text
stringlengths
121
187k
যোয়েল2- पवित्र बाइबिल [ইণ্ডিয়ান ৰিভাইচ ভাৰচন] - (যোয় 2)\nতোমালোকে চিয়োনত শিঙা বজোৱা, আৰু মোৰ পবিত্ৰ পৰ্ব্বতখনত সতৰ্ক-ধ্বনি কৰা! দেশ-নিবাসী সকলোৱেই ভয়ত কঁম্পমান হওঁক, কিয়নো যিহোৱাৰ দিন আহি আছে; হয়, সঁচাই সেয়ে ওচৰ পাইছেহি;\nসেয়ে আন্ধাৰ আৰু ঘোৰ অন্ধকাৰৰ দিন, ডাৱৰীয়া আৰু ঘন মেঘেৰে হোৱা অন্ধকাৰৰ দিন। পৰ্ব্বতবোৰৰ ওপৰত ব্যাপি থকা অৰুণ যেন ব্যাপ্ত, মহৎ আৰু যেন পৰাক্ৰমী এক জাতি আহিছে। তাৰ নিচিনা কেতিয়াও হোৱা নাই, আৰু তাৰ পাছত পুনৰ কেতিয়াও নহ'ব, আনকি পুৰুষানুক্ৰমে অনেক বছৰলৈকে পুনৰ নহ'ব।\nতাৰ আগত অগ্নিয়ে গ্ৰাস কৰিছে, আৰু তাৰ পাছত অগ্নিশিখা জ্বলিছে। তাৰ আগত দেশখন এদন বাৰীৰ নিচিনা, আৰু তাৰ পাছত ধ্বংস কৰা মৰুভূমিৰ নিচিনা। এনেকি একোৱেই তাৰ পৰা ৰক্ষা নাপায়।\nসিহঁতৰ আকৃতি ঘোঁৰাৰ আকৃতিৰ নিচিনা, আৰু সিহঁত অশ্বাৰোহী সকল দৰে যোৱাৰ দৰে বেগেৰে যায়।\nসিহঁতে জপিওৱা শব্দ পৰ্ব্বতবোৰৰ টিঙত চলা ৰথসমূহৰ শব্দৰ নিচিনা, সিহঁত খোৱা শব্দ নৰা গ্ৰাসকাৰী অগ্নিশিখাৰ শব্দৰ নিচিনা, সিহঁত যুদ্ধলৈ বেহু পতা পৰাক্ৰমী এক জাতিৰ সদৃশ।\nসিহঁতৰ আগত জাতিবোৰে যাতনা পায়, আৰু সিহঁতৰ আটাইৰে মুখ বিবৰ্ণ হয়।\nসিহঁতে বীৰসকলৰ দৰে লৰ মাৰে; সিহঁতে যুদ্ধাৰু নিচিনাকৈ গড়ত উঠে; সিহঁতে নিজ নিজ শাৰীত থাকে, আৰু তাক নভঙাকৈ নিজ নিজ পথত যাত্ৰা কৰে।\nসিহঁতে ইটোৱে সিটোৱে ঠেলাঠেলি নকৰে; প্ৰতিজনে নিজ নিজ পথত যাত্ৰা কৰে; সিহঁতে নিৰাপত্তা ব্যৱস্থাত বলপূৰ্বক প্ৰবেশ কৰে, আৰু সিহঁতে পৰিলেও যাত্ৰাপথৰ পৰা বাহিৰ নহয়।\nসিহঁতে নগৰত ভ্ৰমি ফুৰে, গড়ৰ ওপৰত লৰ মাৰে, উঠি ঘৰৰ ভিতৰত সোমায়, আৰু চোৰৰ দৰে খিড়িকিয়েদি সোমায়।\nসিহঁতৰ আগত পৃথিৱী কঁপে, আকাশ-মণ্ডল জোকাৰ খায়, চন্দ্ৰ আৰু সূৰ্য অন্ধকাৰময় হয়, আৰু তৰাবোৰে নিজৰ পোহৰ নিদিয়ে।\nযিহোৱাই নিজ সৈন্যসামন্তৰ আগত নিজ কন্ঠধ্বনি শুনাইছে, কিয়নো তেওঁৰ বাহিনী অতিশয় অধিক; কাৰণ তেওঁৰ আজ্ঞা পালন কৰোঁতাসকল বলৱান। কিয়নো যিহোৱাৰ দিন মহৎ আৰু অতি ভয়ানক। কোনে তাক সহন কৰিব পাৰে?\nকোনে জানে? তেওঁ ঘূৰি মন পালটাব পাৰে, আৰু নিজৰ পাছত আশীৰ্ব্বাদ দি যাব পাৰে, তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশে দিবলৈ ভক্ষ্য নৈবেদ্য থৈ যাব পাৰে।\nতোমালোকে চিয়োনত শিঙা বজোৱা, পবিত্ৰ উপবাস নিৰূপণ কৰা, পবিত্র সমাজ গোট খাবলৈ ঘোষণা কৰা।\nলোকসকলক গোটোৱা, সমাজখন পবিত্ৰ কৰা, পৰিচাৰকসকলক গোটোৱা, শিশুসকলক গোটোৱা আৰু পিয়াহ খোৱাসকলক গোটোৱা। দৰা নিজৰ কোঁঠালিৰ পৰা, আৰু কন্যা নিজৰ বিয়াৰ তম্বুৰ পৰা ওলাই আহক।\nযিহোৱাৰ পুৰোহিত, পৰিচাৰকসকল, যজ্ঞ-বেদী আৰু বাৰাণ্ডাৰ মাজৰ ঠাইত ক্ৰন্দন কৰক। তেওঁলোকক ক'বলৈ দিয়া, "হে যিহোৱা, তোমাৰ লোকসকলক দয়া কৰা, আৰু তোমাৰ আধিপত্যক ধিক্কাৰৰ বিষয় হ'বলৈ নিদিবা, যাতে তেওঁলোকৰ ওপৰত জাতি সমূহে শাসন কৰিব। কিয় তেওঁলোকে জাতি সমূহৰ মাজত ক'ব, কত তেওঁলোকৰ ঈশ্বৰ?"\nতেতিয়া যিহোৱা নিজ দেশৰ বাবে উদ্যোগী আৰু নিজ লোকসকললৈ দয়ালু হ'ল।\nযিহোৱাই উত্তৰ দি তেওঁৰ লোকসকলক ক'লেঃ "চোৱা, মই তোমালোকলৈ শস্য, দ্ৰাক্ষাৰস, আৰু তেল পঠিয়াম। তোমালোক তাৰেই তৃপ্ত হবা, মই পুনৰ জাতি সমূহৰ মাজত তোমালোকক ধিক্কাৰৰ বিষয় নকৰিম।\nমই তোমালোকৰ পৰা উত্তৰদেশীয় সৈন্য-সামন্তক দূৰ কৰিম, আৰু মই তাক শুকান আৰু ধ্বংস কৰা দেশলৈ খেদি দিম। তাৰ আগ-ভাগ পূৱ সাগৰত, আৰু তাৰ পাছ-ভাগ পশ্চিম সাগৰত পেলাই দিম; তাতে তাৰ গেলা গন্ধ ওলাব, দুৰ্গন্ধ উঠিব। কাৰণ সি মহৎ কাৰ্য কৰিলে।"\nহে দেশ ভয় নকৰিবা, উল্লাসিত হৈ আনন্দ কৰা, কিয়নো যিহোৱাই মহৎ কাৰ্য কৰিলে।\nহে পথাৰৰ পশুবিলাক, ভয় নকৰিবা, কিয়নো মৰুভূমিত থকা চৰণীয়া ঠাইত ঘাঁহ গজিছে, গছে গুটি ধৰিছে, ডিমৰু গছ আৰু দ্ৰাক্ষালতাই নিজ নিজ ফল উৎপন্ন কৰিছে।\nহে চিয়োনৰ সন্তানসকল, তোমালোক আনন্দিত হোৱা, আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাত উল্লাস কৰা; কিয়নো তেওঁ তোমালোকক উচিত পৰিমাণে আগতীয়া বৰষুণ দিছে, আৰু আগৰ দৰে জাকে জাকে আগতীয়া আৰু শেষতীয়া বৰষুণ বৰষাইছে।\nমৰণা মৰা খলাবোৰ শস্যৰে পূৰ হ'ব, দ্ৰাক্ষাৰস আৰু তেলেৰে কুণ্ডবোৰ উপচি পৰিব।\n"আৰু তোমালোকৰ মাজলৈ মই পঠোৱা সৈন্যসামন্তই, কাকতী ফৰিং, চেলেকা ফৰিং, বিনাশকাৰী ফৰিং, আৰু কুটি খোৱা ফৰিঙে সেই কেইবছৰ খোৱাখিনি মই পুনৰায় তোমালোকক দিম।\nতাতে তোমালোকে প্ৰচুৰ পৰিমাণে খাই তৃপ্ত হবা, যিহোৱাৰ নাম প্ৰশংসা কৰিবা, আৰু তোমালোকলৈ আচৰিতৰূপে কাৰ্য কৰা তোমালোকৰ ঈশ্বৰ, মোৰ সন্তান সকলে কেতিয়াও পুনৰ লাজ নাপাব।\nতেতিয়া মই যে ইস্ৰায়েলৰ মাজত আছোঁ, মই যে তোমালোকৰ ঈশ্বৰ যিহোৱা, আৰু আন কোনো যে নাই, তাক তোমালোকে জানিবা; মোৰ সন্তান সকলে কেতিয়াও পুনৰ লাজ নাপাব।\nআৰু দাস-দাসীসকলৰ ওপৰতো সেই কালত মোৰ আত্মা বাকি দিম।\nমই তেজ, অগ্নি, ধূঁৱাস্তম্ভৰে আকাশ-মণ্ডল আৰু পৃথিৱীত অদ্ভুত লক্ষণ দেখুৱাম।\nযিহোৱাৰ সেই মহৎ আৰু ভয়ানক দিন অহাৰ আগেয়ে সূৰ্য অন্ধকাৰত পৰিণত হ'ব, আৰু চন্দ্ৰ তেজলৈ পৰিৱৰ্তন হ'ব।
বুধবাৰে সম্পূৰ্ণ ধৰ্মীয় উছাহ উদ্দীপনাৰ মাজেৰে নৱৰাত্ৰি আৰম্ভ হৈছে। বুধবাৰে পুৱাৰে পৰা ভক্তসকলে মন্দিৰলৈ গৈ দূৰ্গাদেৱীৰ প্ৰতি তেওঁলোকৰ ভক্তি নিৱেদন কৰে। ভক্তসকলে দূৰ্গা বাড়ী, মা দূৰ্গা বালাজী বাবোছাহা মন্দিৰ আন আন মন্দিৰলৈ গৈ দেৱীলৈ প্ৰাৰ্থনা জনায়। মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ'ব কোন? গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
সামৰিক শাসকে বলপূৰ্বক ক্ষমতা হস্তগত কৰি এবছৰৰ বাবে জৰুৰীকালিন অৱস্থা ঘোষণা কৰা ম্যানমাৰ হৈ পৰিছে বহিঃ বিশ্বৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন। 'ম্যানমাৰ টাইমছ' কাকতত প্ৰকাশিত বাতৰি অনুসৰি দেশখনৰ সকলো পাইলটকে পূৰ্ব অনুমতি অবিহনে বিমানৰ উৰণ নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে। কাকতখনত প্ৰকাশ পোৱা মতে সামৰিক শাসকে চলিত বৰ্ষৰ ৩১ মে' পৰ্যন্ত বসকলো বিমানৰ উৰণ তথা অৱতৰণত নিষেধাজ্ঞা জাৰি কৰিছে। উল্লেখ্য ১ ফ্ৰেব্ৰুৱাৰীৰ দিনা ম্যানমাৰৰ প্ৰতিৰক্ষাবাহিনীৰ মুৰব্বী মিং আন লাইয়িঙৰ নেতৃত্বত সেনাই দেশ খনৰ শাসন হস্তগত কৰিছে আৰু দেশখনৰ ৰাষ্ট্ৰপতি ইউ উইন মিন্ত তথা আং চান ছ্যুকীক আটক কৰিছে।
from 'master' \im পাঁচনি পিতৰে তেওঁৰ এই দ্বিতীয় পত্রখন লিখিছিল বুলি পত্রখনে প্রকাশ কৰে; কিন্তু বহুতো পণ্ডিতে আজিও ইয়াক সত্য বুলি নাভাৱে। সম্ভৱতঃ পিতৰৰ হৈ আন কোনো ব্যক্তিয়েহে লিখিছিল। লেখকে প্রকাশ কৰিছে যে, যীচুৰ জীৱনকালৰ আৰু বিশেষভাৱে যীচু ৰূপান্তৰিত হোৱা সময়ত তেওঁ নিজে এজন প্রত্যক্ষ সাক্ষী আছিল (1:17-18)। পিতৰে যদি এই পত্রখন লিখিছিল, তেন্তে সম্ভৱতঃ তেওঁ খ্রীষ্টৰ জন্মৰ পাছত, 65 পৰা 69 খ্রীষ্টাব্দৰ ভিতৰত, ঠিক মৃত্যুৰ আগমূহূর্তত ৰোম নগৰত লিখিছিল। 'প্রথম পত্র'খনৰ পাছত লিখনীৰ তাৰিখ দি পিতৰে নিজেও এইখন তেওঁৰ 'দ্বিতীয় পত্র' বুলি উল্লেখ কৰিছে (3:1)। সকলো খ্রীষ্টিয়ানসকলক সম্বোধন কৰি তেওঁ এই পত্র লিখিছে। \ip বিশ্বাসীসকলে উত্তম জীৱন-যাপন কৰি ভণ্ড শিক্ষকসকলক (2) অনুসৰণ কৰাৰ পৰা সাৱধানে থাকিবলৈ পিতৰে উদগণি দি এই পত্র লিখিছে। যিসকল লোকে যীচুৰ পুণৰ আগমণৰ সময় বহুত দীঘলীয়া হৈছে বুলি কয়, সেই লোকসকলৰ প্রতি ধ্যান নিদিবলৈ তেওঁ বিশ্বাসীসকলক উৎসাহিত কৰিছে। তাৰ পৰিবর্তে তেওঁ উনুকিয়াই দিছে যে, ঈশ্বৰে পলম নকৰে কিন্তু প্রত্যকজন লোকে যেন পৰিত্রাণ পায়, ঈশ্বৰে তাকে বিচাৰে (2 পিতৰ 3:8-9)। এক উত্তম পবিত্র জীৱন-যাপনৰ অর্থে ই এক কাৰণ (3:14)। \iot চমু বিৱৰণঃ \io পাছত তেওঁ ভণ্ড শিক্ষকসকলৰ বিৰুদ্ধে সাৱধান কৰি দি শেষ অৱস্থাত সেই ভণ্ড শিক্ষকসকললৈ কি ঘটিব, সেই বিষয়ে উল্লেখ কৰিছে। \v 1 মই চিমোন পিতৰ, যীচু খ্ৰীষ্টৰ এজন দাস আৰু পাঁচনি। যি সকলে আমাৰ ঈশ্বৰ আৰু ত্ৰাণকৰ্তা যীচু খ্ৰীষ্টৰ ধাৰ্মিকতাৰ মাধ্যমত আমি লাভ কৰাৰ দৰে একেই অমূল্য বিশ্বাস লাভ কৰিছে, সেই সকলৰ সমীপলৈ। \v 2 ঈশ্বৰ আৰু আমাৰ প্ৰভু যীচুক গভীৰভাৱে জনাৰ মাজেদি আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি বাহুল্যৰূপে হওক। \v 3 যি জনে নিজৰ মহিমা আৰু সদগুণেৰে আমাক আমন্ত্রণ কৰিলে, তেওঁক গভীৰভাৱে জনাৰ মাধ্যমেদি তেওঁৰ ঐশ্বৰিক শক্তিয়ে আমাক ঈশ্বৰৰ প্রতি ভক্তিপূর্ণ জীৱন-যাপন কৰিবলৈ সকলো বিষয় দান কৰিলে। \v 4 তেওঁ এইবোৰৰ দ্বাৰাই আমাক মূল্যবান আৰু অতি মহৎ প্ৰতিজ্ঞাবোৰ দান কৰিলে। তেওঁ এনেদৰে কৰিলে যাতে আপোনালোকে সেই প্রতিজ্ঞাবোৰৰ দ্বাৰাই জগতৰ মন্দ অভিলাষবোৰৰ দুর্নীতিৰ পৰা মুক্ত হৈ ঐশ্বৰিক স্বভাৱৰ সহভাগী হ'ব পাৰে। \v 5 ইয়াৰ কাৰণে আপোনালোকৰ বিশ্বাসৰ মাধ্যমেৰে সদগুণ লাভ কৰিবলৈ নিজে সম্পূর্ণৰূপে যত্ন কৰক। সদগুণৰ লগতে আপোনাৰ জ্ঞানো বৃদ্ধি কৰক। \v 6 জ্ঞানৰ লগত ইন্দ্ৰিয়-দমন, ইন্দ্ৰিয়-দমনৰ লগত ধৈৰ্য, ধৈৰ্যৰ লগত ঈশ্বৰভক্তি, \v 7 ঈশ্বৰ-ভক্তিৰ লগত পৰস্পৰৰ মাজত ভাতৃ-স্নেহ আৰু ভাতৃ-স্নেহৰ লগত প্ৰেম বৃদ্ধি কৰক। \v 8 কিয়নো আপোনালোকৰ যদি এই সকলো গুণ থাকে আৰু সেইবোৰ আপোনালোকৰ মাজত বৃদ্ধি পায়, তেনেহলে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ তত্ব-জ্ঞানত আপোনালোক কৰ্মহীন বা নিষ্ফল নহ'ব। \v 9 যি জনৰ এই সকলো গুণ নাই, তেওঁ ওচৰতহে দেখে; আচলতে তেওঁ অন্ধ। তেওঁক যে পূৰ্বৰ পাপ সমূহৰ পৰা শুচি কৰা হৈছে, সেই বিষয় তেওঁ পাহৰি গ'ল। \v 10 এতেকে ভাই সকল, ঈশ্বৰে যে আপোনালোকক আমন্ত্রণ আৰু মনোনীত কৰিছে, সেই বিষয়ে আপোনালোকে নিজে নিশ্চিত হ'বৰ কাৰণে অধিক যত্ন কৰক। এইবোৰ কৰিলে, আপোনালোকে উজুটি নাখাব। \v 11 তাতে আমাৰ প্রভু আৰু ত্রাণকর্তা যীচু খ্রীষ্টৰ অনন্ত ৰাজ্যত আপোনালোকক অতি আন্তৰিকতাৰে প্রৱেশ কৰোঁৱা হ'ব। \v 12 এই হেতুকে, যদিও আপোনালোকে এই সকলোবোৰ জানে আৰু যি সত্য, তাত থিৰে আছে, তথাপি মই সকলো সময়তে আপোনালোকক এই বিষয়বোৰ মনত পেলাই দিবলৈ প্রস্তুত থাকিম; \v 13 কিন্তু মই এইটো সঠিক বুলি ভাৱো যে, যিমান দিন মই এই তম্বুৰূপ অস্থায়ী দেহত থাকিম, সিমান দিনলৈকে এই বিষয়বোৰ সোঁৱৰাই দি আপোনালোকক জাগ্রত কৰি ৰখা মোৰ উচিত। \v 14 কিয়নো মই জানো যে, শীঘ্রেই মই মোৰ তম্বু গুচাম; আমাৰ প্রভু যীচু খ্রীষ্টই ইয়াকে মোক জনালে। \v 15 মই আপ্রাণ চেষ্টা কৰিছোঁ, যাতে মোৰ মৃত্যুৰ পাছতো আপোনালোকে এই সকলো বিষয় সকলো সময়তে মনত ৰাখে। \v 16 আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পৰাক্ৰম আৰু তেওঁৰ আগমণ সম্বন্ধে আপোনালোকক জনাওঁতে আমি চতুৰতাৰে সজা কোনো গল্প-কথা কোৱা নাছিলো। আমি তেওঁৰ মহিমা নিজৰ চকুৰে দেখিছিলোঁ। \v 17 কিয়নো, "এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁতেই মই পৰম সন্তুষ্ট," স্বর্গৰ গৌৰৱময় প্ৰতাপৰ দ্বাৰা তেওঁলৈ অহা এই বাণীৰ মাধ্যমেদি খ্রীষ্টই পিতৃ ঈশ্বৰৰ পৰা সন্মান আৰু গৌৰৱ পাইছিল। \v 18 আমি যেতিয়া তেওঁৰ লগত সেই পবিত্ৰ পাহাৰত আছিলোঁ, তেতিয়া স্বৰ্গৰ পৰা কোৱা এই মাত নিজে শুনিছিলো। \v 19 ভাববাদী সকলৰ এই বাক্য আমাৰ ওচৰত অধিকৰূপে নিশ্চিত হৈছে আৰু সেই বিষয়ত মনোযোগ দিয়া আপোনালোকৰ পক্ষে ভাল। সেই বাক্য এক অন্ধকাৰ ঠাইত জ্বলি থকা চাকিৰ নিচিনা। যেতিয়ালৈকে ৰাতিপুৱা নহয় আৰু আপোনালোকৰ হৃদয়ত প্রভাতী তৰাৰ উদয় নহয়, তেতিয়ালৈকে অন্ধকাৰৰ মাজতো সেয়ে পোহৰ দিব। \v 20 সকলোৰে ওপৰত প্ৰথমে ইয়াকে জানি থওঁক যে, ধৰ্মশাস্ত্ৰৰ কোনো ভাৱবাণী (বচন), ভাৱবাদীজনৰ নিজৰ যুক্তি-ব্যাখ্যাৰ পৰা নাহে; \v 21 ভাৱবাণী কেতিয়াও মানুহৰ ইচ্ছাৰে নাহে, কিন্তু পবিত্ৰ আত্মাৰ পৰিচালনাত ভাৱবাদী সকলে ঈশ্বৰৰ পৰা পোৱা কথা কয়। \v 1 অতীতত ইস্রায়েলবাসীৰ মাজত যেনেদৰে মিছলীয়া ভাৱবাদী সকল আছিল, তেনেদৰে আপোনালোকৰ মাজলৈকো ভণ্ড শিক্ষক সকল আহিব। তেওঁলোকে মনে মনে এনেকুৱা কিছুমান বিৰোধী ভ্রান্ত মতবাদ লৈ আহিব, এয়ে লোক সকলক ধ্বংস কৰি দিব। এনে কি যি জনে তেওঁলোকক (মুক্তিৰ অৰ্থে) কিনি ল'লে, সেই প্ৰভুকো অস্বীকাৰ কৰিব; এইদৰে তেওঁলোকে শীঘ্রেই নিজলৈ ধ্বংস মাতি আনিব। \v 2 অনেকে সেই ভণ্ড শিক্ষক সকলৰ লম্পট আচৰণ অনুসৰণ কৰিব; তেওঁলোকৰ প্রৰোচনাত মানুহে সত্যৰ পথৰ বিষয়ে নিন্দা কৰিব। \v 3 তেওঁলোকে লোভৰ বশত ছলাহী কথাৰে আপোনালোকৰ পৰা অর্থ লাভ কৰিব। এই ভণ্ড শিক্ষক সকলৰ বিৰুদ্ধে বিচাৰৰ শাস্তি অনেক দিনলৈ অপেক্ষা কৰি নাথাকিব; তেওঁলোকৰ বিনাশ পলম কৰা নহয়। \v 4 স্বর্গৰ দূত সকলে যেতিয়া পাপ কৰিছিল, তেতিয়া ঈশ্বৰে তেওঁলোকক এৰি দিয়া নাছিল; বৰং বিচাৰৰ দিন পর্যন্ত অন্ধকূপৰ বন্ধনত ৰক্ষিত হ'বলৈ তেওঁ সেই সকলক নৰকত পেলাই দিলে। \v 5 ঈশ্বৰে সেই পুৰণি জগতকো এৰি দিয়া নাছিল; ঈশ্বৰৰ প্রতি ভক্তিহীন লোক সকলৰ ওপৰলৈ তেওঁ জলপ্লাৱন আনিলে; কেৱল নোহ আৰু তেওঁৰ লগত আন সাত জনক তেওঁ ৰক্ষা কৰিলে। এই নোহে লোক সকলক ধাৰ্মিকতাৰ পথত চলাৰ সম্বন্ধে প্রচাৰ কৰিছিল। \v 6 চদোম আৰু ঘমোৰা নগৰ ভস্ম কৰি ঈশ্বৰে সেই নগৰৰ লোক সকলক বিচাৰ কৰি শাস্তি দিছিল। ইয়াৰ দ্বাৰা ঈশ্বৰে ভাবী কালত ঈশ্বৰৰ ভক্তিহীন লোকৰ শেষ অৱস্থা কি হ'ব তাকেই উদাহৰণ স্বৰূপে স্থাপন কৰিলে। \v 7 কিন্তু লোটক তেওঁ ৰক্ষা কৰিছিল। লোট ধাৰ্মিক লোক আছিল। সেই নগৰৰ বিধানহীন মানুহবোৰৰ অনৈতিক চাল-চলনত তেওঁ অতি ব্যথিত হৈছিল। \v 8 সেই ধাৰ্মিক লোক জনে বিধানহীন মানুহবোৰৰ মাজত বাস কৰিছিল আৰু তেওঁৰ ধার্মিক আত্মাই প্রতিদিনে এই লোক সকলৰ অধার্মিক কার্যবোৰ দেখি আৰু সেইবোৰৰ বিষয়ে শুনি যন্ত্রণা ভোগ কৰিছিল। \v 9 গতিকে যি সকল ঈশ্বৰভক্ত লোক, তেওঁলোকক কেনেদৰে পৰীক্ষাৰ পৰা উদ্ধাৰ কৰিব লাগে, প্রভুৱে জানে। যি সকলে ঈশ্বৰক ভক্তি নকৰে, অধার্মিক লোক; তেওঁলোকক কেনেদৰে বিচাৰৰ দিনা শাস্তি দিয়া হ'ব, সেই বিষয়েও প্রভুৱে জানে। \v 10 এই দণ্ড বিশেষভাৱে সেই লোকসকলৰ বাবে, যি সকলে অশুচিতাৰ মাংসিক অভিলাষবোৰত সংযুক্ত হৈ চলে, আৰু কতৃত্বক হেয়জ্ঞান কৰে। এই ভণ্ড শিক্ষক সকল দুঃসাহসী আৰু তেওঁলোকে নিজৰ ইচ্ছামতে চলে। তেওঁলোকে এনে কি স্বৰ্গীয় মহিমাৰে পূৰ্ণ সকলকো নিন্দা কৰিবলৈ ভয় নকৰে। \v 11 সকলো মনুষ্যতকৈয়ো স্বর্গৰ দূত সকল অধিক শক্তিশালী আৰু ক্ষমতাশালী, তথাপি প্রভুৰ ওচৰত তেওঁলোকৰ সম্বন্ধে কোনো দোষ, অভিযোগ উপস্থাপন নকৰে। \v 12 কিন্তু জ্ঞানহীন, বুদ্ধিহীন পশুবোৰ নিজৰ স্বভাৱগত বাসনাৰ অধীন, যাৰ জন্ম মৰিবৰ বাবেই হৈছে; ভণ্ড শিক্ষক সকলো এনে বিচাৰ-বুদ্ধিহীন পশুৰ নিচিনা; তেওঁলোকে যি নাজানে, সেই বিষয়ে নিন্দা কৰে। নিজৰ মন্দতাতে সিহঁত ধ্বংস হৈ যাব। \v 13 নিজৰ অধাৰ্মিক কামৰ বেচ হিচাপে সিহঁতে কষ্টভোগ কৰিব। এই লোক সকলে দিনৰ বেলা অন্যায় কাম কৰি আনন্দ কৰে। সেই সকল আপোনালোকৰ মাজত অপৰিস্কাৰ দাগ আৰু কলঙ্ক স্বৰূপ। তেওঁলোকে আপোনালোকৰ লগত ভোজন-পান কৰি নিজৰ প্রতাৰণাপূর্ণ সুখ উপভোগ কৰে; \v 14 সকলো মহিলাৰ প্রতি তেওঁলোকৰ চকু ব্যভিচাৰেৰে ভৰা আৰু তেওঁলোকে পাপ কার্য কৰি কেতিয়াও সন্তুষ্ট নহয়; আৰু যি সকল চঞ্চলমনা, সেই সকলক ভুল পথত লৈ যায়। তেওঁলোকৰ প্ৰাণ কেৱল লোভ কৰাত অভ্যস্ত; তেওঁলোক অভিশপ্ত সন্তান। \v 15 এই ভণ্ড শিক্ষক সকলে পোন পথ ত্যাগ কৰি অপথে গৈছে। তেওঁলোকে বিয়োৰৰ পুত্ৰ বিলিয়মক অনুসৰণ কৰে; বিলিয়মে অধাৰ্মিক কার্যক প্ৰেম কৰিলে আৰু তাৰে বেচ পাবলৈ উচিত দেখিছিল। \v 16 কিন্তু বিলিয়মে তেওঁৰ অপৰাধৰ কাৰণে এটা গাধৰ পৰা কঠোৰ ধমক পালে। গাধ পশু হোৱা বাবে কথা ক'ব নোৱাৰে। কিন্তু সেই গাধই মানুহৰ মাতেৰে কথা কৈ ভাববাদীৰ মূর্খ কার্যত বাধা দিছিল। \v 17 এই লোক সকল পানী নথকা ভুমুকৰ নিচিনা আৰু ধুমুহা বতাহে চলাই নিয়া মেঘস্বৰূপ। তেওঁলোকৰ কাৰণে ঘোৰ আন্ধাৰ সাঁচি থোৱা হৈছে। \v 18 কিয়নো তেওঁলোকে অসাৰতাৰ গর্ব কথা কয় আৰু মানুহক মাংসিক অভিলাষ পূর্ণ কৰাৰ বাসনা জগায়। যি সকলে ভুল পথত জীৱন-যাপন কৰা লোক সকলৰ সঙ্গৰ পৰা হাত সাৰি আহিবলৈ চেষ্টা কৰে, এনে লোক সকলক তেওঁলোকে পাপ স্বভাৱৰ মাংসিক অভিলাষলৈ প্রলুব্ধ কৰে। \v 19 এই ভণ্ড শিক্ষক সকলে তেওঁলোকক স্বাধীনতা দিয়াৰ প্ৰতিজ্ঞা কৰে, কিন্তু নিজেই সেই সকলো নিন্দনীয় কামৰ দাস হৈ থাকে। কাৰণ যিহে এজন মানুহক জয় কৰি পৰিচালনা কৰে, তেওঁ তাৰে দাস হয়। \v 20 কিয়নো প্ৰভু আৰু ত্ৰাণকৰ্তা যীচু খ্ৰীষ্টক গভীৰভাৱে জনাৰ ফলত জগতৰ অশুচিতাৰ পৰা হাত সাৰি অহাৰ পাছতো যদি, সেই একেই পাপৰ জীৱনলৈ পুণৰাই ঘূৰি যায়, তেনেহলে তেওঁলোকৰ প্রথম অৱস্থাতকৈ শেষ অৱস্থা অধিক বেয়া হ'ব। \v 21 কাৰণ যি পবিত্র বিধান তেওঁলোকে লাভ কৰিছিল, তাৰ পৰা যদি উলটি যায়, তেনেহলে তেওঁলোকৰ বাবে সেই ধাৰ্মিকতাৰ পথ নজনাই ভাল আছিল। \v 1 হে প্ৰিয় সকল, মই আপোনালোকলৈ লিখা এইখন দ্বিতীয় পত্ৰ; এই উভয়ৰ দ্বাৰাই সোঁৱৰণ কৰাই আপোনালোকৰ নিৰ্মল মনক চেতনা দিছোঁ; \v 2 পবিত্ৰ ভাৱবাদী সকলে পূৰ্বতে কোৱা কথাবোৰ আৰু আপোনালোকৰ পাঁচনি সকলে পোৱা ত্ৰাণকৰ্তা প্ৰভুৰ আজ্ঞা আপোনালোকে যেন সোঁৱৰণ কৰে, তাৰ বাবে এই পত্ৰ লিখিছোঁ। \v 6 পাছত সেই পানীৰ দ্বাৰাই জগত জলপ্লাবিত হ'ল, আৰু ঈশ্বৰে সেই জলপ্লাবনৰ দ্বাৰা জগতক নষ্ট কৰিলে; \v 8 কিন্তু, প্ৰিয় সকল, আপোনালোকে এই কথা নাপাহৰিব যে ঈশ্বৰৰ এদিনেই হাজাৰ বছৰৰ নিচিনা আৰু হাজাৰ বছৰেই এদিনৰ নিচিনা। \v 10 কিন্তু চোৰৰ অহাৰ দৰে প্ৰভুৰ দিন আহিব, সেইদিনা আকাশমণ্ডল ডাঙৰ শব্দ কৰি গুচি যাব। আকাশৰ সকলো বস্তু জুইত জ্বলি ধ্বংস হ'ব; পৃথিৱী আৰু তাৰ সকলো বস্তু পোৰা যাব। \v 11 এইদৰে আটাইবোৰ ধ্বংস হ'বলৈ যোৱা দেখি, আপোনালোকে চিন্তা কৰকচোন, পবিত্ৰ ভক্তি আৰু আচাৰ-ব্যৱহাৰৰ যোগেদি আপোনালোক কেনেকুৱা লোক হোৱা উচিত? \v 12 পৰম আগ্ৰহেৰে ঈশ্বৰৰ সেই দিনৰ অপেক্ষাত থকা কাৰণে আকাশমণ্ডল পুৰি লয়প্ৰাপ্ত হ'ব আৰু মূলবস্তুবোৰ দগ্ধ হৈ গলি যাব। \v 13 কিন্তু তেওঁৰ প্ৰতিজ্ঞাৰ দৰে, আমি নতুন আকাশমণ্ডল আৰু নতুন জগতলৈ অপেক্ষা কৰি আছোঁ; সেইবোৰত ধাৰ্মিকতা নিবাস কৰে। \v 14 এতেকে, হে প্ৰিয় সকল, আপোনালোকে এই সকলো ঘটনা ঘটিব বুলি অপেক্ষা কৰি আছে, সেয়েহে আপোনালোকে যেন ঈশ্বৰৰ লগত নিষ্কলঙ্ক আৰু নিৰ্দোষী হৈ শান্তিৰে থাকিব পাৰে, তাৰ কাৰণে যত্ন কৰক। \v 15 মনত ৰাখিব, আমাৰ ঈশ্বৰৰ দীৰ্ঘ-সহিষ্ণুতাই আপোনালোকক পৰিত্ৰাণৰ সময় দিছে; এইদৰে আমাৰ প্ৰিয় ভাই পৌলেও ঈশ্বৰে দিয়া জ্ঞান অনুসাৰে আপোনালোকলৈ লিখিলে; \v 16 আৰু এইবোৰ বিষয়ৰ প্ৰসঙ্গ কৰি সকলো পত্ৰত লিখিলে; কোনো কোনো ঠাইত বুজিবলৈ টান কথা আছে; অজ্ঞ আৰু বিশ্বাসত দুর্ব্বল মানুহবোৰে ধৰ্মশাস্ত্ৰৰ অন্যান্য কথাৰ যেনেকৈ বিকৃত অর্থ কৰে, তেনেকৈ পৌলৰ কথাৰ বিকৃত অর্থ কৰি নিজকেই বিনাশৰ পথত লৈ যায়। \v 17 এতেকে, হে প্ৰিয় সকল, আপোনালোকে এই সকলো বিষয় আগেয়ে জানি সাৱধানে থাকক, আপোনালোক অনৈতিক কাৰ্য কৰা লোকৰ ভ্ৰান্তি পথত নাযাব। নিজ বিশ্বাসৰ স্থিৰতাৰ পৰা যেন পতিত নহয়, এই কাৰণে সাৱধানে থাকক। \v 18 আমাৰ প্ৰভু আৰু ত্ৰাণকৰ্তা যীচু খ্ৰীষ্টৰ অনুগ্ৰহত আৰু জ্ঞানত বাঢ়ি বাঢ়ি যাওঁক। এতিয়া আৰু চিৰকাললৈকে তেওঁৰ মহিমা হওক। আমেন।
হিমালয় পৰ্বতমালাক (ইংৰাজীঃ Himalaya Mountains; pron.: /ˌhɪməˈleɪ.ə/ বা /hɪˈmɑːləjə/;সংস্কৃতঃ দেৱনাগৰীঃ हिमालय) , সাধাৰণতে হিমালয় বোলা হয়। সংস্কৃতৰ 'হিম' আৰু 'আলয়' - এই দুটা শব্দ মিলি 'হিমালয়' শব্দটোৰ গঠন হৈছে। ইয়াৰ অৰ্থ হৈছে 'বৰফৰ ঘৰ'। হিমালয় পৰ্বতমালা ভাৰতীয় উপদ্বীপৰ উত্তৰ দিশত অৱস্থিত। পৃথিৱীৰ কেইবাখনো উল্লেখযোগ্য নদী হিমালয়ৰপৰাই উৎপত্তি হৈছে। দক্ষিণ এছিয়াৰ সংস্কৃতি সুগভীৰতাৰে গঢ়ি তুলি ধৰিছে। বহুতো হিমালয়ৰ শৃংগ হিন্দু, বৌদ্ধ আৰু শিখ ধৰ্মৰ পৱিত্ৰ বুলি ধৰা হয়।\nজলবায়ু, বৃষ্টিপাত, উচ্চতা আৰু মাটিৰ প্ৰকাৰৰ ভেদে ইয়াৰ জীৱজগতৰ ভেদ দেখা যায়। পৰ্বতমালাৰ নিম্নাংশত গ্ৰীষ্ম মণ্ডলৰ জলবায়ু পৰা আৰু হিমালয়ৰ ওপৰৰ অংশত বৰফৰে ভৰা জলবায়ু লৈকে ইয়াৰ জলবায়ুত প্ৰভেদ দেখা পোৱা যায়। বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ ক্ৰমাৎ পশ্চিমৰপৰা পূবলৈ বাঢ়ি গৈছে। জলবায়ু, বৃষ্টিপাত, উচ্চতা আৰু মাটিৰ প্ৰকাৰৰ বৈচিত্ৰ্যতাৰ বাবে হিমালয়ত বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু জীৱ-জন্তু পোৱা যায়। উদাহৰণ স্বৰূপে, হিমালয়ৰ সৰ্ব্বোচ্চ উচ্চতা (নিম্ন বায়ুৰ চাপত) আৰু অতিপাত ঠাণ্ডাৰ ফলত জীৱও হিমালয়ত পোৱা যায়।\nজলবায়ুৰ ওপৰত প্ৰভাৱসম্পাদনা কৰক\nৰাজনৈতিক আৰু সংস্কৃতিৰ ওপৰত প্ৰভাৱসম্পাদনা কৰক\nহিমালয়ত অৱস্থিত বহুতো স্থান হিন্দু, জৈন, শিখ আৰু বৌদ্ধ ধৰ্মৰ লগত জড়িত। হিন্দু ধৰ্মৰ মতে, হিমালয়ক ভগৱান হিমাৱতৰ অন্য এক ৰূপ বুলি ভৱা হয়। হিমাৱত হৈছে হিন্দুৰ দেৱতা শিৱৰ স্ত্ৰী পাৰ্বতীৰ পিতৃ। ইয়াৰ ধাৰ্মিক স্থানৰ এক উল্লেখযোগ্য উদাহৰণ হৈছে পাৰ' টাকছাং। কোৱা হয় যে, পদ্মসম্ভাৱই ইয়াতেই ভূটানত বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তন কৰিছিল।দালাই লামাৰ বাসস্থানৰ দৰে বহুতো তিব্বতীয় বৌদ্ধ ধৰ্মৰ লোকসকলৰ ধাৰ্মিক স্থান হিমালয়ত অৱস্থিত আছে। তিব্বতত ছয় সহস্ৰাধিকৰো অধিক বৌদ্ধ বিহাৰ আছিল। ইয়াৰ উপৰিও তিব্বতীয় মুছলিম ধৰ্মৰ লোকসকলৰ লাছা আৰু ছিগাৎছেত নিজা মছজিদ আছিল। হৰিদ্বাৰ, বদ্ৰীনাথ, কেদাৰনাথ, গৌমুখ, দেৱপ্ৰয়াগ, ঋষিকেশ, মাউণ্ট কৈলাস, মানসৰোবৰ আৰু অমৰনাথ হৈছে আন কেইখনমান উল্লেখযোগ্য ধৰ্মীয় স্থান।\n"https://as.wikipedia.org/w/index.php?title=হিমালয়&oldid=266930"ৰ পৰা অনা হৈছে\nশেষ সম্পাদনা কৰা হৈছে9March 2021 তাৰিখে 02:08 বজাত\nআন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 3.0 ৰ আওতাত উপলব্ধ। এই পৃষ্ঠাটোৰ সংক্ষিপ্ত ইউ.আৰ.এল. : https://as.wikipedia.org/?curid=26176।\nএই পৃষ্ঠাখন ০৯ মাৰ্চ, ২০২১ তাৰিখে ০৭ঃ৩৮ বজাত অন্তিম সংশোধন কৰা হৈছিল।
অগপ সভাপতিগৰাকীৰ এই মন্তব্যৰ পিছদিনাই, অৰ্থ্যাৎ আজি দলৰে কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাই বিপৰীত ভাষ্য আগ বঢ়াই সংবাদ মাধ্যমৰ আগত 'মিত্ৰজোঁটৰ চৰকাৰৰ পৰা আঁতৰিবলৈ অসম গণ পৰিষদ প্ৰস্তুত' বুলি মন্তব্য কৰে। লক্ষণীয় কথা যে, অগপ দলে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ 'নাটক' কৰি আছে নেকি বুলিও বহুজনে ইতিমধ্যে অগপলৈ আঙুলি টোঁওৱা দেখিবলৈ পোৱা গৈছে। অগপৰ যোৱা ২৩ অক্টোবৰত অনুষ্ঠিত কৰা 'প্ৰতিবাদী সমাৱেশ এখন নাটক' বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই দাবী কৰিছিল। তেওঁ লগতে কৈছিল যে অগপৰ তিনিজন মন্ত্ৰীয়ে মন্ত্ৰিত্ব পদ ত্যাগ কৰিলেই কেন্দ্ৰীয় চৰকাৰে বিধেয়কখন গৃহীত কৰাৰ ক্ষেত্ৰত থমকি ৰ'ব। উল্লেখযোগ্য যে, প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়েও অগপৰ স্থিতিক লৈ পূৰ্বতে আহ্বান জনোৱা সংবাদমেলসমূহত অগপ দলৰ স্থিতিক লৈ কঠোৰভাৱে সমালোচনা কৰিছিল। 'নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'লে অগপই পদত্যাগ কৰিলে অসমীয়া জাতিৰ কি লাভ হ'ব?' এই মন্তব্য আছিল প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীৰ। ইয়াৰোপৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে ৰাজ্যিক বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষত শপত লোৱাৰ পাছতো অগপই পদত্যাগ নকৰাক লৈ তীব্ৰ সমালোচনা কৰিছিল। ইপিনে এটা দলৰে দুজন নেতাৰ পৃথক মন্তব্যই কিহৰ ইংগিত বহন কৰিছে সেয়া মন কৰিব লগীয়া। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
সমগ্র বিশ্বতে মহামাৰী ৰূপ ধাৰণ কৰা ক'ৰ'না ভাইৰাছ যাতে সংক্ৰমিত হ'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি উজনি অসমৰ অন্যতম পবিত্ৰস্থান ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিয়ে কেতবোৰ বিশেষ সতৰ্কতামূলক পদক্ষেপ গ্ৰহণ কৰিছে। আজিৰ পৰা যোৰহাট জিলাৰ লাহদৈগড়ত অৱস্থিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘত কেৱল দৈনিক নাম প্ৰসংগৰ বাহিৰে ভাওনা আদি সকলো কাৰ্যসূচী বাতিল কৰা হয়। ইয়াৰো উপৰি ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিয়ে নামঘৰ প্ৰাঙ্গনত থকা পৰ্যটন গৃহ, আলহী ঘৰ আদি সকলো অহা ২৯ মাৰ্চ পৰ্যন্ত পৰ্যটকৰ বাবে বন্ধ কৰি দিছে। উল্লেখযোগ্য যে অসমত বৰ্তমানলৈকে ক'ৰ'না ভাইৰাছত আক্ৰান্ত কোনো ৰোগী ধৰা পৰা নাই। অসমত এই পৰ্যন্ত মূঠ ৫৫জন লোকক টেষ্ট কৰা হৈছে যদিও আটাইকেইটা চাম্পলেই নিগেটিভ বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদ মাধ্যমক জনায়। দলৰ মুৰব্বী আবু আল-হাছানৰ মৃত্যুৰ ঘোষণা ইছলামিক ষ্টেটৰ; কোন হ'ল নতুন নেতা? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
কেইজনমান উৎসাহী আৰু দূৰদৰ্শী গণিতৰ ছাত্ৰৰ ঐকান্তিক চেষ্টাত বৈদ্যুতিন মাধ্যমত উপলব্ধ হোৱাকৈ গণিতক অধিক সংখ্যকৰ ওচৰলৈ নিয়াৰ এক প্ৰচেষ্টা চলোৱা হৈছে। এনে এক প্ৰশংসনীয় কামত গণিতৰ ছাত্ৰ হিচাপে আমাৰো যদি অলপ কিবা বৰঙণি থকে তেনেহ'লে আমি অতিকে সুখী হ'ম বুলি ভাবিছিলোঁ। সেয়ে আমি আমাৰ দুখনমান কিতাপৰ একোটা ইলেকট্ৰনিক ৰূপ কৰিবলৈ বুলি অনুমতি দিছিলোঁ। গণিতক জনপ্ৰিয় কৰাৰ অনেক কৌশলৰ ভিতৰত এনে প্ৰচেষ্টাৰো প্ৰভাৱ নুই কৰিব নোৱাৰি - কাৰণ এয়া যুগ সাপেক্ষ এক যথাযথ উপায়। গণিত-শিক্ষক হিচাপে হোৱা বৰণীয় অভিজ্ঞতাৰ পৰা আমি সঁচাকে বহুতো কথায়েই জীৱনত শিকিছোঁ। শেষৰ ফালে আমি এটা কথা অতি গভীৰভাৱে উপলব্ধি কৰিব পৰা হৈছোঁ। সেয়া হ'ল - গণিতত বুজাৰ উপৰি অনুভৱৰো দিশ একোটা আছে। এনে অতি সুক্ষ্ম অনুভৱে আমাক গণিতৰ বহুতো লুকাই থকা ফলাফলৰ একোটা ইংগিত অনুধাৱন কৰাত সহায় কৰে। আন এটা কথা আমি অতি দকৈ অনুভৱ কৰিছোঁ, সেয়া হ'ল - গণিত বিষয়টোক আকৰ্ষণীয় তথা মনোগ্ৰাহী কৰাত শিক্ষকজনৰ বা উপস্থাপকজনৰ বৰঙণি অতি বেছি। আজি হয়তো বহুতো এৰাব নোৱাৰা কাৰণত গণিতৰ ধ্ৰুপদী পৰম্পৰাটোক অলপ আওকাণ কৰাৰ মানসিকতা আমাৰ কোনো-কোনো শিক্ষানুষ্ঠানত অনাকাংক্ষিতভাৱে গঢ় ল'ব খুজিছে। গণিতৰ বা গাণিতিক চিন্তা বা দৰ্শনৰ মাজত সোমাই থকা ইয়াৰ হিমালয় সদৃশ অৱয়বটোৰ পৰিপ্ৰেক্ষিততেই ইয়াক প্ৰতিহত কৰিব পাৰিব লাগিব। এয়াও এই যুগটোৰ এক প্ৰত্যাহ্বান হিচাপে ল'ব লাগিব - সঁচা অৰ্থত গণিতপ্ৰেমীসকলে।
