text
stringlengths
121
187k
Job 13 । AsmULB । STEP । চোৱা, মোৰ চকুৱে এই সকলোকে দেখিলে, আৰু নিজ কাণেৰে শুনি তাক বুজিলোঁ।\n1চোৱা, মোৰ চকুৱে এই সকলোকে দেখিলে, আৰু নিজ কাণেৰে শুনি তাক বুজিলোঁ। 2তোমালোকে যি জানা, ময়ো তাক জানো; মই তোমালোকত্কৈ নিকৃষ্ট নহওঁ।\n3কিন্তু মই সৰ্ব্বশক্তিমান জনাকহে কথা কম, আৰু মই ঈশ্বৰৰ লগতহে বাদ-বিচাৰ কৰিব খুজিছোঁ। 4কেন্তু তোমালোক হলে মিছা কথা সাজোঁতা, আৰু তোমালোক সকলোৱেই অকামিলা বেজ। 5অস, তোমালোক একেবাৰে নিমাত হৈ থকা হলে, কেনে ভাল আছিল! সেয়ে তোমালোকৰ পক্ষে জ্ঞানৰ কাৰ্য্য বুলি গণিত হলহেঁতেন।\n6এতিয়া মোৰ তিৰস্কাৰ শুনা, আৰু মোৰ মুখৰ অনুযোগ-বাক্যলৈ কাণ পাতা। 7তোমালোকে ঈশ্বৰৰ পক্ষ হৈ অন্যায়ৰ কথা কবা নে? আৰু তেওঁৰ পক্ষ হৈ প্ৰবঞ্চনা-বাক্য বুলিবা নে? 8তোমালোকে তেওঁৰেই পক্ষপাত কৰিবা নে? তোমালোকে ঈশ্বৰৰেই পক্ষ হৈ প্ৰতিবাদ কৰিবা নে?\n9তেওঁ বিচাৰি বিচাৰি তোমালোকৰ তত্ত্ব উলিয়ালে তোমালোকৰ মঙ্গল হব নে? বা মানুহক ফাঁকি দিয়াৰ দৰে জানো তোমালোকে তেওঁক ফাঁকি দিব পাৰা? 10তোমালোকে যদি গুপুতে পক্ষপাতি কৰা, তেন্তে তেওঁ অৱশ্যে তোমালোকক দণ্ড দিব।\n11তেওঁৰ প্ৰতাপে তোমালোকক ত্ৰাসযুক্ত নকৰিব নে? তেওঁৰ ভয়ানকতাত জানো তোমালোকে ভয় নকৰিবা? 12তোমালোকৰ সোঁৱৰণীয় বচনমালা ভস্মস্বৰূপ দৃষ্টান্ত মাথোন, তোমালোকৰ হেতুবাদ ধুলিৰ গড়স্বৰূপ।\n13তোমালোকে মনে মনে থাকা, মোকেই কথা কবলৈ এৰি দিয়া; মোলৈ যি ঘটি, ঘটক। 14মই কিয় মোৰ মাংস দাঁতত লৈ থাকিম? মোৰ প্ৰাণ মোৰ হাততেই ৰাখিম। 15চোৱা, তেওঁ মোক বধ কৰিব, মই তেওঁলৈ অপেক্ষা কৰি থাকিম; তথাপি তেওঁৰ আগত মোৰ আচৰণৰ নিৰ্দ্দোষীতা প্ৰমাণ কৰিম।\n16এয়েই মোৰ পৰিত্ৰাণৰ উপায়ো হব, যে, অধৰ্ম্মী লোক তেওঁৰ আগত থিয় হব নোৱাৰিব। 17মনোযোগ কৰি মোৰ কথা শুনা; মোৰ বাক্য তোমালোকৰ কণত সোমাওক।\n18চোৱা, মোৰ গোচৰ মই ঠিক্ঠাক কৰি থৈছোঁ; মই যে নিৰ্দ্দোষী হওঁ, তাক মই জানো। 19মোৰ লগত প্ৰতিবাদ কৰিব পৰা কোন আছে? যদি আছি, তেন্তে মই নিমাত হৈ প্ৰাণত্যাগ কৰিম।\n20তুমি কেৱল দুটা কাৰ্য্য মোলৈ নকৰিবা; তাতে মই তোমাৰ সম্মুখৰ পৰা নিজকে নুলুকুৱাম। 21মোৰ ওপৰৰ পৰা তোমাৰ হাত আঁতৰাই নিয়া, আৰু তোমাৰ ভয়ানকতাই মোক ভয় নলগাওক। 22তেতিয়া তুমি মোক মাতিবা, মই উত্তৰ দিম, বা মই কম, তুমি উত্তৰ দিবা।\n23মোৰ অপৰাধ আৰু পাপ কিমান? মোৰ অধৰ্ম্ম আৰু পাপ মোক দনোৱা। 24তোমাৰ মুখ কায় লুকুৱাইছা, আৰু মোক তোমাৰ শত্ৰূ যেন মানিছা? 25উডুৱাই নিয়া পাতক তুমি জানো ত্ৰাসযোক্ত কৰিবা? আৰু শুকান ঘুলাক জানো খেদি যাবা?\n26কিয়নো তুমি মোৰ বিৰুদ্ধে তিতা লগা কথা লিখি থৈছা, আৰু মোক যৌবন-কালৰ অপৰাধৰ ফল ভোগ কৰাইছা। 27যদিও মই ক্ষয়নীয় পচা বস্তুৰ নিচিনা, আৰু পোকে খোৱা বস্ত্ৰৰ সদৃশ, তথাপি তুমি মোৰ ভৰি কুন্দত বন্ধ কৰিছা, মোৰ সকলো পথ চিনি ৰাখিছা, আৰু মোৰ ভৰিৰ চাৰিওফালে সীমাৰ আঁক টানিছা।
মন্ত্ৰীয়ে হেলমেট নিপিন্ধাকৈ বাইক চলাব পাৰে; সাধাৰণ জনতাই নোৱাৰে! কিয় ?\nমন্ত্ৰীয়ে হেলমেট নিপিন্ধাকৈ বাইক চলাব পাৰে; সাধাৰণ জনতাই নোৱাৰে! কিয় এনে নিয়ম?\nApril 17, 2022 8:48 pm\nআহিছে আহিছে... মন্ত্ৰী আহিছে.... হেলমেট নিপিন্ধাকৈ.... বুলেটো চলাইছে.... প্ৰচাৰো কৰিছে.... পিছে যান-বাহন আইন ক'ত?\nৰাজ্য চৰকাৰৰ এগৰাকী সন্মানীয় পদত থকা মন্ত্ৰী অতুল বৰা। বুলেটত উঠি গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত অতুল বৰা। পিছে যান-বাহন আইনৰ চুড়ান্ত উলংঘন মন্ত্ৰী অতুল বৰাৰ।\nবিহুৰ বতৰত ডিঙিত গামোচাখন ল'লে ঠিকেই... পিছে মূৰতহে হেলমেট নাই। কথাষাৰলৈ মন কৰক কামৰূপ মহানগৰ জিলাৰ পৰিবহন বিষয়া গৌতম দাস ডাঙৰীয়া।\nআপুনি নিজে ৰাজপথত নামি সাধাৰণ যান-বাহন আৰোহীক যান-বাহন আইন উলংঘন নকৰিবলৈ বা পথ সুৰক্ষাৰ স্বাৰ্থত প্ৰচাৰ চলাইছিল।\nআনকি বিহুৰ বতৰতো যান-বাহন আইন মানি চলিবলৈ বিহুতলিত আপুনি নিজেই উপস্থিত থাকি ৰাইজৰ মাজত সজাগতা অনাৰ প্ৰয়াস কৰিছিল।\nবৰ্তমানলৈকে ২৫২.৫৯ কোটিতকৈও অধিক ৰাজহ সংগ্ৰহ কৰিলে কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগে\nকিন্তু প্ৰশ্ন হৈছে "সাধাৰণ জনতাৰ বাবেহে যান-বাহন আইন নেকি? মন্ত্ৰী-বিধায়ক এই আইনৰ আওতাত নপৰে নেকি? পথ সুৰক্ষা মন্ত্ৰী-বিধায়কৰ বাবে নাই নেকি? হেলমেট পৰিধান নকৰাৰ বাবে মন্ত্ৰী অতুল বৰাই সাধাৰণ জনতাৰ দৰে ১০০০ টকাৰ জৰিমনা ভৰিব নে?\nনে মন্ত্ৰী অতুল বৰাক পৰিবহন বিভাগৰ জৰিমণা বিহিবলৈ সাহস হ'ব?\nইয়াক লৈ ছ'চিয়েল মেডিয়াতো জোৱাৰ উঠা পৰিলক্ষিত হৈছে।\nনাজিৰ আহমেদে লিখিছে "এওঁলোকে হেলমেট নিপিন্ধিলে জৰিমনা নহয় নেকি? নে চুলিখিনি কিম জং উনৰ নিচিনা হোৱাৰ বাবেই সকলো মাফ নেকি?"\nঠিক সেইদৰে চাহিদ চান অসমে কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়াৰ বিৰুদ্ধে ক্ষোভ উজাৰি লিখিছে "ৰঙা ৰঙৰ চুলিৰে বাৰে বাৰে টিভিৰ আগত অহা, নিজৰ কাৰ্য্যালয়ৰ দালাল চাফা কৰিব নোৱাৰা ৰাজপথত সাধাৰণ লোকক হাৰাশাস্তি কৰা চেলিব্ৰেটি পৰিবহণ বিষয়া জনে চকুৰে দেখা নাই নে বন্ধ কৰিবলৈ সাহস নাই । মন্ত্ৰী হলে কিদাল হল, মন্ত্ৰী হলে আইন নাই নেকি ???\nASSAM নামৰ ফেচবুক পেইজ এটাত লিখিছে এইদৰে "মাননীয় মন্ত্ৰী ডাঙৰীয়া মিছন ছাৰখাৰত নপৰে নেকি নে মন্ত্ৰী বিধায়কৰ বাবে বেলেগ কিবা সুবিধা আছে?\nচাণক্য বৰুৱাই লিখিছে এইদৰে ফাইনটো কোনে কাটিব এতিয়া? ফাইন কোনে দিব? বৰ বৰ কথা কোৱা মানুহে এনেকুৱা কৰিলে বেলেগে কৰিবলগীয়া একো নাথাকে। কিন্তু ক'বলগীয়া বহুত থাকে। ফেচবুকত পোষ্ট দি, সমালোচনা কৰি একো লাভ নাই বুলি জানো। বৰঞ্চ মন্ত্ৰীক সমালোচনা কৰাৰ বাবে সমালোচকহে আইনৰ মেৰপাকত পৰাৰ সম্ভাৱনা । লগতে লেমটোবোৰৰ মহৎ বাণী শুনিবলৈ আছেই । যি মন যায় তাকেই কৰে যে কিয় মন্ত্ৰী, বিধায়কে?\nমুঠৰ ওপৰত, ৰজাই কৰিলে লীলা, সাধাৰণ জনতাই কৰিলে ধৰি-বান্ধি কিলা।\nআইন সকলোৰে বাবে সমান নহয় কিয়? এই প্ৰশ্নৰ উত্তৰ যুগ-যুগান্তৰৰ পৰা বিচাৰি আহিছে যদিও বাৰে বাৰে ৰজা-মহাৰজাই আইন ভংগ কৰিলেও কোনোদিন জৰিমনাৰ সন্মুখীন হোৱা নাই। তাৰ বিপৰীতে আইন উলংঘন কৰি বিপদৰ সন্মুখীন হৈ আহিছে সাধাৰণ জনতা।
উল্লেখযোগ্য যে অসমৰ বাট-পথ সম্পৰ্কীয় দিশবোৰ আলোচনা কৰিবৰ বাবে আজি সোণোৱালে পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰিকো লগ কৰিছিল। সেই সম্পৰ্কত সোণোৱালে কয় যে কেন্দ্ৰীয় মন্ত্ৰীজন গুৱাহাটীত এটা বৃত্তপথ নিৰ্মাণৰ বাবে পুঁজি দিবলৈ সন্মত হৈছে। আনহাতে গাডকাৰিক মাজুলীৰ গৰাখহনীয়া ৰোধৰ ২৩৭ কোটিটকীয়া আঁচনিখন মুকলি কৰিবলৈ অহা ২৯ ডিচেম্বৰত অসমলৈ আমন্ত্ৰণ জনোৱাৰ কথাও কয়। মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ'ব কোন? গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
মাজুলী খন বুলি কৈ দিলেই সকলোৰে মনত বহু ভাৱে ক্ৰিয়া কৰি যায়। একো একোটা সুন্দৰ কাহিনীৰে পৰিপূৰ্ণ হৈ থাকে গোটেই ঠাইখন। ঠাইখনৰ বুকুত উমলি ডাঙৰ হোৱা একাংশৰ প্ৰতিভা ইতিমধ্যে জিলিকিছে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত। প্ৰায় সময়ত মাজুলীৰ পটভূমিত সৃষ্টি হোৱা গীত-মাত সমূহে সোঁৱাদ প্ৰদান কৰা দেখিবলৈ পোৱা যায় শ্ৰোতা-দৰ্শকক। শেহতীয়াকৈ মাজুলীৰ পটভূমিত নিৰ্মিত এটি ৰোমান্টিক গীতে আপ্লুত কৰিছে জনসাধাৰণক। "এতিয়া জ্বলিছে" শীৰ্ষক এই গীতটিৰ কথাৰ লগতে ইয়াত সন্নিৱিষ্ট ভিডিঅ'টোৰ কাহিনীৰ উপস্থাপনৰ ক্ষেত্ৰত দেখুওৱা নতুনত্বই আৰু উপভোগ্য কৰি তুলিছিল গীতটিক। ৰোমান্টিক গীত সমূহৰ ক্ষেত্ৰত দেখিবলৈ পোৱা একঘেয়ামীতা অথবা ধাৰাবাহিকতাৰ পৰা ফালৰি কাটি সদ্যমুক্তিপ্ৰাপ্ত "এতিয়া জ্বলিছে" শীৰ্ষক গীতটিয়ে আকৰ্ষণ কৰিছে দৰ্শকক। "কুমাৰ" বৃত্তিৰ সৈতে জড়িত লোকৰ ব্যক্তিগত জীৱনৰ এক সৰল অংশক উপস্থাপন কৰাৰ প্ৰয়াস কৰা হৈছে উক্ত গীতটোত লগতে গীতটিত কন্ঠদান কৰা নৱপ্ৰজন্মৰ কন্ঠশিল্পী শ্ৰীময়ী বৰদলৈৰ কন্ঠই গীতটিক আৰু অধিক গ্ৰহণযোগ্য কৰি তোলাত সক্ষম হৈছে। গীতটিৰ কথা আৰু পৰিচালনা প্ৰসেনজিৎ লাহনৰ আৰু সংগীত প্ৰযোজনা শ্যামল ভূঞা। শব্দ সংমিশ্ৰণ দিগন্ত বৰদলৈৰ আৰু বাঁহী বজাইছে ভাস্কৰজ্যোতি কলিতাই। তবলা বজাইছে নৱ চুতিয়াই আৰু সাৰদ তৰুণ কলিতাৰ লগতে গীতাৰ বজাইছে অপূৰ্ব গগৈয়ে। গীতটিৰ ভিডিঅ'ত অভিনয় কৰিছে দৰথী ভৰদ্বাজ, ভাস্কৰ বৰুৱা আৰু মনীষা ভূঞাই; গীতটিৰ ভিডিঅ' পৰিচালনা আৰু সম্পাদনা অবিনাশ ভূঞাৰ লগতে দৃশ্যগ্ৰহণ উত্তম কলিতাৰ।
অংকত কেঁচা নহয় কংগ্ৰেছ। সেয়ে ৰাজস্থানৰ ৰাজনৈতিক সংকটৰ সময়ত কংগ্ৰেছে এটা বিশেষ অংক কৰি পৰিস্থিতি চম্ভালিব বিচাৰিছে। কংগ্ৰেছে দলৰ পৰা বিতাড়ণ কৰা শচীন পাইলট সহ আন ১৮ বিধায়কক বিধান সভাত অযোগ্য ঘোষণা কৰিব পাৰিলেই গাদী বচোৱাৰ বাবে প্ৰয়োজন হোৱা আসনৰ সংখ্যাও কমি যাব। কংগ্ৰেছৰ অংক অধিক সহজ হৈ পৰিল যেতিয়া ৰাজস্থান বিধান সভাৰ অধ্যক্ষ চি পি যোশীয়ে শচীন পাইলট সহ আন বিসম্বাদী বিধায়ক কেইজনক বিধান সভাত অযোগ্য ঘোষণা কৰিলে। অধ্যক্ষই ভাৰতীয় সংবিধানৰ দশম অনুচ্ছেদৰ অধীনত তেওঁলোকক অযোগ্য ঘোষণা কৰাৰ পিছতে কিছু আশাৰ ৰেঙণি দেখিছে কংগ্ৰেছে। কিন্তু বিধান সভাৰ অধ্যক্ষ চি পি যোশীৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই শচীন পাইলট দ্বাৰস্থ হৈছে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ। কেৱল সেয়াই নহয়, বিধায়নী দলৰ বৈঠকে শচীন পাইলটক ৰাজস্থান কংগ্ৰেছৰ সভাপতি পদৰ পৰাও অপসাৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে।
Assam HSLC Result: তৃতীয় স্থানপ্ৰাপ্ত ডিব্ৰুগড়ৰ লাবিব মুজিবে কিমান সময় দিছিল অধ্যয়নত, ভৱিষ্যতে কি হোৱাৰ মন? Assam HSLC Result: তৃতীয় স্থানপ্ৰাপ্ত ডিব্ৰুগড়ৰ লাবিব মুজিবে কিমান সময় দিছিল অধ্যয়নত, ভৱিষ্যতে কি হোৱাৰ মন? ছাত্ৰগৰাকীয়ে এই সাফল্যত মাক-দেউতাকৰ লগতে শিক্ষাগুৰুসকলৰ কৃতিত্ব আছে বুলি প্ৰকাশ কৰে। ছাত্ৰগৰাকীয়ে এই সাফল্যত মাক-দেউতাকৰ লগতে শিক্ষাগুৰুসকলৰ কৃতিত্ব আছে বুলি প্ৰকাশ কৰে। Share this: লাবিব মুজিবে দৈনিক ৭-৮ ঘন্টাকৈ নিয়মিত অধ্যয়ন কৰাৰ লগতে খেলৰো অনুশীলন কৰিছিল। ঘৰুৱা শিক্ষকৰ সহায় লৈছিল ছাত্ৰজনে। লাবিব এগৰাকী সুদক্ষ বেডমিন্টন খেলুৱৈও। উল্লেখ্য যে লাবিবৰ পিতৃ আৰু মাতৃ দন্ত চিকিৎসক। লাবিব মুজিবে পিতৃ-মাতৃৰ পদাংক অনুকৰণ কৰি বিজ্ঞান বিভাগত ডিব্ৰুগড়ৰ এখন শিক্ষানুষ্ঠানত অধ্যয়ন কৰি ভৱিষ্যতে এগৰাকী সুচিকিৎসক হোৱাৰ লক্ষ্য ৰাখিছে। সন্তানৰ সফলতাত উৎফুল্লিত পিতৃ-মাতৃয়ে সন্তানক অধ্যয়নৰ ক্ষেত্ৰত সকলো প্ৰকাৰে সহায় কৰাৰ কথা অৱগত কৰে । ইফালে, লক ডাউনৰ সময়ত কিছু অসুবিধাৰ সন্মুখীন হোৱা বুলিও উল্লেখ কৰে লাবিব মুজিবে। ছাত্ৰগৰাকীয়ে এই সাফল্যত মাক-দেউতাকৰ লগতে শিক্ষাগুৰুসকলৰ কৃতিত্ব আছে বুলি অভিহিত কৰে । উল্লেখ্য যে জিলাখনৰ চাৰিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৰাজ্যখনৰ ভিতৰতে স্থান লাভ কৰি ডিব্ৰুগড় জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । নৱম স্থানত ডিব্ৰুগড় ছল্টব্ৰুক স্কুলৰ পৰা ধৃতিস্মান দত্ত, ডিব্ৰুগড় লিটল ফ্লাৱাৰ স্কুলৰ পৰা অন্যন্যা ভৰদ্বাজে দশম স্থান আৰু টেঙাখাট জাতীয় বিদ্যালয়ৰ ছাত্ৰী এনিকংকনা গগৈয়ে দশম স্থান লাভ কৰিছে। Gold Price: সোণ ৰেকৰ্ড হাইৰ দিশে গৈ আছে, নৱেম্বৰত ই ২,৫০০ টকা ব্যয়বহুল হৈছে ! ই ৫৬ হাজাৰৰ স্তৰ স্পৰ্শ কৰিব নেকি ? CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the intellectual property rights of Cable News Network in respect of them. © Copyright Network18 Media and Investments Ltd 2016. All rights reserved.
HBD: আজি প্ৰবীণ অভিনেতা নাছিৰুদ্দিন শ্বাহৰ জন্মদিন । HBD When Shabana Azmi refused to work with Naseeruddin Shah an- News18 assam\nHome » photogallery » lifestyle »Happy Birthday: আজি প্ৰবীণ অভিনেতা নাছিৰুদ্দিন শ্বাহৰ জন্মদিন ! নাছিৰুদ্দিন শ্বাহৰ সৈতে কাম কৰিবলৈ কিয় অস্বীকাৰ কৰিছিল শাবানা আজমীয়ে ?\nHappy Birthday: আজি প্ৰবীণ অভিনেতা নাছিৰুদ্দিন শ্বাহৰ জন্মদিন ! নাছিৰুদ্দিন শ্বাহৰ সৈতে কাম কৰিবলৈ কিয় অস্বীকাৰ কৰিছিল শাবানা আজমীয়ে ?\nNaseeruddin Shah Birthday: আজি প্ৰবীণ অভিনেতা নাছিৰুদ্দিন শ্বাহৰ জন্মদিন। অনুৰাগীসকলে তেওঁক জন্মদিনৰ শুভেচ্ছা জনাইছে লগতে তেওঁৰ উন্নত স্বাস্থ্যৰ শুভেচ্ছা জনাইছে। এই বিশেষ দিনটোত অভিনেতাজনৰ সৈতে সম্পৰ্কিত কিছুমান আকৰ্ষণীয় কাহিনী জানো আহক...\n। July 20, 2021, 09:25 IST\nনাছিৰুদ্দিন শ্বাহে (Naseeruddin Shah) আজি ২০ জুলাইত তেওঁৰ ৭২ তম জন্মদিন উদযাপন কৰিছে। অভিনেতাজনৰ চলচ্চিত্ৰ যাত্ৰা যথেষ্ট দৰ্শনীয় আছিল। তেওঁ সকলো ধৰণৰ চলচ্চিত্ৰত কাম কৰিছে। তেওঁৰ চলচ্চিত্ৰৰ দৰে, তেওঁৰ জীৱনো যথেষ্ট আকৰ্ষণীয়। (ফাইল ফটো)\nনাছিৰে আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা স্নাতক হোৱাৰ পিছত নেচনেল স্কুল অৱ ড্ৰামাত যোগদান কৰিছিল। তেওঁ চলচ্চিত্ৰত কাম কৰাৰ ইচ্ছাৰে পুনেৰ এফটিআইআইত উপস্থিত হৈছিল। (ফটো সৌজন্যঃ Instagram/naseeruddin49)\nসংবাদ মাধ্যমৰ বাতৰি অনুসৰি, নাছিৰুদ্দিনে এক সাক্ষাৎকাৰত তেওঁৰ পুৰণি দিনৰ সৈতে সম্পৰ্কিত এটা ঘটনা বৰ্ণনা কৰিছিল। তেওঁ কৈছিল যে তেওঁ আৰু ওমপুৰীক এফটিআইআইত পঢ়ি থাকোতে এখন চলচ্চিত্ৰত ওমপুৰী আৰু শাবানা আজমীৰ সৈতে নিৰ্বাচিত কৰা হৈছিল, কিন্তু শ্বাবানা আজমীয়ে ছবিখনত কাম কৰিবলৈ অস্বীকাৰ কৰিছিল। (ফটো সৌজন্যঃ Instagram/naseeruddin49)\nঅভিনেতাজনে প্ৰকাশ কৰিছিল যে ফটোখন চোৱাৰ পিছত শ্বাবানাই তেওঁৰ সৈতে কাম কৰিবলৈ অস্বীকাৰ কৰিছিল। দৰাচলতে, শ্বাবানাই তেওঁৰ চেহেৰাটো ভাল নাপালে, সেয়েহে তেওঁ চিনেমাখনত কাম কৰিব নিবিচাৰিছিল। অৱশ্যে, পিছত তেওঁক কেইবাখনো চলচ্চিত্ৰত একেলগে দেখা গৈছিল। (ফটো সৌজন্যঃ Instagram/ratna_pathak_shah)\nনাছিৰৰ ব্যক্তিগত জীৱন উত্থান-পতনেৰে ভৰি আছে। তেওঁ প্ৰথমে মানাৰা চিক্ৰিৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল, যি বেছি দিন স্থায়ী হোৱা নাছিল। পিছত তেওঁ অভিনেত্ৰী ৰত্না পাঠকৰ সৈতে সম্পৰ্ক হয়। দুয়ো বহু বছৰ ধৰি সম্পৰ্কত আছিল। পিছত তেওঁলোকৰ বিয়া হৈছিল। এই সম্পৰ্কৰ পৰা তেওঁলোকৰ দুটা পুত্ৰ আছে।\n(ফটো সৌজন্যঃ Instagram/ratna_pathak_shah)\nনাছিৰে তেওঁৰ কেৰিয়াৰত ২০০ তকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছে। একেলগে, তেওঁলোক থিয়েটাৰ আৰু টিভিৰ পৃথিৱীতো সক্ৰিয়। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, নাছিৰুদ্দিনক তেওঁৰ উৎকৃষ্ট প্ৰদৰ্শন আৰু চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰৰ পদ্মশ্ৰী আৰু পদ্মভূষণ বঁটা প্ৰদান কৰা হৈছে। (ফটো সৌজন্যঃ Instagram/naseeruddin49)
চীনৰ দৰে আন বহু দেশেই দিয়া নাই কৰ'নাৰ সঠিক তথ্য! কি ক'লে বিশ্ব স্বাস্থ্য সংস্থাই?\nগুৱাহাটী , April 18, 2020 12:53 pm\nচীনে ইয়াৰ কৰ'না সম্পৰ্কীয় তথ্য সলনি কৰাৰ পাছতেই পোহৰলৈ আহিছে আন বহু গোপন কথা। চীনে যে প্ৰকৃত তথ্য গোপন ৰাখিছিল সেই কথাও স্পষ্ট হৈ পৰিছে।\nইপিনে বিশ্ব স্বাস্থ্য সংস্থাই এই সন্দৰ্ভত কৈছে যে কেবল চীনেই নহয়, এনেকুৱা বহু দেশেই কৰ'নাত আক্ৰান্ত বা মৃত্যুৰ সংখ্যা সঠিকভাৱে প্ৰকাশ কৰা নাই। বৰ্তমান যি সংখ্যা দেখুওৱা হৈছে প্ৰকৃততে সেই সংখ্যা তাতকৈ অধিক।\nসংস্থাটোৱে লগতে কৈছে যে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিলেই প্ৰকৃত তথ্য জানিব পৰা যাব।\nশুকুৰবাৰে চীনে স্বীকাৰ কৰিছে যে দেশখনৰ উহান চহৰত কোভিড-১৯ ভাইৰাছৰ ফলত যিমান মৃত্যু হোৱা বুলি চৰকাৰীভাৱে ঘোষণা কৰা হৈছে, প্ৰকৃত সংখ্যা তাতকৈ পঞ্চাশ শতাংশ অধিক।\nসেইদৰে চালে উহানত মৃত্যুৰ সংখ্যা ১হাজাৰ ২৯০জন বৃদ্ধি পাব আৰু মুঠ সংখ্যা হ'বগৈ ৩হাজাৰ ৮৬৯জন।\nআনহাতে, বৰ্তমান উহানত পৰিস্থিতি নিয়ন্ত্ৰণাধীন। নতুনকৈ কৰ'নাৰ ঘটনা সংঘটিত নোহোৱাৰ বাবে উহানৰ অস্থায়ী কৰ'না হাস্পাতলখন বন্ধ কৰি দিয়া হৈছে। হাস্পাতলখনৰ চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকল ঘৰলৈ ঘুৰি গৈছে।\nবিশ্ব স্বাস্থ্য সংস্থাই কৈছে যে এতিয়া পৰিস্থিতি স্বাভাৱিক হোৱাৰ বাবেই চীনে প্ৰকৃত মৃতকৰ সংখ্যাটো ক'ব পাৰিছে।\nসংস্থাৰ এগৰাকী বিষয়াই কৈছে, "এইটো সঁচাকৈয়ে এটা প্ৰত্যাহ্বান।সকলো আক্ৰান্ত তথা মৃতকৰ সংখ্যাৰ হিচাপ ৰখাটো টান কাম। আমি ভাবো বিশ্বৰ আৰু বহু দেশে এতিয়া প্ৰকৃত পৰিসংখ্যা দিয়া নাই। পৰিস্থিতি স্বাভাৱিক হ'লে সেইবোৰৰ পুনৰ এবাৰ পৰ্যালোচনা কৰা হ'ব।"\nচীনে তথ্য গোপন কৰাৰ অভিযোগে ইতিমধ্যে বহুল চৰ্চা লাভ কৰিছে। বিশেষকৈ উহান চহৰৰ তথ্যকলৈ সন্তুষ্ট নহয় আমেৰিকাকে ধৰি বিশ্বৰ কেইবাখনো উন্নত দেশ।
শিক্ষাই হৈছে প্ৰগতিৰ দুৱাৰ।ৰাজ্যখনত শিক্ষাক্ষেত্ৰৰ প্ৰসাৰ আৰু অগ্ৰগতিৰ দিশৰ কথা চালি-জাৰি চাই শাসনলৈ অহাৰ পৰাই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উদ্যোগত শিক্ষামন্ত্ৰীৰ ড° হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত শিক্ষাখণ্ডত আমুল পৰিৱৰ্তন সম্ভৱ হৈছে।শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে অৰ্থনৈতিকভাৱে পিছপৰা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা প্ৰদানৰ উদ্দেশ্যে এখন কল্যাণকামী আঁচনি ৰুপায়ণ কৰিছে।উক্ত আঁচনিৰ অধীনত উচ্চ শিক্ষাৰ বাবে আগ্ৰহী আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীলৈ একাদশ আৰু দ্বাদশ দুয়োটা শ্ৰেণীৰ বিনামুলীয়া নামভৰ্তিৰ ব্যৱস্থা গ্ৰহণ কৰিছে।উল্লেখ্য যে ২০১৬-১৭ বৰ্ষৰ পৰা আৰম্ভ হোৱা উক্ত আঁচনিৰ অধীনত ২,০৩,৪৩৫ গৰাকী মাধ্যমিক স্তৰৰ ছাত্ৰ-ছাত্ৰী উপকৃত হৈছে।আনহাতে ২০১৭-১৮ ব ৰ্ষতো সকলো চৰকাৰী আৰু প্ৰাদেশীকৃত উচ্চতৰ মাধ্যমিক আৰু ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়সমুহত উক্ত আঁচনিৰ অধীনত দুখীয়া ছাত্ৰ-ছাত্ৰীসকলে বিনামুলীয়া নামভৰ্তিৰ সুবিধা গ্ৰহণ কৰিছে। *ছাত্ৰ-ছাত্ৰী এগৰাকীৰ পিতৃ-মাতৃৰ বাৰ্ষিক আয় এক লাখ টকা বা তাতোকৈ কম হ'ব লাগিব। *নামভৰ্তি কৰাৰ সময়ত অভিভাৱকসকলেও বিনামুলীয়া নামভৰ্তিৰ বাবে বিদ্যালয় কতৃপক্ষৰ ওচৰত আবেদন কৰিব লাগিব।বিদ্যালয় কতৃপক্ষই আৱেদন পত্ৰসমুহ পৰীক্ষা কৰি অনুমোদন জনাব। *নামভৰ্তিৰ সময়ত বিদ্যালয় কতৃপক্ষই ছাত্ৰ-ছাত্ৰীৰ মুল নম্বৰ তালিকা জমা লৈ মুল নম্বৰ তালিকাৰ পিছফালে শিক্ষানুষ্ঠানৰ মোহৰ মাৰিব লাগিব। বিনামুলীয়া নামভৰ্তিৰ সুবিধা লাভ কৰিবলৈ দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে বিদ্যালয় নাইবা নিজৰ বাসগৃহৰ চৌপাশত এটা গছপুলি ৰোপণ কৰাৰ ফটো প্ৰমাণ হিচাপে নামভৰ্তিৰ সময়ত দাখিল কৰাটো বাধ্যতামুলক।ঠিক তেনেকৈ পিছৰ বছৰৰ দ্বাদশ শ্ৰেণীত নামভৰ্তি কৰাৰ সময়তো একাদশ শ্ৰেণীৰ নামভৰ্তিৰ সময়ত ৰোপণ কৰা গছপুলিটোৰ সজীৱ ফটো দাখিল কৰিলেহে বিনামুলীয়া নামভৰ্তিৰ সুবিধা পাব। *উক্ত আঁচনিৰ অধীনত দিব্যাংগ (ছাত্ৰ-ছাত্ৰী)সকলকো সামৰি লোৱা হ'ব। উক্ত আঁচনিখনৰ বিষয়ে বিত্ংভাৱে জানিবলৈ অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগৰ লগত যোগাযোগ কৰক। আনহাতে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমুহত বিনামুলীয়া নামভৰ্তিৰ বাবে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে অনুৰুপ ব্যৱস্থা গ্ৰহণ কৰিছে।ইয়াৰ জৰিয়তে ২০১৭-১৮ শিক্ষা বৰ্ষৰ বাবে উচ্চতৰ মাধ্যমিক প্ৰথমবৰ্ষ,স্নাতক প্ৰথম ষান্মাসিক, স্নাতকোত্তৰ (এম এ/এম এছ চি/এম কম)ৰ প্ৰথম ষান্মাসিকত নামভৰ্তি অৰ্থনৈতিকভাৱে পিছপৰা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামুলীয়া কৰা হৈছে।২০১৬-১৭ বৰ্ষত উচ্চতৰ মাধ্যমিক/ স্নাতক প্ৰথম বৰ্ষৰ বাবে মাচুল ৰেহাই পোৱা ছাত্ৰ-ছাত্ৰীসকলৰ দ্বিতীয় বৰ্ষৰ বাবেও উক্ত আঁচনিৰ অধীনত বিনামুলীয়া নামভৰ্তি হ'ব। উল্লেখযোগ্য যে যদিহে কোনো ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক ৰাজ্য চৰকাৰ /কেন্দ্ৰ চৰকাৰ/ অৰ্ধ ৰাজ্যিক আৰু কেন্দ্ৰীয় বা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰি৮চালিত অনুষ্ঠানৰ কৰ্মচাৰী হয় তেতিয়াহ'লে আঁচনিখনৰ সুবিধা গ্ৰহণ কৰিব নোৱাৰিব। শিক্ষাৰ্থীসকলেও তেওঁলোকৰ অভিভাৱকসকল যে চৰকাৰী বিভাগ বা প্ৰতিষ্ঠানৰ কৰ্মচাৰী নহয় তাক লিখিতভাৱে জনাব লাগিব।অভিভাৱকসকলৰ বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰ স্থানীয় ৰাজহ চক্ৰ বিষয়া/মৌজদাৰে প্ৰদান কৰিব লাগিব।বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমুহে তেওঁলোকৰ 'ৱেবছাইট'ত বিনামুলীয়া নামভৰ্তিৰ সুযোগ পোৱা ছাত্ৰ-ছাত্ৰীৰ নাম তালিকা প্ৰকাশ কৰিব লাগিব। *সকলো চৰকাৰী আৰু প্ৰাদেশীকৃত মহাবিদ্যালয়। *গুৱাহাটী বিশ্ববিদ্যালয়। *ডিব্ৰুগড় বিশ্ববিদ্যালয়। *বড়োলেণ্ড বিশ্ববিদ্যালয়। *কটন বিশ্ববিদ্যালয়। *কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়। *মহিলা বিশ্ববিদ্যালয়,যোৰহাট। মহাবিদ্যালয়/বিশ্ববিদ্যালয়সমুহৰ এই বিনামুলীয়া নামভৰ্তিৰ আঁচনিখনৰ বিষয়ে বিতংভাৱে জানিবলৈ তলৰ ঠিকনাত যোগাযোগ কৰক। অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগ। Roll over stars then click to rate. © 2006-2019 C-DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws. এই পৰ্টেলৰ যোগেৰে ভাৰত চৰকাৰৰ বৈদ্যুতিন আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয় দ্বাৰা ভাৰত বিকাশ প্ৰৱেশদ্বাৰ প্ৰকল্পৰ অধীনত সামাজিক উন্নয়নৰ বাবে এক ৰাষ্ট্ৰযোৰা প্ৰচেষ্টা চলাই থকা হৈছে। ইয়াৰ জৰিয়তে ৰাইজলৈ সুনিশ্চিত তথ্যৰ যোগান, তথ্যৰ জ্ঞান, তথ্য প্ৰযুক্তি আৰু যোগাযোগ সেৱা আৰু সামগ্ৰীৰ সুবিধাসমূহ আগবঢ়োৱাৰ চেষ্টা কৰা হৈছে। আইএনডিজি প্ৰকল্পটো ভাৰত চৰকাৰৰ বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় ৰ সহায়ত চেণ্টাৰ ফ'ৰ ডেভেলপমেণ্ট অব এডভান্স কম্পিউটিং, হায়দৰাবাদ (C-DAC) ৰ দ্বাৰা কাৰ্য্যকৰী কৰা হৈছে।
ষ্টাফ ৰিপʼৰ্টাৰ , চৈয়দ মোস্তাফা আহমেদৰ প্ৰতিবেদন , ১৬ অক্টোৱৰঃ আজি কামৰূপ জিলাৰ ৰঙিয়াত ভাৰতীয় জনতা পাৰ্টি ,অসম প্ৰদেশৰ কিষাণ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । দলীয় কাৰ্যকৰ্তাসকলে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক ৰঙিয়াত উষ্ণ আদৰণী জনায় । এই অনুষ্ঠানত উপস্থিত হৈ সভাপতি ৰঞ্জিত দাসে দলীয় পতাকা উত্তোলন কৰে । ইয়াৰ পাছত বন্তী প্ৰজ্বলন কৰি সভাৰ কাম আৰম্ভ কৰে । ভাষণকালত কিষাণ মৰ্চাৰ কাৰ্যকৰ্তা তথা দলৰ কাৰ্যকৰ্তা সকলৰ উৎসাহ-উদ্দীপনাই তেখেতক যথেষ্ট উৎসাহিত কৰা বুলি মন্তব্য কৰে । দেশৰ কৃষক সকলৰ হিতৰ বাবে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে সৰ্বদা ভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে । কৃষকৰ আয় বৃদ্ধিৰ বাবে নীতিৰ পৰিৱৰ্তন , কৃষি লোণ , আৰ্থিক সাহাৰ্যকে আদি কৰি ভিন্ন পদক্ষেপ হাতত লৈছে । সমান্তৰালভাবে সোনোৱাল নেতৃত্বাধীন অসম চৰকাৰেও ৰাজ্যৰ কৃষকসকলৰ উন্নয়ণৰ অৰ্থে মোদী ডাঙৰীয়াৰ পদক্ষেপ আৰু কৰ্মৰাজিক সৰোগত কৰাৰ লগতে নিজাববীয়া বহু শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে । কিষাণ মৰ্চাৰ কাৰ্যকৰ্তা সকলক দাসে বিশেষভাবে প্ৰতিঘৰ কৃষকৰ পৰিয়ালৰ লগত সম্পৰ্ক স্থাপন কৰি চৰকাৰ আৰু দলে তেওঁলোকৰ বাবে লোৱা কাৰ্যসূচী সমূহ অৱগত কৰিবলৈ অনুৰোধ জনায় । ৰঞ্জিত দাসে সভাত উপস্থিত কাৰ্যকৰ্তা সকলৰ মাজত নিজেই খাদ্য বিতৰণ কৰি দলীয়কৰ্মী সকলৰ দৃষ্টি আকৰ্ষণ কৰে । আনহাতে , সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰ দি দাসে বিৰোধী দল সমূহে কৃষক নীতিৰ বিষয়ে একো নাজানি অযথা প্ৰতিবাদ কৰি আছে বুলি জনায়। কৃষক সকলৰ প্ৰকৃত উন্নয়ন কেৱল ভাৰতীয় জনতা পাৰ্টীয়েহে কৰিব পাৰে বুলি দাবী কৰে , ইয়াৰ মাজতে জাতিয়তাবাদী দলসমূহক সাগৰৰ ওপৰৰ ঢৌ বুলি তীব্ৰ কটাক্ষ কৰি ভাৰতীয় জনতা পাৰ্টীতকৈ কোনো বেছি জাতিয়তাবাদী নহয় বুলি মন্তব্য কৰে । আজিৰ সভাত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া , উপ-সভানেত্ৰী বিজুলী কলিতা মেধি , সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা , জিলা সভাপতি নন্দন তালুকদাৰ , কিষাণ মৰ্চাৰ ৰাজ্যিক সভাপতি প্ৰফুল্ল কলিতা সহ বিভিন্ন জিলাৰ সভাপতি সকল উপস্থিত থাকে।উল্লেখযোগ্য যে , দুদিনীয়াকৈ আয়োজন কৰা এই সভাৰ সামৰণী অনুষ্ঠানত কাইলৈ উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।
এতেকে ঈশ্বৰৰ মনোনীত প্ৰিয় আৰু পবিত্ৰ লোক সকলৰ যি উপযুক্ত, সেই মতে দয়া, স্নেহ, মধুৰ ভাব, নম্ৰতা, মৃদুতা আৰু চিৰসহিষ্ণুতা, এই সকলোকে পিন্ধক; [6] কিন্তু ঈশ্বৰে আমাক অতিকৈ অনুগ্ৰহ দান কৰে। শাস্ত্ৰে এইদৰে কয়, "ঈশ্বৰ অহংকাৰী লোকৰ বিপক্ষ হয়, কিন্তু নম্ৰ লোক সকলক তেওঁ অনুগ্ৰহ দান কৰে।"[7] এতেকে আপোনালোক ঈশ্বৰৰ বশীভুত হওক আৰু চয়তানক প্ৰতিৰোধ কৰক; তাতে সি আপোনালোকৰ মাজৰ পৰা পলাই যাব।[8] ঈশ্বৰৰ ওচৰলৈ চাপি আহক; তাতে তেৱোঁ আপোনালোকৰ ওচৰলৈ চাপিব। হে পাপ কৰ্ম কৰোঁতা সকল, আপোনালোকৰ হাত পৰিষ্কাৰ কৰক আৰু হে দুই মনৰ মানুহ, আপোনালোকৰ হৃদয় শুচি কৰক।[9] বিলাপ, শোক আৰু ক্ৰন্দন কৰক; আপোনালোকৰ হাঁহি শোক হৈ যাওঁক, আৰু আপোনালোকৰ আনন্দ বিষাদ হৈ যাওঁক।[10] প্ৰভুৰ দৃষ্টিত আপোনালোকে নিজকে নত কৰক, তাতে তেওঁ আপোনালোকক উন্নত কৰিব। সেইদৰে হে ডেকা লোক সকল, আপোনালোক পৰিচাৰক সকলৰ বশীভূত হওক; আপোনালোক সকলোৱে নম্ৰতাৰে নিজকে ভালদৰে মেৰিয়াই বান্ধি লওঁক আৰু ইজনে সিজনক সেৱা কৰক; যিহেতু, ঈশ্বৰে অহংকাৰী সকলক প্ৰতিৰোধ কৰে, কিন্তু নম্ৰ সকলক অনুগ্ৰহ দান কৰে। তেনেহ'লে মোৰ নামেৰে প্ৰখ্যাত হোৱা মোৰ প্ৰজাসকলে যদি নিজকে নম্ৰ কৰি প্ৰাৰ্থনা কৰে আৰু মোৰ সাক্ষাৎ হবলৈ বিচাৰে বা নিজ নিজ কু-পথৰ পৰা ঘূৰে, তেনেহ'লে মই স্বৰ্গৰ পৰা শুনি তেওঁলোকৰ পাপবোৰ ক্ষমা কৰিম আৰু তেওঁলোকৰ দেশ আৰোগ্য কৰিম। কিয়নো যি কোনোৱে নিজকে বৰ বুলি মানে, তেওঁক সৰু কৰা হ'ব; আৰু যি কোনোৱে নিজকে সৰু বুলি মানে, তেওঁক বৰ কৰা হ'ব। হে মনুষ্য, যিহোৱাই যি ভাল, সেই বিষয়ে তোমালোকক কৈছিল; আৰু যিহোৱাই তোমালোকৰ পৰা এইবোৰ বিচাৰেঃ ন্যায়ৰূপ কাৰ্য কৰা, দয়াশীলতাক ভাল পোৱা, আৰু তোমালোকে ঈশ্বৰৰ সৈতে নম্রভাৱে চলা। [3] বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য গুৰুত্বপূর্ণ প্ৰতিশ্রুতিয়ে তোমাক কেতিয়াও ত্যাগ নকৰক; দুয়োকো তুমি ডিঙিত বান্ধি ৰাখিবা, আৰু তোমাৰ হৃদয় ফলিত সেইবোৰ লিখি থ'বা।[4] তেতিয়া তুমি ঈশ্বৰ আৰু মানুহৰ দৃষ্টিত অনুগ্ৰহ আৰু সুযশস্যা পাবা। আনলোকে তোমাৰ প্ৰশংসা কৰক, কিন্তু তোমাৰ নিজৰ মুখে নকৰক; অচিনাকী লোকে কৰক, কিন্তু তোমাৰ নিজৰ ওঁঠে নকৰক। কিয়নো মোক দিয়া অনুগ্ৰহৰ দ্বাৰাই মই আপোনালোকৰ প্ৰত্যেক জনক কওঁ যে, উপযুক্ত বিবেচনাতকৈ কোনেও নিজকে বৰ বুলি বিবেচনা নকৰক; কিন্তু ঈশ্বৰে যাক যি পৰিমাণে বিশ্বাস দিলে, তেওঁ সেই অনুসাৰে নিজৰ বিষয়ে গভীৰ মনেৰে বিবেচনা কৰক। আপোনালোকৰ পৰস্পৰৰ ভাব একে হওক। বৰ বৰ বিষয়বোৰ চিন্তা নকৰি, সামান্য লোকৰ দৰে চলক । নিজৰ নিজৰ মনত জ্ঞানী নহব। [9] তাতে তেওঁ মোক ক'লে, 'মোৰ যি অনুগ্ৰহ, সেয়ে তোমাৰ বাবে জুৰিব; কিয়নো দূৰ্ব্বলতাত মোৰ শক্তি সিদ্ধ হয়'; সেই বাবে মই মহা-আনন্দেৰে মোৰ নানা দূৰ্ব্বলতাত গৌৰৱহে কৰিম, কিয়নো তাতে খ্ৰীষ্টৰ শক্তি মোৰ ওপৰত বাস কৰে।[10] এই হেতুকে খ্ৰীষ্টৰ কাৰণে মই দূৰ্ব্বলতা, অপমান, দৰিদ্ৰতা, তাড়না, সঙ্কট, এইবোৰত সন্তুষ্ট হওঁ; কিয়নো যেতিয়া মই দূৰ্বল, তেতিয়াই বলৱান। [3] আপোনালোকে বিৰোধ বা অনৰ্থক দৰ্পেৰে একো নকৰিব; কিন্তু নম্ৰভাবে প্ৰত্যেকে নিজতকৈ অানক উত্তম বুলি মান্য কৰক।[4] প্ৰতিজনে নিজৰ বিষয়ে নহয়, কিন্তু অানৰ বিষয়ে ভাবক। [10] আৰু তোমালোকে আচাৰ্য্য বুলি মতা নহ'বা; কিয়নো খ্ৰীষ্টই তোমালোকৰ আচাৰ্য্য।[11] কিন্তু তোমালোকৰ মাজত যি জন শ্ৰেষ্ঠ, তেওঁ তোমালোকৰ পৰিচাৰক হ'ব।[12] যি কোনোৱে নিজকে নিজে বৰ বুলি মানিব, তেওঁক সৰু কৰা হ'ব; আৰু যি কোনোৱে নিজকে নিজে সৰু বুলি মানিব, তেওঁক বৰ কৰা হ'ব। [14] কিন্তু কালিলৈ কি ঘটিব, সেই বিষয়ে আপোনালোকে নাজানে আৰু আপোনালোকৰ জীৱন নো কি? কিয়নো এখন্তেক দেখা পোৱা হৈ পাছত দেখা নোপোৱা যি ভাপ, আপোনালোক সেই ভাপ স্বৰূপ।[15] তাৰ সলনি বৰং এইদৰে আপোনালোকে কোৱা উচিত যে, "যদি প্ৰভুৱে ইচ্ছা কৰে, আমি জীয়াই থাকিম, আৰু এই কৰ্ম বা সেই কৰ্ম কৰিব পাৰিম।"[16] কিন্তু এতিয়া আপোনালোকে নিজৰ নিজৰ পৰিকল্পনাত অহংকাৰ কৰি আছে; এনে অহংকাৰ অতি মন্দ। [5] খ্ৰীষ্ট যীচুত যি ভাব, সেয়ে আপোনালোকৰ হওক,[6] যি জনৰ অস্তিত্ব ঈশ্বৰ-ৰূপী আছিল। তেওঁ ঈশ্বৰৰ সমান হলেও তাক কাঢ়ি লোৱা বুলি নামানিলে।[7] বৰং নিজকে শূণ্য কৰিলে। আৰু তেওঁ দাসৰ ৰূপ ধাৰণ কৰিলে। তেওঁ মানুহৰ নিচিনা হৈ অৱতীৰ্ণ হ'ল। আৰু তেওঁ আকাৰ-প্ৰকাৰত মানুহৰ দৰে হ'ল।[8] তেওঁ নিজকে সৰু কৰি মৃত্যুলৈকে, এনে কি ক্ৰুচীয় মৃত্যুলৈকে আজ্ঞাধীন হ'ল ।
নিৰাশ নোহোৱাকৈ তেওঁলোকে যেন সকলো সময়তে প্ৰাৰ্থনা কৰা উচিত, এই বিষয়ে বুজি পাবৰ কাৰণে যীচুৱে তেওঁলোকক এই দৃষ্টান্ত দি ক'লে, সেই নগৰত এজনী বাৰী মহিলাও আছিল; তেওঁ সেই বিচাৰকৰ ওচৰলৈ আহি নিবেদন কৰিলে যে, 'অন্যায়ৰ প্ৰতিকাৰ কৰি মোৰ বিপক্ষৰ পৰা মোক উদ্ধাৰ কৰক'। তাতে তেওঁ কিছু দিনলৈ সন্মত নহ'ল; কিন্তু পাছত নিজৰ মনতে ক'লে, 'মই যদিও ঈশ্বৰক ভয় নকৰোঁ, আৰু মানুহকো নামানো, ইয়াৰ পাছত, নিজকে ধাৰ্মিক বুলি ভবা আৰু আন লোকক হেয়জ্ঞান কৰা, এনে কিছুমান লোকৰ উদ্দেশ্যে তেওঁ এই দৃষ্টান্ত দিলে। ফৰীচীয়ে থিয় হৈ নিজৰ মতে এইদৰে প্ৰাৰ্থনা কৰিলে, 'হে ঈশ্বৰ, মই আন মানুহৰ নিচিনা অপহাৰক, অন্যায়কাৰী, ব্যভিচাৰী, নাইবা এই কৰ সংগ্রহকাৰী জনৰ নিচিনাও নহওঁ, এই কাৰণে মই তোমাৰ স্তুতি কৰোঁ। কিন্তু কৰ সংগ্রহকাৰী সকলে আতৰত থিয় হৈ, স্বৰ্গৰ ফালে চকু তুলিবলৈ সাহস নকৰিলে, কিন্তু নিজৰ হিয়া ভুকুৱাই ভুকুৱাই ক'লে, 'হে ঈশ্বৰ, মই এজন পাপী; মোলৈ প্ৰসন্ন হৈ দয়া কৰক'। এদিন লোক সকলে নিজ নিজ শিশুবোৰক যীচুৱে চুই আশীৰ্বাদ কৰিবৰ কাৰণে তেওঁৰ ওচৰলৈ আনিলে; কিন্তু শিষ্য সকলে এইবোৰ দেখি তেওঁলোকক ডবিয়ালে। তেতিয়া যীচুৱে তেওঁলোকক ক'লে, "মই তোমালোকক স্বৰূপকৈ কওঁ, ঈশ্বৰৰ ৰাজ্যৰ কাৰণে যি কোনোৱে ঘৰ, তিৰোতা, ভায়েক, মাক-বাপেক, বা সন্তান সকলক ত্যাগ কৰে, পাছত তেওঁ বাৰ জন পাঁচনিক লগত লৈ তেওঁলোকক ক'লে, "চোৱা, আমি যিৰূচালেমলৈ যাত্ৰা কৰিছোঁ; তাতে ভাববাদী সকলৰ দ্বাৰাই যি যি লিখা আছে, সেই সকলো কথা মানুহৰ পুত্ৰত সিদ্ধ হ'ব। কিয়নো অনা-ইহুদী লোকৰ হাতত তেওঁক শোধাই দিয়া হ'ব; তাতে মানুহে তেওঁক বিদ্রপ কৰিব, অপমান কৰিব, তেওঁৰ গাত থুই পেলাব, কিন্তু এই কথা তেওঁ কিয় ক'লে, সেই বিষয়ে তেওঁলোকে একো নুবুজিলে; তেওঁলোকৰ পৰা এই বাক্য গোপন কৰি ৰখাৰ বাবে, যি বাক্য কোৱা হ'ল; সেই বাক্যৰ বিষয়ে তেওঁলোকে একো নাজানিলে। সেই সময়ত তেওঁ দৃষ্টি পালে আৰু ঈশ্বৰৰ প্ৰশংসা কৰি তেওঁৰ পাছে পাছে গ'ল; মানুহবোৰে এই কার্য দেখা পাই ঈশ্বৰৰ স্তুতি কৰিব ধৰিলে।
শিৱসাগৰৰ দিখৌমুখ ন-দিছিয়ালত দিখৌ নৈত শনিবাৰে সন্ধিয়া সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত গাড়ীসহ ডুব যোৱা একেটা পৰিয়ালৰ ৫ জনকৈ সদস্যক উদ্ধাৰৰ বাবে পুনৰ আজি অভিযান চলে। আজি পুৱা ৯ বজাৰ পৰা দুৰ্ভগীয়া পৰিয়ালটো উদ্ধাৰৰ বাবে এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ দলে অভিযান আৰম্ভ কৰে। আনহাতে স্থানীয় ৰাইজে পৰিয়ালটোৰ সদস্যকেইজনক উদ্ধাৰৰ ক্ষেত্ৰত এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ দলে চূড়ান্ত অৱহেলা কৰাৰ অভিযো উত্থাপন কৰিছে। স্থানীয় ৰাইজৰ পৰা জানিব পৰা মতে শনিবাৰে নিশা সন্ধিয়া ৬-৩০ বজাতে দুৰ্ঘটনাত পতিত হোৱা পৰিয়ালটোক উদ্ধাৰৰ বাবে নিশা ১২ বজালৈকে পানীত নামিবলৈ সক্ষম নহ'ল। আনকি দলটোৱে লগত লৈ আহিছিল বিকল নাও। পিছত নিশা পলমকৈ কিছু সময়ৰ বাবে উদ্ধাৰৰ বাবে অভিযান চলাইছিল যদিও নিশা বৰষুণ হোৱাৰ বাবে অভিযান স্থগিত ৰাখিব লগা হয়। ইফালে আজি পুৱা ৮ বজাৰ পৰা উদ্ধাৰ অভিযান চলোৱাৰ কথা আছিল যদিও ৯ বজাৰ পৰাহে উদ্ধাৰ অভিযনা আৰম্ভ কৰে। ফলত স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰিছে। উল্লেখযোগ্য যে শনিবাৰে নিশা সংঘটিত দুৰ্ঘটনাটোত একেটা পৰিয়ালৰ হৰেন বৰা (৫২ বছৰীয়া)ৰ পত্নী ফুনু বৰা (৪৮), জী চিম্পী বৰা (২১) আৰু মুনমী বৰা আৰু মাতৃ পণৌ বৰা (৮৬ বছৰীয়া) পতিত হৈছিল। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
শিৱসাগৰত ব'লবম উছাহ, আনন্দৰ মাজতে আজি পুৱা এক অঘটন সংঘটিত হয়। দুৰ্ভাগ্যবশত ব'লবম লৈ অহা এজন ভক্ত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত পৰে। প্ৰাপ্ত তথ্য মতে শাওন মাহ উপলক্ষে শিৱসাগৰৰ শিৱদ'ল চৌহদত চলি থকা অখণ্ড হৰিকীৰ্তনত সংযোগ কৰা অস্থায়ী বিদ্যুৎ সেৱাৰ তাঁৰত লাগি আজি পুৱা ব'লবমলৈ অহা ভক্তজনে মৃত্যুক আঁকোৱালি ল'ব লগীয়া হয়। মৃত ব্যক্তি জনক বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই। ইতিমধ্যে মৃত ব্যক্তি জনক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে নিয়া হৈছে। ইফালে দ'ল উন্নয়ন পৰিষদৰ সম্পাদকে অভিযোগ উত্থাপন কৰি কয় যে অখণ্ড হৰিকীৰ্তন আয়োজন কৰা কমিটিৰ গাফলতিৰ বাবে এই দুৰ্ঘটনা সংঘটিত হয়। লগতে ব'লবমলৈ অহা এজন ভক্ত এনেদৰে আকস্মিকভাৱে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক আঁকোৱালি লোৱা ঘটনাই অঞ্চলটোত এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে। কাক ভোট দিলে নৰেন্দ্ৰ মোডীৰ পত্নী যশোদাবেনে? Oxford English Dictionary: ২০২২ চনৰ 'বছৰটোৰ শব্দ' ঘোষণা কৰিছে অক্সফৰ্ড অভিধানে; শব্দটো কি? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
দুৰ্ঘটনা সংঘটিত কৰা টাটা এচিই গাড়ীখনৰ নম্বৰ এএচ ১৯এচি ২৮৬৬ ।জানিব পৰা মতে পিছপিনৰ পৰা খুন্দা মাৰে দুৰ্ভগীয়া পৰিয়ালটোক । দুখন চাইকেলেৰে ঘৰলৈ আহি আছিল পৰিয়ালটো ।পৰিয়ালটোৰ বালাজানত থকা ঘৰত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে । চালক আৰু সহযোগী চালকক কৰায়ত্ব কৰিছে আৰক্ষীয়ে । Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
দুৰ্নীতিৰ দৰ্পণ সেৱা , আক্ৰাম হুছেইন শিকদাৰ , ৰামপুৰ , ২১ ফেব্ৰুৱাৰী : এশ শতাংশ শিক্ষিত হ'লেহে আমাৰ সমাজৰ উন্নয়ন সম্ভৱ । কাৰণ শিক্ষাই হৈছে উন্নয়নৰ মূলমন্ত্ৰ । এই মন্তব্য নতুন সাহিত্য পৰিষদৰ সভাপতি ড° অহিজুদ্দিন শ্বেখৰ । আজি নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ লাৰকুছিস্থিত ঐতিহ্যপূৰ্ণ পেৰাধৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত আন্তৰ্জাতিক মাতৃভাষা দিবস আৰু গ্ৰন্থ উন্মোচন সভাত এই মন্তব্য কৰে বিশিষ্ট সাহিত্যিক গৰাকীয়ে । নতুন সাহিত্য পৰিষদ , বৰক্ষেত্ৰী শাখাৰ উদ্যোগত প্ৰথম বাৰৰ বাবে উদযাপন কৰা এই মাতৃভাষা দিবসৰ লগত সংগতি ৰাখি উদীয়মান গল্পকাৰ ওৱাহেদুৰ ৰহমানৰ "অভিশপ্ত শিবিৰ" শীৰ্ষক গল্পপুথি উন্মোচন কৰা হয় । নতুন সাহিত্য পৰিষদ , বৰক্ষেত্ৰী শাখাই প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখন উন্মোচন কৰে নতুন সাহিত্য পৰিষদৰ ৰাজ্যিক সভাপতি তথা বিশিষ্ট সাহিত্যিক ড° অহিজুদ্দিন শ্বেখে । অনুষ্ঠানত মুখ্য বক্তা হিচাপে দিয়া ভাষণ প্ৰসংগত তেওঁ আন্তৰ্জাতিক মাতৃভাষা দিবসৰ তাৎপৰ্য বৰ্ণনা কৰাৰ লগতে চৰ-চাপৰি অঞ্চলৰ শিক্ষাৰ প্ৰয়োজনীয়তাৰ ওপৰত ইতিবাচক মন্তব্য আগবঢ়ায় । পেৰাধৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আবু বক্কৰ ছিদ্দিকৰ সভাপতিত্বত দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা উক্ত অনুষ্ঠানত বিশিষ্ট বক্তা হিচাপে সুলেখক পৰীক্ষিত বৈশ্য, নিৰ্দিষ্ট বক্তা হিচাপে শ্বহীদ সোঁৱৰণী কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা ড° আব্দুল হালিম আহমেদ আৰু সন্মানীয় অতিথি হিচাপে কবি-লেখক আলতাফ হুছেইন মজুমদাৰে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে । সভাত ড° নজৰুল ইছলামে তেওঁৰ বহু পঠিত কবিতা 'চৰ-চাপৰি ডট কম'ৰ উপৰিও, ছাইফুল ইছলাম , ঋষিৰাজ গগৈ আৰু ৰমনী নাথে স্বৰচিত কবিতা পাঠ কৰে। ঋষিৰাজ গগৈয়ে ৰাভা সংগীত আৰু এনজিলিনা বেগমে আধুনিক নৃত্য পৰিৱেশনেৰে ৰাইজক আপ্লুত কৰে। গল্পকাৰ ওৱাহেদুৰ ৰহমানে আদৰণী ভাষণ প্ৰদান কৰাৰ বিপৰীতে শলাগৰ শৰাই আগবঢ়ায় কবি-সাংবাদিক আক্ৰাম হুছেইন শিকদাৰে।
গুৱাহাটী : ২০২২ বৰ্ষৰ ৫ জানুৱাৰীত প্ৰকাশ পাবলগীয়া চুড়ান্ত ভোটাৰ তালিকাৰ পৰিশুদ্ধতা প্ৰদানৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ নিৰ্বাচন জিলাত ভোটাৰ তালিকাৰ খচৰাৰ পুনৰীক্ষণ তথা সংশোধনৰ ক্ষেত্ৰত ব্যাপক উদ্যোগ গ্ৰহণ কৰা হৈছে। এই উদ্দেশ্যে জিলাখনত অহা ১৩ নৱেম্বৰ, ১৪ নৱেম্বৰ, ২১ নৱেম্বৰ আৰু ২৭ নৱেম্বৰত গ্ৰহণ কৰা বিশেষ অভিযানৰ লগত সংগতি ৰাখি শনিবাৰে কটন বিশ্ববিদ্যালয়ৰ চুডমাৰছন হলত অনুষ্ঠিত কৰা এখন সভাত মুখ্য অতিথি হিচাপে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়ে অংশগ্ৰহণ কৰে। জিলা নিৰ্বাচনী বিষয়া বিশ্বজিৎ পেগু, অতিৰিক্ত উপায়ুক্ত (নিৰ্বাচন) ড৹ ধ্ৰুৱ হাজৰিকা, ভাৰপ্ৰাপ্ত নিৰ্বাচনী বিষয়া ভাস্কৰজ্যোতি হাজৰিকাৰ উপৰি ই আৰ অ', এ ই আৰ অ', বি এল অ' আৰু ভালেসংখ্যক ছাত্ৰ-ছাত্ৰী আৰু ৰাইজ উপস্থিত থকা এই সভাত মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে খচৰা ভোটাৰ তিলিকাৰ সংশোধন আৰু ন ভোটাৰৰ নাম অন্তৰ্ভুক্তকৰণৰ বিষয়ত বিস্তৃতভাৱে আলোকপাত কৰে। ছাত্ৰ-ছাত্ৰী আৰু সাংবাদিকসকলৰ লগতে বিভিন্ন বিষয়ত মত বিনিময় কৰে মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে। সভাত ভাষণ প্ৰদান কৰি তেওঁ সকলো ভোটাৰকে ভোটগ্ৰহণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আৰু ১৮ বছৰ সম্পূৰ্ণ হোৱা ব্যক্তিসকলক ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনাই কয় যে সকলো ভোটাৰে ভোটপ্ৰদানত অংশগ্ৰহণ কৰি সৰ্বাধিক ভোট সাব্যস্ত কৰা ৰাজ্য হিচাপে অসমক দেশৰ মানচিত্ৰত স্হাপন কৰিবলৈ চেষ্টা চলাব লাগে। ভোটাৰ তালিকাত কিবা সংশোধনী থাকিলে বা নাম অন্তৰ্ভুক্তকৰণৰ ক্ষেত্ৰত অনলাইন অথবা অফলাইন পদ্ধতি ব্যৱহাৰ কৰিবলৈ তেওঁ জনসাধাৰণক আহ্বান জনায়। ভোটাৰ তালিকাৰ খচৰা সংশোধনীৰ লগত সংগতি ৰাখি এখন বাটৰ নাটো প্ৰদৰ্শন কৰা হয় এই অনুষ্ঠানত। উল্লেখ্যযোগ্য যে ইয়াৰ আগতে মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে খানাপাৰা কেন্দ্ৰীয় বিদ্যালয়, বেলতলা উচ্চ মাধ্যমিক বিদ্যালয়, ৰুক্মিণীগাঁও বালিকা উচ্চ মাধ্যমিক বিদ্যালয় আদি ভোটকেন্দ্ৰসমূহ পৰিদৰ্শন কৰি ভোটাৰ খচৰা তালিকা প্ৰদৰ্শনৰ বাবে কেন্দ্ৰসমূহত কেনেধৰণৰ ব্যৱস্থা লৈছে তাৰো বুজ লয়। Search for:
