ জেটলী ডাঙৰীয়াই কৈছিল, ভেংকায়া ডাঙৰীয়াই প্রধানমন্ত্রী গ্রাম চড়ক যোজনাক সর্বাধিক ফলপ্ৰসূ প্রকল্পত পৰিণত কৰিছিল। তাৰপাছৰ পৰা সকলো সাংসদ সদস্যই চৰকাৰৰ ওচৰত সকলোৰে ওচৰত যি দাবি জনাই, সেয়া হ’ল তেওঁৰ এলেকাত প্রধানমন্ত্রী গ্রাম চড়ক যোজনাৰ কাম আবণ্টন কৰক। এটা সময় আছিল, যেতিয়া সকলোৱেই তেওঁৰ সংসদীয় অঞ্চলত ৰে’ল ষ্টেচন স্থাপনৰ বাবে দাবী কৰিছিল। তেতিয়াৰে পৰা সাংসদসকলৰ অগ্রাধিকাৰ পৰিৱর্তন কৰি প্রধানমন্ত্রী গ্রাম চড়ক যোজনাৰ প্ৰতি আগ্রহী কৰি তোলাৰ কৃতিত্ব যদি কাৰোবাক দিব লগা হয়, তেতিয়া হ’লে ভেংকায়া ডাঙৰীয়াকে দিব লাগিব। একেদৰে গাঁৱে-গাঁৱে খোৱা পানীৰ ব্যৱস্থা সুনিশ্চিত কৰাৰ বাবে তেওঁ যি পৰিশ্রম কৰিছিল, তাৰ তুলনা নাই। আজিও যেতিয়া সংসদৰ অধিৱেশনত এইধৰণৰ গুৰুত্বপূর্ণ বিষয়ক লৈ আলোচনা অথলে য়ায়, তেতিয়া তেওঁ আটাইতকৈ অধিক বিৰক্ত হয়, তেওঁৰ মনত এনে লাগে যে বিদেশ নীতি সম্পর্কে আলোচনা এক-আধা দিন নহ’ল চলে, কিন্তু যেতিয়া গাওঁ আৰু কৃষকসকলক লৈ আলোচনা হয়, তেতিয়া কিয় সংসদ অচল কৰি তোলে? তেওঁৰ ভিতৰত এই অস্থিৰতা দেশৰ সাধাৰণ লোকসকলৰ উন্নয়নৰ বাবে তেওঁৰ মনৰ তীব্র আকাংক্ষাকে প্ৰতিপন্ন কৰে। বক্তা হিচাপে যিসকলে তেওঁৰ তেলেগু বক্তৃতা শুনিছে, তেওঁলোকে জানে যে তেওঁৰ কথনভংগীৰ দৰে কোনেও ক’ব নোৱাৰে। আপোনালোকৰ এনে লাগিব যে লোকেল ট্রেইনত বহি আছো, কিন্তু তেওঁ ছুপাৰফাষ্ট এক্সপ্রেছ চলাই গৈছে। ইমান দ্রুতগতিত কোৱা বাবে চিন্তাশক্তি ক’ৰ পৰা পায়, সেয়া ভাবিলে আচৰিত হ’বলগা হয়! আৰু অতি সাৱলীলভাবে তেওঁ অন্তঃমিল দি এটা ছন্দত কথা ক’লে ভাল লাগে। ৰাজনৈতিক ভাষণত ইমান নকয়। কিন্তু যেতিয়া আমাৰ সাংগঠনিক বৈঠক হয়, তাত বেছিভাগ সময়ত তেওঁ ছন্দত কথা কয়। ইয়াৰ প্রভাৱ আপোনালোকে সংসদ ভৱনতো দেখিবলৈ পাইছে। মই তেওঁৰ এবছৰীয়া কার্যকালৰ সকলো হিচাপ দেশৰ সন্মুখত তুলি ধৰাৰ বাবে যিটো টিমে কাম কৰিছে, তেওঁলোক সকলোকে শুভেচ্ছা জনাইছো। মই স্বীকাৰ কৰো যে এই তথ্য সংকলনে এনে এক উচ্চ পদক কিদৰে সমাজৰ উপকাৰত লগাব পৰা যায়, ইয়াৰ কিমান নতুনত্ব আনিব পৰা যায়, কিমান গতি প্রদান কৰা যায় আৰু এইবোৰৰ জৰিয়তে এটি প্রতিষ্ঠান হিচাপে নিজৰ মর্যাদা বৃদ্ধিৰ জৰিয়তে দেশৰ উন্নয়নক কিদৰে সহায় কৰিব পৰা যায়, তাৰ প্রমাণ এই গ্রন্থখনিত সন্নৱিষ্ট কৰা হৈছে। এয়া একপ্ৰকাৰ উপ-ৰাষ্ট্রপতি মহোদয়ৰ এক বছৰৰ কার্যকালৰ বর্ণনা। কিন্তু, যেতিয়া বালদৰে চোৱা যায় এয়া এটা পৰিয়ালৰ এলবামৰ দৰে লাগে, য’ত আমি সকলোৱে ক’ৰবাত নহয়, ক’ৰবাত আছো, সাংসদসকল আছে, ৰাজ্যপাল আৰু মুখ্যমন্ত্রীসকল আছে, আকৌ বিভিন্ন বিশ্ববিদ্যালয়ৰ উপাচার্যৰাসকলো আছে। দেশৰ দূৰ-দুৰণিৰ ৰাজ্যসমূহ আছে, যাৰ সৈতে কেন্দ্রৰ সম্পর্কত ভাৰসাম্য বজাই ৰখাৰ এক সজাগতামুলক প্রচেষ্টা আছে। ইয়াৰ জৰিয়তেও এক দর্শন স্পষ্ট হৈ উঠে। মই ভেংকায়া ডাঙৰীয়াক বহুত বহুত শুভেচ্ছা জনাইছো। তেওঁৰ মনত ইচ্ছা আছে যে সংসদ খুব ভালকৈ চলক, সংসদৰ প্রতিটো আলোচনা অর্থবহ আৰু ফলপ্ৰসূ হওঁক আৰু দেশৰ কামত লাগক। তেওঁৰ এই সপোন আছে; মোৰ দৃঢ় বিশ্বাস তেওঁৰ নিৰৱচ্ছিন্ন প্রচেষ্টাত এই সপোন পুৰণ হ’ব। মই ভেংকায়া ডাঙৰীয়াক বহুত বহুত শুভাকামনা আৰু ধন্যবাদ জনালো। | উপ-ৰাষ্ট্রপতি ভেংকায়া নাইডুৰ কার্যকালৰ প্ৰথম বৰ্ষপূর্তি উপলক্ষে গ্রন্থ উন্মোচনী অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%95%E0%A6%BF%E0%A6%B7%E0%A6%BE%E0%A6%A3-%E0%A6%86%E0%A6%81%E0%A6%9A%E0%A6%A8/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%95%E0%A6%BF%E0%A6%B7%E0%A6%BE%E0%A6%A3-%E0%A6%86%E0%A6%81%E0%A6%9A%E0%A6%A8/ | উপস্থিত সকলো গণ্যমান্য ব্যক্তিক, প্ৰথমতে, মই মাতা বৈষ্ণো দেৱী চৌহদত সংঘটিত শোকাৱহ ঘটনাটোৰ প্ৰতি শোক প্ৰকাশ কৰিছো। যিসকলে তেওঁলোকৰ প্ৰিয়জনক হেৰুৱাইছে, যিসকল পদদলিত আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা। কেন্দ্ৰীয় চৰকাৰে জম্মু আৰু কাশ্মীৰ প্ৰশাসনৰ সৈতে নিৰন্তৰ যোগাযোগত আছে। মই উপ ৰাজ্যপাল মনোজ সিনহাজীৰ সৈতেও কথা পাতিছো। সাহায্যৰ কাম হাতত লোৱা হৈছে আৰু আহতসকলৰ চিকিৎসা কৰা হৈছে। ভাতৃ আৰু ভগ্নীসকল, এই কাৰ্যসূচীত আমাৰ সৈতে যোগদান কৰা কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহকৰ্মীসকল, বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী, ৰাজ্যৰ কৃষি মন্ত্ৰী, অন্যান্য গণ্যমান্য ব্যক্তি আৰু ভাৰতৰ সকলো কোণৰ পৰা মোৰ কোটি কোটি কৃষক ভাই-ভনী, ভাৰতত বাস কৰা প্ৰতিজন ভাৰতীয়, ভাৰত আৰু বিশ্ব সম্প্ৰদায়ৰ প্ৰতিজন শুভাকাংক্ষীলৈ ২০২২ বৰ্ষত শুভকামনা জনাইছো। বছৰটো দেশৰ লাখ লাখ অন্নদাতাৰ সৈতে আৰম্ভ হওঁক, বছৰটোৰ আৰম্ভণিতে, মই দেশৰ প্ৰতিটো কোণত আমাৰ কৃষকসকলক সাক্ষাৎ কৰাৰ সুযোগ পাইছো, এইবোৰ মোৰ বাবে নিজেই এক মহান অনুপ্ৰেৰণাৰ মুহূৰ্ত। আজি দেশৰ কোটি কোটি কৃষক পৰিয়ালে, বিশেষকৈ ক্ষুদ্ৰ কৃষকসকলে প্ৰধানমন্ত্ৰীৰ কিষাণ সন্মান নিধিৰ দশম কিস্তি লাভ কৰিছে। কৃষকসকলৰ বেংক একাউণ্টলৈ ২০,০০০ কোটি টকা স্থানান্তৰ কৰা হৈছে। আজি আমাৰ কিষাণ সামগ্ৰী সংগঠন – কৃষক উৎপাদন সংগঠন, ইয়াৰ সৈতে জড়িত কৃষকসকললৈ বিত্তীয় সাহায্যও প্ৰেৰণ কৰা হৈছে। শ শ এফপিঅ'য়ে আজি এটা নতুন আৰম্ভণি কৰিছে। বন্ধুসকল, আমাৰ ইয়াত কোৱা হয়- আমুখায়াতি কল্যাণং কাৰ্যসিদ্ধি হি সংশতি ৷ অৰ্থাৎ, সফল আৰম্ভণিয়ে কামটো প্ৰাপ্ত কৰা, আগতীয়াকৈ সংকল্প প্ৰাপ্ত কৰাৰ কথা প্ৰকাশ কৰে। এখন ৰাষ্ট্ৰ হিচাপে, আমি ২০২১ চনৰ বিগত বছৰটো এনেধৰণে চাব পাৰো। ২০২১ত, ১০০ বছৰত আটাইতকৈ ডাঙৰ মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ সময়ত আমি সকলোৱে ভাৰতীয়সকলৰ সামূহিক শক্তি, দেশখনে যি দেখুৱাইছে সেয়া প্ৰত্যক্ষ কৰিছো। আজি যেতিয়া আমি নতুন বছৰত প্ৰৱেশ কৰি আছো, আমি যোৱা বছৰৰ আমাৰ প্ৰচেষ্টাৰ পৰা অনুপ্ৰেৰণা ল'ব লাগিব আৰু নতুন সংকল্পৰ দিশে আগবাঢ়িব লাগিব। ভাৰতে এই ক’ৰোনা কালত বহু মাহ ধৰি ইয়াৰ ৮০ কোটি নাগৰিকৰ বাবে বিনামূলীয়া ৰেচন নিশ্চিত কৰি আহিছে। আৰু, ভাৰতে কেৱল বিনামূলীয়া ৰেচনৰ এই আঁচনিত ২ লাখ ৬০ হাজাৰ কোটি টকাতকৈও অধিক ব্যয় কৰিছে। বিনামূলীয়া খাদ্যশস্যৰ এই আঁচনিয়ে গাওঁ, দৰিদ্ৰ, গাৱঁত বাস কৰা আমাৰ কৃষক সহকৰ্মী, খেতিয়ক শ্ৰমিকসকলক উপকৃত কৰিছে। বন্ধুসকল, আমাৰ ইয়াত কোৱা হয়- সংঘে শক্তি কলি যুগে ৷ অৰ্থাৎ, এই যুগত, সংগঠনৰ পৰাই শক্তি আছে। সংগঠিত শক্তি, অৰ্থাৎ সকলোৰে প্ৰচেষ্টা, সংকল্পক সম্পূৰ্ণৰূপে লৈ যোৱাৰ উপায়। যেতিয়া ১৩০ কোটি ভাৰতীয়ই এখোজ আগুৱাই আহে, ই কেৱল এক পদক্ষেপ নহয়, ই হৈছে ১৩০ কোটিৰ পদক্ষেপ। এইটো আমাৰ ভাৰতীয়সকলৰ স্বভাৱ যে কিবা ভাল কৰাৰ দ্বাৰা, আমি এক বেলেগ সান্ত্বনা পাওঁ। কিন্তু যেতিয়া এই ভাল কামবোৰ একত্ৰিত হয়, সিঁচৰতি একত্ৰিত হয়, ভাৰত মাতৃ ঐশ্বৰিক হৈ পৰে। কিমান জন লোকে দেশৰ বাবে নিজৰ জীৱন দান দিছে, দেশখন তৈয়াৰ কৰিছে। তেওঁলোকে এই কামবোৰ আগতে কৰিছিল, কিন্তু সেইবোৰ চিনাক্ত কৰাৰ কাম এতিয়া কৰা হৈছে। আজি প্ৰতিজন ভাৰতীয়ৰ শক্তিক এক সামূহিক ৰূপলৈ ৰূপান্তৰিত কৰা হৈছে আৰু দেশৰ উন্নয়নত নতুন গতি আৰু নতুন শক্তি প্ৰদান কৰা হৈছে। আজি যেতিয়া আমি পদ্ম বঁটা বিজয়ীসকলৰ নাম দেখিবলৈ পাওঁ, আমি তেওঁলোকৰ মুখ দেখিবলৈ পাওঁ, মনটো আনন্দেৰে ভৰি পৰে। সকলোৰে প্ৰচেষ্টাৰ জৰিয়তে ভাৰতে আজি ক’ৰোনাৰ দৰে ইমান ডাঙৰ মহামাৰীৰ বিৰুদ্ধে যুঁজ দি আছে। ভাতৃ আৰু ভগ্নীসকল, ক’ৰোনাৰ এই সময়ছোৱাত, দেশৰ স্বাস্থ্য খণ্ডক অধিক শক্তিশালী কৰাৰ বাবে, স্বাস্থ্যৰ আন্তঃগাঁথনি অধিক বৃদ্ধি কৰাৰ বাবে নিৰন্তৰে কাম কৰা হৈছে। ২০২১ চনত দেশত শ শ নতুন অক্সিজেন প্ৰকল্প নিৰ্মাণ কৰা হৈছে, হাজাৰ হাজাৰ নতুন ভেণ্টিলেটৰ নিৰ্মাণ কৰা হৈছে। ২০২১ চনত, দেশত বহুতো নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল, ডজন ডজন চিকিৎসা মহাবিদ্যালয়ৰ কাম আৰম্ভ হৈছে। ২০২১ চনত দেশত হাজাৰ হাজাৰ স্বাস্থ্য কেন্দ্ৰও নিৰ্মাণ কৰা হৈছে। আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানে দেশৰ জিলা, খণ্ড আৰু খণ্ডলৈকে ভাল চিকিৎসালয়, ভাল পৰীক্ষাগাৰৰ নেটৱৰ্ক শক্তিশালী কৰিব। ডিজিটেল ইণ্ডিয়াক নতুন শক্তি প্ৰদান কৰি আয়ুষ্মান ভাৰত ডিজিটেল স্বাস্থ্য অভিযানে দেশৰ স্বাস্থ্য সুবিধাসমূহ অধিক সুলভ আৰু কাৰ্যকৰী কৰি তুলিব। ভাতৃ আৰু ভগ্নীসকল, আজি, বহুতো অৰ্থনৈতিক সূচকে তেতিয়াৰে পৰা ভাল কাম কৰি আছে আনকি যেতিয়া ক’ৰোনা আমাৰ মাজত নাছিল। আজি, আমাৰ অৰ্থনীতিৰ বিকাশৰ হাৰ ৮ শতাংশতকৈও অধিক। ভাৰতত অভিলেখসংখ্যক বিদেশী বিনিয়োগকাৰী আছে। আমাৰ বৈদেশিক মুদ্ৰণৰ ভাণ্ডাৰ অভিলেখ স্তৰত উপনীত হৈছে। জিএছটিয়ে সংগ্ৰহৰ পুৰণি অভিলেখসমূহো অতিক্ৰম কৰিছে। আমি ৰপ্তানি আৰু বিশেষকৈ কৃষিৰ ক্ষেত্ৰতো নতুন দৃষ্টান্ত স্থাপন কৰিছো। বন্ধুসকল, আজি আমাৰ দেশখনে ইয়াৰ বৈচিত্ৰ্য আৰু বিশালতাৰ সৈতে সংগতি ৰাখি প্ৰতিটো ক্ষেত্ৰতে এক বৃহৎ বিকাশৰ চিহ্ন গঢ়ি তুলিছে। ২০২১ চনত, ভাৰতে কেৱল ইউ.পি.আই, ডিজিটেল লেনদেনৰ জৰিয়তে প্ৰায় ৭০ লাখ কোটি টকা ৰপ্তানি কৰিছিল। আজি ভাৰতত ৫০,০০০ ৰো অধিক ষ্টাৰ্ট-আপে কাম কৰি আছে। ইয়াৰ ভিতৰত, যোৱা ছয় মাহত ১০,০০০ ৰো অধিক ষ্টাৰ্ট-আপ গঠন কৰা হৈছে। ২০২১ চনত, ভাৰতৰ যুৱচামে ক’ৰোনাৰ এই সময়ছোৱাত ৪২ টা ইউনিকৰ্ণ সৃষ্টি কৰি এক নতুন ইতিহাস সৃষ্টি কৰিছিল। মই মোৰ কৃষক ভাই-ভনীসকলক ক'ব বিচাৰো যে এই একোটা ইউনিকৰ্ণ হৈছে ৭,০০০ কোটি টকাৰ অধিক মূল্যৰ ষ্টাৰ্ট-আপ। ইমান কম সময়ৰ ভিতৰতে এনে অগ্ৰগতিয়ে আজি ভাৰতৰ যুৱপ্ৰজন্মৰ সফলতাৰ এক নতুন কাহিনী লিখি আছে। আৰু বন্ধুসকল, আনহাতে, আজি ভাৰতে ইয়াৰ ষ্টাৰ্ট-আপ পৰিস্থিতিতন্ত্ৰ শক্তিশালী কৰি থকাৰ সময়ত, ই ইয়াৰ সংস্কৃতিক সমানে গৌৰৱেৰে শক্তিশালী কৰি তুলিছে। কাশী বিশ্বনাথ ধাম সৌন্দৰ্যকৰণ প্ৰকল্পৰ পৰা কেদাৰনাথ ধামৰ উন্নয়ন মূলক প্ৰকল্পলৈকে, আদি শংকৰাচাৰ্যৰ সমাধিৰ পুনৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ পৰা ঢোলাভিৰা আৰু দুৰ্গা পূজা উৎসৱলৈ, বিশ্ব ঐতিহ্যৰ মৰ্যাদা প্ৰদানলৈকে মাতৃ অন্নপূৰ্ণাৰ প্ৰতিমূৰ্তিকে ধৰি ভাৰতৰ পৰা চুৰি হোৱা শ শ মূৰ্তি ঘূৰাই অনালৈকে, ভাৰতৰ ওচৰত বহুত আছে। সমগ্ৰ বিশ্ব দেশৰ প্ৰতি আকৰ্ষিত হৈছে। আৰু এতিয়া যেতিয়া আমি এই ঐতিহ্যবোৰ শক্তিশালী কৰি আছো, পৰ্যটন নিশ্চিতভাৱে বৃদ্ধি পাব আৰু তীৰ্থযাত্ৰাও বৃদ্ধি পাব। বন্ধুসকল, ভাৰতে আজি আমাৰ দেশৰ মহিলাসকলৰ বাবে ইয়াৰ যুৱপ্ৰজন্মৰ বাবে অভূতপূৰ্ব পদক্ষেপ গ্ৰহণ কৰিছে। ২০২১ চনত, ভাৰতে কন্যাসকলৰ বাবে সামৰিক বিদ্যালয় মুকলি কৰে। ২০২১ চনত, ভাৰতে মহিলাসকলৰ বাবে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ দুৱাৰ মুকলি কৰে। ২০২১ চনত, ভাৰতেও কন্যাৰ বিবাহৰ বয়স ১৮ ৰ পৰা ২১ বছৰলৈ বৃদ্ধি কৰিছে। আজি ভাৰতত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে প্ৰায় ২ কোটি মহিলাই ঘৰত তেওঁলোকৰ মালিকীস্বত্বৰ অধিকাৰ লাভ কৰিছে। আমাৰ কৃষক ভাই-ভনীসকল, আমাৰ গাওঁৰ সহকৰ্মীসকলে বুজিব পাৰে যে কিমান ডাঙৰ কাম হৈছে। বন্ধুসকল, বছৰটো দেশৰ লাখ লাখ অন্নদাতাৰ সৈতে আৰম্ভ হওঁক, বছৰটোৰ আৰম্ভণিতে, মই দেশৰ প্ৰতিটো কোণত আমাৰ কৃষকসকলক সাক্ষাৎ কৰাৰ সুযোগ পাইছো, এইবোৰ মোৰ বাবে নিজেই এক মহান অনুপ্ৰেৰণাৰ মুহূৰ্ত। আজি দেশৰ কোটি কোটি কৃষক পৰিয়ালে, বিশেষকৈ ক্ষুদ্ৰ কৃষকসকলে প্ৰধানমন্ত্ৰীৰ কিষাণ সন্মান নিধিৰ দশম কিস্তি লাভ কৰিছে। কৃষকসকলৰ বেংক একাউণ্টলৈ ২০,০০০ কোটি টকা স্থানান্তৰ কৰা হৈছে। আজি আমাৰ কিষাণ সামগ্ৰী সংগঠন – কৃষক উৎপাদন সংগঠন, ইয়াৰ সৈতে জড়িত কৃষকসকললৈ বিত্তীয় সাহায্যও প্ৰেৰণ কৰা হৈছে। শ শ এফপিঅ'য়ে আজি এটা নতুন আৰম্ভণি কৰিছে। বন্ধুসকল, ক’ৰোনাৰ বিৰুদ্ধে দেশৰ শক্তিশালী যুঁজৰ বাবে ২০২১ বৰ্ষটো স্মৰণীয় হৈ থাকিব, সেয়েহে এই সময়ছোৱাত ভাৰতে কৰা সংস্কাৰৰ বিষয়েও আলোচনা কৰা হ'ব। যোৱা বছৰ, ভাৰতে আধুনিক আন্তঃগাঁথনি নিৰ্মাণ আৰু সংস্কাৰৰ প্ৰক্ৰিয়া দ্ৰুত গতিত আগবঢ়াই নিছে। এই প্ৰতিশ্ৰুতিৰ দ্বাৰাই চৰকাৰৰ হস্তক্ষেপ হ্ৰাস কৰিব লাগে, প্ৰতিজন ভাৰতীয়ৰ শক্তি উদ্ভাসিত হ'ব লাগে, আৰু সকলোৰে প্ৰচেষ্টাৰ জৰিয়তে ৰাষ্ট্ৰীয় লক্ষ্য প্ৰাপ্ত কৰা হৈছে। বাণিজ্য সহজ কৰিবলৈ যোৱা বছৰ কেইবাটাও সিদ্ধান্ত লোৱা হৈছিল। প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনে দেশত আন্তঃগাঁথনি নিৰ্মাণৰ গতিক এক নতুন প্ৰান্ত প্ৰদান কৰিবলৈ গৈ আছে। মেক ইন ইণ্ডিয়াক এক নতুন মাত্ৰা প্ৰদান কৰি দেশখনে চিপ নিৰ্মাণ, চেমি কণ্ডাক্টৰৰ দৰে নতুন খণ্ডৰ বাবে উচ্চাকাংক্ষী আঁচনি ৰূপায়ণ কৰিছে। কেৱল যোৱা বছৰেই, দেশখনে প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰশীলতাৰ বাবে ৭ টা প্ৰতিৰক্ষা কোম্পানী লাভ কৰিছে। আমি প্ৰথম প্ৰগতিশীল ড্ৰোণ নীতিও প্ৰৱৰ্তন কৰিছো। মহাকাশত দেশৰ আশা-আকাংক্ষাক এক নতুন উৰণ প্ৰদান কৰি ভাৰতীয় মহাকাশ সংস্থা গঠন কৰা হৈছে। বন্ধুসকল, ডিজিটেল ইণ্ডিয়া অভিযানে ভাৰতত উন্নয়নক গাৱঁৰ পৰা গাৱঁলৈ লৈ যোৱাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। ২০২১ চনত হাজাৰ হাজাৰ নতুন গাওঁ অপ্টিকেল ফাইবাৰ কেবলৰ সৈতে সংযুক্ত কৰা হৈছে। ই আমাৰ কৃষক সহকৰ্মী, তেওঁলোকৰ পৰিয়াল, তেওঁলোকৰ সন্তানক যথেষ্ট উপকৃত কৰিছে। ই-আৰ.ইউ.পি.আই.-ৰ দৰে এক নতুন ডিজিটেল পৰিশোধ সমাধানো ২০২১ চনত মুকলি কৰা হৈছে। সমগ্ৰ দেশতে এখন দেশ, এটা ৰেচন কাৰ্ডো কাৰ্যকৰী কৰা হৈছে। আজি দেশৰ অসংগঠিত খণ্ডৰ শ্ৰমিকসকলক ই-শ্ৰম কাৰ্ড জাৰী কৰা হৈছে যাতে চৰকাৰী আঁচনিসমূহৰ লাভালাভ সহজে তেওঁলোকৰ ওচৰলৈ যায়। ভাতৃ আৰু ভগ্নীসকল, ২০২২ চনত, আমি আমাৰ গতি ত্বৰান্বিত কৰিব লাগিব। ক’ৰোনাৰ প্ৰত্যাহ্বান আছে, কিন্তু ক’ৰোনাই ভাৰতৰ গতি বন্ধ কৰিব নোৱাৰে। ভাৰতেও অতি সাৱধানতাৰে ক’ৰোনাৰ বিৰুদ্ধে যুঁজ দিব আৰু অতি সাৱধানতাৰে ইয়াৰ ৰাষ্ট্ৰীয় স্বাৰ্থ পূৰণ কৰিব। আমাৰ ইয়াত কোৱা হয়, ''जहीहि भीतिम् भज भज शक्तिम्। विधेहि राष्ट्रे तथा अनुरक्तिम्॥ कुरु कुरु सततम् ध्येय-स्मरणम्। सदैव पुरतो निधेहि चरणम्''॥ অৰ্থাৎ, ভয়, শংকাৰ উপৰিও, আমি ক্ষমতা আৰু শক্তি মনত ৰাখিব লাগিব, দেশপ্ৰেমৰ আত্মাক সৰ্বোচ্চ কৰি ৰাখিব লাগিব। আমি আমাৰ লক্ষ্যবোৰ মনত ৰাখি নিৰন্তৰ লক্ষ্যৰ ফালে আগবাঢ়িব লাগিব। ৰাষ্ট্ৰ প্ৰথমৰ ভাৱনাৰে দেশৰ বাবে নিৰন্তৰ প্ৰচেষ্টা বৃদ্ধি পাইছে, আজি প্ৰতিজন ভাৰতীয়ই এক মনোভাৱ তৈয়াৰ কৰিছে। আৰু সেয়েহে, আজি, আমাৰ প্ৰচেষ্টা একত্ৰিত হৈছে, আমাৰ সংকল্পবোৰত সফলতাৰ অধীৰতা আছে। আজি, আমাৰ নীতিবোৰত ধাৰাবাহিকতা আছে, আমাৰ সিদ্ধান্তবোৰত দূৰদৰ্শিতা আছে। দেশৰ অন্নদাতাৰ প্ৰতি সমৰ্পিত আজিৰ কাৰ্যসূচী ইয়াৰ এক উদাহৰণ। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি ভাৰতৰ কৃষকসকলৰ বাবে এক বৃহৎ শক্তি হৈ পৰিছে। প্ৰতিবাৰেই প্ৰতিটো কিস্তি সময়ে সময়ে স্থানান্তৰ কৰা হয়, প্ৰতি বছৰে হাজাৰ হাজাৰ কোটি টকা, কোনো মধ্যস্থতাকাৰী অবিহনে, কোনো কমিছন অবিহনে, কোনেও কল্পনা কৰিব পৰা নাছিল যে ভাৰতত এনে হ'ব পাৰে। যদি আপুনি আজিৰ পৰিমাণ যোগ কৰে, কিষাণ সন্মান নিধিৰ অধীনত কৃষকৰ একাউণ্টলৈ ১ লাখ ৮০ হাজাৰ কোটি টকাৰো অধিক টকা স্থানান্তৰ কৰা হৈছে। আজি, এই কিষাণ সন্মান নিধি তেওঁলোকৰ সৰু খৰচৰ বাবে অতি উপযোগী। ক্ষুদ্ৰ কৃষকসকলে ভাল সাৰ আৰু সঁজুলি ব্যৱহাৰ কৰি এই ধনৰ জৰিয়তে ভাল মানদণ্ডৰ বীজ ক্ৰয় কৰি আছে। বন্ধুসকল, আমাৰ কৃষক উৎপাদিত সংগঠন – দেশৰ ক্ষুদ্ৰ কৃষকসকলৰ বৰ্ধিত শক্তি সংগঠিত কৰাত এফপিঅ'ৰ এক ডাঙৰ ভূমিকা আছে। আগতে বিচ্ছিন্ন হৈ থকা ক্ষুদ্ৰ কৃষকজনৰ এতিয়া এফপিঅ' হিচাপে পাঁচটা মুখ্য শক্তি আছে। প্ৰথম শক্তি হৈছে অধিক ভাল দৰদাম কৰা, অৰ্থাৎ দৰদাম কৰাৰ শক্তি। আপুনি সকলোৱে জানে, যেতিয়া আপুনি অকলে খেতি কৰে তেতিয়া কি হয়? যদি আপুনি বীজৰ পৰা সাৰলৈকে সকলো ক্ৰয় কৰে, আপুনি খুচুৰা ব্যৱসায়ত আছে, কিন্তু বিক্ৰী যথেষ্ট পৰিমাণে হয়। ই ব্যয় অধিক বৃদ্ধি কৰে, আৰু লাভ হ্ৰাস কৰে। কিন্তু এফ.পি.অ’.-ৰ জৰিয়তে, এই ছবিখন এতিয়া সলনি হৈছে। এফ.পি.অ’.-ৰ জৰিয়তে, কৃষকসকলে এতিয়া খেতিৰ বাবে প্ৰয়োজনীয় সামগ্ৰী বৃহৎ পৰিমাণে ক্ৰয় কৰে, আৰু সেইবোৰ খুচুৰা হিচাপে বিক্ৰী কৰে। কৃষকসকলে এফপিঅ'ৰ পৰা লাভ কৰা দ্বিতীয় শক্তিটো হ'ল বৃহৎ পৰিমাণৰ বাণিজ্য। এফ.পি.অ’. হিচাপে, কৃষকসকলে একেলগে কাম কৰে, সেয়েহে সম্ভাৱনাবোৰ তেওঁলোকৰ বাবে যথেষ্ট ভাল হয়। তৃতীয় শক্তি হৈছে উদ্ভাৱন। বহুতো কৃষক একে সময়তে মিলিত হয়, আৰু তেওঁলোকৰ অভিজ্ঞতাও একেলগে সম্পৰ্কিত। তথ্য বৃদ্ধি হয়। নতুন উদ্ভাৱনৰ পথ মুকলি হয়। এফপিঅ'ৰ চতুৰ্থ শক্তি হৈছে বিপদাশংকা ব্যৱস্থাপনা। একেলগে, আপুনি প্ৰত্যাহ্বানবোৰ ভালদৰে মূল্যাংকন কৰিব পাৰে, সেইবোৰৰ সৈতে মোকাবিলা কৰাৰ উপায় সৃষ্টি কৰিব পাৰে। আৰু পঞ্চম শক্তি হৈছে বজাৰ অনুসৰি পৰিৱৰ্তন কৰাৰ সামৰ্থ্য। বজাৰ আৰু বজাৰৰ চাহিদা নিৰন্তৰ সলনি হৈ আছে। কিন্তু ক্ষুদ্ৰ কৃষকসকলে হয় ইয়াৰ বিষয়ে জানিব নোৱাৰে, বা তেওঁলোকে পৰিৱৰ্তনৰ বাবে সম্পদ সংগ্ৰহ কৰিবলৈ সক্ষম নহয়। কেতিয়াবা সকলো মানুহে একে শস্য ৰোপণ কৰে আৰু পিছত দেখা যায় যে এতিয়া চাহিদা হ্ৰাস পাইছে। কিন্তু এফ.পি.অ’.-ত, আপুনি কেৱল বজাৰ-অনুসৰি নহয় বৰঞ্চ বজাৰত নতুন সামগ্ৰীৰ চাহিদা সৃষ্টি কৰাৰ ক্ষমতাও আছে। বন্ধুসকল, আজিও আমাৰ দেশত এনে বহুতো বস্তু আছে যিবোৰ বিদেশৰ পৰা আমদানি হয় সেয়া আমাৰ কৃষকে সহজে উৎপাদিন কৰিব পাৰে। খোৱা তেল ইয়াৰ এক উৎকৃষ্ট উদাহৰণ। আমি বিদেশৰ পৰা খোৱা তেল ক্ৰয় কৰোঁ। দেশখনে আন দেশবোৰক যথেষ্ট ধন দিব লাগে। এই ধন দেশৰ কৃষকসকললৈ যোৱা উচিত, সেয়েহে আমাৰ চৰকাৰে ১১,০০০ কোটি টকাৰ বাজেটেৰে ৰাষ্ট্ৰীয় পাম তেল মিছন আৰম্ভ কৰিছে। বন্ধুসকল, আমি প্ৰাকৃতিক দুৰ্যোগত কৃষকসকলৰ লোকচান হ্ৰাস কৰিবলৈ চেষ্টা কৰিছো। প্ৰধানমন্ত্ৰী ফছল বীমা যোজনাৰ পৰা কৃষকসকলক ক্ষতিপূৰণ ১ লাখ কোটি টকাতকৈও অধিক হৈছে। এই সংখ্যাটো অতি গুৰুত্বপূৰ্ণ। সমগ্ৰ দেশৰ কৃষকসকলে প্ৰিমিয়াম হিচাপে মাত্ৰ ২১,০০০ কোটি টকা পৰিশোধ কৰিছিল কিন্তু তেওঁলোকে ক্ষতিপূৰণ হিচাপে এক লাখ কোটিট কাতকৈও অধিক টকা পাইছিল। কৃষিৰ অৱশিষ্টাংশৰ পৰা জৈৱ ইন্ধন নিৰ্মাণৰ বাবে সমগ্ৰ দেশতে শ শ নতুন গোট স্থাপন কৰা হৈছে। ৭ বছৰ আগতে, য'ত দেশত প্ৰতি বছৰে ৪০০ নিযুত লিটাৰতকৈকম ইথানল উৎপাদন কৰা হৈছিল, আজি ই ৩৪০ কোটি লিটাৰ অতিক্ৰম কৰিছে। বন্ধুসকল, আজি সমগ্ৰ দেশতে গোবৰ্ধন আঁচনি চলি আছে। ইয়াৰ জৰিয়তে, গাৱঁত গোবৰৰ পৰা জৈৱ গেছ তৈয়াৰ কৰিবলৈ উদগনি দিয়া হৈছে। জৈৱ গেছৰ ব্যৱহাৰ বৃদ্ধি কৰিবলৈ সমগ্ৰ দেশতে উদ্ভিদ স্থাপন কৰা হৈছে। এই উদ্ভিদবোৰে প্ৰতি বছৰে লাখ লাখ টন ভাল জৈৱিক সাৰ উৎপাদন কৰিব, যি কৃষকসকলৰ বাবে কম মূল্যত উপলব্ধ হ'ব। এইটোও আত্মনিৰ্ভৰশীলতা যে সকলোবোৰ দেশৰ বাবে ব্যৱহাৰযোগ্য হ'ব লাগে, কোনেও নিঃস্ব হ'ব নালাগে। বন্ধুসকল, আজি, ঘৰতে জন্তুৰ চিকিৎসা আৰু ঘৰত কৃত্ৰিম গৰ্ভধাৰণ প্ৰদান কৰা টো নিশ্চিত কৰিবলৈ এক অভিযান আৰম্ভ কৰা হৈছে। জন্তুৰ ভৰি আৰু মুখৰ ৰোগ-স্ক্ৰেপ-মুখ নিয়ন্ত্ৰণ কৰাৰ বাবে টীকাকৰণ অভিযানো চলি আছে। চৰকাৰে দুগ্ধ খণ্ডৰ আন্তঃগাঁথনিৰ বাবে হাজাৰ হাজাৰ কোটি টকাৰ এক বিশেষ পুঁজি কামধেনু আয়োগো গঠন কৰিছে। এয়া আমাৰ চৰকাৰ যিয়ে লাখ লাখ গৰু গৰখীয়াক কিষাণ ক্ৰেডিট কাৰ্ডৰ সুবিধাৰ সৈতে সংযুক্ত কৰিছে। বন্ধুসকল, পৃথিৱীখন আমাৰ মাতৃ আৰু আমি দেখিছোঁ যে য'ত পৃথিৱী মাতৃক বচাবলৈ কোনো প্ৰয়াস কৰা হোৱা নাছিল, সেই ভূমি অনুৰ্বৰ হৈ পৰিছিল। ৰাসায়নিক-মুক্ত কৃষি হৈছে আমাৰ পৃথিৱীক অনুৰ্বৰ হোৱাৰ পৰা ৰক্ষা কৰাৰ এক উৎকৃষ্ট উপায়। সেয়েহে, যোৱা বছৰত, দেশখনে আন এক দূৰদৰ্শী প্ৰচেষ্টা আৰম্ভ কৰিছে। এইটো প্ৰাকৃতিক কৃষিৰ এক প্ৰয়াস। আৰু আপোনালোকে এইমাত্ৰ ইয়াৰ এখন তথ্যচিত্ৰও দেখিলে, আৰু মই এই ছবিখন ছ'চিয়েল মিডিয়াত প্ৰতিজন কৃষকৰ ওচৰলৈ লৈ যাব বিচাৰো। আমি আমাৰ পুৰণি প্ৰজন্মৰ পৰা প্ৰাকৃতিক কৃষিৰ বিষয়ে বহুত শিকিছোঁ। আমাৰ এই পৰম্পৰাগত জ্ঞান সংগঠিত কৰাৰ, আধুনিক প্ৰযুক্তিৰ সৈতে সংযোগ স্থাপন কৰাৰ এইটো সঠিক সময়। আজি, বিশ্বত ৰাসায়নিক মুক্ত খাদ্যশস্যৰ যথেষ্ট চাহিদা আছে, আৰু ইয়াৰ ক্ৰেতাসকল অতি উচ্চ মূল্যত সাজু হৈছে। ইয়াৰ খৰচ কম আৰু উৎপাদন উন্নত । যি অধিক লাভালাভ নিশ্চিত কৰে: ৰাসায়নিক মুকলিয়ে আমাৰ মাটিৰ স্বাস্থ্য, উৰ্বৰতা আৰু ভোজনকাৰীসকলৰ স্বাস্থ্য উন্নত কৰে। মই আজি আপোনালোক সকলোকে আপোনালোকৰ কৃষিৰ সৈতে প্ৰাকৃতিক কৃষিক সংযোগ কৰাৰ ওপৰত গুৰুত্ব দিবলৈ অনুৰোধ কৰিম। ভাতৃ আৰু ভগ্নীসকল, আজি নতুন বছৰৰ প্ৰথম দিন, নতুন সংকল্পৰ দিন। এই প্ৰস্তাৱসমূহে স্বাধীনতাৰ অমৃত কালত দেশখনক অধিক সক্ষম আৰু সক্ষম কৰি তুলিব। ইয়াৰ পৰা, আমি উদ্ভাৱন কৰিবলৈ, নতুন কিবা এটা কৰিবলৈ সংকল্প ল'ব লাগিব। কৃষিৰ ক্ষেত্ৰত এই নতুনত্ব আজি সময়ৰ প্ৰয়োজন। আমি নতুন শস্য, নতুন পদ্ধতি গ্ৰহণ কৰিবলৈ কুণ্ঠাবোধ নকৰোঁ। আমি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ সংকল্পও পাহৰিব নালাগে। আমি নিশ্চিত কৰিব লাগিব যে গাওঁ, খেতি পথাৰ আৰু শস্যভঁৰালত পৰিষ্কাৰ-পৰিচ্ছন্নতা অব্যাহত থাকে। আটাইতকৈ ডাঙৰ সংকল্পটো হ'ল স্থানীয়, আত্মনিৰ্ভৰশীলতাৰ বাবে এক কণ্ঠস্বৰ হোৱা। আমি ভাৰতত নিৰ্মিত বস্তুবোৰক বিশ্বব্যাপী স্বীকৃতি দিব লাগিব। ইয়াৰ বাবে, আমি ভাৰতত জন্ম গ্ৰহণ কৰা প্ৰতিটো সামগ্ৰী, ভাৰতত জন্ম গ্ৰহণ কৰা প্ৰতিটো সেৱাক অগ্ৰাধিকাৰ দিয়াটো গুৰুত্বপূৰ্ণ। আমি মনত ৰাখিব লাগিব যে আমাৰ আজিৰ কামে পৰৱৰ্তী ২৫ বছৰৰ বাবে আমাৰ উন্নয়ন যাত্ৰাৰ দিশ নিৰ্ধাৰণ কৰিব। আমাৰ সকলোৰে এই যাত্ৰাত ঘাম ওলাব, প্ৰতিজন দেশবাসীয়ে কঠোৰ পৰিশ্ৰম কৰিব। মই নিশ্চিত যে আমি সকলোৱে ইয়াৰ গৌৰৱময় পৰিচয় ভাৰতলৈ ঘূৰাই দিম আৰু দেশক এক নতুন উচ্চতা প্ৰদান কৰিম। আজি নতুন বছৰৰ প্ৰথম দিনটোত দেশৰ কোটি কোটি কৃষকৰ বেংক একাউণ্টলৈ ২০,০০০ কোটি টকা স্থানান্তৰ কৰা হৈছে। আপোনালোক সকলোকে আকৌ এবাৰ নতুন বছৰ ২০২২ ৰ শুভেচ্ছা জনাইছো। অশেষ ধন্যবাদ ! | প্ৰধানমন্ত্ৰী-কিষাণ আঁচনিৰ অধীনত বিত্তীয় লাভালাভৰ দশম কিস্তি মুকলি কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণ পাঠৰ অসমীয়া অনুবা |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B2%E0%A7%8B%E0%A6%9B%E0%A6%BE%E0%A7%B0-%E0%A6%89%E0%A7%8E%E0%A6%B8%E0%A7%B1-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87-%E0%A6%9C%E0%A6%A8%E0%A6%B8%E0%A6%BE%E0%A6%A7/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B2%E0%A7%8B%E0%A6%9B%E0%A6%BE%E0%A7%B0-%E0%A6%89%E0%A7%8E%E0%A6%B8%E0%A7%B1-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87-%E0%A6%9C%E0%A6%A8%E0%A6%B8%E0%A6%BE%E0%A6%A7/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লোছাৰ মহোৎসৱ উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে টুইট কৰে; লাডাখত নৱবৰ্ষ হিচাপে সম্পূৰ্ণ উৎসাহেৰে উদযাপন কৰা "লোছাৰ পৰ্ব" উপলক্ষে সকলোকে শুভেচ্ছা জনাইছো। আজিৰ পৰা আৰম্ভ হোৱা এই বছৰটোৱে সকলোৰে জীৱনত সুখ আৰু সুখ কঢ়িয়াই আনক। এই বছৰত সকলোৰে ইচ্ছা পূৰণ হওক। " | লোছাৰ উৎসৱ উপলক্ষে জনসাধাৰণক শুভেচ্ছা প্ৰধানমন্ত্ৰী |
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A6%BE%E0%A6%A8%E0%A7%B0-%E0%A6%95%E0%A7%8B%E0%A6%9F%E0%A6%BE%E0%A6%A4-%E0%A6%B8%E0%A6%82%E0%A6%98%E0%A6%9F%E0%A6%BF%E0%A6%A4-%E0%A6%AA/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A6%BE%E0%A6%A8%E0%A7%B0-%E0%A6%95%E0%A7%8B%E0%A6%9F%E0%A6%BE%E0%A6%A4-%E0%A6%B8%E0%A6%82%E0%A6%98%E0%A6%9F%E0%A6%BF%E0%A6%A4-%E0%A6%AA/ | ৰাজস্থানৰ কোটাত সংঘটিত পথ-দুৰ্ঘটনাত নিহতসকলৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। দুৰ্ঘটনাটোত হতাহত হোৱা সকললৈ ‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজি’(পিএমএনআৰএফ)ৰ পৰা এককালীন সাহায্যৰো অনুমোদন জনাইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়; “ৰাজস্থানৰ কোটাত সংঘটিত পথ-দুৰ্ঘটনা নিতান্তই বেদনাদায়ক। এই দুৰ্ঘটনাত যি সকল লোকে প্ৰাণ হেৰুৱালে, তেওঁলোকৰ আত্মীয়সকললৈ মই সমবেদনা জ্ঞাপন কৰিছো। ঈশ্বৰে তেওঁলোকক এই দুখৰ বোজা বহণ কৰিব পৰাকৈ শক্তি দিয়ক।: প্ৰধানমন্ত্ৰী “কোটাৰ দুখজনক দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা প্ৰতিগৰাকী নিহতৰ নিকট আত্মীয়লৈ ‘পিএমএনআৰএফ’ৰ পৰা ২ লাখ টকাকৈ এককালীন সাহয্য আগবঢ়োৱা হ’ব। আহতসকললৈ আগবঢ়োৱা হব ৫০,০০০টকাকৈ”। : প্ৰধানমন্ত্ৰী | ৰাজস্থানৰ কোটাত সংঘটিত পথ-দুৰ্ঘটনাত নিহতসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ শো |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC-%E0%A6%AC%E0%A6%BE%E0%A6%A3%E0%A6%BF%E0%A6%9C%E0%A7%8D%E0%A6%AF-%E0%A6%B8%E0%A6%82%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A6%BE%E0%A6%A4-%E0%A6%AD%E0%A6%BE/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC-%E0%A6%AC%E0%A6%BE%E0%A6%A3%E0%A6%BF%E0%A6%9C%E0%A7%8D%E0%A6%AF-%E0%A6%B8%E0%A6%82%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A6%BE%E0%A6%A4-%E0%A6%AD%E0%A6%BE/ | প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত বিশ্ব বাণিজ্য সংস্থাত ভাৰতীয় বৈদেশিক বাণিজ্য সংস্থাৰ অধীনস্থ বাণিজ্য আৰু বিনিয়োগ আইন কেন্দ্ৰৰ ভাৰতৰ স্থায়ী মিচন আৰু দ্য গ্ৰেজুৱেট ইনষ্টিটিউট, জেনেভাৰ চেণ্টাৰ ফৰ ট্রেড এণ্ড ইকন’মিক ইণ্টিগ্রেচনৰ মাজত স্বাক্ষৰিত বুজাবুজি পত্ৰত অনুমোদন জনাইছে। লাভালাভঃ দ্য গ্ৰেজুৱেট ইনষ্টিটিউট অৱ ইণ্টাৰনেচনেল এণ্ড ডেভেলপমেন্ট ষ্টাডিজৰ চিটিইআইৰ সৈতে স্বাক্ষৰিত বুজাবুজি পত্ৰ অনুসৰি, চিটিআইএলৰ কর্মীসকলে বিভিন্ন গুৰুত্বপূর্ণ গৱেষণা সম্পর্কে মূল্যবান তথ্য সংগ্রহ কৰিব পাৰিব৷ তদুপৰি, বাণিজ্য দপ্তৰৰ বিষয়া, চিটিআইএলৰ গৱেষক আৰু শিক্ষাবিদসকলে আন্তর্জাতিক ব্যৱসায়-বাণিজ্যৰ বিষয়ত সমকালীন বিভিন্ন তথ্য জানিব পাৰিব৷ ইয়াৰ ফলত তেওঁৰ দক্ষতা বৃদ্ধি পাব আৰু আন্তর্জাতিক ব্যৱসায়-বাণিজ্য আৰু বিনিয়োগ সংক্রান্তীয় আইনত ভাৰতৰ অৱস্থান সুদৃঢ় হ’ব। এই বুজাবুজি অনুসৰি, চিটিআইএল, বাণিজ্য বিভাগৰ আৰু অন্যান্য চৰকাৰী সংস্থাৰ কর্মীসকলে চিটিইআইৰ পৰা বিভিন্ন তথ্য সংগ্রহ কৰিব পাৰিব৷ ইয়াৰ সহায়ক আন্তর্জাতিক ব্যৱসায়-বাণিজ্যৰ আলোচনা আৰু বাণিজ্য সংক্রান্তীয় বিভিন্ন বিবাদৰ নিষ্পত্তিত ভাৰতৰ সুবিধা হ’ব। সবিশেষঃ এই বুজাবুজি অনুসৰি ভাৰত, ছুইজাৰলেণ্ডকে ধৰি অন্যান্য দেশৰ শিক্ষাবিদ, নীতি প্রণয়নকাৰী, ছাত্র-ছাত্রী আৰু বাণিজ্য আইনক লৈ যিসকলে কাম কৰিব, তেওঁলোকে আন্তর্জাতিক বাণিজ্য আৰু বিনিয়োগৰ নতুন নতুন বিষয় সম্পর্ক জানিব পাৰিব৷ এই বুজাবুজি পত্ৰৰ ম্যাদ তিনি বছৰ৷ | বিশ্ব বাণিজ্য সংস্থাত ভাৰতীয় বৈদেশিক বাণিজ্য সংস্থাৰ অধীনস্থ বাণিজ্য আৰু বিনিয়োগ আইন কেন্দ্ৰৰ ভাৰতৰ স্থায়ী মিচন আৰু দ্য গ্ৰেজুৱেট ইনষ্টিটিউট, জেনেভাৰ চেণ্টাৰ ফৰ ট্রেড এণ্ড ইকন’মিক ইণ্টিগ্রেচনৰ মাজত স্বাক্ষৰিত বুজাবুজি পত্ৰত কেবিনেটৰ অনুমোদ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F-%E0%A6%AF%E0%A7%81%E0%A6%A6%E0%A7%8D%E0%A6%A7-%E0%A6%B8%E0%A7%8D%E0%A6%AE%E0%A6%BE%E0%A7%B0%E0%A6%95%E0%A7%B0/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F-%E0%A6%AF%E0%A7%81%E0%A6%A6%E0%A7%8D%E0%A6%A7-%E0%A6%B8%E0%A7%8D%E0%A6%AE%E0%A6%BE%E0%A7%B0%E0%A6%95%E0%A7%B0/ | ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক দেশবাসীৰ নামত উচৰ্গা কৰাৰ সংগতি ৰাখি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনন্ত শিখা প্ৰজ্বলন কৰে৷ তেওঁ স্মাৰকটোৰ বিভিন্ন স্থানো পৰিদৰ্শন কৰে৷ এই উপলক্ষে তেওঁ কয় যে শত্রুৰ বিৰুদ্ধে যুঁজেই হওক বা প্রাকৃতিক দুর্যোগেই হওক, যিকোনো পৰিস্থিতিত প্ৰতিৰক্ষা আৰু সুৰক্ষা ক্ষেত্রত সেনা জোৱানসকল সকলোতকৈ আগৰণুৱা৷ প্ৰধানমন্ত্ৰীয়ে পুলৱামাৰ শেহতীয়া সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুওৱা চিআৰপিএফ জোৱানসকলক স্মৰণ কৰাৰ লগতে ভাৰতৰ সুৰক্ষাৰ নামত সৰ্বোচ্ছ ত্যাগ কৰা শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ ইয়াৰ পূৰ্বে বিশাল জনসভাত সমবেত প্রাক্তন সেনা জোৱানসকলক উদ্দেশ্যি প্ৰধানমন্ত্রীয়ে কয় যে লাখ লাখ বীৰ আৰু আত্মবলিদান দিয়া সেনা জোৱানসকলৰ বাবেই ভাৰতীয় সেনাবাহিনীক আজি বিশ্বৰ অন্যতম শক্তিশালী হিচাপে গণ্য কৰা হৈছে৷ তেওঁ কয় যে সমগ্ৰ বিশ্বত আজি নতুন ভাৰতৰ যি ভাৱমূর্তি গঢ়ি উঠিছে, তাৰ অন্তৰালত সশস্ত্ৰ বাহিনীসমূহৰ বৃহৎ অৱদান উল্লেখযোগ্য৷ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক দেশবাসীৰ নামত উচৰ্গা কৰাক লৈ প্ৰধানমন্ত্ৰীয়ে সন্তোষ প্ৰকাশ কৰে৷ সৈনিক আৰু প্রাক্তন সেনা জোৱানসকলৰ কল্যাণৰ অৰ্থে ‘এক পদ, এক পেন্সন’ প্ৰদানৰ যি প্ৰতিশ্ৰুতি কেন্দ্রীয় চৰকাৰ দিছিল, সেয়া বাস্তবায়িত হৈছে বুলি সদৰি কৰি প্ৰধানমন্ত্রীয়ে কয় যে এই ব্যৱস্থাৰ জৰিয়তে পেন্সনৰ হাৰ ২০১৪ চনৰ তুলনাত ৪০ শতাংশ আৰু সেনা জোৱানসকলৰ দৰমহা ৫৫ শতাংশলৈকে বৃদ্ধি পাইছে। সেনাবাহিনীৰ বাবে দীর্ঘদিনে অতিবিশিষ্ট চিকিৎসালয় স্থাপনৰ দাবী প্ৰসংগত প্ৰধানমন্ত্রীয়ে এই ধৰণৰ তিনিখন চিকিৎসালয় স্থাপন কৰাৰ কথা ঘোষণা কৰে৷ সামৰিক বাহিনীসমূহৰ প্ৰতি চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৱলীৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে স্থল সেনা দিৱস, নৌ সেনা দিৱস আৰু বায়ুসেনা দিৱস উদযাপন উপলক্ষে সেনা জোৱানসকলৰ বিভিন্ন উদ্ভাৱনৰ ক্ষেত্ৰত যোগাই অহা অনুপ্রেৰণাৰ বিষয়েও তেওঁ উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰীয়ে লগতে দোঁহাৰে যে সেনা জোৱানসকলৰ সাহসিকতাৰ পুৰস্কাৰৰ বাবে ২০১৭ৰ ১৫ আগষ্টত এটা পোর্টেলৰ শুভাৰম্ভ কৰা হৈছে৷ মহিলাসকলেও এতিয়া যুদ্ধ বিমানৰ বৈমানিক হোৱাৰ সুযোগ পাইছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয় যে সেনাবাহিনীত মহিলা বিষয়াসকলৰ হস্ৰ ম্যাদী সেৱাৰ পৰিৱর্তে পুৰুষ সহকর্মীসকলৰ দৰেই স্থায়ীত্বৰ সুবিধা দিয়া হৈছে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিৰক্ষা সঁজুলি প্ৰস্তুতকৰণ সমগ্ৰ পৰিৱেশ সলনি কৰাৰ দিশত প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে৷ এই ক্ষেত্রত চৰকাৰে স্বচ্ছতা আৰু প্ৰস্তুতকৰণ ব্যৱস্থাৰ প্ৰতিটো স্তৰত যথাযথ দৃষ্টি দিয়াৰ প্ৰচেষ্টা হাতত লৈছে৷ ‘মেক ইন ইণ্ডিয়া’ প্ৰচেষ্টাৰ অধীনত উৎসাহ যোগাৱা হৈছে বুলিও তেওঁ উল্লেখ কৰে৷ প্ৰধানমন্ত্রীয়ে কয় যে ভাৰতীয় সেনাবাহিনীয়ে ৰাষ্ট্ৰসংঘৰ ৭০টা প্ৰধান শান্তি ৰক্ষা অভিযানৰ ভিতৰত প্রায় ৫০টাতে অংশ গ্ৰহণ কৰিছে। আনকি, প্রায় ২ লাখ ভাৰতীয় সেনা জোৱান এই অভিযানৰ অংগ হৈ পৰিছে৷ ভাৰতীয় নৌ বাহিনীয়ে ২০১৬ চনত যি আন্তঃৰাষ্ট্ৰীয় নৌ সন্মিলন আয়োজন কৰিছিল, তাত ৫০খন দেশৰ নৌ বাহিনীয়ে অংশগ্ৰহণ কৰিছিল৷ তদুপৰি, ভাৰতীয় সেনাবাহিনীয়ে প্ৰতি বছৰে সমভাবাপন্ন বন্ধু ৰাষ্ট্ৰসমূহৰ সেনা বাহিনীৰ সৈতে গড়ে ১০টাকৈ যুটীয়া অনুশীলনত অংশগ্ৰহণ কৰি আহিছে৷ ভাৰত মহাসাগৰত জলদস্যু আক্ৰমণৰ ঘটনা তাৎপৰ্যপূৰ্ণভাৱে হ্রাস পোৱাৰ সন্দৰ্ভত প্ৰধানমন্ত্রীয়ে কয় যে এই অঞ্চলসমূহত ভাৰতীয় সেনাৰ উপস্থিতি বৃদ্ধি পোৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্ব শক্তিশালী হোৱাৰ ফলতে এই ধৰণৰ ঘটনা হ্ৰাস পাইছে। ভাৰতীয় সেনাবাহিনীৰ বাবে ১.৮৬লাখ বুলেটপ্রুফ জেকেট সংগ্ৰহৰ যি দাবী আছিল, সেই দাবী তেওঁৰ চৰকাৰ পূৰণ কৰিছে আৰু বিগত চাৰে চাৰি বছৰত ২.৩০লাখতকৈও অধিক বুলেটপ্ৰুফ জেকেট সংগ্ৰহ কৰা হৈছে। কেন্দ্রীয় চৰকাৰে ভাৰতীয় সেনাবাহিনীক অত্যাধূনিক যুদ্ধ বিমান, হেলিকপ্টাৰ, ছাবমেৰিণ, যুদ্ধ জাহাজ ইত্যাদি প্ৰয়োজনীয় অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত কৰি তুলিছে। দীর্ঘদিন ধৰি পৰি থকা সেনাবাহিনীৰ স্বার্থজড়িত যিবোৰ বিষয়বোৰৰ ক্ষেত্ৰত দ্রুত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলিও তেওঁ সদৰি কৰে৷ প্ৰধানমন্ত্রীয়ে কয় যে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ লগতে ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকো স্থাপন কৰি হৈছে৷ তদুপৰি, কেন্দ্রীয় চৰকাৰে চর্দাৰ পেটেল, বাবাচাহেব আম্বেদকাৰ আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ দৰে মহান ৰাষ্ট্ৰ নেতাৰ অসাধাৰণ অৱদানৰ স্বীকৃতি প্ৰদান কৰিছে৷ জাতীয় স্বার্থক সকলোতকৈ আগত ৰাখি কেন্দ্রীয় চৰকাৰে প্ৰয়োজনীয় যিকোনো সিদ্ধান্ত গ্ৰহণ কৰি যাব বুলিও তেওঁ লগতে কয়৷ | ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ উচৰ্গা অনুষ্ঠানত উপস্থিত প্ৰাক্তন সেনা জোৱানসকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%A8%E0%A7%8D%E0%A6%AE-%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%B7%E0%A6%BF%E0%A6%95%E0%A7%80-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87-%E0%A6%AE%E0%A6%B9/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%A8%E0%A7%8D%E0%A6%AE-%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%B7%E0%A6%BF%E0%A6%95%E0%A7%80-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87-%E0%A6%AE%E0%A6%B9/ | মহাত্মা গান্ধী আৰু লাল বাহাদুৰ শাস্ত্ৰীৰ জন্ম বাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধাঞ্জলি জনায়। এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “গান্ধী জয়ন্তীত জাতিৰ পিতালৈ শত শত প্ৰণাম জনাইছো। আজিৰে পৰা আমি পূজ্য বাপুৰ ১৫০তম জয়ন্তীত প্ৰৱেশ কৰিছো। তেওঁৰ সপোনবোৰ পূৰণ কৰিবলৈ আমি সকলোৱে এক বৃহৎ সুযোগ লাভ কৰিছো। সৰল ব্যক্তিত্ব, দক্ষ নেতৃত্ব আৰু মৰ্যাদাৰ প্ৰতীক লাল বাহাদুৰ শাস্ত্ৰীজীৰ জন্ম বাৰ্ষিকীত তেওঁলৈ বিনম্ৰ শ্ৰদ্ধা নিবেদন কৰিছো।” | জন্ম বাৰ্ষিকী উপলক্ষে মহাত্মা গান্ধী আৰু লাল বাহাদুৰ শাস্ত্ৰীৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%86%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A6%83%E0%A7%B0%E0%A6%BE/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%86%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A6%83%E0%A7%B0%E0%A6%BE/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় বাঘ দিৱস উপলক্ষে বাঘ সংৰক্ষণবাদীৰ প্ৰয়াসৰ প্ৰশংসা কৰে। তেওঁ টুইটত কৈছে: "আন্তঃৰাষ্ট্ৰীয় বাঘ দিৱসত মই সেই সকলোৰে প্ৰশংসা কৰিছো যি বাঘৰ সুৰক্ষাৰ বাবে সক্ৰিয়ভাৱে কাম কৰি আছে। আপোনালোকে এই কথা জানি গৌৰৱ কৰিব যে ভাৰতত ৭৫,০০০ বৰ্গ কিঃমিঃত প্ৰসাৰিত ৫২খন ব্যাঘ্ৰ অভয়াৰণ্য আছে। বাঘ সংৰক্ষণৰ ক্ষেত্ৰত স্থানীয় সমুদায়ক অন্তৰ্ভুক্ত কৰিবলৈ কেইবাটাও অভিনৱ উপায় অৱলম্বন কৰি থকা হৈছে।" | প্রধানমন্ত্রীয়ে আন্তঃৰাষ্ট্ৰীয় বাঘ দিৱস উপলক্ষে বাঘ সংৰক্ষণবাদীৰ প্ৰয়াসৰ প্ৰশংসা কৰ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%B2%E0%A6%82%E0%A6%95%E0%A6%BE%E0%A7%B0-%E0%A6%AC%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%A4-%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%B2%E0%A6%82%E0%A6%95%E0%A6%BE%E0%A7%B0-%E0%A6%AC%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%A4-%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80/ | প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়- ১৬ মাৰ্চ, ২০২২ ভাৰতভ্ৰমণৰ সময়ত শ্ৰীলংকাৰ বিত্ত মন্ত্ৰী বাচিল ৰাজপাক্ষে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। বিত্ত মন্ত্ৰী ৰাজপাক্ষে দ্বিপাক্ষিক অৰ্থনৈতিক সহযোগিতা বৃদ্ধিৰ বাবে দুয়োখন দেশে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে আৰু শ্ৰীলংকাৰ অৰ্থনীতিলৈ ভাৰতৰ দ্বাৰা আগবঢ়োৱা সমৰ্থনৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ‘চুবুৰীয়া প্ৰথম’ নীতিত শ্ৰীলংকাৰ কেন্দ্ৰীয় ভূমিকা আৰু ইয়াৰ সাগৰ (অঞ্চলটোৰ সকলোৰে বাবে সুৰক্ষা আৰু উন্নয়ন) মতবাদৰ বিষয়ে কয়। তেওঁ পুনৰ কয় যে ভাৰতে সদায় শ্ৰীলংকাৰ বন্ধুত্বপূৰ্ণ লোকসকলৰ সৈতে থিয় দিব। বিত্ত মন্ত্ৰী ৰাজপাক্ষে সাংস্কৃতিক ক্ষেত্ৰকে ধৰি দুয়োখন দেশৰ মাজত জনসাধাৰণৰ মাজত গভীৰ হৈ থকা সম্পৰ্কৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে বৌদ্ধ আৰু ৰামায়ণ পৰ্যটন বৰ্তনীসমূহৰ যৌথ প্ৰচাৰৰ জৰিয়তে পৰ্যটকৰ প্ৰবাহ বৃদ্ধি কৰাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰে। | শ্ৰীলংকাৰ বিত্ত মন্ত্ৰী বাচিল ৰাজপাক্ষেৰ সাক্ষাৎ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%B0-%E0%A6%B8%E0%A7%88%E0%A6%A4%E0%A7%87-%E0%A6%87%E0%A7%B0%E0%A6%BE%E0%A6%A3/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%B0-%E0%A6%B8%E0%A7%88%E0%A6%A4%E0%A7%87-%E0%A6%87%E0%A7%B0%E0%A6%BE%E0%A6%A3/ | ভাৰতলৈ চৰকাৰী ভ্ৰমণসূচীৰে অহা ইৰাণৰ বৈদেশিক মন্ত্ৰী হোছেইন আমিৰাব্দোল্লাহিয়াই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সৌজন্যমূলক সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰীয়ে বিশিষ্ট ব্যক্তিসকলক আদৰণি জনাই ভাৰত আৰু ইৰাণৰ মাজত দীৰ্ঘদিনীয়া ঐতিহ্য আৰু সাংস্কৃতিক সম্পৰ্কৰ কথা স্মৰণ কৰে। দুয়োগৰাকী নেতাই চলিত দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন পদক্ষেপৰ বিষয়ে আলোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে কোভিড-পৰৱৰ্তী সময়ত দুয়োখন দেশে আদান-প্ৰদান ত্বৰান্বিত কৰাৰ বাবে কাম কৰা উচিত। ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিক শুভেচ্ছা জ্ঞাপন কৰিবলৈ বৈদেশিক মন্ত্ৰীগৰাকীক অনুৰোধ জনায় প্ৰধানমন্ত্ৰীয়ে আৰু অতি সোনকালে ইৰাণৰ ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰাৰ বাবে অপেক্ষাৰত বুলিও তেওঁ মত প্ৰকাশ কৰে। | প্ৰধানমন্ত্ৰীৰ সৈতে ইৰাণৰ বৈদেশিক মন্ত্ৰীৰ সাক্ষা |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%97%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A7-2/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%97%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A7-2/ | ডিজিটেল ইণ্ডিয়া সপ্তাহ ২০২২ ৰ বিষয়বস্তু হৈছে ‘নৱ ভাৰত প্ৰযুক্তি অনুপ্ৰেৰণা’ প্ৰধানমন্ত্ৰীয়ে ‘ডিজিটেল ইণ্ডিয়া লেংগুৱেজ’, ‘ডিজিটেল ইণ্ডিয়া জেনেচিছ’ আৰু ‘ইণ্ডিয়াষ্টেক’ৰ শুভাৰম্ভৰ লগতে ‘মাইস্কেম’ আৰু ‘মাই আইডেন্টিটি’ক দেশবাসীক উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰীয়ে চিপছ টু ষ্টাৰ্টআপ কাৰ্যসূচীৰ অধীনত সমৰ্থিত হ’ব লগা ৩০ টা প্ৰতিষ্ঠানৰ প্ৰথম গোটঘোষণা কৰে “ভাৰতে চতুৰ্থ ঔদ্যোগিক বিপ্লৱ, উদ্যোগ 4.0-ত বিশ্বক দিশ প্ৰদান কৰিছে” “ভাৰতে অনলাইনত বহুতো সমাধান কৰিছে” “ডিজিটেল ইণ্ডিয়াই চৰকাৰক নাগৰিকসকলৰ দুৱাৰমুখ আৰু ফোনৰ বাবে উপলব্ধ কৰি তুলিছে” “ভাৰতৰ ফিনটেক প্ৰচেষ্টা সঁচাকৈয়ে জনসাধাৰণৰ বাবে, জনসাধাৰণৰ বাবে, জনসাধাৰণৰ বাবে এক সমাধান” ‘আমাৰ ডিজিটেল সমাধানৰ স্কেল, নিৰাপত্তা আৰু গণতান্ত্ৰিক মূল্যবোধ আছে” “আজি ভাৰতে অহা তিনি-চাৰি বছৰত বৈদ্যুতিন উৎপাদন ৩০০ বিলিয়ন ডলাৰৰ ওপৰলৈ লৈ যোৱাৰ লক্ষ্যত কাম কৰি আছে” “ভাৰতে চিপ গ্ৰহণকাৰীৰ পৰা চিপ নিৰ্মাতা হ’ব বিচাৰে” Posted On: 04 JUL 2022 7:05PM by PIB Guwahati প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গান্ধীনগৰত ‘নৱ ভাৰত প্ৰযুক্তি অনুপ্ৰেৰণা’ বিষয়বস্তুৰে ডিজিটেল ইণ্ডিয়া সপ্তাহ ২০২২ উদ্বোধন কৰে। অনুষ্ঠানটোত তেওঁ প্ৰযুক্তিৰ প্ৰসাৰ বৃদ্ধি, জীৱন ধাৰণৰ সহজতা নিশ্চিত কৰাৰ বাবে সেৱা প্ৰদানক সুশৃংখল কৰাৰ লক্ষ্যৰে কেইবাটাও ডিজিটেল পদক্ষেপআৰম্ভ কৰে। তেওঁ চিপ টু ষ্টাৰ্টআপ (চিআইটিইউএছ) কাৰ্যসূচীৰ অধীনত সহযোগিতা কৰা ৩০ টা প্ৰতিষ্ঠানৰ প্ৰথম গোটটোঘোষণা কৰে। অনুষ্ঠানত গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ আৰু শ্ৰী ৰাজীৱ চন্দ্ৰশেখৰ, ৰাজ্যিক মন্ত্ৰী, জনপ্ৰতিনিধি, ষ্টাৰ্টআপ আৰু অঞ্চলটোৰ অন্যান্য অংশীদাৰসকল উপস্থিত আছিল। সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ কাৰ্যসূচীয়ে একবিংশ শতিকাত ভাৰতৰ নিৰন্তৰ আধুনিকীকৰণৰ এক আভাস প্ৰদান কৰে। ডিজিটেল ইণ্ডিয়াৰ জৰিয়তে ভাৰতে সমগ্ৰ মানৱজাতিৰ বাবে প্ৰযুক্তিৰ সঠিক ব্যৱহাৰ কিমান বৈপ্লৱিক তাৰ এক উদাহৰণ স্থাপন কৰিছে। “মই সুখী যে আঠ বছৰ আগতে আৰম্ভ হোৱা এই অভিযানে পৰিৱৰ্তনশীল সময়ৰ সৈতে নিজকে সম্প্ৰসাৰিত কৰি আহিছে। “সময়ৰ লগে লগে, যি খন দেশে আধুনিক প্ৰযুক্তি গ্ৰহণ নকৰে, সময়ই ইয়াক অতিক্ৰম কৰে। তৃতীয় ঔদ্যোগিক বিপ্লৱৰ সময়ত ভাৰত ইয়াৰ ভুক্তভোগী হৈছে। কিন্তু আজি আমি গৌৰৱেৰে ক’ব পাৰোঁ যে ভাৰতে চতুৰ্থ ঔদ্যোগিক বিপ্লৱ, উদ্যোগ 4.0-ত বিশ্বক দিশ প্ৰদান কৰিছে। ইয়াৰ উপৰিও, এক প্ৰকাৰে তেওঁ গুজৰাটক পথ-শ্বাৱাৰৰ ভূমিকা পালন কৰাৰ বাবে প্ৰশংসা কৰে। ৮-১০ বছৰ পূৰ্বে পৰিস্থিতিৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে জন্মৰ প্ৰমাণপত্ৰ, বিল দাখিল, ৰেচন, নামভৰ্তি, ফলাফল আৰু বেংকৰ বাবেও লাইন আছে, সেয়েহে ভাৰতে অনলাইনযোগে বহুতো লাইন সমাধান কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে আজি জীৱনপ্ৰমাণপত্ৰ, সংৰক্ষণ, বেংকিং আদিৰ ডিজিটেলকৰণৰ সৈতে জ্যেষ্ঠ নাগৰিকৰ সেৱা সুলভ, দ্ৰুত আৰু সস্তা হৈ পৰিছে। একেদৰে, প্ৰযুক্তিৰ জৰিয়তে প্ৰত্যক্ষ লাভালাভ স্থানান্তৰৰ (ডিবিটি) অধীনত যোৱা 8 বছৰত হিতাধিকাৰীসকলৰ একাউণ্টলৈ পোনপটীয়াকৈ 23 লাখ কোটি টকা প্ৰেৰণ কৰা হৈছিল। দুৰ্নীতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ডিজিটেল ইণ্ডিয়াৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয়, “এই প্ৰযুক্তিৰ ফলত দেশৰ ২ লাখ ২৩ হাজাৰ কোটি টকা ভুল হাতলৈ যোৱাৰ পৰা ৰক্ষা পৰিছিল। তেওঁ কয় যে ডিজিটেল ইণ্ডিয়াই চৰকাৰক নাগৰিকসকলৰ দুৱাৰমুখ আৰু ফোনত উপনীত কৰিছে। তেওঁ কয় যে ১.২৫ লাখতকৈও অধিক উমৈহতীয়া সেৱা কেন্দ্ৰ আৰু গ্ৰাম্য দোকানসমূহে এতিয়া গ্ৰাম্য ভাৰতলৈ ই-কমাৰ্চ লৈ গৈছে। একেদৰে, গ্ৰাম্য সম্পত্তিৰ বাবে সম্পত্তিৰ নথিপত্ৰও প্ৰযুক্তি ব্যৱহাৰ কৰি উপলব্ধ কৰা হৈছে। মহামাৰীৰ সময়ত প্ৰযুক্তিৰ ব্যৱহাৰসন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত আঠ বছৰত ডিজিটেল ইণ্ডিয়াই দেশখনত যি শক্তি সৃষ্টি কৰিছে, সেই শক্তিয়ে ভাৰতক কৰোনা বিশ্বব্যাপী মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াত যথেষ্ট সহায় কৰিছে। “আমি এটা ক্লিকত দেশৰ কোটি কোটি মহিলা, কৃষক, শ্ৰমিকৰ বেংক একাউণ্টলৈ হাজাৰ হাজাৰ কোটি টকা প্ৰেৰণ কৰিছো। এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ডৰ সহায়ত আমি ৮০ কোটিতকৈও অধিক দেশবাসীক বিনামূলীয়া ৰেচন নিশ্চিত কৰিছো। “আমি বিশ্বৰ সৰ্ববৃহৎ আৰু আটাইতকৈ দক্ষ কোভিড টিকাকৰণ আৰু কোভিড সাহায্য কাৰ্যসূচী চলাইছো। আমাৰ কোউইন প্লেটফৰ্মৰ জৰিয়তে প্ৰায় ২০০ কোটি ভেকছিনপালি দিয়া হৈছে আৰু প্ৰমাণপত্ৰ দিয়া হৈছে। তদুপৰি, প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ ফিনটেক উদ্যোগ প্ৰকৃততে জনসাধাৰণৰ বাবে, জনসাধাৰণৰ বাবে এক সমাধান। ইয়াত থকা প্ৰযুক্তিটো ভাৰতৰ নিজৰ অৰ্থাৎ ভাৰতৰ জৰিয়তে, দেশবাসীয়ে ইয়াক জীৱনৰ অংশ কৰি তুলিছে, অৰ্থাৎ জনসাধাৰণৰ আৰু ই দেশবাসীৰ লেনদেন সহজ কৰি তুলিছে, অৰ্থাৎ জনসাধাৰণৰ বাবে। তেওঁ কৈছিল যে বিশ্বৰ ৪০ শতাংশ ডিজিটেল লেনদেন ভাৰতত হয়। “আমাৰ ডিজিটেল সমাধানৰ স্কেল আছে, সেইবোৰ সুৰক্ষিত আৰু গণতান্ত্ৰিক মূল্যবোধ আছে। প্ৰধানমন্ত্ৰীয়ে কয় যে অহা ৪-৫ বছৰত উদ্যোগৰ বাবে ১৪-১৫ লাখ যুৱক-যুৱতীক দক্ষতা, দক্ষতা আৰু পুনৰ দক্ষতাৰ ওপৰত গুৰুত্ব দিয়া হ’ব। “স্থান, মেপিং, ড্ৰোন, গেমিং আৰু এনিমেছন হওঁক, এনে বহুতো খণ্ড আছে যিডিজিটেল প্ৰযুক্তিৰ ভৱিষ্যত সম্প্ৰসাৰিত কৰিবলৈ গৈ আছে, সেইবোৰ উদ্ভাৱনৰ বাবে মুকলি কৰা হৈছে। মহাকাশৰ ভিতৰত আৰু নতুন ড্ৰোন নীতিৰ দৰে ব্যৱস্থাই এই দশকত অনাগত বছৰবোৰত ভাৰতৰ প্ৰযুক্তিগত সামৰ্থ্যক নতুন শক্তি প্ৰদান কৰিব। “আজি ভাৰতে অহা তিনিৰ পৰা চাৰি বছৰৰ ভিতৰত ইলেক্ট্ৰনিক্স উৎপাদন৩০০ বিলিয়ন ডলাৰৰ ওপৰলৈ লৈ যোৱাৰ লক্ষ্যত কাম কৰি আছে। ভাৰতে এতিয়া চিপ গ্ৰহণকাৰীৰ পৰা চিপ দাতা হ’ব বিচাৰে। অৰ্ধপৰিবাহীৰ উৎপাদন বৃদ্ধিৰ বাবে ভাৰতত বিনিয়োগ দ্ৰুতগতিত বৃদ্ধি পাইছে।” প্ৰধানমন্ত্ৰীয়ে আশা ব্যক্ত কৰে যে ডিজিটেল ইণ্ডিয়া অভিযানে নিজৰ বাবে নতুন মাত্ৰা যোগ কৰি যাব আৰু দেশৰ নাগৰিকসকলৰ সেৱা অব্যাহত ৰাখিব। আৰম্ভ কৰা পদক্ষেপবোৰৰ বিষয়ে তথ্য: ‘ডিজিটেল ইণ্ডিয়া লেংগুৱেজ’-এ নাগৰিকসকলক তেওঁলোকৰ নিজৰ ভাষাত ডিজিটেল পদক্ষেপৰ সৈতে সংযোগ কৰি শক্তিশালী কৰিব। ভাশানীৰ উদ্দেশ্য হৈছে সকলো ভাৰতীয়ৰ বাবে তেওঁলোকৰ ভাষাত ইণ্টাৰনেট আৰু ডিজিটেল সেৱা সহজে উপলব্ধ কৰা আৰু ভাৰতীয় ভাষাত সমল বৃদ্ধি পাইছে। ভইচ-আধাৰিত প্ৰৱেশাধিকাৰৰ ফলত ভাৰতীয় ভাষাত ইণ্টাৰনেট আৰু ডিজিটেল সেৱাসহজে প্ৰাপ্ত হ’ব আৰু ভাৰতীয় ভাষাত সমল সৃষ্টিত সহায় হ’ব। এআই-আধাৰিত ভাষা প্ৰযুক্তি সমাধান প্ৰস্তুত কৰাৰ ক্ষেত্ৰত বহুভাষিক ডাটাছেট সৃষ্টি কৰা হ’ব। ভাশাদন নামৰ এক ক্ৰাউডচৰ্চিং প্ৰচেষ্টাৰ জৰিয়তে ডিজিটেল ইণ্ডিয়াই ভাশানী ডাটাছেট প্ৰস্তুত কৰাৰ ক্ষেত্ৰত নাগৰিকসকলক বৃহৎ প্ৰকাৰে জড়িত কৰিব। ভাশানীয়ে ভাৰতীয় ভাষাত ডাটাছেট আৰু ভাষাকাৰিক সমাধানৰ বাবে এআই প্ৰযুক্তি বিকাশ কৰি সকলো ভাৰতীয়ৰ বাবে এক অধিক সামগ্ৰিক ভৱিষ্যত সৃষ্টি কৰিব। ‘ডিজিটেল ইণ্ডিয়া জেনেচিছ’ (অভিনৱ ষ্টাৰ্টআপৰ বাবে জেন-নেক্সট সমৰ্থন) – ভাৰতৰ টায়াৰ-২ আৰু টায়াৰ-৩ চহৰত সফল ষ্টাৰ্টআপ অন্বেষণ, সহযোগিতা, বিকাশ আৰু সৃষ্টি কৰাৰ বাবে এক ৰাষ্ট্ৰীয় গভীৰ-প্ৰযুক্তিৰ ষ্টাৰ্টআপ কাৰ্যসূচী। এই আঁচনিখনৰ বাবে মুঠ ৭৫০ কোটি টকা প্ৰদান কৰা হৈছে। ‘ইণ্ডিয়াষ্টেক.