source_url
stringlengths
202
245
target_url
stringlengths
202
245
text
stringlengths
169
36.1k
summary
stringlengths
26
293
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%9B%E0%A7%8C%E0%A6%A6%E0%A6%BF-%E0%A6%86%E0%A7%B0%E0%A7%B1%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4-%E0%A6%97%E0%A7%83/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%9B%E0%A7%8C%E0%A6%A6%E0%A6%BF-%E0%A6%86%E0%A7%B0%E0%A7%B1%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4-%E0%A6%97%E0%A7%83/
প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত ভাৰত আৰু ছৌদি আৰৱৰ মাজত গৃহ নিৰ্মাণৰ ক্ষেত্রত সহযোগিতাৰ লক্ষ্যৰে ২০১৯ৰ ফেব্ৰুৱাৰীত স্বাক্ষৰিত বুজাবুজি চুক্তিৰ সন্দৰ্ভত অৱগত কৰা হয়৷ এই বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ ফলত সুলভ তথা কম আয়ৰ লোকসকলৰ বাবে গৃহ নিৰ্মাণকে ধৰি সংশ্লিষ্ট ক্ষেত্রৰ সৈতে জড়িত কাৰিকৰীগত সহায় আৰু বৃদ্ধি পাব। তদুপৰি, উভয় দেশৰ গৃহ আৰু আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহত বিভিন্ন কর্তৃপক্ষ আৰু সংস্থাৰ অংশগ্ৰহণ আৰু অধিক বৃদ্ধি পাব। গৃহ নির্মাণৰ সৈতে জড়িত আধুনিক নির্মাণ প্ৰযুক্তি উদ্ভাৱন তথা হস্তান্তৰসহ জ্ঞান আৰু অভিজ্ঞতা বিনিময়ৰ লগতে সংশ্লিষ্ট ক্ষেত্রত গৱেষণা আৰু উন্নয়নমূলক কাম-কাজো বৃদ্ধি পাব৷
ভাৰত আৰু ছৌদি আৰৱৰ মাজত গৃহ নিৰ্মাণৰ ক্ষেত্রত সহযোগিতাৰ লক্ষ্যৰে স্বাক্ষৰিত বুজাবুজি চুক্তিৰ সন্দৰ্ভত অৱগত কৰিলে কেবিনেটক
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%85%E0%A6%A8%E0%A7%8D%E0%A6%A7%E0%A7%8D%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%A8-2/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%85%E0%A6%A8%E0%A7%8D%E0%A6%A7%E0%A7%8D%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%A8-2/
অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন ৰাজ্যপাল তথা কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী কুমুদবেন যোশীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে গুজৰাটী ভাষাত এইদৰে টুইট কৰে; ‘অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন ৰাজ্যপাল তথা কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী কুমুদবেন যোশীজীৰ মৃত্যুৰ বাতৰি অতি দুখজনক। নাৰী সবলীকৰণ আৰু জনসেৱাৰ ক্ষেত্ৰত তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব। তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি সমবেদনা জনাইছোঁ। তেওঁৰ আত্মাৰ শান্তি কামনা কৰিছোঁ। ওম শান্তি…’
অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন ৰাজ্যপাল শ্ৰীমতী কুমুদবেন যোশীৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A6%A4%E0%A7%8D%E0%A6%AE-2/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A6%A4%E0%A7%8D%E0%A6%AE-2/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহান সমাজ সংস্কাৰক, দাৰ্শনিক তথা লেখক মহাত্মা জ্যোতিবা ফুলেক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। শ্ৰী মোদীয়ে কয় যে সামাজিক ন্যায়ৰ পুৰোধা আৰু অসংখ্য লোকৰ বাবে আশাৰ স্ৰোত হিচাপে মহাত্মা ফুলেৰ ব্যাপক সন্মান আছে। তেওঁ সামাজিক সমতা, মহিলা সবলীকৰণ আৰু শিক্ষাক উদগণি দিবলৈ অক্লান্ত কাৰ্য কৰিলে। প্ৰধানমন্ত্ৰীয়ে নিজৰ 'মন কী বাত' কাৰ্যক্ৰমৰ জৰিয়তে মহান বিচাৰক জ্যোতিবা ফুলেৰ বিষয়ে নিজৰ মত প্ৰকাশ কৰিছিল, য'ত শ্ৰী মোদীয়ে কৈছিল যে মহাত্মা ফুলেই বালিকাসকলৰ বাবে স্কুল আৰম্ভ কৰিছিল আৰু কন্যা শিশু হত্যাৰ বিৰুদ্ধে মাত মাতিছিল। তেওঁ জল সংকটৰ সমাধানৰ বাবেও অভিযান চলাইছিল। এলানি টুইটত প্ৰধানমন্ত্ৰীয়ে কৈছে: "সামাজিক ন্যায়ৰ পুৰোধা আৰু অসংখ্য লোকৰ বাবে আশাৰ স্ৰোত হিচাপে মহাত্মা ফুলেৰ ব্যাপক সন্মান আছে। তেওঁৰ বহুমুখী ব্যক্তিত্ব আছিল আৰু তেওঁ সামাজিক সমতা, মহিলা সবলীকৰণ আৰু শিক্ষাক উদগণি দিবলৈ অক্লান্ত কাৰ্য কৰিলে। তেওঁৰ জয়ন্তীত তেওঁক শ্ৰদ্ধাঞ্জলি।" "আজি মহাত্মা ফুলেৰ জয়ন্তী আৰু কেইদিনমানতে ১৪ তাৰিখে আম্বেদকাৰ জয়ন্তী। যোৱা মাহত #MannKiBaatত দুয়োকে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছিলো। ভাৰত মহাত্মা ফুলে আৰু ডাঃ বাবাচাহেব আম্বেদকাৰৰ প্ৰতি তেওঁলোকৰ মহান অৱদানৰ বাবে সদায় কৃতজ্ঞ হৈ থাকিব।"
প্ৰধানমন্ত্ৰীয়ে মহাত্মা জ্যোতিবা ফুলেক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A7%B1%E0%A6%B8%E0%A6%BE%E0%A7%B0%E0%A7%80%E0%A6%A4-%E0%A6%8F-%E0%A6%8F%E0%A6%AE-%E0%A6%A8%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%95-%E0%A6%B9%E0%A7%87%E0%A6%B2%E0%A7%8D%E0%A6%A5%E0%A6%95/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A7%B1%E0%A6%B8%E0%A6%BE%E0%A7%B0%E0%A7%80%E0%A6%A4-%E0%A6%8F-%E0%A6%8F%E0%A6%AE-%E0%A6%A8%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%95-%E0%A6%B9%E0%A7%87%E0%A6%B2%E0%A7%8D%E0%A6%A5%E0%A6%95/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৱসাৰীত এ.এম.নায়ক হেল্থকেয়াৰ কমপ্লেক্স আৰু নিৰালী মাল্টি স্পেচিয়েলিটি হস্পিটেল উদ্বোধন কৰে। তেওঁ খাৰেল শিক্ষা কমপ্লেক্সটোও ভাৰ্চুৱেলী উদ্বোধন কৰে। অনুষ্ঠানত গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেলৰ সৈতে আন ভালেমান গণ্য-মান্য লোক উপস্থিত আছিল। অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি নৱসাৰীয়ে বহুতো প্ৰকল্প লাভ কৰিছে যিয়ে অঞ্চলটোৰ লোকসকলৰ জীৱন ধাৰণ সহজ কৰি তোলাত সহায় কৰি তুলিব। তেওঁ নিৰালী ট্ৰাষ্ট আৰু শ্ৰী এ এম নায়কৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰে যিয়ে ব্যক্তিগত ট্ৰেজেডীক সুযোগলৈ ৰূপান্তৰিত কৰিছে যাতে আন কোনো পৰিয়ালে এনে পৰিস্থিতিৰ সন্মুখীন হ'ব নালাগে। প্ৰধানমন্ত্ৰী মোদীয়ে আধুনিক স্বাস্থ্য কমপ্লেক্স আৰু মাল্টি স্পেচিয়েলিটি চিকিৎসালয়ৰ বাবে নৱসাৰীৰ লোকসকলক অভিনন্দন জনায়। প্ৰধানমন্ত্ৰীয়ে কয় যে দৰিদ্ৰ লোকসকলৰ সবলীকৰণ আৰু জীৱন সহজতৰ কৰাৰ বাবে স্বাস্থ্য সুবিধাসমূহৰ আধুনিকীকৰণ আৰু ইয়াৰ উপলব্ধতা গুৰুত্বপূৰ্ণ। তেওঁ আৰু কয়, "আমি দেশৰ স্বাস্থ্য খণ্ডৰ উন্নতিৰ বাবে যোৱা ৮ বছৰত এক সামগ্ৰিক দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰিছোঁ"। তেওঁ আৰু কয় যে চিকিৎসাৰ সুবিধাসমূহৰ আধুনিকীকৰণৰ লগতে পুষ্টি আৰু পৰিষ্কাৰ জীৱনশৈলী উন্নত কৰাৰ প্ৰচেষ্টা কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয়, "আমি দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীক ৰোগৰ পৰা সুৰক্ষিত কৰাৰ লক্ষ্য ৰাখিছোঁ আৰু ৰোগৰ ক্ষেত্ৰত ব্যয় হ্ৰাস কৰাটো হৈছে আমাৰ লক্ষ্য।" তেওঁ গুজৰাটৰ স্বাস্থ্যসেৱা আন্তঃগাঁথনি আৰু স্বাস্থ্যসেৱা সম্বন্ধীয় সূচকৰ উন্নতিৰ কথা উল্লেখ কৰে যিহেতু গুজৰাটে নীতি আয়োগৰ বহনক্ষম উন্নয়ন লক্ষ্য সূচকাংকত শীৰ্ষস্থান দখল কৰিছে। প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ দিনবোৰৰ কথা স্মৰণ কৰে যেতিয়া তেওঁ স্বাস্থ্যৱান গুজৰাট, উজ্জ্বল গুজৰাট, মুখ্যমন্ত্ৰী অমৃতম যোজনাৰ দৰে আঁচনি আৰম্ভ কৰিছিল। তেওঁ কয় যে এই অভিজ্ঞতাই সমগ্ৰ দেশৰ দৰিদ্ৰ লোকসকলক সেৱা আগবঢ়োৱাত সহায় কৰিছে। তেওঁ কয় যে আয়ুষ্মান ভাৰতৰ অধীনত গুজৰাটত ৪১ লাখ ৰোগীয়ে বিনামূলীয়া চিকিৎসাৰ সুবিধা গ্ৰহণ কৰিছে, ইয়াৰে বহুতো মহিলা, বঞ্চিত আৰু জনজাতীয় লোক। আঁচনিখনে ৰোগীসকলৰ ৭ হাজাৰ কোটিৰো অধিক টকা ৰাহি কৰিছে। গুজৰাটে ৭.৫ হাজাৰতকৈও অধিক স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ আৰু ৬০০ 'দীনদয়াল ঔষধালয়' লাভ কৰিছে। গুজৰাটৰ চৰকাৰী চিকিৎসালয়সমূহ কৰ্কট ৰোগৰ দৰে ৰোগৰ উন্নত চিকিৎসাৰ সৈতে মোকাবিলা কৰিবলৈ সুসজ্জিত। ভাৱনগৰ, জামনগৰ, ৰাজকোট আদিৰ দৰে বহুতো চহৰত কৰ্কট ৰোগৰ চিকিৎসাৰ সুবিধা উপলব্ধ হৈছে। বৃক্ক ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত ৰাজ্যখনত আন্তঃগাঁথনিৰ একেই সম্প্ৰসাৰণ দেখিবলৈ পোৱা গৈছে। প্ৰধানমন্ত্ৰীয়ে মহিলা আৰু শিশুসকলৰ স্বাস্থ্য আৰু পুষ্টিৰ মাপকাঠিৰ উন্নতিৰ কথাও উল্লেখ কৰে। তেওঁ প্ৰতিষ্ঠানগত প্ৰসৱৰ বাবে চিৰঞ্জীৱী যোজনাৰ কথা উল্লেখ কৰে, যাৰ ফলত ১৪ লাখ মাতৃ উপকৃত হৈছে। প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে গুজৰাটৰ চিৰঞ্জীৱী আৰু খিখিলাহাট আঁচনিসমূহ ৰাষ্ট্ৰীয় পৰ্যায়ত মিছন ইন্দ্ৰধনুষ আৰু প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনালৈ সম্প্ৰসাৰিত কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনত চিকিৎসা শিক্ষা উন্নত কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়েও অৱগত কৰে। তেওঁ কয়, ৰাজকোটত এইমছ আহি আছে, ৰাজ্যখনত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ৩০ খন হৈছে আৰু এমবিবিএছৰ আসন ১১০০ ৰ পৰা ৫৭০০লৈ বৃদ্ধি পাইছে আৰু স্নাতকোত্তৰ আসন মাত্ৰ ৮০০ৰ পৰা ২০০০ লৈকে বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ জনসাধাৰণৰ সেৱাৰ মনোভাৱক অভিবাদন জনাই নিজৰ ভাষণ শেষ কৰে। তেওঁ কয়, "গুজৰাটৰ জনসাধাৰণৰ বাবে স্বাস্থ্য আৰু সেৱা হৈছে জীৱনৰ লক্ষ্য। আমাৰ ওচৰত বাপুৰ দৰে মহান ব্যক্তিৰ অনুপ্ৰেৰণা আছে যিয়ে সেৱাক দেশৰ শক্তিলৈ ৰূপান্তৰ কৰিছিল। গুজৰাটৰ এই উদ্যম আজিও শক্তিৰে পৰিপূৰ্ণ। ইয়াত আটাইতকৈ সফল ব্যক্তিজনো কিছুমান সেৱাৰ কামৰ সৈতে জড়িত। প্ৰধানমন্ত্ৰীয়ে সামৰণিত কয় যে, গুজৰাটৰ সেৱাৰ মনোভাব ইয়াৰ সামৰ্থ্য বৃদ্ধিৰ সৈতে একেলগে বৃদ্ধি পাব।
নৱসাৰীত এ.এম. নায়ক হেল্থকেয়াৰ কমপ্লেক্স আৰু নিৰালী মাল্টি স্পেচিয়েলিটি হস্পিটেল উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%85%E0%A6%97%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%82%E0%A6%A4-%E0%A6%97%E0%A7%8D%E0%A7%B0%E0%A7%81%E0%A6%AA-%E0%A6%85%E0%A6%AB-%E0%A6%A8%E0%A6%BF%E0%A6%89%E0%A6%9C%E0%A6%AA%E0%A7%87%E0%A6%AA/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%85%E0%A6%97%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%82%E0%A6%A4-%E0%A6%97%E0%A7%8D%E0%A7%B0%E0%A7%81%E0%A6%AA-%E0%A6%85%E0%A6%AB-%E0%A6%A8%E0%A6%BF%E0%A6%89%E0%A6%9C%E0%A6%AA%E0%A7%87%E0%A6%AA/
অসমৰ শক্তিমান মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা জী, মন্ত্ৰী শ্ৰী অতুল বৰা জী, কেশব মহন্ত জী, পীযুষ হাজৰিকা জী, গোল্ডেন জুবিলি চেলিব্ৰেচন কমিটিৰ অধ্যক্ষ ডাঃ দয়ানন্দ পাঠক জী, অগ্ৰদূতৰ চীফ এডিটৰ তথা কলমেৰে ইমান দীঘলীয়া সময় ধৰি যিজনে তপস্যা কৰিছে, সাধনা কৰিছে, সেইজন কনকসেন ডেকা জী, অন্য মহানুভৱ, দেৱী আৰু সজ্জন, অসমীয়া ভাষাত উত্তৰ পূবৰ শক্তিশালী কণ্ঠ, দৈনিক অগ্ৰদূতৰ সৈতে জড়িত সকলো বন্ধু, সাংবাদিক, কৰ্মচাৰী আৰু পাঠকক ৫০ বছৰ- পাঁচ দশকৰ সোণালী যাত্ৰাৰ বাবে মই বহুত বহুত অভিনন্দন জনাইছো, বহুত বহুত শুভকামনা জনাইছো। অনাগত সময়ত অগ্ৰদূতে নতুন উচ্চতা স্পৰ্শ কৰক, ভাই প্ৰাঞ্জল আৰু যুৱ টীমক মই ইয়াৰ বাবে শুভকামনা জনাইছো। এই সমাৰোহৰ বাবে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ বাছনিও নিজে নিজেই অদ্ভুত সংযোগ। শ্ৰীমন্ত শংকৰদেৱে অসমীয়া কাব্য আৰু ৰচনাৰ মাধ্যমত এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ ধাৰণাক শক্তিশালী কৰিছিল। সেই মূল্যকে দৈনিক অগ্ৰদূতেও নিজৰ সাংবাদিকতাৰে সমৃদ্ধ কৰিছে। দেশত সদ্ভাৱৰ, একতাৰ, বন্তি জ্বলাই ৰখাত আপোনালোকৰ কাকতে সাংবাদিকতাৰ মাধ্যমত বৃহৎ ভূমিকা পালন কৰিছে। ডেকা জীৰ মাৰ্গদৰ্শনত দৈনিক অগ্ৰদূতে সদায়েই ৰাষ্ট্ৰহিতক সৰ্বোপৰি ৰাখিছে। ইমাৰ্জেঞ্চীৰ সময়তো যেতিয়া গণতন্ত্ৰৰ ওপৰত সবাতোকৈ ডাঙৰ আক্ৰমণ হয়, তেতিয়াও দৈনিক অগ্ৰদূত আৰু ডেকা জীয়ে সাংবাদিকতাৰ প্ৰমূল্যৰ ক্ষেত্ৰত আপোচ কৰা নাই। তেওঁ কেৱল অসমতে ভাৰতীয়তাৰে ওতঃপ্ৰোত সাংবাদিকতাক শক্তিশালী কৰা নাই, বৰং মূল্য আধাৰিত সাংবাদিকতাৰ বাবে এটা নতুন প্ৰজন্মও প্ৰস্তুত কৰে। স্বাধীনতাৰ ৭৫তম বৰ্ষত দৈনিক অগ্ৰদূতৰ সোণালী জয়ন্তী সমাৰোহ কেৱল এটা পৰ্যায়ত গৈ উপনীত হোৱা নহয়, বৰং এয়া স্বাধীনতাৰ অমৃত কালত সাংবাদিকতাৰ বাবে, ৰাষ্ট্ৰীয় কৰ্তব্যৰ বাবে প্ৰেৰণাও। বন্ধুসকল, যোৱা কিছু দিনৰ পৰা অসম বানৰ ৰূপত ডাঙৰ প্ৰত্যাহ্বান আৰু জটিলতাৰ সন্মুখীনো হৈ আছে। অসমৰ বহু জিলাত সাধাৰণ জীৱন বহুত প্ৰভাৱিত হৈছে। হিমন্ত জী আৰু তেওঁৰ টীমে সাহায্য আৰু উদ্ধাৰৰ বাবে দিনে-নিশাই পৰিশ্ৰম কৰি আছে। মোৰো সময়ে সময়ে তাক লৈ তাৰ বহু মানুহৰ সৈতে কথা-বতৰা হৈ আছে। মুখ্যমন্ত্ৰী জীৰে কথা-বতৰা হৈ আছে। মই আজি অসমৰ মানুহক, অগ্ৰদূতৰ পাঠকসকলক এই ভৰষা দিছো যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে লগ হৈ, তেওঁলোকৰ সংকট কম কৰাত লাগি আছে। বন্ধুসকল, ভাৰতৰ পৰম্পৰা, সংস্কৃতি, স্বাধীনতা সংগ্ৰাম আৰু বিকাশ যাত্ৰাত ভাৰতীয় ভাষাৰ সাংবাদিকতাৰ ভূমিকা অগ্ৰণী হৈ আছে। অসম তো সাংবাদিকতাৰ ক্ষেত্ৰত বহুত জাগ্ৰত ক্ষেত্ৰ। আজিৰ পৰা প্ৰায় দেৰশ বছৰৰ আগতেই অসমীয়াত সাংবাদিকতা আৰম্ভ হৈছিল আৰু যি সময়ৰ লগে লগে সমৃদ্ধ হৈ থাকিল। অসমে এনেকুৱা বহু সাংবাদিক, এনেকুৱা বহু সম্পাদক দেশক দিছে, যি ভাষিক সাংবাদিকতাক নতুন পৰিসৰ দিছে। আজিও এই সাংবাদিকতাই সাধাৰণ লোকক চৰকাৰ আৰু সফলতাক সংযুক্ত কৰাত বহুত ডাঙৰ সেৱা কৰি আছে। বন্ধুসকল, দৈনিক অগ্ৰদূতৰ যোৱা ৫০ বছৰৰ যাত্ৰাই অসমত হোৱা পৰিৱৰ্তনৰ কাহিনী শুনায়। জন আন্দোলনে এই পৰিৱৰ্তনক সাকাৰ কৰাত বিশেষ ভূমিকা পালন কৰিছে। জন আন্দোলনে অসমৰ সাংস্কৃতিক ঐতিহ্য আৰু অসমীয়া গৌৰৱৰ ৰক্ষা কৰিছে। আৰু এতিয়া জন অংশগ্ৰহণৰ জৰিয়তে অসমে বিকাশৰ নতুন গাঁথা লিখি আছে। বন্ধুসকল, ভাৰতৰ এই সমাজত গণতন্ত্ৰ এইবাবেই নিহিত আছে কিয়নো ইয়াত আলোচনাৰে, চিন্তাৰে, প্ৰতিটো মতভেদ দূৰ কৰাৰ পথ আছে। যেতিয়া সংবাদ হয়, তেতিয়া সমাধান ওলায়। সংবাদেৰেই সম্ভাৱনাৰ বিস্তাৰ হয়। সেয়ে ভাৰতীয় গণতন্ত্ৰত জ্ঞানৰ প্ৰৱাহৰ লগতে তথ্যৰ প্ৰৱাহো অবিৰত বৈ থাকিল আৰু নিৰন্তৰ বৈ আছে। অগ্ৰদূতো এই পৰম্পৰাক আগবঢ়াই নিয়াৰ মহত্বপূৰ্ণ মাধ্যম হৈ আছে। বন্ধুসকল, আজিৰ পৃথিৱীত আমি য'তেই নাথাকো, আমাৰ মাতৃভাষাত ওলোৱা কাকতে আমাক ঘৰৰ সৈতে সংযুক্ত হোৱাৰ অনুভৱ কৰায়। আপোনালোকেও জানে যে অসমীয়া ভাষাত ছপা হোৱা দৈনিক অগ্ৰদূত সপ্তাহত দুবাৰ ছপা হৈছিল। তাৰ পৰা আৰম্ভ হোৱা ইয়াৰ যাত্ৰা প্ৰথমে দৈনিক কাকত হোৱালৈকে যায় আৰু এতিয়া ই ই-পেপাৰৰ ৰূপত অনলাইনো আছে। পৃথিৱীৰ যিকোনো প্ৰান্তত থাকিও আপুনি অসমৰ খবৰৰ সৈতে সংযুক্ত হৈ থাকিব পাৰে, অসমৰ সৈতে সংযুক্ত হৈ থাকিব পাৰে। এই কাকতখনৰ বিকাশ যাত্ৰাত আমাৰ দেশৰ পৰিৱৰ্তন আৰু ডিজিটেল বিকাশৰ ৰেঙনি দেখা যায়। ডিজিটেল ইণ্ডিয়া আজি লোকেল কানেক্টৰ শক্তিশালী মাধ্যম হৈ পৰিছে। আজি যিজন লোকে অনলাইন কাকত পঢ়ে, তেওঁ অনলাইন পেমেণ্টো কৰিব জানে। দৈনিক অগ্ৰদূত আৰু আমাৰ মিডিয়া অসম আৰু দেশৰ এই পৰিৱৰ্তনৰ সাক্ষী হৈ আছে। বন্ধুসকল, স্বাধীনতাৰ ৭৫ বছৰ যি সময়ত আমি সম্পূৰ্ণ কৰি আছো, সেই সময়ত এটা প্ৰশ্ন আমি জৰুৰ সুধিব লাগে। Intellectual space কোনো বিশেষ ভাষাক জনা কিছুসংখ্যক লোকৰ মাজতে কিয় সীমিত থাকিব লাগে? এই প্ৰশ্ন কেৱল আৱেগৰ নহয়, বৰং বিজ্ঞান সন্মত যুক্তিৰো। আপুনি অলপ ভাবক, যোৱা ৩টা ঔদ্যোগিক ক্ৰান্তিত ভাৰতে ৰিছাৰ্চ এণ্ড ডেভেলপমেণ্টত পিছপৰি কিয় থাকিল? যিহেতু ভাৰতৰ ওচৰত জ্ঞানৰ, জনাৰ-বুজাৰ, নতুন চিন্তা কৰাৰ, নতুন কৰাৰ পৰম্পৰা শতিকাজুৰি চলি আহিছে। ইয়াৰ এটা ডাঙৰ কাৰণ এইটো যে আমাৰ এই সম্পদ ভাৰতীয় ভাষাত আছিল। দাসত্বৰ দীঘলীয়া কালখণ্ডত ভাৰতীয় ভাষাৰ বিস্তাৰক বাধা দিয়া হ'ল, আৰু আধুনিক জ্ঞান-বিজ্ঞান, গৱেষণাক এটা-দুটা ভাষাত সীমিত কৰি দিয়া হ'ল। ভাৰতৰ বহুত ডাঙৰ বৰ্গৰ সেই ভাষালৈকে, সেই জ্ঞানলৈকে প্ৰাপ্তিয়েই নাছিল। অৰ্থাৎ বুদ্ধিমত্তাৰ, বিশেষীকৰণৰ পৰিসৰ নিৰন্তৰ সংক্ষিপ্ত হৈ গ'ল। যাৰ ফলত আৱিস্কাৰ আৰু উদ্ভাৱনৰ কামো সীমিত হৈ গ'ল। ২১শ শতিকাত যেতিয়া পৃথিৱী চতুৰ্থ ঔদ্যোগিক ক্ৰান্তিৰ দিশত অগ্ৰসৰ হৈ আছে তেতিয়া ভাৰতৰ ওচৰত পৃথিৱীক নেতৃত্ব দিয়াৰ বহুত ডাঙৰ সুযোগ আছে। এই সুযোগ আমাৰ ডেটা পাৱাৰৰ বাবে আছে, ডিজিটেল ইনক্লুজ্যনৰ কাৰণে আছে। যিকোনো ভাৰতীয়ই best information, best knowledge, best skill আৰু best opportunityৰ পৰা কেৱল ভাষাৰ কাৰণে বঞ্চিত হৈ নাথাকক, এয়া আমাৰ প্ৰয়াস। সেয়ে আমি ৰাষ্ট্ৰীয় শিক্ষা নীতিত ভাৰতীয় ভাষাত পঢ়াক উৎসাহিত কৰিছো। মাতৃভাষাত পঢ়া এই ছাত্ৰ-ছাত্ৰী কাইলৈ যি বৃত্তিতেই যাওক লাগে, তেওঁৰ নিজৰ ঠাইৰ প্ৰয়োজন আৰু নিজৰ মানুহৰ আকাংক্ষাৰ উপলব্ধি থাকিব। ইয়াৰ লগতে এতিয়া আমাৰ প্ৰয়াস আছে যে ভাৰতীয় ভাষাত পৃথিৱীৰ উন্নত কণ্টেণ্ট উপলব্ধ হওক। ইয়াৰ বাবে national language translation missionৰ ওপৰত আমি কাম কৰি আছো। প্ৰয়াস কৰা হৈছে যে ইণ্টাৰনেট, জ্ঞানৰ, তথ্যৰ বহুত ডাঙৰ ভাণ্ডাৰ, তাক প্ৰতিজন ভাৰতীয়ই নিজৰ ভাষাত প্ৰয়োগ কৰিব পাৰক। দুদিন পূৰ্বে ইয়াৰ বাবে ভাষীনী প্লেটফর্ম লঞ্চ কৰা হৈছে। এয়া ভাৰতীয় ভাষাৰ Unified Language Interface, প্ৰতিজন ভাৰতীয়ক ইণ্টাৰনেটৰ সৈতে সহজেই সংযুক্ত কৰাৰ প্ৰয়াস। যাতে তেওঁলোক তথ্যৰ, জ্ঞানৰ এই আধুনিক স্ৰোতৰ সৈতে, চৰকাৰৰ সৈতে, চৰকাৰী সুবিধাৰ সৈতে সহজেই নিজৰ ভাষাৰে সংযুক্ত হ'ব পাৰে, সংবাদ কৰিব পাৰে। ইণ্টাৰনেটক কোটি কোটি ভাৰতীয়ক নিজৰ ভাষাত উপলব্ধ কৰোৱা সামাজিক আৰু অৰ্থনৈতিক, সকলো পদক্ষেপতকৈ মহত্বপূৰ্ণ। সকলোতকৈ ডাঙৰ কথা হৈছে ই এক ভাৰত, শ্ৰেষ্ঠ ভাৰতক শক্তিশালী কৰিবলৈ, দেশৰ বেলেগ বেলেগ ৰাজ্যৰ সৈতে সংযুক্ত হ'বলৈ, ফুৰা-চকা কৰিবলৈ আৰু সংস্কৃতিক বুজিবলৈ ই বহুত ডাঙৰ সহায় কৰিব। বন্ধুসকল, অসম সহিতে সমগ্ৰ উত্তৰ পূব পৰ্যটন, সংস্কৃতি আৰু জৈৱবৈচিত্ৰ্যৰ দিশত বহুত সমৃদ্ধ। তথাপিও এতিয়ালৈকে এই সমগ্ৰ ক্ষেত্ৰখন সিমান explore হোৱা নাই। অসমৰ ওচৰত ভাষা, গীত-সংগীতৰ ৰূপত যি সমৃদ্ধ ঐতিহ্য আছে, সেয়া দেশ আৰু বিশ্বলৈকে গৈ পাব লাগে। যোৱা ৮ বছৰৰ পৰা অসম আৰু সমগ্ৰ উত্তৰ পূবক আধুনিক কানেক্টিভিটি হিচাপে সংযুক্ত কৰাৰ অভূতপূৰ্ব প্ৰয়াস চলি আছে। ইয়াৰ ফলত অসমৰ, উত্তৰ-পূবৰ, ভাৰতৰ বিকাশত অংশগ্ৰহণ অহৰহ বাঢ়ি আছে। এতিয়া ভাষাৰ দিশতো এই ক্ষেত্ৰখন ডিজিটেল কানেক্ট হ'লে অসমৰ সংস্কৃতি, জনজাতীয় পৰম্পৰা আৰু পৰ্যটন বহুত লাভবান হ'ব। বন্ধুসকল, সেয়ে মোৰ অগ্ৰদূতৰ দৰে দেশৰ সকলো ভাষাৰ সাংবাদিকতা কৰা সংস্থানৰ প্ৰতি বিশেষ নিবেদন থাকিব যে ডিজিটেল ইণ্ডিয়াৰ এনেকুৱা প্ৰতিটো প্ৰয়াসৰ প্ৰতি নিজৰ পাঠকসকলক সজাগ কৰক। ভাৰতৰ tech futureক সমৃদ্ধ আৰু শক্তিশালী কৰিবলৈ সকলোৰে প্ৰয়াসৰ প্ৰয়োজন। স্বচ্ছ ভাৰত মিছনৰ দৰে অভিযানত আমাৰ মিডিয়াই যি সকাৰাত্মক ভূমিকা পালন কৰিলে, তাৰ সমগ্ৰ দেশ আৰু বিশ্বত আজিও প্ৰশংসা হয়। এনেকৈয়ে, অমৃত মহোৎসৱত দেশৰ সংকল্পতো আপোনালোক ভাগীদাৰ হৈ ইয়াক এটা গতি দিয়ক, নতুন শক্তি দিয়ক। অসমত জল সংৰক্ষণ আৰু ইয়াৰ গুৰুত্বৰ সৈতে আপোনালোক ভালদৰে পৰিচিত। এই দিশতে দেশে এই সময়ত অমৃত সৰোবৰ অভিযানক আগবঢ়াই আছে। দেশে প্ৰতিখন জিলাত ৭৫টা অমৃত সৰোবৰৰ বাবে কাম কৰি আছে। ইয়াত সম্পূৰ্ণ বিশ্বাস আছে যে অগ্ৰদূতৰ মাধ্যমত অসমৰ কোনো নাগৰিক এনেকুৱা নহ'ব যি ইয়াৰ সৈতে সংযুক্ত নহ'ব, সকলোৰে প্ৰয়াসে নতুন গতি দিব পাৰে। এনেকৈয়ে, স্বাধীনতাৰ সংগ্ৰামত অসমৰ স্থানীয় লোকৰ, আমাৰ আদিবাসী সমাজৰ ইমান ডাঙৰ যোগদান আছে। এটা সংবাদ সংস্থানৰ ৰূপত এই গৌৰৱশালী অতীতক প্ৰতিজন লোকৰ ওচৰলৈ লৈ যোৱাত আপোনালোকে ডাঙৰ ভূমিকা পালন কৰিব পাৰে। মোৰ বিশ্বাস আছে যে অগ্ৰদূতে সমাজৰ এই সকাৰাত্মক প্ৰয়াসক শক্তি দিয়াৰ নিজৰ কৰ্তব্য যাক যোৱা ৫০ বছৰ ধৰি পালন কৰি আহিছে, অনাগত বহু দশকলৈও পালন কৰিব, এনেকুৱা মোৰ সম্পূৰ্ণ বিশ্বাস আছে। অসমৰ মানুহ আৰু অসমৰ সংস্কৃতিৰ বিকাশত সি নেতা হিচাপে কাম কৰি থাকিব। Well informed, better informed societyহে আমাৰ সকলোৰে কাম্য হওক, আমি সকলোৱেই মিলি ইয়াৰ বাবে কাম কৰো, এই সদিচ্ছাৰে এবাৰ আকৌ আপোনালোকক সোণালী যাত্ৰাৰ অভিনন্দন আৰু উন্নত ভৱিষ্যতৰ বহুত বহুত শুভকামনা!
অগ্ৰদূত গ্ৰুপ অফ নিউজপেপাৰ্ছৰ সোণালী জয়ন্তী সমাৰোহৰ উদ্বোধন উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9A%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0%E0%A6%9E%E0%A7%8D%E0%A6%9C%E0%A6%A8-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC-%E0%A6%95%E0%A7%B0/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9A%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0%E0%A6%9E%E0%A7%8D%E0%A6%9C%E0%A6%A8-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC-%E0%A6%95%E0%A7%B0/
নমস্কাৰ, পশ্চিম বংগৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰীমতী মমতা জী, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহকৰ্মী মনসুখ মাণ্ডাভিয়া জী, সুভাষ সৰকাৰ জী, শান্তনু ঠাকুৰ জী, জন বাৰলা জী, নিশীথ প্রামাণিক জী, বিৰোধী দলৰ নেতা সুভেন্দু অধিকাৰী জী, চিএনচিআই, কলকাতাৰ পৰিচালনা কমিটিৰ সদস্যসকল, স্বাস্থ্য খণ্ডৰ সকলো কঠোৰ পৰিশ্ৰমী সহকৰ্মী, আন-আন গণ্যমান্য লোক আৰু ভদ্ৰলোকসকল! আজি আমি দেশখনৰ প্ৰতিজন নাগৰিকলৈ মানসম্পন্ন স্বাস্থ্য সুবিধা প্ৰদানৰ ৰাষ্ট্ৰীয় সংকল্প শক্তিশালীকৰণৰ সময়তে আন এটি পদক্ষেপ গ্ৰহণ কৰিছো। চিত্তৰঞ্জন ৰাষ্ট্ৰীয় কৰ্কট প্ৰতিষ্ঠানৰ এই দ্বিতীয় চৌহদে পশ্চিম বংগৰ বহু নাগৰিকৰ বাবে যথেষ্ট সুবিধা প্ৰশস্ত কৰিছে। ই কৰ্কট ৰোগৰ সৈতে যুঁজি থকাসকলকে প্ৰমুখ্য কৰি দৰিদ্ৰ, মধ্যবিত্ত শ্ৰেণীৰ পৰিয়ালসমূহক যথেষ্ট সকাহ প্ৰদান কৰিব। কৰ্কট ৰোগ-সম্পৰ্কীয় চিকিৎসা, অস্ত্ৰোপচাৰ আৰু ইয়াৰে সম্পৰ্কীয় চিকিৎসা এতিয়া কলকাতাৰ এই আধুনিক চিকিৎসালয়খনৰ বাবে অধিক সুলভ হৈ পৰিব। কমৰেড, আজি দেশখনে আন এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অতিক্ৰম কৰিছে। দেশখনে বছৰটো ১৫ ৰপৰা ১৮ বছৰ বয়সীয়া চেমনীয়াৰ টিকাকৰণেৰে আৰম্ভ কৰিছিল। একে সময়তে, বছৰৰ প্ৰথমটো মাহৰ প্ৰথম সপ্তাহত, ভাৰতে লগতে ১৫০ কোটি-১.৫ বিলিয়ন ভেকছিন পালিৰ ঐতিহাসিক মাইলৰ খুঁটিতো উপনীত হৈছে। ১৫০ কোটি ভেকছিন পালি, সেয়াও এবছৰতকৈ কম সময়ৰ ভিতৰত! পৰিসংখ্যা অনুসৰি এয়া এটা অতি ডাঙৰ সংখ্যা, ই আনকি বিশ্বখনৰ বেছিভাগ ডাঙৰ দেশৰ বাবেও আচৰিত হোৱাৰ কথা, কিন্তু ভাৰতৰ বাবে ই ১৩০ কোটি দেশবাসীৰ শক্তিৰ প্ৰতীক। ভাৰতৰ বাবে, ই এক নতুন ইচ্ছাৰ প্ৰতীক য'ত আছে অসম্ভৱক সম্ভৱ কৰি তুলিবলৈ যিকোনো কাম কৰাৰ সাহস। ভাৰতৰ বাবে, ই আত্ম-বিশ্বাসৰ প্ৰতীক, ই আত্ম-নিৰ্ভৰশীলতাৰ প্ৰতীক, ই আত্ম-গৌৰৱৰ প্ৰতীক! আজি এই উপলক্ষে মই প্ৰতিজন দেশবাসীক অভিনন্দন জনাইছো। কমৰেড, ক’ৰোনাৰ বিৰুদ্ধে যুঁজখনত আমাৰ এই টিকাকৰণ কাৰ্য্যক্ৰমণিকা যিমান গুৰুত্বপূৰ্ণ সিমানেই বিপদজনক এই পৰিৱৰ্তিত ক’ৰোনা ভাইৰাছ। আজি আকৌ এবাৰ বিশ্বখনে ক’ৰোনাৰ নতুন অ’মিক্ৰন প্ৰজাতিৰ মুখামুখি হৈছে। এই নতুন প্ৰজাতিৰ কাৰণে আমাৰ দেশতো ঘটনাসমূহ দ্ৰুতগতিত বৃদ্ধি পাইছে। সেয়েহে, ১৫০ কোটি ভেকছিন পালিৰ এই কৱচ আমাৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ হৈ পৰিছে। আজি, ভাৰতৰ প্ৰাপ্তবয়স্ক লোকসকলৰ ৯০ শতাংশৰোধিক লোকে ভেকছিনটোৰ এটা পালি লাভ কৰিছে। মাত্ৰ ৫ দিনৰ ভিতৰত, ১.৫ কোটিৰো অধিক চেমনীয়াকো ভেকছিনৰ পালি প্ৰদান কৰা হৈছে। এই সাফল্য সমগ্ৰ দেশখনৰ, প্ৰতিখন চৰকাৰৰ। এই সাফল্যৰ বাবে মই বিশেষকৈ দেশখনৰ বিজ্ঞানীসকল, ভেকছিনৰ প্ৰস্তুতকৰ্তা, স্বাস্থ্য খণ্ডটোৰ আমাৰ সহকৰ্মীসকলক ধন্যবাদ জনাইছো। সকলোৰে প্ৰচেষ্টাৰ বাবেই দেশখনে সেই সংকল্পক সমাৱেশলৈ ৰূপান্তৰিত কৰিছো, যাক আমি শূন্যৰপৰা আৰম্ভ কৰিছিলো। কমৰেড, ১০০ বছৰৰ সৰ্ববৃহৎ মহামাৰীটোৰ বিৰুদ্ধে যুঁজখনত, সকলোৰে প্ৰচেষ্টাৰ এই মনোভাৱে দেশখনক শক্তি প্ৰদান কৰিছে। ক’ভিডৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰাথমিক আৰু গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি নিৰ্মাণৰপৰা বিশ্বখনৰ সৰ্ববৃহৎ, দ্ৰুততম, বিনামূলীয়া টিকাকৰণ অভিযানলৈকে, এই শক্তি আজি সকলোতে আছে। ইমানবোৰ ভৌগোলিক, অৰ্থনৈতিক আৰু সামাজিক বৈচিত্ৰ্যৰে আমাৰ দেশত, পৰীক্ষাৰপৰা টিকাকৰণলৈকে আমি যি গতিত ইমান বিশাল আন্তঃগাঁথনিৰ বিকাশ সাধন কৰিছো, ই সমগ্ৰ বিশ্বখনৰ বাবে এক দৃষ্টান্ত দাঙি ধৰিছে। কমৰেড, অন্ধকাৰ যিমানেই ঘন হয়, পোহৰৰ গুৰুত্বও সিমানেই বেছি হয়। প্ৰত্যাহ্বানসমূহ যিমানেই বৃহৎ হয়, সাহস সিমানেই গুৰুত্বপূৰ্ণ হৈ পৰে। আৰু যুদ্ধ যিমানে কঠিন হয়, অস্ত্ৰ-শস্ত্ৰ সিমানেই আৱশ্যকীয় হৈ পৰে। এতিয়ালৈকে, চৰকাৰে পশ্চিম বংগক প্ৰায় ১১ কোটি পালি ক’ৰোনা ভেকছিন বিনামূলীয়াকৈ প্ৰদান কৰিছে। ডেৰ হাজাৰৰো অধিক ভেণ্টিলেটৰ, ৯ হাজাৰতকৈয়ো অধিক নতুন অক্সিজেন চিলিণ্ডাৰ বংগক দিয়া হৈছে। ৪৯ পিএছএ নতুন অক্সিজেন প্ৰকল্পয়ো কাৰ্য্যক্ষম হৈ পৰিছে। এইসমূহে পশ্চিম বংগৰ লোকসকলক ক’ৰোনাৰ বিৰুদ্ধে যুঁজখনত সহায় কৰিব। কমৰেড, চিত্তৰঞ্জন ৰাষ্ট্ৰীয় কৰ্কট প্ৰতিষ্ঠানৰ চৌহদত দেশবন্ধু চিত্তৰঞ্জন দাস জী আৰু মহৰ্ষি সুশ্ৰুতৰ মূৰ্তি আমাৰ আটাইৰে বাবে এক বৃহৎ অনুপ্ৰেৰণা। দেশবন্ধু জীয়ে কৈছিল– মই এই দেশত বাৰে-বাৰে জন্ম ল'ব বিচাৰো যাতে মই এই দেশৰ বাবে জীয়াই থাকিব পাৰো, মই ইয়াৰ বাবে কাম কৰিব পাৰো। মহৰ্ষি সুশ্ৰুত হৈছে স্বাস্থ্যৰ ক্ষেত্ৰখনত প্ৰাচীন ভাৰতীয় জ্ঞানৰ প্ৰতিফলন। এনে অনুপ্ৰেৰণাৰ বাবে, বিগত বছৰসমূহত দেশবাসীৰ স্বাস্থ্যৰে সম্পৰ্কীয় সম্পূৰ্ণ সমাধানৰ বাবে সামগ্ৰিক সমাধান সম্পন্ন কৰা হৈছে। সবকা প্ৰয়াসৰ মনোভাৱৰে আজি দেশখনৰ স্বাস্থ্য আন্তঃগাঁথনি, স্বাস্থ্য পৰিকল্পনা আৰু ইয়াক ৰাষ্ট্ৰীয় সংকল্পৰ সৈতে সংযুক্তকৰণৰ কাম ত্বৰান্বিত কৰা হৈছে। আমি আজি স্বাস্থ্য খণ্ডটোৱে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰে মোকাবিলা কৰাৰ লগতে ভৱিষ্যৎ সুৰক্ষিতকৰণৰ বাবে নিৰন্তৰভাৱে কাম কৰি আছো। ৰোগ সৃষ্টিকাৰী কাৰকবোৰ আঁতৰাবলৈ চেষ্টা কৰা হৈছে। আমাৰ চৰকাৰৰ গুৰুত্ব হৈছে ৰোগৰ ক্ষেত্ৰত চিকিৎসা সুলভ আৰু সুগম কৰা। আৰু একে সময়তে, চিকিৎসক আৰু চিকিৎসা আন্তঃগাঁথনিৰ ক্ষমতা সম্প্ৰসাৰণেৰে স্বাস্থ্য সেৱা উন্নত কৰা হৈছে। কমৰেড, সেয়েহে, দেশখনৰ স্বাস্থ্য খণ্ডৰ পৰিৱৰ্তনৰ বাবে, ই আজি প্ৰতিৰোধমূলক স্বাস্থ্য, সুলভ স্বাস্থ্যসেৱা, যোগান ৰক্ষাৰ দিশৰ হস্তক্ষেপ আৰু মিছন ম’ড অভিযানক গতি প্ৰদান কৰিছে। যোগ, আয়ুৰ্বেদ, ফিট ইণ্ডিয়া আন্দোলন, সৰ্বজনীন টিকাকৰণৰ দৰে উপায়েৰে প্ৰতিৰোধমূলক স্বাস্থ্য সেৱাক প্ৰোৎসাহিত কৰা হৈছে। স্বচ্ছ ভাৰত অভিযান আৰু হৰ ঘৰ জলৰ দৰে ৰাষ্ট্ৰীয় আঁচনিসমূহে গাঁও আৰু দৰিদ্ৰ পৰিয়ালসমূহক বহুতো ৰোগৰপৰা ৰক্ষা পৰাত সহায় কৰিছে। আৰ্চেনিক আৰু অন্যান্য কাৰণত প্ৰদূষিত হোৱা পানীও দেশখনৰ বহুতো ৰাজ্যত কৰ্কট ৰোগৰ এটা মুখ্য কাৰণ। হৰ ঘৰ জল অভিযানৰে, ই এই সমস্যা সমাধানত যথেষ্ট সহায় কৰিছে। কমৰেড, দীৰ্ঘদিন ধৰি, আমাৰ দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোকসকল স্বাস্থ্য সুবিধাৰপৰা বঞ্চিত হৈ আছিল কিয়নো হয় চিকিৎসা লাভ কৰিবপৰা নাছিল বা ই অধিক ব্যয়বহুল আছিল। দৰিদ্ৰ লোকসকলে গুৰুতৰ ৰোগত ভোগা মাত্ৰেকে তেওঁলোকৰ মাত্ৰ দুটা বিকল্প আছিল। হয় তেওঁ ঋণ লয় অথবা ঘৰ বা মাটি বিক্ৰী কৰে। বা কেৱল চিকিৎসাৰ কথাটো পাহৰি যায়। কৰ্কট ৰোগটো এনেকুৱা যে ইয়াৰ নাম শুনি দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীটোৱে তেওঁলোকৰ সাহস হেৰুৱায়। দৰিদ্ৰ লোকসকলক এই চক্ৰবেহু, এই উদ্বেগৰপৰা বাহিৰ কৰিবলৈ, দেশখনে সুলভ আৰু সুগম চিকিৎসাৰ বাবে নিৰন্তৰ পদক্ষেপ গ্ৰহণ কৰি আছে। বিগত বছৰসমূহত, কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে অত্যাৱশ্যকীয় ঔষধৰ ব্যয় যথেষ্ট হ্ৰাস পাইছে। এইমাত্ৰ মনসুখ ভায়ে ইয়াক বিতংভাৱে কৈছে। পশ্চিম বংগকে ধৰি সমগ্ৰ দেশখনতে স্থাপিত 8 হাজাৰৰো অধিক জনঔষধি কেন্দ্ৰত অতি কম মূল্যত ঔষধ আৰু অস্ত্ৰোপচাৰৰ সামগ্ৰী প্ৰদান কৰা হৈছে। এই দোকানসমূহত ৫০ ৰোধিক কৰ্কট ৰোগৰ ঔষধ অতি সুলভ মূল্যত উপলব্ধ। কৰ্কট ৰোগৰ সুলভ ঔষধ প্ৰদান কৰিবলৈ সমগ্ৰ দেশখনতে বিশেষ অমৃত দোকানো কাৰ্য্যক্ষম হৈ আছে। এই সেৱাৰ উদ্দীপনা, চৰকাৰখনৰ এই সংবেদনশীলতাই দৰিদ্ৰ লোকসকললৈ সুলভ চিকিৎসা নিশ্চিতকৰণত সহায় কৰিছে। চৰকাৰখনে ৫০০ ৰোধিক ঔষধৰ মূল্য নিয়ন্ত্ৰণ কৰিছে, সেয়াও ৰোগীসকলৰ বাবে। যিয়ে প্ৰতি বছৰে ৩০০০ কোটিৰোধিক টকা ৰাহি কৰিছে। নাগৰিকৰ ধন ৰাহি কৰিছে। কৰোনেৰী ষ্টেন্টৰ মূল্য নিৰ্ধাৰণৰ বাবে, হৃদৰোগীসকলৰ প্ৰতি বছৰে ৪৫০০ কোটিৰোধিক টকা সঞ্চয় হৈছে। আঁঠু প্ৰতিস্থাপনৰ মূল্য হ্ৰাসৰ অৰ্থে চৰকাৰখনৰ সিদ্ধান্ত, আমাৰ জ্যেষ্ঠ নাগৰিকসকলৰ বাবে ইয়াৰ বিশেষ লাভা-লাভ, আমাৰ বৃদ্ধ মাটান-ভগ্নী, লোকসকলে ইয়াক প্ৰস্তুত কৰে। ইয়াৰ ফলত, বৃদ্ধ ৰোগীসকলৰ প্ৰতি বছৰে ১৫০০ কোটি টকা ৰাহি হয়। চৰকাৰখনে ৰূপায়ণ কৰি থকা প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় ডায়েলাইচিছ কাৰ্য্যক্ৰমটোৰ সহায়ত ১২ লাখ দৰিদ্ৰ ৰোগীয়ে বিনামূলীয়া ডায়েলাইচিছৰ সুবিধা লাভ কৰিছে। ইয়াৰ ফলত ৫২০ কোটিৰোধিক টকা ৰাহি হৈছে। কমৰেড, আজি আয়ুষ্মান ভাৰত আঁচনি সুলভ আৰু সামগ্ৰিক স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত এক বৈশ্বিক মানদণ্ড হৈ পৰিছে। পিএম-জেএৱাইৰ অধীনত, ২ কোটি ৬০ লাখৰোধিক ৰোগীয়ে সমগ্ৰ দেশখনৰ চিকিৎসালয়সমূহত বিনামূলীয়া চিকিৎসা লাভ কৰিছে। এই আঁচনিখন অবিহনে, এই ৰোগীসকলৰ চিকিৎসাৰ বাবে ৫০ ৰপৰা ৬০ হাজাৰ কোটি টকা ব্যয় কৰিব লাগিব বুলি অনুমান কৰা হৈছে। কমৰেড, ১৭ লাখৰো অধিক কৰ্কট ৰোগী আয়ুষ্মান ভাৰতৰপৰা উপকৃত হৈছে। কেম’থেৰাপী, ৰেডিঅ'থেৰাপী বা অস্ত্ৰোপচাৰেই হওঁক, এই ৰোগীসকলে চিকিৎসালয়ত বিনামূলীয়াকৈ প্ৰতিটো সুবিধা লাভ কৰিছে। কল্পনা কৰকচোন, যদি চৰকাৰখনে এই প্ৰচেষ্টা নকৰিলেহেঁতেন কিমান দৰিদ্ৰ লোকৰ জীৱন সমস্যাত পৰিলহেঁতেন। বা কিমানটা পৰিয়াল ঋণৰ চক্ৰবেহুত পৰিলহেঁতেন। কমৰেড, আয়ুষ্মান ভাৰত কেৱল বিনামূলীয়া চিকিৎসাৰ এক মাধ্যমেই নহয় বৰঞ্চ ই আগতীয়াকৈ চিনাক্তকৰণ, আগতীয়া চিকিৎসাত অতি ফলপ্ৰসূ হিচাপে প্ৰমাণিত হৈছে। কৰ্কটৰ দৰে সকলো গুৰুতৰ ৰোগৰ বাবে ই অতি প্ৰয়োজনীয়। অন্যথা, আমাৰ বেছিভাগ ক্ষেত্ৰতে, অন্তিম পৰ্যায়তহে কৰ্কট ৰোগটো ধৰা পৰিছিল, যেতিয়া ৰোগটো গুৰুতৰ হৈ পৰিছিল। এই সমস্যাটো দূৰ কৰিবলৈ, ৩০ বছৰৰ অধিক বয়সৰ সহকৰ্মীসকলৰ ডায়েবেটিচ, উচ্চ ৰক্তচাপ আৰু কৰ্কট ৰোগৰ স্ক্ৰীণিঙৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। আয়ুষ্মান ভাৰত আঁচনিখনৰ অধীনত গাঁওসমূহত নিৰ্মাণ কৰা হাজাৰ-হাজাৰ স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ আজি অতি উপযোগী বুলি প্ৰমাণিত হৈছে। বংগতো, এনে ৫ হাজাৰৰো অধিক স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ স্থাপন কৰা হৈছে। সমগ্ৰ দেশখনৰ প্ৰায় ১৫ কোটি লোকক মুখ গহ্বৰ, স্তন আৰু গ্ৰীৱাৰ কৰ্কট ৰোগৰ পৰীক্ষা কৰা হৈছে। স্ক্ৰীণিংৰ পিছত লক্ষণ দেখুওৱা লোকসকলৰ চিকিৎসাৰ বাবে হাজাৰ-হাজাৰ স্বাস্থ্য কৰ্মীকো গাঁও পৰ্য্যায়ত বিশেষভাৱে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। কমৰেড, স্বাস্থ্য খণ্ডৰ আন এটা বৃহৎ সমস্যা হৈছে– চাহিদা আৰু যোগানৰ মাজত এক বৃহৎ ব্যৱধান। চিকিৎসক আৰু অন্যান্য স্বাস্থ্য পেছাদাৰীয়েই হওঁক বা স্বাস্থ্য আন্তঃগাঁথনি, চাহিদা আৰু যোগানৰ এই ব্যৱধান পৰিপূৰণেই হওঁক, আজি দেশখনত মিছন ম’ডত কাম কৰা হৈছে। ২০১৪ বৰ্ষলৈকে, দেশখনত স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীৰ আসনৰ সংখ্যা আছিল প্ৰায় ৯০ হাজাৰ। যোৱা ৭ বছৰত, ইয়াৰ সৈতে ৬০ হাজাৰ নতুন আসন যোগ দিয়া হৈছে। ২০১৪ ত, আমাৰ মাত্ৰ ৬ খন এইমছ আছিল। আজি দেশখনে ২২ খন এইমছৰ এক শক্তিশালী নেটৱৰ্কৰ দিশে আগবাঢ়িছে। ভাৰতৰ প্ৰতিখন জিলাত কমেও এখন চিকিৎসা মহাবিদ্যালয় থকাটো নিশ্চিতকৰণৰ অৰ্থে কাম কৰা হৈছে। এই সকলোবোৰ প্ৰতিষ্ঠানতে কৰ্কট ৰোগৰ দৰে গুৰুতৰ ৰোগৰ চিকিৎসাৰ সুবিধা যোগ কৰা হৈছে। দেশখনত কৰ্কট ৰোগৰ কেয়াৰৰ আন্তঃগাঁথনি শক্তিশালী কৰিবলৈ ১৯ খন ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান আৰু ২০ টা টাৰ্চিয়াৰী কেয়াৰ কৰ্কট কেন্দ্ৰতো অনুমোদন জনোৱা হৈছে। ৩০ খনৰো অধিক প্ৰতিষ্ঠানৰ কাম পূৰ্ণ গতিত চলি আছে। পশ্চিম বংগতো, কলকাতা, মুৰ্ছিদাবাদ আৰু বৰ্ধমানৰ চিকিৎসা মহাবিদ্যালয়সমূহে এতিয়া কৰ্কট ৰোগীসকলক অধিক সহজে চিকিৎসা কৰিবলৈ সক্ষম হ'ব। আমাৰ স্বাস্থ্যমন্ত্ৰী মনসুখ ভায়েও ইয়াক বিতংভাৱে সদৰী কৰিছে। এই সকলোবোৰ প্ৰচেষ্টাই আমাৰ দেশখনত চিকিৎসকৰ উপলব্ধতাৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলাব। যোৱা ৭০ বছৰত দেশখনত সৃষ্ট চিকিৎসকৰ সংখ্যাতকৈ অহা ১০ বছৰত দেশখনত বহুতো চিকিৎসক জন্ম হ'ব। কমৰেড, যোৱা বছৰ দেশখনত আৰম্ভ কৰা দুটা বৃহৎ ৰাষ্ট্ৰীয় অভিযানেও ভাৰতৰ স্বাস্থ্য খণ্ডৰ আধুনিকীকৰণত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব। আয়ুষ্মান ভাৰত- ডিজিটেল স্বাস্থ্য অভিযানে দেশবাসীৰ চিকিৎসাৰ সুবিধা বৃদ্ধি কৰিব। মেডিকেল হিষ্টৰীৰ ডিজিটেল ৰেকৰ্ডে চিকিৎসা সহজ আৰু ফলপ্ৰসূ, সৰু-সুৰা ৰোগৰ বাবে চিকিৎসালয়লৈ যোৱাৰ সমস্যা সীমিত আৰু নাগৰিকসকলক অতিৰিক্ত চিকিৎসা ব্যয়ৰপৰা ৰক্ষা কৰিব। একেদৰে, ক্ৰিটিকেল হেল্থকেয়াৰৰে সম্পৰ্কীয় চিকিৎসা আন্তঃগাঁথনি আয়ুষ্মান ভাৰত- আন্তঃগাঁথনি অভিযান এতিয়া বৃহৎ চহৰসমূহৰ লগতে জিলা আৰু খণ্ড পৰ্য্যায়ত উপলব্ধ হ'ব। এই আঁচনিৰ অধীনত, পশ্চিম বংগয়ো পাঁচ বছৰত ২.৫ হাজাৰ কোটিৰোধিক টকা লাভ কৰাটো নিশ্চিত কৰা হৈছে। ইয়াৰ জৰিয়তে ৰাজ্যজুৰি শ-শ স্বাস্থ্য উপ-কেন্দ্ৰ স্থাপন কৰা হ'ব, প্ৰায় ১,০০০ নগৰীয়া স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ কাৰ্য্যক্ষম হ'ব, কেইবাডজন জিলা সংহত ৰাজহুৱা স্বাস্থ্য লেব স্থাপন আৰু জিলা চিকিৎসালয়সমূহত শ-শ ক্ৰিটিকেল কেয়াৰ বেডৰ বাবে নতুন ক্ষমতা সৃষ্টি হ'ব। এনে প্ৰচেষ্টাৰাজিৰে আমি ভৱিষ্যতে ক’ৰোনাৰ দৰে মহামাৰীৰ সৈতে উৎকৃষ্ট পন্থাৰে মোকাবিলা কৰিবলৈ সক্ষম হ'ম। ভাৰতক সুস্থ আৰু সক্ষম কৰি তুলিবলৈ এই অভিযান এনেদৰেই চলি থাকিব। মই পুনৰ প্ৰতিজন নাগৰিককে সতৰ্ক হ'বলৈ, সকলো প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনাইছো। আকৌ এবাৰ, মই এই কাৰ্য্যসূচীত উপস্থিত থকা আটাইকে আন্তৰিক ধন্যবাদ জনাইছো। মই আপোনাসৱক শুভেচ্ছা জনালো। বহু-বহু ধন্যবাদ।
চিত্তৰঞ্জন ৰাষ্ট্ৰীয় কৰ্কট প্ৰতিষ্ঠান (CNCI) ৰ দ্বিতীয়টো চৌহদৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%8F%E0%A6%9B%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE-%E0%A6%95%E0%A6%BE%E0%A6%AA-%E0%A7%A8%E0%A7%A6%E0%A7%A8%E0%A7%A8%E0%A6%A4-%E0%A6%AA%E0%A6%BE%E0%A6%95%E0%A6%BF%E0%A6%B8%E0%A7%8D%E0%A6%A4/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%8F%E0%A6%9B%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE-%E0%A6%95%E0%A6%BE%E0%A6%AA-%E0%A7%A8%E0%A7%A6%E0%A7%A8%E0%A7%A8%E0%A6%A4-%E0%A6%AA%E0%A6%BE%E0%A6%95%E0%A6%BF%E0%A6%B8%E0%A7%8D%E0%A6%A4/
প্ৰধানমন্ত্ৰীশ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়া কাপ ২০২২ত পাকিস্তানৰ বিৰুদ্ধে জয়লাভ কৰাৰ বাবে ভাৰতীয় ক্ৰিকেট দলটোক অভিনন্দন জনাইছে।শ্ৰী মোদীয়ে কয় যে দলটোৱে চমৎকাৰ দক্ষতা আৰু দৃঢ়তা প্ৰদৰ্শন কৰিছে। প্ৰধানমন্ত্ৰীয়ে টুইট কৰে; "আজিৰ #ndia-এ এক দৰ্শনীয় অল-ৰাউণ্ড প্ৰদৰ্শন আগবঢ়াইছে। দলটোৱে চমৎকাৰ দক্ষতা আৰু দৃঢ়তা প্ৰদৰ্শন কৰিছে। জয়ৰ বাবে তেওঁলোকক অভিনন্দন।"
এছিয়া কাপ ২০২২ত পাকিস্তানৰ বিৰুদ্ধে জয়লাভ কৰাৰ বাবে ভাৰতীয় ক্ৰিকেট দলক অভিনন্দন জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F-2/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F-2/
প্ৰধানমন্ত্ৰীয়ে আজি ৰাষ্ট্ৰীয় শিক্ষা নীতি (এনইপি) ২০২০ ৰ ৰূপায়ণৰ পৰ্যালোচনা কৰে। তেওঁ লক্ষ্য কৰে যে এনইপি ২০২০ আৰম্ভ হোৱাৰ দুবছৰৰ ভিতৰত আঁচনিখনৰ অধীনত নিৰ্ধাৰিত প্ৰৱেশাধিকাৰ, অংশগ্ৰহণ, অন্তৰ্ভুক্তি আৰু মানদণ্ডৰ উদ্দেশ্য প্ৰাপ্ত কৰাৰ বাবে কেইবাটাও পদক্ষেপ লোৱা হৈছে। বিদ্যালয়ৰ শিশুসকলক বিচাৰি উলিওৱা আৰু তেওঁলোকক মূলসুঁতিলৈ ঘূৰাই অনাৰ বিশেষ প্ৰচেষ্টাৰ পৰা আৰম্ভ কৰি উচ্চ শিক্ষাত একাধিক প্ৰৱেশ আৰু প্ৰস্থানৰ প্ৰৱৰ্তনলৈকে, কেইবাটাও পৰিৱৰ্তনশীল সংস্কাৰ আৰম্ভ কৰা হৈছে যি দেশৰ প্ৰগতিক সংজ্ঞায়িত আৰু নিশ্চিত কৰিব, যিহেতু আমি 'অমৃতকাল'ত প্ৰৱেশ কৰিম। বিদ্যালয়ৰ শিক্ষা প্ৰধানমন্ত্ৰীক জনোৱা হয় যে ৰাষ্ট্ৰীয় পৰিচালনা সমিতিৰ নিৰ্দেশনাত ৰাষ্ট্ৰীয় পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ কাম চলি আছে। বিদ্যালয় শিক্ষাত, শিশুসকলৰ শিক্ষাদান আৰু সামগ্ৰিক বিকাশৰ উন্নত ফলাফলৰ বাবে, বালৱতিকাত গুণগত মানদণ্ডৰ প্ৰাৰম্ভিক শৈশৱ যত্ন আৰু শিক্ষা (ইচিচিই), নিপুন ভাৰত, বিদ্যা প্ৰবেশ, পৰীক্ষা সংস্কাৰ আৰু কলা সম্পৰ্কীয় শিক্ষা, পুতলা-আধাৰিত শিক্ষাবিদ্যাৰ দৰে অভিনৱ শিক্ষণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে বিদ্যালয়লৈ যোৱা শিশুসকলক প্ৰযুক্তিৰ অত্যাধিক সংস্পৰ্শৰ পৰা সুৰক্ষিত কৰাৰ বাবে অনলাইন আৰু অফলাইন শিক্ষাৰ এক হাইব্ৰিড প্ৰণালী বিকশিত কৰিব লাগে। অংগনৱাড়ী কেন্দ্ৰৰ দ্বাৰা ৰক্ষণাবেক্ষণ কৰা ডাটাবেচ বিদ্যালয়ৰ ডাটাবেছৰ সৈতে নিৰ্বিঘ্নে সংযুক্ত কৰিব লাগে যিহেতু শিশুসকল অংগনৱাড়ীৰ পৰা বিদ্যালয়লৈ যায়। বিদ্যালয়ত প্ৰযুক্তিৰ সহায়ত শিশুৰ স্বাস্থ্যৰ নিয়মীয়া পৰীক্ষা আৰু স্ক্ৰীণিং কৰিব লাগে। শিক্ষাৰ্থীসকলৰ ধাৰণাগত দক্ষতা বিকাশৰ বাবে থলুৱাভাৱে বিকশিত পুতলাৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিব লাগে। তেওঁ লগতে পৰামৰ্শ দিছিল যে বিজ্ঞান পৰীক্ষাগাৰথকা মাধ্যমিক বিদ্যালয়সমূহে মাটিৰ স্বাস্থ্যৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ মাটি পৰীক্ষা কৰিবলৈ তেওঁলোকৰ অঞ্চলৰ কৃষকসকলৰ সৈতে জড়িত হ'ব লাগে। উচ্চ শিক্ষাত বহুমুখীতা প্ৰধানমন্ত্ৰীক লগতে জনোৱা হয় যে নমনীয়তা আৰু জীৱনজোৰা শিক্ষাৰ বাবে একাধিক প্ৰৱেশ-প্ৰস্থানৰ নিৰ্দেশনাৰ লগতে ডিজিলকাৰ প্লেটফৰ্মত একাডেমিক বেংক অৱ ক্ৰেডিট মুকলি কৰিলে এতিয়া শিক্ষাৰ্থীসকলে তেওঁলোকৰ সুবিধা আৰু পছন্দ অনুসৰি অধ্যয়ন কৰাটো সম্ভৱ হ'ব। জীৱনজোৰা শিক্ষাদানৰ বাবে নতুন সম্ভাৱনা সৃষ্টি কৰাৰ বাবে আৰু প্ৰাথমিকভাৱে শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ আৰু আন্তঃশাখামূলক চিন্তাধাৰা অন্তৰ্ভুক্ত কৰাৰ বাবে, বিশ্ববিদ্যালয় অনুদান আয়োগে নিৰ্দেশনা প্ৰকাশ কৰিছে, যাৰ অনুসৰি শিক্ষাৰ্থীসকলে একেলগে দুটা শৈক্ষিক পাঠ্যক্ৰম সম্পূৰ্ণ কৰিব পাৰে। ৰাষ্ট্ৰীয় উচ্চশিক্ষা অৰ্হতা কাৰ্যসূচীও প্ৰস্তুতিৰ এক উন্নত পৰ্যায়ত আছে। UGC য়ে NHEQF ৰ সৈতে সংগতি ৰাখি বিদ্যমান "পাঠ্যক্ৰমৰ পৰিকাঠামো আৰু স্নাতক কাৰ্যসূচীৰ বাবে ঋণ প্ৰণালী" সংশোধন কৰি আছে। মাল্টি-মডেল শিক্ষা বিদ্যালয় আৰু উচ্চ শিক্ষা প্ৰতিষ্ঠান দুয়োৰে দ্বাৰা অনলাইন, মুক্ত আৰু বহুমুখী শিক্ষাৰ উচ্চ প্ৰচাৰ কৰা হৈছে। এই উদ্যোগটোৱে চিঅ'ভিআইডি-১৯ মহামাৰীৰ ফলত শিক্ষাদানৰ পৰিশোধ হ্ৰাস কৰাত সহায় কৰিছে আৰু দেশৰ দূৰৱৰ্তী আৰু দুৰ্গম অংশলৈ শিক্ষাৰ সম্প্ৰসাৰণত যথেষ্ট অৰিহণা যোগাব। স্বয়ম, দীক্ষা, স্বয়ংপ্ৰভা, ভাৰ্চুৱেল লেব আৰু অন্যান্য অনলাইন সম্পদ পৰ্টেল সকলোৱে ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়নত তীব্ৰ বৃদ্ধি দেখিছে। এই পৰ্টেলবোৰে দৃষ্টিহীনসকলৰ বাবে সাংকেতিক ভাষা আৰু অডিঅ' ফৰ্মেটকে ধৰি কেইবাটাও ভাৰতীয় ভাষাত অধ্যয়ন সামগ্ৰী প্ৰদান কৰি আছে। ওপৰোক্ত বোৰৰ উপৰিও, ইউজিচিয়ে মুকলি আৰু দূৰত্ব শিক্ষণ (অ'ডিএল) আৰু অনলাইন পাঠ্যক্ৰমৰ নিয়মাৱলী জাননী দিছে যাৰ অধীনত ৫৯ খন উচ্চ শিক্ষানুষ্ঠানে ৩৫১ টা সম্পূৰ্ণ অনলাইন পাঠ্যক্ৰম প্ৰদান কৰিছে আৰু ৮৬ খন উচ্চ শিক্ষানুষ্ঠানে ১০৮১ খন অ'ডিএল পাঠ্যক্ৰম প্ৰদান কৰিছে। এটা কাৰ্যসূচীত অনলাইন সমলৰ অনুমোদিত সীমাও ৪০ শতাংশলৈ বৃদ্ধি কৰা হৈছে। উদ্ভাৱন আৰু ষ্টাৰ্ট-আপ ষ্টাৰ্ট-আপ আৰু উদ্ভাৱনৰ পৰিৱেশ-প্ৰণালীক উৎসাহিত কৰাৰ বাবে, ২৮ খন ৰাজ্য আৰু ৬ খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ উচ্চ শিক্ষানুষ্ঠানত ২,৭৭৪ খন প্ৰতিষ্ঠানৰ এক উদ্ভাৱন পৰিষদ স্থাপন কৰা হৈছে। গৱেষণা, ইনকিউবেচন আৰু ষ্টাৰ্ট-আপৰ সংস্কৃতি সৃষ্টি কৰাৰ বাবে নেপৰ সৈতে সমন্বয় ৰাখি, ডিচেম্বৰ ২০২১-ত উদ্ভাৱন প্ৰাপ্তিৰ ওপৰত প্ৰতিষ্ঠানসমূহৰ অটল ৰেংকিং (এআৰআইআইএ) আৰম্ভ কৰা হৈছে। ১৪৩৮ টা প্ৰতিষ্ঠানে এআৰআইআইএত অংশগ্ৰহণ কৰিছিল। ১০০ টা প্ৰতিষ্ঠানক সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদে (এ.আই.চি.টি.ই.) পুঁজি যোগান ধৰিছে আৰু শিকাৰ পৰিৱৰ্তে আইডিয়া বিকাশ, মূল্যাঙ্কন আৰু এপ্লিকেচন (আই.ডি.আই.এ.) পৰীক্ষাগাৰৰ বাবে পৰীক্ষামূলক শিক্ষণৰ বাবে উদ্যোগৰ অংশগ্ৰহণৰ সৈতে পুঁজি যোগান ধৰিছে। ভাৰতীয় ভাষাৰ প্ৰচাৰ ইংৰাজীৰ জ্ঞানৰ অভাৱ যাতে কোনো শিক্ষাৰ্থীৰ শিক্ষা প্ৰাপ্তিত বাধা নিদিয়ে তাৰ বাবে শিক্ষা আৰু পৰীক্ষাত বহুভাষিকতাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। এই উদ্দেশ্যৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যসমূহে তৃণমূল পৰ্যায়ত দ্বিভাষিক/ত্ৰিভাষিক পাঠ্যপুথি প্ৰকাশ কৰি আছে আৰু দীক্ষা মঞ্চৰ সামগ্ৰী ৩৩ টা ভাৰতীয় ভাষাত উপলব্ধ কৰা হৈছে। NIOS-এ গৌণ পৰ্যায়ত ভাৰতীয় সাংকেতিক ভাষা (ISL) ভাষাৰ বিষয় হিচাপে প্ৰৱৰ্তন কৰিছে। ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই (এনটিএ) ১৩ টা ভাষাত JEE পৰীক্ষা অনুষ্ঠিত কৰিছে। কেন্দ্ৰ খোলা হৈছে। বৈঠকত শিক্ষা আৰু দক্ষতা বিকাশ আৰু উদ্যোগবিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰাজীৱ চন্দ্ৰশেখৰ, দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰাজীৱ চন্দ্ৰশেখৰ, শিক্ষা আৰু বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী অন্নপূৰ্ণা দেৱী, প্ৰধানমন্ত্ৰী, কেবিনেট অনুদান, প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব শ্ৰী ৰাজকুমাৰ ৰঞ্জন সিঙে অংশগ্ৰহণ কৰে। সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদৰ অধ্যক্ষ, ৰাষ্ট্ৰীয় বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণ পৰিষদৰ (এনচিভিইটি) অধ্যক্ষ, ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ (এনচিইআৰটি) সঞ্চালক আৰু শিক্ষা মন্ত্ৰালয়ৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল।
প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতি (এনইপি) ২০২০ ৰূপায়ণৰ অগ্ৰগতি পৰ্যালোচনা কৰিবলৈ এক উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8-%E0%A6%B8-3/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8-%E0%A6%B8-3/
প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ডাঃ পি কে মিশ্ৰই আজি ৮ জানুৱাৰী, ২০২৩ত জোশীমঠত ভৱন ক্ষতিগ্ৰস্ত হোৱা আৰু ভূমি স্খলনৰ ঘটনাৰ উচ্চ স্তৰীয় সমীক্ষা কৰে। এই সমীক্ষাত ভাৰত চৰকাৰৰ কেবিনেট সচিব, গৃহ সচিব, ভাৰত চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰবন্ধন প্ৰাধিকৰণৰ সদস্য, উত্তৰাখণ্ডৰ মুখ্য সচিব আৰু পুলিচ মহানিৰ্দেশক, জোশীমঠৰ জিলাধিকাৰী আৰু অন্য বিষয়াসকল, উত্তৰাখণ্ডৰ জ্যেষ্ঠ বিষয়া আৰু ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান ৰুড়কী, ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিষ্ঠান, ভাৰতীয় ভূবৈজ্ঞানিক সৰ্বেক্ষণ, ৱাডিয়া ইনষ্টিটিউট অফ হিমালয়ান জিঅলজীৰ বিশেষজ্ঞও ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত অন্তৰ্ভুক্ত হয়। কোৱা হৈছে যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী চিন্তিত আৰু তেওঁ মুখ্যমন্ত্ৰীৰ সৈতে পৰিস্থিতিৰ সমীক্ষা কৰিছে। উত্তৰাখণ্ডৰ মুখ্য সচিবে কৈছে যে কেন্দ্ৰীয় বিশেষজ্ঞসকলৰ সহযোগত ৰাজ্য আৰু জিলাৰ বিষয়াসকলে ক্ষেত্ৰৰ পৰিস্থিতিৰ বুজ লৈছে। তেওঁলোকে কয় যে প্ৰায় ৩৫০ মিটাৰ ওখ মাটিৰ পট্টী প্ৰভাৱিত হৈছে। এনডিআৰএফৰ এটা দল আৰু এছডিআৰএফৰ চাৰিটা দল জোশীমঠত গৈ উপস্থিত হৈছে। জিলা প্ৰশাসনে প্ৰভাৱিত পৰিয়ালৰ বাবে ভোজন আশ্ৰয় আৰু সুৰক্ষাৰ পৰ্যাপ্ত ব্যৱস্থাৰে তেওঁলোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰাৰ বাবে কাম কৰি আছে। পুলিচ অধীক্ষক আৰু এছডিআৰএফৰ কমাণ্ডেণ্ট ঘটনাস্থলীত নিয়োজিত আছে। জোশীমঠৰ বাসিন্দাসকলক ঘটনাক্ৰমৰ বিষয়ে অৱগত কৰাই থকা হৈছে আৰু তেওঁলোকৰ সহযোগ লৈ থকা হৈছে। লঘু-মজলীয়া-দীৰ্ঘকালীন যোজনা প্ৰস্তুত কৰিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ লৈ থকা হৈছে। ইয়াৰ উপৰিও, সীমা প্ৰবন্ধন সচিব আৰু এনডিএমএৰ চাৰিওজন সদস্যই ৯ জানুৱাৰীত উত্তৰাখণ্ড ভ্ৰমণ কৰিব। তেওঁলোকে সম্প্ৰতি জোশীমঠৰ পৰা উভতি অহা টেকনিকেল দল (এনডিএমএ, এনআইডিএম, এনডিআৰএফ, জিএছআই, এনআইএইচ, ৱাডিয়া প্ৰতিষ্ঠান, আইআইটি ৰুড়কী)ৰ পৰামৰ্শৰ বিস্তৃত সমীক্ষা কৰিব আৰু ৰাজ্য চৰকাৰক পৰিস্থিতিৰ সমাধান কৰিবলৈ তাৎক্ষণিক, লঘু-মজলীয়া-দীৰ্ঘকালীন কাৰ্যব্যৱস্থাৰ ওপৰত পৰামৰ্শ দিব। প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিবে জোৰ দি কৈছে যে প্ৰভাৱিত ক্ষেত্ৰত থকা লোকসকলৰ সুৰক্ষা ৰাজ্যৰ বাবে তাৎক্ষণিক প্ৰাথমিকতা হোৱা উচিত। ৰাজ্য চৰকাৰে প্ৰভাৱিত লোকসকলৰ সৈতে এক স্পষ্ট আৰু নিৰন্তৰ যোগাযোগ স্থাপন কৰা উচিত। ব্যৱহাৰ যোগ্য উপায়ৰ মাধ্যমত পৰিস্থিতি অধিক বেয়া হোৱাটো ৰোধ কৰিবলৈ তাৎক্ষণিক প্ৰয়াস কৰা উচিত। প্ৰভাৱিত ক্ষেত্ৰৰ এক আভ্যন্তৰীণ অনুসন্ধান কৰা উচিত। সকলো কেন্দ্ৰীয় প্ৰতিষ্ঠানৰ বিশেষজ্ঞ- ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰবন্ধন প্ৰাধিকৰণৰ (এনডিএমএ), ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিষ্ঠান (এনআইডিএম), ভাৰতীয় ভূবৈজ্ঞানিক সৰ্বেক্ষণ (জিএছআই), ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান (আইআইটি) ৰুড়কী, ৱাডিয়া ইনষ্টিটিউট অফ হিমালয়ান জিঅলজী (ডব্লিউআইএইচজি), ৰাষ্ট্ৰীয় জল বিজ্ঞান প্ৰতিষ্ঠান (এনআইএইচ) আৰু কেন্দ্ৰীয় ভৱন গৱেষণা প্ৰতিষ্ঠান (চিবিআৰআই)ক "সম্পূৰ্ণ চৰকাৰ" দৃষ্টিভংগীৰ ভাবনাৰে উত্তৰাখণ্ড ৰাজ্যৰ সৈতে লগ হৈ কাম কৰা উচিত। এটা স্পষ্ট সময়বদ্ধ পুনৰ নিৰ্মাণ যোজনা প্ৰস্তুত কৰা উচিত। নিৰন্তৰ ভূমিকম্পৰ নিৰীক্ষণ কৰা উচিত। এই ঘটনাৰ সৈতে সংগতি ৰাখি জোশীমঠৰ বাবে দুৰ্যোগৰ প্ৰতি এক সংবেদনশীল চহৰ বিকাশ যোজনাও বিকশিত কৰা উচিত।
প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিবে জোশীমঠৰ পৰিস্থিতিৰ উচ্চ স্তৰীয় সমীক্ষা কৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%97%E0%A7%81%E0%A6%9C%E0%A7%B0%E0%A6%BE-11/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%97%E0%A7%81%E0%A6%9C%E0%A7%B0%E0%A6%BE-11/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ থৰাদ, বানাসকাণ্ঠাত ৮০০০ কোটি টকাৰো অধিক মূল্যৰ পৰিকল্পনাৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে গুজৰাট আৰু সমগ্ৰ দেশ কালি মোৰবিত হোৱা ট্ৰেজেডীৰ পাছত প্ৰাণহানিৰ শোকত ডুবি আছে। দুখৰ এই মুহূৰ্তত আমি সকলো পীড়িতসকলৰ পৰিয়ালৰ লগত আছো। তেওঁ কয় যে মুখ্যমন্ত্ৰী আৰু তেওঁৰ টীমে আন্তৰিকতাৰে উদ্ধাৰকাৰ্য চলাই আছে। "কালি ৰাতি ভূপেন্দ্ৰভাই কেৱড়িয়াৰ পৰা চিধা মোৰবি পায়গৈ আৰু উদ্ধাৰ কাৰ্যৰ দায়িত্ব লয়। মই তেওঁলোকৰ আৰু উদ্ধাৰ কাৰ্যত অন্তৰ্ভুক্ত বিষয়াসকলৰ সৈতে নিৰন্তৰ যোগাযোগত আছো। এনডিআৰএফ টীম আৰু সশস্ত্ৰ সেনাৰ কৰ্মী ঘটনাস্থলীত উপস্থিত হৈছে। মই অম্বাজীৰ মাটিৰ পৰা গুজৰাটৰ মানুহক বিশ্বাস দিছো যে উদ্ধাৰ কাৰ্যত কোনো গাফিলতি কৰা নহ'ব।" প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তেওঁৰ মনত দুটা বিচাৰ আছিল যে তেওঁ এই আয়োজন বাতিল কৰিব নে নকৰে, কিন্তু বানাসকাণ্ঠাত জলযোগান পৰিকল্পনাৰ গুৰুত্ব আৰু জনসাধাৰণৰ মৰমৰ কথা জানি তেওঁ নিজৰ ধৈৰ্য বঢ়ায় আৰু ৮০০০ কোটি টকাৰো অধিক মূল্যৰ এই পৰিকল্পনাৰ আৰম্ভণি কৰিবলৈ আগুৱাই আহিল। তেওঁ জোৰ দি কয় যে এই পৰিকল্পনাৰ ফলত বানাসকাণ্ঠা, পাটন আৰু মেহসাণা সহ গুজৰাটৰ ছখনতকৈও অধিক জিলাত জলসিঞ্চন ব্যৱস্থাত সহায়ক হ'ব। ৰাজ্যখনে অতীতত যি জটিলতাৰ সন্মুখীন হৈছে, সেয়া স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া গুজৰাটৰ মানুহৰ ধৈৰ্য যি তেওঁলোকক তেওঁলোকৰ ওচৰত যিয়েই সম্পদ থাকে তাৰ সহায়ত যিকোনো বিপত্তিৰে মোকাবিলা কৰাৰ শক্তি দিয়ে। শ্ৰী মোদীয়ে কয়, "বানাসকাণ্ঠা ইয়াৰ এটা জীৱন্ত আৰু চমকপ্ৰদ উদাহৰণ।" তেওঁ আজি সেই বিকাশ কাৰ্যবোৰৰ ওপৰত আলোকপাত কৰে যি জিলাৰ চেহেৰা সলাই দিছে। প্ৰধানমন্ত্ৰীয়ে সেই সময়ক স্মৰণ কৰে যেতিয়া উত্তৰ গুজৰাটৰ অনেক জিলাত ফ্লোৰাইডেৰে দূষিত পানী আছিল। তেওঁ কয় যে পানীৰে জড়িত বিষয়ৰ অঞ্চলটোৰ কৃষি জীৱনৰ ওপৰত ডাঙৰ প্ৰভাৱ পৰিছিল। তেওঁ কয় যে স্থিতি এনেধৰণৰ আছিল যে কোনো ভূস্বামীয়ে যদি নিজৰ মাটি বেচিব বিচাৰিছিল তেতিয়া তেওঁ কোনো ক্ৰেতা নাপাইছিল। প্ৰধানমন্ত্ৰীয়ে কয়, "যেতিয়াৰ পৰা মই ভূমিৰ 'সেৱক' হৈছো, আমাৰ চৰকাৰে এই ক্ষেত্ৰৰ সমস্যাবোৰ চিনাক্ত কৰে আৰু সম্পূৰ্ণ সমৰ্পণ আৰু সততাৰে তাৰ সমাধানৰ দিশত কাম কৰিলো।" শ্ৰী মোদীয়ে কয়, "আমি জল সংৰক্ষণ, নিৰ্মিত চেক ডেম আৰু পুখুৰীৰ ওপৰত মনোযোগ দিলো।" প্ৰধানমন্ত্ৰীয়ে সুজলম-সুফলম যোজনা, ৱাস্মো যোজনা আৰু পানী সমিতিসমূহৰ উদাহৰণ দিয়ে। তেওঁ মহিলাৰ দ্বাৰা পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰো আলোচনা কৰে যাৰ পৰিণতিত কচ্ছ সহ সমগ্ৰ উত্তৰ গুজৰাট ক্ষেত্ৰ ড্ৰিপ জলসিঞ্চন আৰু 'প্ৰতি টোপাল অধিক ফচল' মডেলেৰে জাতিষ্কাৰ হৈ আছে, লগতে অঞ্চলটোত কৃষি, উদ্যান শস্যৰ সমান্তৰালকৈ পৰ্যটনক উৎসাহিত কৰি থকা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয়, "এফালে আমাৰ ওচৰত বানাস ডেইৰী আছে আৰু আনফালে ১০০ মেগাৱটৰ ছোলাৰ পাৱাৰ প্লাণ্ট আছে, আমি এই ঠাইত ঘৰে ঘৰে নলৰ পানী দিয়াৰ লক্ষ্য আহৰণ কৰিছো।" শ্ৰী মোদীয়ে জোৰ দি কয় যে ড্ৰিপ সিঞ্চন আৰু সূক্ষ্ম সিঞ্চন প্ৰযুক্তিয়ে বানাসকাণ্ঠাৰ দিশত মানুহৰ মনোযোগ আকৰ্ষণ কৰিছে আৰু ইয়াৰ বিশ্বব্যাপী পৰিচয়ো সৃষ্টি হৈছে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে, "আজি বানাসকাণ্ঠাই বিকাশৰ ইতিহাসত নিজৰ অধ্যায় লিখি আছে।" তেওঁ কয় যে বানাসকাণ্ঠাত ৪ লাখ হেক্টৰ ভূমি ড্ৰিপ আৰু মাইক্ৰো জলসিঞ্চনৰ ব্যৱহাৰৰ বাবে সমৰ্পিত যাৰ পৰিণতিত জল স্তৰ আৰু কম হোৱা নাই। তেওঁ কয়, "ই কেৱল আপোনালোকক উপকৃত কৰি থকা নাই বৰং অনাগত প্ৰজন্মৰ জীৱনো সুৰক্ষিত কৰি আছে।" সুজলম-সুফলম যোজনাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ক্ষেত্ৰখনৰ জনসাধাৰণক প্ৰশংসা কৰে, যি নিজৰ প্ৰয়াস আৰু সমৰ্পণেৰে সকলো সমালোচকক চুপ কৰাই দিয়ে আৰু সুজলম-সুফলম যোজনাক এটা চমকপ্ৰদ সফলতা প্ৰদান কৰে। যোৱা ১৯-২০ বছৰত কৰা কামৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সুজলম-সুফলম যোজনাৰ জৰিয়তে কেইবা হাজাৰ কিলোমিটাৰ দীঘল পুনৰ্ভৰণ (ৰিচাৰ্জ) নলা বনোৱা হৈছে। তেওঁ লগতে কয় যে পাইপলাইন বহুওৱা আৰু ভূজলৰ বৰ্ধিত স্তৰৰ কাৰণে গাঁৱৰ পুখুৰীবিলাক নতুন ব্যৱস্থাৰে সাজু কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে হ'বলগা দুটা পাইপলাইনৰ জৰিয়তে ১ হাজাৰৰো অধিক গাঁৱৰ পুখুৰীৰ লাভ হ'ব। পৰিকল্পনাৰ সবিশেষ তথ্য দি প্ৰধানমন্ত্ৰীয়ে কয় যে পাইপলাইনক মুক্তেশ্বৰ বান্ধ আৰু কৰ্মাৱত পুখুৰীলৈকে বঢ়োৱা হৈ আছে আৰু ওখ স্থানত বিজুলীৰ পাম্পৰ সহায়ত পানী উঠোৱা হৈ আছে। প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে নৰ্মদাৰ মুখ্য নলাৰ পৰা এটা বিতৰণ নলাৰ নিৰ্মাণ কৰি থকা হৈছে যাৰ ফলত থৰাদ, ৱাৱ আৰু সুইগাঁও তালুকৰ কেইবা ডজন গাঁৱৰ লাভ হ'ব। প্ৰধানমন্ত্ৰীয়ে কয়, "পাটন আৰু বানাসকাণ্ঠাৰ ৬খন তালুকৰ অনেক গাঁৱৰো কসৰা-দন্তীৱাড়া পাইপলাইনৰ পৰা লাভ হ'ব। অনাগত সময়ত, নৰ্মদা নদীৰ পৰা পানী মুক্তেশ্বৰ বান্ধ আৰু কৰ্মাৱত পুখুৰীলৈ আহিব। ইয়াৰ ফলত বানাসকাণ্ঠাৰ বডগাম, পাটনৰ সিদ্ধপুৰ আৰু মেহসাণাৰ খেৰালু তালুকৰ লাভ হ'ব। প্ৰধানমন্ত্ৰীয়ে কয়, "কাৰোবাক পানী দিয়াটো এটা পৱিত্ৰ কাম বুলি গণ্য কৰা হয়", "যি পানী পায় তেওঁ অমৃতৰ বাহক হয় আৰু সেই অমৃতে যিকোনো লোকক অজেয় কৰে। মানুহে সেই ব্যক্তিক আশীৰ্বাদ দিয়ে। পানীৰ আমাৰ জীৱনত ইমান মহত্ব আছে।" এই সন্দৰ্ভত কৰা বিকাশৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কৃষি আৰু পশুপালনত নতুন সম্ভাৱনাৰ উদাহৰণ দিয়ে। তেওঁ ভূমিৰ উৎপাদন বৃদ্ধিৰ কাৰণে জাতিষ্কাৰ হোৱা খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ ওপৰতো আলোকপাত কৰে। শ্ৰী মোদীয়ে কেইমাহমানৰ আগতে আলু প্ৰক্ৰিয়াকৰণ ব্যৱস্থাৰ আধাৰশিলা স্থাপনৰ কথাও স্মৰণ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ পৰিসৰ বঢ়াই আছে। কৃষক উৎপাদক সংঘ আৰু সখী মণ্ডলসমূহক এই ক্ষেত্ৰখনৰ সৈতে সংযুক্ত কৰি আছে। তেওঁ কয় যে লাগে ক'ল্ড ষ্টৰেজ ব্যৱস্থাপনা বনোৱাই হওক, চৰকাৰে এই সংগঠনবোৰক কোটি কোটি টকাৰ সাহায্য দি আছে। প্ৰধানমন্ত্ৰীয়ে কয় যে আমি এই পৰিকল্পনাৰে অগ্ৰসৰ হৈছো য'ত কৃষক কেৱল শস্যৰ গছৰ মালিক নহয় বৰং ৰস নিৰ্মাণ প্ৰতিষ্ঠানতো অংশিদাৰিত্ব ৰাখে। প্ৰধানমন্ত্ৰীয়ে সখী মণ্ডলসমূহৰ ওপৰতো আলোকপাত কৰে যি আজি ফল আৰু পাচলিৰ পৰা আৰম্ভ কৰি আচাৰ, মুৰব্বা আৰু চাটনীলৈকে অনেক সামগ্ৰীৰ নিৰ্মাণ কৰি আছে। তেওঁ এইবুলিও কয় যে চৰকাৰে উদ্যোগক আৰু বিকশিত কৰিবলৈ সখী মণ্ডলসমূহক উপলব্ধ বেংক ঋণৰ সীমাও দুগুণ কৰি দিলে। তেওঁ কয়, "বন ধন কেন্দ্ৰ জনজাতীয় অঞ্চলত খোলা হৈছে যাতে জনজাতীয় মহিলাৰ সখী মণ্ডলসমূহে বন ফচলৰ পৰা উন্নত সামগ্ৰী বনাব পাৰে।" প্ৰধানমন্ত্ৰীয়ে কয় যে পিএম কিষান সন্মান নিধি কৃষকৰ বাবে বহুত লাভজনক বুলি প্ৰমাণিত হৈ আছে। তেওঁ কৃষকসকলৰ সাৰৰ বাবে অখিল ভাৰতীয় স্তৰত সাৰৰ এটা উমৈহতীয়া ব্ৰেণ্ড নাম 'ভাৰত'ৰ শুভাৰম্ভৰ বিষয়েও উল্লেখ কৰে, যি কৃষকৰ মাজত ভুল ধাৰণা শেষ কৰিলে। তেওঁ কয় যে কৃষকে ইউৰিয়াৰ বস্তা ২৬০ টকাত পায় আৰু ইয়াৰ আন্তঃৰাষ্ট্ৰীয় দাম হৈছে ২০০০ টকাৰো বেছি। এনেকৈয়ে তেওঁ এই কথাৰ ওপৰত প্ৰসন্নতা ব্যক্ত কৰে যে বানাস ডেইৰীৰ বিস্তাৰ উত্তৰ প্ৰদেশ, হৰিয়ানা, ৰাজস্থান, ওড়িশা, অন্ধ্ৰপ্ৰদেশ আৰু ঝাৰখণ্ডলৈকে হৈছে। গোবৰধন, জৈৱ ইন্ধনৰ দৰে যোজনাই পশুধনৰ উপযোগিতা বঢ়াই আছে। তেওঁ কয় যে চৰকাৰে ডেইৰী ক্ষেত্ৰখন শক্তিশালী কৰিবলৈ নিৰন্তৰ কাম কৰি আছে। প্ৰধানমন্ত্ৰীয়ে দেশৰ সুৰক্ষাত বানাসকাণ্ঠাৰ দৰে ঠাইসমূহৰ বৰ্ধিত ভূমিকাৰো উল্লেখ কৰে। দীসাত বায়ুসেনা বিমান বন্দৰ আৰু নডাবেটত 'সীমা দৰ্শন' ক্ষেত্ৰত জীৱনৰ মানদণ্ডত সংশোধন কৰি আছে। তেওঁ সীমান্তৱৰ্তী জিলাত এনচিচিৰ বিস্তাৰ আৰু ভাইব্ৰেণ্ট বৰ্ডাৰ ভিলেজ প্ৰগ্ৰেমৰ জৰিয়তে জিলা আৰু সীমান্তৱৰ্তী গাঁওসমূহত বিশেষ মনোযোগ দিয়াৰ বিষয়েও অৱগত কৰে। কচ্ছ ভূমিকম্প পীড়িতসকলৰ স্মৃতিত স্মৃতি বনৰ বিষয়ে জনাই প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণ আৰু বানাস ডেইৰী প্ৰবন্ধনক উৎসাহিত কৰিবলৈ অনুৰোধ জনায়। তেওঁ কয়, "এনেধৰণৰ প্ৰতিটো কাম, যি ৰাষ্ট্ৰৰ গৌৰৱ বৃদ্ধি কৰে, গুজৰাটৰ গৌৰৱ বৃদ্ধি কৰে, ডবল ইঞ্জিন চৰকাৰৰ সংকল্পবদ্ধতা। আমাৰ শক্তি সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াসত নিহিত আছে।" এই উপলক্ষে সাংসদ শ্ৰী প্ৰভাতভাই পেটেল, শ্ৰী ভৰতসিংহ ধাবী আৰু শ্ৰী দিনেশভাই অনবৈদ্য, গুজৰাট চৰকাৰৰ মন্ত্ৰী শ্ৰী ঋষিকেশ পেটেল, শ্ৰী জীতূভাই চৌধুৰী, শ্ৰী কিৰীটসিংহ ৱাঘেলা আৰু শ্ৰী ৰাজেন্দ্ৰসিংহ পৰমাৰো উপস্থিত আছিল। পটভূমি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বানাসকাণ্ঠাৰ থৰাদ ভ্ৰমণ কৰে আৰু ৮০০০ কোটিৰো অধিক টকা মূল্যৰ পৰিকল্পনাৰ আধাৰশিলা স্থাপন কৰে। জলযোগানৰ সম্পৰ্কীয় যিবোৰ পৰিকল্পনাৰ আধাৰশিলা স্থাপন কৰা হয় ইয়াত ১৫৬০ কোটি টকাৰো অধিক মূল্যৰ ব্যয়ৰ মুখ্য নৰ্মদা নলাৰ পৰা কসাৰাৰ পৰা দন্তেৱাড়া পাইপলাইন অন্তৰ্ভুক্ত আছে। এই পৰিকল্পনাই পানীৰ যোগান বৃদ্ধি কৰিব আৰু অঞ্চলটোৰ কৃষকৰ বাবে লাভজনক বুলি প্ৰমাণিত হ'ব। প্ৰধানমন্ত্ৰীয়ে সুজলম-সুফলম নলাক শক্তিশালী কৰা, মোঢেৰা-মোতী দাঊ পাইপলাইনৰ মুক্তেশ্বৰ বান্ধ-কৰ্মাৱত হ্ৰদলৈকে বিস্তাৰ, আৰু সন্তালপুৰ তালুকৰ ১১খন গাঁৱৰ বাবে লিফ্ট জলসিঞ্চন যোজনা সহ অনেক পৰিকল্পনাও ঘোষণা কৰে।
প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ থৰাদ, বানাসকাণ্ঠাত ৮০০০ কোটি টকাৰো অধিক মূল্যৰ পৰিকল্পনাৰ আধাৰশিলা স্থাপন কৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC-%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%B8%E0%A6%AD%E0%A6%BE%E0%A6%87-%E0%A6%95/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC-%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%B8%E0%A6%AD%E0%A6%BE%E0%A6%87-%E0%A6%95/
মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় মন্ত্ৰীসভাই কলকাতাৰ জোকাত থকা ৰাষ্ট্ৰীয় খোৱাপানী, স্বচ্ছতা আৰু মানদণ্ড কেন্দ্ৰৰ নাম সলাই 'ডঃ শ্যামা প্ৰসাদ মুখাৰ্জী ৰাষ্ট্ৰীয় জল আৰু স্বচ্ছতা প্ৰতিষ্ঠান (এছপিএম-নিৱাস)' কৰাক কাৰ্যোত্তৰ মঞ্জুৰী দিছে। এই প্ৰতিষ্ঠানক কলকাতা, পশ্চিমবংগৰ জোকা, ডায়মণ্ড হাৰ্বাৰ ৰোডত ৮.৭২ একৰ ভূমিত স্থাপন কৰা হৈছে। এই প্ৰতিষ্ঠানৰ পৰিকল্পনা প্ৰশিক্ষণ কাৰ্যক্ৰমৰ মাধ্যমত জন স্বাস্থ্য ইঞ্জিনিয়াৰিং, খোৱাপানী, স্বচ্ছতা আৰু চাফ-চিকুণতাৰ ক্ষেত্ৰত ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশত ক্ষমতা বিকশিত কৰা এটা প্ৰধান প্ৰতিষ্ঠান হিচাপে কৰা হৈছে। এই ক্ষমতাৰাজিৰ পৰিকল্পনা কেৱল স্বচ্ছ ভাৰত মিছন আৰু জল জীৱন মিছনৰ ৰূপায়ণত লগা ফ্ৰণ্ট-লাইন কৰ্মশক্তিৰ বাবে কৰা হৈছে এনে নহয়, বৰং গ্ৰামীণ আৰু চহৰীয়া দুয়োটা স্তৰৰ স্থানীয় নিকায়ৰ প্ৰতিনিধিৰ বাবেও কৰা হৈছে। এই অনুসৰি প্ৰশিক্ষণ আন্তঃগাঁথনি, আৰএণ্ডডি ব্লক আৰু এক আৱাসিক পৰিসৰসহ উপযুক্ত বুনিয়াদী আন্তঃগাঁথনি বিকশিত কৰা হৈছে। এই প্ৰতিষ্ঠানত প্ৰশিক্ষণৰ সুবিধাৰ বাবে জল, স্বচ্ছতা আৰু চাফ-চিকুণতা (প্ৰক্ষালন) প্ৰযুক্তিৰ ৱৰ্কিং আৰু লঘু মডেলো স্থাপন কৰা হৈছে। ডঃ শ্যামা প্ৰসাদ মুখাৰ্জী পশ্চিমবংগৰ সবাতোকৈ যোগ্য সুসন্তানৰ অন্যতম আৰু ৰাষ্ট্ৰীয় একতাত অগ্ৰণী, ঔদ্যোগীকৰণৰ বাবে প্ৰেৰণা আৰু এজন প্ৰতিষ্ঠিত বিদ্বান তথা শিক্ষাবিদ আছিল। তেওঁ কলকাতা বিশ্ববিদ্যালয়ৰ সবাতোকৈ কম বয়সৰ কুলপতিও আছিল। ডঃ শ্যামা প্ৰসাদ মুখাৰ্জীৰ নামেৰে এই প্ৰতিষ্ঠানৰ নামকৰণ কৰা কাৰ্যই অসংখ্য হিতধাৰকক অনুপ্ৰাণিত কৰিব যে তেওঁলোকে ডঃ মুখাৰ্জীৰ সততা, সংহতিৰ মূল্যবোধক আঁকোৱালি ল'ব আৰু প্ৰতিষ্ঠানৰ কাম-কাজৰ লোকাচাৰত নিজৰ সংকল্পবদ্ধতা ৰক্ষা কৰি তেওঁক প্ৰকৃত সন্মান দিব। ডিচেম্বৰ, ২০২২ত প্ৰধানমন্ত্ৰীৰ দ্বাৰা এই প্ৰতিষ্ঠানৰ উদ্ঘাটন কৰা হয়।
কেন্দ্ৰীয় মন্ত্ৰীসভাই কলকাতাৰ জোকাত থকা ৰাষ্ট্ৰীয় খোৱাপানী, স্বচ্ছতা আৰু মানদণ্ড কেন্দ্ৰৰ নাম সলাই ‘ডঃ শ্যামা প্ৰসাদ মুখাৰ্জী ৰাষ্ট্ৰীয় জল আৰু স্বচ্ছতা প্ৰতিষ্ঠান (এছপিএম-নিৱাস)’ কৰাক কাৰ্যোত্তৰ মঞ্জুৰী দিয়ে
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%95%E0%A6%B2%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4-%E0%A6%AC/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%95%E0%A6%B2%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4-%E0%A6%AC/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ভাৰত আৰু কলম্বিয়াৰ মাজত বিনিয়োগৰ প্রসাৰ আৰু সুৰক্ষা সন্দৰ্ভত ২০০৯ৰ ১০ নৱেম্বৰত স্বাক্ষৰিত চুক্তিৰ যৌথ ঘোষণাপত্রৰ ব্যাখ্যাৰ প্রস্তাৱত অনুমোদন জনায়। এই সহযোগিতা চুক্তিখনৰ সম্পর্কত দুয়োদেশৰ ফালৰ পৰা প্রয়োজনীয় ব্যাখ্যা আৰু ঘোষণাৰ জৰিয়তে বিনিয়োগকাৰীৰ সংজ্ঞা, বিনিয়োগৰ সংজ্ঞা. স্বচ্চ আৰু সমতাপূৰ্ণ চুক্তি(FET), ৰাষ্ট্ৰীয় চুক্তি আৰু দেশৰ হিতকৰ চুক্তি, বাজেয়াপ্তকৰণ, বিনিয়োগ-ৰাজ্যিক বিবাদ নিষ্পত্তিকৰণ ব্যৱস্থা আৰু লাভালাভৰ অস্বীকাৰ ইত্যাদিৰ দৰে যাৱতীয় বিষয় আৰু স্পষ্ট কৰি তোলা হ’ব। বিনিয়োগৰ প্রসাৰ আৰু সুৰক্ষাৰ ক্ষেত্রত এই ঘোষণাপত্রৰ বিশেষ গুৰুত্ব আছে বুলি কেবিনেটে ধাৰণা কৰিছে।
ভাৰত আৰু কলম্বিয়াৰ মাজত বিনিয়োগৰ প্রসাৰ আৰু সুৰক্ষা সন্দৰ্ভত ২০০৯ৰ ১০ নৱেম্বৰত স্বাক্ষৰিত চুক্তিৰ যৌথ ঘোষণাপত্রৰ ব্যাখ্যাৰ প্রস্তাৱত কেবিনেটৰ অনুমোদন
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%87%E0%A6%89%E0%A6%95%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%87%E0%A6%A8%E0%A7%B0-%E0%A6%B8%E0%A6%82%E0%A6%95%E0%A6%9F-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%85%E0%A6%AA%E0%A6%BE%E0%A7%B0/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%87%E0%A6%89%E0%A6%95%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%87%E0%A6%A8%E0%A7%B0-%E0%A6%B8%E0%A6%82%E0%A6%95%E0%A6%9F-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%85%E0%A6%AA%E0%A6%BE%E0%A7%B0/
শেহতীয়া দিন দিয়েকত সদনত ইউক্ৰেইনৰ সংকট আৰু ‘অপাৰেশ্যন গংগা’ সন্দৰ্ভত সুস্থ আলোচনা অনুষ্ঠিত কৰাৰ বাবে প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ সংসদৰ সন্মানীয় সদস্যসকলে তেওঁলোকৰ দৃষ্টিভংগী দাঙি ধৰি আলোচনাক সমৃদ্ধি প্ৰদান কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। প্ৰতিকূল পৰিস্থিতিত আমাৰ সহ নাগৰিকসকৰ সুৰক্ষা আৰু কল্যাণৰ বাবে চিন্তা কৰাটো আমাৰ সমূহীয়া কৰ্তব্য হোৱা উচিত বুলিও মন্তব্য কৰে। এই সন্দৰ্ভত প্ৰকাশ কৰা এলানি বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়; “শেহতীয়া দিন দিয়েকত ইউক্ৰেইনৰ সংকট আৰু ‘অপাৰেশ্যন গংগা’ৰ জৰিয়তে আমাৰ নাগৰিকসকলক ওভতাই অনাৰ বাবে ভাৰতে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত হোৱা এলানি সুস্থ আলোচনাৰ প্ৰত্যক্ষদৰ্শী হ’ল সংসদ। সাংসদসকলে তেওঁলোকৰ দৃষ্টিভংগী প্ৰকট কৰি আলোচনাক সমৃদ্ধি প্ৰদান কৰাৰ বাবে মই কৃতজ্ঞতা জ্ঞাপন কৰিছো”। “বৈদেশিক নীতিৰ প্ৰসংগত আলোচনাৰ সময়ত কেনেকৈ সকলোৱে সহমতৰ আধাৰত ইতিবাচক আলোচনাৰ নিদৰ্শন দাঙি ধৰি আলোচনাক মহীয়ান কৰি তোলে। এনে একমত্যই বিশ্ব প্ৰেক্ষাপটত ভাৰতৰ বাবে শুভ সংকেত কঢ়িয়াই আনে”। “প্ৰতিকূল পৰিস্থিতিত পৰা আমাৰ সহ-নাগৰিকসকলৰ সুৰক্ষা আৰু কল্যাণ সাদানৰ বাবে আহোপুৰুষাৰ্থ কৰাটো আমাৰ সমূহীয়া কৰ্তব্য আৰু সেয়া নিশ্চিত কৰাৰ বাবে যি কৰিব লাগে সকলোখিনি কৰিবলৈ ভাৰত চৰকাৰ বদ্ধ পৰিকৰ”।
ইউক্ৰেইনৰ সংকট আৰু ‘অপাৰেশ্যন গংগা’ সন্দৰ্ভত সদনত সুস্থ আলোচনা অনুষ্ঠিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰশংসা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A7%8D%E0%A6%AF%E0%A7%87-%E0%A6%A8%E0%A6%B9%E0%A7%80-%E0%A6%B9%E0%A6%AE-%E0%A6%AA%E0%A7%8B%E0%A6%B0%E0%A7%8D%E0%A6%9F%E0%A7%87%E0%A6%B2-%E0%A6%86%E0%A7%B0%E0%A7%81/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A7%8D%E0%A6%AF%E0%A7%87-%E0%A6%A8%E0%A6%B9%E0%A7%80-%E0%A6%B9%E0%A6%AE-%E0%A6%AA%E0%A7%8B%E0%A6%B0%E0%A7%8D%E0%A6%9F%E0%A7%87%E0%A6%B2-%E0%A6%86%E0%A7%B0%E0%A7%81/
প্ৰধানমন্ত্ৰী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ‘ম্যে নহী হম’ পোর্টেল আৰু এপ মুকলি কৰে৷ ‘ছেল্ফ৪ছ’চাইটি’ অৰ্থাৎ ‘সমাজৰ বাবে মই’ ধাৰণাভিত্তিক ‘ম্যে নহী হম’ পোর্টেলটো তথ্যপ্ৰযুক্তিৰ সৈতে জড়িত বৃত্তিধাৰী আৰু সংগঠনসমূহক সামাজিক সমস্যা আৰু সমাজ সেৱাৰ ক্ষেত্ৰত নিজৰ প্ৰচেষ্টাসমূহৰ একেটা মঞ্চলৈ অনাত সহায় কৰিব৷ এই ধৰণৰ কাম–কাজ সম্পাদনৰ জৰিয়তে সমাজৰ দুর্বল শ্রেণীৰ লোকসকলৰ সেৱাৰ লক্ষ্যৰে প্ৰযুক্তিগত সা–সুবিধাসমূহ কাম লগাই আৰু অধিক সহযোগিতা গঢ়ি তুলিবলৈ পোর্টেলটোৱে সহায় কৰিব বুলি আশা কৰা হৈছে৷ সামাজিক কল্যাণৰ স্বার্থত কাম কৰিবলৈ উৎসাহী লোকসকলৰ অংশগ্ৰহণ বৃদ্ধি কৰিবলৈও পোৰ্টেলটোৱে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব বুলি ধাৰণা কৰা হৈছে৷ এই উপলক্ষে তথ্যপ্ৰযুক্তি আৰু বৈদ্যুতিক সা–সামগ্ৰী নির্মাণৰ সৈতে জড়িত বৃত্তিধাৰী, উদ্যোগপতি আৰু প্ৰযুক্তিবিদসকলৰ সৈত কৰা বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰীয়ে কয় যে যিসকল লোকে আনৰ বাবে কাম কৰিবলৈ, সমাজৰ সেৱা কৰিবলৈ আৰু ইতিবাচক পৰিৱর্তন আনিব বিচাৰে তেওঁলোকৰ বাবে এই এপকলৈ সম্পূর্ণ আস্থা আছে। প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপৰ সময়ত ভাৰতৰ আগশাৰীৰ তথ্যপ্ৰযুক্তি সংস্থাৰ উদীয়মান বৃত্তিধাৰীসকলক উপৰি শ্রী আনন্দ মহিন্দ্রা, শ্রীমতী সুধা মূর্তিও উপস্থিত থাকে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰত্যেক প্ৰচেষ্টা, সেয়া সৰুৱেই হওঁক অথবা ডাঙৰেই হওঁক, সদায় সকলোতে সমান গুৰুত্ব দিব লাগে৷ তেওঁ লগতে কয় যে চৰকাৰে যি আঁচনি আৰু বাজেট গ্ৰহণ কৰে, সেই সকলোবোৰতে সাধাৰণ জনতাক অন্তৰ্ভূক্ত কৰাত গুৰুত্ব আৰোপ কৰা হয়৷ আনৰ জীৱনত ইতিবাচক পৰিৱর্তন আনিবলৈ কিদৰে আমি আমাৰ ক্ষমতা ব্যৱহাৰ কৰিব পাৰো, সেই বিষয়ে চিন্তাভাৱনা কৰাৰ প্ৰয়োজন আছে বুলিও তেওঁ মত প্ৰকাশ কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ ভাৰতৰ যুৱ সম্প্ৰদায়ে প্ৰযুক্তিৰ সক্ষমতাক ব্যাপকধৰণে কার্যকৰী কৰি ইয়াৰ সদ্ব্যৱহাৰ কৰিছে৷ এয়া কেৱল নিজৰ স্বার্থতে প্ৰযুক্তি ব্যৱহাৰ কৰা নাই, বৰঞ্চ আনৰ স্বার্থতো সেয়া কাম লগাইছে৷ তেওঁ এই ধৰনৰ প্ৰচেষ্টাক অসাধাৰণ দৃষ্টান্ত হিচাপে ব্যাখ্যা কৰে৷ সামাজিক ক্ষেত্রত একাধিক ষ্টার্ট–আপ আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে উদীয়মান সামাজিক উদ্যোগীসকলৰ সফলতা কামনা কৰে৷ একাধিক প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয় যে নিজৰ নির্ধাৰিত কাম–কাজৰ উপৰি নতুন কিবা এটা কৰাটো এতিয়া অতি জৰুৰী হৈ পৰিছে। এতিয়াও বহু নতুন কথা জনাৰ আৰু আৱিষ্কাৰ কৰিবলৈ বাকী আছে বুলিও তেওঁ মন্তব্য কৰে। তথ্যপ্ৰযুক্তিৰ বৃত্তিধাৰীসকলে তেওঁলোকে কৰা বিভিন্ন সামাজিক কাম–কাজ বিশেষকৈ, দক্ষতা বিকাশ আৰু পৰিস্কাৰ–পৰিচ্ছন্নতা বজাই ৰখাৰ ক্ষেত্রত তেওঁলোকৰ প্ৰচেষ্টাৰ কথা প্ৰধানমন্ত্ৰীৰ আগত ব্যাখ্যা কৰে৷ এটা প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে স্বচ্ছ ভাৰত অভিযানৰ প্ৰতীক বাপুৰ চশমা, বাপুৱে এই অভিযানৰ অনুপ্রেৰণা আৰু আমি সকলোৱেই বাপুৰ সপোন পূৰণৰ লক্ষৰে কাম কৰিছো৷ প্ৰধানমন্ত্ৰীয়ে কয় যে বহু সময়ত যেতিয়া ‘চৰকাৰে’ একো কৰিব নোৱাৰে, তেতিয়া তাক ‘সংস্কাৰৰ’ জৰিয়তে কৰা পৰিলক্ষিত হয়। পৰিস্কাৰ–পৰিচ্ছন্নতাক জীৱন–নিৰ্বাহৰ অংগ কৰি তোলাৰ বাবেও তেওঁ আহ্বান জনায়। পানী সংৰক্ষণৰ গুৰুত্ব সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে পানী সংৰক্ষণৰ উপযোগিতা বুজিবলৈ হ’লে মানুহে গুজৰাটৰ পোৰবন্দৰলৈ যাব লাগিব। তাত গৈ মহাত্মা গান্ধীৰ ঘৰ চাব লাগিব। পানী সংৰক্ষণৰ সমান্তৰালভাৱে আমি পানীৰ পুনৰ ব্যৱহাৰ কৰাও প্ৰয়োজন। কঠোৰ পৰিশ্ৰমী কৃষকসকলক মই ‘ক্ষুদ্ৰ জলসিঞ্চন’ পদ্ধতি গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছো। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে স্বেচ্ছামুলক ব্যৱস্থাৰ জৰিয়তে কৃষি খণ্ডৰ উন্নতিত বহুখিনি কাম কৰিব পৰা যায়। এই ধৰণৰ প্ৰচেষ্টাৰ বাবে যুৱ সমাজ আগুৱাই আহিব লাগিব আৰু কৃষক সমাজৰ কল্যাণৰ অৰ্থে কাম কৰিব লাগিব। বহু সংখ্যক লোকে কৰ প্ৰদান কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ইয়াৰ কাৰণ হৈছে তেওঁলোকৰ মনত বিশ্বাস জন্মিছে যে তেওঁলোকে প্ৰদান কৰা কৰৰ প্ৰতিটো টকাৰ যথাথয ব্যৱহাৰ হৈছে আৰু এয়া জনসাধাৰণৰ কল্যাণমূলক কামত লগোৱা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ যুৱ সম্প্ৰদায়ৰ বিচক্ষণতাক কামত লগাই ভাৰতে ষ্টার্ট–আপৰ ক্ষেত্রত প্ৰভাৱ বিস্তাৰ কৰিছে। গ্রামীণ ডিজিটেল উদ্যোগী গঢ়ি তোলা কামৰ সৈতে জড়িত এটা দলৰ প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয় য়ে আমি এনে এক ভাৰতবর্ষ গঢ়ি তোলা প্ৰয়োজন, য’ত সকলোৰে বাবে সমান সুযোগ–সুবিধা থাকে। তেওঁ কয় যে সামাজিক কাম কৰাটো প্ৰত্যেকৰ বাবে এক গৌৰৱৰ বিষয়। ব্যৱসায়–বাণিজ্য আৰু উদ্যোগক লৈ বিভিন্ন মহলৰ সমালোচনাক নসাৎ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই বাৰ্তালাপ কার্যসূচীয়ে সামাজিক ক্ষেত্রত অগ্ৰণী কর্পোৰেট সংস্থাসমূহক কি ধৰণৰ কাম কৰিছে তাকে প্ৰতিফলিত কৰিছে আৰু তেওঁ কর্পোৰেট সংস্থাসমূহৰ কর্মচাৰীসকলক সাধাৰণ জনতাৰ সেৱা কৰাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।
‘ম্যে নহী হম’ পোর্টেল আৰু এপ উদ্বোধন উপলক্ষে তথ্যপ্ৰযুক্তি তথা বৈদ্যুতিক সা-সামগ্ৰী নির্মাণৰ সৈতে জড়িত বৃত্তিধাৰীসকলৰে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%AE%E0%A7%B0%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A6%9B/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%AE%E0%A7%B0%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A6%9B/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৰিচাছৰ প্ৰধানমন্ত্ৰী শ্ৰী প্ৰবিন্দ কুমাৰ জগনাথৰ সৈতে আলোচনাত মিলিত হয়। প্ৰধানমন্ত্ৰী মোডীৰ গুজৰাট ভ্ৰমণৰ সময়ছোৱাত বিভিন্ন অনুষ্ঠানত দুয়োগৰাকী নেতাই বাৰ্তালাপ কৰে। প্ৰধানমন্ত্ৰী মোডীয়ে এইদৰে টুইট কৰিছে: "মৰিচাছৰ প্ৰধানমন্ত্ৰী শ্ৰী প্ৰবিন্দ কুমাৰ জগনাথৰ সৈতে এক গঠনমূলক আলোচনাত মিলিত হ’লো। আমি বিভিন্ন ক্ষেত্ৰত ভাৰত আৰু মৰিচাছৰ মাজত দ্বিপাক্ষিক সহযোগিতা অধিক গভীৰ কৰা সন্দৰ্ভত কথা-বতৰা পাতো।"
প্ৰধানমন্ত্ৰীয়ে মৰিচাছৰ প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B9%E0%A6%BE%E0%A7%B0%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A6%A8%E0%A6%BE%E0%A7%B0-%E0%A6%AB%E0%A7%B0%E0%A6%BF%E0%A6%A6%E0%A6%BE%E0%A6%AC%E0%A6%BE%E0%A6%A6%E0%A7%B0-%E0%A6%85%E0%A6%AE%E0%A7%83/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B9%E0%A6%BE%E0%A7%B0%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A6%A8%E0%A6%BE%E0%A7%B0-%E0%A6%AB%E0%A7%B0%E0%A6%BF%E0%A6%A6%E0%A6%BE%E0%A6%AC%E0%A6%BE%E0%A6%A6%E0%A7%B0-%E0%A6%85%E0%A6%AE%E0%A7%83/
অমৃতা চিকিৎসালয়ৰ ৰূপত আমাৰ সকলোকে আশীৰ্বাদধন্য কৰি তোলাৰ বাবে মা অমৃতানন্দময়ীজীক প্ৰণাম জনাইছোঁ। স্বামী অমৃতস্বৰূপানন্দ পুৰীজী, হাৰিয়ানাৰ ৰাজ্যপাল শ্ৰী বন্দাৰু দত্তাত্ৰেয়জী, মুখ্যমন্ত্ৰী শ্ৰী মনোহৰ লালজী, মোৰ কেবিনেট সহকৰ্মী শ্ৰী কৃষ্ণ পালজী, হাৰিয়ানাৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী দুষ্মন্ত চৌটালাজী আৰু অন্যান্য গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল! মাত্ৰ কেইদিনমান পূৰ্বে, দেশে এক নতুন শক্তিৰে ‘আজাদী কা অমৃতকাল’ত প্ৰৱেশ কৰিছে। এই অমৃতকালত দেশৰ সামূহিক প্ৰচেষ্টাক স্বীকৃতি দিয়া হৈছে আৰু দেশৰ সামূহিক চিন্তাধাৰা জাগ্ৰত কৰা হৈছে। মই অতি আনন্দিত যে অমৃতকালৰ আৰম্ভণিতে ৰাষ্ট্ৰই মাতৃ অমৃতানন্দময়ীৰ আশীৰ্বাদ লাভ কৰিছে। ফৰিদাবাদত অমৃতা চিকিৎসালয়ৰ ৰূপত ইমান বৃহৎ স্বাস্থ্যসেৱা প্ৰতিষ্ঠান স্থাপন কৰা হৈছে। এই চিকিৎসালয়খন ইয়াৰ নিৰ্মাণ ডিজাইন আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত যিমান আধুনিক, সেৱা আৰু আধ্যাত্মিক চেতনাৰ ক্ষেত্ৰত সিমানেই অলৌকিক। মোৰ দৃঢ় বিশ্বাস যে আধুনিকতা আৰু আধ্যাত্মিকতাৰ এই অদ্ভূত সংমিশ্ৰণ দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে স্বাস্থ্য সেৱাৰ, তেওঁলোকৰ বাবে আৰু সুলভ চিকিৎসাৰ মাধ্যম হৈ পৰিব। এই অভিনৱ কাম আৰু ইমান ডাঙৰ সেৱাৰ বাবে মই পূজনীয় আম্মাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। स्नेहत्तिन्डे, कारुण्यत्तिन्डे, सेवनत्तिन्डे, त्यागत्तिन्डे, पर्यायमाण अम्मा। माता अमृतानंन्दमयी देवी, भारत्तिन्डे महत्ताय, आध्यात्मिक पारंपर्यत्तिन्डे, नेरवकाशियाण। It is said here , अयं निजः परो वेति गणना, लघुचेतसाम्। उदारचरितानां तु वसुधैव कुटुम्बकम्॥ एन्न महा उपनिषद आशयमाण, अम्मयुडे, जीविता संदेशम। অৰ্থাৎ আম্মা হৈছে প্ৰেম, সহানুভূতি, সেৱা আৰু ত্যাগৰ প্ৰতিমূৰ্তি। তেওঁ ভাৰতৰ আধ্যাত্মিক পৰম্পৰাৰ বাহক। আমি মহা উপনিষদত আম্মাৰ জীৱন বাৰ্তা বিচাৰি পাওঁ। মঠৰ সৈতে জড়িত সাধুসকল, ট্ৰাষ্টৰ সৈতে জড়িত সকলো গণ্যমান্য ব্যক্তি, সকলো চিকিৎসক আৰু অন্যান্য কৰ্মচাৰীক আজিৰ এই পৱিত্ৰ অনুষ্ঠানত মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বন্ধুসকল আমি বাৰে বাৰে শুনি আহিছোঁ, ” न त्वहम् कामये राज्यम्, न च स्वर्ग सुखानि च। कामये दुःख तप्तानाम्, प्राणिनाम् आर्ति नाशनम्“॥ বন্ধুসকল, অৰ্থাৎ আমি ৰাজ্য বিচৰা নাই, আৰু স্বৰ্গৰ আনন্দও বিচৰা নাই। আমি কেৱল কামনা কৰোঁ যে দৰিদ্ৰ আৰু ৰোগীসকলক তেওঁলোকৰ বেদনা আৰু কষ্টৰ পৰা সকাহ দিয়াৰ সৌভাগ্য যাতে আমি অৰ্জন কৰিব পাৰোঁ। এনে চিন্তা আৰু মূল্যবোধৰ সমাজ এখনৰ বাবে, সেৱা আৰু চিকিৎসা সমাজৰ চেতনা হৈ পৰে। সেয়েহে, ভাৰত হৈছে এনে এখন ৰাষ্ট্ৰ য’ত চিকিৎসা হৈছে এক সেৱা আৰু সুস্বাস্থ্য হৈছে সম্পদ। ভাৰতত, স্বাস্থ্য আৰু আধ্যাত্মিকতা ইটো সিটোৰ সৈতে সম্পৰ্কিত। আমাৰ দেশত আৰ্য়ুবিজ্ঞান এক বেদ । আমি আমাৰ চিকিৎসা বিজ্ঞানক আয়ুৰ্বেদ নাম দিছো। আমি আয়ুৰ্বেদৰ সৰ্বশ্ৰেষ্ঠ পণ্ডিতসকলক ঋষি আৰু মহৰ্ষিৰ মৰ্যাদা দিছো আৰু তেওঁলোকৰ ওপৰত আমাৰ সৰ্বোচ্চ বিশ্বাস প্ৰকাশ কৰিছোঁ-মহৰ্ষি চৰক, মহৰ্ষি সুশ্ৰুত আৰু মহৰ্ষি বাগভট্ট! এনে বহুতো উদাহৰণ আছে, যাৰ জ্ঞান আৰু স্থান আজি ভাৰতীয়ৰ মানসপটত অমৰ হৈ পৰিছে। ভাই-ভনীসকল, ভাৰতে দেশখনৰ সংস্কৃতি আৰু দৰ্শন অনেক শতিকাজুৰি বিদ্যমান দাসত্ব আৰু অন্ধকাৰ যুগতো ম্লান হ’বলৈ দিয়া নাছিল। আমি ইয়াক সংৰক্ষণ কৰিছোঁ। আজি দেশখনত আমাৰ আধ্যাত্মিক শক্তি আকৌ এবাৰ শক্তিশালী হৈ উঠিছে। আমাৰ আদৰ্শৰ শক্তি আকৌ এবাৰ শক্তিশালী হৈ উঠিছে। ৰাষ্ট্ৰ আৰু বিশ্বই এক গুৰুত্বপূৰ্ণ বাহক অৰ্থাৎ পূজনীয় আম্মাৰ ৰূপত ভাৰতৰ এই পুনৰ্জাগৰণৰ অভিজ্ঞতা লাভ কৰিছে। তেওঁৰ সংকল্প আৰু প্ৰকল্পবোৰ আজি আমাৰ সন্মুখত সেৱাৰ ইমান ডাঙৰ প্ৰতিষ্ঠানৰ ৰূপত আছে। আমি পূজনীয় আম্মাৰ সামাজিক জীৱনৰ সৈতে সম্পৰ্কিত প্ৰতিটো ক্ষেত্ৰতে মৰম আৰু সহানুভূতি দেখিবলৈ পাওঁ। আজি তেওঁৰ মঠে হাজাৰ হাজাৰ শিশুক বৃত্তি প্ৰদান কৰিছে আৰু স্ব-সহায়ক গোটৰ জৰিয়তে লাখ লাখ মহিলাক শক্তিশালী কৰি তুলিছে। স্বচ্ছ ভাৰত অভিযানতো আপুনি দেশলৈ অভূতপূৰ্ব অৱদান আগবঢ়াইছে। স্বচ্ছ ভাৰত কোষলৈ আপোনাৰ মূল্যৱান অৱদানৰ বাবে, গংগাৰ পাৰত থকা কিছুমান ক্ষেত্ৰত যথেষ্ট কাম কৰা হৈছে। এইটোৱে নমামি গংগে অভিযানত যথেষ্ট সহায় কৰিছে। সমগ্ৰ বিশ্বই পূজ্নীয় আম্মাক সন্মান কৰে। কিন্তু মই বহুত ভাগ্যৱান। যোৱা কেইবা দশক ধৰি, মই পূজনীয় আম্মাৰ মৰম আৰু আশীৰ্বাদ নিৰন্তৰভাৱে লাভ কৰি আহিছোঁ। মই তেওঁৰ সৰলতা আৰু মাতৃভূমিৰ বাবে এক মহান দৰ্শন দেখিছোঁ। আৰু সেয়েহে মই ক’ব পাৰোঁ যে এনে এখন দেশ য’ত ইমান উদাৰ আৰু সমৰ্পিত আধ্যাত্মিক নেতা আছে, তাৰ প্ৰগতি আৰু উত্থান অনিবাৰ্য। বন্ধুসকল, আমাৰ ধৰ্মীয় আৰু সামাজিক প্ৰতিষ্ঠানসমূহৰ দ্বাৰা শিক্ষা আৰু স্বাস্থ্য সম্পৰ্কীয় দায়িত্ব পালনৰ এই ব্যৱস্থাটো এক প্ৰকাৰে প্ৰাচীন কালৰ সময়ৰ পিপিপি আৰ্হি। ইয়াক ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব বুলি কোৱা হয় কিন্তু মই ইয়াক এক ‘পাৰস্পৰিক প্ৰচেষ্টা’ হিচাপেও চাওঁ। ৰাজ্যসমূহে তেওঁলোকৰ নিজা প্ৰণালী সৃষ্টি কৰিছিল, ডাঙৰ ডাঙৰ বিশ্ববিদ্যালয় নিৰ্মাণত ভূমিকা পালন কৰিছিল। কিন্তু একে সময়তে ধৰ্মীয় প্ৰতিষ্ঠানসমূহো ইয়াৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰ। আজি চৰকাৰে সম্পূৰ্ণ আন্তৰিকতা আৰু সততাৰে দেশৰ স্বাস্থ্য আৰু শিক্ষা খণ্ডক মিছন মোডত পুনৰুজ্জীৱিত কৰাৰ বাবে পদক্ষেপ লোৱাটো নিশ্চিত কৰিবলৈ চেষ্টা কৰি আছে। ইয়াৰ বাবে, সামাজিক সংগঠনবোৰকো উৎসাহিত কৰা হৈছে। ব্যক্তিগত খণ্ডৰ সৈতে অংশীদাৰীত্ব কৰি এটা কাৰ্যকৰী পিপিপি আৰ্হি বিকশিত কৰা হৈছে। মই এই মঞ্চৰ পৰা কৈছো যে অমৃতা চিকিৎসালয়ৰ এই প্ৰকল্পটো দেশৰ আন সকলো প্ৰতিষ্ঠানৰ বাবে এক আদৰ্শ হৈ পৰিব। আমাৰ আন বহুতো ধৰ্মীয় সংগঠনেও বিভিন্ন সংকল্পৰে কাম কৰি এনে প্ৰতিষ্ঠান চলাই আছে। আমাৰ ব্যক্তিগত খণ্ডই এনে সংগঠনসমূহক সম্পদ প্ৰদান কৰি আৰু তেওঁলোকক সহায় কৰি পিপিপি মডেলৰ সৈতে আধ্যাত্মিক ব্যক্তিগত অংশীদাৰিত্বকো আগুৱাই নিব পাৰে। বন্ধুসকল, সমাজৰ প্ৰতিটো শ্ৰেণী, প্ৰতিটো প্ৰতিষ্ঠান আৰু প্ৰতিটো খণ্ডৰ প্ৰচেষ্টাৰ সুফল যি লাভ কৰা যায় সেয়া আমি কৰোনা কালতো দেখিছো। এইক্ষেত্ৰত যিমান আধ্যাত্মিক ব্যক্তিগত অংশীদাৰিত্ব গঢ় লৈ উঠিছে, আজি মই সেইসমূহৰ বিষয়ে কথা পাতিব বিচাৰো। আপোনাসৱ সকলোৱে অৱগত যে যেতিয়া ভাৰতে ইয়াৰ ভেকছিন বিকশিত কৰিছিল, তেতিয়া কিছুমান লোকে ইয়াৰ বিৰুদ্ধে এক প্ৰকাৰৰ প্ৰচাৰ চলাই আছিল। এই অপপ্ৰচাৰৰ ফলত সমাজত বিভিন্ন উৰাবাতৰি বিয়পিবলৈ আৰম্ভ কৰে। কিন্তু যেতিয়া সমাজৰ ধৰ্ম্মগুৰু আৰু আধ্যাত্মিক নেতাসকল একত্ৰিত হৈছিল, তেওঁলোকে লোকসকলক উৰাবাতৰিৰ প্ৰতি মনোযোগ নিদিবলৈ কৈছিল, আৰু ইয়াৰ তাৎক্ষণিক প্ৰভাৱ পৰিছিল। ভাৰতে আন দেশত দেখা ধৰণৰ ভেকছিনক লৈ দ্বিধাৰ সন্মুখীন হোৱা নাছিল। আজি সকলোৰে প্ৰচেষ্টাৰ এই মনোভাৱৰ বাবেই ভাৰতে বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণ কাৰ্যসূচী সফলতাৰে আগুৱাই নিবলৈ সক্ষম হৈছে। বন্ধুসকল, এইবাৰ লালকিল্লাৰ পৰা মই দেশৰ সন্মুখত এই অমৃতকালৰ ‘পঞ্চ-প্ৰাণ’ৰ এক দৰ্শন ৰাখিছো। এই পাঁচটা ‘প্ৰাণ’ৰ ভিতৰত এটা হ’ল দাসত্বৰ মানসিকতাক সম্পূৰ্ণভাৱে ত্যাগ কৰা। এই সময়ত দেশত এই বিষয়টোক লৈ বহুত আলোচনা কৰা হৈছে। যেতিয়া আমি এই মানসিকতা ত্যাগ কৰোঁ, আমাৰ কামৰ দিশো সলনি হয়। এই পৰিৱৰ্তন আজি দেশৰ স্বাস্থ্য সেৱা ব্যৱস্থাতো দৃশ্যমান হৈছে। এতিয়া আমি আমাৰ পৰম্পৰাগত জ্ঞান আৰু অভিজ্ঞতাৰ ওপৰতো নিৰ্ভৰ কৰিব পাৰিছোঁ, এইবোৰৰ জৰিয়তে বিশ্ববাসীকো উপকৃত কৰিব পাৰিছোঁ। আমাৰ আয়ুৰ্বেদ আৰু যোগ আজি স্বাস্থ্যসেৱাৰ এক নিৰ্ভৰযোগ্য ব্যৱস্থা হৈ পৰিছে। ভাৰতৰ এই প্ৰস্তাৱ লৈ, সমগ্ৰ বিশ্বই অহা বছৰ আন্তৰ্জাতিক বাজৰা বৰ্ষ উদযাপন কৰিবলৈ গৈ আছে। মই আশা কৰিম যে আপোনালোক সকলোৱে অধিক উৎসাহেৰে একেধৰণে এই অভিযান অব্যাহত ৰাখিব। বন্ধুসকল, স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন সেৱাৰ পৰিসৰ কেৱল চিকিৎসালয়, ঔষধ আৰু চিকিৎসাতে সীমাবদ্ধ নহয়। আন বহুতো বস্তু আছে যিয়ে এখন স্বাস্থ্যৱান সমাজৰ ভেটি স্থাপন কৰে। উদাহৰণস্বৰূপে, সাধাৰণ নাগৰিকৰ বাবে পৰিষ্কাৰ আৰু খোৱা পানীৰ অধিকাৰ সমানে গুৰুত্বপূৰ্ণ। প্ৰদূষিত পানী আমাৰ দেশত কেইবাটাও ৰোগৰ কাৰণ। সেইকাৰণে দেশখনে ৩ বছৰ আগতে জল জীৱন মিছনৰ দৰে দেশজুৰি অভিযান আৰম্ভ কৰিছিল। এই তিনি বছৰত, দেশৰ ৭ কোটি গ্ৰাম্য পৰিয়ালক পাইপযোগে পানী যোগান ধৰা হৈছে। লক্ষণীয়ভাৱে, হাৰিয়ানা চৰকাৰেও এই অভিযানত এক কাৰ্যকৰী কাম কৰিছে। মই বিশেষকৈ সেই বিষয়টোত জোৰ দিব বিচাৰো। হাৰিয়ানা আজি দেশৰ এখন আগশাৰীৰ ৰাজ্য য’ত প্ৰতিটো পৰিয়াল পাইপযুক্ত পানীৰ সুবিধাৰ সৈতে সংযুক্ত হৈ আছে।. একেদৰে, হাৰিয়ানাৰ জনসাধাৰণে ‘বেটি বচাও, বেটি পঢ়াও’ৰ ক্ষেত্ৰত এক প্ৰশংসনীয় কাম কৰিছে। ফিটনেছ আৰু ক্ৰীড়া হাৰিয়ানা আৰু ইয়াৰ সংস্কৃতিৰ সমাৰ্থক। আৰু সেইকাৰণে ইয়াত যুৱপ্ৰজন্মই ক্ৰীড়াক্ষেত্ৰত ত্ৰিৰংগাৰ মৰ্যাদা বৃদ্ধি কৰি আছে। একে গতিত, আমি দেশৰ আন ৰাজ্যসমূহতো কম সময়ত অভূতপূৰ্ব ফলাফল লাভ কৰিব লাগিব। আমাৰ সামাজিক সংগঠনবোৰে এইক্ষেত্ৰত এক বৃহৎ অৱদান আগবঢ়াব পাৰে। বন্ধুসকল, প্ৰকৃত বিকাশ হৈছে সেয়া যি সকলোকে স্পৰ্শ কৰে আৰু সকলোকে লাভান্বিত কৰে। গুৰুতৰ ৰোগৰ চিকিৎসা সকলোৰে বাবে উপলব্ধ কৰি তোলাৰ এই ভাৱনা হৈছে অমৃতা চিকিৎসালয়ৰো ভাবনা। মই নিশ্চিত যে সেৱাৰ সংকল্পৰে হাৰিয়ানা আৰু দিল্লীৰ লাখ লাখ পৰিয়ালক আপোনাসৱে স্বাস্থ্যৱান কৰি তুলিব। পুনৰ এবাৰ পূজ্যনীয় আম্মাৰ শ্ৰীচৰণত প্ৰণাম জনাই, আৰু আপোনালোক সকলোকে অন্তৰৰ পৰা অভিনন্দন জনাই, মই মোৰ শুভেচ্ছা জনাইছোঁ! বহুত ধন্যবাদ!