লেবীয় পুস্তক 19:13-18\n তুমি নিজ চুবুৰীয়াক অত্যাচাৰ নকৰিবা আৰু তেওঁৰ বস্তু অপহৰণ নকৰিবা; বেচলৈ কাম কৰা চাকৰৰ বেচ গোটেই ৰাতি নিদিয়াকৈ থাকি ৰাতিপুৱালৈ নাৰাখিবা। তুমি কলাক শাও নিদিবা আৰু অন্ধৰ আগত উজুতি খোৱা মুঢ়া নথবা, কিন্তু তোমাৰ ঈশ্বৰলৈ ভয় ৰাখিবা; মই যিহোৱা। তোমালোকে বিচাৰত অন্যায় নকৰিবা; বিচাৰত তুমি দুখীয়াৰ মুখলৈ নাচাবা আৰু সম্ভ্ৰান্ত লোকক সমাদৰ নকৰিবা; কিন্তু তুমি ধাৰ্মিক ভাৱে নিজ চুবুৰীয়াৰ বিচাৰ নিস্পত্তি কৰিবা। তুমি নিজ লোকসকলৰ মাজত চৰ্চ্চি ফুৰোঁতা নহ'বা; আৰু তোমাৰ ওচৰ চুবুৰীয়াৰ বিৰুদ্ধে প্রাণ হত্যাকাৰী নহ'বা; মই যিহোৱা। তুমি নিজ ভাইক নিজ মনত ঘিণ নকৰিবা; তুমি নিজ চুবুৰীয়াক চুবুৰীয়াৰ কাৰণে পাপৰ ভাৰ নব'বলৈ, অৱশ্যে তেওঁক সতৰ্ক কৰিবা। তুমি নিজ সন্তান সকলৰ প্ৰতিকাৰ নাসাধিবা বা তেওঁলোকৰ বিৰুদ্ধে আখেজ নাৰাখিবা; কিন্তু নিজ ওচৰ-চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা; মই যিহোৱা।\n ভুল তুলাচনী যিহোৱাৰ ঘিণলগীয়া; কিন্তু সঠিক জোখ তেওঁৰ সন্তোষ জনক। যেতিয়া অহংকাৰ হয়, তেতিয়া অপমানো হয়; কিন্তু নম্ৰতাই প্রজ্ঞা আনে। সাধুলোকৰ সততা তেওঁলোকৰ পথদৰ্শক; কিন্তু বিশ্বাস-ঘাতকসকলৰ কুটিলতাই তেওঁলোকক বিনষ্ট কৰে।\nনিজৰ সিদ্ধতাত চলা দৰিদ্ৰ লোক, কোনো এজন কথাত বিপথগামী আৰু অজ্ঞানী লোকতকৈ ভাল।\nতোমাৰ শত্ৰু যদি ক্ষুধাতুৰ হয়, তেনেহ'লে তেওঁক আহাৰ খাবলৈ দিয়া; আৰু তেওঁ যদি তৃষ্ণাতুৰ হয়, তেনেহ'লে তেওঁক পানী খাবলৈ দিয়া।\n এতেকে, লোকে তোমালোকক যেনে ব্যৱহাৰ কৰিলে তোমালোকে ভাল পোৱা, তোমালোকেও তেওঁলোকক তেনেদৰে ব্যৱহাৰ কৰিবা; কিয়নো এয়ে বিধান আৰু ভাববাদী সকলৰ শিক্ষাৰ সাৰ। ঠেক দুৱাৰেদি সোমোৱা; কিয়নো যিয়ে সৰ্ব্বনাশলৈ নিয়ে, সেই দুৱাৰ ডাঙৰ আৰু বাটো বহল। তাৰ মাজেদি সোমোৱা লোকো অনেক। কিন্তু যিয়ে জীৱনলৈ নিয়ে, সেই দুৱাৰ সৰু আৰু বাটো ঠেক। অতি কম লোকেহে ইয়াক বিচাৰি পায়। ভুৱা ভাৱবাদী সকলৰ বিষয়ে সাৱধান হোৱা। সিহঁতে তোমালোকৰ ওচৰলৈ মেৰৰ বেশ লৈ আহে, অথচ ভিতৰি সিহঁত হিংস্র ৰাংকুকুৰ। সিহঁতৰ জীৱনৰ ফলৰ দ্বাৰাই তোমালোকে সিহঁতক চিনি পাবা। মানুহে জানো কাঁইটীয়া জোপোহাৰ মাজৰ পৰা আঙুৰ ফল বা কাঁইট গছৰ পৰা ডিমৰু ফল পাব পাৰে? ঠিক তেনেদৰে প্রত্যেক ভাল গছত ভাল ফল ধৰে আৰু বেয়া গছত বেয়া ফল ধৰে। ভাল গছত বেয়া ফল আৰু বেয়া গছত ভাল ফল ধৰিব নোৱাৰে। যি গছত ভাল ফল নধৰে, সেই গছ কাটি জুইত পেলোৱা হয়। এতেকে সিহঁতৰ ফলৰ দ্বাৰাই তোমালোকে সিহঁতক চিনি পাবা। যি সকলে মোক 'প্ৰভু প্ৰভু' বোলে, তেওঁলোক সকলোৱে যে স্বৰ্গৰাজ্যত সোমাব, এনে নহয়; কিন্তু যি জনে স্বৰ্গত থকা মোৰ পিতৃৰ ইচ্ছা পালন কৰে, সেইজনেহে সোমাব।\n চোৱা! তোমাৰ ভনী চদোমৰ এই অপৰাধ আছিলঃ যে, তাইৰ আৰু তাইৰ জীসকলৰ অহংকাৰ, আহাৰৰ সম্পূৰ্ণতা আৰু নিশ্চিন্ততাযুক্ত সুখ আছিল; তাই দুখী দৰিদ্ৰৰ হাত সবল নকৰিছিল। তেওঁলোক গৰ্ব্বী আছিল আৰু মোৰ আগত ঘিণলগীয়া কাৰ্য কৰিছিল; এই হেতুকে মই যি ভাল দেখিলোঁ, তাকে কৰি তেওঁলোকক দূৰ কৰিলোঁ।\n যি মানুহে পৰীক্ষা সহন কৰে, তেওঁ ধন্য; কিয়নো পৰীক্ষা সাফল্য হ'লে, প্ৰভুক প্ৰেম কৰা সকলক জীৱনৰূপ কিৰীটি দিবলৈ প্ৰভুৱে যি প্ৰতিজ্ঞা কৰিলে, সেয়া তেওঁ পাব। কিন্তু যেতিয়া পৰীক্ষিত হয়, তেতিয়া কোনোৱে যেন এই বুলি নকওঁক "ঈশ্বৰৰ দ্বাৰাই মই পৰীক্ষিত হৈছোঁ"; কিয়নো মন্দ বিষয়ত ঈশ্বৰ নিজেও অপৰীক্ষিত আৰু কোনো লোকৰ পৰীক্ষাও তেওঁ নকৰে। কিন্তু প্ৰত্যেক ব্যক্তি নিজৰ কু-অভিলাষৰ দ্বাৰাই প্ৰলোভিত হয় আৰু ফুচুলনিত পৰি পৰীক্ষিত হয়। তাতে সেই কু-অভিলাষে গৰ্ভধাৰণ কৰি পাপ প্ৰসৱ কৰে; পাছত পাপ পূৰ্ণতাপ্ৰাপ্ত হ'লে, তাৰ ফলাফল হয় মৃত্যু।\n তেতিয়া বিধানৰ অধ্যাপক সকলৰ এজনে আহি, তেওঁলোকে এনে বাদ-বিচাৰ কৰা শুনি দেখিলে যে, যীচুৱে তেওঁলোকক ভালদৰেই উত্তৰ দিলে। তেতিয়া তেওঁ যীচুক সুধিলে, "কোনটো আজ্ঞা সকলোতকৈ প্রয়োজনীয়?" যীচুৱে উত্তৰ দিলে, "প্ৰথমটো এই, 'হে ইস্ৰায়েল, শুনা; প্ৰভুৱেই আমাৰ ঈশ্বৰ আৰু তেওঁ এজন, আৰু তুমি সকলো হৃদয়, সকলো প্ৰাণ, সকলো চিত্ত আৰু সকলো শক্তিৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা'। দ্বিতীয়টো এই, 'তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা'। এই দুটাতকৈ প্ৰধান আন আজ্ঞা নাই।"\n কিন্তু কোনো নগৰত সোমালে, মানুহবোৰে যদি তোমালোকক গ্ৰহণ নকৰে, সেই নগৰৰ আলিবাটলৈ যাবা আৰু এই কথা ক'বা, তোমালোকৰ নগৰৰ যি ধুলি আমাৰ ভৰিত লাগি আছে সেই ধুলিও তোমালোকৰ বিৰুদ্ধে জোকাৰি পেলালো, তথাপি এই কথা জানি লোৱা যে 'ঈশ্বৰৰ ৰাজ্য তোমালোকৰ ওচৰ আহি পালে।' মই তোমালোকক কওঁ, সেই মহা-বিচাৰৰ দিনা এই নগৰতকৈ চদোমৰ অৱস্থা বেছি সহনীয় হ'ব। হায় হায় কোৰাচীন! হায় হায় বৈৎ-চৈদা! তোমালোক সন্তাপৰ পাত্ৰ; কিয়নো তোমালোকৰ মাজত যিবোৰ পৰাক্ৰম কাৰ্য কৰা হৈছিল, সেইবোৰ কাৰ্য তুৰ আৰু চীদোনত যদি কৰিলোঁ হয়, তেতিয়া তাৰ নিবাসী সকলে বহু দিনৰ আগেয়ে চট পিন্ধি, ছাইত বহি অনুতাপ কৰিলেহেঁতেন। কিন্তু মহা-বিচাৰৰ দিনা তোমালোকৰ দশাতকৈ তুৰ আৰু চীদোনৰ দশা সহিবলৈ বেছি সহনীয় হ'ব। হে কফৰনাহূম, তুমি ভাবা নে, তুমি স্বৰ্গলৈ তোলা হ'বা বুলি? তুমি নৰকলৈহে পেলোৱা হ'বা। যি কোনোৱে তোমালোকৰ কথা শুনে, তেওঁ মোৰো কথা শুনে। যি কোনোৱে তোমালোকক অগ্ৰাহ্য কৰে, তেওঁ মোকো অগ্ৰাহ্য কৰে আৰু যি কোনোৱে মোক অগ্ৰাহ্য কৰে, তেওঁ মোক পঠোৱা জনকো অগ্ৰাহ্য কৰে।" পাছত সেই সত্তৰ জনে আনন্দেৰে ঘূৰি আহি ক'লে, "হে প্ৰভু, আপোনাৰ নামৰ দ্বাৰাই ভূতবোৰো আমাৰ বশীভূত হ'ল।" যীচুৱে তেওঁলোকক ক'লে, "স্বৰ্গৰ পৰা বিজুলীৰ নিচিনাকৈ, মই চয়তানক পৰা দেখিলোঁ। চোৱা, সাপ আৰু কেঁকোৰা-বিছা গচকিবলৈ আৰু শত্ৰুৰ সকলো পৰাক্ৰমৰ ওপৰত তোমালোকক ক্ষমতা দিলোঁ; তাতে একোৱে তোমালোকৰ কোনো প্ৰকাৰে অন্যায় কৰিব নোৱাৰিব। তথাপি ভূতৰ আত্মাবোৰ যে তোমালোকৰ বশীভূত হ'ল, সেই কথাত আনন্দ নকৰি, তোমালোকৰ নাম যে স্বৰ্গত লিখা হৈছে, সেই বাবেহে অধিক আনন্দ কৰা।" সেই ক্ষণতে তেওঁ পবিত্ৰ আত্মাত উল্লাসিত হৈ ক'লে, "হে পিতৃ, স্বৰ্গ আৰু পৃথিৱীৰ প্ৰভু, তুমি জ্ঞানী আৰু বিদ্যাৱন্ত লোকৰ পৰা এইবোৰ কথা গুপুতে ৰাখি, শিশু সকলৰ আগত প্ৰকাশ কৰিলা, এই বাবে তোমাক ধন্যবাদ দিওঁ। হয় পিতৃ, সেইদৰে তোমাৰ দৃষ্টিত সন্তোষজনক হোৱা কাৰণে তোমাক ধন্যবাদ দিওঁ।" "মোৰ পিতৃয়ে তোমালোকক মোৰ ওপৰত সমৰ্পন কৰিছে আৰু পুত্ৰ নো কোন, পিতৃৰ বাহিৰে কোনেও এই বিষয়ে নাজানে; আৰু পিতৃ নো কোন, সেই বিষয়ে পুত্ৰৰ বাহিৰে আন কোনেও নাজানে আৰু যি জনৰ আগত পুত্ৰই তেওঁক প্ৰকাশ কৰিবলৈ ইচ্ছা কৰে, তেওঁৰ বাহিৰে আন কোনেও জানিব নোৱাৰে।" ইয়াৰ পাছত যীচুৱে শিষ্য সকলৰ ফালে ঘূৰি গুপুতে ক'লে, "তোমালোকে যি যি দেখিছা সেইবোৰ দেখা চকুবোৰ ধন্য; কিয়নো মই তোমালোকক কওঁ যে, তোমালোকে যি যি দেখিছা, তাক অনেক ভাৱবাদী আৰু ৰজাই দেখিবলৈ ইচ্ছা কৰিও দেখিবলৈ নাপালে আৰু তোমালোকে যি যি শুনিছা, সেই বিষয়ে অনেকে শুনিবলৈ ইচ্ছা কৰিও, শুনিবলৈ নাপালে।" ইয়াৰ পাছত এজন বিধান পণ্ডিতে উঠি যীচুক পৰীক্ষা কৰি চোৱাৰ ছলেৰে সুধিলে, "হে গুৰু, মই কি কৰি অনন্ত জীৱনৰ অধিকাৰী হম?" তেতিয়া যীচুৱে ক'লে, "বিধানত কি লিখা আছে? তুমি কেনেকৈ বিধান-শাস্ত্ৰ পঢ়িছা?" তেওঁ উত্তৰ দি ক'লে, "তুমি সকলো হৃদয়, সকলো প্ৰাণ, সকলো শক্তি আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা, আৰু তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা।" তেতিয়া যীচুৱে তেওঁক ক'লে, "তুমি সঠিক উত্তৰ দিলা; ইয়াকে কৰা তেতিয়া তুমি অনন্ত জীৱন পাবা।"\n যদিও মই মানুহৰ বা স্বৰ্গ দূতৰ ভাষাৰে কথা কওঁ, তথাপি মোৰ প্ৰেম নাথাকিলে, মই কেৱল বাজি থকা কাঁহ, বা বাদ্য কৰি থকা তালস্বৰূপ হৈছোঁ। মই যদি ভাববাণী পাওঁ, সকলো নিগূঢ়-তত্ব আৰু সকলো বিদ্যা জানো আৰু পৰ্বত আতৰাব পৰা মোৰ যদি এনে বিশ্বাসো থাকে, তথাপি মোৰ প্ৰেম নাথাকিলে, মই একো নহওঁ। আৰু দৰিদ্ৰক খুৱাবলৈ যদি মোৰ সৰ্ব্বস্ব ব্যয় কৰোঁ আৰু পুৰি ভস্ম হ'বলৈ মোৰ শৰীৰকো শোধাই দিওঁ, তথাপি মোৰ প্ৰেম নাথাকিলে, তাত মোৰ একো লাভ নাই। প্ৰেম সহনশীল আৰু স্নহশীল; প্ৰেমে হিংসা নকৰে বা গৰ্ব নকৰে; ই অহংকাৰী বা অশিষ্টাচাৰী নহয়, ই নিজৰ লাভ নিবিচাৰে, সহজে কুপিত নহয় আৰু ই অন্যায় আচৰণ নকৰে। ই অধাৰ্মিকতাত আনন্দ নকৰে, কিন্তু সত্যতাত আনন্দ কৰে, প্ৰেমে সকলোকে আকোৱালি লয়, সকলোকে বিশ্বাস কৰে, সকলোকে আশা কৰে আৰু সকলোকে সহ্য কৰে। প্ৰেম কেতিয়াও লুপ্ত নহ'ব; কিন্তু ভাববাণী হ'লে, লোপ হ'ব; পৰভাষা হ'লে, সেইবোৰ গুচিব; জ্ঞান হ'লে, সেই জনো লুপ্ত হ'ব। কিয়নো আমাৰ জ্ঞান খণ্ডমাত্ৰ আৰু আমাৰ ভাবোক্তিও খণ্ডমাত্ৰ; কিন্তু সম্পূৰ্ণতা উপস্থিত হ'লে, সেই খণ্ডবোৰ লুপ্ত হ'ব। যেতিয়া মই শিশু আছিলোঁ, তেতিয়া শিশুৰ নিচিনাকৈ কথা কৈছিলোঁ, শিশুৰ দৰে ভাবিছিলোঁ, শিশুৰ দৰে বিবেচনাও কৰিছিলোঁ। যেতিয়া বয়স পালোঁ, তেতিয়াৰ পৰা শিশুৰ সকলো কথা এৰিলোঁ। কিয়নো এতিয়া আমি দৰ্পণত দেখাৰ দৰে, অস্পষ্টকৈ দেখিছোঁ; কিন্তু তেতিয়া মূখা-মূখিকৈ দেখিম। এতিয়া মোৰ জ্ঞান খণ্ডমাত্ৰ; কিন্তু তেতিয়া, মই যেনেকৈ সম্পূৰ্ণকৈ জনা হ'লোঁ, তেনেকৈ সম্পূৰ্ণ ৰূপত জানিম। কিন্তু এতিয়া তিনিটা বিষয় আছেঃ বিশ্বাস, আশা, প্ৰেম, কিন্তু এই কেইটাৰ মাজত প্ৰেমেই শ্ৰেষ্ঠ।\n তেনেহলে আমি কি ক'ম? অনুগ্ৰহ অধিক হ'বলৈ পাপ কৰি থাকিম নে? এনে নহওক। পাপৰ সম্বন্ধে মৰা যি আমি, আমি তাত পুণৰ কেনেকৈ জীয়াই থাকিম? নতুবা, আমি যিমান লোক খ্ৰীষ্ট যীচুৰ উদ্দেশ্যে বাপ্তাইজিত হ'লো, সকলোৱে যে তেওঁৰ মৃত্যুৰ উদ্দেশ্যেহে বাপ্তাইজিত হ'লো, ইয়াক আপোনালোকে নাজানা নে কি? এতেকে পিতৃৰ মহিমাৰ যোগে যেনেকৈ খ্ৰীষ্টক মৃত সকলৰ মাজৰ পৰা তোলা হ'ল, তেনেকৈ আমিও যেন নতুনতাত জীৱন-যাপন কৰোঁ, এই কাৰণে বাপ্তিস্মৰ যোগেদি আমি তেওঁৰ সৈতে মৃত্যুৰ উদ্দেশ্যে মৈদামত থোৱা হ'লোঁ । কিয়নো তেওঁৰ মৃত্যুৰ সাদৃশ্যেৰে আমি যদি সংযুক্ত হ'লোঁ, তেনেহলে উত্থানৰ সাদৃশ্যেৰেও সংযুক্ত হ'ম। আমি যেন পুণৰ পাপৰ সেৱক নহওঁ, এই কাৰণে এই পাপময় শৰীৰ বিনষ্ট হ'বৰ বাবে, আমাৰ পুৰণি পুৰুষক তেওঁৰ সৈতে ক্ৰুচত দিয়া হ'ল, ইয়াক আমি জানো; কিয়নো যি জন মৰিল, তেওঁ পাপৰ পৰা মুক্ত হৈ ধাৰ্মিক বুলি গণিত হ'ল। কিন্তু আমি যদি খ্ৰীষ্টে সৈতে মৰিলোঁ, তেনেহলে তেওঁৰ সৈতে যে জীয়াই উঠি জীৱনৰো ভাগী হ'ম, সেই বিষয়ে আমি বিশ্বাস কৰোঁ। কিয়নো মৃত লোকৰ মাজৰ পৰা তোলা যি খ্ৰীষ্ট, তেওঁ পুণৰ কেতিয়াও নমৰে আৰু মৃত্যুৱে যে তেওঁৰ ওপৰত পুণৰ প্ৰভুত্ব কৰিব নোৱাৰে, ইয়াকো আমি জানো। কাৰণ তেওঁ যি মৃত্যুভোগ কৰিলে, সেয়া পাপৰ উদ্দেশ্যে এবাৰেই ভোগ কৰিলে; কিন্তু তেওঁ যি জীৱন ভোগ কৰিছে, সেই জীৱন ঈশ্বৰৰ উদ্দেশ্যে ভোগ কৰিছে। সেইদৰে আপোনালোকেও নিজক পাপৰ উদ্দেশ্যে মৰা বুলি গণ্য কৰক, কিন্তু ঈশ্বৰৰ উদ্দেশ্যে খ্ৰীষ্ট যীচুত জীয়াই থকা বুলি গণ্য কৰক । এতেকে আপোনালোকে শৰীৰৰ অভিলাষৰ বশীভূত হ'বলৈ, আপোনালোকৰ মৰ্ত্ত্য শৰীৰত পাপক ৰাজত্ব কৰিবলৈ নিদিব। নিজ নিজ অঙ্গ-প্ৰত্যঙ্গবোৰক অধাৰ্মিকতাৰ সঁজুলি স্বৰূপে পাপলৈ সমৰ্পণ নকৰিব; কিন্তু নিজৰ জীৱনক ঈশ্বৰলৈ সমর্পণ কৰক। মৃত লোকৰ মাজৰ পৰা জীৱিত ৰূপে আৰু নিজ নিজ অঙ্গ-প্ৰত্যঙ্গবোৰ ধাৰ্মিকতাৰ সঁজুলি স্বৰূপে ঈশ্বৰলৈ সমৰ্পণ কৰক। কিয়নো আপোনালোকৰ ওপৰত পাপক প্ৰভুত্ব কৰিবলৈ নিদিব; কাৰণ আপোনালোক বিধানৰ অধীন নহয়, কিন্তু অনুগ্ৰহৰহে অধীন হৈ আছে। তেনেহলে কি? আমি বিধানৰ অধীন নহয়, কিন্তু অনুগ্ৰহৰ অধীন হোৱাৰ কাৰণে পাপ কৰিম নে? এনে নহওক। মৃত্যুৰ কাৰণে পাপ নাইবা ধাৰ্মিকতাৰ কাৰণে আজ্ঞা পালন, এই উভয়ৰ মাজত যাৰ ওচৰত আপোনালোকে নিজক আজ্ঞা পালনৰ অৰ্থে দাস স্বৰূপে সমৰ্পণ কৰে, সেইটোৰ আজ্ঞা পালন কৰি যে তাৰ দাস হয়, ইয়াক আপোনালোকে নাজানে নে? কাৰণ আগেয়ে আপোনালোক পাপৰ দাস আছিল, কিন্তু এতিয়া যি আদৰ্শৰ শিক্ষালৈ সমৰ্পিত হ'ল আৰু অন্তৰেৰে সৈতে সেই বিষয় মানিবলৈ যে আপোনালোক আজ্ঞাধীন হ'ল, তাৰ কাৰণে ঈশ্বৰৰ ধন্যবাদ হওক। আপোনালোকক পাপৰ পৰা মুক্ত কৰা হ'ল, এতিয়া আপোনালোক ধাৰ্মিকতাৰ দাস। আপোনালোকৰ মাংসৰ দূৰ্বলতাৰ কাৰণে, মই মানুহৰ দৰে কৈছোঁ। কিয়নো আপোনালোকে যেনেকৈ পুৰ্বতে অধৰ্মৰ কাৰণে, নিজ নিজ অঙ্গ-প্ৰত্যঙ্গবোৰক অশুচিতা আৰু অধৰ্ম অধীনত সমৰ্পণ কৰিছিল, তেনেকৈ এতিয়া পবিত্ৰতা লাভৰ কাৰণে, নিজ নিজ অঙ্গ-প্ৰত্যঙ্গবোৰক দাস স্বৰূপে ধাৰ্মিকতাৰ অধীনত সমৰ্পণ কৰক। কাৰণ যেতিয়া আপোনালোক পাপৰ দাস আছিল, তেতিয়া ধাৰ্মিকতাৰ সম্বন্ধে স্বাধীন আছিল। তেনেহলে যি যি বিষয়ত এতিয়া আপোনালোকে লাজ পাই আছে, তেতিয়া সেইবোৰত আপোনালোকৰ ফল কি আছিল? কিয়নো সেইবোৰৰ পৰিণাম আছিল মৃত্যু। কিন্তু এতিয়া আপোনালোক পাপৰ পৰা মুক্ত হৈ ঈশ্বৰৰ দাস হোৱাত, আপোনালোকে পবিত্ৰতা লাভৰ ফল পাইছে; আৰু ইয়াৰ পৰিণাম অনন্ত জীৱন। কিয়নো পাপৰ বেচ মৃত্যু; কিন্তু আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ দ্বাৰাই ঈশ্বৰে দিয়া বিনামূলীয়া দান অনন্ত জীৱন।\n এইবোৰ কথা কোৱাৰ অন্তত যীচু গালীল প্ৰদেশৰ পৰা যৰ্দ্দনৰ সিপাৰে থকা যিহুদীয়াৰ সীমালৈ আহিল। মানুহৰ বৃহৎ দল এটাও তেওঁৰ পাছে পাছে আহিবলৈ ধৰিলে আৰু তেওঁ সেই লোক সকলক সুস্থ কৰিলে। সেই সময়ত কেইজনমান ফৰীচীয়ে আহি যীচুক পৰীক্ষা কৰিবৰ কাৰণে সুধিলে, "কোনো লোকৰ পক্ষে যি কোনো কাৰণত পত্নীক ত্যাগ কৰাটো বিধান সন্মত হয় নে?" তাতে যীচুৱে উত্তৰ দি ক'লে, "আৰম্ভণীতে সৃষ্টিকৰ্তাই যে তেওঁলোকক পুৰুষ আৰু স্ত্ৰী কৰি স্ৰজন কৰিলে, সেই বিষয়ে অাপোনালোকে জানো পঢ়া নাই? তাৰ পাছত ঈশ্বৰে আকৌ কৈছিল, 'এই হেতুকে মানুহে নিজৰ পিতৃ-মাতৃক এৰি, নিজৰ স্ত্ৰীত আসক্ত হৈ এক দেহ হ'ব'? তেওঁলোক এতিয়া দুজন নহয়, কিন্তু দুয়ো এক দেহ হ'ল। এতেকে ঈশ্বৰে যি জনক একেলগে যোগ কৰিছে, মানুহে তেওঁক বিয়োগ নকৰক।" তেতিয়া ফৰীচী সকলে তেওঁক সুধিলে, "তেনেহলে মোচিয়ে কিয় ত্যাগ-পত্ৰ দি ভার্যাক এৰিবলৈ আজ্ঞা দিছে"? যীচুৱে তেওঁলোকক ক'লে, "অাপোনালোকৰ কঠোৰ মনৰ কাৰণে মোচিয়ে নিজৰ ভার্যাক ত্যাগ কৰিবলৈ আপোনালোকক আজ্ঞা দিছে; অাৰম্ভণীতে কিন্তু এনেকুৱা নাছিল। সেয়ে, মই অাপোনালোকক কওঁ, যদি কোনো মানুহে ব্যভিচাৰৰ বাহিৰে আন কোনো কাৰণত ভার্যাক ত্যাগ কৰি অন্যক বিয়া কৰায়, তেনেহলে সেই জনে ব্যভিচাৰ কৰে আৰু কোনোৱে যদি পৰিত্যক্ত হোৱা সেই ভার্যাক বিয়া কৰায়, তেনেহলে তেৱোঁ ব্যভিচাৰ কৰে।" তেতিয়া শিষ্য সকলে যীচুক ক'লে, "যদি নিজৰ ভার্যাৰ সৈতে এজন পুৰুষৰ সম্পর্ক এনেকুৱাই হয়, তেনেহলে বিয়া নকৰোঁৱাই ভাল"। যীচুৱে তেওঁলোকক ক'লে, "সকলোৱে এই শিক্ষা মানি লব নোৱাৰে, কেৱল যি সকলক সেই ক্ষমতা দিয়া হৈছে, তেওঁলোকেহে এই বিষয় মানি লব পাৰে। কোনোৱে মাকৰ গৰ্ভৰ পৰাই নপুংসক হৈ জন্ম পাইছে; আন কাৰোবাক মানুহেই নপুংসক কৰিছে; পুণৰ এনে কোনো কোনো লোক আছে যি সকলে স্বৰ্গৰাজ্যৰ কাৰণে নিজকে নিজে নপুংসক কৰিছে। যি জনে এই শিক্ষা গ্রহণ কৰিব পাৰে, তেওঁ গ্ৰহণ কৰক।" তাৰ পাছত লোক সকলে সৰু সৰু ল'ৰা ছোৱালীবোৰক যীচুৰ কাষলৈ লৈ আহিল যাতে শিশু সকলৰ ওপৰত হাত ৰাখি তেওঁ প্ৰাৰ্থনা কৰে; কিন্তু যীচুৰ শিষ্য সকলে তেওঁলোকক ডবিয়াব ধৰিলে। তেতিয়া যীচুৱে ক'লে, "শিশুবোৰক মোৰ ওচৰলৈ আহিবলৈ দিয়া, নিষেধ নকৰিবা; কিয়নো স্বৰ্গৰাজ্য এওঁলোকৰ নিচিনা লোক সকলৰ বাবেহে।" ইয়াৰ পাছত তেওঁ শিশু সকলৰ ওপৰত নিজৰ হাত ৰাখিলে। পাছত সেই ঠাইৰ পৰা তেওঁ আতৰি গ'ল। এদিন এজন যুৱকে যীচুৰ ওচৰলৈ আহি সুধিলে, "হে গুৰু, অনন্ত জীৱন পাবৰ কাৰণে মই কি সৎ কৰ্ম কৰিব লাগিব"? যীচুৱে তেওঁক ক'লে, "সৎ কৰ্ম কি, এই বিষয়ে তুমি মোক কিয় সুধিছা? সৎ মাত্ৰ এজনেই আছে। যদি তুমি সেই অনন্ত জীৱনত সোমাবলৈ ইচ্ছা কৰা, তেনেহলে তেওঁৰ আজ্ঞাবোৰ পালন কৰা।" মানুহ জনে তেওঁক সুধিলে, "কোনবোৰ আজ্ঞা"? যীচুৱে ক'লে, "নৰ-বধ নকৰিবা; ব্যভিচাৰ নকৰিবা; চুৰ নকৰিবা; মিছা সাক্ষ্য নিদিবা; নিজৰ পিতৃ-মাতৃক সন্মান কৰা; আৰু তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা"। সেই যুৱক জনে তেতিয়া তেওঁক ক'লে, "মইতো এই সকলোবোৰ পালন কৰি আহিছোঁ; এতিয়া মোৰ কি কৰিবলৈ বাকী আছে"? যীচুৱে তেওঁক ক'লে, "যদি তুমি নিখুঁত হবলৈ ইচ্ছা কৰা, তেনেহলে যোৱা; তোমাৰ সৰ্ব্বস্ব বেচা আৰু দৰিদ্ৰ সকলক দান কৰা, তাতে স্বৰ্গত তোমাৰ ধন হব। তাৰ পাছত আহা, মোৰ অনুকাৰী হোৱা"। এই কথা শুনি যুৱক জন অতি দুঃখিত হৈ গুচি গ'ল; কিয়নো তেওঁৰ বহুত ধন-সম্পত্তি আছিল। তেতিয়া যীচুৱে তেওঁৰ শিষ্য সকলক ক'লে, "মই তোমালোকক সঁচাকৈ কওঁ, ধনী লোকৰ বাবে স্বৰ্গৰাজ্যত প্রৱেশ কৰা কঠিন। পুনৰায় মই তোমালোকক কওঁ, ধনী ব্যক্তিৰ কাৰণে ঈশ্বৰৰ ৰাজ্যত সোমোৱাতকৈ বৰং বেজীৰ বিন্ধায়েদি উট সোমোৱা উজু।" এই কথা শুনি শিষ্য সকলে অতিশয় বিস্মিত হৈ ক'লে, "তেনেহলে পৰিত্ৰাণ পোৱা কাৰ সম্ভৱ?" যীচুৱে তেওঁলোকলৈ চাই ক'লে, "ই মানুহৰ পক্ষে অসম্ভৱ ঠিকেই, কিন্তু ঈশ্বৰৰ পক্ষে সকলো সম্ভৱ।" তেতিয়া পিতৰে উত্তৰ দি তেওঁক ক'লে, "চাওক, আমি সকলোকে এৰি আপোনাৰ পাছত আহিছোঁ, তেনেহলে আমি পাম নে?" যীচুৱে তেওঁলোকক ক'লে, "মই সঁচাকৈ তোমালোকক কওঁ, তোমালোক যি সকল মোৰ অনুগামী হ'লা, নতুন সৃষ্টিৰ সময়ত যেতিয়া মানুহৰ পুত্ৰ নিজৰ প্ৰতাপেৰে সিংহাসনত বহিব, তেতিয়া তোমালোকেও বাৰ খন সিংহাসনত বহিবা আৰু ইস্ৰায়েলৰ বাৰ ফৈদৰ সোধ-বিচাৰ কৰিবা। যি কোনোৱে মোৰ নামৰ কাৰণে নিজৰ ঘৰ, ভাই, ভনী, পিতৃ, মাতৃ, সন্তান, বা মাটিকে এৰে, তেওঁ তাৰ এশ গুণ বেচি পাব আৰু অনন্ত জীৱনৰো অধিকাৰী হব। যি সকল এতিয়া প্রথমত আছে, তেওঁলোকৰ মাজৰ অনেক পাছ হ'ব, আৰু যি সকল শেষত আছে, তেওঁলোকৰ মাজৰ বহু লোক আগ হ'ব।"\n সেইদিনা সন্ধিয়া দুজন দূত চদোম নগৰলৈ আহিল। লোট তেতিয়া চদোম নগৰৰ প্রৱেশ দুৱাৰত বহি আছিল। তেওঁলোকক দেখা পাই লোটে উঠি সাক্ষাৎ কৰিবলৈ গ'ল আৰু মাটিত উবুৰি হৈ প্ৰণিপাত কৰিলে। তেওঁ ক'লে, "হে মোৰ প্ৰভুসকল, অনুগ্রহ কৰি আপোনালোকৰ এই দাসৰ ঘৰলৈ আহঁক আৰু ভৰি-হাত ধুই ৰাতিটো আজি ইয়াতে কটাওক। পুনৰ ৰাতিপুৱাতে উঠি নিজ বাটেদি গুচি যাব।" তেতিয়া তেওঁলোকে ক'লে, "নহয়, ৰাতিটো আমি নগৰৰ চকতেই থাকিম।" কিন্তু বৰকৈ জোৰ কৰিবলৈ ধৰাত, তেওঁলোক লোটৰ লগত গৈ তেওঁৰ ঘৰত সোমাল; লোটে তেওঁলোকৰ কাৰণে খমীৰ নিদিয়া পিঠা সেকি এসাঁজ আহাৰ যুগুত কৰিলে আৰু তেওঁলোকক খাবলৈ দিলে। কিন্তু তেওঁলোকে শুবলৈ যোৱাৰ আগতে নগৰৰ লোকসকলে অৰ্থাৎ চদোমৰ ল'ৰা-বৃদ্ধ আদি কৰি সকলো লোক নগৰৰ চাৰিওফালৰ পৰা আহি ঘৰটো বেৰি ধৰিলেহি। তেওঁলোকে লোটক মাতি ক'লে, "আজি ৰাতি যি কেইজন লোক তোমাৰ ইয়াত সোমাল, তেওঁলোক ক'ত আছে? তেওঁলোকক আমাৰ ওচৰলৈ উলিয়াই আনা; আমি সিহঁতৰ পৰিচয় লওঁ।" তেতিয়া লোটে দুৱাৰৰ বাহিৰত ওলাই গৈ দুৱাৰখন জপাই ক'লে, "হে ভাইসকল, মই বিনয় কৰিছোঁ, আপোনালোকে এনে কু-আচৰণ নকৰিব; চাওঁক, মোৰ দুজনী ছোৱালী আছে; কোনো পুৰুষৰ সৈতে সিহঁতৰ সংস্পৰ্শ হোৱা নাই; সিহঁতকে মই আপোনালোকৰ ওচৰলৈ উলিয়াই আনো; সিহঁতৰ লগত আপোনালোকে যি ভাল দেখে কৰক; কেৱল এই লোকসকলক একো নকৰিব; কিয়নো তেওঁলোকে এতিয়া মোৰ ঘৰৰ ছাঁত আশ্ৰয় লৈছে।" তেতিয়া তেওঁলোকে ক'লে, "যোৱা, আমাৰ পথৰ পৰা আঁতৰ হৈ যোৱা!" তেওঁলোকে আকৌ ক'লে, "এইজন বিদেশী হিচাবে আমাৰ ইয়ালৈ আহিছিল আৰু এতিয়া আমাৰে বিচাৰক হ'বলৈ গৈছে। এতিয়া আমি সিহঁততকৈ তোৰ লগত আৰু বেয়া আচৰণ কৰিম।" এই বুলি কৈ লোকসকলে সেই মানুহৰ বিৰুদ্ধে আগবঢ়িল আৰু লোটক ঠেলা মাৰি দুৱাৰ ভাঙিবলৈ কাষ চাপি গ'ল। তেতিয়া সেই দুজন পুৰুষে হাত মেলি লোটক ঘৰৰ ভিতৰলৈ টানি নিলে আৰু ভিতৰৰ পৰা দুৱাৰ বন্ধ কৰি দিলে; তাৰ পাছত লোটৰ অতিথিসকলে ঘৰৰ দুৱাৰৰ বাহিৰত থকা সৰু বৰ সকলো মানুহকে আঘাত কৰি কণা কৰিলে; তাতে সেই মানুহবোৰে দুৱাৰ বিচাৰি বিচাৰি হাবাথুৰি খালে। তাৰ পাছত সেই লোক দুজনে লোটক সুধিলে, "এই ঠাইত তোমাৰ আৰু কোনোবা আছে নেকি? তোমাৰ জোঁৱাই, পো, জী বা কোনো আত্মীয়-স্বজন আদি কৰি যিসকল লোক এই নগৰত আছে, সেই সকলোকে এই ঠাইৰ পৰা উলিয়াই লৈ যোৱা। কিয়নো আমি এই নগৰ ধ্বংস কৰিবৰ কাৰণে যুগুত হৈছোঁ। যিহোৱাৰ আগত এই ঠাইৰ লোকসকলৰ বিৰুদ্ধে ভীষণ হৈ চৈ হৈছে আৰু সেইবাবে তেওঁ তাক ধ্বংস কৰিবলৈ আমাক পঠাইছে।" তেতিয়া লোটে বাহিৰলৈ গৈ তেওঁৰ হবলগীয়া জোৱাঁইসকলক ক'লে, "সোনকাল কৰা! এতিয়াই এই ঠাই এৰি গুছি যোৱা; কিয়নো যিহোৱাই এই নগৰ ধ্বংস কৰিবলৈ যুগুত হৈছে।" কিন্তু জোঁৱায়েকহঁতে ভাৱিলে, তেওঁ ধেমালি কৰিছে। তাৰ পাছত ৰাতিপুৱা সেই দুজন দূতে লোটক সোনকাল কৰিবলৈ দিলে আৰু ক'লে, "ইয়াত থকা তোমাৰ ভার্য্যা আৰু দুজনী জীয়ৰীক লৈ গৈ থাকা; তেতিয়াহে নগৰৰ লগত তোমালোকক এই শাস্তিত ধ্বংস কৰা নহ'ব।" লোটে সংকোচ কৰি পলম কৰিবলৈ ধৰিলে। কিন্তু যিহোৱাৰ দয়া তেওঁৰ ওপৰত থকা কাৰণে সেই পুৰুষ দুজনে তেওঁক, তেওঁৰ ভার্য্যাক আৰু দুজনী জীয়েককো হাতত ধৰি টানি নগৰৰ বাহিৰলৈ উলিয়াই আনিলে। সকলোকে বাহিৰ কৰি অনাৰ পাছত তেওঁলোকৰ এজনে লোটক ক'লে, "প্ৰাণ বচাবলৈ হ'লে পলোৱা! পাছলৈ ঘূৰি নাচাবা আৰু এই সমভূমিৰ কোনো ঠাইতে নৰখিবা; পাহাৰটোলৈ পলাই যোৱা; নহ'লে তোমালোকো বিনষ্ট হ'বা।" তেতিয়া লোটে তেওঁলোকক ক'লে, "নহয়, হে মোৰ প্ৰভু, তেনে নকব! চাওঁক, আপোনালোকৰ দৃষ্টিত আপোনালোকৰ এই দাসে অনুগ্ৰহ পাইছো আৰু মোৰ জীৱন ৰক্ষা কৰাত আপোনালোকে মোলৈ দয়াও দেখুৱালে; কিন্তু মই পাহাৰটোলৈ পলাই যাব নোৱাৰোঁ; কিয়নো মই গৈ পোৱাৰ আগেয়ে হয়তো সেই বিপদ আহি পৰিব আৰু মই মৰিম। চাওঁক, পলাই যাবলৈ হ'লে যথেষ্ট কাষতে সেইখন সৰু চহৰ আছে। প্রাণ ৰক্ষাৰ বাবে মোক তালৈকে পলাই যাবলৈ দিয়ক। ই জানো সৰু নহয়? তাতেই মোৰ প্ৰাণ ৰক্ষা পৰিব।" তেতিয়া দূতে ক'লে, "বাৰু, মই তোমাৰ এই অনুৰোধ ৰাখিলোঁ। যি চহৰখনৰ কথা তুমি ক'লা, তাক মই ধ্বংস নকৰোঁ; কিন্তু সোনকাল কৰা! বেগাই সেই ঠাইলৈকে পলোৱা; কিয়নো তুমি সেই ঠাই নোপোৱালৈকে, মই একো কৰিব নোৱাৰোঁ।" সেয়ে সেই চহৰখনৰ নাম হ'ল চোৱৰ । লোটে যেতিয়া চোৱৰ গৈ পালে তেতিয়া সূৰ্য উদয় হৈছিল। তেনেতে যিহোৱাই আকাশৰ পৰা চদোম আৰু ঘমোৰাৰ ওপৰত গন্ধক আৰু অগ্নি বর্ষাবলৈ ধৰিলে। তেওঁ সেই নগৰকেইখন, গোটেই সমথল, নগৰৰ সকলো লোক আৰু ভূমিত গজা সকলো বস্তুকে বিনষ্ট কৰিলে। কিন্তু পাছত গৈ থকা লোটৰ ভার্য্যাই পাছফালে উভটি চালে, তাতে তেওঁ লোণৰ এটা স্তম্ভ হৈ গ'ল। অব্ৰাহামে অতি পুৱাতে উঠি যি ঠাইত পূৰ্বতে যিহোৱাৰ সন্মুখত থিয় হৈছিল, সেই ঠাইলৈ গ'ল। তেওঁ তলৰ ফালে চদোম, ঘমোৰা আৰু গোটেই সমতল ভূমিলৈ চাই দেখিলে যে অগ্নিকুণ্ডৰ ধুঁৱাৰ দৰে সেই সকলো ঠাইৰ পৰা ধুঁৱা উঠিছে। যেতিয়া ঈশ্বৰে সমথলৰ নগৰবোৰ বিনষ্ট কৰিলে, তেতিয়া ঈশ্বৰে অব্ৰাহামক সোঁৱৰণ কৰিলে; তেওঁ লোটে য'ত বাস কৰিছিল, সেই নগৰবোৰৰ ধ্বংসস্তূপৰ মাজৰ পৰা তেওঁক বাহিৰলৈ উলিয়াই পঠালে। পাছত লোটৰ চোৱৰত থাকিবলৈ সাহস নহ'ল আৰু সেয়ে তেওঁ জীয়েক দুজনীক লগত লৈ চোৱৰৰ পৰা ওলাই পাহাৰত বাস কৰিবলৈ উঠি গ'ল; তাত তেওঁ জীয়েক দুজনীৰে সৈতে এটা গুহাত বাস কৰিলে। পাছত ডাঙৰ জীয়েকে সৰু জনীক ক'লে, "আমাৰ পিতৃ বৃদ্ধ হৈ গৈছে। এই এলেকাত এনে কোনো পুৰুষ নাই যেয়ে পৃথিৱীৰ নিয়ম অনুসাৰে আমাৰ লগত সম্বন্ধ কৰিব পাৰে। আহাঁ, আমি আমাৰ পিতৃক দ্ৰাক্ষাৰস পান কৰাই তেওঁৰ লগত শয়ন কৰোঁহক। তাতে আমি আমাৰ পিতৃৰ বংশ ৰক্ষা কৰিব পাৰিম।" সেই কথা অনুসাৰে সেইদিনা ৰাতি তেওঁলোকে বাপেকক দ্ৰাক্ষাৰস পান কৰাই মতলীয়া কৰিলে। তাৰ পাছত ডাঙৰজনীয়ে সোমাই গৈ বাপেকৰ লগত শয়ন কৰিলে; কিন্তু কেতিয়া তাই শুলে আৰু কেতিয়ানো উঠি গ'ল লোটে গমকে নাপালে। পাছদিনা ডাঙৰজনীয়ে সৰু জনীক ক'লে, "শুনা, যোৱাকালি ৰাতি মই পিতৃৰ লগত শয়ন কৰিলোঁ; আহাঁ আজি ৰাতিও আমি পিতৃক দ্ৰাক্ষাৰস পান কৰাওঁ আৰু তুমি সোমাই গৈ তেওঁৰ লগত শয়ন কৰিবা। তাতে পিতৃৰ পৰা আমি আমাৰ বংশ ৰক্ষা কৰিব পাৰিম।" এইদৰে সেইদিনা ৰাতিও তেওঁলোকে নিজৰ বাপেকক দ্ৰাক্ষাৰস পান কৰালে আৰু সৰু জীয়েকে গৈ বাপেকৰ লগত শয়ন কৰিলে; কিন্তু কেতিয়া যে তেওঁৰ ওচৰত শুলে আৰু কেতিয়ানো উঠি গ'ল, তাক লোটে গম নাপালে। এইদৰে লোটৰ দুয়ো জনী জীয়েক নিজ বাপেকৰ দ্বাৰা গৰ্ভৱতী হ'ল। পাছত ডাঙৰজনীৰ এটি পুত্ৰ হ'ল আৰু তেওঁ তাৰ নাম মোৱাব ৰাখিলে; এই মোৱাবেই বর্তমানৰ মোৱাবীয়াহঁতৰ আদিপিতৃ। পাছত সৰুজনীয়েও এটি পুত্ৰ প্ৰসব কৰিলে আৰু তাৰ নাম বিন-অম্মি হ'ল; তেওঁ বর্তমানৰ অম্মোনীয়াহঁতৰ আদিপিতৃ।
the cosscurrent - The Cross Current\nৰাজপথ - ৰে'লপথ এতিয়া 'অগ্নিপথ' : কিমান দৰমহা পাব অগ্নিবীৰে ?\nসাৱধানঃ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ঘনিষ্ঠ ধানুকাই যোগান ধৰে নিম্নমানৰ ঔষধ\nমুখ্যমন্ত্ৰীয়ে আদালতলৈ যাবলৈ ভয় কৰিছে কিয়?\nকোভিড কালত অসম চৰকাৰে দিয়া পিপিই কিটৰ ঠিকা সন্দর্ভত উত্তৰ দিব পাৰিলেনে এনএইছএমে?\nIntelligence Bureau ৰ শীৰ্ষ পদত অসম সন্তান\nমুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ মীৰা বৰঠাকুৰৰ মুকলি চিঠি\nবিদ্ৰোহী বিধায়কলৈ কি আহ্বান মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী উদ্ধৱ...\nকি মন্ত্ৰৰ বলত আত্মনিৰ্ভশীল হ'ল অৰ্চনা আৰু বিজয়?\nED CBI এ কেনেদৰে মহাৰাষ্ট্ৰ চৰকাৰ পতনত বিজেপিক সহায় কৰিলে?\nশীঘ্ৰেই গুৱাহাটীত মুখামুখি হ'ব নেকি ডঃ হিমন্ত বিশ্ব...\nমহাৰাষ্ট্ৰ চৰকাৰ ভাঙিবলৈ ওলোৱা কোন এই একনাথ সিন্দে?\nবিজেপিৰ বাবে অসমৰ বানপানী পৰ্যটনৰ বিষয় নেকি?\nকেন্দ্ৰীয় চৰকাৰে GST ৰ প্ৰাপ্য ধন ৰাজ্য চৰকাৰ সমূহক মোকোলাই নিদিয়াক লৈ সৰৱ বিৰোধী\nThe CrossCurrent\t Aug 26, 2020\nআজি কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীৰ উপস্থিতিত বিৰোধীৰ দ্বাৰা শাসিত ৰাজ্য সমূহৰ মুখ্যমন্ত্ৰীৰ লগত হোৱা এক আলোচনাত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰ সমূহৰ প্ৰাপ্য GST ৰ ধন নিদিয়াটো চৰম বঞ্চনা বুলি অভিহিত কৰিছে। উল্লেখযোগ্য যে...\n'আত্মনিৰ্ভৰ ভাৰত'ৰ নামত আদানী-আম্বানীৰ একচেতিয়া আধিপত্য হে চলিছে নেকি ভাৰতৰ অৰ্থনীতিত?\nশেহতীয়াকৈ ভাৰত চৰকাৰে প্ৰায় ৬ তা বিমান বন্দৰৰ ব্যক্তিগতকৰণ কৰোতে আটাইকেইটা বিমান বন্দৰ গৌতম আদানীৰ আদানী গ্ৰুপৰ হাতলৈ যায়। বৰ্তমান মুম্বাই ইয়াৰপোৰ্টও আদানী গ্রুপৰ হাতলৈ যাব বুলি বিভিন্ন সংবাদ মাধ্যমত গুজৱ চলিছে। ইয়াৰ পিছতে এতিয়া সৰ্বত্ৰে...\nআৰু ৭ গৰাকী পজিটিভ : অসমত ২০০+ ক'ৰোনা ৰোগী\nThe CrossCurrent\t May 21, 2020\nঅসমত ক'ৰোনা আক্ৰান্তৰ সংখ্যাই ২০০ ৰ সীমা অতিক্ৰম কৰিলে । নতুনলৈ ৭ গৰাকী লোক ক'ৰোনাত আক্ৰান্ত হোৱাৰ খবৰ ৰাজহুৱা কৰিছে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । শেহতীয়াকৈ ক'ৰোনা আক্ৰান্তসকলৰ ভিতৰত ৪ গৰাকী সৰুসজাইৰ কোৱাৰেন্টাইন চেন্টাৰত থকাৰ...\nআকৌ ৩ জন । সৰ্বমুঠ ১৮৮\nThe CrossCurrent\t May 20, 2020\nঅসমত আকৌ নতুনকৈ ৩ গৰাকী ক'ৰোণা ৰোগী চিনাক্ত হৈছে । শেহতীয়া খবৰ অনুসৰি অসমত সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা ১৮৮ লৈ বৃদ্ধি পালে । এই তিনিওগৰাকী ৰোগীৰ খবৰ আহিছে বৰপেটা ৰ পৰা । বৰপেটাৰ এইকেইগৰাকী ৰোগী চিনাক্ত হৈছে বৰপেটা মেডিকেল কলেজত ।\nঢাক ঢোল বজাই ভেণ্টিলেতৰ বুলি কি উদ্বোধন কৰিলে বিজয় ৰুুপানীয়ে ?\nThe CrossCurrent Bureau\t May 19, 2020\nএকাংশৰ বাবে ক'ৰোনা ভাইৰাছ এক মহামাৰী নহয়।তেওঁলোকৰ বাবে ক'ৰোনা ভাইৰাছ এক উৎসৱহে।সেইবাবেই বিগত এপ্ৰিল মাহৰ কোনোবা এটা দিনত গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে চিকিৎসালয়ত ঢাক ঢোল বজাই উদ্বোধন কৰিছিল ভেন্টিলেটৰ।দাবী কৰিছিল,এই ভেন্টিলেটৰ সমূহ...\nতৈলক্ষেত্ৰ,দিহিং-পাটকাইকলৈ গৰজি উঠিল এজেৱাইচিপি\nThe CrossCurrent\t May 18, 2020\nশেহতীয়া ভাৱে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে অসমৰ বহু কেইখন তৈল ক্ষেত্ৰ ব্যক্তিগত প্ৰতিষ্ঠানক গতাই দিয়া আৰু অসম শক্তি বিতৰণ কৰ্পোৰেচন চমুকৈ APDCL ক ব্যক্তিগত কৰণৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তক তীব্ৰ গৰিহণা দি বিৰোধিতা কৰিছে অসম জাতীয়তাবাদী...\nঅসমত আৰু এজন :ক'ভিড আক্ৰান্তৰ সংখ্যা বাঢ়িল ৯২ লৈ\nThe CrossCurrent Bureau\t May 16, 2020\nঅসমত বাঢ়ি আছে ক'ৰোণা আক্ৰান্তৰ সংখ্যা ।মাজনিশা আহিল আকৌ বেয়া খবৰ । শোণিতপুৰৰ এগৰাকী ব্যক্তিৰ দেহত ধৰা পৰিল ক'ৰোণাৰ বীজাণু ।মাজনিশা টুইট কৰি জনালে মন্ত্ৰী হিমন্ত বিশ্বই ।এইগৰাকী ৰোগীৰে সৈতে ক'ৰোণাত অসমত আক্ৰান্তৰ সংখ্যা বাঢ়িল ৯২ লৈ ।...\nউত্তৰপূৱৰ ২২ বিদ্ৰোহীক প্ৰত্যৰ্পণ ম্যানমাৰৰ\nThe CrossCurrent\t May 15, 2020\nউত্তৰপূৱৰ ২২ বিদ্ৰোহীক প্ৰত্যৰ্পণ ভাৰতলৈ । ২২ গৰাকীকৈ ধৃত উত্তৰপূৱৰ উগ্ৰপন্থীক বিমানেৰে আনি ভাৰতৰ হাতত তুলি দিলে ম্যানমাৰ চৰকাৰে । শুক্ৰবাৰে এইসকল ৱাণ্টেড উগ্ৰপন্থীক বিশেষ বিমানেৰে ভাৰতলৈ লৈ অহা হৈছে । এই ২২ গৰাকী উগ্ৰপন্থী বহুদিন ধৰি অসম...\nপ্ৰধানমন্ত্ৰীক কটাক্ষ প্ৰশান্ত কিশোৰৰ\nThe CrossCurrent Bureau\t May 13, 2020\nপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে নিশা দেশবাসীক উদ্দেশ্যি দিয়া বক্তব্যক লৈ সপক্ষে -বিপক্ষে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ২০ লাখ কৌটিৰ পেকেজক লৈ বিতৰ্ক অব্যাহত থকাৰ মাজতে প্ৰধানমন্ত্ৰী গৰাকীক কটাক্ষ কৰিছে খ্যাতনামা নিৰ্বাচনী...\nছাত্ৰৰ বাবে বেয়া খবৰ ।কটনত আসন কমিল ।\nThe CrossCurrent Bureau\t May 11, 2020\nকটনত উচ্চতৰ মাধ্যমিকৰ আসন হ্ৰাস অসমৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে এক বেয়া খবৰ। ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ত হ্ৰাস কৰা হল উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ আসন।বিজ্ঞান শাখাত ১৮০ খন আৰু কলা শাখাত ৪০ খন আসন হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে বিশ্ববিদ্যালয়ৰ...\nউচ্চতম ন্যায়ালয় পালেগৈ মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটৰ বিষয়। কি হ'ব ইয়াৰ পাছত?\nৰাষ্ট্ৰীয় ৰাজনীতিৰ দৃষ্টি গুৱাহাটীত। কি অংক চলিছে ৰেডিশ্যন ব্লুৰ ভিতৰত?\nবিদ্ৰোহী বিধায়কলৈ কি আহ্বান মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী উদ্ধৱ থাকৰেই?
শিলচৰত প্ৰেমৰ ভয়ংকৰ পৰিণতি। প্ৰেমিকাই ব্লেডেৰে ৰেপিলে প্ৰেমিকৰ ডিঙি। কাজিয়া কৰি প্ৰেমিকাই ব্লেডেৰে ৰেপিলে প্ৰেমিকৰ ডিঙি। সংকটজনক অৱস্থাত প্ৰেমিকক শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। বিগত চাৰি বছৰ ধৰি দুয়োৰে মাজত আছিল প্ৰেমৰ সম্পৰ্ক। চহৰৰ নিলগৰ বাইপাছত দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত ঘটাত প্ৰেমিকাই আক্ৰমণ কৰে প্ৰেমিকক। আৰক্ষীয়ে আটক কৰে আক্ৰমণকাৰী প্ৰেমিকাক। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অজন্তা নেওগৰ বাজেটে চৰকাৰী কৰ্মচাৰীক দিলে ভালখবৰ! মৰগীয়া বানচ আৰু ৩ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত, পেঞ্চনাৰৰ বাবেও বিশেষ সুবিধা! আঙুলি দেখুৱাই কান্দি থকা এই শিশুটো আজি সমগ্ৰ দেশৰে হৃদস্পন্দন, তেওঁৰ সৰলতাই মুগ্ধ কৰে সকলোকে ! চিনিব পাৰিছে নেকি তেওঁ কোন হয় ?
কিশোৰজনৰ বিৰুদ্ধে গোচৰ দিয়া বিজেপি পালিনেতা বিজিতে আগতীয়াকৈ দিলে মেট্ৰিকৰ ফলাফল\nমুখ্য মন্ত্ৰীক কটু সমালোচনা কৰা বাবেই নাবালকক জে'ললৈ প্ৰেৰণক লৈ ছ'চিয়েল মিডিয়াত তীব্ৰ বাক-বিতণ্ডা\nৰাজ্যখনৰ মুখ্য মন্ত্ৰী, বিত্ত মন্ত্ৰীকে ধৰি দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক কটু ভাষাৰে সমালোচনা কৰি য়ু টিউবত ভিডিঅ' আপল'ড কৰা গোলাঘাটৰ এটা নাবালকক জেইললৈ প্ৰেৰণ কৰাক লৈ ছ'চিয়েল মিডিয়াত ব্যাপক প্ৰতিক্ৰিয়া হোৱা দেখা গৈছে। ছ'চিয়েল মিডিয়াত চৰকাৰ তথা বিজেপি বাহিনীৰ এই কাণ্ডক অতি নিন্দনীয় তথা স্বৈৰাচাৰিতা বুলি আখ্যা দিছে হাজাৰ হাজাৰ ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীক।\nউল্লেখযোগ্য যে ৰুবুল ক্ৰিয়েশ্যনৰ নামত 'অসমীয়াৰ গৰম তেজ' শীৰ্ষক ভিডিঅ'ৰ যোগেদি এই কিশোৰজনে মুখ্য মন্ত্ৰীক আৰু প্ৰধান মন্ত্ৰীক কটু সমালোচনা কৰিছিল। কিশোৰজনে এওঁলোকৰ ব্যক্তিগত জীৱন আৰু চৰিত্ৰৰ কথাও আপত্তিকৰভাৱে উল্লেখ কৰিছিল। কেৱল সেয়াই নহয়, বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকো এওঁ কটু সমালোচনা কৰিছিল।\nকিন্তু মন কৰিব লগীয়া কথা হ'ল চৰকাৰক তেওঁ সমালোচনা কৰাৰ ধৰণটো গ্ৰহণযোগ্য নহয়। তেওঁ ভিডিঅ'টোত চৰকাৰৰ পৰা পোৱা চৰকাৰী লেট্ৰিনটোৰ দৃশ্য দেখুৱাই কৈছে যে এইটোত মানুহটো সোমালে বাল্টিটো সুমাই ল'ব নোৱাৰি আৰু বাল্টিটো সোমোৱালে মানুহটো সোমাব নোৱাৰি। লগতে টিনপাটবোৰ ওপৰৰ পৰা আম এটা সৰি পৰিলেই ফুটি মানুহৰ মূৰত পৰিব।\nআনহাতে চৰকাৰে হিন্দু বাংলাদেশীক সংস্থাপন দিব খোজা কথাটোতো চৰম অসন্তুষ্টিয়েই নহয়, অশালীন ভাষাৰে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰক কটু সমালোচনা কৰিছে। কিশোৰজনে বিজেপিক এটা জাতি বুলি কৈছে আৰু এই জাতিটোৱে দেশ-ৰাজ্যক ধ্বংস কৰিব বুলি কোৱাৰ লগতে বিজেপি নিপাত যাবলৈ শাও দিছে।\nনাবালক কিশোৰজনৰ বিৰুদ্ধে এজাহাৰ দিয়া বিজিত মুদৈ।\nএই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছত মাজুলীৰ গড়মূৰ থানাত এখন এজাহাৰ দিয়ে জনৈক ব্যক্তিয়ে। এই এজাহৰৰ ভিত্তিত আৰক্ষীয়ে কিশোৰজনক গ্ৰেপ্তাৰ কৰি ২২ মে'ত জে'ললৈ প্ৰেৰণ কৰিছিল।\nআনহাতে নিজেই গৈ এজাহাৰ দিয়া বুলি ছ'চিয়েল মিডিয়াত কৌশিক হাজৰিকা নামৰ এজনে পোষ্ট দিয়া দেখা যায়। কিন্তু আমাৰ হাতত পৰা এজাহাৰখনত গড়মূৰৰ কাঠনিবাৰী গাৱঁৰ বিজিত মুদৈৰহে স্বাক্ষৰ আছে। গতিকে বিজিত মুদৈ আৰু কৌশিক হাজৰিকা একেজনেই নে দুজন বেলেগ মানুহ জনা নাযায়।\nকিন্তু কৌশিক হাজৰিকাই তেওঁৰ ফেচবুক পেইজৰ টাইম লাইনত 'এজাহাৰ দিলো' বুলি কোৱালৈ চাই তেৱোঁ এই এজাহাৰখন দিয়াৰ সময়ত আছিল বুলি গম পোৱা যায়। আনহাতে তেওঁ এজন বিজেপিৰ সমৰ্থক বা কৰ্মকৰ্তা বুলি অনুমান কৰিব পাৰি।\nমন কৰিব লগীয়া কথাটো হ'ল- তেওঁ নিজেই বহুতো আপত্তিকৰ, বিশেষকৈ কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধীক ব্যংগ-বিদ্ৰূপ কৰি পোষ্ট আপল'ড কৰিছে বা তেনে পোষ্ট শ্বেয়াৰ কৰা দেখা গৈছে।\nছ'চিয়েল মিডিয়াৰ ব্যৱহাৰকৰ্তাই প্ৰশ্ন কৰিছে যে এজন পৰিপক্ব লোকে নিজেই অপচন্দ হোৱা ৰাজনৈতিক দলৰ নেতাক এনেবোৰ ব্যংগ-বিদ্ৰূপ কৰাৰ পিছতো কেনেকৈ এজন নাবালক কিশোৰে কটু ভাষাৰে হ'ল বুলিয়েই চৰকাৰক সমালোচনা কৰাটোত অপৰাধ দেখা পালে।\nবিজিত চুতীয়া নামৰ এজনে কৈছে, "সৰু লৰা এটাই কিমান ভাগি পৰি তেনে কৰিব লগা হৈছে সেইটো প্ৰথম বিবেচনা কৰিব লাগে।... এজনক শাস্তি দিব, কিন্তু তেনে আৰু হাজাৰজন ওলাব। যদি আমি প্ৰকৃত কেৰোণটো বিচাৰিব নোৱাৰো অথবা বিচাৰিব চেষ্টা নকৰো।"\nএজাহাৰখনৰ এটা প্ৰতিলিপি।\nসেইদৰে নিতুপন কুমাৰ ডেকা নামৰ আন এজনে কয়, "উপস্থাপন কৰাত যদিওবা ল'ৰাজনৰ ভুল হৈছে, কিন্তু এক বাস্তৱৰ চিত্ৰ দাঙি ধৰিছে। এই কথাখিনি এক সুকীয়া ভংগীমাৰে উপস্থাপন কৰি চৰকাৰৰ ভুল নীতিবোৰক দেখুৱাই দিব পাৰিলেহেতেন।"\nআন এজন প্ৰিন্স বৰাই কয় যে এই কিশোৰজনক অশ্লীল ভাষাৰে গালি পৰাসকলে কোনসতে কিশোৰজনৰ অশালীন ভাষাৰ প্ৰতিবাদ কৰিছে। তেওঁ কয়, "জনপ্ৰতিনিধিয়ে যেতিয়া ৰাইজৰ আশা বোৰক আওকাণ কৰি কাম নকৰে তেতিয়াও যদি কৰ্তব্যত অৱহেলা কৰাৰ গোচৰত থানাত আপোনালোকে গোচৰ দিলে হেতেন তেতিয়া ইমান সৰু লৰা এজনৰ মানসিকতা এনেকৈ গঢ় নললে হেতেন। মন্তব্য বোৰতো দেখিছো বহুতে মাৰিম, জহৰা , ঢেৰ বেয়া বেয়া শব্দ প্ৰয়োগ কৰি নাবালক লৰা জনক গালি গালাজ কৰিছে । তেওঁলোকে নিজেই কোন পৰিবেশত ডাঙৰ দীঘল হৈছে সেইয়া তেওঁলোকৰ মন্তব্যতেই ফুটি উঠিছে । মুখা পিন্ধা মানুহৰ তুলনাত লৰা জনৰ সাহসিকতাক মানিছোঁ । অন্তত সি চুৱা চেলেকা জাতৰ ধোদ নহয়।"\nআন এটা তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে কাকতী উপাধিৰ জনৈক ব্যক্তিয়ে। তেওঁ কৈছে যে বেয়াকৈ ক'লে কুইক একশ্যন লয়, ভালকৈ ক'লে একো একশ্যন নলয়। তেওঁ মৰিগাঁৱৰ বুলি কৈ কয় যে আজিলৈ সাত বছৰে কৈ থকাতো এখন দলং বনাব নোৱাৰিলে।\nঅৱশ্যে বহুতে ল'ৰাজনৰ কামকো সমালোচনা কৰাৰ লগতে এনেকুৱা কামত উৎসাহ নিদিবলৈ আহ্বান জনাইছে। আন কিছুমানে ইয়াৰ অন্তৰালত কাৰোবাৰ সচেতন কৌশল থাকিব পাৰে বুলিও সন্দেহ কৰিছে।\nকিন্তু ডাঙৰ প্ৰশ্নটো হ'ল কিশোৰজনক এই অপৰাধত জেইললৈ প্ৰেৰণ কৰাৰ প্ৰয়োজন আছিল নে? চৰকাৰে এতিয়া নাবালক কিশোৰকো ভয় কৰিবলৈ ল'লে নেকি?\nশেহতীয়াকৈ জানিব পৰামতে, আজি নিৰ্ধাৰিত সময়তকৈ আগতেই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ছ'চিয়েল মিডিয়াত আপল'ড কৰাৰ অভিযোগ উত্থাপিত হৈছে এই বিজিত মুদৈ নামৰ বিজেপিৰ মাজুলীৰ পালিনেতাজনৰ বিৰুদ্ধে।
বিদেশী ন্যায়াধীকৰণে বিদেশী ঘোষিত কৰা লোকৰ আত্মীয়ৰ নামো অন্তৰ্ভুক্ত নহ'ব এন আৰ চিত। এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই দিয়া এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই তৰা এক গোচৰৰ শুনানিত আজি ২২ জুনত গুৱাহাটী উচ্চ ন্যায়ালয়ে হাজেলাৰ নিৰ্দেশত কোনো ত্ৰুটি নাই বুলি ৰায় দিয়ে। ন্যায়াধীশ উজ্জ্বল ভূঞা আৰু ৰুমী কুমাৰী ফুকনৰ বিচাৰপীঠে দিয়া এই ৰায়ৰ ফলত বিদেশী বুলি ঘোষিত লোকৰ আত্মীয়ৰ নাম এন আৰ চিত সোমোৱাৰ পথ ৰুদ্ধ হ'ল। হাজেলাৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই আজিজুল হক নামৰ এজন ব্যক্তিয়ে তৰা লেখ আবেদনৰ (নং ৩৪৩২/২০১৮) কালি ২১ জুনত হোৱা শুনানিত কেন্দ্ৰীয় চৰকাৰ আৰু এন আৰ চি কৰ্তৃপক্ষকে ধৰি মুঠ ৫টা পক্ষক পদকীয়া কৰিছিল। গোচৰটোত আবেদনকাৰী আজিজুল হকৰ হৈ উচ্চতম ন্যায়ালয়ৰ অধিবক্তা মেহমুদ পাছা আৰু এন আৰ চি কৰ্তৃপক্ষৰ হৈ জ্যেষ্ঠ অধিবক্তা, অৰুণাচল প্ৰদেশৰ মহাধিবক্তা নিলয় দত্তই যুক্তি প্ৰদৰ্শন কৰিছিল। উল্লেখযোগ্য যে প্ৰতীক হাজেলাৰ নিৰ্দেশটোক লৈ পূৰ্বে কংগ্ৰেছ দলেও আপত্তি কৰিছিল। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
W7s news গুৱাহাটী; অসমৰ প্ৰখ্যাত শল্য চিকিৎসক ডাঃ সুভাষ খান্নাই অলপতে 'এছ'চিয়েচন অব্ লেপাৰ'স্কপিক ছাৰ্জনছ অব্ গ্ৰেট ব্ৰিটেইন এণ্ড আয়াৰলেণ্ড' (এ এল এছ জি বি আই)ৰ বাৰ্ষিক সন্মিলনত আমন্ত্ৰণসাপেক্ষে বক্তৃতা প্ৰদান কৰে। এই সমাৰোহত ফেকাল্টি হিচাপে বক্তৃতা প্ৰদানৰ বাবে আমন্ত্ৰণ জনোৱা ভাৰতৰ চাৰিজনীয়া প্ৰতিনিধি দলটোৰ অন্যতম সদস্য আছিল ডাঃ খান্না। ডাঃ খান্নাই যকৃতৰ নলীৰ পৰা পাথৰ উলিয়াব পৰা আৰু যকৃতৰ অন্যান্য বিসংগতি দূৰ কৰাৰ ক্ষেত্ৰত 'ই আৰ চি পি এণ্ড স্পাইগ্লাছ ফৰ গেষ্ট্ৰ'- ইণ্টেছটিনেল ছাৰ্জনছ' সন্দৰ্ভত বক্তৃতা প্ৰদান কৰে। ডাঃ খান্নাই ভাৰতৰ এণ্ড'ছাৰ্জনসকলৰ সংস্থা আই এ জি ই এছ আৰু ব্ৰিটেইনৰ এ এল এছ জি বি আইৰ মাজত সহযোগিতা স্থাপনৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ই আৰ চি পিৰ ক্ষেত্ৰত গ্ৰেট ব্ৰিটেইনৰ শল্য চিকিৎসকসকলক অগ্ৰণী হিচাপে ধৰা হয়। ডাঃ খান্নাক যোৱা ১১ নৱেম্বৰত এডিনবাৰ্গৰ প্ৰখ্যাত ৰয়েল কলেজ অব্ ছাৰ্জনছৰ তৰফৰ পৰা শিক্ষানুষ্ঠানখনৰ চৌহদত অনুষ্ঠিত সমাৱৰ্তন অনুষ্ঠানত সন্মানীয় ফেল'শ্বিপ আগবঢ়োৱা হয়। ডাঃ খান্নাই ২০২০ চনতো ৰয়েল কলেজৰ ফেল'শ্বিপৰ বাবে বাছনিভুক্ত হৈছিল যদিও ক'ভিডজনিত প্ৰতিবন্ধকতাৰ বাবে তেওঁ সমাৱৰ্তন অনুষ্ঠানত ব্যক্তিগতভাৱে উপস্থিত থাকিব পৰা নাছিল। আৰ চি এছ এডিনবাৰ্গ হৈছে ব্ৰিটেইনৰ অন্যতম পুৰণি শিক্ষা প্ৰতিষ্ঠান। গৌৰৱময় ঐতিহ্য তথা ৫০০ বছৰতকৈও অধিক পাৰদৰ্শিতাৰে সমৃদ্ধ এই শিক্ষানুষ্ঠানখনৰ আন্তঃৰাষ্ট্ৰীয় ফেল'সকলে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা কৰ্ম সম্পাদন কৰি আহিছে। এই বছৰ কোনোধৰণৰ পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈ সন্মান লাভ কৰা মাত্ৰ দুগৰাকী শল্য চিকিৎসকৰ ভিতৰত অন্যতম হৈছে ডাঃ খান্না। No comments: Subscribe to: Post Comments (Atom) Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog. Powered by Blogger. Archive December (22) November (61) October (116) September (171) August (129) July (140) June (134) May (116) April (103) March (103) February (81) January (44) December (106) November (84) October (128) September (149) August (157) July (182) June (110) May (148) April (107) March (44) February (2)
ভিক্ষা বৃত্তি - পাৰ্থ জ্যোতি বৰুৱা - সাহিত্য ডট অৰ্গ\nসেই যে বাটে-ঘাটে, বজাৰে-হাটে লগ পোৱা অপৰিপাটি, বিৱৰ্ণমুখৰ মাকবোৰ...কান্ধত শুই থকা নিছলা-পিছলা, ৰুগ্ন এটি কেঁচুৱা আৰু হাতত ভিক্ষাৰ পাত্ৰ....আপোনাৰ কাষলৈ আহি কেঁচুৱাটোৰ বেমাৰ বুলি কৈ, কেঁচুৱাটোক বিস্কুট খুৱাম বুলি কৈ আপোনাৰ পৰা যে পাঁচটকা বা দহটকা বিচাৰে...দেখি দুখ লাগেনে? দিয়েনে কিবা এটা সিহঁতক? অথবা, ধূলিৰে পোত খাই আঠালতীয়া হৈ পৰা অবিন্যস্ত চুলি এমূৰৰ সৈতে সেই যে অকণমানি ছোৱালীজনী, যাৰ নিজৰেই খোজ থৰক-বৰক তথাপি এমা-ডিমা ভায়েক বা ভনীয়েকক কেঁকো-জেঁকোকৈ কোলাত তুলি আপোনালৈ হাত পাতে....দেখি দুখ লাগেনে আপোনাৰো? দিয়েনে কিবা এটা তাইকো? নিশ্চয় দুখ লাগে। কিবা এটা নিদিয়াকৈও নাথাকে আপুনি। জানো। মাকজনীৰ কথা বাদ দিলোঁ। অন্ততঃ কেঁচুৱাটোক দেখি আমাৰ হৃদয় দহে। মনৰ ভিতৰতে মুহূৰ্তৰ বাবে হ'লেও হাঁহাকাৰ কৰি উঠোঁ আমি। নিবিচাৰিলেও সেইসময়তেই আমি আমাৰ সন্তানক ছোৱালীজনীৰ সৈতে বা কেঁচুৱাটোৰ সৈতে এবাৰ ৰিজাই চাওঁ। কেঁচুৱা কেঁচুৱাই। শিশুবোৰো অবোধ। কি জানে সিহঁতে? কি দোষ সিহঁতৰ? বেচেৰাহঁতে কিমান যে কষ্ট পাই আছে! কিমানদিন বা খাবলৈ পোৱা নাই! মুখকেইখনলৈ চাওকচোন। ক্ষুধাই কিদৰে পিষ্ট কৰিছে সিহঁতক...ইত্যাদি ভাৱনাবোৰে বৰকৈ মনোকষ্ট দিয়ে আমাক।\nধৰক, ক'ৰবালৈ যাম বুলি বাছ বা ট্ৰেইনত বহিছোঁ। লগ পাই যাওঁ সাধুবাবাবোৰক। গাত গেৰুৱা বসন। ডিঙিত ৰুদ্ৰাক্ষৰ মালা। হাতত কমণ্ডলু, ত্ৰিশূল। মূৰত হাত থৈ মন্ত্ৰৰে আশীৰ্বাদ কৰিছে, প্ৰসাদ দিছে, চকুৰ ইংগিতেৰে হাতখন আগবঢ়াই দিবলৈ কৈ মণিবন্ধত আশীৰ্বাদপুষ্ট ৰঙাসূতা মেৰিয়াই দিছে। তেওঁৰ আশীৰ্বাদেৰে গদগদ হৈ আমি তেওঁক দিছোঁ দহটকা বা বিছটকা। অথবা কেতিয়াবা কেইগৰাকীমান মহিলা আহিছে ঘৰলৈ। মা মনসা পূজা পাতিছে তেওঁলোকে ক'ৰবাত। বৰঙনি বিচাৰিছে। তেওঁলোককো দিছোঁ দহটকা বা বিশটকা। দিবলৈ মন নেথাকিলেও দিছোঁ। আমনি পালেও দিছোঁ। কাৰণ, ভগৱানৰ কথা আছে। ক'ত কেনেকৈ কেতিয়া দোষ লাগে ক'বতো নোৱাৰি!\nযিয়েই যিভাৱে ব্যাখ্যা নকৰক কিয়, আচলতে এওঁলোক মগনীয়া। ভিক্ষা খুজি জীৱন নিৰ্বাহ কৰা ভিক্ষাৰী। হয়, জীৱনে এওঁলোকক আনৰ ওচৰত হাত পাতিবলৈ বাধ্য কৰাইছে। ট্ৰেইন এখনত উঠিলে আমি সহজেই অনুমান কৰিব পাৰোঁ, পৃথিৱীৰ এচাম অসহায় মানুহৰ বাবে কিদৰে জীৱনটো বিষময় হৈ পৰিছে। কণা, কুঁজা, অন্ধ, খোৰা, হাত-ভৰি নোহোৱা এই মানুহবোৰৰ জীৱন দেখি আমাৰ মুখৰ মাত হেৰায়। গতিকে সৌভাগ্যৱান হিচাপে তেওঁলোকক কিবা এটা দি সহায় কৰাটো আমাৰ দায়িত্বও। এয়া আমাৰ সৰল মনৰ সৰল অনুভৱ। এইখিনিলৈকে সকলো ঠিকেই আছিল। কিন্তু শেহতীয়াকৈ আমাৰ এই সৰল অনুভৱৰ সুবিধা লৈ এচামে গোটেই জাতিটোক, দেশখনকে যে নিঃশেষ কৰাত উঠিপৰি লাগিছে আৰু আমিও যে সিহঁতক বৰঙণি যোগাইছোঁ সেই খবৰ আমি ৰাখিছোঁনে নাই? গতিকে কিছু খবৰ লওঁ আহক। প্ৰতিটো খবৰেই ইটোতকৈ সিটো চৰা। তাজ্জৱ। আপুনি আচৰিত হৈ পৰিব।\nকথাহ'ল, গোটেই ভাৰতবৰ্ষতে বৰ্তমান সোতৰ লাখতকৈও অধিক ভিক্ষাৰী আছে। ভাৰতত ভিক্ষাৰীৰ সংখ্যা দেখিলে এনে লাগে যেন দেশখনক দৰিদ্ৰতাই উশাহ নোপোৱাকৈ হেঁচা মাৰি আছে। কিন্তু কথাটো ঠিক দেখাধৰণে সত্যও নহয়। দৰিদ্ৰতাৰ বাবে ভিক্ষা খোজা লোক ভাৰতত আপুনি মই দেখাতকৈ দৰাচলতে বহুত কম। সঁচা কথাটো হ'ল, ভিক্ষা খোজাটো ভাৰতত এতিয়া এটা বৃহৎ লাভজনক উদ্যোগলৈ পৰিণত হৈছে। ছদ্মবেশী ভিক্ষাৰীৰে দেশ ভৰি পৰিছে। ভাৰতৰ বেছিভাগ ভিক্ষাৰী বাংলাদেশৰ পৰা আহে। আপুনি জানি আচৰিত হ'ব যে, ভাৰতৰ মুঠ ভিক্ষাৰীৰ ৬৬ শতাংশই শাৰীৰিকভাৱে সম্পূৰ্ণ সুস্থ, আপুনি মই দেখা বা ভৱাৰ দৰে অক্ষম নহয়। দৰিদ্ৰও নহয়। ভাৰতৰ প্ৰায় ৭০ শতাংশ ভিক্ষাৰীৰ দৈনিক উপাৰ্জন সচৰাচৰ মধ্যবিত্ত পৰিয়াল একোটাৰ উপাৰ্জনতকৈ বহুত বেছি।\nভাৰতৰ আটাইতকৈ চহকী ভিক্ষাৰী হিচাপে খ্যাত ভাৰত জৈন এগৰাকী মিলিয়নাৰ। ভিক্ষা খুজি খুজিয়েই ৪৯ বছৰীয়া ভাৰত জৈন সম্প্ৰতি সত্তৰ লাখটকীয়া দুটাকৈ বৃহৎ এপাৰ্টমেণ্টৰ গৰাকী হৈ পৰিছে। তাকো মুম্বাই হেন মহানগৰীত। এইগৰাকী মিলিয়নাৰ ভিক্ষাৰীৰ মাহেকীয়া উপাৰ্জন প্ৰায় ৭৫ হেজাৰ টকা। মুম্বাইৰ চাৰ্নি পথত ভিক্ষা খোজা কৃষ্ণ কুমাৰ গাইট দেশৰ এজন অন্যতম চহকী ভিক্ষাৰী। মুম্বাইত তেওঁৰ ৫ লাখ টকীয়া এটা ফ্লেট থকাৰ উপৰিও অন্য কিছু ব্যৱসায় আছে। কৃষ্ণৰ মাহিলি উপাৰ্জন প্ৰায় ৬০ হেজাৰ টকা। দেশৰ অন্যতম চহকী মহিলা ভিক্ষাৰী হিচাপে পৰিচিত পাটনাৰ চাৰ্বাতিয়া দেৱী। পাটনাৰ অশোক চিনেমা হলৰ ওচৰত ভিক্ষা খোজা চাৰ্বাতিয়াই বছৰি ৩৬ হেজাৰ টকা ইঞ্চিওৰেন্স প্ৰিমিয়াম দিয়ে। উপাৰ্জিত ধনেৰে এওঁ দেশৰ সকলো ঠাই ফুৰিছে আৰু প্ৰায়বোৰ পৱিত্ৰস্থান ভ্ৰমণ কৰিছে। এয়া মাত্ৰ তিনিটা উদাহৰণহে। দেশত এনেকুৱা অনেক ভিক্ষাৰী আছে, যি হয়তো আপোনাতকৈও চহকী। আপোনাতকৈও অধিক সচ্ছল জীৱন-যাপন কৰে। আপুনি কল্পনাও কৰিব নোৱাৰে।\nভিক্ষাবৃত্তিত মহিলা আৰু শিশুৰ কদৰ বেছি। কাৰণ মহিলা আৰু শিশুৱে সহজে আপোনাক আবেগিক কৰি তুলিব পাৰে। আৰু সেয়েহে দেশত মহিলা আৰু শিশু ভিক্ষাৰীৰ হাৰ প্ৰতিদিনে দ্ৰুত হাৰত বৃদ্ধি পাবলৈ লৈছে। ভাৰতৰ মুঠ ভিক্ষাৰীৰ আধাতকৈও বেছি সংখ্যক মহিলা আৰু শিশু। পুৰুষ ভিক্ষাৰীবোৰে সেয়েহে কেইবাবাৰো বিয়া কৰাই সন্তান জন্ম দিয়াৰ কাৰখানা গঢ়ি তোলে। শিশু ভাড়ালৈয়ো পোৱা যায়। সেই যে মাকৰ কোলাত শুই থকা কেঁচুৱাটো, সি সেইজনী মাকৰ সন্তান নহ'বও পাৰে। আপুনি আচৰিত হ'ব, দুশটকাৰ ভাড়াত এনে কেঁচুৱা পোৱা যায়। ভাড়াতীয়া কেঁচুৱাই যাতে আমনি নকৰাকৈ শুই থাকে, দেখাত যাতে কেঁচুৱাটো বেমাৰী যেন লাগে, তাৰবাবে কেঁচুৱাটোক নিচাসক্ত কৰি শুৱাই থোৱা হয়। কেঁচুৱা ভাড়াত দিও একোহাল দম্পতীয়ে নিতৌ পাঁচশৰ পৰা হেজাৰ টকা উপাৰ্জন কৰিব পাৰে।\nএইবাৰ শুনক ভিক্ষাৰীৰ ছিণ্ডিকেটৰ কথা। হয়, দিল্লী, ক'লকাতা, হায়দৰাবাদ, বেঙ্গালুৰু, নয়ডা, গুৰগাঁও, মুম্বাইৰ দৰে মহানগৰবোৰত ভিক্ষাৰীৰ বৃহৎ বৃহৎ ছিণ্ডিকেট আছে। অসমৰ গুৱাহাটীতো ভিক্ষাৰীৰ ছিণ্ডিকেট উপলভ্য। এই ছিণ্ডিকেটবোৰে কোন ভিক্ষাৰীয়ে কোনটো পথত বা কোনটো অঞ্চলত ভিক্ষা খুজিব সেয়া নিৰ্ধাৰণ কৰি দিয়ে আৰু তাৰ বিনিময়ত একোটাহঁত ভিক্ষাৰীৰ পৰিয়ালে ছিণ্ডিকেটৰ মাফিয়া মালিকক নিতৌ দুশ-তিনিশ টকা কমিশ্যন হিচাপে আদায় দিব লাগে। জনসমাগম বেছি হোৱা অঞ্চলত উপাৰ্জন বেছি। তেনেবোৰ অঞ্চলৰ কমিশ্যনো বেছি। কমিশ্যনৰ বিনিময়ত ভিক্ষাৰীয়ে কিছু সুবিধা লাভ কৰে। যেনেঃ নিৰ্দিষ্ট ঠাইলৈ গাড়ীৰে অহা-যোৱাৰ কৰাৰ সুবিধা, পুলিচৰ ঝামেলাৰ পৰা ৰক্ষা পোৱাৰ সুবিধা, বিনামূলীয়া মদ্যপানৰ সুবিধা, শাৰীৰিকভাৱে অক্ষমসকলে চালচলনৰ বাবে চকালগা বাহন লাভ কৰাৰ সুবিধা ইত্যাদি ইত্যাদি। ভিক্ষাৰীবোৰ যাতে অন্য মাফিয়াৰ ওচৰলৈ গুচি যাব নোৱাৰে, তাৰবাবে ছিণ্ডিকেটসমূহে ভিক্ষাৰীক ড্ৰাগছ আসক্তও কৰে। মাফিয়াবোৰে শিশু অপহৰণ কৰি শিশুবোৰক ভিক্ষাত নিয়োজিত কৰে। শিশুবোৰক মাৰ-পিট কৰি আতংকিত কৰি ৰাখে। দেখাত যাতে বেমাৰী যেন লাগে, হাড়ে-ছালে লগা যেন লাগে, পুষ্টিহীন আৰু অভাৱগ্ৰস্ত যেন লাগে, তাৰবাবে সিহঁতক পেট ভৰাই খাবলৈ দিয়া নহয়, তাৰ পৰিবৰ্তে নিচা খোৱাৰ অভ্যাস কৰোৱা হয়। এই ছিণ্ডিকেটবোৰে ভিক্ষাৰীক ভিক্ষা খোজাৰ প্ৰশিক্ষণ দিয়ে। অভিনয় শিকোৱা হয়। সেয়ে ভিক্ষাৰীৰ আচৰণ প্ৰায়বোৰ ঠাইতেই একে হয়। ভাৰতবৰ্ষত মঠ-মন্দিৰ, ঐতিহাসিক পৰ্যটনথলী ইত্যাদি অধিক। কাজেই ইয়াত বিদেশী পৰ্যটকৰো অভাৱ নাই। ভাৰতৰ বেছিভাগ ভিক্ষাৰীৰে মূল লক্ষ্য হ'ল বিদেশী পৰ্যটকসকল। বিদেশী পৰ্যটকৰ সৈতে ভাৱ বিনিময় কৰিব পৰাকৈ ছিণ্ডিকেটসমূহে ভিক্ষাৰীক ইংৰাজী ভাষাও ক'বলৈ শিকায়।\nভাৰতৰ ভিতৰত মুম্বাইত সৰ্বাধিক ভিক্ষাৰী আছে। চাৰিলাখৰো অধিক। মুম্বাইৰ পাছতেই আছে দিল্লী(৬০ হেজাৰৰো অধিক), হায়দৰাবাদ আৰু বেংগালুৰু(৪০ হেজাৰৰো অধিক)। অন্যহাতে উত্তৰ-পূব ভাৰতৰ ভিতৰত অসমত ভিক্ষাৰীৰ সংখ্যা অধিক। অসমত প্ৰায় ২৫ হেজাৰ ভিক্ষাৰী থকাৰ বিপৰীতে কেৱল গুৱাহাটীতে প্ৰায় ৬-৭ হেজাৰ ভিক্ষাৰী আছে। এতিয়া কথা হ'ল- এখন দেশত ভিক্ষাৰীৰ সংখ্যা অধিক হোৱাটোৱে দেশখনত মানৱ সম্পদৰ অপচয় হোৱাটোকে বুজায়। আৰু মানৱ সম্পদৰ অপচয় হোৱা এখন দেশৰ অৰ্থনৈতিক শ্ৰীবৃদ্ধি কেৱল মন্থৰ হোৱাই নহয়, কেতিয়াবা স্তব্ধও হৈ পৰে। । কোটি কোটি টকাৰ ৰাজহ লোকচান হয়। ইফালে ভিক্ষাবৃত্তিৰ জৰিয়তে সহজে উপাৰ্জন কৰিব পৰা বাবে কিশোৰসকল ড্ৰাগছ আসক্ত হোৱাৰ উপৰি ধৰ্ষণ, হত্যা ইত্যাদিৰ দৰে ভয়ংকৰ অপৰাধ সংঘটিত কৰিবলৈয়ো কুণ্ঠাবোধ নকৰে। আৰু সমাজে ইয়াৰ কুফল ভোগ কৰিবলগীয়া হয়। সেয়ে সম্প্ৰতি ভিক্ষাবৃত্তি দেশৰ এটা গুৰুতৰ সামাজিক সমস্যা ৰূপে চিহ্নিত হৈছে। কেন্দ্ৰীয় সামাজিক ন্যায় মন্ত্ৰণালয়ে এই সমস্যা নাইকিয়া কৰিবৰ বাবে বিভিন্ন সময়ত বিভিন্ন আঁচনি লৈছে যদিও ফলপ্ৰসূ হোৱাগৈ নাই। দেশত দিনক দিনে ভিক্ষাৰীৰ সংখ্যা কমাৰ সলনি বাঢ়িছেহে।\nএটা কথা ঠিক যে এই ভিক্ষাবৃত্তিক আমি বৰ্তাই ৰাখিছোঁ। ভিক্ষাৰীৰ আবেগসনা কথাত ভোল গৈ অথবা ভগবান বিতুষ্ট হোৱাৰ ভয়ত ভিক্ষাদান কৰি এচাম সহজে ধন ঘটা লোকক আমি নিতৌ অনুপ্ৰাণিত কৰি আহিছোঁ। চাবলৈ গ'লে এটকা বা দুটকা তেনেই সাধাৰণ কথা। কিন্তু ভিক্ষাৰীক এই এটকা বা দুটকা দি আমি যে সমাজ আৰু দেশৰ কিমান ক্ষতিসাধন কৰিছোঁ, কিমান যে মানৱ সম্পদৰ অপচয় কৰিছোঁ আমি হয়তো উপলব্ধিয়েই কৰিব পৰা নাই। আমি এয়াও উপলব্ধি কৰিব পৰা নাই যে আমাৰ ভিক্ষাদানৰ অভ্যাসে আমাৰ পিছৰ প্ৰজন্মক কিমান ভয়াবহ পৰিস্থিতিৰ সন্মুখীন কৰোৱাব। ভিক্ষাৰী এজনৰ প্ৰতি সঁচাই যদি আমাৰ সমমৰ্মিতা আছে, তেন্তে তেওঁক আমি ভিক্ষাদানৰ সলনি কৰ্ম কৰি সন্মান সহকাৰে জীৱন যাপন কৰিবলৈ অনুপ্ৰাণিত কৰিব নোৱাৰো কিয়? অন্ধ বা শাৰীৰিকভাৱে অক্ষম এজন মানুহে চলন্ত ট্ৰেইনৰ ডবা বগাই যদি ভিক্ষা খুজিব পাৰে, তেন্তে আপুনি নিশ্চিত হওক যে জীৱন-যাপনৰ জোখাৰে অন্য বহু কিবা কিবি কৰ্ম কৰিবলৈ তেওঁ সক্ষম। তাত কোনো সন্দেহ নাই। হাত-ভৰি নোহোৱাকৈয়ো সুন্দৰকৈ জীৱন উদযাপন কৰা বহুলোকৰ কাহিনী আমি শুনিছোঁ। Born Different নামৰ ফেইচবুক পে'জ এটাত এনে বহুলোকৰ কাহিনী প্ৰচাৰ কৰা হয়। চাবচোন! আপুনিও উৎসাহিত হ'ব। আৰু সেই উৎসাহেৰে আপুনি এটা সিদ্ধান্তত অন্ততঃ উপনীত হ'ব পাৰিব যে তীব্ৰ ইচ্ছাশক্তি থাকিলে যিকোনো মানুহেই জীৱনৰ সমস্ত প্ৰতিকূলতাক নেওচিও জীৱন যাপন কৰিব পাৰে। ভিক্ষাবৃত্তি জীৱনৰ বিকল্প নহয়, হ'ব নোৱাৰে।\nশাৰীৰিক অক্ষমতাৰ বাবে, নিৰক্ষৰতাৰ বাবে, দৰিদ্ৰতাৰ বাবে কোনো যদি জীৱনত দিকভ্ৰান্ত হৈ পৰিছে, অসহায় হৈ পৰিছে, তেওঁলোকক সহায় কৰিবলৈ ভাৰতবৰ্ষত কেইবাটাও স্বেচ্ছাসেৱী সংস্থা আছে। এই সংস্থাসমূহে এনে লোকক, বিশেষকৈ শিশুসকলক যথোপযুক্ত শিক্ষণ আৰু প্ৰশিক্ষণেৰে স্বনিৰ্ভৰশীল হৈ জীৱন যাপন কৰিবলৈ অনুপ্ৰাণিত কৰে। এই সংস্থাসমূহৰ ভিতৰত 'প্ৰেমদান' আৰু 'উম্মিদ' উল্লেখযোগ্য। ভিক্ষাবৃত্তি নাইকিয়া কৰাত এই সংস্থাসমূহে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে। কিন্তু ভাৰতৰ ভিক্ষাৰীৰ সংখ্যাৰ তুলনাত এই সংস্থাসমূহ হয়তো পৰ্যাপ্ত হোৱা নাই। ভিক্ষাদানৰ সলনি আমি এই সংস্থাসমূহক সহায় কৰা উচিত।\nমুঠৰ ওপৰত ভিক্ষাবৃত্তি নিঃশেষ নকৰিলে জাতি আৰু দেশৰ ভৱিষ্যত অন্ধকাৰ। গতিকে ভিক্ষাদানৰ অভ্যাস পৰিত্যাগ কৰোঁ আহক। তাৰ সলনি আৰ্তজনক কৰ্ম কৰিবলৈ যিকোনো প্ৰকাৰে উৎসাহিত কৰোঁ, অনুপ্ৰাণিত কৰোঁ। এয়া আমি আমাৰ সন্তানকো এই শিক্ষাৰে শিক্ষিত কৰাৰ সময়। ভিক্ষা দি ভিক্ষাৰী এজনক আজীৱন ভিক্ষাৰী হৈ থকাৰ অভিশাপ কিয়নো দিওঁ? এয়াওতো কম অপৰাধ নহয়। এনে অপৰাধেৰে আমি অপৰাধী হ'ব নোৱাৰোঁ। নহওঁ।\n← হতাশাৰপৰা প্ৰত্যাশালৈ -পৰিস্মিতা বৰদলৈ\nকাৰ্পেটৰ সপোন- অভিজিত দত্ত →\nআশা নিৰাশাৰ মাজত দোদুল্যমান মানৱ সভ্যতা- ড° মদন তাপৰীয়াঃ
বৰ্তমান সময়ৰ বিশ্ব ক্ৰিকেটৰ আটাইতকৈ শ্ৰেষ্ঠ বেটছমেন হিচাপে পৰিচিত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে আন এক মাইলষ্ট'নত উপনীত হয়। সোমবাৰে নিশা বিশ্বপ্ৰসিদ্ধ বেটছমেনগৰাকীৰ ইনষ্টাগ্ৰামত ফলোৱাৰ্ছৰ সংখ্যা বৃদ্ধি পাই হ'লগৈ ৫০ মিলিয়ন। ইয়াৰ লগে লগে তেওঁ ইনষ্টাগ্ৰামত ৫০ মিলিয়ন ফলোৱাৰছ থকা প্ৰথমগৰাকী ভাৰতীয় তাৰকা ৰূপে পৰিগণিত হয়। টেষ্ট আৰু এদিনীয়াৰ এক নম্বৰ বেটছমেন কোহলীয়ে প্ৰায়েই নিজৰ ফটো আৰু ভিডিঅ' ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা দেখা যায়। কোহলীয়ে এই পৰ্যন্ত ফটো শ্বেয়াৰিং ৱেবছাইটত ৯৩০ প'ষ্ট ৰেজিষ্টাৰ কৰিছে। ইনষ্টাগ্ৰামত সৰ্বাধিক ফলোৱাৰ্ছ থকা ভাৰতীয় তালিকাৰ দ্বিতীয় স্থানত আছে বলিউদৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা। তেওঁৰ ফলোৱাৰ্ছৰ সংখ্যা হৈছে ৪৯.৮ মিলিয়ন। আনহাতে ৪৪.১ মিলিয়ন আৰু ৪৩ মিলিয়নেৰে তালিকাৰ তৃতীয় আৰু চতুৰ্থ স্থানত আছে ক্ৰমে দীপিকা পাডুকন আৰু আলিয়া ভাট। উল্লেখ্য যে ইনষ্টাগ্ৰামত সৰ্বাধিক ফলোৱাৰ্ছ থকা তাৰকা জন হৈছে পৰ্তুগীজ ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰ'নাল্ডো। ২০০ মিলিয়ন ফলোৱাৰ্ছ অতিক্ৰম কৰা তেওঁৱেই একমাত্ৰ তাৰকা। জুভেণ্টাছৰ ৰ'নাল্ডোৱে সংগীত শিল্পী এৰিয়ানা গ্ৰেণ্ডে, অভিনেতা তথা প্ৰফেশ্যনেল ৰেষ্টলাৰ ডোৱায়েন 'দ্যা ৰক' জনছন, টিভি ষ্টাৰ কাইলি জেনাৰ, ফুটবলাৰ মেছী আৰু নেইমাৰক অতিক্ৰম কৰি এই ৰেকৰ্ড গঢ়িছে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
ৰাজ্যত ডিমাছা চলচ্চিত্ৰ চেমখৰক লৈ বিতৰ্ক অব্যাহত আছে (Semkhor film controversy)। চলচ্চিত্ৰখনৰ পৰিচালক আইমী বৰুৱাৰ বিৰুদ্ধে হাফলং থানাত এজাহাৰ দাখিল কৰিলে কংগ্ৰেছ দলে । চলচ্চিত্ৰখনৰ কিছুমান বিষয়বস্তুক লৈ অসন্তুষ্ট ডিমাছা দল-সংগঠন । ডিমা হাছাও, ২৩ ছেপ্টেম্বৰ : ডিমাছা ভাষাত নির্মিত 'চেমখৰ' চলচ্চিত্ৰখনক লৈ এতিয়া আৰম্ভ হৈছে বিতৰ্কৰ (Controversy over Semkhor film)। এই ছবিখন নিৰ্মাণ কৰা হৈছে কিছু ভুল তথ্যৰে আৰু কিছু আপত্তিজনক মন্তব্য আৰু দৃশ্যৰ বাবে বিতৰ্ক আৰম্ভ হৈছে । চলচ্চিত্ৰখনক লৈ ইতিমধ্যে ডিমা হাছাও জিলাত ডিমাছা জনগোষ্ঠীৰ বিভিন্ন সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । চলচ্চিত্ৰখনত থকা আপত্তিজনক মন্তব্য আৰু দৃশ্যবোৰ বাদ দি ইয়াক মুক্তি দিবলৈ দাবী উঠিছে । 'চেমখৰ'ক লৈ বিতৰ্ক চলি থকাৰ মাজতে পৰিচালক তথা অভিনেত্ৰী আইমী বৰুৱাৰ বিৰুদ্ধে কংগ্ৰেছ নেতা মহেন্দ্ৰ কেম্প্ৰাইয়ে হাফলং থানাত গোচৰ ৰুজু কৰিছে (Congress FIR against Aimee Baruah)। ডিমা হাছাও জিলাৰ এখন গাঁও হৈছে চেমখৰ আৰু গাঁওখনত বসবাস কৰা ডিমাছাসকলক চেমচা ডিমাছা বুলি কোৱা হয় । এই চেমখৰ গাঁৱৰ ডিমাছাসকলক লৈ এই চলচ্চিত্ৰখন নিৰ্মাণ কৰিছে অসমৰ অভিনেত্ৰী তথা চলচ্চিত্ৰ নিৰ্মাতা আইমী বৰুৱাই । এই চলচ্চিত্ৰখনত কিছু দৃশ্য আছে য'ত দেখা গৈছে সন্তান জন্ম দিয়াৰ সময়ত যদি কোনো ডিমাছা মহিলাৰ মৃত্যু হয় আৰু এই মহিলাগৰাকীয়ে যদি কন্যা সন্তান জন্ম দিয়ে তেনেহ'লে মহিলাগৰাকীৰ লগতে জন্ম দিয়া কন্যাকো জীৱন্তে মাটিত পুতি থোৱা হয় বা জ্বলাই দিয়া হয় । এই আপত্তিজনক বিষয়টোক লৈয়ে বিতৰ্কৰ সৃষ্টি হৈছে । সম্প্ৰতি ডিমা হাছাও জিলাৰ ডিমাছা জনগোষ্ঠীৰ বিভিন্ন দল-সংগঠন জাঙুৰ খাই উঠিছে । তেওঁলোকৰ অভিযোগ চলচ্চিত্ৰখনত ভুল তথ্য সন্নিবিষ্ট কৰা হৈছে । ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি সমৰজিৎ হাফলংবাৰে 'চেমখৰ' চলচ্চিত্ৰখনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ডিমাছা ভাষাত যি চেমখৰ ছবি নিৰ্মাণ কৰা হৈছিল তাক লৈ তেওঁলোক আনন্দিত আছিল কিন্তু এই ছবিখনত কিছু আপত্তিজনক দৃশ্য দেখিবলৈ পোৱা গৈছে (Dimasa film Semkhor controversy)। নেতাগৰাকীৰ অভিযোগ চেমখৰ গাঁৱৰ ভুল তথ্য তুলি ধৰা হৈছে এই চলচ্চিত্ৰখনত । তেওঁ লগতে কয় যে চেমখৰৰ ডিমাছাসকলে উন্নয়ন নিবিচাৰে বুলি কোৱা হৈছে । কিন্তু ২০০৭ চনত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ সমষ্টি হোৱাৰ পিছতে এই সমষ্টি বিজেপিৰ দখলত আছে তেনে সময়ত যদি আইমী বৰুৱাই কয় চেমখৰ সমষ্টিৰ উন্নয়ন হোৱা নাই তেনেহ'লে বিজেপিৰ বিফলতা উদঙাই দিছে বুলিও তেওঁ মন্তব্য কৰে । সমৰজিৎ হাফলংবাৰে লগতে কয় যে ১৯৯৭ চনত তেওঁ যেতিয়া প্ৰথমবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল তেতিয়া তেওঁ চেমখৰ গাঁৱত টিনৰ ঘৰ বনাই দিছিল আৰু প্ৰধান মন্ত্ৰী গ্ৰামীণ পথ যোজনাৰ অধীনত পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল কিন্তু তেতিয়া উগ্ৰপন্থী সমস্যাৰ বাবে পথ নিৰ্মাণ হোৱা নাছিল । কিন্তু যোৱা ১৬ বছৰৰ পৰা এই চেমখৰ সমষ্টি বিজেপিৰ দখলত থকাৰ পিছতো যদি গাঁৱৰ উন্নয়ন হোৱা নাই তেনেহ'লে বিজেপি দলৰ পূৰ্ণ বিফলতা উদঙাই দিয়া হৈছে বুলি উল্লেখ কৰে । তেওঁৰ মতে চলচ্চিত্ৰখনত উপস্থাপন কৰা কিছুমান বিষয়বস্তুৱে ডিমাছা সমাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । সেয়ে চলচ্চিত্ৰখনৰ পৰা বিতৰ্কিত বিষয়বস্তুবোৰ আঁতৰাব লাগে বুলি দাবী জনায় ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি সমৰজিৎ হাফলংবাৰে ।
২৭ ফেব্ৰুৱাৰিত অসমৰ সমূহ চাহ বাগিচা বন্ধ ৰখাৰ আহ্বান জনাইছে অসম চাহ মজদুৰ সংঘই। এই কথা জানিবলৈ দিয়ে অসম চাহ মজদুৰ সংঘ, গোলাঘাট শাখাৰ সভাপতি ঘণশ্যাম বাঢ়ৈয়ে। এক বিবৃতি যোগে জানিবলৈ দিয়ে যে স্বাধীনতা কালৰে অসমৰ বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ শ্ৰমিকৰ ক্ৰমে কাছাৰ চাহ শ্ৰমিক ইউনিয়ন আৰু অসম চাহ মজদুৰ সংঘই এককভাবে প্ৰতিনিধিত্ব কৰি আহিছে। য়েসেহে অসম চাহ মজদুৰ সংঘই চাহ শ্ৰমিকৰ বাবে সকলো সুবিধা তথা দৈনিক মজুৰিৰ বৃদ্ধিকে ধৰি আন বিষয়ত মাত মাতি আহিছে। উল্লেখ্য যে ২০১৭ চনৰ ৩১ ডিচেম্বৰতে চাহ শ্ৰমিকৰ দৈনিক মজুৰি চুক্তিৰ ম্যাদ উকলি গৈছিল। কিন্তু এই বছৰৰে ১ জানুৱাৰিৰ পৰা শ্ৰমিকসকলে নতুন হাৰত দৈনিক মজুৰি লাভ কৰিব লাগিছিল যদিও সেয়া বৰ্তমানলৈ কাৰ্যত পৰিণত হোৱা নাই। মজুৰি বৃদ্ধি সম্পৰ্কতে ৰাজ্য চৰকাৰে ২০১৭ চনৰ ৯ ছেপ্তেম্বৰত ৰাজ্যৰ শ্ৰম মন্ত্ৰীক অধ্যক্ষৰূপে লৈ মজুৰি বৃদ্ধি সম্পৰ্কীয় এখন সমিতি গঠন কৰি মজুৰি বৃদ্ধিৰ দায়িত্ব নিজ হাতলৈ লৈ যোৱা বুলি বিবৃতিটোত উল্লেখ কৰে। ইয়াৰ লগতে উল্লেখ কৰে যে মজুৰি বৃদ্ধি সমিতিয়ে ইতিমধ্যে মালিক পক্ষৰ লগত তিনিবাৰকৈ বৈঠকত মিলিত হয় যদিও চৰকাৰ আৰু সংশ্লিষ্ট পক্ষৰ আন্তৰিকতাৰ অভাৱৰ বাবে এতিয়ালৈ কোনো সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই। অসম চাহ নিগমৰ চাহ বাগিচাৰ শ্ৰমিকসকলে এতিয়াও ২০১৫ চনৰ হাৰত ১১৫ টকা হিচাবে মজুৰি পাই আহিছে। এই শ্ৰমিকসকলক ২০১৬ আৰু ২০১৭ চনৰ পাব লগা মজুৰি বৃদ্ধি দৈনিক ২২ টকা দিয়া হোৱা নাই। আনহাতে, মজুৰিৰ অংশ হিচাপে বাগিচাৰ চাহ শ্ৰমিকে পাব লগা ৰেচন বহু বছৰ ধৰি বন্ধ হৈ আছে। শ্ৰমিকৰ আইনসংগত ন্যায্য প্ৰাপ্তিৰ বাবে বহুবাৰ আবেদন নিবেদন কৰাৰ পাছতো চৰকাৰ আৰু মালিক পক্ষই সদায় নানা অজুহাত দেখুৱাই শ্ৰমিক গোষ্ঠীক শোষণ কৰি আহিছে। এই সমূহ কাৰণতে অসম চাহ মজদুৰ সংঘই ৰাজ্যিক ভিত্তিত ২০১৮ চনৰ ২৭ ফেব্ৰুৱাৰিত অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে সৰ্বাত্মক বাগিচাৰ প্ৰতীক ধৰ্মঘট কাৰসূচী পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এই কাৰ্যসূচী সফল কৰি তুলিবলৈ সকলো পক্ষকে সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে অসম চাহ মজদুৰ সংঘৰ গোলাঘাট শাখাৰ সভাপতি ঘণশ্যাম বাঢ়ৈয়ে। গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ? কোন জিকিল পাঁচখন ৰাজ্যৰ বিধান সভাৰ উপনিৰ্বাচনত ?? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
সাংবাদিকতা (ইংৰাজীঃ Journalism) হৈছে তথ্যৰ ওপৰত আধাৰিত আৰু প্ৰমাণৰ সৈতে সমৰ্থিত সাম্প্ৰতিক ঘটনাবোৰৰ ওপৰত প্ৰতিবেদন প্ৰস্তুতকৰণ আৰু বিতৰণৰ কাৰ্য। সাংবাদিকতা শব্দটো জীৱিকাৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাৰ লগতে সহযোগিতামূলক মাধ্যমৰ ক্ষেত্ৰটো প্ৰযোজ্য যি প্ৰমাণৰ ওপৰত আধাৰিত তথ্য সংগ্ৰহ আৰু প্ৰকাশ কৰে। সাংবাদিকতা মাধ্যমৰ ভিতৰত অন্তৰ্ভুক্ত আছে প্ৰিণ্ট, টেলিভিছন, ৰেডিঅ', ইণ্টাৰনেট আৰু পূৰ্বতে নিউজ ৰিল। সাংবাদিকতাৰ উপযুক্ত ভূমিকাৰ ধাৰণা দেশভেদে পৃথক হয়। কিছুমান দেশত সংবাদ মাধ্যমবোৰ চৰকাৰী হস্তক্ষেপৰ দ্বাৰা নিয়ন্ত্ৰিত হয় আৰু সম্পূৰ্ণৰূপে স্বতন্ত্ৰ নহয়।[1] আন কিছু দেশত সংদাফ মাধ্যমবোৰ চৰকাৰৰ পৰা স্বতন্ত্ৰ আৰু ব্যক্তিগত উদ্যোগ হিচাপে কাম কৰে। মিডিয়া সংগঠনবোৰ কেনেদৰে চলে আৰু পুঁজি কেনেকৈ যোগান ধৰে তাৰ ভিন্নতাৰ ওপৰত নিৰ্ভৰ কৰি দেশবোৰে বাক স্বাধীনতা আৰু নিন্দাৰ গোচৰবোৰ চম্ভালিবৰ বাবে ভিন্ন আইনৰ ৰূপায়ণ কৰিব পাৰে। বিল কোভাচ আৰু টম ৰোজেনষ্টিয়েলে তেওঁলোকৰ গ্ৰন্থ 'এলিমেণ্ট অফ জাৰ্ণলিজম'-ত সাংবাদিকসকলৰ বাবে কেইবাটাও নিৰ্দেশনা প্ৰস্তাৱ কৰিছে।[8] তেওঁলোকৰ দৃষ্টিভংগী হৈছে যে সাংবাদিকতাৰ প্ৰথম আনুগত্য হৈছে নাগৰিকসকলৰ প্ৰতি আৰু সেয়ে সাংবাদিকসকল সত্য ক'বলৈ বাধিত আৰু তেওঁলোকে সমাজৰ শক্তিশালী ব্যক্তি তথা প্ৰতিষ্ঠানসমূহৰ এক স্বতন্ত্ৰ নিৰীক্ষণ হিচাপে কাম কৰিব লাগিব। এই দৃষ্টিভংগিত সাংবাদিকতাৰ মূল লক্ষ্য হৈছে প্ৰমাণীকৰণৰ অনুশাসনৰ জৰিয়তে নাগৰিকসকলক নিৰ্ভৰযোগ্য তথ্য প্ৰদান কৰা। যুক্তৰাজ্যত সকলো বাতৰি কাকত ইণ্ডিপেণ্ডেণ্ট প্ৰেছ ষ্টেণ্ডাৰ্ড অৰ্গেনাইজেশ্বন নামৰ সংস্থাৰ অনুশীলন সংহিতাৰ দ্বাৰা আবদ্ধ। ইয়াত ব্যক্তিৰ গোপনীয়তাক সন্মান কৰা আৰু শুদ্ধতা নিশ্চিত কৰাৰ দৰে বিষয় অন্তৰ্ভুক্ত আছে। এয়া বিংশ শতিকাৰ আগৰ সংবাদ মাধ্যমৰ পৰিৱেশৰ পৰা সম্পূৰ্ণ বিপৰীত, য'ত সংবাদ মাধ্যমত সৰু বাতৰি কাকত আৰু পত্ৰিকাৰ আধিপত্য আছিল যাৰ সাধাৰণতে এক স্পষ্ট আৰু প্ৰায়ে মৌলিক উদ্দেশ্য আছিল, আৰু তাত ভাৰসাম্য বা বস্তুনিষ্ঠতাৰ অভাৱ আছিল। সাংবাদিকসকলৰ ওপৰত তৎক্ষণাৎ আৰু প্ৰতিযোগীসকলৰ আগত বাতৰি প্ৰতিবেদন কৰাৰ হেঁচাৰ বাবে, সময়লৈ প্ৰস্তুত আৰু সম্পাদনা কৰা লিখনিতকৈ তথ্যগত ত্ৰুটি অধিক সঘনাই ঘটে। এখন মুখ্য দৈনিক বাতৰি কাকতত আগদিনা প্ৰকাশিত প্ৰবন্ধৰ কেইবাটাও সংশোধন থাকিব পাৰে। ↑ "10 Most Censored Countries," Committee to Protect Journalists, 2 May 2012, page retrieved 23 May 2013. ↑ "Fourth Estate - Core Journalism Principles, Standards and Practices". Fourth Estate Public Benefit Corporation. https://www.fourthestate.org/core-journalism-principles/। আহৰণ কৰা হৈছেঃ 2 December 2016. ↑ IFJ (International Federation of Journalists) - Declaration of Principles on the Conduct of Journalists Archived 14 November 2012 at the Wayback Machine (DOC version) ↑ "ASNE (American Society of Newspapers Editors) - Statement of Principles". http://www.asne.org/kiosk/archive/principl.htm। আহৰণ কৰা হৈছেঃ 2013-03-01. ↑ "APME (Associated Press Managing Editors) - Statement of Ethical Principles". 2008-06-22. http://www.apme.com/ethics/। আহৰণ কৰা হৈছেঃ 2013-03-01. ↑ "(Society of Professional Journalists) - Code of Ethics". SPJ. http://www.spj.org/ethicscode.asp। আহৰণ কৰা হৈছেঃ 2013-03-01. ↑ "The Elements of Journalism: What Newspeople Should Know and the Public Should Expect - Introduction । Project for Excellence in Journalism (PEJ)". Journalism.org. 2006-06-19. http://journalism.org/node/72। আহৰণ কৰা হৈছেঃ 2013-02-23. ↑ "Italy - FNSI's La Carta dei Doveri (The Chart of Duties)" (it ভাষাত). http://www.fnsi.it/Contenuto/Documentazione/CarteDeontologiche/Carta_dei_Doveri.htm। আহৰণ কৰা হৈছেঃ 2012-12-24. (section "Principi") ↑ Spain - FAPE's Código Deontológico (Deontological Code) (see Principios Generales, item 7, "a") ↑ "Brazil - FENAJ's Code of Ethics" (pt ভাষাত). http://www.fenaj.org.br/federacao/cometica/codigo_de_etica_dos_jornalistas_brasileiros.pdf. (20.8 KB) (see Article 6, item XIV) ↑ PACE Resolution 1003 (1993) on the Ethics of Journalism Archived 26 June 2009 at the Wayback Machine (see clause 22) অদৃশ্য শ্ৰেণীসমূহঃ এই পৃষ্ঠাখন ২৮ জুন, ২০২১ তাৰিখে ১০ঃ০৪ বজাত অন্তিম সংশোধন কৰা হৈছিল। লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।
নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬'ৰ বিৰোধিতাৰে ৰাজ্যৰ বিভিন্ন দল-সংগঠন একত্ৰিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ সময়তে আজি জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে ৰাজ্যৰ ৬০ টা দল-সংগঠনে ১২ ঘণ্টীয়া অসম বন্ধ ঘোষণা কৰি পুৱা ৫ বজাৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ উঠি পৰি লাগে। সমগ্ৰ অসমৰ লগতে নগাঁৱতো অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিলক্ষিত হয়। প্ৰতিবাদকাৰীয়ে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাৱ্যস্ত কৰাৰ লগতে নাগৰিকত্ব বিধেয়ক বাতিল কৰক, নৰেন্দ্ৰ মোদী হুচিয়াৰ, আৰ এছ এছ হুচিয়াৰ, অবৈধ বাংলাদেশীক অসমত থাকিবলৈ দিয়া নহ'ব, অসমৰ পৰা বাংলাদেশী যাবই লাগিব আদি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে। আনহাতে, ৰাজপথত মানুহৰ সমাগম প্ৰায় শূন্য হোৱাৰ উপৰি দোকান-পোহাৰ বন্ধ থকাৰ লগতে যান-বাহনৰ চলাচলো ৰাজপথত বন্ধ থকা পৰিলক্ষিত হয়। বন্ধৰ সময়ছোৱাত কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ খৱৰ পোৱা হোৱা নাই। ইপিনে, বন্ধৰ সময়ছোৱাত পৰিস্থিতিৰ মোকাবিলা কৰিবৰ বাবে জিলা প্ৰশাসনে সতৰ্কতামূলক ব্যৱস্থা হিচাপে নিৰাপত্তা কটকটীয়া কৰি ৰাখিছে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ প্ৰাক্তন মুখ্য সচিব জীতেন্দ্ৰ নাৰায়ণক গণধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁক আগেয়ে সোধা-পোছাৰ বাবে পোৰ্ট ব্লেয়াৰলৈ মাতি অনা হৈছিল। প্ৰাক্তন আমোলাজনক বৃহস্পতিবাৰে তেওঁৰ অন্তৱৰ্তীকালীন জামিনৰ আবেদন নাকচ হোৱাৰ পিছতে গ্ৰেপ্তাৰ কৰা হয়। যোৱা অক্টোবৰত এগৰাকী মহিলাই নাৰায়ণৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছিল। তাৰ পিছত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰে। পিছত এগৰাকী ২১ বছৰীয়া যুৱতীয়ে তেওঁৰ চৰকাৰী ঘৰত যৌন ব্যৱসায় চলাই থকাৰ অভিযোগ উত্থাপন কৰে। অভিযোগ কৰা হয় যে জীতেন্দ্ৰই কমেও ২০ গৰাকী ছোৱালীক ঘৰলৈ মাতিছিল আৰু তেওঁলোকক ধনৰ বিনিময়ত যৌন সম্পৰ্কত লিপ্ত হ'বলৈ বাধ্য কৰিছিল। লগতে পঢ়কঃ ৰামদেৱৰ পতঞ্জলিৰ ৫টা ঔষধ বন্ধ কৰাৰ নিৰ্দেশ; কাৰণটো কি? আন্দামান চৰকাৰৰ আন এজন উচ্চ পদস্থ বিষয়াৰ বিৰুদ্ধেও যুৱতীগৰাকীয়ে অভিযোগ আনিছিল। আন্দামান শ্ৰম বিভাগৰ সঞ্চালক আৰ এল ঋষিৰ বিৰুদ্ধেও তেওঁ অভিযোগ আনিছিল। তেওঁলোক দুয়োৰে বিৰুদ্ধে গণধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ অভিযোগ অনা হৈছিল। উচ্চ পদস্থ আমোলাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পিছত গৃহ মন্ত্ৰালয়ে আন্দামান আৰু নিকোবৰ আৰক্ষীৰ পৰা প্ৰতিবেদন বিচাৰে। প্ৰতিবেদন অনুসৰি, জীতেন্দ্ৰই তেওঁৰ চৰকাৰী পদবীৰ অপব্যৱহাৰ কৰিছিল। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ লগতে আন্দামান আৰু নিকোবৰ আৰক্ষীয়েও তেওঁৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে। তাৰ পিছত আন্দামানৰ প্ৰাক্তন মুখ্য সচিবগৰাকী জামিন লাভ কৰি মুক্ত হৈ আছিল। যোৱা তেওঁক ১৭ অক্টোবৰত নিলম্বিত কৰা হৈছিল। তেওঁৰ অন্তৱৰ্তীকালীন জামিনৰ ম্যাদ ১৪ নৱেম্বৰত শেষ হোৱাৰ কথা আছিল যদিও তাৰ আগতে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
অনুস্কাই নিজৰ ইনষ্টাগ্ৰাম পেজত কোহলীৰ পদত্যাগ পত্ৰৰ ফটো দি স্বামীৰ এই সিদ্ধান্তক সমৰ্থন জনোৱাৰ কথা উল্লেখ কৰিছে। অনুস্কাই নিজৰ ইনষ্টাগ্ৰাম পেজত কোহলীৰ পদত্যাগ পত্ৰৰ ফটো দি স্বামীৰ এই সিদ্ধান্তক সমৰ্থন জনোৱাৰ কথা উল্লেখ কৰিছে। Share this: অক্টোবৰত অনুস্থিত হ'ব লগা টি-২০ বিশ্বকাপৰ পিছতে ভাৰতীয় টি-২০ দলৰ অধিনায়কৰ পদৰ পৰা অব্যাহতি লোৱাৰ কথা বিৰাট কোহলীয়ে ঘোষণা কৰাৰ লগে লগে সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পিছে কোহলীৰ এই সিদ্ধান্তক সম্পূৰ্ণ সমৰ্থন জনাইছে তেওঁৰ পত্নী তথা বলীউদৰ মোহময়ী অভিনেত্ৰী অনুস্কা শৰ্মাই। অনুস্কাই নিজৰ ইনষ্টাগ্ৰাম পেজত কোহলীৰ পদত্যাগ পত্ৰৰ ফটো দি স্বামীৰ এই সিদ্ধান্তক সমৰ্থন জনোৱাৰ কথা উল্লেখ কৰিছে। ২০১৭ চনত বিৰাট কোহলীৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱা অনুস্কা শৰ্মাই সামাজিক মাধ্যমত স্বামীক প্ৰায়ে উৎসাহ দি অহা পৰিলক্ষিত হৈছে। ইতিমধ্যে কোহলী আৰু অনুস্কাৰ সংসাৰলৈ এটি কন্যা সন্তানৰো আগমন ঘটিছে। উল্লেখযোগ্য যে, ভাৰতীয় দলৰ অধিনায়কৰ সফলতাৰ হাৰৰ ক্ষেত্ৰত ইতিমধ্যে মহেন্দ্ৰ সিং ধোনীক অতিক্ৰম কৰিছে বিৰাট কোহলীয়ে। কিন্তু টেষ্ট আৰু এদিনীয়াত আৰু ভালদৰে নেতৃত্ব দিয়াৰ লগতে নিজৰ বেটিং ফৰ্ম উন্নত কৰাৰ স্বাৰ্থতেই কোহলীয়ে এই সিদ্ধান্ত লৈছে বুলি ইতিমধ্যে বিশেষজ্ঞসকলে মত পোষণ কৰিছে। CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the intellectual property rights of Cable News Network in respect of them. © Copyright Network18 Media and Investments Ltd 2016. All rights reserved.
যোৱা নিশা বঙাইগাঁও জিলাৰ কোকিলা বজাৰত কোকিলা আৰক্ষী আৰু গাওঁৰক্ষী বাহিনীৰ যৌথ অভিযানত বৃহৎ পৰিমাণৰ দেশীয়ভাৱে প্ৰস্তুত দেশী সুৰা জব্দ কৰিবলৈ সক্ষম হয়। এক গোপন সূত্ৰৰ পম খেদি আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীয়ে কোকিলা বজাৰত থকা ভূপেন সাহা নামৰ গেলামালৰ দোকানী জনৰ গুদামৰ পৰা জব্দ কৰে সুৰাখিনি। আৰক্ষীয়ে ভূপেন সাহাৰ পৰা গুদামৰ ছাবি বিছাৰিছিল যদিও চাবি দিয়াত প্ৰথমতে আমান্তি হৈছিল। কিন্তু আৰক্ষী আৰু গাঁৱৰক্ষীৰ যুটীয়া তালাচী দলটোৱে ভূপেন সাহাৰ হাতেৰেই গুদামৰ তলা ভঙাই জব্দ কৰে সাত কাৰ্টুন বিলাতী সুৰা। সাহাই অনুপম আৰু ফৰছুন তেলৰ কাৰ্টনত আটকধুনীয়াকৈ সজাই ৰাখিছিল কাৰ্টুনসমূহ। এই অবৈধ সুৰাৰ ব্যৱসায় বহু দিনৰ পৰাই চলাই আহিছে বুলি দোকানী ভূপেন সাহাই আৰক্ষীৰ আগত স্বীকাৰ কৰে। ঘটনাস্থলীৰ পৰাই সুৰা ব্যৱসায়ী ভূপেন সাহাক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যায় কোকিলা আৰক্ষীয়ে। উবাচ আহমেদ ছিদ্দিকী! মুছলমান মহিলাক নিৰ্বাচনৰ টিকট দিয়াসকল ইছলাম বিৰোধী! Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
ৰূপজ্যোতি কুৰ্মীয়ে কয়, মই কংগ্ৰেছ এৰি বিজেপিলৈ অহাৰ সময়ত ৮০ শতাংশ কংগ্ৰেছ কৰ্মী বিজেপিলৈ আহিল। থাকি অহা ২০ শতাংশ কংগ্ৰেছ কৰ্মী বিজেপিলৈ আহিবলৈ অপেক্ষা কৰি আছে। ৰূপজ্যোতি কুৰ্মীয়ে কয়, মই কংগ্ৰেছ এৰি বিজেপিলৈ অহাৰ সময়ত ৮০ শতাংশ কংগ্ৰেছ কৰ্মী বিজেপিলৈ আহিল। থাকি অহা ২০ শতাংশ কংগ্ৰেছ কৰ্মী বিজেপিলৈ আহিবলৈ অপেক্ষা কৰি আছে। Share this: "অহংকাৰভাৱে নহয়, আত্মবিশ্বাসেৰে কৈছো মই বহুত ভোটত জয়ী হ'ম।" - এই মন্তব্য বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ। মনোনয়ন পত্ৰ দাখিল কৰি ৰূপজ্যোতি কুৰ্মীয়ে উপ-নিৰ্বাচনত নিজৰ জয় নিশ্চিত বুলি দাবী কৰি এইদৰে মন্তব্য কৰে। "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা আৰু বিজেপি চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহে ৰাইজক উপকৃত হোৱাৰ বাবে প্ৰতিটো নিৰ্বাচনত বিজেপিৰ জয় হৈছে। বিজেপিৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ আঁচনিসমূহে ৰাইজৰ মন জয় কৰিছে আৰু সেই দলৰ প্ৰাৰ্থীৰূপে মই নিৰ্বাচনত অৱৰ্তীন হৈছো আৰু অহংকাৰ কৰি কোৱা নাই, আত্মবিশ্বাসেৰে কৈছো মই বহুত ভোটত জয়ী হ'ম। মই ভৱাতকৈ অধিক ভোট লাভ কৰিম।" মন্তব্য ৰূপজ্যোতি কুৰ্মীৰ। কংগ্ৰেছ দল আৰু প্ৰাৰ্থী লোহিত কোঁৱৰক সমালোচনা কৰি ৰূপজ্যোতিয়ে কয়, "মৰিয়নীৰ কংগ্ৰেছ দলৰ প্ৰতি অৱদান থকা বা সাংগঠনিক দিশত কাম কৰা কোনো লোকক প্ৰাৰ্থিত্ব দিয়া হ'লে মোৰ ভয় লাগিলহেঁতেন, কিন্তু কংগ্ৰেছ কৰ্মীয়ে চিনি নাপায় প্ৰাৰ্থীগৰাকীক। ময়ে পাহৰিলো প্ৰাৰ্থীগৰাকীৰ নাম!" CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the intellectual property rights of Cable News Network in respect of them. © Copyright Network18 Media and Investments Ltd 2016. All rights reserved.
তামুলপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ নাগ্ৰীজুলিৰ ছয়টাকৈ চক্ৰৰ অন্তৰ্গত মুঠ ১২০ টা অংগনৱাড়ী কেন্দ্ৰক সামৰি প্ৰধান মন্ত্ৰী মাতৃত্ব বন্দনা যোজনাৰ অধীনত আজি মাতৃত্ব বন্দনা সজাগতা সভা অনুষ্ঠিত হয়। এই উপলক্ষে আজি পুৱা ১০ বজাত বাল্টিপাৰ গাঁৱৰ এটি অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী-সহায়িকা, মাতৃগোটৰ কৰ্মী, আশা কৰ্মী, গাঁৱৰ সাধাৰণ মহিলা, অংগনৱাড়ী কেন্দ্ৰ পৰিচালনা সমিতিৰ বিষয়-ববীয়াকে ধৰি বিভিন্ন মহিলা সংগঠনৰ মহিলা সকলে হাতে হাতে বেনাৰ, পোষ্টাৰ আদিক লৈ এক শোভাযাত্ৰা উলিয়ায়। নাগ্ৰীজুলি অঞ্চলৰ ৰাজপথ পৰিভ্ৰমণ কৰি দলটোৱে নাগ্ৰীজুলি দুৰ্গা মন্দিৰ প্ৰাংগণত এই শোভাযাত্ৰাৰ সামৰণি মাৰে। শোভাযাত্ৰাৰ অন্তত দিনৰ ১২ বজাত দুৰ্গা মন্দিৰ প্ৰাংগণত স্থানীয় সহায় কৰ্মী শিৱ অধিকাৰীৰ পৌৰাহিত্যত অনুষ্ঠিত মাতৃত্ব বন্দনা সপ্তাহ সজাগতা সভাৰ উদ্দেশ্য বাখ্যা কৰে অংগনৱাদী কেন্দ্ৰ সমূহৰ মুখ্য সেৱিকা নিজৰা মেধিয়ে। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি পিৰামল ফাউণ্ডেশ্যন আৰু নিটি আয়োগৰ তামুলপুৰ আৰু নাগ্ৰীজুলিৰ ব্লক ট্ৰেন্সফৰ্মেচন বিষয়া মিন্টু শইকীয়া আৰু পূৰবী খাখলাৰীয়ে মন্ত্ৰী মাতৃত্ব বন্দনা যোজনাৰ বিষয়ে বিতংকৈ বিবৰী কয়। তামুলপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ মুখ্য সেৱিকা মধুৰী দাসেও অংগনৱাদী কৰ্মী-সহায়িকা সকলৰ লগতে উপস্থিত মহিলাসকলক উদ্দেশ্যি গৰ্ভৱতী মাতৃৰ স্বাস্থ্যৰ যত্ন আৰু প্ৰতিপালন, প্ৰয়োজনীয় চিকিৎসা, নৱজাতকৰ বাবে মাতৃ দুগ্ধৰ প্ৰয়োজনীয়তা আদিৰ বিষয়ে বিতংকৈ বাখ্যা কৰে। কিম জঙ উনৰ নতুন ফতোৱা; দেশৰ শিশুসকলৰ নাম ৰাখিব লাগিব 'বোমা','বন্দুক'! অস্কাৰলৈ ৰাজামৌলীৰ 'আৰআৰআৰ'! ভিজুৱেল ইফেক্ট শাখাত মনোনয়ন? অধিকৃত মাৰিঅ'পোলত নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিছে ৰাছিয়াই; ডনবাছ ভ্ৰমণৰ বাবে সাজু পুটিন! Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
হাৰিভাংগা - অসমীয়া ৱিকিপিডিয়া\nস্থানাঙ্ক 26°27′N 91°16′E / 26.45°N 91.26°E / 26.45; 91.26\nজনসংখ্যা 5,344 (2011[update])\nলিঙ্গ অনুপাত (পুৰুষঃমহিলা) ♂/♀\n• পিনক'ড • ৭৮১৩৭৮\nহাৰিভাংগা (ইংৰাজীঃ Haribhanga) অসমৰ নলবাৰী জিলাৰ টিহু ৰাজহ চক্ৰৰ অন্তৰ্গত নামবৰভাগ মৌজাৰ পূব অংশত অৱস্থিত এখন বৃহৎ গাঁও। গাঁওখনত চুবুৰীৰ সংখ্যা ১৮ টা।\n5 যাতায়াত ব্যৱস্থা\n6.1 শিক্ষণ প্ৰতিষ্ঠান\n7 অন্যান্য সংযোজন\nহাৰিভাংগা ২৬.৪৫° উত্তৰ অক্ষাংশ আৰু ৯১.২৬° পূব দ্ৰাঘিমাংশত অৱস্থিত।\nগাঁওখনৰ দক্ষিণ পূব দিশেৰে পাগলাদিয়াৰ এটা সুঁতি মৰা পাগলাদিয়া বৈ গৈছে।\nহাৰিভাংগা গাঁৱৰ পৰা গুৱাহাটীলৈ দূৰত্ব ৯০ কিলোমিটাৰ, নলবাৰী নগৰলৈ ২০ কিলোমিটাৰ আৰু টিহু নগৰলৈ ৫ কিলোমিটাৰ।\nপূবে কৈঠালকুছি গাঁও\nদক্ষিণে সন্ধেলী গাঁও\nপশ্চিমে মাখিবাহা গাঁও।\nহাৰিভাংগা নামটোৰ উৎপত্তি সম্বন্ধে বহুজনৰ বহু মত। এই সন্দৰ্ভত লোকবিশ্বাসৰ ভেঁটিত প্ৰধানতঃ দুটা কাহিনী পোৱা যায়। প্ৰথম কাহিনী অনুসৰি তেজপুৰৰ অগ্নিগড়ৰ হৰি-হৰৰ যুদ্ধৰ শেষৰ যুদ্ধখিনি এই অঞ্চলত হৈছিল। যুদ্ধত পৰাজয় বৰণ কৰি হৰিয়ে যুদ্ধ ভংগ দি পলায়ন কৰিলে। হৰিয়ে ভংগ দিয়াৰ বাবে "হৰি-ভংগ" হ'ল আৰু তাৰ পৰা অপভ্ৰংশ হৈ কালক্ৰমত হাৰিভাঙ্গা হোৱা বুলি লোকে বিশ্বাস কৰে। আন এক কাহিনী মৰ্মে এসময়ত পাগলাদিয়া নদীৰ এটা সুঁতি উক্ত অঞ্চলটোৰ মাজেৰে বৈ গৈ বেকী নদীত পৰিছিলগৈ। সেই সুঁতিৰ পাৰতে মহাপ্ৰভু শ্ৰী শ্ৰী কলীয়া গোঁসাইৰ আৱিৰ্ভাবৰ কাহিনী জড়িত হৈ আছে। উক্ত সুঁতিয়েদি বৰপেটীয়া বেপাৰী সকলে নাওঁ লৈ বেহা বেপাৰ কৰিবলৈ আহিছিল আৰু ভটীয়া বেপাৰীয়ে এই অঞ্চলত দৈ গাখীৰৰ বেহা কৰিছিল। এবাৰ প্ৰাকৃতিক দুৰ্য্যোগৰ ফলত তেনেকুৱা কেবাখনো নাওঁ পানীত জাহ যায় আৰু গাখীৰ কঢ়িয়াই অনা হাড়ি (এবিধ মাটিৰ পাত্ৰ) বোৰ নদীৰ পাৰত ভাঙি চূচূৰ্মৈ হৈ পৰি থাকে। সেই কাহিনীৰ আলমতে ওচৰ চুবুৰীয়া অঞ্চলৰ ৰাইজে এই অঞ্চলটোক হাড়িভাঙ্গা/ হাড়িভাঙা নাম দিয়ে। সময় সলনি হোৱাৰ লগে লগে নামটো ক্ৰমাৎ হাৰিভাঙ্গালৈ সলনি হয়। এতিয়া লিখিত অনুসৰি গাওঁখনৰ নাম "হাৰিভাঙ্গা / হাৰিভাংগা" নামেৰে পঞ্জীয়ন কৰা হৈছে।\nজনসংখ্যাঃ ২০১১ লোকপিয়ল অনুসৰি ৫৩৪৪ জন। ইয়াৰে মাজৰ পুৰুষৰ সংখ্যা হৈছেঃ ... জন আৰু মহিলাৰ সংখ্যাঃ ...\nআয়ৰ উৎসঃ মূখ্যতঃ কৃষি আৰু শিক্ষকতা।\nযাতায়াত ব্যৱস্থা[সম্পাদনা কৰক]\nগুৱাহাটীৰ পৰা নলবাৰী হৈ চামতা আৰু সাহপুৰৰ মাজেৰে গড়কাপ্টানী পকী পথ।\nগুৱাহাটীৰ পৰা নলবাৰী হৈ মোহন বজাৰ, কৈঠালকুছি, বালিৰ মাজেৰে গড়কাপ্টানী পকী পথ।\nগুৱাহাটিৰ পৰা বৰমা হৈ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে টিহু চ'কলৈ আৰু টিহুৰ চ'কৰ পৰা টিহু নগৰৰ মাজেৰে মথুৰাপুৰ হৈ গড়্কাপ্টানী পকী পথ।\nনিকটৱৰ্তী টিহু ৰেল ষ্টেচন। দূৰত্বঃ ৫ কিলোমিটাৰ।\nনিকটৱৰ্তী কৈঠালকুছি ৰেল ষ্টেচন। দূৰত্বঃ ৫ কিলোমিটাৰ।\nপ্ৰধান অনুস্থান সমুহ হৈছেঃ\nহাৰিভাংগা ৰাজহুৱা পুথিভড়াল।\nৰাজহুৱা প্ৰেক্ষাগৃহ আৰু নাট্য মন্দিৰ।\nপ্ৰকাশন পৰিষদ লেক' (LACO: Literary And Cultural Organisation)\nশিক্ষণ প্ৰতিষ্ঠান[সম্পাদনা কৰক]\nচৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা ১৮ খন।\nমাধ্যমিক বিদ্যালয় এখন।\nউচ্চতৰ মাধ্যমিক বিদ্যালয় এখন, হাৰিভাংগা উচ্চতৰ মাধ্যমিক বিদ্যালয় (উচ্চ মাধ্যমিক শাখা আৰু উচ্চতৰ মাধ্যমিক কলা শাখা)।\nবালিকা উচ্চ মাধ্যমিক বিদ্যালয এখন, হাৰিভাংগা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়।\nবে-চৰকাৰী বিদ্যালয ২ খন। ইয়াৰে এখন জাতীয় বিদ্যালয় আৰু আনখন শংকৰদেৱ শিশু নিকেতন।\nসংগীত বিদ্যালয দুখন, বিষ্ণুৰাভা সংগীত মহাবিদ্যালয় আৰু হাৰিভাংগা জনকল্যাণ সংগীত মহাবিদ্যালয়।\nকলা বিদ্যালয় দুখন, সমন্বয় আৰ্ট স্কুল আৰু আৰ্ট গেলেৰী।\nঅন্যান্য সংযোজন[সম্পাদনা কৰক]\nহাৰিভাংগা ডাকঘৰ। ডাক সূচাংকঃ 781378\n30 খন বিচনাযুক্ত হাৰিভাংগা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ।\nঅসম গ্ৰামীণ বিকাশ বেংকৰ হাৰিভাংগা শাখা।\nভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ।\nৰাজহুৱা পুথিভঁড়াল, গাওঁ উন্নয়ন সমিতিৰ কাৰ্যালয়, সমবায় সমিতিৰ নাম্বৰভাগ মৌজাৰ প্ৰধান কাৰ্য্য়ালয়, ৰাজহুৱা সভা সমিতিৰ বাবে সভাগৃহ (Auditorium) আৰু নাট্য মন্দিৰ, পুথি প্ৰকাশকঃ লেকো LACO (Literary and Cultural Organisation), প্ৰেছ, বাণিজ্য কেন্দ্ৰ (Shoping Centre), দৈনিক গধূলিৰ হাট, বাছ অস্থান, অ'টো আস্থান, ৰংদৈ বিহু হুঁচৰি দল আৰু ভাস্কৰজ্যোতি বিহু হুঁচৰি দল।\nশ্ৰী শ্ৰী কলিয়া গোঁসাই মহাপ্ৰভুৰ মন্দিৰ। স্বৰ্গদেউ ৰূদ্ৰ সিংহৰ দিনত প্ৰতিস্থিত।\nমূখ্য উৎসৱঃ শ্ৰী শ্ৰী কলিয়া গোঁসাই মহাপ্ৰভুৰ মন্দিৰত পহিলা মাঘৰ ধৰ্মসভা আৰু তাৰ লগে লগে একেলেঠাৰিয়ে সপ্তাহ যোৰা কাৰ্য্যসূচীৰে ঐতিহাসিক হাৰিভাংগা সভা মহোৎসৱ।\n↑ "Location of Haribhanga". http://indiamapia.com/Nalbari/Haribhanga.html। আহৰণ কৰা হৈছেঃ February 01, 2012.\n"https://as.wikipedia.org/w/index.php?title=হাৰিভাংগা&oldid=110801"ৰ পৰা সংকলিত\nএই পৃষ্ঠাখন ০৯ জানুৱাৰী, ২০১৩ তাৰিখে ১৫ঃ০১ বজাত অন্তিম সংশোধন কৰা হৈছিল।
কি হ'ব মৰিয়নিৰ ৰাজনৈতিক ভৱিষ্যত? বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী অবিহনে অসম্ভৱ হ'ব বিজেপিক প্ৰতিহত কৰা । Asom Live 24\nঅসম লাইভ ২৪ঃ মৰিয়নি বিধান সভা সমষ্টিৰ উপ নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যেই ৰাজনৈতিক বতাহ তীব্ৰতৰ হৈ উঠিছে । ইতিমধ্যে নিৰ্বাচন আয়োগে ৩০ অক্টোবৰ উপ-নিৰ্বাচনৰ দিন ঘোষনা কৰাৰ পিছত ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচনী তৎপৰতা অধিক বৃদ্ধি পাইছে । ৰাজ্যৰ আন সমষ্টিৰ উপ নিৰ্বাচনতকৈ মৰিয়নিৰ উপ নিৰ্বাচন যে সুকীয়া হ'ব সেই কথা ইতিমধ্যেই ৰাজনৈতিক মহলত চৰ্চিত হৈছে । সুদীৰ্ঘদিন কংগ্ৰেছৰ হাতত থকা মৰিয়নিৰ আসনখন এইবাৰ কংগ্ৰেছে নিজৰ হাতত ৰাখিব পাৰিবনে ? নে বিজেপিলৈ যোৱাৰ পিছত পৰিয়াল কেন্দ্ৰিক ৰাজনীতি সমষ্টিটোত সমাপ্ত হ'ব ! এতিয়া সকলোৰে মুখে মুখে সেই কথাই বাগৰিব লাগিছে । স্বাধীনতাৰ পিছৰে পৰা মৰিয়নি বিধান সভা সমষ্টি কংগ্ৰেছৰ দূৰ্গ হিচাপে পৰিগণিত হৈ আহিছে I এইবাৰ পটভূমি কিছু সুকীয়া । প্ৰাৰ্থী একেজন হ'লেও এইবাৰ দল বেলেগ । বিজেপিক সমালোচনা কৰি অহা কংগ্ৰেছ দলৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মী এইবাৰ বিজেপিৰ প্ৰাৰ্থী হোৱা সম্ভাৱনা প্ৰায় নিশ্চিত । চাৰিবাৰৰ বিধায়ক হোৱা বাবেই সমষ্টিটোত ৰূপজ্যোতিৰ সমৰ্থকৰ সংখ্যাও নিঃসন্দেহে সৰ্বাধিক ।\nযদি সেইয়াই হয় তেনেস্থলত বিজেপিৰ বিৰোধীৰ বাবে ৰূপজ্যোতিক ৰোধা সম্ভৱ হ'বনে ? এতিয়া ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ ওপৰতো বহু পৰিমাণে নিৰ্ভৰ কৰিছে বিজেপিৰ জয় পৰাজয় । মৰিয়নি সমষ্টিত বিজেপিক প্ৰতিহত কৰিবৰ বাবে বিৰোধী দলসমূহ একগোট হ'বই লাগিব । অন্যথা মৰিয়নিত বিজেপিক ৱাক অভাৰ দিয়াৰ দৰে হ'ব । বিশেষকৈ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত মিত্ৰতাৰ অতিকৈ প্ৰয়োজন আছে । কংগ্ৰেছৰ দূৰ্গস্বৰূপ মৰিয়নি সমষ্টিত শেহতীয়াকৈ ৰাইজৰ দলেও সাংগাঠানিক কুচকাৱাজ অধিক গতিশীল কৰি তুলিছে । তৎস্বত্বেও সমষ্টিটোত বিজেপিক প্ৰতিহত কৰিব পৰাকৈ শক্তি অৰ্জন বৰ্তমানলৈকে গোটাব পৰা নাই । একেদৰে ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ দল ত্যাগ কৰাৰ পিছত স্বাভাবিকতে সমষ্টিটোত ক্ষতিৰ সন্মুখীন হৈছিল কংগ্ৰেছ । দলটো সম্পূৰ্ণৰূপে শক্তিশালী হ'বলৈ হয়তু আৰু কিছু সময়ৰ প্ৰয়োজন হ'ব । ইতিমধ্যে ৰাইজৰ দল আৰু কংগ্ৰেছ দলে সমষ্টিটোত নিৰ্বাচনী অভিযান আৰম্ভ কৰিছে । শেহতীয়াকৈ অসম জাতীয় পৰিষদেও সমষ্টিটোত নিজৰ অভিযান আৰম্ভ কৰিছে যদিও নিৰ্বাচনত প্ৰাৰ্থী দিয়াৰ সম্ভাৱনা তেনেই ক্ষীণ । অজাপই বিশেষকৈ বিজেপি বিৰোধী শক্তিক সমৰ্থন কৰাৰ সম্ভাৱনাই অধিক । কিন্তু তাৰ মাজতে দলটোৱে সমষ্টিটোত নিজৰ স্থিতি মজবুত কৰিব বিচাৰিছে । ইয়াৰ বিপৰীতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে একাধিক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি ৰাইজৰ মাজত সোমোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । অনুৰূপ ধৰণে কংগ্ৰেছ দলেও বিভিন্ন সভা সমিতিৰ যোগেদি ৰাইজৰ কাষ চাপিছে । বিজেপিৰ হৈ ৰূপজ্যোতি কুৰ্মীয়ে নিজৰ অভিযান চলাই আছে । কিন্তু সবাতোকৈ চৰ্চিত প্ৰসংগটো হৈছে বিজেপিৰ বিৰুদ্ধে যুঁজ কোনে দিব ? কংগ্ৰেছ, ৰাইজৰ দল, অজাপ নে সেয়া উমৈহতীয়া প্ৰাৰ্থী হ'ব ? অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই মৰিয়নিত কোৱা মতে- ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সৈতে মন মিলিছে । কিন্তু শেহতীয়াকৈ অখিল গগৈৰ প্ৰতি যেন বিতুষ্ট হৈ পৰিছে ভূপেন বৰা । ৰাইজৰ দলৰ সৈতে কংগ্ৰেছৰ 'মিত্ৰতা' ক্ৰমশঃ নোহোৱাৰ দিশে গতি কৰিছে । যাৰ বাবে নিজাকৈ প্ৰাৰ্থী দিয়াৰ কথা চৰ্চালৈ আহিছে । তাৰ বিপৰীতে শেহতীয়াকৈ মৰিয়নিলৈ অহা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আগন্তুক উপ-নিৰ্বাচন সুকীয়া সুকীয়াকৈ খেলাৰ পোষকতা কৰিছে । ২০২৪ চনৰ লোকসভা আৰু ২০২৬ চনৰ বিধান সভা নিৰ্বাচনহে একেলগে খেলাৰ ওপৰত ভূপেন বৰাই গুৰুত্ব দিয়া বুলিও অখিল গগৈয়ে উল্লেখ কৰিছিল । অৱশ্যে ৰাইজৰ দলৰ সভাপতিজনে মৰিয়নি সমষ্টিত ৰাইজৰ দলে নিজাকৈ প্ৰাৰ্থী দিয়া বিষয়টো এতিয়াও নিশ্চিত হোৱা নাই বুলি উল্লেখ কৰি শীঘ্ৰেই সেই সম্পৰ্কে চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব বুলি উল্লেখ কৰিছিল । তাৰ লগতে কংগ্ৰেছ আৰু ৰাইজৰ দলে উমৈহতীয়া প্ৰাৰ্থী দিয়া প্ৰসংগটো এতিয়াও শেষ হৈ যোৱা নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল যদিও কংগ্ৰেছ মহলে সেয়া ইতিমধ্যেই প্ৰায় নস্যাৎ কৰিছে । ইফালে, কংগ্ৰেছ দলৰ পৰা কেইবাজনেও প্ৰাৰ্থিত্ব বিচাৰি আবেদন জনাইছে ।জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা বাঘচোং ব্লক কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক হেমকান্ত বুঢ়াগোঁহাই, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ এসময়ৰ বিশেষ কৰ্তব্যৰত বিষয়া পুতুল বুঢ়াগোঁহাই, যুৱ ব্যৱসায়ী - কংগ্ৰেছ কৰ্মী লুহিত কোঁৱৰ ( অভিজিত ), অধিবক্তা মামনী ৰাজকুমাৰী, কৃষ্ণা গগৈ, ৰাজলক্ষ্মী কোঁৱৰ, সুৰেন তাঁতী, অনন্তজ্যোতি ভট্টাচাৰ্য, ৰাতুল কুৰ্মী আৰু বাবুল বাৰথাই ইতিমধ্যে কংগ্ৰেছ নেতৃত্বৰ ওচৰত প্ৰাৰ্থিত্ব বিচাৰি আবেদন জনাইছে । ইয়াৰ বিপৰীতে ৰাইজৰ দলৰো একাধিক ব্যক্তিৰ নাম ওলাইছে যদিও শেহতীয়াকৈ যুৱ সমাজকৰ্মী সঞ্জীৱ গগৈৰ নাম অধিক চৰ্চালৈ আহিছে । এই সন্দৰ্ভত সচেতন ৰাইজৰ মতে, মৰিয়নিত বিজেপি বৰ্তমান শক্তিশালী অৱস্থাত আছে । সেই বিজেপিক প্ৰতিহত কৰিবলৈ হ'লে বিজেপি বিৰোধী শক্তি একগোট হ'ব লাগিব । যি দলৰেই প্ৰাৰ্থী নহওঁক তেওঁক উমৈহতীয়াভাৱে সকলো দলেই নিস্বাৰ্থ সমৰ্থন জনালেহে বিজেপিক প্ৰত্যাহ্বান জনোৱাৰ সম্ভাৱনা থাকিব । অন্যথা সকলো ফুটুকাৰ ফেন হোৱাৰ সম্ভাৱনা অধিক ।
বৰপেটা সাহিত্য সভাত গীতৰ পুথি 'ছন্দশীলা' আজি আনুষ্ঠানিকভাবে উন্মোচন কৰা হয়। বৰপেটা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা তাৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দীনেশ দাস ৰচিত এই গীতৰ পুথিখন উন্মোচন কৰে বিশিষ্ট গীতিকাৰ সুশীল কুমাৰ দাসে। অম্বিকাগিৰী-বাণীকান্ত বৰপেটা সাহিত্য সভা ভৱনত বিয়লি ৪ বজাত অনুষ্ঠিত গীতৰ পুথি উন্মোচনী সভাত পুথিখন উন্মোচন কৰি সুশীল কুমাৰ দাসে কয় যে স্মৃতিৰ পোহৰে জীৱন আলোকিত কৰি তোলে। কিছুমান স্মৃতি নাইবা বাস্তৱৰ ভেটিত গীত ৰচনা কৰা হয়। তদুপৰি গীতে জীৱনক আনন্দ দিয়া বুলিও মন্তব্য কৰে উন্মোচকগৰাকীয়ে। গীতৰ পুথিখনৰ ৰচক দীনেশ দাসে নিজৰ বক্তব্যত কয় যে, সম্প্ৰতি সংগীতৰ নামত অশ্লীলতা বৃদ্ধিয়ে তেওঁক গীত লিখিবলৈ বাধ্য কৰাইছে। বৰপেটা সাহিত্য সভাৰ সভাপতি উদ্ধৱ চন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰ, ৰামকৃষ্ণ তালুকদাৰৰ লগতে কেবাগৰাকী বিশিষ্ট ব্যক্তি আৰু বহু সংখ্যক লোক উপস্থিত থাকে। মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ'ব কোন? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
মোৰ জীৱনৰ বাবে ঈশ্বৰৰ ইচ্ছা কেনেকৈ জানিম?\nপ্রশ্নঃ মোৰ জীৱনৰ বাবে ঈশ্বৰৰ ইচ্ছা কেনেকৈ জানিম? বাইবেলে ঈশ্বৰৰ ইচ্ছা জনাৰ বিষয়ে কি কৈছে?\nউত্তৰঃ ঈশ্বৰৰ ইচ্ছা জনাতো প্ৰয়োজন। যীচুৱে কৈছিল যে তেওঁৰ প্ৰকৃত সম্পৰ্কীয় সেইসকল যিসহকলে পিতৃ'ৰ ইচ্ছা জানিব আৰু পালন কৰিবঃ "যিকোনোৱে ঈশ্বৰৰ ইচ্ছা পালন কৰে, মোৰ ভাই, ভনী আৰু আয়ো সেয়েহে"(মাৰ্ক ৩ঃ৩৫)। দুজন পুত্ৰৰ দৃষ্টান্তত, পিতৃৰ ইচ্ছা পালন নকৰাৰ বাবে যীচুৱে প্ৰধান পুৰোহিত আৰু বৃদ্ধলোকক গৰিহণা দিছিল, নিৰ্দিষ্টকৈ, "তেওঁলোকে অনুতপ্ত নোহোৱা আৰু বিশ্বাস নকৰাৰ বাবে"(মথি ২১ঃ৩২)। ইয়াৰ প্ৰাথমিক ভিত্তিটো হৈছে, ঈশ্বৰৰ ইচ্ছা যে আমি আমাৰ পাপৰ বাবে মনপালটাওঁ আৰু খ্ৰীষ্টত বিশ্বাস ৰাখোঁ। যদি আমি প্ৰথম খোজটো লোৱা নাই; তেতিয়াহ'লে আমি ঈশ্বৰৰ ইচ্ছা গ্ৰহণ কৰা নাই।\nআমি যেতিয়া বিশ্বাসেৰে খ্ৰীষ্টক গ্ৰহণ কৰোঁ, আমাক ঈশ্বৰৰ সন্তান কৰা হয়(যোহন ১ঃ১২), আৰু তেওঁ আমাক তেওঁৰ ইচ্ছাত চলাটো কামন কৰে।(গীতমালা ১৪৩ঃ১০)। আমাৰ পৰা ঈশ্বৰে তেওঁৰ ইচ্ছা লুকুৱাবলৈ চেষ্টা নকৰে; বৰং তেওঁ ইয়াক প্ৰকাশ কৰিবলৈ বিচাৰে। দৰাচলতে, তেওঁ অমাক তেওঁৰ বাক্যত বহুতো নিৰ্দেশ দিছে। আমি "সকলো বিষয়তে ধন্যবাদ কৰা; কিয়নো তোমালোকৰ প্ৰতি যীচু খ্ৰীষ্টত ঈশ্বৰৰ এই ইচ্ছা"(১ থিচলনীকীয়া ৫ঃ১৭)। আমি ভাল কাম কৰিব লাগে(১ পিতৰ ২ঃ১৫)। আৰু "কিয়নো ঈশ্বৰৰ এই যে, তোমালোকে যেন পবিত্ৰতা লাভ কৰা, অৰ্থাৎ তোমালোকে যেন ব্যভিচাৰৰ পৰা পৃথকে থাকা"( ১ থিচলনীকীয়া ৪ঃ৩)।\nঈশ্বৰৰ ইচ্ছা জানিব পাৰি আৰু প্ৰমাণ কৰিব পাৰি। ৰোমীয়া ১২ঃ২ পদত কৈছে, "আৰু তোমালোক জগতৰ অনুৰূপ নহ'বা; কিন্তু যিহতে ঈশ্বৰৰ ইচ্ছা, অৰ্থাৎ উত্তম, গ্ৰহণীয়, আৰু সিদ্ধ কি, তাক জানিবা, তাৰ কাৰণে তোমালোকে নতুন মন কৰাৰ দ্বাৰাই আন ৰূপ ধৰা।" এই শাস্ত্ৰাংশই আমাক এটা দৰকাৰী অনুক্ৰম দিছেঃ ঈশ্বৰৰ সন্তানে জগতৰ অনুৰূপ হ'বলৈ অস্বীকাৰ কৰে আৰু তাৰ পৰিবৰ্তে নিজকে আত্মাৰ দ্বাৰা পৰিবৰ্তন হ'বলৈ দিয়ে। তেওঁৰ মনটো ঈশ্বৰৰ বিষয়েৰে নতুন কৰা হয়, যাতে তেওঁ ঈশ্বৰৰ সিদ্ধ ইচ্ছা কি জানিব পাৰে।\nআমি ঈশ্বৰৰ ইচ্ছা চিন্তা কৰোঁতে, আমি নিশ্চিত হ'ব লাগে যে বাইবেলে নিষেধ কৰা কিবা বস্তু আমি চিন্তা কৰা নাই। উদাহৰণস্বৰূপে, বাইবেলে চুৰ কৰাটো মানা কৰিছে; যেহেতু ঈশ্বৰে এই চিন্তনীয় বিষয়ত স্পষ্টকৈ কৈছে, আমি জানো যে বেংক ডকাইতি কৰাটো তেওঁৰ ইচ্ছা নহয়- আমি আনকি ইয়াৰ বাবে প্ৰাৰ্থনাও কৰিব নালাগে। তদুপৰি আমি নিশ্চিত হ'ব লাগে যে আমি চিন্তা কৰা ইচ্ছাই ঈশ্বৰক গৌৰৱান্বিত কৰিব আৰু আমাক তথা আনক আধ্যাত্মিক বৃদ্ধিত সহয় কৰিব।\nকেতিয়াবা ঈশ্বৰৰ ইচ্ছা জনাটো কঠিন, কিয়নো ইয়াত ধৈৰ্যৰ প্ৰয়োজন। ঈশ্বৰৰ সকলো ইচ্ছা এবাৰতে জানিবলৈ বিচৰাটো স্বাভৱিক কথা, কিন্তু তেওঁ সাধাৰণতে তেনেদৰে নকৰে। তেওঁ আমালৈ লাহে লাহে প্ৰকাশ কৰে-প্ৰতিটো এটা বিশ্বাসৰ খোজেৰে- আৰু আমি যেন তেওঁতেই ভৰসা কৰি চলিম তেনে হ'বলৈ দিয়ে। দৰকাৰী কথটো এই যে, আমাক অধিক পৰিচালনা লাগে, আমি যি ভাল বুলি ভাবো তাকহে লৈ ব্যস্ত থাকোঁ(যাকোব ৪ঃ১৭)।\nঅনেক সময়ত, ঈশ্বৰে আমাক কিবা নিৰ্দিষ্টকৈ দিয়াটো বিচাৰোঁ- ক'ত কাম কৰিম, ক'ত থাকিম, কাক বিয়া পাতিম, কি গাড়ী কিনিব লাগিব,ইত্যাদি। ঈশ্বৰে আমাক মনোনয়ন কৰিবলৈ দিয়ে, আৰু অমি যদি তেওঁত সমৰ্পিত, তেওঁ ভুল মনোনয়নৰ পৰা আঁতৰায় ৰখে (চাওক পাঁচনিৰ কৰ্ম ১৬ঃ৬-৭)\nআমি যেতিয়া এজন মানুহক ভালকৈ জানো, যিমানে অধিক জানো সিমানে তেওঁৰ ইচ্ছা জানিব পাৰোঁ। উদাহৰণস্বৰূপে, বাটৰ সিপৰে উফৰি পৰা বলটোৰ বাবে এটি শিশুৱে চাব পাৰে, কিন্তু তেওঁ ইয়াৰ পিছত ল'ৰ নামাৰে কিয়নো তেওঁ জানে যে "মোৰ দেউতাই সেইটো কৰাটো নিবিচাৰে"। তেওঁ পৰামৰ্শৰ বাবে তেওঁৰ পিতৃক সাদয়ে সকলো পৰিস্থিতিতে সুধি থাকিবলগীয়া নাই; কিয়নো তেওঁৰ পিতৃয়ে কি ক'ব জানে কিয়নো তেওঁ তেওঁৰ পিতৃক জানে। ঈশ্বৰৰ সৈতে আমাৰ সম্পৰ্কতো একে কথা। তেওঁৰ বাক্য মানি আৰু তেওঁৰ আত্মাত নিৰ্ভৰ কৰি আমি যেতিয়া প্ৰভুৰ লগত চলো, আমি বিচাৰি পাওঁ যে আমাক খ্ৰীষ্টৰ মন দিয়া হৈছে(১ কৰিন্থীয়া ২ঃ১৬)। আমি তেওঁক জানো, আৰু সেয়ে আমাক তেওঁৰ মন জানিবলৈ দিয়ে। আমি দৈনিক ঈশ্বৰৰ পৰিচালানা পাওঁ। "সিদ্ধজনৰ ধাৰ্মিকতাই তেওঁৰ পথ সমন কৰে; কিন্তু দুষ্ট নিজ দুষ্টতাৰ দ্বাৰাই পতিত হয়"(হিতোপদেশ ১১ঃ৫)। যদি আমি ঘনিষ্ঠভাৱে প্ৰভুৰ লগত চলিছোঁ আৰু সঁচাকৈ আমাৰ বাবে তেওঁৰ ইচ্চা বিচাৰিছোঁ, ঈশ্বৰে আমাৰ হৃদয়ত তেওঁৰ ইচ্ছা প্ৰদান কৰিব। মূল কথাটো হৈছে আমাৰ নহয়, ঈশ্বৰৰ ইচ্ছা জানিবলৈ বিচৰা। "যিহোৱাত হৰ্ষ কৰা; তাতে তেওঁ তোমাৰ মনৰ বাঞ্ছা পূৰ কৰিব"(গীতমালা ৩৪ঃ৪)।
গৰ্ভৱতী মহিলাসকলে Ramistar লোৱাৰ পূৰ্বে চিকিতসকৰ পৰামৰ্শ লোৱা উচিত। আপুনিও যদি সেয়া নকৰে তেন্তে আপোনাৰ দেহত ইয়াৰ গম্ভীৰ পাৰ্শ্ব-প্ৰতিক্ৰিয়া হব। কেতবোৰ খাদ্যৰ সৈতে সেৱনৰ ফলত Ramistarয়ে প্ৰভাৱ দেখুওৱাত পলম কৰিব পাৰে। এইবিষয়ে আপোনাৰ ডাক্তৰৰ সৈতে যোগাযোগ কৰক। Ramistar আৰু মদৰ প্ৰতিক্ৰিয়া সন্দৰ্ভত এতিয়ালৈ কোনো তথ্য উপলব্ধ নহয় কিয়নো এই বিষয়ত এতিয়ালৈ গৱেষণা হোৱা নাই।
শিল্পাই বৃহস্পতিবাৰে অনুৰাগীসকলক হতাশ কৰে আৰু কয় যে তেওঁ ইনষ্টাগ্ৰাম আৰু টুইটাৰ দুয়োটাৰ পৰা বিৰতি লোৱাৰ সিদ্ধান্ত লৈছে (Shilpa Shetty break from social media)। শিল্পাই বৃহস্পতিবাৰে অনুৰাগীসকলক হতাশ কৰে আৰু কয় যে তেওঁ ইনষ্টাগ্ৰাম আৰু টুইটাৰ দুয়োটাৰ পৰা বিৰতি লোৱাৰ সিদ্ধান্ত লৈছে (Shilpa Shetty break from social media)। Share this: শিল্পা চেট্টী (Shilpa Shetty) এগৰাকী বলীউড অভিনেত্ৰী যি সামাজিক মাধ্যমত অতি সক্ৰিয় আৰু তেওঁৰ ছবি আৰু ভিডিঅ'ৰ জৰিয়তে অনুৰাগীসকলক মনোৰঞ্জন দিয়ে। যদি আপুনি ছ'চিয়েল মিডিয়াত শিল্পাকো অনুসৰণ কৰে, তেন্তে বাতৰিটো আপোনাৰ বাবে। শিল্পা চেট্টীয়ে সামাজিক মাধ্যমক বিদায় জনাইছে। তেওঁ এটা পোষ্টৰ জৰিয়তে, তেওঁ অনুৰাগীসকলকো এই বিষয়ে অৱগত কৰিছে। শিল্পা চেট্টী, যি বলীউডৰ অন্যতম ডিভা, তেওঁৰ পোষ্টৰ জৰিয়তে ফিটনেছ আদিৰ বাবে মানুহক প্ৰচাৰ কৰি থাকে। কিন্তু শিল্পাই বৃহস্পতিবাৰে অনুৰাগীসকলক হতাশ কৰে আৰু কয় যে তেওঁ ইনষ্টাগ্ৰাম আৰু টুইটাৰ দুয়োটাৰ পৰা বিৰতি লোৱাৰ সিদ্ধান্ত লৈছে (Shilpa Shetty break from social media)। সামাজিক মাধ্যমক কিয় বিদায় দিছে? শিল্পা চেট্টীয়ে এটা পোষ্ট শ্বেয়াৰ কৰি আৰু ইয়াৰ আঁৰৰ কাৰণ প্ৰকাশ কৰে। তেওঁ লিখিছিল, "মই একেটা বস্তুৰ বাবে আমনি পাইছো, সকলো বোৰ একে দেখায়... মই নতুন অৱতাৰ বিচাৰি নোপোৱালৈকে সামাজিক মাধ্যমৰ পৰা আঁতৰি আছোঁ।" শিল্পাৰ সামাজিক মাধ্যমত যথেষ্ট অনুৰাগী আছে। টুইটাৰৰ ৬.৪ মিলিয়ন অনুসৰণকাৰী আছে। একে সময়তে, তেওঁৰ ইনষ্টাগ্ৰামত ২৫.৪ মিলিয়ন লোকক অনুসৰণ কৰে। যোৱা বছৰ, শিল্পাৰ স্বামী ৰাজ কুন্দ্ৰাইও ছ'চিয়েল মিডিয়াৰ পৰা নিজকে আঁতৰাই ৰাখিছিল। জামিনত মুকলি হোৱাৰ পিছত, তেওঁ সামাজিক মাধ্যমক বিদায় জনাই তেওঁৰ সকলো ছ'চিয়েল মিডিয়া হেণ্ডেল নিষ্ক্ৰিয় কৰি দিছিল। কিন্তু কিছু সময়ৰ পিছত ব্যক্তিগত প্ৰফাইলৰ সৈতে ইনষ্টাগ্ৰামলৈ উভতি আহিছিল। শিল্পা চেট্টীৰ কৰ্মক্ষেত্ৰৰ বিষয়ে ক'বলৈ গ'লে, আজিকালি তেওঁ গোৱাত ৰোহিত চেট্টীৰ ৱেব চিৰিজ 'ইণ্ডিয়ান পুলিচ ফ'ৰ্চ'ৰ শ্বুটিং কৰি আছে। CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the intellectual property rights of Cable News Network in respect of them. © Copyright Network18 Media and Investments Ltd 2016. All rights reserved.
পেপ টেষ্ট : পেপ টেষ্ট : জৰায়ুৰ মুখৰ কৰ্কট বা চাৰ্ভিক্সৰ কেন্সাৰ সঠিকভাৱে চিনাক্ত কৰিবলৈ হ'লে সকলোতকৈ মূল্যৱান আৰু নিৰ্ভৰযোগ্য পৰীক্ষাবিধৰ নামেই হৈছে 'পেপানিকোলা টেষ্ট'(Papnicolao Test)। স্ত্ৰী-ৰোগ বিজ্ঞানত এই পৰীক্ষাটিক চমুকৈ 'পেপ টেষ্ট' বুলি কোৱা হয়। বিশ্বব্যাপী সৰ্বদেশত ইয়াৰ একেটাই নাম। ক)যোনিপথৰ মাজেৰে গৈ জৰায়ুৰ মুখ অৰ্থাৎ চাৰ্ভিক্সৰ উপৰিভাগ আৰু কেনেল বা অন্তঃগহ্বৰৰপৰা এৰাই যোৱা কোষৰ চোকোৰা(Exfoliated Cells) সংগ্ৰহ কৰি তাক অণুবীক্ষণ যন্ত্ৰৰ তলত পৰীক্ষা কৰি চোৱা হয়। খ)এনেধৰণৰ কোষৰ চেঁকুৰা সংগ্ৰহ কৰোতে ৰোগীয়ে কোনো কষ্ট বা বিষ-বেদনা অনুভৱ নকৰে, সেইকাৰণেই নমুনা সংগ্ৰহ কৰা সময়ত কোনো অচেতনকাৰী বেজী বা অজ্ঞান কৰা দৰব(Anaesthetic agent)ব্যৱহাৰ কৰাৰ প্ৰয়োজন নহয়। গ)যিকোনো চিকিৎসা বিজ্ঞানসন্মত লেব'ৰেটৰী অথবা স্ত্ৰী-ৰোগৰ চিকিৎসকৰ চেম্বাৰত থাউকতে দুই-তিনি মিনিটৰ ভিতৰত এই টেষ্টৰ বাবে নমুনা সংগ্ৰম কৰা হয়। অৱশ্যে দুৰ্ভাগ্যৰ বিষয় এয়ে যে লাগ বোলোতেই আমাৰ দেশৰ স্ত্ৰী-ৰোগৰ চিকিৎসকৰ ব্যক্তিগত চেম্বাৰসমূহত জৰায়ুমুখৰ কৰ্কট অনুসন্ধান কৰি চোৱা(Cervical Cancer Screening)ব্যৱস্থা সুপৰিল্পিতভাৱে গঢ় লৈ উঠা নাই। ঘ)চাৰ্ভিক্সৰপৰা কোষৰ নমুনা সংগ্ৰম কৰাৰ ২৪ ঘন্টা আগলৈকে যোনিৰ ভিতৰত কোনো লুব্ৰিকেন্টজাতীয় মলম, দৰব, এন্টিছেপ্টিক লোচন বা ডুছ দি ধোৱা-পখলা কৰা নিষেধ, এনে কৰিলে অণুবীক্ষণ পৰীক্ষাত ভুল তথ্য উদঘাটন হ'ব পাৰে। ঙ)কোষৰ নমুনা সংগ্ৰহ কৰাৰ সময়ত কি উপায় অৱলম্বন কৰা হয়?- এডাল কাঠ, ধাতু বা কাচৰ আগ চেপেটা সৰু চামুচৰ দৰে মাৰিৰে জৰায়ুৰ মুখ বা চাৰ্ভিক্সৰ উপৰিভাগ চাঁচি আনিলেই বিজলুৱা পদাৰ্থৰ লগতে কোষৰ যি নমুনা লাগি আহিব, তাকে কাঁচৰ চেপেটা শ্লাইড এখনৰ ওপৰত পাতন লেপ দি তৎক্ষণাৎ এটা বটলত থকা সংৰক্ষক দ্ৰৱণ(Preservative)৯৫% ইথাৰ(Ether) আৰু ইথাইল এলকহলত(Ethyl Alcohol) ডুবাই ৩০ মিনিট ৰাখি লিপিট খুৱাই(Fixation) পেলোৱা হয়। তাৰ পিছতেই তাক বটলৰ দ্ৰৱণৰপৰা উলিয়াই ভালকৈ বতাহত শুকুৱাই লোৱা হয়। ইয়াৰ পিছত চিনাক্তযুক্ত লেবেল লগাই পেথলজিকেল লেবৰেটৰীলৈ পঠিয়াই দিয়া হয়। তাত এই শ্লাইডখন এজন অভিজ্ঞ কোষ বিশেষজ্ঞ(Cytologist)ৰ দ্বাৰা পৰীক্ষা কৰোৱা হয়। অভিজ্ঞ এইবাবেই হ'ব লাগে যে বিশেষজ্ঞই দিয়া প্ৰতিবেদনৰ শুদ্ধতাৰ ওপৰত পৰীক্ষাৰ কৃতকাৰ্যতা নিৰ্ভৰ কৰে আৰু সেই প্ৰতিবেদন ৯৮% নিখুঁত বুলি গণ্য কৰা হয়। চ)ইয়াৰ পিছত কৰ্মসূচী হ'ল পেপ টেষ্টৰ ফলাফলৰপৰা কৰ্কটৰ শ্ৰেণীবিভাজন বা গ্ৰেডিং স্থিৰ কৰা আৰু কৰ্কটত যদি আক্ৰান্ত হৈছে প্ৰাৰম্ভিক অৱস্থাতে তাক ধৰা পেলোৱা। গ্ৰুপ(১) স্বাভাৱিক কোষ, অৰ্থাৎ কৰ্কটৰ কোনো কোষৰো অস্তিত্ব নাই। গ্ৰুপ(২) কোষবোৰত অস্বাভিকতাৰ কিঞ্চিৎ হ'লেও দেখা গৈছে(Minimal cervical dysplasia), কিন্তু ই কৰ্কটৰ বাবে নহয়। সচৰাচক প্ৰদাহজনক অৱস্থাৰ(Inflammatory Condition)বাবে এনে হোৱা দেখা যায়। গ্ৰুপ(৩) কোষবোৰৰ ভিতৰত বেছি ধৰণে অস্বাভাৱিকতা বিয়পিছে, তথাপি কৰ্কট কোষ চিনাক্ত হোৱা নাই(Severe Cervial dysplasia)। গ্ৰুপ(৪) কোষবোৰৰ মাজত খুব কম পৰিমাণে কৰ্কট কোষৰ পৰিৱৰ্তনে ভুমুকি মাৰিছে। কিন্তু সি চাৰ্ভিক্সৰ বাহিৰৰ আৱৰণখনৰ মুখতেই সীমাবদ্ধ হৈ আছে(Carcima in Situ বা Stage 0)। গ্ৰুপ(৫) জৰায়ুৰ মুখৰ টিছুৰ পৰা চাৰ্ভিক্সৰ ভিতৰৰ টিছুৰ গভীৰতালৈ কৰ্কট ৰোগৰ কোষ সোমাই পৰা দেখা গৈছে(Invasive Cancer)। ইয়াক ইন্ট্ৰাএপিথেলিয়েল নিওপ্লাজম CIN বোলা হয়। চাৰ্ভিক্সত দৃষ্টিগোচৰ হোৱা এই অস্বাভাৱিক কোষসমূহকে আমি কেন্সাৰৰ অগ্ৰদূত হিচাপে গণ্য কৰিব পাৰো, কাৰণ চাৰ্ভিক্সৰ মুখত আৰম্ভ হোৱা কেন্সাৰৰ সৰ্বপ্ৰথম জাননী এই কোষসমূহৰ গাতেই বিদ্যমান। একৈশ বছৰৰ বেছি বয়সৰ মহিলা বা যিসকলে তিনিবছৰৰ বেছি সময়ৰ বাবে যৌন সম্পৰ্কত লিপ্ত, তেওঁলোকে এই পৰীক্ষা কৰাটো নিতান্তই প্ৰয়োজনীয়। উন্নত দেশবোৰত বিশেষকৈ আমেৰিকা যুক্তৰাজ্যত এই পৰীক্ষা কৰাটো যুৱতী মহিলাসকলৰ বাবে বাধ্যতামূলক আৰু চৰকাৰী খণ্ডৰ সকলো হাস্পতাল বা কেন্সাৰ অনুসন্ধান কেন্দ্ৰসমূহত এই পৰীক্ষা বিনামূল্যে কৰাৰ সুব্যৱস্থা আছে। ইয়াৰ জৰিয়তে জৰায়ুৰ মুখৰ কৰ্কট ৰোগীৰ মৃত্যুৰ হাৰ আশী শতাংশৰ তললৈ নমাই অনা সম্ভৱ হৈছে। ভাৰতৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ জাতীয় কৰ্মসূচীৰ ভিতৰত এই টেষ্ট সন্নিৱিষ্ট যদিও উপযুক্ত সচেতনতাৰ অভাৱত আজিও ভাৰতবৰ্ষ জৰায়ুৰ মুখৰ কেন্সাৰত মৃত্যুৰ হাৰত এক নম্বৰতে আছে। লেখকঃ ডাঃ দীনেশ শৰ্মা(দৈনিক অসম) Roll over stars then click to rate. © 2006-2019 C-DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws. এই পৰ্টেলৰ যোগেৰে ভাৰত চৰকাৰৰ বৈদ্যুতিন আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয় দ্বাৰা ভাৰত বিকাশ প্ৰৱেশদ্বাৰ প্ৰকল্পৰ অধীনত সামাজিক উন্নয়নৰ বাবে এক ৰাষ্ট্ৰযোৰা প্ৰচেষ্টা চলাই থকা হৈছে। ইয়াৰ জৰিয়তে ৰাইজলৈ সুনিশ্চিত তথ্যৰ যোগান, তথ্যৰ জ্ঞান, তথ্য প্ৰযুক্তি আৰু যোগাযোগ সেৱা আৰু সামগ্ৰীৰ সুবিধাসমূহ আগবঢ়োৱাৰ চেষ্টা কৰা হৈছে। আইএনডিজি প্ৰকল্পটো ভাৰত চৰকাৰৰ বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় ৰ সহায়ত চেণ্টাৰ ফ'ৰ ডেভেলপমেণ্ট অব এডভান্স কম্পিউটিং, হায়দৰাবাদ (C-DAC) ৰ দ্বাৰা কাৰ্য্যকৰী কৰা হৈছে।
ডিজিটেল ডেস্কঃ অবিভক্ত নগাঁও জিলাৰ পৰা ১৯৮৯ চনৰ ১৪ অক্টোবৰত এখন সুকীয়া জিলা হিচাবে স্বীকৃতি লাভ কৰিছিল মৰিগাঁও জিলাই। বিগত ৩৩ বছৰে স্বকীয় আৰু বৰ্ণিল ইতিহাসেৰে গৌৰৱৰ নিচান উৰুৱাই থকা মৰিগাঁও জিলাৰ সৰ্বদিশৰ গৌৰৱগাঁথা ৰোমন্থনৰ মহান উদ্দেশ্যৰে জিলা প্ৰসাশনৰ উদ্যোগত অহা ১৪ আৰু ১৫ অক্টোবৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে মৰিগাওঁ জিলা দিৱসৰ আয়োজন কৰা হৈছে। সেই উপলক্ষে জিলা প্ৰশাসনে উক্ত দিন দুটাত সাংস্কৃতিক শোভাযাত্ৰা, থলুৱা খাদ্যমেলা, গ্ৰন্থমেলা,জাতি-জনগোষ্ঠীৰ গীত-মাত সাঙুৰি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ প্ৰস্তুতি চলাইছে। উক্ত অনুষ্ঠানসমূহত জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাই সমূহ ৰাইজৰ উপস্থিতি আৰু অংশগ্ৰহণ আশা কৰিছে। এক বিবৃতিৰযোগে উপায়ুক্তগৰাকীয়ে এই কথা প্ৰকাশ কৰিছে।
অসমত আধুনিক শিক্ষাৰ আৰম্ভ হয় ১৮২৬ চনত ইয়াণ্ডাবু সন্ধি অনুযায়ী ব্ৰিটিছ সাম্ৰাজ্যই অসম দখল কৰাত। ১৮৪০ চনত ডব্লিউ ৰবীনচনে ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথমজন স্কুল নিৰীক্ষক হিচাপে নিযুক্তি লাভ কৰে। দেশীয় শিক্ষা ব্যৱস্থাৰ শোচনীয় অৱস্থাৰ অৱসান ঘটাবলৈ চৰকাৰী প্ৰচেষ্টা আৰু অন্যান্য সংস্থাই নতুন নতুন শিক্ষানুষ্ঠান পতাৰ পদক্ষেপ লয়। ১৮৭৫ চনলৈ সাৰ্বজনীন শিক্ষাৰ বাবে শিক্ষানুষ্ঠানৰ সংখ্যা ৩১,৪৬২জনৰ অন্তৰ্ভুক্তিৰে ১২৯৩খনলৈ বৃদ্ধি পায়. ১৯৪৭ চনৰ স্বাধীনতাৰ পিছৰে পৰা শিক্ষাখণ্ডৰ তীব্ৰ প্ৰসাৰ ঘটে। স্বাধীনতাৰ পিছত ভাৰত চৰকাৰ আৰু ৰাজ্যসমূহে ৰাষ্ট্ৰীয় বিকাশ আৰু নিৰাপত্তাৰ হকে অতি প্ৰয়োজনীয় বিবেচনা কৰি শিক্ষাখণ্ডক অধিক গুৰুত্ব প্ৰদান কৰিছিল। বিভিন্ন আয়োগ আৰু কমিটীয়ে শিক্ষা ব্যৱস্থাৰ সংশোধনীৰ সমস্যা আৰু ইয়াৰ পুনঃগঠন প্ৰক্ৰিয়াৰ নিৰীক্ষণ কৰিছিল। যোৱা শতিকাৰ শেষৰফালে ১৯৮৬ চনত ৰাষ্ট্ৰীয় পৰ্যায়ত শিক্ষা নীতি গ্ৰহণ কৰে। ৰাজ্যৰ শিক্ষাখণ্ডৰ নিযুক্তি, উন্নতি আৰু প্ৰসাৰৰ দিশত অসম চৰকাৰে যথেষ্ট সজাগ বুলি কব পাৰি। ৰাষ্ট্ৰীয় পৰ্যায়ত গ্ৰহণ কৰা নীতি আৰু সিদ্ধান্ত অসম চৰকাৰে ৰাজ্যত প্ৰয়োগৰ বাবে অনুসৰণ কৰে। সেই অনুসাৰে ৰাষ্ট্ৰীয় শিক্ষা নীতি (১৯৮৬) আৰু উচ্চ শিক্ষাত হস্তক্ষেপেৰে কাৰ্যযোজনা (১৯৮৬ পুনঃসংশোধন, ১৯৯২) অনুসৰণ কৰে। ইফালে শিক্ষাৰ মানদণ্ড নিৰ্ধাৰণ কৰাত বিশ্ববিদ্যালয় অনুদান আয়োগ আৰু ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰমাণন পৰিষদৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। ১৯৭৪ চনতেই সাৰ্বজনীন শিক্ষা সঞ্চালকৰ পদবীটো আৰম্ভ কৰা হৈছিল। অবিভক্ত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা পৰিচালিত ডি.পি.আই. কাৰ্যালয়ে সমগ্ৰ ৰাজ্যৰে শিক্ষাৰ সকলো দিশ যেনে- প্ৰাথমিক, মাধ্যমিক, উচ্চতৰ, প্ৰাপ্তবয়স্ক, কাৰিকৰী ইত্যাদি শিক্ষা বিভাগৰ তদাৰক কৰিছিল। মেঘালয়, মিজোৰাম আৰু নাগালেণ্ডে স্বাধীন ৰাজ্য হিচাপে বিচ্ছিন্ন হোৱাৰ পাছতো, ১৯৭৩ চনলৈকে অসমৰ ৰাজধানী গুৱাহাটীলৈ উঠি অহালৈ ডি.পি.আই. কাৰ্যালয় শ্বিলঙতে আছিল। বৰ্তমান উচ্চতৰ শিক্ষা সঞ্চালকৰ (ডি.এইচ.ই) পদবীটো ১৯৮৯ চনত যেতিয়া যোৱা শতিকাৰ সত্তৰ আৰু আশীৰ দশকত বহুতো সঞ্চালকৰ শাখা যেনে- কাৰিকৰী শিক্ষাৰ সঞ্চালকালয়, প্ৰাথমিক শিক্ষাৰ সঞ্চালকালয়, প্ৰাপ্তবয়স্ক শিক্ষাৰ সঞ্চালকালয়, উচ্চতৰ শিক্ষা আৰু এচ.চি.ই.আৰ.টি ইত্যাদি সঞ্চালকালয় বন্ধ হৈ যায়, তেতিয়া আৰম্ভ কৰে। কলেজ আৰু বিশ্ববিদ্যালয়ৰ শিক্ষা ব্যৱস্থা সঞ্চালকালয়ৰ হাতত অৰ্পিত হল। স্বাধীনতাৰ পিছত চিলেটৰ পৰা গুৱাহাটীলৈ বদলি হোৱা সংস্কৃত বোৰ্ডেও এটা পৃথক বিভাগ ৰূপে সঞ্চালকালয় যোগদান কৰে। শিক্ষক বাচনি প্ৰক্ৰিয়াত গুণগত মানদণ্ড উন্নয়নৰ বাবে ৰাজ্যিক নিৰ্বাচন বোৰ্ডক ইয়াত জড়িত কৰা হয়।
কালি ৰাতিয়েই অখিল গগৈক কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত জি.এম.চি.এইছ.লৈ অনা হয়। ফলাফল পজিটিভ হোৱাৰ পিছতে তাৎক্ষণিক ভাৱে হাস্পতাললৈ নিয়াৰ বিপৰীতে সন্ধিয়া ৫ বজাৰ পৰা তেখেতক কাৰাগাৰতে ৰাখি থৈছে বুলি এক গুৰুত্বপূৰ্ণ অভিযোগ সাংবাদিক সকলৰ সন্মুখত উত্থাপন কৰিছে। ইয়াৰোপৰি তেখেতে কয়- "মোক ইহঁতে যথেষ্ট কষ্ট দিছে , জয় আই অসম।"
দুৰ্ঘটনা ৰোধৰ বাবে কোন পথত কিমান গতিবেগ ৰাখিব সেই সন্দৰ্ভত বাহনৰ স্পীড লিমিটৰ ক্ষেত্ৰত লোৱা হয় কেতবোৰ সিদ্ধান্ত। সিদ্ধান্ত অনুসৰি নন ট্ৰেন্সপৰ্ট বাহনৰ ক্ষেত্ৰত চাৰিলেনযুক্ত পথত সৰ্বোচ্চ ১০০ কি.মি. গতিবেগত, লোক নিৰ্মাণ বিভাগৰ পথত ৭০ কিঃমিঃ, আৰু পৌৰ এলেকাৰ পথত সৰ্বোচ্চ ৬০ কিঃমিঃ স্পীডত যাব পাৰিব। ট্ৰেন্সপৰ্ট মটৰ বাহনৰ ৮ গৰাকীলৈকে যাত্ৰী কঢ়িওৱা বাহনৰ ক্ষেত্ৰত চাৰিলেনযুক্ত পথত সৰ্বোচ্চ ৮০ কি.মি. গতিবেগত, লোক নিৰ্মাণ বিভাগৰ পথত ৬০ কিঃমিঃ, আৰু পৌৰ এলেকাৰ পথত সৰ্বোচ্চ ৫০ কিঃমিঃ স্পীডত যাব পাৰিব। ৯ গৰাকী যাত্ৰী বা তাতকৈ অধিক যাত্ৰী কঢ়িওৱা বাহনৰ ক্ষেত্ৰত চাৰিলেনযুক্ত পথত সৰ্বোচ্চ ৭০ কি.মি. গতিবেগত, লোক নিৰ্মাণ বিভাগৰ পথত ৬০ কিঃমিঃ, আৰু পৌৰ এলেকাৰ পথত সৰ্বোচ্চ ৪০ কিঃমিঃ স্পীডত যাব পাৰিব। এই সিদ্ধান্ত ল'লেও জনমতৰ বাবে ১৫ দিন সময় মুকলি কৰি দিয়া হ'ব যাতে সকলোৱে নিজৰ মত দাঙি ধৰিব পাৰে। জেইলত কি কৰি থাকে প্ৰেয়সীক টুকুৰা টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থোৱা আফতাবে ? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
জেকলিন ফাৰ্নাণ্ডেজৰ জামিন আৱদন সন্দর্ভত কাইলৈ আদালতে নিজৰ সিদ্ধান্ত ঘোষণা কৰাৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বেও অন্তৱৰ্তীকালীন জামিন লাভ কৰিছিল জেকলিনে । অভিনেতাগৰাকীৰ জামিন অৱেদনৰ বিৰুদ্ধে এনফর্চমেণ্ট সঞ্চালকালয়ৰ মূল যুক্তি আছিল যে তেওঁ দেশ এৰি পলায়ন কৰিবলৈ চেষ্টা কৰিছিল, তদন্তত সহযোগ কৰা নাছিল আৰু গুৰুতৰ অভিযোগৰ সন্মুখীন হৈছিল। কাৰাগাৰত থকা সুকেশ চন্দ্ৰশেখৰৰ বিৰুদ্ধে ধন দাবীৰ গোচৰত বলবৎকাৰী সঞ্চালকালয়ে দাখিল কৰা অভিযোগনামাত জেকলিন ফাৰ্নাণ্ডেজৰ নাম অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছে। চেলিব্ৰিটি আৰু ব্যৱসায়ীৰ পৰা কোটি কোটি টকা ধন দাবী কৰি সুকেশ চন্দ্ৰশেখৰৰ পৰা ব্যয়বহুল উপহাৰ লাভ কৰাৰ অভিযোগ উত্থাপন হৈছে জেকলিনৰ বিৰুদ্ধে ? ২০১৭ চনৰ পৰা দিল্লীৰ কাৰাগাৰত বন্দী সুকেশ চন্দ্ৰশেখৰে ফৰ্টিছ হেল্থকেয়াৰৰ প্ৰাক্তন প্ৰমোটাৰ শিবিন্দৰ মোহন সিঙৰ পত্নী অদিতি সিঙকে ধৰি বহু লোকক প্ৰতাৰণা কৰাৰ অভিযোগ উঠিছে । টি এন ছেছানৰ দৰে মুখ্য নির্বাচনী আয়ুক্ত এবাৰহে পাও, বাস্তৱ পৰিস্থিতি উদ্বেগজনকঃ নির্বাচনী আয়োগক লৈ কি কি মন্তব্য উচ্চতম ন্যায়ালয়ৰ ? "ভইচ ২৪×৭" হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য। সন্তানৰ মাচুল আদায় দিবলৈ শাক-পাচলিৰ ব্যৱসায়ীৰ বাবে ধন ধাৰলৈ লৈছিল প্ৰখ্যাত সংগীতশিল্পী মুকেশে, কিদৰে তেওঁ যুঁজিছিল দাৰিদ্ৰ্যৰে ?
নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত সোনাৰিবালিত শুকুৰবাৰে পুৱা এটা দুষ্প্ৰাপ্য বন-ৰৌ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ক'ৰোনা ভাইৰাছ বাহক বুলি সৰ্বত্ৰে প্ৰচাৰ হোৱাৰ সময়তে আজি পুৱা প্ৰায় সাত মান বজাত সোনাৰিবালিৰ সাত নং ওৱাৰ্ডত এঘৰৰ বাৰীত স্থানীয় লোকে প্ৰত্যক্ষ কৰি চামগুৰি আৰক্ষীক খবৰ দিয়ে। পিছত ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ বন-ৰৌটো উদ্ধাৰ কৰে। পৰবৰ্তী সময়ত শালনা আঞ্চলিক বন কাৰ্যালয়ৰ অধীনৰ উদমাৰী খণ্ড বন কাৰ্যালয়ৰ বন কৰ্মীৰ দল এটি চামগুৰি থানাত উপস্থিত হৈ বন-ৰৌটো আৰক্ষীৰ পৰা চমজি লয়। প্ৰায় সাত কেজি ওজনৰ বন-ৰৌটো চাপানলাত অৱস্থিত ছোৱাং সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰে বুলি বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
মণিপুৰত নতুনকৈ আৰু এজন লোক ক'ৰ'না ভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰ আহিছে। নিশা ১২.৩০ বজাত ৰাজ্যখনৰ মুখ্য মন্ত্ৰী এন বীৰেণ সিঙে এক টুইটযোগে এই কথা নিশ্চিত কৰে। মুখ্য মন্ত্ৰী সিঙে জনোৱা অনুসৰি ক'ৰ'নাত আক্ৰান্ত লোকজন দিল্লীৰ নিজামুদ্দিনৰ তবলিগীত অংশ গ্ৰহণ কৰিছিল। জানিব পৰা মতে, মণিপুৰৰ পৰা নিজামুদ্দিনলৈ যোৱা ১০ গৰাকীৰ ভিতৰত এগৰাকী পজিটিভ, ৮ গৰাকী নিগেটিভ আৰু এজনৰ ৰিপ'ৰ্ট আহিবলৈ বাকী আছে। উল্লেখ্য যে ইয়াৰ পূৰ্বে ৰাজ্যখনৰ পশ্চিম ইম্ফলৰ ২৩ বছৰীয়া এগৰাকী যুৱতী ক'ৰ'নাত আক্ৰান্ত হৈছিল। যুৱতীগৰাকীয়ে য়ুকেৰ পৰা আহিছিল।
প্ৰসংগ নলবাৰীৰ শুশ্ৰূষা হস্পিটেলত অধ্যাপিকাৰ মৃত্যু (Professor died at Nalbari Sushrusha Hospital) । মৃত্যুক সহজভাৱে ল'ব পৰা নাই বিশ্ববিদ্যালয়খনৰ শিক্ষক সমাজে । অধ্যাপিকা ৰুমী কাকতিৰ মৃত্যুৰ সঠিক তদন্ত বিচাৰি জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ স্মাৰক-পত্ৰ প্ৰদান (Professor Rumi Kakati death case in Nalbari)। কাৰ্বি পাহাৰত খৰস্ৰোতা নদীৰ পানী ফালি পাহাৰীয়া ৰাইজৰ বিপদ সংকুল যাত্ৰা । পাহাৰীয়া জিলাৰ পথ-যোগাযোগৰ দুৰৱস্থা (poor road communication in Karbi Anglong) । চুছেন ধেণ্টা পৰিষদীয় সমষ্টিৰ যাতায়াত ব্যৱস্থাৰ পুতৌলগা অৱস্থা (Poor transportation system in Karbi Anglong) । টা পুৰণি গোচৰৰ সন্দৰ্ভত CBI ৰ আদালতে জাৰি কৰা চমন প্ৰসংগত শুকুৰবাৰে মুখ খুলিলে যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তই (APYCC President Ankita Dutta reaction)। সাৰদা কেলেংকাৰিৰ এক পুৰণি গোচৰ সন্দৰ্ভত যুৱ কংগ্ৰেছৰ সভানেত্ৰীৰ দায়িত্বত থকা অংকিতা দত্তলৈ জাৰি কৰা হৈছিল এই চমন । চমন অনুসৰি ৩ ছেপ্টেম্বৰত CBI ৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ দিয়া হৈছে দত্তক । গুজৰাটৰ আৰাৱল্লী জিলাৰ মালপুৰৰ সমীপত মৰ্মান্তিক পথ দুৰ্ঘটনা (Gujarat tragic accident)। থিতাতে মৃত্যু ৬ জন লোকৰ । অম্বাজী মন্দিৰলৈ গৈ থকা অৱস্থাতে যাত্ৰীবাহী বাহনখন দুৰ্ঘটনাগ্ৰস্ত । মৃতকৰ পৰিয়াললৈ ৪ লাখকৈ টকা আৰু আহতসকললৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য ঘোষণা চৰকাৰৰ । ৰাজ্যৰ ভিন্ন প্ৰান্তত শুকুৰবাৰৰ দিনটোত চাহ শ্ৰমিকসকলে বিভিন্ন দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে (Tea worker protest)। শিৱসাগৰ জিলাৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিঙ চাহ বাগিছাতো অসম চাহ মজদুৰ সংঘৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় (ACMS protest at Sivasagar)। বাগিছাৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে সংঘৰ কৰ্মী লগতে শ্ৰমিকসকলে । বাগিছাত কৰ্মৰত উপ-কৰ্মচাৰীসকলৰ ভ্ৰমণ বানচ সংশোধন কৰা, দৰমহা বৃদ্ধিকে ধৰি পৰ্যাপ্ত বোনাচ প্ৰদানৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰী আৰু শ্ৰমিকসকলে (Tea worker demand)। দূৰ্গা পূজাৰ পাছতে আৰম্ভ হ'ব শিলঘাটস্থিত অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিটৰ উৎপাদনৰ কাম (Second unit of Assam Cooperative Cotton Mill) । অসম সমবায় মৰাপাট কল পৰিদৰ্শন কৰি এই কথা সদৰি কৰিলে ৰাজ্যৰ সমবায় মন্ত্ৰী নন্দিতা গাৰ্লোচাই । আজি শিলঘাটৰ অসম সমবায় মৰাপাট কলত উপস্থিত হৈ কলটোৰ দ্বিতীয়টো ইউনিটৰ কাম-কাজৰ বুজ ললে মন্ত্ৰীগৰাকীয়ে (Minister Nandita Garlosa)।
অসম চৰকাৰৰ নতুন নিযুক্তি প্ৰক্ৰিয়া সন্দৰ্ভত প্ৰচাৰিত হৈ আছে কিছু ভুৱা বাতৰি। নিযুক্তি সন্দৰ্ভত স্বাস্থ্য আৰু শিক্ষা মন্ত্ৰী (ডঃ হিমন্ত বিশ্ব শৰ্মা) ডাঙৰীয়াৰ এটা ভিডিও ক্লিপ তলত দিয়া হল। ইফালে ক্ৰমাৎ বৃদ্ধি পাইছে ৰাজ্যৰ নিৱনুয়াৰ সংখ্যা। বহিৰাজ্যত কৰ্মৰত শ্ৰমিক সকল ওভতি অহাৰ ফলত আৰু অধিক নিবনুৱা সমস্যা বৃদ্ধি পাব। আজি কেইবাদিনো ধৰি চৰকাৰী চাকৰি সন্দৰ্ভত বিভিন্ন সংবাদ মাধ্যমত বিতৰ্কিত বাতৰি প্ৰচাৰ কৰি আহিছে। আজি এক সংবাদমেলত অসমৰ মাননীয় বৃত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো ভুৱা তথ্য নস্যাৎ কৰি কয় যে আমি সকলো কাম চলাই যাব লাগিব।
যোৱা কেইমাহ মান আগত বানপানীৰ ফলত ৰাস্তাটোৰ দুই তৃতীয়াংশ ভাগি প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাত গাওঁবাসীয়ে দীৰ্ঘদিন ধৰি জীয়াতু ভুগি আহিছে। এই পথটো আৰু ইয়াৰ ওপৰত থকা কালভাৰ্ট অতি শীঘ্ৰে নিৰ্মাণ কৰি দিয়ে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
ইউক্ৰেইনস্থিত ইউৰোপৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি প্ৰকল্প আক্ৰমণৰ বাবে ৰাছিয়াক উচতনি দিয়া হৈছিল। আৰু এই উচতনি দিছিল খোদ ইউক্ৰেইন ৰাষ্ট্ৰপতি ভলোডিমি জেলেনস্কিয়ে! এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ইউক্ৰেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মাইকোলা আজাৰোভে। মূলতঃ পশ্চিমীয়া দেশসমূহক ইউক্ৰেইনৰ ওপৰত নো-ফ্লাই জোন স্থাপন কৰিবলৈ সৈমান কৰাৰ বাবেই জাপোৰিজজিয়া পাৰমাণৱিক শক্তি প্ৰকল্পত আক্ৰমণৰ বাবে ৰাছিয়াক উচতনি দিয়া হৈছিল বুলি আজাৰোভে কয়। তেওঁ উল্লেখ কৰে যে প্ৰকল্প কেন্দ্ৰত সামান্য জুয়েও জৰুৰী পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। "সেয়েহে, এয়া সম্পূৰ্ণৰূপে স্পষ্ট যে ই এটা সুবিবেচিত উচতনি আছিল। দ্বিতীয়তে, নিশালৈ জেলেনস্কিৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া আৰু সম্পূৰ্ণ মিছা তথ্যৰ সৈতে আমেৰিকা আৰু ব্ৰিটেইনলৈ তেওঁৰ তাৎক্ষণিক বাৰ্তাই প্ৰমাণ খৰে যে ই স্বাভাৱিকতেই এক প্ৰৰোচনা আছিল।"- তেওঁ লগতে কয়। এই বিষয়ে জেলেনস্কি অৱগত আছিল আৰু তেওঁ এই প্ৰৰোচনা ব্যৱহাৰ কৰি ইউক্ৰেইনৰ ওপৰত এক নো-ফ্লাই জোন সৃষ্টি কৰিব বিচাৰিছিল বুলি আজাৰোভে অভিযোগ কৰে। আজাৰোভৰ এই অভিযোগৰ পিছতে এতিয়া সৰ্বত্ৰে তীব্ৰ চৰ্চা হৈছে। অৱশ্যে প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ এই অভিযোগৰ প্ৰতি এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই জেলেনস্কিয়ে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডঃ কোন দায়ী? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
প্ৰাদেশিকীকৃত মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই, মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেন্সনৰ নথিপত্ৰ, লিভ এনকেশমেণ্ট বেনিফিটৰ প্ৰপজেল, জি.পি.আৰ.এফ.ৰ চূড়ান্ত প্ৰত্যাহাৰৰ প্ৰস্তাৱ ইত্যাদি, জাৰি কৰা পৰীক্ষণ সূচী অনুযায়ী, এই সঞ্চালকালয়ত জমা দিব লাগে। তাৰ পাছত প্ৰস্তাৱিত প্ৰস্তাৱৰ নথিপত্ৰসমূহ পুংখানুপুংখভাৱে পৰীক্ষণ কৰি সঞ্চালকালয়ে অনুমোদনৰ বাবে নিৰ্দেশ দিয়ে। এই সঞ্চালকালয়েই মহাবিদ্যালয়ৰ কৰ্মচাৰীৰ জি.পি.এফ.ৰ চূড়ান্ত প্ৰত্যাহাৰ আৰু পেন্সনৰ নথিসমূহ অসমৰ মহাগাণনিকৰ ওচৰত দাখিল কৰে আৰু সেই অনুযায়ী তেওঁ জি.পি.এফ. আৰু পেন্সন জাৰি কৰে।
অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকাত বিধৱা, বিশেষভাৱে সক্ষম লোকৰ নাম সন্নিবিষ্ট নোহোৱা। অৰুণোদয় আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত বিভিন্ন অনিয়ম সংঘটিত হোৱাৰ অভিযোগ সমগ্ৰ ৰাজ্যতে পৰিলক্ষিত হৈছে। আঁচনিখনৰ ৰূপায়ণৰ অনিয়ম বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰকৃত আৰু বঞ্চিত হিতাধিকাৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ মাজতে এইবাৰ হোজাই জিলাৰ মোৰাঝাৰ মণ্ডল কংগ্ৰেছ কমিটিয়ে অৰুণোদয় আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত সংঘটিত হোৱা অনিয়মৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘটেৰে মোৰাঝাৰ বজাৰত ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰ হায় হায়, অৰুণোদয় আঁচনিত স্বজন-তোষন নচলিব, অৰুণোদয় আঁচনিক বিজেপিকৰণ নচলিব, দূৰ্নীতি বন্ধ কৰক আদি ধ্বনিৰে মোৰাঝাৰত এক উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে। You may also read!
কংগ্ৰেছে ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা কৰাৰ পাছতে শুকুৰবাৰে নিশা অসম গণ পৰিষদেও বৰপেটা আৰু ধুবুৰী সমষ্টিৰ প্ৰাৰ্থীৰ নাম আনুষ্ঠানিক ভাবে ঘোষণা কৰে। অগপৰ সভাপতি অতুল বৰাৰ বাসভৱনত নিশা অনুষ্ঠিত হোৱা দলীয় বৈঠকৰ পাছতে দলে বৰপেটাৰ পৰা প্ৰাক্তন অগপ মন্ত্ৰী তথা প্রাক্তন ৰাজ্যসভাৰ সাংসদ কুমাৰ দীপক দাস আৰু ধুবুৰীৰ পৰা জাৱেদ ইছলামক প্ৰাৰ্থী হিচাপে আনুষ্ঠানিকভাবে ঘোষণা কৰে। বৰপেটাত অগপ আৰু মিত্ৰদলৰ সমৰ্থিত প্ৰাৰ্থী কুমাৰ দীপক দাস কংগ্ৰেছৰ আব্দুল খালেক আৰু এ আই য়ু ডি এফৰ প্ৰাৰ্থী হাফিজ ৰফিকুল ইছলামৰ মাজত ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে, দুয়োটা মুছলমান জনসংখ্যা প্ৰধান সমষ্টি বৰ্তমান এ আই য়ু ডি এফৰ দখলত আছে। বদৰুদ্দিন আজমল আৰু আজমলৰ ভাতৃ ছিৰাজুদ্দিন আজমলে ক্ৰমে ধুবুৰী আৰু বৰপেটাত সাংসদ হিচাপে আছে। ২০১৯ লোকসভা নিৰ্বাচনত এ আই য়ু ডি এফে ছিৰাজুদ্দিন আজমলক প্ৰাৰ্থীত্ব নিদি বদৰুদ্দিনৰ অতি ঘনিষ্ঠ হাফিজ ৰফিকুল ইছলামক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আনহাতে, প্ৰাৰ্থিত্ব লাভ কৰিয়ে কংগ্ৰেছৰ বিৰুদ্ধে সমালোচনাত সৰৱ হৈ পৰে কুমাৰ দীপক দাস। বৰপেটা লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেকক শিখণ্ডি আখ্যা দি দাসে একমাত্ৰ কংগ্ৰেছ আৰু এ আই য়ু ডি এফৰ মিত্ৰতাক ঢাকিবৰ বাবে কংগ্ৰেছে প্ৰাৰ্থী দি ৰাইজক আভুৱা ভাৰিব বিচাৰিছে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
যোৱা মঙলবাৰে আছিল বিশ্ব কৰ্কট দিৱস। সমগ্ৰ বিশ্বতে কৰ্কট ৰোগৰ বিৰুদ্ধে সজাগতা চলোৱাৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছিল। বৰ্তমান ভাৰতবৰ্ষতো বৃদ্ধি পাইছে কৰ্কট ৰোগত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা। যদি সময়ত এই ৰোগ ধৰা পৰে তেন্তে কৰ্কটক পৰাস্ত কৰাতো সম্ভৱ। ২০১৪ চনত অভিনেতা ইমৰাণ হাছমীৰ কণমানি সন্তান আয়ানৰ দেহত ধৰা পৰিছিল কৰ্কট ৰোগ। মাত্ৰ চাৰি বছৰ বয়সতে আয়ান আক্ৰান্ত হৈছিল কিডনীৰ কৰ্কট ৰোগত। এতিয়া সুস্থ আয়ান। প্ৰায় পাঁচ বছৰ ধৰি ইমৰাণ হাছমীয়ে পুত্ৰক সুস্থ কৰি তুলিবলৈ কৰিছে সংগ্ৰাম। বহু মানসিক যন্ত্ৰণা পাৰ কৰি আয়ান আৰু তাৰ পৰিয়ালে এতিয়া পাইছে কিছু সকাহ।
কৃষক মুক্তিৰ নেতা ধৈৰ্য্য কোঁৱৰক গুৱাহাটী মেডিকেল হাস্পতালত ভৰ্তি কৰা হৈছে। অখিল গগৈৰ পিছতে শাৰীৰিক অসুস্থতাৰ বাবে এইবাৰ ধৈৰ্য্য হাস্পতালত। গেষ্ট্ৰিক, লিভাৰ, প্ৰচণ্ড মূৰৰ বিষ জনিত সমস্যাত দীৰ্ঘদিনৰ পৰা ভুগি আছিল কৃষক নেতাগৰাকী। স্বাস্থ্যৰ অৱনতিৰ বাবে আজি নেতাগৰাকীৰ x-ray আৰু তেজ পৰীক্ষা কৰা হয়। লগতে ডেংগু পৰীক্ষাও কৰা হয় ধৈৰ্য্য কোঁৱৰৰ। অৱশ্য শনিবাৰেহে আহিব সকলো পৰীক্ষা নিৰিক্ষাৰ ৰিপ'ৰ্ট।
দুৰ্নীতিৰ দৰ্পণ , কনমইনা দাস, গৰুমৰা , বেলগুৰি ,১০ ফেব্ৰুৱাৰী : উত্তৰ পশ্চিম যোৰহাটৰ দেৰগাঁও সমষ্টিৰ অন্তৰ্গত ৪০নং গাওঁ পঞ্চায়ত আৰু ৩৯নং গাওঁ পঞ্চায়তৰ বিভিন্ন গাঁৱত ৩৩নং যোৰহাট মিচিং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য পুৰুষোত্তম দলে ডাঙৰীয়াই আজি অৰ্থাৎ ১০ ফেব্ৰুৱাৰী,২০২১ তাৰিখে ২০২০-২০২১বিত্তীয় বৰ্ষৰ উন্নয়ণমূলক কাম প্ৰায় ১০খন গাঁৱত আধাৰশিলা স্থাপন কৰে। বিশেষকৈ ৩৯গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত কলবাৰী নামঘৰ,কলবাৰী ৰাজ্যিক স্বাস্থ্য কেন্দ্ৰৰ চাৰিসীমাৰ পকীবেৰা,৪০নং গাওঁ পঞ্চায়তৰ বাঁহফলাৰ মুৰংঘৰ, ইপৰীৰা মুৰংঘৰ, বৰমুকলিৰ লাখেৰাজ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকক্ষ,নেউলগাঁৱত জমা পানী আৰু আৱৰ্জনা নিষ্কাষণৰ বাবে চেলেন কাটিং,খকনগুৰিৰ RCC Culvert,৪০নং গাওঁ পঞ্চায়তৰ ললিতি গাঁৱৰ মুৰংঘৰ ইত্যাদি বিভিন্ন ধৰণৰ যোগাত্মক উন্নয়ণৰ কামৰ আধাৰশিলা স্থাপন কৰে।৩৩নং যোৰহাট মিচিং স্বায়ত্বশাসিত পৰিষদৰ মাননীয় কাৰ্যবাহী সদস্য পুৰুষোত্তম দলে ডাঙৰীয়াক এই আধাৰশিলা কাৰ্যসূচীত ৩৯নং গাঁও পঞ্চায়তৰ সভানেত্ৰী মিনাক্ষী দলে পাটিৰ ,৪০নং গাওঁ পঞ্চায়তৰ সভাপতি দ্বীপেন কুটুম, যোৰহাট জিলাৰ MMKৰ সভাপতি হৰেণ ৰিচং,TMPKৰ যোৰহাট জিলা সমিতিৰ সভাপতি প্ৰফুল্ল মিছং, লগতে সন্মিলিত গণশক্তি অসমৰ বিষয়ববীয়া, বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া, স্থানীয় ৰাইজে সামূহিক উন্নয়ণৰ এনে গঠনমূলক পদক্ষেপত অংশগ্ৰহণ কৰে। উত্তৰ পশ্চিম যোৰহাটৰ দেৰগাঁও সমষ্টিৰ অন্তৰ্গত ৪০নং জনজাতি গাওঁ পঞ্চায়তৰ বাবে গ্ৰহণ কৰা এনে ধনাত্মক কামৰ বাবে স্থানীয় ৰাইজ, বিভিন্ন দল সংগঠনৰ নেতৃবৰ্গ, বিভিন্ন বিদ্যালয়ৰ শিক্ষক সকলে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছে বুলি জানিবলৈ দিয়ে।
নগাঁও জিলাৰ চামগুৰি এ এছ ই বিৰ উপ সংমণ্ডল বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত পুৰণিগুদাম স্থিত এ এছ ই বি কাৰ্যালয়ৰ কৰ্মচাৰীক দুৰ্বৃত্তই কাৰ্যালয়তে মাৰপিট কৰা ঘটনাৰ এজন পলাতক অপৰাধীক আৰক্ষীই কৰায়ত্ত কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে শনিবাৰে আগবেলা ভাগত পুৰণিগুদাম আৰু চামগুৰি আৰক্ষীয়ে পুৰণিগুদাম ন-আলিমুৰত গোপন সূত্ৰৰ পম খেদি অভিযান চলাই এজন অপৰাধীক নিজ গৃহৰ পৰা কৰায়ত্ত কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ হোৱা অপৰাধীজনৰ নাম হ'ল চমিৰুল হ'ক ওৰফে বাবুল (৩৮)। উল্লেখ্য যে যোৱা ২৭ আগষ্টৰ সন্ধিয়া কেইবাজনো দুৰ্বৃত্তই পুৰণিগুদামস্থিত এ এছ ই বিৰ কাৰ্যালয়ত কৰ্মৰত কৰ্মচাৰী স্বতি বৰা আৰু ৰঞ্জিত তামুলীক প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰে। পৰবৰ্তী সময়ত আঁহত পৰিয়ালে চামগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত শনিবাৰে আৰক্ষীয়ে অভিযান চলাই এজন অপৰাধীক কৰায়ত্ত কৰে যদিও গোচৰ ৰুজু হৈ থকা আন এজন অপৰাধী চমিৰুল হ'কৰ একে গাঁৱৰে ন- আলিমুৰৰ কালিম উদ্দিনক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
আপোনাৰ ৰোমাণ্টিক জীৱনত কিছু বাধা-বিঘিনীয়ে আপোনাক অস্থিৰ কৰি তুলিব পাৰে। কিন্তু কিছু কঠোৰতাৰে ধীৰে-স্থিৰে আগবাঢ়িলে আপুনি সংকট নিৰাময় কৰিবলৈ সক্ষম হব। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে প্ৰকৃততে আপুনি কি, তেনেদৰে আচৰণ কৰক। চৰকাৰী কাম-কাজৰ ক্ষেত্ৰত আপুনি সুফল লাভ কৰিবলৈ সক্ষম হব। কোনো ডাঙৰ প্ৰকল্প কৰিবলৈ আপোনাৰ শক্তি আৰু দৈহিক দৃঢ়তা আছে। আপোনাৰ উত্সাহ-উদ্দীপনা আনৰ সৈতে নিমিলে।
বিহপুৰীয়া সমষ্টিৰ দক্ষিণ নাৰায়ণপুৰৰ দহখন গাঁৱত বিজেপিৰ ৰাজ্যিক সম্পাদক ড° অমিয় কুমাৰ ভূঞাৰ বান-সাহায্য বিতৰণ । লখিমপুৰ জিলাৰ ১০৯ নং বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত দক্ষিণাঞ্চলৰ দহখনৰো অধিক বানাক্ৰান্ত গাঁৱত কৃষিজীৱী ৰাইজৰ কাষত উপস্থিত হৈ বান-সাহায্য বিতৰণ কৰে অমিয় কুমাৰ ভূঞাই । বান আৰু খহনীয়াত ক্ষতিগ্ৰস্ত দক্ষিণ নাৰায়ণপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সমষ্টি তথা বিহপুৰীয়া সমষ্টিৰ কাষৰীয়া মাজুলী সমষ্টিৰ অন্তৰ্গত দুখন গাঁৱতো বান-সাহায্য বিতৰণ কৰে তেওঁ। বিহপুৰীয়া আৰু মাজুলী সমষ্টি দুটাৰ বান-দুৰ্গত ৰাইজৰ কাষত উপস্থিত হৈ বিশ্ববাসীৰ সন্ত্ৰাসৰ কাৰণ ক'ভিডৰ পিছতে বান সমস্যাই জুৰুলা কৰি অহা এইসকল দুৰ্দশাগ্ৰস্ত কৃষিজীৱী ৰাইজৰ কাষত উপস্থিত হৈ বিজেপিৰ ৰাজ্যিক সমিতিৰ সম্পাদক ড° ভূঞাই ক'ভিডৰ প্ৰতিষেধক উদ্ভাৱন হৈ নুঠালৈকে আমি প্ৰত্যেকেই সামাজিক দূৰত্ব ৰক্ষা কৰি চলা, অত্যন্ত প্ৰয়োজনীয় কামত ঘৰৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ সময়ত মাস্ক ব্যৱহাৰ কৰা, সঘনাই হাত দুখন ধুই থকা, চাফ-চিকুণকৈ থাকি ক'ৰনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ ৰাইজৰ প্ৰতি আহ্বান জনায়। বৰবিল, মাজগাঁও, বালি চাপৰি, স্বয়ং পাতিলে, স্বয়ং কেৰকেৰ, কংবং চাপৰি, বানমুখ, তিনতিয়া মুছলিম গাঁও, মাজুলীৰ কেৰকেৰ আৰু কেৰকেৰ চাপৰি আদি বান-দুৰ্গত গাঁৱৰ পৰিয়ালৰ মাজত চাউল, দাইল, আলু, পিঁয়াজ, নিমখ, বিস্কুট আৰু মাস্ক বিতৰণ কৰে। উক্ত বান সাহায্য বিতৰণত লখিমপুৰ জিলা বিজেপিৰ উপ-সভাপতি লক্ষ্মীকান্ত বৰা, সম্পাদক তৰুণ শইকীয়া, ৰাজ্যিক কিষাণ মৰ্চাৰ কাৰ্যালয় সম্পাদক বিপুল বৰ্মন, নাৰায়ণপুৰ মণ্ডল বিজেপিৰ উপ-সভাপতি পংকজ ভূঞা, লখিমপুৰ জিলা অ'বিচি মৰ্চাৰ সভাপতি অনুপম বৰা, মুখপাত্ৰ মনোজ দত্ত, অ'বিচি মৰ্চাৰ সভাপতি বিতোপন কোঁৱৰ, মণ্ডল জনজাতি মৰ্চাৰ সম্পাদক তৰুণ দলে, সদস্য মুকুল হাজৰিকা, মাজগাঁও বুথৰ সম্পাদক বিষ্ণুজ্যোতি পেগু, প্ৰাক্তন সম্পাদক মনোকান্ত পেগু, ভদ্ৰেশ্বৰ দুৱৰা, দিবাধৰ দলে, ডিম্বেশ্বৰ পেগু, বিৰামল দলে, লেলিন দলে, দিগন্ত পেগু, সঞ্জীৱ দলে আদিয়ে সহযোগিতা আগবঢ়ায়।
1Ch 17 । AsmULB । STEP । দায়ূদে নিজৰ ঘৰত স্থায়ীভাৱে বাস কৰাৰ পাছত, তেওঁ নাথন ভাববাদীক ক'লে, "চোৱা, মই এৰচ কাঠেৰে সজা ঘৰত বাস কৰি আছোঁ, কিন্তু যিহোৱাৰ নিয়ম-চন্দুক তম্বুৰ ভিতৰত আছে।"\nদায়ূদৰ আগত ঈশ্বৰৰ প্ৰতিজ্ঞা, আৰু ঈশ্বৰৰ আগত তেওঁৰ প্ৰাৰ্থনা।\n1দায়ূদে নিজৰ ঘৰত স্থায়ীভাৱে বাস কৰাৰ পাছত, তেওঁ নাথন ভাববাদীক ক'লে, "চোৱা, মই এৰচ কাঠেৰে সজা ঘৰত বাস কৰি আছোঁ, কিন্তু যিহোৱাৰ নিয়ম-চন্দুক তম্বুৰ ভিতৰত আছে।" 2তেতিয়া নাথনে দায়ূদক ক'লে, "যাওক, আপোনাৰ মনৰ ভিতৰত যি আছে, তাকে কৰক, কাৰণ ঈশ্বৰ আপোনাৰ লগত আছে।"\n3কিন্তু সেই ৰাতিয়েই নাথনলৈ ঈশ্বৰৰ বাক্য আহিল আৰু ক'লে, 4"তুমি যোৱা, মোৰ দাস দায়ূদক কোৱা, 'যিহোৱাই এই কথা কৈছেঃ মই বাস কৰিবলৈ মোৰ বাবে তুমি ঘৰ নাসাজিবা। 5কাৰণ মই ইস্ৰায়েলক উলিয়াই অনা দিনৰে পৰা আজিলৈকে কোনো ঘৰত বাস কৰা নাই। বৰঞ্চ এটা তম্বুত, এটা আবাসত আৰু বিভিন্ন ঠাইত বাস কৰি আছোঁ। 6ইস্ৰায়েলৰ মাজত মই ঠাই সমূহ সলাই থাকোঁতে ইস্ৰায়েলৰ প্ৰজাসকলক প্ৰতিপালন কৰিবলৈ যি সকলক মই নিযুক্ত কৰিছিলোঁ, তেওঁলোকৰ কোনো এজন জানো কৈছিলো, "তোমালোকে কিয় মোৰ বাবে এৰচ কাঠৰ ঘৰ নিৰ্ম্মাণ কৰা নাই?""\n7"সেয়েহে এতিয়া, তুমি মোৰ দাস দায়ূদক কোৱা, 'বাহিনীসকলৰ যিহোৱাই এই কথা কৈছেঃ "মোৰ ইস্ৰায়েলৰ লোকসকলৰ ওপৰত প্রশাসক হ'বলৈ, মই তোমাক চৰণীয়া ঠাইৰ পৰা, আৰু মেৰৰ জাকৰ পাছে পাছে যোৱাৰ পৰা বাচি ললোঁ। 8আৰু তুমি যি যি ঠাইলৈ গৈছিলা, মই তোমাৰ লগত থাকি তোমাৰ সন্মুখৰ পৰা তোমাৰ আটাই শত্ৰুবোৰক ছেদন কৰিলোঁ। আৰু পৃথিৱীত থকা মহৎ লোকৰ নামৰ দৰে তোমাৰো নাম মহৎ কৰিম।\n9মই মোৰ ইস্ৰায়েলৰ লোকসকলৰ বাবে এটা ঠাই নিৰ্বাচন কৰিম আৰু তেওঁলোকক ৰোপণ কৰিম, সেয়ে তেওঁলোকে নিজৰ ঠাইতে বাস কৰিব পাৰিব আৰু তেওঁলোকক লৰোৱা নহব। দুৰ্জন লোকসকলে তেওঁলোকক উপদ্রৱ কৰিব নোৱাৰিব, যেনেকৈ আগৰ দিনত কৰিছিল, 10যেতিয়া মই মোৰ ইস্ৰায়েল লোকসকলৰ ওপৰত বিচাৰকৰ্ত্তাসকলক আজ্ঞা কৰিছিলোঁ যে, মই তোমাৰ শত্ৰুসকলক বশীভূত কৰিম। তদুপৰি মই তোমাক কৈছো যে, মই যিহোৱাই তোমাৰ বাবে এটা ঘৰ নিৰ্ম্মাণ কৰিম।\n11যেতিয়া তোমাৰ আয়ুস সম্পূৰ্ণ হ'ব আৰু তোমাৰ ওপৰ-পিতৃসকলৰ ওচৰলৈ যাব লগা হ'ব, তেতিয়া তোমাৰ পাছত তোমাৰ বংশধৰক বৃদ্ধি কৰিম, আৰু তোমাৰ নিজৰ বংশৰ এজনৰ কাৰণে, মই তেওঁৰ ৰাজ্য স্থাপন কৰিম। 12মোৰ বাবে তেওঁহে এটা ঘৰ নিৰ্ম্মাণ কৰিব, আৰু মই তেওঁৰ সিংহাসন চিৰস্থায়ী কৰিম।\n13মই তেওঁৰ পিতৃ হ'ম, আৰু তেওঁ মোৰ পুত্ৰ হ'ব। তোমাৰ পূৰ্বে শাসন কৰা, চৌলৰ পৰা যেনেকৈ মই আঁতৰাইছিলোঁ, তেনেকৈ মই তেওঁৰ পৰা মোৰ বিশ্ৱাযোগ্য নিয়ম আঁতৰ নকৰোঁ। 14মোৰ ঘৰত আৰু মোৰ ৰাজ্যত তেওঁক সদায় থিৰে ৰাখিম, আৰু তেওঁৰ সিংহাসন চিৰস্থায়ীভাৱে স্থাপন কৰিম।" 15এই সকলো বাক্য, আৰু এই সকলো দৰ্শন অনুসাৰে নাথনে দায়ূদক বিৱৰণ দি ক'লে।\n16তেতিয়া ৰজা দায়ূদে ভিতৰলৈ গৈ যিহোৱাৰ সন্মুখত বহিলে; আৰু তেওঁ ক'লে, "মই নো কোন, ঈশ্বৰ যিহোৱা, আৰু মোৰ পৰিয়ালেই বা কি যে, আপুনি মোক আগ স্থান দিছে? 17আৰু হে ঈশ্বৰ, আপোনাৰ দৃষ্টিত ইও এটা ক্ষুদ্র বিষয় আছিল, আপুনি আপোনাৰ দাসৰ পৰিয়ালৰ বিষয়েও সুদীৰ্ঘদিনৰ কথা কলে, আৰু হে ঈশ্বৰ, মোৰ ভৱিষ্যত পুৰুষসকলকো মোক দেখালে। 18আপুনি আপোনাৰ দাসক সন্মান দিছে। আপুনি আপোনাৰ দাসক বিশেষ স্ৱীকৃতি প্রদানৰ বিষয়ে মই, দায়ূদ, আপোনাক পুনৰ কি ক'ম?\n19হে যিহোৱা, আপোনাৰ দাসৰ বাবে আৰু নিজৰ অভিপ্রায় সিদ্ধ কৰিবলৈ, আপুনি এই মহৎ কৰ্ম্ম সাধন কৰিলে আৰু সকলো মহৎ কৰ্ম্ম প্রকাশ কৰিলে। 20হে যিহোৱা, আমি সদায় শুনা অনুসাৰে, আপোনাৰ তুল্য কোনো নাই, আৰু আপোনাৰ বাহিৰে আন কোনো ঈশ্বৰ নাই। 21আৰু পৃথিৱীৰ মাজত আপোনাৰ ইস্রায়েল লোকসকলৰ দৰে এনে কোন জাতি আছে? আপুনি ঈশ্বৰ যাক নিজৰ লোক কৰিবলৈ মিচৰৰ পৰা মুক্ত কৰিলে, যাতে মহৎ আৰু ভয়ানক কাৰ্য্যৰ দ্বাৰাই আপোনাৰ নাম কৰিব। আৰু মিচৰৰ পৰা মুক্ত কৰা আপোনাৰ লোকসকলৰ আগৰ পৰা জাতিসকলক খেদিলে।\n22তোমাৰ ইস্ৰায়েল লোকসকলক তুমি নিজৰ চিৰস্থায়ী লোক কৰিলা, আৰু হে যিহোৱা, তুমি তেওঁলোকৰ ঈশ্বৰ হ'লা। 23সেয়েহে এতিয়া হে যিহোৱা, আপুনি আপোনাৰ দাস আৰু তাৰ পৰিয়ালৰ বিষয়ে যি প্রতিজ্ঞা কৰিলে, তাক সদাকাললৈকে স্থিৰ কৰা হওক। যেনেকৈ আপুনি ক'লে, তেনেকৈয়ে কৰক। 24আপোনাৰ নাম চিৰকালৰ বাবে স্থাপিত আৰু মহিমান্বিত হ'বৰ বাবে লোকসকলে এইদৰে ক'ব, বাহিনীসকলৰ যিহোৱা ইস্ৰায়েলৰ ঈশ্বৰ, আপোনাৰ দাস দায়ূদৰ বংশ আপোনাৰ সাক্ষাতে থিৰে থাকিব।\n25কাৰণ হে মোৰ ঈশ্বৰ, মই তোমাৰ বাবে এক বংশ স্থাপন কৰিম বুলি আপুনিয়েই আপোনাৰ দাসৰ আগত প্ৰকাশ কৰিলে। সেই বাবেই মই আপোনাৰ দাস আপোনাৰ আগত প্ৰাৰ্থনা সাহ পালোঁ। 26এতিয়া হে যিহোৱা, আপুনি ঈশ্বৰ, আৰু আপুনিয়েই আপোনাৰ দাসলৈ এই মঙ্গল-প্ৰতিজ্ঞা কৰিলে। এতিয়া আপুনি অনুগ্ৰহ কৰি আপোনাৰ দাসৰ বংশক আশীৰ্ব্বাদ কৰক। যাতে আপোনাৰ দাসৰ বংশ যেন আপোনাৰ আগত চিৰকাল থাকে। হে যিহোৱা, আপুনিয়েই আশীৰ্ব্বাদ কৰিলে, আৰু সেয়ে চিৰকাললৈকে আশীৰ্ব্বাদযুক্ত হৈ থাকিব।
ৰঙিয়া : জটিল ৰোগত আক্ৰান্ত হ'ল এটি কনমাণি। তিনিমাহ বয়সতে জীৱন-মৃত্যুৰে যুঁজিছে ৰঙিয়া নগৰৰ শান্তিপুৰৰ এটি শিশুৱে। দিন হাজিৰা কৰা পিতৃয়ে এতিয়া কনমাণিটোৰ জীৱন ৰক্ষাৰ বাবে বিচাৰিছে সহায়ৰ হাত। মন্টু বণিয়া আৰু মণিকা বণিয়াৰ পুত্ৰ জন্মৰে পৰা জটিল ৰোগত আক্ৰান্ত হোৱাত অজান আশংকাত ভুগিব লগা হৈছে আৰ্থিক দীনতাৰে পিষ্ট পৰিয়ালটো। দুখীয়া পৰিয়ালটোৱে ঘৰৰ সকলো মূল্যবান সামগ্ৰী বিক্ৰী কৰিও উপযুক্ত চিকিৎসা কৰিবলৈ সক্ষম হোৱা নাই। সন্তানৰ চিকিৎসাৰ নামত সৰ্বস্বান্ত হোৱা পৰিয়ালটো বৰ্তমান ধনৰ অভাৱত উন্নত চিকিৎসা কৰিবলৈ অপাৰগ। ইতিমধ্যে দৰিদ্ৰ পৰিয়ালটোৱে চিকিৎসাৰ নামত সকলো বিক্ৰী কৰি এতিয়া সৰ্বস্বান্ত হৈছে। পুত্ৰক সুস্থ কৰি তুলিবলৈ দৰকাৰ হোৱা ধন যোগাৰ কৰিবলৈ এতিয়া সম্পূৰ্ণৰূপে অসমৰ্থ তেওঁলোক। উপযুক্ত চিকিৎসাৰ বাবে দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিবলৈ কাতৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। লগতে ফুল কমলীয়া কণমানি শিশুটিক সুস্থ কৰি তুলিবলৈ সুহৃদ ব্যক্তি অথবা দল-সংগঠনে চিকিৎসাৰ বাবে সাহায্য আগবঢ়াব বিচাৰিলে 8486723892 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। নাইবা সদাশয় লোকে কণমানি শিশুটোৰ মাতৃ মণিকা বণিয়াৰ অসম গ্ৰামীণ বিকাশ বেংকৰ ৰঙিয়া শাখাৰ 7292026027830 নম্বৰৰ একাউন্টত অনুদান আগবঢ়াব পাৰিব বুলি প্ৰকাশ কৰিছে। Share : Prag News is one of the oldest and best news channels in Assam as well as Northeast India. With over 20 years of dedication and hardwork, we continue to bring to you ground-breaking news and updates from every corner of Assam and beyond.
बाइबिल छंद विषय पर: देखभाल -> अच्छा चरित्र\nअच्छा चरित्र : [देखभाल]\n১ তীমথিয় 3:15\nকিন্তু মই যদি পলমো কৰোঁ, তথাপি তুমি সত্যতাৰ স্তম্ভ আৰু ভিক্তিমুল স্ৱৰূপ যি ঈশ্বৰৰ গৃহ, অৰ্থাৎ জীৱনময় ঈশ্ৱৰৰ মণ্ডলীত কেনে আচাৰ-ব্যৱহাৰ কৰিব লাগে, সেই বিষয়ে জানিবৰ বাবে এইবোৰ কথা তোমালৈ লিখিলোঁ; কিয়নো মণ্ডলী হৈছে সত্যৰ স্তম্ভ আৰু ভিত্তিমুল।\nআৰু আপোনালোকে সত্যক জানিব আৰু সেই সত্যই আপোনালোকক মুক্ত কৰিব।"\nপ্ৰকাশিত বাক্য 17:5\nআৰু তাইৰ কপালত এই নাম লিখা আছিল, সেয়ে নিগূঢ়-তত্ত্ব, "মহান বাবিল, পৃথিৱীৰ বেশ্যা সকলৰ আৰু ঘিণলগীয়া বস্তুৰ মাতৃ।"\nমাউৰা আৰু বিধৱা সকলক তেওঁলোকৰ ক্লেশৰ কালত চাবলৈ যোৱা আৰু সংসাৰৰ পৰা নিজকে নিষ্কলঙ্কৰূপে ৰাখা, এয়েই পিতৃ ঈশ্বৰৰ আগত শুদ্ধ আৰু নিৰ্মল ধৰ্ম-কৰ্ম।\nই সেই বাঢ়ৈ নহয় নে? মৰিয়মৰ পুত্ৰ আৰু যাকোব, যোচিৰ, যিহূদা আৰু চিমোনৰ ককায়েক নহয় নে? ইয়াৰ ভনী কেইজনীও আমাৰ ইয়াত নাই নে?" এইদৰে তেওঁলোকে তেওঁত বিঘিনি পালে।\n আদিতে ঈশ্বৰে আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে। পৃথিবীৰ আকাৰ নাছিল আৰু সম্পূর্ণ শূণ্য আছিল; তাৰ ওপৰত আন্ধাৰে ঢকা অগাধ জল আছিল আৰু ঈশ্বৰৰ আত্মা ই সেই জল ৰ ওপৰত উমাই আছিল। ঈশ্বৰে ক'লে, "পোহৰ হওক," তেতিয়া পোহৰ হ'ল। ঈশ্বৰে পোহৰক অতি উত্তম দেখিলে; তেওঁ আন্ধাৰৰ পৰা পোহৰক পৃথক কৰিলে। পাছত ঈশ্বৰে পোহৰৰ নাম "দিন " আৰু আন্ধাৰৰ নাম "ৰাতি" হ'ল। এইদৰে গধূলি হ'ল আৰু পুৱা হোৱাত এক দিন হ'ল। পাছত ঈশ্বৰে পোহৰৰ নাম দিন, আৰু আন্ধাৰৰ নাম ৰাতি থলে। গধূলি আৰু পুৱা হোৱাত প্রথম দিন হ'ল। তাৰ পাছত ঈশ্বৰে ক'লে, "জলৰ মাজত ভাগ হৈ এক বিস্তৃত খালী অংশ হওঁক আৰু ই জলক দুভাগ কৰক।" এইদৰে ঈশ্বৰে জলৰ মাজত এক খালী অংশৰ সৃষ্টি কৰিলে আৰু তলত থকা জল ভাগৰ পৰা ওপৰৰ জল ভাগক পৃথক কৰিলে; তাতে তেনেদৰেই হ'ল।\nতাত প্রভুৰ ভায়েক যাকোবৰ বাহিৰে আন কোনো পাঁচনি পদ পোৱা লোকক মই দেখা নাপালোঁ।\nকিয়নো সূৰ্যৰ উদয়স্থানৰ পৰা অস্তগমণস্থান পর্যন্ত সকলো জাতিৰ মাজত মোৰ নাম মহান হ'ব আৰু প্ৰত্যেক স্থানত মোৰ নামৰ উদ্দেশ্যে ধূপ জ্বলোৱা আৰু শুচি নৈবেদ্য উৎসৰ্গ কৰা হ'ব; কিয়নো মোৰ নাম জাতিবোৰৰ মাজত মহান হ'ব" বাহিনীগণৰ যিহোৱাই কৈছে,\nঈশ্বৰ যিহোৱাই মাটিৰ পৰা ধুলি লৈ মানুহ নিৰ্ম্মাণ কৰিলে আৰু সেই মানুহৰ নাকত ফু দি নিশ্বাস সুমুৱাই দিলে; তাতে মানুহ জীৱন্ত প্ৰাণী হ'ল।\n উত্তৰত যীচুৱে নীকদীমক ক'লে, "মই আপোনাক সঁচাকৈয়ে কওঁ, নতুন জন্ম নহ'লে, কোনেও ঈশ্বৰৰ ৰাজ্য দেখা পাব নোৱাৰে।" নীকদীমে তেওঁক ক'লে, "মানুহ বুঢ়া হ'লে, কেনেকৈ তেওঁৰ জন্ম হ'ব পাৰে? তেওঁ দ্বিতীয় বাৰ মাকৰ গৰ্ভত সোমাই জন্ম গ্রহণ কৰিব পাৰিব নে?" যীচুৱে উত্তৰ দিলে, "মই আপোনাক সঁচাকৈয়ে কৈছোঁ, জল আৰু আত্মাৰ পৰা জন্ম নহ'লে, কোনেও ঈশ্বৰৰ ৰাজ্যত সোমাব নোৱাৰে।"\nসকলোৱে সহিত ঐক্য, আৰু যি পবিত্ৰতাৰ অবিহনে কোনেও প্ৰভুৰ দৰ্শন নাপাব, সেই পবিত্ৰতাকো খেদি যাওঁক;\nপ্ৰকাশিত বাক্য 17:18\nতুমি যি মহিলাক দেখিলা, তাই পৃথিৱীৰ ৰজা সকলৰ ওপৰত ৰাজত্ব পোৱা সেই মহা-নগৰ।\nময়ো তোমাক কওঁ যে 'তুমি পিতৰ অৰ্থাৎ শিল', আৰু এই শিলৰ ওপৰত মই মোৰ মণ্ডলী স্থাপন কৰিম, মৃত্যুৰ কোনো শক্তিয়ে ইয়াক পৰাজয় কৰিব নোৱাৰিব।\nআদিতে ঈশ্বৰে আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে।\nপ্ৰকাশিত বাক্য 17:9\nইয়াত বুজি পাবৰ বাবে জ্ঞানী মনৰ প্ৰয়োজন। যিবোৰৰ ওপৰত সেই মহিলা গৰাকী বহি আছে, সেই সাতোটা মুৰ হৈছে সাতোটা পৰ্বত; আৰু সেইবোৰেই সাত জন ৰজাও।\nহে মোৰ প্ৰিয় সন্তান সকল, আপোনালোকৰ কাৰণে পুনৰ এবাৰ প্ৰসৱ যন্ত্ৰণা ভোগ কৰিছোঁ; যেতিয়ালৈকে আপোনালোকত খ্ৰীষ্টৰ আকাৰ উৎপন্ন নহয়, তেতিয়ালৈকে ভোগ কৰি আছোঁ।\n১ পিতৰ 3:15\nইয়াৰ পৰিৱৰ্তে খ্ৰীষ্টক প্ৰভু হিচাপে আপোনালোকৰ হৃদয়ত পবিত্ৰ ৰূপে মানিব; যি কোনোৱে আপোনালোকৰ অন্তৰত থকা আশাৰ বিষয়ে বিচাৰ লয়, তেওঁক আপোনালোকে নিজৰ পক্ষে উত্তৰ দিবলৈ সষ্টম থাকিব, কিন্তু নম্ৰতা আৰু সন্মানেৰে সৈতে এইবোৰ কৰিব।\nপ্ৰকাশিত বাক্য 17:1\nপাছত সেই সাতোটা বাটি লোৱা সাত জন দূতৰ এজন আহিল আৰু মোক ক'লে, "আহা, মই তোমাক অনেক পানীৰ ওপৰত বহি থকা সেই মহা-বেশ্যাৰ দণ্ড দেখুৱাওঁ,\n কিন্তু তোমাৰ ভায়েৰাই যদি তোমাৰ বিৰুদ্ধে পাপ কৰে, তেনেহলে তেওঁ অকলে থাকোতেই ওচৰলৈ গৈ তেওঁৰ দোষ দেখুৱাই দিয়া। তেওঁ যদি তোমাৰ কথা শুনে, তেনেহলে তুমি তোমাৰ ভায়েৰাক ঘূৰাই পালা। কিন্তু যদি নুশুনে, তেনেহলে দুই এজন ভাইক তোমাৰ লগত লৈ যোৱা, যাতে দুই বা তিনি জন সাক্ষীৰ কথাত প্ৰত্যেকটো বিষয় সত্য বুলি প্ৰমাণিত হয়। যদি তেওঁ তেওঁলোকৰ কথাও নুশুনে, তেনেহলে মণ্ডলীক জনাবা; মণ্ডলীৰ কথাও যদি নুশুনে, তেনেহলে তেওঁ তোমাৰ ওচৰত অনা-ইহুদী আৰু কৰ সংগ্ৰহকাৰী সকলৰ দৰে হওক। মই তোমালোকক সঁচাকৈয়ে কওঁ, তোমালোকে পৃথিৱীত যিহকে বান্ধিবা, সেয়ে স্বৰ্গতো বন্ধ কৰা হ'ব আৰু পৃথিৱীত যিহকে মুকলি কৰিবা, সেয়ে স্ৱৰ্গতো মুকলি কৰা হব।\n ঈশ্বৰে সকলোকে খ্রীষ্টৰ চৰণৰ তলত বশীভূত কৰিলে আৰু তেওঁকেই সকলোৰে মূৰ কৰি মণ্ডলীক দান কৰিলে; সেই মণ্ডলী তেওঁৰ শৰীৰ; তেওঁৰ পৰিপূর্ণতাই সকলো বিষয় সকলো প্রকাৰে পূর্ণ কৰে।\nকিয়নো খ্ৰীষ্ট যেনেকৈ মণ্ডলীৰ মূৰ আৰু নিজেই শৰীৰৰ ত্ৰাণকৰ্তা, তেনেকৈ স্বামীও ভাৰ্য্যাৰ মূৰ স্বৰূপ হৈছে।\nবিশ্বাসী সকল মনে-প্ৰাণে এক হৈ আছিল। তেওঁলোকৰ কোনেও নিজৰ সম্পত্তিক নিজৰ বুলি দাবী নকৰিলে, বৰং তেওঁলোকে আটাই বস্তু উমৈহতীয়াকৈ ৰাখিলে।\n১ কৰিন্থীয়া 1:10\nকিন্তু মোৰ প্রিয় ভাই আৰু ভনী সকল, আমাৰ প্রভু যীচু খ্রীষ্টৰ নামত মই আপোনালোকক বিনয় কৰোঁ যে, আপোনালোকৰ পৰস্পৰৰ মাজত যেন মতৰ মিল থাকে; আপোনালোকৰ মাজত কোনো বিভেদ নাথাকক। আপোনালোক সকলোৰে যেন একে মন আৰু এক উদ্দেশ্য হয়।\nযি কোনোৱে মোক অগ্ৰাহ্য কৰে, আৰু মোৰ কথাও গ্ৰহণ নকৰে, তেওঁৰ সোধ-বিচাৰ কৰোঁতা এজন আছে, আৰু মই যি বার্তা দিছোঁ শেষৰ দিনা সেই বার্তাই তেওঁৰ সোধ-বিচাৰ কৰিব।\nমই তোমালোকক যি দৰে ক'লো, সেই বিষয়ে তোমালোকে শুনিলা, মই গৈ তোমালোকৰ ওচৰলৈ পুনৰ আহিম। তোমালোকে যদি মোক প্ৰেম কৰা, তেনেহ'লে মই পিতৃ ওচৰলৈ যাব ওলোৱাৰ কাৰণে তোমালোকে আনন্দ কৰিলাহেঁতেন; কিয়নো পিতৃ মোতকৈ মহান।\nসকলো স্বর্গৰ দূতেই জানো সেৱাকাৰী আত্মা নহয়? মোৰ আৰাধনা কৰিবলৈ আৰু পৰিত্রাণৰ অধিকাৰী হ'বলৈ উদ্যত হোৱা সকলৰ পৰিচর্যাৰ কাৰণেই জানো তেওঁলোকক পঠোৱা হোৱা নাই?\nসেয়ে সাৱধানে চলিবা; তোমালোকে এই সৰু সকলৰ মাজৰ এজনকো হেয়জ্ঞান নকৰিবা; কিয়নো মই তোমালোকক কওঁ, স্ৱৰ্গত তেওঁলোকৰ দূত সকলে মোৰ স্বৰ্গীয় পিতৃৰ মুখ সদায় যেন দেখা পায়।\nকিয়নো ৰক্ত আৰু মাংসৰ সৈতে আমাৰ মালযুদ্ধ হোৱা নাই; কিন্তু আধিপত্য, ক্ষমতা, এই অন্ধকাৰ যুগৰ শাসনকৰ্তা, আৰু স্বৰ্গীয় ঠাইবোৰৰ মন্দ শক্তিৰ দলবোৰৰ সৈতে হৈছে।\nকাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়।\nতোমাৰ বাক্যই সত্য; সত্যতাৰে তোমাৰ সেৱা কৰিবলৈ তেওঁলোকক পবিত্ৰ কৰা।\nপ্ৰকাশিত বাক্য 2:9\n"মই জানো তোমাৰ ক্লেশভোগ আৰু দৰিদ্রতা (কিন্তু তুমি ধনী) আৰু এই নিন্দা, যিবোৰে কয়, তেওঁলোক ইহুদী (কিন্তু নহয়, তেওঁলোক চয়তানৰ স্থান)।\nঈশ্বৰ তেওঁৰ পবিত্ৰ বাসস্থানত পিতৃহীনৰ পিতৃ আৰু বিধৱাসকলৰ ন্যায়কর্তা ।\nযিহোৱাই বিদেশীবোৰক ৰক্ষা কৰে, তেওঁ মাউৰা আৰু বিধৱাসকলক ধৰি ৰাখে, কিন্তু দুষ্টবোৰৰ পথ তেওঁ বিঘিনিযুক্ত কৰে।\nতেওঁলোকৰ কেৱল মাত্র এটা অনুৰোধ আছিল যে, আমি যেন দৰিদ্র সকলৰ কথা মনত ৰাখো। অৱশ্যে, এই কার্য কৰিবলৈ ময়ো যত্নবান আছিলোঁ।\nকাৰণ সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হ'ল,
আকৌ হ'ব নেকি 'কা'বিৰোধী আন্দোলন? আখৰাত ব্যস্ত আছু, যুৱ-ছাত্ৰ, জুবিন, অখিল\nকেন্দ্ৰীয় চৰকাৰে তিনিখন বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰৰ পিছত দেশত 'কা'বিৰোধী আন্দোলন পুনৰ গা কৰি উঠাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছিল। অসমত ইয়াৰ উকমুকনি দেখা পোৱা গৈছে। 'কা'বিৰোধী শক্তি আৰু সংগঠনসমূহে আন্দোলনটোক নতুন মাত্ৰা দিবলৈ উঠিপৰি লাগিছে। বিশেষকৈ ১০ ডিচেম্বৰৰ শ্বহীদ দিৱসৰ পৰাই ৰাজ্যখনত পুনৰ 'কা'বিৰোধী আন্দোলনক গতি প্ৰদানৰ চেষ্টা চলোৱা হৈছে। ইয়াৰ বিপৰীতে আইনখনৰ সমৰ্থক বিজেপি শিবিৰো ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে। অৱশ্যে এতিয়ালৈকে জনগণৰ স্থিতি স্পষ্ট হোৱা নাই। ক'তোৱেই জনসাধাৰণে এতিয়ালৈকে ৰাজপথলৈ ওলাই অহাৰ ইংগিত দিয়া নাই।\nদেওবাৰ অৰ্থাৎ আজি আছুৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই আন্দোলনটোক উত্তৰ-পূবলৈ সম্প্ৰসাৰিত কৰাৰ কথা কৈছে। যুৱপ্ৰজন্মৰ হৃদস্পন্দনস্বৰূপ জুবিন গাৰ্গেও 'কা'বিৰোধী আন্দোলনৰ কথা কৈছে। ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে একেই সুৰতে বক্তব্য ৰাখিছে। পাঠশালাত অনুষ্ঠিত কেন্দ্ৰীয় শ্বহীদ দিৱসত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদেও অসমবাসীক আন্দোলনটোৰ বাবে সাজু হ'বলৈ আহ্বান জনাইছে। তেন্তে অসমত আকৌ হ'হ নেকি 'কা'বিৰোধী আন্দোলন?\nআজি হাতীগাঁৱত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি জুবিন গাৰ্গে কৈছে- "কা' বিৰুদ্ধে মই এতিয়াও আছোঁ। মোৰ চিধা কথা কা আমি নামানো।'\nতেওঁ কয়- 'কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূবক কনফিউজড কৰি গৈছে, বিশেষকৈ অসমক। কিহৰ বাবে কৰিছে নাজানো। আলোচনা বহুতেই কৰি আছে। কিন্তু ফলাফল পোৱা নাই।' জুবিনে লগতে ৰাজ্য চৰকাৰলৈ আহ্বান জনাই কয় যে এতিয়া সকলো সলনি হৈছে। চৰকাৰো নতুন হৈছে। নতুন চৰকাৰে কথাখিনি চিন্তা কৰক। কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰক । আমাক মাতক। আমিও বহিম আলোচনাত। তেওঁ উত্তৰ-পূবৰ জনসাধাৰণক নিজৰ স্থিতিত অটল থাকিবলৈ আহ্বান জনায়। 'কা' বাতিল নোহোৱাপৰ্যন্ত নিজৰ স্থিতিত অটল থাকিব জুবিন গাৰ্গ।\nইফালে, দেওবাৰে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এখন সংবাদ মেল সম্বোধন কৰি আন্দোলনটোক উত্তৰ-পূবকেন্দ্ৰিক কৰাৰ পৰিকল্পনাৰ বিষয়ে সদৰী কৰে। তেওঁ কয়- 'কা' আন্দোলন অসম নহয়, উত্তৰ-পূবকেন্দ্ৰিক হ'ব। ড০ ভট্টাচাৰ্যৰ মতে, আন্দোলন হ'ব। লৰা-ছোৱালীয়ে পঢ়িব আৰু আন্দোলনো কৰিব। এয়া আমাৰ নীতি আছিল। কিন্তু আন্দোলন আৰম্ভ হোৱাৰ সময়তে ক'ভিড লকডাউন,পৰীক্ষা আদিৰ বাবে স্থৱিৰ হৈছিল। আন্দোলন আৰম্ভ হৈছে আৰু হ'বই।\nতেওঁ কয়- 'জুইকুৰা এতিয়াও জ্বলি আছে।'\nসংবাদ মেলত ড০ ভট্টাচাৰ্যই আৰু কয়- 'আমি অহিংসাৰ পক্ষত। ৰাজপথৰ আন্দোলন খেলপথাৰত সোমাই দিয়া কথাটো এক অপ্ৰচাৰ চলাইছে। ৰাজপথৰ আন্দোলন ৰাজপথত হ'ব, খেলপথাৰৰ আন্দোলন খেলপথাৰত হ'ব। আন্দোলনটো সাংস্কৃতিক আন্দোলন হৈছে নেকি, বহুতৰে প্ৰশ্ন। অহিংস আন্দোলন আগুৱাই নিয়াত সাংস্কৃতি আন্দোলন শক্তিশালী কৰাৰ মাধ্যম। এনেকুৱা অপ্ৰচাৰ চলাব নাপায়। পূৰ্বৰ পৰাই বিশিষ্ট শিল্পী সকলে সাংস্কৃতিৰ মাজেৰে আন্দোলন কৰি গৈছিল।'\nএইদৰে এতিয়া অসমত 'কা'বিৰোধী আন্দোলনক নতুনকৈ প্ৰাণ দিয়াৰ আখৰা চলিছে।
শেষৰক্ষা নহ'ল! SCত খাৰিজ 'কিউৰেটিভ পেটিচন' ২২তাৰিখেই হ'ব নিৰ্ভয়া হত্যাকাৰীৰ ফাঁচী- News18 Assam\nশেষৰক্ষা নহ'ল! SCত খাৰিজ 'কিউৰেটিভ পেটিচন' ২২তাৰিখেই হ'ব নিৰ্ভয়া হত্যাকাৰীৰ ফাঁচী\nUpdated:January 14, 2020, 2:33 PM IST\n২২জানুৱাৰীত চাৰিওটা ওলমিব ফাঁচী কাঠত।\nLast Updated: January 14, 2020, 2:33 PM IST\n২২জানুৱাৰীত ফাঁচীৰ পৰা ৰক্ষা পাবলৈ বিনয় শৰ্মা আৰু মুকেশ সিং নামৰ অভিযুক্ত দুটাই দাখিল কৰা কিউৰেটিভ পেটিচন খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে। এতিয়া নিৰ্ধাৰিত ধৰণেই ২২জানুৱাৰীৰ পুৱা ৭বজাত চাৰিওটা পাষণ্ডৰ ফাঁচী হ'ব।\nআদালতে মৃত্যু পৰোৱানা জাৰি কৰাৰ পিছতে নিৰ্ভয়াৰ হত্যাকাৰীয়ে আইনী ব্যৱস্থাৰ অন্তিম সম্বল ব্যৱহাৰ কৰি মৃত্যুদণ্ডৰ পৰা ৰক্ষা পাবলৈ কৰা চেষ্টা ব্যৰ্থ। মঙলবাৰে পাঁচজনীয়া বিচাৰপীঠে নিৰ্ভয়াৰ দুই অভিযুক্ত বিনয় শৰ্মা আৰু মুকেশ সিঙৰ কিউৰেটিভ পেটিচন খাৰিজ কৰে। নিৰ্ভয়াৰ হত্যাকাৰীৰ শেষ ৰক্ষা নহওক এই প্ৰত্যাশাই ৰাখিছিল নিৰ্ভয়াৰ মাতৃ আশা দেৱীয়ে। এন ভি ৰামান্না, অৰুণ মিশ্ৰা, আৰ এফ নাৰিমন, আৰ বানুমথি আৰু অশোক ভূষণে এই আৱেদনৰ শুনানি গ্ৰহণ কৰি অভিযুক্তক মৃত্যুদণ্ডৰ পৰা ৰেহাই নিদিয়াৰ সিদ্ধান্ত চূড়ান্ত কৰে।\nসিঁহতে উচ্চতম ন্যায়ালয়ত কিউৰেটিভ পেটিচন দাখিল কৰি ফাঁচী ৰখাবলৈ চেষ্টা কৰিছে। মই আশাবাদী যে সিঁহতৰ পেটিচন খাৰিজ হ'ব আজি। ২২জানুৱাৰীত ফাঁচী দিয়া হ'ব আৰু 'নিৰ্ভয়া'ই ন্যায় পাব। এএনআইৰ আগত প্ৰকাশ কৰিছিল আশা দেৱীয়ে।\nএতিয়া নিৰ্ধাৰিত মতেই তিহাৰ কাৰাগাৰ চৌহদত পুৱা ৭বজাত বিনয় শৰ্মা, মুকেশ সিং, পৱন আৰু অক্ষয়ক ফাঁচী দিয়া হ'ব।
যমুনামুখৰ শিক্ষয়িত্ৰী অৰ্ণমাই বৰাৰ ধৰ্ষণ-হত্যাৰ ৰাজ্য কঁপাই যোৱা ঘটনাত অভিযুক্ত চেলিম উদ্দিন আৰু মইনুল হকক আজি ২৪ জুলাইত হোজাইৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশে দোষী সাব্যস্ত কৰিছে। ন্যায়াধীশ নগেন ছেনাবায়া দেউৰীৰ আদালতে দোষী সাব্যস্ত কৰা অভিযুক্ত দুজন সন্দৰ্ভত অহা ১ আগষ্টত চূড়ান্ত ৰায় প্ৰদান কৰিব। বিদ্যালয়ৰ পৰা ঘৰলৈ যোৱাৰ বাটত ২০১৭ চনৰ ৩১ মে'ৰ সন্ধিয়া অভিযুক্ত মইনুল হকে বৰাক চেলিম উদ্দিনৰ সহযোগত ধৰ্ষণ কৰি হত্যা কৰাৰ পিছত শিক্ষয়িত্ৰীগৰাকীক কপিলী নৈত পেলাই দৈছিল। যমুনামুখৰ এলাচি দেউৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আছিল অৰ্ণমাই বৰা। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
পুনৰ এক নাৰকীয় কাণ্ডই কামৰূপ জিলাৰ হাজোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। হাজোৰ কেতেকীবাৰীত সম্পৰ্কীয় বৰদেউতাকৰ যৌন নিৰ্যাতনৰ বলি হ'ল এগৰাকী ১১ বছৰীয়া কিশোৰী। এই জঘন্য কাণ্ড সংঘটিত কৰা লম্পট লোকজনক বিপুল কলিতা বুলি চিনাক্ত কৰা হৈছে। প্ৰাপ্ত তথ্য মতে, কালি সন্ধিয়া কিশোৰী গৰাকীয়ে পথাৰত গৰু আনিবলৈ গৈছিল। কিশোৰী গৰাকীক অকলে গৰু আনিবলৈ যোৱা দেখি লম্পট চৰিত্ৰৰ বিপুল কলিতাই জোৰ জুলুম কৰি অসহায় কিশোৰীৰ ওপৰত যৌন নিৰ্যাতন চলায়। ইয়াৰ উপৰি এই কথা বেলেগৰ আগত প্ৰকাশ কৰিলে কিশোৰীগৰাকীক তেওঁ প্ৰাণে মৰাৰ ভাবুকিও দিয়ে। অৱশ্যে কিবা কৰি লোকজনৰ কবলৰ পৰা প্ৰাণ ৰক্ষা কৰি কিশোৰী গৰাকীয়ে পলাই আহি ঘৰত পিতৃ মাতৃক এই কথা অৱগত কৰে। পিছত নিৰ্যাতিতা কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে হাজো আৰক্ষী থানাত ঘটনা সম্পৰ্কত এখন এজাহাৰ দাখিল কৰে। আনহাতে, উক্ত জঘন্য কাণ্ড কৰি পলাই থকা লম্পট বিপুল কলিতাক বাতৰি লিখা পৰ্যন্ত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
অ'এলএক্স ব্যৱহাৰকাৰীলৈ সাৱধানবাণী! Prag News : Best Assamese News Channel, Latest Assam News Live Today , North East Breaking News\nঅ'এলএক্স ব্যৱহাৰকাৰীলৈ সাৱধানবাণী!\nগুৱাহাটীঃ অ'এলএক্সত বস্তু বিক্ৰী অথবা ক্ৰয় কৰাসকললৈ সাৱধানবাণী। ছাইবাৰ অপৰাধীয়ে নজৰ ৰাখিছে অ'এলএক্সৰ ওপৰত। বস্তু ক্ৰয় কৰাৰ চলেৰে চিনাকি হৈ আপোনাৰ বেংক একাউণ্ট হেক কৰি লুটিব পাৰে ধন। ইতিমধ্যে এনে বহুকেইটা ঘটনা সংঘটিত হৈছে ৰাজ্যত।\nএইবাৰ তেনে এক নতুন এটা ঘটনা পোহৰলৈ আহিছে মহানগৰীৰ নিউ গুৱাহাটীত। ছাইবাৰ অপৰাধীৰ জালত পৰিছে নিউ গুৱাহাটীৰ পৰাগ দাস পথৰ নিবাসী অৰ্থাৎ কটন কলেজৰ ছাত্ৰ আকাশ নাথ। নিজৰ ডেক্সটপ বিক্ৰীৰ বাবে অ'এলএক্সত বিজ্ঞাপন দিছিল ছাত্ৰজনে। অতি কৌশল পূৰ্ণভাৱে ছাত্ৰজনৰ লগত অনলাইনত যোগাযোগ কৰি ক্ৰয় কৰাৰ ছলেৰে গ্ৰাহক ৰূপী ছাইবাৰ অপৰাধীয়ে ছাত্ৰজনৰ পৰা Google pay ৰ নম্বৰ লৈ একাউণ্ট হেক কৰি লুটিলে ২২হাজাৰ টকা।\nএই ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী ছাত্ৰজনৰ মাতৃ জিলমিল দাসে ইতিমধ্যে গীতানগৰ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ।
এই শকটোক অসম বুৰঞ্জীৰ এটা যুগ পৰিবৰ্ত্তনৰ সময় বুলিব পাৰি। এই শকৰ কাতি মাহতে ৰংপুৰৰ পৰা এশ চিপাহী লই কাপ্তান ওৱেল্ছ ছাহাব গুৱাহাটী পাই গৌৰীনাথ সিংহৰ লগ লাগিল। কাপ্তান ওৱেল্ছৰ লগত মুঠেই এশ বন্দুকধাৰী ৰঙ্গা পোছাক পিন্ধা চিপাহি দেখি গৌৰীনাথ সিংহ ৰজাই হতাশ হৈ কাপ্তান চাহাবক জনালে যে এই এশ চিপাহিৰে লাখ লাখ মোৱামৰীয়াক দৰঙ্গি আৰু কামৰূপীয়া হাজাৰ হাজাৰ সৈন্যক নো কেনেকৈ জিকিব। ৰজাৰ কথাত কাপ্তান ছাহাবে হাঁহি কলে :- "ৰজা! যেতিয়া যুঁজ লাগিব তেতিয়াহে দেখিবা। সদ্যহতে মোক তোমাৰ দৰঙ্গলৈ লই বলা। তাত মই কৃষ্ণ নাৰায়ণক দমন কৰি উজনীলৈ সেই পিনে যাম। কাপ্তান চাহাবৰ এই কথাত গৌৰীনাথ সিংহে নিজে চাহাব আৰু চিপাহিক ডাঙ্গৰ ডাঙ্গৰ নাৱেৰে লৈ গল। চাহাবে ৰঙ্গামাটিৰ ঘাটৰ ওচৰত কোঠ মাৰি কৃষ্ণ নাৰায়ণ ৰজালৈ আত্মসমৰ্পণ কৰিবলৈ আদেশ দি চিঠি লেখি পাঠালে। কৃষ্ণনাৰায়ণে ইয়াৰ উত্তৰ স্বৰূপে তিনি হেজাৰ কাড় ধেনু [ ১২৭ ] ধৰা, জাঠি জোঙ চলোৱা কোচ সৈন্যক চাহাবৰ লগত যুঁজিবলৈ পঠাই দিলে। সেই ৰণুৱা বিলাক আহি পোৱাত কাপ্তান চাহাবে নিজৰ চিপাহিবিলাকক ৰীতিমতে ঠিয় কৰাই কোচৰ কাড়ে আহি ঢুকি নোপোৱা ঠাইত ৰাখি তাৰে পৰা বন্দুক মৰাব ধৰিলে। চিপাহিৰ বন্দুকৰ গুলিত কোচ সৈন্য ধাচ ধাচ কৰে মৰিল। বন্দুকৰ গুলিত তত নাপাই কোচ সৈন্যবিলাক যেয়ে যিপিনে পালো সেই পিনে পলাল। কাপ্তান চাহাবে সসৈন্যে দৰঙ্গৰ ৰজাক ধৰিবলৈ আগ বাঢ়িল। কিন্তু ভাগি যোৱা সৈন্যৰ মুখে ইংৰাজৰ প্ৰতাপ শুনিয়েই কৃষ্ণনাৰায়ণ ৰজা আগবাঢ়ি ভাৰে-ভেটীয়ে সৈতে আহি কাপ্তান চাহাবৰ শৰণাপন্ন হোৱাত কাপ্তান চাহাবে তেওঁক আগলৈ আকৌ আহোম ৰজাৰ বিৰুদ্ধে নুঠোঁ বুলি শপত খুৱাই এৰি দিলে। তাৰ পাছত জছাহাব ৰজাৰে সৈতে নাৱেৰে উজাই গই বহাগত ৰংপুৰ পালে। ৰংপুৰৰ মুকলি পথাৰ খনত আহোম আৰু ইংৰাজৰ চিপাহিয়ে সৈতে যুঁজ কৰিবলৈ প্ৰায় কুৰিহেজাৰ মোৱামৰীয়াই ধেনু কাড়, জাঠি জোঙ্গ, কাঠ বাঁহৰ চুন খুউৱা তৰোৱাল লৈ, লগত পানী পিঠাগুৰিৰে সৈতে আহি প্ৰায় আধা মাইল আঁতৰৰ পৰা কাপ্তান ছাহাবক ৰজা আৰু চিপাহি শৰে সৈতে চাৰিউপিনে বেঢ়ি ধৰি বহিল হি। ইংৰাজ কাপ্তানৰ মুঠেই এশ ৰঙ্গা কাপোৰ পিন্ধা চিপাহি দেখি সিহঁতে হাঁহি হাঁহি পৰস্পৰে কোৱাকুই [ ১২৮ ] কৰিলে, "ভাইহঁত। চা অ। এই এশটা টুনি চৰায়ে আমাৰে সৈতে যুঁজিবলৈ আহিছে। ভাইহঁত আমাৰ সকলোৱে পানী পিঠাগুৰি খাই ল। আৰু পিছত আমি তিলিক্তে গৈ সেই ৰঙ্গা টুনি শ জীয়াই জীয়াই ধৰি আনিম গৈ" - এই কথা কই মোৱা মৰীয়া সকলে লাহে ধীৰে আয়মেৰে গা পা তিয়াব ধৰি লে। ইফালে কাপ্তান ছাহাবে তেওঁৰ দূৰবীণৰে চাৰিউপিনে ঘূৰি ঘূৰি চাই স্থিৰ কৰি ললে মোৱামৰীয়াৰ সৈন্য কিমান আৰু তেওঁ বিলাকৰ হাতত কি অস্ত্ৰ শস্ত্ৰ। ইয়াৰ পিছত তেওঁ চিপাহি বিলাকক পেৰেড কৰাই একুৰি পাঁচোটা কৈ চিপাহিৰে চাৰিটা লাইন কৰি এটা বগাকাৰ বেঁহু পাতিলে। সেই বেঁহুৰ মাজত ছাহাব, ৰজা, আৰু এজন হাবিলদাৰ ৰল। হাবিলদাৰ জনে এবাৰ নে দুবাৰ - "গুলি চলামনে" বুলি ছাহাবক সুধিলে। ছাহাবে কলে "আভি মত চালাও। উন্নোককো খানা পিনা কৰকে ইছ তৰফ আনে দেওঁ। ছাহাবৰ এই কথা শুনি হাবিলদাৰ মনে মনে থাকিল! ইফালে মোৱামৰীয়া সকলে পানী পিঠা- গুৰি খাই বই তামোল চালি খাই কঁকালত টঙ্গালি আতি কেউফানৰ পৰা জয়ধ্বনি কৰি আগ বাঢ়ি বাঢ়ি আহি যেতিয়া গুলিৰ সীমাৰ ভিতৰত সোমাল আৰু সিহঁতে তাৰে পৰা কাড় মাৰিব ধৰিলে তেতিয়া ছাহাবে Fire বুলি হুকুম দিলে। সেই এশ চিপাহিয়ে পূবে পচিমে, উত্তৰে [ ১২৯ ] দক্ষিণে চাৰিউফালে গিৰ্ গিৰ্ কৰি বন্দুক মাৰি ধৰিলে। সেই বন্দুকৰ প্ৰত্যেকটো গুলিতেই একোটা একোটা মোৱামৰীৱা ধাচ্ ধাচ্ কৈ পৰিব ধৰিলে। গুলিৰ কোবত মোৱামৰীয়া আগবাঢ়িব নোৱাৰি আৰু নিজৰ মানুহ দুই তিনি মিনিটে মিনিটে শই শই মৰা দেখি "আই ঐ! এই বিলাক টুনি নহয় ইন্দ্ৰৰ বজ্ৰহে ফিৰিঙ্গতি বুলি যেয়ে যি পিনে পালে পলাব ধৰিলে। চিপাহিহঁতে সঙ্গিন লগাই পিছে পিছে খেদি নিও কিছু মানক খুচি খুচি মাৰিলে। মোৱামৰীয়া সম্পূৰ্ণে পৰাজিত হল। ৰজাই মুখীয়াল মুখীয়াল মোৱামৰীয়া কিছু মানক ধৰি ধৰি অনাই শূলত দিয়ালে। মোৱামৰীয়াই বিদ্ৰোহ এৰি গৌৰীনাথ সিংহৰ শৰণাপন্ন হল। ৰজাৰ অনুৰোধত কাপ্তান ছাহাব এমাহ ৰংপুৰত থাকি আমোদ প্ৰমোদ কৰি, হাবি বননিত চিকাৰ খেলি আৰু বুঢ়া গোঁহাইৰ অনুৰোধ মতে তেওঁ গঠন কৰা ৫০০ আহোম ৰণুৱাক ইওৰোপীয় ধৰণে কাবাজ পেৰেড শিকাই ৰূপবান, নজৰ, ভাৰ ভেটী লৈ ৰংপুৰলৈ উলটিল। ৰজাই নিজেই দন্দুৱাদ্ৰোহ নিবাৰণ কৰি ৰাখিম বুলি কোৱাত কামৰূপৰ দন্দুৱাদ্ৰোহ নিবাৰণ কৰিবলৈ নৰল। কিন্তু বিজনি, কোচ বিহাৰ আৰু দৰঙ্গলৈ চিঠি লেখি দিলে তেওঁলোকে যেন কামৰূপীয়াক আৰু সহায় নকৰে। যদি সহায় কৰে তেন্তে আগলৈ ইংৰাজে সৈতে তেওঁলোকৰ ৰণ হব। অদৃশ্য শ্ৰেণীঃ স্থায়ী সূত্ৰ (লিংক) এই পৃষ্ঠাটো শেষবাৰৰ কাৰণে ৪ এপ্ৰিল ২০২১ তাৰিখে ২৩ঃ১৭ বজাত সলনি কৰা হৈছিল। লিখনিসমূহক্ৰিয়েটিভ কমন্স এট্ৰিবিউশ্যন/শ্বেয়াৰ-এলাইক অনুজ্ঞাপত্ৰৰ আওতাভুক্ত; ইয়াৰ লগত অন্য পদ প্ৰযোজ্য হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তাৱলীত বিস্তাৰিত ভাবে চাওক।
নিউজ ডেস্ক। অশেষ কষ্ট তথা ত্যাগৰ বিনিময়ত অসম লােকসেৱা আয়ােগৰ চূড়ান্ত পৰীক্ষাত শীৰ্ষ স্থানেৰে জিলিকিল গােলাঘাট জিলাৰ কংকণজ্যােতি শইকীয়া। আনহাতে, পুত্ৰৰ সাফল্যত সুখী মাতৃয়ে ভৱিষ্যতে সততা আৰু নিষ্ঠাৰে কাম কৰি যোৱাৰ বাবে আৰ্শীবাদ প্ৰদান কৰে পুত্ৰক। উল্লেখ্য যে বিভিন্ন বিতৰ্ক আৰু অপেক্ষাৰ অন্ত পেলাই বৃহস্পতিবাৰে ঘোষণা কৰা হ'ল অসম লোকসেৱা আয়োগৰ ফলাফল। মুঠ পৰীক্ষাৰ্থীৰ ভিতৰত অসম অসামৰিক সেৱাৰ পৰীক্ষাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে কংকনজ্যোতি শইকীয়াই।
আৰক্ষীয়ে আয়ুশীৰ মৃতদেহটো উদ্ধাৰৰ পাছত তেওঁৰ সাজসজ্জা প্ৰত্যক্ষ কৰি এগৰাকী আঢ্যৱন্ত ঘৰৰ যুৱতী বুলি সন্দেহ কৰে । আয়ুশীৰ উচ্চতা আছিল প্ৰায় ৫ ফুট ২ ইঞ্চি । তেওঁ সেই সময়ত এটা ক'লা ৰঙৰ চুটি হাতৰ টি-চাৰ্ট আৰু বগা হাফ পেণ্ট পিন্ধি আছিল । গাৰ ৰং আছিল বগা, চুলি দীঘল আৰু ক'লা আছিল । তেওঁৰ টি-চাৰ্টত লেডী ডেজ লিখা আছিল । আয়ুশীৰ বাওঁ হাতত কলাভা আৰু ক'লা সূতা বন্ধা আছিল । ভৰিত সেউজীয়া ৰঙৰ নেইল পলিছ আছিল । আযুশীৰ বুকুত গুলী লাগিছিল আৰু শৰীৰত কেইবাটাও স্থানত আঘাতৰ চিহ্ন পোৱা গৈছিল । আয়ুশীৰ মৃতদেহটো প্ৰথমে পলিথিনেৰে বন্ধা হৈছিল আৰু তাৰ পিছত ভাঁজ কৰি চুটকেচত ভৰোৱা হৈছিল । আৰক্ষী ৰঙা চুটকেছ উদ্ধাৰ হোৱাৰ তথ্য পোৱাৰ পিছত ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । ইয়াৰ পাছতেই দেওবাৰে সন্ধিয়া আয়ুশীৰ মাতৃ আৰু ভাতৃয়ে মৰণোত্তৰ পৰীক্ষা গৃহলৈ আহি মৃতদেহটো চিনাক্ত কৰে ।
ডিজিটেল সংবাদ, চৰাইদেউঃ চৰকাৰে দুৰ্নীতি নিৰ্মূল কৰাৰ বাবে শূন্য সহনশীলতা নীতি অৱলম্বন কৰিলেও চৰকাৰক প্ৰত্যাহ্বান জনাই একাংশ দুৰ্নীতি গ্ৰস্ত বিষয়া-কৰ্মচাৰী, ঠিকাদাৰে নিতৌ সংঘটিত কৰি গৈছে ব্যাপক দুৰ্নীতি। তাৰ মাজতে চৰাইদেউ জিলাত এগৰাকী ঠিকাদাৰে পথ নিৰ্মাণৰ নামত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উঠিছে। জিলাখনৰ মথুৰাপুৰ চাহ বাগিচাৰ শ্ৰমিক লাইনৰ পথ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হৈছে। উল্লেখ্য যে, শেহতীয়াকৈ অসম চৰকাৰে বাগিচা সমূহৰ পথ উন্নয়নৰ বাবে এক কোটিকৈ টকাৰ পুঁজি মুকলি কৰি দিয়াত সংশ্লিষ্ট বাগিচাখনত ঠিকাদাৰে পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। সেই অনুসৰি বাগিচাখনত নিৰ্মাণ কাৰ্য চলি থকা পথত ঠিকাদাৰে ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। পথটো নিৰ্মাণত ঠিকাদাৰ গৰাকীয়ে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। পথটোৰ নিৰ্মাণৰ ক্ষেত্রত হোৱা অনিয়ম সন্দৰ্ভত শ্ৰমিক ৰাইজে দিয়া অভিযোগক গুৰুত্ব নিদি মইমতালিৰে কাম কৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে। পথ নিৰ্মানত প্ৰয়োজনীয় মাটি নিদিয়া, পথটোত প্ৰয়োজনীয় আকাৰ, জোখৰ শিল নিদিয়া আৰু কালভাৰ্ট স্হাপনত বিসংগতি কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। ৰাইজৰ কোনো অভিযোগক কেৰেপ নকৰি নিজৰ খেয়াল খুচি মতে কাম কৰাত শ্ৰমিক ৰাইজ তথা আটছা ক্ষোভিত হৈ পৰিছে। ৰাইজৰ অভিযোগক গুৰুত্ব নিদি দম্ভালি মৰা কথাৰে ঠিকাদাৰে কাম চলাই থকা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আটছাৰ চৰাইদেউ জিলা সমিতিৰ সম্পাদক সমৰজিৎ কাঁহাৰে কয় বাগিচাৰ সহজ সৰল শ্ৰমিকৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি বিভাগীয় কৰ্তৃপক্ষই ঠিকাদাৰৰে মিলি ধন আত্মসাত কৰা যড়যন্ত্ৰ কৰিছে।
যেতিয়া পাষ গোটেইখন পৃথিবী অজ্ঞান-এন্ধাৰৰ ক'লা ঢাকনীয়ে ঢাকি থৈছিল, যেতিয়া প্ৰায় সকলো মানুহে উলঙ্গবেশে পৰ্ব্বত গাঁতত বাস কৰি হাবিৰ পাত, পানীৰ মাছ মাৰু গছৰ ফল মূল খাই জীৱন ধাৰণ কৰিছিল, তেতিয়াও এই পূণ্য-ভূমি ভাৰতবৰ্ষ জ্ঞানৰ পোহৰেৰে ভোটা তৰাৰ দৰে জিলিকি আছিল। জগত যেতিয়া এন্ধাৰ ৰাতিৰ কোলাত অচেতন হৈ টোপনি গৈছিল, ভাৰতে তেতিয়া জ্ঞানৰ ৰ'দ-কাচলি লৈ নানা সজ চৰ্চালৈ আগবাঢ়িছিল। প্ৰায় সকলো দেশ যেতিয়া দিগ্ বিদিক্ নেদেখি খেপিয়াই ফুৰিছিল ভাৰতে তেতিয়া বিজ্ঞানৰ দূৰবীণ লগাই নানা তত্ত্ব উলিয়াব পাৰিছিল। প্ৰথম ধৰম-চৰ্চ্চা হয় ভাৰতত; দৰ্শন শাস্ত্ৰৰ আলোচনা হয় পোন-প্ৰথমে ভাৰতত , ঐশ্বৰিক তত্বৰ বিচাৰ হয় পোন-প্ৰথমে ভাৰতত; ভাৰত বিধতাৰ জ্যেষ্ঠ পুত্ৰ। গণিত আৰু জ্যোতিষ, কাব্য আৰু অলঙ্কাৰ, ছন্দ আক ব্যাকৰণ, বিজ্ঞান আৰু দৰ্শন সকলো বিষয়তে হিন্দুজাতি আন সকলো জাতিতকৈ আগ। যেতিয় হিন্দুৱে ধনুবিদ্যাৰে, আগ্নেয় অস্ত্ৰৰে দেশ বিদেশত দিগ্বিজয় কৰিছিল, তেতিয়া পৃথিৱীৰ কেইটজাতিয়ে জুইৰে ভাত বান্ধি খাব জানিছিল? তেতিয়া কেইটা জাতিয়ে ঘৰ সাজিবলৈ শিকিছিল? যেতিয়া হিন্দুৱে সভ্যতা জখলাত উঠি মধ্যাহ্ন সূৰ্য্যৰ দৰে দীপ্তিমান হৈছিল, তেতিয়া সভ্যজাতি কেইটা আছিল? ব্যাস আৰু বাল্মীকি, কালিদাস আৰু ভৱভূতি এনে কৰি পৃথিৱীত কেই জনা? পৱিত্ৰ আৰ্য্য ঋষিসকলৰ দৰে পৃথিবীত কেই জন মানুহ যোগ আক তত্ত্ববিদ্যাত কৃতকাৰ্য্য হব পাৰিছে? বশিষ্ঠ, জনক, নাৰদৰ দৰে মহাপুৰুষ পৃথিবীত কেই জন? সীতা, সাবিত্ৰী আৰু দময়ন্তীৰ দৰে তিৰুতা জগতত কিমান? ভীষ্ম, দ্ৰোণ, কৰ্ণ, অৰ্জ্জুনৰ নিচিনা বীৰ পৃথিবীত কিমান? শ্ৰীকৃষ্ণৰ নিচিনা ৰাজনৈতিক মহাপুৰুষ ক'ত উপজিছে? বুদ্ধ, চৈতন্য আৰু শঙ্কৰাচাৰ্য্যৰ নিচিনা ধৰ্ম্মবীৰ আন ঠাইত কেই জনা? [ ২ ] কিন্তু ভাৰতৰ আজি সেই দিন নাই; ই আজি পৰাধীন, অসভ্য, অজান - অনাদৃত। সেই মহাবীৰ ক্ষত্ৰিয়সকল নাই; সেই তপোধন ঋষিসকল নাই; সেই কবি, ধৰ্ম্মবীৰ, সেই ৰাজনৈতিক পুৰুষ আজি নাই। আগৰ তেজ, একতা,জাতীয় গৌৰৱ নাই। হিমালয় আছে, তপস্যা নাই; গঙ্গা, সৰস্বতৗ আছে, বেদধ্বনি নাই; ব্ৰাহ্মণ আছে, নৱগুণ নাই। আগৰ সভ্যতা আগৰ আচাৰ-ব্যৱহাৰ, আগৰ বল-বিক্ৰম-উৎসাহ প্ৰায় একোৱেই নাই! ভাৰতত আছে আজি বহু পাপ, তাপ, ৰোগ, শোক আৰু দুৰ্ভিক্ষ। ভাৰত আজি প্ৰায় ৰসাতল। চন্দ্ৰ-সূৰ্য্য বংশৰ ঘোৰ অভিমানী বংশধৰসকলে পবৰ সেৱা কৰি চাউল মুকিলি কৰিছে। জগতৰ শিক্ষাগুৰু ব্ৰাহ্মণ জাতিয়ে আজি ম্লেছৰপৰা শাস্ত্ৰ বুজি লৈছে। আক ম্লেছৰপৰা শাস্ত্ৰ-জ্ঞানৰ নিদৰ্শন-পত্ৰ পাই নিজক কৃতাৰ্থ আৰু গৌৰৱশালী মানিছে। স্বাধীনতাৰ লগতে হিন্দুজাতিৰ প্ৰায় সকলো ওখ ভাব লোপ পাইছে, ভাৰতৰ গৌৰৱ-সূৰ্য্য মাৰ গৈছে, ভাগ্যলক্ষ্মীয়ে সাগৰত বুৰ মাৰিছে। মহ। বিক্ৰমৗ মুছলমান জাতিও আজি ভাৰতত পৰি নিস্তেজ হৈছেহি। কিন্তু যিমান দিন জগতত চন্দ-দিৱাকৰ থাকিব, সিমান দিন ভাৰতৰ আগৰ গৌৰৱৰ চিন একেবাৰেই মাৰ নেযায়। যেতিয়ালৈকে হিন্দুৰ শ্ৰুতি আৰু স্মৃতি আছে, কাব্য আৰু অলঙ্কাৰ আছে, ব্যাকৰণ আৰু অভিধান আছে, তেতিয়ালৈকে ভাৰতৰ আগৰ গৌৰৱ হ্ৰাস পালেও লোপ নেপায়। যেতিয়ালৈকে জগতত ভাল বস্তুৰ আদৰ থাকিব, তেতিয়ালৈকে সংস্কৃত ভাষা আৰু সংস্কৃত সাহিত্যই জগতত ওখ আসন লাভ কৰিব। সংস্কৃত ভাষাই- সংস্কৃত সাহিত্যই হিন্দুজাতিৰ কীৰ্তিস্তম্ভ। পতিত ভাৰতক উদ্ধাৰ কৰাৰ এই ভাষাই এই সাহিত্যই ঘাই উপায়। এই সাহিত্যৰ দ্বাৰাই আজি হিন্দুজাতিৰ চিনাকী আৰু সন্মান। ইয়েই মৃত হিন্দুজাতিৰ সঞ্জীৱনী। ইউৰোপৰ ৰংচং দেখি আজি ভাৰত ভোল গৈছে, নিজকে নিজে ঘিণাইছে; কিন্তু যিবিলাক হিন্দুৱে সংস্কৃত সাহিত্য মথি পূৰ্ব্ব পুৰুষসকলৰ কাম আৰু মহত্বৰ কথা চৰ্চ্চা কৰে, তেওঁলোকৰ শৰীৰৰ শিৰে শিৰে তপত তেজ ববলৈ ধৰে আৰু মন নতুন উছাহেৰে মতলীয়া হৈ উঠে। কিন্তু আজি কালি সকলো বিষয়তে ধনৰ যোগ। যি বিষয়ৰ পৰা ধনলাভ হয়, তাকে সকলোৱে চৰ্চ্চা কৰে। সংস্কৃত টান ভাষা, তাৰপৰা ধন[ ৩ ] লাভো প্ৰায় নহয়, গতিকে অধিক ভাগ হিন্দুৱে নিজৰ পৱিত্ৰ দেৱভাষা অনাদৰ কৰি অৰ্থকৰী ভাষাৰ সেৱক হৈ পৰিছে। সেই মহাপুৰুষসকল ধন্য, যিসকলে এই দিনত সংস্কৃত ভাষা আক সংস্কৃত সাহিত্যৰ উন্নতিৰ নিমিত্তে পুৰুষাৰ্থ কৰে। সেইসকল মহাপুৰুষৰ ভিতৰত স্বৰ্গীয় আনন্দৰাম বৰুৱা অগ্ৰগণ্য। বোধ কৰোঁ কোনো হিন্দুৱে আনন্দৰামৰ দৰে একান্ত মনে সংস্কৃতৰ উন্নতিৰ নিমিত্তে জীৱন উছৰ্গা কৰা নাই। অলপ দিনৰ ভিতৰতে কোনো লোকে আনন্দৰামৰ দৰে সংস্কৃত-সাগৰ মথি অমূল্য ৰত্ন উলিয়াই জগতক মোহিত কৰিব পৰা নাই। তেওঁৰ জীৱন হিন্দু মাত্ৰৰে - বিদ্যানুৰাগী মাত্ৰৰে-চৰ্চ্চা আৰু আদৰৰ বস্তু। আনন্দৰাম ভাৰতৰ আচল বন্ধু। আনন্দৰাম বৰুৱা আসামৰো আচল বন্ধু। আসাম অতি পুৰণি ৰাজ্য; অতিজৰেপৰা আৰ্য্য হিন্দুসকলে এই দেশত বাস কৰিছে। মহাভাৰত, পুৰাণ আদি পুৰণি পুথিত এই দেশৰ নাম পোৱা যায়। বশিষ্ঠ আদি ঋষিয়ে এই দেশত তপস্যা কৰিছিল। আসাম দেৱ-দেৱীৰ মন্দিৰেৰে ভৰা। ইয়াত পৰশুৰাম কুণ্ড আদি তীৰ্থ আছে। ইয়াত কৌণ্ডিল্য, শোণিতপুৰ, কামরূপ, মণিপুুৰ, হিড়িম্বপূৰ, জয়ন্তা আদি কৰি প্ৰাচীন ৰাজ্য আছিল। আসাম পুৰণা ঐতিহাসিক ঘটনাৰে পূৰ্ণ। ইয়াত বহুত ঠাইত পুৰণি নগৰৰ চিন, দেৱালয়ৰ ভগ্নাৱশেষ, শিলৰ মূৰ্ত্তি, শিলৰ ঘৰ আৰু শিলৰ ওপৰত কটা আখৰ আছে। এইবিলাকৰপৰা জানিব পাৰি যে আসাম আগেয়ে এখন সভ্য আৰু উন্নত দেশ আছিল। বিশেষকৈ ইযাত পূৰ্বে সংস্কৃতৰ বৰ চৰ্চ্চা হৈছিল। ইয়াত অনেক অগাধ পণ্ডিতৰ জন্ম হৈছিল। যোগিনীতন্ত্ৰ, ৰত্নমালা ব্যাকৰণ আদি ভালেমান ভাল সংস্কৃত পুথি অসমীয়া পণ্ডিতে লিখিছিল। শঙ্কৰদেৱ আদি কবিয়েও সংস্কৃত ভাঙ্গি অনেক অসমীয়া পুথি কৰিছিল। কিন্তু আসামৰ এতিয়া সেই দিন নাই। শঙ্কৰদেৱ, পুৰুষোত্তম ঠাকুৰ, অনন্ত কন্দলিৰ নিচিনা মহাপুৰুষসকল এতিয়া প্ৰায় নোপজে। অৱশ্যে অকল পুৰণি বস্তুৰেই অসমীয়াই সভ্যতা, আৰু উন্নতিৰ খট্খটিত বৰ আগটীবাঢ়িব নোৱাৰে। আমাৰ পুৰণি সভ্যতা, পুৰণি ভাষা আৰু পুৰণি ভাববিলাক এই কালৰ নিমিত্তে সম্পূৰ্ণ নহয়। আমাক ইংৰাজী সভ্যতা, ইংৰাজী ভাষা আৰু ইংৰাজী ভাবো লাগে। দুইৰো সাৰ সাৰ অংশ বাছি লব পাৰিলেই আমাৰ উন্নতি সম্পূৰ্ণাঙ্গ হব। ন-পুৰণি [ ৪ ] দুইকো মিহলাব লাগে, দুইৰো সামঞ্জস্য হব লাগে; নহলে আমাৰ জাতীয় জীৱনৰ শ্ৰীবৃদ্ধি হব নোৱাৰে; ই বৰ গুৰুতৰ কাম। এই বিষয়ত আমাক আৰ্হি লাগে; পথ দেখাওঁতা - আৰ্হি লাগে। আনন্দৰাম বৰুৱা অসমীয়াৰ আৰ্হি, পথ দেখাওঁতা - নতুন আৰু পুৰণিৰ সামঞ্জস্য লগোৱাৰ জ্বলন্ত দৃষ্টান্ত। অসমীয়াৰ ভিতৰত প্ৰথম বি-এ তেওঁ, - প্ৰথম বিলাতলৈ যাওঁতা তেওঁ, - প্ৰথম চিভিলিয়ান, প্ৰথম বাৰিষ্টৰ, প্ৰথম ডিষ্ট্ৰিক্ট মাজিষ্ট্ৰেট্ তেওঁ, - আজি কালিৰ এক মাথোন অগাধ সংস্কৃত পণ্ডিত তেওঁ, - এক মাথোন প্ৰথম শ্ৰেণীৰ গ্ৰন্থকাৰ তেওঁ। অসমীয়াৰ ভিতৰত যদি কোনোৱে বৰ মন দি কিতাপ পঢ়িবলৈ শিকিছিল, তেওঁ আনন্দৰাম; যদি কোনোৱে একেবাৰেই লক্ষ্মী আৰু সৰস্বতী দুইৰো বৰপুত্ৰ হব পাৰিছে, তেওঁ আনন্দৰাম। যদি কোনো অসমীয়াই জ্ঞান-চৰ্চ্চা আৰু কাম-চৰ্চ্চা দুইতো একেবাৰেই কৃতকাৰ্য্য হব পাৰিছে, তেওঁ কেৱল আনন্দৰাম। এলেহুৱা আৰু নিৰুৎসাহী অসমীয়াৰ মাজত আনন্দৰাম জ্বলন্ত উৎসাহ; অধ্যৱসায় আৰু স্বাধীন ভাৱৰ অৱতাৰ। এজনা মানুহতে ইমান গুণ কোন অসমীয়াৰ আছে? আনন্দৰামৰ আসন লব পাৰে এনে অসমীয়া এতিয়া ক'ত? এন্ধাৰ অসম আকাশত তেওঁ উজ্জ্বল তৰা আছিল। তেওঁৰ কাম, তেওঁৰ উৎসাহ, তেওঁৰ পৰিশ্ৰম, তেওঁৰ আকাঙ্খা, তেওঁৰ মনৰ তেজ - সকলো অসমীয়াৰে অনুকৰণৰ বস্তু। অসমীয়াই তেওঁৰ জীৱন বৰ আদৰ আৰু মনযোগেৰে চৰ্চ্চা কৰিব লগীয়া। চন্দ্ৰত কলঙ্কৰ দৰে আনন্দৰামৰ জীৱনতো যদি অলপ দোষ আছে, তাৰপৰা আমি বহুত উপদেশ পাব পাৰোহঁক। তেওঁ আমাৰ আৰ্হি, - পথ দেখাওঁতা, - জাতীয় যুদ্ধত সেনাপতি। অসমীয়াৰ বল নাই, সাহ নাই, সেনাপতি নাই, পদে পদে পৰাজয়। আসামৰ উন্নতি নাই নে কি? অসমীয়াৰ জাতীয় জীৱন নহব নে কি? অসমীয়াই জাতীয় যুদ্ধ জয় কৰিব নোৱাৰে নে কি? - ভয় নাই, বীৰৰ দৰে তেজ, সাহ আৰু উৎসাহেৰে জাতীয় যুদ্ধলৈ ওলোঁৱা - জাতীয় পতাকা আনন্দেৰে আকাশত উৰাই দিয়াঁ। তাত ডাঙ্গৰ ডাঙ্গৰ সোনোৱালি আখৰেৰে লিখি লোৱাঁ; - "আনন্দৰাম বৰুৱা, ভয় নাই, যুদ্ধ জয় হব। " জীয়াই থাঁকোতে তেওঁ যি ৰণ জিকিব নোৱাৰিলে, সেই ৰণ আজি তেওঁৰ দৃষ্টান্তই জয় কৰোক! [ ৫ ] সকলো প্ৰকাৰ উপদেশতকৈ জীৱনৰ দৃষ্টান্ত বেছি কাৰ্য্যকাৰক। সৎকাম কৰিবলৈ, ধৰমত চলিবলৈ, দেশৰ নিমিত্তে জীৱন দিবলৈ, উপদেশ দি কিতাপ লিখা বা দীঘল দীঘল বক্তৃতা দিয়া বৰ সহজ কাম। কিন্তু সেইবিলাক উপদেশ মতে কাম কৰা বৰ টান। এই কাৰণে মূখৰ উপদেশ মানুহে বৰকৈ নেমানে আৰু নানা প্ৰকাৰ ওজৰ উলিয়াই সেইমতে কাম কৰিবলৈকো বৰ যতন নকৰে। কিন্তু মানুহে বাস্তৱতে যি কাম এবাৰ কৰিছে, সেই কাম টান হলেও অসাধ্য বুলি ওজৰ কৰিবলৈ বাট নেথাকে। মানুহৰ জীৱনৰ আৰ্হি অব্যৰ্থ-বীজ - সি সকলো ঠাইতে গজে। আৰ্হি-জীৱনৰ আৰ্হি নলৈ মানুহে নোৱাৰে। তুমি যদি মুখেৰে আনক এক প্ৰকাৰে কাম কৰিবলৈ উপদেশ দিয়া কিন্তু নিজে আন প্ৰকাৰে কৰা, তেন্তে তোমাৰ কৰা কামহে মানুহে অনুকৰণ কৰিব। সকলো দেশ আৰু সকলো কালৰ ঘটনাবিলাক প্ৰায় একে। ইতিহাস আৰু জীবন- চৰিত ঘুৰিব লাগিছে। সেই দুখ, সেই সুখ, সেই উন্নতি, সেই অৱনতি, সেই যুদ্ধ, সেই শান্তি, সেই ৰোগ, সেই শোক, সেই পাপ-তাপ, সেই সম্পদ-বিপদ - সকলো ঠাইতে সকলো কালতে ৰথৰ ঘিলাৰ দৰে ঘুৰিবই লাগিছে। এই ঘটনাচক্ৰৰ আৱৰ্ত্তবিলাক জলন্ত দৃষ্টান্ত, - অব্যৰ্থ উপদেশ। ঘটনাৰ পৰা ৰজা, প্ৰজা সকলোৱ উপদেশ পাব পাৰে। মেটচিনিৰ মহৎ জীৱনৰ আৰ্হি কোন জাতিয়ে নলৈ থাকিব? যিশুখ্ৰীষ্টই যি কাম নিজে সাধন কৰিব নোৱাৰিলে, তেওঁৰ জীৱনৰ দৃষ্টান্তই সেই কাম সাধন কৰাইছে। তেওঁ নিজৰ গুণতে আজি ধৰ্ম্মজগতৰ এজন প্ৰতাপী ৰজা। সেই দৰে বুদ্ধ, নানক, চৈতন্য আপোন আপোন জীৱনৰ আৰ্হিৰ দ্বাৰাই জগতৰ শিক্ষাগুৰু। সজ জীৱনৰ দৃষ্টান্ত উন্নতিৰ মূল-মন্ত্ৰ। জগতৰ উপকাৰৰ নিমিত্তে সকলো ডাঙ্গৰ মামুহৰে জীৱন-চৰিত লিখি ৰখা আৱশ্যক। এটি ডাঙ্গৰ জীৱনৰ কথা হেৰালে জগতৰ পূৰাব নোৱৰা ক্ষতি হয়। ভাৰতবৰ্ষ মহাৰত্নৰ জন্মভূমি। ব্যাস, বশিষ্ঠ, শুকদেব আদি ভাৰতবৰ্ষত কত কত মহাৰত্ন উদ্ভৱ হৈছে; কিন্তু দুখৰ কথা, সেইসকলৰ বিশেষ বিৱৰণ একো নাই। ভগৱান মনুৰ জীৱন-চৰিত, ব্যাস বাল্মীকিৰ জীৱন-চৰিত কালিদাস ভৱভূতিৰ জীবন-চৰিত কি অমূল্য বস্তু হলহেঁতেন। ভাৰতৰ মহাপুৰুষসকলৰ আচল জীৱন-চৰিত নথকাত জগতৰ মহা ক্ষতি হৈছে। [ ৬ ] আমাৰ আসামতো অনেক মহাপুকদৰ উদ্ভৱ হৈছিল, কিন্তু সেইসকলৰ জীৱন-চৰিত প্ৰায়েই নাই। অনন্তকন্দলি, পুৰুষোত্তম ঠাকুৰ আদিৰ জীৱন- চৰিত নথকা বৰ দুৰ্ভাগ্যৰ কথা। আমাৰ ভাষাত যিবিলাক চৰিত্ৰ আৰু বংশাৱলী আছে, সেইবিলাকতো বহুত ভাঁজ আৰু ৰংচং আছে। আমাৰ বুৰঞ্জীৰো প্ৰায় সেয়ে গতি; ইংৰাজ জাতিৰ যেনে সম্পূৰ্ণ জীবন-চৰিত আৰু বুৰঞ্জী আছে,তেনে বোধকৰোঁ কাৰো নাই। ইংৰাজৰ আৰ্হি লৈ আমিও জীৱন-চৰিত লিখিবলৈ আৰু পঢ়িবলৈ ধৰিব লাগে॥ মানুহ মাত্ৰৰে অলপ বা অধিক দোষ থাকে,-সম্পূৰ্ণ মানুহ কোনো নাই। কোনো মানুহৰ ভালেমান সজগুণ থাকিলেই বা তেওঁ কিছুমান ভাল কাম কৰিলেই তেওঁৰ জীৱন-চৰিত লিখা হব পাৰে। বৰ ডাঙ্গৰ মানুহৰ আৰ্হি অতি অলপ মানুহেহে লব পাৰে। সেই কাৰণে মজলীয়া মানুহৰো জীৱন-চৰিত থাকিৰ আৰু পঢ়িব লাগে। বিদেশী মানুহৰ জীৱন-চৰিততকৈ অসমীয়া মানুহৰ জীৱন-চৰিত অসমীয়াৰ পক্ষে বৰ লাগতীয়াল। অসমীয়াৰ আৰ্হি অসমীয়াই বেগেতে লব পাৰে। অসমৰ উন্নতিৰ নিমিত্তে কিছুমান অসমীয়া ডাঙ্গৰ মানুহৰ জীৱন-চৰিত প্ৰকাশ কৰা আৱশ্যক হৈছে। সেই কাৰণেই আনন্দৰাম বৰুৱাৰ জীবন-চৰিত অসমীয়াৰ পক্ষে বিশেষ লাগতীয়াল। কৃতজ্ঞতা মানুহৰ ৰৰ সজগুণ। হিন্দু বৰ কৃতজ্ঞ জাতি। পিতৃ মাতৃ মানুহৰ বৰ উপকাৰী। পিতৃ মাতৃ জীয়াই থাকোঁতে হিন্দুৱে তেওঁলোকক সাক্ষাৎ দেৱতা যেন দেখে। আৰু মৰিলেও দহা-কাজ কৰিয়েই ক্ষান্ত নহয়; তেও লোকৰ উপকাৰৰ সোৱঁৰণিৰ বা নিজৰ কৃতজ্ঞতাৰ চিন স্বৰূপে বছৰি বছৰি কৰম কৰে। পিতৃ-মাতৃৰ দৰে আমি কিছুমান দেশৰ হিতকাৰী মহাপুৰুষ- লৈকো কৃতজ্ঞ হব লাগে। এই নিমিত্তেই আমি বছৰে বছৰে জন্মাষ্টমী, শঙ্কৰদেৱৰ তিথি আদি কৰোহঁক। ঘেনে ধৰ্ম্ম বিষয়ত, সেই দৰে আন বিষয়তো আমাৰ বৰ হিতকাৰী মানুহ আছে। সেইসকলৰ প্ৰতিও আমি কোনো প্ৰকাৰে কৃতজ্ঞতা প্ৰকাশ কৰিব বা তেওঁলোকৰ সোৱৰঁণি ৰাখিব পাওঁহঁক। জীৱন-চৰিতেই জীৱনৰ সকালোতকৈ ঘাই সোৱঁৰণি আক কৃত-জ্ঞতা প্ৰকাশৰ ঘাই উপায়। আনন্দৰামৰ প্ৰতিও অসমীয়া জাতি কৃতজ্ঞ হব লাগে। আৰু তেওৰ সোৱঁৰণিৰ নিমিত্তে তেওঁৰ জীবন-চৰিত প্ৰকাশ। [ ৭ ] কৰা আৰু পঢ়াও আৱশ্যক। যি অশলাগী, যি গুণৰ আদৰ নুবুজে, সি বৰ অধম। পিতৃ-মাতৃৰ বেয়া পুত্ৰলৈকে। মৰম লাগে; গুণী হলে মৰম-বেথাৰ সীমাই নাই। আনন্দৰাম অসামৰ বৰ মৰম বেথাৰ পুত্ৰ। তেওঁ আমাৰ আপোন। তেওঁক আমি মৰমতে এৰিব নোৱাৰে। অসমীয়াৰ ভিতৰত আজিলৈকে সেই এজনা মাথোন ডাঙ্গৰ মানুহ হৈছিল, তেওঁকো আমি অকালতে হেৰুৱালোঁ। তেওঁৰ নামটিও অকালতে নুমাব নে কি? তেওঁক আমি পাহৰিব লাগে নে কি? তেওঁৰ মহৎ জীৱনৰ দৃষ্টান্তই অসমীয়াৰ ভিতৰত আৰু আনন্দৰাম স্ৰজিব নোৱাৰে নে কি? অলপ দকৈ গমি চালে ফটফটীয়াকৈ দেখিবলৈ পোৱা যায় যে, এই সৃষ্টি-খনৰ মূলতে যুদ্ধ। ঈশ্বৰৰ সৃষ্টিৰ প্ৰণালীয়েই হৈছে সংগ্ৰাম! বালি-চাহীৰপৰা গজ-হস্তীলৈকে যতবিলাক প্ৰাণী আছে, সকলোবিলাকে প্ৰতিদিনে প্ৰতি মুহুৰ্তে দোৰ্ঘোৰ সংগ্ৰাম কৰি শত্ৰুক বিনাশি নিজক ৰক্ষা কৰিব লাগিছে। যি যুজত হাৰিছে সিয়েই ধ্বংশ হৈ যাব লাগিছে, আৰু যি জয়ী হৈছে সিয়েই টিকি আহিবলৈ ধৰিছে। সৃষ্টিৰ গুৰিতে কটাকটি মৰামৰি। এটা প্ৰাণী জীয়া মানে আন এটা মৰা। যি আহাৰ আমাৰ প্ৰাণৰক্ষাৰ প্ৰধান উপায়, সেই আহাৰেই হৈছে এটা প্ৰাণীৰ বিনাশ আৰু এটা প্ৰাণীৰ শৰীৰৰক্ষা। মাছ মোৰ আহাৰ মানেই মাছৰ মৰণ মোৰ জীৱন। পোক পৰুৱা মাছৰ আহাৰ মানেই পোক পৰুৱাৰ বিনাশ আৰু মাছৰ বিকাশ। ডাঙ্গৰ বলী পোকৰ সৰু নিৰ্ব্বলী পোক আহাৰ বুলিলেই বুজিব লাগে বলী পোকটো জীবলৈ নিৰ্ব্বলী পোক এটাই প্ৰাণ দিব লাগিব। ******* [ ৮ ] জীৱন-যুজত জয়ী হৈ থকা কালটোৱেই আমাৰ জীৱনৰ কাল। যেতিয়া এই যুজত হৰা যায়, তেতিয়াই আমাৰ মৰণ। এই তুমুল যুদ্ধ আমাৰ শৰীৰৰ ভিতৰতে দুদল পৰাক্ৰমী যুজাৰুৰ ভিতৰত দিনে ৰাতিয়ে অবিশ্ৰাম হব লাগিছে। তাহানি কুৰুক্ষেত্ৰৰ মহাযুদ্ধ সঞ্জয়ে দিব্যচক্ষুৰ সাহায্যেৰে দেখি কণা ধৃতৰাষ্ট্ৰ ৰজাৰ আগত দাড়ৰ বাতৰি দাঁড়ে কৈ আছিল; আজি কালিও সহস্ৰ সহস্ৰ কুৰুক্ষেত্ৰ যুজতকৈ ডাঙ্গৰ, আমাৰ শৰীৰৰ ভিতৰৰ মহা মহা সংগ্ৰাম দিব্যচক্ষুৰ সাহায্যেৰে বৈজ্ঞানিক পণ্ডিত-সঞ্জয়সকলে দেখি দাঁড়ৰ বাতৰি দাঁড়ে আমি কণা ধৃতৰাষ্ট্ৰবিলাকক পৰিপাটিকৈ কব লাগিছে। দূৰবীণ আৰু অণুবীণকে (দূৰবীক্ষণ আৰু অণুবীক্ষণ) আমি কলিকালৰ দিব্যচক্ষু বুলিছোঁ। চৰ্মচক্ষুৰে দেখিবলৈ নোপোৱা পদাৰ্থবিলাক এই দিব্যচক্ষুৱে দেখুৱাই দিয়ে। লক্ষ লক্ষ যোজনৰ অন্তৰত থকা গ্ৰহ উপগ্ৰহ আৰু সেইবোৰৰ আকৃতি প্ৰকৃতি আদি ঈশ্বৰে-দিয়া এই যোৰ চকুৰে তুমি নেদেখা, এই দুটা চকু থাকিও ইমান দূৰৰ এইবিলাক বস্তুৰ সম্পৰ্কে তুমি কণা ধৃতৰাষ্ট্ৰ; কিন্তু কলিৰ ইউৰোপীয় ঋষিসকলে জ্ঞানতপস্যাত পোৱা দিব্যচক্ষু দূৰবীণ লোঁৱা, দেখিবা সেইবিলাক পদাৰ্থ ফট্ফট্ কৰে তোমাৰ চকুত পৰিছে। ৰামায়ণত কুম্ভকৰ্ণই পালে পালে জাকে জাকে হাতী, গৰু, মহ, গাহৰি, ছাগলী, ভালুক, বান্দৰ জীয়াই জীয়াই গিলা, আকৌ সেই বিলাক জীয়াই জীয়াই নাকৰ বিন্ধাই কাণৰ বিন্ধাই জাকে জাকে ওলাই অহা শুনি আমি হাঁহি সামৰিব নোৱাৰে, কিন্তু কলে কোনোবাই হঠাৎ পতিয়াবনে যে আমি সকলোৱেই সঁচাচিকৈয়েই কুম্ভকৰ্ণৰ আজো ককাক। কলে আচৰিত হবা, কুম্ভকৰ্ণৰ নাকে কাণে মুখে সেই জন্তবোৰ সোমাওঁতে কুম্ভকৰ্ণই যি হওক গম পাইছিল আৰু নাকৰ কাণৰ বিন্ধাত সুৰ সুৰসাৰসাৰ, কৰিছিল, কিন্তু আমি আজোককাকহঁতে প্ৰতি মুহূৰ্ততে লাখে লাখে অৰ্বুদে অৰ্বুদে সেইবিলাকতকৈও ভয়ানক জন্তু গিলিব লাগিছো, আৰু সেইবোৰ আমাৰ নাকৰ কাণৰ বিন্ধাই দি জাকে জাকে ওলাব লাগিছে সোমাব লাগিছে, তেও আমাৰ গমেই নাই। আমি কুম্ভকৰ্ণৰ আজো-ককাক নহওঁ কি? তুমি খাবলৈ লোৱা (নেছেকা পানীৰ কথা নকওঁয়েই) ছেকা পানী বাটিৰপৰা, সৰহ নেলাগে, এটোপা পানী আনি অণুবীণেৰে চোঁৱাচোন [ ৯ ] কি দেখা? দেখিবা, কি বিকটাকাৰ ভয়ানক জন্তুবিলাক ভূমি পানীৰে সৈতে খাবলৈ লৈছা! আকৌ সেই জন্তুবিলাকৰ ভিতৰতে কি ভয়ানক মৰাকটা থোৱাখুই হব লাগিছে চোৱাঁচোন; ডাঙ্গৰটোৱে সৰুটোক গিলিছে, সৰুটোৱে আকৌ তাতকৈ সৰুটোক গিলিছে আৰু সেই বাবেই সিহঁতৰ ভিতৰত কি ভীষণ সংগ্ৰাম হব লাগিছে! পুৰাণত লিখা আছে, জড়ভৰতে খোজত পৰুৱা মৰে বুলি মাটিত ভৰি দিবলৈ ঠাই নেপাই ডেও দি দি ফুৰিছিল; এতিয়াও আমি বেছকৈ কব পাৰোঁ যে অণুবীক্ষণ এটা লৈ নিৰামহীয়া খোৱা- সকলক তেওবিলাকে খাবলৈ লোৱা পানী পৰীক্ষা কৰি দেখুৱাই দিব লাগে, তেওঁবিলাকে খাবলৈ পানী বিচাৰি নেপাব। অকল পানী কিয়, বতাহৰ লগত উশাহ নিশাহৰ লগত আমাৰ পেটলৈ ইমান জন্তু যায় যে, একেবেলিয়েই উশাহ লবলৈ নেৰিলে আৰু উপায় নাই। বৈজ্ঞানিক পণ্ডিতসকলে অণুবীক্ষণ যন্ত্ৰেৰে পৰীক্ষা কৰি এই তত্ব উলিয়াইছে যে, আমাৰ জীৱনটো আমাৰ দেহৰ ভিতৰৰ দুদল যুজাৰু সৈন্যৰ হৰা জিকাৰ ওপৰত নিৰ্ভৰ কৰিছে। তেওঁবিলাকে কয় যে, আমাৰ তেজৰ বৰণ ঘদিও ৰঙ্গা যেন দেখি, বাস্তবিক পক্ষতে ৰঙ্গা নহয় বগা। অলেখ ক্ষুদ্ৰাতি-ক্ষুদ্ৰ ৰঙ্গা পৰমাণু বগা তেজৰ ওপৰত ওপঙ্গি ফুৰে দেখিহে আমি তাক ৰঙ্গা দেখোঁ। এই পৰমাণুবোৰ জড় পদাৰ্থ নহয়, চেতনা থকা জীৱাণু। এই পৰমাণুবিলাক বৰ পৰাক্ৰমী আৰু যুদ্ধবিদ্যাবিশাৰদ। ইহঁত অস্ত্ৰ-শস্ত্ৰ লৈ দিনে-ৰাতিয়ে যুজৰ নিমিত্তে সাজু থাকে। ইহঁতক ইংৰাজীত 'ফেগচাইত' বোলে। ইহঁতে আমাৰ জীৱনটো ৰক্ষা কৰিবৰ নিমিত্তে অবিশ্ৰাম আমাৰ দেহ-দুৰ্গৰ চাৰিওফালে পহৰা দি থাকে। আমাৰ জীৱনৰ বৈৰী আৰু এদল জীৱাণু আছেসিহতৰ নাম 'মাইক্ৰোব'; এই হিংসক খলবিলাকে আমাক কেনেকৈ বিনাশ কৰিব তাৰে সদাই চেলু চাই থাকে। কিন্তু আমাৰ হিতা কাঙ্খী পৰমবন্ধু সিদল জীৱাণুৰ প্ৰতাপত সফল-মনোৰথ হব নোৱাৰে। আমাৰ দেহ-দুৰ্গৰ কোনো এঠাইত এই দলে আহি আক্ৰমণ কৰিলেই সিদল আহি ইহঁতে সৈতে তয়াময়া যুদ্ধ পাতি দিয়েছি। আমাৰ ফলীয়াবিলাক জিকিলেই আমাৰ ৰক্ষা আমাৰ ৰাজ্য ৰক্ষা, হাৰিলেই আমাৰ পতন, ৰাজ্যৰো পতন। আমাৰ শৰীৰ সুস্থ আৰু সবল থাকিলে আমাৰ বন্ধু জীবাণুবিলাকো [ ১০ ] সবল আৰু পৰাক্ৰমী হৈ থাকে, কোনো কাৰণত আমাৰ শৰীৰ দুৰ্ব্বল হলে সিহঁতো কিছু পৰিমাণে দুৰ্বল হৈ যায়; এনে সুবিধা সময়ত আমাৰ বৈৰী জীৱাণুবিলাকে আক্ৰমণ কৰি মিত্ৰ দলক হৰুৱাই আমাক নানা উৎকট ৰোগত পেলায়; আৰু অৱশেষত সিহঁতৰ বল অতিশয় বৃদ্ধি হলে আমাৰ বন্ধুবিলাকে আৰু আমাক ৰাখিব নোৱাৰি আমাৰ লগতে আপোন প্ৰাণো বিসৰ্জন দিয়ে। আমাৰ বন্ধু জীৱাণুবিলাকৰ বাসস্থান আমাৰ তেজ, আৰু শত্ৰুবোৰৰ বাসস্থান আমাৰ শৰীৰৰ চাৰিও ফালৰ বায়ু। শক্ৰ জীবাণুবিলাকে আক্ৰমণ কৰিবৰ কালত এটা এটাকৈ আহি আক্ৰমণ নকৰে, কোটীয়ে কোটীয়ে অৰ্ব্বুদে অৰ্ব্বুদে আহি ঠাই জুৰি পৰি লাগেহি। শৰীৰৰ যে কোনো অংশ গেলে বা পচে তাৰ কাৰণ এই শক্ৰ জীৱাণুবিলাকেই; ইহঁতে খাই খায়েই তেনে কৰে। জীৱনযুদ্ধৰ বিষয়ে কবলগীয়া ইমানবিলাক কথা আছে যে, তাক এই পুত্ৰ প্ৰৱন্ধত কবলৈ চেষ্টা কৰা বৃথা। এই প্ৰৱন্ধত কথাটো নামমাত্ৰ ছোৱা হৈছে মাথোন। মামুহ আৰু পশুবিলাকৰ ভিতৰত এটা বৰ ডাঙ্গৰ প্ৰভেদ এই যে, মানুহ উন্নতিশীল জীব, কিন্তু পশুবোৰ তেনে নহয়। এই। প্ৰভেদৰ বাবেই মানুহ যিমান অসভ্য হওক, পশুবিলাকতকৈ বহুত গুণে শ্ৰেষ্ঠ। চৰায়ে তাৰ বাহ মাজে, বিবৰে তাৰ গঁৰাল সাজে, মৌ-বৰলে সিহঁতৰ চাক বান্ধে; চৰাইৰ বাহ, বিবৰৰ গঁৰাল, মৌ-বৰলৰ চাক, আদিৰে পৰা একে নিয়মে সজা হৈ আহিছে। এহেজাৰ বছৰৰ আগেয়ে কাউৰীয়ে যেনেকৈ বাহ সাজিছিল, এতিয়াও সেই দৰেই সাজিছে, কিন্তু এশ বছৰৰ আগেয়ে মানুহে যেনেকৈ ঘৰ সাজিছিল, এতিয়া তেনেকৈ নেসাজে। চৰাইৰ বাহ, বিবৰৰ গঁৰাল, আৰু মৌ বৰলৰ চাকৰ, কালৰ গতিত একো উন্নতি নহৈ আদিম অৱস্থাতে আছে; কিন্তু যি মানুহে প্ৰথমে আদিম অৱস্থাত বাহপাতৰ পঁজা ঘৰ সাজিছিল, সিহঁতৰ সন্ততি [ ১১ ] বোৰে আজি কালি প্ৰকাণ্ড অট্টালিকা সাজিছে। ইয়াৰ দ্বাৰাই বুজা যায় মানৱজাতি উন্নতিশীল, কিন্তু পণ্ডবিলাকৰ উন্নতি নাই। স্বভাৱৰ পৰা যিবিলাক শক্তি পাইছে,তাৰ লগে লগে নিজ বুদ্ধিৰ বলত আন আন বহুত উপায় উলিয়াই মানুহ আন জীৱবোৰতকৈ শ্ৰেষ্ঠ হৈছে। কোনো জন্তুৱে মানুহৰ নিচিনাকৈ কাপোৰ বৈ পিন্ধিব পৰা নাই, খাদ্য ৰান্ধি খাব জনা নাই, আন আন জন্তু পুহিব জনা নাই। কিন্তু মানুহ এনেকুৱা বহুত জীৱনোপায় উলিযাই জগতত সভ্য হৈছে। যিবিলাকে যিমান সৰহকৈ এনেকুৱা স্বাধীন উপায় উলিয়াব পাৰিছে, সিহঁত সিমান সভ্য হৈছে। যেয়ে পৰা নাই, সেয়ে সিমান অসভ্য আৰু বৰ্ব্বৰ হৈ আছে। মানুহৰ মাজত সভ্যতাৰ তাৰতম্যৰ মূল এয়ে। এই প্ৰভেদৰ কাৰণেই কোনোৱে গছৰ ছাল পিন্ধিছে, কোনোৱে মলমল পিন্ধিছে, কোনোৱে বাঁহৰ চুঙাত পানী খাইছে, কোনোৱে সোণ-ৰূপৰ পাত্ৰত আহাৰ কৰিছে, কোনোৱে টিঙিৰি ব্যৱহাৰ কৰিছে, কোনোৱে 'দেছলাই' ব্যৱহাৰ কৰিছে; কোনোৱে কলগছৰ ভুৰ বান্ধি নৈ পাৰ হৈছে, কোনোৱে ভাপনাৱেৰে সাগৰৰ ওপৰেদি অহা-যোৱা কৰিছে। স্বাধীন উপায়বিলাক উলিয়াব পৰা শক্তি, মানুহৰ প্ৰকৃতিগত বা স্বভাৱৰপৰা পোৱা নহয়। কাৰণ যি জাতি একেবাৰে অসভ্য, পাঁচ শ বছৰৰ পাচত হয়তো দেখিব, সেই জাতি সভ্যতাৰ বহুত ওপৰলৈ উঠিছে। বহিৰ্জগতৰ কাৰ্য্যৰ ফলত এনেকুৱা প্ৰভেদ হোৱা নাই। কাৰণ যি ঠাইত আগেয়ে অসভ্যই বাস কৰিছিল, সেই ঠাই পাচত এক সভ্য জাতিৰ থকা ঠাই হৈছে, আকৌ যি দেশ আগেয়ে সভ্যতাৰ আদি ঠাই আছিল, সেই দেশ পাচত অসভ্য মানুহৰ বাসস্থান হৈছে। তেনেহলে মানুহৰ সভ্যতাৰ উন্নতিৰ ঘাই নিয়ম কি? কি কাৰণে বেলেগ বেলেগ জাতিবোৰে সভ্যতাৰ বেলেগ বেলেগ থোপত উঠিব পাৰিছে? পাশ্চাত্য পণ্ডিতসকলৰ বহুতে কয়, প্ৰাণীজগতৰ ক্ৰমিক অভিব্যক্তি যি নিয়ম, সেই নিয়মেই মানৱজাতিৰ সভ্যতাতো খাটিছে। যোগ্যৰ উন্নতি, অযোগ্যৰ অধঃপাত, পূৰ্ব্বপুৰুষৰ গুণ বা বিশেষত্বৰ অধিকাৰ প্ৰভৃতি ডাঙ্গৰ ডাঙ্গৰ নিয়ম বোৰৰ দ্বাৰাই পৃথিৱীৰ জাতিবিলাক অসভ্য অৱস্থাৰ পৰা সভ্য অৱস্থালৈ উঠিছে। অভিব্যক্তিবাদীবিলাকে কয়, জীৱন ৰক্ষাৰ নিমিত্তে হোৱা যুজলৈ সাজু হবৰ কাৰণে মানুহে নানা উপায় কৌশল উদ্ভাৱন কৰে; সেইবিলাক [ ১২ ] অৰ্জা উপায় আৰু কৌশল এক পুৰুষৰ পৰা আন পুৰুষে অধিকাৰ কৰে, আৰু জাতিৰ চৰিত্ৰত সেইবোৰ শক্তি গোত খাই ৰয়। এই দৰে যি জাতিয়েই সুবিধাজনক নানা উপায় বা কৌশল উলিয়াই পাচলৈও সাঁচি থৈ গৈছে, সেই জাতিৰেই উন্নতি হৈছে; সেই জাতিয়েই সভ্য বুলি জগতত গণ্য হৈছে। যিবিলাকে এই জীৱন ৰক্ষাৰ যুজত যোগ্যতা দেখুৱাব পৰা নাই সেইবিলাকেই প্ৰাকৃতিক নিয়মানুসাৰে পিচলৈ হুঁহকিছে। সেইবিলাক জাতিয়েই অসভ্য বুলি পৃথিবীত গণ্য হৈছে। এই মতানুসাৰে মানুহে যুদ্ধ-বিগ্ৰহ, অত্যাচাৰ, কুসংস্কাৰ, দুৰ্ভিক্ষ প্ৰভৃতিৰ মাজে দি গৈ উন্নতিৰ জখলাত ভৰি দিব পাৰিছে। যিবিলাক মানুহে এইবিলাক অসুবিধা অতিক্ৰম কৰিব পৰা নাই, সিহঁতৰ উন্নতিত বহুত প্ৰতিবন্ধক হৈছে। এই নিয়ম যদি সঁচাসঁচিকৈয়ে মানৱজাতিৰ ক্ৰমোন্নতিত খাটিছে, তেনেহলে মানৱজাতিৰ অৱনতি হবৰ প্ৰায় আশঙ্কা নাই। কাৰণ প্ৰাকৃতিক নিৰ্ব্বাচন প্ৰভৃতি অভিব্যক্তিৰ নিয়মবোৰৰ দ্বাৰাই সমাজৰ অৱনতিজনক অঙ্গবিলাক লোপ পাই, সমাজ কেৱল উন্নতিৰ বাটেৰেহে যাব। কিন্তু এইটি সাধাৰণ নিয়ম নে? এই প্ৰশ্নৰ উত্তৰত 'আমি কওঁ নহয়। জগতৰ বুৰঞ্জী মেলি চোঁৱা, আধুনিক সময়ৰ জাতিবোৰৰ সভ্যতাৰ অৱস্থালৈ এবাৰ মন কৰি চোৱা, দেখিবা অভিব্যক্তিৰ নিয়ম অনুসাৰে উন্নতি নহৈ, বহুত জাতিৰ সভ্যতাৰ অৱস্থাই লৰচৰ কৰিব নোৱাৰা হৈ আছে। এইবিলাক জাতিৰ সভ্যতাৰ প্ৰাণ নাই, সেই নিমিত্তে সি বাঢ়িব নোৱাৰে। অভিব্যক্তিবাদীবোৰৰ মতে সভ্য জাতিয়ে বহুদিনৰ ক্ৰমোন্নতিৰ মূৰত সভ্য অৱস্থাত উপস্থিত হৈছে। অসভ্য জাতিৰ কেতিয়াও এনেকুৱা ক্ৰমোন্নতি হোৱা নাই, সেই দেখি অসভ্য অৱস্থা গুচা নাই। কিন্তু সেই বুলি ইংৰাজ জাতিক আমি আগৰেপৰা উন্নতিৰ বাটেৰে অহা পুৰণি জাতি আৰু হিন্দু, চীন, গ্ৰীক, ৰোমাণ প্ৰভৃতি জাতিক কোনো কালে উন্নতিৰ বাটত ভৰি নিদিয়া আদিম অৱস্থাৰ জাতি বুলিম নে? বুৰঞ্জীয়ে কয়, যি সময়ত পুৰণি হিন্দুবিলাক, চীনবিলাক, গ্ৰীকবিলাক, ৰোমাণবিলাক, মিশৰীয়বিলাক ডাঙ্গৰ ডাঙ্গৰ বৈজ্ঞানিক আৰু দাৰ্শনিক প্ৰশ্নবিলাকৰ সিদ্ধান্ত বিচৰাত নিযুক্ত আছিল, যি সময়ত সেই সেই জাতিবিলাকে কৃষি, বাণিজ্য, শিল্প প্ৰভৃতিৰ [ ১৩ ] উন্নতি কৰিছিল, যি সময়ত আৰ্যাৱৰ্ত্তত পৰাক্ৰমী হিন্দু ৰজাবিলাকে অসংখ্য ডাঙ্গৰ ডাঙ্গৰ নগৰ ৰাজ্য পাতিছিল, চীনবিলাকে প্ৰকাণ্ড গড়েৰে গোটেইখন চীন দেশ বেঢ়ি পেলাইছিল, মিশৰত পিৰামীড সজা হৈছিল, বেবিলনৰ নাম গোটেই এছিয়াত বিখ্যাত হৈ উঠিছিল, এথেন্স্, থিবচ্, মৰ্ম্মৰ শিলৰ মূৰ্তি আৰু অট্টালিকাৰে পৰিপূৰ্ণ আছিল, টাইবৰৰ পাৰত পৰাক্ৰমী ৰোমাণবিলাকৰ ৰাজধানী ইউৰূপৰ শ্ৰেষ্ঠ মানুহবিলাকৰ ৰাজধানী থকা ঠাই হৈ উঠিছিল, সেই সময়ত আধুনিক সভ্য জাতি ইংৰাজ, জাৰ্মাণ, ফৰাচী, মাৰ্কিণ প্ৰভৃতিৰ পূৰ্ব্বপুৰুষবিলাকে হাবিত বাঁহপাতৰ ঘৰ সাজি বাস কৰিছিল, গছৰ ছাল পিন্ধিছিল, আৰু শিল, গছৰ পূজা কৰিছিল। অভিব্যক্তিৰ মতে যদি উন্নতিৰ বাটত উঠা জাতিৰ প্ৰাকৃতিক নিয়মানুসাৰে ক্ৰমিক উন্নতিত বাজে অৱনতি নহয়, তেনেহলে হিন্দু, চীন, মিশৰীয়, গ্ৰীক আৰু ৰোমাণ সভ্যতাৰ আধুনিক অৱস্থা এনে কিয়? অভিব্যক্তিবাদীবিলাকে ইয়াৰ ভাল উত্তৰ দিব নোৱাৰে। আৰু আন এদল মানুহে কয়, যে মানুহসমাজৰ সৃষ্টি হবৰ পাচত, সেই সমাজৰ কিছুমান নিয়ম গঢ়া হয়, কালক্ৰমত সেই নিয়মবিলাক সমাজৰ গাত ইমান দকৈ পোত খায়, যে সিহঁতক সমাজৰ শৰীৰৰপৰা বাজ কৰা বৰ টান হৈ উঠে। সমাজে সেই অনাৱশ্যকীয় অথচ এৰিব নোৱাৰা নিয়মবিলাকৰ বাবে নতুন লাগতীয়াল সমাজৰ হিতকৰ নিয়ম নকৈ সুমুৱাই লব নোৱাৰে, সেই দেখি সমাজৰ সত্যতাৰ উন্নতিৰ বাট বন্ধ হয়, সেই সভ্যতাৰ প্ৰাণ নোহাৱা হয়। ভাবি চালে ঘাইকৈ ভাৰতবৰ্ষতে এই নিয়মটি সুন্দৰকৈ খাটিছে যেন অনুমান হয়। হিন্দু সমাজৰ কিছুমান পুৰণি নিৰ্জীৱ কুটিল নিয়ম ডিঙ্গিত বান্ধি লৈ আধুনিক সময়ৰ হিন্দুবিলাকে সমাজক নতুন আৰু আৱশ্যকীয় সাজ পিন্ধা পৰা নাই। সেই পুৰণি নিয়মবোৰ যিমান পুৰণি হৈছে সিমান সিহঁত মেৰপাক থাই ধৰা কুসংস্কাৰ হৈ সমাজৰ মানুহৰ মনক ঢাকি তাত ন পোহৰ ন উছাহ একোকে ঠুটিয়াব নোৱাৰা কৰিছে। কিন্তু যদিও হিন্দু সমাজৰ এনেকুৱা সঙ্কীৰ্ণ আৰু ৰক্ষণশীল অৱস্থা হৈছে, তথাপি তাত নতুন নতুন সংস্কাৰ নোসোমোৱাকৈ থকা নাই। হিন্দুৰাজ্য শেষ হবৰপৰাই নানা বিদেশী জাতিয়ে আহি ভাৰতবৰ্ষ আক্ৰমণ কৰিছে। কোনোৱে আকৌ [ ১৪ ] নতুন ৰাজ্য পাতি ভাৰতবৰ্ষতে ৰাজত্ব কৰিছে। অতি প্ৰাচীন কালৰপৰা ভাৰতত বিদেশীৰ প্ৰভুত্ব চলি আহিছে। ইমান দিন বিদেশীৰ প্ৰভুত্বৰ বলত যে হিন্দু সমাজৰ অলপো গঢ়-গতি লৰা নাই এনে নহয়। ৰাজনৈতিক বিপ্লৱবোৰৰ লগে লগে একোটা ভয়ানক সামাজিক বিপ্লৱ হৈ উঠে; তাতে সমাজৰ বহুত লৰচৰ হয়। তাৰ ওপৰত আকৌ ভাৰতবৰ্ষৰ ভিতৰতে নানা নতুন ধৰ্মৰ সৃষ্টি হৈ দেশত বহুত ধৰ্মবিপ্লৱ হৈছে। সেই ধৰ্ম্মবিপ্লৱবোৰৰ আনুসঙ্গিক সমাজৰ লৰচৰো বহুত হৈছে। হিন্দু সমাজক ইমান ৰক্ষণশীল প্ৰকৃতি নোহোৱা হলে ভাৰতবৰ্ষত যিমান ৰাজবিপ্লৱ আৰু ধৰ্ম্মবিপ্লৱ হৈছে, এই বোৰৰ দ্বাৰাই ইমান দিনে হিন্দু সমাজৰ গঢ় যে একেবাৰেই লৰিলহেঁতেন, এনে অনুমান হয়। তেনেহলে দেখা গল, সমাজৰ লৰচৰ কৰিব নোৱাৰা অৱস্থা হৈ তাত নতুন উন্নতি সোমোৱাৰ বাট মাৰ যোৱাৰ বাবেই মানৱজাতিৰ সভ্যতাৰ অৱনতি হৈছে এনে নহয়। বুৰঞ্জী চালে জানিব পৰা যায়, যে পৃথিবীৰ সমাজবিলাকৰ বহুতৰ অকল উন্নতিৰ বাট বন্ধ হৈয়েই থকা নাই। বহুত সমাজে উন্নত অৱস্থাৰপৰা নামি একেবাৰে তললৈ গৈছে। দৰাচলত সমাজবোৰৰ গতিৰ ফালে অলপ মন কৰিলেই এনে বোধ হয় যে কালৰ গতিত প্ৰত্যেক সমাজৰে উত্থান উন্নতি আৰু অধঃপাত হব লাগিছে। পৃথিবী বহুত উন্নত সভ্যতাৰ সমাধি-ঠাই। বহুতে সমাজৰ সভ্যতাক কাল্পনিক চৰাই ফেনিক্সেৰে তুলনা কৰে। এনে প্ৰবাদ আছে যে, এটা ফেনিক্স চৰাই বহুত দিন জীয়াই থাকি পাচত মৰিলে তাৰ শৰীৰৰ যি অৱশেষ থাকে, তাৰেপৰা আৰু এটি নতুন ফেনিক্সৰ সৃষ্টি হয় আৰু সেই ফেনিক্সটিও সেই দৰে মৰি আৰু এটি নতুন ফেনিক্সৰ জনম লোৱায়। সেই দৰে এক সভ্যতা মৰি তাৰ ঠাইত আৰু ন সভ্যতা এটাৰ সৃষ্টি হয়। পৃথিবীত এই দৰে কত সমাজ সভ্যতাৰ জখলাত ভৰি দি ওপৰলৈ উঠিল, কালক্ৰমত আকৌ তললৈ নামিল। কতবাৰ বিজ্ঞান, দৰ্শন, বাণিজ্য, শিল্পৰ উন্নতি হৈ আকৌ অধোগতি হৈছে। যি জাতিয়ে এক সময়ত পিৰামীড সাজিব পাৰিছিল, কলোচচ্ গঢ়িব পাৰিছিল, পৰ্ব্বত শিল কাটি ডোখৰ ডোখৰ কৰিছিল; সাগৰত সেতু বান্ধিছিল, সেই জাতি আজি অৰ্দ্ধসভ্য বা অসভ্য বুলি পৃথিবীত গণ্য হৈছে। এতিয়া সেই [ ১৫ ] জাতিৰ মানুহবোৰে সিহঁতৰ পূৰ্ব্বপুৰুষবিলাকৰ কীৰ্ত্তিৰ চিনবোৰ দেখি তধা মানি তেওঁলোক দেৱশক্তিসম্পন্ন আছিল বুলি অনুমান কৰে। মানৱজাতিৰ সভ্যতাৰ উন্নতি আৰু অৱনতিৰ নিয়ম তেনেহলে কি? আমি ওপৰত আলোচনা কৰাৰপৰা দেখিছোঁ যে, সমাজৰ উন্নতি বা অবনতি, সমাজৰ ভিতৰৰ মানুহবিলাকৰ স্বাভাবিক গুণ বা দোষৰ কাৰণে নহয়, আৰু দেখিছো বহিৰ্জগতৰ কাৰ্য, যেনে, থকা ঠাইৰ গুণ বা দোষৰ বাবে জাতি সভ্য বা অসভ্য নহয়। কালৰ গতিত মানুহৰ সমাজে বহুত অৱস্থা পায়। সেই সেই অৱস্থাত সমাজত এক প্ৰকাৰৰ ৰীতি, নীতি, বিশ্বাস, ভাষা, নিয়ম, অনুষ্ঠান প্ৰভৃতিৰ সৃষ্টি হয়। সমাজৰ সেইবিলাক অঙ্গৰ কোনোটিৰ কোনো বিশেষ অৱস্থাৰ বাবে সমাজৰ উন্নতি বা অৱনতি হৈ থাকে। সেই বিশেষ অৱস্থাবিলাক কেনে, তাক ক্ৰমে বিচাৰ কৰা যাব। আমি আগেয়েই উনুকিয়াইছোঁ যে অভিব্যক্তিৰ নিয়মবিলাকৰ দ্বাৰাই সমাজৰ উন্নতি হোৱা দেখুৱাব পাৰিলেও সমাজৰ উন্নতিৰ গতিৰোধ বা অৱনতিৰ কাৰণ নিৰ্দেশ কৰিবলৈ অভিব্যক্তিবাদীবিলাক অপাৰগ। বাকি অভিব্যক্তিৰ নিয়ম অনুসাৰেই মানুহে বেলেগ বেলেগ জীৱন এৰি সামাজিক জীৱন নিৰ্ব্বাহ কৰে, সেই নিয়মবোৰৰ মতেই সমাজৰ সহজ অৱস্থা গুচি বিষম অৱস্থা হয়। বিষম শব্দৰ দ্বাৰাই ইয়াত কুটিল আৰু মেৰপাক-খোৱা বুজুৱা গৈছে। সমাজ স্থাপিত হোৱাৰ আগেয়ে প্ৰত্যেক মানুহ বেলেগ হৈ আছিল। পাচে কাৰ্য্যৰ গতিত মানুহবোৰে দেখিলে যে বেলেগ ভাৱে জীৱনযাত্ৰা নিৰ্ব্বাহ নকৰি বহুত একেলগে মিলি থাকিলে নানা সুবিধা হয়। অনুমান হয়, মানুহবোৰৰ মাজত যুদ্ধ-বিগ্ৰহ আৰু প্ৰতিদ্বন্দ্বিতা থকাৰপৰাই এই একেলগে থকা ভাব মানুহৰ মনত উপজিল। সেই সুবিধাবিলাক পাবৰ কাৰণে পাচত বহুত পৰিয়াল গোট খাই সিহঁতৰ মাজত এক সমাজ গঢ়িলে। অভিব্যক্তিৰ নিয়মানুসাৰে অনিশ্চিত, অসংলগ্ন আৰু সহজ একাকাৰ অৱস্থাৰ পৰা সমাজ লাহে লাহে নিৰূপিত সামঞ্জস্য থকা আৰু সন্ধিযুক্ত বিষমাৱস্থালৈ যাবলৈ ধৰিলে। কৰ্ম্মবিভাগ, বহুত মানুহৰ সন্মিলন আৰু পৰস্পৰ সাহায্যৰ দ্বাৰাই সমাজ ক্ৰমে উন্নতিৰ বাটত আগ বাঢ়িবলৈ ধৰিলে। এই সন্মিলনৰ লগত আৰু দুটি গুণ থকাত সমাজে সোনকালে উন্নতিলাভ কৰিলে। সেই [ ১৬ ] গুণ দুটিৰ এটি সাম্যভাৱ, আনটি স্বাধীনতা। সমাজৰ সকলো মানুহ সমান, সকলোৰে সমান অধিকাৰ, এয়ে সাম্যভাৱ। সমাজৰ কোনো মানুহ কাৰো দাস নহয়, কোনো মানুহে কিছুমান স্বাভাবিক গুণ অধিকাৰ কৰি আন মানুহৰ ওপৰত ৰাজ কৰিব নোৱাৰে, মূল কথা, সমাজত কাৰো আগত কোনোৱে মুৰ দোঁৱাব নেলাগে, এয়ে স্বাধীনতা। এই তিনটা অঙ্গ সমাজত থাকিলে, সমাজ সভ্য হৈ থাকে, সেই গুণ কেইটা আঁতৰিলে সমাজৰ উন্নতিৰ গতিৰোধ হৈ সি তললৈ নামি আহে। সমাজত সন্মিলন আৰু পৰম্পৰ সহানুভূতি থাকিলে মানুহৰ অৱস্থা উন্নত হয়প এৰি আন এটি {{বঙালী ৰূ}প ধৰে মাথোন। বৰফ এডোখৰ আমি সকলোৱে চকুৰে দেখিবলৈ পাওঁ, আৰু তাৰ শীতলত্ব, কঠিনত্ব ইত্যাদি গুণবিলাকো স্পৰ্শেৰে জানিব পাৰোঁ; কিন্তু বৰফ পমি পানী হলে তাৰ আৰু কঠিনত্ব নেথাকে আৰু শীতলত্বও অলপ [ ৩৯ ] কমে। সেই বৰফ তাপত ভাপ হলে আমি আৰু বৰফ দেখিবলৈ নেপাওঁ। কিন্তু সেই বুলিয়েই যে বৰফৰ অণু পৰমাণুৰ লোপ হল এনে নহয়, যি অণুবিলাকেৰে বৰফ ডোখৰ গ্ৰথিত হৈছিল, সেই অণুবিলাক তাপত বাস্পকণা হৈ অদৃশ্য় হে হল। সুযোগ পালেই সেই বাস্পকণাবিলাক লগ লাগি আকৌ পানী হব, আৰু সেই পানী শীতল হলে বৰফ হব পাৰিব। কাঠ এডালি পুৰি ছাই হলে কাঠ ডালিৰ পৰমাণুবিলাক ৰ্যে লোপ পালে এনে নহয়। যি যি ভৌতিক পদাৰ্থেৰে কাঠডালি নিৰ্মিত হৈছিল, সেই ভৌতিক পদাৰ্থবিলাকৰ রূপান্তৰ মাথোন হল। কাঠ ডালিৰ কেতখিনি ভৌতিক পদাৰ্থ পুৰি ধোঁৱাত পৰিণত হল, সেই ধোঁৱা বায়ুৰ লগত মিহলি হল, আৰু সেই বায়ুৰ পৰাই আকৌ পৃথিবীৰ নানা তৰহৰ বস্তুৰ উংপাদন হল। ইপিনে আকৌ কাঠডালিৰ কিছুমান ভৌতিক পদাৰ্থ ছাইত পৰিণত হল , সেই ছাই কালে মাটিৰ লগত মিহলি হৈ মাটিক সাৰুৱা কৰিলে, সেই মাটিতে আকৌ নকৈ গছ গজিল সেই গছে আকৌ সেই মাটিৰ সাৰ লৈ উৎপত্তি, বৃদ্ধি বিকাশ হবলৈ ধৰিলে। পুৰাতন বৈজ্ঞানিসকলৰ মতে কোষ "প্ৰটপ্লেজম" নামেৰে জলীয় পদাৰ্থেৰে ভৰি থকা এটি সৰু মোনা। কিন্তু আজি কালিৰ পণ্ডিতসকলে কয় যে, বাহিৰৰ আবৰণটোকেই কোষ বোলা নেযায়; কোষ বুলিলে "প্ৰটপ্লেজম" নামেৰে জলীয় পদাৰ্থটিকেহে বুজায়। যি আৱৰণে "প্ৰটপ্লেজমক"ঢাকি ৰাখে, সিও "প্ৰটপ্লেজমৰ" পৰাহে উৎপত্তি হয়। এই জলীয় পদাৰ্থটি ভিতৰত জীৱাঙ্কুৰ নামেৰে কিছুমান অণু আছে, এই অণুবিনাকেই কোষৰ উৎপত্তি আৰু বৃদ্ধিৰ মূল। এই জীৱাঙ্কুটিও "প্ৰটপ্লেজমৰ" ৰূপান্তৰহে মাথোন। তলত কোষৰ এটি চিত্ৰ দিয়া গল। উদ্ভিদ জগতত "প্ৰটপ্লেজমৰ" আৱৰণখনি থাকে। কিন্তু চেতন প্ৰাণী গত কোষৰ ঢাকোনখনি প্ৰায়েই নেথাকে। কিন্তু কোনো কোনো উদ্ভিদৰ কোষতো আৱৰণ আছে; কাজে কাজে দেখিবলৈ পোৱা যায় যে, উদ্ভিদৰ কোষ মাত্ৰৰে আবৰণ নাই এনে নহয়। ফচ দেশেৰ ফালে মাটিৰ তলত ওলায়! প্ৰভৃতিক নিৰ্বাচনৰ দ্বাৰাই এই [ ৫২ ] নিয়মে জীৱবিলাকৰ মাজত তাৰতম্য ঘটাৰ দ্বাৰাই সিহতৰ এক ডাঙ্গৰ উপকাৰ সধা হব লাগিছে। যিমান প্ৰভেদ বাঢ়িছে সিমান জীৱবিলাক নতুন নতুন জাতিত বিভক্ত হৈছে, সিমান সেইবাবে জীৱনৰক্ষাৰ কাৰণে কৰা যুজৰ তেজ কমিছে, কাৰণ একে ৰকমৰ জীৱৰপৰা প্ৰভেদ ঘটি নানাবিধ জীৱৰ সৃষ্টি হোৱাৰপৰা সিহতৰ সংখ্যা কমি সিহঁতৰ মাজত প্ৰতিদ্বন্দিতা লঘু হৈছে। প্ৰকৃতিৰ ই এক আচৰিত কৌশল! আমি আগেয়ে জীৱশ্ৰেণীক এডাল জখলাৰে তুলনা কৰিছোঁ। এতিয়া আকৌ কওঁ যে জীবসমূহক ঘাইকৈ এডাল ভাঙ্গৰ গছেৰে ভালকৈ তুলনা কৰিব পাৰি। গছডাল মাটিৰপৰা ওপৰলৈ উঠাতে একেডাল ডাঙ্গৰ গুৰি হৈ থাকে, তাৰ ওপৰৰ পৰা বেলেগ বেলেগ ডাল বিভক্ত হয়। গছডালৰ সতে থাকোতে বহুত পোখা ওলায়, কিন্তু সেই এটাইবিলাক নেবাঢ়ে। কিছুমান ৰস নোহোৱা হৈ সৰি পৰে, কিছুমানহে বাঢ়ি ডাল-দীঘল হয়। সিহতৰ পৰা সেই দৰে আৰু বহুত সৰু ভাল হয়, তাৰে কিছুমান মৰে। মৰা ডালবিলাক ভাগি পৰি মাটিত পোত খাই থাকে। আমি জীৱবিলাকৰ যি ক্ৰমিক অভিব্যক্তি দেখুৱালোঁ সিও ঠিক এনেকুৱাই। মানুহে নিজ বুদ্ধিৰে আজিলৈকে যি যি কাম কৰিছে, তাৰ ভিতৰত সাহিত্যকে ঘাই বুলিব পাৰি। সাহিত্যৰ গুণ সংসাৰ জিনি আছে। ইয়াৰ নিচিনা মনমোহনীয়া বস্তু জগতত আৰু বিচাৰি পাবলৈ বৰ টান। সাহিত্যৰ গুণত বিষাদত বুৰ যোৱা মানুহৰো মনোবিকাৰ উপশম হয়; ৰুগীয়াৰ ৰোগ সকাহ পৰে; কাঠ-বুকুৱা মানুহৰ মনত দয়াৰস জন্মে; খং, খিয়াল ইত্যাদি যি মানুহৰ ৰিপুবিলাক আছে, সিহঁতো লাহে লাহে কমি যায়। কিন্তু এই সাহিত্য-সুখ সকলোৱে ভোগ কৰিবলৈ নাপায়। আগেয়ে কিছু জ্ঞান আৰ্জি নললে সাহিত্যৰ ৰস পোৱা বৰ টান। সেই দেখিহে মুৰ্খ আৰু অসভ্য জাতিবোৰে সাহিত্যৰ মোল নাপায়; আনকি, সাহিত্য বুলিবলৈ বস্তু এটাই সিহঁতৰ নাই। জ্ঞান সাহিত্য সুখৰ মূল। জ্ঞানৰ ৰশ্মিয়ে মন পোহৰ নকৰিল সাহিত্যৰ অসীম ৰূপৰ অলপো দেখিবলৈ নাপায়। এই জ্ঞান কেৱল লিখা পঢ়া শিকিলেই হয়, এনে বুলি ভবা অনুচিত। অনেক মানুহ আছে, তেঁওলোকে লিখা-পঢ়া জানে আৰু টান টান পুথিৰ অৰ্থ ও নিমিষতে কৈ দিব পাৰে, তেও সাহিত্যৰ ৰস বুজিবলৈ টান পায়। এই কথাটো প্ৰথমতে আচৰিত যেন লাগিব পাৰে, কিন্তু অলপ গমি চালে দেখা যায়, যে যি জ্ঞানৰ বলত সাহিত্যৰ ৰস বুজিব পাৰি সি লিখা-পঢ়া শিকিলেই হোৱা বস্তু নহয়। তাৰ নিমিত্তে বেলেগে পুৰুষাৰ্থ কৰিব লাগে, তেহে সেই জ্ঞান লাভ কৰিব পাৰি। নীতি-বিজ্ঞান, মনো বিজ্ঞান বা গণিত ইত্যাদি শাস্ত্ৰত বৰ পাৰ্গতালি লাভ কৰিলেও সাহিত্যৰ একো নাজানিব পাৰে। কিয়নো, মনোবিজ্ঞান শিকোঁতে সাহিত্য শিকা নহয়। এই জ্ঞান যে দুৰ্লভ এনে নহয়। অন্য কথা শিকিবলৈ যিমান দুখ কৰিব লাগে, সাহিত্য বোধকৰোঁ তাতকৈ অলপ শ্ৰমতে শিকিব পৰা যায়। যেতিয়া [ ৫৯ ] মানুহে লিখা পঢ়া আৰম্ভ কৰে, তেতিয়াৰ পৰা সাহিত্যৰ ফাললৈকো চকু দিব লাগে; সদাই তাত মন দিলেহে পিছে উপকাৰ পোৱা যায়। যদি সৰুৰে পৰা সাহিত্যৰ লগত একো সময় নাৰাখা, তেন্তে ডাঙ্গৰ হলে তাৰ কেনেকৈ বুজিবা? একেই সাহিত্য এটা অটল বিষয়, তাতে যদি আৰম্ভৰে পৰা তাক হেলা কৰা যায়, তেনেহলে পিচে তাৰ সোৱাদ পোৱা বৰ টান। কিন্তু নিচেই সৰুতে সাহিত্য শিকিবলৈ ধৰাও উচিত নয়, কিয়নো তেতিয়া বহুত কথাৰ অৰ্থকে বুজি নাপায় আৰু অৰ্থ বুজি পালেও কথাৰ ভিতৰ সোমাই তাৰ সাৰ বিচাৰি উলিয়াব নোৱাৰে। যেতিয়া বুজি পূৰঠ হয়, জটিল কথাৰ আঁত বিচাৰি উলিয়াব পাৰে, আৰু নীৰস বিষয়ত লাগি থাকিবলৈ বেজাৰ নলগা হয়, তেতিয়াহে সাহিত্যৰ ফালে মন দিয়া যুগুত। সাহিত্য এবাৰ মন বহিলে আৰু শঙ্কা নাই। তাৰ সোৱাদ এবাৰ পালে পাহৰিব নোৱাৰি। সেই দেখিহে এজন কবিয়ে ঈশ্বৰ খাটিছিল, যে তেওঁক যেন এই পৃথিবীত আকৌ জনম দিয়ে, কাকে যেন তেওঁ সাহিত্য সুধা পান কৰিবলৈ পায়। সাহিত্যৰ সোৱাদ আন বিলাক মিঠা বস্তুৰ দৰে নহয়। আন আন বস্তুৰ সোৱাদ জিভাৰে পাওঁ, আন বস্তুৰ ৰূপ চকুৰে দেখোঁ। কিন্তু সাহিত্যৰ সোৱাদ মুখৰ জিভাৰে নাপায় তাক মনেৰে চাকিব লাগে, তেহে তাৰ রূপ বা সোৱাদ গম পোৱা যায়। সেই দেখি জিভা নোহোৱা মানুহেও সাহিত্যৰ ৰকম বুজিব পাৰে। কনাইও তাৰ রূপ দেখি ভোল যায়। সাহিত্য সম্ভোগৰ নিমিত্তে বহুত ধন-বিতে খৰচ কৰিব নালাগে, বা দেশ এৰি বিদেশলৈকো যাব নালাগে। ঘৰতে বহি সেই পৱিত্ৰ সুখ ভোগ কৰিব পাৰি। আৰু সুখৰ অন্তত কেতিয়াবা দুখ মিলে, কিন্তু সাহিত্যৰ পৰা আনন্দ পোৱা যায়, তাত বিষাদৰ অলপো মিহলি নাই। সাহিত্য কেৱল সুখৰ ভঁৰাল। নন্দন কানন যেনেকৈ দেৱতা সকলে অমৃত পান কৰি সকলো দুখ পাহৰে, সেই দৰে জ্ঞানী মানুহে সাহিত্য পঢ়ি বা সমালোচনা কৰি সংসাৰৰ চিন্তা পাহৰে আৰু পৰম হৰিষে কাল নিয়ায়। জ্ঞানী লোকৰ পক্ষে সাহিত্য জিৰণি লোৱা ঠাই। আনকি মানুহৰ যেতিয়া গৃহকৰ্ম্ম কৰি ভাগৰ লাগে, তেতিয়া তেওঁলোকে গীত-বাজনা বা আন কোনো [ ৬০ ] ক্ষণস্থায়ী সুখৰ আশ্ৰয় লয়। জ্ঞানী লোকৰ ভাগৰ লাগিলে সাহিত্য ৰূপ বিলাস বনত সোমাই তাৰ নানা বিধ শোভা চাই চাই ভাগৰ পাহৰে। এই পৱিত্ৰ সুখ লভিবলৈ সকলোৱে যত্ন কৰা উচিত। কোন বাটে গলে এই সুখ লাভ কৰিব পাৰি তাক আমি ক্ৰমে দেখুৱাম। সম্প্ৰতি সাহিত্য কি বস্তু, কিহকনো সাহিত্য বোলে, তাৰ লক্ষণ কেনে, কোনে কি বস্তুৰে সাজিলে, কেতিয়া হল, আগেয়ে কেনে আছিল, এতিয়া কেনে হৈছে, আৰু আন কিহৰ লগত সাহিত্যৰ বিশেষ সমন্ধ আছে, জয় জয়তে এই কেটা কথা ভালকৈ বিচাৰি চাব লাগিব। তেহে আমি সাহিত্যৰ ওচৰ চাপিব পাৰিম। সংসাৰৰ সকলো প্ৰাণীতকৈ যে মানুহে ইমান বেছি উন্নতি কৰিছে, তাৰ কাৰণ এই যে সিহঁতে নিজৰ মনৰ ভাব আনক ভাঙ্গি কব পাৰে। এটা মানুহে নিজ বুদ্ধিৰে যি শিকে তাক তাৰ লগৰীয়াবিলাকক বুজাই কব পাৰে। এই ক্ষমতা নথকাহেঁতেন মানুহে কেতিয়াও ইমানখিনি উন্নতি কৰিব নোৱাৰে। যেয়ে যি শিকে, সি তাৰ লগতে লোপ হলহেঁতেন। এতিয়া সেই ক্ষমতাৰ গুণত আমি আনে শিকা বা উলিওৱা কথাৰ পৰা উপকাৰ পাওহঁক। যি উপায়ৰ দ্বাৰাই এজনৰ মনৰ ভাব আন এজনক প্ৰকাশকৈ কব পৰা যায় সেই উপায়ৰ নাম ভাষা। ভাষা কেনেকৈ হল তাক কোনে সাজিলে এই বোৰ কথা আমাক এতিয়া নালাগে। সম্প্ৰতি ইয়াকে জানি থলেই হব, যে আমি ভাষাৰ গুণতহে অন্য জীৱ-জন্তুতকৈ বেছি উন্নতি লাভ কৰিব পাৰিছোঁ। এই ভাষাৰ দ্বাৰাই আমাৰ মনৰ ভাব ব্যক্ত কৰোঁ। এই ভাষাৰেই হে আমি পৃথিবীত সবাতকৈ শ্ৰেষ্ট। কিন্তু অকল ভাষাই আমাৰ ইমান উপকাৰ সাধিব নোৱাৰিলেহেঁতেন। যেতিয়া মানুহে লিখিব নাজানিছিল,যেতিয়া কাপোৰ ব্যৱহাৰ পৃথিবীত নাছিল, সেই সময়ত ভাষাৰো বৰ আদৰ নাছিল। ভাষা যে ইমান গুণৱতী হল, ই কেৱল লিখাৰ বলতহে। মানুহে বুদ্ধিৰে উলিওৱা কথা লিখি থবলৈ এইটো উপায় নথকাহেঁতেন, ভাষাৰ পৰা নামি ইমান উপকাৰ কেতিয়াও নাপাওঁ। মানুহে যেতিয়াৰ পৰা কথা লিখিবলৈ ধৰিলে, সেই দিনৰ পৰা সাহিত্যৰ সৃষ্টি বুলি ধৰিব পাৰি। ভাষা লিখিলেই সাহিত্য নাম পায়। ভাষা আরু সাহিত্যৰ ভিতৰত ইমান মিল, যে সময়ে সময়ে কোনটো কি বাছি [ ৬১ ] টান হৈ পৰে। কিন্তু এই কথাৰ পৰা এনে ভাবি লোৱা উচিত নহয়, যে ভাষা আৰু সাহিত্য একে। সিহত আকাৰে প্ৰকাৰে একে ৰকম হলেও, দুইও বেলেগ বেলেগ বস্তু। সিহতৰ গুণ বেলেগ, লক্ষণ বেলেগ, আরু নামো সুকীয়া। কিছুমান কথাত যদিও দুইৰো বৰ মিল দেখা যায়, কিছুমান কথাত আকৌ ইমান অমিল, যে সিহতৰ ভিতৰত একো সমন্ধই নাই বুলিব পাৰি। প্ৰথমতে চোৱাঁ, ভাষা কেৱল এটা নাম মাথোন। ভাব প্ৰকাশ কৰিবলৈ মানুহ মুখেৰে নানা প্ৰকাৰ শব্দ কৰে তাৰ একোটা শব্দৰ নাম আখৰ। আখৰৰ এটা বা কেইবাটাও গোটখাই এটা বস্তুৰ নাম হয়। এই নামবোৰ যেতিয়া মানুহে মনৰ ভাব প্ৰকাশ কৰিবলৈ উচ্চাৰণ কৰে তেতিয়া তাকে ভাষা বোলে। কিন্তু সাহিত্য কাপ-আকতেৰে গঢ়া বস্তু। মানুহে লিখিবলৈ শিকাৰ আগেয়েও ভাষা আছিল, আৰু এতিয়াও আছে। কিন্তু সাহিত্য আগেয়ে নাছিল। ভাষাৰ আদখিনি ঈশ্বৰে আৰু আদখিনি মানুহে কৰা, কিন্তু সাহিত্য হ'ল সৰ্ব্বাশে মানুহৰ হাতে গঢ়া বস্তু। সাহিত্য আৰু ভাষাৰ ভিতৰত যে কেৱল এই খিনিহে অমিল এনে বুলি ভবা উচিত নহয়। ৰাতি আৰু দিনৰ যেনে প্ৰভেদ, সিহঁতৰ ভিতৰতো প্ৰায় সিমানেই প্ৰভেদ। মিল কেৱল একে ঠাইত মাথোন দেখা যায়। আগতে কৈ অহা হৈছে যে নানা বিধ শব্দ গোট খুৱাই একেঠাই কৰি এটা ভাব প্ৰকাশ কৰাৰ নাম ভাষা। এতেকে ভাষা শব্দ মূলক, অৰ্থাৎ শব্দ নহলে ভাষাৰ সৃষ্টি হব নোৱাৰে। যদি কাহানিবা মানুহে শব্দ এটাইবোৰ পাহৰি যায়, তেন্তে সেই দিনাই ভাষাৰো মুৰ মৰিব। সাহিত্যও প্ৰায় তেনেকুৱা। কিছুমান শব্দ লগ কৰি এটা কথা লিখিলেই সাহিত্য হয়। এতেকে সাহিত্যকো ভাষাৰ নিচিনা শব্দৰ সমষ্টি বা পুঞ্জ বুলিব পাৰি। এই ঠাহতে ইহঁত দুয়োৰো বৰ মিল দেখা যায়। ইয়াত বাজে এহেলৈ যত ধৰা তাতে সিহঁত বেলগ। ইহঁত দুইৰো ভিতৰত কত কত মিল আৰু কত অমিল ভালকৈ বুজি নললে সাহিত্য শিকাত বহুত বিঘিনি জন্মিব পাৰে। কিয়নো, আমি আদিত কৈছোঁ, যে কতবিলাক মানুহে ভাষা শিকে হয় তেও সাহিত্যৰ ৰস নাপায়। ভাষা ওপৰতে থকা বস্তু চকু ফুৰালেই তাক দেখা যায়। যেৱে আখৰ চিনে আরু শব্দৰ অৰ্থ জানে সেয়ে ভাষা দেখা পায়, আরু শিকিব পাৰে কিন্তু সাহিত্য তেনেকুৱা নহয়। [ ৬২ ] তাক ভাষাৰ মাজৰ পৰা চালি-জাৰি উলিয়ালেহে পোৱা যায়। সি ভাষাৰ তলত ঢাক খাই থাকে, বিচাৰি উলিয়ালেহে ওলায়। ভাষা এটা বস্তু সাহিত্য তাৰ ৰূপ, ভাষা শৰীৰ সাহিত্য আত্মা, বা ভাষা পদাৰ্থ সাহিত্য তাৰ গুণ। নাইবা, এই দৰেও ধৰিব পৰা যায়, যে ভাষা এটা ফুল সাহিত্য গোন্ধ, ভাষা মাটিকঁঠাল সাহিত্য তাৰ সোৱাদ। এই দৰে ভাষাৰ মাজৰ পৰা সাহিত্য বিচাৰি উলিয়াকে সাহিত্য শিক্ষা বোলে। এই শিক্ষা অবদ্য অতি টান কাম অলপ শ্ৰম কৰি সাধিব নোৱাৰি। গুৰিৰ পৰা লাহে লাহে অভ্যাস নকৰিলে একে দিনে যে সাহিত্যৰ ৰস বুজা হব পাৰি এনে কথা কেতিয়াও মনত ঠাই নিদিবা। এই কাম কৰিবলৈ যে কতবা কিছুমান নিয়ম আছ এনে নহয়। এনেয়ো থকাহেঁতেন ই ইমান টান হবই নোৱাৰে। যি যি কোনো নিয়ম বন্ধা আছে, অৰ্থাৎ নিয়ম অনুসৰি চলিলেই যি কাম সিদ্ধ হয়, তাক টান কাম বুলিব নোৱাৰি। কিয়নো, নিয়ম হাজাৰ টান হলেও, মানুহে পুৰুষাৰ্থ কৰি তাক বুজিব পাৰে, আরু সেই দৰে চলিব পাৰে। যিবোৰ কামৰ একো নিয়ম নাই সেই বোৰেহে আচলতে টান। এই দেখি সাহিত্য শিক্ষা সুৱলা কৰিবলৈ একো উপায় দিব নোৱাৰি। যি তাক শিকিব খোজে তেওঁ কিছুমান দিন মন দি ধৰিলেই অপোনাআপুনি বহুত উপাই ওলায় পৰিব। ইয়াত শিকোঁতাৰ সহায় কৰিবৰ নিমিত্তে আমি স্থূল স্থূল দুই চাইটা কথা উনুকিয়াম। এই আৰ্হি অনুসৰি কাম কৰিলে যে কিছু উপকাৰ হব, তাত আমাৰ এক ধনিষ্টাও সন্দেহ নাই। পৃথিবীত যত বস্তু আছে তাৰ সকলোৰে দুই পিঠি। কথাৰো ভাব ঠিক এনেকুৱা। এটা লিখা প্ৰৱন্ধৰ দুটা পিঠি, তাৰে এপিঠিৰ নাম কথা বা শুধ ভাষা আৰু আনটো পিঠিৰ নাম সাহিত্য। যেতিয়া আমি প্ৰৱন্ধত কোৱা কথা কেটালৈ মাথোন মন কৰোঁ, অৰ্থাৎ লিখকে যি ভাব প্ৰকাশ কৰে তাত মাথোন মন দিওঁ, তেতিয়া আমাৰ চকু কেৱল ভাষাতহে থাকে। কিন্তু যদি তাক এৰি বা তাত বাজেও লিখকৰ লিখাৰ ধৰণলৈ চাওঁ অৰ্থাৎ লিখকে কেনেকৈ মনৰ ভাব প্ৰকাশ কৰিছে, তেওঁ কি কি শব্দ ব্যৱহাৰ কৰিছে, কি উপমাৰে বুজাইছে, আৰু কেনে ভাবত লিখিছে, এই বোৰ কথালৈ মন দিয়া যায়, তেন্তে সেই প্ৰৱন্ধৰ তেতিয়া সাহিত্য বিচৰা হয়। মুঠতে কব লাগিলে লিখকে যি কয়, তালৈ মন [ ৬৩ ] কৰিলে ভাষা আৰু যেনেকৈ কৈছে তালৈ মন কৰিলে সাহিত্য বিচাৰ কৰা হয়। যি মানুহে প্ৰৱন্ধত কোৱা কথা অৰ্থাৎ বাতৰিটো মাথোন বিচাৰে তেওঁ সেই প্ৰৱন্ধৰ সাহিত্য নেদেখে। সাহিত্য বিচৰা মানুহে প্ৰৱন্ধত থকা উপমাৰ মিল, শব্দৰ পাতনি, ভাবৰ গাঁথনি, আৰু লিখাৰ প্ৰণালীলৈ মন কৰে। এটি উদাহৰণ দিওঁ চোৱা। "ঈশ্বৰ দয়াৰ সাগৰ" এই এটা বাক্য। এতিয়া আমি যদি বাক্যটা পঢ়ি ইয়াকে বুজি থওঁ যে ঈশ্বৰ বৰ দয়ালু তেনেহলে আমি তাৰ ভাষাতহে মন দিলোঁ। কিন্তু যদি এই দৰে ভবা যায়, যে এই ঠাইত ঈশ্বৰ নিদি পৰমেশ্বৰ লিখা হেঁতেন শুনিবলৈ ভাল হলহেঁতেন, বা ঈশ্বৰ শব্দটোৱে এই ঠাইত সুন্দৰরূপে খাই পৰিছে আন শব্দ দিলে বেয়া হব, তেনেহলে আমি তেতিয়া বাক্যটোৰ ভাষা বিচৰা নাই, আমাৰ মন তাৰ সাহিত্যতহে আছে। আৰু এই দৰেও ভাবি চাব পাৰি, যে ঈশ্বৰক দয়াৰ সাগৰ নুবুলি দয়াতৰঙ্গিনী বা দয়াকূপ বোলা ভাল আছিল বা দয়াকূপ বুলিলে নিমিলে, কিয়নো ইশ্বৰ সৰ্ব্বব্যাপী, এতেকে দয়ানদী বোলা যাওক, বা এই শব্দটো শুনিবলৈ কৰ্কশ, এতেকে দয়াতৰঙ্গিনী বোলা ভাল; এনেকুৱাবোৰ কথা লৈ মন কৰিলে সাহিত্য বিচাৰ কৰা হয়। এতিয়া সুন্দৰরূপে বুজিব পাৰি, যে সাহিত্য কোনো ভাষাৰ অলঙ্কাৰ মাথোন। এই অলঙ্কাৰবোৰ গুচাই যদি ভাষাক একেবাৰে নাঙঠ কৰা যায়, তেন্তে তাৰ এইরূপ নাথাকে। কিন্তু ভাষাক একে বাৰে নিৰলঙ্কাৰ কৰা অতি দুস্কৰ। তাক বেয়া সাজ পিন্ধাই দেখিবলৈ কুৎসিৎ কৰিব পাৰি, কিন্তু সমূলি নাঙঠ কৰিবলৈ টান। কিয়নো শব্দই ভাষাৰ অলঙ্কাৰ, আৰু আগত কোৱা হৈছে, যে শব্দই তাৰ মূল। যদি শব্দ এটাইবিলাক কাঢ়ি নিয়া যায়, তেন্তে ভাষাই নাথাকে। ভাষাক শুৱনী কৰিবলৈ মানুহে নানাবিধ অলঙ্কাৰ পিন্ধায়। কেৱল ভাষাই মানুহৰ মন টানিব নোৱাৰে। বেয়াকৈ লিখা পুথি পঢ়িবলৈ কাৰো মন নাযায়। তেনেকুৱা পুথি এবাৰ পঢ়ি চালেই দুনাই মেলিবলৈ বেয়া লাগে। কিন্তু ভাল বছা শব্দ, সূৰৰ উপমা, বা নতুন মনোহৰ ভাবেৰে সজাই পুথি লিখিলে তাক সকলোৱে আদৰ কৰে। তাক এবাৰ পঢ়িলে আকৌ পঢ়িবলৈ মন যায়। কালিদাসে শকুন্তলা লিখিবৰ আজি কত যুগ হল, তেও সেই শকুন্তলা পঢ়ি মানুহে আজিলৈকে ৰস পায়, আজিও [ ৬৪ ] সকলোৱে তাক আদৰ কৰি ৰাখে, হেপাহ কৰি পঢ়ে। ইয়াৰ কাৰণ এই যে শকুন্তলা বত্ৰিশ অলঙ্কাৰে বিভূষিতা। তাক পঢ়িলেই মানুহৰ মন মোহ যায়। যি সাহিত্যৰ ৰস বুজা মানুহে এবাৰ শকুন্তলা পঢি চাইছে সি কেতিয়াও তাক পাহৰিব নোৱাৰে। যদিও অলঙ্কাৰে সাহিত্যৰ ইমান উপকাৰ কৰে, তাৰ পৰা যে কিছু কিছু অপকাৰ হোৱা নাই এনে নহয়। অলঙ্কাৰ লগাওঁতে দুই চাইটা নলগা শব্দ বা উপৰুৱা ভাব ব্যৱহাৰ কৰিব লগাত পৰে। যি কথা আচলতে নাই তাকো কেতিয়াবা আছে বুলি কব লাগে। পাচে, যি মানুহে পঢ়ে তেওঁ অলঙ্কাৰৰ কথাখিনিকো সঁচা বুলি ধৰি থয়। সাহিত্যৰ ভিতৰত যদি কিবা ঘুণ আছে, সি শব্দৰ আৰু ভাবৰ বহুলতাইহে। বহুলতাই অনেক মানুহৰ ভ্ৰম জন্মায়। এই নিমিত্তেহে বোধকৰোঁ মূলতে মিছা কথাতো মানুহৰ অটল বিশ্বাস দেখা যায়। মানুহে এই কথাটো ভাবি নাচায় যে কোনো এটা বস্তুৰ বৰ্ণনা কৰিব লাগিলে, আরু সেই বৰ্ণনা যদি ধুনীয়া কৰিব খোজা যায়, তেনেহলে মাজে মাজে দুই এটা বিশেষণ ব্যৱহাৰ কৰিব লগা হয়। সেই বিশেষণবোৰৰ ভাব নানা প্ৰকাৰ হব পাৰে। বিবেচনা কৰাঁ, তুমি এজোপা গছ বৰ্ণাবা সেই গছৰ ডালবোৰ বৰ দীঘল। পিচে বৰ্ণনাত তুমি লিখিব লাগিব যে তাৰ ডালবোৰ সুদীৰ্ঘ বা অতিশয় দীঘল আছিল। বৰ দীঘল বুজাবলৈ যি দুটা বিশেষণ ইয়াত ব্যৱহাৰ কৰা হল, তাক দেখোঁতে সিমান জটিল বা দ্ব্যৰ্থযুক্ত যেন নেদেখা হয়, কিন্তু অৰ্থ ভাঙ্গিবৰ সময় তাৰ কেইবাটাও অৰ্থ ওলায়। সুদীৰ্ঘ বুলিলে কেৱল নিয়মিত ৰূপ দীঘলহে বুজায় যে এনে নহয়, অস্বাভাবিক দীঘল বুজাব পাৰে। সচৰাচৰ গছৰ ডাল যিমান দীঘল হয়, সিমান দীঘল হলেও সুদীৰ্ঘ বুলিব পাৰি, আৰু অদ্ভুত দীঘল হলেও সুদীৰ্ঘ বুলিব পাৰি। এই দুটা অৰ্থৰ কোনোটো সঁচা বুলি লব লাগিব তাক ঠাৱৰকৈ কোৱা টান। কিন্তু সেই বুলি মানুহে বৰ্ণনাৰ আচল ভাবটা ধৰিব নোৱাৰে নে? অৱশ্য পাৰে। সুদীৰ্ঘ বা অতিশয় দীঘল বুলিলে এনে বুজা যুগুত যে সচৰাচৰ গছৰ ডাল যিমান দীঘল হয় এই জোপা গছৰ ডালো সিমানেই দীঘল আছিল। কোনো এটা কথা লিখিব লাগিলে কিছু বঢ়াই নেলেখিলে নহয়; নাইবা বৰ্ণনাৰ ৰস নাইকিয়া হৈ পৰে। সেই গছ জোপাৰ ডালকেটা বৰ্ণাওতে যদি [ ৬৫ ] সুদীৰ্ঘ নুবুলি এশ বা ডেৰ শ হাত বুলি আচল জোখটো দিয়া যায়, তেনেহলে প্ৰৱন্ধৰ ভাষা সুললিত নহব পাৰে, বা আন কোনো প্ৰকাৰে বেয়া হব পাৰে। এই কথাটো মানুহে গমি নাচায়। বৰ্ণনাত যি পায় তাক বিশ্বাস কৰে। ৰামায়ণত কয় যে হনুমন্তে হেনো নোমে নোমে একোটা পৰ্ব্বত বান্ধি লৈ জঁপিয়াইছিল, এই কথাটো কেৱল ভাবৰ বহুলতা মাথোন। ইয়াৰ দ্বাৰাই কবিয়ে দেখাইছে যে হনুমন্ত বৰ বলবান আছিল, তেওঁ বৃহৎ বৃহৎ পৰ্ব্বতকো তৃণ যেন দেখিছিল। আচলতে যে হনুমন্তই দহ হেজাৰ পৰ্ব্বত গাত বান্ধি লৈ জাঁপ মাৰিছিল এনে কথা নহয়। ৰামায়ণ আরু মহাভাৰতত এনেকুৱা শব্দ আৰরু ভাবৰ আধিক্য অনেক পোৱা যায়। আন আন পুথিতো আছে হয়, কিন্তু পৰিমানে ইমান নহয়। এই দুখন পুথিত কথাবোৰ ইমান বঢ়াই বঢ়াই লেখিছে যে তাৰ পৰা আচল সাৰ কথাখিনি বাছি উলিওৱা বৰ টান হৈ পৰিছে। পৃথিবীত আন যিবিলাক জাতি আছে তেওঁলোকৰ সাহিত্যতো এই দোষ বা দোষযুক্ত অলঙ্কাৰ আছে; কিন্তু হিন্দু, গ্ৰীক আৰু মুছলমানৰ সাহিত্যত বৰ বেছি পৰিমাণে দেখা যায়। আন জাতিৰ লিখকে যদি একক চাৰি কৰে, হিন্দু আরু মুছলমানে তাক চাৰি হাজাৰ নকৰে মানে নেৰে। এই দোষ অৱশ্যে একেবাৰে গুচাব নোৱাৰি, কিয়নো ই সাহিত্যৰ এবিধ অলঙ্কাৰ। কিন্তু বহুতকৈ এনেকুৱা অলঙ্কাৰ লগালে ভাষা শুৱনী নহৈ কদাকাৰহে হয়। ভাষাক অলঙ্কাৰ পিন্ধাবলৈ খোঁজোতে কেতিয়াবা মিছা কথাও কব লগা হয়, অৰ্থাৎ যি বস্তুটো বা গুণটো নাই তাকো আছে বুলি কব লগাত পৰে। এই দোষটো প্ৰায় আখৰ মিলাওঁতে বা শুনিবলৈ সুললিত কৰোঁতেহে হয়। এটা আখৰৰ নিচিনা আন এটা শব্দ লগাওঁতে লিখকে দুই চাইটা মিছা কথা লিখে। বিবেচনা কৰাঁ, এটা মানুহক তুমি উত্ৰাৱল বুলি বৰ্ণাইছা, কিন্তু উত্ৰাৱল শব্দটোৰ দৰে আরু দুই চাইটা শব্দ আছে; যেন উগ্ৰ, উষ্ণ, বা উতনুৱা। পিচে লিখকে যেতিয়া উত্ৰাৱল শব্দটা লিখে তেতিয়া ভাষা সুশ্ৰাব্য কৰিবৰ মনেৰে উগ্ৰ বা উতনুৱা কথাও লিখি পেলাব। লিখকে জানিব পাৰে, যে উত্ৰাৱল মানুহ জন উগ্ৰ বা উতনুৱা নাছিল, তেওঁ দুয়োটা শব্দ একে লগে লিখিলে শুনিবলৈ ভাল হয় দেখি তেওঁ অৰ্থলৈ বৰ কাণ নকৰে। এনেকুৱা কথা সকলো [ ৬৬ ] প্ৰৱন্ধতে পোৱা যায়। ইও সাহিত্যৰ এবিধ অলঙ্কাৰ, এতেকে এই দোষ গুচাবৰ একো উপায় নাই। মনৰ ভাব যিমান অলপ কথাৰে প্ৰকাশ কৰিব পৰা যায় সিমান ভাল; এই কথা অনেক পণ্ডিতে কৈ গৈছে। যি কথাটো চাইটা শব্দৰে কব পাৰি তাক দহোটা শব্দেৰে লিখিলে বৰ বেয়া হয়। বাছি বাছি শব্দ বা এটা কথাকে পাচোঁটাকৈ লিখিব পাৰিলেই যে পণ্ডিতালি কৰা হল, এনে নহয়। আৰু এটা কথাকে কেইবা ঠাইতো কেই ৰকমে কলেও প্ৰবন্ধ বেয়া হয়। যত যি কথাটো লাগে তাত সেই কথা সংক্ষেপে কৈ থব পাৰিলে ভাল। কিন্তু কোনো কোনো বিষয় আছে, তাক বহুত কথাৰে নানা ৰকমে ঘূৰাই লিখিলে দোষ নাই। যি বিষয় সকলোৱে জানে, সকলোৱে দেখিছে বা শুনিছে, তেনেকুৱা বিষয় লিখিলে শব্দাধিক্য একো দোষ নহয়। লিখাৰ উদ্দেশ্য মানুহৰ দুটা। কোনোৱে কিবা এটা আনে নজনা নুশুনা নতুন কথা পায় তাকে লিখে। কোনোৱে বা পুৰণি কথাকে ন সাজ পিন্ধাই মনোৰম কৰে। শেহৰ বিধ লিখকে তেওঁৰ মনৰ জোখায় শব্দ, ভাব আরু উপমা লগাব পাৰে; কিয়নো তেওঁ লিখা পুখি মানুহে ন কথা জানিবলৈ নপঢ়ে; কেৱল তেওঁ নো তা কেনেকৈ লিখিছে, কি ন অলঙ্কাৰ লগাইছে, বা কি নতুন উপমা দিছে, তাকে চাবলৈহে পঢ়ে। অৰ্থাৎ তেওঁৰ কিতাপত মানুহে কেৱল সাহিত্য বিচাৰে। লিখাৰ দ্বিতীয় উদ্দেশ্য হৈছে, আগেয়ে নজনা কথা প্ৰকাশ কৰা বা জনা কথাকে মনত ৰাখিবলৈ লিখা। এই বিধ লিখকে উপমা যোজনা এৰি যি কেৱল সাৰ কথাত ধৰে; অৰ্থাৎ তেওঁ বেচি শব্দ বা ভাব লগাই ভাষা ধুনীয়া কৰিবলৈ পুৰুষাৰ্থ নকৰে। চুটি চুটি কথাতে কেৱল মনৰ ভাব ব্যক্ত কৰি থয়। এই বিধ থাকে আমি মূল কথা বুলিছোঁ। মূল কথা লিখোঁতে সদাই মূলতে থাকিব লাগে, তাক এৰি ধুনীয়া শব্দ বা ভাব বিচাৰিবলৈ যোৱাটো ভাল নহয়। ইয়াক লিখোঁতে পোন পোন ভাব উজু উজু শব্দ আৰু চুটি বাক্য ব্যৱহাৰ কৰা উচিত। ইতিহাস এবিধ মূল কথা। তাক লিখোঁতে যদি বৰকৈ অলঙ্কাৰ লগোৱা যায়, তেন্তে পঢ়োঁতাই অলঙ্কাৰকে চাব নে কথাকে মন কৰিব? এনে ঠাইত মানুহে আচল কথাকেইটাহে বিচাৰে, তোমাৰ ভাষাৰ ধুনলৈ মন নিদিয়ে। আৰু ইতিহাস লিখোঁতে এনে শব্দ ব্যৱহাৰ কৰা উচিত, যে তাৰ পৰা যেন এটাতকৈ বেছি অৰ্থ উলিয়াব [ ৬৯ ] সাহিত্যৰ সাধাৰণ লক্ষণ। + নোৱাৰি, কাৰণ তেনেহলে মূল কথাৰে ব্যতিক্ৰম হয়। শিক্ষা সম্পৰ্কে মানুহৰ দুই এটা স্বাভাবিক দোষ আছে তাক গুচাবলৈ অতি টান। কোনো এটা কথা বৰ্ণাব লাগিলে নিজৰ মন-গঢ়া দুই এটা কথা তাত সুমাই দিবলৈ মন যায়। কিন্তু ইতিহাস লিখোতে বা কোনো সত্য কথাৰ বৰ্ণনা কৰোতে এই দোষ টোৰ হাত এৰাব পাৰিলেহে বৰ ভাল। আচল কথাৰ লগত উপৰুৱা কথা সুমাই দিলে কেৱল মানুহক ছল কৰা হয়। পঢ়োঁতাই সেই মিছা কথাকো সঁচা বুলি ধৰে। ইয়াৰ আৰম্ভতে কোৱা হৈছে, যে কথা বঢ়াই কোৱা সাহিত্যৰ এটা প্ৰধান লক্ষণ। ইয়াৰ পৰা অবশ্যে ঠাই লৈ আৰু সময় লৈ বৰ উপকাৰ হয়। কিন্তু ঠাই বিশেষে তাৰ পৰা ইমান অপকাৰ হয় যে কৈ অন্ত কৰিব নোৱাৰি। ইতিহাস লিখোতে যাতে এই দোষ নজন্মে। তাৰে যতন কৰিব লাগে। কিয়নো মানুহে কোনো মহৎ কামত হাত দিব লাগিলে আগেয়ে ইতিহাস পঢ়ি আগৰ মানুহে তেনেকুৱা কাম কেনেকৈ কৰিছিল জানি লয়। ইতিহাসৰ পৰা মানুহে জ্ঞান শিকে, তাতো যদি মিছা কথা থাকে তেন্তে কিমান অপকাৰ হব পাৰে চোৱাচোন! এই কথাটো আমাৰ আগৰ লিখকবিলাকে নাজানিছিল। তেওঁলোকে যি লিখে তাতে কথা বঢ়াই লিখিছিল। ধৰ্ম্ম সম্বন্ধে পুথি লিখোতেও সাৱধান হৈ লিখা উচিত। তাৰ এটা কথাৰ পাছোটা অৰ্থ ওলালে বৰ বেয়া। আমাৰ দেশত যে আগেয়ে সতীদাহ প্ৰথা আছিল সিও শাস্ত্ৰ লিখাৰ দোষৰ হে ফল। যি শ্লোকত সতী দাহ কৰিবলে কৈছে, তাৰ অৰ্থ আচলতে সেইটো নহয়। ইয়াৰ প্ৰমাণ আক্বৰ ৰজাৰ দিনত ওলাইছিল॥ তেতিয়াৰ বামুণবিলাকে দেশৰ নিয়ম ৰক্ষা কৰিবৰ মনেৰে শ্লোকটো ৰজাক আন প্ৰকাৰে বুজাই দিলে। এনেকুৱা কথা যে আমাৰ শাস্ত্ৰত কিমান জানে তাক কব নোৱাৰি। এই দেখিহে আজিও কিছুমান পণ্ডিতে বিধৱা বিবাহত মত দিয়ে, আৰু কিছুমানে নিদিয়ে। এই দোষ যে কেৱল আমাৰ ধৰ্মপাতহে পোৱা যায় এনে নহয়; আন জাতিৰ শাস্ত্ৰতো বহুত পৰিমাণে পোৱা যায়॥ বাইবোলত কয়, বোলে যি বস্তু আমাৰ ভিতৰলৈ যায়, সি মানুহক অশুচি নকৰে, যি ওলাই আহে সেয়েহে অশুচি কৰে। এই কথাটোৰ অৰ্থ কি বোধকৰোঁ সকলোৱে বুজে, তেও ৰুছিয়া দেশত ইয়াৰ অৰ্থ বেলেগ হৈছিল। তাৰ পাদুৰিবিলাকে মানুহক [ ৭০ ] ধঁপাত খাবলৈ নিদিছিল, কিয়নো ধোঁৱা মুখৰ পৰা ওলাই আহে, এতেকে সি মানুহক অশুচি কৰিব পাৰে। আৰু এবিধ মূল কথা আছে তাক বিজ্ঞান বোলে। বিজ্ঞান লিখোঁতে বৰ সাৱধান হোৱা উচিত, কিয়নো তাৰ কথা অলপ লৰিলেই বহুত অপকাৰ হয়। ইয়াত অলঙ্কাৰ বা উপমা লগাব নোৱাৰি; কথা বঢ়াবলৈ শব্দও বেছিকৈ লিখিব নোৱাৰি। ওপৰত কৈ অহা হৈছে, যে ইতিহাস লিখোঁতে দুটা বা তিনটা অৰ্থ হব পাৰে এনে কথা তাত লিখা উচিত নহয়; বিজ্ঞান লিখাতো এই নিয়ম মতে চলিব লাগে; নাইবা কেতিয়াবা বিষম বিপদ উপস্থিত হব পাৰে। সাহিত্যৰ প্ৰথম ভাগৰ কথা শেষ হল। এতিয়া তাৰ দ্বিতীয় ভাগ অৰ্থাৎ পদ্যৰ বিষয় আলোচনা কৰা হব। গদ্য প্ৰণালী এক প্ৰকাৰে ধৰিলে উজু বুলিব পাৰি আৰু তাক লিখিবৰ নিয়মো বন্ধা আছে। কিন্তু পদ্যৰ একো নিয়ম নাই বুলিলেও বুলিব পৰা যায়। এই প্ৰণালী অতি প্ৰাচীন। কথা লিখিবৰ দিন ধৰি কেৱল পদ্যেৰেহে লিখিছে, গদ্য আগেয়ে বৰ চলিত নাছিল, ই ওলাবৰ অতি অলপ দিন হৈছে। এই কথা যে কেৱল আমাৰ দেশতহে দেখা যায় এনে নহয়, পৃথিবীৰ সকলো ঠাইতে পদ্যৰ বৰ আদৰ আছিল। যি দেশৰে পুৰণি পুথি মেলি চোৱা, তাতে পদ্য দেখিবা। আমাৰ দেশততো ব্যাকৰণ অভিধানো পদ প্ৰণালীত লিখা। এতিয়া সুধিব পাৰা, যে আগৰ দিনত নো মানুহে পদ্য ইমান কিয় ভাল পাইছিল। এই কথাৰ উত্তৰ অলপ গমি চালেই পোৱা যায়। মানুহৰ স্বভাৱ এনেকুৱা যে যি বস্তু আমি সদাই দেখোঁ সি বৰ সুন্দৰ হলেও আমাৰ চকুত ভাল নলগা হয়। যি গীতটো সদাই শুনা যায় সি অতি মধুৰ হলেও আমাৰ কাণত সোৱাদ নালাগে। ন গীত বেয়া হলেও সুললিত শুনি। গদ্য আমি সদাই দেখা বস্ত, তাৰে সদাই কথাবাৰ্ত্তা কোৱা হয়, সেই দেখি লিখিবৰ সময়ত তাক ভাল নালাগিছিল। আৰু পদ্যৰ নিজৰে কিছুমান গুণ আছে। এই প্ৰণালীত লিখা কথাৰ ফাঁকিয়ে ফাঁকিয়ে মিল থাকে, তাক গীত গোৱাৰ নিচিনাকৈ গাই যাব পাৰি। পদ্যত [ ৭১ ] ভাল ভাব বা উত্তম অলঙ্কাৰ নাথাকিলেও সি এনেয়ে মিঠা। সাহিত্যৰ ৰস নুবুজা মানুহেও পদ্যৰ অলপ ৰস পাব পাৰে। আমাৰ দেশত ঢুলীয়া, খুলীয়া, বহুৱা আদি কৰি যিবোৰ মানুহে গীত গায়, সিহঁতে জানো কিবা সাহিত্য-ৰসৰ ভূ পায়? তেওঁ যে হেঁপাহ কৰি গায় তাৰ কাৰণ কেৱল এই - পদ্যত কথায় কথায় মিল থাকে, এতেকে শুনিবলৈকো মিঠা লাগে। কিন্তু গদ্য তেনেকুৱা নহয়। ভালকৈ লিখিব নোৱাৰিলে তাৰ সোৱাদ কোনো মতে উলিয়াব নোৱাৰি। সাধাৰণ মানুহৰ পক্ষেতো গদ্য কেতিয়াও সোৱাদ হবই নোৱাৰে। কিয়নো গদ্য যদি নিৰলঙ্কাৰ বা ভাবশূন্য হয়, তেনেহলে তাৰ মন আকৰ্ষণ কৰিবৰ শক্তিয়েই নাথাকে। আৰু যদি অলঙ্কাৰ বা সুন্দৰ সুন্দৰ উপমা দি গদ্য লিখা যায়, তেন্তে সাধাৰণ মানুহেহে তাৰ ভাবকে বুজিব নো- ৱাৰে। এই দেখি গদ্য কেৱল শিক্ষিত মানুহৰহে বস্তু। যদি কোনো কথা চহা মানুহৰ নিমিত্তে লিখিব খোজা, তেন্তে তাক পদ্যত লিখাহে উচিত। ইতিহাস পঢ়িলে জানিবা যে আগৰ দিনত অতি কম মানুহহে লিখা পঢ়া শিকিছিল, সৰহ ভাগেই লিখিব নোৱাৰা চহা। আৰু লিখা পঢ়া জনাৰ ভিতৰতে ৰস বুজাৰ সংখ্যা নিচেই তাকৰ। এই কাৰণ আদিতে পদ্যৰ ইমান গৌৰৱ আছিল। মাজডোখৰতে অৱশ্য কিছুমান মহৎ মহৎ লিখক ওলাইছিল, কিন্তু সিবিলাকে আদিৰ পৰা চলি অহা শ্ৰুতি মধুৰ পদ্য এৰি গদ্যত কথা লিখিবলৈ ভাল নাপাইছিল। আৰু গদ্য যে ইমান ৰসাল হয় এই কথাও তেওঁলোকে নাজানিব পাৰে। আগৰ কালত পদ্যৰ আদৰ বেছি হবৰ কাৰণ আৰু এটা আছে। সেই কালত বিজ্ঞান ইত্যাদি মূল কথাৰ বৰ চৰ্চ্চা নাছিল। যি কথা লিখিবলৈ গদ্যৰ প্ৰয়োজন তাত মানুহে মন নিদিছিল। কেৱল প্ৰকৃতিৰ ৰূপ বা মানুহৰ দুৰৱস্থা দেখি কোনো কোনো কোমলচিতীয়া মানুহে তাকে কৈ আনন্দ লভিবলৈ বা মনৰ আকোপ খেদিবলৈ দুই চাৰি কথা লিখিছিল। এনেবোৰ কথা অৱশ্য পদ্যত লিখিলে ধুনীয়া আৰু মনোৰম হয়, সেই দেখি পদ্যত লিখাও হৈছিল। পাছে বহুত দিনৰ মূৰত আহি বিজ্ঞান ওলাল, ইতিহাস লিখিবৰ সকাম হল, কোনো বিষয় লৈ লিখা লিখি কৰি তৰ্ক কৰিব লগাত পৰিল, সেই দেখি মানুহে পদ্য এৰি গদ্যত ধৰিলে। আদিতে অৱশ্য গদ্য ইমান মধুৰ নাছিল। গদ্যত [ ৭২ ] লিখা পুৰণি কিতাপ পঢ়ি চালে লৰাই লিখা যেন বোধ হয়। কিন্তু সময় ক্ৰমে মানুহে গদ্যৰ ৰস বুজিব পৰা হল, আৰু তাক কেনেকৈ সুললিত বা মনোৰম কৰিব পাৰি, তাৰো উপায় শিকিলে। আজি কালি গদ্যৰহে বেছি আদৰ, পদ্যৰ দিন এক প্ৰকাৰে গল বুলিবই পাৰি। এতিয়া যেয়ে যি লিখে তাক পৰাপক্ষত পদ্যত নেলেখে। আমাৰ দেশত গদ্য ওলাবৰ নিচেই অলপ দিনহে হৈছে। আগৰ দিনৰ খানচেৰেক গদ্যত লিখা বুৰঞ্জী আছে হয়, কিন্তু যথাৰ্থ মতে ৺ আনন্দৰাম ঢেকীয়াল ফুকনৰ দিনৰ পৰাহে আসামত গদ্যৰ সৃষ্টি হৈছে। প্ৰথমে তেওঁহে আমাৰ ভাষাত গদ্য লিখি যায়। বঙ্গলা ভাষাত প্ৰথমে ৺ৰামমোহণ ৰায়ে গদ্য লিখে। ওপৰত লিখা কথাটো আগেয়ে কোৱা উচিত আছিল। কিন্তু তেতিয়া এই বিষয় ধৰিলে আমাৰ উদ্দেশ্য সিদ্ধি নহয় দেখি ইয়াত কোৱা হল। সম্প্ৰতি আমাৰ আলোচনাৰ বিষয় পদ্য। ইয়াৰ কথা আগয়ে যি যি কোৱা হৈছে তাৰ পৰা এনে বুজিব নালাগে যে আজি কালি পদ্যৰ গৌৰৱ একে বাৰে নাই। এতিয়াও দেশে দেশে কবি আছে, দেশে দেশে পদ্য ওলাবই লাগিছে। কিন্তু আগৰ দৰে জানিবা পদ্যই এক মাত্ৰ লিখাৰ প্ৰণালী নহয়। আজি কালি যি পদ্য লিখে সি আগৰ নিচিনা নহয়; আগতকৈ তাৰ লক্ষণ বহুত লৰিছে। কোন কোন অংশত লক্ষণৰ পৰিবৰ্ত্তন হৈছে তাৰ বিচাৰ কৰিবৰ আগেয়ে, পদ্য কিহক বোলে এই কথাটো ভালকৈ বুজি লব লাগিব। পদ্য বুলিলে সচৰাচৰ যি বুজা যায়, শব্দটো আমি সেই ভাবে ধৰা নাই; অৰ্থাৎ পদ্য বুলিলে কেৱল ছন্দত লিখা কথাকে নধৰিবা। আমাৰ অৰ্থ মতে গদ্য প্ৰৱন্ধত লিখা কথাও কেতিয়াবা পদ্য হব পাৰে। গদ্য আৰু পদ্য এই দুটা লিখাৰ প্ৰণালী। কিন্তু প্ৰণালী দুটি যে কেৱল শব্দ যোজনাতহে লগোৱা হয় এনে নহয়; ভাব, অৰ্থ, আৰু লক্ষণতো এই দুই নিয়মৰ ভিন্নতা থাকিব লাগে। মানুহৰ যেনেকৈ মতা আৰু মাইকী দুজাত আছে, সেই দৰে সাহিত্যৰো গদ্য আৰ পদ্য দুই বিধ। মতা মানুহ আৰু মাইকী মানুহৰ ভিতৰত যেনে আকৃতি, গঠন, লক্ষণ, স্বভাব, মাত, কথা, ভাব, ৰীতি, নীতি সকলো ভিন ভিন তেনেকৈ গদ্য আৰু পদ্যৰ ভিতৰতো সকলো বেলেগ বেলেগ। যদি কোনো অংশত পদ্যত লিখা কথাই গদ্যৰ ৰূপ লয়, তেন্তে তাক শুধ পদ্য নুবুলি গদ্য [ ৭৩ ] পদ্য বা মিহলি পদ্যহে বুলিব পাৰি। এনেকুৱা মিহলি পদ্য সময়ে সময়ে বহুত দেখা যায়। ইয়াৰ কাৰণ এই যে যি জনে পদ্য লিখে তেওঁ পদ্য কিহক বোলে ভালকৈ নাজানে; কেৱল ছন্দত কথা লিখিবলৈ শিকিয়েই পদ্য লিখিবলৈ ধৰে। আৰু মাজে মাজে এনে গদ্যও দেখা যায় যাক কোনো মতে গদ্য নাম দিব নোৱাৰি। পদ্যৰ অযোগ্য কথা পদ্যত আৰু গদ্যৰ অযোগ্য কথা গদ্যত লিখাই অবশ্য এই দোষৰ কাৰণ। এতিয়ালৈকে পদ্যৰ বিষয়ে যিযি কথা কৈ অহা হৈছে, সি কেৱল পদ্যৰ লক্ষণ মাথোন। ইয়াক পঢ়িলে পদ্যৰ আকৃতুই-প্ৰকৃতি, দোষ-গুণাদি বাজৰ ভাগটোহে জনা যাব। কিন্তু পদ্য ৰচোঁতে কি কি নিয়মে চলিব লাগে, তাৰ এটা কথাও কোৱা হোৱা নাই। এই নিয়মবোৰ যে কেৱল পদ ৰচোঁতেহে লাগে তেনে নহয়, তাৰ দোষাদোষ বিচাৰতো নহলে নচলে। তুমি ভাবিব পাৰা, যে লঘু গুরু চাই আখৰ লিখি শব্দ পাতিলেই পদ্য হয়। এই বিশ্বাস বৰ ভুল। পদ্য ৰচনা কৰোঁতে বহুত চিন্তাৰ এয়োজন। যি শব্দবোৰ ব্যৱহাৰ কৰিবা, তাক লেখি-জুখি, গঢ় চাই, ভাব চাই লিখিলে হে কবিতা ভাল হয়। যেনে তেনে প্ৰকাৰে পদ মিলাই গলে পদ্য নহয়, ছন্দ হব পাৰে। পদ্য লিখিবলৈ ধৰিবৰ আগেয়ে সেই বিষয়টো মনত থিৰ কৰি লব লাগে। যি কথা লিখিবা তাক ভালকৈ লবা। মানুহৰ এটা গুণ আছে, যে বহুত দিনীয়া পুৰণি কথাকো ভাবি ভাবি এই নতুন কৰি তুলিব পাৰি। ইয়াৰ প্ৰমান অগপ গমি চালেই পোৱা যায়। যাৰ বৰ চেনেহৰ ভাই বা ককাই মৰি গৈছে, সি যদি সেই কথা বাৰ বছৰৰ মূৰত এদিন ভাবে অৰ্থাৎ সেই সময়ত কিকি হৈছিল, তাৰ ভায়েক কেনেকৈ নৰিয়া পৰিল, সেই নৰিয়া লাহে লাহে কেনেকৈ টান হল, মৰিবৰ অলপ আগয়ে ভায়েকে কেনে কৰিছিল, কি কি কথা কৈছিল, আৰু মৰিলত তাৰ মনত কি কি ভাব ওলাইছি, এইবোৰ কথা যদি একান্ত মনে অকলৈ বহি ভাবিবলৈ ধৰে, তেনেহলে পুনৰায় সেই ভাব মনত জাগি উঠি, চকুৰ পানী ওলাব, আৰু মন ব্যাকুল হৈ পৰিব। গৰ মনত তেতিয়া এনে শোক লাগিব, যে ভায়েক যেন সেই দিনাহে মৰিছে। সকলো পুৰণি কথাকে এই দৰে ন কৰি লব পৰা যায়। যি বিষয় তুমি পদ্য লিখিব খোজা, সেই বিষয় এই দৰে ভাবি ভাবি মনত একেবাৰে নতুন কৰি [ ৭৪ ] লব লাগে। এই দৰে কথা ঠিক কৰি ললে লিখোঁতে আৰু একো টান পোৱা নাযায়; শব্দ, উপমা, কথাৰ মিল সকলো আপুনি কাপৰ মুখেৰে ওলাবলৈ ধৰে। কোনো নতুন বিষয় অৰ্থাৎ নকৈ ওলোৱা ভাব লৈ কবিতা লিখিব খুজিলে, সেই ভাব নতুন থাকোঁতেই আৰম্ভ কৰা উচিত। বিবেচনা কৰা, তুমি আজি এডোখৰ বৰ সুন্দৰ ঠাই দেখিল বা এটা কোনো বৰ দুখজনক কথা দেখিলা। যদি সেই বিষয় কবিতা কৰিব খোজা, তেন্তে সেই দিনাই বা তাৰ পাচ দিন অৰ্থাৎ কথাটো মনত জাগি থাকোঁতেই কবিতা লিখিলে ভাল। মনত দুখ লাগি থাকোঁতেই কবিতা কৰিলে যেনে সুন্দৰ হয়, বহুত দিনৰ পাচত লিখিলে তেনেকুৱা নহব পাৰে। এই নিয়ম মতে নচলি, যদি পদ্য লিখিবৰ মন গলেই লিখিবলৈ ধৰ, তেন্তে কথা বিচাৰি নাপাই ভাব বিচাৰি নাপাই বৰ বিৰক্ত লাগিব। যিবোৰ কবিতা পঢ়িবলৈ পোৱা, তকি লিখোঁতে যে কবিৰ মনত কিমান দুথ বা কিমান সুখ লাগিছিল, তাক তেওঁহে ভালকৈ জানে। মানুহে নে পদ্য কেৱল বিদ্যা বা বুদ্ধি দেখাবলৈ লিখে এনে নহয়। পদ্য লিখাৰ এটা বেলেগ পৱিত্ৰ সুখ আছে। তুমি পঢ়ি যিমান সুখ পোৱা, তাৰ ৮ গুণ লিখকে পায়। মই এদিন এটা কথাত বৰ আনন্দ পাইছিলোঁ, সেই কথা হবৰ বহুত দিন হৈ গল, তাক প্ৰায় পাহৰিছোঁ বুলিলেও বুলিব পাৰি। তেও যদি সেই বিষয়ে এটা কবিতা আজি লিখিবলৈ ধৰোঁ, তেনেহলে সেই দিনা যি আনন্দ পাইছিলোঁ, লিখি থাকোতে পুনৰায় সেই আনন্দ লাগিব। তেতিয়া বোধ হব যেন আকো সেই দিন উভটি আহিল, সেই আনন্দ আচলতে যেন আকৌ ভোগ কৰিবলৈ পালোঁ। এই সুখটোৰ নিমিত্তেহে পদ্য লিখাৰ যি কষ্ট, তাক ভোগ কৰিবলৈ মানুহে আগ বাঢ়ে। এই সম্বন্ধে আৰু এটা কথা আছে। যি বিষয়টো তোমাৰ মনত ভালকৈ লগা নাই তাৰ কবিতা কেতিয়াও ভাল নহয়। যি কথাৰ নিমিত্তে তুমি এদিন কান্দিছা বা যি কথাটো তামাৰ মনত বৰকৈ লাগিছিল, তাৰহে কবিতা মনোৰম হয়। বৰ বৰ কবিৰ কবিতা পঢ়ি চালে দেখা যায় যে তাৰ সৰহ ভাগেই কবিৰ নিজৰ কথা। ইয়াৰ কাৰণ এই যে সেইবোৰ কথা তেওঁৰ মনত বৰকৈ লাগিছিল, সেই দেখি তাক লিখিবলৈকো বৰ ভাল পাইছিল। কোনো কোনো কবিতাৰ ওপৰত লিখি দিয়ে, যে এই কথা কবিয়ে অমুক ঠাইত বহি অমুক সময় লিখিছিল। ইয়াৰ অৰ্থ [ ৭৫ ] এই, ৫ে সেই সময়ত সেই ঠাইত, সেই কথাটো কৰিৰ মনত লাগিছিল। বিয়ে যে আচলতে কাপ কাকড় নি পৰ্বতৰ চিত যা নৈৰ গতিত চল কৰিছিল এনে ভাবি না। । পদ্য লিখিবলৈ আৰু এক প্ৰকাৰে আৰয় কৰিব পাৰি। আগেয়ে এটাই খিনি কথা নলৈ মন গলেই লিখিবলৈ বৰিবা। পাচে লিৰি যাওঁতে তোমাৰ আগৰ তাৰ গোটইবোৰ আহি মনত্ব পাৰিব। এই দেখি কোনো কোনো লিখকে দুখৰ কথা লিখিবলৈ ৰহি চকুৰ লো টুকিবলৈ ধৰে। কিয়নো লিখি যাওঁতে আগৰ দুখ তেনেই উৰ খাই উঠি মন ব্যাকুল কৰি পেলায়। এই নিয়ম কি বৰ ভাল নহয়। গদ্যৰ বিষয় আলোচনা কৰোতে শব্দ আৰু ভাৰৰ বিষয় যি যি কথা কোৱা হৈছিল, সেই এটাইবোৰ পণ্যতো খাটে। সেই বিষয় ইয়াত আমি কেন উনুকিয়ামছে। পদ্য লিখি যাওঁতে যিটো বস্তু যি ভাৰত ৰণাৰা যায় নাম তেনেকুৱা দিয়াই ভাল। বিবেচনা কৰা জুইয়ে এখান বিয়নী বা পৰ্বত পুৰি পেলালে, সেই ঠাইত জুইৰ যে নিষ্ঠৰ সকলো উছন কৰা স্বাৱ আহে সেয়েহে ইয়াত প্ৰকাশ পাইছে, এতেকে এই ঠাইত জুইক হতাশন বুলিলে ল। এই দৰে সূৰ্যক ঠাইত সূৰ্য, ঠাইত ভানু, আৰু কোনো ঠাইত অৰুণ বুলিব পাৰি। শক পাৰ্তোতে পৰা যায় মানে একে এম শব্দ একেলগে বহুৱাব লাগে যেন; দয়াময় দীননাথ দয়া দান দিয়া, কাকুতি কৰিমেই কাত কবিয়া। এই দুই শাৰীৰবোৰ প্ৰায় একেক। প্ৰথম শাৰীৰবোৰ প্ৰায় দৰে আৰু দ্বিতীয় শাৰীৰবোৰ প্ৰায় 'ক'ৰে আৰম্ভ হৈছে। পদ্য লিখোতে পদ মিলাবৰ নিমিত্তে নলগা শব্দও অনেক লিখিৰ লগাত পাৰে। ইয়াৰ হাত পৰা যায় মানে এৰাবলৈ যত্ন কৰা উচিত। মিত্ৰাক্ষৰ ছন্দ লিখোতে কেৱল শেহৰ আখৰটো মিলায়েই নেৰিবা। শেহৰ ঘৰৰ দুটা আৰু ব্যঞ্জন বৰ্ণ দুটা অৰ্থাৎ ওপৰৰ ফঁাৰি শেহৰ স্বৰ আৰু ব্যৰুণ ফৰ্ণ দুটা তলৰ ফঁাকি স্বৰ আৰু ব্যগণ দুটাৰ লগত মিলিব লাগে, তেহে শুনিবলৈ ভাল হয়। ওপৰৰ ফঁাকিত ঘদি তৰুণ থাকে তলৰ কঁকিতে। বৰুণ ৰা তেনেকুৱা কোনো শব্দ লগোৱা [ ৭৬ ] উচিত। কিন্তু সবাই এই ৰে নিৰলৈ বৰ টান; কিয়নো মিন শব্দ ভাষাত বহ নাথাকে। আমাৰ সমীয়া ভাষাত • মানহে যদি মিল শব্দ ওলায়। যত দুয়োটা ব্যানৰ যিনাৰ নোৱাৰি তা একেবাৰে সৰ শেহৰ ব্যঞ্জনটো মিলাই গলেও চলে। কিন্তু ঘৰৰ দুটা মিণিৰই লাগে। যদি কোনো ঠাইত ওপৰৰ ফাকিত তৰুণ থাকে, তে তলৰ শাৰীত নিপুণ বা নিশোহ পাৰে। কিয়নো ওপৰত তা বোলেতে শেহত আৰু আছে, আৰু হতো সেই পৰে নিপুণ হোেেত শেষ আৰু আছে, আৰু ওপৰৰ। তলৰ শৰ লগত মিলিছে। কিন্তু তা আৰু হৰি ভালকৈ নিমিলে, কাৰণ ওপৰত আছে উ আৰু , তলত আছেই আৰু জ। আৰু শেহৰ স্বৰবৰ্ণটে। যদি ওন, তেন্তে ব্যঞ্জন বৰ্ণটে। নিমিলিলেও বৰ বেয়া সুনি। টান ঠাইত বলা ৰা এই দুটা শব্দকো মিলাৰ পাৰি। কিন্তু এন আৰু মল মিলাৰ নোৱাৰি, কাৰণ শব্দ দুটাৰ হে ঋৰ। ইয়াত শেহৰ নটো নিমিলিলে কোনোমতে ভাল নহয়। তলৰ নিয়ম মতে পৰা পক্ষ লিখি। নালাগে; বৰ টান ঠাইতৰে সেই নিয়মৰ আয় লোৱা উচিত। অনুনাসিক ৰবোৰ পৰশৰ মিলে, অৰ্থাৎ ওপৰত যদি ম থাকে, তেৰে তলত ন দিলেও দোষ নাই। কথা কওঁতে যিটো শব্দৰ অন্তৰ আখৰৰ স্বৰ লোপ হয় তাক পদ্য লিখেতেও হল কৰি লিখিব লাগে। যদি কেতিয়াবা ঠাইত' লিখিবৰ সকাম হয়, তেনেহলে তাৰু এনে ঠাইত লিখিব লাগে, যেন পঢ়োতে ঠাইত বুলি পঢ়িব লগা হয়। ইয়াৰ এটা ইহৰণ চোৰ॥ । ইহেন ঠাইত বহি কিয়নো কাশি, এনে ছেদি মুৰে কিয় বিনাই। এতিয়া চোৱা, ওপৰৰ শাৰীত "ঠাইত শটো এনে ঠাইত বহিছে যে আৰু পটোতে ঠাই ও কৰি পঢ়িলে শুনিবলৈ ভাল নহয়, আৰু নিশিলে। কলৰ শাৰীতে "বিলাই শ সেই ৰুমেই বহিছে। তাকে বিলাইছা বুলি নপঢ়িলে ল মিল নায়। এই দৰে পা মিলোৰ। উচিত নয়। এনেকুৱা ৰোৰ এনে ঠাইত লিখা উচিত, যে কথা ওঁতে সেই শৰোৰ যেনে উচ্চাৰণ তাৰ যেন অলপো ব্যতিক্ৰম न [ ৭৭ ] তোমাৰ নিচিনা, শোভনীয়া বত । নাই এই শংসাৰত। তোমাৰ লোত, চোৰে চুৰ কৰে । ডকাইতি কৰে ডকাইত। ইয়াত ডাইতে ষাটা বেয়া ঠাইত ব্যৱহাৰ কৰা হৈছে। তাক ডকাইত বুলি মাঢ়িলে পদ নিমিতে। অসমীয়া ভাষাত আৰু এটাইবোৰ শব্দৰে উচ্চাৰণ কৰোঁতে অ লোপ , যেনে, গ, আচল, কাকাৰ, মহিষাসুৰ। মিত্ৰাক্ষৰতকৈ অমিত্ৰাক্ষ ছত পদ্য লিখিবলৈ টান। লিখকৰ ভাত পাৰ্গতালি নাথাকিলে অমিল : Bদ শুনিবলৈ বৰ বেয়া হয়। কিন্তু জা মানুহৰ হাতৰ অমিল দুল মিলতকৈ ৰসাল। এই বিধৰ পদ্যত শষ যোজনা কৰিবলৈ কিছু উজু হয়। মিল ছত কোনো ঠাইত শ মিলাৰ নিমিত্তে মিঠা কোমল শব্দ লগাব লগাত পৰে। কিন্তু অমিল ছন্দত সি ৰা নাই, কেবল আখৰৰ মিল ৰাখি যি শৰ যেনেকৈ ইচ্ছা তেনেকৈ বহুৱাব পৰা যায়। এই ছন্দত কথা লিখোতে একোটা ভাব একে ফকিতে শেষ হলে পঢ়িবলৈকো বেয়া হয়, শুনিবলৈকো বেয়া শুনি। যিমান পৰা যায়, ভাৰ ভাজি ভাজি লিখা উচিত। বিবেচনা কৰা, তুমি তেৰ ফাকি ফখ। লিৰি, তেও ভাৰটোৰ অন্ত হোৱা নাই, এনে ঠাই সেই গৰ সেই কিতে শেষ কৰিব নালাগে। শৰীটোৰ মাজকে ভাৰটো দি আন এক ভাবে কথা আৰম্ভ কৰিবা। পাচে সেই কথা। আৰু এই মিলাই নি আন ঠাইত শেষ কৰিব লাগে। এই বিষয় আগেয়ে বুজাই দিয়া হৈছে। পত কোনো কথা লিখিৰৰ হলে, তাত কথাটো একেবাৰে ভাঙ্গি প্ৰকাশ কৰি লিখিব নালাগে। কথা ভালকৈ লুকাব পাৰিলে কবিতা বৰ ৰসাল হয়। আকাৰ ইঙ্গিতে কথা কৈ বিটো কি শ কৰি থব লাগে, পঢ়েতাই যেন চিন্তা কৰিছে সেই ভাৰ উলিয়াব পাৰে। তেতিয়াৰ মন কৰিব পাৰ, যে দূৰৈৰপৰা সকলো যাকে ভাল দেখি, কাৰণ সিহঁতৰ ঘুণৰোৰ দূৰৈৰপৰা দেখা নাযায়, কিন্তু ওচৰলৈ গলে কত যত বেয়া আছে এটাইৰোৰ ওলাই পৰে। নন্য দূৰৈত ধৰিলে ধুনীয়া দেখি, কি ওচৰৰ পৰা বৰ তা দেখা [ ৭৮ ] নাযায়। কথাৰে। ঠিক তেনেকুৱা। পদ্য লিখোতে মানুহে কোনো এটা বাতৰি দিব দেখেছে, যি বস্তুটো বৰ্ণোৱা হয় তাৰ ৰূপ বা গৃঢ় ভাবটোহে দেখুৱাবলৈ বিচাৰে। এই দেখি যিমান পাৰে ইঙ্গিতে কথা কোৱা। যায়, সিমান ভাল। কিন্তু সেই বুলি শাখৰুৱাকৈ কথা লিখিব নালাগে। পাঠকে যেন সহজে তোমাৰ ভাৰ বুজি যাব পাৰে, এই দৰে পদ্য ৰচনা কৰা উচিত। ভব সুকাই কথা লিখাৰ উত্তম উদাহৰণ "বিদ্যাসুন্দৰত পোৰা যায়। মালিনীয়ে যেতিয়া সুন্দৰৰ আগত বিদ্যাৰ ৰূপ বৰ্ণনা কৰে তেতিয়া তাই ভাব চুৰ কৰি কৰি কথা কৈছিল। বিদ্যাৰ চুলি সাপৰ নেজতকৈও • ভাল আছিল বুলি নয়; সাপে চুলি দেখি লাতে গাতত লুকাত বুলিয়ে কৈছে। কথা এই ৰে লিখিলে কবিতাৰ ৰস বাঢ়ে। এটা উদাহৰণ দিও চোষ। "আজীষন দুখত জীৱন ধৰাতকৈ জীৱনত জীৱন জাহ দিয়াই ভাল। । এই কথাটো আচল ভাবটো গোপন কৰি লিখা হৈছে। "জীৱন" শৰৰ অৰ্ধ দুট, প্ৰাণ আৰু পানী। সিহঁত দুইকো একে ঠাইতে লগ কৰাই ভাবটে। কিন্তু স্পষ্ট হৈছে। উপমা সাহিত্যৰ এবিধ প্ৰধান লঙ্কাৰ। ইয়াৰ ধাৰাই দুটা কৰ্ম্ম সিদ্ধ হয়। কোনো ঠাইত উপমা দিলে কথা ধুনীয়া হয়, কেতিয়াবা ভাৰটো উত্তম ৰূপে। প্ৰকাশ পায়। ইয়াক ব্যৱহাৰ কৰি দুটা নিয়ম আছে। এক কমে, যিটো বস্তুৰ লগত যাৰ মিল, সিহঁত দুয়োকো একে লগে লিখিলেই হয়; যেনে, সি ভৗস। ইয়াৰ দ্বাৰাই বুজাগল, যে সি ভীমৰ নিচিনা পৰামী। কেতিয়াবা এই দৰে নিলিখি কথাটো ঘূৰাই কয়; যেনে, তাৰ পৰাক্ৰম দেখিলে ভীমেও তলমূৰ কৰে। কোন বৰ লগত কোনটোৰ তুলনা হয় তাৰ একো নিয়ম নাই। কিন্তু কবিবিলাকে কিছুমান বস্তু আন কিছুমান নিৰ্দিষ্ট বস্তুৰ লগত সদাই তুলনা কৰে। তাৰে কেইটামান তলত দিয়া গল। মুখ-মোন মিছিনা। চ পদুম ফুলবেন (পুৰুষ)। হৰিণৰ চকু যেন (স্ত্ৰী)। না-তিলৰ ফুল যেন। -মুভাৰ নিচিনা। [ ৭৯ ] সাহিত্যৰ সাধাৰণ সক্ষণ। উঠ - বিন্ধ কৰি নিচিনা। হাত~পাছ (গছৰ পাত) যেন। উফৰহা ( কল-গছ ) দেন, বা হাতীৰ কৰ ধেন। ডিঙি - সিংহৰ ডিঙি যেন। ককাল, ডম্বৰুৰ মাজ ভোখৰ যেন। পানী ফটিক যেন। মাত - কুলি চৰাইৰ নিচিনা। ভূ-ধেনুৰ নিচিনা। চুলি-গাপৰ বেত বেন। বৰণগোলাপ বা পদুমৰ পতিৰ নিটিমা। ৰজা -লাতুৰমণি যেন। সোৱণ- জমৃত বা যে খেন। টেঙ1-8ণ যেন। পণ্ডিত--বৃহস্পতিৰ নিচিনা। গভীৰপৃথিবী যেম। গীৰ-সাগৰ যেন। ওখ--তাল গছৰ নিচিনা। অটল - পৰ্বতৰ নিচিগা। ৰূপ-কাকি বা ৰতিপতিৰ (কামৰ) নিচিনা (পূকৰ) ৰতি বা লক্ষ্মীৰ নিচিনা স্ত্ৰী ]। কূলীয়া - তিহৰ জালি বেন। কোমন - গৱন্ত বা গাখীৰৰ ফেন যেন। বুহু (নিৰ্দয় ) - কাঠ বা শিল যেন। ভয়ঙ্কৰ-ঘমৰ নিচিমা। খঙাল - হবাসা মুনিৰ নিচিনা। উএ--কঢ় যেন। গমন - গজৰ (হাতী) নিচিনা (পুৰুষ) হাহৰ নিচিনা (ঘ)। [ ৮০ ] তোঙ্গন-ভীমৰ নিচিনা। কপনি- কল গছৰ পাত যেন। কবিতাত কোনো বস্থা বৰ্ণাব লাগিলে তাৰ লগৰীয়াযিবোৰ গুণ আছে, তাবে। কথা কব লাগে। যদি কবিয়ে সেইবোৰ গুণৰ বিষয় একো উল্লেখ নকবে, তেও পঢ়োতাই বুলি লোৱা উচিত। কোন বস্তুৰ লগত কি কি গুণ সদাই বুজা যায়, তাব টুটামান ইয়াতে দিয়া গল। খাধু - মী তল, যুদ্ধ, খুগন্ধী। পানী-শীতল, fনৰ্ধল, আবদী। চুপি - চিক্মিকীয়া, কলাদীঘল। পুপ স্বী - তাত পছম Zন আক ব্ৰাহ থাকে। নিশাচ-গদী। বননি~ণ ল থাকে। প - } বা হা, ভোমোৰা লাগি থাকে, বতাহত লবে। পগ ৪২াল- - এই কালত গছে ন ধাত ধবে, {ল ফুলে, আক কুলিয়ে মাতে। পেন - পূৰ্ণিমাৰ বা প্ৰতি পদৰ, আকাশ মেঘালি বা নিৰ্ম্মল। পথাৰ সাধাৰণ লক্ষণৰ বিষয় আমাৰ আলোচনা ওৰ পৰিল। ওপৰত। থিবোৰ নিয়ম দিয়া হল, তাৰ পৰা পদ্য লিখোতাৰ আৰু পঢ়োতাৰ যে অনেক সুবিধা হব, তাও আমাৰ মুঠেই সহে নাই। ইগাৰ ভিতৰত হুই চাইটা ধেতে কবি নোৱাৰা কথা ও সব পাৰে, কিন্তু গদ্য পডে'তে সেইবোৰ। মৰয় খণ্ডাৰ কোব বাৰুক ঝঙ্কাৰি। বাৰু সমে শালে কেহো জনে শৰ মাৰি। বৰতৰ অস্ত্ৰ ধৰি দুহাতে প্ৰহাৰে। শৱৰন্তে গৈয়া কতো হাতে পিেঞ্চ মাৰে। মদমত্ত চাপৰ উথলিল ৰোল। আগুৱান হুয়া যুজে লৈয়া ঢাল খোল। চবিভিীত শবদ উঠিল ভয়ঙ্কৰ। পৰম চঞ্চল চিত্ত ভৈল চণ্ডালৰ সদ্য লাগি আছয় চেতন নাহি গাৰে। হাতত চৌৱৰি ধৰি হুলহুলি ধাৰে। মায়ণ। মাৰীচ বাহু সে আমাৰ । কৰয় যত উছন। অনেক সন্তাৰ । আনি আৰু বাৰ • চাহে। যজ্ঞ কৰিব। ৰাসক মাৰি । যজ্ঞ ৰাধিক । ৰামক পিক মোক। শুনিয়া ৰাজাৰ মাথাত পৰিল । সত্ৰৰ যেন প্ৰহাৰ। উভয় শঙ্কটে পৰিয়া নৃপতি দেখ দুখে অজাৰ। ৰামক নিদিলে, শাপ দিয়া ঋষি । কৰিবেক বংশ চন। ঋষিৰ লগত । ৰামক পঠালে, হৈবেক মোৰ মৰণ। একভিতি বাবে খেদে আৰোভিতি নদী ঘোৰ বাৰিষাৰ। জাম্প দিলে মৰে, জাম্প নিদিলেও, । বাবে লয়ে প্ৰাণ তাৰ। সেহি পটন্তৰ পায়। আছে মোক, । কৰিলে। কোন উপায়। হেন মনজুখে থাকি ৰাঙ্গা পাচে । মাতি। ঋষিক চাই। বাৰ বৰিষৰ ছাৱা ৰাম মোৰ, শিশুমতি অতিশয়। কিমতে বণত । মাৰিবেক ৰামে । ৰাক্ষস বৰ দুৰ্জয়। ব্ৰহ্মাৰ বৰ, ইত্ৰ এৰি কৰি সিলে হয়। আছে বাহক। সিতে বাস কিমতে যুজিব অবোধ মোৰ বালে। নিদিলেওশাপি । কৰিবাহা তথ্য, । জানিশে। গ্ৰাসিলে কালে। হৰি হৰি বিধি, কি কাম কৰিলে, । পৰিলে মহাবিপাকে ৰাম হেন পুত্ৰ শায়াও নাপাইলো, । দণ্ডিলে দৈবে আমাকে। ৰামক পঠাইলে, মৰিব কৌশল্যা, । আমিও মৰিবে। প্ৰাণে। ৰামক নেদেখি, মৰিব সকলে, । যত নৰ নাৰী মানে। জান্তে তৃ৭ ধৰি তোমত মাগোঁহে, ৰামক দিও মোক। তোমাৰ প্ৰসাদে অযোধ্যাৰ লোকে নপাওক ৰামৰ নোক। তোমাৰ লগত । আপুনি চলিবে। কটক লৈ অপাৰ। তোমাৰ যজ্ঞক ৰাখিৰো কৰিয়। ৰাসক বুন্দামাৰ যদি তথাপিত। ৰমক নেৰাহ, । স্বৰুপ বোলো বচন॥ নিৰন্তৰে লোক, ৰামৰ লগত, চলি যাইবো তপোবন। ৰাম বিনে আমি, অযোধ্যা নগৰে,
আজিৰ খবৰ, গুৱাহাটী, ৩ আগষ্ট : আজি বৰঝাৰস্থিত আন্তঃৰাষ্ট্ৰীয় ভাৰতৰত্ন গোপীনাথ বৰদলৈ বিমান বন্দৰৰ মজদুৰ সংঘৰ কাৰ্যালয়ত ভাৰতীয় মজদুৰ সংঘৰ অন্তৰ্গত মজদুৰ সংঘৰ এখনি গুৰুত্বপূর্ণ সভা আড়ম্বৰপূর্ণভাৱে অনুষ্ঠিত হৈ যায়। সভাত সভাপতিত্ব কৰে অসম মজদুৰ সংঘৰ সাধাৰণ সম্পাদক ৰঞ্জন কুমাৰ শৰ্মাই। সভাৰ উদ্দেশ্য ব্যাখ্যা দাঙি ধৰি সংঘৰ অন্য এজন সাধাৰণ সম্পাদক অনুপম বৰগোহাঁই বৰঝাৰস্থিত আন্তর্জাতিক বিমানবন্দৰৰ ঠিকা ভিত্তিক শ্রমিক সকলৰ আহি পৰা ভয়ংকৰ সমস্যাসমূহ কিদৰে সমাধান কৰিব পৰা যায়, চৰকাৰৰ দায়িত্বৰ ওপৰত তেওঁ কয়। সভাত অংশ লৈ সাংবাদিক, লেখক তথা সমাজ সচেতক দীপক শৰ্মাই কয়- "কৃষক, শ্ৰমিক, মজদুৰৰ সমস্যা ৰাজ্য বা কেন্দ্রীয় চৰকাৰে সমাধান কৰিবই লাগিব। কোনো এখন চৰকাৰে স্থায়ী বুলি ভাৱিব নালাগে। ৰাইজৰ হাততে চৰকাৰ বৰ্তি থাকে। কৃষক- শ্ৰমিক- মজদুৰক সন্মান কৰিলেহে বৰ্তি থাকে। অসম তথা ভাৰত প্ৰধানকৈ কৃষি প্ৰধান। বৰঝাৰ বিমান বন্দৰ ব্যক্তিগত খণ্ডলৈ গ'লেও ইয়াত নিয়োজিত প্ৰতিজন শ্ৰমিকক সুৰক্ষিত তথা মৰ্যাদা সহকাৰে ৰাখিব লাগিব।"লগতে কয়, "অসম চৰকাৰ তথা কেন্দ্রীয় চৰকাৰে ভিন ভিন ঠাইত গঢ়ি উঠা উদ্যোগবোৰত শ্রমিক সকলক শোষণ- বঞ্চনা কৰিব নোৱাৰে তাৰ ওপৰত তীক্ষ্ম নজৰ দিব লাগে।চাহ শ্রমিক সকলৰ সমস্যা সমাধানত গুৰুত্বাৰোপ কৰিব লাগে। অসম মজদুৰ সংঘই এই যথোচিত ভূমিকা গ্রহণ কৰিব লাগে।" উত্তৰ-পূৰ্বাঞ্চল মজদুৰ সংঘৰ ক্ষেত্রীয় সভাপতি কমল শৰ্মাই কয়- যিকোনো উদ্যোগে উদ্যোগ নীতি মানি চলিব লাগিব।উদ্যোগে শ্রমিকক বঞ্চিত কৰিব নোৱাৰিব। অসম তথা উত্তৰ - পূর্বাঞ্চলৰ প্ৰতিখন চৰকাৰে শ্রমিক- মজদুৰক সন্মান কৰিব লাগিব। মজদুৰৰ হাচতে চৰকাৰ বৰ্তি আছে।দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ তথা প্ৰাক্তন ছাত্র নেতা মদন দাসে কয়- অসম মজদুৰ সংঘৰ কাম-কাজ নিঃসন্দেহে উন্নত। তেওঁলোকে অসমৰ শ্ৰমিক- মজদুৰৰ কল্যাণৰ হকে কাম কৰি আহিছে। অসম চৰকাৰে শ্রমিক, কৃষক, মজদুৰৰ সমস্যা সমূহ সমাধানত গুৰুত্ব দিব। সভাত কামৰূপ জিলা মজদুৰ সংঘৰ সহঃ সম্পাদক সীমান্ত দাস, বৰঝাৰ বিমান মজদুৰ সংঘৰ সভাপতি দিলীপ দাস, সাধাৰণ সম্পাদক দীপাংকৰ বৰদলৈ, সাংগঠনিক সম্পাদক দিগন্ত দাস, ৰঞ্জিত মহন্ত, দেবেশ্বৰ নাথ, ভাৰ্গৱ দাস, নৃপেন চৈনাৰী প্ৰভৃতি কেইবাজনো মজদুৰ সংঘৰ স'তে জড়িত সদস্যই বক্তব্য দাঙি ধৰে। প্ৰতিজন বক্তাই কোনো কালে বৰঝাৰ বিমান বন্দৰৰ কোনো ঠিকা ভিত্তিক শ্রমিকক ব্যক্তিগত কৰণ হ'লেও উলিয়াই দিব নোৱাৰে তাৰ ওপৰত অসম চৰকাৰে দৃঢ় প্ৰদক্ষেপ ল'ব লাগে বুলি একে মুখে কয়। এই ক্ষেত্রত অসম চৰকাৰৰ মুখ্যমন্ত্রী, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ, পশ্চিম গুৱাহাটী আৰু পলাশবাৰী বিধান সভা সমষ্টিৰ বিধায়কৰ যথেষ্ঠ দায়িত্ব আছে বুলি উল্লেখ কৰে ।
Search for: মা হোৱাৰ অনুভূতি পৃথিৱীৰ আটাইতকৈ মধুৰ অনুভূতি। এই সময়ত এগৰাকী গৰ্ভৱতী নাৰীৰ শাৰীৰিক আৰু মানসিক দিশত বহু পৰিৱৰ্তন আহে। আহিবলগীয়া সন্তানৰ স্বাস্থ্যকলৈ চিন্তিত হৈ থাকে। সেয়েহে গৰ্ভাৱস্থাত সাধাৰণ শৰীৰ চৰ্চা কৰাৰ প্ৰয়োজনীতা আছে। কিন্তু চিকিত্সক বা ফিজিকেল ট্ৰেইনাৰৰ পৰামৰ্শ লৈ যোগ-ব্যায়াম কৰা উচিত। মানসিক উদ্বেগ কমাই শৰীৰ চৰ্চাই। এগৰাকী গৰ্ভৱতী মহিলাৰ শৰীৰত প্ৰথমেই হৰ্মনেল পৰিৱৰ্তন লক্ষ্য কৰা হয়। প্ৰথম উদাহৰণ হ'ল, বেক পেইন। তাৰ লগতে মুড চুইং, উদ্বেগ, খং ইত্যাদি সমস্যা লগতে থাকেই। গতিকে অনুলম্ব-বিলম্ব(প্ৰাণায়ম), বজ্ৰাসন আদি ব্যায়াম কৰিব পাৰে। ২০১২ চনত মিছিগান বিশ্ববিদ্যালয়ত গৱেষকে সমীক্ষা চলাইছিল। আৰু সমীক্ষাত দেখা গৈছিল যে, গৰ্ভাৱস্থাত হতাশাৰ পৰা মুক্তি পাবলৈ মেডিটেশ্যন অত্যন্ত প্ৰয়োজনীয়। নৰ্মেল প্ৰসৱত সহায় কৰেঃ ২০১২ চনৰ জাৰ্নেল অৱ অল্টাৰনেটিভ এণ্ড কলপ্লিমেণ্টৰী মেডিচিনৰ গৱেষকৰ সমীক্ষাত দেখা গৈছিল যে, ব্যায়ামে শিশুৰ ওজন বঢ়ায় বা শিশুক সুস্বাস্থ্যৰ অধিকাৰী কৰি তোলে। বহু মহিলাৰ গৰ্ভাৱস্থাত উচ্চ ৰক্তচাপ বা তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি পায়। নিয়মিত ব্যায়ামৰ ফলত কঁকাল-পিঠিৰ পেশী শিথিল হয় লগতে স্বাভাৱিক প্ৰসৱত সহায়ক হয়। গৰ্ভকালীন শাৰীৰিক সমস্যাঃ প্ৰথমবাৰ যি মা হ'ব, তেওঁলোকে পুৱা চিকনেচ, বমি বমি ভাব, খোৱাত অৰুচি আদি সমস্যাৰ ঘনে ঘনে সন্মুখীন হয়। এনেবোৰ সমস্যাৰ পৰা শৰীৰ চৰ্চাই কিছু পৰিমাণে হ'লেও সকাহ দিব পাৰে। শৰীৰৰ ৰক্ত সঞ্চালন, অক্সিজেনৰ পৰিমাণ বৃদ্ধি পায়। গৰ্ভাৱস্থাৰ যোগ- নিদ্ৰাসন, শৱাসন আদি কৰা যায়। প্ৰসৱ যন্ত্ৰণা- প্ৰথমবাৰ মা হ'বলৈ ওলোৱা সকলৰ প্ৰসৱৰ ধাৰণা ভীতিজনক হ'ব পাৰে। গতিকে যোগ-ব্যায়ামৰ মাধ্যমেৰে কিদৰে ভৰি ষ্টেচ কৰিব লাগে, প্ৰসৱ যন্ত্ৰণা হোৱাৰ সময়ত কিদৰে শ্বাস-প্ৰশ্বাস ল'ব লাগে তাৰ এক ধাৰণা লাভ কৰে। ইয়াৰ বাবে ত্ৰিকোনাসন, বন্ধাকোণাসন আদি ব্যায়াম উপযুক্ত। লিগামেণ্ট প্ৰসাৰিত হয়ঃ প্ৰসৱৰ আগত যোগ-ব্যায়ামে গৰ্ভৱতী মহিলাৰ শৰীৰৰ পেশী আৰু লিগামেণ্টক প্ৰসাৰিত কৰাত সহায় কৰে। ফলত শিশু সুস্থা ভাবে বাঢ়ি যায়। Like this: Download App now.. By submitting your information, you're giving us permission to email you. You may unsubscribe at any time.
নগাঁও : চামগুৰিৰ বৰমাত ভুমি কেন্দ্ৰিত সংঘাত। দুই ফৈদৰ মাজত হোৱা মাৰপিটৰ ঘটনাত আহত ১২ জনকৈ লোক। আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ। এজনৰ অৱস্থা সংকটজনক হোৱাত আহত লোকজনক গুৱাহাটীলৈ প্ৰেৰণ। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত বিৰাজ কৰিছে তীব্ৰ উত্তেজনা। দেওবাৰে নগাঁও জিলাৰ চামগুৰিত সংঘটিত হোৱা এক ভূমি কেন্দ্ৰিক সংঘাতক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। চামগুৰিৰ বৰমাৰ ভগামুৰত দুই ফৈদৰ মাজত সংঘটিত হোৱা প্ৰচণ্ড মাৰপিটৰ ঘটনাত দুয়ো ফৈদৰ ১২ জনকৈ লোক আহত হয়। ছুৱেদ আলী আৰু ইদ্ৰিছ আলী নামৰ দুজন লোকৰ পৰিয়ালৰ মাজত সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে ছুৱেদ আলী নামৰ লোকজনৰ পৰিয়ালক ইদ্ৰিছ আলী নামৰ লোকজনৰ পৰিয়ালে মাটি বিক্ৰী কৰিছিল।দেওবাৰে ছুবেদ আলীৰ পৰিয়ালে ইদ্ৰিছ আলীক বিক্ৰী কৰা ভূমি পুনৰ দখল কৰিবলৈ যোৱাক কেন্দ্ৰ কৰি দুয়োপক্ষৰ মাজত সংঘাতৰ সৃষ্টি হয়। ইফালে ছুৱেদ আলীৰ পৰিয়ালে অভিযোগ কৰে যে ইদ্ৰিছ আলীৰ পৰিয়ালৰ এগৰাকী মহিলাৰ নাম ভোটাৰ তালিকাত নীতি বৰ্হিভূতভাৱে অন্তৰ্ভূক্ত হোৱাত তেওঁলোকে সংশ্লিষ্ট কৰ্তৃপক্ষক অভিযোগ দিছিল বাবেই ইদ্ৰিছ আলীৰ পৰিয়ালে আক্ৰমণ কৰে। আনহাতে ঘটনাটোক কেন্দ্ৰ কৰি এনেধৰণৰ অভিযোগ-প্ৰতিঅভিযোগ থাকিলেও দুয়ো ফৈদৰ মাজত হোৱা মাৰপিটৰ ঘটনাত ১২ জনকৈ লোক আহত হৈছে। আহত সকলক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছে। ইয়াৰে জাকিৰ হুছেইন নামৰ লোকজনৰ অৱস্থা সংকটজনক হোৱাৰ বাবে লোকজনক গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। অহাত সকলৰ ভিতৰত মহিলাও আছে। You may also read!
জাকাৰ্টা কোনো প্ৰদেশৰ অংশ নহয়, ইয়াক ৰাষ্ট্ৰীয় চৰকাৰে প্ৰত্যক্ষভাৱে শাসন কৰে আৰু "বিশেষ ৰাজধানী এলেকা" বুলি নামকৰণ কৰা হৈছে। জাকাৰ্টা (ইংৰাজীঃ Jakarta; /dʒəˈkɑrtə/,[টোকা- ১] চৰকাৰী নামঃ জাকাৰ্টাৰ বিশেষ ৰাজধানী এলেকা, ইণ্ডোনেছিয়ানঃ ডায়েৰা খুছুছ ইবু ক'তা জাকাৰ্টা) হৈছে ইণ্ডোনেছিয়াৰ ৰাজধানী তথা বৃহত্তম চহৰ, (যদিও জাকাৰ্টা নিজে এখন প্ৰদেশ) আৰু বিশ্বৰ এখন লেখত ল'বলগীয়া জনবহুল নগৰ অঞ্চল। জাভাৰ দক্ষিণ-পশ্চিম উপকূলত অৱস্থিত, জাকাৰ্টা হৈছে দেশৰ অৰ্থনৈতিক, সাংস্কৃতিক আৰু ৰাজনৈতিক কেন্দ্ৰস্বৰূপ। ২০১২ চনৰ ডিচেম্বৰত ইয়াৰ জনসংখ্যা আছিল ৯৭,৬১,৪০৭ জন।[6] ই হৈছে ইণ্ডোনেছিয়া আৰু দক্ষিণ-পূৱ এছিয়াৰ সৰ্বাধিক জনবহুল নগৰৰ অন্যতম।[7] জাব'ডেটাবেক (জাকাৰ্টা, ব'গৰ, ডেপ'ক, টাংগাৰাং আৰু বেকাছি নামৰ সন্মিলিত ৰূপ) বলি জনাজাত, দেশৰ চৰকাৰী নগৰ অঞ্চল হৈছে পৃথিৱাৰ ভিতৰত দ্বিতীয় বৃহত্তম অঞ্চল। চতুৰ্থ শতাব্দীত প্ৰতিষ্ঠিত এই নগৰখন, ছুন্দা সাম্ৰাজ্যৰ গুৰুত্বপূৰ্ণ ব্যৱসায়িক বন্দৰলৈ পৰিণত হয়। ই ডিউট্ছ ইষ্ট ইন্দিছৰ ডে ফেক্ট' ৰাজধানী আছিল (সেই সময়ত বেটাভিয়া বুলি জনাজাত আছিল)। ১৯৪৫ চনত ইন্দুনেছিয়াই স্বাধীনতা লাভ কৰাৰে পৰা বৰ্তমানলৈকে ই দেশখনৰ ৰাজধানী হৈ আছে। বৰ্তমান নগৰখনে দক্ষিণ-পূব এচিয় ৰাষ্ট্ৰসমূহৰ সংগঠন (ASEAN) সচিবালয়তো স্থান লাভ কৰিছে। জাকাৰ্টা হৈছে বহুকেইখন আৱাসস্থলী তথা নামৰ সৈতে মূল ভূখণ্ডৰ সামগ্ৰিক নামঃ ছুন্দ কেলাপা (৩৯৭-১৫২৭), জয়কৰ্তা (১৫২৭-১৬১৯), বাটাভিয়া (১৬১৯-১৯৪৯), দ্যাকাৰ্তা (১৯৪৯-১৯৭২), আৰু জাকাৰ্টা (১৯৭২-বৰ্তমানলৈকে) ইয়াৰ বৰ্তমান নামটো "জয়কৰ্তা" শব্দটোৰ পৰা আহৰণ কৰা হৈছে। এই শব্দটোৰ মূল উৎস হৈছে পুৰণা জাভানীজ আৰু প্ৰধানতঃ সংস্কৃত ভাষা। "জয়কৰ্তা"ৰ অৰ্থ হৈছে "বিজয় কাৰ্য", "সম্পূৰ্ণ কাৰ্য", বা "সম্পূৰ্ণ বিজয়"। জাকাৰ্টাৰ উপনাম হৈছে দ্য বিগ ডুৰিয়ান, এই অঞ্চলত পোৱা একপ্ৰকাৰৰ স্থানীয় ফল,[1] ইণ্ডোনেছিয়ান নিউয়ৰ্ক মহানগৰ (দ্য বিগ এপ্যল) হিচাপে তুলনা কৰিব পাৰি।[10] উপনিৱেশিক যুগত নগৰখনক "ক'নইংগিং ভান হেট অ'ষ্টেন (অৰিয়েণ্টৰ মহাৰাণী) বুলি কোৱা হৈছিল।
ডাক ঘৰৰ কৰ্মচাৰীৰ কঠোৰ শাস্তি প্ৰদানৰ দাবী স্থানীয় ৰাইজৰ । আপুনি বাৰু ভাৰতীয় ডাক সেৱাক বিশ্বাস কৰে নেকি ? বৰ্তমান সময়ৰ অতিকৈ প্ৰয়োজনীয় নথি আধাৰ কাৰ্ড, পান কাৰ্ড আদি গুৰুত্বপূৰ্ণ নথিসমূহ গৰাকীক দিয়াৰ পৰিৱৰ্তে এনেদৰেই বস্তাত ভৰাই পুখুৰীত পেলাই দিয়াৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে ।ঘটনাটো সংঘটিত হৈছে দৰং-ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী লালপুল ডাক ঘৰ(Lalpool Post office)ত । শনিবাৰে আবেলি ডাক ঘৰৰ পিছফালে থকা পুখুৰীৰ পাৰত খৰি বুটলি থকা সময়তে কোনো লোকে পুখুৰীত এখন বস্তা প্ৰত্যক্ষ কৰে ।পিছত বস্তাখন উঠাই আনি খোলাতহে উৰহী গছৰ ওৰ ওলাই পৰে ।বস্তাখনৰ ভিতৰত থকা হাজাৰৰো অধিক আধাৰ কাৰ্ড,পান কাৰ্ড আৰু এটিএম কাৰ্ড গৰাকীক দিয়াৰ পৰিৱৰ্তে লালপুল ডাক ঘৰৰ কৰ্মচাৰীয়ে বস্তাত ভৰাই পুখুৰীত পেলাই দিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । এই সন্দৰ্ভত ডাক ঘৰখনৰ পৰিচালক জনৰ পৰা প্ৰতিক্ৰিয়া বিচৰা হৈছিল যদিও পৰিচালকজন অজ্ঞাত প্ৰকাশ কৰি মন্তব্য দিয়াৰ পৰা বিৰত থাকে ।ডাক ঘৰ(Post office)খনৰ কৰ্মচাৰীৰ এনে দায়িত্ব জ্ঞানহীন কৰ্মকাণ্ড তথা চৰম গাফিলতিৰ বাবে ৰাইজ ভয়ংকৰ বিপদৰ সন্মুখীন হোৱাৰ আশংকা ব্যক্ত কৰিছে সচেতন মহলে । উল্লেখ্য যে, লালপুল ডাক ঘৰ(Lalpool post office)ৰ কৰ্মচাৰীয়ে ডাক সেৱাৰ জৰিয়তে অহা বস্তু গৰাকীক নিদিয়াৰ অভিযোগ পূৰ্বৰে পৰা উত্থাপন হৈ অহাৰ সময়তে অতি গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয় নথি এনেদৰেই পুখুৰীত পেলাই ঘটনাই অঞ্চলজুৰি চেপা উত্তেজনাই বিৰাজ কৰিছে । MyNewsNE is a bi-lingual digital news platform based in Guwahati, Assam. It brings you latest and updated news stories from the entire Assam, North East, India and World as a whole. Stay with us and keep yourself updated.
ইয়াৰ পিছতে পৰিয়ালটোৰ অসুস্থ ব্যক্তি কেইজনক চিকিৎসাৰ বাবে লগে লগে ডিব্ৰুগড়ৰস্থিত অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল। আজি চিকিৎসালয়তে চাৰিজনৰ মৃত্যু হোৱাৰ লগতে আন কেইজনমানৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। মৃত ব্যক্তিকেইজনক জোনালী প্ৰজা, ৰীমা কৰ্মকাৰ, চয়নিকা কৰ্মকাৰ আৰু অজয় কৰ্মকাৰ বুলি চিনাক্ত কৰা হৈছে। কাক ভোট দিলে নৰেন্দ্ৰ মোডীৰ পত্নী যশোদাবেনে? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
অহা ৫ ডিচেম্বৰত হ'বলগা প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত ১০নং হাতীচোং জিলা পৰিষদত অগপ, বিজেপি আৰু কংগ্ৰেছ দলৰ মাজত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে। জিলা পৰিষদ সমষ্টিটোৰ বাবে অগপ দলে অৱন্তী দেৱী, বিজেপি দলে সীমা ৰেখা ভৰালী আৰু কংগ্ৰেছ দলে কুমকুম মহন্তক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ইয়াৰে অগপ দলে প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰা অৱন্তী দেৱী হ'ল বিজেপি দলৰ টিকট বঞ্চিতা জ্যেষ্ঠনেত্ৰী। আনহাতে, কংগ্ৰেছ আৰু বিজেপি দলে প্ৰক্ষেপ কৰা প্ৰাৰ্থী দুগৰাকী ৰাজনীতিৰ পথাৰত নতুন মুখ। নিজ হাতীচোং, মাজ-জাজৰি, কুঁজীদাহ- জামুগুৰি, আইভেটী , ৰাইদঙীয়া, কাকমাৰী আৰু হাতীযুঁজুৱা-এই সাতখন গাঁও পঞ্চায়তকলৈ গঠিত হাতীচোং জিলা পৰিষদটো বিগত পঞ্চায়ত নিৰ্বাচনত অগপ দলে দখল কৰিছিল। অৱশ্যে পাছত অগপৰ জিলা পৰিষদৰ সদস্য ৰোহিনী বৰাই যোৱা বিধান সভাৰ নিৰ্বাচনৰ আগে আগে বিজেপি দলত যোগদান কৰে।সেই হিচাপে বৰ্তমান হাতীচোং জিলা পৰিষদ সমষ্টিটো শাসনাধিষ্ঠ বিজেপিৰ দখলতে আছে। কিন্তু এইবাৰ সমষ্টিটো ধৰি ৰখাত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বিজেপি দল। কাৰণ অগপ দলে বিজেপিৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক বিসম্বাদৰ সম্পূৰ্ণ সযোগ গ্ৰহণ কৰি বিজেপিৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱা অৱন্তী দেৱীক ৰাতিটোৰ ভিতৰতে প্ৰাৰ্থীৰূপে থিয় কৰাইছে। কিছুদিন পূৰ্বে এইগৰাকী অৱন্তী দেৱীকেই নিজৰ স্কুটীৰ পিছৰ আসনত বহুৱাই লৈ ফুৰিছিল বিধাধিকা আঙুৰলতা ডেকাই। আনহাতে, কংগ্ৰেছ দলে জিলা পৰিষদত প্ৰক্ষেপ কৰা কুমকুম মহন্ত মানুহৰ মাজত বৰ্তমানলৈকে অচিনাকি মুখ যদিও আইনৰ স্নাতক প্ৰাৰ্থীগৰাকীৰ শিক্ষাগত অৰ্হতাক লৈ ৰাইজ মাজত এক ইতিবাচক প্ৰচাৰ দেখা গৈছে। একেদৰে বিজেপিৰ প্ৰক্ষেপিত সীমাৰেখা ভৰালীও ৰাজনীতিৰ পথাৰত কিছু নতুন মুখ যদিও তেওঁ পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ দুই-তিনিমাহ আগৰে পৰাই নিজকে প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰি সমষ্টিটোৰ মানুহৰ ঘৰে ঘৰে গৈ প্ৰচাৰ চলাইছিল। ইয়ো এক প্ৰকাৰ ইতিবাচক দিশ ৰূপে চিহ্নিত হৈছে যদিও নিৰ্বাচনৰ সময়লৈ এই ধাৰা অব্যাহত থাকেনে নেথাকে প্ৰাৰ্থীগৰাকীৰ ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰিব। ইপিনে গাঁও পঞ্চায়ত পৰ্যায়তো জিলা পৰিষদ সমষ্টিটোৰ অন্তৰ্গত প্ৰায় কেইখন পঞ্চায়ততে অগপ, বিজেপি আৰু কংগ্ৰেছ দলৰ মাজত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰে সম্ভাৱনা থকাৰ বিপৰীতে কেৱল সংখ্যালঘু বসতিপ্ৰধান হাতীযুঁজুৱা গাওঁ পঞ্চায়তত এ আই ইউ ডি এফ দলে প্ৰভাৱ বিস্তাৰ কৰাৰ সম্ভাৱনা আছে।বাকী কেইখন গাওঁ পঞ্চায়তৰ বৰ্তমানলৈকে সামগ্ৰিকভাৱে দেখা পোৱা নিৰ্বাচনী ছবিখনত কাকমাৰী, নিজ হাতীচোং আদিত বিজেপি দল বেকফুটত আছে। আনহাতে, সমষ্টিটোৰ বিধায়িকা আঙুৰলতা ডেকাৰ লগত বিগত বিধান সভা নিৰ্বাচনৰ বহু পূৰ্বৰে পৰা প্ৰায়ে ওতঃপোতঃভাবে লাগি থাকি সকলো সময়তে বিধায়িকাৰ জয়গান গাই থকা একাংশ যুৱকে গাঁও পঞ্চায়তৰ সভাপতি পদৰ বাবে বিজেপি দলৰ পৰা টিকট লাভ নকৰাৰ ক্ষোভত অৱশেষত কেইবাগৰাকী যুৱকে নিৰ্দলীয় ৰূপে পঞ্চায়ত সভাপতি পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা কাৰ্যও সৰ্বত্রে চৰ্চা লাভ কৰিছে। পুনৰ ফিল্ডত নামিছে সাংসদ বদৰুদ্দিন আজমল! সাম্প্ৰদায়িক মন্তব্যৰে এইবাৰ কি লক্ষ্য মৌলানাৰ? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 1 কৰিন্থীয়া3অধ্যায়\n1 প্রিয় ভাই আৰু ভনী সকল, মই আত্মিক লোকক কোৱাৰ দৰে আপোনালোকক ক'ব পৰা নাই, বৰং খ্রীষ্টত আপোনালোক শিশু হোৱাত, আপোনালোকৰ ওচৰত মাংসিক লোকক কোৱাৰ দৰে ক'লো।2মই আপোনালোকক টান আহাৰ নুখুৱাই, গাখীৰ খুৱাইছিলোঁ; কিয়নো তেতিয়া আপোনালোকে খাব নোৱাৰিছিল; এনে কি, এতিয়াও নোৱাৰে;3কাৰণ আপোনালোক এতিয়াও মাংসিক হৈ আছে। কিয়নো আপোনালোকৰ মাজত ঈৰ্ষা আৰু বিবাদ থকাত আপোনালোক জানো মাংসিক নহয়? মানুহৰ দৰেই আচাৰ-ব্যৱহাৰ নকৰে নে?4কিয়নো কোনোৱে "মই পৌলৰ লোক" আৰু আন কোনোৱে "মই আপল্লোৰ লোক" বুলি কোৱাত আপোনালোকে জানো জাগতিক মানুহৰ দৰেই ব্যৱহাৰ কৰা নাই?\n5 তেনেহলে আপল্লো কোন? পৌলেই বা কোন? এওঁলোক ঈশ্বৰৰ পৰিচাৰক মাথোন; এওঁলোকৰ যোগেদি আপোনালোক বিশ্বাসী হ'ল। প্ৰভুৱে প্ৰতিজনকে নিজ নিজ কার্যবোৰ দিলে;6মই ৰুলো, আপল্লোৱে পানী দিলে, কিন্তু ঈশ্বৰেহে বঢ়ালে।7এতেকে ৰোওঁতা জন একো নহয় আৰু পানী দিওঁতা জনো একো নহয়; কিন্তু ঈশ্বৰ, যি জনে বৃদ্ধি কৰে, তেৱেঁই সকলো। 8 যি জনে ৰুৱে আৰু যি জনে পানী দিয়ে, দুয়ো এক। তেওঁলোক প্ৰতিজনে নিজৰ কৰ্ম অনুসাৰে নিজৰ পুৰস্কাৰ পাব।9কিয়নো আমি পৰস্পৰে ঈশ্বৰৰ সহকৰ্মী। আপোনালোক ঈশ্বৰৰ শস্যক্ষেত্ৰ, ঈশ্বৰে সজা গৃহস্বৰূপ।\n10 ঈশ্বৰৰ যি অনুগ্ৰহ মোক দিয়া হ'ল, তাৰ দ্বাৰাই দক্ষ ঘৰ-সাজোঁতাৰ দৰে মই ভিত্তিমূল স্থাপন কৰিলোঁ আৰু তাৰ ওপৰত আনে সাজে। কিন্তু কেনেকৈ তেওঁ তাৰ ওপৰত সাজিছে, সেই বিষয়ত প্রত্যেকেই যেন সাৱধান হয়। 11 কিয়নো যি ভিত্তি আগেয়ে স্থাপন কৰা হ'ল, তাৰ বাহিৰে আন ভিত্তিমূল কোনেও স্থাপন কৰিব নোৱাৰে; যীচু খ্রীষ্টই হৈছে সেই ভিত্তিমূল। 12 এই ভিত্তিমূলৰ ওপৰত যদি সোণ, ৰূপ, মূল্যবান ৰত্ন, কাঠ, খেৰ বা নৰাৰে যদি কোনোৱে সাজে, 13 তেনেহলে তেওঁৰ কর্ম প্রকাশিত হ'ব; কিয়নো সেই দিনৰ* সেইদিনঃ সেইদিনা খ্রীষ্ট সকলো লোকৰ বিচাৰৰ বাবে আহিব। পোহৰে তাক প্রকাশ কৰিব। কাৰণ সেইদিন অগ্নিত প্ৰকাশিত হ'ব; তাতে প্ৰতিজনৰ কৰ্ম কেনেকুৱা, অগ্নিয়ে নিজেই তাক পৰীক্ষা কৰিব।\n14 তাৰ ওপৰত সজা কোনো জনৰ কৰ্ম যদি ৰয়, তেনেহলে তেওঁ পুৰস্কাৰ পাব। 15 আৰু কোনো জনৰ সজা কৰ্ম যদি পোৰে, তেনেহলে তেওঁৰ হানি হ'ব; অৱশ্যে তেওঁ নিজে উদ্ধাৰ পাব, যদিও তেওঁৰ অৱস্থা এনে লোকৰ দৰে হব, যি জনে অগ্নিৰ মাজেদি পাৰ হৈ ৰক্ষা পাব।\n16 আপোনালোক যে ঈশ্বৰৰ মন্দিৰ, আৰু ঈশ্বৰৰ আত্মা যে আপোনালোকত নিবাস কৰে, ইয়াক আপোনালোকে নাজানে নে? 17 কোনোৱে যদি ঈশ্বৰৰ মন্দিৰ নষ্ট কৰে, তেনেহলে ঈশ্বৰে তেওঁকো নষ্ট কৰিব; কিয়নো ঈশ্বৰৰ মন্দিৰ পবিত্ৰ আৰু আপোনালোকো তেনে পবিত্র।\n18 কোনেও নিজকে নিজে নুভুলাওক। আপোনালোকৰ মাজৰ কোনোৱে যদি এই যুগৰ কথাত নিজকে জ্ঞানী বুলি ভাবে, তেনেহলে তেওঁ জ্ঞানী হ'বলৈ মূৰ্খ হওক। 19 কাৰণ ঈশ্বৰৰ দৃষ্টিত এই জগতৰ জ্ঞান মূৰ্খতাস্বৰূপ। কিয়নো লিখা আছে,\n'তেওঁ † তেওঁ ঈশ্বৰেজ্ঞানী সকলক তেওঁলোকৰ ধুৰ্ত্ততাত ধৰে'।‡ ইয়োব 5:13\n20 পুনৰায়, "জ্ঞানী সকলৰ তৰ্ক-বিতৰ্ক অসাৰ বুলি প্ৰভুৱে জানে।" § গীত 94:11\n21 এতেকে কোনেও যেন মানুহক লৈ গর্ব নকৰে! কিয়নো সকলো আপোনালোকৰেই; 22 পৌল, আপল্লো বা কৈফাই* কৈফা - পিতৰৰ আন নাম। হওক নাইবা এই জগত, জীৱন বা মৃত্যুয়েই হওক, বৰ্তমান বা ভবিষ্যতৰ সকলো বিষয়, এই সকলো আপোনালোকৰ; 23 আপোনালোক খ্ৰীষ্টৰ আৰু খ্ৰীষ্ট ঈশ্বৰৰ।\n*3 অধ্যায়ঃ13 সেইদিনঃ সেইদিনা খ্রীষ্ট সকলো লোকৰ বিচাৰৰ বাবে আহিব।\n†3 অধ্যায়ঃ19 তেওঁ ঈশ্বৰে\n‡3 অধ্যায়ঃ19 ইয়োব 5:13\n§3 অধ্যায়ঃ20 গীত 94:11\n*3 অধ্যায়ঃ22 কৈফা - পিতৰৰ আন নাম।
হিজাব বিৰ্তকই ভাৰতবৰ্ষৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰসমুহতো তোলপাৰ লগোৱাৰ সময়তে বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত নাম্বাৰপাৰা ছ'চাইটি ফ'ৰ মাদ্ৰাছাতুল বনাতৰ শতাধিক ছাত্ৰীয়ে হিজাবৰ সমৰ্থনত থিয় দিয়া পৰিলক্ষিত হয়। নাৰীসকলৰ হিজাব পিন্ধাৰ অধিকাৰ বাহাল ৰখাৰ দাবী উত্থাপন কৰিছে ছ'চাইটি ফ'ৰ মাদ্ৰাছাতুল বনাতৰ শিক্ষক আৰু ছাত্ৰীসকলে। মাদ্ৰাছাখনৰ এগৰাকী শিক্ষকে জানিব দিয়া মতে হিজাব পিন্ধিলে ধৰ্ষণ বা একাংশৰ কু-দৃষ্টিৰ পৰা ৰক্ষা পাব পাৰে। কাৰণ উন্মুক্ত দেহাত একাংশ ব্যক্তিৰ নজৰ থাকে। যাৰ বাবে সমাজত ধৰ্ষণ, বলপূৰ্বক ধৰ্ষণ আদিৰ দৰে ঘটনা সংঘটিত হয়। ইফালে ছাত্ৰী সকলে জনায় যে হিজাব পিন্ধিলে আচলতে সন্মান পোৱা যায় বা মানুহে সন্মান কৰে। গতিকে হিজাব পিন্ধিব লাগে আৰু আমাক হিজাব পিন্ধাৰ অধিকাৰ দিব লাগে। জিম কৰি থাকোতেই হঠাতেই ঢলি পৰি আকস্মিক মৃত্যু যুৱতীৰ! (ভিডিঅ') Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
সময় হৈছে বিভিন্ন পৰিঘটনাৰ অনুক্ৰম, পৰিঘটনাসমূহৰ ব্যাপ্তি বা সংঘটনৰ পৰিসৰ, বিভিন্ন পৰিঘটনাৰ সংঘটনৰ মাজৰ অন্তৰাল আৰু কোনো মাত্ৰাৰ পৰিৱৰ্তনৰ হাৰ যেনে পদাৰ্থৰ গতি ইত্যাদি মাপনৰ বাবে ব্যৱহৃত পৰিমাপন প্ৰণালীৰ এক অংশ। এই শ্ৰেণীটোত সময় সন্দৰ্ভে লিখা প্ৰবন্ধসমূহ অন্তৰ্ভূক্ত কৰা হৈছে। এই শ্ৰেণীত নিম্নলিখিত উপশ্ৰেণীসমূহ আছে। মুঠ 5টা উপশ্ৰেণীৰ ভিতৰত এই শ্ৰেণীত নিম্নলিখিত 5 টা উপশ্ৰেণী আছে।
2022 চনৰ বিত্তীয় বিধেয়কে ভাৰ্চুৱেল ডিজিটেল সম্পদ (VDA) স্থানান্তৰৰ বাবে পৰিশোধ কৰা যিকোনো বিবেচনাৰ ওপৰত 1% TDS আৰোপ কৰিবলৈ আয়কৰ আইন, 1961-ত 194S নামৰ এটা নতুন ধাৰা উত্থাপন কৰিছিল। সহজ ভাষাত ক'বলৈ গ'লে, যেতিয়া আপুনি যিকোনো ক্ৰিপ্টো ক্ৰয় কৰে (ক্ৰিপ্টোক VDA বুলি গণ্য কৰা হয়), আপুনি (বা এই লেনদেনত সহায় কৰা এক্সচেঞ্জ) TDS হিচাপে লেনদেন মূল্যৰ 1% কৰ্তন কৰিব লাগিব আৰু উইথহ'ল্ড কৰিব লাগিব। এই উইথহ'ল্ড কৰা কৰ চৰকাৰক পৰিশোধ কৰিব লাগিব। আমি বিৱৰণলৈ যোৱাৰ আগতে, ইয়াত আপোনাৰ বাবে এটা ভাল খবৰ দিয়া হৈছেঃ কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদে (CBDT) স্পষ্ট কৰি দিছে যে যেতিয়া কোনোবাই এক্সচেঞ্জৰ জৰিয়তে ক্ৰিপ্টো ক্ৰয় কৰে (আনকি P2P লেনদেনৰ ক্ষেত্ৰতো), এক্সচেঞ্জৰ দ্বাৰা ধাৰা 194S-ৰ অধীনত কৰ কৰ্তন কৰিব পাৰি। সৰল অৰ্থত; কাৰিকৰীভাৱে, আপুনি এজন ক্ৰেতা বা বিক্ৰেতা হিচাপে একো কৰিব নালাগে। WazirX-এ প্ৰয়োজনীয় কাম কৰিব। অৱশ্যে, প্ৰক্ৰিয়াটো মসৃণ কৰিবলৈ আপোনাৰ সমৰ্থন আশা কৰা যায়। আমি WazirX-ত এই প্ৰণালীটো সমৰ্থন কৰিবলৈ আমাৰ প্ৰণালীবোৰ উন্নীত কৰি আছোঁ আৰু এই বিষয়ে আপোনাক অৱগত কৰিম। এই ব্যৱস্থাবোৰ ভালদৰে বুজাত আপোনাক সহায় কৰিবলৈ, উদাহৰণৰ সৈতে কেইটামান ব্যাখ্যা ইয়াত দিয়া হৈছেঃ টিডিএছ ব্যৱস্থাসমূহ 1 জুলাই 2022ৰ পৰা প্ৰযোজ্য। এই ব্যৱস্থাবোৰে 1 জুলাই 2022 ৰ আগতে সম্পাদন কৰা কোনো ব্যৱসায়ক প্ৰভাৱিত নকৰিব। এই ব্যৱস্থাবোৰ অনুসৰি, প্ৰতিটো বাণিজ্যত TDS কৰ্তন কৰা হ'ব য'ত INR বা আন এটা ক্ৰিপ্টো সম্পদৰ বাবে ক্ৰিপ্টো সম্পদ বিনিময় কৰা হয়। অনুগ্ৰহ কৰি মন কৰিবঃ যদি আপুনি 1 জুলাই 2022-ৰ আগতে অৰ্ডাৰ দিছে, কিন্তু বাণিজ্য 1 জুলাই 2022 তাৰিখে বা তাৰ পিছত হয়, TDS ব্যৱস্থা প্ৰযোজ্য হ'ব। INR ব্যৱহাৰ কৰি ক্ৰিপ্টো ক্ৰয় কৰাৰ বাবে ক্ৰেতাৰ পৰা কোনো TDS কৰ্তন কৰা নহ'ব, আনহাতে ক্ৰিপ্টো সম্পদৰ বিক্ৰেতাই TDS পৰিশোধ কৰিবলৈ দায়বদ্ধ হ'ব। অৱশ্যে, যেতিয়া ক্ৰিপ্টো সম্পদ এটা আন এটা ক্ৰিপ্টো সম্পদৰ সৈতে পৰিশোধ কৰি ক্ৰয় কৰা হয়, অৰ্থাৎ এটা ক্ৰিপ্টো সম্পদ আন এটাৰ বাবে ব্যৱসায় কৰি, TDS দুয়োপক্ষৰ দ্বাৰা পৰিশোধ কৰিব লাগিব। য'তেই প্ৰযোজ্য হয়, প্ৰাপ্ত INR বা ক্ৰিপ্টো পৰিমাণৰ পৰা 1% TDS কৰ্তন কৰা হ'ব। অৱশ্যে, আয়কৰ আইন, 1961-ৰ ধাৰা 206AB অনুসৰি, যদি ব্যৱহাৰকাৰীয়ে যোৱা 2 বছৰত তেওঁলোকৰ আয়কৰ ৰিটাৰ্ণ দাখিল কৰা নাই আৰু এই দুটা আগৰ বছৰৰ প্ৰতিটোতে TDS-ৰ পৰিমাণ ₹50,000 বা অধিক হয়, তেনেহ'লে 5% TDS কৰ্তন কৰিব লাগিব (ক্ৰিপ্টো-সম্পৰ্কীয় লেনদেনৰ বাবে)। সৰলতাৰ বাবে, এই ব্লগৰ বাকী অংশত, আমি TDS-ৰ হাৰ হিচাপে 1% ব্যৱহাৰ কৰিম। সংগ্ৰহ কৰা TDSবোৰ আয়কৰ বিভাগক INR ৰূপত পৰিশোধ কৰিব লাগিব। ইয়াৰ বাবে, ক্ৰিপ্টো ৰূপত সংগ্ৰহ কৰা যিকোনো TDS INR-লৈ ৰূপান্তৰ কৰিব লাগিব। ৰূপান্তৰৰ সহজতাৰ বাবে আৰু মূল্য হ্ৰাস কৰাৰ বাবে, ক্ৰিপ্টো পৰা ক্ৰিপ্টোৰ লেনদেনত, উদ্ধৃতি (বা প্ৰাথমিক) ক্ৰিপ্টো সম্পদত দুয়োপক্ষৰ বাবে TDS কৰ্তন কৰা হ'ব। WazirX বজাৰত 4 টা উদ্ধৃতি সম্পদ আছে- INR, USDT, BTC, আৰু WRX। উদাহৰণ স্বৰূপে, নিম্নলিখিত বজাৰবোৰতঃ MATIC-BTC, ETH-BTC, আৰু ADA-BTC, BTC হৈছে উদ্ধৃতি ক্ৰিপ্টো সম্পদ, আৰু সেয়েহে এই বজাৰবোৰত ক্ৰেতা আৰু বিক্ৰেতা দুয়োৰে ব্যৱসায়ৰ TDS BTC-ত কৰ্তন কৰা হ'ব। INR বজাৰঃ 100 INRৰ বাবে 1 BTC-ৰ ব্যৱসায় কৰা হৈছে। BTC বিক্ৰেতাই 99 INR প্ৰাপ্ত কৰে (1% TDS কৰ্তনৰ পিছত)। BTC ক্ৰেতাই 1 টা BTC প্ৰাপ্ত কৰে (কোনো TDS কৰ্তন কৰা হোৱা নাই)। ক্ৰিপ্টো-ক্ৰিপ্টো বজাৰঃ 10 টা ETH-ৰ বাবে 1 BTC বিক্ৰী হৈছে। BTC বিক্ৰেতাই 1.01 BTC পৰিশোধ কৰি 10 টা ETH প্ৰাপ্ত কৰে (1% TDS সংযোজনৰ পিছত)। BTC ক্ৰেতাই 0.99 BTC প্ৰাপ্ত কৰে (1% TDS কৰ্তনৰ পিছত)। P2P ট্ৰেডত। USDT বিক্ৰী অৰ্ডাৰ দিয়াৰ আগতে 1% TDS কৰ্তন কৰা হ'ব। P2P USDT ক্ৰেতাই কোনো TDS পৰিশোধ কৰিব নালাগে। বিক্ৰেতাই 100 USDT বিক্ৰী কৰাৰ অৰ্ডাৰ দিয়ে। 1% TDS কৰ্তনৰ পিছত, 99 USDT-ৰ বাবে এটা বিক্ৰী অৰ্ডাৰ দিয়া হ'ব। ক্ৰেতাই 99 USDT বাবে পৰিশোধ কৰিব, আৰু সংশ্লিষ্ট INR ক্ৰেতাই বিক্ৰেতাৰ বেঙ্ক একাউণ্টলৈ স্থানান্তৰ কৰিব। যদি সম্পূৰ্ণ 99 USDT সফলতাৰে বিক্ৰী কৰা নহয়, 1% TDS কেৱল বিক্ৰী হোৱা পৰিমাণৰ অনুপাতত কৰ্তন কৰা হ'ব, আৰু TDS-ৰ বাবে লক কৰা 1 USDT-ৰ বাকীখিনি অৰ্ডাৰ বাতিল কৰাৰ পিছত বিক্ৰেতাক পুনৰ মুকলি কৰা হ'ব। এক্সচেঞ্জৰ দ্বাৰা আৰোপ কৰা GST/মাচুল বাদ দিয়াৰ পিছত পৰিশোধ কৰিবলগা 'নেট' বিবেচনাৰ ওপৰত TDS গণনা কৰা হ'ব। ক্ৰিপ্টোত সংগ্ৰহ কৰা যিকোনো TDS সময়ে সময়ে INR-লৈ ৰূপান্তৰ কৰা হ'ব, আৰু প্ৰাপ্ত INR-ৰ মূল্য সংশ্লিষ্ট ব্যৱসায়ৰ বিপৰীতে আপডেট কৰা হ'ব। বিষয়বোৰ অধিক স্বচ্ছ কৰিবলৈ, কৰ্তন কৰা TDS বাণিজ্য কাৰ্যকৰী কৰাৰ ঠিক পিছতে অৰ্ডাৰ বিৱৰণ পৃষ্ঠাত উল্লেখ কৰা হ'ব। যিকোনো ক্ৰিপ্টো সম্পদৰ ৰূপত TDS কৰ্তন কৰা হ'লে, কৰ্তন কৰা TDS-ৰ সংশ্লিষ্ট INR-ৰ মূল্য 48 ঘণ্টাৰ পিছত ট্ৰেডিং প্ৰতিবেদনত পোৱা যাব। যদি ব্ৰোকাৰে নিজেই TDS কৰ্তন কৰে আৰু WazirX-ৰ সৈতে একেটা নিৰ্দিষ্ট কৰি আছে তেনেহ'লে ব্ৰোকাৰ প্লেটফৰ্মৰ দ্বাৰা WazirX-ত কৰা ব্যৱসায়ত TDS প্ৰযোজ্য নহ'ব। অনুগ্ৰহ কৰি মন কৰিবঃ ৰূপায়ণৰ স্থিৰতা আৰু সৰলতাৰ বাবে, ক্ৰিপ্টো ট্ৰেডৰ ওপৰত কৰ কৰ্তন কৰাৰ ওপৰোক্ত পদ্ধতিটো সকলো ব্যৱহাৰকাৰীৰ বাবে প্ৰযোজ্য হ'ব, বিত্তীয় বৰ্ষত তেওঁলোকৰ ব্যৱসায়ৰ পৰিমাণ নিৰ্বিশেষে। আমি আশা কৰোঁ যে এই প্ৰবন্ধটোৱে আপোনাক TDS প্ৰণালীটো বুজাত সহায় কৰিব। আপোনাৰ যাত্ৰাক নিৰৱচ্ছিন্ন কৰি তুলিবলৈ আমি অধিক পঢ়া আৰু শিকাৰ সামগ্ৰী ভাগ বতৰা কৰি থাকিম। যদি আপোনাৰ কোনো প্ৰশ্ন থাকে, অনুগ্ৰহ কৰি সেইবোৰ তলৰ মন্তব্য শাখাত নিঃসংকোচে লিখিব। আপুনি সদায়ৰ কৰি থকাৰ দৰে আমাক সমৰ্থন কৰি থাকিব। শুভ ট্ৰেডিং। দায়লুপ্তিঃ ক্ৰিপ্ট'কাৰেন্সী আইনী নিবিদা নহয় আৰু বৰ্তমান অনিয়ন্ত্ৰিত পৰ্যায়ত আছে। অনুগ্ৰহ কৰি নিশ্চিত কৰক যে আপুনি ক্ৰিপ্ট'কাৰেন্সীৰ ব্যৱসায় কৰোঁতে পৰ্যাপ্ত পৰিমাণৰ বিপদাশংকা মূল্যায়ন কৰিব, কিয়নো এইবিলাকৰ মূল্য প্ৰায়েই উচ্চ হাৰত অস্থিৰভাৱে উঠা-নমা কৰি থাকে। এই অংশত প্ৰদান কৰা তথ্যই কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ বা WazirXৰ আনুষ্ঠানিক স্থিতিৰ প্ৰতিনিধিত্ব নকৰে। WazirX-এ যিকোনো সময়তে আৰু আগতীয়া জাননী অবিহনেই, যিকোনো কাৰণত এই ব্লগ প'ষ্টটো সংশোধন বা পৰিৱৰ্তন কৰাৰ অধিকাৰ, একমাত্ৰ নিজা বিবেচনাত সংৰক্ষিত কৰি ৰাখিছে। Save my name, email, and website in this browser for the next time I comment. ক্ৰিপ্টোত TDS ৰ ওপৰত সঘনাই সোধা প্ৰশ্নবোৰ (FAQs) WazirX P2P কেনেকৈ ব্যৱহাৰ কৰিব? - জানি লওক! শ্ৰেণীসমূহ শ্ৰেণী বাছনি কৰকCalculators (1)Featured (1)Knowledgebase (1)Trading (5)Trends (1)Uncategorized (7)WazirX Guides (5)WazirX গাইড (4)wazirx গাইডসমূহ (1)উন্নত (1)এডভান্সড (4)এন এফ টি (1)কেলকুলেটৰ (2)ক্ৰিপ্ট'কাৰেন্সী (49)খবৰ (2) Budget 2022 (1)ঘটনা (1)ঘোষণা (9)জ্ঞানৰ আধাৰ (1)ট্ৰেডিং (1)বাতৰি (1)বিটকইন (10)ব্লকচেইন (6)মতামত (6)লিষ্টিং (24)শিক্ষা (1) No recent comments available.
বিয়াৰ বতৰত সোণৰ অলংকাৰ কিনিবলৈ গৈ আছে নেকি ? তেন্তে জানি লওক আজিৰ দাম...- News18 assam\nHome » photogallery » business »Gold Price: বিয়াৰ বতৰত সোণৰ অলংকাৰ কিনিবলৈ গৈ আছে নেকি ? তেন্তে জানি লওক সোণ কিমান সস্তা হৈছে ?\nGold Price: বিয়াৰ বতৰত সোণৰ অলংকাৰ কিনিবলৈ গৈ আছে নেকি ? তেন্তে জানি লওক সোণ কিমান সস্তা হৈছে ?\n৩ ডিচেম্বৰত ইণ্ডিয়া বুলিয়ন এণ্ড জুৱেলাৰ এছ'চিয়েশ্যনে জাৰী কৰা ৯৯৯ বিশুদ্ধতাৰ (Gold price today) সৈতে ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৪৭৫.৪৪ টকা। যিটো যোৱা বছৰৰ অভিলেখ উচ্চ স্তৰ ৫৬ হাজাৰতকৈ প্ৰায় ৮ হাজাৰ টকা কম। ইফালে, ৰূপৰ (silver price today) প্ৰতি কিলোগ্ৰামত ৬১,২৯৬ টকা।\n। December 04, 2021, 13:51 IST\nবিবাহৰ বতৰ (wedding season) চলি আছে যাৰ বাবে বহু সংখ্যক লোকে সোণৰ বাবে বজাৰ কৰি আছে। সোণ কিনিব বিচৰা লোকসকলৰ বাবে ভাল খবৰ। আজি সোণ ইয়াৰ অভিলেখ উচ্চতাতকৈ সস্তা হৈ আছে।\nসোণৰ দাম কি চাওক IBJA ৱেবছাইটৰ মতে, ২৪ কেৰেট সোণৰ মূল্য হৈছে ৪৭,৫৩০ টকা। ২৩ কেৰেট সোণৰ গড় মূল্য আছিল ৪৭,৩৪০ টকা। এতিয়া ২২ কেৰেট সোণৰ স্পট মূল্য৪৩৫.৩৭ টকা। একে সময়তে, ১৮ কেৰেটৰ মূল্য ৩৫,৬৪৮ টকাত উপনীত হৈছে। ১৪ কেৰেট সোণৰ হাৰ ২৭,৮০৫ টকা।
২৭ ফেব্ৰুৱাৰিৰ মেঘালয় নিৰ্বাচনলৈ মাত্ৰ ন দিন বাকী থকা অৱস্থাত সন্দেহযুক্ত জি এন এল এ' (Garo National Liberation Army) উগ্ৰপন্থীয়ে আজি গধূলি ৱিলিয়ামনগৰত এন চি পি প্ৰাৰ্থী জনাথন এন চাংমাক তেওঁৰ দুগৰাকী দেহৰক্ষীৰ সৈতে গুলীয়াই হত্যা কৰিছে। সূত্ৰ অনুসৰি মেঘালয়ৰ পূব গাৰোপাহাৰ জিলাৰ চবক্ৰে অঞ্চলৰ পৰা নিৰ্বাচনী প্ৰচাৰ চলাই ৱিলিয়ামনগৰ অভিমুখে ঘূৰি আহি থকা অৱস্থাত চামান্দা অঞ্চলত গধূলি ৭.৫০ বজাত সন্দেহযুক্ত উগ্ৰপন্থীয়ে এই আক্ৰমণ চলায়। প্ৰথমতে উগ্ৰপন্থী সকলে আই ই দি বিস্ফোৰণ কৰাৰ পিছত দেহৰক্ষী আৰু গাঁৱৰ দুজন লোকৰ সৈতে চাংমা আহি থকা স্কৰপিঅ' গাড়ীখনত ধাৰাষাৰ গুলী চলায়। এতিয়ালৈকে নিশ্চিত নোহোৱা সূত্ৰ অনুসৰি উগ্ৰপন্থীৰ আক্ৰমণত চাংমা আৰু তেওঁৰ দুই দেহৰক্ষীৰ লগতে গাড়ীচালকজন আৰু দুজন গঞা নিহত হৈছে। ৩৮ বছৰীয়া, পেছাত ব্যৱসায়ী চাংমাই এন চি পি দলৰ হৈ ৱিলিয়ামনগৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছিল। ২০১৩ চনৰ নিৰ্বাচনত তেওঁ বৰ্তমানৰ বিধায়ক দেবৰা চি মাৰাকৰ হাতত পৰাজিত হৈছিল। ২০১৩ চনৰ নিৰ্বাচনটো তেওঁৰ ওপৰত আক্ৰমণ হৈছিল। ৱিলিয়ামনগৰ সমষ্টিৰ ভিতৰুৱা অঞ্চলত 'জনাথন চাংমাক ভোট দিয়াসকলক হত্যা কৰা হ'ব' বুলি বেনামী প'স্তাৰ অঁৰা দেখা গৈছিল। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
ইলোৰা গুহাসমূহ (ইংৰাজীঃ Ellora Caves) বৌদ্ধ ধৰ্ম, হিন্দু ধৰ্ম আৰু জৈন ধৰ্মৰ সাংস্কৃতিক কলাৰ একটি মিশ্ৰ কেন্দ্ৰ। ইলোৰা মহাৰাষ্ট্ৰ ৰাজ্যৰ ঔৰংগাবাদ চহৰৰ পৰা ৩০ কিলোমিটাৰ (১৮.৬ মাইল) দূৰত্বত অৱস্থিত এটা প্ৰত্নতাত্ত্বিক নিদৰ্শন[1]। ইয়াত মুঠ ৩৪টা মঠ আৰু মন্দিৰ আছে যিসমূহ উচ্চ থিয় দেৱালৰ গাত পৰস্পৰৰ প্ৰায় গাত লগা-লগিকৈ খোদিত। এই দেৱালৰ দৈৰ্ঘ্য ২ কিলোমিটাৰ। ৰাষ্ট্ৰকূট ৰাজবংশৰ দ্বাৰা ৬০০ পৰা ১০০০ খ্ৰীষ্টাব্দৰ মধ্যৱৰ্তী সময়ত নিৰ্মিত এই স্থাপত্যকলা ভাৰতৰ প্ৰাচীন সভ্যতাৰ শিল্পকৌশলৰ প্ৰতিফলন। ই সাংস্কৃতিক সম্পত্তি হিচাপে ইউনেস্কো বিশ্ব ঐতিহ্য তালিকাৰ অন্তৰ্ভুক্ত[2]।
শিৱসাগৰঃ ৰংঘৰৰ বাকৰিত সেৱা ল'লে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। বিধায়কৰ পদ নিষ্ঠা আৰু সততাৰে পালন কৰাৰ পণ ল'লে অখিলে। কাৰাবন্দী অৱস্থাত শিৱসাগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি বিগত বিধান সভা নিৰ্বাচনত জয়ী হোৱা অখিল গগৈ কাৰামুক্ত হৈ আজি প্ৰথমবাৰৰ বাবে শিৱসাগৰ সমষ্টিত উপস্থিত হয়। শিৱসাগৰ জিলাৰ সীমা জাঁজীৰ পৰা ৰাইজে আদৰি লৈ গৈ অৱশেষত ৰংঘৰৰ বাকৰিত শিৱসাগৰৰ দল-সংগঠনৰ তৰফৰ পৰা উষ্ণ সম্বৰ্ধনা জ্ঞাপন কৰে। ৰাইজক সাক্ষী কৰি বিধায়ক গগৈয়ে ৰংঘৰৰ বাকৰিত সেৱা গ্ৰহণ কৰি নিজ দায়িত্ব সততা আৰু নিষ্ঠাৰে পালন কৰাৰ পণ গ্ৰহণ কৰে। বিধায়ক অখিল গগৈয়ে সমষ্টিত আজি প্ৰথমবাৰৰ বাবে ভৰি দিয়াৰ মূহুৰ্ত উৎসৱমুখৰ হৈ পৰে।কোভিড প্ৰ'টকল মানি চলি সমৱেত হোৱা লোকে সমদল কৰি বিভিন্ন শ্লগান দি নেতাগৰাকীক কাৰ্যালয়লৈ আগবঢ়াই নিয়ে। অৱশ্যে সুৰক্ষাৰ বাবে মোতায়ন কৰা আৰক্ষী-সুৰক্ষাবাহিনীয়ে মাইকযোগে ৰাইজক সান্ধ্য আইন মানি চলিবলৈ সোঁৱৰাই দিয়ে। Search for: হিমন্ত মন্ত্ৰীসভাৰ প্ৰধান সেনাপতি কোন? হঠাৎ দূৰত্ব বাঢ়িছে নেকি হিমন্ত-পীয়ুষৰ?
আজিৰ দিনটোতে আফগানিস্তানৰ গজনীৰ চুলতান মামুদে প্ৰথম ভাৰত আক্ৰমণ কৰিছিল। বৰ্তমান পাকিস্তানৰ অন্তৰ্গত পেছোৱাৰত হোৱা যুদ্ধত ৰজা জয়পালৰ পৰাজয় আৰু পিছত আত্মজাহ। ছুইডেনৰ জ্যোতিৰ্বিদ, উষ্ণতাৰ চেলছিয়াছ স্কেলৰ উদ্ভাৱক এণ্ডাৰছ চেলছিয়াৰ জন্ম হৈছিল ১৭০১ চনৰ আজিৰ দিনটোত। আলফেড নোবেলৰ উইল ৰচনা কৰে ১৮৯৫ চনৰ আজিৰ দিনটোতে। এই উইলৰ জৰিয়েত নোবেলে তেওঁৰ সঞ্চিত সকলো ধন পাঁচটা ক্ষেত্ৰৰ শ্ৰেষ্ঠ অৱদানৰ বাবে পুৰস্কাৰ প্ৰদানৰ অৰ্থে দান কৰে। ১৯৪০ চনৰ আজিৰ দিনটোতে বিশ্বৰ কিংবদন্তিস্বৰূপ চীনা সমৰ কলাবিদ, প্ৰশিক্ষক, সমৰ কলা চলচ্চিত্ৰ অভিনেতা ব্ৰুছ লীৰ জন্ম হৈছিল।
এটা পৃথিৱী কপোৱা গণহত্যাৰ ১৩বছৰ : সন্ত্ৰাসবাদী এতিয়াও পাকিস্তানৰ সহোদৰ -\nHomeৰাষ্ট্ৰীয়এটা পৃথিৱী কপোৱা গণহত্যাৰ ১৩বছৰ : সন্ত্ৰাসবাদী এতিয়াও পাকিস্তানৰ সহোদৰ\nএটা পৃথিৱী কপোৱা গণহত্যাৰ ১৩বছৰ : সন্ত্ৰাসবাদী এতিয়াও পাকিস্তানৰ সহোদৰ\nএটা পৃথিৱী কপোৱা গণহত্যাৰ ১৩বছৰ\nডিজিটেল ডেস্ক : আজিও গা চিৎকাৰ হৈ যোৱা এটি ঘটনা। এই ঘটনাটোৱে দেশবাসীক এটি ক'লা অধ্যায়ৰ চানেকি দি যায়। মৃত্যুৰ বিভীষিকাত পৰি কান্দোনৰ ৰোলত ভাঙি পৰিছিল মহাগৰখনি। আজিৰ পৰা ১৩বছৰ আগতে ২৬ নৱেম্বৰত, ১০ জন এল ই টি সন্ত্ৰাসবাদীয়ে দেশৰ বিত্তীয় ৰাজধানী মহাৰাষ্ট্ৰত প্ৰৱেশ কৰিছিল। যাৰ একমাত্ৰ লক্ষ্য আছিল মৃত্যু আৰু ধ্বংস-একেৰাহে তিনিদিন ধৰি চলিছিল এই ধ্বংসযজ্ঞ। মুম্বাই চহৰখন সন্ত্ৰাসৰ কবলত পৰিছিল। এই হিংসাত্মক ঘটনাত বিদেশীসহ ১৬৬জন লোকৰ মৃত্যু ঘটিছিল। তাজমহল পেলেচ হোটেলৰ সেই ক'লা দিনটোৰ কথা আজিও প্ৰতিজন ভাৰতীৰ মনত সজীৱ হৈ আছে। ৬০ ঘণ্টাতকৈয়ো অধিক সময় ধৰি মুম্বাইৰ তাজত চাৰিজন সশস্ত্ৰ সন্ত্ৰাসবাদীয়ে হত্যা কৰি গৈছিল ইজনৰ পাছত সিজনক।\n২০০৮ চনৰ মুম্বাই আক্ৰমণ, যাক ২৬/১১ বুলিও কোৱা হয়। ২০০৮ চনৰ নৱেম্বৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ এটা শৃংখলা আছিল, যেতিয়া পাকিস্তানৰ ইছলামবাদী সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ ১0জন সদস্যই মুম্বাইজুৰি চাৰিদিন ধৰি ১২টা সমন্বিত গুলীচালনা আৰু বোমা আক্ৰমণ চলাইছিল। বিশ্বব্যাপী হতবাক কৰা এই আক্ৰমণ ২৬ নৱেম্বৰ বুধবাৰে আৰম্ভ হয় আৰু ২০০৮ চনৰ ২৯ নৱেম্বৰ শনিবাৰলৈকে চলিছিল। ৯জন আক্ৰমণকাৰীকে ধৰি মুঠ ১৬৬জন লোকৰ মৃত্যু হৈছিল আৰু ৩০০ৰো অধিক লোক আহত হৈছিল। আনহাতে, সেই সময়ৰ কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰৰ ভূমিকাই সকলোৰে চকু কপালত উঠাইছে। সমালোচকৰ মতে প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ ভূমিকা যথেষ্ট দুৰ্বল আছিল। যিধৰণেৰে চৰকাৰে ক্ষীপ্ৰতাৰে কাম কৰিব লাগিছিল সেই যেন আওকাণ কৰিছিল সেইসময়ৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে।\nএই ঘটনাই আজি ১৩টা বৰ্ষ অতিক্ৰম কৰিলে। ইয়াৰ ওপৰত জ্যেষ্ঠ বিজেপি নেতা মনীষ তিৱাৰীয়ে এখন নতুন কিতাপো উদ্বোধন কৰে। এই কিতাপখনক বিজেপিয়ে অভিযোগ উত্থাপন কৰিছে। ২৬/১১ৰ আক্ৰমণৰ পাছত শক্তিশালী সঁহাৰি নিদি তেতিয়াৰ নেতৃত্বাধীন ইউপিএ চৰকাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা বিপদত পেলাইছে বুলি অভিযোগ উঠাই কিতাপখনৰ যোগেদি। মনীষ তিৱাৰীয়ে তেওঁৰ কিতাপত মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰৰ নিষ্ক্ৰিয়তাৰ বিষয়ে ১০টা পইণ্ট আঙুলিয়ায়। মনীষ তিৱাৰীৰ নতুন কিতাপখনৰ জৰিয়তে কংগ্ৰেছৰ ওপৰত তীব্ৰ আক্ৰমণ চলাইছে। য'ত তেওঁ মুম্বাইত ২৬/১১ৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত পূৰ্বৰ মনমোহন সিং চৰকাৰক সৰল হোৱাৰ বাবে সমালোচনা কৰিছিল। সংবাদ মাধ্যমক সম্বোধন কৰি বিজেপিৰ মুখপাত্ৰ গৌৰৱ ভাটিয়াই কয় যে ২৬/১১ৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰে শক্তিশালী সঁহাৰি নিদি ৰাষ্ট্ৰীয় নিৰাপত্তা বিপদত পেলাইছে।\nPrevious articleবিশ্বজুৰি চৰ্চা! নিৰ্মাণ হ'ব বিশ্বৰ প্ৰথমখন ওপঙা চহৰ; ক'ত?\nNext articleসোণোৱাল ডাঙৰীয়া, মনত পৰেনে সন্দিকৈ কলেজৰ পৰিস্মিতাক?
দেওবাৰে অভিলেখ সৃষ্টি কৰি ফ্ৰেন্স অ'পেনৰ পুৰুষৰ একক খিতাপ দখল কৰে ক্লে কোৰ্টৰ সম্ৰাট ৰাফেল নাডালে (Rafael Nadal) । পেৰিছত অনুষ্ঠিত হোৱা ফাইনেলত কেছপাৰ ৰুড (Casper Ruud)ক একেৰাহে তিনিটা ছেটত পৰাস্ত কৰি ১৪ সংখ্যক ফ্ৰেন্স অ'পেন (French Open)ৰ খিতাপ জয় কৰিলে নাডালে। ৰোলা গেৰো (Roland Garros)ত আধিপত্য বজাই ৰাখি জ ২৩ বছৰীয়া ৰুডক ৬-৩, ৬-৩, ৬-০ ছেটত পৰাস্ত কৰে অভিজ্ঞ নাডালে। ইয়াৰ লগতে ৰাফেল নাডালে পুৰুষৰ টেনিছত সৰ্বাধিকসংখ্যক গ্ৰেণ্ড শ্লেম (Grand Slam) জয়ৰ অভিলেখ ২২লৈ বৃদ্ধি কৰিলে। নাডালৰ নিকট প্ৰতিদ্বন্দ্বী ৰোজাৰ ফেডেৰাৰ (Roger Federer) আৰু নোভাক জোকোভিচ (Novak Djokovic) উভয়ৰে গ্ৰেণ্ড শ্লেমৰ সংখ্যা হৈছে ২০। ১৪বাৰ ফ্ৰেন্স অ'অপেন আৰু ২২টা গ্ৰেণ্ড শ্লেম জয় কৰা নাডাল হৈছে বিশ্বৰ একমাত্ৰ পুৰুষ টেনিছ খেলুৱৈ। এইবছৰ অষ্ট্ৰেলিয়ান অপেনৰ পিছত এইটো নাডালৰ দ্বিতীয়টো গ্ৰেণ্ড শ্লেম খিতাপ। অজন্তা নেওগৰ বাজেটে চৰকাৰী কৰ্মচাৰীক দিলে ভালখবৰ! মৰগীয়া বানচ আৰু ৩ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত, পেঞ্চনাৰৰ বাবেও বিশেষ সুবিধা! আঙুলি দেখুৱাই কান্দি থকা এই শিশুটো আজি সমগ্ৰ দেশৰে হৃদস্পন্দন, তেওঁৰ সৰলতাই মুগ্ধ কৰে সকলোকে ! চিনিব পাৰিছে নেকি তেওঁ কোন হয় ?
দেশৰ মুখ্য ন্যায়াধীশ অসম গৌৰব ৰঞ্জন গগৈয়ে উচ্চতম ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন মহিলা কৰ্মচাৰীয়ে অনা অসমৰ্থিত যৌন নিৰ্যাতনৰ অভিযোগৰ বিষয়টোত এইবাৰ কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেইটলীৰ পৰা সমৰ্থন লাভ কৰিছে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে লগতে এনে লোকৰ বিৰুদ্ধে 'দৃষ্টান্তমূলক' কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায়। উচ্চতম ন্যায়ালয়ে আনকি যোৱা শনিবাৰে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মহিলা কৰ্মচাৰীগৰাকীয়ে মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ অনাৰ পাছত এক ব্যতিক্ৰমী শুনানি অনুষ্ঠিত কৰে। প্ৰাক্তন মহিলা কৰ্মচাৰীগৰাকীয়ে তেওঁৰ শপতনামাত মুখ্য ন্যায়াধীশ গগৈৰ দ্বাৰা দুটাকৈ শাৰীৰিক নিৰ্যাতনৰ অভিযোগৰ ঘটনা বৰ্ণনা কৰিছে যি দুটা ২০১৮ চনৰ অক্টোবৰত সংঘটিত হোৱা বুলি অভিযোগ কৰা হৈছে। আনহাতে, এই ঘটনা মুখ্য ন্যায়াধীশ হিচাপে গগৈয়ে নিযুক্তি পোৱাৰ এদিন পাছতে সংঘটিত হোৱা বুলি কোৱা হৈছে। উবাচ আহমেদ ছিদ্দিকী! মুছলমান মহিলাক নিৰ্বাচনৰ টিকট দিয়াসকল ইছলাম বিৰোধী! Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
The fact behind every news! Search for: ছ'চিয়েল মিডিয়াত বিভিন্ন ভাষাত ভাইৰেল হৈ পৰা এটা পোষ্টত শেহতীয়াকৈ দাবী কৰা হৈছে যে নেডাৰলেণ্ড চৰকাৰে ঘোষণা কৰিছে যে পঞ্চম শ্ৰেণীৰ পৰা বিদ্যালয়সমূহত ভগৱৎ গীতাৰ অধ্যয়ন বাধ্যতামূলক কৰা হৈছে। এনে ধৰণৰ কিছুমান পোষ্ট এখন ছবিৰ সৈতে শ্বেয়াৰ কৰা হৈছে আনহাতে কিছুমান ভিডিঅ'ৰ সৈতে শ্বেয়াৰ কৰা হৈছে। ফেক্ট ক্ৰেচেণ্ডো অসমীয়ায়ে উক্ত ভাইৰেল দাবিটোৰ সত্যতা নিৰূপণ কৰিবলৈ অনুৰোধ কৰি ইয়াৰ ২৪x৭ হোৱাটছএপ ফেক্টলাইন নম্বৰ ৯০৪৯০৫৩৭৭০ত এটা বাৰ্তা পাইছিল। হোৱাটছএপ ব্যৱহাৰকাৰীজনে এটা ভিডিঅ'ৰ সৈতে এটা ফেচবুক পোষ্টৰ লিংক শ্বেয়াৰ কৰিছে যিটো ২০১৯ চনত ভাইৰেল হৈছিল। পোষ্টটোৰ শিৰোনামটোত লিখা আছে, "নেদাৰলেণ্ডত পঞ্চম শ্ৰেনীৰ পাঠ্যক্ৰমত শ্ৰীমদ্ভাগৱত গীতা বাধ্যতামুলক কৰা হৈছে। ফেক্ট ক্ৰেচেণ্ডোৱে অনুসন্ধানৰ পাছত জানিব পাৰিছিল যে দাবীটো মিছা আৰু ভিত্তিহীন। নেদাৰলেণ্ড চৰকাৰে গীতাক বাধ্যতামূলক বিষয় হিচাপে ঘোষণা কৰি কোনো আইন গৃহীত কৰা নাই। ভিডিঅ'টোও পুৰণি আৰু ই লণ্ডনৰ হয়, নেডাৰলেণ্ডৰ নহয়। আমি প্ৰথমে ইনভিড-উই ভেৰিফাই টুল ব্যৱহাৰ কৰি ভিডিঅ'টো কীফ্ৰেমত বিভক্ত কৰিছিলো আৰু ইউটিউব ব্যৱহাৰকাৰী 'Arise Again O Bharata'ৰ দ্বাৰা আপলোড কৰা "সংস্কৃতঃ লণ্ডনৰ ছেইণ্ট জেমছ স্কুলত সংস্কৃত শিকোৱাৰ দিন" শিৰোনামৰ সৈতে ২০১২ চনৰ এক ইউটিউব ভিডিঅ' বিচাৰি পালোঁ। দাবীটোৰ সৈতে ভাইৰেল ভিডিঅ'টোত থকা ক্লিপিংটো এই ইউটিউব ভিডিঅ'টোৰ ১.৩৫ মিনিটৰ পৰা প্ৰায় ৪.১০ মিনিটলৈকে লোৱা হৈছে। তাৰ পিছত আমি দাবীটো প্ৰমাণিত কৰিবলৈ এটা কীৱৰ্ড অনুসন্ধান চলাইছিলো। ফলাফলবোৰৰ ওপৰত কোনো সঠিক তথ্য উপলব্ধ নহয়। তাৰ পিছত আমি নেডাৰলেণ্ড চৰকাৰৰ ৱেবছাইটত অনুসন্ধান আৰম্ভ কৰিলোঁ। আমি সেই দেশৰ বিদ্যালয়সমূহত কি বিষয়ৰ প্ৰয়োজন তাৰ এখন তালিকা দেখিছিলো। এইবোৰ বিষয়ঃ সামাজিক আৰু পৰিস্থিতিবিজ্ঞান (ভূগোল, ইতিহাস, জীৱবিজ্ঞান, নাগৰিকত্ব, পথ সুৰক্ষা আৰু ৰাজনৈতিক অধ্যয়নসহ) সৃষ্টিশীল অভিব্যক্তি (সংগীত, অংকন আৰু হস্তশিল্প সহ) বিদ্যালয়ৰ বিষয়ৰ এই তালিকাত 'গীতা'ৰ কোনো উল্লেখ নাই। এই ৱেবছাইট অনুসৰি, প্ৰায় সকলো ব্যক্তিগত বিদ্যালয়ত ধৰ্মীয় শিক্ষা বাধ্যতামূলক, যদিও আইন অনুসৰি ৰাজহুৱা বিদ্যালয়ত ধৰ্মীয় শিক্ষা প্ৰদান কৰা নহয়। যদি অভিভাৱকে যিকোনো ধৰ্মীয় বিষয়ক অতিৰিক্ত বিষয় হিচাপে শিকাবলৈ অনুৰোধ কৰে, ইয়াক বিদ্যালয়ে ব্যৱস্থা কৰে। নেডাৰলেণ্ড হৈছে ১৬১ নিযুত জনসংখ্যাৰ এখন দেশ। 'নেডাৰলেণ্ডত হিন্দু ধৰ্ম' শীৰ্ষক এক প্ৰতিবেদন অনুসৰি, সেই দেশত হিন্দুৰ সংখ্যা ১.৫ নিযুতৰ পৰা ২ নিযুতৰ ভিতৰত। 'দ্য হিন্দু পাৰস্পেক্টিভ' নামৰ এটা ৱেবছাইটৰ ২০১৩ চনৰ পৰিসংখ্যা অনুসৰি, নেডাৰলেণ্ডৰ হিন্দু জনসংখ্যা প্ৰায় ১.৫ নিযুতৰ পৰা ২ নিযুত। তেওঁলোকৰ বেছিভাগেই হেগৰ বাসিন্দা। দেশত মুঠ পাঁচখন চৰকাৰী অনুদান প্ৰাপ্ত হিন্দু প্ৰাথমিক বিদ্যালয় আছে। এই বিদ্যালয়সমূহ হিন্দু সম্প্ৰদায়ৰ দ্বাৰা পৰিচালিত হয় আৰু ৰাষ্ট্ৰীয় বিদ্যালয় হিচাপে গণ্য কৰা হয়। দেশৰ আন বিদ্যালয়সমূহৰ দৰে একে পাঠ্যক্ৰম শিকোৱা হয়। তথ্যবোৰ পৰীক্ষা কৰাৰ পিছত, ফেক্ট ক্ৰেচেণ্ডোয়ে এই সিদ্ধান্তত উপনীত হৈছে যে ওপৰোক্ত দাবীটো ভুল আৰু ভিত্তিহীন। নেদাৰলেণ্ড চৰকাৰে গীতাক বাধ্যতামূলক বিষয় হিচাপে ঘোষণা কৰি কোনো আইন গৃহীত কৰা নাই। লগতে, ভিডিঅ'টো ২০১২ চনৰ আৰু লণ্ডনত দৃশ্যগ্ৰহণ কৰা হৈছিল আৰু নেডাৰলেণ্ডৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। FACT CHECK: পুৰণি দুৰ্ঘটনা এটাৰ ফটো বিতৰ্কিত শিল্পী লাৰ্ছ ভিল্কছৰ মাৰাত্মক দুৰ্ঘটনাৰ ফটো বুলি ভাইৰেল! FACT CHECK: ভাইৰেল হোৱা ফটোখনত জয়াললিতাৰ কাষত দেখা মহিলাগৰাকী নিৰ্মলা সীতাৰমণ নহয়! গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক পৰ্য্যায়ৰ পৰীক্ষা সমূহ পিছুৱাই দিয়া হৈছে বুলি ভুৱা জাননী ভাইৰেল! Save my name, email, and website in this browser for the next time I comment. Categories Select Category Altered (12) Business (1) Communal (2) Coronavirus (72) Covid-19 (6) Disaster (1) Economy (6) Explainer (2) False (289) False Headline (5) International (57) Medical (44) Misleading (11) Missing Context (8) Partly-False (16) Political (65) Politics (5) Satire (4) Science (2) Security (1) Social (172) Technology (1) Telecom (1) Uncategorized (1) Wildlife (5)
প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইনৰ পিছ নেৰা হৈছে কংগ্ৰেছৰে বহিষ্কৃত নেতা অনিল ৰাজাই। ৰকিবুলৰ বিৰুদ্ধে আজি ১৭ মে'ত পুনৰ এক তাজা অভিযোগ উত্থাপন কৰি ৰাজাই কয় যে যোৱা ৫ মে'ত ক'লা ধন বগা কৰিবৰ বাবে পত্নীৰ সৈতে মাকাউলৈ গৈছিল ৰকিবুল হুছেইন ( Rockybul Hussain )! উল্লেখযোগ্য যে ১৮৫০ চনত ঔপনিৱেশিক পৰ্তুগীজ চৰকাৰে মাকাউত জুৱাক বৈধ ঘোষণা কৰাৰ পিছৰে পৰা ই 'বিশ্বৰ জুৱা ৰাজধানী' হিচাপে জনাজাত। জুৱা পৰ্য্যটন নিৰ্ভৰ মাকাউৰ অৰ্থনীতিৰ ৫০ শতাংশই জুৱাৰ পৰা সংগৃ্হীত ৰাজহ। অনিল ৰাজাৰ আজিৰ বিস্ফোৰণৰ পিছত ৰকিবুল হুছেইনে কি প্ৰতিক্ৰিয়া কৰে সেয়া লক্ষণীয় হ'ব। জন্মৰ প্ৰমাণপত্ৰ নাথাকিলে নাপাব চাকৰি, ড্ৰাইভিং লাইচেন্স,পাছপোৰ্ট, ভোটদানৰ অধিকাৰ! Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
বাবা ৰামদেৱ বনাম কাৰ্টুন - অৰ্ণৱ জ্যোতি মহন্ত - সাহিত্য ডট অৰ্গ\nবাবা ৰামদেৱ আৰু কাৰ্টুন চেনেলসমূহৰ মাজৰ শত্ৰুতা দীৰ্ঘদিনীয়া। ৰামদেৱ স্বামীৰ মতে শিশুক কাৰ্টুন দেখুওৱাটো স্বাস্থ্য আৰু শিশুৰ মনঃতাত্বিক দিশটোৰ বাবে অত্যন্ত ভয়াবহ। তেওঁ বহুটো লাইভ শ্ব'ত ইমান পৰ্য্যন্ত কৈছিল যে "যি সকল অভিভাৱকে নিজৰ সন্তানক কাৰ্টুনৰ সন্মুখত বহাই নিজ কামত ব্যস্ত হৈ পৰে তেওঁলোকৰ সন্তানসকল একো একোটা কাৰ্টুনত পৰিণত হয়। তেওঁলোকৰ শিশুসকল অৱসাদ, ডিপ্ৰেচন, নিদ্ৰাহীনতা আৰু ৰক্তহীনতা আদিত ভোগে আৰু কেতিয়াবা কাৰ্টুনৰ দৰেই আচৰণ কৰে!"\nআমি সৰ্বসাধাৰণ মানুহে প্ৰায়েই কোনো বৈজ্ঞানিক বিশ্লেষন নকৰাকৈ এনে ধৰণৰ কিছু বাবা, স্বামী, আচাৰ্য্য আদিৰ কথা মানি লওঁ। এই ধৰক, স্বয়ম্ভু আচাৰ্য পংকজ পাঠকৰ কথাই ক'লো- যাৰ মেঠি গুটি "চোবাই চোবাই" খোৱা বিধানৰ অভাৰ ড'জৰ বলি হৈ বহু লোক হস্পিটালত চিকিৎসাধীন হ'ব লগা হৈছিল। ঠিক তেনেদৰেই পৰিয়ালৰ বহুলোকৰ ভয়ংকৰ হস্তক্ষেপত এসময়ত আমি লুকাই চুৰকৈ কাৰ্টুন চাবলগিয়া হৈছিল। কিন্তু এই ক্ষেত্ৰত পিতৃ-মাতৃৰ পৰা আমি কোনো ধৰণৰ বাধা বা হস্তক্ষেপৰ সন্মুখীন হ'ব লগা হোৱা নাছিল আৰু প্ৰতিজন অভিভাৱকলৈ অনুৰোধ যে এনেধৰণৰ বিজ্ঞান প্ৰযুক্তিৰ পৰা হাজাৰ যোজন দূৰৈৰ বাবা, মহাত্মাৰ কথা শুনি নিজৰ শিশুটিক উদাসীন নকৰিব। মনত ৰাখিব, আপুনি হাঁহিবলৈ বহু কাৰণ আছে কিন্তু আপোনাৰ ব্যস্ততাই একক কৰি পেলোৱা আপোনাৰ শিশুটিৰ?\nআপোনাক যদি সুধো- পৃথিৱীৰ আটাইতকৈ ভাল লগা শব্দটো কি? তেন্তে নিশ্চয় আপোনাৰ মনৰ কোনোবা এটা কোণত "হাঁহি" নামৰ শব্দটোৱে চটফটাবলৈ আৰম্ভ কৰিব। জনপ্ৰিয় গায়ক লোকনাথ গোস্বামী দেৱেও গাই গৈছে "হাঁহিৰে জীৱন সুন্দৰ কৰা, চকুৰ পানীৰে নহয়", আকৌ যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰ'ব পাপনদাৰ মতে "হাঁহি এটি পিন্ধিলোৱা, অনেক হাঁহি বিয়পিব।" তেন্তে আমি আমাৰ কণমানিটোৰ ওঁঠৰ হাঁহিকণ এটা বেপাৰী বাবাৰ কথা শুনি কিয় কাঢ়ি লওঁ?\nআহক কাৰ্টুন চোৱাৰ উপকাৰিতা সমূহক অলপ বৈজ্ঞানিক ভাৱে বিশ্লেষণ কৰোঁ!\n১) মানুহে যেতিয়া হাঁহে, cortisol, epinephrine আদিৰ দৰে stress hormone ৰ নিঃসৰণৰ মাত্ৰা কমি যায়। যাৰ ফলত অৱসাদ দূৰ হয়, ৰামদেৱে কোৱাৰ দৰে অৱসাদগ্ৰস্ত নহয়।\n২) Cortisol ৰ নিঃসৰণৰ মাত্ৰা কমি যোৱাৰ লগে লগে serotonin নিঃসৰণৰ মাত্ৰা বাঢ়ি যায় যিয়ে শিশুৰ সৃষ্টিশীলতাৰ বৃদ্ধি কৰে।\n৩) হাঁহিলে মস্তিষ্কই endorphin নিঃসৰণ কৰে যিয়ে বিষ-ব্যাধি নিৰ্মূল কৰে।\n৪) হাঁহিয়ে T - Cell ৰ সক্ৰিয়তাৰ মাত্ৰা বৃদ্ধি কৰি মানুহৰ দেহত এণ্টিবডিৰ সংখ্যা বৃদ্ধি কৰে যাৰ ফলত আমাৰ দেহে বেমাৰৰ বিৰুদ্ধে ভালদৰে যুঁজিব পাৰে।\n৫) ২০০০ চনৰ এটি বৈজ্ঞানিক অধ্যয়নৰ মতে যি মানুহে হাঁহিব নাজানে বা স্ফুৰ্টিবান নহয় বা বেছিভাগ সময় গোমোঠা মাৰি থাকে তেনেলোকৰ হৃদৰোগ হোৱাটো ৮০% নিশ্চিত।\n৬) হাঁহিলে ইতিমধ্যে কোৱাৰ দৰে বিভিন্ন অৱসাদ হ'ৰমনৰ নিঃসৰণৰ মাত্ৰা কমে যিয়ে Depression ৰ মাত্ৰা কমায়।\n৭) হাঁহিয়ে মেলাট'নিন হৰম'ন ৰ নিঃসৰণৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে যাক জীৱৰ টোপনিৰ বাবে দায়বদ্ধ বুলি কোৱা হয় বা ইয়াক sleeping hormone বোলা হয়।\n৮) হাঁহিয়ে oxytocin নিঃসৰণৰ মাত্ৰাও নিয়ন্ত্ৰণ কৰে যি মানুহক সামাজিক কৰাত তথা যৌন স্বাস্থ্য নিয়ন্ত্ৰণত সহায় কৰে।\n৯) প্ৰফুল্ল মনৰ মানুহৰ মুখমণ্ডলত সদায় এক বিশেষ জ্যোতি বা glaze দেখা যায়। যাৰ কাৰণ হৈছে নিয়ন্ত্ৰিত pituitary গ্ৰন্থি।\n১০) হাঁহিয়ে মানুহৰ স্নায়ৱিক তন্ত্ৰটোকো সুস্থ তথা শক্তিশালী কৰি ৰাখে।\nসদৌ শেষত এটাই কথা ক'ব খুজো যে কুকুৰ, মেকুৰীকে ধৰি ইতৰ প্ৰাণীবোৰেও মনৰ ভাৱাবেগ প্ৰকাশ কৰে তেন্তে নিজকে নিজেই জীৱ শ্ৰেষ্ঠ বুলি ঘোষণা কৰিও এটি হাঁহি পিন্ধি ল'বলৈ কিহৰ ইমান ভেম হে! হাঁহিবলৈ, কাৰোবাক মিঠা মাত এষাৰ দিবলৈ গাঁঠিৰ ধন ভাঙিব নালাগে। আৰু যদি তাকে কৰিব নোৱাৰে তেন্তে আহক! কাৰ্টুন চাওক ।\n← মানুহৰ দৰে মানুহ - ৰাজীৱ ডেকা\nবহিৰ্বিশ্বত জীৱনৰ সন্ধান আৰু আমাৰ নিকটতম প্ৰতিবেশী - পংকজ বৰুৱা →\nহেলিক'বেক্টৰ পাইল'ৰি (ভূপেন শইকীয়া)\nপাটিমূতুৰা ৰোগ (ডাঃ ভূপেন্দ্ৰ কুমাৰ শইকীয়া)
অসম আৰক্ষী দিৱস ২০২২ আৰু লখিমপুৰ জিলা দিৱসৰ সতে সংগতি ৰাখি লখিমপুৰ জিলা আৰক্ষী প্ৰশাসনে জিলাখনৰ আৰক্ষী থানা সমূহৰ মাজত অনুষ্ঠিত কৰিছে ফুটবল লীগ প্ৰতিযোগিতা । আৰক্ষী অধীক্ষক ডঃ বেদান্ত মাধৱ ৰাজখোৱা আৰু উপ আৰক্ষী অধীক্ষক (মুখ্য কাৰ্য্যালয়) ৰুণা নেওগৰ বিশেষ তৎপৰতাত জিলাখনৰ আৰক্ষী থানা সমূহক এ আৰু বি দুটা ভাগত বিভক্ত কৰি অনুষ্ঠিত কৰিছে এই লীগ ফুটবল প্ৰতিযোগিতা। প্ৰতিযোগিতাখনৰ শুক্ৰবাৰে প্ৰথমটো গ্রুপৰ দ্বিতীয় দিনাৰ প্ৰথমখন লীগ প্ৰতিযোগিতা আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰে জিলাৰ উপ আৰক্ষী অধীক্ষক নেওগে । ঢকুৱাখনা মহকুমাৰ মহকুমা আৰক্ষী বিষয়া সৌমেন্দ্ৰ শুক্লবৈদ্য, ঢকুৱাখনা সদৰ থানাৰ উপ পৰিদর্শক দীনেশ মেধি , বগীনদী থানাৰ উপ পৰিদর্শক জয়ন্ত কাকতি , লখিমপুৰ জিলা আৰক্ষীৰ ৰিজাৰ্ভ অফিচাৰ, উপ পৰিদর্শক পৰেশ চাহুকে প্ৰমুখ্য কৰি গৰিষ্ঠ সংখ্যক আৰক্ষী বিষয়া , ক্ৰীড়াপ্ৰেমী ৰাইজ উপস্থিত থকা উদ্ধোধনী অনুষ্ঠানৰ পাছত প্ৰথমখন খেল ঢকুৱাখনা থানা বনাম বগীনদী থানা দলৰ মাজত অনুষ্ঠিত হয় । গোগামুখৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্প প্ৰাংগণত অনুষ্ঠিত প্ৰথমখন লীগ ফুটবল খেলত বগীনদী থানা দলে ঢকুৱাখনা থানা দলক ২-১ গলৰ ব্যৱধানত পৰাজিত কৰে । "এ" গ্রুপৰ দ্বিতীয়খন খেলত ঘিলামৰা থানা দলে পানী গাঁও থানা দলক ২-১ গলৰ ব্যৱধানত পৰাজিত কৰে । ইপিনে কাৱৈমাৰী খেল পথাৰত অনুষ্ঠিত গ্ৰুপ 'বি'ৰ প্ৰথমখন খেল বিহপুৰীয়া থানা আৰু লালুক থানাৰ মাজত অনুষ্ঠিত হয় । এই খেলখন ১-১ গলৰে সমতা স্থাপন হয় । জিলাখনৰ ঢকুৱাখনা, ঘিলামৰা, বগীনদী , পানীগাঁও , লখিমপুৰ সদৰ , বিহপুৰীয়া ,লালুক আৰু নাৰায়নপুৰ আৰক্ষী থানাক সামৰি অনুষ্ঠিত এই লীগ ফুটবল প্ৰতিযোগিতাৰ অহা ১ অক্টোবৰৰ আৰক্ষী দিৱসৰ দিনা চূড়ান্ত খেল লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হব।
ৰাছিয়া-ইউক্ৰেইনৰ মাজত যুদ্ধখন যে আৰু দীঘলীয়া হ'ব সেয়া লাহে লাহে স্পষ্ট হ'বলৈ ধৰিছে। এইবাৰ অষ্ট্ৰেলিয়াই তেওঁলোকৰ ৫০মিলিয়ন ডলাৰৰ সামৰিক সাহায্য পেকেজৰ অংশস্বৰূপে ইউক্ৰেইনলৈ ক্ষেপনাস্ত্ৰ পঠিয়াব। অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনে এই কথা সদৰী কৰিছে। মঙলবাৰে এখন সংবাদমেলত মৰিছনে দেশখনে ইউক্ৰেইনক যুদ্ধত সহায় কৰিবলৈ আগবঢ়াৰ কথা জানিবলৈ দিয়ে। ৰাছিয়াৰ সেনাক প্ৰতিৰোধ কৰিবলৈ অষ্ট্ৰেলিয়াৰ এই অস্ত্ৰ ব্যৱহাৰ কৰা হ'ব। ইউক্ৰেইনৰ সেনা বাহিনীয়ে চলাই থকা প্ৰতিৰোধমূলক যুদ্ধত এই ক্ষেপনাস্ত্ৰই শক্তি বৃদ্ধি কৰিব বুলি মৰিছনে কয়। আনহাতে, ইউক্ৰেইন এৰিব লগা হোৱা সকললৈ আশ্ৰয়ৰ বাবে মানবিক সাহায্য হিচাপে আৰু ৩৫মিলিয়ন মাৰ্কিন ডলাৰ আগবঢ়াব অষ্ট্ৰেলিয়াই। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে ৰাজ্য়জুৰি সপ্তাহযোৰা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে (400 Birth anniversary of Lachit Borphukan)। এই জন্মজয়ন্তীৰ সৈতে সংগতি ৰাখি টীয়ক আৰক্ষী থানাৰ উদ্যোগত টীয়কৰ চেলেংহাট পথত বুধবাৰে পুৱা মাৰাথন দৌৰ প্ৰতিযোগিতা এখন অনুষ্ঠিত হয় (Marathon competition at teok)। শতাধিক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰা এই প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া তথা প্ৰাক্তন ক্ৰীড়া সংগঠক বলিন বৰাই । উক্ত অনুষ্ঠানত চি আৰ পি এফৰ পৰিদৰ্শক আবদেশ কুমাৰ, যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতি ৰিজু কুমাৰ শইকীয়া, টীয়ক ক্ৰীড়া সন্থাৰ সম্পাদক দেবেন কোঁৱৰকে আদি কৰি কেইবাগৰাকী বিশিষ্ট ব্য়ক্তি উপস্থিত থাকে । টীয়ক আৰক্ষী থানাৰ উপ-পৰিদৰ্শক দিপাংকৰ দলেই আঁত ধৰা এই অনুষ্ঠানটো শুভাৰম্ভ কৰে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পূৰ্বালী দুলীয়াই । প্ৰতিযোগিতাৰ শেষত বিজয়ীসকলক নগদ ধনসহ কিতাপৰ টোপোলা প্ৰদান কৰা হয় ।
লাষ্ট বেঞ্চৰ ছাত্ৰৰ লগত কোনেও বন্ধুত্ব নকৰে, কৰিলেও অৱহেলাৰ বাহিৰে একো নাই, কিন্তু বছৰৰ পিছত সেইজন ল'ৰা গোল্ড মেডেল লৈ কলেজ শেষ কৰে। তেওঁ সলনি হোৱাৰ আৰত আছে বহুতৰে অৱহেলা আৰু বিশেষ কাৰোবাৰ অনুপ্ৰেৰণা। ফাষ্ট বেঞ্চত বহি সকলো সময়ত প্ৰথম হোৱা ল'ৰা জনক সকলোৱে ভাল পায়। তাৰ লগত সকলোৱে বন্ধুত্ব কৰিব বিচাৰে, সকলোৱে ভাল বুলি ভবা ল'ৰা জনে এটা সময়ত মাতাল হৈ ঘৰত আহে, তেওঁৰ মাতাল হোৱাৰ আঁৰত আছে কাৰোবাৰ অৱহেলা আৰু প্ৰতাৰণা। যিজন ল'ৰা সদায় ৰাস্তাৰ কাষত থাকি ছোৱালী বিলাকক বিৰক্ত কৰিছিল সিও এটা সময়ত পৰিৱৰ্তন হয়। হৈ পৰে বহু ব্যস্ত । তেওঁৰ এই ব্যস্ততা আৰু ভাল হোৱাৰ আঁৰত হাজাৰ হাজাৰ মানুহৰ অবৱহেলা বা বিশেষ কাৰোবাৰ অনুপ্ৰেৰণা লুকাই আছে। যিজন ব্যক্তিয়ে তেওঁৰ প্ৰিয় মানুহ জনৰ পৰা এটা মেচেজ পোৱাৰ অপেক্ষাত গোটেই ৰাতি উজাগৰে থাকি ৰাতি সমাপ্তি কৰিছিল , তেওঁ এদিন পৰিৱৰ্তন হৈ যায়।এই পৰিৱৰ্তনৰ পিছত সেই প্ৰিয় মানুহজনৰ হেজাৰ অৱহেলাৰ সন্মুখীন হৈয়ো নিজকে পৰিৱৰ্তন কৰি লয়। যিজন ল'ৰাই ভাবিছিল কেতিয়াও প্ৰেম ভালপোৱা তাৰ জীৱনত নাহিব বুলি, তেওঁ এদিন প্ৰেমত পৰি যায় কোনো এক মায়াৱতীৰ । যাৰ হাজাৰ কেয়াৰিং,শেয়াৰিঙে মুগ্ধ কৰিছিল। যি ল'ৰা নিজকে ৰোমিও ভাবি হেজাৰ হেজাৰ ছোৱালীৰ মনলৈ প্ৰতাৰণা কৰিছিল, কোনো সময়ত তেওঁ এদিন অকলশৰীয়া হৈ যায়,একাতিক্তৰ মাজত পাৰ কৰিবলগীয়া হয় জীৱনৰ বহু সময়, তেওঁৰ ওচৰত কোনেও নথকাৰ কাৰণ হয়তো বহু ছোৱালীৰ মন ভঙাৰ অভিশাপ। যিজন ল'ৰা অকল বেকাৰ থকাৰ কাৰণে ধুনীয়া ছোৱালী বোৰে নে ভাল পাইছিল নে তেওঁৰ লগত বিয়াত বহিবলৈ মান্তি হৈছিল, বিশ্বাস কৰক সেই জন ল'ৰা এদিন কোনো ডাঙৰ কোটিপতিৰ ৰাজকন্যাক নিজৰ যোগ্যতাত বিয়া কৰিছিল। তেওঁৰ পৰিৱৰ্তনৰ পিছত হাজাৰ মানুহৰ অৱহেলা বা বিশেষ কাৰোবাৰ অনুপ্ৰেৰণা আছিল। যি ব্যক্তিয়ে কোনো সময়ত দিন ৰাতি মাতাল হৈ ৰাস্তাৰ কাষত পৰি আছিল, তেওঁ এদিন পৰিৱৰ্তন হৈ গ'ল, তেওঁৰ এই পৰিৱৰ্তনৰ পিছতো কোনো বিশেষ এজনৰ হাত আছে। যিজন মানুহে কাৰো কোনো কথা নাৰাখিছিল , নিয়মীয়াকৈ অকল মিছা কথা কৈছিল, তেওঁ এদিন কাৰোবাৰ প্ৰতিশ্ৰুতি ৰাখিবলৈ এতিয়া সচাঁ কথাৰ অভ্যাস কৰিছে। আজি যিবিলাক ল'ৰা ছোৱালী কিছু টকাৰ কাৰণে ভাল কোনো শিক্ষকৰ ওচৰত কোচিং ল'ব পৰা নাই। এটা সময়ত এওঁলোকে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীক শিক্ষা দিব। বহুতো অসহায় ল'ৰা ছোৱালীক টকা নোলোৱাকৈ লিখা পঢ়া শিকাব, এওঁলোকৰ এনে শক্তিয়ে দ্ৰুত গতিত কাম কৰিব কাৰণ কোনো সময়ত এওঁলোক ও অৱহেলিত আছিল। আজি যিবিলাক ল'ৰা ছোৱালীৰ পিতৃ মাতৃৰ চিকিৎসাৰ অভাৱত মৃত্যু বৰণ কৰিবলগীয়া হৈছে , কোনো সময়ত এইসকল ল'ৰা ছোৱালীয়ে জিলা বিভাগৰ বা দেশৰ কোনো উন্নত মানৰ চিকিৎসালয়ত চিকিৎসক হৈ হাজাৰ মানুহৰ চিকিৎসা বিনামূলীয়াকৈ কৰিব। যিজন মানুহে বেলেগৰ ফেচবুক পোষ্ট নোবোজাকৈ মন্তব্য কৰিছিল, মনে যি বিচাৰিছিল তাকেই কমেন্ট কৰিছিল, তাৰ ফলত বহুতে আনফ্ৰেণ্ড কৰিছিল। এদিন তেওঁৰ টাইমলাইনত ভাহি থকা কোনো পোষ্ট অনুযায়ী মন্তব্য নকৰিলে আনফ্ৰেণ্ড কৰিছিল। এনেধৰণৰ উদাহৰণ আমাৰ চাৰিওফালে ভৰি আছে, অলপ ভালকৈ প্ৰত্যক্ষ কৰিলে এইবিলাক আমাৰ চকুৰ আগত ভাহি উঠে । য'ত কাৰোবাৰ অলপ ভালপোৱা, অনুপ্ৰেৰণা পাই কাৰোবাৰ জীৱন সলনি হৈছে আকৌ কাৰোবাৰ অৱহেলা পাই সুন্দৰ আৰু সজাই ৰখা জীৱনটো নষ্ট হৈ গৈছে। জীৱনটো সচাঁই বৰ অদ্ভূত!! জীৱন যাত্ৰাত বহুতো ঘটনা ঘটি যায়, আমি অনুভৱ কৰিব নোৱাৰোঁ। কিয় কওঁকচোন ? আচলতে জীৱনটো সচাঁই বৰ আনপ্ৰেদিক্টেবুল। চলন্ত জীৱনত হঠাৎ কোনোবা এজন সোমাই জীৱনটোক একেবাৰে মেজিকৰ নিচিনা সুন্দৰ কৰি দিয়ে, চাৰিওফালে তেতিয়া বৰ ভাল অনুভৱ হয়। এনেকুৱা অনুভৱ হয় যেন কোনো ছবিৰ নিচিনাকৈ হৃদয়ত সজাই ৰাখিছোঁ। জীয়াই থাকিবলৈ ইচ্ছা হয়। তেতিয়া ভাল পাবলৈ আৰু নিজকে ভাল ৰাখিবলৈ চেষ্টা কৰোঁ। কিন্তু হঠাৎ ভাগ্যদেৱীৰ কোনো এক অদ্ভূত পৰিহাসে ,নিয়ৰৰ দুপৰীয়া বৰষুণৰ নিচিনা হঠাৎ তেওঁ গুচি যায়। আপুনি বুজি উঠাৰ আগতেই আপোনাৰ চাৰিওফালে সকলো কিছু কেনেকুৱা যেন আউল বাউল হৈ পৰে। হঠাৎ পোৱা এই সুখ আপোনাৰ জীৱনৰ কাল হৈ পৰে। ঘটনাৰ আকস্মিকতাত যেতিয়া আপুনি অলপ গভীৰ ভাৱে চিন্তা কৰিব তেতিয়া চাৰিওফালে থকা আপোনাৰ প্ৰিয় মানুহ বিলাক যেন সলনি হৈ গৈছে। সলনি হৈছে তেওঁলোকৰ আচাৰ ব্যৱহাৰ । তেতিয়া মাজে মাজে মনত পৰিব জীৱনৰ সকলো কিছু যেন শেষ হৈ গ'ল , স্থিৰ হৈ ৰ'ল জীৱন। তথাপিও দিনৰ শেষত আপুনি নিজকে আগুৱাই নিব, মিলাই ল'ব , কিয় কওঁকচোন ? কাৰণ জীৱনটো এটাই! অতি কম সংখ্যক মানুহ আছে যিজনে তেওঁৰ প্ৰিয় মানুহজনক লগত লৈ গোটেই জীৱন একেলগে চলিব পাৰে । তেওঁলোক সদায় ভাগ্যৱান আৰু ভাগ্যৱতী হয়। পৃথিৱীত কোনেও পাৰ্ফেক্ট নহয় আকৌ অযোগ্য নহয়। কোনো স্থানত তেৱেঁই প্ৰথম । সেই কাৰণে কেতিয়াও কাকো অবৱহেলা ইগ্নোৰ নকৰা ভাল, যি যেনেকুৱাই হওঁক সময়ত কেতিয়া কাক কেনে স্থানত অৱস্থিত কৰি মধুৰ প্ৰতিশোধ ল'ব আমি কোনেও কেতিয়াও নাজানো আৰু আগতিয়াকৈ ক'ব নোৱাৰিম। ◾আব্দুল কাদেৰ মিঞা (দঃ শালমাৰা মানকাচাৰ) Post a Comment (0)