গ্লোবেল’- ভাৰতৰ অধীনত ৰূপায়ণ কৰা মুখ্য প্ৰকল্পসমূহৰ এক বিশ্বব্যাপী ভঁৰাল যেনে আধাৰ, ইউপিআই, ডিজিলকাৰ, কাউইন টিকাকৰণ প্লেটফৰ্ম, চৰকাৰী ই-মাৰ্কেটপ্লেচ (জিইএম), ডিআইকেএছএ প্লেটফৰ্ম আৰু আয়ুষ্মান ভাৰত ডিজিটেল স্বাস্থ্য মিছন। গ্লোবেল পাব্লিক ডিজিটেল সামগ্ৰীৰ ভঁৰাললৈ ভাৰতৰ এই প্ৰস্তাৱটোৱে ভাৰতক জনসংখ্যা ৰ ক্ষেত্ৰত ডিজিটেল ৰূপান্তৰ প্ৰকল্প নিৰ্মাণত নেতা হিচাপে স্থান দিয়াত সহায় কৰিব আৰু এনে প্ৰযুক্তিসমাধান বিচাৰি থকা আন দেশসমূহৰ বাবে যথেষ্ট সহায়ক হিচাপে প্ৰমাণিত হ’ব। ‘মাইস্কিম’ – ই হৈছে চৰকাৰী আঁচনিসমূহৰ প্ৰৱেশাধিকাৰৰ সুবিধাৰ বাবে এক সেৱা অনুসন্ধান মঞ্চ। ই নিজকে এক-ষ্টপ অনুসন্ধান আৰু আৱিষ্কাৰ পৰ্টেল হিচাপে আগবঢ়ায় য’ত ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ বাবে যোগ্য আঁচনিবিলাক বিচাৰি পাব পাৰে। ‘মাই আইডেন্টিটি’- নেচনেল চিংগল চাইন-অন (এনএছএছও) হৈছে এক ব্যৱহাৰকাৰী প্ৰমাণীকৰণ সেৱা, ব্যক্তিগত তথ্যৰ এক সংহতিৰ সৈতে, যি একাধিক অনলাইন এপ্লিকেচন বা সেৱাৰ প্ৰৱেশাধিকাৰ প্ৰদান কৰে। চিআইটিইউএছ কাৰ্যসূচীৰ উদ্দেশ্য হৈছে স্নাতক, স্নাতকোত্তৰ আৰু গৱেষণা পৰ্যায়ত অৰ্ধপৰিবাহী চিপৰ ডিজাইনৰ ক্ষেত্ৰত বিশেষ জনশক্তিপ্ৰশিক্ষণ দিয়া আৰু দেশত অৰ্ধপৰিবাহী ডিজাইনৰ সৈতে জড়িত ষ্টাৰ্টআপৰ বিকাশৰ বাবে অনুঘটক হিচাপে কাম কৰা। ই সাংগঠনিক পৰ্যায়ত পৰামৰ্শ প্ৰদান কৰে আৰু প্ৰতিষ্ঠানবোৰক ডিজাইনৰ বাবে অত্যাধুনিক সুবিধা প্ৰদান কৰে। অৰ্ধপৰিবাহীৰ ক্ষেত্ৰত এক শক্তিশালী ডিজাইন পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰাটো ইণ্ডিয়া অৰ্ধপৰিবাহী অভিযানৰ অংশ। ডিজিটেল ইণ্ডিয়া সপ্তাহ ২০২২-ৰ অংশ হিচাপে, ৪ ৰ পৰা ৬ জুলাইলৈ গান্ধীনগৰত কেইবাটাও অনুষ্ঠান অনুষ্ঠিত হ’ব। অনুষ্ঠানটোৱে ডিজিটেল ইণ্ডিয়াৰ বাৰ্ষিকী উদযাপন কৰিব আৰু আধাৰ, ইউপিআই, কোউইন, ডিজিলকাৰ আদিৰ দৰে ৰাজহুৱা ডিজিটেল প্লেটফৰ্মে কেনেদৰে মানুহৰ জীৱন সহজ কৰি তুলিছে তাক প্ৰদৰ্শন কৰিব। ই সমগ্ৰ বিশ্বৰ আগত ভাৰতৰ প্ৰযুক্তিগত দক্ষতা প্ৰদৰ্শন কৰিব, বিভিন্ন অংশীদাৰৰ সৈতে সহযোগিতা আৰু ব্যৱসায়ৰ সুযোগ অন্বেষণ কৰিব আৰু পৰৱৰ্তী প্ৰজন্মৰ বাবে সুযোগৰ ক্ষেত্ৰত দশকটোৰ প্ৰযুক্তিবিদসকলক উপস্থাপন কৰিব। ইয়াত ষ্টাৰ্টআপ আৰু চৰকাৰ, উদ্যোগ আৰু শিক্ষাৰ প্ৰতিনিধিসকলৰ অংশগ্ৰহণ থাকিব। ২০০ ৰো অধিক ষ্টলৰ সৈতে এক ডিজিটেল মেলাও আয়োজন কৰা হৈছে, য’ত ডিজিটেল সমাধান যি জীৱন সহজ কৰি তোলে আৰু লগতে ভাৰতীয় ইউনিকৰ্ণ আৰু ষ্টাৰ্টআপৰ দ্বাৰা বিকশিত সমাধানপ্ৰদৰ্শন কৰা হ’ব। ডিজিটেল ইণ্ডিয়া সপ্তাহত ৭ ৰ পৰা ৯ জুলাইলৈ ভাৰ্চুৱেল মোডত ‘ইণ্ডিয়া ষ্টেক নলেজ এক্সচেঞ্জ’ আয়োজন কৰা হ’ব। | প্ৰধানমন্ত্ৰীয়ে গান্ধীনগৰত ডিজিটেল ইণ্ডিয়া সপ্তাহ ২০২২ উদ্বোধন কৰে |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A6%AD%E0%A6%BF%E0%A6%A1%E0%A7%8B%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0-%E0%A6%8F%E0%A6%95-%E0%A6%B6%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A6%BF%E0%A6%AA%E0%A7%82%E0%A6%B0%E0%A7%8D/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A6%AD%E0%A6%BF%E0%A6%A1%E0%A7%8B%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0-%E0%A6%8F%E0%A6%95-%E0%A6%B6%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A6%BF%E0%A6%AA%E0%A7%82%E0%A6%B0%E0%A7%8D/ | ভাৰতৰ প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ সৈতে চতুর্দশ ভাৰত-জাপান বার্ষিক বৈঠকত অংশগ্ৰহণ কৰাৰ বাবে ১৯ আৰু ২০ মার্চত প্রথম দ্বিপাক্ষিক ভ্ৰমণসূচীৰে জাপানৰ প্রধানমন্ত্রী শ্ৰীযুত কিশিদা ফুমিঅ’ই ভাৰত ভ্ৰমণ কৰে৷ দুয়োগৰাকী প্রধানমন্ত্রীয়ে এইকথা স্বীকাৰ কৰে যে এক অতি গুৰুত্বপূৰ্ণ সময়ত এই বৈঠক অনুষ্ঠিত হৈছে, যেতিয়া ভাৰত আৰু জাপানে কূটনৈতিক সম্পর্কৰ ৭০সংখ্যক বৰ্ষপূৰ্তি আৰু ভাৰতে স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি উদযাপন কৰিছে৷ দুয়োগৰাকী প্রধানমন্ত্রীয়ে অন্তিম বার্ষিক বৈঠকৰ সময়ৰ পৰা বিভিন্ন বিষয়ৰ অগ্রগতি পর্যালোচনা আৰু সহযোগিতাৰ বিভিন্ন দিশৰ সন্দৰ্ভত বিস্তৃত আলোচনা কৰে৷ ১৷ ভাৰত আৰু জাপানৰ মাজত বিশেষ কৌশলগত আৰু বিশ্ব অংশীদাৰিত্বৰ কথা উল্লেখ কৰি দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ২০১৮ চনত ভাৰত আৰু জাপানে জাৰি কৰা ভৱিষ্যৎ ৰূপৰেখা সম্পৰ্কীয় বিবৃতিত যি অভিন্ন মূল্যবোধ আৰু নীতিৰ কথা কোৱা হৈছিল সেই নীতিত সহমত প্রকাশ কৰে৷ ২০১৮ চনৰ সেই বিবৃতিত যে বিভিন্ন প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ বিশ্বজোৰা সহযোগিতা গঢ়ি তোলাটো এতিয়া আৰু অধিক আৱশ্যক হৈ পৰিছে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে সার্বভৌমত্ব আৰু এক ৰাষ্ট্রৰ ভৌগোলিক অখণ্ডতাৰ পৰিপ্রেক্ষিতত আইনৰ শাসনভিত্তিক এক শান্তিপূর্ণ, সুস্থিৰ আৰু সমৃদ্ধিশালী বিশ্ব ব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্যৰে একেলগে কাম কৰাৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতি ব্যক্ত কৰাৰ কথা উল্লেখ কৰে৷ তেওঁলোকে কয় যে আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি যিকোনো সমস্যাৰ শান্তিপূর্ণ সমাধানসূত্র বিচাৰি পোৱাটো সম্ভৱ। এই প্রসংগত লগতে কয় যে হুমকি বা বল প্রয়োগ অথবা একপক্ষীয়ভাবে সু্স্থিৰতা পৰিৱর্তন কৰাৰ যিকোনো প্রচেষ্টা ত্যাগ কৰিব লাগিব৷ দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে বলপূৰ্বক ব্যৱস্থাৰ পৰিৱৰ্তে এক উদাৰ আৰু উন্মুক্ত ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চল গঢ়ি তোলাৰ বাবে নিজৰ অভিন্ন দৃষ্টিভংগীৰ কথা পুনৰ দোঁহাৰে৷ তেওঁলোকে এই দিশতো সহমত প্রকাশ কৰে যে বর্তমান বিশ্ব পৰিস্থিতিৰ পৰিপ্রেক্ষিতত শক্তিশালী দ্বিপাক্ষিক বিনিয়োগ আৰু পাৰস্পৰিক বাণিজ্যৰ মাধ্যমেৰে দুয়োখন দেশৰ অর্থ ব্যৱস্থা শক্তিশালী হৈ উঠিব পাৰে। অভিন্ন এই মূল্যবোধসমূহ বাস্তবায়িত কৰিবলৈ একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি প্রকাশ কৰি দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰত-জাপান বিশেষ কৌশলগত আৰু বিশ্ব অংশীদাৰিত্বক আৰু অধিক আগুৱাই নিবলৈ নিজৰ প্রতিশ্রুতি ব্যক্ত কৰে৷ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত অন্তৰ্ভূক্তিমূলক তথা নিয়মভিত্তিক অবাধ আৰু মুক্ত সহযোগিতা ২৷ দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে নিৰাপত্তা আৰু প্রতিৰক্ষা সহযোগিতা ক্ষেত্রত যি লক্ষ্যণীয় অগ্রগতি হৈছে, সেই সন্দৰ্ভত সন্তোষ প্রকাশ কৰি এই সম্পর্কক আৰু অধিক সুদৃঢ় কৰাৰ ওপৰত জোৰ দিয়ে। দুয়োখন দেশৰ বৈদেশিক আৰু প্রতিৰক্ষা মন্ত্রীসকলৰ মাজত নতুন দিল্লীত ২০১৯ চনৰ নৱেম্বৰ মাহত প্রথম ২+২ বৈঠক আয়োজন কৰাটো তেওঁলোকে আদৰণি জনায়। জাপানৰ আত্মৰক্ষা বাহিনী আৰু ভাৰতীয় সশস্ত্র বাহিনীৰ মাজত পাৰস্পৰিক যোগান আৰু সেৱাৰ ক্ষেত্রত স্বাক্ষৰিত চুক্তিকো দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে আদৰণি জনায়। জাপানৰ এয়াৰ চেল্ফ ডিফেন্স ফোৰ্চ আৰু ভাৰতীয় বায়ু সেনা বাহিনীৰ মাজত প্রাৰম্ভিক যুদ্ধ অনুশীলনৰ বাবে পাৰস্পৰিক সমন্বয়ক আগুৱাই নিয়াৰ বাবে যি সিদ্ধান্ত লোৱা হৈছে, সেই ক্ষেত্ৰতো তেওঁলোকে নিজৰ প্ৰতিশ্ৰুতিৰ কথা পুনৰ দোঁহাৰে৷ মানৱবিহীন যানবাহন আৰু ৰ’বটিক্সৰ ক্ষেত্রত সহযোগিতাৰ কথা স্বীকাৰ কৰি দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে প্রতিৰক্ষা সা-সঁজুলি আৰু প্রতিৰক্ষা ক্ষেত্রত ভৱিষ্যতৰ সহযোগিতাক আৰু অধিক সুদৃঢ় কৰিবলৈ সংশ্লিষ্ট বিভাগৰ মন্ত্রীসকলক নির্দেশ দিছে৷ ৩৷ ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলত শান্তি, নিৰাপত্তা আৰু সমৃদ্ধিৰ প্রসাৰত নিজৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰি দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে এই অঞ্চলৰ সম মনোভাবাপন্ন দেশসমূহৰ মাজত দ্বিপাক্ষিক আৰু বহুপাক্ষিক অংশীদাৰিত্ব গঢ়ি তোলাৰ ওপৰত জোৰ দিয়ে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে অষ্ট্ৰেলিয়া, ভাৰত, জাপান আৰু মার্কিন যুক্তৰাষ্ট্রৰ মাজত চতুর্দেশীয় কোৱাড গঢ়ি তোলাৰ কথা উল্লেখ কৰে৷ ৪৷ প্রধানমন্ত্রী মোদীয়ে ২০১৯ চনত ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ বাবে যি প্ৰচেষ্টাৰ কথা ঘোষণা কৰিছিল প্রধানমন্ত্রী কিশিদাই সেই ঘোষণাৰ আদৰণি জনায়। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে এক অবাধ আৰু মুক্ত ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চল গঢ়ি তোলাৰ বাবে ক্রমৱর্ধমান সহযোগিতাৰ কথা স্বীকাৰ কৰে৷ ৫৷ দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে সজোৰে কয় যে ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলত দুয়োখন অগ্রণী শক্তিধৰ দেশ হিচাপে ভাৰত আৰু জাপানৰ সামুদ্রিক সুৰক্ষা আৰু নিৰাপত্তা, অবাধ নৌ-বাণিজ্য আৰু আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি কূটনৈতিক প্রক্রিয়াৰ জৰিয়তে সমস্যাৰ শান্তিপূর্ণ সমাধানসূত্র বাহিৰ কৰাৰ সন্দৰ্ভত পাৰস্পৰিক স্বার্থ আছে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে আত্মসংযম আৰু সামৰিক ব্যৱস্থা বহির্ভূত বিষয়ে গুৰুত্বৰ কথা জোৰ দিয়ে৷ দক্ষিণ চীন সাগৰত বিভিন্ন পক্ষক লৈ যি ঘোষণা হৈছে, তাৰ সম্পূর্ণ আৰু কার্যকৰী ৰূপায়ন বাস্তবায়িত কৰাৰ আহ্বান জনায়। ৬৷ দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ নীতি-নিয়ম ভংগ কৰি উত্তৰ কোৰিয়াই বেলেষ্টিক ক্ষেপণাস্ত্র উৎক্ষেপণৰ নিন্দা কৰে৷ উত্তৰ কোৰিয়াৰ পৰমাণু নিৰস্ত্রীকৰণত যাৱতীয় প্রয়াস গ্রহণত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ কথা জনায়। উত্তৰ কোৰিয়াক আন্তঃৰাষ্ট্ৰীয় নীতি-নিয়ম সম্পূর্ণভাৱে মানি চলাৰ বাবে দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে আহ্বান জনায়। ৭৷ আফগানিস্তানত শান্তি আৰু সুস্থিৰতা ঘূৰাই আনিবলৈ সমন্বয় বজাই ৰাখি কাম কৰাৰ ক্ষেত্ৰতো দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ কথা ব্যক্ত কৰে৷ তেওঁলোকে আফগানিস্তানত মানৱীয় সংকট দূৰ কৰা, মানৱাধিকাৰ প্রতিষ্ঠা আৰু প্রকৃতাৰ্থত প্রতিনিধিত্বমূলক ব্যৱস্থা গঢ়ি তোলাৰ ওপৰ জোৰ দিয়ে। আফগানিস্তানৰ ভূখণ্ড যাতে যিকোনো ধৰণৰ সন্ত্রাসমূলক কাম-কাজত ব্যৱহৃত নহয় আৰু সন্ত্রাসমূলক কাম-কাজত বিত্ত সাহাৰ্য বন্ধ কৰা যায়, সেই সন্দৰ্ভতো দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে সহমত প্রকাশ কৰে৷ ৮৷ দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ক্রমৱর্ধমান সন্ত্রাসবাদৰ বিপদত উদ্বেগ প্রকাশ কৰি এই ভীতিৰ মোকাবিলা কৰাত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাকে আৰু অধিক নিবিড় কৰাৰ প্রয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে৷ তেওঁলোকে সকলো দেশক উগ্ৰবাদীৰ নিৰাপদ আশ্রয় আৰু এই সম্পৰ্কীয় যাৱতীয় আন্তঃগাঁথনি চিৰদিনলৈ নির্মূল কৰাৰ ক্ষেত্ৰত একেলগে কাম কৰাৰ আহ্বান জনায়। মুম্বাইত ২৬/১১ সন্ত্রাসবাদী আক্ৰমণ আৰু পাঠানকোটত সন্ত্ৰাসবাদী আক্ৰমণকে ধৰি ভাৰতত সকলো ধৰণৰ সন্ত্রাসবাদী আক্রমণৰ ঘটনাৰ তেওঁলোকে নিন্দা কৰে৷ সন্ত্ৰাসবাদীৰ নেটৱর্ক ভাঙি পেলোৱা আৰু সেই দেশৰ ভূখণ্ডক সন্ত্রাসবাদী কাম-কাজত ব্যৱহাৰ কৰিবলৈ নিদিয়াৰ বাবে দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে পাকিস্তানক দৃঢ় আৰু অপৰিৱর্তনীয় পদক্ষেপ গ্রহণৰ আহ্বান জনায়। বহুপাক্ষিক মঞ্চত সন্ত্রাস দমনৰ প্রচেষ্টাক আৰু অধিক জোৰদাৰ কৰাৰ ওপৰত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে জোৰ দিয়ে। ৯৷ ম্যানমাৰৰ পৰিস্থিতিক লৈও দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে উদ্বেগ প্রকাশ কৰে৷ দেশখনত হিংসা দমনৰ নামত যিসকলক আটক কৰি ৰখা হৈছে, তেওঁলোকক মুক্ত কৰিবলৈ আৰু গণতান্ত্রিক ব্যৱস্থাৰ পথত ঘূৰি অহাৰ আহ্বান জনায়। ম্যানমাৰৰ সমস্যাৰ সমাধানত আছিয়ান দেশসমূহৰ প্রয়াসত সকলো ধৰণৰ সহায়ৰ বাবেও দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে নিজৰ প্ৰতিশ্ৰুতিৰ কথা প্রকাশ কৰে৷ ১০৷ ইউক্রেইনত চলিত সংঘাত আৰু মানৱীয় সংকটক লৈ গভীৰ উদ্বেগ প্রকাশ কৰে৷ ৰাষ্ট্রসংঘৰ চনদ, আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি এক সম সাময়িক বিশ্ব ব্যৱস্থা গঢ়ি তোলাৰ ওপৰত জোৰ দি দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে বিভিন্ন ৰাষ্ট্রত সার্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতাৰ প্রতি সন্মান জনোৱাৰ কথা উল্লেখ কৰে৷ ইউক্ৰেইনত পাৰমাণৱিক কেন্দ্রসমূহৰ সুৰক্ষা আৰু নিৰাপত্তাৰ প্রয়োজনীয়তাৰ ওপৰতো তেওঁলোকে জোৰ দিয়ে। ইউক্ৰেইনত মানৱীয় সংকটৰ সমাধানত উপযুক্ত প্রচেষ্টা গ্রহণৰ ক্ষেত্ৰত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে নিজৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে৷ ১১৷ ২০২১ চনৰ আগষ্ট মাহত ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত সভাপতি পদত সফলভাৱে দায়িত্ব পালনৰ বাবে প্রধানমন্ত্রী কিশিদাই ভাৰতক অভিনন্দন জনায়। প্রধানমন্ত্রী মোদীয়ে ২০২৩-২৪বৰ্ষত ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত অস্থায়ী সদস্য পদৰ বাবে জাপানৰ প্রতি ভাৰতৰ সমর্থনৰ কথা পুনৰ দোঁহাৰে। এই প্রসংগত প্রধানমন্ত্রী কিশিদায়ে ভাৰতৰ প্রতি কৃতজ্ঞতা প্রকাশ কৰে৷ ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত সভাপতি হিচাপে দায়িত্ব পালনৰ সময় ভাৰত আৰু জাপানৰ বিভিন্ন বিষয়ত একেলগে কাম কৰাৰ ক্ষেত্ৰতো দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে সহমত প্রকাশ কৰে৷ ৰাষ্ট্রসংঘ নিৰাপত্তা পৰিষদৰ সংস্কাৰত একেলগে কাম কৰাৰ ক্ষেত্ৰতো দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়ে৷ ১২৷ আনৱিক সন্ত্রাস আৰু পাৰমাণৱিক ক্ষেত্রৰ প্ৰসাৰজনিত প্ৰত্যাহ্বানসমূহ দূৰ কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাক আৰু অধিক শক্তিশালী কৰি পাৰমাণৱিক অস্ত্র-শস্ত্র চিৰদিনৰ বাবে নির্মূল কৰাৰ ক্ষেত্ৰত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ মিলিত প্ৰতিশ্ৰুতিৰ কথা দৃঢ়তাৰে কয়৷ পাৰমাণৱিক সৰবৰাহ গোষ্ঠীত ভাৰতৰ সদস্য পদৰ বাবে দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে একেলগে কাম চলাই যাবলৈ সংকল্পবদ্ধ হৈছে৷ ক’ভিডোত্তৰ বিশ্বত বহনক্ষম বিকাশৰ বাবে সহযোগিতা ১৩৷ দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে ক’ভিড-১৯ মোকাবিলা কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় প্রচেষ্টাত ভাৰত আৰু জাপানে ইয়াৰ কর্তব্য পালন কৰিব, যাতে মানুহৰ জীৱন আৰু জীৱিকা সুৰক্ষিত ৰক্ষা হয়৷ ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চল আৰু ইয়াৰ বাহিৰে সাধাৰণ লোকৰ বাবে নিৰাপদ টিকা প্ৰদান কৰিবলৈ কোৱাড ভেকচিন অংশীদাৰিত্বত যি অগ্রগতি হৈছে তাতো দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে সন্তোষ প্রকাশ কৰে৷ ক’ভিড-১৯ৰ মোকাবিলা আৰু সামাজিক সুৰক্ষা প্রদানত ভাৰত চৰকাৰৰ প্রচেষ্টাত জাপানে যি সহযোগিতা কৰিছে প্রধানমন্ত্রী মোদীয়ে তেওঁৰ বাবে কৃতজ্ঞতা প্রকাশ কৰে৷ ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত ভাৰতৰ প্রচেষ্টাৰ প্রশংসা কৰে প্রধানমন্ত্রী কিশিদাই। ভেকচিন মৈত্রী উদ্যোগৰ জৰিয়তে নিৰাপদ টিকা আৰু চিকিৎসা সামগ্রী যোগানত ভাৰতৰ প্রচেষ্টাৰ প্রশংসা কৰে জাপানৰ প্রধানমন্ত্রীগৰাকীয়ে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে বনহক্ষম উন্নয়নৰ লক্ষ্য পূৰণ সম্পৰ্কীয় স্বাস্থ্য খণ্ডত ধার্য কৰা লক্ষ্য অর্জনত নিজৰ প্ৰতিশ্ৰুতিৰ কথা পুনৰ দোঁহাৰে৷ ১৪৷ দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে কপ-২৬ বৈঠকৰ ফলাফলৰ পৰিপ্ৰেক্ষিতত জলবায়ু পৰিৱর্তনৰ মোকাবিলাৰ প্রয়োজনীয়তাৰ কথা স্বীকাৰ কৰে৷ ভাৰত-জাপান প্ৰদূষণমুক্ত শক্তি অংশীদাৰিত্বৰ শুভাৰম্ভণিকো তেওঁলোকে আদৰণি জনায়। পেৰিচ চুক্তিৰ ৬ নম্বৰ ধাৰাৰ ৰূপায়নৰ বাবে ভাৰত আৰু জাপানৰ মাজত এক যৌথ বিত্ত সহায়কাৰী ব্যৱস্থা গঢ়ি তোলাৰ সন্দৰ্ভত আলোচনা আগুৱাই লৈ যাবলৈও তেওঁলোকে প্ৰতিশ্ৰুতিবদ্ধ বুলি জনায়। ভাৰতত স্মার্ট চিটী মিচনৰ অধীনত বাৰাণসী, আহমেদাবাদ আৰু চেন্নাইত চলি থকা সহযোগিতাৰ বাবে প্রধানমন্ত্রী মোদীয়ে জাপানৰ প্রধানমন্ত্রীৰ প্রতি কৃতজ্ঞতা প্রকাশ কৰে৷ প্রধানমন্ত্রী কিশিদাই আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰী আৰু দুৰ্যোগ প্রতিৰোধী আন্তঃগাঁথনি গঢ়ি তুলিবলৈ জোট গঠনৰ বাবে ভাৰতৰ প্ৰচেষ্টাৰ প্রশংসা কৰে৷ ১৫৷ দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে বিশ্ব বাণিজ্য সংস্থাৰ সৈতে আইনৰ শাসনভিত্তিক বহুপাক্ষিক লেনদেন ব্যৱস্থাক আৰু অধিক শক্তিশালী কৰিবলৈ নিজৰ প্ৰতিশ্ৰুতিৰ কথা পুনৰ দোঁহাৰে৷ এই সম্পর্কে বিশ্ব বাণিজ্য সংস্থাৰ মন্ত্রী পর্যায়ৰ দ্বাদশ সন্মিলনৰ পৰা যাতে ফলপ্ৰসূ ফল পায় তাৰ বাবে একেলগে কাম কৰাৰ ক্ষেত্ৰতো দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে সহমত প্ৰকাশ কৰে৷ ১৬৷ দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে কৃতজ্ঞতাৰে উল্লেখ কৰে যে বিশেষ কৌশলগত আৰু বিশ্ব অংশীদাৰিত্ব আৰম্ভণিৰে পৰা আর্থিক সহযোগিতাৰ ক্ষেত্রত উল্লেখযোগ্য অগ্রগতি হৈছে। দুয়োখন দেশৰ নিবিড় অর্থনৈতিক সম্পর্ক আৰু ভাৰতত ব্যৱসায়-বাণিজ্যৰ ক্ষেত্রত যি অনুকূল পৰিৱেশ সৃষ্টি হৈছে, তাৰ পৰিপ্ৰেক্ষিতত অহা পাঁচ বছৰত জাপান চৰকাৰ আৰু তেওঁলোকৰ ব্যক্তিগত খণ্ডৰ পৰা ৫ ট্রিলিয়ন জাপানী ইয়েন বিনিয়োগ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে। ভাৰতৰ সৈতে অর্থনৈতিক সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ বাবে জাপানে যিবোৰ প্রচেষ্টা গ্রহণ কৰিছে প্রধানমন্ত্রী মোদীয়ে তাৰ বাবে কৃতজ্ঞতা প্রকাশ কৰে৷ দুয়োখন দেশৰ মাজত ৭৫ বিলিয়ন মার্কিন ডলাৰ মূল্যৰ মুদ্রা বিনিময়ৰ যি চুক্তি নৱীকৰণ কৰা হৈছে দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে তেওঁক আদৰণিত জনায়। ১৭৷ দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে এইকথা স্বীকাৰ কৰে যে ক’ভিডোত্তৰ বিশ্বত ডিজিটেল প্রযুক্তিৰ ভূমিকা ক্রমান্বয়ে গুৰুত্বপূর্ণ হৈ পৰিছে৷ এনে পৰিপ্ৰেক্ষিতত জাপান-ভাৰত ডিজিটেল অংশীদাৰিত্বৰ অধীনত ক্রমৱর্ধমান সহযোগিতাক দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে আদৰণি জনায়। জাপানৰ তথ্য আৰু যোগাযোগ প্রযুক্তি খণ্ডত আৰু অধিক দক্ষ ভাৰতীয় বৃত্তিধাৰকসকল আকৃষ্ট হ’ব বুলি প্রধানমন্ত্রী কিশিদাই বিশ্বাস কৰে৷ দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে চাইবাৰ নিৰাপত্তা তথা তথ্য আৰু যোগাযোগ প্রযুক্তি খণ্ডত চুক্তি স্বাক্ষৰক আদৰণি জনায় আৰু চাইবাৰ নিৰাপত্তা ক্ষেত্রত দ্বিপাক্ষিক অংশীদাৰিত্বত যি অগ্রগতি হৈছে, সেই ক্ষেত্ৰত সন্তোষ প্রকাশ কৰে৷ ১৮৷ ভাৰতৰ আর্থসামাজিক উন্নয়নত বিগত বছৰসমূহত জাপানৰ সহায়ৰ বাবে প্রধানমন্ত্রীয়ে কৃতজ্ঞতা প্রকাশ কৰে৷ মুম্বাই-আহমেদাবাদ হাইস্পীড ৰে’ল প্রকল্পত দ্বিপাক্ষিক সহযোগিতাত অগ্রগতিতো প্রধানমন্ত্রী মোদীয়ে সন্তোষ প্রকাশ কৰে৷ দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভত সহমত প্রকাশ কৰে যে এই ৰে’ল প্রকল্পই ভাৰত-জাপান সহযোগিতাৰ এক গুৰুত্বপূর্ণ প্রতীক আৰু প্রযুক্তি হস্তান্তৰৰ এক দৃষ্টান্ত হৈ পৰিব৷ ১৯৷ ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলত ভাৰত আৰু জাপানৰ মাজত একাধিক সহযোগিতামূলক প্রকল্পৰ ক্ষেত্ৰতো দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি ব্যক্ত কৰে৷ বাংলাদেশত চলি থকা প্রকল্পসমূহৰ যি অগ্রগতি হৈছে, সেই ক্ষেত্ৰতো দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে সন্তোষ প্রকাশ কৰে৷ আচিয়ান অঞ্চলত এই ধৰণৰ সহযোগিতা সম্প্রসাৰণৰ সম্ভাৱনা বিচাৰ কৰাৰ ক্ষেত্ৰতো তেওঁলোকে দৃঢ় বিশ্বাস কৰে৷ উত্তৰ পূব ভাৰতত দীর্ঘ ম্যাদী উন্নয়নৰ বাবে ভাৰত আৰু জাপানৰ মাজত যি প্ৰচেষ্টা শুভাৰম্ভ হৈছে, সেই ক্ষেত্ৰতো দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে সন্তোষ প্রকাশ কৰে৷ ২০৷ মানুহৰ সৈতে মানুহৰ যোগাযোগ, পর্যটন আৰু খেলাধূলাৰ জৰিয়তে ২০২২ চনত কূটনৈতিক সম্পর্ক স্থাপনৰ ৭০সংখ্যক বার্ষিকী, ভাৰত-জাপান বিশেষ কৌশলগত আৰু বিশ্ব অংশীদাৰিত্বক আৰু অধিক দৃঢ় আৰু পৰিপূৰক কৰি তোলাৰ ওপৰত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে জোৰ দিয়ে৷ ভাৰত-জাপান বন্ধুত্বৰ নিদর্শন হিচাপে বাৰাণসীত ৰুদ্রাক্ষ কনভেনচন চেণ্টাৰ আৰম্ভ কৰাৰ বিষয়টোক তেওঁলোকে আদৰণি জনায়। ভাৰতে জাপানী ভাষাৰ শিক্ষা আৰু প্রশিক্ষণ ক্ষেত্রত যি অগ্রগতি হৈছে, সেই ক্ষেত্ৰতো তেওঁলোকে সন্তোষ প্রকাশ কৰে৷ জাপান অ’ভাৰচিচ কো-অপাৰেচন ভলেণ্টিয়াৰ্চ কর্মসূচীৰ জৰিয়তে ভাষা শিক্ষা আৰু প্রশিক্ষণৰ এই প্ৰচেষ্টাক আৰু অধিক সম্প্রসাৰিত কৰা হ’ব৷ ২১৷ দক্ষতা উন্নয়নৰ সমান্তৰালভাৱে কর্মসংস্থাপনৰ সুযোগ গঢ়ি তোলাৰ দৰে বিষয়ত সহযোগিতাক আৰু অধিক নিবিড় কৰাৰ প্রয়োজনীয়তাৰ ওপৰত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে জোৰ দিয়ে৷ ভাৰতত ২০২১ চনৰ জানুৱাৰী মাহত সুনির্দিষ্ট ক্ষেত্রৰ বাবে দক্ষ শ্রমিক বাহিনী গঢ়ি তুলিবলৈ যি চুক্তি স্বাক্ষৰিত হয়, সেয়া কার্যকৰী হোৱাত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে সন্তোষ প্রকাশ কৰে৷ টেকনিকেল ইণ্টাৰ্ণ ট্রেইনী হিচাপে প্রায় ২০০জন ভাৰতীয় জাপানত পঢ়াশুনা কৰিছে বুলি অৱগত কৰে৷ বর্তমান ব্যৱস্থাৰ মাধ্যমেৰে জাপানৰ অর্থনীতিতে আৰু অধিক সুদক্ষ ভাৰতীয়ই যাতে গুৰুত্বপূর্ণ অৱদান আগবঢ়াব পাৰে তাৰ বাবে একেলগে কাম কৰিবলৈ দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে সহমত প্ৰকাশ কৰে৷ ২২৷ ২০২০চনৰ টকিঅ’ অলিম্পিক আৰু পেৰালিম্পিক গেমছ সফলতাৰে আয়োজন কৰাৰ বাবে প্রধানমন্ত্রীয়ে কিশিদাক অভিনন্দন জনায় প্রধানমন্ত্রী মোদীয়ে। ২০২৫ চনত অ’ছাকা প্রদর্শনীত ভাৰতে অংশগ্রহণ কৰিব বুলিও প্রধানমন্ত্রী সদৰি কৰে। ভাৰতৰ অংশগ্রহণৰ এই আগ্রহক প্রধানমন্ত্রী কিশিদাই আদৰণি জনোৱাৰ লগতে প্রধানমন্ত্রী মোদীৰ সমর্থনৰ প্রতি কৃতজ্ঞতা প্রকাশ কৰে৷ ২৩৷ নেতৃবৃন্দৰ পাৰস্পৰিক ভ্ৰমণ আৰু আলোচনাৰ জৰিয়তে সাফল্যৰ ভেঁটি গঢ় লয় বুলিও দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে সহমত প্রকাশ কৰে৷ অনাগত বছৰসমূহতো নেতৃবৃন্দৰ পাৰস্পৰিক ভ্ৰমণ অব্যাহত থকাৰ ক্ষেত্ৰতো দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে আশাপ্রকাশ কৰে৷ প্রধানমন্ত্রী কিশিদাই তেওঁৰ লগতে তেওঁৰ প্রতিনিধি দলৰ সদস্যসকলৰ এই ভ্ৰমণৰ সময়ত জনোৱা উষ্ণ অভ্যর্থনা আৰু আতিথ্যৰ বাবে প্রধানমন্ত্রী মোদীক ধন্যবাদ জনায়। প্রধানমন্ত্রী কিশিদাই কোৱাড নেতৃবৃন্দৰ বৈঠকত অংশগ্রহণ কৰিবলৈ জাপান ভ্ৰমণৰ বাবে প্রধানমন্ত্রী মোদীক আমন্ত্রণ জনায়৷ প্রধানমন্ত্রী মোদীয়ে প্রধানমন্ত্রী কিশিদাৰ আমন্ত্রণ সাদৰেৰে গ্রহণ কৰে৷ ভাৰতৰ প্রধানমন্ত্রী জাপানৰ প্রধানমন্ত্রী৷ | ক’ভিডোত্তৰ এক শান্তিপূর্ণ, সুস্থিৰ আৰু সমৃদ্ধিশালী বিশ্বৰ লক্ষ্যৰে অংশীদাৰিত্বৰ সন্দৰ্ভত ভাৰত-জাপানৰ যুটীয়া বিবৃতি |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%AE%E0%A6%BE%E0%A6%A4%E0%A7%83-%E0%A6%AE%E0%A7%83/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%AE%E0%A6%BE%E0%A6%A4%E0%A7%83-%E0%A6%AE%E0%A7%83/ | প্ৰতি লাখ জীৱিত জন্মত মাতৃ মৃত্যুৰ হাৰ ২০১৪-১৬ৰ ১৩০ৰ তুলনাত ২০১৮-২০ত ৯৭ হৈছেগৈ, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মাতৃ মৃত্যুৰ হাৰত হোৱা এই গুৰুত্বপূৰ্ণ হ্ৰাসৰ প্ৰশংসা কৰিছে। প্ৰধানমন্ত্ৰীয়ে এই কথাৰ ওপৰত জোৰ দিয়ে যে মহিলা সবলীকৰণৰ সৈতে জড়িত সকলো পদক্ষেপ অত্যন্ত শক্তিশালী হৈছে। প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ মনসুখ মণ্ডাৱিয়াৰ এটা টুইট উল্লেখ কৰি টুইট কৰে: "এটা অত্যন্ত উৎসাহজনক প্ৰবৃত্তি। এই পৰিৱৰ্তন দেখি আনন্দিত হৈছো। মহিলা সৱলীকৰণৰ সৈতে জড়িত সকলো পদক্ষেপ আগবঢ়াই নিয়াত আমাৰ শক্তি যথেষ্ট মজবুত হৈছে।" | প্রধানমন্ত্রীয়ে মাতৃ মৃত্যুৰ হাৰত গুৰুত্বপূৰ্ণ হ্ৰাসৰ প্ৰশংসা কৰ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%A7%E0%A7%8D%E0%A6%AF%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%AC%E0%A7%87%E0%A6%A4%E0%A7%81%E0%A6%B2%E0%A6%A4-%E0%A6%A6%E0%A7%81%E0%A6%B0%E0%A7%8D%E0%A6%98/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%A7%E0%A7%8D%E0%A6%AF%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%AC%E0%A7%87%E0%A6%A4%E0%A7%81%E0%A6%B2%E0%A6%A4-%E0%A6%A6%E0%A7%81%E0%A6%B0%E0%A7%8D%E0%A6%98/ | ধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে মধ্যপ্রদেশৰ বেতুলত দুর্ঘটনাত প্রাণহানিৰ ঘটনাত গভীৰ শোক ব্যক্ত কৰিছে। তেওঁ দুর্ঘটনাত ক্ষতিগ্রস্তসকলৰ বাবে প্রধানমন্ত্রীৰ জাতীয় ত্রাণ তহবিল (পিএমএনআৰএফ)ৰ পৰা এককালীন অর্থ সাহায্যৰ ঘোষণা কৰিছে। প্রধানমন্ত্রীৰ দপ্তৰৰ পৰা এটা ট্যুইট বার্তাত কোৱা হৈছে; “মধ্যপ্রদেশৰ বেতুলত দুর্ঘটনাত প্রাণহানিৰ ঘটনাত মই মর্মাহত। স্বজনক হেৰুওৱা পৰিয়ালসমূহক সমবেদনা জনাইছো। আহতসকলৰ দ্রুত আৰোগ্য কামনা কৰিছো। নিহতসকলৰ নিকট আত্মীয়ক পিএমএনআৰএফৰ পৰা এককালীন ২ লাখ টকা অর্থ সাহায্য দিয়া হ'ব। আহতসকলক দিয়া হ'ব ৫০ হাজাৰ টকাকৈ: প্রধানমন্ত্রী” | মধ্যপ্রদেশৰ বেতুলত দুর্ঘটনাত প্রাণহানিৰ ঘটনাত প্রধানমন্ত্রীৰ শোক প্রকা |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%87%E0%A6%9F%E0%A7%87%E0%A6%A3%E0%A7%8D%E0%A6%9F-%E0%A6%95%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%B2%E0%A7%9F%E0%A6%B8%E0%A6%AE%E0%A7%82%E0%A6%B9%E0%A7%B0-%E0%A6%89%E0%A6%AA/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%87%E0%A6%9F%E0%A7%87%E0%A6%A3%E0%A7%8D%E0%A6%9F-%E0%A6%95%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%B2%E0%A7%9F%E0%A6%B8%E0%A6%AE%E0%A7%82%E0%A6%B9%E0%A7%B0-%E0%A6%89%E0%A6%AA/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত পেটেণ্ট কাৰ্যালয়সমূহৰ উপৰি পৰম্পৰাগত জ্ঞান ডিজিটেল লাইব্ৰেৰী(টিকেডিএল)ৰ তথ্য ব্যৱহাৰকাৰীসকলে ব্যাপক হাৰত আহৰণত অনুমোদন জনায়৷ টিকেডিএল ডাটাবেছ ব্যৱহাৰকাৰীসকলৰ বাবে মুকলি কৰাটো ভাৰত চৰকাৰৰ এক অভিলাষী আৰু অগ্ৰণী পদক্ষেপ। ভাৰতীয় পৰম্পৰাগত জ্ঞানৰ বাবে এইটো এটা নতুন প্ৰভাত হ’ব, কিয়নো টিকেডিএলে গৱেষণা আৰু উন্নয়ন আৰু বিভিন্ন ক্ষেত্ৰত ভাৰতৰ মূল্যৱান ঐতিহ্যৰ ওপৰত ভিত্তি কৰি উদ্ভাৱনক আগুৱাই নিব। টিকেডিএল মুকলি কৰাৰ কথাও ভাৰতীয় জ্ঞান পৰম্পৰাৰ জৰিয়তে নতুন শিক্ষা নীতি ২০২০ৰ অধীনত চিন্তা আৰু জ্ঞান নেতৃত্বৰ বীজ সিঁচিবলৈ কল্পনা কৰা হৈছে। ভাৰতীয় পৰম্পৰাগত জ্ঞানে (টিকে) ৰাষ্ট্ৰীয় আৰু বিশ্বজোৰা প্ৰয়োজনীয়তা পূৰণৰ অপৰিসীম সম্ভাৱনা প্ৰদান কৰে, যাৰ ফলত সামাজিক সুবিধাৰ লগতে অৰ্থনৈতিক বিকাশৰ সুবিধাও লাভ কৰে। উদাহৰণস্বৰূপে, আমাৰ দেশৰ চিকিৎসা আৰু আৰোগ্যৰ পৰম্পৰাগত ব্যৱস্থা অৰ্থাৎ আয়ুৰ্বেদ। সিদ্ধ, ইউনানী, সোৱা ৰিগপা, যোগে আজিও ভাৰত আৰু বিদেশৰ লোকৰ প্ৰয়োজনীয়তা পূৰণ কৰি আছে। শেহতীয়া ক’ভিড-১৯ মহামাৰীত ভাৰতীয় পৰম্পৰাগত ঔষধৰ ব্যাপক ব্যৱহাৰো দেখা গৈছে, যাৰ উপকাৰীতা ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ পৰা আৰম্ভ কৰি লক্ষণ নিৰাময়ৰ পৰা এন্টি-ভাইৰেল কাৰ্য্যকলাপলৈকে বিস্তৃত। চলিত বৰ্ষৰ আৰম্ভণিতে এপ্ৰিল মাহত বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতত প্ৰথমটো উপকূলৱৰ্তী বিশ্ব পৰম্পৰাগত ঔষধ কেন্দ্ৰৰ (জিচিটিএম) প্ৰতিষ্ঠা কৰিছিল। এইবোৰে বিশ্বৰ বৰ্তমান আৰু উদিত প্ৰয়োজনীয়তাসমূহৰ সমাধানৰ ক্ষেত্ৰত পৰম্পৰাগত জ্ঞানৰ অবিৰত প্ৰাসংগিকতা প্ৰদৰ্শন কৰে। পেটেণ্ট কাৰ্যালয়ৰ বাহিৰেও ডাটাবেছৰ প্ৰৱেশ বিস্তৃত কৰাৰ বাবে কেবিনেটৰ অনুমোদনে উদ্ভাৱন আৰু বাণিজ্য বৃদ্ধিৰ দিশত বৰ্তমানৰ পদ্ধতিৰ সৈতে পৰম্পৰাগত জ্ঞানক একত্ৰিত আৰু সহযোগিতা কৰাত গুৰুত্ব আৰোপ কৰে। জ্ঞান আৰু প্ৰযুক্তিৰ সীমান্ত আগুৱাই নিয়াৰ বাবে টিকেডিএলে টিকে তথ্যৰ এক গুৰুত্বপূৰ্ণ উৎস হিচাপে কাম কৰিব। টিকেডিএলৰ বৰ্তমানৰ বিষয়বস্তুৱে ভাৰতীয় পৰম্পৰাগত ঔষধৰ ব্যাপক গ্ৰহণৰ সুবিধা প্ৰদান কৰিব, লগতে নতুন প্ৰস্তুতকাৰী আৰু উদ্ভাৱকসকলক আমাৰ মূল্যৱান জ্ঞান ঐতিহ্যৰ ওপৰত ভিত্তি কৰি লাভজনকভাৱে উদ্যোগ গঢ়ি তুলিবলৈ প্ৰেৰণা যোগাব। টিকেডিএলে এটা বিশাল ব্যৱহাৰকাৰীভিত্তিক যোগান ধৰিব পাৰে, যিয়ে ব্যৱসায়/কোম্পানীসমূহ {বনৌষধি স্বাস্থ্যসেৱা (আয়ুষ, ফাৰ্মাচিউটিকেলছ, ফাইটোফাৰ্মাচিউটিকেলছ, আৰু নিউট্ৰাচিউটিকেলছ), ব্যক্তিগত যত্ন, আৰু অন্যান্য এফএমচিজি}, গৱেষণা প্ৰতিষ্ঠানসমূহ: ৰাজহুৱা আৰু ব্যক্তিগত; শিক্ষানুষ্ঠানসমূহ: শিক্ষাবিদ আৰু ছাত্ৰ-ছাত্ৰী; আৰু অন্যান্য: আই এছ এমৰ ব্যৱহাৰকাৰী, জ্ঞানধাৰী, পেটেণ্টধাৰী আৰু তেওঁলোকৰ আইনী প্ৰতিনিধি আৰু চৰকাৰ, অন্যান্যসকলক অন্তৰ্ভুক্ত কৰিব। টিকেডিএল ডাটাবেছ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ব্যৱহাৰকাৰীসকলৰ বাবে পৰ্যায়ক্ৰমে মুকলি কৰাৰ সৈতে পেইড চাবস্ক্ৰিপচন মডেলৰ জৰিয়তে আহৰণ কৰিব পাৰিব। ভৱিষ্যতে অন্য ডমেইনৰ পৰা ভাৰতীয় পৰম্পৰাগত জ্ঞানৰ বিষয়ে অধিক তথ্য “৩পি-প্ৰিজাৰভেচন, প্ৰটেকটন আৰু প্ৰমোচন”ৰ দৃষ্টিকোণৰ পৰা টিকেডিএল ডাটাবেছত সংযোজন কৰা হ’ব। ভাৰতীয় পৰম্পৰাগত জ্ঞানৰ ওপৰত ভুল পেটেণ্ট প্ৰদান ৰোধ কৰাৰ ইয়াৰ প্ৰাথমিক আদেশ পূৰণ কৰাৰ সমান্তৰালভাৱে টিকেডিএলৰ ডাটাবেছে সৃষ্টিশীল মনসমূহকো সুস্থ আৰু প্ৰযুক্তিৰে সমৃদ্ধ জনসংখ্যাৰ বাবে উন্নত, সুৰক্ষিত আৰু অধিক ফলপ্ৰসূ সমাধানৰ বাবে উদ্ভাৱন কৰিবলৈ হেঁচা দিছে৷ ভাৰতৰ চহকী ঐতিহ্যই নতুন আৰ্থ-সামাজিক বিকাশৰ এক সুদৃঢ় ভেটি স্থাপন কৰিব। টিকেডিএলৰ বিষয়েঃ পৰম্পৰাগত জ্ঞান ডিজিটেল পুথিভঁৰাল (টিকেডিএল) হৈছে ২০০১ চনত স্থাপিত ভাৰতীয় পৰম্পৰাগত জ্ঞানৰ এক পূৰ্ব কলাৰ তথ্যকোষ, যিটো বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ (চিএছআইআৰ) আৰু ভাৰতীয় চিকিৎসা আৰু হোমিঅ’পেথী ব্যৱস্থা বিভাগৰ (আইএছএমএণ্ডএইচ, বৰ্তমান আয়ুষ মন্ত্ৰালয়) দ্বাৰা যুটীয়াভাৱে স্থাপন কৰা হৈছে৷ টিকেডিএল বিশ্বজুৰি নিজৰ ধৰণৰ প্ৰথম আৰু ই আন দেশসমূহৰ বাবে আদৰ্শ আৰ্হি হিচাপে কাম কৰি আহিছে। টিকেডিএলত বৰ্তমান আইএছএম সম্পৰ্কীয় প্ৰচলিত সাহিত্য যেনে-আয়ুৰ্বেদ, ইউনানি, সিদ্ধ, সোৱা ৰিগপা আৰু যোগৰ তথ্য সন্নিবিষ্ট কৰা হৈছে। তথ্যসমূহ ডিজিটেলাইজড ফৰ্মেটত পাঁচটা আন্তঃৰাষ্ট্ৰীয় ভাষাত নথিভুক্ত কৰা হৈছে, সেয়া হৈছে ইংৰাজী, জাৰ্মান, ফৰাচী, জাপানী আৰু স্পেনিছ। টিকেডিএলে বিশ্বজুৰি পেটেণ্ট কাৰ্যালয়সমূহৰ পেটেণ্ট পৰীক্ষকসকলে বুজিব পৰা ভাষা আৰু ফৰ্মেটত তথ্য প্ৰদান কৰে, যাতে পেটেণ্টৰ ভুল তথ্য দিয়াটো ৰোধ কৰিব পৰা যায়। এতিয়ালৈকে, সন্ধান আৰু পৰীক্ষাৰ উদ্দেশ্যে সম্পূৰ্ণ টিকেডিএল ডাটাবেছৰ প্ৰৱেশ বিশ্বজুৰি ১৪টা পেটেণ্ট কাৰ্যালয়ত সীমাবদ্ধ কৰা হৈছে। টিকেডিএলৰ জৰিয়তে এই প্ৰতিৰক্ষামূলক সুৰক্ষাই ভাৰতীয় পৰম্পৰাগত জ্ঞানক অপব্যৱহাৰৰ পৰা ৰক্ষা কৰাত ফলপ্ৰসূ হৈছে আৰু ইয়াক বিশ্ব মানদণ্ড হিচাপে গণ্য কৰা হৈছে। | পেটেণ্ট কাৰ্যালয়সমূহৰ উপৰি পৰম্পৰাগত জ্ঞান ডিজিটেল লাইব্ৰেৰী(টিকেডিএল)ৰ তথ্য ব্যৱহাৰকাৰীসকলে ব্যাপক হাৰত আহৰণত কেবিনেটৰ অনুমোদ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%B8%E0%A6%82%E0%A6%98%E0%A7%B0-%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC-%E0%A6%AD%E0%A7%82-%E0%A6%B8%E0%A7%8D%E0%A6%A5/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%B8%E0%A6%82%E0%A6%98%E0%A7%B0-%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC-%E0%A6%AD%E0%A7%82-%E0%A6%B8%E0%A7%8D%E0%A6%A5/ | আন্তৰ্জাতিক প্ৰতিনিধিবৃন্দ, বিশ্ব ভূ-স্থানিক খণ্ডৰ বিশেষজ্ঞসকল, সন্মানীয় অংশগ্ৰহণকাৰীসকল আৰু বন্ধুবৰ্গ। আপোনাসৱক ভাৰতলৈ স্বাগতম! ৰাষ্ট্ৰসংঘৰ বিশ্ব ভূ-স্থানিক আন্তঃৰাষ্ট্ৰীয় কংগ্ৰেছৰ দ্বিতীয় অধিৱেশনত আপোনালোক সকলোৰে সৈতে বাৰ্তালাপ কৰি মই আনন্দিত। এই ঐতিহাসিক অনুষ্ঠান আয়োজন কৰিবলৈ পাই ভাৰতৰ জনসাধাৰণ আনন্দিত কাৰণ আমি একেলগে আমাৰ ভৱিষ্যত গঢ়িব বিচাৰোঁ। হায়দৰাবাদত এই সন্মিলনখনৰ আয়োজন কৰা হোৱাটো অতি আনন্দৰ কথা। এই চহৰখন ইয়াৰ সংস্কৃতি আৰু ৰন্ধন প্ৰণালী, ইয়াৰ আতিথ্য আৰু উন্নত প্ৰযুক্তিৰ দৃষ্টিভংগীৰ বাবে জনাজাত। বন্ধুসকল, এই সন্মিলনৰ মূল বিষয়বস্তু হৈছে 'জিঅ'-এনাবলিং দি গ'ল্ডেন ভিলেজঃ ন' ৱান ছুড বি লেফ্ট বিহাইণ্ড।' বিগত কেইবা বছৰ ধৰি ভাৰত গ্ৰহণ কৰা পদক্ষেপবোৰত এই দৃষ্টিভংগী পৰিলক্ষিত হৈছে। আমি অন্ত্যোদয়ৰ এক দৃষ্টিভংগীৰ ওপৰত কাম কৰি আছোঁ, যাৰ অৰ্থ হৈছে অন্তিম সীমাৰ অন্তিম ব্যক্তিজনক এক অভিযানভিত্তিত শক্তিশালী কৰা। এই দৃষ্টিভংগীয়েই বৃহত্তৰ পৰ্যায়ত অন্তিম সীমা পৰ্যন্ত সবলীকৰণৰ পথত আমাক আগুৱাই নিছে। বেংকিং পৰিসৰৰ বাহিৰৰ ৪৫০ নিযুত লোকক বেংকিং নেটৱৰ্কৰ অধীনলৈ অনা হৈছে, যি সংখ্যা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ জনসংখ্যাতকৈও বেছি, ১৩৫ নিযুত বীমাবিহীন লোক, যি হৈছে ফ্ৰান্সৰ জনসংখ্যাৰ প্ৰায় দুগুণ, তেওঁলোকৰ বীমা কৰা হৈছে, ১১০ নিযুত পৰিয়ালক অনাময়ৰ সুবিধা প্ৰদান কৰা হৈছে, আৰু ৬০ নিযুতৰো অধিক পৰিয়াললৈ টেপৰ পানীৰ সংযোগ প্ৰদান কৰা হৈছে। ইয়াৰ জৰিয়তে ভাৰতে কোনেও যাতে পিছ পৰি নৰয় সেয়া নিশ্চিত কৰিছে। বন্ধুসকল, ভাৰতৰ এই উন্নয়ন যাত্ৰাত, প্ৰযুক্তি আৰু প্ৰতিভা হৈছে দুটা মূল স্তম্ভ। প্ৰথমে আমি স্তম্ভ হিচাপে প্ৰযুক্তিৰ দিশটো আলোকপাত কৰোঁ আহক। প্ৰযুক্তিয়ে পৰিৱৰ্তন আনিছে। আপোনাসৱৰ কিছুমানে হয়তো শুনিছে যে বাস্তৱ-সময়ৰ ডিজিটেল লেন-দেনত ভাৰতে বিশ্বৰ ১নম্বৰ স্থান দখল কৰি আছে। আপুনি যদি বাহিৰলৈ ওলাই যায়, তেতিয়াহলে দেখিব যে সৰু ব্যৱসায়ীসকলেও ডিজিটেল লেন-দেন পছন্দ কৰিছে আৰু গ্ৰহণ কৰিছে। একেদৰে, প্ৰযুক্তিৰ জৰিয়তে আমি কোভিড-১৯ৰ সময়ত দৰিদ্ৰ লোকসকলক সহায় কৰিছিলোঁ। আমাৰ প্ৰযুক্তি-ভিত্তিক জেএএম ট্ৰিনিটিয়ে ৮০০ নিযুত লোকক নিৰৱচ্ছিন্নভাৱে চৰকাৰৰ জনকল্যাণমূলক সুবিধাৰ সুযোগ প্ৰদান কৰিছে! আনকি বিশ্বৰ সৰ্ববৃহৎ ভেকছিন অভিযানটো এটা প্ৰযুক্তি মঞ্চৰ দ্বাৰা চালিত হৈছিল। ভাৰতত, প্ৰযুক্তি বৰ্জনৰ এজেণ্ট নহয়। ই অন্তৰ্ভুক্তিৰ এজেণ্ট। আপোনাসৱ সকলো ভূ-স্থানিক খণ্ডৰ সৈতে জড়িত লোক। আপোনাসৱে জানি অত্যন্ত সুখী হ'ব যে ভূ-স্থানিক প্ৰযুক্তিয়ে অন্তৰ্ভুক্তি আৰু প্ৰগতিৰ ক্ষেত্ৰত পৰিচালকৰ ভূমিকা গ্ৰহণ কৰিছে। উদাহৰণস্বৰূপে, আমাৰ স্বামীত্ব আঁচনিৰ কথা লওঁক। আমি গাওঁবোৰত সম্পত্তিৰ মানচিত্ৰ তৈয়াৰ কৰিবলৈ ড্ৰোন ব্যৱহাৰ কৰিছোঁ। এই তথ্য ব্যৱহাৰ কৰি, গাওঁবাসীয়ে সম্পত্তি কাৰ্ড লাভ কৰি আছে। দশকৰ ভিতৰত প্ৰথমবাৰৰ বাবে, গ্ৰামাঞ্চলৰ লোকসকলে মালিকীস্বত্বৰ স্পষ্ট নথি লাভ কৰিছে। আপোনালোকৰ বেছিভাগেই জানে যে বিশ্বৰ যিকোনো স্থানত সম্পত্তিৰ অধিকাৰে সমৃদ্ধি অৰ্জনৰ পথ প্ৰশস্ত কৰি তোলে আৰু এই সমৃদ্ধি আৰু গতিশীল হৈ উঠিব পাৰে যদিহে মহিলাসকল সম্পত্তিৰ মূল হিতাধিকাৰী হব পাৰে। আমি ভাৰতত এইটোৱেই কৰি আছো। আমাৰ ৰাজহুৱা আৱাস আঁচনিয়ে প্ৰায় ২৪ নিযুত দৰিদ্ৰ পৰিয়ালক ঘৰ প্ৰদান কৰিছে। এই ঘৰবোৰৰ প্ৰায় ৭০%ই মহিলাসকল একমাত্ৰ বা যুটীয়া স্বত্ত্বাধিকাৰী। দৰিদ্ৰতা আৰু লিংগ বৈষম্য হ্ৰাস কৰিবলৈ ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়ন লক্ষ্যত এই পদক্ষেপবোৰে পোনপটীয়া প্ৰভাৱ পেলায়। আমাৰ উচ্চাভিলাষী প্ৰধানমন্ত্ৰী গতি শক্তি মাষ্টাৰ প্লেনে বহুমুখী আন্তঃগাঁথনি নিৰ্মাণ কৰি আছে। ইয়াক ভূ-স্থানিক প্ৰযুক্তিৰ দ্বাৰা চালিত কৰা হৈছে। আমাৰ ডিজিটেল অচেন প্লেটফৰ্মে মহাসাগৰৰ ব্যৱস্থাপনাৰ বাবে ভূ-স্থানিক প্ৰযুক্তি ব্যৱহাৰ কৰি আছে। আমাৰ পৰিৱেশ আৰু সামুদ্ৰিক পৰিৱেশ-প্ৰণালীৰ বাবে এইটো গুৰুত্বপূৰ্ণ। ভাৰতে ইতিমধ্যে ভূ-স্থানিক প্ৰযুক্তিৰ লাভালাভ ভাগ-বতৰা কৰাৰ ক্ষেত্ৰত এক দৃষ্টান্ত স্থাপন কৰিছে। আমাৰ দক্ষিণ এছিয়া উপগ্ৰহই আমাৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ মাজত যোগাযোগ ব্যৱস্থাৰ উন্নতি ঘটাইছে। বন্ধুসকল, মই আপোনালোকক কৈছিলোঁ যে ভাৰতৰ যাত্ৰাপথ প্ৰযুক্তি আৰু প্ৰতিভাৰ দ্বাৰা চালিত। এতিয়া, আমি দ্বিতীয় স্তম্ভ হিচাপে প্ৰতিভাৰ কথা আলোচনা কৰোঁ। ভাৰত হৈছে এক তৰুণ ৰাষ্ট্ৰ যাৰ উদ্ভাৱনীমূলক মনোভাৱ আছে। আমি বিশ্বৰ শীৰ্ষ ষ্টাৰ্টআপ কেন্দ্ৰসমূহৰ অন্যতম। ২০২১ চনৰ পৰা, আমি ইউনিকৰ্ণ ষ্টাৰ্টআপৰ সংখ্যা প্ৰায় দুগুণ কৰিছোঁ। ই সম্ভৱ হৈছে ভাৰতৰ যুৱ প্ৰতিভাৰ বাবে। ভাৰতে ঔপনিৱেশিক শাসনৰ পৰা মুক্তিৰ ৭৫ বছৰ উদযাপন কৰি আছে। আটাইতকৈ গুৰুত্বপূৰ্ণ স্বাধীনতাবোৰৰ ভিতৰত এটা হ'ল উদ্ভাৱনৰ স্বাধীনতা। ভাৰতৰ ভূ-স্থানিক খণ্ডৰ বাবে ইয়াক নিশ্চিত কৰা হৈছে। আমি আমাৰ তৰুণ, মেধাৱী যুৱ সম্প্ৰদায়ৰ বাবে এই ক্ষেত্ৰ মুকলি কৰি দিছোঁ। বিগত দুই শতিকাত সংগ্ৰহ কৰা সকলো তথ্য হঠাতে মুক্ত আৰু সুলভ হৈ পৰিল। ভূ-স্থানিক তথ্যসসংগ্ৰহ, উৎপাদন আৰু ডিজিটাইজেচন এতিয়া গণতান্ত্ৰিককৰণ কৰা হৈছে। এনে ধৰণৰ সংস্কাৰবোৰ পৃথক কোনো ঘটনা নহয়। ভূ-স্থানিক ক্ষেত্ৰৰ লগতে, আমি আমাৰ ড্ৰোন খণ্ডকো শক্তিশালী কৰিছোঁ। আমাৰ মহাকাশ খণ্ডকো বেচৰকাৰী অংশগ্ৰহণৰ বাবে মুকলি কৰি দিয়া হৈছে। ভাৰততো ৫জি আৰম্ভ হৈছে। সংগৃহীত তথ্যসমূহৰ লগতে ড্ৰোন প্ৰযুক্তিৰে নতুন তথ্য সংগ্ৰহ কৰা হৈছে, মহাকাশ ক্ষেত্ৰত সক্ষমতা অৰ্জনৰ বাবে প্লেটফৰ্ম আৰু উচ্চ গতিৰ সংযোগ যুৱ ভাৰত আৰু সমগ্ৰ বিশ্বৰ বাবে আগন্তুক দিনত নিৰ্ণায়ক হৈ দেখা দিব। বন্ধুসকল, যেতিয়া আমি কও যে কোনো পিছ পৰি ৰব নালাগে, ইয়াৰ অৰ্থ সকলো ক্ষেত্ৰতেই প্ৰযোজ্য হয়। কোভিড-১৯ মহামাৰীয়ে আমাক পৰস্পৰে পৰস্পৰৰ সৈতে আগবাঢ়ি যোৱাৰ প্ৰয়োজনীয়তাৰ পথ দেখুৱাইছে। উন্নয়নশীল বিশ্বৰ কোটি কোটি লোকক ৰোগ নিৰ্ণয়, ঔষধ, চিকিৎসা সঁজুলি, ভেকছিন আৰু অনেক কিছুৰ প্ৰয়োজন। তথাপিও, তেওঁলোকক তেওঁলোকৰ নিজৰ ভাগ্যৰ ওপৰত এৰি দিয়া হৈছিল। সংকটৰ সময়ত ইজনে সিজনক সহায় কৰাৰ বাবে আন্তৰ্জাতিক সম্প্ৰদায়ৰ দ্বাৰা এক প্ৰতিষ্ঠানগত দৃষ্টিভংগীৰ প্ৰয়োজন আছে। ৰাষ্ট্ৰসংঘৰ দৰে আন্তৰ্জাতিক সংগঠনে প্ৰতিটো অঞ্চলত সম্পদসমূহক অন্তিম সীমালৈকে লৈ যোৱাৰ পথত নেতৃত্ব দিব পাৰে। আনকি জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰতো হাতে হাত ধৰি আগবঢ়া আৰু প্ৰযুক্তি স্থানান্তৰ কৰাটোও গুৰুত্বপূৰ্ণ। আমি একে ধৰিত্ৰীৰ বাসিন্দা। মই নিশ্চিত যে আমি আমাৰ ধৰিত্ৰীক বচাবলৈ সৰ্বশ্ৰেষ্ঠ ব্যৱহাৰিক সুবিধা বিনিময় কৰিব পাৰোঁ। ভূ-স্থানিক প্ৰযুক্তিয়ে আগবঢ়োৱা সম্ভাৱনাবোৰ অন্তহীন। বহনক্ষম নগৰ উন্নয়ন, প্ৰাকৃতিক দুৰ্যোগ নিয়ন্ত্ৰণ আৰু মোকাবিলা কৰা, জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ চিহ্নিতকৰণ, বন ব্যৱস্থাপনা, পানী ব্যৱস্থাপনা, মৰুভূমিৰ প্ৰসাৰ ৰোধ কৰা, খাদ্য সুৰক্ষা। ইয়াৰোপৰি, ভূ-স্থানিক প্ৰযুক্তিৰ জৰিয়তে আমি আমাৰ ধৰিত্ৰীৰ বাবে বহুতো কৰিব পাৰোঁ। মই আশা কৰোঁ যে এই সন্মিলনখন এনে গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ উন্নয়নৰ বিষয়ে আলোচনা কৰাৰ বাবে এখন মঞ্চ হৈ উঠক। বন্ধুসকল, ৰাষ্ট্ৰসংঘৰ বিশ্ব ভূ-স্থানিক আন্তঃৰাষ্ট্ৰীয় কংগ্ৰেছৰ দ্বিতীয় অধিৱেশনে মোক আশাবাদী কৰি তুলিছে। সমগ্ৰ বিশ্বৰ ভূ-স্থানিক উদ্যোগৰ অংশীদাৰসকল একত্ৰিত হোৱাৰ লগে লগে নীতি নিৰ্মাতা আৰু শৈক্ষিক ক্ষেত্ৰৰ ইজনে সিজনৰ সৈতে বাৰ্তালাপ কৰিছে। মই নিশ্চিত যে এই সন্মিলনে গোলকীয় গাওঁখনক এক নতুন ভৱিষ্যতলৈ লৈ যোৱাত সহায় কৰিব। ধন্যবাদ | ৰাষ্ট্ৰসংঘৰ বিশ্ব ভূ-স্থানিক আন্তৰ্জাতিক কংগ্ৰেছত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণ পা |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%A8%E0%A7%8D%E0%A6%AE-%E0%A6%9C%E0%A7%9F%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%80%E0%A6%A4-%E0%A6%86%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%AF-%E0%A6%95%E0%A7%83%E0%A6%AA%E0%A6%BE/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%A8%E0%A7%8D%E0%A6%AE-%E0%A6%9C%E0%A7%9F%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%80%E0%A6%A4-%E0%A6%86%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%AF-%E0%A6%95%E0%A7%83%E0%A6%AA%E0%A6%BE/ | আচাৰ্য কৃপালনীয়ে ভাৰতৰ স্বাধীনতা সংগ্ৰামত আগবঢ়োৱা অৱদানৰ কথা স্মৰণ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেখেতৰ জন্ম জয়ন্তীত আজি প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত আচাৰ্য কৃপালনীয়ে প্ৰদৰ্শন কৰা দূৰদৃষ্টি আৰু পৰিৱেশ সংৰক্ষণ তথা সামাজিক সৱলীকৰণৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰো ভূয়সী প্ৰশংসা কৰে। এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “বাপুৰ নেতৃত্বত চলা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী যোদ্ধা আছিল আচাৰ্য কৃপালনী। আমাৰ ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত তেওঁ স্বপ্নদ্ৰষ্টা আছিল আৰু এগৰাকী সাংসদ হিচাপে এই সপোন দিঠক কৰাৰ বাবে তেওঁ কাম কৰি গৈছিল। পৰিৱেশ সংৰক্ষণ আৰু সামাজিক সৱলীকৰণৰ ক্ষেত্ৰতো তেখেতে অনবদ্য অৰিহণা আগবঢ়াইছিল। জন্ম জয়ন্তীত তেখেতক স্মৰণ কৰিছো”। | জন্ম জয়ন্তীত আচাৰ্য কৃপালনীক স্মৰণ প্ৰধানমন্ত্ৰীৰ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A8%E0%A7%AB-%E0%A6%9B%E0%A7%87%E0%A6%AA%E0%A7%8D%E0%A6%9F%E0%A7%87%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A7%B0%E0%A7%B0-%E0%A6%AE%E0%A6%A8-%E0%A6%95%E0%A7%80-%E0%A6%AC%E0%A6%BE%E0%A6%A4/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A8%E0%A7%AB-%E0%A6%9B%E0%A7%87%E0%A6%AA%E0%A7%8D%E0%A6%9F%E0%A7%87%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A7%B0%E0%A7%B0-%E0%A6%AE%E0%A6%A8-%E0%A6%95%E0%A7%80-%E0%A6%AC%E0%A6%BE%E0%A6%A4/ | যোৱা ২৫ ছেপ্টেম্বৰ, ২০২২ৰ ‘মন কী বাত’-ৰ ভিত্তিত ‘নমো এপ্’-ত অনুষ্ঠিতব্য কুইজ প্ৰতিযোগিতাত ভাগ লোৱাৰ বাবে দেশৰ ৰাইজক আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই মাহৰ ‘মন কী বাত’ সন্দৰ্ভত মন্তব্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এইটো খণ্ডত বন্যপ্ৰাণীৰ পৰা পৰিৱেশ তথা সংস্কৃতিৰ পৰা ভাৰতৰ সমৃদ্ধ ইতিহাসলৈ বিষয়বস্তু সামৰি লোৱা হৈছিল। এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়; “শেহতীয়া ‘মন কী বাত’ কাৰ্যক্ৰমত আমি বন্যপ্ৰাণীৰ পৰা পৰিৱেশ তথা সংস্কৃতিৰ পৰা ভাৰতৰ সমৃদ্ধ ইতিহাসলৈ বিষয়বস্তু সামৰি লৈছিলো। ইয়াকে ভিত্তি কৰি ‘নমো এপ্’-ত এক আমোদজনক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব, য’ত আপোনালোকক ভাগ লোৱাৰ বাবে মই আহ্বান জনাইছোঁ। | ২৫ ছেপ্টেম্বৰৰ ‘মন কী বাত’-ৰ ভিত্তিত ‘নমো এপ্’-ত অনুষ্ঠিতব্য কুইজ প্ৰতিযোগিতাত ভাগ লোৱাৰ বাবে ৰাইজলৈ আহ্বান প্ৰধানমন্ত্ৰী |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%B0%E0%A7%8D%E0%A6%A3%E0%A6%BE%E0%A6%9F%E0%A6%95%E0%A7%B0-%E0%A6%9F%E0%A7%81%E0%A6%AE%E0%A6%BE%E0%A6%95%E0%A7%81%E0%A7%B0%E0%A7%81%E0%A7%B0-%E0%A6%AF%E0%A7%81%E0%A7%B1-%E0%A6%B8/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%B0%E0%A7%8D%E0%A6%A3%E0%A6%BE%E0%A6%9F%E0%A6%95%E0%A7%B0-%E0%A6%9F%E0%A7%81%E0%A6%AE%E0%A6%BE%E0%A6%95%E0%A7%81%E0%A7%B0%E0%A7%81%E0%A7%B0-%E0%A6%AF%E0%A7%81%E0%A7%B1-%E0%A6%B8/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ টুমাকুৰুত অনুষ্ঠিত ‘যুবশক্তিঃ ভবিষ্যৎ ভাৰতৰ বাবে এক ভিজন’ শীর্ষক ৰাজ্যিক পর্যায়ৰ এক যুৱ সন্মিলনত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ভাষণ আগবঢ়ায়। টুমাকুৰুৰ ৰামকৃষ্ণ বিবেকানন্দ আশ্ৰমৰ ৰূপালী জয়ন্তী উদযাপন আৰু চিকাগোত স্বামী বিবেকানন্দই আগবঢ়োৱা ভাষণৰ ১২৫ বছৰীয়া বৰ্ষপূৰ্তিৰ লগতে ভগ্নী নিবেদিতাৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি এই সন্মিলনখনি আয়োজন কৰা হয়। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ য’তদূৰসম্ভৱ যুৱকসকলৰ সৈতে মিলিত হোৱাৰ বাবে চেষ্টা কৰে আৰু তেওঁলোকৰ আশা-আকাংক্ষাক বুজাৰ লগতে সেই অনুসৰি কাম কৰিব বিচাৰে। তেওঁ কয় যে আজিৰ স্মৃতিচাৰণৰ কেন্দ্ৰ বিন্দু হৈছে স্বামী বিবেকানন্দ। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে স্বাধীনতা আন্দোলনকালত সকলো লোকৰ মনত এটা সংকল্পই বিশেষভাবে অনুপ্রেৰণা যোগাইছিল, সেয়া হৈছে দেশক স্বাধীন কৰা। তাত সমাজ সংস্কাৰ প্রচেষ্টাও সন্নিবিষ্ট আছিল। প্রধানমন্ত্রীয়ে কয় যে বিগত চাৰি বছৰত কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূব ভাৰতত আবেগিক সংহতিৰ সংকল্প গ্ৰহণ কৰিছে আৰু সেই দিশত সফলো হৈছে। তেওঁ কয় কেৱল সংহতিয়েহে যিকোনো ধৰণৰ উগ্রবাদক দমন কৰিব পৰা যায়। প্ৰধানমন্ত্ৰীয়ে যুৱকসকলক এক সংকল্প গ্ৰহণৰ লগতে সেয়া অৰ্জনৰ বাবে নিজৰ জীৱন উচৰ্গা কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে যুৱকসকলে তেওঁলোকৰ সামৰ্থক ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে উচৰ্গা কৰিবলৈ কয়। প্ৰধানমন্ত্ৰীয়ে প্ৰসংগক্ৰমে মুদ্ৰা যোজনা, আত্ম-সংস্থাপন আৰু দক্ষতা বিকাশৰ সন্দৰ্ভতো কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে এক উন্নত বৰ্তমান আৰু এক উজ্জ্বল ভৱিষ্যতৰ লক্ষ্যৰে অতীতক জানিবলৈ ক্ৰমশঃ আগ্ৰহী হৈছে আজিৰ যুৱপ্ৰজন্ম। | কৰ্ণাটকৰ টুমাকুৰুৰ যুৱ সন্মিলনত ভিডিঅ’ কনফাৰেন্সযোগে প্ৰধানমন্ত্ৰীৰ ভাষণ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F-%E0%A6%B6%E0%A6%BE%E0%A6%B8%E0%A6%BF%E0%A6%A4-%E0%A6%85%E0%A6%9E%E0%A7%8D%E0%A6%9A%E0%A6%B2%E0%A7%B0-%E0%A6%B2/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F-%E0%A6%B6%E0%A6%BE%E0%A6%B8%E0%A6%BF%E0%A6%A4-%E0%A6%85%E0%A6%9E%E0%A7%8D%E0%A6%9A%E0%A6%B2%E0%A7%B0-%E0%A6%B2/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত কেন্দ্ৰীয় শাসিত অঞ্চলৰ লেফটেনেণ্ট গবৰ্ণৰসকলৰ সংশোধিত দৰমহা আৰু বানচত অনুমোদন জনায়। ইয়াৰ দ্বাৰা লেফটেনেণ্ট গবৰ্ণৰসকলে ভাৰত চৰকাৰৰ সচিবসকলৰ সমপৰ্যায়ৰ দৰমহা আৰু বানচ লাভ কৰিব। সবিশেষঃ কেবিনেটে ২০১৬ৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ কেন্দ্ৰীয় শাসিত অঞ্চলৰ লেফটেনেণ্ট গবৰ্ণৰসকলৰ দৰমহা আৰু বানচ বৃদ্ধিৰ প্ৰস্তাৱৰ পৰিপ্ৰেক্ষিতত মাহিলি ৮০,০০০টকা হাৰত মৰগীয়া আৰু ৪০০০টকা ব্যয় নিয়ন্ত্ৰক বানচৰ পৰা ২,২৫,০০০টকা মৰগীয়া আৰু ব্যয় নিয়ন্ত্ৰক বানচ ৪০০০টকা একে ৰাখি ভাৰত চৰকাৰৰ সচিব পৰ্যায়ৰ দৰমহা প্ৰদানত অনুমোদন জনায়। পটভূমিঃ কেন্দ্ৰীয় শাসিত অঞ্চলৰ লেফটেনেণ্ট গবৰ্ণৰসকলৰ দৰমহা আৰু বানচ ভাৰত চৰকাৰৰ সচিব পৰ্যায়ৰ বিষয়াসকলৰ সৈতে সমান কৰা হৈছে। ২০০৬ৰ ১ জানুৱাৰীত কেবিনেটে ২৬,০০০ টকাৰ পৰা বৃদ্ধি কৰি সকলো মৰগীয়া বানচ ৮০,০০০টকা সহ আৰু ব্যয় নিয়ন্ত্ৰক বানচ প্ৰতি মাহত ৪০০০টকালৈ বৃদ্ধি কৰিছিল। চিচিএ(সংশোধিত)দৰমহা আইন, ২০১৬ৰ ভিত্তিত ১.১.২০১৬ৰ পৰা কাৰ্যকৰী হোৱাকৈ ভাৰত চৰকাৰৰ সচিব পৰ্যায়ৰ বিষয়াসকলৰ সংশোধিত দৰমহা মাহিলি ৮০,০০০টকাৰ পৰা ২,২৫,০০০টকালৈ বৃদ্ধি কৰে। | কেন্দ্ৰীয় শাসিত অঞ্চলৰ লেফটেনেণ্ট গবৰ্ণৰসকলৰ সংশোধিত দৰমহা আৰু বানচত কেবিনেটৰ অনুমোদন |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%97%E0%A7%81%E0%A6%9C%E0%A7%B0%E0%A6%BE%E0%A6%9F%E0%A7%B0-%E0%A6%AB%E0%A7%B0%E0%A7%87%E0%A6%A8%E0%A6%9A%E0%A6%BF%E0%A6%95-%E0%A6%AC%E0%A6%BF%E0%A6%9C%E0%A7%8D%E0%A6%9E%E0%A6%BE%E0%A6%A8-2/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%97%E0%A7%81%E0%A6%9C%E0%A7%B0%E0%A6%BE%E0%A6%9F%E0%A7%B0-%E0%A6%AB%E0%A7%B0%E0%A7%87%E0%A6%A8%E0%A6%9A%E0%A6%BF%E0%A6%95-%E0%A6%AC%E0%A6%BF%E0%A6%9C%E0%A7%8D%E0%A6%9E%E0%A6%BE%E0%A6%A8-2/ | দুদিন পিছতে ৰক্ষা বন্ধনৰ উৎসৱ আৰু আপোনালোক ভগ্নীসকলে ইমান ডাঙৰ ৰাখী লৈ আহিছে, মই আপোনালোকৰ প্ৰতি কৃতজ্ঞ৷ আৰু দেশৰ মাতৃ-ভগ্নীসকলে আশীৰ্বাদ প্ৰদান কৰি মোক যি ৰক্ষা কৱচ প্ৰদান কৰিছে ইয়াৰ বাবে মই সকলো মাতৃ-ভগ্নীলৈ হৃদয়েৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ ৰক্ষা বন্ধন উৎসৱৰ প্ৰাক্-মুহূৰ্তত গুজৰাটত এক লাখতকৈও অধিক পৰিয়ালক, ভগ্নীসকলে নিজৰ নামৰ ঘৰ পাব, মই ভাবোঁ ৰক্ষা বন্ধনত ইয়াতকৈ ডাঙৰ উপহাৰ একো হ’ব নোৱাৰে৷ যিসকল ভগ্নীয়ে আজি ঘৰ পাইছে; ঘৰ নাথাকিলে সেই পীড়া কেনে হয়, জীৱন কিদৰে অতিবাহিত হয়, ভৱিষ্যত কেনে অন্ধকাৰময় হয়; প্ৰতিটো পুৱা এটা সপোন দেখি সাৰ পায় আৰু সন্ধিয়া সেই সপোন মৰহি যায়, সেয়াই লাঞ্ছিত জীৱন৷ কিন্তু যেতিয়া নিজৰ ঘৰ থাকে তেতিয়া সপোনেও বাস্তৱ ৰূপ পায় আৰু এই সপোন পূৰণ কৰিবলৈ সমগ্ৰ পৰিয়াল; আবাল-বৃদ্ধ-বনিতা সকলোৱে শ্ৰম কৰে, পুৰুষাৰ্থ কৰে আৰু জীৱন পৰিৱৰ্তন হোৱা আৰম্ভ কৰে৷ এই ৰক্ষা বন্ধনৰ পবিত্ৰ উৎসৱৰ পূৰ্বে এই মাতৃ-ভগ্নীসকলক, এক লাখতকৈও অধিক পৰিয়ালক এই ঘৰ প্ৰদান কৰি আপোনালোকৰ ভাতৃৰ ৰূপত মই বৰ সন্তোষ লাভ কৰিছোঁ৷ আজি আৰু এটা ৬০০ কোটি টকাৰ অন্য যোজনা, এই যোজনাটোও এইদৰে ৰক্ষা বন্ধনৰ পবিত্ৰ উৎসৱৰ পূৰ্বে আমাৰ মাতৃ-ভগ্নীসকললৈ উপহাৰ স্বৰূপ৷ পানীৰ সংকট যদি পৰিয়ালৰ লোকে ভুগিবলগীয়া হয় তেন্তে পৰিয়ালটোৰ ভিতৰত মাতৃ-ভগ্নীসকলে অধিক ভুগিবলগীয়া হয়৷ ঘৰখনৰ বাবে পানীৰ ব্যৱস্থা আমাৰ মাতৃ-ভগ্নীসকলে কৰিবলগীয়া হয়৷ আৰু বিশুদ্ধ পানীৰ অভাৱত সেই ঘৰ ৰুগীয়াৰ ঘৰলৈ পৰিৱৰ্তিত হয়৷ পৰিষ্কাৰ পানীয়ে ঘৰখনক বহু বেমাৰৰ পৰা উদ্ধাৰ কৰে৷ মই মোৰ যৌৱনৰ অধিক সময় এই আদিবাসী এলেকাত অতিবাহিত কৰিছোঁ৷ মই যেতিয়া ধৰ্মপুৰ ছিদমবাৰীত আছিলো তেতিয়া মোৰ মনত সদায়েই এটা প্ৰশ্ন উত্থাপিত হৈছিল যে ইয়াত ইমান বৰষুণ হয় কিন্তু দেৱালীৰ পিছত ইয়াত পানী নাথাকে আৰু খোৱা পানীৰো অভাৱ হয়৷ আৰু মোৰ সম্পূৰ্ণ মনত আছে যে সেইসময়ত ধৰ্মপুৰত, ছিদমবাৰীত, সেই আদবাসীসকলৰ পৰা আৰম্ভ কৰি ওমৰগাঁৱলৈ য’ত অধিক বৰষুণ হয় সেয়া সাগৰৰ পিনে গুচি যায় আৰু সেই অঞ্চল পানীৰ পৰা বঞ্চিত হয়৷ আৰু যেতিয়া মই মুখ্যমন্ত্ৰী আছিলো তেতিয়া হাজাৰ কোটি টকাৰে এই সিদ্ধান্ত লোৱা হৈছিল যে ওমৰ গাঁৱৰ পৰা আম্বাজী লৈ, সকলো আদিবাসী গাঁও যি গুজৰাটৰ পূব পিনে আছে, প্ৰত্যেকখন গাঁৱক পাইপৰ দ্বাৰা পানী প্ৰদান কৰা, এই সপোন দেখিছিলো৷ যি তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হ’ল, তাত কোৱা হৈছে যে দহটা যোজনা, আজি তাৰ শেষৰটোৰ কাম আৰম্ভ হৈছে৷ যিসকলে এই তথ্যচিত্ৰ প্ৰদৰ্শন কৰিলে তেওঁলোকেও আচৰিত হৈছে৷ সকলোতকৈ উচ্চতাত য’ত পানী প্ৰদান কৰা হ’ব সেয়া ২০০ মহলা বিল্ডিং এটাৰ সমান ওখ স্থানলৈ প্ৰদান কৰা হ’ব৷ ইমান ওপৰলৈ পানী লৈ যোৱা হ’ব৷ অৰ্থাৎ ২০০ মহলা ওপৰলৈ নদী লৈ যোৱা হ’ব আৰু তাৰ পৰা পানী তলত থকা মানুহসকলে পাব৷ এয়া প্ৰযুক্তিৰ চমৎকাৰিতা৷ আমাৰ দেশত গিৰ হাবিত ভোটদানৰ বাবে এটা পোলিং বুথ আছে৷ এজন ভোটদাতা আৰু এটা পোলিং বুথ৷ সমগ্ৰ বিশ্বতে এয়া এক আশ্বৰ্যজনক খবৰ যে ভাৰতৰ গিৰ হাবিত এনে এটা পোলিং বুথ আছে য’ত মাত্ৰ এজন ভোটদাতাহে আছে কিন্তু তাতেও নিৰ্বাচনী ব্যৱস্থাপনা আছে৷ মই ভাবোঁ যে এয়া এক আশ্বৰ্যকৰ ঘটনা হ’ব যে এখন গাঁৱত ২০০-৩০০ ঘৰ মানুহ আছে, কিন্তু তালৈ পানী প্ৰদান কৰাৰ বাবে এখন সংবেদনশীল চৰকাৰে ২০০ মহলা ওপৰলৈ পানী লৈ গৈ আছে৷ এয়া প্ৰতিজন নাগৰিকৰ প্ৰতি আমাৰ কিমান ভক্তি তাৰ জাগ্ৰত উদাহৰণ৷ পূৰ্বতেও চৰকাৰ আছিল৷ আদিবাসী মুখ্যমন্ত্ৰী হৈছিল৷ আৰু মই যেতিয়া নতুনকৈ মুখ্যমন্ত্ৰী হৈছিলো তেতিয়া মোৰ পূৰ্বে যিজন আদিবাসী মুখ্যমন্ত্ৰী আছিল, তেওঁৰ গাঁৱলৈ মই গৈছিলো৷ গাঁৱত টেংকী আছিল কিন্তু তাত পানী নাছিল৷ সেই গাঁওখনলৈও পানী যোগান ধৰাৰ সৌভাগ্য মই প্ৰাপ্ত কৰিলো৷ আজিও লাখা বলধাৰাৰ কথা যিয়ে পানীৰ বাবে কাম কৰিছে, গুজৰাট আৰু ৰাজস্থানবাসীৰ সেয়া মুখে মুখে৷ কিয়? কাৰণ কোনোবাই পানীৰ বাবে কাম কৰিছে৷ আজি মই গৰ্ববোধ কৰিছোঁ যে গুজৰাট চৰকাৰে ঘৰে ঘৰে পাইপেৰে পানী যোগান ধৰাৰ বাবে যি অভিযান আৰম্ভ কৰিছে সেয়া স্বয়ংক্ৰিয়ভাৱে সম্পন্ন হৈছে৷ আমাৰ গুজৰাট আগলৈ গৈ কেনে হ’ব, দুখীয়াৰ জীৱন কেনে হ’ব, আমাৰ কেনে সপোন হ’ব, সেই সপোন বাস্তৱায়িত কৰাৰ বাবে আমাৰ প্ৰয়াস কেনে হ’ব, সেয়া পৰিলক্ষিত হয়৷ আপোনালোকে দেখিছে যে আজি এক প্ৰকাৰে আধা ঘণ্টা-পঞ্চলিশ মিনিটত মই সম্পূৰ্ণ গুজৰাট ঘূৰাৰ সুযোগ পাইছোঁ৷ সকলো জিলালৈ গৈছোঁ, মাতৃ-ভগ্নীসকলক সাক্ষাৎ কৰিছোঁ৷ মই তেওঁলোকৰ কথা শুনাৰ লগতে মোৰ দৃষ্টি গৈছিল সেই ঘৰসমূহলৈ, ঘৰসমূহ কেনেদৰে বনোৱা হৈছে৷ আপোনালোকেও দেখিছে, ভাবিছে যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ ঘৰসমূহ ভাল হ’ব পাৰেনে? এয়া এইবাবেই সম্ভৱ হৈছে কিয়নো cut ৰ কোম্পানী বন্ধ হৈছে৷ দিল্লীৰ পৰা এক টকা আহিলে দুখীয়াই আজি সম্পূৰ্ণ ১০০ পইচা পায়৷ সেইবাবেই এয়া সম্ভৱ হৈছে৷ আৰু এই চৰকাৰৰ সাহস আছে যে ইমান সংবাদ মাধ্যমৰ সন্মুখতো, ইমান জনতাৰ সন্মুখতো, আৰু সমগ্ৰ দেশে ইয়াক টিভিত চাই থৰাৰ মুহূৰ্ততো, মই কোনো মাতৃক সুধিব বিচাৰিছোঁ যে আপোনালোকে ভেটি দিবলগীয়া হৈছে নেকি? কোনোবাই দালালীৰ টকা লৈছে নেকি? আমি এই চৰিত্ৰ নিৰ্মাণৰ বাবে জড়িত হৈ আছোঁ আৰু মই সুখী যে যেতিয়া মাতৃ-ভগ্নীসকলে ইমান আত্মবিশ্বাসেৰে, সন্তোষেৰে কৈছিল যে নহয়, আমি আমাৰ অধিকাৰ পাইছোঁ, নিয়মানুসৰি পাইছোঁ, আমি কাকো এটকাও দিবলগীয়া হোৱা নাই৷ সেই ঘৰসমূহ আপোনালোকে দেখিছে, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এই ঘৰসমূহৰ গুণগততা যেতিয়া মই প্ৰত্যক্ষ কৰিছিলো তেতিয়া এনে লাগিছিল যে বাহ! চৰকাৰে এনে ঘৰ প্ৰদান কৰিব পাৰে জানো? এয়া সত্য যে চৰকাৰে টকা দিছে কিন্তু চৰকাৰৰ টকাৰ সৈতে সেই পৰিয়ালটোৰ শ্ৰমৰ ঘামো মিহলি হৈ আছে৷ আৰু তাৰবাবে তেওঁলোকে নিজে নিজৰ ঘৰ কেনে হ’ব সেয়া নিৰ্ধাৰণ কৰিছে৷ কি সামগ্ৰী ব্যৱহাৰ হ’ব সেয়া পৰিয়ালে নিৰ্ধাৰণ কৰিছে৷ ঘৰ কিদৰে নিৰ্মাণ কৰিব সেয়া তেওঁলোকে নিৰ্ধাৰণ কৰিছে৷ চৰকাৰী ঠিকাদাৰৰ ভৰসাত আমি কাম কৰা নাই, আমি সেই পৰিয়ালৰ ভৰসাত কাম কৰিছোঁ আৰু যেতিয়া পৰিয়াল এটাই নিজৰ বাবে ঘৰ বনাই তেতিয়া সেই উত্তমতকৈও অধিক উত্তম হয় আৰু মই সুখী যে গুজৰাটৰ প্ৰতিখন গাঁৱত এই পৰিয়ালসকলে উত্তম ঘৰ নিৰ্মাণ কৰিছে৷ মই ইয়াৰ বাবে তেওঁলোকক অভিনন্দন জনাইছোঁ৷ দেশক দৰিদ্ৰতাৰ পৰা মুক্তি দিবলৈ আমি এক অভিযান আৰম্ভ কৰিছোঁ৷ কিন্তু এয়া দুখীয়াৰ সৱলীকৰণৰ দ্বাৰা কৰিছোঁ৷ বেংক আছিল কিন্তু বেংকত দুখীয়াসকলে প্ৰৱেশ কৰিব পৰা নাছিল৷ আমি প্ৰধানমন্ত্ৰী জন-ধন যোজনাৰ দ্বাৰা বেংকক দুখীয়াৰ ঘৰৰ ওচৰলৈ আনি থিয় কৰালো৷ গাঁৱত ধনী ঘৰত বিদ্যুতৰ সংযোগ আছিল, দুখীয়াসকলে ভাবিছিল যে আমাৰ ঘৰৰ পৰাও কেতিয়াবা আন্ধাৰ আঁতৰিবনে? আজি উজ্বলা যোজনাৰ অধীনত প্ৰতিখন ঘৰত সৌভাগ্য যোজনাৰ দ্বাৰা প্ৰতিখন ঘৰত বিদ্যুতৰ সংযোগ প্ৰদান কৰাৰ এক বৃহৎ অভিযান আৰম্ভ কৰা হৈছে আৰু অনাগত এক-ডেৰ বছৰৰ ভিতৰত বিজুলীবিহীন ঘৰ নাথাকিব৷ ঘৰ হওক, ঘৰত শৌচালয় হওক, খোৱা পানী হওক, গেছৰ চৌকা হওক-এক প্ৰকাৰে তেওঁলোকৰ জীৱনত আমূল পৰিৱৰ্তনৰ এক প্ৰয়াস কৰা হৈছে৷ আৰু মোৰ মৰমৰ ভাই-ভনীসকল, আপোনালোকে মোক ডাঙৰ-দীঘল কৰিছে৷ আপোনালোক গুজৰাটবাসীয়ে মোক পৰিচৰ্যা কৰিছে৷ গুজৰাটে মোক বহু কিবা-কিবি শিকাইছে৷ আৰু আপোনালোকৰ পৰা মই যি শিকিছোঁ, তাৰ পৰিণামস্বৰূপেই এই সপোন সময়মতে পূৰণ কৰাৰ প্ৰয়াস কৰিছোঁ আৰু ২০২২ চনত যেতিয়া ভাৰতৰ স্বতন্ত্ৰতাৰ ৭৫ বৰ্ষ পূৰণ হ’ব তেতিয়া দেশত এনেকুৱা পৰিয়াল নাথাকিব যাৰ নিজৰ ঘৰ নাথাকিব৷ এনেকুৱা ভাৰত নিৰ্মাণৰ সপোন দেখিছোঁ৷ আগতে খবৰ আহি আছিল যে নেতাসকলৰ ডাঙৰ ডাঙৰ ঘৰ নিৰ্মাণৰ কথা, নেতাসকলৰ ঘৰ সজোৱাৰ কথা, এতিয়া খবৰ আহিছে দুখীয়াৰ ঘৰ নিৰ্মাণৰ কথা, এতিয়া খবৰ আহিছে দুখীয়াৰ ঘৰ সজোৱাৰ কথা৷ ভাতৃ-ভগ্নীসকল, বিগত সপ্তাহটো আমাৰ বাবে অতিশয় পীড়াজনক আছিল৷ অটল বিহাৰী বাজপেয়ীজী আমাক এৰি গুচি গ’ল কিন্তু তেওঁৰ নামত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত প্ৰতিখন গাঁৱক পকী পথেৰে সংযোজিত কৰাৰ কাম আমি সময়ৰ ভিতৰত শেষ কৰাৰ লক্ষ্যৰে আগবাঢ়িছোঁ৷ এক প্ৰকাৰে আমূল পৰিৱৰ্তন অনাৰ দিশত কাম চলি আছে৷ আপোনালোকে প্ৰত্যক্ষ কৰিছে যে দক্ষতা বিকাশৰ দ্বাৰা, দূৰ-দুৰণিৰ আদিবাসী হাবিত থকা কন্যাসকলৰ দক্ষতা বিকাশৰ পিছত নিয়োজনৰ সুবিধা প্ৰদান কৰা হৈছে৷ ইয়াৰ প্ৰমাণ পত্ৰ দিয়াৰ অৱকাশ মই পাইছোঁ৷ আমাৰ দেশক সমস্যাৰ পৰা মুক্ত কৰিবলৈ, দেশৰ সাধাৰণ জনতাৰ সপোন পূৰণ কৰিবলৈ আমি নিৰন্তৰ প্ৰয়াস কৰি আছোঁ৷ বলছাড়ৰ মোৰ ভাই-ভনীসকল, অৱশ্যে ইয়ালৈ অহাৰ মোৰ কাৰ্যসূচী কিছুদিন পূৰ্বেই কৰা হৈছিল যদিও বাৰিষাৰ বাবে সেই কাৰ্যসূচী বাতিল কৰিবলগীয়া হৈছিল৷ আৰু বৰষুণো যেতিয়া আহে, তেতিয়া তীব্ৰ গতিত আহে আৰু নাহিলে সপ্তাহটোলৈ নাহে৷ গুজৰাটৰ কিছুমান স্থানত পানী অহা নাই৷ কিন্তু বিগত কিছুদিন ধৰি গুজৰাটত যি বৰষুণ হৈছে, তাৰবাবে গুজৰাটৰ বহু স্থানত বৰ্ষাৰ কৃপাধন্য হৈছে৷ অনাগত বৰ্ষটোও উত্তম হ’ব৷ কৃষি ক্ষেত্ৰত বহুত লাভ হ’ব, এয়া মোৰ বিশ্বাস৷ মই সকলো বলছাড়ৰ ভাতৃ-ভগ্নীসকলক, ইমান দীৰ্ঘ সময় ধৰি আপোনালোক ইয়াত বহি আছে তাৰ বাবে মই যিমানেই কৃতজ্ঞতা প্ৰদান কৰিম সেয়া কম হ’ব৷ সকলো মাতৃ-ভগ্নীসকলক ৰক্ষা বন্ধনৰ অশেষ শুভকামনা প্ৰদান কৰি ধন্যবাদ জনাইছোঁ৷ | গুজৰাটৰ ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ অভিৱৰ্তন সমাৰোহত প্ৰধানমন্ত্ৰী |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BE%E0%A6%A3%E0%A6%B8%E0%A6%BE%E0%A6%97%E0%A7%B0-%E0%A6%95%E0%A7%87%E0%A6%A8%E0%A7%87%E0%A6%B2-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%95%E0%A6%B2%E0%A7%8D%E0%A6%AA-%E0%A6%AE%E0%A7%81/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BE%E0%A6%A3%E0%A6%B8%E0%A6%BE%E0%A6%97%E0%A7%B0-%E0%A6%95%E0%A7%87%E0%A6%A8%E0%A7%87%E0%A6%B2-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%95%E0%A6%B2%E0%A7%8D%E0%A6%AA-%E0%A6%AE%E0%A7%81/ | উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমান ৰাম নায়ক মহোদয়, মুখ্যমন্ত্ৰী শ্ৰীমান যোগী আদিত্যনাথ মহোদয়, উপ মুখ্যমন্ত্ৰী শ্ৰীমান কেশৱ প্ৰসাদ মৌৰ্য মহোদয়, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ ভগ্নী অনুপ্ৰিয়া মহোদয়া, ৰাজ্য চৰকাৰৰ মন্ত্ৰী শ্ৰীমান সিদ্ধাৰ্থ নাথ মহোদয়, শ্ৰীমান গৰ্ববাল সিংহ মহোদয়, শ্ৰীমান আশোতোষ টেণ্ডন মহোদয়, শ্ৰীমান ৰাজেশ অগ্ৰৱাল মহোদয় আৰু ভাৰতীয় জনতা দলৰ প্ৰদেশ অধ্যক্ষ আৰু মোৰ পুৰণি মিত্ৰ, সাংসদ মোৰ সহযোগী ডাঃ মহেন্দ্ৰ নাথ পাণ্ডে মহোদয়, সাংসদ শ্ৰী বীৰেন্দ্ৰ সিং, সাংসদ ভাই ছোটে লাল আৰু ইয়াত উপস্থিত মোৰ মৰমৰ ভাতৃ তথা ভগ্নীসকল৷ মই বহু দেৰীৰ পৰা মঞ্চৰ পৰা প্ৰত্যক্ষ কৰি আছোঁ, দুয়োটা কাষৰ পৰা জনতা আহি আছে, আহি আছে৷ ভাতৃ–ভগ্নীসকল, এই সমগ্ৰ স্থানটো দিব্য আৰু অলৌকিক হয়৷ বিন্ধ্য পৰ্বত আৰু ভাগীৰথীৰ মাজত থকা এই স্থানটো শতিকাজুৰি অপাৰ সম্ভাৱনীয়তাৰে ভৰা৷ এই সম্ভাৱনাকেই সন্ধান কৰিবলৈ আৰু ইয়াত হোৱা বিকাশমূলক কাৰ্যৰ মাজত আজি মোৰ আপোনালোকৰ আশীৰ্বাদ প্ৰাপ্ত কৰাৰ সৌভাগ্য প্ৰাপ্ত কৰিছোঁ৷ যোৱাবাৰ মাৰ্চত যেতিয়া মই ইয়াত সৌৰ প্লেণ্ট উদঘাটন কৰিবলৈ আহিছিলো তেতিয়া মোৰ সৈতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিও আহিছিল আৰু সেই সময়ত আমাৰ দুয়োৰে স্বাগতম মাতাৰ প্ৰতিচ্ছবি আৰু ছুনৰীৰ সৈতে কৰা হৈছিল৷ এই সৎকাৰৰ দ্বাৰা ফ্ৰান্সৰ ৰাষ্ট্ৰপতি শ্ৰী মেক্ৰ’ বহুত অভিভূত হ’ল আৰু তেওঁ মাৰ মহিমাৰ বিষয়ে জানিবলৈ বিচাৰিলে আৰু মই যেতিয়া তেওঁক মাৰ মহিমাৰ বিষয়ে জনালো তেতিয়া তেওঁ আচৰিত আৰু প্ৰভাৱিত হ’ল৷ যেতিয়াৰ পৰা যোগী মহোদয়ৰ অধীনত এনডিএ চৰকাৰ গঠন হৈছে তেতিয়াৰ পৰা পূৰ্বাঞ্চলৰ সমগ্ৰ উত্তৰ প্ৰদেশত বিকাশৰ গতি বৃদ্ধি হৈছে, তাৰ পৰিণাম অজি দেখিবলৈ পোৱা গৈছে৷ এই ক্ষেত্ৰৰ বাবে ইয়াৰ দুখীয়া হওক, বঞ্চিত হওক, শোষিত হওক, পীড়িত হওক, ইয়াৰে জনতাৰ বাবে যি সপোন সোনেলাল পেটেল মহোদয়ৰ দৰে কৰ্মশীল লোকে দেখিছিল, সেয়া পূৰণ কৰাৰ বাবে আমি সকলোৱে মিলি ঐকান্তিকভাৱে প্ৰয়াস কৰি আছোঁ৷ বিগত দুটা দিনত বিকাশৰ অনেক যোজনা পূৰ্বাঞ্চলৰ জনতাক সমৰ্পণ কৰাৰ অথবা নতুন কাম আৰম্ভ কৰাৰ অৱকাশ মই পালো৷ দেশৰ সবাতোকৈ দীঘল পূৰ্বাঞ্চল এক্সপ্ৰেছ–ৱে’ই হওক, বাৰাণসীৰ কৃষকসকলৰ বাবে আৰম্ভ হোৱা পেৰিশ্বেবল কাৰ্গ’ চেণ্টাৰেই হওক, ৰে’লৱেৰ সৈতে জড়িত যোজনাই হওক, ই পূৰ্বাঞ্চলত হোৱা বিকাশক অভূতপূৰ্ব গতি প্ৰদানৰ কাম কৰিব৷ বিকাশৰ এই ক্ৰম আগুৱাই লৈ যাবলৈ আমি মই ইয়াত পুনৰ বাৰ আপোনালোকৰ মাজলৈ আহিছোঁ৷ কিছুদেৰী পূৰ্বে ঐতিহাসিক বাণসাগৰ বান্ধৰ সৈতে প্ৰায় চাৰি হাজাৰ কোটি টকাৰ এই যোজনাৰ উচৰ্গা আৰু আধাৰশিলা স্থাপন কৰা হৈছে৷ জলসিঞ্চন, স্বাস্থ্য আৰু সুগম পৰিবহণৰ সৈতে জড়িত এই যোজনাসমূহ এই ক্ষেত্ৰৰ সাধাৰণ মানৱ জীৱনলৈ সুখদ পৰিৱৰ্তন আনিব৷ আপোনালোকৰ এই ক্ষেত্ৰ মিৰ্জাপুৰেই হওক, সোনভদ্ৰই হওক, ভদোহীয়ে ইহওক, চন্দোলী অথবা এলাহাবাদেই হওক, কৃষিয়েই হ’ল ইয়াৰ জীৱন ৰেখা৷ কৃষকৰ নামৰ পূৰ্বৰ চৰকাৰে আধৰুৱা যোজনা প্ৰস্তুত কৰিছিল, সেয়া ওলোমাই থৈছিল৷ আপোনালোক ইয়াৰ সাক্ষী৷ বন্ধুসকল, প্ৰায় চাৰে তিনি হাজাৰ কোটিৰ বাণসাগৰ যোজনাৰ দ্বাৰা কেৱল মিৰ্জাপুৰেই নহয় আনকি এলাহাবাদ সহিতে সমগ্ৰ ক্ষেত্ৰৰ ডেৰ লাখ হেক্টৰ ভূমিত জলসিঞ্চনৰ সুবিধা প্ৰাপ্ত হ’ব৷ যদি এই প্ৰকল্প আগতেই সম্পূৰ্ণ হ’লহেঁতেন তেন্তে ইয়াৰ পৰা যি লাভ আপোনালোকে পাব সেয়া দুই দশক পূৰ্বেই পালেহেঁতেন অৰ্থাৎ আপোনালোৰ দুটা দশক অথলে গ’ল৷ কিন্তু ভাতৃ–ভগ্নীসকল, পূৰ্বৰ চৰকাৰে আপোনালোকৰ ইয়াৰ কৃষকসকলৰ চিন্তা নকৰিলে৷ এই প্ৰকল্পৰ পৰিকাঠামো ৪০ বৰ্ষ পূৰ্বে প্ৰস্তুত কৰা হৈছিল৷ ১৯৭৮ চনত এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছিল৷ কিন্তু বাস্তৱত কাম আৰম্ভ হওঁতে হওঁতে ২০ বছৰ লাগিল৷ ইয়াৰ পিছতো কিমান চৰকাৰ আহিল, গ’ল৷ কিন্তু এই যোজনাৰ ওপৰত কেৱল চৰ্চা–আলোচনাহে হ’ল, জনতাই একো নাপালে৷ ২০১৪ চনত আপোনালোক সকলোৱে আমাক সেৱা কৰিবলৈ সুযোগ প্ৰদান কৰিলে আৰু ইয়াৰ পিছত আমাৰ চৰকাৰে যেতিয়া ওলমি থকা, বিভ্ৰান্ত হোৱা যোজনাসমূহ খুচৰিবলৈ ধৰিলে তেতিয়া এই প্ৰকল্পৰ নাম সন্মুখলৈ আহিল৷ ফাইলত ই হেৰাই গৈছিল আৰু ইয়াৰ পিছত বাণসাগৰ যোজনাক প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনাৰ অধীনত জড়িত কৰা হ’ল আৰু ইয়াক সম্পূৰ্ণ কৰিবলৈ সমস্ত শক্তি প্ৰয়োগ কৰা হ’ল৷ বিশেষকৈ বিগত ডেৰ বছৰত যোগী মহোদয় আৰু তেওঁৰ দলে যি গতিৰে এই কাৰ্য আগবঢ়াই লৈ গ’ল, তাৰ পৰিণামস্বৰূপে আজি বাণসাগৰৰ এই অমৃতে আপোনালোকৰ জীৱনলৈ সুখ কঢ়িয়াই অনাৰ বাবে প্ৰস্তুত হৈছে৷ বাণসাগৰৰ বাহিৰেও বছৰজুৰি আধৰুৱা হৈ থকা সৰায়ু নহৰ ৰাষ্ট্ৰীয় যোজনা আৰু মধ্য গংগা সাগৰ যোজনাৰ ওপৰতো ক্ষীপ্ৰ গতিত কাম চলি আছে৷ বন্ধুসকল, বাণসাগৰ যোজনা সেই অপূৰ্ণ চিন্তা, সীমিত ইচ্ছা শক্তিৰো উদাহৰণ যাৰ এক বৃহৎ মূল্য মোৰ কৃষক ভাই–ভনীসকলে, মোৰ দুখীয়া ভাই–ভনীসকলে ভৰিবলগীয়া হৈছে৷ পূৰ্বৰ বৰ্ষসমূহত যি সুবিধা আপোনালোকে পাব লাগছিল সেয়াতো নাপালেই বৰঞ্চ দেশেও আৰ্থিক লোকচান সহ্য কৰিবলীয়া হ’ল৷ প্ৰায় তিনিশ কোটি টকাৰ বাজেটেৰে আৰম্ভ হোৱা সেই প্ৰকল্প যদি সময়মতে সম্পূৰ্ণ হ’লহেঁতেন তেন্তে তিনিশ কোটিতেই সম্পূৰ্ণ হ’লহেঁতেন৷ কিন্তু সময়মতে সম্পূৰ্ণ কৰিব নোৱাৰাৰ ফলত সময়ৰ লগে লগে মূল্য বৃদ্ধি হৈ গৈ থাকিল, তিনিশ কোটিৰ যোজনা চাৰে তিনিহাজাৰ কোটি খৰচ কৰাৰ পিছতহে সম্পূৰ্ণ হ’ল৷ আপোনালোকে মোক কওক, এয়া পুৰণা চৰকাৰৰ দোষ হয় নে নহয়? আপোনালোকৰ টকা খৰচ হোৱা নাই, আপোনালোকৰ অধিকাৰ খৰ্ব হোৱা নাই? আৰু সেইবাবে ভাই–ভনীসকল, যিসকল লোকে কৃষকৰ বাবে ঘৰিয়ালৰ চকু পানী টুকে তেওঁলোকক আপোনালোকে সুধিব লাগে যে কিয় তেওঁলোকে নিজৰ শাসনকালত এই আধৰুৱা কৰি থোৱা জলসিঞ্চনৰ যোজনাসমূহলৈ চকু দিয়া নাছিল? আৰু এয়া কেৱল বাণসাগৰৰ ঘটনাই নহয়, সমগ্ৰ দেশতে এইদৰে ওলোমাই থোৱা, বিভ্ৰান্ত কৰা, আধৰুৱা কৰি থোৱা কৃষক কল্যাণ প্ৰকল্প আছে৷ তেওঁলোকৰ কোনো গুৰুত্বই নাই, কিয় এনে কাৰ্য আধৰুৱাকৈ এৰি দিয়া হ’ল৷ ভাতৃ–ভগ্নীসকল, মই আজি যেতিয়া ইয়াত কৃষকসকলৰ কাষলৈ আহিছোঁ, আপোনালোকৰ পৰা কিবা খুজিব বিচাৰিছোঁ, দিবনে? এয়া মা বিন্ধ্যবাসিনীৰ ভূমি, ইয়াত আপোনালোকে প্ৰতিজ্ঞা কৰিলে পালন কৰিব লাগিব৷ পালন কৰিব নে? চাওক, চাৰে তিনিহাজাৰ কোটি খৰচ হ’ল, ৪০ বছৰ নষ্ট হ’ল, যি হ’ল হ’ল বাৰু৷ এতিয়া পানী পোৱা গৈছে৷ যিসকল কৃষকৰ ভূমিত এই পানী পোৱা গৈছে, সেইসকলে কৃষক ভাই–ভনীয়ে টোপাল সিঞ্চন অথবা স্প্ৰিংকলাৰ ফোঁৱৰাযুক্ত আৰু টোপাল–টোপাল পানী বচোৱাৰ দিশত কাম কৰিব পাৰিবনে? মই আপোনালোকৰ পৰা এয়াই বিচাৰিছোঁ, মই আৰু একো নালাগে৷ আপোনালোকে মোক প্ৰতিজ্ঞা কৰক যে এই যে পানী পোৱা গৈছে সেয়া মা বিন্ধ্যবাসিনীৰ আশীষ হয়৷ যিদৰে প্ৰসাদৰ প্ৰতিটো অংশ আমি নষ্ট হ’বৈ নিদিওঁ ঠিক সেইদৰে যি পানী আমি পাইছোঁ তাৰে এটা অংশও আমি নষ্ট হ’বলৈ নিদিওঁ৷ ইয়াৰ দৰে ধন সঞ্চয় হয়, পানী সঞ্চয় হয়, শ্ৰম সঞ্চয় হয় তথা ফচল ভাল হয় আৰু সেইবাবে মই আপোনালোকৰ পৰা বিচাৰিছোঁ যে আপোনালোকে যদি সিদ্ধান্ত লয়, এই পানী সঞ্চয় কৰিলে আজি যি লাখ–ডেৰ লাখ হেক্টৰত পানী প্ৰদান কৰা হৈছে, এই পানী দুই লাখ হেক্টৰ পৰ্যন্ত কৰিব পৰা হ’ব৷ যদি আজি কিছু লাখ কৃষক লাভান্বিত হৈছে তেন্তে তাৰ পৰা দুগুণ কৃষক লাভান্বিত হ’ব পাৰে৷ যদি আজি এই পানী কম হয় তেন্তে টোপালো–টোপাল পানী বচাই খেতি কৰিলে এই পানীৰেই বৰ্ষজুৰি কাম কৰিব পৰা হ’ব, আপোনালোকৰ সন্তানৰো কামত আহিব৷ আৰু সেইবাবে মোৰ ভাই–ভনীসকল, মই আজি এই যোজনা প্ৰণয়ন কৰা পিছত আপোনাৰ সেৱকৰ ৰূপত, মা বিন্ধ্যবাসিনীৰ ভক্তৰ ৰূপত আজি আপোনালোকৰ পৰা কিবা খুজিছোঁ, দিবনে? পূৰণ কৰিব পাৰিবনে? চৰকাৰৰ এটা যোজনা আছে, মাইক্ৰ’ জলসিঞ্চনৰ বাবে চৰকাৰে সাহায্য দিয়ে, পইচা দিয়ে, আপোনালোকে ইয়াৰ লাভ উঠাওক আৰু মই আপোনালোকৰ সেৱাত আছোঁ৷ মোৰ মৰমৰ কৃষক ভাই–ভনীসকল, এওঁসকল এনেকুৱা লোক, যি আপোনাক কৃষকৰ বাবে ঘৰিয়ালৰ চকু পানী টুকে, এমএছপি যোজনা আছিল, ক্ৰেতা নাছিল, সমৰ্থন মূল্য বাতৰি কাকতত জাননীযোগে দিয়া হৈছিল, ফটো চপোৱা হৈছিল, ৱাহ–ৱাহ দিয়া হৈছিল, কিন্তু কৃষকৰ ঘৰলৈ একো নগৈছিল৷ তেওঁলোকৰ ওচৰত এমএছপিৰ দাম বৃদ্ধি কৰাৰ বাবে ফাইল আহিছিল, ফাইলসমূহ পেলাই থোৱা হৈছিল৷ বহু বছৰ আগেয়ে লাভৰ ডেৰ গুণ সমৰ্থন মূল্য প্ৰদান কৰাৰ আবেদন ফাইলত কৰা হৈছিল, কিন্তু কৃষকৰ নামত ৰাজনীতি কৰাসকলে এমএছপিৰ ডেৰ গুণ লাভৰ কথা চিন্তা কৰাৰ সময় নাই, কাৰণ তেওঁলোক ৰাজনীতিত ইমানেই ডুবি আছিল যে তেওঁলোকক দেশৰ গাঁও, দুখীয়া কৃষকৰ প্ৰতি কোনো গুৰুত্ব নাছিল৷ ফাইলসমূহ পৰি থাকিল, বৰ্ষজুৰি যি কাম কৰাৰ পৰা পুৰণা চৰকাৰ পিছুৱাই আছিল, ভাই–ভনীসকল, আপোনলোকৰ সেৱকৰ ভূমিকাত, দেশৰ গাঁও, দুখীয়া কৃষকৰ কল্যাণ কৰাৰ মনোভাৱেৰে আজি মূৰ দোওৱাই কৈছোঁ, মোৰ ভাই–ভনীসকল, আমি এমএছপি ডেৰ গুণ বৃদ্ধি কৰাৰ প্ৰতিজ্ঞা কৰিছিলোঁ, আজি সেয়া আমি ভূমিষ্ঠ কৰিছোঁ৷ ধানেই হওক, মাকৈই হওক, দাইলেই হওক, খাৰিফ শস্যৰ ১৪টা শস্যৰ সমৰ্থন মূল্যত দুশ টকাৰ পৰা আৰম্ভ কৰি এক হাজাৰ আঠশ টকা পৰ্যন্ত বৃদ্ধি কৰা হৈছে৷ এয়া নিৰ্ধাৰণ কৰা হৈছে যে কৃষকৰ এই ফচলসমূহত যি লাভ পোৱা যায়, তাৰ ওপৰত ৫০ শতাংশ প্ৰত্যক্ষ লাভ প্ৰাপ্ত হ’ব লাগে৷ ভাতৃ–ভগ্নীসকল, এই ফচলসমূহৰ দ্বাৰা উত্তৰ প্ৰদেশ আৰু পূৰ্বাঞ্চলৰ কৃষকসকলে বহু লাভ প্ৰাপ্ত কৰিব৷ এইবাৰৰ পৰা এক কুইণ্টল ধানত দুশ টকাতকৈ অধিক টকা পোৱা যাব৷ বন্ধুসকল, এক কুইণ্টল ধানৰ লাভৰ যি অংক, সেয়া প্ৰায় ১১০০, ১২০০ টকা৷ এতিয়া ধানৰ সমৰ্থন মূল্য ১৭৫০ টকা নিৰ্ধাৰণ কৰা হৈছে অৰ্থাৎ প্ৰত্যক্ষভাৱে ৫০ শতাংশৰ লাভ নিশ্চিত কৰা হৈছে৷ মোক কোৱা হৈছে যে উত্তৰ প্ৰদেশত বিগত বৰ্ষৰ তুলনাত চাৰি গুণ ধান ক্ৰয়ৰ সুনিশ্চিত কৰা হৈছিল৷ ইয়াৰ বাবে যোগী মহোদয় আৰু তেওঁৰ দলৰ সমূহ সদস্যক বহুত বহুত শুভকামনা জনাইছোঁ৷ ভাতৃ আৰু ভগ্নীসকল, ধানৰ সৈতে চৰকাৰৰ দ্বাৰা দাইলৰো এমএছপি বৃদ্ধি কৰা হৈছে৷ অৰ্থাৎ এতিয়া নিৰ্ধাৰণ কৰা হৈছে যে ৰহৰ দাইল উৎপাদনত যিমান লাভ পোৱা যায়, তাৰ প্ৰায় ৬৫% প্ৰত্যক্ষ লাভ, অতিৰিক্ত লাভ কৃষকসকলে প্ৰাপ্ত কৰিব৷ বন্ধুসকল, আমাৰ চৰকাৰ দেশৰ কৃষকসকলৰ সৰু সৰু সমস্যাসমূহ বুজি সেইসমূহ দূৰ কৰাৰ বাবে দিনে–ৰাতিয়ে কাম কৰি আছে৷ বীজৰ পৰা আৰম্ভ কৰি বজাৰলৈ প্ৰামাণিক ব্যৱস্থা প্ৰৱৰ্তন কৰিছে যাতে কৃষককলৰ আয় বৃদ্ধি হয় আৰু খেতিত ব্যয় কম হয়৷ ইউৰিয়াৰ বাবে লাঠি চাৰ্জ কৰা হৈছিল, নিশাটো শাৰী পাতিবলগীয়া হৈছিল, ক’লা বজাৰত ইউৰিয়া ক্ৰয় কৰিবলগীয়া হৈছিল৷ বিগত চাৰিটা বৰ্ষত এই সংকট নোহোৱা হৈছে৷ এই সকলো কাৰ্য আপোনালোকৰ আশীৰ্বাদ আৰু সহযোগিতাৰ দ্বাৰা সম্ভৱ হৈছে৷ ভাতৃ–ভগ্নীসকল, মই ইয়াত কৃষকসকলক এটা প্ৰাৰ্থনা কৰিব বিচাৰিছোঁ, মই ২০২২ চন পৰ্যন্ত দেশৰ কৃষকসকলৰ আয় দুগুণ কৰিব বিচাৰিছোঁ আৰু এয়া কঠিন কাম নহয়৷ এতিয়া চৰকাৰে বাঁহক ঘাঁহ বুলি গ্ৰাহ্য কৰিছে৷ আৰু সেইবাবে আপোনালোকে মেডত বাঁহৰ খেতি কৰিব পাৰে, বাঁহ কাটিব পাৰে, বাঁহ বেচিব পাৰে, চৰকাৰে আপোনাক বাধা দিব নোৱাৰে৷ আজি হাজাৰ–কোটি টকাৰ বাঁহ দেশ–বিদেশৰ পৰা আমদানি কৰা হয়, যিটো সময়ত মোৰ কৃষকৰ মেডত বাঁহ খেতি কৰিব পাৰি৷ আমি নিয়ম পৰিৱৰ্তন কৰিলো, আইন পৰিৱৰ্তন কৰিলো৷ প্ৰথমে মানিছিলো যে বাঁহ এবিধ বৃক্ষ৷ আমি ক’লো যে বাঁহ বৃক্ষ নহয়, ই এবিধ ঘাঁহ হে৷ আৰু আমাৰ ইয়াত ধূপ নিৰ্মণ, চিলা নিৰ্মাণ আজিৰ বাবেও বাঁহ বিদেশৰ পৰা আনিব লাগে৷ মোৰ দেশত ইমান কৃষক আছে, এবছৰৰ ভিতৰতে তেওঁলোকে পৰিস্থিতি পৰিৱৰ্তন কৰিব পাৰে আৰু সেই উপাৰ্জন তেওঁলোকৰ কামত আহিব৷ এনেকুৱা বহু ধৰণৰ প্ৰয়োগ আছে৷ মই মোৰ কৃষক ভাইসকলক আহ্বান কৰিছোঁ যে আপোনালোকে খেতিৰ উপৰিও চৰকাৰৰ এনে অনেক যোজনাৰ লাভ উঠাওক আৰু নিজৰ আয় বৃদ্ধিৰ দিশত আগবাঢ়ক৷ আমাৰ চৰকাৰ দেশৰ প্ৰতিজন জনতা, প্ৰতিটো কোণত বিকাশৰ পোহৰ প্ৰেৰণ কৰিবলৈ, দুখীয়াক সশক্ত কৰাৰ লক্ষ্যৰে আগবাঢ়ি আছে৷ আপোনালোকৰ জীৱন সুগম কৰিবলৈ, সংযোগ ব্যৱস্থা সুলভ কৰিবলৈ আজি ইয়াত কিছুমান সুবিধাৰ লোকাৰ্পণ আৰু আধাৰশিলা স্থাপন কৰা হৈছে৷ চুনাৰ সেতুৰ পৰা এতি চুনাৰ আৰু বাৰাণসীৰ দূৰত্ব কম হৈ পৰিছে৷ মোক কোৱা হৈছে যে বাৰিষাৰ বতৰত ইয়াত সহস্ৰাধিক লোকৰ দেশৰ আন অংশৰ সৈতে যোগাযোগ ব্যাহত হয়৷ এতিয়া এই নতুন দলংখনে এই সমস্যা দূৰ কৰিব৷ ভাতৃ আৰু ভগ্নীসকল, সস্তীয়া আৰু উন্নত স্বাস্থ্য সেৱা দুখীয়াৰ বাবে উপলব্ধ কৰোৱাটোও এই চৰকাৰৰ এটা ডাঙৰ সংকল্প৷ ইয়াত নিৰ্মাণ হ’বলগীয়া নতুন চিকিৎসা মহাবিদ্যালয়ে কেৱল মিৰ্জাপুৰ আৰু সোনভদ্ৰকেই নহয়, ভদোহী, চন্দোলী আৰু এলাহাবাদৰ জনতাকো উপকৃত কৰিব৷ এতিয়া ইয়াৰ জিলা চিকিৎসালয় পাঁচশ বিচনাযুক্ত হ’ব, ইয়াৰ দ্বাৰা গুৰুতৰ ৰোগৰ চিকিৎসাৰ বাবে আপোনালোকে দূৰলৈ যাব নালাগে৷ ইয়াৰোপৰি আজি ইয়াত এশটা জন ঔষধি কেন্দ্ৰৰ সৈতে সমগ্ৰ উত্তৰ প্ৰদেশত এশটাতকৈও অধিক জন ঔষধি কেন্দ্ৰৰ উচৰ্গা কৰা হৈছে৷ এই জন ঔষধি কেন্দ্ৰ দুখীয়া, মধ্যম বৰ্গ আৰু নিম্ন বৰ্গৰ বাবে এক বৃহৎ সহায়ক হিচাপে বিবেচিত হৈছে৷ এই কেন্দ্ৰসমূহত সাতশতকৈও অধিক ঔষধ আৰু ডেৰশতকৈও অধিক ৰোগীৰ অস্ত্ৰোপচাৰৰ পিছত যি সামগ্ৰীৰ প্ৰয়োজন হয় সেয়া ইয়াত সস্তাতে উপলব্ধ হ’ব৷ সমগ্ৰ দেশতে এই ধৰণৰ প্ৰায় চাৰে তিনি হাজাৰতকৈও অধিক জন ঔষধি কেন্দ্ৰ মুকলি কৰা হৈছে৷ আঠশতকৈও অধিক ঔষধৰ মূল্য নিয়ন্ত্ৰণ ব্যৱস্থাৰ অধীনলৈ অনা হৈছে, হৃদয়ৰ ৰোগৰ সময়ত প্ৰয়োজন হোৱা ষ্টেণ্টৰ মূল্য কম কৰা, আঠুত লগোৱা ইমপ্লাণ্টৰ মূল্য হ্ৰাস কৰা আদি অনেক কাৰ্য এই চৰকাৰে কৰিছে, যাৰ দ্বাৰা দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ লোক উপকৃত হ’ব৷ এটা মধ্যবিত্ত পৰিয়াল যাৰ ঘৰত বয়সীয়া লোক থাকে, তেনেহ’লে এটা বা আধা বেমাৰ ঘৰৰ পৰিয়ালৰ অংশ হৈ পৰে৷ ডায়েবেটিছেই হওক, ৰক্ত চাপেই হওক আৰু এনেকুৱা পৰিয়ালে প্ৰতিদিনে ঔষধ গ্ৰহণ কৰিব লাগে৷ পৰিয়ালৰ এজন সদস্যৰ বাবে প্ৰতিদিনে ঔষধ আনিব লাগে আৰু মাহৰ মূৰত বিল হাজাৰ, দুহেজাৰ, আঢ়ৈ হাজাৰ, তিনি হাজাৰ, পাঁচ হাজাৰলৈ গুচি যায়৷ আৰু এতিয়া জন ঔষধিৰ বাবে যাৰ ঔষধৰ বিল পূৰ্বে হাজাৰ টকা হৈছিল এতিয়া আঢ়ৈশ, তিনিশ টকা প্ৰতিমাহত উপলব্ধ হৈছে৷ আপুনি কল্পনা কৰিব পাৰে এয়া কিমান ডাঙৰ সেৱা৷ এই কাম পূৰ্বৰ চৰকাৰে কৰিব পাৰিলেহেঁতেন৷ কিন্তু তেওঁলোকৰ বাবে নিজৰ পাৰ্টী, নিজৰ পৰিয়াল, নিজৰ আসন, ইয়াৰ ঊৰ্ধত তেওঁলোকে চিন্তা কৰাৰ বাবে প্ৰস্তুত নাছিল আৰু সেইবাবেই দেশৰ সাধাৰণ জনতাৰ কল্যাণ তেওঁলোকৰ প্ৰাথমিকতা নাছিল৷ বন্ধুসকল, আজিকালি ডায়েলাইছিছ অনিবাৰ্য হৈ পৰিছে৷ অনেক গাঁৱত অনেক পৰিয়ালে ডায়েলাইছিছৰ বাবে যাবলগীয়া হয়৷ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইছিছ কাৰ্যক্ৰম আমি আৰম্ভ কৰিছোঁ আৰু দুখীয়াৰ বাবে যি ডাঙৰ চিন্তাৰ বিষয় আছিল, তেওঁলোকক সহায় কৰাৰ এক বৃহৎ পদক্ষেপ লোৱা হৈছে৷ এই ডায়েলাইছিছ যোজনাৰ অধীনত আমি জিলাসমূহত জিলা ডায়েলাইছিছ কেন্দ্ৰ স্থাপন কৰিছোঁ৷ আৰু দুখীয়াসকলক, মধ্যবিত্ত সকলক, নিম্ন মধ্যবিত্ত সকলক নিঃশুল্ক ডায়েলাইছিছৰ সুবিধা প্ৰদান কৰা হৈছে৷ এই পৰ্যন্ত দেশত প্ৰায় ২৫ লাখ ডায়েলাইছিছ অধিৱেশন বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে৷ ডায়েলাইছিছৰ প্ৰতিটো অধিৱেশনত দুখীয়াসকলৰ আঢ়ৈ হাজাৰ, দুজেহাৰ, পোন্ধৰশ টকা পৰ্যন্ত ৰাহি হৈছে৷ ইয়াৰোপৰি স্বচ্ছ ভাৰত অভিযানৰ দ্বাৰা এই বেমাৰ প্ৰতিৰোধ কৰাত সহায়ক বিবেচিত হৈছে৷ বিগত বৰ্ষৰ এটা প্ৰতিবেদনত প্ৰাপ্ত তথ্য মতে যিবোৰ গাঁৱত শৌচালয়ৰ প্ৰয়োগ হৈছে, তেনেবোৰ গাঁৱত বিশেষকৈ শিশুসকলৰ বেমাৰ বহুখিনি হ্ৰাস হৈছে৷ এয়াই নহয়, যি গাঁৱত মুক্ত শৌচ বন্ধ হৈছে তেনে গাঁৱৰ পৰিয়ালসমূহত প্ৰায় ৫০ হাজাৰ টকা প্ৰতিবছৰে ৰাহি হৈছে৷ নহ’লে এই টকাসমূহ পূৰ্বতে পৰিয়ালসমূহৰ চিকিৎসালয়লৈ দৌৰা–দৌৰি কৰি, ঔষধৰ পিছত দৌৰি, চাকৰিৰ পৰা ছুটি আদিতে খৰচ হৈছিল৷ বন্ধুসকল, দৰিদ্ৰতা আৰু বেমাৰৰ কুচক্ৰ ভংগ কৰাৰ বাবে এক বৃহৎ যোজনা অতি সোনকালেই চৰকাৰে প্ৰণয়ন কৰিব৷ মানুহে তাক মোদী কেয়াৰ বুলি কয়, কিছুমানে আয়ুষ্মান ভাৰত বুলি কয় আৰু এই যোজনাৰ অধীনত দেশৰ প্ৰায় ৫০ কোটি দুখীয়া জনতাই পাঁচ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা প্ৰাপ্ত কৰাৰ ব্যৱস্থা কৰা হৈছে৷ ইয়াৰ বাবে ক্ষীপ্ৰতাৰে কাম চলি আছে আৰু অতি সোনকালেই চৰকাৰে ইয়াক সমগ্ৰ দেশতে প্ৰণয়ন কৰিব৷ আপোনালোকে কল্পনা কৰক যে যদি এটা পৰিয়ালৰ কোনো ৰোগাক্ৰান্ত হয়, গুৰুতৰ ৰোগ হয় আৰু চৰকাৰে তাৰবাবে পাঁচ লাখ টকা পৰ্যন্ত প্ৰদান কৰি আছে, তেনেহ’লে সেই পৰিয়ালটোৱে এটা নৱজীৱন পাবনে নাই? সেই পৰিয়ালটোৱে সমস্যাৰ পৰা মুক্তি পাব নে নাই? আৰু সেইবাবে ভাই–ভনীসকল, আয়ুষ্মান ভাৰত যোজনা দেশৰ উজ্বল ভৱিষ্যতৰ বাবে, দেশৰ সুস্থ ভৱিষ্যতৰ বাবে আমি লৈ আহিছোঁ৷ ভাই–ভনীসকল, দুখীয়া, পীড়িত, শোষিত, বঞ্চিত, এওঁলোকৰ পীড়া আৰু চিন্তা দূৰ কৰা, সমস্যাৰ সময়ত তেওঁলোকৰ সৈতে থকা, তেওঁলোকৰ জীৱনক সহজ কৰা আমাৰ চৰকাৰৰ এয়া প্ৰাথমিকতা আৰু ইয়াৰ বাবেই আমি কাম কৰি আছোঁ৷ এই চিন্তাৰ সৈতে এতিয়া দেশৰ দুখীয়াসকলৰ সামাজিক সুৰক্ষাক এক শক্তিশালী কৱচ প্ৰদান কৰা হৈছে৷ এক টকা প্ৰতি মাহত আৰু ৯০ পইচা প্ৰতি দিন, মাহৰ হিচাপত যথেষ্ট নহয়৷ এদিনত ৯০ পইচা, এয়া দুখীয়াৰ বাবেও সমস্যা নহয়৷ এই দৰত প্ৰতিদিনৰ প্ৰিমিয়ামত জীৱন বীমা আৰু দূৰ্ঘটনা বীমাৰ দৰে যোজনা জীৱনত জ্যোতিৰ দৰে কাম কৰিছে৷ নহ’লে পূৰ্বতে দেশত এটা ধাৰণা আছিল যে বেংকত একাউণ্ট কাৰ হ’ব? মধ্যবিত্তৰ, পঢ়া–শুনা কৰা লোকৰ, ধনী লোকৰ হ’ব, দুখীয়াৰ বাবেতো বেংক হ’বই নোৱাৰে৷ আমাৰ দেশত এয়া ধাৰণা আছিল যে ঘৰত যদি গেছৰ চুলা থাকে তেন্তে সেয়া ধনী লোকৰ বাবে হ’ব, পঢ়া–শুনা কৰা লোকৰ হ’ব, বাবু লোকৰ হ’ব, দুখীয়াৰ ঘৰততো হ’বই নোৱাৰে৷ আমাৰ দেশত এটা ধাৰণা আছিল যে ৰুপে’ কাৰ্ড, কাৰ্ডৰ দ্বাৰা টকাৰ লেনদেন ঘনীৰ ঘৰত হৈছিল, বাবুৰ ঘৰত হৈছিল, দুখীয়াৰ ঘৰততো ৰুপে’ কাৰ্ড থাকিবই নোৱাৰে৷ আমাৰ দেশৰ চিন্তাধাৰাবোৰ এনে আছিল৷ ভাই–ভনীসকল , আমি ধনী আৰু দুখীয়াৰ এই প্ৰভেদ ভংগ কৰাৰ বাবে নিশ্চিত কৰিছোঁ, দেশৰ এশ পঁচিশ কোটি নাগৰিক সম পৰ্যায়ৰ হ’ব লাগিব৷ বীমাৰ বিষয়ে দুখীয়াই ভাবিব পৰা নাছিল, তেওঁলোকে ভাবিছিল যে ধনীৰ বীমা হ’ব পাৰে, যাৰ গাড়ী আছে তেওঁলোকৰ বীমা হ’ব পাৰে, আমাৰ ওচৰততো চাইকেলেই নাই, আমাৰ বীমা কিদৰে হ’ব পাৰে? এই সকলোবোৰ ভ্ৰান্তি আমি দূৰ কৰিলো আৰু দেশৰ দুখীয়াৰ বাবে ৯০ পইচাৰ বীমা প্ৰণয়ন কৰিলো, মাহত এটকাৰ বীমা প্ৰণয়ন কৰিলো আৰু সংকটৰ সময়ত এই বীমা তেওঁলোকৰ জীৱনত সহায়ক বিবেচিত হৈছে৷ ধনী আৰু দুখীয়া, ডাঙৰ আৰু সৰুৰ মাজত ভেদাভেদ নোহোৱা কৰিবলৈ এটাৰ পিছত এটা পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু তাৰ পৰিণাম অনাগত দিনসমূহত প্ৰস্ফুটিত হ’ব৷ মোৰ দুখীয়া ভাইসকলে এতিয়া চকুত চকু থৈ কথা ক’ব পাৰিব, তাৰবাবে আমি কাম কৰি আছোঁ৷ উত্তৰ প্ৰদেশৰ ডেৰ কোটিতকৈও অধিক লোক এই দুয়োটা যোজনাৰ সৈতে জড়িত হৈছে৷ এই যোজনাসমূহৰ জৰিয়তে সংকটৰ সময়ত প্ৰায় তিনিশ কোটি টকাৰ দাবী ৰাশি এই পৰিয়ালসমূহে পাইছে৷ মই কেৱল উত্তৰ প্ৰদেশৰ পৰা কৈছোঁ, যদি মোৰ চৰকাৰে এশ কোটিৰো ঘোষণা কৰিলেহেঁতেন তেন্তে এয়া বাতৰি কাকতৰ মুখ্য পৃষ্ঠাৰ মুখ্য বাতৰি হ’লহেঁতেন৷ কিন্তু আমি যোজনাটো এইভাৱে প্ৰস্তুত কৰিলো যে তিনিশ কোটি পৰ্যন্ত প্ৰাপ্ত হ’ল আৰু এনেকুৱা একো ডাঙৰ সংকট চকুত নপৰিল৷ কাম কিদৰে হয়, ব্যৱস্থা কিদৰে পৰিৱৰ্তিত হয় এয়া তাৰ প্ৰত্যক্ষ উদাহৰণ৷ বন্ধুসকল, আপোনালোকৰ যিসকলে এই পৰ্যন্ত এই যোজনাসমূহৰ লাভ আদায় কৰা নাই, আপোনালোকলৈ মোৰ অনুৰোধ যে আপোনালোক এই যোজনাসমূহৰ সৈতে জড়িত হওক, কোনেও নিবিচাৰে যে মা বিন্ধ্যবাসিনীৰ আশীৰ্বাদত আপোনালোকৰ পৰিয়াললৈ কোনো সংকট নাহক, কোনেও নিবিচাৰে, কিন্তু কালৰ গৰ্ভত কি আছে সেয়া কোনে জানে? যদি কোনো সমস্যা আহে এই যোজনা আপোনালোকৰ বাবে সহায়ক বিবেচিত হ’ব, সেইবাবে আমি এই যোজনাৰ প্ৰৱৰ্তন কৰিছো৷ দুখীয়াৰ হিতৰ বাবে যিবোৰ যোজনা চৰকাৰে চলাই আছে, যিবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সেইবোৰে দুখীয়াক সৱলীকৰণ কৰাৰ লগতে তেওঁলোকৰ জীৱনৰ স্তৰো পৰিৱৰ্তন কৰিছে৷ অলপতে প্ৰকাশিত এটা আন্তঃৰাষ্ট্ৰীয় প্ৰতিবেদন অনুসৰি বিগত দুটা বৰ্ষত ভাৰতত.. বাতৰি কাকতত প্ৰকাশিত হ’ব কিন্তু চুক এটাতেই প্ৰকাশিত হ’ব, টিভিতটো বোধকৰো নেদেখুৱাই আৰু সেইবাবে মই কৈছোঁ আপোনালোকে জনসাধাৰণক অৱগত কৰক যে এটা আন্তঃৰাষ্ট্ৰীয় প্ৰতিবেদনত কোৱা হৈছে, যদি এই প্ৰতিবেদন ঋণাত্মক হ’লহেঁতেন তেন্তে সপ্তাহজুৰি ইয়াত চিঞঁৰ-বাখৰ হ’লহেঁতেন, কিন্তু ধনাত্মক হোৱা বাবে কোনেও লক্ষ্য কৰা নাই৷ প্ৰতিবেদন অনুসৰি বিগত দুটা বৰ্ষত ভাৰতত পাঁচ কোটি লোক ভীষণ দৰিদ্ৰ অৱস্থাৰ পৰা বাহিৰলৈ আহিছে৷ কওক, এটা এটা যোজনাৰ পৰিণাম প্ৰত্যক্ষ হৈছে নে নাই হোৱা? আপোনালোক কোনেও নিবিচাৰে নেকি যে দুখীয়াৰ জীৱন পৰিৱৰ্তন হওক? জনতা দৰিদ্ৰ অৱস্থাৰ পৰা মুক্ত হ’ব লাগে নে নাই? আজি তাৰ ফল দেখিবলৈ পাইছোঁ৷ নিশ্চিত ৰূপত ইয়াত চৰকাৰৰ সেই যোজনাসমূহৰো এক বৃহৎ প্ৰভাৱ পৰিছে যি দুখীয়াৰ ব্যয় আৰু তেওঁলোকৰ চিন্তা হ্ৰাস হৈছে৷ নিশ্চয়তাৰ এই ভাৱেই তেওঁলোকক নতুন অৱকাশ প্ৰদান কৰিছে৷ যিদৰে উজ্বলা যোজনা মহিলাসকলক কেৱল ধোঁৱাৰ পৰাই মুক্তি দিয়া নাই, আনকি তেওঁলোকক পৰিয়ালৰ উপাৰ্জনতো সহায় কৰাৰ বাবে সময় প্ৰদান কৰিছে৷ এতিয়া ঘণ্টাজুৰি খৰিৰ চৌকাৰ সন্মুখত বহি থকাৰ পৰা তেওঁলোকে মুক্তি পাইছে৷ উত্তৰ প্ৰজেশত ৮০ লাখতকৈও অধিক মহিলাই উজ্বলা যোজনাৰ অধীনত বিনামূলীয়া গেছৰ সংযোগ প্ৰাপ্ত কৰিছে৷ এইদৰে জন-ধন যোজনাৰ অধীনত উত্তৰ প্ৰদেশত পাঁচ কোটি বেংক একাউণ্ট মুকলি কৰা হৈছে৷ মুদ্ৰা যোজনাৰ অধীনত বেংক গেৰাণ্টী অবিহনে এক কোটিতকৈও অধিক ঋণ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মাণ কৰা ১৮ লাখ ঘৰ, মূল্যবৃদ্ধিৰ ওপৰত নিয়ন্ত্ৰণ, এই সকলোবোৰে দুখীয়া দৰিদ্ৰ অৱস্থাৰ পৰা বাহিৰলৈ ওলোৱাত সহায় কৰিছে৷ বন্ধুসকল, দুখীয়াক ঔষধ, কৃষকক জলসিঞ্চন, সন্তানৰ শিক্ষা আৰু যুৱপ্ৰজন্মৰ উপাৰ্জন য’ত সুনিশ্চিত হ’ব, য’ত সুবিধা অপাৰ হ’ব আৰু ব্যৱস্থা দুৰ্নীতিবিহীন হ’ব, এনেকুৱা ‘নতুন ভাৰত’ৰ সংকল্প সিদ্ধ কৰাৰ বাবে আমি জড়িত হৈ পৰিছোঁ৷ আজি যিবোৰ যোজনাৰ উচৰ্গা আৰু আধাৰশিলা স্থাপন ইয়াত হৈছে, তাৰবাবে আপোনালোকক অনেক অভিনন্দন জ্ঞাপন কৰিছোঁ৷ উত্তৰ প্ৰদেশ এইদৰেই বিকাশৰ পথত থাকক ইয়াৰ বাবে যোগী মহোদয়, উত্তৰ প্ৰদেশত তেওঁৰ চৰকাৰ, তেওঁৰ সকলো সদস্য, তেওঁৰ দলত প্ৰতিটো যোজনা সফলতাপূৰ্বকভাৱে আগবঢ়াই নিয়াৰ বাবে হৃদয়েৰে অভিনন্দন জনাইছোঁ৷ বহুত বহুত শুভকামনা জনাইছোঁ আৰু মই পুনৰ বাৰ মা বিন্ধ্যবাসিনীৰ সেই প্ৰসাদ পানীৰ টোপাল-টোপালভাৱে ব্যৱহাৰ কৰিবলৈ যাতে নাপাহৰে এয়া পুনৰ দোহাৰিছোঁ? আপোনালোকে ইমান বৃহৎ সংখ্যাত ইয়ালৈ আহিলে, ইমান গৰমত ইয়ালৈ আহিলে৷ আপোনালোকে মোক আৰু আমাক সকলোকে আশীৰ্বাদ দিলে, ইয়াৰ বাবে মই আপোনালোকক হৃদয়েৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ মোৰ সৈতে হাত মুঠি মাৰি পূৰ্ণ শক্তিৰে কওক- ভাৰত মাতা কী জয়৷ ভাৰত মাতা কী জয়৷ ভাৰত মাতা কী জয়৷ বহুত বহুত ধন্যবাদ৷ एक के टी / वी जे / तारा/M | বাণসাগৰ কেনেল প্ৰকল্প মুকলি আৰু মিৰ্জাপুৰত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%A8%E0%A6%B8%E0%A6%BE%E0%A6%A7%E0%A6%BE%E0%A7%B0%E0%A6%A3%E0%A6%95-%E0%A6%97%E0%A7%82%E0%A6%A1%E0%A6%BC%E0%A6%BF-%E0%A6%AA%E0%A6%A1%E0%A6%BC%E0%A7%B1%E0%A6%BE%E0%A7%B0-%E0%A6%B6/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%A8%E0%A6%B8%E0%A6%BE%E0%A6%A7%E0%A6%BE%E0%A7%B0%E0%A6%A3%E0%A6%95-%E0%A6%97%E0%A7%82%E0%A6%A1%E0%A6%BC%E0%A6%BF-%E0%A6%AA%E0%A6%A1%E0%A6%BC%E0%A7%B1%E0%A6%BE%E0%A7%B0-%E0%A6%B6/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক গূড়ি পড়ৱা উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ সকলোৰে সুস্বাস্থ্য আৰু কল্যাণ কামনা কৰে। এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়, "সকলোকে গূড়ি পড়ৱা উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছো। এই বৰ্ষতো আনন্দময় আৰু নিৰোগী হওক, তাৰে প্ৰাৰ্থনা জনাইছো। বছৰটোত সকলোৰে মনোকামনা সম্পূৰ্ণ হ’ব বুলি মই আশা কৰিছো।" | জনসাধাৰণক গূড়ি পড়ৱাৰ শুভেচ্ছা প্ৰধানমন্ত্ৰী |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%87%E0%A7%B0%E0%A6%BE-%E0%A6%9F%E0%A7%87%E0%A6%AC%E0%A6%B2-%E0%A6%9F%E0%A7%87%E0%A6%A8%E0%A6%BF%E0%A6%9B%E0%A6%A4-%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%AE%E0%A6%BE/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%87%E0%A7%B0%E0%A6%BE-%E0%A6%9F%E0%A7%87%E0%A6%AC%E0%A6%B2-%E0%A6%9F%E0%A7%87%E0%A6%A8%E0%A6%BF%E0%A6%9B%E0%A6%A4-%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%AE%E0%A6%BE/ | বাৰ্মিংহামত অনুষ্ঠিত ‘কমনৱেল্থ ক্ৰীড়া সমাৰোহ ২০২২’ত ‘পেৰা টেবল টেনিছ’ত সন্মানীয় সোণৰ পদক অৰ্জন কৰাৰ বাবে ভৱিনা পেটেলক শুভকামনা জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয়; “অনবদ্য @ভৱিনাই আমাক গৌৰৱ কৰাৰ বাবে আৰু এটা উপলক্ষ প্ৰদান কৰিলে! তেওঁ ‘পেৰা টেবল টেনিছ’ত সন্মানীয় সোণৰ পদক জয় কৰিছে। ‘কমনৱেল্থ’-ত এয়া তেওঁৰ প্ৰথম পদক। ‘টেবল টেনিছ’-ত মনোনিৱেশ কৰাৰ বাবে ভাৰতৰ যুৱ-প্ৰজন্মক তেওঁৰ সাফল্যই অনুপ্ৰাণিত কৰিব বুলি মই আশা কৰিছো। আগন্তুক দিনত তেওঁ কৰিব খোজা প্ৰয়াসসমূহলৈ মই শুভকামনা জ্ঞাপন কৰিছো”। | ‘পেৰা টেবল টেনিছ’ত সন্মানীয় সোণৰ পদক অৰ্জন কৰাৰ বাবে ভৱিনা পেটেলক শুভকামনা জনাইছে প্ৰধানমন্ত্ৰীয় |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%A8%E0%A7%8D%E0%A6%AE-%E0%A6%9C%E0%A6%AF%E0%A6%BC%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%80%E0%A6%A4-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%A8%E0%A7%8D%E0%A6%AE-%E0%A6%9C%E0%A6%AF%E0%A6%BC%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%80%E0%A6%A4-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চন্দ্ৰ শেখৰজীৰ জন্ম জয়ন্তীত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে চন্দ্ৰ শেখৰজী আছিল এক মহান ব্যক্তিত্বৰ অধিকাৰী। গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি তেওঁৰ অংগীকাৰ আৰু দৰিদ্ৰতা দূৰীকৰণৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে তেওঁ ব্যাপকভাৱে প্ৰশংসিত হৈছিল। প্ৰধানমন্ত্ৰীয়ে টুইট কৰে; "চন্দ্ৰ শেখৰজী আছিল এক মহান ব্যক্তিত্বৰ অধিকাৰী। গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি তেওঁৰ অংগীকাৰ আৰু দৰিদ্ৰতা দূৰীকৰণৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে তেওঁ ব্যাপকভাৱে প্ৰশংসিত হৈছিল। তেওঁ সদায় দলিত আৰু প্রান্তীয় লোকসকলৰ কল্যাণৰ বাবে কাম কৰিছিল। তেওঁৰ জন্ম বাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।" | জন্ম জয়ন্তীত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চন্দ্ৰ শেখৰজীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন প্ৰধানমন্ত্ৰী |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B6%E0%A6%BF%E0%A7%B1%E0%A6%97%E0%A6%BF%E0%A7%B0%E0%A6%BF-%E0%A6%A4%E0%A7%80%E0%A6%B0%E0%A7%8D%E0%A6%A5-%E0%A6%AF%E0%A6%BE%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A6%BE%E0%A7%B0-%E0%A7%AF%E0%A7%A6/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B6%E0%A6%BF%E0%A7%B1%E0%A6%97%E0%A6%BF%E0%A7%B0%E0%A6%BF-%E0%A6%A4%E0%A7%80%E0%A6%B0%E0%A7%8D%E0%A6%A5-%E0%A6%AF%E0%A6%BE%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A6%BE%E0%A7%B0-%E0%A7%AF%E0%A7%A6/ | আপোনালোক সকলোকে নমস্কাৰ! শ্রী নাৰায়ণ ধর্ম সংঘম ট্ৰাষ্টৰ সভাপতি স্বামী সচ্চিদানন্দজী, সাধাৰণ সচিব স্বামী ৰিতাম্ভৰনন্দজী, কেন্দ্রীয় মন্ত্রী পৰিষদৰ মোৰ সহকর্মী তথা কেৰালাৰ ভূমিপুত্রদ্বয় শ্রী ভি মুৰলীধৰণজী আৰু শ্রী ৰাজীৱ চন্দ্রশেখৰজী, শ্রী নাৰায়ণ গুৰু ধর্ম সংঘম ট্ৰাষ্টৰ বিষয়াসকল, দেশ-বিদেশৰ তীৰ্থযাত্ৰী তথা ভদ্র পুৰুষ-মহিলাসকল, সাধু-সন্তসকলৰ চৰণধূলি আজি মোৰ ঘৰত পৰিছে, আপোনালোকে কল্পনা কৰিব নোৱাৰে, মই কিমান আনন্দিত। एल्ला प्रियपट्टअ मलयालि–गल्कुम्, एन्डे, विनीतमाया नमस्कारम्। भारतत्तिन्डे, आध्यात्मिक, चैतन्यमाण, श्रीनारायण गुरुदेवन्। अद्देहत्तिन्डे, जन्मत्ताल्, धन्य–मागपट्टअ, पुण्यभूमि आण केरलम्॥ শ্রী নাৰায়ণ গুৰুৰ আশীর্বাদ আৰু সাধু-সন্তসকলৰ কৃপাত আপোনালোকৰ মাজত উপস্থিত হোৱাৰ সুযোগ মোৰ আগতেও হৈছিল। শিৱগিৰিত আহি আপোনালোকৰ আশীর্বাদ লোৱাৰ সৌভাগ্যও মোৰ হৈছে৷ মই যেতিয়াই শিৱগিৰিলৈ গৈছো, প্রত্যেকবাৰ মই আধ্যাত্মিক এই ভূমিৰ মাহাত্ম্য উপলব্ধি কৰিছো৷ মই আজি অতিশয় আনন্দিত যে শিৱগিৰি তীর্থযাত্রাৰ ৯০সংখ্যক বৰ্ষপূৰ্তি আৰু ব্রহ্ম বিদ্যালয়ৰ স্বৰ্ণ জয়ন্তী অনুষ্ঠানত মোক অংশগ্ৰহণৰ সুযোগ প্ৰদান কৰিলে৷ আপোনালোকৰ সৈতে মোৰ কেনে ধৰণৰ সম্পর্ক, সেয়া ময়ে নাজানো! কিন্তু, মই এই কথা কেতিয়াও পাহৰিব নোৱাৰো, যেতিয়া এক মর্মান্তিক দুর্ঘটনাই কেদাৰনাথজীৰ ওপৰত আঘাত হানিছিল। এই দুর্ঘটনাত সমগ্ৰ দেশৰ তীৰ্থযাত্ৰীসকলে জীৱন-মৃত্যুৰ সৈতে যুঁজ দিছিল৷ সেই সময়ত উত্তৰাখণ্ডত কংগ্রেছ চৰকাৰ আৰু দেশৰ প্রতিৰক্ষা মন্ত্রী আছিল শ্রী এ কে এণ্টনি৷ তদুপৰি, মই তেতিয়া গুজৰাটৰ মুখ্যমন্ত্রী আছিলো, শিৱগিৰি মঠৰ পৰা মোলৈ ফোন আহিছিল। ফোনতে খবৰ পালো কেদাৰনাথত বহু সাধু-সন্ত আৱদ্ধ হৈ পৰিছে৷ আনকি তেওঁলোকৰ সৈতে যোগাযোগ কৰাটোও অসম্ভৱ আছিল৷ শিৱগিৰি মঠৰ পৰা সেই ফোনত মোক কোৱা হৈছিল যে তেওঁলোকে কেদাৰনাথৰ পৰিস্থিতি সম্পর্কে একোৱেই নাজানে৷ সেয়েহে, তেওঁলোকক মোৰ সাহায্য প্রয়োজন। সেই ৰাজ্যত আৰু কেন্দ্রত শাসন ক্ষমতাত একেখন চৰকাৰ থকা সত্ত্বেও শিৱগিৰি মঠৰ পৰা মোৰ সাহায্য বিচৰা হৈছে- সেয়া মই কল্পনাও কৰিব পৰা নাছিলো৷ অৱশ্যে এয়া নাৰায়ণ গুৰুৰ কৃপা যে মই মহান কাম কৰাৰ সুযোগ পাইছিলো৷ কেৱল ইমানে নহয়, গুজৰাটত মোৰ ওচৰত সীমিত সম্পদ থকা সত্ত্বেও আৱদ্ধ সাধু-সন্তসকলক নিৰাপদে শিৱগিৰি মঠলৈ ঘূৰাই অনা হ’ল৷ শিৱগিৰি মঠৰ পৰা সেই ফোনে মোৰ মর্মস্পর্শ কৰিছিল আৰু মহৎ এই কর্মৰ বাবে মোকে বাছনি কৰাৰ বাবে মই আশীর্বাদধন্য হৈছিলো৷ আজি আৰু এটা পবিত্র মুহূর্তত মই আপোনালোকৰ সৈতে অংশগ্ৰহণ কৰাৰ সুযোগ পাইছো৷ শিৱগিৰি তীর্থযাত্রাৰ ৯০সংখ্যক বৰ্ষপূৰ্তি আৰু ব্রহ্ম বিদ্যালয়ৰ স্বৰ্ণ জয়ন্তী বর্ষ উদযাপন কেৱল এটা প্রতিষ্ঠানৰ আগুৱাই যোৱাৰ যাত্রা নহয়। আচলতে এয়া ভাৰতৰ সেই ধ্যান-ধাৰণাৰ এক চিৰন্তন যাত্রা, যি বিভিন্ন সময়ত বিভিন্ন ধৰণে দেশক আগুৱাই নিছে। ভাৰতৰ আদর্শক জীৱন্ত ৰাখি কেৰালাবাসীয়ে সদায় ভাৰতৰ আধ্যাত্মিক আৰু বিজ্ঞানধর্মী উন্নয়নৰ যাত্রাপথত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে৷ কেৱল ইমানেই নহয় প্রয়োজনৰ সময়ত কেৰালাবাসীয়ে অগ্রণী ভূমিকাও পালন কৰিছে৷ দশকৰ পৰ দশক ধৰি বার্কলাক দক্ষিণৰ কাশী বুলি কৈ আহিছে। কাশী দেশৰ উত্তৰৰে হওক বা দক্ষিণৰ, শিৱ চহৰ বাৰাণসীতে হওক বা বার্কলাৰ শিৱগিৰিত ভাৰতৰ আধ্যাত্মিক শক্তিৰ প্রতিটো কেন্দ্রৰ বাবেই দেশবাসীৰ হৃদয়ত বিশেষ স্থান আছে। এইবোৰ কেৱল তীর্থস্থান নহয়, আস্থাৰ কেন্দ্র নহয়, বৰঞ্চ এই সকলোবোৰ ‘এক ভাৰত, শ্রেষ্ঠ ভাৰত’ মানসিকতাৰ এক জাগ্রত প্রতিষ্ঠান। এই উপলক্ষে মই শ্রী নাৰায়ণ ধর্ম সংঘম ট্রাষ্ট, স্বামী সচ্চিদানন্দজী, স্বামী ৰিতাম্ভৰানন্দজী আৰু স্বামী গুৰুপ্রসাদজীক মোৰ আন্তৰিক অভিনন্দন জনাইছো৷ এই তীর্থযাত্রা আৰু ব্রহ্ম স্বৰ্ণ জয়ন্তী উদযাপনৰ মাজত কোটি কোটি ভক্তৰ চিৰন্তন আস্থা আৰু অবিৰাম প্রয়াস জড়িত আছে। মই শ্রী নাৰায়ণ গুৰুৰ সকলো অনুগামী আৰু ভক্তক শুভেচ্ছা জনাইছো৷ আজি মই যেতিয়া সাধু-সন্ত আৰু গুণী আত্মাৰ মাজত পুনৰবাৰ উপস্থিত হোৱাৰ সুযোগ পাইছো, তেতিয়া মই এইকথা ক’ব বিচাৰো যে ভাৰতৰ বিশেষত্বই হ’ল সমাজৰ চেতনা যেতিয়া দুর্বল হৈ গৈ থাকে আৰু আধাৰৰ পৰিধি সম্প্ৰসাৰিত তেতিয়া নতুন আশাৰ আলোক লৈ গুণী আত্মাৰ আৱিৰ্ভাৱ হয়৷। বিশ্বৰ বহু দেশ আৰু সভ্যতা যেতিয়া ধর্মৰ পৰা বিচ্যুত হয়, তেতিয়া আধ্যাত্মিকতাবাদৰ স্থান লয় বস্তুবাদে। সেয়েহে, শূন্যতাৰ কোনো অস্তিত্ব নাই, বস্তুবাদে শূন্যতা পৰিপূর্ণ কৰে৷ কিন্তু এইবোৰৰ পৰা ভাৰত সম্পূর্ণ পৃথক। ভাৰতৰ সাধু-সন্ত আৰু গুৰু সকলে সদায় তেওঁলোকৰ চিন্তাভাৱনা আৰু ধ্যান-ধাৰণাৰে সংশোধন কৰিছে৷ শ্রী নাৰায়ণ গুৰুয়ে আধুনিকতাৰ কথা কৈছে। একেদৰে, তেওঁ ভাৰতীয় সংস্কৃতি আৰু মূল্যবোধক সমৃদ্ধ কৰিবলৈ নিৰন্তৰ কাম কৰি গৈছে৷ তেওঁ এফালে যেনেকৈ শিক্ষা আৰু বিজ্ঞানৰ কথা কৈছে, আনফালে আকৌ আমাৰ হাজাৰ হাজাৰ বছৰৰ প্রাচীণ ধর্ম আৰু আস্থাৰ প্রতি ঐতিহ্যৰ কথাও গৌৰৱান্বিত কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। আজি শিৱগিৰি মন্দিৰৰ জৰিয়তে বৈজ্ঞানিক চিন্তাভাৱনাৰ উত্থান হৈছে৷ আনকি সাৰদা মঠতো দেৱী সৰস্বতীৰ পূজা-অৰ্চনা হৈছে৷ নাৰায়ণ গুৰুজী ধর্মচাৰণত পৰিমার্জন কৰিছে আৰু সময়ৰ লগে লগে তাত পৰিৱর্তন আনিছে৷ নাৰায়ণ গুৰুজীয়ে সমাজৰ কু-সংস্কাৰৰ বিৰুদ্ধে যুঁজ দিছিল আৰু সমগ্র দেশক বাস্তৱতাৰ সম্পর্কে অৱগত কৰিছে৷ কিন্তু সেই সময় পৰিস্থিতি অনুকূল নাছিল৷ কু-সংস্কাৰৰ বিৰুদ্ধে যুঁজ দিয়াটো সহজ কাম নাছিল৷ কিন্তু আজি আমি এইকথা কল্পনাও কৰিব নোৱাৰো যে নাৰায়ণ গুৰুজীয়ে সেয়া কৰিবলৈ সক্ষম হৈছিল৷ তেওঁ জাতি বৈষম্যৰ বিৰুদ্ধেও যুঁজ দিছিল৷ আজি নাৰায়ণ গুৰুজীৰ সেই আদর্শত অনুপ্রাণিত হৈ দেশ দৰিদ্র, পিছপৰা আৰু বঞ্চিত লোকসকলৰ সেৱা কৰা হৈছে। এওঁলোকৰ প্রত্যেককে তেওঁলোকৰ প্রাপ্য অধিকাৰক আমি অগ্রাধিকাৰ প্ৰদান কৰিছো৷ সেইবাবে দেশে আজি ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্রয়াস’ মন্ত্ৰৰে আগুৱাই গৈছে৷ বন্ধুসকল, শ্রী নাৰায়ণ গুৰুজী কেৱল আধ্যাত্মিক চেতনাৰ অংগ নাছিল, তেওঁ আছিল আধ্যাত্মিক প্রেৰণাৰ এক উজ্বল জ্যোতিষ্ক। এইটো সঁচা যে শ্রী নাৰায়ণ গুৰুজী আছিল এগৰাকী সমাজ সংস্কাৰ, চিন্তাবিদ আৰু দূৰদৃষ্টিসম্পন্ন ব্যক্তিত্ব। তেওঁ সময়ৰ তুলনাত বহু আগুৱাইছিল৷ তেওঁ ভৱিষ্যৎ উপলব্ধি কৰিব পাৰিছিল৷ তেওঁ আছিল এক প্রগতিশীল চিন্তাবিদ তথা প্রকৃত সংস্কাৰক। তেওঁ কৈছিল যে আমি ইয়াত জোৰ কৰি একো কাঢ়ি নিয়াৰ বাবে অহা নাই। আমি জানিবলৈ আৰু শিকিবলৈ আহিছো৷ তেওঁ জানিছিল বিতৰ্কৰে সমাজত পৰিৱর্তন অনাটো অসম্ভৱ। সমাজৰ পৰিৱর্তন সম্ভৱ মানুহৰ সৈতে কাম কৰি, তেওঁলোকৰ অনুভূতি উপলব্ধি কৰি আৰু আমাৰ অনুভূতি তেওঁলোকক উপলব্ধি কৰাৰ মাধ্যমেৰে৷ তেওঁ কৈছিল আমি যেতিয়াই অন্য কোনো ব্যক্তিৰ সৈতে তর্ক-বিতর্ক আৰম্ভ কৰো, তেতিয়া উভয় পক্ষই নিজৰ যুক্তি প্রতিষ্ঠাৰ বাবে আৰু তর্ক-বিতর্ক কৰে৷ কিন্তু যেতিয়া আমি অন্য কোনো ব্যক্তিক বুজাৰ চেষ্টা কৰো, তেতিয়া সেই ব্যক্তিও আমাক উপলব্ধি কৰাৰ চেষ্টা কৰে৷ নাৰায়ণ গুৰুজীয়ে সদায় এই নীতিকে অনুসৰণ কৰিছিল৷ তেওঁ আনৰ অনুভূতি বুজাৰ চেষ্টা কৰিছে আৰু সেই অনুসৰি, মতামত দিছে৷ আমি যেতিয়া সমাজ সংস্কাৰৰ পথত যাত্রা আৰম্ভ কৰো, তেতিয়া নিজা উন্নতিৰ চেতনাও সমাজত জাগ্রত হয়। উদাহৰণস্বৰূপ ক’ব পাৰি আমাৰ চৰকাৰে ‘বেটি বঁচাও, বেটি পঢ়াও’ অভিযান আৰম্ভ কৰিছে। আগতেও দেশত এনে বহু আইন আছিল। কিন্তু, কন্যা শিশুৰ সংখ্যা বৃদ্ধিৰ ঘটনা শেহতীয়া বছৰসমূহত প্রতিফলিত হৈছে। চৰকাৰে সঠিক বিষয় সম্পর্কে সমাজক সজাগত কৰা আৰু অনুকূল পৰিৱেশ গঢ়ি তোলাৰ ফলত এইটো সম্ভৱ হৈছে৷ সাধাৰণ মানুহে যেতিয়া এইটো উপলব্ধি কৰিছে যে চৰকাৰে সঠিক কামেই কৰিছে, তেতিয়াৰ পৰাই পৰিস্থিতি দ্রুত উন্নতি ঘটিছে। ‘সবকা প্রয়াস’ প্ৰচেষ্টাৰ ফল আজি প্রকৃতাৰ্থত আমাৰ সন্মুখত প্রতিফলিত হৈছে। এয়াই সমাজৰ অগ্রগতিৰ একমাত্র উপায়। সেয়েহে, আমি যিমানে শ্রী নাৰায়ণ গুৰুজী সম্পর্কে পঢ়িম, জানিম আৰু উপলব্ধি কৰিম আমাৰ বিকাশৰ পথ সিমানেই সুগম হ’ব। বন্ধুসকল, শ্ৰী নাৰায়ণ গুৰুজীয়ে কৈছিল “औरु जाथि औरु मथम औरु दैवं मनुष्यानु”। শ্রী নাৰায়ণ গুৰুজীয়ে এক জাতি, এক ধর্ম আৰু এক ঈশ্বৰৰ কথা কৈছিল৷ সেয়েহে আমি যদি নাৰায়ণ গুৰুজীৰ এই মতাদর্শ গভীৰভাবে অনুভৱ কৰো, তেতিয়াহ’লে ইয়াৰ জৰিয়তে যি বার্তা নিহিত হৈ আছে, সেয়া উপলব্ধি কৰিব পাৰিম। তেওঁৰ এই বার্তাই আত্মনির্ভৰ ভাৰত গঢ়াৰ পথ আৰু অধিক সুগম কৰিব। শ্রী নাৰায়ণ গুৰুজীৰ এক জাতি, এক ধর্ম আৰু এক ঈশ্বৰৰ আদর্শই আমাৰ দেশপ্রেমৰ চেতনাক এক নতুন আধ্যাত্মিক মাত্রা প্ৰদান কৰে। আমাৰ দেশপ্রেম কেৱল ক্ষমতা প্রদর্শন নহয়, বৰঞ্চ আমাৰ দেশাত্মবোধ ভাৰত মাতাৰ পুজা কৰা তথা দেশবাসীৰ সেৱাত ব্রতী থকা৷ আমি এই উপলব্ধিৰে যদি আগুৱাই যাও আৰু শ্রী নাৰায়ণ গুৰুজীৰ বার্তা অনুসৰণ কৰো, তেতিয়া হ’লে বিশ্বৰ কোনো শক্তিয়ে ভাৰতীয়সকলৰ মাজত বিভেদ সৃষ্টি কৰিব নোৱাৰে। আমি এইটো কথাও জানো যে ভাৰতীয়সকলে যদি সংঘবদ্ধ হয়, তেতিয়া হ’লে কোনো লক্ষ্যই আমাৰ বাবে অসম্ভৱ নহয়। বন্ধুসকল, শ্রী নাৰায়ণ গুৰুজীয়ে স্বাধীনতাৰ বহুত আগতেই তীর্থযাত্রাৰ পৰম্পৰাৰ আৰম্ভ কৰিছল৷ দেশে এতিয়া স্বাধীনতা লাভৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে অমৃত মহোৎসৱ উদযাপন কৰিছে। ঠিক একে সময়তে আমি এইটোও স্মৰণ কৰিম যে আমাৰ স্বাধীনতা সংগ্রাম কেৱল প্রতিবাদ আৰু ৰাজনৈতিক ৰণকৌশলৰ মাজতে সীমাবদ্ধ নাছিল৷ এই সংগ্রাম কেবল দাসত্বৰ বান্ধোনৰ পৰা মুক্ত কৰাই নহয়, বৰঞ্চ কিদৰে চিন্তাভাৱনা আৰু আলোচনাৰ জৰিয়তে আমি দেশক স্বাধীন কৰিব পাৰো, সেই দিশতো গুৰুত্ব দিয়া হৈছিল। এইদৰেই আমাৰ স্বাধীনতা সংগ্রামৰ সময়ৰ পৰা বহু চিন্তাভাৱনা আৰু আদর্শৰ সূচনা হৈছে৷ আমি প্রতিটো যুগতে নতুন চিন্তাবিদ পাইছো। আনকি, ভাৰতৰ বাবে সৃজনশীল ধ্যান-ধাৰণা আৰু দৃষ্টিভংগীও পাইছো। দেশৰ বিভিন্ন অংশৰ পৰা নেতাসকল আৰু মহান ব্যক্তিসকলে এজনে আনজনৰ সৈতে সাক্ষাৎ কৰিছিল আৰু পৰস্পৰে পৰস্পৰৰ পৰা জনাৰ চেষ্টা কৰিছিল। বর্তমান প্রযুক্তিৰ যুগত আমাৰ বাবে এনে ভবাটো অতি সহজ৷ সেই সময়ত ছ’চিয়েল মিডিয়া আৰু ম’বাইলো নাছিল৷ তৎসত্ত্বেও কিদৰে আধুনিক ভাৰতৰ ৰূপৰেখা প্রণয়ন কৰিব পৰা যায়, তাক লৈ মহান নেতাসকল আৰু চিন্তাবিদসকল মগ্ন আছিল৷ আপোনালোকে জানে যে দেশৰ পূব প্রান্তৰ পৰা গুৰুদেব ৰবীন্দ্রনাথ ঠাকুৰে ১৯২২ চনত দেশৰ দক্ষিণ প্রান্তলৈ আহি নাৰায়ণ গুৰুজীক সাক্ষাৎ কৰিছিল৷ সাক্ষাতৰ পাছত গুৰুদেৱে কৈছিল, আজিলৈকে মই নাৰায়ণ গুৰুজীৰ দৰে মহান আৰু কোনো আধ্যাত্মিক ব্যক্তিত্বৰ সংস্পর্শলৈ অহা নাই৷ ১৯২৫চনত দেশৰ পশ্চিমপ্রান্তত গুজৰাটৰ পৰা মহাত্মা গান্ধী ইয়ালৈ আহিছিল৷ তেওঁ শ্রী নাৰায়ণ গুৰুজীক সাক্ষাৎ কৰিছিল৷ এই সাক্ষাতে গান্ধীজীক ব্যাপক ধৰণে প্রভাৱিত কৰিছিল। আনকি, স্বয়ং স্বামী বিবেকানন্দও ইয়ালৈ আহি নাৰায়ণ গুৰুজীৰ সান্নিধ্য লৈছিল৷ অসংখ্য মহান ব্যক্তিত্বই নাৰায়ণ গুৰুজীৰ চৰণলৈ অহাৰ সৌভাগ্য পাইছে৷ তেওঁলোকৰ সৈতে বিভিন্ন বিষয়ত গভীৰ আলাপ-আলোচনা হৈছে৷ আচলতে শ শ বছৰৰ দাসত্বৰ পাছত নাৰায়ণ গুৰুজীৰ সৈতে এই সকলো আলোচনা আছিল এখন নতুন ভাৰত নিৰ্মাণ বীজ ৰোপণৰ দৰে৷ অসংখ্য সামাজিক, ৰাজনৈতিক আৰু আধ্যাত্মিক ব্যক্তিত্ব একত্রিত হৈ দেশত সজাগতাৰ বার্তা প্রচাৰ কৰিছে আৰু দেশক সঠিক দিশত আগুৱাই নিবলৈ সকলোকে উজ্জীৱিত কৰিছিল৷ আজি আমি যিখন ভাৰতক দেখিছো স্বাধীনতাৰ ৭৫ বছৰত যি যাত্রাপথ আমি দেখিছো, সেই সকলোবোৰে মহান আৰু ব্যক্তিত্বৰ সুচিন্তিত আৰু সুপৰিকল্পিত চিন্তাভাৱনাৰ ফল৷ বন্ধুসকল, স্বাধীনতাৰ সময়ত আমাৰ সাধু-সন্তসকলে যি দিক নিৰ্দেশা কৰিছিল, ভাৰতে আজি সেই লক্ষ্য পূৰণৰ পথত আগুৱাই গৈছে। এতিয়া আমাৰ নতুন লক্ষ্য আৰু নতুন সংকল্প গ্রহণ কৰাৰ সময়৷ দেশে ২৫বছৰৰ পাছত স্বাধীনতা লাভৰ শতবর্ষ উদযাপন কৰিব। ১০বছৰ পাছত আমি শিৱগিৰি তীর্থযাত্রাৰ শতবার্ষিকী উদযাপন কৰিম। শতবর্ষৰ এই যাত্রাপথত আমাৰ সাফল্যসমূহ সমগ্ৰ বিশ্বত প্ৰসাৰিত কৰিব লাগিব৷ একেদৰে আমাৰ চিন্তাভাৱনাও বিশ্ব কল্যাণৰ স্বার্থত হ’ব লাগিব৷ ভাই-ভনীসকল, আজি সমগ্র বিশ্বই বহু অভিন্ন প্ৰত্যাহ্বান আৰু সংকটৰ সন্মুখীন হৈছে। ক’ৰোনা মহামাৰীৰ সময়ত আমি ইয়াৰ আভাস পাইছো। সমগ্র মানৱজাতিৰ ভৱিষ্যৎ প্রশ্নৰ উত্তৰ কেৱল ভাৰতৰ অভিজ্ঞতা আৰু ভাৰতৰ সাংস্কৃতিক সম্ভাৱনাৰ পৰাই পাব পাৰি৷ আধ্যাত্মিক গুৰুসকলৰ মহান পৰম্পৰাই এই ক্ষেত্রত ডাঙৰ ভূমিকা পালন কৰিব পাৰে৷ আমাৰ নতুন প্রজন্মই আধ্যাত্মিক উপদেশ আৰু শিৱগিৰি তীর্থযাত্রাৰ মহৎ প্রয়াসৰ পৰা বহু কথা শিকিব পাৰে৷ শিৱগিৰি তীর্থযাত্রাৰ সদায়েই অব্যাহত থাকিব বুলি মোৰ বিশ্বাস। সৰ্বাংগীন কল্যাণ, একতা আৰু প্রগতিশীলতাৰ প্রতীক এই তীর্থযাত্রাই ভাৰতক ইয়াৰ গন্তব্যত উপনীত কৰাৰ এক উপযুক্ত মাধ্যম হৈ উঠিব। আপোনালোক সকলো ইয়াত উপস্থিত হৈছে, সেইবাবে মই আপোনালোকক আন্তৰিক কৃতজ্ঞতা জনাইছো। আপোনালোকৰ সকলো সপোন আৰু দৃঢ় সংকল্পৰ সৈতে জড়িত হ’ব পাৰিলে মই নিজকে সৌভাগ্যবান বুলি ভাৱিম৷ আপোনালোক সকলোকে আদৰণি জনাইছো৷ পুনৰবাৰ সকলোকে ধন্যবাদ জনাইছো৷ | শিৱগিৰি তীর্থ যাত্রাৰ ৯০সংখ্যক বৰ্ষপূৰ্তি আৰু ব্রহ্ম বিদ্যালয়ৰ স্বৰ্ণ জয়ন্তী বর্ষ উপলক্ষে প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবা |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A6%BE%E0%A7%B0%E0%A6%BF%E0%A6%95%E0%A7%B0%E0%A7%80-%E0%A6%86%E0%A6%AD%E0%A7%8D%E0%A6%AF%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%B0%E0%A7%80%E0%A6%A3-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%B6/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A6%BE%E0%A7%B0%E0%A6%BF%E0%A6%95%E0%A7%B0%E0%A7%80-%E0%A6%86%E0%A6%AD%E0%A7%8D%E0%A6%AF%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%B0%E0%A7%80%E0%A6%A3-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%B6/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত “কাৰিকৰী আভ্যন্তৰীণ প্ৰশিক্ষণ কাৰ্যসূচী (TITP)” সন্দৰ্ভত ভাৰত আৰু জাপানৰ মাজত প্ৰস্তাৱিত বুজাবুজি চুক্তি স্বাক্ষৰৰ বাবে অনুমোদন জনোৱা হয়। অহা ১৬-১৮ অক্টোবৰ, ২০১৭ত দক্ষতা বিকাশ আৰু ঔদ্যোগিক মন্ত্ৰীৰ টকিঅ’ ভ্ৰমণৰ সময়তে এই বুজাবুজি চুক্তিখন স্বাক্ষৰ কৰা হ’ব। কাৰিকৰী আভ্যন্তৰীণ প্ৰশিক্ষণ কাৰ্যসূচী হৈছে এক অভিলাষী কাৰ্যসূচী, যাৰ অধীনত তিনিৰ পৰা পাঁচ বছৰৰ বাবে ভাৰতীয় কাৰিকৰী প্ৰশিক্ষাৰ্থীক জাপানলৈ প্ৰশিক্ষণ গ্ৰহণৰ বাবে পঠোৱা হ’ব। এই বুজাবুজি চুক্তিখনে দুয়ো দেশৰ দ্বিপাক্ষিক সহযোগিতাৰ লগতে দক্ষতা বিকাশৰ পথ সুগম কৰিব। | “কাৰিকৰী আভ্যন্তৰীণ প্ৰশিক্ষণ কাৰ্যসূচী” সন্দৰ্ভত ভাৰত আৰু জাপানৰ মাজত প্ৰস্তাৱিত বুজাবুজি চুক্তিত কেবিনেটৰ অনুমোদন |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A6%BF%E0%A6%B2%E0%A6%99%E0%A6%A4-%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0-%E0%A6%AA%E0%A7%82%E0%A6%AC-%E0%A6%AA%E0%A7%B0%E0%A6%BF%E0%A6%B7%E0%A6%A6%E0%A7%B0/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A6%BF%E0%A6%B2%E0%A6%99%E0%A6%A4-%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0-%E0%A6%AA%E0%A7%82%E0%A6%AC-%E0%A6%AA%E0%A7%B0%E0%A6%BF%E0%A6%B7%E0%A6%A6%E0%A7%B0/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্বিলঙত উত্তৰ-পূব পৰিষদৰ বৈঠকত ভাষণ আগবঢ়ায়৷ ১৯৭২ চনত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা উত্তৰ-পূব পৰিষদৰ সোণালী জয়ন্তী উদযাপন উপলক্ষে এই বৈঠক আয়োজন কৰা হয়। উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নত উত্তৰ-পূব পৰিষদৰ অৱদানৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে উত্তৰ-পূব পৰিষদৰ এই সোণালী জয়ন্তী আজাদী কা অমৃত মহোৎসৱৰ সমান্তৰালভাৱে উদযাপন কৰা হৈছে। অঞ্চলটোৰ ৮খন ৰাজ্যক অষ্ট লক্ষ্মী বুলি অভিহিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে চৰকাৰে ইয়াৰ উন্নয়নৰ বাবে ৮টা আধাৰ স্তম্ভৰ ওপৰত কাম কৰিব লাগে, সেয়া হৈছে শান্তি, শক্তি, পৰ্যটন, ৫জি সংযোগ, সংস্কৃতি, প্ৰাকৃতিক কৃষি, ক্ৰীড়া, সম্ভাৱনা। প্ৰধানমন্ত্ৰীয়ে কয় যে উত্তৰ-পূব আমাৰ দক্ষিণ-পূব এছিয়াৰ প্ৰৱেশদ্বাৰ আৰু সমগ্ৰ অঞ্চলটোৰ উন্নয়নৰ কেন্দ্ৰ হ’ব পাৰে। অঞ্চলটোৰ এই সম্ভাৱনাক বাস্তৱায়িত কৰিবলৈ ভাৰত-ম্যানমাৰ-থাইলেণ্ড ত্ৰিপাক্ষিক ঘাইপথ আৰু আগৰতলা-আখৌৰা ৰে’ল প্ৰকল্পৰ দৰে প্ৰকল্পৰ কাম চলি আছে। প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে ‘লুক ইষ্ট’ নীতিক ‘এক্ট ইষ্ট’লৈ ৰূপান্তৰিত কৰিছে এতিয়া ইয়াৰ নীতি হৈছে ‘এক্ট ফাষ্ট ফৰ নৰ্থইষ্ট’ আৰু ‘এক্ট ফাৰ্ষ্ট ফৰ নৰ্থইষ্ট।’ তেওঁ কয় যে অঞ্চলটোত বহু শান্তি চুক্তি স্বাক্ষৰিত হৈছে, আন্তঃৰাজ্যিক সীমা চুক্তি কৰা হৈছে আৰু উগ্ৰবাদ লক্ষণীয়ভাৱে হ্ৰাস পাইছে। কাৰ্বন নিৰ্গমণ শূন্য কৰাৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ বিষয়ে আলোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে উত্তৰ-পূব জলবিদ্যুতৰ শক্তি কেন্দ্ৰ হ’ব পাৰে। ইয়াৰ ফলত অঞ্চলটোৰ ৰাজ্যসমূহৰ শক্তি ৰাহি হ’ব, উদ্যোগ সম্প্ৰসাৰণত সহায়ক হ’ব আৰু বৃহৎ সংখ্যক চাকৰিৰ সৃষ্টি হ’ব। অঞ্চলটোৰ পৰ্যটন সম্ভাৱনাৰ বিষয়ে আলোচনা কৰি তেওঁ কয় যে অঞ্চলটোৰ সংস্কৃতি আৰু প্ৰকৃতি দুয়োটাই সমগ্ৰ বিশ্বৰ পৰা পৰ্যটকক আকৰ্ষণ কৰি আছে। তেওঁ লগতে কয় যে অঞ্চলটোতো পৰ্যটনস্থলী চিনাক্ত আৰু বিকাশ সাধন কৰা হৈছে। তেওঁ ১০০খন বিশ্ববিদ্যালয়ৰ পৰা উত্তৰ-পূবলৈ ছাত্ৰ-ছাত্ৰী প্ৰেৰণৰ বিষয়েও আলোচনা কৰে, যিয়ে বিভিন্ন অঞ্চলৰ লোকসকলক ওচৰ চপাই অনাত সহায় কৰিব। এই ছাত্ৰ-ছাত্ৰীসকলে তেতিয়া অঞ্চলটোৰ ৰাষ্ট্ৰদূত হৈ পৰিব৷ অঞ্চলটোত যোগাযোগ ব্যৱস্থাত উদ্গনি যোগোৱাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কেইবাটাও দশকৰ পৰা বাকী থকা আইকনিক দলং প্ৰকল্পসমূহ এতিয়া সম্পূৰ্ণ হৈছে। বিগত ৮ বছৰত অঞ্চলটোৰ বিমানবন্দৰৰ সংখ্যা ৯ৰ পৰা ১৬লৈ বৃদ্ধি হৈছে আৰু বিমান উৰণৰ সংখ্যা ২০১৪ চনৰ পূৰ্বৰ প্ৰায় ৯০০ৰ পৰা প্ৰায় ১৯০০ চনলৈ বৃদ্ধি পাইছে। উত্তৰ-পূবৰ বহু ৰাজ্যই প্ৰথমবাৰৰ বাবে ৰে’লৱে মেপৰ আওতালৈ আহিছে আৰু জলপথসমূহ সম্প্ৰসাৰণৰ বাবেও প্ৰচেষ্টা হাতত লোৱা হৈছে। অঞ্চলটোত ২০১৪ চনৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘ্য ৫০% বৃদ্ধি পাইছে। তেওঁ কয় যে পি এম-ডেভাইন আঁচনিৰ আৰম্ভণিৰ লগে লগে উত্তৰ-পূবৰ আন্তঃগাঁথনি প্ৰকল্পসমূহে অধিক গতি লাভ কৰিছে। তেওঁ লগতে কয় যে চৰকাৰে অপ্টিকেল ফাইবাৰ নেটৱৰ্ক বৃদ্ধি কৰি উত্তৰ-পূৰ্বাঞ্চলত ডিজিটেল সংযোগৰ উন্নয়নৰ দিশত কাম কৰি আছে। আত্মনিৰ্ভৰ ৫জি আন্তঃগাঁথনিৰ উন্নয়নৰ বিষয়ে কোৱাৰ সময়ত তেওঁ কয় যে ৫জিয়ে অঞ্চলটোৰ ষ্টাৰ্টআপ ইক’চিষ্টেম, সেৱা খণ্ড আদিৰ অধিক উন্নয়নত সহায় কৰিব। তেওঁ কয় যে উত্তৰ-পূবক কেৱল অৰ্থনৈতিক বিকাশৰ কেন্দ্ৰই নহয়, সাংস্কৃতিক বিকাশৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। অঞ্চলটোৰ কৃষি সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰাকৃতিক কৃষিৰ পৰিসৰৰ ওপৰত আলোকপাত কৰে, য’ত উত্তৰ-পূবে অগ্ৰণী ভূমিকা ল’ব পাৰে। তেওঁ কয় যে কৃষি উড়ানৰ জৰিয়তে অঞ্চলটোৰ কৃষকসকলে সমগ্ৰ দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তলৈও নিজৰ উৎপাদিত সামগ্ৰী প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে। তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক খাদ্য তেল সম্পৰ্কীয় ৰাষ্ট্ৰীয় অভিযান- অইল পামত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে কেনেকৈ ড্ৰ’নে কৃষকসকলক ভৌগোলিক প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাত সহায় কৰিব পাৰে আৰু তেওঁলোকৰ উৎপাদিত সামগ্ৰী বজাৰত প্ৰৱেশ কৰাত সহায় কৰিব পাৰে, সেই বিষয়ে কয়৷ ক্ৰীড়াৰ ক্ষেত্ৰত অঞ্চলটোৰ অৱদানৰ বিষয়ে আলোচনা কৰি তেওঁ কয় যে উত্তৰ-পূবৰ ভাৰতৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয়ৰ উন্নয়নৰ জৰিয়তে অঞ্চলটোৰ ক্ৰীড়াবিদসকলক সহায় আগবঢ়োৱাৰ দিশত চৰকাৰে কাম কৰি আছে। তদুপৰি অঞ্চলটোৰ ৮খন ৰাজ্যত ২০০ৰো অধিক খেলো ইণ্ডিয়া চেণ্টাৰৰ অনুমোদন পোৱা গৈছে আৰু অঞ্চলটোৰ বহু খেলুৱৈয়ে টপছ(TOPS) আঁচনিৰ অধীনত সুবিধা লাভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ জি-২০ অধ্যক্ষতাৰ বিষয়েও উল্লেখ কৰি কয় যে এই বৈঠকত সমগ্ৰ বিশ্বৰ পৰা উত্তৰ-পূবলৈ অহা লোকসকল আহিব। অঞ্চলটোৰ প্ৰকৃতি, সংস্কৃতি আৰু সম্ভাৱনা প্ৰদৰ্শনৰ বাবে এয়া এক উপযুক্ত সুযোগ হ’ব বুলিও তেওঁ কয়। | শ্বিলঙত উত্তৰ-পূব পৰিষদৰ বৈঠকত প্ৰধানমন্ত্ৰীৰ ভাষ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A7%A8%E0%A7%AB-%E0%A6%85%E0%A6%95%E0%A7%8D%E0%A6%9F/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A7%A8%E0%A7%AB-%E0%A6%85%E0%A6%95%E0%A7%8D%E0%A6%9F/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২১ চনৰ ২৫ অক্টোবৰত উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে নিশা প্ৰায় ১০.৩০ বজাত সিদ্ধাৰ্থনগৰত উত্তৰ প্ৰদেশৰ নখন চিকিৎসা মহাবিদ্যালয় উদ্বোধন কৰিব। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে দুপৰীয়া প্ৰায় ১.১৫ বজাত বাৰাণসীত আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ শুভাৰম্ভ কৰিব। তেওঁ বাৰাণসীৰ বাবে ৫২০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পও উদ্বোধন কৰিব। সমগ্ৰ ভাৰতৰ স্বাস্থ্য সেৱা আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযান দেশৰ অন্যতম বৃহৎ আঁচনি হ'ব। আঁচনিখন ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ উপৰিও হ'ব। আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ লক্ষ্য হৈছে জনস্বাস্থ্য আন্তঃগাঁথনিৰ ত্ৰুটিবোৰ দূৰ কৰা, বিশেষকৈ নগৰ আৰু গ্ৰাম্য অঞ্চলত ঘনিষ্ঠ যত্ন আৰু প্ৰাথমিক যত্নৰ ক্ষেত্ৰত। এই আঁচনিখনে বিশেষভাৱে চিনাক্ত কৰা ১০ খন ৰাজ্যৰ ১৭,৭৮৮ টা গ্ৰাম্য স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰক সমৰ্থন কৰিব। ইয়াৰ উপৰিও, সকলো ৰাজ্যতে ১১,০২৪ টা নগৰ স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ স্থাপন কৰা হ'ব। ৫ লাখতকৈ অধিক জনসংখ্যা থকা ৰাজ্যৰ সকলো জিলাতে একচেটিয়া ক্ৰিটিকেল কেয়াৰ হস্পিটেল ব্লকৰ জৰিয়তে নিবিড় যত্ন সেৱা থাকিব, আনহাতে বাকী জিলাবোৰ ৰেফাৰেল সেৱাৰ জৰিয়তে সামৰি লোৱা হ'ব। সমগ্ৰ দেশৰ পৰীক্ষাগাৰৰ এক নেটৱৰ্কৰ জৰিয়তে, লোকসকলে ৰাজহুৱা স্বাস্থ্য সেৱা প্ৰণালীত এক সম্পূৰ্ণ পৰিসৰৰ নিদানিক সেৱা প্ৰদান কৰিবলৈ সক্ষম হ'ব। সকলো জিলাতে ইণ্টিগ্ৰেটেড পাব্লিক হেল্থ লেবৰেটৰী স্থাপন কৰা হ'ব। আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত, ৰাষ্ট্ৰীয় এক স্বাস্থ্য প্ৰতিষ্ঠান, ৪ টা নতুন ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান সংস্কাৰ, বিশ্ব স্বাস্থ্য সংস্থা দক্ষিণ পূব এছিয়া অঞ্চলৰ বাবে এক আঞ্চলিক গৱেষণা মঞ্চ, ৯ টা জৈৱ সুৰক্ষা স্তৰৰ তৃতীয় পৰীক্ষাগাৰ আৰু দেশৰ বিভিন্ন অঞ্চলত ৫ টা নতুন ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰ স্থাপন কৰা হ'ব। আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ লক্ষ্য হৈছে খণ্ড, জিলা, আঞ্চলিক আৰু মহানগৰীয় অঞ্চলত ৰাষ্ট্ৰীয় পৰ্যায়ৰ নিৰীক্ষণ পৰীক্ষাগাৰৰ নেটৱৰ্ক বিকশিত কৰি এক তথ্য প্ৰযুক্তি সক্ষম ৰোগ নিৰীক্ষণ প্ৰণালী গঢ়ি তোলা। সকলো ৰাজহুৱা স্বাস্থ্য পৰীক্ষাগাৰক সংযোগ কৰিবলৈ সকলো ৰাজ্য/ইউটিলৈ একত্ৰিত স্বাস্থ্য তথ্য পৰ্টেল সম্প্ৰসাৰিত কৰা হ'ব। আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি মিছনৰ লক্ষ্য হৈছে ১৭ টা নতুন ৰাজহুৱা স্বাস্থ্য গোট পৰিচালনা কৰা আৰু জনস্বাস্থ্যৰ জৰুৰীকালীন অৱস্থা আৰু ৰোগৰ প্ৰাদুৰ্ভাৱ কাৰ্যকৰীভাৱে চিনাক্ত, অনুসন্ধান আৰু প্ৰতিৰোধ কৰাৰ বাবে প্ৰৱেশ পইণ্টত ৩৩টা বিদ্যমান ৰাজহুৱা স্বাস্থ্য গোট শক্তিশালী কৰা। ই যিকোনো ৰাজহুৱা স্বাস্থ্য জৰুৰীকালীন অৱস্থাৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰয়োজনীয় ফ্ৰণ্টলাইন প্ৰশিক্ষিত স্বাস্থ্য কৰ্মীসকলক প্ৰস্তুত কৰাৰ দিশতও কাম কৰিব। উদ্বোধন কৰিবলগা নখন চিকিৎসা মহাবিদ্যালয় সিদ্ধাৰ্থনগৰ, ইটা, হাৰদোই, প্ৰতাপগড়, ফতেহপুৰ, দেওৰিয়া, গাজীপুৰ, মিৰ্জাপুৰ আৰু জৌনপুৰ জিলাত অৱস্থিত। কেন্দ্ৰীয় পৃষ্ঠপোষকতা কৰা আঁচনি "জিলা/জিলা/ ৰেফাৰেল চিকিৎসালয়ৰ সৈতে সম্পৰ্কিত নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে ৮খন চিকিৎসা মহাবিদ্যালয় ৰখাৰ বাবে অনুমোদন জনোৱা হৈছে আৰু জৌনপুৰত এখন চিকিৎসা মহাবিদ্যালয় ৰাজ্য চৰকাৰে নিজৰ সম্পদৰ জৰিয়তে স্থাপন কৰিছে আৰু কাম কৰাও আৰম্ভ কৰিছে। কেন্দ্ৰীয় পৃষ্ঠপোষকতা আঁচনিৰ অধীনত, পিছপৰা আৰু উচ্চাকাংক্ষী জিলাসমূহৰ লগতে যিবোৰ জিলাত সুবিধা উপলব্ধ নহয় সেইবোৰক অগ্ৰাধিকাৰ দিয়া হয়। এই আঁচনিৰ উদ্দেশ্য হৈছে স্বাস্থ্য কৰ্মীৰ উপলব্ধতা বৃদ্ধি কৰা, চিকিৎসা মহাবিদ্যালয়বিতৰণত বিদ্যমান ভৌগোলিক ভাৰসাম্যহীনতা উন্নত কৰা আৰু জিলা চিকিৎসালয়সমূহৰ বিদ্যমান আন্তঃগাঁথনিৰ কাৰ্যকৰী ব্যৱহাৰ। আঁচনিখনৰ তিনিটা পৰ্যায়ৰ অধীনত, সমগ্ৰ দেশত ১৫৭ খন নতুন চিকিৎসা মহাবিদ্যালয় অনুমোদিত হৈছে, যাৰ ভিতৰত ৬৩ খন চিকিৎসা মহাবিদ্যালয় ইতিমধ্যে চলি আছে। অনুষ্ঠানটোত ৰাজ্যপাল আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীও উপস্থিত থাকিব। | প্ৰধানমন্ত্ৰীয়ে ২৫ অক্টোবৰত উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব আৰু আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযান আৰম্ভ কৰিব |
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A8%E0%A7%AE-%E0%A6%9C%E0%A6%BE%E0%A6%A8%E0%A7%81%E0%A7%B1%E0%A6%BE%E0%A7%B0%E0%A7%80%E0%A6%A4-%E0%A6%95%E0%A6%BE%E0%A7%B0%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A6%AA%E0%A7%8D%E0%A6%AA%E0%A6%BE/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A8%E0%A7%AE-%E0%A6%9C%E0%A6%BE%E0%A6%A8%E0%A7%81%E0%A7%B1%E0%A6%BE%E0%A7%B0%E0%A7%80%E0%A6%A4-%E0%A6%95%E0%A6%BE%E0%A7%B0%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A6%AA%E0%A7%8D%E0%A6%AA%E0%A6%BE/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ জানুৱাৰীৰ দুপৰীয়া প্ৰায় ১২ বজাত দিল্লীৰ কাৰিয়াপ্পা গ্ৰাউণ্ডত ৰাষ্ট্ৰীয় কেডেট কৰ্প(এনচিচি)ৰ পিএম ৰেলীত ভাষণ দিব। এনচিচি গণৰাজ্য দিৱস শিবিৰৰ সামৰণী অনুষ্ঠান প্ৰতি বছৰে ২৮ জানুৱাৰীত অনুষ্ঠিত হয়। উক্ত দিনাই এই ৰেলীৰ আয়োজন কৰা হয়। অনুষ্ঠানটোত প্ৰধানমন্ত্ৰীক গাৰ্ড অৱ অনাৰ দিয়া হ’ব। এনচিচি দলৰ অভিবাদন তেওঁ গ্ৰহণ কৰিব। অনুষ্ঠানত এনচিচি কেডেটসকলে বিভিন্ন সামৰিক দক্ষতা, স্লিথাৰিং, মাইক্ৰ’লাইট ফ্লায়িং, পেৰাছেইলিঙৰ লগতে সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰিব। শ্ৰেষ্ঠ কেডেটসকলে প্ৰধানমন্ত্ৰীৰ পৰা পদক আৰু বেতন লাভ কৰিব। | ২৮ জানুৱাৰীত কাৰিয়াপ্পা গ্ৰাউণ্ডত এনচিচি পিএম ৰেলী সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয় |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%9A%E0%A7%81%E0%A6%9C%E0%A6%B2%E0%A6%A8-%E0%A6%8F/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%9A%E0%A7%81%E0%A6%9C%E0%A6%B2%E0%A6%A8-%E0%A6%8F/ | প্ৰবীণ ব্যৱসায়ী তথা চুজলন এনাৰ্জীৰ প্ৰতিষ্ঠাপক শ্ৰীযুত তুলসী তাঁতীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়; "শ্ৰী তুলসী তাঁতী আছিল এজন অগ্ৰণী ব্যৱসায়িক নেতা যিয়ে ভাৰতৰ অৰ্থনৈতিক প্ৰগতিত অৰিহণা যোগাইছিল আৰু বহনক্ষম উন্নয়নৰ বাবে আমাৰ দেশৰ প্ৰচেষ্টাক শক্তিশালী কৰিছিল। তেওঁৰ অকাল মৃত্যুত ব্যথিত হৈছো। তেওঁৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীলৈ সমবেদনা জ্ঞাপন কৰিলোঁ। ওম শান্তি।" | প্ৰধানমন্ত্ৰীয়ে চুজলন এনাৰ্জীৰ প্ৰতিষ্ঠাপক শ্ৰী তুলসী তাঁতীৰ মৃত্যুত শোক প্ৰকাশ কৰ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%A8%E0%A7%B0%E0%A7%87%E0%A6%A8-48/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%A8%E0%A7%B0%E0%A7%87%E0%A6%A8-48/ | চেঞ্চেলৰ স্ক’লজ্ বন্ধুসকল, গুটেন টেগ, নমস্কাৰ! প্ৰথমতে, মোক আৰু মোৰ প্ৰতিনিধি দললৈ আগবঢ়োৱা উষ্ম আদৰণিৰ বাবে মই চেঞ্চেলৰ স্ক’লজক আন্তৰিক ধন্যবাদ জনাইছো। মই সুখী যে মোৰ বছৰটোৰ প্ৰথম বিদেশ ভ্ৰমণ জাৰ্মানীত অনুষ্ঠিত হৈছে। এই বছৰৰ আৰম্ভণিতে যিজন বিদেশী নেতাৰ সৈতে মোৰ প্ৰথম টেলিফোন কথোপকথন হৈছিল সেয়াও মোৰ বন্ধু চেঞ্চেলৰ স্ক’লজৰ সৈতে হৈছিল। চেঞ্চেলৰ স্ক’লজৰ বাবে, আজিৰ ভাৰত-জাৰ্মানী আইজিচি হৈছে এই বছৰ যিকোনো দেশৰ সৈতে প্ৰথম আইজিচি। ইয়ে দেখুৱায় যে ভাৰত আৰু জাৰ্মানী উভয়ে এই গুৰুত্বপূৰ্ণ অংশীদাৰীত্বক কিমান অগ্ৰাধিকাৰ দিছে। গণতন্ত্ৰ হিচাপে, ভাৰত আৰু জাৰ্মানীৰ মাজত বহুতো উমৈহতীয়া মূল্যবোধ আছে। এই অংশীদাৰী মূল্যবোধ আৰু অংশীদাৰী স্বাৰ্থৰ আধাৰত, বিগত বছৰবোৰত আমাৰ দ্বিপাক্ষিক সম্পৰ্কত উল্লেখযোগ্য অগ্ৰগতি হৈছে। আমাৰ অন্তিম আইজিচি ২০১৯ চনত অনুষ্ঠিত হৈছিল। তেতিয়াৰ পৰা বিশ্বত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটিছে। ক’ভিড-১৯ মহামাৰীয়ে বিশ্ব অৰ্থনীতিত এক ধ্বংসাত্মক প্ৰভাৱ পেলাইছে। শেহতীয়া ভূ-ৰাজনৈতিক ঘটনাই দেখুৱাইছে যে বিশ্ব শান্তি আৰু স্থিৰতা কিমান ভংগুৰ আৰু সকলো দেশ কিমান আন্তঃসংযোগিত। ইউক্ৰেইনৰ সংকটৰ আৰম্ভণিৰ পৰাই আমি তাৎক্ষণিক যুদ্ধবিৰতিৰ আহ্বান জনাইছিলো, বিবাদটো সমাধান কৰাৰ একমাত্ৰ উপায় হৈছে আলোচনা। আমি বিশ্বাস কৰোঁ যে এই যুদ্ধত কোনো বিজয়ী দল নাথাকিব, সকলোৱে ক্ষতিগ্ৰস্ত হ’ব। সেইকাৰণে আমি শান্তিৰ পক্ষত আছো। ইউক্ৰেইন সংঘৰ্ষৰ ফলত সৃষ্টি হোৱা অস্থিৰতাৰ বাবে তেলৰ মূল্য আকাশচুম্বী হৈ আছে; পৃথিৱীত খাদ্যশস্য আৰু সাৰৰ অভাৱো হৈছে। ই পৃথিৱীৰ প্ৰতিটো পৰিয়ালৰ ওপৰত বোজা বৃদ্ধি কৰিছে কিন্তু উন্নয়নশীল আৰু দৰিদ্ৰ দেশবোৰৰ ওপৰত ইয়াৰ প্ৰভাৱ আৰু অধিক গুৰুতৰ হ’ব। এই সংঘৰ্ষৰ মানৱীয় প্ৰভাৱৰ বাবে ভাৰত গভীৰভাৱে চিন্তিত। আমি আমাৰ হৈ ইউক্ৰেইনলৈ মানৱীয় সাহায্য প্ৰেৰণ কৰিছো। আমি খাদ্য ৰপ্তানি, তেল যোগান আৰু অৰ্থনৈতিক সহায়ৰ জৰিয়তে আন বন্ধুত্বপূৰ্ণ দেশসমূহকো সহায় কৰিবলৈ চেষ্টা কৰি আছো। আজি ভাৰত-জাৰ্মানীৰ অংশীদাৰীত্বই ইয়াৰ ষষ্ঠ আইজিচিৰ পৰা এক নতুন দিশ লাভ কৰিছে। এই আইজিচিয়ে শক্তি আৰু পৰিৱেশ দুয়োক্ষেত্ৰতে আমাৰ সহযোগিতাক গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰিছে। মই নিশ্চিত যে আজি গ্ৰহণ কৰা সিদ্ধান্তই আমাৰ অঞ্চল আৰু বিশ্বৰ ভৱিষ্যতৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব। আজি আমি সেউজ আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত ভাৰত-জাৰ্মানী অংশীদাৰীত্বৰ কাম কৰি আছো৷ ভাৰতে বিশ্বক দেখুৱাইছে যে গ্লাছগোত জলবায়ুৰ উচ্চাকাংক্ষা বৃদ্ধি কৰি সেউজীয়া আৰু বহনক্ষম বিকাশ আমাৰ বাবে বিশ্বাসৰ এক ভেঁটি৷ এই নতুন অংশীদাৰীত্বৰ অধীনত, জাৰ্মানীয়ে ২০৩০ চনৰ ভিতৰত ১০ বিলিয়ন ইউৰোৰ অতিৰিক্ত উন্নয়ন সহায়ৰ সৈতে ভাৰতৰ সেউজ বিকাশ পৰিকল্পনাক সমৰ্থন কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ বাবে মই জাৰ্মানী আৰু চেঞ্চেলৰ স্ক’লজক ধন্যবাদ জনাইছো। আমাৰ পৰিপূৰক শক্তিৰ কথা বিবেচনা কৰি, আমি সেউজীয়া হাইড্ৰজেন টাস্ক ফ’ৰ্চ এটা সৃষ্টি কৰাৰ সিদ্ধান্ত লৈছো। এইটো দুয়োখন দেশতে সেউজীয়া হাইড্ৰ’জেন আন্তঃগাঁথনি বৃদ্ধিত অতি উপযোগী হ’ব। ভাৰত আৰু জাৰ্মানী দুয়োৰে আন দেশত উন্নয়ন সহযোগিতাৰ দীৰ্ঘ অভিজ্ঞতা আছে। আজি আমি ত্ৰিপাক্ষিক সহযোগিতাৰ জৰিয়তে আমাৰ অভিজ্ঞতাসমূহ একত্ৰিত কৰি তৃতীয় দেশসমূহত যৌথ প্ৰকল্পৰ কাম কৰাৰ সিদ্ধান্ত লৈছো। আমাৰ সহযোগিতাই উন্নয়নশীল বিশ্বৰ বাবে স্বচ্ছ আৰু বহনক্ষম উন্নয়ন মূলক প্ৰকল্পৰ বিকল্প প্ৰদান কৰিব। বন্ধুসকল, ক’ভিডৰ পিছৰ যুগত, ভাৰতে অন্যান্য বৰ্ধিত অৰ্থনীতিৰ তুলনাত দ্ৰুততম বিকাশ দেখিছে। আমি নিশ্চিত যে ভাৰত বিশ্বব্যাপী পুনৰুদ্ধাৰৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হ’ব। শেহতীয়াকৈ, আমি অতি কম সময়ৰ ভিতৰতে ইউ.এ.ই. আৰু অষ্ট্ৰেলিয়াৰ সৈতে বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰিছো। আমি, আনকি ইউৰোপীয় ইউনিয়নৰ সৈতেও, এফটিএ আলোচনাত আগতীয়া প্ৰগতিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। ভাৰতৰ দক্ষ শ্ৰমিক আৰু পেছাদাৰীসকলে বহুতো দেশৰ অৰ্থনীতিক লাভান্বিত কৰিছে। মই নিশ্চিত যে ভাৰত আৰু জাৰ্মানীৰ মাজত ব্যাপক প্ৰব্ৰজন আৰু গতিশীলতা অংশীদাৰীত্ব চুক্তিয়ে দুয়োখন দেশক সহায় কৰিব। এই সন্মিলন আৰু আপোনাৰ পদক্ষেপৰ বাবে মই আপোনালোকক আকৌ এবাৰ অশেষ ধন্যবাদ জনাইছো। | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A7%B0%E0%A6%BE%E0%A6%AE-%E0%A6%A8%E0%A7%B1%E0%A6%AE/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A7%B0%E0%A6%BE%E0%A6%AE-%E0%A6%A8%E0%A7%B1%E0%A6%AE/ | ৰাম নৱমী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে ১০ এপ্ৰিল, ২০২২ৰ দুপৰীয়া ১ বজাত গুজৰাটৰ গাথিলাৰ উমিয়া মাতা মন্দিৰত চতুৰ্দশ প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত ভাষণ প্ৰদান কৰিব। ২০০৮ চনত গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মন্দিৰটো উদ্বোধন কৰিছিল। ২০০৮ চনত প্ৰধানমন্ত্ৰীয়ে দিয়া পৰামৰ্শ অনুসৰি মন্দিৰ ন্যাসে ইয়াৰ পৰিসৰ বিভিন্ন সামাজিক আৰু স্বাস্থ্য সম্পৰ্কীয় কাৰ্যকলাপ সম্প্ৰসাৰিত কৰিছে। ইয়াৰ ভিতৰত অন্যতম হ’ল বিনামূলীয়া কেটাৰেক্ট অস্ত্ৰোপচাৰ আৰু আৰ্থিকভাৱে দুৰ্বল ৰোগীৰ বাবে বিনামূলীয়া আয়ুৰ্বেদিক ঔষধ বিতৰণ আদি। উমিয়া মাতাক কদৱ পাতিদাৰসকলৰ গোত্ৰ-দেৱতা বা কুলদেৱী হিচাপে গণ্য কৰা হয়। | প্ৰধানমন্ত্ৰীয়ে ৰাম নৱমী উপলক্ষে জুনাগড়ৰ গাথিলাত উমিয়া মাতা মন্দিৰৰ চতুৰ্দশ প্ৰতিষ্ঠা দিৱস উদযাপনত ভাষণ প্ৰদান কৰিব |
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC-%E0%A6%95%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%A1%E0%A6%BC%E0%A6%BE%E0%A6%A4-%E0%A6%85%E0%A6%82%E0%A6%B6%E0%A6%97/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC-%E0%A6%95%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%A1%E0%A6%BC%E0%A6%BE%E0%A6%A4-%E0%A6%85%E0%A6%82%E0%A6%B6%E0%A6%97/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ক্ৰীড়া সমাৰোহে খেলুৱৈসকলক বৈচিত্ৰময় সংস্কৃতিৰে পৰিচয় হোৱাৰ সুযোগ প্ৰদান কৰে। ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ এটা টুইটৰ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে। “ক্ৰীড়া সমাৰোহসমূহ আকৰ্ষণীয় কিয়নো এইসমূহে খেলুৱৈসকলক বৈচিত্ৰময় সংস্কৃতিৰে পৰিচয় হোৱাৰ সুযোগ প্ৰদান কৰে। ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণকাৰীসকলৰ মাজত গৰবাৰ জনপ্ৰিয়তা লাভ প্ৰত্যক্ষ কৰি সন্তোষ পাইছো।” | ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণকাৰীসকলৰ মাজত গৰবাৰ জনপ্ৰিয়তা অৰ্জনত প্ৰধানমন্ত্ৰীৰ সন্তোষ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%95%E0%A6%BE%E0%A6%A8%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A7%B0-%E0%A6%AA%E0%A7%B0/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%95%E0%A6%BE%E0%A6%A8%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A7%B0-%E0%A6%AA%E0%A7%B0/ | নমস্কাৰ! এইখন গাঁৱৰ সন্তান, পৰৌংখ গাঁৱৰ মাটিত জন্ম লাভ কৰা দেশৰ ৰাষ্ট্ৰপতি আদৰণীয় ৰামনাথ কোৱিন্দ জী, আদৰণীয় শ্ৰীমতী সৱিতা কোৱিন্দ জী, উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দী বেন পেটেল, উত্তৰ প্ৰদেশৰ লোকপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ জী, মঞ্চত উপৱিষ্ট মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ, উত্তৰ প্ৰদেশ মন্ত্ৰী পৰিষদৰ মন্ত্ৰীসকল, সাংসদসকল, বিধায়কসকল আৰু বিশাল সংখ্যাত সমৱেত হোৱা মোৰ প্ৰিয় ভাই-ভনীসকল। ৰাষ্ট্ৰপতি জীয়ে যেতিয়াই মোক ক’লে যে মই ইয়ালৈ আহিব লাগিব, তেতিয়াৰে পৰা মই আপোনালোকৰ কাষলৈ আহি গাঁওবাসীৰে মিলিত হোৱাৰ বাবে অপেক্ষা কৰি আছিলো। আজি ইয়ালৈ আহি সঁচায়ে মনত বহুত শান্তি পাইছো, খুবেই ভাল লাগিছে। এইখন গাঁৱে ৰাষ্ট্ৰপতি জীৰ ল’ৰালি দেখিছে আৰু ডাঙৰ হোৱাৰ পিচত তেখেত প্ৰতিগৰাকী ভাৰতীয়ৰ গৌৰৱ হোৱাও দেখিবলৈ পাইছে। ইয়ালৈ অহাৰ আগতে ৰাষ্ট্ৰপতি জীয়ে মোৰ আগত এইখন গাঁৱৰ বহুবোৰ স্মৃতি সোঁৱৰণ কৰিছিল। মই জানিব পাৰিছো যে পঞ্চমমানৰ পিচত তেখেতক যেতিয়া ৫-৬ মাইল দূৰৰ গাঁৱত নাম লিখাই দিছিল, শুদা ভৰিৰে স্কুললৈ দৌৰি দৌৰি যাবলগীয়া হৈছিল, এই দৌৰ স্বাস্থ্য ৰক্ষাৰ বাবে দৌৰা দৌৰ নাছিল। এই দৌৰ আছিল গৰমত তপত হৈ উঠা ৰাস্তাত যাতে ভৰি দুখনে কমত তাপ সহিবলগীয়া হয় তাৰ উপায়হে আছিল এয়া। ভাৱকচোন এনে একোটা তপত দুপৰীয়া পঞ্চম মানত পঢ়ি থকা কোনো কিশোৰে খালী ভৰিৰে স্কুললৈ বুলি দৌৰি গৈ আছে। জীৱনৰ বাবে এনে সংঘৰ্ষ, এনে তপস্যাই মানুহক মানুহ হোৱাৰ বাবে বহুত সহায় কৰে। আজি ৰাষ্ট্ৰপতি জীৰ গাঁৱলৈ অহাৰ এই অভিজ্ঞতা মোৰ বাবে জীৱনৰ এক সুখবহ স্মৃতিৰ দৰেই হৈ ৰ’ব। ভাই-ভনীসকল, মই যেতিয়া ৰাষ্ট্ৰপতি জীৰ সৈতে বিভিন্ন ঠাই চাই আছিলো, তেতিয়া মই পৰৌংখত ভাৰতীয় গাঁৱৰ কেতবোৰ আদৰ্শ প্ৰতিচ্ছবি দেখিবলৈ পাইছিলো। ইয়ালৈ আহি মই পোণ প্ৰথমে পথৰী মাতাৰ আশীৰ্বাদ লোৱাৰ সুযোগ পাইছিলো। এইটো মন্দিৰ এইখন গাঁৱৰ, এইটো অঞ্চলৰ আধ্যাত্মিক আভাৰ লগতে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰো প্ৰতীক স্বৰূপ। আৰু মই কৈ দিব পাৰো যে এনে এটা মন্দিৰ য’ত দেৱভক্তিও আছে, দেশভক্তিও আছে। আৰু দেশভক্তি বুলি এইকাৰণেই কৈছো, কিয়নো ৰাষ্ট্ৰপতি জীৰ পিতৃদেৱৰ ভাৱনাক মই প্ৰণাম কৰিছো। তেখেতৰ কল্পনাশক্তিক মই প্ৰণাম জনাইছো। তেখেতে জীৱনত তীৰ্থভ্ৰমণ কৰা, বিভিন্ন যাত্ৰাত ভাগ লোৱা, ঈশ্বৰৰ আশীৰ্বাদ লোৱা, ইয়াৰ বাবে প্ৰায়েই ঘৰৰ পৰা ওলাই যায়। কেতিয়াবা বদ্ৰীনাথ, কেতিয়াবা কেদাৰনাথ, কেতিয়াবা যদি অযোধ্যা, কেতিয়াবা আকৌ কাশী, মথুৰা, এনেদৰে বিভিন্ন স্থান ভ্ৰমণ কৰে। সেই সময়ত তেখেতৰ আৰ্থিক অৱস্থা ইমান টনকিয়ালো নাছিল যে গাঁৱৰ সকলো লোকৰ বাবে তাৰ পৰা সৰহকৈ প্ৰসাদ আনিব পাৰে, গোটেই গাঁওখনকে কিবা ভগাই দিবহি পাৰে। কিন্তু তেওঁৰ কল্পনা খুবেই মজাৰ আছিল, তেখেতে সেই তীৰ্থস্থানসমূহৰ পৰা, সেই মন্দিৰসমূহৰ চৌহদৰ পৰা কেডোখৰ মান শিল লৈ আহিছিল। আৰু সেইবোৰ শিল ইয়াৰ গছৰ তলত জমা কৰি ৰাখিছিল। আৰু সেইবোৰ পবিত্ৰ স্থানৰ পৰা অনা শিল, ভাৰতৰ বিভিন্ন স্থানৰ পৰা অনা শিল, সেয়ে সকলোৰে মনত এক ধৰণৰ পবিত্ৰ ভাব জাগৃত হৈছিল, আৰু গাঁওবাসীয়ে পবিত্ৰ ভাবৰে বিভিন্ন প্ৰান্তৰ এই শিলবোৰক লৈ ভক্তি ভাবত গদগদ হৈ পৰিছিল। সেয়ে, মই কওঁ ইয়াত দেৱভক্তি আৰু দেশভক্তি উভয়েই সংপৃক্ত হৈ আছে। ৰাষ্ট্ৰপতি জীৰ পিতৃদেৱে এই মন্দিৰত পূজা কৰিছিল। এই পবিত্ৰ মন্দিৰটো দৰ্শন কৰাৰ সময়ত স্বাভাৱিকতেই মোৰ মনত বিভিন্ন ভাবৰ বুৰবুৰণি উঠিছিল। আৰু মই নিজকে ধন্য মানিছো যে মই আজি এই মন্দিৰ দৰ্শনৰ সুযোগ লাভ কৰিছো। বন্ধুসকল, পৰৌংখৰ মাটিত ৰাষ্ট্ৰপতি জীৰ সংস্কাৰ মিলিত হৈ আছে, তাৰ সাক্ষী আজি সমগ্ৰ পৃথিৱীয়ে হ’বলৈ পালে। আৰু মই আজি দেখিবলৈ পাইছো যে এফালে সংবিধান, আৰু আনফালে সংস্কাৰ, আৰু আজি গাঁৱত ৰাষ্ট্ৰপতি জীয়ে পদৰ দ্বাৰা লাভ কৰা সকলো মৰ্যাদাৰ পৰা বাহিৰলৈ ওলাই আহি মোক আজি আচৰিত কৰি তুলিলে। তেখেতে, আগবঢ়াই অনাৰ বাবে নিজেই হেলিপেড পাইছিলগৈ। মই লজ্জা অনুভৱ কৰিছিলো, কিয়নো তেখেতৰ মাৰ্গদৰ্শনৰে আমি কাম কৰি আছো, তেখেতৰ পদৰ এক গৰিমা আছে, এক জ্যেষ্ঠতা আছে। মই যেতিয়া ৰাষ্ট্ৰপতি মহোদয়ক ‘আপুনি মোৰ লগত আজি অন্যায় কৰিলে’ বুলি কৈ উঠিছিলো, তেতিয়া তেখেতে নিতান্ত সহজ ভাবেই কৈ উঠিছিল সংবিধানে প্ৰদান কৰা মৰ্যাদাসমূহতো মই পালন কৰোৱেই, কিন্তু কেতিয়াবা কেতিয়াবা সংস্কাৰৰ নিজা শক্তি থাকে। আৰু আজি আপুনি মোৰ গাঁৱলৈ আহিছে। মই ইয়ালৈ অতিথি সত্কাৰৰ বাবে আহিছো, মই ৰাষ্ট্ৰপতিৰ ৰূপত ইয়ালৈ অহা নাই। মই এইখন গাঁৱৰ এটি শিশুৰ ৰূপত, য’ৰ পৰা মোৰ জীৱনৰ আৰম্ভণি হৈছিল, সেইখন গাঁৱৰ এগৰাকী নাগৰিকৰ ৰূপত মই আপোনাক স্বাগত জনাইছো। ‘অতিথি দেৱো ভৱঃ’-ৰ সংস্কাৰ ভাৰতত কেনেদৰে আমাৰ শিৰাই সিৰাই প্ৰবাহিত হৈ আছে, তাৰ উত্তম নিদৰ্শনেই আজি ৰাষ্ট্ৰপতি জীয়ে প্ৰদৰ্শন কৰিলে। মই ৰাষ্ট্ৰপতি জীক আদৰপূৰ্ব প্ৰণাম জনাইছো। ৰাষ্ট্ৰপতি মহোদয়ে তেখেতৰ পৈতৃক বাসগৃহটোক ‘মিলন কেন্দ্ৰ’ৰ ৰূপত বিকশিত কৰাৰ বাবে অৰ্পণ কৰিছে। আজি সেই গৃহটোৱে আলোচনা আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ ৰূপত মহিলা সৱলীকৰণক নতুন শক্তি প্ৰদান কৰি আছে। তেখেতৰ প্ৰয়াসতে ইয়াত আম্বেডকৰ ভৱনৰ ৰূপত বাবা চাহাবৰ আদৰ্শৰ প্ৰেৰণা কেন্দ্ৰও নিৰ্মাণ কৰা হৈছে। মই ভাবো, ভৱিষ্যতে পৰৌংখত আপোনালোকৰ সামূহিক প্ৰয়াসৰে বিকাশৰ পথত আৰু অধিক দ্ৰুতগতিৰে আগবাঢ়ি যাব, আৰু দেশৰ সন্মুখত গ্ৰমীণ বিকাশৰ এক আৰ্হি দাঙি ধৰিব। বন্ধুসকল, আমি য’লৈকে নাযাওঁ কিয়, ডাঙৰ ডাঙৰ চহৰ-নগৰ, আনকি পৃথিৱীৰ কোনো এটা প্ৰান্তৰতে নিগাজী নহওঁগৈ কিয়, কিন্তু আমাৰ মনৰ মাজত যদি আমাৰ নিজৰ গাঁওখনক লৈ ফুৰো, তেন্তে সেইখন গাঁৱক কোনেও কেতিয়াও আমাৰ মনৰ মাজৰ পৰা উলিয়াই আঁতৰাই নিব নোৱাৰে। সেইখন গাঁও আমাৰ তেজে তেজে সমাহিত হৈ যায়, আমাৰ ভাৱনাত সদায়ে ৰৈ যায়। আমি চাগৈ এই কাৰণেই কওঁ যে ভাৰতৰ আত্মা গাঁৱত থাকে, কিয়নো গাঁৱে আমাৰ আত্মাত বসতি কৰে। আজি যেতিয়া দেশে স্বাধীনতাৰ অমৃত মহোত্সৱ উদযাপন কৰি আছে, তেতিয়া গ্ৰামীণ ভাৰতৰ বাবে, আমাৰ গাঁৱৰ বাবে আমাৰ সপোনবোৰ আৰু অধিক গুৰুত্বপূৰ্ণ হৈ উঠে। আমাৰ স্বাধীনতা সংগ্ৰামৰ সময়ত মহাত্মা গান্ধীয়ে ভাৰতৰ স্বাধীনতাক ভাৰতৰ গাঁৱসমূহৰ সৈতে সংযুক্ত কৰি চাব বিচাৰিছিল। ভাৰতৰ গাঁও, অৰ্থাত্, য’ত আধ্যাত্মও থাকে, আদৰ্শও থাকে! ভাৰতৰ গাঁও, অৰ্থাত্, য’ত পৰম্পৰাও থাকে, আৰু প্ৰগতিশীলতাও থাকে! ভাৰতৰ গাঁও অৰ্থাত্, য’ত সংস্কাৰো থাকে আৰু সহযোগিতাও থাকে। য’ত সমতাও থাকে আৰু মমতাও থাকে! আজি স্বাধীনতাৰ অমৃতকালত এনেবোৰ গাঁৱৰে পুনৰ্গঠন, সেইবোৰৰ পুনৰ্জাগৰণৰ দিহা কৰাটো আমাৰ কৰ্তব্য। আজি এই সংকল্পকে গ্ৰহণ কৰি দেশে গাঁও-গৰিব, কৃষি-কৃষক আৰু পঞ্চায়তী গণতন্ত্ৰৰ বিভিন্ন নিকায়সমূহত কাম কৰি আছে। আজি ভাৰতৰ গাঁৱত সকলোতকৈ দ্ৰুত গতিৰে পথৰ নিৰ্মাণ হ’বলৈ ধৰিছে। আজি ভাৰতৰ গাঁওসমূহত সকলোতকৈ ‘অপ্টিকেল ফাইবাৰ’ বহুওৱাৰ কাম কৰি থকা হৈছে। আজি ভাৰতৰ গাঁওসমূহত দ্ৰুত গতিৰে ঘৰৰ নিৰ্মাণ হ’বলৈ ধৰিছে, ‘এলইডি ষ্ট্ৰীট লাইট’ লগোৱা হৈছে। চহৰসমূহৰ লগতে আমাৰ গাঁওসমূহৰো বিকাশৰ প্ৰতিটো পথতে খোজত খোজ মিলাই আগবঢ়িবলৈ ধৰিছে, এয়াই নতুন ভাৰতৰ ভৱনা, এয়াই নতুন ভাৰতৰ সংকল্পও হয়। আপোনালোকে ভাবকচোন, কোনোবাই বাৰু কল্পনা কৰিছিলনে যে এনে এটা দিনো আহিব, খেতিৰে জড়িত কঠিনৰো কঠিন কাম এতিয়া ড্ৰোনৰ জৰিয়তেও হ’ব ধৰিছে। কিন্তু দেশে এতিয়া এই দিশেৰেও আগবাঢ়িবলৈ লৈছে। মোক জনোৱা হৈছে যে ইয়াত, এইখন গাঁৱটো ৩০০ৰো অধিক লোকক স্বামিত্বৰ আধাৰত মালিকানা প্ৰদান কৰা হৈছে, সা-সম্পত্তিৰ নথি-পত্ৰ প্ৰদান কৰা হৈছে। প্ৰযুক্তিৰ জৰিয়তে কৃষকসকলৰ কেনেকৈ সুবিধা হ’ব, কেনেকৈ তেওঁলোকৰ আয় বাঢ়িব, এইবোৰ ক্ষেত্ৰতো কাম কৰি থকা হৈছে। বন্ধুসকল, আমাৰ গাঁওসমূহৰ হাতত সকলোতকৈ ডাঙৰ সামৰ্থ্য আছে, সকলোতকৈ অধিক শ্ৰম শক্তি আছে, আৰু সকলোতকৈ অধিক সমৰ্পণৰ মনোভাৱো আছে। সেয়ে আমাৰ চৰকাৰৰ সৰ্বোচ্চ প্ৰথমিকতাসমূহৰ অন্যতম হৈছে ভাৰতৰ গাঁওসমূহৰ সৱলীকৰণ। ‘জনধন যোজনা’ই হওক, আবাস যোজনাই হওক, ‘উজ্জ্বলা যোজনা’ৰ অধীনত লাভ কৰা গেছৰ সংযোগেই হওক, প্ৰতিটো ঘৰতে পানীৰ সংযোগেই হওক, ‘আয়ুষ্মান ভাৰত যোজনা’ই হওক, এই সকলোবৰৰে লাভ কোটি কোটি গাঁওবাসীয়ে পাইছে। দৰিদ্ৰসকলৰ কল্যাণৰ বাবে দেশে যি গতিৰে কাম কৰিছে, সেয়া নিতান্তই অভুতপূৰ্ব। এতিয়া দেশৰ এটাই লক্ষ্য হৈছে, প্ৰতিখন যোজনাৰ এশ শতাংশ লাভ এশ শতাংশ হিতাধিকাৰীক প্ৰদান কৰাটো। অৰ্থাত্, এশ শতাংশই সৱলীকৰণ সম্ভৱ কৰি তোলা। কোনো ধৰণৰ ভেদভাৱ নৰখাকৈ, কোনো ধৰণৰ পাৰ্থক্য নৰকাকৈ। এয়াইতো সামাজিক ন্যায়। সমতা আৰু একতাৰ বাবে বাবা চাহাবে দেখা এয়াইতো সপোন আছিল, যাক আধাৰ কৰি তেখেতে আমাক আমাৰ সংবিধান প্ৰদান কৰিছিল। বাবা চাহাবৰ সেই সপোন আজি পূৰ্ণ হ’বলৈ ধৰিছে। বন্ধুসকল, আজিৰ এই উপলক্ষ আৰু এটা কথাৰ বাবেও খুবেই ঐতিহাসিক বুলি চিহ্নিত হৈছে। আৰু এই কথা সকলোৱেৰে বাবে উল্লেখনীয়ও, কিয়নো এয়াই দেশৰ গণতন্ত্ৰৰ সামৰ্থ্য, দেশৰ গাঁওসমূহৰ সামৰ্থ্য একেলগে প্ৰদৰ্শিত কৰে। ইয়াত, এইখন মঞ্চত আদৰণীয় ৰাষ্ট্ৰপতি জী, উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দী বেন পেটেল জী, আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী উপস্থিত আছে। মোকো আপোনালোক সকলো দেশবাসীয়ে দেশৰ সেৱা কৰাৰ বাবে ইমান ডাঙৰ দায়িত্ব অৰ্পণ কৰিছে। আমি চাৰিওজনেই কোনোবা নহয় কোনোবা এখন সৰু গাঁও অথবা অঞ্চলৰ পৰা আহি এইখিনি পাইছোহি। মোৰো জন্ম গুজৰাটৰ এটা সৰু এলেকাত হৈছিল। গাঁৱৰ সংস্কৃতি, সংস্কাৰ, আৰু আমাৰ দেশত সংঘৰ্ষই আমাৰ দৰে কিমানকে যে পৰীক্ষা লৈছে, আমাৰ সংস্কাৰক শক্তিশালী কৰিছে। এয়াই আমাৰ গণতন্ত্ৰৰ শক্তি। ভাৰতত গাঁৱত জন্ম হোৱা দুখীয়া ব্যক্তিও ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰী-ৰাজ্যপাল-মুখ্যমন্ত্ৰীৰ পদত স্থলাভিষিক্ত হ’বগৈ পাৰে। কিন্তু ভাই-ভনীসকল, আজি যেতিয়া আমি গণতন্ত্ৰৰ এই শক্তিৰ চৰ্চা কৰিছো তেতিয়া আমি ইয়াৰ সন্মুখত থিয় দিয়া পৰিবাৰবাদৰ দৰে প্ৰত্যাহ্বানৰ পৰাও সাৱধান হৈ থকাৰ প্ৰয়োজন আছে। এয়া পৰিবাৰবাদেই যি কেতিয়াও ৰাজনীতিয়েই নহয়, বৰঞ্চ প্ৰতিটো ক্ষেত্ৰতে প্ৰতিভাক ডিঙি চোপা দিয়ে, তেওঁলোকক আগবাঢ়ি যোৱাত বাধা প্ৰদান কৰে। বন্ধুসকল, মই যেতিয়া পৰিবাৰবাদৰ বিৰুদ্ধে কথা কওঁ, তেতিয়া কিছুমান মানুহে ইয়াক ৰাজনৈতিক মন্তব্য বুলি গণ্য কৰে, মই কোনো ৰাজনৈতিক দলৰ বিৰুদ্ধে কৈছো বুলি প্ৰচাৰ চলায়। মই দেখিছো যে পৰিবাৰবাদ সন্দৰ্ভত মই আগবঢ়োৱা ব্যাখ্যাৰ সৈতে যিসকল মিলি যায়, তেওঁলোক মোৰ ওপৰত খড়্গহস্ত হৈ উঠে, খঙত একো নাই হৈ উঠে। দেশৰ প্ৰান্তে প্ৰান্তে এইসকল পৰিবাৰবাদী এতিয়া মোৰ বিৰুদ্ধে একজোঁট হৈছে। দেশৰ যুৱ-প্ৰজন্মই কিয়নো পৰিবাৰবাদৰ বিৰুদ্ধে মোদীয়ে কোৱা কথাবোৰক ইমানকৈ গুৰুত্ব দিয়ে বুলিও তেওঁলোকে অসন্তুষ্টি প্ৰকাশ কৰে। বন্ধুসকল, মই এইসকল লোকক ক’ব খোজো যে মই কোৱা কথাবোৰৰ ভুল অৰ্থ নুলিয়াব। কোনো ৰাজনৈতিক দল, কিম্বা কোনো ব্যক্তিৰ বিৰুদ্ধে মোৰ কোনো অসন্তুষ্টি নাই। মইতো দেশত এক শক্তিশালী বিৰোধীপক্ষ থকাটোকে বিচাৰো, গণতন্ত্ৰৰ প্ৰতি সমৰ্পিত ৰাজনৈতিক দল থকাটোকে বিচাৰো। মইতো বিচাৰো যে পৰিবাৰবাদৰ হাতোৰাত বন্দী দলবোৰে নিজকে এই ৰোগৰ পৰা মুক্ত কৰক, নিজেই নিজৰ চিকিত্সা কৰক। তেতিয়াহে ভাৰতৰ গণতন্ত্ৰ শক্তিশালী হ’ব, দেশৰ যুৱ-প্ৰজন্মই ৰাজনীতিলৈ অহাৰ অধিক সুযোগ লাভ কৰিব। কিন্তু কি হ’ব, পৰিবাৰবাদী দলসমূহৰ পৰা মই অলপ বেছিয়েই বিচাৰিছো হ’বলা! সেয়ে মই আপোনালোকৰ মাজতো কওঁ যে এয়া আমাৰ দায়িত্বই হয় যে আমি দেশত পৰিবাৰবাদৰ দৰে অপকৰ্মক আগবাঢ়িবলৈ দিব নালাগিব। গাঁৱৰ দুখীয়াজনৰ ল’ৰা, গাঁৱৰ দুখীয়াজনৰ ছোৱালীও যাতে ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰী হ’বগৈ পাৰে, সেয়া নিশ্চিত কৰিবলৈকে পৰিবাৰবাদী ৰাজনৈতিক দলসমূহক বাধা দিয়াটো খুবেই জৰুৰী হৈ উঠিছে। বন্ধুসকল, ৰাষ্ট্ৰপতি মহোদয়ৰ এইখন গাঁৱলৈ আহি আজি মই উপহাৰ হিচাপে আপোনালোকৰ পৰা কিবা ভিক্ষা খুজিব বিচাৰিছো। আপোনালোকে চাগৈ ভাবিব এইজন আকৌ কেনেকুৱা প্ৰধানমন্ত্ৰী, আমাৰ গাঁৱলৈ আহিছে, আমালৈ একোতো অনাই নাই, ওলোটাই আমাৰ পৰা কিবা বিচাৰিছেহে। মই বিচাৰিব খুজিছো, আপোনালোকে বাৰু দিবনে…মই যদি গাঁৱৰ পৰা বিচাৰো পামনে বাৰু…যিসমূহ গাঁৱৰ পৰা আপোনালোক আহিছে, তেওঁলোকেও বাৰু দিবনে! চাওক, আপোনালোকে নিজৰ গাঁৱত ইমানকৈ বিকাশ কৰিছে। আজি যেতিয়া দেশে স্বাধীনতাৰ অমৃত মহোত্সৱ উদযাপন কৰি আছে, তেতিয়াতো আপোনালোকে নিজৰ প্ৰয়াসো বৃদ্ধি কৰিব লাগিব। অমৃতকালত দেশে সংকল্প গ্ৰহণ কৰিছে যে দেশৰ প্ৰতিখন জিলাত ৭৫টা অমৃত সৰোবৰ খন্দা হ’ব। আৰু অলপ আগতে যোগীজীয়ে কৈছিল যে এই পৰৌংখতো ২টা অমৃত সৰোবৰ খন্দাৰ কাম চলি আছে। আপোনালোকে এই অমৃত সৰোবৰ খন্দাৰ কামত সহায়ো কৰিব লাগিব, কৰসেৱাও আগবঢ়াব লাগিব আৰু ইয়াৰ বিশলতাও অটুত ৰাখিব লাগিব। মই আপোনালোকৰ পৰা আৰু এটা কথাও বিচাৰিব খুজিছো আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে আপোনালোকে মই বিচৰা কথাটো ৰাখিব আৰু সেয়া হৈছে প্ৰকৃতিক খেতি, ‘নেশ্যাৰেল ফাৰ্মিং’। পৰৌংখ গাঁৱৰ খেতিয়কসকলে যিমান পাৰে সিমান অধিককৈ প্ৰাকৃতিক খেতিত মনোনিৱেশ কৰক। আপোনালোকে যদি প্ৰাকৃতিক খেতি কৰিবলৈ লয় দেশৰ বাবে এয়া এক বহুত ডাঙৰ নিদৰ্শন হৈ উঠিব। বন্ধুসকল, ভাৰতৰ সাফল্যৰ এটাই হৈছে পথ- সকলোৰে প্ৰয়াস। সকলোৰে প্ৰয়াসৰেহে আত্মনিৰ্ভৰ ভাৰতৰ সপোনটো সাকাৰ কৰিব পৰা যাব। আৰু, আত্মনিৰ্ভৰ ভাৰতৰ অৰ্থ হৈছে আত্মনিৰ্ভৰ গাঁও, আত্মনিৰ্ভৰ্ যুৱ-প্ৰজন্ম। আমাৰ গাঁওসমূহে গতি লাভ কৰিলেই, আমাৰ গাঁওসমূহে উন্নতি কৰিলেই দেশে উন্নতি কৰিব। আদৰণীয় কৱিন্দ জীৰ ৰূপত দেশক ৰাষ্ট্ৰপতি দিয়া পৰৌংখে গাঁৱৰ মাটিত কিমান সামৰ্থ্য থাকে এই কথা সাব্যস্ত কৰি দেখুৱালে। আমি এই সামৰ্থ্যৰ, এই প্ৰতিভাৰ উচিত ব্যৱহাৰ কৰিব লাগিব। আমি সকলোৱে মিলি কাম কৰিম, আৰু দেশৰ সপোন সাকাৰ কৰিম। এই সংকল্পৰে, মই আকৌ এবাৰ আদৰণীয় ৰাষ্ট্ৰপতি মহোদয়ক তেওঁৰ সৈতে মোকো ইয়ালৈ অহাৰ সুযোগ প্ৰদান কৰাৰ বাবে আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছো। আপোনলোক সকলোকে পুনৰ বাৰ অভিনন্দন জনাইছো আৰু গাঁৱৰ প্ৰতিটো চুবুৰিৰ য’লৈকো গ’লো, যিমান উত্সাহৰে আপোনালোকে আদৰণি জনালে, অভিবাদন কৰিলে, পুষ্পবৃষ্টি কৰিলে, চেনেহ যাঁচিলে, মৰমৰে অভিভুত কৰিলে। মই আপোনালোকৰ এই মৰম কেতিয়াও নাপাহৰিম। আপোনালোকক কেতিয়াও পাহৰিব নোৱাৰিম। আৰু গাঁৱত যিমানখিনি সময় কটোৱাৰ সুযোগ পালো, নিজকে শৈশৱৰ সৈতে জড়িত কৰিব পৰা যেন লাগিল। সেই কাৰণেও মই আপোনালোক গাঁওবাসীক হৃদয়ৰে অভিনন্দন জনাই মোৰ দুৱাষাৰ সামৰিছো। বহুত বহুত ধন্যবাদ! | উত্তৰ প্ৰদেশৰ কানপুৰৰ পৰৌংখ গাঁৱত অনুষ্ঠিত এক সমাৰোহত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পা |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%87%E0%A7%A8%E0%A6%87%E0%A6%89%E0%A7%A8-%E0%A6%B6%E0%A7%80%E0%A7%B0%E0%A7%8D%E0%A6%B7-%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%AE%E0%A6%BF%E0%A6%B2%E0%A6%A8%E0%A6%A4/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%87%E0%A7%A8%E0%A6%87%E0%A6%89%E0%A7%A8-%E0%A6%B6%E0%A7%80%E0%A7%B0%E0%A7%8D%E0%A6%B7-%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%AE%E0%A6%BF%E0%A6%B2%E0%A6%A8%E0%A6%A4/ | মহামান্য, প্ৰধানমন্ত্ৰী লাপিদ, মহামহিম, শ্বেখ মহম্মদ বিন জায়েদ অল নহ্যান, মহামান্য, ৰাষ্ট্ৰপতি বাইডেন, সৰ্ব প্ৰথমে প্ৰধানমন্ত্ৰী লাপিদক প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণৰ বাবে বহু বহুত অভিনন্দন আৰু শুভকামনা জ্ঞাপন কৰিছো। আজিৰ শীৰ্ষ সন্মিলনৰ আয়োজন কৰাৰ বাবেও মই তেওঁক আন্তৰিকতাৰে ধন্যবাদ জনাইছো। প্ৰকৃতাৰ্থতেই এইখন হৈছে ৰণকৌশলগত সভা। আমি সকলোৱেই ভাল মিত্ৰতো হওঁৱেই; আমাৰ সকলোৰে দৃষ্টিকোণ, আমাৰ স্বাৰ্থসমূহৰো সমানতা আছে। মহামান্যসকল, মহামহিম, আজিৰ এই প্ৰথমখন শীৰ্ষ সন্মিলনৰ পৰাই ‘আই২ইউ২’-য়ে এক ইতিবাচক কাৰ্যক্ৰম যুগুতাই লৈছে। আমি বহুকেইটা ক্ষেত্ৰত যৌথ প্ৰকল্প চিনাক্ত কৰিছো; সেইসমূহক আগুৱাই নিয়াৰ বাবে পথ-পৰিকল্পনাও তৈয়াৰ কৰি লৈছো। ‘আই২ইউ২ ফ্ৰেমৱৰ্ক’ৰ আধাৰত আমি জল, শক্তি, পৰিবহণ, মহাকাশ, স্বাস্থ্য আৰু খাদ্য সুৰক্ষাকে ধৰি ছটা গুৰুত্বপূৰ্ণ ক্ষেত্ৰত যৌথ বিনিয়োগ বঢ়োৱাৰ বাবে সহমত প্ৰকাশ কৰিছো। এটা কথা স্পষ্ট যে ‘আই২ইউ২’-য়ে গ্ৰহণ কৰা দৃষ্টিভংগী আৰু কাৰ্যক্ৰম উভয়েই প্ৰগতিশীল আৰু ব্যৱহাৰিক। আমাৰ দেশসমূহৰ পাৰস্পৰিক সামৰ্থ্য-মূলধন, দক্ষতা আৰু বজাৰসমূহ সঞ্চালিত কৰি আমাৰ কাৰ্যক্ৰমক গতি প্ৰদান কৰিব পাৰিম আৰু গোলকীয় অৰ্থব্যৱস্থাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব পাৰিম। পৃথিৱী জুৰি বৃদ্ধি পোৱা অনিশ্চয়তাৰ মাজত আমাৰ সহযোগিতামূলক পৰিকাঠামো ব্যৱহাৰিক সহযোগিতাৰ এক কুশলী আৰ্হিও হয়। মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে ‘আই২ইউ২’ৰ জৰিয়তে আমি গোলকীয় পৰ্যায়ত শক্তি-সুৰক্ষা, খাদ্য-সুৰক্ষা আৰু অৰ্থনৈতিক-সংবৰ্দ্ধনৰ বাবে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব পাৰিম। ধন্যবাদ! | ‘আই২ইউ২ শীৰ্ষ সন্মিলন’ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবা |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%BF-%E0%A7%AD-%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%AE%E0%A6%BF%E0%A6%B2%E0%A6%A8%E0%A7%B0-%E0%A6%B8%E0%A6%AE%E0%A6%AF%E0%A6%BC%E0%A6%A4-%E0%A6%87%E0%A6%89%E0%A7%B0%E0%A7%8B%E0%A6%AA/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%BF-%E0%A7%AD-%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%AE%E0%A6%BF%E0%A6%B2%E0%A6%A8%E0%A7%B0-%E0%A6%B8%E0%A6%AE%E0%A6%AF%E0%A6%BC%E0%A6%A4-%E0%A6%87%E0%A6%89%E0%A7%B0%E0%A7%8B%E0%A6%AA/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ২৭ জুনত জাৰ্মানীৰ শ্লছ এলমাউত অনুষ্ঠিত জি-৭ সন্মিলনৰ সময়ত ইউৰোপীয় আয়োগৰ অধ্যক্ষ শ্ৰীমতী উৰসুলা ভন ডেৰ লেয়েনক সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰীয়ে ২০২২ চনৰ এপ্ৰিলত ৰাইচিনা আলোচনাৰ সময়ত অধ্যক্ষ ভন ডেৰ লেয়েনৰ দিল্লী ভ্ৰমণৰ কথা স্মৰণ কৰে। নেতাসকলে ভাৰত আৰু ইউৰোপীয় ইউনিয়নৰ মাজত বাণিজ্য, বিনিয়োগ আৰু জিআই চুক্তিৰ ওপৰত আলোচনা পুনৰ আৰম্ভ হোৱাত আনন্দ প্ৰকাশ কৰে। তেওঁলোকে ডিজিটেল সহযোগিতা, জলবায়ু পদক্ষেপ আৰু প্ৰযুক্তি আৰু উদ্ভাৱনকে ধৰি বিভিন্ন ক্ষেত্ৰত ভাৰত-ইউৰোপীয় ইউনিয়নৰ সম্পৰ্কৰ পৰ্যালোচনা কৰে। দুয়োগৰাকী নেতাই সমসাময়িক গোলকীয় আৰু আঞ্চলিক উন্নয়নৰ ওপৰতো মত বিনিময় কৰে। | জি-৭ সন্মিলনৰ সময়ত ইউৰোপীয় আয়োগৰ অধ্যক্ষৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%A4-%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%B2%E0%A6%AF%E0%A6%BC-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%95%E0%A7%B0%E0%A7%8D/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%A4-%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%B2%E0%A6%AF%E0%A6%BC-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%95%E0%A7%B0%E0%A7%8D/ | কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহকৰ্মী শ্ৰীমতী নিৰ্মলা সীতাৰমণ জী, শ্ৰী ৰাও ইন্দৰজিৎ সিং, পংকজ চৌধাৰী জী, শ্ৰী ভাগৱত কৃষ্ণ ৰাও কাৰাদ জী, অন্যান্য বিশিষ্ট ব্যক্তি আৰু ভদ্ৰ মহিলাসকল! বছৰ বছৰ ধৰি বিত্ত মন্ত্ৰালয় আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ে সঠিক সময়ত সঠিক সিদ্ধান্ত গ্ৰহণ কৰি নিজৰ বাবে এক উত্তৰাধিকাৰ সৃষ্টি কৰি বহু দূৰ আগুৱাই গৈছে। আপোনালোক সকলোৱে এই উত্তৰাধিকাৰৰ অংশ। সাধাৰণ মানুহৰ জীৱন সহজ কৰি তোলাৰ বাবেই হওক, অথবা দেশৰ অৰ্থনীতি শক্তিশালী কৰাৰ বাবেই হওক, বিগত ৭৫ বছৰত বহু সহকৰ্মীয়ে এক বৃহৎ অৱদান আগবঢ়াইছে। এই আইকনিক সপ্তাহটো এনে প্ৰতিজন সহকৰ্মীৰ বাবে অতীতৰ এনে প্ৰতিটো প্ৰচেষ্টাক সজীৱ কৰি তোলাৰ এক সুযোগ। স্বাধীনতাৰ ‘অমৃত কাল’ৰ সময়ত অতীতৰ পৰা অনুপ্ৰেৰণা লৈ আমি যদি আমাৰ প্ৰচেষ্টাক উন্নতি কৰিব পাৰো, তেন্তে এইটো এটা অতি ভাল পদক্ষেপ। আজি ইয়াত টকাৰ গৌৰৱময় যাত্ৰাও দেখুওৱা হ’ল, এই যাত্ৰাৰ সৈতে পৰিচিত এখন ডিজিটেল প্ৰদৰ্শনীও আৰম্ভ হ’ল, স্বাধীনতাৰ অমৃত মহোৎসৱৰ বাবে উৎসৰ্গিত নতুন মুদ্ৰাও প্ৰকাশ কৰা হ’ল। এই নতুন মুদ্ৰাই দেশবাসীক ‘অমৃত কাল’ৰ লক্ষ্যৰ বিষয়ে নিৰন্তৰ সোঁৱৰাই দিব আৰু জাতিৰ উন্নয়নত অৰিহণা যোগাবলৈ অনুপ্ৰাণিত কৰিব। আপোনালোকৰ বিভাগে অহা এসপ্তাহত বহুতো কাৰ্যসূচী আয়োজন কৰিবলৈ ওলাইছে। এই কামৰ লগত জড়িত সকলো বিভাগ আৰু ইউনিটলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বন্ধুসকল, স্বাধীনতাৰ এই অমৃত মহোৎসৱ কেৱল ৭৫ বছৰৰ উদযাপন নহয়, স্বাধীনতাৰ বাবে দীঘলীয়া সংগ্ৰামত অংশগ্ৰহণ কৰা স্বাধীন ভাৰতৰ বাবে আমাৰ স্বাধীনতাৰ বীৰসকলৰ সপোন উদযাপন, পূৰণ আৰু এক নতুন সম্ভাৱনাৰ বীজ সিঁচা। তেওঁলোকে এই আন্দোলনক এক নতুন মাত্ৰা প্ৰদান কৰে আৰু ইয়াৰ শক্তি তীব্ৰতৰ কৰি তুলে। নতুন সংকল্প লৈ আগবাঢ়ি যোৱাৰ এই মুহূৰ্ত। কোনোৱে সত্যাগ্ৰহৰ পথ গ্ৰহণ কৰিলে, কিছুমানে সশস্ত্ৰ সংগ্ৰামৰ পথ বাছি লৈছিল; কিছুমানে বিশ্বাস আৰু আধ্যাত্মিকতাৰ পথ বাছি লৈছিল, আনহাতে কিছুমানে বৌদ্ধিকভাৱে স্বাধীনতাৰ শিখা জগাই তুলিবলৈ নিজৰ কলমৰ শক্তি ব্যৱহাৰ কৰিছিল। কোনোবাই আদালতৰ গোচৰবোৰ যুঁজি দেশৰ স্বাধীনতাত যিকোনো প্ৰকাৰে নিজকে জড়িত কৰিবলৈ চেষ্টা কৰিছিল। আমি যেতিয়া স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰি আছো, তেতিয়া জাতিৰ উন্নয়নত নিজস্ব স্তৰত বিশেষ অৱদান আগবঢ়োৱাটো প্ৰতিজন দেশবাসীৰ কৰ্তব্য। এটা জাতি হিচাপে ভাৰতে বিগত আঠ বছৰত অহৰহ বিভিন্ন স্তৰত নতুন নতুন পদক্ষেপ গ্ৰহণ কৰি আহিছে আৰু নতুন কাম কৰিবলৈ চেষ্টা কৰি আহিছে। এই সময়ছোৱাত জনসাধাৰণৰ অংশগ্ৰহণে দেশৰ উন্নয়নত গতি প্ৰদান কৰিছে, দেশৰ দুখীয়া, দৰিদ্ৰ লোকসকলক শক্তিশালী কৰি তুলিছে। স্বচ্ছ ভাৰত অভিযানে দৰিদ্ৰ লোকক মৰ্যাদাৰে জীয়াই থকাৰ সুবিধা আগবঢ়াইছে। পকা ঘৰ, বিদ্যুৎ, গেছ, পানী আৰু বিনামূলীয়া চিকিৎসাৰ দৰে ব্যৱস্থাই সা-সুবিধা বৃদ্ধি কৰাই নহয়, আমাৰ দুখীয়াৰ মৰ্যাদা বৃদ্ধি কৰি আমাৰ নাগৰিকৰ আত্মবিশ্বাসত এক নতুন শক্তিৰ বীজ সিঁচিছে। এই বিনামূলীয়া ৰেচন আঁচনিখনে ক’ৰোনা কালত ৮০ কোটিৰো অধিক দেশবাসীৰ ভোকৰ আশংকা লাঘৱ কৰিলে। আনুষ্ঠানিক ব্যৱস্থাৰ পৰা বঞ্চিত আৰু দেশৰ উন্নয়নৰ পৰা বাদ পৰা দেশৰ আধাতকৈ অধিক জনসংখ্যাক আমি মিছন মোডত অন্তৰ্ভুক্ত কৰিলোঁ। আৰ্থিক অন্তৰ্ভুক্তিৰ এনে মহান কাম ইমান কম সময়ৰ ভিতৰতে পৃথিৱীৰ ক’তো হোৱা নাই। আৰু সৰ্বাধিক আমি দেশবাসীৰ মাজত তেওঁলোকৰ সপোন বাস্তৱায়িত কৰাৰ এক নতুন সাহস দেখিবলৈ পালোঁ৷ বন্ধুসকল, স্বাধীনতাৰ সাত দশকৰ পাছত অহা ইমান ডাঙৰ পৰিৱৰ্তনৰ মূলতে আছে নাগৰিককেন্দ্ৰিক শাসন আৰু সু-প্ৰশাসন। এটা সময় আছিল আমাৰ দেশত নীতি আৰু সিদ্ধান্ত চৰকাৰকেন্দ্ৰিক আছিল। চৰকাৰৰ ওচৰলৈ হাত আগবঢ়াই যিকোনো আঁচনিৰ সুবিধা লোৱাটো ৰাইজৰ দায়িত্ব আছিল। এনে ব্যৱস্থাত চৰকাৰ আৰু প্ৰশাসন উভয়ৰে দায়িত্ব কমি গৈছিল। পূৰ্বে পঢ়া-শুনাৰ বাবে আৰ্থিক সহায়ৰ প্ৰয়োজন হোৱা এজন দৰিদ্ৰ ছাত্ৰই পৰিয়াল, আত্মীয়-স্বজন বা বন্ধু-বান্ধৱীৰ পৰা সহায় ল’বলৈ বাধ্য হৈছিল। চৰকাৰী আঁচনিবোৰত ইমানবোৰ প্ৰক্ৰিয়া জড়িত হৈ আছিল যে সেই সহায়ৰ সুবিধা লোৱাত সাধাৰণ নাগৰিকে জটিলতা আৰু অশান্তি অনুভৱ কৰিছিল। একেদৰে, কোনো উদ্যোগী বা ব্যৱসায়ীক ঋণৰ প্ৰয়োজন হ’লে তেওঁ বহু বিভাগ ঘুৰি বহুতো পদ্ধতিৰ মাজেৰে পাৰ হ’বলগীয়া হৈছিল। প্ৰায়ে অসম্পূৰ্ণ তথ্যৰ বাবে তেওঁ মন্ত্ৰালয়ৰ ৱেবচাইটত প্ৰৱেশ কৰিব পৰা নাছিল। এনে পৰিস্থিতিত ছাত্ৰই হওক বা ব্যৱসায়ী হওক, তেওঁ আধাতে নিজৰ সপোনবোৰ এৰি দিলেহেঁতেন আৰু সেইবোৰ বাস্তৱায়িত কৰিবলৈ কোনো পদক্ষেপ নোলোৱা হ’লহেঁতেন৷ চৰকাৰকেন্দ্ৰিক শাসনৰ বোজা দেশখনে বিগত সময়ছোৱাত বহন কৰি আহিছে। কিন্তু আজি একবিংশ শতিকাৰ ভাৰত জনকেন্দ্ৰিক শাসনৰ দৃষ্টিভংগীৰে আগবাঢ়িছে। ৰাইজেহে আমাক ইয়ালৈ পঠিয়াইছে তেওঁলোকৰ সেৱাৰ বাবে। গতিকে আমি জনসাধাৰণৰ মাজলৈ যোৱা, প্ৰতিজন যোগ্য ব্যক্তিৰ ওচৰলৈ যোৱা, আৰু তেওঁৰ বাবে সম্পূৰ্ণ সুবিধা নিশ্চিত কৰাটো আমাৰ শীৰ্ষ অগ্ৰাধিকাৰ আৰু দায়িত্ব। বিভিন্ন মন্ত্ৰালয়ৰ বিভিন্ন ৱেবচাইটৰ মাজেৰে যোৱাৰ পৰিৱৰ্তে তেওঁৰ সমস্যা সমাধানৰ বাবে ভাৰত চৰকাৰৰ এটা পৰ্টেলত প্ৰৱেশ কৰাটো ভাল। আজি ‘জন সমৰ্থ’ পৰ্টেল মুকলি কৰা হৈছে এই লক্ষ্যৰ প্ৰতি লক্ষ্য ৰাখি। এতিয়া ভাৰত চৰকাৰৰ সকলো ক্ৰেডিট-লিংকড আঁচনি বিভিন্ন মাইক্ৰ’ চাইটত উপলব্ধ নহ’ব, বৰঞ্চ এটা ঠাইতহে উপলব্ধ হ’ব৷ জন সমৰ্থ পৰ্টেলে ছাত্ৰ-ছাত্ৰী, উদ্যোগী, ব্যৱসায়ী, ব্যৱসায়ী, কৃষকৰ জীৱন সহজ কৰি তোলাই নহয়, তেওঁলোকৰ সপোন বাস্তৱায়িত কৰাত সহায় কৰিব। এতিয়া ছাত্ৰ-ছাত্ৰীসকলে চৰকাৰী আঁচনিসমূহৰ বিষয়ে সহজে লাভ কৰিব পাৰিব যিয়ে তেওঁলোকক সৰ্বাধিক লাভৱান কৰিব। একেদৰে আমাৰ যুৱক-যুৱতীসকলেও সিদ্ধান্ত ল’ব পাৰিব যে তেওঁলোকে মুদ্ৰা লোন বিচাৰে নে ষ্টাৰ্ট-আপ ইণ্ডিয়া লোন বিচাৰে। এতিয়া দেশৰ যুৱক-যুৱতী আৰু মধ্যবিত্ত জনসাধাৰণে এণ্ড টু এণ্ড ডেলিভাৰীৰ বাবে জান সমৰ্থৰ ৰূপত এটা মঞ্চ পাইছে। সহজ আৰু নূন্যতম পদ্ধতিৰে ঋণ লোৱাৰ বাবে অধিক সংখ্যক লোক আগবাঢ়ি অহাটোও স্বাভাৱিক। এই পৰ্টেলে আত্মসংস্থাপন বৃদ্ধি কৰাৰ লগতে চৰকাৰী আঁচনিসমূহ সকলো হিতাধিকাৰীৰ মাজলৈ লৈ যোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ গৈ আছে। বিশেষকৈ দেশৰ যুৱক-যুৱতীসকলক জন সমৰ্থ পৰ্টেলৰ বাবে অভিনন্দন জ্ঞাপন কৰিলোঁ। আজি বেংকিং খণ্ডৰ ডাঙৰ ডাঙৰ মানুহবোৰো এই কাৰ্যসূচীত উপস্থিত আছে। সকলো বেংকাৰক আহ্বান জনাইছো যে যুৱক-যুৱতীসকলে ঋণ লাভ কৰাত সহজ কৰি তোলাৰ লগতে জন সমৰ্থ প’ৰ্টেলটো সফল কৰি তুলিবলৈ যিমান পাৰি তেওঁলোকৰ অংশগ্ৰহণ বৃদ্ধি কৰক। বন্ধুসকল, যদি কোনো সংস্কাৰৰ লক্ষ্য স্পষ্ট হয় আৰু ইয়াক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত গুৰুত্ব আছে, তেন্তে ইয়াৰ ভাল ফলাফল নিশ্চিতভাৱে আহিব। যোৱা আঠ বছৰত হাতত লোৱা সংস্কাৰৰ ক্ষেত্ৰত আমাৰ দেশৰ যুৱক-যুৱতীসকলকো তেওঁলোকৰ সামৰ্থ্য প্ৰদৰ্শনৰ বাবে অতিশয় অগ্ৰাধিকাৰ দিয়া হৈছে। বন্ধুসকল, সংস্কাৰৰ লগতে আমি সৰলীকৰণৰ ওপৰতো গুৰুত্ব দিছো। কেন্দ্র আৰু ৰাজ্যসমূহত এতিয়া জি এছ টিয়ে বহু কৰৰ ৱেবৰ ঠাই ল’লে৷ দেশেও এই সৰলীকৰণৰ ফল প্ৰত্যক্ষ কৰি আছে। এতিয়া জি এছ টি সংগ্ৰহ প্ৰতিমাহে এক লাখ কোটি টকা অতিক্ৰম কৰাটো স্বাভাৱিক হৈ পৰিছে। আমি ইপিএফঅ’ৰ পঞ্জীয়নৰ সংখ্যাও ক্ৰমাগতভাৱে বৃদ্ধি হোৱা দেখিবলৈ পাইছো। সংস্কাৰ আৰু সৰলীকৰণৰ বাহিৰলৈ গৈ আমি এতিয়া এক সুলভ ব্যৱস্থা গঢ়ি তুলিছো। জেম প’ৰ্টেলৰ বাবে উদ্যোগী আৰু উদ্যোগসমূহে নিজৰ সামগ্ৰীসমূহ চৰকাৰক বিক্ৰী কৰাটো অতি সহজ হৈ পৰিছে। ইয়াৰ মাজতো ক্ৰয়ৰ পৰিসংখ্যা এক লাখ কোটি টকা অতিক্ৰম কৰিছে। দেশত বিনিয়োগৰ সম্ভাৱনা সম্পৰ্কীয় সকলো তথ্য আছে ইনভেষ্ট ইণ্ডিয়া পৰ্টেলত। আজি বিভিন্ন ধৰণৰ ক্লিয়াৰেন্সৰ বাবে এটা উইণ্ড’ ক্লিয়াৰেন্স পৰ্টেল আছে। এই জন সমৰ্থ পৰ্টেলে দেশৰ যুৱক-যুৱতী আৰু ষ্টাৰ্ট আপ সকলকো যথেষ্ট সহায় কৰিবলৈ গৈ আছে। আজি আমি যদি সংস্কাৰ, সৰলীকৰণ আৰু সহজতাৰ শক্তিৰে আগবাঢ়ি যাওঁ, তেন্তে সুবিধাৰ এক নতুন স্তৰ লাভ কৰা হয়। সকলো দেশবাসীক আধুনিক সুবিধা প্ৰদান কৰা, তেওঁলোকৰ বাবে নতুন প্ৰচেষ্টা চলোৱা, নতুন সংকল্প বাস্তৱায়িত কৰাটো আমাৰ সকলোৰে দায়িত্ব। বন্ধুসকল, যোৱা আঠ বছৰত আমি প্ৰমাণ কৰি দিছো যে যদি ভাৰতে কিবা এটা কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ, তেন্তে সেয়া সমগ্ৰ বিশ্বৰ বাবে এক নতুন আশাত পৰিণত হয়। আজি বিশ্বই আমাৰ ফালে আশা আৰু আশাৰে চাই আছে, কেৱল এখন ডাঙৰ গ্ৰাহক বজাৰ হিচাপেই নহয়, এক সক্ষম, খেল পৰিৱৰ্তনকাৰী, সৃষ্টিশীল আৰু উদ্ভাৱনীমূলক পৰিৱেশ তন্ত্ৰ হিচাপেও। বিশ্বৰ এক বৃহৎ অংশই ভাৰতে নিজৰ সমস্যা সমাধান কৰিব বুলি আশা কৰিছে। এইটো সম্ভৱ হৈ উঠিছে কাৰণ আমি যোৱা আঠ বছৰত সাধাৰণ ভাৰতীয়ৰ জ্ঞানক বিশ্বাস কৰি আহিছো। আমি বৃদ্ধিৰ ক্ষেত্ৰত বুদ্ধিমান অংশগ্ৰহণকাৰী হিচাপে জনসাধাৰণক উৎসাহিত কৰিলোঁ। সুশাসনৰ বাবে যি প্ৰযুক্তি আনিব, সেই কথা দেশবাসীৰ দ্বাৰা গ্ৰহণ কৰা হ’ব আৰু প্ৰশংসা কৰিব বুলি আমাৰ দেশবাসীৰ প্ৰতি পূৰ্ণ বিশ্বাস আছে। এই জনবিশ্বাসৰ ফল সকলোৰে সন্মুখত বিশ্বৰ শ্ৰেষ্ঠ ডিজিটেল লেনদেন প্লেটফৰ্ম UPI অৰ্থাৎ ইউনিফাইড পেমেণ্ট ইন্টাৰফেচৰ ৰূপত। আজি সুদূৰ-দূৰণিৰ গাঁৱৰ পৰা চহৰৰ স্থানীয়তালৈকে পথৰ ব্যৱসায়ী আৰু দেশবাসী সকলে সহজে ১০-২০ টকাৰ পৰা লাখ লাখ টকালৈকে লেনদেন কৰি আছে। ভাৰতৰ যুৱক-যুৱতীসকলৰ মাজত উদ্ভাৱন আৰু উদ্যোগীকৰণৰ প্ৰতি থকা আবেগক লৈও আমাৰ অতিশয় বিশ্বাস আছিল। দেশৰ যুৱক-যুৱতীসকলৰ মাজত লুকাই থকা এই আবেগক ঠাই দিবলৈ ষ্টাৰ্ট-আপ ইণ্ডিয়াৰ প্লেটফৰ্মৰ সৃষ্টি কৰা হৈছিল। আজি দেশত প্ৰায় ৭০ হাজাৰ ষ্টাৰ্ট-আপ আছে আৰু প্ৰতিদিনে ইয়াত কেইবা ডজন নতুন সদস্য সংযোজন কৰা হৈছে। বন্ধুসকল, দেশে আজি যিখিনি লাভ কৰিছে তাত আত্মপ্ৰেৰণা আৰু সকলোৰে প্ৰচেষ্টাই ডাঙৰ ভূমিকা পালন কৰিছে। আত্মনিৰ্ভৰ ভাৰত, ভ’কেল ফৰ লোকেল আদি অভিযানৰ প্ৰতি দেশবাসী আৱেগিকভাৱে আকৃষ্ট হৈ পৰিছে। ফলত বিত্ত মন্ত্ৰালয় আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ ভূমিকাও বহু পৰিমাণে বৃদ্ধি পাইছে। এতিয়া আমি আঁচনিৰ চেচুৰেচনত দ্ৰুতগতিত উপনীত হ’ব লাগিব। আমি বিত্তীয় অন্তৰ্ভুক্তিৰ বাবে মঞ্চ প্ৰস্তুত কৰিছো, এতিয়া আমি ইয়াৰ ব্যৱহাৰৰ বিষয়ে সজাগতা বৃদ্ধি কৰিব লাগিব। এতিয়া এনে প্ৰচেষ্টা হাতত লোৱা উচিত যাতে ভাৰতৰ বাবে প্ৰস্তুত কৰা আৰ্থিক সমাধানে এতিয়া বিশ্বৰ আন দেশৰ নাগৰিকক সমাধান দিব লাগে। আমাৰ বেংকসমূহ কেনেকৈ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আৰু মুদ্ৰা আন্তঃৰাষ্ট্ৰীয় যোগান শৃংখলৰ বহল অংশ হ’ব পাৰে সেই বিষয়েও গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ। মই নিশ্চিত যে স্বাধীনতাৰ ‘অমৃত কাল’ৰ সময়ছোৱাত আপোনালোকে উন্নত বিত্তীয় আৰু কৰ্পৰেট শাসনৰ বাবে উৎসাহিত কৰি যাব। এই অনুষ্ঠানৰ বাবে ৭৫ টা স্থানত উপস্থিত থকা সকলো সহকৰ্মীলৈ বহুত শুভেচ্ছা জ্ঞাপন কৰি মোৰ ভাষণৰ সামৰণি মাৰিছো। বহুত বহুত ধন্যবাদ! | বিত্ত মন্ত্ৰালয় আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ আইকনিক সপ্তাহ উদযাপনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A6%E0%A7%8D%E0%A6%AC%E0%A6%BF%E0%A6%A4%E0%A7%80%E0%A6%AF%E0%A6%BC-%E0%A6%86%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%B0%E0%A7%8D%E0%A6%9C%E0%A6%BE%E0%A6%A4%E0%A6%BF%E0%A6%95-%E0%A6%95%E0%A7%8B%E0%A6%AD/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A6%E0%A7%8D%E0%A6%AC%E0%A6%BF%E0%A6%A4%E0%A7%80%E0%A6%AF%E0%A6%BC-%E0%A6%86%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%B0%E0%A7%8D%E0%A6%9C%E0%A6%BE%E0%A6%A4%E0%A6%BF%E0%A6%95-%E0%A6%95%E0%A7%8B%E0%A6%AD/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমেৰিকাৰ ৰাষ্ট্ৰপতি জোচেফ আৰ বাইডেন জুনিয়ৰৰ আমন্ত্ৰণমৰ্মে দ্বিতীয় আন্তৰ্জাতিক কোভিড ভাৰ্চুৱেল শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। শীৰ্ষ সন্মিলনৰ মুকলি অধিবেশনত ‘ক’ৰোনা মহামাৰীৰ ফলত উদ্ভূত সংকটৰ মোকাবিলা আৰু যিকোনো পৰিস্থিতিৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতিত অগ্ৰাধিকাৰ দিয়া’ শীৰ্ষক বিষয়ত প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে মহামাৰীৰ বিৰুদ্ধে এক জনমুখী কৌশল গ্ৰহণ কৰিছিল আৰু এইবাৰ বাজেটত স্বাস্থ্য খণ্ডত সৰ্বাধিক আবণ্টন দিছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতে বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ টিকাকৰণ অভিযান চলাই আছে আৰু ইয়াৰ প্ৰাপ্তবয়স্ক জনসংখ্যাৰ প্ৰায় নব্বৈ শতাংশ আৰু পঞ্চাশ মিলিয়নতকৈ অধিক শিশুক টিকাকৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে আন্তৰ্জাতিক সম্প্ৰদায়ৰ এক দায়িত্বশীল সদস্য হিচাপে ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ প্ৰস্তুত। ভাৰতে কোভিড পৰিস্থিতি মোকাবিলাৰ বাবে নিজৰ কম খৰচী থলুৱা ক’ভিড প্ৰশমন প্ৰযুক্তি, ভেকচিন আৰু চিকিৎসা পদ্ধতিসমূহ অন্য দেশৰ সৈতে ভাগ-বতৰা কৰি সক্ৰিয় ভূমিকা পালন কৰি যাব। ভাৰতে ইয়াৰ জিন’মিক ছাৰ্ভিলেন্স কনচৰ্টিয়ামৰ সম্প্ৰসাৰণৰ বাবে কাম কৰি আছে। ভাৰতে পৰম্পৰাগত চিকিৎসা বিজ্ঞানৰ ব্যাপক ব্যৱহাৰ কৰি আহিছে আৰু ভাৰতত ডব্লিউএইচঅ’ চেণ্টাৰ ফৰ ট্ৰেডিচনেল মেডিচিনৰ আধাৰশিলা স্থাপন কৰা হৈছে। বিশ্ববাসীৰ ওচৰত শতাব্দী প্ৰাচীন পৰম্পৰাগত চিকিৎসা বিজ্ঞানৰ জ্ঞান উপলব্ধ কৰাই ইয়াৰ উদ্দেশ্য। প্ৰধানমন্ত্ৰীয়ে এক শক্তিশালী আৰু অধিক স্থিতিস্থাপক বৈশ্বিক স্বাস্থ্য আন্তগাঁথনি গঢ়ি তুলিবলৈ বিশ্ব স্বাস্থ্য সংস্থাক শক্তিশালী আৰু সংস্কাৰ কৰিবলৈও আহ্বান জনায়। সন্মিলনৰ আন আন অংশগ্ৰহণকাৰীসকলৰ ভিতৰত আছিল এই অনুষ্ঠানৰ সহ-আয়োজকসকল ক্ৰমে-কেৰিকমৰ অধ্যক্ষ হিচাপে বেলিজ চৰকাৰৰ মুৰব্বী, আফ্ৰিকান ইউনিয়নৰ অধ্যক্ষ হিচাপে চেনেগাল, জি-২০ৰ অধ্যক্ষ হিচাপে ইণ্ডোনেছিয়া আৰু জি-৭ৰ অধ্যক্ষ হিচাপে জাৰ্মানী। ৰাষ্ট্ৰসংঘৰ মহাসচিব, বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলেও সন্মিলনত অংশগ্ৰহণ কৰে। ২০২১ চনৰ ২২ ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি বাইডেনে আয়োজন কৰা প্ৰথম আন্তৰ্জাতিক কোভিড ভাৰ্চুৱেল শীৰ্ষ সন্মিলনতো প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। | দ্বিতীয় আন্তৰ্জাতিক কোভিড ভাৰ্চুৱেল শীৰ্ষ সন্মিলনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী |
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%AE%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A6%A4-%E0%A6%AA%E0%A6%A5-%E0%A6%A6%E0%A7%81%E0%A7%B0%E0%A7%8D%E0%A6%98%E0%A6%9F%E0%A6%A8%E0%A6%BE%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%AE%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A6%A4-%E0%A6%AA%E0%A6%A5-%E0%A6%A6%E0%A7%81%E0%A7%B0%E0%A7%8D%E0%A6%98%E0%A6%9F%E0%A6%A8%E0%A6%BE%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰামপুৰত সংঘটিত এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। তেওঁ কৈছিল যে স্থানীয় প্ৰশাসনে ৰাজ্য চৰকাৰৰ তত্বাৱধানত সকলো সম্ভৱ সহায় আগবঢ়াই আছে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইট কৰিছে: “উত্তৰ প্ৰদেশৰ ৰামপুৰত সংঘটিত পথ দুৰ্ঘটনা অত্যন্ত শোকাৱহ। এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ মই গভীৰ সমবেদনা জ্ঞাপন কৰিছো আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো। ৰাজ্য চৰকাৰৰ তত্বাৱধানত, স্থানীয় প্ৰশাসনে ঘটনাস্থলীত সকলো সম্ভৱ সহায়ত নিয়োজিত হৈ আছে: প্ৰধানমন্ত্ৰী মোডী” | ৰামপুৰত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%96%E0%A6%A8%E0%A6%BF-%E0%A6%B8%E0%A7%81%E0%A7%B0%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BE-%E0%A6%AA%E0%A7%B0%E0%A7%80%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BE-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%97/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%96%E0%A6%A8%E0%A6%BF-%E0%A6%B8%E0%A7%81%E0%A7%B0%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BE-%E0%A6%AA%E0%A7%B0%E0%A7%80%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BE-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%97/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ অধীনৰ খনি সুৰক্ষা সঞ্চালক প্ৰধান (ডিজিএমএছ) আৰু অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ড চৰকাৰৰ প্ৰাকৃতিক খনি আৰু শক্তি উৎস বিভাগৰ মাজত খনি সুৰক্ষা, পৰীক্ষী আৰু গৱেষণাগাৰৰ যোগেদি প্ৰস্তাৱিত বুজাবুজি চুক্তিলৈ যাৱতীয় অনুমোদন জনাইছে। প্ৰভাৱ – এই বুজিবুজি চুক্তিয়ে নিম্নোক্ত দিশসমূহত DGMS আৰু SIMT ক খনি সুৰক্ষা ব্যৱস্থাপনাৰ ক্ষেত্ৰত বিশেষভাৱে দক্ষ বুলিও জনা যায়। | খনি সুৰক্ষা, পৰীক্ষা আৰু গৱেষণাগাৰৰ ক্ষেত্ৰত ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত সম্পন্ন বুজাবুজি চুক্তিলৈ কেবিনেটৰ অনুমোদন |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BE%E0%A6%B2%E0%A6%BF%E0%A6%A4-%E0%A6%9C%E0%A6%BF-%E0%A7%A8%E0%A7%A6-%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%AE%E0%A6%BF%E0%A6%B2%E0%A6%A8%E0%A7%B0-%E0%A6%B8%E0%A6%AE%E0%A6%AF%E0%A6%BC-3/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BE%E0%A6%B2%E0%A6%BF%E0%A6%A4-%E0%A6%9C%E0%A6%BF-%E0%A7%A8%E0%A7%A6-%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%AE%E0%A6%BF%E0%A6%B2%E0%A6%A8%E0%A7%B0-%E0%A6%B8%E0%A6%AE%E0%A6%AF%E0%A6%BC-3/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বালিত অনুষ্ঠিত জি-২০ নেতা সন্মিলনৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি শ্ৰীমান জোকো উইডোডোক সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰী মোডীয়ে আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক সহযোগিতাৰ মুখ্য মঞ্চ বুলি নিশ্চিত কৰে আৰু বিশ্বব্যাপী প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাৰ বাবে মুখ্য অৰ্থনীতিসমূহক একত্ৰিত কৰাৰ সামৰ্থ্য প্ৰদৰ্শন অব্যাহত ৰখাৰ বাবে জি-২০ৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। জি-২০য়ে আমাৰ অৰ্থনীতি আৰু ইয়াৰ বাহিৰত বহনক্ষম আৰু সামগ্ৰিক বিকাশ পুনৰুদ্ধাৰ, চলিত জলবায়ু, শক্তি আৰু খাদ্য সংকটৰ মোকাবিলা কৰা, বিশ্বব্যাপী স্বাস্থ্য স্থাপত্য শক্তিশালী কৰা আৰু প্ৰযুক্তিগত পৰিৱৰ্তনৰ প্ৰচাৰ কৰাৰ বাবে একেলগে কাম কৰি আছে। প্ৰধানমন্ত্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে ভাৰত ৰাষ্ট্ৰপতিত্বৰ সময়ছোৱাত আন উন্নয়নশীল দেশৰ কণ্ঠস্বৰ হ’ব। তেওঁ দুৰ্বল দেশসমূহক সহায় কৰা, সৰ্বাংগীন বৃদ্ধি, অৰ্থনৈতিক সুৰক্ষা আৰু বিশ্ব যোগান শৃংখল শক্তিশালী কৰাত সহায় কৰা, বহুপক্ষীয় বিত্তীয় প্ৰতিষ্ঠান, জলবায়ু পৰিৱৰ্তন, মহামাৰী, অৰ্থনৈতিক ভংগুৰতা, দৰিদ্ৰতা হ্ৰাস আৰু বহনক্ষম উন্নয়নৰ বাবে বিত্তীয় সাহায্যৰ উন্নত আৰু উদ্ভাৱনীমূলক আৰ্হি প্ৰস্তুত কৰাত গুৰুত্ব আৰোপ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ অধ্যক্ষতাত জি-২০ৰ কাম-কাজত সহায় কৰাৰ প্ৰতিশ্ৰুতিৰ বাবে ৰাষ্ট্ৰপতি উইডোডো আৰু ৰাষ্ট্ৰপতি বাইডেনক ধন্যবাদ জ্ঞাপন কৰে। | বালিত জি-২০ সন্মিলনৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আৰু ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক |
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A9-%E0%A6%B2%E0%A6%BE%E0%A6%96-%E0%A6%9F%E0%A6%95%E0%A6%BE-%E0%A6%AA%E0%A7%B0%E0%A7%8D%E0%A6%AF%E0%A6%A8%E0%A7%8D%E0%A6%A4-%E0%A6%B9%E0%A7%8D%E0%A7%B0%E0%A6%B8%E0%A7%8D%E0%A6%AC/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A9-%E0%A6%B2%E0%A6%BE%E0%A6%96-%E0%A6%9F%E0%A6%95%E0%A6%BE-%E0%A6%AA%E0%A7%B0%E0%A7%8D%E0%A6%AF%E0%A6%A8%E0%A7%8D%E0%A6%A4-%E0%A6%B9%E0%A7%8D%E0%A7%B0%E0%A6%B8%E0%A7%8D%E0%A6%AC/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে সকলো ধৰণৰ বিত্তীয় প্ৰতিষ্ঠানসমূহে আগবঢ়োৱা ‘হ্ৰস্বম্যাদী কৃষি ঋণ’ৰ সুদৰ ক্ষেত্ৰত ১.৫% ৰাজসাহায্য আগবঢ়োৱাৰ প্ৰথা পুণৰ প্ৰৱৰ্তনৰ সিদ্ধান্তলৈ অনুমোদন জনাইছে। সেই অনুসৰি ঋণদাতা প্ৰতিষ্ঠান (ৰাজহুৱাখণ্ডৰ বেংক, ব্যক্তিগত খণ্ডৰ বেংক, ক্ষুদ্ৰ বিত্তীয় বেংক, আঞ্চলিক গ্ৰামীণ বেংক, সমবায় বেংক আৰু বাণিজ্যিক বেংকক প্ৰত্যক্ষ ভাবে হস্তান্তৰিত কৰা কম্পিউটাৰ সঞ্চালিত পিএচিএছসমূহ)সমূহে আগবঢ়োৱা ৩ লাখ টকা পৰ্যন্ত ‘হ্ৰস্বম্যাদী কৃষি ঋণ’ৰ সুদৰ ক্ষেত্ৰত ২০২২-২৩ৰ পৰা ২০২৪-২৫ৰ সময়ছোৱাৰ বাবে বছৰি ১.৫% ৰাজসাহায্য আগবঢ়োৱা হ’ব। এই আঁচনি ৰূপায়ণৰ বাবে ২০২২-২৩ৰ পৰা ২০২৪-২৫ৰ সময়ছোৱাৰ বাবে ৩৪,৮৫৬ কোটি টকাৰ অতিৰিক্ত পুঁজিৰ প্ৰয়োজন হ’ব। এই সিদ্ধান্তই কৃষি শিতানত খেতিয়কৰ বাবে পৰ্যাপ্ত ঋণৰ প্ৰবাহ নিশ্চিত কৰিব। যিহেতু এই সুবিধাই কৃষিৰ লগতে পশুপালন, দুগ্ধ উত্পাদন, হাঁহ-কুকুৰা পালন তথা মীন আদি খণ্ডকো সামৰি ল’ব, সেয়ে ইয়াৰ সুবাদত সংশ্লিষ্ট খণ্ডসমূহত নিয়োগৰ অতিৰিক্ত সম্ভাৱনাও সৃষ্টি হ’ব। সময় মতে ঋণৰ ধন ওভতাই দিয়া খেতিয়কসকলে প্ৰতি বছৰে ৪% সুদৰ বিনিময়ত ‘হ্ৰস্বম্যাদী কৃষি ঋণ’ লাভৰ সুযোগ গ্ৰহণ কৰি থাকিব পাৰিব। | ৩ লাখ টকা পৰ্যন্ত ‘হ্ৰস্বম্যাদী কৃষি ঋণ’ৰ সুদৰ ক্ষেত্ৰত বছৰি ১.৫% ৰাজসাহায্য আগবঢ়োৱাৰ সিদ্ধান্তলৈ অনুমোদন জনাইছে কেবিনেট |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BE%E0%A6%82%E0%A6%B2%E0%A6%BE%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0-6/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BE%E0%A6%82%E0%A6%B2%E0%A6%BE%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0-6/ | ১. প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণক্ৰমে ২০২২ চনৰ ০৫-০৮ ছেপ্টেম্বৰলৈ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ভাৰত ভ্ৰমণ কৰে। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মু্ৰ্মু আৰু ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী জগদীপ ধনখৰক সাক্ষাৎ কৰে৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডীয়ে প্ৰধানমন্ত্ৰী হাছিনাক সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ কাৰ্যসূচীৰ অংশ হিচাপে ১৯৭১ চনত বাংলাদেশৰ মুক্তিযুদ্ধৰ সময়ত শ্বহীদ হোৱা আৰু গুৰুতৰভাৱে আহত হোৱা ভাৰতীয় সশস্ত্ৰ বাহিনীৰ জোৱানৰ ২০০ বংশধৰৰ বাবে “বংগবন্ধু শ্বেইখ মুজিবুৰ ৰহমান ছাত্ৰ বৃত্তি” মুকলি কৰে৷ তেওঁ লগতে ২০২২ চনৰ ৭ ছেপ্টেম্বৰত ভাৰত আৰু বাংলাদেশৰ ব্যৱসায়িক সমূদায়ে যুটীয়াভাৱে আয়োজন কৰা এক কাৰ্যসূচীতো অংশগ্ৰহণ কৰে৷ ২. দুয়োজন প্ৰধানমন্ত্ৰীয়ে ২০২২ চনৰ ৬ ছেপ্টেম্বৰত গোপন বৈঠক আৰু মুখামুখি মেল অনুষ্ঠিত কৰাৰ পিছত প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয়৷ এই বৈঠকসমূহ উষ্ম আৰু সৌহাদ্যপূৰ্ণ হিচাপে চিহ্নিত হৈছে৷ দুয়োজন নেতাই গভীৰ ঐতিহাসিক আৰু ভ্ৰাতৃত্ববোধৰ সম্পৰ্ক আৰু গণতন্ত্ৰ আৰু বহুত্ববাদৰ মিলিত মূল্যবোধৰ ওপৰত ভিত্তি কৰি দ্বিপাক্ষিক সম্পৰ্কৰ উৎকৃষ্ট অৱস্থাৰ ক্ষেত্ৰত সন্তুষ্টি প্ৰকাশ কৰে, যিটো সাৰ্বভৌমত্ব, সমতা, বিশ্বাস আৰু বুজাবুজিৰ ওপৰত ভিত্তি কৰি সৰ্বাংগীন দ্বিপাক্ষিক অংশীদাৰিত্ব, আনকি এটা কৌশলগত অংশীদাৰিত্বতো প্ৰতিফলিত হয়৷ ৩. দুয়োগৰাকী নেতাই বাংলাদেশৰ স্বাধীনতাৰ সোণালী জয়ন্তী, জাতিৰ পিতা বংগবন্ধু শ্বেইখ মুজিবুৰ ৰহমানৰ জন্ম শতবাৰ্ষিকী আৰু ভাৰত আৰু বাংলাদেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৫০ বছৰ উদযাপন অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ২০২১ চনৰ মাৰ্চ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাংলাদেশ ভ্ৰমণৰ লগতে ২০২১ চনৰ ডিচেম্বৰ মাহত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে বাংলাদেশৰ বিজয় দিৱসৰ সোণালী জয়ন্তী উদযাপনত অংশগ্ৰহণ কৰিবলৈ সন্মানীয় অতিথি হিচাপে বাংলাদেশ ভ্ৰমণৰ কথাও স্মৰণ কৰে৷ ৪. দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে সহযোগিতাৰ বিভিন্ন ক্ষেত্ৰত অগ্ৰগতি লাভ কৰাত সহায় কৰা উচ্চ পৰ্যায়ৰ ভ্ৰমণৰ অব্যাহত থকা আদান-প্ৰদানৰ দিশত সন্তুষ্টি প্ৰকাশ কৰে৷ ২০২২ চনৰ জুন মাহত ভাৰতৰ নতুন দিল্লীত অনুষ্ঠিত দুখন দেশৰ বৈদেশিক মন্ত্ৰীৰ নেতৃত্বত যুটীয়া পৰামৰ্শদাতা আয়োগৰ সপ্তম বৈঠক সফলভাৱে অনুষ্ঠিত হোৱাৰ কথাও দুয়োপক্ষই স্মৰণ কৰে৷ ৫. দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ৰাজনৈতিক আৰু নিৰাপত্তা সহযোগিতা, প্ৰতিৰক্ষা, সীমা ব্যৱস্থাপনা, বাণিজ্য আৰু সংযোগ, জলসম্পদ, শক্তি আৰু শক্তি, উন্নয়ন সহযোগিতা, সাংস্কৃতিক আৰু জনসাধাৰণৰ সংযোগকে ধৰি দ্বিপাক্ষিক সহযোগিতাৰ সমগ্ৰ ক্ষেত্ৰত আলোচনাত মিলিত হয়। তেওঁলোকে সহযোগিতাৰ নতুন ক্ষেত্ৰ যেনে-পৰিৱেশ, জলবায়ু পৰিৱৰ্তন, চাইবাৰ সুৰক্ষা, আইচিটি, মহাকাশ প্ৰযুক্তি, সেউজ শক্তি আৰু নীলা অৰ্থনীতি ইত্যাদি দিশত সহযোগিতা আগবঢ়াবলৈও সহমত প্ৰকাশ কৰে৷ ৬. তদুপৰি, তেওঁলোকে আঞ্চলিক আৰু বিশ্বজোৰা আগ্ৰহৰ বিষয়সমূহৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে। ক’ভিড-১৯ মহামাৰীৰ প্ৰভাৱ আৰু বিশ্বজোৰা উন্নয়নৰ ফলত হোৱা যোগান শৃংখলৰ ব্যাঘাতৰ প্ৰতি লক্ষ্য ৰাখি দুয়োগৰাকী নেতাই অঞ্চলটোৰ সমৃদ্ধি আৰু উন্নয়নৰ বাবে বন্ধুত্ব আৰু অংশীদাৰিত্বৰ মনোভাৱেৰে অধিক সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ৭. দুয়োগৰাকী নেতাই দ্বিপাক্ষিক আৰু উপ-আঞ্চলিক ৰে’ল, পথ, আৰু অন্যান্য সংযোগ পদক্ষেপ ৰূপায়ণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। দুয়োপক্ষই চলি থকা দ্বিপাক্ষিক পদক্ষেপ যেনে-টংগী-আখাউৰা লাইনৰ দ্বৈত গজলৈ ৰূপান্তৰ, ৰে’লৱে ৰোলিং ষ্টক যোগান, বাংলাদেশ ৰে’লৱেৰ কৰ্মীসকলৰ সামৰ্থ্য বিকাশ, বাংলাদেশ ৰে’লৱেৰ উন্নত সেৱাৰ বাবে আইটি সমাধানৰ ভাগ-বতৰা আদি দুয়োটা পক্ষই নতুন ক আদৰণি জনায়৷ দুয়োপক্ষই কৌনিয়া-লালমণিৰহাট-মোগলঘাট-নতুন গীতালদহা সংযোগ, হিলী আৰু বিৰামপুৰৰ মাজত সংযোগ স্থাপন, বেনাপোল-যশোৰ লাইনৰ কাষেৰে ট্ৰেক আৰু সংকেত ব্যৱস্থা আৰু ৰে’ল ষ্টেচনৰ উন্নীতকৰণ, বুৰিমাৰী আৰু চাংগ্ৰাবন্ধাৰ মাজত সংযোগ পুনৰুদ্ধাৰ, ছিৰাজগঞ্জত এটা কণ্টেইনাৰ ডিপো নিৰ্মাণ আদিৰ বাবে দুয়োপক্ষই দ্বিপাক্ষিক উন্নয়ন সহযোগিতাৰ অধীনত একাধিক বিত্তীয় সঁজুলিৰ জৰিয়তে এই প্ৰকল্পসমূহৰ পুঁজিৰ সন্ধান কৰিবলৈ সহমত প্ৰকাশ কৰে৷ অনুদানৰ ভিত্তিত ২০খন ব্ৰডগেজ ডিজেল ইঞ্জিন যোগান ধৰাৰ বাবে ভাৰতে কৰা ইংগিতক বাংলাদেশ পক্ষই আদৰণি জনায়। ৮. দুয়োগৰাকী নেতাই এছিয়াৰ বাংলাদেশৰ বাবে ভাৰতে সৰ্ববৃহৎ ৰপ্তানি গন্তব্যস্থান হিচাপে আত্মপ্ৰকাশ কৰা দ্বিপাক্ষিক বাণিজ্যৰ বৃদ্ধিৰ শলাগ লৈছে৷ বাংলাদেশ পক্ষই ভাৰতৰ পৰা চাউল, ঘেঁহু, চেনি, পিয়াঁজ, আদা, হালধি আদি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ পুৰ্বানুমানযোগ্য যোগানৰ বাবে ভাৰতীয় পক্ষক অনুৰোধ জনায়। ভাৰতীয় পক্ষই প্ৰকাশ কৰে যে ভাৰতত প্ৰচলিত যোগানৰ অৱস্থাৰ ওপৰত ভিত্তি কৰি বাংলাদেশৰ অনুৰোধসমূহ অনুকূলভাৱে বিবেচনা কৰা হ’ব আৰু এই ক্ষেত্ৰত সকলো প্ৰচেষ্টা হাতত লোৱা হ’ব। ৯. ভাৰত-বাংলাদেশ সীমান্তৰ শান্তিপূৰ্ণ ব্যৱস্থাপনাক এক উমৈহতীয়া অগ্ৰাধিকাৰ বুলি স্বীকাৰ কৰি দুয়োগৰাকী নেতাই বিষয়াসকলক শূন্য ৰেখাৰ ১৫০ গজৰ ভিতৰত বাকী থকা সকলো উন্নয়নমূলক কাম সম্পূৰ্ণ কৰাৰ বাবে কাম ক্ষিপ্ৰ কৰিবলৈ নিৰ্দেশ দিয়ে, য’ত ত্ৰিপুৰা খণ্ডৰ পৰা আৰম্ভ হোৱা বেৰৰ আৰম্ভ কৰি এক শান্ত আৰু অপৰাধমুক্ত সীমান্ত বৰ্তাই ৰাখিব পৰা যায়৷ ১০. সীমান্তজনিত ঘটনাত মৃতকৰ সংখ্যা হ্ৰাস পোৱা বিষয়ত সন্তুষ্টি প্ৰকাশ কৰি দুয়ো পক্ষই এই সংখ্যা শূন্যলৈ আনিবলৈ কাম কৰাৰ প্ৰতি সহমত প্ৰকাশ কৰে৷ দুয়োপক্ষই অস্ত্ৰ, মাদক দ্ৰব্য আৰু ভুৱা মুদ্ৰাৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে আৰু বিশেষকৈ মহিলা আৰু শিশুৰ সৰবৰাহ ৰোধ কৰাৰ বাবে সীমান্তৰক্ষী বাহিনী দুটাৰ প্ৰচেষ্টা তীব্ৰতৰ কৰি তোলাটোক প্ৰশংসা কৰে। দুয়োজন নেতাই সকলো ধৰণৰ সন্ত্ৰাসবাদ নিৰ্মূলৰ বাবে নিজৰ দৃঢ় প্ৰতিশ্ৰুতি পুনৰবাৰ দোঁহাৰি অঞ্চলটোত আৰু ইয়াৰ বাহিৰত সন্ত্ৰাসবাদ, হিংসাত্মক উগ্ৰবাদ আৰু উগ্ৰবাদৰ বিস্তাৰ প্ৰতিহত আৰু প্ৰতিৰোধৰ বাবে তেওঁলোকৰ সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ সিদ্ধান্ত লয়। ১১. ভাৰত আৰু বাংলাদেশৰ যুটীয়া নদী আয়োগৰ ৩৮সংখ্যক মন্ত্ৰী পৰ্যায়ৰ বৈঠকত (২৩-২৫ আগষ্ট ২০২২, নতুন দিল্লী) জনোৱা আহ্বানক সন্তুষ্টি প্ৰকাশ কৰি কৰি দুয়োগৰাকী নেতাই ভাৰতৰ জল শক্তি মন্ত্ৰালয় আৰু বাংলাদেশ চৰকাৰৰ জলসম্পদ মন্ত্ৰালয়ৰ মাজত উমৈহতীয়া সীমান্ত নদী কুছিয়াৰাৰ পৰা ভাৰত আৰু বাংলাদেশে পানী প্ৰত্যাহাৰ কৰাৰ ক্ষেত্ৰত বুজাবুজি চুক্তি স্বাক্ষৰিত হোৱাক আদৰণি জনায়, যিটোৱে বাংলাদেশক জলসিঞ্চনৰ প্ৰয়োজনীয়তা পূৰণ কৰাত সহায় কৰিব আৰু দক্ষিণ অসমৰ বাবে পানী প্ৰকল্পৰ সুবিধা প্ৰদান কৰিব। ১২. ভাৰতীয় পক্ষই ত্ৰিপুৰা ৰাজ্যৰ জৰুৰী জলসিঞ্চনৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ফেনী নদীৰ অন্তৱৰ্তীকালীন পানী ভাগ-বতৰা চুক্তিত আগতীয়াকৈ স্বাক্ষৰ কৰিবলৈ অনুৰোধ জনায়। বাংলাদেশ পক্ষই ভাৰতীয় অনুৰোধক গুৰুত্ব সহকাৰে লয়৷ ত্ৰিপুৰাৰ ছাবৰুম চহৰৰ বাবে খোৱাপানী যোগানৰ বাবে ফেনী নদীৰ পৰা ১.৮২ কিউছেক পানী প্ৰত্যাহাৰৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত ২০১৯ চনৰ বুজাবুজি চুক্তি কাৰ্যকৰী কৰাৰ বাবে ভাৰতীয় পক্ষই বাংলাদেশক ধন্যবাদ জ্ঞাপন কৰে। ১৩. দ্বিপাক্ষিক সম্পৰ্কত পানী ব্যৱস্থাপনাৰ গুৰুত্বক স্বীকাৰ কৰি দুয়োগৰাকী নেতাই তথ্যৰ আদান-প্ৰদানক অগ্ৰাধিকাৰ দিয়াৰ বাবে আৰু অন্তৱৰ্তীকালীন পানী ভাগ-বতৰা চুক্তিৰ পৰিকাঠামো প্ৰণয়নৰ বাবে অতিৰিক্ত সংখ্যক নদী অন্তৰ্ভুক্ত কৰি সহযোগিতাৰ ক্ষেত্ৰখন সম্প্ৰসাৰণ কৰাৰ বাবে যুটীয়া নদী আয়োগৰ সিদ্ধান্তৰ শলাগ লয়। গংগা পানী ভাগ-বতৰা চুক্তি, ১৯৯৬ৰ বিধান অনুসৰি বাংলাদেশে লাভ কৰা পানীৰ উপযুক্ত ব্যৱহাৰৰ বাবে এক অধ্যয়ন চলাবলৈ এখন যুটীয়া কাৰিকৰী সমিতি গঠনৰ বিষয়টোক দুয়োগৰাকী নেতাই আদৰণি জনায়। ১৪. পূৰ্বৰ আলোচনাৰ কথা সুঁৱৰি প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই তিস্তা নদীৰ পানীৰ ভাগ-বতৰা সম্পৰ্কীয় অন্তৱৰ্তীকালীন চুক্তি সম্পন্ন কৰাৰ বাবে বাংলাদেশৰ দীৰ্ঘদিনীয়া বিচাৰাধীন অনুৰোধ পুনৰবাৰ উল্লেখ কৰে, যাৰ খচৰা ২০১১ চনত চূড়ান্ত কৰা হৈছিল। দুয়োগৰাকী নেতাই বিষয়াসকলক একেলগে কাম কৰি সমস্যাসমূহ যেনে-নদীত প্ৰদূষণ আৰু সাধাৰণ নদীৰ ক্ষেত্ৰত নদীৰ পৰিৱেশ আৰু নদীৰ পৰিবহণ ক্ষমতা উন্নত কৰা ইত্যাদি সমাধান কৰিবলৈ নিৰ্দেশ দিয়ে। ১৫. উপ-আঞ্চলিক সহযোগিতা বৃদ্ধিৰ মনোভাৱেৰে দুয়োগৰাকী নেতাই কাটিহাৰ (বিহাৰ)ৰ পৰা বৰনগৰ (অসম)লৈ বাংলাদেশৰ পাৰ্বতীপুৰ হৈ প্ৰস্তাৱিত উচ্চ ক্ষমতাসম্পন্ন ৭৬৫ কেভি ট্ৰেন্সমিছন লাইনকে ধৰি দুয়োখন দেশৰ বিদ্যুৎ গ্ৰীড সমকালীনভাৱে সংযোগ কৰাৰ প্ৰকল্প ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰিবলৈ সহমত প্ৰকাশ কৰে হয়, যিটো বিশেষ উদ্দেশ্যৰ বাহনৰ বাবে উপযুক্তভাৱে গঠন কৰা ভাৰত-বাংলাদেশ যৌথ উদ্যোগৰ জৰিয়তে নিৰ্মাণ কৰা হ’ব। শক্তি খণ্ডত উপ-আঞ্চলিক সহযোগিতা শক্তিশালী কৰাৰ বাবেও উভয় পক্ষ সহমতত উপনীত হয়। বাংলাদেশ পক্ষই ভাৰতৰ মাজেৰে নেপাল আৰু ভূটানৰ পৰা বিদ্যুৎ আমদানি কৰিবলৈ অনুৰোধ জনায়। ভাৰতীয় পক্ষই জনোৱা মতে, একেখিনি কথাৰ বাবে ইতিমধ্যে ভাৰতত নীতি-নিৰ্দেশনা প্ৰযোজ্য হৈ আছে। ১৬. দুয়োগৰাকী নেতাই ভাৰত-বাংলাদেশ বন্ধুত্ব পাইপলাইনৰ ওপৰত কৰা অগ্ৰগতিৰ পৰ্যালোচনা কৰে, যি বাংলাদেশৰ শক্তিৰ চাহিদা পূৰণত অৰিহণা যোগাব। তেওঁলোকে আশা প্ৰকাশ কৰে যে অতি সোনকালে প্ৰকল্পটো সম্পূৰ্ণ হ’ব। বাংলাদেশ পক্ষই ভাৰতীয় পক্ষক পেট্ৰ’লিয়াম সামগ্ৰীৰ বাবে নিজৰ ঘৰুৱা প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত সহায় কৰিবলৈও অনুৰোধ জনায়। ভাৰতীয় পক্ষই দুয়োপক্ষৰ কৰ্তৃত্বপ্ৰাপ্ত সংস্থাসমূহৰ মাজত আলোচনাৰ সুবিধা প্ৰদানৰ বাবে সন্মতি প্ৰকাশ কৰে। অসম আৰু মেঘালয়ৰ বিধ্বংসী বানপানীৰ ফলত হোৱা বিদ্যুতৰ ব্যাঘাতৰ বাবে অসমৰ পৰা বাংলাদেশ হৈ ত্ৰিপুৰালৈ পেট্ৰ’লিয়াম, তেল আৰু লুব্ৰিকেণ্ট পৰিবহণৰ অনুমতি দিয়াৰ ক্ষেত্ৰত ভাৰতীয় পক্ষই বাংলাদেশৰ সময়োপযোগী সমৰ্থনৰ শলাগ লয়৷ ভাৰতীয় পক্ষই ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন লিমিটেড (আইঅ’চিএল)ক বাংলাদেশলৈ শোধিত পেট্ৰ’লিয়াম সামগ্ৰীৰ পঞ্জীয়নভুক্ত জিটুজি যোগানকাৰী হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্তকো ভাৰতীয় পক্ষই আদৰণি জনায়। ১৭. উন্নয়ন অংশীদাৰিত্বৰ ক্ষেত্ৰত দুয়োপক্ষৰ মাজত শক্তিশালী সহযোগিতাৰ ওপৰত দুয়োজন নেতাই সন্তুষ্টি প্ৰকাশ কৰে। বাংলাদেশ পক্ষই ভাৰতে যি দক্ষতাৰে উন্নয়ন পুঁজি প্ৰদান কৰিছিল তাৰ শলাগ লৈ যোৱা বিত্তীয় বৰ্ষৰ ভিতৰত পুঁজি বিতৰণৰ ক্ষেত্ৰত শীৰ্ষ উন্নয়ন অংশীদাৰ হৈ পৰিল। ১৮. দুয়োগৰাকী নেতাই চট্ট’গ্ৰাম আৰু মংলা বন্দৰ (এচিএমপি) ব্যৱহাৰৰ চুক্তিৰ অধীনত পৰীক্ষামূলক ৰান সফলভাৱে সম্পূৰ্ণ হোৱাটোক আদৰণি জনায় আৰু অতি সোনকালে ইয়াৰ সম্পূৰ্ণ কাৰ্যকৰী হোৱাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে৷ ভাৰতীয় পক্ষই ২০১৫ চনৰ দ্বিপাক্ষিক উপকূলীয় জাহাজ চুক্তি সম্প্ৰসাৰণৰ দিশত কাম কৰাৰ বাবে পুনৰ অনুৰোধ জনায় যাতে তৃতীয় দেশৰ এক্সিম মালবাহী সামগ্ৰীও অন্তৰ্ভুক্ত কৰা হয়। দুয়োপক্ষই দুয়োখন দেশৰ মাজত প্ৰত্যক্ষ জাহাজ পৰিবহণৰ সম্পৰ্ক ক্ষিপ্ৰতাৰে অন্বেষণ কৰাৰ বাবেও সন্মতি প্ৰকাশ কৰে। তদুপৰি প্ৰট’কল অন ইনলেণ্ড ৱাটাৰ ট্ৰেনজিট এণ্ড ট্ৰেড (পিআইডব্লিউটিটি)ৰ ৫ আৰু ৬ (ধুলিয়ানৰ পৰা ৰাজশাহীলৈ-আৰিচালৈ সম্প্ৰসাৰণ) আৰু ৯ আৰু ১০ (দৌদকান্দিৰ পৰা সোণমুৰালৈ) পথৰ অধীনত নদী সেৱা আৰম্ভ কৰাৰ সিদ্ধান্ত কাৰ্যকৰী কৰাৰ বাবেও সহমত প্ৰকাশ কৰে। ভাৰতীয় পক্ষই বাংলাদেশক ত্ৰিপুৰাক বাংলাদেশৰ সৈতে সংযোগ কৰা ফেনী নদীৰ ওপৰত থকা মৈত্ৰী দলংখন কাৰ্যকৰী কৰাৰ বাবে বাকী থকা আন্তঃগাঁথনি, অনুপ্ৰৱেশ আৰু শুল্ক সুবিধাসমূহ আগতীয়াকৈ সম্পূৰ্ণ কৰিবলৈ অনুৰোধ জনায়। ১৯. দুয়োগৰাকী নেতাই বিবিআইএন মটৰ গাড়ী চুক্তিৰ আগতীয়া কাৰ্যকৰী কৰাৰ জৰিয়তে দ্বিপাক্ষিক আৰু উপ-আঞ্চলিক সংযোগ উন্নত কৰাৰ প্ৰচেষ্টা ক্ষিপ্ৰ কৰাৰ বাবে সহমত প্ৰকাশ কৰে৷ ভাৰতীয় পক্ষই বাংলাদেশৰ মাজেৰে পশ্চিমবংগৰ হিলীৰ পৰা মেঘালয়ৰ মহেন্দ্ৰগঞ্জলৈ এটা ঘাইপথকে ধৰি নতুন উপ-আঞ্চলিক সংযোগ প্ৰকল্প আৰম্ভ কৰাৰ বাবে বাংলাদেশ পক্ষক সহযোগিতা কৰিবলৈ অনুৰোধ জনায় আৰু এই সন্দৰ্ভত বিশদ প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰাৰ প্ৰস্তাৱ আগবঢ়ায়। একে মনোভাৱেৰে বাংলাদেশেও ভাৰত–ম্যানমাৰ-থাইলেণ্ড ত্ৰিপাক্ষিক ঘাইপথ প্ৰকল্পৰ চলি থকা পদক্ষেপত অংশীদাৰ হ’বলৈ পুনৰবাৰ আগ্ৰহ প্ৰকাশ কৰে। ২০. ভাৰতীয় পক্ষই জনোৱা মতে নিৰ্দিষ্ট ভূমি শুল্ক কেন্দ্ৰ/বিমানবন্দৰ/সাগৰীয় বন্দৰৰ জৰিয়তে নিজৰ সামগ্ৰী তৃতীয় দেশলৈ ৰপ্তানি কৰাৰ বাবে নিজৰ ভূখণ্ডৰ জৰিয়তে বাংলাদেশলৈ বিনামূলীয়া ট্ৰেনজিটৰ ব্যৱস্থা কৰিছে। এই সন্দৰ্ভত ভাৰতীয় পক্ষই তৃতীয় দেশলৈ ট্ৰেন্সশ্বিপমেণ্টৰ বাবে নিজৰ বন্দৰ আন্তঃগাঁথনি ব্যৱহাৰ কৰাৰ বাবে বাংলাদেশৰ ব্যৱসায়িক সমাজক আমন্ত্ৰণ জনায়। ভাৰতে নিজৰ সামগ্ৰী নেপাল আৰু ভূটানলৈ ৰপ্তানি কৰাৰ বাবেও বাংলাদেশক বিনামূলীয়া ট্ৰেনজিট প্ৰদান কৰি আহিছে। বাংলাদেশ পক্ষই নতুনকৈ উদ্বোধন কৰা চিলাহাটী–হালদিবাৰী পথৰ জৰিয়তে ভূটানৰ সৈতে ৰে’ল সংযোগৰ বাবেও অনুৰোধ জনায়৷ ভাৰতীয় পক্ষই ইয়াৰ কাৰ্য্যক্ষমতা আৰু সম্ভাৱনীয়তাৰ ওপৰত ভিত্তি কৰি অনুৰোধ বিবেচনা কৰিবলৈ সন্মতি জনায়। এইটোৰ লগতে অন্যান্য সীমা অতিক্ৰম কৰা ৰে’ল সংযোগক কাৰ্য্যকৰী কৰিবলৈ ভাৰতীয় পক্ষই চিলাহাটী–হালদিবাৰী ক্ৰছিঙত অন্যান্য বিষয়ৰ লগতে বন্দৰ নিষেধাজ্ঞা আঁতৰাবলৈ বাংলাদেশ পক্ষক অনুৰোধ জনায়। ২১. দুয়োগৰাকী নেতাই শেহতীয়াকৈ ব্যাপক অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি (চিইপিএ)য়ে পৰামৰ্শ দিয়া যৌথ সম্ভাৱনীয়তা অধ্যয়ন চূড়ান্ত কৰাটোক আদৰণি জনায়, যিটো দুয়োখন দেশৰ বাবে উপকাৰী হ’ব। তেওঁলোকে দুয়োপক্ষৰ বাণিজ্যিক বিষয়াসকলক ২০২২ চনৰ কেলেণ্ডাৰ বৰ্ষৰ ভিতৰত আলোচনা আৰম্ভ কৰিবলৈ আৰু বাংলাদেশৰ এলডিচি মৰ্যাদাৰ পৰা চূড়ান্ত স্নাতক হোৱাৰ সময়ত এইবোৰ যিমান পাৰি সোনকালে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। ২২. দুয়োখন দেশৰ মাজত বাণিজ্যৰ সুবিধা প্ৰদানৰ গুৰুত্ব পুনৰবাৰ উল্লেখ কৰি তেওঁলোকে ভূমি শুল্ক কেন্দ্ৰ/ভূমি বন্দৰসমূহত আন্তঃগাঁথনি আৰু সুবিধাসমূহৰ উন্নীতকৰণৰ তাৎক্ষণিক প্ৰয়োজনীয়তাৰ লগতে চিনাক্ত কৰা ভূমি শুল্ক কেন্দ্ৰসমূহত বন্দৰ নিষেধাজ্ঞা আৰু অন্যান্য অশুল্ক বাধাসমূহ আঁতৰোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ ভাৰতীয় পক্ষই বন্দৰ নিষেধাজ্ঞা অথবা নিষেধাজ্ঞাৰ ঋণাত্মক তালিকা অবিহনে অন্ততঃ এটা ডাঙৰ স্থলবন্দৰ, ভাৰতৰ উত্তৰ-পূব ৰাজ্যৰ সীমান্তত, বজাৰত সহজে প্ৰৱেশৰ বাবে আইচিপি আগৰতলা-আখাউৰাৰ পৰা আৰম্ভ কৰি অনুৰোধ পুনৰবাৰ দোঁহাৰে৷ দুয়োগৰাকী নেতাই পেট্ৰাপ’ল-বেনাপ’ল আইচিপিত দ্বিতীয়খন মালবাহী গেট নিৰ্মাণৰ বাবে পুঁজিৰ বাবে ভাৰতৰ প্ৰস্তাৱৰ ওপৰত হোৱা অগ্ৰগতিক আদৰণি জনায় আৰু বিষয়াসকলক অতি সোনকালে কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। ২৩. দুয়োগৰাকী নেতাই দ্বিপাক্ষিক প্ৰতিৰক্ষা সম্পৰ্ক তীব্ৰতৰ হোৱাতো সন্তুষ্টি প্ৰকাশ কৰে। লগতে প্ৰতিৰক্ষাৰ বাবে লাইন অৱ ক্ৰেডিটৰ অধীনত প্ৰকল্পসমূহ আগতীয়াকৈ চূড়ান্ত কৰাৰ বাবেও সহমত প্ৰকাশ কৰে, যিটো দুয়োখন দেশৰ বাবে উপকাৰী হ’ব। ভাৰতে এই ক্ষেত্ৰত বাংলাদেশ সশস্ত্ৰ বাহিনীৰ বাবে যান-বাহনৰ প্ৰাৰম্ভিক ক্ৰয় পৰিকল্পনা চূড়ান্ত কৰাত আদৰণি জনায় আৰু দ্বিপাক্ষিক প্ৰতিৰক্ষা সম্পৰ্ক উন্নীত কৰাৰ বাবে আগ্ৰহী। বৃহত্তৰ সামুদ্ৰিক সুৰক্ষাৰ বাবে উপকূলীয় ৰাডাৰ ব্যৱস্থা প্ৰদানৰ বাবে ২০১৯ চনৰ বুজাবুজি চুক্তিখন যিমানপাৰি সোনকালে কাৰ্যকৰী কৰাৰ বাবে ভাৰতীয় পক্ষই পুনৰ অনুৰোধ জনায়৷ ২৪. ভেকচিন মৈত্ৰী আৰু অক্সিজেন এক্সপ্ৰেছ ৰে’লৰ জৰিয়তে বাংলাদেশলৈকে ধৰি দুয়োখন দেশৰ মাজত হোৱা ঘনিষ্ঠ সহযোগিতাক আদৰণি জনাই দুয়োগৰাকী নেতাই জনসাধাৰণৰ সৈতে জনসাধাৰণৰ সম্পৰ্ক বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ৰে’ল, পথ, বিমান আৰু পানী সম্পৰ্কীয় সংযোগ পুনৰ আৰম্ভ হোৱাত নেতাসকলে সন্তুষ্টি প্ৰকাশ কৰে। এই সন্দৰ্ভত বাংলাদেশ পক্ষই ভাৰতৰ অধিকাংশ পথ আৰু ৰে’ল প্ৰব্ৰজন চেক প’ষ্টত পুনৰ খোলাৰ সুবিধা আদৰণি জনাই সকলো স্থলবন্দৰ/আইচিপিত প্ৰব্ৰজনৰ সুবিধাসমূহ ক’ভিড-১৯ৰ পূৰ্বৰ স্তৰলৈ পুনৰুদ্ধাৰ কৰি যিমানপাৰি সোনকালে যাতায়ত সুচল কৰিবলৈ অনুৰোধ জনায়। ভাৰত আৰু বাংলাদেশৰ মাজত তৃতীয়খন যাত্ৰীবাহী ৰে’ল ২০২২ চনৰ জুন মাহৰ পৰা মিতালী এক্সপ্ৰেছৰ নিয়মীয়া সেৱা আৰম্ভ হোৱাক দুয়োজন নেতাই আদৰণি জনায়। ২৫. দুয়োজন নেতাই বংগবন্ধু (মুজিব: দ্য মেকিং অৱ এ নেচন)ৰ ওপৰত যুটীয়াভাৱে নিৰ্মিত ছবিখন সোনকালে মুক্তিৰ বাবে আগ্ৰহ প্ৰকাশ কৰে৷ তদুপৰি “স্বাধীননতা ছোৰোক”-বাংলাদেশৰ মুজিব নগৰৰ পৰা পশ্চিমবংগৰ নাদিয়াৰ ভাৰত-বাংলাদেশ সীমান্তলৈ ঐতিহাসিক পথটো কাৰ্যকৰী কৰাৰ লগতে ১৯৭১ চনত বাংলাদেশৰ মুক্তিযুদ্ধৰ ওপৰত এখন তথ্যচিত্ৰ নিৰ্মাণ কৰাকে ধৰি অন্যান্য পদক্ষেপৰ দিশত কাম কৰিবলৈ সহমত প্ৰকাশ কৰে৷ বাংলাদেশ পক্ষই ১৯৭১ চনত বাংলাদেশৰ মুক্তিযুদ্ধৰ ওপৰত বিৰল ভিডিঅ’ ফুটেজসমূহ যৌথভাৱে সংকলন কৰাৰ প্ৰস্তাৱো আগবঢ়ায়। ভাৰতীয় পক্ষৰ দ্বাৰা দিল্লী বিশ্ববিদ্যালয়ত বংগবন্ধু আসন স্থাপনৰ বাবে বাংলাদেশ পক্ষই শলাগ লয়। ২৬. দুয়োগৰাকী নেতাই বাংলাদেশৰ পৰা ষ্টাৰ্ট-আপ প্ৰতিনিধি দলৰ প্ৰথম ভ্ৰমণৰ বাবে আগ্ৰহী আছিল যিয়ে দুয়োখন দেশৰ মাজত উদ্ভাৱনৰ ক্ষেত্ৰত অংশীদাৰিত্বক উজ্জীৱিত কৰিব। পৰৱৰ্তী মাহবোৰত যুবক-বিনিময়ৰ পৰিকল্পনা পুনৰ আৰম্ভ হোৱাক লৈ দুয়োপক্ষই সন্তুষ্টি প্ৰকাশ কৰে। ভাৰতৰ চিকিৎসা সুবিধাসমূহত বাংলাদেশৰ মুক্তিযোধাসকলৰ চিকিৎসা প্ৰদানৰ বাবে ভাৰতে গ্ৰহণ কৰা পদক্ষেপৰ গভীৰ শলাগ লয় বাংলাদেশ পক্ষই৷ ২৭. দুয়োগৰাকী নেতাই অতি সোনকালে জেডব্লিউজি আহ্বান কৰাকে ধৰি ২০১১ চনৰ ‘সুন্দৰবন সংৰক্ষণ’ সম্পৰ্কীয় বুজাবুজি চুক্তিখন ফলপ্ৰসূ ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যাতে এই বদ্বীপৰ অৰণ্যৰ পৰিস্থিতিতন্ত্ৰ আৰু ইয়াৰ ওপৰত নিৰ্ভৰশীল লোকসকলে বহনক্ষমভাৱে জীয়াই থাকিব পাৰে। ২৮. দুয়োপক্ষই নতুন আৰু উদীয়মান সহযোগিতাৰ ক্ষেত্ৰসমূহৰ সম্ভাৱনাক লাভৱান কৰাৰ গুৰুত্ব স্বীকাৰ কৰি দুয়োপক্ষৰ কৰ্তৃপক্ষক মহাকাশৰ শান্তিপূৰ্ণ ব্যৱহাৰ, সেউজ শক্তি, পাৰমাণৱিক শক্তিৰ শান্তিপূৰ্ণ ব্যৱহাৰ আৰু প্ৰযুক্তি সক্ষম সেৱাৰ অত্যাধুনিক ক্ষেত্ৰসমূহত বিত্ত, স্বাস্থ্য আৰু শিক্ষা দিশত সহযোগিতা বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে। ২৯. আঞ্চলিক পৰিস্থিতিৰ সন্দৰ্ভত ভাৰতে ম্যানমাৰৰ ৰাখাইন ৰাজ্যৰ পৰা বলপূৰ্বকভাৱে অপসাৰিত হোৱা এক লাখৰো অধিক লোকক আশ্ৰয় প্ৰদান আৰু মানৱীয় সাহায্য প্ৰদানৰ ক্ষেত্ৰত বাংলাদেশৰ উদাৰতাৰ প্ৰতি শলাগ লৈছে আৰু বাংলাদেশ আৰু ম্যানমাৰ উভয়কে একমাত্ৰ দেশ হিচাপে সমৰ্থন কৰাৰ বাবে নিজৰ অবিৰত প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰে, কিয়নো এই বলপূৰ্বকভাৱে স্থানচ্যুত হোৱা লোকসকলক নিজৰ গৃহভূমিলৈ নিৰাপদ, বহনক্ষম আৰু ক্ষিপ্ৰতাৰে ঘূৰাই অনাৰ প্ৰচেষ্টা হাতত লৈছে৷ ৩০. দুয়োপক্ষই আঞ্চলিক সংগঠনৰ জৰিয়তে শক্তিশালী আঞ্চলিক সহযোগিতাৰ বাবে কাম কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। ভাৰতীয় পক্ষই বিমষ্টেক সচিবালয়ক আতিথ্য প্ৰদান কৰা আৰু ইয়াৰ আন্তঃগাঁথনি বিকাশৰ ক্ষেত্ৰত বাংলাদেশৰ অৱদানৰ শলাগ লয়। ভাৰতীয় পক্ষই ইণ্ডিয়ান অ’চেন ৰিম এছ’চিয়েশ্যন(আইঅ’আৰএ)ৰ অধ্যক্ষ হিচাপে বাংলাদেশক পুনৰ সমৰ্থন জনাইছে। ৩১৷ ভ্ৰমণৰ সময়ত নিম্নোলিখিত বুজাবুজি চুক্তিসমূহ স্বাক্ষৰ আৰু বিনিময় কৰা হয়ঃ ক৷ উমৈহতীয়া সীমান্ত নদী কুশিয়াৰাৰ পৰা ভাৰত আৰু বাংলাদেশে পানী প্ৰত্যাহাৰ কৰাৰ সন্দৰ্ভত ভাৰত চৰকাৰৰ জল শক্তি মন্ত্ৰালয় আৰু বাংলাদেশ চৰকাৰৰ জলসম্পদ মন্ত্ৰালয়ৰ মাজত বুজাবুজি চুক্তি। খ৷ ভাৰত চৰকাৰৰ ৰে’ল মন্ত্ৰালয় (ৰে’লৱে ব’ৰ্ড) আৰু বাংলাদেশ চৰকাৰৰ ৰে’ল মন্ত্ৰালয়ৰ মাজত ভাৰতত বাংলাদেশ ৰে’লৱে কৰ্মীসকলক প্ৰশিক্ষণ সম্পৰ্কে বুজাবুজি চুক্তি। গ৷ বাংলাদেশ ৰে’লৱেৰ বাবে এফঅ’আইএছৰ দৰে আইটি ব্যৱস্থাত সহযোগিতা আৰু অন্যান্য আইটি এপ্লিকেচনৰ সন্দৰ্ভত ৰে’ল মন্ত্ৰালয় (ৰে’ল ব’ৰ্ড), ভাৰত চৰকাৰ আৰু বাংলাদেশ চৰকাৰৰ ৰে’ল মন্ত্ৰালয়ৰ মাজত বুজাবুজি চুক্তি। ঘ৷ ভাৰতৰ বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ (চিএছআইআৰ) আৰু বাংলাদেশৰ বাংলাদেশ বৈজ্ঞানিক আৰু উদ্যোগিক গৱেষণা পৰিষদ (বিচিএছআইআৰ)ৰ মাজত বৈজ্ঞানিক আৰু প্ৰযুক্তিগত সহযোগিতাৰ সন্দৰ্ভত বুজাবুজি চুক্তি। ঙ৷ নিউস্পেচ ইণ্ডিয়া লিমিটেড আৰু বাংলাদেশ ছেটেলাইট কোম্পানী লিমিটেডৰ মাজত মহাকাশ প্ৰযুক্তি ক্ষেত্ৰত সহযোগিতামুলক বুজাবুজি চুক্তি৷ চ৷ সম্প্ৰচাৰৰ ক্ষেত্ৰত সহযোগিতা সম্পৰ্কীয় প্ৰসাৰ ভাৰতী আৰু বাংলাদেশ টেলিভিছনৰ মাজত বুজাবুজি চুক্তি। ছ৷ ভাৰতত বাংলাদেশৰ ন্যায়িক বিষয়াসকলৰ বাবে প্ৰশিক্ষণ আৰু সামৰ্থ্য বিকাশ কাৰ্যসূচীৰ সন্দৰ্ভত ভাৰতৰ ৰাষ্ট্ৰীয় ন্যায়িক একাডেমী আৰু বাংলাদেশৰ উচ্চতম ন্যায়ালয়ৰ মাজত বুজাবুজি চুক্তি। ৩২. নিম্নোলিখিত প্ৰকল্প উদ্বোধন/ঘোষণা/মুকলি কৰা হৈছে ক৷ মৈত্ৰী শক্তি কেন্দ্ৰৰ প্ৰথম ইউনিট উদ্বোধন-খুলনাৰ ৰামপাল খ৷ ৰুপছা ৰে’লৱে দলং উদ্বোধন গ৷ খুলনা–দৰ্শনা ৰে’ল লাইন আৰু পাৰ্বতীপুৰ–কৌনিয়া ৰে’ল লাইনৰ বাবে প্ৰজেক্ট মেনেজমেণ্ট কনচালটেন্সি চুক্তি স্বাক্ষৰ কৰাৰ কথা ঘোষণা৷ ঘ৷ বংগবন্ধু শ্বেইখ মুজিবুৰ ৰহমানৰ ঐতিহাসিক ‘৭ মাৰ্চৰ ভাষণ’ৰ ভাৰতীয় ২৩খন আৰু দক্ষিণ এছিয়াৰ অন্যান্য দেশৰ ৫টা ভাষাত অনুদিত গ্ৰন্থখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উপহাৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ৷ ঙ৷ অনুদানভিত্তিত বাংলাদেশ ৰে’লৱেক ২০টা ব্ৰ’ড গজ ইঞ্জিন আগবঢ়োৱা সন্দৰ্ভত ঘোষণা। চ৷ বাংলাদেশ চৰকাৰৰ গড়কাপ্তানি আৰু ঘাইপথ বিভাগক পথ নিৰ্মাণৰ সঁজুলি আৰু যন্ত্ৰপাতি যোগান সম্পৰ্কীয় ঘোষণা। ৩৩. প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চৰকাৰ তথা ভাৰতবাসীৰ উষ্ম আৰু উদাৰ আতিথ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী হাছিনাই প্ৰধানমন্ত্ৰী মোদীক বাংলাদেশ ভ্ৰমণৰ বাবে আন্তৰিক আমন্ত্ৰণ জনায় আৰু দুয়োগৰাকী নেতাই সকলো স্তৰ আৰু মঞ্চত পাৰস্পৰিক কাৰ্যকলাপ অব্যাহত ৰখাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে৷ | বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ সময়ত ভাৰত-বাংলাদেশৰ যুটীয়া বিবৃতি |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9A%E0%A7%8C%E0%A7%B0%E0%A7%80-%E0%A6%9A%E0%A7%8C%E0%A7%B0%E0%A6%BE%E0%A7%B0-%E0%A6%98%E0%A6%9F%E0%A6%A8%E0%A6%BE%E0%A7%B0-%E0%A6%B6%E0%A6%A4%E0%A6%AC%E0%A7%B0%E0%A7%8D%E0%A6%B7-%E0%A6%AA/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9A%E0%A7%8C%E0%A7%B0%E0%A7%80-%E0%A6%9A%E0%A7%8C%E0%A7%B0%E0%A6%BE%E0%A7%B0-%E0%A6%98%E0%A6%9F%E0%A6%A8%E0%A6%BE%E0%A7%B0-%E0%A6%B6%E0%A6%A4%E0%A6%AC%E0%A7%B0%E0%A7%8D%E0%A6%B7-%E0%A6%AA/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চৌৰী চৌৰাৰ ঘটনাৰ শতবৰ্ষ পূৰ্তি উপলক্ষ্যে স্বাধীনতা সংগ্ৰামৰ বীৰ সেনানীসকলক স্মৰণ কৰে। উক্ত ঘটনাৰ শতবাৰ্ষিকী উদযাপনৰ শুভাৰম্ভণিত যোৱা বছৰ তেওঁ দিয়া ভাষণ প্ৰধানমন্ত্ৰীয়ে সকলোৰে সৈতে ভাগ বতৰা কৰে। এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়; ‘আজি আমি চৌৰী চৌৰাৰ ঘটনাৰ এশ বছৰ পূৰ্ণ কৰিছোঁ। এই ঘটনাৰ শতবাৰ্ষিকী উদযাপনৰ শুভাৰম্ভণিত যোৱা বছৰ মই দিয়া ভাষণ সকলোৰে সৈতে ভাগ বতৰা কৰিছোঁ। আমাৰ স্বাধীনতা সংগ্ৰামৰ বীৰ সেনানীসকলক স্মৰণ কৰি মই বিভিন্ন বিষয় সন্দৰ্ভত মত ব্যক্ত কৰিছিলোঁ।’ | চৌৰী চৌৰাৰ ঘটনাৰ শতবৰ্ষ পূৰ্তিত স্বাধীনতা সংগ্ৰামৰ বীৰ সেনানীসকলক স্মৰণ কৰে প্ৰধানমন্ত্ৰীয় |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%AC%E0%A7%8D%E0%A6%B2%E0%A7%81-%E0%A6%AC/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%AC%E0%A7%8D%E0%A6%B2%E0%A7%81-%E0%A6%AC/ | মিনিকয়, থুণ্ডি বীচ আৰু কদমত বীচে বিশ্বৰ আটাইতকৈ পৰিষ্কাৰ সমুদ্ৰ তীৰসমূহক প্ৰদান কৰা এক পৰিৱেশ-সন্মান 'ব্লু বীচ'ৰ সন্মানীয় তালিকাত স্থান লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লাক্ষাদ্বীপৰ লোকসকলক অভিনন্দন জনায়া। প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ উল্লেখযোগ্য উপকূলীয় অঞ্চলৰ কথা উল্লেখ কৰে আৰু উপকূলীয় অনাময় ব্যৱস্থাক আগুৱাই নিয়াৰ ক্ষেত্ৰত ভাৰতীয়সকলৰ উৎসাহক প্ৰশংসা কৰে। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ যাদৱে কৰা এটা টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে: "এয়া বৰ ভাল কথা হৈছে! এই সাফল্যৰ বাবে বিশেষভাৱে মই লাক্ষাদ্বীপৰ জনসাধাৰণক অভিনন্দন জনাইছো। ভাৰতৰ উপকূলীয় অঞ্চল লক্ষণীয় আৰু উপকূলীয় অনাময় ব্যৱস্থা ৰক্ষা কৰিবলৈ আমাৰ লোকসকলৰ মাজত যথেষ্ট উৎসাহৰ সৃষ্টি হৈছে । " | প্ৰধানমন্ত্ৰীয়ে ‘ব্লু বীচ’ৰ সন্মানীয় তালিকাত মিনিকয়, থুণ্ডি বীচ আৰু কদমত বীচক স্থান দিয়াৰ বাবে লাক্ষাদ্বীপৰ লোকসকলক অভিনন্দন জনায |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%87%E0%A6%9A%E0%A6%BF%E0%A6%8F%E0%A6%9B%E0%A6%86%E0%A6%87%E0%A7%B0-%E0%A6%B8%E0%A7%8B%E0%A6%A3%E0%A6%BE%E0%A6%B2%E0%A7%80-%E0%A6%9C%E0%A7%9F%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%80%E0%A7%B0/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%87%E0%A6%9A%E0%A6%BF%E0%A6%8F%E0%A6%9B%E0%A6%86%E0%A6%87%E0%A7%B0-%E0%A6%B8%E0%A7%8B%E0%A6%A3%E0%A6%BE%E0%A6%B2%E0%A7%80-%E0%A6%9C%E0%A7%9F%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%80%E0%A7%B0/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইনষ্টিটিউট অৱ কোম্পেনী ছেক্ৰেটেৰীজ-চমুকৈ আইচিএছআইৰ সোণালী জয়ন্তী বৰ্ষৰ উদ্বোধনী অনুষ্ঠান উপলক্ষে কোম্পেনী ছেক্ৰেটেৰীসকলক উদ্দেশ্যি ভাষণ আগবঢ়ায়। এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে আইচিএছআইৰ সৈতে জড়িত সকলোকে অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে এই সকল লোকৰ মাজত থাকি সুখী অনুভৱ কৰিছে, যিসকলে কোম্পেনীক নিশ্চিতভাৱে আইন মানি চলা আৰু তেওঁলোকৰ একাউণ্ট ভালদৰে বজাই ৰখাৰ দায়িত্ব পালন কৰিছে। তেওঁ কয় যে এইসকল লোকৰ কাম-কাজে দেশত কৰ্প’ৰেট সংস্কৃতি প্ৰতিষ্ঠা কৰাত সহায় কৰিছে। দেশৰ কৰ্প’ৰেট প্ৰশাসনত তেওঁলোকৰ পৰামৰ্শই যথেষ্ট প্ৰভাৱ পেলাইছে। প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ দেশত এনে একাংশ লোক আছে, যি আমাৰ সামাজিক আন্তঃগাঁথনিক দুৰ্বল কৰাৰ আৰু ৰাষ্ট্ৰৰ মৰ্যাদা লাঘৱ কৰাৰ চেষ্টা কৰে। তেওঁ কয় যে চৰকাৰে এই কলুষিত উপাদান পৰিষ্কাৰ কৰাৰ কাম কৰি আছে। প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰৰ প্ৰচেষ্টাৰ ফলস্বৰূপে আজি দেশৰ অৰ্থনীতি নগদবিহীন বাবে কাম কৰিছে। বিমুদ্ৰাকৰণৰ পূৰ্বে দেশৰ মুঠ ঘৰুৱা উৎপাদন ১২ শতাংশৰ পৰা ৯ শতাশলৈ নিম্নগামী হৈছিল। প্ৰধানমন্ত্ৰীয়ে হতাশাজনক খবৰ বিয়পোৱা লোকসকলক সাৱধান কৰি দিয়ে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে বিগত সময়ত দেশৰ অৰ্থনীতিৰ বিকাশৰ হাৰ ৫.৭ শতাংশলৈ নিম্নগামী হৈছে। এই নিম্নগামীতাই মূল্যবৃদ্ধি, চলিত একাউণ্টৰ ঘাটি আৰু ৰাজহ ঘাটি বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰীয়ে কয় যে যিসময়ত বিশ্বৰ উন্নয়নশীল ৫ খন দেশৰ অৰ্থনীতিৰ অধোনতি হৈছিল তেনেসময়তে ভাৰতে ক্ৰমান্বয়ে উন্নতি লাভ কৰি আহিছে। চলিত বৰ্ষৰ প্ৰথমাৰ্ধত অৰ্থনীতিৰ নিম্নগামীতাৰ কথা স্বীকাৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে এই গতি পুনৰুদ্ধাৰৰ বাবে প্ৰতিশ্ৰুতিৱদ্ধ। তেওঁ কয় যে এই সিদ্ধান্তৰ লগত জড়িত কেতবোৰ গুৰুত্বপূৰ্ণ সংস্কাৰ ইতিমধ্যে কৰা হৈছে আৰু এই প্ৰক্ৰিয়া অব্যাহত থাকিব। প্ৰধানমন্ত্ৰীয়ে দেশৰ বিত্তীয় সুস্থিৰতা বজাই ৰখাৰ বাবে চৰকাৰে ব্যৱস্থা লোৱাৰ আশ্বাস দিয়াৰ লগতে অনাগত সময়ত উন্নয়নৰ নতুন দিগন্তৰ সূচনা হ’ব বুলি কয়। তেওঁ কয় যে দেশত সততাক অগ্ৰাধিকাৰ দিয়া হ’ব আৰু সৎ লোকৰ স্বাৰ্থ সুৰক্ষিত কৰা হ’ব। প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত তিনি বছৰত কেইবাটাও প্ৰধান খণ্ডত বিনিয়োগ আৰু উৎপাদন বৃদ্ধিৰ প্ৰসংগত উল্লেখ কৰে। এই সময়ছোৱাত ২১ টা খণ্ডৰ ৮৭টা সংস্কাৰ কৰা হৈছে। তেওঁ বিনিয়োগ খণ্ডৰ ব্যাপক বৃদ্ধিৰ কথাও উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে নীতি আৰু পৰিকল্পনাৰে দুখীয়া, মধ্যবিত্ত লোকসকলৰ মজুত কৰা ধন নিশ্চিত কৰা হৈছে, যাতে তেওঁলোকে আৰু অধিক ভালকৈ জীৱন নিৰ্বাহ কৰিব পাৰে। প্রধানমন্ত্রীয়ে কয় যে তেওঁ জনসাধাৰণ আৰু ৰাষ্ট্ৰৰ সবলীকৰণৰ দিশত কাম কৰিছে। ইয়াৰ বাবে তেওঁ কেতিয়াবা সমালোচনাৰো সম্মুখীন হৈছে, তথাপি তেওঁৰ উপস্থিতিত দেশৰ ভৱিষ্যত কেতিয়াও বন্ধকত নথয় বুলি কয়। | আইচিএছআইৰ সোণালী জয়ন্তীৰ উদ্বোধনী অনুষ্ঠান উপলক্ষে কোম্পেনী ছেক্ৰেটেৰীসকলক সম্বোধন প্ৰধানমন্ত্ৰীৰ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A6%E0%A6%BF%E0%A6%B2%E0%A7%8D%E0%A6%B2%E0%A7%80%E0%A6%A4-%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A7%8D%E0%A6%AF%E0%A6%BF%E0%A6%95-%E0%A6%85%E0%A6%A4%E0%A6%BF%E0%A6%A5%E0%A6%BF%E0%A6%B6%E0%A6%BE%E0%A6%B2/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A6%E0%A6%BF%E0%A6%B2%E0%A7%8D%E0%A6%B2%E0%A7%80%E0%A6%A4-%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A7%8D%E0%A6%AF%E0%A6%BF%E0%A6%95-%E0%A6%85%E0%A6%A4%E0%A6%BF%E0%A6%A5%E0%A6%BF%E0%A6%B6%E0%A6%BE%E0%A6%B2/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত নতুন দিল্লীৰ যীশু আৰু মেৰী মাৰ্গৰ টি-জংচনৰ পৰা চানক্যপুৰী ড০ ৰাধাকৃষ্ণণ মাৰ্গৰ দাগ নং. ২৯-চি আৰু ২৯-ডিত ১.৪৭৮ একৰ অৰ্থাৎ ৫৮৮২.৯৬ বৰ্গমিটাৰ ভূমি নিন্মেলিখিত দৰত মধ্যপ্ৰদেশ চৰকাৰক ৰাজ্যিক অতিথিশালা নিৰ্মাণৰ বাবে প্ৰদানত অনুমোদন জনায়:- (i) আৱন্টিত ভূমিত ৰাজ্যিক অতিথিশালা নির্মাণৰ কাম সম্পূর্ণ হ’লে ২নং গোপীনাথ বৰদলৈ মার্গত অৱস্থিত ০.৮৯ একৰ ভূমি মধ্যপ্রদেশ চৰকাৰে কেন্দ্রীয় গৃহ আৰু নগৰীয়া দাৰিদ্র্য দূৰীকৰণ মন্ত্রালয়ক হস্তান্তৰ কৰিব লাগিব। (ii) মধ্যপ্ৰদেশ চৰকাৰে চলিত মুল্যত ০.৫৯ একৰ ভূমি কেন্দ্ৰীয় চৰকাৰক দিব লাগিব। মন্ত্রিসভাৰ বৈঠকত ভূমি হস্তান্তৰ সম্পর্কীয় সিদ্ধান্ত গ্রহণৰ ফলত বিভিন্ন সুযোগ-সুবিধা সম্বলিত এটি আধুনিক অতিথিশালা গঢ়ি তুলিব পাৰিব ৰাজ্য চৰকাৰে। সেই অতিথিশালা নির্মাণৰ বাবে অন্য কোনো কামত এই ভূমি ব্যৱহাৰ কৰিব নোৱাৰিব। | দিল্লীত ৰাজ্যিক অতিথিশালা নিৰ্মাণৰ উদ্দেশ্যে মধ্যপ্ৰদেশ চৰকাৰক ভূমি আৱণ্টনত কেবিনেটৰ অনুমোদন |
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A7%E0%A7%A7-%E0%A6%AB%E0%A7%87%E0%A6%AC%E0%A7%8D%E0%A7%B0%E0%A7%81%E0%A7%B1%E0%A6%BE%E0%A7%B0%E0%A7%80%E0%A6%A4-%E0%A6%93%E0%A6%AE%E0%A6%BE%E0%A6%A8%E0%A7%B0-%E0%A6%AE%E0%A6%B8%E0%A7%8D/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A7%E0%A7%A7-%E0%A6%AB%E0%A7%87%E0%A6%AC%E0%A7%8D%E0%A7%B0%E0%A7%81%E0%A7%B1%E0%A6%BE%E0%A7%B0%E0%A7%80%E0%A6%A4-%E0%A6%93%E0%A6%AE%E0%A6%BE%E0%A6%A8%E0%A7%B0-%E0%A6%AE%E0%A6%B8%E0%A7%8D/ | ভাৰতবৰ্ষত, ২০১৪ চনৰ পূৰ্বে ৩৫০ টকাতকৈও অধিক হোৱা এল.ই.ডি বাল্বৰ বৰ্তমান মূল্য মাত্ৰ ৪০-৪৫ টকা হোৱা দেখা গৈছে। তদুপৰি, যিসকলে সুলভমুল্যত ইয়াক ব্যৱহাৰ কৰি আছে, বছৰি ১৫০০০ কোটি টকাৰ বিদ্যুতৰ বিল বচাবলৈ সক্ষম হৈছে। আজি প্ৰতিগৰাকী ভাৰতীয়ই নতুন ভাৰত নিৰ্মাণৰ সপোন বাস্তবায়িত কৰাৰ বাবে কাম কৰি আছে। আমি সেই দিশে গতি কৰি আছো য’ত দুখীয়াতকৈও দুখীয়ালোকসকলে সমান সুযোগ-সুবিধাৰে প্ৰগতি লাভ কৰিব পাৰিব, সপোন দেখিব পাৰিব আৰু সেইবোৰ পৰিপূৰ্ণ কৰিব পাৰিব। বৰ্তমান, মই নিজৰ মাজতো এখন ক্ষুদ্ৰ ভাৰতবৰ্ষহে দেখা পাওঁ।দেশৰ বিভিন্ন ঠাইৰ লোকসকলে এক বিশাল ভাৰতবৰ্ষ নিমাৰ্ণৰ বাবে বিভিন্ন ক্ষেত্ৰত কাম কৰি আছে। আজিৰপৰা প্ৰায় ১০ বছৰ পূৰ্বে মই ওমান ভ্ৰমণ কৰিছিলো। গুজৰাটৰ মুখ্যমন্ত্ৰীৰ ৰূপত মই আফ্ৰিকালৈ গৈছিলো আৰু সেই ভ্ৰমণৰ সময়ছোৱাতেই ছালালাৰ মাজেৰে অতিক্ৰম কৰিছিলো।আপোনালোকক ওমানত লগ পাবলৈ আৰু আপেনালোকৰ মাজৰে এজন হ’বলৈ অত্যন্ত আগ্ৰহী আছিলো আৰু আজি সেই সৌভাগ্য প্ৰাপ্তি হ’ল। ওমান আৰু ভাৰতবৰ্ষৰ মাজৰ সম্পৰ্ক শ বছৰ, হাজাৰ বছৰ পুৰণি। বিগত তিনি বছৰ ধৰি যিবোৰ নীতি-নিয়মৰ প্ৰয়োজন সেইবোৰ প্ৰস্তুতকৰণৰ জৰিয়তে পুৰণি আৰু বন্ধু-ভাৱাপন্ন উপ-সাগৰীয় দেশবিলাকৰবিলাকৰ সৈতে সম্পৰ্ক স্থাপনৰ জৰিয়তে ভাৰতবৰ্ষক এক নতুন আকাৰ দিবলৈ বিচৰা হৈছে। আপোনালোকে লক্ষ্য কৰিছে যে, উপ-সাগৰীয় দেশসমূহে কিদৰে ভাৰতবৰ্ষৰ উন্নয়ন আৰু বিকাশত আগ্ৰহ ব্যক্ত কৰিছে৷ প্ৰকৃততে, ওমানৰ লগত ভাৰতবৰ্ষৰ ঐতিহাসিক সম্পৰ্কই এক নতুন গতি লোৱা পৰিলক্ষিত হৈছে। ইয়াৰ সন্মানীয় ৰজা চুলতানৰো ভাৰতবৰ্ষৰ সৈতে এক অভিন্ন সম্পৰ্ক আছে। আজি এই ষ্টেডিয়ামত ইয়াৰ ৰজা চুলতানৰ বাবেই মই এক বৃহৎ সংখ্যক দৰ্শকৰ সন্মুখীন হ’বলৈ সক্ষম হৈছো। দেশখনৰ সাধাৰণ মানুহৰ জীৱন-ধাৰণ প্ৰণালী সহজ কৰিবলৈ আমি ‘নূন্যতম চৰকাৰ-উৰ্ধতম শাসন’ নীতি অনুসৰণৰে কাম কৰি আছো। আমি প্ৰক্ৰিয়াৰ সৰলীকৰণ, অ-প্ৰয়োজনীয় আইনবিলাক নিষিদ্ধ কৰা, চৰকাৰী কাৰ্যালয়বিলাকত ৪০-৫০ পৃষ্ঠাৰ পত্ৰবিলাক ৪-৫ পৃষ্ঠালৈ হ্ৰাস কৰা, সেইসমূহ অনলাইনৰ জৰিয়তে পূৰণ কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰা, জনসাধাৰণৰ সমস্যাবিলাকৰ ওপৰত গভীৰভাৱে আলোকপাত কৰা আৰু সেইবোৰৰ ওপৰত কাম কৰা ইত্যাদিবোৰ চৰকাৰৰ কাৰ্যকলাপৰ ভিতৰত অন্তৰ্ভূক্ত কৰি লৈছো। বৰ্তমান, পৰিৱৰ্তনশীল ভাৰতবৰ্ষত দৰিদ্ৰ লোকসকলে বেংকৰ পৰা বিমূখ হৈ উভতিব লগা নহয়। এই পৰিৰ্ৱতনশীল ভাৰতবৰ্ষতেই ভাৰত চৰকাৰে ঘৰে ঘৰে গৈ গেছ আৰু বিদ্যুতৰ সংযোগ আগবঢ়াইছে। দুখীয়ালোকসকলে প্ৰতিদিনে ৯০ পইচা আৰু প্ৰতি মাহত ১ টকাৰ বিনিময়তে জীৱন আৰু সুৰক্ষা বীমা পাবলৈ সক্ষম হৈছে। এই আঁচনিৰ অধীনত দাবী(ক্লেইম)হিচাপে দুখীয়া ব্যক্তিলৈ ২০০০ কোটি টকা আগবঢ়োৱা হৈছে৷ আমি এনেকুৱা কিছুমান আঁচনি বাজেটত উপস্থাপন কৰিছো, যিবোৰে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।‘আয়ুষ্মান ভাৰত যোজনা’ৰ অধীনত ভাৰতবৰ্ষৰ প্ৰায় ১০ কোটি দুখীয়া পৰিয়াললৈ অৰ্থাৎ ৪০-৪৫ কোটি নাগৰিকলৈ স্বাস্থ্য বীমা আগবঢ়োৱা হ’ব। দুখীয়া পৰিয়াললৈ প্ৰায় ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসা সেৱা প্ৰদানৰ আশ্বাস দিয়া হৈছে। বৰ্তমান, দেশখনৰ পৰৱৰ্তী প্ৰজন্মৰ বিকাশ সাধন কৰাও ২১ শতিকাৰ বাবে গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। বিশেষকৈ, আমি যাতায়ত-ব্যৱস্থা উন্নতি কৰাটো গুৰুত্বপূৰ্ণ হৈ পৰিছে যাতে বিভিন্ন উপাদান ইটো-আনটোৰ পৰিপূৰক হ’ব পাৰে। ঘাই-পথ,বিমান-পথ,ৰেল-পথ আৰু জল-পথ এই আটাইবোৰক প্ৰয়োজন অনুসৰি একত্ৰিত কৰাৰ ব্যৱস্থা কৰা হৈছে। ‘ভাৰতমালা আঁচনি’ৰ অধীনত ৫৩ হাজাৰ কি:মি: দৈৰ্ঘৰ ৰাষ্ট্ৰীয় ঘাই-পথ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে। দেশখনৰ বিভিন্ন প্ৰান্তত ৰেল-পথৰ ক’ৰিড’ৰসমূহৰ মেৰামতিৰ কামো চলি আছে।দেশখনৰ ১১ খন ডাঙৰ চহৰলৈ মেট্ৰ’ ৰেল-ব্যৱস্থাৰ প্ৰসাৰণ ঘটিছে।সাগৰমালা আঁচনিৰ অধীনত দেশখনৰ উপকূল অঞ্চলসমূহৰ অৰ্থ-ব্যৱস্থা আৰু আন্তঃগাঁঠনি সম্পৰ্কীয় উন্নয়নমূলক কাৰ্যসূচীৰ পৰিচালনা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মাছমৰীয়া সম্প্ৰদায়ৰ ভাইসকলৰ বাবে আমি এক ‘নীলা বিপ্লৱ আঁচনি’ৰ কাম হাতত লৈছো আৰু মাছ ধৰিব পৰা আধুনিক নৌকা ক্ৰয়ৰে তেওঁলোকলৈ আমি সহায় আগবঢ়াইছো। তদুপৰি চৰকাৰে দেশৰ ১১০ টা জলপথৰ উন্নয়নৰ কাম হাতত লৈছে। ভাৰতবৰ্ষ এতিয়া সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত পিছ পৰি থকা নাই। নিৰ্ধাৰিত সময়ৰ ভিতৰতে ভাৰতবৰ্ষত লক্ষ্যবোৰ সমাপ্ত হোৱা পৰিলক্ষিত হৈছে। ভাৰতবৰ্ষৰ কৰ্ম সংস্কৃতি সলনি হোৱাৰ এয়া এক উদাহৰণ৷ এয়া নতুন ভাৰতবৰ্ষৰ এক উদাহৰণ। দেশৰ পুঁজিসমূহ ৰাহি কৰিব পৰা যায়, যেতিয়া দেশৰ সিদ্ধান্তসমূহ স্পষ্ট বিবেক আৰু এক সুপৰিকল্পিত নীতিৰে লোৱা হয়৷ যেতিয়া কামবিলাক দক্ষতাৰে সম্পন্ন কৰা হয় আৰু দেশখনৰ সম্পদবোৰৰ যেতিয়া সদ্বব্যৱহাৰ কৰা হয়, তেতিয়া দেশৰ পুঁজি ৰাহি কৰিব পৰা যায়। দেশৰ প্ৰগতি আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ পথত মই আপোনালোককো গুৰুত্বপূৰ্ণ অংশীদাৰ ৰূপে গণ্য কৰো। নতুন ভাৰতবৰ্ষ নিৰ্মাণৰ সপোন পৰিপূৰ্ণ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ অংগীকাৰৰ প্ৰভাৱ ভাৰতবৰ্ষতো পৰিলক্ষিত হ’ব। | ১১ ফেব্ৰুৱাৰীত ওমানৰ মস্কটত প্ৰবাসী ভাৰতীয়ক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ ইংৰাজী সংস্কৰণ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B2%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%A8%E0%A6%A4-%E0%A6%85%E0%A6%A8%E0%A7%81%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BF%E0%A6%A4-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%95%E0%A7%80-%E0%A6%AC-2/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B2%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%A8%E0%A6%A4-%E0%A6%85%E0%A6%A8%E0%A7%81%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BF%E0%A6%A4-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%95%E0%A7%80-%E0%A6%AC-2/ | প্ৰসুন যোশী- নমস্কাৰ মোদী মহোদয় প্ৰধানমন্ত্ৰী- আপোনাকো নমস্কাৰ আৰু সমগ্ৰ দেশবাসীকে নমস্কাৰ প্ৰসুন যোশী- মোদী ডাঙৰীয়া, আমি সকলোৱে গম পাওঁ যে আপুনি কিমান ব্যস্ত কাৰ্যসূচীৰ পৰা সময় উলিয়াই ইয়ালৈ আহিছে আৰু আমি আপোনাৰ পৰা ক্ষন্তেক সময় বিচাৰিছোঁ৷ সৰ্বপ্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ৷ মই কিছু সময় পূৰ্বে ভাৰতৰ বিষয়ে এইদৰে লিখিছিলোঁ যে ‘‘धरती के अंतस: में जो गहरा उतरेगा, उसी के नयनों में जीवन का राग दिखेगा धरती के अंतस: में जो गहरा उतरेगा, उसी के नयनों में जीवन का राग दिखेगा जिन पैरों में मिट्टी होगी, धूल सजेगी, उन्हीं के के संग-संग इक दिन सारा विश्वল चलेगा।‘ ‘ৰে’লৱে ষ্টেচন’ৰ পৰা আপোনাৰ যাত্ৰা আৰম্ভ হৈছে আৰু আজি ‘ৰ’য়েল পেলেচ’লৈ আপুনি অতিথি ৰূপে আহিছে৷ এই যাত্ৰাটোক আপুনি কিভাৱে বৰ্ণনা কৰিব মোদী ডাঙৰীয়া? প্ৰধানমন্ত্ৰী- প্ৰসুন ডাঙৰীয়া, সৰ্বপ্ৰথমে মই আপোনাৰ প্ৰতি কৃতজ্ঞ যে বিপুল সংখ্যকৰ মাজত আপোনাক দৰ্শন কৰাৰ সৌভাদ্য হৈছে আৰু আপুনি ধৰিত্ৰীৰ ধূলিৰ পৰা নিজৰ কথা আৰম্ভ কৰিছে৷ আপুনিতো কবিৰাজ হয়, এই ‘ৰে’লৱে’ৰ পৰা ‘ৰ’য়েল পেলেচ’লৈ এই কথাংশ আপোনাৰ বাবে বৰ সৰল, কিন্তু জীৱনৰ পথ অতিশয় কঠিন৷ ৰে’লৱে ষ্টেচনৰ পৰিঘটনা মোৰ ব্যক্তিগত জীৱনৰ কাহিনী হয়৷ মোৰ জীৱনৰ সংঘৰ্ষৰ সেয়া এক স্বৰ্ণিল পৃষ্ঠা, যিয়ে মোৰ জীয়াবলৈ শিকালে, যুঁজিবলৈ শিকালে আৰু জীৱনটো নিজৰ বাবে নহয়, আনৰ বাবেও হ’ব পাৰে৷ এয়া ৰে’লৰ চিৰিত দৌৰি আৰু তাৰ পৰা ওলোৱা শব্দ মই শৈশৱৰ পৰা শিকিছোঁ; সেয়া মোৰ নিজৰ কথা৷ কিন্তু ‘ৰ’য়েল পেলেচ’, এয়া নৰেন্দ্ৰ মোদীৰ নহয়৷ এয়া মোৰ কাহিনী নহয়… প্ৰসুন ডাঙৰীয়া- আৰু যি ভাৱনা আপোনাৰ ভিতৰত…. প্ৰধানমন্ত্ৰী- এই ‘ৰ’য়েল পেলেচ’ ১২৫ কোটি হিন্দুস্তানীৰ সংকল্পৰ পৰিণাম৷ ৰে’লৰ চিৰিৰ মোদী, এয়া নৰেন্দ্ৰ মোদী হয়৷ ‘ৰ’য়েল পেলেচ’ ১২৫ কোটি হিন্দুস্তানীৰ এজন সেৱক হয়, তেওঁ নৰেন্দ্ৰ মোদী নহয়৷ আৰু এয়া ভাৰতৰ লোকতন্ত্ৰৰ শক্তি হয়, ভাৰতৰ সংবিধানৰ সামৰ্থ হয়, যে য’ত এক অনুভৱ হয়, অন্যথা যি ঠাই কিছুমান পৰিয়ালৰ বাবে সংৰক্ষিত হয় আৰু লোকতন্ত্ৰত যদি জনতা-জনাৰ্দন, যি ঈশ্বৰৰ স্বৰূপ, তেওঁলোকে সংকল্প কৰে যদি এজন চাহ বিক্ৰেতাও তেওঁলোকৰ প্ৰতিনিধি হৈ ‘ৰ’য়েল পেলেচ’ত হাত মিলাব পাৰে৷ প্ৰসুন ডাঙৰীয়া- এয়া যিজন ব্যক্তি আৰু নৰেন্দ্ৰ মোদী, যি প্ৰধানমন্ত্ৰী, দেশক প্ৰতিনিধিত্ব কৰে, এই দুয়োজন একত্ৰ হৈ পৰে, যেতিয়া এনেকুৱা স্থানত আপুনি থাকে, অথবা আপুনি দেখে যে মই এটা যাত্ৰা কৰি আছোঁ অথবা সেয়া একত্ৰ হৈ পৰে, সকলো মিলি পৰে, আৰু এজনেই ব্যক্তি থাকি যায়? প্ৰধানমন্ত্ৰী- এনেকুৱা হয়, মই তাত নাথাকোৱেই৷ আৰু মইতো আদিশংকৰৰ অদ্বৈতৰ সেই সিদ্ধান্তটো যি কোনোবাটো যুগৰ সৈতে জড়িত আছিল, সেয়ে মই জানো যে য’ত মই নাই, তাত তয়েই; য’ত দ্বৈত নাই তাত দ্বন্দ্ব নাই, আৰু সেইবাবে য’ত দ্বৈত নাই, আৰু সেই সেইবাবে যদি মই মোৰ ভিতৰৰ সেই নৰেন্দ্ৰ মোদীজনক লৈ যাওঁ তেনেহ’লে সি হয়তো দেশৰ অন্যায় কৰিব৷ দেশৰ সৈতে তেতিয়াহে ন্যায় হয় যেতিয়া মই নিজকে নিজে পাহৰি যাওঁ, নিজকে নিশ্চিহ্ন কৰি দিওঁ৷ নিজকে ৰোপণ কৰোঁ আৰু তেতিয়াহে হৈ পুলি প্ৰস্ফুটিত হয়৷ বীজো ৰুপিত হয় যি গৈ বটবৃক্ষৰ ৰূপ লয়৷ আৰু সেইবাবে আপুনি যি কৈছে মই সেয়া ভিন্ন ৰূপে দেখোঁ৷ প্ৰসুন ডাঙৰীয়া- কিন্তু যেতিয়া দেশৰ কথা আহে তেতিয়া আপুনি সেয়া অতি গুৰুত্বসহকাৰে লক্ষ্য কৰে আৰু আজি সকলোৱে পৰিৱৰ্তনৰ কথা কয়৷ প্ৰথমে চিন্তাৰ পৰিৱৰ্তন হয় আৰু পিছত কাৰ্যত হয়, আৰু পিছত এটা প্ৰক্ৰিয়াৰ দ্বাৰা অতিক্ৰম হয়৷ আপোনাতকৈ ভালকৈ এই বিষয়ে আৰু কোনে জানিব৷ পিছত পৰিৱৰ্তনে নিজৰ সৈতে আৰু এটা বস্তু লৈ আনে, মোদী ডাঙৰীয়া-অধীৰতা, আতুৰতা, আগ্ৰহ, অধৈৰ্য৷ আহক এই ভিডিঅ’টোত আমাৰ কথাৰ অৰ্থসমূহ জুকিয়াই চাওঁ৷ মোদী ডাঙৰীয়া, এতিয়া আমি সকলোৱে দেখিলো যে টুইটাৰত প্ৰশান্ত দীক্ষিতে এটা প্ৰশ্ন সুধিছে যে বহুত কাম হৈ আছে, পথ নিৰ্মাণ হৈ আছে, ৰে’লৱে চিৰি প্ৰসাৰিত হৈছে, গৃহ নিৰ্মাণ হৈ আছে৷ তেওঁ কৈছে যে প্ৰথমে আমাৰ দুখোজ দিয়াৰ অভ্যাস আছিল, মোদী ডাঙৰীয়া এতিয়া আমি বহুগুণ আগবাঢ়িব পাৰিছোঁ, তথাপিও অধৈৰ্যতা-এতিয়াই, এতিয়াই, এতিয়াই কিয় নহয়….ইয়াক কিদৰে চাই আপুনি? প্ৰধানমন্ত্ৰী- মই ইয়াক ভিন্ন ৰূপত চাওঁ৷ যিটো সময়ত সন্তোষৰ ভাৱ উৎপন্ন হয়-বহুত হৈ গ’ল, ব’লা ইয়াৰ যোগেদিয়েই জীৱন নিৰ্বাহ কৰিম, তেনেহ’লে জীৱন কেতিয়াও আগ নাবাঢ়িব৷ প্ৰতিটো বয়সত, প্ৰতিটো যুগত, প্ৰতিটো অৱস্থাত কিবা নহয় কিবা এটা কৰাৰ, কিবা এটা নতুন প্ৰাপ্ত কৰাৰ উদ্দেশ্যই গতি প্ৰদান কৰে, নহ’ল মই বুজোঁ যে জীৱন স্তব্ধ হৈ গৈছে৷ আৰু যদি কোনবাই কয় অধৈৰ্যতা বেয়া বস্তু তেন্তে মই বুজোঁ যে তেওঁ বুঢ়া হৈছে৷ মোৰ দৃষ্টিত অধৈৰ্যতা তাৰুণ্যৰ প্ৰতীক আৰু আপোনালোকে দেখিছে যে যাৰ ঘৰত চাইকেল থাকে তেওঁ স্কুটাৰলৈ মন কৰে; স্কুটাৰ থাকিলে চাৰিচকীয়া লৈ মন কৰে; এই আগ্ৰহেই যদি নাথাকে তেন্তে কাইলৈ চাইকেলো গুচি যাব আৰু ক’ব ব’লা বাছত যাওঁ, এয়া জীৱন নহয়৷ আৰু মই সুখী যে আজি এশ পঁচিছ কোটি দেশবাসীৰ হৃদয়ত যি উৎসাহ, আশা, অপেক্ষা এই সকলোবোৰ উদ্ভাসিত হৈ উঠিছে৷ কিন্তু এটা সময়ত নিৰাশাৰ কূঁপত সকলো মজ্জিত হৈ আছিল৷ আৰু এনেকুৱা পৰিস্থিত হৈছিল, আৰে এৰি দিয়া বন্ধু, আৰু একো নহ’ব, হয়েই এনেকুৱা এনেধৰণৰ কথা ওলাইছিল৷ কিন্তু এতিয়া মই সুখী যে আমি এনেকুৱা পৰিৱেসৰ সৃষ্টি কৰিছোঁ যাৰ দ্বাৰা জনসাধাৰণে আমাৰ পৰা আৰু অধিক আশা কৰিছে৷ আপোনালোকৰ যিসকলে বহু পূৰ্বেই ভাৰতৰ পৰা গুচি আহিছে, তেওঁলোকে বোধহয় গম নাপাব, কিন্তু আজিৰ পৰা ১৫-২০ বছৰ পূৰ্বে যেতিয়া খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছিল তেতিয়া গাঁৱৰ জনসাধাৰণে চৰকাৰী বিভাগসমূহলৈ স্মাৰক পত্ৰ প্ৰদান কৰিছিল আৰু কি বিচাৰিছিল-যে এই বাৰ খৰাং বেছি হ’লে আমাৰ ইয়াত মাটি খন্দাৰ কাম নিশ্চয়কৈ কৰক, আৰু আমি পথত মাটি ঢলাৰ কাম কৰিব বিচাৰিছোঁ যাতে ইয়াত কেঁচা পথ নিৰ্মাণ কৰিব পাৰি৷ সেইসময়ত ইমানেই ব্যগ্ৰতা আছিল যে- খৰাং হওক আৰু অপেক্ষা কৰোঁ যাতে মাটি খন্দাৰ কাম পোৱা যায়; আৰু এটা পথত মাটি ঢলাৰ অৱকাশ পোৱা যায়৷ আজি মোৰ অনুভৱ, মই যেতিয়া গুজৰাটত মুখ্যমন্ত্ৰী আছিলোঁ, single lane road থকা মানুহসকলে কয়, আৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া, এতিয়া ডাবল ৰোড নিৰ্মাণ কৰক না৷ ডাবল ৰোড নিৰ্মাণ হোৱাৰ পিছত কয়, আৰে চাহাব, এতিয়া পাৱাৰ ৰোড লাগে৷ মোৰ ভালকৈয়ে মনত আছে গুজৰাটৰ প্ৰান্তৱৰ্তী এলেকাৰ তহচীলৰ উচ্চল নিঝৰৰ পৰা কিছুমান ড্ৰাইভাৰে মোক লগ কৰিবলৈ আহিছিল৷ তেওঁলোকে কৈছিল যে তেওঁলোকক পাৱাৰ ৰোড লাগে৷ মই ক’লো, মই তোমালোকৰ এলেকাত আগেয়ে কেতিয়াবা স্কুটাৰ, কেতিয়াবা বাছেৰে যাত্ৰা কৰিছিলোঁ৷ মই বৰ্ষজুৰি জংগলত কাম কৰিছোঁ৷ তোমালোকৰ ইয়াত পথটো আছেই৷ তেওঁলোকে ক’লে, পথটো আছেই, কিন্তু আমি কলৰ খেতি কৰোঁ আৰু কল ৰপ্তানি কৰোঁ৷ এই পথেৰে গ’লে ট্ৰাকত আমাৰ কল নষ্ট হয়৷ আমাৰ ২০% লোকচান হয়, আমাৰ কল নষ্ট নহ’বলৈ আমাক পাৱাৰ ৰোড লাগে৷ মোৰ দেশৰ মানুহৰ অন্তৰত এই ভাৱ সৃষ্টি হোৱা, এই ব্যগ্ৰতা সৃষ্টি হোৱা, এয়াই মোৰ বাবে প্ৰগতিৰ বীজ৷ আৰু সেইবাবে মই ব্যগ্ৰতাক বেয়া বুলি নকওঁ৷ দ্বিতীয়তে, আপোনালোকে পৰিয়ালসমূহত দেখিছে- যদি তিনিজন ল’ৰা আছে- মাক দেউতাকে তিনিওজনকে ভাল পায়৷ কিন্তু কাম থাকিলে এজনক কয়-অলপ চাই দিবা চোন৷ যিয়ে কৰিব তেওঁকেইতো ক’ব৷ যদি আজি, আজি দেশে মোৰ পৰা অধিক আশা কৰে, এই কাৰণে কৰে যে কাৰণ তেওঁলোকৰ বিশ্বাস আছে, আজি বা কাইলৈ, কোনোবাদিনাটো হ’লেও কাম কৰিবই৷ সেই মই বুজোঁ যে-আৰু এয়া শুদ্ধ যে দেশে কেতিয়াও ভবা নাছিল যে এইখন দেশে ইমান ক্ষীপ্ৰতাৰে কাম কৰিব পাৰে৷ অন্যথা এয়া মানি লোৱা হৈছিল-পূৰ্বতে incremental change হওতেও সন্তোষ প্ৰাপ্ত হৈছিল, যে হৈ গ’ল৷ এতিয়া সেয়া নহয়৷ পূৰ্বতে এদিনত যিমান পথ নিৰ্মাণ কৰা হৈছিল এতিয়া প্ৰায় তিনি গুণ আমি নিৰ্মাণ কৰি আছোঁ, পূৰ্বতে যিমান কাম এদিনত হৈছিল, আজি সেয়া তিনি গুণ হৈছে৷ ৰেলৰ চিৰি নিৰ্মাণ কৰাই হওক, দ্বৈত পথ নিৰ্মাণ কৰাই হওক, সৌৰ শক্তি স্থাপন কৰাই হওক, শৌচাগাৰ নিৰ্মাণ কৰাই হওক, সকলো কামতে৷ আৰু এয়াই স্বাভাৱিক যে দেশবাসীয়ে আশা প্ৰকাশ কৰে কাৰণ বিশ্বাস আছে৷ প্ৰসুন ডাঙৰীয়া- হয়, এনে লাগে যেন যেতিয়া পথ তেওঁলোকৰ ওচৰলৈ যায় আৰু যেতিয়া পথ তেওঁলোকৰ সমীপ গৈ পায় তেতিয়া তেওঁলোক বিশ্বৰ সমীপ পায়গৈ৷ এফালে আপুনি আশা জাগ্ৰত কৰাৰ কথা কয় আৰু এই ব্যগ্ৰতাক আপুনি ভালদৰে বুজি পাইছে আৰু তাৰ যি ধনাত্মক দিশ আছে যে কিদৰে তেওঁ ব্যগ্ৰ হৈ পৰে, সেয়া অগ্ৰসৰ হোৱাৰ দ্বৈতক, সেয়া আপুনি আমাক বুজালে৷ মোদী ডাঙৰীয়া, জনসাধাৰণৰ ব্যগ্ৰতা এফালে, কিন্তু যিসমূহ চৰকাৰী ব্যৱস্থাৰ সৈতে আপুনি কাম কৰে তেওঁলোকৰ সৈতে আপুনি ব্যগ্ৰ হৈ পৰে নে? চৰকাৰী কাম-কাজৰ প্ৰক্ৰিয়াৰ দ্বাৰা, অথবা কেতিয়াবা নিৰাশাবোধ হয় নেকি যে মোদী ডাঙৰীয়াৰ হিচাপত কামবোৰ হোৱা নাই, বুলেট ট্ৰেইনৰ গতিৰ হিচাপত হোৱা নাই, যিদৰে আপোনাৰ মনত ঘটিত হয়? প্ৰধানমন্ত্ৰী- মই গম পোৱা নাছিলোঁ যে এজন কবিৰ হৃদয়ত সাংবাদিক বহি আছে৷ মই স্বীকাৰ কৰোঁ যে যিদিনাই মোৰ ব্যগ্ৰতা সমাপ্ত হ’ব সিদিনা মই দেশৰ একো কামতে নাহিম৷ মই বিচাৰোঁ যে মোৰ ভিতৰত সেই ব্যগ্ৰতা জীয়াই থাকক, কাৰণ সেয়াই মোৰ উৰ্জা, যি মোক শক্তি প্ৰদান কৰে, মোক দৌৰায়৷ প্ৰতি নিশা যেতিয়া শোঁও তেতিয়া পৰৱৰ্তী দিনটোৰ সপোন লৈ শোঁও আৰু ৰাতিপুৱা উঠিয়েই কামত ব্যস্ত হৈ যাওঁ৷ আৰু নিৰাশা সন্দৰ্ভত কওঁ, যেতিয়া নিজৰ বাবে কিবা লোৱা, পোৱা, হোৱা আদি হয় তেতিয়া তাত আশা আৰু নিৰাশা সংবদ্ধ হৈ পৰে৷ কিন্তু যেতিয়া আপুনি ‘সৰ্বজন হিতায়, সৰ্বজন সুখায়’ এই সংকল্প লৈ আগবাঢ়ে তেতিয়া মই ভাবোঁ যে নিৰাশ হোৱাৰ কোনো কাৰণেই নাই৷ কিছুমান লোকে ভাবে, একো নহ’ব, বেকাৰ চৰকাৰ, বেকাৰ নিয়ম, বেকাৰ আইন, বেকাৰ ব্যুৰ’ক্ৰেচী, বেকাৰ পদ্ধতি; এনেকুৱা কথা কোৱা কিছুমান লোক আপুনি লগ পাব৷ মই দ্বিতীয় প্ৰকাৰৰ মানুহ৷ মই কেতিয়াবা কৈছিলোঁ, যদি এটা এটা গিলাচত আধা ভৰ্তি হৈ আছে, তেন্তে এজন ব্যক্তিয়ে ক’ব, গিলাচটো আধা, এজনে ক’ব গিলাচটো আধা ভৰ্তি হৈ আছে, এজনে ক’ব আধা খালী হৈ আছে৷ মোক সুধিলে মই ক’ম- আধা পানীৰে ভৰা আৰু আধা বতাহেৰে ভৰা৷ আৰু সেইবাবে, এতিয়া আপুনি চাওক, সেয়াই চৰকাৰ, সেয়াই আইন, সেয়াই ব্যুৰ’ক্ৰেট, সেয়াই পদ্ধতি; তাৰ পিছতো যদি চাৰি বছৰৰ খতিয়ান লয়; মই আন চৰকাৰৰ আলোচনা কৰাৰ বাবে এই মঞ্চ ব্যৱহাৰ নকৰোঁ, আৰু মই কৰিবও নালাগে৷ কিন্তু বুজি পোৱাৰ বাবে তুলনাত্মক অধ্যয়নৰ বাবে আৱশ্যক হয় যে বিগত দহ বছৰত যিধৰণে কাম সম্পন্ন হৈছিল সেয়া দেখিলে গম পাব যে চাৰিটা বৰ্ষত কিদৰে হৈছে৷ তেতিয়া আপুনি লক্ষ্য কৰিব পাৰিব যে তেতিয়াৰ নিৰ্ণয় প্ৰক্ৰিয়া, আজিৰ নিৰ্ণয় প্ৰক্ৰিয়া; তেতিয়াৰ কাৰ্য, আজিৰ কাৰ্য; আকাশ-পাতালৰ পাৰ্থক্য পৰিলক্ষিত হ’ব৷ ইয়াৰ অৰ্থ এইটোৱেই যে যদি আপোনাৰ নীতি স্পষ্ট হয়, চিন্তা পৰিষ্কাৰ হয়, উদ্দেশ্য পবিত্ৰ হয় আৰু ‘সৰ্বজন হিতায়, সৰ্বজন সুখায়’ কৰাৰ অভিপ্ৰায় থাকে তেন্তে এই প্ৰণালীৰ জৰিয়তেই আপুনি ঈপ্সিত পৰিণাম লৈ আগবাঢ়িব পাৰে৷ এয়া মূলতঃ মোৰ চিন্তাৰ কাৰণ, এনেকুৱাতো নহয় যে মই যি বিচাৰোঁ সেয়া সকলো হয়, কিন্তু নহ’লেও মই নিৰাশ নহওঁ, কাৰণ সেয়া কিয় নহ’ল মই চিন্তা কৰোঁ, আগলৈ ইয়াক সম্পন্ন কৰাৰ পথ-মই এইফালেৰে গৈছিলোঁ, এতিয়া অন্য ধৰণে যাওঁ, মই সম্পন্ন কৰোঁৱেই৷ প্ৰসুন ডাঙৰীয়া- মোদী ডাঙৰীয়া, এইখিনিতে আমি এটা প্ৰশ্ন ল’ব বিচাৰিছোঁ যি আমি ভিডিঅ’ৰ মাধ্যমেৰে প্ৰত্যক্ষ কৰিম৷ দিল্লীৰ প্ৰিয়ংকা বৰ্মাই আপোনাৰ বাবে এটা প্ৰশ্ন প্ৰেৰণ কৰিছে৷ আহক চাওঁ- প্ৰিয়ংকা- মোদী ডাঙৰীয়া, মই দিল্লীৰ পৰা প্ৰিয়ংকা, আজি মোৰো আপোনালৈ এটা প্ৰশ্ন আছে৷ আমি চৰকাৰ নিৰ্বাচন কিয় কৰোঁ যাতে চৰকাৰে আমাৰ বাবে কাম কৰে৷ কিন্তু যেতিয়াৰ পৰা আপুনি আহিছে তেতিয়াৰ পৰা ছিষ্টেম সম্পূৰ্ণ পৰিৱৰ্তন হৈছে৷ আপুনি চৰকাৰৰ সৈতে আমাৰ নিচিনা মানুহবোৰকো কামত লগাই দিছে, যি বহুত ভাল কথা৷ কিন্তু মোৰ প্ৰশ্নটো হ’ল পূৰ্বতে এনে কিয় হোৱা নাছিল? ধন্যবাদ৷ প্ৰসুন ডাঙৰীয়া- এওঁ যি প্ৰশ্ন কৰিছে যে আপুনি চৰকাৰৰ কামৰ সৈতে জনসাধাৰণৰ সৈতে কিদৰে জড়িত৷ সেয়া লাগিলে গেছৰ ৰাজসাহায্যই হওক, বহু ক্ষেত্ৰত আপুনি জনসাধাৰণৰ পৰা আশা কৰে৷ প্ৰধানমন্ত্ৰী- প্ৰিয়ংকাই এটা সুন্দৰ প্ৰশ্ন সুধিছে৷ ১৮৫৭ চনৰ পৰা ১৯৪৭ চনলৈ চাওক৷ তাৰ আগলৈও যাব পাৰে কিন্তু মই ১৮৫৭লৈ গৈছোঁ৷ যেতিয়া ১৮৫৭ চনত প্ৰথম স্বতন্ত্ৰতা আন্দোলন হৈছিল৷ আপুনি যিকোনো এটা বৰ্ষ চাওক, এশ বছৰত যিকোনো এটা বৰ্ষ চাওক, হিন্দুস্তানৰ যিকোনো এটা অঞ্চল প্ৰত্যক্ষ কৰক৷ কোনোবা নহয় কোনোবাজন স্বাধীনতাৰ বাবে শ্বহীদ হৈছে, দেশৰ স্বাধীনতাৰ বাবে প্ৰাণ দিবলৈ কিবা নহয় কিবা এটা কৰিছে, কোনোবা নহয় কোনোবাজন যুৱকে নিজৰ জীৱন কাৰাগাৰত অতিবাহিত কৰিছে৷ অৰ্থাৎ স্বাধীনতাৰ সংঘৰ্ষ কোনোটো সময়ত, কোনোটো অঞ্চলত স্তব্ধ হোৱা নাছিল৷ জনসাধাৰণ এক গোট হৈছিল, স্বাধীনতাৰ কথা কৈছিল৷ কিন্তু মহাত্মা গান্ধীয়ে কি কৰিলে? মহাত্মা গান্ধীয়ে এই সমগ্ৰ ভাৱনাটোক এটা নতুন ৰূপ দিলে৷ তেওঁ জনসাধাৰণক একত্ৰিত কৰিলে৷ সাধাৰণৰ পৰা সাধাৰণতম ব্যক্তিকো সুধিলে যে তোমাক স্বাধীনতা লাগেনে? এনেকুৱা কৰা- তুমি ঝাড়ু লৈ পৰিষ্কাৰ কৰা, দেশে স্বাধীনতা পাব৷ তুমি প্ৰৌঢ় শিক্ষা চকৰিব পাৰা, কৰা৷ তুমি খাদীৰ কাম কৰিব পাৰা, কৰা৷ তুমি যুৱপ্ৰজন্মক লগত লৈ প্ৰভাত ফেৰী কৰিব পাৰৰা, কৰা৷ মহাত্মা গান্ধীয়ে স্বাধীনতাক জন আন্দোলনলৈ পৰিৱৰ্তিত কৰিছিল৷ জনসাধাৰণক তেওঁলোকৰ ক্ষমতা অনুসাৰে কাম দিছিল৷ আৰু জনসাধাৰণে বিশ্বাস কৰিছিল যে স্বাধীনতা ইয়াৰ যোগেদিও আহিব পাৰে৷ মই বুজোঁ যে মৃত্যু বৰণ কৰি খোজা লোকৰ সংখ্যা কম নহয়, কিন্তু তেওঁলোক আহিছিল আৰু শ্বহীদ হৈছিল, পুনৰ কোনোবা এজন আহিছিল, শ্বহীদ হৈছিল৷ গান্ধীজীয়ে একেসময়তে হিন্দুস্তানৰ প্ৰতিটো কোণৰ পৰা কোটি কোটি জনতাক একত্ৰিত কৰিছিল যাৰ বাবে স্বাধীনতা প্ৰাপ্তি সহজ হৈ পৰিছিল৷ মই ভাবোঁ, বিকাশো এক জন আন্দোলন হ’ব লাগে৷ যদি কোনোবাই ভাবে যে চৰকাৰে দেশ পৰিৱৰ্তন কৰিব, চৰকাৰে বিকাশ কৰিব; স্বাধীনতাৰ পিছত এনে এক পৰিৱেশৰ সৃষ্টি হ’ল, স্বাধীন হ’লো, সকলো চৰকাৰে কৰিব৷ গাঁৱত এটা গাঁত হ’লেও গাঁৱৰ লোক লগ হৈ স্মাৰক প্ৰস্তুত কৰি এখন জীপ ভাড়ালৈ ল’ব, তহচীলৰ ভিতৰলৈ গৈ স্মাৰক দিব৷ জীপ ভাড়াৰ খৰচৰে গাঁতটো পূৰ্ণ কৰিব পৰা গ’লহৈ, কিন্তু এতিয়া সেয়া চৰকাৰে কৰিব৷ স্বাধীনতাৰ পিছত এনেকুৱা এক পৰিৱেশৰ সৃষ্টি হ’ল, যে কোনো কৰিব, চৰকাৰে কৰিব৷ এইবাবে ধীৰে ধীৰে চৰকাৰ আৰু জনতাৰ মাজত দূৰত্ব বৃদ্ধি হৈ গৈ থাকিল৷ আপোনালোকে দেখিছে- বাছত যিসকলে যাত্ৰা কৰে, আপোনালোকে অনুভৱ কৰিছে- বাছত অকলে বহি আছে, কাষত কোনো সহযাত্ৰী নাই, সময় পাৰ কৰিবলৈ তেওঁ কি কৰে- আসনৰ ভিতৰত আঙুলি সুমুৱাই তাত এটা ফুটাৰ সৃষ্টি কৰে, আৰু ধীৰে ধীৰে সেইটোকে ডাঙৰ কৰি থাকে৷ কিন্তু যিসময়ত সেই লোকজনে গম পাব যে এই বাছখন চৰকাৰৰ, অৰ্থাৎ তেওঁৰ, এই চৰকাৰ তেওঁৰ, দেশ তেওঁৰ, এই ভাব লুপ্ত হৈ যায়৷ মই বিচাৰোঁ যে দেশত এই ভাব বহুত প্ৰবল হ’ব লাগে৷ দ্বিতীয়তে গণতন্ত্ৰ, এয়া কোনো ঠিকাভিত্তিক চুক্তি নহয় যে মই আজি ভোট দিলো, এতিয়া পাঁচ বছৰ তুমি কাম কৰা, পাঁচ বছৰৰ পিছত সুধিম যে কি কৰিলে, নহ’লে দ্বিতীয় এজনক লৈ আনিম৷ এয়া শ্ৰমিক চুক্তি নহয়৷ এয়া সহযোগিতাৰ কাম আৰু সেইবাবে মই participative democracy ৰ ওপৰত গুৰুত্ব দিওঁ৷ আৰু আপোনালোকে অনুভৱ কৰিছে যে যেতিয়া ৰাষ্ট্ৰীয় দুৰ্যোগৰ সৃষ্টি হয়, চৰকাৰতকৈ অধিক সমাজৰ শক্তি জড়িত হৈ পৰে আৰু কিছুসময়ৰ ভিতৰতে সেই সমস্যাৰ সমাধান কৰিবলৈ সক্ষম হওঁ৷ কেনেকৈ? জনতা-জনাৰ্দনৰ ওচৰত বহু শক্তি আছে৷ গনতন্ত্ৰত জনতাক যিমান বিশ্বাস কৰিব, জনতাক যিমানে অংশীদাৰবদ্ধ কৰিব, পৰিণাম প্ৰাপ্ত হ’ব৷ চৰকাৰ গঠন কৰাৰ পিছত মই শৌচাগাৰ নিৰ্মাণৰ অভিযান আৰম্ভ কৰিলোঁ৷ আপুনি কল্পনা কৰক, চৰকাৰে পাৰিলেহেঁতেন নে? চৰকাৰেতো প্ৰথমে পাঁচ হাজাৰ বনাইছিল, এতিয়া দহ হাজাৰ বনাব৷ ক’ব যে পুৰণা চৰকাৰে পাঁচ হাজাৰ বনাইছিল আৰু মোদী চৰকাৰে দহ হাজাৰ৷ দহ হাজাৰেৰে কাম কেতিয়া শেষ হ’ব? জনতাই এই দায়িত্ব ল’লে, কাম সম্পূৰ্ণ হ’ল৷ আৰু জনতাৰ শক্তি চাওক৷ ভাৰতত জ্যেষ্ঠ নাগৰিকৰ বাবে ৰে’লৱেত টিকেটত ভাড়া হ্ৰাসৰ সুবিধা আছে৷ মই চৰকাৰ গঠন কৰি ক’লো যে আপোনালোকে যি সংৰক্ষণৰ তালিকা পূৰণ কৰে, তাতে জ্যেষ্ঠ নাগৰিকৰক সুবিধা নালাগে বুলি লিখক৷ সাধাৰণ কথা, প্ৰধানমন্ত্ৰী পৰ্যায়ত মই কেতিয়াও আপীল কৰা নাছিলোঁ৷ আপোনালোকে আচৰিত হ’ব, হিন্দুস্তানৰ বৈশিষ্টতা চাওক, হিন্দুস্তানৰ জনসাধাৰণৰ দেশ ভক্তি চাওক, এতিয়ালৈ ৪০ লাখ জ্যেষ্ঠ নাগৰিকে যি এচিত ভ্ৰমণ কৰে, তেওঁলোকে স্বেচ্ছামূলক ৰাজসাহায্য গ্ৰহণ নকৰে, এইদৰে লিখি সম্পূৰ্ণ টিকেটৰ খৰচত ভ্ৰমণ কৰে৷ যদি মই আইন প্ৰণয়ন কৰিলোহেঁতেন যে আপোনালোক জ্যেষ্ঠ নাগৰিকসকলৰ যিকোনো দবাত পোৱা সুবিধা বন্ধ কৰা হওক, তেতিয়া সমদল বাহিৰ হ’লহেঁতেন, পুত্তলিকা দহন হ’লহেঁতেন আৰু পিছত? পিছত popularity rating আহিলহেঁতেন, মোদী তললৈ নামিলহেঁতেন৷ কিন্তু আপোনালোকে দেখা পালে ৪০ লাখ লোক৷ এদিন মই লালকিল্লাৰ পৰা ক’লো- যিসকলে ব্যয় বহন কৰিব পাৰে, তেওঁলোকে গেছৰ ৰাজসাহায্য কিয় ল’ব লাগে? আমাৰ দেশত গেছ চিলিণ্ডাৰৰ সংখ্যাৰ আধাৰত নিৰ্বাচন খেলা হৈছিল৷ কোনোবাই কৈছিল, মোক প্ৰধানমন্ত্ৰী বনাওক, এতিয়া ৯টা চিলিণ্ডাৰ পায়, মই ১২টা চিলিণ্ডাৰ দিম; এই ঘোষণা কৰা হৈছিল ২০১৪ চনত৷ মই জনতাক ওলোটাকৈ ক’লো, মই ক’লো যে যদি প্ৰয়োজন নাই, তেন্তে ৰাজসাহায্য ত্যাগ কৰক৷ আৰু আপুনি আচৰিত হ’ব, হিন্দুস্তানৰ প্ৰায় ১ কোটি ২৫ লাখতকৈও অধিক পৰিয়ালে গেছৰ ৰাজসাহায্য পৰিত্যাগ কৰিলে৷ দেশত নীতিবান লোকৰ সংখ্যা কম নহয়৷ দেশৰ বাবে জীৱন-মৃত্যুবৰণ তথা কিবা নহয় কিবা এটা কৰা লোকৰ সংখ্যাও কম নহয়৷ আমাৰ কাম হ’ল দেশৰ সামৰ্থতা বুজি পোৱা, সেয়া সংবদ্ধ কৰা আৰু মোৰ এয়ে চেষ্টা যে আমি, চৰকাৰে দেশ চলাব লাগিব, এই চৰকাৰৰ যি অহংকাৰ আছে, সেই অহংকাৰ পৰিত্যাগ কৰগিব লাগে৷ জনতা জনাৰ্দনেই হ’ল শক্তি, তেওঁলোকৰ সৈতে চলিব লাগিব৷ আমি যেনেদৰে বিচাৰিম তেনেকুৱা পৰিণামেই জনতাই আমাক দিব আৰু সেইবাবে জনতাৰ সৈতে লগ হৈ কাম কৰাৰ বিচাৰ সন্মুখত লৈ আগবাঢ়িছোঁ৷ প্ৰসুন মহোদয়- বাহ মোদী ডাঙৰীয়া, দুটা শাৰীৰ এক পুৰণি কথা মনলৈ আহিছে, जो ये सरकार और जनता के बीच की दूरी जो हो गई थी- कि हम नीची नजर करके देखत हैं चरण तुमरे, तुम जाइके बैठे हो इक ऊंची अटरिया मां। প্ৰধানমন্ত্ৰী- মই জনতা জনাৰ্দনক এয়েই প্ৰাৰ্থনা কৰিম যে আপোনালোকে আমাক আশীৰ্বাদ দিয়ক যাতে মোৰ সেই স্বভাৱ নহয়৷ প্ৰসুন ডাঙৰীয়া- মোদী ডাঙৰীয়া, ইয়াৰ পিছত আমি এটা প্ৰশ্ন লওঁ৷ দৰ্শকৰ পৰা এটা প্ৰশ্নৰ বাবে অনুৰোধ আহিছে- শ্ৰী ময়ুৰেশ ওঝানী ডাঙৰীয়াই এটা প্ৰশ্ন সুধিব বিচাৰিছে৷ ময়ুৰেশ ওঝানী ডাঙৰীয়া আপোনাৰ প্ৰশ্ন সোধক৷ প্ৰশ্নকৰ্তা- নমস্কাৰ মোদী ডাঙৰীয়া৷ যেতিয়া আপুনি ছাৰ্জিকেল ষ্ট্ৰাইক কৰাৰ অতি গুৰুত্বপূৰ্ণ, ঐতিহাসিক আৰু সাহসীপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছিল তেতিয়া আপোনাৰ মনত কেনে ভাৱে ক্ৰিয়া কৰিছিল? প্ৰসুন ডাঙৰীয়া- ছাৰ্জিকেল ষ্ট্ৰাইকৰ ওপৰত আপোনাৰ প্ৰশ্ন আছে৷ প্ৰধানমন্ত্ৰী- মই আপোনাৰ প্ৰতি কৃতজ্ঞ যে আপুনি বাণীৰ দ্বাৰা নিজৰ ভাৱনা প্ৰকট কৰিব পৰা নাই কিন্তু নিজৰ কাৰ্যৰ দ্বাৰা আপোনাৰ ভাৱ প্ৰকট কৰিছে আৰু শব্দৰ দ্বাৰা আপোনাৰ সংগীয়ে মোলৈ এই বাৰ্তাটো কঢ়িয়াই আনিছে৷ এয়াটো এক হৃদয়স্পৰ্শী দৃশ্য, ই মোক স্পৰ্শ কৰিছে৷ ভগবান ৰামচন্দ্ৰ আৰু লক্ষ্মণৰ যি সংবাদ, লংকা এৰাৰ সময়ত, তেতিয়াও সেই সিদ্ধান্ত আমি দেখিছিলোঁ৷ কিন্তু যেতিয়া কোনোবাই সন্ত্ৰাসবাদ ৰপ্তানি কৰাৰ উদ্যোগ নিৰ্মাণ কৰি বহি থাকে, মোৰ দেশৰ নিৰ্দোষ নাগৰিকক হত্যা কৰে, যুদ্ধ কৰাৰ শক্তি নাই, পিঠিৰ পিছৰ পৰা আক্ৰমণ কৰে; তেন্তে এই মোদীয়ে তেওঁলোকৰ ভাষাতেই উত্তৰ দিব জানে৷ আমাৰ সৈন্যদল ৰাতি টেণ্টত শুই থকাৰ মুহূৰ্তত কিছুমান কাপুৰুষ আহি হত্যা কৰি থৈ যায়৷ আপোনালোকৰ কোনোবাই বিচাৰিব যে মই মৌন হৈ বহি থাকিম৷ তেওঁলোকক উচিত প্ৰত্যুত্তৰ দিব নালাগে নেকি? আৰু সেইবাবে ছাৰ্জিকেল ষ্ট্ৰাইক কৰিলোঁ আৰু মোৰ সৈন্যদলৰ ওপৰত গৌৰৱবোধ হৈছে৷ যি আঁচনি প্ৰণয়ন কৰা হৈছিল, সেয়া এশ শতাংশই কোনো ভুল নকৰাকৈ তেওঁলোকে ৰূপায়ণ কৰিলে আৰু সূৰ্যোদয় হোৱাৰ পূৰ্বে উভতি আহিল৷ আৰু আমাৰ নীতিজ্ঞান চাওক- যিসকল বিষয়াই এয়া কাৰ্যকৰী কৰি আছিল, মই তেওঁলোকক ক’লো- যে হিন্দুস্তানে গম পোৱাৰ পূৰ্বে, মিডিয়া সেই স্থান গৈ পোৱাৰ পূৰ্বে আপোনালোকে পাকিস্তান সৈন্যক ফোন কৰি কওক যে আজি ৰাতি আমি এয়া কৰিলোঁ, যি মৃতদেহ তাত পৰি আছে, আপোনালোকৰ যদি সময় আছে তেন্তে লৈ যাওক৷ আমি পুৱা ১১ বজাৰ পৰা তেওঁলোকক ফোনত চেষ্টা কৰি আছিলোঁ, ফোনৰ কাষলৈ অহাৰ বাবে তেওঁলোকে ভয় খাই আছিল, আহা নাছিল৷ ইয়ালৈ সাংবাদিকসকলক মাতি অনা হৈছিল, আমাৰ আৰ্মী বিষয়া উপস্থিত আছিল, সাংবাদিকসকল আচৰিত হৈছিল যে কি হ’ল, আমাক ইয়ালৈ মাতি আনিলে আৰু কোনেও একো কোৱা নাই যে৷ মই ক’লো, সাংবাদিকসকল বহি আছে, তেওঁলোকক বহাওক৷ ক্ষন্তেক তেওঁলোকৰ খং উঠিব পাৰে কিন্তু প্ৰথমে পাকিস্তানৰ সৈতে কথা পাতক যে এয়া আমি কৰিছোঁ; আমি লুকুওৱা নাই৷ ১২টা বজাত তেওঁলোক টেলিফোনলৈ আহিল, তেওঁলোকৰ সৈতে কথা হ’ল, তেওঁলোকক কোৱা হ’ল যে এনেকুৱা হৈছে আৰু এয়া আমি কৰিছোঁ৷ ইয়াৰ পিছত আমি হিন্দুস্তানৰ মিডিয়া আৰু সমগ্ৰ বিশ্বক জনালো যে এয়া ভাৰতীয় সেনাৰ ন্যায় প্ৰাপ্ত কৰাৰ অধিকাৰ আছিল আৰু আমি এয়া কৰিলো৷ এই ছাৰ্জিকেল ষ্ট্ৰাইক ভাৰতীয় বীৰৰ পৰাক্ৰম আছিল কিন্তু সন্ত্ৰাসবাদ ৰপ্তানি কৰা সকলে গম পাব লাগে যে এতিয়া হিন্দুস্তান পৰিৱৰ্তিত হৈছে৷ প্ৰসুন ডাঙৰীয়া- মোদী ডাঙৰীয়া, যেতিয়া আপুনি বীৰত্বৰ কথা ক’লে তেতিয়া সেনাৰ কথা ক’লে৷ সেনাৰ ইমান ত্যাগৰ পিছতো আমি তাতে ৰাজনীতিৰ প্ৰবেশ হোৱা দেখা পাইছোঁ৷ সেনাৰ বীৰত্বৰ ওপৰত জনতাই প্ৰশ্নচিহ্ন লগোৱাৰ বাবে উন্মুখ হৈ উঠে৷ এয়া কিভাৱে চাই আপুনি? প্ৰধানমন্ত্ৰী- চাওক, এই মঞ্চখন মই ৰাজনৈতিক প্ৰতিদ্বন্ধীসকলৰ বিষয়ে আলোচনা কৰাৰ বাবে ব্যৱহাৰ কৰিব বিচৰা নাই৷ মই এয়াই ক’ম-ঈশ্বৰে সকলোকে সদবুদ্ধি দিয়ক৷ প্ৰসুন ডাঙৰীয়া- মোদী ডাঙৰীয়া, এয়া আমি পৰিৱৰ্তন, ব্যগ্ৰতাৰ কথা পাতিলো৷ কোৱা হয় য’ত ৰবি উপস্থিত নহয়, তাত কবি উপস্থিত হয়৷ কবি হওঁ বাবই কোৱা নমাই এই কথা৷ প্ৰকৃত প্ৰগতি সেয়াই যি সকলোকে স্পৰ্শ কৰে৷ যিকোনো সভ্যতা-আপুনি এইমাত্ৰ ক’লে৷ যিদৰে আপুনি বয়োবৃদ্ধৰ কথা ক’লে, ব্যংগৰ কথা ক’লে৷ যি সভ্যতাই নিজৰ সমাজৰ সমালোচনা হজম কৰিব নোৱাৰে তেওঁলোকে নিজৰ ওপৰত গৰ্ব কৰিব নোৱাৰে৷ কাৰ্যক্ৰমৰ এই অংশত আমি সেই বৰ্গৰ কথা পাতো আহক যাৰ স্থিতি থাকিও দৃশ্যমান নহয়৷ ডাঙৰ ডাঙৰ যোজনাৰ অন্তৰালত এওঁলোক হেৰাই যায়৷ যিদৰে ঢোলৰ শব্দত বাঁহীৰ মাত মন্থৰ হৈ পৰে৷ আহক কিছু দৃশ্যাৱলী দৰ্শন কৰো৷ মোদী ডাঙৰীয়া, আপুনি লালকিল্লাৰ পৰা প্ৰথমবাৰ শৌচাগাৰৰ দৰে বিষয়ৰ ওপৰত কথা কৈছিল৷ কোনো প্ৰধানমন্ত্ৰীয়ে প্ৰথমবাৰলৈ এনেকুৱা সৰু কিন্তু গুৰুত্বপূৰ্ণ বিষয়ক প্ৰাথমিকতা প্ৰদান কৰি কথা পাতিছে৷ এয়া আমি দেখিছোঁ৷ এই যি প্ৰাথমিকতাৰ পৰিৱৰ্তন হৈছে, যি প্ৰাথমিকতাৰ বিষয়ে আপুনি সিদ্ধান্ত লৈছে, ইয়াক কিদৰে নিৰ্ণয় কৰে আৰু এই বিষয়টো কিদৰে সন্মুখলৈ আহিল? প্ৰধানমন্ত্ৰী- চাওক, মই এয়াতো নকওঁ যে স্বাধীনতাৰ ৭০ বছৰৰ ভিতৰত কোনো চৰকাৰে এই বিষয়ৰ ওপৰত ধ্যান দিয়া নাছিল, এয়া ক’লে তেওঁলোকৰ সৈতে অন্যায় কৰা হ’ব৷ মই সেইধৰণে কথা নকওঁ৷ আৰু মইতো লালকিল্লাৰ পৰা এয়াও কৈছিলোঁ যে আজি হিন্দুস্তান যিটো পৰ্যায়ত আছে, স্বাধীনতাৰ পৰা আৰম্ভ কৰি সকলো চৰকাৰৰ, সকলো প্ৰধানমন্ত্ৰীৰ, সকলো ৰাজ্য চৰকাৰৰ, সকলো মুখ্যমন্ত্ৰীৰ, সকলো জন প্ৰতিনিধিৰ কিবা নহয় কিবা এটা অৰিহণা আছে৷ এয়া মই লালকিল্লাৰ পৰা কৈছিলোঁ আৰু এয়া মই মানি লৈছোঁ৷ কিন্তু ই যোজনা, ইমান ধন খৰচ কৰাৰ পিছতো কি কাৰণত জনসাধাৰণৰ জীৱনলৈ পৰিৱৰ্তন নাহিল? মহাত্মা গান্ধীয়ে আমাক এটা সিদ্ধান্ত দিছিল আৰু মই এটা বুজি পাঁও যে যিকোনো উন্নয়নশীল দেশৰ বাবে ইয়াতকৈ সুন্দৰ সিদ্ধান্ত একো হ’ব নোৱাৰে৷ মহাত্মা গান্ধীয়ে কৈছিল, যিকোনো নীতি গ্ৰহণৰ ক্ষেত্ৰত তাক তুলাচনীত তোলক আৰু চাওক যে শেষত বহি থকা মানুহজনে এই নীতিৰ পৰা কিদৰে লাভবান হ’ব৷ মহাত্মা গান্ধীৰ এইষাৰ কথা মোৰ হৃদয়ৰ ভিতৰলৈ সোমাই গ’ল৷ যে আমি যিমানেই নীতি নবনাও কিয়, যিমানেই ডাঙৰ ডাঙৰ কথা নকও কিয়, কিন্তু যাৰ বাবে এই নীতিসমূহ প্ৰণয়ন কৰা হৈছে, সেই অন্তিম পৰ্যায়ত থকা ব্যক্তিজনৰ কাষলৈ এই নীতিসমূহ লৈ যোৱাৰ বাবে আমি কি কৰিছোঁ? মই জানো যে মই এনেকুৱা কঠিম কাম মূৰত তুলি লৈছোঁ, হ’ব পাৰে সেই কামৰ পৰা ঋণাত্মক কাৰকো উদ্ভৱ হ’ব পাৰে, কিন্তু এই কামবোৰ কি এৰি দিব লাগে নেকি? দুখীয়াসকল য’ত পৰি আছে তাতেই পৰি থাকিব দিব লাগে নেকি? আৰু তেতিয়া আপোনালোকে কল্পনা কৰিব পাৰে যে যেতিয়া কোনো সৰু ছোৱালীৰ বলাৎকাৰ হয়, এয়া কিমান ভয়ানক ঘটনা৷ কিন্তু তেতিয়া আমি ক’ম নেকি যে আপোনালোকৰ চৰকাৰৰ সময়ত ইমানটা হৈছিল আৰু মোৰ চৰকাৰৰ সময়ত ইমান হৈছে৷ মই বুজোঁ যে ইয়াতকৈ ভুল পথ একো হ’ব নোৱাৰে৷ বলাৎকাৰ বলাৎকাৰেই, এজনী কন্যাৰ ওপৰত হোৱা অত্যাচাৰ কিদৰে সহিব পাৰে? আৰু সেইবাবে মই লালকিল্লাৰ পৰা এই বিষয়ৰ ওপৰত নতুন ধৰণে প্ৰকাশ কৰিছোঁ৷ মই কৈছোঁ যে যদি ছোৱালী সন্ধিয়া দেৰীকৈ ঘৰলৈ আহে তেতিয়া মাক-দেউতাকে সোধে, ক’লৈ গৈছিলি? কিয় গৈছিলি? কাক ল’গ কৰিলি? ফোনত কথা পাতি থাকোঁতে মাকে দেখিলে কয়, কথা বন্ধ কৰা, কাৰ সৈতে কথা পাতি আছা? কিয় কথা পাতি আছা? আৰে তোমালোকে কন্যাসকলকতো সকলো সুধিছাই, কেতিয়াবা পুত্ৰসকলকো সোধা, ক’লৈ গৈছিল? এই কথা মই লালকিল্লাৰ পৰা কৈছিলোঁ৷ আৰু মই মানো যে এই বেয়াখিনি সমাজৰ হয়, ব্যক্তিৰ হয়, বিকৃতি হয়, এয়া হোৱাৰ পিছতো দেশৰ বাবে চিন্তাৰ বিষয় হয়৷ আৰু এই পাপ কৰোঁতাজন কাৰোবাৰতো সন্তান হয়৷ তেওঁৰ ঘৰতো মাক আছে৷ সেইদৰে আপুনি কল্পনা কৰিব পাৰে যে স্বতন্ত্ৰতাৰ ইমান বৰ্ষৰ পিছতো ভাৰতত অনাময়ৰ সীমা ৩৫-৪০ শতাংশৰ আশে-পাশে আছিল৷ আজিও আমাৰ মাতৃ-ভগ্নীসকল, কিয়নো চাওক, ইয়াৰ আন এটা কাৰণো আছে- দৰিদ্ৰতাৰ বিষয়ে জানিবলৈ মই কিতাপ অধ্যয়ন কৰাৰ প্ৰয়োজন নাই৷ মই টিভিত চাই দৰিদ্ৰতা অনুভৱ কৰিব নালাগে, মই সেই জীৱন অতিবাহিত কৰি আহিছোঁ৷ দাৰিদ্ৰতা কি, নিম্নস্তৰ কি, দাৰিদ্ৰৰ জীৱন কেনেকুৱা সেই মই দেখি আহিছোঁ৷ আৰু সেইবাবে, মই মনেৰে মানো যে ৰাজনীতি নিজৰ স্থানত, মোৰ সমাজ নীতিয়েই হওক, মোৰ ৰাষ্ট্ৰনীতিয়েই হওক, মোক কয় যে এওঁলোকৰ জীৱনলৈ কিবা এটাতো পৰিৱৰ্তন আনিব লাগিব মই৷ আৰু সেইবাবে মই লালকিল্লাৰ পৰা কৈছিলো যে আমাৰ বিজুলীৰ ব্যৱস্থা নথকা ১৮ হাজাৰ গাঁও, অৰ্থাৎ বাকীবোৰ অঞ্চললৈ বিজুলী আহিছে৷ যিসকলে এই সুবিধা প্ৰদান কৰিছে তেওঁলোকক শ শ প্ৰণাম৷ কিন্তু ৭০ বছৰৰ পিছত ১৮ হাজাৰ গাঁৱত নোপোৱাটো, এই দায়িত্বটো আমি ল’ব লাগে৷ আৰু মই চৰকাৰী বিভাগসমূহক কৈছোঁ, মই কৈছোঁ- কেতিয়া কৰিবা ভাইসকল? কিছুমানে ক’লে সাত বছৰ লাগিব৷ মই ক’লো- মই সাত বছৰ অপেক্ষা কৰিব নোৱাৰোঁ৷ আৰু মই লালকিল্লাৰ পৰা ঘোষণা কৰিলো-মই ১০০০ দিনত কাম সম্পূৰ্ণ কৰিব বিচাৰিছোঁ৷ কঠিন কাম আছিল, দুৰ্গম এলেকা আছিল, ক’ৰবাত সন্ত্ৰাসবাদী অছিল, ক’ৰবাত মাওবাদী আছিল৷ ১৮ হাজাৰ গাঁৱত বিদ্যুৎ যোগানৰ কাম প্ৰায় সম্পূৰ্ণ হ’ল৷ এতিয়া বোধহয় ডেৰশ, দুশ পঞ্চলিশ গাঁও বাকী আছে৷ কাম চলি আছে৷ আপুনি কল্পনা কৰিব পাৰে যে দুখীয়া মা এগৰাকী শৌচালয় যোৱাৰ বাবে সূৰ্যোদয়ৰ পূৰ্বে হাবিলৈ যোৱাৰ বাবে চিন্তা কৰে আৰু দিনত যাতে যাব লগা নহয় সেই কথা চিন্তা কৰে, শাৰীৰিক পীড়া সহ্য কৰে আৰু সূৰ্যাস্ত হোৱালৈ অপেক্ষা কৰে৷ তেওঁ শৌচালয়ৰ বাবে নাযায়৷ সেই মা গৰাকীৰ কিমান পীড়া হ’ব? কিমান কষ্ট হ’ব? তেওঁৰ শৰীৰত কিমান কষ্ট হ’ব৷ আমি শৌচালয় নিৰ্মাণ কৰিব নোৱাৰোঁ নেকি? এই প্ৰশ্নটোৱে মোক শুবলৈ দিয়া নাছিল৷ আৰু তেতিয়াই মোৰ এনে লাগিছিল যে লালকিল্লালৈ গৈ নিজৰ ভাৱনা ব্যক্ত কৰিব, দায়িত্ব বহু ডাঙৰ হ’ব৷ কিন্তু মই দেখিলো যে দেশে যথেষ্ট সঁহাৰি জনাইছে৷ আজি প্ৰায় তিনি লাখ গাঁও open defecation free হৈ পৰিছে আৰু কাম তীব্ৰ গতিত হ’বলৈ ধৰিছে৷ আৰু সেইবাবে এই গণতন্ত্ৰত চৰকাৰৰ এয়া প্ৰাথমিক দায়িত্ব হৈ পৰিছে৷ আৰু সেইদৰে মই যিদৰে এটা দায়িত্ব গ্ৰহণ কৰিলোঁ- প্ৰথমে প্ৰতিখন গাঁৱলৈ বিদ্যুৎ যোগান ধৰা সেই দায়িত্বটো গ্ৰহণ কৰিলো৷ এতিয়া দায়িত্ব ল’লো প্ৰতিখন ঘৰলৈ বিদ্যুৎ যোগান ধৰাটো৷ চাৰি কোটি পৰিয়াল এনেকুৱা আছে৷ ভাৰতত সৰ্বমুঠ প্ৰায় ২৫ কোটি পৰিয়াল আছে, এশ পঁচিশ কোটি জনসংখ্যা আছে৷ স্বাধীনতাৰ ৭০ বছৰৰ পিছতো চাৰি কোটি পৰিয়ালে আজিও ১৮শ শতিকাৰ জীৱন-যাপন কৰিছে৷ তেওঁলোকে চাকি জ্বলাই জীৱন অতিবাহিত কৰিছে৷ মই দায়িত্ব গ্ৰহণ কৰিলো৷ সৌভাগ্য যোজনাৰ অন্তৰ্গত বিনামূলীয়াকৈ মই সেই চাৰি কোটি পৰিয়াললৈ বিদ্যুতৰ যোগান ধৰিম৷ তেওঁলোকৰ সন্তান বিজুলীৰ পোহৰত পঢ়িব৷ তেওঁলোকৰ ঘৰত যদি কম্পিউটাৰ চলায়, ম’বাইল চাৰ্জ দিয়ে, ইয়াৰ জৰিয়তে তেওঁলোক সমগ্ৰ বিশ্বৰ সৈতে সংযোজিত হ’ব৷ টিভি অনাৰ টকা হয় যদি টিভি চাব, পৰিৱৰ্তিত বিশ্ব প্ৰত্যক্ষ কৰিব৷ সেই বিশ্বৰ সৈতে সংযুক্ত কৰাৰ বাবে তেওঁলোকৰ হৃদয়ৰ ব্যগ্ৰতাও মই উৎপন্ন কৰিব লাগিব৷ তেওঁলোকৰ হৃদয়ত সেই ব্যগ্ৰতা উৎপন্ন কৰিব লাগে যাতে কিবা এটা কৰাৰ বাবে তেওঁলোকৰ মোৰ সৈতে সংবদ্ধ হয় আৰু এয়াইতো সৱলীকৰণ৷ মই দাৰিদ্ৰৰ সৱলীকৰণ কৰি, দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ দিবলৈ মোৰ সংগীবৃন্দৰ এটা দল গঠন কৰিব বিচাৰিছোঁ, এই দলটো দাৰিদ্ৰসকলৰ হ’ব আৰু দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ দিব আৰু তেতিয়াহে দৰিদ্ৰতা বিমোচন হ’ব৷ দৰিদ্ৰতা বিমোচনৰ ধ্বনিৰে একো নহয়৷ প্ৰসুন মহোদয়- মোদী মহোদয়, আপুনি সম্পূৰ্ণ কষ্ট কৰি আছে, এয়া সকলোৱে মানে৷ কিন্তু আপুনি অকলে দেশ পৰিৱৰ্তন কৰিব পাৰিব নে? প্ৰধানমন্ত্ৰী- চাওক, মই কষ্ট কৰোঁ, এই কথা আপুনি ক’লে, মই জানো যে দেশত ইয়াক লৈ কোনো বিবাদ নহয়৷ মই কষ্ট কৰোঁ, এয়া বিষয় নহয়; যদি নকৰিলোহৈ তেন্তে সেয়া বিষয় হ’লহেঁতেন৷ মোৰ পুঁজি হ’ল প্ৰমাণিকতা৷ মোৰ পুঁজি হ’ল দেশৰ এশ পঁচিশ কোটি দেশবাসীৰ প্ৰেম আৰু সেইবাবে মই অধিক পৰিশ্ৰম কৰিব লাগে৷ আৰু মই দেশবাসীক ক’বলৈ বিচাৰিম যে মই আপোনালোকৰ দৰেই এজন সামান্য নাগৰিক৷ এজন সাধাৰণ মানুহৰ গাত থকা দুৰ্বলতাসমূহ মোৰো আছে৷ কোনোৱে মোক ভিন্ন বুলি যেন নাভাবে৷ আপোনালোকে মোক আপোনালোকৰ দৰেই ভাবি লওক আৰু এয়াই সত্য৷ মই যি স্থানত আছোঁ সেয়াতো এক ব্যৱস্থাৰ অংশ, কিন্তু মই সেইজনেই, যি আপুনিও হয়৷ আপোনাতকৈ মই ভিন্ন নহয়৷ মোৰ ভিতৰত এজন শিক্ষাৰ্থী লুকাই আছে৷ আৰু মই শিক্ষকসকলৰ প্ৰতি কৃতজ্ঞ যে সৰুতে তেওঁলোকে মোক এনে পথ দেখুৱালে যে নিজৰ ভিতৰত বিদ্যাৰ্থীজনক মই কেতিয়াও মৃত্যু হ’বলৈ নিদিলো৷ আৰু মই যি দায়িত্ব পাওঁ, তাৰ পৰা মই শিকিবলৈ, বুজিবলৈ চেষ্টা কৰোঁ৷ মই যেতিয়া নিৰ্বাচনত অৱতীৰ্ণ হৈছিলো তেতিয়া দেশবাসীক কৈছিলো যে মোৰ ওচৰত অভিজ্ঞতা নাই৷ মোৰ ভুল হ’ব পাৰে৷ কিন্তু মই দেশবাসীক বিশ্বাস প্ৰদান কৰিছিলোঁ যে মই ভুল কৰিব পাৰোঁ কিন্তু বেয়া মনোভাৱেৰে কেতিয়াও ভুল নকৰোঁ৷ দীৰ্ঘসময় ধৰি গুজৰাটত মই longest service chief minister ৰূপত দায়িত্ব পালন কৰিলো, এতিয়া চাৰি বছৰ হ’ল, প্ৰধানমন্ত্ৰীৰ, প্ৰধান সেৱকৰ ভূমিকাত কাম কৰাৰ সুযোগ পাইছোঁ৷ কিন্তু বেয়া উদ্দেশ্যৰে কেতিয়াও কাম নকৰোঁ, এয়া মই দেশবাসীৰ সন্মুখত প্ৰতিজ্ঞা কৰিছিলোঁ৷ এতিয়া প্ৰশ্ন হ’ল এইটো যে মই কেতিআও ভবা নাছিলো যে মই দেশ পৰিৱৰ্তন কৰিম, এয়া কেতিয়াও ভবা নাছিলো৷ কিন্তু মোৰ হৃদয়ত এই বিশ্বাসো আছে যে যদি মোৰ দেশত লাখটা সমস্যাও আছে তেন্তে এশ পঁচিশ কোটি সমাধানো আছে৷ যদি মিলিয়ন সংখ্যক সমস্যা আছে তেন্তে বিলিয়ন সংখ্যক সমাধানো আছে৷ এশ পঁচিশ কোটি দেশবাসীৰ শক্তিৰ ওপৰত মোৰ বিশ্বাস আছে আৰু মই অনুভৱ কৰিব পাৰোঁ যে কোনোবাই বিমূদ্ৰাকৰণৰ কল্পনা কৰিব পাৰেনে? মোৰ দেশৰ সাধাৰণ নাগৰিক সততাৰ বাবে কষ্ট সহ্য কৰিবলৈ প্ৰস্তুত৷ যদি এয়াই মোৰ দেশৰ শক্তি তেন্তে সেই শক্তিৰ অনুৰূপ নিজৰ জীৱনতো সঞ্চিত কৰিব লাগে৷ আৰু তাৰ ফলস্বৰূপেই আজি যিমানবোৰ পৰিণাম আপুনি দেখিবলৈ পাইছে, মোদীতো কেৱল নিমিত্তহে আৰু প্ৰকৃততেই মোদীৰ ইয়াত প্ৰয়োজন আছে৷ প্ৰয়োজনটো কি, কাৰোবাক যদি পাথৰ মাৰিব লাগে তেন্তে কাক মাৰিব? কাৰোবাক জাবৰ-জোঁথৰ দলিয়াব লাগে তেন্তে ক’ত পেলাব? কাৰোবাক গালি দিব লাগে তেন্তে কাক দিব? সেয়ে মই নিজকে সৌভাগ্যশালী বুলি ভাবোঁ কাৰণ মোৰ এশ পঁচিশ কোটি দেশবাসীৰ ওপৰত কোনেও পাথৰ মাৰা নাই, কোনেও জাবৰ-জোঁথৰ দলিওৱা নাই, কোনেও গালি পাৰা নাই৷ মই অকলে এই সমূহ গ্ৰহণ কৰিছোঁ, সহ্য কৰিছোঁ৷ আৰু মই আপোনাৰ দৰে কবি নহয় কিন্তু প্ৰতিটো যুগতে কিবা নহয় কিবা কোনোবাই লিখে৷ আপোনালোকৰো সকলোৱে লিখিছে৷ কিন্তু মই কবি হ’ব নোৱাৰোঁ৷ সেয়া প্ৰসুনেই হ’ব পাৰে৷ কিন্তু মই কেতিয়াবা লিখিছিলোঁ৷ প্ৰসুন মহোদয়- হয়৷ প্ৰধানমন্ত্ৰী- যিহেতু মই এনেকুৱা জীৱন অতিবাহিত কৰি আহিছোঁ সেয়েহে এইসমূহ সহ্য কৰাটো মোৰ বাবে স্বাভাৱিক আছিল৷ আমি ঠেকা খাই খাই আহিছোঁ৷ বহু ধৰণৰ সমস্যাৰ মাজৰ পৰা আহিছোঁ আৰু মই এই বিষয়ে লিখিছোঁ-আজি সম্পূৰ্ণ শব্দসমূহ মোৰ মনত নাই কিন্তু কাৰোবাৰ যদি ৰুচি আছে- মোৰ এখন কিতাপ আছে, আপোনালোকে চাই ল’ব৷ মই তাত লিখিছিলো-‘‘ যিসকল লোকে মোলৈ পাথৰ দলিয়াই, সেই পাথৰেৰে মই সোপান গঢ়োঁ আৰু সেই সোপানেৰে মই আগবাঢ়োঁ৷’’ আৰু সেইবাবে মোৰ ধাৰণা হ’ল যে টীম ইণ্ডিয়াত কেৱল চৰকাৰৰেই মানুহ বহি থকা নাই৷ ব্যুৰ’ক্ৰেছী আছে, ৰাজ্য চৰকাৰ আছে, ফেডাৰেল আন্তঃগাঁথনি মোৰ প্ৰথম আৱশ্যকতা৷ কো-অপাৰেটিভ ফেডাৰিলিজমক মই প্ৰতিযোগিতামূলক কো-অপাৰেটিভ ফেডাৰিলিজিমৰ দিশলৈ লৈ যোৱাৰ বাবে প্ৰয়াস কৰিছোঁ৷ এতিয়া মই দেশৰ ১১৫খন জিলা, প্ৰত্যাশী জিলাক চিনাক্তকৰণ কৰিছোঁ৷ মই তেওঁলোকক প্ৰেৰণা দিছো যে তেওঁলোকে ৰাজ্যৰ যি গড়, তালৈ যাওক, মই আপোনালোকৰ সৈতে আছোঁ৷ মই তেওঁলোকৰ উৎসাহ বৃদ্ধি কৰি আছোঁ আৰু তেওঁলোকে কৰি আছে৷ আৰু তাৰেই পৰিণামস্বৰূপে টয়লেটৰ লক্ষ্য পূৰণ হৈছে৷ ১৮ হাজাৰখন গাঁৱত বিদ্যুৎ যোগান ধৰিবলৈ মোদীয়ে নিজে খুঁটা পুতিবলৈ গৈছিল নেকি? খুঁটা পুতিবলৈ মোৰ দেশবাসী গৈছিল৷ বিদ্যুৎ যোগান ধৰিবলৈ মোৰ দেশবাসীসকল গৈছিল৷ আৰু সেইবাবে মহাত্মা গান্ধীৰ সেইষাৰ কথা যি মই মন্ত্ৰৰ ৰূপত গ্ৰহণ কৰিছোঁ যে স্বতন্ত্ৰতাৰ বাবে বহু লোক পগলা হৈ আছিল, স্বতন্ত্ৰতাৰ বাবে মৰিবলৈ বহু লোক আছিল, আৰু তেওঁলোকৰ ত্যাগ-তপস্যাক কোনেও কম নম্বৰ দিব নোৱাৰে, তেওঁলোকৰ বলিদানক কোনেও কম নম্বৰ দিব নোৱাৰে৷ কিন্তু গান্ধীয়ে স্বতন্ত্ৰতাক জন আন্দোলনলৈ ৰূপান্তৰিত কৰিছিল, মই বিকাশক জন আন্দোলনলৈ ৰূপান্তৰিত কৰি আছোঁ৷ মোদীয়ে অকলে একো নকৰে আৰু মোদীয়ে একো কৰিব নালাগে, কিন্তু দেশে সকলো কৰক আৰু মোদীও…কেতিয়াবাতো মই কৈছিলো, যেতিয়া মই গুজৰাটত আছিলো তেতিয়া কৈছিলো, মই কৈছিলো- আমাৰ দেশ এনেকুৱা যে চৰকাৰে যদি বাধকতাসমূহ বন্ধ কৰে তেতিয়া দেশ বহুদূৰ আগুৱাব পাৰে৷ মই সেই মতাদৰ্শত চলা মানুহ৷ প্ৰসুন মহোদয়- আপুনি কবিতাৰ কথা কৈছে যেতিয়া মই এটা কবিতা শুনাও৷ যি কবিতা মই শুনাবলৈ গৈছোঁ সেয়া ভাৰতৰ ওপৰত সুন্দৰকৈ খাপ খায়৷ আপোনাৰ ওপৰতো খাপ খায়৷ আপুনি বুজক মই কি কৈ আছোঁ- ‘কি সৰ্প কিউ ইতনে চকিত হো? সৰ্প কিউ ইতনে চকিত হো? দংশ কা অভ্যস্ত হু৷ সৰ্প কিউ ইতনে চকিত হো? দংশ কা অভ্যস্ত হু, পী ৰহা হু বিষ য়ুগো ছে, সত্য হু, আশ্বস্ত হু৷ সৰ্প কিউ ইতনে চকিত হো? দংশ কা অভ্যস্ত হু, পী ৰহা হু বিষ য়ুগো ছে, সত্য হু, আশ্বস্ত হু৷ য়ে মেৰী মাটি লিয়ে হে গন্ধ মেৰে ৰক্ত কি, জো কহ ৰহী হে মৌন কি, অভিব্যক্ত কি৷ মে অভয় লেকৰ চলুগাঁ, মে বিচলিত ন ত্ৰস্ত হু৷ সৰ্প কিউ ইতনে চকিত হো? দংশ কা অভ্যস্ত হু৷ হে মেৰা উদ্গম কহা পৰ ঔৰ কহা গন্তব্য হে? দিখ ৰহা হে সত্য মুঝকো, ৰূপ জিসকা ভব্য হে৷ মে স্বয়ং কি খোজ মে কিতনে য়ুগৌ সে ব্যস্ত হু৷ সৰ্প কিউ ইতনে চকিত হো? দংশ কা অভ্যস্ত হু৷ হে মুঝে সজ্ঞান ইসকা বুলবুলা হু সৃষ্টি মে, হে মুঝে সজ্ঞান ইসকা বুলবুলা হু সৃষ্টি মে, এক লঘু সী বুন্দ হু মে, এক লঘু সী বুন্দ হু মে, এক শাস্বত বৃষ্টি মে৷ হে নহী সাগৰ কো পানা, মে নদী সন্যস্ত হু৷ সৰ্প কিউ ইতনে চকিত হো? দংশ কা অভ্যস্ত হু৷’ প্ৰধানমন্ত্ৰী- প্ৰসুন মহোদয়, আমি আপোনাৰ ভাৱনাৰ আদৰ কৰোঁ, কিন্তু আমাৰ শিৰাত সেই ভাৱেই আছে- অমৃতস্য পুত্ৰ বয়ং৷ এই ভাৱ লৈয়েই আমি ডাঙৰ-দীঘল হৈছোঁ আৰু সেইবাবে আমাৰ দেশত সকলোৱে দংশনো সহ্য কৰিছে, বিষো পান কৰিছে, দুঃচিন্তাও সহ্য কৰিছে, অপমানো সহ্য কৰিছে কিন্তু সপোনৰ মৃত্যু হ’বলৈ দিয়া নাই৷ আৰু এয়া ইচ্ছাশক্তিয়েই হয় যি দেশক নতুন উচ্চতালৈ লৈ যোৱাৰ শক্তি ধাৰণ কৰিব পাৰে আৰু মই ইয়াক অনুভৱ কৰোঁ৷ প্ৰসুন মহোদয়- এইখিনিতে কেইটামান প্ৰশ্ন লওঁ৷ শ্ৰী ছেমুৱেল ডাওজাৰ্টৰ পৰা এটা প্ৰশ্ন গ্ৰহণ কৰিছোঁ, যি আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছে৷ ছেমুৱেল ডাওজাৰ্ট- শুভ সন্ধিয়া প্ৰধানমন্ত্ৰী মহোদয়৷ মোদীকেয়াৰৰ বিষয়ে আপোনাৰ মন্তব্য কি? সকলোৱে ইয়াৰ বিষয়ে কৈ আছে৷ ধন্যবাদ৷ প্ৰসুন মহোদয়- মই ভাবোঁ মোদী কেয়াৰ, তেওঁ এনেয়ে মোদী কেয়াৰ, অ’বামা কেয়াৰৰ মাজত সমান্তৰাল ৰেখা অংকিত কৰিছে৷ তেওঁ স্বাস্থ্য ক্ষেত্ৰৰ বিষয়ে বোধহয় জানিব বিচাৰিছে৷ প্ৰধানমন্ত্ৰী- চাওক, মই অনুভৱ কৰোঁ যে তিনিটা কথাত মোৰ এটা আগ্ৰহ আছে, মই কোনো ডাঙৰ ডাঙৰ কথা কোৱা লোক নহওঁ৷ মোৰ জীৱনৰ পচ্ছাদপট এনেকুৱা, ইয়াত আমাৰ মেঘনাথ ভাই বহি আছে, মই এনেকুৱা কথা কোৱা পৰম্পৰা থকা লোক নহয়৷ কিন্তু তিনিটা বস্তু- ল’ৰা-ছোৱালীৰ শিক্ষা, যুৱ প্ৰজন্মৰ উপাৰ্জন, বৃদ্ধৰ ঔষধ- এইকেইটা বস্তু আমি এখন সুস্থ সমাজৰ বাবে চিন্তা কৰিব লাগে৷ মই অনুভৱ কৰিছোঁ যে যিমানেই ভাল পৰিয়াল নহওক কিয়, কোনো বেয়া নাথাকিলেও সেই পৰিয়ালত যদি এটা বেমাৰে দেখা দিয়ে৷ কল্পনা কৰক, ছোৱালী ডাঙৰ হৈছে, ছোৱালীৰ বিয়া দিবলগীয়া আছে, আৰু ঘৰত যদি কোনোবা বেমাৰত আক্ৰান্ত হয়, সম্পূৰ্ণ পৰিকল্পনা নষ্ট হৈ যায়৷ ছোৱালী কুমাৰী হৈ থাকিবলগীয়া হয়, বেমাৰে গোটেই পৰিয়ালটোক তছ-নছ কৰি পেলায়৷ এজন দুখীয়া মানুহে অটো ৰিক্সা চলাই আছে, বেমাৰত আক্ৰান্ত হ’ল৷ তেতিয়া সেই ব্যক্তিজনেই নহয়, সম্পূৰ্ণ পৰিয়ালটোৱেই বেমাৰত আক্ৰান্ত হৈ পৰে৷ আৰু সেইবাবে মই ভাবিলোঁ আৰু স্বাস্থ্য ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিলোঁ৷ কিছুমান লোকে ইয়াক মোদী কেয়াৰ হিচাপে প্ৰচলন কৰি আছে৷ মূলতঃ যোজনাটোৰ নাম হ’ল আয়ুস্মান ভাৰত৷ আৰু আমি প্ৰতিৰোধীয় স্বাস্থ্য, ব্যয়সাধ্য স্বাস্থ্য, বহনক্ষম স্বাস্থ্য, এই সকলো বিষয়সমূহক লৈ আমি আগবাঢ়ি আছোঁ৷ ইয়াৰ দুটা অংশ আছে৷ এক- আমি দেশত প্ৰায় দেৰ লাখতকৈ অধিক কল্যাণ কেন্দ্ৰ স্থাপন কৰিব বিচাৰিছোঁ যাতে নিকটৱৰ্তী ১২-১৫খন গাঁৱৰ লোকৰ বাবে স্বাস্থ্যৰ সকলো সুবিধা প্ৰাপ্ত হওক, আৰু সকলো প্ৰযুক্তি চালিত হওক৷ যাতে ৰোগীসকলে তালৈ আহিলে তেওঁলোকক তাৎক্ষণিক গাইড কৰা হওক যে কি দৰৱ লাগে, কি ব্যৱস্থা লাগে৷ দ্বিতীয়তে- প্ৰতিৰোধীয় স্বাস্থ্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হওক৷ লাগিলে সেয়া যোগেই হওক, জীৱন-শৈলীয়েই হওক বা পুষ্টিয়েই হওক, এই সকলো বস্তুৰ প্ৰতিৰোধীয় স্বাস্থ্যৰ বাবে আমি এক পোষণ অভিযান আৰম্ভ কৰিছোঁ৷ মহিলা আৰু শিশু স্বাস্থ্য সুৰক্ষাৰ বাবে তেওঁলোকৰ দ্বাৰা আমি কাম কৰিছোঁ৷ বিশ্বৰ সমৃদ্ধ দেশসমূহতো প্ৰসূতীকালীন ছুটিৰ বাবে আজিও ইমান উদাৰতা নেদেখুৱাই যিমানখিনি আমাৰ চৰকাৰে কৰিছে৷ মই মানো যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসাধাৰণো এয়া জানি সুখী হ’ব যে, আমি শিশুৰ স্বাস্থ্যৰ চিন্তা কৰি, তেওঁলোকৰ মাকসমূহৰ স্বাস্থ্যৰ কথা চিন্তা কৰি, প্ৰসূতীকালীন ছুটি ২৬ সপ্তাহলৈ বৃদ্ধি কৰিছোঁ৷ আৰু এটা পদক্ষেপ হ’ল পৰিয়ালসকললৈ এনেকুৱা ব্যৱস্থা প্ৰদান কৰা হওক৷ ভাৰতৰ প্ৰায় দহ কোটি পৰিয়াল অৰ্থাৎ ৫০ কোটি লোক, অৰ্থাৎ অৰ্ধেক জনসংখ্যা, তেওঁলোকক বছৰি পাঁচ লাখ টকা পৰ্যন্ত বেমাৰৰ খৰচ চৰকাৰে প্ৰদান কৰিব৷ এবছৰত পৰিয়ালৰ এজন ব্যক্তি, সকলো ব্যক্তি, যিমানেই বেমাৰ হওক, পাঁচ লাখ পৰ্যন্ত খৰচ চৰকাৰে বহন কৰিব৷ ইয়াৰ জৰিয়তে দুখীয়াৰ জীৱনলৈ যি সংকট আহে তাৰ পৰা মুক্তি পাব৷ মই জানো এয়া এক বৃহৎ কাম কিন্তু কোনোবা এজনেতো কৰিব লাগে৷ দ্বিতীয়তে- ইয়াৰ জৰিয়তে চহৰসমূহলৈ যি ব্যক্তিগত চিকিৎসালয় অহাৰ সম্ভাৱনা আছে-টায়াৰ-২, টায়াৰ-৩, ভাল চিকিৎসালয়ৰ নেটৱৰ্ক স্থাপন হ’ব৷ কাৰণ তেওঁলোকে জানে যে ৰোগী আহিব, আৰু ৰোগীসকলে জানিব যে কোনোবাই তেওঁলোকৰ হৈ ধন পৰিশোধ কৰিব, তেওঁলোকে নিশ্চয় যাব৷ সামান্য বেমাৰ হ’লে দুদিন পিছত ঠিক হৈ যাব বুলি নাযায়, তেওঁ সহ্য কৰি লয়৷ কিন্তু যেতিয়া গম পাব তেতিয়া যাব৷ চিকিৎসালয়েও গম পায় যে ৰোগী আহক কিয়নো ধন পৰিশোধ অন্যই কৰিব৷ আৰু ইয়াৰ বাবে নতুন চিকিৎসালয়ৰ শৃংখল সৃষ্টি হ’ব৷ আৰু মই মানো যে নিকট ভৱিষ্যতত আপোনালোকৰ যিয়ে স্বাস্থ্য খণ্ডত কাম কৰিবলৈ বিচাৰে, এক হাজাৰতকৈ অধিক নতুন ভাল চিকিৎসালয় নিৰ্মাণৰ সম্ভাৱনা সৃষ্টি হৈছে৷ এয়া স্থায়ী সমাধান ব্যৱস্থাৰ দ্বাৰা সৃষ্টি হৈছে৷ সেইদৰে ঔষধ- পেকিং ভাল হয়, ঔষধ লিখোঁতাসকলেও কিবা পায়৷ আপুনি জানে যে চিকিৎসকলৰ সমাৰোহ কেতিয়াবা ছিংগাপুৰত হয়, কেতিয়াবা ডুবাইত হয়৷ তাত কিবা বেমাৰ আছে, সেইবাবে নাযায়৷ ফাৰ্মাচিউটিকেল উদ্যোগসমূহৰ বাবে এয়া প্ৰয়োজনীয়, সেইবাবে যায়৷ সেয়ে আমি কি কৰিলো- জেনেৰিক ঔষধ, আৰু সেয়া সিমানেই উত্তম গুণগতমানৰ৷ যি ঔষধ পূৰ্বে ১০০ টকাত প্ৰাপ্ত হৈছিল, আজি জেনেৰিক মেডিকেলৰ দোকানত ১৫ টকাত পোৱা যায়৷ প্ৰায় ৩ হাজাৰ এনেকুৱা জন-ঔষধালয়ৰ কাম কৰিছোঁ আৰু ইয়াৰ সংখ্যা আমি বৃদ্ধি কৰি আছোঁ যাতে সাধাৰণ লোকে ইয়াৰ দ্বাৰা উপকৃত হয়৷ | লণ্ডনত অনুষ্ঠিত ভাৰত কী বাত সবকে সাথ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ ভাব বিনিময়ৰ অসমীয়া অনুবাদ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%A8%E0%A7%8D%E0%A6%AE%E0%A6%A6%E0%A6%BF%E0%A6%A8-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87-%E0%A6%85%E0%A6%9F%E0%A6%B2-%E0%A6%AC%E0%A6%BF%E0%A6%B9%E0%A6%BE/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%A8%E0%A7%8D%E0%A6%AE%E0%A6%A6%E0%A6%BF%E0%A6%A8-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87-%E0%A6%85%E0%A6%9F%E0%A6%B2-%E0%A6%AC%E0%A6%BF%E0%A6%B9%E0%A6%BE/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জন্মদিন উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে অটল বিহাৰী বাজপায়ীক লৈ নিজৰ ভাৱনাও ব্যক্ত কৰে। এটা টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়; "জন্মদিন উপলক্ষে অটলজীলৈ শ্ৰদ্ধা নিবেদন কৰিছো। তেখেতে ভাৰতলৈ আগবঢ়োৱা অৱদান চিৰস্মৰণীয় হৈ ৰ’ব। তেখেতৰ নেতৃত্ব আৰু দৃষ্টিয়ে লাখ-লাখ লোকক প্ৰেৰণা যোগায়।" | জন্মদিন উপলক্ষে অটল বিহাৰী বাজপায়ীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জল |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%A7%E0%A7%B0%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A7%B0/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%A7%E0%A7%B0%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A7%B0/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ধৰিত্ৰী দিৱস হৈছে ধৰিত্ৰী মাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰা আৰু আমাৰ পৃথিৱীৰ যতন ল’বলৈ প্ৰতিশ্ৰুতিবদ্ধ হোৱাৰ এটা বিশেষ দিন। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে এটা ভিডিঅ'ও শ্বেয়াৰ কৰে। প্ৰধানমন্ত্ৰীয়ে টুইট কৰে; "ধৰিত্ৰী দিৱস হৈছে ধৰিত্ৰী মাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰা আৰু আমাৰ পৃথিৱীৰ যতন ল’বলৈ প্ৰতিশ্ৰুতিবদ্ধ হোৱাৰ এটা বিশেষ দিন।" | প্ৰধানমন্ত্ৰীয়ে ধৰিত্ৰী দিৱসত ধৰিত্ৰী মাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি এটা ভিডিঅ’ শ্বেয়াৰ কৰিছ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9B%E0%A6%BF%E0%A6%82%E0%A6%97%E0%A6%BE%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A7%B0-%E0%A6%85%E0%A7%B1%E0%A6%B8%E0%A7%B0%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%AA%E0%A7%8D%E0%A6%A4-%E0%A6%9C%E0%A7%8D/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9B%E0%A6%BF%E0%A6%82%E0%A6%97%E0%A6%BE%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A7%B0-%E0%A6%85%E0%A7%B1%E0%A6%B8%E0%A7%B0%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%AA%E0%A7%8D%E0%A6%A4-%E0%A6%9C%E0%A7%8D/ | ছিংগাপুৰৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ মন্ত্ৰী শ্ৰী গহ চক টঙে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আন্তৰিকতাৰে তেওঁলোকৰ দীৰ্ঘদিনীয়া বন্ধুত্বৰ কথা সুঁৱৰি শ্ৰী গহ চক টঙক এই বছৰৰ আৰম্ভণিতে লী কুৱান ইউ স্কুল অৱ পাব্লিক পলিচিৰ পৰিচালনা পৰিষদৰ অধ্যক্ষৰ দায়িত্ব লোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰত আৰু ছিংগাপুৰৰ মাজত যোৱা কেইবছৰত হোৱা বহুকেইটা উচ্চ পৰ্যায়ৰ ভ্ৰমণৰ কথা উল্লেখ কৰি কয় যে ইয়াৰ ফলত ব্যৱসায়-বাণিজ্য, যোগাযোগ, সুৰক্ষা আদি সকলো ক্ষেত্ৰতে সম্পৰ্ক শক্তিশালী হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ পূবলৈ চোৱা নীতিত ছিংগাপুৰে গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে আৰু ভাৰত-এচিয়ানৰ সম্পৰ্কৰ শক্তিশালী ভেটি প্ৰতিষ্ঠাত ছিংগাপুৰে সহায় কৰিছে।শ্ৰী গহ চক টং ভাৰতৰ লগত এচিয়ানৰ সম্পৰ্কৰ বাবে কাম কৰা প্ৰথম ব্যক্তিসকলৰ মাজত অন্যতম। দুয়োজন নেতাই পাৰস্পৰিক আগ্ৰহ থকা বিশ্বমানৰ বিষয়সমূহৰ ওপৰতো আলোচনা কৰে। | ছিংগাপুৰৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ মন্ত্ৰী শ্ৰী গহ চক টঙৰ সৈতে প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%AC%E0%A7%81%E0%A6%B2%E0%A6%97%E0%A7%87%E0%A7%B0%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%AC%E0%A7%81%E0%A6%B2%E0%A6%97%E0%A7%87%E0%A7%B0%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ভাৰত আৰু বুলগেৰিয়াৰ মাজত পৰ্যটন ক্ষেত্ৰত শক্তিশালী সহযোগিতা আগবঢ়োৱাৰ লক্ষ্যৰে প্ৰস্তাৱিত বুজাবুজি চুক্তি স্বাক্ষৰৰ বাবে অনুমোদন জনাইছে। সবিশেষঃ এই বুজাবুজি চুক্তিৰ মুল বৈশিষ্ট্যসমূহ হৈছেঃ ক। পৰ্যটন খণ্ডত দ্বিপাক্ষিক সহযোগিতাৰ সম্প্ৰসাৰণ কৰা। খ। পৰ্যটন সম্পৰ্কীয় তথ্যৰ বিনিময় কৰা। গ। হোটেল আৰু ট্যুৰ অপাৰেটৰকে ধৰি পৰ্যটনৰ অংশীদাৰসকলৰ মাজত সহযোগিতা বৃদ্ধিত উদ্গনি যোগোৱা। ঘ। মানৱ সম্পদ উন্নয়নৰ সহযোগিতামুলক বিনিময় কাৰ্যসূচী আৰম্ভ কৰা। ঙ। দুয়ো দেশৰ ট্যুৰ অপাৰেটৰ/সংবাদ মাধ্যম/অন্যান্য মতামতদাতাৰ মাজত ভ্ৰমণ বিনিময় ত্বৰান্বিত কৰা, যাতে দ্বিপাক্ষিক পর্যটনে আৰু অধিক গুৰুত্ব লাভ কৰে। চ। পৰ্যটনৰ প্ৰচাৰ, বিপণন, গন্তব্য স্থানৰ উন্নীতকৰণ আৰু ব্যৱস্থাপনাৰ দিশত থকা অভিজ্ঞতাৰ বিনিময় কৰা। ছ। দুয়ো দেশৰ অতি আকৰ্ষণীয় পৰ্যটন ক্ষেত্ৰক বোলছবিত চিত্ৰায়িত কৰি তাৰ প্ৰচাৰৰ জৰিয়তে দ্বিপাক্ষিক সহযোগিতা ক্ষীপ্ৰতৰ কৰা, আৰু জ। নিৰাপদ, সন্মানীয় আৰু বহনযোগ্য পর্যটনৰ প্রচাৰ কৰা। পটভূমিঃ উল্লেখ্য যে ১৯৯৪ চনৰ ২৬ মে’ত পর্যটন ক্ষেত্রত ভাৰত আৰু বুলগেৰিয়াৰ মাজত এক সহযোগিতামুলক চুক্তি স্বাক্ষৰিত হৈছিল। ভাৰতৰ বাবে বুলগেৰিয়া এক সম্ভাৱনাপূৰ্ণ পৰ্যটনৰ বজাৰ(২০১৭ চনত প্ৰায় ৫২৮৮গৰাকী বুলগেৰিয়াৰ পৰ্যটক ভাৰতলৈ আহিছিল)। এই চুক্তিখনে পৰ্যটন বজাৰ বৃদ্ধিত এক আহিলা হিচাপে কাম কৰিব। | ভাৰত আৰু বুলগেৰিয়াৰ মাজত পৰ্যটন ক্ষেত্ৰত বুজাবুজি চুক্তি স্বাক্ষৰৰ বাবে কেবিনেটৰ অনুমোদন |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%AB%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%B8%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4-%E0%A6%A8%E0%A6%BE/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%AB%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%B8%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4-%E0%A6%A8%E0%A6%BE/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰোহিত্যত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত ভাৰত আৰু ফ্ৰান্সৰ মাজত নাৰ্কোটিক ড্ৰাগছ, নিচাযুক্ত দ্ৰব্যৰ অবৈধ সেৱন তথা অবৈধ সৰবৰাহ নিৰ্মূল আৰু ৰসায়ন সৰবৰাহৰ লগত জড়িত অপৰাধ আদি বিষয়ত বুজাবুজিৰ চুক্তি স্বাক্ষৰৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়। এই চুক্তিৰ যোগেদি দুয়োখন দেশৰ মাজত তথ্য, বিশেষজ্ঞৰ আদান প্ৰদান আৰু সামৰ্থ বৃদ্ধিৰ জৰিয়তে নাৰ্কোটিক ড্ৰাগছ, নিচাযুক্ত দ্ৰব্যৰ অবৈধ সেৱন তথা অবৈধ সৰবৰাহ নিৰ্মূল আৰু ৰসায়ন সৰবৰাহৰ লগত জড়িত অপৰাধ আদি নিয়ন্ত্ৰণ কৰিব পৰা যাব বুলি আশা কৰা হৈছে। কাৰ্যক্ষম আনুষ্ঠানিক মত-বিনিময় ব্যৱস্থাৰ প্ৰতিষ্ঠাৰ যোগেদি এই চুক্তিয়ে নিচাযুক্ত দ্ৰব্যৰ অবৈধ সৰবৰাহকাৰী তথা সন্ত্ৰাসবাদীক বিত্তীয় সাহাৰ্য প্ৰদান কৰা ব্যৱস্থাসমূহকো নাকী লগাবলৈ সক্ষম হ’ব। | ভাৰত আৰু ফ্ৰান্সৰ মাজত নাৰ্কোটিক ড্ৰাগছ, নিচাযুক্ত দ্ৰব্যৰ অবৈধ সেৱন তথা অবৈধ সৰবৰাহ নিৰ্মূল আৰু ৰসায়ন সৰবৰাহৰ লগত জড়িত অপৰাধ আদি বিষয়ত বুজাবুজিৰ চুক্তি স্বাক্ষৰৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B9%E0%A6%BF%E0%A6%AE%E0%A6%BE%E0%A6%9A%E0%A6%B2-%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%95%E0%A7%81%E0%A6%B2%E0%A7%8D%E0%A6%B2%E0%A7%81%E0%A6%A4-%E0%A6%AE/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B9%E0%A6%BF%E0%A6%AE%E0%A6%BE%E0%A6%9A%E0%A6%B2-%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%95%E0%A7%81%E0%A6%B2%E0%A7%8D%E0%A6%B2%E0%A7%81%E0%A6%A4-%E0%A6%AE/ | প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে হিমাচল প্রদেশৰ কুল্লুত মর্মান্তিক অগ্নিকাণ্ডত ক্ষতিগ্রস্ত পৰিয়ালসমূহৰ বাবে গভীৰ দুখ প্রকাশ কৰিছে। প্রধানমন্ত্রীয়ে কৈছে, ৰাজ্য চৰকাৰ আৰু স্থানীয় প্রশাসনে পুৰাদমে ত্রাণ আৰু উদ্ধাৰকার্যত যুক্ত হৈছে। এটা ট্যুইটত প্রধানমন্ত্রীয়ে কৈছে, “হিমাচল প্রদেশৰ কুল্লুত অগ্নিকাণ্ডত অত্যন্ত দুখিত। ঐতিহাসিক মালানা গাঁৱত এই মর্মান্তিক দুর্ঘটনাত নিহতসকলৰ পৰিয়ালৰ প্রতি সমবেদনা জনাইছো। ৰাজ্য চৰকাৰ আৰু স্থানীয় প্রশাসন পুৰাদমে ত্রাণ আৰু উদ্ধাৰৰ কামত যুক্ত হৈছে”। | হিমাচল প্রদেশৰ কুল্লুত মর্মান্তিক অগ্নিকাণ্ডত প্রধানমন্ত্রীৰ শোক প্রকা |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%AC%E0%A7%87%E0%A6%82%E0%A6%97%E0%A6%BE-2/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%AC%E0%A7%87%E0%A6%82%E0%A6%97%E0%A6%BE-2/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাংগালুৰুত কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল ২ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে বিমানবন্দৰ কৰ্তৃপক্ষৰ সৈতেও বাৰ্তালাপ কৰে য'ত তেওঁক টাৰ্মিনেল ২ ভৱনৰ আৰ্হিৰ বিষয়ে অৱগত কৰোৱা হয়। প্ৰধানমন্ত্ৰীয়ে অভিজ্ঞতা কেন্দ্ৰৰ সুবিধাসমূহো পৰিদৰ্শন কৰে আৰু কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল ২ খোজকাঢ়ি পৰিদৰ্শন কৰে। প্ৰধানমন্ত্ৰীয়ে টাৰ্মিনেল ২ৰ বিষয়ে এখন চুটি ছবিও প্ৰত্যক্ষ কৰে। প্ৰধানমন্ত্ৰীয়ে টুইট কৰে; "বেংগালুৰুৰ কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল ২অধিক সুবিধাযুক্ত হ'ব। এইটো আমাৰ নগৰীয় কেন্দ্ৰসমূহক শীৰ্ষ শ্ৰেণীৰ আন্তঃগাঁথনি প্ৰদানৰ লক্ষ্যৰে কৰা আমাৰ প্ৰচেষ্টাৰ এয়া এক অংশ। টাৰ্মিনেলটো ধুনীয়া আৰু যাত্ৰীঅনুকূল! ইয়াক উদ্বোধন কৰি আনন্দিত হৈছো।" পটভূমি প্ৰায় ৫০০০ কোটি টকা ব্যয়েৰেবেংগালুৰুৰ কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল-২ নিৰ্মাণ কৰা হৈছে। টাৰ্মিনেলটোৱে বিমানবন্দৰৰ যাত্ৰী পৰিচালনা ক্ষমতা বছৰি ৫-৬ কোটিলৈ দুগুণ বৃদ্ধি কৰিব। বৰ্তমানৰ ইয়াৰ ক্ষমতা প্ৰায় ২.৫ কোটি। টাৰ্মিনেল ২ বেংগালুৰুৰ গাৰ্ডেন চহৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে ডিজাইন কৰা হৈছে আৰু যাত্ৰীৰ অভিজ্ঞতাক “বাগিচাত খোজ কঢ়া” বুলি কোৱা হৈছে। যাত্ৰীসকলে ১০,০০০+ বৰ্গমিটাৰ সেউজীয়া দেৱাল, ওলমি থকা বাগিচা আৰু বাহিৰৰ বাগিচাৰ মাজেৰে যাত্ৰা কৰিব। ইতিমধ্যে বিমানবন্দৰটোৱে সমগ্ৰ কেম্পাছতে নবীকৰণযোগ্য শক্তিৰ ১০০% ব্যৱহাৰৰ সৈতে বহনক্ষমতাৰ ক্ষেত্ৰত এক মাপকাঠী স্থাপন কৰিছে। বহনক্ষমতাৰ পদক্ষেপৰ ভিত্তিত টাৰ্মিনেল ২ হ’ব বিশ্বৰ আটাইতকৈ ডাঙৰ টাৰ্মিনেল, যিটোক কাম আৰম্ভ কৰাৰ পূৰ্বে ইউ এছ জিবিচি (সেউজ বিল্ডিং কাউন্সিল)ৰ দ্বাৰা প্লেটিনাম ৰেটিং পূৰ্ব-প্ৰমাণিত কৰা হ’ব। ‘নৌৰাছা’ৰ বিষয়বস্তুৱে টাৰ্মিনেল ২ৰ বাবে কমিচন দিয়া সকলো শিল্পকৰ্মক একত্ৰিত কৰে।শিল্পকৰ্মসমূহে কৰ্ণাটকৰ ঐতিহ্য আৰু সংস্কৃতিৰ লগতে বহল ভাৰতীয় নীতি-নিয়মকো প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰীৰ সৈতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী বাসবৰাজ বোম্মাই, কৰ্ণাটকৰ ৰাজ্যপাল শ্ৰী থাৱাৰ চান্দ গেহলট আৰু কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশী উপস্থিত থাকে। | প্ৰধানমন্ত্ৰীয়ে বেংগালুৰুত কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল ২ উদ্বোধন কৰ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%BF%E0%A6%A4-%E0%A6%9C%E0%A6%9B%E0%A7%B0%E0%A6%BE%E0%A6%9C-%E0%A6%95%E0%A6%BE%E0%A6%B2%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%E0%A6%B2-%E0%A6%AB%E0%A6%BE/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%BF%E0%A6%A4-%E0%A6%9C%E0%A6%9B%E0%A7%B0%E0%A6%BE%E0%A6%9C-%E0%A6%95%E0%A6%BE%E0%A6%B2%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%E0%A6%B2-%E0%A6%AB%E0%A6%BE/ | নমস্কাৰ! দুৰ্গা জছৰাজজী, সৰংদেৱ পণ্ডিতজী, পণ্ডিত জছৰাজ কালচাৰেল ফাউণ্ডেচনৰ সহ-প্ৰতিষ্ঠাপক নীৰজ জেটলীজী, দেশ আৰু বিশ্বৰ সকলো সংগীতজ্ঞ আৰু শিল্পী, এই বিশেষ অনুষ্ঠানত উপস্থিত মহিলা আৰু ভদ্ৰলোকসকল! সংগীত, সুৰ আৰু স্বৰাক ইয়াত অমৰ বুলি গণ্য কৰা হয়। কোৱা হয় যে স্বৰবৰ্ণৰ শক্তিও অমৰ, ইয়াৰ প্ৰভাৱও অমৰ। এনে পৰিস্থিতিত, সংগীতক জীয়াই থকা মহান আত্মা, যাৰ অস্তিত্ব কণাবোৰত প্ৰতিধ্বনিত হৈ আহিছে, শৰীৰ এৰি যোৱাৰ পিছতো বিশ্বব্ৰহ্মাণ্ডৰ শক্তি আৰু চেতনাত অমৰ হৈ থাকে। আজি, এই কাৰ্যসূচীত সংগীতজ্ঞ, শিল্পীসকলে কৰা প্ৰদৰ্শন, পণ্ডিত জছৰাজ-জীৰ সুৰ, তেওঁৰ সংগীত আজি আমাৰ মাজত প্ৰতিধ্বনিত হৈছে, সংগীতৰ এই চেতনাত, এনে অনুভৱ হয় যেন পণ্ডিত জছৰাজ-জী আজি সাক্ষাৎ আমাৰ মাজত উপস্থিত আছে, তেওঁ যেন তেওঁৰ অনুষ্ঠান পৰিৱেশন কৰি আছে। মই আনন্দিত যে আপোনালোক সকলোৱে তেওঁৰ ধ্ৰুপদী উত্তৰাধিকাৰীক আগুৱাই লৈ গৈছে, আগন্তুক প্ৰজন্ম আৰু শতিকাধৰি তেওঁৰ উত্তৰাধিকাৰীক সুৰক্ষিত কৰি ৰাখিছে। আজি পণ্ডিত জছৰাজজীৰ জন্ম জয়ন্তীৰ এটা পৱিত্ৰ উপলক্ষ। আজিৰ দিনটোতে পণ্ডিত জছৰাজ সাংস্কৃতিক ফাউণ্ডেচন স্থাপনৰ এই অভিনৱ কামৰ বাবে মই আপোনালোক সকলোকে অভিনন্দন জনাইছো। বিশেষকৈ, মই দুৰ্গা জছৰাজজী আৰু পণ্ডিত সৰংদেৱজীক শুভকামনা জনাইছো। আপুনি আপোনাৰ দেউতাকৰ অনুপ্ৰেৰণা, তেওঁৰ কৃচ্ছ্ৰসাধন সমগ্ৰ বিশ্বৰ বাবে উৎসৰ্গা কৰাত আগভাগ লৈছে। পণ্ডিত জছৰাজজীৰ কথা বহুবাৰ শুনি, তেওঁক লগ পোৱাৰ সৌভাগ্য ও পাইছো। বন্ধুসকল, সংগীত এটা অতি গুহ্য বিষয়। মই এই বিষয়ে খুব জ্ঞানী নহয়, কিন্তু আমাৰ ঋষিসকলে স্বৰ আৰু নাদৰ বিষয়ে যি বিস্তৃত জ্ঞান দিছে সেয়া নিজেই আশ্চৰ্যজনক। আমাৰ সংস্কৃত গ্ৰন্থত এইটো লিখা হৈছে- नाद रूपः स्मृतो ब्रह्मा, नाद रूपो जनार्दनः। नाद रूपः पारा शक्तिः, नाद रूपो महेश्वरः॥ অৰ্থাৎ, বিশ্বব্ৰহ্মাণ্ড আৰু ছন্দৰ জন্ম দিয়া, মানি চলা আৰু পৰিচালনা কৰা শক্তিবোৰ হৈছে নাদ ৰূপ। শক্তিৰ এই প্ৰবাহত নাদ, সংগীত বুজিপোৱাৰ এই শক্তিয়েভাৰতীয় শাস্ত্ৰীয় সংগীতক ইমান অসাধাৰণ কৰি তোলে। সংগীত হৈছে এক মাধ্যম যিয়ে আমাক সাংসাৰিক কৰ্তব্যবোৰ উপলব্ধি কৰায় আৰু আমাক সাংসাৰিক মোহৰ পৰা মুক্ত কৰে। সংগীতৰ বিশেষত্ব হৈছে যে আপুনি ইয়াক স্পৰ্শ নকৰিব পাৰে, কিন্তু ই অনন্তকাললৈকে প্ৰতিধ্বনিত হৈ থাকে। মোক কোৱা হৈছে যে পণ্ডিত জছৰাজ সাংস্কৃতিক ফাউণ্ডেচনৰ প্ৰাথমিক উদ্দেশ্য হ'ব ভাৰতৰ ৰাষ্ট্ৰীয় ঐতিহ্য, কলা আৰু সংস্কৃতিৰ সুৰক্ষা, বিকাশ আৰু প্ৰচাৰ কৰা। মই জানি সুখী যে এই ফাউণ্ডেচনে উদীয়মান শিল্পীসকলক সমৰ্থন কৰিব আৰু শিল্পীসকলক আৰ্থিকভাৱে লাভজনক কৰি তুলিবলৈচেষ্টা কৰিব। আপুনি এই ভেটিৰ জৰিয়তে সংগীতৰ ক্ষেত্ৰত শিক্ষা আৰু গৱেষণাক আগুৱাই নিয়াৰ কথাও চিন্তা কৰি আছে। মই বিশ্বাস কৰোঁ যে এয়া হৈছে আপোনাৰ কাৰ্য পৰিকল্পনা, পণ্ডিত জছৰাজজীৰ দৰে এজন মহান ব্যক্তিত্বৰ বাবে আপুনি প্ৰস্তুত কৰা ৰোডমেপ, নিজেই এক মহান শ্ৰদ্ধাঞ্জলি। আৰু মই এইটোও ক'ম যে এতিয়া তেওঁৰ শিষ্যসকলে এই গুৰুদক্ষিণাক এক প্ৰকাৰে দিয়াৰ সময়। বন্ধুসকল, আজি আমি এনে এটা সময়ত লগ পাইছো যেতিয়া প্ৰযুক্তিয়ে সংগীতৰ পৃথিৱীত প্ৰৱেশ কৰিছে। মই এই সাংস্কৃতিক ফাউণ্ডেচনক দুটা বিষয়ত গুৰুত্ব দিবলৈ অনুৰোধ জনাইছো। আমি বিশ্বায়নৰ কথা শুনিছোঁ, কিন্তু বিশ্বায়নৰ সংজ্ঞা, আৰু সেই সকলোবোৰ বস্তু ইফালে সিফালে ঘূৰি ফুৰে আৰু অৰ্থ-কেন্দ্ৰিক হৈ পৰে, অৰ্থনীতিৰ দিশবোৰৰ ওপৰত স্পৰ্শ কৰে। বিশ্বায়নৰ আজিৰ যুগত, ভাৰতীয় সংগীতেও নিজৰ গোলকীয় পৰিচয় গঢ়ি তুলিব লাগে, বিশ্বব্যাপী নিজৰ প্ৰভাৱ সৃষ্টি কৰিব লাগে, ই আমাৰ সকলোৰে দায়িত্ব। ভাৰতীয় সংগীতৰ মানৱ মনৰ গভীৰতা গঢ়ি তোলাৰ শক্তি আছে। একে সময়তে, ই প্ৰকৃতিৰ অভিজ্ঞতা আৰু ঈশ্বৰৰ একতাকো শক্তিশালী কৰে। আন্তৰ্জাতিক যোগ দিৱস – এতিয়া যোগ হৈছে সমগ্ৰ বিশ্বতে এক প্ৰকাৰৰ প্ৰাকৃতিক অস্তিত্ব। আৰু এটা কথা সন্মুখলৈ আহে যে সমগ্ৰ মানৱ জাতি, সমগ্ৰ বিশ্বই ভাৰতৰ এই ঐতিহ্যৰ পৰা লাভান্বিত হৈছে। পৃথিৱীৰ প্ৰতিজন মানুহে ভাৰতীয় সংগীতৰ পৰা জানিব, শিকিব আৰু লাভান্বিত হ'ব লাগিব। এই পৱিত্ৰ কামটো সম্পাদন কৰাটো আমাৰ কৰ্তব্য। মোৰ দ্বিতীয় পৰামৰ্শ টো হ'ল যে যেতিয়া প্ৰযুক্তিৰ প্ৰভাৱ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে হয়, সংগীতৰ ক্ষেত্ৰতো প্ৰযুক্তি আৰু তথ্য প্ৰযুক্তিৰ বিপ্লৱ হ'ব লাগে। ভাৰতত এনে কিছুমান ষ্টাৰ্ট-আপ থাকিব লাগে যিবোৰ ভাৰতীয় বাদ্যযন্ত্ৰৰ ওপৰত আধাৰিত কৰি সংগীতৰ প্ৰতি সম্পূৰ্ণৰূপে সমৰ্পিত, ভাৰতীয় সংগীতৰ পৰম্পৰাৰ ওপৰত আধাৰিত। ভাৰতীয় সংগীতৰ পৱিত্ৰ ধাৰা, গঙ্গাৰ দৰে পবিত্ৰ ধাৰাবোৰক আধুনিক প্ৰযুক্তিৰে কেনেদৰে সজ্জিত কৰিব পাৰি তাৰ ওপৰত বহুতো কৰিব লাগিব। য'ত আমাৰ গুৰু-শিষ্য পৰম্পৰা অটুট থাকিব লাগে, কিন্তু প্ৰযুক্তিৰ জৰিয়তে, এক বিশ্বব্যাপী শক্তি থাকিব লাগে, মূল্য সংযোজন হ'ব লাগে। বন্ধুসকল, ভাৰতৰ জ্ঞান, ভাৰতৰ দৰ্শন, ভাৰতৰ চিন্তাধাৰা, আমাৰ চিন্তাধাৰা, আমাৰ লোকাচাৰ, আমাৰ সংস্কৃতি, আমাৰ সংগীত, সেইবোৰৰ আধাৰ, এই সকলোবোৰ বস্তুৱে বহু শতিকা ধৰি মানৱতাৰ সেৱাৰ ভাৱনাৰে আমাৰ জীৱনত চেতনা জাগ্ৰত কৰি আহিছে। সমগ্ৰ বিশ্বৰ কল্যাণৰ আকাংক্ষা ইয়াত সহজে প্ৰকাশ পায়। সেয়েহে, আমি ভাৰতক যিমানে আগুৱাই নিম, ভাৰতৰ পৰম্পৰা আৰু পৰিচয়, মানৱতাৰ সেৱা কৰাৰ অধিক সুযোগ পাব। আজি ভাৰতৰ মন এইটোৱেই, এইটোৱেই আজি ভাৰতৰ মন্ত্ৰ। আজি আমি কাশীৰ দৰে আমাৰ কলা আৰু সংস্কৃতিৰ কেন্দ্ৰসমূহ পুনৰ নিৰ্মাণ কৰি আছো, পৰিৱেশ সুৰক্ষা আৰু প্ৰকৃতিৰ প্ৰেমৰ ওপৰত আমাৰ বিশ্বাসৰ জৰিয়তে, আজি ভাৰতে বিশ্বৰ বাবে এক সুৰক্ষিত ভৱিষ্যতৰ পথ প্ৰদৰ্শন কৰিছে। ঐতিহ্যকো এই মন্ত্ৰ 'সবকাৰ প্ৰচেষ্টা'ত ভাৰতৰ এই যাত্ৰাত উন্নয়নক অন্তৰ্ভুক্ত কৰিব লাগে। মই নিশ্চিত যে পণ্ডিত জছৰাজ কালচাৰেল ফাউণ্ডেচনে এতিয়া আপোনালোক সকলোৰে সক্ৰিয় অৱদানেৰে সফলতাৰ নতুন উচ্চতা অৰ্জন কৰিব। এই ভেটিটো সংগীত সেৱা, খেতি আৰু দেশৰ প্ৰতি আমাৰ সংকল্প পূৰণৰ এক গুৰুত্বপূৰ্ণ মাধ্যম হৈ পৰিব। এই বিশ্বাসেৰে, আপোনালোক সকলোকে বহুত ধন্যবাদ আৰু এই নতুন প্ৰচেষ্টাৰ বাবে মোৰ শুভেচ্ছা! ধন্যবাদ! | পণ্ডিত জছৰাজ কালচাৰেল ফাউণ্ডেচনৰ শুভাৰম্ভণিঅনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ অনূদিত ৰূ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A9-%E0%A6%A8%E0%A7%B1%E0%A7%87%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A7%B0%E0%A6%A4-%E0%A6%B8%E0%A6%A4%E0%A7%B0%E0%A7%8D%E0%A6%95%E0%A6%A4%E0%A6%BE-%E0%A6%B8%E0%A6%9C%E0%A6%BE%E0%A6%97%E0%A6%A4/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A9-%E0%A6%A8%E0%A7%B1%E0%A7%87%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A7%B0%E0%A6%A4-%E0%A6%B8%E0%A6%A4%E0%A7%B0%E0%A7%8D%E0%A6%95%E0%A6%A4%E0%A6%BE-%E0%A6%B8%E0%A6%9C%E0%A6%BE%E0%A6%97%E0%A6%A4/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ নৱেম্বৰৰ পুৱা ১১ বজাত নতুন দিল্লীৰ বিজ্ঞান ভৱনত কেন্দ্ৰীয় সতৰ্কতা আয়োগৰ সতৰ্কতা সজাগতা সপ্তাহ উপলক্ষে ভাষণ আগবঢ়াব। এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে চিভিচিৰ নতুন অভিযোগ ব্যৱস্থাপনা পদ্ধতি প’ৰ্টেল মুকলি কৰিব৷ এই প’ৰ্টেলে নাগৰিকসকলক তেওঁলোকৰ অভিযোগৰ স্থিতিৰ সন্দৰ্ভত নিয়মীয়াকৈ আপডেট কৰাৰ জৰিয়তে সবিশেষ তথ্য প্ৰদান কৰিব৷ তেওঁ “নৈতিকতা আৰু ভাল অনুশীলন পদ্ধতি” শীৰ্ষক চিত্ৰকল্পৰ এলানি পুস্তিকা; ৰাজহুৱা ক্ৰয়ৰ ওপৰত “প্ৰতিৰোধমূলক সতৰ্কতা” আৰু বিশেষ সংখ্যা “VIGEYE-V”ৰ সন্দৰ্ভত উত্তম পদ্ধতিৰ সংকলন মুকলি কৰিব৷ জীৱনৰ সকলো ক্ষেত্ৰতে সততাৰ বাৰ্তা প্ৰচাৰৰ ক্ষেত্ৰত সকলো অংশীদাৰক একত্ৰিত কৰিবলৈ চিভিচিয়ে প্ৰতি বছৰে সতৰ্কতা সজাগতা সপ্তাহ পালন কৰে। এই বছৰ ৩১ অক্টোবৰৰ পৰা ৬ নৱেম্বৰলৈ “এখন উন্নত দেশৰ বাবে দুৰ্নীতিমুক্ত ভাৰত” শীৰ্ষক বিষয়বস্তুৰে এই সপ্তাহ পালন কৰা হৈছে৷ প্ৰধানমন্ত্ৰীয়ে সংশ্লিষ্ট বিষয়বস্তুৰ সজাগতা সজাগতা সপ্তাহৰ ওপৰত চিভিচিৰ দ্বাৰা পৰিচালিত দেশজোৰা ৰচনা প্ৰতিযোগিতাৰ সময়ত শ্ৰেষ্ঠ ৰচনা লিখা পাঁচগৰাকী ছাত্ৰ-ছাত্ৰীক পুৰস্কাৰ প্ৰদান কৰিব। | ৩ নৱেম্বৰত সতৰ্কতা সজাগতা সপ্তাহ উপলক্ষে এক অনুষ্ঠানত ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয় |
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F-%E0%A6%B6%E0%A6%BF%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BE-%E0%A6%A8%E0%A7%80%E0%A6%A4%E0%A6%BF-%E0%A7%A8/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F-%E0%A6%B6%E0%A6%BF%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BE-%E0%A6%A8%E0%A7%80%E0%A6%A4%E0%A6%BF-%E0%A7%A8/ | নমস্কাৰ! কাৰ্যক্ৰমত মোৰ সৈতে জড়িত হৈ থকা কেবিনেটৰ সতীৰ্থ সহযোগীসকল, ৰাজ্যসমূহৰ মাননীয় ৰাজ্যপাল, সন্মানীয় মুখ্যমন্ত্ৰীসকল, উপ মুখ্যমন্ত্ৰীসকল, ৰাজ্য চৰকাৰসমূহৰ মন্ত্ৰীসকল, উপস্থিত শিক্ষাবিদ, অধ্যাপকবৃন্দ, অভিভাৱকসকল আৰু মোৰ প্ৰিয় যুৱ মিত্ৰসকল! নতুন শিক্ষানীতিৰ এটা বছৰ সম্পূৰ্ণ হোৱাৰ মুহূৰ্তত সকলো দেশবাসী আৰু বিশেষকৈ বিদ্যাৰ্থীসকলক বহুত বহুত শুভ কামনা জ্ঞাপন কৰিছো। বিগত এটা বছৰত দেশৰ আপোনালোক সকলো মহানুভৱ, শিক্ষক, প্ৰধানাচাৰ্য, নীতিনিৰ্দ্ধাৰকসকলে শিক্ষানীতি বলবত্ কৰাৰ বাবে বহুত পৰিশ্ৰম কৰিবলগীয়া হৈছে। ক’ৰোনাৰ এই সময়ছোৱাতো লাখ লাখ নাগৰিকৰ পৰা, শিক্ষক, ৰাজ্যসমূহ, স্বায়ত্তশাসিত নিকায়ৰ পৰা দিহা-পৰামৰ্শ লৈ, কৰ্মবাহিনী গঠন কৰি নতুন শিক্ষানীতিক প্ৰণালীবদ্ধ ব্যৱস্থাৰে বলবত্ কৰাৰ দিহা কৰা হৈছে। যোৱা এটা বছৰত ৰাষ্ট্ৰীয় শিক্ষানীতিক আধাৰ হিচাপে গণ্য কৰি অনেক বৃহত্ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আজি এই মুহূৰ্ততো মই এনে বহুত নতুন যোজনা, নতুন পদক্ষেপৰ আৰম্ভণী কৰাৰ পৰম সৌভাগ্য লাভ কৰিছো। বন্ধুসকল, এই গুৰুত্বপূৰ্ণ সুযোগ এনে এক সময়ত আহিছে, যি মুহূৰ্তত দেশৰ স্বাধীনতাৰ ৭৫সংখ্যক বছৰৰ অমৃত মহোত্সৱ উদযাপন কৰি থকা হৈছে। আজিৰ পৰা মাত্ৰ কেইটামান দিনৰ পিচতে ১৫আগষ্টত আমি স্বাধীনতাৰ ৭৫টা বৰ্ষত প্ৰৱেশ কৰিবলৈ অগ্ৰসৰ হৈছো। এক প্ৰকাৰ, নতুন শিক্ষানীতিৰ ৰূপায়ণ, স্বাধীনতাৰ অমৃত মহোত্সৱৰ মুখ্য কাৰ্যক্ৰমতে পৰিণত হৈছে। ইমান এক বৃহত্ মহপৰ্বৰ মাজত ‘ৰাষ্ট্ৰীয় শিক্ষা নীতি’ৰ ৰূপত আজি আৰম্ভ হোৱা যোজনাসমূহে নতুন ভাৰতৰ নিৰ্মাণ-ত বহুত ডাঙৰ ভূমিকা পালন কৰিব। ভাৰতৰ যি সোণালী ভৱিষ্যতৰ সংকল্পৰ সৈতে আজি আমি স্বাধীনতাৰ অমৃত মহোত্সৱ উদযাপন কৰি আছো, সেই ভৱিষ্যতৰ দিশে আমাক আজিৰ নতুন প্ৰজন্ময়েই লৈ যাব। ভৱিষ্যতে আমি কিমান আগবাঢ়ি য়াম, কিমান উচ্চতাত অৱতীৰ্ণ হ’মগৈ, এই সকলো আমি আমাৰ যুৱ-প্ৰজন্মক বৰ্তমানে, অৰ্থাত্ আজিৰ তাৰিখত কেনে শিক্ষা প্ৰদান কৰি আছো, কেনে দিশত আগবঢ়াই নিছো, এই কথাৰ ওপৰতে নিৰ্ভৰ কৰিব। সেয়ে, মই ভাবো, ভাৰতৰ নতুন শিক্ষানীতি ৰাষ্ট্ৰ নিৰ্মাণৰ মহাযজ্ঞত বহুত ডাঙৰ ‘ফেক্টৰ’ৰ অন্যতম হিচাপে পৰিগণিত হৈছে। আৰু সেয়ে, দেশে এই শিক্ষা নীতিক ইমানেই আধুনিক কৰি প্ৰস্তুত কৰিছে, ইমানেই ভৱিষ্যদৰ্শী ৰূপত সাজু কৰি উলিয়াইছে। আজি এই কাৰ্যক্ৰমৰে জড়িত অধিকাংশ মহানুভৱ, নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বাৰুকৈয়ে পৰিচিত হয়, কিন্তু এয়া ইমানেই ডাঙৰ মিছন যে, এই অনুভৱক আমি বাৰে বাৰে মনত ৰখাৰ প্ৰয়োজন আছে। বন্ধুসকল, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত বহু সংখ্যক যুৱ-ছাত্ৰ আমাৰ সৈতে সমবেত হৈছেহি। আমি যদি এইসকল বন্ধুৰ আশা-আকাংক্ষাৰ বিষয়ে, তেওঁলোকৰ সপোনবোৰৰ বিষয়ে প্ৰশ্ন কৰো, তেন্তে দেখিবলৈ পাম যে প্ৰত্যেকগৰাকী যুৱ-সতীৰ্থৰ মনত একধৰণৰ নতুন ভাৱ, একধৰণৰ শক্তিৰ অনুভৱ হোৱা দেখিবলৈ পাম। আমাৰ যুৱ-প্ৰজন্ম পৰিৱৰ্তনৰ বাবে সম্পূৰ্ণ ৰূপেই সাজু হৈ আছে। তেওঁলোকে অপেক্ষা কৰিব বিচৰা নাই। আমি সকলোৱে দেখিছো, ক’ৰোনা-কালত কেনেকৈ আমাৰ শিক্ষা-ব্যৱস্থাৰ সন্মুখত ইমান ডাঙৰ প্ৰত্যাহ্বানে দেখা দিছে। ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনা কৰাৰ, জীৱনশৈলীয়ে সলনি হৈ পৰিছে। কিন্তু দেশৰ বিদ্যাৰ্থীসকলে দ্ৰুত গতিৰে এই পৰিৱৰ্তনৰে তাল মিলাবলৈ শিকি পেলাইছে। অনলাইন শিক্ষা এতিয়া এক সহজ শৈলীত পৰিণত হৈছে। শিক্ষা মন্ত্ৰালয়েও ইয়াৰ বাবে অনেক প্ৰয়াস কৰিছে। মন্ত্ৰালয়টোৱে ‘দীক্ষা প্লেটফৰ্ম’ আৰম্ভ কৰিছে, ‘স্বয়ং প’ৰ্টেল’-ত পাঠ্যক্ৰম আৰম্ভ কৰিছে, আৰু আমাৰ বিদ্যাৰ্থীসকলেও সম্পূৰ্ণ উত্সাহৰে ইয়াত অংশগ্ৰহণ কৰিছে। মোক জানিবলৈ দিয়া মতে ‘দীক্ষা প’ৰ্টেল’-ত যোৱা এটা বছৰত ২৩শ কোটিৰো অধিক ‘হিট’ হোৱা কথাই এই পদক্ষেপৰ উপযোগিতাকে প্ৰতিপন্ন কৰিছে বুলি ক’ব লাগিব। আজিৰ তাৰিখতো ইয়াত প্ৰতিদিনে প্ৰায় ৫কোটি ‘হিট’ হৈ থকা দেখিবলৈ পোৱা গৈছে। বন্ধুসকল, ২১শতিকাৰ আজিৰ যুৱ-প্ৰজন্মই নিজৰ ব্যৱস্থাসমূহ, নিজৰ পৃথিৱীখন নিজেই নিজৰ হিচাপে তৈয়াৰ কৰি ল’ব বিচাৰে। সেয়ে, তেওঁলোকে ‘এক্সপ’জাৰ’ বিচাৰে, তেওঁলোকে পুৰণি বন্ধনৰ পৰা, পিঞ্জৰাবদ্ধতাৰ পৰা মুক্তি বিচাৰে। চাওকচোন এতিয়া সৰু সৰু গাঁৱৰ পৰা, অঞ্চলৰ পৰা ওলাই অহা যুৱক-যুৱতীয়ে কেনেকুৱা সাফল্য প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। দূৰ-দূৰণিৰ অঞ্চলসমূহৰ পৰা আৰু তেনেই সাধাৰণ পৰিয়ালসমূহৰ পৰা অহা যুৱক-যুৱতীসকলে আজি ‘টকিঅ’ অলিম্পিক’ত দেশৰ পতাকা উৰুৱাই ৰাখিছে, ভাৰতক এক নতুন পৰিচিতি প্ৰদান কৰিছে। এনে কোটি কোটি যুৱক-যুৱতীয়ে আজি বিভিন্ন ক্ষেত্ৰত অসাধাৰণ কাম কৰি আছে, অসাধাৰণ লক্ষ্যৰ বুনিয়াদ গঢ়ি আছে। কোনোবাই হয়তো কলা আৰু সংস্কৃতিৰ জগতত পুৰাতন আৰু আধুনিকতাৰ ‘ফিউজন’ৰে নতুন শৈলীৰ জন্ম দিয়াত ব্ৰতী হৈছে, কোনোবা আকৌ ‘ৰ’ব’টিক্স’ৰ ক্ষেত্ৰত কেতিয়াবা ‘ছাই-ফাই’ বুলি খ্যাত কল্পনাক বাস্তৱ কৰাত ব্যস্ত আছে। আন কোনোবা হয়তো ‘আৰ্টিফিচিয়েল ইণ্টেলিজেন্স’ৰ ক্ষেত্ৰত মানৱীয় ক্ষমতাসমূহক নতুন উচ্চতালৈ নিয়াৰ প্ৰয়াসত ব্যস্ত আছে, কোনোবা ‘মেশ্বিন লাৰ্ণিঙ’ত নতুন অভিলেখ ৰচনাৰ বাবে প্ৰস্তুতি চলাই আছে। অৰ্থাত্ প্ৰতিটো ক্ষেত্ৰত ভাৰতৰ যুৱ-প্ৰজন্মই নিজৰ নিচান উৰুৱাৰ বাবে আগবাঢ়ি আহিছে। এয়াই যুৱ-ভাৰতৰ ‘ষ্টাৰ্টআপ ইক’-ছিষ্টেম’-ক ‘ৰিভলিউশ্যনাইজ’ কৰি আছে, ‘ইণ্ডাষ্ট্ৰী ৪.০’ত ভাৰতৰ নেতৃত্বক তৈয়াৰী কৰি আছে, আৰু ‘ডিজিটেল ইণ্ডিয়া’ক নতুন গতি প্ৰদান কৰি আছে। আপোনালোকে কল্পনা কৰকচোন, এই যুৱ-প্ৰজন্মই যেতিয়া তেওঁলোকৰ সপোনৰ অনুকূল বাতাবৰণ লাভ কৰিব তেতিয়া তেওঁলোকৰ শক্তি কিমান অধিক ৰূপত বৃদ্ধি পাবগৈ। আৰু সেয়ে, ‘নতুন শিক্ষা নীতি’-য়ে যুৱ-প্ৰজন্মক এই বিশ্বাস দিছে যে দেশ এতিয়া সম্পূৰ্ণ ৰূপতে তেওঁলোকৰ লগত আছে, তেওঁলোকৰ উদ্যমৰ সৈতে আছে। যি ‘আৰ্টিফিচিয়েল ইণ্টেলিজেন্স’-ৰ কাৰ্যক্ৰম এতিয়া শুভাৰম্ভ কৰা হৈছে, সেয়াও আমাৰ যুৱক-যুৱতীসকলক ‘ফিউচাৰ অৰিয়েণ্টেড’ কৰি তুলিব, ‘এআই ড্ৰিভেন’ অৰ্থনীতি-ৰ বাবে পথ প্ৰশস্ত কৰিব। শিক্ষাত এই ‘ডিজিটেল ৰিভলিউশ্যন’, সম্পূৰ্ণ দেশলৈ একেলগেই আহিছে, গাঁও-চহৰ সকলোকে সমান ৰূপতে ‘ডিজিটেল লাৰ্ণিং’-ৰে জড়িত কৰিছে, ইয়াৰ প্ৰতিও বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। ‘নেশ্যনেল ডিজিটেল এডুকেশ্যন আৰ্কিটেকশ্যাৰ’, অৰ্থাত্ ‘এনডিইএআৰ’ আৰু নেশ্যনেল এডুকেশ্যন টেক্নল’জী ফোৰাম’- ‘এনইটিএফ’-য়ে এই দিশত সমগ্ৰ দেশতে ‘ডিজিটেল’ আৰু ‘টেকনলজীকেল ফ্ৰেমৱৰ্ক’ উপলব্ধ কৰোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। যুৱ-মনে যি দৰেই চিন্তা কৰিব বিচাৰে, মুকলি আকাশত যেনেকৈ উৰিব বিচাৰে, দেশৰ নতুন শিক্ষা ব্যৱস্থাই তেওঁলোকক সেইদৰেই সুযোগ প্ৰদান কৰাব। বন্ধুসকল, যোৱা এটা বছৰত আপোনালোকেও চাগৈ অনুভৱ কৰিছে যে ‘ৰাষ্ট্ৰীয় শিক্ষা নীতি’ক যিকোনো ধৰণৰ হেঁচাৰ পৰা মুক্ত কৰি ৰখাৰ ব্যৱস্থা কৰা হৈছে। যি নীতি ‘অ’পেননেছ পলিচী’ৰ অভিধাৰে পৰিপুষ্ট, সেই ‘অ’পেননেছ’ ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰা বিকল্পসমূহতো আছে। এতিয়া শিক্ষাৰ্থীসকলে কিমান পঢ়িব, কিমান সময় ধৰি পঢ়িব, এয়া কেৱল বোৰ্ড আৰু বিশ্ববিদ্যালয়সমূহে নিৰ্দ্ধাৰণ কৰিব নোৱাৰিব। এনে সিদ্ধান্তৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰো সহভাগিতা থাকিব। ‘মাল্টিপল এণ্ট্ৰী এণ্ড এগজিট’-ৰ যি ব্যৱস্থা আজি আৰম্ভ কৰা হৈছে, ইয়ে শিক্ষাৰ্থীসকলক এটাই শ্ৰেণী আৰু এটাই পাঠ্যক্ৰমতে বৰ্তী থাকিবলৈ বাধ্য কৰোৱা পৰিৱেশটোৰ পৰা মুক্ত কৰিব। আধুনিক প্ৰযুক্তি আধাৰিত ‘একাডেমিক বেংক অব ক্ৰেডিট’ এই পদ্ধতিৰ দ্বাৰা এই দিশত শিক্ষাৰ্থীৰ বাবে বৈপ্লৱিক পৰিৱৰ্তন অহাৰ সম্ভাৱনা আছে। এতিয়া প্ৰতিগৰাকী যুৱক-যুৱতীয়ে নিজৰ হেঁপাহ, নিজৰ সুবিধা অনুযায়ী যেতিয়াই মন যায় একোটা আঁচনিক পচন্দ কৰিব পাৰিব, অথবা ত্যাগ কৰিবও পাৰিব। এতিয়া কোনোবা এটা পাঠ্যক্ৰম পচন্দ কৰাৰ সময়ত ভয় কৰাৰো অৱকাশ নাথাকিব। সেই দৰে ‘ষ্ট্ৰাকচাৰ্ড এচেছমেণ্ট ফৰ এনালাজিং লাৰ্ণিং লেভেল’ অৰ্থাত্ ‘সফল’-ৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ সমীক্ষা কৰাৰ বিজ্ঞানসন্মত পদ্ধতিও আৰম্ভ হৈছে। এই ব্যৱস্থাই আহিবলগীয়া সময়বোৰত শিক্ষাৰ্থীসকলক শংকাৰ পৰা মুক্তি প্ৰদান কৰিব। যুৱ-প্ৰজন্মৰ মনৰ পৰা এই শংকা যেতিয়া নোহোৱা হ’ব তেতিয়া নতুন কৌশল গ্ৰহণ কৰাৰ সাহস আৰু নতুন নতুন উদ্ভাৱনৰ নতুন যাত্ৰাৰ শুভাৰম্ভ হ’ব, সম্ভাৱনাৰ অসীম বিস্তাৰৰ পৰিবেশৰ সূচনা হ’ব। সেয়ে মই আকৌ এবাৰ কব বিচাৰিছো যে আজি নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি-ৰ ৰূপত যি নতুন কাৰ্যক্ৰম আৰম্ভ কৰা হৈছে, সিয়ে ভাৰতৰ ভাগ্য পৰিৱৰ্তন কৰাৰ সামৰ্থ্য বহণ কৰিছে। বন্ধুসকল, আমি দশক দশক ধৰি এই পৰিস্থিতি প্ৰত্যক্ষ কৰি আহিছো যে ভালকৈ পঢ়াৰ বাবে বিদেশলৈ যাবই লাগিব। কিন্তু ভালকৈ পঢ়াৰ বাবে বিদেশৰ পৰা ভাৰতলৈ ছাত্ৰ-ছাত্ৰী আগমন হওক, সবাতোকৈ উত্তম শিক্ষা প্ৰতিষ্ঠান ভাৰতলৈ আহক, এতিয়া এই দৃশ্য আমি দেখিবলৈ আৰম্ভ কৰিম। এই কথা বহুত উত্সাহ প্ৰদানকাৰী যে দেশৰ ডেড়শৰো অধিক বিশ্ববিদ্যালয়ত ‘অফিচ অব ইণ্টাৰনেশ্যনেল এফেয়াৰ্ছ’ স্থাপিত কৰা হৈছে। ভাৰতৰ উচ্চতৰ শিক্ষা প্ৰতিষ্ঠানসমূহে আন্তৰাষ্ট্ৰীয় স্তৰত গৱেষণা আৰু শিক্ষায়তনিক ক্ষেত্ৰত আৰু অধিক আগুৱাই যাওক, ইয়াৰ বাবে আজি নতুন বিধি-নিৰ্দেশনাও জাৰি কৰা হৈছে। বন্ধুসকল, আজিৰ তাৰিখত উজ্জীৱিত হোৱা সম্ভাৱনাসমূহক বাস্তৱায়িত কৰিবলৈ আমাৰ যুৱ-প্ৰজন্মক পৃথিৱীতকৈ এখোজ আগত খোজ পেলোৱাৰ প্ৰয়োজন আছে। তেওঁলোকে সদায় এখোজ আগত থকাৰ কথা চিন্তা কৰিব লাগিব। স্বাস্থ্যই হওক, প্ৰতিৰক্ষাই হওক, আন্তঃগাঁথনি নিৰ্মাণেই হওক, প্ৰযুক্তিয়েই হওক, দেশক প্ৰতিটো ক্ষেত্ৰতে সমৰ্থবান আৰু আত্মনিৰ্ভৰ কৰি তুলিবই লাগিব। আত্মনিৰ্ভৰ ভাৰতৰ এই পথ ‘স্কিল ডেভেলপমেণ্ট’ আৰু ‘টেকনলজী’ৰ জৰিয়তে সম্ভৱ হ’ব, যিটো কথাত ‘এনইপি’য়ে বিশেষ গুৰুত্ব প্ৰদান কৰিছে। মোৰ ভাল লাগিছে যে যোৱা এটা বছৰত ১২০০ৰো অধিক উচ্চ শিক্ষা সংস্থাত কৌশল বিকাশৰে জড়িত শতাধিক নতুন পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্তলৈ অনুমোদন জনোৱা হৈছে। বন্ধুসকল, শিক্ষা সন্দৰ্ভত পূজনীয় বাপুয়ে কৈছিল- “ৰাষ্ট্ৰীয় শিক্ষাক সঁচা অৰ্থত ৰাষ্ট্ৰীয় কৰাৰ বাবে ৰাষ্ট্ৰীয় পৰিস্থিতিসমূহক প্ৰতিফলিত কৰাত গুৰুত্ব প্ৰদান কৰিব লাগিব”। বাপুৰ এই দূৰদৰ্শী চিন্তাক পূৰ্ণতা প্ৰদান কৰিবলৈ স্থানীয় ভাষাসমূহৰে, মাতৃভাষা মাধ্যমৰে শিক্ষাদানৰ চিন্তা ‘এনইপি’ত অন্তৰ্ভুক্ত কৰা হৈছে। এতিয়া উচ্চতৰ শিক্ষাত ‘শিক্ষণৰ মাধ্যম’-ৰ বাবে স্থানীয় ভাষাকো এক বিকল্প হিচাপে গণ্য কৰা হ’ব। মোৰ ভাল লাগিছে যে ৮খন ৰাজ্যৰ ১৪খন ‘ইঞ্জিনিয়েৰিং কলেজ’ত, ৫টা ভাৰতীয় ভাষা- হি্ন্দী, তামিল, তেলেগু, মাৰাঠী আৰু বাংলা ভাষাত ‘ইঞ্জিনীয়াৰিং’-ৰ পাঠ পঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে। ‘ইঞ্জিনিয়াৰিং’-ৰ পাঠ্যক্ৰমক ১১টা ভাৰতীয় ভাষালৈ তৰ্জমা কৰিবলৈ এটা আহিলাও উপলব্ধ কৰাৰ দিহা কৰা হৈছে। ক্ষেত্ৰীয় ভাষাত নিজৰ পঢ়া-শুনা আৰম্ভ কৰাৰ কাম আৰম্ভ কৰিবলৈ ওলোৱা ছাত্ৰ-ছাত্ৰীসকলক মই বিশেষ ভাবে অভিনন্দন দিব বিচাৰিছো। ইয়াৰ দ্বাৰা সকলোতকৈ লাভ দেশৰ দৰিদ্ৰ, গাঁও-বস্তিত বসবাস কৰা সকলৰ ছাত্ৰ-ছাত্ৰীৰ, দলিত পিছপৰা আৰু আদিবাসী ভাই-ভনীসকলৰ হ’ব। বন্ধুসকল, প্ৰাৰম্ভিক শিক্ষাৰ ক্ষেত্ৰতো মাতৃভাষাক প্ৰোতসাহিত কৰাৰ কাম আৰম্ভ কৰা হৈছে। ‘বিদ্যা প্ৰৱেশ’ কাৰ্যক্ৰমৰ আজি শুভাৰম্ভ কৰা হৈছে, তাৰো ইয়াত বহুত ডাঙৰ ভূমিকা আছে। ‘প্লে’ স্কুল’ৰ অৱধাৰণা ইমান দিনে ডাঙৰ ডাঙৰ চহৰ-নগৰসমূহৰ মাজতে সীমাবদ্ধ আছিল, ‘বিদ্যা প্ৰৱেশ’ৰ জৰিয়তে সেয়া এতিয়া দূৰ-দূৰণিৰ প্ৰত্যন্ত এলেকাৰ স্কুল পৰ্যন্ত গৈ পাবগৈ, গাঁৱে গাঁৱে উপলব্ধ হবগৈ। এই কাৰ্যক্ৰম আহিবলগীয়া সময়ত সাৰ্বজনীন কাৰ্যক্ৰম হিচাপে ৰূপায়িত হ’ব, আৰু ৰাজ্যসমূহেই নিজৰ নিজৰ প্ৰয়োজনীয়তাৰ আধাৰত ইয়াক ৰূপায়ণ কৰিব। অৰ্থাত্, দেশৰ কোনো এটা প্ৰান্তৰ শিশু লাগিলে ধনীৰে হওক কিম্বা দুখীয়াৰে হওক, তেওঁলোকৰ পঢ়া-শুনা হাঁহি হাঁহি আৰু খেলা-ধূলাৰ মাজেৰেই সম্ভৱ হ’ব, সহজ ভাবেই হ’ব। আৰু যেতিয়া শুভাৰম্ভ হাঁহিৰে হ’ব, তেন্তে আগলৈ সফলতাৰ পথো সহজেই সম্পূৰ্ণ হ’ব। বন্ধুসকল, আজি আৰু এটা কাম হৈছে, যিটোৱে মোৰ অন্তৰক বাৰুকৈয়ে স্পৰ্শ কৰিছে, খুবেই সংবেনশীল। আজি দেশত ৩লাখৰো অধিক শিশুৰ অৱস্থা এনেকুৱা যে তেওঁলোকক শিক্ষাৰ বাবে সাংকেতিক ভাষাৰ প্ৰয়োজন হয়। এই কথা হৃদয়ংগম কৰিয়ে ভাৰতীয় ‘ছাইন লেংগুৱেজ’ক এই প্ৰথম বাৰ এক ভাষা বিষয় অৰ্থাত্ এক ‘ছাবজেক্ট’ৰ ৰূপত মান্যতা প্ৰদান কৰা হৈছে। এতিয়া ছাত্ৰ-ছাত্ৰীসকলে ইয়াক ভাষা হিচাপেও পঢ়িব পাৰিব। ইয়াৰ ফলত ভাৰতীয় ‘ছাইন লেংগুৱেজ’ৰ ক্ষেত্ৰত বহুত লাভ হ’ব, আমাৰ দিব্যাংগ সতীৰ্থসকলেও বহুত সহযোগিতা লাভ কৰিব পাৰিব। বন্ধুসকল, আপোনালোকেও জানে যে যিকোনো ছাত্ৰৰে সম্পূৰ্ণ পঢ়া-শুনাত, তেওঁলোকৰ জীৱনত শিক্ষকসকলৰ অপৰিসীম প্ৰেৰণা থাকে। আমাৰ দেশতো কোৱাই হয় যে- গুৰু ন প্ৰাপ্যতে যত্ তত্ ন অন্য অত্ৰাপি লভ্যতে। অৰ্থাত্, ‘যি গুৰুৰ পৰা লাভ কৰিব পৰা নাযায়, সেয়া কৰো পৰা প্ৰাপ্ত কৰা সম্ভৱ নহয়’। অৰ্থাত্, এনেকুৱা একো বস্তু নাই ‘যাক এগৰাকী মহান গুৰু, এগৰাকী ভাল শিক্ষকক পোৱাৰ পিচত দুৰ্লভ হ’ব’। সেয়ে, ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ‘ফৰ্মুলেশ্যন’ৰ পৰা ‘ই্ম্প্লিমেনটেশ্যন’ পৰ্যন্ত প্ৰতিটো পৰ্যায়তে আমাৰ শিক্ষকসকলে সক্ৰিয় ৰূপত এই অভিযানৰ অংগ হৈ কাম কৰি গৈছে। আজি শুভাৰম্ভ কৰা নিষ্ঠা ২.০ এই কাৰ্যক্ৰমো এই দিশত এক উল্লেখনীয় ভূমিকা পালন কৰিবগৈ। এই কাৰ্যক্ৰমৰ জৰিয়তে দেশৰ শিক্ষকসমাজে আধুনিক প্ৰয়োজনীয়তাৰ হিচাপত প্ৰশিক্ষণো লাভ কৰাৰ উপৰি তেওঁলোকে নিজৰ পৰামৰ্শও বিভাগলৈ আগবঢ়োৱাৰ সুবিধা লাভ কৰিব। আপোনালোক সকলো শিক্ষকৰ প্ৰতি, অকাডেমিচিয়ানৰ প্ৰতি মোৰ অনুৰোধ এই য়ে এই প্ৰয়াসত সকলোৱে উদ্যমৰে অংশগ্ৰহণ কৰক, অধিক হাৰত যোগদান কৰক। আপোনালোকে শিক্ষাজগতৰ বিষয়ে ইমানবোৰ অভিজ্ঞতা আহৰণ কৰিছে যে, বহু অভিজ়্তাৰে পৰিপুষ্ট যে আপোনালোকে যেতিয়া প্ৰয়াস কৰিব সেই প্ৰয়াসে দেশক বহুদূৰ আগুৱাই লৈ যাবলৈ সক্ষম হ’ব। মই ভাবো যে, এই কালখণ্ডত আমি যি কামতে নাথাকো কিয়, আমি সকলো সৌভাগ্যশালী হও, কিয়নো আমি ইমান এক বৃহত্ পৰিৱৰ্তনৰ সাক্ষী হোৱা সুযোগ লাভ কৰিছো, এই পৰিৱৰ্তনত ভূমিকা গ্ৰহণ কৰিবলৈ পাইছো। আপোনালোকৰ জীৱনলৈ এই সোণালী সুযোগ আহিছে যে আপোনালোকে দেশৰ ভৱিষ্যত নিৰ্মাণ কৰিব, ভৱিষ্যতৰ ৰূপৰেখা নিজৰ হাতৰে অংকণ কৰিব। মোৰ সম্পূৰ্ণ বিশ্বাস যে, আহিবলগীয়া সময়বোৰত যিমানেই নতুন শিক্ষা নীতিৰ বেলেগ বেলেগ ‘ফিচাৰ’সমূহ বাস্তৱায়িত হ’বলৈ ধৰিব, আমাৰ দেশে এক নতুন যুগ প্ৰত্যক্ষ কৰিবলৈ সক্ষম হব। আমাৰ যুৱ-প্ৰজন্মই যিমানেই এক আধুনিক আৰু ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থাৰে জড়িত কৰি যাব, দেশে স্বাধীনতাৰ অমৃত সংকল্পসমূহ আহৰণ কৰি গৈ থাকিব। এই শুভ কামনাৰেই মই মোৰ ভাষণৰ সামৰণি মাৰিলো। আপোনালোক সকলো সুস্থ শৰীৰে, নতুন উদ্যমৰে আগুৱাই যাওক। বহুত বহুত ধন্যবাদ! | ‘ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০’ৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা স্মাৰক ভাষণৰ পা |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BF%E0%A6%9C%E0%A7%8D%E0%A6%9E%E0%A6%BE%E0%A6%A8-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%AF%E0%A7%81%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF-%E0%A6%95%E0%A7%83%E0%A6%B7%E0%A6%BF-%E0%A6%87/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BF%E0%A6%9C%E0%A7%8D%E0%A6%9E%E0%A6%BE%E0%A6%A8-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%AF%E0%A7%81%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF-%E0%A6%95%E0%A7%83%E0%A6%B7%E0%A6%BF-%E0%A6%87/ | প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত আজি বিজ্ঞান, প্ৰযুক্তি, কৃষি ইত্যাদৰ দৰে ক্ষেত্ৰৰ পাৰস্পৰিক লাভালাভৰ অৰ্থে ভাৰতীয় ৰাষ্টীয় বিজ্ঞান একাডেমী(INS)ৰ মাজত বৈজ্ঞানিক আৰু প্ৰযুক্তিগত সহযোগিতাৰ দিশত স্বাক্ষৰিত চুক্তিত অনুমোদন জনায়। বেলাৰুছৰ ৰাষ্ট্ৰপতি শ্ৰীযুত আলেক্সেণ্ডাৰ লুকাছেংকোৰ ভাৰত ভ্ৰমণকালত ২০১৭ৰ ১২ ছেপ্তেম্বৰত নতুন দিল্লীত এই চু্ক্তিৰ বিনিময় হৈছিল। এই চুক্তিৰ লক্ষ্য হৈছে বৈশ্বিক পৰ্যায়ৰ প্ৰতিযোগিতাত থকা ভাৰত আৰু বেলাৰুছৰ প্ৰযুক্তিসমূহৰ চিনাক্তকৰণ, মুল্যায়ণ, উন্নয়ন আৰু বাণিজ্যিকীকৰণ কৰা। এই চুক্তিয়ে দুয়ো দেশৰ বিভিন্ন প্ৰতিষ্ঠানক গৱেষণা, প্ৰযুক্তিৰ হস্তান্তৰ, মানৱ সম্পদৰ বিনিময়ত সমৰ্থন কৰাৰ লগতে বৈজ্ঞানিক আৰু আৰ্থিক লাভালাভৰ অৰ্থে যুটীয়াভাৱে কৰ্মশালাৰ আয়োজন কৰিব। | বিজ্ঞান, প্ৰযুক্তি, কৃষি ইত্যাদৰ দৰে ক্ষেত্ৰৰ পাৰস্পৰিক লাভালাভৰ অৰ্থে ভাৰত আৰু বেলাৰুছৰ মাজত বৈজ্ঞানিক আৰু প্ৰযুক্তিগত সহযোগিতাৰ দিশত স্বাক্ষৰিত চুক্তিত কেবিনেটৰ অনুমোদন |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%8F%E0%A6%9B%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A6%A8-%E0%A6%97%E0%A7%87%E0%A6%AE%E0%A6%9B-%E0%A7%A8%E0%A7%A6%E0%A7%A7%E0%A7%AE%E0%A6%A4-%E0%A6%B8%E0%A7%B0%E0%A7%8D%E0%A6%AC%E0%A6%B6%E0%A7%8D/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%8F%E0%A6%9B%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A6%A8-%E0%A6%97%E0%A7%87%E0%A6%AE%E0%A6%9B-%E0%A7%A8%E0%A7%A6%E0%A7%A7%E0%A7%AE%E0%A6%A4-%E0%A6%B8%E0%A7%B0%E0%A7%8D%E0%A6%AC%E0%A6%B6%E0%A7%8D/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছ ২০১৮ত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়োৱা ভাৰতীয় ক্ৰীড়াবিদসকলক অভিনন্দন জ্ঞাপন কৰিছে। এলানি টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “এছিয়ান গেমছ ২০১৮ অন্তিম মুহূৰ্তত উপনীত হৈছে, মই পুনৰ বাৰ ভাৰতীয় ক্ৰীড়াবিদসকলক তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ বাবে অভিনন্দন জ্ঞাপন কৰিছো। এছিয়ান গেমছৰ ইতিহাসত ২০১৮ চনত ভাৰতৰ এয়া সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী খেলুৱৈ ভাৰতৰ বাবে গৌৰৱ। এছিয়ান গেমছ ২০১৮ৰ সময়ত আমি ঐতিহাসিকভাৱে শক্তিশালী ইভেণ্টত ভাল প্ৰদৰ্শন কৰাৰ লগতে সন্মান অৰ্জন কৰিছো, যিবোৰত পূৰ্বতে ইমান বিজয় সাব্যস্ত কৰা নাছিলো। এয়া সঁচাকৈয়ে ইতিবাচক দিশ আৰু ই নিশ্চিত ভাৱে ভাৰতীয় ক্ৰীড়াৰ ভৱিষ্যতত ভাল কাম কৰিব। মই প্ৰশিক্ষক, সহকাৰী কৰ্মীগোট, অভিভাৱক আৰু খেলুৱৈৰ অনুৰাগীসকলক অভিবাদন জনাইছো। আমাৰ ছেম্পিয়নসকলক একেৰাহে সমৰ্থন কৰি থকাৰ বাবে তেওঁলোকক ধন্যবাদ জনাইছো। আমাৰ সকলো ক্ৰীড়াবিদক তেওঁলোকৰ উজ্বল ভৱিষ্যতৰ প্ৰতি মোৰ শুভেচ্ছা জনালো। এছিয়ান গেমছ ২০১৮ক স্মৰণীয় ৰূপত আয়োজন কৰাৰ বাবে মই ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি জ’ক’ উড’ডো আৰু ইণ্ডোনেছিয়াবাসীক অভিনন্দন জনাইছো। খেলুৱৈসকলৰ চমকপ্ৰদ প্ৰদৰ্শনৰ সাক্ষী হৈ ৰ’ল এছিয়ান গেমছ আৰু ই খেলুৱৈ সুলভতাক সুন্দৰভাৱে উদ্ভাসিত কৰিলে।” | এছিয়ান গেমছ ২০১৮ত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়োৱা ভাৰতীয় ক্ৰীড়াবিদসকলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন |
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A8%E0%A7%A6%E0%A7%A9%E0%A7%A6%E0%A7%B0-%E0%A6%AD%E0%A6%BF%E0%A6%A4%E0%A7%B0%E0%A6%A4-%E0%A6%AC%E0%A6%B9%E0%A6%A8%E0%A6%AF%E0%A7%8B%E0%A6%97%E0%A7%8D%E0%A6%AF-%E0%A6%89%E0%A6%A8%E0%A7%8D/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A8%E0%A7%A6%E0%A7%A9%E0%A7%A6%E0%A7%B0-%E0%A6%AD%E0%A6%BF%E0%A6%A4%E0%A7%B0%E0%A6%A4-%E0%A6%AC%E0%A6%B9%E0%A6%A8%E0%A6%AF%E0%A7%8B%E0%A6%97%E0%A7%8D%E0%A6%AF-%E0%A6%89%E0%A6%A8%E0%A7%8D/ | চীনৰ জিয়ামেনত অনুষ্ঠিত ব্রিক্ছ শীর্ষ সন্মিলনত “উদ্ভূত বিপণন ব্যৱস্থা আৰু বিকাশশীল দেশ” শীৰ্ষক আলোচনাত প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ বিবৃতি (৫ ছেপ্টেম্বৰ, ২০১৭) মাননীয় ৰাষ্ট্ৰপতি জি জিনপিং, মোৰ শ্রদ্ধাৰ ব্রিক্ছ সহকর্মী তথা বিশিষ্ট নেতৃবৃন্দ, আপোনালোকৰ সৈতে আজি ইয়াত মিলিত হ’বলৈ পাই মই অতিশয় আনন্দিত। আপোনালোক সকলোৱেই ভাৰতৰ ঘনিষ্ঠ আৰু মূল্যবান বন্ধু। বহনযোগ্য উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্রত যিবোৰ বিষয় মই অগ্রাধিকাৰ দিছোঁ, তাৰ পৰিপ্রেক্ষিতত মই আলোচনা কৰিবলৈ আগ্রহী। এনে ধৰণৰ আলাপ-আলোচনাৰ উদ্দেশ্যে আমাৰ সকলো ইয়াত একত্রিত হোৱাৰ সুযোগ প্ৰদানৰ বাবে মই ৰাষ্ট্ৰপতি জি জিনপিংক ধন্যবাদ জনাইছোঁ। মাননীয় নেতৃবৃন্দ, ৰাষ্ট্রসংঘৰ ২০৩০ৰ লক্ষ্য কর্মসূচী গ্রহণ আৰু ইয়াৰ আওঁতাত ১৭টা বহনযোগ্য উন্নয়নৰ লক্ষ্য স্থিৰ কৰাৰ দুবছৰ পাৰ হ’ল আৰু এই সময়ৰ ভিতৰত নির্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ বাবে সামূহিক উদ্যোগ আৰু প্রচেষ্টা অধিক শক্তিশালী হৈ উঠিছে। শেহতীয়াভাৱে যোৱা জুলাই মাহত বহনযোগ্য উন্নয়নৰ লক্ষ্যসমূহৰ সম্পর্কে এক ৰাষ্ট্ৰীয় পর্যালোচনাৰ কাম ভাৰত সম্পূর্ণ কৰিছে। আমাৰ উন্নয়নমুলক কার্যসূচীৰ মুলমন্ত্র হৈছে–“সবকা সাথ, সবকা বিকাশ”, অর্থাৎ সামূহিক প্রচেষ্টা, অন্তর্ভুক্তিমুলক বিকাশ। প্রত্যেক বহনযোগ্য উন্নয়নৰ লক্ষ্যক আমাৰ ৰাজ্য তথা যুক্তৰাষ্ট্রীয় পর্যায়ত উন্নয়নমুলক কার্যসূচী আৰু প্রকল্প অনুযায়ী আমি স্থিৰ কৰিছোঁ। বহনযোগ্য উন্নয়নৰ লক্ষ্যসমূহৰ সন্দৰ্ভত সংসদত আলোচনা আৰু বিতর্কও অনুষ্ঠিত কৰা হয়। এক নির্দিষ্ট সময়সীমাৰ ভিতৰত এনে কাৰ্যসূচীৰ লক্ষ্য পুৰণ কৰা হয়। এটা উদাহণৰ জৰিয়তে এই বিষয়টো তুলি ধৰিব বিচাৰিছোঁ। বেংকৰ সুযোগ-সুবিধাৰ পৰা বঞ্চিত লোকসকলক বেংক একাউন্টৰ সুযোগ প্ৰদানৰ বাবে আমি যিমান সজাগ, একেদৰে প্রত্যেকৰে বাবে এটা বায়’মেট্রিক পৰিচয়পত্র প্ৰদানতো সিমানেই সজাগ। তদুপৰি, মোবাইলৰ সহায়ত এক উদ্ভাৱনী পদ্ধতি অৱলম্বন কৰি প্রত্যক্ষ লাভ হস্তান্তৰৰ সুযোগো আমি প্রথমবাৰলৈ দেশৰ ৩৬ কোটি নাগৰিকক দিবলৈ সক্ষম হৈছোঁ। মাননীয় নেতৃবৃন্দ, আমাৰ লক্ষ্য দেশত আমি যিদৰে এই প্রচেষ্টা অব্যাহত ৰাখিছোঁ, তেনে এক প্রচেষ্টা বলিষ্ঠ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু অংশীদাৰিত্বৰ জৰিয়তে গঢ়ি উঠক সেয়াই আমাৰ লক্ষ্য। সেইবাবে আমাৰ ফালৰ পৰা যিবোৰ কৰণীয় আছে, সেয়া কৰাৰ বাবে আমি প্রস্তুত। ভাৰতে চুবুৰীয়া উন্নশীল দেশসমূহৰ সৈতে দীৰ্ঘদিনে সহযোগিতামুলক সম্পৰ্ক ৰক্ষা কৰি আহিছে। উন্নয়নৰ ক্ষেত্রত আমাৰ আশা-আকাংক্ষা বাস্তৱায়িত কৰাৰ সমান্তৰালভাৱে এই সহযোগিতা আমি অব্যাহত ৰাখিছোঁ। প্রতি পদক্ষেপতে বিভিন্ন দিশত আমাৰ সম্পদ আৰু অভিজ্ঞতাৰ বিনিময় কৰি আহিছোঁ। গণতান্ত্রিক প্রতিষ্ঠানসমূহক শক্তিশালী কৰি তোলাৰ পৰা আৰম্ভ কৰি সাধাৰণ লোকৰ কল্যাণৰ অৰ্থে উচ্চ প্রযুক্তিৰ সহায়ত সমাধানৰ পথ বিচাৰি উলিওৱা ইত্যাদি সকলো দিশত আমাৰ নিজা অভিজ্ঞতাক আমি আনৰ সৈতে বিনিময় কৰি আহিছোঁ। চলিত বছৰৰ প্রথম ভাগত শিক্ষা, স্বাস্থ্য সজাগতা, যোগাযোগ আৰু বিপর্যয় মোকাবিলাৰ ক্ষেত্রত আগ্রহী আঞ্চলিক সহযোগী দেশসমূহৰ কল্যাণৰ অৰ্থে আমি দক্ষিণ এছিয় উপগ্রহ উৎক্ষেপণ কৰিছোঁ। ভাৰতীয় কাৰিকৰী তথা অর্থনৈতিক সহযোগিতা হৈছে ভাৰতৰ অন্যতম একটি প্রধান কার্যসূচী যি অর্ধশতিকাৰো অধিক সময় ধৰি এছিয়া, আফ্রিকা, পুব ইউৰোপ, লেটিন আমেৰিকা, কেৰিবিয়ান আৰু প্রশান্ত মহাসাগৰৰ ১৬১খন সহযোগী দেশত দক্ষতা বিকাশ আৰু প্রশিক্ষণ সংক্রান্তীয় সুযোগ-সুবিধা উপলব্ধ কৰাবলৈ সক্ষম হৈছে। কেবল আফ্রিকাৰ পৰাই যোৱা দশকত ২৫ হাজাৰৰো অধিক ছাত্র-ছাত্রীয়ে আইটিইচি বৃত্তিৰ জৰিয়তে ভাৰতত প্রশিক্ষণ লাভ কৰিছে। ২০১৫ চনত অনুষ্ঠিত তৃতীয় ভাৰত-আফ্রিকা ফ’ৰাম সন্মিলনৰ বৈঠকত মাত্র পাঁচ বছৰৰ ভিতৰতে আইটিইচি বৃত্তিৰ সংখ্যা দুগুণ অর্থাৎ ৫০ হাজাৰলৈ উন্নীত কৰাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। সেই বৈঠকত আফ্রিকাৰ ৫৪খন দেশে অংশগ্ৰহণ কৰিছিল। আফ্রিকাৰ ‘ছ’লাৰ মামাজ’ ভাৰতত প্রশিক্ষণ লাভ কৰি এতিয়া আফ্রিকা মহাদেশৰ হাজাৰ হাজাৰ গৃহ পোহৰাই তুলিবলৈ সক্ষম হৈছে। আফ্রিকাৰ সৈতে আমাৰ ক্রমৱৰ্ধমান সহযোগিতাৰ সম্পর্ক ইমানেই নিবিড় যে চলিত বৰ্ষৰ প্ৰথমাৰ্ধত আফ্রিকাৰ বাহিৰত প্ৰথমবাৰলৈ ভাৰতত আফ্রিকা উন্নয়ন বেংকৰ বার্ষিক সন্মিলন অনুষ্ঠিত হয়। পাৰস্পৰিক সহযোগিতাৰ মাজেৰে সকলো প্রকল্প আমি বাস্তবায়িত কৰাৰ দিশত অগ্ৰসৰ হৈছোঁ। আমাৰ উন্নয়নমুলক সহযোগিতা প্ৰকল্পসমূহে সমগ্ৰ বিশ্বৰ এক ডজন দেশত পানী, বিদ্যুৎ, পথ, স্বাস্থ্য সজাগতা, টেলি মেডিচিন আৰু প্ৰাথমিক আন্তঃগাঁথনিমুলক সুবিধা প্ৰদান কৰিছে। আমাৰ লক্ষ্য হৈছে আমাৰ সহযোগী দেশসমূহৰ চাহিদা আৰু অগ্রাধিকাৰক ভিত্তি কৰি সহযোগিতা প্রসাৰৰ এক বিশেষ আদর্শক বাস্তনত ৰূপায়িত কৰা। মাননীয় নেতৃবৃন্দ, আজি ইয়াত প্রতিনিধিত্ব কৰা দেশসমূহত বিশ্বৰ আধা লোকে বসবাস কৰে। আমি যিয়েই নকৰো কিয়, সেইটোৱে সমগ্ৰ বিশ্বকে প্রভাৱিত কৰিব। সেয়েহে, আমাৰ মূল কর্তব্য হ’ল এই ব্রিক্ছ প্রচেষ্টাৰ জৰিয়তে অলপ অলপকৈ এক উন্নত বিশ্ব গঢ়ি তোলা। আগন্তুক ১০ বছৰক এক সুবর্ণ দশক ৰূপে ৰূপান্তৰিত কৰাৰ ক্ষেত্রত ব্রিক্ছে এক বিশেষ চালিকা শক্তিৰ ভূমিকা পালন কৰাৰ দিশত অগ্ৰসৰ হৈছে বুলি মই কালি মোৰ বক্তব্যত উল্লেখ কৰিছিলোঁ। আমাৰ নির্দিষ্ট দৃষ্টিভংগী, নীতি আৰু ইতিবাচক কাম-কাজৰ জৰিয়তে ১০টা মহান প্রতিশ্রুতি পালনৰ প্রস্তাৱ মই আপোনালোকৰ আগত উত্থাপন কৰিব বিছাৰিছোঁ। ১. এক সুৰক্ষিত বিশ্বৰ গঢ়িতোলাঃ- ইয়াৰ বাবে সংগঠিত আৰু সমন্বিতভাৱে সন্ত্রাসবাদৰ মোকাবিলা কৰা, চাইবাৰ নিৰাপত্তা আৰু দুৰ্যোগ ব্যৱস্থা-এই তিনিটা বিষয়ক লক্ষ্য কৰি সর্বতোপ্ৰকাৰৰ প্ৰচেষ্টা গ্ৰহণ কৰা প্ৰয়োজন। ২. এক সেউজ বিশ্ব গঢ়ি তোলাঃ- জলবায়ু পৰিবর্তনৰ মোকাবিলা কৰিব পৰাকৈ আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ দৰে সজাগতামুলক কাৰ্যসূচীৰ জৰিয়তে সমূহীয়া প্ৰচেষ্টা গ্ৰহণ কৰা। ৩. সক্ষম বিশ্ব ব্যৱস্থা গঢ়ি তোলাঃ- অর্থনীতিৰ বিকাশ, দক্ষতা বৃদ্ধি আৰু ফলপ্ৰসূতাৰ প্রসাৰৰ লক্ষ্যৰে যথোপযুক্ত প্রযুক্তি গ্রহণ কৰাটো অত্যন্ত প্রয়োজন। ৪. এক সৰ্বব্যাপক বিশ্ব গঢ়ি তোলাঃ- সাধাৰণ লোকসকলক বেংক আৰু অৰ্থনৈতিক ক্ষেত্রকে ধৰি অর্থনীতিৰ মূল সুঁতিৰ সৈতে একাত্ম কৰিব লাগিব। ৫. ডিজিটেল বিশ্ব গঠনৰ সপোন সফল কৰি তোলাঃ- আমাৰ অর্থনীতিৰ ভিতৰে-বাহিৰে যিবোৰ ব্যৱস্থা এতিয়াও ডিজিটেল প্রযুক্তিৰ সুযোগৰ পৰা বঞ্চিত, সেইবোৰক প্রযুক্তিৰ আওঁতালৈ আনিব লাগিব। ৬. দক্ষতাসম্পন্ন বিশ্ব গঢ়ি তোলাঃ- আমাৰ কোটি কোটি যুৱক-যুৱতীক ভৱিষ্যৎ প্রজন্মৰ উপযোগী দক্ষতাৰ প্রশিক্ষণ প্ৰদানেৰে দক্ষ কৰি তোলা প্রয়োজন। ৭. সুস্থ বিশ্ব গঢ়ি তোলা- ৰোগ নির্মূলকৰণ আৰু সুলভ স্বাস্থ্য ব্যৱস্থাৰ সুযোগ বৃদ্ধিৰ জৰিয়তে আমি এক সুস্থ বিশ্ব গঢ়ি তুলিব পাৰোঁ। ৮. সমতাপূৰ্ণ বিশ্ব গঢ়ি তোলাঃ-লিংগত সমতা ৰক্ষাৰ সমান্তৰালভানে সকলোৰে বাবে সমান সুযোগৰ ব্যৱস্থা কৰা। ৯. এক সংযোগী গঢ়ি তোলাঃ- সামগ্ৰী আৰু সেৱাৰ যোগান বৃদ্ধি আৰু মানৱ সম্পদৰ বিনিময়, ভ্ৰমণৰ জৰিয়তে এই শৃংখলা গঢ়ি তোলা সম্ভৱ। ১০. সংহতিপূৰ্ণ বিশ্ব গঢ়ি তোলাঃ- আদর্শ, ব্যৱহাৰ আৰু ঐতিহ্য- এই বিষয়বোৰৰ ওপৰত এনেকৈ জোৰ দিব লাগিব, যাতে প্রকৃতিৰ সৈতে শান্তি আৰু সম্প্রীতিসসুলভ সহাৱস্থানৰ বৈশিষ্ট্য সন্নিৱিষ্ট থাকে। আমাৰ কার্যসূচীৰ অধীনত এই বিশেষ দিশবোৰ অনুসৰণ কৰি আৰু সেই মতে আমাৰ কর্মপ্রচেষ্টা আগবঢ়াই নিলে নিজৰ দেশৰ কল্যাণ সাধনৰ উপৰি বিশ্ব জাতিৰো কল্যাণত আমাৰ প্রত্যক্ষ অৱদান থাকিব। সকলো দেশৰ ৰাষ্ট্ৰীয় প্রচেষ্টাত সমর্থন আৰু সহযোগিতা প্রসাৰৰ অংশীদাৰ হ’বলৈ ভাৰত সদায় প্রস্তুত। এই বিশেষ লক্ষ্যক একেলগে আগুৱাই নিয়াৰ বাবে মই অতিকে আগ্রহী। ২০১৭ চনত ব্রিক্ছৰ অধ্যক্ষ পদত যোগ্যতাসহকাৰে অলংকৃত কৰাৰ বাবে মই ৰাষ্ট্ৰপতি জি জিনপিঙক প্রশংসা কৰিছোঁ। জিয়ামেনৰ দৰে এখন মনোৰম চহৰত তেওঁ যেনেদৰে আমাৰ সাদৰ অভ্যর্থনা কৰিছে, তাৰবাবেও মই তেওঁৰ শলাগ লৈছোঁ। মই ৰাষ্ট্ৰপতি জুমাক অহা বছৰ জোহান্সবার্গ এই সন্মিলন অনুষ্ঠিত কৰাৰ সূযোগ পোৱাৰ বাবে শুভেচ্ছা জনাইছোঁ আৰু বৈঠকত ভাৰতৰ পূর্ণ সহযোগিতাৰ প্রতিশ্রুতি দিছোঁ। ধন্যবাদ। | ২০৩০ৰ ভিতৰত বহনযোগ্য উন্নয়নৰ লক্ষ্য; উন্নয়নৰ বাবে ব্যাপক সহযোগিতামুলক পৰিৱেশ গঢ়ি তোলাৰ আহ্বান |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A7%A7%E0%A7%AF-%E0%A6%A1%E0%A6%BF%E0%A6%9A%E0%A7%87/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A7%A7%E0%A7%AF-%E0%A6%A1%E0%A6%BF%E0%A6%9A%E0%A7%87/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ ডিচেম্বৰত গোৱা ভ্ৰমণ আৰু বিয়লি প্ৰায় ৩ বজাত গোৱাৰ ডঃ শ্যামা প্ৰসাদ মুখাৰ্জী ষ্টেডিয়ামত গোৱা মুক্তি দিৱস উদযাপনৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীয়ে এই কাৰ্য্যসূচীতে স্বাধীনতা সংগ্ৰামী আৰু 'অপাৰেচন বিজয়' ৰ প্ৰাক্তন সকলক সম্বৰ্ধনা জ্ঞাপন কৰিব। গোৱাক পৰ্তুগীজ শাসনৰপৰা মুক্তকৰণৰ অৰ্থে ভাৰতীয় সশস্ত্ৰ বাহিনীৰদ্বাৰা হাতত লোৱা 'অপাৰেচন বিজয়' ৰ সফলতা স্মৰণাৰ্থে প্ৰতি বছৰে ১৯ ডিচেম্বৰৰ দিনটোত গোৱা মুক্তি দিৱস পালন কৰা হয়। প্ৰধানমন্ত্ৰীয়ে পুনৰ নিৰ্মিত ফ’ৰ্ট আগুয়াদা জেইল সংগ্ৰহালয়, গোৱা চিকিৎসা মহাবিদ্যালয়, নিউ চাউথ গোৱা জিলা চিকিৎসালয়ত চুপাৰ স্পেচিয়েলিটি ব্লক, মোপা বিমানবন্দৰত বিমান পৰিবহণ দক্ষতা বিকাশ কেন্দ্ৰ আৰু মাৰগাঁৱৰ ডাবলিম-নাভেলিমত গেছ ইনচুলেটেড চাবষ্টেচনকে ধৰি একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব। তেখেতে তদুপৰি গোৱাত ইণ্ডিয়া ইণ্টাৰনেচনেল ইউনিভাৰ্চিটি অৱ লিগেল এডুকেশ্বন এণ্ড ৰিচাৰ্ছ অৱ বাৰ কাউঞ্চিল অৱ ইণ্ডিয়া ট্ৰাষ্টৰ আধাৰশিলা স্থাপন কৰিব। সমগ্ৰ দেশখনৰে চিকিৎসা আন্তঃগাঁথনিৰ অগ্ৰগতি সাধন আৰু শীৰ্ষ শ্ৰেণীৰ চিকিৎসা সুবিধা প্ৰদানৰ অৰ্থে প্ৰধানমন্ত্ৰীগৰাকীয়ে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই দৃষ্টিৰে সংগতি ৰাখি, প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনা আঁচনিৰ অধীনত গোৱা চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ৩৮০ কোটিৰোধিক অধিক টকা ব্যয় সাপেক্ষে চুপাৰ স্পেচিয়েলিটি ব্লক নিৰ্মাণ কৰা হৈছে। ই হৈছে সমগ্ৰ গোৱাৰ ভিতৰত একমাত্ৰ অত্যাধুনিক চুপাৰ স্পেচিয়েলিটি চিকিৎসালয়, যিয়ে উচ্চ মানৰ আৰু চুপাৰ স্পেচিয়েলিটি সেৱা আগবঢ়াব। ই এঞ্জিঅ’প্লাষ্টি, বাইপাছ চাৰ্জাৰী, লিভাৰ সংৰোপণ, কিডনী সংৰোপণ, ডায়েলাইচিছ ইত্যাদিৰ দৰে বিশেষ সেৱা প্ৰদান কৰিব। এই চুপাৰ স্পেচিয়েলিটি ব্লকত পিএম-কেয়াৰ্ছৰ অধীনত সংস্থাপিত ১০০০ এলপিএম পিএছএ প্ৰকল্পও থাকিব। প্ৰায় ২২০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নিউ চাউথ গোৱা জিলা চিকিৎসালয়খন ৩৩ টা স্পেচেয়েলিটিত অ'পিডি সেৱা, শেহতীয়া ৰোগ নিৰ্ণয় আৰু পৰীক্ষাগাৰৰ সুবিধা আৰু ফিজিঅ'থেৰাপী, অডিঅ'মেট্ৰি আদি সেৱাকে ধৰি আধুনিক চিকিৎসা আন্তঃগাঁথনিৰে সজ্জিত। চিকিৎসালয়খনত ৫০০ অক্সিজেন সংযুক্ত বিচনা, ৫৫০০ লিটাৰ এলএমঅ' টেংক আৰু ৬০০ এলপিএমৰ ২ পিএছএ প্ৰকল্প আছে। ২৮ কোটিৰোধিক টকা ব্যয় সাপেক্ষে স্বদেশ দৰ্শন আঁচনিৰ অধীনত ঐতিহ্য পৰ্যটন স্থল হিচাপে আগুয়াদা ফ’ৰ্ট জেইল সংগ্ৰহালয়ৰ পুনৰ-বিকাশ সম্পন্ন কৰা হৈছে। গোৱাৰ মুক্তিৰ পূৰ্বে, আগুয়াদা ফ’ৰ্টত স্বাধীনতা সংগ্ৰামীসকলক বন্দী আৰু অত্যাচাৰ কৰা হৈছিল। সংগ্ৰহালয়টোৱে গোৱাৰ মুক্তিৰ বাবে যুঁজ দিয়া বিশিষ্ট স্বাধীনতা সংগ্ৰামীসকলৰ অৱদান আৰু ত্যাগক অনুৰণিত কৰিব আৰু এয়া হ’ব তেওঁলোকলৈ যথোপযুক্ত শ্ৰদ্ধাঞ্জলি। প্ৰায় ৮.৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা আগন্তুক মোপা বিমানবন্দৰৰ বিমান পৰিবহণ দক্ষতা বিকাশ কেন্দ্ৰটোৰ লক্ষ্য হৈছে ১৬ টা বিভিন্ন নিয়োগ প্ৰফাইলত প্ৰশিক্ষণ প্ৰদান কৰা। প্ৰশিক্ষাৰ্থীসকলে মোপা বিমানবন্দৰ প্ৰকল্পটো কাৰ্য্যক্ষম হোৱাৰ লগে-লগে তথা একেদৰে ভাৰত আৰু বিদেশৰ অন্যান্য বিমানবন্দৰত নিয়োগৰ সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব। ভাৰত চৰকাৰৰ শক্তি মন্ত্ৰালয়ৰ সংহত শক্তি উন্নয়ন আঁচনিৰ অধীনত মাৰগাঁৱৰ ডাবলিম-নাভেলিমত প্ৰায় ১৬ কোটি টকা ব্যয় সাপেক্ষে গেছ ইনচুলেটেড চাবষ্টেচন নিৰ্মাণ কৰা হৈছে। ই ডাবলিম, নেচাই, নাভেলিম, আকেম-বেক্সো আৰু তেলাউলিমৰ গাঁওসমূহলৈ সুস্থিৰভাৱে বিদ্যুতৰ যোগান ধৰিব। গোৱাক উচ্চ আৰু কাৰিকৰী শিক্ষাৰ কেন্দ্ৰ হিচাপে ৰূপান্তৰৰ অৰ্থে চৰকাৰখনৰ মনোযোগেৰে সংগতি ৰাখি ইণ্ডিয়া ইণ্টাৰনেচনেল ইউনিভাৰ্চিটি অৱ লিগেল এডুকেচন এণ্ড ৰিচাৰ্ছ অৱ বাৰ কাউঞ্চিল অৱ ইণ্ডিয়া ট্ৰাষ্ট স্থাপন কৰা হ'ব। প্ৰধানমন্ত্ৰীয়ে তদুপৰি গোৱাক পৰ্তুগীজ শাসনৰপৰা মুক্ত কৰা ভাৰতীয় সশস্ত্ৰ বাহিনীক স্মৰণাৰ্থে এক বিশেষ ক’ভাৰ আৰু বিশেষ কেঞ্চেলেচনো উন্মোচন কৰিব। ইতিহাসৰ এই বিশেষ অধ্যায়ক বিশেষ ক’ভাৰত দেখুওৱাৰ সমান্তৰালভাৱে বিশেষ কেঞ্চেলেচনত ভাৰতীয় নৌ সেনাৰ জাহাজ গোমন্তকত যুদ্ধ স্মাৰক চিত্ৰিত হৈছে, যাক "অপাৰেচন বিজয়" ত প্ৰাণ আহুতি দিয়া সাতজন যুৱ বীৰ নাবিক আৰু অন্যান্য কৰ্মচাৰীসকলৰ স্মৃতিত নিৰ্মাণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে তদুপৰি পাট্ৰেডৱীত হুত্মা স্মাৰকৰ চিত্ৰায়ন কৰা 'মাই ষ্টাম্প' উন্মোচন কৰিব, যিয়ে গোৱা মুক্তি আন্দোলনৰ শ্বহীদসকলৰ মহান ত্যাগক অভিবাদন জনাইছে। গোৱা মুক্তি সংগ্ৰামৰ সময়ত সংঘটিত ভিন্ন ঘটনাৰ আলোকচিত্ৰৰ এক কলাজ চিত্ৰিত এখন 'মেঘদূত প’ষ্ট কাৰ্ড' প্ৰধানমন্ত্ৰীগৰাকীক প্ৰদান কৰা হ'ব। প্ৰধানমন্ত্ৰীয়ে তদুপৰি স্বয়ংপূর্ণা গোৱা কাৰ্য্যক্ৰমৰ শ্ৰেষ্ঠ পঞ্চায়ত/পৌৰসভা, স্বয়ংপূর্ণা মিত্ৰ আৰু হিতাধিকাৰীসকলক বঁটা বিতৰণ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণকালতে দুপৰীয়া প্ৰায় ২:১৫ বজাত পানাজীৰ আজাদ ময়দানৰ শ্বহীদ স্মাৰকত পুষ্পাঞ্জলি অৰ্পন কৰিব। দুপৰীয়া প্ৰায় ২:৩০ বজাত, তেখেতে পানাজীৰ মিৰামাৰত চেইল পেৰেড আৰু ফ্লাই পাষ্টত অংশগ্ৰহণ কৰিব। | প্ৰধানমন্ত্ৰীয়ে ১৯ ডিচেম্বৰত গোৱা ভ্ৰমণ আৰু গোৱা মুক্তি দিৱস উদযাপনৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A1%E0%A6%83-%E0%A6%A4%E0%A7%87%E0%A6%AE%E0%A6%9A%E0%A7%81%E0%A6%B2%E0%A6%BE-%E0%A6%86%E0%A6%93%E0%A7%B0-%E0%A6%AE%E0%A7%83%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%81%E0%A6%A4-%E0%A6%B6%E0%A7%8B/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A1%E0%A6%83-%E0%A6%A4%E0%A7%87%E0%A6%AE%E0%A6%9A%E0%A7%81%E0%A6%B2%E0%A6%BE-%E0%A6%86%E0%A6%93%E0%A7%B0-%E0%A6%AE%E0%A7%83%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%81%E0%A6%A4-%E0%A6%B6%E0%A7%8B/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডঃ তেমচুলা আওৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। ডঃ তেমচুলা আও-এ তেওঁৰ সাহিত্য কৰ্মৰ জৰিয়তে বিস্ময়কৰ নাগা সংস্কৃতিক জনপ্ৰিয় কৰাত অগ্ৰণী ভূমিকা পালন কৰিছিল। প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে; "ডঃ তেমচুলা আওৰ গভীৰভাৱে ব্যথিত। আও-এ তেওঁৰ সাহিত্য কৰ্মৰ জৰিয়তে বিস্ময়কৰ নাগা সংস্কৃতিক জনপ্ৰিয় কৰি তোলাত অগ্ৰণী ভূমিকা পালন কৰিছিল। শিক্ষা আৰু সংস্কৃতিৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা বিশেষভাৱে উল্লেখযোগ্য আছিল। তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ প্ৰতি সমবেদনা জনাইছোঁ। তেওঁৰ বিদহী আত্মাই শান্তি লাভ কৰক।" | ডঃ তেমচুলা আওৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰী |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A6%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A6%95%E0%A6%BE-%E0%A6%B6%E0%A6%BE%E0%A7%B0%E0%A6%A6%E0%A6%BE-%E0%A6%AA%E0%A7%80%E0%A6%A0-%E0%A6%B6%E0%A6%82%E0%A6%95%E0%A7%B0%E0%A6%BE%E0%A6%9A/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A6%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A6%95%E0%A6%BE-%E0%A6%B6%E0%A6%BE%E0%A7%B0%E0%A6%A6%E0%A6%BE-%E0%A6%AA%E0%A7%80%E0%A6%A0-%E0%A6%B6%E0%A6%82%E0%A6%95%E0%A7%B0%E0%A6%BE%E0%A6%9A/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বাৰকা শাৰদা পীঠ শংকৰাচাৰ্য স্বামী স্বৰূপানন্দ সৰস্বতীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷ এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “দ্বাৰকা শাৰদা পীঠ শংকৰাচাৰ্য স্বামী স্বৰূপানন্দ সৰস্বতীৰ বিয়োগত অতিশয় দুঃখিত হৈছো৷ এই শোকৰ মুহূৰ্তত তেওঁৰ অনুগামীসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো৷ ওম শান্তি!” | দ্বাৰকা শাৰদা পীঠ শংকৰাচাৰ্য স্বামী স্বৰূপানন্দ সৰস্বতীৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%97%E0%A7%81%E0%A7%B0%E0%A7%81-%E0%A7%B0%E0%A6%AC%E0%A6%BF%E0%A6%A6%E0%A6%BE%E0%A6%B8%E0%A7%B0-%E0%A6%9C%E0%A6%A8%E0%A7%8D%E0%A6%AE%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A6%BE%E0%A6%A8-%E0%A6%89/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%97%E0%A7%81%E0%A7%B0%E0%A7%81-%E0%A7%B0%E0%A6%AC%E0%A6%BF%E0%A6%A6%E0%A6%BE%E0%A6%B8%E0%A7%B0-%E0%A6%9C%E0%A6%A8%E0%A7%8D%E0%A6%AE%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A6%BE%E0%A6%A8-%E0%A6%89/ | মঞ্চত উপৱিষ্ট সন্মানীয় অতিথিবৃন্দ আৰু আজিৰ এই পৱিত্র দিৱসত বিশ্বৰ বিভিন্ন প্রান্তৰ পৰা আহি সমবেত হোৱা প্রিয় ভক্ত ভাই-ভনীসকল। শ্রী গুৰু ৰবিদাসজীৰ জন্মজয়ন্তী উপলক্ষে আপোনালোক সকলোকে আৰু সমগ্ৰ পৃথিৱীতে থকা তেওঁৰ অনুগামীসকলক অশেষ ধন্যবাদ জনাইছো। আমি অতিকৈ আনন্দিত যে গুৰু ৰবিদাসৰ আশীর্বাদত নিজৰ প্রতিশ্রুতি পালনৰ বাবে আপোনালোকৰ মাজলৈ বহুবাৰ অহাৰ সুযোগ লাভ কৰিছো। ২০১৬ চনত আজিৰ দিনটোতেই ইয়াতেই প্রণাম জনাই আপোনালোকৰ লগত ভোজনৰো সৌভাগ্য হৈছিল মোৰ। তেতিয়াই মই এই চৌহদটো আৰু জন্মস্থানৰ সৌন্দর্যা বৰ্ধনৰ প্রতিশ্রুতি দিছিলো। তাৰ পিছত যেতিয়া উত্তৰ প্রদেশত যোগীজীৰ নেতৃত্বত চৰকাৰ গঠন হৈছিল, তেতিয়া তেওঁক এটি বৃহৎ প্রকল্প গঢ়ি তোলাৰ অনুৰোধ জনাইছিলো। মই অতি আনন্দিত যে কেবা দশক ধৰি আপোনালোকে যি দাবী উত্থাপন কৰি আহিছিল সেয়া কোনো এখন চৰকাৰেই পূৰণ কৰা নাছিল। আজি আমি সেই দাবী পূৰণৰ শুভাৰম্ভ কৰিলো। সকলো ভক্তপ্ৰানকে জনাও, প্রথম পর্যায়ত প্রায় ৫০ কোটি টকা বিনিয়োগেৰে এই সম্প্রসাৰণ আৰু সৌন্দর্য বৰ্ধনৰ প্রকল্প গঢ়ি তোলা হৈছে। সেইবাবেই বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ইয়ালৈ যিটো পথ আছে, সেইটোৰ আধুনিকীকৰণ কৰা হ’ব। তাৰ সমান্তৰালকৈ, ১২ কিলোমিটাৰ দৈর্ঘ্যৰ আন এটা পথো নিৰ্মাণ কৰা হ’ব। গুৰু ৰবিদাসজীৰ এটা ব্রঞ্জৰ মূর্তিও নির্মান কৰা হ’ব। কমিউনিটি হল আৰু অন্যান্য পর্যটক অনুকূল সেৱাও গঢ়ি উঠিব। অর্থাৎ, এই প্রকল্প সম্পূর্ণ হোৱাৰ পিছত ইয়ালৈ যিসকল ভক্ত আৰু পর্যটকৰ আগমণ ঘটিব, তেওঁলোকে সকলো সা-সুবিধা লাভ কৰিব। বন্ধু সকল, এই ঠাইৰ সাংসদ হিচাপে সন্ত ৰবিদাসজীৰ এই জন্মস্থানক এইদৰে সজাই তোলাৰ সৌভাগ্য হৈছে মোৰ। ভাৰতৰ সামাজিক জীৱনক নতুন আলোকেৰে আলোকিত কৰা, পোহৰৰ পথ প্রদর্শন কৰা এই ভূমি দেশবাসীৰ বাবে প্রেৰণাৰ কাৰক হৈ পৰিছে। সন্ত ৰবিদাসজীৰ জীৱন দর্শনে অত্যন্ত সৰল জীৱনযাপনৰ পথ প্ৰদৰ্শন কৰে। তেওঁ কৈছিল, “এইচা ছাহু ৰাজ মেঁ, জাহাঁ মিলে সব কো অন্ন, ছোট-বড়ো সব সমান বসে, ৰবিদাস ৰহে প্রসন্ন।” অর্থাৎ, গুৰুজীয়ে এনে এখন ভাৰতৰ কল্পনা কৰিছিল য’ত কোনোধৰণৰ ভেদভাব নাৰাখি সকলোৰে মৌলিক প্রয়োজনবোৰ পূৰণৰ প্ৰতি লক্ষ্য ৰখা হ’ব। বন্ধু সকল, বর্তমান কেন্দ্রীয় চৰকাৰে বিগত চাৰে চাৰি বছৰত সততাৰে এই চিন্তা চৰ্চা কৰিয়েই আগুৱাইছে। ‘চবকা সাথ, চবকা বিকাশ’ আৰু উন্নয়নৰ পঞ্চধাৰা, অর্থাৎ, ল’ৰা-ছোৱালীৰ পঢ়া-শুনা, যুৱ সম্প্রদায়ৰ কর্মসংস্থান, বয়োজ্যেষ্ঠসকলৰ ঔষধ, কৃষকসকলৰ বাবে জলসিঞ্চন ব্যৱস্থা আৰু প্রতিগৰাকী মানুহৰ দুঃখ-দুর্দশাৰ কথা শুনা সুনিশ্চিত কৰাৰ বাবে আমাৰ চৰকাৰে নিয়মিত কাম কৰি আছে। কিছুসময় পিছতেই মই বেনাৰসত দুখনকৈ কেন্সাৰ হাস্পতালৰ লগতে ভালেমান স্বাস্থ্য সেৱা প্ৰকল্প উদ্বোধন তথা আদাৰশিলা মুকলি কৰিবলৈ যাম। ইয়াৰ উপৰি, বাৰাণসী আৰু পূর্ব উত্তৰ প্রদেশৰ জনজীৱন সহজ কৰি তোলাৰ ভালেমান প্রকল্প আজি ইয়াৰ পৰাই আৰম্ভ হ’ব। এই প্রকল্পসমূহৰ দ্বাৰা সমাজৰ প্রত্যেক শ্ৰেণীৰ লোকেই উপকৃত হ’ব। ভাই ভনীসকল, আমাৰ চৰকাৰৰ প্রতিটো পদক্ষেপতে শ্রী গুৰু ৰবিদাসজীৰ চিন্তাধাৰাৰ প্ৰতিফলন আছে। দৰিদ্ৰ পৰিয়ালসমূহক পকী ঘৰ প্ৰদান, প্ৰতিটো পৰিয়ালতে প্ৰতিটো ঘৰতে নিজা শৌচালয়, প্ৰতিটো পৰিয়ালকে উজ্জ্বলা যোজনাৰ মাধ্যমেৰে বিনামূলীয়াকৈ ৰন্ধন গেছৰ সংযোগ, বিনামূলীয়া বিদ্যুৎ সংযোগ, প্ৰতিটো পৰিয়ালক ৫ লাখ টকা পর্যন্ত বিনামূলীয়া চিকিৎসা সেৱাৰ সুবিধা আৰু মুদ্ৰা যোজনাৰ অধীনত দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ যুৱক যুৱতীক কোনোধৰণৰ গেৰান্টীবিহীন বেংক ঋণ প্ৰদানৰ সুবিধা, কৃষকসকলৰ প্রতিটো খেতিতে জলসিঞ্চনৰ বাবে পানীৰ যোগান আৰু দেশৰ প্রায় ১২ কোটি দৰিদ্ৰ কৃষক পৰিয়ালক প্রতি বছৰে প্ৰায় ৬ হাজাৰ টকাৰ অনুদান প্ৰদান। সমাজৰ পিছপৰা শ্ৰেণী, নিস্পেষিত, শোষিত শ্ৰেণীৰ লোকসকলৰ কাষত এই চৰকাৰ সদায়েই আছে। গুৰুদেৱে কৈছে, জাত-পাত, সম্প্রদায়ৰ ঊর্ধ্বলৈ গৈ প্রত্যেক মানুহৰ সেৱা কৰা উচিত। তেওঁ কৈছিল – “জাতি-জাতি মে জাতি হেই, জো কেতন কে পাত। ৰৈদাস মনুষ না জুড় চকে, জব তক জাতি ন জাত। ” অর্থাৎ, জাতি হৈছে কলপাতৰ দৰে, য’ত পাতৰ ভিতৰতো পাত থাকে। সেইবাবে যেতিয়া জাতিৰ নামত ভেদভাৱ সৃষ্টি হয়, তেতিয়া কোনো মানুহেই পৰস্পৰৰ সৈতে সম্পূর্ণভাৱে আন্তৰিকতা গঢ়িব নোৱাৰে, সামাজিক সদ্ভাৱনা, ঐক্য আৰু সমতা গঢ়ি তোলাতো সম্ভৱপৰ নহয়। বন্ধু সকল, গুৰুৰ প্রদর্শিত এই পথেৰে যদি সততাৰে আমি কাম কৰি গলোহেতেন, তেন্তে ইমান দিনে ভাৰত জাতপাতৰ নামত হৈ থকা সকলো অত্যাচাৰৰ পৰা মুক্ত হ’লহেতেন। কিন্তু দুর্ভাগ্যবশতঃ সেয়া এতিয়াও হৈ উঠা নাই। ভাই-ভনীসকল, নতুন ভাৰতত এই পৰিস্থিতি পৰিৱর্তিত হ’ব। আমাৰ তৰুণ বন্ধুসকল, যিসকল ডিজিটেল ইণ্ডিয়াৰ এই প্রযুক্তিৰ যুগত সামাজিক আৰু ৰাজনৈতিক ব্যৱস্থাৰ অংশ হৈ উঠিব, তেওঁলোক সকলোৱেই একগোট হৈ এই পৰিস্থিতি সলনি কৰি দিব। যিসকলে কেৱল ৰাজনৈতিক স্বার্থতে জাতপাত বচাই ৰাখিবলৈ বিচাৰে তেওঁলোকক চিনি উলিয়াব লাগিব। বন্ধুসকল, গুৰু ৰবিদাসে আমাক আৰু এটা সামাজিক ত্রুটিৰ কথা কৈছে, সেয়া হ’ল অইনৰ অধিকাৰ খৰ্ব কৰি নিজৰ স্বার্থৰক্ষা। গুৰুজীয়ে কৈছিল – “শ্রম কো ইছৰ জানি কেই, জো পুজে হী দিন-ৰেন।” অর্থাৎ, সত্যবাদীৰ শ্রমেই ঈশ্বৰৰ প্ৰকৃত ৰূপ। সততাৰে যি কাম কৰা হয়, সেই ৰোজগাৰতেই জীৱনৰ সুখ লুকাই থাকে আৰু শান্তি পোৱা যায়। বিগত চাৰে চাৰি বছৰ ধৰি আমি এই ভাবনাকেই ৰাজনৈতিক আৰু সামাজিক সংস্কাৰৰ মাধ্যমেৰে বাস্তৱায়িত কৰাৰ পথেৰে আগুৱাইছো। বিমুদ্রাকৰণ, বেনামী সম্পত্তিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ আৰু ক’লা ধন উপার্জনৰ পথ বন্ধ কৰাৰ প্রচেষ্টাক আমাৰ কাৰ্যব্যৱস্থাৰ অংশ কৰি তুলিছো। ভাৰতত এইবোৰ ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ কৰিব দিবলৈ বিচাৰিছো। বন্ধু সকল, সন্ত ৰবিদাসৰ আশীর্বাদত নতুন ভাৰতত অসাধু কোনো স্থান নাই। যিয়েই সততাৰে, পৰিশ্রম কৰি আগুৱাই যাবলৈ বিচাৰে তেওঁলোকৰ বাবেই চৰকাৰে প্রত্যেক স্তৰতেই খোজত খোজ মিলাই আগবাঢ়ি যোৱাৰ বাবে সহায় কৰিবলৈ প্ৰস্তুত। সম্প্রতি আপোনালোকে দেখিবলৈ পাইছে, যিয়েই সততাৰে কৰ পৰিশোধ কৰিছে, তাৰ বাবেই দেশৰ কোটি কোটি মধ্যবিত্ত লোকৰ ৫ লাখ টকা পর্যন্ত কৰযোগ্য আয়ৰ পৰা কৰ উঠাই দিয়া হৈছে। এফালে যিসকলে জনতাৰ ধন লুন্ঠন কৰিছে তেওঁলোকক শাস্তি প্ৰদান কৰা হৈছে, আনফালে সততাক সন্মান জনোৱা হৈছে। ভাই-ভনীসকল, আমি ভাগ্যবান যে তেওঁৰ দৰে গুৰু, সাধু, ঋষি, মুনি আৰু মণীষী এজনক আমি পথপ্রদর্শক হিচাপে পাইছো। তেওঁৰ জ্ঞানৰ এই মহান পৰম্পৰাই প্রজন্মই প্রজন্মই যিদৰে পথ প্ৰদৰ্শন কৰি আহিছে, আমাৰ চৰকাৰেও প্রতিনিয়ত সেই পথেৰেই আগবাঢ়ি যোৱাৰ চেষ্টা কৰিছে। যোৱাবছৰ মগহৰত মই নিজেই সন্ত কবীৰৰ পুণ্য স্মাৰকৰ আধাৰশিলা স্থাপন কৰিছো, সাৰনাথত ভগৱান বুদ্ধৰ স্মৃতি বিজড়িত পৱিত্র স্থান সংৰক্ষণ আৰু তাৰ সৌন্দৰ্যবৰ্ধনৰ কাম কৰা হৈছে ঠিক তেনেদৰে গুৰুনানক দেৱৰ ৫৫০তম জন্মজয়ন্তী সমাৰোহ সমগ্ৰ বিশ্বতে ব্যাপকভাৱে পালন কৰা হৈছে। ভাই-ভনীসকল, আমাৰ দেশ আৰু সমাজৰ বাবে যিসকলে অৱদান ৰাখি গৈছে, তেওঁলোকক অতি শ্রদ্ধাৰে সন্মান জনোৱাৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰ আৰু উত্তৰ প্রদেশ ৰাজ্য চৰকাৰে কাম কৰি আছে। এই সমৃদ্ধিশালী সাংস্কৃতিক ঐতিহ্যই আমাৰ শক্তি, আমাৰ প্রেৰণা। আপোনালোকৰ জীৱন সহজসাধ্য আৰু সৰল কৰি তোলাৰ ক্ষেত্ৰত গুৰু ৰবিদাসজীৰ প্রদর্শিত পথক আমি আৰু অধিক মসৃণ কৰি তুলিম। আৰু এবাৰ আপোনালোক আটাইকে শ্রদ্ধাৰ গুৰু ৰবিদাসজীৰ জন্মজয়ন্তী উপলক্ষে তেওঁৰ জন্মস্থান সম্প্রসাৰণ আৰু সৌন্দর্য বৰ্ধনৰ প্রকল্পৰ বাবে বহুতো শুভেচ্ছা জনাইছো। আপোনালোক সকলোকে অশেষ ধন্যবাদ জনাইছো। শ্রদ্ধেয় গুৰু মহাৰাজজীৰ চৰণত প্রণাম জনাই মোৰ বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ। | গুৰু ৰবিদাসৰ জন্মস্থান উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A6%BE%E0%A6%87%E0%A6%95%E0%A6%BE-%E0%A6%AC%E0%A6%BF%E0%A6%A6%E0%A7%8D%E0%A6%B0%E0%A7%8B%E0%A6%B9%E0%A7%B0-%E0%A6%B8%E0%A7%8D%E0%A6%AE%E0%A6%BE%E0%A7%B0%E0%A6%95-%E0%A6%A1%E0%A6%BE/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A6%BE%E0%A6%87%E0%A6%95%E0%A6%BE-%E0%A6%AC%E0%A6%BF%E0%A6%A6%E0%A7%8D%E0%A6%B0%E0%A7%8B%E0%A6%B9%E0%A7%B0-%E0%A6%B8%E0%A7%8D%E0%A6%AE%E0%A6%BE%E0%A7%B0%E0%A6%95-%E0%A6%A1%E0%A6%BE/ | প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে ২৪ ডিচেম্বৰ, ২০১৮ত ওড়িশা ভ্ৰমণ কৰে৷ এই উপলক্ষে আইআইটি ভূৱনেশ্বৰ চৌহদত তেওঁ আজি পাইকা বিদ্রোহৰ স্মৃতি এটি স্মাৰক ডাকটিকট মুকলি কৰে৷ ওড়িশাত ১৮১৭ চনত ব্রিটিছ শাসনৰ বিৰোধিতাৰে পাইকা বিদ্রোহ হৈছিল। অনুষ্ঠানত ভূৱনেশ্বৰত উৎকল বিশ্ববিদ্যালয়ত পাইকা বিদ্রোহক লৈ এখন আসন প্ৰতিষ্ঠাৰ কথা ঘোষণা কৰা হয়৷ প্ৰধানমন্ত্রীয়ে ললিত গিৰি সংগ্ৰাহালয় উদ্বোধন কৰে৷ ললিত গিৰি হৈছে ওড়িশাৰ বিশিষ্ট বৌদ্ধ স্থাপত্য কেন্দ্ৰ৷ ইয়াত ভগৱান বুদ্ধৰ প্ৰতিমূৰ্তি আৰু স্তুপ আছে। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী মোদীয়ে আইআইটি ভূৱনেশ্বৰ দেশবাসীৰ উদ্দেশ্যো উৎসর্গা কৰে। তেওঁ ভূৱনেশ্বৰত নতুন ইএছআইচি হাস্পাতালৰো শুভাৰম্ভ কৰে৷ প্ৰধানমন্ত্ৰীয়ে এটি পাইপ লাইন আৰু পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷ অনুষ্ঠানত ভাষণ প্ৰসংগত প্ৰধানমন্ত্রীয়ে কয় যে আজি প্রায় ১৪,০০০ হাজাৰ কোটি টকাৰ বিভিন্ন প্ৰকল্প উদ্বোধনৰ লগতে একাধিক প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰা হৈছে। পূব ভাৰতৰ উন্নয়নত কেন্দ্রীয় চৰকাৰে বিশেষ লক্ষ্য লোৱা বুলিও তেওঁ সদৰি কৰে৷ প্ৰধানমন্ত্রীয়ে কয় যে আইআইটি ভূৱনেশ্বৰে ওড়িশাৰ ঔদ্যোগিকৰণত আৰু জনসাধাৰণৰ জীৱনযাত্রাৰ মান উন্নয়নতো বিশেষ ভূমিকা পালন কৰিব৷ প্ৰধানমন্ত্রীয়ে কয় যে ওড়িশাৰ আন্তঃগাঁথনি, তেল আৰু প্ৰাকৃতিক গেছৰ পাইপ লাইন, পথ যোগাযোগ, আন্তঃগাঁথনি আৰু স্বাস্থ্য সেৱা সম্প্ৰসাৰণৰো পৰিকল্পনা কৰিছে। ওড়িশাৰ সৰ্বাংগীন উন্নয়নত কেন্দ্রীয় চৰকাৰৰ প্ৰতিশ্রুতিৰ কথাও পুনৰ দোঁহাৰে প্ৰধানমন্ত্রীয়ে৷ | পাইকা বিদ্রোহৰ স্মাৰক ডাকটিকট আৰু মুদ্ৰা মুকলি প্ৰধানমন্ত্রীৰ; দেশবাসীৰ নামত উচৰ্গা কৰিলে ভূৱনেশ্বৰ আইআইটিৰ চৌহদ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A7%E0%A7%AA-%E0%A6%A1%E0%A6%BF%E0%A6%9A%E0%A7%87%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A6%B9%E0%A6%AE%E0%A7%87%E0%A6%A6%E0%A6%BE%E0%A6%AC%E0%A6%BE%E0%A6%A6%E0%A6%A4/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A7%E0%A7%AA-%E0%A6%A1%E0%A6%BF%E0%A6%9A%E0%A7%87%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A6%B9%E0%A6%AE%E0%A7%87%E0%A6%A6%E0%A6%BE%E0%A6%AC%E0%A6%BE%E0%A6%A6%E0%A6%A4/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ ডিচেম্বৰ, ২০২২ ৰ সন্ধিয়া ৫:৩০ বজাত আহমেদাবাদত প্ৰমুখ স্বামী মহাৰাজ শতাব্দী মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব। পৰম পূজনীয় প্ৰমুখ স্বামী মহাৰাজ একেধাৰে এগৰাকী পথ প্ৰদৰ্শক আৰু গুৰু আছিল। তেওঁ সমগ্ৰ ভাৰত আৰু বিশ্বৰ অগণিত জীৱনক স্পৰ্শ কৰিছিল। এগৰাকী মহান আধ্যাত্মিক নেতা হিচাপে তেওঁ বহুলভাৱে সন্মানীয় আৰু প্ৰশংসিত। তেওঁ জীৱনক আধ্যাত্মিকতা আৰু মানৱতাৰ সেৱাত উৎসৰ্গা কৰিছিল। বিএপিএছ স্বামীনাৰায়ণ সংস্থাৰ নেতা হিচাপে তেওঁ অগণন সাংস্কৃতিক, সামাজিক আৰু আধ্যাত্মিক পদক্ষেপক অনুপ্ৰাণিত, লক্ষ-লক্ষ লোকৰ কল্যাণ সাধন কৰিছিল। পৰম পূজনীয় প্ৰমুখ স্বামী মহাৰাজৰ জন্ম শতবাৰ্ষিকীত বিশ্বৰ ভিন্ন প্ৰান্তৰ লোকে তেওঁৰ জীৱন আৰু কৰ্মৰাজিক স্মৰণ কৰিছে। বিএপিএছ স্বামীনাৰায়ণ মন্দিৰ, শ্বাহীবাগে সমগ্ৰ বিশ্বত ‘প্ৰমুখ স্বামী মহাৰাজ শতাব্দী মহোৎসৱ’ উদযাপন কৰিব। উল্লেখযোগ্য যে ইয়াতেই বিএপিএছ স্বামীনাৰায়ণ সংস্থাৰ বৈশ্বিক মুখ্য কাৰ্য্যালয় অৱস্থিত। ২০২২ ৰ ১৫ ডিচেম্বৰৰপৰা ২০২৩ ৰ ১৫ জানুৱাৰীলৈকে আহমেদাবাদত অনুষ্ঠিতব্য এমাহজোৰা উদযাপনত দৈনিক অনুষ্ঠান, বিষয়ভিত্তিক প্ৰদৰ্শনী আৰু চিন্তা-উদ্ৰেককাৰী পেভিলিয়ন অনুষ্ঠিত হ’ব। ১৯০৭ ত শাস্ত্ৰীজী মহাৰাজে বিএপিএছ স্বামীনাৰায়ণ সংস্থা প্ৰতিষ্ঠা কৰিছিল। বেদৰ শিক্ষাৰ আধাৰত আৰু ব্যৱহাৰিক আধ্যাত্মিকতাৰ স্তম্ভত প্ৰতিষ্ঠিত বিএপিএছে আজিৰ আধ্যাত্মিক, নৈতিক আৰু সামাজিক প্ৰত্যাহ্বানসমূহৰে মোকাবিলা কৰিবলৈ বহু দূৰ আগুৱাই গৈছে। বিএপিএছৰ লক্ষ্য হৈছে বিশ্বাস, ঐক্য আৰু নিস্বাৰ্থ সেৱাৰ মূল্যবোধৰাজিক সংৰক্ষণ কৰা আৰু জীৱন যাত্ৰাৰ সৰ্ব স্তৰৰ লোকৰ আধ্যাত্মিক, সাংস্কৃতিক, শাৰীৰিক আৰু আৱেগিক প্ৰয়োজনীয়তাসমূহ পূৰণ কৰা। ই বিশ্বব্যাপী প্ৰচাৰ প্ৰচেষ্টাৰাজিৰে মানৱীয় কাৰ্য্যকলাপ হাতত লৈ আহিছে। | ১৪ ডিচেম্বৰত আহমেদাবাদত প্ৰমুখ স্বামী মহাৰাজ শতাব্দী মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয় |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.