হাৰিয়ানাৰ ফৰিদাবাদৰ অমৃতা চিকিৎসালয়ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণ পাঠ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A6%82%E0%A6%B8%E0%A7%8D%E0%A6%95%E0%A7%83%E0%A6%A4%E0%A6%A4-%E0%A6%95%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A6%95%E0%A7%87%E0%A6%9F-%E0%A6%A7%E0%A6%BE%E0%A7%B0%E0%A6%BE%E0%A6%AD%E0%A6%BE%E0%A6%B7/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A6%82%E0%A6%B8%E0%A7%8D%E0%A6%95%E0%A7%83%E0%A6%A4%E0%A6%A4-%E0%A6%95%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A6%95%E0%A7%87%E0%A6%9F-%E0%A6%A7%E0%A6%BE%E0%A7%B0%E0%A6%BE%E0%A6%AD%E0%A6%BE%E0%A6%B7/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংস্কৃত ভাষাত ক্ৰিকেট ধাৰাভাষ্য প্ৰদানৰ বাবে নাগৰিকসকলে গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লৈছে৷ তেওঁ নিজৰ মন কী বাত এটা ক্লিপো শ্বেয়াৰ কৰে, য’ত তেওঁ কাশীত একেধৰণৰ প্ৰচেষ্টা শ্বেয়াৰ কৰিছিল। এগৰাকী নাগৰিকৰ এটা টুইটৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে কয়, “এইটো দেখি উৎসাহী হৈছো…এই প্ৰচেষ্টা গ্ৰহণ কৰা সকললৈ অভিনন্দন। যোৱা বছৰ #MannKiBaatৰ এটা অনুষ্ঠানৰ সময়ত মই কাশীতো একেধৰণৰ প্ৰচেষ্টা শ্বেয়াৰ কৰিছিলো। সেইটোও লগতে শ্বেয়াৰ কৰিছো৷”
সংস্কৃতত ক্ৰিকেট ধাৰাভাষ্য প্ৰদানৰ প্ৰচেষ্টাৰ শলাগ প্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A6%A8-%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A7%8D%E0%A6%AF-%E0%A6%85%E0%A7%B0%E0%A7%81%E0%A6%A3%E0%A6%BE%E0%A6%9A%E0%A6%B2-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%87/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A6%A8-%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A7%8D%E0%A6%AF-%E0%A6%85%E0%A7%B0%E0%A7%81%E0%A6%A3%E0%A6%BE%E0%A6%9A%E0%A6%B2-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%87/
প্ৰধানমন্ত্ৰীয়ে অৰুণাচলৰ উন্নয়নমূলক কাম সন্দৰ্ভত জনসাধাৰণৰ মতামতৰ প্ৰতি সঁহাৰি জনায় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি তেওঁৰ দ্বাৰা আৰম্ভ কৰা উন্নয়নমূলক পদক্ষেপৰ শলাগ লোৱাৰ বাবে টুইটাৰত ৰাইজৰ প্ৰতি সঁহাৰি জনাইছে। কালি প্ৰধানমন্ত্ৰীয়ে ইটানগৰৰ ডনি প’লো বিমানবন্দৰ উদ্বোধন কৰাৰ লগতে ৬০০ মেগাৱাট শক্তিৰ কামেং জলবিদ্যুৎ কেন্দ্ৰ দেশবাসীৰ বাবে উচৰ্গা কৰে। উত্তৰ-পূবত বিমান সংযোগৰ ব্যাপক বৃদ্ধিৰ সন্দৰ্ভত এটা মন্তব্যৰ বাবে প্ৰধানমন্ত্ৰীয়ে কয়,“হয় উত্তৰ-পূবৰ সংযোগৰ ক্ষেত্ৰত ই এক বৃহৎ পৰিৱৰ্তন। ইয়াৰ দ্বাৰা অধিক পৰ্যটকে ভ্ৰমণ কৰিবলৈ সক্ষম হ’ব আৰু উত্তৰ-পূবৰ লোকসকলে আন অঞ্চললৈ সহজে যাত্ৰা কৰিব পাৰিব।” যেতিয়া এজন নাগৰিকে ৰাজ্যখনৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰীৰ দায়বদ্ধতাক আলোকপাত কৰিছিল, তেতিয়া শ্ৰী মোদীয়ে এইদৰে ইয়াৰ উত্তৰ দিয়ে,‘অৰুণাচল প্ৰদেশৰ জনসাধাৰণ ব্যতিক্ৰমী। তেওঁলোকৰ দেশপ্ৰেমৰ মনোভাৱ অদম্য। এই মহান ৰাজ্যখনৰ বাবে কাম কৰা আৰু ইয়াৰ প্ৰকৃত সম্ভাৱনা উপলব্ধি কৰাত সহায় কৰাটো এক সন্মানৰ কথা।”
মহান ৰাজ্য অৰুণাচল প্ৰদেশৰ বাবে কাম কৰি আৰু ইয়াৰ প্ৰকৃত সম্ভাৱনাক বাস্তৱায়িত কৰাত সহায় কৰাটো এক গৌৰৱৰ কথা: প্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%8F%E0%A6%A8-%E0%A6%9A%E0%A6%BF-%E0%A6%A6%E0%A7%87%E0%A6%AC%E0%A7%8D%E0%A6%AC%E0%A7%B0%E0%A7%8D%E0%A6%AE%E0%A6%BE%E0%A7%B0-%E0%A6%AE%E0%A7%83%E0%A6%A4/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%8F%E0%A6%A8-%E0%A6%9A%E0%A6%BF-%E0%A6%A6%E0%A7%87%E0%A6%AC%E0%A7%8D%E0%A6%AC%E0%A7%B0%E0%A7%8D%E0%A6%AE%E0%A6%BE%E0%A7%B0-%E0%A6%AE%E0%A7%83%E0%A6%A4/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ত্ৰিপুৰাৰ মন্ত্ৰী তথা ৰাজনৈতিক নেতা শ্ৰী এন চি দেববৰ্মাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে এটা টুইটত কয়: "সদায় জনসাধাৰণৰ উন্নতিৰ বাবে কাম কৰা শ্ৰী এন চি দেব্বৰ্মাজীক তৃণমূল পৰ্যায়ত কাম কৰা এজন কঠোৰ পৰিশ্ৰমী ৰাজনৈতিক নেতা হিচাপে অনাগত প্ৰজন্মই স্মৰণ কৰিব। ত্ৰিপুৰাৰ প্ৰগতিত তেওঁ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। তেওঁৰ মৃত্যুত মই অত্যন্ত দুখিত। তেওঁৰ পৰিয়াল আৰু সমৰ্থকসকলৰ প্ৰতি গভীৰ সমবেদনা। ঔঁম শান্তি। '
শ্ৰী এন চি দেব্বৰ্মাৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B6%E0%A6%BF%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%95%E0%A6%B8%E0%A6%95%E0%A6%B2%E0%A6%B2%E0%A7%88-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC-%E0%A6%AC/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B6%E0%A6%BF%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%95%E0%A6%B8%E0%A6%95%E0%A6%B2%E0%A6%B2%E0%A7%88-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC-%E0%A6%AC/
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী ধৰ্মেন্দ্ৰ জী, অন্নপূৰ্ণা দেৱী জী আৰু দেশজুৰি অহা মোৰ সকলো শিক্ষক বন্ধুসকল আৰু আপোনালোকৰ মাধ্যমত এক প্ৰকাৰে মই আজি দেশৰ সকলো শিক্ষকৰ সৈতেও কথা পাতি আছো। দেশে আজি ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা শিক্ষাবিদ ডক্টৰ ৰাধাকৃষ্ণণ জীক তেওঁৰ জন্ম দিৱসত আদৰাঞ্জলি দি আছে আৰু এয়া আমাৰ সৌভাগ্য যে আমাৰ বৰ্তমানৰ ৰাষ্ট্ৰপতিও টিচাৰ। তেওঁৰ জীৱনৰ প্ৰাৰম্ভিক কাল তেওঁ শিক্ষক হিচাপে কাম কৰিলে আৰু সেয়াও দূৰ-সুদূৰ উৰিষ্যাৰ ভিতৰুৱা অঞ্চলত আৰু তাৰ পৰাই তেওঁৰ জীৱন বিভিন্ন প্ৰকাৰে আমাৰ বাবে সুখদায়ক সংযোগ আৰু এনে টিচাৰ ৰাষ্ট্ৰপতিৰ হাতেৰে আপোনালোকৰ সন্মান হৈছে যেতিয়া এয়া আপোনালোকৰ বাবে গৌৰৱৰ কথা। চাওক, আজি যি সময়ত দেশে স্বাধীনতাৰ অমৃত কালৰ নিজৰ বৃহৎ সপোন সাকাৰ কৰিবলৈ একত্ৰিত হৈছে, সেই সময়ত শিক্ষাৰ ক্ষেত্ৰত ৰাধাকৃষ্ণণ জীৰ প্ৰয়াসে আমাক সকলোকে অনুপ্ৰাণিত কৰিছে। এই উপলক্ষে মই ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত আপোনালোক সকলো শিক্ষকক, ৰাজ্যসমূহতো এনে ধৰণৰ পুৰস্কাৰ দিয়া হয়, সেই সকলকো মই বহুত বহুত অভিনন্দন জনাইছো। বন্ধুসকল, এতিয়া মই বহু শিক্ষকৰ সৈতে কথাপতাৰ সুযোগ পালো। সকলো বেলেগ বেলেগ ভাষা কয়, বেলেগ বেলেগ প্ৰয়োগ কৰা লোক। ভাষা বেলেগ হ'ব, ক্ষেত্ৰ বেলেগ হ'ব, সমস্যা বেলেগ হ'ব, কিন্তু এইটোও আছে যে ইয়াৰ মাজত আপোনালোক যিমানেই নহওক, আপোনালোক সকলোৰে মাজত এটা সমতা আছে আৰু সেয়া হৈছে আপোনালোকৰ কৰ্ম, আপোনালোকৰ বিদ্যাৰ্থীৰ প্ৰতি সমৰ্পণ আৰু এই সমতাই আপোনালোকৰ ভিতৰত যি সবাতোকৈ ডাঙৰ কথা আৰু আপোনালোকে হয়তো দেখিছে যি সফল টিচাৰ হৈছে তেওঁ কেতিয়াও শিশুক এই কথা নকয় যে এয়া তুমি পৰা কাম নহয়, নকয়। টিচাৰৰ সকলোতকৈ ডাঙৰ শক্তি হৈছে, সেয়া হৈছে পজিটিভিটি, সকাৰাত্মকতা। কিমান শিশু লিখা-পঢ়াত সম্পূৰ্ণ নহওক…আৰে কৰা বোপাই হৈ যাব। আৰে চোৱা তেওঁ কৰিলে তুমিও কৰা, হৈ যাব। অৰ্থাৎ আপুনি চাব তেওঁ নাজানেই, কিন্তু টিচাৰৰ গুণত থাকে। তেওঁ প্ৰতিবাৰেই পজিটিভেই ক'ব, তেওঁ কেতিয়াও কাকো নিগেটিভ কমেণ্ট কৰি নিৰাশ কৰা বা হতাশ কৰি দিয়াটো তেওঁৰ প্ৰকৃতিত নাই। আৰু এজন শিক্ষকৰ ভূমিকাই ব্যক্তিক পোহৰ দেখুওৱাৰ কাম কৰে। তেওঁলোকে সপোন সৃষ্টি কৰে, শিক্ষকে প্ৰতিজন শিশুৰ ভিতৰত সপোন সৃষ্টি কৰে আৰু সেয়া সংকল্পলৈ পৰিৱৰ্তিত কৰাৰ প্ৰশিক্ষণ দিয়ে যে চোৱা এই সপোন সম্পূৰ্ণ হ'ব পাৰে, তুমি এবাৰ সংকল্প লোৱা, লাগি যোৱা। আপোনালোকে হয়তো দেখিছে যে সেই শিশুৱে সপোনক সংকল্পলৈ পৰিৱৰ্তিত কৰে আৰু টিচাৰে যি পথ দেখুৱায়, তাৰ জৰিয়তে তেওঁ সেয়া সিদ্ধ কৰে। অৰ্থাৎ সপোনৰ পৰা সিদ্ধিলৈকে এই সম্পূৰ্ণ যাত্ৰা সেই প্ৰকাশ পুঞ্জৰ সৈতে থাকে, যি কোনো টিচাৰে তেওঁৰ জীৱনত সপোন সৃষ্টি কৰিছিল, দ্বীপ জ্বলাইছিল। যি তেওঁক কিমান প্ৰত্যাহ্বান আৰু আন্ধাৰৰ মাজত পথ দেখুৱাইছিল। আৰু আজি দেশেও নতুন সপোন, নতুন সংকল্প লৈ এনেকুৱা এটা কেঁকুৰিত থিয় দিছে যে আজি যি প্ৰজন্ম আছে, যিসকল বিদ্যাৰ্থী অৱস্থাত আছে, ২০৪৭ত হিন্দুস্তান কেনেকুৱা হ'ব, এয়া তেওঁলোকৰ ওপৰতে নিৰ্ভৰ কৰিব। আৰু তেওঁলোকৰ জীৱন আপোনালোকৰ হাতত। ইয়াৰ অৰ্থ হৈছে এইটো যে ২০৪৭ত দেশ গঢ়াৰ কাম আজি যিসকল টিচাৰ, যি অনাগত ১০ বছৰ, ২০ বছৰ সেৱা দিব, তেওঁলোকৰ হাতত ২০৪৭ৰ ভৱিষ্যৎ নিৰ্ণয় হ'ব। আৰু সেয়ে আপোনালোকে এখন স্কুলত চাকৰি কৰে, এনেকুৱা নহয়, আপোনালোকে এটা শ্ৰেণীকোঠাত শিশুসকলক পঢ়ায়, এনেকুৱা নহয়, আপোনালোকে এটা পাঠ্যক্ৰম এটেণ্ড কৰে, এনেকুৱা নহয়। আপোনালোকে তেওঁলোকৰ সৈতে সংযুক্ত হৈ, তেওঁলোকৰ জীৱন গঢ়াৰ কাম আৰু তেওঁলোকৰ জীৱনৰ মাধ্যমত দেশ গঢ়াৰ সপোন লৈ আগবাঢ়ে। যি টিচাৰৰ সপোন নিজৰে সৰু হয়, তেওঁৰ মগজুত ১০ৰ পৰা ৫লৈকেহে সোমাই থাকে। আজি চাৰিটা পিৰিয়ড ল'বলগা আছে, সিমানতে থাকে। তেতিয়া তেওঁলোকে, তাৰবাবে যদিও দৰমহা লয়, এক তাৰিখলৈ তেওঁলোকে অপেক্ষা কৰে, কিন্তু তেওঁলোকৰ আনন্দ নাথাকে, তেওঁলোকক সেই বস্তুবোৰ বোজা যেন লাগে। কিন্তু যেতিয়া তেওঁলোকৰ সপোনৰ সৈতে তেওঁলোক জড়িত হৈ পৰে, তেতিয়া এইবোৰ একো বস্তু তেওঁলোকৰ বোজা যেন নালাগে। তেওঁলোকৰ লাগে যেন আৰে! মোৰ এই কামেৰে তো মই দেশক ইমান ডাঙৰ অৰিহণা যোগাম। যদি মই খেলৰ পথাৰত এজন খেলুৱৈ সৃষ্টি কৰো আৰু মই সপোন সজালে এদিন নহয় এদিন মই সেয়া পৃথিৱীত ক'ৰবাত নহয় ক'ৰবাত ত্ৰিৰংগা পতাকাৰ সন্মুখত থিয় হোৱাটো চাব বিচাৰো…আপোনালোকে কল্পনা কৰিব পাৰে যে, আপোনালোকে সেই কামৰ কিমান আনন্দ পাব। আপোনালোকে ৰাতি ৰাতি সাৰে থকাৰ কিমান আনন্দ পাব। আৰু সেয়ে টিচাৰৰ মনত কেৱল সেই শ্ৰেণীকোঠা, সেই নিজৰ পিৰিয়ড, চাৰিটা ল'ব লাগিব, পাঁচটা ল'ব লাগিব, তেওঁ আজি অহা নাই সেয়ে তেওঁৰ সলনি মই যাব লাগিব, এই সকলো বোজাৰ পৰা মুক্ত কৰি…মই আপোনালোকৰ জটিলতা জানো, সেয়ে কৈ আছো…সেই বোজাৰ পৰা মুক্ত হৈ যদি আমি এই শিশুসকলৰ সৈতে, তেওঁলোকৰ জীৱনৰ সৈতে সংযুক্ত হওঁ। দ্বিতীয়তে, আল্টিমেটলি আমি শিশুসকলক পঢ়াবতো লাগিবই, জ্ঞান দিবই লাগিব, কিন্তু আমি তেওঁলোকৰ জীৱন গঢ়িব লাগিব। চাওক, আইচলেচনত, নিঃসংগতাত জীৱন নহয়। শ্ৰেণীকোঠাত তেওঁ এটা চাই ল'ব, স্কুল পৰিসৰত বেলেগ এটা দেখিব, ঘৰ পৰিৱেশত কিবা বেলেগ দেখিলে, তেতিয়া শিশু কনফ্লিক্ট আৰু কনট্ৰেডিকচনত আবদ্ধ হৈ পৰে। তেওঁৰ ধাৰণা হয়, মাইতো এইবুলি কৈ আছিল আৰু টিচাৰেতো এইবুলি কৈ আছিল আৰু শ্ৰেণীত বাকী যিসকল লোক আছিল, তেওঁলোকে তো এনেকৈ কৈ আছিল। সেই শিশুক দ্বিধাৰ জীৱনৰ পৰা বাহিৰলৈ উলিওৱাই আমাৰ কাম। কিন্তু তাৰ কোনো ইনজেকচন নাই যে আজি এই ইনজেকচন লৈ লোৱা, তুমি দ্বিধাৰ পৰা বাহিৰ। টীকা লগাই দিয়া, দ্বিধাৰ পৰা বাহিৰ, এনেকুৱা তো নহয়। আৰু ইয়াৰ বাবে টিচাৰৰ বাবে অত্যন্ত দৰকাৰ যে কিবা ইণ্টেগ্ৰেটেড এপ্ৰোচ ইয়াৰ থাকিব লাগিব। কিমান টিচাৰ আছে, যি ষ্টুডেণ্টছৰ পৰিয়ালক জানে, কেতিয়াবা পৰিয়ালক লগ পাইছে, কেতিয়াবা তেওঁলোকক সুধিছে যে ঘৰলৈ আহি কি কৰে, কেনেকুৱা কৰে, আপোনালোকৰ কি ভাব হয়। আৰু কেতিয়াবা এই কথা কৈছেনে যে চাওক, মোৰ ক্লাছলৈ আপোনাৰ শিশু আহে, এওঁৰ এইটো বহুত ভাল শক্তি। আপুনি অলপ এওঁক ঘৰতো চাব, বহুত আগবাঢ়িব। মই তো আছোৱেই, টিচাৰৰ ফালৰ পৰা মই কোনো অভাৱ নাৰাখো, কিন্তু আপুনি অলপ মোৰ সহায় কৰক। তেতিয়াই সেই ঘৰৰ লোকসকলৰ ভিতৰতো এটা সপোন সৃষ্টি কৰি আপুনি আহি যায় আৰু তেওঁলোক আপোনাৰ সহযাত্ৰী হৈ পৰে। তেতিয়া ঘৰো নিজে নিজেই পাঠশালা সংস্কাৰৰ হৈ পৰে। যি সপোন আপোনালোকে শ্ৰেণীকোঠাত সৃষ্টি কৰে, সেই সপোন সেই ঘৰৰ ভিতৰত ফুলবাৰী হৈ ফুলকলি হ'বলৈ আৰম্ভ কৰে। আৰু সেইবাবে আমি চেষ্টা কৰোনে, আৰু আপোনালোকে হয়তো দেখিছে যে কিছুমান ষ্টুডেণ্টে আপোনালোকক বহুত অসুবিধা কৰা দেখা যায়, এওঁলোক এনেকুৱাই, সময় বেয়া কৰি দিয়ে, ক্লাছলৈ আহোতেই প্ৰথম দৃষ্টি সেইফালে গ'লেই আধা মগজু তাতে বেয়া হৈ যায়। মই আপোনালোকৰ ভিতৰৰ পৰা কৈ আছো। আৰু তেওঁলোকো এনেকুৱাই যে আগৰ বেঞ্চতহে বহিব, তেওঁলোকৰো লাগে যেন এই টিচাৰজনে মোক পছন্দ নকৰে যিহেতু প্ৰথমেই সন্মুখলৈ আহিব তেওঁ। আৰু আপোনাৰ আধা সময় তেৱেঁই খাই দিয়ে। এনেকুৱাত সেই বাকী শিশুসকলৰ ওপৰত অন্যায় হৈ যায়…কাৰণ কি, মোৰ পছন্দ অপছন্দ। সফল টিচাৰ সেইজন, যাৰ শিশু সন্দৰ্ভত, ষ্টুডেণ্ট সন্দৰ্ভত না কোনোবা পছন্দ থাকে, না কোনো অপছন্দৰ থাকে। তেওঁৰ বাবে তেওঁলোক সকলো সমান। মই এনেকুৱা টিচাৰ দেখিছো, যাৰ নিজৰ সন্তানো সেই শ্ৰেণীকোঠাত থাকে। কিন্তু সেই টিচাৰে শ্ৰেণীকোঠাত নিজৰ সন্তানকো সেই ট্ৰিটমেণ্ট দিয়ে, যি সকলো ষ্টুডেণ্টক দিয়ে। যদি চাৰিজন লোকক সুধিব লাগে, তেতিয়া তেওঁৰ পাল আহিলে তেওঁক সোধে, স্পেচিয়েলি তেওঁক কেতিয়াও নকয় যে তুমি এইটো কোৱা, তুমি এইটো কৰা, কেতিয়াও নহয়। কিয়নো তেওঁ জানে যে তেওঁক এগৰাকী ভাল মাতৃৰ দৰকাৰ, এজন ভাল পিতৃৰ দৰকাৰ, কিন্তু ভাল টিচাৰৰো দৰকাৰ। সেয়ে তেৱোঁ চেষ্টা কৰে যে ঘৰত মই পিতৃ-মাতৃৰ ভূমিকা সম্পূৰ্ণ কৰিম, কিন্তু ক্লাছত তো তেওঁৰ আৰু মোৰ মাজত সম্পৰ্ক শিক্ষক আৰু ছাত্ৰৰ হোৱা উচিত, সেই ঘৰৰ সম্পৰ্ক ইয়ালৈ আহিব নালাগে। এয়া টিচাৰৰ বহুত ডাঙৰ ত্যাগ, তেতিয়াহে সম্ভৱ হয়। এয়া নিজক চম্ভালি এনেদৰে কাম কৰা, এয়া তেতিয়াহে সম্ভৱ হয়। আৰু সেয়ে আমাৰ যি শিক্ষা ব্যৱস্থা, ভাৰতৰ যি পৰম্পৰা আছে সেয়া কিতাপতে সীমিত কেতিয়াও থকা নাই, কেতিয়াও থকা নাই। সেয়া এক প্ৰকাৰে আমাৰ বাবে এটা সাৰথি। আমি বহুত বস্তু…আৰু আজি প্ৰযুক্তিৰ কাৰণে ই বহুত সম্ভৱপৰ হৈছে। আৰু মই দেখিছো যে প্ৰযুক্তিৰ কাৰণে বহুত ডাঙৰ মাত্ৰাত আমাৰ গাঁৱৰ টিচাৰো যি নিজে প্ৰযুক্তিত পঢ়া নাছিল, কিন্তু কৰি কৰি তেওঁলোকে শিকি গ'ল। আৰু তেওঁলোকেও ভাবিছে যে ভাই, কিয়নো তেওঁলোকৰ মগজুত ষ্টুডেণ্ট ভৰি আছে, তেওঁলোকৰ মগজুত পাঠ্যক্ৰম ভৰি আছে, সেয়ে সেই বস্তুবিলাকে প্ৰডাক্ট প্ৰস্তুত কৰে যিবোৰ সেই শিশুসকলৰ কামত আহে। ইয়াত চৰকাৰত থকা লোকসকলৰ মগজুত কি থাকে, পৰিসংখ্যা থাকে যে ভাই কিমান টিচাৰ ভৰ্তি কৰিবলৈ বাকী আছে, কিমান ষ্টুডেণ্টৰ ড্ৰপ আউট হ'ল, কন্যাৰ ভৰ্তি হৈছে নে নাই, তেওঁলোকৰ মগজুত সেয়া থাকে, কিন্তু টিচাৰৰ মগজুত তেওঁলোকৰ জীৱন থাকে…বহুত ডাঙৰ ব্যৱধান। আৰু সেয়ে যদি টিচাৰে এই সকলো দায়িত্ব মনোযোগেৰে বহন কৰে। এতিয়া আমাৰ যি ৰাষ্ট্ৰীয় শিক্ষা নীতি আহিছে, ইয়াৰ ইমানেই প্ৰশংসা হৈ আছে, ইমানেই প্ৰশংসা হৈ আছে, কিয় হৈ আছে, তাত একো নাটনি নাথাকিব, এইবুলি তো মই দাবী কৰিব নোৱাৰো, কোনেও দাবী কৰিব নোৱাৰে। কিন্তু যি মানুহৰ মনত পৰি আছিল, তেওঁলোকৰ ধাৰণা, এয়া কিবা সঠিক দিশত গৈ আছে। ব'লক, এই পথত আমি অগ্ৰসৰ হওঁ। আমাৰ পুৰণা অভ্যাস ইমানেই হৈ গৈছে যে ৰাষ্ট্ৰীয় শিক্ষা নীতিক এবাৰ পঢ়িলে শুনিলেই নহ'ব। মহাত্মা গান্ধীজীক এবাৰ কোনোবাই সুধিছিল যে আপোনাৰ মনত কিবা সংশয় থাকিলে, সমস্যা থাকিলে, তেতিয়া কি কৰে। তেতিয়া তেওঁ কৈছিল, মই ভাগৱত গীতাৰ পৰা বহুত কথা পাওঁ। ইয়াৰ অৰ্থ হৈছে তেওঁ বাৰে বাৰে সেয়া পঢ়ে, বাৰে বাৰে তাৰ অৰ্থ সলনি কৰে, বাৰে বাৰে নতুন অৰ্থ দেখে, বাৰে বাৰে নতুন প্ৰকাশবান পুঞ্জ সন্মুখত থিয় হৈ যায়। এই ৰাষ্ট্ৰীয় শিক্ষা নীতিও, যেতিয়ালৈকে শিক্ষা জগতৰ লোকে তাত প্ৰতিটো সমস্যাৰ সমাধান আছেনে, দহবাৰ পঢ়ে, ১২বাৰ পঢ়ে, ১৫বাৰ পঢ়ে, সমাধান ইয়াত আছেনেকি। ইয়াক আমি সেই ৰূপত দেখা পাম। এবাৰ আহিছে, ঠিক আছে চাৰ্কুলাৰ আহে, তেনেদৰে চালে নহ'ব। তাক আমি আমাৰ শিৰত সুমুৱাই ল'ব লাগিব, আমাৰ আত্মাত সুমুৱাই ল'ব লাগিব। যদি এই প্ৰয়াস হয় তেন্তে মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে ৰাষ্ট্ৰীয় শিক্ষা নীতি বনোৱাত আমাৰ দেশৰ টিচাৰসকলৰ বহুত ডাঙৰ ভূমিকা আছে। লাখ লাখ হিচাপত টিচাৰসকলে অৰিহণা যোগাইছে, ইয়াক বনোৱাত। প্ৰথমবাৰ দেশত ইমান ডাঙৰ মন্থন হৈছে। যিসকল টিচাৰে ইয়াক বনাইছে, সেই টিচাৰসকলৰ কাম হৈছে যে চৰকাৰী ভাষা ইত্যাদি শিশুৰ কাম নহ'ব, আপোনাৰ মাধ্যম হ'ব লাগিব যে এই যি চৰকাৰী নথি, সেয়া তেওঁলোকৰ জীৱনৰ আধাৰ কেনেকৈ হ'ব মই সেয়া ট্ৰেন্সলেট কৰিব লাগিব, মই তাক ফুলষ্টপ, কমাৰে ধৰিও তাক সহজ, সৰল ৰূপত তেওঁলোকক বুজাব লাগিব। আৰু মই ধাৰণা কৰো যে যেতিয়াই কিবা নাট্য প্ৰয়োগ হয়, কিবা ৰচনা লেখা হয়, কিবা ব্যক্তিগত প্ৰতিযোগিতা হয়, শিশুসকলে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ওপৰত আলোচনা কৰা দৰকাৰ। কিয়নো টিচাৰে তেওঁলোকক সাজু কৰিব, যেতিয়া তেওঁলোকে ক'ব তেতিয়া কিছুমান বস্তুৰ নতুনকৈও উদ্ভৱ হ'ব। সেয়ে এইটো এটা প্ৰয়াস কৰা দৰকাৰ। আপোনালোকে জানে যে অলপতে মই ১৫ আগষ্টত স্বাধীনতাৰ ৭৫ বছৰৰ মোৰ যি ভাষণ আছিল তাত মোৰ নিজা এটা সুকীয়া মেজাজো আছিল। সেয়ে মই ২০৪৭ক মনত ৰাখি কথা কৈছিলো। আৰু তাত মই আহ্বান জনাইছিলো যে পঞ্চ প্ৰণৰ আলোচনা কৰিছিলো। সেই পঞ্চ প্ৰণ, আমাৰ ক্লাছ ৰূমত ইয়াৰ আলোচনা হ'ব পাৰেনে। এছেম্বলী যেতিয়া হয়, ব'লক ভাই আজি অমুক বিদ্যাৰ্থী আৰু তমুক টিচাৰে প্ৰথম প্ৰণ ক'ব, মংগলবাৰে দ্বিতীয় প্ৰণত, বুধবাৰে তৃতীয় প্ৰণৰ ওপৰত, শুকুৰবাৰে পঞ্চম প্ৰণৰ ওপৰত আৰু আকৌ পৰৱৰ্তী সপ্তাহত আকৌ প্ৰথম প্ৰণৰ ওপৰত এইজন টিচাৰে-এইজন টিচাৰ। অৰ্থাৎ বছৰজুৰি ইয়াৰ অৰ্থ কি, আমি কি কৰিব লাগিব, এই পঞ্চ প্ৰণ আমাৰ, আমাৰো তো প্ৰণ তত্ত্ব হোৱা উচিত, প্ৰতিজন নাগৰিকৰ হোৱা উচিত। এনেকৈ যদি আমি কৰিব পাৰো তেন্তে মই ভাবো যে তাৰ প্ৰশংসা হৈ আছে, সকলোৱে কৈ আছে হয়, এই পাঁচ প্ৰণ এনেকুৱা যে আমি আগলৈ যোৱাৰ পথ বনাই দিয়ে। সেয়ে এই পাঁচ প্ৰণ সেই শ্ৰমিকসকলৰ ওচৰ কেনেকৈ পায়, তেওঁলোকৰ জীৱনলৈ কেনেকৈ আহে, ইয়াক সংযুক্ত কৰাৰ কাম কেনেকৈ কৰে। দ্বিতীয়তে, হিন্দুস্তানত এতিয়া কোনো স্কুলত শিশু এনেকুৱা হ'ব নালাগে, যাৰ মগজুত ২০৪৭ৰ সপোন নাথাকিব। তেওঁলোকক ক'ব লাগে, কোৱাচোন তুমি, ২০৪৭ত তোমাৰ বয়স কিমান হ'ব, তেওঁক সুধিব লাগে। হিচাপ কৰা, তোমাৰ ওচৰত ইমান বছৰ আছে, তুমি কোৱাচোন ইমান বছৰত তুমি তোমাৰ বাবে কি কৰিবা আৰু দেশৰ বাবে কি কৰিবা। হিচাপ কৰা, ২০৪৭ৰ পূৰ্বে তোমাৰ ওচৰত কিমান বছৰ আছে, কিমান মাহ আছে, কিমান দিন আছে, কিমান ঘণ্টা আছে, তুমি এটা এটা ঘণ্টাক যোগ কৰি কোৱা, তুমি কি কৰিবা। তুৰন্তে ইয়াৰ এখন সম্পূৰ্ণ ছবি প্ৰস্তুত হৈ যাব যে হয়, আজি এঘণ্টা পাৰ হৈ গ'ল, মোৰ ২০৪৭ ওচৰ চাপি আহিল। আজি দুঘণ্টা গুছিগ'ল, মোৰ ২০৪৭ চাপি আহিল। মই ২০৪৭ত এনেকৈ যাব লাগিব, এনেকৈ কৰিব লাগিব। যদি এই ভাব আমি শিশুৰ মন মন্দিৰত ভৰাই দিওঁ, এটা নতুন শক্তিৰে, এটা নতুন আশাৰে, তেতিয়া শিশু লাগি যাব ইয়াৰ পিছত। আৰু পৃথিৱীত, প্ৰগতি তেওঁলোকৰেই হয় যি ডাঙৰ সপোন দেখে, ডাঙৰ সংকল্প লয় আৰু দূৰৰ চিন্তা কৰি জীৱনক সঁপি দিবলৈ সাজু থাকে। হিন্দুস্তানত ১৯৪৭ৰ আগতে এক প্ৰকাৰৰ ডাণ্ডী যাত্ৰা-১৯৩০ আৰু ১৯৪২, ইংৰাজ ভাৰত ত্যাগ কৰা, এই যি ১২ বছৰ…আপোনালোকে চাওক, সমগ্ৰ হিন্দুস্তান জপিয়াই পৰিছিল, স্বাধীনতাক বাদদি কোনো মন্ত্ৰ নাছিল। জীৱনৰ প্ৰতিটো কামত স্বাধীনতা, স্বতন্ত্ৰতা, এনে এটা মেজাজ হৈ গৈছিল। তেনেকুৱা মেজাজেই, সুশাসন, ৰাষ্ট্ৰৰ গৌৰৱ মোৰ দেশ মই ইয়াত, এয়া সময় হৈছে আমি এই ভাব সৃষ্টি কৰাৰ। আৰু মোৰ বিশ্বাস আমাৰ শিক্ষক বন্ধুসকলৰ ওপৰত বেছি আছে, শিক্ষক জগতৰ ওপৰত বেছি আছে। যদি আপোনালোক এই প্ৰয়াসত একত্ৰিত হয়, তেন্তে মোৰ সম্পূৰ্ণ বিশ্বাস যে আমি সেই সপোন সাকাৰ কৰিব পাৰিম আৰু কণ্ঠ গাঁৱে গাঁৱে ধ্বনিত হ'ব। এতিয়া দেশে থমকি ৰ'ব নিবিচাৰে। এতিয়া চাওক দুদিন আগতে- ২৫০ বছৰধৰি যি আমাৰ ওপৰত শাসন কৰি গ'ল, ২৫০ বছৰধৰি…তেওঁলোকক পিছপেলাই আমি বিশ্বৰ অৰ্থনীতিত অগ্ৰসৰ হ'লো। ৬ নম্বৰৰ পৰা ৫ নম্বৰলৈ অহাৰ যিটো আনন্দ, তাতকৈ বেছি ইয়াত হ'ল, কিয়। ৬ৰ পৰা ৫ হোৱাহেঁতেন অলপ আনন্দ হ'ল হেঁতেন, কিন্তু এই ৫টো বিশেষ। কিয়নো আমি তেওঁলোকক পিছপেলাই আহিছো, আমাৰ মগজুত সেই ভাব সোমাই আছে, সেই ত্ৰিৰংগাযুক্ত ১৫ আগষ্টৰ। ১৫ আগষ্টৰ ত্ৰিৰংগাৰ যি আন্দোলন আছিল, তাৰ আলোকত এই ৫ম নম্বৰ আহিছে আৰু সেয়ে তাৰ ভিতৰত সেই জেদ সোমাই গ'ল যে চোৱা, মোৰ ত্ৰিৰংগাই আৰু ঢৌ তুলিছে। এই মেজাজ বহুত আৱশ্যকীয় আৰু সেয়ে ১৯৩০ৰ পৰা ১৯৪২লৈকে দেশৰ যি মুড আছিল, দেশৰ বাবে জীয়াৰ, দেশৰ বাবে যুঁজাৰ, আৰু প্ৰয়োজন সাপেক্ষে দেশৰ বাবে মৰাৰ, আজি সেই মেজাজ লাগে। মই মোৰ দেশক পিছত থাকিবলৈ নিদিওঁ। কেইবা হাজাৰ বছৰৰ দাসত্বৰ পৰা বাহিৰ ওলাইছে, এতিয়া সুযোগ আছে আমি নৰওঁ, আমি অগ্ৰসৰ হ'ম। এই মেজাজ পোৱাই দিয়াৰ কাম, সকলো আমাৰ শিক্ষক বৰ্গৰ দ্বাৰা হ'লে শক্তি বহুগুণ বাঢ়ি যাব, বহুগুণ বাঢ়ি যাব। মই আকৌ এবাৰ, আপোনালোকে ইমান কাম কৰি কৰি এৱাৰ্ড প্ৰাপ্ত কৰিছে, কিন্তু এৱাৰ্ড প্ৰাপ্ত কৰিছে, সেয়ে মই বেছি কাম দিছো। যি কাম কৰে, তেওঁকেই কাম দিবলৈ মন যায়, যি নকৰে, তেওঁক কোনে দিয়ে। আৰু শিক্ষকৰ ওপৰত মোৰ ভৰষা আছে যে তেওঁলোকে যদি দায়িত্ব লয় তেন্তে সম্পূৰ্ণ কৰিবই। সেয়ে মই আপোনালোকক কৈছো, মোৰ ফালৰ পৰা বহুত বহুত শুভকামনা। বহুত-বহুত ধন্যবাদ!
শিক্ষকসকললৈ ৰাষ্ট্ৰীয় বঁটা, ২০২২ৰ বিজয়ীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপৰ পা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9B%E0%A7%8C%E0%A6%A6%E0%A6%BF-%E0%A6%86%E0%A7%B0%E0%A7%B1%E0%A7%B0-%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%95%E0%A7%81%E0%A6%AE%E0%A6%BE%E0%A7%B0%E0%A7%B0-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9B%E0%A7%8C%E0%A6%A6%E0%A6%BF-%E0%A6%86%E0%A7%B0%E0%A7%B1%E0%A7%B0-%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%95%E0%A7%81%E0%A6%AE%E0%A6%BE%E0%A7%B0%E0%A7%B0-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4/
ক্ৰমিক নং চুক্তি/বুজাবুজি চুক্তিৰ নাম ভাৰতৰ পক্ষৰ পৰা বিনিময় ছৌদি আৰৱৰ পক্ষৰ পৰা বিনিময় ১ ভাৰত গণৰাজ্য আৰু ছৌদি আৰৱৰ চৰকাৰৰ মাজত ৰাষ্ট্ৰীয় বিনিয়োগ আৰু আন্তঃগাঁথনি পুঁজিত বিনিয়োগৰ বুজাবুজিৰ চুক্তিপত্ৰ শ্ৰীমতী সুষমা স্বৰাজ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এইচ.ই. খালিদ আল ফালিহ, শক্তি, উদ্যোগ আৰু খনিজ সম্পদ বিভাগৰ মন্ত্ৰী ২ ভাৰত গণৰাজ্যৰ পৰ্যটন মন্ত্ৰ্যালয় আৰু ছৌদি আৰৱৰ পৰ্যটন তথা ৰাষ্ট্ৰীয় ঐতিহ্যৰ ছৌদি আয়োগৰ মাজত পৰ্যটনৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে হোৱা বুজাবুজিৰ চুক্তিপত্ৰ শ্ৰী টি এছ তিৰুমূৰ্তি, সচিব (ইআৰ) এইচ. ই. আডেল আল–জুবেইৰ, বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী ৩ ভাৰত গণৰাজ্য আৰু ছৌদি আৰৱৰ চৰকাৰৰ মাজত গৃহ নিৰ্মাণৰ সহযোগিতাৰ ক্ষেত্ৰত বুজাবুজিৰ চুক্তিপত্ৰ শ্ৰী আহমেদ জাভেদ, ছৌদি আৰৱৰ ভাৰতীয় ৰাষ্ট্ৰদূত এইচ.ই. ডঃ মাজিদ বিন আব্দুল্লাহ আল কুৰেশ্বি, বাণিজ্য আৰু বিনিয়োগ বিভাগৰ মন্ত্ৰী ৪ ভাৰত গণৰাজ্যৰ ইনভেষ্ট ইণ্ডিয়া আৰু ছৌদি আৰৱৰ ছৌদি আৰবিয়ান জেনেৰেল ইনভেষ্টমেণ্ট অথ’ৰিটীৰ মাজত দ্বিপাক্ষিক বিনিয়োগ সম্পৰ্ক বৃদ্ধিৰ বাবে হোৱা পৰিকাঠামো সহযোগিতা কাৰ্যসূচী শ্ৰী আহমেদ জাভেদ, ছৌদি আৰৱৰ ভাৰতীয় ৰাষ্ট্ৰদূত এইচ.ই. ডঃ মাজিদ বিন আব্দুল্লাহ আল কুৰেশ্বি, বাণিজ্য আৰু বিনিয়োগ বিভাগৰ মন্ত্ৰী ৫ শ্ৰব্য–দৃশ্য কাৰ্যসূচীৰ বিনিময়ৰ বাবে প্ৰচাৰ ভাৰতী, নতুন দিল্লী, ভাৰত আৰু ছৌদি আৰৱৰ ছৌদি ব্ৰডকাষ্টিং কৰ্প’ৰেচন (এছবিচি)ৰ মাজত সহযোগিতাৰ বাবে হোৱা বুজাবুজিৰ চুক্তিপত্ৰ শ্ৰী আহমেদ জাভেদ, ছৌদি আৰৱৰ ভাৰতীয় ৰাষ্ট্ৰদূত এইচ.ই. ডঃ মাজিদ বিন আব্দুল্লাহ আল কুৰেশ্বি, বাণিজ্য আৰু বিনিয়োগ বিভাগৰ মন্ত্ৰী টোকাঃ উপৰোক্তসমূহৰ উপৰিও ছৌদি পক্ষই আন্তৰ্জাতিক সৌৰ সহযোগিতা (আইএছএ)ৰ পৰিকাঠামো চুক্তিতো স্বাক্ষৰ কৰে৷
ছৌদি আৰৱৰ ৰাজকুমাৰৰ ভাৰত ভ্ৰমণৰ সময়চোৱাত স্বাক্ষৰিত হোৱা বুজাবুজিৰ চুক্তি/চুক্তিসমূহৰ তালিকা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%87%E0%A7%B0%E0%A6%BE%E0%A6%B2%E0%A6%BE-%E0%A6%AA%E0%A6%BF%E0%A7%B0%E0%A6%BE%E0%A7%B1%E0%A7%80-%E0%A6%A6%E0%A6%BF%E0%A7%B1%E0%A6%B8%E0%A7%B0-%E0%A6%B6%E0%A7%81%E0%A6%AD%E0%A7%87/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%87%E0%A7%B0%E0%A6%BE%E0%A6%B2%E0%A6%BE-%E0%A6%AA%E0%A6%BF%E0%A7%B0%E0%A6%BE%E0%A7%B1%E0%A7%80-%E0%A6%A6%E0%A6%BF%E0%A7%B1%E0%A6%B8%E0%A7%B0-%E0%A6%B6%E0%A7%81%E0%A6%AD%E0%A7%87/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালা পিৰাৱী দিৱস উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে এক টুইটযোগে কয়; "কেৰালা পিৰাৱী দিৱসৰ শুভেচ্ছা জনাইছোঁ। কেৰালা সদায়েই ইয়াৰ মনোমোহা প্ৰাকৃতিক দৃশ্যপট আৰু মানুহৰ পৰিশ্ৰমী প্ৰকৃতিৰ বাবে ব্যাপকভাৱে প্ৰশংসিত। কেৰালাৰ প্ৰতিগৰাকী লোক তেওঁলোকৰ বিভিন্ন প্ৰচেষ্টাত সফল হওঁক। "
কেৰালা পিৰাৱী দিৱসৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%87%E0%A6%A8%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A7%B0-%E0%A6%A8%E0%A6%BE%E0%A6%87%E0%A7%B0%E0%A7%8B%E0%A6%AC%E0%A6%BF%E0%A6%A4-%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%95%E0%A6%9A/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%87%E0%A6%A8%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A7%B0-%E0%A6%A8%E0%A6%BE%E0%A6%87%E0%A7%B0%E0%A7%8B%E0%A6%AC%E0%A6%BF%E0%A6%A4-%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%95%E0%A6%9A/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেনিয়াৰ নাইৰোবিত শ্ৰী কচি লেভা পেটেল সমাজৰ ৰূপালী জয়ন্তী উদযাপন অনুষ্ঠানত ভিডিঅ’ কনফাৰেন্সযোগে ভাষণ আগবঢ়ায়। এই উপলক্ষে ভাষণত প্ৰধানমন্ত্ৰীয়ে বিভিন্ন কল্যানমুলক কাম-কাজৰ লগতে পূব এছিয়াৰ উন্নয়নত কচি লেভা পেটেল সমাজৰ অৱদানৰ প্ৰশংসা কৰে। তেওঁ লগতে কেনিয়াৰ স্বাধীনতা আন্দোলনত ভাৰতীয় সমূদায়ৰ ভূমিকা কথাও দোঁহাৰে। প্ৰধানমন্ত্ৰীয়ে সামগ্ৰিক উন্নয়নৰ দিশত কচি সমাজৰ অৱদান, বিশেষকৈ ২০০১ চনত কচ্চৰ ভূমিকম্পৰ পাছত তাৰ পুনৰনিৰ্মাণ আৰু পীড়িতসকলৰ পুনঃসংস্থাপনৰ ক্ষেত্ৰত তেওঁলোকে পালন কৰা ভূমিকাৰ শলাগ লয়। তেওঁ কয়, ‘এসময়ত মৰুভূমি বুলি বিবেচনা কৰা কচ্চ এতিয়া পৰ্যটকৰ মুল গন্তব্য স্থানলৈ পৰিণত হ’ল।’ প্ৰধানমন্ত্ৰীয়ে প্ৰসংগক্ৰমে তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা অৱস্থাত নৰ্মদাৰ পানী সুদূৰ কচ্চলৈকে লৈ যোৱাৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টা কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অঞ্চলটোৰ উন্নয়নৰ অৰ্থে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমুলক কামৰো আলোকপাত কৰে। তেওঁ কয় “বিগত বছৰসমূহত এই অঞ্চলটো কোটি কোটি টকা বিনিয়োগ কৰা হৈছে। তেওঁ লগতে গুজৰাটৰ কচ্চ আৰু যমনগৰৰ মাজত চলিব লগীয়া প্ৰস্তাৱিত আৰঅ’- আৰঅ’ সেৱাত হোৱা সমাগমৰ সন্দৰ্ভতো সদৰি কৰে।” প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু আফ্ৰিকাৰ দেশসমূহৰ মাজত ঘনিষ্ঠ সম্পৰ্কত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, “শেহতীয়াকৈ ভাৰতত ভাৰত আফ্ৰিকা সন্মিলন আৰু আফ্ৰিকা ডেভেলপমেণ্ট বেংকৰ এখন বৈঠক অনুষ্ঠিত হয়”। তেওঁ লগতে উল্লেখ কৰে যে চলিত চৰকাৰৰ কাৰ্যকালতে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী হিচাপে তেওঁ নিজে বিভিন্ন কাৰণত ২০ বাৰতকৈ অধিক আফ্ৰিকাৰ বিভিন্ন দেশ ভ্ৰমণ কৰিছে। ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত সমবেত লোকসকলৰ ভিতৰত যিসকলে এতিয়া ভাৰত ভ্ৰমণৰ বাবে অহা নাই, তেওঁলোকক ২০১৯ৰ জানুৱাৰীত অনুষ্ঠিত হ’ব লগা কুম্ভমেলালৈ আমন্ত্ৰণ জনায় আু ভাৰতৰ সাংস্কৃতিত আৰু আধ্যাত্মিক দিশৰ অভিজ্ঞতা অৰ্জন কৰিবলৈ কয়। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নাইৰোবিৰ শ্ৰী কচি লেভা পেটেল সমাজৰ ৰূপালী জয়ন্তী উদযাপন উপলক্ষে পশ্চিম চৌহদত সমবেত লোকসকলক অভিনন্দন জ্ঞাপন কৰে।
কেনিয়াৰ নাইৰোবিত শ্ৰী কচি লেভা পেটেল সমাজৰ ৰূপালী জয়ন্তী উদযাপন অনুষ্ঠানত ভিডিঅ’ কনফাৰেন্সযোগে প্ৰধানমন্ত্ৰীৰ ভাষণ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%B9%E0%A6%AE%E0%A7%87%E0%A6%A6%E0%A6%BE%E0%A6%AC%E0%A6%BE%E0%A6%A6%E0%A6%A4-%E0%A7%A9%E0%A7%AC%E0%A6%B8%E0%A6%82%E0%A6%96%E0%A7%8D%E0%A6%AF%E0%A6%95-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%B9%E0%A6%AE%E0%A7%87%E0%A6%A6%E0%A6%BE%E0%A6%AC%E0%A6%BE%E0%A6%A6%E0%A6%A4-%E0%A7%A9%E0%A7%AC%E0%A6%B8%E0%A6%82%E0%A6%96%E0%A7%8D%E0%A6%AF%E0%A6%95-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ৩৬সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া মুকলি হোৱা বুলি ঘোষণা কৰে৷ অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰীয়ে লগতে দেছাৰত বিশ্বমানৰ ‘স্বৰ্ণিম গুজৰাট ক্ৰীড়া বিশ্ববিদ্যালয়ো’ উদ্বোধন কৰে৷ প্ৰধানমন্ত্ৰীয়ে লগতে ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণ কৰা সমগ্ৰ দেশৰ খেলুৱৈসকলক উদ্দেশ্যি ভাষণ আগবঢ়ায়৷ এই উপলক্ষে দৰ্শক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ উদ্বোধনী অনুষ্ঠানত যি আনন্দৰ পৰিৱেশ সৃষ্টি হৈছে, সেয়া ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি৷ তেওঁ কয় যে এনে এক মহান অনুষ্ঠানৰ অনুভৱ আৰু শক্তি শব্দৰে বুজাব নোৱাৰি। ৭০০০তকৈ অধিক খেলুৱৈ, ১৫০০০তকৈ অধিক অংশগ্ৰহণকাৰী, ৩৫০০০তকৈ অধিক কলেজ, বিশ্ববিদ্যালয় আৰু বিদ্যালয় আৰু ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সৈতে ৫০লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰীৰ প্ৰত্যক্ষ সংযোগ হোৱাটো আচৰিত আৰু অভূতপূৰ্ব বুলি তেওঁ কয়৷ “বিশ্বৰ সৰ্ববৃহৎ ষ্টেডিয়ামত, বিশ্বৰ এনে এখন যুৱ দেশত আৰু দেশৰ আটাইতকৈ ডাঙৰ ক্ৰীড়া উৎসৱত! অনুষ্ঠানটো যেতিয়া ইমানেই আকৰ্ষণীয় আৰু অনন্য, তেতিয়া ইয়াৰ শক্তিও অসাধাৰণ হোৱা উচিত”, প্ৰধানমন্ত্ৰীয়ে কয়। ষ্টেডিয়ামত উপস্থিত সকলোৰে উত্তেজনাপূৰ্ণ সংগীতেৰে তেওঁ ৰাষ্ট্ৰীয় ক্ৰীড়া সংগীত ‘জুড়েগা ইণ্ডিয়া-জীতেগা ইণ্ডিয়া’ৰ মূল শব্দ আওৰায়। তেওঁ কয় যে খেলুৱৈসকলৰ মুখত জিলিকি থকা আত্মবিশ্বাস ভাৰতীয় ক্ৰীড়াৰ আগন্তুক সোণালী যুগৰ পূৰ্বসূৰী। ইমান কম সময়ৰ ভিতৰতে এনে এক মহান অনুষ্ঠান আয়োজন কৰাৰ বাবে গুজৰাটবাসীৰ সামৰ্থ্যকো তেওঁ প্ৰশংসা কৰে। কালি আহমেদাবাদত বিশাল ড্ৰোণ প্ৰদৰ্শনীৰ কথা দোঁহাৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এনে এটা দৃশ্য দেখি সকলোৱে আচৰিত আৰু গৌৰৱ অনুভৱ কৰে। “ড্ৰোনৰ দৰে প্ৰযুক্তিৰ এনে সাৱধানতমুলক ব্যৱহাৰে গুজৰাটে ভাৰতক নতুন উচ্চতালৈ লৈ যাব,'' প্ৰধানমন্ত্ৰীয়ে লগতে কয়। ৰাষ্ট্ৰীয় ক্ৰীড়া ২০২২ৰ বাবে চৰকাৰী শুভংকৰ এছিয়াটিক সিংহ ছাৱাজ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে এই শুভংকৰে ভাৰতৰ যুৱক-যুৱতীসকলৰ মেজাজ প্ৰতিফলিত কৰে, ক্ৰীড়াক্ষেত্ৰত নিৰ্ভীক প্ৰৱেশৰ প্ৰতি এক আবেগ। এয়া এক বিশ্বজনীন পৰিস্থিতিত উদিত ভাৰতৰ প্ৰতীক বুলিও তেওঁ কয়। ষ্টেডিয়ামখনৰ স্বকীয়তা সম্পৰ্কে প্ৰধানমন্ত্ৰীয়ে কয় যে অন্যান্য কমপ্লেক্সসমূহ মাত্ৰ কেইটামান ক্ৰীড়াৰ সুবিধাতে সীমাবদ্ধ থকাৰ বিপৰীতে চৰ্দাৰ পেটেল ক্ৰীড়া কমপ্লেক্সত ফুটবল, হকী, বাস্কেটবল, কাবাডী, বক্সিং, লন টেনিছৰ দৰে বহুতো খেলৰ সুবিধা আছে। ‘এক প্ৰকাৰে ই সমগ্ৰ দেশৰ বাবে এক আৰ্হি। যেতিয়া আন্তঃগাঁথনি এই মানদণ্ডৰ হয়, তেতিয়া খেলুৱৈসকলৰ মনোবলো শীৰ্ষত উপনীত হয়”, প্ৰধানমন্ত্ৰীয়ে লগতে কয়। ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণ কৰা খেলুৱৈসকলক ৰাজ্যত নৱৰাত্ৰী অনুষ্ঠান উপভোগ কৰিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে মা দুৰ্গাৰ পূজাৰ দৰে গৰ্বাৰ আনন্দময় উদযাপনও এক উসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে৷ “ইয়াৰ নিজস্ব পৰিচয় আছে”, শ্ৰী মোদীয়ে লগতে কয়। প্ৰধানমন্ত্ৰীয়ে জাতীয় জীৱনত ক্ৰীড়াৰ গুৰুত্বৰ কথা পুনৰ দোহাৰে। তেওঁ কয়, ‘খেলৰ ক্ষেত্ৰখনত খেলুৱৈসকলৰ জয়, তেওঁলোকৰ শক্তিশালী প্ৰদৰ্শনে আন ক্ষেত্ৰতো দেশৰ জয়ৰ পথ প্ৰশস্ত কৰে। ক্ৰীড়াৰ সুক্ষ্ম শক্তিয়ে দেশৰ পৰিচয় আৰু ভাৱমূৰ্তিৰ বহুমুখীতা বৃদ্ধি কৰে।” তেওঁ লগতে কয় “মই প্ৰায়ে মোৰ ক্ৰীড়াৰ সৈতে জড়িত বন্ধু-বান্ধৱীসকলক কওঁ-সফলতা কাম-কাজৰ পৰা আৰম্ভ হয়! অৰ্থাৎ যি মুহূৰ্তত আপুনি আৰম্ভ কৰে, সেই মুহূৰ্ততে সফলতাও আৰম্ভ হয়। যদি আপুনি গতিশীলতাৰ মনোভাৱ পৰিত্যাগ কৰা নাই, তেন্তে বিজয়ে আপোনাক খেদি ফুৰিছে”। ক্ৰীড়াৰ ক্ষেত্ৰৰ অগ্ৰগতিৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৮ বছৰ পূৰ্বে ভাৰতৰ খেলুৱৈয়ে এশতকৈও কম আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। ইয়াৰ বিপৰীতে বৰ্তমান ভাৰতৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰা আন্তঃৰাষ্ট্ৰীয় ইভেণ্টৰ সংখ্যা এতিয়া ৩০০লৈ বৃদ্ধি পাইছে। ‘৮ বছৰ আগতে ভাৰতৰ খেলুৱৈসকলে ২০-২৫ খন খেল খেলিবলৈ গৈছিল। এতিয়া ভাৰতৰ পৰা খেলুৱৈসকলে প্ৰায় ৪০টা ভিন্ন খেলত অংশগ্ৰহণ কৰিবলৈ যায়। পদকৰ সংখ্যাৰ লগতে ভাৰতৰ আভাও আজি বৃদ্ধি পাইছে”, প্ৰধানমন্ত্ৰীয়ে লগতে কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে আনকি ক’ৰোনাৰ কঠিন সময়ছোৱাতো ক্ৰীড়াবিদসকলৰ মনোবল কমি যাবলৈ দিয়া হোৱা নাছিল। “আমি ক্ৰীড়াৰ মনোভাৱেৰে ক্ৰীড়াৰ বাবে কাম কৰিছিলো। টপছৰ দৰে আঁচনিৰ জৰিয়তে বছৰ বছৰ ধৰি মিছন মোডত প্ৰস্তুত চলোৱা হৈছে৷ আজি ডাঙৰ খেলুৱৈৰ সফলতাৰ পৰা আৰম্ভ কৰি ভৱিষ্যতে নতুন খেলুৱৈৰ সৃষ্টিলৈকে টপছে ডাঙৰ ভূমিকা পালন কৰি আছে।” তেওঁ স্মৰণ কৰি কয় যে এইবাৰ টকিঅ’ অলিম্পিকত ভাৰতে অলিম্পিকত সৰ্বোত্তম প্ৰদৰ্শন আগবঢ়াইছিল। একেদৰে বেডমিণ্টন দলটোৱে থমাছ কাপত জয়লাভ কৰি আনন্দ উল্লাসক অধিক সতেজ কৰিলে। তেওঁ লগতে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় ইভেণ্টত পেৰা-এথলীটসকলৰ সাফল্যকো প্ৰশংসা কৰে। তেওঁ এই পুনৰুত্থানত মহিলা খেলুৱৈসকলৰ সমান আৰু শক্তিশালী অংশগ্ৰহণক লৈ আনন্দ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই সফলতা পূৰ্বতে সম্ভৱ আছিল যদিও ভাৰতত ক্ৰীড়াক প্ৰয়োজনীয় পেছাদাৰিত্বৰ পৰিৱৰ্তে দুৰ্নীতি আৰু স্বজন-তোষণৰ দ্বাৰা ঘেৰি ধৰিছিল। “আমি সেইটো পৰিষ্কাৰ কৰিলো আৰু যুৱক-যুৱতীসকলৰ সপোনৰ বাবে বিশ্বাস বৃদ্ধি কৰিলো”, তেওঁ কয়। কেৱল নীতি নিৰ্ধাৰণত বিশ্বাস নকৰা, দেশৰ যুৱক-যুৱতীসকলৰ সৈতে মিলি আগবাঢ়ি যোৱা নতুন ভাৰতৰ সন্দৰ্ভত মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে ফিট ইণ্ডিয়া আৰু খেলো ইণ্ডিয়াৰ দৰে কাৰ্যসূচী এক গণ আন্দোলনত পৰিণত হোৱা বুলি উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত ৮ বছৰত দেশৰ ক্ৰীড়া বাজেট প্ৰায় ৭০ শতাংশ বৃদ্ধি পাইছে। ইয়াৰ ফলত খেলুৱৈসকলৰ বাবে অধিক সম্পদ উপলব্ধ কৰা হৈছে যিয়ে খেলুৱৈসকলৰ বাবে অধিক সুযোগ সৃষ্টি কৰাত সহায় কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে দেশত ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে আৰু দেশৰ প্ৰতিটো চুকে-কোণে উন্নত ক্ৰীড়া আন্তঃগাঁথনি স্থাপন কৰা হৈছে। শ্ৰী মোদীয়ে লগতে কয় যে অৱসৰপ্ৰাপ্ত খেলুৱৈসকলৰ জীৱন সহজ কৰাৰ বাবেও প্ৰচেষ্টা চলোৱা হৈছে। এই দিশতো কাম কৰা হৈছে যাতে অৱসৰপ্ৰাপ্ত খেলুৱৈসকলৰ অভিজ্ঞতাৰ পৰা নতুন প্ৰজন্ম লাভৱান হ’ব পাৰে। ভাৰতৰ সভ্যতা আৰু সংস্কৃতিৰ ইতিহাসৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ক্ৰীড়া হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতৰ উত্তৰাধিকাৰ আৰু বিকাশৰ যাত্ৰাৰ এক অংশ হৈ আহিছে। “আজাদী কা অমৃত কালত দেশে নিজৰ ঐতিহ্যক লৈ গৌৰৱ কৰি এই পৰম্পৰাক পুনৰুজ্জীৱিত কৰিছে।” প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে দেশৰ প্ৰচেষ্টা আৰু উৎসাহ কেৱল এটা খেলতে সীমাবদ্ধ নহয়, বৰঞ্চ ‘কালৰীপায়ট্টু’, যোগাসনৰ দৰে ভাৰতীয় ক্ৰীড়াইও গুৰুত্ব লাভ কৰিছে। তেওঁ লগতে কয়, “মই আনন্দিত যে এই খেলসমূহক ৰাষ্ট্ৰীয় গেমছৰ দৰে ডাঙৰ ইভেণ্টত অন্তৰ্ভুক্ত কৰা হৈছে”। ক্ৰীড়াসমূহক প্ৰতিনিধিত্ব কৰা খেলুৱৈসকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে কয়, “মই এটা কথা বিশেষভাৱে ক’ব বিচাৰিছো। আপোনালোকে এফালে, হাজাৰ হাজাৰ বছৰ পুৰণি পৰম্পৰাক আগুৱাই লৈ গৈছে, একে সময়তে ক্ৰীড়া জগতৰ ভৱিষ্যতক নেতৃত্ব দিছে। আগন্তুক সময়ত যেতিয়া এই ক্ৰীড়াসমূহে বিশ্বজুৰি স্বীকৃতি লাভ কৰিব, তেতিয়া আপোনালোকৰ নাম এই ক্ষেত্ৰসমূহত কিংবদন্তি হিচাপে গণ্য কৰিব৷” ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে খেলুৱৈসকলৰ সৈতে পোনপটীয়াকৈ কথা পাতি তেওঁলোকৰ সৈতে এটা মন্ত্ৰ শ্বেয়াৰ কৰে। তেওঁ কয়, “যদি আপোনালোকে প্ৰতিযোগিতাত জয়ী হ’ব বিচাৰে, তেন্তে আপুনি প্ৰতিশ্ৰুতি আৰু ধাৰাবাহিকতা জীয়াই থাকিবলৈ শিকিব লাগিব।” ক্ৰীড়া মনোভাৱৰ কথা কওঁতে প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে ক্ৰীড়াত পৰাজয় আৰু জয়ক কেতিয়াও চূড়ান্ত ফলাফল বুলি গণ্য কৰা উচিত নহয়। শ্ৰী মোদীয়ে লগতে কয় যে ভাৰতৰ দৰে এখন যুৱ দেশৰ সপোন তেতিয়াহে বাস্তৱায়িত হ’ব যেতিয়া ক্ৰীড়া মনোভাৱ আপোনাৰ জীৱনৰ অংশ হৈ পৰে। “এইটো কথা মনত ৰখা উচিত, য’ত সংগ্ৰাম আছে, তাত প্ৰগতি আছে”, শ্ৰী মোদীয়ে লগতে কয়। “আপুনি তৃণমূল পৰ্যায়ৰ পৰাই এই গতিবেগ বজাই ৰাখিব লাগিব। এই গতি আপোনাৰ জীৱনৰ মিছন হোৱা উচিত৷ মই নিশ্চিত, ৰাষ্ট্ৰীয় ক্ৰীড়াত আপোনালোকৰ বিজয়ে দেশবাসীক উদযাপনৰ সুযোগ দিব আৰু ভৱিষ্যতৰ প্ৰতিও নতুন বিশ্বাস জগাই তুলিব৷” এই উপলক্ষে অনুষ্ঠানত গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল, গুজৰাটৰ ৰাজ্যপাল শ্ৰী আচাৰ্য্য দেৱব্ৰত, কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ, সাংসদ শ্ৰী চি আৰ পাটিল, গুজৰাটৰ গৃহমন্ত্ৰী শ্ৰী হৰ্ষ সংঘৱী আৰু আহমেদাবাদৰ মেয়ৰ শ্ৰী কিৰিত পাৰমাৰ উপস্থিত থাকে৷ পটভূমিঃ গুজৰাটত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হৈছে৷ ২৯ ছেপ্টেম্বৰৰ পৰা ১২ অক্টোবৰ, ২০২২ লৈকে এই ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ১৫,০০০ খেলুৱৈ, প্ৰশিক্ষক আৰু বিষয়াবৰ্গই ৩৬টা ক্ৰীড়া শাখাত অংশগ্ৰহণ কৰিব, যিটো এতিয়ালৈকে অনুষ্ঠিত প্ৰতিযোগিতাৰ ভিতৰত সৰ্ববৃহৎ ৰাষ্ট্ৰীয় ক্ৰীড়া হিচাপে পৰিগণিত হ’ব। আহমেদাবাদ, গান্ধীনগৰ, ছুৰাট, বদোদৰা, ৰাজকোট, ভাৱনগৰ আদি ৬খন চহৰত এই ক্ৰীড়া প্ৰতিযোগিতা আয়োজন কৰা হৈছে। তদানিন্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গুজৰাটে আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ এক শক্তিশালী ক্ৰীড়া আন্তঃগাঁথনি গঢ়ি তোলাৰ যাত্ৰাত অৱতীৰ্ণ হৈছিল, যিটো অতি কম সময়ৰ ভিতৰতে ৰাজ্যখনক খেলৰ বাবে প্ৰস্তুতি চলোৱাত সহায় কৰিছিল।
আহমেদাবাদত ৩৬সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া মুকলি বুলি ঘোষণা প্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A7%B0%E0%A7%8D%E0%A6%95%E0%A6%AC%E0%A6%BF%E0%A6%9B%E0%A6%AA-%E0%A6%8F%E0%A6%AE%E0%A6%BF%E0%A7%B0%E0%A6%BF%E0%A6%9F%E0%A6%BE%E0%A6%9B-%E0%A6%A1%E0%A7%87%E0%A6%9A%E0%A6%AE%E0%A6%A3%E0%A7%8D/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A7%B0%E0%A7%8D%E0%A6%95%E0%A6%AC%E0%A6%BF%E0%A6%9B%E0%A6%AA-%E0%A6%8F%E0%A6%AE%E0%A6%BF%E0%A7%B0%E0%A6%BF%E0%A6%9F%E0%A6%BE%E0%A6%9B-%E0%A6%A1%E0%A7%87%E0%A6%9A%E0%A6%AE%E0%A6%A3%E0%A7%8D/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আৰ্কবিছপ এমিৰিটাছ ডেচমণ্ড টুটুৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়; “আৰ্কবিছপ এমিৰিটাছ ডেচমণ্ড টুটু বিশ্বব্যাপী অসংখ্য লোকৰ বাবে এক পথপ্ৰদৰ্শক আলোকসজ্জা আছিল। মানৱীয় মৰ্যাদা আৰু সমতাৰ ওপৰত তেওঁৰ গুৰুত্ব সদায় স্মৰণীয় হৈ থাকিব। তেওঁৰ মৃত্যুত মই গভীৰভাৱে দুখিত আৰু তেওঁৰ সকলো অনুৰাগীলৈ মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো। ঈশ্বৰে তেওঁৰ আত্মাক শান্তি দিয়ক। ”
আৰ্কবিছপ এমিৰিটাছ ডেচমণ্ড টুটুৰ মৃত্যুত শোক প্ৰকাশপ্ৰধানমন্ত্ৰীৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F-%E0%A6%AC%E0%A7%83%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A6%BF%E0%A6%AE%E0%A7%82%E0%A6%B2%E0%A6%95-%E0%A6%AA%E0%A7%8D%E0%A7%B0/
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F-%E0%A6%AC%E0%A7%83%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A6%BF%E0%A6%AE%E0%A7%82%E0%A6%B2%E0%A6%95-%E0%A6%AA%E0%A7%8D%E0%A7%B0/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত দেশৰ দক্ষতা বিকাশত অৰিহণা যোগোৱা ৰাষ্ট্ৰীয় বৃত্তিমূলক প্ৰশিক্ষণ পৰিষদ (এচিভিটি) আৰু ৰাষ্ট্ৰীয় দক্ষতা বিকাশ অভিকৰণ (এনএছডিএ)ক একত্ৰীকৰণ কৰি ৰাষ্ট্ৰীয় বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণ পৰিষদ (এনচিভিইটি) প্ৰতিষ্ঠাৰ সিদ্ধান্তত অনুমোদন জনায়। এনচিভিইটিয়ে হস্ৰম্যাদী আৰু দীর্ঘম্যাদী ক্ষেত্রত বৃত্তিমূলক শিক্ষা আৰু প্রশিক্ষণৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহক নিয়ন্ত্রণ আৰু এনে সংস্থাৰ কামৰ ন্যূনতম মান স্থিৰ কৰিব। প্ৰতিষ্ঠানটিৰ প্রাথমিক কাম হ’ব- বৃত্তিমূলক আৰু দক্ষতা বিকাশমূলক বিভিন্ন সংস্থাৰ কামৰ মূল্যায়ন কৰা, তেওঁলোকক পুৰস্কাৰ প্রদান আৰু তথ্য সংগ্রহকাৰী সংস্থাৰ স্বীকৃতি প্রদান আৰু নিয়ন্ত্রণ কৰা; বিভিন্ন সংস্থা আৰু দক্ষতা বিকাশ পৰিষদৰ কর্তৃপক্ষক প্রশিক্ষণপ্রাপ্ত ব্যক্তিৰ দক্ষতা মানৰ অনুমোদনৰ কাম কৰা; বৃত্তিমূলক প্রশিক্ষণ প্রদানকাৰী সংস্থাসমূহক পৰোক্ষভাবে নিয়ন্ত্রণৰ দায়িত্ব পালন; এনে ধৰণৰ কামৰ বিষয়ে গৱেষণা আৰু প্রচাৰ কৰা; অভিযোগ নিষ্পত্তি কৰা। প্রস্তাৱিত এই পৰিষদত কাৰ্যবাহী আৰু অনা-কাৰ্যবাহী সদস্যসহ এজন অধ্যক্ষ থাকিব। যিহেতু, এই দুয়োটা প্ৰতিষ্ঠানক একত্ৰিত কৰি এনচিভিইটি প্ৰতিষ্ঠা কৰা হ’ব, সেয়েহে দুয়োটা প্ৰতিষ্ঠানৰ বিভিন্ন আন্তঃগাঁথনি আৰু সম্পদ এই প্ৰতিষ্ঠানত ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ উপৰি এই প্ৰতিষ্ঠানৰ কামৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি নতুনকৈ কেইটামান পদ সৃষ্টি কৰা হ’ব। প্রতিষ্ঠানগত সংস্কাৰৰ এই প্ৰচেষ্টাৰ ফলত দক্ষতা উন্নয়ন সম্পৰ্কীয় কাম-কাজৰ গুণমান আৰু প্রাসংগিকতাৰ দিশটোও বিশেষভাৱে গুৰুত্ব আৰোপ কৰা সম্ভৱ হ’ব। উল্লেখ্য যে বৃত্তিমূলক শিক্ষা আৰু প্রশিক্ষণৰ ক্ষেত্রত ব্যক্তিগত বিনিয়োগ আৰু নিয়োগকাৰীসকলো আগুৱাই আহিব। সামগ্রিকভাবে ভাৰতক বিশ্বৰ কর্মদক্ষতাৰ ৰাজধানী হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত প্রধানমন্ত্রীৰ ঘোষিত কর্মসূচী ৰূপায়ণৰ প্ৰতি নতুন প্ৰতিষ্ঠানটিয়ে বিশেষ ভূমিকা পালন কৰিব। আমাৰ দেশত দক্ষতাভিত্তিক শিক্ষা প্রণালীক আৰু অধিক প্রেৰণা যোগোৱাৰ লগতে ছাত্র-ছাত্রীসকলে দক্ষতাকেন্দ্রিক শিক্ষা পাঠ্যক্রমৰ প্রতি অধিক আকৃষ্ট হ’ব। দক্ষ কর্মীবাহিনীৰ নিৰবচ্ছিন্ন সৰবৰাহৰ ফলত আমাৰ দেশত উদ্যোগ আৰু সেৱাপ্ৰদানকাৰী সংস্থাসমূহৰ বাবে ব্যৱসায়ৰ সুবিধা বৃদ্ধি পাব।
ৰাষ্ট্ৰীয় বৃত্তিমূলক প্ৰশিক্ষণ পৰিষদ, এচিভিটি আৰু ৰাষ্ট্ৰীয় দক্ষতা বিকাশ অভিকৰণ, এনএছডিএক একত্ৰীকৰণ কৰি ৰাষ্ট্ৰীয় বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণ পৰিষদ, এনচিভিইটি প্ৰতিষ্ঠাত কেবিনেটৰ অনুমোদন
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%B0-%E0%A6%9B%E0%A7%81%E0%A6%87%E0%A6%A1%E0%A7%87%E0%A6%A8%E0%A7%B0-%E0%A6%AA/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%B0-%E0%A6%9B%E0%A7%81%E0%A6%87%E0%A6%A1%E0%A7%87%E0%A6%A8%E0%A7%B0-%E0%A6%AA/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী দ্বিতীয় ভাৰত-নৰ্ডিক শিখৰ সন্মিলনৰ সময়ত কোপেনহেগেনত ছুইডেনৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰীমতী মেগডেলিনা এণ্ডাৰছনৰ সৈতে বৈঠকত মিলিত হয়। দুয়োজন নেতাৰ মাজত এইখন প্ৰথম বৈঠক আছিল। ভাৰত আৰু ছুইডেনৰ মাজত দীৰ্ঘকাল ধৰি ঘনিষ্ঠ সম্পৰ্ক আছে; যি সমান মূল্য, শক্তিশালী বাণিজ্য, বিনিয়োগ তথা গৱেষণা আৰু বিকাশৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা আৰু বৈশ্বিক শান্তি, সুৰক্ষা আৰু বিকাশৰ বাবে সমান দৃষ্টিকোণৰ ওপৰত আধাৰিত। নৱোন্মেষণ, প্ৰযুক্তি, বিনিয়োগ আৰু গৱেষণা আৰু বিকাশ সহযোগিতা; এই আধুনিক সম্বন্ধৰ আধাৰ স্তম্ভ। ইয়াৰ আগতে ভাৰত-নৰ্ডিক শিখৰ সন্মিলন উপলক্ষে প্ৰধানমন্ত্ৰী মোদীৰ ২০১৮ৰ ছুইডেন যাত্ৰাৰ সময়ত, দুয়ো পক্ষই এক ব্যাপক সংযুক্ত কাৰ্য যোজনাৰ অংগীকাৰ কৰিছিল আৰু এক সংযুক্ত নৱোন্মেষণ বুজাবুজিত হস্তাক্ষৰ কৰিছিল। আজিৰ বৈঠকত দুয়োজন নেতাই দ্বিপাক্ষিক বুজাবুজিত হোৱা প্ৰগতিৰ সমীক্ষা কৰে। তেওঁলোকে লীড আইটি পদক্ষেপৰ প্ৰগতিৰ ওপৰতো সন্তুষ্টি প্ৰকাশ কৰে। এয়া ২০১৯ত আয়োজিত সংযুক্ত ৰাষ্ট্ৰ জলবায়ু কাৰ্য শিখৰ সন্মিলনত উদ্যোগ পৰিৱৰ্তনত নেতৃত্ব সমূহ (লীডআইটি)ৰ গঠন কৰিবলৈ ভাৰত-ছুইডেনৰ সংযুক্ত বৈশ্বিক পদক্ষেপ আছিল, যাতে পৃথিৱীৰ সবাতোকৈ অধিক গ্ৰীণহাউছ গেছ (জিএইচজি) উৎসৰ্জক উদ্যোগৰ কম কাৰ্বন অৰ্থনৈতিক ব্যৱস্থাৰ দিশত আগবঢ়াৰ মাৰ্গদৰ্শন কৰিব পৰা যায়। ইয়াৰ সদস্যপদ ১৬খন দেশ আৰু ১৯টা কোম্পানীৰ সৈতে মিলি এতিয়া ৩৫ হ'লগৈ। দুয়োজন নেতাই নৱোন্মেষণ, জলবায়ু প্ৰযুক্তি, জলবায়ু কাৰ্য, সেউজ হাইড্ৰজেন, অন্তৰিক্ষ, প্ৰতিৰক্ষা, নাগৰিক উন্নয়ন, আৰ্কটিক, ধ্ৰুবীয় গৱেষণা, স্থায়ী খনন আৰু বাণিজ্য তথা অৰ্থনৈতিক সম্বন্ধৰ দৰে ক্ষেত্ৰসমূহত সহযোগিতা আৰু শক্তিশালী কৰাৰ সম্ভাৱনাৰ ওপৰতো আলোচনা কৰে। মাণ্ডলিক আৰু বৈশ্বিক উন্নয়নৰ ওপৰতো আলোচনা হয়।
প্ৰধানমন্ত্ৰীৰ ছুইডেনৰ প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠক
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BE%E0%A6%B2%E0%A6%BF%E0%A6%A4-%E0%A6%85%E0%A6%A8%E0%A7%81%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BF%E0%A6%A4-%E0%A6%9C%E0%A6%BF-%E0%A7%A8%E0%A7%A6-%E0%A6%B6%E0%A7%80%E0%A7%B0%E0%A7%8D/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BE%E0%A6%B2%E0%A6%BF%E0%A6%A4-%E0%A6%85%E0%A6%A8%E0%A7%81%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BF%E0%A6%A4-%E0%A6%9C%E0%A6%BF-%E0%A7%A8%E0%A7%A6-%E0%A6%B6%E0%A7%80%E0%A7%B0%E0%A7%8D/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বালিত অনুষ্ঠিত জি-২০ শীৰ্ষ সন্মিলনৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি শ্ৰী জোছেফ আৰ বাইডেনক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই কৌশলগত আৰু অত্যাধুনিক প্ৰযুক্তি, উন্নত কম্পিউটিং, কৃত্ৰিম বুদ্ধিমত্তা ইত্যাদি গুৰুত্বপূৰ্ণ বিষয়ত সহযোগিতাকে ধৰি ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৌশলগত অংশীদাৰিত্বক আৰু অধিক শক্তিশালী কৰাৰ বাবে গৃহীত পদক্ষেপৰ পৰ্যালোচনা কৰে। কোৱাড, আই-২ইউ২ আদিৰ দৰে নতুন গোটত ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত অটুত থকা ঘনিষ্ঠ সহযোগিতাক লৈ উভয় নেতাই সন্তুষ্টি প্ৰকাশ কৰে। দুয়োগৰাকী নেতাই আন্তৰ্জাতিক আৰু আঞ্চলিক ক্ষেত্ৰত সমসাময়িক বিভিন্ন বিষয়ক লৈ আলোচনা কৰে। ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ অংশীদাৰিত্বক আৰু অধিক শক্তিশালী কৰাৰ বাবে ৰাষ্ট্ৰপতি বাইডেনৰ নিৰন্তৰ সমৰ্থনৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে বাইডেনক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ আশা ব্যক্ত কৰে যে জি-২০ গোটৰ সভাপতি হিচাপে দায়িত্ব পালনৰ সময়ত ভাৰতৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সহযোগিতা অটুত থাকিব।
বালিত অনুষ্ঠিত জি-২০ শীৰ্ষ সন্মিলনৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%AE%E0%A7%87%E0%A6%9A%E0%A6%BF%E0%A6%A1%E0%A6%A8%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%AE%E0%A7%87%E0%A6%9A%E0%A6%BF%E0%A6%A1%E0%A6%A8%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰোহিত্যত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত ভাৰত আৰু মেচিডনিয়াৰ মাজত স্বাস্থ্যক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজিৰ চুক্তিৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়। এই চুক্তিয়ে তলত উল্লিখিত ক্ষেত্ৰত সহযোগিতা আগবঢ়াবঃ ১. সামৰ্থ বৃদ্ধি আৰু স্বাস্থ্যক্ষেত্ৰত মানৱ সম্পদৰ বাবে হ্ৰস্বম্যাদী প্ৰশিক্ষণ ২. চিকিৎসক, বিষয়া, অন্যান্য স্বাস্থ্য-কৰ্মচাৰী তথা বিশেষজ্ঞৰ আদান প্ৰদান ৩. মানৱ সম্পদৰ বিকাশত সহযোগিতা তথা স্বাস্থ্যসেৱাৰ সুবিধা গঢ়ি তোলা ৪. পাৰস্পৰিকভাৱে সিদ্ধান্ত লৈ অন্য কোনো ক্ষেত্ৰৰ বিকাশ বিতং সহযোগিতা তথা ৰূপায়ণৰ পৰ্যবেক্ষণৰ বাবে এটা কৰ্মীগোট গঠন কৰা হ’ব।
ভাৰত আৰু মেচিডনিয়াৰ মাজত স্বাস্থ্যক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজিৰ চুক্তিৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%AE%E0%A6%BE%E0%A6%B2%E0%A6%9F%E0%A6%BE%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4-%E0%A6%AA%E0%A7%B0%E0%A7%8D%E0%A6%AF/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%AE%E0%A6%BE%E0%A6%B2%E0%A6%9F%E0%A6%BE%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4-%E0%A6%AA%E0%A7%B0%E0%A7%8D%E0%A6%AF/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেট বৈঠকত ভাৰত আৰু মালটাৰ মাজত পৰ্যটনৰ ক্ষেত্ৰত সহযোগিতা সুদৃঢ় কৰাৰ বাবে প্ৰস্তাৱিত বুজাবুজি চুক্তি স্বাক্ষৰ কৰিবলৈ অনুমোদন জনায়। ভাৰত আৰু মালটাৰ মাজত চুক্তি স্বাক্ষৰৰ মূল উদ্দেশ্য হৈছে দুয়োখন দেশক পর্যটনৰ উন্নত মানৰ গন্তব্যস্থল হিচাপে গঢ়ি উঠাত উৎসাহ যোগোৱা। ইয়াৰ ফলত সমগ্র বিশ্বৰ পৰা দুয়োখন দেশলৈ পর্যটকৰ আগমন বৃদ্ধি পাব। একেদৰে, ভাৰত আৰু মালটাত পর্যটন ক্ষেত্র আৰু পর্যটনৰ লগত জড়িত উদ্যোগৰ বাবে মানৱ সম্পদ গঢ়ি তোলাটো ইয়াৰ উদ্দেশ্য। এই চুক্তিৰ জৰিয়তে এক নতুন ধৰণৰ প্রাকৃতিক আৰু সাংস্কৃতিক পর্যটন উদ্যোগৰ বিকাশ সম্ভৱ হ’ব। দুয়ো দেশৰ সাধাৰণ লোকসকলৰ মাজত সুসম্পর্ক গঢ়ি উঠিব। এই চুক্তিখনে পৰ্যটন ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে প্ৰতিষ্ঠানগত পদ্ধতি গঢ়ি তোলাত দুয়ো দেশক সহায় কৰিব। তদুপৰি, মালটাৰ পৰা ভাৰতলৈ পৰ্যটনৰ আগমনত সহায় কৰিব। ইয়াৰ ফলস্বৰূপে, অৰ্থনৈতিক উন্নয়ন আৰু সংস্থাপন বৃদ্ধি পাব। এই চুক্তিৰ ফলত দুয়ো দেশৰ মাজত পর্যটন ক্ষেত্রত দীর্ঘম্যাদী সহযোগিতা গঢ়ি তোলা সম্ভৱ হ’ব।
ভাৰত আৰু মালটাৰ মাজত পৰ্যটনৰ ক্ষেত্ৰত সহযোগিতা সুদৃঢ় কৰাৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰত কেবিনেটৰ অনুমোদন
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A6%BE%E0%A6%A3%E0%A6%B8%E0%A7%80%E0%A6%A4-%E0%A6%95/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A6%BE%E0%A6%A3%E0%A6%B8%E0%A7%80%E0%A6%A4-%E0%A6%95/