৯।৬।২০১৪। ৯-৪৬। আজি সোমবাৰ বুলি সোনকালে উঠিলো, অফিচো আছে নহয়। উঠাৰ পৰাই মূৰটো টিঙটিঙাই আছিল। কালি আচলতে অলপ বেছিয়েই হল। বাৰমান বজাত অফিচলে নেযাও বুলিয়েই ঠিক কৰিলোঁ, বছক ফোন কৰি জনাম বুলি ভাৱিছিলো, পিছে তেখেতে আজি তিনিমাহ মানৰ পৰা নিজেই অফিচলে অহা নাই, গতিকে বাদ দিলো। টিভিত "ৰাউডী পুলিচ অফিচাৰ" নামৰ চিনেমা খন চালো। ২ বজাত ভাত খাই উঠি আকৌ ৫ টালৈকে শুলোঁ। সাত মান বজাত ৰামী খেলিবলৈ ওলাই গ'লোঁ, তাতে আকৌ পাৰ্টি হ'ল। ১১ বজাত ভাত খাই অলপ টিভি চাই শুই গলোঁ। আমি শোৱাৰ তিনি ঘণ্টামানৰ পাছতহে আমাৰ সুপুত্ৰ ঘৰলৈ উভটিল। ৰাতি বাচন বৰ্তন পেলোৱাৰ ঠুং ঠাংৰ লগতে ফুল ভলিউমৰ টিভিৰ শব্দত ভালকৈ টোপনি নাহিল। ১০।৬।২০১৪। ১১-২৫। চেহ আজিও দেৰি হৈ গ'ল। বাহিৰত বৰষুণ, লগে লগে মনটো ভাল লাগি গ'ল, বৰষুণ মানেই ৰাষ্টাত বানপানী, আৰু অফিচো আন-অফিচিয়েলী বন্ধ। ৰমেন শইকীয়ালে ফোন কৰিলোঁ, দিনটো কটোৱাৰ কিবা ব্যৱস্থা এটা কৰিবলে। শইকীয়াই জনালে, অমল মহন্তৰ শ্ৰীমতী ঘৰলে গৈছে, মানে অকলে আছে। প্ৰগ্ৰাম ফাইনেল হ'ল, ২ বজাত তিনি কেজি মূৰ্গীৰ মাংস কিনি মহন্তৰ ঘৰলৈ গ'লো। মহন্ত, শইকীয়াৰ লগতে দাসবাবু আৰু মোহিনীকান্তও আহিল। মোহিনী আহিলে আমাৰ বৰ সুবিধা, এগিলাছ মান খাবলে পাম বুলিয়েই সি ৰন্ধা, বাচন ধোৱা আদি সকলো কাম কৰি দিয়ে। বহি থাকোতে গুৱাহাটিৰ বানপানী আৰু চৰকাৰৰ অকৰ্মণ্যতাৰ ওপৰত গম্ভীৰ আলোচনা হ'ল। ২৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী, আমাৰ ইংলেণ্ডৰ বৃটিছ সকলৰ ইতিহাসৰ এক ক'লা দিন! সেইদিনাই আমি নিজৰ সাৰ্বভৌমত্ত্ব হেৰুৱাই অসমীয়া নামৰ এটা বণীয়া জাতিৰ তলতীয়া হব লগা হ'ল। এক সুচতুৰ সন্ধিৰ যোগেৰে, যিখন সন্ধিৰ আমি অংশীদাৰো নাছিলো, আমি নিজৰ ইচ্ছাৰ বিৰূদ্ধে গৈয়ো, অসমীয়া নামৰ এই বিদেশী, ধনলোভী জাতিটোৰ ইচ্ছাৰ দাস হৈ গ'লো। ইয়াৰ বাবে মূলতঃ আমাৰ শাসক সকলৰ ক্ষমতাৰ লোভ আৰু ৰাইজৰ প্ৰতি অৱজ্ঞাই দায়ী, আমি সৰ্বসাধাৰণ বৃটিছ সকলে আমাৰ হাজাৰ বছৰীয়া গৌৰৱোজ্জল ইতিহাসক ৰক্ষা কৰিবলৈ সকলো ত্যাগ কৰিছিলো। কিন্তু নিয়তি আৰু আমাৰ শাসকসকলৰ নিৰ্বুদ্ধিতাই আমাক দাস হৈ থাকিবলৈ বাধ্য কৰিলে। জ্ঞান-বুদ্ধিবিহীন অসমবাসী ৰাইজ! আপোনালোকে জানেই যে, মোৰ দৰে বুদ্ধিমান, সৰ্বগুণাকৰ, সৰ্বজ্ঞানী, ত্ৰিকালজ্ঞ, আৰু সচেতন লোক এই অসমতে নেলাগে, এই ভূ-ভাৰস্ততে নাই। আপোনালোকে আৰু জনা উচিৎ যে, অসম তথা সমগ্ৰ মানৱজাতিৰ বাবে, কি ভাল, কি বেয়া, কোন শুদ্ধ, কোন অশুদ্ধ, এইবিলাক নিৰ্ণয় কৰাৰ সমগ্ৰ দ্বায়িত্ব মই Usurp ( ইউজাৰ্প্; আজিকালি "জহনীত যোৱা, মাউৰত মৰা" সংবাদ মাধ্যমে লিখাৰ দৰে আচাৰ্প নহয়) কৰিছো আৰু সেইমতে সকলোকে দিক্(ডিক নহয়, সেইটোৱে বেলেগ অৰ্থ বুজাব) নিৰ্দেশনা দি আহিছো। আৰু মই গৌৰৱ কৰি কব পাৰো যে, মই চৰিয়াই, গুৰিয়াই, লঠিয়াই, হালোৱা এচাৰিৰে কোবাই থকাৰ কাৰণেই অসম দেশৰ জধামুৰুখ জনতা সঠিক দিশত আগবাঢ়ি গৈ আছে। তাৰ প্ৰমাণ স্বৰূপে মই ১৯৮৯ চনৰ মাৰ্চ মাহৰ ২১ তাৰিখে এখন কাকতত স্বেকোশ্লাভাকিয়া বানান টো অসমীয়াত শুদ্ধকৈ কেনেকে লিখিব লাগে সেইবিষয়ে লিখা এখন তিনি পতীয়া ৰচনাৰ উদাহৰণ দিব পাৰোঁ, সেইদিনাৰ পৰাই সমগ্ৰ অসমবাসীৰ বোধোদয় হয় আৰু বানানটো মই নিৰ্দেশ কৰা মতে লিখিবলৈ আৰম্ভ কৰে। এনেদৰেই মই বহুবাৰ অসম আৰু অসমীয়া ভাষা সংস্কৃতিক অস্তিত্ব বিলোপনৰ কৰাল গ্ৰাসৰ পৰা মুক্ত কৰাৰ উদাহৰণ আছে।যদিও মোৰ শত্ৰু সকলে এই কথা স্বীকাৰ নকৰে, মই সময় সুবিধা পালেই মোৰ অৱদান সমূহৰ কথা উনুকিয়াই থকাৰ প্ৰয়োজন বোধ কৰোঁ। নহ'লে অসম দেশৰ 'খাই পাত ফলা' 'ভুলক্কৰ' জনসাধাৰণে মোৰ কথা মিনিটতে পাহৰি পেলাব বুলি মই নিশ্চিত।
Closedown of all cattle markets গোলাঘাট জিলা প্ৰশাসনে জিলাখনৰ বিভিন্ন ঠাইত থকা সকলো সাপ্তাহিক গৰু-ম'হৰ বজাৰ সাময়িকভাৱে বন্ধ ৰখাৰ নিৰ্দেশ দিছে। জিলাখনত ক'ভিডৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত আৰু চুবুৰীয়া ৰাজ্যত গৰুৰ দেহত কোনো সংক্ৰামক ৰোগৰ প্ৰাদূৰ্ভাৱ ঘটাৰ প্ৰতি লক্ষ্য ৰাখি জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষই দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ ৰ অধীনত এই নিৰ্দেশ জাৰি কৰিছে। সেই অনুসৰি এনে সাপ্তাহিক বজাৰসমূহত মানুহ আৰু পশুধনৰ স্বাস্থ্যৰক্ষা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিভিন্ন দিশ চালি জাৰি চাই উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে পৰামৰ্শ প্ৰদান কৰিব পৰাকৈ এখন সমিতি গঠন কৰা হৈছে। সমিতিখনক ১৫ দিনৰ ভিতৰত ইয়াৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। প্ৰতিবেদন দাখিল নকৰালৈকে এই বজাৰসমূহ সাময়িকভাৱে বন্ধ থাকিব। জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ অধ্যক্ষতাত গঠিত সমিতিখনত অতিৰিক্ত উপায়ুক্ত, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক, জিলা পশু চিকিৎসা বিষয়া আৰু ধনশিৰি আৰু বোকাখাত মহকুমাৰ মহকুমাধিপতি অথবা মহকুমাধিপতিৰ প্ৰতিনিধি সদস্য হিচাপে থাকিব। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
"গানে কি আনে" (-প্ৰাণজিৎ বৰুৱা) - সাহিত্য ডট অৰ্গ\n"গানে কি আনে" (-প্ৰাণজিৎ বৰুৱা)\n০ "গানে কি আনে" নামৰ চিনেমাখন চালোঁ। গতিকে নোচোৱাসকলে সুধি আছে ভাল হৈছে নে বেয়া হৈছে। তাৰ উত্তৰ পোনপটীয়াকৈ নিদিওঁ। চিনেমাখন চোৱাৰ পিছত আমি চাবলৈ যোৱা পাঁচজন বন্ধুৰ মাজত, চিনেমাখনৰ সন্দৰ্ভত পোন্ধৰ মিনিটমান সময় আলোচনা সমালোচনা চলিল। প্ৰায় গৰিষ্ঠকেইজনৰ মতে জুবিন দাৰ অভিনয় ভাল হোৱা নাই। জুবিন দাই গানত মন দিয়া উচিত। অসমীয়া 'হিমেশ ৰেচমীয়া' হোৱাৰ কোনো দৰকাৰ পৰা নাই। কথাখিনি জুবিন দাৰ অনুৰাগীসকলৰ মাজৰ পৰাই আহিছে । গতিকে ইয়াত বিতৰ্ক কৰি লাভ নাই। দুজন মানে কৈ আছে, জুবিন দাৰ সলনি যদি ইয়াত বেলেগ কোনোবাই অভিনয় কৰিলে হয়, তেন্তে আৰু বেছি ভাল হ'ল হয়। কিন্তুু কথাবোৰ এনেকুৱা নহয়। আচলতে জুবিন দা নোহোৱা হ'লে হয়তো প্ৰথম আৰু দ্বিতীয় দৰ্শনী হাউচ ফুল হোৱাৰ দৰে ঘটনাও নঘটিল হয়,অন্ততঃ আজিৰ দিনত অসমীয়া চিনেমা এখনৰ ক্ষেত্ৰত। কথাটো সেইটোহে, জুবিনদাৰ যি জনপ্ৰিয়তা তাৰ বাবেই "গানে কি আনে" হিট হ'ব। এয়া এজনৰ মত। কথাটো নুই কৰিব নোৱাৰি। বাকী অভিনয়ৰ কথা এৰোঁ। জুবিন দাৰ যি ক্ৰেজ, সেই থৰঙা অভিনয়েই ভাল লগা হৈ পৰে। নহলেনো"জানো জানো ময়ো জানো" গীতটিত জুবিন দাৰ হাত জোকাৰি কৰা সেই অদ্ভুত নৃত্য দেখি, জাউৰিয়ে জাউৰিয়ে হাত চাপৰিৰে কিৰিলি পাৰেনে? চিনেমাখনৰ আৰম্ভণিতে উল্লেখ কৰা এখন বলিউডৰ চিনেমাৰ প্ৰভাৱ পৰা কথাটোৱে, অলপমান চোৱাৰ পাছতে কাহিনীটো যে প্ৰায় সকলোৰে চিনাকিৰ দৰে লাগিব সেইটো নিশ্চিত।কিন্তু তেনে হ'লেও কাহিনীটোৱে শেষত চিনেমাখনৰ নামটোক সুন্দৰভাৱে প্ৰতিফলিত কৰিবলৈ সক্ষম হয়। গানে কি আনে,গানে খ্যাতিৰ আনন্দ, সংঘাত, প্ৰেম, জনপ্ৰিয় হোৱাৰো যে কি কি চাইড এফেক্ট আছে সকলোবোৰকে সানে, টানে!\n"গানে কি আনে"ৰ সকলোতকৈ ভাল লগা দিশ ইয়াৰ গীতসমূহ। মহালক্ষ্মী আয়াৰৰ কণ্ঠত যেতিয়া "শালিকী পুৱা ৰদালি নামে" গীতটি পৰিণীতাৰ মুখেৰে ওলাই,হলটোত থকা সকলোৰে মুখেৰে ওৱাও বুলিয়েই ওলাই আহে আপোনা আপুনি। এনেকুৱা গীত হয়তো বহু বছৰৰ মুৰত শুনাৰ সৌভাগ্য ঘটিব অসমীয়া দৰ্শকৰ । চিনেমাখনৰ বাকীকেইটা গীতেও আকৰ্ষণ কৰিব সকলোকে। বিশেষকৈ "জানো জানো" গীতটোৱে যে বহুতো দৰ্শকক চিনেমাখন চাবলৈ টানি আনিছে সেয়া একেবাৰে নিশ্চিত। এয়া চিনেমাখনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত এটা যোগাত্মক দিশ।\nচিনেমাখনত সকলোতকৈ ভাল লাগিল পৰিণীতা বৰঠাকুৰৰ অভিনয়। ইমান সুন্দৰ অভিনয়, এক্সপ্ৰেছন একেবাৰে যে অকৃত্ৰিম, সকলোৱে কবলৈ বাধ্য । কিছুমান দৃশ্যপট বহু দিনলৈ মনত ৰ'ব। যেনে বিবাহৰ পাৰ্টিত নীলাভ জোনাকক অনুৰাগীবোৰে সাৱটি বিদায় জনাওঁতে, মধুমিতাই যেনেকৈ পোৰণিত আন এজনীক জোৰকৈ সাৱটি কয়-"তুমিও সাৱটি যোৱা আকৌ।"- হা হা, লগৰ এজনৰ মতে সেয়া হেনো পিউৰ অসমীয়া বোৱাৰীৰ লক্ষণ ! মিছা নহয়- চিগাৰেটটো হাঁহি হাঁহি আঁতৰাই অনাটোও যে এটা কলা, সেয়া সুন্দৰকৈ ফুটাই তোলা হৈছে। চিনেমাখনত ৰিম্পী দাসৰ 'হট' মুহূৰ্তবোৰ যুৱচামক আকৰ্ষিত কৰিবৰ বাবেই দিয়া হৈছে যেন লাগিল যদিও,সেয়া অসমীয়া চিনেমাৰ ক্ষেত্ৰত সীমাৰ ভিতৰতে আছে (মছলা অলপ লাগিবই যিহেতু )। হিৰু দা (H D ) মানে হিৰণ্য ডেকাৰ 'এণ্ট্ৰি' বঢ়িয়া হৈছে । ভাল আমোদ দিছে।\nশেষত এক্সন খিনিয়েও দৰ্শকক অলপমান আমোদ দিয়ে।\nমুঠৰ ওপৰত ক'বলৈ হ'লে,মনোৰঞ্জন দিয়াত " গানে কি আনে"ই কৃপণালি কৰা নাই। দুই এটা খুটি-নাটি বাদ দি চিনেমাখন চাব পৰা হৈছে।\nএই সকলোখিনি কথা মোৰ একেবাৰেই ব্যক্তিগত। সকলোৰে ৰুচি ভিন্ন হোৱা স্বাভাৱিক। ভাল লগা বেয়া লগাও বেলেগ বেলেগ হ'ব পাৰে। মই সমালোচনা কৰিবলৈ যোৱা নাই। । আপোনালোকে আনৰ সমালোচনাৰ ওপৰত নিৰ্ভৰ কৰি চিনেমাখন নোচোৱাকৈ নাথাকিব- উপভোগ কৰক,অসমীয়া চিনেমালৈ ভাল দিন আহক। "গানে কি আনে"ই সফলতা লভক।\n-অল দ্য বেষ্ট। উইছ এ ভেৰি গুড লাক টু "গানে কি আনে" টিম।০\n← শৰ্মাজ স্পেশ্যেল চিকেন ড্ৰাই ফ্ৰাই ৱিথ চিছেম এণ্ড চিক্ পি (-মৃদুল কুমাৰ শৰ্মা)
ষ্টাফ ৰিপ'ৰ্টাৰ, গুৱাহাটী, নৱেম্বৰ : কাইলৈ ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত পুনৰ পাঠদান আৰম্ভ হ'ব। ক'ভিড পৰিস্থিতিৰ বাবে প্ৰায় ৭ মাহ ধৰি ৰাজ্যৰ বিদ্যালয়সমূহ বন্ধ হৈ আছিল যদিও কাইলৈৰ পৰা পুনৰ পাঠদান কাৰ্যসূচী আৰম্ভ হ'ব। ক'ভিড মহামাৰীৰ বাবে স্বাস্থ্য বিভাগৰ নীতি-নিৰ্দেশনা অনুসৰি অনলাইনযোগে পাঠদান প্ৰক্ৰিয়া চলি আছিল যদিও কাইলৈৰ পৰা পুনৰ বিদ্যালয়সমূহ জ্ঞানৰ মন্দিৰ হৈ জিলিকি উঠিব। অৱশ্যে শিক্ষানুষ্ঠানসমূহ খুলিব যদিও স্বাস্থ্য বিভাগৰ নীতি-নিৰ্দেশনা অনুযায়ীহে পাঠদান আৰম্ভ হ'ব। ছাত্ৰ-ছাত্ৰীয়ে অভিভাৱকৰ সন্মতি-পত্ৰ লৈহে বিদ্যালয়লৈ আহিব পাৰিব। এটা শ্ৰেণীত কেৱল ২০-২৫জন শিক্ষাৰ্থীহে উপস্থিত থাকিব পাৰিব। তদুপৰি এইবাৰ শিক্ষাবৰ্ষৰ পাঠ্যক্ৰম হ্ৰাস কৰা হ'ব। এইবাৰ কেৱল অষ্টম, দশম আৰু দ্বাদশ শ্ৰেণীৰহে পৰীক্ষা অনুষ্ঠিত হ'ব। দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা ব'ৰ্ডে অনুষ্ঠিত কৰিব। অষ্টম শ্ৰেণীৰ পৰীক্ষা বিদ্যালয়সমূহে অনুষ্ঠিত কৰিব আৰু অন্যান্য শ্ৰেণীৰ পৰীক্ষা অবিহনেই উত্তীৰ্ণ কৰি দিয়া হ'ব। কাইলৈৰ পৰা অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু পলিটেকনিক স্বাভাৱিকভাৱে খোলা থাকিব, কিন্তু হোষ্টেল এতিয়ালৈকে খোলা দিয়া নাই প্ৰশাসনে। ডিচেম্বৰৰ পৰা হোষ্টেলসমূহ খোলা হ'ব। অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমত পাঠদান অব্যাহত থাকিব। যিসকলে বিদ্যালয়লৈ আহিব নোৱাৰিব তেওঁলোকে অনলাইন মাধ্যমত পাঠ গ্ৰহণ কৰিব পাৰিব। মহাবিদ্যালয়সমূহ ২ নৱেম্বৰৰ পৰা স্বাভাৱিকভাৱে খুলিব যদিও প্ৰতিটো শ্ৰেণীত ২৫জনতকৈ বেছি ছাত্ৰ-ছাত্ৰী থাকিব নোৱাৰিব। তিনিওটা শ্ৰেণীৰ বাবে বেলেগ বেলেগ বাৰত পাঠদান অনুষ্ঠিত কৰিব পাৰিব। কলেজ দূৰৈত থাকিলে কাষৰ কলেজখনত এমাহৰ বাবে পাঠ গ্ৰহণ কৰিব পাৰিব। আনহাতে প্ৰাথমিক বিদ্যালয়সমূহত পাঠদান এতিয়ালৈকে খোলা দিয়া হোৱা নাই। পঞ্চম শ্ৰেণীলৈ বিদ্যালয়সমূহ বন্ধ থাকিব। ইপিনে ষষ্ঠ শ্ৰেণীৰ পৰা পাঠদান আৰম্ভ হ'ব বিদ্যালয়ত পুৱা ৮.৩০ বজাৰ পৰা ১২ বজালৈকে এটা গোটৰ পাঠদান আৰু ১.৩০ৰ পৰা ৪.৩০ বজালৈ আনটো গোটৰ পাঠদান অনুষ্ঠিত কৰিব লাগিব। প্ৰথম ১৫ দিনৰ অৰিয়েেণ্টচনৰ পিছত পাঠদান অনুষ্ঠিত হ'ব।
ডিজিটেল সংবাদ,ধুবুৰী : সদৌ অসম চৰকাৰী এন, পি, এছ, কৰ্মচাৰী সন্থাই ৰাজ্যত পুৰণি পেঞ্চন প্ৰৱৰ্তনৰ বাবে চৰকাৰৰ ওচৰত দাবী কৰি আহিছে। যোৱা ৩১-০১-২০২১ তাৰিখৰ সন্থাৰ আহ্বানত গুৱাহাটীত অনুষ্ঠিত গণ অভিৱৰ্তনে এন,পি,এছ, ব্যৱস্থাই অসমৰ সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পেলাব বুলি মত পোষণ কৰি অসম চৰকাৰৰ যোগাত্মক সহাৰিৰ বাবে আহ্বান জনাইছিল । গণ অভিৱৰ্তনৰ সিদ্ধান্ত সমূহ ০৪-০২-২০২১ তাৰিখে চৰকাৰক লিখিতভাবে জনাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সৈতে সন্থাই এক আলোচনাৰ অনুৰোধ জনোৱাৰ পিছতো আজিকোপতি চৰকাৰে সদিচ্ছা দেখুওৱা নাই, যাৰ বাবে সমস্যাটিৰ প্ৰতি চৰকাৰৰ নেতিবাচক মনোভাব স্পষ্ট হৈ পৰিছে। আনহাতে অসম চৰকাৰে দাখিল কৰা ৰাজ্যিক বাজেট(লেখানুদান ২০২১-২২)তো এই বিষয়টি উল্লেখ নকৰি অসমৰ কৰ্মচাৰী সমাজৰ মাজত সৃষ্টি হোৱা অৱসৰী জীৱনৰ প্ৰতি শংকাক চৰকাৰে ভেঙুচালি কৰিছে। সেয়েহে ৰাষ্ট্ৰীয় পেঞ্চন ব্যবস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যবস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত সদৌ অসম চৰকাৰী এন, পি, এচ, কৰ্মচাৰী সংস্থাৰ আহ্বানমৰ্মে সমগ্র অসমৰ লগতে ধুবুৰী জিলাৰ বিভিন্ন বিভাগৰ শিক্ষক-কৰ্মচাৰীসকলেও আজি সৰ্বাত্মক কৰ্মবিৰতি পালন কৰে। সন্থাৰ ধুবুৰী জিলা সমিতিৰ উপদেষ্টা তথা হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ৰবিউল ইছলাম ছেলিমে এই প্ৰতিবেদকৰ আগত প্ৰকাশ কৰে যে, যি ক্ষেত্ৰত অসমৰ লাখ লাখ কৰ্মচাৰীয়ে চৰকাৰৰ প্ৰতি আশাৰে বাট চাই আছিল, তেনেক্ষেত্ৰত চৰকাৰে কৰা এনে উদাসীন ব্যৱহাৰৰ প্ৰতি সদৌ অসম চৰকাৰী এন, পি, এছ, কৰ্মচাৰী সন্থাই তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে বুলি উল্লেখ কৰি অতি সোনকালে কৰ্মচাৰী সকলৰ বাবে পুৰণি পেঞ্চন ব্যবস্থা পুনৰ প্ৰৱৰ্তনৰ দাবী উত্থাপন কৰে । তদুপৰি অসমৰ মাননীয় বিত্তমন্ত্ৰী মহোদয়ে ঘোষণা কৰা কাৰ্যকালৰ কোনো বাধ্যবাধকতা নথকাকৈ অৱসৰ প্ৰাপ্ত কৰ্মচাৰীয়ে পাবলগীয়া নিম্নতম ১০ লাখ টকাৰ অৱসৰকালীন আনুতোষিকৰ ক্ষেত্ৰত কোনো ধৰণৰ চৰকাৰী নিৰ্দেশ আজিলৈ প্ৰকাশ নকৰাত ক্ষোভ প্ৰকাশ কৰি এই ক্ষেত্ৰত সোনকালে অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ছেলিমে। ইতিমধ্যে অসমৰ প্ৰতিষ্ঠিত কৰ্মচাৰী সন্থা/সংঘ যেনে- সদৌ অসম কৰ্মচাৰী পৰিষদ, সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থা, সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনী, সদৌ অসম মুৰব্বী বিভাগীয় আমোলা সন্থা, অসম কলেজ শিক্ষক সংস্থা, অসম বিধানসভা সচিবালয় সেৱা সন্থা, সদৌ অসম আমোলা সন্থা, সদৌ অসম বধিৰ কৰ্মচাৰী সন্থা, সদৌ অসম কলেজ কৰ্মচাৰী সন্থা, সদৌ অসম গ্ৰেজুৱেট শিক্ষক সন্থা আদিয়ে সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাই আৰম্ভ কৰা পুৰণি পেঞ্চন ব্যৱস্থা প্ৰতিষ্ঠাৰ সংগ্ৰামত সমৰ্থন দিছে। আজিৰ কৰ্মবিৰতিৰ কাৰ্যসূচী সফল কৰাৰ বাবে সকলো কৰ্মচাৰীলৈ তেখেতে ধন্যবাদ জ্ঞাপন কৰে।
সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি আজি মহানগৰীৰ শ্ৰীমন্ত শংকৰ একাডেমীতো উলহ মালহেৰে বিশ্ব যোগ দিৱস উদযাপন কৰা হয়। এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানটোত প্ৰায় ২৭০০ শিক্ষাৰ্থীৰ লগতে শিক্ষক- শিক্ষয়িত্ৰী আৰু অন্যান্য ২০০ কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানটোত অসম ৰাজ্যিক প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ প্ৰতিনিধি মনীষা শৰ্মা আৰু সমীৰণ শৰ্মা মুখ্য অতিথিৰূপে উপস্থিত থাকে।দুয়োগৰাকীকে বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা একোটাকৈ গছৰ পুলি আৰু গামোচাৰে সম্বৰ্ধনা জনায়। অনুষ্ঠানটোত নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা বাৰ্তালাপত মনীষা শৰ্মাই বিদ্যালয় সমূহত যোগ দিৱস পালন সন্দৰ্ভত কয় - 'ছাত্ৰ- ছাত্ৰীসকলে যথেষ্ট শৃংখলাবদ্ধভাৱে যোগ প্ৰদৰ্শন কৰিলে। ইয়ে মোৰ স্কুলীয়া দিনৰ স্মৃতি সজীৱ কৰি তুলিলে।জীৱনত সুস্থ হৈ থকাৰ বাবে যোগ গুৰুত্বপূৰ্ণ'। আনহাতে বিদ্যালয়খনৰ অধ্যক্ষা ড০ গীতা দত্ত বৰুৱাই এই সন্দৰ্ভত কয় - 'আমি ২০১৫ চনৰ পৰা বিশ্ব যোগ দিৱস পালন কৰি আহিছো।বিভিন্ন সংস্থাই এইক্ষেত্ৰত আমাক সহায়- সহযোগিতা আগবঢ়াই উৎসাহিত কৰি আহিছে'।উল্লেখযোগ্য যে অধ্যক্ষা গৰাকীয়ে নিজৰ ভাষণ প্ৰসংগত আমাৰ জীৱনত যোগৰ প্ৰাসংগিকতা সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়ায়। অনুষ্ঠানটোত মীনা গোস্বামীয়ে যোগ প্ৰশিক্ষক হিচাপে উপস্থিত থাকে। মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ'ব কোন? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
মাজুলীৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান সন্মিলিত শিল্পী সমাজে আয়োজন কৰা 'কেলিগোপাল' অংকীয়া নাটৰ মাহযোৰা অভিনয় কৰ্মশালাৰ দেওবাৰে সামৰণি পৰে। সমাৱৰ্তন অনুষ্ঠানত সন্ধিয়া সাত বজাৰ পৰা শিকাৰু শিল্পী সকলে মাজুলী মিলন সংঘত মঞ্চস্থ কৰে গুৰুজনাৰ অমৰ সৃষ্টি 'কেলিগোপাল' নাট। অসমীয়া নাট্য সাহিত্য আৰু নাট্যকলাৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া জাতিলৈ দি থৈ যোৱা অভিনৱ কলা সম্পদ 'অঙ্কীয়া নাট' অন্যতম এই নাট উপভোগৰ বাবে সহস্ৰাধিক দৰ্শকে ভিৰ কৰে। উল্লেখযোগ্য যে গুৰুজনাই নাট ৰচনা কৰাৰ আগতেই 'চিহ্নযাত্ৰা' নামেৰে অভিনয় কৰি হাজাৰ জনক মুগ্ধ কৰিছিল। চিহ্নযাত্ৰাৰ আকৰ্ষণীয় গীত-নৃত্য-অভিনয় দেখি অনেকজন বিপক্ষবাদী লোকো আশ্চৰ্য-অভিভূত হৈ তেওঁৰ ওচৰত অৱনত হৈছিল । দুজনা গুৰুৰ নাটৰ লগত ভাষিক, সাংগীতিক, সাংস্কৃতিক আৰু কলাত্মক দৃষ্টিৰে পিছৰ কালত ৰচিত নাটবোৰ সমপৰ্যায়ৰ নহ'লেও সেই আদৰ্শতে সৃষ্টি হোৱা অসংখ্য নাটকে অসমীয়া নাট্য সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰিলে। অসমীয়া সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীত দুজনা গুৰুৰ আদৰ্শ দৰ্শন তথা সৃষ্ট কলা সংস্কৃতিক নৱ প্ৰজন্মৰ মাজত অধিক জনপ্ৰিয় কৰি সংস্কৃতিৰ প্ৰচাৰ তথা প্ৰসাৰৰ এই প্ৰচেষ্টাক শলাগ লৈছে সকলোৱে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
ধোদৰ বাকৰিত বিহুঃ এক বক্ৰৰৈখিক গতিধাৰা-(ৰক্তিম শৰ্মা) - মুক্ত চিন্তা\nধোদৰ বাকৰিত বিহুঃ এক বক্ৰৰৈখিক গতিধাৰা-(ৰক্তিম শৰ্মা)\nধোদৰ বাকৰিত বিহু বুলি কোনোবাই যদি কয় আমি আৱেগিক অসমীয়াই কিজানি জকজকাই উঠিম। তাৰ অৰ্থ হ'ল অসমীয়াই নিজকে ধোদ বুলিব নোখোজে। আচলতে কোনো আত্মসন্মানবোধ থকা জাতিয়েই তেনে এক অভিধা সহজভাবে ল'ব নোৱাৰাটো স্বাভাৱিক। কিন্তু ইতিহাসক জানো উলাই কৰিব পাৰি! আমি জাতিটো দৈহিক আৰু মানসিকভাবে ধোদৰ শাৰীলৈ কিয় অধঃনমিত হ'ব লগা হ'ল তাৰ কাৰণ ইতিহাসৰ পাততেই আছে। অসমীয়া এটি এলেহুৱা জাতি বুলি ইতিমধ্যে প্ৰতীয়মান হৈছে বিগত ডেৰশটা বছৰৰো অধিক কালৰ ইতিহাসত। অথচ অসমীয়াই কাৰণবোৰ পৰ্যালোচনা নকৰিলে। আত্মসমালোচনাও নকৰিলে। মাথো আৱেগসৃষ্ট এক ৰঙচঙীয়া চাদৰেৰে জাতিটোৰ ধ্বংসস্তুপবোৰক ঢাকি ৰখাৰ বৃথা প্ৰয়াস চলিল। এইবোৰৰ বাবেই এদিন অম্বিকাগিৰি ৰায়চৌধুৰীয়ে জাতিটো গ'ল গ'ল বুলি গুৱাহাটীৰ ৰাজপথত বুকু ঢাকুৰি ফুৰিছিল। তেতিয়াও কেলেহুৱা অসমীয়াই অম্বিকাগিৰিৰ মূৰৰ বিকৃতি হোৱা বুলিয়েই ধৰিছিল। আজিও এইবোৰ কথা কোনোবাই ক'লে মূৰৰ বিকৃতি হোৱা বুলিয়েই কয় বহুতে। পিছে আজি প্ৰমাণিত হৈছে যে অম্বিকাগিৰিৰ মূৰৰ বিকৃতি হোৱা নাছিল। হৈছিল অসমীয়াৰহে। অম্বিকাগিৰিয়ে সোঁৱৰাই যোৱা সেই কথাবোৰ অসমীয়াই কেতিয়াও নুবুজিলে। কেলেহুৱা অসমীয়াই নিজৰ ইতিহাসক ভেঙুচালি কৰি বহিৰাগতৰ সৈতে হাত উজান দিলে। অসমৰ প্ৰতিটো স্বাভিমান গছকি যোৱাৰ পিছতো, হেজাৰ হেজাৰ পাহুৱাল ডেকাই জাতিৰ বাবে নিজকে অকালতে শেষ কৰি দিয়াৰ পিছতো আজি অসমীয়াই একো মনত নাৰাখিলে। আনকি তেওঁলোকৰ স্মৃতি জীয়াই ৰাখিবলৈকো আজিৰ অসমীয়া নাৰাজ। বৃটিছৰ গোলামী কৰি কৰি অসমীয়া হৈ পৰিল মধ্যভোগী দালাল। স্তৰে স্তৰে দালালি চৰিত্ৰ অৰ্জন কৰি গৈ থাকিল অসমীয়াই। কি আন্দোলন, কি সংগ্ৰাম সকলোতে ৰাইজক ৰাম-ঠগন দি নিজৰ ক্ষমতা আৰু পকেট গৰম কৰিবলৈ শিকিলে অসমীয়াই। শিকি ল'লে ভাষণ, আয়ত্ব কৰিলে সময়ত মূৰ পোলোকা মৰা স্বভাৱ। ধৰ্মক লৈ ৰাজনীতি, জাতিক লৈ বিভেদৰ ৰাজনীতিৰ ঠিকা ল'লে অসমীয়াই।\nস্বাধীনতা আন্দোলনৰ সময়ত অসমীয়া সমাজত ভাৰতীয় উদাৰ হিন্দুত্ববাদী চেতনাৰ প্ৰবেশ ঘটিছিল। অৱশ্যে উগ্ৰ হিন্দুত্ববাদ তেতিয়াও অসমীয়া সমাজত এক আচহুৱা বিষয় আছিল। তথাপি যি আহোম প্ৰশাসনে এক বিশেষ গণতান্ত্ৰিকধৰণৰ উপৰিসৌধৰ মাজেৰে এক ধৰ্মনিৰপেক্ষ সমাজ গঠন কৰিছিল, সেই সমাজত পিছলৈ ঘূণে ধৰিলে। ছশবছৰীয়া আহোম ৰাজত্বত প্ৰতিজন অসমীয়া পাইক আছিল একো একোজন শক্তিশালী ৰণুৱা আৰু উত্পাদন ক্ষেত্ৰৰ সৰ্বক্ষণ কৰ্মী। আনকি কোঁচ ৰাজত্বতো তেনে এক প্ৰশাসন চলিছিল। যাৰ বাবেই অসমীয়াই বাৰম্বাৰ বিদেশী আক্ৰমণ প্ৰতিহত কৰি নিজকে ৰক্ষা কৰিব পাৰিছিল। এক শক্তিশালী সমাজ-সংগঠন আৰু উত্পাদন ক্ষেত্ৰত প্ৰজাৰ শক্তিশালী প্ৰত্যক্ষ সংযোগে অসমক এক শক্তিশালী স্বাধীন দেশ হিচাপে জীয়াই ৰাখিছিল। আছিল এক শক্তিশালী শাসন। দেশৰ দায়িত্বক অৱহেলা কৰি দিনটো হাত চাপৰি বজাই সময় কটোৱা ভকতৰূপী এলেহুৱা পাইকসকলক আহোম স্বৰ্গদেউ গদাধৰ সিংহই ধৰি নি ধোদৰ আলি বন্ধাইছিল। পিছে আজি আহোম প্ৰশাসনো নাই, গদাধৰ সিংহও নাই! আজি দেশৰ কোণে কোণে ধোদৰ উপদ্ৰপ। চাওঁতা নাই। ৰক্ষকেই ভক্ষকহৈ অসমীয়াক যেন শেষ কৰিবলৈ অঘোষিত যুদ্ধ আৰম্ভ কৰিছে। যিদিনাই ৰাজধৰ্ম এৰি আহোম স্বৰ্গদেৱে হিন্দু শাক্ত ধৰ্মত শৰণ লৈ সেই ধৰ্মীয় পন্থা সৰ্বসাধাৰণৰ ওপৰত জাপি দিবলৈ ওলাইছিল, তেতিয়াৰ পৰাই অসমীয়াৰ সামাজিক জীৱনত কেণা লাগিল। ৰাজধৰ্মক প্ৰজাৰ ওপৰত জাপি দিয়াৰ বাবেই অসমৰ স্বাধীনতাৰ বেলি মাৰ গৈছিল ।\nঅসমীয়াৰ স্বাধীনতা কূট কৌশলেৰে কাঢ়ি নি বৃটিছে নিজৰ শাসন-শোষণৰ স্বাৰ্থত সলাই পেলোৱা অসমৰ সামাজিক গাঁথনিৰ ফলশ্ৰুতিত দেশত ধোদৰ উত্থান হ'বলৈ ধৰিলে। বৃটিছকালীন কলিকতাৰ পৰা শিক্ষা লাভ কৰি অহা অসমীয়া মধ্যবিত্ত শিক্ষিতই উচ্চবৰ্ণৰ এক হিন্দুত্ববাদী জাতীয়তাবোধ সৃষ্টি কৰিলে। স্বাধীনতা আন্দোলনৰ সময়ত ভাৰতীয় ভাবধাৰাৰ উত্থানে এচাম প্ৰগতিশীল জাতীয়তাবাদীৰ সৃষ্টি কৰাৰ সমান্তৰালকৈ এচাম সংকীৰ্ণ ভাৰতীয় হিন্দুবাদী সংকীৰ্ণ জাতীয়তাবাদী শ্ৰেণীৰো উত্থান কৰিলে। এই পিছৰ শ্ৰেণীটো হয়তো বৃটিছৰ অনুগত বা সৰ্বভাৰতীয় জাতীয়তাবোধত নিমজ্জিত আছিল। ভাৰতৰ স্বাধীনতা হস্তান্তৰৰ পিছত এই শ্ৰেণীটোৱে প্ৰাধান্য বিস্তাৰ কৰিলে। এই শ্ৰেণীটোৱে উচ্চবৰ্ণৰ ভাবধাৰাৰে আনকি নিজৰ নিকট সম্পৰ্কীয় জনজাতিসকলক উপলুঙা কৰিবলৈ ল'লে। অসমীয়া জাতীয়-সমাজৰ পৰা এচপৰা এচপৰাকৈ স্বকীয়তা খহি পৰিবলৈ ধৰিলে। বিহুগীততো এইবোৰৰ প্ৰবেশ ঘটিল। প্ৰগতিশীল জাতীয়তাবাদী শ্ৰেণীটোৱে যিমানেই অসমীয়াৰ ৰাজহাড় পোনাই ৰাখিবলৈ চেষ্টা কৰিলে সিমানেই আঘাত কৰি গ'ল পিছৰ বৃটিছ প্ৰভুভক্ত শ্ৰেণীটোৱে।\nকেলেহুৱা, নিজক নিচিনা, মেৰুদণ্ডহীন অসমীয়াই যেতিয়া নগাক উপলুঙা কৰি বিহুগীত গায়, সেইবোৰ শুনিলে নিজৰেই লাজ লাগে। অঁকৰা বুলি উপলুঙা কৰা নগাই আজি জাতীয় প্ৰশ্নত দল-মত নিৰ্বিশেষে এক হ'ব চেষ্টা কৰিছে। আনহাতে তথাকথিত 'চালাক' অসমীয়াই নিজৰ জাতীয় সত্তা, নিজৰ পৰিচয় বহিৰাগতৰ হাতত তুলি দিছে। সাতবিহুত থলুৱা কৃষ্টি-সংস্কৃতিৰে একগোট হ'ব নোৱাৰা, 'বিহুত হিন্দী ৰাষ্ট্ৰভাষা কিয় নাগাম' বুলি ফেপেৰি পতা অসমীয়াৰ বৰ্তমানৰ চৰিত্ৰ অতি হাস্যকৰ আৰু পুতৌজনক! আচলতে এক হীনমন্যতা আৰু হতাশাই খুলি খুলি খাব ধৰিছে অসমীয়াক। অসমীয়াত্ব পাহৰা অসমীয়াই বিহুকো বহিৰাগত কৰ্পোৰেটৰ হাতত গটালে। বিহুৰ মঞ্চ বিজতৰীয়া কৰিলে। সাতামপুৰুষীয়া ঐতিহ্য আৰু চেতনাক ত্যাগ কৰি উত্তৰভাৰতীয় হ'লগৈ। চৌদিশে মন্দিৰ-মছজিদ পতাৰ ধুম উঠিল। নামঘৰৰ লাইখুটাত ঘূণে ধৰিল, শৰাগুৰি চাপৰিত আজান পীৰ অতীত হ'ল। ইমানেই হতাশাই ক্ৰিয়া কৰিলে যে এতিয়া যেন একমাত্ৰ ধৰ্মইহে অসমীয়াৰ সমাজ-সংস্কৃতি ৰক্ষা কৰিব পাৰিব বোলা চক্ৰান্তকাৰী চিন্তাৰ মায়াজালত বান্ধ খাই পৰিল । অসমীয়া গুচি মানুহবোৰ হিন্দু-মুছলমান হ'ল। অপশক্তিবোৰে এই চেগতে হাত উজান দিলে। অম্বিকাগিৰিয়ে কোৱা সেই উক্তি অসমীয়াই মনত নাৰাখিলে। অম্বিকাগিৰিয়ে কৈছিল-\n"বাহিৰৰ হিন্দুৱানী বা মুছলমানী উন্মাদনা অসমত সুমুৱাই অসমলৈ বেছি সংখ্যক হিন্দু বাহিৰৰ পৰা নানিলে অসম পাকিস্থানলৈ যাবলৈ বুলি অসমীয়া হিন্দুকেইটাক ভয় দেখুৱাই আৰু বাহিৰ পৰা অসমলৈ বেছি সংখ্যক মুছলমান আমদানি নকৰিলে অসমীয়া মুছলমানকেইটাৰ ওপৰত অসমীয়া হিন্দুই উপদ্ৰপ কৰিব বুলি ফুচুলাই, অসমীয়াৰ ভিতৰত বিভেদ, অশান্তিৰ সৃষ্টি কৰি, বাহিৰৰ হিন্দুৱানী আৰু মুছলমানী ষড়যন্ত্রই অসমীয়াৰ ওপৰত আধিপত্য কৰাৰ পথ মুকলি কৰিব ; আৰ্থিক, সামাজিক, ভাষিক, সাংস্কৃতিক জীৱন লুন্ঠন কৰি অসমীয়াক দাসত্বত বান্ধি ল'ব, তেনে অৱস্থা, অসমীয়াই এজন জী থকালৈকে কেতিয়াও ঘটিব নিদিব। এই অভিসন্ধি লৈ...যিয়েই অসমত সোমাব তাকেই অসমীয়াই অসমৰ বাহিৰ কৰি দিব। সি মুছলমান হওঁক, হিন্দু হওঁক, বৌদ্ধ, খ্ৰীষ্টান যিয়েই নহওঁক" (অম্বিকাগিৰি ৰায়চৌধুৰী, সভাপতিৰ অভিভাষণ, অসম সাহিত্য সভা, ১৯৫০) ।\nঅসমীয়াইনো কাৰ কথা শুনিল? জ্যোতিপ্ৰসাদ, বিষ্ণুৰাভা নে ভূপেন হাজৰিকাৰ কথাই শুনিলে? অসমীয়াই কাৰো কথা নুশুনে। জাতীয় পুঁজিহীন জাতি এটাৰ প্ৰজন্মই সহজে পোৱা, কম আয়াসতে ঢুকি পোৱা, সহজতে ধনী হোৱা আদি চৰিত্ৰ গাত লম্ভিবলৈ লয়। অসমীয়াৰো সেই একেই অৱস্থা হ'ল। অসমীয়াই ইতিহাস নপঢ়ে, ভূগোল নাজানে, নিজৰ চোতালখনকেই পৃথিৱী বুলি ভবা নাদৰ ভেকুলীসদৃশ উভচৰলৈ উৎপৰিৱৰ্তন ঘটিছে অসমীয়াৰ। এসময়ত শক্তিশালী পাইকৰ উত্তৰসুৰী এতিয়া একো একোটি শুকান কলাফুল, শুকান বাহু, বুকু-তপিনা ভিতৰ সোমাই যোৱা পিটমৰা জীৱলৈ পৰিৱৰ্তন হৈছে। অসমীয়াৰ বৰ্তমানৰ অৱস্থানৰ বিষয়ে আলোচনা কৰিবলৈ গ'লে হতাশাৰ বাহিৰে আন একো নেদেখি। অসমীয়াই না যুক্তিৰে চিন্তা কৰিব জানে না সাহসেৰে পৰিস্থিতি মোকাবিলা কৰিব পাৰে। গছৰ গুৰিত পানী নিদি ডাল-পাতত পানী দিয়া বৰ্তমান অসমীয়াৰ অন্যতম চৰিত্ৰৰ অংশ। অসমৰ ৰাজনৈতিক-অৰ্থনৈতিক ক্ষেত্ৰখনৰ পৰা যিমানেই সৰ্বসাধাৰণৰ স্বাৰ্থক নিলগাই ৰাখি দালাল-মধ্যভোগী আৰু বহিৰাগক অগ্ৰাধিকাৰ দিছে, সিমানেই অসমীয়া সমাজখনে তিলতিলকৈ শুকাই আহিছে। সৰ্বসাধাৰণক টুপী আৰু ৰঙীন বিতচকু পিন্ধাই বহিৰাগতক শুহিবলৈ দিছে অসমৰ সম্পদ। স্বাভাৱিকতে ৰাজনীতিও এইবোৰৰ দ্বাৰাই নিয়ন্ত্ৰিত। সমাজত ৰাজনৈতিক ভিন্নতা থকা স্বাভাৱিক। কিন্তু উমৈহতীয়া জাতীয় বিষয়ত মত নিৰ্বিশেষে একগোট হ'ব নোৱাৰাটো জাতিটোৰ সোপাঢিলা চৰিত্ৰকেই সূচায়। জাতিটোৱে আজি সাংঘাতিকভাবে নেতৃত্বহীনতাত ভুগিছে। মানৰ আক্ৰমণৰ পিছত মান সেনাপতিয়ে কৈ গৈছিল, "তোমালোকৰ শক্তিশালী পাইক থকাৰ পিছতো হাৰিলা কাৰণ তোমালোকৰ উপযুক্ত সেনাপতি নাই"। অসমত সেনাপতিৰ অভাৱ আজিও। বৌদ্ধিক-সাংস্কৃতিক-সামাজিক আনকি ৰাজনৈতিক ক্ষেত্ৰতো নেতৃত্বহীনতাই বিৰাজ কৰিছে। কেলেহুৱা অসমীয়াই সেয়ে ভাবিছে বহিৰাগতই ৰক্ষা কৰিব অসমীয়াক।\nকিন্তু অসমীয়াৰ এই অবস্থা হ'ল কেনেকৈ? কেনেকৈ ঘূণে ধৰিল ৰাজহাড়ত? বৃটিছ শাসনে অসমৰ তাহানিৰ সেই সমাজবিন্যাস ধ্বংস কৰি গ'ল। অসমৰ জাতীয় শিল্পক ধ্বংস কৰি সামাজিক অৰ্থনৈতিকভাবে পৰমুখাপেক্ষি কৰি থৈ গ'ল অসমীয়াক। অসমীয়াৰ হাতৰ পৰা শিল্প-কৃষি-ভূমি-অৰ্থনীতি সকলো গ'ল। সৃষ্টি হ'ল এচাম মধ্যবিত্ত, যাৰ সাধাৰণ জনতাৰ শ্ৰম-চেতনা আৰু কৃষ্টিৰ সৈতে কোনো সম্পৰ্কই নাই। অসমৰ সমাজখন স্বাধীনোত্তৰ কালতো বৃটিছৰ কায়দাতে চলি থাকিল। জাতীয় পুঁজিহীন জাতি এটাৰ সৰহসংখ্যক জনতা পৰমুখাপেক্ষি, চাকৰিসন্ধানী আৰু সহজ ধনৰ লালায়িত হৈ পৰিল। বৃটিছ কালতেই বহিৰাগতই দখল কৰা বৃহৎ ব্যৱসায়িকক্ষেত্ৰ আদিত অসমীয়াই প্ৰবেশৰ সুযোগো নাপালে। চালত কোমোৰা-লাও-জিকা-ভোল, ভড়ালত জহাধান দেখি দেখি অসমীয়াই ক্ষুদ্ৰ ব্যৱসায়তো মন নিদিলে । পিছে পুঁজিবাদী অৰ্থনৈতিক ব্যৱস্থাত গাঁওৰ বহল চোতাল, পান-তামোলৰ বাৰীখন লৈ দীৰ্ঘদিন থাকিব নোৱাৰিলে অসমীয়াই । অসমীয়াই জীৱিকাৰ সন্ধানত নগৰমুখী হোৱাৰ আগতেই পূৰ্ববংগীয় শৰণাৰ্থীপ্ৰেমী মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাৰ সময়ৰে পৰাই ক্ষুদ্ৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ সুযোগ ল'লে উদ্বাস্তু বাঙালীসকলে। সেয়ে আজিও সৰু সুৰা নগৰ-চহৰবোৰত বাঙালীসকলেই ক্ষুদ্ৰ ব্যবসায়ত সংখ্যাধিক। এওঁলোকৰ কিছুসংখ্যক অসমীয়া জাতীয়-জীৱনত জীন গ'ল যদিও বেছিভাগেই বঙালী জাত্যাভিমানী চেতনা লৈ থাকিল। কেলেহুৱা ধোদ অসমীয়াই সহজ ধনৰ হাবিয়াসত পৰি থকা মাটি দখল কৰি পূৰ্ববংগীয় মুছলমানক সৰহ দামত বিক্ৰী কৰিলে। বৃটিছে দি যোৱা কানিৰ নিচাত নিজকে পাহৰিলে অসমীয়াই। অনা অসমীয়া মহাজন কানিৰ মহলদাৰৰ হাতত নিজৰ কৃষিভূমি তুলি দিলে অসমীয়াই। তাৰ মাজতে ২য় বিশ্বযুদ্ধৰ সময়ত এচাম দালাল-ঠিকাদাৰ শ্ৰেণীৰ আৱিৰ্ভাবো হ'ল। এইচামে আকৌ ৰাজভক্তহৈ স্বাধীনতা আন্দোলনত জড়িত হোৱাসকলৰ চোৰাংচোৱাগিৰি কৰিবলৈ লৈ নতুন এক অসমীয়া চৰিত্ৰৰো জন্ম দিলে। সেইসময়ত শিক্ষিত অসমীয়াৰ মাজত সততা, নিষ্ঠা, জাতীয় চেতনা আৰু প্ৰগতিশীল মতাদৰ্শ আছিল। অসমীয়া ভাষা-সংস্কৃতিক প্ৰতিষ্ঠা কৰাত আহোপুৰুষাৰ্থ কৰিছিল সেইসকলে। পিছে অতি সদ্যহতে বেছিভাগ অসমীয়া শিক্ষিতই অতীজৰ সেই চেতনা ত্যাগ কৰি ঠিকাদাৰ-দালাল শ্ৰেণীলৈ নিজকে অধঃনমিত কৰিলে। চাকৰি-বাকৰি নোহোৱা কৃষি-পথাৰ এৰি অহা অসমীয়াৰ সৰহ সংখ্যকে আয়ত্ব কৰিলে দালালি চৰিত্ৰ। দালালিকেই জীৱিকা হিচাপে ল'বলৈ ধৰিলে। এইসকলে সহজ ধনৰ উৎসৰ সন্ধানত উঠিপৰি লাগিল। নিজৰ স্বাৰ্থৰ বাবে এই শ্ৰেণীটোৱে কেতিয়াবা জাতীয়তাবাদী, কেতিয়াবা ৰাষ্ট্ৰবাদী বা কেতিয়াবা প্ৰগতিবাদীৰ মুখা পিন্ধি থাকিল। অতি শেহতীয়াকৈ এই শ্ৰেণীটোৰ সাংঘাতিক উত্থান হৈছে। যিকোনো ক্ষেত্ৰতেই নিঃস্বাৰ্থভাবে জাতিটোৰ বাবে যিকোনো ভাল কাম কৰিবলৈ গ'লেই এই শ্ৰেণীটোৱে বিধি পথালি দিয়ে। এই শ্ৰেণীটোৱেই এতিয়া অসমীয়া জাতীয় সংস্কৃতিক বেপাৰ বনাই দিলে। বহুজাতিক কোম্পানী আৰু বণিকৰ হাতত তুলি দিলে অসমীয়াৰ স্বাভিমানক। যাৰ কাৰণেই চ'তৰ পৰা আহাৰ মাহলৈকে বিহুৰ নামত মিউজিকেল নাইট চলোৱা হয়। বিহু হৈ পৰে কমিছন-সংস্কৃতি।\nকেলেহুৱা অসমীয়াই গোটেই বছৰটো নিজৰ ভাষা-সংস্কৃতিৰ শৰাধ পাতি, নিজৰ সমস্ত জাতীয় সত্তাক বিসৰ্জন দি বছৰটোৰ শেষত অসমৰ জাতীয় উত্সৱ বিহু পাতিবলৈ সাৰ পায়। অসমত যিমানবোৰ বিহু কমিটি আছে প্ৰত্যেকেই যদি নিজৰ সংস্কৃতি আৰু স্বকীয়তাৰ প্ৰতি সচেষ্ট হ'লহেতেন, যদি নিজস্ব দীৰ্ঘম্যাদী আৰু হ্ৰস্বম্যাদী কৰ্মসূচী আগত ৰাখি এক সাংস্কৃতিক কৰ্মীদল প্ৰস্তুত কৰিব পাৰিলহেতেন, আজি কিছু পৰিমাণে হলেও অসমীয়া জাতিৰ এনে এক সাংস্কৃতিক সংকট আহি নপৰিলহেতেন। বছৰটোৰ শেষত জাতীয় উত্সৱ মানে মিউজিকেল নাইট নহয়। দুই-এক বিহু কমিটিৰ বাহিৰে অসমৰ সৰহভাগ বিহু সন্মিলনীৰ অৱস্থা আজি পুতৌজনক। ভাবিলে নিজৰ ওপৰতেই ধিক্কাৰ জন্মে যে, হেপাহ কৰি বিহু চাবলৈ গৈ হয়তো আপুনি সস্তীয়া বলীউডী গীত-নৃত্য শুনিব লগা-দেখিব লগা হ'ব পাৰে। হয়তো বিহু মঞ্চৰ পৰা ভাঁহি আহিব পাৰে, লুংগী ডাঞ্চ....লুংগী ডাঞ্চ জাতীয় হাস্যকৰ সুৰ।\nপৰ্বতসমান হতাশাৰ পিছতো কিছু অসমীয়াই এতিয়াও অসমীয়া জাতীয় সংস্কৃতিৰ সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে আত্মোত্সৰ্গ কৰিছে। প্ৰত্যেক গাঁৱে গাঁৱে আমাক তেনে সাংস্কৃতিক কৰ্মীদল লাগে। অকল গান-বাজানাই নহয়, অসমীয়া ধৰণেৰে চিন্তা কৰা, অসমীয়া ধৰণেৰে জীয়াই থকাৰ হেঁপাহ জন্ম দিয়াৰ বাবেও, যি আজি তিলতিলকৈ শুকাই আহিছে। বিহু যিহেতু কৃষি-সংস্কৃতি, কৃষি আৰু খেতিয়কক বাদ দি বিহু ৰক্ষা এক হাস্যকৰ চিন্তা। অসমীয়াই থলুৱা শিল্প-কৃষি আদিৰ সৈতে জড়িতসকলৰ সমস্যা, তেওঁলোকৰ জীৱনবোধৰ সৈতে সংপৃক্ত হ'ব নোৱাৰিলে, কেবল মধ্যবিত্ত চহৰীয়া ঢঙেৰে সংস্কৃতি-কমিছনৰাজ আৰু ৰাজনৈতিক তৈলমৰ্দন একাকাৰ কৰি জাতীয় সংস্কৃতি ৰক্ষা কৰিব নোৱাৰে। যিসকলে কৰিব খুজিছে জানি থোৱা ভাল যে, অসমত কেবল মধ্যভোগী ধোদেই নাই, পথৰুঘাটৰ ৰণত কৃষক-সমাজে জাতি-ধৰ্ম নিৰ্বিশেষে "এফালে ঈশ্বৰৰ সেৱা, সিফালে আল্লাৰ দোৱা...প্ৰজা জৰৌৰৌৱা" বুলি একত্ৰিত হৈ সাহসেৰে গণবিৰোধী ইংৰাজ শাসনৰ বিৰূদ্ধে ৰণ কৰি ছহিদ হৈছিল। বিহু হিন্দুৰো নহয়, মুছলমানৰো নহয়, খ্ৰীষ্টান-বৌদ্ধৰো নহয়। বিহু অসমৰ কেঁচা মাটিৰ পৰা সৃষ্ট। যিসকলে বিহুক ধৰ্মীয় পোছাক পিন্ধাব খোজে মনত ৰখা ভাল যে, যেতিয়া এচাম শিক্ষিত হিন্দু-অসমীয়াই বিহুক যৌনগন্ধী বুলি নিষিদ্ধ কৰিবলৈ বৃটিছক আপত্তি কৰিছিল, তেতিয়া নগাঁও পুৰণিগুডামৰ মুছলমান ভাই-ভনী মৈমত আৰু চেনীয়ে বৃটিছ চৰকাৰৰ আগত বিহু নাচি বিহু অসমীয়াৰ উচ্চস্তৰৰ সংস্কৃতি বুলি প্ৰতীয়মান কৰি বিহুক ৰক্ষা কৰিছিল। বিহু ৰক্ষা হৈছিল খাটি খোৱা অসমীয়াৰ ঘৰে ঘৰে কৃষ্টি-সংস্কৃতি বুটলিবলৈ যোৱা মঘাই ওজাৰ বাবে, হেমাংগ বিশ্বাস-জ্যোতি-বিষ্ণু-ভূপেন হাজৰিকাৰ বাবে। অসমীয়াৰ ঐতিহ্য ৰক্ষাৰ বাবে বিহুৰ লগতে থলুৱা সকলো লোকসংস্কৃতিক সমমৰ্যাদা আৰু সমগুৰুত্বৰে অসমীয়াই আঁকোৱালী ল'ব লাগিব। থলুৱা অসমীয়াৰ হাতলৈ শিল্প-উত্পাদন আৰু সম্পদৰ ওপৰত অধিকাৰ নিশ্চিত হ'ব লাগিব। অসমৰ ঐতিহাসিক স্বকীয়তা ৰক্ষাৰ বাবে প্ৰতিজন সচেতন অসমীয়া ওলাই আহিব নোৱাৰিলে বিহু মাত্ৰ 'ধোদৰ বাকৰিত ৰোৱা পচলা খেতি'হে হ'বগৈ ।\nহোৱা যদি থলগিৰি, ওলাই আহা হাতে ধৰি ।\nNo Comments : "ধোদৰ বাকৰিত বিহুঃ এক বক্ৰৰৈখিক গতিধাৰা-(ৰক্তিম শৰ্মা)"
ধেমাজি জিলাৰ মাজমজিয়াত ৮ নং ৱাৰ্ডৰ ভদ্ৰপাৰা অঞ্চলত থকা ১ নং বেংগলীচুকৰ মাজেৰে যোৱা পথটো বৰ্তমান সামান্য এজাক বৰষুনতে কৃত্ৰিম বানপানীৰে ভৰি পৰে। এইবাৰো ইয়াৰ ব্যতিক্ৰম হোৱা নাই। এই পথটো ধেমাজি টাউন কমিটিৰ তৰফৰ পৰা নিৰ্মাণ কৰা হৈছিল। কিন্তু নৰ্দমাৰ ব্যৱস্থা নথকাৰ বাবেই এনে অসুবিধা হৈছে বুলি ইয়াৰ ওচৰৰ লোকসকলে কৈছে। এজাক বৰষুনতে বানপানী হোৱাৰ বাবে বহুলোকৰ কামলৈ যাবলৈও অসুবিধা হৈছে। আৰু পানী জমা হৈ থকাৰ বাবে ম'হৰ দৰে কীট-পতংগৰ সংখ্যা বাঢ়িছে। ইয়াৰ বাবে বিভিন্ন ধৰণৰ বেমাৰ মানুহৰ শৰীৰত হ'ব পাৰে। যোৱা বছৰ ক'ভিড মহামাৰীৰ সময়ত এগৰাকী ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল সময়মতে এম্বুলেঞ্চখন আহিব নোৱাৰাৰ বাবে। ৰাস্তাটো বহুত ঠেক হোৱাৰ বাবে এম্বুলেঞ্চখন সোমাব নোৱাৰিলে। এনে অলেখ অসুবিধাৰ সম্মুখীন হৈ আহিছে ইয়াৰ লোকসকল। সোনকালে ৰাস্তাটো ভাল হ'ব বুলি সকলোৱে আশা ৰাখিছে যাতে আগলৈ এনে দুখ ভোগ কৰিব লগীয়া নহয়।
স্প'ৰ্টছ ডেস্ক - কালি ইংলেণ্ডৰ সমূখত নিৰ্লজ্জ আত্মসমৰ্পন কৰাৰ পিছত এইটো প্ৰায় নিশ্চিত যে স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিন আৰু দীনেশ কাৰ্তিকে দেশৰ হৈ তেওঁলোকৰ জীৱনৰ অন্তিমখন খেল খেলিলে। কোহলি আৰু ৰোহিতে তেওঁলোকৰ নিজৰ ভৱিষ্যতৰ বিষয়ে সিদ্ধান্ত ল'ব। পৰৱৰ্তী টি-২০ বিশ্বকাপ এতিয়াও দুবছৰ বাকী আছে। ইয়াৰ বাবে এটা শক্তিশালী আৰু টি-২০ বিশেষজ্ঞ খেলুৱৈৰে দল গঠন কৰাৰ পৰিকল্পনাৰ বিষয়ে চিন্তা কৰিছে বিচিচিআইয়ে। উল্লেখ্য যে টি-২০ বিশ্বকাপ ২০২২ ৰ ছেমি ফাইনেলত কালি টীম ইণ্ডিয়া ইংলেণ্ডৰ হাতত ১০ উইকেটত পৰাজিত হয়। ইফালে, অহা ২৪ টা মাহত ভাৰতৰ টি-২০ দলত ব্যাপক পৰিৱৰ্তন হ'ব বুলি জানিব পৰা গৈছে। ৰোহিত শৰ্মা, বিৰাট কোহলী আৰু ৰবিচন্দ্ৰন অশ্বিনৰ দৰে জ্যেষ্ঠ খেলুৱৈসকলক ক্ৰমান্বয়ে ক্ৰিকেটৰ চুটি ফৰ্মেটৰ পৰা অব্যাহতি দিয়া হ'ব। সংবাদ সংস্থা পিটিআইৰ মতে, বৃহস্পতিবাৰে বিচিচিআইৰ সূত্ৰই এই তথ্য প্ৰদান কৰে। অহা বছৰ ভাৰতত এদিনীয়া বিশ্বকাপ অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে, টীম ইণ্ডিয়াই ২৫ খন এদিনীয়া খেলিব। এনে পৰিস্থিতিত, টি-২০ মেচবোৰ খুব কমকৈ হ'ব। টীম ইণ্ডিয়াৰ এফটিপি কেলেণ্ডাৰ অনুসৰি, দলটোৱে অহা সপ্তাহত নিউজিলেণ্ডৰ বিৰুদ্ধে আৰম্ভ হ'বলগীয়া টি-২০ শৃংখলাটোকে ধৰি মাত্ৰ ১২ খন টি-২০ মেচ খেলিব। Search for: পৰ্তুগাল বনাম মৰক্কো । ইংলেণ্ড বনাম ফ্ৰান্স । কোৱাৰ্টাৰ ফাইনেল Preview (২)
গুৱাহাটীৰ : ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত কটৰা নামৰ এখন গাঁও। ছিপাঝাৰ সমষ্টিৰ উত্তৰ দিশৰ একেবাৰে শেষ প্ৰান্তত আছে এই গাঁওখন। তিনি বছৰ পূৰ্বে এই গাঁওখনৰ ১১ জন যুৱক-যুৱতী ওলাই আহিছিল সমাজৰ বাবে কিবা এটা কৰাৰ হেঁপাহলৈ। এই ১১ জন যুৱক-যুৱতীয়ে সমাজ সেৱা কৰাৰ বাবে গঠন কৰিছিল 'আশা' নামৰ এটি বেচৰকাৰী অনুষ্ঠান। প্ৰথম অবস্থাত নিজ গাঁওখনৰে দুখীয়া লোকসকলক সহায় কৰাৰ পিছত লাহে লাহে 'আশা'ই দৰং, কামৰূপ, বাক্সা, শোণিতপুৰ, কোকৰাঝাৰ আদি ৰাজ্য অন্যান্য জিলা সমূহতো দুখীয়া লোকসকলৰ সহায়ৰ বাবে আগবাঢ়ি আহে। বিনামূলীয়া চকু চিকিৎসা শিবিৰ, স্বাস্থ্য পৰীক্ষা শিবিৰ, দুখীয়া লোকসকলৰ মাজত বস্ত্ৰ বিতৰণৰ লগতে দুখীয়া শ্ৰেণীৰ ৰাইজৰ কাষত থিয় দি আছিল 'আশা'ই। ইয়াৰ মাজতে মহামাৰী ক'ভিডৰ বাবে ঘোষণা কৰা লক ডাউনৰ সময়ছোৱাত 'আশা'ই কেইবাশতাধিক পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ, ক'নটেইনমেন্ট জ'ন হিচাপে ঘোষিত ওদালগুৰিৰ সাৰেং গাঁৱত প্ৰায় তিনি লাখ টকাৰ খাদ্য সামগ্ৰী প্ৰদান কৰিছিল। দৰং, ওদালগুৰি আৰু কোকৰাঝাৰ জিলাৰ এহাজাৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ কেম্পাচ্ জোতা আৰু কাপোৰ প্ৰদান, ১০ হাজাৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ চেন্দেল বিতৰণ কৰিছিল 'আশা'ই। জটিল হৃদয় ৰোগত ভুগি থকা শিশু সকলক বিনামূলীয়াকৈ অক্সিজেন চিলিণ্ডাৰ যোগান ধৰাৰ উপৰিও শেহতীয়াভাৱে ২২ খন উচ্চ আৰু উচ্চৰত মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক চাৰ্ট বিতৰণ কৰে 'আশা'ই। বিভিন্ন ধৰণৰ সামাজিক কামকাজ মাজতে ৩ বছৰত ভৰি দিয়া 'আশা'ই যোৱা ৯ নবেম্বৰত কটৰাৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰত্বত অৱস্থিত বাক্সা জিলাৰ ৰঙিয়া সমষ্টিৰ গুৰমৌ নামৰ ঠাইত উপস্থিত হৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। বেচৰকাৰী অনুষ্ঠানটোৰ হৈ সমষ্ট কামকাজ চম্ভালে সংস্থাটোৰ মূৰব্বী ৰাজীৱ কলিতা, ৰাজেশ সিন্ধু, উদয়ভাস্কৰ হাজৰিকা আৰু কৈলাশ কলিতাই। 'আশা'ৰ এই কামত ডিজাইন ক্ৰীদ নামৰ প্ৰতিষ্ঠানৰ ৰণ বিকাশ গৌৰৱ আৰু শিল্পী কমল কৃষ্ণ বৰুৱাই যথেষ্ট আৰ্থিক বৰঙনি সংগ্ৰহ কৰি সহযোগিতা আগবঢ়াই। সমাজৰ সেৱাৰ বাবে ১১ জন যুৱক-যুৱতীৰ প্ৰচেষ্টাত গঢ় লৈ উঠা 'আশা' এতিয়া বহু দুখীয়া লোকৰ বাবে কঢ়িয়াই আনিছে আশাৰ বতৰা। You may also read!
নিয়মীয়া বাৰ্তা, ২২ফেব্ৰুৱাৰীঃ অসমৰ ধৰ্মীয় সংস্কৃতিৰ অন্যতম প্ৰাণকেন্দ্ৰস্বৰূপ নামঘৰৰ পৰাই ধৰ্মীয় কৃষ্টি-সংস্কৃতি বিকাশৰ উদ্দেশ্য জাগীৰোডৰ বিধায়ক তথা অসম চৰকাৰৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ূষ হাজৰিকাই লৈছে এক বিশেষ পদক্ষেপ। নামঘৰৰ ভকত-বৈষ্ণৱে নাম-প্ৰসংগ প্ৰচাৰ আৰু বিস্তাৰৰ সহায় হোৱাকৈ সমষ্টিটোৰ প্ৰায় ৬ শতাধিক নামঘৰলৈ আগবঢ়াইছে একোটিকৈ মাইকচেট। এই কাৰ্যসূচীৰ অংশ হিচাপে সমষ্টিটোৰ বিভিন্ন ঠাইৰ নামঘৰত এই মাইকচটসমূহ প্ৰদান কৰা হৈছে। আজি জাগীৰোডৰ গড়কাপ্টানী বিভাগৰ ডাকবঙলাত জনপ্ৰিয় অভিনেত্ৰী তথা মন্ত্ৰী পীয়ূষ হাজৰিকাৰ সহধৰ্মিণী আইমী বৰুৱাৰ উপস্থিতিত অনুষ্ঠিত হয় এক মাইকচেট বিতৰণী অনুষ্ঠান । অভিনেত্ৰীগৰাকীয়ে নিজ হাতেৰে নামঘৰ সমিতিক মাইকচেটসমূহ বিতৰণ কৰে। জাগীৰোডত অনুষ্ঠিত মাইকচেট বিতৰণী এই সভাত জাগীৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দিব্যজিৎ নেওগ, জাগীভকতগাঁও আৰু জাগীৰোড মণ্ডল বিজেপিৰ সভাপতিদ্বয় ক্ৰমে মল্লিকা বৰদলৈ, প্ৰবীণ কুমাৰ ডেকা, মৰিগাঁও জিলা পৰিষদৰ সদস্য প্ৰেমাক্ষি দাস আদি উপস্থিত থাকে ।
কমাৰগাঁও, চন্দন বৰাঃ গোলাঘাট জিলাৰ খুমটাইত তিনিজন যুৱকৰ প্ৰচেষ্টাত আজি নুমলীগড় শোধনাগাৰৰ এখন খাৰুৱা তেল পৰিবাহী ট্ৰেইন ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে। ৰে'ল বিভাগৰ এক সূত্ৰই সদৰী কৰা অনুসৰি নুমলীগড় ৰিফাইনেৰিৰ পৰা আই অ' চিটি লৈ ৫০ টা পেট্ৰল, ডিজেল, নেফটা তেল ভৰ্তি ডবাৰ সৈতে আহি থকা ৰে'লখন স্থানীয় যুৱক কেইজনৰ তৎপৰতাত এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে। উল্লেখ্য যে আজি পুৱাৰ ভাগত খুমটাইৰ বগৰিয়নী অঞ্চলৰ অনন্ত গগৈ ,ৰাজেশ গৰাইট, চুবু কুৰ্মীয়ে উক্ত ৰে'লপথৰ কাষেৰে বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী থ'বলৈ আহোতে ৰে'লৰ চিৰি বিচ্ছিন্ন হৈ থকা প্ৰত্যক্ষ কৰে। সেই সময়তে তেওঁলোকে নুমলীগড় শোধনাগাৰৰ পৰা ওলাই অহা খাৰুৱা তেল ভৰ্তি ট্ৰেইনখনৰ শব্দ শুনা পাই বুদ্ধিমত্তাৰ পৰিচয় দি ৰে'ল লাইনৰ কাষতে থকা এটা বাসগৃহৰ পৰা এখন ৰঙা ৰঙৰ চাদৰ আনি ৰে'লপথটোৰ সোঁমাজত আঁৰি চালকক ট্ৰেইন ৰাখিবলৈ সংকেত দিয়ে। ৰঙা কাপোৰ দেখি প্ৰায় ৩০০ মিটাৰ আঁতৰত ট্ৰেইনখন ৰখাই চালকজনে এই বিষয়ে সোধাত যুৱক কেইজনে ৰে'লপথৰ চিৰি ভাঙি থকা কথা জনায়। সংবাদ মাধ্যমৰ আগত ট্ৰেইনখনত থকা চালকসহ চাৰিজন কৰ্মচাৰীয়ে উক্ত ভঙা চিৰিৰ ওপৰেদি ট্ৰেইনখন চলি যোৱা হ'লে দুৰ্ঘটনা ঘটাটো প্ৰায় নিশ্চিত আছিল বুলি কয়। ঘটনাস্থলীত খুমটাই আৰু কমাৰগাঁও আৰক্ষীৰ লগতে ৰে'ল বিভাগৰ লোক উপস্থিত হৈ চিৰিসমূহ মেৰামতিৰ কৰি প্ৰায় তিনিঘন্টাৰ অন্তত ট্ৰেইনখন যোৱাৰ ব্যৱস্থা কৰে। আনহাতে, একাংশ স্থানীয় লোকে ৰে'ল বিভাগৰ কৰ্মচাৰীৰ গাফিলতিৰ বাবেই এইদৰে ৰে'লৰ চিৰি বিচ্ছিন্ন হৈ আছিল বুলি অভিযোগ কৰে। বগৰিয়নীৰ উক্ত যুৱককেইজনৰ সাহসিকতা আৰু বুদ্ধিমত্তাৰ বাবে অঞ্চলটো এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰাত উপস্থিত আৰক্ষী, ৰে'লবিভাগ লোক, সাংবাদিক আৰু স্থানীয় ৰাইজে যুৱককেইজনৰ শলাগ লয়। লগতে পঢ়ক - ১৫ জুলাইৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিবনে লামডিং-বদৰপুৰৰ ৮৫ কিঃমিঃ ৰে'লপথৰ মেৰামতিৰ কাম? Search for: হিমন্ত মন্ত্ৰীসভাৰ প্ৰধান সেনাপতি কোন? হঠাৎ দূৰত্ব বাঢ়িছে নেকি হিমন্ত-পীয়ুষৰ?
গান্ধীজীৰ নেতৃত্বত, 1917 চনত বিহাৰৰ চম্পাৰণ জিলাত সত্যাগ্ৰহ অনুষ্ঠিত হৈছিল। ইয়াক চম্পাৰণ সত্যাগ্ৰহ বুলি জনা যায়। গান্ধীজীৰ নেতৃত্বত এইটো ভাৰতৰ প্ৰথম সত্যাগ্ৰহ আছিল। গান্ধীয়ে ১৯১৬ চনৰ ডিচেম্বৰত কংগ্ৰেছৰ লক্ষ্ণৌ অধিৱেশনত অংশগ্ৰহণ কৰিছিল। একেটা অনুষ্ঠানতে, তেওঁ এজন ব্যক্তিক লগ পাইছিল যিয়ে তেওঁৰ ৰাজনীতিৰ গতিপথ সলনি কৰিছিল। এই সৰল কিন্তু জেদী মানুহজনে তেওঁক তেওঁৰ এলেকাৰ কৃষকসকলৰ দুখ-কষ্ট আৰু ব্ৰিটিছৰ দ্বাৰা তেওঁলোকৰ শোষণৰ কাহিনী কৈছিল আৰু তেওঁলোকক ইয়াক আঁতৰাবলৈ আহ্বান জনাইছিল। গান্ধী প্ৰথম সভাত মানুহজনৰ সৈতে প্ৰভাৱিত হোৱা নাছিল আৰু সেইকাৰণে তেওঁ তেওঁক এৰাই চলিছিল। কিন্তু এই কম শিক্ষিত আৰু জেদী কৃষকজনে তেওঁক বাৰে বাৰে তেওঁৰ অনুৰোধ গ্ৰহণ কৰিবলৈ প্ৰেৰিত কৰিছিল। ফলস্বৰূপে, চাৰি মাহৰ পিছত, চম্পাৰণৰ কৃষকসকলক বলপূৰ্বক নীল খেতিৰ পৰা মুক্ত কৰা হয়। গান্ধীয়ে ইমান সোনকালে সফলতাত বিশ্বাস কৰা নাছিল। এনেদৰে, বিহাৰ আৰু চম্পাৰণৰ সৈতে গান্ধীৰ সম্পৰ্ক স্থায়ীভাৱে সম্পৰ্কিত আছিল। তেওঁক চম্পাৰণলৈ অনা মানুহজন আছিল ৰাজকুমাৰ শুক্লা। কিন্তু ৰাজকুমাৰ শুক্লা আৰু তেওঁৰ জেদ নহ'লে, চম্পাৰণ আন্দোলনৰ সৈতে গান্ধীৰ সম্পৰ্ক খুব কমেই সম্ভৱ হ'লহেঁতেন। তেওঁৰ আত্মজীৱনী 'সত্যৰ ব্যৱহাৰ'ৰ পঞ্চম অধ্যায়ৰ দ্বাদশ অধ্যায়ত গান্ধীয়ে লিখিছে, 'মই লক্ষ্ণৌ কংগ্ৰেছলৈ যোৱাৰ আগতে চম্পাৰণৰ নামও নাজানিছিলো। নীল খেতিৰ ধাৰণা নগণ্য আছিল। আমার কোনো জ্ঞান ছিল না যে হাজার হাজার কৃষক এই কারণে ক্ষতিগ্রস্থ হয়।' তিনি আরও লিখেছিলেন, 'ৰাজকুমাৰ শুক্লা নামে চম্পারণের একজন কৃষক আমাকে সেখানে ধরেছিল। বাকিল বাবু (ব্রজকিশোর প্ৰসাদ, সেই সময় বিহারের একজন প্রখ্যাত উকিল এবং জয়প্রকাশ নাৰায়ণের শহুর) আপনাদের সব কথা বলবে, তিনি আমাকে অনুসরণ করবেন এবং আমাকে তাঁর জায়গায় আসতে আমন্ত্রণ জানাবেন। কিন্তু মহাত্মা গান্ধীয়ে ৰাজকুমাৰ শুক্লাক বৰ্তমানৰ বাবে তেওঁক খেদি যোৱা বন্ধ কৰিবলৈ কৈছিল। অধিৱেশনত ব্ৰাজকিশোৰ প্ৰসাদে চম্পাৰণৰ দুৰ্দশাৰ বিষয়ে কয় যাৰ পিছত কংগ্ৰেছে এটা প্ৰস্তাৱ গৃহীত কৰে। তথাপিও, ৰাজকুমাৰ শুক্লা সন্তুষ্ট হোৱা নাছিল। তেওঁ গান্ধীজীক চম্পাৰণলৈ লৈ যোৱাৰ বাবে জোৰ দিছিল। গান্ধীয়ে অবিচলিত ভাৱে কৈছিল, 'মই চম্পাৰণকো মোৰ ভ্ৰমণত অন্তৰ্ভুক্ত কৰিম আৰু তাত এদিন বা দুদিন থাকিম আৰু তাত পৰিস্থিতি টো মোৰ নিজৰ চকুৰে চাম। আমি এই বিষয়টা না দেখে মতামত দিতে পারব না। অৱশেষত, গান্ধীজী মানে আৰু 10 এপ্ৰিলত, দুয়ো কলিকতাৰ পৰা পাটনা পালেগৈ। তেওঁ লিখিছে, 'বাটত, মই বুজি পাইছিলো যে এই লোকসকল অতি সৰল লোক আৰু মই মোৰ নিজৰ ধৰণে আগবাঢ়ি যোৱাৰ পথ নিৰ্ধাৰণ কৰিব লাগিব।' পাটনাৰ পিছদিনা তেওঁলোক দুয়ো মুজাফ্ফৰপুৰ ত উপস্থিত হৈছিল। পিছদিনা ৰাতিপুৱা তেওঁক মুজাফ্ফৰপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু পিছলৈ কংগ্ৰেছৰ সভাপতি জে বি কৃপালানীয়ে আৰু তেওঁৰ শিক্ষাৰ্থীসকলে আদৰি লৈছিল। শুক্লাজীয়ে গান্ধীজীক ইয়াত এৰি চম্পাৰণলৈ গুচি গৈছিল যাতে তেওঁ তালৈ যোৱাৰ আগতে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিব পৰা যায়। ৰাজেন্দ্ৰ প্ৰসাদে প্ৰথমে মুজাফ্ফৰপুৰত গান্ধীক লগ পাইছিল। ইয়াতেই তেওঁ ৰাজ্যখনৰ কেইবাজনো জ্যেষ্ঠ অধিবক্তা আৰু সমাজকৰ্মীৰ সহযোগত অধিক ৰণনীতি প্ৰস্তুত কৰিছিল। আয়ুক্তৰ অনুমতি নোপোৱাৰ পাছতো মহাত্মা গান্ধীয়ে ১৫ এপ্ৰিলত চম্পাৰণৰ মাটিত প্ৰথম পদক্ষেপ গ্ৰহণ কৰে। ইয়াত তেওঁ ৰাজকুমাৰ শুক্লাৰ দৰে বহু কৃষকৰ পৰা যথেষ্ট সমৰ্থন লাভ কৰে। পীড়িত কৃষকসকলৰ বিবৃতি লিপিবদ্ধ কৰা হৈছিল। কংগ্ৰেছৰ প্ৰত্যক্ষ সমৰ্থন অবিহনে অহিংস ভাৱে যুঁজ দিয়া হৈছিল। তাত থকা বাতৰি কাকতসমূহত ইয়াক ব্যাপকভাৱে চৰ্চিত কৰা হৈছিল, যিয়ে আন্দোলনটোক জনসাধাৰণক যথেষ্ট সমৰ্থন দিছিল। ফলস্বৰূপে, ইংৰাজ চৰকাৰে নমস্কাৰ কৰিব লগা হৈছিল। সেয়েহে, যোৱা 135 বছৰ ধৰি ইয়াত চলি থকা নীল খেতি লাহে লাহে বন্ধ হৈ যায়। একে সময়তে, নীলহে কৃষকসকলৰ শোষণো চিৰদিনৰ বাবে নাইকিয়া কৰা হৈছিল। চম্পাৰণ কিষাণ আন্দোলন দেশৰ স্বাধীনতাসংগ্ৰামৰ এক শক্তিশালী প্ৰতীক হৈ পৰিছিল। আৰু গোটেই আন্দোলনটোৰ আঁৰত এজন ক্ষীণ কৃষক আছিল যাৰ জেদৰ ফলত গান্ধীজী চম্পাৰণলৈ আহিবলৈ বাধ্য হৈছিল। অৱশ্যে, ৰাজকুমাৰ শুক্লাই ভাৰতৰ ৰাজনৈতিক ইতিহাসত যি ঠাই বিচাৰি উলিয়াব লাগিছিল সেইঠাই বিচাৰি পোৱা নাছিল। হাজাৰ হাজাৰ ভূমিহীন শ্ৰমিক আৰু দৰিদ্ৰ কৃষকক খাদ্যশস্যৰ পৰিৱৰ্তে নীল আৰু অন্যান্য নগদ শস্য খেতি কৰিবলৈ বাধ্য কৰা হৈছিল। নীল খেতিয়কসকলৰ ওপৰত বহুতো অত্যাচাৰ হৈছিল। ব্ৰিটিছসকলৰ পৰা যথেষ্ট শোষণ হৈছিল। ওপৰৰ পৰা কিছুমান বৃক্ষৰোপণৰ মালিকেও অত্যাচাৰ কৰি আছিল। মহাত্মা গান্ধী ১৯১৭ চনৰ এপ্ৰিলমাহত ৰাজকুমাৰ শুক্লাৰ আমন্ত্ৰণত বিহাৰৰ চম্পাৰণৰ শূন্য কৃষকসকলৰ পৰিস্থিতিৰ বুজ ল'বলৈ উপস্থিত হৈছিল। হাজাৰ হাজাৰ মানুহে তেওঁক প্ৰণাম কৰিবলৈ ভিৰ কৰিছিল। কৃষকসকলে তেওঁলোকৰ সকলো সমস্যা ব্যাখ্যা কৰিছিল। আনহাতে, আৰক্ষীয়েও পদক্ষেপ লৈছিল। আৰক্ষী অধীক্ষকে গান্ধীজীক জিলা এৰি যাবলৈ নিৰ্দেশ দিছিল। গান্ধীজীয়ে আদেশ টো মানি বলৈ অস্বীকাৰ কৰিছিল। গান্ধীজী পিছদিনা আদালতত হাজিৰ হোৱাৰ কথা আছিল। আদালতৰ বাহিৰত হাজাৰ হাজাৰ কৃষকৰ ভিৰ জমা হৈছিল। গান্ধীজীৰ সমৰ্থনত শ্ল'গান দিয়া হৈছিল। পৰিস্থিতিৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি, দণ্ডাধীশে গান্ধীজীক জামিন অবিহনে মুক্তি ৰখাৰ নিৰ্দেশ দিছিল। কিন্তু গান্ধীজীয়ে আইন অনুসৰি শাস্তি দাবী কৰিছিল। সিদ্ধান্তটো পিছুৱাই দিয়া হৈছিল। তেওঁ সফলতাৰে তেওঁৰ প্ৰথম সত্যাগ্ৰহ আন্দোলনৰ নেতৃত্ব দিছিল। এতিয়া তেওঁৰ প্ৰথম উদ্দেশ্য আছিল মানুহক 'সত্যাগ্ৰহ'ৰ মৌলিক নীতিসমূহৰ সৈতে পৰিচয় কৰাই দিয়া। সেইবোৰ হৈছে স্বাধীনতা প্ৰাপ্ত কৰাৰ প্ৰথম চৰ্ত - ভয়ৰ পৰা মুক্ত হোৱা। গান্ধীজীয়ে তেওঁৰ বহুতো স্বেচ্ছাসেৱককৃষকসকলৰ মাজত পঠিয়াইছিল। কৃষকসকলৰ সন্তানক শিক্ষিত কৰিবলৈ ইয়াত গ্ৰাম্য বিদ্যালয় খোলা হৈছিল। মানুহক পৰিষ্কাৰভাৱে কেনেদৰে জীয়াই থাকিব লাগে শিকোৱা হৈছিল। সকলো কাৰ্যকলাপ গান্ধীজীৰ আচৰণৰ সৈতে মিল খাইছিল। এই সময়ছোৱাত গান্ধীজীয়ে[2] ৰাজেন্দ্ৰ বাবু, আচাৰ্য কৃপালানী আৰু অনুগ্ৰহ বাবুৰ দৰে সহকৰ্মীসকলক খাদ্য ৰান্ধিবলৈ আৰু ঘৰুৱা আন কাম নিজে কৰিবলৈ শিকাইছিল। স্বেচ্ছাসেৱকসকলে হাতেৰে মেথোৱেজিং, ধোৱা, ঝাড়ু দিয়া আৰু ঝাড়ু দিয়া সম্পন্ন কৰিছিল। চম্পাৰণৰ এই ঐতিহাসিক সংগ্ৰামত ড০ ৰাজেন্দ্ৰ প্ৰসাদ, ড০ অনুগ্ৰহ নাৰায়ণ সিং, আচাৰ্য কৃপালানি, ব্ৰিজকিশোৰ, মহাদেৱ দেশাই, নৰহৰি পাৰিখকে ধৰি চম্পাৰণৰ কৃষকসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কেইবাজনো ভাৰাতীয়াই অভিযোগ কৰিছিল যে ঘৰৰ মালিকসকলে অবৈধ অবৈধ একত্ৰীকৰণৰ বাবে শক্তিশালী কৌশল ব্যৱহাৰ কৰিছিল আৰু সেইবোৰ আন উপায়েৰে উলিয়াব লগা হৈছিল। বিষয়টো বহুতো উকীল/উকীলৰ বাবে চিন্তাৰ বিষয় নহয়। এইটো ৰাজনীতিবিদসকলৰ দ্বাৰা আলোকপাত কৰা হৈছিল আৰু তাত এটা তদন্ত আয়োগও আছিল। ৰাজকুমাৰ শুক্লা আৰু সন্ত ৰাউত এজন ধনঋণদাতাই যিকিছু ভূমিও লৈছিল গান্ধীক চম্পাৰণলৈ যাবলৈ প্ৰেৰিত কৰিছিল আৰু এনেদৰে, চম্পাৰণ সত্যাগ্ৰহ আৰম্ভ হৈছিল। গান্ধী ১৯১৭ চনৰ ১০ এপ্ৰিলত চম্পাৰণত উপস্থিত হৈছিল আৰু বিশিষ্ট উকীলৰ এটা দলৰ সৈতে আমোলৱা গাঁৱৰ সন্ত ৰাউতৰ ঘৰত আছিলঃ ব্ৰাজকিশোৰ প্ৰসাদ, ৰাজেন্দ্ৰ প্ৰসাদ, অনুগ্ৰহ নাৰায়ণ সিনহা ৰাম নৱমী প্ৰসাদ, আৰু জে বি কৃপালানি। গান্ধীয়ে ১৯১৭ চনৰ ১৩ নৱেম্বৰত পূব চম্পাৰণৰ ঢাকাত জিলা সদৰৰ পৰা ৩০ কিলোমিটাৰ পূবে বৰহাৰৱা লাখানছেন গাঁৱত প্ৰথম মৌলিক বিদ্যালয় স্থাপন কৰে, য'ত তেওঁৰ অভিজ্ঞ সমৰ্থক আৰু অঞ্চলটোৰ নতুন স্বেচ্ছাসেৱকসকলক সংগঠিত কৰা হৈছিল। [4] তেওঁৰ বিশিষ্ট উকীলৰ হস্তনিৰ্মিত দল [5] ড০ ৰাজেন্দ্ৰ প্ৰসাদ, ড০ অনুগ্ৰহ নাৰায়ণ সিনহা আৰু বাবু ব্ৰাজকিশোৰ প্ৰসাদে গাওঁসমূহৰ এক বিতং অধ্যয়ন আৰু জৰীপ চলাইছিল। অত্যাচাৰ আৰু ভুক্তভোগীসকলৰ ভয়ংকৰ ঘটনাবোৰক দায়ী কৰিছিল, য'ত উৎপীড়নমূলক জীৱনৰ স্বাভাৱিক অৱস্থা আছিল। গাওঁবাসীৰ আস্থাৰ ওপৰত নিৰ্ভৰ কৰি তেওঁ গাওঁ পৰিষ্কাৰ কৰা, বিদ্যালয় আৰু চিকিৎসালয় নিৰ্মাণ কৰা আৰম্ভ কৰে আৰু গাওঁৰ নেতৃত্বক পৰ্দা, অস্পৃশ্যতা আৰু মহিলাৰ দমন দূৰ কৰিবলৈ উৎসাহিত কৰে। গান্ধীয়ে ১৯১৭ চনৰ ৩০ ছেপ্টেম্বৰ আৰু ১৯১৮ চনৰ ১৭ জানুৱাৰীত পশ্চিম চম্পাৰণত সন্ত ৰাউত আৰু এই জিলাৰ মধুবনত সন্ত ৰাউতৰ সহায়ত আৰু দুখন মৌলিক বিদ্যালয় স্থাপন কৰিছিল। এই বিদ্যালয়সমূহ স্থাপনৰ আঁৰৰ উদ্দেশ্য আছিল নিৰক্ষৰতাৰ বিৰুদ্ধে যুঁজ দিয়া আৰু গ্ৰাম্য লোকসকলৰ মাজত সজাগতা সৃষ্টি কৰা। [4] তেওঁ ব্ৰজকিশ প্ৰসাদ, ৰাজেন্দ্ৰ প্ৰসাদ, অনুগ্ৰহ নাৰায়ণ সিনহা, আচাৰ্য কৃপালানী, ৰাম নৱমী প্ৰসাদ আৰু পিছত জৱাহৰলাল নেহৰুকে ধৰি সমগ্ৰ ভাৰতৰ কেইবাজনো যুৱ জাতীয়তাবাদীৰ সৈতে যোগদান কৰে। কিন্তু তেওঁৰ মূল আক্ৰমণটো আহিছিল কিয়নো তেওঁক আৰক্ষীয়ে অস্থিৰতা সৃষ্টি কৰাৰ বাবে গ্ৰেপ্তাৰ কৰিছিল আৰু প্ৰদেশ এৰি যাবলৈ নিৰ্দেশ দিছিল। কেইবা হাজাৰ লোকে কাৰাগাৰ, আৰক্ষী থানা আৰু আদালতৰ বাহিৰত তেওঁলোকৰ মুক্তিৰ দাবীত প্ৰতিবাদ কৰিছিল, যিটো আদালতে অনিচ্ছা স্বত্বেও কৰিছিল। গান্ধীয়ে ভূস্বামীসকলৰ বিৰুদ্ধে এক সংগঠিত প্ৰতিবাদ আৰু আক্ৰমণ আৰম্ভ কৰে, যিয়ে ব্ৰিটিছ চৰকাৰৰ নিৰ্দেশনাত অঞ্চলটোৰ দৰিদ্ৰ কৃষকসকলৰ বাবে অধিক ক্ষতিপূৰণ আৰু কৃষিৰ ওপৰত নিয়ন্ত্ৰণ প্ৰদান কৰাৰ চুক্তি স্বাক্ষৰ কৰে, আৰু দুৰ্ভিক্ষ সমাপ্ত নোহোৱালৈকে ৰাজহ বৃদ্ধি আৰু সংগ্ৰহ ৰদ কৰে। আন্দোলনৰ সময়ত গান্ধীয়ে প্ৰথমবাৰৰ বাবে সন্ত ৰাউত আৰু মহাত্মা (মহান আত্মা)ৰ দ্বাৰা বাপুক (পিতৃ) বুলি মাতিছিল।
এন আৰ চিৰ খচৰা প্ৰকাশৰ তাৰিখ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে আজি এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। উক্ত ৰায়টোত উচ্চতম ন্যায়ালয়ে অহা ৩১ ডিচেম্বৰৰ ভিতৰত এন আৰ চিৰ খচৰা প্ৰকাশ পাব লাগিব বুলি চৰকাৰক জনাইছে। উল্লেখযোগ্য যে খচৰা প্ৰকাশ কৰাৰ সময়সীমা ৭ মাহ পিছুৱাবলৈ গৃহ মন্ত্ৰ্যালয় আৱেদন জনাইছিল। অৰ্থাৎ ৩১ জুলাইলৈ খচৰা প্ৰকাশৰ সময়সীমা পিছুৱাবলৈ আৱেদন কৰিছিল গৃহ মন্ত্ৰণালয়ে। আজিৰ ৰায়টোৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে মন্ত্ৰ্যালয়ৰ এই আৱেদন খাৰিজ কৰে। উল্লেখযোগ্য যে এই সম্পৰ্কীয় ৭খন আৱেদনক লৈ উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণৰ অন্তত এই চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে। ৰায়টোত এতিয়ালৈকে পৰীক্ষণ হোৱা ২ কোটি লোকৰ খচৰা প্ৰস্তুতৰ নিৰ্দেশ দিয়া হৈছে। বাকী অংশৰ খচৰা ২০ জানুৱাৰীৰ ভিতৰত প্ৰকাশৰ নিৰ্দেশ দিছে। অসম আৰক্ষীত ওলাইছে ২৪৪০ টা পদত চাকৰি, কেতিয়া কিদৰে কৰিব পাৰিব আবেদন? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
Amazon to lay off 10K employees টুইটাৰ, মেটাৰ পিছত এইবাৰ এমাজনে কৰ্মচাৰী ছাঁটাই কৰাৰ পথত আগবাঢ়িছে! সূত্ৰসমূহে এই বাতৰি সদৰী কৰিছে। শেহতীয়াকৈ, এলন মাস্কে দায়িত্ব লৈয়েই তেওঁ টুইটাৰৰ পৰা ব্যাপকভাৱে কৰ্মচাৰীক ছাঁটাই কৰাৰ কথা কৈছিল। সেইদৰে তেওঁ বহু কৰ্মচাৰীক বৰ্খাস্তও কৰিছিল। কেবল টুইটাৰেই নহয়, জুকাৰবাৰ্গৰ কোম্পানী মেটাইও একে পথকে অনুসৰণ কৰি কৰ্মচাৰীক কামৰ পৰা খেদিছে। একেদৰে, এইবাৰ এমাজন ছাঁটাইৰ পথত আগবাঢ়িছে। আন্তৰ্জাতিক সংবাদ সংস্থাৰ বাতৰি মতে, কোম্পানীটোৱে এই সপ্তাহৰ আৰম্ভণিতে প্ৰায় ১০,০০০ কৰ্মচাৰীক ছাঁটাই কৰিবলৈ গৈ আছে। ইয়াৰ কাৰণ হিচাপে জনা গৈছে যে যোৱা কেইমাহমানত এমাজনৰ ব্যৱসায়ত যথেষ্ট মন্দাৱস্থা দেখা দিছে। সেইকাৰণে লোকচানৰ সৈতে মোকাবিলা কৰিবলৈ এই সিদ্ধান্তটো লোৱা হৈছে। লগতে পঢ়কঃ কিয় লাখ লাখ কোটি কোটি টকা বিলাই দিছে বিশ্বৰ অন্যতম ধনী ব্যক্তি জেফ বেজোছে? অৱশ্যে, কোম্পানীটোৱে এতিয়ালৈকে আনুষ্ঠানিকভাৱে একো কোৱা নাই। আন্তৰ্জাতিক সংবাদ সংস্থাৰ বাতৰি মতে, ই-কমাৰ্চ কোম্পানীটোৱে ব্যৱসায়িক খুচুৰা আৰু মানৱ সম্পদৰ লগতে যন্ত্ৰ নিৰ্মাণ বিভাগৰ কৰ্মচাৰীসকলক ছাঁটাই কৰাৰ পৰিকল্পনা কৰিছে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
২০ নৱেম্বৰৰ দিনটোত বিশ্বব্যাপী শিশু দিৱস পালন কৰা হয়। ভাৰতত ১৪ নবেম্বৰ অৰ্থাৎ জৱাহৰ লাল নেহৰুৰ জন্ম দিনটোক শিশু দিৱস হিচাপে পালন কৰা হয়। নেহেৰুৰ প্ৰতি সন্মান প্ৰদৰ্শন আৰু শিশু সকলৰ প্ৰতি নেহৰুৰ অকৃতিম ভালপোৱাৰ বাৱে তেখেতৰ জন্ম দিনটিক এনে দৰে বাচি লোৱা হৈছে। জেনেভাত অনুষ্ঠিত হোৱা ইন্টাৰ নেচনেল ইউনিয়ন ফৰ চাইল্ড ৱেলফেয়াৰৰ তত্বাৱধানত প্ৰথম বাৰৰ বাবে ১৯৫৩ চনৰ অক্টোবৰ মাহত সমগ্ৰ বিশ্বত শিশু দিৱস পালন কৰা হৈছিল। ১৯৫৪ চনত জৱাহৰ লাল নেহৰুৰ মৃত্যুৰ পিছত তেওঁৰ জন্ম জয়ন্তী শিশু দিৱস হিচাপে পালন কৰিবলৈ ভাৰতীয় সংসদত এক প্ৰস্তাব গৃহীত হয়। বিশ্বব্যাপী শিশু দিৱসৰ পৰিকল্পনা কৰিছিল ভি. কে কৃষ্ণ মেননে। নেহেৰুৱে শিশুসকলৰ এক সৰ্বাংগীন শিক্ষাৰ বাবে ওকালতি কৰিছিল, যিয়ে ভবিষ্যতে এক উন্নত সমাজ গঢ়ি তুলিব। জৱাহৰ লাল নেহৰু। আমাৰ দেশত এতিয়াও শিক্ষাতকৈ ভাতমুঠিৰ যোগাৰেহে প্ৰাধান্য পায়, দৰিদ্ৰ পৰিয়ালৰ শিশুসকলে সৰুৰে পৰাই শিক্ষাৰ সলনি কায়িক পৰিশ্ৰমৰ মাজেৰে উপাৰ্জন কৰিবলৈ লয়। ভাৰতীয় সমাজৰ জাতিভেদ প্ৰথা, বংশানুক্ৰমে চলি অহা সংস্কাৰ আদিৰ বাবেও শিশু শ্ৰমিকৰ পৰম্পৰা চলি আহিছে। দেশ এখন প্ৰগতিৰ পথত আগ বাঢ়িবলৈ হ'লে দেশৰ প্ৰতিটো শিশু বিদ্যালয়লৈ যাব লাগিব, কৰ্মমুখী শিক্ষা ব্যৱস্থা প্ৰচলন হ'ব লাগিব, শিশুৰ ওপৰত চলি থকা শোষণ আৰু নিৰ্যাতন বন্ধ হব লাগিব, প্ৰতিটো শিশুৱে খেল-ধেমালিৰ মাজেৰে নিজৰ শৈশৱ উপভোগ কৰাৰ সুবিধা পাব লাগিব। দুখৰ বিষয় বিশ্বৰ প্ৰায় ১৬. ৫ কোটি শিশু শ্ৰমিকৰ প্ৰায় ৬.৫ কোটি ভাৰততে বাস কৰে। ভাৰতৰ শিশু সকল বিভিন্ন ভাৱে নিৰ্যাতনৰ বলী হোৱা ঘটনাই আন্তৰ্জাতিক মহলৰো দৃষ্টি আকৰ্ষণ কৰিছে। চৰকাৰে বিভিন্ন আচনি হাতত লৈছে যদিও সবল ভূমিকা গ্ৰহণ কৰিব পৰা নাই, পাৰিলে পদ পথত ভিক্ষা কৰা বা হাতত এডাল ৰছীলৈ খেল দেখুৱা শিশু আমি প্ৰত্যক্ষ নকৰিলোহেতেন। এ,চি ৰুমত বহি আমি আচনি প্ৰস্তুত কৰো দৰিদ্ৰ জন-গণৰ বাবে। যাৰ বাবে আঁচনি তৈয়াৰ হয় তেওঁলোকে বুজিকে নাপায়। যিকি নহওঁক এটা সুখৰ খবৰ যে "বচপন বচাও আন্দোলনৰ" গুৰি ধৰোঁতা কৈলাস সত্যাৰ্থীলৈ আগবঢ়োৱা হৈছিল শান্তিৰ নবেল বঁটা। ৪০ বছৰ ধৰি নিৰলস ভাৱে শিশুৰ অধিকাৰৰ বাবে কাম কৰি যোৱা সত্যাৰ্থীলৈ অহা আন্তঃৰাষ্ট্ৰীয় সন্মানে দেশবাসীলৈ গৌৰব কঢ়িয়াই আনিছে। সংগঠনটোৱে এতিয়ালৈকে প্ৰায় ১ লাখ শিশু শ্ৰমিকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ১৪ নবেম্বৰত, শিশু দিৱসৰ উদযাপন কেৱল বিদ্যালয়লৈ যোৱা শিশুৰ মাজতে সীমাবদ্ধ হৈ থকাটো উচিত নহয়। বিদ্যালয়লৈ যাবলৈ সক্ষম নোহোৱা শিশু সকলৰ প্ৰতিও অকণমান মৰম, অলপ সহানুভূতি জনাই প্ৰতিটো শিশুকে এটা সুন্দৰ শৈশৱ উপহাৰ দিবলৈ প্ৰয়াস কৰাতহে শিশু দিৱসৰ তাৎপৰ্য নিহিত হৈ আছে। অতীত আমাৰ কাৰণে এক শিক্ষা, বৰ্তমান এক উপহাৰ আৰু ভবিষ্যত হৈছে আমাৰ অনুপ্ৰেৰণা। আমি আশা কৰিম সঁচা অৰ্থত শিশু দিবসে গতি লাভ কৰক। "ভইচ ২৪×৭" হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।
চলিত লোকসভা নিৰ্বাচনত বি পি এফ দলক পূৰ্ণ সমৰ্থন আগবঢ়াইছে ৰাভা সাহিত্য সভাই। কোকৰাঝাৰ সমষ্টিৰ বি পি এফ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মক জয়ী কৰোৱাৰ স্বাৰ্থতেই নিখিল ৰাভা সাহিত্য সভাই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি এক প্ৰেছ বিবৃতিৰ জৰিয়তে জানিবলৈ দিয়ে। ৰাভা সাহিত্য সভাৰ সভাপতি অমৰ সিং কোচে স্বাক্ষৰ কৰা প্ৰেছ বিবৃতিটোত উল্লেখ কৰে যে বি টি চিবাসী ৰাভা জনগোষ্ঠীৰ ভাষা, কৃষ্টিৰ সংৰক্ষণ আৰু উত্তৰণত বিশেষ গুৰুত্ব প্ৰদান কৰা হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলৰ প্ৰতি আন্তৰিকতা, বিশ্বাস তথা সদ্ভাৱ সদাই আছে। ইয়াৰ উপৰি বি টি চি চৰকাৰে বি টি এ ডি এলেকাত বসবাস কৰি অহা অন্যান্য পিছপৰা জনগোষ্ঠীৰ সমবিকাশ আৰু সমউন্নয়ন, নেপালী, চাওতালী আৰু গাৰো ভাষাৰ সাহিত্যৰ বিকাশৰ লগতে ২১৩ গৰাকী ৰাভা ভাষাৰ (ঠিকাভিত্তিক) শিক্ষকক নিযুক্তি দিয়াত গুৰুত্ব প্ৰদান কৰিছে। সেয়ে আমি আগন্তুক লোকসভা নিৰ্বাচনত বি পি এফ দলক সমৰ্থন কৰা সিদ্ধান্ত লৈছো। উল্লেখ্য যে ৰাজনৈতিকভাৱে সচেতন প্ৰত্যেকগৰাকী লোকৰে দৃষ্টি নিবদ্ধ হৈ আছে কোকৰাঝাৰ সমষ্টিত। কিয়নো সমষ্টিটোত আছে চাৰিগৰাকীকৈ হেভিৱেইট প্ৰাৰ্থী। ইয়াৰ ভিতৰত বি পি এফৰ প্ৰমীলা ৰাণী ব্ৰহ্ম, য়ু পি পি এলৰ উৰ্খাও ব্ৰহ্ম, কংগ্ৰেছৰ শব্দ ৰাভাৰ উপৰি সকলোকে প্ৰত্যাহ্বান জনাবলৈ সক্ষম হোৱা নিৰ্দলীয় প্ৰাৰ্থী তথা বৰ্তমানৰ সাংসদ নৱ শৰণীয়া। উক্ত চাৰিগৰাকী প্ৰাৰ্থীৰ গণভিত্তিৰ প্ৰতি লক্ষ্য কৰিলে সমষ্টিটোৰ পৰা পৰৱৰ্তী সাংসদ ৰূপে কোন নিৰ্বাচিত হয় সেয়া সকলোৰে অনুমানৰ বাহিৰত। উল্লেখ্য যে সমষ্টিটোত ভোটগ্ৰহণ তৃতীয় পৰ্যায় তথা অহা ২৩ এপ্ৰিলত অনুষ্ঠিত হ'ব। পুনৰ ফিল্ডত নামিছে সাংসদ বদৰুদ্দিন আজমল! সাম্প্ৰদায়িক মন্তব্যৰে এইবাৰ কি লক্ষ্য মৌলানাৰ? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
বেতনঃ বেতন হ'ব 400 টকা /দিন + 200 টকা। নিৰ্বাচিত প্ৰাৰ্থীসকলৰ বাবে 00-ক দৈনিক পৰিবহন আৰু ম'বাইল ডাটা ব্যৱহাৰ কৰা হ'ব যদি তেওঁ প্ৰতিদিনে নিম্নতম 10 এম.এম.এছ.ই. পৰিবহন কৰে। প্ৰাৰ্থীৰ এক স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা কম্পিউটাৰ দক্ষতাত নিম্নতম ((ছয়)) ডিপ্লোমা / প্ৰমাণপত্ৰ থাকিব লাগিব। তেওঁ ৱেব ব্ৰাউজিং, জিআইএছ, স্প্ৰেডশ্বীট আৰু এম এছ ৱৰ্ডত শব্দ জ্ঞানৰ সৈতে কম্পিউটাৰ জ্ঞান থকা প্ৰয়োজন। বাছনি প্ৰক্ৰিয়াঃ ৱেব ব্ৰাউজিং, জিআইএছ, স্প্ৰেডশ্বীট, আৰু এমএছ ৱৰ্ডৰ সৈতে সম্পৰ্কিত জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰত এক ব্যৱহাৰিক পৰীক্ষাৰ যোগেৰে বাছনি কৰা হ'ব। কেনেদৰে আবেদন কৰিবঃ প্ৰাৰ্থীসকলে 04-09-22020-ত বা তাৰ আগতে সংশ্লিষ্ট জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰক নিৰ্ধাৰিত ফৰ্মেটত তেওঁলোকৰ আবেদন দাখিল কৰিব লাগিব।
জ্যেষ্ঠ ফিজিঅ'থেৰাপিস্ত ডঃ উজ্বল ভট্টাচাৰ্য্য আৰু ডঃ পূজা শইকীয়া ৰাজবংশীয়ে শনিবাৰে গুৱাহাটী প্ৰে'ছ ক্লাবৰ সাপ্তাহিক মীডিয়া ক্লিনিকত সেৱা আগবঢ়ায়। ক্লিনিকটোত ২০ গৰাকীতকৈ অধিক অংশগ্ৰহণকাৰীয়ে গুৱাহাটীৰ বোন্দাৰ কলেজ অৱ ফিজিঅ'থেৰাপি এণ্ড মে'ডিকেল চাইন্সেজৰ এই দুই জ্যেষ্ঠ ফিজিঅ'থেৰাপিস্তৰ পৰা বিনামূলীয়া সেৱা আৰু বুকু, কান্ধ আৰু ডিঙিৰ বিষৰ চিকিৎসা গ্ৰহণ কৰে। জ্যেষ্ঠ ফিজিঅ'থেৰাপিস্ত দুগৰাকীক সহযোগ কৰে দুই ফিজিঅ'থেৰাপি ছাত্ৰ জাহ্নু বুঢ়াগোহাঁই আৰু জ্যোতিষ্ময় দেৱ মহন্তই। উল্লেখযোগ্য যে সংবাদকৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ সুবিধাৰ বাবে এই মীডিয়া ক্লিনিকটো আৰম্ভ কৰা হৈছিল। যোৱা শনিবাৰে এই 'চিকিৎসকৰ সৈতে এসন্ধ্যা' (Evening with a Doctor) শীৰ্ষক এই ক্লিনিকটোত অংশগ্ৰহণ কৰিছিল গুৱাহাটীৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডঃ প্ৰাণজিৎ বৰ্মনে। গুৱাহাটীৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী চিকিৎসালয়ৰ লগতে দেশৰো বহুবিলাক আগশাৰীৰ চিকিৎসালয়ে ইতিপূৰ্বে এই সাপ্তাহিক মীডিয়া ক্লিনিকটোত সেৱা আগবঢ়াইছে। বিশ্বকাপত অংশগ্ৰহণ কৰা দেশৰ ফুটবলাৰসকলৰ পৰিয়ালক ভাবুকি দিছে ইৰানে! Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
বুদ্ধদেৱ - ৱিকিউৎস\nএই লেখাটো অসম্পূৰ্ণ। ইয়াৰ কাৰণ হ'ব পাৰে অসম্পূৰ্ণ উৎস ফাইল। আপুনি যদি ইয়াক বিস্তাৰ কৰিব বিচাৰে, তেন্তে সহায় পৃষ্ঠা আৰু প্ৰয়োজনীয় বিন্যাসৰ নিৰ্দেশনা চাব পাৰে, অথবা লেখাটোৰ আলোচনা পৃষ্ঠাত মন্তব্য আগবঢ়াব পাৰে।\nলেখকঃ গোপীনাথ বৰদলৈ\n[ ১ ]\n[ ৩ ]\n[ ৪ ]\n১ম তাঙৰণ ১৯৪৭\nচিত্ৰ-শিল্পী - শ্ৰীহেমন্ত মিশ্ৰ (শ্বিলং)\nছপা কৰোতা শ্ৰীযদুনাথ দাস\nজয়ন্তী আৰ্ট প্ৰেছ,\n[ ৫ ] পাতনি\nগান্ধীজীৰ আশ্ৰমৰ একাদশ ব্ৰতৰ ভিতৰত "সৰ্ব্ব ধৰ্ম্মে সমানত্বং" এটা মূল ব্ৰত। এই ব্ৰতৰ নীতি ভাৰতবৰ্ষৰ বৰ্ত্তমান যুগত প্ৰভু ৰামকৃষ্ণ পৰমহংসদেৱে প্ৰচাৰ কৰে। গান্ধীজীয়ে আৰু তেওঁৰ আশ্ৰমবাসীসকলে দৈনন্দিন জীৱনত এই ব্ৰত পালন কৰে। আচলতে ই এটা নিখুত সত্য। ঈশ্বৰৰ বিশ্বাস কেনেকৈ আৰু কেতিয়া মানুহৰ মনত সোমা- লহি সেইটো বৈজ্ঞানিক চৰ্চ্চাৰ বিষয় হব পাৰে, কিন্তু এইটো ঐতিহাসিক সত্য যে ঈশ্বৰৰ অস্তিত্ব মহাজনসকলে অন্তৰ-আত্মাৰ অনুভূতিৰ পৰাই পাইছে আৰু এই মহাপুৰুষ- সকলে বেলেগ দেশত বেলেগ ৰাজবংশত জন্ম গ্ৰহণ কৰিলেও সকলো মহাপুৰুষেই জগতৰ মঙ্গলময় কিছুমান মৌলিক সত্য গ্ৰহণ কৰি গৈছে আৰু তাকে প্ৰচাৰ কৰিছে। দেশ- কাল পাত্ৰ অনুসৰি তেখেতসকলৰ শিকনি বেলেগ হলেও সকলোৰে উদ্দেশ্য একেই - মানৱ সমাজৰ উন্নতি আৰু শান্তি।\n১৯৪০।৪১ চনত সত্যাগ্ৰহ আন্দোলন সম্বন্ধে জেলত থকা সময়ত কেনেকৈ উঠি-অহা লৰা-ছোৱালীৰ মনৰ পৰা সাম্প্ৰদায়িক বিৰোধ ভাব দূৰ কৰি সমতা ভাব আনিব [ ৬ ] ত্ৰুটি-স্বীকাৰ\nমাননীয় বৰদলৈ ডাঙৰীয়াৰ এই পুথিখনি চপোৱাৰ ভাৰ অজি প্ৰায় দুবছৰ আগতে আমাৰ গাত পৰে। দুখৰ বিষয় ছাপাখানালৈ যুগুত কৰি পঠোৱা প্ৰথম নকলটো কলিকতাৰ গৃহযুদ্ধত লুপ্ত হয়। তাৰ পিছত কলিকতাৰ অশ। এৰি দি কয় বাৰ ইয়াৰ নকল যুগুত কৰি যোৱা ফেব্ৰুৱাৰী মাহতে স্থানীয় জয়ন্তী প্ৰেছত দিয়া হৈছিল। কিন্তু এই প্ৰেছতে নানান অলৈ-আহুকালৰ বাবে কিতাপ- খন ওলোৱত অশাতীতভাৱে পলন হল। দ্বিতীয় মন কৰিব লগা কথা এয়ে যে আমাৰ নেতাসকলৰ একাণপতীয়। সাহিত্য-চৰ্চাৰ ঠাই জেখানহে। বাহিৰত থকা সময়ত ৰাজহুৱা কামৰ হেচত তেওঁলোকৰ বহুতে ভাত-মুঠি সুস্থিৰে খাবলৈকে। আহৰি নেপাষ। এনে কাৰণতে বৰদলৈদেৱে জেলত লিখা এই পুথিবোৰ দ্বিতীয় বাৰ চকু ফুৰাই দিব নোৱাৰাত আৰু মূল পুথিত কিছুমান কথা বৰ অস্পষ্টভাৱে লিখা থকাত ঠায়ে ঠায়ে দুই এটা ভুল ৰৈ যোবা সম্ভৱ। তদুপৰি অমৰ বিশেষ যত্নতে। ছাপাখানৰ ভূতৰ সাবে পুথিখনিৰ ঠায়ে ঠায়ে দুই এটা চকুত পৰা ভুলা ৰৈ গল। সি যি নহওক আশা কৰো ২৪ তাঙৰণত এই ভ্ৰম-প্ৰমাদ শুচিব। ৰাইজে পুথিখনি আদৰি ললে আন কেইখনি পুথিও ক্ৰমাৎ ছপা হৈ ওলাব। বিনীত ৫।১১ls৭ শ্ৰীঅতুলচন্দ্ৰ হাজৰিকা গুৱাহাটী ) [ ৭ ] আগ-কথা মম বাপা। এতিয়া আমি বুদেৱৰ জীৱনচৰিত আলোচনা কৰোহক। তাৰ আগেয়ে আমি দুটামান কথা ভাবি চাব লাগিব। বুদেৱক আমাৰ পুৰাণত এজনা অৱতাৰ বুলি ধৰ হৈছে। আজি বলিও ভাৰতবৰ্ষত সেই অৱতাৰ পূজা নাই বা তেওঁৰ অস্তিত্বকে বিশেষ ভাৰে দেখা পোৱা নাষায় তথাপি তেওঁ নিশ্চয় এনে কিছুমান অসা- ধাৰণ শক্তি আৰু মহান আদৰ্শ দেখাই গৈছে যে হিন্দু শাস্ত্ৰকাৰসকলে বুবৱৰ জ ৰিত মহা- পুৰুষ বা অৱতাৰ বুলি আনিবলৈ বাধ্য।ৈ\nআমাৰ মুৰে খেত লেখিছে[ ৮ ]\n"মৎস্য কূৰ্ম নৰসিংহ বামন পৰশুৰাম\nহলিৰাম, বৰাহ, শ্ৰীৰাম।\nবুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ\nত পাৱে কৰোহ প্ৰণাম॥"\nআন আন অৱতাৰৰ দৰে এই মহাপুৰুষজনায়ো অকল ভাৰতবৰ্ষৰ লোকৰে সাময়িক সামাজিক গ্লানি দূৰ কৰি ক্ষান্ত থকা নাই। তেওঁ সমগ্ৰ জগতবাসীৰ উপকাৰৰ কাৰণে কিছুমান নতুন আদৰ্শ সৃষ্টি কৰি থৈ গৈছে আৰু মানৱ সমাজৰ কাৰণে নতুন কৰ্তব্য নিৰ্দ্ধাৰণ কৰি থৈ গৈছে। সেইবোৰ জগতৰ পৰিবৰ্ত্তন স্বত্বেও মানুহে চিৰন্তন সত্য বুলি মানি লবলৈ বাধ্য হৈছে।\nএসময়ত বৌদ্ধ, ধৰ্ম সমগ্ৰ পৃথিৱীৰে প্ৰধান ধৰ্ম্ম আছিল বুলি কলেও বঢ়াই কোৱা নহয়। প্ৰায় ১৫০০ বছৰ ধৰি অৰ্থাৎ খৃঃ পূঃ ৫০০ ৰ পৰা ১০০০ বছৰলৈকে বুদ্ধৰ শিকনি গোটেই এছিয়া মহাদেশতে প্ৰচলিত আছিল। আনকি য়ুৰোপৰ আৰু আফ্ৰিকাৰ ভূমধ্য সাগৰৰ উপকূল অঞ্চলতো ভাৰতবাসী সাওদসকলৰ লগত যোৱা ভিক্ষুবিলাকে ধৰ্ম প্ৰচাৰ কৰা বুলি জানিব পৰা যায়। এছিয়াৰ আন অঞ্চলৰ কথা বাদ দিও বৰ্তমান দক্ষিণ ছিয়া, [ ৯ ] তুকিস্তান, পাৰস্য আদি ঠাইত বৌদ্ধ প্ৰচাৰক সকলে বুদ্ধৰ প্ৰেমময় বাণী প্ৰচাৰ কৰিছিল। কিছুমান ধাৰ্মিক লোকে ভাবে যে যীশুখ্ৰীষ্টৰ জীৱনৰ মূল আদৰ্শ অৰ্থাৎ ঈশ্বৰ যে প্ৰেমময় এই ভাবটা যীশুৱে সেই ঠাইত বৌদ্ধ ধৰ্ম্মৰ প্ৰভাৱৰ পৰাহে গ্ৰহণ কৰিছিল। বুদ্ধৰ উপদেশ আৰু শিকনিৰ কথা কওতে আমি আকৌ এই বিষয়ে আলোচনা কৰিমহক। এনেবোৰ কাৰণৰ পৰাই বুদ্ধদেৱৰ নিচিনা মহাপুৰুষ এজনীক হিন্দু শাস্ত্ৰকাৰসকলে অৱতাৰ বুলি মানি লোৱাটো একো আচৰিত কথা নহয়।\nএতিয়া যি সমাজৰ মাজত থাকি আৰু যি সমাজৰ নানা দোষ-অন্যায় দেখি বুদ্ধদেৱ জগতৰ মহৎ উপকাৰ কৰিবলৈ সঙ্কল্প গ্ৰহণ কৰিলে সেই সম্বন্ধে মই অলপ কওঁ শুনাঃ -\nশ্ৰীৰামচন্দ্ৰৰ জীৱন-চৰিত পঢ়াতে তোমাললাকে জানিছা কেনেকৈ প্ৰাচীন ভাৰতবৰ্ষত অনেক সৰু সৰু ৰাজ্য আছিল আৰু কেনেকৈ সেইবোৰৰ মাজত যি জন ৰজাই প্ৰতাপশালী হয় তেৱেই সাময়িক [ ১০ ] ভাবে ৰাজচক্ৰৱৰ্তী অৰ্থাৎ বৰ্তমান সম্ৰাটৰ দৰে খিতাপী হবলৈ বিচাৰিছিল। আৰ্যসকলে হিন্দু- স্থানত সোমাওতে প্ৰথমতে দলে দলে আহিছিল। তেওঁবিলাকে ক্ৰমে সিন্ধু নদ উপত্যকা আৰু তাৰ পিছত গঙ্গা নদীৰ পাৰৰ ঠাইবোৰত বসতি কৰে আৰ্যসকল ভ্ৰমণকাৰী জাতি গুচি স্থায়ী বসতি কৰা লোক হোৱাৰ লগে লগে এই সৰু ৰাজ্যবোৰ গঠিত হয়। এনে ৰাজনৈতিক অৱস্থা বুদ্ধদেৱ জন্ম কাললৈকে থকা যেন দেখা যায়। শ্ৰীৰাম- চন্দ্ৰৰ দিনৰ পৰা বুদ্ধদেৱৰ দিনলৈকে কিমান বছৰ হয় সেই কথা কোনেও সঠিককৈ কব নোৱাৰে। কিছুমান বিদ্বান লোকে ১০০০ বছৰমান বুলি কব খোজ। কিছুমানে তাতকৈয়ো বেছি বুলি কয়। কিছুমান পণ্ডিতে ৫০০ বা ৭০০ বছৰৰ বেছি নহয় বুলি অনুমান কৰে\nসি যিকি নহওক প্ৰত্যেক জন ডাঙৰ ৰজাই ৰাজচক্ৰৱৰ্তী হবলৈ ইচ্ছা কৰিছিল। সেই নিমিত্তে সেই কালৰ ৰাজ্যবোৰৰ মাজত সততে যুজবাগৰ চলি আহিল। বৰ্তমান কাশ্মীৰৰ কাষৰ পৰা অসমৰ [ ১১ ] কাষলৈ বিশেষকৈ গঙ্গা নদীৰ পাৰৰ ৰাজ্যবোৰৰ ভিতৰত লিচ্ছবি মগধ, কাশী, কোশল, অঙ্গ, মৰু বিদেহ ইত্যাদি ৰাজ্য কেইখন বিশেষভাৱে জনা- জাত আছিল। মগধ ৰাজ্য প্ৰায় ১০০ বছৰমান পিছত গৈ অশোক, চন্দ্ৰগুপ্ত আদি ৰজাসকলৰ দিনত প্ৰায় সমগ্ৰ ভাৰতবৰ্ষ ব্যাপি বিস্তৃত হৈছিল আৰু সকলো প্ৰকাৰ শিক্ষা পাণ্ডিত্য আদিৰ কেন্দ্ৰস্থল হৈছিল। বুদ্ধদেৱৰ পিতা শুদ্বোধন ৰজাৰ ৰাজ্যও তেনে এখন স্বাধীন ৰাজ্য আছিল। এই ৰাজ্য- খন নেপাল পৰ্বতৰ তলৰ বৰ্তমান ৰোই নামেৰে সমভূমিৰ এক খণ্ড। কাশীৰ উত্তৰে আৰু পূবে প্ৰায় ১০০ মাইল দূৰৈত। এই বিভিন্ন ৰাজ্যবোৰৰ মাজত সাময়িক বিৰোধ বা যুদ্ধ চলি থকা স্বত্বেও মানুহৰ আৰ্থিক, সামাজিক আৰু ধৰ্ম্ম-জীৱনৰ তুল- নাত ৰাজনৈতিক অৱস্থা শান্তিময় আছিল বুলি কব পাৰি। তোমালোকে প্ৰাচীন হিন্দু ঋষি মুনিসকলৰ মহত্বপূৰ্ণ ধৰ্ম্ম জীৱন সম্বন্ধে নিশ্চয় শুনিছা। বৰ্তমান সময়ৰ ভাৰতৰ আৰু য়ুৰোপৰ বিজ্ঞলোক, সকলে ভাৰতবাসী আৰ্যসকলৰ পৰিত্ৰতা, মৌলিকতা আৰু ভাবধাৰাৰ বিশেষত্ব দেখি বিস্মিত হয় আৰু এইবিলাক বিকাশৰ অনুমানিক বিবৰণ দিয়ে। [ ১২ ] অতীজ কালৰ কোনো ৰকমৰ লিখিত বুৰঞ্জী লেখাৰ কাৰণে তেওঁলোকে সেই সময়ৰ বেদ, উপনিষদ, দৰ্শন আৰু আন অন শাস্ত্ৰ যি পাইছে তাৰ পৰা এই অনুমান স্থিৰ কৰিছে। তেওঁলোকৰ মত এই যে - বৈদিক যুগেই আৰ্যসকলৰ ঈশ্বৰ-বিশ্বাসৰ প্ৰথম বিকশিব সময়। এই বৈদিক যুগৰ সময়তে উপনিষদ সৃষ্টি হয়। ইয়াৰ পিছত এই উপনিষদ বিলাককে ভিত্তি কৰি হিন্দু দৰ্শনবিলাক বিকাশ হয়। বৈদিক যুগৰ সময়নিৰ্ধাৰণ সম্বন্ধে বহুত মতভেদ আছে যুৰোপীয় পণ্ডিতসকলে এতিয়াৰ পৰা ৪৫০০ বছৰমান আগতেহে বুলি কব খোজে। তেওঁলোকৰমতে উপ- নিষদ প্ৰচাৰৰ কাল ৩১০০-৩২০০ বছৰ মানহে হব। কিন্তু লোকমান্য বাল গঙ্গাধৰ তিলক আৰু অধ্যাপক জেকবিয়ে ঋক্-বেদত উল্লিখিত নক্ষত্ৰৰ গতিৰ পৰা ঠিক কৰিছে যে বৈদিক যুগ এতিয়াৰ পৰা ৬৫০০ বছৰৰ কম নহয় আৰু সেইকাৰণে উপনিষদ লিখাৰ বা প্ৰচাৰৰ সময় ৪০০০ বছৰমান আগতে হব বুলি ধৰিব পাৰি।\nউপনিষদৰ তথ্যবিলাককে আশ্ৰয় কৰি হিন্দু দৰ্শনবিলাক লিখা হয়। তোমালোকে নিশ্চয় ভাৰত [ ১৩ ] বুৰঞ্জীত ছয়-ব্ৰাহ্মণৰ দৰ্শন শাস্ত্ৰৰ সম্বন্ধে পঢ়িছ। এই দৰ্শনৰ যুগে প্ৰায় ৩০০০ বুছৰমান আগতে আছিল বুলি নিৰ্ধাৰিত কৰিছে আৰু বৌদ্ধ ধৰ্ম প্ৰচাৰ আনকি তাৰ পিছতত দৰ্শন চৰ্চা চলি থকাৰ প্ৰমাণ পোৱা যায়। পণ্ডিতসকলে স্থিৰ কৰিছে যে বৌদ্ধ ধৰ্মৰ মূল ভিত্তি সাঙ্খ্য দৰ্শন।\nবুদ্ধ আৱিৰ্ভাব হবৰ সময়ত মানুহৰ ধৰ্মবিশ্বাস যেনেকুৱা আছিল সেই কথা জানিবলৈ হলে আমি বেদ, উপনিষদ আদিৰ বিষয়ে অলপ জনা উচিত। ৰামায়ণ পঢ়োতে তোমালোকে পাইছা কেনেকৈ ঋষি-মুনিসকলে নগৰৰ পৰা দূৰৈত আশ্ৰম পাতি ঈশ্বৰৰ বিষয়ে চিন্তা কৰিছিল আৰু মানৱ জাতিৰ উপকাৰৰ অৰ্থে নানা ঠাইত শাস্ত্ৰ উদঘাটন কৰিছিল। বেদৰ গানে এই ঋষিবিলাকে ঈশ্বৰৰ পৰা পোৱা বুলি ঈশ্বৰবিশ্বাসী লোকে বিশ্বাস কৰে। বেদ চাৰিখন। ইয়াৰ ভিতৰত ঋক, সাম যজুৰ এই তিনিখনক তিনি ভাগত বিভক্ত কৰিব পাৰি। প্ৰথম খণ্ডত স্তোত্ৰ আৰু গীত, দ্বিতীয় খণ্ডত সেই স্তোত্ৰ গাওঁতে কৰিবলগীয়া যাগ-যজ্ঞ আৰু ক্ৰিয়া কাণ্ড নিয়ম- প্ৰণালীৰ বৰ্ণনা আৰু তৃতীয় খণ্ডত ঈশ্বৰ-তত্ত্ব সমন্ধে আলোচনা বা বিচাৰ আছে। বেদৰ গান [ ১৪ ] বিলকিত ঈশ্বৰৰ শক্তি পৰিচায়ক সৰ্বশক্তিমান সূৰ্য্য, বায়ু, বৰুণ, বিদ্যুতৰ ৰজা ইন্দ্ৰ আৰু সৰ্ব্ব- জীৱস্ৰষ্টা প্ৰজাপতিৰ উপাসনা আছে; আৰু সৰ্ব্ব- শক্তিমান ঈশ্ববৰ উপাসনাও আছে। ২য় খণ্ডত নানা প্ৰকাৰ যজ্ঞ আদিৰ নিয়ম-প্ৰণালী আছে - কেনেকৈ হোম কৰিব লাগিব, কি কি জন্তু বলি দিব লাগিব ইত্যাদি বিষয়ে। তৃতীয় খণ্ডকে উপনিষদ বুলিব পাৰি। এই খণ্ডত যজ্ঞ, ঈশ্বৰ তত্ত্ব সম্বন্ধে গভীৰ আৰু গৃঢ় আলোচনা কৰা হৈছে।\nযদিও উপনিষদ বা কোনো কোনো দৰ্শনশাস্ত্ৰত এই যজ্ঞ আদি কৰ্ম্মকাৰ্যৰ উপকাৰিত সম্বন্ধে আপত্তি প্ৰকাশ কৰা হৈছিল তথাপি বুদ্ধ আৱিৰ্ভাৱ হোৱা কালত ইয়াৰ প্ৰকোপ বেছিকৈ বাঢ়িহে গৈছিল। ইয়াৰ কাৰণ ভাবি উলিয়াবলৈ বেছি পৰ নেলাগে। যদিও ইহুদীবিলাকেই পৃথিবীত প্ৰথম এক ঈবাদী বুলি দাবী কৰে; প্ৰকৃততে নিৰাকাৰ ঈশ্বৰৰ এক ঈশ্বৰবাদ প্ৰথমে ভাৰতবৰ্ষতেই যে বিকাশ হয় এই সম্বন্ধে পণ্ডিতসকলৰ মাজত মতভেদ নাই বুলি কব পাৰি। কিন্তু এই ঈশ্বৰ তত্ব বেছিভাগ সাধাৰণ মানুহৰ মনোগত নাছিল বুলি কলে ভুল নহব। এই ব্ৰহ্মবিদ্যা অতি চিন্তা[ ১৫ ] শীল, বিদ্যোৎসাহী, সংযমী আৰু একাগ্ৰচেতা লোকেহে বিচাৰিব পাৰিছিল। এই বিদ্যা অভিমানী লোকসকলে অনেক কাল সিদ্ধ গুৰুৰ ঘৰত থাকি, গুৰুৰ কাৰণে অশেষ কষ্ট কৰি খেতিবাতি কৰি দি নাইবা গৰু, ভেৰা আদি চৰাই ৰাখি, গুৰুৰ পৰা লাহে লাহে এই মহাবিদ্যা পাইছিল। সেই কাৰণে যিসকলে প্ৰকৃত ঈৰ-তত্ত্ব বিচাৰিছিল তেওঁলোকে সমাজ ত্যাগ কৰি গুৰু-গৃহত ব্ৰহ্মচাৰী হৈ ভৃত্যৰ দৰে থাকিব লাগিছিল। উপনিষদৰ কালত ব্ৰহ্মজ্ঞ ঋষিসকলে শিষ্যবিলাকক যদিও বিলাসী, ভোগী বা অভিমানী হবলৈ নিদিছিল আৰু তপস্যাৰ দ্বাৰা সদায় নিজৰ নক সাংসাৰিক আকাঙ্ক্যা বা অভিলাষৰ পৰা মুক্ত কৰি চলিবলৈ কৈছিল কিন্তু পিছত ঈশ্বৰসাধকসকলৰ এনে বিশ্বাস হল যে সংসাৰ ত্যাগ নকৰিলে ঈৰক পাব নোৱাৰি; শৰীৰক অশেষ শাস্তি নিদিলে মানুহৰ অভিলাষ অৰ্থাৎ ইন্দ্ৰিয় দমন কৰিব নোৱাৰি। গতিকে ঈশ্বৰবিশ্বাসী আৰু ঈশ্বৰ অভিলাষী সমাজৰ ভাল মানুহবিলাকে সংসাৰত্যাগী হৈ কঠোৰ তপস্যাত মগ্ন হৈ হাবিয়ে-বননিয়ে, পৰ্বত-গুহা ইত্যাদিত বাস কৰিবলৈ ধৰিলে। বৌদ্ধ-গ্ৰন্থৰ বিৱৰৰ পৰা [ ১৬ ] বুজা যায় যে নদী বা নিজৰাৰ পানী পোৱা খট- খটীয়া কিছুমান হাবিয়নি ঠাই সন্ন্যাসীৰ আশ্ৰমেৰে ভৰি গৈ গাঁৱৰ দৰে হৈছিল। এই সন্ন্যাসী- বিলাকৰ ভিতৰত কিছুমান আজিকালিৰ বহুত সন্ন্যাসীৰ দৰে নিজৰ ব্ৰত ৰক্ষা কৰিব নোৱাৰি ভ্ৰষ্ট হবলৈ বাধ্য হৈছিল। এইদৰে ধৰ্মৰ গ্লানি হবলৈ ধৰিলে।\nইপিনেদি দাৰ্শনিক পণ্ডিতসকলৰ জ্ঞান আৰু তৰ্ক চৰ্চাৰ দ্বাৰা মনুষ্য সমাজখন অযথা তৰ্ক আৰু বাক-বিতণ্ডাৰ থল হৈ পৰিছিল। দৰ্শনকাৰ ঋষি- সকলৰ তিৰোভাৰ লগে লগে তেওঁবিলাকৰ শিষ্য- বিলাকে ঋষিসকলৰ বাণী আৰু উপদেশবিলাক লৈ নানা তৰ্ক সৃষ্টি কৰিবলৈ ধৰিলে। এই শাস্ত্ৰ- বিলাকৰ উদ্দেশ্য যদিও ঈশ্বৰত আছিল তথাপি মুক্তি বা মোক্ষৰ পথ সম্পৰ্কে সকলোবিলাকৰে একে মত নাছিল। সেই কাৰণেই ছয় ৰকমৰ মত প্ৰকাশ হৈ ছয় দৰ্শন চলিবলৈ ধৰিলে। প্ৰত্যেক মত শাস্ত্ৰজ্ঞ লোকসকলে নিজৰ তথ্যৰ সত্যতা প্ৰমাণ কৰিবৰ কাৰণে আৰু তৰ্ক-শক্তি [ ১৭ ] প্ৰচাৰ কৰিবৰ কাৰণে সমাজত নানা ৰকমৰ তৰ্ক সৃষ্টি কৰিছিল। ইয়াৰ দ্বাৰাই মানুহৰ বিদ্যা যিমানেই নাবাঢ়ক, মানুহৰ আধ্যাত্মিক জীৱনৰ উন্নতি হোৱা দূৰে থাকক, পূৰ্বৰ ঋষিবিলাকে দান কৰি যোৱ অমূল্য উপদেশৰ মূল্য দিনে দিনে হ্ৰাস পাবলৈ ধৰিলে। এইদৰে মানুহৰ সমাজত অনি কিছুমান বুদ্ধিমান লোকে জীব-জগতৰ উপকাৰৰ কথা নাভাবি বা সমাজৰ উপকাৰৰ কামত সময় নকটাই নিজৰ পাণ্ডিত্য আৰু মহিমা প্ৰকাশ কৰাত ব্যস্ত হৈ পৰিল। এইদৰে সন্ন্যাসী আৰু পণ্ডিত উভয় শ্ৰেণীৰ লোকেই নিজৰ কথা ভাবি থকাত (নিজৰ সজ ইচ্ছা স্বত্বেও) সমাজৰ এটা ডাঙৰ অংশ অকৰ্মণ্য আৰু পৰগছাৰ দৰে হৈ পৰিল।\nযি সমাজত সৰ্বোৎকৃষ্ট লোকবিলাকৰ এনে তাৱস্থা হয় সেই সমাজত যে পূৰ্বৰ ভাল নীতিও গৈ অনাচাৰত পৰিণত হব সি ধ্ৰুব সত্য মাথোন। সমাজত কিছুমান স্বাৰ্থপৰ লোকে সদায় নিজৰ স্বাৰ্থ পূৰণৰ চেষ্টাত থাকে। প্ৰায় সৎ, বিদ্বান আৰু বুদ্ধিমান লোকবিলাক ওপৰত কোৱা মতে ব্যস্ত থকাত, এই স্বাৰ্থপৰ লোকবিলাকৰ বাক্তিগত উন্নতি কৰাত বহুত সুবিধা হল। মই আগেয়ে [ ১৮ ] কৈ আহিছে যে বেদমতে আৰ্যবিলাকে কিছুমান যাগযজ্ঞ আৰু কৰ্ম্মকাণ্ড কৰিব লাগিছিল। সেই বোৰ তেওঁবিলাকে নিজে কৰিছিল। সেই যাগ- যজ্ঞ ঈশ্বৰৰ বাহিক শক্তিৰ পূজা মাথোন। খেতিৰ কাৰণে বৰষুণ লাগে, শস্য গজিবলৈ সূৰ্যৰ তাপ লাগে, পৃথিবত গৰু-মানুহ আদি প্ৰাণী জম্মি কাৰণে শক্তি (প্ৰজাপতি) লাগে। সেই কাৰণে সেই সেই শক্তিবিলাকৰ পূজা কৰিছিল। প্ৰথমতে এই পূজা অতি সাধাৰণ আছিল। প্ৰত্যেক মানুহে নিজে পূজাৰ বস্তু গোটাই-মেলি আনি যজ্ঞকুণ্ডত অগ্নিদেৱক আহুতি দিছিল। এনে নিয়মেৰে ইহুদী পুৰোহিতবিলাকেও ঈশ্বৰ-পূজাত হোম কৰিছিল। যীশুৰ জীৱনত ইহুদীবিলাকৰ কথা পঢ়োতে এই বিষয়ে আৰু আভাস পাবা এতিয়া তোমালোকে জানা যে ভাৰতবৰ্ষত ক্ৰমে এই পূজাৰ যাগ- যজ্ঞৰ পৰাই পুৰোহিত শ্ৰেণী সৃষ্টি হ'ল। ক্ৰমে এই পূজাৰ নিয়মবোৰ ইমান সূক্ষ্ম আৰু বিতং হল যে সকলোৱে এইবিলাকলৈ মন দিবলৈ এৰি এই যাগ-যজ্ঞবিলাক কিছুমান পণ্ডিতৰ দ্বাৰা কৰাবলৈ ধৰিলে। বেদশাস্ত্ৰমতে এই কৰ্মকাণ্ডবিলাক মানুহৰ জীৱনৰ সকলো কথাতে লাগতিয়াল হোৱাত এই [ ১৯ ] পুৰোহিতসকলকো সকলো কথাতে আৱশ্যক হ'ল। যদিও এই কৰ্মকাণ্ডবিলাকৰ আধ্যাত্মিক উপকাৰিতা সম্বন্ধে বিশেষ মূল্য নথকা বুলি উপনিষদ আৰু কিছুমান দৰ্শন শাস্ত্ৰই স্পষ্টভাবে প্ৰকাশ কৰিছিল তথাপি সাধাৰণ জীৱনৰ প্ৰত্যেক কাৰ্যতে ঈশ্বৰৰ মহিমা বা উপাসনা-গান বেয়া বুলি কোনেও এই বিলাক বেয়া বুলি দলিয়াই পেলাবলৈ কোৱা নাছিল। ইয়াৰ ফলত এয়ে হল যে সময়ত মানুহে এই কৰ্মকাণ্ডবিলাকৰ মূল উদ্দেশ্য (ঈশ্বৰলৈ) মন নকৰি কৰ্মকাণ্ডবোৰতহে মনোযোগ দিব ধৰিলে। যি ময়ত বুদ্ধদেৱে প্ৰচাৰ কাৰ্য আৰম্ভ কৰে, সেই সময়ত পুৰোহিতসকলৰ পৰা সমাজত যি অন্যায় হৈছিল সেই কথা বৌদ্ধ-পুথিত পোৱা যায়। ইয়াৰ পৰা বুজা যায় যে সেই সময়লৈকে পৌৰোহিত্য অৰ্থাৎ এজনৰ হকে অন এজনে কৰ্মকাণ্ড কৰা কথাটো বৰ ভাল কাম বুলি মানুহে মানি লোৱা নাছিল।\nউল্লেখ আছে যে এই পুৰোহিতবিলাকেই অসংখ্য জীৱ-জন্তু বধৰ মূল কাৰণ হৈছিল। এওঁবিলাকেই উচটনি দি ৰজা আৰু অৱস্থাপন্ন মানুহবিলাকৰ [ ২০ ] হতুৱাই ডাঙৰ ডাঙৰ যজ্ঞ কৰাইছিল। জনা যায় যে প্ৰথমতে কোনো কোনো যজ্ঞত অনেক গো- বধ কৰা হৈছিল; সেইবোৰক গো-মেধ যজ্ঞ বোলা হৈছিল। অশ্বমেধ যজ্ঞৰ কথা মই শ্ৰীৰাম- চন্দ্ৰৰ জীৱনীত উল্লেখ কৰিছে। ৰজাবিলাকে নিজৰ খিতাপ আৰু শক্তি প্ৰচাৰ কৰিবৰ কাৰণে এই বিধ যজ্ঞ বিশেষভাবে পাতিছিল। এই যজ্ঞবিলাকত নিৰপৰাধী পশুবোৰৰ হত্যাকাণ্ডত মৰমিয়াল লোকৰ হৃদয় কাতৰ হৈ পৰিছিল, তথাপি বিশ্বাসৰ কাৰণে আৰু বিশেষকৈ পুৰোহিতসকলৰ প্ৰৰৰচনাত এই কৰ্মবিলাককে মোক্ষৰ উপায় বুলি ভাবি লৈ সকলো মানুহেই এই নিষ্ঠুৰ কামবিলাকত যোগ দিছিলহি। প্ৰকৃততে সেই সময়ত সাধাৰণ মানুহে ঈশ্বৰ-প্ৰাপ্তিৰ মাত্ৰ দুটা পথ আছিল বুলি বিশ্বাস কৰিছিল। এটা হৈছে সন্ন্যাস গ্ৰহণ কৰি ভিক্ষাৰ দ্বাৰাই জীয়াই থাকি ঈশ্বৰপদ পাবলৈ চেষ্টা কৰা আৰু আনটো হৈছে বলি-বিধান দি হোম যজ্ঞ কৰি দেৱতাসকলক সন্তুষ্ট কৰি সংসাৰ ভোগ কৰা। উপনিষদৰ যুগত হিন্দু-সমাজত যি সত্যৰ আৱিৰ্ভাৱ হৈছিল সেই সত্য ক্ৰমাৎ সমাজৰ পৰা অদৃশ্য হবলৈ ধৰিলে।\n[ ২১ ] লগে লগে সাধাৰণ মানুহৰ মানসিক আৰু আৰ্থিক অৱস্থাৰৰ অধোগতি হবলৈ ধৰিলে। যদিও জাতিভেদ উপনিষদৰ দিনতো থকা বুলি জনা যায় সেই সময়ৰ জাতিবিলাক জন্মগত আৰু নিকপ- কপীয়া নাছিল। সকলোৱে ব্ৰহ্মবিদ্যা শিকিব পাৰিছিল। পণ্ডিত-ক্ষত্ৰিয়য়ো বামুণক শিক্ষা দিছিল। সমাজত জাতিৰ কাৰণে মানুহে মানুহক হীন বুলি নাভাবিছিল আৰু জাতিৰ কাৰণে কোনো মানুহ অশুচি বা অস্পৃশ্য হোৱাৰ প্ৰমাণ পোৱা নাযায়। সেই সময়ত মানুহৰ কৰ্ম্মৰ দ্বাৰাইহে জাতি নিৰ্ধাৰিত হৈছিল। ক্ৰমে পুৰোহিতশ্ৰেণী ব্ৰাক্ষণসকলৰ পৰা লোৱাত আৰু এই যাগ-যজ্ঞত যোগ দিয়া মানুহ- বিলাক বিশেষভাৱে শুচি বুলি পৰিগণিত হোৱাত এই জাতিভেদৰ ভাবটো লাহে লাহে বেছি কটকটীয়া হৈ আহিবলৈ ধৰিলে।\nএই কথা সচা যে বুদ্ধদেৱৰ দিনতত জাতি- ভেদত ঘৃণাৰ ভাব অহা নাছিল। ব্ৰাহ্মণ্য আদৰ্শক তেতিয়াও সকলোৱে যথেষ্ট সম্মান কৰিছিল। কিন্তু পুৰোহিতবিলাক যে সুকীয়া শ্ৰেণীৰ লোক আৰু তেওঁলোকৰ পৰা যে সমাজৰ যথেষ্ট অন্যায় হব ধৰিছিল সেই কথা বুদ্ধদেৱৰ সময়ত স্পষ্ট দেখা [ ২২ ] পোৱা যায় পুৰোহিতশ্ৰেণী আৰু লগে লগে কৰ্মকাণ্ডত বিশ্বাস বঢ়াৰ লগে লগে সাধাৰণ মানুহৰ মানসিক খৰ্বতা আহিল। সেই সময়ৰ মানুহৰ শাৰীৰিক আৰু আৰ্থিক অৱস্থাৰ সম্বন্ধে বৌদ্ধ- ভিক্ষুবিলাকৰ কামৰ পৰাই অলপ আভাস পোৱা যায়। স্পষ্ট বুজিব পাৰি কি পৰিমাণে ভোগ কাৰণে আহাৰৰ অভাৱত আৰু নৈতিক ব্যভিচাৰিতাৰ বাবে মানুহবিলাকে কষ্ট পাইছিল। ইয়াকো বুজিব পাৰি যে দেশত বিশেষকৈ নগৰবোৰত মানুহৰ সংখ্যা বাঢ়ি গৈছিল কিন্তু সেই অনুপাতে থকা-মেলা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ব্যৱস্থা সমাজৰ পৰা বা ৰজাঘৰৰ পৰা বিশেষভাবে কৰা হোৱা নাছিল। চমুৱাই কবলৈ হলে ইয়াকে বুজা যায় যে সেই সময়ত সমাজে নিস্ক্ৰিয় বা জড় অৱস্থা পাইছিল আৰু সকলো ৰকমে পতনৰ ফালে যাবলৈ ধৰিলে।\nবুদ্ধদেৱক অৱতাৰ বোলা হয় এই খনিতেই আৰু তেওঁৰ মহিমা আৰু মহত্ত্ব এইখিনিতেই যে তেওঁ এই পতিত মনুষ্য সমাজক পুনৰ জীৱন দান কৰিলে আৰু নিজেই তাপূৰ্ব্ব ত্যাগ স্বীকাৰ কৰি হিন্দু- সমাজ আৰু লগে লয়ে সমস্ত মানৱ জাতিক অসীম দয়া আৰু প্ৰেম ধৰ্মেৰে সজীৱ কৰি, [ ২৩ ] নতুনকৈ সমাজ প্ৰতিষ্ঠা কৰিলে। ১২০০ বছলৈ এনে অপূৰ্ব্ব শক্তি দিলে যে তাৰ মহিমা আৰু গৌৰৱ ভাৰত আৰু জগতবাসীৰ কাৰণে চিন বন্তু হৈ থাকিল।\n[ ২৪ ] ৩৩৪১\nগত ত্ৰাণকৰ্তা মহাপ্ৰভু বুদ্ধই আজিৰ পৰা প্ৰায় ২৫২০ বছৰ পূৰ্বে বহাগ মাহৰ পূণিমা তিখিত এই পৃথিৱীত জন্ম গ্ৰহণ কৰে।\nউদ্যানত তেওঁৰ জন্ম হয়। বৌদ্ধ শাস্ত্ৰকাৰসকলে তেওঁ মাতৃগৰ্ভত স্থিতি হোৱাৰ দিনা আৰু তেওঁ জন্ম হোৱাৰ দিনাৰ কিমান অলৌকিক ঘটনা বিৱৰণ দিয়ে। জন্ম হোৱাৰ পিছত স্বয়ং ব্ৰহ্মই হেনো ন জাত শিক তুলি লৈ মাকৰ হাতত দিয়ে আৰু শিশুটি কালত অদ্বিতীয় পুৰুষ হব বুলি দেৱালকলে মাকক আখাস-বাণী দি যায়।\nবুদ্ধদেৱৰ পিতাকৰ নাম ঘোখন আছিল। এওঁৰ বাক্য হিমালয় পৰ্বত নামনিৰ বনিবোৰৰ মাজত আছি। শুকোখন ৰা এজন উত্তম বংশৰ শাক্য ক্ষত্ৰিয়। এওঁলোকৰ বংশ আৰুৰ\nএকে পূৰ্বপুৰুৰ ইৰু জৰ সতি গতি\nখুলনা যায়। দেখন ৰা অতি একা [ ২৫ ] সgoooooolonosclege >\nউপহাৰ-পিঠি o ooodcassocces@ sooooooood চিন স্বৰূপে oedeo এই "বুদ্ধদেৱ"খনি উপহাৰ দিয়া হল। oooooooooooo ssc sscode c9d ?acowg goose good @ g [ ২৬ ]\n১। আগকথা । নি ৩। লাল ৪। বিবাহ ৫। নিমিত্ত-দর্শন ৬। পুত্র-জন্ম ।। গৃহত্যাগ ৮। সন্ন্যাস-জীৱন ১। তপস্যা ১০। সিজিলাত ১১। ধর্ম-প্ৰচাৰ . : ১২। প্রত্যাবর্তন ১৩। শেন-জীৱন ১৪। মহা-নির্বাণ : •• •• ১০। বৌদ্ধধৰ্মৰ মূল নীতি .. ১৬। বৌৰ ভাৰতবৰ' ' ' : ১০। মামণি [ ২৭ ] taph, । - অপশet : । JUN.1.5), স্বাধীন অসমৰ মােৰ মৰমৰ উঠ তাহা । লৰা- ছাৱালবিলাক । 7/Ass তােমালোকৰ ওপৰতেই আমাৰ দেশৰ ভৱিষ্যৎ নিভৰ কৰিছে মহাপুৰুষসকলৰ জীৱনৰ চানেকীৰে যাতে দশ আৰু নহৰ সৱাত তােমালােকে নিজৰ জীৱন নিয়ে'জিত কৰিব পাৰ সেই আশাৰে নাৰ এই "বুদ্ধ' হামালােকৰ হাতত অৰ্পণ কৰিলাে । জয হিন, আশীৰ্বাদক শ্রীগােপীনাথ বৰদলৈ । ১৮১১১৭ [ ২৮ ] পৃষ্ঠাঃবুদ্ধদেৱ- গোপীনাথ বৰদলৈ.djvu/২৮\nএই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২১ চনত ১ জানুৱাৰী ১৯৬১ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ'ব। )\n"https://as.wikisource.org/w/index.php?title=বুদ্ধদেৱ&oldid=74447"ৰ পৰা অনা হৈছে\n১৯৪৭ চনৰ সাহিত্যকৰ্ম\nপাবলিক ড'মেইন ভাৰত\nএই পৃষ্ঠাটো শেষবাৰৰ কাৰণে ২৪ জুলাই ২০২০ তাৰিখে ০৯ঃ১৭ বজাত সলনি কৰা হৈছিল।
বিগত কিছুদিন ধৰি দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে অবৈধ পশু ব্যৱসায় চক্ৰৰ দৌৰাত্ম্য। শেহতীয়াকৈ দেশৰ বিভিন্ন প্ৰান্তত এনে অবৈধ সৰবৰাহ চক্ৰৰ পৰা উদ্ধাৰ কৰা হৈছে বহু দেশী-বিদেশী জন্তু। সমসাময়িকভাৱে দেশৰ কেইবাটাও বিমানবন্দৰত অবৈধ সামগ্ৰীৰ চোৰাং সৰবৰাহো বৃদ্ধি পাইছে অস্বাভাৱিকভাৱে। বিশেষকৈ তামিলনাডুৰ চেন্নাই বিমানবন্দৰত এনে কেইবাটাও ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে। যোৱা ২৩ অক্টোবৰত পুনৰ চেন্নাই বিমানবন্দৰত এগৰাকী যাত্ৰীক পাঁচটা বিদেশী জন্তুৰ সৈতে শুল্ক বিষয়াই আটক কৰিছে। বেংককৰ পৰা চেন্নাই বিমানবন্দৰত অৱতৰণ কৰাৰ পিছতে যাত্ৰীগৰাকীক আটক কৰে শুল্ক বিভাগে। ধৃত যাত্ৰীগৰাকীয়ে নিজৰ লগত অনা বেগৰ ভিতৰত জন্তু কেইটা লুকুৱাই নিয়াৰ চেষ্টা কৰিছিল। কিন্তু নিয়মীয়া লাগেজ পৰীক্ষাৰ সময়ত যাত্ৰীগৰাকীৰ বেগত এই জন্তুসমূহৰ উপস্থিতি ধৰা পৰে। নথিপত্ৰ আৰু আইনী প্ৰক্ৰিয়াৰ পিছত যাত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে জন্তুসমূহ পুনৰ্সংস্থাপনৰ বাবে থাইলেণ্ডলৈ ঘূৰাই পঠোৱা হয়। বিভাগীয় বিষয়াসকলে জানিবলৈ দিয়া অনুসৰি ধৃত যাত্ৰীগৰাকীয়ে বেগত তেওঁ পাঁচটা দ্বাৰ্ফ আৰু কমন স্পটেড কুস্কাছ লুকুৱাই আনিছিল। উল্লেখ্য যে যোৱা কেইমাহমানত এনেদৰে বিমান যোগে ভাৰতলৈ চোৰাংকৈ কঢ়িয়াই অনা বহুতো জন্তু শুল্ক বিভাগে উদ্ধাৰ কৰিছে। কেৱল বিমানবন্দৰতে নহয়, দেশৰ বিভিন্ন প্ৰান্তত স্থলপথেৰে সৰবৰাহ কৰা অৱস্থাতো উদ্ধাৰ হৈছে বহু বিদেশী জন্তু। এনে বিদেশী জন্তুসমূহ প্ৰধানকৈ থাইলেণ্ড, ম্যানমাৰ আৰু চীনৰ পৰা চোৰাং সৰবৰাহকাৰীয়ে দেশলৈ সৰবৰাহ কৰিছে বুলি জানিব পৰা গৈছে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
১৯ ফেব্ৰুৱাৰী (ইংৰাজীঃ 19 February) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৫০তম (অধিবৰ্ষত ৫১তম) দিন। বছৰটো শেষ হ'বলৈ এই দিনৰ পৰা মুঠ ৩১৫টা দিন বাকী থাকে। ১৬৩০ - ছত্ৰপতি শিৱাজী মহাৰাজ, ভাৰতীয় যোদ্ধা ৰজা। ১৬৬০ - ফ্ৰীডৰীখ হফমান, জাৰ্মান পদাৰ্থবিদ আৰু ৰসায়নবিদ। ১৯১৫ - গোপাল কৃষ্ণ গোখলে, ভাৰতীয় দাৰ্শনিক তথা ৰাজনীতিবিদ। ২০১৬ - হাৰ্পাৰ লী, আমেৰিকান লেখক। বিশিষ্ট অসমীয়া বিজ্ঞানী গুৰুপ্ৰসাদ দাসৰ মৃত্যু । সৰুৰে পৰাই উদ্ভাৱনী চিন্তাৰে নিজৰ বিশেষ প্ৰতিভাৰ পৰিচয় দিয়া গুৰুপ্ৰসাদ দাসে ব্ৰিটিছ চৰকাৰে আগবঢ়োৱা সুবিধাৰে মেকানিকেল ইঞ্জিনীয়াৰিঙৰ স্নাতক ডিগ্ৰী লৈ সেইসময়ত প্ৰচলিত ৰে'লৰ ভাপ ইঞ্জিনৰ হিট মিটাৰ নামৰ যন্ত্ৰটো আৱিষ্কাৰ কৰে । ১৯৩০ চনত তেওঁ ৰে'লগাড়ীৰ ভেকুৱাম ব্ৰেক আৱিষ্কাৰ কৰে । গুৰুপ্ৰসাদৰ নাম অনুসৰি আজিও এই ব্ৰেক জিপি ভেকুৱাম ব্ৰেক নামেৰে জনাজাত । এনে কৃতিত্বৰ বাবে তেওঁক এছ'চিয়েটেড মেম্বাৰ অব ইনষ্টিটিউট অব মেকানিকেল ইঞ্জিনীয়াৰ্ছ সন্মান প্ৰদান কৰা হয় ।
Share this: গুৱাহাটী : অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৰাজ্যপাল জগদীশ মুখীলৈ পত্ৰ প্ৰেৰণ কৰি ডিব্ৰুগড় আৰক্ষীয়ে কৰা গাফিলতিৰ চি আই ডি তদন্তৰ দাবী জনাইছে। ডিব্ৰুগড় আৰক্ষীৰ গাফিলতিৰ ফলত মৃত্যুৰ অভিযোগ উত্থাপন কৰিছে ডিব্ৰুগড়ৰ ব্যৱসায়ী তথা পশুপ্ৰেমী বিনীত বগড়িয়াৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে ডিব্ৰুগড়ত ভুক্তভোগীৰ পৰিয়ালক সাক্ষাৎ কৰি স্বীকাৰ কৰিছিল যে জিলা প্ৰশাসন আৰু ডিব্ৰুগড় আৰক্ষীৰ ব্যৰ্থতা কাৰণেই এই শোকাবহ ঘটনা সংঘটিত হৈছে। মুখ্যমন্ত্ৰীৰ স্বীকাৰৰ পিছতে ঘটনা সন্দৰ্ভত চি আই ডি তদন্তৰ দাবী জনাই ৰাজ্যপাললৈ পত্ৰ প্ৰেৰণ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। পত্ৰখনৰ জৰিয়তে বিৰোধী দলপতি শইকীয়াই কয়, 'মই আপোনাক জনস্বাৰ্থ আৰু আইন-শৃংখলাৰ বিষয়ত হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনাইছো। আপোনাক জনাব বিচাৰো যে প্ৰায় দুদিন আগতে ডিব্ৰুগড়ৰ এজন বিখ্যাত পশু অধিকাৰ কৰ্মী বিনীত বগড়িয়াই স্বয়ং ডিব্ৰুগড়ৰ দুজন ব্যক্তিৰ মৃত্যুৰ ভাবুকিৰ বাবেই আত্মহত্যাৰ পথ বাছি লৈছিল।" এটা চাঞ্চল্যকৰ প্ৰকাশৰ পিছত আমি জানিব পাৰিলোঁ যে তেওঁ সন্মুখীন হোৱা ভাবুকিৰ গুৰুত্ব। ইতিমধ্যে তেওঁৰ পিতৃ কৈলাশ বগড়িয়াই ০৫/০৭/২০২২ তাৰিখৰ এখন পত্ৰৰ জৰিয়তে ডিব্ৰুগড় আৰক্ষীক অৱগত কৰিছিল। কিন্তু উপযুক্ত ব্যৱস্থা গ্ৰহণত তীব্ৰ পলম হোৱাৰ বাবে এই শোকাবহ ঘটনা সংঘটিত হ'ল। ডিব্ৰুগড় আৰক্ষীয়ে বিষয়টো সন্দৰ্ভত গোচৰো পঞ্জীয়ন কৰা নাছিল।' শইকীয়াই কয়। Search for:
যাত্ৰীবাহী ৰেল সেৱা ক্ৰমান্বয়ে পুনৰ চলাচল কৰাৰ পৰিপ্ৰেক্ষিতত উত্তৰ পূৱ সীমান্ত ৰেলৱেই দুখন এক্সপ্ৰেছ বিশেষ ৰেল সেৱা নিম্নলিখিত বিস্তৃত তথ্য অনুসাৰে পুনৰাৰম্ভ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। এই কথা এক প্ৰেছ বিজ্ঞপ্তিযোগে জনাইছে উত্তৰ পূৱ ৰেলৱেই। বিজ্ঞপ্তিটোত কোৱা হৈছে যে ৰেল নং ০৩২৪৮ ৰাজেন্দ্ৰ নগৰ-কামাখ্যা এক্সপ্ৰেছ বিশেষ ৰেলখনে ৮ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি দেওবাৰ, সোমবাৰ, মঙ্গলবাৰ আৰু বুধবাৰে ৰাজেন্দ্ৰ নগৰৰ পৰা ২৩.১০ বজাত যাত্ৰা আৰম্ভ কৰি পৰৱৰ্তী দিনৰ ২২.০৫ বজাত কামাখ্যাত উপস্থিত হ'ব। সেইদৰে ৰেল নং ০৩২৪৭ কামাখ্যা-ৰাজেন্দ্ৰ নগৰ এক্সপ্ৰেছ বিশেষ ৰেলখনে অহা ১০ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ প্রতি মঙ্গলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে কামাখ্যাৰ পৰা ০৫.০০ বজাত যাত্ৰা আৰম্ভ কৰি পৰৱৰ্তী দিনৰ ০৪.৫৫ বজাত ৰাজেন্দ্ৰ নগৰত গৈ উপস্থিত হ"ব। এই ৰেলখনে যাত্ৰাৰ উভয় ৰেলপথত গোৱালপাৰা, আলিপুৰদুৱাৰ জংচন, নিউ মাল জংচন, শিলিগুড়ি জংচন, ঠাকুৰগঞ্জ, কিষাণগঞ্জ, বাৰচোই জংচন, কাটিহাৰ জংচন, খাগাৰিয়া জংচন, নিউ বাৰাউনি জংচন, বখটিয়াৰপুৰ জংচন হৈ যাত্ৰা কৰিব বুলি উল্লেখ কৰিছে উঃ পূঃ সীমান্ত ৰেলৱেই। নং ০৩২৮২ ৰাজেন্দ্ৰ নগৰ-ডিব্ৰুগড় এক্সপ্ৰেছ বিশেষ ৰেলখনে ৰাজেন্দ্ৰ নগৰৰ পৰা অহা ১৩ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ প্রত্যেক শনিবাৰে ১৫.০৫ বজাত যাত্ৰা আৰম্ভ কৰি পৰৱৰ্তী দিনৰ ২২.৩০ বজাত ডিব্ৰুগড়ত উপস্থিত হ'ব। আৰু নং ০৩২৮১ ডিব্ৰুগড়-ৰাজেন্দ্ৰনগৰ এক্সপ্ৰেছ বিশেষ ৰেলখনে অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ প্রত্যেক সোমবাৰে ৫.২০ বজাত ডিব্ৰুগড়ৰ পৰা যাত্ৰা কৰি আৰু পৰৱৰ্ত্তী দিনৰ ১৩.৪৫ বজাত ৰাজেন্দ্ৰ নগৰত উপস্থিত হ'ব। এই ৰেলখনে যাত্ৰাৰ উভয় পথতে নিউ তিনিচুকীয়া, নামৰূপ, মৰিয়ণি জংচন, ডিমাপুৰ, ডিফু, লামডিং জংচন, হোজাই, চাপৰমুখ জংচন, জাগীৰোড, গুৱাহাটী, গোৱালপাৰা, কোকৰাঝাৰ, নিউ আলিপুৰদুৱাৰ, নিউ কোচবিহাৰ, নিউ জলপাইগুড়ি, কিষাণগঞ্জ, বাৰচোই জংচন, কাটিহাৰ জংচন, খাগাৰিয়া জংচন, নিউ বাৰাউনি জংচন, বখটিয়াৰপৰ জংচন হৈ যাত্ৰা কৰিব বুলি উঃ পূঃ ৰেলেৱে প্ৰেছ বিজ্ঞপ্তিটোত উল্লেখ কৰিছে। পাঁচ ৰাজ্য ক্ৰমে অসম, পশ্চিমবংগ, তামিলনাডু, কেৰালা আৰু পুডুচেৰীত হ'বলগীয়া আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ প্ৰথম যোগাযোগ কোম্পানী টেলিবুৱে ৰাজনৈতিক দলসমূক আভ্যন্তৰীণ আৰু বাহ্যিক যোগাযোগ উন্নত কৰাৰ বাবে সঠিক সেৱা আগবঢ়োৱাৰ ঘোষণা কৰিছে। ইয়াৰ বাবে কোম্পানীটোৱে বিশেষ মানৰ যোগাযোগ সেৱা তৈয়াৰ কৰি উলিয়াইছে। যাৰ জৰিয়তে নিৰ্বাচনৰ সময়ছোৱাত প্ৰাৰ্থীসকলক ভালকৈ কেনভাছ কৰিব পাৰিব আৰু প্ৰাৰ্থীসকলে আঞ্চলিক ভাষাতে যোগাযোগ কৰিব পাৰিব। ইয়াৰ লগতে লগতে আঞ্চলিক ভাষাতে টেক্স আৰু ভইচ বাৰ্তা প্ৰদান কৰিব পাৰিব। ইয়াৰ জৰিয়তে তেওঁলোকে সুশাসনৰ বিষয়ে অৱগত কৰিব পাৰিব। ইয়াৰ উপৰি ৰাজনৈতিক দলসমূহে জৰীপ প্ৰণালীৰ জৰিয়তে প্ৰতিটো সমষ্টিত সঠিক প্ৰাৰ্থী বাছনি কৰিব পাৰিব। লগতে প্ৰাক নিৰ্বাচনী সমীক্ষা উলিয়াব পাৰিব। ভোটাৰ অনুসৰি প্ৰচাৰ অভিযান চলোৱাৰ সুবিধা লাভ কৰিব। অডিঅ' কনফাৰেন্সিং এপ' গ্ৰপটক (Grptalk) , ভিডিঅ' কনফাৰেন্সিং এপ' টেলেবুজেন (TelebuJen), কনটেক্ট চেণ্টাৰ ছফ্টৱেৰ টেলেবুহাব। ইয়াৰ উপৰিও আছে টেলেবুপিং (TelebuPing), যিটো এটা সুৰক্ষিত এণ্ড-ৰ পৰা-এণ্ড এনক্ৰিপ্ট কৰা গোট মেচেঞ্জাৰ। ইয়াৰ উপৰি আছে আন বহু সেৱা। টেলিবুৱেৰ চিইঅ' সত্য য়েৰমচেট্টিয়ে তেওঁলোকৰ সেৱা সামগ্ৰী আৰু ভৱিষ্যত সম্পৰ্কে কয় যে বৰ্ধিত প্ৰয়োজনীয়াতা পূৰণৰ কৰিবলৈ আমাৰ সামগ্ৰী, বৈশিষ্ট আৰু সেৱা বিকশিত কৰি আছোঁ। যি সেৱাই ৰাজনৈতিক দল, চৰকাৰী সংস্থাৰ প্ৰয়োজনীয়তা আৰু নিৰ্বাচনী প্ৰচাৰৰ গতিশীলতা সলনি কৰিব।ইয়াৰ আগতে অনুষ্ঠিত হৈ যোৱা তেলেংগানা আৰু বিহাৰ নিৰ্বাচনত আমাৰ সেৱাবোৰ সফলতাৰে ব্যৱহাৰ কৰা হৈছে আৰু আমি এতিয়া ব্যৱসায়ৰ সম্ভাৱনা বৃদ্ধি কৰিবলৈ অসম আৰু অন্যান্য ৰাজ্যত আগন্তুক বিধানসভা নিৰ্বাচনলৈ আমাৰ সেৱা আগবঢ়াম। আমি বিশিষ্ট ৰাজনৈতিক নেতা, ৰাজনীতি বিদসকলৰ সৈতে কাম কৰি আছো আৰু ১০+ তকৈও অধিক ৰাজ্যত সঠিক ফলাফল প্ৰদান কৰিবলৈ সক্ষম হৈছোঁ। টেলিবুৰ কিছুমান গুৰুত্বপূৰ্ণ সামগ্ৰী আছে, যাৰ দ্বাৰা ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰৰ সময়ত গ্ৰপটক (Grptalk)সেৱাৰ জৰিয়তে ৩০ চেকেণ্ডৰ এটা কলৰে ৩-১০,০০০তকৈ লোকৰ সৈতে সংযোগ সাধন কৰিব পাৰিব। ভাৰতৰ আটাইতকৈ উৎকৃষ্ট অডিঅ' প্লেটফর্ম গ্ৰপটক। যাৰ ব্যৱহাৰ ১০০ নিযুত মিনিটত ১নিযুতকৈ অধিক সন্মিলন কৰা হৈছে। গ্ৰপটকে ৰাজনৈতিক দলসমূহক নিৰ্বাচনী অভিযানত বিশেষভাবে সহায় কৰে। এপ্প বা ইণ্টাৰনেটৰ অবিহনে কনফাৰেন্স, ভাৰ্চুৱেল ৰিচেপটনিষ্ট (virtual receptionist), ভোটাৰৰ মাজত প্ৰচাৰ চলাব পাৰে। লগতে ভোটাৰৰ পৰা মতামত আৰু তেওঁলোকৰ ওপৰত জৰীপো চলাব পাৰে। টেলেবুজেন (TelebuJen)- এটা ভিডিঅ' কনফাৰেন্সিং আৰু ৱেবিনাৰ প্লেটফৰ্ম, যি বিভিন্ন পক্ষক ভিডিঅ' মিটিং হষ্ট কৰাত সহায় কৰে।য'ত ১০০জন অংশগ্ৰহণ কৰিব পাৰে, ৩০০+ লৈকে অংশগ্ৰহণকাৰীৰ সৈতে লাইভ ৱেবিনাৰ আয়োজন কৰিব পাৰে। লগতে এইসমূহ YouTubeৰ দ্বাৰা প্ৰচাৰ কৰিব চলাব পৰা যায়। টেলেবুহাব (TelebuHub)ক নিৰ্বাচনী প্ৰচাৰৰ সময়ত ব্যাপকভাৱে ব্যৱহাৰ কৰা হৈছে।টেলেবুহাব হৈছে এটা ইনবিল্ট চিআৰএম,সামাজিক একত্ৰীকৰণ, টিকেটিং আৰু এটা জ্ঞানৰ ব্যৱস্থাপনা প্ৰণালী ছফ্টৱেৰ। ইয়াৰ দ্বাৰা ৰাজনৈতিক দলসমূহে ৩০মিনিতকৈ কম সময়ৰ ভিতৰত যিকোনো স্থানৰ পৰা এটা কল চেণ্টাৰ স্থাপন কৰাত সহায় কৰে। বিগত কেইবাবছৰ ধৰি ধঁপাত নিয়ন্ত্ৰণৰ ক্ষেত্রত কাম কৰি অহা কনজুমাৰ ভয়চ, দিল্লী আৰু কনজুমাৰ্চ লিগেল প্ৰটেকশ্যন ফ'ৰাম, অসমে আজি গুৱাহাটীৰ দিছপুৰস্থিত হোটেল ৰিভিয়েৰাত 'বিগ টবেক' : টাইনী টাৰ্গেটছ ষ্টাডী' শীৰ্ষক এখন ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত কৰে। কৰ্মশালাখনৰ উদ্দেশ্য আছিল যুৱপ্ৰজন্মক ধঁপাতৰ ভয়াৱহতাৰ পৰা কেনেকৈ ৰক্ষা কৰিব পাৰি। গুৱাহাটীৰ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকীয়ে কৰ্মশালাখন উদ্বোধন কৰে। উদ্বোধনী ভাষণত ডাঃ কটকীয়ে কয় যে পৌৰ নিগম কৰ্তৃপক্ষ সমূহে ২০১৭ চনৰ ২১ ছেপ্টেম্বৰৰ গৃহ আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ পৰামৰ্শ আৰু ২০১৮ চনৰ ২৮ ছেপ্টেম্বৰৰ মিনিষ্ট্ৰী অৱ হাউছিং এণ্ড আৰবান প'ভাৰ্টী এলিভিয়েশ্যনৰ পৰামৰ্শ ৰূপায়ন কৰিব লাগে, যাতে ধঁপাত বিক্রেতাসকলক অনুজ্ঞাপত্ৰ দিয়াৰ ক্ষেত্ৰত সুব্যৱস্থা তথা নিয়ন্ত্ৰণ কৰিব পাৰি। ধঁপাত বিক্রেতাৰ বাবে অনুজ্ঞাপত্ৰ প্ৰৱৰ্তন ব্যৱস্থাই যুৱপ্ৰজন্মক ধঁপাতৰ প্ৰতি আসক্তি কমোৱাত সহায় কৰিব, কাৰণ 'কটপা' উলংঘন হলে বিক্রেতাৰ অনুজ্ঞাপত্ৰ বাতিল বা নিলম্বিত কৰাৰ ক্ষেত্ৰত সুযোগ থাকে। পৌৰ নিগম কৰ্তৃপক্ষই সেইবিলাক দোকানক অনুজ্ঞাপত্ৰ প্ৰদান কৰিব লাগে, যিবিলাক দোকানে বিশেষকৈ ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী কৰে, যাতে শিশুসকলে সাধাৰণ দোকানৰ পৰা সেই সামগ্ৰীবিলাকৰ সংস্পৰ্শ লাভ নকৰে। শিক্ষা প্ৰতিষ্ঠানৰ পৰা দূৰত থকা দোকানসমূহক অনুজ্ঞাপত্ৰ প্ৰদান কৰিব লাগে। অনুষ্ঠানত কনজুমাৰ্চ লিগেল প্ৰটেকশ্যন ফ'ৰাম, অসমৰ সচিব তথা অধিবক্তা অজয় হাজৰিকাই শেহতীয়াকৈ অসমৰ তিনিখন চহৰত (গুৱাহাটী, যোৰহাট আৰু ডিব্ৰুগড়) ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী কৰা দোকানসমূহৰ ওপৰত কৰা 'বিগ টবেক' : টাইনী টাৰ্গেটছ' শীৰ্ষক সমীক্ষাৰ মূল বিষয়কেইটা আলোকপাত কৰে। তেওঁ কয় যে অসমত শিক্ষা প্ৰতিষ্ঠানৰ ১০০ গজ দূৰত্বৰ ভিতৰত ৯৭ খন দোকানত ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী কৰা বুলি সমীক্ষাত স্পষ্ট হৈছে। সমীক্ষাটোৰ মতে অসমত ৩৬.০৮ শতাংশ ফিলিপ মৰিছ ইণ্টাৰনেচনেল, ৪.১২ শতাংশ ব্ৰিটিছ আমেৰিকান ধঁপাতজাতীয় সামগ্ৰী আৰু ৯৩.৮১ শতাংশ ইম্পেৰিয়েল টবেক' কোম্পানী অৱ ইণ্ডিয়া লিমিটেডৰ ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী হয়, যিটো আটাইতকৈ জনপ্ৰিয় ভাৰতীয় কোম্পানী। ৯৫.৮৮ শতাংশ দোকানত ধঁপাতজাতীয় সামগ্ৰী শিশুৱে দেখা পোৱাকৈ ৰখা হয় (১ মিটাৰ উচ্চতাত)। ৭২.১৬ শতাংশ দোকানত চিগাৰেটৰ স্বাস্থ্য সম্বন্ধীয় সতৰ্কীকৰণ জাননী নেদেখাকৈ ৰখা হয়। শিশুসকল আকৰ্ষিত হোৱাকৈ ৯০.৭২ শতাংশ দোকানত চিগাৰেট চকলেট বা মিঠাইজাতীয় সামগ্ৰীৰ ওচৰত ৰখা হয়। ৮৫.৫৭ শতাংশ দোকানত এটাকৈ চিগাৰেট বিক্ৰী হয়। কৰ্মশালাত অসমৰ ৰাজ্যিক ধঁপাত নিয়ন্ত্ৰণ কোষৰ ৰাজ্যিক নডেল বিষয়া ডাঃ অৰুন্ধতী ডেকা, অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ প্ৰগ্ৰেম মেনেজাৰ ডাঃ সুব্ৰত চন্দ, ইউ এছ টি এমৰ ছ'চিয়েল ৱৰ্ক বিভাগৰ মুৰব্বী অধ্যাপক ডঃ গিৰিমল্লিকা শৰ্মা আৰু ধঁপাতজাতীয় সামগ্ৰীৰ ব্যৱসায়ীক প্ৰতিনিধি গণেশ পণ্ডিতে 'কটপা' অধিক শক্তিশালী আৰু কাৰ্যকৰীকৰণ তথা ধঁপাত বিক্রেতাৰ ক্ষেত্ৰত অনুজ্ঞাপত্ৰৰ নিয়ম আৰম্ভ কৰি কেনেকৈ যুৱপ্ৰজন্মক ধঁপাতজাতীয় সামগ্ৰীৰ পৰা দূৰত ৰাখিব পাৰি, সেই বিষয়ে মূল্যবান পৰামৰ্শ আগবঢ়ায়। কৰ্মশালাত বিভিন্ন ব্যৱসায়িক সংগঠনৰ প্ৰতিনিধি, স্বাস্থ্য বিশেষজ্ঞ আৰু চিকিৎসক, স্বাস্থ্য বিষয়া আৰু ধঁপাত নিয়ন্ত্ৰণ কোষ, অভিভাৱক, শিক্ষক সংস্থা, শিক্ষা প্ৰতিষ্ঠান আৰু পৌৰ নিগমৰ বিষয়া, সামাজিক অনুষ্ঠান, সংবাদকৰ্মী, ধঁপাত নিয়ন্ত্ৰণ আৰু গ্ৰাহক সুৰক্ষা কৰ্মী তথা যুৱপ্ৰজন্মৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।
বহুদিন আগৰ কথা! এজন যুৱক, ঘৰ সংসাৰখনৰ প্ৰতি বৈৰাগ্য ওপজি জংঘলৰ মাজত বাস কৰা এজন মুনিৰ ওচৰলৈ গৈ ঈশ্বৰ সম্পৰ্কে জানিব বিচাৰিলে। মুনি যুৱকজনক সুধিলে, ঈশ্বৰক তোমাৰ কিয় দৰকাৰ? যদি বিশেষ কোনো দৰকাৰ নাইয়েই, ঈশ্বৰ তোমাক দেখা নিদিয়ে। যুবকজন উত্তৰত জনালে যে তাৰ ইশ্বৰক দেখাৰ, ঈশ্বৰ কি জনাত প্ৰৱল ইচ্ছা জাগিছে আৰু ঈশ্বৰ যদি আছেই তো নিশ্চয় কৰোবাত নহয় কৰোবাত তাৰ কিবা ইঙ্গিত থাকিবই, যাক মই অনুভৱ কৰিব বিচাৰোঁ। মুনি ক'লে, "বিচাৰিলেই তো আৰু ঈশ্বৰ পোৱা নাযায়, ঈশ্বৰক দেখাৰ বাবে, বুজি পোৱাৰ বাবে বিয়াকুল হ'ব লাগে, তেতিয়াহে ঈশ্বৰ দেখা যায়। " যুৱকে ক'লে, ক'তা!! মই চোন বিয়াকুল হইয়ো ঈশ্বৰৰ কোনো ইঙ্গিতে আজিলৈ পোৱা নাই। তেওঁ ক'ত থাকে? মুনি উত্তৰ দিলে "ঈশ্বৰ সৰ্ব্বভূতময়, তেওঁ সকলোতেই বিৰাজমান। তোমাৰ ঈশ্বৰ দৰ্শনৰ চকু এতিয়াও জাগি উঠা নাই সেয়েই তুমি ঈশ্বৰ দেখা পোৱা নাই। " যুৱকজনো আকোঁৰগোজ, এইবাৰ যুৱকজনে মুনিক অলপ টানকৈয়েই ক'লে ' আপুনি যে ঈশ্বৰৰ কথা কৈ আছে মোক দেখুৱাই দিব পাৰিব...?? পাৰিব কিবা প্ৰমাণ দিবলৈ, যদি পাৰে দেখুৱাই দিয়ক চোন!! তেতিয়াহে বুজি পাম আপুনি নিজেও ঈশ্বৰ দৰ্শনকাৰী আৰু আপোনাৰ কথাৰ মূল্য আছে। 'মুনিয়ে হাঁহিলে ক'লে' এতিয়া উভতি যোৱা আৰু ধৈৰ্য্য ধৰা, ধৈৰ্য্যৰ ফল সদায়েই মিঠা'!!\nনিৰাশ মনেৰে যুৱকজনে মুনিৰ আশ্ৰম এৰি ঘৰমূৱা হ'ল। হঠাৎ হাবিৰ মাজৰ বাটৰ কাষত যুৱকে এটা নোদোকা শিয়াল শুই থকা দেখা পালে। যুৱকজনে ইমান নোদোকা শিয়াল আগত কেতিয়াও দেখা নাছিলে আৰু শিয়ালটো ইমান কাষত মানুহ দেখিও তাৰ পৰা পলায়ন নকৰা দেখি আচৰিত হ'ল আৰু শিয়ালটোৱে হঠাৎ আক্ৰমণ কৰিব পাৰে বুলি ভাৱি তাক খেদিবলৈ মুখৰে শব্দ কৰিব ধৰিলে... কিন্তু ই কি যুৱকজনে দেখিলে যে শিয়ালটোৰ আগভৰি দুখনেই নাই। যুৱকজনৰ কৌতুহল বাঢ়ি গ'ল, আগভৰি দুখনত কোনো ঘাঁ বা আঘাতৰ চিন নাই হয়তোবা কেতিয়াবা বনৰ বাঘ বা আন কোনো প্ৰাণীৰ ল'গত যুঁজ দিয়াতে শিয়ালটোৱে হেৰুৱাইছে তাৰ আগৰ ভৰি দুখন, পিছে বনৰ জীৱন কঠিন আৰু এইহেন আগভৰি নথকা সামান্য শিয়ালৰ দৰে প্ৰাণী এটা বনত জীয়াই থকাটো তাতোকৈ ডাঙৰ কথা হ'ল ইমান নোদোকাহৈ জীয়াই থকাটো অসম্ভৱ। যুৱকে প্ৰথমবাৰৰ বাবে অনুভৱ কৰিলে এই শিয়ালটোৰ ওপৰত ঈশ্বৰৰ কৃপাদৃষ্টি আছে আৰু ইয়াৰ ৰহস্য জানি নোযোৱাটো তাৰ বাবে মূৰ্খামি হব। যুৱক বাটৰ কাষৰে প্ৰকাণ্ড শিল এটাৰ ওপৰত উঠি ইয়াৰ ৰহস্য উদ্ঘাটন বাবে অপেক্ষা কৰিব ধৰিলে। আবেলিৰ বেলি পশ্চিম আকাশৰ দিগন্ত পালে, লাহে লাহে বনত পোহৰ কমিব ধৰিলে এনে সময়তেই যুৱকে লক্ষ্য কৰিলে দূৰত বনৰাজ মুখত মঙহৰ টুকুৰা এটা! যুৱক শিলৰ আঁৰত লুকাই পৰিল আৰু আঁৰৰ পৰাই চাব ধৰিলে বাঘটো লাহে লাহে আগবাঢ়িছে সেই আগভৰি নোহোৱা শিয়ালটোৰ ফালে...! ! যুৱকৰ একে দৃষ্টিৰে চাই ৰ'ল বনৰাজে ভাৱলেশহীন ভাৱে আগবাঢ়ি আহি শিয়ালটোৰ ঠিক সন্মুখত মুখেৰে কামুৰি অনা মঙহৰ টুকুৰাটো পেলাই বনৰ মাজলৈ গুচি গ'ল। যুৱক আচৰিত হ'ল আৰু জীৱনত প্ৰথমবাৰৰ বাবে অনুভৱ কৰিলে এয়া ঈশ্বৰৰ কাম আৰু ঈশ্বৰেই বনৰাজৰ ৰূপত শিয়ালটোৰ জীৱন দায়ক শক্তি, যাৰ বাবে আগভৰি দুখন নোহোৱাকৈও অসম্ভৱক সম্ভৱ কৰি জীয়াই আছে এই শিয়ালটো।\nদৃশ্যটো দেখাৰ পিছত যুৱকে সিদিনা ঘৰলৈ উভতি নোযোৱাৰ সিদ্ধান্ত ল'লে। যুৱক এতিয়া একপ্ৰকাৰ নিশ্চিত যে মুনিৰ কথাই ঠিক এই বনতেই ঈশ্বৰৰ সাক্ষাৎ সম্ভৱ কেৱল ইয়াৰ বাবে অধীৰ অপেক্ষা আৰু ধৈৰ্য্য ধৰি ৰৱ লাগিব কেৱল। যুৱকে শিলটোৰ ওপৰতেই ঈশ্বৰৰ বাবে অপেক্ষা কৰাৰ সিদ্ধান্ত ল'লে, যদি এটা শিয়ালক এইদৰে ঈশ্বৰে সহায় কৰে তেনেহ'লে মানুহ হৈ যুৱকক ঈশ্বৰে সহায় নকৰাৰ কোনো কাৰণতো নাই। ইয়াতেই শুই-বহি ৰ'লেও কিবা উপায়েৰে ভগৱানে জীয়াই থকাত সহায় কৰিবই। এটি এটিকৈ দিনৰ পিছত দিন বাগৰিল, ভোকে পিয়াহে শিলটোৰ পৰা নামি অহাৰ শক্তি হেৰুৱাই পেলালে যুৱকে। যুৱকে কেৱল বনৰাজৰূপী ঈশ্বৰে সদায়েই সেই শিয়ালটোকে মঙহৰ টুকুৰা দি থৈ যোৱা দেখা পায় কিন্তুু তাৰ বাবে কোনো ঈশ্বৰ নাহে... নাহে কোনো সহায়। যুৱকৰ আশা ভঙ্গহ'ল পিছে এতিয়া আৰু দেহাত ঘৰলৈ উভতিযাৱলৈ শক্তি নাই যুৱকৰ গাত বহু চেষ্টা কৰিও শিলটোৰ পৰা নামি অহাৰ শক্তি নাপালে যুৱকে। দৃষ্টিশক্তিও তাৰ যেন কমি আহিছে প্ৰতিটো মুহূৰ্ততে! ঘৰত থকা মা দেউতাৰ মুখবোৰ চকুৰ আগত ভাঁহিব ধৰিলে যুৱকৰ! এই শিলাখণ্ডৰ ওপৰতেই মৃত্যু হ'ব তাৰ অনাহাৰে নাহ... ঈশ্বৰ থাকিলে কিবা পথ দেখুৱালে হয় নিশ্চয়কৈ... এইবোৰ ভাবি থাকোতেই দূৰত ছাঁ এটাৰ দৰে শিষ্যৰে সৈতে মুনিক সেই বাটেৰে আহি থকা যেন অনুভৱ কৰিলে যুৱকে। অতি কষ্টেৰে নিজকে এবাৰ চিকুটি চালে যুৱকে, নাই সপোন নহয় বাস্তৱতে বাটটোৰে আগবাঢ়িছে মুনি তাৰ শিষ্য দুজন। শিলৰ কাষেৰে তেওঁলোক পাৰ হোৱাতেই দেহাৰ অৱশিষ্ট শক্তিৰে প্ৰাণপনে চিঞৰিলে যুৱকে নাই মুখেৰে কেৱল সৰুকৈ শব্দ এটাহে ওলালে... তাৰ পিছত যুৱক সজ্ঞাহীন হ'ল!!\n(উৎসঃ ইণ্টাৰনেট, সাহিত্য ডট অৰ্গ, জয়দীপ চক্ৰৱৰ্তী)।
Home » photogallery » lifestyle »Bullet Train: ধুমুহাৰ গতিত ভ্ৰমণ কৰক ! মুম্বাই-আহমেদাবাদ মাত্ৰ ৩ ঘণ্টাৰ ভিতৰত, দেশৰ প্ৰথম বুলেট ট্ৰেইনৰ ভাৰা কিমান ? Bullet Train: ধুমুহাৰ গতিত ভ্ৰমণ কৰক ! মুম্বাই-আহমেদাবাদ মাত্ৰ ৩ ঘণ্টাৰ ভিতৰত, দেশৰ প্ৰথম বুলেট ট্ৰেইনৰ ভাৰা কিমান ? Mumbai Ahmedabad Bullet Train Ticket Price: দেশৰ প্ৰথম বুলেট ট্ৰেইনৰ ভাড়াৰ বিষয়ে ৰে'ল মন্ত্ৰীৰ ডাঙৰ ইংগিত! অৱশ্যে, এই বিষয়ত কোনো দৃঢ় চৰকাৰী সিদ্ধান্ত লোৱা হোৱা নাই, কিন্তু ভাড়া যিয়েই নহওঁক, এনে লাগে যে ই সাধাৰণ মানুহৰ নিয়ন্ত্ৰণৰ ভিতৰত থাকিব। তেওঁ কয় যে ২০২৬ চনৰ ভিতৰত গুজৰাটৰ চুৰাট আৰু বিলিমোৰাৰ মাজত প্ৰথমখন বুলেট ট্ৰেইন আৰম্ভ হ'ব। বাপিৰ পৰা সাবৰমতীলৈ ৩৫২ কিলোমিটাৰ দীঘল লাইনত চুৰাট, বদোদৰা আৰু আহমেদাবাদৰ তিনিখন ডাঙৰ চহৰত ইমান যান-বাহন আছে যে মুম্বাইলৈ অপেক্ষা কৰাৰ কোনো প্ৰয়োজন নাই। ৩০ নৱেম্বৰৰ ৰাশিফল, এই ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো বৰ ভাল নহয়, সাৱধানে থাকক! CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the intellectual property rights of Cable News Network in respect of them. © Copyright Network18 Media and Investments Ltd 2016. All rights reserved.
'ৱিকি' (wiki) হৈছে এক ধৰণৰ 'ৱেবচাইট' য'ত 'ইণ্টাৰনেট' দৰ্শন কৰিবলৈ ব্যৱহাৰ কৰা 'ব্ৰাউজাৰ'ৰ যোগেদিয়েই 'ৱেবপৃষ্ঠা' এটা নতুনকৈ সৃষ্টি কৰিব পাৰি বা ইতিপূৰ্বে থকা পৃষ্ঠা এটা সম্পাদনা কৰিব পাৰি।[1][2][3] 'ৱিকি'সমূহক সাধাৰণেতে 'ৱিকি ছফ্টৱেৰ'-এ চলায়, আৰু কেইবাজনো ব্যৱহাৰকাৰীয়ে সামূহিক ভাৱে ব্যৱহাৰ কৰে। কিছুমান উদাহৰণঃ সামাজিক ৱেবছাইটসমূহ (community websites), কোম্পানীৰ অন্তঃজাল (corporate intranets), জ্ঞান পৰিচালনা প্ৰণালী (knowledge management systems), আৰু টোকা-সেৱা (note services)। ব্যক্তিগত টোকা-ৰখাৰ বাবেও ৱিকি ব্যৱহাৰ কৰিব পাৰি। অৱস্থা ভেদে ৱিকি এটাৰ সম্পাদনা ক্ষমতা সীমিত কৰি ৰাখিব পাৰি। প্ৰথম 'ৱিকি ছফ্টৱেৰ', 'ৱিকিৱিকিৱেব'-ৰ (WikiWikiWeb) স্ৰষ্টা আছিল 'ৱাৰ্ড কানিংহাম' (Ward Cunningham)। তেখেতে ইয়াক "সৰলতম আন্তঃজাল তথ্যসূচী, সম্ভৱতঃ ব্যৱহাৰযোগ্য" (the simplest online databse that could possible work) বুলি উল্লেখ কৰিছিল।
বৰ্তমান ভাৰতীয় অৰ্থনীতি এনে এক পৰ্য্যায়ত আছে য'ত ইয়াক এক সুস্থিৰ বহনক্ষম স্তৰলৈ ঘূৰাই আনিবলৈ হ'লে কিছু যাদুসদৃশ পৰিঘটনাৰ প্ৰয়োজন হ'ব। এক পাৰম্পৰিক ধাৰণাৰে আমি ভাৰতীয় অৰ্থনীতিক যদি চাবলৈ যাওঁ, তেন্তে আমাৰ এনে ভাব হ'ব যেন ভাৰতীয় অৰ্থনীতিৰ উন্নয়ন এক সন্তুোষজনক স্থিতিত আছে আৰু বিশ্বৰ আন যি কোনো উন্নয়নশীল অৰ্থনীতিতকৈ দ্ৰুতগতিত বৃদ্ধি পাইছে। শেহতীয়াকৈ আমি আনন্দ লভাৰ তেনে এক কল্পনাপ্ৰসূত ধাৰণা হ'ল যে আমি গ্ৰেট বৃটেইনৰ অৰ্থনীতিৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি)ক অতিক্ৰম কৰি বিশ্বৰ ভিতৰতে পঞ্চম সৰ্ববৃহৎ জিডিপিৰ দেশ হিচাপে পৰিগণিত হৈছোঁ। আপাত দৃষ্টিত ই এক সুখবৰ। কিন্তু প্ৰকৃতাৰ্থত জিডিপিৰ ক্ষেত্ৰত এই সফলতাক লৈ আত্মতুষ্টি লভাৰ কোনো কাৰণ নাই। কিয়নো প্ৰকৃত অৰ্থনৈতিক বিকাশৰ ছবিখন কেৱল সম্পদ সৃষ্টি আৰু বিকাশতে নিহিত নাথাকে, থাকে ৰাষ্ট্ৰত বাস কৰা লোকসকলৰ সামগ্ৰিক বিকাশত।সম্পদৰ প্ৰকৃত মূল্য, মানুহৰ জীৱনধাৰণৰ মানদণ্ড, শিক্ষাৰ ন্যূনতম ব্যয়, স্বাস্থ্যখণ্ডৰ ন্যূনতম ব্যয় আৰু কিছু সঞ্চয়ত প্ৰতিফলিত হ'ব লাগে। কিন্তু সম্প্ৰতি দেশৰ অৰ্থনৈতিক ব্যৱস্থা সকলো দিশৰ পৰাই সুস্থিৰ আৰু উন্নয়নমূলক বুলি দেশৰ জনতাক প্ৰতিপন্ন কৰোৱাৰ ক্ষেত্ৰত শাসকগোষ্ঠীয়ে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। কিন্তু মূল প্ৰসংগটো 'বাহিৰে ৰংচং, ভিতৰে কোৱাভাতুৰীৰ' দৰে। অৰ্থাৎ প্ৰকৃত সত্যৰ এক পৃথক দৃষ্টিভংগী আছে। দেশত প্ৰতিদিনে খুচুৰা মুদ্ৰাস্ফীতি বৃদ্ধি পাইছে, জনমূৰি ঘৰুৱা উৎপাদন সন্তুোষজনক নহয়, নিবনুৱা সমস্যাই নতুন উচ্চতা স্পৰ্শ কৰিছে। যদি সকলোবোৰ ইমান ভাল অৱস্থাতেই আছে তেন্তে উল্লিখিত মৌলিক সমস্যাসমূহৰ সমাধানৰ পথ কিয় নোলায় ! বহুতৰে জ্ঞাত যে দেশ স্বাধীন হোৱাৰ সময়ছোৱাত ভাৰতীয় টকাৰ মূল্যমান (১টকা) আমেৰিকান ডলাৰৰ মূল্যমানৰ (১ ডলাৰ) সমান আছিল।প্ৰতিটো বছৰ পাৰ হৈ যোৱাৰ লগেলগে ভাৰতীয় মুদ্ৰাৰ মূল্যমান হ্ৰাস হ'বলৈ ধৰিলে আৰু এতিয়া আমি ১ ডলাৰৰ তুলনা প্ৰায় ৮৩ টকা হোৱাৰ পৰ্য্যায়ত উপনীত হৈছোঁহি। এই কথা মানিবই লাগিব যে বছৰে বছৰে আমেৰিকান ডলাৰৰ স্বীকৃতি বাঢ়ি গৈ থাকিল আৰু বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি গ্ৰহণযোগ্য মুদ্ৰা হিচাপে পৰিগণিত হ'ল আৰু এই ক্ষেত্ৰত ভাৰতীয় মুদ্ৰাৰ বাবে আমেৰিকান ডলাৰৰ সৈতে মোকাবিলা কৰা কঠিন হৈ পৰিল ।কিন্তু মুখ্যতঃ ভাৰত এখন আমদানি নিৰ্ভৰশীল দেশ। এই ক্ষেত্ৰত ভাৰতীয় টকাই ১ মাৰ্কিন ডলাৰৰ মূল্যমান ৮৩ টকা স্পৰ্শ কৰাৰ আগতে আমি বা আমাৰ দেশৰ চৰকাৰে কিছুমান প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল। কাৰণ বৰ্তমানৰ শাসন ব্যৱস্থাই এই ক্ষেত্ৰত কেৱল আমাৰ দেশৰ অৰ্থনৈতিক কাৰ্য্যকলাপবোৰই নহয়, আন আনুষংগিক বিভাগসমূহৰ তত্বাৱধানৰ বাবেও বহুতো প্ৰতিষ্ঠান - অনুষ্ঠানৰ সৃষ্টি কৰিছে। নীতি আয়োগ হ'ল তেনে এক প্ৰভাৱশালী প্ৰতিষ্ঠান। কিন্তু ব্যক্তিগতভাৱে মই নীতি আয়োগ মোৰ বাবে এক চৰম হতাশা বুলি ক'ম। মুঠতে আয়োগে যাৱতীয় সকলো প্ৰসংগ সংবাদ মাধ্যমৰ আগত চমু চমুকৈ হ'লেও সদৰি কৰাটো বিচাৰিম, লাগিলে সেয়া পুনঃউৎপাদনশীল হাৰৰ (repo rate ) বিষয়ে হওক, ক'ভিড-১৯ টিকাকৰণৰ স্থিতিৰ বিষয়েই হওক , সেয়া ৫জি স্পেকট্ৰামৰ বিষয়েই হওক নতুবা বেচৰকাৰী সংস্থাৰ পঞ্জীয়নৰ সন্দৰ্ভতেই হওক। আমি যদি নীতি আয়োগৰ বহু বছৰ ধৰা কাৰ্য্যকলাপবোৰ সূক্ষ্মভাৱে বিশ্লেষণ কৰোঁ তেন্তে আমি গম পাম যে প্ৰকৃততে এই অভিজাত সংস্থাটোৱে দেশৰ উন্নয়নমূলক কি কি সাধিলে! ক'ভিড কালত জনসাধাৰণে 'কৰিবলগীয়া'আৰু 'নকৰিবলগীয়া'বোৰতে গুৰুত্ব দি লাগি থকাৰ পৰিৱৰ্তে সংস্থাটোৱে আমাৰ মুদ্ৰাৰ অৱমূল্যায়ন বন্ধ কৰিবলৈ কিছু প্ৰতিৰোধমূলক ব্যৱস্থাৰ পোষকতা কৰিব পাৰিলেহেঁতেন । কিন্তু সংস্থাটোৱে তেনে ধৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰাটো পৰিলক্ষিত নহ'ল। দেশৰ এনে সৰ্বোচ্চ সংস্থা একোটাই যেতিয়া ক'ভিড-১৯ দৰে ব্যাধিৰ ওপৰত পৰামৰ্শ আগবঢ়াবলৈ শিশুৰোগ বিশেষজ্ঞক দায়িত্বভাৰ দিয়ে, তাতোকৈ আৰু আমোদজনক তথা হাস্যকৰ কথা কি হ'ব পাৰে ! আমি সকলোৱে জানো যে মহামাৰী একোটাৰ প্ৰতিৰোধী ব্যৱস্থাৰ ক্ষেত্ৰত মহামাৰী বিশেষজ্ঞসকলহে উপযুক্ত সমল । কিন্তু নীতি আয়োগৰ দৰে সংস্থাক বুজাব কোনে! উন্নত জীৱিকাৰ বাবে দেশৰ জনতাক নিয়োজিত কৰাৰ ক্ষেত্ৰত একোটা সুস্থ-সবল পৰিকল্পনা, নক্সা প্ৰস্তুত কৰা ধৰণৰ নীতিগত পদক্ষেপ গ্ৰহণ কৰা, তেওঁলোকক চাকৰি প্ৰদান কৰা, উন্নত ব্যাৱসায়িক সুযোগ সৃষ্টি কৰা আদি ব্যৱস্থাৰ পোষকতা কৰাৰ বিপৰীতে তথাকথিত সংস্থাটোৱে অপ্ৰাসংগিক কাৰ্য্যিৱলীতহে নিজকে নিয়োগ কৰিছে, যাৰ বাবে তেওঁলোক আনকি উপযুক্তভাৱে সবল নহয়।
সামান্থা আক্কিনেনী (ইংৰাজীঃ Samantha Akkineni) ১৯৮৭ চনৰ ২৮ এপ্ৰিলত জন্মগ্ৰহণ কৰা এজন ভাৰতীয় অভিনেত্ৰী। তেওঁৰ জন্মসূত্ৰে নাম আছিল সামান্থা ৰুথ প্ৰভু।[5][6] তেওঁ তেলেগু আৰু তামিল ফিল্ম ইণ্ডাষ্ট্ৰিৰৰ পৰাই অভিনয় জগতৰ কেৰিয়াৰ গঠন কৰে। তেওঁ চাৰিবাৰকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়।[7][8][9][10] তেওঁ দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ জগতত এজন নেতৃস্থানীয় অভিনেত্ৰী হিচাপে নিজকে গঢ়ি তুলিছে।
প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ক্ষমা প্রার্থনা আৰু কৃষি আইন বাতিলৰ আচম্বিত ঘোষণাই দেশখন মোদীময় কৰি তোলাত ব্যর্থ হোৱাৰ কাৰণ কি? অনাগত দিনৰ ৰাজনীতিত ইয়াৰ কেনে প্রভাৱ পৰিব পাৰে? ইয়াৰ পূর্বে বর্তমানৰ উপ-ৰাষ্ট্রপতি এম ভেংকায়া নাইডুৰ কথা এষাৰলৈ মন কৰিব পাৰি। তেতিয়া তেওঁ নৰেন্দ্র মোদী নেতৃত্বাধীন মন্ত্রীসভাৰ সদস্য আছিল। তেওঁ কৈছিল, নৰেন্দ্র মোদীয়ে 'ৰোল বেক'ত বিশ্বাস নকৰে। তেওঁ ৰোল বেক প্রধানমন্ত্রী নহয়। তৎক্ষণাৎ সিদ্ধান্ত গ্রহণ নকৰে। যথেষ্ট সময় লয় আৰু এবাৰ সিদ্ধান্ত গ্রহণ কৰাৰ পিছত প্রত্যাহাৰ কৰিব নিবিচাৰে। প্রধানমন্ত্রী হিচাপে নৰেন্দ্র মোদীৰ কাম-কাজৰ বিশ্লেষণ কৰিলে এম ভেংকায়া নাইডুৱে কোৱা কথাখিনি মর্মে মর্মে উপলব্ধি কৰিব পাৰি। জম্মু-কাশ্মীৰৰ বিশেষ সাংবিধানিক মর্যাদা প্রত্যাহাৰ, নাগৰিকত্ব সংশোধনী আইন গৃহীতকৰণ আদিত তেওঁ কাৰো ওচৰত নতি স্বীকাৰ কৰা নাই। অথচ প্রায় সমগ্র দেশখন আন্দোলনৰ জুইত জাহ যাবলৈ ওলাইছিল। বিশেষকৈ নাগৰিকত্ব সংশোধনী বিধেয়কখন দুয়ো সংসদত গৃহীত হোৱাৰ সময়ত চাৰিওফালে আন্দোলন-প্রতিবাদৰ লহৰ উঠিছিল। দিল্লীত অবর্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছিল। আন্তর্জাতিক মহলতো তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছিল। কিন্তু প্রধানমন্ত্রী নৰেন্দ্র মোদীক একোৱেই বিচলিত কৰিব নোৱাৰিলে। টলাব নোৱাৰিলে। নিজৰ স্থিতিত অটল হৈয়েই থাকিল। কৃষি আইন প্রত্যাহাৰৰ ক্ষেত্রত এনে কি ঘটনা ঘটিল যে আচম্বিতে প্রত্যাহাৰ কৰা হ'ব বুলি ঘোষণা কৰিবলগীয়া হ'ল। তদুপৰি ঘোষণাটো আছিল সম্পূর্ণ একপক্ষীয়। আন্দোলনকাৰী কৃষকৰ সৈতে কোনোধৰণৰ আলোচনা হোৱা নাছিল। আন্দোলনকাৰী কৃষকৰ মনৰ বতৰা নোলোৱাকৈ, কোনো ধৰণৰ চুক্তিত স্বাক্ষৰ নকৰাকৈ আন্দোলন এটাৰ মূল দাবীক কিয় এইদৰে মানি লোৱা হ'ল? কৃষক আন্দোলনটো সাধাৰণ আন্দোলন নাছিল। এইটো প্রায় ডেৰ বছৰ ধৰি চলা এটা আন্দোলন। সাতশ লোকৰ মৃত্যু হৈছে।হাজাৰৰো অধিক গোচৰ পঞ্জীভুক্ত হৈছে। শাসক দলৰ যথেষ্টসংখ্যকৰ মতে আন্দোলনটোৰ আঁৰত আছে খালিস্তানী উগ্রপন্থী। খালিস্তানী উগ্রপন্থীৰ কথা ওলালে পাকিস্তানৰো কথাও আহে। সকলোৱে জানে খালিস্তানী উগ্রপন্থীক ধন, অস্ত্র আদিৰে সহায় কৰা দেশখন হৈছে পাকিস্তান। তেনে আন্দোলন এটাক একপক্ষীয়ভাৱে সমাপ্তি ঘটোৱাৰ চেষ্টা চলোৱা হ'ল কিয়? প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ হিচাপ-নিকাচত কিবা গণ্ডগোল হ'ল নেকি? কৃষি আইন তিনিখন বাতিলৰ ঘোষণা কৰাৰ লগে লগে বিৰোধীয়ে চৰকাৰ আৰু তেওঁৰ ওপৰত আক্রমণ কৰাৰ সুযোগ এটা পাব, কথাটো প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে নিশ্চয় অনুভৱ নকৰাকৈ থকা নাই বা নাছিল। আন্দোলনটোত কেন্দ্রীয় চৰকাৰ আৰু শাসক দলৰ মনোভাব কেনে আছিল, আন্দোলনটোক তেওঁলোকে ৰাজহুৱা মঞ্চত কিদৰে বিশ্লেষণ কৰিছিল, দেশবাসীয়ে জানে। জনসাধাৰণৰ মনত লাহে লাহে বদ্ধমূল ধাৰণা এটা গঢ় লৈছিল যে 'কা'বিৰোধী আন্দোলনটোৰ দৰে এদিন কৃষক আন্দোলনটোও নিজেই শেষ হৈ যাব। চৰকাৰ নিজৰ স্থিতিৰ পৰা এক বিন্দুও পিছহুঁহকি নাহে। আহিলে জনসাধাৰণে চৰকাৰখনক নতুন দৃষ্টিৰে বিশ্লেষণ কৰা আৰম্ভ কৰিব। বিৰোধীয়ে জনসাধাৰণৰ দৃষ্টিত চৰকাৰখনৰ ভাবমূর্তি বিনষ্ট কৰাৰ বাবে উঠিপৰি লাগিব। তদুপৰি, সময়ছোৱা তেনে ধৰণৰ 'ৰিস্ক' লোৱাৰ অনুকূল নহয়। সন্মুখত পাঁচখন ৰাজ্যত বিধানসভা নির্বাচন। তালিকাখনত উত্তৰ প্রদেশো আছে। ভাৰতীয় ৰাজনীতিত প্রদেশখনৰ প্রভাৱ আৰু ভূমিকাৰ কথা সকলোৱে জানে। গতিকে, মোদী মেজিকৰ আশ্রয় লোৱা হওক। কথাটো এনেকুৱা আছিল নেকি? আচম্বিতে ঘোষণা এটা কৰি পূর্বৰ দৰে নিজৰ ভাবমূর্তিক ব্যৱহাৰ কৰি সকলো কথা তল পেলোৱা হওক। তথাপি এটা প্রশ্ণ ৰৈ যায়- কিয়? অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত। ২০১১ চনৰ ৪ মাৰ্চত বাতৰিকাকখন প্ৰথম প্ৰকাশ পায়। কাকতখনৰ সম্পাদক নৰেশ কলিতা। বাতৰি কাকতখনৰ চাৰিটা সংস্কৰণ গুৱাহাটী, ডিব্ৰুগড়, বিশ্বনাথ চাৰিআলি আৰু গোৱালপাৰাৰ পৰা একেসময়তে প্ৰকাশ পায়।
बाइबिल छंद विषय पर: शैतान -> स्वर्गदूत और राक्षस\nस्वर्गदूत और राक्षस: [शैतान]\nআৰু যিৰূচালেমৰ পৰা অহা বিধানৰ অধ্যাপক সকলে ক'লে, "তেওঁৰ গাত বেলচবূব আছে; আৰু ভূতৰ সেই ৰজাৰ দ্বাৰাই তেওঁ ভূতবোৰ খেদায়।"\nশিষ্য যদি গুৰুৰ দৰে আৰু দাস যদি নিজৰ প্ৰভুৰ দৰে হ'ব পাৰে, সেয়ে যথেষ্ট। ঘৰৰ গৰাকীকে যেতিয়া তেওঁলোকে বেলচবূব বুলিলে, তেনেহলে তেওঁৰ পৰিয়ালৰ আন সকলোকে কিমান অধিক বুলিব!\nমই যদি বেলচবূবৰ শক্তিৰ সহায়ত ভূতৰ আত্মা খেদাও, তেনেহলে আপোনালোকৰ অনুগামী সকলে কি শক্তিৰ সহায়ত সিহঁতক খেদায়? গতিকে আপোনালোকৰ অনুগামী সকলে আপোনালোকক সঠিক কথা কৈছে নে নাই বিচাৰ কৰিব।\n কিন্তু কিছুমান লোকে কলে, "ভূতৰ ৰজা বেলচবূব ৰ সহায়তহে এওঁ ভূতবোৰক এনেদৰে খেদায়।" আন কিছুমানে তেওঁক পৰীক্ষা কৰিবলৈ স্বৰ্গৰ পৰা কোনো পৰাক্ৰম কাৰ্যৰ চিন বিচাৰিলে। কিন্তু যীচুৱে তেওঁলোকৰ মনৰ ভাব বুজি পায় ক'লে, "যদি কোনো ৰাজ্য নিজৰ বিৰুদ্ধে ভিন ভিন হয়, তেনেহলে সেই ৰাজ্য উছন্ন হয় আৰু এখন ঘৰত যদি নিজৰ ভিতৰতে বিভেদ জন্মে, সেই ঘৰ খনো বিনষ্ট হয়। চয়তান যদি নিজৰ বিৰুদ্ধে ভিন ভিন হয়, তেনেহলে তাৰ ৰাজ্য কেনেকৈ থাকিব? কাৰণ তোমালোকে কৈছা যে, মই বেলচবূব ৰ দ্বাৰাই ভূতবোৰক খেদাও। যদি মই বেলচবূব ৰ দ্বাৰাই ভূতবোৰক খেদাও, তেনেহলে তোমালোকৰ অনুগামী সকলে কাৰ দ্বাৰাই খেদায়? এই কাৰণে তেওঁলোক তোমালোকৰ বিচাৰক হব।\n২ রাজাবলি 1:1-3\n আহাবৰ মৃত্যুৰ পাছত, মোৱাব দেশে ইস্ৰায়েলৰ বিৰুদ্ধে বিদ্ৰোহ-আচৰণ কৰিলে। অহজিয়াই চমৰিয়াত তেওঁৰ ঘৰৰ ওপৰ-কোঁঠালিৰ খিড়িকিয়েদি তললৈ পৰি আঘাত পালে। তেতিয়া তেওঁ কেইজনমান লোকক এইবুলি কৈ পঠাই দিলে যে, "তোমালোকে গৈ ইক্ৰোণৰ দেৱতা বাল-জবুবৰ ওচৰত সোধা, এই আঘাতৰ পৰা মই সুস্থ হ'ম নে নাই।" কিন্তু যিহোৱাৰ দূতে তিচবীয়া এলিয়াক ক'লে, "তুমি গৈ চমৰিয়াৰ ৰজাই পঠোৱা লোকসকলৰ লগত সাক্ষাত কৰি তেওঁলোকক কোৱা, 'ইস্ৰায়েল দেশত জানো ঈশ্বৰ নাই যে, তোমালোকে ইক্ৰোণৰ বাল-জবুবৰ গুৰিত সুধিবলৈ গৈছা?\nচয়তান যদি নিজৰ বিৰুদ্ধে ভিন ভিন হয়, তেনেহলে তাৰ ৰাজ্য কেনেকৈ থাকিব? কাৰণ তোমালোকে কৈছা যে, মই বেলচবূব ৰ দ্বাৰাই ভূতবোৰক খেদাও।\n পাছত তেওঁ এটা ঘৰত সোমাল; আৰু পুনৰায় তাত ইমান মানুহ গোট খালে যে, তেওঁলোকে ভোজন কৰিব নোৱাৰিলে। তেওঁৰ আত্মীয় সকলে যেতিয়া এই কথা শুনিলে, তেতিয়া তেওঁলোকে তেওঁক, 'তেওঁ বলীয়া হ'ল' বুলি কৈ ধৰিবলৈ ওলাই গ'ল। আৰু যিৰূচালেমৰ পৰা অহা বিধানৰ অধ্যাপক সকলে ক'লে, "তেওঁৰ গাত বেলচবূব আছে; আৰু ভূতৰ সেই ৰজাৰ দ্বাৰাই তেওঁ ভূতবোৰ খেদায়।" তেতিয়া যীচুৱে তেওঁলোকক ওচৰলৈ মাতি দৃষ্টান্তেৰে ক'লে, "চয়তানে চয়তানক কেনেকৈ খেদাব পাৰে? যদি কোনো ৰাজ্য নিজৰ বিৰুদ্ধে নিজে ভাগ হৈ যায়, তেনেহলে সেই ৰাজ্য এক হৈ থাকিব নোৱাৰে। আৰু কোনো ঘৰ যদি নিজৰ বিৰুদ্ধে নিজে ভাগ হয়, তেনেহলে সেই ঘৰ এক হৈ থাকিব নোৱাৰে। চয়তানেও যদি নিজৰ বিৰুদ্ধে নিজে থিয় হয়, তেনেহলে সি থাকিব নোৱাৰিব কিন্তু তাৰ গতি অন্ত হব। বলৱান জনক প্ৰথমে নাবান্ধিলে, কোনেও তেওঁৰ ঘৰত সোমাই তেওঁৰ বস্তু লুট কৰিব নোৱাৰে; বান্ধিলেহে তেওঁৰ ঘৰ লুট কৰিব পাৰিব। মই আপোনালোকক স্বৰূপকৈ কওঁ, মনুষ্য-সন্তান সকলৰ সকলো বিধৰ পাপ, আৰু ঈশ্বৰক নিন্দা কৰা যি নিন্দা, এইবোৰ সকলোৰে ক্ষমা হয়; কিন্তু যি কোনোৱে পবিত্ৰ আত্মাৰ নিন্দা কৰে, সেই জনৰ ক্ষমা কোনো কালে নহ'ব; সি অনন্ত পাপৰ অধিকাৰী"। যীচুৱে এই কথা তেওঁলোকক কলে; কাৰণ তেওঁলোকে কৈছিল, "তেওঁৰ গাত অশুচি আত্মা আছে।"\n২ রাজাবলি 1:16\nতেওঁ ৰজাক ক'লে, "যিহোৱাই এই কথা কৈছে, 'আপুনি ইক্ৰোণৰ দেৱতা বাল-জবুবৰ ওচৰলৈ লোক পঠাইছিল। ইস্ৰায়েল দেশত জানো সুধিবৰ বাবে ঈশ্বৰ নাই? এনে কাম কৰাৰ কাৰণে যি শয্যাত আপুনি পৰি আছে, সেই শয্যাৰ পৰা আৰু উঠিব নোৱাৰিব; কিন্তু অৱশ্যেই মৃত্যু হ'ব'।"\nকিন্তু ফৰীচী সকলে ক'লে, "সি ভূতবোৰৰ ৰজা চয়তানৰ সহায়ত ভূতক খেদায়।"\nপ্ৰকাশিত বাক্য 21:20\nপ্ৰথম মূল সূৰ্য্যকান্তৰ, দ্বিতীয় নীলকান্তৰ, তৃতীয় তাম্ৰমণিৰ, চতুৰ্থ মৰকতৰ, পঞ্চম বৈদুৰ্য্যৰ, ষষ্ঠ চাৰ্দ্দীয় মণিৰ, সপ্তম স্বৰ্ণমণিৰ, অষ্টম গোমেদকৰ, নৱম পদ্মৰাগৰ, দশম লশুনীয়ৰ, একাদশ পেৰোজৰ, দ্বাদশ কটাহেলাৰ আছিল।\nপাছত এইদৰে ইয়োবলৈ ঘটা আপদবোৰৰ কথা তেওঁৰ তিনি জন বন্ধুৰ কাণত পৰিল। তেওঁলোক হ'ল, তৈমনীয়া ইলীফজ, চুহীয়া বিল্দাদ আৰু নামাথীয়া চোফৰ; তেওঁলোকে এক পৰামৰ্শ হৈ নিজ নিজ ঠাইৰ পৰা আহি তেওঁৰ লগত শোক, আৰু তেওঁক শান্তনা দিবৰ বাবে তেওঁৰ ওচৰলৈ আহিবলৈ সিদ্ধান্ত কৰিলে।\n২ রাজাবলি 1:6\nউত্তৰত তেওঁলোকে ক'লে, "এজন মানুহে আমাৰ লগত সাক্ষাত কৰি ক'লে, 'যি জনে আপোনালোকক পঠিয়াইছে, আপোনালোক যেন সেই ৰজাৰ ওচৰলৈ উভটি গৈ তেওঁক জনায়, "যিহোৱাই কৈছে, 'ইস্ৰায়েল দেশত জানো ঈশ্বৰ নাই, আপুনি যে ইক্ৰোণৰ দেৱতা বাল-জবুবৰ গুৰিত সুধিবৰ কাৰণে মানুহ পঠিয়াইছে? সেয়ে আপুনি যি শয্যাত পৰি আছে, তাৰ পৰা পুনৰ নুঠিব, কিন্তু অৱশ্যেই মৃত্যু হ'ব।'"\nআদিতে বাক্য আছিল; বাক্য ঈশ্বৰৰ সৈতে আছিল আৰু সেই বাক্যই স্বয়ং ঈশ্বৰ।\nযদি মই বেলচবূব ৰ দ্বাৰাই ভূতবোৰক খেদাও, তেনেহলে তোমালোকৰ অনুগামী সকলে কাৰ দ্বাৰাই খেদায়? এই কাৰণে তেওঁলোক তোমালোকৰ বিচাৰক হব।\nহাৰোণে অম্মীনাদবৰ জীয়েক নহচোনৰ ভনীয়েক ইলীচেবাক বিয়া কৰিছিল। তেওঁ নাদব, অবীহূ, ইলিয়াজৰ, আৰু ঈথামৰক, জন্ম দিলে।\nনিম্রোদৰ ৰাজত্বৰ প্রথম ঠাইবোৰ আছিল চিনাৰ দেশৰ বাবিল, এৰক, অক্কদ, আৰু কলনি।\nযি সময়ত চিনাৰ দেশৰ ৰজা অম্ৰাফল আছিল, তেতিয়া অৰিয়োক আছিল ইল্লাচৰৰ ৰজা, এলমৰ ৰজা আছিল কদৰ্লায়োমৰ আৰু গোয়ীমৰ ৰজা তিদিয়ল আছিল,\nসেই ব্যক্তিৰ নাম ইলীমেলক আছিল। তেওঁৰ ভাৰ্যাৰ নাম নয়মী, অাৰু তেওঁৰ পুতেক দুজনৰ নাম মহলোন আৰু কিলিয়োন আছিল। তেওঁলোক যিহূদাৰ বৈৎলেহেম নিবাসী ইফ্ৰাথীয়া মানুহ আছিল। তেওঁলোকে মোৱাব দেশলৈ গ'ল আৰু সেই দেশ পোৱাৰ পাছত তেওঁলোকে তাতে বাস কৰিবলৈ ল'লে।\nহখলিয়াৰ পুত্র নহিমিয়াৰ কথাঃ বিশ বছৰৰ কিচ্লেব মাহত মই চুচন নগৰৰ দুৰ্গত থাকোঁতে, এইদৰে হৈছিল।\nৰজা অহচবেৰোচৰ দিনত (ৰজা অহচবেৰোচে ভাৰতবৰ্ষৰ পৰা কুচ দেশলৈকে এশ সাতাইশ খন প্ৰদেশৰ ওপৰত ৰাজত্ব কৰিছিল);\n১ রাজাবলি 1:2\nএই হেতুকে তেওঁৰ দাসবোৰে তেওঁক ক'লে, "আমাৰ প্ৰভু মহাৰাজৰ বাবে এজনী কুমাৰী যুৱতী বিচাৰি চোৱা যাওঁক। তেতিয়া তাই মহাৰাজৰ সন্মূখত থাকি ৰজাৰ আলপৈচান ধৰাৰ লগতে আমাৰ প্ৰভু মহাৰাজৰ গাত উম পাবলৈ তেওঁৰ বুকুত শয়ন কৰিব।"\nপ্ৰকাশিত বাক্য 16:16\nপাছত সিহঁতে ইব্ৰী ভাষাত হৰমাগিদ্দোন বোলা এখন ঠাইত ৰজা সকলক গোট খোৱালে।\nবনৰীয়া জন্তু আৰু ৰাংকুকুৰে তাত লগ হ'ব, আৰু বনৰীয়া ছাগলীয়ে ইটোৱে সিটোৰ বাবে চিঞৰিব। সেই ঠাইত নিশাচৰ জন্তুৱে নিবাস কৰিব, আৰু নিজৰ বাবে বিশ্ৰামৰ ঠাই বিচাৰি পাব।\n তাৰ পাছত যীচু পুনৰ নাম-ঘৰত সোমাল; আৰু তাত হাত শুকাই যোৱা ৰোগী এজন আছিল। বিশ্ৰামবাৰে সেই ব্যক্তি জনক তেওঁ সুস্থ কৰিব নে নকৰে, ইয়াকে লোক সকলে চাই আছিল। আচলতে তেওঁলোকে তেওঁক অপবাদ দিবৰ বাবে কাৰণ বিচাৰি আছিল। তেতিয়া যীচুৱে সেই হাত শুকাই যোৱা ৰুগীয়া মানুহ জনক ক'লে, "উঠা, আৰু সকলোৰে মাজত থিয় হোৱা"। তাৰ পাছত তেওঁ লোক সকলক সুধিলে, "বিধানৰ মতে বিশ্ৰামবাৰে বেয়া কৰ্ম নে, ভাল কৰ্ম কৰা উচিত? আৰু নৰ-বধ কৰিব পায় নে প্ৰাণ ৰক্ষা কৰিব পায়"? কিন্তু তেওঁলোক মনে মনে থাকিল। তেতিয়া তেওঁলোকৰ হৃদয়ৰ কঠিনতা দেখি তেওঁ অসন্তুষ্ট হৈ খঙেৰে চাৰিওফালে চালে আৰু সেই মানুহ জনক ক'লে, "তোমাৰ হাত খন মেলি দিয়া"। তেতিয়া তেওঁ হাত খন মেলি দিলে আৰু যীচুৱে সেই হাত খন পূর্বৰ সুস্থ অৱস্থালৈ আনিলে। তেতিয়া ফৰীচী সকল বাহিৰলৈ ওলাই গৈ হেৰোদীয়া মানুহ সকলৰ সৈতে আলোচনা কৰিলে আৰু তেওঁক বিনষ্ট কৰিবৰ বাবে তেওঁৰ বিৰুদ্ধে মন্ত্রণা কৰিবলৈ ধৰিলে।\n তাৰ পাছত তেওঁলোক যিৰীহো নগৰলৈ আহিল। তেওঁ যি সময়ত নিজৰ শিষ্য সকলৰ সৈতে বহু লোকৰ লগত যিৰিহো নগৰৰ পৰা গৈ আছিল, সেই সময়ত পথৰ দাঁতিত তীময়ৰ পুতেক বাৰতীময় নামৰ এজন অন্ধ ভিখাৰী বহি আছিল। সেই বাটেদি নাচৰতীয়া যীচু আহি থকা বুলি শুনি, তেওঁ আটাহ পাৰি ক'বলৈ ধৰিলে, "হে দায়ুদৰ সন্তান যীচু, মোক দয়া কৰক!" তাতে অন্ধ মানুহ জনক মনে মনে থাকিবলৈ অনেক লোকে ডবিয়ালে; কিন্তু তেওঁ অধিককৈ আটাহ পাৰি ক'লে, "হে দায়ুদৰ সন্তান, মোক দয়া কৰক!" তেতিয়া যীচুৱে থমকি ৰৈ তেওঁক মাতি আনিবলৈ আজ্ঞা দিলে। তেতিয়া লোক সকলে সেই অন্ধক ক'লে- "ভয় নকৰিবা, উঠা! তেওঁ তোমাক মাতিছে।" তাতে তেওঁ নিজৰ কাপোৰ পেলাই, জাঁপ মাৰি উঠি, যীচুৰ ওচৰলৈ আহিল। তেতিয়া যীচুৱে তেওঁক উত্তৰ দি সুধিলে, "মই তোমাৰ বাবে কি কৰাতো তোমাৰ ইচ্ছা?" তাতে সেই অন্ধই তেওঁক ক'লে, "ৰব্বুণি, মই যেন দেখিবলৈ পাওঁ।" তেতিয়া যীচুৱে তেওঁক ক'লে, "যোৱা। তোমাৰ বিশ্বাসেই তোমাক ৰক্ষা কৰিলে।" তেওঁ তেতিয়াই দৃষ্টি পালে আৰু তেওঁ গৈ থকা পথেৰে তেওঁক অনুসৰণ কৰি যাব ধৰিলে।\nনপুংসকসকলৰ অধ্যক্ষই তেওঁলোকৰ নাম সলনি কৰি দানিয়েলক বেলটচচৰ, হননিয়াক চদ্ৰক, মীচায়েলক মৈচক, আৰু অজৰিয়াক অবেদ-নগো নাম দিলে।\n২ রাজাবলি 19:37\nএদিন যেতিয়া চনহেৰীবে নিজৰ দেৱতা নিষ্ৰোকৰ মন্দিৰত পূজা কৰি আছিল, তেতিয়া অদ্ৰমেলক আৰু চৰেচৰ নামেৰে তেওঁৰ দুজন পুতেকে তেওঁক তৰোৱালেৰে আঘাত কৰি বধ কৰিলে; পাছত তেওঁলোক অৰাৰট দেশলৈ পলাই গ'ল। চনহেৰীবৰ পদত তেওঁৰ পুত্ৰ এচৰ-হদ্দোন ৰজা হ'ল।\nতেওঁলোকৰ মাজৰ বৰ জনীৰ নাম অহলা আৰু তাইৰ ভনীয়েকৰ নাম অহলীবা। তেতিয়া তেওঁলোক মোৰ হ'ল আৰু তেওঁলোকে মোলৈ পো-জী প্ৰসৱ কৰিলে। তেওঁলোকৰ নামে এই বুজায়ঃ অহলা মানে চমৰিয়া আৰু অহলীবা মানে যিৰূচালেম।\nএয়েই আছিল হিল্কিয়াৰ পুত্র যিৰিমিয়াৰ বাক্য, যিজনে এই পুস্তক লিখিছিল। তেওঁ বিন্যামীন ফৈদৰ প্ৰদেশত থকা অনাথোৎ নিবাসীৰ এজন পুৰোহিত আছিল।\nচেমৰ পুত্রসকল থ'ল এলম, অচুৰ, অৰ্ফকচদৰ, লুদ আৰু অৰাম।\nঅহচবেৰোচ ৰজাৰ ৰাজত্বৰ সময়ত, সেই বিশ্লম, মিত্ৰদাৎ, টাবেল, আৰু তেওঁৰ সহকাৰীসকলে, পাৰস্যৰ অহচবেৰোচ ৰজালৈ এখন পত্র লিখিলে। সেই পত্ৰ অৰামীয়া ভাষাৰে লিখা আৰু অনুবাদ কৰা আছিল।\nফিলিপ আৰু বাৰ্থলময়, থোমা আৰু কৰ সংগ্রহকাৰী মথি, আলফয়ৰ পুতেক যাকোব আৰু থদ্দেয়,\nলেবীয় পুস্তক 11:5\nআৰু চাফন পশু, কিয়নো সিও ঘাঁহ পাগুলে, তথাপি দুফলীয়া খুৰা থকা নহয়, সিওঁ তোমালোকৰ পক্ষে অশুচি।\nদায়ুদৰ পুত্ৰ, যিৰূচালেমত থাকি ৰাজত্ব কৰা উপদেশকৰ কথা।\nযিহোৱাই মোচিক ক'লে, "তুমি নিজৰ বাবে সুগন্ধি দ্ৰব্য, অৰ্থাৎ নাটাফ, নখী, হেল্বনা, এই সকলো সুগন্ধি দ্ৰব্যৰ, আৰু নিৰ্মল কুন্দুৰুৰ প্ৰতিটো সমান পৰিমাণে লোৱা।\nতেওঁ সপ্তৰ্ষি, মৃগশীৰ্ষ, কৃত্তিকা, আৰু দক্ষিণদিশে থকা নক্ষত্ৰ-ৰাশিৰ সৃষ্টিকৰ্ত্তা।\nতেওঁলোকৰ এই প্রস্তাৱ শুনি সকলোৱে সন্তোষ পালে অাৰু তেওঁলোকে তেতিয়া এই লোক সকলক মনোনীত কৰিলে - স্তিফান, তেওঁ বিশ্বাসী আৰু পবিত্ৰ আত্মাৰে পূর্ণ আছিল; ফিলিপ, প্ৰখৰ, নিকানৰ, তীমোন, পার্মিনা আৰু আন্তিয়খিয়াৰ নিকলায় এই ব্যক্তি জনে ইহুদী ধৰ্ম গ্রহণ কৰিছিল।\nপ্ৰকাশিত বাক্য 1:11\nতাতে তেওঁ ক'লে, "তুমি যি দৰ্শন পোৱা, সেইবোৰ পুথিৰ নুৰাত লিখি, ইফিচ, স্মুৰ্ণা, পৰ্গাম, থুয়াতীৰা, চাৰ্দ্দি, ফিলাদেলফিয়া আৰু লায়দিকেয়া, এই সাত মণ্ডলীলৈ পঠাই দিবা।"\n১ রাজাবলি 8:13\nকিন্তু মই সচাঁকৈয়ে তোমাৰ বাবে সাজিলোঁ, এটা বাস কৰা গৃহ, এয়ে যুগে যুগে তোমাৰ বাসস্থান হ'ব।"\nতেতিয়া যীচুৱে তেওঁলোকক ওচৰলৈ মাতি দৃষ্টান্তেৰে ক'লে, "চয়তানে চয়তানক কেনেকৈ খেদাব পাৰে?
জীৱনৰ জয়-পৰাজয়ৰ তিল-তিল ঘটনা-প্ৰবাহবোৰে কেতিয়াবা আপোনাক দিব পাৰে কেৱল দুখৰ দৰিয়া। কিন্তু থমকি ন'ৰৱ, কাৰণ আপুনি যদি নিজৰ ওপৰত বিশ্বাস ৰাখে জয়ী হ'ম বুলি ভাৱে পৰাজয়ৰ কেতিয়াও প্ৰশ্ন নাহে, এনেকুৱা কোনো শক্তি নাই যি মানৱৰ অন্তহীন যাত্ৰাত হেঙাৰ হিচাপে থিয় দিব পাৰে, মানুহ হিচাপে কোনো কাৰোৰে পৰিপূৰক হ'ব নোৱাৰে, সকলো মানুহেই এজনে আন জনৰ পৰা পৃথক, চিন্তাধাৰা পৃথক, গতিকে আপোনাৰ জীৱনৰ বাটকটীয়া হিচাপে লঁওক কেৱল শক্তি।যি শক্তিয়ে চমৎকাৰ কৰিব পাৰে আপোনাক জীৱন, যি শক্তিয়ে শক্তিশালী হোৱাৰ সুযোগ দিব পাৰে নিৰ্দিষ্ট লক্ষ্য আগত ৰাখি আগবাঢ়ি যাব লাগিব লক্ষ্যপ্ৰাপ্তি নোহোৱালৈকে সংগ্ৰাম অব্যাহত ৰাখিব লাগিব। সিদ্ধান্ত কেৱল আপোনাৰ।
Posted on December 13, 2015 December 13, 2015 by bipul bora in সম্পাদকীয়\nৰাস উৎসৱ অসমীয়া সংস্কৃতিৰ এক বিশেষ অংগ । ৰাসে অসমীয়া জন জীৱনত আধ্যাত্মিক দিশটো শক্তিশালী কৰি তুলিছে । ৰাসৰ মাজেৰে অসমীয়াই আত্মাৰ লগত পৰমআত্মাৰ মিলনৰ আখৰা কৰে । অসমত ৰাস শ্ৰীমন্ত শংকৰৰ সত্ৰীয়া সংস্কৃতিৰ অন্যতম উপাদান । ই আজি শ শ বছৰে মানুহক আধ্যাত্মিক ভাবে শিক্ষিত কৰি তুলিছে । ৰাসৰ মূল উদ্দেশ্য হ'ল এইটোৱেই । ৰাস বুলিলে অসমীয়াৰ প্ৰাণ উঠলি উঠে পৰম আত্মাৰ লগত মিলনৰ হেঁপাহত । এই উৎসৱ পালন কৰি অহা হৈছে হাজাৰ বছৰীয়া পৰম্পৰাৰে । শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ উত্তৰসুৰি সকলে ৰাসক বৈষ্ণৱ আন্দোলনত এক উচ্চ স্থান প্ৰদান কৰিলে । উজনি অসমত নাট্য চৰ্চা মাধ্যমেৰে ভগৱান শ্ৰী কৃষ্ণৰ চৰিত্ৰটো জনমানসত প্ৰতিষ্ঠাৰ চেষ্টা কৰা হয় । আত্মা আৰু পৰম আত্মাৰ প্ৰতীক স্বৰূপে গোপী কৃষ্ণৰ মিলন প্ৰদৰ্শন কৰি জন জীৱনক আধ্যাত্মিক জ্ঞান প্ৰদান কৰে । কিন্তু এই হাজাৰ বছৰীয়া পৰম্পৰা যিটো শংকৰদেৱে উচ্চ ভাৱে প্ৰতিষ্ঠা কৰিছিল । সেই পৰম্পৰাত কিন্তু বৰ্তমান ঘূণে ধৰিছে । যোৱা কেইটামান বছৰত আমি দেখিছো ৰাসৰ নাট্য প্ৰদৰ্শনকে আদি কৰি উৎসৱটিত ব্যৱসায়িক চিন্তাই ক্ষতিকাৰক ভাবে প্ৰৱেশ কৰিছে । স্থানীয় শিল্পীৰ অহোপুৰুষাৰ্থ প্ৰচেষ্টাৰে মহীয়ান হৈ থকা ৰাসৰ নাট্য প্ৰদৰ্শনত এতিয়া ব্যৱসায়িক চিন্তাৰে গ্লেমাৰ যুক্ত শিল্পীৰ প্ৰৱেশ ঘটিছে । তেওঁলোকৰ গ্লেমাৰটোৱেই ইয়াৰ মূল আকৰ্ষণ । প্ৰয়োজনীয় অখৰাখিনি নকৰাকৈ এই সকল শিল্পী মঞ্চত প্ৰৱেশ কৰে বাবে তেওঁলোকৰ অভিনয় সচেতন দৰ্শকৰ বাবে দৃষ্টিকটু হৈ পৰে ।\nবিহু মঞ্চৰ দৰে লাখটকীয়া শিল্পীৰ সস্তীয়া মনোৰঞ্জনৰ দৰে হবগৈ ছাগে ৰাসৰ মঞ্চও । ই নিশ্চয় চিন্তনীয় বিষয় । ইয়াৰ উপৰিও কিছুসংখ্যক অপৈণত শিল্পীয়ে ৰাসৰ নাট্যধাৰাত আধুনিক প্ৰযুক্তিৰ অপ্ৰয়োগৰ চেষ্টা চলাইছে । সস্তীয়া জনপ্ৰিয়তা বিচাৰি দৰ্শকৰ মন আকৰ্ষণৰ বাবে কিছু ঠাইত নাটৰ মাজত প্ৰজেক্টৰ ব্যৱহাৰ কৰিছে যিটোৱে অসমীয়া সত্ৰীয়া নাট্য ধাৰাটোকে বিকৃত কৰিছে । এনেবোৰ কাৰ্যই আমাৰ পৰম্পৰাৰ সক্ৰিয়তা ৰাখিবনে ?\nএইবাৰ আন এটি দুখবৰ পালো, সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ এখন বিশেষ ৰাসমণ্ডপৰ লগত মদ আৰু জুৱাৰ মুকলি বেহা বহিছে । এক আধ্যাত্মিক অনুষ্ঠানত মদ আৰু জুৱাৰ প্ৰচলনে কি সুচাই ! ই জাতি টোকে ধ্বংস নকৰিবনে ?\nমুনমি বুঢ়াগোঁহাই । লংকাক গোঁহাই গাওঁ , শিৱসাগৰ ।\nবিধৱা (চুটি গল্প)
তিনিচুকীয়া জিলাৰ পেঙেৰীত আজি এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোৰ ফলত এখন যাত্ৰীবাহী বাছৰ ২০ জন লোক আহত হ'ব লগা হয়। আহত সকলক ডিগবৈ অসামৰিক চিকিৎসালয় আৰু পেঙেৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে ইয়াৰে গীতা ছেত্ৰী নামৰ যুৱতী গৰাকীৰ অৱস্থা সংকটজনক হৈ পৰাত তেওঁক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। ঘটনা সন্দৰ্ভত এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে সংবাদ মাধ্যমক জনোৱা মতে যাত্ৰীবাহী বাছখনৰ সন্মুখত এখন দ্ৰুত বেগী মটৰ চাইকেল আহি যোৱাত মটৰ চাইকেলখনক বচাবলৈ গৈ বাছৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই এই দুৰ্ঘটনাটো সংঘটিত কৰে। শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি ফুটবল সম্ৰাট পেলে; কেনে আছে কিংবদন্তি খেলুৱৈগৰাকী? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
Share this: সৌৰ শক্তি ক্ষেত্ৰত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে এক ডাঙৰ চুক্তি কৰিছে। ৰিলায়েন্স নিউ এনাৰ্জি ছ'লাৰে (Reliance New Energy Solar) দেওবাৰে (১০ অক্টোবৰ) প্ৰকাশ কৰা অনুসৰি ৫৭৯২ কোটি টকাত ($771 million) আৰইচি সৌৰ হোল্ডিংছ (REC Solar Holdings) অধিগ্ৰহণ কৰিছে। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড (RIL)ৰ সম্পূৰ্ণ মালিকানাধীন সহায়ক কোম্পানী ৰিলায়েন্স নিউ এনাৰ্জি ছ'লাৰ লিমিটেডে (RNESL) চাইনা নেচনেল ব্লুষ্টাৰ (গ্ৰুপ) কোম্পানী লিমিটেডৰ পৰা আৰ.ই.চি. ছ'লাৰ হোল্ডিংছ এ.এছৰ ১০০ শতাংশ অংশ অধিগ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে। এই তথ্য ৰিলায়েন্স নিউ এনাৰ্জি ছ'লাৰে বিএছই ফাইলিঙত দিছিল। ৰিলায়েন্সৰ নিউ এনাৰ্জি ভিজনৰ বাবে বিশ্বব্যাপী ফটোভল্টিক (পিভি) মেনুফেকচাৰিং প্লেয়াৰ নিৰ্মাণৰ বাবে এই অধিগ্ৰহণ অতি গুৰুত্বপূৰ্ণ। এই অধিগ্ৰহণে ৰিলায়েন্স গ্ৰুপক ২০৩০ চনৰ ভিতৰত সৌৰ শক্তিৰ ১০০ গিগাৱাট উৎপাদনৰ লক্ষ্য প্ৰাপ্ত কৰাত সহায় কৰিব। এই বছৰৰ ভিতৰত ভাৰতে ৪৫০ গিগাৱাট নৱীকৰণযোগ্য শক্তি উৎপাদন কৰাৰ লক্ষ্য ৰাখিছে। নৰৱেৰ মুখ্য কাৰ্যালয়ত REC ১৯৯৬ চনত স্থাপিত হৈছিল। ইয়াৰ কাৰ্যকৰী মুখ্য কাৰ্যালয় ছিংগাপুৰত আছে। লগতে উত্তৰ আমেৰিকা, ইউৰোপ, অষ্ট্ৰেলিয়া আৰু এছিয়াত ইয়াৰ আঞ্চলিক কেন্দ্ৰও আছে। কোম্পানীটোৰ ৬০০ৰো অধিক ইউটিলিটি আৰু ডিজাইন পেটেন্ট (ইউটিলিটি আৰু ডিজাইন পেটেন্ট) আছে, যাৰ ভিতৰত ৪৪৬খন অনুমোদিত হৈছে। আৰইচিয়ে মূলত গৱেষণা আৰু বিকাশক গুৰুত্ব দি অহা এটা কোম্পানী। ৰিলায়েন্সে জামনগৰৰ ধীৰুভাই আম্বানী গ্ৰীন এনাৰ্জী গিগা কমপ্লেক্সত ইয়াৰ চিলিকন-টু-পিভি-পেনেল গিগা ফেক্টৰীত আৰইচি ছ'লাৰৰ প্ৰযুক্তি ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে। এইটো প্ৰতি বছৰে ৪ গিগাৱাট ক্ষমতাৰে আৰম্ভ হ'ব। সময়ৰ লগে লগে ইয়াক বছৰি ১০ গিগাৱাট ক্ষমতালৈ বৃদ্ধি কৰা হ'ব। ভাৰতীয় উপমহাদেশত আৰইচি ছ'লাৰৰ ক্ষমতা ৫,০০০ মেগাৱাট। আৰইচিৰ ৱেবছাইটত দাবী কৰা হৈছে যে ইয়াৰ ছাদত লগোৱা পেনেলবোৰ কমেও ২৫ বছৰ ধৰি চলিব পাৰে। এই অধিগ্ৰহণ সন্দৰ্ভত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানি ( Mukesh Ambani )য়ে কয়- "মই আৰ ই চিৰ অধিগ্ৰহণত অত্যন্ত সুখী, কিয়নো ই সূৰ্য দেৱৰ সীমাহীন আৰু বছৰজোৰা সৌৰ শক্তি ব্যৱহাৰ কৰাত সহায় কৰিব। দশকটো শেষ হোৱাৰ আগতে ৰিলায়েন্সৰ ১০০ গিগাৱাট পৰিষ্কাৰ আৰু সেউজ শক্তি সৃষ্টিৰ লক্ষ্য প্ৰাপ্ত কৰাৰ বাবে নতুন আৰু উন্নত প্ৰযুক্তি আৰু কাৰ্যকৰী ক্ষমতাত বিনিয়োগ কৰাৰ ৰিলায়েন্সৰ ৰণনীতিৰ সৈতে এই অধিগ্ৰহণ সামঞ্জস্যপূৰ্ণ। প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে ২০৩০ চনৰ ভিতৰত ভাৰতত ৪৫০ গিগাৱাট নৱীকৰণযোগ্য শক্তি উৎপাদন কৰাৰ লক্ষ্য ৰাখিছে আৰু ইয়াক প্ৰাপ্ত কৰাৰ ক্ষেত্ৰত একক কোম্পানীৰ আটাইতকৈ ডাঙৰ অৱদান হ'ব। ই ভাৰতক জলবায়ু সংকটৰ পৰা পুনৰুদ্ধাৰ কৰাত আৰু সেউজ শক্তিৰ ক্ষেত্ৰত বিশ্বনেতা হোৱাত সহায় কৰিব।" ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানিয়ে ৪৪তম এজিএমত নতুন শক্তিৰ বিষয়ে কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছিল। তেওঁ কৈছিল যে কোম্পানীটোৱে ইয়াৰ পৰিৱেশ-অনুকূল পদক্ষেপৰ অধীনত ৪ গিগা ফেক্টৰী স্থাপন কৰিব। কোম্পানীটোৱে ২০২১ চনত আৰ.আই.এল. নেতৃত্বৰ সৈতে New Energy Biz মুকলি কৰাৰ পৰিকল্পনা কৰিছে। ইয়াত RILৰ নেতৃত্ব থাকিব। আঁচনিখনৰ অধীনত কোম্পানীটোৱে ধীৰুভাই আম্বানি সেউজ শক্তি গিগা কমপ্লেক্স স্থাপন কৰিব, যাৰ অধীনত ৪টা কাৰখানা স্থাপন কৰা হ'ব। সিদ্ধাৰ্থ শুক্লা ২০২১ চনৰ আটাইতকৈ বেছি Search কৰা Celebrity ! জানক তালিকাত কোন কোন আছে, কোহলীয়ে কি স্থান পালে ? CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the intellectual property rights of Cable News Network in respect of them. © Copyright Network18 Media and Investments Ltd 2016. All rights reserved.
গৰ্ভৱতী মহিলাসকলে Ethanol লোৱাৰ পূৰ্বে চিকিতসকৰ পৰামৰ্শ লোৱা উচিত। আপুনিও যদি সেয়া নকৰে তেন্তে আপোনাৰ দেহত ইয়াৰ গম্ভীৰ পাৰ্শ্ব-প্ৰতিক্ৰিয়া হব। Ethanol গ্ৰহণ কৰাৰ পিছত স্তন্যপায়ী মহিলাসকলে গম্ভীৰ সমস্যাত ভূগিব পাৰে। গতিকে প্ৰথমে আপোনাৰ চিকিতসকৰ পৰামৰ্শ নোলোৱাকৈ এই ঔষধটো গ্ৰহণ নকৰিব, নহলে এইটো আপোনাৰ বাবে বিপদজনক হব পাৰে। Ethanolএ বৃক্কত ক্ষতিকাৰক প্ৰভাৱ পেলাব পাৰে। আপুনি যদি তেনেকুৱা প্ৰভাৱ অনুভৱ কৰে তেন্তে এই ঔষধটো গ্ৰহণ কৰা বন্ধ কৰক আৰু চিকিতসকৰ পৰামৰ্শৰ পিছতহে পুনৰ আৰম্ভ কৰক। Ethanol গ্ৰহণ কৰাৰ পিছত আপোনাৰ কলিজা ত পাৰ্শ্ব-প্ৰতিক্ৰিয়া অনুভৱ কৰিব পাৰে। যদি এয়া হয় তেন্তে ইয়াৰ ব্যৱহাৰ বন্ধ কৰিব। আপোনাৰ চিকিতসকৰ পৰামৰ্শ লওক আৰু তেখেতে কোৱা অনুসৰি কৰক। Ethanol গ্ৰহণ কৰাৰ পিছত হৃদয় ত প্ৰতিকূল প্ৰভাৱ পৰিব পাৰে। আপুনি আপোনাৰ দেহত যদি কোনো পাৰ্শ্ব-প্ৰতিক্ৰিয়া দেখা পায় তেন্তে এই ঔষধটো গ্ৰহণ কৰা বন্ধ কৰক। কেৱল আপোনাৰ চিকিতসকে পৰামৰ্শ দিলেহে পুনৰ আৰম্ভ কৰিব। আপুনি Ethanol সেৱনৰ সময়ত কেতবোৰ খাদ্য সেৱনৰ ফলত দৰৱে কাম কৰাৰ ক্ষেত্ৰত বেছি সময় ল'ব পাৰে। আপুনি ডাক্তৰৰ পৰামৰ্শ অনুসৰণ কৰক। এই বিষয়ত এতিয়ালৈ কোনো গৱেষণা হোৱা নাই। সেয়ে Ethanolৰ সৈতে মদ্যাপন কৰাৰ ক্ষেত্ৰত প্ৰভাৱক লৈ এতিয়ালৈ পাৰ্শ্চক্ৰিয়াৰ বিষয়ে জনা হোৱা নাই।
লিঅ' টল'ষ্টয়ে বিবাহ সম্পৰ্কে পুত্ৰলৈ লিখা এখন চিঠি ।\nHomeঐতিহাসিক চিঠিলিঅ' টল'ষ্টয়ে বিবাহ সম্পৰ্কে পুত্ৰলৈ লিখা এখন চিঠি ।\ntranslatorsassam July 18, 2020\nতোমাৰ বিবাহৰ পূৰ্বে\n(পুত্ৰলৈ বুলি লিঅ' টল'ষ্টয়ে লিখা এখন চিঠি)\nঅনুবাদ- কিন্নৰী ডেকা।\nমোৰ প্ৰিয় বন্ধু ইলিয়া। টানিয়ালৈ বুলি লিখা তোমাৰ চিঠিখন ইতিমধ্যে আহি পাইছে। মই দেখিছোঁ যে তুমি ক্ৰমাৎ নিজৰ লক্ষ্যৰ দিশত উপনীত হ'বলৈ গৈ আছা। মই তোমালৈ বুলি কিছু কথা লিখিব বিচাৰিছোঁ......... যিহেতু, তুমি তাইক মোৰ ধাৰণা সম্বন্ধে জনাবা বুলি মোৰ অকণো সন্দেহ নাই।\nমই ভাবো যে এইটো এটা সোণালী সুযোগ, যাক মই ভয় আৰু আনন্দ দুয়োটাৰে সৈতে গ্ৰহণ কৰিছোঁ। মই মাথো এয়াই ভাবো যে - যদিহে ব্যক্তি এজনে কেৱল মাত্ৰ সুখ-সন্তোষ আদিৰ বাবে বিবাহৰ বাবে আগবাঢ়ে, তেন্তে তাৰ পৰিণতি স্বৰূপে কেতিয়াওঁ একো ভাল ফলাফলে দেখা নিদিয়ে। অইন সকলো বস্তুক একাষৰীয়াকৈ ৰাখি এজন ব্যক্তিয়ে যদিহে জীৱনত বিবাহকেই একমাত্ৰ মূল লক্ষ্যৰ স্থান দিয়ে - তেন্তে, এই ক্ষেত্ৰত প্ৰিয়জনৰ সৈতে একাত্ম হ'বলৈ কৰা বিবাহেই আটাইতকৈ ডাঙৰ ভুল এটা হৈ ধৰা দিয়ে। তুমি ভালকৈ ভাবি চালে দেখিবা ইয়েই প্ৰকৃত সত্য, যদিহে লক্ষ্য মাথো বিবাহ হয়, তেন্তে যোৱা, নিশ্চয় বিবাহত আবদ্ধ হোৱা। কিন্তু, তাৰ পাছৰখিনি কি? যদিহে বিবাহৰ পূৰ্বে তোমাৰ জীৱনত অইন একো মহৎ উদ্দেশ্য বা লক্ষ্য নাথাকে, তেন্তে পাছলৈ তোমালোক দুয়োজনৰ বাবে এটা লক্ষ্য নিৰ্ধাৰণ কৰাটো বৰ্তমানতকৈ অধিক জটিল কাম হ'ব।\nমানুহে সাধাৰণতে বিবাহপাশত আবদ্ধ হয় আৰু, এই কথাবোৰ পাহৰি যায়।\nইয়াৰ পিছত বিভিন্ন সুন্দৰ মুহূৰ্তই তেওঁলোকৰ বাবে অপেক্ষা কৰি থাকে : বৈবাহিক জীৱন, সতি-সন্তানৰ জন্ম........ । এই মুহূৰ্ত, ঘটনাবোৰে নিজে-নিজেই যেন জীৱনৰ সুন্দৰ নিৰ্মাণ কৰে, কিন্তু দুৰ্ভাগ্যবশতঃ , ই হৈছে মানুহৰ এক ভয়ংকৰ ভ্ৰান্ত ধাৰণা।\nযিসকল পিতৃ-মাতৃয়ে অন্য কোনো উদ্দেশ্য নথকাকৈ দিনৰ পিছত দিন কেৱল সন্তানক ডাঙৰ-দীঘল কৰাৰ বাবে জীৱন অতিবাহিত কৰে আৰু জীৱনৰ প্ৰকৃত সাৰমৰ্ম বুজিবলৈ চেষ্টা কৰিবলৈওঁ এৰি দিয়ে, তেওঁলোকে শাস্তি স্বৰূপে জীৱনটোত কি কৰিবলৈ জীয়াই আছে তাকে ভাবি কটাবলগীয়া অৱস্থাৰ সন্মুখীন হয়। তেওঁলোকে এই প্ৰশ্নটো কৰিবলৈ হয়তো এৰি দিব পাৰে কিন্তু প্ৰকৃততে ইয়াৰ পৰা পলাই সাৰিব নোৱাৰে কিয়নো, যদিওঁ তেওঁলোকৰ হাতত সন্তানৰ পথ-প্ৰদৰ্শন কৰিবলৈ একো সম্বল নাথাকে তথাপি তেতিয়াওঁ তেওঁলোকে সন্তানক প্ৰতিপালন, শিক্ষা আৰু মাগদৰ্শন কৰি থাকিবলগীয়া হয়। অন্যধৰণে ক'বলৈ গ'লে এওঁলোকে সন্তানক প্ৰকৃতাৰ্থত একো মূল্যবান শিক্ষা দিব নোৱাৰে। আৰু লাহে লাহে এই পিতৃ-মাতৃসকলে মানুহৰ স্বাভাৱিক গুণাগুণ আৰু জীৱনৰ সুখ হেৰুৱাই কেৱল সন্তানৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে, অৰ্থাৎ তেওঁলোক পশু-পক্ষীৰ দৰে হৈ পৰে।\nসেইবাবেই মই ভাবো যে যিসকল ব্যক্তি বিবাহৰ বাবে সাঁজু (যিহেতু তেওঁলোকে ভাবে যে তেওঁলোক ইয়াৰ বাবে সাঁজু), নিজৰ চিন্তাধাৰাবোৰৰ বিষয়ে তেওঁলোকে নিজকে অধিক সচেতন কৰি তোলাৰ প্ৰয়োজন।\nইয়াক নিশ্চিত কৰিবৰ বাবে তুমি সেইবোৰ অৱস্থা আৰু পৰিস্থিতিক মনত ৰাখি চলিব লাগিব যিবোৰৰ সৈতে তুমি মোকাবিলা কৰিবলগীয়া হৈছিল বা এতিয়াওঁ কৰিবলগীয়া হয়। জীৱনত কোনবোৰ কথাক তুমি দৰকাৰী আৰু কোনবোৰ কথা অদৰকাৰী বুলি ভাবা তাক নিশ্চিত কৰি ল'ব লাগিব। এইটোৱো জানি উঠিব লাগিব যে তুমি কি বিশ্বাস কৰা, কোনবোৰ কথা তুমি শাশ্বত আৰু অপৰিবৰ্তনীয় সত্য বুলি ভাবা আৰু কোনবোৰ কথাই জীৱনত তোমাৰ মাগদৰ্শন কৰি আহিছে। আৰু এইবোৰ মাত্ৰ বিচাৰি চিনাক্ত কৰিলেই নহ'ব। জীৱনটোত এই সকলোবোৰৰ অভ্যাসো কৰিব লাগিব। বাস্তৱিক জীৱনত ই কেনেদৰে প্ৰভাৱ পেলায় তাকো জানিব লাগিব। কিয়নো, যেতিয়ালৈ তুমি বস্তু এটাৰ ওপৰত পূৰ্ণভাৱে বিশ্বাস কৰিবলৈ নোলোৱা তেতিয়ালৈ তুমি তাক জানা নে নাজানা এইটো সঠিককৈ ক'ব নোৱাৰা।\nমই তোমাৰ বিশ্বাসক জানোঁ। আৰু এই বিশ্বাস বা ইয়াৰ অন্তৰ্নিহিত সাৰমৰ্ম বোৰেই তোমাৰ কৰ্মৰ মাজেৰে প্ৰকট হ'ব লাগিব। যি ধৰণে আগেয়ে কেতিয়াওঁ হোৱা নাছিল তেনেদৰে ব্যৱহাৰিক দিশত ই ফুটি উঠিব লাগিব।\nতোমাৰ বিশ্বাসে কয় যে তোমাৰ কল্যাণ সেইসকলৰ ওপৰত নিৰ্ভৰ কৰে যিয়ে তোমাক ভাল পায় আৰু যাক তুমি ভাল পোৱা। মোৰ তিনিটা কৌশল আছে, যাক মই সদায় ইয়াক লাভ কৰিবলৈ ব্যৱহাৰ কৰোঁ। এই কৌশলবোৰ অভ্যাস কৰা কাৰ্য্যটো কেতিয়াওঁ পৰ্যাপ্ত হৈ নুঠে। বৰঞ্চ তুমি আগতকৈও অধিক অভ্যাস কৰিবলগীয়া হয়।\nপ্ৰথমতে, মানুহক ভাল পাবলৈ বা প্ৰতিদানত তেওঁলোকৰ ভালপোৱা অৰ্জন কৰিবলৈ, তুমি তেওঁলোকৰ পৰা যিমান সম্ভৱ ক্ষুদ্ৰতকৈও ক্ষুদ্ৰতমহে আশা-প্ৰত্যাশা (Expectations) ৰাখিবলৈ অভ্যস্ত হ'ব লাগিব। যদিওবা ই এক চেলেঞ্জ হৈ থিয় দিব পাৰে, তথাপিতো। উদাহৰণস্বৰূপে, যদিহে মই তেঁওলোকৰ পৰা অধিক আশা-প্ৰত্যাশা ৰাখো তেন্তে খুউব সম্ভৱ যে মই প্ৰায়ে হতাশাত ভুগিবলৈ ল'ম আৰু লাহে লাহে মই তেওঁলোকক ভাল পাবলৈ এৰি তিৰস্কাৰ কৰিবলৈ ল'ম।\nদ্বিতীয়তে, মানুহক কেৱল শব্দৰেই নহয় বৰঞ্চ কৰ্মৰেও, ভাল পাওঁ বুলি বুজাবলৈ তুমি এনেকুৱা কাম কৰিব লাগিব যাৰ দ্বাৰা তেওঁলোক উপকৃত হয়। ইয়াৰ বাবে তোমাৰ যথেষ্ট কষ্ট কৰাৰ দৰকাৰ হ'ব। বিশেষকৈ তোমালোকৰ এইটো বয়সত, যেতিয়া মানুহে স্বাভাৱিকভাৱেই এই কথাবোৰ বুজি উঠিবলৈ সক্ষম হয়।\nতৃতীয়তে, ভাল পাবলৈ আৰু ভালপোৱা আৰ্জিবলৈ তুমি কৰুণা, আজ্ঞাকাৰিতা আৰু লগতে কঠোৰ ব্যক্তি আৰু কঠোৰ পৰিস্হিতিৰ সৈতে মোকাবিলা কৰিবলৈ শিকিব লাগিব। অন্যধৰণে যদি কওঁ, - তুমি তেওঁলোকৰ প্ৰতি কেনেধৰণৰ ব্যৱহাৰ কৰিব লাগিব এই কলাটো আয়ত্ব কৰিব লাগিব যাতে তোমাৰ ব্যৱহাৰে তেওঁলোকক দুখী নকৰে বা আঘাত নিদিয়ে। এইটোৱে হৈছে আটাইতকৈ কঠিন কাম যিটো কাম তুমি ৰাতিপুৱা শুই উঠাৰ পৰা আৰম্ভ কৰি ৰাতি শুবলৈ যোৱা পৰ্যন্ত কৰিবলৈ বাদ দিব নোৱাৰা। একেদৰে ই এক সন্তোষজনক কামো। কিয়নো এইবোৰৰ দ্বাৰা তুমি প্ৰতিদিনে নিজৰ সফলতাৰ বাবে আনন্দ লাভ কৰিবা আৰু অৱশেষত এক মূল্যবান পুৰস্কাৰ লাভ কৰিবা, যাক প্ৰথমে হয়তো তুমি লক্ষ্য নকৰিব পাৰা, কিন্তু লাহে লাহে ই তোমাক অত্যন্ত সুখী কৰি তুলিব। আৰু সেয়া হৈছে - "আনৰ পৰা ভালপোৱা অৰ্জন কৰিবলৈ লোৱা"।\nগতিকে, হে মোৰ প্ৰিয় বন্ধু ইলিয়া, মই তোমালোক দুয়োকে সুখেৰে জীয়াই থাকিবলৈ আৰু যিমান সম্ভৱ অকপটভাৱে চিন্তা কৰিবলৈ উপদেশ দিলোঁ। কিয়নো, তোমালোক দুয়ো একে দিশতেই গতি কৰিবলৈ গৈ আছা নে নাই, ইজনে সিজনৰ হাতত ধৰি আগবাঢ়িবলৈ লোৱাটো বুদ্ধিমত্তাৰ কাম হৈছে নে নাই তাক জানিবলৈ এইটোৱেই উৎকৃষ্ট উপায়। আৰু যদিহে তোমালোক দুয়ো পৰস্পৰৰ প্ৰতি অকপট আৰু দায়িত্বশীল তেন্তে বুজিবা তোমালোক ভৱিষ্যতৰ বাবেও প্ৰায় সাজু হৈ উঠিছা।\nতোমাৰ জীৱনৰ উদ্দেশ্য কেৱল বিবাহৰ সুখ লাভ কৰাটোৱেই হোৱা অনুচিত, বৰঞ্চ ইয়াৰ জৰিয়তে পৃথিৱীলৈ অধিক প্ৰেম আৰু অধিক সত্য কঢ়িয়াই অনাটোহে হোৱা উচিত। বিবাহৰ মহৎ উদ্দেশ্য হৈছে পৰস্পৰে পৰস্পৰৰ সপোনবোৰ, লক্ষ্যবোৰ পূৰ কৰাত সহায় কৰা।\nআটাইতকৈ ডাঙৰ অপৰাধ আৰু স্বাৰ্থ তেতিয়াই হয় যেতিয়া ব্যক্তি দুজনে কেৱল জীৱনটো উপভোগ কৰিবলৈ একেলগে থাকে আৰু আটাইতকৈ মহৎ কৰ্ম তেতিয়াই হয় যেতিয়া তুমি পৰমাত্মাৰ বাবে পৃথিৱীত ভাল কৰ্ম কৰিবলৈ জীয়াই থাকা।\nবাস্তৱিক কথা আৰু তুচ্ছ কথাবোৰৰ মাজত বিভ্ৰান্ত ন'হবা। জীৱনটোত কিয়নো এক মহৎ উদ্দেশ্য লোৱা নাযাওঁক? আৰু যদিহে এনে এটা তুমি বাচি লোৱা তেন্তে তুমি নিশ্চিতভাৱে তাক তন-মন সঁপি দি পালন কৰিব লাগিব। তুচ্ছ লক্ষ্য বাচি ন'লবা। ই তোমাৰ একোৰে কৰি নোতোলে।\nমোৰ ভাবি ভয় লাগিছে যে লিখি লিখি মই যথেষ্ট ভাগৰি গ'লো। তথাপি মোৰ আৰু বহু কিবা কিবি ক'বলৈ থাকি গ'ল।\nতোমালৈ ভালপোৱা আৰু মৰম ....\nটোকাঃ বিখ্যাত সাহিত্যিক লিঅ' টল'ষ্টয়ৰ তৃতীয় সন্তান তথা দ্বিতীয় পুত্ৰ ইলিয়া টল'ষ্টয়ো হৈছে এজন গুৰুত্বপূৰ্ণ ৰাছিয়ান লেখক । তেওঁ 'নিউ ৰাছিয়া' নামৰ এখন কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক।
নাৰীয়ে প্ৰশ্ন কৰিব পাৰে, সমানে কাম কৰিব পাৰে, নিজৰ বাবে নিজে উপাৰ্জন কৰিব পাৰে, নিজাকৈ সিদ্ধান্ত ল'ব পাৰে - এই কথাবোৰ মানি ল'ব পৰা হ'বলৈ আমাৰ এতিয়াও বহু যুগ। এনে ঘটনা অহৰহ হৈ আছ। ফেচবুক,হোৱাটছএপৰ বিভিন্ন গোটত অহৰহ নাৰীৰ ওপৰত আক্ৰমণ চলে। এনে এচাম তথাকথিত আধুনিক লোকে একবিংশ শতিকাতো কাপোৰৰে নাৰীক জোখে। নাৰীক ছ'চিয়েল মিডিয়াত আক্ৰমণ কৰিবলৈ তেওঁলোকে ব্যৱহাৰ কৰে নাৰীৰ যৌনতা, কাৰণ তেওঁলোকৰ মগজুৱে নাৰীৰ যৌনতাতকৈ ওপৰত ঢুকি নাপায়। তেওঁলোকে সমজুৱাকৈ বিপক্ষৰ মাতৃক ধৰি অশ্লীল মন্তব্য আগবঢ়ায়। সমজুৱাকৈ নাৰীক ধৰ্ষণ কৰিম বুলি ক'ব পাৰে। আহ,এয়াই একবিংশ শতিকাৰ আধুনিক লোক! যিসকলে হাতত স্মাৰ্টফোন লৈ ছ'চিয়েল মিডিয়াত নাৰীৰ ব্যক্তিগত কথা, অংগ বা সম্পৰ্কলৈ মুখৰ খজুৱতি মাৰে আৰু নাৰীক পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰিব বিচাৰে। চেলিব্ৰেটি মহিলাই হওক বা সাধাৰণ, সোঁতৰ বিপৰীতে গৈ মত প্ৰকাশ কৰিলেই তেওঁক লৈ মৰ্য্যদা হানিকৰ মন্তব্য কৰাটো একপ্ৰকাৰ নিয়মত পৰিণত হৈছে। অন্যহাতে, মহিলা বিষয়ক যিকোনো লেখাতেই এনেকুৱা ধৰণৰ ঘৃণা, বিদ্বেষমূলক মন্তব্য আজিৰ তাৰিখত অনলাইন জগতখনত ব্যাপক হৈ উঠিছে। অনলাইন আৰু অফলাইন জগতত মানুহ একোজনৰ আচাৰ-আচৰণৰ প্ৰভেদৰ ব্যৱধানৰ বিষয়ত মনোবৈজ্ঞানিক আলোচনাৰ প্ৰয়োজন আছে। বিৰিয়াৰে খেতিয়কে কঢ়িওৱা ধানৰ ডাঙৰিৰ দৰেই আমি আপোনালোকলৈ কঢ়িয়াই আনিব খুজিছো এই মাটি আৰু এই মাটিৰ মানুহৰ জীৱন আৰু জগতক প্ৰভাৱিত কৰা কথাবোৰ, চহা জীৱনৰ সজ আৰু নিৰন্তৰ কৃচ্ছ্ৰ শ্ৰমৰ সুখ, দুখ, ক্ষোভ আৰু বিদ্ৰোহবোৰ। Biriyaa is an Assamese language news, opinion and analysis website.
নগাওঁ জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত চামগুৰি সাপ্তাহিক বজাৰৰ পথত বৃহস্পতিবাৰে আবেলি সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এগৰাকী কিশোৰী থিতাতে নিহত হোৱা ঘটনাই সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পেলাইছে। ঘটনা সংঘটিত হোৱাৰ পাছত চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পথ দুৰ্ঘটনাটো সংঘটিত কৰা ট্ৰাকখন জব্দ কৰাৰ লগতে কিশোৰী গৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে কিশোৰী ফাতেমাই তেওঁৰ পিতৃ,আইতাকৰ লগতে পৰিয়ালটোৱে এন আৰ চিৰ বাবে লংকাৰ পৰা আহি চামগুৰিত নামি আইতাকৰ হাতত ধৰি টেম্পুত উঠিবলৈ গৈ থাকোতে এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয়। মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ'ব কোন? গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
টকা পইচাৰ লেনদেনৰ বাবেই এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ স্থানীয় লোকৰ। হত্যাকাৰী আৰৱেল কেৰ্কেটাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰে বগীজান আৰক্ষীয়ে। টকা পইচাৰ লেনদেনৰ বাবেই এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ স্থানীয় লোকৰ। হত্যাকাৰী আৰৱেল কেৰ্কেটাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰে বগীজান আৰক্ষীয়ে। Share this: নুমলীগড়ৰ কাষৰীয়া ১নং কোৱানীত নিশা নৃশংস হত্যাকাণ্ড। আৰৱেল কেৰ্কেটা নামৰ এজন লোকক মৰিয়াই মৰিয়াই ডিঙি চেপি হত্যা কৰিলে গৌতম বিশ্বাস নামৰ লোকজনে। হত্যা কৰি নিজৰ স্কুটীত তুলি ভৰাই থৈ যায় ডাকঘৰ চাৰিআলিৰ পৰা কোৱানী সংযোগী পথত। ঘটনাস্থলীত বগীজান আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। টকা পইচাৰ লেনদেনৰ বাবেই এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ স্থানীয় লোকৰ। হত্যাকাৰী আৰৱেল কেৰ্কেটাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰে বগীজান আৰক্ষীয়ে। জানিব পৰা মতে, হত্যাকাৰী আৰৱেল কেৰ্কেটা আৰু গৌতম বিশ্বাস দুয়ো নিষিদ্ধঘোষিত সংগঠন আলনাৰ সদস্য আছিল। হত্যাকাণ্ডক লৈ সমগ্ৰ অঞ্চলটোত বিৰাজ কৰিছে চাঞ্চল্য। Russia-Ukraine War : ৯ মাহৰ যুদ্ধত ১৩ হাজাৰ ইউক্ৰেইনী সেনাৰ মৃত্যু, বিপৰীতে কিমান ৰুছ সেনাই হেৰুৱালে প্ৰাণ? CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the intellectual property rights of Cable News Network in respect of them. © Copyright Network18 Media and Investments Ltd 2016. All rights reserved.
প্ৰতিবেদক মনজিৎ দাস হাউলী , ২৩ ফেব্ৰুৱাৰীঃ মহিলা সকল খুব নিষ্ঠাবান আৰু সৎ। তেওঁলোকে সকলো কাম অতি নিষ্ঠাৰে ৰূপায়ন কৰে । আজি বৰপেটা জিলাত গ্ৰামীণ জীবিকা অভিযান মিছনৰ অধীনৰ জীবিকা সখী সকলৰ মাজত স্কুটী বিতৰণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে উদ্ধোধন কৰি দিয়া ভাষণত ৰাজ্যৰ পৰিবহন আৰু উদ্যোগ তথা বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এইদৰে কয় । বৰপেটাৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত উদ্ধোধনী সভাত দিয়া ভাষণত তেওঁ আৰু কয় যে,"আমি অসমৰ সকলো অঞ্চলৰ মহিলাৰ মুখত হাঁহি চাব বিচাৰোঁ-অন্তৰৰ মুকলি হাঁহি। কাৰণ মহিলাই হাঁহিলেহে সমাজে হাঁহিব,ৰাজ্যই হাঁহিব।"সভাত বৰপেটা বিধানসভা সমষ্টিৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি দিয়া ভাষণত ৰাজ্য চৰকাৰৰ এই অভিনৱ আচনিখনৰ ভূয়সী প্ৰশংসা কৰি ইয়াৰ দ্বাৰা গ্ৰাম্যাঞ্চলত অৰ্থনৈতিক বিকাশ তৰান্বিত হব বুলি আশা প্ৰকাশ কৰে । অনুষ্ঠানৰ আৰম্ভণিতে দিয়া আদৰণি ভাষণত জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই কয় যে , বৰপেটা জিলাত ১৮৯ গৰাকী জীবিকা সখীক স্কুটী বিতৰণ কৰিবলৈ লোৱা হৈছে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত এতিয়ালৈ জিলাখনত ১৩,০৬৪ টা আত্মসহায়ক গোট গঠন কৰা হৈছে , যাৰ সৈতে ১.৪৪ লাখ পৰিয়াল প্ৰত্যক্ষভাবে জড়িত হৈ আছে বুলি তেওঁ জানিবলৈ দিয়ে । এই গোট সমূহৰ ৮,১০৮ টা গোটক কনকলতা মহিলা সবলীকৰণ আঁচনিৰ সুবিধা ইতিমধ্যে প্ৰদান কৰা হৈছে আৰু আন ১৮৯১ টা গোটত সাহাৰ্য প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও তেওঁ ভাষণ প্ৰসঙ্গত উল্লেখ কৰে । শৰ্মাই লগতে কয়,ইয়াৰ দ্বাৰা ৰাজ্যৰ গ্ৰাম্যাঞ্চলত এক নিৰৱ অৰ্থনৈতিক বিপ্লৱ সংঘটিত হোৱাৰ লগতে মহিলা সবলীকৰণৰ দিশতো যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰা হৈছে । শৰ্মিষ্ঠা দাসে আতধৰা সভাখনৰ শেষত শলাগৰ শৰাই আগবঢ়ায় জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ ছিকাৰিয়াই । সভাত অসম শক্তি উৎপাদন প্ৰতিষ্ঠানৰ অন্যতম সঞ্চালক শংকৰ চন্দ্ৰ দাস,অসম বিত্ত নিগমৰ উপাধ্যক্ষ অনিল চন্দ্ৰ দাস,অসম উদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰ,অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৰাজ্যিক প্ৰকল্প প্ৰৱন্ধক(দক্ষতা)শিবানী বৰঠাকুৰ,জিলা প্ৰকল্প প্ৰৱন্ধক ছুমিত প্ৰসাদ দাস,জিলা পৰিবহন বিষয়া অপূৰ্ব দাস আৰু জিলা উদ্যোগ তথা বাণিজ্য কেন্দ্ৰৰ মহা প্ৰৱন্ধক ঋতুমণি পাছনী আদিও উপস্থিত থাকে।
(ডিম্বেশ্বৰ নেওগ) ১) অতি চমুকৈ উত্তৰ লিখা : ক) লিখকৰ মতে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য কি কি? উত্তৰঃ লিখকৰ মতে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য হল - ছাত্ৰ-ছাত্ৰীয়ে কি কি কাম কৰিলে মানুহ জনম ধৰা সাৰ্থক হয়, সাংসাৰিক জীৱনত কি উপায়েৰে কাম কৰিলে কৃতকাৰ্য হব পাৰি, এনেবিলাক বিষয়ৰ জ্ঞান অৰ্জন কৰাই হৈছে ছাত্ৰ জীৱনৰ মূল উদ্দেশ্য। খ) বৰ্তমান প্ৰচলিত শিক্ষাৰ দোষ কি কি? উত্তৰঃ বৰ্তমান প্ৰচলিত শিক্ষা কামৰ শিক্ষা নহয়, এয়ে ইয়াৰ ঘাই দোষ। বৰ্তমান সময়ৰ শিক্ষা কেৱল কিতাপৰ পাঠতে সীমাবদ্ধ হৈ থাকে, ব্যৱহাৰিক জীৱনৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই বুলি ক'ব পাৰি। উদাহৰণস্বৰূপে - বৰ্তমান সময়ৰ শিক্ষাৰ্থীয়ে পাঠ্যপুথি পঢ়ি দুখীয়াক মৰম কৰিব',দুখীয়াক সহায় কৰিব' আদিৰ দৰে বহুতো বাক্য আজিৰ দিনৰ শিক্ষাৰ্থীয়ে আতৰাই থয়। বাস্তৱ জীৱনত কিন্তু ইয়াৰ অৰ্থ কি সেইয়া শিক্ষাৰ্থীয়ে উপলব্ধি কৰিবলৈ সক্ষম নহয়। কিয়নো আজিৰ দিনত শিক্ষকসকলেও শিক্ষাৰ্থীসকলক এনে ধৰণৰ বাক্যবোৰৰ অন্তৰ্নিহিত থকা প্ৰকৃত অৰ্থবোৰ বুজাই দিয়াৰ পৰিৱৰ্তে তেওঁলোকে শিক্ষাৰ্থীৰ বানানসমূহৰ গুৰুত্ব দিয়ে। শিক্ষকসকলে ক'ত আ- কাৰ, ই- কাৰ, উ- কাৰ আদি শুদ্ধ কৰিছেনে ভূল কৰিছে সেইবোৰ চাই নিজৰ পাঠদানৰ কৰ্তব্য সামৰণি মাৰে। শিক্ষকসকলে কেতিয়াও এইটো গুৰুত্ব নিদিয়ে যে শিক্ষাৰ্থীসকলে পাঠটো পঢ়ি শুনি কিবা জ্ঞান লাভ কৰিছে নাই সেইতো গুৰুত্ব নিদিয়ে।শিক্ষকে কেৱল বছৰি পৰীক্ষাত উত্তীৰ্ণ হৈছেনে নাই বা শ্ৰেণীত প্ৰথম বা দ্বিতীয় হৈ উৰ্ত্তীন হ'ব পাৰিছেনে নাই সেইতো গুৰুত্ব দিয়ে। এইবোৰ হৈছে বৰ্তমান প্ৰচলিত শিক্ষাৰ দোষ। গ) ছাত্ৰসকলে কি কি বিষয়ত জ্ঞান লাভ কৰি দেশসেৱাত ব্ৰতী হব লাগে। উত্তৰঃ ছাত্ৰসকলে দেশৰ ভৱিষ্যত, আশা- ভৰসাৰ কলি। সেয়েহে ছাত্ৰসকলে যিমান দূৰ সম্ভৱ হয় জ্ঞানকাৰী, অৰ্থকৰী আৰু কাৰ্যকৰী জ্ঞান লাভ কৰি দেশসেৱা আৰু সমাজসেৱাত ব্ৰতী হ'ব লাগে। ঘ) ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা কৰ পৰা কিদৰে লাভ কৰিব পাৰে? উত্তৰঃ ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা লাভ কৰিব পৰা উপযুক্ত স্থান হৈছে গাঁও অঞ্চল। এই কুৰি শতিকাৰ মাজভাগতো আমাৰ দেশৰ গাওঁসমূহত অজ্ঞানতাই নিৰ্বিবাদে ৰাজত্ব কৰি আছে, ইয়াৰ বাহিৰেও কু-সংস্কাৰ, অন্ধবিশ্বাসে সকলো দিশ অন্ধকাৰ কৰি দেশৰ প্ৰগতি আৰু উন্নতিৰ পথটো হেঙাৰ হৈ থিয় দিছে। এই বাধাসমূহ দূৰ কৰিবলৈ হ'লে ছাত্ৰসকলে নিজৰ কাৰ্যকৰী শিক্ষাৰ ঠাইস্বৰূপে গাঁওসমূহকে বাচি লৈ গাঁওবাসীক অজ্ঞানতা, অন্ধবিশ্বাস, কু-সংস্কাৰ আদি বিভিন্ন দিশৰ পৰা মুক্ত কৰি অভিজ্ঞতা লাভৰ দ্বাৰা কাৰ্যকৰী জ্ঞান অৰ্জন কৰিব লাগিব। ঙ) লিখকৰ মতে দেশৰ প্ৰকৃত উন্নতি কৰা মানে কিহৰ উন্নতি কৰা? উত্তৰঃ- লিখকৰ মতে দেশৰ প্ৰকৃত উন্নতি কৰা মানে গাঁৱৰ উন্নতি কৰা। গাঁও নগৰৰ মাতৃ স্বৰূপে জন্ম দি পিতৃস্বৰূপে পালন কৰিছে। নগৰ যেনেকৈ একে উশাহতে জন্ম দিব পাৰি তেনেকৈ ধ্বংসও কৰিব পাৰি। কিন্তু গাঁও এবাৰ ধ্বংস হ'লে তাক পুনৰ সহজে জন্ম দিয়া টান। সেয়েহে গাঁওক উন্নতিৰ পথত আগুৱাই নি ধ্বংস হোৱাৰ পৰা দূৰৈত ৰাখিব লাগে। ২) ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য সফল কৰিবলৈ ছাত্ৰসকলে শিক্ষাৰ সময়ছোৱাত কোনবোৰ পন্থা অৱলম্বন কৰিব পাৰে? দেশসেৱাত ব্ৰতী হ'বলৈ ছাত্ৰ জীৱনত বহুমুখী শিক্ষাৰ প্ৰয়োজনীয়তা সম্বন্ধে আলোচনা কৰা। উত্তৰঃ ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য সফল কৰিবলৈ হ'লে শিক্ষাৰ সময়ছোৱাত ছাত্ৰসকলে একাগ্ৰতাৰে জ্ঞান অৰ্জনত ব্ৰতী হ'ব লাগে। একাগ্ৰতা হৈছে ছাত্ৰ জীৱনৰ উন্নতিৰ ঘাই মন্ত্ৰ। এই অৱস্থাত মনৰ গতি একমুখী হ'ব লাগে, বহুমুখী হ'লে ছাত্ৰৰ ছাত্ৰত্ব শক্তি লোপ পাব খোজে। ছাত্ৰসকলে ছাত্ৰ জীৱনত শাৰীৰিক, মানসিক, নৈতিক, আধ্যাত্মিক আদি সকলো বিধ শিক্ষাৰে অনুশীলন কৰিব লাগে। আমাৰ দেশত এই ধৰণৰ সকলো শিক্ষা প্ৰদান কৰা হয়। ছাত্ৰসকলে মানুহৰ জীৱনৰ লক্ষ্য কি, কি কাম কৰিলে মনুষ্য জনম সাৰ্থক হ'ব, সাংসাৰিক জীৱনত মানুহে কি কাম কৰিলে কৃতকাৰ্য হ'ব পাৰিব এই সকলোবোৰ ব্যৱহাৰিক তথা কাৰ্যকৰী জ্ঞান আহৰণ কৰাটো গুৰুত্ব দিব লাগে। ছাত্ৰসকল হ'ল দেশৰ ভৱিষ্যত, আশা-ভৰসাৰ কলি। সেয়ে ছাত্ৰসকলে ছাত্ৰ অৱস্থাত যিমানদূৰ সম্ভৱ হয় জ্ঞানকৰী, অৰ্থকৰী আৰু কাৰ্যকৰী জ্ঞান লাভ কৰি দেশসেৱাত ব্ৰতী হ'ব লাগে। দেশত বিৰাজ কৰি থকা নিৰক্ষৰতা, অজ্ঞানতা, কু-সংস্কাৰ তথা অন্ধবিশ্বাসৰে কবলৰ পৰা দেশবাসীক মুক্ত কৰাৰ চেষ্টা কৰিব লাগে। সৎ উপদেশ আৰু উদাহৰণেৰে নিজৰ ঘৰ তথা গাওঁখনক আদৰ্শ ঘৰ বা গাঁও কৰিবলৈ চেষ্টা কৰিব লাগে। শিক্ষাৰ্থীসকলে এই ধৰণৰ কাম বোৰত অংশগ্ৰহণ কৰিলেও শিক্ষা কালছোৱাত ছাত্ৰসকলে ছাত্ৰ জীৱনৰ সীমাত থাকিহে সমাজ তথা দেশৰ সেৱা কৰিব লাগিব। ৩)এইখিনি কাম তেওঁলোকৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ মাথোন।' - কোনখিনি শিক্ষা তেওঁলোকৰ (ছাত্ৰ- ছাত্ৰীসকলৰ) কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ বুজাই লিখা। উত্তৰঃ ছাত্ৰসকলে গাঁও অঞ্চলসমূহত ৰাজত্ব কৰা অজ্ঞানতা, নিৰক্ষৰতা, কু-সংস্কাৰ, অন্ধবিশ্বাস আদি সকলো দিশ অন্ধকাৰাছন্ন কৰি দেশৰ প্ৰগতি, উন্নতি আদিৰ পথত হেঙাৰৰূপে থিয় দিব লাগিব। ছাত্ৰসকলে গাঁৱত সোমাই নিজ ঘৰে-ঘৰে গাঁৱে গাঁৱে অশিক্ষিত লোকসকলক এই বিষয়ে চকু মুকলি কৰিব লাগিব। বাতৰি কাকত আৰু জ্ঞান তথা জগতৰ বাতৰি থকা পুথি পঢ়ি তেওঁলোকৰ অজ্ঞানতা দূৰ কৰিবলৈ যত্ন কৰিব লাগিব। তেওঁলোকৰ মাজৰ পৰা কুৰ্চুট- কপট গুচাবলৈ চাব লাগিব। গাঁৱত কোনো নৰীয়া আদি হ'লে উপদেশেৰে বা আন উপায়েৰে সহায় কৰিব লাগিব। উপদেশেৰে আৰু উদাহৰণৰে নিজৰ ঘৰ আৰু গাঁওখন একোখন আদৰ্শ গাঁও কৰিবলৈ চাব লাগিব। এইবোৰ কাম ছাত্ৰৰ কৰ্তব্যৰ বাহিৰ নহয়, কিয়নো এইখিনি কাম তেওঁলোকৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ মাথোন। ৪)আমাৰ দেশৰ অধিকাংশ লোক আজিও কেনে অৱস্থাত আছে পাঠটোৰ আধাৰত বুজাই লিখা। উত্তৰঃ আজিৰ স্বাধীন আৰু উন্নত দেশবোৰ ইয়াৰ তিনি-চাৰি বছৰ আগেয়ে যি অৱস্থাত আছিল তাৰ তুলনাত আজি আমাৰ দেশসমূহে যথেষ্ট উন্নত পৰ্যায়ৰ। আমাৰ দেশৰ অধিকাংশ আজিও কিছু ক্ষেত্ৰত উন্নত হ'ব পৰা নাই বুলিয়ো কবিয়ে পাঠটোৰ আধাৰত কৈছে। কিছুমান গাঁৱত আজিও পুৰণি সভ্যতা, শিক্ষা আৰু সাধনাৰ অৱশন দেখিবলৈ পোৱা গৈছে। অজ্ঞানতাই সেই সভ্যতাক অসভ্যতা, সেই শিক্ষাক অশিক্ষা আৰু সেই সাধনাক কপটতাত পৰিণত কৰিছে। অজ্ঞানতা আৰু কু-সংস্কাৰে মানুহক আবৰি ধৰি আছে আজিও। নিজৰ ভৌতিক সম্পদৰ বাবে ইজনে সিজনৰ লগত হাই কাজিয়াত লিপ্ত হৈ পৰিছে। কানি-ভাং আদি বিভিন্ন ধৰণৰ নিচাসক্ত দ্ৰব্যই নিজৰ লগতে আনৰ উন্নতিৰ ফালে সমূলি ধৰিছে। ক'ত কি হৈছে তেওঁলোক কানসাৰ নকৰি হাতত হাত সাৱটি বহি ৰৈছে এচাম মানুহে। একেডোখৰ মাটিতে সাৰ-জাবৰ দি কেনেদৰে তাৰ পৰা সৰহ শস্য উলিয়াব পাৰি, কেনেকৈ গৰু জাতিটোক ভালদৰে পুহ-পাল দি নিজৰ অৱস্থা টনকিয়াল কৰিব পাৰি এনেবোৰ কথা তেওঁলোকৰ চিন্তনীয় বিষয় হৈ পৰিছে। মুঠতে কবলৈ গলে শিক্ষাৰ অভাৱে গাওঁসমূহক উন্নত দিশত যোৱাত কিছু বাধা দিছে। ৬) বাখ্যা কৰাঃ ক) পঢ়াই, পঢ়ে, ৰোৱে পাণ। উত্তৰঃ প্ৰসংগ :- উক্ত কথাষাৰি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা' ত অন্তগৰ্ত ডিম্বেশ্বৰ নেওগ দেৱৰ দ্বাৰা ৰচিতছাত্ৰ জীৱন আৰু সমাজসেৱা' নামৰ পাঠটিৰ পৰা উদ্ধিত কৰা হৈছে। সংগতি :- উক্ত কথাফাঁকিৰ দ্বাৰা লিখকে ইয়াকে ক'ব বিচাৰিছে যে পঢ়াৰ সময়ত শিক্ষাৰ্থী আৰু শিক্ষকে কোনো কথা চিন্তা নকৰি নিষ্ঠা আৰু একাগ্ৰতাৰে পঢ়িলেহে সুফল লাভ কৰিব পাৰি। বাখ্যা :- পঢ়োৱা, পঢ়া আৰু পাণৰ খেতি কৰা কাম তিনিটা হ'ল গুৰুত্বপূৰ্ণ কাম। এই কামত সিদ্ধি লাভ কৰিবলৈ যিবোৰ গুণৰ দৰকাৰ, সেইবোৰৰ ভিতৰত একাগ্ৰতা গুণটো হ'ল এটা প্ৰধান গুণ। যিকোনো কাম একাগ্ৰতাৰে নকৰিল সেই কামটো সুফল লাভ কৰিব নোৱাৰি। ছাত্ৰ-ছাত্ৰীসকলক জ্ঞান দানৰ দৰে মহৎ কামৰ লগত জড়িত শিক্ষক-শিক্ষয়িত্ৰীসকলে জ্ঞান দান কৰিবলৈ মনটো সম্পূৰ্ণ নিয়োজিত কৰিব লাগে। অন্যথা শিক্ষা দান কাৰ্যত কেতিয়াও সিহঁতে সফল হ'ব নোৱাৰে। ছাত্ৰ-ছাত্ৰীসকলেও সিহঁতৰ প্ৰধান কাম অধ্যয়নত একাগ্ৰচিও হব লাগে। তেতিয়াহে তেওঁলোকে বিভিন্ন বিষয় অধ্যয়ন কৰি নানা ধৰণৰ জ্ঞান অৰ্জন কৰি পৰীক্ষাটো সুখ্যাতিৰে উত্তীৰ্ণ হ'ব পাৰিব। আকৌ যিসকলে পাণৰ খেতি কৰে সিহঁতেও পাণৰ খেতিৰ নিয়মিত যতন কৰি থাকিব লাগিব। নিয়মিত ভাৱে সাৰ-পানী আদি যোগান ধৰিব লাগিব। মানুহে যিকোনো কাম কৰিবলৈ হ'লে একাগ্ৰতা আৰু নিষ্ঠাৰে কৰিব লাগে। একাগ্ৰতা আৰু নিষ্ঠাৰে যিকোনো কাম কৰিলে সফলতা পোৱা যায়। মুঠতে মানুহৰ জীৱনৰ উন্নতি লাভৰ ক্ষেত্ৰত একাগ্ৰতা গুণে বিশেষভাৱে সহায় কৰে। এই গুণৰ অবিহনে জীৱনত উন্নতি সম্ভৱ নহয়। খ) কমাৰশালত গঢ়িবলৈ হ'লে আগতে জুইশালত গঢ়ি চাব লাগিব। সাঁতুৰিবলৈ শিকিবলৈ হ'লে পানীত ননমাকৈ নহয়। উত্তৰঃ প্ৰসংগ :- উক্ত কথাষাৰি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা'ত অন্তগৰ্ত ডিম্বেশ্বৰ নেওগ দেৱৰ দ্বাৰা ৰচিতছাত্ৰ জীৱন আৰু সমাজসেৱা' নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে। সংগতি :- উক্ত কথাফাঁকিৰ দ্বাৰা লিখকে কোনো এটা বিষয়ৰ প্ৰকৃত শিক্ষা, উপযুক্ত পৰিৱেশ আদিত হাতে কামে লাগিহে যে জ্ঞান অৰ্জন কৰিব পাৰি তাক কৈছে। বাখ্যাঃ- কমাৰশালত কোনো বস্তু গঢ় দিয়াৰ আগতে জুইশালত তপতাই তাক গঢ় দিব পৰাকৈ প্ৰস্তুত কৰি লয়। তেনেদৰে শিক্ষাৰ্থীসকলক জীৱন সংগ্ৰামত মোকাবিলা কৰিবৰ বাবে প্ৰথমতে অভিজ্ঞতা দিয়া হয়। সেই অভিজ্ঞতা প্ৰথমতে নিজৰ ঘৰৰ পৰা দিয়া হয় আৰু তাৰ পিছত বিদ্যালয় এখনে প্ৰদান কৰে। যিদৰে এটুকুৰা লোহাক পিটি পিটি দা-কুঠাৰ, কটাৰি আদি গঢ়িবলৈ জুইশালতে আঘাত সহিব পৰাকৈ প্ৰস্তুত কৰি লোৱা হয়। তেনেদৰে শিক্ষাৰ্থীসকলকো সংসাৰৰ দুখ-সুখ, কষ্ট, তপবাত আদি সহিব পৰাকৈ প্ৰথমতে মানুহে নিজৰ ঘৰ আৰু বিদ্যালয়তে ব্যৱহাৰিক শিক্ষা প্ৰদান কৰা হয়। শিক্ষাৰ্থীসকলক যিকোনো বিষয়ে প্ৰকৃত জ্ঞান প্ৰদান কৰিবলৈ হ'লে সেই বিষয়টো সম্পৰ্কীয় পৰিৱেশৰ অতি প্ৰয়োজন। যেনেদৰে সাঁতোৰ শিকিবলৈ হ'লে পানীত নামিব লাগে। ঠিক তেনেদৰে যিকোনো বিষয় এটাৰ প্ৰকৃত জ্ঞান অকল পাঠ্যপুথি পঢ়ি অৰ্জন কৰিব নোৱাৰি, তাক হাতে কামে কৰিহে সেই বিষয়টোৰ প্ৰকৃত জ্ঞান অৰ্জন কৰিব পাৰি। গ) এই কলি সময়ত বিকশিত হৈ ফুল আৰু তাৰ পিছত ফল হৈ মাতৃপূজাত লাগে। কাইঁট-কলি এইসকলক পূজাৰ উপচাৰ স্বৰূপে মাতৃয়ে গ্ৰহণ নকৰে। উত্তৰঃ প্ৰসংগ :- উক্ত কথাষাৰি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা'ত অন্তগৰ্ত ডিম্বেশ্বৰ নেওগ দেৱৰ দ্বাৰা ৰচিতছাত্ৰ জীৱন আৰু সমাজসেৱা' নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। সংগতি :- উক্ত কথাফাঁকিৰ দ্বাৰা কবিয়ে সকলো জ্ঞান আৰু শিক্ষাৰে সু-পৰিপুষ্ট হৈ পূৰ্ণতা লাভ কৰা ব্যক্তিৰ দ্বাৰাহে যে এখন সমাজ তথা দেশ এখনৰ মংগল সাধন হয় তাকে কৈছে। বাখ্যা :- যিকোনো এটা কাম কৰিবলৈ হ'লে মানুহক জ্ঞান আৰু দক্ষতাৰ প্ৰয়োজন হয়। এই জ্ঞান আৰু দক্ষতাৰে মানুহে এদিনতে আহৰণ কৰিব নোৱাৰে। এই জ্ঞান আৰু দক্ষতা অৰ্জন কৰিবলৈ হ'লে মানুহে লগে লগে শিকি যাব লাগিব। যিদৰে গছ এজোপা ৰোপন কৰিলে, তাত সময় মতে পানী, সাৰ আদি দিব লাগে। তেতিয়াহে গছ জোপা ডাঙৰ হৈ প্ৰথমতে কলি ওলাব, তাৰ পিছত সেই কলি বিকশিত হৈ ফুল হ'ব আৰু শেষত ফল দিব; সেইদৰে ছাত্ৰ অৱস্থাত যিমান দূৰ সম্ভৱ জ্ঞান আহৰণ, অৰ্থকৰী আৰু কাৰ্যকৰী জ্ঞান অৰ্জন কৰি পৰিপুষ্ট হৈ দেশৰ সেৱাৰ বাবে উপযুক্ত হৈ উঠিব লাগিব। দেশসেৱাত ব্ৰতী হ'বলৈ হ'লে বহুমুখী শিক্ষাৰ অতিকৈ প্ৰয়োজন হয়। অপৰিপূৰ্ণ জ্ঞান আৰু দক্ষতাৰে কোনো কাম কৰিলে দেশৰ কোনো মংগল নহয়, বৰঞ্চ দেশৰ অমংগলহে হোৱাৰ সম্ভাৱনা বেছি। যিদৰে অপৰিপক্ক ফল খালে দেহৰ কোনো কামত নালাগে ঠিক একেদৰে অপৰিপূৰ্ণ জ্ঞান আৰু দক্ষতাৰে কৰা কোনো কামে দেশৰ হিত সাধনত সহায় কৰিব নোৱাৰে। ঘ) নৰ সেৱাই নাৰায়ণ সেৱা। উত্তৰঃ প্ৰসংগ :- উক্ত কথাষাৰি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা'ত অন্তগৰ্ত ডিম্বেশ্বৰ নেওগ দেৱৰ দ্বাৰা ৰচিতছাত্ৰ জীৱন আৰু সমাজসেৱা' নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে। সংগতি :- উক্ত কথাফাঁকিৰ জৰিয়তে কবিয়ে মানুহৰ সেৱা কৰিলেই যে ভগৱান সন্তুষ্ট হয় আৰু মানুহক সেৱা কৰিলে যে মানৱ জীৱন সাৰ্থক হয় তাকে ক'ব বিচাৰিছে। বাখ্যা :- মানুহে মংগলৰ অৰ্থে সৰ্বশক্তিমান নাৰায়ণক সেৱা-অৰ্চনা কৰে। মানুহে কেৱল নিজৰ মংগলৰ বাবে পূজা-অৰ্চনা কৰিলে সমাজ তথা বিশ্বৰ কোনো উপকাৰ নহয়। এনে ধৰণে নিজৰ হিতৰ বাবে পূজা অৰ্চনা কৰিলে মানুহ দিনে দিনে স্বাৰ্থপৰ হৈ পৰে। এনে স্বাৰ্থপতাৰ বাবে মানুহে ভগৱানৰ কৃপা দৃষ্টিৰ পৰাও বঞ্চিত হ'ব লগা হয়। কিন্তু যি মানুহে আনৰ দুখ কষ্ট দেখি আনক সহায় কৰিবৰ বাবে আগবাঢ়ি যায়, সমাজৰ হিতৰ বাবে সদায় প্ৰস্তুত হৈ থাকে তেনে মানুহৰ মন প্ৰাপ্তিৰে আৰু সন্তুষ্টিৰে ভৰি থাকে। মানুহৰ মন সন্তুষ্টি আৰু প্ৰাপ্তিৰে ভৰি থাকিলে মানুহৰ মনতো পবিত্ৰ মন্দিৰৰ দৰে অনুভৱ হয়। তেতিয়া মানুহজনে ভগৱান বিচাৰি পোৱা জেন অনুভৱ কৰে। সেয়েহে লিখকে কৈছে যে নাৰায়ণ পূজাৰ বাবে কোনো আয়োজনৰ দৰকাৰ নাই। তাৰ বিপৰীতে মানুহৰ পূজা-অৰ্চনা অৰ্থাৎ শুশ্ৰূষা কৰিলে ভগৱানক পূজা কৰা হ'ব। ১) বিপৰীত শব্দ লিখা : নিস্কৰ্মা, ক্ৰটি, সহযোগিতা, দেশহিতৈষিতা, প্ৰৌঢ়। সহযোগিতা - প্ৰতিযোগিতা। প্ৰৌঢ় - যুৱ। ২) সমাৰ্থক শব্দ লিখা : কাৰ্যকৰী, প্ৰকৃত, সাম্য, আনমনা, অৰ্থকৰী, কাপ, কাকত। নীতি- বচন, কাপ- কাকত, কুৰ্চুট- কপট, জনক- জননী, লোণ- তেল। নীতি- বচনঃ- মহৎলোকৰ নীতি- বচন আমি মানি চলিব লাগে। কাপ-কাকতঃ- মধুই শিক্ষকে দিয়া কথাবোৰ কাপ-কাকতত লিখি ৰাখিছে। কুৰ্চুট-কপটঃ- মানুহে নিজৰ মনত কুৰ্চুট-কপট পখিলে কেতিয়াও জীৱনত প্ৰকৃত সুখ লাভ নকৰে। জনক-জননীঃ- গাঁও একেধাৰে নগৰৰ জনক-জননী। লোণ-তেলঃ- ৰমেনে অত বছৰৰ মূৰত ঘৰলৈ আহি লোণ-তেল দি খোৱা ভাত কেইটাতো পৰম তৃপ্তি পালে। ক) ডিম্বেশ্বৰ নেওগৰ কেতিয়া আৰু কত জন্ম হৈছিল? উত্তৰঃ ডিম্বেশ্বৰ নেওগৰ ১৮৯৯ খ্ৰীষ্টাব্দত শিৱসাগৰৰ কমাৰফদীয়া গাঁৱত জন্ম হৈছিল। খ) ডিম্বেশ্বৰ নেওগৰ পিতৃ নাম কি আছিল? উত্তৰঃ ডিম্বেশ্বৰ নেওগৰ পিতৃ নাম মানিক চন্দ্ৰ নেওগ আছিল। গ) ডিম্বেশ্বৰ নেওগৰ কেতিয়া মৃত্যু হৈছিল? উত্তৰঃ ডিম্বেশ্বৰ নেওগৰ ১৯৬৬ চনত মৃত্যু হৈছিল। ঘ) ছাত্ৰ জীৱন কি লাভৰ সময়? উত্তৰঃ ছাত্ৰ জীৱন শিক্ষা লাভৰ সময়। ঙ) শিক্ষাৰ্থীসকলৰ উন্নতিৰ ঘাই মন্ত্ৰ কি? উত্তৰঃ শিক্ষাৰ্থীসকলৰ উন্নতিৰ ঘাই মন্ত্ৰ হল akagr। চ) লিখক পাঠটিত কিহক ন্যায় বুলিব নোৱাৰাৰ কথা কৈছে? উত্তৰঃ লিখকে পাঠটিত জ্ঞান অৰ্জনৰ কালত জ্ঞান বিতৰণ কৰিবলৈ যোৱাটোক ন্যায় বুলিব নোৱাৰাৰ কথা কৈছে। ছ) নগৰৰ জনক-জননী কি? উত্তৰঃ নগৰৰ জনক-জননী গাঁও। জ) ছাত্ৰ- জীৱন আৰু সমাজসেৱা' পাঠটোৰ লিখক জনৰ নাম কি? উত্তৰঃছাত্ৰ- জীৱন আৰু সমাজসেৱা' পাঠটোৰ লিখক জনৰ নাম হল - ডিম্বেশ্বৰ নেওগ। ঝ) পঢ়াই, পঢ়ে, ৰোৱে পাণ, এই তিনিয়ে নিচিন্তে আন।' - ইয়াত পঢ়া শব্দটোৱে কি বুজাইছে? উত্তৰঃ ইয়াতপঢ়া' শব্দটোৱে কিতাপৰ পৰা দুটা কথা আত্তৰোৱাক বুজোৱা নাই, `পঢ়া' শব্দটোৱে ইয়াত প্ৰকৃত শিক্ষা লাভ কৰা কথাক বুজাইছে। ২) `ছাত্ৰৰ একাগ্ৰতা সঁচাকৈয়ে উন্নতিৰ ঘাই মন্ত্ৰ।' - কথাষাৰ তাৎপৰ্য বুজাই লিখা। উত্তৰঃ ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য হৈছে শিক্ষা অৰ্জন কৰা। ছাত্ৰ জীৱনৰ উদ্দেশ্য সফল কৰিবলৈ হ'লে শিক্ষাৰ সময়ছোৱাত ছাত্ৰসকলে একাগ্ৰতাৰে জ্ঞান অৰ্জনত ব্ৰতী হ'ব লাগে। কাৰণ ছাত্ৰৰ একাগ্ৰতাই হৈছে উন্নতিৰ ঘাই মন্ত্ৰ। শিক্ষাৰ সময়ছোৱাত শিক্ষাৰ্থীয়ে মনৰ গতি একেমুখী কৰি ৰাখিব লাগে। মনৰ গতি বহুমুখী হ'লে ছাত্ৰৰ ছাত্ৰত্ব শক্তি লোপ পোৱাৰ সম্ভাৱনা থাকে। পঢ়াৰ প্ৰতি আগ্ৰহ নাথাকিলে, সংগদোষত পৰি নানা ধৰণৰ অপৰাধ আৰু কু-কৰ্মত লিপ্ত হ'ব পাৰে। তেতিয়াই শিক্ষা জীৱন ধ্বংস হৈ ছাত্ৰত্ব লোপ পাবলৈ ধৰে। ছাত্ৰসকলে নিজৰ মন-মগজুৰে শিক্ষা অৰ্জনত ব্ৰতী হ'ব লাগে। একাগ্ৰতা আৰু সাধনাই ছাত্ৰীসকলক উন্নতিৰ দিশত আগবঢ়াই নিয়ে। অৰ্থাৎ কোনো এক লক্ষ্য বা উদ্দেশ্য সিদ্ধিৰ বাবে ছাত্ৰসকলে একান্ত মনেৰে চেষ্টা কৰিলে সেই উদ্দেশ্যেত সফলতা লাভ কৰিব পাৰে।
ইউক্ৰেইন যুদ্ধত ৰাছিয়াই ধ্বংস কৰিলে বিশ্বৰ বৃহত্তম বিমান 'AN-225 Mriya'। দেশখনৰ ৰাজধানী কীয়েভৰ সমীপত প্ৰচণ্ড যুদ্ধ চলি থকাৰ মাজতে ৰাছিয়াৰ সেনা বাহিনীয়ে নিক্ষেপ কৰা মিছাইলত পুৰি ছাৰখাৰ হয় বিমানখন। ইউক্ৰেইনে নিৰ্মাণ কৰা পণ্যবাহী এই বিমানখন অত্যাধুনিক প্ৰযুক্তিৰে সুসজ্জিত বিশ্বৰ শ্ৰেষ্ঠ নিদৰ্শন হিচাপে পৰিচিত হৈছিল। ইউক্ৰেইনীয় ভাষাত 'Mriya' শব্দৰ অৰ্থ হ'ল স্বপ্ন। বিশালাকাৰৰ এই বিমানখনক লৈ ইউক্ৰেইনে দৰাচলতে এক স্বপ্ন দেখিছিল। ৰাছিয়াৰ আক্ৰমণত ইউক্ৰেইনৰ সেই স্বপ্ন ভংগ হ'ল। ইউক্ৰইনৰ সংস্থা 'এন্টোনাভ'য়ে আশীৰ দশকত এই বিমানখন নিৰ্মাণ কৰিছিল। দেশখনৰ বিদেশ মন্ত্রী ডিমিত্র কুলেবাই জনায় যে কীয়েভৰ সমীপৰ এটা বিমানবন্দৰক কেন্দ্ৰ কৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ সেনাৰ মাজত চলা প্ৰচণ্ড সংঘৰ্ষৰ সময়তে ৰাছিয়ান বাহিনীৰ মিছাইল আক্ৰমণত হস্তোমেল বিমানবন্দৰত ৰৈ থকা বিমানখন জ্বলি ছাৰখাৰ হৈ পৰে। জিম কৰি থাকোতেই হঠাতেই ঢলি পৰি আকস্মিক মৃত্যু যুৱতীৰ! (ভিডিঅ') Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
সাৰ্বজনীন কৰোনা টীকা ২০২৪ৰ পূৰ্বে নহয় : দাবী চিৰাম ইনষ্টিটিউটৰ । নতুন সময়\nHome বিশ্লেষণঃ স্বাস্থ্যঃ সাৰ্বজনীন কৰোনা টীকা ২০২৪ৰ পূৰ্বে নহয় : দাবী চিৰাম ইনষ্টিটিউটৰ\nএই মুহূৰ্তত সকলোৰে বাবে বহুমূলীয়া প্ৰশ্ন- সাৰ্বজনীন স্তৰত কেতিয়া উপলব্ধ হ'ব কৰোনা টীকা? ইতিমধ্যে বিভিন্ন স্তৰত বিভিন্ন পক্ষই এই বিষয়ত আগবঢ়াইছে মতামত। কোনোৱে যদি কৈছে চলিত বছৰৰ শেষৰ ফালেই সৰ্বাসাধাৰণে কোভিড প্ৰতিষেধক লাভ কৰিব, কোনোৱে আকৌ ইয়াৰ বাবে ২০২২ পৰ্যন্ত অপেক্ষা কৰাৰ কথা উল্লেখ কৰিছে। কিন্তু জানিব পৰা মতে, কোভিডৰ প্রতিষেধক তৈয়াৰ হ'লেও সেয়া এতিয়াই বিশ্ববাসীৰ হাতত পৰাৰ সম্ভাৱনা নাই। তাৰ বাবে অপেক্ষা কৰিব লাগিব আৰু ৪-৫ বছৰ। কোভিডত ককবকাই থকা জনতাৰ বাবে এনে নিৰাশাজনক কথাই শুনালে চিৰাম ইনষ্টিটিউটে। চিৰামৰ শীৰ্ষ বিষয়া আদৰ পুণাৱালাৰ দাবী, সমগ্ৰ বিশ্বৰ বাবে পর্যাপ্ত পৰিমাণত কোভিড প্ৰতিষেধক তৈয়াৰ কৰিবলৈ ২০২৪ৰ শেষ পর্যন্ত অপেক্ষা কৰিব লাগিব।\nপুণৰ ঔষধ উৎপাদনকাৰী কোম্পানীটোৰ মুখ্য কাৰ্যবাহী আদৰ পুণাৱালাৰ দাবী, সমগ্ৰ বিশ্বৰ কোভিড ৰোগীক প্রতিষেধক উপলব্ধ কৰোৱাৰ সামর্থ্য নাই ঔষধ প্রস্তুতকাৰী কোম্পানীসমূহৰ। তেওঁ লগতে কয়, কোম্পানীসমূহে উৎপাদন ক্ষমতা সিমান দ্রুততাৰে বঢ়াব পৰা নাই, যাতে বিশ্বৰ সকলো কোভিড ৰোগীক এই প্রতিষেধক কম সময়তে উপলব্ধ কৰাব পাৰে। বিশ্বৰ সকলোৰে বাবে টীকা উপলব্ধ কৰাবলৈ প্ৰায় চাৰি-পাঁচ বছৰ সময় লাগিব।\nএখন সর্বভাৰতীয় দৈনিক কাকতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই দাবী কৰে আদৰ পুণাৱালাই। তেওঁৰ হিচাব অনুযায়ী, হাম বা ৰোটাভাইৰাছৰ দৰে কোভিড-১৯ৰ সংক্রমণৰ পৰা মুক্তি পাবলৈ অন্তত দুটা ড'জৰ প্রয়োজন হ'ব। তেনে ক্ষেত্রত সমগ্ৰ বিশ্বৰ কোভিড ৰোগীসকলৰ বাবে প্ৰায় ১,৫০০ কোটি প্রতিষেধক প্রয়োজন। কিন্তু সকলোৰে বাবে সেয়া বোধহয় চলিত বছৰৰ শেষত বা আগন্তুক বছৰৰ আৰম্ভণিতে পোৱা সম্ভৱ নহয়।\nউল্লেখ্য যে অক্সফোর্ড বিশ্ববিদ্যালয় আৰু ছুইডিচ কোম্পানী এষ্ট্ৰাজেনেকাৰ দ্বাৰা তৈয়াৰী কৰোনা প্রতিষেধক কোভিশিল্ডৰ উপৰি নোভাভেক্সসহ পাঁচটা আন্তর্জাতিক কোম্পানীৰ সৈতে ইতিমধ্যে চুক্তি আছে চিৰাম ইনষ্টিটিউটৰ। ৰাছিয়াৰ তৈয়াৰী প্রতিষেধক 'স্পুটনিক-ভি' প্ৰস্তুতৰ বাবেও চিৰামৰ নাম শুনা গৈছে। কিন্তু সেই চুক্তি এতিয়াও সম্পন্ন নহ'লেও ১ কোটি প্রতিষেধক উৎপাদনৰ লক্ষ্যও আছে তেওঁলোকৰ। ইয়াৰ ভিতৰত ৫০ শতাংশই ভাৰতৰ বজাৰত মুকলি কৰা হ'ব বুলি পূৰ্বতেই জনাইছে চিৰামে। অৱশ্যে কোভিড ভেকচিনক লৈ বিশ্বজুৰি ৰাষ্ট্রনেতাসকলৰ প্রতিশ্রুতি পূৰণ কৰা যে অসম্ভৱ হৈ উছিঠে, তাকো মনত পেলাই দিছে আদৰ পুণাৱালাই। তেওঁ ভাবে, প্রতিশ্রুতিৰ সৈতে সমান্তৰালভাবে চলা নাই ঔষধ প্রস্তুতকাৰী কোম্পানীবোৰৰ উৎপাদন ক্ষমতা। তেওঁৰ মতে, "আমি জানো, সমগ্ৰ বিশ্বই প্রতিষেধকক লৈ আশাবাদী... কিন্তু এনেকুৱা ক'তো এতিয়াও শুনা নাই যে কোনোৱে ইয়াক উৎপাদন কৰাৰ দৰে অৱস্থাৰো ওচৰ চাপিব পাৰিছে।"\nকোভিড প্রতিষেধকক লৈ প্রায় একেই নিৰাশাজনক কথা শুনাইছে আদৰৰ পিতৃ ছাইৰাছ পুণাৱালাইও। আনকি ভাৰতত এই সম্পৰ্কত সুনির্দিষ্ট পৰিকল্পনা নাই বুলিয়ে ভাৱে তেওঁ। তেওঁৰ মতে, "ভাৰতত ৪০ কোটি ড'জতকৈ বেছি প্রতিষেধক উৎপাদনৰ দৰে কোনো সুনির্দিষ্ট পৰিকল্পনা নাই। আনকি কাগজে-কলমেও নাই।"\nPrevious articleমুম্বাই ইণ্ডিয়ানছত যোগ দিলে শচীন-পুত্র অর্জুন তেণ্ডুলকাৰে !\nNext articleলেকামহীন সাংবাদিকতাক তীব্র গৰিহণা ছুপ্রিম কোর্টৰ\nএদিনত ৯৫ হাজাৰ ! দেশত কৰোনা সংক্ৰমণৰ নতুন ৰেকৰ্ড\nভাৰতত সৰ্বসাধাৰণৰ বাবে কোভিড টীকা উপলব্ধ হ'ব ২০২১ৰ শেষত!
নিউজ ডেস্কঃ পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে পৌৰসভা নিৰ্বাচনৰ ভোটগণনা। যোৱা ৭ মাৰ্চত অনুষ্ঠিত পৌৰসভা নিৰ্বাচনত ২৫৩২গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াই প্ৰতিদ্বন্দ্বিতা। ৩৬খন নিৰ্বাচনী জিলাৰ মুঠ ৯৭৭টা ৱাৰ্ডত অনুষ্ঠিত হোৱা এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা এই প্ৰাৰ্থীসকলৰ ভাগ্য নিৰ্ণয় কৰিব ১৬,৭৩,৮৯৯ গৰাকী ভোটাৰে। ইতিমধ্যে ভোটগণনা পৰ্বৰ অব্যাহত থকা সময়তে দেখা গৈছে যে অধিকাংশ ৱাৰ্ডত বিজেপি বা বিজেপিৰে মিত্ৰতা থকা দলৰ প্ৰাৰ্থী জয়ী হৈছে। কিন্তু তাৰ মাজতে বিৰোধী দলৰ প্ৰাৰ্থীয়েও একেবাৰে পিছ পৰি থকা নাই। দেখা পোৱা গৈছে যে আমগুৰিত বৃহৎ সফলতা লাভ ৰিছে কংগ্ৰেছ দলে। চৰকাৰ নথকাৰ পাছতো আমগুৰিত কংগ্ৰেছে ৪খনকৈ আসন লাভ কৰিছে। আমগুৰিত অগপ দলৰ বিধায়ক থকাৰ পাছতো দলটোৱে মাত্ৰ ২খন আসনহে লাভ কৰিছে আৰু বিজেপিয়ে লাভ কৰিছে ৩খন আসন। তদুপৰি আমগুৰিত এখন আসন লাভ কৰিছে নিৰ্দলীয় দলৰ প্ৰাৰ্থীয়ে। ইফালে, মৰিয়নীতো দেখা গ'ল বিপৰীত ছবি। মৰিয়নীত এগৰাকী বিজেপি বিধায়ক থকাৰ পাছতো ১০টা ৱাৰ্ডৰ ভিতৰত ৮টা ৱাৰ্ডতে নিৰ্দলীয় প্ৰাৰ্থীয়ে উৰুৱালে বিজয়ধ্বজ্জা। মন কৰিবলগীয়া যে, মৰিয়নী নগৰৰ ১৭ হাজাৰ ভোটাৰৰ গৰিষ্ঠ সংখ্যকে হৈছে বঙালী ভোটাৰ। অলক ঘোষৰ প্ৰভাৱ থকা বঙালী ভোটাৰ সকলে পূৰ্বৰ দৰে এইবাৰ নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হয়। আনহাতে বিজেপিৰ দলে ৬ নম্বৰ ৱাৰ্ডত কস্তুৰী আগৰৱালা গগৈ আৰু ৭ নম্বৰ ৱাৰ্ডত চুমকি মজুদাৰ জয়ী হয়। লক্ষণীয় যে, যোৰহাটত দেখা গৈছে কংগ্ৰেছ দলৰ উত্থান। যোৰহাটত ৯টা ৱাৰ্ডত বিজেপি প্ৰাৰ্থী জয়ী হৈছে যদিও, কংগ্ৰেছ দলৰ প্ৰাৰ্থীও ৮টা ৱাৰ্ডত জয় লাভ কৰিছে। জানিব পৰা মতে, যোৰহাটৰ ১৭ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী তনুশ্ৰী দত্ত, ১৫ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী ইলোৰা বৰদলৈ, ১৬ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী লখিমী খাৰঘৰীয়া, ৫ নং ৱাৰ্ডত অগপ প্ৰাৰ্থী ৰঞ্জিত শইকীয়াই জয় কৰিছে। আনহাতে, জিলাখনৰ ১০ নং আৰু ৮ নং ৱাৰ্ডত জয়ী হৈছে ক্ৰমে কংগ্ৰেছ প্ৰাৰ্থী চিমি দত্ত বৰা আৰু কাবেৰী দত্ত। যোৰহাটৰ লগতে নাৰায়ণপুৰতো কংগ্ৰেছৰ বহুত ভাল ফলাফল দেখা গৈছে। নাৰায়ণপুৰত ৫টা ৱাৰ্ডত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হৈছে। তাৰ বিপৰীতে বিজেপিয়ে তিনিটা ৱাৰ্ডত আৰু নিৰ্দলীয় তথা কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থীয়ে দুটা ৱাৰ্ডত জয় লাভ কৰিছে। কংগ্ৰেছৰ জয়ী হোৱা প্ৰাৰ্থী কেইজন ক্ৰমে- কুশল নেওগ, ৰূপান বৰা, মায়া চন্দক, জ্যোতিকা শইকীয়া আৰু পল্লৱী হাজৰিকা বনিয়া। আনহাতে, লখিমপুৰত প্ৰথম গৰাকী আম আদমি পাৰ্টীৰ প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। লখিমপুৰ পৌৰ সভাৰ ১৪ নম্বৰ চি ৱাৰ্ডত আম আদমি পাৰ্টীৰ প্ৰাৰ্থী উদিতা দাসে বিজয় সাব্যস্ত কৰিছে। লগতে আপৰ প্ৰাৰ্থী তিনিচুকীয়াতো জয়ী হৈছে। আৰু পৌৰসভা নিৰ্বাচনত লখিমপুৰ আৰু তিনিচুকীয়াত জয়ী হৈ খাটা খুলিলে আম আদমি পাৰ্টীয়ে। উল্লেখ্য যে, শিৱসাগৰ পৌৰসভাত বিজেপিয়ে চমকপ্ৰদ সফলতা অৰ্জন কৰিছে যদিও দুটা ৱাৰ্ডত জয়ী হৈছে ৰাইজৰ দলৰ প্ৰাৰ্থী। ১ নং আৰু ২ নং ৱাৰ্ডত ৰাইজৰ দলৰ প্ৰাৰ্থী জয়ী হৈছে। অৱশ্যে জিলাখনৰ ১৪টা ৱাৰ্ডৰ ১০টা ৱাৰ্ডত বিজেপি প্ৰাৰ্থীয়ে সফলতা অৰ্জন কৰিছে। Search for:
আজি চৰাইদেউ জিলাত সেনাৰ ডাও ডিভিজনৰ সহযোগত সাপেখাটীস্থিত সেনা শিবিৰ আৰু সাপেখাটী আৰক্ষীয়ে এক যুটীয়া অভিযান চলাই আলোচনা বিৰুদ্ধী আলফা (স্বা)ৰ এজন শীৰ্ষ কেডাৰৰ কবলৰ পৰা অত্যাধুনিক মাৰণাস্ত্ৰ জব্দ কৰে। আটকাধীন আলফা (স্বা)ৰ কেডাৰজনক চৰাইদেউ জিলাৰ বৰহাগাঁৱৰ বাসিন্দা নিৰ্মল খাকলাৰি ওৰফে নিৰ্মল অসম বুলি চিনাক্ত কৰা হৈছে। সেনাৰ এক সূত্ৰই জনোৱা অনুসৰি এক বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত চলোৱা উক্ত যুটীয়া অভিযানটোত আলফাৰ দুৰ্ধৰ্ষ কেডাৰজনৰ পৰা এটা এম কিউ ৮১ এছাল্ট ৰাইফল, দুটা মেগজিন আৰু ৭৮ জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰা হয়। আনহাতে ধৃত নিৰ্মল খাকলাৰি যোৱা ২৩ এপ্ৰিলত চৰাইদেউ জিলাৰ সাপেখাতীৰ এটা পেট্ৰল পাম্প আৰু কানুবাৰী চাহ বাগিচাত সংঘটিত গুলীচালনাৰ ঘটনাৰ সৈতে জড়িত আছিল বুলি সেনাৰ সূত্ৰত প্ৰকাশ। উল্লেখযোগ্য যে যোৱা কিছু দিনৰ পৰা নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত নিষিদ্ধঘোষিত সংগঠনটোৰ বিৰুদ্ধে অভিযান তীব্ৰ কৰি তুলিছে। কম সময়ৰ ভিতৰতে সংগঠনটোৰ কেডাৰ আটক কৰা এইটো ৩য়টো ঘটনা। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
ক্ৰিকেট ভদ্ৰলোকৰ খেল বুলি কোৱা হয়। কিন্তু ভদ্ৰলোকৰ খেলত অভৱ্য আচৰণ দেখুৱালে বাংলাদেশৰ খেলুৱৈয়ে। ১৯ বছৰ অনূৰ্ধ্বৰ ক্ৰিকেট বিশ্বকাপত ভাৰক পৰাজিত কৰি চেম্পিয়ন হয় বাংলাদেশ। তাৰ পিছতে বাংলাদেশ দলটোৰ খেলুৱৈসকলে যেন ভদ্ৰতাৰ সকলো সীমা অতিক্ৰম কৰিলে। ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈক অশ্ৰাব্য গালি-গালাজ কৰাৰ লগতে হতাহতিতো লিপ্ত হয় বাংলাদেশৰ খেলুৱৈ। আনকি বেট আৰু ষ্টাম্প লৈও বাংলাদেশৰ খেলুৱৈয়ে খেদি আহিল ভাৰতীয় খেলুৱৈক। কিন্তু খেলপথাৰত উপস্থিত থকা আম্পায়াৰে বাধা দিয়ে এই কাৰ্যত। বাংলাদেশে জয়লাভ কৰাৰ লগে লগে সকলো খেলুৱৈয়ে খেলপথাৰলৈ দৌৰি গৈছিল। কিন্তু একাংশ খেলুৱৈয়ে ভাৰতীয় খেলুৱৈক উদ্দেশ্যি আপত্তিজনক মন্তব্য কৰিবলৈ আৰম্ভ কৰে। ভাৰতীয় খেলুৱৈয়ে ইয়াৰ প্ৰত্যুত্তৰ দিয়াত অধিক আক্ৰমণাত্মক হৈ উঠে বাংলাদেশৰ খেলুৱৈসকল। খেলপথাৰত সৃষ্টি হয় এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ। আম্পায়াৰ আৰু কৰ্তৃপক্ষৰ হস্তক্ষেপতহে নিয়ন্ত্ৰণলৈ আহে পৰিস্থিতি। পিছত বাংলাদেশৰ অধিনায়ক আকবৰ আলীয়ে নিজৰ খেলুৱৈসকলৰ এই কাণ্ডৰ বাবে ক্ষমা বিচাৰে। এই বিষয়টো গুৰুত্ব সহকাৰে লৈছে আই চি চিয়েও। খেলৰ অন্তত ভাৰতৰ অধিনায়ক প্ৰিয়ম গাৰ্গে কয় যে বাংলাদেশৰ খেলুৱৈৰ ব্যৱহাৰ আছিল অত্যন্ত বেয়া। উল্লেখযোগ্য খেলখন আৰম্ভ হোৱাৰ পিছৰে পৰা দেখা গৈছিল দুয়ো দলৰ সংঘাত। খেলৰ দ্বিতীয় অভাৰতে তানজিম হাছান ছাকিবৰ থ্ৰ'ত দিব্যাংশ ছাক্সেনা আউট হোৱাৰ পৰা ৰক্ষা পৰে। অনুমান হয়, ছাকিবে জানি-বুজিয়ে চাক্সেনাৰ মূৰত আঘাত কৰিব বিচাৰিছিল। ইয়াৰ উপৰি ভাৰতীয় বেটছমেন আউট হ'লেই বাংলাদেশৰ খেলুৱৈয়ে কৰিছিল অভদ্ৰ আচৰণ। বাংলাদেশৰ অধিনায়ক আকবৰ আলীয়ে নিজৰ খেলুৱৈসকলৰ এই আচৰণক লৈ কয় যে যি হ'ল এটা অতি দুৰ্ভাগ্যজনক। আমাৰ খেলুৱৈসকল অধিক উৎসাহিত হৈ পৰিছিল। খেলৰ পিছত যি হ'ল সেয়া দুৰ্ভাগ্যজনক। মই ভাৰতক ধন্যবাদ জনাইছো। এয়া আমাৰ বাবে এক সপোন পূৰণ হোৱাৰ দৰেই। বিগত দুবছৰ ধৰি আমি বহুত কষ্ট কৰিছো আৰু আজি তাৰ ফল পাইছো।
গল্পঃ থালী কা বেঙ্গন / কৃষণ চন্দৰ\nHomeঅনূদিত গল্পগল্পঃ থালী কা বেঙ্গন / কৃষণ চন্দৰ\ntranslatorsassam June 09, 2020\nমূল গল্পঃ থালী কা বেঙ্গন\nৰচনাঃ কৃষণ চন্দৰ\nঅনুবাদঃ সঞ্জীৱ মজুমদাৰ\nমীৰমপূৰত মোৰ ব্যৱসায় মানে ধান্দা প্ৰায় মন্দা হৈ পৰিল অৰ্থাৎ একেবাৰে বন্ধ হোৱাৰ উপক্ৰম হ'ল। এক কথাত কবলৈ গলে ধান্দা একেবাৰে ধোঁৱাচাঙত উঠিছিল আৰু সিদিনা মোৰ জেপত মাথো এটা আঠ অনাহে আছিল।\nমই জেপৰ পৰা আঠ অনাটো উলিয়াই তাইৰ হাতত গুজি দি কলো, "যা, বজাৰৰ পৰা বেঙেনা লৈ আহ, আজি বেঙেনা ভাজিৰে ৰুটি খাম।"\nতাই ভোৰভোৰালে, "এই বেলাটো বাৰু যেনে-তেনে চলি যাব, সন্ধিয়ালৈ কি যে হ'ব?"\n"হ'ব, তই ইমান মাথা মাৰি থাকিব নালাগে, ওপৰৱালাই কিবা এটা ব্যৱস্থা কৰিব নিশ্চয়।"\nতাই বজাৰৰ পৰা বেঙেনা লৈ আহিল। ৰান্ধনিঘৰত পীৰাত বহি প্ৰথম বেঙেনাটো কাটিছিল হে মাত্ৰ, ভিতৰখন দেখি তাইৰ চকু জলক-তবক লাগি গল।\n"আৰৰে...." বুলি কৈ একপ্ৰকাৰ আটাহ পাৰি উঠিল।\n"কিনো হৈছে অ?'"\nমই একেকোবে ৰান্ধনিঘৰ পালোগৈ। তাই আধা কটা বেঙেনাৰ টুকুৰাটো মোৰ ফালে আগবঢ়াই দি ক'লে, "চাওকচোন এইয়া কি লিখা আছে?"\nমই বেঙেনাৰ টুকুৰাটো বৰ গভীৰভাৱে পৰীক্ষা নিৰীক্ষা কৰি চালোঁ। বেঙেনাৰ গুটিবোৰ এনেদৰে ইটোৰ সতে সিটো লগ লাগি আছে, যেন কোনোবাই আৰবী লিপিৰ "আল্লাহ্" শব্দটো স্পষ্ট কৈ লিখিহে থৈছে।\n"হে ভগবান..." মই মূৰত হাত দি কলো, এইয়াচোন মুছলমান সকলৰ আল্লাহ্। পূৰ্বায়া মোহল্লা অৰ্থাৎ য'ত মই আছিলো, সেইটো এটা সানমিহলি মোহল্লা, ইয়াৰ আধা বাসিন্দা হিন্দু আৰু বাকী আধা মুছলমান সম্প্ৰদায়ৰ।\nসেই অলৌকিক বেঙেনা চাবলৈ মানুহবোৰ জাকে জাকে অহা আৰম্ভ হৈ গ'ল। হিন্দু আৰু খ্ৰীষ্টিয়ান সকলে সেই বেঙেনাৰ ওপৰত বিশেষ আস্থা প্ৰকট নকৰিলে। কিন্তু হাজী মিঞা ছন্ননে বিশ্বাস কৰিলে আৰু প্ৰথমেই নীতি নিয়মৰ দ্বাৰা যেনে দুচকুত স্পৰ্শ, চুম্বনৰ কৰি "নজৰ-নৱাজ" কৰিলে। মই বেঙেনাৰ টুকুৰাটো এটা আইনাৰ বাকচত সযতনে সকলোৰে চকুত পৰাকৈ স্থাপন কৰিলোঁ।\nকিছুসময় পিছত এজন মুছলমান সম্প্ৰদায়ৰ লোকে বাকচটোৰ তলত সেউজীয়া ৰঙৰ কাপোৰ এখন পাৰি দিলেহি। ধঁপাত বেপাৰী মনন মিঞাই আহি সন্মুখত কোৰান এখন ৰাখিলে। তাৰ পিছত আৰু কি কম!, চহৰৰ সমগ্ৰ মুছলমান লোক সকলৰ মাজত চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিল কেৱল মাথোঁ বেঙেনা।\nবিশ্বাস কৰ দোস্ত, ছমাটিপুৰাৰ পৰা মেমন পুৰালৈ আৰু হিজৱাড়েৰ পৰা কামানীগড়লৈ ইফালে অধ-টিলাৰ, মিঞা চ'কৰ পৰা আৰম্ভ কৰি কাঠিয়াৰা মোহল্লা আদিৰ পৰা অকল মোৰ বেঙেনা চাবলৈ অহা মানুহৰ ভীৰ লাগি গ'ল। মানুহবোৰে এইদৰেও কবলৈ ললে যে, "আমাৰ আস্থা আৰু বিশ্বাসৰ সম্পদে, চমক দেখুৱাবলৈ এটা কাফেৰৰ ঘৰতহে ঠাই পালে নে?।"\nদিন যোৱাৰ লগে লগে মানুহবোৰৰ দৰ্শনৰ মাত্ৰা আৰু দোৱা উপসনা বাঢ়িবলৈ ধৰিলে। প্ৰথম পোন্ধৰ দিনৰ মুঠ আয় প্ৰায় সাত হাজাৰ টকা। ইয়াৰে পৰা, দিনে ৰাতি ভাঙৰ নিচা খাই, বেঙেনাৰ টুকুৰা টো পহৰা দিয়া, স্বাই কৰম শ্বাহক মাত্ৰ টকা তিনিশ দিলোঁ।\nপোন্ধৰ-বিছ দিন মান যোৱাৰ পিছত, মানুহবোৰৰ আস্থা আৰু আগ্ৰহ কিছু প্ৰশমন হোৱা যেন দেখি, এদিন নিশা মানুহজনীক লাহেকৈ জগালো।\nবেঙেনাৰ কটা টুকুৰাটো অকণ ওপৰলৈ ঘুৰাই দি তাইক দেখুৱাই সুধিলো, "এতিয়া চাচোন, কি দেখিছ?"\n"ওঁম, আৰৰে এইটোচোন ওঁম" মানুহজনীয়ে তৰ্জনী আঙুলিটো থুতুৰিত থৈ, এক বিশেষ ভংগীমাৰে ক'লে। তাইৰ সমগ্ৰ মুখমণ্ডলত এক অনবদ্য ব্যাকুলতা।\nৰাতিৰ ভিতৰতে মই পন্ডিত ৰাম দয়ালৰ দুৱাৰত গৈ টুকুৰিয়ালো আৰু তেখেতক জগাই বেঙেনাৰ টুকুৰাটোৰ পৰিৱৰ্তিত ৰূপ দেখুৱালো। পণ্ডিত ৰাম দয়ালে প্ৰায় চিৎকাৰ কৰি ক'লে, "আৰৰে, এইয়া চোন ওঁম হয়, ওঁম। ইমান দিনে মুছলমান বিলাকক বুৰ্বক বনাই আছিলা!"\nতাৰ পিছত আৰু কি হ'ব পাৰে ভাবি চোৱা? বনজুইৰ দৰে কথাটো সমগ্ৰ চহৰখনত বিয়পি পৰিল যে, বেঙেনাৰ টুকুৰাত আচলতে "ওঁম" বুলিহে লিখা আছিল। এইবাৰ পণ্ডিত ৰাম দয়ালে ঘটনাক্ৰমৰ ওপৰত আধিপত্য বিস্তাৰ কৰিলে। দিনে নিশাই আৰতি আদি হ'ব ধৰিলে। ৰাইজে লগে ভাগে ভজন কীৰ্তন কৰিলে আৰু সমানে মুক্তহস্তে দান-দক্ষিনাও আগবঢ়ালে। মই ৰাম দয়ালৰ ভাগৰ টকাখিনি বেলেগে হিচাব কৰি থলো, মোৰ কথা হ'ল সকলোৱে নিজৰ নিজৰ পৰিশ্ৰমৰ সুফল পোৱাটো অতি প্ৰয়োজনীয় যদিও বেঙেনাৰ টুকুৰাটোৰ সৰ্বস্বত্ব মোৰ ওচৰতেই সংৰক্ষিত হৈ থাকিল। এতিয়া ভিন ভিন চহৰৰ পৰা ডাঙৰ ডাঙৰ সাধু-সন্ত, স্বামী-মহাত্মা সকল বেঙেনা দৰ্শনৰ উদ্দেশ্যে আহিব ধৰিলে। চহৰৰ বিভিন্ন স্থানত ভাষণ-প্ৰবচনৰ বন্দোৱস্ত কৰা হ'ল আৰু তাত ধৰ্মৰ গৰিমাৰ ওপৰত তেজস্বী ভাষণো দিব ধৰিলে। পচিশ দিনৰ ভিতৰত নগদ পোন্ধৰ হাজাৰ মান টকা উঠিল লগতে সোনৰ খাৰু এপাত আৰু সোণৰ আঙুঠি এটাও পোৱা গ'ল। কিন্তু দিন যোৱাৰ লগতে, লাহে লাহে মানুহৰ উৎসাহ আৰু উদ্দীপনা পুনৰ সেমেকিব ধৰিলে।\nগতিকে কি কৰা যায়! মই ভাবিলো এইবাৰ আকৌ নতুন কিবা উপায় এটা উলিয়াব লাগিব। ভাবি ভাবি এদিন বেঙেনাৰ টুকুৰাত থকা ওঁমটো খুচৰি অকণ বেছিকৈ পোনাই দি নিশা মানুহজনীক জগালো আৰু সুধিলো, "এতিয়া কি দেখিবলৈ পাইছ, কচোন?" তাই দেখিয়েই হতভম্ব হৈ পৰিল। মুখত আঙুলি এটা থৈ কলে, "হে ৰাম, এইটো চোন খ্ৰীষ্টান বিলাকৰ ক্ৰুছৰ প্ৰতিচ্ছবি।"\n"শশশ.." মই নিজৰ ওঠত আঙুলি এটা থৈ কলো,"কাকো একো ক'ব নালাগে, কাইলৈ ৰাতিপুৱা মই পাদুৰী ডিওৰেণ্ডক লগ কৰিম।"\nবেঙেনাৰ টুকুৰাটোত খোদিত পৱিত্ৰ ক্ৰুছৰ প্ৰতিচ্ছবি চাবলৈ পাদুৰী ডিওৰেণ্ডে লগত এঘাৰ জন খ্ৰীষ্টিয়ান লোক লৈ আহিল। বেঙেনাত পৱিত্ৰ ক্ৰুছৰ প্ৰতিচ্ছবি দেখি নিজৰ বুকুত ক্ৰুছৰ আকৃতি বনোৱাৰ ভংগিমা কৰি খ্ৰীষ্টীয় ভজন গালে। মূৰত জালিকটা ৰূমাল, ধুনীয়া বগা ফ্ৰক আৰু সুডোল পেন্ট পিন্ধা মহিলা সকলে একদৃষ্টে ক্ৰুছৰ প্ৰতিচ্ছবি চাই চাই থৰ লাগি গ'ল।\nক্ৰমান্বয়ে চহৰখনত এক চেপা উত্তেজনা বিৰাজ কৰিবলৈ ধৰিলে। হিন্দু সকলে কলে বেঙেনাত ওঁমৰ আকৃতি আছে, মুছলমান সকলৰ মতে আল্লাহ আৰু খ্ৰীষ্টিয়ান সকলে ক্ৰুছৰ প্ৰতিচ্ছবি থকা বুলি দাবী কৰিলে। ঘটনা বাঢ়ি গৈ ইজনে সিজনলৈ, শিল দলিয়া দলিৰ পৰ্যায়লৈ ৰূপান্তৰিত হ'ল। লাহে লাহে দুই এটা ছুৰীৰে আক্ৰমণ কৰাৰ ঘটনাও ঘটিল।\nছমাটিপুৰাত দুজন হিন্দুক হত্যা কৰিলে আৰু মিস্ত্ৰী মোহল্লাত তিনিটা মুছলমান। এজন খৃষ্টানক চহৰৰ প্ৰধান চ'কত হালাল কৰা হ'ল। প্ৰশাসনে চহৰত ১৪৪ ধাৰা বলবৎ কৰিলে।\nযিদিনাখন মোৰ গ্ৰেপ্তাৰী পৰোৱানা জাৰী আৰু বলবৎ হোৱাৰ কথা, তাৰ আগনিশা বেঙেনাৰ টুকুৰাটো মোৰী নদীত উটুৱাই দিলোঁ। ঘৰৰ সকলো বয়-বস্তু বান্ধি-কুন্ধি মানুহজনীক কলো, "বেলেগ এখন চহৰলৈ গৈ বেলেগ কিবা ধান্দা আৰম্ভ কৰিম, ব'ল।"\n"তাৰ পিছত! তেতিয়াৰ পৰাই মই বোম্বাইত আছোঁ।"\nমীৰমপূৰত সেই দুমাহৰ ভিতৰত কৰা ইনকামৰ টকাৰে এখন টেক্সী কিনিছিলো। যোৱা চাৰি বছৰ ধৰি টেক্সী চলাই সৎ পথেৰে উপাৰ্জনৰ বাট মোকলাইছোঁ।"\nএই কথাখিনি কৈ উঠি মেজৰ পৰা কাঁচৰ গিলাচটো হাতত তুলি ললো আৰু একে শোহাই শেষ ঢোক এটা মাৰি গিলাচটো একেবাৰে খালী কৰি পেলালোঁ।\nহঠাৎ মোৰ দৃষ্টি, মোৰ সন্মুখৰ মেজখনত পৰিল, গিলাচৰ তিতা তলীয়ে মেজৰ ওপৰত এটা নক্সাৰ সৃষ্টি কৰিছে। মই মোৰ লগৰ টেক্সী ড্ৰাইভাৰ যাৰ সন্মুখত মোৰ কাহিনী গাই আছিলো, মুহম্মদ ভাইক সুধিলো, "মুহম্মদ ভাই, চোৱাচোন মেজৰ ওপৰত এইটো কি চিন যেন লাগিছে, আল্লাহ নে ওঁম?\nমুহম্মদ ভাইয়ে মেজৰ ওপৰত থকা চিনটো বৰ মনোযোগেৰে পৰ্যবেক্ষণ কৰিলে, মোৰ ফালে চাই, জোৰেৰে মোৰ পিঠিত ঢকা এটা মাৰি কলে, "আব্বে চালা, এই খন বোম্বাই হয় বুজিছ বোম্বাই, ইয়াত ওঁম বা আল্লাহ, ক্ৰুছ এইবোৰ একো নাই, ইয়াত যি আছে সেইটো হৈছে টকা, কেৱল টকা।"\nইমানখিনি কৈয়েই মুহম্মদ ভাইয়ে এটা ভুল শব্দ মোহৰাৰ দৰে মেজৰ ওপৰত থকা পানীৰ চিনটো একেবাৰে মোহাৰি পেলালে।\nগল্পকাৰৰ পৰিচয়ঃ কৃষণ চন্দৰ চোপ্ৰা ভাৰতীয় সাহিত্যজগতৰ এক প্ৰথিতযশা নাম। ১৯১৪ চনত অবিভক্ত ভাৰতবৰ্ষৰ ৱজিৰাবাদত (বৰ্তমান পাকিস্থান) জন্মগ্ৰহণ কৰা কৃষণ চন্দৰ এগৰকী উৰ্দু আৰু হিন্দী সাহিত্যৰ উজ্জ্বল ভোটাতৰা। বৃটিছ ভাৰত তথা স্বাধীনোত্তৰ ভাৰতৰ ৰাজনৈতিক আৰু সামাজিক ব্যৱস্থাক তীব্ৰ ক্ষুৰধাৰ সমালোচনা কৰিবলৈ তেওঁ লিখিছিল ৰাজনৈতিক আৰু সামাজিক প্ৰহসন সাহিত্য। পৰৱৰ্তী কালত তেখেতৰ বেছিভাগ ৰচনাই বহু দশক ধৰি পাঠকৰ মন-মগজুত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। এক কথাত তেখেতক ভাৰতৰ মাৰ্ক টোৱেন বুলিব পাৰি। আশীৰ দশকত, স্কুলীয়া ছাত্ৰাৱস্থাত থাকোতে,\nচৰকাৰী কাম-কাজৰ শামুকীয়া গতি, ৰঙা ফিটাৰ মেৰপাক আদি সকলো দিশ সামৰি লিখা "জামুন কা পেড়" নামৰ গল্পটো পঢ়িছিলো। এই গল্পটোৱে মোৰ কুমলীয়া বয়সৰ বিবেকক জোকাৰি যোৱা বাবেই হয়তো পৰৱৰ্তী কালত ২০০০ চনত এই গল্পটোৰ দ্বাৰা অনুপ্ৰাণিত হৈ "বিড়ম্বনা" নামৰ এখন একাঙ্কিকা নাটক ৰচনা কৰিছিলো। নাটকখন ত্ৰিপুৰাৰ আগৰতলাত অনুষ্ঠিত এখন নাট প্ৰতিযোগিতালৈ বুলি নিৰ্বাচিত হৈছিল। মোৰ নাটকখন চোৱাৰ পিছত এজন দৰ্শকