source_url stringlengths 202 245 | target_url stringlengths 202 245 | text stringlengths 169 36.1k | summary stringlengths 26 293 |
|---|---|---|---|
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%80%E0%A6%AF%E0%A6%BC-%E0%A6%AC%E0%A7%87%E0%A6%A1%E0%A6%AE%E0%A6%BF%E0%A6%A3%E0%A7%8D%E0%A6%9F%E0%A6%A8-%E0%A6%96%E0%A7%87%E0%A6%B2%E0%A7%81%E0%A7%B1%E0%A7%88/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%80%E0%A6%AF%E0%A6%BC-%E0%A6%AC%E0%A7%87%E0%A6%A1%E0%A6%AE%E0%A6%BF%E0%A6%A3%E0%A7%8D%E0%A6%9F%E0%A6%A8-%E0%A6%96%E0%A7%87%E0%A6%B2%E0%A7%81%E0%A7%B1%E0%A7%88/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় বেডমিণ্টন খেলুৱৈ তথা অল ইংলেণ্ড অপেন বেডমিণ্টন চেম্পিয়নশ্বিপৰ ফাইনেলিষ্ট লক্ষ্য সেনক প্ৰশংসা কৰে। এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়: "@lakshya_sen আপোনাৰ বাবে আমি গৌৰৱান্বিত! আপুনি যথেষ্ট শক্তি আৰু অধ্যৱসায় দেখুৱাইছিল। আপুনি আবেগেৰে যুঁজিছিল। আপোনাৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভকামনা। মই নিশ্চিত যে আপুনি সফলতাৰ নতুন শিখৰ স্পৰ্শ কৰি থাকিব। " | ভাৰতীয় বেডমিণ্টন খেলুৱৈ আৰু অল ইংলেণ্ড অপেন বেডমিণ্টন চেম্পিয়নশ্বিপৰ ফাইনেলিষ্ট লক্ষ্য সেনক প্ৰশংসা প্ৰধানমন্ত্ৰী |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BE%E0%A6%B2%E0%A7%8D%E0%A6%AE%E0%A7%80%E0%A6%95%E0%A6%BF-%E0%A6%9C%E0%A7%9F%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%80-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87-3/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BE%E0%A6%B2%E0%A7%8D%E0%A6%AE%E0%A7%80%E0%A6%95%E0%A6%BF-%E0%A6%9C%E0%A7%9F%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%80-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87-3/ | বাল্মিকী জয়ন্তী উপলক্ষে ৰাষ্ট্ৰক শুভকামনা জনালে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে মহৰ্ষি বাল্মীকি সন্দৰ্ভত তেওঁ চিন্তা সম্বলিত এটা ভিডিঅ’ও শ্বেয়াৰ কৰে। প্ৰধানমন্ত্ৰীয়ে টুইট কৰে; “দেশবাসীলৈ বাল্মীকি জয়ন্তীৰ শুভকামনা জনাইছোঁ”। | বাল্মীকি জয়ন্তী উপলক্ষে ৰাষ্ট্ৰক শুভকামনা জনালে প্ৰধানমন্ত্ৰীয় |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A7%88%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A6%BF%E0%A6%95-%E0%A6%89%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A6%AE%E0%A6%BF%E0%A6%A4%E0%A6%BE-%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%AE%E0%A6%BF%E0%A6%B2%E0%A6%A8/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A7%88%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A6%BF%E0%A6%95-%E0%A6%89%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A6%AE%E0%A6%BF%E0%A6%A4%E0%A6%BE-%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%AE%E0%A6%BF%E0%A6%B2%E0%A6%A8/ | আমেৰিকা যুক্তৰাষ্ট্ৰ চৰকাৰৰ সহযোগিতাত বৈশ্বিক উদ্যমিতা সন্মিলন, ২০১৭ত আয়োজন কৰিবলৈ পাই আমি নথৈ আনন্দিত। দক্ষিণ আফ্ৰিকাত প্ৰথমে এই সন্মিলন অনুষ্ঠিত হৈছিল। এই সন্মিলনে বিশ্বৰ আগশাৰীৰ বিনিয়োগকাৰী, উদ্যোগী, শিক্ষাবিদ, বুদ্ধিজীৱি আৰু অন্যান্য অংশীদাৰক একেটা বৈশ্বিক উদ্যমিতা ব্যৱস্থাৰ সমবেত হোৱাৰ সূযোগ প্ৰদান কৰে। এই সন্মিলনে ছিলিকন ভেলীৰ সৈতে কেৱল হায়দৰাবাদকে সংযোগ নকৰে, বৰঞ্চ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সৈতে ভাৰতৰ সম্পৰ্ক অধিক সূদৃঢ় কৰি তুলিব। উদ্যোগ আৰু নতুনত্ব উদ্ভাৱনৰ ক্ষেত্ৰত এই সন্মিলনে আমাৰ দুয়ো দেশৰ প্ৰতিশ্ৰুতিক তুলি ধৰিব। এই বছৰৰ সন্মিলনত আলোচনা হোৱা বিষয়বোৰৰ ভিতৰত স্বাস্থ্য সুৰক্ষা আৰু জীৱন বিজ্ঞান, ডিজিটেল অর্থব্যৱস্থা আৰু আর্থিক প্রযুক্তি, বিদ্যুৎ আৰু আন্তঃগাঁথনি তথা প্রচাৰ মাধ্যম আৰু বিনোদন ইত্যাদি বিষয়সমূহো মানৱ সমাজৰ কল্যাণ আৰু সমৃদ্ধিৰ অন্তৰ্গত। এইবাৰৰ বৈশ্বিক উদ্যমিতা সন্মিলনৰ মূল বৈশিষ্ট্য হৈছে “সকলো সমৃদ্ধিৰ বাবে মহিলাই প্রথম” বাবে স্বতন্ত্র হৈ উঠিছে। ভাৰতীয় ভাবধাৰায় মহিলাসকলক শক্তি স্বৰূপ অর্থাৎ শক্তিৰ দেৱী বুলি জ্ঞান কৰা হয়। আমাৰ সকলো ধৰণৰ উন্নয়নৰ ক্ষেত্ৰত মহিলা সবলীকৰণ বিশেষ গুৰুত্বপূর্ণ বুলি আমি বিশ্বাস কৰো। আমাৰ ইতিহাসতো মহিলাক অনন্য প্ৰতিভাশালী আৰু দৃঢ়তাপৰায়ণ হিচাপে অভিহিত কৰিছে। খ্ৰীষ্টপূৰ্ব সপ্তম শতিকাত গাৰ্গী নামৰ প্ৰাচীন দাৰ্শনিকে এগৰাকী ঋষি দাৰ্শনিকক বিতৰ্কৰ বাবে প্ৰত্যাহ্বান জনাইছিল, যিটো সেই সময়ৰ বাবে নাভূত-নাশ্ৰুত ঘটনা আছিল। ৰাণী অহল্যাবাই হোলকাৰ আৰু ৰাণী লক্ষীবাইৰ দৰে আমাৰ যোদ্ধা ৰাণীসকলে তেওঁলোকৰ ৰাজ্যৰ সুৰক্ষাৰ বাবে সাহসিকতাৰে যুঁজ দিছিল। আমাৰ স্বাধীনতা সংগ্রামতো এনেধৰণৰ অনুপ্রেৰণামূলক উদাহৰণ আছে। ভাৰতীয় মহিলাসকলে জীৱনৰ বিভিন্ন বৃত্তিত নেতৃত্ব দিছিল। মংগলগ্রহ অভিযানকে ধৰি আমাৰ সকলো মহাকাশ অভিযান মহিলা বিজ্ঞানীসকল অৱদান অপৰিসীম। ভাৰতীয় বংশোদ্ভূত কল্পনা চাওলা আৰু সুনীতা উইলিয়ামছে আমেৰিকাৰ মহাকাশ অভিযানত অংশগ্রহণ কৰিছিল। ভাৰতৰ আটাইতকৈ পুৰণি চাৰিটা হাইকোর্টৰ ভিতৰত তিনখনতে এতিয়া মহিলা বিচাৰপতিৰ নেতৃত্বত পৰিচালিত। আমাৰ মহিলা খেলুৱৈসকলে দেশক গর্বিত কৰি আহিছে। এই হায়দৰাবাদ চহৰৰে ছাইনা নেহৱাল, পি.ভি. সিন্ধু, ছানিয়া মির্জা ভাৰতৰ বাবে বিজয়েৰে গৌৰৱ কঢ়িয়াই আনিছে। ভাৰতত তৃণমূল পর্যায়ৰ নীতি-নির্ধাৰণত মহিলাসকলৰ অংশগ্রহণ সুনিশ্চিত কৰাৰ বাবে গ্রামীণ আৰু চহৰৰ স্থানীয় সংস্থাসমূহে আমি মহিলাসকলৰ ন্যূনতম এক-তৃতীয়াংশ প্রতিনিধিত্ব প্রদান কৰিছে। আমাৰ কৃষি আৰু সহযোগী ক্ষেত্রসমূহ ৬০শতাংশতকৈও অধিক কর্মীয়েই মহিলা। গুজৰাটত দুগ্ধ সমবায় আৰু শ্রী মহিলা গৃহ উদ্যোগ লিজ্জত পাপড় হৈছে বিশেষভাবে সফল আৰু বিশ্বজুৰি প্রশংসিত মহিলা পৰিচালিত সমবায় আন্দোলনৰ অন্যতম উদাহৰণ। বন্ধুসকল, এই বৈশ্বিক উদ্যমিতা সন্মিলনত ৫০ শতাংশতকৈও অধিক প্রতিনিধিয়েই মহিলা। অহা দুদিনত আপোনালোকে এনে বহুতো মহিলাক লগ পাব, যিসকলে তেওঁলোকৰ নিজৰ জীৱনত বিভিন্ন বৃত্তিত বিভিন্ন ধৰণে আগবাঢ়িবলৈ সাহস দেখুৱাইছে। তেওঁলোকে নতুন প্ৰজন্মৰ মহিলা উদ্যোগীসকলক অনুপ্রাণিত কৰিছে। মই আশা কৰো যে মহিলা উদ্যোগীসকলক আগুৱাই যোৱাত কেনেদৰে সহায় কৰিব লাগে, সেই বিষয়ে সন্মিলনৰ আলোচনাত গুৰুত্ব দিব। সন্মানীয় অতিথিবৃন্দ, যুগ যুগ ধৰি উদ্ভাৱন আৰু উদ্যোগৰ জন্মভূমি হৈছে ভাৰত। ভাৰতৰ প্রাচীন গ্ৰন্থ ‘চৰক সংহিতা’ৰ জৰিয়তে বিশ্বৰ সন্মুখত আয়ুর্বেদক চিনাকী কৰাই দিয়া হৈছে। ভাৰত আন এক উল্লেখযোগ্য উদ্ভাৱন হৈছে যোগ। বৰ্তমান প্রতি বছৰৰ ২১ জুনত যোগ দিৱস উদযাপনৰ বাবে সমগ্ৰ বিশ্ব আগুৱাই আহিছে। অধ্যাত্মিকতা, পৰম্পৰাগতভাৱে আৰু আয়ুর্বেদিক সামগ্ৰীৰ জৰিয়তে যোগৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বহু উদ্যোগী জড়িত হৈ পৰিছে। বর্তমান আমি যি ডিজিটেল যুগত বাস কৰিছো, তাৰ মূল ভিত্তি হৈছে যুগ্ম পদ্ধতি। এই যুগ্ম পদ্ধতিৰ মূল ভিত্তি ‘শূন্য বা জিৰো’ৰ উদ্ভাৱন ভাৰতত আর্যভট্টৰ কামৰ মাধ্যমেৰে সম্ভৱ হৈছে। এইদৰে আধুনিক যুগৰ আর্থিক নীতি, কৰ পদ্ধতি আৰু জন অর্থনীতিৰ বিভিন্ন বিষয়ৰ সন্দৰ্ভত আমাৰ প্রচীন গ্ৰন্থ কৌটিল্যৰ অর্থশাস্ত্রত বৰ্ণনা কৰা হৈছে। প্রাচীন ভাৰতত ধাতু বিদ্যাৰ পাৰদর্শিতাৰ কথা সৰ্বজনবিদিত। আমাৰ বহু বন্দৰ আৰু পোতাশ্রয়, বিশেষকৈ বিশ্বৰ সবাটোকৈ প্রাচীন জাহাজ ঘাট ‘লোথালে’ আমাৰ অসাধাৰণ বাণিজ্য সংযোগ কথাকে প্রমাণিত কৰে। বিদেশৰ মাটিত ভাৰতীয় নাবিকৰ ভ্রমণ কাহিনী আমাৰ পূর্বপুৰুষসকলৰ উদ্যোগী মানসিকতা আৰু উদ্যমকে প্রতিফলিত কৰিছে। এজন উদ্যোগীক চিনাক্ত কৰাৰ প্রধান গুণসমূহ কি কি? এজন উদ্যোগীয়ে কোনো উদ্দেশ্য পুৰণৰ বাবে জ্ঞান আৰু দক্ষতা ব্যৱহাৰ কৰে। প্রতিকূল অৱস্থাতো এজন উদ্যোগীয়ে সুযোগ বিচাৰি উলিয়ায়। তেওঁলোকে ব্যৱহাৰকাৰীৰ বাবে অধিক সুবিধাজনক আৰু আৰামদায়ক পদ্ধতি তৈয়াৰ কৰাৰ প্রয়োজনীয়তা অনুভব কৰে। তেওঁলোক ধৈর্যশীল আৰু দৃঢ়প্রতিজ্ঞ। স্বামী বিবেকানন্দই কৈছিল, প্রতিটো কামক তিনিটা পর্যায়ৰ মাজেৰে অতিক্ৰম কৰে— উপহাস, বিৰোধিতা আৰু তাৰ পাছত স্বীকৃতি। যিসকলে সময়তকৈ বহু আগতে কিবা ভাবি থাকে, তেওঁলোকক সদায় ভুল বোজা যায়। অধিকাংশ উদ্যোক্তাই ইয়াৰ সৈতে পৰিচিত। মানৱ সমাজৰ ভালৰ বাবে বিভিন্ন ধৰণে আৰু সময়তকৈ আগুৱাই চিন্তা কৰাৰ ক্ষমতাই এজন উদ্যোগীক স্বতন্ত্র কৰি ৰাখে। মই ভাৰতৰ নব প্রজন্মৰ মাজত সেই ক্ষমতাকে প্ৰত্যক্ষ কৰিছো। মই ৮০ কোটি সম্ভাৱ্য উদ্যোগীক দেখিছো, যিসকলে বিশ্বক এক উন্নত স্থানলৈ লৈ যোৱাৰ কাম কৰিব পাৰে। ভাৰতত স্মার্টফোনৰ ব্যৱহাৰকাৰীৰ সংখ্যা ২০১৮ চনৰ ভিতৰত ৫০০ নিযুটতকৈ অধিক হ’ব বুলি কোৱা হৈছে। এই বিষয়টিয়ে যিকোনো উদ্যোগৰ বিকাশৰ বাবে আৰু সংস্থাপন বৃদ্ধিত এক অপৰিসীম সম্ভাৱনীয়তাকে সূচাইছে। আমাৰ ষ্টাৰ্ট-আপ আঁচনি হৈছে উদ্যোগৰ প্ৰচাৰ কৰাৰ বাবে আৰু উদ্ভাৱনাক উৎসাহ যোগোৱাৰ ক্ষেত্ৰত এক ব্যাপক কার্য পৰিকল্পনা। ইয়াৰ যোগেদি পৰিচালনগত ভাৰ হ্ৰাস কৰি ষ্টার্ট-আপক সহায় কৰা হৈছে। ১২০০তকৈ অধিক অপ্রচলিত আইন বাতিল কৰা হৈছে, ২১টা খণ্ডৰ এফডিআই ৰ বাবে ৮৭টা নিয়ম লাঘৱ কৰা হৈছে আৰু চৰকাৰৰ বিভিন্ন ব্যৱস্থা এতিয়া অনলাইনৰ জড়িয়তে কৰা হৈছে। আমাৰ চৰকাৰে বাণিজ্যিক পৰিবেশ উন্নত কৰাৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ গ্রহণ কৰিছে। ইয়াৰ ফলতে বিশ্ব বেংকৰ সহজে বাণিজ্য কৰিব পৰা পৰিবেশৰ প্রতিবেদন ভাৰতৰ স্থান বিগত তিনি বছৰত ১৪২ ৰ পৰা ১০০তম স্থানলৈ উন্নীত হৈছে। আমি আমাৰ বিভিন্ন সূচক যেনে নির্মাণৰ অনুমতি, ঋণ লাভ, সংখ্যালঘু বিনিয়োগকাৰীসকলৰ সুৰক্ষা, কৰ প্রদান, চুক্তি প্রয়োগ কৰা, আর্থিক শূন্যতা স্থিৰ কৰা ইত্যাদি ক্ষেত্রত উন্নতি লাভ কৰিছো। এই প্রক্রিয়া এতিয়াও শেষ হোৱা নাই। বৰ্তমান এনে এক যুগ আহিছে য’ত আমি ১০০তম স্থান উন্নীত হোৱাতে সন্তুষ্ট হ’লে নহ’ব। আমি ৫০তম স্থানৰ দিশে অগ্ৰসৰ হোৱাৰ চেষ্টা কৰিছো। আমি উদ্যোগীসকলক ১০ লাখ টকালৈকে সহজে আর্থিক সাহাৰ্য প্রদান কৰাৰ বাবে মুদ্রা প্রকল্পৰ সূচনা কৰিছো। ২০১৫ চনত ইয়াৰ শুভাৰম্ভ কৰাৰ পাছৰ পৰা বৰ্তমানলৈকে ৯ কোটিৰো অধিক ঋণ অনুমোদন কৰা হৈছে, যাৰ আৰ্থিক মূল্য প্রায় ৪.২৮ লাখ কোটি টকা। ইয়াৰ ভিতৰত ৭ কোটিতকৈ অধিক ঋণ মহিলা উদ্যোগীসকলৰ বাবে অনুমোদন কৰা হৈছে। মোৰ চৰকাৰৰ অধীনত “অটল উদ্ভাৱন অভিযান”ৰ আৰম্ভ কৰা হৈছে। ইয়াৰ জৰিয়তে আমি ৯০০তকৈও অধিক বিদ্যালয়ত বিভিন্ন ধৰণৰ মেৰামতিৰ গৱেষণাগাৰ মুকলি কৰিছো, যাতে ল’ৰা-ছোৱালীসকল উদ্ভাৱন আৰু উদ্যোগৰ সংস্কৃতিৰ প্ৰতি প্ৰোৎসাহিত হয়। আমাৰ “মেণ্টৰ ইণ্ডিয়া” প্ৰচেষ্টাৰ শুভাৰম্ভণিয়ে এইক্ষেত্রত দক্ষ শিক্ষাৰ্থীয়ে তেওঁলোকৰ এই মেৰামতিৰ গৱেষণাগাৰৰ মাধ্যমত ছাত্র-ছাত্রীসকলৰ পৰামর্শ দিয়া আৰু শিকাৰ বাবে কৰা হৈছে। তদুপৰি, বিভিন্ন বিশ্ববিদ্যালয় আৰু গৱেষণা প্রতিষ্ঠানত ১৯টা ইনকিউবেচন চেণ্টাৰ গঢ় দিয়া হৈছে। উদ্ভাৱনমূলক ষ্টার্ট-আপ বাণিজ্যক পৰিমাপযোগ্য আৰু দীর্ঘস্থায়ী কৰাৰ বাবে এই কেন্দ্রসমূহে কাম কৰিব। আমি আধাৰ কাৰ্ডৰ শুভাৰম্ভ কৰিছো, যিটো বিশ্বৰ সর্ববৃহৎ বায়োমেট্রিক নির্ভৰ ডিজিটেল ডাটাবেছ। বৰ্তমানলৈকে ১১৫ কোটি লোকে আধাৰ কাৰ্ড খুলিছে আৰু প্রতিদিনে ৪ কোটিতকৈও অধিক লেনদেন ডিজিটেল পদ্ধতিৰে সম্ভৱ হৈছে। আমি বৰ্তমান আধাৰ ব্যৱহাৰ কৰি প্রত্যক্ষ লাভ হস্তান্তৰৰ মাধ্যমত সুবিধা পোৱাসকলক বিভিন্ন ধৰণৰ চৰকাৰী আর্থিক সুবিধা প্রদান কৰা হৈছে। ন ধন যোজনাৰ অধীনত ৩০ কোটি বেংক একাউন্ট খোলা হৈছে, য’ত ৬৮৫ বিলিয়ন টকা অৰ্থাৎ ১০ বিলিয়ন ডলাৰতকৈও অধিক টকা জমা হৈছে। ইয়াৰ জৰিয়তে আগতে সমাজত যিসকল লোক বেংকৰ আওঁতালৈ অহা নাছিল, তেওঁলোকক আনুষ্ঠানিত আর্থিক পদ্ধতিৰ অধীনস্থ কৰা হয়। ইয়াৰ জৰিয়তে ৫৩ শতাংশ একাউণ্টেই মহিলাৰ। আমি নগদ লেনদেন হ্ৰাস কৰাৰ দিশে লাহে লাহে আগুৱাই যোৱাৰ বাবে কাম কৰি আহিছো আৰু ইয়াৰ বাবে ‘ভীম’ (BHIM) নামৰ এটা ইউনিফাইড পেমেন্ট ইন্টাৰফেছ এপপৰ প্ৰৱৰ্তন কৰিছো। এবছৰতকৈও কম সময়তে এই পদ্ধতিৰে এতিয়া দৈনিক ২৮০ হাজাৰ লেনদেন সম্ভৱ হৈছে। দেশৰ প্রতিখন গাঁৱত বিদ্যুৎ সংযোগ দিয়াৰ প্ৰচেষ্টা সম্পূৰ্ণ হোৱাত সহায় কৰাৰ বাবে আমি ‘সৌভাগ্য প্রকল্প’ৰ শুভাৰম্ভ কৰিছো। ইয়াৰ জৰিয়তে ২০১৮ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত সকলো পৰিয়াকে বিদ্যুৎ সেৱা প্ৰদান কৰা হ’ব। আমি ২০১৯ চনৰ মার্চ মাহৰ ভিতৰত সকলো গ্রামীণ এলেকাত হাইস্পীড ব্রোডবেণ্ড ইন্টাৰনেট সেৱা প্ৰদানৰ বাবেও এটি আঁচনি হাতত লৈছো। আমি স্বচ্ছ বিদ্যুৎ আঁচনিৰ অধীনত কেৱল যোৱা তিনি বছৰতে আমি আমাৰ নবীকৰণযোগ্য বিদ্যুতৰ ক্ষমতা ৩০ হাজাৰ মেগাৱাটৰ পৰা দুগুণ বৃদ্ধি কৰি ৬০ হাজাৰ মেগাৱাট কৰিবলৈ সক্ষম হৈছো। যোৱা বছৰত সৌৰ শক্তি উৎপাদনৰ ক্ষমতা ৮০ শতাংশতকৈও অধিক বৃদ্ধি পাইছে। আমি এটি ৰাষ্ট্ৰীয় গেছ গ্রীড নির্মাণৰ বাবেও কাম কৰিছো। এটি ব্যাপক ৰাষ্ট্ৰীয় বিদ্যুৎ নীতি গঠনৰ দিশতো আমি কাম কৰি আছো। অনাময় আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ উন্নয়নত আমাৰ স্বচ্ছ ভাৰত অভিযান তথা গ্রামীণ আৰু চহৰত প্ৰৱৰ্তন কৰা আবাস যোজনা অভিযানে, মর্যাদাপূর্ণ জীৱনৰ প্রতি আমাৰ প্রতিশ্রুতিকে প্ৰতিনিধিত্ব কৰে। সাগৰমালা আৰু ভাৰতমালাৰ দৰে আমাৰ আন্তঃগাঁথনি আৰু সংযোগকাৰী প্ৰচেষ্টাসমূহে উদ্যোগীসকলক বিনিয়োগৰ বাবে যথেষ্ট বাণিজ্যিক সুযোগ প্রদান কৰিছে। আমাৰ শেহতীয়া ‘বিশ্ব খাদ্য ভাৰত’ প্ৰচেষ্টাই খাদ্য প্রস্তুতকৰণ উদ্যোগ আৰু কৃষি ক্ষেত্রৰ অপচয়ক লৈ উদ্যোগীসকলৰ সৈতে সংযুক্ত হোৱাৰ ক্ষেত্রত সহায় কৰিছে। আমাৰ চৰকাৰে উপলব্ধি কৰে যে উদ্যোগৰ বিস্তাৰৰ ক্ষেত্রত সকলোৰে বাবে স্বচ্ছ নীতি আৰু আইনৰ শাসন প্রদানকাৰী পৰিৱেশৰ প্রয়োজন। দেশজুৰি সামগ্ৰী আৰু সেৱা কৰ প্ৰৱৰ্তনৰ জৰিয়তে ঐতিহাসিক কৰ পদ্ধতি গ্রহণ কৰা হৈছে। ২০১৬ চনত শুভাৰম্ভ কৰা আমাৰ অর্থশূন্যতা আৰু দেউলীয়া অৱস্থাৰ আইন (Insolvency and Bankruptcy Code) হৈছে সমস্যাৰ সন্মুখীন হোৱা উদ্যোগৰ সময়ানুৱৰ্তী সমাধান সুনিশ্চিত কৰাৰ এক পদক্ষেপ। সমান্তৰাল অর্থনীতি মোকাবিলা কৰা, কৰ ফাঁকি ৰোধ কৰা আৰু ক’লা ধন নিয়ন্ত্রণৰ বাবে কঠোৰ পদক্ষেপ গ্রহণ কৰা হৈছে। আমাৰ এই প্রচেষ্টাক মুডী’জৰ শেহতীয়া স্বীকৃতিয়ে ভাৰতৰ চৰকাৰী বণ্ড ৰেটিঙক উন্নত কৰিছে। এই অগ্রগতি প্রায় ১৪ বছৰ পাছত হৈছে। বিশ্ব বেংকৰ লজিষ্টিক পাৰফৰমেন্স সূচকত ভাৰতৰ স্থান ২০১৪ চনৰ ৫৪তম স্থানৰ পৰা আগুৱাই ২০১৬ চনত ৩৫তম স্থানত উপনীত হৈছে। ইয়াৰ জৰিয়তে কোনো দেশৰ পৰা সমাগ্ৰী আমদানি বা ৰপ্তানি কৰাটো সহজ আৰু দক্ষ হৈ পৰিব। এটি বিনিয়োগ অনুকূল পৰিৱেশক সমষ্টিগত অর্থনৈতিক দৃষ্টিকোণৰ পৰা স্থিতিশীল কৰা প্রয়োজন। আমি ৰাজকোষ আৰু কাৰেণ্ট একাউণ্টৰ ঘাটি নিয়ন্ত্রণ কৰিবলৈ আৰু মুদ্রাস্ফীতি হ্ৰাস কৰাত সফল হৈছো। আমাৰ বৈদেশিক মুদ্রাৰ সঞ্চয় ৪০ হাজাৰ কোটি টকাতকৈ অধিক হৈছে আৰু আমি বৃহৎ পৰিমাণৰ বৈদেশিক পুঁজিৰ প্রবাহক আকৃষ্ট কৰিব পৰা হৈছে। ভাৰতৰ যুব উদ্যোগীসকলৰ প্রতি মোৰ আহ্বান এই যে:- ২০২২ চনৰ ভিতৰত এখন নতুন ভাৰত নির্মাণত আপোনালোকৰ প্রত্যেকেই কিছু পৰিমাণে মূল্যবান অৱদান আগবঢ়াব পাৰে। আপোনালোক ভাৰতৰ পৰিৱর্তনৰ বাহন তথা পৰিৱৰ্তনৰ আহিলা। বিশ্বৰ বিভিন্ন প্রান্তৰ পৰা অহা আমাৰ উদ্যোগী বন্ধুসকলৰ প্রতি মই আহ্বান জনাও যে আহক, ভাৰত আৰু বিশ্বৰ বাবে—‘ভাৰতত নির্মাণ কৰক আৰু ভাৰতত বিনিয়োগ কৰক’(Make in India, Invest in India – for India)। মই আপোনালোকৰ প্রত্যেককে ভাৰতৰ বিকাশৰ অংশীদাৰ হোৱাৰ বাবে আমন্ত্রণ জনাইছো। পুনৰবাৰ আপোনালোকক আমাৰ আন্তৰিক আৰু ঐকান্তিক সহযোগিতাৰ আশ্বাস দিছো। মই জানিব পাৰিছো যে চলিত নৱেম্বৰ মাহটো ৰাষ্ট্ৰপতি ট্ৰাম্পে ৰাষ্ট্ৰীয় উদ্যমিতা মাহ হিচাপে ঘোষণা কৰিছে। আমেৰিকাইও ২১ নৱেম্বৰৰ দিনটো ৰাষ্ট্ৰীয় উদ্যমিতা দিৱস হিচাপে পালন কৰে। এই সন্মিলনে প্ৰকৃতাৰ্থত সেই বিষয়বস্তুকে অনুৰণিত কৰিব। এই সন্মিলনৰ ফলপ্ৰসূ, চিত্তাকর্ষক আৰু কার্যকৰী হোৱাৰ আশা কৰি মই মোৰ ভাষণ সামৰিছো। ধন্যবাদ। | বৈশ্বিক উদ্যমিতা সন্মিলন, ২০১৭ত প্ৰধানমন্ত্ৰীৰ ভাষণ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%B0-%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%80%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%97%E0%A6%A4%E0%A6%BF-%E0%A7%B0%E0%A7%87%E0%A6%B2-%E0%A6%AA%E0%A7%8D/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%B0-%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%80%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%97%E0%A6%A4%E0%A6%BF-%E0%A7%B0%E0%A7%87%E0%A6%B2-%E0%A6%AA%E0%A7%8D/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজো আবেই আজি যুটীয়াভাৱে মুম্বাই আৰু এলাহাবাদ সংযোগী ক্ষীপ্ৰগতিৰ ৰে’ল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এলাহাবাদত এই উপলক্ষে আয়োজিত ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীয়ে নতুন ভাৰতৰ যে ‘নতুন ভাৰত’ নিৰ্মাণৰ পথত উচ্চাকাংক্ষা আৰু ইচ্ছাশক্তিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। দেশবাসীক এই উপলক্ষে অভিনন্দন জ্ঞাপন কৰি তেওঁ কয় যে বুলেট ট্রেন প্রকল্পৰ হাত ধৰি ৰে’ল পৰিবহণৰ ক্ষেত্রত প্রযুক্তি আৰু অগ্রগতিৰ এক বিশেষ মাত্ৰা লাভ কৰিব। ইয়াৰ সুফলো অচিৰেই পাব সেই সন্দৰ্ভতো তেওঁ আশা ব্যক্ত কৰে। ক্ষীপ্ৰগতিৰ এই ৰে’ল প্রকল্প গঢ়ি তোলাৰ কামত জাপানৰ আর্থিক আৰু প্রযুক্তিগত সহায়ৰ বাবে জাপানৰ প্রধানমন্ত্রীক ধন্যবাদ জনাইছো। শ্ৰীযুত শ্বিনজো আবেৰ বিশেষ প্রশংসা কৰি তেওঁ কয় যে এই প্রকল্পৰ অতি কম সময়ৰ ভিতৰতে আৰম্ভ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ক্ষীপ্ৰগতিৰ এই ৰে’ল প্রকল্পই কেৱল মুম্বাই আৰু আহমেদাবাদ চহৰ দুখনক ওচৰ চপাই নানে, একেসময়তে শ শ কিলোমিটাৰ দূৰত অৱস্থিত দুখন চহৰৰ বাসীন্দাসকলৰ মাজতো এক নিবিড় সম্পর্ক গঢ়ি তুলিব। তেওঁ কয় যে মুম্বাই আমেদাবাদ কৰিড’ৰত এক নতুন অর্থনৈতিক ব্যবস্থা গঢ়ি উঠিব আৰু ইয়াৰ ফলত সমগ্র অঞ্চল এটি মাত্র অর্থনৈতিক অঞ্চল ৰূপে পৰিগণিত হ’ব। প্রধানমন্ত্রীয়ে কয় যে প্রযুক্তি সফল হয় তেতিয়া, যেতিয়া তাৰ সুফলবোৰ সাধাৰণ মানুহৰ ওচৰত পায়। এই প্রকল্পত যি প্রযুক্তি ব্যৱহাৰ কৰা হৈছে, সেয়া এফালে যেনেকৈ ভাৰতীয় ৰে’লক সমৃদ্ধ কৰিব, আনফালে সিমানেই ‘মেক ইন ইণ্ডিয়া’ আঁচনিক উৎসাহ যোগাব। ক্ষীপ্ৰগতিৰ এই ৰে’ল প্রকল্প পৰিৱেশ তথা মানৱজাতি অনুকূল হৈ উঠিব। ভৱিষ্যতে হাইস্পিড কৰিডৰটো যে দ্রুত বিকাশ আৰু অগ্রগতিৰ এক বিশেষ অঞ্চল হৈ উঠাৰ দিশে অগ্ৰসৰ হৈছে সেই কথাও প্রসংগক্ৰমে ঘোষণা কৰে প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভৱিষ্যতৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখিই চৰকাৰে আন্তঃগাঁথনি উন্নয়নৰ কাম চলাই গৈছে। যিমান পাৰি সোনকালে এই প্রকল্প ৰূপায়ণৰ কাম সম্পূর্ণ কৰিবলৈ সংশ্লিষ্ট সকলোকে একেলগে কাম কৰি যাব বুলি তেওঁৰ আশা ব্যক্ত কৰে। ইয়াৰ আগেয়ে জাপানৰ প্রধানমন্ত্রী শ্ৰীযুত শ্বিনজো আবেই কয় যে ভাৰত-জাপান অংশীদাৰিত্ব কেৱল কৌশলগত এক বিশেষ সম্পর্ক নহয়, ই বৈশ্বিকো। তেওঁ আশা ব্যক্ত কৰে যে কেইবছৰ মানৰ ভিতৰতে ভাৰতৰ সৌন্দর্য বুলেট ট্রেইনৰ জৰিয়তে পৰিস্ফূট হ’ব। | ভাৰতৰ ক্ষীপ্ৰগতি ৰে’ল প্ৰকল্পৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী আবেৰ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B9%E0%A7%B0-%E0%A6%98%E0%A7%B0-%E0%A6%A4%E0%A6%BF%E0%A7%B0%E0%A6%82%E0%A6%97%E0%A6%BE-%E0%A6%86%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8B%E0%A6%B2%E0%A6%A8%E0%A7%B0-%E0%A6%86%E0%A6%B6%E0%A7%8D/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B9%E0%A7%B0-%E0%A6%98%E0%A7%B0-%E0%A6%A4%E0%A6%BF%E0%A7%B0%E0%A6%82%E0%A6%97%E0%A6%BE-%E0%A6%86%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8B%E0%A6%B2%E0%A6%A8%E0%A7%B0-%E0%A6%86%E0%A6%B6%E0%A7%8D/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হৰ ঘৰ তিৰংগা আন্দোলনৰ আশ্চৰ্যজনক সঁহাৰিত সুখ আৰু গৌৰৱ প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে আমি সমাজৰ বিভিন্ন শ্ৰেণীৰ অভিলেখসংখ্যক লোকে অংশগ্ৰহণ কৰা দেখিছো। শ্ৰী মোদীয়ে লগতে তিৰংগাৰ সৈতে উঠা ফটো harghartiranga.comত শ্বেয়াৰ কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে টুইটাৰযোগে সমগ্ৰ দেশৰ বিভিন্ন স্থানৰ পৰা অহা হৰ ঘৰ তিৰংগাৰ কেতবোৰ আশ্বৰ্যজনক দৃশ্য শ্বেয়াৰ কৰে। | হৰ ঘৰ তিৰংগা আন্দোলনৰ আশ্চৰ্যজনক সঁহাৰিত সুখ আৰু গৌৰৱ প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰীয় |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9D%E0%A6%BE%E0%A7%B0%E0%A6%96%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A7%B0-%E0%A7%B0%E0%A6%BE%E0%A6%81%E0%A6%9A%E0%A7%80%E0%A6%A4-%E0%A6%86%E0%A7%9F%E0%A7%81%E0%A6%B7%E0%A7%8D%E0%A6%AE%E0%A6%BE%E0%A6%A8/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9D%E0%A6%BE%E0%A7%B0%E0%A6%96%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A7%B0-%E0%A7%B0%E0%A6%BE%E0%A6%81%E0%A6%9A%E0%A7%80%E0%A6%A4-%E0%A6%86%E0%A7%9F%E0%A7%81%E0%A6%B7%E0%A7%8D%E0%A6%AE%E0%A6%BE%E0%A6%A8/ | ঝাৰখণ্ডৰ ৰাজ্যপাল শ্ৰীমতী দ্ৰৌপদী মুৰ্মু মহোদয়া, ৰাজ্যৰ লোকপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীমান ৰঘুবৰ দাস, কেন্দ্ৰৰ মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী শ্ৰীমান জগত প্ৰসাদ নড্ডা মহোদয়, কেন্দ্ৰৰ মন্ত্ৰী পৰিষগৰ মোৰ সহযোগী আৰু এই ভূমিৰ সন্তান শ্ৰীমান সুদৰ্শন ভগত মহোদয়, কেন্দ্ৰত মোৰ সহযোগী জয়ন্ত সিনহা মহোদয়, নিটি আয়োগৰ সদস্য ডাঃ বি কে পাল, ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰামচন্দ্ৰ চন্দ্ৰমুখী, সংসদৰ মোৰ সহযোগী শ্ৰীমান ৰামটহল চৌধুৰী মহোদয়, বিধায়ক শ্ৰীমান ৰামকুমাৰ পাহন মহোদয়, ইয়াত উপস্থিত সকলো মহানুভৱ আৰু বিশাল সংখ্যাত উপস্থিত ঝাৰখণ্ডৰ মোৰ মৰমৰ ভাতৃ–ভগ্নীসকল৷ বন্ধুসকল, আজি আমি সকলোৱে এক বিশেষ মুহূৰ্তৰ সাক্ষী হিচাপে সমবেত হৈছোঁ যাৰ আৰম্ভণি ভৱিষ্যতে মানৱতাৰ এক বৃহৎ সেৱাৰ ৰূপত বিবেচিত হ’ব৷ আজি মই ইয়াত কেৱল ঝাৰখণ্ডৰ বিকাশক গতি প্ৰদান কৰাৰ বাবে নহয়, সমগ্ৰ ভাৰতত যি সপোন আমাৰ ঋষি–মুনিসকলে দেখিছিল, যি সপোন এটা পৰিয়ালৰ হয় আৰু আমাৰ ঋষি–মুনিসকলে সপোন দেখিছিল ‘সৰ্বে ভৱনতু সুখিনঃ, সৰ্বে সনতু নিৰাময়ঃ’৷ আমাৰ এই শতিকা পুৰণি সংকল্পক এই শতাব্দীতে আমি পূৰণ কৰিব লাগিব আৰু আজি তাৰেই বহুমূল্য আৰম্ভ হৈছে৷ সমাজৰ আটাইতকৈ শেষৰ শাৰীটোত যিজন ব্যক্তি থিয় হৈ আছে৷ দৰিদ্ৰতকৈও দৰিদ্ৰতমজনে চিকিৎসাৰ সুবিধা পাওক, স্বাস্থ্যৰ উন্নত সুবিধা পাওক৷ আজি এই সপোনক বাস্তৱায়িত কৰাৰ এক বৃহৎ পদক্ষেপ এই বিৰছা মুণ্ডাৰ ধৰিত্ৰীৰ পৰা গ্ৰহণ কৰা হৈছে৷ আজি সমগ্ৰ ভাৰতৰ ধ্যান ৰাঁচীৰ ভূমিৰ ওপৰত আছে৷ দেশৰ ৪০০তকৈও অধিক জিলাত এনেকুৱাই বৃহৎ সমাৱেশ চলি আছে আৰু তাৰ পৰা সকলোৱে এই ৰাঁচীৰ ভব্য সমাৰোহ প্ৰত্যক্ষ কৰি আছে আৰু তেওঁলোকেও ইয়াৰ পিছত তাত এই কাৰ্যসূচী আগবঢ়াই নিব৷ আজি ইয়াত দুখন চিকিৎসা মহাবিদ্যালয় প্ৰাৰম্ভ কৰাৰ সুযোগ পালো৷ আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছিল যে স্বাধীনতাৰ পৰা ৭০ বছৰত তিনিখন চিকিৎসা মহাবিদ্যালয়, চাৰে তিনিশ বিদ্যাৰ্থী আৰু চাৰি বছৰত আঠখন চিকিৎসা মহাবিদ্যালয়, ১২০০ বিদ্যাৰ্থী৷ কাম কিদৰে হয়, কিমান ব্যাপক ৰূপত হয়, কিমান দ্ৰুত গতিৰে হয়, ইয়াৰ বাবে ডাঙৰ উদাহৰণ বিচাৰিবলৈ ক’ৰবালৈ যোৱাটো মই নামানো৷ ভাতৃ–ভগ্নীসকল, আজি আয়ুষ্মান ভাৰতৰ সংকল্পৰ সৈতে প্ৰধানমন্ত্ৰী জন–আৰোগ্য যোজনা পিএমজেএৱাই আজিৰ পৰা প্ৰণয়ন হৈছে৷ এই যোজনাক প্ৰত্যেকেই নিজৰ নিজৰ কল্পনা অনুসৰি নাম দিছে৷ কোনোবাই ইয়াক মোদী কেয়াৰ বুলি কৈছে, কোনোবাই ইয়াক দুখীয়াৰ বাবে যোজনা বুলি কৈছে৷ ভিন্ন ভিন্ন নামেৰে সম্বোধন কৰা হৈছে, কিন্তু মোৰ বাবেতো এয়া আমাৰ দেশৰ দৰিদ্ৰ নাৰায়ণৰ সেৱাক এক মহামূল্য উপলক্ষ হিচাপে বিবেচিত হৈছে৷ দুখীয়াক সেৱা কৰাৰ কাম, মই জানো যে ইয়াতকৈ ডাঙৰ কাৰ্যসূচী একো নাই, অভিযান নাই, যোজনা নাই৷ দেশৰ ৫০ কোটিতকৈও অধিক ভাতৃ–ভগ্নীক পাঁচ লাখ টকাৰ স্বাস্থ্য নিশ্চিতি প্ৰদান কৰিবলগীয়া এয়া বিশ্বৰ ভিতৰতেই সৰ্ববৃহৎ যোজনা৷ সমগ্ৰ বিশ্বত চৰকাৰী ধনেৰে ইমান ডাঙৰ যোজনা কোনো দেশতে নাই৷ এই যোজনাৰ লাভাৰ্থীৰ সংখ্যা, যেতিয়া আমি ইয়াত বহোঁ, কল্পনাই কৰিব নোৱাৰোঁ৷ সমগ্ৰ ইউৰোপীয়ান ইউনিয়ন, ২৭–২৮খন দেশ, সমগ্ৰ ইউৰোপীয়া ইউনিয়ন, তাৰ যিমান জনসংখ্যা, সিমান লোকে ভাৰতত আয়ুষ্মান ভাৰতৰ সুবিধা লাভ কৰিব৷ সমগ্ৰ আমেৰিকাৰ জনসংখ্যা, সমগ্ৰা কানাডাৰ জনসংখ্যা, সমগ্ৰ মেক্সিকোৰ জনসংখ্যা, এই তিনিওখন দেশৰ জনসংখ্যা মিলাই যিমান সংখ্যা হয়, তাতোকৈ অধিক সংখ্যাৰ লোকে আয়ুষ্মান ভাৰত যোজনাৰ দ্বাৰা লাভান্বিত হ’ব৷ আৰু সেইবাবে এতিয়া আমাৰ স্বাস্থ্য মন্ত্ৰী নড্ডা মহোদয়ে কৈছিল যে স্বাস্থ্য জগতৰ যি মান্যতা প্ৰাপ্ত মেগাজিন আছে, তেওঁলোকেও বঢ়াই–মিলি কৈছে যে ভাৰতে এক গেম চেঞ্জাৰ, এক বৃহৎ মহত্বকাংক্ষী যোজনাক আগবঢ়াই লৈ যোৱাৰ সিদ্ধান্ত লৈছে৷ আৰু মোৰ বিশ্বাস, মোৰ সম্পূৰ্ণ বিশ্বাস যে অনাগত দিনত বিশ্বত চিকিৎসা ক্ষেত্ৰত কাম কৰা লোকে স্বাস্থ্য সম্বন্ধত ভিন্ন ভিন্ন যোজনাৰ সম্বন্ধত চিন্তা কৰা লোক, স্বাস্থ্য আৰু অৰ্থশাস্ত্ৰৰ আলোচনা কৰা লোক, স্বাস্থ্য আৰু আধুনিক সংসাধনৰ চিন্তা কৰা লোক, স্বাস্থ্য আৰু সামান্য মানৱৰ জীৱন পৰিৱৰ্তনৰ দ্বাৰা জীৱন হোৱা প্ৰভাৱৰ বিষয়ে আলোচনা কৰা লোক, লাগিলে তেওঁ সমাজ বিজ্ঞানীয়েই হওক, লাগিলে তেওঁ চিকিৎসা বিজ্ঞানৰ মানুহেই হওক, লাগিলে তেওঁ অৰ্থশাস্ত্ৰৰ লোকেই হওক; বিশ্বৰ সকলোৱে ভাৰতৰ এই আয়ুষ্মান ভাৰত যোজনাৰ বিষয়ে অধ্যয়ন কৰিব লাগিব, চিন্তা কৰিব লাগিব আৰু ইয়াৰ ভিত্তিত বিশ্বৰ বাবে কেনেকুৱা মডেল প্ৰস্তুত কৰিব পাৰি তাৰ বাবে কেতিয়াবা নহয় কেতিয়াবা চিন্তা কৰি যোজনা প্ৰস্তুত কৰিব লাগিব৷ এই যোজনাৰ মূৰ্তৰূপ দিয়াত যিটো দলে কাম কৰিছে, মোৰ বন্ধুসকলে যি কাম কৰিছে, এই কাম সৰু নহয়৷ ছমাহৰ ভিতৰত বিশ্বৰ সৰ্ববৃহৎ যোজনা, যাৰ কল্পনাৰ পৰা আৰম্ভ কৰি বাস্তৱায়িত কৰি দেখুৱালৈ এই যাত্ৰা শেষ কৰিছে মাত্ৰ ছমাহত৷ কেতিয়াবা ভাল শাসনৰ যিসকল লোকে চৰ্চা কৰে, এটা দল হৈ, এটা দৃষ্টিকোণেৰে, এটা ৰোড মেপ লৈ, সময়মতে সেয়া সমাপ্ত কৰি আৰু ৫০ কোটি লোকক জড়িত কৰি, ১৩ হাজাৰ চিকিৎসালয়ক জড়িত কৰি, ছমাহৰ ভিতৰত ইমান ডাঙৰ যোজনা আজি বাস্তৱায়িত কৰা, এয়া নিজৰ মাজতেই এক ডঙৰ আচৰিত কথা৷ আৰু সেইবাবে মই মোৰ সমগ্ৰ দলটোক আজি সাৰ্বজনিক ৰূপত এশ পঁচিশ কোটি দেশবাসীৰ সন্মুখত হিয়া ভৰাই অভিনন্দন জনাইছোঁ, হৃদয়েৰে অভিনন্দন জনাইছোঁ৷ আৰু মোৰ বিশ্বাস যে এই দলে আৰু অধিক শক্তিশালী ৰূপত, অধিক সমৰ্পিত ৰূপত কাম কৰিব কাৰণ এতিয়ালৈ প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক তাগিদা দি আছিল, কিন্তু এতিয়া ৫০ কোটি দুখীয়াৰ আশীৰ্বাদ তেওঁলোকৰ সৈতে আছে৷ আৰু যেতিয়া ৫০ কোটি দুখীয়াৰ আশীৰ্বাদ এই দলৰ সৈতে থাকে, গাঁৱৰ আশা কৰ্মীসকলেও যেতিয়া হৃদয়েৰে এই কাম সম্পূৰ্ণ কৰাৰ বাবে জড়িত হৈ পৰিব, ইয়াক যশস্বী কৰি তুলিব, এয়া মোৰ সম্পূৰ্ণ বিশ্বাস৷ বন্ধুসকল, দুখীয়াসকলৰ স্বাস্থ্যৰ এয়া যি সুৰক্ষা কৱচ প্ৰাপ্ত হৈ আছে, তাক সমৰ্পিত কৰি মই প্ৰভুক প্ৰাৰ্থনা কৰিছোঁ, যোজনাতো ভালেই, সকলোৰে বাবে, কিন্তু কোনো চিকিৎসালয় উদঘাটন কৰিবলৈ যাওঁতে এনেকৈ ক’ব পাৰেনে যে আপোনাৰ চিকিৎসালয় সদায়েই ভৰ্তি হৈ থাকক? কোনেও ক’ব নোৱাৰে৷ মইতো যেতিয়াই চিকিৎসালয় উদঘাটন কৰিবলৈ যাওঁ তেতিয়া কওঁ যে আপোনাৰ চিকিৎসালয় সদায়েই খালী হৈ থাকক৷ আজি আয়ুষ্মান ভাৰত যোজনা আৰম্ভ কৰাৰ সময়তো মই ভগৱানৰ ওচৰত এয়াই প্ৰাৰ্থনা কৰিম যে মোৰ দেশৰ কোনো দুখীয়াৰ পৰিয়াললৈ যাতে এনে বিপত্তি নাহে যাতে তেওঁলোকে এই যোজনাৰ বাবে চিকিৎসালয়ৰ ওচৰলৈ যোৱাৰ বাবে বাধ্য হৈ পৰে৷ কাৰো জীৱনলৈ এনেকুৱা বেয়া অৱস্থা আহিব নালাগে৷ আৰু ইয়াৰ বাবেও উত্তম স্বাস্থ্যৰ বাবে আমি পৰমাত্মাৰ ওচৰত প্ৰাৰ্থনা কৰোঁ৷ আৰু যদি বিপত্তি আহেও তেতিয়া আয়ুষ্মান ভাৰত আপোনাৰ চৰণত হাজিৰ আছে৷ যদি দুৰ্ভাগ্য ক্ৰমে আপোনাৰ জীৱনলৈ বেমাৰৰ দুচক্ৰ আহে তেতিয়া ধনী মানুহে যিদৰে স্বাস্থ্যৰ সেৱা লাভ কৰে সেইদৰে মোৰ দেশৰ দুখীয়াৰ বাবেও সেই সেৱা উপলব্ধ হ’ব লাগে৷ মোৰ দেশৰ দুখীয়াৰ বাবেও সেই সেৱা উপলব্ধ হ’ব লাগে যিবোৰ ধনী মানুহৰ বাবে উপলব্ধ হয়৷ ভাতৃ–ভগ্নীসকল, এই যোজনা আজিৰ পৰা প্ৰণয়ন হৈছে কিন্তু ইমান ডাঙৰ যোজনাৰ এটা পৰীক্ষণ কৰাৰো আৱশ্যক আছিল৷ প্ৰযুক্তিয়ে কাম কৰিব নে নকৰিব, যি আৰোগ্য মিত্ৰ বনোৱা হৈছে সেয়াই ঠিকমতে কাম কৰিব পাৰিব নে নোৱাৰিব, চিকিৎসালয়ে প্ৰথমে যি কাম কৰিছিল, সেই পৰিৱৰ্তন কৰি ঠিক কৰা হ’ব নে নহয়৷ আৰু সেইবাবে বিগত কিছুদিনৰ পৰা দেশৰ ভিন্ন ভিন্ন জিলাত ইয়াৰ পৰীক্ষণ চলি আছিল৷ আৰু মোৰ বিশ্বাস যে দেশক সঁচা অৰ্থত স্বাস্থ্যৰ অধিকাৰ প্ৰদান কৰাৰ এই অভিযান নিজৰ সকলো উদ্দেশ্যত সফল হ’ব৷ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰখনক আৰু অধিক শক্তিশালী কৰিব৷ বন্ধুসকল, আয়ুষ্মান ভাৰতৰ যোজনাৰ সৈতে এক বিশেষ উপলক্ষও জড়িত হৈ আছে৷ যেতিয়া ১৪ এপ্ৰিলত ছট্টিশগড়ৰ বাস্তাৰৰ জংগলৰ পৰা মই ইয়াৰ প্ৰথম চৰণ আৰম্ভ কৰিছিলো, কল্যাণ কেন্দ্ৰ কাম আৰম্ভ কৰিছিলো, তেতিয়া বাবা চাহেব আম্বেদকাৰৰ জয়ন্তী আছিল৷ আজি যেতিয়া ইয়াৰ দ্বিতীয়টো চৰম আৰম্ভ কৰিছোঁ, পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম জয়ন্তী ২৫ ছেপ্টেম্বৰৰ কথা মনত ৰাখি দুদিন পূৰ্বে আজি এই কাৰ্যসূচী আৰম্ভ কৰা হৈছে৷ আজি দেওবাৰ আছিল, মোৰো সুবিধা হ’ল আৰু সেইবাবে দুদিন পূৰ্বে ইয়াক আৰম্ভ কৰিলো৷ কিন্তু আজি আৰু এটা গুৰুত্বপূৰ্ণ দিন৷ আজি যি ধৰিত্ৰী, যি নাম লৈ শক্তিৱন্ত হয়, চেতনাৱদ্ধ হয়, যাৰ প্ৰতিটো শব্দই জাগ্ৰত কৰি তুলিব পাৰে, এনেকুৱা ৰাষ্ট্ৰকবি দিনকৰৰ জয়ন্তী হয়৷ আৰু সেইবাবে সেই মহাপুৰুষৰ আশীৰ্বাদৰ সৈতে সমাজৰ সকলো প্ৰকাৰৰ ভেদ–ভাৱ নাশ কৰাৰ বাবে আৰু যিসকলে সমগ্ৰ জীৱন দুখীয়াৰ বাবে চিন্তা কৰিলে, দুখীয়াৰ বাবে জীৱন অতিবাহিত কৰিলে, দুখীয়াৰ গৰিমাৰ বাবে নিজকে সমৰ্পিত কৰিলে, এনেকুৱা মহাপুৰুষক সমৰ্পিত কৰি আজি দেশক এই যোজনা আমি প্ৰদান কৰিছোঁ৷ দেশত উন্নত চিকিৎসা মাত্ৰ কিছুমান লোকৰ মাজতেই সীমিত নাথাকক৷ সকলোৱে উত্তম চিকিৎসা পাওক৷ এই ভাৱনাৰ সৈতে আজি এই যোজনা দেশক সমৰ্পণ কৰা হৈছে৷ ভাতৃ আৰু ভগ্নীসকল, আমাৰ দেশৰ স্বাস্থ্য খণ্ডৰ যেতিয়াই কথা কোৱা হয়, তেতিয়া কোৱা হয় যে ভাৰতত যদি কোনো চিকিৎসাৰ বাবে ১০০ টকা খৰচ হয় তেন্তে তাৰে ৬০ টকাৰ ভাৰ সেই পৰিয়াল আৰু সেই ব্যক্তিজনৰ ওপৰত পৰে৷ তেওঁ যি সঞ্চয় কৰিছিল, সেই সকলোবোৰ বেমাৰত খৰচ হৈ যায়৷ উপাৰ্জনৰ অধিকাংশ এনেদৰেই খৰত হোৱাৰ ফলত প্ৰতিবছৰে লক্ষাধিক লোকে দৰিদ্ৰতাৰ পৰা মুক্ত হোৱাৰ দুৱাৰদলিতে পুনৰ বেমাৰৰ বাবে দৰিদ্ৰ অৱস্থালৈ গুচি যায়৷ এই অৱস্থা পৰিৱৰ্তনৰ বাবেই আমি এই পদক্ষেপ গ্ৰহণ কৰিছোঁ৷ ভাতৃ–ভগ্নীসকল, গৰীবি হটাওৰ ধ্বনি আমি দেশে স্বাধীনতা প্ৰাপ্ত হোৱাৰে পৰা শুনি আহিছোঁ৷ দুখীয়াৰ চকুত ধূলি মৰা, দুখীয়াৰ নামৰ মালা জপা লোকে যদি আজিৰ পৰা ৩০–৪০–৫০ বৰ্ষ পূৰ্বে দুখীয়াৰ নামৰ ৰাজনীতি কৰাৰ পৰিৱৰ্তে দুখীয়াৰ সৱলীকৰণৰ বাবে জোৰ দিলেহৈ, আজি যি ভাৰত দেখা গৈছে তেনে নহ’লহেঁতেন৷ তেওঁলোকে দুখীয়াৰ বিষয়ে ভবাত ভুল কৰিলে৷ সেই ভুলৰ পৰিণাম আজি দেশে ভুগিবলগীয়া হৈছে৷ তেওঁলোকে এয়া চিন্তা নকৰিলে যে দুখীয়াই কিবা নহয় কিবা বিচাৰে৷ দুখীয়াক কিবা বিনামূলীয়াকৈ দি দিয়া, তেওঁলোকে বিচাৰে, এয়াই তেওঁলোকৰ আটাইতকৈ ডাঙৰ ভুল আছিল৷ দুখীয়া যিমান স্বাভিমানী হয় সেই স্বাভিমান জোখাৰ বোধহয় কোনো দগাপাল্লা নাই৷ মই দুখীয়াৰ জীৱন অতিবাহিত কৰিছোঁ, মই দৰিদ্ৰতাৰ মাজেৰে পাৰ হৈছোঁ৷ মই দুখীয়াৰ ভিতৰৰ স্বাভিমান অনুভৱ কৰিছোঁ৷ সেই স্বাভিমানেই দুখীয়াক যুঁজিবলৈ শক্তি প্ৰদান কৰে৷ দুখীয়া অৱস্থাতো জীয়াই থকাৰ শক্তি প্ৰদান কৰে৷ কিন্তু তেওঁলোকে না দুখীয়াৰ স্বাভিমান বুজাৰ কাৰণে চেষ্টা কৰিলে, না দুখীয়াৰ সপোন বাস্তৱায়িত কৰাৰ বাবে তেওঁলোকৰ উদ্দেশ্য বুজা চেষ্টা কৰিলে৷ আৰু সেইবাবে প্ৰতিটো নিৰ্বাচনত উচিষ্ট দলিওৱা, নিজৰ ৰাজনৈতিক উল্লু চিধা কৰা, এয়াই খেল চলি আছে৷ আমি ৰোগৰ কাৰণ গম পাইছোঁ৷ দেশক দৰিদ্ৰতাৰ পৰা মুক্তি দিয়াৰ কাম দ্ৰুত গতিত আগবাঢ়িছে৷ কিছুদিন পূৰ্বে এক আন্তঃৰাষ্ট্ৰীয় সংস্থাই কৈছে– দুই তিনি বছৰৰ ভিতৰত দেশত পাঁচ কোটি পৰিয়াল অতি দৰিদ্ৰ অৱস্থাৰ পৰা মুক্তি পাব৷ ভাতৃ–ভগ্নীসকল, এয়া এইবাবেই সম্ভৱ হৈছে কাৰণ আমি দুখীয়াৰ সৱলীকৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছোঁ৷ আৰু সেইবাবে দুখীয়াই যদি ঘৰ পাইছে তেন্তে তেওঁলোকৰ জীৱনৰ প্ৰতি বিচাৰধাৰা পৰিৱৰ্তন হৈছে৷ যদি দুখীয়া মাতৃয়ে গেছৰ সংযোগ লাভ কৰিছে তেন্তে সেই মাতৃয়ে জীৱনত আত্মবিশ্বাসৰ সৈতে অন্যৰ সৈতে সমানে থিয় দিব পাৰিছে৷ যেতিয়া দুখীয়াৰ বেংক একাউণ্ট খোলা হয় তেতিয়া তেওঁও আত্মসন্মান অনুভৱ কৰে৷ টকা বচোৱাৰ লক্ষ্য নিৰূপণ কৰি লয়৷ যেতিয়া দুখীয়াৰ টীকাকৰণ হয়, পোষণ অভিযানৰ সুবিধা লাভ কৰে তেতিয়া দুখীয়াও সৱলীকৰণৰ দিশে আগবাঢ়ে৷ আপোনালোকে দেখিছে, অলপ আগেয়ে এছিয়ান গেমছ অনুষ্ঠিত হ’ল, এছিয়ান গেমছত বঁটা লাভ কৰোতাসকল কোন আছিল? সোণৰ পদক বিজেতাসকল কোন আছিল? ভাৰতক নতুন সন্মানজনক স্থিতি প্ৰদান কৰা সকল কোন আছিল?অধিকাংশ ল’ৰা–ছোৱালী, ল’ৰাই হওক অথবা ছোৱালী গাঁৱত জন্ম হোৱা, দুখীয়াৰ ঘৰত জন্ম হোৱা, কুপোষণৰ জীৱন অতিবাহিত কৰি ডাঙৰ–দীঘল হোৱা, কিন্তু সুবিধা পোৱাত ভাৰতৰ নাম উজ্বলাই থৈ আহিলে৷ দুখীয়াৰ ওচৰতো সেয়া শক্তি আছে, সেয়া চিনি পোৱাটো জৰুৰী৷ আৰু সেইবাবে আমাৰ সকলো যোজনা দুখীয়াৰ সৱলীকৰণৰ উদ্দেশ্যে কৰা হৈছে৷ দেশত আৰু এটা বৃহৎ পৰিৱৰ্তন হৈছে৷ দেশৰ সকলো নীতি কেৱল ভোট বেংকৰ আধাৰত নিৰ্মাণ কৰা হৈছে৷ কোনটো জাতি লাভান্বিত হ’ব, যিটো জাতিৰ পৰা নিৰ্বাচন জয় হোৱাৰ সম্ভাৱনা থাকিব৷ কোনটো সম্প্ৰদায়ৰ লোক লাভান্বিত হ’ব, যিটো সম্প্ৰদায়ৰ লোকৰ পৰা ভোট বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকিব৷ কোনটো এলেকা লাভান্বিত হ’ব, যিটো এলেকাৰ পৰা নিৰ্বাচনত জয় হোৱাৰ সম্ভাৱনা হ’ব৷ সেয়া লাগিকে ক্ষেত্ৰীয় বিকাশৰ মানদণ্ডই হওক, লাগিলে সামাজিক পৰিৱৰ্তনৰ মানদণ্ডই হওক, লাগিলে সাম্প্ৰদায়িক সমস্যাৰ পৰা মুক্তি পোৱাৰ পথেই হওক, পূৰ্বৰ চৰকাৰে কেৱল ভোট বেংকৰ ৰাজনীতিৰ অধীনত সমাজৰ শক্তি বৃদ্ধি কৰাৰ পৰিৱৰ্তে ৰাজনৈতিক দলৰ শক্তি বৃদ্ধিৰ বাবে চৰকাৰী ধনৰ ব্যৱহাৰ কৰিছিল৷ আৰু চৰকাৰী ধন নিৰন্তৰে লুটা হৈছিল৷ আমি সেই পথ পৰিহাৰ কৰিলো৷ আমি বিচাৰো যে দেশ পুনৰ তেনে পথলৈ ঘূৰি নাযাওক৷ আমাৰ মন্ত্ৰ হ’ল ‘সবকা সাথ–সবকা বিকাশ’৷ সম্প্ৰদায়ৰ আধাৰত আয়ুষ্মান ভাৰত যোজনা নহ’ব৷ জাতিৰ আধাৰত আয়ুষ্মান ভাৰত নহ’ব৷ উচ্চ–নীচৰ ভেদভাৱৰ আধাৰত আয়ুষ্মান ভাৰত নহ’ব৷ ‘সবকা সাথ–সবকা বিকাশ’ যি জাতিৰেই হওক, যি সম্প্ৰদায়ৰেই হওক, যি স্থানৰেই হওক, ঈশ্বৰক মানক বা নামানক, মন্দিৰত যোৱা, মছজিদত যোৱা, গুৰুদ্বাৰত যোৱা, গীৰ্জাত যোৱাই হওক, কোনো ভেদ–ভাৱ নাই৷ সকলোৱে আয়ুষ্মান ভাৰতৰ দ্বাৰা লাভান্বিত হ’ব৷ এয়াই হ’ল ‘সবকা সাথ–সবকা বিকাশ’৷ বন্ধুসকল, এই যোজনা কিমান ব্যাপক–ইয়াৰ অনুমান এই কথাৰ পৰা কৰিব পাৰি যে কৰ্কট, হৃদৰোগ, কিডনী আৰু লিভাৰৰ ৰোগ, ডায়েবেটিছ সহিতে ১৩০০ত কৈ অধিক ৰোগৰ, সেই ৰোগসমূহৰ চিকিৎসাক এই যোজনাৰ সৈতে সংবদ্ধ কৰা হৈছে৷ এক হাজাৰ তিনিশ–এই গম্ভীৰ ৰোগসমূহৰ চিকিৎসা কেৱল চৰকাৰী চিকিৎসালয়তেই নহয়, ব্যক্তিগত চিকিৎসালয়তো উপলব্ধ হ’ব৷ পাঁচ লাখ টকাৰ যি খৰচ তাত চিকিৎসালয়ত ভৰ্তি হোৱাৰ উপৰিও পৰীক্ষা, দৰৱ, চিকিৎসা, ভৰ্তিৰ পূৰ্বে খৰচ আৰু চিকিৎসা সম্পূৰ্ণ হোৱা পৰ্যন্ত খৰচ এইসকলো অন্তৰ্ভুক্ত কৰা হৈছে৷ যদি কোনোবা পূৰ্বৰে পৰা বেমাৰত আক্ৰান্ত হৈ আছে তেন্তে সেই বেমাৰৰ খৰচো এই যোজনাৰ দ্বাৰা প্ৰাপ্ত হ’ব৷ এয়াই নহয়, দেশৰ সকলো হিতাধিকাৰীয়ে উপযুক্ত ধৰণে ইয়াৰ লাভ যাতে পায়, তাৰো প্ৰভাৱী ব্যৱস্থা কৰা হৈছে৷ আপুনি চিকিৎসাৰ বাবে ঘূৰি ফুৰিব নালাগে, এই কথাত গুৰুত্ব প্ৰদান কৰি ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ সকলো প্ৰযুক্তিৰ জৰিয়তে সুনিশ্চিত কৰাৰ প্ৰয়াস কৰা হৈছে৷ কোনো প্ৰয়োজনপ্ৰাৰ্থী যাতে ৰৈ নাযায় তাৰ বাবে সৰ্বেক্ষণ নিৰন্তৰে চলি আছে৷ আপোনালোকে এই যোজনাৰ অধীনত কোনো ধৰণৰ পঞ্জীয়ন কৰাৰ আৱশ্যক নাই৷ আপোনালোকে যি ই–কাৰ্ড লাভ কৰিছে সেয়াই যথেষ্ট৷ ই–কাৰ্ডত আপোনাৰ সকলো তথ্য উপলব্ধ হ’ব৷ ইয়াৰ বাবে আপুনি কাগজ–পত্ৰৰ মেৰপেচত পৰাৰ প্ৰয়োজন নাই৷ ইয়াৰোপৰি এটা টেলিফোন নম্বৰ, মই ভাবো ইয়াক আপোনালোকে মনত ৰাখিব লাগিব৷ মই সকলো দুখীয়া পৰিয়ালক বিশেষকৈ কৈছোঁ, এই নম্বৰটোক ভালদৰে মনত ৰাখক– ১৪৫৫৫, ওৱান ফ’ৰ ত্ৰিপল ফাইভ, এই নম্বৰত ফোন কৰি আপোনালোকে গম পাব যে এই যোজনাত আপোনাৰ নাম আছে নে নাই৷ আপোনাৰ পৰিয়ালৰ নাম আছে নে নাই৷ আপোনাৰ কি সমস্যা আছে, কি লাভ পাব, এই সকলো তথ্য অথবা আপোনাৰ নিকটৱৰ্তী সাধাৰণ সেৱা কেন্দ্ৰত, আজি দেশ তিনি লাখ সাধাৰণ সেৱা কেন্দ্ৰ আছে, সেই তিনি লাখ কেন্দ্ৰৰ বাবে কোনেও দুই তিনি কিলোমিটাৰৰ দূৰলৈ যাব নালাগে৷ তালৈ গৈ নিজৰ তথ্যসমূহ লাভ কৰিব পাৰে৷ বন্ধুসকল, এই ব্যৱস্থাসমূহৰ সৈতে দুটা আৰু ডাঙৰ সহায়ক লগতে থাকিব৷ এটা হ’ল আপোনাৰ গাঁৱৰ আশা আৰু এএনএম ভগ্নীসকল আৰু দ্বিতীয়টো প্ৰত্যেক চিকিৎসালয়ত আপোনাক সহায় কৰাৰ বাবে প্ৰধানমন্ত্ৰী আৰোগ্য মিত্ৰ৷ এই প্ৰধানমন্ত্ৰী আৰোগ্য মিত্ৰ চিকিৎসালয়ত ভৰ্তি হোৱাৰ পূৰ্বৰ পৰা আৰম্ভ কৰি চিকিৎসা সম্পূৰ্ণ হোৱাৰ পিছতো আপোনাক যোজনাৰ সুবিধা লাভ কৰোৱাত সহযোগিতা প্ৰদান কৰিব৷ দেশক আয়ুষ্মান বনোৱাৰ ক্ষেত্ৰত আমাৰ এই সমৰ্পিত সহযোগী সকলো উপযুক্ত তথ্য আপোনাক প্ৰদান কৰিব৷ বন্ধুসকল, আয়ুষ্মান ভাৰতৰ এই অভিযান সঁচা অৰ্থত এক ভাৰত, সকলোকে একে ধৰণৰ উপচাৰৰ চিন্তাধাৰাক শক্তিশালী কৰে৷ যি ৰাজ্য এই যোজনাৰ সৈতে জড়িত, তাত থকা ব্যক্তিসকল যদি সেই ৰাজ্যৰ পৰা বাহিৰলৈ গৈ আছে আৰু তাত হঠাতে হোৱা প্ৰয়োজন অনুসাৰে আনখন ৰাজ্যতো এই সুবিধা গ্ৰহণ কৰিব পাৰে৷ এই পৰ্যন্ত এই যোজনাত দেশৰ ১৩ হাজাৰতকৈও অধিক চিকিৎসালয় পঞ্জীকৃত হৈছে৷ অনাগত সময়ত আৰু বহুতো চিকিৎসালয় এই অভিযানৰ সহযোগী হ’ব৷ কেৱল এয়াই নহয়, যি চিকিৎলায়ে উত্তম সেৱা প্ৰদান কৰিব, বিশেষকৈ গাঁৱৰ চিকিৎসালয়, তেওঁলোকক চৰকাৰে সাহাৰ্য প্ৰদান কৰিব৷ ভাতৃ–ভগ্নীসকল, আয়ুষ্মান ভাৰত যোজনাৰ লক্ষ্য আৰ্থিক সুবিধা প্ৰদান কৰাটো হয়েই লগতে এনেকুৱা ব্যৱস্থা কৰা হৈছে যাৰ দ্বাৰা আপুনি ঘৰৰ ওচৰতেই যাতে চিকিৎসাৰ উত্তম সুবিধা লাভ কৰিব পাৰে৷ বন্ধুসকল, আজি ইয়াত ১০ টা কল্যাণ কেন্দ্ৰৰো শুভাৰম্ভ কৰা হৈছে৷ এতিয়া ঝাৰখণ্ডত এনেকুৱা প্ৰায় ৪০টা কেন্দ্ৰই কাম কৰি আছে আৰু দেশত এনেকুৱা কেন্দ্ৰৰ সংখ্যা দুই–আঢ়ৈ হাজাৰ পৰ্যন্ত হৈছে৷ অনাগত চাৰিটা বৰ্ষত দেশত এনেকুৱা কল্যাণ কেন্দ্ৰ ডেৰ লাখটা খোলাৰ পৰিকল্পনা কৰা হৈছে৷ ভাতৃ আৰু ভগ্মীসকল, এই স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ আয়ুষ্মান ভাৰতৰ এক বৃহৎ অংশ৷ এই কেন্দ্ৰসমূহত সৰু ৰোগৰ চিকিৎসা, সেই ৰোগৰ দৰৱটো উপলব্ধ হ’বই লগতে ইয়াত নিঃশুল্ক অনেক পৰীক্ষাও কৰাৰ ব্যৱস্থা কৰা হৈছে৷ ইয়াৰ দ্বাৰা গম্ভীৰ ৰোগৰ লক্ষণসমূহৰ চিনাক্তকৰণ কৰাত সহায়ক হ’ব৷ বন্ধুসকল, চৰকাৰে দেশৰ স্বাস্থ্য খণ্ডৰ উন্নতিৰ বাবে খণ্ড খণ্ডকৈ নহয়, এটা সামূহিক ৰূপত এই কাৰ্য কৰি আছে৷ প্ৰতিটো সিদ্ধান্ত, প্ৰতিটো নীতি পৰস্পৰে পৰস্পৰৰ সৈতে জড়িত৷ এফালে চৰকাৰে ব্যয়সাধ্য স্বাস্থ্য সেৱাৰ ওপৰত গুৰুত্ব দি আছে, আনফালে প্ৰতিৰোধমূলক স্বাস্থ্য সেৱাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰি আছে৷ যোগ হওক, স্বচ্ছ ভাৰত অভিযান হওক, open defecation free গাঁও অভিযান হওক, এইসমূহৰ দ্বাৰা সেই কাৰকসমূহ দূৰ কৰাৰ প্ৰয়াস কৰা হৈছে যাৰ দ্বাৰা গম্ভীৰ ৰোগসমূহ হয়৷ আপোনালোকে অলপতে পঢ়িছে বোধহয় যে স্বচ্ছ ভাৰত অভিযানৰ ফলত তিনি লাখ শিশুৰ জীৱন ৰক্ষা কৰা সম্ভাৱনা উদ্ভৱ হৈছে৷ নৱজাত শিশুৰ জীৱন ৰক্ষাৰ সৈতে জড়িত বিষয়েই হওক অথবা প্ৰসূতি মাতৃৰেই হওক, দেশে আজি দ্ৰুত গতিৰে সুস্থ ভাৰত নিৰ্মাণৰ দিশত পদক্ষেপ গ্ৰহণ কৰিছে৷ চৰকাৰে ৰাষ্ট্ৰীয় পোষণ অভিযান আৰম্ভ কৰিছে যাতে আৰম্ভণিৰ দিনৰ পৰা শৰীৰক কুপোষণৰ পৰা মুক্ত কৰা হয়৷ ঠিক সেইদৰে চিকিৎসা ক্ষেত্ৰতো মানৱ সম্পদ বৃদ্ধিৰ বাবে নিৰন্তৰ কাম চলি আছে৷ অনুমান কৰা হৈছে যে আয়ুষ্মান ভাৰতৰ দ্বাৰা অনাগত তিনিটা বৰ্ষত দেশত প্ৰায় আঢ়ৈ হাজাৰ নতুন ভাল গুণগতমানৰ চিকিৎসালয় নিৰ্মাণ হ’ব৷ ইয়াৰ মাজত অধিকাংশই টায়াৰ–২, টায়াৰ–৩, সৰু সৰু অংশত নিৰ্মাণ হ’ব৷ আৰু তাৰ ফলত মধ্যবিত্ত পৰিয়ালসমূহৰ বাবে এক নতুন ব্যৱসায়ৰ ক্ষেত্ৰ মুকলি হ’ব৷ নিয়োজনৰ নতুন সুবিধা মুকলি হ’ব৷ এয়াই নহয়, এই সমগ্ৰ প্ৰক্ৰিয়াৰ দ্বাৰা চিকিৎসা সেৱাৰ সৈতে বীমা, প্ৰযুক্তিগত কৌশল, কল চেণ্টাৰ, ব্যৱস্থাপনা, দৰৱ উৎপাদন, উপকৰণ নিৰ্মাণৰ দৰে অনেক ক্ষেত্ৰত লক্ষাধিক নিয়োজনৰ সুবিধা উৎপন্ন হ’ব৷ পেৰামেডিকেল কৰ্মীৰ পৰা আৰম্ভ কৰি প্ৰশিক্ষিত চিকিৎসকৰ বৃহৎ চাহিদা উদ্ভৱ হ’ব৷ ইয়াৰ সৈতে চিকিৎসা ক্ষেত্ৰৰ সৈতে জড়িত ষ্টাৰ্ট আপৰ বাবে নতুন অৱকাশৰো সৃষ্টি হ’ব৷ লক্ষাধিক সংখ্যাত চিকিৎসক, নাৰ্চ, চিকিৎসালয় ব্যৱস্থাপনাৰ সৈতে জড়িত লোক, এওঁলোকক জড়িত কৰোৱাৰ সুবিধা সৃষ্টি হ’ব৷ অৰ্থাৎ দেশৰ নিম্ন মধ্যবিত্ত, মধ্যবিত্ত সকলৰ বাবে এক বৃহৎ সুযোগৰ সৃষ্টি হ’ব৷ দেশৰ গাঁও, টায়াৰ–১, টায়াৰ–২ চহৰত স্বাস্থ্য আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে, তাক আধুনিক কৰাৰ বাবে চৰকাৰে নিৰন্তৰ কাম কৰি আছে৷ বিগত চাৰিটা বৰ্ষত দেশত ১৪খন নতুন এইমচৰ অনুমোদন জনোৱা হৈছে৷ প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনাৰ অধীনত প্ৰতিখন ৰাজ্যত অতিকমেও এখন এইমচ নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ ইয়াৰ লগতে দেশত ৮২খন নতুন চৰকাৰী চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা হৈছে৷ চৰকাৰে দেশৰ তিনি সংসদীয়া অথবা চাৰি সংসদীয় আসনৰ মাজত অতিকমেও এখন চিকিৎসা মহাবিদ্যালয় স্থাপনত গুৰুত্ব প্ৰদান কৰিছে৷ এই প্ৰয়াসৰ অধীনত আজি ইয়াত ৬০০ কোটিতকৈও অধিক ব্যয়েৰে নিৰ্মাণ কৰা দুখন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হৈছে৷ কোডৰমা আৰু চায়বাসাত নিৰ্মাণ হ’বলগীয়া এই চিকিৎসা মহাবিদ্যালয়ত প্ৰায় ৪০০খন বিচনাৰ নতুন সুবিধা সংযোজিত হ’ব৷ ভাতৃ–ভগ্নীসকল, বিগত চাৰিটা বৰ্ষত দেশত চিকিৎসা বিজ্ঞানৰ প্ৰায় ২৫ হাজাৰ আণ্ডাৰ গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেটৰ আসন বৃদ্ধি কৰা হৈছে৷ চৰকাৰৰ লক্ষ্য এয়াই যে অনাগতা চাৰি–পাঁচ বছৰত দেশত এক লাখ নতুন চিকিৎসক প্ৰস্তুত কৰাৰ ক্ষমতা বিকশিত হওক৷ অৰ্থাৎ ভৱিষ্যতৰ আৱশ্যকতাসমূহ লক্ষ্য কৰি আন্তঃগাঁথনি আৰু মানৱ সংসাধন, এই দুয়োটা ক্ষেত্ৰতে গুৰুত্ব প্ৰদান কৰা হৈছে৷ বন্ধুসকল, দীনদয়াল উপাধ্যায় মহোদয়ে কৈছিল যে শিক্ষাৰ দৰেই স্বাস্থ্যত হোৱা ব্যয়ো একপ্ৰকাৰৰ বিনিয়োগেই৷ ভাল শিক্ষা আৰু কৌশলৰ অভাৱত সমাজ আৰু দেশৰ বিকাশ সম্ভৱ নহয়৷ সেইদৰে নাগৰিত অসুস্থ হ’লে সশক্ত ৰাষ্ট্ৰৰ নিৰ্মাণ নহয়৷ বন্ধুসকল, মই সম্পূৰ্ণৰূপে আশ্বস্ত যে এই যোজনাৰ সৈতে জড়িত প্ৰতিজন ব্যক্তিৰ প্ৰয়াসৰ দ্বাৰা আৰোগ্য মিত্ৰ আৰু আশা, এএনএম ভগ্নীসকলৰ সহযোগিতা, প্ৰতিজন চিকিৎসক, প্ৰতিগৰাকী নাৰ্চ, প্ৰত্যেক কৰ্মচাৰী, প্ৰতিজন সেৱা প্ৰদানকাৰীৰ সমৰ্পিত ভাৱনাৰ দ্বাৰা আমি এই যোজনাক সফল কৰি তুলিব পাৰিম, এক সুস্থ ৰাষ্ট্ৰৰ নিৰ্মাণ কৰিব পাৰিম৷ নতুন ভাৰত সুস্থ হওক, নতুন ভাৰত সশক্ত হওক, আপোনালোক সকলো ৰোগমুক্ত হওক, আয়ুষ্মান হওক৷ এই কামনাৰ সৈতে মই প্ৰধানমন্ত্ৰীয়ে জন–আৰোগ্য যোজনা আজি ৰাঁচীৰ ভূমিৰ পৰা, ভগৱান বিৰছা মুণ্ডাৰ ভূমিৰ পৰা এশ পঁচিছ কোটি দেশবাসীৰ চৰণত সমৰ্পিত কৰিছোঁ৷ আপোনালোক সকলোকে অশেষ ধন্যবাদ৷ ভাৰত মাতা কী – জয় ভাৰত মাতা কী – জয় ভাৰত মাতা কী – জয় মই কম আয়ুষ্মান, আপোনালোকে ক’ব ভাৰত৷ আয়ুষ্মান – ভাৰত আয়ুষ্মান – ভাৰত আয়ুষ্মান – ভাৰত আয়ুষ্মান – ভাৰত আয়ুষ্মান – ভাৰত বহুত বহুত ধন্যবাদ৷ | ঝাৰখণ্ডৰ ৰাঁচীত আয়ুষ্মান ভাৰত-পিএমজেএৱাই মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A7%8D%E0%A6%AF-%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A6%BE%E0%A6%AA%E0%A6%A8%E0%A6%BE-%E0%A6%A6%E0%A6%BF%E0%A7%B1%E0%A6%B8-%E0%A6%89%E0%A6%AA%E0%A6%B2/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A7%8D%E0%A6%AF-%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A6%BE%E0%A6%AA%E0%A6%A8%E0%A6%BE-%E0%A6%A6%E0%A6%BF%E0%A7%B1%E0%A6%B8-%E0%A6%89%E0%A6%AA%E0%A6%B2/ | ‘ৰাজ্য স্থাপনা দিৱস’ উপলক্ষে অৰুণাচল প্ৰদেশ বাসীলৈ শুভকামনা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়; “ৰাজ্য স্থাপনা দিৱস’ত অৰুণাচল প্ৰদেশ বাসীলৈ শুভকামনা জনাইছো। বিশাল প্ৰতিভা আৰু কঠোৰ পৰিশ্ৰমী হিচাপে ৰাজ্যখনৰ অধিবাসীসকলৰ প্ৰসিদ্ধি আছে। আগন্তুক দিনবোৰত ৰাজ্যখনে বিকাশৰ নতুন শিখৰ স্পৰ্শ কৰক”। | ‘ৰাজ্য স্থাপনা দিৱস’ উপলক্ষে অৰুণাচল প্ৰদেশ বাসীলৈ শুভকামনা জনাইছে প্ৰধানমন্ত্ৰীয় |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%B0-%E0%A6%AE/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%B0-%E0%A6%AE/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰাৰ বাবে ড০ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ক অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে টুইট কৰে; ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰাৰ বাবে ড০ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ক অভিনন্দন জনাইছো। এক ফলপ্ৰসূ কাৰ্যকালৰ বাবে মই তেওঁক শুভেচ্ছা জনাইছো। | প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰাৰ বাবে ড০ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ক অভিনন্দন জনায |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B9%E0%A6%BF%E0%A6%AE%E0%A6%BE%E0%A6%9A%E0%A6%B2-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%9A%E0%A6%BE%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%A4-%E0%A6%A6/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B9%E0%A6%BF%E0%A6%AE%E0%A6%BE%E0%A6%9A%E0%A6%B2-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%9A%E0%A6%BE%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%A4-%E0%A6%A6/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হিমাচল প্ৰদেশৰ চাম্বাত দুটা জলবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা (পিএমজিএছৱাই)ৰ তৃতীয় পৰ্যায়ৰ কামো শুভাৰম্ভ কৰে। এই উপলক্ষে সভাত উপস্থিত ৰাইজক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দুদিন পূৰ্বে তেওঁ মহাকাল নগৰ ভ্ৰমণ কৰিছিল আৰু আজি তেওঁ মণি মহেশ্বৰৰ আশ্ৰয়স্থলীলৈ আহিছে। প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ সৈতে চাম্বাৰ সবিশেষ অৱগত কৰা অঞ্চলটোৰ এজন শিক্ষকৰ পৰা লাভ কৰা পত্ৰৰ কথাও স্মৰণ কৰে। প্ৰধানমন্ত্ৰীয়ে মন কী বাতত এই চিঠিখন শ্বেয়াৰ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে চাম্বা আৰু অন্যান্য দুৰ্গম গাঁৱৰ বাবে পথ সংযোগ আৰু কৰ্মসংস্থাপন সৃষ্টিৰ ক্ষেত্ৰত একাধিক প্ৰকল্প আৰম্ভ কৰাৰ সুযোগ লাভ কৰাত আনন্দ প্ৰকাশ কৰে। হিমাচল প্ৰদেশত থকা দিনবোৰ স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ‘পাহাড় কা পানী ঔৰ পাহাড় কি জৱানী পাহাড় কে কাম নহী আতি’ অৰ্থাৎ পাহাৰৰ যৌৱন আৰু পানী পাহাৰৰ বাবে ব্যৱহাৰ নহয় বুলি কোৱা কথাষাৰ সলনি হৈ আছে। “এতিয়া পাহাৰৰ যুৱক-যুৱতীসকলে অঞ্চলটোৰ উন্নয়নত সক্ৰিয় ভূমিকা পালন কৰিব”, তেওঁ কয়। “১৩০ কোটি ভাৰতীয়ৰ বাবে অহা ২৫ বছৰ অতি গুৰুত্বপূৰ্ণ”, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ লগতে কয়, “ভাৰতৰ আজাদী কা অমৃত কাল এনে সময়ত আৰম্ভ হৈছে যিসময়ত আমি ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিব লাগিব। অনাগত কেইমাহমানত হিমাচল ৰাজ্য গঠনৰ ৭৫ বছৰো সম্পূৰ্ণ হ’ব৷ অৰ্থাৎ ভাৰতে যেতিয়া স্বাধীনতাৰ ১০০ বছৰ উদযাপন কৰিব তেতিয়া হিমাচলেও প্ৰতিষ্ঠাৰ ১০০ বছৰ উদযাপন কৰিব। সেইবাবেই আগন্তুক ২৫ বছৰৰ প্ৰতিটো দিন আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ”, প্ৰধানমন্ত্ৰীয়ে বিৱৰি কয়৷ প্ৰধানমন্ত্ৰীয়ে সেই দিনবোৰৰ কথা স্মৰণ কৰে, যেতিয়া হিমাচল প্ৰদেশৰ প্ৰভাৱ দিল্লীত কম আছিল আৰু ইয়াৰ দাবী আৰু অনুৰোধক আওকাণ কৰা হৈছিল যাৰ ফলত চাম্বাৰ দৰে গুৰুত্বপূৰ্ণ বিশ্বাসৰ স্থান আৰু প্ৰাকৃতিক সৌন্দৰ্য্য, উন্নয়নৰ গতিত পিছ পৰি ৰৈছিল। শ্ৰী মোদীয়ে জনোৱা মতে চাম্বাৰ শক্তিৰ বিষয়ে তেওঁ সজাগ হোৱাৰ বাবে ইয়াক আকাংক্ষিত জিলা হিচাপে বিশেষ গুৰুত্ব দিয়া হৈছে। এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ মনোভাৱেৰে কেৰেলাৰ পৰা শিশু হিমাচললৈ অহাক লৈও তেওঁ আনন্দ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে হিমাচলে আজি উপলব্ধি কৰিছে দ্বৈত ইঞ্জিন চৰকাৰৰ শক্তি যিয়ে ৰাজ্যত উন্নয়নৰ গতি দুগুণ বৃদ্ধি কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে পূৰ্বৰ চৰকাৰসমূহে কেৱল সেইবোৰ ক্ষেত্ৰতহে সেৱা আগবঢ়াব য’ত কামৰ বোজা আৰু মানসিক চাপৰ বোজা কম হৈ থাকিব আৰু ৰাজনৈতিক লাভালাভ বেছি হ’ব। ফলত দুৰ্গম আৰু জনজাতীয় অঞ্চলসমূহৰ উন্নয়নৰ হাৰ প্ৰায় কম হৈ ৰ’ল। “ৰাস্তাই হওক, বিদ্যুৎ হওক বা পানীয়েই হওক, এনে অঞ্চলৰ জনসাধাৰণে শেষত সুবিধা লাভ কৰিছিল”, শ্ৰী মোদীয়ে কয়, “দ্বৈত ইঞ্জিন চৰকাৰৰ কাম-কাজৰ শৈলী বাকীবোৰতকৈ বেলেগ। মানুহৰ জীৱন কেনেকৈ সহজ কৰি তুলিব পাৰি সেইটোৱেই আমাৰ অগ্ৰাধিকাৰ। সেইবাবেই আমি জনজাতীয় অঞ্চল আৰু পাহাৰীয়া অঞ্চলত সৰ্বাধিক গুৰুত্ব দিছো।” তেওঁ গেছ সংযোগ, পাইপেৰে পানী, স্বাস্থ্য সেৱা, আয়ুস্মান ভাৰত আৰু পথ যোগাযোগ আদিৰ দৰে ব্যৱস্থাৰ তালিকা উল্লেখ কৰে যিবোৰে দুৰ্গম আৰু পাহাৰীয়া অঞ্চলৰ জীৱন সলনি কৰি আছে। “যদি আমি গাঁৱত আৰোগ্য কেন্দ্ৰ বনাইছো, একে সময়তে আমি জিলাসমূহতো চিকিৎসা মহাবিদ্যালয় খুলিছো”, তেওঁ সজোৰে কয়। পৰ্যটন সুৰক্ষিত কৰাৰ স্বাৰ্থত কেনেদৰে হিমাচলক টিকাকৰণত অগ্ৰাধিকাৰ দিয়া হৈছিল সেই কথাও তেওঁ উল্লেখ কৰে। শ্ৰী মোদীয়ে মুখ্যমন্ত্ৰী আৰু তেওঁৰ দলটোক প্ৰশংসা কৰে যে তেওঁলোকে দেশৰ ভিতৰতে আটাইতকৈ দ্ৰুতগতিত ১০০ শতাংশ লোকক টিকাকৰণৰ লক্ষ্যত উপনীত হৈছে। গ্ৰাম্য পথ নিৰ্মাণৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে স্বাধীনতা লাভৰ পৰা ২০১৪ চনলৈকে ১৮০০ কোটি টকা ব্যয় কৰি ৭,০০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ গ্ৰাম্য পথ নিৰ্মাণ কৰাৰ বিপৰীতে বিগত ৮ বছৰত ৫০০০ কোটি টকা ব্যয়েৰে ১২,০০০ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে। আজি আৰম্ভ হোৱা আঁচনিসমূহে ৩০০০ কিলোমিটাৰ গ্ৰাম্য পথৰ নিৰ্মাম কৰিব বুলি তেওঁ জনায়। প্ৰধানমন্ত্ৰীয়ে কয় যে হিমাচল প্ৰদেশে অনুৰোধ লৈ দিল্লীলৈ অহা দিনবোৰ গ’ল৷ এতিয়া হিমাচলে নতুন নতুন প্ৰকল্পৰ তথ্য আৰু ইয়াৰ অগ্ৰগতিৰ সবিশেষ আৰু ইয়াৰ অধিকাৰৰ দাবী লৈ আহিছে। “আপোনালোকৰ (জনতাৰ) আদেশ মোৰ বাবে সৰ্বোচ্চ। আপোনালোকেই মোৰ হাই কামাণ্ড। মই এইটো মোৰ সৌভাগ্য বুলি গণ্য কৰোঁ, সেইবাবেই আপোনালোকৰ সেৱা কৰি বেলেগ আনন্দ হয় আৰু মোক শক্তি দিয়ে”, প্ৰধানমন্ত্ৰীয়ে কয়। বিগত ৮ বছৰত হোৱা উন্নয়নৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “গোটেই দেশৰ পাহাৰীয়া অঞ্চল, দুৰ্গম অঞ্চল, জনজাতীয় অঞ্চলসমূহত দ্ৰুত উন্নয়নৰ মহাযজ্ঞ চলি আছে।” শ্ৰী মোদীয়ে উল্লেখ কৰে যে ইয়াৰ সুফল কেৱল হিমাচলৰ চাম্বাতে সীমাবদ্ধ নহয় কিন্তু পাংগী-ভাৰমৌৰ, ছোটা-বাদা ভংগল, গিৰিমপাৰ, কিন্নৌৰ আৰু লাহাউল-স্পীতি আদি অঞ্চলেও লাভ কৰিছে। আকাংক্ষিত জিলাসমূহৰ উন্নয়ন ৰেংকিঙত দ্বিতীয় স্থান লাভ কৰাৰ বাবে চাম্বাক অভিনন্দন জনায়। জনজাতি জনগোষ্ঠীৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে জনায় যে চিৰমৌৰৰ গিৰিপাৰ অঞ্চলৰ হাতী জনগোষ্ঠীক জনজাতীয় মৰ্যাদা প্ৰদানৰ ক্ষেত্ৰত চৰকাৰে আন এক উল্লেখযোগ্য সিদ্ধান্ত গ্ৰহণ কৰিছে। “ইয়াৰ পৰা দেখা যায় যে আমাৰ চৰকাৰে জনজাতীয় জনসাধাৰণৰ উন্নয়নক কিমান অগ্ৰাধিকাৰ দিছে”, তেওঁ লগতে কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে হিমাচলৰ আৰু কেন্দ্ৰৰ পূৰ্বৰ চৰকাৰসমূহে নিৰ্বাচনৰ সময়তহে দুৰ্গম আৰু জনজাতীয় গাঁওসমূহৰ কথা ভাবিছিল, কিন্তু আজিৰ দ্বৈত ইঞ্জিন চৰকাৰে জনসাধাৰণক ২৪x৭ ঘণ্টাই সেৱা আগবঢ়াবলৈ চেষ্টা কৰিছে৷ ক’ৰোনা মহামাৰীৰ সময়ত দৰিদ্ৰ পৰিয়ালসমূহক সকাহ দিয়াৰ বাবে চৰকাৰে কৰা প্ৰচেষ্টাক স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে বিনামূলীয়া ৰেচন কাৰ্যসূচীৰ ওপৰত আলোকপাত কৰে। “বিগত ডেৰ বছৰ ধৰি দেশৰ ৮০ কোটিৰো অধিক লোকক চৰকাৰে খাদ্য শস্য যোগান ধৰিছে বুলি বিশ্বই ভাৰতলৈ বিস্ময়ৰ দৃষ্টিৰে চায়”, তেওঁ লগতে কয়। শ্ৰী মোদীয়ে ভাৰতত ক’ভিড টিকাকৰণ কাৰ্যসূচীৰ সফলতাৰ ওপৰতো আলোকপাত কৰি স্বাস্থ্য বিভাগৰ কৰ্মী আৰু আশা কৰ্মীসকলৰ সক্ৰিয় অংশগ্ৰহণৰ বাবে ইয়াৰ সফলতাৰ কৃতিত্ব দিয়ে। “সেৱাৰ মনোভাৱ শক্তিশালী হ’লেহে এনে উন্নয়নৰ কাম-কাজ সম্পন্ন হয়”, শ্ৰী মোদীয়ে লগতে কয়। নিয়োগৰ ক্ষেত্ৰত পাহাৰীয়া আৰু জনজাতীয় অঞ্চলসমূহে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আমি ইয়াত অঞ্চলটোৰ শক্তিক জনসাধাৰণৰ শক্তিলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা কৰিছো। ‘জনজাতীয় অঞ্চলত পানী আৰু বনাঞ্চলৰ সম্পদ অমূল্য’, তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে চাম্বা দেশৰ সেই অঞ্চলৰ অন্তৰ্গত য’ত জলবিদ্যুৎ উৎপাদন আৰম্ভ কৰা হৈছিল। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে আজি যিবোৰ প্ৰকল্পৰ বাবে আধাৰশিলা স্থাপন কৰা হৈছে, সেইবোৰে শক্তি উৎপাদনৰ ক্ষেত্ৰত চাম্বা আৰু হিমাচলৰ অংশ বৃদ্ধি কৰিব। “ইয়াত উৎপাদিত বিদ্যুতৰ পৰা চাম্বা, হিমাচলে শ শ কোটি টকা উপাৰ্জন কৰিব আৰু এই ঠাইৰ যুৱক-যুৱতীসকলে কৰ্মসংস্থাপনৰ সুবিধা লাভ কৰিব”, তেওঁ কয়। “যোৱা বছৰতো মই এনে ৪টা বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাৰ সুযোগ পাইছিলোঁ। কিছুদিন পূৰ্বে বিলাসপুৰত আৰম্ভ হোৱা হাইড্ৰ’ ইঞ্জিনিয়াৰিং কলেজখনেও হিমাচলৰ যুৱক-যুৱতীসকলক উপকৃত কৰিব’, তেওঁ কয়। উদ্যান শস্য, পশুপালন আৰু শিল্পকলাৰ ক্ষেত্ৰত হিমাচলৰ শক্তিক আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে স্থানীয় আত্মসহায়ক গোটসমূহক ফুল, চাম্বাৰ চুখ, ৰাজমা মাদ্ৰা, চাম্বা চপ্পল, চাম্বা থাল আৰু পাংগী কী থাংগীৰ দৰে স্থানীয় সামগ্ৰীৰ প্ৰচাৰৰ বাবে প্ৰশংসা কৰে। তেওঁ এই সামগ্ৰীসমূহক দেশৰ ঐতিহ্য বুলি অভিহিত কৰে। ভোকেল ফৰ লোকেলৰ উদাহৰণ দি প্ৰধানমন্ত্ৰীয়ে স্থানীয় সামগ্ৰীৰ প্ৰচাৰৰ বাবে চৰকাৰৰ প্ৰচেষ্টাত প্ৰেৰণা দিয়াৰ বাবে আত্মসহায়ক গোটৰ সৈতে জড়িত মহিলাসকলৰ শলাগ লয়। প্ৰধানমন্ত্ৰীয়ে জনায় যে এই সামগ্ৰীসমূহো এক জিলা এক সামগ্ৰী আঁচনিৰ অধীনত প্ৰচাৰ কৰা হৈছে আৰু তেওঁ এইবোৰ গণ্যমান্য বিদেশী ব্যক্তিৰ আগত উপস্থাপন কৰিবলৈ চেষ্টা কৰে, যাতে সমগ্ৰ বিশ্বতে হিমাচলৰ নাম জনাজাত হয় আৰু অধিক সংখ্যক লোকে হিমাচলত নিৰ্মিত সামগ্ৰীসমূহৰ বিষয়ে জানিব পাৰে। প্ৰধানমন্ত্ৰীয়ে কয় “দ্বৈত ইঞ্জিন চৰকাৰখন এনে এখন চৰকাৰ যি নিজৰ সংস্কৃতি, ঐতিহ্য আৰু বিশ্বাসক সন্মান কৰে। চাম্বাকে ধৰি সমগ্ৰ হিমাচল বিশ্বাস আৰু ঐতিহ্যৰ দেশ।” হিমাচল প্ৰদেশৰ ঐতিহ্য আৰু পৰ্যটনৰ দিশত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কুল্লুৰ দশেৰা মহোৎসৱৰ ভ্ৰমণৰ কথা স্মৰণ কৰি কয় যে আমাৰ এফালে ঐতিহ্য আছে আৰু আনফালে পৰ্যটন আছে। ডেলহাউজি আৰু খাজ্জিয়াৰৰ দৰে পৰ্যটনস্থলী আধ্যাত্মিকতা আৰু পৰ্যটন সম্পদৰ ক্ষেত্ৰত হিমাচলৰ বাবে এক চালিকা শক্তি হোৱাৰ দিশত অগ্ৰসৰ হৈছে। প্ৰধানমন্ত্ৰীয়ে কয়, ‘এই ক্ষমতাক কেৱল দ্বৈত ইঞ্জিন চৰকাৰেহে স্বীকৃতি দিয়ে। হিমাচলে সিদ্ধান্ত লৈছে আৰু পুৰণি ৰীতি-নীতি সলনি কৰি নতুন পৰম্পৰাৰ সৃষ্টি কৰিব।” বিশাল সমাৱেশক স্বীকাৰ কৰি প্ৰধানমন্ত্ৰীয়ে এই বিশাল সমাৱেশত তেওঁ হিমাচলৰ বৃদ্ধি আৰু সংকল্পৰ শক্তি দেখিছে বুলি ভাষণ সামৰে। তেওঁ হিমাচল প্ৰদেশৰ জনসাধাৰণৰ সংকল্প আৰু সপোনলৈ নিৰন্তৰ সমৰ্থন অব্যাহত ৰখাৰ আশ্বাস প্ৰদান কৰে। এই উপলক্ষে অনুষ্ঠানত হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী জয় ৰাম ঠাকুৰ, হিমাচল প্ৰদেশৰ ৰাজ্যপাল শ্ৰী ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰ, কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ, সাংসদ শ্ৰী কিষাণ কাপুৰ, শ্ৰীমতী ইন্দু গোস্বামী আৰু বিজেপিৰ ৰাজ্যিক সভাপতি শ্ৰী সুৰেশ কাশ্যপকে ধৰি অন্যান্য বিশিষ্টসকল উপস্থিত থাকে৷ পটভূমি প্ৰধানমন্ত্ৰীয়ে ৪৮ মেগাৱাটৰ চাঞ্জু-তৃতীয় জলবিদ্যুৎ প্ৰকল্প আৰু ৩০ মেগাৱাটৰ দেওথাল চাঞ্জু জলবিদ্যুৎ প্ৰকল্পকে ধৰি দুটা জলবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই দুয়োটা প্ৰকল্পতে বছৰি ২৭ কোটি ইউনিটতকৈ অধিক বিদ্যুৎ উৎপাদন হ’ব আৰু এই প্ৰকল্পসমূহৰ হিমাচল প্ৰদেশে বাৰ্ষিক প্ৰায় ১১০ কোটি টকাৰ ৰাজহ লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰীয়ে হিমাচল প্ৰদেশৰ প্ৰায় ৩,১২৫ কিলোমিটাৰ পথ উন্নীতকৰণৰ বাবে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা (পিএমজিএছৱাই)ৰ তৃতীয় পৰ্যায়ৰ কামৰ শুভাৰম্ভ কৰে। ৰাজ্যখনৰ ১৫টা সীমান্ত আৰু দূৰ্গম ব্লকৰ ৪৪০ কিলোমিটাৰ পথ উন্নীতকৰণৰ বাবে এই পর্যায়ৰ অধীনত কেন্দ্রীয় চৰকাৰে ৪২০ কোটি টকা অনুমোদন কৰিছে৷ | হিমাচল প্ৰদেশৰ চাম্বাত দুটা জলবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰীয় |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BE%E0%A6%9C%E0%A7%87%E0%A6%9F%E0%A7%B0-%E0%A6%AA%E0%A6%BF%E0%A6%9B%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A6%BF%E0%A7%B0%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BE%E0%A6%A4/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BE%E0%A6%9C%E0%A7%87%E0%A6%9F%E0%A7%B0-%E0%A6%AA%E0%A6%BF%E0%A6%9B%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A6%BF%E0%A7%B0%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BE%E0%A6%A4/ | নমস্কাৰ। আজিৰ ৱেবিনাৰৰ বিষয়, ‘প্ৰতিৰক্ষাত আত্মনিৰ্ভৰ ভাৰত- কাৰ্যাৱলী প্ৰণয়ন’ত দেশৰ অভিপ্ৰায় স্পষ্ট হৈছে। ভাৰতে যোৱা কেইবছৰমান ধৰি ইয়াৰ প্ৰতিৰক্ষা খণ্ডত গুৰুত্ব আৰোপ কৰি অহা আত্মনিৰ্ভৰশীলতাৰ প্ৰতিশ্ৰুতিও এই বছৰৰ বাজেটত দেখা যাব। বন্ধুসকল, আনকি দাসত্বৰ সময়তো আৰু স্বাধীনতাৰ পিছতে, আমাৰ প্ৰতিৰক্ষা উৎপাদনৰ শক্তি যথেষ্ট বেছি আছিল। দ্বিতীয় বিশ্বযুদ্ধত ভাৰতত নিৰ্মিত অস্ত্ৰ–শস্ত্ৰই এক ডাঙৰ ভূমিকা পালন কৰিছিল। যদিও পিছৰ বছৰবোৰত, আমাৰ শক্তি দুৰ্বল হৈ পৰিছিল, তাৰ পিছতো ই দেখুৱায় যে ভাৰতত কেতিয়াও ক্ষমতাৰ অভাৱ নাছিল না এতিয়া অভাৱ হৈছে। বন্ধুসকল, সুৰক্ষাৰ মৌলিক নীতিটো হ'ল আপোনাৰ নিজা অনুকূলিত আৰু অনন্য প্ৰণালী থাকিব লাগে, তেতিয়াহে ই আপোনাক সহায় কৰিব। যদি ১০খন দেশত একে ধৰণৰ প্ৰতিৰক্ষা সঁজুলি থাকে, তেন্তে আপোনাৰ সৈন্যবাহিনীৰ কোনো স্বকীয়তা নাথাকিব। স্বকীয়তা আৰু আচৰিত উপাদান, এইবোৰ কেৱল তেতিয়াহে হ'ব পাৰে যদি সঁজুলিবোৰ আপোনাৰ নিজৰ দেশত বিকশিত কৰা হয়। বন্ধুসকল, এই বছৰৰ বাজেটত গৱেষণা, ডিজাইন আৰু বিকাশৰ পৰা দেশৰ ভিতৰতে উৎপাদনলৈকে এক জীৱন্ত পৰিৱেশ তন্ত্ৰ বিকশিত কৰাৰ এক ব্লুপ্ৰিণ্ট ৰচনা কৰা হৈছে। প্ৰতিৰক্ষা বাজেটৰ প্ৰায় ৭০ শতাংশ কেৱল ঘৰুৱা উদ্যোগৰ বাবে নিৰ্ধাৰণ কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এতিয়ালৈকে ২০০ত কৈও অধিক প্ৰতিৰক্ষা মঞ্চ আৰু সঁজুলিৰ ইতিবাচক স্বদেশীকৰণ তালিকা প্ৰকাশ কৰিছে। এই তালিকা ঘোষণাৰ পিছত, ঘৰুৱা ক্ৰয়ৰ বাবে প্ৰায় ৫৪ হাজাৰ কোটি টকাৰ চুক্তি স্বাক্ষৰিত হৈছে। ইয়াৰ উপৰিও, ৪.৫ লাখ কোটি টকাৰ অধিক মূল্যৰ সঁজুলিৰ সৈতে সম্পৰ্কিত ক্ৰয় প্ৰক্ৰিয়াও বিভিন্ন পৰ্যায়ত আছে। তৃতীয় তালিকাখনো সোনকালেই আহিব। এইটোৱে দেখুৱায় যে আমি কেনেকৈ দেশত প্ৰতিৰক্ষা উৎপাদনক সমৰ্থন কৰি আছো। বন্ধুসকল, যেতিয়া আমি বাহিৰৰ পৰা অস্ত্ৰ আনো, প্ৰক্ৰিয়াটো ইমান দীঘলীয়া হয় যে সেইবোৰ আমাৰ প্ৰতিৰক্ষা বাহিনীয়ে পোৱালৈ ইতিমধ্যে পুৰণি হৈ পৰে। ইয়াৰ সমাধান হৈছে স্ব–নিৰ্ভৰশীল ভাৰত অভিযান আৰু মেক ইন ইণ্ডিয়া। মই দেশৰ সশস্ত্ৰ বাহিনীকো প্ৰশংসা কৰিম যে তেওঁলোকেও অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি আছে, প্ৰতিৰক্ষা খণ্ডত ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ গুৰুত্ব উপলব্ধি কৰিছে। আজি আমাৰ ভাৰতত সেনাবাহিনীৰ সঁজুলি নিৰ্মাণ কৰা হৈছে, সেয়েহে তেওঁলোকৰ আত্মবিশ্বাস, তেওঁলোকৰ গৌৰৱেও নতুন উচ্চতাত উপনীত হৈছে। আৰু ইয়াত, আমি সীমান্তত থিয় হৈ থকা জোৱানসকলৰ অনুভূতিও বুজি পোৱা উচিত। মোৰ মনত আছে যেতিয়া মোৰ হাতত কোনো ক্ষমতা নাছিল, মোৰ দলৰ হৈ কাম কৰিছিলো, পাঞ্জাৱ মোৰ ক্ষেত্ৰ আছিল, এবাৰ মই ৱাঘা সীমান্তত জোৱানসকলৰ সৈতে কথা পাতিবলৈ সুযোগ পাইছিলো। তাত নিযুক্ত জোৱানসকলে আলোচনাৰ সময়ত মোৰ সন্মুখত এটা কথা কৈছিল আৰু সেইটোৱে মোৰ মন স্পৰ্শ কৰিছিল। তেওঁলোকে কৈছিল যে ৱাঘা সীমান্তত ভাৰতৰ দুৱাৰখন আমাৰ শত্ৰুৰ দুৱাৰতকৈ অলপ সৰু। আমাৰ গেটখনো ডাঙৰ হ'ব লাগে, আমাৰ পতাকাও তাতকৈ ওখ হ'ব লাগে। এইটো আমাৰ জোৱানৰ অনুভৱ। আমাৰ দেশৰ সৈনিকসকলে এই আত্মাৰ সৈতে সীমান্তত দৃঢ়তাৰে থিয় দিছে। ভাৰতত নিৰ্মিত বস্তুবোৰৰ প্ৰতি তেওঁলোকৰ এক পৃথক আত্মসন্মান আছে। সেয়েহে, আমাৰ ওচৰত থকা প্ৰতিৰক্ষা সঁজুলিৰ বাবে, আমি আমাৰ সৈনিকসকলৰ অনুভূতিক সন্মান কৰিব লাগিব। আমি এইটো কেৱল তেতিয়াহে কৰিব পাৰোঁ যেতিয়া আমি স্বাৱলম্বী হ’ম। বন্ধুসকল, আগৰ সময়ত, যুদ্ধবোৰ বিভিন্ন ধৰণে সংঘটিত হৈছিল, আজি সেইবোৰ বিভিন্ন ধৰণে সংঘটিত হয়। আগতে, যুদ্ধৰ সঁজুলি সলনি হ'বলৈ কেইবা দশক লাগিছিল, কিন্তু আজি যুদ্ধৰ অস্ত্ৰৰ পৰিৱৰ্তন হৈছে। আজি তেওঁলোকৰ ওচৰত থকা অস্ত্ৰবোৰ পুৰণি হ'বলৈ বেছি সময় নালাগে। আধুনিক প্ৰযুক্তি–আধাৰিত অস্ত্ৰবোৰ আৰু অধিক দ্ৰুততাৰে পুৰণি হৈ গৈছে। ভাৰতৰ যি তথ্য প্ৰযুক্তিৰ শক্তি আছে সেয়া বহুত ডাঙৰ। আমি আমাৰ প্ৰতিৰক্ষা খণ্ডত যিমানে এই শক্তি ব্যৱহাৰ কৰিম, সিমানেই আমি নিৰাপত্তাৰ ক্ষেত্ৰত অধিক আত্মবিশ্বাসী হ'ম। উদাহৰণ স্বৰূপে, এতিয়া চাইবাৰ সুৰক্ষাৰ বিষয়টো লওঁক। এতিয়া এয়াও যুদ্ধৰ অস্ত্ৰ হৈ পৰিছে। আৰু সেয়া কেৱল ডিজিটেল কাৰ্যকলাপত সীমাবদ্ধ নহয়। এইটো ৰাষ্ট্ৰৰ নিৰাপত্তাৰো বিষয় হৈ পৰিছে। বন্ধুসকল, আপোনালোকে এইটো ভালদৰে জানে যে প্ৰতিৰক্ষা খণ্ডত সদায় কেনে ধৰণৰ প্ৰতিযোগিতা চলি আহিছে। আগৰ সময়ত, বাহিৰৰ কোম্পানীবোৰৰ পৰা ক্ৰয় কৰা সামগ্ৰীবোৰৰ প্ৰায়ে বিভিন্ন অভিযোগ আছিল। মই ইয়াৰ গভীৰতালৈ যাব নিবিচাৰো। কিন্তু এইটো সঁচা যে প্ৰতিটো ক্ৰয়ে বিতৰ্কৰ সৃষ্টি কৰিছিল। বিভিন্ন নিৰ্মাতাৰ মাজত প্ৰতিযোগিতাৰ বাবে, আনৰ সামগ্ৰী হ্ৰাস কৰাৰ বাবে এক নিৰন্তৰ প্ৰচাৰ চলি আছে। আৰু তাৰ বাবে, বিভ্ৰান্তিও সৃষ্টি হয়, আশংকাও সৃষ্টি হয় আৰু দুৰ্নীতিৰ দুৱাৰো মুকলি হয়। কোনটো অস্ত্ৰ ভাল, কোনটো অস্ত্ৰ বেয়া, কোনটো অস্ত্ৰ আমাৰ বাবে উপযোগী, কোনটো অস্ত্ৰ উপযোগী নহয়। ইয়াৰ বিষয়েও যথেষ্ট বিভ্ৰান্তিৰ সৃষ্টি হৈছে। এইটো অতি প্ৰণালীবদ্ধভাৱে কৰা হয়। এইটো কৰ্পোৰেট জগতৰ যুদ্ধৰ অংশ। আত্মনিৰ্ভৰশীল ভাৰত অভিযানে আমাক এনে বহুতো সমস্যাৰ সমাধান প্ৰদান কৰে। বন্ধুসকল, যেতিয়া আমি পৰম আন্তৰিকতাৰে এটা সংকল্পলৈ আগবাঢ়ি যাওঁ তেতিয়া কি ফলাফল আহে আমাৰ অস্ত্ৰ–শস্ত্ৰৰ কাৰখানাবোৰ হৈছে তাৰ এক উৎকৃষ্ট উদাহৰণ । আমাৰ প্ৰতিৰক্ষা সচিবে এইমাত্ৰ ইয়াৰ এটা ডাঙৰ বৰ্ণনা কৰিছে। যোৱা বছৰৰ আগতে, আমি ৭ টা নতুন প্ৰতিৰক্ষা ৰাজহুৱা প্ৰতিষ্ঠান নিৰ্মাণ কৰিছিলো। আজি, তেওঁলোকে দ্ৰুতগতিত ব্যৱসায় সম্প্ৰসাৰিত কৰি আছে, এক নতুন বজাৰত উপনীত হৈছে। ৰপ্তানিৰ অৰ্ডাৰও লোৱা হৈছে। এইটোও অতি আনন্দদায়ক যে যোৱা ৫–৬ বছৰত আমি প্ৰতিৰক্ষা ৰপ্তানি ৬ গুণ বৃদ্ধি কৰিছো। আজি আমি ৭৫ খনতকৈও অধিক দেশক মেড ইন ইণ্ডিয়া প্ৰতিৰক্ষা সঁজুলি আৰু সেৱা প্ৰদান কৰিছো। মেক ইন ইণ্ডিয়ালৈ চৰকাৰৰ উদগনিৰ ফলস্বৰূপে, যোৱা সাত বছৰত প্ৰতিৰক্ষা উৎপাদনৰ বাবে ৩৫০ ৰো অধিক নতুন ঔদ্যোগিক অনুজ্ঞাপত্ৰ জাৰী কৰা হৈছে। ২০০১ চনৰ পৰা ২০১৪ চনলৈ কেৱল ২০০ খন অনুজ্ঞাপত্ৰ জাৰী কৰা হৈছিল। বন্ধুসকল, ব্যক্তিগত খণ্ডও ডিআৰডিঅ' আৰু প্ৰতিৰক্ষা পিএছইউৰ সমতুল্য হ'ব লাগে, সেয়েহে প্ৰতিৰক্ষা অনুসন্ধান বাজেটৰ ২৫ শতাংশ উদ্যোগ, ষ্টাৰ্ট–আপ আৰু শিক্ষাৰ বাবে নিৰ্ধাৰণ কৰা হৈছে। বাজেটত বিশেষ উদ্দেশ্যৰ বাহনৰ আৰ্হিও প্ৰস্তুত কৰা হৈছে। ই কেৱল এজন বিক্ৰেতা বা যোগানকৰ্তাৰ আগত অংশীদাৰ হিচাপে ব্যক্তিগত উদ্যোগৰ ভূমিকা প্ৰতিষ্ঠা কৰিব। আমি মহাকাশ আৰু ড্ৰোন খণ্ডতো ব্যক্তিগত খণ্ডৰ বাবে নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছো। উত্তৰ প্ৰদেশ আৰু তামিলনাডুৰ প্ৰতিৰক্ষা কৰিডৰ আৰু প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ সৈতে তেওঁলোকৰ একত্ৰীকৰণে দেশৰ প্ৰতিৰক্ষা খণ্ডক অতি প্ৰয়োজনীয় শক্তি প্ৰদান কৰিব। বন্ধুসকল, এক জীৱন্ত প্ৰতিৰক্ষা উদ্যোগৰ বিকাশৰ বাবে ট্ৰায়েল, পৰীক্ষা আৰু প্ৰমাণপত্ৰৰ প্ৰণালী স্বচ্ছ, সময়–সীমাবদ্ধ, ব্যৱহাৰিক আৰু নিৰপেক্ষ হ'ব লাগিব। ইয়াৰ বাবে, সমস্যাবোৰ আঁতৰ কৰাত এক স্বতন্ত্ৰ প্ৰণালী উপযোগী বুলি প্ৰমাণিত হ'ব পাৰে। ই দেশক প্ৰয়োজনীয় দক্ষতা গঢ়ি তোলাত সহায় কৰিব। বন্ধুসকল, আপোনালোক সকলোৰে সৈতে দেশৰ বহুতো প্ৰত্যাশা জড়িত হৈ আছে। মই নিশ্চিত যে এই আলোচনাই প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰশীলতাৰ বাবে নতুন পথৰ সৃষ্টি কৰিব। মই আজি সকলো অংশীদাৰৰ পৰা শুনিব বিচাৰো, আমি আপোনালোকক দীঘলীয়া ভাষণ দিবলৈ নিবিচাৰো। আজি আপোনালোকৰ দিন। আপুনি ব্যৱহাৰিক বস্তু লৈ আহিছে, মোক জনাওক। এতিয়া যেতিয়া বাজেট নিৰ্ধাৰণ কৰা হৈছে, নতুন বাজেট ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'বলৈ গৈ আছে, প্ৰস্তুতিৰ বাবে আমাৰ ওচৰত এই গোটেই মাহটো আছে। ইমান দ্ৰুতগতিত কাম কৰোঁ আহক যে ১ এপ্ৰিলৰ পৰা, বস্তুবোৰ যাতে প্ৰণয়ন হ’বলৈ আৰম্ভ কৰে, সেয়েহে এইটো এটা অনুশীলন। আমি বাজেটখন এমাহৰ বাবে প্ৰস্তুত কৰাৰ এটা পদ্ধতিও বিকশিত কৰিছো। ইয়াৰ আঁৰৰ উদ্দেশ্য এইটোও যে বাজেট কাৰ্যকৰী হোৱাৰ আগতে ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰ আৰ্হিৰ বাবে প্ৰস্তুত কৰাৰ বাবে সকলো বিভাগ, অংশীদাৰসকলক প্ৰস্তুত কৰাৰ সম্পূৰ্ণ সুযোগ আমাৰ থাকিব লাগে, যাতে আমাৰ সময় অপচয় নহয়। মই আপোনালোক সকলোকে অনুৰোধ জনাইছো যে এইটো দেশপ্ৰেমৰ কাম। এইটো দেশৰ সেৱা কৰাৰ কাম। কেতিয়া লাভ হ'ব, কিমান হ'ব, পিছত চিন্তা কৰিব, প্ৰথমে চিন্তা কৰক আমি দেশখন কেনেদৰে শক্তিশালী কৰিছো। মই আপোনালোকক আমন্ত্ৰণ জনাইছো আৰু মই আনন্দিত যে আজি আমাৰ সেনাবাহিনী, আমাৰ সেনাৰ তিনিটা শাখাই অতি উৎসাহ আৰু উৎসাহেৰে এই কামবোৰত সমগ্ৰ পদক্ষেপ গ্ৰহণ কৰি আছে, উৎসাহ প্ৰদান কৰিছে। এতিয়া এই সুযোগ আমাৰ ব্যক্তিগত উদ্যোগবোৰে হেৰুৱাব নালাগে। মই আপোনালোকক আকৌ এবাৰ নিমন্ত্ৰণ জনাইছো। আপোনালোক সকলোলৈ মোৰ শুভেচ্ছা থাকিল! ধন্যবাদ! | বাজেটৰ পিছত ‘প্ৰতিৰক্ষাত আত্মনিৰ্ভৰ ভাৰত- কাৰ্যাৱলী প্ৰণয়ন’ শীৰ্ষক ৱেবিনাৰত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবা |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%A1%E0%A6%BE%E0%A6%87-%E0%A6%AF%E0%A7%81%E0%A7%B1-%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%AE%E0%A6%BF%E0%A6%B2%E0%A6%A8-%E0%A7%A8%E0%A7%A6%E0%A7%A7%E0%A7%AF/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%A1%E0%A6%BE%E0%A6%87-%E0%A6%AF%E0%A7%81%E0%A7%B1-%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%AE%E0%A6%BF%E0%A6%B2%E0%A6%A8-%E0%A7%A8%E0%A7%A6%E0%A7%A7%E0%A7%AF/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ তালকাটোৰা ষ্টেডিয়ামত আয়োজিত ক্ৰেডাই যুৱ সন্মিলন ২০১৯ ত উপস্থিত হৈ ভাষণ প্ৰদান কৰে। উপস্থিত অভ্যাগতক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ২০২২ চনৰ ভিতৰত যাতে দেশৰ প্ৰতিগৰাকী গৃহহীন লোকেই ঘৰ পাবলৈ সক্ষম হয় তাৰ বাবে অতি ক্ষীপ্ৰতাৰে কামসমূহ কৰি থকা হৈছে। তেওঁ কয় যে ইতিমধ্যেই প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত ১.৫ কোটি গৃহ নিৰ্মাণ কৰি উলিওৱা হৈছে, আৰু ইয়াৰ ভিতৰত ১৫ লাখ ঘৰ নগৰাঞ্চলৰ দৰিদ্ৰ লোকক নিৰ্মাণ কৰি দিয়া হৈছে। তেওঁ কয় যে চলিত কেন্দ্ৰীয় চৰকাৰখনৰ অধীনত সমগ্ৰ প্ৰক্ৰিয়া নিকা ভাৱে সম্পন্ন হৈ আছে। তেওঁ উল্লেখ কৰে যে চৰকাৰে যেতিয়া নিকা ভাৱমূৰ্তি আৰু সত্ উদ্দেশ্যেৰে নীতি নিৰ্ধাৰণ কৰে তেতিয়া সমগ্ৰ প্ৰক্ৰিয়াটোৰ পৰা দুৰ্নীতি নিজেই আঁতৰ হৈ যায় আৰু সুন্দৰ ফলাফল আহে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ৰিয়েল ইষ্টেট ৰেগুলেটৰী অথৰিটি চমুকৈ ৰেৰাই গ্ৰাহক আৰু ৰিয়েল ইষ্টেট ডেভেলপাৰসকলৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰি তুলিছে। তেওঁ লগতে কয় যে ৰেৰাই ইতিমধ্যেই দেশৰ ২৮ খন ৰাজ্যকে জাননী জাৰি কৰি থৈছে। ৰেৰাৰ অধীনত এই পৰ্যন্ত ৩৫০০০ ৰো অধিক ৰিয়েল ইষ্টেট প্ৰকল্প আৰু ২৭০০০ ৰিয়েল ইষ্টেট এজেণ্ট পঞ্জীভুক্ত হৈ আছে, আৰু কেবা লাখ ফ্লেট নিৰ্মাণ হ’বলগীয়া হৈ আছে। বিগত চাৰিটা বছৰত দেশত ব্যৱসায় কৰাৰ সুচলতাৰ দিশেৰে এক বৃহত্ পৰিৱৰ্তন অহা বিষয়টোক লৈ প্ৰধানমন্ত্ৰীয়ে কয় যে দেশত ব্যৱসায় কৰাৰ বাবে এক সুন্দৰ পৰিৱেশ গঢ়ি দিয়াৰ ক্ষেত্ৰত ভাৰত চৰকাৰ সদায়েই প্ৰতিজ্ঞাবদ্ধ। এই সন্দৰ্ভত, তেওঁ কয় যে নিৰ্মাণ খণ্ডৰ বাবে অনুমতি প্ৰদানকে ধৰি অন্যান্য চৰকাৰী অনুজ্ঞা, অনুমতিৰ ক্ষেত্ৰত সকলো দিশ পূৰ্বতকৈ ভালেখিনি ক্ষীপ্ৰতৰ কৰি তোলা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে হাউছিং উদ্যোগ আৰু গৃহ ক্ৰেতাসকলক সহায় কৰাৰ উদ্দেশ্যেৰে কেন্দ্ৰীয় চৰকাৰে কৰ সংশোধন কৰাৰ বিষয়েও কয়। তেওঁ বিভিন্ন নিৰ্মাণ খণ্ডৰ সৈতে জড়িত সামগ্ৰীসমূহৰ বাবে জিএছটিৰ হাৰ হ্ৰাস কৰাৰ বিষয়েও এই ভাষণতে উল্লেখ কৰে। শেহতীয়া বাজেটত মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ বাবে আয়কৰৰ ৰেহাই সন্দৰ্ভতো কয়। তেওঁ কয় যে এই পদক্ষেপসমূহৰ সামগ্ৰিক প্ৰভাৱে হাউছিং খণ্ডৰ লগতে গৃহ ক্ৰেতাসকলক সহায় কৰাৰ লগতে লাভৱান্বিতও কৰিব। দেশৰ সৰ্বসাধাৰণ ৰাইজৰ গৃহক্ৰয়ৰ সপোনক সাকাৰ কৰাৰ বাবে ক্ৰেডাই আগবঢ়োৱা অৱদানৰ বাবে সংস্থাটোক প্ৰধানমন্ত্ৰীয়ে প্ৰসংশা কৰে। তেওঁ লগতে কয় যে নৱ ভাৰত গঠন প্ৰক্ৰিয়াই এক নিৰ্দ্দিষ্ট আকাৰ লোৱাৰ সময়তেই যুৱ সন্মিলনখন সম্পন্ন হৈছে। তেওঁ কয় যে এখন নৱ ভাৰত গঠনৰ ক্ষেত্ৰত দেশৰ যুৱ সমাজে এক গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে তালকাটোৰা ষ্টেডিয়ামতে ক্ৰেডাইয়ে আয়োজন কৰা এক প্ৰদৰ্শনীতো অংশগ্ৰহণ কৰে। | ক্ৰেডাই যুৱ সন্মিলন ২০১৯ ত প্ৰধানমন্ত্ৰীৰ সম্বোধন |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A6%E0%A6%BF%E0%A6%B2%E0%A7%8D%E0%A6%B2%E0%A7%80%E0%A7%B0-%E0%A7%A8%E0%A7%AC-%E0%A6%86%E0%A6%B2%E0%A6%BF%E0%A6%AA%E0%A7%81%E0%A7%B0-%E0%A7%B0%E0%A7%8B%E0%A6%A1%E0%A7%B0-%E0%A6%85%E0%A6%A8/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A6%E0%A6%BF%E0%A6%B2%E0%A7%8D%E0%A6%B2%E0%A7%80%E0%A7%B0-%E0%A7%A8%E0%A7%AC-%E0%A6%86%E0%A6%B2%E0%A6%BF%E0%A6%AA%E0%A7%81%E0%A7%B0-%E0%A7%B0%E0%A7%8B%E0%A6%A1%E0%A7%B0-%E0%A6%85%E0%A6%A8/ | মন্ত্ৰীসভাৰ মোৰ সতীৰ্থবৃন্দ, শ্ৰী থাৱৰচান্দ গাহলোট জী, শ্ৰী ৰামবিলাস পাছোৱান জী, ড. হৰ্ষবৰ্ধন জী, শ্ৰী ৰামদাস আঠৱালে জী, শ্ৰী কৃষ্ণপাল জী, শ্ৰী বিজয় চাম্পলা জী, ইয়াত উপস্থিত অন্যান্য বিশিষ্ট ব্যক্তি তথা সকলো পুৰুষ-মহিলা, আজি সৰ্বপ্ৰথমে মই দেশবাসীক অভিনন্দন ও শুভেচ্ছা জনাইছো যে আজি দেশে ড. আম্বেদকাৰ ৰাষ্ট্ৰীয় স্মাৰকৰ ৰূপত এক অনবদ্য উপহাৰ লাভ কৰিছে৷ আজি বাবা চাহেব আম্বেদকাৰৰ স্মৃতিত নিৰ্মাণ কৰা এই ৰাষ্ট্ৰীয় স্মাৰকটো দেশলৈ উৎসৰ্গা কৰি মই নিজকে অতি ভাগ্যৱান বুলি অনুভৱ কৰিছো৷ দেশত বৈশাখীও উদযাপন কৰি থকা হৈছে৷ এয়া হৈছে আমাৰ অন্নদাতা, আমাৰ কৃষক বন্ধুসকলৰ পৰিশ্ৰমক শ্ৰদ্ধা জনোৱা এটা দিন৷ এই ছএগতে মই সমগ্ৰ দেশবাসীক বৈশাখীৰ শুভেচ্ছা জনাইছো৷ আজি কুখ্যাত জালায়ানৱালাবাগ হত্যাকাণ্ডৰো বৰ্ষপূৰ্তি দিন৷ আজিৰ পৰা ৯৯ বছৰ পূৰ্বে ভাৰতীয় স্বতন্ত্ৰকামী জনতাৰ ওপৰত ইংৰাজসকলে যিদৰে বৰ্বৰোচিত আক্ৰমণ কৰিছিল সেয়া মানৱ ইতিহাসৰে আটাইতকৈ হৃদয় বিদাৰক ঘটনাসমূহৰ মাজৰ অন্যতম হৈ ৰ’ব৷ জালিয়ানৱালাবাগৰ হত্যাকাণ্ডত প্ৰাণ হেৰুওৱা প্ৰতিগৰাকী সেনানীক মই শ্ৰদ্ধা নিবেদন কৰিছো৷ বন্ধুসকল, স্বাধীনতাৰ পিছত বহু চৰকাৰ আহিল, বহু গ’ল, বহু সময় অতিবাহিত হৈ গ’ল, কিন্তু যিবোৰ কাম কেতিয়াবাই হৈ যাব লাগিছিল সেইবোৰ এতিয়া হ’বলৈ আৰম্ভ কৰিছে৷ এইবাবেই, বাবা চাহেব যিখিনি ঠাইত শেষবাৰৰ বাবে সময় কটাইছিল, সেই ঠাইলৈ মই আহি, এই অনুষ্ঠানত অংশগ্ৰহণ কৰি আজি কিছু আবেগিক হৈ পৰিছো৷ বাবা চাহেবৰ নামত, তেওঁৰ স্মৃতিত নিৰ্মিত ৰাষ্ট্ৰীয় স্মাৰক, দেশৰ প্ৰতি সশ্ৰদ্ধ উৎসৰ্গা কৰা হৈছে৷ কালি তেখেতৰ জন্মজয়ন্তী আৰু তাৰ এদিন পূৰ্বে আজি ইয়াত এই অনুষ্ঠানৰ আয়োজনে বাবা চাহেবৰ প্ৰতি আমাৰ চৰকাৰৰ অটুট শ্ৰদ্ধাৰ এক অনবদ্য নিদৰ্শন৷ এই পৱিত্ৰ কামটো সম্পন্ন কৰিবলৈ, মই সামাজিক ন্যায় আৰু প্ৰাধিকাৰী মন্ত্ৰালয় আৰু ভাৰত চৰকাৰৰ অন্যান্য প্ৰাসঙ্গিক বিভাগসমূহক আন্তৰিকতাৰে প্ৰসংশা কৰিছো৷ এই স্মাৰকটোৰ নিৰ্মাণকাৰ্যত পৰিশ্ৰম কৰা প্ৰতিগৰাকী শ্ৰমিকলৈ মোৰ সশ্ৰদ্ধা প্ৰণিপাত জনাইছো৷ তেওঁলোকৰ হয়তো অধিকাংশ লোকেই ইয়াত নাই, এই কাৰ্যসূচীৰ পৰা আঁচৰত আছে, কিন্তু তেওঁলোকক মোৰ শতকোটি প্ৰণিপাত জনাইছো৷ বন্ধুবৃন্দ, ২৬ আলিপুৰ ৰোডত নিৰ্মাণ কৰা এই স্মাৰক এতিয়া কেৱল দিল্লীৰ বাবেই নহয়, দেশৰ মানচিত্ৰতো চিৰদিনৰ বাবে অংকিত হৈ ৰ’ব৷ ইয়ালৈ আহি জনসাধাৰণে বাবা চাহেব আম্বেদকাৰৰ জীৱনৰ সৈতে জড়িত বিভিন্ন কথা, তেওঁৰ জীৱন বীক্ষা, দৰ্শন আদি সম্পৰ্কে জানিবলৈ পাৰিব৷ • এই স্মাৰক এক অসাধাৰণ ব্যক্তিৰ অসাধাৰণ জীৱনৰ প্ৰতীক৷ • এই স্মাৰক, মা ভাৰতীৰ সুসন্তানগৰাকীৰ জীৱনৰ অন্তিম দিনবোৰৰ স্মৃতি৷ আদৰৰ ভাই-ভনীসকল, এই স্মাৰকটোক এক গ্ৰন্থৰ আকাৰত প্ৰস্তুত কৰা হৈছে৷ সেই গ্ৰন্থখনেই আমাৰ দেশৰ সংবিধান, যিখনৰ প্ৰণেতা ড. আম্বেদকাৰ৷ যিখন সংবিধান ৰচনা কৰি বাবা চাহেবে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰক গণতান্ত্ৰিক হৈ থকাৰ পথ দেখুৱাইছিল৷ আজিৰ নৱপ্ৰজন্ম যেতিয়া এই স্মাৰক চিহ্ন চাবলৈ আহিব তেতিয়া ইয়াত থকা প্ৰদৰ্শনী চাই, ইয়াত থকা সংগ্ৰহালয় চাই, ইয়াত সংযোজিত হোৱা অত্যাধুনিক প্ৰযুক্তিৰ মাধ্যমেৰে বাবা চাহেবৰ জীৱন সম্পৰ্কেদেশৰ জাতীয় জীৱনত তেওঁৰ প্ৰভাৱ সম্পৰ্কে গভীৰভাৱে জানিবলৈ পাৰিব৷ বন্ধুসকল, আমাৰ চৰকাৰৰ বাবে এয়া অতি সৌভাগ্যৰ কথা যে বাবা চাহেব আম্বেদকাৰৰ জীৱনৰ সৈতে জড়িত দেশৰ পাচটা স্থানক পঞ্চতীৰ্থ হিচাপে বিকশিত কৰাৰ সুযোগ লাভ কৰিছে৷ মধ্যপ্ৰদেশৰ মহুত আছে বাবা চাহেবৰ জন্মভূমি, লণ্ডনত আছে ড আম্বেদকাৰ মেম’ৰিয়েল – যিটো বাবা চাহেবৰ শিক্ষাভূমি, নাগপুৰত আছে দীক্ষাভূমি মুম্বাইত আছে চৈত্যভূমি, আৰু এই দিল্লীত স্থাপন কৰা হ’ল মেশ্যনেল মেম’ৰিয়েল, যিটো বাবা চাহেবৰ মহাপ্ৰয়াণ ভূমি৷ এই স্থান, এই তীৰ্থ কেৱল ইটা-বালিৰ এটো একোট সৌধ নহয়, বৰঞ্চ একো একোটা জীৱনপীঠস্থান, জীৱনৰ আচাৰ-বিচাৰৰ বৃহৎ স্থান৷ বন্ধুসকল, এই দিব্য-ভব্য অট্টালিকা এই চৰকাৰৰ কাম কৰাৰ এক সংস্কৃতিৰ প্ৰতীক হিচাপেও চিহ্নিত হৈ ৰ’ব৷ যেতিয়া অটল জীৰ চৰকাৰ আছিল তেতিয়াই এই ভূমিত ৰাষ্ট্ৰীয় স্মাৰক নিৰ্মাণৰ প্ৰসঙ্গ উত্থাপিত হৈছিল৷ কিন্তু তেওঁৰ চৰকাৰ বদলি হোৱাৰ পিছত কংগ্ৰেছ চৰকাৰৰ দিনত এই প্ৰকল্পৰ কাম স্তব্ধ হৈ ৰৈছিল৷ ২০১৪ ত আমাৰ চৰকাৰ গঠনৰ পিছত পুনৰ এই ২৬ আলিপুৰ ৰোডৰ ফাইল খোল খালে আৰু অতি ক্ষীপ্ৰতাৰে এই কাম আৰম্ভ হ’ল৷ ২১ মাৰ্চ, ২০১৬ তাৰিখে এই স্মাৰক চিহ্নৰ শিলান্যাস মুকলি কৰাৰ সময়তে মই কৈছিলো যে ২০১৮ ত বাবা চাহেবৰ জন্মজয়ন্তীত এই প্ৰকল্প দেশবাসীৰ হাতত অৰ্পন কৰিবলৈ মই আহিম৷ সময়ৰ আহ্বান, সংসাধনৰ ওপৰত গভীৰ আস্থা আৰু চৰকাৰৰ ইচ্ছাশক্তিয়ে কেনেদৰে পৰিৱৰ্তন আনে এয়া আমি আজি পুনৰবাৰ দেখিবলৈ পালো৷ বন্ধুসকল, গণতন্ত্ৰত যেতিয়া জনসাধাৰণে উত্তৰ বিচাৰে, তাতকৈ পূৰ্বেই আপুনি নিজকে নিজৰ বাবে জবাবদিহি কৰিব লাগে, উত্তৰৰ বাবে নিজকে প্ৰস্তুত কৰি ৰাখিব লাগে৷ প্ৰথমে নিজকে নিজৰ প্ৰশ্নৰ উত্তৰ দিব লাগে৷ কিন্তু আমাৰ ইয়াত পূৰ্বৰ চৰকাৰসমূহৰ সেই জবাবদিহি প্ৰৱণতা অতি কম দেখা গৈছিল৷ এই সামগ্ৰিক ব্যৱস্থাটোক এই চৰকাৰখনে সলনি কৰাৰ প্ৰয়াস কৰিছে বা সলনি কৰিছে৷ সম্ভৱতঃ আপোনালোকৰ বহুতেই দিল্লীৰ ১৫ জনপথৰ আম্বেদকাৰ ইণ্টাৰনেশ্যনেল চেণ্টাৰলৈ গৈছে৷ ১৯৯২ চনতেই এই চেণ্টাৰটোৰ প্ৰসঙ্গ সমূখনৈ আহিছিল৷ কিন্তু ২২ বছৰ ধৰি এই সংক্ৰান্তীয় ফাইলটো ক’ৰবাত লুপ্ত হৈ ৰৈছিল৷ দিল্লীত কাৰ্যভাৰ গ্ৰহণ কৰাৰ এবছৰৰ ভিৰতেই ২০১৫ চনৰ এপ্ৰিল মাহত মই এই চেণ্টাৰটোৰ শিলান্যাস মুকলি কৰিছিলো আৰু আজিৰ পৰা কেইমাহ মান পূৰ্বে ডিচেম্বৰ মাহত ইয়াক দেশৰ জনতাৰ নামত উৎসৰ্গা কৰিছো৷ এতিয়া ড. আম্বেদকাৰৰ চিন্তাধাৰাৰ প্ৰতীকস্বৰূপ এই অত্যাধুনিক ইণ্টাৰনেশ্যনেল চেণ্টাৰে নতুন দিল্লীৰ গৌৰৱৰো প্ৰতী হৈ পৰিছে৷ মোৰ আদৰৰ বন্ধুসকল, সামগ্ৰিক ব্যৱস্থাৰ কায়কল্প এনে শক্তিশালী তেতিয়াহে হয়, যেতিয়া একেবাৰে তৃণমূল স্তৰলৈ গৈ বিভিন্ন অভাৱ-অসুবিধাৰ বিষয়ে তদাৰকৰ কৰা হয়, সেই সম্পৰ্কে বুজা হয়, সেইবোৰ আঁতৰ কৰা হয়৷ আজিৰ পৰা তিনিদিন পূৰ্বে মই সম্পাৰণলৈ গৈছিলো৷ তাৰ পৰাই মই মাধেপুৰাত থকা ইলেক্ট্ৰ’নিক লোকোম’টিভ ফেক্টৰীৰ প্ৰথম পৰ্যায়টো জনসাধাৰণৰ বাবে উৎসৰ্গা কৰিছো৷ এই প্ৰকল্পটোৰ ক্ষেত্ৰতো একেই কথা প্ৰযোজ্য৷ এই প্ৰকল্পটোৱে স্বীকৃতি পাইছে ২০০৭ চনতে, পিছে কাম আৰম্ভ হৈছে ২০১৫ চনতহে৷ ইয়াৰ আগৰ চৰকাৰে ৭ বছৰ এনেকৈয়ে অবাবত পাৰ কৰি দিচছিল৷ আমাৰ চৰকাৰৰ মাত্ৰ দুই-আঢ়ৈ বছৰৰ প্ৰয়াসতেই এতিয়া ফেক্টৰী বা কাৰখানাটোত বিশ্বৰ আটাইতকৈ শক্তিশালী ৰে’ল ইঞ্জিনসমূহৰ ভিতৰত অন্যতম ইঞ্জিনৰ নিৰ্মাণ হৈ আছে৷ মই আপোনাক এনেধৰণৰ প্ৰকল্পৰ তালিকা শুনাবলৈ ল’লে ৰাতিপুৱাই যাব৷ দেশে স্বাধীনতা লাভ কৰাৰ পিছত অপেক্ষা-ভ্ৰমিত-অপেক্ষাৰ দৰে কু-কৰ্মসংস্কৃতি লাভ কৰিব বুলি বাবা চাহেবে কেতিয়াও ভবা নাছিল৷ তেওঁ কেতিয়াও ভবাই নাছিল যে অনাগত চৰকাৰসমূহৰ প্ৰকল্পসমূহ ত্ৰিশ-চল্লিশ বছৰ ধৰি অসম্পূৰ্ণ হৈ ৰ’ব৷ প্ৰকল্পসমূহ এনেদৰে অপূৰ্ণ হৈ থকাটো দেশৰ প্ৰতি এক ডাঙৰ অপৰাধ৷ বন্ধুসকল, বিগত চাৰিটা বৰ্ষত আমাৰ চৰকাৰে বিচাৰি বিচাৰি বছৰ বছৰ ধৰি অপূৰ্ণ হৈ থকা প্ৰকল্পসমূহ পূৰ্ণ কৰি তোলাৰ বাবে কাম কৰি আছে৷ প্ৰত্যক্ষভাৱে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তদাৰকীত হ’বলগীয়া ‘প্ৰগতি’ বৈঠকসমূহৰ মাধ্যমেৰে চাৰে ন লাখ কোটি টকাতকৈও অধিক পৰিমাণৰ ধন ব্যয় সাপেক্ষ অসম্পূৰ্ণ প্ৰকল্পসমূহৰ কাম ক্ষীপ্ৰতাৰে আগবঢ়োৱাৰ কাম কৰা হৈছে৷ বিগত চাৰিটা বৰ্ষত প্ৰগতি বৈঠকৰ দ্বাৰা দেশৰ বিকাশত যথেষ্ট ক্ষীপ্ৰতা আহি পৰিছে৷ বন্ধুসকল, অভাৱত কেতিয়াও কান্দিব নালাগে আৰু প্ৰভাৱিত হৈ বিচলিত হ’ব নালাগে, এই মন্ত্ৰ যিকোনো লোকৰ বাবেই এক শক্তিত পৰিণত হৈ পৰিব পাৰে। এই শক্তি দিয়া কামটো বাবা চাহেব আম্বেদকাৰে আমাক তেওঁৰ নিজৰ জীৱনৰ পৰা দি থৈ গৈছে। সেইবাবেই এই চৰকাৰখনতো আপুনি কেতিয়াও অভাৱত কন্দা নেদেখিব। আমি আমাৰ হাতত থকা সংসাধন, নিজৰ সামৰ্থ্যৰ ওপৰত ভৰষা কৰিয়েই আগবঢ়াৰ চেষ্টা অব্যাহত ৰাখিছো। এই চিন্তায়েই আমাক আমাৰ লক্ষ্য স্থিৰ কৰা আৰু লক্ষ্যত উপনীত হোৱাৰ বাবে আমাৰ নিজৰ পূৰ্ণ শক্তি কেনেদৰে প্ৰয়োগ কৰিব পাৰি সেয়া শিকাইছে। মৰমৰ ভাই-ভনীসকল আজিৰ পৰা ঠিক এমাহ পূৰ্বে এই দিল্লীতেই এক কাৰ্যসূচী পালন কৰা হৈছিল। সমগ্ৰ বিশ্বৰ লোক একত্ৰিত হৈছিল। সেই কাৰ্যসূচীতেই বিশ্বৰ বিভিন্ন দেশৰ লোকসকলে এটা বিষয় উতথাপন কৰিছিল যে কেনেদৰে যক্ষ্মা ৰোগক ২০৩০ চনৰ ভিতৰত দেশৰ পৰা নাইকিয়া কৰিব পাৰি। সেই বৈঠকতেই ভাৰতে ঘোষণা কৰিছিল যে ২০২৫ চনৰ ভিতৰত ভাৰতত যক্ষ্মা ৰোগ নাইকিয়া কৰাৰ বাবে কাম কৰা হ’ব। অৰ্থাৎ আমি আমাৰ বাবে লক্ষ্যত উপনীত হোৱাৰ সময় অন্য দেশতকৈ ৫ বছৰ চমু চপাই লৈছো। এতিয়া আপোনালোকে চিন্তা কৰক। পূৰ্বৰ চৰকাৰসমূহে কাম সম্পূৰ্ণ কৰাৰ তাৰিখবোৰ পিছুৱাই নিয়াৰ ক্ষেত্ৰত চিন্তা কৰিছিল, তাৰ বিপৰীতে এই চৰকাৰে কাম সম্পূৰ্ণ কৰাৰ তাৰিখ নিৰ্ধাৰিত তাৰিখতকৈও সোনকালে কৰাৰ ক্ষেত্ৰত বিশ্বাস ৰাখে। সেয়া লাগিলে দেশৰ দূৰ-দূৰণিৰ গৰ্ভৱতী মহিলা তথা শিশুৰ টীকাকৰণ কাৰ্যসূচীয়েই হওঁক বা গ্ৰামীণ পথ নিৰ্মাণ কাৰ্যসূচীয়েই হওঁক, এই চৰকাৰখনে কাম শেষ কৰাৰ লক্ষ্যত উপনীত হোৱা তাৰিখতকৈ দুই-তিনিবছৰ পূৰ্বেই কাম সম্পন্ন কৰিবলৈ লৈছে। বন্ধুসকল, বাবা চাহেবৰ বিচাৰধাৰাৰ মূলভেটিত বিভিন্ন ৰূপত নিহিত হৈ আছিল সমানতা। সন্মানৰ সমানতা, আইনৰ সমানতা, অধিকাৰৰ সমানতা, মানৱীয় গৰিমাৰ সমানতা, সুযোগৰ সমানতা, এনে কিমান যে ভিন ভিন বিষয়ক বাবা চাহেবে নিজৰ জীৱনত ধাৰাবাহিকভাৱে প্ৰয়োগ কৰি আহিছে। তেওঁ সদায়েই এক আশাৰ বতৰা দি আহিছে যে ভাৰতত চৰকাৰে সংবিধান পালন কৰাৰ যোগেদি, কোনো ভেদ ভাৱ নৰখাকৈ, জাতিভেদ নৰখাকৈ প্ৰতিনিয়ত আগবাঢ়ি গৈছে। আজি এইখন চৰকাৰৰ প্ৰতিটো আঁচনিতে আপোনালোকে সামাজিক ন্যায় আৰু কোনো ভেদভাৱ অবিহনেই সকলোতে সমানতাৰ অধিকাৰ দেখিবলৈ পাব। সামাজিক ন্যায় আৰু ভেদ ভাৱ নোহোৱা এক পৰিৱেশ আৰু সকলোকে সমান অধিকাৰ প্ৰদানৰ প্ৰয়াস দেখিবলৈ পাব। দশক দশক ধৰি আমাৰ দেশত যি ভাৰসাম্যহীনতা দেখা গৈছিল, সেই কু-প্ৰথা এই চৰকাৰখনে বিভিন্ন আঁচনিৰ যোগেদি সমাপ্ত কৰাৰ বাবে অহৰহ কাম কৰি আছে। যেনে জনধন যোজনা। স্বাধীনতাৰ ইমান বছৰৰ পিছতো দেশৰ কোটি কোটি লোকৰ বেংক একাউণ্ট নথকাটো প্ৰকৃতাৰ্থতেই এক সামাজিক অন্যায় হৈ আছিল। এই অন্যায় শেষ কৰাৰ কাম আমি কৰিছো। জনধন যোজনাৰ অধীনত এতিয়ালৈ দেশত ৩১ কোটিতকৈও অধিক বেংক একাউণ্ট খোলা হৈছে। টিক তেনেদৰেই দেশৰ কোটি কোটি পৰিয়ালত শৈচালয় নথকাটোও সামাজিক অন্যায়ৰে আন এক নাম আছিল। স্বচ্ছ ভাৰত অভিযানৰ যোগেদি এই চৰকাৰখনে ইতিমধ্যেই ৭ কোটি শৌচালয় নিৰ্মাণ কৰি উলিয়াইছে। ইয়াৰ ভিতৰত প্ৰায় আঢ়ৈ কোটি শৌচালয় নিৰ্মাণ হৈছে গ্ৰামীণ এলেকাত থকা দ্লিত আৰু আদিবাসী বা জনজাতীয় লোকৰ ঘৰত। বিগত চাৰিটা বৰ্ষত দেশে দেখিছে যে কেনেদৰে এই শৌচালয়ৰ যোগেদি সন্মানো আহে সমানতাও আহে। বন্ধুববৃন্দ, আজিৰ এই আধুনিক সময়ছোৱাত কোনো লোকৰ ঘৰত যদিহে বিজুলী বাতি নাই তেন্তে সেয়াও এক সামাজিক অন্যায়। আমাৰ দেশত ২০১৪ চনত ১৮ হাজাৰ এনে গাওঁ আছিল, য’ত বিজুলীৰ কোনো চিন মোকামেই নাছিল। তেওঁলোক ১৮ শ শতিকাতেই ৰৈ গৈছিল। লালকিল্লাত কৰা সদম্ভ ঘোষণাৰ পিছত সেই গাওঁসমূহত বিদ্যুৎ সংযোগৰ কাম ক্ষীপ্ৰতাৰে কৰি থকা হৈছে। এই পৰ্যন্ত ১৬ হাজাৰৰো অধিক গাওঁত বিদ্যুৎ সংযোগ প্ৰদান কৰা হৈছে। এতিয়া আমি দেশৰ প্ৰতিটো পৰিয়ালতে বিদ্যুৎ সংযোগ প্ৰদান কৰাৰ বাবে ক্ষীপ্ৰতাৰে কাম আৰম্ভ কৰা হৈছে। প্ৰধানমন্ত্ৰী সৌভাগ্য যোজনাৰ অধীনত দেশৰ ৪ কোটি ঘৰত বিনামূলীয়াকৈ বিদ্যুৎ সংযোগ দিয়া হৈছে। যেতিয়া ঘৰত পোহৰ থাকিব, সেই পোহৰ সমগ্ৰ সমাজতো বিয়পি পৰিব। স্বনিয়োজনক বিকাশ প্ৰদান কৰা মূদ্ৰা যোজনাইয়ো দেশত দশক দশক ধৰি চলি অহা অন্যায় শেষ কৰাৰ বাবে কাম কৰি আহিছে। বেংকৰ পৰা ঋণ কেৱল ডাঙৰ ডাঙৰ আঁচনি প্ৰস্তুত কৰা লোকেহে লাভ কৰে, নিজৰ মেধা আৰু প্ৰতিভাৰ ভিত্তিত কিবা এটা কৰাৰ সপোন দেখা যুৱক-যুৱতীসকলক বেংক গ্যাৰাণ্টিৰ নামত দিনৰ পিছত দিন ধৰি ওভতাই পঠিয়াই থাকে, এনে পৰিস্থিতি সঁচাকৈয়ে ঠিক নহয়। এইবাবেই আমাৰ চৰকাৰে বেংক গ্যাৰাণ্টিবিহীন ঋণ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মূদ্ৰা যোজনাৰ অধীনত এতিয়ালৈ ১২ কোটিতকৈও অধিক ঋণলৈ স্বীকৃতি প্ৰদান কৰা হৈছে। ইয়াৰ দ্বাৰা গ্ৰামীণ আৰু নগৰীয়া অঞ্চলসমূহত স্বনিয়োজনৰ অপৰিসীম পথ মুকলি হৈছে। মূদ্ৰা যোজনাৰ অধীনত ২ কোটি ১৬ লাখতকৈও অধিক দলিত হিতাধিকাৰী উপকৃত হৈছে। বন্ধুসকল, এই বাজেটত চৰকাৰে আন এক ডাঙৰ আঁচনি ঘোষণা কৰিছে। ইতিমধ্যেই সমগ্ৰ বিশ্বতে এই আঁচনিৰ বিষয়ে চৰ্চা আৰম্ভ হৈছে। সামাজিক ভাৰসাম্যহীনতা আঁতৰ কৰাৰ ক্ষেত্ৰত এই যোজনাৰ যোগেদি আমি এক ডাঙৰ প্ৰচেষ্টা হাতত লাছো। এই আঁচনিৰ নাম হৈছে আয়ুষ্মান ভাৰত। এই আঁচনিৰ অধীনত চৰকাৰে দেশৰ প্ৰায় ১১ কোটি দৰিদ্ৰ পৰিয়াল অৰ্থাৎ প্ৰায় ৪৫ ৰ পৰা ৫০ কোটি লোকক স্বাস্থ্য বীমা প্ৰদান কৰিব। দৰিদ্ৰ পৰিয়ালৰ যদিহে কোনো লোক ৰোগাক্ৰান্ত হয়, তেন্তে তেওঁলোকক ৫ লাখ টকালৈকে চিকিৎসা সুবিধা প্ৰদান কৰা হ’ব। বন্ধুসকল, আজি দেশৰ যিকোনো স্থানলৈ গ’লেই সেইসমূহ স্থানৰ গ্ৰামাঞ্চলৰ মহিলাসকলৰ মাজত সৰ্বাধিক চৰ্চিত আঁচনিখনৰ নামেই হৈছে উজ্জ্বলা যোজনা। দশক দশক ধৰি গাওঁত এনেধৰণৰ পৰিস্থিতি আছিল যে গাওঁৰ মাত্ৰ কেইঘৰমানৰ ঘৰতহে ৰন্ধন গেছৰ সুবিধা আছিল। ৰন্ধন গেছ থকা বাবেই সেই অঞ্চলত সেই বিশেষ পৰিয়ালকেইটিৰ আছিল বিশেষ চিনাকি। যি পৰিয়ালত ৰন্ধন গেছৰ সুবিধা নাই, তেওঁলোকেই সামাজিক অন্যায়ৰ বলি হোৱাৰ অন্যতম উদাহৰণ। উজ্জ্বলা যোজনাৰ অধীনত চৰকাৰে দেশত চাৰে তিনি কোটিতকৈও অধিক ৰন্ধন গেছৰ সংযোগ বিনামূলীয়াকৈ যোগান ধৰিছে। এতিয়া ইয়াৰ লক্ষ্য বৃদ্ধি কৰি ৮ কোটি কৰা হৈছে। মই বুজো যে বিগত ভালেমান দশকত ৰাইজলৈ মুকলি কৰি দিয়া বিভিন্ন আঁচনিৰ ভিতৰত এই আঁচনিখনেই হৈ ছে আটাইতকৈ জনপ্ৰিয় আঁচনি। বন্ধুসকল, সামাজিক অধিকাৰ এই চৰকাৰখনৰ বাবে কেৱল কোৱা বা শুনা বিষয় নহয়, বৰঞ্চ ই এক প্ৰতিশ্ৰুতি, ই এক প্ৰতিজ্ঞা। যি নৱভাৰতৰ কথা মই কৈ থাকো, সেই একেই স্বপ্ন দেখিছিল বাবা চাহেবেও, সেয়েই স্বপ্নময় ভাৰত। ডাঃ আম্বেদকাৰৰ ১২৫ তম জন্মজয়ন্তী বিশ্বৰ বিভিন্ন প্ৰান্তত অতি অনন্য ধৰণে পালন কৰা হৈছে। এই সময়ছোৱাতে বিশেষ ডাক-টিকট, মূদ্ৰা আদিও মুকলি কৰা হৈছে। গণতন্ত্ৰ দিৱসত বাবা চাহেব সম্বন্ধীয় সমদল উলিওৱা হৈছিল। আমেৰিকা আৰু ব্ৰিটেইনৰ য’ত বাবা চাহেবে শিক্ষা গ্ৰহণ কৰিছিল, তালৈ বহু শিক্ষাৰ্থী প্ৰেৰণ কৰা হৈছিল। চৰকাৰে ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰি ২৬ নৱেম্বৰ তাৰিখে, যিদিনা সংবিধানখন গৃহীত কৰা হৈছিল সেই দিনটোকেই সংবিধান দিৱস হিচাপে ঘোষণা কৰে আৰু প্ৰথমবাৰৰ বাবে সংসদত সংবিধান সন্দৰ্ভত দুদিনলৈ আলাপ-আলোচনা হয়। মোৰ আদৰ ভাই-ভনীসকল, মই আজি দেশবাসীক স্পষ্টভাৱে ক’বলৈ বিচাৰিছো যে বাবা চাহেবৰ কৰ্মনিষ্ঠা, সত্যনিষ্ঠ আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ পৱিত্ৰ কামত তেওঁৰ যোগদানৰ যি আৰ্হি সিয়েই তেওঁক ভাৰতীয়ৰ হৃদয়ত স্থান দিছে। অন্যথা কংগ্ৰেছে পূৰ্ণ শক্তি প্ৰয়োগ কৰি দেশৰ ইতিহাসৰ পৰাই তেওঁৰ নাম চিৰদিনৰ বাবে আঁতৰাই পেলাবলৈ বিচাৰিছিল। এয়া ইতিহাসেৰ খুব কঠিন সত্য যে বাবা চাহেব জীৱিত কালত কংগ্ৰেছে তেওঁক অপমানৰ কোনো সুযোগেই এৰা নাছিল। এইবাবেই মোৰ আদৰৰ বন্ধু-বান্ধৱীসকল, আজিৰ প্ৰজন্মৰ বাবে এইটো জনাটো অতিকৈ আৱশ্যকীয় যে কেনেদৰে কংগ্ৰেছে বাবা চাহেব জীয়াই থকা কালছোৱাত আৰু তেওঁৰ মৃত্যুৰ পিছতো তেওঁক অপমান কৰি আহিছে। আজিৰ প্ৰজন্মৰ বাবে এইটো জনাটো অতিকৈ আৱশ্যকীয় যে কেনেদৰে বাবা চাহেবে কংগ্ৰেছৰ প্ৰকৃত ছবিখন দেশবাসীৰ সমূখত দাঙি ধৰিছিল। আজিৰ প্ৰজন্মৰ বাবে এইটো জনাটো অতিকৈ আৱশ্যকীয় যে যেতিয়া কংগ্ৰেছ আৰোপীৰে ভৰি থাকে, তেতিয়া সমূখৰ ব্যক্তিজনক কেনেদৰে সম্পূৰ্ণৰূপে আঁতৰাই পঠিয়াবলৈ সকলো ধৰণৰ প্ৰচেষ্টা হাতত লয়। কংগ্ৰেছ আৰু বাবা চাহেবৰ মাজত যেতিয়া সম্বন্ধ শেষ হোৱাৰ অন্তিম অৱস্থাত উপনীত হৈছিল, সেই সময়ৰ কিছু কথা সবিস্তাৰে বৰ্ণনা কৰিবলৈ বিচাৰিছো। এই কথাখিনি মনত পেলোৱাটো এইবাবেই দৰকাৰী কিয়নো এই কথাই কংগ্ৰেছৰ প্ৰকৃত ছবিখন সমূখলৈ আনিব। বন্ধুসকল, বিভিন্ন বিবদমান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বাবা চাহেবে নেহৰু মন্ত্ৰী সভাৰ পৰা পদত্যাগ কৰে। নিজৰ বক্তব্যত বাবা চাহেবে এটা এটাকৈ নিজৰ কষ্ট-সমস্যাবোৰ উল্লেখ কৰিছিল। তেওঁ এই সমস্যাবোৰৰ কাৰণসমূহো সবিস্তাৰে উল্লেখ কৰিছিল, যাৰ বাবে তেওঁ পদত্যাগ কৰিছিল। মই সেই বক্তব্যৰ কেইটামান শাৰী মই আপোনালোকক ক’বলৈ বিচাৰিছো। এই কথা মই উল্লেখ কৰাতো এইবাবেই অতি গুৰুত্বপূৰ্ণ যে সমগ্ৰ দেশৰ দলিত সমাজ, দেশৰ আদিবাসী লোকসকল, জনজাতীয় লোকসকল, পিছপৰা শ্ৰেণীৰ লোকসকল তথা সমগ্ৰ ভাৰতবাসীয়ে জানক যে দেশত জৰুৰীকালীন অৱস্থাৰ পৰিচয় কৰোৱা কংগ্ৰেছে সংবিধানৰ ৰচয়িতাৰ সৈতে কিধৰণৰ ব্যৱহাৰ কৰিছিল। বন্ধুসকল, বাবা চাহেবে লগতে লিখিছিল – “মোক কেবিনেটৰ কোনো কমিটিতেই লোৱা নহ’ল। সেয়া বৈদেশিক পৰিক্ৰমাই হওঁক বা সুৰক্ষা কমিটিয়েই হওঁক। যেতিয়া অৰ্থনৈতিক পৰিক্ৰমাৰ কমিটি গঠিত হৈছিল, তেতিয়া মোৰ অনুভৱ হৈছিল যে তাত নিশ্চয় মোক অন্তৰ্ভুক্ত কৰা হ’ব, কিয়নো মই আছিলো অৰ্থশাস্ত্ৰ আৰু বিত্ত বিভাগৰ ছাত্ৰ। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে মোক সেই কমিটিৰ পৰা আঁতৰাই ৰখা হ’ল।” বাবা চাহেবক লৈ কংগ্ৰেছৰ কেনে চিন্তাধাৰা আছিল, তেওঁলোকৰ এই চিন্তাক আজিৰ পৰা ৭০ বছৰ পূৰ্বেই সণ্ঢালনি কৰি গৈছিল। যিগৰাকী ব্যক্তিয়ে বিশ্বৰ একাধিক বিশ্ববিদ্যালয়ত শিক্ষাগ্ৰহণ কৰিছিল, সেইজন মহান মনীষীকেই কংগ্ৰেছে অপমান কৰিছিল পলে পলে। বাবা চাহেবে নিজেই কৈছিল যে তেওঁক এনে এটা মন্ত্ৰালয় দিছিল, য’ত কাম কৰিবলৈ বিশেষ একো নাছিল। তেওঁ ভাবিছিল যে তেওঁ বিভিন্ন পৰিকল্পনা প্ৰস্তুত কৰাৰ কামত নিয়োজিত হ’ব, য’ত তেওঁ যথাৰ্থতেই সিদ্ধহস্ত আছিল, তাত তেওঁৰ অভিজ্ঞতা, অনুভৱৰ ফল দেশক দিব পাৰিব, কিন্তু তেওঁক এই সকলোবোৰ দিশৰ পৰাই আঁতৰাই ৰখা হৈছিল। আনকি মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ সময়তো কোনো মন্ত্ৰালয়ৰ অতিৰিক্ত দায়িত্ব বাবা চাহেবক দিয়া হোৱা নাছিল। বন্ধুসকল, আৰু এটা ডাঙৰ কাৰণ আছিল যাৰ বাবে বাবা চাহেবে পদত্যাগ কৰিছিল। এই কাৰণটোৱেও নিৰ্দেশ কৰে যে কংগ্ৰেছৰ শাসনকালত দেশৰ দলিত শ্ৰেণীৰ লোকসকলৰ সৈতে, পিছপৰা শ্ৰেণীৰ লোকসকলৰ সৈতে কেনে ব্যৱহাৰ হয়। নিজৰ বক্তব্যত বাবা চাহেবে কৈছিল – “এতিয়া মই আপোনালোকক চৰকাৰৰ প্ৰতি মোৰ মোহভঙ্গ হোৱাৰ কাৰণ উল্লেখ কৰিবলৈ বিচাৰিছো। পিছপৰা শ্ৰেণী আৰু দলিত শ্ৰেণীৰ লোকসকলৰ প্ৰতি কৰা ব্যৱহাৰৰ সৈতে জড়িত হৈ আছে এই প্ৰসঙ্গ।” মোৰ এই আক্ষেপ সদায়েই আছে যে সংবিধানত পিছপৰা শ্ৰেণীৰ লোকসকলৰ প্ৰতি, তেওঁলোকৰ হিতসাধনৰ বাবে সঠিক ব্যৱস্থাৰ কথা উল্লেখ নাই। এই কাম এটা আয়োগৰ অনুমোদনৰ আধাৰতে হ’ব লাগিছিল। সংবিধান গৃহীত হোৱা এবছৰৰো অধিক সময় উকলি গৈছিল, কিন্তু চৰকাৰে এতিয়ালৈ আয়োগ গঠনৰ বাবে চিন্তাই কৰা নাই।” বন্ধুসকল, তেতিয়াৰ পৰা আজিলৈ, কংগ্ৰেছৰ চিন্তাৰ সলনি নহ’ল। ৭০ বছৰ পূৰ্বেই পিছপৰা শ্ৰেণীৰ জাতিৰ বিৰুদ্ধে আয়োগক লৈ কংগ্ৰেছে কথা আগবাঢ়িবলৈ দিয়া নাছিল। আনকি ড. আম্বেদকাৰে পদত্যাগ পৰ্যন্ত কৰিবলৈ বাধ্য হৈছিল। আজি ৭০ বছৰ পিছতো কংগ্ৰেছে সংসদত অ’বিচি কমিশ্যন (অন্যান্য পিছপৰা শ্ৰেণী আয়োগ)ক সাংবিধানিক স্বীকৃতি প্ৰদানত বাধা আৰোপ কৰি আহিছে। অ’বিচি কমিশ্যনে সাংবিধানিক স্বীকৃতি লাভ কৰাৰ পিছত এই আয়োগেও ST/SC আয়োগৰ লেখীয়াকৈ শক্তিসমৃদ্ধ হৈ পৰিব। কিন্তু কংগ্ৰেছে ইয়াতো বিধি-পথালি দিবলৈ আৰম্ভ কৰিছে। বন্ধুসকল, আপোনালোক সকলোৰে সৈতে মই বাবা চাহেবৰ ইস্তাফা বা পদত্যাগ সন্দৰ্ভত এইবাবেই সবিস্তাৰে আলোচনা কৰিছো এইবাবেই যে কংগ্ৰেছে বাবা চাহেবক দেশৰ আইন মন্ত্ৰী হিচাপে অধিষ্ঠিত কৰা বুলি এক মিছা প্ৰচাৰ চলাই আহিছে। আইন মন্ত্ৰী হিচাপে দায়িত্ব প্ৰদান কৰাৰ পিছত বাবা চাহেবৰ সৈতে কংগ্ৰেছে যি ধৰণৰ ব্যৱহাৰ কৰিছিল, সেয়া প্ৰতিগৰাকী ভাৰতীয়ই জানিব লাগে কিয়নো স্বাধীনতাৰ পিছত কংগ্ৰেছে এনে এক পৰিস্থিতি তন্ত্ৰ প্ৰস্তুত কৰি লৈছিল যে সমগ্ৰ দেশৰ ইতিহাস মাত্ৰ এটা পৰিয়ালৰ চৌপাশেই ঘূৰি ঘূৰি ৰৈ গ’ল। যিসকলে কংগ্ৰেছৰ এই পৰিস্থিতি তন্ত্ৰ সমূখত মূৰ নোদোৱালে, সেইসকলক আনকি কিতাপতো ঠাই দিয়া নহ’ল। বন্ধুসকল, ১৯৫১ চনত কেবিনেটৰ পৰা ইস্তাফা দিয়াৰ পিছত বাবা চাহেবে ১৯৫২ চনত লোকসভাৰ সাধাৰণ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। কংগ্ৰেছে সেই সময়ত কেৱল বাবা চাহেবৰ বিৰুদ্ধে প্ৰাৰ্থী থিয় কৰোৱাই নহয়, বৰঞ্চ নেহেৰু জীয়ে নিজেই বাবা চাহেবৰ বিৰুদ্ধে প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিছিল। কংগ্ৰেছে জয়ী হ’বৰ বাবে পূৰ্ণ শক্তি প্ৰয়োগ কৰা বাবেই বাবা চাহেবে পৰাজয়ৰ অপমান সহিবলগীয়া হৈছিল। ইয়াৰ পিছত তেওঁ ১৯৫৩ চনত ভণ্ডাৰা আসনৰ বাবে লোকসভাৰ উপ-নিৰ্বাচনত অৱতীৰ্ণ হয়। কংগ্ৰেছে পুনৰবাৰ বাবা চাহেবৰ বিৰুদ্ধে প্ৰাৰ্থী থিয় কৰায় আৰু এইবাৰো বাবা চাহেবক লোকসভালৈ নিৰ্বাচিত হৈ অহাৰ পথ ৰুদ্ধ কৰে। এনেদৰে ধাৰাবাহিকভাৱে অপমান সহিবলগীয়া পৰিস্থিতিত বাবা চাহেবক সংগ দিয়ে ডাঃ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে। আৰু তেওঁৰ প্ৰচেষ্টাতে বাবা চাহেব ৰাজ্যসভালৈ নিৰ্বাচিত হয়। বন্ধুসকল, মই কংগ্ৰেছক প্ৰত্যাহ্বান জনাইছো। তেওঁলোকে এনে এটা কাম কওঁক, যিটো তেওঁলোকে বাবা চাহেবৰ বাবে কৰিছে। তেওঁলোকে এনে এটা কামৰ কথা কওঁক যিটো তেওঁলোকে বাবা চাহেবৰ সন্মানাৰ্থে কৰিছে। মোৰ আদৰৰ ভাই-ভনীসকল, আমি সকলোৱেই জানো যে ইয়াৰ উত্তৰ কংগ্ৰেছৰ হাতত নাই। উত্তৰৰ নামত তেওঁলোকে ক’ব পাৰে মিছা আৰু মিছা। সত্য এয়াই যে বাবা চাহেবৰ মৃত্যুৰ পিছত কংগ্ৰেছে ই যুগদ্ৰষ্টাগৰাকীৰ দেশৰ প্ৰতি থকা অৱদানকো নাইকিয়া কৰাৰহে চেষ্টা কৰিছিল। নেহৰুজীৰ পৰা আৰম্ভ কৰি ৰাজীৱ গান্ধীলৈ, কংগ্ৰেছে দেশৰ বহু লোককে ভাৰতৰত্ন সন্মানেৰে বিভূষিত কৰিছে, কিন্তু তেওঁলোকে বাবা চাহেবক কেতিয়াও ভাৰত ৰত্নৰ বাবে যোগ্য বিবেচনা নকৰিলে। বাবা চাহেবে তেতিয়াহে ভাৰত ৰত্ন লাভ কৰিলে, যেতিয়া বি পি সিংৰ চৰকাৰ ভাৰতৰ শাসনলৈ আহিল, যেতিয়া অটল জী, যেতিয়া আডৱানি জীয়ে বাবা চাহেবক ভাৰত ৰত্ন দিয়াৰ বাবে আগ্ৰহ প্ৰকাশ কৰিলে তেতিয়া। সংসদৰ চেণ্ট্ৰেল হলত বাবা চাহেবৰ ছবি আৰি ৰখাৰ পদক্ষেপো বিজেপিৰেই এক আন্তৰিক প্ৰয়াস আছিল। অন্যথা বাবা চাহেবৰ ছবি সংসদ ভৱনত লগোৱাৰ বিৰুদ্ধে এই যুক্তি উত্থাপিত হ’লহেতেন যে চেণ্ট্ৰেল হলত ঠাই নাই। ভাবকচোন, যিগৰাকী লোকে চেণ্ট্ৰেল হলত বহি সংবিধান ৰচনা কৰিছিল, সেই সংবিধান সন্দৰ্ভত ঘণ্টা ঘণ্টা ধৰি আলোচনাত মিলিত হৈছিল, যাৰ দ্বাৰা প্ৰণয়নকৃত সংবিধানৰ ভেটিতে যি সংসদ ভৱনত বহিছিল সেইগৰাকী লোকৰ বাবেই কংগ্ৰেছৰ শাসন কালতে চেণ্ট্ৰেল হলত স্থান নাছিল। মোৰ আদৰৰ ভাই-ভনীসকল, মই ডাঠি ক’ব পাৰো যে যদি ৯০ ৰ দশকত দেশৰ দলিত আৰু পিছপৰা শ্ৰেণীৰ লোকসকলৰ অধিকাৰৰ ওপৰত দেশজুৰি চৰ্চা আৰম্ভ নহ’লহেতেন, তেন্তে কংগ্ৰেছে আজিও বাবা চাহেবৰ প্ৰতি দলৰ ঘৃণা ভাৱ সাৰ্বজনীন ৰূপত তেনেদৰেই দেখুৱালেহেতেন, যিদৰে পূৰ্বে দেখুৱাইছিল। বাবা চাহেবৰ নামত কেৱল ভোটবেংক দেখে কংগ্ৰেছে, সেইবাবেই অনিচ্ছা সত্ত্বেও বাবা চাহেবৰ নাম ল’বলগীয়া পৰিস্থিতি হৈছে কংগ্ৰেছৰ। মই বুজো, কংগ্ৰেছৰ নিজৰ ইতিহাস আছে, বাবা চাহেবৰ নাম ল’বলগীয়া হোৱাটো তেওঁলোকৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানসমূহৰ ভিতৰত এটা। এয়া হৈছে বাবা চাহেবৰ বিভিন্ন মহান কামৰ, দেশৰ প্ৰতি তেওঁ আগবঢ়াই যোৱা সেৱাৰ ফল যে এটা পৰিয়ালৰ পূজা কৰাসকলে, এটা পৰিয়ালক দেশৰ ভাগ্যবিধাতা বুলি ভাবি থকাসকলে এতিয়া হৃদয়ত শিল ৰাখিও বাবা চাহেবৰ নাম লৈ থাকিবলগীয়া হৈছে। কিন্তু মই জানো যে কংগ্ৰেছে এইখিনিও নকৰে। তেওঁলোকে কেৱল ভ্ৰম বিয়পাব পাৰে, দলিত, আদিবাসী, পিছপৰা শ্ৰেণীৰ লোকসকলক কেৱল মিছা কথা ক’ব পাৰে, তেওঁলোকৰ মাজত ভুল বাৰ্তা বিয়পাব পাৰে। এই প্ৰয়াসৰেই এখন ছবি আমি এই মাহৰে দুই তাৰিখে দেখিবলৈ পাইছো। কেতিয়াবা যদি সংৰক্ষণ বিষয়টোৰ সমাপ্তি ঘটোৱাৰ কথাক লৈ বিভ্ৰান্তি বিয়পায়, কেতিয়াবা আকৌ দলিত সকলক কৰা অত্যাচাৰৰ সৈতে জড়িত আইন শেষ কৰাক লৈ বিভ্ৰান্তি বিয়পোৱা, এইবোৰ কামৰ সৈতে জড়িত হৈ আহিছে কংগ্ৰেছ, ভাতৃৰ সৈতে ভাতৃৰ সংঘাত সৃষ্টিৰ ক্ষেত্ৰত কংগ্ৰেছে কোনো সুযোগ এৰি নিদিয়ে। বন্ধুসকল, কংগ্ৰেছে কেতিয়াও বিচৰা নাছিল আৰু আজিও নিবিচাৰে যে দলিত শ্ৰেণীৰ লোকসকল আৰু সমাজৰ পিছপৰা শ্ৰেণীৰ লোকসকলে উন্নয়ন লাভ কৰক, তেওঁলোক মুখ্যধাৰালৈ আহক। আনফালে আমাৰ চৰকাৰে, বাবা চাহেবে দেখুওৱা পথেৰে আগবাঢ়ি সকলোৰে সৈতে সকলোৰে বিকাশ মূলমন্ত্ৰৰে সমাজৰ প্ৰতিটো শ্ৰেণীলৈ বিকাশৰ লাভ প্ৰেৰণ কৰাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে। যিকোনো ৰাজনৈতিক দল, বা ব্যক্তিয়েই যদিহে শ্ৰদ্ধাৰে বাবা চাহেবক অনুসৰণ কৰে, তেওঁৰ ওপৰত আস্থা ৰাখে তেওঁলোক কেতিয়াও কংগ্ৰেছৰ সৈতে থাকিব নোৱাৰে। বন্ধুসকল, মই যদিহে দৰিদ্ৰ আৰু পিছপৰা পৰিয়ালত জন্ম নহ’লোহেতেন, তেন্তে বাবা চাহেবক ইমান সহজে হয়তো বুজিবলৈ সক্ষম নহ’লোহেতেন। মই দৰিদ্ৰতা দেখিছো, জাতিৰ সৈতে জড়িত অপশব্দও শুনিছো, নানা তীৰ্যক মন্তব্যও শুনিছো। সেইবাবেই মোৰ দৰে লোকৰ বাবে এনে অনুভৱবোৰ অতি সহজ হৈ পৰিছিল যে সেই সময়বোৰত বাবা চাহেবে কেনেধৰণৰ কষ্ট সহ্য কৰিবলগীয়া হৈছিল। বাবা চাহেবৰ প্ৰেৰণাৰ ফলতেই কালিৰ পৰ, অৰ্থাৎ তেওঁৰ জন্মদিনৰ পৰা সমগ্ৰ দেশতে গ্ৰাম স্বৰাজ যোঁজনা আৰম্ভ কৰা হ’ব। মই নিজেই চট্টীশগড়ৰ বীজাপুৰত থাকিম। কালিৰ পৰা দেশত ক্ষেত্ৰীয় বিকাশত হ’বলগীয়া ভাৰসাম্যহীনতা, স্বাস্থ্যৰ অসন্তুলন আদি শেষ কৰিবৰ বাবে এক নতুন অধ্যায়ৰ আৰম্ভ কৰা হ’ব। বন্ধুসকল, সামাজিক ন্যায় এই চৰকাৰৰ বাবে কেৱল কোৱা বা শুনা বিষয় নহয়, ই এক প্ৰতিজ্ঞাৰ ৰূপ ধাৰণ কৰিছে। কিন্তু বিগত কেইটামান দিনত আমি যিধৰণৰ কৰ্মকাণ্ড দেখিবলৈ পাইছো, ই প্ৰকৃততেই সামাজিক ন্যায়ৰ ধাৰণাটোক ভেঙুচালি কৰে, প্ৰত্যাহ্বান জনায়। বিগত দুটা দিন ধৰি যিবোৰ কথাই সৰ্বত্ৰ চৰ্চা লাভ কৰিছে সেয়া নিশ্চিত ৰূপত একোখন সভ্য সমাজৰ বাবে লজ্জাৰ বিষয়। দেশৰ ভৱিষ্যৎৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰি অহা স্বতন্ত্ৰ সেনানীসকলৰ বাবে এইবোৰ ঘটনা অপমানস্বৰূপ। এখন সমাজ হিচাপে, এখন দেশ হিচাপে আমি ইয়াৰ বাবে অতিকৈ লজ্জিত। দেশৰ যিকোনো স্থানতে, যিকোনো ক্ষেত্ৰতে হোৱা এনেধৰণৰ ঘটনাই আমাৰ মানৱীয় সংবেদনাক জোকাৰি যায়। মই সমগ্ৰ দেশবাসীকে কথা দিছো যে কোনো অপৰাধীয়েই সাৰি নাযাব, ন্যায় অৱশ্যেই হ’ব আৰু সম্পূৰ্ণ হ’ব। আমাৰ সমাজৰ এই আভ্যন্তৰীণ কুসংস্কাৰ আঁতৰ কৰিবৰ বাবে আমি সকলোৱেই একেলগে কাম কৰিব লাগিব। মই তো লালকিল্লাৰ পৰা কোৱাৰ সাহস কৰিছিলো যে ছোৱালীক নহয়, ল’ৰাক সোধক। আমি পাৰিবাৰিক ব্যৱস্থা, সামাজিক মূল্যবোধৰ পৰা আৰম্ভ কৰি ন্যায় ব্যৱস্থালৈকে, সকলোকে ইয়াৰ বাবে শক্তিশালী কৰি তুলিব লাগিব। তেতিয়াহে আমি বাবা চাহেবৰ সপোনক সাকাৰ কৰিবলৈ সক্ষম হ’ম, এখন নৱ ভাৰত গঢ় দিবলৈ সক্ষম হ’ম। বাবা চাহেবৰ আশীৰ্বাদ আপোনালোক সকলোৰে ওপৰত থাকক, তেওঁৰ বিচাৰধাৰাৰ দ্বাৰা আপোনালোক সকলোৱেই অনাবিলভাৱে প্ৰেৰিত হওঁক, এই কামনাৰেই আজিৰ এই বক্তব্য সামৰিছো। পুনৰ এবাৰ আপোনালোক সকলোকে, সমগ্ৰ দেশবাসীক, বাবা আম্বেদকাৰ ৰাষ্ট্ৰীয় স্মাৰকৰ বাবে বহুতো শুভকামনা যাঁচিছো। ধন্যবাদ !!! | দিল্লীৰ ২৬ আলিপুৰ ৰোডৰ অনুষ্ঠিত ড. আম্বেদকাৰ ৰাষ্ট্ৰীয় স্মাৰক উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A6%B6%E0%A7%8D%E0%A6%9A%E0%A6%BF%E0%A6%AE%E0%A6%AC%E0%A6%82%E0%A6%97%E0%A7%B0-%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%A7%E0%A6%BE%E0%A6%AE-%E0%A6%A0%E0%A6%BE%E0%A6%95%E0%A7%81%E0%A7%B0/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A6%B6%E0%A7%8D%E0%A6%9A%E0%A6%BF%E0%A6%AE%E0%A6%AC%E0%A6%82%E0%A6%97%E0%A7%B0-%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%A7%E0%A6%BE%E0%A6%AE-%E0%A6%A0%E0%A6%BE%E0%A6%95%E0%A7%81%E0%A7%B0/ | জয় হৰি বোল! জয় হৰি বোল! শ্ৰী শ্ৰী হৰিচান্দ ঠাকুৰ, দুশো-ইগাৰো তমো, আৱিৰ্ভাৱ তিথি উপো-লক্ষে, সোকাল পুণ্যাৰ্থী, সাধু, গোঁসাই, দলপতি, অ মাতুৱা মাইদেৰ, জানাই আন্তৰিক সুবেক্ষা অভিনন্দন ও নমোস্কাৰ! কেন্দ্ৰীয় কেবিনেটত মোৰ সহকৰ্মী আৰু সৰ্বভাৰতীয় মাতুৱা ফেডাৰেচনৰ সভাপতি শ্ৰী শান্তনু ঠাকুৰজী, শ্ৰী মঞ্জুল কৃষ্ণ ঠাকুৰজী, শ্ৰীমতী সবিৰাণী ঠাকুৰজী, শ্ৰী সুব্ৰত ঠাকুৰজী, শ্ৰী ৰবীন্দ্ৰনাথ বিশ্বাসজী, অন্যান্য গণ্যমান্য ব্যক্তি আৰু বৃহৎ সংখ্যাত উপস্থিত মোৰ মৰমৰ ভগ্নী আৰু ভাতৃসকল! এয়া মোৰ সৌভাগ্য যে যোৱা বছৰ ওৰাকান্দিত মই শ্ৰী শ্ৰী গুৰুচান্দ ঠাকুৰজী আৰু মহান মাতুৱা পৰম্পৰাক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সুযোগ পাইছিলো। আজি ঠাকুৰবাৰীৰ দৰে মহাতীৰ্থত প্ৰযুক্তিৰ জৰিয়তে আপোনাৰ সকলো সহকৰ্মীৰ সৈতে বাৰ্তালাপ কৰাৰ সুযোগ পাইছো। যেতিয়া মই ওৰাকান্দিলৈ গৈছিলো, তাত মই বহুতো আন্তৰিকতা, বহুতো আশীৰ্বাদ পাইছিলো। আৰু ঠাকুৰবাৰীয়ে মোক সদায় এক আন্তৰিকতা, যথেষ্ট মৰমৰ অনুভূতি প্ৰদান কৰি আহিছে। বন্ধুসকল, এয়া মাতুৱা ধৰ্ময়ো মহামেলা, মাতুৱা পৰম্পৰাক প্ৰণাম জনোৱাৰ এক উপলক্ষ। শ্ৰী শ্ৰী হৰিচান্দ ঠাকুৰজীয়ে স্থাপন কৰা মূল্যবোধৰ ওপৰত বিশ্বাস প্ৰকাশ কৰাৰ এইটো এটা সুযোগ। গুৰুচান্দ ঠাকুৰজী আৰু বড়ো মাৰ দ্বাৰা ইয়াক শক্তিশালী কৰা হৈছিল, আৰু আজি শান্তনুজীৰ সহযোগত, এই সময়ত এই পৰম্পৰা অধিক সমৃদ্ধ হৈ আহিছে। সংহতি, ভাৰতীয়ত্ব, আমাৰ বিশ্বাসৰ কথা মনত ৰাখি আধুনিকতাক গ্ৰহণ কৰা, এই শিক্ষাবোৰ মহান মাতুৱা পৰম্পৰাৰ পৰা আমাৰ ওচৰলৈ আহিছে। আজি যেতিয়া আমি স্বাৰ্থপৰতাৰ বাবে ৰক্তপাত দেখা পাইছো, যেতিয়া সমাজত বিভাজনৰ প্ৰয়াস হয়, যেতিয়া আমি ভাষা আৰু অঞ্চলৰ আধাৰত বিভাজিত কৰাৰ প্ৰৱণতা দেখিবলৈ পাওঁ, শ্ৰী শ্ৰী হৰিচান্দ ঠাকুৰজীৰ জীৱন, তেওঁৰ দৰ্শন অধিক গুৰুত্বপূৰ্ণ হৈ পৰে। সেয়েহে, এই মেলাখনে এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ মূল্যবোধকো শক্তিশালী কৰিব। ভাতৃ আৰু ভগ্নীসকল, আমি প্ৰায়ে কওঁ যে আমাৰ সংস্কৃতি, আমাৰ সভ্যতা মহান। এইটো ভাল কিয়নো ইয়াৰ ধাৰাবাহিকতা আছে, ই প্ৰবাহিত হৈ আছে, ইয়াৰ নিজকে শক্তিশালী কৰাৰ এক স্বাভাৱিক প্ৰৱণতা আছে। ই এখন নদীৰ দৰে, যি পথ তৈয়াৰ কৰে আৰু পথৰ যিকোনো বাধা অনুসৰি নিজকে খাপ খুৱায়। এই মহানতাৰ কৃতিত্ব হৰিচান্দ ঠাকুৰজীৰ দৰে সংস্কাৰকসকলৰ যিয়ে কেতিয়াও সামাজিক সংস্কাৰৰ প্ৰবাহ বন্ধ হ’বলৈ নিদিয়ে। ‘হৰি-লীলা-আমৰুতো’ আবৃত্তি কৰা শ্ৰী শ্ৰী হৰিচান্দ ঠাকুৰৰ বাৰ্তা যিয়ে বুজি পায়, তেওঁ স্বয়ংক্ৰিয়ভাৱে কয় যে তেওঁ শতিকা পূৰ্বেই ইয়াক প্ৰত্যক্ষ কৰিছিল। অন্যথা, আজি বিশ্বই যি লিংগ ব্যৱস্থাৰ কথা কয়, হৰিচান্দ ঠাকুৰজীয়ে অষ্টদশ শতিকাতে ইয়াক তেওঁৰ লক্ষ্য কৰি তুলিছিল। তেওঁ শিক্ষাৰ পৰা কামলৈ কন্যাৰ অধিকাৰৰ বাবে মাত মাতিছিল, সামাজিক চিন্তাধাৰাত মাতৃ-ভগ্নী-কন্যাৰ মৰ্যাদা আগুৱাই নিয়াৰ বাবে চেষ্টা কৰিছিল। সেই সময়ছোৱাত, তেওঁ মহিলা আদালত আৰু কন্যাৰ বাবে এখন বিদ্যালয়ৰ দৰে কাম কৰিছিল। ই দেখুৱায় যে তেওঁৰ দৃষ্টি কি আছিল, তেওঁৰ লক্ষ্য কি আছিল। ভাতৃ আৰু ভগ্নীসকল, আজি, যেতিয়া ভাৰতে বেটি বচাও, বেটি পঢ়াওৰ অভিযান সফল কৰে, যেতিয়া মাতৃ আৰু ভগ্নী-কন্যাৰ পৰিষ্কাৰ পৰিচ্ছন্নতা, স্বাস্থ্য আৰু আত্মসন্মানক সন্মান কৰে, যেতিয়া বিদ্যালয় আৰু মহাবিদ্যালয়ত, কন্যাসকলক তেওঁলোকৰ শক্তি প্ৰদৰ্শন কৰা অনুভৱ কৰে, যেতিয়া সমাজৰ প্ৰতিটো ক্ষেত্ৰত, আমি সমাজৰ প্ৰতিটো ক্ষেত্ৰত আমাৰ ভগ্নী আৰু কন্যাসকলক ল’ৰা সন্তানৰ দৰে কান্ধত কান্ধ মিলাই ৰাষ্ট্ৰ গঢ়ি তোলাত অৰিহণা যোগোৱা দেখিবলৈ পাওঁ। তাৰ পিছত, এনে লাগে যে আমি শ্ৰী শ্ৰী হৰিচান্দ ঠাকুৰজীৰ দৰে মহান ব্যক্তিত্বক সঁচাকৈয়ে সন্মান জনাইছো। যেতিয়া চৰকাৰে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাসৰ আধাৰত চৰকাৰী আঁচনিসমূহ জনসাধাৰণৰ ওচৰলৈ লৈ যায়, যেতিয়া সকলোৰে প্ৰচেষ্টা ৰাষ্ট্ৰৰ উন্নয়নৰ শক্তি হৈ পৰে, তেতিয়া আমি এক সামগ্ৰিক সমাজ গঢ়ি তোলাৰ দিশত আগবাঢ়ি যাওঁ। বন্ধুসকল, ভাৰতৰ উন্নয়নত মাতুৱা সমাজৰ অংশগ্ৰহণ অতি গুৰুত্বপূৰ্ণ। সেয়েহে, কেন্দ্ৰীয় চৰকাৰৰ সকলো প্ৰচেষ্টা হৈছে সমাজৰ সৈতে জড়িত প্ৰতিটো পৰিয়ালৰ জীৱন সহজ কৰা। কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিটো জনকল্যাণ আঁচনি যাতে দ্ৰুত গতিত মাতুৱা পৰিয়ালত উপস্থিত হয় সেয়া নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰক উৎসাহিত কৰা হৈছে। পকী ঘৰ হওঁক, নলৰ পানী হওঁক, বিনামূলীয়া ৰেচন হওঁক, ৬০ বছৰৰ পিছত পেঞ্চন হওঁক, লাখ লাখ টকাৰ বীমা হওঁক, ১০০ শতাংশ মাতুৱা পৰিয়াল এনে প্ৰতিটো আঁচনিৰ আওতালৈ আহিব লাগে, আমাৰ এনেধৰণৰ প্ৰচেষ্টা চলি আছে। বন্ধুসকল, শ্ৰী শ্ৰী হৰিচান্দ ঠাকুৰজীয়ে আন এটা বাৰ্তা প্ৰদান কৰিছে যিটো স্বাধীনতাৰ অমৃত কালত ভাৰতৰ প্ৰতিজন ভাৰতীয়ৰ বাবে অনুপ্ৰেৰণাৰ উৎস। তেওঁ আমাক ঈশ্বৰীয় প্ৰেমৰ লগতে আমাৰ কৰ্তব্যৰ বিষয়ে সজাগ কৰিছিল। তেওঁ পৰিয়ালৰ প্ৰতি, সমাজৰ প্ৰতি তেওঁৰ দায়বদ্ধতা কেনেদৰে পালন কৰিব পাৰি তাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। কৰ্তব্যৰ এই মনোভাৱ দেশৰ উন্নয়নৰ আধাৰ হ’ব লাগিব। আমাৰ সংবিধানে আমাক বহুতো অধিকাৰ প্ৰদান কৰে। আমি সেই অধিকাৰবোৰ কেৱল তেতিয়াহে সুৰক্ষিত কৰিব পাৰোঁ যদি আমি সততাৰে আমাৰ কৰ্তব্য পালন কৰোঁ। সেয়েহে, আজি, মই মাতুৱা সমাজৰ সকলো সহকৰ্মীক কিছু অনুৰোধ কৰিব বিচাৰো। ব্যৱস্থাৰ পৰা দুৰ্নীতি নিৰ্মূল কৰিবলৈ, আমি সকলোৱে সমাজৰ স্তৰত সজাগতা আৰু অধিক বৃদ্ধি কৰিব লাগিব। যদি কাৰোবাক যিকোনো ঠাইতে হাৰাশাস্তি কৰা হৈছে, তেন্তে নিশ্চিতভাৱে তাত আপুনি মাত মাতিব। এয়া সমাজৰ লগতে ৰাষ্ট্ৰৰ প্ৰতি আমাৰ কৰ্তব্য। ৰাজনৈতিক কাৰ্যকলাপত অংশগ্ৰহণ কৰাটো আমাৰ গণতান্ত্ৰিক অধিকাৰ। কিন্তু ৰাজনৈতিক বিৰোধিতাৰ বাবে, যদি কোনোবাই কাৰোবাক হিংসাৰে বাধা দিয়ে, ভাবুকি প্ৰদান কৰে, ই আন এজনৰ অধিকাৰৰ উলংঘন কৰে। গতিকে সমাজত যিকোনো ঠাইত থাকিলে হিংসা, অৰাজকতাৰ মানসিকতাৰ বিৰোধিতা কৰাটোও আমাৰ কৰ্তব্য। আমি পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু স্বাস্থ্যৰ প্ৰতি আমাৰ কৰ্তব্য সদায়েই মনত ৰাখিব লাগিব। স্থানীয়লোকৰ বাবে কণ্ঠস্বৰ, আমি ইয়াক আমাৰ জীৱনৰ এটা অংশ কৰি তুলিব লাগিব। ভাৰতৰ পশ্চিম বংগৰ শ্ৰমিকসকলৰ, কৃষকসকলৰ, শ্ৰমিকসকলৰ ঘাম প্ৰবাহিত হোৱা সামগ্ৰীবোৰ কিনক। আৰু আটাইতকৈ ডাঙৰ কৰ্তব্য হৈছে দেশ সৰ্বপ্ৰথমৰ নীতি! ৰাষ্ট্ৰৰ বাহিৰে আন একো নাই। আমাৰ সকলো কাম ৰাষ্ট্ৰক প্ৰথম স্থানত ৰাখি কৰা উচিত। যিকোনো পদক্ষেপ লোৱাৰ আগতে, আমি ভাবিব লাগিব যে ই দেশৰ বাবে ভাল কৰিব। বন্ধুসকল, মাতুৱা সমাজ সদায় নিজৰ কৰ্তব্যৰ প্ৰতি সচেতন হৈ আহিছে। মই নিশ্চিত যে স্বাধীনতাৰ অমৃত সময়ত নতুন ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত আপোনালোকে এনেদৰে সহযোগিতা অব্যাহত ৰাখিব। আপোনালোক সকলোলৈ অশেষ অভিনন্দন! অশেষ ধন্যবাদ! | পশ্চিমবংগৰ শ্ৰীধাম ঠাকুৰনগৰত মাতুৱা ধৰ্ম মহা মেলাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC-%E0%A6%B8%E0%A7%8D/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC-%E0%A6%B8%E0%A7%8D/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জামনগৰত বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান ড০ টেড্ৰোছ গেব্ৰেয়েছাছক সাক্ষাৎ কৰে। ইয়াৰ পূৰ্বে তেওঁলোকে বিশ্ব স্বাস্থ্য সংস্থাৰ গ্লোবেল চেণ্টাৰ ফৰ ট্ৰেডিচনেল মেডিচিনৰ আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকে। প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে: “@DrTedrosক লগ পোৱা আৰু স্বাস্থ্য খণ্ডক অধিক শক্তিশালী কৰাক লৈ মত বিনিময় কৰাটো সদায় আনন্দদায়ক। মাননীয় টেড্ৰোছে সদায় তেওঁৰ জীৱনত ভাৰতীয় শিক্ষকসকলৰ প্ৰভাৱৰ কথা গৌৰৱেৰে উল্লেখ কৰি আহিছে। আজি তেওঁ নিজৰ গুজৰাটী দক্ষতাৰ বাবেও যথেষ্ট প্ৰশংসা লাভ কৰিছে।" | প্ৰধানমন্ত্ৰীয়ে বিশ্ব স্বাস্থ্য সংস্থাৰ সচিব প্ৰধান ড০ টেড্ৰ’ছ গেব্ৰেয়েছাছক সাক্ষাৎ কৰ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%81%E0%A6%A3%E0%A7%8D%E0%A6%AF-%E0%A6%A4%E0%A6%BF%E0%A6%A5%E0%A6%BF%E0%A6%A4-%E0%A6%A1%E0%A6%83-%E0%A6%B6%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%AE%E0%A6%BE-%E0%A6%AA%E0%A7%8D%E0%A7%B0/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%81%E0%A6%A3%E0%A7%8D%E0%A6%AF-%E0%A6%A4%E0%A6%BF%E0%A6%A5%E0%A6%BF%E0%A6%A4-%E0%A6%A1%E0%A6%83-%E0%A6%B6%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%AE%E0%A6%BE-%E0%A6%AA%E0%A7%8D%E0%A7%B0/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডঃ শ্যামা প্ৰসাদ মুখাৰ্জীক তেওঁৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়; "ডঃ শ্যামা প্ৰসাদ মুখাৰ্জীৰ পুণ্য তিথিত তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। ভাৰতৰ একতা অটুত ৰখাৰ বাবে কৰা অতুলনীয় প্ৰচেষ্টাৰ বাবে তেওঁৰ ওচৰত প্ৰতিজন ভাৰতীয় ঋণী। ভাৰতৰ প্ৰগতিৰ বাবে তেওঁ কঠোৰ পৰিশ্ৰম কৰিছিল আৰু এখন শক্তিশালী আৰু সমৃদ্ধিশালী ৰাষ্ট্ৰৰ সপোন দেখিছিল। আমি তেওঁৰ সপোনবোৰ পূৰণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।" | পুণ্য তিথিত ডঃ শ্যামা প্ৰসাদ মুখাৰ্জীক স্মৰণ প্ৰধানমন্ত্ৰী |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A7%B0%E0%A7%B1%E0%A7%87%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A7%B0%E0%A7%B1%E0%A7%87%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৰৱেৰ প্ৰধানমন্ত্ৰী শ্ৰী জোনাছ গহৰ ষ্টোৰৰ সৈতে টেলিফোনযোগে বাৰ্তালাপত মিলিত হয়। দুয়োগৰাকী নেতাই উন্নয়নশীল দেশসমূহৰ নৱীকৰণযোগ্য শক্তি প্ৰকল্পৰ বাবে আৰ্থিক সাহায্যৰ বাবে বিভিন্ন পদক্ষেপসহ পাৰস্পৰিক স্বাৰ্থ জড়িত দ্বিপাক্ষিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহ সন্দৰ্ভত আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে উন্নয়নশীল দেশসমূহৰ বাবে ন্যায়সংগত, সময়োপযোগী আৰু পৰ্যাপ্ত জলবায়ু বিত্ত নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু এইক্ষেত্ৰত শ্ৰী জোনাছ গহৰ ষ্টোৰৰ প্ৰতিশ্ৰুতিৰ শলাগ লয়। দুয়োগৰাকী নেতাই মহাসাগৰীয় অৰ্থনীতিৰ ওপৰত টাস্ক ফ'ৰ্চ গঠনকে ধৰি চলি থকা বিভিন্ন দ্বিপাক্ষিক সহযোগিতামূলক পদক্ষেপৰ পৰ্যালোচনা কৰে। তেওঁলোকে পৰিৱেশ বান্ধৱ হাইড্ৰজেন, জাহাজ, বিজ্ঞান আৰু প্ৰযুক্তি আৰু শিক্ষাৰ দৰে ক্ষেত্ৰত ভাৰত-নৰৱেৰ সহযোগিতা বৃদ্ধিত সন্তুষ্টি প্ৰকাশ কৰে। | নৰৱেৰ প্ৰধানমন্ত্ৰী শ্ৰী জোনাছ গহৰ ষ্টোৰৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ টেলিফোনিক বাৰ্তালা |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%89%E0%A6%9C%E0%A6%AC%E0%A7%87%E0%A6%95%E0%A6%BF%E0%A6%B8%E0%A7%8D%E0%A6%A4%E0%A6%BE%E0%A6%A8%E0%A7%B0-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%AA%E0%A6%A4%E0%A6%BF/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%89%E0%A6%9C%E0%A6%AC%E0%A7%87%E0%A6%95%E0%A6%BF%E0%A6%B8%E0%A7%8D%E0%A6%A4%E0%A6%BE%E0%A6%A8%E0%A7%B0-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%AA%E0%A6%A4%E0%A6%BF/ | মাননীয় ৰাষ্ট্ৰপতি তথা মোৰ বন্ধু মিৰ্জিয়োয়েব উজবেকিস্তানৰ পৰা অহা সন্মানীয় অতিথিবৃন্দৰ লগতে বন্ধুসকল, ভাৰতীয় প্রতিনিধিদলৰ সদস্যবৃন্দ, নমস্কাৰ। ৰাষ্ট্রপতি মহোদয়, এয়া আপোনাৰ প্রথমটো চৰকাৰী ভাৰত ভ্ৰমণ। মই অতিশয় আনন্দিত হৈছো যে আপুনি নিজৰ পৰিয়ালৰ সদস্য আৰু এক উচ্চ পর্যায়ৰ প্রতিনিধি দল লগত আনিছে। আপোনাৰ পৰিয়ালৰ সদস্যৰ লগতে প্রতিনিধিদলৰ সদস্যসকলক আদৰণি জনাবলৈ পাই মই অত্যন্ত আনন্দিত হৈছো। উজবেকিস্তান আৰু ভাৰতৰ মাজত ঘনিষ্ঠ সম্পর্কৰ সাক্ষী আমাৰ পাৰস্পৰিক ইতিহাস আৰু সংস্কৃতি। ‘মেহমান’, ‘দোস্ত’ আৰু ‘আজিজ’ৰ দৰে অসংখ্য শব্দ উভয় দেশত একেই অর্থ বহন কৰে আৰু ই সমানভাবেই প্রযোজ্য হয়। এয়া কেৱল ভাষাৰ মিল নহয়, হৃদয় আৰু ভাৱনাৰ মিল। মই গর্বিত আৰু আনন্দিত যে আমাৰ উভয় দেশৰ সম্পর্কৰ বুনিয়াদ ইমান শক্তিশালী ভেঁটি লৈ গঢ় উঠিছে। ৰাষ্ট্রপতি মহোদয়, ২০১৫ চনত যেতিয়া মই উজবেকিস্তান ভ্ৰমণ গৈছিলো, তেতিয়া আপোনাৰ সৈতে মোৰ প্ৰথম পৰিচয় হৈছিল। আপোনাৰ ভাৰতৰ প্রতি থকা সদ্ভাৱনা আৰু বন্ধুত্বপূৰ্ণ ভাৱনা দেখি মোৰ মনত আপোনাৰ ব্যক্তিত্বই প্রভাৱ পেলাইছিল। এইবাৰ আমি চতুর্থবাৰলৈ সাক্ষাৎ হৈছো। কিন্তু মোৰ মনত আপুনি ইতিমধ্যে এজন ঘনিষ্ঠ বন্ধুৰ স্থান দখল কৰিছে। আপুনি মোৰ ‘আজিজ দোস্ত’! আপোনাৰ লগত অহা উচ্চ পৰ্যায়ৰ প্রতিনিধিদলক ওচৰত পাই মই অতিশয় আনন্দিত হৈছো। আপোনাৰ আদেশ আৰু প্রদর্শিত পথত বিগত দিনসমূহত ভাৰতত তেওঁলোকে অনেকৰ সৈতে ভাৰতীয় প্রতিনিধিদলৰ গুৰুত্বপূর্ণ দেখা-সাক্ষাৎ হৈছে। আজি আমাৰ মাজত গুৰুত্বপূর্ণ আৰু সার্থক আলোচনা হৈছে। ভাৰত আৰু উজবেকিস্তানৰ ঐতিহাসিক সম্পর্কক আৰু অধিক সুদৃঢ় কৰি তুলিবলৈ আমাৰ কৌশলগত অংশীদাৰিত্বক অধিক শক্তিশালী কৰাৰ বাবে আমি কেতবোৰ সুদূৰপ্রসাৰী পদক্ষেপ গ্ৰহণ কৰিছো। আঞ্চলিক গুৰুত্ব বিষয়ক আলোচনা, য’ত আমাৰ নিৰাপত্তা, শান্তি, সমৃদ্ধি আৰু পাৰস্পৰিক সহযোগিতাক লৈ সার্থক আলোচনা হৈছে। এই বিষয়বোৰক আমি ছাংহাই সহযোগিতা সংস্থাকে ধৰি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় মঞ্চত উত্থাপন কৰি আমাৰ সহযোগিতাক শক্তিশালী কৰি তোলাৰ সিদ্ধান্ত লৈছো। আজিৰ এই সাক্ষাতত আমি এই বিষয়ত সহমতত উপনীচ হৈছো যে উভয় দেশৰ মাজত প্রাচীন আৰু প্রগাঢ় সম্পর্কক উভয় দেশৰ জনগণৰ আশা-আকাংক্ষা অনুসৰি অধিক বিস্তাৰিত কৰাৰ সময় আহিছে। ৰাষ্ট্ৰপতি মহোদয়, আপোনাৰ একাধিক সাহসী আৰু গুৰুত্বপূর্ণ পদক্ষেপ তথা সংস্কাৰৰ ফলত উজবেকিস্তানে পুৰণি ব্যৱস্থাক বাদ দি আধুনিকতাৰ পথত দ্রুতগতিতে আগুৱাই গৈছে। এয়া আপোনাৰ নেতৃত্ব আৰু দূৰদৃষ্টিৰ ফল। মই ইয়াক স্বাগতম জনাইছো। আপোনাক বহুত বহুত অভিনন্দন জনোৱাৰ লগতে ভৱিষ্যতে আৰু সফলতা অৰ্জন কৰাৰ বাবে শুভেচ্ছা জনাইছো। ৰাষ্ট্ৰপতি মহোদয়, উজবেকিস্তানৰ অগ্রাধিকাৰ অনুসৰি ভাৰতে প্রস্তাৱিত ক্ষেত্রসমূহত সহযোগিতাৰ হাত আগবঢ়াই দিবলৈ প্রতিশ্ৰুতিবদ্ধ। আমি বর্তমান সহযোগিতাৰ ক্ষেত্র বৃদ্ধিৰ বাবে আমি আজি বিশেষভাবে আলোচনা কৰিছো। ব্যৱসায় আৰু বিনিয়োগেৰ সম্পর্ক বৃদ্ধিৰ ক্ষেত্রত আমি সহমত পোষণ কৰিছো। ২০২০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য ১ বিলিয়ন ডলাৰলৈ উন্নীত কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। আমি অগ্রাধিকাৰসম্পন্ন বাণিজ্য চুক্তিৰ ক্ষেত্রত আলাপ-আলোচনা আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছো। উজবেকিস্তানৰ প্রস্তাৱত ভাৰতে উজবেকিস্তানৰ সামাজিক ক্ষেত্রত সেৱা আগবঢ়োৱাত সহায় কৰিব। সুলভ মূল্যত গৃহ নির্মাণ আৰু এইধৰণৰ আৰু সামাজিক পৰিকাঠামো নির্মাণ প্রকল্পৰ বাবে ২০০ মিলিয়ন ডলাৰৰ লাইন অফ ক্রেডিট প্রদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তদুপৰি, ৮০০ মিলিয়ন ডলাৰৰ লাইন অফ ক্রেডিট তথা এক্সিম বেংকৰ জৰিয়তে ‘ক্ৰেতাৰ ঋণ’ৰ অন্তর্গত আমি উজবেকিস্তানৰ প্রস্তাৱসমূহক আদৰণি জনাম। মহাকাশ বিজ্ঞান, মানৱসম্পদ উন্নয়ন আৰু তথ্য প্রযুক্তিৰ ক্ষেত্রত উজবেকিস্তানৰ উন্নয়নৰ স্বার্থত ভাৰতৰ অভিজ্ঞতাক কামত লগোৱাৰ প্রস্তাৱ আমি উত্থাপন কৰিছো। ভাৰত আৰু উজবেকিস্তানৰ ৰাজ্যসমূহৰ মাজত ক্রমবর্ধমান সহযোগিতাক আমি আদৰণী জনাইছো। আজি আগ্রা আৰু সমর্কন্দেৰ মাজত দ্বিপাক্ষিক চুক্তি আৰু গুজৰাট আৰু আন্দিজনৰ মাজত চুক্তি স্বাক্ষৰিত হৈছে। ভাৰত আৰু উজবেকিস্তানৰ মাজত যোগাযোগ বৃদ্ধিৰ বিভিন্ন উপায় সন্দৰ্ভতো আমি আলোচনা কৰিছো। বাণিজ্য আৰু যোগাযোগ ব্যৱস্থা বৃদ্ধিৰ এয়া এক গুৰুত্বপূর্ণ পদক্ষেপ। ভাৰতে ২০১৮ৰ ফেব্রুৱাৰীত আছগাবেট চুক্তিৰ সদস্যভূক্তি হৈছে। এই ক্ষেত্রত সমর্থনৰ বাবে আমি উজবেকিস্তানৰ প্রতি কৃতজ্ঞতা জনাইছো। আমি আনন্দিত যে উজবেকিস্তান আন্তর্জাতিক উত্তৰ-দক্ষিণ পৰিবহণ কৰিডৰত অন্তৰ্ভূক্ত হোৱাৰ ক্ষেত্রত সহমতত উপনীত হৈছে। ৰাষ্ট্ৰপতি মহোদয়, আপোনাৰ জ্যেষ্ঠ পৰামর্শদাতা আৰু মন্ত্রীয়ে কাইল গান্ধী অনাময় সমাৰোহৰ সামৰণী সমাৰোহত অংশগ্ৰহণ কৰিব। মহাত্মা গান্ধীৰ সত্য, অহিংসা আৰু শান্তিৰ বার্তাৰ প্রতি আপোনালোকৰ মনত যি সন্মান আছে, সেইবোৰে ভাৰতীয়ৰ অন্তৰ চুই গৈছে। তাছকন্দৰ সৈতে ভাৰতৰ প্ৰাক্তন প্রধানমন্ত্রী শ্রী লালবাহাদুৰ শাস্ত্রীৰ স্মৃতি জড়িত হৈয় আছে। শাস্ত্রীজীৰ স্মাৰক আৰু লালবাহাদুৰ শাস্ত্রী স্কুলৰ পুনৰুজ্জীৱিতকৰণৰ বাবে মই আপোনাকে ধন্যবাদ জনাইছো। এই দুই মহান নেতাৰ জন্মদিনৰ প্রাক্ক্ষণত আপোনালোক ভাৰতত উপস্থিত থকাটো মোৰ বাবে অতিশয় গুৰুত্বপূর্ণ। ৰাষ্ট্ৰপতি মহোদয়ষ, আমাৰ প্রতিৰক্ষা সম্পর্ক অধিক শক্তিশালী হোৱাটো ই অত্যন্ত আনন্দৰ বিষয়। আজিৰ আলোচনা কালত আমি সেনাৰ যুটীয়া অনুশীলনৰ অভ্যাস আৰু সৈন্য শিক্ষা আৰু প্রশিক্ষণসহ অন্যান্য প্রয়োজনীয় ক্ষেত্রত নিৰাপত্তা সহযোগিতা বৃদ্ধিক লৈ আলোচনা হৈছে। ৰাষ্ট্রপতি মহোদয়, আপোনাৰ বক্তব্যত আৰু প্রতিনিধিবৰ্গৰ বক্তব্যত পুনৰবাৰ স্পষ্ট হৈছে যে ভাৰত আৰু উজবেকিস্তান এক নিৰাপদ আৰু সমৃদ্ধ পাৰিপার্শিক পৰিবেশ বিচাৰে। আঞ্চলিক শান্তি আৰু সুস্থিৰতাৰ স্বার্থত মই উজবেকিস্তানেৰ প্রচেষ্টাসমূহকে সমর্থন জনোৱাৰ লগতে প্রশংসা কৰিছো। এই ক্ষেত্রত ভাৰত, উজবেকিস্তানৰ সৈতে যথাসম্ভৱ সহযোগিতা কৰিব। স্থিৰ, গণতান্ত্রিক আৰু সমৃদ্ধ উজবেকিস্তান আমাৰ সমগ্র ক্ষেত্রৰ উন্নয়নকে ত্বৰান্বিত কৰিব। মই অতিশয় আনন্দিত যে এনে পৰিপ্ৰেক্ষিতত উভয় দেশৰ মাজত নিয়মীয়াকৈ সম্পর্ক বজায় ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। সাংস্কৃতিক আৰু ইজনে-সিজনৰ সম্পর্কই আমাৰ পাৰস্পৰিক সম্পর্কৰ মূল ভিত্তি। ই-ভিছা, পর্যটন, প্ৰতিষ্ঠানগত বিনিময় আৰু বিমান যোগাযোগৰ দৰে বিষয়সমূহক লৈ আজি আমি আলোচনা কৰিলো। ৰাষ্ট্ৰপতি মহোদয়, আজি আমি এক নতুন যুগৰ দিশে অগ্ৰসৰ হৈছো যাতে আমাৰ দ্বিপাক্ষিক সম্পর্কই নতুন উচ্চতা স্পর্শ কৰে আৰু আমাদৰ কৌশলগত অংশীদাৰিত্বক অধিক শক্তিশালী কৰিব। মই পুনৰবাৰ আপোনাক আৰু আপোনাৰ প্রতিনিধিবৰ্গক স্বাগতম জনাইছো। ভাৰতত আপোনাৰ আনন্দময় আৰু সুফলদায়ক ভ্ৰমণৰ কামনা কৰিলো। বহুত বহুত ধন্যবাদ। | উজবেকিস্তানৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ কালত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%BF%E0%A6%B2%E0%A7%B0-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%AA%E0%A6%A4%E0%A6%BF%E0%A7%B0-%E0%A6%A6%E0%A6%BE%E0%A6%AF/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%BF%E0%A6%B2%E0%A7%B0-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%AA%E0%A6%A4%E0%A6%BF%E0%A7%B0-%E0%A6%A6%E0%A6%BE%E0%A6%AF/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ বাবে লুইজ ইনাচিও লুলা দা চিলভাক আজি অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়, "ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ দায়িত্ব লোৱাৰ বাবে লুইজ ইনাচিও লুলা দা চিলভাক আন্তৰিক অভিনন্দন জনাইছো। মই তেওঁৰ তৃতীয় কাৰ্যকালটোওসাফল্যমণ্ডিত হোৱাৰ কামনা কৰিছো আৰু ভাৰত–ব্ৰাজিল কৌশলগত অংশীদাৰীত্ব শক্তিশালী কৰাৰ বাবে তেওঁৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰাৰ বাবে মই আশাবাদী। | ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ দায়িত্ব লোৱাৰ বাবে লুইজ ইনাচিও লুলা দা চিলভাক অভিনন্দন প্ৰধানমন্ত্ৰী |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9A%E0%A7%8B%E0%A6%9F%E0%A6%BF%E0%A6%B2%E0%A6%BE%E0%A6%A4-%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%B9%E0%A7%81%E0%A7%B1%E0%A6%BE-%E0%A6%B8%E0%A6%AD%E0%A6%BE%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9A%E0%A7%8B%E0%A6%9F%E0%A6%BF%E0%A6%B2%E0%A6%BE%E0%A6%A4-%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%B9%E0%A7%81%E0%A7%B1%E0%A6%BE-%E0%A6%B8%E0%A6%AD%E0%A6%BE%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সুৰেন্দ্ৰনগৰ জিলাৰ চোটিলাত এক ৰাজহুৱা সভাত উপস্থিত ৰাইজক উদ্দেশ্যি ভাষণ আগবঢ়ায়। ৰাজকোটত তেওঁ এটি গ্রীনফিল্ড বিমান বন্দৰ, আমেদাবাদ-ৰাজকোটৰ ৰাষ্ট্ৰীয় ঘাইপথ ছিক্সলেনলৈ উন্নীতকৰণ আৰু ৰাজকোট-মোৰবি ৰাজ্যিক ঘাইপথ ফ’ৰলেনলৈ উন্নীতকৰণ প্রকল্পৰো আধাৰশিলা স্থাপন কৰে। প্রধানমন্ত্রী সম্পূর্ণ স্বয়ংক্রিয়ভাবে দুগ্ধ প্রস্তুতকৰণৰ এটি কেন্দ্র আৰু পেকেজিং প্লান্ট, সুৰেন্দ্র নগৰৰ জোড়াবৰনগৰ আৰু ৰতনপুৰ এলেকাৰ মাজত এটি খোৱাপানী প্ৰকল্প পাইপলাইনো দেশবাসীৰ উদ্দেশ্যে উৎসর্গা কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে সুৰেন্দ্ৰনগৰ জিলাত এটা বিমানবন্দৰৰ কল্পনা কৰাটোও টান আছিল। তেওঁ কয় যে এই ধৰণৰ উন্নয়নমুলক কাম-কাজে নাগৰিকসকলৰ সক্ষমতা বৃদ্ধি কৰে। তেওঁ কয় যে বিমান সেৱা কেৱল ধনী লোকসকলৰ বাবেই নহয়। আমি নিম্ন আয়ৰ লোকসকলৰ বাবেও বিমান সেৱা সহজলভ্য কৰি তুলিব লাগিব। প্ৰধানমন্ত্ৰীয়ে কয় যে উন্নয়নৰ সংজ্ঞা সলনি হৈছে। দমকলক উন্নয়নৰ প্ৰতীক হিচাপে দেখা দিনৰ পৰা আজি নৰ্মদা নৈয়ে নাগৰিকক উপকৃত কৰালৈকে বৃহৎ পৰিৱৰ্তন হৈছে। তেওঁ কয় যে নৰ্মদাৰ পানীয়ে সুৰেন্দ্ৰনগৰ জিলাত ব্যাপক উপকাৰ সাধন কৰিব। তেওঁ ৰাইজক দায়িত্বসহকাৰে পানী ব্যৱহাৰ আৰু প্ৰতি টোপাল পানী সংৰক্ষণৰ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে কয় যে সুৰসাগৰ ডায়েৰীয়ে অঞ্চলটোৰ লোকসকলৰ ব্যাপক উপকাৰ সাধন কৰিব। প্ৰধানমন্ত্ৰীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী কেশুভাই পেটেলে উন্নত আৰু সুৰক্ষিত পথ নিৰ্মাণৰ দিশত কেনেধৰণে কাম কৰিছিল, সেই কথাও ভাষণ প্ৰসংগত দোঁহাৰে। | চোটিলাত ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীৰ ভাষণ, ৰাজকোটত গ্ৰীণফিল্ড বিমানবন্দৰৰ আধাৰশিলা স্থাপন |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%8F%E0%A6%9B%E0%A6%9A%E0%A6%BF%E0%A6%85-%E0%A6%B6%E0%A7%80%E0%A7%B0%E0%A7%8D%E0%A6%B7-%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%AE%E0%A6%BF%E0%A6%B2%E0%A6%A8%E0%A7%B0-%E0%A6%AE%E0%A6%BE/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%8F%E0%A6%9B%E0%A6%9A%E0%A6%BF%E0%A6%85-%E0%A6%B6%E0%A7%80%E0%A7%B0%E0%A7%8D%E0%A6%B7-%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%AE%E0%A6%BF%E0%A6%B2%E0%A6%A8%E0%A7%B0-%E0%A6%AE%E0%A6%BE/ | ১) প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে২০২২ চনৰ ১৬ ছেপ্টেম্বৰত উজবেকিস্তানৰ ছামাৰকন্দত এছচিঅ’ শীৰ্ষ সন্মিলনৰ মাজত তুৰস্ক গণৰাজ্যৰ ৰাষ্ট্ৰপতি শ্ৰীমান ৰেচেপ টাইয়িপ এৰদোগানৰ সৈতে বৈঠকত মিলিত হয়। ২) দুয়োজন নেতাই ভাৰত,তুৰস্ক সম্পৰ্কৰ পৰ্যালোচনা কৰে। শেহতীয়া বছৰবোৰত অৰ্থনৈতিক সম্পৰ্ক বিশেষকৈ দ্বিপাক্ষিক বাণিজ্য বৃদ্ধি হোৱাটো লক্ষ্য কৰিলেও তেওঁলোকে অৰ্থনৈতিক আৰু বাণিজ্যিক সংযোগ অধিক বৃদ্ধিৰ সম্ভাৱনাক স্বীকাৰ কৰে। ৩) দুয়োগৰাকী নেতাই আঞ্চলিক আৰু বিশ্বজনীন ঘটনা সন্দৰ্ভতো মত বিনিময় কৰে। দুয়োজন নেতাই কেৱল দ্বিপাক্ষিক বিষয়ত নহয়, অঞ্চলটোৰ সুবিধাৰ্থে নিয়মীয়া যোগাযোগ বজাই ৰাখিবলৈ সন্মত হয়। Samarkand September 16, 2022 | এছচিঅ’ শীৰ্ষ সন্মিলনৰ মাজত তুৰস্ক গণৰাজ্যৰ ৰাষ্ট্ৰপতি শ্ৰীমান ৰেচেপ তায়িপ এৰদোগানৰ সৈতে বৈঠকত প্ৰধানমন্ত্ৰী |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%9C%E0%A6%BF%E0%A6%86%E0%A6%87%E0%A6%9F/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%9C%E0%A6%BF%E0%A6%86%E0%A6%87%E0%A6%9F/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জৈন আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সংস্থাৰ 'জিআইটিঅ' কানেক্ট ২০২২'ৰ উদ্বোধনী অধিৱেশনত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ভাষণ প্ৰদান কৰে। সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে আজিৰ কাৰ্যসূচীৰ বিষয়বস্তু 'সবকা প্ৰয়াস'ৰ মনোভাৱৰ কথা উল্লেখ কৰি কয় যে আজি বিশ্বই ভাৰতৰ উন্নয়নমূলক প্ৰস্তাৱসমূহক ইয়াৰ লক্ষ্য প্ৰাপ্তিৰ এক মাধ্যম হিচাপে বিবেচনা কৰি আছে। গোলকীয় শান্তি, সমৃদ্ধি তথা প্ৰত্যাহ্বানৰ সৈতে সম্পৰ্কিত সমাধানেই হওঁক অথবা গোলকীয় যোগান শৃংখলা শক্তিশালী কৰাৰ ক্ষেত্ৰতে হওঁক, বিশ্বই গভীৰ আত্মবিশ্বাসেৰে ভাৰতৰ ফালে চাই আছে। তেওঁ লগতে কয়, "অমৃত কালক লৈ ভাৰতৰ সংকল্পৰ বিষয়ে বহু কেইখন ইউৰোপীয় দেশক অৱগত কৰি মই শেহতীয়াকৈ দেশলৈ উভতি আহিছো।" আজি সকলোৱে অনুভৱ কৰে যে ভাৰত এতিয়া 'সম্ভাৱনা আৰু সামৰ্থ'ৰ সীমা অতিক্ৰম কৰি আগবাঢ়িছে আৰু বিশ্বকল্যাণৰ এক ডাঙৰ উদ্দেশ্য সন্মুখত লৈ কাম কৰিছে। স্বচ্ছ উদ্দেশ্য, স্পষ্ট অভিপ্ৰায় আৰু অনুকূল নীতিৰ কথা পুনৰ এবাৰ উল্লেখ কৰি তেওঁ কয় যে আজি ভাৰতে যিমান সম্ভৱ প্ৰতিভা, বাণিজ্য আৰু প্ৰযুক্তিক উৎসাহিত কৰি আছে। আজি দেশখনে প্ৰতিদিনে ডজন ডজন ষ্টাৰ্টআপ পঞ্জীয়ন কৰি আছে, প্ৰতি সপ্তাহত এটা ইউনিকৰ্ণ সৃষ্টি কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰী ই-মাৰ্কেটপ্লেচ অৰ্থাৎ জিইএম পৰ্টেল মুকলি হোৱাৰ পিছৰে পৰা সকলো ক্ৰয় সকলোৰে সন্মুখত একেটা মঞ্চত কৰা হয়। এতিয়া দূৰৱৰ্তী গাওঁ, সৰু দোকানী আৰু আত্মসহায়ক গোটৰ লোকসকলে তেওঁলোকৰ সামগ্ৰী পোনপটীয়াকৈ চৰকাৰক বিক্ৰী কৰিব পাৰে। আজি ৪০ লাখতকৈও অধিক বিক্ৰেতাই জিইএম পৰ্টেলত যোগদান কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ স্বচ্ছ কৰ মূল্যায়ন, এক ৰাষ্ট্ৰ-এক কৰ, উৎপাদনশীলতা সম্পৰ্কীয় উদগনিমূলক আঁচনিৰ বিষয়েও উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভৱিষ্যতৰ বাবে আমাৰ পথ আৰু গন্তব্য স্থান স্পষ্ট। "আত্মনিৰ্ভৰ ভাৰত হৈছে আমাৰ পথ আৰু আমাৰ সংকল্প। বিগত বছৰবোৰত, আমি ইয়াৰ বাবে সকলো প্ৰয়োজনীয় পৰিৱেশ সৃষ্টি কৰিবলৈ নিৰন্তৰভাৱে কাম কৰি আহিছো।"-তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে সমবেত লোকসকলক ধৰিত্ৰী(E'ৰ অৰ্থ হৈছে যিমান সম্ভৱ সিমান মানুহৰ ওচৰলৈ প্ৰযুক্তিক লৈ যোৱা। তেওঁ দৰ্শকসকলক তেওঁলোকে কেনেকৈ ড্ৰোন প্ৰযুক্তিৰ দৰে অন্যান্য উন্নত প্ৰযুক্তিক অধিক সুলভ কৰি তুলিব পাৰে সেয়া বিবেচনা কৰিবলৈ আহ্বান জনায়। 'এইচ'ৰ অৰ্থ হৈছে স্বাস্থ্যসেৱা। তেওঁ কয় যে আজি চৰকাৰে দেশৰ প্ৰতিখন জিলাৰ স্বাস্থ্যসেৱা আৰু চিকিৎসা মহাবিদ্যালয়ৰ দৰে আন্তঃগাথনি বিকশিত কৰিবলৈ যথেষ্ট কাম কৰি আছে। তেওঁ সমবেত লোকসকলক তেওঁলোকৰ সংগঠনে ইয়াক কেনেদৰে উৎসাহিত কৰিব পাৰে সেই বিষয়ে চিন্তা কৰিবলৈ কয়। | প্ৰধানমন্ত্ৰীয়ে ‘জিআইটিঅ’ কানেক্ট ২০২২’ৰ উদ্বোধনী অধিৱেশনত ভাষণ প্ৰদান কৰ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%AC%E0%A6%BF%E0%A6%9C%E0%A6%AF%E0%A6%BC%E0%A6%BE/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%AC%E0%A6%BF%E0%A6%9C%E0%A6%AF%E0%A6%BC%E0%A6%BE/ | প্ৰতিৰক্ষা মন্ত্ৰালয়ে সাতটা নতুন প্ৰতিৰক্ষা কোম্পানী ৰাষ্ট্ৰখনলৈ উৎসৰ্গা কৰাৰ নিমিত্তে আয়োজন কৰা এক কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' ভাষণ প্ৰদান কৰে। ইয়াত প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজ নাথ সিং আৰু প্ৰতিৰক্ষা ৰাজ্য মন্ত্ৰী শ্ৰী অজয় ভাট তথা অন্যান্যসকল উপস্থিত থাকে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ ভাষণ প্ৰসংগত আজি বিজয় দশমীৰ পৱিত্ৰ উপলক্ষ আৰু এই দিনটোতে অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদৰ উপাসনাৰ পৰম্পৰাৰ কথা উল্লেখ কৰে। তেখেতে কয়, ভাৰতত আমি শক্তিক সৃষ্টিৰ মাধ্যম হিচাপে প্ৰত্যক্ষ কৰিছো। তেখেতে উল্লেখ কৰে যে একেই উদ্দীপনাৰে ৰাষ্ট্ৰখনিয়ে সামৰ্থ্য লাভৰ দিশে অগ্ৰসৰ হৈছে। তেখেতে তদুপৰি ডঃ এপিজে আব্দুল কালামলৈ শ্ৰদ্ধা নিবেদন কৰি কয় যে ডঃ কালামে তেওঁৰ জীৱন এখনি শক্তিশালী ৰাষ্ট্ৰৰ উদ্দেশ্যে উৎসৰ্গিত কৰিছে আৰু কয় যে অৰ্ডনেন্স ফেক্টৰীসমূহৰ পুনৰ্গঠন আৰু ৭টা কোম্পানীৰ সৃষ্টিয়ে তেওঁৰ শক্তিশালী ভাৰতৰ সপোনক সমৃদ্ধ কৰিব। নতুন প্ৰতিৰক্ষা কোম্পানীসমূহ হৈছে ভাৰতৰ স্বাধীনতাৰ এই অমৃত কালৰ সময়ছোৱাত দেশখনৰ অৰ্থে এটি নতুন ভৱিষ্যত গঢ়ি তোলাৰ বাবে ৰাষ্ট্ৰখনে অনুসৰণ কৰি থকা ভিন্ন সংকল্পৰ এটা অংশ, তেখেতে লগতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই কোম্পানীসমূহ সৃষ্টিৰ সিদ্ধান্ত দীৰ্ঘদিন ধৰি পৰি আছিল আৰু এই ৭টা নতুন কোম্পানীয়ে আগন্তুক সময়ত দেশখনৰ সামৰিক শক্তিৰ বাবে এক শক্তিশালী আধাৰ গঢ়ি তুলিব বুলি বিশ্বাস ব্যক্ত কৰে। ভাৰতীয় অৰ্ডনেন্স ফেক্টৰীসমূহৰ গৌৰৱময় অতীতৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে স্বাধীনতাৰ পৰৱৰ্তী সময়ছোৱাত এই কোম্পানীসমূহৰ উন্নীতকৰণক উপেক্ষা কৰা হৈছিল, যাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ প্ৰয়োজনীয়তাৰাজিৰ বাবে বিদেশী যোগানধাৰীৰ ওপৰত দেশখনৰ নিৰ্ভৰশীলতা বৃদ্ধি পাইছিল। "এই ৭টা প্ৰতিৰক্ষা কোম্পানীয়ে এই পৰিস্থিতি সলনি কৰাত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব", তেখেতে কয়। তেখেতে লগতে উল্লেখ কৰে যে এই নতুন কোম্পানীসমূহে আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিৰ সৈতে সংগতি ৰাখি আমদানি বিকল্পত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেখেতে লগতে কয় যে ৬৫,০০০ কোটি টকাৰোধিক অৰ্ডাৰ বুকে এই কোম্পানীসমূহৰ ওপৰত দেশখনৰ বৰ্ধিত আস্থাক প্ৰতিফলিত কৰিছে। তেখেতে শেহতীয়াভাৱে গ্ৰহণ কৰা ভিন্ন পদক্ষেপ আৰু সংস্কাৰৰ কথা দোহাৰে যিয়ে প্ৰতিৰক্ষা খণ্ডটোত বিশ্বাস, স্বচ্ছতা আৰু প্ৰযুক্তি চালিত দৃষ্টিভংগীৰ সঞ্চাৰ কৰিছে যিসমূহ আগতে কেতিয়াও নহৈছিল। আজি ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ অভিযানত হাতে-হাত ধৰি কাম কৰি আছে বুলি তেখেতে লগতে কয়। তেখেতে উত্তৰ প্ৰদেশ আৰু তামিলনাডু প্ৰতিৰক্ষা কৰিডৰক এই নতুন পন্থাৰ উদাহৰণ বুলি উল্লেখ কৰে। তেখেতে উল্লেখ কৰে যে যুৱ সমাজৰ বাবে নতুন সুযোগৰ সঞ্চাৰ ঘটিছে আৰু দেশখনৰ এমএছএমইয়ে শেহতীয়া বছৰকেইটাত নীতি পৰিৱৰ্তনৰ ফল লাভ কৰিছে। "যোৱা পাঁচ বছৰত আমাৰ প্ৰতিৰক্ষা ৰপ্তানি ৩২৫ শতাংশ বৃদ্ধি পায়", তেখেতে লগতে কয়। তেখেতে উল্লেখ কৰে যে আমাৰ কোম্পানীসমূহে কেৱল তেওঁলোকৰ প্ৰডাক্টৰ ক্ষেত্ৰত দক্ষতা স্থাপন কৰাই নহয়, বৰঞ্চ এক গোলকীয় ব্ৰেণ্ড হৈ উঠাটো হৈছে আমাৰ লক্ষ্য। তেখেতে আহ্বান জনাই কয় যে যদিও প্ৰতিযোগিতামূলক ব্যয় হৈছে আমাৰ শক্তি, মানদণ্ড আৰু নিৰ্ভৰযোগ্যতা আমাৰ পৰিচয় হোৱা উচিত। তেখেতে লগতে উল্লেখ কৰে যে এই ২১ শতিকাত, যিকোনো ৰাষ্ট্ৰ বা যিকোনো কোম্পানীৰ বিকাশ আৰু ব্ৰেণ্ড ভেল্যু ইয়াৰ গৱেষণা ও উন্নয়ন আৰু উদ্ভাৱনৰদ্বাৰা নিৰ্ধাৰণ কৰা হয়। তেখেতে নতুন কোম্পানীসমূহক গৱেষণা আৰু উদ্ভাৱন তেওঁলোকৰ কৰ্ম সংস্কৃতিৰ অংশ হোৱা উচিত বুলি আহ্বান জনাই যাতে তেওঁলোকে কেৱল গ্ৰহণেই নহয় বৰঞ্চ ভৱিষ্যৎ প্ৰযুক্তিসমূহতো নেতৃত্ব লয়। এই পুনৰ্গঠনে নতুন কোম্পানীসমূহক উদ্ভাৱন আৰু দক্ষতাৰ প্ৰতিপালনৰ বাবে অধিক স্বতন্ত্ৰতা প্ৰদান কৰিব আৰু নতুন কোম্পানীসমূহে এনে প্ৰতিভাক উৎসাহিত কৰা উচিত বুলি তেখেতে লগতে কয়। তেওঁ ষ্টাৰ্ট-আপসমূহক পাৰস্পৰিক গৱেষণা আৰু দক্ষতাৰ সুবিধা লোৱাৰ বাবে এই কোম্পানীসমূহৰ জৰিয়তে নতুন যাত্ৰাটোৰ অংশ হ'বলৈ আহ্বান জনায়। তেখেতে উল্লেখ কৰে যে চৰকাৰখনে এই নতুন কোম্পানীসমূহক কেৱল এক উন্নতৰ উৎপাদন পৰিবেশেই নহয়, বৰঞ্চ সম্পূৰ্ণ কাৰ্যকৰী স্বতন্ত্ৰতাও প্ৰদান কৰিছে। তেখেতে পুনৰ কয় যে চৰকাৰখনে লগতে কৰ্মচাৰীসকলৰ স্বাৰ্থ সম্পূৰ্ণৰূপে সুৰক্ষিতকৰণ নিশ্চিত কৰিছে। কাৰ্যকৰী স্বতন্ত্ৰতা, সক্ষমতা আৰু নতুন বিকাশৰ সম্ভাৱনা আৰু উদ্ভাৱনক প্ৰশস্ত কৰিবলৈ, চৰকাৰখনে দেশখনৰ প্ৰতিৰক্ষা প্ৰস্তুতিৰ ক্ষেত্ৰত আত্ম-নিৰ্ভৰশীলতাৰ অগ্ৰগতি সাধনৰ ব্যৱস্থা হিচাপে চৰকাৰী বিভাগৰপৰা অৰ্ডনেন্স ফেক্টৰী ব’ৰ্ডক ৭, ১০০% চৰকাৰী মালিকানাধীন কৰ্প’ৰেট প্ৰতিষ্ঠানলৈ ৰূপান্তৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি, ৭ টা নতুন প্ৰতিৰক্ষা কোম্পানী নিগমবদ্ধ কৰা হৈছে, যথাঃ মিউনিচনচ ইণ্ডিয়া লিমিটেড (এমআইএল); আৰ্মড ভেহিকলচ নিগম লিমিটেড (এভিএএনআই); এডভান্সড ৱেপনছ এণ্ড ইকুইপমেন্ট ইণ্ডিয়া লিমিটেড (এডব্লিউই ইণ্ডিয়া); ট্ৰুপ কমফৰ্টছ লিমিটেড (টিচিএল) (ট্ৰুপ কমফৰ্ট আইটেমছ); যন্ত্ৰ ইণ্ডিয়া লিমিটেড (ৱাইআইএল); ইণ্ডিয়া অপ্টেল লিমিটেড (আইঅ’এল) আৰু গ্লাইডাৰ্ছ ইণ্ডিয়া লিমিটেড (জিআইএল)। | প্ৰধানমন্ত্ৰীয়ে বিজয়া দশমীৰ পৱিত্ৰ উপলক্ষত ৭টা নতুন প্ৰতিৰক্ষা কোম্পানীৰ উৎসৰ্গা কাৰ্য্যসূচীত ভিডিঅ’ ভাষণ প্ৰদান কৰিল |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A7%B0%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%80%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%B6%E0%A6%BF%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%A3-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%89%E0%A6%A8/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A7%B0%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%80%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%B6%E0%A6%BF%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%A3-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%89%E0%A6%A8/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত আৰক্ষীৰ প্ৰশিক্ষণ আৰু উন্নয়নৰ দিশত কাৰিকৰী সহযোগিতাৰ অৰ্থে ভাৰত আৰু আফগানিস্তানৰ মাজত দ্বিপাক্ষিক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিবলৈ অনুমোদন জনায়। এই বুজাবুজি চুক্তিয়ে আফগানিস্তানৰ নেচনেল পুলিচৰ সক্ষমতা বৃদ্ধি কৰাৰ লগতে অঞ্চলটোৰ নিৰাপত্তাজনিত সঁজুলিৰ উন্নয়ন হ’ব। এই চুক্তি পৰৱৰ্তী ৫ বছৰৰ বাবে স্বাক্ষৰ কৰা হৈছে যদিও কোনো পৰিৱৰ্তন অথবা সংশোধন নকৰাকৈ পুনৰ ৫ বছৰৰ বাবে ম্যাদ বৃদ্ধি কৰিব পৰা যাব। পটভূমিঃ উল্লেখ্য যে ভাৰত আৰু আফগানিস্তানৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে আৰু ভাৰত বিভিন্ন প্ৰশিক্ষণ প্ৰতিষ্ঠানত আফগানিস্তান নেটনেল পুলিচে নিয়মীয়াকৈ প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ আহি থাকে। ২০১১ চনৰ অক্টোবৰ মাহত ভাৰত আৰু আফগানিস্তানে কৌশলগত সহযোগিতাৰ চুক্তি স্বাক্ষৰ কৰে। ইফালে ২০১৬ চনত নতুন দিল্লীত আফগানিস্তানৰ আভ্যন্তৰীণ মন্ত্ৰালয়, আফগানিস্তানস্থিত ৰাষ্ট্ৰসংঘৰ উন্নয়নমুলক কাযসূচী আৰু গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ আৰক্ষীৰ গৱেষণা আৰু উন্নয়ন সংস্থাৰ মাজত এখনি বৈঠক অনুষ্ঠিত হয় আৰু সেই বৈঠকত আফগানিস্তানৰ প্ৰতিনিধিয়ে আৰক্ষীৰ প্ৰশিক্ষণ, উন্নয়ন, আইন, আফগানিস্তানত সবল আইন আৰু দীৰ্ঘকালীন বহনযোগ্য সহযোগিতাৰ সন্দৰ্ভত আলোচনা কৰা হয়। এই ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্যে এই বুজাবুজি চুক্তিয়ে যুটীয়াভাৱে কাম কৰিব। | আৰক্ষীৰ প্ৰশিক্ষণ আৰু উন্নয়নৰ দিশত কাৰিকৰী সহযোগিতাৰ অৰ্থে ভাৰত আৰু আফগানিস্তানৰ মাজত দ্বিপাক্ষিক বুজাবুজি চুক্তি স্বাক্ষৰত কেবিনেটৰ অনুমোদন |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%86%E0%A6%A6%E0%A6%BF-%E0%A6%95%E0%A7%83%E0%A6%A5/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%86%E0%A6%A6%E0%A6%BF-%E0%A6%95%E0%A7%83%E0%A6%A5/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আদি কৃথিগাইৰ বিশেষ দিনটোত সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে টুইট কৰে: "আদি কৃথিগাইৰ বিশেষ দিনটোত সকলোলৈ মোৰ শুভেচ্ছা জনালো। আমি প্ৰাৰ্থনা কৰোঁ যাতে ভগৱান মুৰুগাৰ আশীৰ্বাদ সদায় আমাৰ ওপৰত থাকিব। আমাৰ সমাজ স্বাস্থ্যৱান আৰু সমৃদ্ধ হৈ থকাটো যেন তেওঁ নিশ্চিত কৰে।" | প্ৰধানমন্ত্ৰীয়ে আদি কৃথিগাইৰ শুভেচ্ছা জ্ঞাপন কৰ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A7%9F%E0%A7%81%E0%A6%B7%E0%A7%8D%E0%A6%AE%E0%A6%BE%E0%A6%A8-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%B0-%E0%A6%B6%E0%A7%81%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%AE%E0%A7%8D%E0%A6%AD%E0%A6%A3/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A7%9F%E0%A7%81%E0%A6%B7%E0%A7%8D%E0%A6%AE%E0%A6%BE%E0%A6%A8-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%B0-%E0%A6%B6%E0%A7%81%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%AE%E0%A7%8D%E0%A6%AD%E0%A6%A3/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়া বাজেটত ঘোষণা কৰা ৰাষ্ট্ৰীয় স্বাস্থ্য সুৰক্ষা আঁচনি ‘আয়ুষ্মান ভাৰত’ৰ শুভাৰম্ভণিৰ পূৰ্বে সোমবাৰে ইয়াৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। দুঘণ্টা জোৰা উচ্চ পৰ্যায়ৰ বৈঠকত আঁচনিখনৰ বৰ্তমানলৈকে হোৱা কাম-কাজৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয় আৰু নিটী আয়োগৰ শীৰ্ষ বিষয়াসকলে প্ৰধাননমন্ত্ৰীক অৱগত কৰে। এই আঁচনিখনে প্ৰতিটো পৰিয়ালক ৫ লাখ টকাৰ বীমা সুৰক্ষা প্ৰদান কৰিব। ইয়াৰ জৰিয়তে ১০ কোটিতকৈ অধিক দুখীয়া আৰু অৱহেলিত শ্ৰেণীৰ পৰিয়ালক সামৰি লোৱাৰ লক্ষ্য ধাৰ্য কৰা হৈছে। হিতাধিকাৰীসকলে সমগ্ৰ দেশত নগদবিহীনভাবে ইয়াৰ সুবিধা লাভ কৰিব। প্ৰধানমন্ত্ৰীয়ে স্বাস্থ্য তথা আৰোগ্য কেন্দ্ৰসমূহৰ জৰিয়তে সাৰ্বিকভাৱে প্ৰাথমিক স্বাস্থ্য সেৱা প্ৰদানৰ সন্দৰ্ভতো পৰ্যালোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে সকলো বিষয়াক এই আঁচনিৰ যাতে সমাজৰ সকলো দুখীয়া আৰু অবহেলিত শ্ৰেণীৰ লোকসকলক সামৰি ল’ব পাৰে, সেই লক্ষ্যৰে কাম কৰিবলৈ আহ্বান জনায়। | আয়ুষ্মান ভাৰতৰ শুভাৰম্ভণিৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা প্ৰধানমন্ত্ৰীৰ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A7%87%E0%A6%A6%E0%A6%95%E0%A6%BE%E0%A7%B0-%E0%A6%9C%E0%A7%9F%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%80-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A7%87%E0%A6%A6%E0%A6%95%E0%A6%BE%E0%A7%B0-%E0%A6%9C%E0%A7%9F%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%80-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87/ | আম্বেদকাৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে৷ এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘সংবিধান নিৰ্মাতা আৰু সামাজিক ন্যায়ৰ প্ৰণেতা বাবাচাহেব ডঃ ভীমৰাও আম্বেদকাৰক তেওঁ জয়ন্তী উপলক্ষে সাদৰেৰে শ্ৰদ্ধাঞ্জলি যাচিছোঁ৷ জয় ভীম!’’ | আম্বেদকাৰ জয়ন্তী উপলক্ষে জনতালৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A6%AE%E0%A6%A8%E0%A7%B1%E0%A7%87%E0%A6%B2%E0%A6%A5-%E0%A6%97%E0%A7%87%E0%A6%AE%E0%A6%9B-%E0%A7%A8%E0%A7%A6%E0%A7%A8%E0%A7%A8-%E0%A6%A4-%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A7%81%E0%A6%B7/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A6%AE%E0%A6%A8%E0%A7%B1%E0%A7%87%E0%A6%B2%E0%A6%A5-%E0%A6%97%E0%A7%87%E0%A6%AE%E0%A6%9B-%E0%A7%A8%E0%A7%A6%E0%A7%A8%E0%A7%A8-%E0%A6%A4-%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A7%81%E0%A6%B7/ | বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছ ২০২২ত পুৰুষৰ লং জাম্পত ৰূপৰ পদক বিজয়ী এম শ্ৰীশংকৰক অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়; "কমনৱেলথ গেমছত এম শ্ৰীশংকৰৰ ৰূপৰ পদক বিজয় এক বিশেষ খবৰ। কেইবা দশকৰ পিছত ভাৰতে কমনৱেলথ গেমছত পুৰুষৰ দীঘল জাম্পত পদক লাভ কৰিছে। তেওঁৰ প্ৰদৰ্শন ভাৰতীয় এথলেটিকছৰ ভৱিষ্যতৰ বাবে শুভ সংকেত। তেওঁক অভিনন্দন। অনাগত দিনত তেওঁ আৰু অধিক উৎকৃষ্ট প্ৰদৰ্শন অব্যাহত ৰাখক।" | কমনৱেলথ গেমছ ২০২২ ত পুৰুষৰ লং জাম্পত ৰূপৰ পদক বিজয়ী এম শ্ৰীশংকৰক অভিনন্দন প্ৰধানমন্ত্ৰী |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A7%87%E0%A6%87-%E0%A6%AA%E0%A7%80-%E0%A6%9F%E0%A6%BE%E0%A6%93%E0%A6%A4-%E0%A6%AE%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%BE%E0%A7%B0%E0%A7%B0-%E0%A6%B7%E0%A7%8D%E0%A6%9F/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A7%87%E0%A6%87-%E0%A6%AA%E0%A7%80-%E0%A6%9F%E0%A6%BE%E0%A6%93%E0%A6%A4-%E0%A6%AE%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%BE%E0%A7%B0%E0%A7%B0-%E0%A6%B7%E0%A7%8D%E0%A6%9F/ | মাননীয় ষ্টেট কাউন্সেলাৰ, বিশিষ্ট প্রতিনিধিবৃন্দ, সংবাদ মাধ্যমৰ বন্ধুসকল, মিংগলাবা, ২০১৪ চনত আছিয়ান শীৰ্ষ সন্মিলন উপলক্ষে মই আগতে এবাৰ ইয়ালৈ আহিছিলো, যদিও এই স্বর্ণভূমি ম্যানমাৰলৈ এয়া মোৰ প্রথম দ্বিপাক্ষিক ভ্ৰমণ। ইয়াক মোক যেনেদৰে সাদৰ-অভ্যর্থনা জনাইছে, মোৰ এনে লাগিছিল যে মই নিজৰ ঘৰতে আছো। সেয়েহে মই ম্যানমাৰ চৰকাৰক কৃতজ্ঞতা জনাইছোঁ। মাননীয় ষ্টেট কাউন্সেলাৰ, ম্যানমাৰৰ শান্তি প্রক্রিয়াৰ ক্ষেত্রত আপোনাৰ সাহসী নেতৃত্ব অতি প্রশংসনীয়। আপোনালোকে যি প্ৰত্যাহ্বানৰ মুখামুখি হৈছে, সেয়া মই খুব ভালদৰে জানো।। ৰাখিন ৰাজ্যত চৰমপন্থী হিংসাৰ ফলত নিৰাপত্তা কর্মীসকলৰ সৈতে হোৱা যুদ্ধত বহু নির্দোষী লোকৰ প্ৰাণহানিক লৈ আপোনালোকৰ যি দুশ্চিন্তা উদ্ভৱ হৈছে, আমিও তাৰ সমভাগী হৈছোঁ। যি কোনো শান্তি প্রক্রিয়া বা বিশেষ সমস্যাৰ সমাধানৰ ক্ষেত্রত আমি সকলো পক্ষক একেলগে লৈ আলাপ-আলোচনাৰ মাধ্যমে মীমাংসাৰ পথ বিচাৰি উলিওৱা দিশত সমৰ্থন কৰোঁ। ম্যানমাৰৰ ঐক্য আৰু ভৌগোলিক অখণ্ডতাক সন্মান জনাই আমি সকলো নাগৰিকৰ শান্তি, ন্যায় আৰু সন্মান সুনিশ্চিত হোৱাটো কামনা কৰোঁ। বন্ধুসকল, ভাৰতৰ গণতান্ত্রিক পদ্ধতি ম্যানমাৰৰ সৈতে মিল আছে বুলি মই অনুভৱ কৰোঁ। সেইবাবে ম্যানমাৰৰ কাৰ্যপালিকা, বিধানমণ্ডল, আৰু নির্বাচন আয়োগ তথা প্রেছ কাউন্সেলৰৰ দৰে সংস্থাসমূহ শক্তিশালী কৰাত আমাৰ ব্যাপক সহযোগিতাকলৈ মই গৌৰৱান্বিত। চুবুৰীয়া দেশ হিচাপে নিৰাপত্তাৰ ক্ষেত্রত আমাৰ স্বার্থ একেধৰণৰ। দুয়ো দেশৰ দীর্ঘ ভূ-সীমান্ত আৰু সামুদ্রিক সীমান্তত নিৰাপত্তা আৰু সুস্থিৰতা বজাই ৰখাৰ বাবে আমি একেলগে কাম কৰিব লাগিব। প্ৰয়োজনমতে পথ আু সেঁতু নির্মাণ, শক্তি সংযোগ আৰু যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ ক্ষেত্রত আমাৰ যৌথ প্রচেষ্টাই এটি সুন্দৰ ভৱিষ্যতৰ সংকেত বহন কৰিছে। কালাদান প্রকল্পত সিত্তৱে বন্দৰ, পেলেটৱা আভ্যন্তৰীণ জলবন্দৰৰ কাম সম্পূর্ণ হৈছে। এতিয়া এইবোৰৰ সৈতে সংযোগৰ বাবে পথ নির্মাণৰ কাম আৰম্ভ কৰা হৈছে। আপাৰ ম্যানমাৰৰ প্রয়োজনৰ ভিত্তিত ভাৰতৰ পৰা ভাৰতৰ পৰা ট্রাকেৰে হাইস্পীড ডিজেল অনাৰ কাম আৰম্ভ হৈছে। আমাৰ উন্নয়নৰ সহযোগী হোৱাৰ সুবাদতে ম্যানমাৰত উন্নত মানৰ স্বাস্থ্য, শিক্ষা আৰু গৱেষণাৰ সুবিধা উন্নয়ন সন্তোষজনক হৈছে। এইক্ষেত্রত ম্যানমাৰ ইনষ্টিটিউট অৱ ইনফৰমেচন টেকনোল’জী আৰু এডভান্স চেন্টাৰ অৱ এগ্রিকালচাৰেল ৰিছার্চ এণ্ড এডুকেচনৰ অৱদান বিশেষভাবে উল্লেখযোগ্য। এই দুটি প্রধান শিক্ষাকেন্দ্রই দ্রুতগতি বিশ্বমানৰ শিক্ষার্থী গঢ়ি তুলিছে। ভৱিষ্যতেও আমাৰ প্রকল্পসমূহ ম্যানমাৰৰ প্রয়োজন আৰু অগ্রাধিকাৰৰ ভিত্তিত গঢ় লৈ উঠিব। আমাৰ দুয়ো দেশৰ মাজত আজি যিকেইখন চুক্তি সম্পাদিত হৈছে, সেইবোৰ আমাৰ বহুমুখী দ্বিপাক্ষিক সহযোগিতাক অধিক শক্তিশালী কৰিব। বন্ধুসকল, এটা কথা ঘোষণা কৰিবলৈ পাই মই অতি আনন্দিত হৈছোঁ যে ভাৰত ভ্রমণ কৰিবলৈ ইচ্ছুক যি কোনো ম্যানমাৰ নাগৰিকক ভাৰত চৰকাৰে গ্ৰেটিছ ভিছা প্রদানৰ সিদ্ধান্ত লৈছে। ভাৰতৰ বিভিন্ন কাৰাগাৰত বন্দী হৈ থকা ৪০জন ম্যানমাৰ নাগৰিকক মুক্তি দিয়াৰ কথা ঘোষণা কৰিবলৈ পায়ো মই আনন্দিত হৈছোঁ। আশা কৰোঁ তেওঁলোক কিছুদিনৰ ভিতৰতে ম্যানমাৰৰ তেওঁলোকৰ পৰিয়াল তথা আত্মীয়-স্বজনৰ ওচৰলৈ আহিব। মাননীয় ষ্টেট কাউন্সেলাৰ, নেই পী টাওত আমি অতি ইতিবাচক আলোচনাত মিলিত হৈছোঁ। আৰু যিমান সময় ম্যানমাৰত থাকিম, সেই সময়খিনিকলৈও মোৰ মন অত্যন্ত উৎসাহিত হৈছে। আজি মই বাগানত আনন্দ মন্দিৰ পৰিদৰ্শন কৰিম। আনন্দ মন্দিৰ আৰু অন্যান্য ঐতিহাসিক আৰু সাংস্কৃতিক ঐতিহ্যসম্পন্ন গৃহসমূহ যোৱা ভূমিকম্পৰ পাছত অতি বেয়াকৈ ক্ষতিগ্রস্ত হয়। এইবোৰ এতিয়া ভাৰতৰ সহযোগিতাত নতুনকৈ গঢ়ি তোলা হৈছে। য়াংগনত ভাৰতীয় বংশোদ্ভূতসকলৰ সৈতে সাক্ষাতৰ উপৰি মই বিভিন্ন ধৰ্মীয় তথা ঐতিহাসিক গুৰুত্ব সম্পন্ন স্মাৰকসমূহত শ্রদ্ধাঞ্জলি অর্পণ কৰিম। মোৰ দৃঢ় বিশ্বাস যে আগন্তুক দিনত আমি পৰস্পৰৰ কল্যাণৰ অৰ্থে আৰু শক্তিশালী তথা নিবিড় সম্পর্ক গঢ়ি তোলাৰ বাবে একেলগে কাম কৰি যাম। ধন্যবাদ। চেজু তিন বা দে! | নেই পী টাওত ম্যানমাৰৰ ষ্টেট কাউন্সেলাৰৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ বিবৃত্তিৰ ইংৰাজী সংস্কৰণ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%9C%E0%A6%BE%E0%A6%AA%E0%A6%BE%E0%A6%A8%E0%A7%B0-%E0%A6%AA/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%9C%E0%A6%BE%E0%A6%AA%E0%A6%BE%E0%A6%A8%E0%A7%B0-%E0%A6%AA/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আবে শ্বিঞ্জোৰ ওপৰত হোৱা আক্ৰমণত স্তম্ভিত হৈছে। প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে; "মোৰ প্ৰিয় বন্ধু আবে শ্বিঞ্জোৰ ওপৰত হোৱা আক্ৰমণত অত্যন্ত ব্যথিত হৈছো। মোৰ সমবেদনা আৰু প্ৰাৰ্থনা তেওঁৰ, তেওঁৰ পৰিয়াল আৰু জাপানৰ জনসাধাৰণৰ সৈতে আছে।" | প্রধানমন্ত্রীয়ে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আবে শ্বিঞ্জোৰ ওপৰত হোৱা আক্ৰমণত স্তম্ভি |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A6%87%E0%A6%AC%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%A3%E0%A7%8D%E0%A6%9F-%E0%A6%97%E0%A7%81%E0%A6%9C%E0%A7%B0%E0%A6%BE%E0%A6%9F-%E0%A6%9B%E0%A6%BE%E0%A6%AE%E0%A6%BF%E0%A6%9F-2/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A6%87%E0%A6%AC%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%A3%E0%A7%8D%E0%A6%9F-%E0%A6%97%E0%A7%81%E0%A6%9C%E0%A7%B0%E0%A6%BE%E0%A6%9F-%E0%A6%9B%E0%A6%BE%E0%A6%AE%E0%A6%BF%E0%A6%9F-2/ | ১৮ আৰু ১৯ জানুৱাৰী, ২০১৯ ৰ দুদিনীয়া ভ্ৰমণসূচী লৈ ভাৰতত উপস্থিত হৈছে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী লাৰ্ছ লোক্কে ৰাছমুছেন, উদ্দেশ্য ভাইব্ৰেণ্ট গুজৰাট ছামিট ২০১৯ ত অংশগ্ৰহণ কৰা, য’ত ডেনমাৰ্ক এখন সহযোগী দেশ হিচাপে অংশগ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী ৰাছমুছেনৰ লগতে ডেনমাৰ্কৰ ভালেমান আগশাৰীৰ কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াসকলো আহি উপস্থিত হৈছে ভাৰতত। উল্লেখ্য যে ১৮ জানুৱাৰী, ২০১৯ তাৰিখে গান্ধীনগৰত চলি থকা ভাইব্ৰেণ্ট গুজৰাট ছামিটৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী ৰাছমুছেনৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হয় ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী। ইয়াৰ পূ্ৰ্বেও দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ২০১৮ চনৰ এপ্ৰিল মাহত ষ্টকহ’মত আয়োজিত প্ৰথম ইণ্ডিয়া–নৰ্ডিক ছামিটত মিলিত হৈছিল। এই বৈঠকতে দুয়োগৰাকী বিশ্ব নেতাই দুয়োখন দেশৰ মাজত স্থাপন হ’ব পৰা বিভিন্ন দ্বিপাক্ষিক সহযোগিতাৰ ক্ষেত্ৰ সমূহৰ বিষয়ে আলোচনা কৰে আৰু পাৰস্পৰিক লাভজনক বিষয়ত ভালেমান সমস্যা সন্দৰ্ভতো দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে নিজ নিজ দৃষ্টিভঙ্গী উপস্থাপন কৰে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়েই দুয়োখন দেশৰ মাজতে একাধিক বাণিজ্য আৰু বিনিয়োগৰ পৰিসৰ পৰিবৰ্ধন কৰাৰ ব্যাপক সুযোগ–সুবিধাৰ বিষয়েও আলোচনা কৰে আৰু দুয়ো ঐক্যমতত মিলিত হয়। উল্লেখ্য যে ভালেমান অত্যাধুনিক প্ৰযুক্তিৰ ক্ষেত্ৰত ডেনমাৰ্ক সম্প্ৰতি বিশ্বৰ আগশাৰীৰ দেশ হিচাপে পৰিগণিত হৈ আহিছে, যিবোৰ বিশেষকৈ ভাৰতৰ ক্ষেত্ৰত যথেষ্ট প্ৰাসঙ্গিক হৈ আছে। ইয়াতে উল্লেখ কৰিব পাৰি যে ডেনমাৰ্কৰ আছে দক্ষতা, ভাৰতত আছে প্ৰসাৰতাৰ সুযোগ, আৰু সম্প্ৰতি বিশ্বক লাগে নতুন প্ৰযুক্তি। খাদ্য সুৰক্ষা, জল ব্যৱস্থাপনা, জলবায়ু পৰিৱৰ্তন আৰু দীৰ্ঘম্যাদী উন্নয়নৰ দৰে বৈশ্বিক সমস্যাসমূহৰ সমাধান উলিয়াবৰ বাবে এক গৱেষণা মঞ্চ স্থাপন কৰাৰ বাবে ভাৰত আৰু ডেনমাৰ্কক উদ্বুদ্ধ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। এই বৈঠকতে, দুখনকৈ বুজাবুজি চুক্তিও হস্তান্তৰিত কৰা হয়, প্ৰথমখন হৈছে বিভিন্ন সামূদ্ৰিক সমস্যা সমাধানৰ বাবে ভাৰতীয় নৌ মন্ত্ৰালয় আৰু ডেনমাৰ্কৰ উদ্যোগ, বাণিজ্য আৰু বিত্তীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ মাজত হোৱা চুক্তি, আৰু দ্বিতীয়খন হৈছে গোৱাৰ পানাজীত এটা নগৰীয়া জীৱিকা পৰীক্ষাগাৰ বা আৰবান লিভিং লেব স্থাপনৰ বাবে ইমাজিন পানাজী স্মাৰ্ট চিটি ডেভেলপমেণ্ট লিমিটেড আৰু নতুন দিল্লীস্থ ডেনিছ এম্বেছীৰ মাজত। উল্লেখ্য যে প্ৰায় ১৩০ টা ডেনিছ কোম্পানীয়ে ভাৰতৰ নৌ পৰিবহন, পুনঃনবীকৰণযোগ্য শক্তি, পৰিৱেশ আৰু খাদ্য সংসাধনৰ দৰে ক্ষেত্ৰসমূহত বিনিয়োগ কৰিছে আৰু স্মাৰ্ট আৰবান ডেভেলপমেণ্ট আৰু আৱৰ্জনাৰ পৰা শক্তিলৈ’ আদিৰ দৰে ক্ষেত্ৰতো বিনিয়োগৰ পৰিসৰ বৃদ্ধি কৰাৰ বাবে উৎসুক হৈ আছে। ইফালে গুজৰাটত ভালেসংখ্যক আগশাৰীৰ ডেনিছ কোম্পানীয়ে নৌ পৰিবহন আৰু পুনঃনবীকৰণযোগ্য শক্তিখণ্ডত জড়িত হৈ আছে। প্ৰধানমন্ত্ৰী ৰাছমুছেনে তেওঁৰ এই ভ্ৰমণকালত নতুন দিল্লীত স্থাপন কৰা ডেনিছ কালছাৰেল ইনষ্টিটিউট আৰু ডেনিছ দূতাবাসৰ নতুন গৃহটো ১৯ জানুৱাৰীত আনুষ্ঠানিকভাৱে মুকলি কৰিব। ইয়াৰ পিছতেই তেওঁ এবাৰ আগ্ৰালৈও যাব। | ভাইব্ৰেণ্ট গুজৰাট ছামিট ২০১৯ ত অংশগ্ৰহণৰ বাবে ভাৰতত উপস্থিত ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%B9%E0%A6%BF%E0%A6%B2%E0%A6%BE-%E0%A6%B9%E0%A6%95%E0%A7%80%E0%A6%A4-%E0%A6%86%E0%A6%AE%E0%A6%BF-%E0%A6%85%E0%A6%B2%E0%A6%AA%E0%A7%B0-%E0%A6%AC%E0%A6%BE%E0%A6%AC%E0%A7%87%E0%A6%B9/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%B9%E0%A6%BF%E0%A6%B2%E0%A6%BE-%E0%A6%B9%E0%A6%95%E0%A7%80%E0%A6%A4-%E0%A6%86%E0%A6%AE%E0%A6%BF-%E0%A6%85%E0%A6%B2%E0%A6%AA%E0%A7%B0-%E0%A6%AC%E0%A6%BE%E0%A6%AC%E0%A7%87%E0%A6%B9/ | মহিলা হকীত আমি অলপৰ বাবেহে পদকৰ পৰা বঞ্চিত হ’লো যদিও এইটো দলে কিন্তু নতুন ভাৰতৰ আত্মাক প্ৰতিবিম্বিত কৰিছে- য’ত আমি আমাৰ উত্তমখিনি দিও আৰু নতুন সীমনাৰ পৰিমাপ লওঁ। আজি এই অভিমত ব্যক্ত কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। টকিঅ’ অলিম্পিক ২০২০ত আমাৰ মহিলা হকী দলে দেখুওৱা দুৰ্দান্ত প্ৰদৰ্শন আমি সদায়ে মনত পেলাম বুলিও তেওঁ মন্তব্য কৰে। এই সন্দৰ্ভত প্ৰকাশ কৰা এলানি বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “#Tokyo2020ত আমাৰ মহিলা হকী দলে দেখুওৱা দুৰ্দান্ত প্ৰদৰ্শন আমি সদায়ে মনত পেলাম। সমগ্ৰ যাত্ৰাতে তেওঁলোকে সৰ্বস্ব উজাৰি দিছিল। দলটোৰ প্ৰতিগৰাকী সদস্যাই দুৰ্দান্ত সাহস, দক্ষতা আৰু সহনশীতাৰে আশিসধন্য। এই অসাধাৰণ দলটোক লৈ আজি ভাৰত গৌৰৱান্বিত। মহিলা হকীত আমি অলপৰ বাবেহে পদকৰ পৰা বঞ্চিত হ’লো যদিও এইটো দলে কিন্তু নতুন ভাৰতৰ আত্মাক প্ৰতিবিম্বিত কৰিছে- য’ত আমি আমাৰ উত্তমখিনি দিও আৰু নতুন সীমনাৰ পৰিমাপ লওঁ। আটাইতকৈ ডাঙৰ কথাটো হৈছে #Tokyo2020-ত তেওঁলোকে আহৰণ কৰা সাফল্যই হকীত আত্মনিয়োগ কৰাৰ লগতে ইয়াৰ উত্তৰণৰ বাবে ব্ৰতী হোৱাৰ ক্ষেত্ৰত ভাৰতৰ নতুন চাম ছোৱালীক অনুপ্ৰাণিত কৰিব। এইটো দলক লৈ আমি গৌৰৱান্বিত”। | মহিলা হকীত আমি অলপৰ বাবেহে পদকৰ পৰা বঞ্চিত হ’লো যদিও এইটো দলে নতুন ভাৰতৰ আত্মাক প্ৰতিবিম্বিত কৰিছে : প্ৰধানমন্ত্ৰ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%B8/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%B8/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ৮ বছৰত ভাৰতত স্বাস্থ্যসেৱা খণ্ডক শক্তিশালী কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিৱৰণ ব্যক্ত কৰিছে। প্ৰধানমন্ত্ৰীয়ে টুইট কৰে: “মানুহৰ সুস্থ জীৱন হৈছে নতুন ভাৰতৰ সংকল্প। আয়ুষ্মান ভাৰতৰ পৰা জন আউষাধি কেন্দ্ৰলৈ আৰু চিকিৎসা আন্তঃগাঁথনিৰ পৰা বিনামূলীয়া টিকাকৰণলৈকে দেশখনে যি পথ গ্ৰহণ কৰিছে সেয়া আজি সমগ্ৰ বিশ্বৰ বাবে এক আদৰ্শ হৈ পৰিছে।” “আগন্তুক বছৰবোৰ স্বাস্থ্যসেৱাত বিনিয়োগ কৰাসকলৰ হ’ব। ভাৰতত স্বাস্থ্যসেৱা খণ্ড শক্তিশালী কৰাৰ বাবে আমাৰ চৰকাৰে যি কাম কৰিছে তাৰ বাবে মই গৌৰৱান্বিত। #৮বছৰৰ সুস্থ ভাৰত" "স্বাস্থ্যসেৱা আমাৰ মূল কেন্দ্ৰবিন্দু ক্ষেত্ৰসমূহৰ ভিতৰত অন্যতম। যোৱা ৮ বছৰত স্বাস্থ্য আন্তঃগাঁথনি বৃদ্ধি কৰা, প্ৰতিজন ভাৰতীয়ৰ বাবে সুলভ আৰু মানসম্পন্ন স্বাস্থ্যসেৱাৰ সুবিধা নিশ্চিত কৰা, আৰু এই খণ্ডৰ সৈতে প্ৰযুক্তিৰ একত্ৰিত কৰা হৈছে।" #8YearsOfHealthyIndia" | প্ৰধানমন্ত্ৰীয়ে ‘স্বাস্থ্যৱান ভাৰতৰ ৮ বছৰ’ৰ বিৱৰণ শ্বেয়াৰ কৰ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%9C%E0%A6%A8%E0%A6%B8%E0%A6%BE%E0%A6%A7%E0%A6%BE-6/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%9C%E0%A6%A8%E0%A6%B8%E0%A6%BE%E0%A6%A7%E0%A6%BE-6/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰিৰ দ্বিতীয় দিনা সকলো ভক্তৰ বাবে মা ব্ৰহ্মচাৰিণীৰ আশীৰ্বাদ বিচাৰে। শ্ৰী মোদীয়ে দেৱীৰ প্ৰাৰ্থনাও (স্তুতি) ভাগ-বতৰা কৰে। প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে; "আজি মা ব্ৰহ্মচাৰিণীৰ বিশেষ উপাসনাৰ দিন, মাতৃৰ দ্বিতীয় ৰূপ। মই আশা কৰোঁ যে তেওঁ সকলো ভক্তক শক্তি, সামৰ্থ আৰু লক্ষ্য সিদ্ধিৰ আশীৰ্বাদ কৰক। এই স্তুতি আপোনাৰ বাবে…" | প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণৰ বাবে মা ব্ৰহ্মচাৰিণীৰ পৰা আশীৰ্বাদ বিচাৰ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9A%E0%A7%87%E0%A6%95-%E0%A6%97%E0%A6%A3%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A7%8D%E0%A6%AF%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9A%E0%A7%87%E0%A6%95-%E0%A6%97%E0%A6%A3%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A7%8D%E0%A6%AF%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চেক গণৰাজ্যৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰা মহামহিম পেটৰ ফিয়ালাক অভিনন্দন জ্ঞাপন কৰিছে। এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়; ‘চেক গণৰাজ্যৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰাৰ বাবে মহামহিম পেটৰ ফিয়ালাক অভিনন্দন জনাইছোঁ। ভাৰত আৰু চেক গণৰাজ্যৰ মাজৰ সম্পৰ্ক অধিক উন্নত কৰাৰ বাবে মই আপোনাৰ সৈতে কাম কৰিবলৈ আশাবাদী।’ | চেক গণৰাজ্যৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰাৰ বাবে মহামহিম পেটৰ ফিয়ালাক অভিনন্দন প্ৰধানমন্ত্ৰী |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%97%E0%A7%81%E0%A6%9C%E0%A7%B0%E0%A6%BE%E0%A6%9F%E0%A7%B0-%E0%A6%95%E0%A7%87%E0%A7%B1%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A6%BE%E0%A6%A4-%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%87%E0%A6%9A%E0%A7%8D%E0%A6%AF/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%97%E0%A7%81%E0%A6%9C%E0%A7%B0%E0%A6%BE%E0%A6%9F%E0%A7%B0-%E0%A6%95%E0%A7%87%E0%A7%B1%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A6%BE%E0%A6%A4-%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%87%E0%A6%9A%E0%A7%8D%E0%A6%AF/ | মই চৰ্দাৰ বল্লভ ভাই পেটেল বুলি ধ্বনি দিম, আপোনালোকে কব – অমৰ হওক, অমৰ হওক, চৰ্দাৰ বল্লভ ভাই পেটেল – অমৰ হওক, অমৰ হওক চৰ্দাৰ বল্লভ ভাই পেটেল – অমৰ হওক, অমৰ হওক চৰ্দাৰ বল্লভ ভাই পেটেল – অমৰ হওক, অমৰ হওক মই আৰু এটা ধ্বনি শুনিবলৈ বিচাৰিম, যিটো ধ্বনি এইখন ধৰিত্ৰীৰ, এইখন দেশত প্ৰতিটো পলতে প্ৰতিধ্বনি হৈ থকা উচিত। মই কম, দেশৰ একতা, আপোনালোকে কব – জিন্দাবাদ, জিন্দাবাদ। দেশৰ একতা – জিন্দাবাদ দেশৰ একতা – জিন্দাবাদ দেশৰ একতা – জিন্দাবাদ মঞ্চত উপৱিষ্ট ৰাজ্যপাল শ্ৰী ওম প্ৰকাশ কোহলীজী, ৰাজ্যৰ লোকপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীমান বিজয় ৰূপানীজী, কৰ্ণাটকৰ ৰাজ্যপাল শ্ৰীমান বজুভাই ৱালা, মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দী বেন পেটেল, সংসদৰ মোৰ সতীৰ্থ, ৰাজ্যসভাৰ সদস্য শ্ৰীঅমিত ভাই শ্বাহ, গুজাৰটৰ উপ-মুখ্যমন্ত্ৰী শ্ৰীনীতীন ভাই, বিধানসভাৰ অধ্যক্ষ ৰাজেন্দ্ৰজী, দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মহানুভৱ আৰু মোৰ মৰমৰ ভাই-ভনীসকল। মা নৰ্মদাৰ এই পৱিত্ৰ ধাৰাৰ সমীপত অৱস্থিত সাতপুৰা আৰু বিন্ধৰ আঁচলত, আজিৰ এই ঐতিহাসিক মুহূৰ্তত মই আপোনালোক সকলোকে, সমগ্ৰ দেশবাসীক, পৃথিৱীৰ প্ৰান্তে প্ৰান্তে সিঁচৰতি হৈ থকা প্ৰতিগৰাকী হিন্দুস্তানী আৰু হিন্দুস্তানক ভাল পোৱা প্ৰতিগৰাকী ব্যক্তিকে অভিনন্দন জ্ঞাপন কৰিছো। আজি সমগ্ৰ দেশতে চৰ্দাৰ বল্লভ ভাই পেটেলৰ স্মৃতি সুঁৱৰি ৰাষ্ট্ৰীয় একতা দিৱস উদযাপিত হৈছে। এই উপলক্ষে দেশৰ প্ৰান্তে প্ৰান্তে ন-জোৱানসকলে একতা-দৌৰত অংশগ্ৰহণ কৰিছে। ৰাণ ফৰ ইউনিটী, একতাৰ বাবে দৌৰত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী অংশগ্ৰহণকাৰীকো মই অভিবাদন জনাইছো। আপোনালোকৰ ভাৰত-ভক্তি আৰু আপোনালোকৰ আন্তৰিক চেতনাৰ জোৰতহে বহু সহস্ৰ বছৰে থন ধৰি উঠা আমাৰ সভ্যতা-সংস্কৃতিয়ে ফলে-ফুলে জাতিষ্কাৰ হোৱাৰ সুযোগ লাভ কৰিছে। বন্ধুসকল, সকলো দেশৰ ইতিহাসত এনে একোটা উপলক্ষ সমাগত হয় যিয়ে দেশবাসীক সম্পূৰ্ণতা প্ৰাপ্তিৰ অৱকাশ প্ৰদান কৰে। আজিও আমি তেনে এক উপলক্ষৰ বাবেই সাজু হৈছো, যি উপলক্ষক হয়তো পাহৰি যোৱা সম্ভৱ নহব। আজিৰ এই দিনটোকো ভাৰতৰ ইতিহাসত মহত্বপূৰ্ণ বুলি সন্নিৱিষ্ট কৰা হব। ভাৰতৰ পৰিচয়, ভাৰতৰ সন্মান প্ৰতিষ্ঠাৰ বাবে সমৰ্পিত এক বিশাল ব্যক্তিত্বক উচিত মৰ্যাদা দিয়াৰ ক্ষেত্ৰত আধাদুখৰীয়া প্ৰয়াসৰ বেদনা লৈয়ে স্বাধীনতাৰ পিচৰ ইমানকেইটা বছৰ আমি অতিক্ৰম কৰিছিলো। আজি ভাৰতৰ নতুন প্ৰজন্মই নিজৰ ইতিহাসৰ এগৰাকী মহাপুৰুষৰ স্বৰ্ণিম ব্যক্তিত্বক উদ্ভাসিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। আজি ধৰা আৰু আকাশ একাকাৰ কৰি চৰ্দাৰ চাহাবৰ অভিষেক সম্পন্ন কৰা ভাৰতবাসীয়ে নিজৰ বাবে এক নতুন ইতিহাসেই কেৱল ৰচনা কৰা নাই, বৰঞ্চ ভৱিষ্যতৰ প্ৰজন্মৰ বাবে এক গগণচুম্বী বুনীয়াদো গঢ়ি তুলিলে। মোৰ পৰম সৌভাগ্য যে আজি মই চৰ্দাৰ চাহাবৰ এই বিশাল প্ৰতিমূৰ্তি দেশবাসীক সমৰ্পণ কৰাৰ বিৰল সুযোগ লাভ কৰিলো। মই যেতিয়া গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে এই স্মাৰক নিৰ্মানৰ কল্পনা কৰিছিলো, তেতিয়া মই কিন্তু এই পবিত্ৰ কামটো ময়েই এদিন প্ৰাধনমন্ত্ৰী হিচাপে কৰিবহি লাগিব বুলি ভবা নাছিলো। চৰ্দাৰ চাহাবৰ এই আশীৰ্বাদৰ বাবে, দেশবাসীৰ কোটি কোটি জনতাৰ আশীৰ্বাদৰ বাবে মই নিজকে ধন্য মানিছো। আজি গুজৰাটৰ নাগৰিকসকলে মোলৈ যিমানবোৰ অভিনন্দন পত্ৰ প্ৰৰণ কৰিছে তাৰ বাবেও মই গুজৰাটবাসীৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছো। মোৰ বাবে এয়া কেৱল একো একোখন সন্মান পত্ৰ কিম্বা অভিনন্দন পত্ৰই নহয়, বৰঞ্চ যিডোখৰ ভূমিত মই লালিত-পালিত হৈছো, যাৰ লগত থাকি সংস্কাৰ লাভ কৰিছো আৰু যেনেকৈ মাকে নিজৰ ল’ৰাটোৰ পিঠিত চপিৰয়ালে ল’ৰাটোৰ শক্তি, উত্সাহ-উদ্দীপনা হাজাৰ গুণে বাঢ়ি যায় আজি আপোনালোকৰ এই আশীৰ্বাদ পত্ৰসমূহ পায়ো মোৰ ঠিক তেনে অনুভৱেই হৈছে। মোক আজি লোহা অভিযানৰ সময়ত পোৱা লোৰ প্ৰথমটো টুকুৰা উপহাৰ হিচাপে প্ৰদান কৰা হৈছে। আহমেদাবাদত আমি এই অভিযান আৰম্ভ কৰাৰ সময়ত যিখন ধ্বজা উত্তোলন কৰিছিলো সেইখন ধ্বজাও মোলৈ উপহাৰ হিচাপে আগবঢ়োৱা হৈছে। মই আপোনালোকৰ, গুজৰাটৰ প্ৰতিগৰাকী লোকৰ প্ৰতি কৃতজ্ঞ হৈ থাকিম। আৰু মোলৈ আগবঢ়োৱা এই কেইপদ বস্তু মই আজি ইয়াত থৈ যাম, যাতে আপোনালোকে ইয়াৰ দেশবাসীয়ে চাব পৰাকৈ বস্তুকেইপদ মিউজিয়ামত সংৰক্ষিত কৰি ৰাখিব পাৰে। মোৰ আজি সেইবোৰ দিনৰ কথা বৰকৈ মনত পৰিছে, আৰু আজি আপোনালোকৰ আগত বহুত কথাই কবলৈ মন গৈছে। মোৰ মনলৈ আহিছে সেইবোৰ দিনৰ কথা, যেতিয়া দেশৰ গাঁৱে গাঁৱে বসবাস কৰা কৃষকসকলৰ পৰা মাটি বিচাৰি আহ্বান জনোৱা হৈছিল, আৰু পথাৰসমূহত তেওঁলোকে ব্যৱহাৰ কৰা পুৰণি সা-সঁজুলিসমূহ সংগ্ৰহ কৰা হৈছিল। দেশৰ লাখ লাখ গাঁৱৰ কোটি কোটি কৃষক নিজেই আগবাঢ়ি আহি এই প্ৰতিমা নিৰ্মাণৰ অভি্যানটোক এক আন্দোলনৰ ৰূপ প্ৰদান কৰিছিলহি। তোওঁলোকে আগবঢ়োৱা সা-সৰঞ্জামখিনিৰ পৰা সংগৃহীত বহু শতাধিক মেট্ৰিক টন ওজনৰ লোহাৰে এই প্ৰতিমাৰ বাবে মজবুত বুনিয়াদ নিৰ্মাণ কৰা হৈছিল। বন্ধুসকল, মই যেতিয়া এই কামটো কৰাৰ কথা অৱগত কৰিছিলো, তেতিয়া শংকা আৰু আশংকাৰ এক বাতাবৰণো যে তৈয়াৰ হৈছিল সেয়া সত্য। আজি এই কথা আপোনালোকৰ আগত মই নিৰ্দ্বিধাই খুলি কব পাৰো। কথাটো যেতিয়া মোৰ মনলৈ আহিছিল মই তেতিয়া বহুদিনলৈ এই অঞ্চলৰ পাহাৰবোৰত এডোখৰ প্ৰকাণ্ড শিলৰ সন্ধান বিচাৰি ফুৰিছিলো, ভাবিছিলো তেনে এডোখৰ শিল কাটি তাৰ পৰা চৰ্দাৰ চাহাবৰ প্ৰতিমা গঢ়ি উলিয়াব পৰা যাব। পিচে বহু বিচাৰ-খোচাৰ কৰিও তেনে এডোখৰ প্ৰকাণ্ড শিলৰ সন্ধান উলিয়াব নোৱাৰিলো। অৱশ্যে আমি ভবা বিশাল প্ৰতিমূৰ্তিটো শিলত কাটি উলিয়াব পৰাকৈ ইমান মজবুত শিল পোৱাটো সম্ভৱ নহয় বুলি জানি অৱশেষত মই মোৰ সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হলো। আৰু আজি যি ৰূপ আপোনালোকে প্ৰত্যক্ষ কৰিছে এয়া তাৰেই পৰিণতি বুলি চাগৈ আপোনালোকে উপলব্ধি কৰিব পাৰিছে। সেই সময়ত মই কথাবোৰ অহৰ্নিশে ভাবি আছিলো। যাকেই পাও তেওঁৰ লগতে আলোচনা কৰিছিলো, সকলোৰে পৰা দিহা-পৰামৰ্শ গ্ৰহণ কৰিছিলো আৰু আজি মই প্ৰসন্নচিত্তে কব পাৰো যে দেশৰ এই মহত্বপূৰ্ণ প্ৰকল্পৰ সৈতে জড়িত হৈ থকা প্ৰতিগৰাকী ব্যক্তিয়ে দেশৰ বিশ্বাসক, দেশৰ সামৰ্থ্যক সুউচ্চ শিখৰত সংস্থাপিত কৰিলে। ভাই-ভনীসকল, বিশ্বৰ এই সৰ্বোচ্চ প্ৰতিমাই সমগ্ৰ পৃথিৱীক, আমাৰ উত্তৰ-প্ৰজন্মক সেইগৰাকী ব্যক্তিৰ সাহস, সামৰ্থ্য আৰু সংকল্পৰ কথা স্মৰণ কৰাই থাকিব। যিগৰাকী ব্যক্তিয়ে আই ভাৰতীক খণ্ড খণ্ড কৰিব খোজাসকলৰ ষড়যন্ত্ৰ মষিমূৰ কৰাৰ পবিত্ৰ কৰ্তব্য সমাপন কৰিছিল। যিগৰাকী মহাপুৰুষে সেই সকলো আশংকাকে চিৰদনিৰ বাবেই নোহোৱা কৰি থৈ গলসেই গৰাকী লৌহপুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেলক মই শত শতবাৰ প্ৰণিপাত কৰিছো। বন্ধুসকল, আই ভাৰতী যেতিয়া চাৰে পাঁচশতকৈও অধিক ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যত বিভক্ত হৈ আছিল, ঠিক তেতিয়াই চৰ্দাৰ চাহাবৰ সামৰ্থ্য ভাৰতৰ কামত আহিছিল। ভাৰতৰ ভৱিষ্যতক লৈ তদানীন্তন পৃথিৱীয়ে ঘোৰ নিৰাশাকেহে প্ৰকট কৰিছিল। নিৰাশাবাদীৰ পয়োভৰ সেই সময়তো আছিল। সেইসকল নিৰাশাবদীয়ে স্বকীয় বৈচিত্ৰ্যতাৰ বাবেই এদিন ভাৰত পুনৰ বিভাজিত হৈ পৰিব বুলি ভাবিছিল। পিছে নিৰাশাচ্চন্ন সেই পৰিৱেশটোতো সকলোৱে সম্ভাৱনাৰ এক কিৰণ প্ৰত্যক্ষ কৰিছিল আৰু আশাৰ সেই কিৰণ আছিল চৰ্দাৰ বল্লভ ভাই পেটেল। চৰ্দাৰ বল্লভ ভাই পেটেলৰ গাত কৌটিল্যৰ কূটনীতি আৰু শিৱাজী মহাৰাজৰ শৌৰ্যৰ অপূৰ্ব সমাৱেশ ঘটিছিল। তেওঁ ১৯৪৭ চনৰ ৫ জুলাইত ৰাজ-পৰিয়ালসমূহে শাসন কৰা ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যসমূহক সম্বোধি কৈছিল, আৰু চৰ্দাৰ চাহাবৰ সেই বাক্য কেইষাৰ আজিৰ প্ৰেক্ষাপটতো সমানেই সাৰ্থক বুলি মই হৃদয়েৰে বিশ্বাস কৰো। চৰ্দাৰ পেটেলে কৈছিল- বিদেশী আক্ৰমণকাৰীৰ সন্মুখত আমাৰ পাৰস্পৰিক শত্ৰুতা, আমাৰ মাজৰ দ্বন্দ্ব-খৰিয়াল, আমাৰ বৈৰীতা দৰাচলতেই আমাৰ পৰাধীনতাৰ প্ৰধান কাৰক আছিল। এতিয়া আৰু আমি সেই ভুল পুনৰাই দোহৰা উচিত নহব আৰু আকৌ এবাৰলৈ আনৰ গোলাম হোৱাৰ বাট প্ৰশস্ত কৰাটোও উচিত নহব। চৰ্দাৰ চাহাবৰ এই একীকৰণ মন্ত্ৰৰ শক্তি হৃদয়ংগম কৰিয়ে এইসকল ৰজা-ৰাজ পৰিয়ালে নিজৰ নিজৰ ৰাজ্যক ভাৰতৰ চাৰিসীমাৰ মাজত বিলীন কৰি দিলে। চাই থাকোতেই ভাৰত এক হৈ পৰিল। চৰ্দাৰ চাহাবৰ আহ্বানত দেশৰ শতাধিক ৰজা-ৰাজপৰিয়ালে ত্যাগৰ এক নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছিল। আমি এইসমূহ ৰজা আৰু ৰাজপৰিয়ালৰ মহান ত্যাগৰ গাঁথা কেতিয়াও পাহৰা উচিত নহয়। আৰু ভাৰতৰ বুকুত বিলীন হৈ যোৱা এই চাৰে পাঁচশৰো অধিক সংখ্যক ৰজা আৰু ৰাজপিৰয়ালৰ স্মাৰকেৰে এটা যাদুঘৰ এই স্থানতে স্থাপন কৰাৰ এক সপোনো মই ইমান দিনে পুহি ৰাখিছো। ঐক্যবদ্ধ ভাৰত গঢ়াৰ বাবে যিসকলে পদক্ষেপ গ্ৰহণ কৰিছিল সেইসকলৰ কথা যাতে আমাৰ ভাবী প্ৰজন্মই জানিব পাৰে। চাওকচোন আজি যদি এজন পঞ্চায়ত সভাপতি হিচাপে নিৰ্বাচিতক তেওঁৰ কাৰ্যকাল পূৰ্ণ হোৱাৰ এবছৰৰ আগতেই পদভাৰ ত্যাগ কৰিবলৈ কোৱা হয় তেন্তে বাৰু এক ধুমুহা সদৃশ পৰিস্থিতিৰ সৃষ্টি নকৰিবনে? পিচে এই সকল ৰজা-ৰাজন্যই তেওঁলোকৰ পিতৃ-পুৰুষসকলে যুগে যুগে গঢ় দিয়া তেওঁলোকৰ দেশসমূহ চিৰদনৰ বাবে দান কৰি দিছিল। তেওঁলোকৰ এই মহান ত্যাগৰ কথা আমি বাৰু কেতিয়াবা পাহৰি যাব পাৰিমনে, আমি যে সেই কথা মনত ৰাখিবই লাগিব। বন্ধুসকল, যি দুৰ্বলতাৰ বাবে তেতিয়াৰ বিশ্বই আমাক কটাক্ষপাত কৰিছিল, সেই দুৰ্বলতাকে শক্তিলৈ ৰূপান্তৰিত কৰি চৰ্দাৰ পেটেলে দেশক পথৰ সন্ধান দিছিল। সেই পথৰেই বাট বুলি সংশয়াচ্ছন্ন ভাৰতে আজি নিজে আৰোপ কৰা চৰ্ত প্ৰতিপন্ন কৰি পৃথিৱীৰ বৃহ্ত অৰ্থনৈতিক আৰু সামৰিক শক্তি হিচাপে পৰিগণিত হোৱাৰ দিশত খোজ আগবঢ়াইছে। এয়া যদি সম্ভৱ হৈছে, তেন্তে তাৰ নেপথ্যত এক সাধাৰণ কৃষক পৰিয়ালত ওপজা সেই গৰাকী অসাধাৰণ ব্যক্তিত্ব- চৰ্দাৰ চাহাবৰ বহুত ডাঙৰ অৰিহণা আছিল, বহুত ডাঙৰ ভূমিকা আছিল। লাগিলে যিমানেই হেঁচা নপৰক কিয়, লাগিলে যিমানেই মতৰ অমিল নহওক কিয়, প্ৰশাসনত কেনেকৈ শাসন প্ৰতিষ্ঠা কৰিব লাগে সেই কথা চৰ্দাৰ চাহাবে সুন্দৰকৈ কৰি দেখুৱাইছিল। কচ্ছৰ পৰা কহিমালৈ, কাৰ্গিলৰ পৰা কন্যাকুমাৰীলৈ আজি যদি কোনা বাধাৰ সন্মুখীন নোহোৱাকৈ আমি যাব পৰা হৈছো তেন্তে এয়া চৰ্দাৰ চাহাবৰ জহতে সম্ভৱ হৈছে, তেওঁ গ্ৰহণ কৰা সংকল্পৰ পৰিণিততহে সম্ভৱ হৈছে। মুহূৰ্তৰ বাবে কল্পনা কৰকচোন, যদি চৰ্দাৰ চাহাবে এই সংকল্প গ্ৰহণ নকৰিলেহেঁতেন, তেতিয়াহলে আজি গিৰৰ সিংহ আৰু বাঘ চাবলৈ আৰু শিৱভক্তসকলে সোমনাথত পূজা কৰিবলৈ অথবা হায়দৰাবাদৰ চাৰমিনাৰ চাবলৈ যাবলৈ আমি হিন্দুস্তানীসকলে ভিছা লব লাগিলহেঁতেন। যদি চৰ্দাৰ চাহাবে সংকল্প নললেহেঁতেন তেন্তে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ পোনপটীয়া ৰেলৰ কল্পনাও কৰিব পৰা নগলহেঁতেন। যদি চৰ্দাৰ পেটেলে সংকল্প নললেহেঁতেন তেন্তে অসামৰিক সেৱাৰ দৰে প্ৰশানীয় পৰিগাঁঠনি গঢ়ি তোলাৰ ক্ষেত্ৰত আমি বহুত সমস্যাৰ সন্মুখীন হব লগাত পৰিলোহেঁতেন। ভাই-ভনীসকল, ১৯৪৭ চনৰ ২১ এপ্ৰিলত সৰ্বভাৰতীয় প্ৰশানীয় সেৱাৰ প্ৰৱেশ্যনাৰ সকলক সম্বোধি চৰ্দাৰ বল্লভ ভাই পেটেলে কোৱা কথা কেইষাৰ খুবেই মহত্বপূৰ্ণ আছিল। আজিৰ তাৰিখতো আই এ এছ, আই পি এছ, আই এফ এছ যিয়েই নহওক কিয় সেইকেইষাৰ বাক্য প্ৰত্যেক গৰাকীয়েই মনত ৰখা উচিত। তেতিয়া চৰ্দাৰ চাহাবে কৈছিল এই পৰ্যন্ত যিসকল আই চি এছ অৰ্থাত Indian civil services ত আছিল তেওঁলোক কোনোৱেই ভাৰতীয় নাছিল, তেওঁলোক কোনোৱেই চিভিলো- নাছিল, আনকি তেওঁলোকৰ চাৰ্ভিছৰ মানসিকতাও নাছিল। চৰ্দাৰজীয়ে যুৱ-প্ৰজন্মক স্থিতি পৰিৱৰ্তনৰ বাবে আহ্বান জনাইছিল। তেওঁ ন-জোৱানসকলক আহ্বান জনাই কৈছিল যে তেওঁলোকে সম্পূৰ্ণ পাৰদৰ্শিতাৰে, সম্পূৰ্ণ সততাৰে ভাৰতীয় প্ৰশাসনীয় সেৱাৰ গৌৰৱ বঢ়াব লাগিব। ভাৰতীয় প্ৰশাসনীয় সেৱাক ভাৰতৰ নৱ নিৰ্মানৰ বাবে সংস্থাপিত কৰিব লাগিব। এই গৰাকী চৰ্দাৰ পেটেলৰ প্ৰেৰণাতে দৰাচলতে ভাৰতীয় প্ৰশাসনীয় সেৱাৰ তুলনা steel frame ৰে কৰা হয়। ভাই-ভনীসকল, চৰ্দাৰ পেটেলক এনে এক সময়ত ভাৰতৰ গৃহমন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হৈছিল সেয়া ভাৰতীয় ইতিহাসৰ আটাইতকৈ জটিল ক্ষণ আছিল। তেওঁৰ কান্ধত দেশৰ ব্যৱস্থাৱলীৰ পুনৰনিৰ্মাণৰ গুৰু দায়িত্বতো আছিলেই, লগতে সমস্যাজৰ্জৰ আইন-ব্যৱস্থা চম্ভলাৰো প্ৰত্যাহ্বান আছিল। তেওঁ সেই জটিল সন্ধিক্ষণৰ পৰা দেশক নিৰাপদে উলিয়াই আনি আমাৰ আধুনিক আৰক্ষী ব্যৱস্থাৰ বাবে এক শক্তিশালী বুনিয়াদো গঢ় তুলিছিল। বন্ধুসকল, দেশৰ গণতন্ত্ৰৰ সৈতে সৰ্বসাধাৰণ ৰাইজক জড়িত কৰাৰ বাবে চৰ্দাৰ চাহাব প্ৰতিমূহূৰ্ততে সমৰ্পিত আছিল। ভাৰতৰ ৰাজনীতিত মহিলাৰ সক্ৰিয় অংশগ্ৰহণৰ অধিকাৰ দানৰ ক্ষেত্ৰতো চৰ্দাৰ পেটেলৰ বহুত ডাঙৰ ভূমিকা আছিল। যি সময়ত দেশৰ মাতৃ-ভগ্নীয়ে পঞ্চায়ত পৰ্যায়ৰ নিৰ্বাচনতো ভাগ লব পৰা নাছিল, চৰ্দাৰ পেটেলে সেই অন্যায়ৰ বিৰুদ্ধে মাত মাতিছিল। তেওঁৰ বলিষ্ঠ পদক্ষেপৰ ফলতে স্বাধীনতাৰ বহু দশক পূৰ্বেই এই বৈষম্য আঁতৰোৱাৰ পথ প্ৰশস্ত হৈছিল। সেই গৰাকী চৰ্দাৰ পেটেলৰ বাবেই আজি মৌলিক অধিকাৰে আমাৰ গণতন্ত্ৰৰ এক প্ৰভাৱশালী অংশ হোৱাৰ সু্যোগ লাভ কৰিলে। বন্ধুসকল চৰ্দাৰ পেটেলৰ এই প্ৰতিমূৰ্তি তেওঁৰ এই উচ্চ চিন্তা, প্ৰতিভা, পুৰুষাৰ্থ তথা প্ৰতিজ্ঞাৰ জীৱন্ত প্ৰতীক। এই প্ৰতিমা তেওঁৰ সামৰ্থ্য আৰু সমৰ্পণৰ প্ৰতি সন্মানতো হয়েই, এয়া নৱ ভাৰতৰ নতুন আত্মবিশ্বাসৰ অভিব্যক্তিৰো নিৰ্দশন।ভাৰতৰ অস্তিত্বৰ প্ৰতি প্ৰশ্নৰ অৱতাৰণা কৰাৰ ঔদ্বৌত্য প্ৰৰ্দশন কৰা সকলক সতৰ্ক কৰি এইখন দেশযে শাশ্বত আছিল, শাশ্বত আছে, আৰু চিৰকালে শাশ্বত থাকিব সেই কথা সোঁৱৰাই থকাৰ প্ৰতীকপট হিচাপেও চিহ্ণিত হব এই প্ৰতিমূৰ্তি। এই প্ৰতিমা দেশৰ সেইসকল কৃষকৰ স্বাভিমানৰ প্ৰতীক, যাৰ পথাৰৰ মাটি আৰু পথৰুৱা সা-সৰঞ্জামৰ লোৰে তৈয়াৰ কৰা আধাৰত নিৰ্মিত হৈছে এই প্ৰতিমূৰ্তি, এয়া সেইসকল আদিবাসী ভাই-ভনীৰ অৰিহনাৰ স্মাৰক, যিয়ে স্বাধীনতাৰ আন্দোলনৰ পৰা আৰম্ভ কৰি বিকাশৰ সুদীৰ্ঘ যাত্ৰাত অৱদান আগবঢ়াই আহিছে। অনাগত দিনৰ যুৱক-যুৱতীসকলক ভৱিষ্যতৰ ভাৰত গঢ়াৰ বাবে বিশালাকাৰ পণ লব পৰাকৈ অনুপ্ৰাণিত কৰিব এই আকাশলংঘী স্মাৰকে। এই আকাংক্ষা সম্পূৰ্ণ কৰাৰ এটাই মাত্ৰ মন্ত্ৰ সেয়া হৈছে- এক ভাৰত শ্ৰেষ্ঠ ভাৰত, এক ভাৰত শ্ৰেষ্ঠ ভাৰত। বন্ধুসকল, এয়া আমাৰ আভিযান্ত্ৰিক সামৰ্থ্যৰো প্ৰতীক। বিগত তিনিটা বছৰত প্ৰতিদিনে গড়ে আঢ়ৈ হাজাৰ শিল্পী আৰু শ্ৰমিক অভিযানৰ ৰূপত কামত ব্ৰতী হৈ আছিল। কিছু সময়ৰ পিচত আমি যাক সম্বৰ্ধনা জনাম তেওঁ ইতিমধোই জীৱনৰ ৯০টা বছৰ অতিক্ৰম কৰিছে। দেশৰ এনে এগৰাকী গণ্যমান্য শিল্পকাৰ শ্ৰীমান ৰাম সুতাৰজীৰ নেতৃত্বত শিল্পীৰ এটা দলে এই গৌৰৱশালী স্মাৰকৰ নিৰ্মাণ সম্পূৰ্ণ কৰিছে। মনত অভিযানৰ ভাৱনা, ৰাষ্ট্ৰীয় একতাৰ প্ৰতি সমৰ্পন আৰু ভাৰত ভক্তিৰ বলতে ইমান কম দিনৰ ভিতৰতে এই বিশাল কৰ্মযজ্ঞ সম্পূৰ্ণ হৈ উঠিল। চৰ্দাৰ সৰোৱৰ বান্ধৰ আধাৰশিলা কেতিয়া হৈছিল আৰু কিমান দশকৰ পিচত ইয়াৰ শুভ উদ্বোধন কৰা হৈছিল ভাবকচোন। পিচে এয়াতো আপোনালোকে চাই থাকোতেই সম্পূৰ্ণ হৈ উঠিল। এই মহান কৰ্মৰে জড়িত প্ৰতিগৰাকী শ্ৰমিক, প্ৰতিগৰাকী শিল্পী, অভিযন্তা তথা এই কৰ্মযজ্ঞৰে জড়িত প্ৰতি গৰাকী ব্যক্তিকে মই আদৰপূৰ্বক অভিনন্দন জ্ঞাপন কৰিছো। প্ৰত্যক্ষ আৰু পৰোক্ষ ৰূপত এই কৰ্মৰে জড়িত আপোনালোক সকলোৰে নামো চৰ্দাৰ চাহাবৰ এই প্ৰতিমূৰ্তিৰ সৈতে ইতিহাসৰ এক মহত্বপূৰ্ণ অংশ হৈ পৰিল। বন্ধুসকল, আজি সামৰণি পৰা এই যাত্ৰাৰ শুভাৰম্ভ হৈছিল ৮ বছৰ পূৰ্বে ঠিক আজিৰ দিনটোতে। ২০১০ চনৰ ৩১ অক্টোৱৰত আহমেদাবাদত মই প্ৰথমবাৰৰ বাবে এই কথা ৰাজহুৱা কৰিছিলো। কোটি কোটি ভাৰতীয়ৰ দৰেই ময়ো বিচাৰিছিলো যি গৰাকী মহাপুৰুষে দেশক একত্ৰিত কৰাৰ বাবে আহোপুৰুষাৰ্থ কৰিছিল, সেই গৰাকী মহান আত্মাক নিশ্চিত ভাবেই যথোচিত সন্মান জনোৱা উচিত। মই বিচাৰিছলো এই সন্মান তেওঁ সেইসকল কৃষক, সেইসকল শ্ৰমিকৰ শ্ৰমদানৰে পাওক যাৰ বাবে চৰ্দাৰ পেটেলে জীৱনজুৰি সংঘৰ্ষ কৰিছিল। বন্ধুসকল, চৰ্দাৰজীয়ে খেৰাৰ পৰা বৰদোলী পৰ্যন্ত কৃষক ৰাইজৰ প্ৰতি হোৱা অন্যায়ৰ বিৰুদ্ধেই কেৱল প্ৰতিবাদ কৰা নাছিল, সত্যাগ্ৰহ কৰা নাছিল বৰং ইয়াৰ সমাধানো আজুৰি আনিছিল। আজি দেশৰ অলেখ-গাঁৱৰ অৰ্থব্যৱস্থা শক্তিশালী কৰাত বিশেষ ভূমিকা পালন কৰা সমবায় আন্দোলনো চৰ্দাৰ পেটেলৰ দূৰদৃষ্টিৰে সু-পৰিণাম আছিল। বন্ধুসকল, চৰ্দাৰ পেটেলৰ এই স্মাৰক তেওঁৰ প্ৰতি কোটি কোটি ভাৰতীয়ৰ সন্মান আৰু দেশবাসীৰ সামৰ্থ্যৰ প্ৰতীকী নিৰ্দেশনতো হয়েই, ই দেশৰ অৰ্থব্যৱস্থা তথা ৰোজগাৰ নিৰ্মাণৰো মহত্ত্বপূৰ্ণ স্থান হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা প্ৰকট কৰিছে। ইয়াৰ দ্বাৰা হাজাৰ হাজাৰ আদিবাসী ভাই-ভনীয়ে প্ৰতি বছৰে পোনপটীয়াকৈ জীৱিকাৰ সম্বল বিচাৰি পোৱাৰো পথ প্ৰশস্থ হব। সাতপুৰা আৰু বিন্ধ পৰ্বতৰ পাদদেশত অৱস্থিত এই অঞ্চলত বসবাস কৰা আপোনালোকক প্ৰকৃতিয়ে যি সম্ভাৰ প্ৰদান কৰিছে সেয়া এতিয়া আধুনিক ৰূপত আপোনালোকৰ কামত অহাৰ সুযোগ ওলাইছে। চৰ্দাৰ চাহাবক দৰ্শন কৰিবলৈ অহা পৰ্যটকসকলে চৰ্দাৰ সৰোবৰ বান্ধ, সাতপুৰা আৰু বিন্ধ পৰ্বতমালাও দৰ্শন কৰিব পাৰিব। মই এই চেগতে গুজৰাট চৰকাৰক অভিনন্দন জনাব খুজিছো, কিয়নো তেওঁলোকে এই স্মাৰকৰ আশ-পাশৰ এলেকাসমূহক পৰ্যটকৰ আকৰ্ষণথলী হিচাপে বিকশিত কৰি তুলিছে। এই কাৰ্যৰ অংশ হিচাপে বিকশিত কৰা ভেলী অব ফ্লাৱাৰে এই স্মাৰকৰ সৌন্দৰ্য্য আৰু অধিক আকৰ্ষণীয় কৰি তুলিব আৰু মই আশা কৰিম এই একতা নাৰ্চাৰী এনেদৰে বিকশিত হওক যৰ পৰা প্ৰতিগৰাকী পৰ্যটকে একতাৰ পুলি নিজ নিজ ঘৰলৈ লৈ যাব পাৰিব। সেই পুলি ঘৰে ঘৰে ৰুই তেওঁলোকে দেশৰ একতাৰ ভাৱনাক প্ৰতিনিয়ত স্মৰণ কৰি থাকিব পাৰিব। লগতে পৰ্যটন এই অঞ্চলৰ সাধাৰণ জনৰ জীৱন পৰিৱৰ্তনৰ সম্বল হৈ উঠিব। বন্ধুসকল, এইখন জিলা আৰু এই অঞ্চলৰ লোকসকল পাৰম্পাৰিক জ্ঞানৰে অতিকে সমৃদ্ধ। তেওঁলোকৰ এই পৰম্পৰাগত জ্ঞানৰ প্ৰসাৰো এই ষ্টেট অব ইউনিটীৰ বাবে হব লগা পৰ্যটনে অধিক কৰিব। ইয়ে এই অঞ্চলটোক এক নতুন পৰিচিতি প্ৰদান কৰিব। মই অঞ্চলটোৰ সৈতে ঘনিষ্ঠভাৱে জড়িত হৈ আহিছিলো বাবে ইয়াৰ বিষয়ে মই বহু কথাই জানো। সম্ভৱ ইয়াত বহি থকা বহুতেই মই কোৱাৰ পিছত কথাটো নিশ্চয়কৈ ভাবিব। এই অঞ্চলত চাউলৰ পৰা তৈয়াৰ কৰা ঊনা মাণ্ডা, তহলা মাণ্ডা অথবা ঠোকলা মাণ্ডা ইয়ালৈ অহা প্ৰতিগৰাকী পৰ্যটকেই খুব পচন্দ কৰিব। সেইদৰে এই অঞ্চলত বাহুল্যকৈ হোৱা বনৌষধীৰ কথা আয়ুৰ্বেদৰে জড়িতসকলে চাগৈ ভালকৈয়ে জানে। ইয়াৰ খাতী ভিন্দীৰ ঔষধী গুণৰ কথা কোনেনো নাজানে?–এইবোৰ কথা বহু দূৰদূৰণিলৈ বিস্তাৰিত হোৱাৰ সুযোগ সমাগত হৈছে। সেয়ে এই স্মাৰকে কৃষিক্ষেত্ৰৰ সম্ভাৱনাক অনন্য মাত্ৰা প্ৰদান কৰাৰ লগতে আদিবাসীসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰাতো বিশেষ সহযোগিতা আগবঢ়াব বুলি মই নিশ্চিতভাৱেই আশাবাদী। বন্ধুসকল, বিগত চাৰিটা বছৰত দেশৰ নায়কসকলক শ্ৰদ্ধা জনোৱাৰ বাবে চৰকাৰে এক বিশেষ অভিযান অব্যাহত ৰাখিছে। মই যেতিয়া গুজৰাটৰ মুখ্যমন্ত্ৰী আছিলো তেতিয়াও মোৰ এনেবোৰ বিষয়ত আগ্ৰহ আছিল। এয়া আমাৰ পূৰাতন সংস্কৃতি, আমাৰ সংস্কাৰ, যাক লৈ আমি আগবাঢ়ি যাব লাগিব। চৰ্দাৰ বল্লভ ভাই পেটেলৰ এয়া গগনচুম্বী প্ৰতিমূৰ্তি। তেওঁৰ স্মৃতিত আমি দিল্লীত আধুনিক যাদুঘৰ নিৰ্মাণ কৰিছো। গান্ধীনগৰৰ মহাত্মা মন্দিৰ আৰু দান্দী কূটীৰেই হওক কিম্বা দাদা চাহেব ভীমৰাও আম্বেদকাৰৰ পঞ্চতীৰ্থই হওক, হাৰিয়ানাৰ কৃষক নেতা ছাৰ ছোটুৰামৰ সৰ্বোচ্চ প্ৰতিমাই হওক। কচ্ছৰ মাণ্ডৱীত থকা স্বাধীনতা আন্দোলনৰ সশস্ত্ৰ ক্ৰান্তিৰ পুৰোধা, গুজৰাটৰ সু-সন্তান শ্যামজী কিষন বাৰ্মাৰ স্মাৰকেই হওক আৰু আমাৰ আদিবাসী ভাই-ভনীসকলৰ বীৰ নায়ক গোবিন্দ গুৰুৰ শ্ৰদ্ধাস্থলেই হওক, এনে বহু মহাপুৰুষৰ স্মাৰক বিগত বছৰকেইটাত আমি নিৰ্মাণ কৰি উলিয়াইছো। তদুপৰি নেতাজী সুভাষ চন্দ্ৰ বসুৰ দিল্লীত সংগ্ৰহালয়েই হওক, ছট্ৰপতি শিৱাজী মহাৰাজৰ মুম্বাইত ভব্য প্ৰতিমূৰ্তিয়েই হওক অথবা আদিবাসী নায়ক, দেশৰ স্বাধীনতা সংগ্ৰামৰ বীৰসকলৰ স্মৃতিত সংগ্ৰহালয় নিৰ্মাণৰ কামেই হওক, এই সকলো বিষয়ত আমি ইতিহাস পুনৰুজ্জ্বীৱিত কৰাৰ বাবে কাম কৰি আছো। বাবা চাহেবৰ অতুল্য অৱদানৰ স্মৃতি সুঁৱৰিবলৈ ২৬ নৱেম্বৰক সংবিধান দিৱস হিচাপে ব্যাপক ৰূপত উদযাপন কৰাই হওক, কিম্বা নেতাজীৰ নামত ৰাষ্ট্ৰীয় সন্মানৰ শুভাৰম্ভ কৰাৰ কথা ঘোষণা কৰাই হওক, এইসকলো আমাৰ চৰকাৰেহে আৰম্ভ কৰিছে। পিছে আমাৰ এই পদক্ষেপকো দেশৰ একাংশই ৰাজনৈতিক চশমাৰে চোৱাৰ দুঃসাহস কৰা দেখি মই আশ্চৰ্যচকিত হও। চৰ্দাৰ পেটেলৰ দৰে মহাপুৰুষ, দেশৰ সু-সন্তানক প্ৰশংসা কৰাৰ বাবেও কিয় জানো আমাক সমালোচনা কৰা হয়। যেন আমি বহুত ডাঙৰ অপৰাধহে কৰিছো। কওকচোন, দেশৰ মহাপুৰুষসকলক স্মৰণ কৰাটো বাৰু অপৰাধ নে কি? ভাই-ভনীসকল, চৰ্দাৰ পেটেলে ভাৰতখন শক্তিশালী, সমৃদ্ধিশালী, সংবেদনশীল, সতৰ্ক আৰু সকলোৰে সমাবেশৰ থলী হিচাপে গঢ় লোৱাটো বিচাৰিছিল। আমাৰ সমগ্ৰ প্ৰয়াস তেওঁৰ এই সপোন সাকাৰ কৰাৰ দিশতে অব্যাহত আছে। গণ অংশগ্ৰহণৰ সু-পৰিণতিত আজি দেশত গ্ৰাম্য স্বচ্ছতাৰ পৰিসৰ ৯৫ শতাংশ পৰ্যন্ত হৈছেগৈ। আমি দেশৰ প্ৰতিগৰাকী গৃহহীনক ঘৰ দান কৰিব পৰাকৈ বিশাল আঁচনি ৰূপায়ণত মনোনিবেশ কৰিছো। আমি স্বাধীনতাৰ ইমান দশকৰ পিচতো বিজুলীৰ পোহৰ নপৰা ১৮০০০ গাঁৱলৈ বিজুলী বাতিৰ পোহৰ বিয়পোৱাৰ লক্ষ্যত সফল হৈছো। আমাৰ চৰকাৰে সৌভাগ্য যোজনাৰ জৰিয়তে প্ৰতিটো পৰিয়াললৈ বিদ্যুত্ সংযোগ দিয়াৰ বাবে দিনে-নিশাই কামত ব্ৰতী হৈ আছে, দেশৰ প্ৰতিখন গাঁৱক পথ সংযোগৰ লগতে অপ্টিকেল ফাইবাৰ নেটৱৰ্কৰে সংযুক্ত কৰি ডিজিটেল কানেক্টিভিটীৰে সংযুক্ত কৰা, ৰন্ধন গেছ সংযোগ প্ৰদানৰ লগতে দেশৰ প্ৰতিঘৰলৈ শৌচালয়ৰ সুবিধা আগবঢ়োৱাৰ কামত ব্যস্ত হৈ আছে। আমি পৃথিৱীৰ সকলোতকৈ ডাঙৰ জন আৰোগ্য যোজনা –আয়ুষ্মান ভাৰত যোজনা যাক ৰাইজে কেতিয়াবা মোডী কেয়াৰ বুলিও কয়- ৰূপায়ণ কৰাৰ ব্যৱস্থা কৰিছো। এই আঁচনিয়ে ভাৰতক আক্ষৰিক অৰ্থতে আয়ুষ্মান কৰিব। ভাই-ভনীসকল, চৰ্দাৰ পেটেলে ভাৰতৰ একীকৰণ কৰিছিল। আমিও জিএছটিৰ জৰিয়তে দেশত অৰ্থনৈতিক একীকৰণ সম্পন্ন কৰিলো। One Nation One Tax ৰ সপোন সাকাৰ কৰিলো। মই চৰ্দাৰ চাহাবৰ এষাৰ বক্তব্যৰে আজি ভাষণ সামৰিব খুজিছো। তেওঁ কৈছিল- প্ৰতিগৰাকী ভাৰতীয়ই তেওঁনো কোন জাতিৰ, কোন শ্ৰেণীৰ এই কথা পাহৰিব লাগিব, তেওঁ কেৱল এটা কথা মনত ৰাখিব লাগিব, সেয়া হৈছে- তেওঁ এগৰাকী ভাৰতীয়, আৰু এগৰাকী নাগৰিক হিচাপে তেওঁৰ যিমান অধিকাৰ আছে সিমানেই দেশৰ প্ৰতি কৰ্তব্যও থাকিব। -চৰ্দাৰ চাহাবৰ এই শাশ্বত ভাৱনাই এই বিশাল প্ৰতিমাৰ দৰেই সদায় আমাক অনুপ্ৰাণিত কৰি ৰাখিব। এই কামনাৰে পুনৰবাৰ বিশ্বৰ সৰ্বোচ্চ প্ৰতিমা Statue of Unityৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিকে অভিনন্দন আৰু শুভকামনা জ্ঞাপন কৰিলো। আহক আমি একেলগে কওঁ- চৰ্দাৰ পেটেল – জয় হওক চৰ্দাৰ পেটেল – জয় হওক চৰ্দাৰ পেটেল – জিন্দাবাদ চৰ্দাৰ পেটেল – জিন্দাবাদ। | গুজৰাটৰ কেৱৰীয়াত ষ্টেচ্যু অব ইউনিটী ৰাষ্ট্ৰৰ নামত উত্সৰ্গা কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%8F%E0%A7%9F%E0%A6%BE%E0%A7%B0-%E0%A6%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%BF%E0%A7%9F%E0%A6%BE-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%87%E0%A7%9F%E0%A6%BE%E0%A7%B0-%E0%A6%B8%E0%A6%B9%E0%A6%AF/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%8F%E0%A7%9F%E0%A6%BE%E0%A7%B0-%E0%A6%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%BF%E0%A7%9F%E0%A6%BE-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%87%E0%A7%9F%E0%A6%BE%E0%A7%B0-%E0%A6%B8%E0%A6%B9%E0%A6%AF/ | প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পৌৰহিত্যত অনুষ্ঠিত কেন্দ্রীয় কেবিনেটৰ এক গুৰুত্বপূৰ্ণ বৈঠকত এয়াৰ ইণ্ডিয়া আৰু ইয়াৰ সহযোগী সংস্থাসমূহত নিৰ্বিনিয়োগৰ বাবে এক বিশেষ উদ্দেশ্যসাধন সংস্থা চমুকৈ SPV গঠনৰ প্ৰস্তাৱলৈ যাৱতীয় অনুমোদন প্ৰদান কৰা হৈছে। এই এছপিভি সংস্থাটোৰ নাম হ’ব এয়াৰ ইণ্ডিয়া এছেটছ হোল্ডিং লিমিটেড ()। এয়াৰ ইণ্ডিয়াৰ উপৰিও এয়াৰ ট্রান্সপ’র্ট ছার্ভিছেজ লিমিটেড, এয়াৰলাইন এলায়েড ছাৰ্ভিছেজ লিমিটেড, এয়াৰ ইণ্ডিয়া ইঞ্জিনিয়াৰিং ছার্ভিছেজ লিমিটেড আৰু হোটেল কর্প’ৰেশ্যন অৱ ইণ্ডিয়া লিমিটেডৰ দৰে এয়াৰ ইণ্ডিয়াৰ চাৰিটা সহযোগী সংস্থাৰো নি,ৰ্বিনিয়োগ কৰিব এই সংস্থাটোৱে। উল্লেখ্য যে ২০১৮ চনৰ ২২ জানুৱাৰী তাৰিখে প্রস্তাৱিত এই সংস্থা গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল অসামৰিক বিমান পৰিবহণ মন্ত্রালয়ে। চৰকাৰে, এই বিশেষ উদ্দেশ্যসাধন সংস্থালৈ এয়াৰ ইণ্ডিয়া লিমিটেডৰ ২৯,৪৬৪ কোটি টকাৰ ঋণ আৰু অন্য চাৰিটা সংস্থালৈ হস্তান্তৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ ফলত, এয়াৰ ইণ্ডিয়াৰ দৰে ৰাষ্ট্ৰীয়কৃত সংস্থাৰ নিৰ্বিনিয়োগৰৰ কাম সুচলভাৱে সম্পন্ন হ’ব। | এয়াৰ ইণ্ডিয়া আৰু ইয়াৰ সহযোগী সংস্থাসমূহত নিৰ্বিনিয়োগৰ বাবে SPV স্থাপনৰ প্ৰস্তাৱলৈ কেবিনেটৰ অনুমোদন |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A7%8D%E0%A6%B2%E0%A6%BE%E0%A6%A6%E0%A6%BF%E0%A6%AD%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A6%95%E0%A6%A4-%E0%A6%85%E0%A6%A8%E0%A7%81%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BF%E0%A6%A4-%E0%A6%B7%E0%A6%B7/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A7%8D%E0%A6%B2%E0%A6%BE%E0%A6%A6%E0%A6%BF%E0%A6%AD%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A6%95%E0%A6%A4-%E0%A6%85%E0%A6%A8%E0%A7%81%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BF%E0%A6%A4-%E0%A6%B7%E0%A6%B7/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ ছেপ্টেম্বৰ ২০২১ তাৰিখে ভ্লাদিভষ্টকত অনুষ্ঠিত ষষ্ঠ পূৰ্বাঞ্চলীয় অৰ্থনৈতিক ফ’ৰাম(ইইএফ)ৰ পূৰ্ণাংগ অধিৱেশনত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ভাষণ প্ৰদান কৰে। উল্লেখ্য যে, ২০১৯ত পঞ্চম পূৰ্বাঞ্চলীয় অৰ্থনৈতিক ফ’ৰাম(ইইএফ)ৰ বৈঠকত প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে শ্ৰী মোদীয়ে অংশ গ্ৰহণ কৰিছিল। ৰাছিয়াৰ সুদূৰ পূব প্ৰান্তৰ উন্নয়নৰ বাবে ৰাষ্ট্ৰপতি পুটিনৰ দৃষ্টিভংগীক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে ‘এক্ট ইষ্ট পলিচী’ৰ অংশ হিচাপে ৰাছিয়াৰ এই অঞ্চলৰ উন্নয়নৰ বাবে এক বিশ্বস্ত সহযোগী হিচাপে কাম কৰাৰ ক্ষেত্ৰত ভাৰতৰ অংগীকাৰৰ কথা দোহাৰে। তেওঁ ৰাছিয়াৰ সুদূৰ পূব প্ৰান্তৰ বিকাশত ভাৰত আৰু ৰাছিয়াৰ প্ৰাকৃতিক পৰিপূৰকতাৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে ‘বিশেষ আৰু কৌশলগত অংশীদাৰীত্ব’ৰ সৈতে সংগতি ৰাখি দুয়োপক্ষৰ মাজত আৰু অধিক অৰ্থনৈতিক আৰু বাণিজ্যিক সম্পৰ্ক গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ সহযোগিতাৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰ হিচাপে স্বাস্থ্য আৰু ঔষধ খণ্ডৰ কথা বিশেষভাৱে উল্লেখ কৰে। মহামাৰীৰ সময়ত এই দুয়োটা ক্ষেত্ৰ অতি কাৰ্যকৰী প্ৰমাণিত হোৱা বুলিও শ্ৰী মোদীয়ে অভিমত ব্যক্ত কৰে। তেওঁ হীৰা, কোকিং কয়লা, তীখা, কাঠ আদিকে ধৰি অৰ্থনৈতিক সহযোগিতাৰ অন্যান্য সম্ভাব্য ক্ষেত্ৰসমূহৰ কথাও উল্লেখ কৰে। ২০১৯ত অনুষ্ঠিত পূৰ্বাঞ্চলীয় অৰ্থনৈতিক ফ’ৰাম(ইইএফ)ত ভাৰতৰ বিভিন্ন ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ ভ্ৰমণৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে ৰাছিয়াৰ সুদূৰ পূব প্ৰান্তৰ ১১ টা অঞ্চলৰ ৰাজ্যপালসকলক ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায়। কোভিড-১৯ মহামাৰীৰ প্ৰত্যাহ্বান সত্বেও, কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীৰ নেতৃত্বত ভাৰতীয় তেল আৰু গেছ কোম্পানীসমূহৰ নেতৃত্বত এটা ভাৰতীয় প্ৰতিনিধি দলে ইইএফৰ পৰিকাঠামোৰ ভিতৰত ভাৰত-ৰাছিয়া ব্যৱসায়িক আলোচনাত অংশগ্ৰহণ কৰিছে। আনহাতে পূৰ্বাঞ্চলীয় অৰ্থনৈতিক ফ’ৰাম(ইইএফ)ৰ এক পাৰ্শ্ব অনুষ্ঠানত ২ ছেপ্টেম্বৰত গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী বিজয় ৰুপানি আৰু ৰাছিয়াৰ চাখা-য়াকুটিয়া প্ৰদেশৰ ৰাজ্যপালৰ মাজত এখন অনলাইন বৈঠক অনুষ্ঠিত হয়। পূৰ্বাঞ্চলীয় অৰ্থনৈতিক ফ’ৰাম(ইইএফ)ৰ কাৰ্যসূচীত বিভিন্ন খণ্ডৰ প্ৰতিষ্ঠিত ভাৰতীয় কোম্পানীৰ ৫০ জনতকৈও অধিক প্ৰতিনিধিয়েও অনলাইনৰ জৰিয়তে অংশগ্ৰহণ কৰিব। | ভ্লাদিভষ্টকত অনুষ্ঠিত ষষ্ঠ পূৰ্বাঞ্চলীয় অৰ্থনৈতিক ফ’ৰাম ২০২১-ত প্ৰধানমন্ত্ৰীৰ ভাৰ্চুৱেল-সম্বোধ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%B9%E0%A6%AE%E0%A7%87%E0%A6%A6%E0%A6%BE%E0%A6%AC%E0%A6%BE%E0%A6%A6%E0%A6%A4-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A5%E0%A6%AE-%E0%A6%A6/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%B9%E0%A6%AE%E0%A7%87%E0%A6%A6%E0%A6%BE%E0%A6%AC%E0%A6%BE%E0%A6%A6%E0%A6%A4-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A5%E0%A6%AE-%E0%A6%A6/ | জাপানৰ সন্মানীয় প্ৰতিনিধিবৰ্গ আৰু আজিৰ এই ঐতিহাসিক অনুষ্ঠানত উপস্থিত শ্ৰদ্ধেয় ৰাইজ, মই পুনৰ মোৰ বন্ধু প্ৰধানমন্ত্ৰী শ্বিঞ্জু আবেক ভাৰতত বিশেষকৈ গুজৰাটত আদৰিবলৈ পাই নথৈ সুখী হৈছো। মই আপোনালোক সকলোকে অভিনন্দন জনাইছো। বিশ্বৰ এজন অন্যতম নেতা, ভাৰতৰ পৰম বন্ধু জাপানৰ প্ৰধানমন্ত্ৰী শ্বিঞ্জু আবেৰ প্ৰতি কালি আপোনালোকে প্ৰদৰ্শন কৰা মৰম আৰু শ্ৰদ্ধাৰ বাবে মই গুজৰাটৰ জনতালৈ ধন্যবাদ জ্ঞাপন কৰিছো। বন্ধুসকল, কোনো দেশেই সৰু বা সীমাৱদ্ধ সপোন লৈ আগবাঢ়িব নোৱাৰে। সপোনৰ প্ৰসাৰতাৰ ওপৰতেই দেশ এখন, ব্যক্তি এজনৰ বা সমাজ এখনৰ ভৱিষ্যত নিৰ্ভৰ কৰে।আমি আমাৰ অপাৰ সপোন, পাৰাপাৰহীন ইচ্ছাশক্তিৰে নতুন ভাৰত নিৰ্মাণ কৰিবলৈ আগবাঢ়িছো। আজি ভাৰতে এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিলে। মই ১.২৫ কোটি ভাৰতীয়ক মুম্বাই-আহমেদাবাদ ক্ষীপ্ৰ গতিৰ ৰে’ল প্ৰকল্পৰ বাবে অভিনন্দন জনাইছো।বুলেট ট্ৰেইনৰ প্ৰকল্পই ক্ষীপ্ৰ গতিৰ লগতে দেশৰ বাবে দ্ৰুত প্ৰগতিও আনিব।ই অতি সুৰক্ষিত আৰু সুচল। ই লগতে নিয়োগৰ সুবিধা কঢ়িয়াই আনিব।ক্ষীপ্ৰ গতিৰ ৰে’ল ব্যৱস্থা মানুহৰ বাবে আৰু পৰিৱেশৰ বাবেও অনুকূল হ’ব।আজি ভাৰত আৰু জাপান এই প্ৰকল্পক লৈ সমানে আৱেগিক।এজন ভাল বন্ধুৱে সদায়ে সীমাৰ বাহিৰত গৈও সহায়ৰ হাত আগবঢ়ায়।আৰু এই জাপানী প্ৰযুক্তিৰে নিৰ্মিত মুম্বাই-আহমেদাবাদ ক্ষীপ্ৰ গতিৰ ৰে’ল প্ৰকল্পই জাপানৰ বন্ধুত্বকে প্ৰতিপন্ন কৰে।এই প্ৰকল্পই ভাৰত আৰু জাপানৰ মাজত থকা দ্বিপাক্ষিক সম্পৰ্কক অধিক শক্তিশালী কৰিব।এই প্ৰকল্পৰ বাবে মোৰ বন্ধু শ্বিঞ্জু আবেই ব্যক্তিগত আগ্ৰহ প্ৰকাশ কৰিছে আৰু কোনো অসুবিধা নোহোৱাকৈ এই প্ৰকল্প সম্পূৰ্ণ হোৱাত সহযোগ আগবাঢ়াইছে।ই কেৱল ক্ষীপ্ৰ গতিৰ ৰে’লৰ আৰম্ভণি নহয়, ই ভাৰতৰ ভৱিষ্যত নিৰ্ণয়কাৰী পদক্ষেপ আৰু তাৰপৰা ভৱিষ্যতৰ প্ৰজন্মসমূহ লাভান্বিত হ’ব। বন্ধুসকল, ৰে’লপথেই হওক, আকাশীপথেই হওক বা জলপথেই হওক, পৰিৱহণ ব্যৱস্থাই দেশ এখনৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। পৰিৱহণ ব্যৱস্থাই সংযোগ স্থাপনৰ মূল ভেটি আৰু বিভিন্ন ঠাইৰ মাজত সংযোগ স্থাপন হ’লেহে মানুহ তাৰপৰা লাভান্বিত হয়, প্ৰগতিৰ দিশত আগবঢ়া সম্ভৱ হয়।আমেৰিকাৰ ইতিহাসৰ কথা যিসকলে জানে, তেওঁলোকে নিশ্চয় জানে যে ৰে’লপথৰ উন্নয়ন হোৱাৰ পিছতহে আমেৰিকাৰ অৰ্থনৈতিক উন্নয়ন আৰম্ভ হৈছিল।অলপ আগতে আমাৰ বন্ধু আবে শ্বানে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত জাপানৰ অৱস্থাৰ বিষয়ে কৈছিল।কি ভয়ঙ্কৰ জীৱন আছিল সেয়া।পাৰাপাৰহীন দৰিদ্ৰতা। কিন্তু ১৯৬৪ চনত বুলেট ট্ৰেইনৰ প্ৰচলন হ’ল আৰু লাহে লাহে জাপানৰ অৰ্থনৈতিক উন্নয়ন আৰম্ভ হ’ল।আজি তাৰেই প্ৰতিচ্ছবি ইউৰোপ আৰু চীনতো দেখিবলৈ পোৱা গৈছে। অৰ্থনৈতিক উন্নয়নে সেই দেশসমূহত সামাজিক পৰিৱৰ্তনো আনিছে।সেয়ে আমিও সেই পৰিৱৰ্তন অনাৰ প্ৰচেষ্টা হাতত লৈছো।১০০ বছৰে সলনি নোহোৱা প্ৰযুক্তি আজি ২৫ বছৰত বহু সলনি হৈছে।সকলোতে এনে দ্ৰুত পৰিৱৰ্তন হ’লে আমিও তাৰ লগত ফেৰ মাৰিবলৈ সাজু হ’বই লাগিব।ই আমাক অৰ্থনৈতিক উন্নয়নৰ দুৱাৰ খুলি দিব।বন্ধুসকল, দেশ এখনৰ উৎপাদনশীলতাৰ লগত অৰ্থনৈতিক উন্নয়নৰ প্ৰত্যক্ষ সম্পৰ্ক আছে।দ্ৰুতবেগী সংযোগতকৈ আমি উৎপাদনশীলতাত অগ্ৰাধিকাৰ দিছো। বন্ধুসকল, আজি এই অনুষ্ঠানত মই জাপানৰ বন্ধুত্বক বিশেষভাৱে শলাগিব বিচাৰিছো।আমি ভাৰতীয় বা গুজৰাটীয়ে বা বিশেষকৈ আহমেদাবাদীয়ে যেতিয়া কিবা এটা কিনিবলৈ যাওঁ আমি এটা এটা পইচাৰ হিচাপ ৰাখো।আমি অনবৰতে লাভ-লোকচানৰ হিচাপ ৰাখো। ঋণ এটা লোৱাৰ আগত আমি দহবাৰ বেলেগ বেলেগ বেংকলৈ গৈ কোনে কিমান কম সূদত ঋণ দিছে খবৰ লওঁ। আমি ইমান তন্ন তন্নকৈ চাওঁ যে বেংকৰ কৰ্মচাৰী ভাগৰি পৰে।বন্ধুসকল, আপেনালোকে ভাবি চাওক, কোনেও জাপানৰ দৰে বন্ধু পাব নোৱাৰে যি সূদ নোলোৱাকৈ ৫০ বছৰত ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতিত ঋণ দিয়ে।কোনেও হয়তো এই কথা বিশ্বাসো নকৰিব।ভাৰতৰ কোনো বেংকে সূদ নোলোৱাকৈ ঋণ দিবনে? কিন্তু আবে শ্বানে বুলেট ট্ৰেইনৰ কাৰণে মাত্ৰ ০.১ শতংশ হাৰত ঋণ দিছে। মই আচৰিত হৈছে যে মই গুজৰাটত যেতিয়া বুলেট ট্ৰেইনৰ কথা কৈছিলো তেতিয়া মানুহে কৈছিল, মোদীয়ে কেতিয়া বুলেট ট্ৰেইন আনিব? আৰু আজি যেতিয়া বুলেট ট্ৰেইন আহিছে, মানুহে ওলোটাই প্ৰশ্ন কৰিছে মোদীয়ে বুলেট ট্ৰেইন কিয় আনিছে? ভাতৃ-ভগ্নীসকল, বুলেট ট্ৰেইন ভাৰতে জাপানৰ পৰা লাভ কৰা এক ডাঙৰ উপহাৰ।সেয়ে কোনো খৰচ নোহোৱাকৈ এই প্ৰকল্প সম্পূৰ্ণ হ’বলৈ গৈ আছে। মই পুনৰ জাপানক প্ৰযুক্তি আৰু বিত্তীয় সহযোগিতা আগবঢ়োৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছো। ভাতৃ-ভগ্নীসকল, দ্ৰুতবেগী ৰে’লে কেৱল দুখন ঠাইৰ দূৰত্বই হ্ৰাস নকৰে বৰং ৫০০ কিলোমিটাৰ দূৰত্বৰ দুখন ঠাইৰ মানুহকো সংযোগ কৰাব। এই প্ৰকল্প সম্পূৰ্ণ হ’লে মুম্বাই-আহমেদাবাদৰ দূৰত্ব দুঘন্টাত পাৰ কৰিব পৰা হ’ব। আমি এই যাত্ৰা যদি আকাশীযানৰ সৈতেও তুলনা কৰো, তেন্তে বিমানবন্দৰলৈ যোৱা বিমানবন্দৰৰ আনুষ্ঠানিকতা পালন কৰা আদি মিলাই যিমান সময় লাগে তাৰ আধা সময়ত এই দূৰত্ব পাৰ কৰিব পৰা হ’ব। আপুনি কল্পনা কৰিব পাৰে কিমান ডাঙৰ পৰিৱৰ্তন আহি আছে আপোনাৰ জীৱনলৈ। কিমান সময় ৰাহি হ’ব।ইয়াৰ ফলত মুম্বাই-আহমেদাবাদ পথত বাহনৰ সংখ্যাও হ্ৰাস পাব। তাৰ যোগাত্মক প্ৰভাৱ পৰিৱেশৰ ওপৰত পৰিব।ইন্ধনৰ ৰাহি হ’ব। এই প্ৰকল্পৰ লগতে মুম্বাই-আহমেদাবাদ পথক কেন্দ্ৰ কৰি নতুন অৰ্থনৈতিক ব্যৱস্থাৰ উন্নয়ন হ’ব। দুয়োখন চহৰৰ মাজৰ অঞ্চলখিনি এটা অৰ্থনৈতিক অঞ্চলৰ আওঁতালৈ আনি উন্নয়ন কৰা হ’ব। দ্ৰুতবেগী ৰে’লে কেৱল পৰিৱহণেই দ্ৰুত নকৰে ই বাণিজ্য, সামগ্ৰীৰ পৰিবহণ সকলো ক্ষেত্ৰতে ক্ষীপ্ৰ গতি প্ৰদান কৰি দেশলৈ দ্ৰুত প্ৰগতি আনিব। আমাৰ এটা ধাৰণা আছে যে যি প্ৰযুক্তিয়েও নাহক কিয় সি কেৱল ধনীক শ্ৰেণীকহে লাভান্বিত কৰে।যদি প্ৰযুক্তিক দৰিদ্ৰৰ সবলীকৰণৰ বাবে ব্যৱহাৰ কৰিব পাৰি তেন্তে ই অতি সোনকালে দৰিদ্ৰতা নিৰ্মূল কৰিব পাৰে।মই ভাৱো প্ৰযুক্তি তেতিয়াহে লাগতীয়াল, যেতিয়া ই দেশৰ সাধাৰণ জনতাৰ কামত আহে।এই প্ৰকল্পই স্থানীয় প্ৰযুক্তিবিদ, নিৰ্মাতা, ব্যৱসায়ী সকলোকে লাভান্বিত কৰিব। বন্ধুসকল, আমি জাপানৰ পৰা প্ৰযুক্তি আমদানি কৰিছো যদিও বুলেট ট্ৰেইন নিৰ্মাণৰ বেছিভাগ কাম ভাৰততে সম্পন্ন হৈছে।ভাৰতীয় উদ্যোগে বিশ্বমানৰ সা-সঁজুলি তৈয়াৰ কৰি সময়ত যোগান দিবলৈ সক্ষম হৈছে।আমি নিখুঁত সা-সঁজুলি তৈয়াৰ কৰাৰ ক্ষেত্ৰত মনোযোগ দিব লাগিব।ইয়াৰ ফলত ‘মে’ক ইন ইণ্ডিয়া’ আঁচনিও লাভান্বিত হ’ব।এই প্ৰকল্পই হাজাৰ হাজাৰ প্ৰত্যক্ষ নিয়োগৰ সুবিধা সৃষ্টি কৰিব। বন্ধুসকল, নতুন ভাৰতৰ বাবে এক সংহত পৰিৱহণ ব্যৱস্থাৰ প্ৰয়োজন আছে।সেয়ে আমি ভৱিষ্যতৰ পৰিৱহণ আন্তঃগাঁথনি ভৱিষ্যত প্ৰজন্মৰ কথা মনত ৰাখি গঢ়িব বিচাৰিছো।আমি ৰে’ল, আকাশীপথ, ঘাইপথ, জলপথ সকলোৰে আন্তঃগাঁথনি উন্নয়নত মনোযোগ দিছো।জিএছটিৰ ফলতো দেশৰ পৰিৱহণ ব্যৱস্থা লাভান্বিত হ’ব। চৰকাৰে পৰিৱেশৰ অপকাৰ নোহোৱাকৈ জলপথ নিৰ্মাণৰ কামতো মনোনিৱেশ কৰিছে।তাৰবাবে ইতিমধ্যে ১০৬ খন নদীক ৰাষ্ট্ৰীয় জলপথ হিচাপে তৈয়াৰ কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে। আকাশীপথৰ ক্ষেত্ৰতো উন্নয়ন দেখা পোৱা গৈছে। অন্তৰ্দেশীয় আকাশীযানৰ সংখ্যা বৃদ্ধি কৰা হৈছে। বিমানসেৱা খণ্ডক অধিক শক্তিশালী কৰি তুলিবৰ বাবে আমি প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় বিমান নীতিৰ প্ৰৱৰ্তন কৰিছো। দেশৰ ৭০ খন সৰু সৰু চহৰ বিমানসেৱাৰদ্বাৰা সংযোজিত কৰা হৈছে। ইতিমধ্যে থকা ৰে’ল ব্যৱস্থাত নতুন প্ৰযুক্তিৰ যোগেদি উন্নত কৰাৰ ব্যৱস্থা কৰা হৈছে। কোনো কোনো ঠাইত দ্বৈত ট্ৰেকৰ ব্যৱস্থা কৰাৰ লগতে বৈদ্যুতিকৰণ কৰা হৈছে।এই ক্ষেত্ৰত বিনিয়োগ বৃদ্ধি কৰাৰ লগতে দশকজুৰি আধৰুৱাকৈ পৰি থকা প্ৰকল্পসমূহ সম্পূৰ্ণ কৰি তোলা হৈছে। পশ্চিমৰ ফলে সামগ্ৰী কঢ়িওৱা কৰিডৰ মু্ম্বাইৰ জৱাহৰ বন্দৰৰ পৰা উত্তৰ প্ৰদেশৰ দাদ্ৰিলৈ আৰু একেদৰে পূবত কলকাতাৰ পৰা লুধিয়ানালৈকে সামগ্ৰী কঢ়িওৱা কৰিডৰ নিৰ্মাণ কৰা হৈছে।আমি এই প্ৰকল্পসমূহ অহা তিনি বছৰৰ ভিতৰত সম্পূৰ্ণ কৰি তোলাৰ প্ৰয়াস কৰিছো। বন্ধুসকল, দ্ৰুতবেগী ৰে’ল প্ৰকল্প এখন নতুন ভাৰত গঢ়াৰ সপোনৰে অংশ বিশেষ।মোৰ মৰমৰ ভাতৃ-ভগ্নীসকল, মোৰ মৰমৰ দেশবাসী, আজি বুলেট ট্ৰেইনৰ আধাৰশিলা স্থাপন হৈছে। আজি স্বাধীনতাৰ ৭০ বছৰৰ পিছত আমি সবৰমতী আশ্ৰমৰ শতবাৰ্ষিকী পালন কৰিছো।মোৰ সপোন যে যেতিয়া আমি ২০২২-২৩ চনত স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিম আমাৰ এই ৰে’ল প্ৰকল্প সম্পূৰ্ণ হৈ উঠিব। মই ভাৰত আৰু জাপানৰ এই প্ৰকল্পৰ লগত জড়িত প্ৰতিজন প্ৰতিনিধিলৈ অভিনন্দন জ্ঞাপন কৰিছো। তেওঁলোকৰ কষ্টৰ বলতে আজি এই প্ৰকল্পই এই ৰূপ পাইছে। মোৰ সম্পূৰ্ণ বিশ্বাস যে আমি একেলগে এই প্ৰকল্প সময়মতে সম্পূৰ্ণ কৰি তুলিব পাৰিম। পুনৰ মই মোৰ পৰম মিত্ৰ প্ৰধানমন্ত্ৰী শ্বিঞ্জু আবে, আবে শ্বানক ধন্যবাদ জ্ঞাপন কৰিছো। ভাৰতীয় ৰে’ল নেটৱৰ্ক অতি বিশাল আৰু জাপানৰ মুঠ জনসংখ্যাতকৈ বেছি লোকে ৰে’লত ভ্ৰমণ কৰে। আজি আমাৰ হাতত সম্ভাৱনীয়তা আছে, নতুন ভাৰত গঢ়িবলৈ আমাৰ বেগ আছে, দক্ষতা আছে। পুনৰ মই জাপানৰ প্ৰধানমন্ত্ৰী শ্বিঞ্জু আবেৰ প্ৰতি কালি আপোনালোকে প্ৰদৰ্শন কৰা মৰম আৰু শ্ৰদ্ধাৰ বাবে গুজৰাটৰ জনতালৈ ধন্যবাদ জ্ঞাপন কৰিছো।