হৰ হৰ মহাদেৱ। হৰ হৰ মহাদেৱ। নমঃ পাৰ্বতী পতয়ে, হৰ হৰ মহাদেৱ।। মাতা অন্নপূৰ্ণাৰ জয়। গংগা মাৰ জয়। এই ঐতিহাসিক আয়োজনত উপস্থিত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দী বেন পেটেল জী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী কৰ্মযোগী শ্ৰী যোগী আদিত্যনাথ জী, ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ, আমাৰ সকলোৰে মাৰ্গদৰ্শক শ্ৰীমান জে পি নড্ডা জী, উপমুখ্যমন্ত্ৰী ভাই কেশৱ প্ৰসাদ মৌৰ্যা জী, দিনেশ শৰ্মা জী, কেন্দ্ৰত মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ মহেন্দ্ৰ নাথ পাণ্ডে জী, উত্তৰ প্ৰদেশ ভাৰতীয় জনতা পাৰ্টিৰ অধ্যক্ষ স্বতন্ত্ৰদেৱ সিংহ জী, ইয়াৰ মন্ত্ৰী শ্ৰীমান নীলকন্ঠ তিৱাৰী জী, দেশৰ প্ৰতিটো কোণৰ পৰা অহা পূজ্য সন্তগণ, আৰু মোৰ মৰমৰ মোৰ কাশীবাসী, আৰু দেশবিদেশৰ পৰা এই অনুষ্ঠানৰ সাক্ষী হৈ থকা সকলো শ্ৰদ্ধালু বন্ধুসকল! কাশীৰ সকলো বন্ধুৰ সৈতে, বাবা বিশ্বনাথৰ চৰণত মই শিৰ দোঁৱাইছো। মাতা অন্নপূৰ্ণাৰ চৰণত বাৰেবাৰে বন্দন কৰিছো। এতিয়া মই বাবাৰ লগতে নগৰ কোতৱাল কালভৈৰৱ জীৰ দৰ্শন কৰি আহিছো, দেশবাসীৰ বাবে তেওঁৰ আশীৰ্বাদ লৈ আহিছো। কাশীত যিকোনো বিশেষ কিবা হ’লে, কিবা নতুন হ’লে, তেতিয়া সবাতোকৈ আগতে তেওঁক সোধা আৱশ্যক। মই কাশীৰ কোতোৱালৰ চৰণতো প্রণাম জানাইছো। গঙ্গা তৰঙ্গ ৰমণীয় জটা – কলাপম্, গৌৰী নিৰন্তৰ বিভূষিত বাম – ভাগম্নাৰায়ণ প্রিয় – মনংঙ্গ- মদাপ – হাৰম বাৰাণসী পুৰ – পতিম্ ভজ বিশ্বনাথম্। মই বাবা বিশ্বনাথৰ দৰবাৰৰ পৰা দেশ তথা বিশ্বৰ সেই সমস্ত শ্রদ্ধাবান ব্যক্তিসকলক প্রণাম জানাইছো, যিসকলে নিজৰ নিজৰ স্থানৰ পৰা এই মহাযজ্ঞৰ সাক্ষী হৈ উঠিছে। মই আপোনালোকৰ সকলোকে আৰু যিসকলৰ অকুন্ঠ সহযোগিতাত আজিৰ এই শুভ মুহূর্তটি উপস্থিত হৈছে, সেই কাশীবাসী লোকসকলক প্রণাম জানাইছো। সকলোৰে হৃদয় আজি উচ্ছ্বসিত, সকলোৰে মন আজি আহ্লাদিত। আপোনালোকৰ সকলোকে বহুত বহুত শুভকামনা জনাইছো। বন্ধুসকল, আমাৰ পুৰাণত কোৱা হৈছে যে, যেতিয়াই কোনোবা কাশীত প্রবেশ কৰে, সমস্ত বন্ধনৰ পৰা মুক্ত হৈ যায়, ভগবান বিশ্বেশ্বৰৰ আশীৰ্বাদ এক আলৌকিক প্রাণশক্তি। ইয়ালৈ আহিলেই আমাৰ অন্তৰাত্মাক জাগ্রত কৰি তোলে। আৰু আজি তো এই চিৰ চৈতন্য কাশীৰ চেতনাত এটি ভিন্ন স্পন্দন অনুভব কৰিছো। আজি আদি কাশীৰ অলৌকিকতাতো এটি ভিন্ন আভা অনুভব কৰিছো। আজি শাশ্বত বেনাৰসৰ সংকল্পতো এটি ভিন্ন সামর্থ দেখা গৈছে, আমাৰ শাস্ত্রসমূহৰ পৰা পাঠ হোৱা শুনিছো, যেতিয়াই কোনো পুণ্য অৱসৰ আহে, তেতিয়া সমস্ত তীর্থ, সমস্ত অলৌকিক শক্তি বেনাৰসত বাবাৰ ওচৰত আহি উপস্থিত হয়। আজি এনেকুৱাই কিছু অভিজ্ঞতা মই বাবাৰ দৰবাৰলৈ আহি অনুভৱ কৰিছো। এনেকুৱা ধাৰণা হৈছে যে মোৰ সম্পূর্ণ চেতনব্রহ্মাণ্ড মোৰ সৈতে যুক্ত হৈছে। এনে অৱস্থাত তো আমাৰ মায়াৰ বিস্তাৰ সম্পর্কে বাবাই জানে। কিন্তু যিমান দূৰলৈকে আমাৰ মানুহৰ দৃষ্টি প্রসাৰিত হয়, ‘বিশ্বনাথ ধাম’ৰ এই পৱিত্র আয়োজনৰ সৈতে এই সময়ত সমগ্ৰ বিশ্ব যুক্ত হৈছে। বন্ধুসকল, আজি ভগৱান শিৱৰ প্রিয় দিন সোমবাৰ। আজি বিক্রম সম্বত ২০১৮, মার্গশিষ্য শুক্লপক্ষ দশমী তিথিত আজি এটি নতুন ইতিহাস ৰচিত হৈছে। আৰু আমাৰ সৌভাগ্য হ’ল যে, আমি আজি এই তিথিৰ সাক্ষী হৈ উঠিছো। আজি বিশ্বনাথ ধাম অকল্পনীয় – অনন্ত প্রাণশক্তিত পৰিপূর্ণ। ইয়াৰ বৈভব ক্রমে বিস্তাৰিত হৈছে। ইয়াৰ বৈশিষ্ট্যই আকাশ স্পর্শ কৰিছে। ইয়াৰ আশেপাশে যত প্রাচীন মন্দিৰ লুপ্ত হৈ গৈছিল, সেইবিলাকককো পুনৰুদ্ধাৰ কৰা হৈছে। বাবা নিজৰ ভক্তসকলৰ অনেক শতাব্দীৰ সেৱাত প্রসন্ন হৈছে। সেইবাবে তেওঁ আজিৰ দিনতেই আমাক আশীর্বাদ দিছে। বিশ্বনাথ ধামৰ এই সম্পূর্ণ নতুন পৰিসৰ কেৱল এটি অনিন্দ্যসুন্দৰ ভবন নহয়, এই প্রতীক আমাৰ ভাৰতৰ সনাতন সংস্কৃতি। এই প্রতীক আমাৰ আধ্যাত্মিক আত্মাৰ, এই প্রতীক ভাৰতৰ প্রাচীনতাৰ, এই প্রতীক ভাৰতৰ নানা পৰম্পৰাৰ, ভাৰতৰ প্রাণশক্তিৰ আৰু গতিশীলতাৰ। আপোনালোক যেতিয়া ইয়ালৈ আহিব, তেতিয়া কেৱল আস্থাৰ সৈতে দর্শন হ’ব, তেনে নহয়, আপোনালোক ইয়ালৈ আহিলে নিজৰ অতীত গৌৰৱৰ অনুভৱ হ’ব। কেনেকুৱা প্রাচীনতা আৰু নবীনতা একেলগে সজীব হৈ উঠিছে। কেনেদৰে পুৰাতনৰ প্রেৰণাবিলাকে ভৱিষ্যতক পথ দেখুৱাইছে, ইয়াৰ সাক্ষাৎ দর্শন আমি বিশ্বনাথ ধামত কৰিছো। বন্ধুসকল, যি মা গঙ্গা উত্তৰবাহিনী হৈ প্রতিনিয়ত বাবাৰ চৰণ ধুই দিয়াৰ বাবে কাশীলৈ আহে, সেই মা গঙ্গাও আজি অত্যন্ত প্রসন্ন হ’ব। এতিয়া যেতিয়া আমি ভগবান বিশ্বনাথৰ চৰণত প্রণাম কৰিম, ধ্যান কৰিম, তেতিয়া মা গঙ্গাক ছুই যোৱা বতাহে আমাক আদৰ কৰিব, আশীৰ্বাদ দিব। আৰু যেতিয়া মা গঙ্গা উন্মুক্ত হ’ব, প্রসন্ন হ’ব, তেতিয়া বাবাৰ ধ্যানত আমি গঙ্গা তৰঙ্গত কলকল ধ্বনি শুনিবলৈ পাম। এক ঐশ্বৰিক অনুভূতিও অনুভৱ কৰিব পাৰিম। বাবা বিশ্বনাথ সকলোৰে, মা গঙ্গা সকলোৰে। তেওঁৰ আশীৰ্বাদ সকলোৰে বাবে। কিন্তু সময় আৰু পৰিস্থিতি অনুসৰি বাবা আৰু মা গঙ্গাক সহজে সেৱা কৰা নগৈছিল। ইয়ালৈ প্রত্যেকেই আহিব বিচাৰিছে। কিন্তু পথ আৰু স্থানৰ সুযোগ নহৈছিল। বয়স্কসকলৰ বাবে, দিব্যাঙ্গসকলৰ বাবে ইয়ালৈ অহা অত্যন্ত কঠিন হৈ পৰিছিল। কিন্তু এতিয়া, ‘বিশ্বনাথ ধাম পৰিযোজনা’ সম্পূর্ণ হোৱাৰ ফলত ইয়ালৈ প্রত্যেকৰ অহাৰ পথ সুগম হৈছে। আমাৰ দিব্যাঙ্গ ভাই – ভনীসকল, বয়স্ক পিতৃ – মাতৃসকল পোনপটীয়াকৈ নৌকাৰ মাধ্যমত জেটি পর্যন্ত আহিব। জেটিৰ পৰা ঘাট পর্যন্ত অহাৰ বাবেও এস্কেলেটৰ লগোৱা হৈছে। তাৰ পৰা পোনপটীয়াকৈ মন্দিৰলৈকে আহিব পাৰিব। আগতে সৰু গলিবিলাকৰ কাৰণে দর্শনৰ বাবে ঘন্টাৰ পিছত ঘন্টা অপেক্ষা কৰিবলগীয়া হৈছিল। কত সমস্যা হৈছিল, সেয়া এতিয়া হয়তো অনেক কমি যাব। আগতে ইয়াত যি মন্দিৰ পৰিসৰ মাত্র ৩০০০ বর্গফুট আছিল, সেয়া এতিয়া প্রায় ৫ লক্ষ বর্গফুট কৰি দিয়া হৈছে। এতিয়া মন্দিৰ, আৰু মন্দিৰ পৰিসৰত ৫০, ৬০, ৭০ হাজাৰ ভক্ত একেলগে আহিব পাৰে। অর্থাৎ আগতে মা গঙ্গাৰ দর্শন – স্নান আৰু তাৰপিছত তাৰ পৰা পোনেপোনে বিশ্বনাথ ধাম। এই আদি ব্যৱস্থাই আকৌ সুচাৰু ৰূপত বাস্তবায়িত হ’ল। হৰ হৰ মহাদেৱ! বন্ধুসকল, যেতিয়া মই বেনাৰসলৈ আহোঁ, তেতিয়া এটা বিশ্বাস লৈ আহোঁ। মোৰ নিজতকৈ বেছি বিশ্বাস আছিল বেনাৰসৰ মানুহৰ ওপৰত, আপোনালোকৰ ওপৰত। আজি হিচাব-নিকাচৰ সময় নহয়। কিন্তু মোৰ মনত আছে, তেতিয়া এনে কিছু মানুহো আছিল, যিসকলে বেনাৰসৰ জনগণৰ ক্ষমতা সম্পর্কে সন্দেহ প্রকাশ কৰিছিল। ‘কেনেকৈ হ’ব…’, ‘সম্ভৱ নহয়…’, ইয়াত এনেকৈয়ে সকলো চলে! তেওঁলোকে কৈছিল, ‘এই মোদীজীয়ে যেন নিজকে খুব ডাঙৰ কিবা বুলি ভাবিছে!’ মোৰ আশ্চর্য হয় যে তেওঁলোকৰ মনত বেনাৰসৰ বাবে এনেবোৰ ধাৰণা কেনেকৈ সৃষ্টি হৈছিল। এনেকুৱা যুক্তি দিয়া হৈছিল যে, ঠিক কি ক’ম! এই জড়তা আচলতে বেনাৰসৰ নাছিল, হ’বই নোৱাৰে! এইবোৰৰ অন্তৰালত আছিল ৰাজনীতি। কিছু মানুহৰ ব্যক্তিগত স্বার্থ। সেয়ে বেনাৰসৰ ওপৰত আৰোপ লগোৱা হৈছিল। কিন্তু কাশী তো কাশী? কাশী তো অবিনাশী। কাশীত এখনেই চৰকাৰ আছে, যাৰ হাতত ডম্বৰু আছে, তেওঁৰ চৰকাৰ। য’ত গঙ্গাই নিজৰ ধাৰাক সলনি কৰি প্রবাহিত হয়, সেই কাশীৰ উন্নতি কোনে ৰোধ কৰিব পাৰিব? কাশীখণ্ডত থিয় হৈ ভগবান শঙ্কৰে নিজেই কৈছিল, “বিনা মম প্রসাদম ভৈ, কঃ কাশী প্রতি – প্রদ্যতে” অর্থাৎ, মোৰ প্রসন্নতা অবিহনে কাশীলৈ কোন আহিব পাৰে? কোনে ইয়াক সেৱা কৰিব পাৰে। কাশীলৈ মহাদেৱৰ ইচ্ছা অবিহনে কোনো আহিব নোৱাৰে। আৰু তেওঁৰ ইচ্ছা অবিহনে ইয়াত একোৱেই হ’ব নোৱাৰে। ইয়াত যি হৈছে স্বয়ং মহাদেৱেই কৰিছে। এই বিশ্বনাথ ধামৰ যি নতুন ৰূপ, এয়াও বাবাৰ আশীৰ্বাদত সম্পন্ন হৈছে। তেওঁৰ ইচ্ছা অবিহনে জানো এখিলা পাতো লৰিব পাৰে। যি যিমানেই ডাঙৰ নহওক কিয়, তেওঁ নিজৰ ঘৰত হ’ব, যাক মতা হৈছে, তেওঁহে কেৱল ইয়ালৈ আহিব পাৰিছে, কিবা কৰিব পাৰিছে। বন্ধুসকল, বাবাৰ সৈতে আৰু যদি কাৰোবাৰ অবদান থাকে সেয়া হ’ল বাবাৰ গণৰ মানুহৰ। বাবাৰ গণৰ মানুহ আমাৰ সমস্ত কাশীবাসী। তেওঁলোকৰ প্রত্যেকেই মহাদেৱৰেই ৰূপ। যেতিয়াই বাবাই তেওঁৰ শক্তি অনুভৱ কৰাব বিচাৰে, তেতিয়াই কাশীবাসীৰ মাধ্যমতেই তেওঁ সেইটো প্রকাশ কৰে। আৰু কাশীয়ে যি কৰে বিশ্বই সেয়া দেখে। “ইদম সেবাও, ইদম ন মম্ ” ভাতৃ আৰুভগ্নীসকল, মই আজি মোৰ সেই শ্রমিক ভাতৃ ভগ্নীৰ প্রতিও কৃতজ্ঞতা জনাব খোজোঁ, যিসকলৰ ঘাম এই অনিন্দ্যসুন্দৰ মন্দিৰ চৌহদ নির্মাণত সৰিছে, যিসকলে ঘাম সৰাইছে; কৰোণাৰ এই সঙ্কটকালত তেওঁলোকে ইয়াৰ কাম ৰুদ্ধ হ’বলৈ দিয়া নাই। অলপ আগতে মই এই শ্রমিক বন্ধুসকলৰ সৈতে সাক্ষাতৰ সুযোগ পাইছো। তেওঁলোকৰ আশীৰ্বাদ লোৱাৰ সৌভাগ্য হৈছে। আমাৰ কাৰিকৰ, আমাৰ চিভিল ইঞ্জিনিয়াৰ বা বাস্তু প্রকৌশলীসকলৰ সৈতে যুক্ত সকলোকে, প্রশাসনৰ সৈতে যিসকল জড়িত তেওঁলোকক, আৰু ইয়াত যি পৰিয়ালসমূহৰ ঘৰ আছিল, তেওঁলোক সকলোকে মই অভিনন্দন জনাইছো আৰু এই সকলোৰে সমান্তৰালকৈ মই উত্তৰপ্রদেশ চৰকাৰ, আমাৰ কর্মযোগী মুখ্যমন্ত্রী যোগী আদিত্যনাথজী আৰু তেওঁৰ সমগ্ৰ টিমকো অভিনন্দন জনাইছো যিসকলে কাশী বিশ্বনাথ ধাম প্রকল্পক বাস্তবায়িত কৰিবলৈ দিনে – নিশাই কাম কৰি গৈছে। বন্ধুসকল, আমাৰ এই বাৰাণসীয়ে অনেক যুগ অতিক্রম কৰিছে, ইতিহাসৰ অনেক উত্থান – পতনক দেখিছে। কত যে কালখণ্ড আহিছে আৰু গৈছে! কত যে ৰাজত্ব গঢ়ি উঠিছে, আৰু এদিন মাটিত মিলি গৈছে। কিন্তু বেনাৰস তেনেকৈয়ে আছে, নিজৰ ৰস চাৰিওদিশে বিয়পাই দিছে। বাবাৰ এই ধাম সেয়ে কেৱল শাশ্বত নহয়, ইয়াৰ সৌন্দর্যই সর্বদাই বিশ্বক আশ্চর্যচকিত আৰু আকর্ষিত কৰিছে। আমাৰ পুৰাণত প্রাকৃতিক আভাবেষ্টিত এনে কাশীৰ অলৌকিক স্বৰূপ বর্ণনা কৰা হৈছে, আমি যদি প্রাচীন গ্রন্থবিলাক চাওঁ, শাস্ত্রবিলাক পঢ়োঁ, তেন্তে দেখিবলৈ পাম ঐতিহাসিকসকলেও এই চহৰৰ গছলতা, সৰোবৰ আৰু পুখুৰীবিলাকৰ দ্বাৰা বেষ্টিত কাশীৰ অদ্ভুত স্বৰূপ ব্যাখ্যা কৰিছে। কিন্তু সময় সকলোসময়তে একেদৰে নাথাকে। আক্ৰমণকাৰী আততায়ীবোৰে এই নগৰত আক্রমণ কৰিছে, ইয়াক ধ্বংস কৰাৰ চেষ্টা কৰিছে। ঔৰঙ্গজেবৰ অত্যাচাৰ আৰু তেওঁৰ সন্ত্রাসৰ সাক্ষী আছে ইতিহাস। যি সভ্যতাক তৰোৱালৰ জোৰত পৰিবর্তনৰ চেষ্টা কৰিছে। যি সংস্কৃতিক কঠোৰতাৰে পদদলিত কৰাৰ চেষ্টা কৰিছে। কিন্তু এই দেশৰ মাটি অবশিষ্ট বিশ্বৰ পৰা কিছু বেলেগ। ইয়ালৈ যেতিয়া ঔৰঙ্গজেবহঁত আহে, তেতিয়া শিবাজিসকলো উঠি থিয় হয়। যদি কোনো সালাৰ মাসুদে ইয়াত আক্রমণ কৰে, তেতিয়া ৰাজা সুহেল দেবৰ দৰে বীৰ যোদ্ধাই তেওঁক আমাৰ ঐক্যৰ শক্তি অনুভৱ কৰায়। আৰু ইংৰাজ আমোলত কাশীৰ মানুহে ওৱাৰেণ্ট হেষ্টিংছৰ কি অৱস্থা কৰিছিল, সেয়া তো কাশীৰ মানুহৰ আলোচনাত তেওঁলোকৰ মুখতেই বাৰে বাৰে শুনিছো। ঘোঁৰাৰ হাওদা আৰু হাতীৰ জিন, জান বচাই পলায় ওৱাৰেন হেষ্টিংছ। বন্ধুসকল, আজি সময়ৰ চক্র চাওক, সন্ত্রাসৰ সেই পর্যায় ইতিহাসৰ ক’লা পাতবিলাকতেই বন্দী হৈ আছে। আৰু আমাৰ কাশীবাসী আগবাঢ়ি গৈছে; নিজৰ গৌৰবক আকৌ এবাৰ নতুন সৌন্দর্য প্রদান কৰিছে। বন্ধুসকল, কাশী সম্পর্কে মই যিমানেই ক’ম, সিমানেই ডুবি থাকিম, সিমানেই আবেগ আপ্লুত হৈ থাকিম। কাশী শব্দৰ বিষয় নহয়, কাশী সংবেদনৰ সৃষ্টি। কাশী এখন এনেকুৱা চহৰ য’ত জাগৃতিয়েই জীৱন, য’ত মৃত্যুৱেই মঙ্গল, য’ত চর্তই সংস্কাৰ, আৰু য’ত প্রেমেই পৰম্পৰা। ভাতৃ আৰু ভগ্নীসকল, আমাৰ শাস্ত্রসমূহতো কাশীৰ মহিমা কীর্তন আছে, আৰু এই কীর্তন গাই গাই অৱশেষত ‘নেতি – নেতি’ য়েই কোৱা হৈছে। অর্থাৎ যিমান কোৱা হৈছে, কেৱল সিমানেই নহয়, তাৰ পৰাই বেছি বহুখিনি আমাৰ শাস্ত্রসমূহত কোৱা হৈছে, ‘শিবম জ্ঞানম ইতি ব্র্যূ, শিব শব্দার্থ চিন্তকাঃ’ অর্থাৎ শিৱক লৈ যিসকলে চিন্তা কৰে, তেওঁলোকে শিৱ সম্পর্কে জ্ঞান অর্জন কৰে। সেইবাবে এই কাশী শিৱময়ী এই কাশী জ্ঞানময়ী। আৰু সেইবাবেই জ্ঞান, গৱেষণা অনুসন্ধান, এইবোৰেই কাশী তথা ভাৰতৰ বাবে স্বাভাৱিক নিষ্ঠাৰ বিষয়। ভগবান শিৱই স্বয়ং কৈছে, ‘সর্ব ক্ষেত্রেসু ভূ পৃষ্ঠে, কাশী ক্ষেত্রম চ মে বপুঃ’ অর্থাৎ, পৃথিৱীৰ সকলো ক্ষেত্রৰ ভিতৰত কাশী সাক্ষাৎ মোৰেই শৰীৰ। সেইবাবে ইয়াৰ পাথৰ, ইয়াৰ প্রতিটো মাটিৰ কণাতেই শঙ্কৰ বিৰাজমান। সেইবাবে আমি আমাৰ কাশীক সজীৱ বুলি মানো। আৰু এই ভাবনাৰ পৰা আমাৰ নিজৰ দেশৰ প্রতিটো মাটিৰ কণাত মাতৃভাব জাগি উঠে। আমাৰ শাস্ত্রত কোৱা হৈছে, “দৃশ্যতে সবর্গ সর্বেঃ, কাশ্যাম্ বিশ্বেশ্বৰঃ তথা” অর্থাৎ কাশীত সর্বত্র প্রত্যেক জীৱনৰ ভিতৰত ভগৱান বিশ্বেশ্বৰৰ সৈতে দর্শন হয়। সেইবাবে কাশীয়ে জীৱত্বক পোনপটীয়াকৈ শিৱত্বৰ সৈতে যুক্ত কৰে। আমাৰ ঋষিসকলে এইটোও কৈছে, “বিশ্বেশং শৰণং, জায়াং, সমে বৃদ্ধিং প্রদাস্যতি” অর্থাৎ ভগৱান বিশ্বেশ্বৰৰ চৰণলৈ আহিলে সমবুদ্ধি ব্যাপ্ত হৈ পৰে। বেনাৰস সেই নগৰী, য’ৰ পৰা জগৎগুৰু শঙ্কৰাচার্যই শ্রী ডোম ৰাজাৰ পৱিত্রতাৰ পৰা প্রেৰণা পাইছে। তেওঁ দেশক একতাৰ সূত্রত বন্ধাৰ সঙ্কল্প লৈছিল। এয়াই সেই স্থান য’ত ভগৱান শঙ্কৰৰ প্রেৰণাই গোস্বামী তুলসী দাসজীয়ে ৰামচৰিত মানসৰ দৰে অলৌকিক ৰচনা সম্পন্ন কৰিছে। এয়াই সেই মাটি, এই মাটিতেই সাৰনাথত ভগৱান বুদ্ধৰ বোধ বিশ্বৰ বাবে প্রকাশিত হৈছিল, এই মাটিতেই সমাজ সংস্কাৰৰ বাবে কবীৰদাসৰ দৰে মহামানৱসকল জন্ম লৈছে। সমাজক যুক্ত কৰাৰ প্রয়োজনে দেখা দিলে সন্ত ৰবিদাসজীৰ ভক্তিৰ শক্তিৰ কেন্দ্রও আছিল এই কাশী। এই কাশী অহিংসাৰ আৰু তপস্যাৰ প্রতিমূর্তি, চাৰিজন জৈন তীর্থঙ্কৰৰ মাটি। ৰাজা হৰিশ্চন্দ্রৰ সত্যনিষ্ঠাৰ পৰা আৰম্ভ কৰি বল্লভাচার্য আৰু ৰামানন্দজীৰ জ্ঞান চৈতন্য মহাপ্রভু আৰু সমর্থগুৰু ৰামদাসৰ পৰা আৰম্ভ কৰি স্বামী বিবেকানন্দ আৰু মদনমোহন মালব্য পর্যন্ত কত না ঋষি, গুরু এবং আচার্যের সঙ্গে কাশীর এই পবিত্র মাটির নিবিড় সম্পর্ক আছিল। ছত্রপতি শিবাজী মহাৰাজে ইয়াৰ পৰাই প্রেৰণা পাইছে। ৰাণী লক্ষ্মীবাঈৰ পৰা আৰম্ভ কৰি চন্দ্রশেখৰ আজাদ পর্যন্ত কতনা সেনানীৰ কর্মভূমি – জন্মভূমি আছিল এই কাশী। ভাৰতেন্দু হৰিশ্চন্দ্র, জয়শঙ্কৰ প্রসাদ, মুন্সি প্রেমচন্দ্র, পণ্ডিত ৰবিশঙ্কৰ, আৰু বিছমিল্লা খানৰ দৰে প্রতিভাসকলৰ জন্মভূমি এই নগৰী – মই এই স্মৰণক কিমান দূৰলৈ লৈ যাম, আৰু কিমান ক’ম, ভাণ্ডাৰ ভৰা আছে! যেনেকৈ কাশী অনন্ত, তেনেকৈ কাশীৰ অবদানো অনন্ত। কাশীৰ উন্নয়নত এই অনন্ত পুন্যাত্মাসকলৰ প্রাণশক্তিও অন্তৰ্ভুক্ত আছে। এই উন্নয়নত ভাৰতৰ অনন্ত পৰম্পৰাসমূহৰ ঐতিহ্য অন্তৰ্ভুক্ত আছে। সেয়ে প্রত্যেক মত – মতান্তৰৰ মানুহ, প্রত্যেক ভাষা বর্গৰ মানুহ ইয়ালৈ আহে আৰু ইয়াৰ সৈতে নিজৰ আত্মিক নিবিড়তা অনুভৱ কৰে। বন্ধুসকল, কাশী আমাৰ ভাৰতৰ সাংস্কৃতিক, আধ্যাত্মিক, ৰাজধানী তো হয়েই। ই ভাৰতাত্মাৰ এক জীৱন্ত অবতাৰো। আপোনালোকে চাওক, পূব আৰু উত্তৰক যুক্ত কৰা উত্তৰপ্রদেশত অবস্থিত এই কাশী, এই বিশ্বনাথ মন্দিৰক ভাঙি পুনৰ্নিৰ্মাণ কৰিছিল। মাতা অহল্যাবাঈ হোলকৰ, যাৰ জন্মভূমি আছিল মহাৰাষ্ট্র, কিন্তু কর্মভূমি আছিল ইন্দোৰ – মাহেশ্বৰ আৰু অনেক এলেকাত। সেই মাতা অহল্যবাঈ হোলকৰক আজি এই উপলক্ষ্যে প্রণাম জনাইছো। আজিৰ পৰা দুই – আঢ়ৈশ বছৰৰ আগতে তেওঁ কাশীৰ বাবে কত কিযে কৰিছে। তাৰ পিছৰ পৰা কাশীৰ বাবে ইমান কাম আকৌ এতিয়াই হ’ল। বন্ধুসকল, বাবা বিশ্বনাথ মন্দিৰৰ আভা বৃদ্ধিৰ বাবে পাঞ্জাবৰ পৰা মহাৰাজা ৰঞ্জিত সিঙে ২৩ মোন সোণ উৎসর্গ কৰিছিল, এই মন্দিৰৰ শিখৰক সোণেৰে সজাইছিল। তাৰ অনেক আগতে পাঞ্জাবৰ পৰা পূজনীয় গুৰু নানক দেবজীও কাশীলৈ আহিছিল। ইয়াত সৎসঙ্গ কৰিছিল। অন্যান্য শিখ গুৰুসকলৰ সৈতেও কাশীৰ বিশেষ সম্পর্ক আছিল। পাঞ্জাবৰ মানুহে কাশীৰ পুননির্মাণৰ বাবে মুক্তহস্তে দান কৰিছিল। আগতে বাংলাৰ ৰাণী ভবানীয়ে বেনাৰসৰ উন্নয়নৰ বাবে তেওঁৰ সৰ্বস্ব অর্পণ কৰিছিল। মাইছোৰৰ ৰজা আৰু অন্যান্য দক্ষিণ ভাৰতীয় ৰজাসকলেও বেনাৰসৰ উন্নয়নৰ বাবে অনেক অবদান ৰাখিছে। এইখন এনে এখন চহৰ, য’ত আপোনালোকে উত্তৰ, দক্ষিণ নেপালি – প্রায় সকলো ধৰণৰ শৈলিত নির্মিত মন্দিৰ দেখিবলৈ পাব। বিশ্বনাথ মন্দিৰ এনেকুৱাই আধ্যাত্মিক চেতনাৰ কেন্দ্র আছিল, আৰু এতিয়া এই বিশ্বনাথ ধাম পৰিসৰে তাৰ অনিন্দ্যসুন্দৰ ৰূপত এই চেতনাক আৰু প্রাণশক্তি জোগাব। বন্ধুসকল, দক্ষিণ ভাৰতৰ জনগণৰ কাশীৰ প্রতি আস্থা, কাশীৰ ওপৰত দক্ষিণ ভাৰতৰ প্রভাব, আৰু দক্ষিণ ভাৰতৰ ওপৰত কাশীৰ প্রভাব আমি সকলোৱে খুব ভালদৰে জানো। এখন গ্রন্থত লিখা আছিল, “তেনো – পয়াথেন কদা – চলাত, বাৰাণসিম পাপ – নিবাৰণন। আবাদি বাণী বলিনাহ, স্বশিষ্যন, বিলোক্য লীলা-বাসৰে, বলিপ্তান” – এই কথা কন্নৰ ভাষাত কোৱা হৈছে। অর্থাৎ যেতিয়া জগৎগুৰু মাধবাচার্যজীয়ে তেওঁৰ শিষ্যসকলক লৈ ভ্ৰমণত আছিল, তেতিয়া তেওঁ কৈছিল, যে কাশীৰ বিশ্বনাথে পাপ নিবাৰণ কৰে। তেওঁ নিজৰ শিষ্যসকলক কাশীৰ বৈভব আৰু তাৰ মহিমা সম্পর্কে বুজায়। বন্ধুসকল, কেইবা শতাব্দী ধৰি এই ভাবনামালা ক্রমাগত প্রবহমান, তামিল ভাষাৰ মহাকবি সুব্রহমণ্য ভাৰতী কাশী প্রবাসে যাৰ জীৱনৰ পথ পৰিবর্তন কৰি দিছিল। তেওঁ এঠাইত তামিলত লিখিছিল, ‘কাশী নগৰও পুলভৰ পেসুম উৰঈ দান, কাঞ্জিইল –কে পদর্কৌৰ, খৰুভি সেভোম’ অর্থাৎ কাশী নগৰীৰ সন্ন্যাসী কবিৰ ভাষণ কাঞ্চিপুৰত শুনাৰ ব্যবস্থা কৰিব। কাশীৰ পৰা সঞ্চাৰিত প্রতিটো বার্তা ইমানেই ব্যাপক যে, দেশৰ গতি পৰিবর্তন কৰি দিয়ে। এইখিনিতে আৰু এটা কথা ক’ব খুজিম, মোৰ পুৰণি অভিজ্ঞতাৰ পৰা কৈছো, আমাৰ ঘাটবিলাকত বসবাসকাৰী, নৌকা চলোৱা মাঝিসকলৰ দৰে অনেক বেনাৰসবাসীয়ে তো ৰাতি কেতিয়াবা অনুভব কৰিছে যে, তামিল, তেলেগু, কন্নড়, মালয়ালম ইমানেই নিখুঁত কয়, যে ধাৰণা হ’ব তেওঁলোক চাগে কেৰালা, তামিলনাড়ু কিংবা কর্ণাটকৰ পৰা আহিছে। ইমান ভাল তেওঁলোকে ক’ব পাৰে। বন্ধুসকল, ভাৰতৰ হাজাৰ হাজাৰ বছৰৰ প্রাণশক্তি এনেকৈয়ে তো সুৰক্ষিত আছে, সংৰক্ষিত আছে। যেতিয়া ভিন্ন ভিন্ন স্থানৰ ভিন্ন ভাষাৰ মানুহে এক সূত্রত যুক্ত হয়, তেতিয়া ভাৰত ‘এক ভাৰত, শ্রেষ্ঠ ভাৰত’ ৰূপে জাগ্রত হৈ উঠে। সেইবাবে আমাৰ ‘সৌৰাষ্ট্রত সোমনাথম’ৰ পৰা আৰম্ভ কৰি, ‘অযোধ্যা, মথুৰা, মায়া, কাশী, কাঞ্চি, অবন্তিকা’ নগৰবিলাকক প্রতিদিন স্মৰণ কৰাৰ কথা শিকোৱা হয়। আমাৰ দেশত তো দ্বাদশ জ্যোতির্লিঙ্গক স্মৰণ কৰাৰ সুফলক এনেদৰে কোৱা হৈছে – ‘তস্য তস্য ফলপ্রাপ্তিকঃ, ভবিষ্যতি নসংশয়াকঃ।।’ অর্থাৎ সোমনাথৰ পৰা আৰম্ভ কৰি বিশ্বনাথ পর্যন্ত দ্বাদশ জ্যোতির্লিঙ্গক স্মৰণ কৰাৰ মাধ্যমত প্রতিটো সংকল্প যে সিদ্ধ হয়, ইয়াত কোনো সংশয় নাই। এই সংশয় এইবাবে নাই, কাৰণ এই স্মৰণৰ সূত্রত আমাৰ মনত গোটেই ভাৰতৰ ঐক্যভাব ফুটি উঠে। আৰু যেতিয়া ভাৰতৰ ঐক্যভাব মনৰ মাজত জাগি উঠে, তেতিয়া কোনো সংশয় আৰু বাকী নাথাকে, অসম্ভব বুলি আৰু একো নাথাকে। বন্ধুসকল, এইটো কেৱল সংযোগৰ বিষয় নহয়, কাশীয়ে যেতিয়াই আলস্য ভাঙিছে, তেতিয়াই নতুন কিবা হৈছে, দেশৰ ভাগ্য সলনি হৈছে। বিগত ৭ বছৰত কাশীত যি উন্নয়নৰ মহাযজ্ঞ চলিছে, সেয়া আজি এটা নতুন প্রাণশক্তিত উজ্জ্বীৱিত হৈ উঠিছে। কাশী – বিশ্বনাথ ধামৰ এই “লোকার্পণ সমাৰোহে” ভাৰতক এক নির্ণায়ক দিশ প্রদান কৰিব। এক উজ্জ্বল ভবিষ্যতৰ দিশে লৈ যাব। এই পৰিসৰ আমাৰ সামর্থ আৰু আমাৰ কর্তব্যৰ সাক্ষী। যদি আমি ভাবি লওঁ যে কৰিম, আমি যদি দৃঢ় প্রতিজ্ঞ হওঁ, তেন্তে একোৱেই অসম্ভব নহয়। প্রত্যেক ভাৰতবাসীৰ বাহুত যি বল আছে, সি অকল্পনীয়ক মূর্ত কৰি তোলে। আমি জপ জানো, তপস্যা জানো, দেশৰ বাবে দিনে –নিশাই পৰিশ্রম কৰিব জানো। প্রতিকূলতা যিমানেই ডাঙৰ নহওক কিয়, আমি সমস্ত ভাৰতবাসী লগ হৈ তাক পৰাস্ত কৰিব পাৰো। বিনাশকাৰী শক্তি কেতিয়াও ভাৰতৰ শক্তি, আৰু ভাৰতৰ ভক্তিতকৈ ডাঙৰ হ’ব নোৱাৰে। মনত ৰাখিব, যি দৃষ্টিৰে আমি নিজকে চাম, সেই দৃষ্টিৰে বিশ্বই আমাক চাব। মই অত্যন্ত আনন্দিত যে অনেক শতাব্দীৰ দাসত্বই আমাৰ ওপৰত যি প্রভাব পেলাইছিল, ভাৰতবাসীৰ মনক যি হীনভাবনাই আকীর্ণ কৰি তুলিছিল, আজি ভাৰতে সেই হীনভাবৰ পৰা ওলাই আহিছে। আজিৰ ভাৰত কেৱল সোমনাথ মন্দিৰৰ সৌন্দর্যায়ন কৰা নাই। সমুদ্রতলত হাজাৰ হাজাৰ কিলোমিটাৰ দীর্ঘ অপটিকেল ফাইবাৰো বিয়পাই দিব পাৰে। আজিৰ ভাৰতে কেৱল বাবা কেদাৰনাথ মন্দিৰৰ পুনর্নির্মাণ কৰা নাই, নিজৰ শক্তিৰে অন্তৰীক্ষ্যলৈ ভাৰতীয়সকলক পঠোৱাৰ প্রস্তুতি চলাই যাব পাৰে। আজিৰ ভাৰতে কেৱল অযোধ্যাত প্রভু শ্রীৰামৰ মন্দিৰ নির্মাণ কৰা নাই, দেশৰ প্রত্যেক জিলাত মেডিকেল কলেজো খুলিছে। আজিৰ ভাৰতে কেৱল বাবা বিশ্বনাথ ধামক পুনর্নির্মাণ কৰি অনিন্দ্যসুন্দৰ কৰি তোলা নাই, দেশৰ অসংখ্য দৰিদ্র মানুহৰ বাবে ঘৰো সাজি দিছে। বন্ধুসকল, নতুন ভাৰতত আমাৰ সংস্কৃতিক লৈ গর্বও আছে। আৰু আমাদৰ সামর্থক লৈ সিমানেই ভৰসাও আছে। নতুন ভাৰতত ঐতিহ্যও আছে। আৰু উন্নয়নো আছে। আপোনালোকে চাওক, অযোধ্যাৰ পৰা জনকপুৰলৈ যাতায়াত সহজ কৰি তোলাৰ বাবে ‘ৰাম – জানকী মার্গ’ নির্মিত হৈছে। আজি ভগৱান ৰামৰ সৈতে জড়িত স্থানসমূহক ৰামায়ণ ছার্কিটৰ মাধ্যমত যুক্ত কৰা হৈছে। আৰু সমান্তৰালকৈ ৰামায়ণ ট্রেনো চলোৱা হৈছে। বুদ্ধ ছার্কিটক লৈ যেনেকৈ কাম হৈছে, তেনেকৈ কুশীনগৰত আন্তর্জাতিক বিমানবন্দৰো প্ৰস্তুত কৰা হৈছে। এফালে যেনেকৈ কর্তাৰপুৰ চাহিব কৰিডৰ নির্মাণ কৰা হৈছে, তেনেকৈ আনফালে হেমকুণ্ড চাহিবজীৰ দর্শন সহজ কৰি তোলাৰ বাবে ৰোপৱে নির্মাণৰ প্রস্তুতি চলিছে। উত্তৰাখণ্ডত ‘চাৰি ধাম পথ মহাপৰিযোজনা’ক লৈ দ্রুত গতিত কাম চলিছে। ভগৱান ভিঠ্ঠলৰ কোটি কোটি ভক্তৰ আশীৰ্বাদত ‘শ্রী সন্ত জ্ঞানেশ্বৰ মহাৰাজ পালখী মার্গ’ আৰু ‘সন্ত তুকাৰাম মহাৰাজ পালখী মার্গ’ নির্মাণৰ কামো এই কেইসপ্তাহ মানৰ আগতে আৰম্ভ হৈ গৈছে। বন্ধুসকল, কেৰালাত গুৰু ভায়ুৰ মন্দিৰৰ পৰা আৰম্ভ কৰি তামিলনাড়়ুত কাঞ্চিপুৰম – ভেলনকানী, তেলেঙ্গানাত জোবুলাম্বা দেৱী মন্দিৰৰ পৰা আৰম্ভ কৰি পশ্চিমবঙ্গত বেলুড়মঠ, গুজৰাটৰ দ্বাৰকাজীৰ পৰা আৰম্ভ কৰি অৰুণাচলপ্রদেশৰ পৰশুৰামকুণ্ড দেশৰ ভিন্ন ভিন্ন ৰাজ্যত আমাৰ আধ্যাত্মিকতা আৰু সংস্কৃতিৰ সৈতে যুক্ত এনেকুৱা অনেক স্থানত সম্পূর্ণ ভক্তিভাব লৈ কাম কৰা হৈছে, অথবা কাম চলিছে। ভাতৃ আৰু ভগ্নীসকল, আজিৰ ভাৰতে তাৰ হেৰাই যোৱা ঐতিহ্যক আকৌ সঞ্জীবিত কৰি তুলিছে, পুনৰুজ্জীবিত কৰি তুলিছে। ইয়াত কাশীত তো মা অন্নপূর্ণা স্বয়ং বিৰাজমান। মই অত্যন্ত আনন্দিত, কাশীৰ পৰা চুৰি কৰি নিয়া মা অন্নপূর্ণাৰ মূর্তি এক শতাব্দী অপেক্ষাৰ পিছত, এশ বছৰ পিছত আকৌ এবাৰ কাশীত স্থাপন কৰা হৈছে। মা অন্নপূর্ণাৰ কৃপাত কৰোণাৰ কঠিন সময়ত দেশে নিজৰ অন্ন ভাণ্ডাৰ খুলি দিছে, যাতে দেশৰ কোনো দৰিদ্র মানুহে খালীপেটে শুবলগীয়া নহয়, সেই দিশত লক্ষ্য ৰখা হৈছে, বিনামূল্যে ৰেছনৰ ব্যৱস্থা কৰা হৈছে। বন্ধুসকল, যেতিয়াই মই ভগৱানৰ দর্শন কৰিবলৈ আহো, মন্দিৰলৈ আহো, বহুবাৰ ঈশ্বৰৰ ওচৰত কিবা বিচাৰো, কিবা সংকল্প লৈ আহো, মোৰ বাবে তো জনগণেশেই ঈশ্বৰৰ ৰূপ। মোৰ বাবে প্রত্যেক ভাৰতবাসী ঈশ্বৰৰেই অংশ। সমস্ত মানুহে যেনেকৈ ভগবানৰ কাষলৈ আহি কিবা বিচাৰে, তেনেকৈ ময়ো আপোনালোকক ভগৱান বুলি ভাবোঁ। জনগণেশকে ঈশ্বৰৰ ৰূপ বুলি মানো। সেয়ে আজি আপোনালোকৰ ওচৰত কিছু প্রার্থনা জনাব বিচাৰো। আপোনালোকৰ পৰা কিছু ভিক্ষা বিচাৰো। মই নিজৰ বাবে, আমাৰ দেশৰ বাবে তিনিটা সংকল্প গ্রহণৰ অনুৰোধ জনাওঁ। এই কথা নাপাহৰিব, তিনিটা সংকল্প। আৰু এই অনুৰোধ মই বাবাৰ পৱিত্র মাটিৰ পৰা কৰিছো। প্রথমটো হ’ল, পৰিচ্ছন্নতা, দ্বিতীয়টো সৃষ্টিশীলতা, আৰু তৃতীয়টো আত্মনির্ভৰ ভাৰত গঠনৰ বাবে ক্রমাগত চেষ্টা। পৰিচ্ছন্নতা এটা জীৱনশৈলী, পৰিচ্ছন্নতাই আমাৰ জীৱনক অনুশাসনত ৰাখে। আমাৰ জীৱনত কর্তব্যৰ এটা ডাঙৰ শৃঙ্খলা লৈ আহে। ভাৰেত যিমানেই উন্নয়ন নকৰক কিয়, পৰিচ্ছন্ন নাথাকিলে আমাৰ বাবে আগবাঢ়ি যোৱা কঠিন হ’ব। এই লক্ষ্যত আমি বহু কাম কৰিছো। কিন্তু আমাৰ নিজৰ চেষ্টা আৰু বঢ়াব লাগিব। কর্তব্যৰ ভাবনাত উজ্জীবিত আপোনালোকৰ এটি ক্ষুদ্র প্রচেষ্টাই দেশক বহু সহায় কৰিব। ইয়াত বেনাৰসতো চহৰৰ অলিয়েগলিয়ে, ঘাটবিলাকত পৰিচ্ছন্নতাক আমি এটা নতুন স্তৰলৈ লৈ যাব লাগিব। গঙ্গাজীৰ পৰিচ্ছন্নতাৰ বাবে উত্তৰাখণ্ডৰ পৰা আৰম্ভ কৰি পশ্চিমবঙ্গ পর্যন্ত কত যে প্রচেষ্টা চলিছে! ‘নমামি গঙ্গে অভিযান’ যেন সফল হয়, সেই দিশত সজাগ থাকি আমি কাম কৰি যা লাগিব। বন্ধুসকল, দাসত্বৰ দীর্ঘ কালখণ্ডই আমাৰ আত্মবিশ্বাসক এনেকৈ ভাঙিছিল যে ভাৰতবাসীয়ে নিজৰ সৃষ্টিৰ ওপৰত, সৃজনশীলতাৰ ওপৰত বিশ্বাস হেৰুৱাইছিল। আজি হাজাৰ হাজাৰ বছৰ পুৰণি এই কাশীৰ পৰা প্রত্যেক ভাৰতবাসীৰ প্রতি মই এটা আহ্বান জনাব বিচাৰো, সম্পূর্ণ আত্মবিশ্বাস লৈ সৃষ্টিৰ পথত আগুৱাই যাওক, উদ্ভাৱন কৰক, উদ্ভাবক পদ্ধতিত কৰক। যেতিয়া ভাৰতৰ যুৱ সম্প্রদায়ে কৰোণাৰ এই কঠিন সময়ত হাজাৰ হাজাৰ ষ্টাৰ্টআপ গঢ়ি তুলিব পাৰে, ইমান প্রতিকূলতাৰ মাজত ৪০টাৰো বেছি ইউনিকর্ন গঢ়ি তুলিব পাৰে, ইয়াৰ পৰাই বুজা যায় যে, ভাৰতবাসীয়ে যি মন যায় কৰিব পাৰে। আপোনালোকে ভাবক, একো একোটা ইউনিকর্ন এনে ষ্টার্টআপ যিবিলাক প্রায় ৭০০০ কোটি টকাৰো বেছি, আৰু যি মাত্র যোৱা দেড় বছৰৰ ভিতৰত গঢ়ি উঠিছে। এইটো অভূতপূর্ব। প্রত্যেক ভাৰতবাসীয়ে যি য’ত আছে, যি ক্ষেত্রৰ কাম কৰে, তেওঁলোকে দেশৰ বাবে নতুন কিবা কৰাৰ চেষ্টা কৰিব। তেতিয়াই আমি নতুন পথ বিচাৰি পাম। নতুন পথ প্ৰস্তুত হ’ব, আৰু আমি প্রত্যেকেই নতুন গন্তব্যত অৱশ্যেই উপনীত হ’ম। ভাতৃ আৰু ভগ্নীসকল, তৃতীয় এটা সংকল্প যি আমি ল’ব লাগিব, সেইটো হ’ল আত্মনির্ভৰ ভাৰতৰ বাবে আমাৰ চেষ্টা বঢ়োৱা। এতিয়া স্বাধীনতাৰ অমৃতকাল চলিছে। আমি স্বাধীনতাৰ ৭৫তম বর্ষ পালন কৰিছো। যেতিয়া ভাৰতে স্বাধীনতাৰ শতবর্ষ সমাৰোহ পালন কৰিব, তেতিয়াৰ ভাৰত কেনেকুৱা হ’ব, তাৰবাবে আমি এতিয়াৰে পৰা কাম কৰিব লাগিব। আৰু সেই বাবে আমি আত্মনির্ভৰ হৈ উঠা অত্যন্ত প্রয়োজনীয়। যেতিয়া আমি দেশৰ প্ৰস্তুত বস্তুবিলাকৰ বাবে গর্ব অনুভৱ কৰিম, যেতিয়া ‘লোকেলৰ বাবে ভোকেল’ হ’ম, যেতিয়া আমি এনেকুৱা বস্তুবিলাকহে কেৱল কিননিম, যিবোৰে প্ৰস্তুত কৰিবলৈ কোনোবা ভাৰতবাসীৰ ঘাম সৰিছে, তেতিয়া আমি এই অভিযানক সহায় কৰা হ’ব। অমৃতকালত ভাৰতে ১৩০ কোটি দেশবাসীৰ প্রচেষ্টাত আগবাঢ়ি গৈছে, মহাদেৱৰ কৃপাত, প্রত্যেক ভাৰতবাসীৰ প্রচেষ্টাত আমি আত্মনির্ভৰ ভাৰতৰ স্বপ্ন বাস্তবায়িত কৰি দেখুৱাম। এই বিশ্বাস লৈ মই বাবা বিশ্বনাথৰ, মা অন্নপূর্ণাৰ, কাশী কোতোৱালৰ, আৰু সমস্ত দেৱদেৱীৰ চৰণত আকৌ এবাৰ প্রণাম জনাইছো। ইমান বিপুল সংখ্যক মানুহ দেশৰ নানা প্রান্তৰ পৰা আহি একত্ৰিত হৈছে, ইমান পূজনীয় সন্ন্যাসী আৰু মহাত্মা পুৰুষ আহিছে, এয়া আমাৰ বাবে, মোৰ দৰে সাধাৰণ নাগৰিকসকলৰ বাবে এটা সৌভাগ্যৰ মুহূর্ত। মই সমস্ত সন্ন্যাসীসকলক, সমস্ত পূজনীয় মহাত্মাসকলক মূৰ দোঁৱাই হৃদয়ৰ পৰা অভিনন্দন জনাইছো, প্রণাম জনাইছো। মই আজি সমস্ত কাশীবাসীক, সমস্ত দেশবাসীক আকৌ এবাৰ শুভেচ্ছা জনাইছো, বহুত বহুত অভিনন্দন জনাইছো, বহুত বহুত শুভ কামনা। হৰ হৰ মহাদেৱ।
উত্তৰ প্ৰদেশৰ বাৰাণসীত কাশী বিশ্বনাথ ধামৰ উদ্ঘাটনত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পাঠ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A6%BE%E0%A6%B2%E0%A6%BE%E0%A6%B6%E0%A6%A8%E0%A6%BF%E0%A6%95%E0%A6%AD-%E0%A6%8F%E0%A6%9B%E0%A6%B2%E0%A7%8D%E0%A6%9F-%E0%A7%B0%E0%A6%BE%E0%A6%87%E0%A6%AB%E0%A6%B2-%E0%A6%89%E0%A7%8E/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A6%BE%E0%A6%B2%E0%A6%BE%E0%A6%B6%E0%A6%A8%E0%A6%BF%E0%A6%95%E0%A6%AD-%E0%A6%8F%E0%A6%9B%E0%A6%B2%E0%A7%8D%E0%A6%9F-%E0%A7%B0%E0%A6%BE%E0%A6%87%E0%A6%AB%E0%A6%B2-%E0%A6%89%E0%A7%8E/
প্রিয় বন্ধুসকল, কালাশনিকভ এছল্ট ৰাইফল উৎপাদনৰ বাবে ৰাছিয়া-ভাৰত উদ্যোগৰ শুভাৰম্ভণি অনুষ্ঠানলৈ মই আপোনালোকক আদৰণি জনাইছো। ৰাছিয়া আৰু ভাৰতৰ মাজত বিশেষ তথা সুবিধাসম্পন্ন কৌশলগত সহযোগিতাৰ গুৰুত্বপূর্ণ ক্ষেত্ৰসমূহত সামৰিক আৰু প্ৰযুক্তিগত সহযোগিতাৰ এক ঐতিহ্য আছে। ৭ দশকৰো অধিক সময় ধৰি আমি ভাৰতক বিশ্বাসযোগ্য আৰু উচ্চ গুণসম্পন্ন অস্ত্ৰশস্ত্ৰ তথা সা-সৰঞ্জাম যোগান ধৰি আহিছো। আমাৰ দেশৰ সহায়ত ভাৰতত ১৭০তকৈও অধিক সামৰিক আৰু উদ্যোগ সংস্থা গঢ় লৈ উঠিছে। ৰাছিয়া-ভাৰতে এই নতুন যৌথ উদ্যোগৰ জৰিয়তে অত্যাধূনিক ২০০ ছিৰিজৰ বিশ্ববিখ্যাত কালাশনিকভ এছল্ট ৰাইফল নিৰ্মাণ কৰিব৷ থলুৱা প্ৰযুক্তিভিত্তিত ইয়াৰ উৎপাদন হ’বলৈ গৈ আছে। এই উদ্যোগৰ জৰিয়তে ভাৰতৰ প্ৰতিৰক্ষা উদ্যোগ খণ্ডত ৰাষ্ট্ৰীয় নিৰাপত্তা সংস্থাসমূহৰ চাহিদা পূৰণ কৰাটো সম্ভৱ হৈ পৰিব৷ একেদৰে, ৰাছিয়াৰ আধুনিক প্ৰযুক্তিৰ ওপৰত নির্ভৰ কৰি সৰু জোখৰ অস্ত্ৰ-শস্ত্ৰও নিৰ্মাণ কৰা হ’ব৷ মই আপোনালোকক দোঁহাৰিব বিচাৰিছো যে যোৱা অক্টোবৰত মোৰ চৰকাৰী ভাৰত ভ্ৰমনৰ সময়ত মই আৰু মোৰ বন্ধু শ্রী মোদীয়ে দেশত কালাশনিকভ উৎপাদনৰ ক্ষেত্ৰত সহমত পোষণ কৰিছিলো৷ অতি কম সময়ৰ ভিতৰতে সংশ্লিষ্ট ক্ষেত্ৰত আন্তঃচৰকাৰী চুক্তিসমূহৰ ৰূপৰেখা প্ৰস্তুত কৰাৰ লগতে স্বাক্ষৰৰ কাম সম্পন্ন হয়। এই ক্ষেত্ৰত মই ৰাছিয়া আৰু ভাৰতৰ বিশেষজ্ঞসকলৰ ভূমিকাক কৃতজ্ঞতা জনাইছো৷ একেদৰে, এই যৌথ উদ্যোগটো ক্ষীপ্ৰতাৰে বাস্তৱ ৰূপ দিয়াত যিসকলে অৱদান আগবঢ়ালে, তেওঁলোককো কৃতজ্ঞতা জনাইছো৷ মই নিশ্চিত যে এই নতুন উদ্যোগটোৱে ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্রৰ প্ৰভূত সম্ভাৱনাক আৰু অধিক শক্তিশালী কৰিব, ৰাষ্ট্ৰীয় অর্থনীতিত বিজ্ঞান আৰু উদ্যোগভিত্তিক বিকাশক ত্বৰান্বিত কৰিব, সুদক্ষ কর্মীবাহিনীৰ বাবে নতুন কর্মসংস্থাপন সৃষ্টি কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰাৰ লগতে বৃত্তিমূলক শিক্ষা তথা কর্মচাৰীৰ প্ৰশিক্ষণৰ কাম-কাজো ক্ষীপ্ৰতৰ হ’ব। এই উদ্যোগে আমাৰ দুয়োখন দেশৰ মাজত বন্ধুত্বপূৰ্ণ আৰু গঠনমূলক সহযোগিতাৰ আন এক নিদর্শন হৈ উঠিব। মই আপোনালোকৰ সফলতা কামনা কৰাৰ লগতে শুভেচ্ছা জনালো।
কালাশনিকভ এছল্ট ৰাইফল উৎপাদনৰ বাবে ৰাছিয়া-ভাৰত যৌথ উদ্যোগৰ শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণকাৰী আৰু অতিথিবৃন্দক উদ্দেশ্যি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে প্ৰেৰণ কৰা বার্তাৰ অসমীয়া অনুবাদ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BE%E0%A6%B2%E0%A6%BF%E0%A6%A4-%E0%A6%85%E0%A6%A8%E0%A7%81%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BF%E0%A6%A4-%E0%A6%9C%E0%A6%BF-%E0%A7%A8%E0%A7%A6-%E0%A6%B6%E0%A7%80%E0%A7%B0%E0%A7%8D-3/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BE%E0%A6%B2%E0%A6%BF%E0%A6%A4-%E0%A6%85%E0%A6%A8%E0%A7%81%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BF%E0%A6%A4-%E0%A6%9C%E0%A6%BF-%E0%A7%A8%E0%A7%A6-%E0%A6%B6%E0%A7%80%E0%A7%B0%E0%A7%8D-3/
মহামান্য, বন্ধুসকল, পুনৰ এবাৰ মোৰ বন্ধু ৰাষ্ট্ৰপতি জোকোৱিক অভিনন্দন জনাইছোঁ। তেওঁ এই কঠিন সময়তো জি-২০ক দক্ষতাৰে নেতৃত্ব প্ৰদান কৰিছে। আৰু বালি ঘোষণাপত্ৰ গ্ৰহণ কৰাৰ বাবে মই আজি জি-২০ সম্প্ৰদায়কো অভিনন্দন জনাইছোঁ। ভাৰতে জি-২০ অধ্যক্ষতাৰ সময়ত ইণ্ডোনেছিয়াৰ প্ৰশংসনীয় পদক্ষেপসমূহক আগুৱাই নিয়াৰ চেষ্টা কৰিব। এইটো ভাৰতৰ বাবে এক অতি শুভ কাকতালীয় ঘটনা যে আমি বালিৰ এই পবিত্ৰ দ্বীপত জি-২০ অধ্যক্ষতাৰ দায়িত্ব গ্ৰহণ কৰিছোঁ। ভাৰত আৰু বালিৰ এক পুৰণি সম্পৰ্ক আছে। মহামান্য, ভাৰতে এনে এক সময়ত জি-২০ৰ দায়িত্ব গ্ৰহণ কৰিছে যি সময়ত বিশ্বই ভূ-ৰাজনৈতিক উত্তেজনা, অৰ্থনৈতিক মন্দাৱস্থা, খাদ্য আৰু শক্তিৰ মূল্য বৃদ্ধি আৰু মহামাৰীৰ দীৰ্ঘম্যাদী কুপ্ৰভাৱৰ সৈতে যুঁজি আছে। এনে সময়ত, বিশ্বই জি-২০লৈ আশাৰে চাই আছে। আজি মই আশ্বাস দিব বিচাৰো যে ভাৰতৰ জি-২০ অধ্যক্ষতা সৰ্বাত্মক, উচ্চাকাংক্ষী, নিৰ্ণায়ক আৰু কাৰ্যমুখী হ'ব। মহামান্য, আগন্তুক এবছৰত, জি-২০ এ যাতে নতুন ধাৰণাৰ পৰিকল্পনাৰ বাবে আৰু সামূহিক কাৰ্যক ত্বৰান্বিত কৰাৰ বাবে বিশ্বব্যাপী প্ৰধান চালিকাশক্তি হিচাপে কাম কৰে সেয়াই আমাৰ প্ৰচেষ্টা হব। প্ৰাকৃতিক সম্পদৰ ওপৰত মালিকীস্বত্বৰ ভাবে আজি সংঘাতৰ জন্ম দিছে, আৰু পৰিৱেশৰ দুৰ্দশাৰ মুখ্য কাৰণ হৈ পৰিছে। পৃথিৱীৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে ট্ৰাষ্টিশ্বিপৰ অনুভূতি হৈছে সমাধান। LIFE অৰ্থাৎ 'পৰিৱেশৰ বাবে জীৱনশৈলী' অভিযানে ইয়াত এক বহত্ অৱদান আগবঢ়াব পাৰে। ইয়াৰ উদ্দেশ্য হৈছে বহনক্ষম জীৱনশৈলীক এক গণ আন্দোলনলৈ পৰিণত কৰা। মহামান্য, আজিৰ প্ৰয়োজনীয়তা হৈছে যে উন্নয়নৰ লাভালাভবোৰ সাৰ্বজনীন আৰু সৰ্বাত্মক হওক। আমি সকলো মানুহক সহানুভূতি আৰু সংহতিৰে উন্নয়নৰ লাভালাভ প্ৰদান কৰিব লাগিব। মহিলাৰ অংশগ্ৰহণ অবিহনে বৈশ্বিক বিকাশ সম্ভৱ নহয়। আমি আমাৰ জি-২০ কাৰ্যসূচীতো মহিলা নেতৃত্বাধীন বিকাশৰ ওপৰত অগ্ৰাধিকাৰ দিব লাগিব। শান্তি আৰু নিৰাপত্তা অবিহনে আমাৰ ভৱিষ্যত প্ৰজন্মই অৰ্থনৈতিক বিকাশ বা প্ৰযুক্তিগত উদ্ভাৱনৰ সুবিধা ল'ব নোৱাৰিব। জি-২০য়ে শান্তি আৰু সম্প্ৰীতিৰ সপক্ষে এক শক্তিশালী বাৰ্তা প্ৰদান কৰিব লাগিব। এই সকলোবোৰ অগ্ৰাধিকাৰ ভাৰতৰ জি-২০ অধ্যক্ষতাৰ বিষয়বস্তু-"এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত"ত সম্পূৰ্ণৰূপে সন্নিবিষ্ট হৈছে। মহামান্য, জি-২০ৰ অধ্যক্ষতা গ্ৰহণ কৰাটো প্ৰতিজন ভাৰতীয়ৰ বাবে এক গৌৰৱৰ উপলক্ষ৷ আমি আমাৰ দেশৰ বিভিন্ন চহৰ আৰু ৰাজ্যত জি-২০ বৈঠকৰ আয়োজন কৰিম৷ আমাৰ অতিথিসকলে ভাৰতৰ বিস্ময়কৰ বৈচিত্ৰ্য, সামগ্ৰিক পৰম্পৰা আৰু সাংস্কৃতিক সমৃদ্ধিৰ সম্পূৰ্ণ অভিজ্ঞতা লাভ কৰিব। আমি আশা কৰোঁ যে আপোনালোক সকলোৱে 'গণতন্ত্ৰৰ মাতৃ' ভাৰতত এই অনন্য উদযাপনত অংশগ্ৰহণ কৰিব। একেলগে, আমি জি-২০ক বৈশ্বিক পৰিৱৰ্তনৰ এক অনুঘটক কৰিম। বহুত ধন্যবাদ!
বালিত অনুষ্ঠিত জি-২০ শীৰ্ষ সন্মিলনৰ সামৰণী অধিৱেশনত শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ অনুবাদ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%A8%E0%A7%B0%E0%A7%87%E0%A6%A8-41/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%A8%E0%A7%B0%E0%A7%87%E0%A6%A8-41/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহামহিম ড০ শ্ৰী শ্ৰী শিৱকুমাৰ স্বামীগালুক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়, "মই মহামহিম ড০ শ্ৰী শ্ৰী শিৱকুমাৰ স্বামীগালুক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁ অজস্ৰজনৰ হৃদয়ত বাস কৰে। আমি তেওঁৰ অপৰিসীম সমাজ সেৱা আৰু স্বাস্থ্য তথা শিক্ষাৰ ক্ষেত্ৰত অনবদ্য অৰিহণাক সদায় স্মৰণ কৰি থাকিম। আমি তেওঁৰ সপোন পূৰ্ণ কৰাৰ দিশত কাম কৰি আছো।"
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহামহিম ড০ শ্ৰী শ্ৰী শিৱকুমাৰ স্বামীগালুক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%BE%E0%A7%B0%E0%A7%B0-%E0%A7%9F%E0%A6%BE%E0%A6%AE%E0%A7%87%E0%A6%A5%E0%A6%BF%E0%A6%A8%E0%A7%B0-%E0%A6%AE%E0%A6%B9%E0%A6%BF%E0%A6%B2%E0%A6%BE/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%BE%E0%A7%B0%E0%A7%B0-%E0%A7%9F%E0%A6%BE%E0%A6%AE%E0%A7%87%E0%A6%A5%E0%A6%BF%E0%A6%A8%E0%A7%B0-%E0%A6%AE%E0%A6%B9%E0%A6%BF%E0%A6%B2%E0%A6%BE/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ভাৰত আৰু ম্যানমাৰৰ মাজত ম্যানমাৰৰ য়ামেথিনত থকা মহিলা আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰৰ উন্নীতকৰণ সম্পৰ্কীয় পূৰ্বপ্ৰস্তাৱিত বুজাবুজি চুক্তিত অনুমোদন জনায়। ২০১৭ চনৰ ৬ ছেপ্টেম্বৰত এই বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হয়। এই বুজাবুজি চুক্তিয়ে য়ামেথিনৰ মহিলা আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰৰ উন্নীতকৰণ কৰাৰ ক্ষেত্ৰত ম্যানমাৰ চৰকাৰৰ পক্ষে সহজ হৈ পৰাৰ লগতে ম্যানমাৰ আৰক্ষীৰ সক্ষমতা আৰু দক্ষতাও বৃদ্ধি পাব। এই ক্ষেত্ৰত ভাৰত চৰকাৰে প্ৰযুক্তি আৰু বিত্তীয় দিশত সাহাৰ্য আগবঢ়াব।
ম্যানমাৰৰ য়ামেথিনৰ মহিলা আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰৰ উন্নীতকৰণ সম্পৰ্কীয় বুজাবুজি চুক্তিত কেবিনেটৰ অনুমোদন
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%B0-%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A6%BE%E0%A6%A8%E0%A6%B8%E0%A7%80-%E0%A6%AD/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%B0-%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A6%BE%E0%A6%A8%E0%A6%B8%E0%A7%80-%E0%A6%AD/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২২ আৰু ২৩ ছেপ্তেম্বৰ তাৰিখে তেখেতৰ লোকসভা সমষ্টি বাৰানসী ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণকালত কেইবাটাও আন্তঃগাঁথনি, ৰেলপথ, বস্ত্ৰশিল্প, বিত্তীয় অন্তৰ্ভূক্তি, পৰিৱেশ আৰু অনাময়, পশুস্বাস্থ্য, সংস্কৃতি আৰু আধ্যাত্মিক বিষয়ৰ কাৰ্যসূচী সামৰি লোৱা হ’ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে বডালালপুৰত স্থাপন হোৱা– ‘দীনদয়াল হস্তকলা সংকুল’ নামৰ এক বাণিজ্য সেৱা কেন্দ্ৰ দেশবাসীৰ নামত অৰ্পণ কৰিব। তেওঁ অতি কম সময়ৰ বাবে সেই বাণিজ্য সেৱা কেন্দ্ৰ ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এক ভিডিঅ’ লিংকযোগে বাৰানসীৰপৰা গুজৰাটৰ চুৰাট আৰু বদোদৰা সংযোগ কৰিবলগীয়া ৰেলগাড়ী ‘মহামানা এক্সপ্ৰেছ’ৰ শুভাৰম্ভ কৰিব। একে স্থানতে প্ৰধানমন্ত্ৰীগৰাকীয়ে চহৰখনত হ’বলগীয়া কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে মাইক্ৰ’ ফইনেন্সৰ বাবে বিশেষভাৱে গঠিত উৎকৰ্ষ বেংকৰ বেংকিং সেৱাৰ শুভাৰম্ভ কৰাৰ লগতে বেংকৰ মূখ্য কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে এক ভিডিঅ’ লিংকযোগে ‘জল-এম্বুলেন্স সেৱা’ আৰু ‘জল সেৱা বাহন’ বাৰানসীৰ জনতাৰ নামত অৰ্পণ কৰিব। ২২ ছেপ্তেম্বৰৰ আবেলি প্ৰধানমন্ত্ৰীগৰাকীয়ে ইতিহাসপ্ৰসিদ্ধ বাৰানসীৰ ‘তুলসী মানস মন্দিৰ’ ভ্ৰমণ কৰিব। তেওঁ ‘ৰামায়ণ’ৰ এক প’ষ্টেল ষ্টাম্প মুকলি কৰিব। তাৰ পিছত তেওঁ চহৰখনৰ ‘দূৰ্গা মাতা মন্দিৰ’ ভ্ৰমণ কৰিব। ২২ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে সাহাঞ্চাহপুৰ গাঁৱত এক অনাময় সম্পৰ্কীয় চমু কাৰ্যসূচীত ভাগ লব। তাৰ পিছত তেওঁ ‘পশুধন আৰোগ্য মেলা’ ভ্ৰমণ কৰিব।প্ৰধানমন্ত্ৰীগৰাকীয়ে ‘প্ৰধানমন্ত্ৰী আৱাস যোজনা (চহৰ আৰু গ্ৰাম্যাঞ্চল)’ ৰ হিতাধিকাৰীসকলৰ হাতত প্ৰমাণপত্ৰ বিতৰণ কৰি তাত উপস্থিত জনতাক উদ্দেশ্যি ভাষণ দিব।
প্ৰধানমন্ত্ৰীৰ বাৰানসী ভ্ৰমণ, কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%AC%E0%A7%87%E0%A7%B0%E0%A7%87%E0%A6%B2%E0%A7%80%E0%A6%A4-%E0%A6%AA%E0%A6%A5/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%AC%E0%A7%87%E0%A7%B0%E0%A7%87%E0%A6%B2%E0%A7%80%E0%A6%A4-%E0%A6%AA%E0%A6%A5/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ বেৰেলীত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এইবুলি টুইট কৰে; "উত্তৰ প্ৰদেশৰ বেৰেলীত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত অত্যন্ত দুখ পাইছো। নিহতসকলৰ পৰিয়ালবৰ্গলৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলো। দুখৰ এই সময়ত ঈশ্বৰে তেওঁলোকক শক্তি প্ৰদান কৰকঃ প্ৰধানমন্ত্ৰী।"
উত্তৰ প্ৰদেশৰ বেৰেলীত পথ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AB%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%B8%E0%A7%B0-%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A7%B0-%E0%A6%A8%E0%A6%BF%E0%A7%B0%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%9A%E0%A6%BF%E0%A6%A4/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AB%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%B8%E0%A7%B0-%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A7%B0-%E0%A6%A8%E0%A6%BF%E0%A7%B0%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%9A%E0%A6%BF%E0%A6%A4/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ-নিৰ্বাচিত হোৱা ইমানুৱেল মেক্ৰনক অভিনন্দন জনায়। এটি টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়; "ফ্ৰান্সৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ-নিৰ্বাচিত হোৱা মোৰ বন্ধু @EmmanuelMacron ক অভিনন্দন জনালো! ভাৰত-ফ্ৰান্সৰ কৌশলগত অংশীদাৰিত্ব গভীৰ কৰিবলৈ মই একেলগে কাম কৰি যাবলৈ আগ্ৰহী।"
ফ্ৰান্সৰ পুনৰ-নিৰ্বাচিত ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক অভিনন্দন প্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A7%87%E0%A6%87-%E0%A6%A8%E0%A6%B9%E0%A7%80-%E0%A6%B9%E0%A6%BE%E0%A6%AE-%E0%A6%AA%E0%A7%B0%E0%A7%8D%E0%A6%9F%E0%A7%87%E0%A6%B2-%E0%A6%86%E0%A7%B0%E0%A7%81/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A7%87%E0%A6%87-%E0%A6%A8%E0%A6%B9%E0%A7%80-%E0%A6%B9%E0%A6%BE%E0%A6%AE-%E0%A6%AA%E0%A7%B0%E0%A7%8D%E0%A6%9F%E0%A7%87%E0%A6%B2-%E0%A6%86%E0%A7%B0%E0%A7%81/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ অক্টোবৰত ‘মেই নহী হাম’ প’ৰ্টেল আৰু এপছ মুকলি অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ তথ্য-প্ৰযুক্তি আৰু বৈদ্যুতিক সামগ্ৰী নিৰ্মাণ পেছাদাৰীৰে মতবিনিময়ত ভাগ ল’ব। ‘ছেলফ ফৰ ছ’চাইটী’ শীৰ্ষক বিষয়বস্তুৰে মুকলি হোৱা এই প’ৰ্টেলে তথ্য-প্ৰযুক্তি প্ৰফেছনেল আৰু প্ৰতিষ্ঠানসমূহক একেখন মঞ্চতে সংঘবদ্ধ কৰিব৷ ইয়াৰ সহায়ত প’ৰ্টেলটোৱে সমাজৰ দূৰ্বল শ্ৰেণীলৈ তথ্য-প্ৰযুক্তিৰ উপযোগিতা সম্প্ৰসাৰিত কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে৷ সমাজৰ কল্যাণৰ বাবে কাম কৰিবলৈ আগ্ৰহী লোকসকলক কাম কৰাৰ বিস্তৃত সুযোগ দিয়াৰ ক্ষেত্ৰতো ইয়ে সহায় আগবঢ়াব৷ প্ৰধানমন্ত্ৰীয়ে আগশাৰীৰ ঔদ্যোগিক নেতাসকলকো সাক্ষাৎ কৰিব৷ তথ্য-প্ৰযুক্তি প্ৰ’ফেছনেল আৰু বৈদ্যুতিক সামগ্ৰী নিৰ্মাণ প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলক তেওঁ সম্বোধন কৰিব৷ টাউনহল ষ্টাইল ফৰ্মেটত প্ৰধানমন্ত্ৰীয়ে মতবিনিময়ত ভাগ ল’ব৷ ভাৰতৰ প্ৰায় ১০০টা স্থানৰ তথ্য-প্ৰযুক্তি আৰু বৈদ্যুতিক সামগ্ৰী নিৰ্মাণ পেছাদাৰীয়ে ভিডিঅ’-কনফাৰেন্সৰ মাধ্যমেৰে অনুষ্ঠানত অংশ লোৱাৰ সম্ভাৱনা আছে৷
‘মেই নহী হাম’ প’ৰ্টেল আৰু এপছ মুকলি অনুষ্ঠানত তথ্য-প্ৰযুক্তি আৰু বৈদ্যুতিক সামগ্ৰী নিৰ্মাণ পেছাদাৰীৰে মতবিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%89%E0%A7%8E%E0%A6%95%E0%A6%B2-%E0%A6%A6%E0%A6%BF%E0%A7%B1%E0%A6%B8%E0%A6%A4-%E0%A6%89%E0%A7%B0%E0%A6%BF%E0%A6%B7%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A7%B0-%E0%A6%9C%E0%A6%A8%E0%A6%B8%E0%A6%BE/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%89%E0%A7%8E%E0%A6%95%E0%A6%B2-%E0%A6%A6%E0%A6%BF%E0%A7%B1%E0%A6%B8%E0%A6%A4-%E0%A6%89%E0%A7%B0%E0%A6%BF%E0%A6%B7%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A7%B0-%E0%A6%9C%E0%A6%A8%E0%A6%B8%E0%A6%BE/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উৰিষ্যাৰ জনসাধাৰণক উৎকল দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয় যে ওড়িয়া সংস্কৃতি বিশ্বব্যাপী প্ৰশংসিত আৰু ওড়িয়া লোকসকলে ভাৰতৰ প্ৰগতিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়; "উৎকল দিৱসৰ এই বিশেষ ক্ষণত উৰিষ্যাৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ওড়িয়া লোকসকলে ভাৰতৰ প্ৰগতিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে আৰু ওড়িয়া সংস্কৃতি বিশ্বব্যাপী প্ৰশংসিত। আগন্তুক দিনত উৰিষ্যাৰ উন্নয়নৰ বাবে মই প্ৰাৰ্থনা জনাইছোঁ।"
উৎকল দিৱসত উৰিষ্যাৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A6%A4-%E0%A7%AF%E0%A6%96%E0%A6%A8-%E0%A6%9A%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A6%A4%E0%A7%8D/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A6%A4-%E0%A7%AF%E0%A6%96%E0%A6%A8-%E0%A6%9A%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A6%A4%E0%A7%8D/
ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়, মহাত্মা বুদ্ধৰ পবিত্ৰ ভূমি সিদ্ধাৰ্থনগৰত মই আপোনালোক সকলোলৈকে প্ৰণাম জনাইছো। মহাত্মা বুদ্ধই য’ত জীৱনৰ আৰম্ভণী কালছোৱা অতিবাহিত কৰিছিল সেইডোখৰ ভূমিতে আজি প্ৰদেশখনৰ ৯খন মহাবিদ্যালয়ৰ উদ্বোধন কৰা হৈছে। সুস্থ আৰু নিৰোগী ভাৰতৰ সপোন পূৰ্ণ কৰাৰ ক্ষেত্ৰত ই এক বৃহত্ পদক্ষেপ। আপোনালোক আটাইকে অভিনন্দন জনাইছো। উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দীবেন পেটেল জী, উত্তৰ প্ৰদেশৰ যশস্বী আৰু কৰ্মযোগী মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী শ্ৰী মনসুখ মাণ্ডৱীয়া জী, মঞ্চত উপস্থিত উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰীসকল, যিসমূহ স্থানত নতুন চিকিত্সা মহাবিদ্যালয় স্থাপিত হৈছে, সেইসমূহত উপস্থিত থকা উত্তৰ প্ৰদেশৰ চৰকাৰৰ মন্ত্ৰীসকল, কাৰ্যক্ৰমত উপস্থিত থকা সাংসদ, বিধায়ক, অন্য জনপ্ৰতিনিধি আৰু মোৰ চেনেহৰ ভাই-ভনীসকল, আজিৰ দিনটোৱে সমগ্ৰ পূৰ্বাঞ্চলৰ বাবেই, সম্পূৰ্ণ উত্তৰ প্ৰদেশৰ বাবেই আৰোগ্যৰ ‘ডবল ডোজ’ লৈ আহিছে, আপোনালোকৰ বাবে এটি উপহাৰ লৈ আহিছে। ইয়াত, অৰ্থাত্ সিদ্ধাৰ্থনগৰত উত্তৰ প্ৰদেশৰ ৯খন চিকিত্সা মহাবিদ্যালয়ৰ উদ্বোধন কাৰ্যসূচী অনুষ্ঠিত হৈছে। ইয়াৰ পিচত পূৰ্বাঞ্চলৰ পৰাই সমগ্ৰ দেশৰ বাবে অতিকে জৰুৰী এনে চিকিত্সা আন্তঃগাঁথনি সম্পৰ্কীয় এক বহুত ডাঙৰ যোজনাৰো শুভাৰম্ভ কৰা হ’ব। আৰু সেই ডাঙৰ কামটোৰ বাবে মই ইয়াৰ পৰা আপোনালোকৰ আশীৰ্বাদ গ্ৰহণ কৰাৰ পিচত, এইখন পবিত্ৰ ভূমিৰ আশীৰ্বাদ গ্ৰহণ কৰাৰ পিচত, আপোনালোকৰ সৈতে কথা-বতৰা হোৱাৰ পিচত কাশীলৈ যাম আৰু তাতে সেই কাৰ্যক্ৰমৰ শুভাৰম্ভ কৰিমগৈ। বন্ধুসকল, আজি কেন্দ্ৰত থকা চৰকাৰখনেই হওক, অথবা ইয়াত থকা চৰকাৰখনেই হওক, সেয়া অনেক কৰ্মযোগীৰ বহু দশকজোৰা তপস্যাৰ ফল। সিদ্ধাৰ্থনগৰেও স্বৰ্গীয় মাধৱ প্ৰসাদ ত্ৰিপাঠীৰ ৰূপত এনে এগৰাকী সমৰ্পিত জন প্ৰতিনিধি দেশক প্ৰদান কৰিছিল, যিগৰাকী ব্যক্তিৰ কঠোৰ পৰিশ্ৰম আজি ৰাষ্ট্ৰৰ কামত আহিছে। মাধাৱবাবুয়ে ৰাজনীতিত কৰ্মযোগ প্ৰতিস্থা কৰাৰ বাবে সম্পূৰ্ণ জীৱনটোকে পাত কৰিছিল। উত্তৰ প্ৰদেশ ‘ভাজপা’ৰ প্ৰথমগৰাকী অধ্যক্ষৰ ৰূপত, কেন্দ্ৰত মন্ত্ৰীৰ ৰূপত, তেখেতে বিশেষকৈ পূৰ্বাঞ্চলৰ বিকাশৰ বাবে চিন্তা কৰিছিল। সেয়ে সিদ্ধাৰ্থনগৰৰ নতুন চিকিত্সা মহাবিদ্যালয়খনৰ নাম মাধৱবাবুৰ নামতে ৰখাটো তেখেতৰ সেৱা ভাৱৰ প্ৰতি আন্তৰিক কাৰ্যাঞ্জলি বুলিয়ে ক’ব পাৰি। আৰু ইয়াৰ বাবে যোগী জী আৰু তেওঁ মন্ত্ৰীমণ্ডলক ধন্যবাদ জনাইছো। মাধৱবাবুৰ নামে ইয়াত পঢ়ি-শুনি ওলাই যাব লগা যুৱ-চিকিত্সকসকলক সদায়ে প্ৰেৰণা দি থাকিব। ভাই-ভনীসকল, উত্তৰ প্ৰদেশ আৰু পূৰ্বাঞ্চলত আস্থা, আধ্যাত্ম আৰু সামাজিক জীৱনৰে বিজড়িত বহু বিস্তৃত ঐতিহ্য আছে। এই ঐতিহ্যক স্বাস্থ্য, সক্ষম, আৰু সমৃদ্ধ উত্তৰ প্ৰদেশৰ ভৱিষ্যতৰ সৈতেও সংযোজিত কৰা হৈছে। আজি যি ৯খন জিলাত চিকিত্সা মহাবিদ্যালয় উদ্বোধন কৰা হৈছে, সেইসমূহত এই কথা প্ৰতীয়মানো হৈছে। সিদ্ধাৰ্থনগৰত ‘মাধৱ প্ৰসাদ ত্ৰিপাথী চিকিত্সা মহাবিদ্যালয়’, দেৱৰীয়াত ‘মহৰ্ষি দেৱৰহা বাবা চিকিত্সা মহাবিদ্যালয়’, গাজীপুৰত ‘মহৰ্ষি বিশ্বামিত্ৰ চিকিত্সা মহাবিদ্যালয়’, মিৰ্জাপুৰত ‘মা বিন্ধবাসিনী চিকিত্সা মহাবিদ্যালয়’, প্ৰতাপগড়ত ‘ডাক্তৰ সোণেলাল পেটেল চিকিত্সা মহাবিদ্যালয়’, য়ে’টাত ‘বীৰাংগণা অৱন্তী বাই লোধী চিকিত্সা মহাবিদ্যালয়’, ফটেহপুৰত ‘মহান যোদ্ধা অমৰ শ্বহীদ যোদ্ধা সিং আৰু ঠাকুৰ দৰিয়াৱ সিং’-ৰ নামত চিকিত্সা মহাবিদ্যালয়, জৌনপুৰত ‘উমানাথ সিং চিকিত্সা মহাবিদ্যালয়’ আৰু ‘হৰদোইৰ চিকিত্সা মহাবিদ্যালয়’। এই কেউখন চিকিত্সা মহাবিদ্যালয়ে এতিয়া পূৰ্বাঞ্চলৰ কোটি কোটিজনক সেৱা আগবঢ়াবলৈ সাজু হৈ উঠিছে। এই ৯খন নতুন চিকিত্সা মহাবিদ্যালয়ৰ নিৰ্মাণৰ জৰিয়তে প্ৰায় আঢ়ৈ হাজাৰ নতুন বিচনা সাজু হৈ উঠিছে, ৫হাজাৰৰো অধিক চিকিত্সক আৰু পেৰা মেডিকেল কৰ্মীয়ে কৰ্ম-সংস্থানৰ নতুন সুযোগ লাভ কৰিছে। ইয়াৰ লগতে প্ৰতিটো বছৰত কেবা হাজাৰো যুৱক-যুৱতীৰ বাবে চিকিত্সাবিজ্ঞান পঢ়াৰ নতুন পথো মুকলি হ’ল। বন্ধুসকল, যিখন পূৰ্বাঞ্চলক আগৰ চৰকাৰসমূহে বেমাৰৰে যুঁজিবলৈকে যেন এৰি দিছিল, সেইখন ঠায়েই এতিয়া পূব ভাৰতৰ ‘মেডিকেল হাব’ হৈ উঠিব, এতিয়া দেশক বেমাৰৰ পৰা বচোৱা অনেক চিকিত্সকে এইখন ঠাইৰ পৰাই অনেকক চিকিত্সক হিচাপে গঢ়ি তুলিব। যিখন পূৰ্বাঞ্চলৰ ছবি আগৰ চৰকাৰসমূহে বেয়া কৰিছিল, যিখন পূৰ্বাঞ্চলক মানসিক ৰোগত হোৱা দুখজনক মৃত্যুৰ কাৰণ বুলি বদনামী কৰিছিল, সেইখন পূৰ্বাঞ্চলেই, সেইখন উত্তৰ প্ৰদেশেই পূব ভাৰতৰ সক্ষমতাৰ নতুন জ্যোতি বিলাব। বন্ধুসকল, উত্তৰ প্ৰদেশৰ ভাই-ভনীসকলে কেতিয়াও পাহৰিব নোৱাৰে, কেনেকৈ যোগী জীয়ে সংসদৰ মজিয়াত উত্তৰ প্ৰদেশৰ চিকিত্সা ব্যৱস্থাৰ শোচনীয় অৱস্থাৰ গাঁথা শুনাইছিল। যোগী জী তেতিয়া মুখ্যমন্ত্ৰী নাছিল, তেওঁ এগৰাকী সাংসদ আছিল আৰু অতি কম বয়সতে তেওঁ সাংসদ হৈছিল। আৰু আজি উত্তৰ প্ৰদেশৰ ৰাইজে এই কথাও প্ৰত্যক্ষ কৰিছে, যেতিয়া যোগী জীক জনতা-জনাৰ্দ্দনে সেৱা কৰাৰ সুযোগ প্ৰদান কৰিছিল তেতিয়া তেওঁ কেনেকৈ মানসিক ৰোগক বাঢ়িবলৈ নিদি, কেনেকৈ এইটো ক্ষেত্ৰৰ শিশুসকলৰ জীৱন ৰক্ষা কৰিছিল। চৰকাৰ যেতিয়া সংবেদনশীল হয়, দুখীয়া-দৰিদ্ৰৰ ব্যথা বুজা হয়, তেতিয়াই এই ধৰণৰ কামবোৰ সম্পন্ন হয়। ভাই-ভনীসকল, আমাৰ দেশত স্বাধীনতাৰ আগতে আৰু তাৰ পিচতো মূলভূত চিকিত্সা আৰু স্বাস্থ্য সুবিধাসমূহক কেতিয়াও প্ৰাথমিকতা দিয়া হোৱা নাছিল। ভাল চিকিত্সা বিচাৰিলে ডাঙৰ চহৰলৈ যাব লাগিব, ভাল চিকিত্সকৰে চিকিত্সা কৰাব বিচাৰিলে ডাঙৰ চহৰলৈ যাব লাগিব, ৰাতি-বিয়লি কাৰোবাৰ অসুখ হ’লে গাড়ীৰ ব্যৱস্থা কৰা আৰু উঠাই লৈ ঢাপলি মেলিবলগীয়া হয় চহৰৰ অভিমুখে। আমাৰ গাওঁ অঞ্চলত এয়াই যেন বাস্তৱ আছিল। গাঁৱত, জনপদত, জিলাৰ সদৰ পৰ্যন্ত উন্নত স্বাস্থ্য সুবিধা বহুত কষ্টৰ মূৰতহে সম্ভৱ হৈছিল। এনে কষ্টৰ সন্মুখীন ময়ো হৈছিলো, ইয়াৰ অভিজ্ঞতা মোৰো আছে। দেশৰ দুখীয়া-দলিত-শোষিত-বঞ্চিতসকল, দেশৰ কৃষকসকল, গাঁৱৰ সৰ্ব-সাধাৰণ ৰাইজ, সৰু সৰু শিশুক বুকুত সাৱটি ঢাপলি মেলা মাতৃসকল, আমাৰ বয়োজ্যেষ্ঠসকলে যেতিয়া স্বাস্থ্যৰ বুনিয়াদী সুবিধাসমূহৰ বাবে চৰকাৰৰ ফালে চাইছিল, তেতিয়া তেওঁলোক নিৰাশেই হ’বলগীয়া হৈছিল। এই নিৰাশাকে মোৰ দুখীয়া ভাই-ভনীসকলে ভাগ্য বুলি গ্ৰহণ কৰি আহিবলগীয়া হৈছিল। ২০১৪চনত আপোনালোকে যেতিয়া মোক দেশ সেৱা কৰাৰ সুযোগ প্ৰদান কৰিছিল, তেতিয়া আগৰ পৰিস্থিতি সলোৱাৰ বাবে আমাৰ চৰকাৰে দিন-ৰাতি একাকাৰ কৰিবলৈ ধৰিলে। জনতাৰ কষ্ট অনুভৱ কৰি, সৰ্বসাধাৰণ মানুহৰ বেদনা অনুভৱ কৰি, তেওঁলোকৰ দুখ-দুৰ্দশা লাঘৱ কৰাৰ বাবে আমি সহযোগী হোৱাৰ পণ ল’লো। আমি দেশৰ স্বাস্থ্য সুবিধাসমূহৰ সংস্কাৰ সাধনৰ বাবে, আধুনিকতা অনাৰ বাবে এক মহাযজ্ঞ আৰম্ভ কৰিলো, অনেক যোজনা আৰম্ভ কৰিলো। পিচে মোৰ এটা কথাত সদায়ে আফচোচ থাকি যাব যে ইয়াত আগতে যি চৰকাৰ আছিল, তেওঁলোকে আমাৰ সৈতে সহযোগিতা কৰা নাছিল। উন্নয়ণৰ কামত তেওঁলোকে ৰাজনীতি কৰিব খুজিলে, কেন্দ্ৰৰ যোজনাসমূহক ইয়াত উত্তৰ প্ৰদেশত আগবাঢ়িবলৈ দিয়া নাছিল। বন্ধুসকল, ইয়াত বেলেগ বেলেগ বয়সৰ ভাই-ভনীসকল বহি আছে। আপোনালোকৰ বাৰু কেতিয়াবা মনত পৰেনে, যদি মনত পৰে মোক ক’বচোন, পৰেনে মনত বাৰু? উত্তৰ প্ৰদেশৰ ইতিহাসত কেতিয়াবা বাৰু একেলগতে ইমানকেইখন চিকিত্সা মহাবিদ্যালয়ৰ উদ্বোধন কৰা হৈছিলনে? হৈছিল নে বাৰু কেতিয়াবা? নাই হোৱা নহয় জানো! আগতে এনেকুৱা ঘটনা কিয় ঘটা নাছিল, ইয়াৰ এটা কাৰণ হ’ল- ৰাজনৈতিক ইচ্ছাশক্তি আৰু ৰাজনৈতিক প্ৰাথমিকতা। যিসকল আগতে আছিল তেওঁলোকৰ প্ৰাথমিকতা আছিল নিজৰ বাবে টকা ঘটা আৰু নিজৰ পৰিয়ালৰ বাকচ ভৰোৱাটো আছিল। আমাৰ প্ৰথমিকতা- দুখীয়াৰ পইচা বচোৱা, দুখীয়া পৰিয়ালবোৰক মূলভূত সুবিধা প্ৰদান কৰাটো। বন্ধুসকল, ৰোগে ধনী-দুখীয়াৰ বাচ-বিচাৰ নকৰে। বেমাৰৰ বাবেতো সকলোৱেই একে। আৰু সেয়ে, এই সা-সুবিধাসমূহৰ পৰা যিমান লাভ দুখীয়া মানুহৰ হ’ব, সিমানেই মধ্যম বৰ্গৰ পৰিয়ালসমূহৰো হ’ব। বন্ধুসকল, ৭ বছৰৰ আগতে দিল্লীত যি চৰকাৰ আছিল আৰু ৪ বছৰৰ আগতে ইয়াত উত্তৰ প্ৰদেশত যি চৰকাৰ আছিল তেওঁলোকে পূৰ্বাঞ্চলত কি কৰিছিল? যি আগৰ চৰকাৰত আছিল, তেওঁলোকে ভোটৰ বাবে ক’ৰবাত ‘ডিছপেন্সৰী’, ক’ৰবাত সৰু সৰু হাস্পটালৰ ঘোষণা কৰিয়েই কাম সামৰিছিল। মানুহেও আশা পালি থাকিছিল। পিচে বছৰৰ পিচত বছৰ ধৰি হয়তো ভৱনৰ নিৰ্মাণেই সম্পূৰ্ণ নহৈছিল, ভৱন নিৰ্মাণ কৰা হৈছিল যদিও যন্ত্ৰপাতি নাথাকিছিল, দুয়োটাই থকা সময়ত আকৌ চিকিত্সক অথবা অন্য কৰ্মচাৰীসকলৰ উপস্থিতি নাছিল। তাৰ ওপৰত আকৌ দুখীয়া ৰাইজৰ হাজাৰ কোটি টকা লুট কৰাৰ দৰে ভ্ৰষ্টাচাৰৰ চক্ৰ চৌবিশ ঘণ্টাই অব্যাহত আছিল। ঔষধত ভ্ৰষ্টাচাৰ, নিযুক্তিত ভ্ৰষ্টাচাৰ, ‘টেন্সফাৰ-পোষ্টিঙ’ত ভ্ৰষ্টাচাৰ! এই সমগ্ৰ খেলত উত্তৰ প্ৰদেশৰ কিছু সংখ্যক পৰিয়ালবাদীৰতো খুউবেই লাভ হ’ল, ভ্ৰষ্টাচাৰৰ চক্ৰও খুবেই চলিল, কিন্তু ইয়াৰ ফলত পূৰ্বাঞ্চল আৰু উত্তৰ প্ৰদেশৰ সাধাৰণ পৰিয়ালসমূহ পিচ পৰি ৰ’বলগীয়া হ’ল। সঁচায়ে কোৱা হয়- ‘যাকে পাঁৱ ন ফটে বিৱাই, ৱো ক্যা জানে পীৰ পৰাই’ বন্ধুসকল, বিগত বছৰকেইটাত ‘ডাবল ইঞ্জিন’ চৰকাৰে প্ৰতিগৰাকী দুখীয়াক উন্নত চিকিত্সা সেৱা আগবঢ়োৱাৰ বাবে বহুত আন্তৰিকতাৰে প্ৰয়াস কৰিছে, নিৰন্তৰ কাম কৰি আছে। আমি দেশত নতুন স্বাস্থ্য নীতি বলবত্ কৰিছো যাতে দুখীয়া লোকসকলে সুলভ চিকিতসা আদায় কৰিব পাৰে আৰু তেওঁলোকক ৰোগৰ পৰা বচাব পৰা যায়। উত্তৰ প্ৰদেশতো ৯০লাখ ৰোগীয়ে ‘আয়ুষ্মান ভাৰত’ৰ জৰিয়তে বিনামূলীয়া চিকিত্সা লাভ কৰিবলৈ সক্ষম হৈছে। এইসকল দৰিদ্ৰই ‘আয়ুষ্মান ভাৰত’ৰ জৰিয়তে প্ৰায় একহাজাৰ কোটি টকাৰ চিকিত্সা ব্যয় ৰাহি কৰিব পাৰিছে। আজিৰ তাৰিখত কেবা হাজাৰ ‘জনৌষধী কেন্দ্ৰ’ৰ জৰিয়তে বহুত কম দামত ঔষধ কিনিব পৰা গৈছে। কেন্সাৰৰ চিকিত্সা, ডায়েলিছিছ আৰু হৃদৰোগৰ অস্ত্ৰোপচাৰো এতিয়া বহু পৰিমাণে সুলভ কৰি তোলা হৈছে। শৌচালয়ৰ দৰে সা-সুবিধাৰ বাবেও অনেক ৰোগৰ প্ৰকোপ কমা দেখা গৈছে। এয়াই নহয়, দেশত উন্নত চিকিত্সালয় কেনেকৈ স্থাপন কৰিব পৰা যায় আৰু সেইবোৰ হাস্পটালত কেনেকৈ ভাল ভাল চিকিত্সক আৰু স্বাস্থ্যকৰ্মী নিয়োজিত কৰিব পৰা যায়, ইয়াৰ বাবেও বহুত ডাঙৰ আৰু দীঘলীয়া পৰিকল্পনাৰে কাম কৰি থকা হৈছে। এতিয়া হাস্পপটাল আৰু চিকিত্সা মহাবিদ্যালয়ৰ ভূমি পূজন হোৱাৰ সময়তে নিৰ্দ্ধাৰণ কৰা সময়ৰ ভিতৰতে উদ্বোধন কৰিব পৰাকৈ কাম সম্পূৰ্ণ কৰাৰ পৰম্পৰা আৰম্ভ হৈছে। যোগী জীৰ চৰকাৰৰ আগতে থকা চৰকাৰে নিজৰ কাৰ্যকালত উত্তৰ প্ৰদেশত মাত্ৰ ৬খন চিকিত্সা মহাবিদ্যালয় স্থাপন কৰিছিল। যোগী জীৰ কাৰ্যকালত ১৬খন চিকিত্সা মহাবিদ্যালয়ৰ কাম-কাজ আৰম্ভ কৰা হৈছে আৰু ৩০খন নতুন চিকিত্সা মহাবিদ্যালয়ৰ নিৰ্মাণৰ কাম দ্ৰুতগতিৰে অব্যাহত ৰখা হৈছে। ৰায়বেৰলী আৰু গোৰক্ষপুৰত নিৰ্মাণ চলি থকা ‘এইমছ’কেইখনতো উত্তৰ প্ৰদেশৰ বাবে ‘বোনাছ’ সদৃশ। ভাই-ভনীসকল, চিকিত্সা মহাবিদ্যালয়ে কেৱল উন্নত চিকিত্সাই প্ৰদান নকৰে বৰং, নতুন চিকিত্সক, নতুন পেৰা-মেডিক্সকো গঢ়ি তোলে। যেতিয়া চিকিত্সা মহাবিদ্যালয় স্থাপিত হয়, তাত বিশেষ ধৰণৰ পৰীক্ষাগাৰ সম্পৰ্কীয় প্ৰশিক্ষণ কেন্দ্ৰ, নাৰ্ছিং গোট, চিকিত্সা গোট আৰু কৰ্ম-সংস্থানৰ অনেক সাধনৰ সৃষ্টি হয়। দুৰ্ভাগ্য যে আগৰ দশকসমূহত দেশত চিকিত্সকৰ নাটনিৰ জোৰা মাৰিবলৈ ৰাষ্ট্ৰব্যাপী ৰণনীতিত গুৰুত্ব প্ৰদান কৰা হোৱা নাছিল। অনেক দশকৰ আগতে চিকিত্সা মহাবিদ্যালয় আৰু চিকিত্সা বিজ্ঞানৰ শিক্ষাৰ চোৱা-চিতাৰ বাবে যি নিয়ম-ব্যৱস্থা তৈয়াৰ কৰা হৈছিল, যিবোৰ সংস্থা গঠন কৰা হৈছিল, সেইবোৰ পুৰণি ধৰণে, পুৰণি চিন্তাৰে চলি আহিছিল। এইখিনি নতুন চিকিত্সা মহাবিদ্যালয়ৰ নিৰ্মাণৰ ক্ষেত্ৰত বাধা হৈয়ো উঠিছিল। চিকিত্সা বিজ্ঞান শিক্ষাৰ পথত অন্তৰাই হৈ দেখা দিয়া বহু পুৰণি ব্যৱস্থা বিগত ৭টা বছৰত এটাৰ পিচত এটাকৈ সলোৱা হৈছে। ইয়াৰ পৰিণাম চিকিত্সা বিজ্ঞান শিক্ষাৰ আসন ক্ষেত্ৰতো দেখিবলৈ পোৱা গৈছে।। ২০১৪ চনৰ আগতে আমাৰ দেশত চিকিত্সা বিজ্ঞানৰ আসনৰ সংখ্যা ৯০হাজাৰৰো কম আছিল। বিগত সাতটা বছৰত দেশত ৬০ হাজাৰ নতুন আসন সংযোজিত হৈছে। উত্তৰ প্ৰদেশতো ২০১৭চন পৰ্যন্ত চৰকাৰী চিকিত্সা মহাবিদ্যালয়ত আসনৰ সংখ্যা আছিল মাত্ৰ ১৯০০টা। কিন্তু ‘ডাবল ইঞ্জিন’ চৰকাৰৰ দিনত বিগত চাৰি বছৰতে ১৯০০ৰো অধিক আসন বৃদ্ধি কৰা হৈছে। বন্ধুসকল, চিকিত্সা মহাবি্দ্যালয়ৰ সংখ্যা বঢ়োৱা, চিকিত্সা বিজ্ঞানৰ শিক্ষাৰ বাবে আসনৰ সংখ্যা বঢ়োৱাৰ এক গুৰত্বপূৰ্ণ আৰু এটা কাৰণ হ’ল এই অঞ্চলৰ পৰা যিমান পাৰি অধিক সংখ্যক যুৱক-যুৱতী চিকিত্সক হিচাপে গঢ়ি তোলা। দুখীয়া পিতৃ-মাতৃৰ লৰা-ছোৱালী এতিয়া চিকিত্সক হ’বলৈ সহজ হ’ব। চৰকাৰৰ নেৰানেপেৰা প্ৰয়াসৰ পৰিণামতে আজি স্বাধীনতাৰ পিচৰ ৭০টা বছৰত যিমানবোৰ চিকিত্সক পঢ়ি-শুনি ওলাল, তাতকৈ অধিক চিকিত্সক আমি আগন্তুক ১০-১২বছৰত গঢ়ি তুলিব পাৰিম। বন্ধুসকল, যুৱক-যুৱতীসকলক বেলেগ বেলেগ প্ৰৱেশিকা পৰীক্ষাৰ চিন্তাৰ পৰা মুক্তি দিয়াৰ বাবে ‘ওৱান নেশ্যন, ওৱান এগজাম’ পদ্ধতি প্ৰৱৰ্তন কৰা হৈছে। ইয়াৰ ফলত খৰছো বহু পৰিমাণে কমি গৈছে। চিকিত্সা বিজ্ঞানৰ শিক্ষা দুখীয়া আৰু মধ্যবিত্ত পৰিয়ালসমূহৰ সাধ্যৰ ভিতৰত কৰাৰ বাবে ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয়সমূহৰ মাচুল নিয়ন্ত্ৰণ কৰাৰ বাবে আইনী ব্যৱস্থা গঢ়ি তোলা হৈছে। স্থানীয় ভাষাসমূহত চিকিত্সা বিজ্ঞানৰ শিক্ষা দানৰ দিহা নোহোৱাটোও ডাঙৰ সমস্যা হিচাপেই দেখা দি আহিছিল। এতিয়া হিন্দীকে ধৰি বহুকেইটা ভাৰতীয় ভাষাতো চিকিত্সা বিজ্ঞানৰ শিক্ষা গ্ৰহণৰ উন্নত বিকল্প ব্যৱস্থা আগবঢ়োৱা হৈছে। নিজৰ মাতৃভাষাত যেতিয়া যুৱক-যুৱতীসকলে শিক্ষা লাভ কৰিব পাৰিব তেতিয়া সেইবোৰ কামত তেওঁলোকৰ পাৰদৰ্শীতাও অধিক হ’ব। বন্ধুসকল, উত্তৰ প্ৰদেশে নিজৰ স্বাস্থ্য সা-সুবিধাসমূহৰ সংস্কাৰযে দ্ৰুতগতিৰে সম্পন্ন কৰিব পাৰে সেয়া উত্তৰ প্ৰদেশৰ মানুহে এই ক’ৰোনা কালতে প্ৰতীয়মান কৰি দেখুৱালে। চাৰিটা দিনৰ আগতে মাত্ৰ দেশে ১০০কোটি পালি প্ৰতিষেধক প্ৰদানৰ অভিলাসী সপোন সাৰ্থক কৰি দেখুৱাইছিল। এই সমগ্ৰ অভিযানটোত উত্তৰ প্ৰদেশৰ অৱদানো উল্লেখনীয় আছিল। মই উত্তৰ প্ৰদেশৰ সকলো জনতা, ক’ৰোনা-যোদ্ধা, চৰকাৰ, প্ৰশাসন আৰু এই অভিযানৰে জড়িত সকলো ব্যক্তিকে কৃতজ্ঞতা জ্ঞাপন কৰিছো। আজি দেশত ১০০কোটি প্ৰতিষেধকৰ সুৰক্ষা কৱচ আছে। ইয়াৰ উপৰিও উত্তৰ প্ৰদেশে ক’ৰোনাৰ পৰা হাত সৰাৰ বাবে নিজাববীয়াকৈ ব্যৱস্থা অব্যাহত ৰাখিছে। উত্তৰ প্ৰদেশৰ প্ৰতিখন জিলাত ক’ৰোনাৰে মোকাবিলা কৰিব পৰাকৈ ‘শিশু সেৱা গোট’ হয় স্থাপিত কৰিছে অথবা দ্ৰুত গতিৰে নিৰ্মাণ কৰি থকা হৈছে। ক’ভিডৰ পৰীক্ষাৰ বাবে আজিৰ তাৰিখত উত্তৰ প্ৰদেশত ৬০টাৰো অধিক পৰীক্ষাগাৰ সাজু কৰি ৰখা হৈছে। ৫০০ৰো অধিক নতুন অক্সিজেন প্ৰকল্পৰো কাম দ্ৰুত গতিৰে চলি আছে। বন্ধুসকল, এয়াইতো ‘সকলোৰ সৈতে, সকলোৰে বিকাশ, সকলোৰে বিশ্বাস আৰু সকলোৰে প্ৰয়াস’, এয়াইতো তাৰ পথ! যেতিয়া সকলো সুস্থ হ’ব, যেতিয়া সকলোৱে সুযোগ পাব, তেতিয়াহে সকলোৰে প্ৰয়াস দেশৰ কামত আহিব। ‘দীপাৱলী’ আৰু ‘ছথ’ৰ পৰ্ব এইবেলি পূৰ্বাঞ্চলত আৰোগ্যৰ নতুন বিশ্বাস লৈ সমাগত হৈছেহি। এই বিশ্বাসেই দ্ৰুত বিকাশৰ বুনিয়াদ হওক, এই কামনাকে কৰি নতুন চিকিত্সা মহাবিদ্যালয়ৰ বাবে সমগ্ৰ উত্তৰ প্ৰদেশক আকৌ এবাৰ অভিনন্দন জনাই, আপোনালোকে হিলদল ভাঙি আহি আমাক আশীৰ্বাদ দিয়াহি বাবে সকলোকে কৃতজ্ঞতা আৰু ধন্যবাদ জনাই সামৰিলো। বহুত বহুত ধন্যবাদ!
উত্তৰ প্ৰদেশত ৯খন চিকিত্সা মহাবিদ্যালয় উদ্বোধন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%B8%E0%A7%81%E0%A6%96%E0%A7%B1%E0%A7%80%E0%A7%B0-%E0%A6%B8%E0%A6%BF%E0%A6%82-%E0%A6%AC%E0%A6%BE%E0%A6%A6%E0%A6%B2%E0%A7%B0-%E0%A6%AC%E0%A6%BE%E0%A6%B8/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%B8%E0%A7%81%E0%A6%96%E0%A7%B1%E0%A7%80%E0%A7%B0-%E0%A6%B8%E0%A6%BF%E0%A6%82-%E0%A6%AC%E0%A6%BE%E0%A6%A6%E0%A6%B2%E0%A7%B0-%E0%A6%AC%E0%A6%BE%E0%A6%B8/
আপোনালোক সকলোকে গুৰু পৰ্বৰ বহুত বহুত শুভেচ্ছা জনাইছো৷ হয়তো গুৰু নানক দেৱৰ আশীর্বাদ, মহান গুৰু পৰম্পৰাৰ আশীর্বাদতে আমাৰ দৰে এজন সাধাৰণ লোকৰ হাতত কেতবোৰ পবিত্ৰ কাৰ্য সম্পাদনৰ সৌভাগ্য হৈছে। যি অলপ ভাল হৈছে সকলো গুৰুসকল, সন্ন্যাসীসকলৰ আশীর্বাদৰে ফল৷ আমি একোৱেই নহয়, সেই সন্মানৰো যোগ্য নহওঁ, সন্মানৰ যোগ্য সেইসকল মহাপুৰুষ, সেই সকল গুৰু, যিসকলে শতিকাৰ পাছত শতিকা জুৰি ত্যাগ, তপস্যাৰ মহান পৰম্পৰাত দেশক গঢ়ি তুলিছে, দেশক ৰক্ষা কৰি আহিছে৷ মোৰে সৌভাগ্য যে গুজৰাটৰ মুখ্যমন্ত্রী হোৱাৰ পাছত আৰু তাৰ আগতে যিখন গুজৰাটত ভয়ংকৰ ভূমিকম্প হৈছিল, তাৰ কচ্ছৰ লখপত য’ত এটা সময়ত গুৰুনানক দেৱ আছিল আৰু আজিও তাত গুৰুনানক দেৱৰ পাদুকা ৰখা আছে। ভূমিকম্পৰ সময়ত সেই গুৰুদ্বাৰ ভাগি গৈছিল। মই মুখ্যমন্ত্রী হোৱাৰ পাছত, মোৰ প্ৰথম কাম আছিল ভূমিকম্পত ধ্বংসস্তূপত পৰিণত হোৱা কচ্ছৰ পুনঃ নির্মান। সেই বিধ্বস্ত গুৰুদ্বাৰো সেই তালিকাত আছিল। আৰু সেই সময়ত হয়তো এই গুৰু-পৰম্পৰাৰ আশীর্বাদত মই সিদ্ধান্ত ল’লো যে আগতে যিধৰণে আছিল, যি মাটি আৰু অন্যান্য উপাদান ব্যৱহাৰ কৰা হৈছিল সেইধৰণৰ উপাদানেৰেই পুনঃনির্মানৰ কাম কৰিম, সেইধৰণৰ দক্ষ খনিকৰ আৰু ৰাজমিস্ত্রীসকলক বিচাৰি আনি নিয়োগ কৰি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিলো। আজি সেই গুৰুদ্বাৰে বিশ্বৰ মানচিত্রত ‘ৱর্ল্ড হেৰিটেজ’ ৰূপে স্থান লাভ কৰিছে। আমি যেতিয়া উড়ান আঁচনিৰ জৰিয়তে দেশত বিমান যাত্রা সুলভ কৰাৰ বাবে প্ৰকল্প প্ৰস্তুত কৰিছো, তেতিয়া পুনৰবাৰ সিদ্ধান্ত ল’লো যে সেই উড়ান যোজনাৰ সূত্ৰপাত যি দুখন চহৰৰ পৰা কৰিব, তাৰ ভিতৰত এখন হ’ব নান্দেড চাহিব। মোৰ সৌভাগ্য যে নান্দেড চাহিবৰ আশীর্বাদ আজিও মোৰ ওপৰত বর্ষিত হৈ আছে। মই বহু বছৰ ধৰি পাঞ্জাৱত সংগঠনৰ কাম কৰাৰ সুযোগ পাইছিলো। সেইবাবে গুজৰাটত থাকিলে যি নাজানিছিলো, আপোনালোকৰ মাজত থাকি, বাদল চাহাবৰ পৰিয়ালৰ সৈতে থকা ঘনিষ্ঠতাৰ ফলত বহু কথাই জানিছো! মই সকলো সময়তে অনুভৱ কৰিছো যে গুজৰাটৰ সৈতে পাঞ্জাৱৰ বিশেষ সম্পর্ক আছে, কাৰণ ‘পাঁচ প্যায়াৰ’ৰ ভিতৰত এজন আছিল গুজৰাটৰ দ্বাৰকাৰ লোক। সেইবাবে দ্বাৰকা যি জিলাৰ মাজত পৰে সেই জিলাৰ জামনগৰত আমি গুৰু গোবিন্দ সিংহৰ নামত এখন ডাঙৰ হাস্পাতাল নিৰ্মাণ কৰিছো। মই বিশ্বাস কৰো যে দেশৰ প্ৰত্যেক প্রান্তত মহাপুৰুষসকলে দেশক একতাৰ মন্ত্রে দীক্ষিত কৰি গৈছে, বিশেষকৈ গুৰু নানক দেৱৰ বাণীত আমাৰ দেশৰ সম্পূর্ণ সাংস্কৃতিক পৰম্পৰাৰ সাৰমৰ্ম পোৱা যায়। গুৰুবাণীয়ে আমাৰ মনক যি অনুভৱেৰে সিক্ত কৰে, সেয়া সৰলভাবে জীৱনৰ প্ৰতিটো ক্ষেত্রত আমাৰ পথপ্ৰদর্শকৰ ভূমিকা পালন কৰে। আমি পৰস্পৰক আপোন বুলি ভাবিবলৈ শিকায়। সমাজত উচ্চ-নীচ্চ ভেদভাৱৰ যি সমস্যা আছিল, কুসংস্কাৰ আছিল, সেইবোৰক চকুত আঙুলি দিয়েই সৰলভাবে ব্যাখ্যা কৰিছে, যাতে সমাজত সকলোধৰণ ভেদভাৱ দূৰ হয়। একতাৰ দোঁলেৰে সকলোকে বান্ধি সকলোৰে মনত ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা জগাই তুলিব বিচাৰিছিল। আজিও দেশৰ ঐক্য আৰু সংহতিৰ বাবে গুৰুবাণী, গুৰু নানক দেবৰ বাণীতকৈ ডাঙৰ আমাৰ বাবে একো নাই। মই বিশ্বাস কৰো যে কৰতাৰপুৰক লৈ এই সিদ্ধান্ত, ১৯৪৭চনত দেশ বিভাজনৰ ফলত যি দূৰত্ব সৃষ্টি হৈছিল, বা পৰৱর্তী সময়ত উভয় দেশৰ সেনাবাহিনীৰ মাজত যি শত্রুতা গঢ় লৈ উঠিছিল, ইয়াৰ সমাধান কেতিয়া হ’ব, সেয়া সময়েহে ক’ব। কিন্তু মানুহৰ সৈতে মানুহৰ সম্পর্ক এক ডাঙৰ শক্তি। কোনে ভাবিছিল যে এদিন বার্লিনৰ দেৱাল ভাঙি পেলোৱা হ’ব! হয়তো গুৰুনানক দেৱৰ আশীর্বাদত এই কৰতাৰপুৰ কৰিড’ৰ, সঁচাকৈয়ে কৰিড’ৰ হিচাপে নাথাকি উভয় দেশৰ জনগণৰ মাজত সম্পর্ক নিবিড় কৰাৰ এক ডাঙৰ উপায় হৈ উঠিব। গুৰুবাণীৰ এটা এটা শব্দই আমাক শক্তি দিব পাৰে৷ এই শক্তি লৈ আমি হওঁ, কিয়নো আমি বসূধৈৱ কুটুম্বকম হও, সমগ্ৰ বিশ্ব এটা পৰিয়াল এই আদৰ্শক মানি চলো৷ আমি এনে মানুহ, যি কেতিয়াও কাৰো বেয়াটো নিবিচাৰো আৰু আপোনাকে কল্পনা কৰকছোন, চাৰে পাঁচশ বছৰৰ পূৰ্বে যেতিয়া সম্পদ নাছিল, ব্যৱস্থা বুলি একো নাছিল, তেতিয়াই গুৰুনানক দেৱে ভাৰতবৰ্ষৰ চুকে-কোনে পদব্ৰজে, ক’ত অসম, ক’ত কচ্ছ ঘুৰি ফুৰিছিল৷ পদযাত্রাৰ জৰিয়তে তেওঁ এনেদৰে সমগ্ৰ ভাৰতক নিজৰ মাজত সমাহিত কৰি লৈছিল৷ এনে সাধনা, এনে তপস্যা আৰু আজিৰ এই গুৰুপৰ্ব আমাক সকলোকে বাবে এক নতুন প্রেৰণা, নতুন প্রাণশক্তি, নতুন উৎসাহ যোগাৱাৰ লগতে দেশৰ একতা আৰু অখণ্ডতাৰ বাবে আমাক শক্তি যোগাব। আমি সকলোৱে মিলিজুলি কাম কৰিলে, ‘সংগত’ অৰ্থাৎ সামূহিক উপাসনাৰ এক নিজস্ব শক্তি আছে, এই মহান পৰম্পৰা, এই ‘লংগৰ’অৰ্থাৎ সামূহিক আহাৰ সাধাৰণ খোৱা-বোৱাৰ ব্যৱস্থা নহয়। লংগৰ এক সংস্কাৰ, লংগৰ এক ঐতিহ্য৷ কোনো ভেদভাৱ নাৰাখি সৰল ব্যৱস্থাৰে সমাজত সমতা বজায় ৰখাৰ কিমান বৃহৎ প্রচেষ্টা! আজি এই পবিত্র উৎসৱৰ দিনত, এই পবিত্র ক্ষণত, গুৰু গ্রন্থচাহিবৰ উপস্থিতিত, মই এই মহান পৰম্পৰাক প্রণাম জনাই গুৰুসকলৰ মহান ত্যাগ আৰু তপস্যাকে প্রণিপাত জনাইছো৷ আপোনালোকে মোক যি সন্মান জনালে, সেয়া মোৰ সন্মান নহয়, এই মহান পৰাম্পৰাৰে সন্মান৷ আমি যি কৰিব পাৰিছো, সেয়া অতি নগন্য৷ ঈশ্বৰে আমাক শক্তি দিয়ক, আমি আৰু অধিক কাম কৰিব বিচাৰো! মই পুনৰবাৰ আপোনালোক সকলোকে অন্তৰৰ পৰা বহুত বহুত কৃতজ্ঞতা জনাইছো৷
শ্ৰী সুখৱীৰ সিং বাদলৰ বাসগৃহত গুৰু নানক জয়ন্তী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8-%E0%A6%A6-4/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8-%E0%A6%A6-4/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত কেন্দ্ৰীয় সতৰ্কতা আয়োগৰ (চিভিচি) সতৰ্কতা সজাগতা সপ্তাহ উপলক্ষে আয়োজিত কাৰ্যসূচীত ভাষণ দিয়ে। আৰু চিভিচিৰ নতুন অভিযোগ ব্যৱস্থাপনা প্ৰণালী পৰ্টেল মুকলি কৰে ৷ সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰ্দাৰ পেটেলৰ জন্ম জয়ন্তীৰ সৈতে সতৰ্কতা সজাগতা সপ্তাহ আৰম্ভ হৈছে। "চৰ্দাৰ পেটেলৰ সমগ্ৰ জীৱন সততা, স্বচ্ছতা আৰু এই মূল্যবোধৰ ওপৰত আধাৰিত এটা ৰাজহুৱা সেৱা ব্যৱস্থা গঢ়ি তোলাৰ বাবে সমৰ্পিত আছিল", তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে সজাগতা আৰু সতৰ্কতাৰ চাৰিওফালে ঘূৰি থকা অভিযান এই নীতিসমূহৰ ওপৰত আধাৰিত। তেওঁ কয় কৰে যে দুৰ্নীতিমুক্ত ভাৰতৰ সপোন আৰু আকাংক্ষা কঢ়িয়াই আনিবলৈ সতৰ্কতা সজাগতা সপ্তাহৰ অভিযান চলি আছে আৰু প্ৰতিজন নাগৰিকৰ জীৱনত ইয়াৰ গুৰুত্বৰ ওপৰত তেওঁ আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে উন্নত ভাৰতৰ বাবে বিশ্বাস আৰু বিশ্বাসযোগ্যতা গুৰুত্বপূৰ্ণ। চৰকাৰৰ ওপৰত মানুহৰ বিশ্বাসে মানুহৰ আত্মবিশ্বাস বৃদ্ধি কৰে। প্ৰধানমন্ত্ৰীয়ে দুখ প্ৰকাশ কৰি কয় যে পূৰ্বৰ চৰকাৰসমূহে কেৱল মানুহৰ আস্থাই হেৰুওৱা নহয় বৰঞ্চ তেওঁলোকে মানুহৰ বিশ্বাস অৰ্জন কৰাতো ব্যৰ্থ হৈছিল। দুৰ্নীতি, শোষণ আৰু সম্পদৰ ওপৰত নিয়ন্ত্ৰণৰ দীঘলীয়া সময়ৰ উত্তৰাধিকাৰীয়ে, দুৰ্ভাগ্যবশতঃ, স্বাধীনতাৰ পিছত অধিক শক্তি লাভ কৰিছিল। ইয়াৰ ফলত এই দেশৰ কমেও চাৰিটা প্ৰজন্মৰ গুৰুতৰ ক্ষতি হৈছে, তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে, "আমি আজাদী কা অমৃত কালত এই দশকজোৰা পথটো সম্পূৰ্ণৰূপে সলনি কৰিব লাগিব"। দুৰ্নীতিৰ বিৰুদ্ধে নিৰ্ণায়ক যুঁজৰ বাবে লালকিল্লাৰ প্ৰাচীৰৰ পৰা আহ্বান জনোৱাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে দুৰ্নীতি আৰু মানুহৰ প্ৰগতিত বাধা দিয়াৰ দুটা মুখ্য কাৰণ অৰ্থাৎ সুবিধাৰ অভাৱ আৰু চৰকাৰৰ অপ্ৰয়োজনীয় চাপৰ কথা উল্লেখ কৰে। তেওঁ কয় যে বহু দিন ধৰি সুবিধা আৰু সুযোগৰ এই অনুপস্থিতি ইচ্ছাকৃতভাৱে জীয়াই ৰখা হৈছিল আৰু এক ব্যৱধান বৃদ্ধি হ’বলৈ দিয়া হৈছিল যাৰ ফলত শূন্য ৰাশিৰ দৌৰৰ এক অস্বাস্থ্যকৰ প্ৰতিযোগিতা আৰম্ভ হৈছিল। এই দৌৰে দুৰ্নীতিৰ পৰিস্থিতিতন্ত্ৰ বৃদ্ধি কৰিছিল। এই অভাৱৰ ফলত সৃষ্টি হোৱা দুৰ্নীতিয়ে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীক আটাইতকৈ বেছি প্ৰভাৱিত কৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰশ্ন কৰে, "যদি দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীয়ে প্ৰাথমিক সুবিধাসমূহৰ ব্যৱস্থা কৰিবলৈ তেওঁলোকৰ শক্তি ব্যয় কৰে, তেন্তে দেশখন কেনেকৈ আগবাঢ়িব?" "সেয়েহে", প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে, "আমি যোৱা ৮ বছৰ ধৰি এই অভাৱ আৰু চাপৰ প্ৰণালী সলনি কৰিবলৈ চেষ্টা কৰি আছো। চৰকাৰে যোগান আৰু চাহিদাৰ মাজৰ ব্যৱধান পূৰণ কৰিবলৈ চেষ্টা কৰি আছে। ইয়াক লাভ কৰাৰ বাবে গ্ৰহণ কৰা তিনিটা উপায় হৈছে প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতি, প্ৰাথমিক সেৱাসমূহক সংপৃক্ততাৰ স্তৰলৈ লৈ যোৱা, আৰু শেষত আত্মনিৰ্ভৰতাৰ দিশে আগবাঢ়ি যোৱা।" প্ৰযুক্তিৰ ব্যৱহাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে পিডিএছক প্ৰযুক্তিৰ সৈতে সংযুক্ত কৰা আৰু কোটি কোটি ভুৱা হিতাধিকাৰীক আঁতৰোৱা আৰু প্ৰত্যক্ষ লাভালাভ স্থানান্তৰ (ডিবিটি) গ্ৰহণ কৰি ২ লাখ কোটি টকাৰ অধিক ধন ভুল হাতলৈ যোৱাৰ পৰা ৰক্ষা কৰাৰ কথা উল্লেখ কৰে। একেদৰে, স্বচ্ছ ডিজিটেল লেনদেন গ্ৰহণ, আৰু জিইএম-ৰ জৰিয়তে স্বচ্ছ চৰকাৰী ক্ৰয়ে এক বৃহৎ পাৰ্থক্য আনিছে। মৌলিক সুবিধাসমূহক সংপৃক্ততাৰ স্তৰলৈ লৈ যোৱাৰ সন্দৰ্ভত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে যিকোনো চৰকাৰী আঁচনিৰ প্ৰতিজন যোগ্য হিতাধিকাৰীৰ ওচৰলৈ যোৱা আৰু সংপৃক্ততাৰ লক্ষ্য প্ৰাপ্ত কৰাৰ ফলত দুৰ্নীতিৰ পৰিসৰ দূৰ কৰাৰ সময়ত সমাজত বৈষম্যৰ অৱসান ঘটে। প্ৰতিটো আঁচনি প্ৰদানৰ বাবে চৰকাৰে গ্ৰহণ কৰা সংপৃক্ততাৰ নীতিৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে পানী সংযোগ, পকী ঘৰ, বিদ্যুৎ সংযোগ আৰু গেছ সংযোগৰ উদাহৰণ দাঙি ধৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে বিদেশী সামগ্ৰীৰ ওপৰত অত্যাধিক নিৰ্ভৰশীলতা দুৰ্নীতিৰ এটা ডাঙৰ কাৰণ হৈ আহিছে। তেওঁ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ আত্মনিৰ্ভৰতাৰ দিশত আগবাঢ়ি যোৱাৰ কথা উল্লেখ কৰে আৰু উল্লেখ কৰে যে কেলেংকাৰীৰ সম্ভাৱনা সমাপ্ত হৈছে কিয়নো ভাৰতে ৰাইফলৰ পৰা যুঁজাৰু বিমানলৈকে বিমান পৰিবহনলৈকে নিজৰ প্ৰতিৰক্ষা সঁজুলি নিৰ্মাণ কৰিব। স্বচ্ছতা নিশ্চিত কৰাৰ বাবে সকলোৰে প্ৰচেষ্টাক উৎসাহিত কৰা এক প্ৰতিষ্ঠান বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে যোৱাবাৰ 'প্ৰতিৰোধমূলক সতৰ্কতা'ৰ বাবে কৰা অনুৰোধৰ কথা স্মৰণ কৰে আৰু সেই দিশত চিভিচিৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰে। তেওঁ ভিজিলেঞ্চ গোটক তেওঁলোকৰ অডিট আৰু পৰিদৰ্শনৰ আধুনিকীকৰণৰ বিষয়ে চিন্তা কৰিবলৈও কয়। "চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে যি ইচ্ছা প্ৰদৰ্শন কৰিছে, সেয়া সকলো বিভাগতে চাব লাগিব। উন্নত ভাৰতৰ বাবে আমি এনে এক প্ৰশাসনিক পৰিস্থিতিতন্ত্ৰ বিকশিত কৰিব লাগিব, যাৰ দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতা থাকে", তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে এনে এক ব্যৱস্থা প্ৰণয়ন কৰাৰ বাবে কয় য'ত দুৰ্নীতি সম্পৰ্কীয় অনুশাসনমূলক কাৰ্যক্ৰম সময়-সীমাবদ্ধ মিছন মোডত সম্পূৰ্ণ হয়। তেওঁ অপৰাধমূলক গোচৰসমূহৰ নিৰন্তৰ নিৰীক্ষণৰ পৰামৰ্শ দিয়ে আৰু অমীমাংসিত দুৰ্নীতিৰ গোচৰৰ আধাৰত বিভাগসমূহৰ ৰেংকিং আৰু সম্পৰ্কিত প্ৰতিবেদনবোৰ মাহিলী বা তিনিমহীয়া ভিত্তিত প্ৰকাশ কৰাৰ এটা উপায় উদ্ভাৱন কৰিবলৈ কয়। প্ৰধানমন্ত্ৰীয়ে প্ৰযুক্তিৰ সহায়ত ভিজিলেঞ্চ ক্লিয়াৰেঞ্চ প্ৰক্ৰিয়াটো সুশৃংখল কৰিবলৈও কয়। ৰাজহুৱা অভিযোগৰ তথ্য অডিট কৰাৰ প্ৰয়োজন আছে যাতে আমি সংশ্লিষ্ট বিভাগত দুৰ্নীতিৰ মূল কাৰণসমূহলৈ যাব পাৰোঁ, প্ৰধানমন্ত্ৰীয়ে লগতে কয়। প্ৰধানমন্ত্ৰীয়ে দুৰ্নীতিৰ ওপৰত সতৰ্কতা অৱলম্বন ৰখাৰ কামত সাধাৰণ নাগৰিকক জড়িত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। "দুৰ্নীতিগ্ৰস্তসকল যিমানেই শক্তিশালী নহওঁক কিয়, তেওঁলোকক কোনো পৰিস্থিতিত ৰক্ষা কৰিব নালাগে, এয়া আপোনালোকৰ দৰে সংগঠনৰ দায়িত্ব। কোনো দুৰ্নীতিগ্ৰস্ত ব্যক্তিয়ে ৰাজনৈতিক-সামাজিক সমৰ্থন লাভ কৰিব নালাগে, প্ৰতিজন দুৰ্নীতিগ্ৰস্ত ব্যক্তিক সমাজে কাঠগড়াত থিয় কৰাব লাগে, এই পৰিৱেশ সৃষ্টি কৰাটোও প্ৰয়োজনীয়", তেওঁ কয়। এক উদ্বেগজনক প্ৰৱণতা সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয়, "আমি দেখিছো যে দুৰ্নীতিগ্ৰস্ত বুলি প্ৰমাণিত হোৱাৰ পিছতো বহুসময়ত দুৰ্নীতিগ্ৰস্ত লোকসকলক কাৰাগাৰত বন্দী কৰি ৰখা স্বত্বেও গৌৰৱান্বিত কৰা হয়। এই পৰিস্থিতি ভাৰতীয় সমাজৰ বাবে ভাল নহয়। আজিও কিছুমান লোকে দোষী সাব্যস্ত হোৱা দুৰ্নীতিগ্ৰস্তসকলৰ সপক্ষে যুক্তি দিয়ে। এনে লোকসকলৰ বাবে, এনে শক্তিবোৰক সমাজে তেওঁলোকৰ কৰ্তব্যৰ বিষয়ে অৱগত কৰাটো অতি প্ৰয়োজনীয়। ইয়াতো আপোনাৰ বিভাগৰ দ্বাৰা লোৱা দৃঢ় পদক্ষেপৰ এক ডাঙৰ ভূমিকা আছে।" প্ৰধানমন্ত্ৰীয়ে চিভিচিৰ দৰে দুৰ্নীতিগ্ৰস্ত আৰু দুৰ্নীতিৰ বিৰুদ্ধে কাম কৰা প্ৰতিষ্ঠানসমূহক কোনো ধৰণে প্ৰতিৰক্ষামূলক হোৱাৰ কোনো প্ৰয়োজন নাই বুলি উল্লেখ কৰে। তেওঁ জোৰ দি কয় যে কোনো ৰাজনৈতিক কাৰ্যসূচীত কাম কৰাৰ কোনো প্ৰয়োজন নাই কিন্তু সাধাৰণ নাগৰিকৰ জীৱন সৰল কৰাৰ দিশত কাম কৰাৰ প্ৰয়োজন আছে। "যিসকলৰ নিহিত স্বাৰ্থ আছে তেওঁলোকে কাৰ্যক্ৰমত বাধা দিবলৈ চেষ্টা কৰিব আৰু এই প্ৰতিষ্ঠানসমূহৰ সৈতে জড়িত ব্যক্তিসকলক বদনাম কৰিব", প্ৰধানমন্ত্ৰীয়ে মধ্যস্থতা কৰি কয়, "কিন্তু জনতা জনাৰ্দন হৈছে ঈশ্বৰৰ ৰূপ, তেওঁলোকে সত্যটো জানে আৰু পৰীক্ষা কৰে, আৰু যেতিয়া সময় আহে, তেওঁলোকে সত্যৰ সমৰ্থনত থকা সকলৰ সৈতে থিয় হয়"। প্ৰধানমন্ত্ৰীয়ে লগতে সকলোকে নিষ্ঠাৰে তেওঁলোকৰ কৰ্তব্য পালন কৰিবলৈ সত্যৰ পথত খোজ কাঢ়িবলৈ আহ্বান জনায় আৰু জোৰ দি কয়, "যেতিয়া আপুনি দৃঢ়তাৰে পদক্ষেপ লয়, সমগ্ৰ ৰাষ্ট্ৰ আপোনাৰ সৈতে থিয় হয়।" ভাষণৰ শেষত প্ৰধানমন্ত্ৰীয়ে কয় যে দায়িত্ব বৃহৎ আৰু প্ৰত্যাহ্বানসমূহো পৰিৱৰ্তন হৈ আছে। "মই নিশ্চিত যে আপোনালোকে অমৃত কালত এক স্বচ্ছ আৰু প্ৰতিযোগিতামূলক পৰিস্থিতিতন্ত্ৰ গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি যাব", প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ এই প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ পদ্ধতিত নিৰন্তৰ গতিশীলতাৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে। প্ৰধানমন্ত্ৰীয়ে প্ৰবন্ধ প্ৰতিযোগিতাৰ বিজয়ীসকলৰ সৈতে বাৰ্তালাপ কৰি আনন্দ প্ৰকাশ কৰে আৰু ভৱিষ্যতে ভাষণ প্ৰতিযোগিতা আৰম্ভ কৰাৰ পৰামৰ্শ দিয়ে। দুৰ্নীতিৰ বিৰুদ্ধে যুঁজৰ বাবে প্ৰবন্ধ পুৰস্কাৰ লাভ কৰা ৫ জন বিজয়ীৰ ভিতৰত ৪ গৰাকী ছোৱালী বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে ল'ৰাসকলক এই যাত্ৰাত একেলগে আগবাঢ়িবলৈ আহ্বান জনায়। তেওঁ লগতে কয়, "পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ গুৰুত্ব কেৱল তেতিয়াহে বুজি পোৱা যায় যেতিয়া লেতেৰাবোৰ আঁতৰ কৰা হয়।" প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে আৰু দুৰ্নীতিৰ বিৰুদ্ধে এই যুঁজত যিমান সম্ভৱ প্ৰযুক্তি গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীত সতৰ্কতা সজাগতা সপ্তাহ উপলক্ষে আয়োজিত কাৰ্যসূচীত ভাষণ দিয়
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A6%BE%E0%A7%B0-%E0%A6%86%E0%A6%97%E0%A7%B0%E0%A6%A4%E0%A6%BE%E0%A6%B2%E0%A6%BE%E0%A6%A4-%E0%A6%AC%E0%A6%BF%E0%A6%AD%E0%A6%BF%E0%A6%A8/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A6%BE%E0%A7%B0-%E0%A6%86%E0%A6%97%E0%A7%B0%E0%A6%A4%E0%A6%BE%E0%A6%B2%E0%A6%BE%E0%A6%A4-%E0%A6%AC%E0%A6%BF%E0%A6%AD%E0%A6%BF%E0%A6%A8/
ভাৰত মাতা কী জয়! ভাৰত মাতা কী জয়! কাৰ্যক্ৰমত উপস্থিত থকা ত্ৰিপুৰাৰ ৰাজ্যপাল শ্ৰী সত্যদেৱ নাৰায়ণ আৰ্য ডাঙৰীয়া, ইয়াৰ লোকপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী মাণিক সাহা ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলত মোৰ সহযোগী প্ৰতিমা ভৌমিক ডাঙৰীয়ানী, ত্ৰিপুৰা বিধানসভাৰ অধ্যক্ষ শ্ৰী ৰতন চক্ৰৱৰ্তী ডাঙৰীয়া, উপ মুখ্যমন্ত্ৰী শ্ৰী জিষ্ণু দেৱবাৰ্মা ডাঙৰীয়া, মোৰ মিত্ৰ, সাংসদ শ্ৰী বিপ্লৱ দেৱ ডাঙৰীয়া, ত্ৰিপুৰা চৰকাৰৰ সন্মানীয় মন্ত্ৰীসকলৰ লগতে মোৰ প্ৰিয় ত্ৰিপুৰাবাসী! নমস্কাৰ! খুলুমখা! “মাতা ত্ৰিপুৰাসুন্দৰীৰ পূণ্যভূমিতে এসে আমি নিজকে ধন্য মনে কৰছি। মাতা ত্ৰিপুৰাসুন্দৰীৰ এই পূণ্যভূমিকে আমাৰ প্ৰণাম জনায়”।। সকলোৰে আগতেতো মই আপোনালোকৰ আগত নত মস্তক হৈ ক্ষমা বিচাৰিছো, কিয়নো মই আহি পোৱাত প্ৰায় দুঘণ্টা পলম হ’ল। মই মেঘালয়ত আছিলো, তাত অলপ সময় বেছিকৈ থাকিবলগীয়া হ’ল, আৰু মোক কোৱা হৈছে যে কিছু সংখ্যক লোকতো এঘাৰ-বাৰ বজাৰ পৰাই বহি আছেহি। আপোনালোকে যে এই কষ্ট কৰিছে, আৰু ইমানকৈ আশীৰ্বাদ দিয়াৰ বাবে ৰৈ আছেহি, মই আপোনালোকৰ ওচৰত যিমানেই কৃতজ্ঞতা প্ৰকাশ নকৰো কিয়, সেয়া কমেই হ’ব। মই সকলোৰে আগতে ত্ৰিপুৰাৰ ৰাইজক অভিনন্দন জনাব খুজিছো যে আপোনালোক সকলোৰে প্ৰয়াসৰে ইয়াত স্বচ্ছতাৰে সম্পৰ্কিত বহুত ডাঙৰ অভিযান আপোনালোকে ৰূপায়ণ কৰি আহিছে। বিগত বছৰচেৰেকত আপোনালোকে স্বচ্ছতাক জন-আন্দোলনলৈ ৰূপান্তৰিত কৰিছে। ইয়াৰ ফলতে এইবাৰ ত্ৰিপুৰা সৰু ৰাজ্যসমূহৰ ভিতৰত দেশৰ সকলোতকৈ স্বচ্ছ ৰাজ্য হিচাপে পৰিগণিত হৈছে। বন্ধুসকল, মাঁ ত্ৰিপুৰাসুন্দৰীৰ আশীৰ্বাদৰে ত্ৰিপুৰাৰ বিকাশ যাত্ৰাই আজি নতুন শিখৰত উপনীত হ’বহি পাৰিছে। ‘কানেক্টিভিটী’, ‘স্কিল ডেভেলোপমেণ্ট’ আৰু দুখীয়া ৰাইজলৈ গৃহ প্ৰদানৰ দৰে আঁচনিসমূহৰ বাবে আপোনালোক আটাইকে অভিনন্দন জনাইছো। আজি ত্ৰিপুৰাই প্ৰথমখন দন্ত্য-চিকিত্সা মহাবিদ্যালয় লাভ কৰিব। আজি ত্ৰিপুৰাৰ ২ লাখৰো অধিক দুখীয়া পৰিয়ালে নিজৰ ঘৰত, নতুন পকীঘৰত ‘গৃহ-প্ৰৱেশ’ কৰিছে। ইয়াৰে অধিক সংখ্যক ঘৰৰ মালিকীস্বত্ব আমাৰ আই-ভনীসকলে লাভ কৰিছে। আৰু আপোনালোক সকলোৱে জানে যে এই প্ৰতিটো ঘৰ কেবালাখো টকাৰে নিৰ্মাণ কৰা হৈছে। বহু সংখ্যক ভগ্নী এনে আছে যে তেওঁলোকৰ নামত এই প্ৰথমবাৰৰ বাবে কোনো সম্পত্তি নথি-ভুক্ত হৈছে। লাখটকীয়া সম্পত্তিৰ স্বত্বাধিকাৰী, মই এইসকল ভগ্নীক আজি ত্ৰিপুৰাৰ মাটিৰ পৰা, আগৰতালাৰ মাটিৰ পৰা মোৰ ত্ৰিপুৰাৰ আই-ভনীসকল লাখপতি হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছো। দুখীয়াসকলৰ বাবে ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত ত্ৰিপুৰা দেশৰ অগ্ৰণী ৰাজ্যসমূহৰ অন্যতম। মাণিক জী আৰু তেওঁৰ টীমে বহুত প্ৰশংসনীয় কাম কৰি আছে। আৰু আমিতো জানো যে কোনোবাই যদি এৰাতিৰ বাবেও আশ্ৰয় দিয়ে তেন্তে তেওঁ জীৱন জুৰি আশীৰ্বাদৰ পাত্ৰ হৈ ৰয়। তেনে ক্ষেত্ৰত ইয়াততো সকলোৱে মূৰৰ ওপৰত পকী-চালৰ আশ্ৰয় লাভ কৰিছে। সেয়ে ত্ৰিপুৰাই প্ৰদান কৰা বহুত আশীৰ্বাদ আমি সকলোবোৰে লাভ কৰিছো। আৰু মই বিমানবন্দৰৰ পৰা ইয়ালৈ আহিছিলো, সেইবাবেও অলপ সময় বেছিকৈ লাগি গ’ল, সম্পূৰ্ণ পথছোৱা, বিমানবন্দৰ কিমান দূৰৈত সেয়াতো আপোনালোকে জানেই। পথছোৱাৰ দুয়োকাষে যি ধৰণে জন-প্ৰবাহ দেখিবলৈ পালো, মানুহে সদলবলে আহি আশীৰ্বাদ প্ৰদান কৰিছিলহি। ইয়াত যিমান লোক আছে, সম্ভৱতঃ ইয়াতকৈ দহগুণ অধিক লোক পথৰ কাষত আশীৰ্বাদ দিয়াৰ বাবে সমবেত হৈছিলহি। মই তেওঁলোকৰ প্ৰতিও প্ৰণাম জনাইছো। মই যে পোণতে কৈছিলো, যে মই ইয়াৰ আগতে মেঘালয়ত ‘উত্তৰ পূব পৰিষদ’ৰ সোণালী জয়ন্তী সমাৰোহৰ সভাত উপস্থিত আছিলো। সেই সভাত আমি আহিব লগা বছৰসমূহত ত্ৰিপুৰাকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ণৰে জড়িত পথ-পৰিক্ৰমা সন্দৰ্ভত আলোচনা কৰিছিলো। ত্ৰিপুৰাততো ‘ডবল ইঞ্জিন’ চৰকাৰ আছে। সেয়েহে বিকাশৰ এই পথ-পৰিকল্পনা ইয়াত দ্ৰুতগতিত ৰূপায়িত হৈ আহিছে, ইয়াৰ গতি যাতে আৰু অধিক ভাবে ত্বৰান্বিত হয় তাৰ বাবে আমি প্ৰয়াস কৰি আছো। বন্ধুসকল, ‘ডবল ইঞ্জিন’ চৰকাৰ গঠনৰ আগতে মাত্ৰ ২ বাৰ ত্ৰিপুৰাৰ, উত্তৰ-পূবৰ বিষয়ে আলোচনা হৈছিল। এবাৰ যেতিয়া নিৰ্বাচন অনুষ্ঠিত হৈছিল তেতিয়া, আৰু আনবাৰ যেতিয়া কোনো হিংসাত্মক ঘটনা সংঘটিত হৈছিল তেতিয়া। এতিয়া সময় সলনি হৈছে, এতিয়া ত্ৰিপুৰাৰ চৰ্চা স্বচ্ছতাৰ বাবে হ’বলৈ ধৰিছে, আন্তঃগাঁথনিৰ উন্নয়ণৰ বাবে হ’বলৈ ধৰিছে। দুখীয়া ৰাইজে লাখ লাখ ঘৰ লাভ কৰিছে, এই সন্দৰ্ভত চৰ্চা চলিবলৈ ধৰিছে। ত্ৰিপুৰাৰ ‘কানেক্টিভিটী’ৰে জড়িত আন্তঃগাঁথনি নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে বহু হাজাৰ কোটি টকা দিছে, আৰু ইয়াৰ চৰকাৰে সিমানেই দ্ৰুততাৰে তৃণমূল পৰ্যায়ত আঁচনিবোৰ বাস্তৱায়ণত মনোনিৱেশ কৰিছে। আজি চাওকচোন, ত্ৰিপুৰাত ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণ কিমান দ্ৰুত গতিৰে হ’বলৈ ধৰিছে। বিগত ৫টা বছৰত কিমান সংখ্যক গাঁও নতুন পথৰে সংযোজিত হৈছে। আজি ত্ৰিপুৰাৰ প্ৰতিখন গাঁৱক পকী পথেৰে সংযোজিত কৰাৰ কাম দ্ৰুতগতিৰে চলিবলৈ ধৰিছে। আজিও যিসমূহ পথৰ আধাৰশিলা স্থাপন কৰা হৈছে, তাৰ জৰিয়তে ত্ৰিপুৰাৰ পথ-প্ৰণালী আৰু অধিক শক্তিশালী হৈ উঠিব। ‘আগৰতালা বাইপাছ’ৰ পৰা ৰাজধানীখনৰ যানজঁটৰ সমস্যা প্ৰশমিত হ’ব আৰু জীৱন-যাত্ৰা বহু পৰিমাণে সহজ হৈ উঠিব। বন্ধুসকল, এতিয়াতো ত্ৰিপুৰাৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চল আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ এক ‘প্ৰৱেশ দ্বাৰ’ হ’বলৈ ওলাইছে। ‘আগৰতালা-আখোৰা ৰে’লপথ’ৰে বেহা-বেপাৰৰ নতুন পথ মুকলি হ’ব। এইদৰেই ‘ভাৰত-থাইলেণ্ড-ম্যানমাৰ ঘাইপথ’ৰ দৰে পথ-আন্তঃগাঁথনিৰ জৰিয়তে উত্তৰ-পূবে অন্য দেশৰ সৈতে সম্বন্ধৰ দুৱাৰো মুকলি কৰিছে। আগৰতালাত ‘মহাৰাজা বীৰ বিক্ৰম বিমান বন্দৰ’তো আন্তঃৰাষ্ট্ৰীয় ‘টাৰ্মিনেল’ নিৰ্মাণ হোৱাত দেশ-বিদেশৰে বাবে ‘কানেক্টিভিটী’ সহজ হৈ উঠিছে। ইয়াৰ দ্বাৰা ত্ৰিপুৰা উত্তৰ-পূবৰ বাবে গুৰুত্বপূৰ্ণ ‘লজিষ্টিক হাব’ৰ ৰূপত বিকশিত হ’বলৈ ধৰিছে। ত্ৰিপুৰাত ‘ইণ্টাৰনেট’ উপলব্ধ কৰাবলৈ যি পৰিশ্ৰম আমি কৰিছো, তাৰ লাভ আজি ৰাইজে উপলব্ধ কৰিছে, বিশেষকৈ মোৰ ন-জোৱানসকলে লাভ কৰিছে। ‘ডাবল ইঞ্জিন’ চৰকাৰ গঠনৰ পিচত ত্ৰিপুৰাৰ বহুত পঞ্চায়ত ‘অপ্টিকেল ফাইবাৰ’ৰে সংযুক্ত কৰা হৈছে। বন্ধুসকল, ‘ভাজপা’ৰ ‘ডবল ইঞ্জিন’ চৰকাৰে কেৱল ‘ফিজিকেল’ আৰু ‘ডিজিটেল’ আন্তঃগাঁনিৰে নহয়, বৰঞ্চ ‘ছ’চিয়েল’ আন্তঃগাঁথনিতো গুৰুত্ব প্ৰদান কৰি আহিছে। আজি ‘ভাজপা’ চৰকাৰৰ বৃহত্ প্ৰাথমিকতা হৈছে চিকত্সাৰ ব্যৱস্থা ঘৰৰ কাষতে সম্ভৱ হওক, কম খৰছী হওক, সকলোৱে গ্ৰহণ কৰিব পৰা বিধৰ হওক। এইক্ষেত্ৰত ‘আয়ুষ্মান ভাৰত যোজনা’ বাৰুকৈয়ে কামত আহিছে। ‘আয়ুষ্মান ভাৰত যোজনা’ৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ গাঁওসমূহjৰ বাবে ৭ হাজাৰৰো অধিক ‘স্বাস্থ্য তথা কল্যাণ কেন্দ্ৰ’ অনুমোদিত হৈছে। ইয়াৰে প্ৰায় ১ হাজাৰ কেন্দ্ৰ এই ত্ৰিপুৰাত নিৰ্মাণ কৰা হৈছে। এই কেন্দ্ৰসমূহত সহস্ৰ ৰোগীৰ কেন্সাৰ, মধুমেহৰ দৰে অনেক জটিল ৰোগৰ প্ৰাথমিক পৰীক্ষা সম্পন্ন কৰা হৈছে। এইদৰেই ‘আয়ুষ্মান ভাৰত-পিএম জয় যোজনা’ৰ অন্তৰ্গত ত্ৰিপুৰাৰ বহু সহস্ৰ দুখীয়া লোকক ৫ লাখ পৰ্যন্ত বিনামূলীয়া চিকিত্সাৰ সুবিধা প্ৰদান কৰা হৈছে। বন্ধুসকল, শৌচাগাৰেই হওক, বিজুলীয়েই হওক, গেছ সংযোগেই হওক, এইবোৰৰ ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে ইমান ব্যাপক ভাবে কাম সম্পাদিত হৈছে। ত্ৰিপুৰৰ ঘৰবোৰলৈ পাইপেৰে সস্তীয়া গেছৰ প্ৰবাহ সম্ভৱ কৰিব পৰাকৈ ‘ডাবল ইঞ্জিন’ চৰকাৰে ইয়াৰ বাবে দ্ৰুতগতিৰে কাম কৰি আছে। প্ৰতিটো ঘৰলৈকে পাইপেৰে পানীৰ যোগান দিয়াৰ বাবে ‘ডাবল ইঞ্জিন’ চৰকাৰে দুগুণ বেগৰে কাম কৰি আছে। মাত্ৰ ৩টা বছৰতে ত্ৰিপুৰাৰ ৪ লাখ নতুন পৰিয়ালক পানীৰ সুবিধাৰে সংযোজিত কৰা হৈছে। ২০১৭ চনৰ আগতে ত্ৰিপুৰাৰ দুখীয়া ৰাইজৰ ৰেচনৰো হৰলুকি হৈছিল। আজি ‘ডবল ইঞ্জিন’ চৰকাৰে প্ৰতিগৰাকী দুখীয়ালৈ তেওঁলোকৰ অংশৰ ৰেচনো পঠাইছে আৰু বিগত ৩টা বছৰত বিনামূলীয়া ৰেচনো উপলব্ধ কৰাই আছে। বন্ধুসকল, এনে সকলো যোজনাৰো সকলোতকৈ অধিক লাভাৰ্থী হৈছে আমাৰ আই-ভগ্নীসকল। ত্ৰিপুৰাৰ ১ লাখৰো অধিক গৰ্ভৱতী মাতৃ ‘প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা’ৰ দ্বাৰা লাভান্বিত হৈছে। এই আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী মাতৃৰ বেংক একাউণ্টলৈ পুষ্টিকৰ খাদ্যৰ বাবে কেবা হাজাৰ টকা পোনপতীয়াকৈ জমাৰ ব্যৱস্থা কৰা হয়। আজিকালি অধিক সংখ্যক প্ৰসৱেই চিকিত্সালয়ত হ’বলৈ ধৰিছে, যাৰ ফলত মাতৃ আৰু সন্তান উভয়ৰে জীৱন সুৰক্ষিত হ’বলৈ লৈছে। ত্ৰিপুৰাৰ আই-ভনীসকলক আত্মনিৰ্ভৰ কৰি তোলাৰ বাবে যি ধৰণে ইয়াৰ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰি আছে, সেয়াও বাৰুকৈয়ে প্ৰশংসনীয়। মোক কোৱা হৈছে যে মহিলাসকলৰ জীৱিকা অৰ্জনৰ বাবে বহু শ কোটি টকাৰ বিশেষ পেকেজ চৰকাৰে আগবঢ়াইছে। ‘ডবল ইঞ্জিন’ চৰকাৰ অহাৰ পিচৰে পৰা ত্ৰিপুৰাত মহিলা আত্ম সহায়ক গোটৰ সংখ্যা ৯ গুণে বৃদ্ধি পাইছে। ভাই-ভনীসকল, বহু দশক ধৰি ত্ৰিপুৰাত এনে চৰকাৰে শাসন চলাইছিল যাৰ বিচাৰধাৰাই আজি গুৰুত্ব হেৰুৱাই পেলাইছে আৰু যিসকলে সুবিধাবাদৰ ৰাজনীতি কৰে। তেওঁলোকে ত্ৰিপুৰাক উন্নয়ণৰ পৰা বঞ্চিত কৰি ৰাখিছিল। ত্ৰিপুৰাৰ হাতত যি সংসাধন আছিল, তেওঁলোকে সেইবোৰ নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিছিল। ইয়াৰ ফলত সকলোতকৈ লোকচানৰ সন্মুখীন হৈছিল দুখীয়া-দৰিদ্ৰসকল, যুৱকসকল, খেতিয়কসকল আৰু মোৰ আই-ভনীসকল। এই ধৰণৰ বিচাৰধাৰা, এই ধৰণৰ মানসিকতাৰে জনতাৰ লাভ কেতিয়াও হ’ব নোৱাৰে। তেওঁলোকে কেৱল ঋণাত্মক-চিন্তা-চৰ্চাকেহ বিস্তাৰিত কৰিব পাৰে। তেওঁলোকৰ হাতত কোনো ধৰণৰ ইতিবাচক কাৰ্যক্ৰমেই নাই। এই ‘ডবল ইঞ্জিন’ চৰকাৰৰহে সংকল্প আৰু ইতিবাচক চিন্তা আছে। ইয়াৰ বিপৰীতে নিৰাশা বিস্তাৰিত কৰাসকল সদায় ‘ৰিভাৰ্ছ গিয়েৰ’ত চলে, পিচে ত্ৰিপুৰাক এতিয়া ‘একচিলেটৰ’ৰহে প্ৰয়োজন। বন্ধুসকল, ক্ষমতা সৰ্বস্ব এনে ৰাজনীতিয়ে আমাৰ জনজাতীয় সমাজৰ বহুত ডাঙৰ লোকচান কৰিছিল। আদিবাসী সামজসমূহক, জনজাতীয় অঞ্চলসমূহৰ উন্নয়ণৰ পৰা দূৰত ৰাখি অহা হৈছিল। ‘ভাজপা’ই এই ৰাজনীতিক সলনি কৰিলে। এই কৰণতে আজি ‘ভাজপা’ আদিবাসী সমাজৰ প্ৰথম পচন্দ হৈ উঠিছে। এই অলপতে গুজৰাটত নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে। গুজৰাটত ‘ভাজপা’ই ২৭ বছৰৰ পিচতো যি ধৰণে প্ৰচণ্ড বিজয় সাব্যস্ত কৰিলে, সেই ক্ষেত্ৰত জনজাতীয় সমাজৰ বহুত ডাঙৰ ভূমিকা আছিল। আদিবাসীসকলৰ বাবে সংৰক্ষিত ২৭খন আসনৰ ২৪খন আসনেই বিজেপিয়ে জয় কৰিছে। বন্ধুসকল, অটল জীৰ চৰকাৰে সকলোতকৈ আগতে আদিবাসীসকলৰ বাবে পৃথক মন্ত্ৰালয়, পৃথক বাজেটৰ ব্যৱস্থা কৰিছিল। যেতিয়াৰ পৰা আপোনালোকে দিল্লীত আমাক সুযোগ প্ৰদান কৰিলে তেতিয়াৰ পৰা জনজাতীয় সমাজৰে জড়়িত প্ৰতিটো প্ৰসংগক আমি প্ৰথমিকতা প্ৰদান কৰি আহিছো। জনজাতীয়সকলৰ বাবে যি বাজেটৰ পৰিমাণ আছিল ২১ হাজাৰ কোটি টকা, সেয়া আজি ৮৮ হাজাৰ কোটি টকালৈ বৃদ্ধি কৰা হৈছে। এইদৰেই আদিবাসী ছাত্ৰ-ছাত্ৰীসকলৰ বৃত্তিও দুগুণতকৈয়ো অধিক কৰা হৈছে। ইয়াৰ লাভ ত্ৰিপুৰাৰ জনজাতীয় সমাজখনেও লাভ কৰিছে। ২০১৪ৰ আগতে আদিবাসী অধ্যুষিত এলেকাসমূহ ১০০তকৈয়ে কম একলব্য স্কুল থকাৰ বিপৰীতে এতিয়া ইয়াৰ সংখ্যা ৫০০ৰো অধিক হৈছেহি। ত্ৰিপুৰাৰ বাবেও এনে ২০খনৰো অধিক স্কুললৈ স্বীকৃতি প্ৰদান কৰা হৈছে। আগৰ চৰকাৰসমূহে কেৱল ৮-১০ বিধ বন-উত্পাদিত সামগ্ৰীৰ ক্ষেত্ৰত ‘এমএছপি’-ৰ ব্যৱস্থা কৰিছিল। ‘ভাজপা’ চৰকাৰে এতিয়া ৯০বিধৰো অধিক বন-উত্পাদিত সামগ্ৰীলৈ ‘এমএছপি’ প্ৰদান কৰিছে। আজিৰ তাৰিখত আদিবাসী এলেকাসমূহত ৫০ হাজাৰৰো অধিক ‘বন ধন কেন্দ্ৰ’ আছে, যাৰ দ্বাৰা প্ৰায় ৯ লাখ আদিবাসী লোকে জীৱিকা-নিৰ্বাহৰ সমল লাভ কৰিছে। এই ক্ষেত্ৰতো সৰহ সংখ্যকেই হৈছে আমাৰ আই-ভনী। এয়া ‘ভাজপা’ৰেই চৰকাৰ হয়, যিয়ে বাঁহৰ সদ্ব্যৱহাৰ কৰিছে, ইয়াৰ বেহা-বেপাৰো জনজাতীয়সকলৰ বাবে সহজসাধ্য কৰি তুলিছে। বন্ধুসকল, এই ‘ভাজপা’ চৰকাৰেই প্ৰথমবাৰৰ বাবে ‘জনজাতীয় গৌৰৱ দিৱস’ৰ গুৰুত্ব উপলব্ধি কৰিছে। ১৫ নৱেম্বৰত ‘ভগৱান বীৰছা মুণ্ডা’ৰ জন্ম দিৱসটো ‘গৌৰৱ দিৱস’ৰ ৰূপত দেশ জুৰি উদযাপনৰ শুভাৰম্ভ ‘ভাজপা’ চৰকাৰে কৰিছিল। দেশৰ স্বাধীনতা সংগ্ৰামত জনজাতীয় সমাজৰ অৱদানৰ কথা আজি দেশ আৰু পৃথিৱীকো অৱগত কৰাৰ ব্যৱস্থা কৰা হৈছে। আজি দেশত ১০টা ‘জনজাতীয় স্বাধীনতা সংগ্ৰামী সংগ্ৰহালয়’ স্থাপন কৰা হৈছে। ইয়াত ত্ৰিপুৰাতো অলপতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীয়ে ‘মহাৰাজা বীৰেন্দ্ৰ কিশোৰ মাণিক্য সংগ্ৰহালয় আৰু সাংস্কৃতিক কেন্দ্ৰ’ৰ আধাৰশিলা স্থাপন কৰে। ত্ৰিপুৰা চৰকাৰেও জনজাতীয় অৱদান আৰু সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰৰ বাবে নিৰন্তৰ প্ৰয়াস কৰি আহিছে। ত্ৰিপুৰাৰ জন-জাতীয় কলা-সংস্কৃতি আগবঢ়াই নিয়া পুৰোধা ব্যক্তিসলক ‘পদ্ম সন্মান’ প্ৰদানৰ সৌভাগ্যও ‘ভাজপা’ চৰকাৰেই লাভ কৰিছে। এনে ধৰণৰ বহুত প্ৰয়াসৰ পৰিণতিতে ত্ৰিপুৰাসহ সমগ্ৰ দেশতে জনজাতীয় সমাজৰ বিশ্বাস ‘ভাজপা’ৰ ওপৰত সকলোতকৈ অধিক হোৱা দেখিবলৈ পোৱা গৈছে। ভাই-ভনীসকল, ‘ডবল ইঞ্জিন’ চৰকাৰৰ প্ৰয়াস হৈছে যাতে ত্ৰিপুৰাৰ ক্ষুদ্ৰ খেতিয়কসকল, ক্ষুদ্ৰ উদ্যোগীসকলে সকলোতকৈ উন্নত সুযোগ লাভ কৰিব পাৰে। ইয়াৰ ‘লোকেল’ সামগ্ৰীসমূহ কেনেকৈ ‘গ্লোবেল’ হ’ব পাৰে ইয়াৰ বাবে বিশেষ প্ৰয়াস কৰা হৈছে। আজি ত্ৰিপুৰাৰ আনাৰস বিদেশলৈ যাবলৈ লৈছে। কেৱল এয়াই নহয়, বহু শ মেট্ৰিকটন অন্য ফল, শাক-পাচলিসমূহো আজি বাংলাদেশ, জাৰ্মানী, ডুবাই আদিলৈ ৰপ্টানী কৰা হৈছে। ইয়াৰ ফলত খেতিয়সকলৰ উত্পাদিত সামগ্ৰীয়ে অধিক দাম লাভ কৰিবলৈ সক্ষম হৈছে। ত্ৰিপুৰাৰ লাখ লাখ খেতিয়কে ‘পিএম কিষাণ সন্মান নিধি’ৰ পৰা এই পৰ্যন্ত ৫০০ কোটি টকাৰো অধিক ধন লাভ কৰিছে। আজি যিধৰণে ত্ৰিপুৰাত ‘ভাজপা’ চৰকাৰে ‘অগৰ গছ’ৰ উদ্যোগটোলৈ গুৰুত্ব প্ৰদান কৰিছে ইয়াৰ সাৰ্থক পৰিণাম আগন্তুক কেইটামান বছৰৰ ভিতৰতে লাভ কৰিব পৰা যাব। ইয়াৰ ফলত ত্ৰিপুৰাৰ যুৱ-প্ৰজন্মই সুযোগ লাভ কৰিব, উপাৰ্জনৰ নতুন মাধ্যম লাভ কৰিব। বন্ধুসকল, সকলোতকৈ ডাঙৰ কথাটো হৈছে ত্ৰিপুৰা এতিয়া শান্তি আৰু বিকাশৰ পথত আগুৱাবলৈ লৈছে। এতিয়া ত্ৰিপুৰাত ‘ডবল ইঞ্জিনে’ সুফল দিবলৈ লৈছে। মোৰ ত্ৰিপুৰাৰ জনতাৰ সামৰ্থ্যৰ ওপৰত সম্পূৰ্ণ ভৰসা আছে। বিকাশৰ গতিক আমি আৰু অধিক দ্ৰুত কৰি তুলিম, এই বিশ্বাসৰেই আজি ত্ৰিপুৰাৰ উজ্জ্বল ভৱিষ্যতৰ বাবে যিসমূহ আঁচনিৰ আধাৰশিলা আৰু লোকাৰ্পণ কৰা হৈছে, মই পুনৰবাৰ ত্ৰিপুৰাবাসীক শুভকামনা জনাইছো, অভিনন্দন জ্ঞাপন কৰিছো আৰু আগন্তুক সময়ত ত্ৰিপুৰাই নতুন শিখৰত উপনীত হওকগৈ, এই কামনাৰেই আপোনালোক আটাইকে বহুত বহুত ধন্যবাদ। ভাৰত মাতা কী জয়! ভাৰত মাতা কী জয়!
ত্ৰিপুৰাৰ আগৰতালাত বিভিন্ন উন্নয়ণী প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A7%81%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%87%E0%A6%A4-%E0%A6%AA%E0%A6%A6%E0%A6%AA%E0%A6%BF%E0%A6%B7%E0%A7%8D%E0%A6%9F-%E0%A6%B9%E0%A7%88-%E0%A6%AE%E0%A7%83%E0%A6%A4%E0%A7%8D/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A7%81%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%87%E0%A6%A4-%E0%A6%AA%E0%A6%A6%E0%A6%AA%E0%A6%BF%E0%A6%B7%E0%A7%8D%E0%A6%9F-%E0%A6%B9%E0%A7%88-%E0%A6%AE%E0%A7%83%E0%A6%A4%E0%A7%8D/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মুম্বাইত পদপিষ্ট হৈ মুত্যু হোৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “মুম্বাইত পদপিষ্ট হৈ মুত্যু হোৱাসকলৰ প্ৰতি মই গভীৰ শোক প্ৰকাশ কৰিছোঁ। আহত লোকসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ। মুম্বাই সংঘটিত ঘটনাৰ নিৰন্তৰ নিৰীক্ষণ কৰি থকা হৈছে। ৰে’ল মন্ত্ৰী পীযুষ গোৱেল নিজেই মুম্বাইত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সকলো ধৰণৰ সহায়ৰ আশ্বাস দিছে।”
মুম্বাইত পদপিষ্ট হৈ মৃত্যু হোৱা সকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A8%E0%A7%AA-%E0%A7%A6%E0%A7%A8-%E0%A7%A8%E0%A7%A6%E0%A7%A7%E0%A7%AF-%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A6%BF%E0%A6%96%E0%A7%87-%E0%A6%B8%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%9A/
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A8%E0%A7%AA-%E0%A7%A6%E0%A7%A8-%E0%A7%A8%E0%A7%A6%E0%A7%A7%E0%A7%AF-%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A6%BF%E0%A6%96%E0%A7%87-%E0%A6%B8%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%9A/
মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ৷ আজিৰ ‘মন কী বাত’ আৰম্ভ কৰিবলৈ গৈ মন দুখেৰে ভৰি পৰিছে৷ ১০ দিন পূৰ্বে ভাৰত মাতাই নিজৰ বীৰ সুপুত্ৰক হেৰুৱাবলগীয়া হ’ল৷ এই পৰাক্ৰমী বীৰসকলে আমি এশ পঁচিশ কোটি ভাৰতীয়ৰ বাবে নিজৰ প্ৰাণ জলাঞ্জলি দিলে৷ দেশবাসীয়ে যাতে নিশ্চিতভাৱে নিদ্ৰামগ্ন হ’ব পাৰে তাৰ বাবে আমাৰ বীৰ সুপুত্ৰসকলে দিন-ৰাতি একাকাৰ কৰি পেলাইছিল৷ পুলৱামাৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত বীৰ জোৱানসকলৰ অন্ত্যেষ্টিক্ৰিয়াৰ পিছত দেশবাসীৰ মন আঘাত আৰু আক্ৰোশে জৰ্জৰিত কৰিছে৷ শ্বহীদসকল তথা তেওঁলোকৰ পৰিয়ালৰ প্ৰতি চাৰিওফালৰ সমবেদনা উচ্চাৰিত হৈছে৷ এই সন্ত্ৰাসবাদী হিংসাৰ বিৰুদ্ধে যি আবেগ আপোনাৰ, মোৰ মনত উদয় হৈছে, সেই একে আবেগেই প্ৰতিজন দেশবাসীৰ অন্তৰ্মন তথা মানৱতাত বিশ্বাসী বিশ্বৰ মানৱতাবাদী সমাজৰ মনতো উদয় হৈছে৷ ভাৰত মাতাৰ ৰক্ষাত নিজৰ প্ৰাণ উচৰ্গা কৰা সকলক, দেশৰ সকলো বীৰ সুপুত্ৰক মই প্ৰণাম জনাইছো৷ এই প্ৰাণত্যাগে সন্ত্ৰাসবাদক সমূলি ধ্বংস কৰাৰ বাবে আমাক অহৰহ প্ৰেৰণা যোগাব, আমাৰ সংকল্প অধিক শক্তিশালী কৰিব৷ আমি সকলোৱে জাতিবাদ, সম্প্ৰদায়বাদ, ক্ষেত্ৰবাদ আৰু বাকী সকলো মতভেদ পাহৰি দেশৰ সন্মুখত উত্থাপিত হোৱা এই প্ৰত্যাহ্বানৰ মুখামুখি হ’ব লাগিব যাতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ পদক্ষেপ পূৰ্বতকৈও যাতে অধিক দৃঢ় হয়, অধিক শক্তিশালী হয় আৰু নিৰ্ণায়ক হয়৷ আমাৰ সশস্ত্ৰবাহিনীয়ে সদায়েই অদ্বিতীয় সাহস আৰু পৰাক্ৰমৰ পৰিচয় দি আহিছে৷ শান্তিৰ স্থাপনাৰ বাবে য’ত তেওঁলোকে অতুলনীয় ক্ষমতা প্ৰদৰ্শিত কৰিছে, ঠিক তেনেদৰেই একে পৰাক্ৰমেৰে আক্ৰমণকাৰীকো উচিত প্ৰত্যুত্তৰ দিছে৷ আপোনালোকে দেখিছে যে আক্ৰমণৰ ১০০ ঘণ্টাৰ ভিতৰতেই কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হ’ল৷ সেনাসকলে সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ সমৰ্থনকাৰীসকলক সমুলংশে ধ্বংস কৰাৰ সংকল্প গ্ৰহণ কৰিছে৷ বীৰ সৈনিকসকলৰ প্ৰাণত্যাগৰ পিছত সংবাদ মাধ্যমৰ জৰিয়তে তেওঁলোকৰ পৰিয়ালে যি প্ৰেৰণাদায়ী ভাষ্য প্ৰদান কৰিছে তাৰ দ্বাৰা সমগ্ৰ দেশ উৎসাহিত হৈছে৷ বিহাৰৰ ভাগলপুৰৰ শ্বহীদ ৰতন ঠাকুৰৰ পিতৃ ৰামনিৰঞ্জন জীয়ে দুখৰ এই সময়তো যি সাহসৰ পৰিচয় দিছে তাৰ দ্বাৰা আমি সকলো উৎসাহিত হৈছো৷ তেওঁ কৈছে যে তেওঁ নিজৰ দ্বিতীয়জন সন্তানকো শত্ৰুৰ বিৰুদ্ধে যুঁজিবলৈ পঠাব আৰু প্ৰয়োজন হ’লে নিজেও যুদ্ধলৈ যাব৷ উৰিষ্যাৰ জগতসিং পুৰৰ শ্বহীদ প্ৰসন্ন চাহুৰ পত্নী মীনাজীৰ অদম্য সাহসক দেশে তবধ মানিথে৷ তেওঁ নিজৰ একমাত্ৰ পুত্ৰকো চিআৰপিএফৰ জোৱানত ভৰ্তি কৰিবলৈ প্ৰতিজ্ঞা কৰিছে৷ যেতিয়া ত্ৰিৰংগাৰে মেৰিয়াই শ্বহীদ বিজয় ছোৰেণৰ শৱদেহ ঝাৰখণ্ডৰ গুমলাত উপস্থিত হ’ল তেতিয়া তেওঁৰ ফুকলীয়া পুত্ৰই ক’লে যে তেওঁও সেনাবাহিনীত ভৰ্তি হ’ব৷ সেই সন্তানৰ সাহসে আজি ভাৰতবৰ্ষৰ সৰু-সৰু ল’ৰা-ছোৱালীবোৰ ভাৱনাক প্ৰকট কৰি তুলিছে৷ এনে ভাৱনাই আমাৰ বীৰ, পৰাক্ৰমী শ্বহীদসকলৰ ঘৰে-ঘৰে পৰিলক্ষিত হৈছে৷ আমাৰ এজনো বীৰ শ্বহীদ অপবাদ নহয়, তেওঁলোকৰ পৰিয়াল অপবাদ নহয়৷ লাগিলে সেয়া দেৱৰিয়াৰ শ্বহীদ মৌৰ্যৰ পৰিয়ালেই হওক, কাংগড়াৰ শ্বদীহ তিলকৰাজৰ পিতৃ-মাতৃয়েই হওক অথবা কোটাৰ শ্বহীদ হেমৰাজৰ ছবছৰীয়া সন্তানেই হওক- শ্বহীদৰ প্ৰতিটো পৰিয়ালৰ কাহিনী প্ৰেৰণাদায়ী৷ মই তৰুণ প্ৰজন্মক অনুৰোধ কৰিম যে এই পৰিয়ালসকলে যি সাহস প্ৰদৰ্শন কৰিছে, যি ভাৱনা প্ৰকট কৰিছে, সেয়া জনাৰ প্ৰয়াস কৰক৷ দেশভক্তি কি, ত্যাগ-তপস্যা কি-তাৰ বাবে আমি ইতিহাসৰ পুৰণি ঘটনাসমূহ জনাৰ প্ৰয়োজন নাই৷ আমাৰ চকুৰ সন্মুখতেই জীৱন্ত উদাহৰণ দেখিবলৈ পাইছো৷ এয়াই উজ্বল ভাৰতৰ ভৱিষ্যতৰ বাবে প্ৰেৰণাৰ কাৰক হৈ পৰিব৷ মোৰ মৰমৰ দেশবাসীসকল, স্বাধীনতাৰ সময়ৰ পৰা দীৰ্ঘ দিনধৰি যি সৈনিক স্মাৰকৰ আমি প্ৰতীক্ষা কৰি আছিলো সেয়া সমাপ্ত হৈছে৷ এই বিষয়ে দেশবাসীৰ জিজ্ঞাসা, উৎসুকতা অত্যন্ত স্বাভাৱিক৷ নৰেন্দ্ৰ মোদী এপত উদুপি, কৰ্ণাটকৰ শ্ৰী ঔংকাৰ শেট্টীজীয়ে ৰাষ্ট্ৰীয় সৈনিক স্মাৰক প্ৰস্তুত হোৱাত নিজৰ প্ৰসন্নতা প্ৰকাশ কৰিছে৷ ভাৰতত কোনো ৰাষ্ট্ৰীয় সৈনিক স্মাৰক নথকাত মই আচৰিত হোৱাৰ লগতো দুখো পাইছিলো৷ এনেকুৱা এক স্মাৰক য’ত ৰাষ্ট্ৰৰ বাবে প্ৰাণ ত্যাগ কৰা বীৰ জোৱানসকলৰ শৌৰ্য-বীৰ্যৰ গাঁথা সজাই ৰাখিব পাৰি৷ মই সিদ্ধান্ত ল’লো যে দেশত এনে এক স্মাৰক নিশ্চয় থকা উচিত৷ আমি ৰাষ্ট্ৰীয় সৈনিক স্মাৰক নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিলো আৰু মই সুখী যে এই স্মাৰক অতিশয় কম সময়ৰ ভিতৰতে নিৰ্মাণ হৈ উঠিছে৷ কাইলৈ অৰ্থাৎ ২৫ ফেব্ৰুৱাৰী তাৰিথে মই দেশবাসীলৈ এই ৰাষ্ট্ৰীয় সৈনিক স্মাৰকক, আমাৰ সেনালৈ উচৰ্গা কৰিম৷ দেশে নিজৰ ঋণ পৰিশোধ কৰাৰ বাবে এক সামান্য প্ৰয়াস কৰিব৷ দিল্লীৰ হৃদপিণ্ড অৰ্থাৎ সেই স্থান য’ত ইণ্ডিয়া গে’ট আৰু অমৰ যোৱান জ্যোতি আছে, তাৰে ঠিক কাষতেই এই নতুন স্মাৰক নিৰ্মাণ কৰা হৈছে৷ মোৰ বিশ্বাস যে ই দেশবাসীৰ বাবে এক তীৰ্থস্থল হিচাপে বিবেচিত হ’ব৷ ৰাষ্ট্ৰীয় সৈনিক স্মাৰক হ’ল স্বাধীনতাৰ পিছত সৰ্বোচ্চ বলিদান দিয়া জোৱানসকলৰ প্ৰতি ৰাষ্ট্ৰৰ কৃতজ্ঞতাৰ প্ৰতীক৷ স্মাৰকৰ ডিজাইনে আমাৰ অমৰ সৈনিকৰ অদম্য সাহসক প্ৰদৰ্শিত কৰে৷ ৰাষ্ট্ৰীয় সৈনিক স্মাৰকৰ ধাৰণা চাৰিটা ঐককেন্দ্ৰিক বৃত্ত অৰ্থাৎ চাৰিটা চক্ৰৰ ওপৰত কেন্দ্ৰীভূত হৈছে য’ত এজন সৈনিকৰ জন্মৰ পৰা আৰম্ভ কৰি প্ৰাণত্যাগলৈকে যাত্ৰাৰ চিত্ৰায়িত কৰা হৈছে৷ অমৰ চক্ৰই শ্বহীদ সৈনিকসকলৰ অমৰত্বক প্ৰদৰ্শিত কৰিছে৷ দ্বিতীয় বৃত্ত বীৰত্বৰ চক্ৰ যি সৈনিকৰ সাহস আৰু বীৰত্বক প্ৰদৰ্শিত কৰিছে৷ ইয়াত এনেকুৱা এক গেলেৰী আছে য’ত দেৱালত সৈনিকসকলৰ বীৰত্বৰ কাহিনী খোদিত কৰা হৈছে৷ ইয়াৰ পিছত ত্যাগ চক্ৰই সৈনিকসকলৰ বলিদানক প্ৰদৰ্শিত কৰিছে৷ আমাৰ দেশৰ বাবে সৰ্বোচ্চ বলিদান দিয়া সৈনিকৰ নামৰ সোণালী আখৰেৰে লিখা হৈছে৷ ইয়াৰ পিছত ৰক্ষক চক্ৰ যি সুৰক্ষাক প্ৰদৰ্শিত কৰিছে৷ এই বৃত্তত ঘন খোজৰ প্ৰতিচ্ছবি আছে৷ এই খোজ সৈনিকৰ প্ৰতীক আৰু দেশৰ নাগৰিকক এই বাৰ্তা প্ৰদান কৰা হৈছে যে সৈনিকসকলে দেশৰ সীমাত অহৰহে পহৰা দি দেশবাসীক সুৰক্ষা প্ৰদান কৰিছে৷ মুঠতে ৰাষ্ট্ৰীয় সৈনিক স্মাৰক দেশবাসীয়ে শ্বহীদ সৈন্যসকলৰ প্ৰতি নিজৰ কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ অহা স্থান হিচাপে বিবেচিত হ’ব৷ এয়া সেই বলিদানীসকলৰ কাহিনী যিয়ে দেশৰ বাবে নিজৰ প্ৰাণ উচৰ্গা কৰিছে যাতে আমি জীৱিত থাকিব পাৰো, দেশ সুৰক্ষিত হৈ থাকিব পাৰে আৰু বিকশিত হ’ব পাৰে৷ দেশৰ বিকাশত আমাৰ সশস্ত্ৰবাহিনী, আৰক্ষী আৰু অৰ্ধসৈনিকবাহিনীয়ে যি অৱদান আগবঢ়াইছে সেয়া শব্দৰে অভিব্যক্ত কৰাটো অসম্ভৱ৷ যোৱা বছৰৰ অক্টোবৰ মাহত মই ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকক দেশলৈ উচৰ্গা কৰাৰ সৌভাগ্য লাভ কৰিছিলো৷ সেয়াও আমাৰ চিন্তাধাৰাৰেই প্ৰতিবিম্ব য’ত আমি ভাবোঁ যে দেশে সেই পুৰুষ আৰু মহিলা আৰক্ষীসকলৰো প্ৰতি কৃতজ্ঞ হ’ব লাগে যি সকলো সময়তে আমাৰ সুৰক্ষাৰ সৈতে জড়িত৷ মই আশা প্ৰকাশ কৰিছো যে আপোনালোকে ৰাষ্ট্ৰীয় সৈনিক স্মাৰক আৰু ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰক দৰ্শন কৰিবলৈ নিশ্চয়কৈ আহিব৷ আপোনালোকে যেতিয়া ইয়ালৈ আহিব তেতিয়া ইয়াৰ আলোকচিত্ৰসমূহ ছ’চিয়েল মিডিয়াত যাতে নিশ্চয়কৈ বিনিময় কৰে যাতে অন্য লোকেও এই পবিত্ৰ স্থানলৈ অহাৰ উৎসাহ অনুভৱ কৰিব পাৰে৷ মোৰ মৰমৰ দেশবাসীসকল, ‘মন কী বাত’লৈ আপোনালোকৰ পৰা হাজাৰখন পত্ৰ, মন্তব্য মই বিভিন্ন মাধ্যমেৰে লাভ কৰো৷ এইবাৰ যেতিয়া মই আপোনালোকৰ মন্তব্য পঢ়ি আছিলো তেতিয়া ‘আতীশ মুখোপধ্যায়জী’ৰ এটা আমোদজনক টিপ্পনী চকুত পৰিল৷ তেখেতে লিখিছে যে ১৯০০ চনত ৩ মাৰ্চ তাৰিথে ইংৰাজসকলে বিৰছা মুণ্ডাক গ্ৰেপ্তাৰ কৰিছিল আৰু তেতিয়া তেওঁৰ বয়স মাত্ৰ ২৫ বছৰ আছিল৷ আচৰিত কথা এয়েই যে ৩ মাৰ্চত জামছেদজী টাটাৰো জয়ন্তী৷ আৰু আগলৈ তেওঁ লিখিছে যে এই দুয়োটা ব্যক্তিত্বই হ’ল দুটা ভিন্ন পাৰিবাৰিক পৃষ্ঠভূমিৰ আৰু দুয়োগৰাকীয়ে ঝাৰখণ্ডৰ ইতিহাসক সমৃদ্ধ কৰিছে৷ ‘মন কী বাত’ত ‘বিৰচা মুণ্ডা’ আৰু ‘জামছেদজী টাটা’ক শ্ৰদ্ধাঞ্জলি জনোৱাৰ জৰিয়তে ঝাৰখণ্ডৰ গৌৰৱময় ইতিহাসক প্ৰণাম কৰাৰ লেখীয়া কথা হয়৷ আতীশজী, মই আপোনাৰ সৈতে সহমত৷ এই দুই মহান বিভূতিয়ে কেৱল ঝাৰখণ্ডৰে নহয়, সমগ্ৰ দেশৰ নাম উজ্বল কৰিছে৷ সমগ্ৰ দেশ এওঁলোকৰ যোগদানৰ বাবে কৃতজ্ঞ৷ আজি যদি আমাৰ তৰুণ প্ৰজন্মৰ দিশ প্ৰদৰ্শনৰ বাবে কোনো প্ৰেৰণাদায়ী ব্যক্তিত্বৰ প্ৰয়োজন আছে তেন্তে তেওঁ হ’ল ভগৱান বিৰছা মুণ্ডা৷ ইংৰাজসকলে তেওঁ শুই থকা অৱস্থাত অতিশয় চালাকিৰে কৰায়ত্ব কৰিছিল৷ কিন্তু আপোনালোকে জানে নে ইংৰাজসকলে এনে কাপুৰুষালি কাম কিয় কৰিলে? কাৰণ ইমান ডাঙৰ সাম্ৰাজ্য থিয় কৰোৱা ইংৰাজেও তেওঁক ভয় কৰিছিল৷ ‘ভগৱান বিৰছা মুণ্ডা’ই কেৱল নিজৰ ধনু-কাঁড়ৰ জৰিয়তেই বন্দুক আৰু টোপ লোৱা ইংৰাজী শাসনক কঁপাই তুলিছিল৷ প্ৰকৃততে যেতিয়া জনতাই প্ৰেৰণাদায়ী নেতৃত্ব লাভ কৰে তেতিয়া অস্ত্ৰৰ শক্তিৰ ওপৰত জনতা শক্তি অধিক শক্তিশালী হৈ পৰে৷ ভগৱান বিৰছা মুণ্ডাই কেৱল ইংৰাজৰ সৈতে ৰাজনৈতিক স্বতন্ত্ৰতাৰ বাবে সংঘৰ্ষ কৰিছিল এনে নহয়, তেওঁ আদিবাসীসকলৰ বাবে সামাজিক আৰু আৰ্থিক অধিকাৰৰ বাবে যুঁজ কৰিছিল৷ তেওঁৰ অল্পদিনীয়া জীৱনতেই সকলোখিনি কৰি দেখুৱাইছিল৷ বঞ্চিত আৰু শোষিতৰ অন্ধকাৰ জীৱনলৈ তেওঁ সুৰুযৰ পোহৰ প্ৰদান কৰিছিল৷ ভগৱান বিৰছা মুণ্ডাই ২৫ বছৰ বয়সতেই জীৱনৰ বলিদান দিছিল৷ বিৰছা মুণ্ডাৰ দৰে ভাৰত মাতাৰ সুপুত্ৰ দেশৰ চাৰিও প্ৰান্তত আছে৷ বোধহয় ভাৰতৰ শতিকাজুৰি চলা স্বাধীনতাৰ এই আন্দোলনত অংশগ্ৰহণ নকৰা ব্যক্তি নোলাবই৷ কিন্তু দুৰ্ভাগ্যৰ কথা এয়ে যে তেওঁলোকৰ ত্যাগ, শৌৰ্য আৰু বলিদানৰ কাহিনীয়ে নতুন প্ৰজন্মক স্পৰ্শই কৰিব পৰা নাই৷ যদি ভগৱান বিৰছা মুণ্ডাৰ দৰে ব্যক্তিত্বই আমাক অস্তিত্বৰ সৈতে পৰিচিত কৰায় তেন্তে জামছেদজীৰ দৰে ব্যক্তিত্বই দেশক বৃহৎ বৃহৎ সংস্থা প্ৰদান কৰিছে৷ জামছেদজী টাটা প্ৰকৃতাৰ্থতেই দূৰদ্ৰষ্টা ব্যক্তি আছিল যিয়ে কেৱল ভাৰত ভৱিষ্যত প্ৰত্যক্ষ কৰাই নহয়, ইয়াৰ শক্তিশালী ভেঁটিটোও লক্ষ্য কৰিছিল৷ তেওঁ ভালদৰেই জানিছিল যে ভাৰতক বিজ্ঞান, প্ৰযুক্তি আৰু উদ্যোগৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাটো অতিশয় আৱশ্যক৷ এয়া তেওঁৰ বীক্ষণৰ পৰিণামস্বৰূপেই টাটা ইন্সটিটিউট অব্ ছায়েন্সৰ স্থাপন হ’ল যাক বৰ্তমানে ইণ্ডিয়ান ইন্সটিটিউট অব্ ছায়েন্স বুলি জনা যায়৷ এয়াই নহয়, তেওঁ টাটা ষ্টীলৰ দৰে বহুতো বিশ্বমানৰ সংস্থা আৰু উদ্যোগৰো স্থাপন কৰিছিল৷ জামছেদজী টাটা আৰু স্বামী বিবেকানন্দৰ সাক্ষাৎ আমেৰিকা যাত্ৰাৰ সময়ত জাহাজত হৈছিল৷ তেতিয়া তেওঁলোক দুয়োৱে ভাৰতত বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰচাৰৰ বিষয়ে আলোচনা কৰিছিল৷ কোৱা হয়…এই আলোচনাৰ ফলস্বৰূপেই ইণ্ডিয়ান ইন্সটিটিউট অব্ ছায়েন্সৰ সূচনা হৈছিল৷ মোৰ মৰমৰ দেশবাসীসকল, আমাৰ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ ২৯ ফেব্ৰুৱাৰী তাৰিখে জন্ম হৈছিল৷ আমি সকলোৱে জানো যে এই দিনটো প্ৰতি চাৰি বছৰৰ মূৰে মূৰে আহে৷ সহজ, শান্তিপূৰ্ণ, ব্যক্তিত্বৰ ধনী মোৰাৰজী ভাই দেশৰ সবাতোকৈ অনুশাসিত নেতাসমূহৰ ভিতৰত অন্যতম আছিল৷ স্বতন্ত্ৰ ভাৰতত সবাতোকৈ অধিক বাজেট প্ৰস্তুত কৰাৰ অভিলেখ মোৰাৰজী ভাই দেশাইৰ নামতেই আছে৷ মোৰাৰজী দেশায়ে কঠিন সময়ত ভাৰতক নেতৃত্ব প্ৰদান কৰিছিল৷ ইয়াৰ বাবে ভৱিষ্যতৰ প্ৰজন্ম তেওঁৰ প্ৰতি কৃতজ্ঞ হৈ ৰ’ব৷ মোৰাৰজী ভাই দেশায়ে গণতন্ত্ৰৰ ৰক্ষাৰ বাবে জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে আন্দোলনত নিজকে সঁপি দিছিল৷ ইয়াৰ বাবে বৃদ্ধাৱস্থাতো তেওঁ মূল্য ভৰিবলগীয়া হ’ল৷ সেইসময়ৰ চৰকাৰে তেওঁক গ্ৰেপ্তাৰ কৰি কাৰাবাসলৈ প্ৰেৰণ কৰিলে৷ কিন্তু ১৯৭৭ চনত যেতিয়া জনতা দলে নিৰ্বাচনত জয় লাভ কৰিলে তেতিয়া তেওঁ দেশৰ প্ৰধানমন্ত্ৰী হ’ল৷ তেওঁৰ কাৰ্যকালৰ সময়চোৱাত ৪৪তম সংবিধান সংশোধনী কৰা হ’ল৷ এয়া এইবাবেই গুৰুত্বপূৰ্ণ কিয়নো জৰুৰীকালীন অৱস্থাত যি ৪২তম সংশোধনী কৰা হৈছিল, য’ত উচ্চতম ন্যায়ালয়ৰ শক্তিক কম কৰাৰ ব্যৱস্থা কৰা হৈছিল, যি আমাৰ গণতান্ত্ৰিক মূল্যবোধত আঘাত হানিছিল- তাক পুনৰ ওভতাই পঠিওৱা হ’ল৷ যিদৰে ৪৪তম সংশোধনীৰ জৰিয়তে সংসদ আৰু বিধানসভাৰ কাৰ্যবাহীৰ খবৰ বাতৰি কাকতৰ জৰিয়তে প্ৰকাশৰ ব্যৱস্থা কৰা হৈছিল, ইয়াৰ অধীনত উচ্চতম ন্যায়ালয়ৰ কিছুমান ক্ষমতা বাহাল ৰখা হ’ল৷ এই সংশোধনীত ইয়াৰো ব্যৱস্থা কৰা হ’ল যে সংবিধানৰ অনুচ্ছেদ ২০ আৰু ২১ৰ অধীনত পোৱা মৌলিক অধিকাৰসমূহ জৰুৰীকালীন অৱস্থাতো নিষেধৰ সন্মুখীন হ’ব নোৱাৰিব৷ প্ৰথমবাৰলৈ এনেকুৱা ব্যৱস্থা কৰা হ’ল যে কেবিনেটৰ লিখিত অনুমোদনৰ ভিত্তিতহে ৰাষ্ট্ৰপতিয়ে জৰুৰীকালীন অৱস্থাৰ কথা ঘোষণা কৰিব পাৰিব৷ লগতে ইয়াকো সিদ্ধান্ত লোৱা হ’ল যে জৰুৰীকালীন অৱস্থাৰ সময়সীমা ছমাহতকৈ অধিক বৃদ্ধি কৰিব নোৱাৰিব৷ এইদৰে মোৰাৰজী ভায়ে এয়া সুনিশ্চিত কৰিলে যে জৰুৰীকালীন অৱস্থা প্ৰণয়ন কৰি ১৯৭৫ চনত যিদৰে গণতন্ত্ৰৰ হত্যা কৰা হৈছিল, সেয়া ভৱিষ্যতে যাতে পুনৰ দোহৰা নহয়৷ ভাৰতীয় গণতন্ত্ৰৰ মাহাত্ম বৰ্তাই ৰখাৰ তেওঁৰ অতুলনীয় সহযোগিতাক ভৱিষ্যতৰ প্ৰজন্মই সদায়েই মনত ৰাখিব৷ পুনৰবাৰ এনে এজন মহান নেতাৰ প্ৰতি মই নিজৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো৷ মোৰ মৰমৰ দেশবাসীসকল, প্ৰতিবছৰৰ দৰে এইবাৰো পদ্ম বঁটাকলৈ উৎসুকতা প্ৰকাশ হোৱা দেখা গৈছিল৷ আজি আমি নতুন ভাৰতৰ দিশত অগ্ৰসৰ হৈছো৷ ইয়াত আমি সেইসমূহ লোকক সন্মান কৰিব লাগে যি তৃণমূল পৰ্যায়ত নিজৰ কাম নিষ্ঠাৰে কৰে, নিজৰ পৰিশ্ৰমৰ বলত বিভিন্ন প্ৰকাৰে যি আনৰ জীৱনলৈ ধনাত্মক পৰিৱৰ্তন আনিব পাৰে৷ প্ৰকৃততে তেওঁৱেই সত্য কৰ্মযোগী যিয়ে জনসেৱা, সমাজসেৱা আৰু এই সকলোৰে ঊৰ্ধত ৰাষ্ট্ৰসেৱাৰ প্ৰতি নিঃস্বাৰ্থভাৱে জড়িত হৈ আছে৷ আপোনালোকে দেখিছে যে যেতিয়া পদ্ম বঁটাৰ ঘোষণা কৰা হয় তেতিয়া মানুহে সোধে, এওঁ কোন হয়? এক প্ৰকাৰে ইয়াক মই অধিক সফল বুলি কওঁ কাৰণ তেওঁলোকৰ বিষয়ে টিভি, আলোচনা অথবা বাতৰি-কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ নহয়৷ তেওঁলোক চকমকীয়া পৃথিৱীৰ পৰা দূৰৈত, কিন্তু এওঁলোকে এনে লোক যি প্ৰচাৰবিমুখ৷ কেৱল তৃণমূল পৰ্যায়ত কাম কৰাত বিশ্বাসী৷ গীতাৰ বাণী ‘যোগঃ কৰ্মসু কৌশলম’ৰ দৰে এওঁলোকে জীৱন অতিবাহিত কৰে৷ মই এনে কিছুমান লোকৰ বিষয়ে আপোনালোকক জনাবলৈ বিচাৰিছো৷ উৰিষ্যাৰ দৈতাৰি নায়কৰ বিষয়ে আপোনালোকে নিশ্চয় শুনিছে৷ তেওঁক ‘কেনেল মেন অব্ দা উৰিষ্যা’ বুলি এনেয়ে নকয়৷ দৈতাৰি নায়কে নিজৰ গাঁৱত নিজে হাতেৰে পাহাৰ কাটি তিনি কিলোমিটাৰ পৰ্যন্ত পথ নিৰ্মাণ কৰিছে৷ নিজৰ পৰিশ্ৰমৰ দ্বাৰা সিঞ্চন আৰু পানীৰ সমস্যা তেওঁ সদায়ৰ বাবে নোহোৱা কৰি দিছে৷ গুজৰাটৰ আব্দুল গফুৰ খট্ৰিৰ কথাকেই ধৰক৷ তেওঁ কচ্চৰ পৰম্পৰাগত ৰোগন চিত্ৰকলাক পুনৰুজ্জীৱিত কৰাৰ অদ্ভুত কাম কৰিছে৷ তেওঁ এই দুৰ্লভ চিত্ৰকলাক নতুন প্ৰজন্মক প্ৰদান কৰাৰ বাবে কাম কৰি আছে৷ আব্দুল গফুৰৰ দ্বাৰা প্ৰস্তুত ‘ট্ৰি অব্ লাইফ’ কলাকৃতিক মই আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাক উপহাৰ দিছিলো৷ পদ্ম পুৰষ্কাৰ প্ৰাপ্ত মাৰাঠৱাড়ৰ ছব্বীৰ চৈয়দক গো-মাতাৰ সেৱক হিচাপে জনা যায়৷ তেওঁ যিদৰে নিজৰ সমগ্ৰ জীৱন গো-মাতাৰ সেৱাত সমৰ্পিত কৰিছে সেয়া সঁচাকৈয়ে প্ৰশংসাৰ পাত্ৰ৷ মাদুৰাইৰ চিত্ৰা পিল্লাইয়ে প্ৰথমবাৰলৈ তামিলনাডুত কলঞ্জিয়াম আন্দোলনৰ জৰিয়তে পীড়িত আৰু শোষিতসকলক সৱলীকৰণ কৰাৰ দিশত প্ৰয়াস কৰিছিল৷ লগতে সম্প্ৰদায় আধাৰিত লঘূ বিত্তীয় ব্যৱস্থাৰো প্ৰণয়ন কৰিছিল৷ আমেৰিকাৰ টাও পৰ্চন-লিঞ্চৰ বিষয়ে শুনি আপুনি আচৰিত হৈ যাব৷ লিঞ্চ আজি যোগৰ এক জীৱন্ত সংস্থা হৈ পৰিছে৷ এশ বছৰ বয়সতো তেওঁ সমগ্ৰ বিশ্বৰ লোকক যোগৰ প্ৰশিক্ষণ প্ৰদান কৰি আছে আৰু এতিয়ালৈ ডেৰ হাজাৰৰ লোকক যোগ শিক্ষক হিচাপে গঢ়ি তুলিছে৷ ঝাৰখণ্ডত ‘লেডী টাৰ্জান’ হিচাপে খ্যাত যমুনা টুডুৱে টিম্বাৰ মাফিয়া আৰু নক্সালপন্থীসকলৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি কেৱল সাহসিক পদক্ষেপ গ্ৰহণ কৰিছে৷ তেওঁ কেৱল ৫০ হেক্টৰ অৰণ্য ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰাই নহয়, দহ হাজাৰ মহিলাক একত্ৰিত কৰি গছ আৰু বন্যজীৱৰ সুৰক্ষাৰ বাবেও উৎসাহিত কৰিছে৷ এয়া যমুনাজীৰ পৰিশ্ৰমৰ প্ৰতাপৰ ফলতেই আজি গাঁওবাসীয়ে প্ৰত্যেক শিশুৰ জন্মত ১৮ জোপা গছপুলি আৰু ছোৱালীৰ বিয়াত ১০ জোপা গছপুলি ৰোপণ কৰে৷ গুজৰাটৰ মুক্তাবেন পংকজকুমাৰ দগলীৰ কাহিনীয়ে আপোনাক প্ৰেৰণাৰে ভৰাই তুলিব৷ নিজে দিব্যাংগ হোৱা স্বত্বেও তেওঁ দিব্যাংগ মহিলাৰ উত্থানৰ বাবে যি কাম কৰিলে, তেনে উদাহৰণ পোৱা অতিশয় কঠিন৷ চক্ষু মহিলা সেৱাকুঞ্জ নামৰ এটা সংস্থা স্থাপন কৰি নেত্ৰহীন শিশুসকলক আত্মনিৰ্ভৰ কৰি তোলাৰ পুণ্য কৰ্মত তেওঁ ব্যস্ত৷ বিহাৰৰ মুজাফ্ফৰপুৰৰ কিসান চাচী অৰ্থাৎ ৰাজকুমাৰী দেৱীৰ কাহিনীও যথেষ্ট প্ৰেৰণাদায়ক৷ মহিলা সশক্তিকৰণ আৰু খেতিক লাভজনক কৰি তোলাৰ দিশত তেওঁ আদৰ্শ স্থাপন কৰিছে৷ কিসান চাচীয়ে নিজৰ এলেকাৰ ৩০০ গৰাকী মহিলাৰ দ্বাৰা আত্ম-সহায়ক গোট গঠন কৰি আৰ্থিকৰূপত স্বাৱলম্বী কৰি তুলিছে৷ তেওঁৰ গাঁৱৰ মহিলাসকলক খেতিৰ সৈতে কৰ্ম সংস্থাপনৰ অন্য সাধনসমূহৰো প্ৰশিক্ষণ প্ৰদান কৰিছে৷ গুৰুত্বপূৰ্ণ কথা এয়ে যে তেওঁ খেতিৰ সৈতে প্ৰযুক্তি জড়িতৰ কামো কৰিছে আৰু মোৰ দেশবাসীসকল, বোধহয় এইবাৰেই প্ৰথম যে পদ্ম পুৰষ্কাৰ পোৱা ব্যক্তিসকলৰ ১২জনেই কৃষক৷ সাধাৰণতে কৃষি জগতৰ সৈতে জড়িত বহু কোম লোকে আৰু প্ৰত্যক্ষ খেতি কৰোতাসকলৰ বহু কম লোকে পদ্মশ্ৰীৰ সূচীলৈ আহে৷ এয়া নিজৰ মাজতেই, পৰিৱৰ্তিত হিন্দুস্তানৰ এক জীৱন্ত প্ৰতিচ্ছবি৷ মোৰ মৰমৰ দেশবাসীসকল, মই আজি আপোনালোকৰ সৈতে হৃদয়স্পৰ্শী কেইটামান অভিজ্ঞতা বিনিময় কৰিবলৈ ওলাইছো৷ আজিকালি দেশৰ য’লৈ যাও তাতেই ‘আয়ুষ্মান ভাৰত’ৰ যোজনা পিএম-জেএৱাই অৰ্থাৎ প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ হিতাধিকাৰীসকলৰ সৈতে সাক্ষাৎ কৰাৰ প্ৰয়াস কৰো৷ কিছুমান লোকৰ সৈতে কথা-বাৰ্তা পতাৰ সুবিধা পাওঁ৷ অকলশৰীয়া মাকে টকাৰ অভাৱত তেওঁৰ সন্তানৰ চিকিৎসা কৰোৱাব পৰা নাছিল৷ এই যোজনাৰ দ্বাৰা তেওঁৰ চিকিৎসা হ’ল আৰু সুস্থও হ’ল৷ ঘৰৰ মুৰব্বীয়ে পৰিশ্ৰম কৰি নিজৰ পৰিয়াল চলোৱা মানুহজন দূৰ্ঘটনাগ্ৰস্ত হ’ল, কামলৈ যাব পৰা নাছিল- এই যোজনাৰ দ্বাৰা তেওঁ উপকৃত হ’ল আৰু পুনৰ সুস্থ হৈ উঠিল৷ নতুন জীৱন লাভ কৰিলে৷ ভাতৃ আৰু ভগ্নীসকল, যোৱা পাঁচ মাহত প্ৰায় বাৰ লাখ দুখীয়া পৰিয়ালে এই যোজনাৰ পৰা উপকৃত হৈছে৷ মই দেখিছো যে দুখীয়াসকলৰ জীৱনলৈ কিদৰে পৰিৱৰ্তন আহিছে৷ আপোনালোকেও যদি কোনো দুখীয়া পৰিয়ালক জানে যি টকাৰ অভাৱত চিকিৎসা কৰিব পৰা নাই, তেওঁক এই যোজনাৰ বিষয়ে অৱগত কৰাওক৷ এই যোজনা এনে দুখীয়া পৰিয়ালৰ বাবেই প্ৰণয়ন কৰা হৈছে৷ মোৰ মৰমৰ দেশবাসীসকল, বিদ্যালয়সমূহত পৰীক্ষা আৰম্ভ হ’ব৷ সমগ্ৰ দেশত বিভিন্ন শিক্ষা-ব’ৰ্ড আৰু কেইটামান দিনৰ পিছতে দশম তথা দ্বাদশ শ্ৰেণীৰ পৰীক্ষা আৰম্ভ হ’ব৷ পৰীক্ষা দিবলৈ ওলোৱা সমূহ বিদ্যাৰ্থী তথা তেওঁৰ অভিভাৱক, শিক্ষকসকলক মোৰ তৰফৰ পৰা আন্তৰিক শুভকামনা থাকিল৷ কিছুদিন পূৰ্বে দিল্লীৰ টাউন হলত ‘পৰীক্ষা পে চৰ্চা’ শীৰ্ষত এক বৃহৎ আয়োজন হৈছিল৷ এই টাউন হল কাৰ্যসূচীত প্ৰযুক্তিৰ জৰিয়তে দেশ-বিদেশৰ কোটি কোটি শিক্ষাৰ্থীৰ সৈতে, তেওঁলোকৰ অভিভাৱকৰ সৈতে, শিক্ষকৰ সৈতে কথা পতাৰ সুবিধা লাভ কৰিছিলো৷ ‘পৰীক্ষা পে চৰ্চা’ৰ বিশেষত্ব হ’ল যে পৰীক্ষাৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ ওপৰত মুকলিকৈ আলোচনা হ’ল৷ বিদ্যাৰ্থী উপকৃত হ’ব পৰা বিভিন্ন বিষয় উত্থাপিত হ’ল৷ সকলো শিক্ষাৰ্থী, পিতৃ-মাতৃয়ে ইউ টিউবত এই সমগ্ৰ কাৰ্যসূচীটোৰ ভিডিঅ’ ৰেকৰ্ডিং প্ৰত্যক্ষ কৰিব পাৰিব আৰু অনাগত পৰীক্ষাৰ বাবে মোৰ সকলো এগজাম ৱাৰিয়ৰ্ছলৈ অলেখ শুভকামনা থাকিল৷ মোৰ মৰমৰ দেশবাসীসকল, ভাৰতৰ কথা ক’লে উৎসৱৰ কথা কোৱা নাযাবনে? এনেকুৱা হ’বই নোৱাৰে৷ বোধহয় আমাৰ দেশত গুৰুত্ব নথকা, উৎসৱ নথকা দিন নায়েই৷ কাৰণ সহস্ৰ বৰ্ষ পুৰণি সংস্কৃতিৰ ঐতিহ্য আমাৰ সৈতে আছে৷ কিছুদিন পিছতে মহাশিৱৰাত্ৰি অনুষ্ঠিত হ’ব আৰু এইবাৰৰ শিৱৰাত্ৰি সোমবাৰে হ’ব আৰু যেতিয়া শিৱৰাত্ৰি সোমবাৰে হ’ব তেতিয়া তাৰ এক বিশেষ গুৰুত্ব আমাৰ মন-মন্দিৰত উজ্বলি উঠে৷ এই শিৱৰাত্ৰিৰ মহান পৰ্বত মই আপোনালোকলৈ অলেখ শুভকামনা জনালো৷ মোৰ মৰমৰ দেশবাসীসকল, কিছুদিন পূৰ্বে মই কাশীলৈ গৈছিলো৷ তাতে মই কিছু দিব্যাংগ ভাতৃ-ভগ্নীসকলৰ সৈতে সময় অতিবাহিত কৰাৰ অৱকাশ পালো৷ তেওঁলোকৰ সৈতে বহু বিষয়ৰ ওপৰত চৰ্চা হ’ল৷ তেওঁলোকৰ আত্মবিশ্বাস অতিশয় প্ৰভাৱী আছিল-উৎসাহক আছিল৷ কথা-বাৰ্তাৰ মাজতে এক প্ৰজ্ঞাচক্ষু তৰুণে ক’লে যে তেওঁ এজন মঞ্চশিল্পী৷ মই মনোৰঞ্জনৰ বিভিন্ন কাৰ্যত মিমিক্ৰি কৰো৷ মই এনেই সুধিলো যে আপুনি কাৰ মিমিক্ৰি কৰে৷ তেতিয়া তেওঁ ক’লে যে মই প্ৰধানমন্ত্ৰীৰ মিমিক্ৰি কৰো৷ মই তেওঁক দেখুৱাবলৈ কোৱাত তেওঁ ‘মন কী বাত’ত মই যি ধৰণে কথা কওঁ ঠিক তেনেকৈ মিমিক্ৰি কৰি দেখুৱালে আৰু এয়া মোৰ বাবে এক আশ্বৰ্যকৰ অভিজ্ঞতা আছিল৷ ‘মন কী বাত’ কেৱল মানুহে নুশুনে, ইয়াৰ বহু উপলক্ষ মনতো ৰাখে, এই কথাই মোক প্ৰসন্ন কৰি তুলিলে৷ মই সঁচাকৈয়ে সেই দিব্যাংগ তৰুণজনৰ শক্তিত প্ৰভাৱিত হ’লো৷ মোৰ মৰমৰ দেশবাসীসকল, ‘মন কী বাত’ কাৰ্যসূচীৰ সৈতে আপোনালোকৰ সৈতে জড়িত হোৱাটো মোৰ বাবে এক অনন্য অনুভৱ৷ ৰেডিঅ’ৰ জৰিয়তে কোটি কোটি পৰিয়ালৰ মুখামুখি হওঁ৷ বহুসময়ত আপোনালোকৰ সৈতে কথা পাতোতে, আপোনালোকৰ চিঠি পঢ়োতে অথবা আপোনালোকে ফোনত প্ৰেৰণ কৰা চিন্তা-ধাৰা শুনি মোৰ এনেকুৱা অনুভৱ হয় যে আপোনালোকে মোক নিজৰ পৰিয়ালৰ অংশ বুলি মানি লৈছে৷ এয়া মোৰ বাবে এক সুখদ অনুভূতি৷ বন্ধুসকল, নিৰ্বাচন হ’ল গণতন্ত্ৰৰ আটাইতকৈ ডাঙৰ উৎসৱ৷ অহা দুমাহত আমি সকলোৱে নিৰ্বাচনী কাৰ্যত ব্যস্ত হৈ পৰিম৷ মই নিজেও এই নিৰ্বাচনৰ এক প্ৰত্যাশী৷ সুস্থ গণতান্ত্ৰিক পৰম্পৰাৰ সন্মান কৰি অহা ‘মন কী বাত’ মে’ মাহৰ শেষৰটো দেওবাৰে প্ৰচাৰ হ’ব৷ অৰ্থাৎ মাৰ্চ মাহ, এপ্ৰিল মাহ আৰু মে’ মাহ, এই তিনিমাহৰ আমাৰ যি ভাৱনা মই নিৰ্বাচনৰ পিছত এক নতুন বিশ্বাসৰ সৈতে আপোনালোকৰ আশীৰ্বাদৰ সৈতে পুনৰবাৰ ‘মন কী বাত’ৰ জৰিয়তে আমাৰ কথা-বাৰ্তা আৰম্ভ কৰিম আৰু বহু বছৰলৈ আপোনালোকৰ সৈতে ‘মন কী বাত’ কৰি থাকিম৷ পুনৰবাৰ আপোনালোক সকলোকে আন্তৰিক ধন্যবাদ যাচিছো৷
২৪.০২.২০১৯ তাৰিখে সম্প্ৰচাৰিত প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ৰ ৫৩তম খণ্ডৰ অসমীয়া অনুবাদ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A6%87%E0%A6%AC%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%A3%E0%A7%8D%E0%A6%9F-%E0%A6%97%E0%A7%81%E0%A6%9C%E0%A7%B0%E0%A6%BE%E0%A6%9F-%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%AE%E0%A6%BF-2/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A6%87%E0%A6%AC%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%A3%E0%A7%8D%E0%A6%9F-%E0%A6%97%E0%A7%81%E0%A6%9C%E0%A7%B0%E0%A6%BE%E0%A6%9F-%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%AE%E0%A6%BF-2/
‘ভাইব্ৰেণ্ট গুজৰাট’ সন্মিলনে অংশগ্ৰহণ কৰা উদ্দেশ্যে চেক গণৰাজ্যৰ প্ৰধানমন্ত্রী শ্রী আন্দ্রেজ বাবিজে ১৭–১৯ জানুৱাৰীলৈকে ভাৰতে ভ্ৰমণ কৰিব৷ তেওঁৰ সৈতে দেশখনৰ উদ্যোগ আৰু বাণিজ্য মন্ত্রী শ্রীমতী মার্তা নোভাকোভাৰ লগতে এক বিশাল বাণিজ্যিক প্ৰতিনিধিদলো আছো৷ অংশীদাৰ দেশ চেক গণৰাজ্যৰ প্ৰধানমন্ত্রী বাবিজে সেই দেশৰ বাণিজ্য প্ৰতিনিধিদলৰ নেতৃত্ব দিছে৷ সন্মিলনৰ মাজতে ১৮ জানুৱাৰীত প্ৰধানমন্ত্রী মোদী আৰু প্ৰধানমন্ত্রী বাবিজে এক দ্বিপাক্ষিক বৈঠকত মিলিত হয়৷ আঞ্চলিক আৰু আন্তর্জাতিক বিভিন্ন বিষয়ৰ উপৰি দ্বিপাক্ষিক স্বার্থজড়িত বিভিন্ন বিষয়ত তেওঁলোকে আলোচনা কৰে৷ প্ৰধানমন্ত্রী মোদীৰ দূৰদর্শী নেতৃত্বৰ প্ৰশংসা কৰি চেক প্ৰধানমন্ত্রীগৰাকীয়ে ভাৰতীয় অর্থনীতিৰ দ্রুত বিকাশ আৰু দ্বিপাক্ষিক বাণিজ্য তথা বিনিয়োগ সম্পর্কৰ ক্ষেত্রত প্ৰভূত সম্ভাৱনাৰ প্ৰশংসা কৰে৷ প্ৰধানমন্ত্রী বাবিজে যোৱা ছেপ্টেম্বৰত ভাৰতেৰ ৰাষ্ট্ৰপতিৰ চেক গণৰাজ্যৰ ভ্ৰমণকালত দুয়োখন দেশৰ মাজত হোৱা একাধিক বুজাবুজি চুক্তিৰ কথা উল্লেখ কৰে৷ গধূৰ যন্ত্ৰপাতি উৎপাদন আৰু ইঞ্জিনিয়াৰিং ক্ষেত্রত চেক গণৰাজ্যৰ যথেষ্ট সুনাম আছে। প্ৰধানমন্ত্রী মোদীয়ে চেক সংস্থাসমূহক ভাৰতৰ বিশাল বজাৰৰ সুযোগ গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়৷ বিশেষকৈ, ভাৰতৰ প্ৰতিৰক্ষা, গাড়ী আৰু ৰে’লৰ উৎপাদন ক্ষেত্রত সুবিধা গ্ৰহণৰ বাবে চেক সংস্থাসমূহক প্ৰধানমন্ত্ৰীয়ে আহ্বান জনায়৷ দুয়োগৰাকী প্ৰধানমন্ত্রীয়ে ভাৰত আৰু চেক গণৰাজ্যৰ দীর্ঘদিনীয়া দ্বিপাক্ষিক সম্পর্কৰ ঐতিহ্যৰ কথা উল্লেখ কৰি এই সম্পর্ক আৰু সম্প্ৰসাৰিত কৰাৰ ওপৰত জোৰ দিয়ে৷ ভাৰত ভ্ৰমণকালতে ১৯ জানুৱাৰীত চেক প্ৰধানমন্ত্রী বাবিজে ভাৰতৰ ৰাষ্ট্ৰপতিকো সাক্ষাৎ কৰিব৷ তেওঁ পুনে ভ্ৰমণ কৰি তাত একাধিক চেক সংস্থা ভ্ৰমণ কৰাৰ লগতে পুনেৰ ছিম্বছিছ বিশ্ববিদ্যালয়ত ইউৰোপিয়ান অধ্যয়ন কেন্দ্ৰও উদ্বোধন কৰিব৷
ভাইব্ৰেণ্ট গুজৰাট সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে চেক গণৰাজ্যৰ প্ৰধানমন্ত্রীৰ ভাৰত ভ্ৰমণ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A7%87%E0%A6%A6%E0%A6%BE%E0%A6%B2%E0%A7%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%9B%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A7%87%E0%A6%A6%E0%A6%BE%E0%A6%B2%E0%A7%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%9B%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D/
মাননীয় প্রধানমন্ত্রী তথা মোৰ বন্ধু মার্ক ৰুট, সন্মানীয় প্রতিনিধিবৰ্গ, সংবাদ মাধ্যমৰ সদস্যসকল, বন্ধুসকল, প্রধানমন্ত্রী মার্ক আৰু তেওঁৰ লগত অহা প্ৰতিনিধিবৰ্গক ভাৰতলৈ আন্তৰিকতাৰে আদৰণী জনাইছো। মই অতিশয় আনন্দিত যে প্রধানমন্ত্রী মার্কৰ লগত তেওঁৰ মন্ত্ৰীসভাৰ চাৰিজন কেবিনেট সহযোগী, হেগৰ মেয়ৰ আৰু দুশতকৈও অধিক ব্যৱসায়িক প্রতিনিধি ভাৰতলৈ আহিছে। নেদাৰলেণ্ডছৰ পৰা অহা এয়া সর্বকালৰ ভিতৰতে সর্ববৃহৎ ব্যৱসায়িক প্রতিনিধি দল। ইয়াৰ পৰা স্পষ্ট হয় যে দুয়ো দেশৰ বাণিজ্য আৰু বিনিয়োগ ক্ষেত্ৰখন কিমান সক্রিয় আৰু সম্ভাৱনাৰে পৰিপূর্ণ। ২০১৫ চনত প্রধানমন্ত্রী মার্ক ৰুট প্রথমবাৰ ভাৰত ভ্ৰমণলৈ আহিছিল। ২০১৭ চনত মই নেদাৰলেণ্ডছলৈ গৈছিলো আৰু আজি আমি তৃতীয়বাৰলৈ বৈঠকত মিলিত হৈছো। এনেকুৱা খুব কম দেশ আছে, যাৰ লগত ভাৰতৰ উচ্চপর্যায়ৰ ভ্ৰমণ ইমান ক্ষীপ্ৰগতিত হৈছে! আৰু এই ক্ষেত্ৰত ভাৰতক ব্যক্তিগতভাৱে অগ্রাধিকাৰ দিয়াৰ বাবে মই মোৰ বন্ধু মার্ক ৰুটক অন্তৰৰ পৰা অভিনন্দন জনাইছো। বন্ধুসকল, আজি আমি দুয়ো আমাৰ দ্বিপাক্ষিক সম্পর্কৰ অগ্রগতিৰ সন্দৰ্ভত পর্যালোচনা কৰিছো। আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিভিন্ন বিষয়ক লৈ মত বিনিময় কৰিছো। আৰু আমি উভয় দেশৰ প্রধান কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ লগতো আলোচনা কৰিছো। যোৱা বছৰ মই যেতিয়া নেদাৰলেণ্ডছলৈ গৈছিলো, তেতিয়া মোৰ বন্ধু মার্ক ৰুটক অনুৰোধ কৰিছিলো নেদাৰলেণ্ডছে যাতে আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীক সদস্যপদ গ্রহণৰ ক্ষেত্ৰত ইতিবাচক চিন্তা কৰে! সৌৰশক্তিৰ ক্ষেত্রত নেদাৰলেণ্ডৰ ওচৰত যিবোৰ প্রযুক্তি, অভিজ্ঞতা আৰু পাৰদৰ্শী লোক আছে, তাৰ জৰিয়তে সমগ্ৰ পৃথিৱী উপকৃত হ’ব পাৰে। মই অতিশয় আনন্দিত যে আজি নেদাৰলেণ্ডছে আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ সদস্যপদ গ্রহণ কৰিছে। এই সিদ্ধান্তৰ বাবে প্রধানমন্ত্রী ৰুটক কৃতজ্ঞতা জনাইছো। ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ পৰা আৰম্ভ কৰি বহুমাত্রিক ৰপ্তানি নিয়ন্ত্রণ শাসন ব্যৱস্থালৈকে ভাৰত আৰু নেদাৰলেণ্ডৰ মাজত নিবিড় সহযোগিতা আৰু সমন্বয় আছে। এতিয়া আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চতো আমাৰ মাজত ঘনিষ্ঠ সহযোগিতাৰ এক নতুন মাত্রা প্ৰদান কৰিব। বন্ধুসকল, ডাচ কোম্পানীসমূহৰ বাবে ভাৰত নতুন ৰাষ্ট্ৰ নহয়। বহু বছৰ ধৰি শ শ ডাচ কোম্পানীয়ে ভাৰতত কাম কৰিছে। বৰ্তমানলৈকে ভাৰতত প্রত্যক্ষ বিদেশী বিনিয়োগৰ ক্ষেত্রত নেদাৰলেণ্ডছ বিশ্বৰ পঞ্চম বৃহত্তম দেশ আৰু বিগত কেইটামান বৰ্ষত ই তৃতীয় সৰ্ববৃহৎ দেশত পৰিণত হৈছে। একেদৰে ভাৰতীয় কোম্পানীসমূহৰ বিনিয়োগৰ ক্ষেত্রতো নেদাৰলেণ্ডছ অতি আকর্ষণৰ থলী। সেইবাবেই উভয় দেশৰ প্রধান কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ লগতো অতিকে উপযোগী আলোচনা হৈছে। মই সুখী যে নেদাৰলেণ্ডছৰ ব্যৱসায়ীসকল ভাৰতত সৃষ্ট সুযোগসমূহক লৈ উৎসাহী। তেওঁলোকক আশ্বস্ত কৰি মই কওঁ যে ভাৰতত অর্থনৈতিক সংস্কাৰৰ প্রতি মোৰ এই দায়ৱদ্ধতা বৰ্তী থাকিব। ভাৰতত বিশেষকৈ কৃষি আৰু খাদ্য প্রস্তুতকৰণৰ ক্ষেত্রসমূহ অতিকে গুৰুত্বপূর্ণ। এই বিষয়টো আমাৰ খাদ্য সুৰক্ষাৰ লগত জড়িত আৰু সমান্তৰালভাৱে আমাৰ ভাৰতৰ কৃষকসকলৰ আয় দুগুণ কৰাৰ লক্ষ্য পূৰণৰ ক্ষেত্ৰতো এই বিষয়টো অতিকে গুৰুত্বপূর্ণ। এই ক্ষেত্ৰসমূহত নেদাৰলেণ্ডছ যথেষ্ট পাৰদৰ্শী। যোৱা বছৰ ‘ৱর্ল্ড ফুড ইণ্ডিয়া’ত নেদাৰলেণ্ডছে গুৰুত্বপূৰ্ণ দেশ হিচাপে অংশগ্রহণ কৰিছিল। মোৰ দৃঢ় বিশ্বাস যে ২০১৯ত ইয়াৰ পৰৱর্তী সংস্কৰণত নেদাৰলেণ্ডছৰ সহযোগিতা ইয়াতকৈও অধিক হ’ব। মই সুখী যে বাৰামতিত শাক-পাচলি বিক্ৰীৰ প্রথমখন অত্যাধুনিক ইন্দো-ডাচ কেন্দ্ৰ শুভাৰম্ভ কৰা হৈছে। এনেধৰণৰ অন্য কেতবোৰ কেন্দ্রতো আমি যৌথভাবে কাম কৰিছো। একেদৰে নগৰ উন্নয়ণৰ ক্ষেত্রতো আমাৰ সহযোগিতা বৃদ্ধি পাইছে। বদোদৰা আৰু দিল্লীত পেলনীয়া জল ব্যৱস্থাপনাৰ প্রকল্পত আমি যৌথভাৱে কাম কৰিছো। বিজ্ঞান আৰু প্রযুক্তিৰ ক্ষেত্ৰত আমাৰ সহযোগিতাই ১০ বছৰত সম্পূৰ্ণ কৰিছো আৰু ২০১৯ চনত ভাৰতত অনুষ্ঠিত হ’ব লগীয়া ‘প্ৰযুক্তি সন্মিলন”ত নেদাৰলেণ্ডছে সহযোগী দেশ হিচাপে অংশগ্রহণৰ জৰিয়তে আমাৰ সহযোগিতাক আৰু অধিক শক্তিশালী কৰি তুলিব। বন্ধুসকল, আমাৰ চৰকাৰৰ বিদেশ নীতিৰ অগ্রাধিকাৰ হ’ল বিদেশত বসবাস কৰা ভাৰতীয় সমাজৰ ওপৰত বিশেষ দৃষ্টি প্ৰদান কৰা। ২০১৭ চনত ছিন্ট মার্টিনত প্রৱল সামুদ্রিক ঘূৰ্ণীবতাহৰ প্রকোপত বিপর্যস্ত ভাৰতীয়সকলৰ উদ্ধাৰৰ ক্ষেত্ৰত আগবঢ়োৱা সহযোগিতাৰ বাবে মই প্রধানমন্ত্রী ৰুট আৰু নেদাৰলেণ্ডছ চৰকাৰক বিশেষভাবে ধন্যবাদ জনাইছো। মাননীয় প্রধানমন্ত্রী, মই পুনৰবাৰ আপোনাৰ লগতে আপোনাৰ লগত অহা বিশিষ্ট প্রতিনিধিসকলক ভাৰতলৈ আন্তৰিকতাৰে স্বাগতম জনাইছো। ধন্যবাদ। বহুত বহুত ধন্যবাদ।
নেদালেণ্ডছৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণকালত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি(২৪ মে’, ২০১৮)
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%A8-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%B6/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%A8-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%B6/
প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰীমতী ইন্দিৰা গান্ধীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “মৃত্যু বাৰ্ষিকী উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰীমতী ইন্দিৰা গান্ধীলৈ শ্ৰদ্ধা নিবেদিছো।”.
প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰীমতী ইন্দিৰা গান্ধীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%83%E0%A6%B7%E0%A6%BF%E0%A6%96%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%A4-%E0%A7%A8%E0%A7%A6%E0%A7%A8%E0%A7%A8-%E0%A6%AC%E0%A7%B0%E0%A7%8D%E0%A6%B7%E0%A7%B0-%E0%A6%95%E0%A7%87%E0%A6%A8/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%83%E0%A6%B7%E0%A6%BF%E0%A6%96%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%A4-%E0%A7%A8%E0%A7%A6%E0%A7%A8%E0%A7%A8-%E0%A6%AC%E0%A7%B0%E0%A7%8D%E0%A6%B7%E0%A7%B0-%E0%A6%95%E0%A7%87%E0%A6%A8/
নমস্কাৰ! মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী, ৰাজ্য চৰকাৰৰ প্ৰতিনিধিবৰ্গ, উদ্যোগ আৰু অকাডেমীৰ সৈতে জড়িত সকলো বন্ধু, কৃষি বিজ্ঞান কেন্দ্ৰৰ সৈতে জড়িত আমাৰ কৃষক ভাই-ভনীসকল, ভদ্ৰ পুৰুষ-মহিলাসকল! এয়া এক সুখৰ সংযোগ, কিয়নো ৩ বছৰৰ পূৰ্বে আজিৰ দিনটোতে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ শুভাৰম্ভ কৰা হৈছিল৷ এই যোজনা আজি দেশৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কৃষকসকলৰ বাবে যথেষ্ট সম্বলত পৰিণত হৈছে৷ ইয়াৰ অধীনত দেশত ১১কোটি কৃষকে প্ৰায় ১.৭৫লাখ কোটি টকা লাভ কৰিছে৷ এই যোজনাত আমি স্মাৰ্টনেচক অনুভৱ কৰিব পাৰো৷ কেৱল এটা ক্লিকতে ১০-১২ কোটি কৃষকৰ বেংক একাউণ্টত পোনে পোনে ধন হস্তান্তৰ হয়, যিটো প্ৰতিগৰাকী ভাৰতীয় কৃষক, ভাৰতীয় নাগৰিকৰ বাবে গৌৰৱ কৰিবলগীয়া কথা৷ বন্ধুসকল, বিগত ৭ বছৰত আমি বীজৰ পৰা বজাৰলৈকে এনে বহু নতুন ব্যৱস্থা প্ৰস্তুত কৰিছো, পুৰণি ব্যৱস্থাৱলীৰ সংস্কাৰ কৰিছো৷ কেৱল ৬ বছৰত কৃষি বাজেট দুগু বৃদ্ধি কৰিছো৷ কৃষকসকলৰ বাবে কৃষি ঋণতো ৭ বছৰত আঢ়ৈ গুণ বৃদ্ধি কৰা হৈছে৷ ক’ৰোনাৰ জটিল ক্ষণতো বিশেষ অভিযান চলাই আমি ৩ কোটি ক্ষুদ্ৰ ক্ষুদ্ৰ কৃষকক কেচিচি ৰ সুবিধাৰ সৈতে জড়িত কৰিছেো৷ ইয়াৰ সুবিধা সম্প্ৰসাৰণ কৰি পশুপালন আৰু মীনপালনৰ সৈতে জড়িত কৃষকসকলকো প্ৰদান কৰা হৈছে৷ ক্ষুদ্ৰ জলসিঞ্চনৰ নেটৱৰ্ক যিমানে শক্তিশালী হৈছে, তাতকৈ সৰু কৃষকক যথেষ্ট সুবিধা প্ৰদান কৰা হৈছে৷ বন্ধুসকল, এই সকলো প্ৰচেষ্টাৰ ফলত প্ৰতি বছৰ কৃষকসকলে অভিলেখ পৰিমাণৰ উৎপাদন কৰিবলৈ সক্ষম হৈছে আৰু এমএছপিতো ক্ৰয়ৰ নতুন অভিলেখ ৰচনা হৈছে৷ জৈৱিক কৃষিৰ প্ৰতি উৎসাহ যোগোৱাৰ বাবে বৰ্তমান জৈৱিক সামগ্ৰীৰ মাৰ্কেট এতিয়া ১১,০০০ কোটি হৈছে৷ ইয়াৰ ৰপ্তানিৰ পৰিমাণো ৬ বছৰত ২,০০০ কোটি টকাৰ পৰা বৃদ্ধি পাই ৭,০০০ কোটি টকাতকৈ অধিক হৈছে৷ বন্ধুসকল, এই বছৰ কৃষি বাজেটত বিগত বছৰসমূহৰ এই প্ৰচেষ্টাৱ অব্যাহত ৰখা হৈছে, সেয়া সম্প্ৰসাৰণ কৰা হৈছে৷ এই কৃষি বাজেটত কৃষি খণ্ডক আধুনিক আৰু স্মাৰ্ট হিচাপে গঢ় দিয়াৰ বাবে প্ৰধানকৈ সাতটা উপায় অৱলম্বন কৰা হৈছে৷ প্ৰথমতে, গংগাৰ দুয়োপাৰে ৫ কিলোমিটাৰৰ এলেকাত প্ৰাকৃতিক কৃষি-কাৰ্য মিচন মোডত কৰাৰ লক্ষ্য লোৱা হৈছে৷ তাত হাৰ্বেল মেডিচিনত দিশত জোৰ দিয়া হৈছে৷ ফল-ফুলৰ ক্ষেত্ৰতো জোৰ দিয়া হৈছে৷ দ্বিতীয়তে, কৃষি আৰু উদ্যান শস্যত আধুনিক প্ৰযুক্তিৰে কৃষকসকলৰ বাবে উপলব্ধ কৰোৱা হ’ব৷ তৃতীয়তে, খোৱা তেলৰ আমদানি কম কৰাৰ বাবে মিচন অইল পামৰ সমান্তৰালভাৱে তিল তেলৰ যিমান আমি জোৰ দিব পাৰো, তাক শক্তিশালী কৰাৰ বাবে আমি প্ৰচেষ্টা হাতত লৈছো আৰু এই বাজেটত এই ক্ষেত্ৰত জোৰ দিয়া হৈছে৷ ইয়াৰ উপৰি চতুৰ্থটো লক্ষ্য হৈছে যে খেতিৰ সৈতে জড়িত সামগ্ৰীৰ পৰিবহণৰ বাবে পিএম গতি শক্তি প্লেনৰ জৰিয়তে লজিষ্টিকৰ নতুন ব্যৱস্থা গঢ় দিয়া হ’ব৷ বাজেটত পঞ্চমটো সমাধান দিয়া হৈছে যে কৃষিভিত্তিক ব্যৱস্থাপনাৰ অধিক সংগঠিত কৰা হ’ব, উন্নত শক্তিৰ উপায়সমূহৰ জৰিয়তে কৃষকসকলৰ আয় বৃদ্ধি কৰা হ’ব৷ ষষ্ঠ সমাধান হৈছে দেশত ডেৰ লক্ষাধিক ডাকঘৰত নিয়মীয়াকৈ বেংকৰ দৰে সুবিধা পাব, যাতে কৃষকসকলৰ অসুবিধা নহয়৷ আৰু সপ্তমটো হৈছে যে কৃষি গৱেষণা আৰু শিক্ষাৰ সৈতে জড়িত পাঠ্যক্ৰমত দক্ষতা বিকাশ, মানৱ গৱেষণা উন্নয়নত বৰ্তমানৰ সময় অনুসৰি সাল-সলনি কৰা হ’ব৷ বন্ধুসকল, বৰ্তমান বিশ্বত স্বাস্থ্য সজাগতা বৃদ্ধি পাইছে৷ পৰিৱেশ অনুকূল জীৱনশৈলীৰ প্ৰতি সজাগতা বৃদ্ধি পাইছে৷ অধিক হাৰত জনতা ইয়াৰ প্ৰতি আকৰ্ষিত হৈছে৷ ইয়াৰ অৰ্থ এই যে ইয়াৰ মাৰ্কেটো বৃদ্ধি পাইছে৷ আমি ইয়াৰ সৈতে জড়িত যিবোৰ সামগ্ৰী আছে, যেনে- প্ৰাকৃতিক ফাৰ্মিং, জৈৱিক কৃষি ইয়াৰ সহায়ত ইয়াৰ বজাৰ দখল কৰাৰ চেষ্টা হাতত ল’ব পাৰি৷ প্ৰাকৃতিক কৃষি-কাৰ্যৰ লাভালাভ প্ৰতিজন ব্যক্তিৰ ওচৰত পোৱাৰ বাবে আমাপ কৃষি বিজ্ঞান কেন্দ্ৰ আৰু কৃষি বিশ্ববিদ্যালয়সমূহে সম্পূৰ্ণ শক্তিৰে জড়িত হ’ব লাগিব৷ আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰসমূহে এখনকৈ গাঁও পালিত কৰিব পাৰেষ আমাৰ কৃষি বিশ্ববিদ্যালয়সমূহে ১০০বা ৫০০ কৃষকক অহা এবছৰত প্ৰাকৃতিক কৃষিৰ প্ৰতি ধাৱিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিব পাৰে৷ বন্ধুসকল, আজিকালি আমাপ মধ্যবিত্ত পৰিয়ালসমূহত, উচ্চ মধ্যবিত্ত পৰিয়ালসমূহত এটা ট্ৰেণ্ড দেখিবলৈ পোৱা যায়৷ প্ৰায়ে দেখা যায় যে তেওঁলোকৰ খোৱা টেবুলত বহুপ্ৰকাৰৰ সামগ্ৰী আহি পাইছে৷ প্ৰ’টিনৰ নামত, কেলচিয়ামৰ নামত এনে বহু সামগ্ৰী খোৱা টেবুল স্থান দখল কৰিছে৷ ইয়াৰে বহু সামগ্ৰী বিদেশৰ পৰা আহিছে আৰু এই সেইবোৰ ভাৰতীয় সোৱাদ মতে নহয়৷ যিসময়ত এই সকলোবোৰ আমাৰ ভাৰতীয় উৎপাদিত সামগ্ৰী আছে, যদিও আমি সঠিকভাৱে উৎপাদন কৰিব পৰা নাই৷ সেইবোৰৰ বিপণন কৰিব পৰা নাই আৰু সেইবাবে আমাৰ প্ৰচেষ্টা এনে হোৱা উচিত যে তাতো ভোকেল ফৰ লোকেলৰ প্ৰয়োজন৷ ভাৰতীয় অন্ন, ভাৰতীয় ফচলো বিভিন্ন ধৰণৰ পোৱা যায় আৰু সেইবোৰ সোৱাদো৷ সমস্যাটো হৈছে আমাৰ বহুতৰে ইয়াৰ প্ৰতি জ্ঞান নাই তথা সজাগ নহয়৷ আমি কিদৰে ভাৰতীয় খাদ্যৰ প্ৰচাৰ কৰিম, প্ৰসাৰিত কৰিম, সেই ক্ষেত্ৰত গুৰুত্ব দিব লাগিব৷ আমি দেখিছো যে ক’ৰোনাৰ সময়ত আমাৰ মচলা, হালধিৰ দৰে সামগ্ৰীৰ যথেষ্ট আকৰ্ষণ বৃদ্ধি পাইছে৷ ২০২৩ বৰ্ষটো আন্তঃৰাষ্ট্ৰীয় বাজৰা বৰ্ষ হ’ব৷ ইয়াতো আমাৰ কৰ্প’ৰেট খণ্ডও আগবাঢ়ি আহিছে, ভাৰতৰ বাজৰাৰ ব্ৰেণ্ডিং কৰক, প্ৰচাৰ কৰক৷ আমাৰ যি মোতা ধান আছে আৰু আমাৰ অন্যান্য দেশৰ সৈতে জড়িত বৃহৎ মিচনসমূহ আছে, সেইবোৰৰ সন্দৰ্ভত আমাৰ দেশত আলোচনা-চক্ৰ আয়োজন কৰক, তাৰ যিসকল লোক আমদানিকাৰক, তেওঁলোকক বুজাওক যে নতুন ভাৰতৰ যি বাজৰা আছে, যি ভাৰতৰত ধানতকৈ কিমানগুণ উত্তম৷ তাৰ সোৱাদ কিমান গুৰুত্বপূৰ্ণ৷ আমি আমাৰ মিচনক জড়িত কৰিব পাৰো, আমি আলোচনা-চক্ৰ, ৱেবিনাৰ, আমদানিকৰ্তা-ৰপ্তানিকৰ্তাৰ মাজৰ আমাৰ বাজৰাৰ সম্পৰ্ক স্থাপন কৰিব পাৰো৷ ভাৰতৰ বাজৰাৰ পুষ্টিগত মূল্য কিমান বেচি, সেই ক্ষেত্ৰত আমি জোৰ দিব পাৰো৷ বন্ধুসকল, আপোনালোকে দেখিছে যে আমাৰ চৰকাৰে যথেষ্ট পৰিমাণে চইল হেল্থ কাৰ্ডৰ দিশত জোৰ দিছে৷ দেশৰ কোটি কোটি কৃষকক চইল হেল্থ দি আছো৷ এটা সময় আছিল, যেতিয়া দেশৰ সর্বত্র পেথললী লেব’ৰেটৰী নাছিল৷ মানুহে যথেষ্ট পৰিমাণে পেথ’লজি পৰীক্ষাও নকৰিছিল৷ কিন্তু বৰ্তমান যি কোনো ৰোগ হ’লেই আগতে পেথ’লজি চেক-আপ হয়, পেথ’লজি লেব’ৰেটৰীলৈ যাব লগীয়া হয়। আমাৰ ষ্টার্ট-আপসমূহ, আমাৰ বেচৰকাৰী বিনিয়োগকাৰীসকলে দেশৰ বিভিন্ন স্থানত প্রাইভেট পেথ’লজি লেব’ৰেটৰীৰ দৰে ভূমিৰ পেথ’লজিকেল পৰীক্ষাৰ লেব খুলি কৃষকসকলক ভূমি পৰীক্ষাৰ বাবে, মা ধৰিত্রীৰ স্বাস্থ্য পৰীক্ষাৰ বাবে প্রয়োজনীয় পথ দেখুৱাব পাৰে? ভূমিৰ স্বাস্থ্য পৰীক্ষাৰ বাবে এই পৰীক্ষাসমূহ যদি নিয়মীয়াকৈ হৈ থাকে, আমাৰ কৃষকসকলৰ মাজত যদি এই অভ্যাস আমি গঢ় দিব পাৰো, প্রত্যেকক যদি চইল হেলথ কার্ড তুলি দিব পাৰি, তেতিয়াহ’লে আমাৰ সৰু সৰু কৃষকসকলেও প্রত্যেক বছৰ অৱশ্যে ভূমি পৰীক্ষা কৰাব আৰু ইয়াৰ বাবে এই ধৰণৰ ভূমি পৰীক্ষা লেবৰ সম্পূর্ণ নেটৱর্ক গঢ়ি তুলিব পাৰে, নতুন নতুন যন্ত্রপাতি প্ৰস্তুত কৰিব পাৰে। মই ভাৱো এয়া এক ডাঙৰ ক্ষেত্র আৰু এই ক্ষেত্রত কাম কৰাৰ বাবে আমাৰ ষ্টার্ট-আপসমূহ আগুৱাই অহা উচিৎ। আমাৰ কৃষকসকলৰ মাজতো এই সজাগতা বৃদ্ধি কৰিব লাগিব, তেওঁলোকৰ স্বভাৱৰ মাজত সহজ পৰিৱর্তন আনিব লাগিব যাতে তেওঁলোকে প্রত্যেক বছৰ, অন্ততঃ অতি কমেও বছৰত এবাৰ তেওঁলোকৰ খেতিৰ ভূমি পৰীক্ষা কৰা আৰু সেই পৰীক্ষাৰ ফল অনুসৰি ভূমিত কোনো ঔষধৰ প্রয়োজন, কোন সাৰৰ প্রয়োজন, কোন ফচলৰ বাবে কি কি দিব লাগিব, তাৰ এক বৈজ্ঞানিক জ্ঞানো যাতে তেওঁলোকে পায়, চইল হেল্থ কার্ড প্রদানৰ লগতে আপোনালোকে সেই তথ্য তেওঁলোককে জনাব৷ আমাৰ যুৱ বৈজ্ঞানিকসকলে নেনো-ফার্টিলাইজাৰ ডেভেলপ কৰিছে। এয়া নিশ্চিতভাবে এক ‘গেম চেঞ্জাৰ’ হ’বলৈ গৈ আছে। ফলত, এই ক্ষেত্রতো কর্পোৰেট জগতৰ সন্মুখত কাম কৰাৰ বহু সম্ভাৱনা জাগি উঠিছে। বন্ধুসকল উৎপাদন ব্যয় হ্রাস কৰা আৰু অধিক ফচলৰ আটাইতকৈ ডাঙৰ মাধ্যম হ’ল ক্ষুদ্র জলসিঞ্চন আৰু ইয়াৰ জৰিয়তে একভাবে পৰিবেশেৰও সেবা কৰা হয়। জল সাশ্রয় আজ মানবজাতিৰ বাবে একটি বহুত বড় কাম। চৰকাৰে ‘পাৰ ড্রপ মোৰ ক্রপ’ বা প্রতি বিন্দুতে অধিক শস্য উৎপাদনেৰ ওপৰ জোৰ দিয়েছে আৰু এটাই সময়েৰ চাহিদা। এতেও বহুত সম্ভাবনাৰ দৰজা খুলে যাবে আৰু সেবাবেই এক্ষেত্রে আপোনালোকে এগিয়ে আসুন। এখন যেমন কেন-বেতোয়া লিঙ্ক প্রকল্পটি বাস্তবায়িত হলে বুন্দেলখণ্ডে কেমন পৰিৱর্তন আসবে এটা আপোনালোকে সবাই খুব ভালোভাবে জানেন। যে কৃষি সেচ প্রকল্পগুলি বহুত দশক ধৰে দেশে আটকে ছিল, সে লিকেও এখন দ্রুতগতিতে বাস্তবায়িত কৰা হৈছেচিৎ। আগামী ৩-৪ বছৰে আমি ভোজ্যতেল উৎপাদনকে প্রায় ৫০ শতাংশ বৃদ্ধিৰ লক্ষ্য ৰেখেছি। এই লক্ষ্যে আমাৰ নির্দিষ্ট সময়েৰ মধ্যে পৌঁছতেই হবে। ‘ন্যাশনাল মিশন অন এডিবল অয়েল’ বা ভোজ্যতেলেৰ বাবে জাতীয় অভিযানেৰ জৰিয়তে পাম অইলৰ কৃষি সম্প্রসাৰণৰ বহু সম্ভাৱনা আছে আৰু তিল খেতিৰ ক্ষেত্রতো আমি বিপুল মাত্রাত আগুৱাই অহাৰ প্রয়োজনীয়তা আছে। শস্যৰ ধৰণৰ বাবে ফচলৰ বৈচিত্ৰক উৎসাহ যোগোৱাৰ বাবেও আমাৰ কৃষি বিনিয়োগকাৰীসকল আগুৱাই অহা উচিৎ। যেনে ভাৰতত এই ধৰণৰ মেচিন বিচাৰে, এয়া আমদানিকাৰকসকলে খুব ভালদৰেই জানে৷ তেওঁলোকে জানে যে যিমানে কাম ভালদৰে চলিব, সিমানে আমাৰ দেশৰ ফচল সম্পর্কেও জ্ঞান থাকিব লাগিব। যেনে, মই তিল খেতি আৰু দাইল খেতিৰ উদাহৰণ দিব পাৰো। দেশত এইবোৰৰ বহু বেছি চাহিদা আছে। এই ক্ষেত্রত আমাৰ কর্পোৰেট জগতক এই দুই ধৰণৰ কৃষিক উৎসাহ যোগোৱাৰ বাবে আগুৱাই অহা উচিৎ। এয়া আপোনালোকৰ বাবে এক ‘সুনিশ্চিত বজাৰ’। বিদেশৰ পৰা অনাৰ প্রয়োজন কি? আপোনালোকে দেশৰ কৃষকসকলৰ আগৰে পৰা ক’ব পাৰে যে তেওঁলোকে যদি এই ফচলৰ খেতি কৰে, তেতিয়াহ’লে ইমান পৰিমাণ ফচল আপোনালোকে ক্ৰয় কৰিব৷ ইয়াত বীমাৰ ব্যৱস্থা আছে। সেইবাবে বীমাৰ নিৰাপত্তাও আপোনালোকে পাব৷ ভাৰতৰ খাদ্যৰ প্রয়োজনীয়তা সম্পর্কে গৱেষণা হোৱা উচিৎ আৰু যিবোৰ সামগ্ৰীৰ অধিক প্রয়োজন, সেইবোৰ যাতে ভাৰতত উৎপাদন কৰিব পৰা যায়, সেই লক্ষ্যৰে আমি সকলোৱে মিলি কাম কৰিব লাগিব৷ বন্ধুসকল, কৃত্রিম বুদ্ধিমত্তাই একবিংশ শতিকাৰ কৃষি আৰু আনুষংগিক ব্যৱসায়-বাণিজ্যক সম্পূর্ণ সলনি কৰিছে। দেশৰ কৃষিত ‘কিষাণ ড্রোনৰ ব্যৱহাৰ যিমানে বাঢ়িব, সিমানে দ্রুত পৰিৱর্তন আহিব। ড্রোন প্রযুক্তি এক মাত্রাত তেতিয়াই উন্নত হ’ব যেতিয়া আমি এগ্রি-ষ্টার্ট-আপসমূহ প্রমোট কৰিম। বিগত ৩-৪ বছৰত দেশত ৭০০ৰো অধিক এগ্রি-ষ্টার্ট-আপ প্ৰস্তুত কৰা হৈছে। বন্ধুসকল, শস্য চপোৱা পাছৰ ব্যৱস্থাপনাৰ দিশত বিগত সাত বছৰত বহু কাম হৈছে। কেন্দ্রীয় চৰকাৰে এই ক্ষেত্ৰত নিৰন্তৰ প্ৰচেষ্টা হাতত লৈছে যাতে প্রক্রিয়াকৃত খাদ্য পৰিধি বৃদ্ধি পায়, আমাৰ পণ্যৰ গুনাগুণ যাতে আন্তঃৰাষ্ট্ৰীয় মানৰ হয়৷ সেয়েহে ‘কিষাণ সম্পদা যোজনা’ৰ লগতে পিএলআই আঁচনি অতি গুৰুত্বপূর্ণ। ইয়াত মূল্য শৃংখলৰো বৃহৎ ভূমিকা আছে। সেইবাবে ১ লাখ কোটি টকাৰ বিশেষ কৃষি আন্তঃগাঁথনি পুঁজি গঢ়ি তোলা হৈছে। আপোনালোকে দেখিছে যে কিছুদিন পূৰ্বে ভাৰত সংযুক্ত আৰুব আমীৰশাহী আৰু অন্যান্য মধ্য প্রাচ্যৰ অন্যান্য দেশৰ সমান্তৰালভাৱে আবুধাবিৰ সৈতে চুক্তি সম্পাদন কৰিছে। ইয়াত খাদ্য প্রক্রিয়াকৰণ সহযোগিতা বৃদ্ধিৰ বাবেও কিছু গুৰুত্বপূর্ণ সিদ্ধান্ত লোৱা হৈছে। বন্ধুসকল, শস্যৰ অবশিষ্ট, যাক উত্তৰ ভাৰতত পৰালী বুলি কয়, তাৰ উপযুক্ত ব্যৱস্থাপনাও সিমানেই প্রয়োজনীয়। সেইবাবে এইবাৰৰ বাজেটত কিছু নতুন উপায় ৰখা হৈছে। ইয়াৰ জৰিয়তে কার্বন নিৰ্গমনো হ্রাস পাব আৰু কৃষকসকলৰ সংস্থাপনো বৃদ্ধি পাব। এই ক্ষেত্ৰত আমি সকলোৱে ভাৱিব লাগিব৷ দেশৰ বৈজ্ঞানিকসকলে, প্রযুক্তি ক্ষেত্রৰ মেধাবী লোকসকলে ভাৱক৷ কৃষিৰ কোনো আৱৰ্জনা যাতে নষ্ট নহয়, সকলো আৱৰ্জনা যেন সম্পদলৈ ৰূপান্তৰিত হয়, সেই ক্ষেত্ৰত আমি সুক্ষ্মভাৱে ভাৱিব লাগিব৷ সেইবাবে নতুন নতুন ব্যৱস্থা আনিব লাগিব৷ শস্যৰ অৱশিষ্ট ব্যৱস্থাপনাক লৈ আমি যিমান সমাধান আনিছো সেইবোৰ যাতে কৃষকসকলে সহজতে কামত লগায়, তাক লৈয়ে আলাপ-আলোচনা হোৱা উচিৎ। শস্য চপোৱাৰ পাছত ৰৈ যোৱা আৱৰ্জনা আমাৰ দেশৰ কৃষকসকলৰ বাবে ডাঙৰ সমস্যাৰ কাৰণ হৈ উঠে। এতিয়া এই আৱৰ্জনা যদি আমি সম্পদলৈ ৰূপান্তৰিত কৰিব পাৰো তেতিয়াহ’লে দেশৰ কৃষকসকলেও সক্রিয়ভাৱে আমাৰ সাৰথী হৈ পৰিৱ, আমাৰ অংশীদাৰ হৈ উঠিব। এই ক্ষেত্রত পৰিৱহণ আৰু সংৰক্ষণৰ ব্যৱস্থাক উৎসাহ যোগোৱা আৰু এই ব্যৱস্থাৰ সম্প্রসাৰণ কৰি থকাটো অতি প্রয়োজনীয়। চৰকাৰে এই ক্ষেত্রত বহু কাম কৰিছে, কিন্তু আমাৰ যি বেচৰকাৰি ক্ষেত্র আছে, তেওঁলোকেও এই ক্ষেত্রত নিজৰ অৱদান আগবঢ়াব লাগিব। মই দেশৰ বেংকিং ক্ষেত্রকো অনুৰোধ কৰিম, যাতে তেওঁলোকে আমাৰ ‘অগ্ৰাধিকাৰ ভিত্তিত’ এই সকলো কিদৰে সলনি কৰিব, কিদৰে লক্ষ্য স্থিৰ কৰিব, ইয়াৰ তদাৰকী কিদৰে কৰিব, সেয়া ঠিক কৰে৷ যদি আমি বেংকসমূহৰ জৰিয়তে এই ক্ষেত্রক ধন যোগানৰ ব্যৱস্থা কৰো, তেতিয়াহ’লে আমাৰ বেচৰকাৰী খণ্ডৰ সৰু সৰু পদৰ মানুহবোৰে বহু পৰিমাণে এই ক্ষেত্রত কাম কৰিব পাৰিব৷ কৃষিক্ষেত্রত যিবোৰ ব্যক্তিগত কোম্পানীয়ে কাম কৰিছে তেওঁলোকেক মই কও, আপোনালোকে এই বিষয়টোকো নিজৰ অগ্রাধিকাৰৰ তালিকাত ৰাখক৷ বন্ধুসকল, কৃষিত উদ্ভাৱন আৰু পেকেজিং–দুটা এনে খণ্ড, য’ত বহু দৃষ্টি দিয়া হৈছে যাক লৈ বহু কাম কৰাৰ বহু প্রয়োজন আছে। আজি সমগ্ৰ বিশ্বত ‘কনজিউমাৰিজম’ ক্রমান্বয়ে বৃদ্ধি পাইছে৷ সেইবাবে পেকেজিং আৰু ব্ৰেণ্ডিঙৰ গুৰুত্ব প্রতিদিনে বাঢ়িছে। ফলৰ পেকেজিঙত আমাৰ কর্পোৰেট হাউচসমূহে, এগ্রি-ষ্টার্ট-আপসমূহৰ বৃহৎ হাৰত আগুৱাই অহা উচিৎ। এইবোৰে যি কৃষি আৱৰ্জনা নিষ্কাসন কৰিব, সেইবোৰো ‘বেষ্ট পেকেজিং’ কিদৰে হ’ব পাৰে সেইদিনতো তেওঁলোকে লক্ষ্য ৰাখিব লাগিব৷ তেওঁলোকে এই ক্ষেত্রত কৃষকসকলক সহায় কৰক আৰু এই লক্ষ্যৰে নিজৰ পৰিকল্পনা প্ৰস্তুত কৰক৷ ভাৰতত খাদ্য প্রক্রিয়াকৰণ আৰু ইথানল উৎপাদনৰ ক্ষেত্রত বিনিয়োগৰ যথেষ্ট সম্ভাৱনা গঢ় লৈছে৷ চৰকাৰে ইথানলক ২০ শতাংশ ব্লেন্ডিঙৰ লক্ষ্য নির্ধাৰণ কৰি আগুৱাই গৈছে। এই ক্ষেত্রত সেয়েহে নিশ্চিত বজাৰ আছে। ২০১৪ৰ পূৰ্বে য’ত ১-২ শতাংশ ইথানল ব্লেণ্ডিং হ’ব, তাত এতিয়া ৮ শতাংশৰো অধিক ব্লেণ্ডিং হয়। ইথানল ব্লেণ্ডিঙক বৃদ্ধিৰ বাবে চৰকাৰে যথেষ্ট উৎসাহ দিয়া হৈছে৷ এই ক্ষেত্রতো আমাৰ বাণিজ্য জগত আগুৱাই আহক, আমাৰ ব্যৱসায় হাউচবোৰ আগুৱাই আহক। আন এটা বিষয় হ’ল প্রাকৃতিক ফলৰ ৰস। ইয়াৰ পেকেজিঙৰ যথেষ্ট গুৰুত্ব আছে। এনে পেকেজিং যাৰ জৰিয়তে সেই সামগ্ৰী আয়ু বৃদ্ধি পায়, যি বহুদিন ধৰি চলে, এনে বহু কাম কৰাৰ প্রয়োজনীয়তা আছে। কাৰণ আমাৰ দেশত ইমান বিবিধ গুণসম্পন্ন ফল হয় আৰু ভাৰতত প্রাকৃতিক ফলৰ ৰসৰ বহুত বৈচিত্র্যও আছে। আমাৰ দেশত যি ফলৰ ৰস আছে, তাৰ বহুত ধৰণৰ সুবিধাও আছে, বহুত বেছি বৈচিত্র্য আছে। আমাৰ বিদেশীলোকৰ নকল নকৰি ভাৰতত যিমান ধৰণৰ প্রাকৃতিক ফলৰ ৰস আছে সেইবোৰ প্ৰচাৰ কৰা, উন্নত কৰিব লাগিব। বন্ধুসকল, আন এটা বিষয় হ’ল সমবায় খণ্ডক লৈ৷ ভাৰতত সমবায় খণ্ড বহুত পুৰণি আৰু স্পন্দিত। সেয়া চেনি কাৰখানাই হওক বা সাৰ কাৰখানা, দুগ্ধ শিল্প হওক বা ঋণ লোৱাৰ ব্যৱস্থা, শস্য কিনাৰ ক্ষেত্রত সমবায় খণ্ডৰ অংশীদাৰিত্ব যথেষ্ট ডাঙৰ৷ আমাৰ চৰকাৰে ইয়াৰ জৰিয়তে কিছু নতুন নিয়মো প্ৰস্তুত কৰিছে। আমাৰ চৰকাৰে ইয়াৰ সৈতে জড়িত কিছু নতুন মন্ত্ৰালয়ো গঠন কৰিছে আৰু ইয়াৰ মূল কাৰণ হ’ল কৃষকসকলক অধিক সহায় কৰা। আমাৰ সমবায় ক্ষেত্রত এক ‘স্পন্দিত ব্যৱসায় সামাজ্য’ বৃদ্ধিৰ বহু সুযোগ আছে৷ আপোনালোকৰ লক্ষ্য হোৱা উচিৎ যাতে সমবায় খণ্ডক এক সফল ব্যৱসায়ৰ উদ্যোগৰ পৰিণত কৰিব পাৰি৷ বন্ধুসকল, আমাৰ যি ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান আছে সেইবোৰ প্রতিও মোৰ অনুৰোধ এই যে আপোনালোক আগুৱাই আহক আৰু এগ্রি-ষ্টার্ট-আপসমূহক ‘ফার্মাৰ প্রডিউচ অৰ্গেনাইজেচন’ বা এফপিঅ’সমূহৰ জৰিয়তে যিমানদূৰ সম্ভৱ আর্থিক সাহাৰ্য আগবঢ়াওক৷ আমাৰ দেশৰ ক্ষুদ্র কৃষকসকলৰ কৃষিত হোৱা ব্যয় হ্রাসৰ বাবে আপোনালোকে এটা ডাঙৰ ভূমিকা পালন কৰিব পাৰে৷ ইয়াৰ এটা সমাধান হ’ল, ক্ষুদ্র কৃষকসকলে ক’ৰ পৰা কৃষিৰ বিভিন্ন উপকৰণ আনিব, সেয়া ঠিক কৰা। আজিকালি শ্রমিক অতি কম পোৱা যায়। এনে পৰিস্থিতিত আমি কৃষিৰ বিভিন্ন উপকৰণ লৈয়ে এক নতুন পদ্ধতিৰ কথা ভবা উচিৎ। এনে পৰিস্থিতি মোকাবিলা কৰাৰ বাবে আমি কি ‘পুলিং’ৰ কথা ভাৱিব পাৰো? আমাৰ কর্পোৰেট জগতে এই ধৰণৰ ব্যৱস্থা গঢ়ি তোলাৰ বাবে আগুৱাই অহা উচিত, যাতে কৃষি সংক্রান্ত বিভিন্ন উপকৰণ ভাড়াত পোৱাৰ সুবিধা থাকে। আমাৰ চৰকাৰে কৃষকসকল অন্নদাতাৰ লগতে শক্তিদাতা হিচাপে পৰিণত কৰি তোলাৰ বাবে ডাঙৰ অভিযান চলাইছে৷ সমগ্ৰ দেশত কৃষকসকলক সৌৰ পাম্প বিতৰণ কৰা হৈছে। আমাৰ অধিকাংশ কৃষকে কিদৰে কৃষিক্ষেত্রৰ পৰা সৌৰশক্তি উৎপাদন কৰিব সেয়া সুনিশ্চিত কৰিবলৈ আমি এই লক্ষ্যৰে প্ৰচেষ্টা হাতত ল’ব লাগিব৷ এইদৰে আমাৰ খেতি পথাৰৰ কাষে কাষে আমি ধন অৰ্জন কৰা গছ লগাব পাৰো। আমি আজিকালি টিম্বাৰ আমদানি কৰো। যদি আমি আমাৰ কৃষকসকলৰ বৈজ্ঞানিক পদ্ধতিৰে নিজৰ খেতিৰ কাষত মূল্যবান কাঠ আছে এই ধৰণৰ গছ লগাবলৈ উৎসাহ যোগাব পাৰো, তেতিয়াহ’লে ১০ৰ পৰা ২০ বছৰ পাছত তেওঁলোকৰ আয়ৰ এটা নতুন ব্যৱস্থা গঢ় লৈ উঠিব৷ চৰকাৰে এই ক্ষেত্রত প্রয়োজনীয় যিমান আইন সলনি কৰাটো দৰকাৰ, সেয়া সলনি কৰিব৷ বন্ধুসকল, কৃষকসকলৰ আয় বৃদ্ধি, কৃষিখণ্ডত ব্যয় কম কৰা, বীজৰ পৰা বজাৰ পর্যন্ত কৃষকসকলৰ আধুনিক সেৱা প্রদান–এই সকলোতে আমাৰ চৰকাৰে অগ্রাধিকাৰ দিছে। মোৰ দৃঢ় বিশ্বাস, আপোনালোকৰ পৰামর্শসমূহৰ জৰিয়তে চৰকাৰৰ এইবোৰ প্রচেষ্টা সার্থক হ’ব আৰু আমাৰ কৃষকসকলে যিমান সপোন দেখে, কিবা কৰিব বিচাৰে, তেওঁলোকে সেয়া কৰাৰ উৎসাহ পাব৷ মোৰ দৃঢ় বিশ্বাস যি আজি আমি কৃষিৰ এক পৰৱর্তী প্রজন্মক লৈ চর্চা কৰিব বিচাৰো, পৰম্পৰাগত পদ্ধতিসমূহৰ পৰা বাহিৰ হৈ অহাৰ বাবে ভাৱিব বিচাৰে, বাজেটত, বাজেটত যিবোৰ দিশৰ ব্যৱস্থা কৰা হৈছে সেইবোৰৰ দিশত আমি কিদৰে উন্নতি কৰিব পাৰি, সেয়া চাব লাগিব আৰু আপোনালোকৰ প্রতি মোৰ অনুৰোধ এই যে ৱেবিনাৰত যেন এই সমস্যাৰ সমাধান সুত্ৰ ওলায়৷ ১ এপ্রিলৰ পৰা নতুন বাজেট যেতিয়া কার্যকৰী হ’ব, সেই দিনাই আমি এই বিষয়সমূহ ‘ৰোল আউট’ কৰিম, কাম আৰম্ভ কৰিম। এতিয়া আমাৰ ওচৰত সম্পূৰ্ণ মার্চ মাহটো আছে। বাজেট ইতিমধ্যে সংসদত দাখিল কৰা হৈছে। এতিয়া সেই বাজেট আমাৰ সন্মুখত আছে। এনে পৰিস্থিতিত আমি সময় নষ্ট নকৰি জুন-জুলাই মাহত আমাৰ কৃষকসকলৰ নতুন বছৰ কিদৰে পালন কৰব, তাৰ পূৰ্বে এই মার্চ মাহত সকলো প্রস্তুতি ল’ব লাগিব৷ এপ্রিলত আমাৰ কৃষকসকলৰ বাবে কৃষিৰ বিভিন্ন উপকৰণ, বিভিন্ন সামগ্ৰী পোৱা দিয়াৰ পৰিকল্পনা আগতেই ৰচনা কৰিব লাগিব৷ ইয়াতো আমাৰ কর্পোৰেট জগত আগুৱাই আহক, আমাৰ ‘বিত্ত জগত’ আগুৱাই আহক, আমাৰ ষ্টার্ট-আপসমূহ আগুৱাই আহক, আমাৰ প্রযুক্তি ক্ষেত্রৰ সকলো আগুৱাই আহক। ভাৰতৰ প্রয়োজনীয়তাসমূহ বুজাৰ চেষ্টা কৰক৷ যিহেতু ভাৰত কৃষি প্রধান দেশ, আমি কোনো সামগ্ৰী বাহিৰৰ পৰা অনাটো অনুচিত। দেশৰ প্রয়োজনীয়তা অনুসৰি আমি প্ৰস্তুত কৰা উচিৎ। মোৰ দৃঢ় বিশ্বাস, আমি যদি আমাৰ কৃষকসকলক, আমাৰ কৃষি বিশ্ববিদ্যালয়সমূহ, আমাৰ কৃষি বিষয়ত পঢ়া-শুনা কৰা ছাত্র-ছাত্রীসকলক এই সকলো কামৰ বাবে এটা মঞ্চত আনি আৰু তাৰপৰা আগুৱাই যাও, তেতিয়াহ’লে প্রকৃতাৰ্থত বাজেট এক কেৱল পৰিসংখ্যাৰ খেলা হৈ নাথাকে৷ বাজেটে আমাৰ জীৱন পৰিৱর্তন, কৃষি পৰিৱর্তন, গ্রাম্য জীৱন পৰিৱর্তনৰ এক বৃহৎ সাধন হৈ উঠিব পাৰে। সেইবাবে মই আপোনালোকক অনুৰোধ জনাইও যে এই ৱেবিনাৰ অতি ফলপ্রসূ হোৱা উচিৎ, ‘সম্পূৰ্ণ’ হোৱা উচিৎ। সকলো কাৰ্যকৰী দিশৰ সৈতে জড়িত থাকিব লাগিব তেতিয়াহে আমি ফল লাভ কৰিব পাৰিম৷ মোৰ দৃঢ় বিশ্বাস আপোনালোক সকলোৱে এই ক্ষেত্রৰ সৈতে জড়িত হওক৷ সমগ্ৰ দেশৰ বিভিন্ন প্রান্তৰ পৰা আজি যিসকলে এই ৱেবিনাৰৰ সৈতে সংযুক্ত হৈছে, তেওঁলোক সকলোৱেই ইয়াৰ সৈতে জড়িত হওক৷ ইয়াৰ ফলত আপোনালোকে পোনপটীয়াকৈ বিভাগসমূহকো বহুত ভাল পথ প্রদর্শন কৰিব পাৰে৷ অতি মসৃণভাৱে প্রতিটো পদক্ষেপক কার্যকৰ কৰাৰ পথ বাহিৰ হ’ব আৰু আমি দ্রুতগতিতে মিলাপ্ৰীতিৰে আগুৱাই যাব। মই পুনৰবাৰ আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনোৱাৰ লগতে মোৰ ফালৰ পৰা বহুত বহুত শুভকামনা জনাইছো।
কৃষিখণ্ডত ২০২২ বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ ইতিবাচক প্ৰভাৱ সন্দৰ্ভত আয়োজিত ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%A8%E0%A7%8D%E0%A6%AE-%E0%A6%9C%E0%A7%9F%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%80%E0%A6%A4-%E0%A6%A1%E0%A7%A6-%E0%A6%B6%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%AE%E0%A6%BE-%E0%A6%AA%E0%A7%8D/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%A8%E0%A7%8D%E0%A6%AE-%E0%A6%9C%E0%A7%9F%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%80%E0%A6%A4-%E0%A6%A1%E0%A7%A6-%E0%A6%B6%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%AE%E0%A6%BE-%E0%A6%AA%E0%A7%8D/
জন্ম জয়ন্তীত ড০ শ্যামা প্ৰসাদ মুখাৰ্জীলৈ শ্ৰাদ্ধৰ্ঘ্য নিবেদন কৰাৰ লগতে তেওঁ আগবঢ়াই থৈ যোৱা অৱদানসমূহৰ কথা স্মৰণ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। এই সন্দৰ্ভত প্ৰকাশিত এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, জন্ম জয়ন্তীত ড০ শ্যামা প্ৰসাদ মুখাৰ্জীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছো। ভাৰতৰ বিকাশ-যাত্ৰাত, বিশেষকৈ বাণিজ্য আৰু উদ্যোগখণ্ডৰ বাবে আগবঢ়াই থৈ যোৱা অনবদ্য অৱদানৰ বাবে তেওঁ ব্যাপক ভাবে সমাদৃত হৈছিল। পাণ্ডিত্যপূৰ্ণ প্ৰকৃতি আৰু বুদ্ধিদীপ্ত পাৰদৰ্শিতাৰ বাবেও তেওঁ পৰিচিত আছিল।
জন্ম জয়ন্তীত ড০ শ্যামা প্ৰসাদ মুখাৰ্জীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%BF%E0%A6%9A%E0%A7%8C%E0%A7%B0%E0%A6%BF%E0%A7%B0-%E0%A6%B2%E0%A6%BE%E0%A6%B2-%E0%A6%AC%E0%A6%BE%E0%A6%B9%E0%A6%BE%E0%A6%A6%E0%A7%81%E0%A7%B0-%E0%A6%B6%E0%A6%BE%E0%A6%B8%E0%A7%8D/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%BF%E0%A6%9A%E0%A7%8C%E0%A7%B0%E0%A6%BF%E0%A7%B0-%E0%A6%B2%E0%A6%BE%E0%A6%B2-%E0%A6%AC%E0%A6%BE%E0%A6%B9%E0%A6%BE%E0%A6%A6%E0%A7%81%E0%A7%B0-%E0%A6%B6%E0%A6%BE%E0%A6%B8%E0%A7%8D/
দুদিনীয়া ভ্ৰমণেৰে মিচৌৰিৰ লাল বাহাদুৰ শাস্ত্রী নেচনেল একাডেমী অফ এডমিনিষ্ট্ৰেচন (এলবিএছএনএএ)লৈ যোৱা প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি দ্বিতীয় দিনা ৯২তম ফাউণ্ডেছন পাঠ্যক্ৰমৰ ৩৬০ জন প্রশিক্ষাণপ্ৰাপ্ত বিষয়াক উদ্দেশ্যি ভাষণ আগবঢ়ায়। অনুষ্ঠানত ১৭টা অসামৰিক সেৱা আৰু তিনি ৰয়েল ভুটান অসামৰিক সেৱাৰ প্রশিক্ষণপ্ৰাপ্ত বিষয়া উপস্থিত থাকে। প্রধানমন্ত্রীৰ ভাষণৰ পূৰ্বে প্রশিক্ষণপ্ৰাপ্ত বিষয়াসকলে “মই অসামৰিক সেৱাত কিয় যোগ দিলো”–শীৰ্ষক বিষয়ৰ ওপৰত তেওঁলোকৰ নিজা নিজা প্রৱন্ধ উপস্থাপন কৰে। তেওঁলোকৰ বিষয়বোৰৰ ভিতৰত গৃহ, শিক্ষা, সংহত পৰিৱহণ ব্যৱস্থা, অপুষ্টি, গোটা আৱৰ্জনা ব্যৱস্থাপনা, দক্ষতা বিকাশ, ডিজিটেল লেনদেন, এক ভাৰত-শ্ৰেষ্ঠ ভাৰত আৰু নব্য ভাৰত-২০২২ ইত্যাদিয়ে প্ৰাধান্য লাভ কৰে। বিষয়াসকলে প্রধানমন্ত্রীৰ সন্মুখত ‘স্বচ্ছ ভাৰত অভিযান’ সন্দর্ভতো তেওঁলোকে নিজৰ নিজৰ ধাৰণা ব্যক্ত কৰে। প্ৰশিক্ষণপ্ৰাপ্ত বিষয়াসকলৰ বিভিন্ন উপস্থাপনৰ বাবে প্রধানমন্ত্রীয়ে তেওঁলোকৰ ভূয়সী প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত কয় যে নতুন বিষয়াসকলে এই উপস্থাপনসমূহৰ সম্পর্কে গভীৰভাবে চিন্তা কৰাৰ বাবে তেওঁ ইতিমধ্যে কেন্দ্রীয় চৰকাৰৰ উচ্চপদস্থ বিষয়াসকলক নির্দেশ দিছে। ফাউণ্ডেচন পাঠ্যক্ৰম শেষ হোৱাৰ আগেয়ে উচ্চপদস্থ বিষয়সকলে যাতে সেই সম্পর্কে তেওঁলোকৰ মতামত আৰু ভাৱনাৰ কথা প্ৰশিক্ষণপ্ৰাপ্ত বিষয়াসকলৰ আগত তুলি ধৰে, তাৰবাবেও প্রধানমন্ত্রীয়ে তেওঁলোকক বিশেষভাবে পৰামৰ্শ আগবঢ়ায়। প্রশিক্ষণৰ পাছত প্রশিক্ষণপ্ৰাপ্ত বিষয়াসকলে কিদৰে তেওঁলোকৰ কর্মজীৱনৰ বাবে প্রস্তুত হ’ব, সেই দিশতো কেতবোৰ পৰামর্শ আগবঢ়ায় প্রধানমন্ত্রীয়ে। তেওঁ কয় যে জনসাধাৰণৰ সমস্যা সমাধানত তেওঁলোক যথেষ্ট সজাগ আৰু যত্নবান হ’ব লাগিব। গ্ৰন্থ অধ্যয়ণ কৰি তেওঁলোকে যি শিকে, সেইবোৰে সমাজৰ পথভ্ৰষ্ট লোকক সঠিক পথ দিব পৰা হ’ব লাগিব আৰু জনসাধাৰণে কাংক্ষিত লক্ষ্যত উপনীত হোৱাত সফল হ’ব লাগিব। কোনো প্ৰচেষ্টাৰ সফলতাত জনতাৰ-অংশীদাৰিত্ব অৰ্থাৎ সাধাৰণ লোকৰ সক্রিয় অংশগ্রহণত গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰী শ্রীনৰেন্দ্র মোদীয়ে। তেওঁ কয় যে স্বাধীনতাৰ পূৰ্বে অসামৰিক সেৱাৰ কাম আছিল ব্রিটিছ চৰকাৰক সর্বতোপ্ৰকাৰে ৰক্ষা কৰা। কিন্তু বৰ্তমান অসামৰিক সেৱাৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে সাধাৰণ মানুহৰ কল্যাণ সাধন আৰু সমৃদ্ধিশালী কৰা। তেওঁ কয় যে অসামৰিক সেৱাৰ বিষয়াসকলে যদি এই লক্ষ্য আৰু উদ্দেশ্যক অনুসৰণ কৰি চলে, তেতিয়াহ’লে প্রশাসনিক মুৰব্বী আৰু জনসাধাৰণৰ মাজৰ ব্যৱধান হ্ৰাস কৰিব পৰা যাব। কামৰ প্রতি অৱহেলা আৰু একত্ৰিতভাবে কাম কৰাৰ ক্ষেত্রত অনীহাৰ ভাব মিচৌৰিৰ এই প্রাথমিক প্রশিক্ষণৰ সময়তে দূৰ কৰাটো সম্ভৱ। ফাউণ্ডেচন পাঠ্যক্ৰমৰ সময়ত প্রশিক্ষণপ্ৰাপ্ত বিষয়াসকলে প্রশাসনিক কামৰ খুঁটি-নাটিসমূহৰ সম্পর্কে ভালকৈ জানিবলৈ সক্ষম হৈছে বুলি ধাৰণা কৰিছে প্রধানমন্ত্রীয়ে। তেওঁ তেওঁলোকক দলগতভাবে কাম কৰা আৰু নেতৃত্ব দিয়া–এই দুটা বিষয়ক ভালকৈ জ্ঞান আহৰণ কৰি তেওঁলোকৰ কর্মজীৱনত সেইবোৰ প্রয়োগ কৰাৰ পৰামর্শ দিয়ে। প্ৰধানমন্ত্ৰীয়ে কয় যে সামাজিক আন্দোলনে গণতান্ত্রিক পৰিৱর্তন সম্ভৱ কৰি তুলিব পাৰে। এই ক্ষেত্রত অসামৰিক সেৱাৰ এক গুৰুত্বপূর্ণ অনুঘটকৰ ভূমিকা আছে। আগতে এক সাংস্কৃতিক অনুষ্ঠানত প্ৰশিক্ষণপ্ৰাপ্ত বিষয়াসকলৰ ‘বৈষ্ণৱ জন’ ভক্তি সংগীত পৰিৱেশনৰ কথা উল্লেখ কৰি তেওঁ কয় যে বিষয়াসকলে গানৰ অন্তর্নিহিত ভাৱৰ মৰ্মাৰ্থ অনুভৱ তথা উপলব্ধি কৰা উচিৎ। প্ৰধানমন্ত্ৰীয়ে চৰকাৰী বিষয়াসকলৰ এই ভাৱেৰে ‘বৈষ্ণৱ জন’ হৈ উঠাৰ পৰামর্শ আগবঢ়ায়। প্রধানমন্ত্রীয়ে কয় যে চৰকাৰী বিষয়াসকলৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে তেওঁলোক ব্যক্তি হিচাবে নিজৰ বাবে নহয়, চৰকাৰী কাম-কাজক সকলোৰে সন্মুখত তুলি ধৰিবলৈ সংকল্পৱদ্ধ। তেওঁ অশোক চক্রৰ চতুর্থ সিংহৰ সৈতে চৰকাৰী বিষয়াসকলক তুলনা কৰে। তেওঁ কয় যে এই সিংহটো অদৃশ্য বা অন্তৰ্নিহিত হৈ থাকি যায়, কিন্তু তথাপিতো আমি তাৰ উপস্থিতি সদায় অনুভৱ কৰো। প্রধানমন্ত্রীয়ে কয় যে ভ্রমণ হৈছে এক বিশেষ ভাৰতীয় ঐতিহ্য। কাৰণ ইয়াৰ জৰিয়তে জনসাধাৰণৰ সৈতে মত বিনিময় কৰাৰ সুবিধা পোৱা যায়, যিটো নিঃসন্দেহে এক বিশেষ শিক্ষণীয় অভিজ্ঞতা। বিভিন্ন পদত নিয়োগৰ পাছত কাৰ্যালয়ৰ বাহিৰলৈ গৈও চৰকাৰী ভ্ৰমণকালত অভিজ্ঞতা সঞ্চয়ৰ বাবে প্ৰশিক্ষণপ্ৰাপ্ত বিষয়াসকলক তেওঁ পৰামর্শ আগবঢ়ায়। প্রধানমন্ত্রীয়ে কয় যে প্রশিক্ষাণপ্ৰাপ্ত বিষয়াসকলে তেওঁলোকৰ কর্মজীৱন গঢ়ি তুলিবলৈ বিশেষভাবে সজাগ আৰু সচেতন। সেইবাবেই চাকৰিৰ পৰীক্ষাত সাফল্য হোৱাৰ বাবে উত্তীর্ণ হৈ তেওঁলোকে এই একাডেমিীত আজি উপস্থিত হৈছে। দেশবাসীকে সেৱা কৰাৰ বাবে তেওঁলোকে বৰ্তমান ব্রত পালনৰ মানসিকতা গঢ়ি তুলিব লাগিব। ভৱিষ্যতে তেওঁলোক যেতিয়া কাৰ্যালয়ৰ বাহিৰলৈ গৈ বাস্তৱত ভৰি দি কাম কৰাৰ সুযোগ পাব, তেতিয়াই জীৱনৰ লক্ষ্য আৰু উদ্দেশ্যক তেওঁলোকে উপলব্ধি কৰিব পাৰিব। প্ৰধানমন্ত্ৰীয়ে পুৱাই একাডেমীৰ লনত প্ৰশিক্ষণপ্ৰাপ্ত বিষয়াসকলৰ সৈতে যোগচর্চা কৰে। একাডেমীৰ এটি নতুন হোষ্টেল ভৱনৰ আধাৰশিলা উপলক্ষে এক নাম ফলকো উন্মোচন কৰে প্ৰধানমন্ত্ৰীয়ে। তদুপৰি, শৰীৰচর্চাৰ বাবে ২০০ মিটাৰ দীঘল এক ছিন্থেটিক পথ নিৰ্মাণ প্রকল্পৰো শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰীয়্ একাডেমীৰ বালৱাড়ী কেন্দ্রও পৰিদৰ্শন কৰাৰ লগতে তাৰ শিশুসকলৰ সৈতেও বাৰ্তালাপ কৰে। তেওঁ লগতে একাডেমীৰ জিমনেছিয়াম আৰু অন্যান্য সা-সুবিধাবোৰো পৰিদৰ্শন কৰে।
মিচৌৰিৰ লাল বাহাদুৰ শাস্ত্রী নেচনেল একাডেমীত ৯২তম ফাউণ্ডেচন পাঠ্যক্ৰমৰ প্ৰশিক্ষণপ্ৰাপ্ত বিষয়াক সম্বোধি প্ৰধানমন্ত্ৰীৰ ভাষণ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%A7%E0%A7%8D%E0%A6%AF-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A6%A4-%E0%A6%B8%E0%A6%82%E0%A6%98%E0%A6%9F%E0%A6%BF%E0%A6%A4-%E0%A6%AC%E0%A6%BE%E0%A6%9B-%E0%A6%A6/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%A7%E0%A7%8D%E0%A6%AF-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A6%A4-%E0%A6%B8%E0%A6%82%E0%A6%98%E0%A6%9F%E0%A6%BF%E0%A6%A4-%E0%A6%AC%E0%A6%BE%E0%A6%9B-%E0%A6%A6/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্য প্ৰদেশৰ ধাৰত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এইদৰে টুইট কৰে; “মধ্য প্ৰদেশৰ ধাৰত সংঘটিত বাছ দুৰ্ঘটনাটো দুখজনক। মই প্ৰিয়জনক হেৰুৱাবলগীয়া হোৱাসকলৰ প্ৰতি সমবেদনা জনালো। উদ্ধাৰ অভিযান অব্যাহত আছে আৰু দুৰ্ঘটনাটোত পতিত হোৱাসকলক স্থানীয় কৰ্তৃপক্ষসমূহে সম্ভৱপৰ সকলোধৰণৰ সহায় আগবঢ়াইছেঃ প্ৰধানমন্ত্ৰী।”
মধ্য প্ৰদেশত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%B0-%E0%A6%B8%E0%A6%AE%E0%A7%83%E0%A6%A6%E0%A7%8D%E0%A6%A7-%E0%A6%B8%E0%A6%BE%E0%A6%82%E0%A6%97%E0%A6%BF%E0%A6%A4%E0%A7%80%E0%A6%95-%E0%A6%AA%E0%A7%B0/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%B0-%E0%A6%B8%E0%A6%AE%E0%A7%83%E0%A6%A6%E0%A7%8D%E0%A6%A7-%E0%A6%B8%E0%A6%BE%E0%A6%82%E0%A6%97%E0%A6%BF%E0%A6%A4%E0%A7%80%E0%A6%95-%E0%A6%AA%E0%A7%B0/
ভাৰতৰ সমৃদ্ধ সাংগিতীক পৰম্পৰাৰ সংৰক্ষণ আৰু উদযাপনৰ প্ৰয়াসক প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। শ্ৰী মোদীয়ে কয় যে ই আমাৰ যুৱ-প্ৰজন্মৰ সৈতে সংস্কৃতিৰ সম্পৰ্কক প্ৰগাঢ় কৰিব। কলা ৰামনাথৰ এক টুইটৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়; “ভাৰতৰ সমৃদ্ধ সাংগিতীক পৰম্পৰাৰ সংৰক্ষণ আৰু উদযাপনৰ প্ৰতি থকা আগ্ৰহ আৰু উতসৰ্গাকে প্ৰতীয়মান কৰা ব্যতিক্ৰমী প্ৰয়াস। মই নিশ্চিত যে ই আমাৰ যুৱ-প্ৰজন্মৰ সৈতে সংস্কৃতিৰ সম্পৰ্কক প্ৰগাঢ় কৰি তুলিব”।
ভাৰতৰ সমৃদ্ধ সাংগিতীক পৰম্পৰাৰ সংৰক্ষণ আৰু উদযাপনৰ প্ৰয়াসক প্ৰশংসা প্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%97%E0%A7%8B%E0%A7%B0%E0%A6%96%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A6%A4-%E0%A6%AA/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%97%E0%A7%8B%E0%A7%B0%E0%A6%96%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A6%A4-%E0%A6%AA/
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি উত্তৰপ্রদেশৰ গোৰখপুৰত ‘প্রধানমন্ত্রী কিষাণ সন্মান নিধি’ (পিএম-কিষাণ) আঁচনিৰ শুভাৰম্ভ কৰে। এই আঁচনিৰ শুভাৰম্ভণিৰ লগে লগে একাংশ হিতাধিকাৰী কৃষকৰ বেংক একাউণ্টত প্রথম কিস্তিৰ ২,০০০ টকাকৈ হস্তান্তৰ কৰা হ’ব৷ প্রধানমন্ত্রী কিষাণ সন্মান নিধি আঁচনিখন শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীয়ে কৃষকসকলক অভিনন্দন জনায়। দুগ্ধপাম আৰু মীনপালনৰ সৈতে জড়িত পৰিয়ালসমূহকো অভিনন্দন জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে এতিয়াৰে পৰা তেওঁলোকেও কিষাণ ক্রেডিট কার্ডৰ সুবিধা লাভ কৰিব। এই উপলক্ষে সমবেত ৰাইজক উদ্দেশ্যি আগবঢ়োৱা ভাষণত প্রধানমন্ত্রীয়ে কয় যে আজিৰ দিনটো ইতিহাসৰ পাতত সদায়ে স্মৰণীয় হৈ থাকিব, কাৰণ স্বাধীনতাৰ পাছত আজি প্রথমবাৰলৈ কৃষক সমাজৰ কল্যাণৰ স্বাৰ্থত সর্ববৃহৎ আঁচনি শুভাৰম্ভ কৰা হৈছে৷ কৃষকসকলক সক্ষম কৰি তোলাৰ লগতে তেওঁলোকক সবলীকৰণ কৰাৰ ক্ষেত্ৰত তেওঁৰ চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা দোঁহাৰি প্রধানমন্ত্রীয়ে কয় যে ২০২২ চনৰ ভিতৰত কৃষকৰ আয় দুগুণ কৰিবলৈ চৰকাৰে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিছে। ‘পিএম-কিষাণ’ আঁচনিৰ অধীনত প্রায় ১২ কোটি কৃষক লাভবান হ’ব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই আঁচনিৰ জৰিয়তে প্রতি বছৰে কৃষকসকলৰ একাউণ্ট ৭৫,০০০ কোটি টকা হস্তান্তৰ কৰা হ’ব৷ তেওঁ ৰাজ্য চৰকাৰসমূহক হিতাধিকাৰী কৃষকসকলৰ নামৰ তালিকা অতি শীঘ্ৰে কেন্দ্রীয় চৰকাৰৰ ওচৰলৈ প্ৰেৰণৰ আহ্বান জনায়। আঁচনিৰ সা-সুবিধা নিৰ্দিষ্ট সময়ত কৃষকসকলৰ ওচৰত পোৱাবৰ বাবেই এই প্ৰচেষ্টা হাতত লোৱা বুলি তেওঁ সদৰি কৰে৷ প্রধানমন্ত্রীয়ে কয় যে পূৰ্বৰ চৰকাৰসমূহে নির্দিষ্ট ম্যাদৰ ঋণ ৰেহাইৰ কথা ঘোষণা কৰি থাকিলেও কৃষকসকলে দীর্ঘদিনে সেই সুবিধা লাভত ব্যর্থ হৈছে। ‘পিএম-কিষাণ’ আঁচনিয়ে তেওঁলোকৰ আর্থিক বোজা লাঘৱ কৰাৰ উপৰি গ্রামীণ অর্থনীতিতো ব্যাপক বিনিয়োগৰ পথো প্রশস্ত কৰিব। ‘পিএম-কিষাণ’ আঁচনিৰ সা-সুবিধা পোনপটীয়াকৈ হস্তান্তৰ কৰা হ’ব। ইয়াৰ ফলত আর্থিক সাহাৰ্যৰ সকলো ধনেই পোনপটীয়াকৈ হিতাধিকাৰীয়ে লাভ কৰিব। প্রধানমন্ত্রীয়ে লগতে উল্লেখ কৰে যে দীর্ঘদিন ধৰি বিকল হৈ পৰি থকা কৃষিখণ্ডৰ জলসিঞ্চন প্রকল্পসমূহৰ কামো দ্রুতগতিত সম্পূৰ্ণ কৰিবলৈ চৰকাৰে প্রায় ১ লাখ কোটি টকা ধাৰ্য কৰিছে। ইয়াৰ ফলত দেশৰ বিভিন্ন স্থানৰ কৃষকসকলে স্থায়ীভাৱে লাভবান হ’ব। কৃষক শ্রেণীৰ কল্যাণত ১৭ কোটি ভূমি স্বাস্থ্য কার্ড, নিমৰ প্ৰলেপযুক্ত ইউৰিয়া, উৎপাদন ব্যয়ৰ ৫০ শতাংশ বা তাতকৈ অধিক হাৰত ২২বিধ শস্যৰ ন্যূনতম সমৰ্থন মূল্য ঘোষণা, প্রধানমন্ত্রী ফচল বীমা যোজনা আৰু অনলাইন ৰাষ্ট্ৰীয় কৃষি বজাৰ ব্যৱস্থা আৰম্ভ কৰা হৈছে বুলিও তেওঁ সদৰি কৰে৷ কিষাণ ক্রেডিট কার্ডৰ জৰিয়তে কৃষকসকলে এতিয়াৰে পৰা ১.৬০ লাখ টকালৈকে ঋণ সাহাৰ্য লাভ কৰিবলৈ সক্ষম হ’ব বুলি সদৰি কৰি প্রধানমন্ত্রীয়ে কৃষক সমাজৰ স্বার্থত গ্ৰহণ কৰা অন্যান্য কল্যাণমূলক আঁচনিসমূহৰ কথাও উল্লেখ কৰে। প্রধানমন্ত্রীয়ে কয় যে সমগ্র পূব উত্তৰপ্রদেশ এতিয়া দ্রুত পৰিৱর্তনৰ দিশে গতি কৰিছে। এই পৰিৱর্তনৰ ভিতৰত উদ্যোগ, যোগাযোগ ব্যৱস্থা আৰু স্বাস্থ্যখণ্ডৰ সৰ্বাংগীন উন্নয়নৰ বিষয়সমূহো স্পষ্টভাৱে প্রতিফলিত হৈছে। প্রধানমন্ত্রীয়ে কয় যে গোৰখপুৰ আৰু পূব উত্তৰপ্রদেশৰ বাবে আজি প্রায় ১০ হাজাৰ কোটি টকা মূল্যৰ যিবোৰ আঁচনি উদ্বোধন বা আধাৰশিলা স্থাপন কৰা হৈছে, সেইবোৰে সংশ্লিষ্ট অঞ্চলৰ সাধাৰণ জনতাৰ জীৱনযাপনৰ মান উন্নয়নত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব৷ প্রধানমন্ত্রী আবাস যোজনা, উজ্জ্বলা যোজনা, আয়ুষ্মান ভাৰতকে ধৰি বিভিন্ন কল্যাণমূলক আঁচনিয়ে ‘সবকা সাথ, সবকা বিকাশ’ৰ মানসিকতাৰ প্রতীকি বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে৷
উত্তৰপ্ৰদেশৰ গোৰখপুৰত ‘পিএম-কিষাণ’ আঁচনিৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%A8%E0%A6%97%E0%A7%B0%E0%A7%B0-%E0%A6%95%E0%A6%BF%E0%A6%B7%E0%A6%A3%E0%A6%97%E0%A6%82%E0%A6%97%E0%A6%BE-%E0%A6%9C%E0%A6%B2%E0%A6%AC%E0%A6%BF%E0%A6%A6%E0%A7%8D/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%A8%E0%A6%97%E0%A7%B0%E0%A7%B0-%E0%A6%95%E0%A6%BF%E0%A6%B7%E0%A6%A3%E0%A6%97%E0%A6%82%E0%A6%97%E0%A6%BE-%E0%A6%9C%E0%A6%B2%E0%A6%AC%E0%A6%BF%E0%A6%A6%E0%A7%8D/
জম্মু আৰু কাশ্মীৰৰ ৰাজ্যপাল শ্ৰীমান এম.এন. ভোহৰাজী, মুখ্যমন্ত্ৰী মেহবুবা মুফটিজী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সতীৰ্থ শ্ৰীমান নীতিন গাডকাৰীজী, জিতেন্দ্ৰ সিংজী, আৰ.কে. সিংজী, জম্মু আৰু কাশ্মীৰৰ উপ-মুখ্যমন্ত্ৰী শ্ৰীমান কবীন্দ্ৰ গুপ্তাজী, শক্তিমন্ত্ৰী শ্ৰীসুনীল কুমাৰ শৰ্মাজী, বিধানসভাৰ উপাধ্যক্ষ নজীৰ আহমদ খানজী, সাংসদ আৰু দেশৰ জ্যেষ্ঠ নেতা সন্মানীয় ড০ ফাৰুক আব্দুল্লাজী, সাংসদ শ্ৰীমান মুজ্জফৰ হুছেইন বেইগ জী, ইয়াত উপস্থিত হোৱা সন্মানীয় নেতৃবৃন্দ তথা ৰাজ্যখনৰ মোৰ প্ৰিয় ভাই-ভনীসকল। আকৌ এবাৰ জম্মু আৰু কাশ্মীৰলৈ আহি আপোনালোকক লগ পোৱাৰ সৌভাগ্য হল। বিগত চাৰিটা বছৰত এনেকুৱা এটা বছৰ নাই যিটো বছৰত মই ইয়ালৈ অহা নাছিলো। শ্ৰীনগৰত হোৱা বানৰ পিছত উদযাপিত দেৱালী উত্সৱ মই উদযাপন কৰিছিলো বানপীড়িতসকলৰ লগত। তদুপৰি সীমান্তত নিয়োজিত হৈ থকা জোৱানসকলৰ লগত দিপাৱলী উদযাপনৰো সৌভাগ্য মোৰ হৈছে আৰু পৱিত্ৰ ৰমজান মাহৰ এই শুভ দিনটোত মই আজি আপোনালোকৰ মাজত উপস্থিত হৈছোহি। এইটো মাহটোৱে দেৱদূত মহম্মদ চাহেব আৰু তেওঁৰ বাণীসমূহৰ কথা স্মৰণ কৰাৰ সুযোগ দান কৰে। তেওঁ জীৱনাদৰ্শই সমতা আৰু ভাতৃত্ববোধৰে দেশ তথা সমগ্ৰ পৃথিৱী আক্ষৰিক অৰ্থতে আগবাঢ়ি যোৱাৰ প্ৰেৰণা দি আহিছে। পৱিত্ৰ এই ৰমজান মাহতে আমাৰ এটা ডাঙৰ সপোন সাৰ্থক হোৱা কথাটোক এটা আনন্দদায়ক কাকতালীয় সংঘটন বুলিয়ে উল্লেখ কৰিব খুজিছো। আজি কিষাণগংগা জলবিদ্যুত্ প্ৰকল্পক ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰাৰ সুন্দৰ সুযোগ মই গ্ৰহণ কৰিছো। বিগত সময়চোৱাত সন্মুখীন হোৱা বিভিন্ন বাধা-বিঘিনী নেওচি অৱশেষত লাভ কৰা সাফল্যৰ ভেটিত সাজু হৈ উঠা এই প্ৰকল্পই জম্মু আৰু কাশ্মীৰৰ প্ৰগতিৰ ক্ষেত্ৰত এক নতুন মাত্ৰা সংযোজিত কৰিব। এই প্ৰকল্পই ৰাজ্যখনত বিদ্যুতৰ বিনামূলীয়া যোগান নিশ্চিত কৰিব। সম্প্ৰতি ৰাজ্যখনৰ বিদ্যুত চাহিদাৰ এটা বৃহত্ অংশ দেশৰ অন্য প্ৰান্তৰ পৰা সংগ্ৰহ কৰা বিদ্যুতৰে সম্পূৰ্ণ কৰা হয়। ৩৩০ মেগাৱাট বিদ্যুত্ উত্পাদনেৰে আৰম্ভ হোৱা প্ৰকল্পটোৱে ৰাজ্যখনৰ বিদ্যুত্ সংকট বহু পৰিমাণে প্ৰশমিত কৰিব। ভাই-ভনীয়সকল, প্ৰকল্পটো দেশৰ উদ্ভাসিত অভিযান্ত্ৰিক দক্ষতা উত্কৃষ্ট নিদৰ্শন হিচাপেও চিহ্নিত হৈছে। বহুসংখ্যক লোকৰ কঠোৰ পৰিশ্ৰম জড়িত হৈ আছে প্ৰকল্পটোৰ সাফল্যৰ সৈতে। পৰ্বত কাটি নিৰ্মাণ কৰা এটা নলাৰে কিষাণগংগা নৈৰ পানী বান্দিপাৰা অঞ্চলৰ বনাৰ নলাৰে প্ৰৱাহিত কৰি প্ৰকল্পৰ কাম চলোৱা হৈছে। প্ৰকল্পটোৰে জড়িত প্ৰতিগৰাকী শ্ৰমিক, প্ৰতিগৰাকী অভিযন্তা, প্ৰতিগৰাকী কৰ্মচাৰী প্ৰকৃতাৰ্থতে প্ৰশংসাৰ গৰাকী। আপোনালোকৰ সাহসৰ বাবেহে প্ৰকল্পটো আজি সম্পূৰ্ণ হৈ উঠিছে। শ্ৰীনগৰৰ বাবে এটা ৰিং ৰোডৰ শিলান্যাস কৰাৰ বাবেও আজি মই এই মঞ্চখন ব্যৱহাৰ কৰাৰ সুযোগ পাইছো। ১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথটো নিৰ্মাণ কৰি উলিয়াবলৈ ৫০০ কোটিৰো অধিক টকাৰ প্ৰয়োজন হব। শ্ৰীনগৰ মহানগৰীৰ ভিতৰুৱা পথটোৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। পথটোৱে আপোনালোকক বাৰুকৈয়ে সকাহ দিব। সেইদৰে ৰাজ্যখনৰ তিনিওটা গুৰুত্বপূৰ্ণ এলেকা – কাশ্মীৰ, জম্মু আৰু লাডাখৰ দ্ৰুত বিকাশো জম্মু আৰু কাশ্মীৰৰ জনসাধাৰণৰ জীৱনধাৰা সলনি কৰাৰ বাবে গুৰুত্বপূৰ্ণ। এই কথা লক্ষ্য ৰাখিয়েই ৮০,০০০ কোটি টকাৰ এক পুঁজিৰে ইতিমধ্যে অনুমোদন জনোৱা হৈছে। অতি কম সময়ৰ ভিতৰতে ৬৩,০০০ কোটি টকীয়া এলানি প্ৰকল্পলৈ পুঁজি আবণ্টন দিয়াৰ লগতে ২০,০০০ কোটি টকা ইতিমধ্যে ব্যয় কৰিব পাৰি মই আক্ষৰিক অৰ্থতে আনন্দ লাভ কৰিছো। এই পুঁজিৰ ধনৰে জম্মু-কাশ্মীৰত এখন আই.আই.টি. আৰু এখন আই.আই.এম. স্থাপনৰ কাম অব্যাহত ৰখাৰ লগতে ৰাজ্যখনৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহৰ লগতে জিলা চিকিত্সালয়সমূহকো আধুনিকীকৰণৰ ব্যৱস্থা কৰা হৈছে। নতুন ৰাষ্ট্ৰীয় ঘাইপথ, সকলো ঋতুৰ উপযোগী বাট-পথ, নতুন সুৰংগ, শক্তিৰ সংপ্ৰেৰণ আৰু বিতৰণ ব্যৱস্থাৰ উন্নীতকৰণ, নৈ-হ্ৰদ আদিৰ সংৰক্ষণ-উত্তৰণ, কৃষক কল্যাণ আঁচনি, শীতকালীন ভড়াল, পণ্যাগাৰ আৰু যুৱক-যুৱতীক কৰ্ম-সংস্থাপন দিব পৰা নতুন পদক্ষেপ গ্ৰহণৰ বাবেও এই পুঁজি ব্যৱহাৰ কৰা হৈছে। জম্মু আৰু কাশ্মীৰৰ জনসাধাৰণে আশা কৰাৰ দৰে ২১ শতিকাৰ উপযোগীকৈ ৰাজ্যখনক গঢ়ি তোলাৰ বিষয়টোক গুৰুত্ব প্ৰদান কৰি কামত আগবঢ়া হৈছে। বন্ধুসকল, মই যেতিয়াই পৰ্বত দৰ্শন কৰো তেতিয়াই মোৰ এটা ফকৰা-যোজনালৈ মনত পৰে। আগৰ কালত প্ৰায়েই কোৱা হৈছিল পাহাৰীয়া অঞ্চলৰ যুৱক-যুৱতী আৰু পানীৰ কেতিয়াও সদ্ব্যৱহাৰ নহয়। আধুনিক প্ৰযুক্তিৰ বাহুল্য নথকা সেইবোৰ কালত প্ৰকৃতিৰ ওচৰত মানুহৰ শক্তি তেনেই নিঃচিহ্ন যেন অনুভৱ হৈছিল বাবেই চাগৈ এনে ফকৰা-যোজনাৰ প্ৰচলন হৈছিল। সম্প্ৰতি সময়ৰ পৰিৱৰ্তন হৈছে। আপোনালোকৰ সহযোগত আমি এই ফকৰা-যোজনাক নতুনকৈ লিখিবলৈ সাজু হৈছো। জম্মু আৰু কাশ্মীৰ যুৱ শক্তি আৰু পানী উভয়েই এই অঞ্চলৰ উপকাৰৰ বাবে ব্যৱহৃত হব। জম্মু আৰু কাশ্মীৰৰ বহুসংখ্যক নদীয়েই জল বিদ্যুত্ উত্পাদনৰ বিপুল সম্ভাষণ কঢ়িয়াই আহিছে। অঞ্চলটোৰ শক্তি উত্পাদন সম্ভাৱনীয়তাই নিজৰ বাবে কেৱল নহয় বৰং দেশৰ আন অংশৰ বাবে বিদ্যুতৰ যোগান নিশ্চিত কৰা সামৰ্থ্য দাঙি ধৰিছে। এই কথা হৃদয়ংগম কৰিয়েই বিগত চাৰিটা বছৰত আমি বহুসংখ্যক প্ৰকল্পৰ কাম আগবঢ়াই দিছো। এই অভিযানৰ অংশ হিচাপে অচিৰেই কিষ্টোৱাৰত এটা ৮০০০ কোটি টকা ব্যয় সাপেক্ষ জলবিদ্যুত প্ৰকল্পৰ কাম আৰম্ভ কৰা হব। জম্মু আৰু কাশ্মীৰৰ প্ৰতিটো পৰিয়াললৈ নিৰৱচ্ছিন্নভাৱে বিদ্যুত্ শক্তিৰ যোগান নিশ্চিত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। স্মাৰ্ট গ্ৰীড আৰু স্মাৰ্ট মিটাৰৰ দৰে আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰত মনোনিবেশ কৰা হৈছে। ষ্ট্ৰীট লাইটৰ আধুনিকীকৰণৰ দিহা কৰা হৈছে। জম্মু আৰু কাশ্মীৰৰ গাঁও আৰু চহৰসমূহত বিদ্যুত্ সংপ্ৰেৰণ আৰু বিতৰণ ব্যৱস্থাৰ উত্তৰণৰ বাবে ৪০০০ কোটিৰো অধিক টকা ব্যয় কৰা হৈছে। বন্ধুসকল, গাঁও কিম্বা পৰিয়ালসমূহলৈ বিদ্যুতৰ যোগান নিশ্চিত কৰিয়েই আমি কৰ্তব্য শেষ কৰিব খোজা নাই, বৰং ইতিমধ্যে বিদ্যুতৰ সংযোগ লাভ কৰাসকলৰ বিদ্যুত মাচুলৰ বোজা হ্ৰাস কৰাৰ বাবেও প্ৰচেষ্টা হাতত লৈছো। উজ্জ্বলা আঁচনিৰ অধীনত জম্মু আৰু কাশ্মীৰত ইতিমধ্যে ৭৮ লাখৰো অধিক এলইডি বাল্ব বিতৰণ কৰা হৈছে। এই মুহূৰ্তত ৰাজ্যখনৰ প্ৰতিটো পৰিয়াললৈ বিদ্যুতৰ সংযোগ প্ৰদান কৰাৰ বাবে ৰাজ্য চৰকাৰে প্ৰয়াস অব্যাহত ৰাখিছে। এই পৰ্যন্ত বিদ্যুতৰ সংযোগ নথকা পৰিয়ালসমূহলৈ বিদ্যুতৰ যোগান নিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰে সৌভাগ্য আঁচনিৰ অধীনত অভিযান চলাই গৈছে। বন্ধুসকল, জম্মু আৰু কাশ্মীৰৰ বিকাশ সম্ভৱ কৰিব পৰা আটাইতকৈ বৃহত্ সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰটো হৈছে পৰ্যটন। বিগত দশকসমূহত আমি এই কথা নিৰীক্ষণ কৰি আহিছো যে ন্যূনতম বিনিয়োগেৰে সৰ্বাধিক নিয়োগ সম্ভাৱনাৰ সৃষ্টি কৰিব পৰা ক্ষেত্ৰটোৱেই হৈছে পৰ্যটন। সেই অৰ্থত পৰ্যটনক জম্মু আৰু কাশ্মীৰৰ সৌভাগ্য চক্ৰ বুলি অভিহিত কৰিব পাৰি। পিচে, পুৰণি পদ্ধতিৰেই এই উদ্যোগে প্ৰগতি লাভ কৰিব বুলি আশা কৰিব নোৱাৰি। আধুনিক কালৰ পৰ্যটকসকলে অত্যাধুনিক সা-সুবিধা বিচাৰে। তেওঁলোকে এঠাইৰ পৰা আন এঠাইলৈ যাবলৈ দীঘলীয়া সময় অপেক্ষা কৰিব নোখোজে, ঠেক পথত আৱদ্ধ হৈ থাকিবলৈও তেওঁলোক ৰাজী নহয়। তেওঁলোকে নিৰৱচ্ছিন্ন বিদ্যুত্ সেৱা নিশ্চিতি বিচাৰে, পৰিস্কাৰ-পৰিচ্ছন্ন পৰিবেশ তথা সুন্দৰ বিমান পৰিবহনৰ দৰে ব্যৱস্থাৰ উপস্থিতি বিচাৰে। আধুনিক সময়ত পৰ্যটকৰ বাবে উপযোগী সকলো সেৱাৰে সমৃদ্ধ এক প্ৰেক্ষাপট গঢ়ি তোলাৰ বাবে আমাৰ চৰকাৰে এলানি প্ৰকল্প ৰূপায়ণৰ পদক্ষেপ গ্ৰহণ কৰিছে। শক্তিশালী ৰূপত গঢ়ি উঠিব খোজা এই প্ৰেক্ষাপটে জম্মু আৰু কাশ্মীৰলৈ আৰু অধিক পৰ্যটকক আকৰ্ষিত কৰিব। কেৱল সেয়াই নহয়, জম্মু আৰু কাশ্মীৰৰ যুৱক-যুৱতীসকললৈ নতুন নতুন নিয়োগ সম্ভাৱনা সৃষ্টি কৰাৰ লগতে তেওঁলোকৰ আয় বৃদ্ধিতো অৰিহণা যোগাব। বন্ধুসকল, পৃথিৱীত এনে বহু অঞ্চল আছে, যিবোৰ অঞ্চলৰ অৰ্থনীতি সামগ্ৰিকভাৱে কেৱল পৰ্যটনৰ ওপৰতে নিৰ্ভৰশীল। জম্মু আৰু কাশ্মীৰৰ এনে সামৰ্থ্য আছে, যিয়ে অকলেই সমগ্ৰ দেশৰে অৰ্থনৈতিক প্ৰগতিৰ হাৰ বৃদ্ধি কৰিব পাৰে। মই যদি কেৱল পৰ্যটন ক্ষেত্ৰৰে কবলৈ যাও তেন্তে ৰাজ্যখনত এই পৰ্যন্ত ২০০০ কোটি টকাৰ বিনিয়োগেৰে ১২খন উন্নয়ন প্ৰাধিকৰণ, তিনিটা পৰ্যটন শৃংখল আৰু ৫০খন পৰ্যটক গাঁও নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰা হৈছে। যি কি নহওক, মই ইতিমধ্যে উল্লেখ কৰাৰ দৰে এই কথা কবই লাগিব যে পৰ্যটন ক্ষেত্ৰৰ উত্তৰণৰ সামগ্ৰিক প্ৰেক্ষাপটটোৰ উত্তৰণত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিবই লাগিব। এক আদৰ্শ প্ৰেক্ষাপট গঢ়ি তোলাৰ বাবে পথ-ঘাটৰ সূচল সংযোগ নিতান্তই গুৰুত্বপূৰ্ণ। এনে কাৰণতে জম্মু আৰু কাশ্মীৰৰ পথ যোগাযোগ ব্যৱস্থাৰ উত্তৰণ উন্নয়নৰ বাবে বিশাল আয়োজন কৰা হৈছে। ৰাজ্যখনলৈ আবণ্টন দিয়া পুঁজিৰ আধাতকৈও অধিক ধনৰাশি পথ যোগাযোগ শিতানতে ব্যয় কৰা হৈছে। জম্মু আৰু কাশ্মীৰত ৰাষ্ট্ৰীয় ঘাইপথৰ এক নেটৱৰ্ক স্থাপন কৰা হৈছে। ইয়ালৈ অহাৰ আগতে দেশৰ দীৰ্ঘতম সুংৰগ পথ ৰাজিলা সুৰংগৰ পথচোৱা আনুষ্ঠানিকভাৱে উদ্বোধন কৰি আহিছো। অনাগত দিনত এই চোৱা সুৰংগ পথে জম্মু আৰু কাশ্মীৰৰ ইতিহাসত বিকাশৰ আন এক অধ্যায় সংযোজিত কৰিব। পথ যোগাযোগ ব্যৱস্থাৰ উন্নয়নে আমাৰ জীৱন কেনেকৈ সলাব পাৰে কল্পনা কৰকচোন। সূচল বাট-পথে পঢ়িবলৈ যোৱা ছাত্ৰ-ছাত্ৰীক, আত্মীয় ঘৰলৈ যোৱা যাত্ৰীক, চিকিত্সাৰ বাবে যোৱা ৰোগীক, অথবা উত্পাদিত ফচল বিক্ৰী কৰিবলৈ যোৱা কৃষক, কিম্বা বয়-বস্তু কিনিবলৈ যোৱা গ্ৰাহকক কিমান সকাহ দিব পাৰে। শ্ৰীনগৰত নিৰ্মাণ হব লগা ৰিং ৰোডেই কওক, অথবা শ্ৰীনগৰ-ছফিয়ান-কাজিগুণ্ড ৰাষ্ট্ৰীয় ঘাইপথ কিম্বা চেংগানি-সুধ মহাদেৱ-গোহা ৰোডেই হওক, এই প্ৰকল্পকেইটাৰ নিৰ্মাণ সম্পূৰ্ণ হলে আপোনালোকৰ সময় ৰাহি হোৱাৰ লগতে সা-সমলৰ অনিষ্ট হোৱাৰ সম্ভাৱনাও হ্ৰাস পাব। তুষাৰপাতৰ সময়ত সংযোগ বিচ্ছিন্ন হোৱা অঞ্চলসমূহকো সংযোজিত কৰাৰ ব্যৱস্থা কৰা হৈছে। এনেবোৰ অঞ্চলৰ মাজত হেলিকপ্তাৰ সেৱা আৰম্ভ কৰা হৈছে। আপোনালোকে চাগৈ জানিব পাৰিছেই যে ৰাজ্য চৰকাৰে জম্মু আৰু কাশ্মীৰক স্মাৰ্ট চিটী হিচাপে গঢ়ি তোলাৰ বাবে আঁচনি ৰূপায়ণত ব্ৰতী হৈছে। মহানগৰী দুখনৰ খোৱাপানী যোগান আৰু পয়ঃপ্ৰণালী ব্যৱস্থা উন্নয়নৰ বাবে ৫৫০ কোটি টকাৰ আঁচনি ৰূপয়ণ কৰা হৈছে। আধুনিক সা-সুবিধা, আধুনিক বাট-পথে কেৱল আপোনালোক দৈনন্দিন জীৱন যাত্ৰাৰ মানকে কেৱল উন্নত নকৰে বৰং জম্মু আৰু কাশ্মীৰৰ সৌন্দৰ্য বৰ্দ্ধনতো অৱদান আগবঢ়াব। ভাই-ভনীসকল, আমি যেতিয়া গাঁও আৰু নগৰসমূহক স্মাৰ্ট কৰাৰ কথা কওঁ, তেতিয়া পৰিস্কাৰ-পৰিচ্ছন্নতাৰ প্ৰসংগই স্বাভাৱিকতেই আগস্থান দখল কৰেহি। মই আজি গৌৰৱ কৰি কব পাৰো যে এই ক্ষেত্ৰত জম্মু আৰু কাশ্মীৰৰ জনসাধাৰণে তেওঁলোকৰ সামৰ্থ্যৰ সকলোখিনি উজাৰি দিয়াৰ প্ৰয়াস কৰিছে। ছচিয়েল মিডিয়াত মই অলপতে এগৰাকী কাশ্মীৰী ছোৱালীৰ ভিডিঅ’ দেখিছিলো। জন্নত নামৰ ৫ বছৰীয়া ছোৱালীজনী ব্যস্ত আছি ডাল লেক পৰিস্কাৰ কৰাত। যেতিয়া দেশৰ ভৱিষ্যত প্ৰজন্মই বিষয়টো এনে এক পৱিত্ৰতাৰে আৰু সততাৰে গ্ৰহণ কৰে তেতিয়া মই আক্ষৰিক অৰ্থতে আহ্লাদিত হওঁ। বন্ধুসকল আমাৰ সমাজৰ বহুসংখ্যক ব্যক্তিয়েই নিজ নিজ পৰ্যায়ত বহুবোৰে মহত্ কাৰ্য সম্পাদিত কৰি আছে। ভাই-ভনীসকল, প্ৰলয়ংকাৰী বানে সৃষ্টি কৰা ধ্বংসলীলাই আপোনালোকক জীৱন সৰ্বস্বান্ত কৰি আহিছে বুলি মই জানো। এনে ক্ষয়-ক্ষতিৰ পৰা সকাহ দানৰ বাবে আমি বিভিন্ন স্থানত সৰ্বতোপ্ৰকাৰে প্ৰয়াস অব্যাহত ৰাখিছো। আৰু সেয়া নিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰলৈ নিয়মীয়াভাৱে সহায়ৰ হাত আগবঢ়াই অহা হৈছে। বন্ধুসকল, সাম্প্ৰতিক সময়ত জম্মু আৰু কাশ্মীৰৰ যুৱক-যুৱতীসকল দেশৰ অন্য প্ৰান্তত যুৱ প্ৰজন্মৰ বাবে ৰোল মডেল হৈ উঠা পৰিলক্ষিত হৈছে। অসামৰিক সেৱাৰ বিভিন্ন পৰীক্ষাত উত্তীৰ্ণৰ তালিকাত তেতিয়া ৰাজ্যখনৰ যুৱক-যুৱতীৰ নাম দেখিবলৈ পাওঁ, তেওঁলোকৰ যেতিয়া পোনপটীয়াকৈ লগ পাও, মোৰ খুব ভাল লাগে। মোৰ মনত পৰিছে যেতিয়া বান্দিপোৰাৰ এগৰাকী ছোৱালী কিক-বক্সিঙত শ্ৰেষ্ঠ অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল, তেতিয়া সমগ্ৰ দেশবাসীয়েই অভিভূত হৈছিল। তজামূলৰ দৰে প্ৰতিভাক দেশে মৰহি যাবলৈ দিব নোৱাৰে। এনে প্ৰেক্ষাপটতে ৰাজ্যখনৰ ক্ৰীড়া প্ৰতিভাসকলক উন্নত কৰি গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰৰ লগত যুটীয়াভাৱে কেন্দ্ৰীয় চৰকাৰে কাম কৰি আছে। সেইদৰে ৰাজ্যখনত ক্ৰীড়া আন্তঃগাঁথনি নিৰ্মাণৰ বাবেও অহোপুৰুষাৰ্থ কৰি থকা হৈছে। ভাই-ভনীসকল, জম্মু আৰু কাশ্মীৰৰ যুৱক-যুৱতীসকলক উন্নত শৈক্ষিক পৰিবেশ প্ৰদান কৰাৰ লগতে কৰ্ম-সংস্থাপনৰ সুযোগ প্ৰদানৰ বাবে গুৰুত্ব সহকাৰে প্ৰয়াস অব্যাহত ৰখা হৈছে। এই প্ৰসঙ্গত ৰাজ্য চৰকাৰৰ সৈতে জোঁট বান্ধি বহুকেইখন আঁচনি ৰূপায়ণ কৰি থকা হৈছে। হিমায়ত্ শীৰ্ষক আঁচনিখনৰ অধীনত ৰাজ্যখনৰ ১ লাখতকৈও অধিক যুৱক-যুৱতীক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। সেইদৰে প্ৰধানমন্ত্ৰীৰ বিশেষ জলপানি আঁচনিৰ অধীনত ১৬,০০০ ছাত্ৰ-ছাত্ৰী উপকৃত হৈছে। দেশত বিভিন্ন শীৰ্ষস্থানীয় মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত তেওঁলোকে উচ্চ শিক্ষা গ্ৰহণৰ সুযোগ পাইছে। বিভিন্ন কাৰণত আধাতে পঢ়া-শুনা এৰিবলগীয়া হোৱা প্ৰায় ৬০,০০০ ছাত্ৰ-ছাত্ৰীক পুনৰ শিক্ষা গ্ৰহণৰ সুবিধা প্ৰদান কৰা হৈছে। দেশৰ লগতে ৰাজ্যখনৰ সুৰক্ষা আৰু নিৰাপত্তাৰ দৰে প্ৰসংগত নিজকে জড়িত কৰিব পৰাকৈ সাজু হোৱাৰ বাবে ৰাজ্যখনৰ যুৱক-যুৱতীসকলক নতুন সুযোগ প্ৰদানৰো ব্যৱস্থা কৰা হৈছে। জম্মু আৰু কাশ্মীৰ আৰক্ষীক শক্তিৱন্ত কৰিব পৰাকৈ শেহতীয়াভাৱে ভাৰতীয় ৰিজাৰ্ভ ফোৰ্চৰ পাঁচটা বেটেলিয়ন গঠনৰ এক প্ৰস্তাৱ গৃহীত কৰা হৈছে। এই সংক্ৰান্তীয় প্ৰস্তুতিপৰ্ব সম্পূৰ্ণ হৈছে বুলি মোক জানিবলৈ দিছে, এই প্ৰক্ৰিয়া সম্পূৰ্ণ হলে ৰাজ্যখনৰ ৫ হাজাৰ যুৱকে নিৰাপত্তা বাহিনীৰ মকৰলৰ সুযোগ লাভ কৰিব। ভাই-ভনীসকল, এখন নতুন ভাৰত গঢ়াৰ পণ লৈ আজি দেশৰ ১২৫ কোটি জনতাই কামত ব্ৰতী হৈছে। এইখন নতুন ভাৰতত জম্মু আৰু কাশ্মীৰ আটাইতকৈ উজ্জ্বল তাৰকা হব পাৰে। জম্মু আৰু কাশ্মীৰত দেশৰ ভিতৰতে আটাইতকৈ উত্তম শিক্ষা প্ৰতিষ্ঠানখন গঢ়ি নুঠাৰ কোনো কাৰণ থাকিব নোৱাৰে, সৰ্বোত্তম চিকিত্সালয়, উত্তম পথ, অত্যাধুনিক বিমান বন্দৰ এটা গঢ়ি উঠিব নোৱাৰাৰ কথা নাই। সেইদৰে দেশৰ আটাইতকৈ ভাল ডাক্তৰজন, ভাল অভিযন্তাজন, ভাল অধ্যাপক কিম্বা ভাল বিষয়াজনো ৰাজ্যখনৰ পৰা ওলাব নোৱাৰাৰ কিবা কাৰণ থাকিব পাৰে! বন্ধুসকল, এনে বহু শক্তি আছে যিবোৰে জম্মু আৰু কাশ্মীৰৰ বিকাশ হোৱাটো কামনা নকৰে। ৰাজ্যখনৰ নাগৰিকসকল শান্তিত থকাটো এইবোৰ শক্তিয়ে নিবিচাৰে, যি কি নহওক আমি এনেবোৰ বিদেশী শক্তিক যথোচিত প্ৰত্যুত্তৰ দি আগুৱাই যোৱাৰ বাবে বদ্ধপৰিকৰ হব লাগিব। মেহবুবা মুফটিজীৰ নেতৃত্বত ৰাজ্যখনত পি.ডি.পি.-বি.জে.পি.ৰ সন্মিলিত চৰকাৰে কাৰ্যনিৰ্বাহ কৰি আছে আৰু বিদেশৰ শক্তিৰ প্ৰৰোচনাত পৰি বিপথে পৰিচালিত হোৱা ৰাজ্যখনৰ যুৱ প্ৰজন্মৰ অংশটোক মূলসূঁতিলৈ ওভতাই অনাৰ বাবে এন.ডি.এ. চৰকাৰে ধাৰাবাহিকভাৱে প্ৰয়াস চলাই আহিছে। বন্ধুসকল, শান্তি আৰু স্থানীয় কোনো বিকল্প নাই। বাট এৰি অবাটে যোৱা যুৱকসকলক মই মূলসূঁতিলৈ উভতি আহিবলৈ আহ্বান জনাইছো। আৰু এই মূলসূঁতি হল তেওঁলোকৰ পৰিয়াল, তেওঁলোকৰ মাক-দেউতাক। জম্মু আৰু কাশ্মীৰৰ উন্নয়নৰ বাবে সচেষ্ট হৈ থকাসকল হল- এই মূলসূঁতি। জম্মু আৰু কাশ্মীৰৰ গৌৰৱ বৃদ্ধিত অৰিহণা আগবঢ়োৱাটো যুৱ প্ৰজন্মৰ গুৰুদায়িত্ব হোৱা উচিত। ৰাজ্যখনত ইয়াত বাবে বিশাল পৰিমাণৰ সমল সংসাধন আৰু সুযোগ-সুবিধা আছে। ভাৰতৰ অন্য প্ৰান্তৰ তুলনাত জম্মু আৰু কাশ্মীৰ পিচ পৰি ৰোৱাৰ কোনো কাৰণেই থাকিব নোৱাৰে। বিপথে পৰিচালিত হোৱা যুৱকসকলৰ হাত উঠা প্ৰতিডোখৰ পাত্থৰ, প্ৰতিটো অস্ত্ৰই বাস্তৱিকতে তেওঁলোকৰ আতিথ্য আপোন জম্মু-কাশ্মীৰখনকহে অস্থিৰ কৰি ৰাখিছে। এনে এক অস্থিৰ বাতাবৰণৰ পৰা ৰাজ্যখন ওলাই অহাৰ সময় হৈছে। নিজৰ ভৱিষ্যত্, নিজৰ উত্তৰাধিকাৰীসকলৰ সুন্দৰ ভৱিষ্যতৰ স্বাৰ্থতে তেওঁলোকে দেশৰ মূলসূঁতিৰ সৈতে জড়িত হোৱা উচিত। বহু সহস্ৰ বছৰ আমি ভাৰত মাতৃৰ সন্তান হিচাপে যেন বাস কৰি আহিছো। পৃথিৱীৰ কোনো শক্তিয়েই আমাৰ ভাতৃত্বৰ বান্ধোনক ছিঙিব নোৱাৰিব। যিবোৰে এই সম্পৰ্কত আউল লগাবলৈ দশকজোৰা অপচেষ্টা অব্যাহত ৰাখিছে তেওঁলোকৰ স্থিতি এতিয়া থৰক-বৰক হৈ পৰিছে। ভাই-ভনীসকল, যোৱাটো বছৰ মই দিৱালী আৰু গুৰেজ উত্সৱ উদযাপন কৰিছিলো সেনা-জোৱানসকলৰ সৈতে। এইবাৰ ৰমজানৰ এই পৱিত্ৰ উপলক্ষত মই আপোনালোকৰ মাজত উপস্থিত হৈছোহি। আৰু এয়া কাশ্মীৰীসকলৰ অনুভৱ, এয়া এই ভূমিৰ তথা পৃথিৱীৰ বাবেই উপহাৰ। ইয়ালৈ সকলোকে আদৰণি জনোৱা হয়, সকলোকে ইয়াত সন্মান জনোৱা হয়। পৃথিৱীৰ আন কতো নথকা পৰম্পৰা প্ৰৱৰ্ত্তি আছে এডোখৰ ভূমিত। বিভিন্ন পন্থা কিম্বা বিভিন্ন সম্প্ৰদায়ৰ মিলন ভূমি হোৱাতকৈও ইয়াৰ অনন্য পৰম্পৰাৰেহে অধিক মহিমামণ্ডিত এইডোখৰ পৰম্পৰাৰেহে অধিক পৰম্পৰা- কাশ্মীৰীয়াতৰ এগৰাকী গুণমুগ্ধ অনুগামী আছিল অটলজী আৰু তেওঁৰ দৰে এই মোদীও। আৰু মই এই কথা লালকিল্লাৰ প্ৰশস্থ প্ৰাংগনৰ পৰাও উচ্চাৰণ কৰিছিলো। কঠোৰ ভাষা কিম্বা বুলেটৰ প্ৰয়োগ কৰি আজিৰ সমস্যাৰ সমাধান উলিয়াব পৰা নাযাব। এই সমস্যাৰ সমাধান প্ৰতিগৰাকী কাশ্মীৰীক আপোনত্বৰ আবেগেৰে আকোৱালি ধৰিহে উলিয়াব পৰা যাব। জম্মু আৰু কাশ্মীৰৰ বিকাশৰ লক্ষ্যৰেই কেন্দ্ৰ আৰু ৰাজ্যৰ দুয়োখন চৰকাৰে নীতি-নিৰ্ধাৰণ কৰিছে আৰু আমি এই নীতিৰ পৰা এখোজো পিচুৱাই নাযাও। সেয়া লাগেল হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে আদালতলৈ যোৱা গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্তই হওক কিম্বা পৱিত্ৰ ৰমজান মাহত ঘোষণা কৰা অস্ত্ৰ সম্বৰণৰ সিদ্ধান্তই হওক, এইবোৰ সিদ্ধান্ত নেপথ্যত প্ৰতিগৰাকী যুৱক-যুৱতী, প্ৰতিগৰাকী কাশ্মীৰীৰ সুস্থিৰতা আৰু উন্নয়নৰ প্ৰসঙ্গ নিহিত হৈ আছে। বন্ধুসকল, এয়া কেৱল অস্ত্ৰ সম্বৰণেই নহয়, ইয়াৰ জৰিয়তে ইছলামৰ নামত সন্ত্ৰাস চলোৱাবোৰৰ স্বৰূপ উদঙোৱাৰো প্ৰয়াস। কেনে এক সন্মোহিনৰে ৰাইজক আছন্ন কৰি ৰখাৰ বাবে অপচেষ্টা চলোৱা হৈছে সেই কথা জম্মু আৰু কাশ্মীৰৰ জনসাধাৰণে প্ৰত্যক্ষ কৰিব বুলি মই বিশ্বাস কৰো। ৰাজ্যখনত সুস্থিৰতাৰ পৰিবেশ গঢ়াৰ বাবে চৰকাৰে এগৰাকী মধ্যস্থতাকাৰীক ইতিমধ্যেই নিযুক্ত কৰিছে। তেওঁ ইতিমধ্যে ৰাইজে নিৰ্বাচিত কৰা প্ৰতিনিধিসকলৰ লগতে ৰাজ্যখনৰ বিভিন্ন সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে কথা পাতিছে। মই ভাবো ৰাইজে তেওঁলোকৰ মতামত তেওঁৰ ওচৰত দাঙি ধৰিব। সকলোৰে সৈতে মত-বিনিময় কৰি তেওঁ শান্তি প্ৰক্ৰিয়াক শক্তিশালী ৰূপত আগুৱাই নিব। ভাই-ভনীসকল, চৰকাৰে সকলোখিনি কৰাৰ বাবে যত্পৰোনাস্তি পদক্ষেপ গ্ৰহণ কৰিবই। যি কি নহওক, মই জম্মু আৰু কাশ্মীৰৰ সকলো নাগৰিকক গণতন্ত্ৰ আৰু কাশ্মীৰীয়ত্- ৰ জোঁট-বন্ধনক অক্ষুন্ন ৰাখিবলৈ আহ্বান জনাইছো। ইয়াৰ বাবে ৰাজ্যখনৰ অভিভাৱকসকলে, যুৱ-প্ৰজন্মই, ৰাজ্যখনৰ বুদ্ধিজীৱিসকলৰ লগতে ধৰ্মীয় নেতৃবৃন্দই গুৰুদায়িত্ব গ্ৰহণ কৰিব লাগিব। জম্মু আৰু কাশ্মীৰৰ সৰ্বাংগীন উন্নয়নৰ বাবে আমাৰ সমগ্ৰ শক্তি প্ৰয়োগ কৰাত মনোনিবেশ কৰো আহক। সকলো সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ এটাই মাত্ৰ সূত্ৰ হল- উন্নয়ন, উন্নয়ন আৰু কেৱল উন্নয়ন আৰু সেয়ে শান্তি-সম্প্ৰীতি আৰু ভাতৃত্ববোধৰে সংপৃক্ত এক জীৱন অতিবাহিত কৰিব পৰা পৰিবেশ সৃষ্টিৰ বাবে থকা আমাৰ প্ৰয়াস আগুৱাই নিব লাগিব। এই প্ৰয়াসলৈ কেন্দ্ৰীয় চৰকাৰে সকলো প্ৰকাৰৰ সহযোগিতা আগবঢ়াই যাব। সকলোৰে সহযোগত আমি আমাৰ প্ৰত্যাশিত লক্ষ্যত উপনীত হবগৈ পাৰিম বুলি মই আশাবাদী। এই অনুভৱৰেই সেথা সেথা চুকৰিয়া, আজ দিউ ইজাজট্, খুদাই থাই নৱ খোশ্বাত্ খুছ হাল। ধন্যবাদ।
শ্ৰীনগৰৰ কিষণগংগা জলবিদ্যুত্ প্ৰকল্প ৰাষ্ট্ৰৰ নামত উত্সৰ্গা কৰি দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাষণ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%A8%E0%A7%87%E0%A6%AA%E0%A6%BE%E0%A6%B2-%E0%A6%B8%E0%A7%80%E0%A6%AE%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%B0-%E0%A6%AE%E0%A7%87%E0%A6%9A%E0%A6%BF/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%A8%E0%A7%87%E0%A6%AA%E0%A6%BE%E0%A6%B2-%E0%A6%B8%E0%A7%80%E0%A6%AE%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%B0-%E0%A6%AE%E0%A7%87%E0%A6%9A%E0%A6%BF/
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত কেন্দ্রীয় কেবিনেটে বুধবাৰে ভাৰত-নেপাল সীমান্তৰ মেচি নদীৰ ওপৰত নতুন দলং নির্মাণ কৰাৰ বাবে ব্যয় ভাগ-বতৰা, সময়সূচী আৰু নিৰাপত্তা সন্দৰ্ভত কাৰ্যকৰী ব্যৱস্থাৰ কাম আৰম্ভ কৰাৰ ক্ষেত্রত ভাৰত আৰু নেপালৰ মাজত স্বাক্ষৰিত হ’ব লগীয়া প্ৰস্তাৱিত বুজাবুজি চুক্তিত অনুমোদন জনায়। এই নতুন দলং নির্মাণৰ বাবে ১৫৮.৬৫ কোটি টকা ব্যয় ধাৰ্য কৰা হৈছে। এই টকা এছিয়ান ডেভেলপমেণ্ট বেংকৰ ঋণৰ জৰিয়তে ভাৰত চৰকাৰে বহন কৰিব। ৩২৭ বি. নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভাৰতৰ পানিটেংকী বাইপাছৰ পৰা নেপালৰ কাকৰভিট্টালৈকে ৮২৫ মিটাৰৰ ছটা পথযুক্ত সংযোগী পথসহ ১৫০০ মিটাৰ পথৰ যি উন্নীতকৰণ হৈছে, তাৰেই অংশ হিচাপে এই দলংখন নিৰ্মাণ কৰা হৈছে। মেচি দলংখন ভাৰতত ২ নং এছিয়া ঘাইপথৰ শেষ অংশ, যি নেপালৰ সৈতে ভাৰতক সংযোগ কৰিছে। এই দলং নির্মাণৰ ফলত দুয়ো দেশৰ মাজত আঞ্চলিক যোগাযোগ বৃদ্ধি পাব আৰু ইয়াৰ মাধ্যমত সীমান্ত বাণিজ্য শক্তিশালী হোৱাৰ সম্ভাৱনা অধিক। তদুপৰি, শিল্প, সামাজিক আৰু সাংস্কৃতিক বিনিময় শক্তিশালী কৰি দুয়ো দেশৰ মাজত সবল বান্ধোন গঢ়ি দিব। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রালয়ৰ অধীনস্ত ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম (এনএইচআইডিচিএল) এই প্রকল্প ৰূপায়ণৰ বাবে নির্ধাৰিত সংস্থা। নেপাল চৰকাৰৰ সৈতে আলোচনা ক্রমে এই দলঙৰ বিস্তৃত প্রকল্প প্রতিবেদন (ডিপিআৰ) প্ৰস্তুত কৰা আৰু ইয়াৰ অৱস্থান চূড়ান্ত কৰা হৈছে।
ভাৰত-নেপাল সীমান্তৰ মেচি নদীৰ ওপৰত নতুন দলং নির্মাণৰ ক্ষেত্রত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ ভাৰত আৰু নেপালৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰৰ বাবে কেবিনেটৰ অনুমোদন
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%A8%E0%A7%B0%E0%A7%87%E0%A6%A8-39/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%A8%E0%A7%B0%E0%A7%87%E0%A6%A8-39/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী মাননীয় স্কট মৰিছনে আজি ভাৰত-অষ্ট্ৰেলিয়া দ্বিতীয় ভাৰ্চুৱেল সন্মিলনৰ আয়োজন কৰে। সন্মিলনৰ সময়ত তেওঁলোকে দুয়োখন দেশৰ মাজত বহুমুখী সম্পৰ্কৰ পৰ্যালোচনা কৰে আৰু আঞ্চলিক আৰু গোলকীয় উন্নয়নৰ ওপৰত মত বিনিময় কৰে। সন্মিলনৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী মোদীয়ে নিউ চাউথ ৱেলছ আৰু কুইন্সলেণ্ডত হোৱা বিধ্বংসী বানপানীৰ ফলত হোৱা ধ্বংসযজ্ঞ আৰু তাৰ ফলত প্ৰাণ আৰু সম্পত্তিৰ ক্ষতিৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। দুয়োগৰাকী নেতাই ২০২০ চনৰ জুন মাহত প্ৰথম ভাৰ্চুৱেল সন্মিলনৰ সময়ত স্থাপিত ব্যাপক কৌশলগত অংশীদাৰিত্বৰ অধীনত হোৱা অগ্ৰগতিত সন্তুষ্টি ব্যক্ত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে দ্বিপাক্ষিক সম্পৰ্কৰ বৰ্ধিত পৰিসৰত সন্তুষ্টি ব্যক্ত কৰে। সম্পৰ্কৰ এই বৰ্ধিত পৰিসৰত এতিয়া বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু সুৰক্ষা, শিক্ষা আৰু উদ্ভাৱন, বিজ্ঞান আৰু প্ৰযুক্তি, গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ, পানী ব্যৱস্থাপনা, নতুন আৰু নৱীকৰণযোগ্য শক্তি প্ৰযুক্তি, COVID -19 সম্পৰ্কীয় গৱেষণা আদি বিভিন্ন ক্ষেত্ৰ সামৰি লোৱা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে ২৯ টা প্ৰাচীন শিল্পকলা ভাৰতলৈ ঘূৰাই দিয়াৰ বিশেষ পদক্ষেপৰ বাবে মাননীয় স্কট মৰিছনক ধন্যবাদ জ্ঞাপন কৰে। এই শিল্পকলাবোৰৰ ভিতৰত আছে শতিকা পুৰণি ভাস্কৰ্য, চিত্ৰ আৰু আলোকচিত্ৰ, যাৰ বহুতো ৯ম-দশম শতিকাৰ আৰু ভাৰতৰ বিভিন্ন প্ৰান্তৰ অন্তৰ্গত। এই শিল্পকলাবোৰৰ ভিতৰত আছে দ্বাদশ শতিকাৰ চোলা ব্ৰঞ্জ, ৰাজস্থানৰ একাদশ-দ্বাদশ শতিকাৰ জৈন ভাস্কৰ্য, গুজৰাটৰ দ্বাদশ-ত্ৰদশ শতিকাৰ বেলেগ শিলেৰে নিৰ্মিত দেৱী মহিষাসুৰমাৰ্দিনী, অষ্টাদশ-ঊনবিংশ শতিকাৰ চিত্ৰ আৰু প্ৰাৰম্ভিক সময়ৰ জিলেটিন ৰূপৰ ছবি। প্ৰধানমন্ত্ৰী মোদীয়ে কোভিড-১৯ মহামাৰীৰ সময়ত অষ্ট্ৰেলিয়াত ভাৰতীয় শিক্ষাৰ্থীসহ ভাৰতীয় সম্প্ৰদায়ৰ যত্ন লোৱাৰ বাবে প্ৰধানমন্ত্ৰী মৰিছনক ধন্যবাদ জ্ঞাপন কৰে। দুয়োগৰাকী নেতাই এক মুক্ত, মুক্ত, সামগ্ৰিক আৰু সমৃদ্ধ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলকে ধৰি অংশীদাৰ গণতন্ত্ৰ হিচাপে দুয়োখন দেশৰ মাজত বৰ্ধিত কৌশলগত সম্পৰ্কক প্ৰশংসা কৰে। এই উপলক্ষে গভীৰ ব্যাপক কৌশলগত অংশীদাৰীত্বৰ বিভিন্ন দিশ সামৰি এক যুটীয়া বিবৃতি জাৰি কৰা হয়। দুয়োপক্ষই ব্যাপক কৌশলগত অংশীদাৰিত্বৰ অধীনত দুয়োগৰাকী প্ৰধানমন্ত্ৰীৰ মাজত বাৰ্ষিক সন্মিলন অনুষ্ঠিত কৰিবলৈও সন্মত হয় আৰু এনেদৰে দ্বিপাক্ষিক সম্পৰ্কত এক বিশেষ মাত্ৰা যোগ কৰে।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনে ভাৰত-অষ্ট্ৰেলিয়া দ্বিতীয় ভাৰ্চুৱেল সন্মিলনৰ আয়োজন কৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A1%E0%A6%BE%E0%A6%9F%E0%A6%BE-%E0%A6%9B%E0%A6%A8%E0%A6%BF%E0%A6%AB%E0%A6%BF%E0%A6%95%E0%A7%87%E0%A6%9A%E0%A6%A8%E0%A7%B0-%E0%A6%9C%E0%A7%B0%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%A4%E0%A7%87/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A1%E0%A6%BE%E0%A6%9F%E0%A6%BE-%E0%A6%9B%E0%A6%A8%E0%A6%BF%E0%A6%AB%E0%A6%BF%E0%A6%95%E0%A7%87%E0%A6%9A%E0%A6%A8%E0%A7%B0-%E0%A6%9C%E0%A7%B0%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%A4%E0%A7%87/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডাটা ছ’নিফিকেচনৰ জৰিয়তে লেনদেন কৰা ধনৰ শব্দৰ মাধ্যমেৰে ডিজিটেল পৰিশোধ আৰু ইউপিআইৰ বিষয়টো দাঙি ধৰাৰ বাবে ইণ্ডিয়া ইন পিক্সেলছ(আইআইপি)ক প্ৰশংসা কৰে। ইণ্ডিয়া ইন পিক্সেলছ(আইআইপি)ৰ এটা টুইটত অত্যন্ত সন্তুষ্টি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয়; “মই প্ৰায়ে ইউপিআই আৰু ডিজিটেল পৰিশোধ সম্পৰ্কে কৈ আহিছোঁ, কিন্তু আপোনাসৱে এই বিষয়টো কাৰ্যকৰীভাৱে প্ৰকাশ কৰিবলৈ কিদৰে ডাটা ছ’নিফিকেচনৰ জৰিয়তে লেনদেন কৰা ধনৰ শব্দ ব্যৱহাৰ কৰিছে সেয়া দেখি মই সঁচাকৈয়ে ভাল পাইছোঁ। অতি আকৰ্ষণীয়, চিত্তাকৰ্ষক আৰু স্পষ্টভাৱে তথ্যপূৰ্ণ!”
ডাটা ছ’নিফিকেচনৰ জৰিয়তে ইউপিআই আৰু ডিজিটেল পৰিশোধৰ সমস্ত বিষয় দাঙি ধৰাৰ বাবে বাবে আইআইপিক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%A8-%E0%A6%95%E0%A6%BF-%E0%A6%AC%E0%A6%BE%E0%A6%A4%E0%A7%B0-%E0%A6%AC%E0%A6%BE%E0%A6%AC%E0%A7%87-%E0%A6%9C%E0%A6%A8%E0%A6%B8%E0%A6%BE%E0%A6%A7%E0%A6%BE%E0%A7%B0/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%A8-%E0%A6%95%E0%A6%BF-%E0%A6%AC%E0%A6%BE%E0%A6%A4%E0%A7%B0-%E0%A6%AC%E0%A6%BE%E0%A6%AC%E0%A7%87-%E0%A6%9C%E0%A6%A8%E0%A6%B8%E0%A6%BE%E0%A6%A7%E0%A6%BE%E0%A7%B0/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩১ জুলাই, ২০২২ তাৰিখে পুৱা ১১ বজাত সম্প্ৰচাৰিত হ’বলগীয়া মন কি বাতৰ আগন্তুক খণ্ডৰ বাবে জনসাধাৰণৰ মতামত আৰু পৰামৰ্শ আহ্বান জনাইছে। মাইগভ, নমো এপ্প বা মেচেজত 1800-11-7800 নম্বৰ ডায়েল কৰি ধাৰণাবোৰ ভাগ বতৰা কৰিব পাৰি। মাইগভৰ আমন্ত্ৰণ ভাগ বতৰা কৰি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে; “আপোনাৰ ওচৰত এই মাহৰ মন কি বাত কাৰ্যসূচীৰ বাবে ইনপুট আছে নেকি, যিটো ৩১ তাৰিখে সম্প্ৰচাৰিত হ’ব? মই সেইবোৰ শুনিবলৈ বাট চাই আছোঁ… সেইবোৰ মাইগভ বা নমো এপ্পত ভাগ বতৰা কৰক। 1800-11-7800 ডায়েল কৰি আপোনাৰ বাৰ্তা ৰেকৰ্ড কৰক। https://www.mygov.in/group-issue/inviting-ideas-mann-ki-baat-prime-minister-narendra-modi-31st-july-2022/?/target=inapp&type=group_issue&nid=332891
‘মন কি বাত’ৰ বাবে জনসাধাৰণৰ পৰা ধাৰণা আমন্ত্ৰণ প্ৰধানমন্ত্ৰীৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%89%E0%A6%9C%E0%A6%AC%E0%A7%87%E0%A6%95%E0%A6%BF%E0%A6%B8%E0%A7%8D%E0%A6%A4%E0%A6%BE%E0%A6%A8-%E0%A6%AD%E0%A7%8D%E0%A7%B0%E0%A6%AE%E0%A6%A3%E0%A7%B0-%E0%A6%AA%E0%A7%82%E0%A7%B0%E0%A7%8D%E0%A6%AC/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%89%E0%A6%9C%E0%A6%AC%E0%A7%87%E0%A6%95%E0%A6%BF%E0%A6%B8%E0%A7%8D%E0%A6%A4%E0%A6%BE%E0%A6%A8-%E0%A6%AD%E0%A7%8D%E0%A7%B0%E0%A6%AE%E0%A6%A3%E0%A7%B0-%E0%A6%AA%E0%A7%82%E0%A7%B0%E0%A7%8D%E0%A6%AC/
মই উজবেকিস্তানৰ ৰাষ্ট্ৰপতি সন্মানীয় শ্ৰীযুত শ্বাৱকত মিৰ্জিয়োয়েভৰ আমন্ত্ৰণত চাংহাই সহযোগিতা সংস্থাৰ (এছচিঅ’) ৰাষ্ট্ৰপ্ৰধান পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ সমৰকন্দ ভ্ৰমণ কৰিম। এছচিঅ’ সন্মিলনত মই সাময়িক, আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়, এছচিঅ’ৰ সম্প্ৰসাৰণ আৰু সংগঠনটোৰ ভিতৰত বহুমুখী আৰু পাৰস্পৰিক ভাৱে লাভজনক সহযোগিতা অধিক গভীৰ কৰাৰ ক্ষেত্ৰত মত বিনিময়ৰ বাবে আশাবাদী। উজবেক অধ্যক্ষপদৰ অধীনত, বাণিজ্য, অৰ্থনীতি, সংস্কৃতি আৰু পৰ্যটনৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাৰ বাবে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। মই সামৰকান্দত ৰাষ্ট্ৰপতি মিৰ্জিয়োয়েভক লগ কৰিবলৈও বাট চাই আছো। মই ২০১৮ চনত তেওঁৰ ভাৰত ভ্ৰমণৰ কথা মৰমেৰে মনত পেলাইছো। তেওঁ ২০১৯ চনত ভাইব্ৰেণ্ট গুজৰাট সন্মিলনক ইয়াৰ সন্মানীয় অতিথি হিচাপে ও আকৰ্ষণ কৰিছিল। তত্বাৱধায়ক মহোদয়, মই সন্মিলনত অংশগ্ৰহণ কৰা আন কেইজনমান নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ম।
উজবেকিস্তান ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ প্ৰস্থান বিবৃতি
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A1%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%97%E0%A6%9B%E0%A6%AE%E0%A7%81%E0%A6%95%E0%A7%8D%E0%A6%A4-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%85%E0%A6%AD%E0%A6%BF%E0%A6%AF%E0%A6%BE%E0%A6%A8%E0%A7%B0/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A1%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%97%E0%A6%9B%E0%A6%AE%E0%A7%81%E0%A6%95%E0%A7%8D%E0%A6%A4-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%85%E0%A6%AD%E0%A6%BF%E0%A6%AF%E0%A6%BE%E0%A6%A8%E0%A7%B0/
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সযোগে আৰ্ট অৱ লিভিং ফাউণ্ডেশ্যনে আয়োজন কৰা ‘কেম্পেইন ফৰ ড্ৰাগছ ফ্ৰী ইণ্ডিয়া’ শীৰ্ষক অনুষ্ঠানত ভিডিঅ’ বাৰ্তা প্ৰেৰণেৰে ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভিডিঅ’ বাৰ্তাটো আজি গুৰু জাম্বেশ্বৰ বিশ্ববিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত বজোৱা হয়। তেওঁৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে শ্ৰী শ্ৰী ৰবিশংকৰ আৰু দ্য আৰ্ট অৱ লিভিং ফাউণ্ডেশ্যনে দেশৰ পৰা ড্ৰাগছৰ আসক্তি হ্ৰাস কৰাৰ বাবে কৰি অহা অবিৰত প্ৰয়াসৰো শলাগ লয় আৰু প্ৰসংশা কৰে। নিচাজাতীয় সামগ্ৰী বা ঔষধক সমাজৰ এক বৃহৎ ব্যাধি বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, সমগ্ৰ বিশ্বত সম্প্ৰতি ৩ কোটিতকৈও অধিক লোক ড্ৰাগছ আসক্ত। প্ৰধানমন্ত্ৰীয়ে কয় যে ক্ৰমাৎ বহু যুৱক-যুৱতী এই ড্ৰাগছৰ প্ৰতি ব্যাপকভাৱে আসক্ত হোৱা পৰিলক্ষিত হৈছে, যিটো নিসন্দেহে অতি উদ্বেগজনক। তেওঁ কয়, “নিচাজাতীয় ঔষধ সেৱন কৰিলেই স্মাৰ্ট নহয় বা ‘কুল’ নেদেখুৱাই। ড্ৰাগছ সেৱন ষ্টাইলৰ প্ৰতিফলন বুলি ভবাটো এক ডাঙৰ ভুল।” প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ড্ৰাগছৰ প্ৰতি আসক্তিয়ে শৰীৰৰ বিভিন্ন সমস্যাৰ সৃষ্টি কৰাৰ লগতে পৰিয়ালতো কন্দল সৃষ্টি কৰিব পাৰে, ইফালে ড্ৰাগছৰ অবৈধ বেহা সমগ্ৰ দেশৰ সুৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰতেই এক বৃহৎ প্ৰত্যাহ্বান। তেওঁ লগতে কয় যে এই ড্ৰাগছৰ বেহা হৈছে দেশবিৰোধী শক্তি আৰু সন্ত্ৰাসবাদীসকলৰ ধন উপাৰ্জনৰ প্ৰধান কাৰকসমূহৰ ভিতৰত অন্যতম। আৰু এনে উপায়ে আহৰণ কৰা ধনসমূহ সদায়েই দেশৰ অহিত সাধনৰ বাবেই ব্যৱহাৰ কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ যুৱ প্ৰজন্মক আহ্বান জনায় যে এক স্বাস্থসন্মত জীৱন, এক সুখী পৰিয়াল আৰু এটা সুন্দৰ ভৱিষ্যতৰ লগতে দেশৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে ‘ড্ৰাগছক জীৱনৰ পৰা আঁতৰ কৰক’। তেওঁ কয় যে আত্মবিশ্বাস থকা কোনো লোকেই ড্ৰাগছৰ প্ৰতি আকৰ্ষিত নহয়। তেওঁ লগতে যুৱ প্ৰজন্মক এনে ড্ৰাগছ আসক্ত লোকসকলক এই আসক্তিৰ পৰা মুক্তি প্ৰদানৰ ক্ষেত্ৰত সহায় কৰাৰো আহ্বান জনায়। কেৱল বাৰ্তালাপ, পৰামৰ্শদান, মৰম আৰু সহায়-সহযোগিতাৰেহে আমি তেনে ড্ৰাগছ আসক্ত লোকসকলক পুনঃসংস্থাপনৰ পথলৈ ওভতাই আনিব পাৰিম। নিচাজাতীয় সামগ্ৰী বা ড্ৰাগছৰ প্ৰতি আসক্তি নাইকিয়া কৰিবৰ বাবে কেন্দ্ৰ চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লখ কৰে প্ৰধানমন্ত্ৰীয়ে। এই সন্দৰ্ভত মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে ২০১৮ চনত প্ৰযোজ্য হোৱা নিচাজাতীয় ঔষধৰ চাহিদা হ্ৰাস কৰিবৰ বাবে প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় কাৰ্য প্ৰণালীৰ বিষয়েও উল্লেখ কৰে, উল্লেখ্য যে এই কাৰ্যপ্ৰণালীৰ যোগেদি সজাগতা সৃষ্টি, সামৰ্থ্য উত্তৰণ, পুনঃসংস্থাপন আৰু বিভিন্ন এলেকাত নিৰ্ধাৰিত ব্যৱস্থা গ্ৰহণেৰে নিচাজাতীয় ঔষধৰ প্ৰতি আসক্তি হ্ৰাস কৰাৰ পদক্ষেপ হাতত লোৱা হৈছে, আনকি ২০২৩ চনৰ ভিতৰত দেশত এনে ঔষধৰ চাহিদা ব্যাপক ৰূপত হ্ৰাস কৰাৰো লক্ষ্য গ্ৰহণ কৰা হৈছে। সমগ্ৰ দেশৰ বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰধানমন্ত্ৰী মোদীয়ে ভিডিঅ’ কনফাৰেন্সযোগে প্ৰদান কৰা এই ভাষণ শুনে, প্ৰত্যক্ষ কৰে।
ড্ৰাগছমুক্ত ভাৰত অভিযানৰ বাবে ভিডিঅ’ কনফাৰেন্সযোগে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰিলে ভাষণ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%87%E0%A6%A3%E0%A7%8D%E0%A6%A1-%E0%A6%86%E0%A6%AA-%E0%A6%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A7%B0-%E0%A7%AC%E0%A6%B7%E0%A7%8D/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%87%E0%A6%A3%E0%A7%8D%E0%A6%A1-%E0%A6%86%E0%A6%AA-%E0%A6%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A7%B0-%E0%A7%AC%E0%A6%B7%E0%A7%8D/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ষ্টেণ্ড আপ ইণ্ডিয়াৰ উদ্যোগক ভাৰতৰ উদ্যোগী শক্তিক সৃষ্টিশীল ৰূপ দিয়াৰ প্ৰচেষ্টাৰ অংশ হিচাপে অভিহিত কৰিছে। আজি ভাৰতৰ ষ্টেণ্ড আপ ইণ্ডিয়া প্ৰচেষ্টাৰ ৬ বছৰ সম্পূৰ্ণ হৈছে। প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কয়: "ভাৰত উদ্যোগী শক্তিৰে পৰিপূৰ্ণ আৰু ষ্টেণ্ড আপ ইণ্ডিয়া শীৰ্ষক প্ৰচেষ্টা হৈছে অধিক প্ৰগতি আৰু সমৃদ্ধিৰ দিশ প্ৰদান কৰিবৰ বাবে এনে মনোভাৱক সৃষ্টিশীল ৰূপ দিয়া প্ৰচেষ্টাৰ এক অংশ।"
ষ্টেণ্ড আপ ইণ্ডিয়াৰ ৬ষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠানত ভাৰতৰ উদ্যোগী শক্তিৰ গুৰুত্বৰ ওপৰত প্ৰাধান্য প্ৰধানমন্ত্ৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9B%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A6%89%E0%A7%B0%E0%A6%BF%E0%A6%9F%E0%A6%BF%E0%A6%9C-%E0%A6%8F%E0%A6%A3%E0%A7%8D%E0%A6%A1-%E0%A6%8F%E0%A6%95%E0%A7%8D%E0%A6%B8%E0%A6%9A%E0%A7%87%E0%A6%9E%E0%A7%8D/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9B%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A6%89%E0%A7%B0%E0%A6%BF%E0%A6%9F%E0%A6%BF%E0%A6%9C-%E0%A6%8F%E0%A6%A3%E0%A7%8D%E0%A6%A1-%E0%A6%8F%E0%A6%95%E0%A7%8D%E0%A6%B8%E0%A6%9A%E0%A7%87%E0%A6%9E%E0%A7%8D/
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত ভাৰতৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বোর্ড আৰু কানাডাৰ মানিটোবা ছিকিউৰিটিজ কমিচনৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তি অনুমোদন জনাইছে। সুবিধাঃ • এই বুজাবুজি চুক্তিয়ে শ্বেয়াৰ আৰু ঋণপত্র সংক্রান্তীয় আইনৰ আন্তঃসীমা সহযোগিতাৰ আনুষ্ঠানিক ভেঁটি স্থাপন কৰা, পাৰস্পৰিক সহযোগিতাৰ পথ সুগম কৰা, দক্ষ নিৰীক্ষণ ব্যৱস্থা বাহাল ৰখা, প্রযুক্তিগত জ্ঞান বিনিময়ত সহায় কৰিব আৰু শ্বেয়াৰ আৰু ঋণপত্রৰ বজাৰত কার্যকৰী আইন প্রয়োগত সহায় কৰিব৷ • এই বুজাবুজি চুক্তি জৰিয়তে মানিটোবাৰ বিনিয়োগকাৰীসকলে ছেবিত বিদেশী বিনিয়োগকাৰী হিচাপে পঞ্জীয়ন কৰিব পাৰিব৷ প্রভাৱঃ কানাডাৰ মানিটোবা প্রদেশৰ বহু সংস্থাই বিদেশী বিনিয়োগকাৰী হিচাপে ছেবিত পঞ্জীয়ন হ’ব বিচাৰে৷ ইয়াৰ পূর্ব চর্ত হ’ল সংশ্লিষ্ট বিদেশী দেশ/প্রদেশৰ শ্বেয়াৰ আৰু ঋণপত্র বজাৰৰ নিয়ন্ত্রকক আন্তর্জাতিক ছিকিউৰিটিজ কমিচন সংস্থাৰ বহুপাক্ষিক বুজাবুজি চুক্তিত (ইণ্টাৰনেচনেল অৰ্গেনাইজেচন অফ ছিকিউৰিটিজ কমিচনছ মাল্টি লেটাৰেল মেমোৰেণ্ডাম অফ আণ্ডাৰষ্টান্ডিং–আইঅএছচিঅ’ এমএমইউ) স্বাক্ষৰ কৰিব লাগিব৷ তদুপৰি, ছেবিৰ সৈতে দ্বিপাক্ষিক বুজাবুজি চুক্তিও সংশ্লিষ্ট দেশে স্বাক্ষৰ কৰিব লাগিব৷ মানিটোবাৰ প্রায় ২০টা বিনিয়োগকাৰী সংস্থা, যাৰ মুঠ সম্পদৰ মূল্য ২,৬৬৫ কোটি টকা, সেই সংস্থাসমূহ এই বুজাবুজি চুক্তিৰ ফলত উপকৃত হ’ব৷ এই সংস্থাসমূহে বৰ্তমান ভাৰতীয় বজাৰত বিনিয়োগ কৰিব পাৰিব৷
ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বোর্ড অফ ইণ্ডিয়া আৰু কানাডাৰ মানিটোবা ছিকিউৰিটিজ কমিচনৰ মাজত স্বাক্ষৰিত দ্বিপাক্ষিক বুজাবুজি চুক্তিত কেবিনেটৰ অনুমোদন
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A8%E0%A7%AE-%E0%A6%AE%E0%A7%87%E0%A6%A4-%E0%A6%97%E0%A7%81%E0%A6%9C%E0%A7%B0%E0%A6%BE%E0%A6%9F-%E0%A6%AD%E0%A7%8D%E0%A7%B0%E0%A6%AE%E0%A6%A3-%E0%A6%95%E0%A7%B0%E0%A6%BF%E0%A6%AC/
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A8%E0%A7%AE-%E0%A6%AE%E0%A7%87%E0%A6%A4-%E0%A6%97%E0%A7%81%E0%A6%9C%E0%A7%B0%E0%A6%BE%E0%A6%9F-%E0%A6%AD%E0%A7%8D%E0%A7%B0%E0%A6%AE%E0%A6%A3-%E0%A6%95%E0%A7%B0%E0%A6%BF%E0%A6%AC/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ মে, ২০২২ তাৰিখে গুজৰাট ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১০.৩০ বজাত প্ৰধানমন্ত্ৰীয়ে ৰাজকোটৰ আটকোটত নৱনিৰ্মিত মাতুশ্ৰী কে.ডি.পি. মাল্টিস্পেচিয়েলিটি চিকিৎসালয় পৰিদৰ্শন কৰিব। ইয়াৰ পিছত অনুষ্ঠানস্থলীত এক ৰাজহুৱা সভাত তেওঁ ভাষণ দিব। ইয়াৰ পিছতে আবেলি প্ৰায় ৪ বজাত প্ৰধানমন্ত্ৰীয়ে গান্ধীনগৰৰ মহাত্মা মন্দিৰত ‘সহকাৰ চে সমৃদ্ধি’ বিষয়ক আলোচনাচক্ৰত বিভিন্ন সমবায় প্ৰতিষ্ঠানৰ নেতাসকলক উদ্দেশ্যি ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে। এই অনুষ্ঠানত তেওঁ কলোলৰ আইএফএফচিঅ’ত নিৰ্মাণ কৰা নেনো ইউৰিয়া (তৰল) প্ৰকল্পও উদ্বোধন কৰিব। গান্ধীনগৰত প্ৰধানমন্ত্ৰী গুজৰাটৰ সমবায় খণ্ড সমগ্ৰ দেশৰ বাবে এক আদৰ্শ হৈ আহিছে। ৰাজ্যখনত ৮৪,০০০ ৰো অধিক সমবায় প্ৰতিষ্ঠান আছে। এই প্ৰতিষ্ঠানসমূহৰ সৈতে প্ৰায় ২৩১ লাখ সদস্য জড়িত। ৰাজ্যখনত সমবায় আন্দোলনক অধিক শক্তিশালী কৰিবলৈ আন এক পদক্ষেপ হিচাপে গান্ধীনগৰৰ মহাত্মা মন্দিৰত 'সহকৰ চে সমৃদ্ধি' বিষয়ক এখন আলোচনাচক্ৰৰ আয়োজন কৰা হৈছে। ৰাজ্যখনৰ বিভিন্ন সমবায় প্ৰতিষ্ঠানৰ ৭,০০০ তকৈও অধিক প্ৰতিনিধিয়ে এই আলোচনাচক্ৰত অংশগ্ৰহণ কৰিব। কৃষকসকলক উৎপাদন বৃদ্ধি আৰু তেওঁলোকৰ উপাৰ্জন বৃদ্ধিত সহায় কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১৭৫ কোটি টকা ব্যয়েৰে কলোলৰ আইএফএফচিঅ’ত নিৰ্মাণ কৰা নেনো ইউৰিয়া (তৰল) প্ৰকল্পও উদ্বোধন কৰিব। নেনো ইউৰিয়া ব্যৱহাৰৰ জৰিয়তে শস্যৰ উৎপাদন বৃদ্ধিৰ কথা মনত ৰাখি অত্যাধুনিক নেনো সাৰ প্ৰকল্পটো স্থাপন কৰা হৈছে। প্ৰকল্পটোৱে প্ৰতিদিনে ৫০০মিলি ধাৰণ ক্ষমতাসম্পন্ন প্ৰায় ১.৫ লাখ বটল উৎপাদন কৰিব। ৰাজকোটৰ আটকোটত প্ৰধানমন্ত্ৰী প্ৰধানমন্ত্ৰীয়ে পৰিদৰ্শন কৰিবলগীয়া ৰাজকোটৰ মাতুশ্ৰী কে.ডি.পি. মাল্টিস্পেচিয়েলিটি চিকিৎসালয়খন শ্ৰী পেটেল সেৱা সমাজে পৰিচালনা কৰে। এই চিকিৎসালয়খনৰ পৰাই সংশ্লিষ্ট অঞ্চলৰ লোকসকলে উন্নত চিকিৎসা সঁজুলিৰ সহায়ত বিশ্বমানৰ স্বাস্থ্যসেৱা লাভ কৰিব। চিকিৎসালয় পৰিদৰ্শনৰ পিছতে এক ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীয়ে ভাষণ দিব।
২৮ মে’ত গুজৰাট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A6%BE%E0%A7%B0-%E0%A6%A8%E0%A6%BF%E0%A6%95%E0%A7%8B%E0%A6%AC%E0%A7%B0%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A6%BE%E0%A7%B0-%E0%A6%A8%E0%A6%BF%E0%A6%95%E0%A7%8B%E0%A6%AC%E0%A7%B0%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0/
প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি কাৰ নিকোবৰ ভ্ৰমণ কৰে৷ এই উপলক্ষে তেওঁ ছুনামি স্মৃতিসৌধত পুষ্পমাল্য অর্পণৰ লগতে নিহতসকলৰ প্ৰতি শ্ৰদ্ধা জনাই মমবাতিও প্ৰজ্জ্বলন কৰে৷ এই দ্বীপপুঞ্জত বসবাস কৰা বিভিন্ন জনজাতি সম্প্ৰদায়ৰ মুৰব্বীসকলকে ধৰি একাংশ বিশিষ্ট ক্রীড়াবিদৰ সৈত মত বিনিময় কৰে প্ৰধানমন্ত্ৰীয়ে৷ আৰঙত এক জনসভাত প্ৰধানমন্ত্রীয়ে ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (আইটিআই)ৰ লগতে এক অত্যাধুনিক ক্ৰীড়া প্ৰকল্পৰ চৌহদও উদ্বোধন কৰে৷ মাছ জেটিত তেওঁ উপকূলৱর্তী এলেকা সুৰক্ষা সম্পৰ্কীয় কামৰ আধাৰশিলা আৰু কেম্বেল বে জেটিৰ সম্প্ৰসাৰণৰ শুভাৰম্ভ কৰে৷ এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্রীয়ে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ অতুলনীয় প্রাকৃতিক সৌন্দর্য, সংস্কৃতি, ঐতিহ্য আৰু শিল্পকলাৰ সম্পৰ্কে উল্লেখ কৰে৷ দ্বীপপুঞ্জৰ পাৰিপাৰ্শ্বিক তথা সৰ্বাংগীন ঐতিহ্যৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই ঐতিহ্যই বহু বছৰ ধৰি ভাৰতীয় সমাজৰ শক্তি বৃদ্ধি কৰি আহিছে৷ এই অনুষ্ঠানত অংশগ্ৰহণৰ পূর্বে প্ৰধানমন্ত্রীয়ে ছুনামি স্মৃতিসৌধ পৰিদৰ্শন কৰে৷ ছুনামিৰ পাছত দ্বীপপুঞ্জৰ পুনৰ নিৰ্মাণত নিকোবৰবাসীৰ উৎসাহ আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে৷ প্ৰধানমন্ত্রীয়ে কয় যে আজি যিবোৰ প্ৰকল্পৰ চৌহদৰ শুভাৰম্ভ কৰা হৈছে, সেইবোৰে শিক্ষা, স্বাস্থ্য, কর্মসংস্থাপন, দক্ষতা বিকাশ, পৰিবহণ, শক্তি, ক্রীড়া আৰু পর্যটন ক্ষেত্রৰ উন্নয়নত সুদূৰপ্ৰসাৰী ভূমিকা পালন কৰিব৷ উন্নয়নৰ দিশত অগ্ৰসৰ হোৱাৰ পথত কোনো লোক অথবা দেশৰ কোনো অংশই যাতে পিছ পৰি নাথাকে বুলি চৰকাৰৰ দৃঢ় প্ৰতিশ্ৰুতিৰ কথা তেওঁ পুনৰ দোঁহাৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে দূৰত্ব হ্ৰাস কৰি হৃদয়ৰ আৰু ওচৰ চপাই অনাৰ মানসিকতা গঢ়ি তোলাটোৱেই এই চৰকাৰৰ লক্ষ্য৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে উপকূলৱর্তী এলেকাৰ সুৰক্ষা সম্পৰ্কীয় কামে কাৰ নিকোবৰ দ্বীপৰ সংৰক্ষণত সহায় কৰিব৷ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰম্ভ হ’লে এই দ্বীপটোৰ যুৱক-যুৱতীসকলৰ দক্ষতা বৃদ্ধিৰ সমান্তৰালভাৱে সবলীকৰণ হোৱাত সহায় কৰি বুলি তেওঁ মত প্ৰকাশ কৰে৷ নিকোবৰ দ্বীপৰ যুৱক-যুৱতীসকলে ক্রীড়া ক্ষেত্রত দেখুওৱা সাফল্যৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয় যে অত্যাধুনিক ক্রীড়া চৌহদত তেওঁলোকৰ ক্রীড়া নৈপুণ্যৰ বিকাশ আৰু মান উন্নয়নত যথেষ্ট সহায় কৰিব৷ ভৱিষ্যতে এইধৰণৰ আৰু অধিক ক্রীড়াৰ আন্তঃগাঁথনি গঢ়ি তোলা হ’ব বুলিও তেওঁ অৱগত কৰে৷ প্ৰধানমন্ত্রীয়ে কয় যে কেন্দ্রীয় চৰকাৰে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ লোকসকলৰ জীৱনযাপনৰ মান উন্নয়নৰ লক্ষ্যৰে কাম কৰি আহিছে৷ এই দ্বীপপুঞ্জত স্বাস্থ্য সেৱা ব্যৱস্থাৰ সম্প্ৰসাৰণৰ কথাও তেওঁ বিশেষভাৱে উল্লেখ কৰে৷ এই দ্বীপপুঞ্জৰ প্রাকৃতিক পৰিৱেশ আৰু থলুৱা সংস্কৃতি সংৰক্ষণৰ বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি উন্নয়নমূলক কাম-কাজ গ্ৰহণ কৰা হ’ব বুলি কয় প্ৰধানমন্ত্ৰীয়ে৷ কৃষি খণ্ডত শুকান নাৰিকল তেলৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয় যে মৎস্যপালৰ সৈতে জড়িত ব্যক্তিসকলৰ কল্যাণাৰ্থে চৰকাৰে কাম কৰিছে। তেওঁ কয় যে দেশৰ মৎস্যপালন ক্ষেত্ৰক আৰু অধিক লাভজনক কৰি তুলিবলৈ বৰ্তমান ৭ হাজাৰ কোটি টকাৰ আবণ্টন কৰা হৈছে৷ দেশৰ সমূদ্ৰৰ সমীপৱৰ্তী এলেকাসমূহ নীল বিপ্লৱৰ কেন্দ্ৰ হৈ উঠাৰ সম্ভাৱনা থকাৰ কথাও প্ৰধানমন্ত্ৰীয়ে সদৰি কৰে৷ তদুপৰি, মৎস্য জীৱি লোকসকলক অত্যাধুনিক নৌকা সংগ্ৰহ কৰিব পৰাকৈ আর্থিক সাহায্যও প্ৰদান কৰা হৈছে৷ সৌৰশক্তিৰ উৎপাদন আৰু ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰতে ব্যাপক প্ৰচেষ্টা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ কথাও স্মৰণ কৰে৷ সমুদ্ৰ সংলগ্ন অঞ্চলসমূহত নবীকৰণযোগ্য শক্তি উৎপাদনৰ বিপুল সম্ভাৱনা আছে৷ এই প্ৰসংগত তেওঁ কাৰ নিকোবৰ দ্বীপত যিবোৰ প্ৰচেষ্টা লোৱা হৈছে সেই সম্পৰ্কেও উল্লেখ কৰে৷ প্ৰধানমন্ত্রীয়ে লগতে কয় যে সমগ্ৰ নিকোবৰ দ্বীপপুঞ্জ আৰু নিকটৱর্তী মালাক্কা প্ৰণালী সম্পদ আৰু নিৰাপত্তা উভয় দিশৰ পৰাই অত্যন্ত গুৰুত্বপূর্ণ। সম্পদ আৰু নিৰাপত্তাৰ বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি সংশ্লিষ্ট অঞ্চলত পৰিবহণ খণ্ড আন্তঃগাঁথনি গঢ়ি তোলা হৈছে৷ আন্তঃগাঁথনিৰ উন্নয়নৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কেম্বেল বে জেটি আৰু মাছ জেটিত চলি থকা উন্নয়নমূলক কামসমূহৰ বিষয়ে উল্লেখ কৰে৷ এই দ্বীপপুঞ্জৰ সৰ্বাংগীন উন্নয়নত তেওঁ চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথাও দোঁহাৰে প্ৰধানমন্ত্রীয়ে৷
কাৰ নিকোবৰত প্ৰধানমন্ত্রী : জনজাতি সম্প্ৰদায়ৰ মুৰব্বীসকলৰ সৈতে মত বিনিময় আৰু আইটিআইকে ধৰি অত্যাধুনিক ক্ৰীড়া প্ৰকল্পৰ চৌহদ উদ্বোধন
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%AA%E0%A6%BE%E0%A7%B1%E0%A6%BE%E0%A6%97%E0%A7%9C-%E0%A6%B9/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%AA%E0%A6%BE%E0%A7%B1%E0%A6%BE%E0%A6%97%E0%A7%9C-%E0%A6%B9/
ধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি পাৱাগড় হিলত পুনর্নির্মিত শ্রীকালিকা মাতা মন্দিৰৰ আনুষ্ঠানিক উদ্বোধন কৰে। প্রাচীনতম মন্দিৰসমূহৰ অন্যতম এই শ্রীকালিকা মাতা মন্দিৰ দর্শন কৰিবলৈ পুণ্যার্থীসকল দলে দলে সমবেত হয় বিভিন্ন প্রান্তৰ পৰা। মন্দিৰৰ সংস্কাৰ আৰু পুনর্নির্মাণ সম্পূর্ণ হৈছে দুটা পর্যায়ত। প্রথম পর্যায়ৰ উদ্বোধন কৰিছিল স্বয়ং প্রধানমন্ত্রীয়ে চলিত বছৰৰ এপ্রিল মাহত। পুনর্নির্মিত মন্দিৰটোৰ উদ্বোধনৰ সময়ত প্রধানমন্ত্রীয়ে কয় যে পাঁচটাকৈ শতাব্দী অতিক্রান্ত হৈছে। তাৰপিছতো পাৰ হৈ গৈছে আৰু পঁয়সত্তৰটা বছৰ। কিন্তু মন্দিৰৰ শিখৰ ধ্বজে আজিও পৱিত্রতাৰে সেই ইতিহাসক বহন কৰি গৈছে। শিখৰ ধ্বজ কেৱল আমাৰ বিশ্বাস আৰু আধ্যাত্মিকতাৰ প্রতীক নহয়, যুগ আৰু শতাব্দীৰ পৰিৱবর্তনৰ এটি প্রতীকো। আসন্ন ‘গুপ্ত নৱৰাত্রি’ৰ ঠিক পূর্বে মন্দিৰৰ এই পুনর্নির্মাণে এই বিশ্বাসেই বহন কৰে যে ‘শক্তি’ কেতিয়াও ম্লান বা নিষ্প্রভ হৈ নাযায়। অযোধ্যাৰ ৰাম মন্দিৰ, কাশী বিশ্বনাথ ধাম আৰু কেদাৰ ধামৰ কথা উল্লেখ কৰি শ্রী মোদীয়ে কয় যে ভাৰতৰ আধ্যাত্মিক তথা সাংস্কৃতিক গৌৰৱৰ পুনৰুদ্ধাৰ হৈ গৈ আছে। নতুন যুগৰ আশা-আকাংক্ষাক লগত লৈ দেশে তাৰ প্রাচীন পৰিচয় বহন কৰিছে। ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্রয়াস’-ৰ প্রতীক হ'ল এই মন্দিৰ। স্বামী বিবেকানন্দই মা কালীৰ আশীর্বাদত কেনেকৈ জনসেৱাত নিজকে নিয়োজিত ৰাখিছিল সেই কথাও উল্লেখ কৰে প্রধানমন্ত্রীয়ে। তেওঁ কয় যে আজি কালীমাতার ওচৰত এটাই আশীর্বাদ প্রার্থী তেওঁ, যাতে আৰু অধিক নিষ্ঠা, উদ্যম আৰু সমৰ্পিত মনোভাব লৈ তেওঁ দেশবাসীৰ সেৱা কৰি যাব পাৰে। ‘আজাদী কা অমৃত মহোৎসৱ’-ৰ অৱতাৰণা কৰি, প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ স্বাধীনতা সংগ্রামৰ লগতে বিকাশৰ যাত্ৰাতো গুজৰাটৰ অৱদান জিলিকি আছে। গৰ্বী গুজৰাট ভাৰতৰ গৰ্ব আৰু গৌৰৱগাঁথাৰেই সমাৰ্থক, তেওঁ কয়। তেওঁ কয় যে সোমনাথ মন্দিৰৰ গৌৰৱময় পৰম্পৰাত; পাঁচ মহল আৰু পাৱাগড়ে আমাৰ ঐতিহ্য আৰু গৌৰৱত কাম কৰি আছে। তেওঁ কয় যে আজি, মা কালীয়ে নিজৰ ভক্তসকলক বিকাশৰ কাম আৰু ধ্বজা উত্তোলনৰ কাম সম্পূৰ্ণ কৰাৰ সুযোগ দি আশীৰ্বাদ কৰিছে। পুনৰ্নিৰ্মাণত, মন্দিৰৰ প্ৰাচীন ভাবমূৰ্তিক স্পৰ্শ কৰা নাই, তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে লগতে মন্দিৰলৈ অহাযোৱাৰ সুচলতাৰ কথাও উল্লেখ কৰে। "আগতে পাৱাগড়লৈ যাত্ৰা বৰ কঠিন আছিল যে মানুহে সাধাৰণতে কৈছিল যে জীৱনত এবাৰ হ'লেও মাৰ দৰ্শন কৰিব লাগিব। আজি, ইয়াৰ বৰ্ধিত সুবিধাই কঠিন দৰ্শন সুচল কৰি তুলিলে," তেওঁ কয়। তেওঁ ভক্তসকলক নিয়মানুবৰ্তীতা মানি চলিবলৈ কয়। "পাৱাগড়ত আধ্যাত্মিকতা আছে, ইয়াত ইতিহাস, প্ৰকৃতি, কলা আৰু সংস্কৃতিও আছে। ইয়াত এফালে মা মহাকালীৰ শক্তিপীঠ আছে, আৰু আনটো ফালে এটা ঐতিহাসিক জৈন মন্দিৰ আছে। সেয়ে পাৱাগড় ভাৰতৰ ঐতিহাসিক বৈচিত্র্যৰ মাজত সাৰ্বজনীন সংহতিৰ কেন্দ্ৰ হৈ আছে," প্ৰধানমন্ত্ৰীয়ে কয়। মাতাৰ বিভিন্ন মন্দিৰৰ কথা উল্লেখ কৰি, প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে গুজৰাটৰ মাৰ আশীৰ্বাদৰ এটা সুৰক্ষা বেষ্টনি আছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিশ্বাসৰ স্থলসমূহৰ বিকাশৰ জৰিয়তে অঞ্চলটোৰ নতুন সুযোগবিলাক বৃদ্ধি পাইছে, যিহেতু পৰ্যটন, নিয়োগ আৰু কলা-শিল্পৰ প্ৰতি সজাগতা বৃদ্ধি পাইছে। পাঁচমহল প্ৰবাদপ্ৰতীম সংগীতজ্ঞ বাইজু বাৱাৰাৰ ভূমি হৈ পৰাৰ কথা স্মৰণ কৰি, প্ৰধানমন্ত্ৰীয়ে কয় যে য'ত ঐতিহ্য আৰু সংস্কৃতিয়ে শক্তি লাভ কৰে, তাত কলা আৰু প্ৰতিভাও বিকশিত হয়। প্ৰধানমন্ত্ৰীয়ে মনত পেলায় যে ২০০৬ত চাম্পানেৰৰ পৰাই 'জ্যোতিৰগ্ৰাম' আঁচনি সূচনা কৰা হৈছিল।
প্রধানমন্ত্রীয়ে পাৱাগড় হিলত পুনর্নির্মিত কালিকা মাতা মন্দিৰৰ উদ্বোধন কৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%A3%E0%A6%BF%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A7%B0-%E0%A7%AB%E0%A7%A6-%E0%A6%A4%E0%A6%AE-%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A7%8D%E0%A6%AF%E0%A6%BF%E0%A6%95-%E0%A6%A6%E0%A6%BF%E0%A7%B1/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%A3%E0%A6%BF%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A7%B0-%E0%A7%AB%E0%A7%A6-%E0%A6%A4%E0%A6%AE-%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A7%8D%E0%A6%AF%E0%A6%BF%E0%A6%95-%E0%A6%A6%E0%A6%BF%E0%A7%B1/
খুৰুমজৰী! নমস্কাৰ মণিপুৰৰ প্ৰতিষ্ঠাৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে আপোনালোকক অভিনন্দন জনাইছো! মণিপুৰ ৰাজ্য হিচাপে আজি যি ঠাইত উপস্থিত হৈছে তাৰ বাবে বহুলোকে তেওঁলোকৰ তপস্যা আৰু ত্যাগ কৰিছে। মই এনেদৰে সকলোকে সন্মান সহকাৰে প্ৰণাম জনাইছো। মণিপুৰত যোৱা ৫০ বছৰত বহুতো উত্থান-পতন দেখা গৈছে। সকলো মণিপুৰীয়ে সকলো ধৰণৰ সময় অতিবাহিত কৰিছে আৰু প্ৰতিটো পৰিস্থিতিৰ সন্মুখীন হৈছে। এয়াই মণিপুৰৰ প্ৰকৃত শক্তি। যোৱা ৭ বছৰত, মই নিৰন্তৰ ভাৱে আপোনাৰ মাজত আহি আপোনাৰ প্ৰত্যাশা, আকাংক্ষা আৰু প্ৰয়োজনীয়তাৰ প্ৰত্যক্ষ হিচাপ পাবলৈ চেষ্টা কৰি আছোঁ। সেয়েহে মই আপোনালোকৰ প্ৰত্যাশা, আপোনাৰ অনুভূতি ভালদৰে বুজি পাইছিলো আৰু আপোনালোকৰ সমস্যা সমাধানৰ নতুন উপায় বিচাৰি পাইছিলো। মণিপুৰ শান্তিৰ যোগ্য, ই বন্ধ অৱৰোধৰ পৰা মুক্তিৰ যোগ্য। এইটো মণিপুৰৰ জনসাধাৰণৰ এক ডাঙৰ আকাংক্ষা। আজি মই সুখী যে বীৰেন সিংজীৰ নেতৃত্বত মণিপুৰৰ জনসাধাৰণে এই সাফল্য অৰ্জন কৰিছে। ডাঙৰ দীঘলীয়া অপেক্ষাৰ সময় প্ৰাপ্ত হৈছে। আজি, কোনো বৈষম্য নোহোৱাকৈ মণিপুৰৰ প্ৰতিটো অঞ্চল, প্ৰতিটো শাখাৰ উন্নয়নত উপনীত হৈছে। এইটো ব্যক্তিগতভাৱে মোৰ বাবে যথেষ্ট সন্তুষ্টিৰ বিষয়। বন্ধুসকল, মই এয়া দেখি অত্যন্ত আনন্দিত যে আজি মণিপুৰে উন্নয়নত শক্তি প্ৰয়োগ কৰিছে, ইয়াত যুৱসকলৰ শক্তি বিশ্ব পৰ্যায়লৈ আহিছে। আজি যেতিয়া আমি খেলপথাৰত মণিপুৰৰ পুত্ৰ-কন্যাসকলৰ আত্মা আৰু আবেগ দেখিবলৈ পাওঁ, সমগ্ৰ দেশৰ বুকু গৌৰৱেৰে পুষ্ট হৈ পৰে। মণিপুৰৰ যুৱপ্ৰজন্মৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি আমি ৰাজ্যখনক দেশৰ ক্ৰীড়া শক্তি গৃহ হিচাপে গঢ়ি তোলাৰ বাবে উদ্যোগ গ্ৰহণ কৰিছো। দেশৰ প্ৰথম ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপনৰ আঁৰত এইটো চিন্তাধাৰা প্ৰতিফলিত হৈছে। ক্ৰীড়া, ক্ৰীড়া শিক্ষা, ক্ৰীড়া ব্যৱস্থাপনা আৰু প্ৰযুক্তিক উৎসাহিত কৰাৰ বাবে এয়া এক মহান প্ৰয়াস। কেৱল ক্ৰীড়াই নহয়, ষ্টাৰ্টআপ আৰু উদ্যোগৰ ক্ষেত্ৰতো মণিপুৰৰ যুৱক-যুৱতীসকলে আশ্চৰ্যকৰ কাম কৰি আছে। ভগ্নী আৰু কন্যাসকলৰ ভূমিকাও ইয়াত প্ৰশংসনীয়। মণিপুৰৰ হাতত থকা হস্তশিল্পৰ শক্তি সমৃদ্ধ কৰাৰ প্ৰতিশ্ৰুতিৰে চৰকাৰে কাম কৰি আছে। বন্ধুসকল, উত্তৰ-পূৰ্বাঞ্চলক এক্ট ইষ্ট পলিচীৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ আমি আগবাঢ়ি অহা দৃষ্টিভংগীত মণিপুৰৰ ভূমিকা গুৰুত্বপূৰ্ণ। আপোনালোকে প্ৰথম যাত্ৰীবাহী ৰেলখনৰ বাবে ৫০ বছৰ অপেক্ষা কৰিবলগীয়া হৈছিল। ইমান দীঘলীয়া সময়ৰ পিছত, বহু দশকৰ পিছত, আজি ৰেলখনৰ ইঞ্জিন মণিপুৰত উপস্থিত হৈছে আৰু যেতিয়া আমি এই সপোনটো সঁচা হোৱা দেখিছো, প্ৰতিজন মণিপুৰীয়ে কয় যে ডাবল ইঞ্জিন চৰকাৰ আশ্চৰ্যজনক। এনে এটা মৌলিক সুবিধা পাবলৈ কেইবা দশকৰ প্ৰয়োজন হৈছিল। কিন্তু এতিয়া মণিপুৰৰ সংযোগ দ্ৰুত গতিত কাম কৰি থকা হৈছে। আজি হাজাৰ হাজাৰ কোটি টকাৰ সংযোগ প্ৰকল্পৰ কাম দ্ৰুত গতিত আগবাঢ়িছে। ইয়াৰ ভিতৰত আছে জিৰবাম-টুপুল-ইম্ফল ৰেলপথ। ইম্ফল বিমানবন্দৰৰ আন্তঃৰাষ্ট্ৰীয় স্থিতিয়ে উত্তৰ-পূবৰ ৰাজ্য কলকাতা, বেংগালুৰু আৰু দিল্লীলৈ বিমান সংযোগ উন্নত কৰিছে। ভাৰত-ম্যানমাৰ-থাইলেণ্ড ত্ৰিলেট্ৰাল ঘাইপথৰ কামো দ্ৰুত গতিত আগবাঢ়িছে। মণিপুৰে উত্তৰ-পূৰ্বাঞ্চলত ৯ হাজাৰ কোটি টকাত স্থাপন কৰা প্ৰাকৃতিক গেছ পাইপলাইনৰ পৰাও লাভান্বিত হ'বলৈ গৈ আছে। ভাতৃ আৰু ভগ্নীসকল, ৫০ বছৰীয়া যাত্ৰাৰ পিছত, মণিপুৰ আজি এক গুৰুত্বপূৰ্ণ পৰ্যায়ত আছে। মণিপুৰে দ্ৰুত বিকাশৰ দিশত যাত্ৰা আৰম্ভ কৰিছে। বাধাবোৰ এতিয়া আঁতৰ কৰা হৈছে। ইয়াৰ পৰা, আমি পিছলৈ ঘূৰি চাব নালাগে। যেতিয়া আমাৰ দেশে স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ কৰিব, মণিপুৰে এখন পূৰ্ণ ৰাজ্যৰ মৰ্যাদা পোৱাৰ ৭৫ বছৰ পূৰণ হ'ব। সেয়েহে, এয়া মণিপুৰৰ বাবে উন্নয়নৰ অমৃত। আমি মনত ৰাখিব লাগিব যে যিবোৰ শক্তিয়ে দীৰ্ঘদিন ধৰি মণিপুৰৰ উন্নয়ন ব্যাহত কৰি ৰাখিছে সেইবোৰে পুনৰ মূৰ দাঙিবলৈ সুযোগ পাব নালাগে। এতিয়া আমি আগন্তুক দশকৰ বাবে নতুন সপোন, নতুন সংকল্পৰ সৈতে খোজ কাঢ়িব লাগিব। মই বিশেষকৈ সৰু পুত্ৰ আৰু কন্যাসকলক আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিম। আপোনালোকৰ উজ্জ্বল ভৱিষ্যত সন্দৰ্ভত মই যথেষ্ট আত্মবিশ্বাসী। মণিপুৰে উন্নয়নৰ দ্বৈত ইঞ্জিনৰ সৈতে দ্ৰুত গতিত আগবাঢ়িব লাগিব। মণিপুৰৰ মোৰ ভাই-ভনীসকলক পুনৰ এবাৰ শুভকামনা জনাইছো! অশেষ ধন্যবাদ
মণিপুৰৰ ৫০ তম ৰাজ্যিক দিৱসত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠৰ অসমীয়া অনুবাদ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%85%E0%A6%B9%E0%A6%BE-%E0%A7%AD-%E0%A6%A1%E0%A6%BF/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%85%E0%A6%B9%E0%A6%BE-%E0%A7%AD-%E0%A6%A1%E0%A6%BF/
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে অহা ৭ ডিছেম্বৰত দিনৰ ১টাত গোৰখপুৰ ভ্ৰমণলৈ যাব। এই ভ্ৰমণত তেওঁ ৯ হাজাৰ ৬০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্রকল্প জাতিৰ উদ্দেশ্যে উৎসর্গা কৰিব। প্রধানমন্ত্রীয়ে গোৰখপুৰত সাৰ কাৰখানা জাতিৰ উদ্দেশ্যে উৎসর্গা কৰিব। উল্লেখ্যযোগ্য যে ২০১৬ চনৰ ২২ জুলাইত এই সাৰ কাৰখানাটোৰ আধাৰশিলা স্থাপন কৰিছিল তেওঁ। ৩০ বছৰৰো অধিক কাল ধৰি এইটো বন্ধ অবস্থাত আছিল। এই কাৰখানাটোক পুনৰুজ্জীৱিত কৰা হৈছে। প্রায় ৮ হাজাৰ ৬০০ কোটি টকা ব্যয় সাপেক্ষে এই সাৰ কাৰখানাটো পুনর্নির্মিত হৈছে। ইয়াৰ ফলত এতিয়াৰ পৰা ইউৰিয়া উৎপাদিত হ'ব। প্রধানমন্ত্রীৰ সপোনেই হ’ল, সাৰ কাৰখানাসমূহৰ পুনৰুজ্জীৱন ঘটাই দেশত ইউৰিয়া উৎপাদনত আত্মনির্ভৰতা অর্জন কৰা। গোৰখপুৰৰ এই কাৰখানাৰ পৰা বছৰত ১২.৭ লাখ মেট্রিক টন ইউৰিয়া উৎপাদিত হ'ব। এই ইউৰিয়া সাৰে দেশৰ পূর্বাঞ্চলৰ চাহিদা পূৰাবলৈ তথা পার্শ্বৱর্তী এলেকাত কৃষকসকলৰ বাবে বিশেষ সহায় কৰিব। ইয়াৰ ফলত, এই অঞ্চলৰ সামগ্রিক অর্থনৈতিক বৃদ্ধি সম্ভৱ হ'ব। নেচনেল থার্মেল পাৱাৰ কর্প'ৰেচন, ক'ল ইণ্ডিয়া লিমিটেড, ইণ্ডিয়ান অইল কর্প'ৰেচন লিমিটেড, ফার্টিলাইজাৰ কর্প'ৰেচন অফ ইণ্ডিয়া আৰু হিন্দুস্তান ফার্টিলাইজাৰ কর্প'ৰেচন লিমিটেডৰ সমন্বয়ত গঠিত হিন্দুস্তান উৰ্বৰক এণ্ড ৰসায়ন লিমিটেড (এইচইউআৰএল)য়ে এই সাৰ কাৰখানাটো গঢ়ি তুলিছে। গোৰখপুৰ, সিন্ধ্রি আৰু বাৰাউনি সাৰ কাৰখানাসমূহৰ পুনৰুজ্জীৱনৰ বাবে কাম চলোৱা হৈছে। গোৰখপুৰৰ এই সাৰ কাৰখানাটোত প্রযুক্তিগতভাবে সহায় কৰিছে জাপানৰ টয়ো ইঞ্জিনিয়াৰিং কর্প'ৰেচন আৰু টয় ইঞ্জিনিয়াৰিং ইণ্ডিয়া প্রাইভেট লিমিটেডে। এই প্রকল্পত ১৪৯.২ মিটাৰ দীঘল বিশ্বৰ প্রিলিং টাৱাৰ আছে। আনকি, উন্নত নিৰাপত্তা ব্যৱস্থাও ইয়াত আছে। প্রধানমন্ত্রীয়ে সেইদিনা গোৰখপুৰৰ এআইআইএমএছ (এইমছ)ৰ সম্পূর্ণ কার্যকৰী কমপ্লেক্সটোও জাতিৰ উদ্দেশ্যে উৎসর্গা কৰিব। ১ হাজাৰ কোটি টকা ব্যয়েৰে এইটো নির্মিত হৈছে। ২০১৬ চনৰ ২২ জুলাইত এই কমপ্লেক্সৰ আধাৰশিলা স্থাপন কৰিছিল তেওঁ। 'প্রধানমন্ত্রী স্বাস্থ্য সুৰক্ষা যোজনা'ৰ আওতাত এইটো প্রতিষ্ঠিত হৈছে। ইয়াত উন্নতমানৰ চিকিৎসা পৰিসেৱাৰ ব্যৱস্থা আছে। এই এইমছ হাস্পতালত ৭৫০খন বিছনা আছে। তদুপৰি, মেডিকেল কলেজ, নাৰ্ছিং কলেজ, আয়ুষ বিল্ডিং, সকলো কর্মীৰে থকাৰ বাবে আৱাস, স্নাতক ও স্নাতকোত্তৰ শিক্ষার্থীসকলৰ বাবে ছাত্রাবাস আছে। প্রধানমন্ত্রীয়ে অহা ৭ ডিছেম্বৰত গোৰখপুৰৰ আইচিএমআৰ – ৰিজিওনেল মেডিকেল ৰিছার্চ চেণ্টাৰৰ নতুন ভবনৰো উদ্বোধন কৰিব। জাপানি এনকেফেলাইটিছ/একিউট এনকেফেলাইটিছ ছিন্ড্রমৰ সমস্যাৰ মোকাবিলাত এই কেন্দ্রই যথেষ্ট সহায়ক ভূমিকা পালন কৰিছে। অত্যাধুনিক সুযোগ-সুবিধা সম্বলিত এই নতুন ভবনটোৱে সংক্রামক আৰু অসংক্রামক ৰোগৰ ক্ষেত্রত গৱেষণাত নতুন দিগন্তৰ সূচনা কৰিব আৰু লগতে এই অঞ্চলৰ অন্যান্য মেডিচিন ইন্সটিটিউটত সহযোগিতা প্রদান কৰিব।
প্রধানমন্ত্রীয়ে অহা ৭ ডিছেম্বৰত গোৰখপুৰ ভ্ৰমণত ৯ হাজাৰ ৬০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক প্রকল্প জাতিৰ উদ্দেশ্যে উৎসর্গা কৰি
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%AF%E0%A6%AD%E0%A6%BE%E0%A7%B0-%E0%A6%97%E0%A7%8D%E0%A7%B0%E0%A6%B9%E0%A6%A3-%E0%A6%95%E0%A7%B0%E0%A6%BE-%E0%A6%A6%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BF/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%AF%E0%A6%AD%E0%A6%BE%E0%A7%B0-%E0%A6%97%E0%A7%8D%E0%A7%B0%E0%A6%B9%E0%A6%A3-%E0%A6%95%E0%A7%B0%E0%A6%BE-%E0%A6%A6%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BF/
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্রপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে য়ুন ছুক ইয়লক শুভেচ্ছা আৰু অভিনন্দন জনাইছে৷ এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “মই দক্ষিণ কোৰিয়াৰ ৰাষ্ট্রপতি @sukyeol__yoon-ক শুভেচ্ছা আৰু অভিনন্দন জনাইছো। তেওঁ আজি তেওঁৰ কার্যকাল আৰম্ভ কৰিছে৷ মই শীঘ্ৰে তেওঁক সাক্ষাৎ কৰাৰ লগতে ভাৰত-দক্ষিণ কোৰিয়াৰ সম্পর্কক আৰু অধিক শক্তিশালী আৰু সমৃদ্ধ কৰাৰ বাবে একেলগে কাম কৰিবলৈ আগ্ৰহী হৈ আছো৷”
কাৰ্যভাৰ গ্ৰহণ কৰা দক্ষিণ কোৰিয়াৰ ৰাষ্ট্রপতিক শুভেচ্ছা আৰু অভিনন্দন প্রধানমন্ত্রী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%B6%E0%A6%BE%E0%A7%B0%E0%A6%A6%E0%A6%BE-%E0%A6%AE/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%B6%E0%A6%BE%E0%A7%B0%E0%A6%A6%E0%A6%BE-%E0%A6%AE/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শাৰদা মঠৰ অধ্যক্ষ প্ৰব্ৰজিকা ভক্তিপ্ৰাণ মাতাজীৰ দেহাৱসানত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে। এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কৈছে: "মই প্ৰব্ৰজিকা ভক্তিপ্ৰাণ মাতাজীক মোৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছো। শ্ৰী শাৰদা মঠ আৰু ৰামকৃষ্ণ শাৰদা মিছনৰ মাধ্যমত সমাজ সেৱাৰ তেওঁৰ অক্লান্ত প্ৰয়াস চিৰকাল স্মৰণীয় হৈ থাকিব। মই মঠৰ সকলো সদস্য আৰু শ্ৰদ্ধালুৰ প্ৰতি মোৰ সমবেদনা ব্যক্ত কৰিছো।"
প্ৰধানমন্ত্ৰীয়ে শাৰদা মঠৰ অধ্যক্ষ প্ৰব্ৰজিকা ভক্তিপ্ৰাণ মাতাজীৰ দেহাৱসানত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%AA%E0%A7%8B%E0%A6%B2%E0%A7%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4-%E0%A6%85%E0%A6%B8/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%AA%E0%A7%8B%E0%A6%B2%E0%A7%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4-%E0%A6%85%E0%A6%B8/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ভাৰত আৰু পোলেণ্ডৰ মাজত অসামৰিক বিমান পৰিবহণৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে বুজাবুজি চুক্তিৰ স্বাক্ষৰৰ বাবে অনুমোদন জনাইছে। দুয়োখন দেশৰ চৰকাৰৰ অনুমোদন সাপেক্ষে এই চুক্তিখন স্বাক্ষৰ কৰা হ’ব। বুজাবুজি চুক্তিখনৰ ম্যাদ ৫ বছৰ হ’ব। | এই বুজাবুজি চুক্তিখনৰ উদ্দেশ্য হৈছে-অসামৰিক বিমান পৰিবহণ খণ্ডত সহযোগিতাৰে পাৰস্পৰিক সুবিধাৰ বিষয়সমূহক স্বীকৃতি দিয়া, বিশেষকৈ ভাৰতত আঞ্চলিক বিমান যোগাযোগ ব্যৱস্থা উন্নত কৰা। তদুপৰি, দুয়ো পক্ষই পৰিৱেশ পৰীক্ষণ অথবা অনুমোদন, বিমানৰ নমুনা নিৰীক্ষণ আৰু অনুমোদন, বিমানৰ ৰক্ষণাবেক্ষণ সুবিধা অনুমোদন, ৰক্ষণাবেক্ষণ কৰা কর্মীসকলৰ অনুমোদন আৰু বিমানকর্মীৰ অনুমোদনৰ ক্ষেত্রত পাৰস্পৰিক সুবিধাবোৰ চিনাক্ত কৰা হ’ব। পাৰস্পৰিক সহযোগিতাৰ ক্ষেত্রত উৎসাহ যোগাবলগীয়া এই বুজাবুজি চুক্তিৰ প্রধান ক্ষেত্রসমূহ হৈছেঃ (ক) ভাৰত আৰু পোলেণ্ডৰ মাজত বিৰূপ প্রভাৱ পেলাব পৰা আইনী আৰু পদ্ধতিগত বিষয়সমূহৰ পর্যালোচনাৰ জৰিয়তে অসামৰিক বিমান পৰিবহণৰ বজাৰক সহায় কৰা। (খ) বিমান পৰিবহণৰ ক্ষেত্রত সুৰক্ষা আৰু নিৰাপত্তা বৃদ্ধি কৰাৰ বাবে বিমানচালনা আইন, আঞ্চলিক বিমান চালনা, উৰাণ-যোগ্যতাৰ প্রয়োজনীয়তা তথা সুৰক্ষাজনিত গুণৰ ক্ষেত্ৰত মন্ত্রালয়সমূহৰ লগতে সংশ্লিষ্ট অসামৰিক বিমান পৰিবহণ কর্তৃপক্ষৰ মাজত তথ্য আৰু অভিজ্ঞতাৰ আদান প্রদান কৰা। আৰু/বা (গ) সুৰক্ষা পর্যবেক্ষণ, উৰাণ-যোগ্যতা, বিমান চালনা, অনুজ্ঞাপত্ৰ, আইন আৰু প্রয়োগ ইত্যাদি বিষয়ক লৈ নিৰাপদ বিমান চালনাৰ বাবে প্রশিক্ষণমুলক কার্যসূচীৰ ব্যৱস্থা কৰা, সহযোগিতা অথবা যৌথভাবে উন্নয়ন কৰা। আৰু/বা (ঘ) অসামৰিক বিমান পৰিবহণৰ ক্ষেত্রত সংশ্লিষ্ট পক্ষৰ প্রতিনিধিসকলৰ অংশগ্রহণৰ জৰিয়তে সুৰক্ষিত বিমান চালনাৰ বাবে বিমান পৰিবহন সংস্থাসমূহৰ মাজত আলোচনা, যৌথ সন্মিলনৰ আয়োজন কৰা আৰু বৃত্তিগত সন্মিলন, কর্মশালা, আলোচনা আৰু এনে ধৰণৰ কাম কৰা। (ঙ) দুয়োপক্ষৰ মন্ত্রালয় আৰু সংশ্লিষ্ট বিমান পৰিবহণ বিভাগত মাজত তথ্য, জ্ঞান, দক্ষতা আৰু অভিজ্ঞতাৰ আদান প্রদানৰ বাবে নিয়মীয়াকৈ আলোচনা অথবা বৈঠক অনুষ্ঠিত কৰা আৰু দুই পক্ষৰ পাৰস্পৰিক স্বার্থ আৰু উন্নয়নৰ লগতে সংশ্লিষ্ট সুৰক্ষিত অসামৰিক বিমান পৰিচালনাগত উন্নয়ন সাধন কৰা। (চ) সুৰক্ষিত বিমান চলাচল আৰু পাৰস্পৰিক স্বার্থজড়িত বিষয়ক লৈ গবেষণা আৰু অধ্যয়নৰ বাবে সহযোগিতা আগবঢ়োৱা। (ছ) ওপৰত উল্লেখিত যিকোনো সহযোগিতামুলক বিষয়।
ভাৰত আৰু পোলেণ্ডৰ মাজত অসামৰিক বিমান পৰিবহণৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে বুজাবুজি চুক্তিৰ স্বাক্ষৰৰ বাবে কেবিনেটৰ অনুমোদন
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AB%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%B8%E0%A7%B0-%E0%A6%B8%E0%A6%B6%E0%A6%B8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0-%E0%A6%AC%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A8%E0%A7%80/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AB%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%B8%E0%A7%B0-%E0%A6%B8%E0%A6%B6%E0%A6%B8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0-%E0%A6%AC%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A8%E0%A7%80/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ সশস্ত্ৰ বাহিনী দপ্তৰৰ মন্ত্ৰী শ্ৰীমতী ফ্লৰেন্স পাৰ্লীক সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি টুইট কৰেঃ "ফ্ৰান্সৰ সশস্ত্ৰ বাহিনী দপ্তৰৰ মন্ত্ৰী @florence_parly ক আজি আদৰণি জনাওঁ আৰু দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা, আঞ্চলিক নিৰাপত্তা, ইণ্ডো-পেচিফিক আৰু ইউৰোপিয়ান ইউনিয়ন কাউন্সিলত ফ্ৰান্সৰ আগন্তুক অধ্যক্ষতা সম্পৰ্কে আলোচনা কৰো। মই আমাৰ কৌশলগত অংশীদাৰিত্ব অধিক গভীৰ কৰাৰ বাবে ভাৰতৰ অংগীকাৰৰ কথা দোহাৰো।"
ফ্ৰান্সৰ সশস্ত্ৰ বাহিনী দপ্তৰৰ মন্ত্ৰীক আদৰণি প্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%9C%E0%A7%B0%E0%A7%8D%E0%A6%A6%E0%A6%BE%E0%A6%A8%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4-%E0%A6%B8%E0%A7%8D%E0%A6%AC/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%9C%E0%A7%B0%E0%A7%8D%E0%A6%A6%E0%A6%BE%E0%A6%A8%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4-%E0%A6%B8%E0%A7%8D%E0%A6%AC/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰোহিত্যত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত ভাৰত আৰু জৰ্দানৰ মাজত স্বাস্থ্য আৰু চিকিৎসা-বিজ্ঞানৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজিৰ চুক্তিৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়। এই চুক্তিয়ে তলত উল্লিখিত ক্ষেত্ৰত সহযোগিতা আগবঢ়াবঃ ১. সাৰ্বজনীন চিকিৎসা সেৱা ২. স্বাস্থ্যব্যৱস্থাৰ পৰিচালনা ৩. স্বাস্থ্য বিষয়ত তথ্য প্ৰযুক্তি তথা সেৱা ৪. স্বাস্থ্য বিষয়ক গৱেষণা ৫. ৰাষ্ট্ৰীয় স্বাস্থ্য পৰিসংখ্যা ৬. স্বাস্থ্য বিষয়ৰ লগত জড়িত বিত্ত আৰু অৰ্থনীতি ৭. নিয়মীয়া অসুখৰ নিয়ন্ত্ৰণ ৮. ধপাত নিয়ন্ত্ৰণ ৯. যক্ষ্মাৰোগ চিনাক্তকৰণ আৰু চিকিৎসা তথা উপশম ১০. ফাৰ্মাচিটিকেল তথা চিকিৎসা ডিভাইচসমূহৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ ১১. পাৰস্পৰিকভাৱে সিদ্ধান্ত লৈ অন্য কোনো ক্ষেত্ৰৰ বিকাশ বিতং সহযোগিতা তথা এই বুজাবুজিৰ চুক্তিৰ ৰূপায়ণৰ পৰ্যবেক্ষণৰ বাবে এটা কৰ্মীগোট গঠন কৰা হ’ব।
ভাৰত আৰু জৰ্দানৰ মাজত স্বাস্থ্যক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজিৰ চুক্তিৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A7%87%E0%A6%B2-%E0%A6%96%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A7%B0-%E0%A6%95%E0%A6%BE%E0%A7%B0%E0%A6%BF%E0%A6%95%E0%A7%B0%E0%A7%80-%E0%A6%B8%E0%A6%B9%E0%A6%AF%E0%A7%8B%E0%A6%97/
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A7%87%E0%A6%B2-%E0%A6%96%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A7%B0-%E0%A6%95%E0%A6%BE%E0%A7%B0%E0%A6%BF%E0%A6%95%E0%A7%B0%E0%A7%80-%E0%A6%B8%E0%A6%B9%E0%A6%AF%E0%A7%8B%E0%A6%97/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ৰে’ল খণ্ডৰ কাৰিকৰী সহযোগিতাৰ অৰ্থে ভাৰত চৰকাৰৰ ৰে’ল মন্ত্ৰালয় আৰু ছুইজাৰলেণ্ডৰ পৰিৱেশষ পৰিবহণ, শক্তি আৰু যোগাযোগ বিভাগৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিৰ সন্দৰ্ভত অৱগত কৰা হয়। ২০১৭ চনৰ ৩১ আগষ্টত এই বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হয়। এই বুজাবুজি চুক্তিৰ অধীনত নিম্নোলিখিত দিশত কাৰিকৰী সহযোগিতা আগবঢ়োৱা হ’বঃ ক) ট্রেকচন ৰোলিং ষ্টক খ) ইএমইউ আৰু ট্ৰেইন ছেটছ গ) ট্ৰেকচন পপালচন সঁজুলি ঘ) যাত্রীবাহী ৰে’ল আৰু ইয়াৰ মাছুলৰ তালিকা ঙ) ৰে’ল উঠোৱা চ) ৰে’লৰ বৈদ্যুতিক সা-সৰঞ্জাম ছ) ৰে’ল সময়সূচী আৰু চলাচল ব্যবস্থাৰ উন্নয়ন, জ) ৰে’ল ষ্টেচনসমূহৰ আধূনিকীকৰণ ঝ)বহু উদ্দেশ্যসাধক পৰিবহণ ব্যৱস্থা ঞ) সুৰংগ খনন কৌশল পটভূমিঃ উল্লেখ্য যে ৰে’লেৰ সর্বাংগীন প্রসাৰ আৰু উন্নয়নৰ অৰ্থে বিশ্বৰ বিভিন্ন দেশ তথা তাৰ ৰাষ্ট্ৰীয় ৰে’লৱে সৈতে ভাৰতীয় ৰে’ল মন্ত্ৰালয়ে প্রযুক্তিগত সহযোগিতা চুক্তি স্বাক্ষৰৰ এক বিশেষ উদ্যোগ গ্রহণ কৰিছে। ৰে’ল প্রযুক্তি, জ্ঞান আৰু অভিজ্ঞতাৰ বিনিময়, প্রযুক্তিগত ভ্ৰমণ বিনিময় কর্মসূচী, প্রশিক্ষণ, আলোচনা-চক্র আৰু কর্মশালা ইত্যাদিৰ জৰিয়তে পাৰস্পৰিক স্বার্থজড়িত বিভিন্ন বিষয়ত অন্যান্য দেশৰ সৈতে প্রযুক্তিগত সহযোগিতাৰ প্রসাৰ ঘটাবলৈ ভাৰতীয় ৰে’ল আগ্রহী।
ৰে’ল খণ্ডৰ কাৰিকৰী সহযোগিতাৰ অৰ্থে ভাৰত আৰু ছুইজাৰলেণ্ডৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিৰ সন্দৰ্ভত অৱগত কৰিলে কেবিনেটত
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80-%E0%A6%86%E0%A6%A8%E0%A7%81%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BE%E0%A6%A8%E0%A6%BF/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80-%E0%A6%86%E0%A6%A8%E0%A7%81%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BE%E0%A6%A8%E0%A6%BF/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বুদ্ধ জয়ন্তীৰ পৱিত্ৰ অনুষ্ঠানৰ সূচীত আজি পুৱা আনুষ্ঠানিক ভ্ৰমণত নেপালৰ লুম্বিনীত উপস্থিত হয়। লুম্বিনীত তেওঁৰ আগমনত নেপালৰ প্ৰধানমন্ত্ৰী শ্ৰী শ্বেৰ বাহাদুৰ দেউবা, তেওঁৰ পত্নী ডাঃ আৰ্জু ৰাণা দেউবা আৰু নেপাল চৰকাৰৰ কেইবাজনো মন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী শ্ৰী মোদীক উষ্ম আদৰণি জনায়। প্রধানমন্ত্রী হিচাপে শ্ৰী মোদীৰ এয়া পঞ্চম নেপাল আৰু প্ৰথম লুম্বিনী ভ্ৰমণ।
প্রধানমন্ত্রী আনুষ্ঠানিক ভ্ৰমণত নেপালৰ লুম্বিনীত উপস্থি
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%95%E0%A6%B2%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%A3-%E0%A6%B8%E0%A6%BF%E0%A6%99%E0%A7%B0-%E0%A6%AE%E0%A7%83%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%81%E0%A6%A4/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%95%E0%A6%B2%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%A3-%E0%A6%B8%E0%A6%BF%E0%A6%99%E0%A7%B0-%E0%A6%AE%E0%A7%83%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%81%E0%A6%A4/
উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্য মন্ত্ৰী, ৰাজ্যপাল তথা জ্যেষ্ঠ নেতা শ্ৰী কল্যাণ সিঙৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। এই সন্দৰ্ভত প্ৰকাশ কৰা এলানি বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়; “মই কিমান দুখ পাইছো তাক ভাষাৰে বৰ্ণাব নোৱাৰো। কল্যাণ সিং জী…দেশপ্ৰেমিক, প্ৰবীণ প্ৰশাসক, তৃণমূল পৰ্যায়ৰ নেতা আৰু এগৰাকী মহান মানৱ আছিল। উত্তৰ প্ৰদেশৰ উন্নয়ণৰ বাবে তেখেতে অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে। তেখেতৰ পুত্ৰ শ্ৰী ৰাজবীৰ সিঙৰ সৈতে কথা পাতিছো আৰু তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো। ওঁম শান্তি! ভাৰতৰ সাংস্কৃতিক পুনৰজাগৰণৰ ক্ষেত্ৰত তেখেতে আগবঢ়োৱা অৱদানসমূহৰ বাবে আগন্তুক প্ৰজন্মসমূহ কল্যাণ সিং জীৰ প্ৰতি চিৰ কৃতজ্ঞ হৈ থাকিব। ভাৰতীয় প্ৰমূল্যবোধৰ সৈতে তেখেত ওতঃপ্ৰোত ভাবে জড়িত হৈ থকাৰ লগতে আমাৰ বহু শতাব্দী পুৰণি পৰম্পৰাসমূহক লৈ গৌৰৱবোধ কৰি আহিছিল। সমাজৰ বঞ্চিত শ্ৰেণীৰ কোটি কোটি জনতাৰ মুখত বাণী দিয়াত সফল হৈছিল কল্যাণ সিং জী। তেখেতে কৃষকসকলৰ লগতে যুৱ-প্ৰজন্ম আৰু মহিলাসকলৰ সবলীকৰণৰ বাবেও অসংখ্য প্ৰয়াস কৰিছিল”।
শ্ৰী কল্যাণ সিঙৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8-%E0%A6%A6%E0%A6%BF%E0%A6%B2%E0%A7%8D%E0%A6%B2%E0%A7%80%E0%A6%A4-%E0%A6%85%E0%A6%A8%E0%A7%81%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BF%E0%A6%A4-%E0%A6%B9%E0%A7%8B/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8-%E0%A6%A6%E0%A6%BF%E0%A6%B2%E0%A7%8D%E0%A6%B2%E0%A7%80%E0%A6%A4-%E0%A6%85%E0%A6%A8%E0%A7%81%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BF%E0%A6%A4-%E0%A6%B9%E0%A7%8B/
নেটৱৰ্ক ১৮ৰ গ্ৰুপ এডিটৰ-ইন-চীফ ৰাহুল জোশী মহোদয়, দেশ-বিদেশৰ অতিথিগণ, ইয়াত উপস্থিত থকা সংবাদ মাধ্যমৰ বন্ধুসকল, ভদ্ৰপুৰুষ তথা ভদ্ৰমহিলাসকল, পোন প্ৰথমে মই আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো আপোনালোকে মোক ৰাইজিং ইণ্ডিয়া সন্মিলনত সন্মিলিত হ’বলৈ অৱকাশ প্ৰদান কৰিছে৷ বন্ধুসকল, যেতিয়া আমি ৰাইজিং বুলি উল্লেখ কৰোঁ তেতিয়া প্ৰথম আন্ধাৰৰ পৰা প্ৰকাশলৈ অহা কথাটো মনলৈ আহে৷ আমি য’ত আছিলোঁ, যি স্থিতিত আছিলোঁ, তাতকৈ আগুৱাই যাবলৈ, সুন্দৰ ভৱিষ্যতলৈ আগুৱাই যোৱাৰ কথা মনলৈ আহে৷ এই ৰাইজ কৰা, উদয় হোৱা, যেতিয়া আমি দেশৰ সন্দৰ্ভত এই বিষয়ে কওঁ, তেতিয়া ইয়াৰ বিস্তাৰ বহু ব্যাপক হয়৷ তেতিয়া প্ৰশ্ন উদয় হয় যে ৰাইজিং ইণ্ডিয়া কি? কেৱল সুদৃঢ় অৰ্থব্যৱস্থাৰ ৰাইজিং ইণ্ডিয়া হয়, ছেনছেক্সৰ অভিলেখ ভংগ হোৱাটো ৰাইজিং ইণ্ডিয়া হয়, বিদেশী মুদ্ৰাৰ ভাণ্ডাৰত অভিলেখ স্থিতিত থকাটো ৰাইজিং ইণ্ডিয়া হয় নে অভিলেখ সংখ্যক বিদেশী নিৱেশ হোৱাটো ৰাইজিং ইণ্ডিয়া হয়? বন্ধুসকল, মোৰ বাবে ৰাইজিং ইণ্ডিয়াৰ অৰ্থ হ’ল দেশৰ ডেৰশ কোটি নাগৰিকৰ স্বাভিমানৰ ৰাইজ হোৱা, দেশৰ আত্মগৌৰৱৰ ৰাইজ হোৱা৷ যেতিয়া এই ডেৰশ কোটি নাগৰিকৰ ইচ্ছাশক্তি একত্ৰিত হয়, এওঁলোকৰ সংকল্প এক হয়, তেতিয়া অনুশীলনো সম্ভৱ হৈ উঠে, অসম্ভৱো সম্ভৱ হৈ উঠে৷ একত্ৰিত হোৱা এই ইচ্ছাশক্তিয়ে আজি নতুন ভাৰতৰ সংকল্প পূৰণ কৰি আছে৷ ভাতৃ আৰু ভগ্নীসকল, বহুতো দেশত এয়া অৱধাৰণা আছে যে চৰকাৰৰ বিকাশ হওক, পৰিৱৰ্তনক নেতৃত্ব দিয়ক আৰু নাগৰিকে সেয়া অনুসৰণ কৰক৷ বিগত চাৰিটা বৰ্ষত আমি ভাৰতত এই স্থিতি পৰিৱৰ্তন কৰিছে৷ এতিয়া নাগৰিকে নেতৃত্ব লয় আৰু চৰকাৰে সেয়া অনুসৰণ কৰে৷ আপোনালোকে নিজে দেখা পাইছে যে কিদৰে ইমান কম সময়ৰ ভিতৰত স্বচ্ছ ভাৰত অভিযান এক জন আন্দোলনলৈ পৰিৱৰ্তিত হৈছে৷ সংবাদ মাধ্যমে এই ক্ষেত্ৰত সহযোগীৰ ভূমিকা পালন কৰিছে৷ কলাধন আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে হোৱা যুঁজত দেশৰ নাগৰিকসকলে ডিজিটেল পে’মেণ্টক নিজৰ সুদৃঢ় হাথিয়াৰ কৰিছে৷ ভাৰত আজি ডিজিটেল পে’মেণ্ট কৰা ক্ষীপ্ৰ উত্তৰণ হোৱা বজাৰসমূহৰ মাজত নিজৰ স্থান চিহ্নিত কৰিছে৷ ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা প্ৰতিটো পদক্ষেপত যিদৰে জনসাধাৰণৰ সমৰ্থন প্ৰাপ্ত হ’ব ধৰিছে, এয়া জনসাধাৰণে দেশৰ অন্তঃভাগৰ দুৰ্নীতিসমূহৰ পৰা মুক্তি দিবলৈ কৰা পদক্ষেপৰ সাক্ষী স্বৰূপ সিদ্ধ হৈছে৷ আমাৰ ৰাজনৈতিক বিৰোধীসকলে যিয়েই নকওক, দেশৰ নাগৰিকৰ এই প্ৰেৰণাৰ ফলস্বৰূপেই চৰকাৰে এই ডাঙৰ সিদ্ধান্তটো ল’ব পাৰিলে আৰু ইয়াক প্ৰণয়ন কৰি দেখুৱালে৷ যি সিদ্ধান্তৰ কথা দশক পূৰ্বে লোৱা হৈছিল, কিন্তু সেই ফাইলত বন্ধ কৰি থোৱা হৈছিল, যি আইন দশক পূৰ্বে পাচ হৈছিল কিন্তু ভ্ৰষ্টতন্ত্ৰৰ বাবে প্ৰণয়ন কৰিব পৰা হোৱা নাছিল, তাকো এই চৰকাৰে প্ৰণয়ন কৰিলে আৰু এই আইনৰ আধাৰতেই বৃহৎ স্থিতিত পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ বন্ধুসকল, ভাৰতত যি পৰিৱৰ্তনশীল স্থিতি আহিছে, সেয়া আমাৰ নিজৰ নাগৰিকসকলৰ বাবে হৈছে, তেওঁলোকৰ ইচ্ছাশক্তিৰ ফলত হৈছে৷ এই ইচ্ছাশক্তি দেশৰ নাগৰিকৰ মাজত, দেশৰ ক্ষেত্ৰসমূহত অসন্তুলনৰ ভাৱ হ্ৰাস কৰি আছে৷ ভাতৃ আৰু ভগ্নীসকল, দেশৰে উদয় হওক, অথবা কোনো সমাজ বা ব্যক্তিৰেই উদয় হয়, যদি সমতাৰ ভাৱ নাহে, তেন্তে না সংকল্প সিদ্ধ হ’ব, না সমাজ৷ সেইবাবে যদি এটা দৃষ্টিকোণৰ পৰা লক্ষ্য কৰা হয় তেন্তে আমাৰ চৰকাৰে ৰাষ্ট্ৰীয় স্তৰত অসন্তুলনৰ এই ভাৱ নোহোৱা কৰিবলৈ নিৰন্তৰ প্ৰয়াস কৰি আছে৷ ইয়াৰ পৰিণাম কি হয়, মই নেটৱৰ্ক ১৮ৰ দৰ্শকসকলক এটা ভিডিঅ’ৰ মাধ্যমেৰে অনুভৱ কৰাব বিচাৰিছোঁ৷ বন্ধুসকল, উজ্বলাই কেৱল ৰান্ধনিশালতে নহয়, কোটি কোটি পৰিয়ালৰ দৃশ্যপট পৰিৱৰ্তন কৰিছে৷ ই আমাৰ সামাজিক ব্যৱস্থাত এটা বৃহৎ অসন্তুলন নোহোৱা কৰি আছে৷ বন্ধুসকল, আজি ইয়ালৈ অহাৰ পূৰ্বে মই গোটেই দিনটো মণিপুৰ আছিলোঁ৷ বিজ্ঞান কংগ্ৰেছৰ উদঘাটন, তাৰ পিছত ক্ৰীড়া বিশ্ববিদ্যালয়ৰ শিলান্যাস, উত্তৰ পূবৰ বাবে অনেক আঁচনিৰ শুভাৰম্ভ আজি কৰা হৈছে৷ প্ৰধানমন্ত্ৰী হিচাপে উত্তৰ পূবলৈ এয়া মোৰ ২৮তম অথবা ২৯তম ভ্ৰমণ আছিল৷ আপোনালোকে ভাবক, আচলতে এয়া কিয়? কিয় আমাৰ চৰকাৰে পূব ভাৰত, উত্তৰ পূব ভাৰতত ইমান শক্তি প্ৰয়োগ কৰি আছে৷ যিসকলে এয়া আমি ভোটৰ কাৰণে কৰি আছোঁ বুলি ভাবিছে, তেওঁলোক দেশৰ ভূমিৰ পৰাই নহয়, নাগৰিকৰ হৃদয়ৰ পৰাও বিতাৰিত হৈছে৷ বন্ধুসকল, পূব ভাৰতৰ আবেগিক সংবদ্ধকৰণ আৰু ভৌগোলিক বিশিষ্টতাৰ প্ৰতি ধ্যান দিয়াটো অতিশয় প্ৰয়োজনীয় হৈ পৰিছে৷ সেইবাৰে আমাৰ চৰকাৰ ‘ ক্ষেত্ৰত কাম কৰি থকা উদ্যমীসকলক উৎসাহ প্ৰদান কৰাৰ বাবে ষ্টেণ্ড আপ ইণ্ডিয়া, ষ্টাৰ্ট আপ ইণ্ডিয়া, স্কিল ইণ্ডিয়া অভিযানৰ দৰে কাৰ্যসূচী পালন কৰি থকা হৈছে৷ • বিশেষভাৱে প্ৰধানমন্ত্ৰী মুদ্ৰ যোজনাৰ দ্বাৰা যুৱপ্ৰজন্ম আৰু মহিলাসকলক সশক্তিকৰণৰ এক বৃহৎ মাধ্যম নিৰ্মাণ হৈ আছে৷ যেতিয়াৰ পৰা এই যোজনা আৰম্ভ হৈছে তেতিয়াৰ পৰা এতিয়ালৈ ১১ কোটিতকৈ অধিক ঋণ আমাৰ চৰকাৰে স্বীকৃত প্ৰদান কৰিছে৷ জনসাধাৰণক গেৰাণ্টী অবিহনে ৫ লাখ কোটি টকাৰ ঋণ প্ৰদান কৰা হৈছে৷ এই বৰ্ষৰ বাজেটতো আমি ৩ লাখ কোটি টকাৰ মুদ্ৰা ঋণ দিয়াৰ পৰিকল্পনা কৰিছোঁ৷ মই আশা কৰিছোঁ যে বিকাশৰ মুখ্যধাৰাত পিছ পৰি থকা কোনো ব্যক্তিয়েই হওক অথবা ক্ষেত্ৰস যেতিয়া এয়া তীব্ৰ গতিত আগবাঢ়িব, তাৰ শক্তি, সংসাধনৰ সৈতে ন্যায় হ’ব, ইয়াৰ দ্বাৰা ৰাইজিং ইণ্ডিয়াৰ গাঁথাও সশক্ত হ’ব৷
নতুন দিল্লীত অনুষ্ঠিত হোৱা ৰাইজিং ইণ্ডিয়া সন্মিলনত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A7%9F%E0%A6%AC%E0%A7%87%E0%A7%B0%E0%A7%87%E0%A6%87%E0%A6%B2%E0%A7%80%E0%A7%B0-%E0%A6%8F%E0%A6%A8%E0%A6%9F%E0%A6%BF%E0%A6%AA%E0%A6%BF%E0%A6%9A%E0%A6%BF-%E0%A6%AA%E0%A7%8D%E0%A7%B0/
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A7%9F%E0%A6%AC%E0%A7%87%E0%A7%B0%E0%A7%87%E0%A6%87%E0%A6%B2%E0%A7%80%E0%A7%B0-%E0%A6%8F%E0%A6%A8%E0%A6%9F%E0%A6%BF%E0%A6%AA%E0%A6%BF%E0%A6%9A%E0%A6%BF-%E0%A6%AA%E0%A7%8D%E0%A7%B0/
উত্তৰপ্ৰদেশৰ ৰায়বেৰেইলীৰ এনটিপিচি প্ৰকল্পত সংঘটিত দুৰ্ঘটনাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে। এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “ৰায়বেৰেইলীৰ এনটিপিচি প্ৰকল্পত সংঘটিত দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছো। শোকসন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছোঁ। আহতসকলৰ তাৎক্ষণিকভাৱে আৰোগ্য কামনা কৰিছো। সমগ্ৰ পৰিস্থিতি অতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰাৰ লগতে বিষয়াসকলে অঞ্চলটোত স্বাভাৱিক অৱস্থা ঘুৰাই আনিবলৈ সক্ষম হৈছে।”
ৰায়বেৰেইলীৰ এনটিপিচি প্ৰকল্পত সংঘটিত দুৰ্ঘটনাত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D-12/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D-12/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি পদৰ ফলপ্ৰসূ কাৰ্যকালৰ বাবে শুভকামনা জনাইছে। প্ৰধানমন্ত্ৰীয়ে কয় যে মুৰ্মুৰ কাৰ্যভাৰ গ্ৰহণ ভাৰতৰ বাবে বিশেষকৈ দৰিদ্ৰ, প্ৰান্তীয় আৰু নিপীড়িতসকলৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। যি সময়ত ভাৰতে আজাদী কা অমৃত মহোৎসৱ পালন কৰি আছে সেই সময়ত ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ ভাষণত ভাৰতৰ সাফল্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভৱিষ্যতক লৈ নিজৰ দৃষ্টিভংগী দাঙি ধৰে। প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কয়- “গোটেই দেশে আজি গৌৰৱেৰে প্ৰত্যক্ষ কৰিছে যে শ্ৰীমতী দ্ৰৌপদী মুৰ্মু জীয়ে ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে। তেওঁ ৰাষ্ট্ৰপতি পদ গ্ৰহণ কৰাটো ভাৰতৰ বাবে বিশেষকৈ দৰিদ্ৰ, প্ৰান্তীয় আৰু নিপীড়িতসকলৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। ৰাষ্ট্ৰপতি পদৰ ফলপ্ৰসূ কাৰ্যকালৰ বাবে মই তেওঁক শুভকামনা জনাইছো।” “শপত গ্ৰহণ কৰাৰ পিছত দিয়া ভাষণত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু জীয়ে আশা আৰু মমতাৰ বাৰ্তা প্ৰদান কৰে। ভাৰতৰ সাফল্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ আগন্তুক পথৰ এক ভৱিষ্যৎ দৃষ্টিভংগী দাঙি ধৰে।”
প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সফল কাৰ্যকালৰ শুভেচ্ছা জ্ঞাপন কৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%AD%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%9F%E0%A6%A8%E0%A6%BE%E0%A6%AE%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4-%E0%A6%AF/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%AD%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%9F%E0%A6%A8%E0%A6%BE%E0%A6%AE%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4-%E0%A6%AF/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ভাৰতীয় ডাক বিভাগ আৰু ভিয়েটনামৰ ডাক বিভাগৰ মাজত যুটীয়া ডাক টিকট প্ৰকাশৰ বাবে স্বাক্ষৰিত বুজাবুজি চুক্তিত অনুমোদন জনায়। ডাক বিভাগ, যোগাযোগ মন্ত্ৰালয় আৰু ভিয়েট নাৰা ডাক বিভাগে পৰস্পৰে ভাৰত-ভিয়েটনামৰ “পুৰণি ভাস্কৰ্য” শীৰ্ষক বিষয়বস্তুক লৈ যুটীয়াভাৱে ডাক টিকট প্ৰকাশ কৰিবলৈ সহমত প্ৰকাশ কৰে। ২৫-০১-২০১৮ত এই যুটীয়া ডাক টিকটটো মুকলি কৰা হয়। ভাৰত-ভিয়েটনামৰ যুটীয়া স্মাৰক ডাক টিকটত ভাৰতৰ সাঁচী ষ্টুপ আৰু ভিয়েটনামৰ ফো মিনহ বৌদ্ধ মন্দিৰৰ ছবি প্ৰকাশ কৰা হৈছে। ভাৰতৰ ডাক প্ৰশাসন আৰু ভিয়েটনামৰ ডাক বিভাগৰ মাজত এই বিষয়টো লৈ ১৮-১২-১০১৭ত এখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হয়।
ভাৰত আৰু ভিয়েটনামৰ মাজত যুটীয়া ডাক টিকট প্ৰকাশৰ বাবে স্বাক্ষৰিত বুজাবুজি চুক্তি কেবিনেটৰ অনুমোদন
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%A8%E0%A6%BE%E0%A6%97%E0%A7%B0%E0%A6%BF%E0%A6%95-2/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%A8%E0%A6%BE%E0%A6%97%E0%A7%B0%E0%A6%BF%E0%A6%95-2/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্মিংহামত চিডব্লিউজি ২০২২ত টেবুল টেনিছত সোণৰ পদক জয় কৰা বাবে জি সাথিয়ান, হৰমীত দেশাই, শৰত কমল আৰু সনীল শেট্টীক অভিনন্দন জনায়। এটা টুইটত, প্ৰধানমন্ত্ৰীয়ে কয়; "টেবুল টেনিছত মহৎ খবৰ! চিডব্লিউজিত সোণৰ পদক জয় কৰা বাবে জি সাথিয়ান, হৰমীত দেশাই, শৰত কমল আৰু সনীল শেট্টীৰ গতিশীল দললৈ অভিনন্দন। এই দলে উচ্চ মাপকাঠি প্ৰতিষ্ঠা কৰিলে, দক্ষতা আৰু সংকল্পৰ ক্ষেত্ৰত। তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভকামনা।"
প্ৰধানমন্ত্ৰীয়ে নাগৰিকসকলক নিজৰ ছ’চিয়েল মিডিয়া ডিপি সলাই ত্ৰিৰংগা ৰাখিবলৈ আহ্বান জনাইছ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%87%E0%A6%89%E0%A6%8F%E0%A6%87%E0%A7%B0-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%AA%E0%A6%A4%E0%A6%BF-%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A6%AE%E0%A6%B9%E0%A6%BF%E0%A6%AE/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%87%E0%A6%89%E0%A6%8F%E0%A6%87%E0%A7%B0-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%AA%E0%A6%A4%E0%A6%BF-%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A6%AE%E0%A6%B9%E0%A6%BF%E0%A6%AE/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংযুক্ত আৰৱ আমীৰশ্বাহীৰ ৰাষ্ট্ৰপতি মহামহিম শ্বেইখ খালিফা বিন জায়েডৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি কয় যে তেওঁ এগৰাকী মহান ৰাষ্ট্ৰনেতা আৰু দূৰদৃষ্টিসম্পন্ন নেতা আছিল, যাৰ নেতৃত্বত ভাৰত-ইউএইৰ সম্পৰ্ক সমৃদ্ধ হৈছিল। টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “মহামহিম শ্বেইখ খালিফা বিন জায়েডৰ বিয়োগৰ খবৰ লাভ কৰি মই মৰ্মাহত হৈছো। তেওঁ এগৰাকী মহান ৰাষ্ট্ৰনেতা আৰু দূৰদৃষ্টিসম্পন্ন নেতা আছিল, যাৰ নেতৃত্বত ভাৰত-ইউএইৰ সম্পৰ্ক সমৃদ্ধ হৈছিল। এই দুখৰ মুহূৰ্তত ইউএইৰ জনতাৰ সৈতে ভাৰতবাসীয়েও সমবেদনা জনাইছে। তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলো।”
ইউএইৰ ৰাষ্ট্ৰপতি মহামহিম শ্বেইখ খালিফা বিন জায়েডৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শো
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%87%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8B%E0%A7%B0%E0%A6%A4-%E0%A6%AA%E0%A7%8C%E0%A7%B0-%E0%A6%A8%E0%A6%BF%E0%A6%97%E0%A6%AE%E0%A7%B0-%E0%A6%95%E0%A6%A0%E0%A6%BF%E0%A6%A8-%E0%A6%86%E0%A7%B1/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%87%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8B%E0%A7%B0%E0%A6%A4-%E0%A6%AA%E0%A7%8C%E0%A7%B0-%E0%A6%A8%E0%A6%BF%E0%A6%97%E0%A6%AE%E0%A7%B0-%E0%A6%95%E0%A6%A0%E0%A6%BF%E0%A6%A8-%E0%A6%86%E0%A7%B1/
নমস্কাৰ! মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰীমান মংগুভাই পেটেলজী, মুখ্যমন্ত্ৰী শ্ৰীমান শিৱৰাজ সিং চৌহানজী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহকৰ্মী শ্ৰী হৰদীপ সিং পুৰীজী, ড০ বীৰেন্দ্ৰ কুমাৰজী, কৌশল কিশোৰজী, মধ্য প্ৰদেশ চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়ক, ইন্দোৰকে ধৰি মধ্যপ্ৰদেশৰ বহুতো চহৰৰ মোৰ ভাই–ভনীসকল যিসকল আজি উপস্থিত আছে। যেতিয়া আমি সৰু আছিলোঁ, যেতিয়া আমি পঢ়ি আছিলো, ইন্দোৰৰ নাম শুনিলেই প্ৰথমে দেৱী অহল্যাবাই হোলকাৰ, মহেশ্বৰ আৰু তেওঁৰ সেৱাৰ কথা মনলৈ আহিছিল। সময়ৰ লগে লগে ইন্দোৰ সলনি হৈছিল, ভালৰ বাবে সলনি হৈছিল, কিন্তু দেৱী অহল্যাজীৰ অনুপ্ৰেৰণা কেতিয়াও ইন্দোৰে হেৰুওৱা নাছিল। দেৱী অহল্যাজীৰ সৈতে, আজি ইন্দোৰৰ নামটো অহাৰ লগে লগে মনলৈ আহে – পৰিষ্কাৰ–পৰিচ্ছন্নতা। ইন্দোৰৰ নাম মনলৈ অহাৰ লগে লগে – অসামৰিক কৰ্তব্য, ইন্দোৰৰ লোকসকল যিমানে ভাল হয়, তেওঁলোকে তেওঁলোকৰ চহৰখন সিমানেই ভাল কৰি তুলিছে। আৰু আপোনালোক কেৱল আপেলৰ প্ৰতিয়েই ইচ্ছুক নহয়, ইন্দোৰৰ লোকসকলে তেওঁলোকৰ চহৰখনক কেনেদৰে সেৱা কৰিব লাগে জানে। আজি ইন্দোৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভিযানক এক নতুন শক্তি প্ৰদান কৰিবলৈ যোৱা হৈছে। সিক্ত আৱৰ্জনাৰ পৰা জৈৱ–চিএনজি তৈয়াৰ কৰিবলৈ ইন্দোৰে আজি লাভ কৰা গোবৰ্ধন প্ৰকল্পৰ বাবে আপোনালোক সকলোকে বহুত অভিনন্দন জনাইছো। মই শিৱৰাজজী আৰু তেওঁৰ দলৰ বিশেষভাৱে প্ৰশংসা কৰিম যিয়ে ইমান কম সময়ৰ ভিতৰতে এই কামটো সম্ভৱ কৰি তুলিছে। আজি মই সুমিত্ৰা তাইৰ প্ৰতিও কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰো, যিয়ে ইন্দোৰৰ এজন সাংসদ হিচাপে ইয়াৰ পৰিচয়ক এক নতুন উচ্চতালৈ লৈ গৈছিল। মোৰ সতীৰ্থ ভাতৃ শংকৰ লালৱানীজী, ইন্দোৰৰ বৰ্তমানৰ সাংসদ, তেওঁ নিজৰ পদচিহ্নত নিৰ্ধাৰণ কৰা পথত ইন্দোৰক আগুৱাই নিয়াৰ বাবে নিৰন্তৰ ভাৱে কাম কৰি আছে। আৰু সতীৰ্থসকল, আজি যেতিয়া মই ইন্দোৰৰ ইমান প্ৰশংসা কৰিছো, মই মোৰ সংসদীয় সমষ্টি বাৰাণসীৰ কথাও উল্লেখ কৰিম। মই সুখী যে কাশী বিশ্বনাথ ধামত দেৱী অহল্যাবাই হোলকাৰজীৰ এটা অতি সুন্দৰ মূৰ্তি ৰখা হৈছে। যেতিয়া ইন্দোৰৰ লোকসকলে বাবা বিশ্বনাথৰ দৰ্শন কৰিবলৈ যাব, তেওঁলোকে তাত দেৱী অহল্যাবাইজীৰ মূৰ্তিও দৰ্শন কৰিবলৈ পাব। আপুনি আপোনাৰ চহৰৰ বাবে অধিক গৌৰৱান্বিত হ'ব। আৰু সতীৰ্থসকল, আমাৰ চহৰবোৰ প্ৰদূষণমুক্ত ৰখা, আৰু সিক্ত আৱৰ্জনা নিষ্কাশন কৰাৰ বাবে আজিৰ প্ৰচেষ্টা অতি গুৰুত্বপূৰ্ণ। চহৰখনৰ ঘৰৰ পৰা সিক্ত আৱৰ্জনা হওক, গাওঁখনৰ জন্তু আৰু পথাৰৰ আৱৰ্জনা হওক, এই সকলোবোৰ এক প্ৰকাৰে গোবৰ ধনেই। চহৰখনৰ আৱৰ্জনা আৰু পশুধনৰ পৰা গোবৰলৈকে, তাৰ পিছত গোবৰ ধনৰ পৰা পৰিষ্কাৰ ইন্ধন, তাৰ পিছত পৰিষ্কাৰ ইন্ধনৰ পৰা শক্তি ইন্ধন, এই শৃংখলাটোৱে জীৱন ৰক্ষাকাৰী সৃষ্টি কৰে। এই শৃংখলাটোৰ প্ৰতিটো সংযোগ কেনেদৰে ইটোৱে সিটোৰ সৈতে সংযুক্ত হৈ আছে তাৰ পোনপটীয়া প্ৰমাণ হিচাপে, ইন্দোৰৰ এই গোবৰ ধন প্ৰকল্পটোৱে এতিয়া আন চহৰসমূহকো অনুপ্ৰাণিত কৰিব। মই সুখী যে অহা দুবছৰত দেশৰ ৭৫ টা ডাঙৰ পৌৰ নিগমত এনে গোবৰ ধন জৈৱ–চিএনজি প্ৰকল্প নিৰ্মাণৰ কাম কৰা হৈছে। এই অভিযানে ভাৰতৰ চহৰসমূহক পৰিষ্কাৰ, প্ৰদূষণমুক্ত, পৰিষ্কাৰ শক্তি প্ৰদান কৰাত বহুদূৰ আগবাঢ়িব। আৰু এতিয়া, কেৱল চহৰতে নহয়, দেশৰ গাওঁবোৰতো হাজাৰ হাজাৰ গোবৰ ধন জৈৱ গেছ প্ৰকল্প স্থাপন কৰা হৈছে। এইবোৰে আমাৰ গৰু পালকসকলক গোবৰৰ পৰা অতিৰিক্ত উপাৰ্জন দিয়াও আৰম্ভ কৰিছে। আমাৰ গাওঁবোৰত কৃষকসকলৰ নিৰাশ জন্তুৰ সৈতে থকা সমস্যাটোও এনে গোবৰ ধন উদ্ভিদতকৈ কম হ'ব। এই সকলো প্ৰচেষ্টাই ভাৰতৰ জলবায়ু প্ৰতিশ্ৰুতি পূৰণ কৰাত সহায় কৰিব। সতীৰ্থসকল, গোবৰ ধন আঁচনিৰ প্ৰভাৱৰ বিষয়ে যিমানে অধিক লোকে জানিব পাৰিব, অৰ্থাৎ আৱৰ্জনাৰ পৰা অমৃত উলিয়াবলৈ আমাৰ অভিযান, সিমানেই ভাল। গোবৰ ধন জৈৱ–চিএনজি প্ৰকল্পৰ পৰা, ইন্দোৰে প্ৰতিদিনে ১৭ ৰ পৰা ১৮ হাজাৰ কিলোগ্ৰাম জৈৱ–চিএনজি লাভ কৰিব, ইয়াৰ উপৰিও, দৈনিক ১০০ টন জৈৱিক সাৰো ইয়াৰ পৰা ওলাই আহিব। চি.এন.জি.-ৰ ফলত, প্ৰদূষণ হ্ৰাস হ'ব আৰু সেয়েহে জীৱন যাপনত প্ৰতিজন ব্যক্তিৰ সুবিধা বৃদ্ধি হ'ব। একেদৰে, ইয়াত প্ৰস্তুত কৰা জৈৱিক সাৰেও আমাৰ মাতৃ পৃথিৱীক এক নতুন জীৱন প্ৰদান কৰিব, আমাৰ পৃথিৱী পুনৰুজ্জীৱিত হ'ব। অনুমান কৰা হৈছে যে এই প্ৰকল্পটোত নিৰ্মাণ কৰা চিএনজিয়ে ইন্দোৰ চহৰত প্ৰতিদিনে প্ৰায় ৪০০ খন বাছ চলাবলৈ অনুমতি দিব। এই প্ৰকল্পটোৱে শ শ যুৱক–যুৱতীক কোনোবাটো নহয় কোনোবাটো ৰূপত নিযুক্তি প্ৰদান কৰিব, অৰ্থাৎ ই গ্ৰীন জব বৃদ্ধিত সহায় কৰিব। ভাতৃ আৰু ভগ্নীসকল, যিকোনো প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাৰ দুটা উপায় আছে। প্ৰথম উপায়টো হ'ল সেই প্ৰত্যাহ্বানটো তৎক্ষণাৎ সমাধান কৰা। দ্বিতীয়টো হ'ল সেই প্ৰত্যাহ্বানৰ সৈতে এনেদৰে মোকাবিলা কৰা যাতে সকলোৱে এটা স্থায়ী সমাধান পায়। যোৱা সাত বছৰত আমাৰ চৰকাৰে যি আঁচনি প্ৰস্তুত কৰিছে, সেইবোৰে এক স্থায়ী সমাধান প্ৰদান কৰিবলৈ গৈ আছে, তেওঁলোকে একে সময়তে বহুতো লক্ষ্য প্ৰাপ্ত কৰিবলৈ গৈ আছে। স্বচ্ছ ভাৰত অভিযানৰ কথাই চাওক। ইয়াৰ লগতে পৰিষ্কাৰ পৰিচ্ছন্নতা, ভগ্নীৰ মৰ্যাদা, ৰোগৰ পৰা সুৰক্ষা, গাওঁ আৰু চহৰৰ সৌন্দৰ্যবৰ্ধন আৰু নিযুক্তিৰ সুযোগ সৃষ্টি আদিৰ দৰে বহুতো বিষয় একেলগে সংঘটিত হৈছে। এতিয়া আমাৰ লক্ষ্য হৈছে ঘৰৰ পৰা, ৰাস্তাৰ পৰা আৱৰ্জনা নিষ্কাশন কৰা, চহৰবোৰক আৱৰ্জনাৰ পাহাৰৰ পৰা মুক্ত কৰা। ইয়াৰ ভিতৰত, ইন্দোৰে এক মহান আৰ্হি হিচাপে আত্মপ্ৰকাশ কৰিছে। আপুনি এইটোও জানে যে য'ত এই নতুন কাৰখানাটো অৱস্থিত, তাৰে ওচৰৰ দেৱগুডাৰিয়াত আৱৰ্জনাৰ পাহাৰ আছিল। প্ৰতিজন ইন্দোৰিয়ানৰ ইয়াক লৈ এটা সমস্যা আছিল। কিন্তু এতিয়া ইন্দোৰ পৌৰ নিগমে এই ১০০ একৰৰ আৱৰ্জনাৰ স্থানটো সেউজীয়া অঞ্চললৈ ৰূপান্তৰ কৰিছে। সতীৰ্থসকল, আজি কেইবা দশক ধৰি দেশৰ চহৰসমূহত লাখ লাখ টন আৱৰ্জনা, হাজাৰ হাজাৰ একৰ ভূমি আৱৰি আছে। ই চহৰসমূহৰ বাবে বায়ু প্ৰদূষণ আৰু পানী প্ৰদূষণ সম্পৰ্কীয় ৰোগৰ এক মুখ্য কাৰণ। সেয়েহে, স্বচ্ছ ভাৰত অভিযানৰ দ্বিতীয় পৰ্যায়ত এই সমস্যাৰ মোকাবিলা ৰখাৰ বাবে কাম কৰা হৈছে। লক্ষ্য হৈছে অহা ২–৩ বছৰত আমাৰ চহৰবোৰক আৱৰ্জনাৰ এই পৰ্বতবোৰৰ পৰা মুক্ত কৰা, সেইবোৰক সেউজীয়া অঞ্চললৈ পৰিৱৰ্তন কৰা। ইয়াৰ বাবে ৰাজ্য চৰকাৰসমূহক সকলো সম্ভৱ সহায় আগবঢ়োৱা হৈছে। এইটোও এটা ভাল কথা যে ২০১৪ চনৰ তুলনাত, দেশত নগৰীয়া আৱৰ্জনা নিষ্কাশনৰ ক্ষমতা এতিয়া ৪ গুণ বৃদ্ধি পাইছে। দেশখনক এবাৰ ব্যৱহৃত প্লাষ্টিকৰ পৰা মুক্ত কৰিবলৈ ১৬০০ তকৈও অধিক শৰীৰত সামগ্ৰী পুনৰুদ্ধাৰ সুবিধাও সৃষ্টি কৰা হৈছে। অহা কেইবছৰমানৰ ভিতৰত দেশৰ প্ৰতিখন চহৰতে এনে ব্যৱস্থা গঢ়ি তোলাটো আমাৰ প্ৰয়াস। এনে ধৰণৰ আধুনিক ব্যৱস্থাই ভাৰতৰ চহৰসমূহত বৃত্তাকাৰ অৰ্থনীতিকো এক নতুন শক্তি প্ৰদান কৰিছে। সতীৰ্থসকল, পৰিষ্কাৰ চহৰখনৰ পৰা আন এটা নতুন সম্ভাৱনাৰ উদ্ভৱ হয়। এইটো পৰ্যটনৰ এক নতুন সম্ভাৱনা। আমাৰ দেশত এনে কোনো চহৰ নাই য'ত কোনো ঐতিহাসিক স্থান নাই, কোনো পবিত্ৰ স্থান নাই। যিটো অভাৱ হৈছে সেয়া হ'ল পৰিষ্কাৰ–পৰিচ্ছন্নতা। যেতিয়া চহৰবোৰ পৰিষ্কাৰ হয়, আন ঠাইৰ লোকসকলেও তালৈ আহিবলৈ অনুভৱ কৰিব, অধিক লোক আহিব। য'ত পৰিষ্কাৰ–পৰিচ্ছন্নতা আছে, পৰ্যটন আছে, তাত এক সম্পূৰ্ণ নতুন অৰ্থনীতিও আছে। সতীৰ্থসকল, শেহতীয়াকৈ ইন্দোৰে পানীৰ যোগ হোৱাৰ কৃতিত্বও অৰ্জন কৰিছে। এইটোৱে আন চহৰসমূহকো দিশ দেখুৱাইছে। যেতিয়া এখন চহৰৰ জলাশয়বোৰ পৰিষ্কাৰ হয়, নলাৰ লেতেৰা পানী সেইবোৰত নপৰে, তেতিয়া সেই চহৰখনলৈ এক পৃথক জীৱন্ত শক্তি আহে। ভাৰতৰ অধিকসংখ্যক চহৰক পানী যোগ কৰাটো চৰকাৰৰ প্ৰয়াস। ইয়াৰ বাবে স্বচ্ছ ভাৰত অভিযানৰ দ্বিতীয় পৰ্যায়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। এক লাখতকৈ কম জনসংখ্যাৰ পৌৰ নিগমসমূহত লেতেৰা পানীৰ দ্বাৰা হোৱা ৰোগৰ চিকিৎসাৰ সুবিধা বৃদ্ধি কৰা হৈছে। ভাতৃ আৰু ভগ্নীসকল, যদি সমস্যাবোৰ চিনাক্ত কৰি সৎ প্ৰচেষ্টা কৰা হয়, পৰিৱৰ্তন সম্ভৱ। আমাৰ তেলৰ কুঁৱা নাই, পেট্ৰ'লিয়ামৰ বাবে আমি বাহিৰত নিৰ্ভৰশীল হৈ থাকিব লাগে, কিন্তু আমাৰ ওচৰত জৈৱ ইন্ধনৰ সম্পদ আছে, ইথানল তৈয়াৰ কৰাৰ সংসাধন বছৰ বছৰ ধৰি বিদ্যমান। এই প্ৰযুক্তিটো বহু দিনৰ আগতে আহিছিল। এয়া আমাৰ চৰকাৰ যিয়ে এই প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল। ৭–৮ বছৰ আগতে, ভাৰতত ইথানল মিশ্ৰণ ১ শতাংশ, ১.৫ শতাংশ, ২ শতাংশৰ বাহিৰত খুব কমেই আগবাঢ়িছিল। আজি, পেট্ৰ'লত ইথানল মিশ্ৰণৰ শতাংশ ৮ শতাংশৰ ওচৰ চাপি আহিছে। যোৱা সাত বছৰত, মিশ্ৰণৰ বাবে ইথানলৰ যোগানো যথেষ্ট বৃদ্ধি কৰা হৈছে। ২০১৪ চনৰ পূৰ্বে, মিশ্ৰণৰ বাবে দেশলৈ প্ৰায় ৪০ কোটি লিটাৰ ইথানল যোগান ধৰা হৈছিল। আজি ভাৰতলৈ মিশ্ৰণৰ বাবে ৩০০ কোটি লিটাৰতকৈও অধিক ইথানল যোগান ধৰা হৈছে। ক'ত ৪০ কোটি লিটাৰ আৰু ক'ত ৩০০ কোটি লিটাৰ! ইয়ে আমাৰ চেনী কলবোৰৰ স্বাস্থ্য উন্নত কৰিছে আৰু কুঁহিয়াৰ খেতিয়কসকলক যথেষ্ট সহায় কৰিছে। সতীৰ্থসকল, আন এটা বিষয় হ'ল পৰালি। আমাৰ কৃষকসকলেও পৰালিৰ দ্বাৰা অসুবিধাত পৰিছে আৰু চহৰবোৰত বাস কৰা লোকসকলো। আমি এই বাজেটত পৰালিৰ সৈতে সম্পৰ্কিত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছো। এইটো সিদ্ধান্ত লোৱা হৈছে যে কয়লাচালিত শক্তি কাৰখানাবোৰতো পৰালি ব্যৱহাৰ কৰা হ'ব। ই কেৱল কৃষকৰ সমস্যাই আঁতৰ নহয়, কিন্তু কৃষকে খেতিৰ আৱৰ্জনাৰ পৰা অতিৰিক্ত উপাৰ্জনো লাভ কৰিব। একেদৰে, আমি আগতে সৌৰ শক্তিৰ প্ৰতি কিমান উদাসীন আছিল সেয়াও দেখিছোঁ। ২০১৪ চনৰ পৰা, আমাৰ চৰকাৰে সমগ্ৰ দেশতে সৌৰ শক্তিৰ উৎপাদন বৃদ্ধি কৰাৰ বাবে এক অভিযান আৰম্ভ কৰিছে। ইয়াৰ ফলস্বৰূপে আজি সৌৰ শক্তিৰ পৰা বিদ্যুৎ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ভাৰতে বিশ্বৰ শীৰ্ষৰ–৫ খন দেশত স্থান লাভ কৰিছে। এই সৌৰ শক্তিৰ শক্তিৰ সৈতে, আমাৰ চৰকাৰে কৃষকসকলক অন্নদাতাৰ সৈতে শক্তি প্ৰদানকাৰী কৰি তুলিছে, দাতাসকল শক্তি প্ৰদানকাৰী হ'ব লাগে। সমগ্ৰ দেশৰ কৃষকসকলক লাখ লাখ সৌৰ পাম্পো প্ৰদান কৰা হৈছে। ভাতৃ আৰু ভগ্নীসকল, প্ৰযুক্তি আৰু উদ্ভাৱনৰ সৈতে ভাৰতে আজি যি অৰ্জন কৰিছে তাত ভাৰতীয়সকলৰ কঠোৰ পৰিশ্ৰমৰো এক বিশাল হাত আছে। এই কাৰণে আজি ভাৰতে সেউজীয়া আৰু পৰিষ্কাৰ ভৱিষ্যতৰ বাবে ডাঙৰ লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ সক্ষম হৈছে। আমি আমাৰ যুৱ, আমাৰ ভগ্নী, আমাৰ লাখ লাখ অনাময় কৰ্মীৰ ওপৰত অটল বিশ্বাসেৰে আগবাঢ়িছো। ভাৰতৰ যুৱপ্ৰজন্মই নতুন প্ৰযুক্তি, নতুন উদ্ভাৱনৰ লগতে জনজাগৰণৰ ক্ষেত্ৰত এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। মোক কোৱাৰ দৰে, ইন্দোৰৰ সচেতন ভগ্নীসকলে আৱৰ্জনাৰ ব্যৱস্থাপনাক এক পৃথক স্তৰলৈ লৈ গৈছে। ইন্দোৰৰ লোকসকলে আৱৰ্জনাবোৰ ৬ টা ভাগত পৃথক কৰে, যাতে আৱৰ্জনাবোৰৰ প্ৰক্ৰিয়াকৰণ আৰু পুনৰ্ব্যৱহাৰ সঠিকভাৱে কৰিব পাৰি। যিকোনো চহৰৰ জনসাধাৰণৰ এই মনোভাৱ, এই প্ৰচেষ্টাই স্বচ্ছ ভাৰত অভিযানক সফল কৰাত সহায় কৰে। পৰিষ্কাৰ–পৰিচ্ছন্নতাৰ ৰীতি–নীতিৰ লগতে পুনৰ্ব্যৱহাৰৰ ক্ষমতা প্ৰদান কৰাটো দেশৰ বাবে এক মহান সেৱা। এয়া হৈছে পৰিৱেশৰ বাবে জীৱন শৈলীৰ দৰ্শন। বন্ধুসকল, আজিৰ কাৰ্যসূচীত মই ইন্দোৰৰ লগতে সমগ্ৰ দেশৰ লাখ লাখ অনাময় কৰ্মীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰো। শীতকাল হওঁক, গৰম হওঁক, আপোনালোকে আপোনালোকৰ চহৰখন পৰিষ্কাৰ কৰিবলৈ ৰাতিপুৱা সোনকালে বাহিৰলৈ ওলাই যায়। আনকি ক’ৰোনাৰ এই কঠিন সময়তো, আপোনালোকে দেখুওৱা সেৱাই বহুতো লোকৰ জীৱন ৰক্ষা কৰাত সহায় কৰিছে। এই দেশখন ইয়াৰ প্ৰতিজন পৰিষ্কাৰকৰ্তা, ভাই–ভনীৰ ওচৰত যথেষ্ট ঋণী। আমাৰ চহৰবোৰ পৰিষ্কাৰ কৰি ৰাখি, লেতেৰা পৰিষ্কাৰ কৰি, নিয়ম অনুসৰণ কৰি, আমি তেওঁলোকক সহায় কৰিব পাৰোঁ। মোৰ মনত আছে, প্ৰয়াগৰাজৰ কুম্ভৰ সময়ত, আপোনালোকে নিশ্চয় দেখিছে যে বিশ্বত প্ৰথমবাৰৰ বাবে ভাৰতৰ কুম্ভ মেলা এক নতুন পৰিচয় হিচাপে বিবেচিত হৈছে। ইয়াৰ পূৰ্বে ভাৰতৰ কুম্ভ মেলাৰ পৰিচয় আছিল আমাৰ সাধু আৰু মহাত্মাসকলৰ পৰিচয়, তেওঁলোকৰ চাৰিওফালে আলোচনা হৈছিল। কিন্তু উত্তৰ প্ৰদেশত প্ৰথমবাৰৰ বাবে যোগীজীৰ নেতৃত্বত প্ৰয়াগৰাজত সংঘটিত কুম্ভক স্বচ্ছ কুম্ভ বুলি চিনাক্ত কৰা হয়। গোটেই পৃথিৱীত ইয়াৰ বিষয়ে আলোচনা হৈছিল। পৃথিৱীৰ বাতৰি কাকতবোৰে এই বিষয়ে লিখিছিল। এইটো মোৰ মনত এটা অতি ইতিবাচক প্ৰভাৱ। গতিকে যেতিয়া মই কুম্ভ মেলাত পবিত্ৰ স্নান কৰিবলৈ গৈছিলো, কুম্ভ মেলালৈ অহাৰ পিছত, স্নানৰ আগমনৰ পিছত, মই এই চাফাই কৰ্মীসকলৰ পৰা ইমান মৰম পাইছিলো যে মই তেওঁলোকৰ ভৰি ধুইছিলোঁ। তেওঁলোকক সন্মান কৰা হৈছিল। মই তেওঁলোকৰ পৰা আশীৰ্বাদ লৈছিলো। আজি, মই দিল্লীৰ পৰা অহা মোৰ প্ৰতিজন চাফাই কৰ্মীক সন্মান সহকাৰে অভিবাদন জনাইছো। মই তেওঁলোকক নমস্কাৰ জনাইছো। এই ক’ৰোনা কালত, যদি আপোনালোক এই পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযান অব্যাহত নাৰাখিলেহেঁতেন, তেন্তে আমি কিমান নতুন সমস্যাৰ সন্মুখীন হ'লোহেঁতেন নাজানো। এই দেশৰ সাধাৰণ মানুহক বচাবলৈ, চিকিৎসকৰ ওচৰলৈ যাতে যাব লগা নহয়, সেই চিন্তা কৰা বাবে মই আপোনালোকক নমস্কাৰ জনাইছো। ভাতৃ আৰু ভগ্নীসকল, ইয়াৰ সৈতে মই মোৰ ভাষণক বিৰতি দিও। আকৌ এবাৰ সকলো ইন্দোৰবাসী, বিশেষকৈ ইন্দোৰৰ মোৰ মাতৃ আৰু ভগ্নীসকল, তেওঁলোক অভিনন্দনৰ পাত্ৰ আৰু বিশেষকৈ মোৰ শিশু সৈন্য যিয়ে কাকো ঘৰত আৱৰ্জনা পেলাবলৈ অনুমতি নিদিয়ে। মোৰ শিশু সেনাই মোক সমগ্ৰ ভাৰতত পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযান সফল কৰাত যথেষ্ট সহায় কৰিছে। তিনিৰ পৰা তিনি, চাৰি বছৰীয়া শিশুৱে তেওঁলোকৰ ককাকক কয়, "ইয়াত আৱৰ্জনা নিক্ষেপ নকৰিব।" শিশু–সেনাই কৰা কামে আমাৰ ভৱিষ্যত ভাৰতৰ ভেটি শক্তিশালী কৰিব। মই আজি তেওঁলোক সকলোকে অন্তৰৰ পৰা অভিনন্দন জনাইছো আৰু জৈৱ–চিএনজি প্ৰকল্পৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাইছো! অশেষ ধন্যবাদ! নমস্কাৰ!
ইন্দোৰত পৌৰ নিগমৰ কঠিন আৱৰ্জনা-আধাৰিত গোবৰ-ধন প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া পা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%80%E0%A7%9F-%E0%A6%89%E0%A6%AA%E0%A6%95%E0%A7%82%E0%A6%B2%E0%A7%B0%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%80-%E0%A6%AC%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A8%E0%A7%80/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%80%E0%A7%9F-%E0%A6%89%E0%A6%AA%E0%A6%95%E0%A7%82%E0%A6%B2%E0%A7%B0%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%80-%E0%A6%AC%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A8%E0%A7%80/
ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ প্ৰতিস্থা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাহিনীটোলৈ শুভকামনা জ্ঞাপন কৰিছে। এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়; “প্ৰতিস্থা দিৱসত ভাৰতীয় উপকূলৰক্ষী পৰিয়াললৈ শুভকামনা যাঁচিছো। ৰণ-কৌশলগত ভাবে অতিকে গুৰুত্ব থকা এটি সংস্থা, আমাৰ উপকূলৰক্ষীসকল অসাধাৰণ প্ৰতিভাধৰৰ এটি গোট, যিসকলে আমাৰ উপকূলসমূহৰ সুৰক্ষা সুনশ্চিত কৰাৰ লগতে মানৱীয় সংবেদনশীল প্ৰয়াসৰ ক্ষেত্ৰতো অগ্ৰণী ভূমিকা পালন কৰি আহিছে”।
ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ প্ৰতিস্থা দিৱস উপলক্ষে বাহিনীটোলৈ শুভকামনা প্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A7%A8%E0%A7%AF-%E0%A6%AE%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%9A/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A7%A8%E0%A7%AF-%E0%A6%AE%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%9A/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী শ্ৰী হৰিচান্দ ঠাকুৰ জীৰ ২১১সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে ২৯ মাৰ্চৰ নিশা ৯বজাত ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে পশ্চিম বংগৰ ঠাকুৰবৰীস্থিত শ্ৰীধাম ঠাকুৰনগৰত মাতুৱা ধৰ্ম মহামেলা সম্বোধন কৰিব। শ্ৰী হৰিচান্দ ঠাকুৰ জীয়ে প্ৰাক-স্বাধীনতাৰ যুগত অবিভক্ত বংগৰ নিপীড়িত আৰু বঞ্চিত লোকসকলৰ কল্যাণৰ বাবে সমগ্ৰ জীৱন উচ্ছৰ্গা কৰিছিল। সৰ্বভাৰতীয় মাতুৱা মহাসংঘই ২৯ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ মাতুৱা ধৰ্ম মহামেলা ২০২২ আয়োজন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে ২৯ মাৰ্চত মাতুৱা ধৰ্ম মহামেলা সম্বোধন কৰিব
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%85%E0%A6%A4%E0%A6%BF%E0%A7%B0%E0%A6%BF%E0%A6%95%E0%A7%8D%E0%A6%A4-%E0%A6%AD%E0%A7%82%E0%A6%AE%E0%A6%BF%E0%A6%B8%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A6%A6%E0%A7%B0-%E0%A6%AE%E0%A7%81%E0%A6%A6%E0%A7%8D/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%85%E0%A6%A4%E0%A6%BF%E0%A7%B0%E0%A6%BF%E0%A6%95%E0%A7%8D%E0%A6%A4-%E0%A6%AD%E0%A7%82%E0%A6%AE%E0%A6%BF%E0%A6%B8%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A6%A6%E0%A7%B0-%E0%A6%AE%E0%A7%81%E0%A6%A6%E0%A7%8D/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ৫০০০ কোটি টকাৰ ‘ইনিচিয়েল শ্বেয়াৰ কেপিটেল’ আৰু ১৫০ কোটি টকাৰ ‘পেইড-আপ শ্বেয়াৰ কেপিটেল’ৰে সম্পূৰ্ণ ৰূপে কেন্দ্ৰীয় চৰকাৰৰ মালিকানাধীন প্ৰতিষ্ঠান হিচাপে ‘ৰাষ্ট্ৰীয় ভূমি মুদ্ৰাকৰণ নিগম’(এনএলএমচি) গঠনৰ প্ৰস্তাৱলৈ অনুমোদন জনায়। ‘এনএলএমচি’-য়ে অতিৰিক্ত ভূমি সম্পদ তথা কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আৰু চৰকাৰী অভিকৰণসমূহ(চিপিএছই)ৰ নিৰ্মাণ সম্পদৰ মুদ্ৰাকৰণৰ দায়িত্ব বহণ কৰিব। ২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেটত কৰা ঘোষণাৰ আধাৰতে এই প্ৰস্তাৱ উথ্থাপন কৰা হৈছিল। অব্যহৃত অথবা অৰ্দ্ধ ব্যৱহৃত আনুষংগিক সম্পদসমূহৰ মুদ্ৰাকৰণৰ জৰিয়তে চৰকাৰে উল্লেখনীয় পৰিমাণৰ ৰাজহ আহৰণৰ কৰিবলৈ সক্ষম হ’ব। সম্প্ৰতি, ‘চিপিএছই-সমূহৰ হাতত বিশাল পৰিমাণৰ আনুষংগিক প্ৰকৃতিৰ অব্যৱহৃত অথবা অৰ্দ্ধ ব্যৱহৃত ভূমি তথা নিৰ্মাণ সামগ্ৰী মজুত হৈ আছে। কৌশলগত বিমুদ্ৰাকৰণ অথবা বন্ধ ঘোষণা কৰা চিপিএছইসমূহৰ অতিৰক্ত ভূমি সম্পদ তথা আনুষংগিক সম্পদসমূহৰ মুদ্ৰাকৰণ সেইবোৰ সম্পদৰ মূল্য উদঘাটনৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হ’ব। এই পদক্ষেপে চিপিএছই-সমূহৰ অৰ্দ্ধ ব্যৱহৃত সম্পদসমূহৰ উত্পাদনশীল ব্যৱহাৰ সম্ভৱ কৰি তুলি ব্যক্তিগত খণ্ডৰ বিনিয়োগ আকৰ্ষিত কৰা, নতুন অৰ্থনৈতিক কৰ্ম-কাণ্ডক উত্সাহিত কৰা, স্থানীয় অৰ্থনীতিক উত্সাহিতকৰা আৰু অৰ্থনৈতিক আৰু সামাজিক আন্তঃগাঁথনি নিৰ্মাণৰ বাবে বিত্তীয় সমল উদ্ভৱৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিব। ‘চিপিএছই’সমূহৰ লগতে অন্যান্য চৰকাৰী অভিকৰণসমূহৰ হৈ ভূমি সম্পদৰ মুদ্ৰাকৰণৰ দায়িত্ব পেছাদাৰী ভাবে সম্পাদন কৰিব পৰাকৈ ‘এনএলএমচি’-ত প্ৰয়োজনীয় কাৰিকৰী বিশেষজ্ঞতা আৰোপ কৰা হ’ব। প্ৰতিষ্ঠনটোৰ পেছাদাৰী কৰ্ম সম্পাদন সম্ভৱ কৰিব পৰাকৈ ‘এনএলএমচি’-ৰ সঞ্চালকমণ্ডলীত কেন্দ্ৰীয় চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে বিশিষ্ট বিশেষজ্ঞসকলক অন্তৰ্ভুক্ত কৰা হ’ব। বিত্ত মন্ত্ৰালয়ৰ ‘ৰাজহুৱা প্ৰতিষ্ঠান বিভাগে’ এই প্ৰতিষ্ঠানটো গঠন কৰাৰ লগতে বিত্ত মন্ত্ৰালয়ে প্ৰশাসনিক মন্ত্ৰালয় হিচাপে দায়িত্ব বহণ কৰিব।
অতিৰিক্ত ভূমিসম্পদৰ মুদ্ৰাকৰণৰ দায়িত্ব গ্ৰহণ কৰিব পৰাকৈ ‘বিশেষ উদ্দেশ্য বহক’(এছপিভি) হিচাপে ‘ৰাষ্ট্ৰীয় ভূমি মুদ্ৰাকৰণ নিগম’ স্থাপনৰ প্ৰস্তাৱলৈ কেন্দ্ৰীয় কেবিনেটৰ অনুমোদ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%8D%E0%A6%A3%E0%A7%8C%E0%A6%A4-%E0%A6%86%E0%A6%9C%E0%A6%BE%E0%A6%A6%E0%A7%80%E0%A7%AD%E0%A7%AB-%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%AE/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%8D%E0%A6%A3%E0%A7%8C%E0%A6%A4-%E0%A6%86%E0%A6%9C%E0%A6%BE%E0%A6%A6%E0%A7%80%E0%A7%AD%E0%A7%AB-%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%AE/
উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দীবেন পেটেল জী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ সহযোগী আৰু লক্ষ্ণৌৰ সাংসদ, আমাৰ জ্যেষ্ঠ সতীৰ্থ শ্ৰীমান ৰাজনাথ সিং জী, শ্ৰী হৰদীপ সিং পুৰী জী, মহেন্দ্ৰ নাথ পাণ্ডে জী, ইয়াৰ লোকপ্ৰিয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, উপ মুখ্যমন্ত্ৰী শ্ৰী কেশৱপ্ৰসাদ মৌৰ্য জী, শ্ৰী বিনোদ শৰ্মা জী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ সহযোগী শ্ৰীমান কৌশল কিশোৰ জী, ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকল, বিধায়কসকল, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আদৰণীয় মন্ত্ৰীসকল, উপস্থিত মহানুভৱসকলৰ লগতে উত্তৰ প্ৰদেশৰ মোৰ প্ৰিয় ভাই–ভনীসকল! লক্ষ্ণৌলৈ যিহেতু আহিছো, সেয়ে অৱধৰ এই ক্ষেত্ৰৰ ইতিহাস, ‘মলিহাবাদী দশহাৰী’ৰ দৰে মিঠা ভাষা, ভোজনশৈলী, সুন্দৰ কাৰুশিল্প, কলা আৰু স্থাপত্য সকলো আহি চকুৰ আগত উজলি উঠছেহি। অহা তিনিটা দিন ধৰি লক্ষ্ণৌত ‘নিউ আৰ্বান ইণ্ডিয়া’ অৰ্থাত্ ভাৰতৰ চহৰসমূহৰ নতুন স্বৰূপ সন্দৰ্ভত দেশৰ সকলো প্ৰান্তৰ পৰা আহা বিশেষজ্ঞসকলে ইয়াত সমবেত হৈ বিশদ–আলোচনা কৰিব বুলি জানি মোৰ ভাল লাগিছে। ইয়াত যিখন প্ৰদৰ্শনীৰ দিহা কৰা হৈছে তাত ভাৰতৰ ‘স্বাধীনতাৰ অমৃত মহোত্সৱ’ৰ ৭৫বছৰত লাভ কৰা উপলব্ধি আৰু দেশে গ্ৰহণ কৰা সংকল্পসমূহক সুন্দৰভাবে প্ৰদৰ্শিত কৰাৰ দিহা কৰা হৈছে। মই অনুভৱ কৰিছো কিছুদিন পূৰ্বে প্ৰতিৰক্ষা সম্পৰ্কীয় কাৰ্যক্ৰমৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হৈ যোৱা প্ৰদৰ্শনীখনৰ দৰেই এইবেলিৰ প্ৰদৰ্শনীখনো লক্ষ্ণৌবাসীৰ লগতে সমগ্ৰ উত্তৰ প্ৰদেশৰ ৰাইজেও চাবহি। মই এইখন প্ৰদৰ্শনী চোৱাৰ বাবে সকলোকে আহিবলৈ আহ্বান জনাইছো। আমি সকলোৱে মিলি দেশক ক’ৰ পৰা ক’লৈ লৈ যাব পাৰো, তেনে বিশ্বাসক উজ্জীৱিত কৰিব পৰা এইখন দৰাচলতেই এখন সুন্দৰ প্ৰদৰ্শনী, আপোনালোক আটায়ে আহি নিশ্চয় চোৱাহি উচিত। আজি উত্তৰ প্ৰদেশৰ চহৰসমূহৰ বিকাশৰে বিজড়িত ৭৫টা প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰা হৈছে। আজিয়েই উত্তৰ প্ৰদেশৰ ৭৫হাজাৰ হিতাধিকাৰীক তেওঁলোকৰ বাবে নিৰ্মিত পকীঘৰৰ চাবিসমূহো অৰ্পণ কৰা হৈছে। এইসকল বন্ধু–বান্ধৱীয়ে এইবেলিৰ দশেৰা, দীপাৱলি, সথ, গুৰু পুৰৱ,, ঈদ–এ–মিলাদকে ধৰি আহিবলগীয়া অনেক উত্সৱ তেওঁলোকৰ নিজা ঘৰত উদযাপন কৰিব। অলপ আগতে তেওঁলোকৰ একাংশৰ সৈতে কথা পাতি মোৰ খুবেই ভাল লাগিল। আৰু ভোজনৰ নিমন্ত্ৰণো পালো। মোৰ এই কাৰণেও ভাল লাগিছে যে ‘পিএম আবাস যোজনা’ৰ ৮০%ৰো অধিক ঘৰৰ মালিকী স্বত্ব মহিলাৰ হাতত অথবা যুটীয়া ভাবে মহিলাসকলক অৰ্পণ কৰা হৈছে। আৰু মহিলাসকলক ঘৰৰ সৈতে জড়িত কৰাৰ প্ৰসংগত উত্তৰ প্ৰদেশ চৰকাৰেও এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি মোক জানিবলৈ দিছে। ১০লাখ টকা পৰ্যন্ত বিনিয়োগকৃত ঘৰসমূহৰ পঞ্জীয়ন কৰাৰ বাবে প্ৰয়োজন হোৱা ‘ষ্টেম্প ডিউটী’ মহিলাৰ ক্ষেত্ৰত ২% ৰেহাই দিছে চৰকাৰখনে। এয়া খুবেই প্ৰশংসনীয় সিদ্ধান্ত। কিন্তু মহিলাসকলৰ নামত পঞ্জীয়ণ হোৱা বাবেই সম্ভৱতঃ যিমান পঞ্জীয়ণ হ’ব লাগিছিল সিমান হোৱা নাই যেন অনুভৱ হৈছে। পিচে, এই সিদ্ধান্ত কিমান গুৰুত্বপূৰ্ণ সেই বিষয়ে জনোৱাৰ বাবে মই আপোনালোকৰ আগত এটা উদাহৰণ দাঙি ধৰিব খুজিছো। এয়া ভাল নে বেয়া সেই কথা ক’বলৈ মই বিচৰা নাই। মই কেৱল স্থিতিনো কি সেই কথাহে ক’ব বিচাৰিছো। ধৰক ঘৰটো যদি স্বামীৰ নামত থাকে, খেতিপথাৰ, গাড়ী–ঘোঁৰাও যদি তেখেতৰ নামতে থাকে। আনকি দোকান–পোহাৰো তেওঁৰ নামতে থাকে, তেওঁৰ অবৰ্তমানত সেই সম্পত্তি ল’ৰাহঁতৰ নামত পঞ্জীকৃত হয়, তেন্তে মাতৃৰ নামত একোৱেই দেখোন নাথাকিব। সেইগৰাকী মাতৃৰ নামত তেন্তে একোৱেই থাকিব নালাগিব? এখন সুস্থ সমাজক সন্তুলিত কৰি ৰাখিবলৈ হ’লে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব আৰু সেয়ে আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলো যে চৰকাৰে যিবোৰ ঘৰৰ আৱণ্টন দিব সেইবোৰৰ মালিকী স্বত্ব মহিলাক দিয়া হ’ব। বন্ধুসকল, আজি লক্ষ্ণৌয়ে আৰু এটা অভিনন্দনৰ সুযোগ লাভ কৰিছে। লক্ষ্ণৌয়ে অটল জীৰ ৰূপত এগৰাকী ‘ভিজনাৰী’, আই ভাৰতীৰ বাবে সমৰ্পিত এগৰাকী ৰাষ্ট্ৰনায়ক দেশক দিছিল। তেখতৰ স্মৃতিত, ‘বাবা চাহেব আম্বেডকাৰ বিশ্ববিদ্যালয়’ত ‘আটল বিহাৰী বাজপেয়ী আসন’ স্থাপন কৰা হৈছে। মই ভাবো এই অসনে অটল জীৰ ‘ভিজন’, তেখেতৰ ‘এক্সন’, ৰাষ্ট্ৰ–নিৰ্মাণত তেখেতৰ যোগদান সম্পৰ্কীয় কথা–বতৰাবোৰক বিশ্ব মানসত প্ৰতিভাত কৰাত সহায়ক হ’ব। যেনেকৈ ৭৫টা বছৰত ভাৰতৰ বিদেশ নীতিৰ ক্ষেত্ৰত অনেক মোৰ আহিছিল, কিন্তু অটল জীয়ে সেইক্ষেত্ৰত এক নতুন দিশৰ সন্ধান দিলে। দেশৰ ‘কানেক্টিভিটী’, মানুহৰ সৈতে মানুহৰ ‘কানেক্টিভিটী’ৰ বাবে তেখেতৰ প্ৰয়াস, বৰ্তমানৰ ভাৰতৰ শক্তিশালী বুনিয়াদ হিচাপে পৰিগণিত হৈছে। আপোনালোকে ভাবি চাওকচোন, এফালে ‘প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা’ আৰু আনফালে ‘স্বৰ্ণিম চতুৰ্ভূজ’, ‘নৰ্থ–ইষ্ট, ইষ্ট–ৱেষ্ট’ আৰু ‘নৰ্থ–ছাউথ–ইষ্ট–ৱেষ্ট ক’ৰিডৰ’ অৰ্থাত্, দুয়োফালেই একে সময়তে দৃষ্টি আৰু দুয়োফালে বিকাশৰ প্ৰয়াস! বন্ধুসকল, বহু বছৰ আগতে অটল জীয়ে ‘নেশ্যনেল হাইৱে’ৰ মাধ্যমৰে দেশৰ মহানগৰীসমূহ সংযোজিত কৰাৰ প্ৰস্তাৱ উথ্থাপন কৰোতে কিছুমান মানুহৰ বিশ্বাসেই হোৱা নাছিল, তেওঁলোকে ভাবিছিল এয়াও সম্ভৱ নে? ৬–৭বছৰ আগতে মই যেতিয়া দুখীয়া–দৰিদ্ৰৰ বাবে কোটি কোটি পকীঘৰ, কোটি কোটি শৌচালয়, দুৰন্ত গতিত চলা ৰে’লগাড়ী, চহৰসমূহত পাইপৰে গেছৰ যোগান, ‘অপ্টিকেল ফাইবাৰ’ৰ দৰে বৃহত্ আন্তঃগাঁথনিৰ কথা কৈছিলো, তেতিয়াও অভ্যাসবশতঃ কিছুমান মানুহে এনেকৈয়ে ভাবিছিল, ইমানবোৰ কাম কেনেকৈ সম্ভৱ হ’ব? কিন্তু আজি, এই অভিযানসমূহৰ ক্ষেত্ৰত ভাৰতৰ সাফল্য সমগ্ৰ পৃথিৱীয়ে দেখিবলৈ পাইছে। ভাৰতে আজি ‘পিএম আবাস যোজনা’ৰ অধীনত যিমানবোৰ পকীঘৰ নিৰ্মাণ কৰিছে, সেয়া পৃথিৱীৰ বহু দেশৰ মুঠ জনসংখ্যাতকৈয়ো অধিক। এটা সময় আছিল যেতিয়া ঘৰৰ অনুমোদনৰ পৰা নিৰ্মাণৰ কাম আৰম্ভ হোৱালৈ বহুবছৰৰেই প্ৰয়োজন হৈছিল। যিবোৰ ঘৰ নিৰ্মাণতো কৰা হৈছিল, কিন্তু সেয়া বাসোপযোগী হয় নে নহয় এই লৈ প্ৰশ্নও উথ্থাপিত হৈছিল বহু সময়ত। ঘৰসমূহৰ আকাৰ সৰু, নিৰ্মাণ সামগ্ৰীৰ মান নিম্ন, আৱণ্টন দিয়াৰ ক্ষেত্ৰত নানাটা অজুহাত, এইবোৰ কাণ্ড–কাৰখানাই যেন মোৰ দুখীয়া ভাই–ভনীসকলৰ ভৱিতব্য আছিল; তেনে এক পৰিৱেশৰে সৃষ্টি কৰা হৈছিল। ২০১৪চনত দেশে আমাক সেৱা কৰাৰ সুযোগ প্ৰদান কৰিছিল আৰু মই উত্তৰ প্ৰদেশৰ ওচৰত বিশেষভাবে কৃতজ্ঞতা জ্ঞাপন কৰো, কিয়নো আপোনালোকে মোক দেশৰ সংসদলৈ পঠোৱাৰ ব্যৱস্থা কৰিছিল। আৰু আপোনালোকে যেতিয়া আমাক সুযোগ প্ৰদান কৰিলে আমি নিজৰ দায়িত্ব পালন কৰাত আন্তৰিকতাৰে প্ৰয়াস কৰিলো। বন্ধুসকল, ২০১৪চনৰ আগতে যি চৰকাৰ আছিল, তেওঁলোকে দেশৰ ‘চহৰাঞ্চলৰ আবাস যোজনা’ৰ অধীনত মাত্ৰ ১৩লাখ ঘৰৰহে অনুমোদন জনাইছিল। এই সংখ্য মনত থাকিবনে? পুৰণি চৰকাৰে ১৩লাখ আবাস, ইয়াৰো আকৌ ৮লাখটা ঘৰহে নিৰ্মাণ কৰা হৈছিল। ২০১৪ৰ পিচত আমাৰ চৰকাৰে ‘পিএম আবাস যোজনা’ৰ অধীনত চহৰাঞ্চলত ১কোটি ১৩লাখৰো অধিক ঘৰ নিৰ্মাণৰ অনুমোদন জনায়। ক’ত ১৩লাখ আৰু ক’ত ১কোটি ১৩লাখ! ইয়াৰে ৫০লাখৰো অধিক ঘৰ নিৰ্মাণ কৰি সেইবোৰ ঘৰ দুখীয়া ৰাইজৰ হাতত ইতিমধ্যে অৰ্পণো কৰা হৈছে। বন্ধুসকল, ইটা–শিল–বালিৰে অট্টালিকাতো নিৰ্মাণ কৰিব পাৰি, কিন্তু সেইবোৰক ঘৰ বুলি অভিহিত কৰিব নোৱাৰি। সেয়া ঘৰ তেতিয়াহে হয়, যেতিয়া পৰিয়ালৰ সকলো সদস্যৰ সপোন ইয়াৰ সৈতে বিজড়িত হ’ব, সকলোৰে মাজত আপোনত্বই বিৰাজ কৰিব, পৰিয়ালৰ সকলো সদস্যই এটা লক্ষ্যৰ দিশে আন্তৰিকতাৰে ধাৱমান হ’ব তেতিয়াহে অট্টালিকা ঘৰলৈ ৰূপান্তৰিত হয়। বন্ধুসকল, আমি ঘৰৰ নক্সাৰ পৰা ঘৰৰ নিৰ্মাণ পৰ্যন্ত সম্পূৰ্ণ স্বাধীনতা হিতাধিকাৰীসকলৰ হাতত অৰ্পণ কৰিছিলো। তেওঁলোকে নিজৰ ইচ্ছা অনুযায়ী ঘৰ নিৰ্মাণ কৰক। দিল্লীত ‘এয়াৰ কণ্ডিশ্যনড’ কোঠাত বহি কোনোবাই এয়াতো নিশ্চিত কৰিব নোৱাৰে যে খিৰিকীখন এইফালে থাকিবনে সেইফালে থাকিব। ২০১৪চনৰ আগৰ চৰকাৰৰ যোজনাত ঘৰৰ আকাৰ কিমান হ’ব তাৰ কোনো স্পষ্ট নীতিয়েই উল্লেখ কৰা হোৱা নাছিল। ক’ৰবাত ১৫বৰ্গমিটাৰ আকাৰৰ ঘৰ নিৰ্মাণ কৰা হৈছিল, ক’ৰবাত আকৌ ১৭বৰ্গমিটাৰৰ ঘৰ। ইমান কম পৰিসৰৰ মাটিত যি নিৰ্মাণ কৰা হৈছিল, তাত বাস কৰাটো নিতান্তই অসুবিধাজনক আছিল। ২০১৪ৰ পিচত আমাৰ চৰকাৰে ঘৰৰ আকাৰ সন্দৰ্ভতো স্পষ্ট নীতি নিৰ্দ্ধাৰণ কৰিছিল। আমি ২২বৰ্গমিটাৰতকৈ সৰু কোনো ঘৰ নিৰ্মাণ কৰা নহ’ব বুলি স্পষ্ট কৰি দিছিলো। আমি ঘৰৰ আকাৰ বৃদ্ধি কৰাৰ লগতে ঘৰ নিৰ্মাণৰ ধন পোণপতীয়াকৈ হিতাধিকাৰীৰ ‘বেংক একাউণ্ট’লৈ হস্তান্তৰিত কৰাৰ ব্যৱস্থা কৰিছিলো। ঘৰ নিৰ্মাণৰ বাবে হিতাধিকাৰীসকলৰ ‘বেংক একাউণ্ট’লৈ প্ৰেৰণ কৰা ধনৰ পৰিমাণ কিমান এই সন্দৰ্ভত চৰ্চা বহুত কমকৈ কৰা হৈছে। আপোনালোকে জানি আচৰিত হ’ব যে, ‘পিএম আবাস যোজনা–চহৰাঞ্চল’ৰ অধীনত কেন্দ্ৰীয় চৰকাৰে প্ৰায় একলাখ কোটি টকা দুখীয়া ৰাইজৰ ‘বেংক একাউণ্ট’লৈ হস্তান্তৰিত কৰিছে। বন্ধুসকল, আমাৰ দেশত কিছুসংখ্যক মহানুভৱে কৈ থাকে যে মোদীক আমি প্ৰধানমন্ত্ৰীতো বনাই দিলো, কিন্তু মোদীয়ে কৰিছে কি? আজি প্ৰথমবাৰৰ বাবে মই এই কথা ক’ব খুজিছো, যাৰ পিচত ডাঙৰ ডাঙৰ বিৰোধী, যিসকলে দিন–ৰাতি একাকাৰ কৰি আমাৰ বিৰোধিতা কৰাতে শক্তি ব্যয় কৰি থাকে তেওঁলোকে মোৰ এই ভাষণ শুনাৰ পিচত যে নিতান্তই ভাগি পৰিব, সেই কথা মই জানো। তথাপি, মই এই কথা কোৱা উচিত বুলি অনুভৱ কৰিছো। মোৰ লগ–বন্ধু, মোৰ আত্মীয়সকলে ভগা–জুপুৰীত জীৱন অতিবাহিত কৰি আহিছিল। যাৰ মূৰৰ ওপৰত পকী ছাদ নাছিল। এনে তিনি কোটি পৰিয়ালে এই কাৰ্যকালতে, এখন যোজনাৰ আধাৰতে লাখপতি হোৱাৰ সুযোগ লাভ কৰিছে। এইখন দেশত থুল–মূল ভাবে ক’বলৈ গ’লে ২৫–৩০কোটি পৰিয়াল, ইয়াৰে, ইমান কম কাৰ্যকালতে ৩কোটি পৰিয়ালে লাখপতি হোৱাৰ সুযোগ লাভ কৰাটো কম কথা নিশ্চয় নহয়! এতিয়া আপোনালোকে চাগৈ ক’ব মোদীয়ে ইমান ডাঙৰ দাবী কৰে কেনেকৈ? ‘প্ৰধানমন্ত্ৰী আবাস যোজনা’ৰ আধাৰত দেশত প্ৰায় ৩কোটি ঘৰ নিৰ্মাণ কৰা হৈছে, আপোনালোকে ইমানখিনি ঘৰৰ নিৰ্মাণ ব্যয় কিমান হ’ব সেয়া আন্দাজ কৰি ল’ব। এই সকল ব্যক্তি এতিয়া প্ৰতিগৰাকীয়েই লাখপতি। ৩কোটি পকীঘৰ নিৰ্মাণ কৰি আমি দুখীয়া পৰিয়ালসমূহৰ সকলোতকৈ ডাঙৰ সপোনটোক পূৰ্ণতা প্ৰদান কৰিছো। বন্ধুসকল, মোৰ সেইবোৰ দিনৰ কথাও মনত পৰে, যেতিয়া বহুত প্ৰয়াসৰ পিচতো ঘৰৰ নিৰ্মাণৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশে আগবাঢ়িব পৰা নাছিল। কিন্তু আজি, লক্ষ্ণৌত আছো, সেয়ে এই কথা অলপ বিস্তাৰিত ভাবে কোৱা উচিত হটব বুলি ভাবিছো! কোৱা উচিত নহয়নে? আপোনালোকে শুনিবলৈ সাজু আছে নে? আমাৰ ‘আৰ্বান প্লেনিং’ কেনেকৈ ৰাজনীতিৰ চিকাৰ হৈ পৰে, এই কথা বুজিবলৈও উত্তৰ প্ৰদেশৰ ৰাইজে এই কথা জনাটো আৱশ্যক! বন্ধুসকল, দুখীয়াসকলৰ বাবে ঘৰ নিৰ্মাণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে পইচা দি থকাৰ পিচতো কিন্তু ২০১৭চনৰ আগতে; যোগী জী অহাৰ আগৰ কথা কৈছো; ২০১৭চনৰ আগতে উত্তৰ প্ৰদেশত যি চৰকাৰ আছিল, সেইখন চৰকাৰে দুখীয়াৰ বাবে ঘৰ সজাৰ কথাই ভবা নাছিল। দুখীয়াসকলৰ বাবে ঘৰ নিৰ্মাণ কৰিবলৈ আমি আগৰ চৰকাৰখনক মিনতি কৰিবলগীয়া হৈছিল। ২০১৭চনৰ আগতে ‘পিএম আবাস যোজনা’ৰ অধীনত উত্তৰ প্ৰদেশৰ বাবে ১৮হাজাৰ ঘৰৰ অনুমোদন দিয়া হৈছিল। কিন্তু ইয়াত যিখন চৰকাৰ আছিল, তেওঁলোকে ‘পিএম আবাস যোজনা’ৰ ১৮টা ঘৰো নিৰ্মাণ কৰি নিদিলে। আপোনালোকে কল্পনা কৰিব পাৰিবনে? ১৮হাজাৰ ঘৰৰ অনুমোদন আৰু ১৮টা ঘৰো নসজা, মোৰ দেশৰ ভাই–ভনীসকল, আপোনালোকে এইবোৰ কথা চিন্তা কৰিব লাগিব। আপোনালোকে ভাবকচোন ১৮হাজাৰটা ঘৰৰ অনুমোদন থকাৰ পিচতো তেওঁলোকে দুখীয়া–দৰিদ্ৰৰ বাবে কিন্তু ১৮টা ঘৰো নিৰ্মাণ কৰি নিদিলে। পইচা আছিল, ঘৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় অনুমোদন আছিল, কিন্তু তেতিয়া যিসকলে উত্তৰ প্ৰদেশৰ শাসনভাৰ চলাইছিল, তেওঁলোকে এইক্ষেত্ৰত কেৱল বাধাৰ সৃষ্টি কৰি থাকিছিল। তেওঁলোকৰ এই কৃৰ্তি উত্তৰ প্ৰদেশৰ ৰাইজে, উত্তৰ প্ৰদেশৰ দুখীয়া–দৰিদ্ৰই কেতিয়া পাহৰিব নোৱাৰে। বন্ধুসকল, যোগী জীৰ চৰকাৰ অহাৰ পিচত উত্তৰ প্ৰদেশৰ চহৰাঞ্চলৰ দুখীয়াসকলৰ বাবে ৯লাখ ঘৰ নিৰ্মাণ কৰি বিতৰণ কৰা হৈছে। চহৰাঞ্চত বসবাস কৰা আমাৰ দুখীয়া ভাই–ভনীসকলৰ বাবে এতিয়া উত্তৰ প্ৰদেশত ১৪লাখ ঘৰ নিৰ্মাণৰ কাম বেলেগ বেলেগ পৰ্যায়ত চলি আছে। এতিয়াৰ ঘৰবোৰত বিদ্যুত্, পানী, গেছ, শৌচালয়ৰ দৰে সা–সুবিধাবোৰ প্ৰদানৰো দিহা কৰা হৈছে। সেয়ে এনে আবাসত হোৱা গৃহ–প্ৰৱেশো সম্পূৰ্ণ আনন্দৰে, উলহ–মালহৰে সম্পন্ন কৰিব পৰা হৈছে। কিন্তু মই যেতিয়া উত্তৰ প্ৰদেশলৈ আহিছো সেয়ে কিছু ‘হোমৱৰ্ক’ দিবৰ মন কৰিছো। দিওনে? কিন্তু আপোনালোকে কৰিবলৈ দিয়াখিনি কৰিব লাগিব! কৰিবনে? সঁচাকৈ কৰিবনে? চাওক মই বাতৰি কাকতত পঢ়িবলৈ পাইছো আৰু সম্ভৱতঃ যোগীজীকো চাগৈ এই বিষয়ে সুধিছিলো। এইবাৰ দীপাৱলীত অয্যোধাত বোলে চাৰে সাতলাখ বন্তিৰে কাৰ্যক্ৰম অনুষ্ঠিত কৰা হ’ব। মই উত্তৰ প্ৰদেশক কওঁ যে বন্তি প্ৰজ্বলন কৰাৰ বাবে সকলোৱে দলে–বলে ওলাই আহক। চাওচোন এইবাৰ আৰু অধিক বন্তি জ্বলাইনে নাই, এই যে ৯লাখটা ঘৰ আৱণ্টিত কৰা হৈছে, সেই ৯ লাখটা পৰিয়ালে ১৮লাখ বন্তি জ্বলাই দেখুৱাওকচোন। এয়া হ’ব পাৰেনে? যিসকল পৰিয়ালক, এই ৯লাখ পৰিয়াল, যিসকলে ঘৰ পাইছে তেওঁলোকে যোৱা সাতটা বছৰত, তেওঁলোকে দুটা দুটা বন্তি নিজৰ নিজৰ ঘৰৰ সন্মুখত জ্বলাওক। অয্যোধাত সাতলাখ বন্তি জ্বলিব আৰু মোৰ দুখীয়া পৰিয়ালসমূহৰ ঘৰত ১৮লাখ বন্তি জ্বলিব। ভগৱান ৰাম জীয়েও আনন্দ পাব। ভাই–ভনীসকল, যোৱা দশকসমূহত আমাৰ চহৰসমূহত বিশাল বিশাল অট্টালিকা নিশ্চিত ভাবেই নিৰ্মিত হৈছে! কিন্তু যিসকলে পৰিশ্ৰম কৰি এইবোৰ অট্টালিকা নিৰ্মাণ কৰে, তেওঁলোকৰ ভাগ্যত কি জুপুৰীয়েই লিখা থাকিব নেকি? জুপুৰীও এনেকুৱা য’ত পানী আৰু শৌচালয়ৰ দৰে বুনিয়াদী সুবিধাকণো উপলব্ধ নহয়! জুপুৰীত বাস কৰা আমাৰ ভাই–ভনীসকলে এতিয়া পকীঘৰ সজাৰ ক্ষেত্ৰত বহুত সুবিধা লাভ কৰিছে। গাঁৱৰ পৰা চহৰলৈ কাম বিচাৰি অহা শ্ৰমিকসকলেও উচিত ভাড়াত থকা ঘৰৰ ভাল সুবিধা লাভ কৰিব পৰা হৈছে। ইয়াৰ বাবেও চৰকাৰে যোজনা আৰম্ভ কৰিছে। বন্ধুসকল, চহৰাঞ্চলত বসবাস কৰা মধ্যবিত্ত পৰিয়ালসমূহৰ সমস্যা তথা তেওঁলোকে সন্মুখীন হৈ অহা প্ৰত্যাহ্বানসমূহ আঁতৰ কাৰৰ বাবেও আমাৰ চৰকাৰে গম্ভীৰ ভাবেই প্ৰয়াস কৰিছে। ‘ৰিয়েল এষ্টেট ৰেগুলেটৰী অথৰিটী’ অৰ্থাত্ ‘ৰেৰা’ আইন এনেকুৱাই এক বৃহত্ পদক্ষেপ। এই আইনে সমগ্ৰ গৃহ–নিৰ্মাণ খণ্ডটোকে অবিশ্বাস আৰু ঠগবাজিৰ কৰাল গ্ৰাসৰ পৰা মুক্ত কৰাৰ ক্ষেত্ৰত বহুত সহায় কৰিছে। এইখন আইন যুগুতোৱাৰ ফলত ঘৰ কিনোতাসকলে সময়ত ন্যায়ো পাবলৈ সক্ষম হৈছে। আমি চহৰসমূহত অৰ্দ্ধ নিৰ্মিত হৈ পৰি থকা ঘৰসমূহ সম্পূৰ্ণ কৰাৰ বাবেও বহু হাজাৰ কোটি টকাৰ বিশেষ পুঁজি গঠন কৰিছো। মধ্যবিত্তসকলে এটা ঘৰৰ সপোন যাতে দিঠকত পৰিণত হোৱাটো দেখিবলৈ পায় ইয়াৰ বাবে প্ৰথমবাৰৰ বাবে ঘৰ কিনিব খোজাসকললৈ লাখ টকীয়া সহযোগিতা আগবঢ়োৱাৰো ব্যৱস্থা কৰা হৈছে। তেওঁলোকে কম হাৰৰ সুদৰো সুবিধা লাভ কৰিছে, আৰু মোৰ ভাল লাগিছে যে উত্তৰ প্ৰদেশ চৰকাৰে তত্কালীন ভাবেই এই ব্যৱস্থা বলবতো কৰিছে। এই আইনৰ ফলত ঘৰৰ মালিক আৰু ভাড়াতীয়া, দুয়োৰে যুগজোৰা অসুবিধাও আঁতৰি গৈছে। ইয়াৰ সুবাদত ভাড়ালৈ ঘৰ পোৱাতো সহজ হোৱাৰ লগতে ‘ৰেণ্টেল প্ৰপাৰ্টী’ৰ বজাৰসমূহেও শক্তি পাব, অধিক বিনিয়োগ আৰু কৰ্মসংস্থানৰ সম্ভাৱনা সৃষ্টি হ’ব। ভাই–ভনীসকল, ক’ৰোনা–কালত ‘ৱৰ্ক ফৰ্ম হোম’ সন্দৰ্ভত যি বিধি–নিয়ম যুগুতোৱা হৈছে তাৰ দ্বাৰা চহৰাঞ্চলৰ মধ্যবিত্তসকলৰ জীৱন আৰু অধিক সহজ হৈ উঠিছে। ‘ৰিমট ৱৰ্কিং’ সহজ হৈ উঠাৰ ফলত ক’ৰোনা–কালত মধ্যবিত্ত শ্ৰেণীৰ বন্ধুসকলে বহুখিনি সকাহ লাভ কৰিবলৈ সক্ষম হৈছে। ভাই–ভনীসকল, আপোনালোকে যদি মনত পেলায়, ২০১৪চনৰ আগতে আমাৰ চহৰসমূহৰ চাফ–চিকুণতাক লৈ আমি সদায়ে নেতিবাচক আলোচনা হোৱাই শুনিবলৈ পাইছিলো। অপৰিচ্ছন্নতাই যেন চহৰসমূহৰ অন্য এক পৰিচিতি হৈ উঠিছিল। এই পৰিস্থিতি সলনি কৰাৰ বাবে দেশত ‘স্বচ্ছ ভাৰত মিছন’ আৰু ‘অমৃত মিছন’ৰ অধীনত বিশাল পৰিসৰৰ অভিযান অব্যাহত আছে। বিগত বছৰকেইটাত চহৰসমূহত ৬০লাখৰো অধিক ব্যক্তিগত খণ্ড পৰিচালিত আৰু ৬লাখৰো অধিক ৰাজহুৱা শৌচালয় স্থাপিত হৈছে। ৭বছৰ আগতে দেশত মাত্ৰ ১৮% আৱৰ্জনাৰহে সংসাধান হৈছিল, সেয়া আজি বাঢ়ি গৈ ৭০% হৈছেহি। উত্তৰ প্ৰদেশতো বিগত বছৰদিয়েকত ‘ৱেষ্ট প্ৰচেছিঙ’ৰ বৃহত প্ৰকল্প বিকশিত হৈছে। আৰু আজি প্ৰদৰ্শনীত দেখিবলৈ পাইছো এনে বহু প্ৰযুক্তি দেখি মনতো ভৰি উঠিছে। এতিয়া ‘স্বচ্ছ ভাৰত অভিযান ২.০’ৰ অধীনত চহৰাঞ্চলৰ আৱৰ্জনাৰ পাহাৰ আঁতৰোৱাৰ বাবেও অভিযান আৰম্ভ কৰা হৈছে। বন্ধুসকল, চহৰসমূহৰ সৌষ্ঠৱ বৃদ্ধিৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ‘এলইডি লাইট’সমূহে। চৰকাৰে অভিযান চলাই দেশত ৯০লাখৰো অধিক পুৰণি ‘ষ্ট্ৰীটলাইট’ সলাই তাৰ ঠাইত ‘এলইডি লাইট’ লগোৱাৰ ফলত নিগম–নিকায়সমূহৰ প্ৰতি বছৰে প্ৰায় ১হাজাৰ কোটি টকা ৰাহি হ’বলৈ লৈছে। এতিয়া ৰাহি হোৱা ধনৰাশি সংশ্লিষ্ট নিগম–নিকায়সমূহে আন কামত লগাব পাৰিব। ‘এলইডি’য়ে চহৰত বসবাস কৰা ৰাইজৰ বিজুলী মাচুলো বহুখিনি হ্ৰাস কৰিছে। আগতে ‘এলইডি বাল্ব’ একোটাৰ দাম ৩০০টকাতকৈয়ো অধিক আছিল। তাকো চৰকাৰে ‘উজ্জ্বলা যোজনা’ৰ অধীনত ৫০–৬০টকাতে দিয়াৰ দিহা কৰিছে। এই আঁচনিৰ মাধ্যমৰে ৩৭কোটি ‘এলইডি বাল্ব’ বিতৰণ কৰিছো। ইয়াৰ ফলত দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ পৰিয়ালসমূহৰ প্ৰায় ২৪হাজাৰ কোটি টকাৰ বিজুলী মাচুল ৰাহি হৈছে। বন্ধুসকল, একৈশ শতিকাৰ ভাৰতত, চহৰসমূহৰ কায়াকল্পৰ সকলোতকৈ উল্লেখনীয় দিশটো হৈছে প্ৰযুক্তিৰ যথা সম্ভৱ অধিক ব্যৱহাৰ। চহৰাঞ্চলৰ বিকাশৰে জড়িত মহানগৰ পৰিকল্পনা সংস্থাৰ দৰে সংস্থাসমূহে সকলোতকৈ অধিক গুৰুত্ব প্ৰযুক্তিৰ সদ্ব্যৱহাৰত দিব লাগিব। বন্ধুসকল, আমি য়েতিয়া গুজৰাটৰ এটা সৰু এলেকাত আছিলো আৰু যেতিয়াই লক্ষ্ণৌৰ কথা ওলাইছিল, তেতিয়া মানুহে কৈছিল লক্ষ্ণৌত যেনিয়ে যোৱা যায় তাৰ মানুহে কথাই প্ৰতি ‘প্ৰথমতে আপুনি’, ‘প্ৰথমতে আপুনি’ বুলি কয়। আজি ধেমালিকৈয়ে হ’লেও আমি প্ৰযুক্তিকো ক’ব লাগিব– ‘প্ৰথমতে আপুনি’! ভাৰতত বিগত ৬–৭টা বছৰত চহৰাঞ্চত প্ৰযুক্তিৰ ক্ষেত্ৰত বহু ডাঙৰ পৰিৱৰ্তন অহা দেখিবলৈ পোৱা গৈছে। দেশৰ ৭০খনৰো অধিক চহৰত আজিকালি যি ‘কমাণ্ড এণ্ড কণ্ট্ৰোল চেণ্টাৰ’ চলি আছে, তাৰো আধাৰ এই প্ৰযুক্তিয়েই। আজি দেশৰ চহৰসমূহত চলি থকা ‘চিচিটিভি কেমেৰাৰ নেটৱৰ্কো’ এই প্ৰযুক্তিৰেই শক্তিৱন্ত হৈছে। দেশৰ ৭৫খন চহৰত থকা ৩০হাজাৰৰো অধিক ‘চিচিটিভি কেমেৰা’ৰ সুবাদত অপৰাধীয়ে কু–কৰ্ম সংঘটিত কৰিবলৈ গৈ দহবাৰ ভাবিবলগীয়া হৈছে। এইসমূহ ‘চিচিটিভি কেমেৰা’ই অপৰাধীহঁতক শাস্তি প্ৰদানৰ ক্ষেত্ৰত বহু পৰিমাণে সহায় কৰি আহিছে। বন্ধুসকল, আজি ভাৰতৰ চহৰসমূহত প্ৰতি দিনে ওলোৱা হাজাৰ হাজাৰ টন আৱৰ্জনাৰ নিষ্কাষণ, ইয়াৰ সংসাধন, বাট–পথৰ নিৰ্মাণ এই সকলোবোৰতে ন–ন প্ৰযুক্তিৰ সদ্ব্যৱহাৰ কৰা হৈছে। ‘ৱেষ্টৰ পৰা ৱেল্থ’–ৰ বহু প্ৰকল্প মই আজি প্ৰদৰ্শনীত দেখি আহিছো। সকলোকে প্ৰেৰিত কৰিব পৰা এইবোৰ প্ৰযুক্তিৰ কৰ্ম নৈপুণ্য সঁচাকৈ চোৱা উচিত। বন্ধুসকল, আজি দেশত চলি থকা পয়–প্ৰণালী প্ৰকল্পসমূহৰ সামৰ্থ্য আধুনিক প্ৰযুক্তিয়ে বৃদ্ধি কৰিছে। ‘নেশ্যনেল কমন ম’বিলিটী কাৰ্ড’–ও জানো এই প্ৰযুক্তিৰে অৱদান নহয়! আজি ইয়াত অনুষ্ঠিত কাৰ্যক্ৰমত ৭৫খন ইলেক্ট্ৰিক বাছৰ যাত্ৰা সেউজীয়া পতাকা জোকাৰি শুভাৰম্ভ কৰা হ’ল। এয়াতো আধুনিক প্ৰযুক্তিৰে নিদৰ্শন। বন্ধুসকল, মই অলপ আগতে ‘লাইটহাউছ প্ৰকল্প’ৰ অধীনত লক্ষ্ণৌত নিৰ্মিত ঘৰসমূহ চাইছিলো। এই সমূহ ঘৰত যি প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে, তাৰ ফলত এইবোৰ ঘৰত ‘প্লাষ্টাৰ’ আৰু ‘পেইণ্ট’ৰ প্ৰয়োজনেই নাথাকিব। ইয়াত আগতেই সাজু কৰি ৰখা সম্পূৰ্ণ একোখন বেৰৰ ব্যৱহাৰ কৰা হ’ব। ইয়াৰ ফলত ঘৰসমূহ আৰু অধিক বেগেৰে নিৰ্মাণ কৰিব পৰা যাব। মই ভাবো দেশৰ বিভিন্ন প্ৰান্তৰ পৰা লক্ষ্ণৌলৈ অহা বন্ধুসকলে এই প্ৰকল্প পৰা বহুত কথা শিকি যাব আৰু নিজৰ নিজৰ চহৰসমূহত ইয়াৰ ৰূপায়ণৰ প্ৰয়াস কৰিব। বন্ধুসকল, প্ৰযুক্তিয়ে কেনেকৈ দুখীয়া–দৰিদ্ৰৰ জীৱন সলাই দিব পাৰে ‘পিএম স্বনিধি যোজনা’ও ইয়াৰ এক সুন্দৰ নিদৰ্শন। লক্ষ্ণৌৰ দৰেই বহুবোৰ চহৰতো অনেক প্ৰকাৰৰ বজাৰৰ পৰম্পৰা অব্যাহত আছে। ক’ৰবাত যদি বুধবাৰে বজাৰ বঢ়ে, ক’ৰবাত আকৌ বৃহস্পতিবাৰে বঢ়ে, ক’ৰবাত শনিবাৰে বজাৰ বঢ়ে, আৰু এইবোৰ বজাৰৰ সৌন্দৰ্য বৃদ্ধি কৰে হৰেক–মালৰ পোহাৰ মেলা আমাৰ ভাই–ভনীসকলে। আমাৰ এই ভাই–ভনীহঁতৰ বাবেও প্ৰযুক্তি এক বন্ধুৰ ৰূপত আগবাঢ়ি আহিছে। ‘পিএম স্বনিধি যোজনা’ৰ অধীনত এইসকল পথৰ কাষৰ বেপাৰী–পোহাৰীক বেংকৰ সৈতে জড়িত কৰাৰ ব্যৱস্থা কৰা হৈছে। এই যোজনাৰ মাধ্যমৰে ২৫লাখৰো অধিক বন্ধুক ২৫০০কোটিৰো অধিক টকাৰ সহযোগিতা আগবঢ়োৱা হৈছে। ইয়াতো উত্তৰ প্ৰদেশৰ ৭লাখৰো অধিক বন্ধুয়ে ‘স্বনিধি যোজনা’ৰ লাভ আদায় কৰিবলৈ সক্ষম হৈছে। এতিয়া এওঁলোকৰ ‘বেংকিং হিস্ত্ৰী’ তৈয়াৰ কৰি থকা হৈছে আৰু তেওঁলোকেও যিমান পাৰে সিমান ‘ডিজিটেল’ লেন–দেন কৰাত ব্যস্ত হৈছে। মোৰ এই কথাৰ বাবেও ভাল লাগিছে যে ‘স্বনিধি যোজনা’ৰ সবাটোকৈ অধিক লাভ কৰা দেশৰ শীৰ্ষত থকা তিনিখন চহৰৰ ভিতৰত ২খন আমাৰ উত্তৰ প্ৰদেশৰে। সমগ্ৰ দেশৰ ভিতৰত শীৰ্ষত আছে লক্ষ্ণৌ, আৰু দুই নম্বৰত থকা চহৰখন হৈছে কানপুৰ। ক’ৰোনাৰ এই সংকটৰ সময়ত এয়া সঁচাকৈ এক ডাঙৰ সহায়। মই যোগী জীৰ চৰকাৰক এই কাৰ্যৰ বাবে নিশ্চয় শলাগ ল’ম। বন্ধুসকল, আজি যি সময়ত আমাৰ হৰেক মাল বিক্ৰী কৰা পথৰ দাঁতিৰ বেপাৰী–পোহাৰীসকলৰ কথা পাতি আছো, এই সময়ত মোৰ এই কথাও মনলৈ আহি আছে যে এটা সময়ত এইটো কথাকে লৈ কিমান যে তুচ্ছ–তাচ্ছিল্য কৰিবলৈ লৈছিল। বহুতে আনকি প্ৰশ্নও উথ্থাপন কৰিছিল– এইবোৰ কম লিখা–পঢ়া কৰা লোকে ডিজিটেল লেন–দেন কৰিব পাৰিবনে? কিন্তু স্বনিধি যোজনাৰে জড়িত হৰেক–মালৰ পোহাৰীসকলে, এই পৰ্যন্ত ৭কোটিৰো অধিক টকা ‘ডিজিটেল’ মাধ্যমেৰে লেন–দেন কৰিছে। এতিয়া এওঁলোকে পাইকাৰী বেপাৰীৰ পৰা সা–সামগ্ৰী কিনিবলৈ যাওতেও ‘ডিজিটেল পে’মেণ্ট’হে কৰা হৈছে। আজিকালি এইসকল বন্ধুৰ কাৰণেই ভাৰতে ‘ডিজিটেল পে’মেণ্ট’ৰ ক্ষেত্ৰত নতুন ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে। জুলাই, আগষ্ট, ছেপ্টেম্বৰ অৰ্থাত্ যোৱা তিনিটা মাহত, প্ৰতি মাহে ৬লাখ কোটিৰো অধিক টকাৰ লেনদেন ‘ডিজিটেল’ মাধ্যমৰে হৈছে। অৰ্থাত্ বেংকলৈ ৰাইজৰ অহা–যোৱাৰ পৰিমাণ সিমানেই কমি গৈছে। এই কথাই পৰিৱৰ্তিত ভাৰত আৰু প্ৰযুক্তি আদৰি লোৱা ভাৰতৰ শক্তিকে প্ৰতীয়মান কৰিছে। বন্ধুসকল, বিগত বছৰসমূহত ভাৰতত যান–বাহনৰ বৰ্দ্ধিত হাৰৰ সমস্যা আৰু প্ৰদূষণে সৃষ্টি কৰা প্ৰত্যাহ্বান দুয়োটাৰ ক্ষেত্ৰতে ‘হ’লিষ্টিক এপ্ৰোছ’ৰে পদক্ষেপ লোৱা হৈছে। ‘মেট্ৰো’ও ইয়াৰ এক উত্কৃষ্ট উদাহৰণ। আজিকালি ভাৰতত ‘মেট্ৰো সেৱা’ দেশৰ ডাঙৰ ডাঙৰ চহৰসমূহত দ্ৰুতগতিৰে বিস্তাৰিত হৈছে। ২০১৪চনত ২৫০কিলোমিটাৰতকৈয়ো কম পথ–চক্ৰতহে ‘মেট্ৰ’–ৰ চলাচল হৈছিল, সেই পৰিমাণ এতিয়া প্ৰায় ৭শ কিলোমিটাৰলৈ সম্প্ৰসাৰিত হৈছে। আৰু আজি মোক বিষয়াসকলে জানিবলৈ দিছে যে এই মুহূৰ্তত আৰু এক হাজাৰ পঞ্চাশ কিলোমিটাৰত কাম চলি আছে। উত্তৰ প্ৰদেশৰো ৬খন চহৰত আজিৰ তাৰিখত ‘মেট্ৰ–নেটৱৰ্ক’ বিস্তাৰিত হৈ আছে। ১০০খনৰো অধিক চহৰত ‘ইলেক্ট্ৰিক বাছ’ৰ চলাচল কৰোৱাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰাৰ লগতে ‘উড়ান যোজনা’য়ো চহৰাঞ্চলৰ বিকাশ যাত্ৰাত গতি প্ৰদান কৰি আহিছে। একবিংশ শতিকাৰ ভাৰতে এতিয়া ‘মাল্টী মডেল কানেক্টিভিটী’ৰ সুবাদত আগবাঢ়ি যাব আৰু ইয়াৰ প্ৰস্তুতি এতিয়া বহুত দ্ৰুতগতিত আগবাঢ়ি আছে। আৰু বন্ধুসকল, চহৰাঞ্চলৰ এইসমূহ প্ৰকল্পৰ সকলোতকৈ বৃহত্ ইতিবাচক প্ৰভাৱ কৰ্ম–সংস্থানৰ ক্ষেত্ৰত পৰা দেখিবলৈ পোৱা গৈছে। চহৰসমূহত হোৱা ‘মেট্ৰো ৰে’ল’ৰ কামেই হওক, ঘৰ নিৰ্মাণেই হওক, বিজুলী–পানীৰ কামেই হওক, সকলোতে বিপুল সংখ্যক কৰ্মসংস্থাপনৰ নতুন সুযোগ সৃষ্টি হ’বলৈ ধৰিছে। সেইদৰে ৰপ্টানীক ‘ফৰ্চ মাল্টিপ্লায়া’ৰ বুলি গণ্য কৰা হয়। সেয়ে আমি এইসমূহ পৰিযোজনাৰ গতি অব্যাহত ৰখাত গুৰুত্ব প্ৰদান কৰিছো। ভাই–ভনীসকল, উত্তৰ প্ৰদেশততো সমগ্ৰ ভাৰতৰ সংস্কৃতিৰ প্ৰাণবায়ু সমাহিত হৈ আছে। এইখন প্ৰভু ৰামৰ ভূমি, শ্ৰীকৃষ্ণৰ ভূমি, ভগৱান বুদ্ধৰ ভূমি। উত্তৰ প্ৰদেশৰ সমৃদ্ধ ঐতিহ্যক অক্ষুন্ন ৰাখি, চহৰসমূহক আধুনিক ৰূপত সজাই তোলাটো আমাৰ দায়িত্ব। ২০১৭চনৰ আগৰ উত্তৰ প্ৰদেশ আৰু ইয়াৰ পাচৰ উত্তৰ প্ৰদেশৰ মাজত সৃষ্টি হোৱা পাৰ্থক্য উত্তৰ প্ৰদেশৰ ৰাইজেও খুবেই ভালকৈ জানে। আগতে উত্তৰ প্ৰদেশত বিজুলী কমকৈ আহিছিল, গৈছিল বেছি। আৰু আহিছিলো য’ত নেতাই অহাটো বিচাৰিছিল। বিজুলী যেন সুবিধা নহয় শাসনৰ এক সঁজুলীহে আছিল। পথ কেৱল তেতিয়াহে নিৰ্মিত হৈছিল যেতিয়া কোনোবাই ‘চিফাৰিছ’ কৰিছিল, পানীৰ কি দশা আছিল সেয়াতো আপোনালোকে ভালকৈয়ে জানেই। এতিয়া বিজুলী সকলোৱে, সকলো ঠাইতে, একে সমানকৈ লাভ কৰিছে। এতিয়া দুখীয়া–দৰিদ্ৰৰ ঘৰলৈয়ো বিজুলী আহে। গাঁৱৰ পথ কাৰো ‘চিফাৰিছ’ নোহোৱাকৈয়ে নিৰ্মিত হৈছে। অৰ্থাত্ চহৰসমূহৰ বিকাশৰ বাবে যেনে ইচ্ছাশক্তিৰ প্ৰয়োজন, সেয়া আজি উত্তৰ প্ৰদেশত মজুত আছে। মই ভাবো আজি উত্তৰ প্ৰদেশৰ যিসমূহ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে, সেয়া যোগী জীৰ নেতৃত্বত দ্ৰুতগতিত সম্পূৰ্ণ কৰা হ’ব। আকৌ এবাৰ আপোনালোকক বিকাশৰ এইসমূহ প্ৰকল্পৰ বাবে অভিনন্দন জনাইছো। বহুত বহুত ধন্যবাদ!
লক্ষ্ণৌত ‘আজাদী@৭৫’ সন্মিলন আৰু বাণিজ্য মেলা উদ্বোধন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%B0-%E0%A6%AA/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%B0-%E0%A6%AA/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্কাইৰুট এৰোস্পেচৰ দ্বাৰা বিকশিত ভাৰতৰ প্ৰথম বেচৰকাৰী ৰকেট, বিক্ৰম-ছাবঅৰ্বিটেলৰ সফল প্ৰক্ষেপণৰ বাবে ভাৰতীয় অন্তৰিক্ষ গৱষণা সংস্থা (ইছৰো) আৰু ইন-স্পেচক অভিনন্দন জনাইছে। এলানি টুইটত প্ৰধানমন্ত্ৰীয়ে কৈছে; "ভাৰতৰ বাবে এক ঐতিহাসিক ক্ষণ, স্কাইৰুট এৰোস্পেচৰ দ্বাৰা বিকশিত ৰকেট বিক্ৰম-এছে আজি শ্ৰীহৰিকোটাৰ পৰা উড়ন সম্পন্ন কৰে! এয়া ভাৰতৰ বেচৰকাৰী অন্তৰিক্ষ উদ্যোগৰ যাত্ৰাত এটা মহত্বপূৰ্ণ মাইলৰ খুঁটা। এই প্ৰাপ্তি আহৰণ কৰা বাবে @isro আৰু @INSPক অভিনন্দন। "এই প্ৰাপ্তিয়ে আমাৰ যুৱক-যুৱতীৰ অপাৰ প্ৰতিভাৰ প্ৰমাণ দিয়ে, যিসকলে জুন ২০২০ৰ ঐতিহাসিক অন্তৰিক্ষ ক্ষেত্ৰৰ সংশোধনৰ সম্পূৰ্ণ সুবিধা আদায় কৰিলে।"
প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ প্ৰথম বেচৰকাৰী ৰকেট, বিক্ৰম-এছৰ সফল প্ৰক্ষেপণৰ বাবে ইছৰো আৰু ইন-স্পেচক অভিনন্দন জনায
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%A7%E0%A7%80%E0%A6%A8%E0%A6%A4%E0%A6%BE-%E0%A6%A6%E0%A6%BF%E0%A7%B1%E0%A6%B8%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%A7%E0%A7%80%E0%A6%A8%E0%A6%A4%E0%A6%BE-%E0%A6%A6%E0%A6%BF%E0%A7%B1%E0%A6%B8%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ ৭২সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰে৷ তেওঁৰ ভাষণৰ প্ৰধান দিশসমূহ তলত উল্লেখ কৰা ধৰণৰ— দেশ আজি সম্পূৰ্ণৰূপে আত্মবিশ্বাসী৷ সফলতাৰ নতুন শিখৰত উপনীত হোৱাৰ লক্ষ্যৰে দেশ এতিয়া কঠোৰ পৰিশ্ৰমেৰে আগবাঢ়িছে৷ আমি স্বাধীনতাৰ এই উৎসৱ এনে এক সময়ত পালন কৰিছো, যেতিয়া আমাৰ উত্তৰাখণ্ড, হিমাচল, মণিপুৰ, টেলেংগনা আৰু অন্ধ্ৰ প্ৰদেশৰ কন্যাই সাত সাগৰ প্ৰদক্ষিণ কৰি উভতি আহিছে৷ আমাৰ ত্ৰিৰংগাক সাতখন সাগৰৰ বুকুত উত্তোলিত কৰি তেওঁলোক আমাৰ মাজলৈ উভতি আহিছে৷ দূৰ-দূৰণিৰ পাহাৰ অঞ্চলত বাস কৰা আমাৰ জনজাতীয় শিশুসকলে মাউণ্ট এভাৰেষ্টত ত্ৰিৰংগা উত্তোলন কৰি ইয়াৰ গৰিমা বৃদ্ধি কৰিছে৷ সমাজৰ দলিত শ্ৰেণী তথা শোষিত, নিষ্পেষিত, বঞ্চিত—সকলোৰে কল্যাণৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ সংসদে সামাজিক ন্যায় প্ৰতিষ্ঠা কৰিছে৷ অ’বিচি পৰিষদক সাংবিধানিক মৰ্যদা প্ৰদানৰ বাবে দীৰ্ঘদিনধৰি দাবী উত্থাপন হৈ আহিছিল৷ এইবাৰ আমাৰ সংসদে অ’বিচি পৰিষদৰ সাংবিধানিক মৰ্যদা অনুসৰি সমাজৰ পিছপৰা শ্ৰেণীৰ লোকৰ উন্নয়নক গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে৷ বানপানীত নিজৰ আত্মীয়-স্বজনক হেৰুওৱা অথবা ভীষণ সমস্যাৰ সন্মুখীন হোৱা লোকসকলক মই নিশ্চয়তা দিব বিচাৰো যে সমগ্ৰ দেশ আপোনালোকৰ সৈতে আছে আৰু আপোনালোকক সহায় কৰাৰ সকলো প্ৰচেষ্টা চলাই থকা হৈছে৷ নিজৰ আত্মীয়-স্বজনক হেৰুওৱাসকলৰ প্ৰতি মই গভীৰ সমবেদনা জ্ঞাপন কৰিছো৷ অহা বছৰ জালিৱানৱালাবাগ হত্যাকাণ্ডৰ ১০০ বছৰ সম্পূৰ্ণ হ’ব৷ দেশৰ স্বাধীনতাৰ বাবে জনতাই নিজৰ জীৱন উৎসৰ্গা কৰিছিল আৰু শোষণ-উৎপীড়নে চূড়ান্ত সীমা অতিক্ৰম কৰিছিল৷ জালিৱানৱালাবাগ কাণ্ডত আত্মবলিদান দিয়া বীৰসকলৰ সাহসে আমাক এতিয়াও অনুপ্ৰাণিত কৰে৷ মই অন্তৰৰ পৰা তেওঁলোকক প্ৰমাম জনাইছো৷ ভাৰত বিশ্বৰ ষষ্ঠ বৃহৎ অৰ্থনীতি হিচাপে চিহ্নিত হৈছে৷ সমগ্ৰ দেশবাসীৰ হৈ আজি মই দেশৰ সকলো বীৰ শ্বহীদক প্ৰণাম জনাইছো৷ দেশবাসীৰ সুৰক্ষাৰ বাবে আৰু আমাৰ ৰাষ্ট্ৰীয় পতাকাৰ মহত্ত্ব তথা মৰ্যদা ৰক্ষাৰ বাবে আমাৰ সৈনিক, অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষীয়ে নিজৰ জীৱন ত্যাগ কৰি আছে৷ স্বাধীনতাৰ পাছত বাবা ছাহেব আম্বেদকাৰৰ নেতৃত্বত এখন অত্যন্ত সংহত সংবিধান প্ৰস্তুত কৰা হয়৷ এখন নতুন ভাৰত গঢ়াই আছিল ইয়াৰ প্ৰধান সংকল্প৷ ভাৰতবৰ্ষ সদায় আত্মনিৰ্ভৰশীল, শক্তিশালী হোৱা উচিত আৰু বহনক্ষম উন্নয়নৰ পথেৰে আগবঢ়া উচিত৷ ১২৫কোটি ভাৰতীয়ৰ সপোন, কঠোৰ পৰিশ্ৰম আৰু আশা-আকাংক্ষা যেতিয়া একত্ৰিত হয়, তেতিয়া কোনো কথা অসম্ভৱ নহয়৷ ১২৫কোটি ভাৰতীয়ই ২০১৪ত চৰকাৰ গঠন কৰিয়েই ক্ষান্ত থকা নাই, তেওঁলোকে দেশখন অধিক উন্নত কৰিবলৈ নিৰন্তৰ প্ৰয়া চলাই আছে৷ এয়াই হৈছে ভাৰতৰ শক্তি৷ আপুনি যদি বিগত চাৰি বছৰৰ কামৰ এক বিশ্লেষণ কৰে, তেতিয়া আপুনি আচৰিত হ’ব যে দেশ এতিয়া কিমান দ্ৰুতগতিৰে প্ৰগতিৰ দিশত আগবাঢ়িছে৷. ২০১৩ৰ গতিকে কাম কৰিলে ভাৰতক ১০০% মুকলিত শৌচমুক্ত দেশ হিচাপে গঢ়ি তোলা অথবা দেশৰ প্ৰতিটো প্ৰান্তক বিদ্যুৎ সংযোগেৰে সাঙুৰি লোৱা অথবা গ্ৰাম্য-নগৰ সকলোতে ৰন্ধন গেছ উপলব্ধ কৰোৱা আদিৰ বাবে এক শকিতা প্ৰয়োজন হ’লহেতেন৷ এই ধৰণৰ লক্ষ্যত উপনীত হ’বলৈ আমি দ্ৰুতগতিৰে আগবাঢ়িবই লাগিব৷ যোৱা চাৰি বছৰত দেশে বৃহৎ পৰিৱৰ্তনৰ অভিজ্ঞতা লাভ কৰিছে৷ দেশ এতিয়া নতুন উৎসাহ-উদ্দীপনা আৰু সাহসেৰে প্ৰগতিৰ দিশ আগবাঢ়িছে৷ আজি ভাৰতবৰ্ষত পূৰ্বতকৈ দুগুণ ৰাষ্ট্ৰীয় পথ আৰু চাৰিগুণ অধিক বাসগৃহ নিৰ্মাণ হৈ আছে৷ দেশে অভিলেখ পৰিমাণৰ খাদ্যশস্য উৎপাদন কৰিছে আৰু অভিলেখসংখ্যক মোবাইল ফোন নিৰ্মাণ কৰি আছে৷ ট্ৰেক্টৰৰ বিক্ৰীয়ে নতুন অভিলেখ স্পৰ্শ কৰিছে৷ স্বাধীনতাৰ পাছত দেশে সৰ্বাধিক পৰিমাণৰ বিমান ক্ৰয় কৰিছে৷ দেশত নতুন নতুন আইআইএম, আইআইটি আরু এইমছ স্থাপন হৈ আছে৷ সৰু সৰু স্থানত নতুন কেন্দ্ৰ মুকলিৰে দক্ষতা বিকাশৰ মিছনক উদগণি যোগোৱা হৈছে৷ ষ্টাৰ্ট-আপ কাৰ্যসূচী টায়াৰ-২ আৰু টায়াৰ-৩ চহৰলৈ সম্প্ৰসাৰিত হৈছে৷ কৃষি ক্ষেত্ৰলৈ আধুনিকীকৰণ আৰু প্ৰযুক্তিৰ আগমণ ঘটিছে৷ কৃষকে এতিয়া ক্ষুদ্ৰ জলসিঞ্চন, ড্ৰিপ জলসিঞ্চন আৰু স্প্ৰিংলাৰ জলসিঞ্চন পদ্ধতি ব্যৱহাৰ কৰিছে৷ এহাতে, আমাৰ সৈনিকসকলে দুৰ্যোগৰ সন্মুখীন হোৱা লোকক সহৃদয়তাৰে উদ্ধাৰ কৰিছে আৰু আনহাতে তেওঁলোকে ছাৰ্জিকেল ষ্ট্ৰাইকৰ দৰে আক্ৰমণেৰে শত্ৰু পক্ষক প্ৰত্যুত্তৰ দিছে৷ আমি সদায় নতুন নতুন চিন্তাৰে আগবঢ়া উচিত৷ লক্ষ্য স্পষ্ট নহ’লে প্ৰগতি সম্ভৱ নহয়৷ কৃষকৰ উৎপাদিত সামগ্ৰীৰ বাবে আকৰ্ষণীয় মূল্য দিয়াৰ সিদ্ধান্ত আমি সাহসেৰে গ্ৰহণ কৰিছো৷ অধিকাংশ শস্যৰ নূন্যতম সমৰ্থন মূল্য যোগান ব্যয়তকৈ ১.৫ গুণ অধিক বৃদ্ধি কৰা হৈছে৷ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ সদিচ্ছা আৰু নতুনত্বক আকোৱালি লোৱাৰ প্ৰৱণতাই দেশত জিএছটি ৰূপয়ন সফল কৰি তুলিলে৷ ব্যৱসায়ীসকলৰ মাজত ই নতুন বিশ্বাস কঢ়িয়াই আনিছে৷ দেশৰ কল্যাণৰ লক্ষ্যৰে বেনামী সম্পত্তি আইন অত্যন্ত সাহসেৰে ৰূপায়ন কৰা হৈছে৷ এটা সময় আছিল, যেতিয়া ভাৰতীয় অৰ্থনীতিক বিশ্বই বিপদজনক(ৰিস্কী)আখ্যা দিছিল৷ এতিয়া সেই একেই লোক আৰু প্ৰতিষ্ঠানে আত্মবিশ্বাসেৰে কৈছে যে আমাৰ সংস্কাৰ নীতিয়ে দেশৰ অৰ্থনৈতিক পৰিকাঠাম শক্তিশালী কৰিছে৷ এটা সময় আছিল যেতিয়া বিশ্বই ৰেড টেপৰ কথা কৈছিল৷ অৱশ্যে এতিয়া ৰেড কাৰ্পেটক লৈ আলোচনা হয়৷ ব্যৱসায়িক সূচলতা(ইজ অৱ ডুয়িং বিজনেছ)ৰ ৰেংকিঙত আমি ১০০সংখ্যক স্থান লাভ কৰিছো৷ আজি সমগ্ৰ বিশ্বই আমাৰ সাফল্যক গৌৰৱেৰে প্ৰত্যক্ষ কৰিছে৷ এটা সময় আছিল যেতিয়া বিশ্বই ভাৰত বুলিলেই ‘নীতিৰ স্থৱিৰতা’ আৰু ‘বিলম্বিত সংস্কাৰ’ৰ কথা চিন্তা কৰিছিল৷ কিন্তু এতিয়া ভাৰত বুলিলে ‘সংস্কাৰ, পাৰদৰ্শিতা আৰু ৰূপান্তৰ’ৰ কথা কয়৷ পূৰ্বে বিশ্বই ভাৰতক ক্ষণভংগুৰ অৰ্থনীতি হিচাপে আখ্যা দিছিল৷ কিন্তু বিশ্বই এতিয়া একেমুখে স্বীকাৰ কৰিছে যে ভাৰত বৰ্তমান মাল্টি-ট্ৰিলিয়ন ডলাৰৰ বিনিয়োগ কেন্দ্ৰ হৈ পৰিছে৷ ভাৰতৰ অৰ্থনীতি সন্দৰ্ভত সকলোৱে এতিয়া কয় যে সুপ্ত হাতী জাগি উঠিছে আৰু দৌৰিবলৈ আৰম্ভ কৰিছে৷ বিশ্বৰ অৰ্থনীতিবিদ আৰু প্ৰতিষ্ঠানসমূহে পৰ্যবেক্ষণ কৰিছে যে অনাগত তিনিটা দশকত ভাৰতে গোলকীয় অৰ্থনীতিক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব৷ আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতৰ মৰ্যদা বৃদ্ধি পাইছে আৰু এইধৰণৰ মঞ্চত ভাৰতে শক্তিশালী ৰূপত নিজৰ অভিমত দাঙি ধৰিবলৈ সক্ষম হৈছে৷ পূৰ্বে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ সদস্য হ’বলৈ ভাৰতে মাথো অপেক্ষা কৰি আছিল৷ এতিয়া অসংখ্য সংস্থাই ভাৰতক সদস্যভুক্ত কৰিবলৈ আগুৱাই আহিছে৷ গোলকীয় উষ্ণতাৰ ক্ষেত্ৰত ক’বলৈ গ’লে ভাৰত এতিয়া আন দেশৰ বাবে আশাৰ প্ৰতীক হৈ পৰিছে৷ আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীক সমগ্ৰ বিশ্বই আদৰণি জনাইছে৷ আজি আমি ক্ৰীড়াৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ চমকপ্ৰদ উত্থান দেখিবলৈ পাইছো৷ উত্তৰ-পূৰ্বাঞ্চলৰ অন্তিমখন গাঁও বিদ্যুৎ সংযোগেৰে সাঙুৰি লোৱা হৈছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় পথ, ৰে’লৱে, বিমান পথ, জলপথ আৰু তথ্য প্ৰযুক্তি ক্ষেত্ৰৰ প্ৰগতিৰ বাৰ্তা আমি দৈনিক লাভ কৰি আছো৷ উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ প্ৰজন্মই নিজৰ নিজৰ অঞ্চলত বিপিঅ’ স্থাপন কৰি আছে৷ উত্তৰ-পূৰ্বাঞ্চল জৈৱিক কৃষিৰ কেন্দ্ৰস্থল হোৱাৰ দিশে অগ্ৰসৰ হৈছে৷ উত্তৰ-পূৰ্বাঞ্চলত ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব৷ এটা সময়ত উত্তৰ-পূৰ্বাঞ্চল দিল্লীৰ পৰা বহু দূৰ বুলি ভৱা হৈছিল৷ কিন্তু যোৱা চাৰি বছৰৰ ভিতৰত আমি দিল্লীক উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখলৈ লৈ গৈছো৷ আমাৰ দেশৰ ৬৫% জনসংখ্যা ৩৫ বছৰৰ তলৰ বয়সৰ৷ আমাৰ যুৱ প্ৰজন্মই সংস্থাপনৰ প্ৰকৃতি দৃষ্টান্তমূলকভাৱে সলনি কৰিছে৷ সেয়া লাগিলে ষ্টাৰ্ট-আপেই হওক বা বিপিঅ’, ই-কমাৰ্চ অথবা মোবাইলৰ ক্ষেত্ৰতেই হওক, আমাৰ যুৱচামে এক নতুন ক্ষেত্ৰত প্ৰৱেশ কৰিছে৷ দেশক এক নতুন উচ্চতালৈ লৈ যাবলৈ সম্প্ৰতি আমাৰ যুৱ প্ৰজন্ম সংকল্পবদ্ধ৷ ১৩কোটি লোকে মুদ্ৰা ঋণৰ সুবিধা লাভ কৰাতো এক ডাঙৰ সফলতা। ইয়াৰে ৪ কোটি হ’ল যুৱক-যুৱতী, যিয়ে প্ৰথমবাৰৰ বাবে ঋণ লাভ কৰিছে আৰু তেওঁলোকে আত্মসংস্থাপনৰ বাট মুকলি কৰিছে৷ আমাৰ যুৱচামে তিনি লাখ গাঁওত কমন ছাৰ্ভিচ চেণ্টাৰ পৰিচালনা কৰি আছে৷ তেওঁলোকে প্ৰতিখন গাওঁকে সংযুক্ত কৰি আছে আৰু গাওঁৰ নাগৰিকে তথ্য প্ৰযুক্তিৰ উপযোগিতা গ্ৰহণ কৰি আছে৷ আমাৰ বৈজ্ঞানিকসকলৰ উদ্ভাৱন কৌশলৰ জৰিয়তে আমি ‘নেভিক’ মুকলি কৰিবলৈ গৈ আছো, যি ব্যৱস্থা মাছমৰীয়া আৰু অন্যান্যসকলৰ বাবে অতি উপযোগী বিবেচিত হ’ব৷ ২০২২লৈ ভাৰতে মানুহ কঢ়িয়াব পৰা মহাকাশযান মহাকাশলৈ প্ৰেৰণৰ বাবে সাজু হৈছে৷ এই অভিযান সম্পন্ন কৰা ভাৰত হ’ব বিশ্বৰ চতুৰ্থ দেশ৷ এতিয়া আমি কৃষি ক্ষেত্ৰত আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰত গুৰুত্ব দিছো৷ দেশৰ ৭৫সংখ্যক স্বাধীনতা দিৱসৰ সময়লৈ দেশত কৃষকৰ আয় আমি দুগুণ কৰাৰ সপোন দেখিছো৷ আধুনিক প্ৰযু্ক্তিৰ সহায়ত আমি কৃষিক্ষেত্ৰক দূৰ-দিগন্তলৈ সম্প্ৰসাৰিত কৰিব বিচাৰো৷ জৈৱিক কৃষি, নীল বিপ্লৱ, ছুইট বিপ্লৱ, সৌৰ কৃষি পদ্ধতি আদিৰ দৰে নতুন পন্থাই আমাৰ বাবে আগুৱাই যোৱাৰ পথ মুকলি কৰিছে৷ মৎস্য পালনত ভাৰত বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ দেশ হিচাপে পৰিগণিত হৈছে৷ মৌৰ ৰপ্তানি দুগুণ হৈছে৷ কুঁহিয়াৰ খেতিয়কসকলৰ বাবে আনন্দৰ বিষয় যে ইথানলৰ উৎপাদন তিনিগুণলৈ বৃদ্ধি পাইছে৷ গ্ৰাম্য অৰ্থনীতিত আন খণ্ডও অত্যন্ত গুৰুত্বপূৰ্ণ৷ মহিলাৰ আত্মসহায়ক গোট গঠনেৰে আমি গ্ৰামাঞ্চলক সমৃদ্ধিশালী কৰিব বিচাৰো৷ আমি গাওঁসমূহৰ সক্ষমতা বৃদ্ধি কৰিব বিচাৰো আৰু সেই দিশত প্ৰচেষ্টা অব্যাহত ৰাখিছো৷ এতিয়া খাদীৰ বিক্ৰী দুগুণ হৈছে৷ আমাৰ কৃষকে এতিয়া সৌৰ কৃষিৰ ওপৰত মনোনিৱেশ কৰিছে৷ ইয়াৰ জৰিয়তে তেওঁলোকে কৃষিক্ষেত্ৰলৈ বৰঙণি আগবঢ়োৱাৰ সমান্তৰালকৈ সৌৰ শক্তি বিক্ৰী কৰি ধন উপাৰ্জন কৰিব পাৰে৷ অৰ্থনৈতিক প্ৰগতি আৰু উন্নয়নৰ সৈতে আমি মানৱ জীৱনৰ মৰ্যাদাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছো, যিটো সবাতোকৈ প্ৰয়োজনীয়৷ সেইবাবে আমি এনেকুৱা আঁচনিসমূহ অব্যাহত ৰাখিব বিচাৰো, যিসমূহে এগৰাকী সাধাৰণ লোকক গৌৰৱ, সন্মান আৰু মৰ্যাদাৰে জীয়াই থকাত সহায় কৰে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন অনুসৰি স্বচ্ছতা অভিযানৰ বাবে ৩লাখ শিশুৰ প্ৰাণ ৰক্ষা পৰিছে৷ সত্যাগ্ৰহ আন্দোলন গঢ়ি তোলা গান্ধীজীৰ পৰা প্ৰেৰণা লৈ আমি সত্যাগ্ৰহীসকলক সংগঠিত কৰাত সফল হৈছো৷ গান্ধীজীৰ ১৫০সংখ্যক জন্মজয়ন্তীত কোটি কোটি স্বচ্ছগ্ৰাহী শ্ৰদ্ধাঞ্জলি অৰ্পনৰ বাবে সাজু হৈছে৷ স্বচ্ছ ভাৰতৰ ৰূপতো বাপুজীক সন্মান প্ৰদৰ্শন কৰা হৈছে৷ দৰিদ্ৰ লোকসকলক বিনামূলীয়া স্বাস্থ্যসেৱা প্ৰদান কৰিবলৈ চৰকাৰে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা অভিযান মুকলি কৰিছে৷ এতিয়া এই আঁচনিৰ অধীনত যিকোনো ব্যক্তিয়ে উন্নত চিকিৎসালয়লৈ গৈ বেমাৰৰ পৰা সকাহ লাভ কৰিব পাৰে৷ আয়ুস্মান ভাৰত আঁচনিৰ অধীনত ১০ কোটি পপৰিয়ালে স্বাস্থ্য বীমাৰ সুবিধা লাভ কৰিব পাৰিব৷ অৰ্থাৎ এই আঁচনিয়ে দেশৰ প্ৰায় ৫০ কোটি নাগৰিকক সাঙুৰি ল’ব৷ প্ৰতিটো পৰিয়ালে বছৰি ৫ লাখৰ স্বাস্থ্য বীমাৰ ধন লাভ কৰিব৷ আমি প্ৰযুক্তি আৰু পাৰদৰ্শিতাৰ ওপৰত অত্যন্ত গুৰুত্ব দিছো৷ প্ৰযুক্তিবিদ্যাই সাধাৰণ নাগৰিকক বিভিন্ন সুবিধা লাভত সহায় কৰিব আৰু বাধাসমূহ আঁতৰাব৷ প্ৰধানমন্ত্ৰী জন আৰোগ্য অভিযান ২০১৮ৰ ২৫ ছেপ্তেম্বৰত মুকলি কৰা হ’ব৷ ইয়াৰ ফলত সাধাৰণ নাগৰিকে মাৰাত্মক ৰোগৰ বাবে জীয়াতু ভুগিব নালাগে৷ স্বাস্থ্য খণ্ডত মধ্যবিত্ত পৰিয়াল আৰু যুৱচামৰ বাবে নতুন পথ সৃষ্টি হৈছে৷ ২ টায়াৰ আৰু ৩টায়াৰ চহৰত নতুন চিকিৎসালয় স্থাপন কৰা হ’ব৷ বৃহৎসংখ্যক মেডিকেল ষ্টাফ নিয়োজিত হ’ব৷ অনাগত দিনত নিয়োগ সৃষ্টিৰ সম্ভাৱনা অধিক বৃদ্ধি পাব৷ যোৱা চাৰি বছৰত আমি দৰিদ্ৰক সৱল কৰিবলৈ চেষ্টা কৰিছো৷ এটি আন্তঃৰাষ্ট্ৰীয় সংস্থাই উল্লেখ কৰিছে যে যোৱা ২ বছৰত ৫কোটি লোক দৰিদ্ৰ সীমাৰেখা অতিক্ৰম কৰিছে৷ দৰিদ্ৰৰ সৱলীকৰণৰ বাবে কেইবাখনো আঁচনি ৰূপায়ন কৰা হৈছে৷ চৰকাৰে সকলো প্ৰতিবন্ধকতা দূৰ কৰিবলৈ প্ৰয়াস চলাইছে৷ দুৰ্নীতি আৰু ক’লাধন আঁতৰ কৰাৰ পথত আমি অগ্ৰসৰ হৈছো৷ এই প্ৰয়াসৰ বাবেই আমি চৰকাৰী কোষাগাৰত ৯০০০০ কোটি টকা সংগঠিত কৰিবলৈ সক্ষম হৈছে। ২০১৩ চন পৰ্যন্ত বিগত ৭০ বছৰত প্ৰত্যক্ষ কৰদাতাৰ সংখ্যা আছিল মাত্ৰ ৪কোটি৷ এতিয়া এই পৰিমাণ দুগুণ হৈ ৭.২৫ কোটিলৈ বৃদ্ধি পাইছে৷ ৭০ বছৰত পৰোক্ষ কৰ বিষয়াই ৭০লাখ ৰাজহ সংগ্ৰহ কৰিছিল৷ ইয়াৰ বিপৰীতে জিএছটি ৰূপায়নৰ পাছত এবছৰৰ ভিতৰত ১৬লাখ ৰাজহ সংগৃহীত হৈছে৷ আমি ক’লাধন আৰু দুৰ্নীতি কেতিয়াও সহ্য নকৰো৷ অনেক বাধা থাকিলেও আমি ইয়াক আঁতৰ কৰিমেই৷ স্বচ্ছতা বজায় ৰখাৰ বাবে আমি অনলাইন প্ৰক্ৰিয়া আৰম্ভ কৰিছো৷ আমি তথ্য প্ৰযুক্তিক সৰ্বাধিক পৰ্যায়ত ব্যৱহাৰ কৰিছো৷ শ্বৰ্ট ছাৰ্ভিচ কমিছনৰ মাধ্যমেৰে আমি দেশৰ সামৰিক বাহিনীত মহিলা বিষয়া নিযুক্ত কৰিছো৷ এই প্ৰক্ৰিয়াত স্বচ্ছতা বজায় ৰখা হৈছে৷ মহিলা বিষয়াসকলক পুৰুষৰ সমানেই মৰ্যাদা দিয়া হৈছে৷ ধৰ্ষণ অত্যন্ত বেদনাদায়ক৷ কিন্তু ভুক্তভোগীৰ যন্ত্ৰণাদায়ক অভিজ্ঞতা আৰু অধিক কষ্টকৰ৷ এই কথা দেশৰ নাগৰিকে উপলব্ধি কৰা উচিত৷ সকলোৱে ইয়াক বুজি পোৱা উচিত৷ আমি এই নিষ্ঠুৰতা আৰু ভয়ানক মনোভাৱৰ পৰা সমাজক আতৰাই আনি দেশক শিক্ষিত কৰি তুলিব লাগিব৷ আইনে নিজৰ কাম কৰি আছে৷ কিন্তু আমি ধৰ্ষণৰ দৰে কুচিন্তাৰ পৰা সমাজক উদ্ধাৰ কৰিব লাগিব৷ তিনি তালাকে মুছলিম মহিলাৰ জীৱন দুৰ্বিসহ কৰি তুলিছিল৷ আমি মুছলিম মহিলাসকলক এই দুৰ্বিসহ জীৱনৰ পৰা উদ্ধাৰ কৰিবলৈ সংসদৰ বৰ্ষাকালীন অধিৱেশনত এখন বিধেয়ক উত্থাপন কৰিছো৷ কিন্তু এতিয়াও এনে কিছুমান লোক আছে, যিয়ে এই বিধেয়কখন প্ৰণয়ন হোৱাতো নিবিচাৰে৷ জম্মু আৰু কাশ্মীৰৰ বিষয়ত অটল বিহাৰী বাজপেয়ীয়ে আমাক যি পথ দেখুৱাই থৈ গৈছে, সেয়া হৈছে সৰ্বশ্ৰেষ্ঠ পথ৷ আমি সেই একে পথেৰে যাব বিচাৰো৷ আমি গুলী-বাৰুদ আৰু হিংসাৰ পথ গ্ৰহণ কৰিব নিবিচাৰো৷ আমি কাশ্মীৰৰ দেশপ্ৰেমী লোকসকলক আলিংগন কৰিব লাগিব আৰু এই প্ৰক্ৰিয়াক আগুৱাই নিব লাগিব৷ অহা মাহত জম্মু আৰু কাশ্মীৰৰ লোকে তেওঁলোকৰ অধিকাৰ উপভোগ কৰিব পাৰিব৷ চৰকাৰে তেওঁলোকৰ উন্নয়নৰ বাবে গাওঁ পঞ্চায়তলৈ পৰ্যাপ্ত ধন মুকলি কৰি দিব৷ প্ৰতিগৰাকী ভাৰতীই নিজৰ আৱাসগৃহ থকাতো বিচাৰে৷ সেইবাবে আমি লৈ আহিছো—সকলোৰে বাবে গৃহ আঁচনি৷ আমি বিচাৰো যে প্ৰতিঘৰতে বিদ্যুৎ সংযোগৰ ব্যৱস্থা সংযোজিত হওক৷ সেইবাবে দেশৰ সকলো গাওঁক বিদ্যুতেৰে সংযোগ কৰা হৈছে৷ সকলো ভাৰতীয়ই পাকঘৰৰ ধোৱাৰ পৰা মুক্তি বিচাৰে৷ এই লক্ষ্যত উপনীত হ’বলৈ আমি সকলোৰে বাবে ৰন্ধন গেছৰ সুবিধা আগবঢ়াইছো৷ প্ৰতিগৰাকী দেশবাসীয়ে বিশুদ্ধ খোৱাপানী বিচাৰে৷ সেইবাবে আমি সকলোৰে বাবে খোৱাপানীৰ ব্যৱস্থা কৰিছো৷ প্ৰতিগৰাকী ভাৰতীয়ই এটি শৌচালয়ৰ প্ৰয়োজনীয়তা অনুভৱ কৰে৷ সেয়ে আমি লক্ষ্য লৈছে প্ৰতিঘৰতে শৌচালয় নিৰ্মাণ কৰা৷ প্ৰতিগৰাকী ভাৰতীয়ৰে দক্ষতা বিকাশৰ প্ৰয়োজন৷ সেয়ে আমি সকলোৰে বাবে দক্ষতা বিকাশ আঁচনি ৰূপায়ন কৰিছো৷ প্ৰতিগৰাকী ভাৰতীয়কে উন্নত স্বাস্থ্যসেৱাৰ দৰকাৰ৷ গতিকে, আমাৰ প্ৰচেষ্টা হ’ল সকলোৰে বাবে স্বাস্থ্য নিশ্চিত কৰা৷ ইয়াৰ বাবে আমি সকলোৰে বাবে আমি স্বাস্থ্য বীমাৰ সুবিধা আগবঢ়াইছো৷ প্ৰতিগৰাকী ভাৰতীয়ক ইণ্টাৰনেট সুবিধাৰ দৰকাৰ৷ সেয়ে আমি সকলোকে সংযুক্ত কৰাৰ প্ৰয়াস চলাই আছো৷ আমি আমাৰ দেশক প্ৰগতিৰ পথত আগুৱাব বিচাৰো৷ আমি কাৰো ওচৰত মূৰ দোৱাব নিবিচাৰো৷ দেশ কেতিয়াও স্তব্ধ নহয়, দেশ কেতিয়াও ভাগৰুৱা নহয়৷ আমি সফলতাৰ নতুন উচ্চতা স্পৰ্শ কৰিম৷ অনাগত দিনত অসাধাৰণ প্ৰগতি অৰ্জন কৰাই আমাৰ লক্ষ্য৷
স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ মূল দিশসমূহ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9B%E0%A7%81%E0%A6%87%E0%A6%A1%E0%A7%87%E0%A6%A8-%E0%A6%AD%E0%A7%8D%E0%A7%B0%E0%A6%AE%E0%A6%A3%E0%A6%95%E0%A6%BE%E0%A6%B2%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9B%E0%A7%81%E0%A6%87%E0%A6%A1%E0%A7%87%E0%A6%A8-%E0%A6%AD%E0%A7%8D%E0%A7%B0%E0%A6%AE%E0%A6%A3%E0%A6%95%E0%A6%BE%E0%A6%B2%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE/
মাননীয় প্ৰধানমন্ত্ৰী ষ্টিফেন লোফভেন, সংবাদমাধ্যমৰ বন্ধুসকল, এয়া মোৰ প্ৰথম ছুইডেন ভ্ৰমণ। সুদীৰ্ঘ তিনি দশকৰ পাছত এয়া ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰথম ছুইডেন ভ্ৰমণ। ছুইডেনৰ প্ৰধানমন্ত্ৰী আৰু ইয়াৰ চৰকাৰে আমাক যি উষ্ম আদৰ-অভ্যৰ্থনা আগবঢ়ালে, তাৰবাবে তেওঁলোকক মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰী লোফভেনে অন্যান্য নৰ্ডিক দেশসমূহৰ সৈতে লগ হৈ ভাৰতৰ সন্মিলন আয়োজন কৰিছে। ইয়াৰ বাবেও মই আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো। ভাৰতৰ মেক ইন ইণ্ডিয়া অভিযানৰ আৰম্ভণীৰে পৰা ছুইডেনে এক শক্তিশালী সহযোগী হিচাপে কাম কৰি আহিছে। ২০১৬ চনত মুম্বাই আয়োজিত মেক ইন ইণ্ডিয়াৰ কাৰ্যসূচীত এক বৃহৎ ব্যৱসায়িক প্ৰতিনিধিৰ সৈতে প্ৰধানমন্ত্ৰী লোফভেনে নিজেই অংশগ্ৰহণ কৰে। ভাৰতৰ বাহিৰত বিগত বৰ্ষৰ অক্টোবৰত ছুইডেনত মেক ইন ইণ্ডিয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয়। এইটো অতি আনন্দৰ আৰু গৌৰৱৰ কথা যে প্ৰধানমন্ত্ৰী লোফভেনে নিজেই অনুষ্ঠানত অংশগ্ৰহণ কৰে। আমাৰ আজিৰ আলোচনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ এই যে ভাৰতৰ উন্নয়নমুলক যাত্ৰাত ছুইডেন কিদৰে ইয়াৰ সফল অংশীদাৰ হয়। ফলস্বৰূপে, আমি এক অভিনৱ উদ্ভাৱনী সহযোগিতা আৰু যুটীয়া কাৰ্য পৰিকল্পনাৰ দিশত একমতত উপনীত হ’লো। উদ্ভাৱন, বিনিয়োগ, ষ্টাৰ্ট-আপ, সামগ্ৰী উৎপাদন ইত্যাদিবোৰ হৈছে আমাৰ সহযোগিতাৰ মুল লক্ষ্য। সেইবোৰৰ ভিত্তিত আমি আন কেতবোৰ বিষয় যেনে-নবীকৰণযোগ্য শক্তি, নগৰীয়া পৰিবহণ, আৱৰ্জনা ব্যৱস্থাপনাৰ দিশতো গুৰুত্ব আৰোপ কৰিছো, যিবোৰ ভাৰতীয়সকলৰ জীৱন ধাৰণৰ মানদণ্ডৰ সৈতে জড়িত। বাণিজ্য আৰু বিনিয়োগ সম্পৰ্কে আজি মই আৰু লোফভেনে ছুইডেনৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতেও আলোচনা মিলিত হওঁ। আমাৰ দ্বিপাক্ষিক সহয়োগিতাৰ আন এক মুল স্তম্ভ হৈছে প্ৰতিৰক্ষা আৰু নিৰাপত্তা ক্ষেত্ৰৰ সহযোগিতা। প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ছুইডেন ভাৰতৰ দীৰ্ঘদিনীয়া সহযোগী। আৰু মোৰ বিশ্বাস যে এই ক্ষেত্ৰত, বিশেষকৈ প্ৰতিৰক্ষাৰ সঁজুলি উৎপাদনত আমাৰ সহযোগিতাই নতুন সূযোগৰ সৃষ্টি কৰিব। আমি দুয়োগৰাকীয়ে আমাৰ নিৰাপত্তা সহযোগিতা, বিশেষকৈ চাইবাৰ নিৰাপত্তা সহযোগিতা শক্তিশালী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। আমি এই কথাত সহমতত উপনীত হওঁ যে আমাৰ সম্পৰ্ক আঞ্চলিকৰ সমান্তৰালভাৱে বৈশ্বিক পৰ্যায়তো গুৰুত্বপূৰ্ণ। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ নিবিড় সম্পৰ্ক আছে, আৰু সেয়া সদায়েই অব্যাহত থাকিব। আমি আজি ইউৰোপ আৰু এছিয়াৰ উন্নয়ন সন্দৰ্ভত আমাৰ মত বিনিময় কৰিলো। শেষত মই পুনৰবাৰ প্ৰধানমন্ত্ৰী লোফভেনক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। সকলোকে বহুত বহুত ধন্যবাদ জনালো।
ছুইডেন ভ্ৰমণকালত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ লিখিত ৰূপৰ ইংৰাজী সংস্কৰণ(১৭ এপ্ৰিল, ২০১৮)
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AF%E0%A7%81%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A7%8D%E0%A6%AF%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AF%E0%A7%81%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A7%8D%E0%A6%AF%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D/
মহামান্য, প্ৰধানমন্ত্ৰী বৰিছ জনচন, বিশিষ্ট প্ৰতিনিধি, সংবাদ মাধ্যমৰ বন্ধুসকল, নমস্কাৰ! প্ৰথমে, মই প্ৰধানমন্ত্ৰী বৰিছ জনছন আৰু তেওঁৰ প্ৰতিনিধি দলক ভাৰতলৈ উষ্ম আদৰণি জনাইছো। যদিও প্ৰধানমন্ত্ৰী হিচাপে এয়া তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ, কিন্তু এজন পুৰণি বন্ধু হিচাপে, তেওঁ জানে, বুজি পায়, ভাৰত ভালদৰে। প্ৰধানমন্ত্ৰী জনছনে যোৱা কেইবাবছৰধৰি ভাৰত আৰু যুক্তৰাজ্যৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ভাৰতে স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰি আছে, প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ ইয়াত আগমন নিজেই এক ঐতিহাসিক মুহূৰ্ত। আৰু কালি সমগ্ৰ ভাৰতে দেখিছে যে আপুনি সবৰমতী আশ্ৰমত মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনাই আপোনাৰ ভাৰত ভ্ৰমণ আৰম্ভ কৰিছে। বন্ধুসকল, যোৱা বছৰ আমি দুয়োখন দেশৰ মাজত ব্যাপক কৌশলগত অংশীদাৰীত্ব স্থাপন কৰিছিলো। আৰু এই দশকত আমাৰ সম্পৰ্কক দিশ দিবলৈ আমি এক উচ্চাভিলাষী "ৰোডমেপ ২০৩০" আৰম্ভ কৰিছিলো। আজি আমাৰ বাৰ্তালাপত, আমি এই ৰোডমেপত হোৱা অগ্ৰগতিৰ পৰ্যালোচনা কৰিছো, আৰু অনাগত সময়ৰ বাবে কিছুমান লক্ষ্য নিৰ্ধাৰণ কৰিছো। দুয়োখন দেশৰ দলে মুক্ত বাণিজ্য চুক্তিৰ বিষয়ত কাম কৰি আছে। আলোচনাত ভাল অগ্ৰগতি হৈছে। আৰু আমি এই বছৰৰ শেষৰ ফালে এফটিএ ৰ সমাপ্তিৰ দিশত সম্পূৰ্ণ প্ৰচেষ্টা কৰাৰ সিদ্ধান্ত লৈছো। যোৱা কেইমাহমানত, ভাৰতে ইউ.এ.ই. আৰু অষ্ট্ৰেলিয়াৰ সৈতে মুক্ত বাণিজ্য চুক্তি সম্পাদন কৰিছে। একে গতিত, একে প্ৰতিশ্ৰুতিৰে, আমি ইউকেৰ সৈতেএফটিএ-ত আগবাঢ়িব বিচাৰো। আমি প্ৰতিৰক্ষা খণ্ডত সহযোগিতা বৃদ্ধিৰ বাবেও সন্মত হৈছো। প্ৰতিৰক্ষা খণ্ডত উৎপাদন, প্ৰযুক্তি, ডিজাইন আৰু বিকাশৰ সকলো ক্ষেত্ৰতে "স্বাৱলম্বী ভাৰত"ৰ বাবে যুক্তৰাজ্যৰ সমৰ্থনক আমি আদৰণি জনাইছো। বন্ধুসকল, আমি ভাৰতত চলি থকা ব্যাপক সংস্কাৰ, আমাৰ আন্তঃগাঁথনি আধুনিকীকৰণ পৰিকল্পনা আৰু ৰাষ্ট্ৰীয় আন্তঃগাঁথনি পাইপলাইনৰ বিষয়েও আলোচনা কৰিছো। আমি ইউকে কোম্পানীসমূহৰ দ্বাৰা ভাৰতত বৰ্ধিত বিনিয়োগক স্বাগতম জনাইছো। আৰু, ইয়াৰ এটা ভাল উদাহৰণ আমি কালি গুজৰাটৰ হালোলত চাবলৈ পাইছিলো। ইউকেত বাস কৰা ভাৰতীয় মূলৰ এক বিন্দু ছয় নিযুত লোকে সমাজ আৰু অৰ্থনীতিৰ প্ৰতিটো খণ্ডলৈ ইতিবাচক অৱদান আগবঢ়াই আছে। আমি তেওঁলোকৰ কৃতিত্বৰ বাবে গৌৰৱান্বিত। আৰু আমি এই জীৱন্ত দলংখন শক্তিশালী কৰিব বিচাৰো। প্ৰধানমন্ত্ৰী জনছনে ব্যক্তিগতভাৱে এই দিশত যথেষ্ট অৱদান আগবঢ়াইছে। তাৰ বাবে, মই তেওঁলোকক অভিনন্দন জনাইছো। বন্ধুসকল, গ্লাছগোত অনুষ্ঠিত CoP–26 ত লোৱা প্ৰস্তাৱসমূহ পূৰণ কৰাৰ বাবে আমি আমাৰ প্ৰতিশ্ৰুতি দিছিলো। আজি আমি আমাৰ জলবায়ু আৰু শক্তি অংশীদাৰীত্ব অধিক গভীৰ কৰাৰ সিদ্ধান্ত লৈছো। আমি ইউকেক ভাৰতৰ ৰাষ্ট্ৰীয় হাইড্ৰজেন মিছনত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছো। আৰু আমাৰ মাজত কৌশলগত প্ৰযুক্তি সংলাপ স্থাপনক মই আন্তৰিকতাৰে স্বাগতম জনাইছো। বন্ধুসকল, আজি আমাৰ মাজত বিশ্বউদ্ভাৱন অংশীদাৰিত্বৰ ৰূপায়ণ ব্যৱস্থাৰ সমাপ্তি এক অতি গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে প্ৰমাণিত হ'ব। ই আন দেশৰ সৈতে আমাৰ উন্নয়নমূলক অংশীদাৰীত্ব কঢ়িয়াই অনাত সহায় কৰিব। ইয়াৰ অধীনত, ভাৰত আৰু যুক্তৰাজ্যই তৃতীয় দেশলৈ "মেড ইন ইণ্ডিয়া" উদ্ভাৱনস্থানান্তৰ আৰু স্কেলিংৰ বাবে ১০০ নিযুত ডলাৰ লৈকে সহ-বিত্তীয় যোগান ধৰিব। ইয়াৰ ফলত বহনক্ষম উন্নয়নৰ লক্ষ্য প্ৰাপ্ত কৰাত আৰু জলবায়ু পৰিৱৰ্তনৰ মোকাবিলাকৰাৰ প্ৰচেষ্টাত সহায় হ'ব। নতুন বজাৰ অন্বেষণ কৰা আৰু আমাৰ উদ্ভাৱনক বিশ্বব্যাপী কৰাৰ ক্ষেত্ৰত ই আমাৰ ষ্টাৰ্ট-আপ আৰু এমএছএমই খণ্ডত অতি উপযোগী প্ৰমাণিত হ'ব। বন্ধুসকল, আমি আঞ্চলিক আৰু গোলকীয় পৰ্যায়ত সংঘটিত হোৱা কেইবাটাও উন্নয়নৰ বিষয়েও আলোচনা কৰিছিলো। আমি এক মুক্ত, মুক্ত, সামগ্ৰিক আৰু নিয়ম-আধাৰিত শৃংখলাৰ ওপৰত আধাৰিত কৰি ইণ্ডো-পেচিফিক অঞ্চল বজাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো। ভাৰত-প্ৰশান্ত মহাসাগৰ উদ্যোগত যোগদানৰ ইউকেৰ সিদ্ধান্তক ভাৰতে আদৰণি জনাইছে। আমি ইউক্ৰেইনত তাৎক্ষণিক যুদ্ধবিৰতি আৰু সমস্যা সমাধানৰ বাবে আলোচনা আৰু কূটনীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিলো। আমি সকলো দেশৰ আঞ্চলিক অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি সন্মানৰ গুৰুত্বৰ কথাও দোহাৰিছো। আমি শান্তিপূৰ্ণ, স্থিৰ আৰু সুৰক্ষিত আফগানিস্তান আৰু এক সামগ্ৰিক আৰু প্ৰতিনিধিত্বমূলক চৰকাৰৰ প্ৰতি আমাৰ সমৰ্থনৰ কথা দোহাৰিছো। এইটো অত্যাৱশ্যকীয় যে আফগান ভূমি আন দেশত সন্ত্ৰাসবাদ বিয়পাবলৈ ব্যৱহাৰ কৰিব নালাগে। মহামান্য, ভাৰত আৰু যুক্তৰাজ্যৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰিবলৈ আপুনি সদায় বিশেষ প্ৰচেষ্টা চলাই আহিছে। তাৰ বাবে, আমি আপোনাক অভিনন্দন জনাইছো। আকৌ এবাৰ আপোনাক আৰু আপোনাৰ প্ৰতিনিধিদলক ভাৰতলৈ উষ্ম আদৰণি জনোৱা হৈছে। বহুত ধন্যবাদ!
যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰীৰ সৈতে এক যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A7%A7%E0%A7%AC-%E0%A6%85%E0%A6%95%E0%A7%8D%E0%A6%9F%E0%A7%8B/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A7%A7%E0%A7%AC-%E0%A6%85%E0%A6%95%E0%A7%8D%E0%A6%9F%E0%A7%8B/
বিত্তীয় অন্তৰ্ভুক্তিক সম্প্ৰসাৰণৰ আন এটি পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ অক্টোবৰৰ পুৱা ১১ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৭৫ টা ডিজিটেল বেংকিং ইউনিট (DBU) ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। এই উপলক্ষে তেখেতে উপস্থিতসকলক সম্বোধন কৰিব। ২০২২-২৩ ৰ কেন্দ্ৰীয় বাজেট ভাষণ প্ৰদান কৰি বিত্তমন্ত্ৰীয়ে আমাৰ দেশৰ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তিৰ শুভলগনত দেশখনৰ ৭৫ খন জিলাত ৭৫ টা ডিবিইউ স্থাপনৰ কথা ঘোষণা কৰিছিল। ডিজিটেল বেংকিঙৰ সুবিধাসমূহ দেশখনৰ প্ৰতিটো প্ৰান্ততে উপলব্ধ হোৱাটো নিশ্চিতকৰণৰ উদ্দেশ্যেৰে এই ডিবিইউসমূহ স্থাপন কৰা হৈছে আৰু এইসমূহে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক সামৰি ল’ব। ১১ টা ৰাজহুৱা খণ্ডৰ বেংক, ১২ টা ব্যক্তিগত খণ্ডৰ বেংক আৰু এটা ক্ষুদ্ৰ বিত্তীয় বেংকে এই প্ৰচেষ্টাত অংশগ্ৰহণ কৰিছে। এই ডিবিইউ আউটলেটসমূহে জনসাধাৰণক বিভিন্ন ধৰণৰ ডিজিটেল বেংকিং সুবিধা যেনেঃ চেভিংছ একাউন্ট খোলা, বেলেন্স-চেক, প্ৰিন্ট পাছবুক, ধন হস্তান্তৰ, ফিক্সড ডিপ’জিটত বিনিয়োগ, ঋণৰ আবেদন, চেকৰ বাবে ষ্টপ-পেমেন্ট নিৰ্দেশনা, ক্ৰেডিট / ডেবিট কাৰ্ডৰ বাবে আবেদন কৰা, একাউন্টৰ ষ্টেটমেন্ট চোৱা, কৰ পৰিশোধ কৰা, বিল পৰিশোধ কৰা, মনোনয়ন কৰা আদিক প্ৰশস্ত কৰিব। ডিবিইউসমূহে গ্ৰাহকসকলক বছৰজুৰি বেংকিং প্ৰডাক্ট আৰু সেৱাসমূহৰ ব্যয় সাশ্ৰয়ী, সুবিধাজনক প্ৰৱেশ আৰু বৰ্ধিত ডিজিটেল অভিজ্ঞতা লাভৰ পথ প্ৰশস্ত কৰিব। এইসমূহে ডিজিটেল বিত্তীয় সাক্ষৰতাক প্ৰোৎসাহিত কৰিব আৰু চাইবাৰ সুৰক্ষা সজাগতা আৰু ৰক্ষাকৱচ সন্দৰ্ভত গ্ৰাহক শিক্ষাত বিশেষ গুৰুত্ব প্ৰদান কৰিব। লগতে, প্ৰয়োজনীয় সময়ত সহায় আগবঢ়াবলৈ আৰু ডিবিইউসমূহে প্ৰত্যক্ষভাৱে বা ব্যৱসায়িক ফেচিলিটেটৰ/কৰেছপণ্ডেন্টৰ জৰিয়তে আগবঢ়োৱা ব্যৱসায় আৰু সেৱাসমূহৰপৰা উদ্ভৱ হোৱা গ্ৰাহকৰ অভিযোগসমূহ সমাধান কৰিবলৈ পৰ্য্যাপ্ত ডিজিটেল ব্যৱস্থাও ইয়াত থাকিব।
প্ৰধানমন্ত্ৰীয়ে ১৬ অক্টোবৰত ৭৫ খন জিলাত ৭৫ টা ডিজিটেল বেংকিং ইউনিট ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰি
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8B%E0%A6%B2%E0%A7%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%A4-%E0%A6%85%E0%A6%A8%E0%A7%81%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BF%E0%A6%A4-%E0%A6%86%E0%A6%87%E0%A6%8F%E0%A6%9B%E0%A6%8F%E0%A6%9B/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8B%E0%A6%B2%E0%A7%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%A4-%E0%A6%85%E0%A6%A8%E0%A7%81%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BF%E0%A6%A4-%E0%A6%86%E0%A6%87%E0%A6%8F%E0%A6%9B%E0%A6%8F%E0%A6%9B/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পোলেণ্ডত অনুষ্ঠিত আইএছএছএফ প্ৰেচিডেন্টছ কাপত পদক জয়ৰ বাবে মনু ভাকেৰ, ৰাহি চাৰ্নোবাট, সৌৰভ চৌধাৰী আৰু অভিষেক বাৰ্মাক অভিনন্দন জনাইছে। এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়; “পোলেণ্ডত অনুষ্ঠিত @ISSF_Shooting প্ৰেচিডেণ্টছ কাপত পদক জয়ৰ বাবে @realmanubhaker, @SarnobatRahi, @SChaudhary2002 আৰু @abhishek_70007 ক অভিনন্দন জনাইছো। তেওঁলোকৰ বিস্ময়কৰ প্ৰদৰ্শনক লৈ ভাৰতৰ জনতা গৌৰৱান্বিত। এই খেলুৱৈকেইগৰাকীক তেওঁলোকৰ ভৱিষ্যৎ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জনালো।”
পোলেণ্ডত অনুষ্ঠিত আইএছএছএফ প্ৰেচিডেন্টছ কাপত পদক জয়ৰ বাবে মনু ভাকেৰ, ৰাহি চাৰ্নোবাট, সৌৰভ চৌধাৰী আৰু অভিষেক বাৰ্মাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%B9%E0%A6%AE%E0%A7%87%E0%A6%A6%E0%A6%BE%E0%A6%AC%E0%A6%BE%E0%A6%A6%E0%A7%B0-%E0%A6%AC%E0%A7%8B%E0%A6%AA%E0%A6%BE%E0%A6%B2%E0%A6%A4-in-space-%E0%A7%B0-%E0%A6%AE%E0%A7%81%E0%A6%96/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%B9%E0%A6%AE%E0%A7%87%E0%A6%A6%E0%A6%BE%E0%A6%AC%E0%A6%BE%E0%A6%A6%E0%A7%B0-%E0%A6%AC%E0%A7%8B%E0%A6%AA%E0%A6%BE%E0%A6%B2%E0%A6%A4-in-space-%E0%A7%B0-%E0%A6%AE%E0%A7%81%E0%A6%96/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আহমেদাবাদৰ বোপালত ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ প্ৰসাৰ আৰু অনুমোদন কেন্দ্ৰৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰে। এই কাৰ্যসূচীত IN-SPe স্থাপনৰ কথা ঘোষণা কৰা হৈছিল। ই চৰকাৰী আৰু ব্যক্তিগত উভয় সত্তাৰ মহাকাশ কাৰ্যকলাপৰ প্ৰচাৰ, উৎসাহ আৰু নিয়ন্ত্ৰণৰ বাবে মহাকাশ বিভাগৰ এটা স্বায়ত্তশাসিত আৰু একক উইণ্ড’ ন’ডেল সংস্থা। ইয়াৰ উপৰিও ব্যক্তিগত প্ৰতিষ্ঠানসমূহে ইছৰ’ৰ সুবিধাসমূহ ব্যৱহাৰ কৰাত সুবিধা প্ৰদান কৰে।
আহমেদাবাদৰ বোপালত IN-SPACe ৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%95%E0%A7%8B%E0%A6%9F%E0%A6%A4-%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A6%A4%E0%A7%8D%E0%A6%AE%E0%A6%BE-%E0%A6%97%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A7%E0%A7%80-%E0%A6%B8/
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%95%E0%A7%8B%E0%A6%9F%E0%A6%A4-%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A6%A4%E0%A7%8D%E0%A6%AE%E0%A6%BE-%E0%A6%97%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A7%E0%A7%80-%E0%A6%B8/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজকোটত মহাত্মা গান্ধী সংগ্ৰহালয় উদ্বোধন কৰে৷ মহাত্মা গান্ধীৰ গঠনমূলক বৰ্ষসমূহৰ গুৰুত্বপূৰ্ণ অংশ হিচাপে পৰিচিত আলফ্ৰেড হাইস্কুলত সংগ্ৰহালয়টো স্থাপন কৰা হৈছে৷ ইয়ে গান্ধীয়ান সংস্কৃতি, প্ৰমূল্যবোধ আৰু দৰ্শনৰ বিষয়ে সজাগতা সৃষ্টিত সহায় কৰিব৷ প্ৰধানমন্ত্ৰীয়ে এখন ফলক মুকলি কৰি ৬২৪টা আৱাসগৃহৰ নিৰ্মাণ প্ৰকল্পৰো শুভাৰম্ভ কৰে। তেওঁ লগতে ২৪০ টা উপভোক্তা পৰিয়ালৰ ই-গৃহ প্ৰৱেশ প্ৰত্যক্ষ কৰে৷ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে মহাত্মা গান্ধীৰ পৰা যথেষ্ট কথা শিকিবলগীয়া আছে৷ গুজৰাটবাসী ধন্য যে এই ভূমি বাপুজীৰ সৈতে জড়িত৷ পৰিৱেশক লৈ বাপুজী সজাগ আছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে গান্ধীজীৰ পৰা অনুপ্ৰাণিত হৈ আমি এখন স্বচ্ছ আৰু সেউজীয়া পৃথিৱীৰ নিৰ্মাণৰ বাবে কাম কৰিব লাগিব৷ প্ৰধানমন্ত্ৰীয়ে সোঁৱৰাই দিয়ে যে বাপুজীয়ে সদায় আমাক সমাজৰ নিম্ন স্তৰৰ লোক, শোষিত, নিষ্পেষিতসকলৰ কল্যাণৰ হকে চিন্তা কৰিছিল৷ এই আদৰ্শৰদ্বাৰা অনুপ্ৰাণিত হৈ আমি দৰিদ্ৰৰ সেৱা আগবঢ়াই আছো৷ আমাৰ পদক্ষেপৰ জৰিয়তে আমি তেওঁলোকৰ জীৱন সলনি কৰিব বিচাৰো৷ আমি দৰিদ্ৰৰ বাবে গৃহ নিৰ্মাণ কৰিব বিচাৰো৷ তেওঁ কয় যে স্বাধীনতাৰ ৭০বছৰ অতিক্ৰম কৰিলে, কিন্তু বাপুজীৰ স্বচ্ছ ভাৰতৰ সপোন এতিয়াও আধৰুৱা হৈ আছে৷ আমি ঐক্যবদ্ধভাৱে এই সপোন সাৰ্থক কৰিব লাগিব৷ যোৱা চাৰিটা বছৰত আমি স্বচ্ছ ভাৰত অভিযানৰ গুৰুত্বপূৰ্ণ দিশসমূহ সাঙুৰি লৈছো, কিন্তু আমি এই দিশত অধিক কাম কৰিব লাগিব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷ ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীয়ে মহাত্মা গান্ধী মিউজিয়াম পৰিদৰ্শন কৰে৷
ৰাজকোটত মহাত্মা গান্ধী সংগ্ৰহালয় উদ্বোধন প্ৰধানমন্ত্ৰীৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%98%E0%A7%8B%E0%A6%B7%E0%A6%A3%E0%A6%BE-%E0%A6%95%E0%A7%B0/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%98%E0%A7%8B%E0%A6%B7%E0%A6%A3%E0%A6%BE-%E0%A6%95%E0%A7%B0/
আজি শিক্ষক দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী স্কুলছ ফৰ ৰাইজিং ইণ্ডিয়া (PM-SHRI) যোজনাৰ অধীনত দেশজুৰি ১৪,৫০০খন বিদ্যালয়ৰ উন্নয়ন আৰু উন্নীতকৰণৰ কথা ঘোষণা কৰিছে। পি এম-এছ এইচ আৰ আই আঁচনিৰ বিদ্যালয়সমূহত শিক্ষা প্ৰদানৰ এক আধুনিক, পৰিৱৰ্তনশীল আৰু সামগ্ৰিক পদ্ধতি থাকিব। শ্ৰী মোদীয়ে কয় যে তেওঁ নিশ্চিত যে PM-SHRI বিদ্যালয়সমূহে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ মনোভাৱেৰে সমগ্ৰ ভাৰতৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীক আৰু অধিক উপকৃত কৰিব। প্ৰধানমন্ত্ৰীয়ে টুইট কৰে; "আজি শিক্ষক দিৱসত মই এক নতুন পদক্ষেপ ঘোষণা কৰি আনন্দিত হৈছো। প্ৰধানমন্ত্ৰী স্কুল ফৰ ৰাইজিং ইণ্ডিয়া (PM-SHRI) যোজনাৰ অধীনত সমগ্ৰ ভাৰততে ১৪,৫০০ খন বিদ্যালয়ৰ উন্নয়ন আৰু উন্নীতকৰণ কৰা হ’ব। এইবোৰ আদৰ্শ বিদ্যালয় হৈ পৰিব যিয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ পূৰ্ণ মনোভাৱক সামৰি ল'ব।" "প্ৰধানমন্ত্ৰী স্কুল ফৰ ৰাইজিং ইণ্ডিয়া(PM-SHRI)বিদ্যালয়সমূহত শিক্ষা প্ৰদানৰ এক আধুনিক, ৰূপান্তৰকাৰী আৰু সামগ্ৰিক পদ্ধতি থাকিব। ইয়াত আৱিষ্কাৰমুখী, শিক্ষণকেন্দ্ৰিক পাঠদান পদ্ধতিৰ ওপৰত গুৰুত্ব দিয়া হ'ব। শেহতীয়া প্ৰযুক্তি, স্মাৰ্ট শ্ৰেণীকোঠা, ক্ৰীড়া আদিকে ধৰি আধুনিক আন্তঃগাঁথনিৰ ওপৰতো গুৰুত্ব দিয়া হ'ব।" "ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে শেহতীয়া বছৰবোৰত শিক্ষা খণ্ডক ৰূপান্তৰিত কৰিছে। মই নিশ্চিত যে প্ৰধানমন্ত্ৰী স্কুল ফৰ ৰাইজিং ইণ্ডিয়া(PM-SHRI)বিদ্যালয়সমূহেৰাষ্ট্ৰীয় শিক্ষা নীতিৰ মনোভাৱেৰে সমগ্ৰ ভাৰতৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীক অধিক উপকৃত কৰিব।"
প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিলে পিএম-শ্ৰী যোজনা
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A8%E0%A7%A8-%E0%A6%B8%E0%A6%82%E0%A6%96%E0%A7%8D%E0%A6%AF%E0%A6%95-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F-%E0%A6%AF%E0%A7%81%E0%A7%B1-%E0%A6%AE/
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A8%E0%A7%A8-%E0%A6%B8%E0%A6%82%E0%A6%96%E0%A7%8D%E0%A6%AF%E0%A6%95-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F-%E0%A6%AF%E0%A7%81%E0%A7%B1-%E0%A6%AE/
প্ৰথমে মই আমাৰ বৈজ্ঞানিকসকলৰ এক বৃহৎ সাফল্যৰ বাবে দেশবাসীক অভিনন্দন জ্ঞাপন কৰিব বিচাৰো৷ এতিয়াৰ পৰা কিছু সময় পূৰ্বে ইছৰোই পিএছএলভি-চি৪০ৰ সফল উৎক্ষেপন কৰিছে৷ পিএছএলভিৰ পৰা কাৰ্টোছেট-২ ছিৰিজৰ উপগ্ৰহ সহ মুঠ ৩১টা উপগ্ৰহক মহাকাশত সংস্থাপিত কৰা হৈছে৷ ইয়াৰে ২৮টা উপগ্ৰহ আন দেশৰ৷ আজি ইছৰোই আন এক অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছে৷ উপগ্ৰহ উৎক্ষেপনৰ ক্ষেত্ৰত তেওঁলোকে আজি শতক সম্পূৰ্ণ কৰিলে৷ ইছৰোৰ এই সাফল্যৰ বাবে কৃষক, মাছমৰীয়া আৰু বৈজ্ঞানিকসকল উপকৃত হ’ব৷ এই সফলতাই নতুন ভাৰতৰ দিশে দেশক আৰু এখোজ আগুৱাই নিব৷ আমাৰ দেশৰ মান-মৰ্যাদা বৃদ্ধি কৰা আৰু দেশৰ আৰ্থিক প্ৰগতিত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা ইছৰোৰ বৈজ্ঞানিকসকললৈ মই পুনৰ এবাৰ শুভকামনা জনাইছো৷ নতুন বছৰত বিবেকানন্দ জয়ন্তী আৰু ৰাষ্ট্ৰীয় যুৱ দিৱসৰ দিনাই আমাৰ বৈজ্ঞানিকসকলে দেশবাসীক এক অমূল্য উপহাৰ প্ৰদান কৰিলে৷ সতীৰ্থসকল, গ্ৰেটাৰ নয়দা এতিয়া মিনি ইণ্ডিয়াত পৰিণত হৈছে৷ আপোনালোকৰ সন্মুখলৈ গৈ কথা পতাৰ মোৰ ইচ্ছা আছিল, কিন্তু কিছু ব্যস্ততাৰ বাবে এইদৰে প্ৰযুক্তিৰ মাধ্যমেৰে আপোনালোকৰ সৈতে সাক্ষাৎ হ’লো৷ এনেকুৱা ধৰণৰ অনুষ্ঠানলৈ মই স্বয়ং যাব নোৱাৰিলেও তাত কি কি হৈছে, কি চৰ্চা হৈছে, লাভালাভ কি হ’ল—এই সন্দৰ্ভত তথ্য সংগ্ৰহৰ চেষ্টা কৰো৷ আপোনালোকেও ইয়াত যিবোৰ চৰ্চা-পৰিচৰ্চা কৰিব, তাৰ সম্পূৰ্ণ তথ্য মই সংগ্ৰহ কৰিবলৈ প্ৰচেষ্টা কৰিম৷ সতীৰ্থসকল, আজিৰে পৰা ৰাষ্ট্ৰীয় যুৱ মহোৎসৱো আৰম্ভ হৈছে৷ ৰাষ্ট্ৰীয় যুৱ বঁটা লাভ কৰা ছাত্ৰ আৰু সংগঠনসমূহক মই প্ৰশংসা কৰিছো আৰু তেওঁলোকক অভিনন্দন জনাইছো৷ মোক কোৱা হৈছে যে আগন্তুক চাৰি দিনত ইয়াত কেইবাটাও কাৰ্যসূচী ৰখা হৈছে৷ ৰাষ্ট্ৰীয় যুৱ সংসদৰো আয়োজন কৰা হৈছে৷ মই এইবাৰ ‘মন কি বাত’ অনুষ্ঠানতো কৈছিলো যে দেশৰ প্ৰতিখন জিলাত ‘ম’ক পাৰ্লিয়ামেণ্ট’ আয়োজন কৰা উচিত৷ এয়া সেই চিন্তাধাৰাৰে এক অংশ বুলি ক’ব পাৰি৷ নিউ ইণ্ডিয়াক লৈ চিন্তা-চৰ্চা কৰা আৰু নতুন সংকল্প লোৱাৰ এয়া এক সুৱৰ্ণ সুযোগ৷ এয়া ২২ সংখ্যক মহোৎসৱ আৰু মই বিচাৰো যে আপোনালোকে যেতিয়া আলোচনা কৰে তেতিয়া এই কথাও যাতে উত্থাপিত হয় যে ২৫সংখ্যক যুৱ মহোৎসৱৰ স্বৰূপ কিধৰণৰ হ’ব অথবা সংকল্প কি হ’ব? এই দিশত এক ৰোডমেপ প্ৰস্তুত কৰা উচিত৷ এইদৰে দেশে যেতিয়া ২০২২ত স্বাধীনতাৰ ৭৫বছৰ সম্পূৰ্ণ কৰিব, সেই বৰ্ষত যুৱ মহোৎসৱৰ স্বৰূপ কিধৰণৰ হ’ব, সেয়াও আপোনালোকে আলোচনা কৰক৷ মই আশাবাদী যে এই চাৰিদিনত লাভ কৰা অভিজ্ঞতাই জীৱনত আপোনালোকৰ পথ প্ৰদৰ্শনকাৰী আৰু মাৰ্গনিৰ্দেশক হৈ থাকিব৷ উদীয়মান বন্ধুসকল, এইবাৰ মহোৎসৱৰ বিষয় হিচাপে ৰখা হৈছে—‘সংকল্পৰ পৰা সিদ্ধি’৷ বিগত ৬-৭মাহত আপোনালোকে এই শব্দটো বাৰম্বাৰ শুনিছে৷ সংকল্পৰ পৰা সিদ্ধি—প্ৰকৃততে এইটো কি? মোবাইলৰ কোনো এপো নহয় যে ডাউনলোড কৰি ইনষ্টল কৰিলো আৰু চলিবলৈ ধৰিলে৷ এইবাবে আজি মই আপোনালোকৰ সন্মুখত সংকল্প আৰু সিদ্ধিৰ ওপৰতে বিস্তাৰিতভাৱে বাৰ্তালাপ কৰিম৷ বন্ধুসকল, ২০২২ত আমাৰ দেশে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিব৷ আপোনালোকে স্বাধীনতা যুঁজৰ বিষয়ে কেৱল কিতাপৰ পৃষ্ঠাত পঢ়িছো৷ ময়ো স্বাধীনতা আন্দোলনৰ বিষয়ে মানুহৰ মুখতহে শুনিছো বা কিতাপতহে পঢ়িছেো৷ এইবাবে বয়সৰ পাৰ্থক্য থাকিলেও এই বিষয়ত আপোনালোকৰ পৰা মই পৃথক নহয়৷ মোৰ যুৱ বন্ধুসকল, আমি স্বাধীনতা আন্দোলনত ভাগ লোৱা নাই, সেয়ে আমাৰ এক ডাঙৰ দায়িত্ব হ’ল—স্বাধীনতা সংগ্ৰামীসকলে দেখা সপোন পূৰণ কৰা৷ কাৰাগাৰত যেতিয়া ব্ৰিটিছে অত্যাচাৰ চলাইছিল, তেতিয়া আন্ধাৰ কুঠৰীত সকলো সহ্য কৰি আমাৰ বীৰ সেনানীয়ে যি ভাৰতবৰ্ষৰ সপোন দেখিছিল, সেই দেশ গঢ়াৰ দায়িত্ব এতিয়া আমি সকলোৱে গ্ৰহণ কৰিব লাগিব৷ সেই কল্পনা আৰু সপোনক জীয়াই ৰখাৰ চেষ্টা কৰিলেহে আমি নতুন ভাৰতৰ সংকল্প ল’ব পাৰিম৷ এই ভাৰতবৰ্ষ কেনেকুৱা হ’ব? নিউ ইণ্ডিয়াৰ ৰূপ কিধৰণৰ হ’ব? আজি যেতিয়া আপোনালোকে দিনজোৰা কাৰ্যসূচীৰ অন্তত শুবলৈ যাব, তেতিয়া অলপ সময় চিন্তা কৰিব৷ ভাৱিব যে আপোনাৰ আশে-পাঁশে কিয় এনেকুৱা ঘটনা ঘটি আছে, যিবোৰ আপুনি সলনি কৰিব বিচাৰে৷ এনেকুৱা কি ব্যৱস্থা আছে, যাৰ বিষয়ে আপুনি সদায় ভাৱি থাকে যে—এইটো সঠিক নহয়, কেনেবাকৈ এই পৰিস্থিতি সলনি কৰিব পৰা হ’লে! এইধৰণৰ চিন্তাক আজি পুনৰ এবাৰ অনুভৱ কৰিব৷ বিবেকানন্দক স্মৰণ কৰিব আৰু মোৰ পূৰ্ণ বিশ্বাস আছে যে আপোনালোকে সলনি কৰিব বিচৰা দিশসমূহ সংকল্পত পৰিণত হ’ব৷ ১২ জানুৱাৰীৰৰ পৰা আৰম্ভ হোৱা এই সংকল্পই ১৩ জানুৱাৰীৰ পুৱাৰ পৰাই আপোনালৈ কাম কৰাৰ নতুন উদ্যম কঢ়িয়াই আনিব৷ সতীৰ্থসকল, আপোনালোকে আজি মিলিত হোৱা এই বিশ্ববিদ্যালয়খন গৌতম বুদ্ধৰ নামেৰে প্ৰতিষ্ঠিত৷ আপোনালোকে থকা এই গ্ৰেটাৰ নয়দা চহৰৰ নামো গৌতম বুদ্ধ নগৰে হয়৷ এইবাবে মই আপোনালোকক বুদ্ধৰ সৈতে জড়িত এটি কাহিনী ক’ব বিচাৰো৷ এবাৰ ভগৱান বুদ্ধক এজন শিষ্যই সুধিলে যে আপোনাৰ পৰা শিক্ষা গ্ৰহণ কৰা সকলো শিষ্যই নিৰ্বাণ লাভ কৰিবনে? ভগৱান বুদ্ধই কৈছিল—নহয়, কিছুমানে লাভ কৰিব, কিছুমানে লাভ নকৰিব৷ শিষ্যজনে শুধিলে—এনেকুৱা কিয়? তেতিয়া ভগৱান বুদ্ধই ক’লে যে যিসকল শিষ্যই মোৰ শিক্ষাক সঠিকভাৱে অনুধাৱন কৰিছে, তেওঁলোকে নিৰ্বাণ লাভ কৰিব৷ বাকীসকল দিকভ্ৰান্ত হৈ থাকিব৷ বন্ধুসকল, আপোনালোকেও একেই গুৰুৰ পৰা একে শিক্ষা লাভ কৰে, কিন্তু ইয়াক কিধৰণে গ্ৰহণ কৰিছে, নিজৰ মাজত কিধৰণ সংকল্প লয়; তাৰ ওপৰতে আপোনাৰ সফলতা-বিফলতা নিৰ্ভৰ কৰে৷ যিদৰে কৌৰৱ আৰু পাণ্ডৱৰো গুৰু একেজনেই আছিল৷ দুয়োটা পক্ষই একেই শিক্ষা লাভ কৰিছিল, কিন্তু তেওঁলোকৰ ব্যক্তিত্ব আৰু কৃতিত্ব কিমান ভিন্ন আছিল৷ এয়া এই কাৰণেই সম্ভৱ আছিল, কিয়নো কৌৰৱ আৰু পাণ্ডৱৰ সংকল্প পৃথক আছিল৷ জীৱনপথত আপোনালোকেও বহুতৰ পৰা শিক্ষা লাভ কৰিব কিন্তু শিক্ষা গ্ৰহণ কৰি কি পথেৰে আগবাঢ়িব, কি সংকল্পৰে আগবাঢ়িব, এইবোৰ আপুনি নিজেই নিৰ্ণয় কৰিব লাগিব৷ গৌতম বুদ্ধৰ ‘অপ্প দীপো ভৱঃ’ৰো সাৰমৰ্ম এয়াই৷ নিজেই নিজক চিনিব লাগিব৷ কোন দিশে আপুনি যাব, সেয়া নিজেই নিৰ্ণয় কৰিব লাগিব৷ কোনোৱে আপোনাক পথ দেখুৱাবলৈ নাহে৷ কোনোৱে আপোনাক সোঁৱৰাই দিবলৈও নাহে৷ যি কৰিব লগা আছে, আপুনি নিজেই কৰিব লাগিব৷ ভাই-বন্ধুসকল, স্বামী বিবেকানন্দই কৈছিল—‘তৰুণ সেইসকলহে যিয়ে অতীতৰ কথা চিন্তা নকৰি নিজৰ ভৱিষ্যতৰ লক্ষ্যৰ দিশে আগুৱাই যায়৷’ আপোনালোক তৰুণ সকলেই দেশৰ ভৱিষ্যতৰ দিশ নিৰ্ণয় কৰে৷ সেইবাবে আজি আপোনালোকে যি সিদ্ধান্ত গ্ৰহণ কৰিব, সেয়া দেশৰ বাবেও অত্যন্ত গুৰুত্বপূৰ্ণ বিবেচিত হ’ব৷ সতীৰ্থসকল, সকলো ব্যক্তিয়ে এদিন অকলেই আৰম্ভণি কৰিবলগীয়া হয়৷ আপোনাৰ লক্ষ্য-উদ্দেশ্য স্পষ্ট আৰু মন উদ্যমী হ’লে আপোনাক সহযোগ কৰিবলৈ মানুহ আগুৱাই আহে৷ আপোনালোকৰ ওচৰত মোৰ এটাই অনুৰোধ যে প্ৰথমটো পদক্ষেপ গ্ৰহণৰ পূৰ্বে অথবা নতুন কিবা এটা কৰাৰ পূৰ্বে কেতিয়াও ভয় নাখাব, মাথো মন দৃঢ় কৰি আগুৱাই যাব৷ এই যাত্ৰাত চৰকাৰ তথা সমগ্ৰ দেশে আপোনাক সকলো প্ৰকাৰে সহায় সহযোগ কৰিব৷ যিসকল তৰুণ যুৱক-যুৱতীয়ে নিজৰ ভৰিৰ ওপৰত থিয় হৈ কঠোৰ পৰিশ্ৰমেৰে নিজৰ সপোন পূৰণ কৰিব বিচাৰিছে, তেওঁলোকক সকলো প্ৰকাৰে আমি সহায় কৰিব বিচাৰো৷ যেতিয়াই তেঁওলোকে আৰম্ভ কৰে, তেওঁলোক যাতে বেংক গেৰাণ্টী অথবা কৰৰ বাবে চিন্তিত হ’ব নালাগে৷ মই বিচাৰো যে আমাৰ দেশৰ যুৱ প্ৰজন্ম চাকৰি সৃষ্টিকৰ্তা হওক, নতুন উদ্ভাৱনৰ বাবে তেওঁলোক আগবাঢ়ি আহক৷ চৰকাৰখনেও এই দিশতে ধাৰাবাহিকভাৱে কাম কৰি আছে। প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত প্ৰায় ১০কোটি লোকক ঋণ প্ৰদান কৰা হৈছে৷ ১০ কোটি বৃহৎ সংখ্যা হয়৷ কোনো বেংক গেৰাণ্টী অবিহণে ৪লাখ কোটিতকৈ অধিক টকাৰ ঋণ আগবঢ়োৱা হৈছে৷ চিন্তা কৰক বেংক গেৰাণ্টী অবিহণে বা কেনেকৈ ধন উভতাই দিব সেয়া নুশুধাকৈয়ে ৪লাখ কোটিৰো অধিক টকাৰ ঋণ জনসাধাৰণক আগবঢ়োৱা হৈছে৷ এই ধনেৰে গাঁৱ আৰু চহৰত জনসাধাৰণে সৰু সৰু ব্যৱসায় আৰম্ভ কৰিছে৷ তেওঁলোকে নিজৰ সপোন পূৰণ কৰিছে৷ লাহে লাহে এই ক্ষুদ্ৰ ব্যৱসায়ীসকলেই এতিয়া আনক সংস্থাপন দিব পৰা হৈ উঠিছে৷ ভাই-বন্ধুসকল, চৰকাৰৰ এই বৃহৎ পৰিকল্পনাৰ আধাৰ মাত্ৰ এটাই৷ সেয়া হ’ল—আপোনাৰ ওপৰত, দেশৰ নৱ প্ৰজন্মৰ ওপৰত বিশ্বাস৷ আমাৰ বিশ্বাস আছে যে এই দেশৰ নৱ প্ৰজন্মই যেতিয়া সংকল্পৰে কাম কৰে, তেতিয়া সকলো সম্ভৱ হৈ উঠে৷ উৎসাহ আৰু উদ্দীপনাৰে ভৰা এনে উদীয়মান প্ৰজন্ম দেশৰ প্ৰতিটো কোণতে আছে৷ আপোনালোকৰ মাজত সামৰ্থ আছে, সাহস আছে আৰু সঠিক দিশত আগুৱাই যোৱাৰ জ্ঞান-বুদ্ধিও আপোনাৰ মাজত আছে৷ এইবাবে চৰকাৰে আপোনালোকক সহায়ৰ হাত আগবঢ়োৱাৰ প্ৰয়াস কৰিছে৷ আমি মাথো আপোনালোকক সামান্য সহযোগ কৰিছে, বাকী আপোনালোক স্বয়ং সক্ষম৷ সতীৰ্থসকল, চৰকাৰে এইক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰিছে যাতে যুৱ প্ৰজন্মই বৰ্তমানৰ আৱশ্যকতা অনুসৰি দক্ষতা বিকাশৰ প্ৰশিক্ষণ লাভ কৰে৷ স্কিল(দক্ষতা)ক লৈ প্ৰথমবাৰৰ বাবে চৰকাৰে ইমান গুৰুত্ব আৰোপ কৰিছে৷ আগতেতো দক্ষতা আৰু শিক্ষাৰ মাজত স্পষ্ট পাৰ্থক্য শুধিলেই মানুহৰ মুখ বন্ধ হৈ গৈছিল৷ বন্ধু-বান্ধৱীসকল, উৰা জাহাজ কেনেকৈ উৰে সেয়া কিতাপত পঢ়াটো হ’ল শিক্ষা, কিন্তু বাস্তৱত কেনেকৈ উৰাজাহাজ উৰাব পৰা যায়, সেয়া শিকাটো হ’ল দক্ষতা(স্কিল)৷ শিক্ষা থাকিলেও দক্ষতা নাথাকিলে সংস্থাপন লাভ কৰাতো কঠিন হৈ পৰিছে৷ সেইবাবে আমি দক্ষতা বৃদ্ধি কৰাত গুৰুত্ব দিছো৷ যুৱ প্ৰজন্মই যাতে শিক্ষাৰ সমান্তৰালকৈ দক্ষতা বিকাশৰ প্ৰশিক্ষণ লাভ কৰে, তাৰ ওপৰত ধ্যান দিয়া হৈছে৷ স্কিল ইণ্ডিয়া মিছনৰ অধীনত লাখ লাখ উদীয়মান যুৱক-যুৱতীক প্ৰশিক্ষণ দি থকা হৈছে৷ চৰকাৰে দেশজুৰি প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰ স্থাপন কৰি আছে৷ ইণ্ডিয়া ইণ্টাৰনেচনেল স্কিল চেণ্টাৰো মুকলি কৰা হৈছে৷ শতাধিক মাল্টি স্কিল ট্ৰেইনিং প্ৰতিষ্ঠানৰ কামো চলি আছে৷ প্ৰথমবাৰ এনেকুৱা হৈছে যে যুৱক-যুৱতীসকলক এপ্ৰেণ্টাইশ্বিপৰ সুবিধা দিয়াৰ বাবে কোম্পনীসমূহক আৰ্থিক অনুদান দিয়া হৈছে। ৰাষ্ট্ৰীয় এপ্ৰেণ্টাইশ্বিপ আঁচনিৰ অধীনত এতিয়ালৈ প্ৰায় ৭লাখ যুৱক-যুৱতী নাম পঞ্জীয়ন কৰা হৈছে৷ অনাগত ২-৩বছৰত চৰকাৰে ৫০লাখ যুৱক-যুৱতীক এপ্ৰেণ্টাইশ্বিপ ট্ৰেইনিং দিয়াৰ লক্ষ্য লৈছে৷ প্ৰধানমন্ত্ৰী যুৱ আঁচনিৰ অধীনতো তিনি হাজাৰৰ অধিক প্ৰতিষ্ঠানত শিক্ষাৰ্থীক প্ৰশিক্ষণ দিয়াৰ কাম চলি আছে৷ চৰকাৰৰ প্ৰচেষ্টা এয়ে যে যুৱক-যুৱতীসকলে দেশৰ প্ৰয়োজন অনুসৰি প্ৰশিক্ষণ লাভ কৰক৷ ভাৰতৰ বাহিৰৰ দেশত কি ধৰণৰ প্ৰয়োজীয়তা আছে, তাৰ ওপৰত ভিত্তি কৰি দক্ষতা বিকাশৰ প্ৰশিক্ষণ দি থকা হৈছে৷ বন্ধুসকল, দেশৰ তৰুণ প্ৰজন্মৰ ওপৰত মোৰ গভীৰ বিশ্বাস আছে৷ দেশৰ সপোন তেওঁলোকৰ বুকুতে নিহিত হৈ আছে৷ সেইবাবে আমি যুৱ প্ৰজন্মৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰিছো৷ সতীৰ্থসকল, কিছুমামে কয় যে আজিৰ যুৱ প্ৰজন্মৰ ধৈৰ্য শক্তি নাই৷ মই কও যে এই কথাই আজিৰ প্ৰজন্মক নতুন উদ্ভাৱনৰ বাবে উৎসাহিত কৰে৷ জীৱনত ধৈৰ্য অত্যন্ত প্ৰয়োজন, অস্থিৰ জীৱনো সঠিক নহয়৷ কিন্তু এনেকুৱা ধৈৰ্য হ’ব নালাগে যাৰ বাবে মানুহে নতুন কোনো চিন্তা কৰিবই নোৱাৰে, জীৱন সম্পূৰ্ণৰূপে স্তব্ধ হৈ যায়৷ ধৈৰ্য নাই বাবেই আজিৰ যুৱ-প্ৰজন্মই তীব্ৰ গতিৰে কাম কৰি আছে, নতুন উদ্ভাৱনৰ কাম কৰি আছে আৰু ভাল ফলাফলো প্ৰদৰ্শন কৰিছে৷ স্বচ্ছ ভাৰত অভিযানেই হওক অথবা বেটী বচাও-বেটী পঢ়াও অভিযানেই হওক—আপোনালোকৰ উদ্ভাৱন সামাজিক সংস্কাৰৰ সৈতে জড়িত হৈ আছে৷ আপোনালোকৰ ওচৰে পাজৰে যিবোৰ সমস্যা আছে, প্ৰত্যাহ্বান আছে—সেইবোৰ আপোনালোকতকৈ ভালকৈ কোনেও ভালকৈ বুজি নাপায়৷ উদ্ভাৱনৰ ক্ষেত্ৰত আপোনালোকৰ সক্ষমতাৰ ওপৰত ভিত্তি কৰি চৰকাৰে ‘অটল ইন’ভেচন মিছন’ আৰম্ভ কৰিছে৷ দেশৰ স্কুল, কলেজত ইন’ভেচনৰ ব্যৱস্থা গঢ় দিয়াৰ প্ৰস্তুতি চলি আছে৷ ছাত্ৰ-ছাত্ৰীৰ মাজত বৈজ্ঞানিক মানসিকতা বৃদ্ধি কৰিবলৈ আৰু তেওঁলোকৰ সৃষ্টিশীলতাক সঠিক মঞ্চ দিবলৈ দেশব্যাপি প্ৰায় আঢ়ৈ হাজাৰতকৈ অধিক অটল টিংকাৰিং লেব’ৰেটৰীক স্বীকৃতি দিয়া হৈছে৷ নিৰ্মাণ পৰিবহণ, শক্তি, কৃষি, জল আৰু স্বচ্ছতা খণ্ডত উদ্ভাৱন আৰু উদ্যমশীলতা বৃদ্ধি কৰিবলৈ অটল ইনকিউবেচন চেণ্টাৰ মুকলি কৰি থকা হৈছে৷ এই চেণ্টাৰে নতুন ষ্টাৰ্ট আপক আৰ্থিক সহায়ো কৰিব আৰু সঠিক পথৰো সন্ধান দিব৷ ভাই-বন্ধুসকল, ষ্টাৰ্ট আপ ইণ্ডিয়া কাৰ্যসূচী ভাৰতত ষ্টাৰ্ট আপ আন্দোলনৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে৷ চৰকাৰে ১০ হাজাৰ কোটি টকাত ষ্টাৰ্ট আপ ফাণ্ড তৈয়াৰ কৰিছে৷ নতুন ষ্টাৰ্ট আপক ক্ৰেডিট গেৰাণ্টী দি থকা হৈছে, কৰ ৰেহাই দিথকা হৈছে৷ তেওঁলোকে নিজৰ উদ্ভাৱনৰ পেটেণ্ট প্ৰস্তুত কৰিব পাৰিব, ইয়াৰ বাবে চৰকাৰৰ তৰফৰ পৰা তেওঁলোকক আইনী সহযোগিতাও আগবঢ়োৱাও হ’ব৷ মই তথ্যসমূহ আপোনালোকক এইকাৰণেই কৈছো কাৰণ কলেজৰ পৰা ওলোৱাৰ পাছত এই তথ্যবোৰে আপোনালোকক আগুৱাই যোৱাত সহায় কৰিব৷ আজি আপোনালোকে যিবোৰ সংকল্প লৈছে, সেইবোৰ পূৰণ কৰোতে এই তথ্যসমূহেই আপোনাৰ বাবে উপযোগী হ’ব৷ অধ্যয়ন সম্পূৰ্ণ কৰি আপোনালোকে ষ্টাৰ্ট আপ আৰম্ভ কৰিলে কোনেও বাধা নিদিয়ে, নিজৰ কোম্পানী মুকলি কৰিলে কোনেও বাধা নিদিয়ে৷ ভাই-ভনীসকল, বিশ্বৰ সকলো লোকেই যে পৰ্যাপ্ত সুবিধা লাভ কৰি আগুৱাই যাব, সেয়া জৰুৰী নহয়৷ সংঘৰ্ষৰ মাজতো মানুহ আগুৱাই গৈছে৷ আজি কিমান যে বিদেশী কোম্পানীক ভাৰতৰ পৰা যোৱা যুৱকে চলাই আছে, তেওঁলোক কোনোবা কোম্পানীৰ অধ্যক্ষ, কোনোবা সভাপতি আৰু কোনোবা মুখ্য কাৰ্যবাহী বিষয়া৷ কোম্পানীসমূহত তেওঁলোকক কামৰ লোহা হিচাপে জনা যায়৷ তেওঁলোকে কি পোনপটীয়াকৈ সেই স্থানত উপনীত হৈছে নেকি?—নহয়৷ তেওঁলোকে ত্যাগ, কষ্ট আৰু অধ্যাৱসায় কৰিছে, সপোন ৰচিছে, ৰিস্ক লৈছে, দিন-ৰাতি মূৰৰ ঘাম মাটিত পেলাইছে—তাৰ পাছতহে সেই স্থানত উপনীত হৈছে৷ ভাৰতৰ যুৱ প্ৰজন্মৰ মাজতো এই সামৰ্থ আছে যে তেওঁলোকে যি স্থানলৈয়ে গৈছে তাতেই দেশ তথা নিজৰ নাম উজলাইছে৷ আপোনালোকে দেখিছে যে কিছুদিন পূৰ্বে ভাৰতৰ আঁচল ঠাকুৰে স্কায়িঙত প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় পদক জয় কৰে৷ ইয়াৰ পূৰ্বে মানুসী ছিল্লাৰে দেশৰ নাম উজলাই তুলিছিল৷ বন্ধুসকল, আজি আপোনালোকৰ প্ৰতি মোৰ এইটোও আহ্বান যে ক্ৰীড়াক জীৱনৰ অংশ কৰি লওক৷ এই মুহূৰ্তত মঞ্চত ৰাজ্যৱৰ্ধন সিং উপস্থিত আছে৷ মই অনুভৱ কৰো যে তেওঁ মন্ত্ৰী পিছত, প্ৰথমে তেওঁ এগৰাকী অলিম্পিয়ান, এগৰাকী সফল শ্বুটাৰ৷ আমাৰ যুৱ মুখ্যমন্ত্ৰী শ্ৰীযুত যোগী আদিত্যনাথো কম খেলুৱৈ নহয়৷ আজিকালি তেওঁৰ কামৰ বাবে আন ৰাজ্যৰ বহুত লোকৰ সমস্যাৰ সৃষ্টি হৈছে৷ টুইটাৰতো তেওঁ ডাঙৰ ডাঙৰ খেলুৱৈক পৰাস্ত কৰিবলৈ সক্ষম হৈছে৷ সেয়া যি কি নহওক মই ক্ৰীড়াৰ ওপৰত অধিক মনোনিবেশৰ কথা পুনৰ উল্লেখ কৰিব বিচাৰিছো৷ কাৰণ খেল শিক্ষাৰে এটি অংশ আৰু ই আমাৰ শৰীৰ সুস্থ-সৱল কৰি ৰখাৰ লগতে মস্তিষ্কৰ বিকাশ সাধন কৰে৷ খেলৰ পৰা আমি অনুশাসনৰ শিক্ষা লাভ কৰো৷ খেলপথাৰে আমাক পৰাজয়ৰ অৰ্থ উপলব্ধি কৰায়৷ খেলপথাৰে আমাক নিজৰ লক্ষ্যপ্ৰাপ্তিৰ বাবে কঠোৰ পৰিশ্ৰম কৰিবলৈ শিকায়৷ খেলপথাৰৰ পৰাই আমি ক্ৰীড়াসূলভ মানসিকতাৰ অধিকাৰী হওঁ৷ সেইবাবে মই কও—যিয়ে খেলে, সিয়ে ফুলে৷ খেলৰ সমান্তৰালকৈ যোগাসনকো জীৱনৰ অংশ কৰি লওক৷ মই জানিব পাৰিছো যে এই মহোৎসৱত আপোনালোকে প্ৰতি পুৱা যোগাসন কৰিব৷ মই বিচাৰো যে এই অভ্যাসটো আপোনালোকে লগত লৈ যাব৷ যোগৰ জৰিয়তে আপোনালোক শাৰিৰীক আৰু মানসিকভাৱে সৱল হৈ থাকিব৷ মোৰ সতীৰ্থসকল, আগবাঢ়ি যাওক, নিজকে বিকশিত কৰক, নিজৰ ব্যক্তিত্বক বিকশিত কৰক৷ এই মহোৎসৱত গোট খোৱা বিভিন্ন ৰাজ্যৰ যুৱ সতীৰ্থসকলৰ সৈতে বন্ধুত্ব স্থাপন কৰক, কথা পাতক, তেওঁলোকক বুজক, তেওঁলোকৰ ভাষা শিকক, তেওঁলোকৰ খ্যাদাভাসৰ জ্ঞান লওক৷ মই ভাৱো যে এই মহোৎসৱত আপোনালোকে যিবোৰ কথখা শিকিব, সেইবোৰ জীৱনভৰ আপোনাৰ সৈতে থাকিব, আপোনাৰ কামত আহিব৷ সতীৰ্থসকল, এয়াও এক সংকল্প, যাৰ সহায়ত এক ভাৰত–শ্ৰেষ্ঠ ভাৰতৰ সপোন সাৰ্থক হ’ব৷ বন্ধুসকল, আমাৰ শ্ৰদ্ধাৰ শ্ৰী অটল বিহাৰী বাজপেয়ী মহোদয়ে কৈছিল যে—‘আমি একেলগে কান্ধত কান্ধ লগাই দেশখনক উন্নয়নৰ শিখৰলৈ লৈ যাব লাগিব৷’ আহক আমি সকলোৱে মিলি, দেশৰ নতুন প্ৰজন্মই মিলি, দেশৰ ১২১কোটি জনতাই মিলি নিজৰ শক্তি-সামৰ্থক দেশ নিৰ্মাণৰ হকে ব্যৱহাৰ কৰো আৰু এখন নতুন ভাৰত গঢ়ো৷ পুনৰ এবাৰ আপোনালোক সকলোকে যুৱ দিৱস আৰু যুৱ মহোৎসৱৰ শুভকামনা জনাইছো, লগতে স্বামী বিবেকানন্দক পুনৰ স্মৰণ কৰিছো৷ বিবেকানন্দই দেখুৱাই যোৱা পথেৰে দেশৰ সকলো তৰুণ-তৰুণী আগবাঢ়ি যাওক—মোৰ শুভকামনা আপোনালোকৰ সৈতে আছে আৰু ইয়াতে মই মোৰ ভাষণ সমাপ্ত কৰিলো৷ বহুত বহুত ধন্যবাদ৷ জয় হিন্দ !!!
২২ সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ-২০১৮ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপৰ ইংৰাজী সংস্কৰণ (ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে)
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%97%E0%A7%81%E0%A6%9C%E0%A7%B0%E0%A6%BE%E0%A6%9F%E0%A7%80-%E0%A6%A8%E0%A7%B1%E0%A6%AC%E0%A7%B0%E0%A7%8D%E0%A6%B7%E0%A6%A4-%E0%A6%97%E0%A7%81%E0%A6%9C%E0%A7%B0%E0%A6%BE%E0%A6%9F%E0%A7%B0/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%97%E0%A7%81%E0%A6%9C%E0%A7%B0%E0%A6%BE%E0%A6%9F%E0%A7%80-%E0%A6%A8%E0%A7%B1%E0%A6%AC%E0%A7%B0%E0%A7%8D%E0%A6%B7%E0%A6%A4-%E0%A6%97%E0%A7%81%E0%A6%9C%E0%A7%B0%E0%A6%BE%E0%A6%9F%E0%A7%B0/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটী নৱবৰ্ষ উপলক্ষে গুজৰাটৰ সকলো লোককে শুভেচ্ছা জনাইছে। তেখেতে এই নতুন বছটোৱে যেন সকলোৰে জীৱন পোহৰেৰে ভৰাই তুলি সকলোকে প্ৰগতিৰ পথত আগুৱাই নিয়ে, তাৰে কামনা কৰিছে। লগতে গুজৰাটে সদায়েই সাফল্যৰ নতুন শিখৰত উপনীত হোৱাৰ আশা কৰে। এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়; "গুজৰাটৰ সকলো লোককে নতুন বছৰৰ শুভেচ্ছা জনালো…!! আজিৰেপৰা আৰম্ভ হোৱা নতুন বছৰটোৱে যেন আপোনালোকৰ জীৱনক পোহৰাই তুলি প্ৰগতিৰ পথত আগুৱাই নিয়ে তাৰেই কামনা কৰিলো…. নতুন সংকল্প, নতুন প্ৰেৰণা আৰু নতুন লক্ষ্যৰে নৱ বৰ্ষৰ শুভেচ্ছা জনালো। লগতে গুজৰাটে সদায়েই সাফল্যৰ শিখৰত আৰোহণ কৰক, সেই আশা কৰিলো…।"
গুজৰাটী নৱবৰ্ষত গুজৰাটৰ সকলো লোককে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%97%E0%A7%81%E0%A6%9C%E0%A7%B0%E0%A6%BE-9/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%97%E0%A7%81%E0%A6%9C%E0%A7%B0%E0%A6%BE-9/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ জুনাগড়ত প্ৰায় ৩৫৮০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। জুনাগড়ৰ এই প্ৰকল্পসমূহৰ ভিতৰত আছে উপকূলীয় ঘাইপথৰ উন্নতিৰ লগতে মিচিং লিংক নিৰ্মাণ, দুটা পানী যোগান প্ৰকল্প আৰু কৃষিজাত সামগ্ৰী সংৰক্ষণৰ বাবে এটা গুদাম কমপ্লেক্স নিৰ্মাণ। প্ৰধানমন্ত্ৰীয়ে শ্ৰী কৃষ্ণ ৰুকমণি মন্দিৰ, মাধৱপুৰৰ সামগ্ৰিক উন্নয়ন আৰু নৰ্দমা আৰু পানী যোগান প্ৰকল্প আৰু পোৰবন্দৰ মীন হাৰ্বাৰত তত্বাৱধান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। গিৰ সোমনাথত প্ৰধানমন্ত্ৰীয়ে মাধৱদত মাছ ধৰা বন্দৰৰ উন্নয়নকে ধৰি দুটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে ধেমেলীয়াকৈ কয় যে দেৱালী আৰু ধনতেৰাছৰ উৎসৱ সময়তকৈ আগতেই আহি পাইছে আৰু জুনাগড়ৰ জনসাধাৰণৰ বাবে নৱবৰ্ষ উদযাপনৰ বাবে ইতিমধ্যে প্ৰস্তুতি চলি আছে। অনুষ্ঠানত উপস্থিত থকা সকলোলোকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণক তেওঁলোকৰ আশীৰ্বাদৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে আগৰ সময়ত ৰাজ্যিক বাজেটতকৈ অধিক ব্যয় হোৱা প্ৰকল্পসমূহৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি আনন্দ প্ৰকাশ কৰে। "গুজৰাটৰ জনসাধাৰণৰ আশীৰ্বাদৰ বাবে এই সকলোবোৰ সম্ভৱ হৈছে। প্ৰধানমন্ত্ৰীয়ে জুনাগড়, গিৰ সোমনাথ আৰু পোৰবন্দৰক গুজৰাটৰ পৰ্যটন ৰাজধানী বুলি অভিহিত কৰে। তেওঁ কয় যে আজি পৰিকল্পনা কৰা প্ৰকল্পসমূহে নিযুক্তি আৰু স্ব-নিযুক্তিৰ বাবে যথেষ্ট সুযোগ সৃষ্টি কৰিব। "আজি মোৰ বুকুখন গৌৰৱেৰে ভৰি পৰিছে। তেওঁ ইয়াক গুজৰাটৰ জনসাধাৰণ আৰু তেওঁলোকৰ আশীৰ্বাদৰ বাবে দায়ী কৰিছিল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে যেতিয়া তেওঁ কেন্দ্ৰত দায়িত্ব বহন কৰিবলৈ গুজৰাট এৰিছিল, মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেলৰ দলে একে মূল্যবোধ আৰু পৰম্পৰাৰে গুজৰাটৰ চোৱাচিতা কৰিছিল। "আজি গুজৰাটৰ বিকাশ দ্ৰুত গতিত হৈছে।" অঞ্চলটোৰ পৰা খৰাং আৰু প্ৰব্ৰজনৰ কঠিন সময়ৰ কথা স্মৰণ কৰি তেওঁ কয় যে প্ৰকৃতিয়ে নিষ্ঠা আৰু সত্যতাৰে কাম কৰা সকলকো সহায় কৰে কিয়নো যোৱা দুটা দশকত জলবায়ুৰ প্ৰতিকূলতাও হ্ৰাস পাইছে। "এফালে ৰাইজৰ আশীৰ্বাদ আৰু আনফালে প্ৰকৃতিৰ সমৰ্থনৰ দ্বাৰা মোৰ জীৱন জনসাধাৰণৰ সেৱাত অতিবাহিত কৰাটো আনন্দৰ বিষয়। প্ৰধানমন্ত্ৰীয়ে কয় যে নৰ্মদা মাতৃ এগৰাকী দূৰৱৰ্তী তীৰ্থযাত্ৰা, জনসাধাৰণৰ কঠোৰ পৰিশ্ৰমৰ বাবে মাতৃ নৰ্মদা সৌৰাষ্ট্ৰৰ গাওঁসমূহত উপস্থিত হৈ তেওঁক আশীৰ্বাদ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে জুনাগড়ৰ কৃষকসকলক অতি নিষ্ঠাৰে প্ৰাকৃতিক কৃষিৰ প্ৰচাৰৰ বাবে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে গুজৰাটত উৎপন্ন হোৱা গেৰুৱা আমৰ সোৱাদ বিশ্বৰ প্ৰতিটো প্ৰীতিত উপনীত হৈছে। ভাৰতৰ বিস্তীৰ্ণ উপকূলীয় অঞ্চলৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ উপকূলীয় অঞ্চলৰ এক বৃহৎ অংশ গুজৰাটৰ অন্তৰ্গত। সাগৰক বোজা আৰু ইয়াৰ সতেজ বায়ুক বিষাক্ত হিচাপে গণ্য কৰা পূৰ্বৰ চৰকাৰসমূহক স্মৰণ কৰি শ্ৰী মোদীয়ে কয় যে এতিয়া সময় সলনি হৈছে। "যিবোৰ সাগৰক প্ৰতিকূল তাত পৰিণত কৰা হৈছিল, সেই বোৰে এতিয়া আমাৰ প্ৰচেষ্টাৰ লাভালাভ লাভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে সমস্যাৰ সন্শীৰ্ণ হৈ পৰা কচ্ছৰ ৰণ এতিয়া গুজৰাটৰ উন্নয়নৰ পথত আগবাঢ়িছে। প্ৰধানমন্ত্ৰীয়ে কয় যে গুজৰাটৰ উন্নয়নৰ বাবে তেওঁ ২৫ বছৰ পূৰ্বে গ্ৰহণ কৰা প্ৰস্তাৱএতিয়া উপলব্ধি কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰে যে মুখ্যমন্ত্ৰী হিচাপে তেওঁ মাছমৰীয়া সম্প্ৰদায়ৰ কল্যাণ, নিৰাপত্তা, সুবিধা আৰু আন্তঃগাঁথনিৰ বাবে সাগৰ খেদু আঁচনিৰ শুভাৰম্ভ কৰে। এই প্ৰচেষ্টাৰ সৈতে, ৰাজ্যখনৰ পৰা মাছৰ ৰপ্তানি সাতগুণ বৃদ্ধি পাইছে। তেওঁ তেওঁৰ মুখ্যমন্ত্ৰীৰ দিনত জাপানৰ এটা প্ৰতিনিধিদলৰ সৈতে হোৱা এটা উদাহৰণৰ কথা মনত পেলাই ছিল যেতিয়া প্ৰতিনিধি দলটোৰ সদস্যসকলে মীন পালনৰ প্ৰচেষ্টাৰ ওপৰত উপস্থাপন বন্ধ কৰিবলৈ কৈছিল, কিয়নো তেওঁলোকে পৰ্দাত বিখ্যাত সুৰমাই মাছ দেখি নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে আৰু ইয়াৰ সোৱাদ লোৱাৰ ইচ্ছা প্ৰকাশ কৰিলে। "সুৰমাই মাছ এতিয়া জাপানৰ বজাৰত বিখ্যাত আৰু প্ৰতি বছৰে যথেষ্ট পৰিমাণৰ ৰপ্তানি হয়। "এখন দ্বৈত ইঞ্জিন চৰকাৰে উন্নয়নমূলক কামৰ গতি দুগুণ কৰিছে। তিনিটা মাছ ধৰা বন্দৰৰ কাম আজি ইতিমধ্যে আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰথমবাৰৰ বাবে সাগৰ খেদুৰ কৃষক, গৰু পালনকাৰী আৰু মাছমৰীয়াসকলে কিষাণ ক্ৰেডিট কাৰ্ড আঁচনিৰ সেৱাত যোগদান কৰিছে আৰু ইয়াৰ ফলত বেংকৰ পৰা ঋণ লাভ কৰাৰ প্ৰক্ৰিয়া সৰল হৈ পৰিছে। "ইয়াৰ ফলস্বৰূপে, ৩.৫ কোটি হিতাধিকাৰীয়ে ইয়াৰ সেৱা লাভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ই সমাজৰ দৰিদ্ৰ আৰু দৰিদ্ৰ লোকসকলক নিজৰ আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে এক উন্নত ভৱিষ্যত গঢ়ি তুলিবলৈ ক্ষমতা প্ৰদান কৰিছে। তেওঁ এইটোও কৈছিল যে যিসকল হিতাধিকাৰীয়ে তেওঁলোকৰ ঋণ সময়মতে পৰিশোধ কৰিছে তেওঁলোকৰ বাবে সূত ৰেহাই দিয়া হ'ব। "কিষাণ ক্ৰেডিট কাৰ্ডে জীৱনটো বহুত সহজ কৰি তুলিছে, বিশেষকৈ আমাৰ পশুপালন কৰ্মী আৰু মাছ মৰা সম্প্ৰদায়ৰ বাবে।" "যোৱা দুটা দশকত বন্দৰৰ প্ৰচণ্ড উন্নয়নে গুজৰাটৰ বাবে সমৃদ্ধিৰ দুৱাৰ মুকলি কৰি দিছে। এইটোৱে গুজৰাটৰ বাবে নতুন সম্ভাৱনা মুকলি কৰিছে। সাগৰ মালা আঁচনিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে কেৱল বন্দৰ ৰ উন্নয়নৰ দ্বাৰাই নহয়, বন্দৰ-নেতৃত্বাধীন উন্নয়নকাৰ্যকৰী কৰিও ভাৰতৰ উপকূলত আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। "উপকূলত গুজৰাটে ইয়াৰ ওপৰত আধাৰিত কৰি বহুতো নতুন প্ৰকল্প দেখিছে। তেওঁ কয়, "জুনাগড়ৰ উপৰিও নতুন উপকূলীয় ঘাইপথটো পোৰবন্দৰ, জামনগৰ, দেৱভূমি দ্বাৰকা, মৰবি জিলাৰ পৰা মধ্য আৰু দক্ষিণ গুজৰাটৰ মাজেৰে পাৰ হোৱাৰ কথা আছে।" যিয়ে গুজৰাটৰ সমগ্ৰ উপকূলীয় অঞ্চলৰ সংযোগ শক্তিশালী কৰিব।" প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ মাতৃ-ভগ্নীসকলে কৰা প্ৰচণ্ড কামৰ প্ৰশংসা কৰি কয় যে তেওঁলোক এক সুৰক্ষা জালত পৰিণত হৈছে। বিগত ৮ বছৰত মহিলানেতৃত্বাধীন উন্নয়নৰ দিশত কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে মাতৃ-ভগ্নীসকলৰ জীৱন সহজ কৰি তোলাৰ বাবে প্ৰতিটো স্তৰত ব্যৱস্থা গ্ৰহণ নিশ্চিত কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে মহিলাসকলৰ স্বাস্থ্য আৰু মৰ্যাদা উন্নত কৰাৰ কথা উল্লেখ কৰে আৰু স্বচ্ছ ভাৰত অভিযানৰ অধীনত কোটি কোটি শৌচালয় নিৰ্মাণৰ বাবে দায়ী কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে উজ্জ্বলা আঁচনিয়ে কেৱল মহিলাৰ সময় ৰক্ষা কৰাই নহয়, লগতে তেওঁলোকৰ স্বাস্থ্যৰ লগতে সমগ্ৰ পৰিয়ালৰ স্বাস্থ্যৰ উন্নতিসাধন কৰিছে। প্ৰধানমন্ত্ৰীয়ে পূৰ্বৰ চৰকাৰসমূহৰ সময়ৰ কথা স্মৰণ কৰে, যিবোৰে এখন গাঁৱত কিছু পানীৰ হাতৰ পাম্প বিতৰণ কৰাৰ পিছত ধুমধামেৰে উদযাপন কৰিছিল। "আজি আপোনাৰ পুত্ৰই প্ৰতিটো ঘৰলৈ পাইপযোগে পানী যোগান ধৰে।" প্ৰধানমন্ত্ৰী মাতৃত্ব বন্দনা যোজনাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে গৰ্ভধাৰণৰ সময়ত মাতৃসকলক হাজাৰ হাজাৰ প্ৰকাৰৰ সহায় আগবঢ়োৱা হৈছে, যাতে তেওঁলোকে পুষ্টিকৰ খাদ্য লাভ কৰিব পাৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আমাৰ চৰকাৰে যিবোৰ ঘৰ দি আছে তাৰ বেছিভাগেই মহিলাৰ নামত আছে। সমগ্ৰ দেশৰ 8 কোটিতকৈও অধিক ভগ্নী স্ব-সহায়ক গোটৰ সৈতে জড়িত, যাৰ লাখ লাখ গুজৰাটৰ। একেদৰে, মুদ্ৰা আঁচনিৰ অধীনত বহুতো ভগ্নী প্ৰথমবাৰৰ বাবে উদ্যোগী হৈছে। দেশৰ যুৱপ্ৰজন্মৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা ৮ বছৰ ধৰি আমি গুজৰাটকে ধৰি সমগ্ৰ দেশৰ যুৱপ্ৰজন্মৰ ক্ষমতা বৃদ্ধিৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছো। শিক্ষাৰ পৰা নিযুক্তি আৰু স্ব-নিযুক্তিলৈকে প্ৰতিটো দিশতে নতুন সুযোগ সৃষ্টি কৰাৰ প্ৰয়াস কৰা হৈছে। আজি চৰকাৰে যুৱসকলক উদ্যোগৰ প্ৰতিটো পদক্ষেপত সহায় কৰি আছে। ডিফেক্সপো ২০২২ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে গুজৰাটে টেংক নিৰ্মাণ কৰাৰ দিনটো বেছি দূৰ নহয়। আজি গান্ধীনগৰত প্ৰধানমন্ত্ৰীয়ে ইয়াক উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে শিক্ষাৰ ক্ষেত্ৰত ৰাজ্যখনে আগবঢ়োৱা অগ্ৰগতিৰ কথাও উল্লেখ কৰে। "যোৱা আঠ বছৰত দেশত শ শ বিশ্ববিদ্যালয় মুকলি হৈছে। গুজৰাটত উচ্চ শিক্ষাৰ কেইবাটাও মানদণ্ডৰ প্ৰতিষ্ঠানৰ উদ্বোধন দেখা গৈছে। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে গুজৰাটী ভাষাত নতুন সুযোগ আনিছে। একেদৰে, ডিজিটেল উন্নয়নে গুজৰাটৰ যুৱপ্ৰজন্মৰ বাবে নতুন সুযোগ সৃষ্টি কৰিছে। "ডিজিটেল ইণ্ডিয়াই গুজৰাটৰ যুৱসকলক তেওঁলোকৰ বিভিন্ন প্ৰতিভা কঢ়িয়াই অনাৰ বাবে নতুন সুযোগ প্ৰদান কৰিছে, ই নতুন নিযুক্তিৰ সুযোগ সৃষ্টি কৰিছে। যুৱসকলৰ ডাঙৰ বজাৰত প্ৰৱেশাধিকাৰ আছে আৰু সস্তীয়া মেড ইন ইণ্ডিয়া মোবাইল ফোন আৰু সুলভ ডাটা সুবিধাৰ বাবে এইটো সম্ভৱ হৈ উঠিছে।" প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্ধিত আন্তঃগাঁথনিৰ বাবে পৰ্যটনৰ এক ডাঙৰ বৃদ্ধি হৈছে। তেওঁ কৈছিল যে অঞ্চলটোৰ অন্যতম বৃহৎ ৰছীপথএতিয়া কাম কৰা আৰম্ভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে বহু বছৰৰ পিছত এই বছৰৰ এপ্ৰিলমাহত কেশোদ বিমানবন্দৰৰ পৰা বিমান চলাচল পুনৰ আৰম্ভ হৈছে। যেতিয়া কেশোদ বিমানবন্দৰ অধিক বিকশিত কৰা হয়, যেতিয়া ই এক কাৰ্গো সুবিধা সাজু হয়, ইয়াৰ পৰা আমাৰ ফল, পাচলি, মাছ আৰু অন্যান্য সামগ্ৰী প্ৰেৰণ কৰা সহজ হ'ব। তেওঁ কয় যে কেশোদ বিমানবন্দৰৰ সম্প্ৰসাৰণৰ লগে লগে দেশ আৰু বিশ্বই ইয়াত এনে সকলো ঠাইত প্ৰৱেশাধিকাৰ লাভ কৰিব আৰু ইয়াত পৰ্যটন আৰু বৃদ্ধি পাব। পটভূমি প্ৰধানমন্ত্ৰীয়ে মিচিং লিংক নিৰ্মাণৰ লগতে উপকূলীয় ঘাইপথৰ উন্নয়নৰ বাবে প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰে। প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ত, ১৩ খন জিলাত মুঠ ২৭০ কিলোমিটাৰৰো অধিক ঘাইপথ সামৰি লোৱা হ'ব। প্ৰধানমন্ত্ৰীয়ে জুনাগড়ত দুটা পানী যোগান প্ৰকল্প আৰু কৃষিজাত সামগ্ৰী সংৰক্ষণৰ বাবে এটা গুদাম কমপ্লেক্স নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। পোৰবন্দৰত প্ৰধানমন্ত্ৰীয়ে মাধৱপুৰৰ শ্ৰীকৃষ্ণ ৰুকমণি মন্দিৰৰ সামগ্ৰিক উন্নয়নৰ আধাৰশিলা স্থাপন কৰে। তেওঁ পোৰবন্দৰ ফিছাৰী হাৰ্বাৰত নৰ্দমা আৰু পানী যোগান প্ৰকল্প আৰু ৰক্ষণাবেক্ষণ ড্ৰেজিংৰ আধাৰশিলা স্থাপন কৰিছিল। গিৰ সোমনাথত প্ৰধানমন্ত্ৰীয়ে মাধৱদত মাছ ধৰা বন্দৰৰ উন্নয়নকে ধৰি দুটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ জুনাগড়ত প্ৰায় ৩৫৮০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