মই গুজৰাট আৰু মহাৰাষ্ট্ৰ দুয়োখন ৰাজ্যৰ চৰকাৰ আৰু দুয়োখন ৰাজ্যৰ মূখ্যমন্ত্ৰীলৈ অভিনন্দন জ্ঞাপন কৰিছো। বহুত বহুত ধন্যবাদ। | আহমেদাবাদত ভাৰতৰ প্ৰথম দ্ৰুতবেগী ৰে’ল প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A7%81%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%87%E0%A7%B0-%E0%A6%85%E0%A6%97%E0%A7%8D%E0%A6%A8%E0%A6%BF%E0%A6%95%E0%A6%BE%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A7%81%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%87%E0%A7%B0-%E0%A6%85%E0%A6%97%E0%A7%8D%E0%A6%A8%E0%A6%BF%E0%A6%95%E0%A6%BE%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মুম্বাইৰ অগ্নিকাণ্ডত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “মুম্বাইৰ অগ্নিকাণ্ডক লৈ উদ্বিগ্ন হৈছো। এই শোকাকূল মুহূৰ্তত শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো। অগ্নিকাণ্ডত আহতসকলৰ আশু আৰোগ্য কামনাৰে প্ৰাৰ্থনা জনাইছো।” | মুম্বাইৰ অগ্নিকাণ্ডত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B9%E0%A6%BE%E0%A6%82%E0%A6%97%E0%A7%87%E0%A7%B0%E0%A7%80%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%AE/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B9%E0%A6%BE%E0%A6%82%E0%A6%97%E0%A7%87%E0%A7%B0%E0%A7%80%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%AE/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাংগেৰীৰ প্ৰধানমন্ত্ৰী মহামহিম ভিক্টৰ অৰবানৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়। দুয়োজন নেতাই ইউক্ৰেইনত অব্যাহত থকা পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে আৰু তাৎক্ষণিক যুদ্ধবিৰতি আৰু কুশলী পৰিচালন আৰু আলোচনাৰ মেজলৈ ঘূৰি অহাটো নিশ্চিতকৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত সহমত পোষণ কৰে। প্ৰধানমন্ত্ৰীয়ে মহামহিম অৰবান আৰু হাংগেৰী চৰকাৰখনক ইউক্ৰেইন-হাংগেৰী সীমান্তইদি ৬০০০ ৰোধিক ভাৰতীয় নাগৰিকক উদ্ধাৰৰ সুবিধা প্ৰদানৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী অৰবানে ইউক্ৰেইনৰপৰা উদ্ধাৰ কৰা চিকিৎসাশাস্ত্ৰ অধ্যয়নৰত ভাৰতীয় শিক্ষাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰে আৰু কয় যে তেওঁলোকে ইচ্ছা কৰিলে হাংগেৰীতে পঢ়া-শুনা অব্যাহত ৰাখিব পাৰে। প্ৰধানমন্ত্ৰীয়ে এই মহানুভৱতাৰ শলাগ লয়। নেতাদ্বয়ে শেহতীয়া পৰিস্থিতি সন্দৰ্ভত যোগাযোগ আৰু সংঘাতৰ পৰিসমাপ্তিৰ বাবে তেওঁলোকৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ সহমত পোষণ কৰে। | হাংগেৰীৰ প্ৰধানমন্ত্ৰী মহামহিম ভিক্টৰ অৰবানৰ সৈতে টেলিফোনিক বাৰ্তালাপ প্ৰধানমন্ত্ৰী |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A6%9E%E0%A7%8D%E0%A6%9C%E0%A6%BE%E0%A7%B1%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%A8-%E0%A6%AE%E0%A7%81%E0%A6%96%E0%A7%8D%E0%A6%AF%E0%A6%AE%E0%A6%A8/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A6%9E%E0%A7%8D%E0%A6%9C%E0%A6%BE%E0%A7%B1%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%A8-%E0%A6%AE%E0%A7%81%E0%A6%96%E0%A7%8D%E0%A6%AF%E0%A6%AE%E0%A6%A8/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী প্ৰকাশ সিং বাদলক তেওঁৰ জন্মদিনত শুভেচ্ছা জ্ঞাপন কৰিছে। এটা টুইটত, প্ৰধানমন্ত্ৰীয়ে কৈছে; "ভাৰতৰ অন্যতম সবাতোকৈ সন্মানীয় ব্যক্তি, শ্ৰী প্ৰকাশ সিং বাদল জীলৈ জন্ম দিনৰ শুভেচ্ছা। পঞ্জাৱৰ প্ৰগতিৰ বাবে, বিশেষকৈ সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকৰ বাবে তেওঁ অত্যন্ত কঠিন কাম কৰিলে। মই প্ৰাৰ্থনা জনাইছো যাতে তেওঁ এক দীৰ্ঘ আৰু সুস্থ জীৱনৰ বাবে আশীৰ্বাদপুষ্ট হয়।" | পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী প্ৰকাশ সিং বাদলক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC-%E0%A6%AC%E0%A6%BE%E0%A6%9C%E0%A7%87%E0%A6%9F-%E0%A7%A8%E0%A7%A6%E0%A7%A8%E0%A7%A8-%E0%A7%A8%E0%A7%A9/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC-%E0%A6%AC%E0%A6%BE%E0%A6%9C%E0%A7%87%E0%A6%9F-%E0%A7%A8%E0%A7%A6%E0%A7%A8%E0%A7%A8-%E0%A7%A8%E0%A7%A9/ | এই বাজেটে ১০০ বছৰৰ ভয়ংকৰ দুৰ্যোগৰ মাজত উন্নয়নৰ এক নতুন আত্মবিশ্বাস কঢ়িয়াই আনিছে। এই বাজেটে অৰ্থনীতি শক্তিশালী কৰাৰ লগতে সাধাৰণ মানুহৰ বাবে বহুতো নতুন সুযোগৰ সৃষ্টি কৰিব। এই বাজেট অধিক আন্তঃগাঁথনি, অধিক বিনিয়োগ, অধিক বিকাশ আৰু অধিক চাকৰিৰ বাবে নতুন সম্ভাৱনাৰে পৰিপূৰ্ণ। আৰু এটা নতুন এলেকা মুকলি হৈছে। সেয়া হৈছে গ্ৰীণ জবৰ কাম। এই বাজেটে সেই সময়ৰ প্ৰয়োজনীয়তাবোৰো সম্বোধন কৰে আৰু দেশৰ যুৱপ্ৰজন্মৰ বাবে এক উজ্জ্বল ভৱিষ্যত নিশ্চিত কৰে। মই যোৱা কেইঘণ্টামান ধৰি দেখি আছোঁ, যিদৰে এই বাজেটক প্ৰতিটো ক্ষেত্ৰতে আদৰণি জনোৱা হৈছে, সাধাৰণ মানুহৰ ইতিবাচক সঁহাৰি, ই জনসাধাৰণৰ সেৱা কৰিবলৈ আমাৰ উৎসাহ বহুগুণে বৃদ্ধি কৰিছে। জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে আধুনিকতা আহিছে, প্ৰযুক্তি আহিছে, যেনে কৃষক ড্ৰোণ, বন্দে ভাৰত ৰেল, ডিজিটেল মুদ্ৰা, বেংকিং ক্ষেত্ৰত ডিজিটেল একক, ৫জি সেৱা আৰম্ভ কৰা, ৰাষ্ট্ৰীয় স্বাস্থ্যৰ বাবে ডিজিটেল পৰিৱেশ তন্ত্ৰ, এইবোৰে আমাৰ যুৱ, আমাৰ মধ্যবিত্ত, দৰিদ্ৰ–দলিত–পিছপৰা লোকসকলক লাভান্বিত কৰিব, এই সকলো শাখাই লাভ কৰিব। এই বাজেটৰ এটা গুৰুত্বপূৰ্ণ দিশ হ'ল দৰিদ্ৰ লোকৰ কল্যাণ। প্ৰতিজন দৰিদ্ৰ ব্যক্তিৰ এটা পকী ঘৰ থাকিব লাগে, নলৰ পানী থাকিব লাগে, তেওঁলোকৰ শৌচালয় থাকিব লাগে, তেওঁলোকৰ গেছৰ সুবিধা থাকিব লাগে, এই সকলোবোৰৰ ওপৰত বিশেষ মনোযোগ দিয়া হৈছে। একে সময়তে, আধুনিক ইণ্টাৰনেট সংযোগৰ ওপৰত সমানে গুৰুত্ব দিয়া হৈছে। ভাৰতৰ যিবোৰ পাহাৰীয়া অঞ্চল, হিমালয়ৰ সমগ্ৰ অংশ। হিমাচল, উত্তৰাখণ্ড, জম্মু–কাশ্মীৰ, উত্তৰ–পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে এনে অঞ্চলসমূহৰ বাবে এক পৰিসৰ আঁচনি আৰম্ভ কৰা হৈছে। এই আঁচনিয়ে পৰ্বতসমূহত পৰিবহণ আৰু সংযোগৰ এক আধুনিক ব্যৱস্থা গঢ়ি তোলাৰ সৃষ্টি কৰিব। ভাৰতৰ জনসাধাৰণৰ বিশ্বাস, গংগা মাতৃৰ পৰিষ্কাৰ–পৰিচ্ছদ আৰু কৃষকসকলৰ কল্যাণৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, পশ্চিম বংগ, এই ৰাজ্যবোৰত গংগাৰ পাৰত, প্ৰাকৃতিক কৃষিক উৎসাহিত কৰা হ'ব। ই গংগা মাতৃক পৰিষ্কাৰ কৰাৰ অভিযানত মাতৃ গংগাক ৰাসায়নিক মুক্ত কৰাত সহায় কৰিব। বাজেটৰ ব্যৱস্থাসমূহে কৃষি লাভজনক হোৱাটো নিশ্চিত কৰিব, নতুন সুযোগৰ সৃষ্টি কৰিব। নতুন কৃষি ষ্টাৰ্ট–আপৰ প্ৰচাৰৰ বাবে এক বিশেষ পুঁজি হওঁক, বা খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ বাবে এক নতুন পেকেজ হওঁক, ই কৃষকসকলৰ উপাৰ্জন বৃদ্ধিত বহুদূৰ আগবাঢ়িব। এমএচপি ক্ৰয়ৰ জৰিয়তে কৃষকসকলৰ একাউণ্টলৈ পোনপটীয়াকৈ ২.৫ লাখ কোটি টকাৰ অধিক স্থানান্তৰ কৰা হৈছে। ক’ৰোনা যুগত, দেশখনে এমএছএমইক সহায় আৰু সুৰক্ষা দিয়াৰ বাবে একেৰাহে বহুতো সিদ্ধান্ত লৈছিল, অৰ্থাৎ আমাৰ ক্ষুদ্ৰ উদ্যোগবোৰ। বহুতো ধৰণৰ সহায় আছিল। এই বাজেটত, ঋণ গেৰাণ্টিৰ লগতে আন বহুতো আঁচনিৰ অভিলেখসংখ্যক বৃদ্ধিৰ ঘোষণা কৰা হৈছে। ঘৰুৱা উদ্যোগলৈ প্ৰতিৰক্ষাৰ মূলধন বাজেটৰ ৬৮ শতাংশ সংৰক্ষণ কৰাৰ বৃহৎ লাভালাভ ভাৰতৰ এমএছএমই খণ্ডৰ বাবেও এক ডাঙৰ লাভালাভ হ'ব। আত্মনিৰ্ভৰশীলতাৰ দিশত এয়া এক শক্তিশালী পদক্ষেপ। ৭.৫ লাখ কোটি টকাৰ ৰাজহুৱা বিনিয়োগে কেৱল অৰ্থনীতিক এক নতুন গতি প্ৰদান নকৰে, বৰঞ্চ ক্ষুদ্ৰ আৰু অন্যান্য উদ্যোগসমূহৰ বাবেও নতুন সুযোগ সৃষ্টি কৰিব। এই জনবন্ধুত্বপূৰ্ণ আৰু প্ৰগতিশীল বাজেটৰ বাবে মই বিত্ত মন্ত্ৰী নিৰ্মলাজী আৰু তেওঁৰ গোটেই দলটোক অভিনন্দন জনাইছো। কাইলৈ, বিজেপিয়ে মোক বাজেট আৰু আত্মনিৰ্ভৰশীল ভাৰতৰ বিষয়বস্তুৰ ওপৰত পুৱা ১১ বজাত ভাষণ দিবলৈ আমন্ত্ৰণ জনাইছিল। কাইলৈ ১১ বজাত, মই বাজেটৰ এই বিষয়ত বিতংভাৱে কথা পাতিম। আজি যথেষ্ট হৈছে। অশেষ ধন্যবাদ! | কেন্দ্ৰীয় বাজেট ২০২২-২৩ ৰ ওপৰত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবা |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%AE%E0%A7%87%E0%A6%95-%E0%A6%87%E0%A6%A8-%E0%A6%87/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%AE%E0%A7%87%E0%A6%95-%E0%A6%87%E0%A6%A8-%E0%A6%87/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য সংবৰ্ধন বিভাগ (ডিপিআইআইটি)ৰ দ্বাৰা আয়োজিত বাজেট-পৰৱৰ্তী ৱেবিনাৰত ভাষণ দিয়ে। এয়া প্ৰধানমন্ত্ৰীৰ দ্বাৰা সম্বোধিত অষ্টম বাজেট-পৰৱৰ্তী ৱেবিনাৰ। ৱেবিনাৰৰ থীম 'মেক ইন ইণ্ডিয়া ফৰ দ্য ৱৰ্ল্ড' আছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে বাজেটত আত্মনিৰ্ভৰ ভাৰত আৰু মেক ইন ইণ্ডিয়াৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ব্যৱস্থা আছে। তেওঁ কয় যে এই কথা স্বীকাৰ্য নহয় যে ভাৰতৰ দৰে দেশে কেৱল এখন বজাৰ হৈ থাকিব। তেওঁ মেক ইন ইণ্ডিয়াৰ অত্যধিক মহত্বৰ ওপৰত জোৰ দি মহামাৰী আৰু অন্য অনিশ্চয়তাৰ সময়ত যোগান শৃংখলাত ব্যৱধানৰ দিশে ইংগিত দিয়ে। আনহাতে, প্ৰধানমন্ত্ৰীয়ে কয় যে যুৱক-যুৱতীসকল আৰু প্ৰতিভাশালী জনসংখ্যাৰ জনগাঁথনিগত লাভাংশ, গণতান্ত্ৰিক ব্যৱস্থা, প্ৰাকৃতিক সম্পদৰ দৰে ইতিবাচক কাৰকৰ জোৰত আমি দৃঢ়তাৰে মেক ইন ইণ্ডিয়াৰ দিশত অগ্ৰসৰ হ'বলৈ অনুপ্ৰাণিত হোৱা উচিত। তেওঁ জিৰ' ডিফেক্ট-জিৰ' এফেক্ট মেনুফেকচাৰিঙৰ নিজৰ আহ্বানৰ কথাও দোহাৰে যাৰ ঘোষণা তেওঁ লাল কিলাৰ প্ৰাচীৰৰ পৰা কৰিছিল। তেওঁ কয় যে যদি আমি ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশলৈ চাওঁ তেন্তে আত্মনিৰ্ভৰ ভাৰত অধিক গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰীয়ে কয় যে পৃথিৱীয়ে ভাৰতক এক মেনুফেকচাৰিং পাৱাৰহাউছৰ ৰূপত চাই আছে। তেওঁ কয় যে বিনিৰ্মাণ, ভাৰতৰ সকলো ঘৰুৱা উৎপাদনৰ ১৫ শতাংশ, কিন্তু মেক ইন ইণ্ডিয়াৰ পূৰ্বে অনন্ত সম্ভাৱনা আছে আৰু আমি ভাৰতত এক মজবুত বিনিৰ্মাণ আধাৰ গঢ়ি তুলিবলৈ সম্পূৰ্ণ শক্তিৰে কাম কৰা উচিত। প্ৰধানমন্ত্ৰীয়ে ছেমি-কণ্ডাক্টৰ আৰু ইলেক্ট্ৰিক বাহনৰ দৰে ক্ষেত্ৰত নতুন চাহিদা আৰু সুযোগৰ উদাহৰণ দিয়ে, য'ত নিৰ্মাতাসকল বিদেশী স্ৰোতৰ ওপৰত নিৰ্ভৰতা আঁতৰোৱাৰ ভাবনাৰে আগবঢ়া উচিত। তেওঁ কয় যে এনেকৈয়ে, ষ্টিল আৰু চিকিৎসা উপকৰণৰ দৰে ক্ষেত্ৰতো স্বদেশী বিনিৰ্মাণৰ বাবে মনোযোগ দিয়াৰ দৰকাৰ আছে। প্ৰধানমন্ত্ৰীয়ে বজাৰত সামগ্ৰীৰ উপলব্ধতা আৰু তাৰ তুলনাত ভাৰতত হোৱা সামগ্ৰীৰ উপলব্ধতাৰ মাজত পাৰ্থক্যৰ বিষয়ে আলোচনা কৰে। তেওঁ নিজৰ নিৰাশাৰ কথা দোহাৰি কয় যে ভাৰতৰ বিভিন্ন উৎসৱৰ সময়ত বিদেশী উৎপাদকৰ দ্বাৰা সামগ্ৰীৰ যোগান ধৰা হয়। যিবিলাক স্থানীয় নিৰ্মাতাসকলৰ দ্বাৰা সহজেই প্ৰদান কৰিব পৰা যায়। তেওঁ এই কথাৰ ওপৰতো জোৰ দিয়ে যে 'ভোকেল ফৰ লোকেল'ৰ পৰিসৰ দীপাৱলীত 'চাকি' কিনিলে বহুত আগবাঢ়ি যায়। তেওঁ ব্যক্তিগত ক্ষেত্ৰক নিজৰ মাৰ্কেটিং আৰু ব্ৰেণ্ডিং প্ৰয়াসত ভোকেল ফৰ লোকেল আৰু আত্মনিৰ্ভৰ ভাৰতৰ দৰে কাৰকক আগবঢ়াই নিবলৈ কয়। তেওঁ কয়, "নিজৰ কোম্পানীৰ সামগ্ৰীক লৈ গৌৰৱ কৰক আৰু নিজৰ ভাৰতীয় গ্ৰাহকৰ মাজতো গৌৰৱৰ ভাবনা সৃষ্টি কৰক। ইয়াৰ বাবে কিছুমান উমৈহতীয়া ব্ৰেণ্ডিঙৰ ওপৰতো চিন্তা কৰিব পাৰি।" প্ৰধানমন্ত্ৰীয়ে স্থানীয় সামগ্ৰীৰ বাবে নতুন গন্তব্য সন্ধান কৰাৰ আৱশ্যকতাৰ ওপৰত আলোকপাত কৰে। তেওঁ ব্যক্তিগত ক্ষেত্ৰক গৱেষণা আৰু বিকাশৰ ওপৰত খৰচ বঢ়োৱা আৰু নিজৰ সামগ্ৰীৰ পৰ্টফলিঅ'ত বিবিধতা অনা আৰু আপগ্ৰেড কৰাৰ আহ্বান জনায়। ২০২৩ক আন্তঃৰাষ্ট্ৰীয় বজাৰ বৰ্ষ ঘোষণা কৰাৰ বিষয়ে, প্ৰধানমন্ত্ৰীয়ে কয়, "পৃথিৱীত বজাৰৰ চাহিদা বাঢ়ি আছে। বিশ্ব বজাৰৰ অধ্যয়ন কৰি, আমি নিজৰ মিলবিলাকক অধিকতম উৎপাদন আৰু পেকেজিঙৰ বাবে আগৰে পৰা সাজু কৰা দৰকাৰ।" প্ৰধানমন্ত্ৰীয়ে খনন, কয়লা আৰু প্ৰতিৰক্ষাৰ দৰে ক্ষেত্ৰসমূহ মুকলি হোৱাত নতুন সম্ভাৱনাৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰতিযোগীসকলক নতুন ৰণনীতি প্ৰস্তুত কৰিবলৈ কয়। তেওঁ কয়, "আপোনালোকে বৈশ্বিক মানদণ্ড অটুট ৰাখিব লাগিব আৰু আপোনালোকে বিশ্ব স্তৰত প্ৰতিযোগিতাত আগবাঢ়িব লাগিব।" এই বাজেটত ঋণ সুবিধা আৰু প্ৰযুক্তিগত উন্নয়নৰ মাধ্যমত এমএছএমইক অত্যন্ত গুৰুত্ব দিয়া হৈছে। চৰকাৰে এমএছএমইৰ কাৰণে ৬,০০০ কোটি টকাৰ কাৰ্যক্ৰমৰো ঘোষণা কৰিছে। বাজেটত বৃহৎ উদ্যোগ আৰু এমএছএমইৰ বাবে কৃষকৰ বাবে নতুন লজিষ্টিক সামগ্ৰীৰ বিকশিত কৰাৰ ওপৰতো ধ্যান দিয়া হৈছে। ডাক আৰু ৰে'লৱে নেটৱৰ্কৰ একীকৰণেৰে ক্ষুদ্ৰ উদ্যম আৰু দূৰ-দূৰণিৰ ক্ষেত্ৰসমূহত কানেক্টিভিটীৰ সমস্যাৰ সমাধান হ'ব। তেওঁ কয় যে পূৰ্বোত্তৰ ক্ষেত্ৰৰ বাবে ঘোষিত পিএম ডিভাইনৰ মডেলৰ ব্যৱহাৰ কৰি ক্ষেত্ৰীয় বিনিৰ্মাণ ইকো-ছিষ্টেমক শক্তিশালী কৰিব পৰা যায়। এনেকৈ, বিশেষ অৰ্থনৈতিক ক্ষেত্ৰ অধিনিয়মত সংশোধনৰ ফলত ৰপ্তানি উৎসাহিত হ'ব। শ্ৰী মোদীয়ে সংশোধনৰ প্ৰভাৱৰ বিষয়েও বিস্তাৰিতভাৱে কয়। তেওঁ কয় যে পিএলআইত ব্যাপক হাৰত ইলেক্ট্ৰনিকছ নিৰ্মাণৰ বাবে ডিচেম্বৰ ২০২১ত ১ লাখ কোটি টকাৰ উৎপাদনৰ লক্ষ্য আহৰণ কৰা হৈছে। আন কেইবাটাও পিএলআই ৰূপায়নৰ গুৰুত্বপূৰ্ণ পৰ্যায়ত আছে। প্ৰধানমন্ত্ৰীয়ে ২৫ হাজাৰ অনুপালনক আঁতৰোৱা আৰু লাইচেঞ্চৰ স্বতঃ নবীকৰণৰ বিষয়ে আলোচনা কৰে, যাৰ ফলত অনুপালন সম্পৰ্কীয় বোজাত উল্লেখযোগ্য হ্ৰাস হৈছে। এনেকৈ, ডিজিটেলীকৰণ নিয়ামক আন্তঃগাঁথনিগত গতি আৰু পাৰদৰ্শিতা অনা হৈছে। তেওঁ কয়, "কমন স্পাইছ ফাৰ্মৰ পৰা আৰম্ভ কৰি নেচনেল ছিংগল উইণ্ড' ছিষ্টেমৰ পৰা আৰম্ভ কৰি কোম্পানী স্থাপন কৰালৈকে, এতিয়া আপুনি প্ৰতি খোজতে আমাৰ বিকাশৰ অনুকূল দৃষ্টিকোণ অনুভৱ কৰি আছে।" প্ৰধানমন্ত্ৰীয়ে বিনিৰ্মাণ ক্ষেত্ৰৰ দিগ্গজসকলক কিছুমান ক্ষেত্ৰক নিজৰ হাতত লৈ তাত বিদেশী নিৰ্ভৰশীলতা দূৰ কৰিবলৈ কাম কৰাৰ আহ্বান জনায়। তেওঁ দোহাৰে যে এনেধৰণৰ ৱেবিনাৰ বাজেট ব্যৱস্থাৱলীৰ উন্নত পৰিণামৰ বাবে উচিত, সময়োপযোগী আৰু বাধাহীন ৰূপায়নৰ বাবে নীতিসমূহ বলৱৎ কৰাত হিতধাৰকৰ কণ্ঠ অন্তৰ্ভুক্ত কৰা আৰু এক সামূহিক দৃষ্টিকোণ বিকশিত কৰাৰ দিশত চৰকাৰৰ এক অভূতপূৰ্ব পদক্ষেপ। | প্ৰধানমন্ত্ৰীয়ে ‘মেক ইন ইণ্ডিয়া ফৰ দ্য ৱৰ্ল্ড’ বিষয়ত ডিপিআইআইটি ৱেবিনাৰত ভাষণ দিয় |
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%B8%E0%A6%82%E0%A6%98-%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B8-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%B8%E0%A6%82%E0%A6%98-%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B8-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘ দিবস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। এক বাৰ্তাত তেওঁ কয়, “ৰাষ্ট্ৰসংঘ দিবসৰ শুভেচ্ছা জনাইছোঁ। বিশ্ব শান্তি প্ৰতিষ্ঠা আৰু ইয়াৰ তত্বাৱধানত হোৱা বিস্তৃত কাম-কাজৰ প্ৰচাৰত ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা প্ৰচেষ্টাৰ আমি শলাগ লৈছোঁ।” | ৰাষ্ট্ৰসংঘ দিবস উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা |
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A9%E0%A7%A6-%E0%A7%A6%E0%A7%AF-%E0%A7%A8%E0%A7%A6%E0%A7%A7%E0%A7%AE-%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A6%BF%E0%A6%96%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A9%E0%A7%A6-%E0%A7%A6%E0%A7%AF-%E0%A7%A8%E0%A7%A6%E0%A7%A7%E0%A7%AE-%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A6%BF%E0%A6%96%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE/ | মোৰ মৰমৰ দেশবাসী সকল, নমস্কাৰ৷ বোধহয় এনেকুৱা ভাৰতীয় কমেই ওলাব যি আমাৰ সৈন্যবাহিনীক লৈ গৌৰৱ নকৰিব৷ প্ৰত্যেক ভাৰতীয়ই যিকোনো জাতি, ধৰ্ম, পন্থ অথবা ভাষা নিৰ্বিশেষে- আমাৰ সৈনিকসমূহৰ প্ৰতি নিজৰ সন্তোষ অভিব্যক্ত আৰু সমৰ্থন প্ৰদৰ্শনৰ বাবে সদায়েই তৎপৰ হৈ থাকে৷ কালি ভাৰতৰ এশ পঁচিশ কোটি দেশবাসীয়ে পৰাক্ৰম দিৱস উদযাপন কৰিলে৷ আমি ২০১৬ বৰ্ষত হোৱা ছাৰ্জিকেল ষ্ট্ৰাইকৰ কথা স্মৰণ কৰিলো৷ সন্ত্ৰাসবাদীসকলে আমাৰ দেশত সূচনা কৰা প্ৰক্সি যুদ্ধৰ প্ৰত্যুত্তৰ আমাৰ সৈন্যই দিছিল৷ দেশৰ বিভিন্ন প্ৰান্তত আমাৰ সশস্ত্ৰ বাহিনীয়ে প্ৰদৰ্শনী অনুষ্ঠিত কৰিলে যাতে দেশৰ অধিকতম নাগৰিকে বিশেষকৈ তৰুণ প্ৰজন্মই আমাৰ শক্তিৰ বিষয়ে জানিব পাৰে৷ আমি কিমান সক্ষম আৰু কিদৰে আমাৰ প্ৰাণ সংকটত পেলাই আমি দেশবাসীৰ ৰক্ষা কৰোঁ৷ পৰাক্ৰম পৰ্বৰ দৰে দিৱসে তৰুণ প্ৰজন্মক আমাৰ সশস্ত্ৰ বাহিনীৰ গৌৰৱপূৰ্ণ ঐতিহ্য সোঁৱৰণ কৰায়৷ আৰু দেশৰ একতা আৰু অখণ্ডতা সুনিশ্চিত কৰাৰ বাবে আমাক প্ৰেৰণাও প্ৰদান কৰে৷ মইও বীৰৰ ভূমি ৰাজস্থানৰ যোধপুৰৰ এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিলো৷ এতিয়া সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে আমাৰ সৈন্যই সেই সকলোকে প্ৰত্যুত্তৰ দিব যিসকলে আমাৰ ৰাষ্ট্ৰৰ শান্তি আৰু উন্নতিৰ পৰিৱেশ নষ্ট কৰাৰ প্ৰয়াস কৰিব৷ আমি শান্তিত বিশ্বাসী আৰু ইয়াক উৎসাহ প্ৰদান কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ৷ কিন্তু সন্মানৰ সৈতে মধ্যস্থতা কৰি আৰু ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বৰ ওপৰত কেতিয়াও নহয়৷ ভাৰত সদায়েই শান্তিৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ আৰু সমৰ্পিত৷ বিংশ শতাব্দীত দুখনকৈ বিশ্বযুদ্ধত আমাৰ এক লাখতকৈও অধিক সৈন্যই শান্তিৰ প্ৰতি সৰ্বোচ্চ বলিদান দিছিল আৰু তেতিয়া, যেতিয়া আমাৰ যুদ্ধৰ সৈতে একো সম্পৰ্কই নাছিল৷ আমাৰ দৃষ্টি কাৰো ভূমিৰ ওপৰত নাছিল৷ এয়াই আমাৰ শান্তিৰ প্ৰতি প্ৰতিশ্ৰুতি আছিল৷ কিছুদিন পূৰ্বে ২৩ ছেপ্টেম্বৰত আমি ইজৰাইলত হাইফা যুদ্ধৰ এশ বৰ্ষ সমাপ্তিত মহীশূৰ, হায়দৰাবাদ আৰু যোধপুৰ লেঞ্চাৰৰ আমাৰ বীৰ সৈনিকসকলক সোঁৱৰণ কৰিলো যিসকলে আক্ৰমণকাৰীসকলৰ পৰা হাইফাক মুক্তি প্ৰদান কৰিছিল৷ এয়াও শান্তিৰ দিশৰ আমাৰ সৈনিকৰ দ্বাৰা সমাপন হোৱা এক পৰাক্ৰম আছিল৷ আজিও ৰাষ্ট্ৰসংঘৰ বিভিন্ন শান্তি প্ৰক্ৰিয়া বাহিনীত ভাৰতে সকলোতকৈ অধিক সৈন্য প্ৰেৰণ কৰে৷ দশকজুৰি আমাৰ বাহাদুৰ সৈন্যই নীলা হেলমেট পিন্ধি বিশ্বত শান্তি বৰ্তাই ৰখাৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ মোৰ মৰমৰ দেশবাসীসকল, আকাশৰ কথা শুনিবলৈ শুৱলা, ইয়াত কোনো সন্দেহ নাই যে আকাশত নিজক শক্তিৰ পৰিচয় দি ভাৰতীয় বায়ুসেনাই দেশবাসীৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ আমাক সুৰক্ষিত অনুভৱ কৰোৱাইছে৷ গণতন্ত্ৰ দিৱসৰ সময়চোৱাত জনতাই পেৰেডৰ যিটো অংশৰ বাবে অধৈৰ্য হৈ প্ৰতীক্ষা কৰি থাকে তাৰ ভিতৰত এটা হ’ল ফ্লাই পাষ্ট য’ত আমাৰ বায়ুসৈন্যই অসাধাৰণ কাৰনামাৰ সৈতে নিজৰ শক্তি প্ৰদৰ্শন কৰে৷ ৮ অক্টোবৰ তাৰিখে আমি ‘বায়ুসেনা দিৱস’ পালন কৰোঁ৷ ১৯৩২ চনত ছয়জন পাইলট আৰু ১৯ বায়ু সৈনিকৰ এটা সৰু আৰম্ভণিৰে সৈতে আমাৰ বায়ুসেনা আজি একবিংশ শতিকাৰ সকলোতকৈ সাহসী আৰু শক্তিশালী বায়ুসেনাৰ ৰূপে চিহ্নিত হৈছে৷ এয়া নিজৰ মাজতেই এক স্মৰণীয় যাত্ৰা৷ দেশৰ বাবে নিজৰ সেৱা প্ৰদান কৰা সকলো বায়ু যোদ্ধা আৰু তেওঁলোকৰ পৰিয়ালক মই নিজৰ হৃদয়ৰ গভীৰৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ৷ ১৯৪৭ চনত যেতিয়া পাকিস্তানৰ আক্ৰমণকাৰীয়ে এক অপ্ৰত্যাশিত আক্ৰমণ আৰম্ভ কৰিছিল তেতিয়া এই বায়ুসেনাই শ্ৰীনগৰক আক্ৰমণকাৰীৰ পৰা ৰক্ষা কৰিবলৈ এয়া সুনিশ্চিত কৰিছিল যে ভাৰতীয় সৈনিক আৰু উপকৰণ যুদ্ধস্থলীলৈ যাতে সময়ত উপস্থিত হ’ব পাৰে৷ বায়ুসেনাই ১৯৬৫ চনতো আক্ৰমণকাৰীক উচিত প্ৰত্যুত্তৰ দিছিল৷ ১৯৭১ চনৰ বাংলাদেশৰ স্বতন্ত্ৰতাৰ যুদ্ধৰ বিষয়ে কোনে নাজানে? ১৯৯৯ চনত কাৰ্গিলক বহিৰাগতৰ হাতোৰাৰ পৰা মুক্ত কৰোৱাত বায়ুসেনাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷ টাইগাৰ হিলত শত্ৰুৰ ঠিকনাত দিন-ৰাতি বোমাবৰ্ষণ কৰি বায়ুসেনাই তেওঁলোকৰ ধূলি উৰুৱাই দিছিল৷ সাহায্য অথবা ৰক্ষা কাৰ্যই হওক অথবা দুৰ্যোগ প্ৰৱন্ধন, আমাৰ বায়ুযোদ্ধাৰ সাহসিক কাৰ্যৰ প্ৰতি দেশ কৃতজ্ঞ৷ ধুমুহা, বানপানীৰ পৰা আৰম্ভ কৰি জংগলৰ জুইৰ দৰে প্ৰাকৃতিক বিপদ পৰ্যন্ত সমাধান কৰা আৰু দেশপবাসীক সহায় কৰাৰ তেওঁলোকৰ এক অদম্য উৎসাহ আছে৷ দেশত লিংগ সমতা অৰ্থাৎ স্ত্ৰী পুৰুষৰ সমতা সুনিশ্চিত কৰাৰ বাবে বায়ুসেনাই এক অনন্য উদাহৰণ দাঙি ধৰিছে আৰু নিজৰ বিভাগৰ প্ৰত্যেকখন দুৱাৰ দেশৰ কন্যাসকলৰ বাবে মুকলি কৰি দিছে৷ এতিয়া বায়ুসেনাই মহিলাসকলক short service commission ৰ সৈতে permanent commission ৰ বিকল্পও প্ৰদান কৰি আছে৷ এই ঘোষণা এই বৰ্ষৰ যোৱা ১৫ আগষ্টত মই লালকিল্লাৰ পৰা কৰিছিলো৷ ভাৰতে গৰ্বেৰে ক’ব পাৰে যে ভাৰতৰ সেনাত সশস্ত্ৰ বাহিনীত কেৱল পুৰুষৰ শক্তিয়েই নহয়, স্ত্ৰী শক্তিও আছে৷ নাৰী সশক্ত হোৱাৰ লগতে সশস্ত্ৰও হৈছে৷ মোৰ মৰমৰ দেশবাসীসকল, কিছুদিন পূৰ্বে নেভিৰ আমাৰ এক বিষয়া অভিলাস টোমীয়ে জীৱন-মৃত্যুৰ যুঁজ দি আছিল৷ সমগ্ৰ দেশ টোমীক কিদৰে বচোৱা যায় তাৰ বাবে উদ্বিগ্ন হৈ আছিল৷ আপোনালোকে জানে যে অভিলাস টোমী এজন সাহসী বীৰ৷ তেওঁ অকলেই কোনো আধুনিক প্ৰযুক্তি অবিহনে এখন সৰু নাৱত বিশ্ব ভ্ৰমণ কৰা প্ৰথমগৰাকী ভাৰতীয় আছিল৷ বিগত ৮০ দিনত তেওঁ দক্ষিণ ভাৰত মহাসাগৰত Golden Globe Race অংশগ্ৰহণ কৰাৰ বাবে সমুদ্ৰত নিজৰ গতিৰে আগবাঢ়ি আছিল কিন্তু ভয়ানক সামুদ্ৰিক ধুমুহাই তেওঁৰ সন্মুখত বিপত্তিৰ সৃষ্টি কৰিছিল৷ ভাৰতীয় নৌসেনাৰ এই বীৰজনে যুঁজি থাকিল, যুঁজি থাকিল৷ জীৱনত হাৰ নামানি তেওঁ পানীৰ মাজত অনাহাৰে যুঁজি থাকিল৷ সাহস, সংকল্পশক্তি, পৰাক্ৰমৰ এক অদ্ভুত উদাহৰণ- কিছুদিন পূৰ্বে অভিলাসক সমুদ্ৰৰ পৰা ৰক্ষা কৰি অনাৰ পিছত মই তেওঁৰ সৈতে ফোনত কথা পাতিলো৷ আগতেও টোমীক মই লগ পাইছিলো৷ ইমান বিপদৰ পৰা হাতসাৰি অহাৰ পিছতো তেওঁৰ যি উৎসাহ আছিল, তেওঁৰ যি উদ্দীপনা আছিল আৰু পুনৰবাৰ এনেকুৱাই এক পৰাক্ৰমী কাম কৰাৰ সংকল্পৰ কথা তেওঁ মোক যি ক’লে সেয়া দেশৰ তৰুণ প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস৷ মই অভিলাস টোমীৰ উত্তম স্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰিছোঁ আৰু তেওঁৰ এই সাহস, তেওঁৰ পৰাক্ৰম, তেওঁৰ সংকল্প শক্তি- যুঁজা আৰু জিকাৰ শক্তিয়ে আমাৰ দেশৰ তৰুণ প্ৰজন্মক নিশ্চয় প্ৰেৰণা দিব৷ মোৰ মৰমৰ দেশবাসীসকল, ২ অক্টোবৰ আমাৰ ৰাষ্ট্ৰৰ বাবে এক গুৰুত্বপূৰ্ণ দিন৷ এয়া কণ কণ শিশুসকলেও জানে৷ এই বৰ্ষৰ ২ অক্টোবৰৰ দিনটোৰ এক বিশেষ গুৰুত্ব আছে৷ এতিয়াৰে পৰা দুবছৰ পৰ্যন্ত আমি মহাত্মা গান্ধীৰ ১৫০তম জয়ন্তীৰ নিমিত্তে বিশ্বজুৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিম৷ মহাত্মা গান্ধীৰ চিন্তাধাৰাই সমগ্ৰ বিশ্বকে উৎসাহিত কৰিছে৷ ডঃ মাৰ্টিন লুথাৰ কিঙেই হওক অথবা নেলচন মেণ্ডেলাৰ দৰে মহান ব্যক্তি, সকলো গান্ধীজীৰ চিন্তাধাৰাৰ দ্বাৰা শক্তি প্ৰাপ্ত কৰিছে আৰু নিজৰ জনতাৰ সমতা আৰু সন্মানৰ অধিকাৰ প্ৰদান কৰাৰ বাবে দীঘলীয়া যুদ্ধত অৱতীৰ্ণ হ’ব পাৰিছে৷ আজিৰ ‘মন কি বাত’ত মই আপোনালোকৰ সৈতে বাপুৰ আন এক গুৰুত্বপূৰ্ণ কাৰ্যৰ চৰ্চা কৰিব বিচাৰিছোঁ যাক দেশবাসীয়ে জনাটো উচিত৷ ১৯৪১ চনত মহাত্মা গান্ধীয়ে Constructive Programme অৰ্থাৎ গঠনাত্মক কাৰ্যক্ৰমৰ ৰূপত কিছুমান চিন্তাধাৰাৰ কথা লিখা আৰম্ভ কৰিলে৷ পিছলৈ ১৯৪৫ চনত যেতিয়া স্বতন্ত্ৰতা সংগ্ৰাম অধিক শক্তিশালী হৈ পৰিল, তেতিয়া তেওঁ সেই চিন্তাধাৰাৰ সংশোধনী ৰূপ প্ৰস্তুত কৰিলে৷ পূজ্য বাপুয়ে কৃষক, গাঁও, শ্ৰমিকৰ অধিকাৰৰ ৰক্ষা, স্বচ্ছতা, শিক্ষাৰ প্ৰসাৰৰ দৰে অনেক বিষয়ত নিজৰ বিচাৰধাৰা দেশবাসীৰ সন্মুখত উত্থাপন কৰিলে৷ ইয়াক গান্ধী চাৰ্টাৰ (Gandhi Charter) বুলিও জনা যায়৷ পূজ্য বাপু লোক সংগ্ৰাহক আছিল৷ জনতাৰ সৈতে জড়িত হোৱা, তেওঁলোকক জড়িত কৰোৱাটো বাপুৰ এক বিশেষত্ব আছিল, এয়া তেওঁৰ স্বভাৱত আছিল৷ এয়া তেওঁৰ ব্যক্তিত্বৰ সকলোতকৈ অনন্য বিশেষত্বৰ ৰূপত সকলোৱে অনুভৱ কৰিছে৷ তেওঁ প্ৰত্যেক ব্যক্তিক এয়া অনুভৱ কৰাইছিল যে তেওঁ দেশৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ আৰু নিতান্তই আৱশ্যক৷ স্বতন্ত্ৰতা সংগ্ৰামত তেওঁৰ সকলোতকৈ অধিক যোগদান এয়াই আছিল যে তেওঁ ইয়াক এক ব্যাপক আন্দোলনলৈ পৰিৱৰ্তন কৰিবলৈ সক্ষম হৈছিল৷ স্বতন্ত্ৰতা সংগ্ৰামৰ আন্দোলনত মহাত্মা গান্ধীৰ আহ্বানত সমাজৰ সকলো ক্ষেত্ৰৰ, সকলো বৰ্গৰ লোকে নিজকে সমৰ্পিত কৰিছিল৷ বাপুয়ে আমাক সকলোকে এক প্ৰেৰণাদায়ক মন্ত্ৰ প্ৰদান কৰিছিল যাক প্ৰায়েই গান্ধীজীৰ তালিস্মান হিচাপে জনা যায়৷ তাত গান্ধীজীয়ে কৈছিল, ‘‘মই আপোনালোকক এটা মন্ত্ৰ দিছোঁ, যেতিয়াই আপোনালোকৰ নিজৰ ওপৰত সন্দেহ হ’ব অথবা নিজৰ ওপৰত অহংকাৰ হ’ব তেতিয়া এই কথাফাঁকি লাগু কৰিব, যি সকলোতকৈ অধিক দুখীয়া আৰু দুৰ্বল মানুহ আপুনি দেখিছে, তেওঁৰ মুখখন মনত পেলাও আৰু নিজৰ হৃদয়ক সোধক যে যি পদক্ষেপ আপুনি গ্ৰহণ কৰিবলৈ ওলাইছে, সেয়া সেই মানুহজনৰ বাবে কিমান উপযোগী৷ তাৰ পৰা কিবা লাভ হ’বনে? তাৰ পৰা তেওঁ নিজৰ জীৱন আৰু ভাগ্য কাবু কৰি ৰাখিব পাৰিব নে? অৰ্থাৎ ইয়াৰ পৰা সেই কোটি কোটি লোকে স্বৰাজ লাভ কৰিবনে নে যাৰ পেটত ভোক আছে, আত্মা অতৃপ্ত হৈ আছে৷ তেতিয়া আপুনি দেখিব যে আপোনাৰ সন্দেহৰ ডাৱৰ আঁতৰি গৈছে আৰু অহংকাৰ সমাপ্ত হৈ গৈছে৷’’ মোৰ মৰমৰ দেশবাসীসকল, গান্ধীজীৰ আন এষাৰ মন্ত্ৰও আজিও সিমানেই গুৰুত্বপূৰ্ণ হৈ আছে৷ আজি দেশত বৃদ্ধি হোৱা মধ্যবিত্ত, তেওঁলোকৰ বৃদ্ধি হোৱা আৰ্থিক প্ৰগতি, বৃদ্ধি হোৱা ক্ৰয় ক্ষমতা, আমি কিবা ক্ৰয় কৰিবলৈ গ’লে সামান্য সময়ৰ বাবেও বাপুক স্মৰণ কৰোঁ নেকি! পূজ্য বাপুৰ সেই মন্ত্ৰফাঁকিৰ কথা স্মৰণ কৰিব পাৰে! আমি কিবা ক্ৰয় কৰাৰ সময়ত এই কথা চিন্তা কৰোঁনে ইয়াৰ পৰা দেশৰ কোনজন নাগৰিকৰ লাভ হ’ব? কাৰ চেহেৰাত সন্তোষে দেখা দিব! কোন ভাগ্যশালী হ’ব যাৰ আপোনাৰ ক্ৰয়ৰ দ্বাৰা প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে লাভ হ’ব! আৰু দৰিদ্ৰতকৈ দৰিদ্ৰতমৰ লাভ হ’লে মই অধিক সুখী হ’ম৷ গান্ধীজীৰ এই মন্ত্ৰফাঁকি স্মৰণ কৰি অনাগত দিনত যেতিয়াই কিবা এটা কিনিব, গান্ধীজীৰ ১৫০তম জয়ন্তী পালনৰ অৰ্থে আমি এয়া নিশ্চয়কৈ প্ৰত্যক্ষ কৰিম যে আমাৰ প্ৰতিটো ক্ৰয়ৰ দ্বাৰা কোনোবা নহয় কোনোবা এজন দেশবাসীৰ যাতে কল্যাণ হয় আৰু যিজনে মূৰৰ ঘাম মাটিত পেলাইইছে, যিজনে নিজৰ টকা বিনিয়োগ কৰিছে, যিজনে নিজৰ প্ৰতিভা বিনিয়োগ কৰিছে সকলোৰে কিবা নহয় কিবা প্ৰকাৰে লাভ হ’ব লাগে৷ এয়াইতো গান্ধীজীৰ মূলমন্ত্ৰ, এয়াইতো গান্ধীজীৰ বাৰ্তা আৰু মোৰ বিশ্বাস যে যি সকলোতকৈ দুৰ্বল মানুহ, তেওঁৰ জীৱনত আপোনাৰ এটা সৰু পদক্ষেপে বৃহৎ পৰিণাম কঢ়িয়াই আনিব পাৰে৷ মোৰ মৰমৰ দেশবাসীসকল, যেতিয়া গান্ধীজীয়ে কৈছিল যে পৰিষ্কাৰ হৈ থাকিলে স্বতন্ত্ৰতা পাবাই৷ বোধহয় তেওঁও তেতিয়া ভবা নাছিল যে-এয়া কিদৰে হ’ব- কিন্তু এয়া হ’ল, ভাৰতে স্বতন্ত্ৰতা পালে৷ এইদৰেই আজি আমি ভাবিব পাৰো যে মোৰ এই ক্ষুদ্ৰ কাৰ্যৰ দ্বাৰা মোৰ দেশৰ আৰ্থিক উন্নতিত, আৰ্থিক সশক্তিকৰণত, দুখীয়াক দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি প্ৰদান কৰাত মোৰ এক অৱদান থাকিব পাৰে আৰু মই জানো যে এয়াই প্ৰকৃত দেশভক্তি, এয়াই পূজ্য বাপুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি৷ যিদৰে বিশেষ উপলক্ষসমূহত খাদী আৰু হস্ততাঁতৰ সামগ্ৰী ক্ৰয় কৰাৰ বাবে চিন্তা কৰা হয়, ইয়াৰ দ্বাৰা অনেক শিপিনীয়ে সাহায্য পায়৷ কোৱা হয় যে লাল বাহাদুৰ শাস্ত্ৰীজীয়ে খাদীৰ পুৰণা অথবা ফটা-চিটা কাপোৰসমূহো ইমান ভালকৈ থৈছিল কিয়নো তাত কাৰোবাৰ শ্ৰম লুকাই আছে৷ তেওঁ কৈছিল, এই খাদীৰ কাপোৰসমূহ পৰিশ্ৰমেৰে নিৰ্মাণ কৰা হৈছে- ইয়াৰ এডাল এডাল সুতা কামত আহিব লাগে৷ দেশৰ প্ৰতি প্ৰেম আৰু দেশবাসীৰ প্ৰতি প্ৰেমৰ এই ভাৱনা সৰু কান্ধৰ সেই মহামানৱৰ শিৰাই শিৰাই বৈ আছিল৷ দুদিনৰ পিছত পূজ্য বাপুৰ সৈতে আমি শাস্ত্ৰীজীৰো জয়ন্তী পালন কৰিম৷ শাস্ত্ৰীজীৰ নাম মনলৈ অহাৰ লগে লগেই ভাৰতবাসীৰ মনত এক শ্ৰদ্ধাৰ ভাৱ জাগি উঠে৷ তেওঁৰ সৌম্য ব্যক্তিত্ব প্ৰতিজন দেশবাসীক সদায়েই গৌৰম্বান্বিত কৰে৷ লাল বাহাদুৰ শাস্ত্ৰীজীৰ এই বিশেষত্ব আছিল যে বাহিৰত তেওঁ অত্যাধিক বিনয়ী হ’লেও ভিতৰৰ পৰা অতিশয় দৃঢ় আছিল৷ তেওঁৰ ‘জয় জৱান জয় কিসান’ৰ ধ্বনি তেওঁৰ বিৰাট ব্যক্তিত্বৰ পৰিচয় আছিল৷ ৰাষ্ট্ৰৰ প্ৰতি তেওঁৰ নিঃস্বাৰ্থ তপস্যাৰ প্ৰতিফলতেই প্ৰায় ডেৰ বছৰৰ সংক্ষিপ্ত কাৰ্যকালত তেওঁ দেশৰ সৈন্য আৰু কৃষকসকলক সফলতাৰ শিখৰলৈ লৈ যোৱাৰ মন্ত্ৰ দি থৈ গৈছিল৷ মোৰ মৰমৰ দেশবাসীসকল, আজি যেতিয়া আমি পূজ্য বাপুৰ স্মৰণ কৰি আছোঁ, এয়া স্বাভাৱিক যে স্বচ্ছতাৰ কথা আমি নোকোৱাকৈ থাকিব নোৱাৰোঁ৷ ১৫ ছেপ্টেম্বৰৰ পৰা ‘স্বচ্ছতা হি সেৱা’ অভিযানৰ শুভাৰম্ভ কৰা হৈছে৷ কোটি কোটি লোকে এই অভিযানৰ সৈতে জড়িত হৈছে আৰু মইও দিল্লীৰ আম্বেদকাৰ বিদ্যালয়ত শিক্ষাৰ্থীসকলৰ সৈতে শ্ৰমদান কৰাৰ সুযোগ লাভ কৰিলো৷ মই সেই বিদ্যালয়লৈ গ’লো যাৰ স্থাপনা স্বয়ং পূজ্য বাবা চাহেবে কৰিছিল৷ দেশৰ বিভিন্ন প্ৰান্তৰ লোকে ১৫ তাৰিখে এই শ্ৰমদানৰ সৈতে জড়িত হ’ল৷ সংস্থাসমূহেও ইয়াত আগবাঢ়ি আহি যোগদান কৰিলে৷ স্কুলীয়া শিক্ষাৰ্থী, কলেজৰ শিক্ষাৰ্থী, এনচিচি, এনএছএছ, যুৱ সংগঠন, সংবাদ মাধ্যম, উদ্যোগজগতৰ সকলোৱে স্বচ্ছতাৰ শ্ৰমদান প্ৰদান কৰিলে৷ মই ইয়াৰ বাবে এই সকলো স্বচ্ছতা প্ৰেমী দেশবাসীক হৃদয়েৰে অশেষ অভিনন্দন জনাইছোঁ৷ আহক এটা ফোন কল শুনো- ‘‘নমস্কাৰ৷ মোৰ নাম শৌতান সিং, জিলা-বিকানেৰ, তহচীল- পুগল, ৰাজস্থানৰ পৰা কৈ আছোঁ৷ মই দুয়োটা চকুৰে দেখা নাপাওঁ, মই সম্পূৰ্ণ অন্ধ৷ মই ক’ব বিচাৰিছোঁ যে ‘মন কি বাত’ত স্বচ্ছ ভাৰতৰ যি পদক্ষেপ মোদীজীয়ে গ্ৰহণ কৰিছে সেয়া অতিশয় সুন্দৰ৷ আমি অন্ধ লোকে মলত্যাগৰ সময়ত যথেষ্ট কষ্ট পাওঁ৷ এতিয়া প্ৰতিটো ঘৰতে শৌচালয় নিৰ্মাণ হৈছে আৰু আমাৰ সুবিধা হৈছে৷ এয়া অতিশয় সুন্দৰ পদক্ষেপ আৰু আগলৈও যাতে এই কাম চলি থাকে৷’’ বহুত বহুত ধন্যবাদ! আপুনি এক ডাঙৰ কথা ক’লে, সকলোৰে জীৱনত স্বচ্ছতাৰ এক বিশেষ স্থান আছে আৰু ‘স্বচ্ছ ভাৰত অভিযান’ৰ অধীনত আপোনাৰ ঘৰত শৌচালয় নিৰ্মাণ হ’ল আৰু তাৰ দ্বাৰা যেতিয়া আপোনাৰ সুবিধা হৈ আছে, আমাৰ বাবে ইয়াতকৈ সুখৰ কথা আৰু কি হ’ব পাৰে? আৰু বোধহয় এই অভিযানৰ সৈতে জড়িত লোকৰো এই ধাৰণা নহ’ব যে এক প্ৰজ্ঞাচক্ষুৰ দৰে আপুনি চাব নোৱাৰে, কিন্তু শৌচালয় নোহোৱাৰ পূৰ্বে আপুনি কিমান কষ্টেৰে জীৱন নিৰ্বাহ কৰিছিল আৰু শৌচালয় হোৱাৰ পিছত ই আপোনাৰ বাবে এক বৰদান হৈ পৰিল, বোধহয় আপুনিও এই পদক্ষেপৰ সৈতে জড়িত হৈ ফোন নকৰিলে স্বচ্ছতা অভিযানৰ সৈতে জড়িত লোকৰ মনলৈ এনে সংবেদনশীল পদক্ষেপ নাহিলহেঁতেন৷ মই আপোনাৰ ফোনৰ বাবে বিশেষ ৰূপত আপোনাক ধন্যবাদ প্ৰদান কৰিছোঁ৷ মোৰ মৰমৰ দেশবাসীসকল, ‘স্বচ্ছ ভাৰত অভিযান’ কেৱল দেশতেই নহয়, সমগ্ৰ বিশ্বতে এক সফল কাহিনী হিচাপে প্ৰসিদ্ধ হৈছে যাৰ বিষয়ে সকলোৰে মুখে মুখে৷ এইবাৰ ভাৰতে ইতিহাসত বিশ্বৰ সকলোতকৈ ডাঙৰ সন্মিলনৰ আয়োজন কৰিছে৷ ‘মহাত্মা গান্ধী আন্তঃৰাষ্ট্ৰীয় স্বচ্ছতা সন্মিলন’ অৰ্থাৎ ‘Mahatma Gandhi International Sanitation Convention’, বিশ্বৰ বিভিন্ন প্ৰান্তৰ অনাময় মন্ত্ৰী আৰু এই ক্ষেত্ৰৰ বিশেষজ্ঞসকলে একগোট হৈ স্বচ্ছতাৰ সৈতে জড়িত নিজৰ প্ৰয়োগ আৰু অনুভৱৰ বিষয়ে সদৰী কৰিব৷ ‘Mahatma Gandhi International Sanitation Convention’ৰ সমাপন ২ অক্টোবৰ ২০১৮ তাৰিখে বাপুৰ ১৫০তম জয়ন্তী সমাৰোহৰ শুভাৰম্ভৰ সৈতে আৰম্ভ হ’ব৷ মোৰ মৰমৰ দেশবাসীসকল, সংস্কৃতত এক উদ্ধৃতি আছে, ‘‘ন্যায়মুলঃ স্বৰাজ্যঃ স্বাত’’ অৰ্থাৎ স্বৰাজৰ মূলতে ন্যায় হয়৷ যেতিয়াই ন্যায়ৰ বিষয়ে আলোচনা হয় তেতিয়াই মানৱ অধিকাৰৰ ভাৱ তাত সম্পূৰ্ণৰূপে সমাহিত হয়৷ শোষিত, পীড়িত আৰু বঞ্চিতসকলৰ স্বতন্ত্ৰতা, শান্তি আৰু তেওঁলোকক ন্যায় সুনিশ্চিত কৰোৱাৰ বাবে এয়া বিশেষৰূপে অনিবাৰ্য৷ ডঃ বাবা চাহেব আম্বেদকাৰৰ দ্বাৰা প্ৰদান কৰা সংবিধানত দুখীয় মূল অধিকাৰৰ ৰক্ষাৰ বাবে ব্যৱস্থা কৰা হৈছে৷ তেওঁৰ দৃষ্টিকোণৰ দ্বাৰাই উৎসাহিত হৈ ১২ অক্টোবৰ ১৯৯৩ চনত ‘ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ’ অৰ্থাৎ ‘National Human Rights Commission’ (NHRC) ’ৰ গঠন কৰা হৈছিল৷ কিছুদিনৰ পিছতেই এনএইচআৰচিৰ ২৫ বৰ্ষ সমাপ্ত হ’ব, এনএইচআৰচিয়ে কেৱল মানৱ অধিকাৰৰ ৰক্ষা কৰাই নহয়, মানৱীয় গৰিমা বৃদ্ধিৰো কাম কৰিছে৷ আমাৰ প্ৰাণ প্ৰিয় নেতা আমাৰ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰীমান অটল বিহাৰী বাজপেয়ীজীয়ে স্পষ্ট ৰূপত কৈছিল যে মানৱ অধিকাৰ আমাৰ বাবে কোনো পৰৰ অৱধাৰণা নহয়৷ আমাৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ প্ৰতীক চিহ্নত বৈদিনক যুগৰ আদৰ্শ সূত্ৰ ‘‘সৰ্বে ভৱন্তু সুখিনঃ’’ অংকিত কৰা হৈছে৷ এনএইচআৰচিয়ে মানৱ অধিকাৰৰ পৰা আৰম্ভ কৰি ব্যাপক সজাগতাৰ সৃষ্টি কৰিছে, লগতে ইয়াৰ অপব্যৱহাৰ হোৱাও ৰোধ কৰিছে৷ ২৫ বছৰৰ এই যাত্ৰাত এই সংস্থাই দেশবাসীৰ মাজত এক আশা, এক বিশ্বাসৰ পৰিৱেশ সৃষ্টি কৰিছে৷ এক সুস্থ সমাজৰ বাবে, উত্তম লোকতান্ত্ৰিক মূল্যবোধৰ বাবে মই জানো যে এয়া এক অতিশয় আশাপ্ৰদ ঘটনা৷ আজি ৰাষ্ট্ৰীয় পৰ্যায়ত মানৱ অধিকাৰ কামৰ সৈতে ২৬খন ৰাজ্যতো মানৱ অধিকাৰ আয়োগ গঠন কৰা হৈছে৷ এখ সমাজৰ ৰূপত আমি মানৱ অধিকাৰ গুৰুত্বক বুজি পোৱাটো আৰু আচৰণৰ অংশ কৰাটো প্ৰয়োজনীয়- এয়াই ‘সকলোৰে সৈতে-সকলোৰে বিকাশ’ৰ আধাৰ৷ মোৰ মৰমৰ দেশবাসীসকলস অক্টোবৰ মাহ হওক, জয় প্ৰকাশ নাৰায়ণ জীৰ জন্ম-জয়ন্তী হওক, ৰাজমাতা বিজয়াৰাজে সিন্ধিয়াজীৰ জন্ম শতাব্দী প্ৰাৰম্ভ হোৱা হওক- এই সকলো মহাপুৰুষে আমাক প্ৰেৰণা দিয়ে আৰু আমি তেওঁলোকক সেৱা জনাইছোঁ৷ ৩১ অক্টোবৰ চৰ্দাৰ চাহাবৰ জয়ন্তী, মই পৰৱৰ্তী ‘মন কি বাত’ত বিস্তাৰিত ৰূপত ইয়াৰ বিষয়ে ক’ম কিন্তু আজি মই উল্লেখ কৰিব বিচাৰিছোঁ যে কিছু বছৰৰ পৰা চৰ্দাৰ চাহাবৰ জয়ন্তীত ৩১ অক্টোবৰত ‘ৰাণ ফৰ ইউনিটী’, ভাৰতৰ সৰু-বৰ চহৰত, গাঁৱত ‘একতাৰ বাবে দৌৰ’, ইয়াৰ আয়োজন কৰা হৈছে৷ এই বৰ্ষতো আমি প্ৰত্যয়পূৰ্ব নিজৰ গাঁৱত, চহৰত, মহানগৰত ‘ৰাণ ফৰ ইউনিটী’ৰ আয়োজন কৰিম৷ ‘একতাৰ বাবে দৌৰ’ এয়াইতো চৰ্দাৰ চাহাবৰ, তেওঁক স্মৰণ কৰাৰ উত্তম পথ কাৰণ তেওঁ সমগ্ৰ জীৱন দেশৰ একতাৰ বাবে কাম কৰিলে৷ মই আপোনালোক সকলোকে আহ্বান জনাইছোঁ যে ৩১ অক্টোবৰত ‘ৰাণ ফৰ ইউনিটী’ৰ জৰিয়তে সমাজৰ প্ৰতিটো শ্ৰেণী, দেশৰ সকলো বৰ্গকে একতাৰ সূতাৰে বান্ধিবলৈ আমাৰ প্ৰয়াসক শক্তি প্ৰদান কৰক, এয়াই তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলী হ’ব৷ মোৰ মৰমৰ দেশবাসীসকল, নৱৰাত্ৰিয়েই হওক, দুৰ্গা পূজাই হওক, বিজয়া দশমীয়েই হওক, এই পৱিত্ৰ পৰ্ব উপলক্ষে মই আপোনালোক সকলোকে হৃদয়েৰে অশেষ শুভকামনা জনাইছোঁ৷ ধন্যবাদ৷ | ৩০.০৯.২০১৮ তাৰিখৰ প্ৰধানমন্ত্ৰীৰ মন কী বাতৰ ৪৮তম খণ্ডৰ অসমীয়া অনুবাদ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F-%E0%A6%B9%E0%A6%B8%E0%A7%8D%E0%A6%A4%E0%A6%A4%E0%A6%BE%E0%A6%81%E0%A6%A4-%E0%A6%A6%E0%A6%BF%E0%A7%B1%E0%A6%B8%E0%A6%A4/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F-%E0%A6%B9%E0%A6%B8%E0%A7%8D%E0%A6%A4%E0%A6%A4%E0%A6%BE%E0%A6%81%E0%A6%A4-%E0%A6%A6%E0%A6%BF%E0%A7%B1%E0%A6%B8%E0%A6%A4/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে হস্ততাঁতে ভাৰতৰ বৈচিত্ৰ্য আৰু অগণিত তাঁতী আৰু শিল্পীৰ নৈপুণ্য প্ৰতিভাত কৰে আৰু তেখেতে স্থানীয় হস্ততাঁত পণ্যলৈ সমৰ্থন জনোৱাৰ আহ্বান জনায়। এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ "হস্ততাঁতে ভাৰতৰ বৈচিত্ৰ্য আৰু অগণিত তাঁতী আৰু শিল্পীৰ নৈপুণ্য প্ৰতিভাত কৰে। ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস হৈছে #MyHandloomMyPride ৰ উদ্দীপনা বৰ্ধনৰ জৰিয়তে আমাৰ তাঁতীসকললৈ সমৰ্থন দোহৰাৰ এটি উপলক্ষ। স্থানীয় হস্ততাঁত পণ্যলৈ সমৰ্থন জনাওঁ আহক!" অলিম্পিকত পদক বিজয়ী চৈখোম মীৰাবাই চানুৰ এটা টুইটৰ উদ্ধৃতিৰে, প্ৰধানমন্ত্ৰীয়ে এইবুলি টুইট কৰেঃ "যোৱা কেইটামান বছৰত হস্ততাঁতৰ প্ৰতি নতুন আগ্ৰহ দেখা পোৱা গৈছে। @mirabai_chanu এ #MyHandloomMyPride ৰ উদ্দীপনালৈ সঁহাৰি জনোৱা দেখি আনন্দিত হৈছো। হস্ততাঁত খণ্ডটোৱে এখনি আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণৰ অৰ্থে বৰঙণি আগবঢ়াই যাব বুলি মই বিশ্বাসী।" | ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসত স্থানীয় হস্ততাঁত পণ্যলৈ সমৰ্থন জনোৱাৰ আহ্বান প্ৰধানমন্ত্ৰী |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A6%AA%E0%A7%8D%E0%A6%A4%E0%A6%A6%E0%A6%B6-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%AC%E0%A6%BE%E0%A6%B8%E0%A7%80-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%80%E0%A6%AF%E0%A6%BC-%E0%A6%A6/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A6%AA%E0%A7%8D%E0%A6%A4%E0%A6%A6%E0%A6%B6-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%AC%E0%A6%BE%E0%A6%B8%E0%A7%80-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%80%E0%A6%AF%E0%A6%BC-%E0%A6%A6/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইন্দোৰত সপ্তদশ প্ৰবাসী ভাৰতীয় দিৱসৰ সময়ত চুৰিনামৰ ৰাষ্ট্ৰপতি শ্ৰী চন্দ্ৰিকাপাৰচাদ সন্তোখীক সাক্ষাৎ কৰে। ৰাষ্ট্ৰপতি সন্তোখীয়ে ৭-১৪ জানুৱাৰীলৈ ভাৰতলৈ চৰকাৰী ভ্ৰমণলৈ আহিছে। সপ্তদশ প্ৰবাসী ভাৰতীয় দিৱসৰ সন্মানীয় বিশেষ অতিথি হৈছে ৰাষ্ট্ৰপতি শ্ৰী চন্দ্ৰিকাপাৰচাদ সন্তোখী। বৈঠকত দুয়োগৰাকী নেতাই হাইড্ৰ'কাৰ্বন, প্ৰতিৰক্ষা, সামুদ্ৰিক সুৰক্ষা, ডিজিটেল পদক্ষেপ আৰু আইচিটি আৰু ক্ষমতা নিৰ্মাণকে ধৰি পাৰস্পৰিক স্বাৰ্থৰ ক্ষেত্ৰত সহযোগিতাৰ ওপৰত আলোচনা কৰে। চুৰিনামে লাইনছ অফ ক্ৰেডিটৰ পৰা লাভ কৰা ঋণ পৰিশোধৰ পুনৰ্নবীকৰণৰ বাবে ভাৰতক প্ৰশংসা কৰে। ৰাষ্ট্ৰপতি সন্তখীয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ সৈতে আলোচনাত মিলিত হব আৰু ১০ জানুৱাৰী ২০২৩ তাৰিখে বিদায়ী অধিৱেশন আৰু প্ৰবাসী ভাৰতীয় সন্মান বঁটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তেওঁ ইন্দোৰত গ্লোবেল ইনভেষ্টৰ্ছ ছামিটৰ উদ্বোধনী অধিৱেশনতো অংশগ্ৰহণ কৰিব। তাৰ পিছত তেওঁ আহমেদাবাদ আৰু নতুন দিল্লী ভ্ৰমণ কৰিব। | সপ্তদশ প্ৰবাসী ভাৰতীয় দিৱসৰ সময়ত চুৰিনামৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BF%E0%A6%B9%E0%A6%BE%E0%A7%B0-%E0%A6%AC%E0%A6%BF%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%B8%E0%A6%AD%E0%A6%BE%E0%A7%B0-%E0%A6%B6%E0%A6%A4%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%B7%E0%A6%BF/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BF%E0%A6%B9%E0%A6%BE%E0%A7%B0-%E0%A6%AC%E0%A6%BF%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%B8%E0%A6%AD%E0%A6%BE%E0%A7%B0-%E0%A6%B6%E0%A6%A4%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%B7%E0%A6%BF/ | “এই বিধানসভা ভৱনত বৃহৎ আৰু সাহসী সিদ্ধান্ত গ্ৰহণ কৰা হৈছে” “এই বিধানসভা গণতন্ত্ৰত সামাজিক জীৱনলৈ সম অংশগ্ৰহণ আৰু সম অধিকাৰৰ অন্বেষণৰ এক উদাহৰণ” “ভাৰতৰ গণতন্ত্ৰৰ ধাৰণাটো এই ৰাষ্ট্ৰ আৰু আমাৰ সংস্কৃতিৰ দৰেই প্ৰাচীন” “গণতন্ত্ৰ আৰু গণতান্ত্ৰিক প্ৰমূল্যৰাজিৰ সুৰক্ষাৰ অৰ্থে বিহাৰ সদায়েই নিজৰ অংগীকাৰত অটল আছিল” “বিহাৰ যিমানেই সমৃদ্ধিশালী হ’ব সিমানেই ভাৰতৰ গণতন্ত্ৰ শক্তিশালী হ’ব। বিহাৰ যিমানেই শক্তিশালী হ’ব সিমানেই ভাৰত সামৰ্থ্যৱান হ’ব” “দলীয়-ৰাজনীতিৰ উৰ্ধত থাকি দেশখনৰ বাবে আমাৰ কণ্ঠ একত্ৰিত হ’ব লাগে” “আমাৰ দেশৰ গণতান্ত্ৰিক পৰিপক্কতাক আমাৰ আচৰণে প্ৰদৰ্শন কৰে” “গণতান্ত্ৰিক আলোচনাক আগবঢ়াই নিয়াৰ সমান্তৰালভাৱে দেশখনে অহৰহ নতুন সংকল্পৰে কাম কৰি আছে” “অহা ২৫ বছৰ হৈছে দেশখনৰ বাবে কৰ্তব্যৰ পথত খোজ কঢ়াৰ সময়” “আমি যিমানেই আমাৰ কৰ্তব্যৰ বাবে কাম কৰিম, সিমানেই আমাৰ অধিকাৰ শক্তিশালী হ’ব। কৰ্তব্যৰ প্ৰতি আমাৰ আনুগত্যই হৈছে আমাৰ অধিকাৰৰ নিশ্চয়তা” প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পাটনাত বিহাৰ বিধানসভাৰ শতবাৰ্ষিকী উদযাপন কাৰ্য্যসূচীৰ সামৰণি অনুষ্ঠান সম্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিহাৰ বিধানসভাৰ ১০০ বছৰ পূৰ্তিৰ স্মৰণাৰ্থে নিৰ্মিত শতাব্দী স্মৃতি স্তম্ভ উদ্বোধন কৰে। তেখেতে লগতে বিধানসভা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰে। সংগ্ৰহালয়টোৰ বিভিন্ন গেলেৰীত বিহাৰত গণতন্ত্ৰৰ ইতিহাস আৰু বৰ্তমানৰ নগৰ গাঁথনিৰ বিৱৰ্তনক প্ৰদৰ্শন কৰা হ’ব। ইয়াৰোপৰি ২৫০ জনৰো অধিক লোকে আসন গ্ৰহণ কৰিবপৰা এটি কনফাৰেন্স হল থাকিব। এই উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীয়ে বিধান সভাৰ অতিথিশালাৰ আধাৰশিলাও স্থাপন কৰে। এই কাৰ্য্যসূচীত বিহাৰৰ ৰাজ্যপাল শ্ৰী ফাগু চৌহান আৰু মুখ্যমন্ত্ৰী শ্ৰী নীতিশ কুমাৰ তথা আন-আন বিশিষ্ট লোকসকল উপস্থিত থাকে উপস্থিতসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, বিহাৰক ভালপোৱাজনক বিহাৰে সেই মৰম ঘূৰাই দিয়াটো বিহাৰৰ স্বভাৱ। “আজি মই বিহাৰ বিধানসভা কমপ্লেক্স পৰিদৰ্শনেৰে এয়া দৰ্শন কৰা দেশখনৰ প্ৰথম প্ৰধানমন্ত্ৰী হোৱাৰ সৌভাগ্যও লাভ কৰিছো। এই মৰমৰ বাবে মই বিহাৰবাসীক প্ৰণাম জনাইছো”, তেখেতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই শতাব্দী স্মৃতি স্তম্ভই বিহাৰৰ অসংখ্য আকাংক্ষাক অনুপ্ৰাণিত কৰিব। বিহাৰ বিধানসভাৰ গৌৰৱময় ইতিহাসৰ সোঁৱৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, এই বিধানসভা ভৱনত এটাৰ পিছত এটাকৈ বৃহৎ আৰু সাহসী সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। স্বাধীনতাৰ পূৰ্বে ৰাজ্যপাল সত্যেন্দ্ৰ প্ৰসন্ন সিনহাই এই বিধানসভাৰপৰা থলুৱা উদ্যোগসমূহক উৎসাহিতকৰণৰ লগতে স্বদেশী চৰখা গ্ৰহণৰ আহ্বান জনাইছিল। স্বাধীনতাৰ পিছত এই বিধানসভাতে জমিদাৰী বিলোপ আইন গৃহীত হৈছিল। এই পৰম্পৰাক আগুৱাই নি নীতিশ জীৰ চৰকাৰে বিহাৰ পঞ্চায়তৰাজৰ দৰে আইন গৃহীতকৰণেৰে বিহাৰক পঞ্চায়তসমূহত মহিলাৰ বাবে ৫০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা থকা প্ৰথমখনি ৰাজ্য হিচাপে গঢ়ি তুলিছিল বুলি তেখেতে উল্লেখ কৰে। “এই বিধানসভা গণতন্ত্ৰত সামাজিক জীৱনলৈ সম অংশগ্ৰহণ আৰু সম অধিকাৰৰ অন্বেষণৰ এক উদাহৰণ”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতীয় গণতন্ত্ৰৰ প্ৰাচীন পৰম্পৰাৰ কথা উল্লেখ কৰে আৰু কয়, “দশক-দশক ধৰি বিদেশীৰ শাসন আৰু বিদেশী চিন্তাধাৰাৰ বাবেই ভাৰতে গণতন্ত্ৰ লাভ কৰিছিল বুলি আমাক ক’বলৈ চেষ্টা কৰা হয়। কিন্তু, কোনো ব্যক্তিয়ে এই কথা কোৱা মাত্ৰেকে তেওঁ বিহাৰৰ ইতিহাস আৰু বিহাৰৰ ঐতিহ্য ঢাকিবলৈ চেষ্টা কৰাটোকহে সূচিত কৰে। বিশ্বখনৰ এটা বৃহৎ অংশই সভ্যতা আৰু সংস্কৃতিৰ দিশত প্ৰথম পদক্ষেপ গ্ৰহণ কৰোতে, বৈশালীত এক অত্যাধুনিক গণতন্ত্ৰই কাৰ্য্যনিৰ্বাহ কৰি আছিল। বিশ্বখনৰ আন-আন প্ৰান্তত গণতান্ত্ৰিক অধিকাৰক লৈ বুজাবুজি আৰম্ভ হ’বলৈ ধৰোতে লিচ্চৱী, বজ্জীসংঘৰ দৰে গণৰাজ্যসমূহ তুংগত উঠিছিল“। “ভাৰতৰ গণতন্ত্ৰৰ ধাৰণাটো এই ৰাষ্ট্ৰ আৰু আমাৰ সংস্কৃতিৰ দৰেই প্ৰাচীন। ভাৰতে গণতন্ত্ৰক সমতা আৰু সমতাৰ মাধ্যম হিচাপে গণ্য কৰে। ভাৰতে সহবাস আৰু সম্প্ৰীতিৰ ধাৰণাক বিশ্বাস কৰে। আমি সত্যক বিশ্বাস কৰো, আমি সহযোগিতাক বিশ্বাস কৰো, আমি সম্প্ৰীতিক বিশ্বাস কৰো আৰু আমি সমাজৰ সমন্বিত শক্তিক বিশ্বাস কৰো”, প্ৰধানমন্ত্ৰীগৰাকীয়ে বিৱৰি কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে দোহাৰি কয় যে ভাৰত হৈছে বিশ্বৰ গণতন্ত্ৰৰ মাতৃ। ভাৰতেই গণতন্ত্ৰৰ মাতৃ। বিহাৰৰ গৌৰৱময় ঐতিহ্য আৰু পালিৰ ঐতিহাসিক নথি-পত্ৰসমূহেই ইয়াৰ অক্ষত প্ৰমাণ। বিহাৰৰ এই মহিমা কোনেও মচি পেলাব নোৱাৰে বা লুকুৱাব নোৱাৰে বুলি তেখেতে দৃঢ়তাৰে কয়। “এই ভৱনটোৱে যোৱা এশ বছৰে ভাৰতীয় গণতন্ত্ৰক সুদৃঢ় কৰি আহিছে, সেয়েহে এয়া আমাৰ শ্ৰদ্ধাৰ যোগ্য। এই ভৱনটো দাসত্বৰ সময়ছোৱাতো গণতান্ত্ৰিক মূল্যবোধৰ অৱনতি হ’বলৈ নিদিয়া চেতনাৰে সমৃদ্ধ”, তেখেতে লগতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে ব্ৰিটিছৰ বিৰুদ্ধে শ্ৰীবাবুৰ শাসনকালত উত্থাপিত স্বাধীনতাৰ দাবীক স্মৰণ কৰে। গণতন্ত্ৰ আৰু গণতান্ত্ৰিক প্ৰমূল্যৰাজিৰ সুৰক্ষাৰ অৰ্থে বিহাৰ সদায়েই নিজৰ অংগীকাৰত অটল আছিল। শ্ৰী মোদীয়ে উল্লেখ কৰে যে বিহাৰে স্বতন্ত্ৰ ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ডঃ ৰাজেন্দ্ৰ প্ৰসাদৰ দৰে সত্তাক জন্ম দিছে। লোকনায়ক জয়প্ৰকাশ, কৰপুৰী ঠাকুৰ, বাবু জগজীৱন ৰামৰ দৰে নেতা এই ভূমিৰেই অৱদান। আনকি দেশখনত সংবিধানক মষিমূৰকৰণৰ অপচেষ্টা চলোৱাৰ সময়তো বিহাৰে আগুৱাই আহি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদৰ ৰণশিঙা বজাইছিল। “বিহাৰ যিমানেই সমৃদ্ধিশালী হ’ব সিমানেই ভাৰতৰ গণতন্ত্ৰ শক্তিশালী হ’ব। বিহাৰ যিমানেই শক্তিশালী হ’ব সিমানেই ভাৰত সামৰ্থ্যৱান হ’ব”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে আকৌ কয় “আজাদীৰ অমৃত মহোৎসৱ আৰু বিহাৰ বিধানসভাৰ ১০০ বছৰ পূৰ্তিৰ এই ঐতিহাসিক সংযোগে আমাৰ সকলোৰে বাবে, প্ৰতিজন জনপ্ৰতিনিধিৰ বাবেও আত্মনিৰীক্ষণ আৰু আত্মবিশ্লেষণৰ বাৰ্তাৰ সঞ্চাৰ কৰিছে। আমি যিমানেই আমাৰ গণতন্ত্ৰক শক্তিশালী কৰিম সিমানেই আমাৰ স্বাধীনতা আৰু আমাৰ অধিকাৰৰ বাবে অধিক শক্তি পাম।” একবিংশ শতিকাৰ পৰিৱৰ্তিত প্ৰয়োজনীয়তা আৰু স্বাধীনতাৰ ৭৫ বছৰত নব্য ভাৰতৰ সংকল্পৰ প্ৰেক্ষাপটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “দেশৰ সাংসদ হিচাপে, ৰাজ্যৰ বিধায়ক হিচাপে আমি একেলগে গণতন্ত্ৰই সন্মুখীন হৈ অহা প্ৰত্যাহ্বানৰাজিক অতিক্ৰম কৰাটোও আমাৰ দায়িত্ব। দলীয়-ৰাজনীতিৰ উৰ্ধত থাকি দেশখনৰ বাবে আমাৰ কণ্ঠ একত্ৰিত হ’ব লাগে”। “আমাৰ দেশৰ গণতান্ত্ৰিক পৰিপক্কতা আমাৰ আচৰণত প্ৰদৰ্শিত হয়” বুলি গুৰুত্ব আৰোপেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয় যে “সদনসমূহ জনসাধাৰণৰে সম্পৰ্কীয় বিষয়সমূহত ইতিবাচক আলোচনাৰ কেন্দ্ৰ হওঁক।” সংসদৰ কৰ্মক্ষমতা সন্দৰ্ভত তেখেতে কয়, “যোৱা কেইবছৰমানৰপৰা সংসদত সাংসদৰ উপস্থিতি আৰু সংসদৰ উৎপাদনশীলতা অভিলেখ পৰিমাণে বৃদ্ধি পাইছে। যোৱা বাজেট অধিবেশনতো লোকসভাৰ উৎপাদনশীলতা আছিল ১২৯ শতাংশ। ৰাজ্যসভাতো ৯৯ শতাংশ উৎপাদনশীলতাৰে অভিলেখ ৰচনা হয়। অৰ্থাৎ দেশখনে অহৰহ নতুন সংকল্পৰে কাম কৰি আছে, গণতান্ত্ৰিক আলোচনাক আগুৱাই নিছে।” একবিংশ শতিকাটোক ভাৰতৰ শতিকা হিচাপে চিহ্নিত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “ভাৰতৰ বাবে এই শতিকাটোৱেই হৈছে কৰ্তব্য পালনৰ শতিকা। আমি এই শতিকাটোৰ আগন্তুক ২৫ বছৰত নব্য ভাৰতৰ সোণালী লক্ষ্যত উপনীত হ’ব লাগিব। আমাৰ কৰ্তব্যই আমাক এই লক্ষ্য অভিমুখে অগ্ৰসৰ কৰাব। গতিকে এই ২৫ বছৰ দেশখনৰ বাবে কৰ্তব্যৰ পথত খোজ কঢ়াৰ সময়।” শ্ৰী মোদীয়ে পুনৰ কয়, “আমি আমাৰ কৰ্তব্যক আমাৰ অধিকাৰৰপৰা পৃথক বুলি গণ্য কৰিব নালাগে। আমি যিমানেই নিজৰ কৰ্তব্যৰ বাবে কাম কৰিম, সিমানেই আমাৰ অধিকাৰ শক্তিশালী হ’ব। কৰ্তব্যৰ প্ৰতি আমাৰ আনুগত্যই হৈছে আমাৰ অধিকাৰৰ নিশ্চয়তা।” | বিহাৰ বিধানসভাৰ শতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠান সম্বোধন প্ৰধানমন্ত্ৰীৰ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A6%BE%E0%A6%A7%E0%A6%BE%E0%A7%B0%E0%A6%A3-%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%A3%E0%A7%80%E0%A7%B0-%E0%A6%A6%E0%A7%81%E0%A6%96%E0%A7%80%E0%A7%9F%E0%A6%BE-%E0%A6%B2%E0%A7%8B/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A6%BE%E0%A6%A7%E0%A6%BE%E0%A7%B0%E0%A6%A3-%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%A3%E0%A7%80%E0%A7%B0-%E0%A6%A6%E0%A7%81%E0%A6%96%E0%A7%80%E0%A7%9F%E0%A6%BE-%E0%A6%B2%E0%A7%8B/ | প্ৰধানমন্ত্রীয়ে কয় যে সাধাৰণ শ্রেণীৰ দুখীয়া লোকসকলৰ বাবে ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰা সংবিধান সংশোধনী বিধেয়কে দুখীয়া লোকসকলৰ উন্নয়নৰ দিশত এক ঐতিহাসিক পদক্ষেপ আৰু এই বিধেয়কে চৰকাৰৰ ‘সবকা সাথ, সবকা বিকাশ’ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰিছে৷ মহাৰাষ্ট্রৰ ছোলাপুৰত আজি এখন ৰাজহুৱা সভাত ভাষণ আগবঢ়াই প্ৰধানমন্ত্ৰীয়ে কয় যে দুখীয়া লোকসকলৰ সংৰক্ষণৰ স্বার্থ সুৰক্ষিত কৰা এই বিধেয়কখনৰ সম্পর্কে যিসকলে মিছা প্ৰচাৰ চলাছিল, লোকসভাত বিধেয়কখন গৃহীত হোৱাটোৱে তেওঁলোকক উপযুক্ত প্ৰত্যুত্তৰ দিলে৷ ৰাজ্যসভাতো বিধেয়কখন গৃহীত হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্রীয়ে কয়, “সাধাৰণ শ্রেণী কিন্তু আর্থিকভাৱে পিছপৰা লোকসকলৰ বাবে ১০ শতাংশ সংৰক্ষণ প্ৰদান কৰাৰ লক্ষ্যৰে লোকসভাত কালি আমি এক ঐতিহাসিক বিধেয়ক গৃহীত কৰিলো। এই বিধেয়কখনে ‘সবকা সাথ, সবকা বিকাশ’ৰ ক্ষেত্ৰত আমাৰ দৃঢ় সংকল্পক আৰু অধিক শক্তিশালী কৰিব।” নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত প্ৰধানমন্ত্রীয়ে অসম তথা উত্তৰ-পূববাসীক তেওঁলোকৰ অধিকাৰ আৰু যাৱতীয় সা-সুবিধা সুৰক্ষিত ৰাখিব বুলি আশ্বাস দিয়ে৷ তেওঁ কয়, “এই বিধেয়কখনে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানত বসবাস কৰা ভাৰত মাতৃৰ সন্তানসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ পথ প্ৰশস্ত কৰিছে। বহু ঐতিহাসিক উত্থান-পতন প্ৰত্যক্ষ কৰাৰ পাছত আমাৰ এই ভাই-ভনীসকলে ভাৰতৰ অবিচ্ছেদ্য অংশ হ’ব বিচাৰে।” প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁক তীব্ৰ আক্ৰমণ আৰু সমালোচনা সত্ত্বেও দুর্নীতি আৰু মধ্যভোগীৰ বিৰুদ্ধে চৰকাৰৰ অভিযান অব্যাহত থাকিব। কোনেও ইয়াক দমন কৰিব নোৱাৰে। দুর্নীতি আৰু মধ্যভোগীৰ বিৰুদ্ধে তেওঁৰ সাহসী যুঁজৰ অন্তৰালত সাধাৰণ লোকসকলৰ সমর্থন আৰু আশীর্বাদ আছে বুলিও কয় প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্রীয়ে আজি ছোলাপুৰত একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধনৰ পাছত ইন্দিৰা গান্ধী ষ্টেডিয়ামত এক ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কয়, ‘প্ৰধানমন্ত্রী আৱাস যোজনা’ৰ অধীনত ৩০,০০০ গৃহ নির্মাণৰ এক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। মুঠ ১৮১১.৩৩ কোটি টকা ব্যয়সাপেক্ষ ই প্ৰকল্পৰ ফলত ৰিক্সা চালক, ৰাস্তা আৱৰ্জনা সংগ্ৰহ কৰা লোকসকল, বয়ন কৰ্মী আৰু বিড়ি কৰ্মীসকল বিশেষভাবে উপকৃত হ’ব৷ তেওঁ কয়, “আজি আমি দুখীয়া, শ্ৰমিক শ্রেণীৰ পৰিয়ালৰ বাবে ৩০,০০০ গৃহ নির্মাণৰ এক প্ৰকল্পৰ শুভাৰম্ভ কৰিলো। এই প্ৰকল্পৰ হিতাধিকাৰীসকলৰ ভিতৰত আছে কাৰখানাৰ শ্ৰমিক, ৰিক্সা চালক, অটো চালক ইত্যাদি। মই আপোনালোকক আশ্বাসেৰে ক’ব খোজো যে অতি শীঘ্ৰে আপোনালোকে এই গৃহৰ চাবি লাভ কৰিব।” মধ্যবিত্ত শ্রেণীৰ পৰিয়ালসমূহৰ বাবেও সুলভ আবাস নির্মাণৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে বুলিও তেওঁ সদৰি কৰে। এতিয়াৰে পৰা এওঁলোকে ২০ বছৰৰ ম্যাদৰ গৃহ ঋণৰ ক্ষেত্রত ৬ লাখ টকালৈকে ৰাহী কৰিব পাৰিব। চৰকাৰৰ এইবোৰ প্ৰচেষ্টা জীৱন-ধাৰণৰ মান উন্নয়নত গ্ৰহণ কৰা ব্যৱস্থাসমূহকে প্ৰতিফলিত কৰিছে বুলিও তেওঁ লগতে কয়৷ ইফালে, তেওঁ আধাৰশিলা স্থাপন কৰা এই প্ৰকল্প নিজেই উদ্বোধন কৰিব বুলি দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি প্ৰধানমন্ত্ৰীয়ে নতুন ফ’ৰলেনযুক্ত ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৯৮.৭১৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ছোলাপুৰ-তুলজাপুৰ-ওচমানাবাদ অংশ দেশবাসীৰ নামত উচৰ্গা কৰে। ৯৭২.৫০ কোটি টকা ব্যয় হোৱা এই ৰাষ্ট্ৰীয় ঘাইপথৰ এই অংশটোৱে মহাৰাষ্ট্রৰ মাৰাঠৱাড়া অঞ্চলৰ সৈতে ছোলাপুৰৰ যোগাযোগ ব্যৱস্থাক আৰু অধিক উন্নত কৰিব। প্ৰধানমন্ত্ৰীয়ে ২০১৪ত এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল৷ ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি দুখন বৃহৎ আৰু ১৭খন সৰু দলং, যান-বাহন চলাচলৰ বাবে চাৰটা আৰু পথচাৰীৰ বাবে ১০টা পথৰ তলেৰে পথ দলঙৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি, তুলজাপুৰত প্রায় চাৰে তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ বাইপাছ নিৰ্মাণ কৰা হৈছে, তাৰ ফলত চহৰখনত যানজঁট হ্ৰাস পাব৷ উন্নত যোগাযোগ ব্যৱস্থাৰ বাবে ঘাইপথৰ সম্প্ৰাসাৰণ আৰু জীৱন-ধাৰণৰ মান উন্নয়নত চৰকাৰৰ দৃষ্টিভংগীৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয়, “বিগত চাৰি বছৰত প্রায় ৪০ হাজাৰ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে, য’ত ৫.৫ লাখ কোটি টকা ব্যয় হৈছে৷ তদুপৰি, এতিয়াও ৫২ হাজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণৰ কাম চলি আছে।” ছোলাপুৰ অঞ্চলত ৰে’ল যোগাযোগ ব্যৱস্থাৰ সম্প্ৰসাৰণৰ কথা ঘোষণা কৰি প্ৰধানমন্ত্রীয়ে কয় যে এহাজাৰ কোটি টকা ব্যয়েৰে তুলজাপুৰ হৈ ছোলাপুৰ-ওচমানাবাদ ৰে’ল লাইন নির্মাণত চৰকাৰে অনুমোদন জনাইছে। আঞ্চলিক বিমান যোগাযোগ আঁচনি ‘উড়ান’ৰ অধীনত ছোলাপুৰৰ পৰা বিমান সেৱা আৰম্ভ কৰা প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে বুলিও তেওঁ ভাষণত উল্লেখ কৰে৷ স্বচ্ছ ভাৰত আৰু সুস্থ ভাৰত সন্দৰ্ভত তেওঁ পৰিকল্পনাৰ অংশ হিচাপে প্ৰধানমন্ত্রীয়ে ছোলাপুৰত ভূগর্ভৰ পানীকে ধৰি তিনিটা আৱৰ্জনা নিষ্কাষণ কেন্দ্ৰ দেশবাসীৰ নামত উচৰ্গা কৰে৷ নতুন এই নিষ্কাষণ ব্যৱস্থাৰ ফলত ছোলাপুৰ চহৰত নিষ্কাষণ ব্যৱস্থাৰ সমান্তৰালভাৱে অনাময় ব্যৱস্থাৰো উন্নতি ঘটিব। প্ৰধানমন্ত্রীয়ে কয় যে ছোলাপুৰ স্মার্ট চিটীত অঞ্চলভিত্তিক উন্নয়ন আঁচনিৰ অংগ হিচাপে পানী যোগান আৰু নিষ্কাষণ ব্যৱস্থাৰ উন্নয়নত এক যৌথ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে। তদুপৰি, ‘অমৰুট’ মিচনৰ অধীনত উজানি বান্ধৰ পৰা ছোলাপুৰ চহৰলৈ খোৱাপানী যোগান বৃদ্ধি আৰু ভূগর্ভস্থ নিষ্কাষণ ব্যৱস্থা গঢ়ি তুলিবলৈ এলানি আঁচনিৰ শুভাৰম্ভ কৰে। এই প্ৰচেষ্টাৰ ফলত সেৱা প্ৰদানৰ ক্ষেত্রত গুৰু্ত্বপূৰ্ণ অগ্ৰগতি হ’ব আৰু সাধাৰণ লোকসকলৰ কল্যাণত প্ৰযুক্তিক কামত লগাই জনস্বাস্থ্য ব্যৱস্থাত উন্নতি হ’ব। ছোলাপুৰ আৰু ইাৰ সমীপৱৰ্তী অঞ্চলৰ লোকসকলৰ কল্যাণাৰ্থে পথ যোগাযোগ আৰু পৰিবহণ, পানী যোগান, পৰিষ্কাৰ-পৰিচ্ছন্নতা, কর্মসংস্থাপন সৃষ্টি ইত্যাদি ক্ষেত্রত সংশ্লিষ্ট প্ৰকল্পসমূহে সুদূৰপ্ৰসাৰী ভূমিকা পালন কৰিব৷ | সাধাৰণ শ্ৰেণীৰ দুখীয়া লোকসকলৰ বাবে ১০% সংৰক্ষণ বিধেয়ক হৈছে এক ঐতিহাসিক পদক্ষেপ আৰু ই দুখীয়াসকলৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰিছে বুলি ক’লে প্ৰধানমন্ত্ৰীয় |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A6%AC%E0%A7%B0%E0%A6%95%E0%A6%A3%E0%A7%8D%E0%A6%A0%E0%A6%A4-%E0%A6%B8%E0%A6%AC%E0%A7%B0-%E0%A6%A6%E0%A7%81%E0%A6%97%E0%A7%8D%E0%A6%A7%E0%A6%AA%E0%A6%BE%E0%A6%AE%E0%A6%A4-%E0%A7%A7/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A6%AC%E0%A7%B0%E0%A6%95%E0%A6%A3%E0%A7%8D%E0%A6%A0%E0%A6%A4-%E0%A6%B8%E0%A6%AC%E0%A7%B0-%E0%A6%A6%E0%A7%81%E0%A6%97%E0%A7%8D%E0%A6%A7%E0%A6%AA%E0%A6%BE%E0%A6%AE%E0%A6%A4-%E0%A7%A7/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ সবৰকণ্ঠৰ গাধোড়া চৌকীস্থিত সবৰ দুগ্ধপামৰ লগতে ১,০০০ কোটিতকৈ অধিক টকা ব্যয়সাপেক্ষ একাধিক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহে স্থানীয় কৃষক আৰু গাখীৰ উৎপাদকসকলক শক্তিশালী কৰাৰ লগতে তেওঁলোকৰ উপাৰ্জন বৃদ্ধি কৰিব। ইয়াৰ ফলত অঞ্চলটোৰ গ্ৰাম্য অৰ্থনীতিৰো এক উত্থান ঘটিব। প্ৰধানমন্ত্ৰীয়ে সুকন্যা সমৃদ্ধি আঁচনিৰ হিতাধিকাৰী আৰু আগশাৰীৰ মহিলা দুগ্ধ উৎপাদকসকলক সম্বৰ্ধনা জনায়। এই উপলক্ষে সভাত বিশিষ্ট ব্যক্তিসকলৰ সৈতে গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেলো উপস্থিত থাকে৷ এই উপলক্ষে জনসভাত উপস্থিত ৰাইজক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে কয়, “আজি সবৰ দুগ্ধপাম সম্প্ৰসাৰণ কৰা হৈছে। ইয়াত শ শ কোটি টকাৰ নতুন প্ৰকল্প স্থাপন কৰা হৈছে। আধুনিক প্ৰযুক্তিৰে গাখীৰৰ পাওডাৰ প্লাণ্ট আৰু এচেপটিক পেকিং শাখাত আৰু এটা লাইন সংযোজন কৰাৰ ফলত সবৰ দুগ্ধপামৰ ক্ষমতা আৰু অধিক বৃদ্ধি পাব।” প্ৰধানমন্ত্ৰীয়ে সবৰ দুগ্ধ উদ্যোগৰ অন্যতম প্ৰতিষ্ঠাপক শ্ৰী ভূৰাভাই পেটেলকো স্মৰণ কৰে। প্রধানমন্ত্রীয়ে অঞ্চলটোৰ লগতে স্থানীয় ৰাইজৰ সৈতে তেওঁৰ দীৰ্ঘদিনীয়া সম্পর্কৰো স্মৰণ কৰে৷ প্ৰধানমন্ত্ৰীয়ে দুটা দশকৰ পূৰ্বে বঞ্চনা আৰু খৰাং পৰিস্থিতিৰ কথা সোঁৱৰাই দিয়ে। তেওঁ মুখ্যমন্ত্রী হিচাপে কেনেদৰে জনসাধাৰণৰ সহযোগিতা লাভ কৰিছিল আৰু অঞ্চলটোৰ পৰিস্থিতি উন্নত কৰাৰ চেষ্টা কৰিছিল সেই কথা স্মৰণ কৰে৷ তেওঁ কয় যে গো-পালন আৰু দুগ্ধজাত সামগ্ৰী সেই প্ৰচেষ্টাৰ মূল উপাদান। তেওঁ পশুপালনৰ প্ৰসাৰৰ বাবে পদক্ষেপ গ্ৰহণ কৰা, পশুপালন, ঔষধ যোগান ধৰাৰ লগতে গৰু-ম’হৰ বাবে আয়ুৰ্বেদিক চিকিৎসাৰ প্ৰসাৰৰ বিষয়েও উল্লেখ কৰে৷ তেওঁ উন্নয়নৰ অনুঘটক হিচাপে গুজৰাট জ্যোতিগ্ৰাম আঁচনিৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে গৌৰৱেৰে উল্লেখ কৰে যে বিগত দুটা দশকত গ্ৰহণ কৰা পদক্ষেপৰ বাবে গুজৰাটৰ দুগ্ধ বজাৰখন ১ লাখ কোটি টকাত উপনীত হৈছে। তেওঁ ২০০৭ আৰু ২০১১ চনত পূৰ্বৰ ভ্ৰমণ আৰু মহিলাৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে কৰা অনুৰোধৰ কথা স্মৰণ কৰে। এতিয়া অধিকাংশ সমিতিতে মহিলাই যথেষ্ট প্ৰতিনিধিত্ব আছে। গাখীৰৰ বাবে মহিলাক অধিক পৰিমাণে ধন প্ৰদান কৰা হয় বুলিও তেওঁ কয়। তেওঁ কয় যে এই পৰীক্ষাসমূহ আন ক্ষেত্ৰতো ব্যৱহাৰ কৰা হৈছে। আজি দেশত ১০,০০০ কৃষক উৎপাদক সংগঠন(এফপিঅ’) গঠনৰ কাম পূৰ্ণগতিত চলি আছে। এই এফপিঅ’সমূহৰ জৰিয়তে ক্ষুদ্ৰ কৃষকসকলে খাদ্য প্ৰক্ৰিয়াকৰণ, মূল্যসংযোগী ৰপ্তানি আৰু যোগান শৃংখলৰ সৈতে প্ৰত্যক্ষভাৱে সংযোগ স্থাপন কৰিবলৈ সক্ষম হ’ব। ইয়াৰ পৰা গুজৰাটৰ কৃষকসকলেও যথেষ্ট পৰিমাণে লাভৱান হ’ব বুলিও তেওঁ কয়৷ তেওঁ কয় যে কৃষকসকলৰ বাবে বিকল্প আয়ৰ ধাৰা সৃষ্টিৰ কৌশলে ফল দিছে৷ উদ্যান শস্য, মীন পালন, মৌ উৎপাদনে কৃষক সকলক উপাৰ্জন বৃদ্ধিত সহায় কৰিছে। প্ৰথমবাৰৰ বাবে খাদী আৰু গ্ৰামোদোগৰ লেনদেন এক লাখ কোটিৰো অধিক হৈছে। গাঁৱে-ভূঞে এই খণ্ডত ডেৰ কোটিৰো অধিক নতুন চাকৰিৰ সৃষ্টি হৈছে৷ পেট্ৰ’লত ইথানল মিশ্ৰণ বৃদ্ধি কৰাৰ দৰে ব্যৱস্থাই কৃষকসকলৰ বাবে নতুন পথৰ সৃষ্টি কৰিছে। “২০১৪ চনলৈকে দেশত ৪০ কোটি লিটাৰতকৈও কম ইথানল মিশ্ৰণ কৰা হৈছিল। আজি ই প্ৰায় ৪০০ কোটি লিটাৰৰ সীমা অতিক্ৰম কৰিছে। আমাৰ চৰকাৰে যোৱা ২ বছৰত বিশেষ অভিযান চলাই ৩ কোটিৰো অধিক কৃষকক কিষাণ ক্ৰেডিট কাৰ্ডো প্ৰদান কৰিছে”, তেওঁ লগতে কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে ইউৰিয়াৰ নিম মিশ্ৰণ, বন্ধ সাৰ উদ্যোগ খোলা আৰু নেনো সাৰৰ প্ৰচাৰ আৰু বিশ্বজোৰা মূল্যবৃদ্ধিৰ পিছতো সুলভ মূল্যত ইউৰিয়াৰ উপলব্ধতা নিশ্চিত কৰাৰ দৰে পদক্ষেপে দেশৰ লগতে গুজৰাটৰ কৃষকসকলক উপকৃত কৰিছে। সুজলাম সুফলাম আঁচনিৰ জৰিয়তে সবৰকণ্ঠ জিলাৰ বহু এলেকালৈ পানীৰ ব্যৱস্থা কৰা হৈছে। একেদৰে জিলাখনৰ লগতে নিকটৱৰ্তী অঞ্চলসমূহতো অভূতপূৰ্ব হাৰত সংযোগ বৃদ্ধি কৰা হৈছে বুলিও তেওঁ কয়। ৰে’ল আৰু ঘাইপথ প্ৰকল্পৰ ফলত অঞ্চলটোত সংযোগ উন্নত হৈছে। এই সংযোগে পৰ্যটন আৰু যুৱক-যুৱতীসকলৰ বাবে চাকৰি নিশ্চিত কৰাত সহায় কৰিছে বুলিও তেওঁ কয়। আজাদী কা অমৃত মহোৎসৱৰ গুৰুত্ব পুনৰ দোঁহাৰি প্ৰধানমন্ত্ৰীয়ে স্থানীয় জনজাতীয় নেতাসকলৰ ত্যাগক স্মৰণ কৰে। প্ৰধানমন্ত্ৰীয়ে জনোৱা মতে ১৫ নৱেম্বৰত ভগৱান বীৰছা মুণ্ডা জীৰ জন্ম দিৱস চৰকাৰে জনজাতীয় গৌৰৱ দিৱস হিচাপে ঘোষণা কৰিছে৷ “আমাৰ চৰকাৰে সমগ্ৰ দেশতে জনজাতীয় স্বাধীনতা সংগ্ৰামীসকলৰ স্মৃতিত এটা বিশেষ সংগ্ৰহালয়ো নিৰ্মাণ কৰি আছে।” তেওঁ লগতে কয়, “প্ৰথমবাৰৰ বাবে জনজাতীয় সমাজৰ পৰা অহা দেশৰ কন্যা ভাৰতৰ সৰ্বোচ্চ সাংবিধানিক পদত উপনীত হৈছে। দেশে শ্ৰীমতী দ্ৰৌপদী মুৰ্মু জীক ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত কৰিছে। ১৩০ কোটিৰো অধিক ভাৰতীয়ৰ বাবে এয়া এক অতি গৌৰৱৰ মুহূৰ্ত।” তেওঁ দেশৰ জনসাধাৰণক উৎসাহেৰে হৰ ঘৰ ত্ৰিৰংগা অভিযানত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনায়৷ প্ৰকল্পৰ সবিশেষঃ প্রধানমন্ত্রীয়ে সবৰ দুগ্ধপামত প্রতিদিনে প্রায় ১২০ মেট্ৰিক টন (এমটিপিডি) উৎপাদনক্ষম পাউদাৰ প্লাণ্টটো উদ্বোধন কৰে৷ সমগ্ৰ প্ৰকল্পটোৰ মুঠ ব্যয় হৈছে ৩০০ কোটি টকাতকৈ অধিক৷ উদ্যোগটোৰ বিন্যাসে বিশ্বজোৰা খাদ্য সুৰক্ষাৰ মানদণ্ড পূৰণ কৰে। ই প্ৰায় শূন্য নিৰ্গমনৰ লগতে অতিশয় শক্তি কাৰ্যক্ষম। এই উদ্যোগটোত শেহতীয়া আৰু সম্পূৰ্ণ স্বয়ংক্ৰিয় বাল্ক পেকিং লাইন আছে। প্ৰধানমন্ত্ৰীয়ে সবৰ দুগ্ধপামত এচেপ্টিক দুগ্ধ পেকেজিং প্লাণ্টো উদ্বোধন কৰে। প্ৰতিদিনে ৩ লাখ লিটাৰৰ ক্ষমতাসম্পন্ন ই এক অত্যাধুনিক উদ্যোগ। এই প্ৰকল্পটোত মুঠ প্ৰায় ১২৫ কোটি টকা বিনিয়োগ কৰা হৈছে। এই উদ্যোগটোত অধিক শক্তি কাৰ্যক্ষম আৰু পৰিৱেশ অনুকূল প্ৰযুক্তিৰে অত্যাধুনিক স্বয়ংক্ৰিয় ব্যৱস্থা আছে। এই প্ৰকল্পৰ জৰিয়তে গাখীৰ উৎপাদকসকলক উন্নত পাৰিতোষিক সুনিশ্চিত কৰাত সহায়ক হ’ব৷ প্ৰধানমন্ত্ৰীয়ে সবৰ চীজ আৰু ৱেই ড্ৰাইং প্লাণ্ট প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে। প্ৰকল্পটোৰ আনুমানিক ব্যয় হ’ব প্ৰায় ৬০০ কোটি টকা। এই উদ্যোগটোত চেডাৰ চীজ (২০ এমটিপিডি), মজাৰেলা চীজ (১০ এমটিপিডি) আৰু প্ৰক্ৰিয়াকৃত চীজ (১৬ এমটিপিডি) প্ৰস্তুত কৰা হ’ব৷ পনীৰ প্ৰস্তুত কৰাৰ সময়ত উৎপন্ন হোৱা ৱেই ড্ৰাইং প্লাণ্টত শুকুৱাব লাগিব, যাৰ ক্ষমতা ৪০ এমটিপিডি। সবৰ দুগ্ধপাম গুজৰাট সমবায় দুগ্ধ বিপণন ফেডাৰেচন (জিচিএমএমএফ)ৰ এটা অংশ, যিটোৱে আমুল ব্ৰেণ্ডৰ অধীনত গোটেই ৰেঞ্জৰ দুগ্ধ আৰু দুগ্ধজাত সামগ্ৰী প্ৰস্তুত আৰু বিপণন কৰে। | সবৰকণ্ঠত সবৰ দুগ্ধপামত ১,০০০ কোটিতকৈ অধিক টকা মূল্যৰ বিভিন্ন প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী মোদী |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A6%E0%A6%BF%E0%A6%B2%E0%A7%8D%E0%A6%B2%E0%A7%80%E0%A7%B0-%E0%A6%89%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A6%AE%E0%A7%80-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%95%E0%A6%BE%E0%A7%B0%E0%A7%8D/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A6%E0%A6%BF%E0%A6%B2%E0%A7%8D%E0%A6%B2%E0%A7%80%E0%A7%B0-%E0%A6%89%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A6%AE%E0%A7%80-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%95%E0%A6%BE%E0%A7%B0%E0%A7%8D/ | কেন্দ্ৰীয় কেবিনেটত মোৰ সহকৰ্মী শ্ৰী মান নাৰায়ণ ৰাণেজী, কেবিনেটৰ আন সকলো সদস্য, দেশৰ বিভিন্ন ৰাজ্যৰ মন্ত্ৰী, সমগ্ৰ দেশৰ এমএছএমই খণ্ডৰ সৈতে জড়িত মোৰ সকলো উদ্যোগী ভাই-ভনী, আন সকলো গণ্যমান্য ব্যক্তি, ভদ্ৰমহিলা আৰু ভদ্ৰপুৰুষসকল, আমাক আমাৰ শৈশৱৰ পৰা এটা শ্লোক শিকোৱা হৈছে, আৰু আমি সকলোৱে এইটো শুনিছো… उद्यमेन ही सिध्यन्ति, कार्याणि ना मनौरथे: অৰ্থাৎ, কেৱল চিন্তা কৰি একো নহয়, আৰু চিন্তাবিদৰ কোনো অভাৱ নাই, উদ্যমতাত হে সিদ্ধি লাভ কৰা হয়। যদি মই আজিৰ সময় অনুসৰি এই শ্লোকটোৰ মনোভাৱ অলপ সলনি কৰোঁ, মই ক'ম যে কেৱল এমএছএমইৰ উদ্যোগৰ জৰিয়তেহে স্বাৱলম্বী ভাৰতৰ অভিযান প্ৰাপ্ত কৰিব, ভাৰতক শক্তিশালী কৰা হ'ব। ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগী বুলি ক'বলৈ গ'লে, কিন্তু একবিংশ শতিকাৰ ভাৰতে প্ৰাপ্ত কৰিব লগা উচ্চতাত আপোনালোক সকলোৰে ভূমিকা অতি গুৰুত্বপূৰ্ণ। ভাৰতৰ ৰপ্তানি বৃদ্ধি হৈ আছে, ভাৰতৰ সামগ্ৰীবোৰ নতুন বজাৰত উপনীত হোৱাটো অতি গুৰুত্বপূৰ্ণ, যাতে দেশৰ এমএছএমই খণ্ডশক্তিশালী হয়। আমাৰ চৰকাৰে আপোনালোকৰ শক্তি, এই খণ্ডৰ অপৰিসীম সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি সিদ্ধান্ত লৈছে, নতুন নীতি প্ৰস্তুত কৰিছে। আমাৰ দেশৰ প্ৰতিখন জিলাতে, আমাৰ দেশৰ প্ৰতিটো প্ৰান্তত, যিবোৰ আমাৰ আশ্চৰ্যকৰ সামগ্ৰী, আমি সেই স্থানীয় সামগ্ৰীবোৰ বিশ্বব্যাপী কৰাৰ সংকল্প লৈছো। মেক ইন ইণ্ডিয়াৰ বাবে এক স্থানীয় যোগান শৃংখলা সৃষ্টি কৰাৰ প্ৰয়াস কৰা হৈছে, যি বিদেশৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা হ্ৰাস কৰিব পাৰে। সেয়েহে, এতিয়া, এমএছএমই খণ্ডৰ সম্প্ৰসাৰণৰ ওপৰত অভূতপূৰ্ব গুৰুত্ব দিয়া হৈছে। এই সন্দৰ্ভত আজি বহুতো নতুন আঁচনি আৰম্ভ কৰা হৈছে। হাজাৰ হাজাৰ কোটি টকাৰ এই আঁচনিবোৰ এমএছএমইৰ মানদণ্ড আৰু প্ৰচাৰৰ সৈতে সম্পৰ্কিত। এমএছএমই পৰিস্থিতিতন্ত্ৰক অধিক শক্তিশালী কৰাৰ বাবে প্ৰায় ৬,০০০ কোটি টকাৰ ৰেম্প আঁচনি হওঁক, প্ৰথমবাৰৰ বাবে ৰপ্তানিকৰ্তাসকলক উৎসাহিত কৰাৰ কাৰ্যসূচী হওক, আৰু প্ৰধানমন্ত্ৰীৰ নিযুক্তি সৃষ্টি কাৰ্যসূচীৰ পৰিসৰ সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্তই হওক, চৰকাৰৰ এই গুৰুত্বপূৰ্ণ প্ৰচেষ্টাই ভাৰতৰ এমএছএমই খণ্ডক অধিক গতি প্ৰদান কৰিব। অলপ আগতে, আপোনালোকৰ সন্মুখত ডিজিটেলভাৱে দেশৰ ১৮ হাজাৰ এমএছএমইলৈ ৫০০ কোটি টকাৰো অধিক পৰিমাণ স্থানান্তৰ কৰা হৈছে, ইতিমধ্যে তেওঁলোকৰ একাউণ্টলৈ ধন গুচি গৈছে। ৫০,০০০ কোটি টকাৰ আত্ম-নিৰ্ভৰশীলতা ইণ্ডিয়া পুঁজিৰ অধীনত এমএছএমইৰ বাবে ১৪০০ কোটি টকাৰ অধিক পৰিমাণ মুকলি কৰা হৈছে। সকলো হিতাধিকাৰীলৈ, সমগ্ৰ এমএছএমই খণ্ডলৈ, মই তেওঁলোকক অভিনন্দন জনাইছো আৰু শুভকামনা জনাইছো। মঞ্চলৈ অহাৰ ঠিক আগতে, মই বহুতো সহকৰ্মীৰ সৈতে বাৰ্তালাপ কৰাৰ সুযোগ পাইছিলো আৰু মই সেই লোকসকলৰ সৈতে কথা পাতি আছিলো যিসকলে চৰকাৰৰ কোনো বা আন আঁচনিৰ পৰা লাভান্বিত হৈছিল। এতিয়া তেওঁলোকে তেওঁলোকৰ প্ৰতিভা, তেওঁলোকৰ কঠোৰ পৰিশ্ৰম, তেওঁলোকৰ দক্ষতাৰে এক নতুন পৃথিৱী গঢ়ি তুলিছে। কথোপকথনৰ সময়ত, মই যি ধৰণৰ আত্মবিশ্বাস দেখিছিলো, সেয়া আমাৰ মাতৃ, ভগ্নী আৰু আমাৰ ছোৱালীসকলৰ মাজত দেখা পাইছো। মই সেই সকলো উদ্যোগীৰ মাজত যি অনুভৱ কৰি আছিলো সেয়া আছিল আত্মবিশ্বাসৰ অনুভূতি আৰু আত্মনিৰ্ভৰশীল ভাৰতৰ অভিযানত এক নতুন শক্তি। সম্ভৱতঃ মোৰ ওচৰত অধিক সময় থাকিলে, মই তেওঁলোকৰ সৈতে অধিক সময় কথা পাতি থাকিলোহেঁতেন। এইটো এটা অতি আনন্দদায়ক অভিজ্ঞতা আছিল। আজি, বহু সতীৰ্তই পুৰস্কাৰ লাভ কৰিছে। মই বঁটা লাভ কৰা সতীৰ্থসকলক অভিনন্দন জনাইছো, কিন্তু যেতিয়া বঁটা প্ৰদান কৰা হয়, প্ৰত্যাশাবোৰ অলপ বাঢ়ি যায়। আপোনালোকে যি কৰিছে তাৰ সৈতে, আপোনালোকে বহুতক অনুপ্ৰাণিত কৰে আৰু আমি এতিয়া আগবাঢ়িব লগা এক পৰিৱেশ সৃষ্টি কৰোঁ আহক। বন্ধুসকল, আপোনালোকে এইটোও জানে যে যেতিয়া আমি এমএছএমই বুলি কও, ই কাৰিকৰী ক্ষেত্ৰত সূক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ ক্ষেত্ৰত সম্প্ৰসাৰিত হয়। কিন্তু এই সুক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগবোৰ ভাৰতৰ বিকাশ যাত্ৰাৰ এক বৃহৎ আধাৰ। ভাৰতৰ অৰ্থনীতিৰ প্ৰায় এক-তৃতীয়াংশ এমএছএমই খণ্ডৰ অংশ। সৰল ভাষাত, যদি ভাৰতে আজি ১০০ টকা উপাৰ্জন কৰে, তেন্তে মোৰ এমএছএমই খণ্ডলৈ ৩০ টকা আহে। এমএছএমই খণ্ডক শক্তিশালী কৰাৰ অৰ্থ হৈছে সমগ্ৰ সমাজক শক্তিশালী কৰা, সকলোকে উন্নয়নৰ লাভালাভৰ অংশীদাৰ কৰা, সকলোকে আগুৱাই নিয়া। এই খণ্ডৰ সৈতে জড়িত কোটি কোটি অংশীদাৰ দেশৰ গ্ৰাম্য অঞ্চলৰ পৰা আহে। সেয়েহে, এমএছএমই খণ্ড, সুক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ হৈছে চৰকাৰৰ শীৰ্ষ অগ্ৰাধিকাৰসমূহৰ ভিতৰত অন্যতম। বন্ধুসকল, আজি সমগ্ৰ বিশ্ব ভাৰতৰ অৰ্থনীতিৰ গতিৰ দ্বাৰা প্ৰভাৱিত হৈছে আৰু আমাৰ এমএছএমই খণ্ডই এই গতিত এক বৃহৎ ভূমিকা পালন কৰিব লাগিব। সেয়েহে, বৃহত্তৰ অৰ্থনীতি শক্তিশালী কৰাৰ বাবে আজিৰ এমএছএমইবোৰ অত্যাৱশ্যকীয়। ভাৰতে আজি যি ৰপ্তানি কৰি আছে তাৰ এক বৃহৎ অংশ এমএছএমই খণ্ডৰ। সেইকাৰণে আজি সৰ্বাধিক ৰপ্তানিৰ বাবে এমএছএমই অপৰিহাৰ্য। যোৱা আঠ বছৰত, আমাৰ চৰকাৰে এমএছএমই খণ্ড শক্তিশালী কৰিবলৈ বাজেট ৬৫০ শতাংশতকৈও অধিক বৃদ্ধি কৰিছে। আৰু সেয়েহে আমাৰ বাবে এমএছএমই ৰ অৰ্থ হৈছে – সুক্ষ্ম ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগবোৰক সৰ্বাধিক সমৰ্থন! এই খণ্ডৰ ১১ কোটিৰো অধিক লোক ইয়াৰ সৈতে প্ৰত্যক্ষভাৱে পৰোক্ষভাৱে জড়িত। সেইকাৰণে এমএছএমইবোৰ আজি সৰ্বাধিক নিযুক্তিৰ বাবে অতি গুৰুত্বপূৰ্ণ। সেয়েহে যেতিয়া ১০০ বছৰৰ ভিতৰত আটাইতকৈ ডাঙৰ সংকট আমাৰ সন্মুখত উপস্থিত হৈছিল, আমি আমাৰ ক্ষুদ্ৰ উদ্যোগবোৰৰ লগতে তেওঁলোকক নতুন শক্তি প্ৰদান কৰাৰ সিদ্ধান্ত লৈছিলো। কেন্দ্ৰীয় চৰকাৰে জৰুৰীকালীন ক্ৰেডিট লাইন গেৰাণ্টি আঁচনিৰ অধীনত এমএছএমইৰ বাবে ৩.৫ লাখ কোটি টকাৰ সাহায্য নিশ্চিত কৰিছে। এক প্ৰতিবেদন অনুসৰি, ইয়াৰ দ্বাৰা প্ৰায় ১.৫ কোটি চাকৰি ৰক্ষা কৰা হৈছিল, যি হৈছে এক অতি ডাঙৰ সংখ্যা। এইটো পৃথিৱীৰ বহুতো দেশৰ জনসংখ্যাতকৈ বহুত ডাঙৰ সংখ্যা। দুৰ্যোগৰ সময়ত লাভ কৰা একেই সহায়ে দেশৰ এমএছএমইএছ খণ্ডক আজি নতুন চাকৰি সৃষ্টি কৰিবলৈ উৎসাহিত কৰিছে। আমি এই বছৰৰ বাজেটত জৰুৰীকালীন ক্ৰেডিট লাইন গেৰাণ্টি আঁচনিখন অহা বছৰৰ মাৰ্চলৈ বৃদ্ধি কৰাৰ কথাও ঘোষণা কৰিছো। ইয়াৰ অধীনত তেওঁলোকৰ বাবে ৫০,০০০ কোটি টকাৰ পৰা এতিয়া ৫ লাখ কোটি টকালৈ বৃদ্ধি কৰা হৈছে, যি ১০ গুণ অধিক। বন্ধুসকল, স্বাধীনতাৰ এই অমৃত কালত, আমাৰ এমএছএমইবোৰ ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ বিশাল লক্ষ্য প্ৰাপ্ত কৰাৰ এক উৎকৃষ্ট মাধ্যম। এটা সময় আছিল যেতিয়া পূৰ্বৰ চৰকাৰবোৰে এই খণ্ডৰ শক্তিক বিশ্বাস কৰা নাছিল, এই খণ্ডটোক এক প্ৰকাৰে বান্ধি ৰাখিছিল, ইয়াক তেওঁলোকৰ ভাগ্যৰ ওপৰত এৰি দিছিল। যদি তেওঁলোকে নিজে কিবা কৰিব পাৰে, তেন্তে সেইটো কৰক, যদি তেওঁলোকে সুযোগ পায়, তেন্তে আগবাঢ়ি যাওক। আমি সৰু উদ্যোগবোৰ সৰু কৰি ৰাখিছিলো, যিমানেই সম্ভাৱনা নহওঁক কিয়! ক্ষুদ্ৰ উদ্যোগবোৰৰ বাবে ইমান সৰু সংজ্ঞা নিৰ্ধাৰণ কৰা হৈছিল যে আপোনালোক সকলোৰে ওপৰত সদায় এই চাপ আছিল যে যদি আপোনালোকে ইয়াতকৈ অধিক ব্যৱসায় কৰে, তেন্তে উপলব্ধ সুবিধাবোৰ পোৱা বন্ধ হ'ব। গতিকে সুযোগ থাকিলেও, তেলোকে বিকশিত হ’ব নিবিচাৰিছিল, যদি তেওঁলোক বিকশিত হৈছিলো, তেন্তে ইয়াক কাগজত আহিবলৈ দিয়া হোৱা নাছিল। আৰু ই নিযুক্তিৰ ওপৰতো ডাঙৰ প্ৰভাৱ পেলাইছিল। যি কোম্পানীয়ে অধিক লোকক নিযুক্তি দিব পাৰে তেওঁলোকেও বেছি নিযুক্তি দিয়া নাছিল যাতে ই সুক্ষ্ম আৰু ক্ষুদ্ৰ উদ্যোগৰ সীমা অতিক্ৰম কৰে! তেওঁলোক এই উত্তেজনাত আছিল যে ইয়াৰ পৰা সংখ্যা বৃদ্ধি কৰিব নালাগে। এই চিন্তা ধাৰণ আৰু এই নীতিবোৰৰ বাবে, ইমানবোৰ উদ্যোগৰ বিকাশ আৰু প্ৰগতি স্থবিৰ হৈ পৰিছিল। আমি এই বাধা অতিক্ৰম কৰিবলৈ এমএছএমইৰ সংজ্ঞা সলনি কৰিছিলো আৰু একে সময়তে ক্ষুদ্ৰ, সুক্ষ্ণ আৰু মজলীয়া উদ্যোগৰ প্ৰয়োজনীয়তাৰ যত্ন লৈছিলো। আমি নিশ্চিত কৰিছিলো যে এই উদ্যোগবোৰৰ বিকাশ অব্যাহত থাকিব আৰু প্ৰয়োজনীয় লাভালাভ আৰু সমৰ্থন লাভ কৰি থাকিব। যদি এটা উদ্যোগ আগবাঢ়িব বিচাৰে, সম্প্ৰসাৰিত হ'ব বিচাৰে, চৰকাৰে কেৱল ইয়াৰ সৈতে সহযোগিতা কৰাই নহয়, লগতে নীতিবোৰত প্ৰয়োজনীয় পৰিৱৰ্তনো কৰিছে। আজি, পাইকাৰী ব্যৱসায়ী হওক, খুচুৰা ব্যৱসায়ী হওক, খুচুৰা বিক্ৰেতা হওক, তেওঁলোক সকলোৱে এমএছএমইৰ নতুন সংজ্ঞাৰ অধীনত অগ্ৰাধিকাৰ খণ্ডৰ ঋণৰ অধীনত ঋণ লাভ কৰি আছে। আৰু আপোনালোকে জানে নে ইয়াৰ অৰ্থ কি। উৎপাদন আৰু সেৱা খণ্ডৰ মাজৰ ব্যৱধানো দূৰ কৰা হৈছে। আজি এমএছএমইবোৰে জিইএমৰ জৰিয়তে চৰকাৰক সামগ্ৰী আৰু সেৱা প্ৰদান কৰাৰ বাবে এটা বৃহৎ মঞ্চ লাভ কৰিছে। আৰু মই, আপোনালোক সকলোকে, আপোনালোকৰ সহকৰ্মীসকলৰ পৰা আৰু আপোনালোকৰ জৰিয়তে, আপোনালোকৰ সকলো সংগঠন এমএছএমইৰ খণ্ডত থাকিব লাগে, সৰু সৰু লোক, আপুনি জিইএম পৰ্টেলত পঞ্জীয়ন কৰিব লাগিব। এবাৰ জিইএম পৰ্টেলত থাকিলে, চৰকাৰে যিকোনো সামগ্ৰী কিনাৰ বাবে প্ৰথমে তালৈ যাব লাগিব। আপুনি যদি কয় যে মই দিব নোৱাৰিম, তেতিয়া তেওঁলোক আন কৰবালৈ যাব। ইমান ডাঙৰ সিদ্ধান্ত আৰু চৰকাৰ এক বৃহৎ ক্ৰেতা। তেওঁলোকক বহুতো বস্তুৰ প্ৰয়োজন। আৰু আপোনালোক প্ৰস্তুত কৰিব লগা বেছিভাগ বস্তুৰ তেওঁলোক ক্ৰেতা। আৰু সেয়েহে মই বিচাৰো যে আপোনালোকে জিইএম পৰ্টেলত এটা মিছন মোডত প্ৰচাৰ চলাওক। আজি প্ৰায় ৫০-৬০ লাখ লোক ইয়াৰ সৈতে সংযুক্ত হৈ আছে, যিসকল বিক্ৰেতা, এই তিনি-চাৰি কোটি লোক তাত কিয় থাকিব নোৱাৰে। যাতে চৰকাৰেও বস্তুবোৰ কেনেদৰে ল'ব পাৰি তাৰ এক বিকল্পৰ সৃষ্টি হয়। বন্ধুসকল, বিশ্বব্যাপী বজাৰতো, এমএছএমই-ৰ উদ্যোগক দেশৰ মহিমা আৰু উচ্চ কৰি তুলিবলৈ নিৰন্তৰে উৎসাহিত কৰা হৈছে। এই দিশত, প্ৰথমবাৰৰ বাবে এমএছএমই ৰপ্তানিকৰ্তাসকলৰ বাবে নতুন পদক্ষেপ লোৱা হৈছে। বিত্তীয় সহায় হওঁক, প্ৰমাণপত্ৰ সম্পৰ্কীয় সহায় হওঁক, এই সুবিধাবোৰে প্ৰথমবাৰৰ বাবে ৰপ্তানি প্ৰক্ৰিয়া সহজ কৰি তুলিব। আৰু মই বিচাৰো যে আমাৰ মানুহে গোলকীয় বজাৰলৈ চাওক। আপোনালোকৰ কাৰখানাটো অতি সৰু বুলি চিন্তা নকৰিব, চিন্তা নকৰিব, চাই থাকক, পৃথিৱীত এনে কোনোবা থাকিব যি ইয়াৰ বাবে অপেক্ষা কৰি থাকিব। আৰু মই আনকি বিদেশ বিভাগত মোৰ লক্ষ্যক কৈছো যে এতিয়া বিদেশ বিভাগে তেওঁলোকে কৰি অহা কূটনৈতিক কামবোৰ কৰা উচিত, কিন্তু তেওঁলোকে তিনিটা কাম কৰিব লাগিব, মই কোৱা প্ৰতিটো মিছন। মই তিনিটা বস্তু একত্ৰিত কৰি অভিযানটোৰ মূল্যাংকন কৰিম। এটা হ'ল বাণিজ্য, আনটো হৈছে প্ৰযুক্তি আৰু তৃতীয়টো হৈছে পৰ্যটন। যদি আপুনি সেই দেশত ভাৰতৰ প্ৰতিনিধি হয়, তেন্তে আপুনি ক'ব লাগিব যে সেই দেশে ভাৰতৰ পৰা কিমান সামগ্ৰী আমদানি কৰিছে – মই এই হিচাপ ৰাখিম। দ্বিতীয়তে, মই কৈছো যে যদি সেই দেশৰ কিছু ভাল প্ৰযুক্তি আছে, আপুনি ইয়াক ভাৰতলৈ আনিছে নে নাই। আপুনি যি চেষ্টা কৰে, ইয়াক জোখা হ'ব। আৰু তৃতীয়তে, সেই দেশৰ পৰা কিমান জন লোক ভাৰতক চাবলৈ আহিছিল। এইবোৰ হৈছে ৩-টি, আজি অভিযানবোৰ পূৰ্ণ হৈছে। চৰকাৰে আপোনাক সহায় কৰিবলৈ সাজু, কিন্তু আপুনিও আপোনাৰ গাঁৱত, আপোনাৰ ৰাজ্যত, আপোনাৰ দেশত বিক্ৰী কৰাৰ সলনি আপোনাৰ ব্ৰেণ্ড বিশ্ব দৰবাৰলৈ যাব লাগিব ৷ বন্ধুসকল, যোৱা ৮ বছৰত, এমএছএমই খণ্ড ইমান সম্প্ৰসাৰিত হৈছে কিয়নো আমাৰ চৰকাৰে দেশৰ এমএছএমই উদ্যোগীসকলক বিশ্বাস কৰে। আমাৰ উদ্দেশ্য আৰু আমাৰ আনুগত্য অতি স্পষ্ট আৰু ইয়াৰ ফলাফল দৃশ্যমান। আমি কেনেদৰে পৰিৱৰ্তন আনিছো তাৰ এটা উদাহৰণ হ'ল প্ৰধানমন্ত্ৰীৰ নিযুক্তি সৃষ্টি কাৰ্যসূচী। ২০০৮ চনত, যেতিয়া দেশ আৰু সমগ্ৰ বিশ্ব অৰ্থনৈতিক মন্দাৱস্থাৰ কবলত আছিল, এই আঁচনিখন কাৰ্যকৰী কৰা হৈছিল। তেতিয়া দাবী কৰা হৈছিল যে পৰৱৰ্তী চাৰি বছৰত, অৰ্থাৎ ২০০৮ চনত, মই ২০০৮ চনৰ কথা কৈছো, চাৰি বছৰৰ ভিতৰত লাখ লাখ চাকৰি সৃষ্টি কৰা হ'ব। কিন্তু চাৰি বছৰৰ পাছতো, তেতিয়াৰ চৰকাৰে ইয়াৰ লক্ষ্যৰ আধাৰ ওচৰলৈও যাব নোৱাৰিলে। ২০১৪ চনৰ পিছত, আমি নতুন লক্ষ্য নিৰ্ধাৰণ কৰিছো, নতুন পদ্ধতি গ্ৰহণ কৰিছো, আৰু দেশৰ এমএছএমই, দেশৰ যুৱসকলৰ স্বাৰ্থত এই আঁচনিখন ৰূপায়ণ কৰিবলৈ নতুন শক্তিৰ সৈতে জড়িত হৈছো। মাজতে ক’ৰোনাৰ সংকট আহিছিল, আৰু আনকি সৰু সংকটবোৰো আপুনি সমগ্ৰ বিশ্বতে কি চলি আছে দেখিছে। ইয়াৰ স্বত্ত্বেও, বিগত বছৰবোৰত, ৪০ লাখৰো অধিক লোকে এই আঁচনিৰ অধীনত আৰু এমএছএমইৰ জৰিয়তে নিযুক্তি লাভ কৰিছে। এই সময়ছোৱাত, এই উদ্যোগবোৰক প্ৰায় ১৪,০০০ কোটি টকাৰ মাৰ্জিন মানি ৰাজসাহায্য প্ৰদান কৰা হৈছে। ইয়াৰ ফলত দেশত লাখ লাখ নতুন উদ্যোগ আৰম্ভ হৈছে। দেশৰ যুৱ প্ৰজন্মক বৃহৎ সংখ্যক চাকৰি প্ৰদান কৰাৰ বাবে আজি এই আঁচনিত নতুন মাত্ৰা যোগ দিয়া হৈছে। এতিয়া এই আঁচনিৰ আওতালৈ অহা প্ৰকল্পবোৰৰ ব্যয়ৰ সীমা বৃদ্ধি কৰা হৈছে। উৎপাদন খণ্ডত, ইয়াক ২৫ লাখ টকাৰ পৰা ৫০ লাখ টকালৈ বৃদ্ধি কৰা হৈছে, সেৱা খণ্ডত ইয়াক ১০ লাখ টকাৰ পৰা ২০ লাখ টকালৈ বৃদ্ধি কৰা হৈছে, অৰ্থাৎ এক প্ৰকাৰে, দুগুণ। কেৱল এয়াই নহয়, যিবোৰ আমাৰ উচ্চাকাংক্ষী জিলাসমূহৰ ১০০ খনতকৈও অধিক, আজি আমি নিশ্চয় দেখিছোঁ যে উচ্চাকাংক্ষী জিলাসমূহত কৰা কামৰ বাবে আমি আজি তেওঁলোকক সন্মান জনাইছো। কিয়নো যিবোৰ জিলা ৰাজ্যই গণনা কৰা নাছিল, আজি তেওঁলোকৰ এনে শক্তি আহিছে যে ভাৰতে তেওঁলোকক সন্মান জনাব লাগিব। এই পৰিৱৰ্তনটো কেনেদৰে আহিছে তাৰ এটা নমুনা। আৰু আমাৰ উচ্চাকাংক্ষী জিলাৰ যুৱপ্ৰজন্মৰ বাবে আমি কেৱল সেয়াই নহয়, আমাৰ দেশখনে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। যিসকল ট্ৰাঞ্চজেণ্ডাৰ, ঈশ্বৰে তেওঁলোকৰ সৈতে যি কৰিছে, তেওঁলোকে প্ৰথমবাৰৰ বাবে তেওঁলোকক এক বিশেষ মৰ্যাদা দি, তেওঁলোকক আৰ্থিক সহায় প্ৰদান কৰি আৰু তেওঁলোকৰ সামৰ্থ্যৰ সৈতে আগবাঢ়ি যোৱাৰ সুযোগ দি অধিক সুযোগ পাব লাগে, আমি সেই দিশত কাম কৰিছো। বন্ধুসকল, যদি সঠিক নীতি আৰু সকলোৰে প্ৰচেষ্টা থাকে, তেন্তে কেনেকৈ এটা ডাঙৰ পৰিৱৰ্তন হৈছে তাৰ এক ডাঙৰ উদাহৰণ, যেতিয়া আমি এই চিনেমাখন চাই আছিলো, ইয়াত উল্লেখ কৰা হৈছিল, আমাৰ খাদী। স্বাধীনতাৰ আৰম্ভণিতে খাদীক স্মৰণ কৰা হৈছিল। লাহে লাহে খাদী সংকুচিত হৈ নেতাসকলৰ পোছাক হৈ পৰিল, ই কেৱল নেতাসকলৰ বাবেহে বাচি থাকিল। ডাঙৰ কুৰ্তা পিন্ধি, নিৰ্বাচনত যুঁজ দিয়াটো সেইটোৱেই আগতে গৈছিল। আজি, দেশখনে ভালদৰে জানে যে অতীতৰ নীতিবোৰ কি আছিল। এতিয়া, প্ৰথমবাৰৰ বাবে, খাদী আৰু গাওঁ উদ্যোগৰ লেনদেন ১ লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে। এইটো সম্ভৱ হৈছে কিয়নো গাওঁবোৰত আমাৰ ক্ষুদ্ৰ উদ্যোগী, আমাৰ ভগ্নী, আমাৰ ছোৱালীয়ে যথেষ্ট পৰিশ্ৰম কৰিছে। যোৱা ৮ বছৰত, খাদীৰ বিক্ৰী ৪ গুণ বৃদ্ধি পাইছে। যোৱা আঠ বছৰত খাদী আৰু গাওঁ উদ্যোগত ১.৫ কোটিতকৈও অধিক সতীৰ্থৰ বাবে নিযুক্তিৰ সুযোগ সৃষ্টি কৰা হৈছে। এতিয়া ভাৰতৰ খাদী স্থানীয় লোকৰ পৰা বিশ্বব্যাপী হৈ উঠিছে, বিদেশী ফেশ্বন ব্ৰেণ্ডবোৰো খাদীৰ প্ৰতি আকৰ্ষিত হৈছে, আমি ইয়াক বিশ্বাস কৰা উচিত। যদি আমি বিশ্বাস নকৰোঁ, তেন্তে বিশ্বই কিয় বিশ্বাস কৰিব? আপুনি আপোনাৰ ঘৰত আপোনাৰ সন্তানক সন্মান নকৰিব আৰু আপুনি বিচাৰে যে চুবুৰীয়াসকলে এইটো কৰক, হয়তো কি হ'ব পাৰে। নতুন খণ্ডৰ পৰা, নতুন বজাৰৰ বাবে নতুন পথ সৃষ্টি কৰা হৈছে, যি ক্ষুদ্ৰ উদ্যোগবোৰৰ বাবে যথেষ্ট লাভান্বিত হৈছে। বন্ধুসকল, উদ্যোগ- উদ্যোগশীলতা আজি আমাৰ গাওঁ, দৰিদ্ৰ, সৰু চহৰ আৰু চহৰৰ পৰিয়ালৰ বাবে এক সহজ বিকল্প হৈ পৰিছে। ইয়াৰ এটা মুখ্য কাৰণ হ'ল ঋণ পোৱাৰ সহজতা। ২০১৪ চনৰ আগতে, সাধাৰণ মানুহৰ বাবে ভাৰতৰ বেংকৰ দুৱাৰত উপস্থিত হোৱাটো অতি কঠিন আছিল। গেৰাণ্টি অবিহনে বেংকৰ পৰা ঋণ পোৱাটো প্ৰায় অসম্ভৱ আছিল। গাওঁখনৰ দৰিদ্ৰ, ভূমিহীন, ক্ষুদ্ৰ কৃষক, সৰু দোকানী, আৰু তেওঁলোকে গেৰাণ্টি অবিহনে কি কৰিব তাৰ নিশ্চয়তা কোনে দিব? তেওঁ ঋণদাঁতাৰ ওচৰলৈ যাবলগীয়া হৈছিল। বেংকবোৰে ঋণ দিয়া নাছিল আৰু যেতিয়া তেওঁলোকে আন ঠাইৰ পৰা লৈছিল, তেওঁলোকে সূতৰ বাবে মৰিবলগীয়া হৈছিল। তেওঁলোক ঋণৰ বোজাত ভাৰাক্ৰান্ত হৈছিল আৰু সেয়েহে তেওঁলোকে অতি প্ৰতিৰক্ষামূলক জীৱন যাপন কৰিবলৈ বাধ্য হৈছিল। এনে পৰিস্থিতিত গাওঁখনত বাস কৰা লোকসকল, দৰিদ্ৰ, দলিত, বঞ্চিত, শোষিত, পিছপৰা, জনজাতীয়, তেওঁলোকৰ পুত্ৰ-কন্যাসকলে স্ব-নিযুক্তিৰ কথা ভবা নাছিল, তেওঁলোকে চাকৰিৰ বাবে চহৰলৈ যাব লগা হৈছিল আৰু বিপৰ্যস্ত জীৱন যাপন কৰিবলগীয়া হৈছিল। এতিয়া আমাৰ ভগ্নী আৰু কন্যাসকলে নতুন বিকল্প লৈ আহিছে। সেই সীমিত বিকল্পবোৰৰ সৈতে, আমি সেইবোৰ বাহিৰলৈ উলিয়াবলৈ চেষ্টা কৰিছো। বন্ধুসকল, দেশৰ ইমান ডাঙৰ দ্ৰুত বিকাশ কেৱল সকলোকে লগত লৈহে হ'ব পাৰে। সেয়েহে ২০১৪ চনত সবকা সাথ, সবকা বিকাশৰ মন্ত্ৰ অনুসৰণ কৰি আমি এই পৰিসৰটো সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত লৈছিলো। ইয়াৰ বাবে, আমি সংস্কাৰৰ পথ, নতুন প্ৰতিষ্ঠান সৃষ্টি, দক্ষতা বিকাশ আৰু ঋণৰ প্ৰৱেশাধিকাৰ বাছনি কৰিছো। প্ৰতিজন ভাৰতীয়ৰ বাবে উদ্যোগক আৰামদায়ক কৰি তোলাত মুদ্ৰা আঁচনিৰ এক বৃহৎ ভূমিকা আছে। গেৰাণ্টি অবিহনে বেংক ঋণৰ এই আঁচনিয়ে মহিলা উদ্যোগী, মোৰ দলিত, পিছফালৰ, দেশৰ জনজাতীয় উদ্যোগী সকলৰ এক বৃহৎ অংশ সৃষ্টি কৰিছে আৰু দূৰৱৰ্তী গাওঁবোৰত নতুন এলেকাত কৰিছে। এতিয়ালৈকে, এই আঁচনিৰ অধীনত প্ৰায় ১৯ লাখ কোটি টকা ঋণ হিচাপে দিয়া হৈছে। আৰু যিসকলে ঋণ লৈছে, তেওঁলোকৰ ভিতৰত প্ৰায় ৭০ নিযুত উদ্যোগী আছে যিয়ে প্ৰথমবাৰৰ বাবে এটা উদ্যোগ আৰম্ভ কৰিছে, আৰু তেওঁলোক এজন নতুন উদ্যোগী হৈ পৰিছে। অৰ্থাৎ মুদ্ৰা আঁচনিৰ সহায়ত ৭ কোটিতকৈও অধিক অংশীদাৰ প্ৰথমবাৰৰ বাবে স্ব-নিযুক্তিৰ সৈতে জড়িত হৈ আছে। আৰু ই কেৱল নিজৰ সৈতে সম্পৰ্কিত নহয়, কোনোবাই এজনক নিযুক্তি দিছে, কোনোবাই দুজনক, কোনোবাই ইয়াত তিনিটা চাকৰি দিছে, তেওঁলোকে চাকৰি বিচৰা নাই, তেওঁলোক চাকৰি সৃষ্টিকৰ্তা হৈ পৰিছে। বন্ধুসকল, এইটোও বিশেষ যে মুদ্ৰা আঁচনিৰ অধীনত দিয়া প্ৰায় ৩৬ কোটি ঋণৰ ভিতৰত, প্ৰায় ৭০ শতাংশ ঋণ, এয়া অধিক সুখৰ বিষয়, আৰু দেশখন কেনেদৰে সলনি হৈছে, দেশখন কেনেদৰে বৃদ্ধি হৈ আছে তাৰ এইটো আটাইতকৈ ডাঙৰ উদাহৰণ… প্ৰদান কৰা ঋণৰ ভিতৰত, ৭০ শতাংশ মহিলা উদ্যোগী। কল্পনা কৰক, এই এটা আঁচনিৰ জৰিয়তে আমাৰ কিমানগৰাকী ভগ্নী আৰু কন্যা উদ্যোগী হৈছে, স্ব-নিযুক্তিৰ সৈতে সম্পৰ্কিত আৰু তাৰ বাবে, তেওঁলোক নিশ্চিত হৈ পৰিছে, পৰিয়ালত তেওঁলোকৰ মৰ্যাদা, সমাজত সৃষ্টি হোৱা সন্মান, ইয়াক গণনা কৰিব নোৱাৰি, ইয়াক গণনা কৰিব নোৱাৰি, বন্ধুসকল। বন্ধুসকল, এমএছএমই খণ্ডটো সম্পূৰ্ণৰূপে আনুষ্ঠানিক নহ'ব পাৰে কিন্তু ঋণৰ প্ৰৱেশাধিকাৰ আনুষ্ঠানিক হৈ আছে। যিসকলে ভাৰতৰ অৰ্থনীতিৰ মূল্যাংকন কৰে তেওঁলোকে এই দিশটো বেছি আলোচনা নকৰে। আৰু ইয়াত, আমি ১০-২০ হাজাৰ টকাৰ কথা কোৱা নাই, যাক আগতে মাইক্ৰ'ফাইনেন্স হিচাপে গণ্য কৰা হৈছিল। ইয়াত আমি ৫০ হাজাৰৰ পৰা ১০ লাখ টকাৰ গেৰাণ্টি বিনামূলীয়া বিত্তৰ কথা কৈছো, যি আজি মহিলা উদ্যোগীসকলৰ ওচৰত উপস্থিত হৈ আছে। অৰ্থাৎ, প্ৰথমতে য'ত মহিলা উদ্যোগৰ বাবে মাইক্ৰ'ফাইনেন্স কেৱল পশুপালন, এম্ব্ৰইডাৰী আৰু বয়নৰ বাবে ব্যৱহাৰ কৰা হৈছিল… মোৰ মনত আছে যেতিয়া আমি গুজৰাটত আছিলো, কেতিয়াবা চৰকাৰৰ এনে আঁচনি আহিছিল, কুকুৰাৰ বাবে টকা দিছিল আৰু তাৰ পিছত কৈছিল – কুকুৰা লওক, ইমানবোৰ কণী হ’ব আৰু তেওঁ ঋণ লৈছিল, পাঁচটা কুকুৰা আনিছিল আৰু সন্ধিয়া ৰঙা গাড়ী থকা বিষয়াসকল আহি কৈছিল যে তেওঁলোক ৰাতি থাকিব লাগিব। এতিয়া ৰাতি থকা মানে কি বুজায়, পাঁচটাৰ ভিতৰত দুটা নাইকিয়া হ’ল। আমি সকলোৱে এইবোৰ দেখিছোঁ। আজি, সময় সলনি হৈছে, মোৰ বন্ধুসকল। সকলোবোৰ ইমান সৰু বস্তুতে সীমাবদ্ধ আছিল। আমি মুদ্ৰা আঁচনিৰ জৰিয়তে গোটেই গ্ৰাফটো সলনি কৰিলোঁ, ইয়াক উচ্চ কৰি তুলিলোঁ। আপোনাক ১০ লাখ টকাৰ প্ৰয়োজন, লৈ লওক… । মই এইটো জানি ও অতি আনন্দিত হৈছিলো যে এণ্টাৰপ্ৰাইজ পৰ্টেলত পঞ্জীয়ন কৰা মুঠ এমএছএমইৰ প্ৰায় ১৮ শতাংশ মহিলা, যিটো নিজেও এক অতি ভাল কথা। এই অংশীদাৰীত্ব বৃদ্ধিৰ বাবে, আমি একেলগে কাম কৰিব লাগিব। বন্ধুসকল, উদ্যোগৰ ক্ষেত্ৰত এই সামগ্ৰিকতা, এই অৰ্থনৈতিক অন্তৰ্ভুক্তি সঁচাকৈয়ে সামাজিক ন্যায় হিচাপে বিবেচিত হৈছে। আপুনি কেতিয়াবা ভাবিছিলনে যে যিসকল সহকৰ্মীয়ে ৰেল, ষ্টল, ট্ৰেকত সৰু কাম কৰে, তেওঁলোকে বেংকৰ পৰা ঋণ পাব? মই অতি আত্মবিশ্বাসেৰে কওঁ যে বছৰ বছৰ ধৰি তেওঁৰ ঘৰলৈ পাচলি বিতৰণ কৰা বেংক মেনেজাৰজনক, যি বছৰ ধৰি তেওঁৰ সৈতে বাতৰি কাকত খন ৰাখি আহিছে, সেই বেংকাৰজনেও ঋণ দিব পাৰে। ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁৰ অবিশ্বাস আছিল, ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ কিবা এটা পাব, কিন্তু এইটো চিন্তাৰ এক পৰিসৰ হৈ পৰিছিল যে তেওঁ ইয়াৰ পৰা ওলাই আহিব নোৱাৰে। আজি, তেওঁলোকে বেংকৰ দুৱাৰত থিয় হৈ আছে, তেওঁলোকক গেৰাণ্টি অবিহনে টকা দিয়া হৈছে আৰু ইয়াৰ নাম স্বনিধি। আজি প্ৰধানমন্ত্ৰী স্বনিধি যোজনাৰ অধীনত এনে লাখ লাখ সহযোগীয়ে কেৱল ঋণ লাভ কৰাই নহয়, লগতে তেওঁলোকৰ ক্ষুদ্ৰ ব্যৱসায় বৃদ্ধি কৰাৰ উপায়ও বিচাৰি পাইছে। গাওঁখনৰ পৰা চহৰলৈ অহা আমাৰ সহকৰ্মীসকল, চৰকাৰে তেওঁলোকক এজন সংগীৰ দৰে সমৰ্থন কৰি আছে আৰু তেওঁলোকে তেওঁলোকৰ পৰিয়ালক দৰিদ্ৰতাৰ দুষ্ট চক্ৰৰ পৰা উলিয়াবলৈ কঠোৰ পৰিশ্ৰম কৰি আছে। মই দেশৰ এমএছএমই খণ্ডক চৰকাৰৰ এই আঁচনিসমূহৰ সম্পূৰ্ণ সুবিধা ল'বলৈ অনুৰোধ জনাইছো। আৰু মই আপোনাৰ সংগঠনলৈ যাম। আজিৰ পৰা, মই চাবলৈ আৰম্ভ কৰিম যে এই সপ্তাহত জিইএম পৰ্টেলত এক কোটি লোক অধিক বৃদ্ধি পাইছে নেকি, মই চাব বিচাৰো যে ই বৃদ্ধি পাইছে নে নাই। মাত্ৰ সংগঠনৰ লোকসকলৰ ক্ষেত্ৰলৈ আহক। যদি আপুনি যোগদান কৰে, চৰকাৰে ইয়াক আপোনাৰ পৰা ল'বলৈ সাজু। চৰকাৰক কওঁক, মই এইটো কৰিম, লম। আপুনি চাব, কোনো দ্বিধা নকৰাকৈ, সকলো আঁতৰি যাব। বন্ধুসকল, মোৰ ভাল লাগিছে, মই সন্মান দিয়াৰ সুযোগ পাইছো। ইয়াৰ অৰ্থ এইটো নহয় যে আন মানুহে নকৰে। আপোনালোকে প্ৰস্তুতি কৰক, পৰৱৰ্তী বাৰ মই আপোনালোকক সন্মান দিয়াৰ সুযোগ যাতে পাওঁ। মোৰ ওচৰত আকৰ্ষণীয় লোকসকলক সন্মান কৰাৰ সুযোগ আছে। উন্নতিৰ অধিক শিখৰ লাভ কৰক। আপোনালোক সকলোলৈ অশেষ শুভকামনা থাকিল ৷ অশেষ ধন্যবাদ ৷ | দিল্লীৰ ‘উদ্যমী ভাৰত’ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8-%E0%A6%A6%E0%A6%BF%E0%A6%B2%E0%A7%8D%E0%A6%B2%E0%A7%80%E0%A6%A4-%E0%A6%B2%E0%A6%BE%E0%A6%9A%E0%A6%BF%E0%A6%A4-%E0%A6%AC%E0%A7%B0%E0%A6%AB%E0%A7%81%E0%A6%95-2/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8-%E0%A6%A6%E0%A6%BF%E0%A6%B2%E0%A7%8D%E0%A6%B2%E0%A7%80%E0%A6%A4-%E0%A6%B2%E0%A6%BE%E0%A6%9A%E0%A6%BF%E0%A6%A4-%E0%A6%AC%E0%A7%B0%E0%A6%AB%E0%A7%81%E0%A6%95-2/ | মহান নায়ক লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তী উপলক্ষে দেশৰ ৰাজধানীলৈ অহা আৰু ইয়াত সমৱেত হোৱা আপোনালোক সকলোকে মোৰ আন্তৰিক অভিবাদন আৰু সেৱা জনাইছো। অসমৰ ৰাজ্যপাল শ্ৰী জগদীশ মুখী জী, জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা জী, কেন্দ্ৰ তথা মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ সৰ্বানন্দ সোণোৱাল জী, বিধানসভাৰ অধ্যক্ষ শ্ৰীমান বিশ্বজিৎ জী, ৰিটায়াৰ্ড চিফ জাষ্টিচ ৰঞ্জন গগৈ, তপন কুমাৰ গগৈ জী, অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা জী, সাংসদগণ, আৰু এই কাৰ্যক্ৰমত অন্তৰ্ভুক্ত, আৰু দেশ-বিদেশত অসম সংস্কৃতিৰে সংযুক্ত সকলো মহানুভৱ। সকলোতকৈ আগত মই অসমৰ সেই মহান ভূমিক প্ৰণাম জনাইছো, যি মা ভাৰতীক লাচিত বৰফুকনৰ দৰে অদম্য বীৰ দিলে। কালি সমগ্ৰ দেশত বীৰ লাচিত বৰফুকনৰ ৪০০তম জন্ম জয়ন্তী পালন কৰা হয়। এই উপলক্ষে দিল্লীত ৩ দিনৰ বিশেষ কাৰ্যক্ৰমৰ বিশেষ আয়োজন কৰা হৈছে। এয়া মোৰ সৌভাগ্য যে এই কাৰ্যক্ৰমৰ সৈতে সংযুক্ত হোৱাৰ মই সুযোগ পালো। মোক কোৱা হৈছে যে এই কাৰ্যক্ৰমত অন্তৰ্ভুক্ত হ'বলৈ বৃহৎ সংখ্যাত অসমৰ লোকো এই কেইদিনত দিল্লীলৈ আহিছে। মই আপোনালোক সকলোকে, অসমৰ জনতাক, আৰু ১৩০ কোটি দেশবাসীক এই উপলক্ষে অনেক-অনেক অভিনন্দন জনাইছো, শুভকামনা জনাইছো। বন্ধুসকল, আমি বীৰ লাচিতৰ ৪০০তম জন্ম জয়ন্তী পালনৰ সৌভাগ্য সেই কালখণ্ডত লাভ কৰিছো, যি সময়ত দেশে নিজৰ স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰি আছে। এই ঐতিহাসিক সুযোগ, অসমৰ ইতিহাসৰ এক গৌৰৱপূৰ্ণ অধ্যায়। মই ভাৰতৰ অমৰ সংস্কৃতি, অমৰ শৌৰ্য আৰু অমৰ অস্তিত্বৰ এই পৰ্বত এই মহান পৰম্পৰাক প্ৰণাম জনাইছো। আজি দেশে দাসত্বৰ মানসিকতা এৰি নিজৰ ঐতিহ্যৰ ওপৰত গৌৰৱ কৰাৰ ভাবেৰে পৰিপূৰ্ণ। আজি ভাৰতে কেৱল নিজৰ সাংস্কৃতিক বিবিধতাক উদযাপন কৰি থকা নাই, বৰং নিজৰ সংস্কৃতিৰ ঐতিহাসিক নায়ক-নায়িকাসকলক গৌৰৱেৰে স্মৰণো কৰি আছে। লাচিত বৰফুকনৰ দৰে মহান বিভূতিসকল, ভাৰত মাৰ অমৰ সন্তানসকল, এই অমৃত কালৰ সংকল্প সম্পূৰ্ণ কৰিবলৈ আমাৰ অবিৰত প্ৰেৰণা, নিৰন্তৰ প্ৰেৰণা। তেওঁলোকৰ জীৱনৰ জৰিয়তে আমি নিজৰ পৰিচয়ৰ, নিজৰ আত্মসন্মানৰ বোধো হয়, আৰু এই ৰাষ্ট্ৰৰ বাবে সমৰ্পিত হোৱাৰ শক্তিও পাওঁ। মই এই পূণ্য উপলক্ষত লাচিত বৰফুকনৰ মহান শৌৰ্য আৰু পৰাক্ৰমক নমন কৰিছো। বন্ধুসকল, মানৱ ইতিহাসৰ হাজাৰ হাজাৰ বছৰত পৃথিৱীৰ কিমান যে সভ্যতাই জন্ম ল'লে। সিবিলাকে সফলতাৰ ডাঙৰ ডাঙৰ শিখৰ স্পৰ্শ কৰিলে। এনেকুৱা সভ্যতাও হ'ল, যাক দেখি লাগিছিল যে সেয়া অমৰ, অপৰাজেয়। কিন্তু, সময়ৰ পৰীক্ষাই বহুত সভ্যতাক পৰাস্ত কৰিলে, চূৰ্ণ বিচূৰ্ণ কৰি দিলে। আজি পৃথিৱীয়ে তাৰ অৱশেষৰ জৰিয়তে ইতিহাসৰ অনুমান কৰে। কিন্তু, আনফালে এয়া আমাৰ মহান ভাৰত। আমি অতীতৰ সেই অপ্ৰত্যাশিত ধুমুহাৰ সন্মুখীন হ'লো। আমাৰ পূৰ্ব পুৰুষসকলে বিদেশৰ পৰা অহা আততায়ীৰ অকল্পনীয় আতংক সহিলে, সন্মুখীন হ'ল। কিন্তু, ভাৰত আজিও নিজৰ সেই চেতনা, সেই শক্তি আৰু সেই সাংস্কৃতিক গৌৰৱৰ সৈতে জীৱন্ত হৈ আছে, অমৰত্বৰ সৈতে জীৱন্ত। এনেকুৱা এইবাবেই, কিয়নো ভাৰতত যেতিয়াই কোনো বিপদ আহে, কিবা প্ৰত্যাহ্বান থিয় দিয়ে, তেতিয়া তাৰ মোকাবিলা কৰিবলৈ কোনোবা নহয় কোনোবা বিভূতি অৱতৰিত হৈছে। আমাৰ আধ্যাত্মিক আৰু সাংস্কৃতিক পৰিচয় বচাবলৈ প্ৰত্যেক কালখণ্ডত সন্ত আহিছে, মনীষী আহিছে। ভাৰতক তৰোৱালৰ জোৰেৰে তচনচ কৰাৰ মানসেৰে অহা আক্ৰমণকাৰীক মা ভাৰতীৰ গৰ্ভত জন্ম বীৰসকলে শক্তিশালী ৰূপত মোকাবিলা কৰিলে। লাচিত বৰফুকনো দেশৰ এনেকুৱাই বীৰ যোদ্ধা আছিল। তেওঁ দেখুৱাই দিলে যে কট্টৰতা আৰু আতংকৰ প্ৰত্যেক জুই নুমাই যায়, কিন্তু ভাৰতৰ অমৰ-জ্যোতি, জীৱন-জ্যোতি অমৰ হৈ থাকে। বন্ধুসকল, অসমৰ ইতিহাস, নিজে নিজেই ভাৰতৰ যাত্ৰা আৰু সংস্কৃতিৰ এক অমূল্য সম্পদ। আমি বেলেগ বেলেগ চিন্তা-চিন্তাধাৰাক, সমাজ-সংস্কৃতিক, আস্থা-পৰম্পৰাক একত্ৰিত কৰো। আহোম শাসনত সকলোকে লগত লৈ নিৰ্মিত শিৱসাগৰৰ শিৱদৌল, দেৱী দৌল আৰু বিষ্ণু দৌল আজিও ইয়াৰ উদাহৰণ। কিন্তু, যদি কোনোবাই তৰোৱালৰ জোৰেৰে আমাক সেও মনাব বিচাৰে, আমাৰ শাশ্বত পৰিচয় সলনি কৰিব বিচাৰে, তেন্তে আমি তাৰ উত্তৰ দিবও জানো। অসম আৰু পূৰ্বোত্তৰৰ ভূমি ইয়াৰ সাক্ষী। অসমৰ মানুহে অনেকবাৰ তুৰ্ক, আফগান, মোগলৰ আক্ৰমণৰ মোকাবিলা কৰিলে, আৰু আক্ৰমণকাৰীক খেদি পঠিয়ালে। নিজৰ সমস্ত শক্তি প্ৰয়োগ কৰি মোগলে গুৱাহাটীৰ ওপৰত কব্জা কৰি লৈছিল। কিন্তু, আকৌ এবাৰ লাচিত বৰফুকনৰ দৰে যোদ্ধা আহিল, আৰু অত্যাচাৰী মোগল চুলতানৰ হাতৰ পৰা গুৱাহাটীক স্বাধীন কৰিলে। ঔৰংজেবে পৰাজয়ৰ সেই কালিমা নোহোৱা কৰাৰ যৎপৰোনাস্তি চেষ্টা কৰিলে, কিন্তু তেওঁ চিৰকাল অসফলেই হৈ থাকিল। বীৰ লাচিত বৰফুকনে যি বীৰত্ব দেখুৱালে, শৰাইঘাটত যি সাহস দেখুৱালে, সেয়া মাতৃভূমিৰ বাবে অগাধ প্ৰেমৰ পৰাকাষ্ঠাও আছিল। অসমে নিজৰ সাম্ৰাজ্যৰ প্ৰতিজন নাগৰিকক প্ৰয়োজনত নিজৰ মাতৃভূমিৰ ৰক্ষাৰ বাবে প্ৰস্তুত কৰিছিল। তাৰ প্ৰতিজন যুৱক নিজৰ মাটিৰ চিপাহী আছিল। লাচিত বৰফুকনৰ দৰে সাহস, তেওঁৰ দৰে নিৰ্ভিকতা, এয়াই অসমৰ পৰিচয়। আৰু সেইবাবেই আমি আজিও কওঁ- শুনিছানে ল'ৰাহঁত, লাচিতৰ কথা মোগল বিজয়ী বীৰ, ইতিহাসে লিখা। বন্ধুসকল, আমাৰ হাজাৰ হাজাৰ বছৰৰ জীৱন্ততা, আমাৰ পৰাক্ৰমৰ নিৰন্তৰতা, এয়াই ভাৰতৰ ইতিহাস। কিন্তু, আমাক শতিকাজুৰি এই কথা কোৱাৰ চেষ্টা কৰা হ'ল যে আমি সদায়েই লুণ্ঠনকাৰী, পৰাজিত লোক। ভাৰতৰ ইতিহাস, কেৱল দাসত্বৰ ইতিহাস নহয়। ভাৰতৰ ইতিহাস যোদ্ধাৰ ইতিহাস, বিজয়ৰ ইতিহাস। ভাৰতৰ ইতিহাস, অত্যাচাৰীৰ বিৰুদ্ধে অভূতপূৰ্ব শৌৰ্য আৰু পৰাক্ৰম দেখুওৱাৰ ইতিহাস। ভাৰতৰ ইতিহাস জয়ৰ, ভাৰতৰ ইতিহাস যুদ্ধৰ, ভাৰতৰ ইতিহাস ত্যাগৰ, তপস্যাৰ, ভাৰতৰ ইতিহাস বীৰত্বৰ, বলিদানৰ, মহান পৰম্পৰাৰ। কিন্তু দুৰ্ভাগ্যজনকভাৱে, আমাক স্বাধীনতাৰ পাছতো সেই ইতিহাস পঢ়ুৱাই থকা হ'ল, যি দাসত্বৰ কালখণ্ডত ষড়যন্ত্ৰমূলকভাৱে ৰচা হৈছিল। স্বাধীনতাৰ পাছত প্ৰয়োজন আছিল, আমাক দাস বনোৱা বিদেশীৰ এজেণ্ডাবোৰ সলনি কৰিব লাগে, কিন্তু এনে কৰা নহ'ল। দেশৰ প্ৰতিটো কোণত মা ভাৰতীৰ বীৰ, পুত্ৰ-কন্যাসকলে কেনেকৈ আততায়ীৰ মোকাবিলা কৰিলে, নিজৰ জীৱন সমৰ্পণ কৰিলে, এই ইতিহাসক জানিবুজি দবাই ৰখা হ'ল। লাচিত বৰফুকনৰ শৌৰ্যৰ কোনো মূল্য নাই? দেশৰ সংস্কৃতিৰ বাবে, পৰিচয়ৰ বাবে মোগলৰ বিৰুদ্ধে যুঁজ দিয়া অসমৰ হাজাৰ হাজাৰ লোকৰ বলিদানৰ কোনো মূল্য নাই? আমি সকলোৱেই জানো যে অত্যাচাৰেৰে ভৰা দীঘলীয়া কালখণ্ডত অত্যাচাৰীৰ ওপৰত বিজয়ৰো হাজাৰ হাজাৰ গাঁথা আছে, জয়ৰ গাঁথা আছে, ত্যাগৰ গাঁথা আছে, তৰ্পণৰ গাঁথা আছে। এইবোৰ ইতিহাসৰ মুখ্য ধাৰাত ঠাই নিদি আগতে যি ভুল হ'ল, এতিয়া দেশে তাক শুদ্ধ কৰি আছে। ইয়াত দিল্লীত হৈ থকা এই আয়োজন ইয়াৰেই প্ৰতিবিম্ব। আৰু মই হিমন্ত জী আৰু তেওঁৰ গোটেই টীমক অভিনন্দন জনাইছো যে এই কাৰ্যক্ৰম দিল্লীত কৰিছে। বীৰ লাচিত বৰফুকনৰ শৌৰ্য গাঁথা, অধিক লোকৰ মাজলৈ লৈ যাবৰ বাবে অসম চৰকাৰে কেইদিনমানৰ আগতে এটা মিউজিয়াম বনোৱাৰ কথা ঘোষণা কৰিছে। মোক কোৱা হৈছে যে হিমন্ত জীৰ চৰকাৰে অসমৰ ঐতিহাসিক নায়কসকলৰ সন্মানত এটা মেমৰিয়েল নিৰ্মাণ কৰাৰো পৰিকল্পনা কৰিছে। নিশ্চয় এনেধৰণৰ প্ৰয়াসৰ ফলত আমাৰ যুৱক-যুৱতীসকল আৰু অনাগত প্ৰজন্মই ভাৰতৰ মহান সংস্কৃতিক অধিক গভীৰভাৱে উপলব্ধি কৰাৰ সুযোগ পাব। অসম চৰকাৰে নিজৰ ভিজনৰ সৈতে সকলোকে সংযুক্ত কৰিবলৈ এটা থীম ছঙো লঞ্চ কৰিছে। ইয়াৰ কথাও বহুত অদ্ভুত। অসমৰ আকাশৰ, অসমৰ আকাশৰ, ভোতাতৰা তুমি, সাহসৰ শকতি, পৰিভাষা তুমি। সঁচাই, বীৰ লাচিত বৰফুকনৰ জীৱনে আমাক দেশৰ সন্মুখত উপস্থিত যিকোনো প্ৰত্যাহ্বানৰ শক্তিশালী ৰূপত মুখামুখী হোৱাৰ প্ৰেৰণা দিয়ে। তেওঁৰ জীৱনে আমাক প্ৰেৰণা দিয়ে যে- আমি ব্যক্তিগত স্বাৰ্থক নহয়, দেশহিতক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিওঁ। তেওঁৰ জীৱনে আমাক প্ৰেৰণা দিয়ে যে- আমাৰ বাবে পৰিয়ালবাদ, ভাই-ভতিজাবাদ নহয় বৰং দেশ সকলোতকৈ ডাঙৰ হোৱা উচিত। কোৱা হয় যে ৰাষ্ট্ৰ ৰক্ষাৰ বাবে নিজৰ দায়িত্ব পালন কৰিব নোৱৰাত বীৰ লাচিতে মোমায়েককো শাস্তি দিছিল। তেওঁ কৈছিল- "দেশতকৈ মোমাই ডাঙৰ নহয়"। অৰ্থাৎ, ক'ব পাৰি যে কোনো ব্যক্তি, কোনো সম্পৰ্ক, দেশতকৈ ডাঙৰ নহয়। আপোনালোকে কল্পনা কৰক, যেতিয়া বীৰ লাচিতৰ সেনাই এই কথা শুনে যে তেওঁলোকৰ সেনাপতিয়ে দেশক কিমান অগ্ৰাধিকাৰ দিয়ে, তেতিয়া সেই সৰু সৈনিকজনৰ উদ্যম কিমান বাঢ়ি গৈছিল চাগৈ। আৰু বন্ধুসকল এই উদ্যমেই জয়ৰ আধাৰ। মই আনন্দিত যে আজিৰ নতুন ভাৰতে ৰাষ্ট্ৰ প্ৰথম, নেচন ফাৰ্ষ্টৰ এই আদৰ্শকে লৈ আগুৱাই গৈ আছে। বন্ধুসকল, যেতিয়া কোনো ৰাষ্ট্ৰই নিজৰ সঠিক অতীতক জানে, সঠিক ইতিহাস জানে, তেতিয়াই সেই দেশে নিজৰ অনুভৱৰ পৰা শিকেও। সেই দেশে ভৱিষ্যতৰ বাবে সঠিক দিশ লাভ কৰে। আমাৰ এইটো দায়িত্ব যে আমি নিজৰ ইতিহাসৰ দৃষ্টিক কেৱল কেইটামান দশক বা কেইটামান শতিকালৈকে সীমিত ৰাখিব নালাগিব। মই আজি অসমৰ প্ৰসিদ্ধ গীতিকাৰৰ দ্বাৰা ৰচিত আৰু ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ দ্বাৰা সুৰাৰোপিত এটা গীতৰ দুটা শাৰী দোহাৰিব বিচাৰিছো। ইয়াত কোৱা হৈছে- মই লাচিতে কৈছো মোৰ সঘনাই নাম লোৱা লুইতপৰীয়া ডেকা দল। অৰ্থাৎ, নিৰন্তৰ স্মৰণ কৰিহে আমি অনাগত প্ৰজন্মক সঠিক ইতিহাসৰ সৈতে পৰিচিত কৰাব পাৰো। অলপ সময়ৰ আগতে মই লাচিত বৰফুকন জীৰ জীৱনৰ ওপৰত আধাৰিত এখন প্ৰদৰ্শনী চালো, বহুত প্ৰভাৱিত কৰিব পৰা, শিক্ষা দিব পৰা। লগতে মোৰ তেওঁৰ শৌৰ্য গাঁথাৰ ওপৰত লিখা কিতাপ উন্মোচনৰো সৌভাগ্য হ'ল। এনেধৰণৰ আয়োজনৰ জৰিয়তেহে দেশৰ সঠিক ইতিহাস আৰু ঐতিহাসিক ঘটনাৱলীৰ সৈতে সৰ্বসাধাৰণক সংযুক্ত কৰিব পাৰি। বন্ধুসকল, যেতিয়া মই চাই আছিলো তেতিয়া মোৰ মনলৈ এটা চিন্তা আহিছিল অসমৰ আৰু দেশৰ কলাকাৰসকলক একত্ৰিত কৰি আমি ইয়াৰ ওপৰত ভাবিব পাৰো যেনেকৈ ছত্ৰপতি শিৱাজী মহাৰাজৰ ওপৰত একো একোখন ৰাজন্য নাট্য প্ৰয়োগ আছে। প্ৰায় ২৫০-৩০০জন কলাকাৰ, হাতী, ঘোঁৰা গোটেই কাৰ্যক্ৰমত থাকে আৰু অত্যন্ত প্ৰভাৱিত কাৰ্যক্ৰম হয়। আমি লাচিত বৰফুকন জীৰ জীৱনৰ ওপৰত এনেধৰণৰ এক নাট্য প্ৰয়োগ প্ৰস্তুত কৰি হিন্দুস্তানৰ প্ৰতিটো প্ৰান্তলৈ লৈ যাব নোৱাৰোনে। 'এক ভাৰত, শ্ৰেষ্ঠ ভাৰত'ৰ যি সংকল্প আছে তাত এই সকলো কথাই বহুত ডাঙৰ শক্তি দিয়ে। আমি ভাৰতক বিকশিত ভাৰত বনাব লাগিব, পূৰ্বোত্তৰক ভাৰতৰ সামৰ্থ্যৰ কেন্দ্ৰবিন্দু বনাব লাগিব। মোৰ বিশ্বাস আছে, বীৰ লাচিত বৰফুকনৰ ৪০০তম জন্ম জয়ন্তীয়ে আমাৰ এই সংকল্প শক্তিশালী কৰিব, আৰু দেশে নিজৰ লক্ষ্য আহৰণ কৰিব। এই ভাবনাৰেই, মই আকৌ এবাৰ অসম চৰকাৰৰ, হিমন্ত জীৰ, অসমৰ জনসাধাৰণৰ হৃদয়েৰে কৃতজ্ঞ। এই পৱিত্ৰ সমাৰোহত ময়ো পূণ্য অৰ্জনৰ সুযোগ পালো। মই আপোনালোকৰ ওচৰত বহুত বহুত কৃতজ্ঞ। ধন্যবাদ। | নতুন দিল্লীত লাচিত বৰফুকনৰ ৪০০তম জন্ম জয়ন্তীৰ বছৰজোৰা উদযাপনৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পা |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A6%B9%E0%A7%80%E0%A6%A6-%E0%A6%A6%E0%A6%BF%E0%A7%B1%E0%A6%B8%E0%A6%A4-%E0%A6%95%E0%A6%B2%E0%A6%95%E0%A6%BE%E0%A6%9F%E0%A6%BE%E0%A7%B0/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A6%B9%E0%A7%80%E0%A6%A6-%E0%A6%A6%E0%A6%BF%E0%A7%B1%E0%A6%B8%E0%A6%A4-%E0%A6%95%E0%A6%B2%E0%A6%95%E0%A6%BE%E0%A6%9F%E0%A6%BE%E0%A7%B0/ | অহা ২৩ মাৰ্চত অনুষ্ঠিতব্য ‘শ্বহীদ দিৱসৰ দিনা’ আবেলি ৬ বাজাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কলকাটাৰ ‘ভিক্টোৰীয়া মেম’ৰিয়েল হল’ত ‘বিপ্লৱী ভাৰত বিথিকা’ৰ শুভ উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে উক্ত অনুষ্ঠানত সমবেত ৰাইজক সম্বোধি ভাষণো প্ৰদান কৰিব। বিথিকাত বিপ্লৱীসকলে স্বাধীনতা সংগ্ৰামত আগবঢ়োৱা অৱদান আৰু ব্ৰিটিছ শাসনৰ বিৰুদ্ধে অস্ত্ৰৰে আগবঢ়োৱা প্ৰতিৰোধৰ স্মাৰকো প্ৰদৰ্শিত কৰা হ’ব। স্বাধীনতা সংগ্ৰামৰ মূলসুঁতিৰ অভিধাত সংগ্ৰামৰ এই দিশটোক প্ৰায়েই যথাযোগ্য স্থান দিয়াৰ পৰা বিৰত থকা হৈছিল। নতুন বিথিকাত ১৯৪৭ চন পৰ্যন্ত সংঘটিত ঘটনাৱলীৰ সম্যক ৰূপৰেখা প্ৰদৰ্শনৰ লগতে বিপ্লৱীসকলে গ্ৰহণ কৰা ভূমিকাৰ স্মাৰক প্ৰদৰ্শনৰ প্ৰয়াস কৰা হৈছে। ‘বিপ্লৱী ভাৰত বিথিকা’ত সংগ্ৰামৰ বিপ্লৱী ধাৰাটোক উত্সাহিত কৰা ৰাজনৈতিক আৰু বৌদ্ধিক প্ৰেক্ষাপটটোক দাঙি ধৰিব খোজা হৈছে। বিপ্লৱী আন্দোলনৰ জন্মকথা, বিদ্ৰোহী নেতৃবৃন্দই গঠন কৰা উল্লেখনীয় সংগঠনসমূহৰ গঠন প্ৰক্ৰিয়া, আন্দোলনৰ বিস্তাৰ, ‘ইণ্ডিয়ান নেশ্যনেল আৰ্মী’ৰ গঠন, নৌ-বিদ্ৰোহৰ অৱদান আদিৰ বিভিন্ন তথ্য-পাতি ইয়াত সন্নিৱিষ্ট কৰা হৈছে। | ‘শ্বহীদ দিৱস’ত কলকাটাৰ ‘ভিক্টোৰীয়া মেম’ৰিয়েল হল’ত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব ‘বিপ্লৱী ভাৰত বিথিকা |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A6%AC%E0%A6%BE%E0%A6%B8%E0%A7%80%E0%A6%B2%E0%A7%88-%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8-%E0%A6%AC%E0%A6%9B%E0%A7%B0%E0%A7%B0-%E0%A6%B6%E0%A7%81%E0%A6%AD%E0%A7%87/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A6%AC%E0%A6%BE%E0%A6%B8%E0%A7%80%E0%A6%B2%E0%A7%88-%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8-%E0%A6%AC%E0%A6%9B%E0%A7%B0%E0%A7%B0-%E0%A6%B6%E0%A7%81%E0%A6%AD%E0%A7%87/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীলৈ নতুন বছৰৰ শুভেচ্ছা জনাইছে। এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “সকলোকে নতুন বছৰ-২০১৮ৰ শুভেচ্ছা জনাইছো। এই বছৰটোৱে সকলোৰে জীৱনলৈ সুখ, সমৃদ্ধি আৰু সু-স্বাস্থ্য কঢ়িৱাই আনক, তাকে প্ৰাৰ্থনা কৰিছো।” | দেশবাসীলৈ নতুন বছৰৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A6%B6%E0%A7%8D%E0%A6%9A%E0%A6%BF%E0%A6%AE%E0%A6%AC%E0%A6%82%E0%A6%97%E0%A7%B0-%E0%A6%B6%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A6%BF%E0%A6%A8%E0%A6%BF%E0%A6%95%E0%A7%87%E0%A6%A4%E0%A6%A8/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A6%B6%E0%A7%8D%E0%A6%9A%E0%A6%BF%E0%A6%AE%E0%A6%AC%E0%A6%82%E0%A6%97%E0%A7%B0-%E0%A6%B6%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A6%BF%E0%A6%A8%E0%A6%BF%E0%A6%95%E0%A7%87%E0%A6%A4%E0%A6%A8/ | মঞ্চত বিৰাজমান বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা ডাঙৰীয়ানী, পশ্চিমবংগৰ ৰাজ্যপাল শ্ৰীমান কেশৰী নাথ ত্ৰিপাঠী ডাঙৰীয়া, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শ্ৰীমতী মমতা বেনাৰ্জী ডাঙৰীয়ানী,বিশ্বভাৰতীৰ অধ্যাপক সবুজ কোলী সেন ডাঙৰীয়া আৰু ৰামকৃষ্ণ মিছন বিবেকানন্দ প্ৰতিষ্ঠানৰ উপাচাৰ্য পূজ্য স্বামী আত্মপ্ৰিয়ানন্দ জী আৰু ইয়াত উপস্থিত বিশ্বভাৰতীৰ অধ্যাপকবৃন্দ আৰু মোৰ মৰমৰ যুৱ বন্ধুসকল। মই পোনতে বিশ্বভাৰতীৰ আচাৰ্য হিচাপে আপোনালোকৰ ওচৰত ক্ষমা ভিক্ষা কৰিছো। কিয়নো মই যেতিয়া ৰাস্তাৰে আহি আছিলো, কেইজনমান ল’ৰাছোৱালীয়ে মোক ইংগিতেৰে বুজাই আছিল যে তেঁওলোকে খাবলৈ পানীও পোৱা নাই। আপোনালোক সকলোৰে যি অসুবিধাই নহওক কিয় আচাৰ্যৰ হিচাপে সেয়া দূৰ কৰাৰ ক্ষেত্ৰত মোৰো দায়িত্ব আছে আৰু সেইকাৰণে মই সৰ্বপ্ৰথমে আপোনালোক সকলোৰে ওচৰত ক্ষমা ভিক্ষা কৰিছো। প্ৰধানমন্ত্ৰী হোৱাৰ বাবে মই দেশৰ বহুকেইখন বিশ্ববিদ্যলয়ৰ সমাবৰ্তনত অংশ লোৱাৰ সুযোগ লাভ কৰিছো।সেইসমূহ বিশ্ববিদ্যলয়ত মই এজন অতিথি হিচাপে অংশগ্ৰহণ কৰিছো, কিন্তু ইয়াত মই কেৱল এজন অতিথিয়েই নহয়, বৰঞ্চ আচাৰ্য হিচাপে মই ইয়ালৈ আহিছো।ইয়াত মোৰ যি ভূমিকা, সেয়া এই মহান গণতন্ত্ৰৰ বাবে সম্ভৱ হৈছে। প্ৰধানমন্ত্ৰী পদৰ বাবে সম্ভৱ হৈছে। অৱশ্যে এই গণতন্ত্ৰও নিজস্বভাৱে এগৰাকী আচাৰ্যই, যিয়ে আমাৰ দেশৰ কোটি কোটি লোকক সেৱাৰ দ্বাৰা অনুপ্ৰাণিত কৰি আহিছে।গণতান্ত্ৰিক মূল্যৰ আলোকত যি প্ৰতিপালিত হয় আৰু শিক্ষিত হয় তেঁও শ্ৰেষ্ঠ ভাৰত আৰু শ্ৰেষ্ঠ ভবিষ্যতৰ নিৰ্মাণ কৰাত সহায়ক হয়। আমাৰ ইয়াত কোৱা হয় যে আচাৰ্যত বিদ্যবিহিতা সাধিষ্ঠতম প্ৰাপ্যুতি ইতি অৰ্থাৎ আচাৰ্যৰ ওচৰলৈ যোৱা, তেঁওৰ অবিহনে বিদ্যা, শ্ৰেষ্ঠতা আৰু সফলতা নাপাবা।এয়া মোৰ সৌভাগ্য যে গুৰুদেৱ ৰবীন্দ্ৰ নাথ ঠাকুৰৰ এই পৱিত্ৰ ভূমিত ইমান কেইগৰাকী আচাৰ্যৰ মাজত আজি মই কিছুসময় কটোৱাৰ সুযোগ পাইছো। যিদৰে কোনো মন্দিৰ প্ৰাংগনত আপুনি মন্ত্ৰোচ্চাৰণৰ গুণগুণনি অনুভৱ হয়, বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ প্ৰাংগনত প্ৰৱেশ কৰিয়েই অনুৰূপ এক অনুভৱ হৈছে মোৰ। এইমাত্ৰ মই যেতিয়া গাড়ীৰ পৰা নামি মঞ্চৰ দিশে আহি আছিলো, তেতিয়া প্ৰতিটো খোজতে মই ভাবি আছিলো এদিন এই ভূমিত, ইয়াৰ ধূলিকণাত গুৰুদেৱৰ ভৰিৰ খোজো পৰিছিল। ইয়াতেই কৰবাত বহি তেঁও কাগজত শব্দৰ মালা গাঁঠিছিল।কেতিয়াবা হয়তো কোনো এটি সুৰ, কোনো এটি গীতৰ কলি গুণগুনাইছিল। কোনোবা এদিন হয়তোবা মহাত্মা গান্ধীৰ সৈতে সুদীৰ্ঘ সময় ধৰি আলাপত মগন হৈছিল।কেতিয়াবা হয়তো কোনো ছাত্ৰক জীৱনৰ,ভাৰতৰ, ৰাষ্ট্ৰৰ স্বাভিমানৰ অৰ্থ বুজাই দিছিল। বন্ধুসকল, আজি এই প্ৰাংগনত আমি পৰম্পৰা পালনৰ উদ্যেশ্যে উপস্থিত হৈছো।এই অমৰকুঞ্জ প্ৰায় এটা শতিকাজুৰি এনে বহু অনুষ্ঠানৰ সাক্ষী হৈ আহিছে।বিগত কিছুবছৰ ধৰি আপোনালোকে ইয়াত যি শিক্ষা লাভ কৰি আহিছে, তাৰ এটা পৰ্যায় আজি সম্পূৰ্ণ হৈছে। আপোনালোকৰ মাজৰ যিসকল শিক্ষাৰ্থীয়ে আজি ডিগ্ৰী লাভ কৰিছে তেঁওলোকক মই অন্তৰেৰে বহুত বহুত অভিনন্দন জনাইছো।আগত ভৱিষ্যতৰ বাবে তেঁওলোকক অসীম শুভকামনাও যাঁচিলো।আপোনালোকৰ এই ডিগ্ৰী আপোনালোকৰ শৈক্ষিক যোগ্যতাৰ প্ৰমাণ।সেইকাৰণে এই ডিগ্ৰী অতি গুৰুত্বপূৰ্ণ। কিন্তু আপোনালোকে ইয়াত কেৱল এই ডিগ্ৰীটোৱেই যে লাভ কৰিলে তেনে নহয়। আপোনালোকে ইয়াত যি শিক্ষা লাভ কৰিলে, যি পালে সেয়া অমূল্য।আপোনালোক এক সমৃদ্ধ পৰিয়ালৰ সন্তান। আপোনালোকৰ সম্পৰ্ক এনে এক গুৰু-শিষ্য পৰম্পৰাৰ সৈতে ঘটিছে, যি যিমানেই পৌৰাণিক সিমানেই আধুনিকো। বৈদিক আৰু পৌৰাণিক কালত যি পৰম্পৰা আমাৰ ঋষি-মুনি সকলে প্ৰবৰ্তন কৰিছিল, সেই পৰম্পৰাক আমাৰ গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰে আগবঢ়াই লৈ গৈছে। আজি আপোনালোকক যি সপ্তপৰ্ণী তৰু দিয়া হৈছে, সেয়া কেৱল একোটা গছৰ পুলি মাত্ৰ নহয়। বৰং এক মহান বাৰ্তা। প্ৰকৃতিয়ে কিদৰে আমাক এজন মানুহ হিচাপে,এখন ৰাষ্ট্ৰ হিচাপে উত্তম শিক্ষা দিব পাৰে এয়া তাৰেই এক পৰিচায়ক,তাৰেই এক দৃষ্টান্ত।এয়াই এই অতুলনীয় সংস্থাৰ আঁৰত থকা ভাৱনা, এয়াই গুৰুদেৱৰ চিন্তা, যিয়ে বিশ্বভাৰতীৰ আধাৰশিলা গঢ়িছে। ভাই-ভনীসকল, যত্ৰ বিশ্বম ভৱেতেক নিৰম,অৰ্থাৎ সমগ্ৰ বিশ্বই এটা নীড়,এখন ঘৰ।এয়া বেদৰো শিক্ষা।যি বাণীক গুৰুদেৱে অতি মূল্যসহকাৰে বিশ্বভাৰতীৰ মূল বাক্য হিচাপে মানি লোৱা হৈছে। এই বেদ মন্ত্ৰত ভাৰতৰ সমৃদ্ধ পৰম্পৰাৰ সাৰ লুকাই আছে। গুৰুদেৱে বিচাৰিছিল এয়া এনে এক স্থানত পৰিণত হঁওক যাক সমগ্ৰ বিশ্বই আপোন গৃহ বুলি মানি লয়।নীড় আৰু ঘৰক য’ত একেই বুলি ধৰি লোৱা হয়। য’ত সমগ্ৰ বিশ্বকেই সমাহিত কৰাৰ চিন্তা জড়িত হৈ থাকে। এয়াই ভাৰতীয়ত্ব। এয়াই বসুধৈব কুটুম্বকমৰ মন্ত্ৰ।যি সহস্ৰ বৰ্ষ ধৰি ভাৰত ভূমিত গুঞ্জৰিত হৈ আহিছে আৰু এই মন্ত্ৰৰ বাবেই গুৰুদেৱে সমস্ত জীৱন সমৰ্পিত কৰিছিল। বন্ধুসকল, বেদ, উপনিষদৰ ভাৱনা সহস্ৰ বছৰ পূৰ্বে যিমান সাৰ্থক আছিল, সিমানেই সাৰ্থক আছিল গুৰুদেৱে এশ বছৰ পূৰ্বে শান্তিনিকেতনত খোজ থোৱাৰ সময়তো। আজি একবিংশ শতিকাৰ প্ৰত্যাহ্বানৰ সৈতে সংগ্ৰাম কৰি অহা বিশ্বৰ বাবেও সেইসমূহ সমানেই প্ৰাসংগিক।আজি প্ৰতিখন ৰাষ্ট্ৰই যে সীমাৰ পৰিধিৰে আৱদ্ধ সেইকথা সঁচা। কিন্তু এই কথাও সঁচা যে ভূ-ভাগৰ মহান পৰম্পৰাক আজি বিশ্বই গোলকীকৰণৰ ৰূপত লাভ কৰিছে।আজি ইয়াত আমাৰ সতে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাও উপস্থিত আছে।দুখন দেশৰ প্ৰধানমন্ত্ৰী একত্ৰে এখন বিশ্ববিদ্যালয়ৰ সমাবৰ্তনত উপস্থিত থকাৰ এনে সুযোগ কাচিৎহে পোৱা যায়। ভাৰত আৰু বাংলাদেশ দুখন ৰাষ্ট্ৰ, কিন্তু আমাৰ কল্যাণ এখনে আনখনৰ সৈতে কৰা সমন্বয় ৰক্ষা আৰু সহযোগেৰে বান্ধ খাই আছে।সংস্কৃতিয়েই হঁওক বা জননীতি, আমি পৰস্পৰে পৰস্পৰৰ পৰা বহুত কিবাকিবি শিকিব পাৰিছো।ইয়াৰেই এক উদাহৰণ বাংলাদেশ ভৱন।যিটো আৰু কিছুসময় পিছতেই আমি দুয়োগৰাকীয়ে গৈ মুকলি কৰিম। এই ভৱনটোও গুৰুদেৱৰ ভৱিষ্যদৰ্শনৰেই প্ৰতিবিম্ব। বন্ধুসকল, মই কেতিয়াবা কেতিয়াবা এই কথা ভাবি আচৰিত হঁও যে গুৰুদেৱৰ ব্যক্তিত্বই কেৱল নহয়, তেঁওৰ যাত্ৰাসমূহৰ বিস্তাৰো কিমান যে ব্যাপক আছিল।বিদেশ যাত্ৰাৰ সময়ত এনে বহু লোক মই লগ পাঁও যিসকলে মোক কয় যে ঠাকুৰে কিমান বছৰ পূৰ্বেই সেই দেশলৈ গৈছিল।সেই সমূহ দেশত আজিও বহুত সন্মান সহকাৰে গুৰুদেৱৰ স্মৰণ কৰা হয়।মানুহে ঠাকুৰৰ সৈতে নিজকে জড়িত কৰাৰ প্ৰয়াস কৰে। মই যদি আফগানিস্তানলৈ যাঁও তেনেহ’লে প্ৰতিজন আফগানিস্তানীয়ে কাবুলীৱালাৰ কাহিনীৰ কথা কৈয়েই থাকে।অতি গৰ্বেৰে তেঁওলোকে সেইকথা কয়।তিনিবছৰ পূৰ্বে মই তাজাকিস্তানলৈ যাঁওতে তাত মই গুৰুদেৱৰ এক মূৰ্ত্তি উন্মোচন কৰাৰ সুযোগ পাইছিলো।গুৰুদেৱৰ বাবে তাৰ মানুহৰ যি আদৰ-সন্মান, সেয়া মই কাহানিও পাহৰিব নোৱাৰিম। পৃথিৱীৰ অনেক বিশ্ববিদ্যালয়ত ৰবীন্দ্ৰনাথ ঠাকুৰ আজি এক অধ্যয়নৰ বিষয়।তেঁওৰ নামত আসন আছে।মই যদি কঁও যে গুৰুদেৱ পূৰ্বতেও বিশ্ব নাগৰিক আছিল আৰু আজিও, তেন্তে সেয়া ভুল কোৱা নহ’ব।আজি এই সুযোগতে গুজৰাটৰ সৈতে তেঁওৰ যি সম্পৰ্ক তাৰ বৰ্ণনা কৰাৰ লোভ মই সামৰিব পৰা নাই।গুৰুদৱৰ গুজৰাটৰ সৈতেও এক বিশেষ সম্পৰ্ক আছে।অসামৰিক সেৱাত যোগদান কৰা প্ৰথম ভাৰতীয় গুৰুদেৱৰ জ্যেষ্ঠ ভ্ৰাতৃ সত্যেন্দ্ৰনাথ ঠাকুৰ ডাঙৰীয়া দীৰ্ঘকাল ধৰি আহমদাবাদতো আছিল।সম্ভৱতঃ তেঁও সেই সময়ত আহমদাবাদৰ কাশীনগৰত আছিল।তদুপৰি মই কৰবাত পঢ়িছিলো যে অধ্যয়নৰ বাবে বিদেশলৈ যোৱাৰ পূৰ্বে সত্যেন্দ্ৰনাথ ডাঙৰীয়াই নিজৰ অনুজ ভাতৃক ছয় মাহ পৰ্যন্ত ইংৰাজী সাহিত্য অধ্যয়ন আহমদাবাদতেই কৰোৱাইছিল।গুৰুদেৱৰ বয়স তেতিয়া মাত্ৰ ১৭ বছৰ আছিল।আহমদাবাদত থকাৰ এই সময়ছোৱাতে গুৰুদেৱে তেঁওৰ জনপ্ৰিয় উপন্যাস খুদিতোপাশানৰ গুৰুত্বপূৰ্ণ কিছু অংশ আৰু কিছুসংখ্যক কবিতাও লিখিছিল।অৰ্থাৎ এটা দিশৰ পৰা লক্ষ্য কৰিলে দেখা যায় যে গুৰুদেৱে বিশ্ব প্ৰেক্ষাপটত উজলি উঠাৰ ক্ষেত্ৰত একো একোটা ক্ষুদ্ৰ ক্ষুদ্ৰ ভূমিকা ভাৰতৰ প্ৰতিটো কোণৰেই আছে, ইয়াৰ ভিতৰত গুজৰাটো আছে। বন্ধুসকল, গুৰুদেৱে বিশ্বাস কৰিছিল যে প্ৰত্যেক ব্যক্তিৰ জন্ম কিবা নহয় কিবা লক্ষ্য প্ৰাপ্তিৰ কাৰণে হয়।প্ৰতিজন শিশুৱে যাতে নিজৰ লক্ষ্য প্ৰাপ্তিৰ দিশত আগবাঢ়ি যাব পাৰে তাৰ কাৰণে তেঁওলোকক যোগ্য কৰি তোলাৰ ক্ষেত্ৰত শিক্ষাৰ গুৰুত্বপূৰ্ণ অৱদান আছে।তেখেতে শিশুসকলৰ বাবে কেনেধৰণৰ শিক্ষা বিচাৰিছিল তাৰ এক আভাস তেঁওৰ কবিতা Power of ab ৰ মাধ্যমেৰে আমি ষষ্ঠৰ পৰা দ্বাদশ বৰ্ষৰ ছাত্ৰ-ছাত্ৰীক শিক্ষাদানৰ ওপৰত জোৰ দিছো।এই পৰীক্ষাগাৰ সমূহত ছাত্ৰ-ছাত্ৰীসকলক আধুনিক কৌশলৰ সৈতে পৰিচিত কৰোৱা হয়। বন্ধুসকল, আপোনালোকৰ এই প্ৰতিষ্ঠান শিক্ষাৰ জৰিয়তে উদ্ভাৱনৰ জীৱন্ত প্ৰমাণ।বিশ্বভাৰতীৰ ১১০০ ৰো অধিক শিক্ষাৰ্থীয়ে উদ্ভাৱনক আগবঢ়াই নিবলৈ আৰম্ভ কৰা আঁচনিৰ অধিক লাভ আদায় কৰিব।আপোনালোক সকলোৱে ইয়াৰ পৰা অধ্যয়ন কৰি ওলাই যাব।গুৰুদেৱৰ আশীৰ্বাদত আপোনালোকে এক ভৱিষ্যদৰ্শন লাভ কৰিছে।আপোনালোকে নিজৰ লগত বিশ্বভাৰতীৰ পৰিচয় লৈ যাব। ইয়াৰ গৌৰৱক আৰু অধিক উচ্চত সংস্থাপিত কৰিবলৈ আপোনালোকে যেন নিৰন্তৰ প্ৰয়াস কৰে,মোৰ সেয়ে কামনা।কোনো শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰই ইজৰ উদ্ভাৱনৰ জৰিয়তে, নিজৰ কামৰ জৰিয়তে ৫০০ বা হেজাৰ লোকৰ জীৱন পৰিবৰ্তনৰ পথত আগুৱাই নিয়াৰ দৰে বাতৰি যেতিয়া সংবাদ মাধ্যমত পৰিবেশিত হয়, তেতিয়া মানুহে সেই প্ৰতিষ্ঠানটোকো সেৱা জনায়। গুৰুদৱে কোৱা সেই কথাষাৰ—“যদি তোৰ ডাক শুনে কেউ না আসে, তবে একলা চলো ৰে”—যদি আপোনাৰ আহ্বান শুনিও কোনেও আগবাঢ়ি নাহে, তেন্তে নিজৰ লক্ষ্যৰ দিশত অকলেই গৈ থাকা—এই কথাষাৰ আপোনালোকে সদায়েই মনত ৰাখিব।কিন্তু মই আজি ইয়ালৈ আপোনালোকক ক’বলৈ আহিছো যে আপুনি যদি এখোজ আগবঢ়ায় , তেন্তে আপোনাৰ সৈতে চাৰি খোজ আগবাঢ়ি যাবলৈ চৰকাৰ প্ৰস্তুত আছে। জনগণৰ সৈতে অংশীদাৰ হৈ আগবাঢ়ি যোৱা খোজেহে আমাৰ দেশক ২১ শতিকাৰ লক্ষ্যলৈ লৈ যাব পাৰিব।যি লক্ষ্যৰ অধিকাৰী এই দেশ। গুৰুদেৱেও এই সপোন দেখিছিল। বন্ধুসকল, গুৰুদেৱে মৃত্যুৰ কিছুদিন পূৰ্বে গান্ধীজীক কৈছিল যে বিশ্বভাৰতী এনে এখন জাহাজ য’ত তেঁওৰ জীৱনৰ বহুমূল্যবান সম্পত্তি ৰাখি থোৱা হৈছে।তেঁও আশা প্ৰকাশ কৰিছিল যে ভাৰতৰ মানুহে এই বহুমূলীয়া সম্পত্তিক সুন্দৰভাৱে সংৰক্ষিত কৰি ৰাখিব।গতিকে এই সম্পত্তি কেৱল সজাই পৰাই, সংৰক্ষণ কৰি ৰখাটোৱে কেৱল নহয়, বৰং সমৃদ্ধ কৰাৰ দায়িত্বও আমাৰ ওপৰত ন্যস্ত হৈ আছে।বিশ্বাভাৰতী বিশ্ববিদ্যালয়ে নৱ ভাৰতৰ লগে লগে বিশ্বকো নতুন মাৰ্গ দেখুৱাব।এই কামনাৰে মই মোৰ বক্তব্য সামৰিছো। আপুনি নিজে আৰু আপোনাৰ পিতৃ-মাতৃয়েও এই প্ৰতিষ্ঠান আৰু এই দেশৰ সপোনসমূহ সাকাৰ কৰক, তাৰ বাবে আপোনালোকক আকৌ এবাৰ বহুত বহুত শুভকামনা,বহুত বহুত ধন্যবাদ। | পশ্চিমবংগৰ শান্তিনিকেতনত অৱস্থিত বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ সমাবৰ্তনত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%AE%E0%A6%BE%E0%A6%A8%E0%A7%80%E0%A6%A4-%E0%A6%85%E0%A6%A8%E0%A7%81%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BF%E0%A6%A4-%E0%A6%9C%E0%A6%BF-%E0%A7%AD/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%AE%E0%A6%BE%E0%A6%A8%E0%A7%80%E0%A6%A4-%E0%A6%85%E0%A6%A8%E0%A7%81%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BF%E0%A6%A4-%E0%A6%9C%E0%A6%BF-%E0%A7%AD/ | মহামহিমসকল, আমি গোলকীয় উত্তেজনাপূৰ্ণ বাতাবৰণৰ মাজত সন্মিলিত হৈছো। ভাৰতে সদায়ে শা্ন্তিৰ পক্ষত অৱস্থান কৰি আহিছে। সাম্প্ৰতিক পৰিস্থিতিতো আমি নিৰন্তৰ আলোচনা তথা কুটনৈতিক সম্পৰ্কৰ পথ অৱলম্বন কৰাৰ প্ৰয়াস কৰি আহিছো। এই ভূ-ৰাজনৈতিক উত্তেজনাৰ প্ৰভাৱ কেৱল ইউৰোপতে সীমাবদ্ধ হৈ থকা নাই। ইন্ধন আৰু খাদ্য-সামগ্ৰীৰ বৰ্দ্ধিত দামৰ কু-প্ৰভাৱ সকলো দেশৰ ওপৰতে পৰিবলৈ ধৰিছে। উন্নয়ণশীল দেশৰ ইন্ধন আৰু খাদ্য সুৰক্ষা বিশেষ ভাবে বিপদাপন্ন হৈছে। এই প্ৰত্যাহ্বানপূৰ্ণ সময়ত ভাৰতে বহুকেইখন অভাৱগ্ৰস্থ দেশক খাদ্য-সামগ্ৰী যোগান ধৰি আছে। আমি আফাগানিস্তানক যোৱা কেইটামান মাহত প্ৰায় ৩৫ হাজাৰ টন ঘেহু মানৱীয় সহযোগিতাৰ ৰূপত দিয়াৰ ব্যৱস্থা কৰিছো। আৰু অলপতে দেশখনত হোৱা ভয়ংকৰ ভূমিকম্পৰ পিচতো সাহায্য সামগ্ৰী প্ৰেৰণৰ ক্ষেত্ৰতো প্ৰথম খন দেশ আছিল ভাৰতেই। আমি আমৰ চুবুৰীয়া দেশ শ্ৰীলংকাৰ খাদ্য সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে সহায় আগবঢ়াই আছো। গোলকীয় খাদ্য সুৰক্ষাৰ প্ৰসংগত মোৰ কেইটামান পৰামৰ্শ আছে। প্ৰথম, আমি সাৰৰ উপলব্ধতাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া উচিত, আৰু গোলকীয় পৰিমণ্ডলত সাৰৰ ‘প্ৰমূল্য-শৃংখল’ক সুচাৰূ ৰূপে ৰখা উচিত। আমি ভাৰতত সাৰৰ উতপাদন বৃদ্ধি কৰাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছো আৰু এই ক্ষেত্ৰত ‘জি-৭’ দেশসমূহৰ সহযোগিতা কামনা কৰিম। দ্বিতীয়তে, ‘জি-৭’ দেশসমূহৰ তুলনাত ভাৰতৰ হাতত বিশাল সংখ্যক ‘কৃষি-মানৱসম্পদ’ আছে। ভাৰতীয় কৃষি-কৌশলেৰে ‘জি-৭’-ৰ কেতবোৰ দেশত ‘চীজ’ আৰু ‘অলিভ’ৰ দৰে পাৰম্পৰিক কৃষি উত্পাদনে নতুন জীৱন লাভ কৰাত সহায়ক হ’ব। ‘জি-৭’ সদস্য দেশসমূহত ভাৰতীয় কৃষি প্ৰতিভাৰ ব্যাপক উপযোগৰ বাবে কোনো পৰিকাঠামোমূলক ব্যৱস্থা সম্ভৱ হ’ব পাৰেনে বাৰু? ভাৰতৰ খেতিয়কসকলৰ পাৰম্পৰিক প্ৰতিভাৰ সহায়ৰে ‘জি-৭’ দেশসমূহৰ ‘খাদ্য সুৰক্ষা’ সুনিশ্চিত হ’ব। অহাটো বছৰ পৃথিৱীয়ে ‘আন্তঃৰাষ্ট্ৰীয় মিলেট বৰ্ষ’ হিচাপে উদযাপন কৰিব। এই উপলক্ষত আমি ‘মিলেট’-ৰ দৰে ‘পৌষ্টিক বিকল্প’ক জনপ্ৰিয় কৰাৰ বাবে অভিযান চলোৱা উচিত। মিলেটে পৃথিৱীত খাদ্য সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত মূল্যবান অৱদান আগবঢ়াব পাৰে। শেষত মই আপোনালোক সকলোৰে ধ্যান ভাৰতত সম্পাদিত হোৱা ‘প্ৰাকৃতিক কৃষি বিপ্লৱ’ৰ দিশত আকৰ্ষিত কৰিব বিচাৰিছো। আপোনালোকৰ বিশেষজ্ঞসকলে এই প্ৰয়োগৰ অধ্যয়ন কৰিব পাৰে। এই বিষয়ত আমি এখন ‘নৌন-পোপাৰ’ আপোনালোকৰ মাজত বিতৰণ কৰিছো। মহামহিমসকল, য’ত ‘জেণ্ডাৰ ইকুৱেলিটী’ অৰ্থাত্ ‘লৌংগিক সমতা’ৰ কথা আছে, আজি ভাৰতৰ দৃষ্টিভংগী ‘মহিলা কল্যাণ’ৰ পৰা আগবাঢ়ি গৈ ‘মহিলা-নেতৃত্বাধীন কল্যাণ’লৈ উন্নীত হৈছে। মহামাৰীৰ সময়ত ৬ নিযুতৰো অধিক ভাৰতীয় মহিলা ‘ফ্ৰণ্টলাইন ৱৰ্কাৰ’য়ে আমাৰ নাগৰিকসকলক সুৰক্ষিত ৰাখিছিল। আমাৰ মহিলা বৈজ্ঞানিকসকলে ভাৰতত প্ৰতিষেধক আৰু ‘টেষ্ট কিট’ বিকশিত কৰাৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়াইছিল। ভাৰতত এক নিযুতৰো অধিক স্বেচ্ছাসেৱীয়ে গ্ৰামীন স্বাস্থ্যসেৱা প্ৰদান কৰাত সক্ৰিয় ভূমিকা পালন কৰি আছে, যাক আমি ‘আশা কৰ্মী’ বুলি কওঁ। এই যোৱা মাহত মাত্ৰ ‘বিশ্ব স্বাস্থ্য সংস্থা’ই এইসকল ভাৰতীয় ‘আশা কৰ্মী’ক ‘২০২২ গ্লোবেল লীডাৰ্ছ বঁটা’ প্ৰদান কৰি সন্মানিত কৰিছে। ভাৰতত স্থানীয় প্ৰশাসনৰ পৰা ৰাষ্ট্ৰীয় চৰকাৰ পৰ্যন্ত যদি সকলো নিৰ্বাচিত নেতাৰ গণনা কৰা হয়, তেন্তে ইয়াৰে আধাৰো অধিক সংখ্যকেই মহিলা, আৰু ইয়াৰ মুঠ সংখ্যা নিযুতৰ ঘৰত হ’ব। এই কথাই ইয়াকে স্পষ্ট কৰে যে প্ৰকৃত সিদ্ধান্ত-গ্ৰহণ প্ৰক্ৰিয়াত ভাৰতীয় মহিলসকল আজি সম্পূৰ্ণ ৰূপেই জড়িত হৈ পৰিছে। অহা বছৰ ভাৰতে ‘জি-২০’-ৰ অধ্যক্ষতা কৰিব। আমি ‘জি-২০’ৰ মঞ্চৰ তৰফৰ পৰা ‘ক’ভিড-উত্তৰ পৰিস্থিতিৰ পৰা পুনৰুথ্থান’কে ধৰি অন্যন্য বিষয়সমূহৰ ক্ষেত্ৰতো ‘জি-৭’ দেশসমূহৰ সৈতে আলোচনা আদিৰে ঘনিষ্ঠ সম্পৰ্ক চলাই যাম। ধন্যবাদ! | জাৰ্মানীত অনুষ্ঠিত ‘জি-৭ শীৰ্ষ সন্মিলন’ত ‘একত্ৰে শক্তিশালী : খাদ্য-সুৰক্ষা সম্ভৱ কৰা আৰু লৈংগিক সমতা আগুৱাই নিয়া’ সম্পৰ্কীয় অধিৱেশনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা মন্তব্ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%97%E0%A7%81%E0%A6%9C%E0%A7%B0%E0%A6%BE%E0%A6%9F-%E0%A6%AD%E0%A7%8D%E0%A7%B0%E0%A6%AE%E0%A6%A3%E0%A6%B2%E0%A7%88-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%97%E0%A7%81%E0%A6%9C%E0%A7%B0%E0%A6%BE%E0%A6%9F-%E0%A6%AD%E0%A7%8D%E0%A7%B0%E0%A6%AE%E0%A6%A3%E0%A6%B2%E0%A7%88-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ, অৰ্থাৎ ২২ অক্টোবৰ, ২০১৭ত গুজৰাট ভ্ৰমণ কৰিব। ঘোঘাৰ এখন ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীয়ে ঘোঘা আৰু দাহেদ সংযোগী প্ৰথম পৰ্যায়ৰ আৰঅ’ আৰঅ’(ৰোল অন, ৰোল অফ) ফেৰী সেৱাৰ উদ্বোধন কৰিব। এই ফেৰী সেৱাই সৌৰাষ্ট্ৰৰ ঘোঘা আৰু দক্ষিণ গুজৰাটৰ দাহেজৰ মাজত পূৰ্বতে লগা আঠ ঘণ্টা সময়ৰ বিপৰীতে এঘণ্টাতে যাত্ৰা সম্ভৱ কৰি তুলিব। সম্পূৰ্ণভাৱে কাৰ্যকৰী হ’লে এই ফেৰীৰে বাহন কঢ়িওৱাৰ বাবে সক্ষম হ’ব। দেওবাৰে প্ৰধানমন্ত্ৰীয়ে যাত্ৰী পৰিবাহী প্ৰথম পৰ্যায়ৰ ফেৰী সেৱা উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে এই প্ৰথম ফেৰী সেৱাৰে ঘোঘাৰ পৰা দাহেজলৈ যাব। ফেৰী যাত্ৰাৰ পাছত প্ৰধানমন্ত্ৰীয়ে দাহেজত সমবেত ৰাইজক সম্বোধন কৰিব। ঘোঘাতো এখন ৰাজহুৱা সভাত অংশ লৈ প্ৰধানমন্ত্ৰীয়ে শ্ৰী ভাদনগৰ জিলা সমবায় দুগ্ধ উৎপাদন ইউনিয়ন লিমিটেডৰ সৰ্বোত্তম পশু-খাদ্যৰ উন্মোচন কৰিব। দাহেজৰ পৰা প্ৰধানমন্ত্ৰীয়ে বদোদৰা অভিমুখে ৰাওনা হ’ব। তাত এখন ৰাজহুৱা সভাত তেওঁ বদোদৰা চিটী কণ্ট্ৰ’ল চেণ্টাৰ; ৱাঘোদিয়া আঞ্চলিক পানী যোগান আঁচনি; আৰু বদোদৰাত নিৰ্মাণ কৰা বেংক অৱ বৰোদাৰ নতুন মুখ্য কাৰ্যালয় দেশবাসীৰ নামত উচৰ্গা কৰিব। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী আবাস যোজনা (নগৰাঞ্চল আৰু গ্ৰামাঞ্চল)ৰ হিতাধিকাৰীক বাসগৃহৰ চাবি প্ৰদান কৰিব। প্ৰধানমন্ত্ৰীয়ে সংহত পৰিবহণ হাব, আঞ্চলিক পানী যোগান আঁচনি, গৃহ প্ৰকল্প আৰু এখন উৰণীয়া সেঁতুকে ধৰি কেতবোৰ উন্নয়নমুলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ বদোদৰাত মুন্দ্ৰা-দিল্লী পেট্ৰ’লিয়াম প্ৰডাক্ট পাইপলাইনৰ সক্ষমতা বৃদ্ধি আৰু এইচপিচিএলৰ গ্ৰীণফিল্ড মাৰ্কেটিং টাৰ্মিনেল প্ৰডেক্টৰো আধাৰশিলা স্থাপন কৰিব। | গুজৰাট ভ্ৰমণলৈ প্ৰধানমন্ত্ৰী, উদ্বোধন কৰিব ঘোঘা আৰু দাহেদ সংযোগী প্ৰথম পৰ্যায়ৰ আৰঅ’ আৰঅ’ ফেৰী সেৱা |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A6%E0%A7%8D%E0%A6%AC%E0%A7%88%E0%A6%A4-%E0%A6%95%E0%A7%B0-%E0%A6%AA%E0%A7%B0%E0%A6%BF%E0%A6%B9%E0%A6%BE%E0%A7%B0-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%B9-%E0%A6%AB-2/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A6%E0%A7%8D%E0%A6%AC%E0%A7%88%E0%A6%A4-%E0%A6%95%E0%A7%B0-%E0%A6%AA%E0%A7%B0%E0%A6%BF%E0%A6%B9%E0%A6%BE%E0%A7%B0-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%B9-%E0%A6%AB-2/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত দ্বৈত কৰ পৰিহাৰ আৰু আয়ৰ ওপৰত আৰোপ কৰা কৰৰ বিপৰীতে সংগৃহীত ৰাজহ ফাঁকি প্ৰতিৰোধৰ ক্ষেত্ৰত ভাৰত আৰু কাট্টাৰৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিত অনুমোদন জনাইছে। ১৯৯৯ চনৰ ৭ এপ্ৰিলত কাট্ৰাৰৰ সৈতে দ্বৈত কৰ পৰিহাৰ চুক্তি(ডিটিএএ)খন স্বাক্ষৰিত কৰা হৈছিল আৰু ২০০০ চনৰ ১৫ জানুৱাৰীৰ পৰা ইয়াক কাৰ্যকৰী কৰা হয়। সংশোধিত ডিটিএএৰ জৰিয়তে সামগ্ৰী ক্ৰয়ৰ লাভালাভৰ ব্যৱস্থাৱলীৰ সীমাবদ্ধতা প্ৰতিৰোধ চুক্তি আৰু ভাৰতৰ সৈতে স্বাক্ষৰিত চুক্তিৰ ব্যৱস্থাৰ সৈতে প্ৰাসংগিক অন্যান্য ব্যৱস্থাসহ শেহতীয়া মানসম্পন্ন তথ্যৰ আদান-প্ৰদানৰ আপডেট কৰা হৈছে। সংশোধিত ডিটিএএএৰ ৬নং কাৰ্যৰ অধীনত সংশোধনৰ ন্যূনতম মান পুৰণ কৰাৰ লগতে জি-২০ অ’ইচিডি ভিত্তিক লোকচান তথা লাভ সলনি(বিইপিএছ) প্ৰকল্পৰ ১৪ নং কাৰ্যৰ অধীনত মৈত্ৰী চুক্তি প্ৰক্ৰিয়া সম্পন্ন হ’ব, য’ত ভাৰতে সমানেই অংশগ্ৰহণ কৰে। | দ্বৈত কৰ পৰিহাৰ আৰু ৰাজহ ফাঁকি প্ৰতিৰোধৰ ক্ষেত্ৰত ভাৰত আৰু কাট্ট্ৰাৰৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিত কেবিনেটৰ অনুমোদন |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9B%E0%A7%8C%E0%A6%A1%E0%A6%BF-%E0%A6%86%E0%A7%B0%E0%A7%B1%E0%A7%B0-%E0%A6%AF%E0%A7%81%E0%A7%B1%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A7%B0-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%AD%E0%A7%8D/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9B%E0%A7%8C%E0%A6%A1%E0%A6%BF-%E0%A6%86%E0%A7%B0%E0%A7%B1%E0%A7%B0-%E0%A6%AF%E0%A7%81%E0%A7%B1%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A7%B0-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%AD%E0%A7%8D/ | 1. প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ আমন্ত্রণমৰ্মে ছৌডি আৰৱৰ যুবৰাজ তথা সেই দেশৰ প্রতিৰক্ষা মন্ত্রী পৰিষদৰ মন্ত্রী মহম্মদ বিন চলমান বিন আব্দুল আজিজ আল সৌদে ১৯ আৰু ২০ ফেব্রুৱাৰীত ভাৰত ভ্ৰমণ কৰে। বিমানবন্দৰততেওঁলোকক স্বাগতমজনায় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। উল্লেখ্য যেছৌডি সম্ৰাটচলমান বিন আব্দুল আজিজ আল সৌদৰ আমন্ত্রণমৰ্মে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়েও ২০১৬ চনৰ এপ্রিল মাহত আৰৱ ভ্ৰমণ কৰিবলৈ গৈছিল। 2. ছৌডি যুৱৰাজক ৰাষ্ট্রপতি ভৱনত ২০ ফেব্রুৱাৰী তাৰিখে আনুষ্ঠানিক অভ্যর্থনা প্ৰদান কৰা হয়। ৰাষ্ট্রপতিয়ে যুৱৰাজৰ সন্মানাৰ্থে এক ভোজমেলৰো আয়োজন কৰে। 3. প্রধানমন্ত্রী মোদী আৰু ছৌডি যুৱৰাজ মহম্মদ বিন চলমান বিন আব্দুল আজিজ আল সৌদেবিগত ২০ ফেব্রুৱাৰীত হায়দৰাবাদ হাউছতএক প্রতিনিধি পর্যায়ৰ বৈঠকতো মিলিত হয়। ইয়াৰ পিছতে যুৱৰাজে ভাৰতৰ বৈদেশিক মন্ত্রী শ্রীমতী সুষমা স্বৰাজকো সাক্ষাৎ কৰে। 4. ভাৰত আৰু ছৌডি আৰৱৰ মাজতযি মৈত্রী আৰু আন্তৰিকতাৰ সম্পর্ক আছে সেয়া এই দুই দেশৰ মাজত বহু বছৰ বছৰ ধৰি আছে আৰু সেয়া কেবা শতাব্দী প্রাচীন অর্থনৈতিক আৰু আর্থ-সামাজিক বান্ধোনৰ মাজেৰে প্রতিফলিত হয়। দুই দেশৰ মাজত ভৌগলিক ঘনিষ্ঠতা, সভ্যতাগত যোগসূত্র, সাংস্কৃতিক সম্পৰ্ক, পৰিৱেশগত বৈশিষ্ট্য আৰু প্রগতিবাদী মানুহৰ সৈতেমানুহৰ যোগাযোগ হৈছে। উমৈহতীয়াপ্ৰত্যাহ্বান আৰু সুযোগ-সুবিধাবোৰে দুই দেশৰ এই মজবুত সম্পর্ককআৰু অধিক গতি প্ৰদান কৰিছে। 5. এক সৌহাদ্যপূৰ্ণপৰিৱেশত দ্বিপাক্ষিক বৈঠকখন অনুষ্ঠিত হয়। মৈত্রীৰ এই বাতাবৰণেই দুই দেশ আৰুতেওঁলোকৰ নেতৃবৃন্দক একেডাল এনাজৰীৰে আবদ্ধ কৰে। উভয় পক্ষই দ্বিপাক্ষিক সহযোগিতা আৰু মৈত্রীৰ আদর্শ বাতাবৰণ গঢ়ি ওঠাত সন্তোষ প্রকাশ কৰে। দ্বিপাক্ষিক সহযোগিতাৰ এই বাতাবৰণ আস্থা, পাৰস্পৰিক বুজাবুজি, সৌবাবেবোধ আৰু পাৰস্পৰিক শ্রদ্ধাৰ ভিত্তিত গঢ়ি উঠিছে। উভয় পক্ষই বাণিজ্য, শক্তি, নিৰাপত্তা আৰু সাংস্কৃতিক সহ বিভিন্ন ক্ষেত্রত অগ্রগতিৰ ক্ষেত্ৰত সন্তোষ প্রকাশ কৰে। উল্লেখ্য যে ২০১৬ চনৰ এপ্রিল মাহত প্রধানমন্ত্রীৰ ৰিয়াধভ্ৰমণে পৰৱর্তী সময়ত দুয়োখন দেশৰ সম্পর্ক আৰু অধিকশক্তিশালী কৰি তুলিছে আৰু ইয়াক এক নতুন উচ্চতালৈ লৈ গৈছে। 6. ছৌডি আৰৱত আধুনিকতাবাদ আৰু উদাৰীকৰণৰ যি সিদ্ধান্ত যুৱৰাজেগ্ৰহণ কৰিছে, সেয়া প্রধানমন্ত্রী মোদীয়ে প্রশংসা কৰে। একেদৰে ছৌডি যুৱৰাজেও ভাৰতৰ সৰ্বাঙ্গীন আর্থিক অন্তর্ভুক্তিকৰণ, বহুত্ববাদ আৰু সহনশীলতাৰ আদর্শ অনুসৰণৰ প্রচেষ্টাৰ প্রশংসা কৰে। 7. ২০১০ চনৰ ফেব্রুৱাৰী মাহত ৰীয়াধ ঘোষনাপত্রত যি কৌশলগত অংশীদাৰীত্ব গঢ়ি তোলাৰ কথা উল্লেখ কৰা হৈছিল, তাক আৰুশক্তিশালী কৰিবলৈ দুই পক্ষই তেওঁলোকৰ অঙ্গীকাৰৰ কথা পুনৰায় ব্যক্ত কৰে। 8. দুয়োখন দেশৰ মাজত বর্তমানৰ কৌশলগত অংশীদাৰীত্বক কৌশলগত অংশীদাৰীত্ব কাউন্সিল গঠনৰ মাধ্যমেৰে উচ্চস্তৰীয় তদাৰকী ব্যৱস্থালৈৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত উভয়েই সহমত প্ৰকাশ কৰিছে। এই কাউন্সিলত থাকিব ভাৰতৰ প্রধানমন্ত্রী আৰু আৰৱৰ যুৱৰাজ। 9. ভাৰতৰ নীতি আয়োগ আৰু সেইদেশৰ ইন্টাৰনেশ্যনেল ষ্ট্ৰেটেজিক পার্টনাৰশ্বিপ শীর্ষক প্রতিষ্ঠানৰ মাজত যৌথভাৱে কর্মশালা আয়োজনৰ বিষয়টোক দুয়োদেশৰ ৰাষ্ট্ৰনেতাই প্রশংসা কৰে। উল্লেখ্য যে অলপতে ৰিয়াধত এনেধৰণৰ এক কৰ্মশালাৰ আয়োজন কৰা হৈছিল। এই কর্মশালাতে বিভিন্ন ক্ষেত্রত যৌথ উদ্যোগ গঢ়ি তোলা আৰু বিনিয়োগৰ বাবে ৪০ৰো অধিক ক্ষেত্র চিহ্নিত কৰা হৈছে। 10. ছৌডি যুৱৰাজৰ ভাৰত ভ্ৰমণকালত নিম্নোল্লিখিত বুজাবুজিপত্ৰসমূহ স্বাক্ষৰিত হৈছে- o ভাৰতৰ ৰাষ্ট্ৰীয় বিনিয়োগ আৰুআন্তঃগাঁথনি বিধেয়ক সম্পৰ্কীয় বুজাবুজি চুক্তি o পর্যটন ক্ষেত্রত সহযোগিতা গঢ়ি তোলাৰ লক্ষ্যৰেবুজাবুজি চুক্তি o আবাস ক্ষেত্রত সহযোগিতা গঢ়ি তোলাৰ লক্ষ্যৰেবুজাবুজি চুক্তি o ইনভেষ্ট ইণ্ডিয়া আৰু ছৌডি আৰৱ জেনেৰেল ইনভেষ্টমেন্ট কর্তৃপক্ষৰ মাজতআন্তঃগাঁথনিমূলক সহযোগিতা কাৰ্যসূচী o অডিঅ’-ভিজুৱেল আদান-প্রদানৰ বাবে সম্প্রচাৰ ক্ষেত্রত সহযোগিতাৰ লক্ষ্যৰে বুজাবুজি চুক্তি o আর্ন্তজাতিক সৌৰ মৈত্ৰী চুক্তিত ছৌডি আৰৱকচামিল কৰিবলৈ চুক্তি 11. সাম্প্রতিক বছৰকেইটাত দ্বিপাক্ষিক ব্যৱসায়ৰ ইতিবাচক অগ্রগতিৰ বিষয়টো বিবেচনাধীন কৰি ৰাখি উভয়পক্ষই পণ্য সামগ্রী লেনদেন, বিশেষকৈ তেল বহিৰ্ভূত ক্ষেত্রত বাণিজ্যিক দিশেৰে যে বিপুল সম্ভাৱনা আছে, সেই সম্ভাৱনীয়তাক কামে-কাজে প্ৰয়োগ কৰাৰ ওপৰত জোৰ দিয়া হৈছে। ২০১৮ৰ ফেব্রুৱাৰী মাহত ৰিয়াধত ভাৰত-ছৌডি যৌথ কমিশ্যনৰ দ্বাদশ বৈঠকত অর্থনৈতিক, বাণিজ্যিক, বিনিয়োগ, সংস্কৃতি আৰু প্রযুক্তিগত ক্ষেত্রত সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত যি আলোচনা হৈছিল তাতদুই পক্ষই স্বাগতম জনাইছে। 12. উভয় পক্ষই দুয়োখন দেশৰ মাজত ব্যৱসায়ৰ পৰিমাণ বৃদ্ধিৰ প্রয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে আৰু ৰপ্তানি ক্ষেত্রৰ বাধা-বিপত্তিসমূহ দূৰ কৰাৰ ক্ষেত্ৰত সহমত প্রকাশ কৰে। 13. উভয় পক্ষই ছৌডি সম্ৰাটৰ ‘ভিজন ২০৩০’আৰু ভাৰতৰ ফ্লেগশ্বিপ কাৰ্যসূচীসমূহৰ (মেক ইন ইণ্ডিয়া, ষ্টাৰ্টআপ ইণ্ডিয়া, স্মার্ট চিটি, ডিজিটেল ইণ্ডিয়া আদি) সৈতে সংগতি ৰাখি বাণিজ্য আৰু বিনিয়োগ সহযোগিতাক আৰুগাঢ় কৰাৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰে। ছৌডি আৰৱৰ ভালেমান প্রকল্পত ভাৰতীয় বেচৰকাৰী আৰু ৰাষ্ট্রীয় সংস্থাৰ বিনিয়োগ তথা বিশেষজ্ঞসকলক কামত নিয়োগ কৰিবলৈ ছৌদি আৰৱ প্ৰস্তুত বুলিও জনোৱা হৈছে। ভাৰত আৰু ছৌডি আৰৱৰ আর্থিক ক্ষেত্রত ইতিবাচক পৰিৱর্তনৰ বিষয়টো দুয়োটা পক্ষই সহমত প্রকাশ কৰে। 14. দুয়োখন দেশৰ চৰকাৰে, সহজে ব্যৱসায়-বাণিজ্যৰ অনুকূল পৰিৱেশ গঢ়ি তোলা, বর্তমান বাণিজ্য সংক্রান্তীয় নিয়ম-নীতিবোৰকআৰুঅধিক সৰল আৰু যুক্তিসংগত কৰি তোলাৰ উপৰি গুৰুত্বপূর্ণ ক্ষেত্রত প্রত্যক্ষ বৈদেশিক বিনিয়োগ নিয়ম-নীতি শিথিল কৰিবলৈ যিবোৰ পদক্ষেপ গ্রহণ কৰিছে, তাকউভয় পক্ষই স্বাগতম জনাইছে। 15. ২০১৬ চনত প্রধানমন্ত্রী মোদীয়ে ৰিয়াধ ভ্ৰমণ কৰাৰ সময়ত ছৌডি আৰৱৰ জেনেৰেল ইনভেষ্টমেন্ট প্ৰতিষ্ঠান আৰু ইনভেষ্ট ইণ্ডিয়াৰ মাজত আন্তঃগাঁথনিমূলক সহযোগিতাচুক্তি স্বাক্ষৰৰ পিছতবিনিয়োগ সম্পৰ্কীয় আৰ্থিক পৰিৱেশত যি ইতিবাচক পৰিৱর্তন আহিছে, তাক উভয়পক্ষই স্বাগতম জনাইছে। উভয়পক্ষই নিজৰ দেশত বিনিয়োগৰ সুযোগ-সুবিধাসমূহৰ পূর্ণ সদ্ব্যৱহাৰৰ বাবে শিল্প-বাণিজ্য খণ্ডৰ প্ৰতি আহ্বান জনাইছে। 16. ছৌডি আৰৱতউদ্যোগচহৰ আৰু বন্দৰসমূহত যি অত্যাধুনিক আন্তঃগাঁথনি আৰু পৰিবহন সেৱা ব্যৱস্থা গঢ়ি তোলা হৈছে, সেয়া কামে কাজে লগোৱাৰ বাবে সেই দেশৰ ৰাজপুত্রই ভাৰতীয় সংস্থাসমূহক আমন্ত্রণ জনাইছে। 17. ছৌডি যুৱৰাজে শক্তি, পৰিশোধন, পেট্র’ ৰসায়ন, আন্তঃগাঁথনি, কৃষি, খনিজ আৰু খনি, উৎপাদন, শিক্ষা আৰু স্বাস্থ্যক্ষেত্রত ১০০ বিলিয়ন মার্কিন ডলাৰতকৈও অধিক যিধন আবণ্টনৰ কথা ঘোষণা কৰা হৈছে, তালৈ প্রধানমন্ত্রীয়ে স্বাগতম জনাইছে। 18. ৪৪ বিলিয়ন মার্কিন ডলাৰ ব্যয় কৰি প্রথমবাৰৰ বাবে যৌথ উদ্যোগত পশ্চিম উপকূলীয় তেল শোধনাগাৰ আৰু পেট্র’ ৰসায়ন প্রকল্প গঢ়ি তোলাৰ বাবে যি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, উভয়পক্ষই তাক স্বাগতম জনাইছে। দুয়ো পক্ষই এই প্রকল্পৰ ৰূপায়ণ ত্বৰান্বিত কৰাৰ ক্ষেত্ৰতো সহমত প্রকাশ কৰিছে। প্রকল্পৰ কাম শেষ হ’লে ই এক বিশ্বৰ বৃহত্তম গ্রীণফিল্ড বা পৰিৱেশ অনুকূল তেল শোধনাগাৰ হৈ উঠিব। 19. ভাৰতৰ ৰাষ্ট্ৰীয় বিনিয়োগ আৰুআন্তঃগাঁথনি ব্যৱস্থা তথা অন্যান্য গুৰুত্বপূর্ণ ক্ষেত্রত ছৌডি আৰৱৰ বিনিয়োগক প্রধানমন্ত্রী স্বাগতমজনাইছে। এই পৰিপ্রেক্ষিতত যিবুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে, উভয়পক্ষই তাত সন্তোষ প্রকাশ কৰিছে। এই বুজাবুজি চুক্তিৰ ফলত দ্বিপাক্ষিক অর্থনৈতিক সহযোগিতাৰ পথ আৰু প্রশস্ত হ’ব। 20. ছৌডি আৰৱৰ ফালৰ পৰা ভাৰতত শক্তি, শোধনাগাৰ, পেট্র’ ৰসায়ন, আন্তঃগাঁথনি, কৃষি, খনিজ আৰু খনি, উৎপাদন, শিক্ষা আৰুস্বাস্থ্যক্ষেত্ৰত বিনিয়োগৰ ক্ষেত্ৰত যি আগ্রহ প্রকাশ কৰা হৈছে, প্রধানমন্ত্রীয়ে তাক স্বাগতম জনাইছে। 21. গৃহ নিৰ্মাণ ক্ষেত্রত সহযোগিতা গঢ়ি তুলিবলৈ আৰু ছৌডি আৰৱৰ গৃহ নিৰ্মাণ প্রকল্পবোৰত ভাৰতীয় সংস্থাসমূহৰ অংশগ্রহণক উৎসাহ যোগাবলৈ যিবুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে, উভয়পক্ষই ইয়াক স্বাগতম জনাইছে। 22. বিভিন্ন বিপৰ্যয়ৰ মোকাবিলাৰ ক্ষেত্রত এক উপযুক্ত আন্তঃগাঁথনি গঢ়ি তোলাৰ লক্ষ্যৰেমৈত্ৰী গঠনৰ বাবে প্রধানমন্ত্রীয়ে যি উদ্যোগ গ্ৰহণ কৰিছে তাক ছৌডি যুৱৰাজেউচ্চ প্রশংসা কৰিছে আকু কৈছে যে বিপর্যয়ৰ মোকাবিলা আৰু তাৰ প্রতিৰোধৰ লক্ষ্যৰে এয়া এক গুৰুত্বপূর্ণ পদক্ষেপ। 23. শক্তি নিৰাপত্তাক কৌশলগত অংশীদাৰীত্বৰ এক গুৰুত্বপূর্ণ স্তম্ভ হিচাপে স্বীকাৰ কৰি উভয় পক্ষই শক্তিক্ষেত্রত দ্বিপাক্ষিক বাণিজ্য বৃদ্ধিৰ ক্ষেত্ৰত গভীৰ আগ্রহ প্রকাশ কৰিছে। ইয়াৰ লগতে কোৱা হৈছে যে ছৌডি আৰৱ বিশ্বৰ আটাইতকৈ বিশ্বস্ত তেল আৰুগেছ সৰবৰাহকাৰী দেশ। আনকি ভাৰতৰ বাবেও এক গুৰুত্বপূর্ণ সৰবৰাহকাৰী দেশ। ভাৰত-ছৌডি আৰৱে শক্তি সম্পৰ্কীয় আলোচনা আগবঢ়াই নিয়াৰ ক্ষেত্ৰতো দুয়োখন দেশেই সহমত পোষণ কৰিছে। শক্তি ক্ষেত্রত ক্রেতা-বিক্রেতাৰ সম্পর্কৰ পৰিৱর্তন ঘটাই পেট্র’ৰসায়ন প্রকল্পবোৰত বিনিয়োগ তথা যৌথ উদ্যোগ গঢ়িতুলি এই সম্পর্কক কৌশলগত অংশীদাৰীত্বত পৰিণত কৰাৰ বিষয়ে উভয় পক্ষই সন্মতি প্ৰকাশ কৰিছে। 24. অপৰিশোধিত তেল আৰু পেট্র’লিয়ামজাত সামগ্ৰীৰ ক্ষেত্রত ভাৰতৰ ক্রমবর্ধমান চাহিদা পূৰণৰ ক্ষেত্ৰত ছৌডি যুৱৰাজে পুনৰায় আশ্বাস দি কয়, অন্যান্য উৎসৰ পৰা সৰবৰাহ বিঘ্নিত হ’লে ভাৰতৰ চাহিদা পূৰণৰ বাবেআৰৱে সাহায্য আগবঢ়াব। 25. পেট্র’লিয়াম সংৰক্ষণৰ বাবে ভাৰতৰ কৌশলগত পদক্ষেপত ছৌডি আৰৱৰ অংশগ্রহণক প্রধানমন্ত্রীয়ে স্বাগতম জনাইছে। 26. আন্তর্জাতিক সৌৰ মৈত্ৰীত ছৌডি আৰৱকচামিল কৰোৱাৰ সিদ্ধান্তক প্রধানমন্ত্রীয়ে স্বাগতম জনাইছে। এই প্রসঙ্গত উভয় পক্ষই কৈছে যে, পুনর্নবীকৰণযোগ্য শক্তিক্ষেত্রত সাম্ভাৱ্য সহযোগিতা গঢ়ি তোলাই নহয়, বৰঞ্চ গৱেষণাআৰু উন্নয়ন খণ্ডতো বিনিয়োগৰ আছে বিপুল সুযোগ। 27. উভয় পক্ষই দূৰ নিয়ন্ত্রণ, উপগ্রহ-ভিত্তিক যোগাযোগ আৰু দিক নির্দেশ ব্যৱস্থাসহ মহাকাশ, বিজ্ঞান আৰু প্রযুক্তিক্ষেত্রত সহযোগিতাৰ ক্ষেত্ৰতো সন্মতি প্ৰকাশ কৰিছে। 28. পাৰস্পৰিক সহযোগিতাৰ ক্ষেত্রসমূহ চিহ্নিত কৰি দক্ষতা বিকাশৰ লক্ষ্যৰে এক যৌথ কর্মীগোষ্ঠী গঠনৰ বিষয়েও উভয় পক্ষ সন্মত হৈছে। 29. ২০১৪ চনৰ ফেব্রুৱাৰী মাহত ছৌডি সম্রাট চলমান বিন আব্দুল আজিজ আল সৌদৰ ভাৰত ভ্ৰমণকালত প্রতিৰক্ষা সহযোগিতা ক্ষেত্রত স্বাক্ষৰিত বুজাবুজি চুক্তৰ পিছত বিশেষজ্ঞ বিনিময় আৰু প্রশিক্ষণ প্রদানৰ লগতে প্রতিৰক্ষা ক্ষেত্রত ভাৰত-ছৌডি সহযোগিতাত সাম্প্রতিক অগ্রগতিৰ ক্ষেত্ৰতো উভয়পক্ষই সন্তোষ প্রকাশ কৰে। এই সন্দৰ্ভত দুয়োখন দেশৰ মাজত বিগত ২ আৰু ৩ জানুৱাৰীত ৰিয়াধত অনুষ্ঠিত প্রতিৰক্ষা সহযোগিতা সংক্রান্তীয় যৌথ কমিটিৰ চতুর্থ বৈঠকৰ সিদ্ধান্তসমূহকো উভয়পক্ষই স্বাগতম জনাইছে। 30. উভয়পক্ষই শীঘ্ৰেই যৌথ নৌ অনুশীলন আয়োজনৰ ক্ষেত্ৰত সন্মতিপ্ৰকাশ কৰিছে। অন্যান্য ক্ষেত্রতো এইধৰনেৰ দ্বিপাক্ষিক আয়োজনবৃদ্ধি কৰাৰ ক্ষেত্ৰতো একমত হৈচে দুয়োখন দেশৰ ৰাষ্ট্ৰনেতা। 31. যৌথ উদ্যোগত প্রতিৰক্ষা সা-সৰঞ্জাম আৰু উপকৰণ নির্মাণৰ ক্ষেত্রত ব্যাপক সম্ভাৱনা আৰু পাৰস্পৰিক স্বার্থজড়িত বিষয়সমূহ বিবেচনাধীন কৰি ৰাখি এই ক্ষেত্রত সহযোগিতা আৰু সমন্বয় গঢ়ি তোলাৰ ক্ষেত্ৰতো উভয়পক্ষই সন্মতি দিছে। আৰু সিদ্ধান্ত হৈছে যে, ভাৰতৰ মেক ইন ইণ্ডিয়া আৰু সেই দেশৰ ভিজন ২০৩০ উদ্যোগৰ অংশ হিচাপে এই সহযোগিতা গঢ়ি তোলা হ’ব। 32. দুই দেশৰে নিৰাপত্তা আৰু সমৃদ্ধিৰ বাবে ভাৰত মহাসাগৰীয় অঞ্চলৰ দেশসমূহৰ সৈতে নৌ আৰু বাণিজ্য নিৰাপত্তাগত সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰতো উভয়পক্ষই সহমত প্ৰকাশ কৰিছে। 33. যোগাযোগ সংক্রান্তীয় আঞ্চলিক প্রকল্পসমূহ সম্পর্কত উভয়পক্ষই সন্মত হৈছে যে, এই প্রকল্পসমূহ আন্তর্জাতিক নিয়ম-নীতিৰ আওঁতাত থাকিৰূপায়ন কৰিব লাগিব যাতে সংশ্লিষ্ট অঞ্চলৰ দেশসমূহৰ সার্বভৌমত্ব আৰু ভৌগলিক অখণ্ডতা অক্ষুণ্ণ থাকে। 34. উভয়পক্ষই আঞ্চলিক স্থিতিশীলতা আৰু প্রতিবেশী দেশসমূহৰ সৈতে সুসম্পর্ক বজাই ৰখাৰ গুৰুত্বৰ ওপৰত জোৰ দিছে। ২০১৪ চনৰ মে’ মাহৰ পৰৱর্তী সময়ত পাকিস্থানৰ সৈতে মৈত্রীৰ সম্পর্ক বজাই ৰখাৰ বাবে প্রধানমন্ত্রী মোদীৰ ব্যক্তিগত পদক্ষেপ গ্ৰহণক প্রশংসা কৰে ছৌডি যুৱৰাজে। ভাৰত আৰু পাকিস্থানৰ মাজত গঠনমূলক আলাপ-আলোচনাৰ উপযুক্ত পৰিৱেশ প্ৰস্তুত কৰিবলৈ প্রয়োজনীয় গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি উভয়পক্ষ সম্মত হৈছে। 35. উগ্রবাদআৰু সন্ত্রাসবাদে সমগ্ৰ জাতি আৰু সমাজৰ বাবেই বিপজ্জনক বুলি স্বীকাৰ কৰে উভয়পক্ষই। তেওঁলোকে কয় যে সন্ত্রাসবাদ আৰু উগ্রবাদক যিকোনো জাতি, ধর্ম বা সংস্কৃতিৰ সৈতে জডি়ত কৰাৰ প্রচেষ্টাক তেওঁলোকে খাৰিজ কৰে। উভয়পক্ষই সন্ত্রাসবাদক যিকোনো দেশৰ বিৰুদ্ধে ব্যৱহাৰৰ বিষয়টোকো নাকচ কৰাৰ বাবে সমগ্ৰ দেশকেই আহ্বান জনাইছে। দুয়োখন দেশেই সন্ত্রাস পৰিকাঠামো ভাঙিবলৈআৰু সন্ত্ৰাসবাদীক যাৱতীয় সহায় আৰুসমৰ্থন কৰাৰ পৰা বিৰত থকাৰ বাবেওবিশ্বৰ সকলোবোৰ দেশকে আহ্বান জনাইছে। সন্ত্রাসবাদৰ বিৰুদ্ধে সুদৃঢ় পদক্ষেপ গ্রহণৰ প্রয়োজনীয়তাৰ ক্ষেত্ৰতো আন্তর্জাতিক সমুদায়ৰওচৰত আবেদন কৰা হৈছে। আন্তর্জাতিক সন্ত্রাসবাদ সম্পর্কীয় ৰাষ্ট্রসংঘৰ সুসংঘবদ্ধ সন্মিলনৰ বিষয়সমূহকো গ্রহণ কৰাৰ ক্ষেত্ৰত দুয়ো পক্ষৰ তৰফৰ পৰা আবেদন জনোৱা হৈছে। উগ্ৰবাদী সংগঠনসমূহক ৰাষ্ট্রসংঘৰ ঘোষিত তালিকাত অন্তর্ভুক্ত কৰাৰ ক্ষেত্ৰতো গুৰুত্ব দিয়া হৈছে। 36. ভাৰত আৰু ছৌডি আৰৱ, দুয়ো পক্ষই ৰাষ্ট্রীয় নীতিৰ হাথিয়াৰ হিচাপে সন্ত্রাসৰ ব্যৱহাৰৰ পৰা বিৰত থকাৰ বাবে বিশ্বৰ আটাইবোৰ দেশকেই আহ্বান জনাইছে। উগ্ৰবাদীসকলৰ পৰা অস্ত্র-শস্ত্রসহ ক্ষেপনাস্ত্র আৰু দ্রোণ সৰবৰাহ কৰাৰ পৰা বিৰত থকাৰ বাবে অন্যান্য ৰাষ্ট্রকো আহ্বান জনোৱা হৈছে। 37. প্রধানমন্ত্রী আৰু ছৌডি যুৱৰাজ, দুয়োৱেই জম্মু আৰু কাশ্মীৰৰ পুলৱামাতবিগত ১৪ ফেব্রুৱাৰী তাৰিখে ভাৰতীয় নিৰাপত্তা বাহিনীৰ ওপৰওহোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক তীব্ৰ নিন্দা কৰিছে। 38. ভাৰত আৰু ছৌডি আৰৱে পাৰস্পৰিক স্বার্থজড়িত আঞ্চলিক আৰু আন্তর্জাতিক বিষয়সমূহৰ লগতে পশ্চিম এছিয়া আৰু মধ্যপ্রাচ্যৰ দেশসমূহত নিৰাপত্তা পৰিস্থিতিক লৈ আলোচনা কৰিছে। দুয়ো পক্ষৰ আলোচনাত আঞ্চলিক তথা আন্তর্জাতিক শান্তি, নিৰাপত্তা আৰুস্থিতিশীলতাৰ দৰে বিষয়সমূহে গুৰুত্ব লাভ কৰিছে। 39. পেলেষ্টাইনবাসী জনতাৰ প্রাপ্য অধিকাৰ সুনিশ্চিত কৰিবলৈ ৰাষ্ট্রসংঘৰ বিভিন্ন সিদ্ধান্ত আৰু আৰৱত শান্তি উদ্যোগৰ ওপৰত ভিত্তি কৰি মধ্যপ্রাচ্যেতস্থায়ী শান্তি প্রতিষ্ঠাৰ লক্ষ্যৰে কার্যকৰী ব্যৱস্থা গ্রহণৰ বিষয়ে উভয়পক্ষই আশাপ্রকাশ কৰিছে। 40. সন্ত্রাসবাদ দমনত পাৰস্পৰিক সহযোগিতা বৃদ্ধি আৰু সন্ত্ৰাসবাদ বিৰোধী তথ্য আদান-প্রদানৰ মাধ্যমেৰে পাৰস্পৰিক সুবিধার্থে উভয়পক্ষই জাতীয় নিৰাপত্তা উপদেষ্টা পর্যায়ত সুসংহত নিৰাপত্তা-আলোচনা আৰম্ভ কৰাৰ ক্ষেত্ৰত আৰু সন্ত্রাস দমনৰ লক্ষ্যৰে যৌথ কর্মীগোষ্ঠী গঠনত সন্মতি প্ৰকাশ কৰিছে। 41. প্রধানমন্ত্রী মোদী আৰু ছৌডি যুৱৰাজে বিভিন্ন ক্ষেত্রত নিৰাপত্তা সহযোগিতা আৰুঘনিষ্ঠ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ অঙ্গীকাৰৰ কথা পুনৰ উল্লেখ কৰে। উভয়ে সামূদ্রিক নিৰাপত্তা, আইনপ্ৰণয়নকাৰী সংস্থা, ধনদাবী, মাদকদ্ৰব্য সৰবৰাহ, মানৱসৰবৰাহ, অবৈধ সামগ্ৰীৰ সৰবৰাহ আৰু সীমান্তৰ সিপাৰৰ সংগঠিত অপৰাধ দমনৰ বাবে দুয়োপক্ষই গুৰুত্ব দিছে। 42. চাইবাৰ ক্ষেত্রৰ অপব্যৱহাৰৰ বিষয়টোতো উভয় পক্ষই গভীৰ উদ্বেগ প্রকাশ কৰে আৰু চাইবাৰ ক্ষেত্রৰ অপৰাধ দমন সংক্রান্তীয় বিষয়ত প্রযুক্তিগত সহযোগিতা গঢ়ি তোলাৰ লক্ষ্যৰে যিবুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে, তাক দুয়োপক্ষই স্বাগতম জনাইছে। 43. বিপুল সংখ্যক ভাৰতীয়ৰ আপ্যায়নত আৰু তেওঁলোকৰ সৰ্বাঙ্গীন কল্যাণত ছৌডি নেতৃত্বৰ ভুমিকাক ভাৰতে শলাগ লয় আৰু তেওঁলোকক ধন্যবাদ দিয়ে। 44. ৩২তম ছৌডি জাতীয় ঐতিহ্য আৰু সাংস্কৃতিক অনুষ্ঠানত ভাৰতক সন্মানীয় অতিথি দেশ হিচাপে গণ্য কৰাৰ বাবে প্রধানমন্ত্রীয়ে সেইদেশৰ নেতৃবৃন্দক ধন্যবাদ জনাইছে। উভয়পক্ষই দুয়ো দেশৰ মানুহৰ মাজত যোগাযোগ আৰুবৃদ্ধি হোৱা আৰু সাংস্কৃতিক সহযোগিতাক মজবুত কৰাৰ ওপৰত গুৰুত্ব দিছে। নির্দিষ্ট সময়ৰ ব্যৱধানত ছৌডি আৰৱত ভাৰতীয় সংস্কৃতি সপ্তাহ উদযাপন আৰু একেধৰণে ভাৰততো ছৌডি আৰৱ সংস্কৃতি উদযাপনৰ ক্ষেত্ৰতো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 45. ভাৰতৰ পৰা হজ তীর্থযাত্রীসকলৰ কোটা বৃদ্ধি কৰি ২ লাখ কৰাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ছৌডি যুৱৰাজকে ধন্যবাদ জনাইছে। 46. ছৌডি আৰৱৰ বিভিন্ন কাৰাগাৰত বন্দী ৮৫০ জন ভাৰতীয় বন্দীকে মুক্তিৰ যি সিদ্ধান্ত ছৌডি যুবৰাজেগ্ৰহণ কৰিছে, সেই সিদ্ধান্তক ভাৰতৰ প্রধানমন্ত্রীয়ে আদৰণি জনাইছে। 47. উভয়পক্ষই দুয়োখন দেশৰ জনসাদাৰণৰ মাজত যোগাযোগ বৃদ্ধি কৰাৰ ক্ষেত্ৰত আগ্রহ প্রকাশ কৰিছে আৰু পর্যটন ক্ষেত্রৰ সৈতে জড়িত সমস্যাসমূহ আঁতৰ কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিছে। 48. ছৌডি আৰৱৰ বিমান সংস্থাসমূহত বর্তমান মাহেকীয়া আসনৰ সংখ্যা ৮০ হাজাৰৰ পৰা বৃদ্ধিকৰি ১ লাখ ১২ হাজাৰ কৰাৰ ক্ষেত্ৰতো ভাৰত চৰকাৰে সন্মতি প্ৰকাশ কৰিছে। এই সংখ্যা কেনেদৰে আৰু বৃদ্ধি কৰিব পাৰি সেই ক্ষেত্ৰত সমীক্ষাৰ কাম চলিছে। 49. ছৌডি আৰৱত বসবাসকাৰী ভাৰতীয়সকলৰ সুবিধার্থে ধন পৰিশোধ ব্যৱস্থাত সহযোগিতাৰ সুযোগ-সুবিধা বিচাৰি উলিওৱাৰ বাবে উভয়পক্ষই সন্মত হৈছে। এই ব্যৱস্থা আৰম্ভ হ’লে হজ আৰু উমৰাহ তীর্থযাত্রীসকল বিশেষভাৱে উপকৃত হ’ব। 50. ছৌডি আৰৱত কর্মৰত তথা নিজৰ ভুল অবিহনেও আবদ্ধ হৈ থকা ভাৰতীয় শ্রমিকসকলৰসমস্যাসমূহ মানৱীয়তাৰ দৃষ্টিভঙ্গীৰে সমাধান কৰাৰ বাবে ছৌডি যুৱৰাজে গ্ৰহণ কৰা পদক্ষেপৰ উচ্চ প্রশংসা কৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। 51. ৰাষ্ট্রসংঘ, জি-২০ আৰু বিশ্ববাণিজ্য সংগঠনসহ অন্যান্য বহুপাক্ষিক মঞ্চসমূহত পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ মাধ্যমেৰে এনে ধৰণৰ বহুপাক্ষিক মঞ্চৰ সংস্কাৰ ক্ষেত্রত উভয়পক্ষই তেওঁলোকৰ অঙ্গীকাৰৰ কথা প্রকাশ কৰিছে। এই পৰিপ্রেক্ষিততে উভয়পক্ষই ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদ, বিশ্ববাণিজ্য সংস্থা, আন্তর্জাতিক বিত্ত প্রতিষ্ঠানসহ আন্তর্জাতিক ফ’ৰামসমূহৰ সংস্কাৰৰ প্রয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। 52. বিশ্বব্যাপী জটিল সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত বহুপাক্ষিক ব্যৱস্থাসমূহৰ কার্যকৰী সংস্কাৰৰ গুৰুত্বৰ ওপৰতো উভয়পক্ষই গুৰুত্ব আৰোপ কৰিছে। দুয়োপক্ষই ৰাষ্ট্রসংঘই সংস্কাৰৰ লক্ষ্যৰে নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ প্রয়োজনীয়তাৰ ওপৰতো জোৰ দিছে। 53. পলাতক অর্থনৈতিক অপৰাধীসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত একত্ৰিতহৈ কাম কৰাৰ ক্ষেত্ৰতো উভয়পক্ষইতেওঁলোকৰ অঙ্গীকাৰৰ কথা পুনৰায় ব্যক্ত কৰে। 54. ছৌডি যুৱৰাজ, উপ-প্রধানমন্ত্রী তথা আৰৱৰ প্রতিৰক্ষামন্ত্রী মহম্মদ বিন চলমান বিন আব্দুল আজিজ ডাঙৰীয়া আৰু তেওঁৰ সৈতে অহা প্রতিনিধিদলক ভাৰত চৰকাৰ আৰু ভাৰতবাসীৰ তৰফৰ পৰা যি উষ্ম আতিথ্য প্ৰদান কৰা হৈছে, তাৰ বাবে তেওঁলোকে কৃতজ্ঞতা প্রকাশ কৰিছে। | ছৌডি আৰৱৰ যুৱৰাজৰ ভাৰত ভ্ৰমণৰ সময়ত ভাৰত-ছৌডি আৰৱ যৌথ বিবৃতি |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%9C%E0%A6%A8%E0%A7%8D%E0%A6%AE-%E0%A6%A6%E0%A6%BF/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%9C%E0%A6%A8%E0%A7%8D%E0%A6%AE-%E0%A6%A6%E0%A6%BF/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী এল কে আদৱানিক তেওঁৰ জন্ম দিনত শুভেচ্ছা জনাবলৈ সাক্ষাৎ কৰে। এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়; "আদৱানি জীৰ বাসভৱনলৈ গৈছিলো আৰু তেওঁক তেওঁৰ জন্ম দিনৰ শুভেচ্ছা জনালো। ভাৰতৰ বিকাশৰ প্ৰতি তেওঁৰ অৱদান চিৰস্মৰণীয়। তেওঁৰ দৃষ্টিভংগী আৰু বুদ্ধিমত্তাৰ বাবে তেওঁ সমগ্ৰ ভাৰততে সন্মানিত। বিজেপিক নিৰ্মাণ আৰু শক্তিশালী কৰাত তেওঁৰ ভূমিকা অদ্বিতীয়। মই তেওঁৰ দীৰ্ঘ আৰু স্বাস্থ্যৱান জীৱনৰ বাবে প্ৰাৰ্থনা কৰিছো।" | প্রধানমন্ত্রীয়ে জন্ম দিনত শুভেচ্ছা জনাবলৈ শ্ৰী এল কে আদৱানিক সাক্ষাৎ কৰ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%87%E0%A6%9C%E0%A7%B0%E0%A6%BE%E0%A6%87%E0%A6%B2%E0%A7%B0-%E0%A6%B8%E0%A6%BE%E0%A6%A7%E0%A6%BE%E0%A7%B0%E0%A6%A3-%E0%A6%A8%E0%A6%BF%E0%A7%B0%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%9A%E0%A6%A8%E0%A6%A4/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%87%E0%A6%9C%E0%A7%B0%E0%A6%BE%E0%A6%87%E0%A6%B2%E0%A7%B0-%E0%A6%B8%E0%A6%BE%E0%A6%A7%E0%A6%BE%E0%A7%B0%E0%A6%A3-%E0%A6%A8%E0%A6%BF%E0%A7%B0%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%9A%E0%A6%A8%E0%A6%A4/ | প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলৰ সাধাৰণ নিৰ্বাচনত সফলতা লাভ কৰাৰ বাবে বেঞ্জামিন নেতান্যাহুক অভিনন্দন জনায়৷ প্ৰধানমন্ত্ৰীয়ে ভাৰত-ইজৰাইলৰ কৌশলগত অংশীদাৰিত্বক অগ্ৰাধিকাৰ দিয়াৰ বাবে প্ৰধানমন্ত্ৰী য়াইৰ লেপিডকো ধন্যবাদ জ্ঞাপন কৰে৷ টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “নিৰ্বাচনত লাভ কৰা সফলতাৰ বাবে মোৰ বন্ধু @netanyahuক মাজেল টোভ৷ ভাৰত-ইজৰাইলৰ কৌশলগত অংশীদাৰিত্ব গভীৰ কৰাৰ বাবে আমাৰ যৌথ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ মই আগ্ৰহী।" "ভাৰত-ইজৰাইলৰ কৌশলগত অংশীদাৰিত্বৰ প্ৰতি আপোনাৰ অগ্ৰাধিকাৰৰ বাবে @yairlapidক ধন্যবাদ জনাইছো। আমাৰ জনসাধাৰণৰ পাৰস্পৰিক লাভৰ বাবে আমাৰ ফলপ্ৰসূ ধাৰণা বিনিময় অব্যাহত ৰাখিব বুলি আশা কৰিছো।" | ইজৰাইলৰ সাধাৰণ নিৰ্বাচনত সফলতা লাভ কৰাৰ বাবে বেঞ্জামিন নেতান্যাহুক অভিনন্দন জনালে প্ৰধানমন্ত্ৰীয় |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%AE%E0%A7%B0%E0%A6%95%E0%A7%8D%E0%A6%95%E0%A7%8B%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4-%E0%A6%AC%E0%A6%BF%E0%A6%AE/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%AE%E0%A7%B0%E0%A6%95%E0%A7%8D%E0%A6%95%E0%A7%8B%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4-%E0%A6%AC%E0%A6%BF%E0%A6%AE/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ভাৰত আৰু মৰক্কোৰ মাজত প্রস্তাৱিত সংশোধিত বিমান সেৱা চুক্তিত অনুমোদন জনায়। এই নতুন চুক্তি কার্যকৰী হ’লে দুয়ো দেশৰ মাজত যোৱা ২০০৪ চনৰ বিমান চলাচল সংক্রান্তীয় পুৰণি চুক্তিখন বাতিল হ’ব। এই বিমান সেৱা চুক্তিখনে ভাৰত আৰু মৰক্কোৰ অসামৰিক বিমান চলাচলৰ ক্ষেত্রত বিশেষ গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব। ইয়াৰ ফলত দুয়ো দেশৰ মাজত ব্যৱসায়-বাণিজ্য, বিনিয়োগ, পর্যটন আৰু সাংস্কৃতিক ক্ষেত্রত আদান-প্রদান আৰু অধিক বৃদ্ধি পাব। এই চুক্তিয়ে মসৃণ যোগাযোগৰ এক পৰিৱেশ গঢ় দিয়াৰ লগতে বাণিজ্যিক দিশৰ পৰাও ভাৰত আৰু মৰক্কোৰ বিমান সংস্থাসমূহ লাভান্বিত হ’ব। এই চুক্তিৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’ল- দুয়ো দেশৰ বিমান সংস্থাসমূহে বিভিন্ন ধৰণৰ সেৱাৰ বাবে কোড বিনিময় কৰিব পাৰিব। ব্যৱসায় বৃদ্ধিত দুয়ো দেশৰ বিমান সংস্থাসমূহে সমবায়ৰ ভিত্তিত বিপণনৰ বাবে নিজৰ মাজত অথবা তৃতীয় পক্ষৰ সৈতে কাম কৰিব পাৰিব। তদুপৰি, দুয়ো দেশৰ ৬খনকৈ চহৰৰ যাতায়াতৰ বাবে বিমান সংস্থাসমূহে অসংখ্য বিমান চলাব পাৰিব। ভাৰতৰ বিমান সংস্থাসমূহে মৰক্কোৰ কাছাব্লাংকা, ৰাৱাট, মাৰাকেশ, আগাডিৰ, তাংগীয়েৰ আৰু ফেজত আৰু মৰক্কো বিমান সংস্থাসমূহে ভাৰতৰ দিল্লী, মুম্বাই, কলকাতা, চেন্নাই, বাংগালুৰু আৰু হায়দৰাবাদত বিমান চলাচল কৰিব পাৰিব। বিমান সেৱা চুক্তিত লগতে এইটোও ব্যৱস্থা কৰা হৈছে যে যদিহে বিমান চলাচলৰ কৰ্তৃপক্ষই, সন্মত সেৱাৰ মুখ্য পৰিচালন ব্যৱস্থাৱলী, বাণিজ্যিক সুযোগ-সুবিধা, সুৰক্ষা াৰু নিৰাপত্তাজনিত কাৰণত ভাৰতীয় বিমান সেৱা চুক্তিৰ আৰ্হিত নপৰে, তেন্তে তেনে চুক্তি প্ৰত্যাহাৰ অথবা নিলম্বন কৰিব পাৰিব। উল্লেখ্য যে ভাৰত আৰু মৰক্কোৰ মাজত অসামৰিক বিমাণ পৰিবহণ ক্ষেত্ৰৰ বিকাশৰ প্ৰতি লক্ষ্য ৰাখি আৰু দুয়োখন সাৰ্বভৌম ৰাষ্ট্ৰৰ মাজত মসৃণ বিমান যোগাযোগ সুনিশ্চিত কৰিবলৈ পূৰ্বৰ চুক্তিত প্ৰাধান্য নোপোনা সুৰক্ষা, নিৰাপত্তা, বাণিজ্যিক কাম-কাজৰ লগতে ভাড়া ইত্যাদি দিশত আপডেট কৰি এই চুক্তিখন সংশোধিত ৰূপত স্বাক্ষৰ কৰা হৈছে। | ভাৰত আৰু মৰক্কোৰ মাজত বিমান সেৱা চুক্তি স্বাক্ষৰত কেবিনেটৰ অনুমোদন |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0%E0%A6%BE%E0%A6%96%E0%A6%A3%E0%A7%8D%E0%A6%A1-%E0%A6%AC%E0%A6%BF%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%B8%E0%A6%AD%E0%A6%BE%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0%E0%A6%BE%E0%A6%96%E0%A6%A3%E0%A7%8D%E0%A6%A1-%E0%A6%AC%E0%A6%BF%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%B8%E0%A6%AD%E0%A6%BE%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ড বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হৰবন কাপুৰ জীৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে। এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়; "উত্তৰাখণ্ডৰ আমাৰ দলৰ জ্যেষ্ঠ সতীৰ্থ হৰবন কাপুৰ জীৰ বিয়োগত দুখিতঃ। এজন প্ৰবীণ বিধায়ক আৰু প্ৰশাসক হিচাপে ৰাজহুৱা সেৱা আৰু সমাজ কল্যাণৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে তেওঁ স্মৰণীয় হৈ ৰ'ব। তেওঁৰ পৰিয়ালবৰ্গ আৰু সমৰ্থকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো। ঔম শান্তি।" | উত্তৰাখণ্ড বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হৰবন কাপুৰৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শো |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A6%BE%E0%A6%A8%E0%A6%AA%E0%A7%81%E0%A7%B0-%E0%A6%86%E0%A6%87%E0%A6%86%E0%A6%87%E0%A6%9F%E0%A6%BF-%E0%A7%B0-%E0%A7%AB%E0%A7%AA%E0%A6%B8%E0%A6%82%E0%A6%96/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A6%BE%E0%A6%A8%E0%A6%AA%E0%A7%81%E0%A7%B0-%E0%A6%86%E0%A6%87%E0%A6%86%E0%A6%87%E0%A6%9F%E0%A6%BF-%E0%A7%B0-%E0%A7%AB%E0%A7%AA%E0%A6%B8%E0%A6%82%E0%A6%96/ | সমাৱৰ্তনত ইমান গম্ভীৰ হৈ থাকিব লাগে নেকি বাৰু? বহুবোৰ নিৰ্দেশনা দি থোৱা হৈছে যেন লাগিছে! আপোনালোক আটাইলৈকে নমস্কাৰ! কাৰ্যক্ৰমত আমাৰ সৈতে উপস্থিত থকা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, ডাক্টৰ কে ৰাধাকৃষ্ণ জী, অধ্যাপক অভয় কৰন্দিকাৰ জী, আইআইটি কানপুৰৰ অধ্যাপকবৃন্দ, ছাত্ৰ-ছাত্ৰীসকলৰ লগতে উপস্থিত সুধীবৃন্দ আৰু ঐতিহাসিক সংস্থাটোৰ পৰা ডিগ্ৰী লাভ কৰা, সন্মানিত হোৱা মহানুভৱসকল! আজি কানপুৰৰ বাবে দুটাকৈ আনন্দৰ দিন। আজি এফালে কানপুৰে ‘মেট্ৰো’ৰ দৰে সুবিধা লাভ কৰিছে, আৰু আনহাতেদি ‘আইআইটি’ কানপুৰৰ পৰা প্ৰযুক্তি জগতখনে আপোনালোকৰ দৰে অমূল্য উপহাৰো লাভ কৰিছে। মই আমাৰ যুৱ মিত্ৰসকলক বহুত বহুত শুভকামনা জ্ঞাপন কৰিছো। আজি যিসকল ছাত্ৰ-ছাত্ৰীয়ে সন্মান লাভ কৰিছে, তেওঁলোককো বহুত বহুত অভিনন্দন জনাইছো। আপোনালোক আজি য’ত উপস্থিত হৈছেহি, আপোনালোকে যি যোগ্যতা অৰ্জন কৰিছে তাৰ নেপথ্যত আপোনালোকৰ পিতৃ-মাতৃ, আপোনালোকৰ পৰয়ালবৰ্গ, আপোনালোকৰ শিক্ষক, আপোনালোকৰ অধ্যাপকৰ দৰে অনেক লোকৰ অৱদান আছে, তেওঁলোকৰ বহুত পৰিশ্ৰম জড়িত হৈ আছে, কিবা নহয় কিবা যোগদান নিশ্চয় আছেই! মই সেইসকলকো বিশেষকৈ আপোনালোকৰ পিতৃ-মাতৃসকলক হৃদয়ৰ পৰা অভিনন্দন জনাইছো। বন্ধুসকল, আপোনালোকে যেতিয়া আইআইটি কানপুৰত প্ৰৱেশ কৰিছিলহি, আৰু এতিয়া যেতিয়া ইয়াৰ পৰা ওলাই যাবলৈ সাজু হৈছে, তেতিয়া আৰু এতিয়া, আপোনালোকে চাগৈ নিজৰ মাজত বহুত ডাঙৰ পৰিৱৰ্তন অনুভৱ কৰিব পাৰিছে। ইয়ালৈ অহাৰ আগতে এক ধৰণৰ ‘ফীয়াৰ অব আননৌন’ আছিল চাগৈ, এক ‘কুৱেৰী অব আননৌন’ আছিল! আগতে আপোনালোকৰ জ্ঞান, আপনালোকৰ ‘কুৱেৰী’ৰ পৰিসীমা আপোনালোকৰ স্কুল-কলেজ, আপোনালোকৰ বন্ধু-বান্ধৱ, আপোনালোকৰ পৰিয়াল, আপোনালোকৰ নিজৰ মানুহখিনৰ মাজতে সীমিত আছিল। আইআইটি কানপুৰে আপোনালোকক সেই পৰিসীমাৰ পৰা মোকলাই আনি এটা বহুত বৃহত্ পৰিসৰ প্ৰদান কৰিলে। এতিয়া ‘ফীয়াৰ অব আননৌন’ৰ অৱকাশ নাই, এতিয়া সমগ্ৰ বিশ্বকে অনুসন্ধান কৰা উত্সাহ লৈ আগবাঢ়ি যোৱাৰ উদ্যম আছে। এতিয়া ‘কুৱেৰী অব আননৌন’-ৰো অৱকাশ নাই, এতিয়া ‘কুৱেষ্ট ফৰ দা বেষ্ট’-ৰহে অৱকাশ আছে। সমগ্ৰ বিশ্বতে সমাহিত হোৱাৰহে সপোন আছে। আৰু যিমানখিনি শিক্ষণ আপোনালোকৰ শ্ৰেণীকোঠাত হ’ল, অথবা যিমানখিনি আপোনালোকে শ্ৰেণীকোঠাত শিকিবলৈ পালে, সিমানেই আপোনালোকে শ্ৰেণীকোঠাৰ বাহিৰত, আপোনালোকৰ বন্ধুসকলৰ মাজত উপলব্ধি কৰিছে। শ্ৰেণীকোঠাত আপোনালোকৰ বিচাৰধাৰাৰ, আপোনালোকৰ ‘আইডিয়া’সমূহে বিস্তাৰ লাভ কৰিছিল। শ্ৰেণীকোঠাৰ বাহিৰত আপোনালোকৰ ব্যক্তিত্বৰ বিস্তাৰ হৈছে, আপোনালোকৰ ‘পাৰ্ছনেলিটী’ বিকশিত হৈছে। আপোনালোকে আইআইটি কানপুৰত যিখনি অৰ্জিত কৰিলে, যি চিন্তাধাৰাৰে সমৃদ্ধ হ’ল, সেয়া এনে এক শক্তিশালী বুনিয়াদ, এনে এক শক্তি যে, যাৰ সহায়ত আপোনালোক য’লৈকে নাযাওক কিয়, তাতেই কিবা নহয় কিবা নতুন কৰিবগৈ, কিবা অনন্য কৰিবগৈ, কিবা নহয় কিবাৰ প্ৰমূল্য-বৰ্দ্ধন কৰিবগৈ। আপোনালোকে লাভ কৰা আজিৰ প্ৰশিক্ষণ, আপোনালোকৰ দক্ষতা, আপোনালোকৰ জ্ঞান, আপোনালোকৰ ‘নলেজ’য়ে নিশ্চিত ভাবেই আপোনালোকক ব্যৱহাৰিক জগতখনত শক্তিশালী ৰূপত স্থান গ্ৰহণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। কিন্তু ইয়াত আপোনালোকৰ যি ব্যক্তিত্ব বিকশিত হ’ল, সেয়াই আপোনালোকক এনে সামৰ্থ্য প্ৰদান কৰিব, যাৰ দ্বাৰা সমাজখনৰ সামগ্ৰিক কল্যাণ সাধন কৰিব, আপোনালোকে সমাজ, নিজৰ দেশখনক এক নতুন সামৰ্থ্য প্ৰদান কৰিবগৈ। বন্ধুসকল, আপোনালোকে ইয়াত ‘আইআইটি’-ৰ ‘বিতোপন উত্তৰাধিকাৰিত্ব’ৰ ঐতিহাসিক কালখণ্ড অতিবাহিত কৰিছে। আমাৰ বৈচিত্ৰ্যৰে ভৰা ভাৰতখনৰ বৈভৱৰে সৈতে বৰ্তমান অতিবাহিত কৰিছে। ‘বিতোপন উত্তৰাধিকাৰিত্ব’ আৰু ‘উজ্জীৱিত বৰ্তমান’, এই দুই স্তম্ভৰ ওপৰত, এই দুই চিৰিৰ ওপৰত আজি আপোনালোকে আপোনালোকৰ উজ্জ্বল ভৱিষ্যতৰ যাত্ৰাৰ শুভাৰম্ভ কৰিছে। এই যাত্ৰা শুভ হওক, দেশৰ বাবে সফলতাৰে ভৰপূৰ হওক, আজি যেতিয়া আপোনালোকৰ মাজত উপস্থিত হৈছোহি মই এই কথাই ক’ম, মোৰ আপোনালোকৰ বাবে এয়েই কামনা থাকিব। বন্ধুসকল, এই বছৰ আমাৰ ভাৰতে স্বাধীনতাৰ ৭৫টা বছৰত প্ৰৱেশ কৰিছে। আমি সকলোৱে অমৃত মহোত্সৱ উদযাপন কৰি আছো। আপোনালোকে যিখন চহৰত ডিগ্ৰী আহৰণ কৰিছে, সেইখন কানপুৰৰ নিজৰ এক বৰ্ণাঢ্য ইতিহাস আছে। কানপুৰ ভাৰতৰ সেই কেইখনমান উত্তম চহৰৰ অন্যতম, যি সঁচাকৈয়ে বৈচিত্ৰপূৰ্ণ হয়। ‘সত্তী চৌৰা ঘাট’ৰ পৰা আৰম্ভ কৰি ‘মদাৰী পাসী’ পৰ্যন্ত, ‘নানা চাহাব’ৰ পৰা ‘বটুকেশ্বৰ দত্ত’ পৰ্যন্ত, যেতিয়া আমি এইখন চহৰ পৰিভ্ৰমণ কৰো তেতিয়া এনে লাগে যেন আমি স্বাধীনতা সংগ্ৰামৰ বলিদানসমূহৰ গৌৰৱহে কৰিছো, সেই গৌৰৱশালী অতীতৰহে যেন পৰ্যৱেক্ষণ কৰি আছো। এইসমূহ স্মৃতিৰ মাজত, আপোনালোকৰ ওপৰত দেশৰ আগন্তুক ২৫টা বছৰ পৰ্যন্ত দিক-দৰ্শন কৰোৱাৰ, দেশক গতি প্ৰদান কৰাৰ দায়িত্ব আছে। আপোনালোকে কল্পনা কৰকচোন, যেতিয়া ১৯৩০ চনত দাণ্ডী যাত্ৰা আৰম্ভ হৈছিল, তেতিয়া সেই যাত্ৰাই সেই কালখণ্ডক, সমগ্ৰ দেশক কিমান আন্দোলিত কৰি তুলিছিল। সেই সময়ত দেশ যিমান ‘চাৰ্জড’ আছিল, সেয়াই স্বাধীনতাৰ বাবে ভাৰতৰ প্ৰতিগৰাকী ব্যক্তিৰ মনত একধৰণৰ অদ্ভুত বিশ্বাস জগাই তুলিছিল, প্ৰতিগৰাকী ভাৰতীয়ৰ মনত বিজয়ৰ বিশ্বাস ঘনীভূত কৰি তুলিছিল। ১৯৩০ৰ সেই যাত্ৰাত যিসকল ২০-২৫বছৰীয়া নৱজোৱান আছিল, ১৯৪৭ পৰ্যন্ত সেইসকলৰ যাত্ৰা আৰু ১৯৪৭ত স্বাধীনতাৰ সিদ্ধি লাভ, তেওঁলোকৰ জীৱনৰ সোণালী পৰ্ব আছিল। আজি আপোনালোকো এফালৰ পৰা চবলৈ গ’লে তেওঁলোকৰ দৰেই ‘সোণালী যুগ’ত খোজ পেলাইছেহি। এই ‘সোণালী যুগ’ আপোনালোকৰ বাবে, যেনেকৈ এয়া ৰাষ্ট্ৰৰ জীৱনৰ অমৃতকাল, তেনেকৈয়ে এয়া আপোনালোকৰ জীৱনৰ বাবেও অমৃতকাল। ‘অমৃত মহোত্সৱ’ৰ এই মুহূৰ্তত আপোনালোকে যেতিয়া ‘আইআইটি’ৰ উত্তৰাধিকাৰিত্ব গ্ৰহণ কৰি ইয়াৰ পৰা ওলাই যোৱা প্ৰস্তুতি চলাইছে, আপোনালোকেও সেই সপোনকো লৈ ওলাই যাওক, যে ২০৪৭ৰ ভাৰতখননো কেনুকেৱা হ’ব? আগন্তুক ২৫টা বছৰত ভাৰতৰ বিকাশ যাত্ৰাৰ নেতৃত্ব আপোনালোকে গ্ৰহণ কৰিব লাগিব। যেতিয়া আপোনালোকে জীৱনৰ ৫০বছৰ পূৰ্ণ কৰিবগৈ, সেইসময়ত ভাৰতখননো কেনেকুৱা হ’বগৈ, তাৰ বাবে আপোনালোকে এতিয়াৰ পৰাই কাম কৰিব লাগিব। আৰু মই জানো, ‘কানপুৰ আইআইটি’য়ে, ইয়াৰ পৰিৱেশটোৱে আপোনালোক আটাইকে সেই সামৰ্থ্য প্ৰদান কৰিছে যে আপোনালোকৰ সপোনবোৰ পূৰণ কৰিবলৈ যাওতে আপোনালোকক এতিয়া আৰু কোনেও বাধা দি ৰাখিব নোৱাৰে। এই যাত্ৰা, ২১ৰ এই শতিকা, সম্পূৰ্ণ্ ভাবেই ‘প্ৰযুক্তি-সঞ্চালিত’। এই দশকটোতো প্ৰযুক্তিয়ে বিভিন্ন ক্ষেত্ৰত নিজৰ উপস্থিতি বৃদ্ধি কৰি তুলিব বুলি ধাৰণা কৰা হৈছে। প্ৰযুক্তি অবিহণে আজিৰ জীৱন এফালৰ পৰা চবলৈ গ’লে আধা ডুখৰীয়া হোৱাৰ দৰেই হৈছেহি। এয়া যেন জীৱন আৰু প্ৰযুক্তিৰ মাজত অনুষ্ঠিত প্ৰতিযোগিতাৰহে যুগ আৰু মোৰ বিশ্বাস যে ইয়াত আপোনালোক নিশ্চিত ভাবেই আগবাঢ়ি যাব পাৰিব। আপোনালোকে আপোনালোকৰ নতুন যৌৱনৰ এনে এক মহত্বপূৰ্ণ বছৰ দিয়েক প্ৰযুক্তি ক্ষেত্ৰৰ বিশেষজ্ঞ হোৱাৰ বাবে নিয়োজিত কৰিছে। আপোনালোকৰ বাবে ইয়াতকৈ ডাঙৰ সুযোগ আৰু কি হব পাৰে! আপোনালোকৰ লগততো ভাৰতৰ সহযোগিতা আছে, সমগ্ৰ বিশ্বত প্ৰযুক্তিৰ ক্ষেত্ৰখনত যোগদান দিয়াৰ বহুত ডাঙৰ সুযোগ আছে। বন্ধুসকল, আমাৰ ‘আইআইটি’সমূহতো সদায়ে প্ৰতিভাধৰ আৰু প্ৰযুক্তিৰ ‘উমনি-কেন্দ্ৰ’ হৈ আহিছে আৰু আইআইটি কানপুৰৰতো নিজাববীয়াকৈ এক অনন্য সুনামো আছে। আপোনালোকে আপোনালোকৰ নিজা প্ৰতিষ্ঠান ‘একুৱা-ফ্ৰণ্ট ইনফ্ৰাষ্ট্ৰাকশ্যাৰ’-ৰ জৰিয়তে বেনাৰসৰ ‘খিৰকিয়া ঘাট’ত পৃথিৱীৰ প্ৰথমটো ‘ফ্ল’টিং চিএনজি ফিলিং ষ্টেশ্যন’ বিকশিত কৰিছে, সেয়া সঁচায়ে অতিকে সুন্দৰ। এইদৰেই, আপোনালোকে কৃষি জগততো কলা সন্মত প্ৰযুক্তি বিকশিত কৰিছে, পৃথিৱীৰ প্ৰথমটো ‘প’ৰ্টেবল ছইল টেষ্টিং কিট’ প্ৰস্তুত কৰি উলিয়াইছে। ‘৫-জি প্ৰযুক্তি’ৰ ক্ষেত্ৰততো আইআইটি কানপুৰৰ কাম গোলকীয় মানৰ অংশ হৈ উঠিছে। এইটো সংস্থান এনে অনেক সাফল্যৰ বাবে প্ৰশংসাৰ পাত্ৰ হৈ উঠিছে। ইয়াৰ ফলত আপোনালোকৰ দায়িত্বও বহু গুণে বাঢ়ি গৈছে। আজি ‘আৰ্টিফিচিয়েল ইণ্টেলিজেন্স’ৰ ক্ষেত্ৰখনত ‘এনাৰ্জী এণ্ড ক্লাইমেট ছলিউশ্যনছ’-ত, ‘হাইটেক ইনফ্ৰাষ্ট্ৰাকশ্যাৰ’-ৰ ক্ষেত্ৰত দেশৰ সন্মুখত বহুত ডাঙৰ সম্ভাৱনা আছে। স্বাস্থ্য-ৰ দৰে খণ্ডও আজি ‘প্ৰযুক্তি সঞ্চালিত’ হৈ উঠিছে। আমি এক ‘ডিজিটেল ডায়েগ্নছীছ’-ৰ যুগত, ‘ৰ’বট এছিষ্টেড ট্ৰীটমেণ্ট’-ৰ যুগত খোজ পেলাইছোহি। স্বাস্থ্য সম্পৰ্কীয় যন্ত্ৰপাতিসমূহ এতিয়া ঘৰৰ অপৰিহাৰ্য সাধন হৈ উঠিছে। দুৰ্যোগ প্ৰবন্ধন-ৰ প্ৰত্যাহ্বানসমূহৰ মোকাবিলাও আমি প্ৰযুক্তিৰ জৰিয়তে কৰিব পাৰো। আপোনালোকে কল্পনা কৰকচোন, আমি কিমান ব্যাপক সম্ভাৱনাসমূহৰ দুৱাৰদলিত উপস্থিত হৈছোহি। এই সম্ভাৱনাসসমূহ আপোনালোকৰ বাবে, ইয়াত আপোনালোকৰ বহুত ডাঙৰ ভূমিকা আছে। এয়া আপোনালোকৰ বাবে দেশৰ প্ৰতি কেৱল দায়িত্ব পালনেই নহয়, বৰঞ্চ এয়া সেই সপোন যাক আমাৰ কিমানযে প্ৰজন্মই দেখি আহিছিল। কিন্তু, সেই সপোনক সাকাৰ কৰাৰ, এক আধুনিক ভাৰত নিৰ্মাণৰ সেই সৌভাগ্য আপোনালোকে পাইছে, আপোনালোকৰ প্ৰজন্মই পাইছে। বন্ধুসকল, আজি আপোনালোক ২১শতিকাৰ যিডোখৰ কালখণ্ডত আছে, সেয়া বহুত ডাঙৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা আৰু সেই লক্ষ্যত উপনীত হোৱাৰ বাবে সমগ্ৰ শক্তি লগোৱাৰ কালখণ্ড। যি চিন্তা আৰু ‘এটিটিউড’ আজি আপোনালোকৰ আছে, সেই ‘এটিটিউড’ দেশৰো আছে। আগতে যদি চিন্তা কাম চলোৱাৰ আছিল, তেন্তে আজি চিন্তা কিবা কৰি আগুৱাই যোৱাৰ, কাম কৰি সাফল্য অৰ্জন কৰাৰ। আগতে যদি সমস্যাসমূহক পিচলৈ পেলাই থোৱাৰ চেষ্টা কৰা হৈছিল, তেন্তে এতিয়া সমস্যাসমূহৰ সমাধানৰ বাবে সংকল্প গ্ৰহণ কৰা হৈছে। সমাধান, তাকো স্থায়ী সমাধান! ‘ষ্টেবল ছ’লিউশ্যনছ’! ‘আত্মনিৰ্ভৰ ভাৰত’ ইয়াৰ বহুত ডাঙৰ উদাহৰণ! বন্ধুসকল, আমি সকলো দেখি আহিছো যে পৰিয়ালসমূহৰো যেতিয়া কোনোবা ২০-২২বছৰীয়া হৈ উঠে তেন্তে ঘৰৰ জ্যেষ্ঠ-বয়সষ্ঠসকলে বাৰে বাৰে ক’বলৈ ধৰে যে -এতিয়া সময় হৈ গৈছে নিজৰ ভৰিত থিয় হোৱাৰ। আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে আপোনালোক ইয়াৰ পৰা যেতিয়া ঘৰলৈ যাব মা-দেউতাক লগ পাবলৈ, তেন্তে প্ৰথমতে এই কথাই শুনিবলৈ পাব যে –‘ভাই এতিয়া আমাৰ কাম শেষ হ’ল। এতিয়া তোমালোকে নিজৰ ভৰিত থিয় হোৱাৰ চেষ্টা কৰা’। প্ৰতিগৰাকী মা-দেউতাই এই কথাই চাগৈ ক’ব খুজিব, আৰু যদি পলম কৰি দিয়া তেন্তে বাৰে বাৰে শুনিব লাগিব এইকেইষাৰ কথা। ঘৰৰ জ্যেষ্ঠ-বয়োজ্যেষ্ঠ, মা-দেউতাই এয়া এই কাৰণেই কৰে যাতে আপোনালোক আত্মনিৰ্ভৰ হৈ উঠিব পাৰে, আপোনালোকে আপোনালোকৰ সামৰ্থ্য চিনিব পাৰে, আপোনালোকে যাতে সপোন দেখিব পাৰে, সেই সপোনক সংকল্পলৈ পৰিৱৰ্তিত কৰিব পাৰে আৰু জীৱন পণ কৰি সেইসমূহক সিদ্ধ কৰিব পাৰে। আমাৰ ভাৰতেওতো স্বাধীনতাৰ পিচত নিজৰ যাত্ৰা নতুন উদ্যমৰে আৰম্ভ কৰিছিল। যেতিয়া দেশৰ স্বাধীনতাৰ ২৫ বছৰ হৈছিল, তেতিয়া আমিও আমাৰ ভৰিত থিয় হোৱাৰ বাবে বহুত কিবা কৰি লোৱা উচিত আছিল। তেতিয়াৰ পৰা এতিয়ালৈকে বহুত দেৰি হৈ গ’ল, দেশে বহুত সময় হেৰুৱালে। ইয়াৰ মাজত দুটা প্ৰজন্ম পাৰ হৈ গ;ল, সেয়ে আমি ২টা পলো নষ্ট কৰি বিচৰা নাই। বন্ধুসকল, মোৰ কথাত আপোনালোকে চাগৈ অধীৰ হোৱা যেন অনুভৱ কৰিছে, সেয়া নিতান্তই স্বাভাৱিক, আপোনালোকৰ তেনে যেনেই লাগিব। কিন্তু মই বিচাৰো, আৰু, আপোনালোক যেতিয়া কানপুৰৰ মাটিত, আপোনালোকৰ মাজলৈ আহিছো, সেয়ে মোৰ মন গৈছে আপোনালোকেও এনেকৈয়ে টআত্মনিৰ্ভৰ ভাৰতটৰ বাবে অধীৰ হৈ উঠক। টআত্মনিৰ্ভৰ ভাৰতট, পূৰ্ণ স্বাধীনতাৰ মূল স্বৰূপেইতো হয়, যটত কাৰো ওপৰত নিৰ্ভৰ কৰিবলগীয়া নহয়। স্বামী বিবেকানন্দই কৈছিল- ‘এভ্ৰী নেশ্যন হেজ এ মেছেজ টু ডেলিভাৰ, এ মিছন টু ফুলফিল, এ ডেষ্টিনী টু ৰীচ্ছ’। যদি আমি আত্মনিৰ্ভৰ নহও, তেতিয়া আমাৰ দেশে নিজৰ লক্ষ্য কেনেকৈ পূৰণ কৰিব পাৰিব, নিজৰ ‘ডেষ্টিনী’-ত কেনেকৈ উপনীত হ’বগৈ পাৰিব! বন্ধুসকল, আপোনালোকে এয়া কৰিব পাৰে। মোৰ আপোনালোকৰ ওপৰত সম্পূৰ্ণ ভৰসা আছে। আৰু মই যেতিয়া আজি ইমান কথা কৈ আছো, ইমানবোৰ কাম কৰি আছো, তাত আপোনালোকৰ মুখবোৰ উদ্ভাসিত হৈ উঠা দেখিবলৈ পাও। আজি দেশলৈ এটাৰ পিচত এটাকৈ যি পৰিৱৰ্তন আহিছে, তাৰ নেপথ্যত মই আপোনালোকৰ মুখবোৰকে দেখিবলৈ পাও। আজি যি লক্ষ্য দেশে নিৰ্দ্ধাৰণ কৰিছে, তাৰ প্ৰাপ্তিৰ শক্তিও দেশে আপোনালোকৰ জৰিয়তেহে লাভ কৰিব। আপোনালোকেইহে এয়া সম্ভৱ কৰিব আৰু আপোনালোকেই এয়া সম্ভৱ কৰিব লাগিব। এই অনন্ত সম্ভাৱনা আপোনালোকৰ বাবেইহে, আৰু আপোনালোকেই ইয়াক সাকাৰ কৰিব লাগিব। দেশে যেতিয়া স্বাধীনতাৰ ১০০বৰ্ষ উদযাপন কৰিবগৈ, সেই সাফল্যত আপোনালোকৰ ঘামৰ সুগন্ধ বিজড়িত হৈ থাকিব, আপোনালোকৰ পৰিশ্ৰমৰ পৰিচয় উদ্ভাসিত হ’ব। আৰু আপোনালোকে এই কথা ভালকৈয়ে জানে যে বিগত বছৰচেৰেকত কেনেকৈ ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বুনিয়াদ গঢ়ি তোলাৰ বাবে, আপোনালোকৰ কাম সহজ কৰি তোলাৰ বাবে, দেশে কেনেধৰণে কাম কৰিছে। বিগত ৭টা বছৰত দেশত ‘ষ্টাৰ্টআপ ইণ্ডিয়া’, ‘ষ্টেণ্ডআপ ইণ্ডিয়া’ৰ দৰে কাৰ্যক্ৰম আৰম্ভ হৈছে। ‘অটল ইন’ভেশ্যন মিছন’, আৰু ‘পিএম ৰিছৰ্চ ফেল’শ্বিপ’-ৰ জৰিয়তে যুৱক-যুৱতীসকলৰ বাবে নতুন পথ নিৰ্মাণ কৰি থকা হৈছে। ‘ৰাষ্ট্ৰীয় শিক্ষা নীতি’-ৰ সৈতে ‘ফিউশ্যাৰিষ্টিক টেম্পেৰামেণ্ট’-ৰ নতুন প্ৰজন্মক তৈয়াৰ কৰাৰ শুভাৰম্ভ কৰা হৈছে। ‘স্বাচ্ছন্দ্যৰে বাণিজ্য কৰাৰ বাতাবৰণ তৈয়াৰ কৰা’, ‘প’লিচী ব্লকেজ’ আঁতৰ কৰাৰ দৰে প্ৰয়াসৰ পৰিণাম যে ইমান কম সময়তে আজি আমাৰ সন্মুখত দেখিবলৈ পোৱা গৈছে। স্বাধীনতাৰ ৭৫বছৰত আমাৰ হাতত ৭৫ৰো অধিক ‘ইউনিকৰ্ণ’ আছে, পঞ্চাশ হাজাৰৰো অধিক ‘ষ্টাৰ্টআপ’ আছে। ইয়াৰে দহহাজাৰ ‘ষ্টাৰ্টআপ’তো কেৱল যোৱা ছটা মাহতে স্থাপিত হৈছে। আজি ভাৰত পৃথিৱীৰ দ্বিতীয় সৰ্ববৃহত্ ‘ষ্টাৰ্টআপ হাব’ হৈ মূৰ দাঙি উঠিছে। কিমানযে ‘ষ্টাৰ্টআপ’ আমাৰ ‘আইআইটি’সমূহৰ যুৱ-প্ৰতিভায়েই আৰম্ভ কৰিছে। অলপতে প্ৰকাশিত এক প্ৰতিবেদনৰ মতে ভাৰতে পৃথিৱীৰ অনেক বিকশিত দেশক পিচ পেলাই থৈ তৃতীয় সৰ্ববৃহত্ ‘ইউনিকৰ্ণ ক্ৰাণ্টী’ হিচাপে চিহ্নিত হৈছে। বন্ধুসকল, আজিকালি গোলকীকৰণৰ চৰ্চা কৰা হয়, ইয়াৰ পক্ষে-বিপক্ষেও চৰ্চা কৰা হয়। কিন্তু এটা কথাত পিচে কেতিয়াও বিবাদ নহয়। কোন গৰাকী ভাৰতীয়ই বাৰু নিবিচাৰিব যে ভাৰতৰ প্ৰতিষ্ঠান গোলকীয় প্ৰতিষ্ঠান হৈ নুঠক। যিসকলে ‘আইআইটি’সমূহক জানে, ইয়াৰ প্ৰতিভাধৰসকলক জানে, ইয়াৰ অধ্যাপকসকলক জানে, তেওঁলোকে এই কথা বিশ্বাস কৰে যে এই ‘আইআইটি’ৰ নৱজোৱানসকলে নিশ্চয় সম্ভৱ কৰিবই। আৰু মই আজি, আপোনালোকক, এনে ‘প্ৰফেশ্যনেল’সকলক এই ভৰসাও দিব বিচাৰিছো যে চৰকাৰ সকলো প্ৰকাৰে আপোনালোকৰ লগত আছে। বন্ধুসকল, আৰু এটা আৱশ্যকীয় কথা আপোনালোকে মনত ৰাখিব লাগিব। আজিৰ পৰা আৰম্ভ হ’বলগীয়া যাত্ৰাত আপোনালোকক প্ৰাধান্য অৰ্জন কৰাৰ বাবে চমু পথৰ সন্ধান দিবলৈ বহুজন আগবাঢ়ি আহিব। কিন্তু এইক্ষেত্ৰত মোৰ পৰামৰ্শ হ’ব আপোনালোকে ‘কমফ’ৰ্ট’ আৰু ‘চেলেঞ্জ’ৰ মাজত যদি কোনোবা এটাক নিৰ্বাচন কৰিবলগীয়া হয় তেন্তে মই ক’ব খুজিম ‘কমফ’ৰ্ট’ নহয় আপোনালোকে ‘চেলেঞ্জ’ক নিৰ্বাচিত কৰিব। কিয়নো আপোনালোকে বিচাৰকেই বা নিবিচাৰক জীৱনত ‘চেলেঞ্জ’-প্ৰত্যাহ্বান আহিবই আহিব। যিসকল লোকে এই প্ৰত্যাহ্বানৰ পৰা আঁতৰি ফুৰিব বিচাৰে তেওঁলোক সেই প্ৰত্যাহ্বানৰে চিকাৰ হৈ পৰে। কি্ন্তু আপোনালোকে যদি প্ৰত্যাহ্বান গ্ৰহণ কৰে, তেন্তে আপোনালোক চিকাৰী আৰু প্ৰত্যাহ্বান স্বয়ং চিকাৰ হৈ পৰে। সেয়ে আপোনালোক এনে একোগৰাকী মানুহ হৈ উঠা উচিত যে যিসকলে প্ৰত্যাহ্বানক নিৰীক্ষণ কৰে আৰু নিজৰ সুবিধা অনুসৰি, নিজৰ পচন্দৰ হিচাপত তাৰ সমাধান সূত্ৰ বিচাৰি উলিয়ায়। বন্ধুসকল, আপোনালোক সকলো শিক্ষাৰ্থী, ‘আইআইটি’-ৰ ‘ফাইনেষ্ট টেক মাইণ্ড’। ‘ইউ অল ইট, ড্ৰিংক, ব্ৰীথ টেকন’লজী’, আপোনালোকে নিৰন্তৰ উদ্ভৱনশীলতাৰে নিমগ্ন হৈ থাকে। তথপিও, এই সকলোৰে মাজত, মই আপোনালোকক এটা আহ্বানো জনাব বিচাৰিছো। প্ৰযুক্তিৰ এক নিজা শক্তি থাকে, সেয়া বেয়া কথা নহয় আৰু আপোনালোকৰ উত্সাহো আছে, কিন্তু প্ৰযুক্তিক্ষেত্ৰত থাকি আপোনালোকে জীৱনৰ মানৱীয় উপাদানসমূহক কেতিয়াও পাহৰি নাযাব। আপোনালোক নিজৰে ‘ৰ’বট ভাৰ্ছন’ হৈ নপৰিব। আপোনালোকে নিজৰ মানৱীয় সংবেদনশীলতাসমূহ, আপোনালোকৰ কল্পনা, নিজৰ সৃষ্টিশীলতা আৰু অনুসন্ধিত্সুতাক আমি জীয়াই ৰাখিব লাগিব। নিজৰ জীৱনত সেইবোৰ কথাকো গুৰুত্ব দিব, যিবোৰ কেৱল প্ৰযুক্তিৰ জৰিয়তেই লাভ কৰিবই লাগিব বুলি কোনো কথা নাই। আপোনালোকে ‘ইণ্টাৰনেট অব থিংছ’-ত নিশ্চয় কাম কৰিব, কিন্তু ‘ইম’শ্যন অব থিংছ’-ক কেতিয়াও পাহৰি নাযাব। আপোনালোকে ‘আৰ্টিফিচিয়েল ইণ্টেলিজেন্স’-ৰ বিষয়ে নিশ্চয় ভাবিব কিন্তু ‘হিউমেন ইণ্টেলিজেন্স’-কো মনত ৰাখিব। আপোনালোকে ‘ক’ডিং’ কৰি থাকিব কিন্তু মানুহৰ সৈতে আপোনালোকৰ যোগাযোগো নিৰন্তৰ বৰ্তাই ৰাখিব। বিভিন্ন জনৰ সৈতে, বিভিন্ন সংস্কৃতিৰ ব্যক্তিৰ সৈতে আপোনালোকৰ সম্পৰ্কই আপোনালোকৰ ব্যক্তিত্বৰ সামৰ্থ্য বৰ্দ্ধন কৰিব। যেতিয়া আবেগ প্ৰদৰ্শনৰ সময় আহে, তেতিয়া আপোনালোকৰ মস্তিষ্কই যাতে ‘এইছ.টি.টি.পি ৪০৪-পৃষ্ঠাটো বিচাৰি পোৱা নাই’ বুলি ক’বলগীয়া নহয়। যেতিয়া অংশীদাৰিত্বৰ প্ৰসংগ আহে ‘শ্বেয়াৰিং অব জয়’ আৰু ‘কাইণ্ডনেছ’-ৰ প্ৰসংগ আহে, তেতিয়া কেতিয়াও কোনো ‘পাছৱৰ্ড’ নাৰাখিব, মুক্ত মনেৰে জীৱনক উপভোগ কৰিব। অৱশ্যে, মই এতিয়া যি ‘শ্বেয়াৰিং অব জয়’-ৰ কথা কৈছো, মই জানো যে এই শব্দই আপোনালোকক বহুত কিবা কিবি মনত পেলায়ো দিছে চাগৈ। ‘সাগৰ ধাবা’ আৰু ‘কেৰালা কে’ফে’-ৰ আড্ডা ইয়াৰ চৌহদৰ ৰেস্তোৰাঁ-ৰ সোৱাদ ‘চি.চি.ডি’-ৰ কফী, ‘অ’.এ.টি’-ত ‘কাঠী ৰোল’ আৰু ‘এম.টি’ত চাহ আৰু জেলেপী, ‘টেক-ক্ৰিটি’ আৰু ‘অন্তৰংগিনী’-ৰ কথাও চাগৈ আপোনালোকৰ বহুত মনত পৰিব। জীৱন এইবোৰৰেই নাম। ঠাই সলনি হয়, মানুহৰে সম্পৰ্ক অটুত হয়, বিচ্ছেদো হয়, কিন্তু জীৱন চলিয়েই থাকে। ইয়কে কয়- ‘চৰৈৱতি চৰৈৱতি চৰৈৱতি’। মই এতিয়া দেখিবলৈ পাইছো যে বহু সংখ্যক শিক্ষাৰ্থীয়ে, অন্য ‘লেকশ্যাৰ হল’ৰ পৰাও আমাৰ সৈতে জড়িত হৈ আছে, ‘ক’ৰোনা প্ৰটোকল’ৰ পৰিপ্ৰেক্ষিতত, তেওংলোকে তাৰ পৰাই মোৰ কথা শুনি আছে। যদি আপোনালোকে অনুমতি দিয়ে আৰু আপোনালোকৰ এই ‘প্ৰটোকল’ক লৈ যদি কোনো অসুবিধা নহয় মই এতিয়া তেওঁলোকক লগ পাবলৈ যাম, মই তেওঁলোকৰ সৈতে মুখামুখী হ’মগৈ। আপোনালোক আপোনালোকৰ কৰ্মক্ষেত্ৰত সফল হওক, আপোনালোকৰ সফলতা, দেশৰ সফলতা হৈ উঠক, এই কামনাকে কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিলো। আপোনালোক সকলোকে পুনৰবাৰ বহুত বহুত শুভকামনা জনালো। বহুত বহুত ধন্যবাদ! | ‘কানপুৰ আইআইটি’-ৰ ‘৫৪সংখ্যক সমাৱৰ্তন সমাৰোহ’ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পা |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%9A%E0%A7%8D%E0%A6%9B-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A6%BF-%E0%A6%A5%E0%A6%95%E0%A6%BE-%E0%A6%86%E0%A6%AC/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%9A%E0%A7%8D%E0%A6%9B-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A6%BF-%E0%A6%A5%E0%A6%95%E0%A6%BE-%E0%A6%86%E0%A6%AC/ | স্বচ্ছ ভাৰতৰ প্ৰতি থকা আবেগ আৰু দৃষ্টিভংগীৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লাডাখৰ তুৰটুকবাসীক প্ৰণাম জনাইছে। এ এন আই নিউজৰ এটা সংবাদ শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে; "ভাৰতবৰ্ষক স্বচ্ছ কৰি ৰখাৰ বাবে যি আবেগ আৰু দৃষ্টিভংগীৰে একত্ৰিত হৈছে, তাৰ বাবে মই লাডাখৰ তুৰটুকবাসীক প্ৰণাম জনাইছো।" | স্বচ্ছ ভাৰতৰ প্ৰতি থকা আবেগ আৰু দৃষ্টিভংগীৰ বাবে লাডাখৰ তুৰটুকবাসীক প্ৰধানমন্ত্ৰীৰ প্ৰণা |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A6%97%E0%A6%B2%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A6%A4-%E0%A6%B8%E0%A6%82%E0%A6%98%E0%A6%9F%E0%A6%BF%E0%A6%A4-%E0%A6%AC%E0%A6%BF%E0%A6%B8%E0%A7%8D%E0%A6%AB%E0%A7%8B%E0%A7%B0%E0%A6%A3/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A6%97%E0%A6%B2%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A6%A4-%E0%A6%B8%E0%A6%82%E0%A6%98%E0%A6%9F%E0%A6%BF%E0%A6%A4-%E0%A6%AC%E0%A6%BF%E0%A6%B8%E0%A7%8D%E0%A6%AB%E0%A7%8B%E0%A7%B0%E0%A6%A3/ | ভাগলপুৰত সংঘটিত বিস্ফোৰণত প্ৰাণহানিৰ ঘটনাত দুখ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে এই ঘটনা সম্পৰ্কীয় পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী শ্ৰী নীতিশ কুমাৰৰ সৈতে কথা পাতে। তেওঁ জানিবলৈ দিয়ে যে প্ৰশাসনে সাহায্য আৰু উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে আৰু ক্ষতিগ্ৰস্তসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়োৱা হৈছে। এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়; ‘বিহাৰৰ ভাগলপুৰত সংঘটিত বিস্ফোৰণত প্ৰাণহানি হোৱাৰ খবৰ অতি বেদনাদায়ক। মই আঘাতপ্ৰাপ্তসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ। এই ঘটনা সম্পৰ্কীয় পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী @NitishKumar জীৰ সৈতেও কথা পতা হৈছিল। প্ৰশাসনে সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে, আৰু ভুক্তভোগীসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়োৱা হৈছে।’ | ভাগলপুৰত সংঘটিত বিস্ফোৰণত প্ৰাণহানিৰ ঘটনাত দুখ প্ৰকাশ প্ৰধানমন্ত্ৰী |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%B8%E0%A6%BF%E0%A6%A6%E0%A7%8D%E0%A6%A7-%E0%A6%85%E0%A7%B0%E0%A7%8D%E0%A6%A5%E0%A6%A8%E0%A7%80%E0%A6%A4%E0%A6%BF%E0%A6%AC%E0%A6%BF%E0%A6%A6-%E0%A6%A4%E0%A6%A5%E0%A6%BE/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%B8%E0%A6%BF%E0%A6%A6%E0%A7%8D%E0%A6%A7-%E0%A6%85%E0%A7%B0%E0%A7%8D%E0%A6%A5%E0%A6%A8%E0%A7%80%E0%A6%A4%E0%A6%BF%E0%A6%AC%E0%A6%BF%E0%A6%A6-%E0%A6%A4%E0%A6%A5%E0%A6%BE/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰসিদ্ধ অৰ্থনীতিবিদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অধ্যাপক ৱাইকে আলাঘৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। এটা টুইটত, প্ৰধানমন্ত্ৰীয়ে কয়; "অধ্যাপক ৱাইকে আলাঘ আছিল এজন বিশিষ্ট পণ্ডিত যি ৰাজহুৱা নীতি, বিশেষকৈ গ্ৰামীণ বিকাশ, পৰিৱেশ আৰু অৰ্থনীতিৰ বিভিন্ন দিশৰ বিষয়ে সংবেদনশীল আছিল। তেওঁৰ বিয়োগত দুখিত হৈছো। মই আমাৰ বাৰ্তালাপ মনত ৰাখিম। তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে আছে মোৰ দুখানুভূতি। ওম শান্তি।" | প্ৰসিদ্ধ অৰ্থনীতিবিদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অধ্যাপক ৱাইকে আলাঘৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকা |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%A8%E0%A6%BE%E0%A6%87%E0%A6%95-%E0%A6%85/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%A8%E0%A6%BE%E0%A6%87%E0%A6%95-%E0%A6%85/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নাইক(অৱসৰপ্ৰাপ্ত)ভৈৰোঁ সিঙৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়; "নাইক(অৱসৰপ্ৰাপ্ত)ভৈৰোঁ সিং জীক আমাৰ দেশৰ প্ৰতি তেওঁৰ সেৱাৰ বাবে সদায় স্মৰণ কৰা হ'ব। তেওঁ আমাৰ দেশৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ সময়ত যথেষ্ট সাহস দেখুৱাইছিল। তেওঁৰ মৃত্যুত আমি ব্যথিত। এই দুখৰ সময়ত মোৰ সমবেদনা তেওঁৰ পৰিয়ালৰ সৈতে আছে। ওম শান্তি।" | প্ৰধানমন্ত্ৰীয়ে নাইক (অৱসৰপ্ৰাপ্ত) ভৈৰোঁ সিঙৰ মৃত্যুত শোক প্ৰকাশ কৰ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A7%AD%E0%A7%AC%E0%A6%A4%E0%A6%AE-%E0%A6%B8%E0%A7%8D%E0%A6%AC/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A7%AD%E0%A7%AC%E0%A6%A4%E0%A6%AE-%E0%A6%B8%E0%A7%8D%E0%A6%AC/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৬তম স্বাধীনতা দিৱস উপলক্ষে বিশ্বৰ নেতৃবৃন্দক তেওঁলোকৰ অভিনন্দন আৰু শুভেচ্ছাৰ বাবে ধন্যবাদ দিছে। অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়; "স্বাধীনতা দিৱসৰ শুভকামনাৰ বাবে ধন্যবাদ, প্ৰধানমন্ত্ৰী এন্থনী আলবানীজ। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ বন্ধুত্ব সময়ৰ পৰীক্ষাত থিয় হৈছে আৰু ইয়াৰ পৰা দুয়োখন দেশৰ জনসাধাৰণৰ বহুত লাভ হৈছে।" মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়; "আমাৰ স্বাধীনতা দিৱসত আপোনাৰ শুভকামনাৰ বাবে অভিনন্দন, ৰাষ্ট্ৰপতি @ibusolih। ভাৰত-মালদ্বীপৰ প্ৰগাঢ় বন্ধুত্বৰ ওপৰত আপোনাৰ উষ্ম শব্দাৱলীৰ মই হৃদয়ৰ পৰা সমৰ্থন কৰিছো।" ফ্ৰাঞ্চৰ ৰাষ্ট্ৰপতিৰ টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়; "আপোনাৰ স্বাধীনতা দিৱসৰ অভিনন্দনত অভিভূত, ৰাষ্ট্ৰপতি @EmmanuelMacron। ভাৰতে ফ্ৰাঞ্চৰ সৈতে নিজৰ ঘনিষ্ঠ সম্পৰ্কক বাস্তৱত বহুত সন্মান দিয়ে। আমাৰ দ্বিপাক্ষিক বুজাপৰা বিশ্বজনীন কল্যাণৰ বাবে।" ভূটানৰ প্ৰধানমন্ত্ৰীৰ টুইটৰ প্ৰত্যুত্তৰত, প্ৰধানমন্ত্ৰীয়ে কয়; "মই @PMBhutan লোটে শ্বেৰিঙক তেওঁৰ স্বাধীনতা দিৱসৰ শুভকামনাৰ বাবে ধন্যবাদ জনাইছো। সকলো ভাৰতীয়ই ভূটানৰ সৈতে আমাৰ বিশেষ সম্পৰ্কক সন্মান দিয়ে- এক নিকট চুবুৰীয়া আৰু এক অমূল্য মিত্ৰ।" ডমিনিক অফ কমনৱেলথৰ প্ৰধানমন্ত্ৰীৰ এটা টুইটৰ প্ৰত্যুত্তৰত, প্ৰধানমন্ত্ৰীয়ে কয়; "আমাৰ স্বাধীনতা দিৱসত আপোনাৰ অভিনন্দনৰ বাবে, প্ৰধানমন্ত্ৰী ৰুজভেল্ট স্কেৰিট, আপোনাক ধন্যবাদ। অহা বছৰবিলাকত ভাৰত আৰু ডমিনিক অফ কমনৱেলথৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী হৈ থাকক।" মৰিছাছৰ প্ৰধানমন্ত্ৰীৰ টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়; "প্ৰধানমন্ত্ৰী প্ৰবিন্দ কুমাৰ জগন্নাথ, স্বাধীনতা দিৱসত আপোনাৰ শুভকামনা লাভ কৰি সন্মানিত অনুভৱ কৰিছো। ভাৰত আৰু মৰিছাছৰ মাজত বহুত গভীৰ সাংস্কৃতিক সম্পৰ্ক আছে। আমাৰ নাগৰিকসকলৰ পাৰস্পৰিক লাভৰ বাবে দুয়োখন ৰাষ্ট্ৰই বিভিন্ন ক্ষেত্ৰত সহযোগ কৰি আছে।" মেডাগাস্কাৰৰ ৰাষ্ট্ৰপতিৰ টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়; "আমাৰ স্বাধীনতা দিৱসত আমাক অভিনন্দন জনোৱা বাবে ৰাষ্ট্ৰপতি এণ্ড্ৰী ৰাজোএলিনাক ধন্যবাদ। এক বিশ্বস্ত বিকাশৰ অংশীদাৰ হিচাপে, ভাৰতে সদায়েই দুয়োখন দেশৰ জনসাধাৰণৰ কল্যাণৰ বাবে মেডাগাস্কাৰৰ সৈতে কাম কৰিব।" নেপালৰ প্ৰধানমন্ত্ৰীৰ টুইটৰ প্ৰত্যুত্তৰত, প্ৰধানমন্ত্ৰীয়ে কয়; "শুভকামনাৰ বাবে ধন্যবাদ, প্ৰধানমন্ত্ৰী @SherBDeuba। অহা বছৰবিলাকত ভাৰত-নেপালৰ বন্ধুত্ব আৰু প্ৰগাঢ় হৈ থাকক।" | প্রধানমন্ত্রীয়ে ৭৬তম স্বাধীনতা দিৱসত বিশ্বৰ নেতৃবৃন্দক তেওঁলোকৰ শুভেচ্ছাৰ বাবে ধন্যবাদ দিয় |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A4%E0%A7%87%E0%A6%B2%E0%A7%87%E0%A6%82%E0%A6%97%E0%A6%BE%E0%A6%A8%E0%A6%BE%E0%A6%A4-%E0%A6%B8%E0%A6%82%E0%A6%98%E0%A6%9F%E0%A6%BF%E0%A6%A4-%E0%A6%A6%E0%A7%81%E0%A7%B0%E0%A7%8D%E0%A6%98%E0%A6%9F/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A4%E0%A7%87%E0%A6%B2%E0%A7%87%E0%A6%82%E0%A6%97%E0%A6%BE%E0%A6%A8%E0%A6%BE%E0%A6%A4-%E0%A6%B8%E0%A6%82%E0%A6%98%E0%A6%9F%E0%A6%BF%E0%A6%A4-%E0%A6%A6%E0%A7%81%E0%A7%B0%E0%A7%8D%E0%A6%98%E0%A6%9F/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেলেংগানাৰ কামাৰেড্ডী জিলাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে তেলেংগানাৰ কামাৰেড্ডী জিলাত সংঘটিত দুৰ্ঘটনাত নিহত সকলৰ বাবে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ (পিএমএনআৰএফ) পৰা অনুদান ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইট কৰিছে; "তেলেংগানাৰ কামাৰেড্ডী জিলাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাৰ বাবে দুখিতঃ। শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা আৰু আহতসকলৰ বাবে প্ৰাৰ্থনা জনাইছো। পিএমএনআৰএফৰ পৰা প্ৰতিজনৰ মৃতকৰ নিকটাত্মীয়ক ২ লাখ টকাকৈ অনুদান দিয়া হ'ব। আহতসকলক ৫০,০০০ টকা দিয়া হ'ব: প্ৰধানমন্ত্ৰী মোদী" | তেলেংগানাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ কৰিছ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%BF-%E0%A7%A8%E0%A7%A6-%E0%A6%B6%E0%A7%80%E0%A7%B0%E0%A7%8D%E0%A6%B7-%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%AE%E0%A6%BF%E0%A6%B2%E0%A6%A8%E0%A7%B0-%E0%A6%86%E0%A6%B9/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%BF-%E0%A7%A8%E0%A7%A6-%E0%A6%B6%E0%A7%80%E0%A7%B0%E0%A7%8D%E0%A6%B7-%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%AE%E0%A6%BF%E0%A6%B2%E0%A6%A8%E0%A7%B0-%E0%A6%86%E0%A6%B9/ | ‘জি-২০ শীৰ্ষ সন্মিলন’ৰ আহৰি পৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্মিলনৰ অন্যান্য নেতৃবৃন্দৰ সৈতে ‘তমান হুটন ৰায়া গুৰা ৰাই চিৰসেউজ(মেনগ্ৰভ) বনাঞ্চল’ দৰ্শন কৰাৰ লগতে চিৰসেউজ বা চিৰহৰিত্ গছৰ পুলিও ৰোপণ কৰে। গোলকীয় সংৰক্ষণ প্ৰয়াসত চিৰসেউজ বনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ‘জি-২০’ৰ অধ্যক্ষতাৰ কালত ইণ্ডোনেছিয়াই গ্ৰহণ কৰা উদ্যোগ তথা ইণ্ডোনেছিয়া আৰু সংযুক্ত আৰব আমিৰীৰ যুটীয়া উদ্যোগত গঢ় লোৱা ‘মেনগ্ৰভ এলায়েঞ্চ ফৰ ক্লাইমেট’(এমএচি)শীৰ্ষক কাৰ্যক্ৰমত ভাৰতেও অংশগ্ৰহণ কৰিছে। ভাৰতৰ ৫০০০ বৰ্গকিলোমিটাৰৰো অধিক ভূমিত বিস্তৃত এলেকাত ৫০ৰো অধিক বিধ ‘চিৰসেউজ বন’ৰ সন্ধান কৰিব পৰা যায়। জৈৱ-বৈচিত্ৰ্যৰ ক্ষেত্ৰত অতিকে চহকী আৰু কাৰ্বন প্ৰশমণৰ ক্ষেত্ৰত প্ৰভাৱশালী বুলি পৰিগণিত এইবোৰ চিৰসেউজ গছৰ সংৰক্ষণ আৰু পুনৰুদ্ধাৰ কৰাত ভাৰতে বিশেষ গুৰুত্ব প্ৰদান কৰিছে। | ‘জি-২০ শীৰ্ষ সন্মিলন’ৰ আহৰি পৰত বালিৰ ‘চিৰসেউজ বনাঞ্চল’ দৰ্শন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A7%AB-%E0%A6%9C%E0%A7%81%E0%A6%A8%E0%A6%A4-%E0%A6%AD/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A7%AB-%E0%A6%9C%E0%A7%81%E0%A6%A8%E0%A6%A4-%E0%A6%AD/ | বিশ্ব পৰিৱেশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ জুনত দিনৰ ১১ বজাত বিজ্ঞান ভৱনত 'ভূমি বচাওক আন্দোলন' উপলক্ষে আয়োজিত কাৰ্যক্ৰমত ভাগ ল'ব। কাৰ্যক্ৰমৰ সময়ত প্ৰধানমন্ত্ৰীয়ে উপস্থিত লোকসকলকো সম্বোধন কৰিব। 'ভূমি বচাওক আন্দোলন' ভূমিৰ অৱনতি হোৱা স্বাস্থ্য সন্দৰ্ভত সজাগতা বৃদ্ধি আৰু ইয়াক সংশোধন কৰিবলৈ সতৰ্ক দায়িত্ব কাৰ্যকৰী কৰিবৰ বাবে এটা বিশ্বজোৰা আন্দোলন। সদ্গুৰুৱে মাৰ্চ ২০২২ত এই আন্দোলনৰ আৰম্ভ কৰিছিল, তেওঁ ২৭খন দেশ হৈ ১০০ দিনৰ মটৰচাইকেল যাত্ৰা আৰম্ভ কৰিছিল। ৫ জুন হৈছে ১০০ দিনীয়া যাত্ৰাৰ ৭৫তম দিন। কাৰ্যক্ৰমত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণে ভাৰতত মাটিৰ স্বাস্থ্যৰ ক্ষেত্ৰত সংশোধনৰ প্ৰতি উমৈহতীয়া চিন্তা আৰু সংকল্পবদ্ধতাক প্ৰতিফলিত কৰিব। | প্ৰধানমন্ত্ৰীয়ে ৫ জুনত ‘ভূমি বচাওক আন্দোলন’ উপলক্ষে আয়োজিত কাৰ্যক্ৰমত ভাগ ল’ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%96%E0%A6%BE%E0%A7%B0%E0%A6%BF%E0%A6%AB-%E0%A6%B6%E0%A6%B8%E0%A7%8D%E0%A6%AF%E0%A7%B0-%E0%A6%AC%E0%A6%BE%E0%A6%AC%E0%A7%87-%E0%A7%A6%E0%A7%A7-%E0%A7%A6%E0%A7%AA-%E0%A7%A8%E0%A7%A6%E0%A7%A8/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%96%E0%A6%BE%E0%A7%B0%E0%A6%BF%E0%A6%AB-%E0%A6%B6%E0%A6%B8%E0%A7%8D%E0%A6%AF%E0%A7%B0-%E0%A6%AC%E0%A6%BE%E0%A6%AC%E0%A7%87-%E0%A7%A6%E0%A7%A7-%E0%A7%A6%E0%A7%AA-%E0%A7%A8%E0%A7%A6%E0%A7%A8/ | প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত খাৰিফ শস্যৰ বাবে (০১.০৪.২০২২ৰ পৰা ৩০.০৯.২০২২লৈকে) ফছফেটিক আৰু পটাশিক (পি এণ্ড কে) সাৰৰ বাবে পুষ্টিভিত্তিক ৰাজসাহাৰ্য (এনবিএছ)ৰ হাৰত অনুমোদন জনাইছে। বিত্তীয় প্রভাৱঃ ২০২২ চনৰ খাৰিফ শস্যৰ বাবে এনবিএছৰ বাবদ কেন্দ্রীয় কেবিনেটে ৬০,৯৩৯.২৯ কোটি টকাৰ ৰাজসাহাৰ্য অনুমোদন জনাইছে। এই ৰাজসাহাৰ্যৰ ভিতৰত আছে সামগ্ৰী পৰিবহণৰ ৰাজসাহাৰ্য, দেশীয় সাৰৰ ক্ষেত্রত অতিৰিক্ত সহায় আৰু ডাই-এমোনিয়াম ফছফেট (ডিএপি) আমদানিৰ বাবদ ব্যয় উল্লেখযোগ্য৷ সুবিধাঃ ডিএপি আৰু ইয়াৰ কেঁচামালৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত মূল্য বৃদ্ধিৰ ফলত সাৰৰ দাম বৃদ্ধি হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত কেন্দ্রীয় কেবিনেটে সিদ্ধান্ত লৈছে যে বর্তমান সাৰৰ বেগে প্ৰতি ১,৬৫০ টকাৰ পৰিৱর্তে ২,৫০১ টকা ৰাজসাহাৰ্য প্ৰদান কৰা হ’ব। অর্থাৎ বিগত বৰ্ষৰ তুলনাত ৰাজসাহাৰ্যৰ হাৰ ৫০ শতাংশ বৃদ্ধি পাইছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত ডিএপি আৰু ইয়াৰ কেঁচামালৰ দাম প্রায় ৮০ শতাংশ বৃদ্ধি পাইছে। চৰকাৰৰ এই সিদ্ধান্তৰ ফলত কৃষকসকলে প্রজ্ঞাপিত পি এণ্ড কে সাৰ ৰাজসাহাৰ্য মূল্য লাভ কৰিব৷ তেওঁলোকে কম মূল্যত এই সাৰ ক্ৰয় কৰাৰ সুযোগ পোৱাৰ ফলত কৃষি ক্ষেত্রত সুবিধা হ’ব৷ ৰূপায়ণৰ কৌশল আৰু লক্ষ্যঃ ২০২২ৰ খাৰিফ শস্যৰ বতৰত এনবিএছৰ হাৰত পি এণ্ড কে সাৰ দিয়াৰ ফলত কৃষকসকলে সহজে কম মূল্যত সাৰ কিনিব পাৰিব৷ | খাৰিফ শস্যৰ বাবে (০১.০৪.২০২২ৰ পৰা ৩০.০৯.২০২২লৈকে) ফছফেটিক আৰু পটাশিক (পি এণ্ড কে) সাৰৰ বাবে পুষ্টিভিত্তিক ৰাজসাহাৰ্য (এনবিএছ)ৰ হাৰত অনুমোদন কেবিনেট |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9A%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%95%E0%A7%82%E0%A6%9F%E0%A6%A4-%E0%A6%B8%E0%A6%82%E0%A6%98%E0%A6%9F%E0%A6%BF%E0%A6%A4-%E0%A6%AA%E0%A6%A5-%E0%A6%A6%E0%A7%81%E0%A7%B0%E0%A7%8D/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9A%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%95%E0%A7%82%E0%A6%9F%E0%A6%A4-%E0%A6%B8%E0%A6%82%E0%A6%98%E0%A6%9F%E0%A6%BF%E0%A6%A4-%E0%A6%AA%E0%A6%A5-%E0%A6%A6%E0%A7%81%E0%A7%B0%E0%A7%8D/ | উত্তৰ প্ৰদেশৰ চিত্ৰকূটত সংঘটিত পথ দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা এক বাৰ্তাত কয়; “চিত্ৰকূটৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাটো অত্যন্ত বেদনাদায়ক। এই দুৰ্ঘটনাত যিসকল লোকে আত্মীয়ক হেৰুৱাবলগীয়া হৈছে, তেওঁলোকৰ প্ৰতি মই গভীৰ সমবেদনা জ্ঞাপন কৰিছো। দুৰ্ঘটনাটোত আহতসকলৰ আশু আৰোগ্যও কামনা কৰিছো: প্ৰধানমন্ত্ৰী” | চিত্ৰকূটত সংঘটিত পথ দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি শোক প্ৰকট কৰিলে প্ৰধানমন্ত্ৰীয় |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9B%E0%A7%81%E0%A6%9C%E0%A7%81%E0%A6%95%E0%A6%BF-%E0%A6%AE%E0%A6%9F%E0%A7%B0-%E0%A6%95%E0%A7%B0%E0%A7%8D%E0%A6%AA%E0%A7%8B%E0%A7%B0%E0%A7%87%E0%A6%B6%E0%A7%8D%E0%A6%AF%E0%A6%A8/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9B%E0%A7%81%E0%A6%9C%E0%A7%81%E0%A6%95%E0%A6%BF-%E0%A6%AE%E0%A6%9F%E0%A7%B0-%E0%A6%95%E0%A7%B0%E0%A7%8D%E0%A6%AA%E0%A7%8B%E0%A7%B0%E0%A7%87%E0%A6%B6%E0%A7%8D%E0%A6%AF%E0%A6%A8/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি টকিঅ’ত ‘ছুজুকি মটৰ কৰ্পোৰেশ্যন’ৰ জ্যেষ্ঠ পৰামৰ্শদাতা ওছামো ছুজুকিৰ সৈতে এক বৈঠকত মিলিত হয়। বৈঠকত প্ৰধানমন্ত্ৰীয়ে ছুজুকি ডাঙৰীয়াৰ ভাৰতৰে থকা সম্পৰ্ক তথা তেওঁ ভাৰতত আগবঢ়োৱা অৱদানৰ কথা স্মৰণ কৰে। তেওঁ ভাৰতৰ ‘অটোমোটিভ উদ্যোগ’ৰ উত্তৰণৰ ক্ষেত্ৰত ‘ছুজুকি মটৰ্ছে’ গ্ৰহণ কৰা পৰিৱৰ্তনসাধনী ভূমিকাৰো শলাগ লয়। তেওঁলোক দুয়ো ‘উত্পাদন সংযোজিত উত্সাহ’ আঁচনি(পিএলআই)ৰ অধীনত ‘অটোমোবাইল’ আৰু ‘অটো কম্পনেণ্ট’ খণ্ডত আবেদন কৰা প্ৰতিষ্ঠানসমূহৰ অন্যতম হিচাপে ‘ছুজুকি মটৰ গুজৰাট প্ৰাইভেট লিমিটেড’ আৰু ‘মাৰুতি ছুজুকি ইণ্ডিয়া লিমিটেড’-ৰ অনুমোদনক প্ৰশংসা কৰে। বহণক্ষম উন্নয়ণৰ লক্ষ্য বাস্তৱায়িত কৰিব পৰাকৈ বৈদ্যুতিক যান-বাহন আৰু বেটেৰী নিৰ্মাণ তথা ‘ৰিচাইক্লিং কেন্দ্ৰ’ৰ প্ৰকল্পকে ধৰি অন্যান্য বিনিয়োগ সম্ভাৱনীয়তাসমূহৰ সন্দৰ্ভত তেওঁ আলোচনা কৰে। তেওঁলোকে ‘জাপান-ইণ্ডিয়া ইনষ্টিটিউটছ অব মেনুফেকশ্যাৰিং’(জেআইএম) আৰু ‘জাপনিজ এণ্ডৌড কৰ্ছ’-ৰ জৰিয়তে দক্ষতা বিকাশকে ধৰি ভাৰতত স্থানীয় উদ্ভাৱন প্ৰণালী গঢ়ি তোলাৰ বাবে ৰণকৌশল সন্দৰ্ভতো আলোচনাত মিলিত হয়। | ‘ছুজুকি মটৰ কৰ্পোৰেশ্যন’ৰ জ্যেষ্ঠ পৰামৰ্শদাতা ওছামো ছুজুকিৰে প্ৰধানমন্ত্ৰীৰ বৈঠ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%B0%E0%A7%8D%E0%A6%A3%E0%A6%BE%E0%A6%9F%E0%A6%95%E0%A7%B0-%E0%A6%AC%E0%A7%87%E0%A6%82%E0%A6%97%E0%A6%BE%E0%A6%B2%E0%A7%81%E0%A7%B0%E0%A7%81%E0%A6%A4-%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%B9/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%B0%E0%A7%8D%E0%A6%A3%E0%A6%BE%E0%A6%9F%E0%A6%95%E0%A7%B0-%E0%A6%AC%E0%A7%87%E0%A6%82%E0%A6%97%E0%A6%BE%E0%A6%B2%E0%A7%81%E0%A7%B0%E0%A7%81%E0%A6%A4-%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%B9/ | ভাৰত মাতাৰ জয় ভাৰত মাতাৰ জয় কৰ্ণাটকদা সমস্থ জনতগে নন্না কোটি-কোটি নমস্কাৰগলু ! মঞ্চত বিৰাজমান পূজ্য স্বামীজী, কৰ্ণাটকৰ ৰাজ্যপাল শ্ৰী থাৱাৰচান্দ গেহলটজী, জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী বাসবৰাজ বোম্মাইজী, প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী য়েদিয়ুৰাপ্পাজী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহকৰ্মী, ৰাজ্য চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক, আন সকলো গণ্যমান্য ব্যক্তি তথা বৃহৎ সংখ্যাত উপস্থিত মোৰ মৰমৰ ভাই-ভনীসকল। এয়া মোৰ সৌভাগ্য যে আজি মই এটা বিশেষ দিনত বেংগালুৰুলৈ অহাৰ সুযোগ পাইছো। আজি কৰ্ণাটকৰ জন্ম জয়ন্তী, দেশৰ দুজন মহান সন্তানৰ জন্মজয়ন্তী। সন্ত কনকদাসজীয়ে আমাৰ সমাজক পথ প্ৰদৰ্শিত কৰিছিল, আনহাতে ওনকে ওবাভাজীয়ে আমাৰ গৌৰৱ, আমাৰ সংস্কৃতিৰ সুৰক্ষাত অৰিহণা যোগাইছিল। মই আকৌ এবাৰ এই দুয়োজন ব্যক্তিত্বক নমস্কাৰ জনাইছো। বন্ধুসকল, আজি এই মহান ব্যক্তিসকলক সন্মান জনাই আমি কৰ্ণাটকৰ বেংগালুৰুৰ উন্নয়ন আৰু ঐতিহ্য দুয়োটাকে শক্তিশালী কৰিছো। আজি, কৰ্ণাটকে প্ৰথম মেড ইন ইণ্ডিয়া বন্দে ভাৰত ৰে’ল লাভ কৰিছে। ৰে'লখনে দেশৰ ষ্টাৰ্ট-আপ ৰাজধানী চেন্নাই, বেংগালুৰু আৰু ঐতিহ্যবাহী চহৰ মহীশূৰক সংযোগ কৰিছে। কৰ্ণাটকৰ লোকসকলক অযোধ্যা, প্ৰয়াগৰাজ আৰু কাশীলৈ লৈ যোৱা ভাৰত গৌৰৱ কাশী দৰ্শন ৰে’লো আজিৰ পৰা আৰম্ভ হৈছে। কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ দ্বিতীয় টাৰ্মিনেলটোও আজি উদ্বোধন কৰা হৈছে। মই বিমানবন্দৰৰ নতুন টাৰ্মিনেলৰ কেইখনমান ফটো ছচিয়েল মিডিয়াত পোষ্ট কৰিছিলো। আৰু আজি, তালৈ গৈ, মই অনুভৱ কৰিছিলো যে নতুন টাৰ্মিনেলটো ছবিবোৰত দেখাতকৈ অধিক বিশাল, আধুনিক। এইটো বেংগালুৰুৰ জনসাধাৰণৰ এটা অতি পুৰণি দাবী আছিল যিটো আমাৰ চৰকাৰে এতিয়া পূৰণ কৰি আছে। বন্ধুসকল, মই নাদপ্ৰভু কেম্পেগৌড়া জী আৰু তেওঁৰ জলঅভিষেকৰ ১০৮ ফুটৰ মূৰ্তি উন্মোচন কৰাৰ সুযোগ পাইছো। নাদপ্ৰভু কেম্পেগৌড়াৰ এই বিশাল মূৰ্তিটোৱে আমাক ভৱিষ্যতৰ বেংগালুৰুৰ বাবে, ভৱিষ্যতৰ ভাৰতৰ বাবে নিৰন্তৰ ভাৱে কাম কৰিবলৈ অনুপ্ৰাণিত কৰিব। ভাতৃ আৰু ভগ্নীসকল, এইটো মোৰ সৌভাগ্য যে আজি মই পুজ্য স্বামীজীক তেওঁ যিদৰে আশীৰ্বাদ কৰিছে, যিদৰে তেওঁ নিজৰ অনুভূতি প্ৰকাশ কৰিছে তাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। বন্ধুসকল, আজি সমগ্ৰ বিশ্বত ভাৰতৰ পৰিচয় হৈছে ষ্টাৰ্ট-আপৰ বাবে। আৰু ভাৰতৰ এই পৰিচয় শক্তিশালী কৰাৰ ক্ষেত্ৰত আমাৰ বেংগালুৰুৰ এক বৃহৎ ভূমিকা আছে। ষ্টাৰ্ট-আপবোৰ কেৱল এটা কোম্পানী নহয়। ষ্টাৰ্ট-আপবোৰ এক আবেগ। কিবা নতুন কৰাৰ আগ্ৰহ, কিবা বেলেগ চিন্তা কৰাৰ আগ্ৰহ। ষ্টাৰ্ট-আপ হৈছে দেশখনে সন্মুখীন হোৱা প্ৰতিটো প্ৰত্যাহ্বান সমাধান কৰাৰ এক বিশ্বাস। গতিকে বেংগালুৰুয়ে এক ষ্টাৰ্ট-আপ স্পিৰিট প্ৰতিনিধিত্ব কৰে। এই ষ্টাৰ্ট-আপ স্পিৰিটে ভাৰতক আজি বিশ্বৰ এক পৃথক লীগত ৰাখিছে। ভাতৃ আৰু ভগ্নীসকল, আজি ইয়াত অনুষ্ঠিত হোৱা কাৰ্যসূচীটো বেংগালুৰুৰ এই যুৱ আত্মাৰ প্ৰতিফলন। আজিৰ পৰা আৰম্ভ হোৱা বন্দে ভাৰত এক্সপ্ৰেছ কেৱল এখন নতুন ৰে'ল নহয়, ই হৈছে নতুন ভাৰতৰ নতুন পৰিচয়। একবিংশ শতিকাত ভাৰতৰ ৰে’লপথ কেনেকুৱা হ'ব তাৰ এয়া এক আভাস। বন্দে ভাৰত এক্সপ্ৰেছ হৈছে এই সত্যৰ প্ৰতীক যে ভাৰতে এতিয়া থমকি যোৱা দিন এৰি গৈছে। ভাৰতে এতিয়া দ্ৰুতগতিত দৌৰিব বিচাৰে আৰু ইয়াৰ বাবে সকলো সম্ভৱ চেষ্টা কৰি আছে। বন্ধুসকল, আগন্তুক ৮-১০ বছৰত আমি ভাৰতীয় ৰে'লক পুনৰুজ্জীৱিত কৰাৰ লক্ষ্য লৈছো। ৪০০তকৈও অধিক নতুন বন্দে ভাৰত ৰেল, ভিষ্টাডম দবা, ভাৰতীয় ৰে'লৰ নতুন পৰিচয় হ'বলৈ গৈ আছে। মালবাহী ৰে’লৰ বাবে সমৰ্পিত ফ্ৰেইট কৰিডৰে পৰিবহণৰ গতি বৃদ্ধি কৰিব আৰু সময় ৰাহি কৰিব। দ্ৰুত ব্ৰডগজ পৰিৱৰ্তনৰ কামে ৰে’ল মানচিত্ৰত নতুন ক্ষেত্ৰ লৈ আহিছে। আৰু এই সকলোবোৰৰ মাজতে আজি দেশখনে ইয়াৰ ৰে'ল ষ্টেচনসমূহৰ আধুনিকীকৰণো কৰি আছে। আজি, যেতিয়া আপুনি বেংগালুৰুৰ 'ছাৰ এম বিশ্বেশ্বৰায় জী'ৰ ৰেল ষ্টেচনলৈ যায়, আপুনি এক বেলেগ পৃথিৱীৰ অভিজ্ঞতা লাভ কৰে। আমাৰ লক্ষ্য হৈছে এনেদৰে দেশৰ মুখ্য ৰে’ল ষ্টেচনসমূহৰ আধুনিকীকৰণ কৰা। এই চিন্তাধাৰাৰ সৈতে, বেংগালুৰু কেণ্টনমেণ্ট, যশৱন্তপুৰ, ৰে’ল ষ্টেচনবোৰো ইয়াত কৰ্ণাটকত পুনৰুজ্জীৱিত কৰা হৈছে। বন্ধুসকল, আমাৰ চহৰসমূহৰ মাজত সংযোগে উন্নত ভাৰত গঢ়ি তোলাত এক ডাঙৰ ভূমিকা পালন কৰিব। সময়ৰ প্ৰয়োজন হ'ল দেশত বিমান সংযোগ সম্প্ৰসাৰিত কৰা, আমাৰ বিমানবন্দৰ সম্প্ৰসাৰিত কৰা। বেংগালুৰু বিমানবন্দৰৰ নতুন টাৰ্মিনেলে ইয়াক ব্যৱহাৰ কৰা যাত্ৰীসকলৰ বাবে এটা নতুন সুবিধা আনিব। আজি ভাৰত হৈছে বিশ্বৰ বিমান ভ্ৰমণৰ বাবে দ্ৰুতগতিত বিকশিত হোৱা বজাৰসমূহৰ ভিতৰত এখন। দেশখন যিদৰে আগবাঢ়ি আছে বিমানবন্দৰত যাত্ৰীৰ সংখ্যাও বৃদ্ধি পাইছে। সেয়েহে, আমাৰ চৰকাৰেও দেশত নতুন বিমানবন্দৰ নিৰ্মাণ কৰি আছে। ২০১৪ চনৰ পূৰ্বে, দেশত প্ৰায় ৭০টা বিমানবন্দৰ আছিল। এতিয়া তেওঁলোকৰ সংখ্যা ১৪০তকৈও অধিক অৰ্থাৎ দুগুণলৈ বৃদ্ধি পাইছে। বৰ্ধিত এই বিমানবন্দৰবোৰে আমাৰ চহৰসমূহৰ ব্যৱসায়িক সম্ভাৱনা বৃদ্ধি কৰিছে, যুৱসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি কৰিছে। বন্ধুসকল, আজি কৰ্ণাটকে সমগ্ৰ বিশ্বতে ভাৰতত বিনিয়োগৰ বাবে সৃষ্টি কৰা অভূতপূৰ্ব বিশ্বাসৰ পৰাও এক বৃহৎ সুবিধা লাভ কৰিছে। কল্পনা কৰক, যোৱা তিনি বছৰত, যেতিয়া সমগ্ৰ বিশ্ব ক’ভিডৰ দ্বাৰা প্ৰভাৱিত হৈছিল তেতিয়া কৰ্ণাটকত প্ৰায় ৪ লাখ কোটি টকা বিনিয়োগ হৈছিল। কৰ্ণাটক যোৱা বছৰ দেশত এফডিআই আকৰ্ষিত কৰাৰ ক্ষেত্ৰত শীৰ্ষস্থানত আছিল। আৰু যি বিনিয়োগ হৈ আছে সেয়া কেৱল তথ্য প্ৰযুক্তি খণ্ডতে সীমাবদ্ধ নহয়। ইয়াৰ পৰিৱৰ্তে, জৈৱ প্ৰযুক্তিৰ পৰা প্ৰতিৰক্ষা উৎপাদনলৈকে, প্ৰতিটো খণ্ড ইয়াত সম্প্ৰসাৰিত হৈ আছে। আমাৰ কৰ্ণাটকতেই দেশৰ বিমান আৰু মহাকাশযান উদ্যোগৰ ২৫ শতাংশ আছে। আমি দেশৰ সেনাৰ বাবে নিৰ্মাণ কৰি থকা প্ৰায় ৭০ শতাংশ বিমান আৰু হেলিকপ্টাৰ ইয়াত নিৰ্মাণ কৰা হৈছে। দেশত বৈদ্যুতিক বাহন নিৰ্মাণৰ ক্ষেত্ৰতো কৰ্ণাটক বহুত আগবাঢ়ি আছে। আজি, কৰ্ণাটকত ফৰ্চুন ৫০০ কোম্পানীৰ ৪০০ৰো অধিক কাম কৰি আছে। আৰু এই তালিকাখন নিৰন্তৰে বৃদ্ধি হৈ আছে। এই সকলোবোৰ ঘটি আছে কাৰণ আজি কৰ্ণাটক এটা ডাবল ইঞ্জিনৰ শক্তিত চলি আছে। ভাতৃ আৰু ভগ্নীসকল, আজি, শাসন হওঁক বা কায়িক আৰু ডিজিটেল আন্তঃগাঁথনি নিৰ্মামেই হওঁক, ভাৰতে এক পৃথক স্তৰত কাম কৰি আছে। আজি, ভাৰতৰ ডিজিটেল পৰিশোধ ভীম ইউপিআই-ৰ বিষয়ে শুনি সমগ্ৰ বিশ্ব আচৰিত হৈছে। এইটো ৮ বছৰ আগতে কল্পনা কৰাটো সম্ভৱ আছিল নেকি? ভাৰতত নিৰ্মিত ৫জি প্ৰযুক্তি, ইয়াক ভাবিব পাৰিলেহেঁতেন নেকি? এই সকলোবোৰত, বেংগালুৰুৰ যুৱ, ইয়াত থকা পেছাদাৰীসকলে এক বৃহৎ ভূমিকা পালন কৰিব লাগিব। ২০১৪ চনৰ পূৰ্বৰ ভাৰতত এই বস্তুবোৰ কল্পনাৰ বাহিৰত আছিল। ইয়াৰ কাৰণ হ'ল যে সেই সময়ত তাত থকা চৰকাৰবোৰৰ এটা পুৰণি চিন্তাধাৰা আছিল। আগৰ চৰকাৰবোৰে গতিক বিলাসিতা, আৰু স্কেলক বিপদাশংকা হিচাপে বিবেচনা কৰিছিল। আমি সেই ধাৰণাটো সলনি কৰিছো। আমি গতিক ভাৰতৰ আকাংক্ষা আৰু স্কেলক ভাৰতৰ শক্তি হিচাপে বিবেচনা কৰোঁ। সেয়েহে, আজি ভাৰতে প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ অধীনত দেশত আন্তঃগাঁথনি বিকাশ কৰি আছে। আমি সকলোৱে সাক্ষী যে অতীতত, আন্তঃগাঁথনি নিৰ্মাণৰ আটাইতকৈ ডাঙৰ সমস্যাটো আছিল সমন্বয়। যিমান বেছি বিভাগ, সিমানে অধিক সংস্থা, নিৰ্মাণত অধিক বিলম্ব হ'ব। গতিকে আমি সকলোকে এটা মঞ্চত অনাৰ সিদ্ধান্ত লৈছিলো। আজি প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ অধীনত বিভিন্ন সংস্থাক পোনপটীয়াকৈ ১৫০০তকৈও অধিক স্তৰৰ তথ্য উপলব্ধ কৰা হৈছে। আজি, ডজন ডজন মন্ত্ৰালয়, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ডজন ডজন বিভাগে এই মঞ্চত যোগদান কৰিছে। আজি দেশখনে ৰাষ্ট্ৰীয় আন্তঃগাঁথনি পাইপলাইনৰ অধীনত ইনফ্ৰাত প্ৰায় ১১০ লাখ কোটি টকা বিনিয়োগ কৰাৰ লক্ষ্য লৈছে। দেশৰ প্ৰতিটো মাধ্যমৰ পৰিবহণৰ বাবে ইজনে সিজনৰ সৈতে সংযোগ স্থাপন, ইজনে সিজনক সমৰ্থন কৰা, দেশৰ শক্তি, সমগ্ৰ শক্তি বহুমুখী আন্তঃগাঁথনিৰ ওপৰত। কিছু সময় আগতে, দেশখনে ৰাষ্ট্ৰীয় লজিষ্টিক নীতিও আৰম্ভ কৰিছে। এই নীতিয়ে দেশত পৰিবহণৰ ব্যয় হ্ৰাস কৰাত সহায় কৰিব, যাতায়তক উদ্ভাৱনীমূলক কৰি তুলিব। বন্ধুসকল, ভাৰতক উন্নত কৰাৰ বাবে, ভৌতিক আন্তঃগাঁথনিৰ লগতে দেশৰ সামাজিক আন্তঃগাঁথনি শক্তিশালী কৰাটোও সমানে প্ৰয়োজনীয়। মই সুখী যে কৰ্ণাটকৰ দ্বৈত ইঞ্জিন চৰকাৰে সামাজিক ইনফ্ৰাৰ প্ৰতি সমানে মনোযোগ দিছে। যোৱা আঠ বছৰত দেশৰ দৰিদ্ৰ লোকসকলৰ বাবে চাৰে তিনি কোটি ঘৰ নিৰ্মাণ কৰা হৈছে। কৰ্ণাটকৰ দৰিদ্ৰ লোকসকলৰ বাবে ৮ লাখতকৈও অধিক পকী ঘৰ অনুমোদিত হৈছে। 'জল জীৱন মিছন'ৰ অধীনত মাত্ৰ তিনি বছৰত দেশৰ ৭ কোটিতকৈও অধিক পৰিয়ালক পাইপযোগে পানীৰ সুবিধা প্ৰদান কৰা হৈছে। কৰ্ণাটকৰ ৩০ লাখতকৈও অধিক গ্ৰাম্য পৰিয়ালেও প্ৰথমবাৰৰ বাবে পাইপযুক্ত পানী লাভ কৰিছে। আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত দেশৰ ৪ কোটি দৰিদ্ৰ লোকে চিকিৎসালয়ত বিনামূলীয়া চিকিৎসা লাভ কৰিছে। কৰ্ণাটকৰ ৩০ লাখৰো অধিক দৰিদ্ৰ ৰোগীয়েও এই আঁচনিৰ সুবিধা লৈছে। মই সুখী যে এই সুবিধাবোৰৰ আটাইতকৈ ডাঙৰ হিতাধিকাৰী হৈছে আমাৰ মাতৃ, আমাৰ ভগ্নী, আমাৰ কন্যা। ভাতৃ আৰু ভগ্নীসকল, আজি এনে কোটি কোটি লোক, সেয়া ক্ষুদ্ৰ কৃষকেই হওক, ক্ষুদ্ৰ ব্যৱসায়ীয়েই হওক, মাছমৰীয়াই হওক, পদপথৰ বিক্ৰেতাই হওক, প্ৰথমবাৰৰ বাবে দেশৰ উন্নয়নৰ মূলসুঁতিত যোগদান কৰিছে। 'প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি'ৰ অধীনত, দেশৰ ১০ কোটিৰো অধিক কৃষকৰ বেংক একাউণ্টলৈ প্ৰায় ২.২৫ লাখ কোটি টকা স্থানান্তৰ কৰা হৈছে। কৰ্ণাটকৰ ৫৫ লাখতকৈও অধিক ক্ষুদ্ৰ কৃষকেও প্ৰায় ১১,০০০ কোটি টকা লাভ কৰিছে। প্ৰধানমন্ত্ৰী স্বনিধিৰ অধীনত, দেশৰ ৪০ লাখৰো অধিক পদপথৰ বিক্ৰেতাই বিত্তীয় সাহায্য লাভ কৰিছে। কৰ্ণাটকৰ ২ লাখতকৈও অধিক পদপথৰ বিক্ৰেতাও ইয়াৰ পৰা লাভান্বিত হৈছে। বন্ধুসকল, এইবাৰ ১৫ আগষ্টত লালকিল্লাৰ পৰা মই আমাৰ দেশৰ ঐতিহ্যক লৈ গৌৰৱৰ কথা কৈছিলো। আমাৰ ঐতিহ্য সাংস্কৃতিক আৰু আধ্যাত্মিকো। আজি ভাৰত গৌৰৱ ৰে’লে দেশৰ বিশ্বাস আৰু আধ্যাত্মিকতাৰ স্থানসমূহক সংযোগ কৰাৰ লগতে 'এক ভাৰত-শ্ৰেষ্ঠ ভাৰত'ৰ মনোভাৱ শক্তিশালী কৰি আছে। এই বছৰ এতিয়ালৈকে, দেশৰ বিভিন্ন প্ৰান্তলৈ এই ৰে’লখনৰ ৯টা ভ্ৰমণ সম্পূৰ্ণ হৈছে। শিৰদী মন্দিৰ হওক, শ্ৰী ৰামায়ণ যাত্ৰা হওক, দিব্য কাশী যাত্ৰা হওক, এনে সকলো ৰে'লযাত্ৰীসকলৰ বাবে অতি আনন্দদায়ক অভিজ্ঞতা লাভ কৰিছিল। আজি কৰ্ণাটকৰ পৰা কাশী, অযোধ্যা আৰু প্ৰয়াগৰাজলৈ যাত্ৰা আৰম্ভ হৈছে। ই কৰ্ণাটকৰ লোকসকলক কাশী অযোধ্যা ভ্ৰমণ কৰাত সহায় কৰিব। ভাতৃ আৰু ভগ্নীসকল, সমাজক ভাগৱত-ভক্তি আৰু সামাজিক শক্তিৰ সৈতে কেনেদৰে সংযোগ কৰিব পাৰি সেই বিষয়ে আমি সন্ত কনকদাসজীৰ পৰাও অনুপ্ৰেৰণা লাভ কৰিছো। এফালে, তেওঁ কৃষ্ণ-ভক্তিৰ পথ বাছি লৈছিল, আৰু আনহাতে, 'কুল-কুল-কুল ভেণ্ডাদিৰী' বুলি কৈ, তেওঁ জাতিৰ ভিত্তিত বৈষম্য ৰক্ষা কৰাৰ বাৰ্তা দিছিল। আজি, সমগ্ৰ বিশ্বতে বাজৰাৰ গুৰুত্ব অৰ্থাৎ মোটা শস্যৰ বিষয়ে আলোচনা হৈছে। সন্ত কনকদাসজীয়ে সেই সময়ছোৱাতে বাজৰাৰ গুৰুত্ব প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ ৰচনা আছিল – ৰাম ধন্য চৰাইতে। তেওঁ কৰ্ণাটকৰ আটাইতকৈ প্ৰিয় বাজৰা ৰাগীৰ উদাহৰণ দাঙি ধৰি সামাজিক সমতাৰ বাৰ্তা দিছিল। ভাতৃ আৰু ভগ্নীসকল, আজি, বেংগালুৰু চহৰখনক নাদপ্ৰভু কেম্পেগৌড়াজীয়ে কল্পনা কৰাৰ দৰে বিকাশ কৰাটো আমাৰ প্ৰয়াস। এই চহৰখনৰ বসতি ইয়াত থকা লোকসকলৰ বাবে কেম্পেগৌড়াজীৰ এক মহান উপহাৰ। এই নিষ্পত্তিত তেওঁ যিবোৰ সূক্ষ্ম তাৰ যত্ন লৈছে সেয়া আশ্চৰ্যজনক, অনন্য। শতিকা পূৰ্বে তেওঁ বেংগালুৰুৰ লোকসকলৰ বাবে বাণিজ্য, সংস্কৃতি আৰু সুবিধাৰ বাবে এক পৰিকল্পনা প্ৰস্তুত কৰিছিল। বেংগালুৰুৰ মানুহে এতিয়াও তেওঁৰ দৃষ্টিভংগীৰ পৰা লাভান্বিত হৈ আছে। আজি, ব্যৱসায়ে হয়তো ইয়াৰ চেহেৰা সলনি কৰিছে, কিন্তু 'পেটে' এতিয়াও বেংগালুৰুৰ বাণিজ্যিক জীৱনৰেখা হৈ আছে। নাদপ্ৰভু কেম্পেগৌড়াজীয়েও বেংগালুৰুৰ সংস্কৃতি সমৃদ্ধ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বিখ্যাত গাভি-গংগাধৰেশ্বৰ মন্দিৰ হওক বা বাসৱনগুড়ি অঞ্চলৰ মন্দিৰ হওক, এইবোৰৰ জৰিয়তে কেম্পেগৌড়াজীয়ে বেংগালুৰুৰ সাংস্কৃতিক চেতনাক চিৰদিনৰ বাবে জীয়াই ৰাখিছিল। বেংগালুৰু চহৰৰ মানুহে এই চহৰখনৰ এনে এক অতুলনীয় বসতিৰ বাবে কেম্পেগৌড়াজীৰ ওচৰত সদায় কৃতজ্ঞ হৈ থাকিব। বন্ধুসকল, বেংগালুৰু এখন আন্তৰ্জাতিক চহৰ। আমি আমাৰ ঐতিহ্যক আধুনিক আন্তঃগাঁথনিৰে সমৃদ্ধ কৰিব লাগিব। এইটো কেৱল সকলোৰে প্ৰচেষ্টাৰেহে সম্ভৱ। আকৌ এবাৰ, নতুন প্ৰকল্পৰ বাবে মই আপোনালোক সকলোকে অভিনন্দন জনাইছো। মই আমাক আশীৰ্বাদ দিয়া শ্ৰদ্ধেয় সাধুসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু কৰ্ণাটকৰ যুৱপ্ৰজন্ম, কৰ্ণাটকৰ মাতৃ, ভগ্নীসকল, ইমান বৃহৎ উৎসাহ আৰু উৎসাহেৰে ভৰি থকা কৃষকসকলে আমাক আশীৰ্বাদ জনাইছে। মই আপোনালোকৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। ধন্যবাদ! | কৰ্ণাটকৰ বেংগালুৰুত ৰাজহুৱা অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%8F%E0%A6%9A%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A6%A8-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A6%83-%E0%A6%8F%E0%A6%95%E0%A7%87-%E0%A6%AE%E0%A7%82%E0%A6%B2%E0%A7%8D%E0%A6%AF%E0%A6%AC%E0%A7%8B/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%8F%E0%A6%9A%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A6%A8-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A6%83-%E0%A6%8F%E0%A6%95%E0%A7%87-%E0%A6%AE%E0%A7%82%E0%A6%B2%E0%A7%8D%E0%A6%AF%E0%A6%AC%E0%A7%8B/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মেদীয়ে দেশৰ নেতৃস্থানীয় বাতৰিকাকতৰ সম্পাদকীয় পৃষ্ঠাত ‘এচিয়ান-ভাৰতঃ একে মূল্যবোধ, উমৈহতীয়া ভৱিষ্যতঃ নৰেন্দ্ৰ মোদী’ শিৰোনামেৰে লিখা প্ৰৱন্ধ প্ৰকাশ পাইছে। তলত প্ৰৱন্ধটো সম্পূৰ্ণকৈ তুলি দিয়া হ’ল। এচিয়ান-ভাৰতঃ একে মূল্যবোধ, উমৈহতীয়া ভৱিষ্যত – নৰেন্দ্ৰ মোদী আজি ১.২৫ কোটি ভাৰতীয়ই ১০ জন বিশেষ অতিথি – এচিয়ান দেশসমূহৰ নেতৃবৃন্দক ভাৰতৰ গণতন্ত্ৰ দিৱসৰ অনুষ্ঠানত আমাৰ ৰাজধানী চহৰ নতুন দিল্লীত আদৰাৰ সন্মান লাভ কৰিব। বৃহস্পতিবাৰে মোৰ এচিয়ান-ভাৰত অংশীদাৰিত্বৰ ২৫ বছৰ পূৰ্তি উপলক্ষে আয়োজিত সন্মিলনত এচিয়ান দেশসমূহৰ নেতাসকলক আদৰাৰ সৌভাগ্য হৈছিল।তেওঁলোকৰ উপস্থিতিয়ে এচিয়ান দেশসমূহৰ বাবে এক দৃষ্টান্তমূলক শুভবাৰ্তা বহন কৰিছে।তাৰ প্ৰতি সন্মান জনাই ভাৰতে এই শীতৰ ৰাতিপুৱা তেওঁলোকক বন্ধুত্বৰ উষ্ম আদৰণি জনাইছে। এয়া কোনো সাধাৰণ অনুষ্ঠান নহয়। ই এচিয়ান দেশসমূহৰ ১.৬ বিলিয়ন মানুহ যি বিশ্বৰ মানৱ সম্প্ৰদায়ৰ চাৰিভাগৰ একাংশক প্ৰতিনিধিত্ব কৰে, তেওঁলোকৰ বাবে সহযোগিতা তথা বন্ধুত্বক গাঢ় কৰা এক ঐতিহাসিক অনুষ্ঠান। এচিয়ান-ভাৰত অংশীদাৰিত্ব কোৱল ২৫ বছৰ পুৰণি হ’লেও দক্ষিণ-পূৱ এচিয়াৰ লগত ভাৰতৰ সম্পৰ্ক হাজাৰ বছৰ পুৰণি। ভাৰত আৰু দক্ষিণ-পূৱ এচিয়াৰ মাজত থকা বন্ধুত্ব, ধৰ্ম-সংস্কৃতি, বাণিজ্য, ভাষা-সাহিত্য আদি ক্ষেত্ৰত থকা বৈচিত্ৰ তথা সাদৃশ্যই আৰু ইয়াৰ সাধাৰণ জনতাৰ মাজত চিনাকি আপোন ভাৱে এই কথাকে সূচায়। আজিৰপৰা ৪০ বছৰৰ আগতে ভাৰতে নিজকে সমগ্ৰ বিশ্বৰ বাবে মুকলি কৰি দিছিল।আৰু শতিকাযুৰি থকা আপোন ভাৱৰ বাবে স্বাভাৱিকতে পূৱ প্ৰান্তত থকা দেশসমূহৰ লগত ভাৰতৰ বন্ধুত্ব গঢ়ি উঠিল।ভাৰত আৰু পূৱৰ দেশসমূহৰ মাজত এক নতুন সহযাত্ৰাৰ আৰম্ভ হ’ল। ভাৰতৰ প্ৰধান সহযোগী আৰু বজাৰসমূহ হ’ল এচিয়ান আৰু পূৱ এচিয়াৰ পৰা উত্তৰ আমেৰিকালৈকে দেশসমূহ।আৰু দক্ষিণ-পূৱ এচিয়া আৰু এচিয়ানৰ ভূমি তথা সাগৰীয় পথেৰে আমাৰ চুবুৰীয়া দেশসমূহ ‘পূৱলৈ চোৱা নীতি’ তথা যোৱা তিনি বছৰত আমাৰ ‘এক্ট ইষ্ট পলিচি’ৰ প্ৰধান আকৰ্ষণ হৈ পৰিছে। ইতিমধ্যে ভাৰত আৰু এচিয়ান কূটনৈতিক সহযোগীত পৰিণত হৈছে। আমি ৩০ টা প্ৰক্ৰিয়াৰে এই সম্পৰ্কক আগবঢ়াই নিবলৈ যত্ন কৰিছো। প্ৰতিখন এচিয়ান দেশৰ লগত আমি ৰাজনৈতিক, অৰ্থনৈতিক আৰু সুৰক্ষা ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰিছো।আমাৰ বাণিজ্য আৰু বিনিয়োগৰ মাত্ৰা কেইবাগুণো বৃদ্ধি পাইছে।এচিয়ান ভাৰতৰ চতুৰ্থ বৃহৎ বাণিজ্য সহযোগী।ভাৰতৰ ২০% বৰ্হি-বিনিয়োগ এচিয়ানত হয়।ভাৰতৰ মুক্ত বাণিজ্য চূক্তি এই অঞ্চলত আটাইতকৈ পুৰণি তথা উচ্চাকাংক্ষী। বিমান পথসমূহৰ ক্ষীপ্ৰতাৰে বিকাশ সাধন কৰা হৈছে আৰু দক্ষিণ-পূৱ এচিয়াৰ লগত ঘাইপথেৰে সংযোগ কৰাৰ কাম অগ্ৰাধিকাৰ ভিত্তিত কৰি থকা হৈছে। ইয়াৰ ফলত দক্ষিণ-পূৱ এচিয়াৰ দেশসমূহৰ ভিতৰতে ভাৰতৰ পৰ্যটন ক্ষেত্ৰখনৰো দ্ৰুতবিকাশ সম্ভৱ হৈছে আৰু আমাৰ মাজত মানৱীয় বান্ধোন দৃঢ় হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰতিখন এচিয়ান দেশৰ বিষয়ে তলত দিয়াধৰণে মতামত ব্যক্ত কৰেঃ থাইলেণ্ড এচিয়ানৰ দেশসমূহৰ ভিতৰত থাইলেণ্ড ভাৰতৰ অন্যতম বাণিজ্যিক সহযোগী তথা গুৰুত্বপূৰ্ণ বিনিয়োগকাৰী। যোৱা দশকত ভাৰত আৰু থাইলেণ্ডৰ মাজত দ্বিপাক্ষিক সহযোগিতা দুগুণতকৈও অধিক বৃদ্ধি পাইছে। যোৱা কেইবাবছৰ ধৰি ভাৰত আৰু থাইলেণ্ডৰ মাজৰ সম্পৰ্কই বিকাশ লাভ কৰিছে।আমি দক্ষিণ আৰু দক্ষিণ-পূৱ এচিয়াৰ মাজত সম্পৰ্ক ৰাক্ষাকাৰী গুৰুত্বপূৰ্ণ আঞ্চলিক সহযোগী। আমি এচিয়ান, ইষ্ট এচিয়া ছামিট আৰু বিমষ্টেক, মেকং-গঙ্গা সহযোগিতা, এচিয়া কোপাৰেশ্যন ডায়লগ, আৰু ভাৰত মহাসাগৰ ৰিম সহযোগিতাৰ যোগেদিও জড়িত হৈ আছো।থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে ২০১৬ চনত কৰা ভাৰত ভ্ৰমণে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কক অধিক স্থাৱৰ কৰিলে। থাইলেণ্ডৰ মহান আৰু জনপ্ৰিয় ৰজা ভূমিবল আদুল্যাডেজৰ মৃত্যুত থাই ভাতৃ-ভগ্নীসকলৰ লগতে সমগ্ৰ ভাৰতেও শোক প্ৰকাশ কৰিছিল।থাইলেণ্ডৰ বৰ্তমানৰ ৰজা মাননীয় মহা বাজিৰালঙ্কৰ্ণ বোডিন্দ্ৰদেৱায়াৱৰঙ্কুনৰ শাসনকালত দেশখনত শান্তি আৰু প্ৰগতি বাহাল থকাৰ বাবে থাই ভাতৃ-ভগ্নীসকলৰ লগতে সমগ্ৰ ভাৰতেও প্ৰাৰ্থনা জনাইছে। ভিয়েটনাম বিদেশী শাসনৰ পৰা নিজকে মুক্ত কৰিবলৈ কৰা স্বাধীনতা আন্দোলনকে ধৰি বিভিন্ন ঐতিহাসিক ক্ষেত্ৰত ভাৰত আৰু ভিয়েটনামৰ পুৰণি সম্পৰ্ক আছে। মহাত্মা গান্ধী আৰু হু চি মিনৰ দৰে নেতাই আমাক ঔপনিৱেশিকতাবাদৰ বিৰুদ্ধ যুঁজিবলৈ শিকাইছিল।২০০৭ চনত প্ৰধানমন্ত্ৰী নাগুয়েন টান ডুঙৰ ভাৰত ভ্ৰমণৰ সময়ত আমি সহযোগিতাৰ চূক্তিত স্বাক্ষৰ কৰিছিলো। ২০১৬ চনত মোৰ ভিয়েটনাম ভ্ৰমণৰ সময়ত সেই সহযোগিতাৰ চূক্তি সংহত সহযোগিতাৰ চূক্তিলৈ ৰূপান্তৰিত হৈছে। ভাৰত আৰু ভিয়েটনামৰ সম্পৰ্ক অৰ্থনৈতিক আৰু বাণিজ্যিক ক্ষেত্ৰত বৃদ্ধি পাইছে। যোৱা দহ বছৰৰ ভিতৰত ভাৰত আৰু ভিয়েটনামৰ দ্বিপাক্ষিক সম্পৰ্ক দহ গুণ বৃদ্ধি পাইছে। সুৰক্ষা আৰু বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সহযোগিতা স্থাপন হৈছে। ম্যানমাৰ ভাৰত আৰু ম্যানমাৰ প্ৰায় ১৬০০ কিলোমিটাৰ জুৰি ভূমিৰে আৰু সাগৰীয় সীমাৰে লগ লাগি আছে। আমাৰ দুয়োখন দেশৰ ধাৰ্মিক আৰু সাংস্কৃতিক পৰম্পৰা প্ৰায় একে আৰু দুয়োখন দেশৰ মাজত এক ঐতিহাসিক বৌদ্ধিক ঐতিহ্যই আত্মীয়তা বৃদ্ধি কৰিছে।স্বেডাগণ পগোডাই ইয়াৰ ঐতিহ্য বহন কৰিছে। ভাৰতীয় পুৰাতত্ব জৰীপ বিভাগৰ সহযোগত বাগানত থকা আনন্দ মন্দিৰৰ পুনঃনিৰ্মাণে দুয়োখন দেশৰ মাজত থকা ঐতিহাসিক বন্ধুত্বৰ কথাই সূচায়। বৃটিছৰ শাসনকালত আমাৰ নেতাসকলে বন্ধুত্ব স্থাপন কৰিছিল। গান্ধীজীয়ে কেইবাবাৰো ম্যানমাৰ ভ্ৰমণ কৰিছিল।বাল গঙ্গাধৰ তিলকে কেইবাবছৰ ধৰি য়ঙ্গুনত আছিল।নেতাজী সুভাষ চন্দ্ৰ বসুৰ ভাৰতৰ স্বাধীনতাৰ বাবে কৰা আহ্বানে ম্যানমাৰৰ বহুজনকে কঁপাই তুলিবলৈ সক্ষম হৈছিল। আমাৰ দুয়োখন দেশৰ মাজত বাণিজ্যিক সম্পৰ্ক যোৱা দহ বছৰত দুগুণতকৈও অধিক হৈছে। বিনিয়োগ বৃদ্ধি পাইছে। ভাৰত আৰু ম্যানমাৰৰ মাজত ১.৭৩ বিলিয়ন ডলাৰৰ উন্নয়নমূলক চূক্তি স্বাক্ষৰিত হৈছে।ভাৰত আৰু ম্যানমাৰৰ মাজত স্বচ্ছ উন্নয়নমূলক চূক্তিৰ ফলত ম্যানমাৰৰ দেশীয় আঁচনি আৰু এচিয়ানৰ লগত যোগাযোগৰ ক্ষেত্ৰত মূল আঁচনিৰ মাজত এক সামঞ্জস্য ৰক্ষা হৈছে। ছিংগাপুৰ অঞ্চলটোৰ লগত ভাৰতৰ সম্পৰ্কৰ ক্ষেত্ৰত ছিংগাপুৰ এখন ঐতিহাসিক খিৰিকীস্বৰূপ যাৰ জৰিয়তে বৰ্তমানৰ প্ৰগতি আৰু ভৱিষ্যতৰ সম্ভাৱনীয়তা লক্ষ্য কৰিব পৰা যায়।ভাৰত আৰু এচিয়ানৰ মাজত ছিংগাপুৰে এখন সাঁকোৰ দৰে কাম কৰি আছে। আজি ছিংগাপুৰ আমাৰ বাবে পূবৰ দুৱাৰ, আমাৰ নেতৃস্থানীয় অৰ্থনৈতিক সহযোগী আৰু বহুকেইটা বিশ্বমানৰ মঞ্চত আমাৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক সহযোগী। আমাৰ ৰাজনৈতিক সম্পৰ্ক সদ্ভাৱ, আদৰ আৰু বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত।সুৰক্ষা ক্ষেত্ৰত আমাৰ সহযোগিতাই দুয়োখন দেশকে শক্তিশালী কৰিছে। আমাৰ অৰ্থনৈতিক সম্পৰ্কই দুয়োখন দেশৰ পাৰস্পৰিক আগ্ৰহক অগ্ৰাধিকাৰ দি আহিছে।ছিংগাপুৰ ভাৰতৰ বাবে বিনিয়োগৰ উৎস। হাজাৰ হাজাৰ ভাৰতীয় কোম্পানী ছিংগাপুৰত পঞ্জীয়নভূক্ত হৈ আছে। ১৬ খন ভাৰতীয় চহৰৰ পৰা প্ৰত্যেক সপ্তাহত ছিংগাপুৰলৈ ২৪০ খনতকৈও অধিক বিমান চলাচল কৰে।ছিংগাপুৰৰ পৰ্যটকৰ সংখ্যাৰ ক্ষেত্ৰত ভাৰত তৃতীয় স্থানত আছে। ফিলিপাইন প্ৰায় দুমাহৰ আগতে মই অতি সন্তুষ্টিৰে ফিলিপাইন ভ্ৰমণ কৰিলো।এচিয়ান-ভাৰত, ইষ্ট এচিয়ান আদি ছামিটসমূহত উপস্থিত থকাৰ উপৰিও মই ৰাষ্ট্ৰপতি ডুটেৰ্টেক লগ কৰাৰ সুবিধা পালো আৰু আমি দুয়োখন দেশৰ মাজত সমস্যাবিহীন এক উষ্ম সম্পৰ্কক আগুৱাই লৈ যোৱাৰ বিষয়ে বিশদ আলোচনা কৰিছিলো। আমৰ বাণিজ্যিক সহযোগিতাই সুন্দৰ ভৱিষ্যতৰ প্ৰতিশ্ৰুতি বহন কৰিছে। মই ৰাষ্ট্ৰপতি ডুটেৰ্টেৰ লগত দুৰ্নীতিৰ বিৰুদ্ধে একেলগে যুঁজ দি সংহত উন্নয়ন সম্ভৱ কৰি তোলাৰ বিষয়েও কথা পাতিছিলো। সাৰ্বজনীন পৰিচয় পত্ৰ, সকলোৰে বাবে বেংকিঙৰ সুবিধা উপলব্ধ কৰা, পোনপটীয়াকৈ ধন হস্তান্তৰৰ সুবিধা, নগদবিহীন লেন-দেন প্ৰসাৰৰ ক্ষেত্ৰত আমাৰ অভিজ্ঞতাৰ বিষয়েও কথা পাতিছিলো।ফিলিপাইনৰ চৰকাৰে সুলভ দৰত ঔষধ উপলব্ধ কৰাত মনোযোগ দিছে আৰু আমি এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ আগ্ৰহী।মুম্বাইতে হওক বা মাৰাৱীতে হওক, সন্ত্ৰাসবাদৰ কোনো সীমা নাই। আমি উমৈহতীয়া প্ৰত্যাহ্বানসমূহ একেলগ হৈ নিৰ্মূল কৰাৰ পক্ষপাতী। মালায়েচিয়া যোৱা কেইবাবছৰ ধৰি ভাৰত আৰু মালায়েচিয়াৰ মাজৰ সম্পৰ্কই বহু ক্ষেত্ৰত বিকাশ লাভ কৰিছে। ভাৰত আৰু মালায়েচিয়াই বহুপাক্ষিক আৰু আঞ্চলিক ক্ষেত্ৰত ৰাজনৈতিক সম্পৰ্ক ৰক্ষা কৰি আহিছে। ২০১৭ চনত মালায়েচিয়াৰ প্ৰধানমন্ত্ৰীয়ে কৰা ভাৰত ভ্ৰমণে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কক প্ৰভাৱিত কৰিছে। এচিয়ান দেশসমূহৰ ভিতৰত মালায়েচিয়া ভাৰতৰ বাবে তৃতীয় বৃহৎ বাণিজ্যিক সহযোগীত পৰিণত হৈছে। আমাৰ দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্যিক সম্পৰ্ক যোৱা দহ বছৰত দুগুণতকৈও অধিক হৈছে। ২০১১ চনৰ পৰাই ভাৰত আৰু মালায়েচিয়াৰ মাজত সংহত অৰ্থনৈতিক সহযোগিতা চূক্তি কাৰ্যকৰী হৈ আছে। ব্ৰুনেই ভাৰত আৰু ব্ৰুনেইৰ মাজত যোৱা দশকত দ্বিপাক্ষিক সহযোগিতা দুগুণতকৈও অধিক বৃদ্ধি পাইছে। ভাৰত আৰু ব্ৰুনেই একেসময়তে ৰাষ্ট্ৰসংঘ, নাম, কমনৱেল্থ, এ আৰ এফ আদিৰ সহযোগী সদস্য আৰু উন্নয়নশীল দেশ হিচাপে দুয়োখন দেশৰ মাজত আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত উমৈহতীয়া আগ্ৰহ জড়িত শক্তিশালী সাংস্কৃতিক সম্পৰ্ক আছে।ব্ৰুনেইৰ চুলতানে ২০০৮ চনৰ মে’ মাহত কৰা ভাৰত ভ্ৰমণে ভাৰত আৰু ব্ৰুনেইৰ মাজৰ সম্পৰ্কৰ আধাৰ সৃষ্টি কৰিছিল। ভাৰতৰ উপ-ৰাষ্ট্ৰপতিয়ে ২০১৬ চনৰ ফেব্ৰুৱাৰীত ব্ৰুনেই ভ্ৰমণ কৰিছিল। লাও পি ডি আৰ যোৱা কেইবাবছৰ ধৰি ভাৰত আৰু লাও পি ডি আৰৰ মাজৰ সম্পৰ্কই বহু ক্ষেত্ৰত বিকাশ লাভ কৰিছে।লাও পি ডি আৰৰ কৃষি আৰু শক্তি পৰিৱহণৰ ক্ষেত্ৰত ভাৰত সক্ৰিয়ভাৱে জড়িত হৈ আছে। আজি ভাৰত আৰু লাও পি ডি আৰ আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত কেইবাটাও কেইবাপক্ষীয় সম্পৰ্কৰে সম্পৰ্কিত। ভাৰত আৰু লাও পি ডি আৰৰ মাজত বাণিজ্যিক সম্পৰ্ক বৰ বেছি শক্তিশালী নহ’লেও ভাৰতে লাও পি ডি আৰৰ পৰা বস্তু ভাৰতলৈ ৰপ্তানি কৰাৰ ক্ষেত্ৰত কৰবিহীন ব্যৱস্থা স্থাপন কৰিছে। আমি বাণিজ্য সেৱা ক্ষেত্ৰত বহুখিনি সুবিধা আগবাঢ়াব পাৰো যিয়ে লাও পি ডি আৰৰ অৰ্থনীতি সবল কৰাত অৰিহণা যোগাব। এচিয়ান-ভাৰত সেৱা আৰু বিনিয়োগ চূক্তি ৰূপায়িত হ’লে আমাৰ বাণিজ্য সেৱা উপলব্ধ কৰিব পৰা যাব। ইণ্ডোনেচিয়া ৯০ মাইল ধৰি ভাৰত মহাসাগৰে নিলগত ৰাখিলেও ভাৰত আৰু ইণ্ডোনচিয়াৰ সভ্যতাই দুহেজাৰ বছৰতকৈও অধিক কাল ধৰি এক সম্পৰ্ক ৰক্ষা কৰি আহিছে। উৰিষ্যাত অনুষ্ঠিত হোৱা বাৰ্ষিক বালিযাত্ৰাই হওক বা ৰামায়ণ বা মহাভাৰতৰ কিংবদন্তীসমূহৰদ্বাৰাই হওক, এচিয়াৰ দুখন বৃহৎ গণতন্ত্ৰৰ মাজত এক বিশেষ চুবুৰীয়া বান্ধোন সদায়ে বিৰাজমান। বৈচিত্ৰৰ মাজত ঐক্য দুয়োখন দেশৰে উমৈহতীয়া বৈশিষ্ট্য। আজি ৰাজনৈতিক বন্ধু হিচাপেও আমাৰ সম্পৰ্ক কেইবাটাও ক্ষেত্ৰধৰি বিস্তৃত। এচিয়ান দেশসমূহৰ ভিতৰত ইণ্ডোনচিয়া আমাৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ হৈ আহিছে।ভাৰত আৰু ইণ্ডোনচিয়াৰ মাজত যোৱা দহ বছৰত দ্বিপাক্ষিক সম্পৰ্ক ২.৫ গুণ বৃদ্ধি পাইছে। ভাৰতে দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত ২০১৬ চনত দীৰ্ঘম্যাদী প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। কম্বোদিয়া ভাৰত আৰু কম্বোদিয়াৰ পৰম্পৰাগত আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক বহু পুৰণি। আংকোৰ ৱাট মন্দিৰৰ গঠনে আমাৰ দুয়োখন দেশৰ মাজত থকা ঐতিহাসিক, ধাৰ্মিক আৰু সাংস্কৃতিক সম্পৰ্ককেই প্ৰতিনিধিত্ব কৰে।১৯৮৬-১৯৯৩ ৰ জটিল সময়ছোৱাত ভাৰতে আংকোৰ ৱাট মন্দিৰৰ পুনঃনিৰ্মাণৰ কাম কৰিবলৈ পাই গৌৰৱান্বিত। বৰ্তমানে চলি থকা টা-প্ৰহম মন্দিৰৰ পুনঃনিৰ্মাণৰ কামৰদ্বাৰা ভাৰতে সহযোগিতা অবিৰত ৰাখিছে। খামেৰ ৰাগৰ শাসনৰ পতনৰ পিছত ভাৰতেই প্ৰথম ১৯৮১ চনত নতুন চৰকাৰক স্বীকৃতি দিছিল।ভাৰত ১৯৯১ চনত চূড়ান্ত হোৱা পেৰিছ শান্তি চূক্তিৰো সহযোগী আছিল। এই সাংস্কৃতিক বন্ধুত্বই আমাৰ মাজত নিয়মিত উচ্চ-পৰ্যায়ৰ ভ্ৰমণৰ যোগেদি সম্পৰ্কক আধিক শক্তিশালী কৰাত সহায় কৰিছে।আমি আমাৰ সহযোগিতা আনুষ্ঠানিক সামৰ্থৰ বিকাশ, মানৱ সম্পদৰ উন্নয়ন, সামাজিক প্ৰকল্পৰ উন্নয়ন, সাংস্কৃতিক বিনিময়, সুৰক্ষা, ব্যক্তিগত যোগাযোগ, পৰ্যটন আদি বিভিন্ন ক্ষেত্ৰলৈ সম্প্ৰসাৰিত কৰিছো। এচিয়ানৰ প্ৰসঙ্গত আৰু আন বহুকেইটা বিশ্বমানৰ মঞ্চত কম্বোদিয়া ভাৰতৰ সহযোগী অংশীদাৰ। ভাৰতে কম্বোদিয়াৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত সহযোগী হৈ থাকিবলৈ দৃঢ়প্ৰতিজ্ঞ। আৰু, এচিয়ান আৰু ভাৰতে বহুখিনি কৰিছে। ইষ্ট-এচিয়া ছামিট, এ ডি এম এম প্লাছ, এ আৰ এফ আদি এচিয়ান নেতৃত্বাধীন প্ৰতিষ্ঠানে আমাৰ ইয়াত শান্তি আৰু স্থিৰতা বৃদ্ধিত সহায় কৰিছে। মুঠ ১৬ টা অংশীদাৰীৰ দৰেই সংহত, সামঞ্জস্যপূৰ্ণ আৰু সঠিক চূক্তিৰ আশাত ভাৰতেও আঞ্চলিক সংহত অৰ্থনৈতিক সহযোগিতাৰ চূক্তিত আগ্ৰহেৰে অংশ গ্ৰহণ কৰিছে। সহযোগিতাৰ শক্তি কেৱল সংখ্যাৰে বুজাব নোৱাৰি, এচিয়ান-ভাৰত সহযোগিতা সকলোধৰণৰ প্ৰতিযোগিতা আৰু দাৱীৰ পৰা মুক্ত। ভৱিষ্যতৰ বাবে আমাৰ সপোন একে। আকাৰ আকৃতি নিৰ্বিশেষে আমি সকলো দেশৰ সমান প্ৰগতি, সংহত উন্নয়ন কামনা কৰি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত পৰস্পৰৰ প্ৰতি সহায় সহযোগ আগবঢ়োৱাত আগ্ৰহী। এচিয়ান-ভাৰত সহযোগিতা আগুৱাই গৈ থাকিব। জনসংখ্যা, গতিশীলতা, চাহিদা আৰু দ্ৰুতগতিত বুজন হৈ উঠা অৰ্থনীতিৰ বাবে এচিয়ান আৰু ভাৰতৰ সহযোগিতা অধিক শক্তিশালী হ’ব। যোগাযোগ ব্যৱস্থা উন্নত হোৱাৰ ফলত বাণিজ্যৰ বিকাশ হ’ব। ভাৰতত সহযোগিতা আৰু প্ৰতিযোগিতাৰ পৰিৱেশ বৃদ্ধি হোৱাৰ ফলত আমাৰ দেশে দক্ষিণ-পূৱ এচিয়াৰ দেশসমূহৰ লগত উৎপাদনক্ষম সহযোগিতা বৃ্দ্ধিত অধিক মনোযোগ দিবই লাগিব। ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল হৈ দক্ষিণ-পূৱ এচিয়াৰ লগত যোগাযোগ ব্যৱস্থা উন্নত কৰিলে সকলো দেশৰেই প্ৰগতিৰ গতি ক্ষীপ্ৰতৰ হ’ব।ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলে এচিয়ান-ভাৰত সহযোগিতাৰ ক্ষেত্ৰত এখন দলঙৰ কাম কৰিব। প্ৰধানমন্ত্ৰী হিচাপে মই চাৰিখন বাৰ্ষিক এচিয়ান-ভাৰত সন্মিলন আৰু পূৱ-এচিয় সন্মিলনত উপস্থিত আছো। ইয়াৰ ফলত এচিয়ান একতা, কেন্দ্ৰীয়তা তথা নেতৃত্ব সম্পৰ্কে মোৰ বিশ্বাস অধিক দৃঢ় হৈছে। এই বছৰটো আমাৰ বাবে মাইলৰ খুঁটিস্বৰূপ। যোৱা বছৰ ভাৰতে ৭০ বছৰত ভৰি দিলে। এচিয়ানে ৫০ বছৰীয়া সোণালী জয়ন্তী বৰ্ষত ভৰি দিলে।আমি আত্মবিশ্বাসেৰে আৰু যোগাত্মক দৃষ্টিভংগীৰে আমাৰ সহযোগিতাৰ ভৱিষ্যত আশা কৰিব পাৰো। ৭০ বছৰত ভৰি দি ভাৰতে ইয়াৰ যুৱ প্ৰজন্মৰ উৎসাহ, উদ্যোগী মনোভাৱ আৰু শক্তিৰ পৰিচয় দিছে। বিশ্বৰ ভিতৰতে ক্ষীপ্ৰতম গতিৰে আগবঢ়া অৰ্থনীতি ভাৰতে বিশ্ব অৰ্থনীতিৰ বাবে সুবিধাৰ দুৱাৰ মুকলি কৰি দিছে।প্ৰতিদিনে ইয়াত ব্যৱসায় কৰা সহজ হৈ আহি আছে। মই আশাবাদী যে আমাৰ বন্ধু হিচাপে এচিয়ান দেশসমূহে পৰিৱৰ্তিত এই নতুন ভাৰতৰ অংশীদাৰ হ’ব। আমি এচিয়ানৰ প্ৰগতিক সন্মান জানাওঁ। দক্ষিণ-পূৱ এচিয়া যেতিয়া এখন যুদ্ধক্ষেত্ৰত পৰিণত হৈছিল আৰু অঞ্চলটোত সকলো দিশৰ পৰাই অনিশ্চয়তাই দেখা দিছিল, সেই সময়ত জন্ম লৈ এচিয়ানে ১০ খন দেশ একেলগ কৰি উমৈহতীয়া লক্ষ্যৰে ভৱিষ্যত গঢ়িবলৈ আগবাঢ়ি আহিল। আমাৰ উচ্চাকাংক্ষা পুহি ৰাখি আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি নগৰীকৰণলৈকে, বহনক্ষম কৃষিৰ পৰা স্বাস্থ্যকৰ পৃথিৱী গঢ়ি তোলালৈকে সকলো ধৰণৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ ক্ষমতা আছে। আমি ডিজিটেল প্ৰযুক্তি, উদ্ভাৱন তথা যোগাযোগৰ শক্তি ব্যৱহাৰ কৰি দৃষ্টান্তমূলক গতিৰে মানুহৰ জীৱনলৈ পৰিৱৰ্তন আনিব পাৰো। আশাৰ ভৱিষ্যত গঢ়িবলৈ শান্তিৰ ভেটি এটাৰ অতি প্ৰয়োজন। এয়া পৰিৱৰ্তনৰ সময়।এচিয়ান আৰু ভাৰতত অপাৰ সম্ভাৱনীয়তা লুকাই আছে – অস্থিৰতা আৰু অনিশ্চয়তা আঁতৰাই ভাৱিষ্যতৰ বিশ্বত শান্তি প্ৰতিষ্ঠা কৰাৰ বাবে বহুখিনি দায়িত্ব আছে। ভাৰতীয়সকলে সূৰ্যোদয় তথা সুবিধাসমূহৰ আলোকপান কৰিবলৈ সদায়ে পূৱলৈ চাই আহিছে। এতিয়াও আগৰদৰেই পূৱদিশে, অথবা ভাৰত-প্ৰশান্ত সাগৰীয় অঞ্চলেই ভাৰতৰ ভৱিষ্যত অথবা আমাৰ সকলোৰে ভাগ্য নিয়ন্ত্ৰণ কৰি আছে।এচিয়ান-ভাৰত সহযোগিতাই দুয়োক্ষেত্ৰতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।আৰু দিল্লীত এচিয়ান আৰু ভাৰতে সহযাত্ৰাৰ শপত বাক্যক পুনৰ দোহাৰিলে। প্ৰধানমন্ত্ৰীৰ প্ৰৱন্ধটোৰ সম্পূৰ্ণ লিখিত ৰূপ তলৰ লিংকসমূহত উপলব্ধ আছেঃ https://www.bangkokpost.com/opinion/opinion/1402226/asean-india-shared-values-and-a-common-destiny http://vietnamnews.vn/opinion/421836/asean-india-shared-values-common-destiny.html#31stC7owkGF6dvfw.97 http://www.businesstimes.com.sg/opinion/asean-india-shared-values-common-destiny http://www.globalnewlightofmyanmar.com/asean-india-shared-values-common-destiny/ http://www.thejakartapost.com/news/2018/01/26/69th-republic-day-india-asean-india-shared-values-common-destiny.html http://www.mizzima.com/news-opinion/asean-india-shared-values-common-destiny http://www.straitstimes.com/opinion/shared-values-common-destiny https://news.mb.com.ph/2018/01/26/asean-india-shared-values-common-destiny/ | এচিয়ান-ভাৰতঃ একে মূল্যবোধ, উমৈহতীয়া ভৱিষ্যতঃ নৰেন্দ্ৰ মোদী |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%87%E0%A6%9C%E0%A7%B0%E0%A6%BE%E0%A6%87%E0%A6%B2%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%B9%E0%A6%BF/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%87%E0%A6%9C%E0%A7%B0%E0%A6%BE%E0%A6%87%E0%A6%B2%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%B9%E0%A6%BF/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলৰ প্ৰধানমন্ত্ৰী হিচাপে অধিষ্ঠিত মহামহিম য়াইৰ লাপিডক অভিনন্দন জনাইছে। শ্ৰী মোদীয়ে ভাৰতৰ এজন প্ৰকৃত বন্ধু হৈ উঠা মহামহিম নফটালি বেনেটকো ধন্যবাদ জ্ঞাপন কৰে। এলানি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়; "ইজৰাইলৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত মহামহিম @yairlapid ক উষ্ম শুভেচ্ছা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। আমি সম্পূৰ্ণ কূটনৈতিক সম্পৰ্কৰ ৩০ বছৰ উদযাপনৰ শুভ লগনত মই আমাৰ কৌশলগত অংশীদাৰিত্বক আগুৱাই নিবলৈ আগ্ৰহী হৈ উঠিছো।" "ভাৰতৰ এজন প্ৰকৃত বন্ধু হৈ উঠা মহামহিম @naftalibennett ক ধন্যবাদ জনাইছো। আমাৰ ফলপ্ৰসূ মত-বিনিময়ক মই স্মৰণ আৰু আপোনাৰ নতুন দায়িত্বৰ সফলতা কামনা কৰিছো।" | ইজৰাইলৰ প্ৰধানমন্ত্ৰী হিচাপে অধিষ্ঠিত মহামহিম য়াইৰ লাপিডক অভিনন্দন প্ৰধানমন্ত্ৰীৰ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%9B%E0%A7%80-%E0%A6%A8%E0%A7%B1%E0%A6%AC%E0%A7%B0%E0%A7%8D%E0%A6%B7-%E0%A6%A8%E0%A7%B1%E0%A7%B0%E0%A7%8B%E0%A6%9C-%E0%A6%89%E0%A6%AA/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%9B%E0%A7%80-%E0%A6%A8%E0%A7%B1%E0%A6%AC%E0%A7%B0%E0%A7%8D%E0%A6%B7-%E0%A6%A8%E0%A7%B1%E0%A7%B0%E0%A7%8B%E0%A6%9C-%E0%A6%89%E0%A6%AA/ | পাৰ্ছীসকলৰ নৱবৰ্ষ, ‘নৱৰোজ’ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণলৈ শুভ কামনা জ্ঞাপন কৰিছে। এই সন্দৰ্ভত প্ৰকাশ কৰা এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “পাৰ্ছী নৱবৰ্ষৰ শুভ কামনা জনালো। আনন্দ, সমৃদ্ধি আৰু সু-স্বাস্থ্যৰ কামনাৰে প্ৰাৰ্থনা জনাইছো। পাৰ্ছীসকলে বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ কথা ভাৰতে সদায়ে সোঁৱৰণ কৰি যাব। ‘নৱৰোজ মোবাৰক”! | পাৰ্ছী নৱবৰ্ষ, ‘নৱৰোজ’ উপলক্ষে জনসাধাৰণলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A8%E0%A7%AE-%E0%A6%8F%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A6%B2%E0%A6%A4-%E0%A6%85%E0%A6%B8%E0%A6%AE-%E0%A6%AD%E0%A7%8D%E0%A7%B0%E0%A6%AE%E0%A6%A3-%E0%A6%95%E0%A7%B0%E0%A6%BF%E0%A6%AC/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A8%E0%A7%AE-%E0%A6%8F%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A6%B2%E0%A6%A4-%E0%A6%85%E0%A6%B8%E0%A6%AE-%E0%A6%AD%E0%A7%8D%E0%A7%B0%E0%A6%AE%E0%A6%A3-%E0%A6%95%E0%A7%B0%E0%A6%BF%E0%A6%AC/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ এপ্ৰিলত অসম ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১১:০০ বজাত তেওঁ কাৰ্বি আংলং জিলাৰ ডিফুত 'শান্তি, একতা আৰু উন্নয়ন ৰেলী' সম্বোধন কৰিব। এই কাৰ্যসূচীৰ সময়তে তেওঁ শিক্ষা খণ্ডৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব। তাৰ পিছতে বিয়লি প্ৰায় ১:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ ডিব্ৰুগড় কৰ্কট চিকিৎসালয় দেশবাসীক উৎসৰ্গা কৰিব। ইয়াৰ পিছত, আবেলি প্ৰায় ৩ বজাত তেওঁ ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত আয়োজিত এক ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু ছয়খন কৰ্কট চিকিৎসালয় দেশবাসীৰ বাবে উৎসৰ্গা কৰিব। ইয়াৰ লগতে প্ৰধানমন্ত্ৰীয়ে আৰু সাতখন নতুন কৰ্কট চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিব। কাৰ্বি আংলঙৰ ডিফুত প্ৰধানমন্ত্ৰী এই অঞ্চলৰ শান্তি আৰু উন্নয়নৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ অটল প্ৰতিশ্ৰুতিৰ এক উৎকৃষ্ট উদাহৰণ হৈছে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে ছয়টা কাৰ্বি উগ্ৰপন্থী সংগঠনৰ সৈতে শেহতীয়াকৈ স্বাক্ষৰ কৰা মীমাংসা চুক্তি। মীমাংসা চুক্তিয়ে অঞ্চলটোত শান্তিৰ এক নতুন যুগৰ সূচনা কৰিছে। 'শান্তি, ঐক্য আৰু উন্নয়ন ৰেলী'ত প্ৰধানমন্ত্ৰীৰ ভাষণে সমগ্ৰ অঞ্চলটোত শান্তি প্ৰচেষ্টাক এক গুৰুত্বপূৰ্ণ উৎসাহ প্ৰদান কৰিব। প্ৰধানমন্ত্ৰীয়ে পশু চিকিৎসা মহাবিদ্যালয় (ডিফু), ডিগ্ৰী মহাবিদ্যালয় (পশ্চিম কাৰ্বি আংলং) আৰু কৃষি মহাবিদ্যালয় (কলংগা,পশ্চিম কাৰ্বি আংলং)ৰ আধাৰশিলাও স্থাপন কৰিব। ৫০০ কোটি টকাৰো অধিক ব্যয়সাপেক্ষ এই প্ৰকল্পসমূহে অঞ্চলটোত দক্ষতা বিকাশ আৰু নিযুক্তিৰ বাবে নতুন সুযোগ প্ৰদান কৰিব। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ২৯৫০ৰো অধিক অমৃত সৰোবৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ৰাজ্যখনে এই অমৃত সৰোবৰবোৰ প্ৰায় ১১৫০ কোটি টকা ব্যয়েৰে বিকশিত কৰিব। ডিব্ৰুগড়ত প্ৰধানমন্ত্ৰী অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যুটীয়া উদ্যোগ অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনে ৰাজ্যৰ ১৭খন কেন্সাৰ কেয়াৰ হাস্পতালৰ সৈতে দক্ষিণ এছিয়াৰ সৰ্ববৃহৎ সুলভ কেন্সাৰ কেয়াৰ নেটৱৰ্ক স্থাপনৰ এটা প্ৰকল্প কাৰ্যকৰী কৰি আছে। প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ত, ১০খন চিকিৎসালয়ৰ ভিতৰত সাতখন চিকিৎসালয়ৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে। আনহাতে তিনিখন চিকিৎসালয় নিৰ্মাণৰ বিভিন্ন স্তৰত আছে। প্ৰকল্পটোৰ দ্বিতীয় পৰ্যায়ত সাতখন নতুন কৰ্কট চিকিৎসালয় নিৰ্মাণ কৰা হ'ব। প্ৰধানমন্ত্ৰীয়ে প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ৰ অধীনত সম্পূৰ্ণ হোৱা সাতখন কৰ্কট চিকিৎসালয় দেশবাসীৰ বাবে উৎসৰ্গা কৰিব। এই কৰ্কট চিকিৎসালয়সমূহ ডিব্ৰুগড়, কোকৰাঝাৰ, বৰপেটা, দৰং, তেজপুৰ, পঞ্চায়ত, লখিমপুৰ আৰু যোৰহাটত নিৰ্মাণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে প্ৰকল্পটোৰ দ্বিতীয় পৰ্যায়ত ধুবুৰী, নলবাৰী, গোৱালপাৰা, নগাঁও, শিৱসাগৰ, তিনিচুকীয়া আৰু গোলাঘাটত নিৰ্মাণ হ'বলগীয়া সাতখন নতুন কৰ্কট চিকিৎসালয়ৰ আধাৰশিলাও স্থাপন কৰিব। | ২৮ এপ্ৰিলত অসম ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয় |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9A%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%A8%E0%A6%BE%E0%A6%87%E0%A6%A4-%E0%A6%85%E0%A6%A8%E0%A7%81%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BF%E0%A6%A4-%E0%A7%AA%E0%A7%AA-%E0%A6%B8%E0%A6%82%E0%A6%96/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9A%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%A8%E0%A6%BE%E0%A6%87%E0%A6%A4-%E0%A6%85%E0%A6%A8%E0%A7%81%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BF%E0%A6%A4-%E0%A7%AA%E0%A7%AA-%E0%A6%B8%E0%A6%82%E0%A6%96/ | চেন্নাইত অনুষ্ঠিত ৪৪ সংখ্যক ‘ডবা অলিম্পিয়াড’ত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে ভাৰত ‘বি’(পুৰুষ) টীম আৰু ভাৰত ‘এ’ (মহিলা) টীমক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে ৪৪ সংখ্যক ‘ডবা অলিম্পিয়াড’ সুকলমে অনুষ্ঠিত কৰাৰ লগতে পৃথিৱীৰ ভিন্ন প্ৰান্তৰ পৰা অহা অতিথিসকলক আদৰি আতিথ্য আগবঢ়োৱাৰ অনবদ্য সংস্কৃতি প্ৰদৰ্শন কৰাৰ বাবে তামিলনাডুৰ চৰকাৰ তথা জনসাধাৰণকো প্ৰশংসা কৰে। এই সন্দৰ্ভত প্ৰকাশিত এলানি টুইটত প্ৰধানমন্ত্ৰীয়ে কয়; “চেন্নাইত সদ্য সমাপ্ত ৪৪ সংখ্যক ‘ডবা অলিম্পিয়াড’ত ভাৰতীয় দলটোৱে উত্সাহজনক খেল প্ৰদৰ্শন কৰিছিল। মই অলিম্পিয়াডত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে ভাৰত ‘বি’(পুৰুষ) টীম আৰু ভাৰত ‘এ’ (মহিলা) টীমক অভিনন্দন জনাইছো। এই সাফল্য ভাৰতৰ ডবাখেলৰ ভৱিষ্যতৰ বাবে শুভ সংকেতসূচক”। “মই বৰ্ পদক জয় কৰা আমাৰ দলৰ গুকেশ ডি, নিহাল সাৰিণ, অৰ্জুন এৰিগেইছি, প্ৰজ্ঞানন্দা, বৈশালী, টানিয়া সচদেৱ আৰু দিব্যা দেশমুখক অভিনন্দন জনাইছো। এইসকল অসাধাৰণ খেলুৱৈ, যিয়ে অনবদ্য ক্ৰীড়া নৈপুণ্য আৰু দৃঢ়তা প্ৰদৰ্শন কৰিছে। তেওঁলোকৰ ভৱিষ্যতৰ প্ৰয়াসৰ বাবে শুভ কামনা জনাইছো”। “তামিলনাডুৰ জনাসাধৰণৰ লগতে চৰকাৰে ৪৪ সংখ্যক ডবা অলিম্পিয়াডখন সুন্দৰকৈ অনুষ্ঠিত কৰাত সফল ভূমিকা পালন কৰিছে। পৃথিৱীৰ ভিন্ন প্ৰান্তৰ পৰা অহা অতিথিসকলৰ সন্মুখত আমাৰ অনবদ্য সংস্কৃতি আৰু আতিথ্যৰ নিদৰ্শন দাঙি ধৰাৰ বাবে মই তেওঁলোকৰ শলাগ লৈছো”। | চেন্নাইত অনুষ্ঠিত ৪৪ সংখ্যক ‘ডবা অলিম্পিয়াড’ত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে ভাৰত ‘বি’(পুৰুষ) টীম আৰু ভাৰত ‘এ’ (মহিলা) টীমক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰীয় |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A7%9F-%E0%A6%AC%E0%A6%BE%E0%A6%9C%E0%A7%87%E0%A6%9F-%E0%A6%A6%E0%A6%BE%E0%A6%96%E0%A6%BF%E0%A6%B2%E0%A7%B0-%E0%A6%AA/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A7%9F-%E0%A6%AC%E0%A6%BE%E0%A6%9C%E0%A7%87%E0%A6%9F-%E0%A6%A6%E0%A6%BE%E0%A6%96%E0%A6%BF%E0%A6%B2%E0%A7%B0-%E0%A6%AA/ | নমস্কাৰ! ‘বহনক্ষম উন্নয়নৰ বাবে শক্তি উৎপাদন’–এয়া আমাৰ প্ৰাচীন পৰম্পৰাৰ পৰা প্রেৰণা লৈ আৰুম্ভ কৰা অভিযান যি ভৱিষ্যতৰ প্রয়োজনীয়তা আৰু আশা-আকাংক্ষা পূৰণৰ পথ। ভাৰতৰ স্বচ্ছ দৃষ্টিকোণ হ’ল বহনক্ষম উন্নয়ন যি বহনক্ষম শক্তিৰ উৎসসমূহৰ পৰাই সম্ভৱ হৈ উঠিব পাৰে। গ্লাছগ’ত আমি ২০৭০ চনৰ ভিতৰত ‘নেট জিৰ’’ পৰ্যায়ত উপনীত হোৱা প্রতিশ্রুতি দিছো৷ মই চিঅ’পি-২৬ত দীর্ঘস্থায়ী জীৱনশৈলীক উৎসাহ যোগোৱাৰ বাবে ‘লাইফ’ মিচনৰ কথা কৈছিলো। ‘লাইফ’ মানে লাইফষ্টাইল ফৰ এনভাইৰনমেণ্টৰ দূৰদৃষ্টি সন্মুখত ৰাখিছিলো। আমি আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ দৰে বিশ্ব সংঘৰ নেতৃত্ব দিছো৷ অজীৱাশ্ম ইন্ধন শক্তিৰ ক্ষেত্রত আমি ৫০০ গিগাৱাট লক্ষ্য নিৰ্ধাৰণ কৰিছো৷ ২০৩০লৈকে আমাৰ ইনষ্টল কৰা শক্তি ক্ষমতাৰ ৫০ শতাংশ আমি অজীৱাশ্ম ইন্ধন শক্তিৰ পৰা অর্জন কৰিব লাগিব৷ ভাৰতে নিজৰ বাবে যি লক্ষ্য স্থিৰ কৰিছে, সেয়া মই চেলেঞ্জ হিচাপে লোৱা নাই, বৰঞ্চ, এক সুযোগ হিচাপে লৈছো৷ আমাৰ বাবে এয়া এক ডাঙৰ সুযোগ বুলি ভাৱিছো৷ এই দৃষ্টিকোণেৰে ভাৰতে বিগত কেইবা বছৰ ধৰি কাম কৰিছে আৰু এইবাৰৰ বাজেটত এই ভাৱনাক নীতি পর্যায়লৈ উন্নীত কৰা হৈছে। বন্ধুসকল, এইবাৰৰ বাজেটত সৌৰশক্তি উৎপাদনৰ লক্ষ্যৰে উচ্চ-দক্ষতাসম্পন্ন সৌৰ মডিউল উৎপাদনৰ বাবে ১৯,৫০০ কোটি টকা ব্যয় আৱণ্টন ঘোষণা কৰা হৈছে। এই বাজেট আৱণ্টনৰ জৰিয়তে সৌৰ মডিউল আৰু ইয়াৰ সংশ্লিষ্ট পণ্যৰ উৎপাদন আৰু গৱেষণা আৰু উন্নয়নৰ দিশত ভাৰতক এক ‘গ্ল’বেল হাব’ হিচাপে গঢ়ি তোলাত সুবিধা হ’ব। বন্ধুসকল, আমি ‘ৰাষ্ট্ৰীয় হাইড্ৰ’জেন অভিযানো’ ঘোষণা কৰিছে৷ ভাৰতৰ ওচৰত নবীকৰণযোগ্য শক্তিৰ এক প্ৰকৃতিপ্ৰদত্ত সুবিধা আছে। ইয়াৰ জৰিয়তে ভাৰতে বিশ্বত সেউজ হাইড্র’জেন উৎপাদনৰ হাবত পৰিণত হ’ব৷ হাইড্র’জেন ইকো-চিষ্টেমত সাৰ, শোধনাগাৰ আৰু টান্সপোর্টেচন চেক্টৰৰ মাজত আন্তঃসংযোগ আছে। এয়া এক এনে ক্ষেত্র, যাতে বেচৰকাৰি ক্ষেত্রৰ দ্বাৰা উদ্ভাৱনক উৎসাহ যোগোৱা উচিৎ যাতে ভাৰতৰ সম্পূর্ণ ক্ষমতা ব্যৱহাৰ কৰিব পৰা যায়। বন্ধুসকল, নবীকৰণযোগ্য শক্তিৰ সমান্তৰালভাৱে শক্তি সংৰক্ষণক লৈও এক ডাঙৰ প্ৰত্যাহ্বান আমাৰ সন্মুখত ধৰা দিছে। সেইবাবে সমাধান বিচাৰি উদ্দেশ্যে বাজেটত সংৰক্ষণ ক্ষমতা ক্রমে উন্নয়নৰ গতি বজাই ৰখাৰ বাবে অগ্রাধিকাৰ দিয়া হৈছে। এই বছৰৰ বাজেটত ‘বেটাৰী স্বোপিং পলিচি’ আৰু ‘ইণ্টাৰ-অপাৰেবিলিটি ষ্টেণ্ডাৰ্ডছ’ সম্পর্কেও ব্যৱস্থা ৰখা হৈছে। এইসমূহৰ জৰিয়তে ভাৰতত ইলেক্ট্রিক ভেহিকেল ব্যৱহাৰৰ ক্ষেত্রত সৃষ্টি হোৱা সমস্যাসমূহ হ্রাস পাব৷ ‘প্লাগ-ইন চার্জিঙত’ অধিক সময় আৰু অধিক টকা খৰচ হয় কাৰণ ইলেক্ট্রিক ভেহিকেলৰ দামৰ ৪০ৰ পৰা ৫০ শতাংশ বেটাৰীৰে হয়। সেইবাবে স্বোৱাপিঙৰ জৰিয়তে ইলেক্ট্রিক ভেহিকেলৰ অগ্রিম খৰচ হ্ৰাস পাব৷ এই ক্ষেত্রত ম’বাইলৰ বেটাৰী উৎপাদন আৰু সৌৰশক্তি সংৰক্ষণ-এইবোৰ ক্ষেত্রতো বহু সম্ভাৱনা আছে। এই ক্ষেত্রতো মই ভাৱো আমি সকলোৱে মিলি কাম কৰিব পাৰো৷ বন্ধুসকল, বহনক্ষম উন্নয়নৰ বাবে শক্তি উৎপাদনৰ লগতে শক্তি সংৰক্ষণ প্রক্রিয়াও সিমানেই প্রয়োজনীয় আৰু গুৰুত্বপূর্ণ। আমাৰ দেশত আৰু অধিক শক্তি সক্ষম এ/চি’ কিদৰে উৎপাদিত হ’ব আৰু অধিক শক্তি সক্ষম হিটাৰ, গিজাৰ, অ’ভেন ইত্যাদি কিদৰে উৎপাদিত হ’ব সেই সম্পর্কে আমি বহু কিবা কিবি কৰাৰ প্রয়োজন আছে বুলি মই ভাৱো৷ য’ত অধিক বিদ্যুৎ ব্যয় হয়, তাত শক্তি সক্ষম সামগ্ৰী উৎপাদনক আমি অগ্রাধিকাৰ দিব লাগিব৷ মই আপোনালোকক এটা উদাহৰণ দিও৷ ২০১৪ চনত যেতিয়া আমাৰ চৰকাৰ ক্ষমতালৈ আহে, তেতিয়া দেশত এলইডি বাল্বৰ দাম ৩০০-৪০০ টকা আছিল। আমাৰ চৰকাৰে এলইডি বাল্বৰ উৎপাদন বৃদ্ধি পাইছে আৰু উৎপাদন বৃদ্ধিৰ ফলত স্বাভাৱিকতে ইয়াৰ দাম হ্ৰাস পাই ৭০-৮০ টকা হৈছে। ‘উজ্জ্বলা যোজনা’ৰ জৰিয়তে আমি দেশত প্রায় ৩৭ কোটি এলইডি বাল্ব বিতৰণ কৰিছো। ইয়াৰ ফলত দেশত প্রায় ৪৮ হাজাৰ মিলিয়ন কিলোৱাট ঘণ্টা বিদ্যুৎ ৰাহি হৈছে। আমাৰ দুখীয়া আৰু মধ্যবিত্ত পৰিয়ালসমূহৰ বিদ্যুতৰ বিলত বছৰি প্রায় ২০হাজাৰ কোটি টকা ৰাহি হৈছে আৰু প্রতি বছৰ প্রায় ৪ কোটি টন কার্বন নিৰ্গমণ হ্রাস পাইছে। আমি পৰম্পৰাগত ষ্ট্ৰীট লাইট প্রায় ১.২৫ কোটি স্মার্ট এলইডি বাল্ব সলনি কৰিছো। ইয়াত আমাৰ দেশত যি স্থানীয় প্রশাসন আছে, মহানগৰৰ পৌৰসভা আৰু অন্যান্য চহৰৰ পৌৰসভাসমূহৰ লগতে পঞ্চায়তসমূহত ষ্ট্ৰীট লাইট সলনি কৰাৰ ফলত তেওঁলোকৰ বছৰি বিদ্যুতৰ বিল ৬,০০০ কোটি টকা ৰাহি হৈছে। এই ক্ষেত্রতো বিদ্যুৎ ৰাহি হৈছে আৰু প্রায় ৫০লাখ টন কার্বন নিৰ্গমণ হ্রাস পাইছে। আপোনালেকে কল্পনা কৰকছো এইটো প্রকল্পৰ জৰিয়তে আমি পৰিৱেশ প্ৰদূষণ ৰোধত কিমান ডাঙৰ সাফল্য পাইছো? বন্ধুসকল, কয়লাৰ গেছীকৰণক আমি কয়লাৰ এক বিকল্প ৰূপত চিন্তা কৰিব পাৰো। এই বছৰৰ বাজেটত কয়লাৰ গেছীকৰণৰ বাবে চাৰিটী পাইলট প্রজেক্ট ৰখা হৈছে যাতে প্রযুক্তিগত আৰু অর্থনৈতিক কার্যক্ষমতা বৃদ্ধিৰ ক্ষেত্রত সহায়ক হয়৷ এই ক্ষেত্রত আৰু অধিক উদ্ভাৱনৰ প্রয়োজনীয়তা আছে। মই বিচাৰো যে এই ক্ষেত্ৰত কর্মৰত সকলে কয়লা গেছীকৰণক ভাৰতৰ প্রয়োজনীয়তা অনুসৰি আৰু অধিক নতুন নতুন উদ্ভাৱনৰ জৰিয়তে কিদৰে উন্নত কৰিব পৰা যায়, ৰাহি কৰিব পৰা যায়, তাক লৈ প্ৰচেষ্টা হাতত ল’ব৷ এনেদৰেই আপোনালোকে দেখিছে চৰকাৰে এক বৃহৎ মিচন মোডত পেট্র’ল আৰু ডিজেলত ইথানল মিশ্রণৰ মাত্রাক নিৰন্তৰ বৃদ্ধি পাইছে আৰু অধিক বৃদ্ধিত উৎসাহ যোগোৱা হৈছে৷ এইবাৰৰ বাজেটত অমিশ্রিত ইন্ধনৰ ওপৰত অতিৰিক্ত আৱকাৰি শুল্ক আৰোপ কৰা হৈছে। আমাৰ দেশীয় চেনি কাৰখানাসমূহ আৰু ডিষ্টিলাৰীসমূহক আৰু অধিক আধুনিক কৰি তোলাৰ প্রয়োজনীয়তা আছে। এই ক্ষেত্ৰতো আমাৰ প্রযুক্তিৰ উন্নয়নৰ প্রয়োজনীয়তা আছে। সেইবাবে আমি এই ধৰণৰ ডিষ্টিলিং প্রচেছক লৈ কাম কৰিব লাগিব, যাতে পটাচ আৰু কম্প্রেছড জৈৱ গেছৰ দৰে অতিৰিক্ত বায়’-প্রডাক্টো আমি লাভ কৰো। কেইসপ্তাহমানৰ পূৰ্বে মই বাৰাণসী আৰু ইন্দোৰত গোৱৰ গেছ প্লাণ্ট উদ্বোধন কৰিছো। আমি অহা দুবছৰত দেশত ৫০০ৰ পৰা ১,০০০ গোৱৰ গেছ প্লাণ্ট ব্যক্তিগত খণ্ডৰ প্ৰচেষ্টাত স্থাপন কৰিব নোৱাৰে নে? আমাৰ উদ্যোগসমূহে যেন এই ধৰণৰ সম্ভাৱনাক কামত লগোৱাৰ বাবে উদ্ভাৱনী বিনিয়োগ কৰাৰ প্রয়োজন আছে বুলি মই ভাৱো৷ বন্ধুসকল, আমাৰ শক্তিৰ চাহিদা ক্রমান্বয়ে বৃদ্ধি পাইছে। সেইবাবে নবীকৰণযোগ্য শক্তিৰ লক্ষ্যৰে ৰূপান্তৰণ ভাৰতৰ বাবে আৰু অধিক গুৰুত্বপূর্ণ। এটা সমীক্ষাত ভাৰতত ২৪ৰ পৰা ২৫ কোটি বৃদ্ধি হৈছে। আমি স্বচ্ছ ৰন্ধন গেছৰ ক্ষেত্রত আৰু অধিক আগুৱাই যাব নোৱিৰেনে? মই ভাৱো আমাৰ ষ্টার্ট-আপসমূহে এই কাম বহু সহজে আগুৱাই নিব পাৰে৷ আপোনালোকৰ বাবে সৌৰ ৰন্ধন গেছৰ ক্ষেত্রতো বৃহৎ বজাৰ অপেক্ষা কৰিছে যি স্বচ্ছ ৰন্ধন গেছৰ অভিযান চলোৱাৰ বাবে অতি প্রয়োজনীয়। আপোনালোকে হয়তো লক্ষ্য কৰিছে, গুজৰাটত ইয়াৰ সফল প্রয়োগ হৈছে। গুজৰাটত যিমান পুখুৰী আছে, সেইবোৰ আমি সৌৰ পেনেল লগাইছো। ফলত ভূমিৰ ব্যয় ৰাহি হৈছে, পানীৰ ৰাহিও হৈছে, বিদ্যুতো উৎপাদন হৈছে। অর্থাৎ, বহুমুখী লাভ হৈছে। এনে প্ৰচেষ্টা এতিয়া দেশৰ অন্যান্য অঞ্চলত প্রবাহিত নদীসমূহ আৰু সৰোবৰসমূহত কৰিব পৰা যায়৷ এই প্ৰচেষ্টাক আমি যিমানদূৰ পাৰো বৃদ্ধি কৰিব লাগিব৷ আন এটা কাম আমি ঘৰত বহিয়েই কৰিব পাৰো৷ আপোনালোকৰ ঘৰৰ চৌপাশে যিমান বাগান আছে বা বেলকনি আছে, আমাৰ যি গার্ডেনিং ধাৰণা আছে, তাত আমি সৌৰ বৃক্ষ লগাব নোৱাৰোনে? প্রত্যেক পৰিয়ালৰ এক নিজা সৌৰ বৃক্ষ থাকিব। এনে এক নতুন চিন্তাধাৰা আমি গঢ়ি তুলিব পাৰো। যি সৌৰ বৃক্ষই ঘৰৰ মুঠ প্রয়োজনীয় শক্তিৰ ১০ৰ পৰা ১৫ শতাংশ বা কোনো কোনো ক্ষেত্রত ২০ শতাংশলৈকে বিদ্যুতৰ যোগান ধৰিব পাৰিব আৰু ঘৰৰো এটা পৰিচয় গঢ় লৈ উঠিব যে এইটো সৌৰ বৃক্ষসম্পন্ন ঘৰ। অর্থাৎ, পৰিৱেশৰ প্রতি সচেতন নাগৰিকৰ ঘৰ। এখন সমাজক ভৰসাযোগ্য সমাজ হিতাপে আমি নিজেই গঢ়ি তুলিব পাৰো আৰু এই বিষয়টোক অতি সহজে আৰু সুন্দৰভাবে গঢ়ি তুলিব পৰা যায়৷ এই সৌৰ বৃক্ষৰ চিন্তাধাৰাক মই আমাৰ যি গৃহ নির্মাণকাৰী ব্যক্তিসকল আছে, বিল্ডাৰ আছে, আর্কিটেক্টসকল আছে, তেওঁলোককো কও যে ঘৰ নিৰ্মাণত এই নতুন পদ্ধতি আমি যুক্ত কৰিব নোৱাৰো নে? আপোনালোকে ভাৱক৷ আমাৰ দেশত ক্ষুদ্র জলবিদ্যুৎ প্রকল্পৰ সংখ্যা বহুত। উত্তৰাখণ্ড-হিমাচল প্রদেশত আমি দেখিছো ‘ঘৰাট’ নামৰ এটা জলবিদ্যুৎ উৎপাদনৰ চকা থাকে। ক্ষুদ্র জলবিদ্যুৎ প্রকল্প লৈ আৰু অধিক গৱেষণা কৰি আমি এইবোৰৰ জৰিয়তে বিদ্যুৎ উৎপাদন কিদৰে বৃদ্ধি কৰি পাৰো, তাক লৈও চিন্তাভাৱনা কৰা উচিৎ। বিশ্বত সকলো ধৰণৰ প্ৰাকৃতিক সম্পদৰ নাটনি হোৱাৰ দিশে গতি কৰিছে, সকলো ধৰণৰ প্রাকৃতিক সম্পদৰ অভাৱ হোৱাটো নিশ্চিত৷ এই ক্ষেত্ৰত চার্কুলাৰ ইকন’মি বৰ্তমান সময়ৰ দাবী আৰু ই জীৱনৰ অপৰিহাৰ্য অংগত হিচাপে গঢ়ি তুলিব লাগিব৷ আমাৰ বাবে প্রত্যেক ক্ষেত্রত উদ্ভাৱন অতি প্রয়োজনীয় আৰু নতুন নতুন সামগ্ৰী উৎপাদনো দৰকাৰ। সেইবাবে মই দেশৰ ব্যক্তিগত খণ্ডক আশ্বাস দিব বিচাৰো যে চৰকাৰে আপোনালোকৰ সকলো প্রচেষ্টাত আপোনালোকৰ সৈতে আজি যিদৰে ঠিয় দিছে, ভৱিষ্যতেও সেইদৰেই ঠিয় দি থাকিব৷ আমাৰ সকলোৰে ঐক্যবদ্ধ প্রচেষ্টাত আমি নতুন নতুন উপনীত হোৱাৰ উপৰি সম্পূর্ণ মানৱতাও প্রদর্শন কৰিম। বন্ধুসকল, মই এইকথাও ক’ব বিচাৰো যে সাধাৰণতে বাজেট প্ৰস্তুত হোৱাৰ বহু পূৰ্বে বহুত আলোচনা হয়। আমাৰ টিভি চেনেলসমূহে সংসদৰ যি বাজেট কাৰ্যসূচী সেয়া দেখুওৱাত ব্যস্ত থাকে। আমি দেখিছো যে সংসদত কিমান ভাল চিন্তাধাৰাৰ মন্থন হয় আৰু তাৰ পৰাও বাজেট কিছু লাভ হয়। বাজেট প্ৰস্তুত কৰাৰ সময়ত খুব ভাল ভাল চিন্তা সংকলন কৰা হয়। কিন্তু এতিয়া আমি অন্যদিশত গুৰুত্ব দিছো৷ যিকি নহওক বাজেট প্ৰস্তুত কৰা হ’ল৷ এতিয়া বাজেটত আৰু কোনো পৰিৱর্তন নাহে। এয়া আমাৰ সংসদৰ সম্পত্তি আৰু এই ক্ষেত্ৰত সকলো সিদ্ধান্ত সংসদে ঠিক কৰে। আমাৰ হাতত যি দুমাহ সময় থাকে, (১ এপ্রিলৰ পৰা বাজেট বাস্তবায়িত হ’ব) এই দুমাহ আমি এইদৰে বাস্তবায়িত কৰাৰ ৰোডমেপক সুন্দৰভাৱে ব্যৱহাৰ কৰাৰ দিশত কিদৰে জোৰ দিম আৰু প্রকল্পটো ভালদৰে কিদৰে বাস্তবায়িত কৰিম– সেইটো চাব লাগিব৷ বাজেটক আমি কিমান ভালদৰে ব্যৱহাৰ কৰিব পাৰো সেই প্ৰচেষ্টা কৰিব লাগিব৷ চৰকাৰৰ চিন্তাধাৰাৰ প্রক্রিয়া আৰু তৃণমূল স্তৰত কাম কৰাৰ পদ্ধতি আৰু বাণিজ্যিক জগতৰ পদ্ধতিৰ মাজত বহু পার্থক্য থাকে। বৰ্তমানৰ চেমিনাৰত সেই উত্তৰসমূহ পুনৰ উচ্চাৰণৰ চেষ্টা থাকিব লাগিব, যি সংশ্লিষ্ট সকলো পক্ষৰ, তেওঁলোকৰ চিন্তা প্রক্রিয়া আৰু চৰকাৰৰ যিমান সিদ্ধান্ত, সেইসমূহৰ চিন্তা প্রবাহ। ইয়াত মতপাৰ্থক্য থাকিলে নহ’ব৷ এই ক্ষেত্ৰত পৰস্পৰৰ মাজত দূৰত্ব ৰাখিলে নহ’ব। যদি এইখিনি সম্ভৱ হয়, তেতিয়াহ’লে বহু দিশ দ্রুতগতিত বাস্তবায়িত হ’ব। কাৎচিৎ দুই-এটা বাক্য শুনিবলৈ পোৱা যায়, ফাইলসমূহত এনে শব্দৰ কথা জনা গৈছে, যিবোৰ সংশোধন কৰিবলৈ ৬ পৰা ৮ মাহ লাগি যাব আৰু বাজেটৰ নির্ধাৰিত সময়ো পাৰ হৈ যাব! আমি এই সকলো ভুলৰ পৰা শিক্ষা লৈ সেইবোৰৰ পৰা নিজক ৰক্ষা কৰিব বিচাৰো। সেইবাবেই আমি এই ৱেবিনাৰসমূহৰ আয়োজন কৰিছো। এয়া আমি চৰকাৰৰ ফালৰ পৰা আপোনালোকক কোনো জ্ঞান যিয়াৰ বাবে আয়োজন কৰা নাই। আমাৰ বাজেট কি, সেয়া বুজাবলৈও চেষ্টা কৰা নাই। আমাতকৈ আপোনালোকে ইতিমধ্যে অধিক বুজিছে৷ আমি আপোনালোকৰ বক্তব্য শুনাৰ বাবেই এই ধৰণৰ ৱেবিনাৰৰ আয়োজন কৰিছো আৰু শুনাৰ ক্ষেত্রতো বাজেটৰ বাবে কোনো পৰামর্শ নহয় বৰঞ্চ যি বাজেট প্ৰস্তুত কৰা হৈছে তাক সম্পূর্ণৰূপে কিদৰে আমি বাস্তবায়িত কৰিব পাৰো, তাৰহে আলোচনা হৈছে আৰু এই ৰূপায়ণ অতি ক্ষিপ্ৰতাৰে কিদৰে কৰিম, যাতে যিমান পাৰি অধিক সোনকালে আমি ফল পাব পাৰো। আমি এনে কোনো বেহু ৰচনা কৰিলে নহ’ব, যি বিনা কাৰণতে সময় অপচয় কৰে৷ সেইবাবে অধিক গতি অনাৰ বাবে মই বিচাৰো আপোনালোকে স্পষ্ট ব্যৱহাৰিক উদাহৰণ আৰুও পৰামৰ্শ দি এই ৱেবিনাৰখন সফল কৰি তুলিব। আপোনালোক সকলোকে মোৰ ফালৰ পৰা বহুত বহুত শুভকামনা জনাইছো। বহুত বহুত ধন্যবাদ। | কেন্দ্রীয় বাজেট দাখিলৰ পাছত ‘বহনক্ষম উন্নয়নৰ বাবে শক্তি’ বিষয়ক লৈ আয়োজিত ৱেবিনাৰত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবা |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%AE%E0%A7%87%E0%A7%B0%E0%A6%BF%E0%A6%95%E0%A6%BE-%E0%A6%AF%E0%A7%81%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%B0-%E0%A6%AA%E0%A7%8D/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%AE%E0%A7%87%E0%A7%B0%E0%A6%BF%E0%A6%95%E0%A6%BE-%E0%A6%AF%E0%A7%81%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%B0-%E0%A6%AA%E0%A7%8D/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ এইচ. ডব্লিউ. বুশ্বৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷ এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ এইচ. ডব্লিউ. বুশ্বৰ বিয়োগত বুশ্বৰ পৰিয়াল আৰু আমেৰিকাবাসীৰ সৈতে দুখৰ সমভাগী হৈছো৷ তেওঁ বিশ্ব ইতিহাসৰ জটিল সন্ধিক্ষণৰ এগৰাকী অগ্ৰণী নেতা আছিল৷ প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ এইচ. ডব্লিউ. বুশ্বে ভাৰত আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মাজত শক্তিশালী সম্পৰ্ক গঢ়ি তোলাৰ প্ৰতি উৎসাহী আছিল৷ তেওঁ অভাৱ সদায় অনুভৱ হ’ব৷ তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিলো৷” | আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ এইচ. ডব্লিউ. বুশ্বৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A6%B6%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%B2%E0%A6%A8-%E0%A6%A6%E0%A7%81%E0%A6%97%E0%A7%8D%E0%A6%A7%E0%A6%AA%E0%A6%BE%E0%A6%AE-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%AE%E0%A7%80%E0%A6%A8/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A6%B6%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%B2%E0%A6%A8-%E0%A6%A6%E0%A7%81%E0%A6%97%E0%A7%8D%E0%A6%A7%E0%A6%AA%E0%A6%BE%E0%A6%AE-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%AE%E0%A7%80%E0%A6%A8/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত পশুপালন, দুগ্ধপাম আৰু মীনপালনৰ ক্ষেত্ৰত ভাৰত, ব্ৰিটেইন আৰু উত্তৰ আয়াৰলেণ্ডৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তি সম্পৰ্কে অৱগত কৰা হয়। ১৭.০৪.২০১৮ত এই বুজাবুজি চুক্তিখন স্বাক্ষৰ কৰা হৈছিল। পশুপালন, দুগ্ধপাম আৰু মীনপালনৰ ক্ষেত্রত দ্বিপাক্ষিক সহযোগিতা প্রসাৰৰ লগতে ভাৰতীয় পশু তথা মৎস্যক্ষেত্ৰৰ উৎপাদন তথা উৎপাদনশীলতা বৃদ্ধিৰ বাবে লক্ষ্যৰে এই বুজাবুজি চুক্তিখন স্বাক্ষৰ কৰা হয়। এই বুজাবুজি চুক্তিৰ ফলত দেশত পশুধনৰ স্বাস্থ্য, সংখ্যা বৃদ্ধি আৰু মৎস্যপালন ব্যৱস্থাৰ উন্নতি হ’ব। একেদৰে, দেশত দুগ্ধজাত সামগ্রীৰ ব্যৱহাৰ বৃদ্ধিৰ লগতে ৰপ্তানিও বৃদ্ধি পাব। পশুপালন, মৎস্যপালন আৰু দুগ্ধপামৰ ক্ষেত্রত পাৰস্পৰিক আলাপ-আলোচনা আৰু সহযোগিতাৰ প্রসাৰৰ ক্ষেত্ৰতো এই বুজাবুজি চুক্তিয়ে সহযোগিতা আগবঢ়াব। পশুধনৰ বাবে পুষ্টিকৰ খাদ্যৰ ক্ষেত্ৰত আৰু এই ধৰণৰ খাদ্যৰ যিবোৰ স্থানত অভাৱ হৈছে, তেনে স্থানলৈ সেই খাদ্যবোৰ প্ৰেৰণ কৰি পশুধনৰ উৎপাদন আৰু উৎপাদনশীলতা বৃদ্ধিত সহায় কৰিব। পশুধন আৰু প্রাণীৰ সামগ্রীৰ ৰপ্তানিৰ ক্ষেত্রত গুণগত মান সম্পর্কে কোনো আশংকা থাকিলে, সেয়া দূৰ কৰাও সম্ভৱ হ’ব। বুজাবুজি চুক্তিৰ অধীনত অধ্যয়ণমুলক ভ্ৰমণ/প্ৰশিক্ষণৰ বাবে উভৈয় পক্ষই বিজ্ঞানীৰ আদান-প্ৰদান কৰিব পাৰিব। সহযোগিতা আৰু আলোচনা আগুৱাই নিয়াৰ ক্ষেত্ৰত যুটীয়া কার্যসূচী গ্ৰহণৰ বাবে সকলো পক্ষৰ প্রতিনিধিক লৈ এক যৌথ কর্মী গোট গঠন কৰা হ’ব। উল্লেখ্য যে ভাৰতৰ পশুপালন, দুগ্ধপাম আৰু মীনপালন বিভাগ, কৃষি আৰু কৃষক কল্যান মন্ত্ৰালয় আৰু ব্ৰিটেইন আৰু উত্তৰ আয়াৰলেণ্ডৰ পৰিৱেশ, খাদ্য আৰু গ্ৰাম্য পৰিক্ৰমা বিভাগৰ মাজত ২০১৮ৰ এপ্ৰিলত পশুপালন, দুগ্ধপাম আৰু মীনপালনৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে এই চুক্তিখন স্বাক্ষৰ কৰা হৈছিল। | পশুপালন, দুগ্ধপাম আৰু মীনপালনৰ ক্ষেত্ৰত ভাৰত, ব্ৰিটেইন আৰু উত্তৰ আয়াৰলেণ্ডৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তি সম্পৰ্কে অৱগত কৰিলে কেবিনেটক |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A6%B2%E0%A6%BE-%E0%A6%AC%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%B0-%E0%A6%A6%E0%A7%80%E0%A6%A8%E0%A6%A6%E0%A7%9F%E0%A6%BE%E0%A6%B2-%E0%A6%AC%E0%A6%A8/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A6%B2%E0%A6%BE-%E0%A6%AC%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%B0-%E0%A6%A6%E0%A7%80%E0%A6%A8%E0%A6%A6%E0%A7%9F%E0%A6%BE%E0%A6%B2-%E0%A6%AC%E0%A6%A8/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত কান্দলা বন্দৰ দীনদয়াল বন্দৰ হিচাপে নামকৰণৰ পূৰ্ব প্ৰস্তাৱিত সিদ্ধান্তত অনুমোদন জনোৱা হয়। ভাৰত বন্দৰসমূহৰ নাম যিখন নগৰ বা চহৰত অৱস্থিত, সেই অনুসৰি নামকৰণ কৰা হয়। অৱশ্যে চৰকাৰে বিশেষ কাৰণত বিবেচনা অনুসৰি পূৰ্বৰ মহান নেতাৰ নাম অনুসৰি কিছুমান বন্দৰৰ নামকৰণ কৰে। কান্দলা বন্দৰক “দীনদয়াল বন্দৰ, কান্দলা” নামে নামকৰণ কৰাৰ জৰিয়তে ভাৰতৰ মহান সন্তান পণ্ডিত দীনদয়াল উপাধ্যায়ৰ বৰঙণিক দেশবাসীৰ মাজত চিৰ যুগমীয়া কৰা হৈছে। ইয়াৰ দ্বাৰা গুজৰাটবাসী, বিশেষকৈ নৱপ্ৰজন্ম অনুপ্ৰাণিত হ’ব, যিসকলে মহান নেতাগৰাকীৰ অৱদানৰ সম্পৰ্কে জ্ঞাত। পটভূমিঃ উ্ল্লেখ্য যে গুজৰাটৰ একাংশ লোকৰ মাজত বিশেষকৈ কচ্চ জিলাত থকা ‘কান্দলা বন্দৰ’টো ‘দীনদয়াল বন্দৰ, কান্দলা’ হিচাপে নামকৰণৰ দাবী উত্থাপন হৈছিল। পণ্ডিত দীনদয়াল উপাধ্যায়(২৫.০৯.১৯১৬-১.২.১৯৬৮) আছিল এগৰাকী আগশাৰী নেতা, যিগৰাকীয়ে দেশৰ সেৱা, বিশেষকৈ দুখীয়া আৰু শ্ৰমিকসকলৰ উন্নয়নৰ নামত জীৱন উচৰ্গা কৰিছিল। ‘সংহত মানৱতা’ নীতিৰ ওপৰত প্ৰতিষ্ঠিত দীনদয়ালে গণতন্ত্ৰত সহিষ্ণুতা, নিয়মানুৱৰ্তিতা, নিস্বাৰ্থ আৰু আইনৰ প্ৰতি সন্মান এই আদৰ্শ দেখুৱাই গৈছে। ২৫ ছেপ্টেম্বৰত তেওঁৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ প্ৰতি লক্ষ্য ৰাখি কান্দলা বন্দৰক দীনদয়াল বন্দৰ হিচাপে নামকৰণ কৰাটো একেবাৰে সময়োপযোগী হৈছে। | কান্দলা বন্দৰ দীনদয়াল বন্দৰ হিচাপে নামকৰণত কেবিনেটৰ অনুমোদন |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A7%80%E0%A6%AE%E0%A6%BE-%E0%A6%A8%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A6%AE%E0%A6%95-%E0%A6%96%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%A4-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A7%80%E0%A6%AE%E0%A6%BE-%E0%A6%A8%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A6%AE%E0%A6%95-%E0%A6%96%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%A4-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ভাৰতৰ বীমা নিয়ামক আৰু উন্নয়ন প্ৰাধিকৰণৰ (আইআৰডিএআই) আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ফেডাৰেল ইন্সুৰেঞ্চ অফিচৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ বাবে অনুমোদন জনাইছে। এই বুজাবুজি চুক্তিখনে দুয়োটা প্ৰাধিকৰণৰ কাম-কাজৰ অৱলোকন আৰু অন্যান্য আইনগত দায়ৱদ্ধতাৰ ক্ষেত্ৰত তথ্যৰ বিনিময় আৰু গৱেষণামুলক সাহায্যৰ ক্ষেত্ৰত পৰিকাঠামোগত সহযোগিতা আৰু যোগসূত্ৰ ৰক্ষাত সহায় কৰিব। চুক্তিখনৰ অধীনত দুয়ো দেশে বিভিন্ন নিয়ামক কামৰ ক্ষেত্ৰত অভিজ্ঞতা বিনিময় কৰিবলৈ মনস্থ কৰাৰ লগতে প্ৰশিক্ষণমুলক কাম-কাজকে ধৰি অন্যান্য ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা আগবঢ়াব। ভাৰত আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰই বীমা খণ্ডৰ বিবেচনাপূৰ্ণ নিয়ামকৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় মানৰ কাম-কাজ, বিত্তীয় সুস্থিৰতা আৰু গ্ৰাহক সুৰক্ষাৰ উন্নয়ন আৰু কাৰ্যকৰীকৰণ ইত্যাদি সুবিধা আগবঢ়াবলৈ সহমত প্ৰকাশ কৰিছে। উল্লেখ্য যে ভাৰতত বীমাৰ নিয়ন্ত্ৰণ, প্ৰচাৰ আৰু ইয়াৰ শৃংখলিতভাৱে বিকাশ সুনিশ্চিত কৰাৰ লগতে পুনৰ বীমাৰ ব্যৱসায় কৰিবলৈ বীমা নিয়ামক আৰু উন্নয়ন প্ৰাধিকৰণ আইন, ১৯৯৯ৰ অধীনত আইআৰডিএআই স্থাপন কৰা হয়। একেদৰে, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বীমা খণ্ডৰ সকলো পৰ্যায়ৰ নিৰীক্ষণ আৰু আন্তঃৰাষ্ট্ৰীয় বীমাৰ ক্ষেত্ৰত আমেৰিকাই বিবেচনাপূৰ্ণ কাৰণত প্ৰতিনিধিত্ব কৰিবলৈ ফেডাৰেল ইন্সুৰেন্স অফিচ(এফআইঅ’) গঠন কৰা হয়। | বীমা নিয়ামক খণ্ডত ভাৰত আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰত কেবিনেটৰ অনুমোদন |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%BE%E0%A6%AA%E0%A6%BE%E0%A6%A8%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%B0-%E0%A6%B8-3/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%BE%E0%A6%AA%E0%A6%BE%E0%A6%A8%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%B0-%E0%A6%B8-3/ | মহামহিম, দুখৰ এই মুহূৰ্তত আমি আজি মিলিত হৈছোঁ। আজি আহি জাপানত উপস্থিত হোৱাৰ পিচতে মই অধিক ব্যথা অনুভৱ কৰিছো। কাৰণ, শেহবাৰ ইয়ালৈ আহোতে মই আবে ছেন-ৰ সৈতে দীঘলীয়াকৈ বাৰ্তালাপত মিলিত হৈছিলো। উভতি যোৱাৰ পিচতে তেনে এটা খবৰ শুনিব লগা হ’ব বুলি মই তেতিয়া এবাৰলৈও ভবা নাছিল। আবে ছেন-ৰ সৈতে আপুনি তেতিয়াৰ বৈদেশিক মন্ত্ৰী হিচাপে ভাৰত-জাপান সম্পৰ্কক এক নতুন উচ্চতালৈ লৈ গৈছিল আৰু এই সম্পৰ্কক অন্যান্য বহু ক্ষেত্ৰলৈকো সম্প্ৰসাৰিত কৰিছিল। আৰু আমাৰ বন্ধুত্ব, ভাৰত আৰু জাপানৰ বন্ধুত্ব, গোলকীয় প্ৰেক্ষাপটত প্ৰভাৱ বিস্তাৰিত কৰাৰ ক্ষেত্ৰটো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আৰু এই সকলোবোৰৰ বাবে, আজি ভাৰতৰ জনতাই আবে ছেন-ক খুউবকৈ মনত পেলায়, জাপানক খুউবকৈ মনত পেলায়। এনে ভাবেই ভাৰতে তেওঁৰ অনুপস্থিতি সদায়ে অনুভৱ কৰিব। পিচে মই নিশ্চিত যে আপোনাৰ নেতৃত্বত ভাৰত-জাপান সম্পৰ্ক আৰু অধিক প্ৰগাঢ় হ’ব, আৰু অধিক উচ্চতাত উপনীত হ’বগৈ। আৰু মই দৃঢ়ভাবে বিশ্বাস কৰো যে পৃথিৱীৰ সমস্যাৱলীৰ সমাধান-সূত্ৰ বিচাৰি উলিওৱাৰ ক্ষেত্ৰত আমি উপযুক্ত ভূমিকা পালন কৰিব পাৰিম। দাবী অস্বীকাৰ : প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ এয়া আনুমানিক অনুবাদহে। মূল বক্তব্য হিন্দী প্ৰদান কৰিছিল। | জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা দ্বিপাক্ষিক বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰা উদ্বোধনী ভাষণৰ ইংৰাজীলৈ কৰা অনুবাদৰ ভাঙন |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%BE%E0%A6%AA%E0%A6%BE%E0%A6%A8%E0%A7%B0-%E0%A6%9F%E0%A6%95%E0%A6%BF%E0%A6%85%E0%A6%A4-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%80%E0%A7%9F-%E0%A6%B8%E0%A6%AE%E0%A7%82/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%BE%E0%A6%AA%E0%A6%BE%E0%A6%A8%E0%A7%B0-%E0%A6%9F%E0%A6%95%E0%A6%BF%E0%A6%85%E0%A6%A4-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%80%E0%A7%9F-%E0%A6%B8%E0%A6%AE%E0%A7%82/ | ভাৰত মাতা কি জয়, ভাৰত মাতা কী জয়, যেতিয়াই জাপানলৈ আহো, প্ৰতিবাৰেই আপোনালোকৰ স্নেহৰ বৰষুণ দেখিবলৈ পাওঁ। আপোনালোকৰ মাজতে এনে বহুত লোক আছে যিসকলে ইয়াত বহু বছৰ ধৰি ববসাব কৰি আহিছে। জাপানৰ ভাষা, ইয়াৰ সাজ-পোছাক, সংস্কৃতি, খাদ্য এক প্ৰকাৰ আপোনালোকৰ জীৱনৰ অংশ হৈ পৰিছে আৰু ইয়াৰ অংশ হোৱাৰ এটা কাৰণ হ’ল ভাৰতীয় সমাজৰ সংস্কৃতি সৰ্বাংগীন হৈ আহিছে। কিন্তু একে সময়তে জাপানৰ পৰম্পৰা, মূল্যবোধ, পৃথিৱীত নিজৰ জীৱনৰ প্ৰতি যি দায়বদ্ধতা আছে সেয়া অতি গভীৰ। আৰু এয়াই দুয়োৰে মিলন। গতিকে স্বাভাৱিকতে নিজৰ বুলি অনুভৱ কৰাটো অতি স্বাভাৱিক। বন্ধুসকল, আপোনালোক ইয়াত আছে, বহুতে ইয়াত বসতি স্থাপন কৰিছে। মই জানো ইয়াতো বহুতে বিয়াও পাতিছে। কিন্তু এইটোও সঁচা যে ইমান বছৰ ইয়াৰ সৈতে জড়িত থকাৰ পাছতো ভাৰত সন্দৰ্ভত ভাল খবৰ আহিলে ভাৰতৰ প্ৰতি আপোনালোকৰ শ্ৰদ্ধা অক্ষুণ্ণ থকে। আপোনালোকৰ সুখৰ সীমা নোহোৱা হয়। হয় নে নহয়? যেতিয়া কিবা বেয়া খবৰ আহে তেতিয়া আপোনোলোকো আটাইতকৈ বেছি দুখী হয়। এয়াৰ আমাৰ মানুহৰ বিশেষত্ব যে আমি কৰ্মভূমিৰ লগত আকৃষ্ট হৈ পৰো, মচগুল হৈ পৰো, কিন্তু মাতৃভূমিৰ শিপাৰ পৰা আমাক কেতিয়াও দূৰ হ’বলৈ নিদিওঁ আৰু এয়াই আমাৰ আটাইতকৈ ডাঙৰ শক্তি। বন্ধুসকল, স্বামী বিবেকানন্দই যেতিয়া চিকাগোলৈ ঐতিহাসিক ভাষণ দিবলৈ গৈছিল, তেতিয়া তেওঁ তাৰ পূৰ্বে জাপানলৈ আহিছিল আৰু জাপানে তেওঁৰ মন মন্দিৰত তেওঁৰ মনত গভীৰ চাপ পেলাইছিল। জাপানৰ জনসাধাৰণৰ দেশপ্ৰেম, জাপানৰ জনসাধাৰণৰ আস্থা, ইয়াৰ অনুশাসন, স্বচ্ছতাৰ প্ৰতি জাপানৰ জনসাধাৰণৰ সজাগতা, বিবেকানন্দই ইয়াক মুকলিকৈ প্ৰশংসা কৰিছিল। গুৰুদেৱ ৰবীন্দ্ৰনাথ জি ঠাকুৰেও কৈছিল যে জাপান এনে এখন দেশ যি একে সময়তে প্ৰাচীন আৰু আধুনিক দুয়োটাই আছে। ঠাকুৰে লগতে কৈছিল, “জাপানে সহজ অনুগ্ৰহত ফুলি উঠা পদুমৰ দৰে অবিস্মৰণীয় পূবৰ পৰা ওলাই আহিছে, এইখিনি সময়ত ই যি গভীৰ গভীৰতাৰ বাবে গজি উঠিছে, তাৰ ওপৰত দৃঢ়ভাৱে ধৰি ৰাখিছে”। অৰ্থাৎ তেওঁ ক’ব বিচাৰিছিল যে জাপান নিজৰ শিপাৰ লগত পদুম ফুলৰ দৰেই দৃঢ়তাৰে লাগি আছে। সেইদৰেই ভৱিষ্যৎ প্ৰজন্মৰ সৈতে ই সকলোতে সৌন্দৰ্য্য বৃদ্ধি কৰে। আমাৰ এই মহাপুৰুষসকলৰ এনে ধৰ্মপৰায়ণ আৱেগে জাপানৰ সৈতে আমাৰ সম্পৰ্কৰ গভীৰতা স্পষ্ট কৰে। সতীৰ্থ, এইবাৰ যেতিয়া মই জাপানলৈ আহিছো। বৰ্তমান আমাৰ কূটনৈতিক সম্পৰ্কৰ সত্তৰ বছৰ অৰ্থাৎ সাত দশক হ’বলৈ গৈ আছে। বন্ধুসকল, আপোনালোকেও নিশ্চয় ইয়াত থাকি অভিজ্ঞতা লাভ কৰিছে। ভাৰতৰ সকলোৱেই অনুভৱ কৰে যে ভাৰত আৰু জাপান স্বাভাৱিক অংশীদাৰ। ভাৰতৰ উন্নয়ন যাত্ৰাত জাপানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। জাপানৰ সৈতে আমাৰ সম্পৰ্ক অন্তৰংগতাৰ, আধ্যাত্মিকতাৰ, জাপানৰ সৈতে আমাৰ সম্পৰ্ক সহযোগিতাৰ, আত্মীয় সম্পৰ্কৰ। সেয়েহে এক প্ৰকাৰে এই সম্পৰ্ক আমাৰ শক্তিৰ, এই সম্পৰ্ক সন্মানৰ। এই সম্পৰ্কটোও পৃথিৱীৰ বাবে এক উমৈহতীয়া সংকল্পৰ। জাপানৰ সৈতে আমাৰ সম্পৰ্ক বুদ্ধৰ, বৌদ্ধৰ জ্ঞানৰ। আমাৰ মহাকাল আছে, জাপানত আছে দৈকোকুটেন। আমাৰ ব্ৰহ্মা আছে, জাপানত বণ্টেন আছে, আমাৰ মা সৰস্বতী আৰু জাপানত বেনজাইটেন আছে। আমাৰ মহাদেৱী লক্ষ্মী, জাপানত কিচিজোটেন আছে। গতিকে আমাৰ গণেশ আছে আৰু জাপানত কাংগিটেন আছে। জাপানত যদি জৈন ধৰ্মৰ পৰম্পৰা আছে, সেয়েহে আমি ধ্যানক আত্মাৰ সৈতে কৰ্মৰ মাধ্যম হিচাপে গণ্য কৰোঁ। একবিংশ শতিকাতো আমি সম্পূৰ্ণ দায়বদ্ধতাৰে ভাৰত আৰু জাপানৰ এই সাংস্কৃতিক সম্পৰ্কবোৰ আগুৱাই লৈ গৈ আছো আৰু মই কাশীৰ সাংসদ আৰু অতি গৌৰৱেৰে ক’ব বিচাৰিছো যে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিয়া পেই যেতিয়া কাশীলৈ আহিছিল তেতিয়া তেওঁ কাশীক এক অদ্ভুত উপহাৰ দিলে। জাপানৰ সহযোগত কাশীত নিৰ্মাণ কৰা ৰুদ্ৰাক্ষ আৰু এসময়ত মোৰ কৰ্মস্থলী আহমেদাবাদৰ জৈন গাৰ্ডেন আৰু কাইজেন একাডেমী এইবোৰেই আমাক ইমান ওচৰ চপাই আনিছে। জাপানত থকা আপোনালোক সকলোৱে এই ঐতিহাসিক বন্ধনক অধিক শক্তিশালী আৰু সুদৃঢ় কৰি তুলিছে। বন্ধুসকল, বৰ্তমানৰ বিশ্বক ভগৱান বুদ্ধৰ চিন্তাধাৰা আৰু তেওঁ দেখুৱাই পথ অনুসৰণ কৰাৰ বাবে হয়তো আগৰ তুলনাত অধিক প্ৰয়োজন। এইটোৱেই হৈছে সেই পথ যিটোৱে মানৱতাক বিশ্বৰ প্ৰতিটো প্ৰত্যাহ্বানৰ পৰা ৰক্ষা কৰাৰ উপায়, সেয়া হিংসাই হওক, অৰাজকতাই হওক, সন্ত্ৰাসবাদেই হওক বা জলবায়ু পৰিৱৰ্তনেই হওক। ভগৱান বুদ্ধৰ প্ৰত্যক্ষ আশীৰ্বাদ পোৱাটো ভাৰতৰ সৌভাগ্য। তেওঁৰ ধাৰণাক গ্ৰহণ কৰি ভাৰতে নিৰন্তৰ মানৱতাৰ সেৱা কৰি আছে। প্ৰত্যাহ্বান যিয়েই নহওক, যিমানেই ডাঙৰ নহওক কিয়, ভাৰতে সদায় সেইবোৰৰ সমাধান বিচাৰি উলিয়ায়। ক’ৰোনাই বিশ্বৰ সন্মুখত এশ বছৰৰ আটাইতকৈ ডাঙৰ সংকট সৃষ্টি কৰিছিল। সেয়া আমাৰ সন্মুখত আছে আৰু যেতিয়াই আৰম্ভ হ’ল, তেতিয়ালৈকে কোনেও গম পোৱা নাছিল ইয়াৰ পিছত কি হ’ব। প্ৰথম অৱস্থাত এনে লাগিছিল যেন তালৈ আহিছে, ইয়াত কি হ’বনো। সেই সমস্যা কেনেকৈ চম্ভালিব লাগে কোনেও জনা নাছিল? ভেকচিন নাছিল আৰু ভেকচিন কেতিয়া আহিব তাৰ কোনো ধাৰণা নাছিল। আনকি ভেকচিন আহিব নে নাহিব সেই সন্দৰ্ভতো সন্দেহ হৈছিল। চৌদিশে এক অনিশ্চয়তাৰ পৰিৱেশৰ সৃষ্টি হৈছিল। আনকি সেই পৰিস্থিতিতো ভাৰতে বিশ্বৰ বহু দেশলৈ ঔষধ পঠিয়াইছিল। যেতিয়া এই ভেকচিন উপলব্ধ হ’ল, তেতিয়া ভাৰতে নিজৰ কোটি কোটি নাগৰিকলৈ আৰু লগতে বিশ্বৰ শতাধিক দেশলৈ মেড ইন ইণ্ডিয়া ভেকচিন প্ৰেৰণ কৰিলে। সতীৰ্থ, ভাৰতে স্বাস্থ্য সেৱাৰ অধিক উন্নতিৰ বাবে অভূতপূৰ্ব বিনিয়োগ কৰি আছে। দুৰ্গম অঞ্চলতো স্বাস্থ্যসন্মত সুবিধা লাভ কৰিব পৰাকৈ দেশত লাখ লাখ নতুন আৰোগ্য কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে। আপুনি এইটো জানি সুখী হ’ব যে, হয়তো আপুনি আজি নিশ্চয় শুনিছে যে বিশ্ব স্বাস্থ্য সংস্থাই (হু) ভাৰতৰ আশা কৰ্মী, আশা ভগ্নীসকলক সঞ্চালক প্ৰধানৰ গ্ল’বেল হেল্থ লিডাৰ বঁটাৰে সন্মানিত কৰিছে। ভাৰতৰ লাখ লাখ আশা ভগ্নীয়ে মাতৃৰ যত্নৰ পৰা টিকাকৰণলৈ, পুষ্টিৰ পৰা পৰিষ্কাৰ-পৰিচ্ছন্নতালৈ, গাঁৱৰ ভিতৰতে দেশৰ স্বাস্থ্য অভিযান ত্বৰান্বিত কৰিছে। আজি জাপানৰ ভূমিৰ পৰা আমাৰ সকলো আশা কৰ্মী ভগ্নীসকললৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। মই তেওঁলোকক প্ৰণাম জনাইছো। বন্ধুসকল, বিশ্বৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাত বৰ্তমান ভাৰতে কিদৰে সহায় কৰিছে। ইয়াৰ আন এক উদাহৰণ হ’ল পৰিৱেশ। আজি জলবায়ু পৰিৱৰ্তন বিশ্বৰ সন্মুখত এক গুৰুত্বপূৰ্ণ সংকটত পৰিণত হৈছে। আমি ভাৰততো এই প্ৰত্যাহ্বানৰ সন্মুখীন হৈছো আৰু সেই প্ৰত্যাহ্বান সমাধানৰ উপায় বিচাৰি উলিওৱাৰ দিশত আগবাঢ়িছো। ২০৭০ চনৰ ভিতৰত ভাৰতে নেট জিৰ’ৰ প্ৰতিশ্ৰুতি দিছে। আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ দৰে আন্তঃৰাষ্ট্ৰীয় পদক্ষেপৰ নেতৃত্বও আমি দিছো। জলবায়ু পৰিৱৰ্তনৰ বাবে বিশ্বত প্ৰাকৃতিক দুৰ্যোগৰ আশংকাও বৃদ্ধি পাইছে। জাপানৰ জনসাধাৰণতকৈ এই দুৰ্যোগবোৰৰ বিপদ, ইয়াৰ প্ৰদূষণৰ প্ৰভাৱ অধিক কোনে বুজিব৷ জাপানেও প্ৰাকৃতিক দুৰ্যোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা গঢ়ি তুলিছে। জাপানৰ জনসাধাৰণে এই প্ৰত্যাহ্বানসমূহ যিদৰে সন্মুখীন হৈছে, প্ৰতিটো সমস্যাৰ পৰা কিবা নহয় কিবা শিকিছে আৰু ইয়াৰ সমাধান বিচাৰি উলিয়াইছে আৰু ব্যৱস্থাও গঢ়ি তোলা হৈছে। ব্যক্তিসকলো সেই ধৰণে সংস্কাৰ হৈ আহিছে। এয়া সঁচাকৈয়ে প্ৰশংসনীয় কাম। এই দিশতো ভাৰতে চিডিআৰআই (দুৰ্যোগ সুস্থিৰতা আন্তঃগাঁথনিৰ বাবে মৈত্ৰী)ত আগভাগ লৈছে। বন্ধুসকল, ভাৰতে বৰ্তমান সেউজ ভৱিষ্যত, গ্ৰীণ জব কেৰিয়াৰ ৰোডমেপৰ দিশত অতি দ্ৰুতগতিত আগবাঢ়িছে৷ ভাৰতত বৈদ্যুতিক গতিশীলতাক ব্যাপক গতি প্ৰদান কৰা হৈছে। সেউ হাইড্ৰজেনক হাইড্ৰ’কাৰ্বনৰ বিকল্প হিচাপে গঢ়ি তোলাৰ বাবে এক বিশেষ অভিযান আৰম্ভ কৰা হৈছে। জৈৱ-ইন্ধন সম্পৰ্কীয় গৱেষণা আৰু আন্তঃগাঁথনি সৃষ্টিৰ ওপৰত অতি বৃহৎ পৰিসৰত কাম চলি আছে। ভাৰতে এই দশকৰ শেষৰ ফালে অজীৱাশ্ম ইন্ধনৰ পৰা মুঠ স্থাপন কৰা শক্তি ক্ষমতাৰ ৫০ শতাংশ পূৰণ কৰাৰ সংকল্প লৈছে। বন্ধুসকল, সমস্যা সমাধানৰ ক্ষেত্ৰত ভাৰতীয়সকলৰ আত্মবিশ্বাস গঢ় লৈ উঠিছে। আজি এই আত্মবিশ্বাস প্ৰতিটো ক্ষেত্ৰতে, প্ৰতিটো দিশতে, প্ৰতিটো খোজতে দৃশ্যমান হৈ আছে। বিগত দুবছৰত বিশ্ব যোগান শৃংখলত যি ধৰণৰ ক্ষতি হৈছে, সেই লৈ সমগ্ৰ যোগান শৃংখলটোক লৈ প্ৰশ্ন উত্থাপিত হৈছে। বৰ্তমান ই সমগ্ৰ বিশ্বৰ বাবে নিজৰ মাজতে এক ডাঙৰ সংকটত পৰিণত হৈছে। ভৱিষ্যতে এনে পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ আমি আত্মনিৰ্ভৰশীলতাৰ সংকল্প লৈ আগবাঢ়িছো আৰু আমাৰ আত্মনিৰ্ভৰশীলতাৰ সংকল্প কেৱল ভাৰতৰ বাবেই নহয়। ই এক সুস্থিৰ, বিশ্বাসযোগ্য বিশ্ব যোগান শৃংখলৰ বাবেও এক বৃহৎ বিনিয়োগ। বৰ্তমান সমগ্ৰ বিশ্বই উপলব্ধি কৰিছে যে ভাৰতে যি গতি আৰু পৰিসৰত কাম কৰিব পাৰে সেয়া অভূতপূৰ্ব। বিশ্বই বৰ্তমান দেখিবলৈ পাইছে যে ভাৰতে নিজৰ আন্তঃগাঁথনি, প্ৰতিষ্ঠানগত সামৰ্থ্য বিকাশৰ ওপৰত যি পৰিসৰত গুৰুত্ব দিছে, সেয়াও অভূতপূৰ্ব। মই আনন্দিত যে আমাৰ এই সামৰ্থ্য গঢ়ি তোলাৰ ক্ষেত্ৰত জাপান এক গুৰুত্বপূৰ্ণ অংশীদাৰ। মুম্বাই আহমেদাবাদ হাই স্পীড ৰে’লেই হওক, দিল্লী মুম্বাই ঔদ্যোগিক কৰিড’ৰেই হওক, ডেডিকেটেড ফ্ৰেইট কৰিড’ৰেই হওক, এইবোৰ ভাৰত-জাপানৰ সহযোগিতাৰ ডাঙৰ উদাহৰণ। বন্ধুসকল, ভাৰতত হৈ থকা পৰিৱৰ্তনৰ আন এক বিশেষ কথা আছে। আমি ভাৰতত এখন শক্তিশালী আৰু সুস্থিৰ, দায়িত্বশীল গণতন্ত্ৰৰ পৰিচয় গঢ় দিছো। বিগত আঠ বছৰত আমি ইয়াক মানুহৰ জীৱনত ইতিবাচক পৰিৱৰ্তনৰ মাধ্যম হিচাপে গঢ় দিছো। বৰ্তমান সমাজৰ সেইসকল লোকেও ভাৰতৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ সৈতে সংযোগ স্থাপন কৰিছে, যিসকলে কেতিয়াও গৌৰৱ অনুভৱ কৰা নাছিল যে তেওঁলোকো ইয়াৰ অংশ। প্ৰতিবাৰেই অভিলেখসংখ্যক ভোটদানেৰে প্ৰতিটো নিৰ্বাচনত আৰু সেইতো আমাৰ ইয়াত থকা মাতৃ-ভনীসকল কিছু পৰিমাণে সুখী হ’ব। ভাৰতীয় নিৰ্বাচনক বিতংভাৱে চালে নিশ্চয় লক্ষ্য কৰিছে যে পুৰুষতকৈ অধিকাংশ মহিলাই ভোটদান কৰিছে। এয়াই ইয়াৰ প্ৰমাণ। ভাৰতৰ গণতন্ত্ৰই সাধাৰণ নাগৰিকৰ অধিকাৰৰ প্ৰতি কিমান সচেতন, ই কিমান উৎসৰ্গিত আৰু ই প্ৰতিজন নাগৰিকক কিমান সামৰ্থবান কৰি তোলে। বন্ধুসকল, মৌলিক সুবিধাৰ সমান্তৰালকৈ আমি ভাৰতৰ আকাংক্ষাকো এক নতুন উচ্চতা দিছো, এক নতুন মাত্ৰা দিছো। ভাৰতত এনে ডেলিভাৰী চিষ্টেম, প্ৰযুক্তিৰ সম্পূৰ্ণ ব্যৱহাৰ কৰি অন্তৰ্ভূক্তিমূলক, লিকেজ প্ৰুফ গৱৰ্নেন্সৰ এক ব্যৱস্থাৰ বিশদ বিৱৰণ দিয়া হৈছে, যাতে যিয়েই ইয়াৰ যোগ্য, কোনো ধৰণৰ হেঁচা নোহোৱাকৈ, কোনো পৰামৰ্শ নোহোৱাকৈ, কোনো দুৰ্নীতি নোহোৱাকৈ আমি অধিকাৰ লাভ কৰিব পাৰো আৰু আমি ইয়াত সম্পূৰ্ণৰূপে জড়িত হও৷ এই প্ৰযুক্তিৰ ব্যৱহাৰে এই প্ৰত্যক্ষ লাভ হস্তান্তৰ পৰম্পৰাক বিগত দুবছৰত ক’ৰোনাৰ এই কঠিন সময়ছোৱাত বনাঞ্চলত বসবাস কৰা আমাৰ নাগৰিক, বিশেষকৈ ভাৰতৰ দুৰ্গম গাঁৱত বাস কৰা নাগৰিকসকলৰ অধিকাৰৰ এক বৃহৎ সুৰক্ষা হিচাপে গঢ়ি তুলিছে তেওঁলোকক সহায় কৰিছিল। বন্ধুসকল, কঠিন পৰিস্থিতিৰ মাজতো ভাৰতৰ বেংকিং ব্যৱস্থা অবিৰতভাৱে চলি আছে আৰু ইয়াৰ এটা কাৰণ হ’ল ভাৰতত অহা ডিজিটেল বিপ্লৱ। ডিজিটেল নেটৱৰ্ক শক্তিশালী হৈছে, ইয়াৰ ফলাফল আমি পাবলৈ সক্ষম হৈছো। বন্ধুসকল আপোনালোকে জানি সুখী হ’ব যে সমগ্ৰ বিশ্বত ডিজিটেল লেনদেন নগদবিহীন নহয়, এই জাপানত, আপোনালোক প্ৰযুক্তিৰ সৈতে ভালদৰে পৰিচিত। কিন্তু এই কথা শুনি আপোনালোক সুখী হ’ব, আচৰিত হ’ব আৰু গৌৰৱ অনুভৱ কৰিব। সমগ্ৰ বিশ্বৰ সকলো ডিজিটেল লেনদেনৰ ভিতৰত ৪০ শতাংশ কেৱল ভাৰততে হয়। কৰ’নাৰ প্রাৰম্ভিক দিনবোৰত যেতিয়া সকলো বন্ধ আছিল, সেই সংকটৰ সময়তো ভাৰত চৰকাৰে এটা বুটামৰ ক্লিকৰ জৰিয়তে একেলগে কোটি কোটি ভাৰতীয়ৰ কাষ চাপিব পাৰিছিল৷ যাৰ বাবে সহায় ঠিক কৰা হৈছিল, তেওঁ সেই সহায় সময়মতে পাইছিল আৰু তেওঁ এই সংকটৰ সৈতে মোকাবিলা কৰাৰ শক্তিও পাইছিল। ভাৰতত আজি জনতাকেন্দ্ৰিক প্ৰশাসনে প্ৰকৃত অৰ্থত কাম কৰি আছে। এই শাসন আৰ্হিয়ে আঁচনি ৰূপায়ণ কাৰ্যক্ষম কৰি তুলিছে। গণতন্ত্ৰৰ প্ৰতি নিৰন্তৰ বৃদ্ধি পোৱা বিশ্বাসৰ এইটোৱেই আটাইতকৈ ডাঙৰ কাৰণ। বন্ধুসকল, আজি ভাৰতে যিসময়ত স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰিছে। আজাদী কা অমৃত মহোৎসৱ উদযাপন। তেনে সময়ত আগন্তুক ২৫ বছৰ অৰ্থাৎ স্বাধীনতাৰ ১০০ বছৰত আমি ভাৰত ক’লৈ লৈ যাম৷ কিমান উচ্চতাত উপনীত হ’ব লাগিব? বিশ্বত আমাৰ পতাকা ক’ত কেনেকৈ ৰাখিব, আজি সেই ৰোডমেপ প্ৰস্তুত কৰাত ব্যস্ত ভাৰত। বন্ধুসকল, স্বাধীনতাৰ এই অমৃতকালে ভাৰতৰ সমৃদ্ধিৰ এক উচ্চ ইতিহাস লিখিব। মই জানো যে আমি সংকল্প গ্ৰহণ কৰিছো। সেয়া সঁচাকৈয়ে এক বহুত ডাঙৰ সংকল্প৷ কিন্তু বন্ধুসকল, মই যি লালন-পালন কৰিছো, মই যি মূল্যবোধ পাইছো, যিসকল লোকে মোক গঢ় দিলে, সেইবাবেই মোৰ এক অভ্যাসত পৰিণত হৈছে। মাখনৰ ওপৰত টুকুৰিয়াই ভাল নাপাওঁ, শিলত টুকুৰিয়াই ভাল পাওঁ। কিন্তু বন্ধুসকল, প্ৰশ্নটো মোদীক লৈ নহয়। বৰ্তমান ভাৰতৰ ১৩০ কোটি জনতা আৰু মই জাপানত বহি থকা জনসাধাৰণৰ চকুত একেই বিশ্বাস দেখিবলৈ পাইছো। ১৩০ কোটি ভাৰতীয়ৰ আত্মবিশ্বাস, ১৩০ কোটি সংকল্প, ১৩০ কোটি সপোন আৰু ১৩০ কোটি সপোন পূৰণৰ এই অপৰিসীম শক্তিৰ ফল নিশ্চিত তাত থাকিব বন্ধুসকল। আমি আমাৰ সপোনৰ ভাৰত দেখিবলৈ পাম। আজি ভাৰতে নিজৰ সভ্যতা, নিজৰ সংস্কৃতি, নিজৰ অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতি হেৰাই যোৱা বিশ্বাস পুনৰ পাবলৈ সক্ষম হৈছে। বৰ্তমান সমগ্ৰ বিশ্বৰ যিকোনো ভাৰতীয়ই অতি গৌৰৱেৰে, চকু মেলি ভাৰতৰ কথা কৈছে। এই পৰিৱৰ্তন আহিছে। আজি ইয়ালৈ অহাৰ পূৰ্বে ভাৰতৰ মহানতাৰ প্ৰভাৱত জীৱন কটাবলগীয়া কেইজনমান লোকক দেখাৰ সুযোগ পাইছো। আৰু অতি গৌৰৱেৰে তেওঁলোকে যোগৰ কথাবোৰ কৈছিল। তেওঁলোক যোগৰ প্ৰতি উৎসৰ্গিত। জাপানত যোগৰ ধাৰণা নথকা হয়তো এজনো নোলাব। আমাৰ আয়ুৰ্বেদ, আমাৰ পৰম্পৰাগত চিকিৎসা পদ্ধতি, আজিকালি আমাৰ মচলাৰ বহু দূৰলৈকে প্ৰসাৰিত হৈছে। মানুহে আমাৰ হালদি অৰ্ডাৰ দিছে। কেৱল এয়াই নহয়, বন্ধু-বান্ধৱী, আমাৰ খাদী, অন্যথা, স্বাধীনতাৰ পাছত লাহে লাহে সেই নেতাসকলৰ সাজ-পোছাক হিচাপে এৰি দিয়া হ’ল৷ বৰ্তমান সেয়া পুনৰুত্থান হৈছে। খাদীয়ে আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিছে। এয়াই ভাৰতৰ পৰিৱৰ্তিত ছবি বন্ধুসকল। আজিৰ ভাৰতে যিমানেই নিজৰ অতীতক লৈ গৌৰৱ কৰে, প্ৰযুক্তিৰ নেতৃত্বত, বিজ্ঞান নেতৃত্বত, উদ্ভাৱন নেতৃত্বত, প্ৰতিভাৱান নেতৃত্বত ভৱিষ্যতৰ প্ৰতিও সমানেই আশাবাদী। জাপানৰ দ্বাৰা প্ৰভাৱিত হৈ স্বামী বিবেকানন্দই এবাৰ কৈছিল যে আমাৰ ভাৰতীয় যুৱক-যুৱতীসকলে জীৱনত এবাৰ হ’লেও জাপান ভ্ৰমণ কৰিব লাগে। এই বাক্যবোৰ পঢ়ি আপোনালোক আহিছে বুলি মই বিশ্বাস নকৰো, কিন্তু বিবেকানন্দ জীয়ে ভাৰতবাসীক কৈছিল যে ভাই এবাৰ চাই আহা জাপানখন কেনেকুৱা। বন্ধুসকল, সেই যুগতে বিবেকানন্দ জীয়ে যি কৈছিল বৰ্তমান যুগৰ ভিত্তিত মই ক’ব বিচাৰিছো যে জাপানৰ প্ৰতিজন যুৱকে জীৱনত এবাৰ হ’লেও ভাৰত ভ্ৰমণ কৰিব লাগে। আপোনালোকে আপোনালোকৰ দক্ষতা, আপোনালোকৰ প্ৰতিভা, আপোনালোকৰ উদ্যোগীকৰণৰ দ্বাৰা জাপানৰ এই মহান ভূমিক মোহিত কৰিছে। জাপানক ভাৰতীয়ত্বৰ ৰঙেৰে ভাৰতৰ সম্ভাৱনাৰ সৈতে অহৰহ আপোনালোকে চিনাকি কৰাই দিব লাগিব। বিশ্বাসেই হওক বা দুঃসাহসিক কৰ্মই হওক, ভাৰত জাপানৰ বাবে এক প্ৰাকৃতিক পৰ্যটনস্থলী। সেয়েহে ভাৰতলৈ আহক, ভাৰতখন চাওক, ভাৰতত যোগদান কৰক, এই সংকল্পৰে মই অনুৰোধ কৰো যে জাপান থকা প্ৰতিজন ভাৰতীয়ই তেওঁলোকৰ লগত যোগদান কৰক। আপোনালোকৰ সাৰ্থক প্ৰচেষ্টাৰ ফলত ভাৰত-জাপানৰ বন্ধুত্বই নতুন উচ্চতা লাভ কৰিব বুলি মই নিশ্চিত। এই অদ্ভূত আদৰণি আৰু মই চাই আছিলো, সোমাই আহিছিলো। চাৰিওফালে উৎসাহ, শ্লোগান, উৎসাহ আৰু যিমানেই আপোনালোকে নিজৰ মাজত ভাৰতক জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে, সেয়া সঁচাকৈয়ে হৃদয়স্পৰ্শী। আপোনালোকে সদায় এইদৰে মৰম কৰি থাকিব। ইমান বিশাল হাৰত আপোনালোকে মোক মৰম দিবলৈ আহিল আৰু মোক জনোৱা হৈছে যে আজি কেৱল টকিঅ’ৰ পৰাই নহয়, জাপানৰ অন্য স্থানৰ পৰাও বহু লোক আহিছে৷ আগতেও আহিছিল। কিন্তু আপোনালোক সকলোকে দেখাৰ সুযোগ পাই ভাল লাগিল, আপোনালোক সকলোকে আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিলো। আন্তৰিক ধন্যবাদ জনালো। ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়, বহুত বহুত ধন্যবাদ। | জাপানৰ টকিঅ’ত ভাৰতীয় সমূদায়ক উদ্দেশ্যি আগবঢ়োৱা প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0%E0%A6%BE%E0%A6%96%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A4%E0%A6%BF%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BE-%E0%A6%A6%E0%A6%BF/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0%E0%A6%BE%E0%A6%96%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A4%E0%A6%BF%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BE-%E0%A6%A6%E0%A6%BF/ | প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে উত্তৰাখণ্ডৰ প্রতিষ্ঠা দিৱস উপলক্ষে সেই ৰাজ্যৰ জনগণক শুভেচ্ছা জনাইছে। এটা ট্যুইট বার্তাত প্রধানমন্ত্রীয়ে কয়; “প্রতিষ্ঠা দিৱসত উত্তৰাখণ্ডৰ জনগণক শুভেচ্ছা। এইখন হ'ল এনে এখন ৰাজ্য যি প্রকৃতি আৰু আধ্যাত্মিকতাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। এই ৰাজ্যৰ জনগণে বিভিন্ন ক্ষেত্রত দেশ নির্মাণতো গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। অনাগত দিনতো উত্তৰাখণ্ডৰ উন্নয়ন অব্যাহত থাকক এই কামনা কৰো।” | উত্তৰাখণ্ডৰ প্রতিষ্ঠা দিৱসত সেই ৰাজ্যৰ জনগণক শুভেচ্ছা প্রধানমন্ত্রী |
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A9-%E0%A6%AB%E0%A7%87%E0%A6%AC%E0%A7%8D%E0%A7%B0%E0%A7%81%E0%A7%B1%E0%A6%BE%E0%A7%B0%E0%A7%80%E0%A6%A4-%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%A8%E0%A6%97%E0%A7%B0%E0%A6%A4-%E0%A6%B8/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A9-%E0%A6%AB%E0%A7%87%E0%A6%AC%E0%A7%8D%E0%A7%B0%E0%A7%81%E0%A7%B1%E0%A6%BE%E0%A7%B0%E0%A7%80%E0%A6%A4-%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%A8%E0%A6%97%E0%A7%B0%E0%A6%A4-%E0%A6%B8/ | প্ৰশ্ন – মাননীয় প্ৰধানমন্ত্ৰী মহোদয়, মই তেলেংগানাৰ হায়দৰাবাদস্থিত বেগামপেটৰ চৰকাৰী মহিলা মহাবিদ্যালয়ৰ সাংবাদিকতা বিভাগৰ স্নাতক চূড়ান্ত শ্ৰেণীৰ ছাত্ৰী কে. দীপিকা। মহোদয়, বিগত পাচটা বছৰত শিক্ষা ক্ষেত্ৰত ভালেমান পৰিৱৰ্তন মই দেখিবলৈ পাইছো। শিক্ষাখণ্ডত আপুনি গ্ৰহণ কৰা পদক্ষেপসমূহক লৈ আপুনি সুখী নে? মোক এইখিনি সুবিধা প্ৰদানৰ বাবে আপোনাক অশেষ ধন্যবাদ। আঁত ধৰোতা – আমি বিগত পাচটা বছৰত শিক্ষা ক্ষেত্ৰত যথেষ্ট পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পাইছো। আপুনি এই পদক্ষেপসমূহক লৈ সন্তুষ্ট নে? অনুগ্ৰহ কৰি কওঁক। প্ৰধানমন্ত্ৰী – আপোনাৰ এই প্ৰশ্নৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছো আৰু সমগ্ৰ দেশৰ প্ৰায় আঢ়ৈ কোটি যুৱক-যুৱতীৰ সৈতে বাৰ্তালাপ কৰাৰ সুযোগ লাভ কৰিছো। এই ক্ষেত্ৰত প্ৰযুক্তিক ধন্যবাদ জনাইছো। এটা বিষয়কেই দুটা বেলেগ বেলেগ ধৰণে চাব পাৰি। মই অত্যন্ত সুখী আৰু সন্তুষ্ট যে আমি সঠিক দিশেৰেই কাম কৰি আছো। আমি সঠিক সময়সীমা নিশ্চিত কৰি আগবাঢ়িছো আৰু সমগ্ৰ বিশ্বৰে শিক্ষাৰ মানদণ্ডৰ সৈতে ফেৰ মাৰিবলৈ সক্ষম হৈছো। সেই গ্লোবেল মানদণ্ড আমিও আহৰণ কৰিবলৈ বিচাৰিছো। মই বিচাৰো যে আমাৰ দেশৰ প্ৰতিগৰাকী যুৱক যুৱতীয়েই যেন মনে বিচৰা অনুসৰিয়েই শিক্ষা গ্ৰহণ কৰিব পাৰে আৰু শিক্ষাৰ যি ক্ষেত্ৰতেই নহওঁক কিয় সেয়া যেন উপলব্ধ হয়। চৰকাৰৰ এটা কাম হৈছে যে এই ব্যৱস্থাসমূহ যেন আমি বিকশিত কৰিব পাৰো। আধুনিক ভাৰত নিৰ্মাণৰ বাবে যিধৰণৰ প্ৰতিষ্ঠানৰ প্ৰযোজনীয়তা আছে, সেইবোৰ যেন উপলব্ধ হয়। আমি সেই দিশবোৰকেই উদগনি যোগাইছো। আই আই টিয়েই হওঁক অথবা আই আই এমেই হওঁক, সকলোবোৰ নিৰ্মাণৰ বাবে অতি ক্ষীপ্ৰতাৰে কাম চলি আছে। ঠিক তেনেদৰে দক্ষতা উন্নয়নৰ দিশবোৰতো আমি যথেষ্ট গুৰুত্ব প্ৰদান কৰি আহিছো। দেখবলৈ পাইছো যে দেশৰ যুৱ প্ৰজন্মৰ যথেষ্ট সংখ্যকেই শিক্ষাগ্ৰহণ কৰিবলৈ বিদেশলৈ যায়, আৰু এই দিশেৰেই আমাৰ দেশৰ পৰা কোটি কোটি টকা দেশৰ বাহিৰলৈ ওলাই যায়। যদিহে আমি এনে কিছু আন্তঃগাঁথনি আৰু শিক্ষাব্যৱস্থাৰ উত্তৰণ ঘটাও, যি দেখি আমাৰ দেশৰ পৰা বাহিৰলৈ যোৱা শিক্ষাৰ্থীসকলৰ দৰেকৈ বিদেশৰ পৰা শিক্ষাৰ্থী ভাৰতলৈ আহে, তেন্তে তেনে পৰিপ্ৰেক্ষিতত কেনে এক পৰিৱেশ গঢ়ি উঠিব কল্পনা কৰকচোন, আমি তেনে এক পৰিকাঠামো সৃষ্টিৰেই চেষ্টা কৰি আহিছো। আৰু কাৰ্যসম্পাদনৰ দিশৰ ক্ষেত্ৰত মই নিসন্দেহে সন্তুষ্ট। চাৰে চাৰিবছৰতকৈও কম সময়ৰ ভিতৰত যিখিনি কাম হৈছে তাক লৈ মই সন্তুষ্ট। মইয়েই কিয়, যিকোনো লোকেই সন্তুষ্ট হ’ব। কিন্তু কেৱল মোৰ আত্মসন্তুষ্টিৰ বাবেই সন্তুষ্টি নলভো। মোৰ সন্তুষ্টিৰ অৰ্থ হৈছে নৱস্বপ্নৰ জন্ম দিয়া, মোৰ সন্তুষ্টিৰ অৰ্থ হৈছে নতুন লক্ষ্ স্থিৰ কৰা, মোৰ সন্তুষ্টিৰ অৰ্থ হৈছে সেই লক্ষ্যসমূহ অতিক্ৰম কৰা। আৰু সন্তুষ্টি লভি সুখনিদ্ৰা যোৱা আমাৰ উদ্দেশ্ নহয়, আমাৰ অৰ্থ নহয়, এই সন্তুষ্টিৰে নতুন নতুন স্বপ্ন সাকাৰ কৰা। ধন্যবাদ…. আঁতধৰোতা – ধন্যবাদ প্ৰধানমন্ত্ৰী ডাঙৰীয়া, এতিয়া আমি উত্তৰ-পূৱ ভাৰতৰ অসমৰ সৈতে সংযোজিত হৈছো। অসমৰ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰী অনমিত্ৰা মহন্তই আপোনাক কিবা সুধিবলৈ বিচাৰিছে…. প্ৰশ্ন – মাননীয় প্ৰধানমন্ত্ৰী মহোদয়, মই অসমৰ পৰা অনমিত্ৰা মহন্ত। মহোদয় শিক্ষা ব্যৱস্থাৰ সমান্তৰালকৈ দৈনন্দিন জীৱনতো আমি এই ডিজিটেল ইণ্ডিয়াৰ প্ৰযোগ যথেষ্ট পৰিমাণে দেখিবলৈ পাইছো। আমাৰ দেশৰ লগতে দেশৰ জনতাৰ ওপৰত এই প্ৰযুক্তিৰ প্ৰভাৱ আপুনি কেনেদৰে গণ্য কৰে? মোৰ প্ৰশ্ন ইমানেই। ধন্যবাদ। আঁতধৰোতা – মহোদয়, আমি দৈনন্দিন জীৱনত ডিজিটেল ইণ্ডিয়াৰ যথেষ্ট ব্যৱহাৰ দেখিবলৈ পাইছো। ইয়াৰ ভিতৰত শিক্ষাও চামিল হৈ আছে। ইয়াৰ ফলত দেশবাসীৰ জীৱনলৈ কেনেধৰণৰ পৰিৱৰ্তন আহিছে বুলি আপুনি ভাবে? অনুগ্ৰহ কৰি ক’ব। প্ৰধানমন্ত্ৰী – চাওঁক, মানৱ সমাজ নিৰন্তৰ বিকাশশীল। এইক্ষেত্ৰত প্ৰযুক্তিয়ে এক চালিকা শক্তিৰ ভুমিকা পালন কৰি আহিছে। নতুন নতুন উদ্ভাৱনে মানৱ জীৱনক ধাৰাবাহিকভাৱে সলনি কৰি আহিছে। কিন্তু বিগত ৪০ বছত প্ৰযুক্তিয়ে সমগ্ৰ বিশ্বকে অতি ক্ষীপ্ৰতাৰে আগুৱাই লৈ গৈছে। সৃষ্টিশীলতা, উদ্ভাৱনীয়তা আৰু আৱিস্কাৰে বিগত ২০০-৩০০ বছৰত পৰিৱৰ্তিত কৰি কৰি যি স্থানলৈ লৈ আহিছে তাৰ পিছৰ পৰা বিগত ৪০ টা বছৰত প্ৰযুক্তিয়ে এক বৃহত্ পৰিৱৰ্তন সাধন কৰিছে। যাৰ আমি হয়তো কল্পনাও কৰিব পৰা নাছিলো। আমি যদি বিগত ২০০-৩০০ বছৰৰ তুলনাত বিগত ৪০-৫০ বছৰৰ উদ্ভাৱনীয়তালৈ লক্ষ্য কৰো তেন্তে দেখিবলৈ পাম এক বৃহত্ পৰিৱৰ্তন। এক সম্পূৰ্ণ নতুন প্ৰক্ৰিয়াৰ মাজলৈ লৈ গৈছে সমগ্ৰ সময়। সেয়া লাগিলে মহাকাশেই হওঁক অথবা সমূদ্ৰতলিয়েই হওঁক, সকলোতে উদ্ভাৱনীয়তা আৰু আৱিস্কাৰে লাভ কৰিছে ব্যাপকতা। ভুগৰ্ভই হওঁক বা ডিজিটেল বিশ্বই হওঁক, সকলোতে পৰিৱৰ্তন বিৰাজমান। আজি মই ইমান সহজে কথা পাতি থাকিব পাৰিছো, শ্ৰীনগৰত বহি আছো আৰু ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্তৰ যুৱ শিক্ষাৰ্থীসকলৰ সৈতে এনেদৰে শিক্ষা সম্বন্ধীয় কথা পাতি থাকিব পাৰিছো, এই সকলোতে প্ৰযুক্তি, উদ্ভাৱনীয়তাৰ যথেষ্ট প্ৰভাৱ আছে। আোপোনালোক সম্ভৱত অৱগত যে অলপতে আমি বান্দিপুৰাত এটা বিপিঅ’ মুকলি কৰিছো আৰু এইটো হৈছে প্ৰথমটো বিপিঅ’, যিটো ডিজিটেল অভ্যুত্থানৰ পৰিণাম। ডিজিটেল অভ্যুত্থানৰ আটাইতকৈ ডাঙৰ লাভালাভটো হৈছে আধাৰ, আপোনালোকে নিস্চয় দেখিবলৈ পাইছে যে আমাৰ আধাৰ এতিয়া ডিজিটেল অভ্যুত্থানৰ এক অংশ হৈ পৰিছে। মই বিশ্বত যেতিয়া কওঁ যে দেশৰ ১২০ কোটি লোকৰ সবিশেষ আমাৰ হাতত আছে, সেই কথা শুনি সকলো আশ্চৰ্যচকিত হৈ পৰে। আমাৰ হাতত থকা এই সম্পত্তি কিন্তু নিসন্দেহে ডিজিটেল অভ্যুত্থানৰেই পৰিণাম। আমি জেম ট্ৰিনিটি আৰম্ভ কৰিছো, ভাৰত চৰকাৰে এই জেম ট্ৰিনিটিৰ দ্বাৰা আধাৰ, মোবাইল, জনধন এই সকলোবোৰৰেই সুব্যৱস্থা দেশৰ জনতাৰ বাবে উপলব্ধ কৰিবলৈ সক্ষম হৈছে। শিক্ষা ক্ষেত্ৰতো আজি ইমানবোৰ এপ্লিকেশ্যন উপলব্ধ হৈছে যে ইয়াৰ ভিতৰত বহু এপ্লিকেশ্যন বিনামূলীয়াকৈও উপলব্ধ হৈছে। ইয়াৰ বাবেই শিক্ষাৰ্থীসকলে ন ন শিক্ষা গ্ৰহণৰ বাবে এইবোৰ এপ্পযোগে কিছু হোমৱৰ্ক কৰাৰ সুবিধা লাভ কৰিছে। সম্ভৱত এনে এক সময়ো আহিব, যেতিয়া বিশ্বৰ পৰাই লোপ পাব টিউশ্যন ক্লাছ আৰু কোচিং ক্লাছবোৰ। ইমানেই শক্তি আছে এই ডিজিটেল ইণ্ডিয়াৰ। ডিজিটেল বিশ্বই বিশ্বৰ প্ৰশাসন যন্ত্ৰৰ সক্ৰিয়তাৰ ক্ষেত্ৰতো যথেষ্ট গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে। স্বচ্ছতা-নিকা ব্যৱস্থাৰ ক্ষেত্ৰত এই ডিজিটেল বিশ্ব হৈছে এক শক্তিশালী উপাদান। এই একপ্ৰকাৰে কেৱল শিক্ষাই নহয়, সমগ্ৰ জীৱন ব্যৱস্থাতেই ডিজিটেল বিশ্বই আমাৰ শৰীৰৰ এক অভিন্ন অংগ হৈ পৰিছে। আমি ইয়াৰ অবিহনে জীয়াই থাকিবই নোৱাৰা হৈছো, এনে এক পৰিস্থিতি হৈ পৰিছে। আৰু এইবাবেই আমি এই প্ৰভাৱক আমাৰ ভালৰ বাবে কেনেদৰে ব্যৱহাৰ কৰিব পাৰো, দেশৰ অধিকতম লোকৰ কল্যাণৰ বাবে কেনেকৈ ব্যৱহাৰ কৰিব পাৰো সেয়াহে চিন্তা কৰিব লাগে। ইয়াৰ ওপৰত যদিহে আমি সৰ্বাধিক গুৰুত্ব প্ৰদান কৰো তেন্তে এই ডিজিটেল শক্তিয়ে শীঘ্ৰেই দেশত এক বৃহত্ অভ্যুত্থানৰ সৃষ্টি কৰিব, সেয়া নিশ্চিত। ইয়াৰ পিছতেই হৈছে দূৰ সংযোগ শিক্ষা। আমি এই ডিজিটেলৰ যোগেদিয়েই দেশৰ দুৰ্গম এলেকাত থকা একোগৰাকী শিক্ষাৰ্থীক, দূৰ দূৰণিত থকা একোগৰাকী শিক্ষাৰ্থীক এই দূৰ সংযোগ শিক্ষাৰ যোগেদিয়েই মানসম্পন্ন শিক্ষা প্ৰদান কৰিব পাৰো। আৰু এই ক্ষেত্ৰত ডিজিটেল কানেক্টিভিটিৰ যথেষ্ট গুৰুত্ব আছে। আৰু মই দেখিবলৈ পাইছো যে দেশৰ বহু যুৱক যুৱতীয়ে ভাৰ্ছুৱেল লেবৰেটৰীৰ দ্বাৰা আজি শিকাৰুসকলক পাঠদান কৰিবলৈ লৈছে। আৰু ইয়াতো তেওঁলোকে ঠিক তেনেদৰেই পঢ়িবলৈ সক্ষম হয়, যিদৰকে তেওঁলোকে আঁচল পৰীক্ষাগাৰত গৈ কাম কৰে। এনে কৰাৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি হয়। থ্ৰীডি প্ৰজেকশ্যনৰ বাবে আজি শিক্ষাৰ্থীসকলে যদিহে হৃদযন্ত্ৰ সন্দৰ্ভত পঢ়িবলৈ বিচাৰে তেন্তে আজিকালি থ্ৰিডিৰ মাধ্যমেৰে সুন্দৰকৈ বুজাই দিব পাৰি, আগতে শিক্ষকে মোখিকভাৱে বা ছবি আকি যিমানেই সুন্দৰকৈ নুবুজাওঁক কিয়, তেওঁলোকে বুজিবলৈ সক্ষম হোৱা নাছিল, আৰু আজি প্ৰযুক্তিৰ সুবাদতে সুন্দৰকৈ আৰু খু্টি-নাটি মাৰি বুজিবলৈ সক্ষম হৈছে। মই যেতিয়া গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিলো, তেতিয়া মই এক সৰু সমীক্ষা চলাইচিলো। মধ্যাহ্ন ভোজন আঁচনিৰ অধীনত চৰকাৰী প্ৰাথমিক বিদ্যালয়বোৰত কেনেধৰণৰ প্ৰভাৱ পৰে। আৰু তাত যদিহে আমি ডিজিটেল ক্লাছৰূম নিৰ্মাণ কৰো তেন্তে তাৰ প্ৰভাৱ কেনমে হব। ইয়াৰ পাৰ্থক্য কেনে হ’ব। মোৰ সমীক্ষাত আছিল এনে কিছু বিদ্যালয়, য’ত স্মাৰ্ট ক্লাছৰূম নাছিল, আৰু কিছুমানত আছিল স্মাৰ্ট ক্লাছৰূম। এই স্মাৰ্ট ক্লাছৰূম নথকা বিদ্যালয়সমূহত মধ্যাহ্ন ভোজনতেই সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা হৈছিল। আনহাতে কিছুমান স্মাৰ্ট ক্লাছৰূম থকা বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ ব্যৱস্থাও আছিল, পিছে তেনেবোৰ স্কুলত দেখিলো যে মধ্যাহ্ন ভোজনৰ ব্যৱ্স্থা থকা সত্ত্বেও স্মাৰ্ট ক্লাছৰূমৰ প্ৰতি শিক্ষাৰ্থীসকল বেছি আকৰ্ষিত আছিল। অতি বেচি দৰিদ্ৰ পৰিয়ালৰো শিক্ষাৰ্থী তাত আছিল যদিও তেওঁলোকেও মধ্যাহ্ন ভোজনৰ প্ৰতি গুৰুত্ব নিদি স্মাৰ্ট ক্লাছৰূমত শিক্ষাগ্ৰহণৰ বাবে বহি গৈছিল। মধ্যাহ্ন ভোজনৰ বাবে তেওঁলোকক মাতি মাতিহে লৈ যাবলগীয়া হৈছিল। আনফালে যিবোৰ স্কুলত মধ্যাহ্ন ভোজনৰ ব্যৱস্থা আছিল সেইবোৰ স্কুলতো যথেষ্টসংখ্যক শিক্ষাৰ্থী অহা নাছিল। সেইবোৰ বিদ্যালয়ত মধ্যাহ্ন ভোজনত বেছি ৰুচি নাছিল কিন্তু স্মাৰ্ট ক্লাছৰূম নথকা বাবেই তেওঁলোক তালৈ গৈ শিক্ষাগ্ৰহণত ইচ্ছুক নাছিল। এতিয়া মই নিসন্দেহে ক’ব পাৰো যে এই যে প্ৰভাৱ, সেয়া হৈছে ডিজিটেল প্ৰভাৱ। আৰু অনাগত সময়ছোৱাত উচ্চ শিক্ষাৰ ক্ষেত্ৰত ই যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিব। ধন্যবাদ….. আঁত ধৰোতা – মাননীয়, এইবাৰ কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ গৌৰৱে আপোনাৰ সৈতে কথা পাতিবলৈ বিচাৰিছে…. প্ৰশ্ন – মাননীয় প্ৰধানমন্ত্ৰী, মোৰ নাম গৌৰৱ আৰু মই হাৰিয়ানাৰ কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ…আমাৰ দেশৰ পৰা দৰিদ্ৰতা নিৰ্মূল কৰিবৰ বাবে আপুনি কৰি অহা প্ৰয়াসৰ পিছতো দেশত দৰিদ্ৰতা দেখি আমি কষ্ট পাও, দূখ পাওঁ। আপুনি ভাবেনে যে ভৱিষ্যতে আমি এখন দৰিদ্ৰতামুক্ত ভাৰত দেখিবলৈ পাম? আঁত ধৰোতা – আমাৰ দেশৰ দৰিদ্ৰতা দেখি খুব দুখ লাগে। দৰিদ্ৰতা দূৰীকৰণৰ বাবে আপোনাৰ প্ৰয়াস আমি দেখিবলৈ পাইছো। আপুনি অনুভৱ কৰেনে যে অনাগত ভৱিষ্যতত আমাৰ দেশ দৰিদ্ৰতামুক্ত হৈ পৰিব? অনুগ্ৰহ কৰি কওঁক। প্ৰধানমন্ত্ৰী – যদিহে দেশে থিৰাং কৰি লয় যে দেশ দৰিদ্ৰতামুক্ত হ’ব, তেন্তে বিশ্বৰ কোনো শক্তিয়েই আমাক দৰিদ্ৰতাৰ মেৰপেচত বান্ধি ৰাখিব নোৱাৰিব। দেশৰ এশ পছিশকোটি দেশবাসীৰ মাজত ইমান সামৰ্থ্য অৱশ্যেই আছে। আমি যদিহে প্ৰাকৃতিক সম্পদ আৰু মানৱ সম্পদ ব্যৱহাৰেৰে সঠিক পৰিকল্পনাৰে যদিহে আমি আগবাঢ়ো তেন্তে দৰিদ্ৰতাৰ পৰা মুক্ত হোৱা কোনো কঠিন কাম নহ’ব। এই কথা মই বিগত চাৰে চাৰিবছৰৰ অনুভৱেৰে কৈছো। সাম্প্ৰতিক সময়ত সমগ্ৰ বিশ্বতে দুটা বিষয়ে বিশেষকৈ গা কৰি উঠিছে। প্ৰথমটো হৈছে সমগ্ৰ বিশ্বৰ ভিতৰতেই ক্ষীপ্ৰতম গতিৰে বিকশিত বৃহত্ অৰ্থনীতিৰ দেশসমূহৰ ক্ষেত্ৰত এক নং স্থানত আছে ভাৰত। প্ৰতিগৰাকী ভাৰতীয়ৰ বাবেই এয়া এক গৌৰৱৰ বিষয়। দ্বিতীয়টো হৈছে ৰাষ্ট্ৰসংঘৰ লগতে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় এজেন্সীয়ে কৈছে যে ক্ষীপ্ৰতাৰে দৰিদ্ৰতা নিৰ্মূলকৰণৰ দিশেৰে সমগ্ৰ বিশ্বতেই ভাৰতৰ স্থান হৈছে এক। নতুন মধ্যবিত্ত শ্ৰেণী ক্ৰমাত্ বৃদ্ধি পাইছে। আৰু তেওঁলোকে লগতে কৈছে যে দেশৰ অনুসূচীত জাতি আৰু ভাৰতৰ মুছলমান লোকসকলে এইক্ষেত্ৰত সৰ্বাধিক লাভালাভ আহৰণ কৰিছে। তেওঁলোকেই অতি ক্ষীপ্ৰতাৰে দৰিদ্ৰতাৰ পৰা মুক্তি লাভ কৰিবলৈ লৈছে। এতিয়া কোনোবাই যদি মোক মহাত্মা গান্ধীৰ স্বতন্ত্ৰতা আৰু স্বচ্ছতা, এই দুটা বিষয়ৰ মাজৰ পৰা এটা বিষয় বাচনি কৰিবলৈ কয় তেন্তে মেই স্বচ্ছতাকেই প্ৰথম স্থানত ৰাখিম। গান্ধীজীয়ে বহু প্ৰয়াস কৰিছিল। তেতিয়া স্বাধনীতা সংগ্ৰামো চলি আছিল আৰু স্বচ্ছতাৰ বাবেও বিভিন্ন আলোচনা চলি আছিল। দেশ স্বাধীন হোৱাৰ পিছত আমি সেই কামটো অনায়াসে আগবঢ়াই নিব পাৰিলোহেতেন। কিন্তু সেই কামটো কোনোবাই যদি কৰে কৰক, নকৰিলেও নাই, এনে মনোভাৱেৰেই চলি আছিল। মই লালকিল্লাৰ পৰা আহ্বান জানাইছিলো, সমগ্ৰ দেশবাসীৰ প্ৰতি আহ্বান জনাইছিলো, আৰু আজি নিজৰ প্ৰচেষ্টাৰ বলতে দেশ আজি স্বচ্ছতাৰ দিশেৰে অতি সন্তোষজনক স্থিতিত অৱতীৰ্ণ হৈছে আৰু ক্ষীপ্ৰতাৰে অগ্ৰগতিও লাভ কৰিছে। জম্মু কাশ্মীৰৰ এইগৰাকী বিষয়া, এইয়াত বহি থকা এইগৰাকী বিষয়া ইয়াৰ পূৰ্বে অনন্তনাগত আছিল, তেতিয়াই সম্ভৱতঃ মোৰ হাতৰ পৰাই স্বচ্ছতাৰ পুৰস্কাৰ গ্ৰহণ কৰিছিল। সমগ্ৰ দেশেই গৰ্বিত হৈছিল,যথেষ্ট ডাঙৰ কাম কৰিছিল। আজি সমগ্ৰ জম্মু-কাশ্মীৰ মুকলিত মলত্যাগমুক্ত স্থান হিচাপে পৰিগণিত হৈছে, এয়া কম ডাঙৰ কাম নহয়। মই যেতিয়া ২০১৪ চনত দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিলো তেতিয়া গ্ৰাম্য অনাময়ৰ হাৰ আছিল ৩৮ শতাংশ আৰু আজি এই হাৰ হৈছেগৈ ৯৮ শতাংশ। এয়া কেৱল চৰকাৰৰ সদিচ্ছাৰ ফলতেই সম্ভৱ হৈছে। দেশে যদিহে এবাৰ সিদ্ধান্ত গ্ৰহণ কৰে যে যিকোনোধৰণে সুফল অনা হ’ব, তেন্তে সেই সুফল অহাটো অনিবাৰ্য। সকলোৱে জানে যে দেশত বেংকৰ ৰাষ্ট্ৰীয়কৰণৰ প্ৰক্ৰিয়া আজিৰ নহয়, পিছে দীৰ্ঘসময় ধৰি দৰিদ্ৰ জনতাৰ বাবে বেংকৰ একাউণ্ট খুলিব পৰা নগৈছিল। আমি সিদ্ধান্ত গ্ৰহণ কৰিছো যে প্ৰতিগৰাকী দৰিদ্ৰ লোকৰে একাউণ্ট খুলিব লাগিব। ভাৰতত ২০১৪ চনত শতকৰা ৪০ গৰাকী লোকৰ বেংক একাউণ্ট আছিল আৰু আজি দেশৰ প্ৰায় ১০০ শতাংশ লোকৰেই বেংক একাউণ্ট আছে। আমাৰ দেশত সৰ্বমুঠ প্ৰায় ২৫-২৬ কোটি পৰিয়াল আছে আৰু আৰ্থিক দিশেৰে মোক শক্তিশালী স্থিতিত থকা বুলি কোৱা হৈছিল। কাৰণ ৰাজ্যসমূহে প্ৰদান কৰা পৰিসংখ্যা অনুসৰি দেশৰ প্ৰায় ৪ কোটি পৰিয়ালে বিজুলীবাতিৰ সুবিদা লভ কৰা নাই। এনে তথ্যৰ পিছতেই আমি পদক্ষেপ গ্ৰহণ কৰিলো যে দেশৰ প্ৰ্তিটো পৰিয়ালেই বিদ্যুত্ যোগান লাভ কৰিব লাগিব আৰু মই আজি নথৈ আনন্দিত যে জম্মু কাশ্মীৰে এই কাম সুন্দৰভাৱে সম্পূৰ্ণ কৰি তুলিছে। অৰ্থা আমাৰ দেশে যদিহে এবাৰ সিদ্ধান্ত লৈ লয় যে এই সমস্যাৰ সমাধান কৰিব লাগিব তেন্তে সেয়া কৰিহে উলিয়াব। এতিয়া জম্মু কাশ্মীৰে এক সপোন দেখিছে যে প্ৰতি ঘৰে ঘৰে পানীৰ সংযোগ প্ৰদান কৰিব, এয়া এগ ডাঙৰ সপোন। আৰু মোৰ বিশ্বাস আছে যে জম্মু কাশ্মীৰে এই কাম কৰি দেখুৱাব। ইয়াৰ আমোলাসকলে এই কামকো শীঘ্ৰেই সম্পাদন কৰিব।আমাৰ দেশত আমি কেৱল সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। আমি দৰিদ্ৰতাৰে যুঁজ কৰিব লাগিব, আৰু দৰিদ্ৰতা নিৰ্মূলৰ বাবে কেৱল সামগ্ৰী বিতৰণ কৰিলেই নহ’ব। দৰিদ্ৰ লোকসকলক সবলীকৰণ কৰিব লাগিব। তেওঁলোকৰ মাজত দৰিদ্ৰতাৰ হেঙাৰ নেওচা দিয়াৰ মনোবল সৃষ্টি কৰিব লাগিব, তেনে এক মনোভাৱৰ সৃষ্টি কৰিব লাগিব। আৰু মই ভাবো যে আমি যদিহে এনে এক মনোবৃত্তি তেওঁলোকৰ মাজত গঢ়ি তুলিব পাৰো তেন্তে সেয়া তেওঁলোকে কৰি দেখুৱাব। আমি যেতিয়া উদাত্ত কন্ঠে কওঁ, শিক্ষা দিও, আয়ুষ্মান ভাৰতৰ যোগেদি স্বাস্থ্যসেৱাৰ কথা কওঁ, তেতিয়াই দেশৰ গৰীৱ জনতাৰ অনুভৱ হয় যে এতিয়াহে মোৰ দিন আহি গৈছে, এতিয়া মই আগবাঢ়িব পাৰিম। মোৰ মা-দেউতাই দৰিদ্ৰতাৰ মাজেৰে দিন অতিবাহিত কৰিলে, মই কিন্তু মোৰ সতি-সন্ততিক এই দৰিদ্ৰতাৰ মাজেৰে মই দিন অতিবাহিত কৰিবলৈ বাধ্য নকৰাও। দেশ এতিয়া যিধৰণেৰে আগবাঢ়িছে, তাৰ প্ৰতি লক্ষ্য ৰাখি মই এনে এক পৰিৱেশ দেখিবলৈ পাইছো। খুব ক্ষীপ্ৰতাৰে দৰিদ্ৰতা আঁতৰিব। দৰিদ্ৰতাৰ পৰা মুক্তি অৱশ্যাম্ভাৱী। আৰু আমি জীৱিত কালতেই দেশৰ পৰা দৰিদ্ৰতা নিৰ্মূল হোৱা আমি নিজ চকুৰেই দেখিবলৈ পাম। আঁতধৰোতা – ধন্যবাদ মাননীয় প্ৰধানমন্ত্ৰী, দেশৰ এনে পৰিৱৰ্তন দেখি দেশৰ যুৱ প্ৰজন্ম নিশ্চয়কৈ সুখী, যথেষ্ট সুখী তেওঁলোক। উৰিষ্যাৰ উত্কল বিশ্ববিদ্যালয়ৰ পৰা অংকিতাই আপোনাক কিবা ক’বলৈ বিচাৰিছে। প্ৰশ্ন – মাননীয় প্ৰধানমন্ত্ৰী, মই উৰিষ্যাৰ উত্কল বিশ্ববিদ্যালয়ৰ ছাত্ৰী অংকিতা। আমাৰ ইয়াত যথেষ্ট পৰিমাণৰ ঐতিহাসিক ক্ষেত্ৰ আছে আৰু সুন্দৰ সুন্দৰ সমূদ্ৰ তীৰ আছে। বহু সময়ত মোৰ এনে লাগে যেন ইয়াৰ পৰ্যটনক্ষেত্ৰৰ উত্তৰণৰ বাবে মই কিবা এটা কৰো, কিন্তু পিছত একো বুজি নাপাও। শিক্ষাৰ সৈতে পৰ্যটন ব্যৱস্থাক জড়িত কৰি আমি কেনেদৰে উৰিষ্যাৰ উন্নয়ন সাধন কৰিব পাৰো অলপ কওঁক। প্ৰধানমন্ত্ৰী – আপোনাক প্ৰথমেই অভিনন্দন জনাইছো, শিক্ষাৰ এক অনন্য প্ৰভাৱ আপোনাৰ মাজত দেখিবলৈ পাইছো যে আপুনি উৰিষ্যাৰ মাজত লুকাই থকা শকতিৰ বিষয়ে জানে আৰু সেই শকতিক আপুনি কেনেদৰে ব্যৱহাৰ কৰিব সেয়া চিন্তা কৰিছে। এই কথা সত্য যে দেশত পৰ্যটন ক্ষেত্ৰৰ যথেষ্ট সম্ভাৱনীয়তা আছে, কিন্তু আমি পৰ্যটন সম্বন্ধে যথেষ্ট উদাসীন ভু্মিকা পালন কৰো। পৰ্যটনৰ প্ৰথমটো চৰ্ত হৈছে যে আপুনি নিজৰ সম্পদ বা সামগ্ৰীৰবোৰক লৈ গৰ্ব অনুভৱ কৰিব পাৰিব লাগিব। আমাৰ এইটো অভ্যাস যে আমাৰ সকলোবোৰ অযথা, এনে এক মনোভাৱ আমাৰ থাকে। আমাৰ নিজৰেই সামগ্ৰীবোৰ, আমাৰ নিজৰেই সম্পত্তিবোৰক লৈ আমিয়েই যদিহে গৰ্ব অনুভৱ নকৰো তেন্তে সেয়া চাবলৈ বিশ্ববাসী কিয় আহিব….এই দিশটো বিশ্বৰ যিকোনো পৰ্যটন ক্ষেত্ৰতেই প্ৰযোজ্য। এটা সাধাৰণ স্তম্ভ থাকিলেও, সেইটোকে লৈ যিমানবোৰ গৌৰৱ গাঁথা শুনাব যে আপোনাৰ এনে লাগিব, এইটো কিবা এটা বিশেষ স্তম্ভ। আৰু আমি…হমম..কিবা এটা বনাইছে চাগে..কাম নাই এইবোৰ, চব পইচা বৰ্বাদ কৰাৰ ফন্দি। চাওঁক, বিশ্বৰ আটাইতকৈ ক্ষীপ্ৰতাৰে অগ্ৰগতি লাভ কৰা কোনো খণ্ড যদিহে আছে, তেন্তে সেয়া হৈছে পৰ্যটন। এই খণ্ডতেই ত্ৰিলিয়ন ডলাৰৰ ব্যৱসায় সম্ভৱপৰ হৈ উঠিবহ শীঘ্ৰেই। আপোনালোকৰ হয়তো মনত থাকিব যে বহুবছৰ পূৰ্বে আমেৰিকা চৰকাৰৰ নিমন্ত্ৰণসাপেক্ষে মই আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গৈছিলো। তেতিয়া মোক তাত সুধিছিল যে মোৰ কিহত ইচ্ছা। তেতিয়া মই কৈছিলো যে আপোনালোকৰ গ্ৰামাঞ্চলবোৰলৈ গৈ গাওঁবোৰত কি প্ৰক্ৰিয়াৰে খেতি কৰে সেয়া জানিবলৈ ইচ্ছা আছে। ইয়াৰ পিছতে মই কৈছিলো যে একেবাৰে ভিতৰুৱা গাওঁত যদিহে কোনো বিদ্যালয় আছে তেন্তে সেই বিদ্যালয় ব্যৱস্থা চাবলৈ মন আছে। ইয়াৰ পিছতে মই পুনৰ কৈছিলো যে গাওঁৰ ভিতৰুৱা এলেকাৰ স্বাস্থ্যসেৱা ব্যৱস্থা চোৱাৰ মন আছে আৰু চতুৰ্থতে কৈছিলো যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোনো পুৰাতন ঐতিহ্যবাহী সম্পত্তি মোৰ চাবলৈ মন আছে, যাক লৈ আমেৰিকাই গৰ্ব অনুভৱ কৰে। এতিয়া আমাৰ দেশৰ কোনো গলিলৈ যাওঁক, সোধক কিমান পুৰণি, উত্তৰ পাব ২ হাজাৰ বছৰ পুৰণি, তিনিহাজাৰ বছৰ পুৰণি। তেন্তে, চাওঁক কিমান মহান পৰম্পৰা আছে আমাৰ। কিন্তু আমি যিমান উৎসাহেৰে ইয়াৰ প্ৰচাৰ প্ৰসাৰ কৰিব লাগিছিল সেয়া আমি কৰিছোনে, নাই কৰা। পৰ্যটন ক্ষেত্ৰই যথেষ্ট সংস্থাপন দিব পাৰে, আৰু আপুনি এতিয়া চাওঁক যে উৰিষ্যা ইমানেই এই ক্ষেত্ৰত সমৃদ্ধিশালী যে ইয়াৰ পৰ্যটন ক্ষেত্ৰই কি দিব নোৱাৰিব। উৰিষ্যাৰ সমূদ্ৰ তীৰেই হওঁক, স্থাপত্যই হওঁক অথবা ইয়াত থকা অন্যান্য ঐতিহ্যক্ষেত্ৰসমূহেই চাওঁক, সকলোতে আছে নতুনত্ব। আমি পৰ্যটন ক্ষেত্ৰক প্ৰসাৰতা প্ৰদান কৰিব লাগে। আগতে দেশলৈ বছৰি ৭০ হাজাৰ পৰ্যটক আহিছিল আৰু এইবছৰ আমাৰ দেশলৈ আহিছে এক কোটি পৰ্যটক। পূৰ্বে পৰ্যটকৰ পৰাই ১৮ মিলিয়ন ডলাৰ বিদেশী ধন দেশে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল আৰু এতিয়া সেই পৰিমাণ বৃদ্ধি হৈ ২৭ মিলিয়ন ডলাৰ হৈছেগৈ। অৰ্থাত্ প্ৰায় ৫০ শতাংশ বিকাশ হৈছেগৈ। ইয়াৰ অৰ্থ হৈছে ভাৰতৰ প্ৰতি পৰ্যটক আকৰ্ষিত হৈছে। কিন্তু ইয়াতেই স্বচ্ছতাই গুৰুত্বপূৰ্ণ ভু্মিকা পালন কৰিছে। পৰ্যটকেও দেশৰ নাগৰিকৰ স্বভাৱ স্বীকাৰ কৰি গৈছে আৰু আজি মোৰ লগতে এনেদৰে কথা পাতি থকা শিক্ষাৰ্থীসকলেও এনেদৰেই উৰিষ্যাৰ সৈতে জড়িত হৈছে, প্ৰযুক্তিৰে জড়িত হৈছে। মই নিশ্চিতকৈ কওঁ যে উবেৰৰ মাধ্যমেৰেও দেশৰ যুৱকসমাজে বিজনেছ ষ্টাৰ্ট-আপ আৰম্ভ কৰিব পাৰে, বিশেষকৈ পৰ্যটন ক্ষেত্ৰৰ সৈতে সংগতি ৰাখি। পৰিয়ালে হোমছেট দিবলৈ বিচাৰে, তাৰ ওপৰতেই হওঁক, কোনো লোকে যদিহে এনে এক এপ্লিকেশ্যন প্ৰস্তুত কৰিবলৈ বিচাৰে যে যিটোৰ মাধ্যমেৰে এজন লোকে ভাৰতৰ পৰ্যটন ব্যৱস্থাক এফালৰ পৰা চাব পাৰে তেন্তে তেওঁলোকে উবেৰৰ দৰেকৈ ঘৰৰ পৰা বাহিৰলৈ ওলাই গৈ পুনৰ ঘৰলৈ ঘূৰি অহালৈ সমগ্ৰ এক ব্যৱস্থাক গণ্ডীভুক্ত কৰিব পাৰে। আউটষ্টোৰ কৰি ক্ৰাউড ফাণ্ডিংৰ মাধ্যমেৰেও সমগ্ৰ বিশ্বকে সংযোজিত কৰিব পাৰে আৰু মই এইক্ষেত্ৰত নিশ্চিতি দিব পাৰো যে আজি উবেৰৰ দৰেকৈ কোনে দেশৰ যুৱক যুৱতীক হোমছেট প্ৰদান কৰিব পাৰে, ঠিক তেনেদৰেই আজি দেশৰ হোটেলবোৰত যিমান কোঠা আছে তাতকৈও আজি যথেষ্ট নতুন নতুন কোঠা দেখিবলৈ পাব। মই অলপতে বেনাৰসত প্ৰবাসী ভাৰতীয় দিৱস উপলক্ষে উপস্থিত আছিলো, মই কাশীৰ পৰা সাংসদ হৈ আহিছো, তাত উপস্থিত হৈ মই জনতাক সম্বোধন কৰি কৈছিলো আৰু লগতে হতচকিত হৈছিলো যে তাত থকা জনতাই বিদেশৰ পৰা অহা লোকক নিজৰ ঘৰৰ কোঠা দিবলৈ হেতা ওপৰা লগাইছিল। আৰু এনেদৰেই কাশীত হোমছেটৰ এই ব্যৱসায় লাহে লাহে বৃদ্ধি হ’বলৈ ধৰিছে। প্ৰবাসী লোকসকলৰো এইক্ষেত্ৰত অভ্যাস হৈ গৈছে, আৰু আজি সমগ্ৰ বিশ্বতে এয়া এক জনপ্ৰিয় ব্যৱস্থাত পৰিণত হৈছে। আমি যদিহে এনেদৰে উবেৰৰ দৰে এপ্প প্ৰস্তুত কৰি আমা যুৱ সমাজক আগুৱাই লৈ আহো তেন্তে উবেৰতকৈও সোনকালে উবেৰতকৈও অধিক ক্ষীপ্ৰতাৰে অগ্ৰসৰ হ’ব পাৰিম। আৰু এই বিশ্বাস আজি মই আপোনালোকক দিছো। আঁতধৰোতা – ধন্যবাদ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া। আপুনি গুজৰাটৰ সন্তান আৰু এইবাৰ আমি গুজৰাটৰ ফালে অগ্ৰসৰ হ’ম। গুজৰাটৰ এম এন কলেজৰ ছাত্ৰ বিজয় কুমাৰে আপোনাৰ সৈতে কথা পাতিবলৈ বিচাৰিছে। প্ৰশ্ন – মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী, নমস্কাৰ, মই গুজৰাটৰ বিছ নগৰৰ এম এন কলেজৰ ছাত্ৰ বিজয় কুমাৰে কৈছো। মহোদয়, যেতিয়াৰে পৰা বাজেট উত্থাপন হৈছে তেতিয়াৰে পৰা মই কৃষকসকলৰ বাবে আৰম্ভ কৰা বিভিন্ন আঁচনি সন্দৰ্ভত আলোচনা কৰা দেখিবলৈ পাইছো। সঁচাকৈয়ে কোনেও ভবাই নাছিল যে কৃ।কৰ বাবে চৰকাৰে যে ইমান বৃহত্ আঁচনি আৰম্ভ কৰিব আৰু মহোদয়, মই এই কথাও শুনিবলৈ পাইছো যে আপুনি পশ্চিমবঙ্গত কৈছে যে চৰকাৰে অনাগত দহ বছৰত ৭ লাখ ৫০ হাজাৰ কোটি টকা ব্যয় কৰিব। মহোদয় মোৰ প্ৰশ্ন হৈছে যে চৰকাৰে ইমান ধন পাব ক’ত….. ধন্যবাদ। প্ৰধানমন্ত্ৰী – তুমি বিৰোধী পক্ষৰ খবৰ কাকত পঢ়িবলৈ লৈছা, বাৰু যাহওঁক, তুমি মোৰ গাওঁৰেই চুবুৰীয়া ল’ৰা, মোৰ গাওঁ ৱাডনগৰ আৰু তুমি বিছনগৰৰ, অৰ্থাৎ আমাৰ দুয়োৰে গাওঁ ওচৰা ওচৰি, আৰু তুমি মোৰ গাওঁৰ কাষৰ পৰাই কৈ আছা। মই অতিকৈ আনন্দিত যে বিছনগৰৰ পৰা আজি মোদীয়ে নিজৰ গাওঁখনকো সতেজ কৰি আছে। এইটো কথা সত্য যে আপুনি যিটো স্থানত আছে, সেই স্থানত কৃষকসকল যথেষ্ট কষ্টত আছে, তাত পানীৰ খুব নাটনি হৈছে, একপ্ৰকাৰেৰে শুনান ঠাই সেইখিনি, এইবোৰ কথা মই জানো, কাৰণ মই সেই ঠাইতেই জন্মলাভ কৰিছো, আৰু তুমিও সেই ঠাইৰ পৰাই কৈ আছে। যথেষ্ট কষ্টপূৰ্ণ স্থান সেইখিনি। চোৱা, আমাৰ দেশত সংসাধনৰ কোনো অভাৱ নাই। পিছে দুৰ্ভাগ্য ইমানতে যে ভাৰতৰে এগৰাকী প্ৰধানমন্ত্ৰীয়ে কৈছিল যে একোটা কামৰ বাবে যদিহে এটকা আবণ্টন হয় তেন্তে সেই টকাটোৰ ১৫ পইচাহে সঠিক স্থানলৈ গৈ পায়। আৰু এতিয়া ইয়াৰ পৰা হোৱা লাভ হৈছে যে এতিয়া যদি কামটোৰ বাবে এটকা ওলায় তেন্তে তাৰ ১০০ পইচাই কামত ব্যৱহৃত হয়। আটাইতকৈ ডাঙৰ কাৰণেই হৈছে এইটো। ইয়াৰ পিছতে আপুনি প্ৰতিটো টকাৰ, প্ৰতিটো পইচাৰ যেতিয়া সঠিক প্ৰয়োগ কৰে, তেনে ক্ষেত্ৰত কৰদাঁতাসকলেও সততাৰে কৰ পৰিশোধ কৰিবলৈ বিচাৰে। কাৰণ তেওঁলোকে দেখে যে তেওঁলোকৰ ধন সঠিকভাৱেই ব্যৱহাৰ হৈছে। আপুনি কল্পনা কৰকচোন যে মই দেশবাসীক কৈছিলো যে আপোনালোকক যদিহে ৰন্ধন গেছৰ ৰাজসাহায্যৰ প্ৰয়োজন নাই তেন্তে সেয়া এৰি দিয়ক, ইয়াৰ বাবে কোনো আইন প্ৰণয়ন কৰাও নাছিলো, কেৱল অনুৰোধহে কৰিছিলো, আৰু এই অনুৰোধতে মোৰ দেশৰ কোটি কোটি জনতাই এই ৰাজসাহায্য এৰি দিছে, আৰু তাৰ পৰিণতিতেই দেশৰ আন কোটি কোটি দৰিদ্ৰ জনতাই ৰন্ধন গেছ লাভ কৰিবলৈ সক্ষম হৈছে। এতিয়া কাম হৈ গ’ল। আপোনালোক সকলোৱেই জানে যে জ্যেষ্ঠ নাগৰিকসকলে ৰে’লৱে টিকটত ৰেহাই লাভ কৰে, ৰাজসাহায্য লাভ কৰে, মই তেওঁলোককো এবাৰ অনুৰোধ কৰিলো যে আপোনালোকে টিকটৰ বাবে পূৰ কৰা প্ৰ-পত্ৰখনত এবাৰ লিখকচোন যে আপুনি ৰাজসাহায্য নালাগে বুলি ঘোষণা কৰিছে, কাকো এইক্ষেত্ৰত দাবী কৰা নাছিলো, কেতিয়াও দাবী কৰা নাছিলো। কোনো খবৰ কাকততো ছপা কৰাও নাছিলো। পিছে পৰৱৰ্তী সময়ত মই দেখিবলৈ পালো যে দেশৰ এনে ৪২ লাখ যাত্ৰী পালো, যিয়ে ৰাজসাহায্য এৰি দিছে। ৰে’লৱেক সমস্ত ধন দিছে, নিজৰ পইচা এৰি দিছে। ধন এনেদৰেই আহে। এবাৰ সততাৰ এক পৰিৱেশ সৃষ্টি হোৱাৰ পিছত মানুহে ধন দিবলৈ আপোচ নকৰে, টকাৰ বাবে কোনোধৰণৰ বাধাৰ সৃষ্টি হ’ব নালাগে। আজি আমি অনুভৱ কৰিবলৈ লৈছো যে দেশে অতি ক্ষীপ্ৰতাৰে ৫ ত্ৰিলিয়ন অৰ্থনীতিৰ দেশ হ’বলৈ গৈ আছে। আৰু মই আপোনালোকক এখ ৰহস্যময় কথা কওঁ যে আপোনালোকৰ দেশৰ যিগৰাকী মুখ্য সচিব, তেওঁ এসময়ত প্ৰধানমন্ত্ৰী কাৰ্যালয়ত কাম কৰিছিল। প্ৰথমে তেওঁ ড. মনমোহন সিংজীৰ সৈতে কাম কৰিছিল। যেতিয়া মই এই পদটোৰ ভাৰ চম্ভালিবলৈ আহিলো, তেতিয়া ময়ো তেওঁক এৰি দিয়া নাছিলো, তেওঁ এদিনাখন মোক কৈছিল, মহোদয়, আপুনিতো ভাষণ দিবলৈ যাবলৈ ওলাইছে, কেতিয়াবা ক’বচোন যে আমাৰ দেশ ৫ ত্ৰিলিয়ন অৰ্থনীতিৰ দেশ হোৱাৰ পথেৰে অগ্ৰসৰ হৈছে, এই কথা তেওঁ দুবছৰ পূৰ্বেই কৈছিল। আৰু মই আজি দেখিছো ভাৰত শীঘ্ৰেই ৫ ট্ৰিলিয়নৰ দেশত পৰিণত হ’ব, আৰু সেয়া আমাৰ চকুৰ সমূখতে আমাৰ জীৱিত কালতেই হ’ব, আৰু সেইবাবেই ধনৰ কোনো অভাৱ নহ’ব। আৰু আপুনি ঠিকেই কৈছে যে অনাগত দহটা বছৰত এইবাৰৰ বাজেটত কোৱাৰ দৰেকৈ কৃষকৰ পকেটলৈ ৭ লাখ কোটি টকা যাব, যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিব পৰা হ’ব তেওঁলোক আৰু মোৰ অগাধ বিশ্বাস আছে যে এই আঁচনিৰে দেশৰ কৃষক সমাজৰ আত্মবিশ্বাস যথেষ্ট বৃদ্ধি হ’ব। ধন্যবাদ….. আঁতধৰোতা – বহু বহু ধন্যবাদ প্ৰধানমন্ত্ৰী ডাঙৰীয়া, এই মুহুৰ্ত্তত আমাৰ সৈতে বহু শিক্ষাৰ্থী জড়িত হৈ আছে আৰু আপোনাৰ কথা তেওঁলোকে শুনি আছে, সেয়া আপুনি স্ক্ৰীণত দেখিবলৈ পাইছে। বহু বহু ধন্যবাদ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া, সকলো শিক্ষাৰ্থীকে উৎসাহ যোগোৱা বাবে আপোনাক অশেষ ধন্যবাদ। প্ৰধানমন্ত্ৰী ভাষণ – যিসকল যুৱক-যুৱতীৰ সৈতে আজি মই কতা পতাৰ সুযোগ লাভ কৰিলো, আজি নিশ্চয় মোৰ লগতে আপোনালোকৰো জীৱনৰ প্ৰতি যোগাত্মক ধাৰণাৰ সৃষ্টি হৈছে, যিটো মোৰো হৈছে, আৰু এই দিশটো নিসন্দেহে উৎসাহজনক। ই নিশ্চিতভাৱে আমাক সকলোকে উদ্বুদ্ধ কৰিব। সৰ্বপ্ৰথমে মোলৈ প্ৰশ্ন আগবঢ়োৱা আৰু এই অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। কাশ্মীৰত এই মুহুৰ্ত্তত যথেষ্ট ঠাণ্ডা, তৎসত্ত্বেও কাশ্মিৰী যুৱক যুৱতীৰ উৎসাহ উল্লেখনীয়, এয়াই কাশ্মীৰ। মঞ্চত উপৱিষ্ট জম্মু কাশ্মীৰৰ ৰাজ্যপাল শ্ৰীমান সতপাল মালিক জী, মন্ত্ৰীসভাৰ মোৰ সহযোগী ড. জীতেন্দ্ৰ সিং আৰু ইয়াত উপস্থিত মোৰ ভাই-ভনীসকল। বন্ধুসকল, মই আজি শ্ৰীনগৰলৈ আহি শ্বহীদ নাজিৰ আহমেদ বাণীৰ লগতে সেই শতকোটি বীৰলৈ শ্ৰদ্ধা অৰ্পন কৰিছো, যিসকলে দেশৰ শান্তি সৌম্য ৰক্ষাৰ বাবে আত্মবলিদান দিছে। শ্বহীদ নাজিৰলৈ ইতিমধ্যেই তেওঁৰ বীৰত্বৰ বাবে অশোক চক্ৰৰে সন্মানিত কৰাও হৈছে। মই জম্মু কাশ্মীৰৰ লক্ষ লক্ষ লোকক অভিনন্দন জনাইছো। যিসকলে কেবা বছৰৰো পিছত পঞ্চায়ত আৰু নগৰ নিকায়ৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিছে। গণতন্ত্ৰৰ প্ৰতি আপোনালোকৰ নিষ্ঠা এচাম লোকৰ বাবে এক বৃহৎ বাৰ্তা, বিশেষকৈ যিসকলৰ গণতন্ত্ৰৰ ওপৰত আস্থা নাই। কিছুমান লোকে অহৰহ ঋণাত্মক দৃষ্টিভঙ্গী প্ৰেৰণৰ মাজতো বিভিন্ন ধমকি-ভাবুকিক পৰোৱা নকৰি নিজৰ সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ নিৰ্বাচনী প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত হৈছে। আজি সমগ্ৰ দেশে নিৰ্দোষী, নিৰীহ, নিৰস্ত্ৰ কাশ্মিৰী যুৱক যুৱতীৰ হত্যাকাণ্ড দেখি আক্ৰোশৰ দাবাগ্নিত দহিছে, কিয়নো তেওঁলোকে শান্তি বিচাৰে, আজিৰ যুৱ প্ৰজন্মই শান্তি বিচাৰে, যিসকলেই শান্তি বিচাৰিছে তেওঁলোকেই সন্ত্ৰাসবাদৰ চিকাৰ হৈছে। ইয়াত সন্ত্ৰাসবাদৰ এয়াই সত্যতা। এয়াই বাস্তৱ। আজি মই জম্মু-কাশ্মীৰৰ লগতে সমগ্ৰ বিশ্বকে আশ্বস্ত কৰিবলৈ বিচাৰিছো যে এই সন্ত্ৰাসবাদক শক্তিশালী হাতেৰে দমন কৰা হ’ব। প্ৰতিগৰাকী সন্ত্ৰাসবাদীক উচিত শিক্ষা দিয়া হ’ব। ইতিমধ্যেই আমি ছাৰ্জিকেল ষ্ট্ৰাইকেৰে সমগ্ৰ বিশ্বকে জনাই দিছোৱেই যে এতিয়া ভাৰতৰ নীতি আৰু ৰীতি কি হ’ব। আমি জম্মু কাশ্মীৰতো সন্ত্ৰাসবাদক সমুলি নিৰ্মূল কৰাৰ পণ লৈছো। জম্মু-কাশ্মীৰৰ বিকাশ, ইয়াৰ জনসাধাৰণৰ বিকাশ আমাৰ বাবে অগ্ৰাধিকাৰযোগ্য কাম। আৰু এই চিন্তাধাৰা সদায়েই থাকিব, মই পুনৰ এবাৰ আপোনালোক সকলোকে শিক্ষাৰ সৈতে জড়িত আঁচনিসমূহৰ আৰম্ভণিৰ পৰা আন্তঃগাঁথনি পৰিযোজনাসমূহৰ বাবে বহুতো শুভকামনা জনাইছো। আৰু মোৰ এইটো বিশ্বাস আছে যে অটল বিহাৰী বাজপেয়ীয়ে যি সপোন দেখিছিল, তেওঁৰ উত্তৰাধিকাৰী হিচাপে আমাক যি কাম দি থৈ গৈছে, সেই কামৰ পৰা এক বিন্দুও আমি পিছ হুহকি নাযাও। সেই চিন্তাধাৰাক, সেই স্বপ্নক আমি সাকাৰ কৰি দেখুৱাম আৰু তাৰ বাবে লাদাখেই হওঁক, শ্ৰীনগৰেই হওঁক, বা জম্মুৱেই হওঁক, সকলোৰে প্ৰতিগৰাকী নাগৰিককে লগত লৈ সকলোৰে সৈতে সকলোৰে বিকাশ নীতিৰে আমি সেই সুখী কাশ্মীৰ, শান্ত কাশ্মীৰ গঢ়ি তুলিম, সমগ্ৰ দেশৰ লগতে বিশ্ববাসীক আমন্ত্ৰণ জনাই অহা এই জম্মু কাশ্মীৰক চিৰসেউজ, চিৰশান্তিৰ ৰম্যভূমি কৰি তোলাৰ বাবে যিবোৰ কাৰকৰ আৱশ্যক, সেই আটাইবোৰেই ভৰাই তোলাৰ চেষ্টা অব্যাহত ৰাখিম। আমাৰ ইয়াৰ প্ৰতিটো পৰিয়াল, প্ৰতিটো শিশু, প্ৰতিগৰাকী শিশুৰ উজ্জ্বল ভৱিষ্যতে এখন সুন্দৰ আৰু শক্তিশালী ভাৰত গঢ়ি তুলিব। সেই সম্বন্ধবোৰকেই অটুত ৰাখি আমি এই উদ্দেশ্য সুদৃঢ় কৰি আগুৱাই নিব লাগিব আৰু সেই প্ৰয়াসেৰেই আপোনালোক সকলোকে বহুতো শুভকামনা জনাইছো। ধন্যবাদ। | ৩ ফেব্ৰুৱাৰীত শ্ৰীনগৰত সমগ্ৰ ভাৰতৰ শিক্ষাৰ্থীৰ সৈতে বাৰ্তালাপ কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ লিখিত ৰূপ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%93%E0%A6%A1%E0%A6%BC%E0%A6%BF%E0%A6%B6%E0%A6%BE%E0%A7%B0-%E0%A6%9A%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A6%BF%E0%A6%96%E0%A7%8B%E0%A6%B2-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%95%E0%A7%B0/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%93%E0%A6%A1%E0%A6%BC%E0%A6%BF%E0%A6%B6%E0%A6%BE%E0%A7%B0-%E0%A6%9A%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A6%BF%E0%A6%96%E0%A7%8B%E0%A6%B2-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%95%E0%A7%B0/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত দেশৰ দুটা স্থান, ক্ৰমে ওড়িশাৰ চান্দিখোল আৰু কৰ্ণাটকৰ পাডুৰত এপিএমৰ নামত উচৰ্গিত অতিৰিক্ত ৬.৫ মিলিয়ন মেট্ৰিকটন বহনক্ষম কৌশলগত পেট্ৰোলিয়াম ভাণ্ডাৰ(এছপিআৰ) স্থাপনত অনুমোদন জনায়। ভূ-গৰ্ভত শিলেৰে গুহাৰ দৰে নিৰ্মাণ কৰিবলগীয়া এছপিআৰ সুবিধাযুক্ত চান্দিখোল আৰু পাডুৰৰ ভাণ্ডাৰ দুটাৰ বহনক্ষমতা ক্ৰমে ৪ আৰু ২.৫ মিলিয়ন মেট্ৰিকটন। ২০১৭-১৮ৰ বাজেটতে চৰকাৰে দুটা অতিৰিক্ত এপিআৰ স্থাপনৰ সন্দৰ্ভত ঘোষণা কৰিছিল। ভাৰত চৰকাৰে বাজেটীয় খৰচ হ্ৰাস কৰাৰ অৰ্থে এই প্ৰকল্প পিপিপি আৰ্হিত নিৰ্মাণ সম্পূৰ্ণ কৰিব। ইয়াৰ অংশীদাৰৰ সন্দৰ্ভত পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে বিত্ত মন্ত্ৰালয়ৰ সৈতে প্ৰয়োজনীয় বজাৰ, সাম্ভাব্য বিনিয়োগকাৰীসহ এক ৰোড শ্ব’ উলিওৱাৰ পাছত নিৰ্দিষ্ট চৰ্তাৱলী নিৰ্ধাৰণ কৰিব। আএছপিআৰএলে ইতিমধ্যে ৫.৩৩ মিলিয়ন মেট্ৰিকটন বহনক্ষম তিনিটা ভাণ্ডাৰ নিৰ্মাণ কৰিছে। সেইবোৰ হ’ল বিশাখাপট্টনম(১.৩৩ মিলিয়ন মেট্ৰিকটন), মাংগালুৰু(১.৫মিলিয়ন মেট্ৰিকটন) আৰু পাডুৰ(২.৫মিলিয়ন মেট্ৰিকটন)। ২০১৬-১৭ বিত্তীয় বৰ্ষৰ উপভোগ তথ্য অনুসৰি এই তিনিটা ভাণ্ডাৰে ভাৰতত প্ৰয়োজনীয় পেট্ৰ’লৰ ১০ দিনৰ চাহিদা পুৰণ কৰে। অতিৰিক্ত ৬.৫ মিলিয়ন মেট্ৰিকটন বহনক্ষমতা সম্পন্ন এছপিআৰৰ দ্বাৰা দেশত অতিৰিক্ত ১২ দিনৰ প্ৰয়োজনীয় পেট্ৰ’ল মজুত কৰি ৰাখিব পাৰিব আৰু ই ভাৰত ইন্ধন সুৰক্ষা ব্যৱস্থা কৰিব বুলি আশা কৰা হৈছে। চান্দিখোল আৰু পাডুৰত মজুত ভাণ্ডাৰ নির্মাণ প্রকল্পই প্রত্যক্ষ আৰু পৰোক্ষভাবে বিশেষ কর্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব আৰু ইয়াৰ ফলত ওড়িশা আৰু কর্ণাটকৰ সংশ্লিষ্ট অঞ্চলৰ বাসিন্দা উপকৃত হ’ব। | ওড়িশাৰ চান্দিখোল আৰু কৰ্ণাটকৰ পাডুৰত অতিৰিক্ত ৬.৫ মিলিয়ন মেট্ৰিকটন বহনক্ষম কৌশলগত পেট্ৰোলিয়াম ভাণ্ডাৰ স্থাপনত কেবিনেটৰ অনুমোদন |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%87-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%8F%E0%A6%95%E0%A7%8D%E0%A6%B8%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A7%87%E0%A6%9B%E0%A7%B0-%E0%A6%AF%E0%A6%BE/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%87-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%8F%E0%A6%95%E0%A7%8D%E0%A6%B8%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A7%87%E0%A6%9B%E0%A7%B0-%E0%A6%AF%E0%A6%BE/ | সৰ্বপ্ৰথমে মই পুলৱামাত সন্ত্রাসবাদী আক্রমণত শ্বহীদ হোৱা জোৱান সকললৈ শ্রদ্ধাঞ্জলি জনাইছো। তেওঁলোকে দেশৰ সেৱা কৰিবলৈ গৈ নিজৰ প্ৰাণ উছৰ্গা কৰিছে। এই দুখজনক সময়ত তেওঁলোকৰ শোকসন্তপ্ত পৰিয়াললৈও মোৰ লগতে সমগ্ৰ ভাৰতবাসীৰ হৈ সমবেদনা জনাইছো। এই আক্রমণৰ ফলত জনতাৰ যি আক্রোশ, ক্ষোভ, খং, সেয়া আমি খুব ভালকৈয়েই অনুভৱ কৰিছো। এই সময়ত দেশে যি প্রত্যাশা কৰে, কিবা এটা কৰি দেখুৱাবলৈ বিচাৰে, এনে পৰিস্থিতিত সেয়াই স্বাভাৱিক। আমি আমাৰ দেশৰ প্রতিৰক্ষা বাহিনীসমূহক এইক্ষেত্রত সম্পূর্ণ স্বাধীনতা দিছো। আমাৰ সৈনিকসকলৰ শৌর্য আৰু তেওঁলোকৰ বীৰত্বৰ ওপৰত চৰকাৰৰ সম্পূর্ণ আস্থা আছে। মই বিশ্বাস কৰো যে দেশভক্ত লোকসকলে যেতিয়াই যি খবৰেই পায়, তেওঁলোকে যেন আমাৰ বিভিন্ন সংস্থাক অৱগত কৰে, যাতে সন্ত্রাসবাদৰ বিৰুদ্ধে আমাৰ এই যুদ্ধ আৰু অধিক তীব্ৰতৰ কৰি তুলিব পাৰো। মই সন্ত্রাসবাদী সংগঠনবোৰ আৰু তাৰ নেতাসকলক ক’বলৈ বিচাৰো যে তোমালোকে এইটো এটা ডাঙৰ ভুল কৰিলা। ইয়াৰ বাবে তোমালোকে উচিত মূল্য ভৰিব লাগিব। মই সমগ্ৰ দেশকে আশ্বস্ত কৰিবলৈ বিচাৰিছো যে এই আক্রমণৰ আঁৰত যি শক্তিয়েই নাথাকক কিয়, সেই শক্তিক অৱশ্যেই শাস্তি বিহা হ’ব। যিসকলে আমাক সমালোচনা কৰিছে, আমি তেওঁলোকৰ চিন্তাধাৰাকো, তেওঁলোকৰ ভাৱনাকো সন্মান কৰো। তেওঁলোকৰ মনৰ অৱস্থা বুজি পাইছো। আৰু সেইবাবেই কওঁ যে তেওঁলোকে সমালোচনা কৰাৰ পূর্ণ অধিকাৰ আছে। কিন্তু মোৰ সকলো বন্ধুকে অনুৰোধ জনাইছো যে এই সময় অত্যন্ত স্পৰ্শকাতৰ। আপুনি চৰকাৰৰ পক্ষতে থাকক অথবা বিপক্ষেই থাকক, দেশর আটাইবোৰ ৰাজনৈতিক দলসমূহকে এই মুহুৰ্ত্তত পৰস্পৰৰ প্রতি দোষাৰোপ কৰি থকাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনাইছো। আমি যদি সংঘবদ্ধভাৱে এই আক্রমণৰ মোকাবিলা কৰো, তেন্তে সমগ্ৰ বিশ্বতে এই বাৰ্তা প্ৰসাৰিত হ’ব যে ভাৰতবাসী এই আক্রমণৰ বিৰুদ্ধে ঐক্যবদ্ধ। কাৰণ, আমি যি কোনো যুদ্ধই জিকিবৰ বাবেই যুঁজো। সমগ্ৰ বিশ্বতে ইতিমধ্যেই এলাগী হৈ পৰা আমাৰ এই প্ৰতিবেশী দেশখনে যদি ভাবিছে যে তেওঁলোকে যি কুকৰ্ম কৰিছে, যিদৰে তেওঁলোকে ষড়যন্ত্ৰ ৰচিছে, ইয়াৰ ফলত ভাৰতত অস্থিৰতাৰ সৃষ্টি কৰিব পাৰিম বুলি যদিহে ভাবিছে তেন্তে তেওঁলোকৰ সেই স্বপ্ন কেতিয়াও নফলিয়াব, তেনে স্বপ্ন চিৰদিনৰ বাবে পৰিহাৰ কৰা উচিত। সেয়া তেওঁলোকে কেতিয়াও কৰিব নোৱাৰিব। আমাৰ প্রতিবেশী দেশখনে সম্প্ৰতি ভীষণ আর্থিক মন্দাৱস্থাৰ মাজেৰে দিন কটাইছে। সেইবাবেই তেওঁলোকে ভাৰতত এই ধৰণৰ অস্থিৰতাৰ সৃষ্টি কৰি পাক জনতাৰ লক্ষ্য এইফালে ঘূৰাবলৈ বিচাৰিছে। কিন্তু তেওঁলোকৰ এই উদ্দেশ্য পূৰণ নহ’ব। সময়ে এয়া প্রমাণ কৰি দিছে যে তেওঁলোকে যিভাবেই চেষ্টা নকৰক কিয়, ভাৰতে নিজা পদ্ধতিৰে উন্নয়নৰ পথেৰে আগুৱাই যাব। ১৩০ কোটি ভাৰতীয়ই এনেধৰণৰ প্রতিটো ষড়যন্ত্র আৰু আক্রমণৰ যথাযোগ্য জবাব দিব। বিশ্বৰ বহু শক্তিশালী দেশে কঠোৰ ভাষাৰে এই সন্ত্রাসবাদী আক্রমণক গৰিহণা দিছে, নিন্দা কৰিছে আৰু এনে সংকটকালত ভাৰতৰ সৈতে থকাৰ কথা ঘোষণা কৰিছে। মই সেই সমস্ত দেশকে কৃতজ্ঞতা জনাইছো আৰু সকলোকে আহ্বান জনাইছো যে আহক, সন্ত্রাসবাদৰ বিৰুদ্ধে মানৱতাবাদী সমস্ত শক্তিকে একত্রিত কৰি অশুভ শক্তিক পৰাস্ত কৰো। সন্ত্রাসবাদৰ বিৰুদ্ধে যেতিয়া সমগ্ৰ দেশ একমত হৈছে, এক স্বৰ আৰু এক লক্ষ্যৰে আগুৱাই যোৱাৰ সিদ্ধান্ত লৈছে, এনে সময়ত সন্ত্রাসবাদ বেছিসময় টিকিব নোৱাৰিব। সেয়া ধুৰূপ। বন্ধুসকল, পুলৱামাত হোৱা আক্রমণৰ সময়ত আমাৰ সকলোৰে মন ভাৰাক্রান্ত হৈ পৰিছে। এই আক্রোশ ভৰা মনেৰেই দেশবাসীয়ে এই আক্রমণৰ মোকাবিলাৰ ক্ষেত্ৰত ঐক্যবদ্ধ হৈ থাকিব। আমাৰ বীৰ শ্বহীদসকলৰ আত্মবলিদানক আমি বৃথা যাবলৈ নিদিও। যিয়েই দেশৰ বাবে শ্বহীদ হৈছে, তেওঁলোকৰ জীৱনৰ দুটাই মাথো লক্ষ্য আছিল – প্রথমটো হ’ল দেশৰ সুৰক্ষা, আৰু দ্বিতীয়টো হ’ল দেশৰ সমৃদ্ধি। এই বীৰ শ্বহীদসকলৰ আত্মাক প্রণাম জনাইছো, তেওঁলোকৰ আশীর্বাদ শিৰত লৈয়েই মই পুনৰ এবাৰ আপোনালোকক আশ্বস্ত কৰিছো, যি স্বপ্ন লৈ তেওঁলোকে আত্মাহুতি দিছে, সেই স্বপ্নক বাস্তৱায়িত কৰাৰ বাবে আমি জীৱনৰ প্রতিটো মুহুর্ত সমর্পণ কৰিম। সমৃদ্ধিৰ পথৰে আমি আৰু দ্রুতগতিৰে আগুৱাই যাম। সেই লক্ষ্য লৈয়েই আজি আমি এই বন্দে ভাৰত এক্সপ্রেছৰ ধাৰণা আৰু নক্সা বাস্তৱায়িত কৰাৰ বাবে প্রতিগৰাকী অভিযন্তা তথা কাৰিকৰী বিশেষজ্ঞক কৃতজ্ঞতা জনাইছো। চেন্নাইৰ কাৰখানাত নির্মিত এই ৰে’লখনে দিল্লীৰ পৰা কাশীপর্যন্ত প্রথমবাৰ যাত্রা কৰিব। এয়াই ‘এক ভাৰত, শ্রেষ্ঠ ভাৰত’-ৰ শক্তি, বন্দে ভাৰত এক্সপ্রেছৰ শক্তি। বন্ধুসকল, বিগত চাৰে চাৰি বছৰত আমি ভাৰতীয় ৰে’লক অত্যন্ত সততা আৰু পৰিশ্রমেৰে পৰিৱর্তিত কৰাৰ চেষ্টা চলাই গৈছো। আমাৰ এই চেষ্টাৰ এক ছবি হৈছে এই বন্দে ভাৰত এক্সপ্রেছ। বিগত বছৰকেইটাত ৰে’লে ‘মেক ইন ইণ্ডিয়া’ৰ মাধ্যমেৰে নির্মাণ ক্ষেত্রত যথেষ্ট উন্নতি কৰিছে। দেশতক ৰে’ল কোচ কাৰখানাবোৰৰ আধুনিকীকৰণ আৰু ডিজেল ইঞ্জিনবোৰক ইলেক্ট্রিক ইঞ্জিনলৈ পৰিৱৰ্তিতকৰণৰ বাবে নতুন নতুন কাৰখানা আৰম্ভ কৰা হৈছে। আপোনালোকৰ হয়তো মনত আছে যে আৰম্ভণিতে যেতিয়া ৰেলৰ টিকট সংৰক্ষণ ব্যৱস্থা অনলাইনযোগে কৰা হৈছিল, তেতিয়া কি অৱস্থা হৈছিল। এক মিনিটত ২ হাজাৰকৈও অধিক টিকট বুক কৰিব পৰা হোৱা নাছিল। কিন্তু আজি মই অত্যন্ত আনন্দিত যে ৰে’লৰ ৱেবছাইটৰ ব্যৱহাৰকাৰী যথেষ্ট বৃদ্ধি পাইছে আৰু ১ মিনিটত ২০ হাজাৰতকৈও অধিক টিকট বুক কৰা হৈছে। পূৰ্বৰ পৰিস্থিতি এনে আছিল যে, কোনো ৰে’ল প্রকল্প মঞ্জুৰ হওঁতে হওঁতে অতি কমেও দুবছৰ সময়ৰ প্ৰয়োজন হৈছিল। এতিয়া দেশত এটা ৰে’ল প্রকল্প মঞ্জুৰ হওতে ৩-৪ মাহ কিম্বা অতি বেছি হ’লেও ছমাহত হৈ যায়। সেইবাবেই, ৰে’লৰ আটাইবোৰ কামেই ত্বৰান্বিত হৈছে। সমগ্ৰ দেশতে ব্রডগজ লাইনত প্রহৰীবিহীন লেভেল ক্রছিংবোৰ সম্পূৰ্ণৰূপে আঁতৰ কৰা হৈছে। ২০১৪ চনত আমি যেতিয়া দেশৰ দায়িত্বভাৰ কান্ধ পাতি লৈছিলো তেতিয়া সমগ্ৰ দেশতে ৮,৩০০-তকৈও অধিক প্রহৰীবিহীন লেভেল ক্রছিং আছিল। সেইবাবে নিয়মিত দুর্ঘটনা সংঘটিত হৈছিল। এতিয়া ব্রডগজ লাইনত প্রহৰীবিহীন লেভেল ক্রছিংবোৰ সম্পূৰ্ণৰূপে আঁতৰাই দিয়াৰ ফলত দুর্ঘটনাৰ হাৰ যথেষ্ট হ্ৰাস পাইছে। দেশত ৰে’লআলি স্থাপনৰ কাম আৰু বৈদ্যুতিকৰণৰ কামৰ গতি দ্বিগুণ হৈছে। সর্বাধিক ব্যস্ত ৰেলপথবোৰক অগ্রাধিকাৰ দি সেইবোৰৰ পৰা ঐতিহ্যবাহী ৰে’লবোৰক উঠাই আনি নতুন পথেৰে পৰিচালিত কৰা হৈছে। বিদ্যুৎচালিত ৰে’ল বৃদ্ধিৰ ফলত বায়ু প্ৰদূষণ হ্রাস পাইছে আৰু ডিজেলৰ খৰচো ৰাহি হৈছে। ৰে’লৰ গতিও বৃদ্ধি পাইছে। ৰে’লক আধুনিক কৰি তোলাৰ এই প্রচেষ্টাৰে বহু পৰিমাণে নতুন কর্মসংস্থানো বৃদ্ধি পাইছে। মোক কোৱা হৈছে যে, ২০১৪ চনৰ পৰা এই পর্যন্ত ৰে’লত নতুনকৈ ডেড় লাখ কর্মচাৰী নিয়োগ কৰা হৈছে। এতিয়া যি নিয়োগ প্রক্রিয়া চলি আছে, সেয়া সম্পূর্ণ হ’লে এই সংখ্যা ২ লাখ হ’বগৈ। বন্ধু সকল, মই এই দাবী কেতিয়াও কৰা নাই যে আমি ইমান কম সময়ৰ ভিতৰতে ভাৰতীয় ৰে’লৰ সকলো দিশ সলনি কৰি পেলাইছো। এতিয়াও বহু কাম কৰিবলৈ বাকী আছে। এই কথা অৱশ্যেই ক’ব পাৰি যে ভাৰতীয় ৰে’লক বিশ্বৰ আধুনিকতম ৰেল সেৱাসমূহৰ সমকক্ষ কৰি তোলাৰ লক্ষ্যৰে আমি কাম কৰি গৈছো আৰু আপোনালোকক আশ্বস্ত কৰিব পাৰো যে এই উন্নয়নৰ যাত্রা আৰু গতি সম্পন্ন হ’ব, আৰু অধিক শক্তিশালী হ’ব। জল, স্থল আৰুপ আকাশী পথেৰে ভাৰতৰ পূৱ, পশ্চিম, উত্তৰ, দক্ষিণ – চাৰিওফালে ‘চবকা সাথ, চবকা বিকাশ’ মন্ত্রেৰে আমি উন্নয়নৰ পথেৰে আগুৱাই যাম। এই উন্নয়নৰ মাধ্যমেৰেই আমি দেশৰ বাবে আত্মবলিদান দিয়া শ্বহীদসকললৈ শ্রদ্ধাঞ্জলি জনাম। নিৰাপত্তা ক্ষেত্রত ষড়যন্ত্রকাৰীসকলক, অপৰাধীসকলক কঠোৰতম শাস্তি দিয়া হ’ব। আত্মবলিদান দিয়া প্রতিগৰাকী শ্বহীদৰ প্রতিটো ৰক্তবিন্দুৰ মূল্য সিহঁতে পৰিশোধ কৰিব লাগিব। এই বিশ্বাস লৈয়েই মই মোৰ বক্তব্য সামৰণি মাৰিছো। এই শ্বহীদসকলৰ স্মৃতিত মোৰ সৈতে কওঁক – বন্দে মাতৰম – বন্দে মাতৰম বন্দে মাতৰম – বন্দে মাতৰম বন্দে মাতৰম – বন্দে মাতৰম | বন্দে ভাৰত এক্সপ্রেছৰ যাত্রাৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A6%BF%E0%A6%B7%E0%A7%8D/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A6%BF%E0%A6%B7%E0%A7%8D/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিষ্ঠা দিৱসত ৰাষ্ট্ৰীয় দূৰ্যোগ প্ৰশমন বিভাগ(এনডিআৰএফ)ৰ দলক অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে এলানি টুইটত কয়ঃ "প্ৰতিষ্ঠা দিৱসত ৰাষ্ট্ৰীয় দূৰ্যোগ প্ৰশমন বিভাগ(এনডিআৰএফ)ৰকঠোৰপৰিশ্ৰমী দলক মই অভিনন্দন জনাইছো। তেওঁলোকে অত্যন্ত প্ৰত্যাহ্বানজনক পৰিস্থিতিতো বহুতো উদ্ধাৰ আৰু সাহায্য অভিযানক সন্মুখৰ পৰা নেতৃত্ব দি আহিছে। এনডিআৰএফৰ সাহস আৰু পেছাদাৰীত্ব যথেষ্ট প্ৰেৰণাদায়ী। তেওঁলোকৰ ভৱিষ্যতৰ সকলো কাৰ্যপন্থাৰ বাবে মই শুভকামনা জনাইছো। দূৰ্যোগ ব্যৱস্থাপনা হ’ল চৰকাৰ আৰু নীতি নিৰ্ধাৰকৰ বাবে এক গুৰুত্বপূৰ্ণ বিষয়। ভাৰতে ‘দূৰ্যোগ প্ৰশমন আন্তঃগাথনিৰ বাবে মৈত্ৰী’ নামেৰে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ‘এনডিআৰএফৰ দক্ষতা অধিক বৃদ্ধি কৰিবলৈ আমি প্ৰচেষ্টা অব্যাহত ৰাখিছো, যাতে যিকোনো বিপজ্জনক সময়ত আমি অধিকসংখ্যক লোকৰ জীৱন ৰক্ষা কৰিব পাৰো।’ | প্ৰধানমন্ত্ৰীয়ে প্ৰতিষ্ঠা দিৱসত এনডিআৰএফ দলক অভিনন্দন জ্ঞাপন কৰ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A7%E0%A7%AF%E0%A7%AD%E0%A7%A7-%E0%A6%9A%E0%A6%A8%E0%A7%B0-%E0%A6%AF%E0%A7%81%E0%A6%A6%E0%A7%8D%E0%A6%A7-%E0%A6%9C%E0%A6%AF%E0%A6%BC%E0%A7%B0-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A7%E0%A7%AF%E0%A7%AD%E0%A7%A7-%E0%A6%9A%E0%A6%A8%E0%A7%B0-%E0%A6%AF%E0%A7%81%E0%A6%A6%E0%A7%8D%E0%A6%A7-%E0%A6%9C%E0%A6%AF%E0%A6%BC%E0%A7%B0-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিজয় দিৱস উপলক্ষে ১৯৭১ চনৰ যুদ্ধত এক ব্যতিক্ৰমী জয় নিশ্চিত কৰা ভাৰতৰ সকলো সাহসী সেনা জোৱানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছে। এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়, “বিজয় দিৱসত মই ১৯৭১ চনৰ যুদ্ধত এক ব্যতিক্ৰমী জয় নিশ্চিত কৰা ভাৰতৰ সকলো সাহসী সেনা জোৱানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছো৷ দেশক সুৰক্ষিত আৰু নিৰাপদে ৰখাৰ ক্ষেত্ৰত সেনা বাহিনীৰ ভূমিকাৰ বাবে আমাৰ দেশ সদায় ঋণী হৈ থাকিব৷” | ১৯৭১ চনৰ যুদ্ধ জয়ৰ উপলক্ষে বিজয় দিৱসত সেনা বাহিনীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জল |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%85%E0%A6%A8%E0%A7%8D%E0%A6%A7%E0%A7%8D%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%AD%E0%A7%80%E0%A6%AE%E0%A6%BE%E0%A7%B1%E0%A7%B0%E0%A6%AE%E0%A6%A4/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%85%E0%A6%A8%E0%A7%8D%E0%A6%A7%E0%A7%8D%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%AD%E0%A7%80%E0%A6%AE%E0%A6%BE%E0%A7%B1%E0%A7%B0%E0%A6%AE%E0%A6%A4/ | অন্ধ্ৰ প্ৰদেশৰ ভীমাৱৰমত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কিংবদন্তি স্বাধীনতা সংগ্ৰামী আল্লুৰী সীতাৰামা ৰাজুৰ ১২৫ সংখ্যক জন্ম জয়ন্তী উপলক্ষে আয়োজিত বছৰ জোৰা কাৰ্যক্ৰমৰ শুভাৰম্ভ ঘোষণা কৰে। অনুষ্ঠানত অন্ধ্ৰ্ প্ৰদেশৰ ৰাজ্যপাল শ্ৰী বিশ্বভূষণ হৰিশ্চন্দ্ৰন, মুখ্যমন্ত্ৰী শ্ৰী ওৱাই এছ জগনমোহন ৰেড্ডী, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জি কিষণ ৰেড্ডীও উপস্থিত থাকে। এই উপলক্ষে সমবেত হোৱা ৰাইজক সম্বোধি প্ৰধানমন্ত্ৰীয়ে কয় যে এক সমৃদ্ধ উত্তৰাধিকাৰীত্ব বহণ কৰা পূণ্যভূমি অন্ধ্ৰ প্ৰদেশক প্ৰণিপাত জনোৱাৰ বাবে পোৱা এই সুযোগৰ বাবে তেওঁ নিজকে ধন্য মানিছে। তেওঁ ‘স্বাধীনতাৰ অমৃত মহোত্সৱ’, আল্লুৰী সীতাৰামা ৰাজুৰ ১২৫ সংখ্যক জন্ম জয়ন্তী আৰু ‘ৰাম্পা ক্ৰান্তি’ৰ দৰে ঘটনাৰ কাকতালীয় সংযোগৰ কথা বিশেষ ভাবে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে ‘মান্যম বীৰুডু’ মহান আল্লুৰী সীতাৰামা ৰাজুৰ স্মৃতি সুঁৱৰি প্ৰণিপাত কৰাৰ লগতে দেশৰ হৈ তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ মহান স্বাধীনতা সংগ্ৰামীজনৰ পৰিয়ালবৰ্গৰে মিলিত হ’বলৈ পাই আনন্দিত হোৱাৰ কথাও উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে আদিবাসী পৰম্পৰা আৰু অন্ধ্ৰ প্ৰদেশৰ পৰম্পৰাৰে উজ্জীৱিত হোৱা স্বাধীনতা সংগ্ৰামীগৰাকীৰ প্ৰতিও শ্ৰদ্ধা নিবেদন কৰে। ভাষণ প্ৰসংগত তথ্য দাঙি ধৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আল্লুৰী সীতাৰামা ৰাজু গাৰুৰ ১২৫ সংখ্যক জন্ম জয়ন্তী আৰু ‘ৰাম্পা ক্ৰান্তি’ৰ ১০০ বৰ্ষপূৰ্তিৰ কাৰ্যক্ৰম গোটেই বছৰটো জুৰি উদযাপন কৰা হ’ব। তেওঁৰ জন্মস্থান পানড্ৰাংগীৰ পুনৰুদ্ধাৰ, চিন্তাপল্লী আৰক্ষী থানাৰ পুনৰ্নিৰ্মাণ, মোগাল্লুত ‘আল্লুৰী ধ্যান মন্দিৰ’ৰ নিৰ্মাণৰ দৰে কাৰ্যাৱলীক প্ৰধানমন্ত্ৰীয়ে ‘অমৃত মহোত্সৱ’ৰ প্ৰতীক বুলিয়ে অভিহিত কৰে। আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ বাবে দেশে গ্ৰহণ কৰা প্ৰতিজ্ঞাকে আজিৰ অনুষ্ঠানটোৱে প্ৰতিবিম্বিত কৰিছে বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰসংগক্ৰমে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, “স্বাধীনতা সংগ্ৰাম কেৱল কেইটামান বছৰৰ, কেতবোৰ অঞ্চলৰ অথবা কিছু সংখ্যক মানুহৰ মাজত সীমাবদ্ধ ইতিহাস নহয়”। “এই ইতিহাস হৈছে ভাৰতৰ প্ৰতিটো কোণতে সম্পন্ন হোৱা ত্যাগ, দৃঢ়তা আৰু আত্ম-ত্যাগৰ ইতিহাস! আমাৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাস হৈছে আমাৰ বৈচিত্ৰ্যতা, সংস্কৃতি আৰু ৰাষ্ট্ৰ হিচাপে আমাৰ একতাৰ প্ৰতীক” বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। আল্লুৰী সীতাৰামা ৰাজু হৈছে “ভাৰতীয় সংস্কৃতি, জনজাতীয় পৰিচয়, বীৰত্ব, আদৰ্শ আৰু মূল্যবোধৰ প্ৰতীক” বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সীতাৰামা ৰাজু গাৰুৰ জন্মৰ পৰা তেওঁৰ ত্যাগ, তেওঁৰ জীৱন-যাত্ৰা আমাৰ সকলোৰে বাবে প্ৰেৰণাৰ স্ৰোত স্বৰূপ। তেওঁ জনজাতীয় সমাজৰ অধিকাৰ সাব্যস্তকৰণ, তেওঁলোকৰ সুখ-দুখ আৰু দেশৰ স্বাধীনতাৰ বাবে জীৱন উচৰ্গা কৰিছিল। “আল্লুৰী সীতাৰামা ৰাজুয়ে দেশক একতাৰ এনাজৰীৰে বান্ধি ৰখা ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ মন্ত্ৰক প্ৰতিনিদ্ধিত্ব প্ৰদান কৰে” বুলিও প্ৰধনমন্ত্ৰীয়ে মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতীয় আধ্যাত্মিকতাবাদে আল্লুৰী সীতাৰামা ৰাজুক আৰু সহানুভূতি, জনজাতীয় সমাজৰ পৰিচিতি আৰু সমতা, জ্ঞান আৰু সাহসৰ অনুভূতি প্ৰদান কৰিছিল। আল্লুৰী সীতাৰামা ৰাজু আৰু ‘ৰাম্পা ক্ৰান্তি’ত প্ৰাণাহুতি দিয়া সকলৰ যৌৱনকালৰ কথা সুঁৱৰি প্ৰধানমন্ত্ৰীয়ে সেইসকল যোদ্ধাৰ ত্যাগ আনকি আজিও সমগ্ৰ দেশৰ বাবেই শক্তি আৰু অনুপ্ৰেৰণাৰ উত্স হৈ আছে বুলি অভিমত ব্যক্ত কৰে। “স্বাধীনতা সংগ্ৰামক নেতৃত্ব দিছিল এইখন দেশৰ যুৱ-প্ৰজন্মই। দেশৰ উন্নয়ণ সাধান কৰাৰ বাবে আজিৰ প্ৰজন্মৰ যুৱসকল আগবাঢ়ি অহাৰ বাবে আজি উত্তম সুযোগ লাভ কৰিছে” বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয়, “আজি, নতুন ভাৰতত নতুন সুযোগ, পথ, চিন্তা প্ৰক্ৰিয়া আৰু সম্ভাৱনীয়তা বিদ্যমান, আমাৰ যুৱ-প্ৰজন্মই এইসমূহ সম্ভাৱনাক বাস্তৱায়িত কৰাৰ গুৰু দায়িত্ব গ্ৰহণ কৰিছে”। “অন্ধ্ৰ প্ৰদেশ হৈছে বীৰ আৰু দেশপ্ৰেমিকৰ জন্মভূমি। এই ডোখৰ ভূমি য’ত স্বাধনীতা বীৰ পিংগলী ভেংকায়াই দেশৰ পতাকাখন প্ৰস্তুত কৰিছিল। এইডোখৰ ভূমি য’ত কানেগণ্টি হণুমন্তু, কান্দুকুৰি বীৰেছালীংগম পণ্টুলু আৰু পট্টি শ্ৰীৰামালু আদিৰ দৰে বীৰে জন্ম গ্ৰহণ কৰিছিল। ‘অমৃত কাল’ত এইসকল স্বাধীনতা সংগ্ৰামীৰ সপোন বাস্তৱায়িত কৰাটো আমাৰ সকলোৰে দায়িত্ব হোৱা উচিত বুলি উল্লেখ কৰি দেশবাসীৰ প্ৰতি আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে কয়, “আমাৰ নতুন ভাৰত হ’ব লাগিব আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ সপোনৰ ভাৰতখন। এখন ভাৰত- য’ত থাকিব দুখীয়া-নিচলা, খেতিয়ক, শ্ৰমিক, পিচপৰা, জনজাতীয় সকলোৰে বাবে সম সুযোগ। বিগত ৮টা বছৰত চৰকাৰে দেশৰ জনজাতীয়সকলৰ বিকাশৰ বাবে অহৰ্নিশে কাম কৰি আহিছে” বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰীয়ে কয়, ব্ৰিটিছৰে যুঁজাৰ সময়ত ‘মান্যম বীৰুডু’ আল্লাৰী সীতাৰামা ৰাজুয়ে ধ্বনি দিছিল ‘শক্তি আছে যদি মোক ৰখাইতো চা’। আজিও দেশে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে। সেই একেই সাহসৰেই আজিও ১৩০ কোটি দেশবাসীয়ে, একতা আৰু সামৰ্থ্যৰে প্ৰতিটো প্ৰত্যাহ্বানকে হুংকাৰ দিয়ে ‘শক্তি আছে যদি আমাক ৰখাই চা’, প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। | অন্ধ্ৰ প্ৰদেশৰ ভীমাৱৰমত কিংবদন্তি স্বাধীনতা সেনানী আল্লুৰী সীতাৰামা ৰাজুৰ ১২৫ সংখ্যক জন্ম জয়ন্তী উপলক্ষে আয়োজিত বছৰজোৰা কাৰ্যক্ৰমৰ শুভাৰম্ভ ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীয়ে |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A6%BE%E0%A6%A8%E0%A6%B8%E0%A7%80%E0%A7%B0-%E0%A6%A4%E0%A7%81%E0%A6%B2%E0%A6%B8%E0%A7%80-%E0%A6%AE%E0%A6%BE%E0%A6%A8%E0%A6%B8-%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A6/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A6%BE%E0%A6%A8%E0%A6%B8%E0%A7%80%E0%A7%B0-%E0%A6%A4%E0%A7%81%E0%A6%B2%E0%A6%B8%E0%A7%80-%E0%A6%AE%E0%A6%BE%E0%A6%A8%E0%A6%B8-%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A6/ | সমগ্ৰ বিশ্বৰ লগতে আমাৰ দেশতো ডাক টিকটৰ নিজৰ মাহাত্ম্য আছে।ইতিহাসৰ লগত ডাক টিকটে নিজক সাঙুৰি ৰাখে। ডাক টিকটে এক প্ৰকাৰৰ ৰাষ্ট্ৰদূতৰ কাম কৰে।বিশ্বৰ য’লৈকে আমাৰ ডাক যায় তাত আমাৰ ডাক টিকট লগোৱা থাকে।বহুত মানুহে ইয়াক সংগ্ৰহ কৰে।কেতিয়াবা তেনে সংগ্ৰহৰ পৰা এখন দেশৰ পৰিৱৰ্তনসমূহৰ কথা জানিবলৈ পোৱা যায়।ই এক প্ৰকাৰৰ পৰিচায়ক।ভাৰতৰ ডাক বিভাগে অবিৰতভাৱে এনেদৰে যোগদান দি আহিছে। আজি ভগৱান ৰামচন্দ্ৰৰ জীৱনৰ ওপৰত আধাৰিত এক ডাক টিকট মুকলি কৰা হ’ব।এই কাম মই দিল্লীৰ বিজ্ঞান ভৱনত বহিও কৰিব পাৰিলোহেঁতেন, প্ৰধানমন্ত্ৰী আৱাস গৃহতো কৰিব পাৰিলোহেঁতেন। কিন্তু মনলৈ আহিল যে নৱৰাত্ৰিৰ পবিত্ৰ ক্ষণত তুলসীদাস জীৰ স্তুতি য’ত আজিও জীৱন্ত হৈ আছে তেনে মানস মন্দিৰতকৈ ভাল ঠাই এই ডাক টিকট মুকলি কৰাৰ বাবে আৰু নোলাব।মোৰ কাশীলৈ যাব লগীয়া আছিল আৰু মই ডাক বিভাগৰ লগত আলোচনা কৰি সিদ্ধান্ত ল’লো যে ৰামচন্দ্ৰৰ ওপৰত বহু ডাক টিকট ওলাল কিন্তু ভগৱান ৰামচন্দ্ৰৰ জীৱনৰ ভিন ভিন দিশৰ প্ৰদৰ্শন কৰিব পৰা ডাক টিকট এয়ে প্ৰথম।ই এটা ডাক টিকট হ’লেও ই অনেকটা ডাক টিকটৰ সমষ্টি আচলতে। মানস মন্দিৰৰ পবিত্ৰ ভূমিত ইয়াক মুকলি কৰিবলৈ পাই মই ধন্য মানিছো।ভগৱান ৰামচন্দ্ৰৰ জীৱন সকলো ব্যক্তিৰ বাবে প্ৰেৰণাস্বৰূপ। আমি যদি মহাত্মা গান্ধীক স্মৰণ কৰো তেন্তে সৰুৰেপৰা ভগৱান ৰামচন্দ্ৰ এক মন্ত্ৰ হৈ পৰিছিল।তেওঁৰ জীৱনৰ সকলো দিশেই আজিৰ সমাজ ব্যৱস্থাক প্ৰেৰিত কৰে।মই ভগৱান ৰামচন্দ্ৰৰ শ্ৰীচৰণত প্ৰণাম জনাই ভাৰত চৰকাৰৰ তৰফৰপৰা এই ডাক টিকট মুকলি কৰা বুলি ঘোষণা কৰিলো। নৱৰাত্ৰিৰ পবিত্ৰ ক্ষণত এই ডাক টিকট মুকলি কৰিবলৈ পাই মোৰ আনন্দ প্ৰকাশ কৰাৰ লগতে আপোনালোকৰ উপস্থিতিৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো। | বাৰানসীৰ তুলসী মানস মন্দিৰত ৰামায়ণৰ ওপৰত আধাৰিত ডাক টিকট মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BF%E0%A6%95%E0%A6%BE%E0%A6%B6%E0%A6%B6%E0%A7%80%E0%A6%B2-%E0%A6%9C%E0%A6%BF%E0%A6%B2%E0%A6%BE%E0%A6%B8%E0%A6%AE%E0%A7%82%E0%A6%B9%E0%A7%B0-%E0%A7%B0%E0%A7%82%E0%A6%AA%E0%A6%BE%E0%A6%A8/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BF%E0%A6%95%E0%A6%BE%E0%A6%B6%E0%A6%B6%E0%A7%80%E0%A6%B2-%E0%A6%9C%E0%A6%BF%E0%A6%B2%E0%A6%BE%E0%A6%B8%E0%A6%AE%E0%A7%82%E0%A6%B9%E0%A7%B0-%E0%A7%B0%E0%A7%82%E0%A6%AA%E0%A6%BE%E0%A6%A8/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ বিকাশশীল জিলাসমূহৰ ৰূপান্তৰ শীৰ্ষক সন্মিলনত ভাষণ প্ৰদান কৰিব। নতুন দিল্লীৰ ড০ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত নিটী আয়োগে এই অনুষ্ঠান আয়োজন কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ ১০০ ৰো অধিক জিলাৰ ব্যাপক ৰূপান্তৰৰ সৈতে জড়িত থকা ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সৈতে মত-বিনিময় কৰিব৷ প্ৰধানমন্ত্ৰীৰ ‘নৱভাৰত ২০২২’ শীৰ্ষক পৰিকল্পনাৰ প্ৰতি লক্ষ্য ৰাখি আয়োজিত হ’বলগীয়া বিকাশশীল জিলাসমূহৰ ৰূপান্তৰ শীৰ্ষক সন্মিলনত অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে৷ নিৰ্দিষ্ট উন্নয়নমূলক দিশসমূহক মূল আধাৰ হিচাপে ৰাখি দেশৰ জিলাসমূহৰ ক্ষীপ্ৰ উন্নয়ণৰ বাবে এক গুৰুত্বপূৰ্ণ নীতি প্ৰস্তুত কৰিছে চৰকাৰে৷ এই জিলাসমূহৰ প্ৰয়োজনীয় নিৰ্দিষ্ট উন্নয়নমূলক দিশসমূহক লৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে লোৱা প্ৰচেষ্টাসমূহৰ মাজত যোগসূত্ৰ ৰক্ষাৰ বাবে অতিৰিক্ত সচিব আৰু যুটীয়া সচিব পদ অধিষ্ঠিত চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলক এই দায়িত্ব প্ৰদান কৰা হৈছে। | বিকাশশীল জিলাসমূহৰ ৰূপান্তৰ শীৰ্ষক সন্মিলনত ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A7%A8%E0%A7%AC-%E0%A6%A1%E0%A6%BF%E0%A6%9A%E0%A7%87/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A7%A8%E0%A7%AC-%E0%A6%A1%E0%A6%BF%E0%A6%9A%E0%A7%87/ | প্রধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে ২৬ ডিচেম্বৰত দুপৰীয়া ১২টা ৩০ মিনিটত মেজৰ ধ্যানচান্দ জাতীয় ষ্টেডিয়ামত ঐতিহাসিক ‘বীৰ বাল দিৱস’ উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্রহণ কৰিব। তেওঁ প্রায় ৩০০জন শিশু কীর্তনীয়াৰ সৈতে ‘শবদ কীর্তন’ত অংশ ল'ব। এই বিশেষ আয়োজনত শ্রী মোদীয়ে প্রায় ৩ হাজাৰ ছাত্রছাত্রীৰ কুচকাৱাজৰ সূচনা কৰিব। কেন্দ্রই সাহিবজাদাসকলৰ দৃষ্টান্তমূলক সাহসিকতাৰ কাহিনী দেশৰ সৰু সৰু ল'ৰা-ছোৱালীসহ প্রত্যেক নাগৰিকৰ কাষ পোৱাবলৈ বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিব, য'ত অংশগ্রহণকাৰীসকলে মতবিনিময়ৰ মাজেৰে নানা তথ্য সংগ্রহ কৰিব। দেশজুৰি স্কুল-কলেজত ৰচনা আৰু প্রশ্নোত্তৰ প্রতিযোগিতা তথা নানা অনুষ্ঠানৰ আয়োজন কৰা হ'ব। ৰে'ল ষ্টেচন, পেট্রোল পাম্প, বিমান বন্দৰসহ সর্বসাধাৰণৰ বাবে বিভিন্ন ঠাইত ডিজিটেল প্রদর্শনীৰ ব্যৱস্থাও কৰা হ'ব। সাহিবজাদাসকলৰ জীৱনৰ কথা আৰু আত্মবলিদানৰ ঘটনা বিশিষ্ট ব্যক্তিয়ে সকলোৰে আগত তুলি ধৰিব। প্রধানমন্ত্রীয়ে ২০২২ৰ ৯ জানুৱাৰী শ্রীগুৰু গোবিন্দ সিংজীৰ প্রকাশ পর্ব উপলক্ষে আয়োজিত অনুষ্ঠানত ২৬ ডিচেম্বৰত ‘বীৰ বাল দিৱস’ উদযাপনৰ কথা ঘোষণা কৰিছিল। শ্রীগুৰু গোবিন্দ সিংজীৰ দুই পুত্র সাহিবজাদা বাবা জোৰাৱাৰ সিংজী আৰু ফতেহ সিংজীৰ শ্বহীদ হোৱাৰ ঘটনাক স্মৰণ কৰিবলৈকে এই উদ্যোগ। | প্রধানমন্ত্রীয়ে ২৬ ডিচেম্বৰত মেজৰ ধ্যানচান্দ জাতীয় ষ্টেডিয়ামত ঐতিহাসিক ‘বীৰ বাল দিৱস’ উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্রহণ কৰি |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B9%E0%A6%BF%E0%A6%AE%E0%A6%BE%E0%A6%9A%E0%A6%B2-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A6%B6-%E0%A6%9A%E0%A7%B0%E0%A6%95%E0%A6%BE%E0%A7%B0%E0%A7%B0-%E0%A6%8F%E0%A6%AC%E0%A6%9B/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B9%E0%A6%BF%E0%A6%AE%E0%A6%BE%E0%A6%9A%E0%A6%B2-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A6%B6-%E0%A6%9A%E0%A7%B0%E0%A6%95%E0%A6%BE%E0%A7%B0%E0%A7%B0-%E0%A6%8F%E0%A6%AC%E0%A6%9B/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশ চৰকাৰৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ধৰমশালাত আজি জন আভাৰ ৰেলী সম্বোধন কৰে। মঞ্চত প্ৰৱেশ কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে চৰকাৰী আঁচনিক লৈ আয়োজিত এখন প্ৰদৰ্শনী পৰিদৰ্শন কৰে। তেওঁ বিভিন্ন আঁচনিৰ উপভোক্তাৰ সৈতেও মতবিনিময় কৰে। জনসভাক সম্বোধন কৰি তেওঁ আধ্যাত্মিকতা আৰু সাহসিকতাৰ ভূমি হিমাচল প্ৰদেশ ৰাজ্যক প্ৰশংসা কৰে। তেওঁ কয় যে ৰাজ্যখনৰ সৈতে প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ এক বিশেষ সম্পৰ্ক আছে। বিগত এবছৰত বিভিন্ন আঁচনিৰ মাধ্যমেৰে গ্ৰামাঞ্চলৰ জনসাধাৰণৰ কাষ চাপিবলৈ সক্ষম হোৱাৰ বাবে হিমাচল প্ৰদেশ চৰকাৰক প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰে পৰৱৰ্তী প্ৰজন্মৰ আন্তঃগাথনিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ৰাষ্ট্ৰীয় ঘাইপথ, ৰেলৱে, বিদ্যুত, সৌৰ শক্তি আৰু পেট্ৰোলিয়াম খণ্ডৰ সৈতে জড়িত প্ৰকল্পসমূহৰ কাম ৰাজ্যখনত অব্যাহত আছে। প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ পৰ্যটন খণ্ডৰ সম্ভাৱনা সন্দৰ্ভত উল্লেখ কৰে। তেওঁ কয় যে ভাৰতলৈ অহা পৰ্যটকৰ সংখ্যা ২০১৩ত ৭০ লাখ আছিল আৰু ২০১৭ত এই সংখ্যা ১ কোটিলৈ বৃদ্ধি হৈছে। একেদৰে ভাৰতত ২০১৩ত অনুমোদিত হোটেলৰ সংখ্যা আছিল প্ৰায় ১২০০খন। এতিয়া ই ১৮০০খনলৈ বৃদ্ধি হৈছে। প্ৰধানমন্ত্ৰীয়ে যোৱা ৪০ বছৰ ধৰি আমাৰ প্ৰাক্তন সেনা-বিষয়াসকলে এক পদবী, এক পেঞ্চনৰ বাবে যুঁজ দি আছিল। কিন্তু তেওঁৰ নেতৃত্বত এনডিএ চৰকাৰে যেতিয়া কাৰ্যভাৰ গ্ৰহণ কৰিলে, তেতিয়াই এই সমস্যাৰ সমাধান ওলাল। প্ৰাক্তন সেনা-বিষয়াৰ কল্যাণৰ বাবে আমি এক পদবী, এক পেঞ্চন আঁচনি ৰূপায়ন কৰিলো। প্ৰধানমন্ত্ৰীয়ে স্বচ্ছতাৰ ক্ষেত্ৰত আগবঢ়োৱা নিদৰ্শনৰ বাবে হিমাচল প্ৰদেশৰ জনসাধৰণক ধন্যবাদ জ্ঞাপন কৰে। তেওঁলোকে স্বচ্ছতাক সংস্কাৰ হিচাপে গ্ৰহণ কৰিছে বুলি তেওঁ উল্লেখ কৰে। ইয়ে ৰাজ্যখনৰ পৰ্যটন ক্ষেত্ৰখনকো উদগণি যোগাব। কেন্দ্ৰীয় চৰকাৰে কিদৰে দুৰ্নীতি নাশ কৰিছে, সেয়াও প্ৰধানমন্ত্ৰীয়ে ৰাইজৰ সন্মুখত ব্যাখ্যা কৰে। তেওঁ কয় যে প্ৰত্যক্ষ লাভ হস্তান্তৰৰ জৰিয়তে দুৰ্নীতি হ্ৰাস কৰা হৈছে আৰু প্ৰায় ৯০,০০০ কোটি টকা ৰাহি কৰা হৈছে। | হিমাচল প্ৰদেশ চৰকাৰৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ধৰমশালাত জন আভাৰ ৰেলী সম্বোধন প্ৰধানমন্ত্ৰীৰ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%B8%E0%A6%BF%E0%A6%A6%E0%A7%8D%E0%A6%A7-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A7%8D%E0%A6%A8%E0%A6%A4%E0%A6%A4%E0%A7%8D%E0%A6%AC%E0%A6%AC%E0%A6%BF%E0%A6%A6-%E0%A6%A5/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%B8%E0%A6%BF%E0%A6%A6%E0%A7%8D%E0%A6%A7-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A7%8D%E0%A6%A8%E0%A6%A4%E0%A6%A4%E0%A7%8D%E0%A6%AC%E0%A6%AC%E0%A6%BF%E0%A6%A6-%E0%A6%A5/ | প্ৰসিদ্ধ প্ৰত্নতত্ববিদ থিৰু আৰ. নাগাস্বামীৰ পৰলোক গমনত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তামিল নাডুৰ উজ্জীৱিত সংস্কৃতিৰ জনপ্ৰিয়কৰণত তেওঁ আগবঢ়োৱা অৰিহণাৰ কথা প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰে। এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়; “তামিল নাডুৰ উজ্জীৱিত সংস্কৃতিৰ জনপ্ৰিয়কৰণত তেওঁ আগবঢ়োৱা অৰিহণাৰ কথা আগন্তুক প্ৰজন্মসমূহে কেতিয়াও পাহৰিব নোৱাৰে। ইতিহাস, প্ৰত্নলেখন আৰু প্ৰত্নতত্বৰ প্ৰতি থকা তেওঁৰ অগাধ আগ্ৰহ নিতান্তই উল্লেখনীয় আছিল। তেওঁৰ পৰলোক গমনে ব্যথিত কৰিছে। তেওঁৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছো। ওঁম শান্তি”। | প্ৰসিদ্ধ প্ৰত্নতত্ববিদ থিৰু আৰ. নাগাস্বামীৰ পৰলোক গমনত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকা |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.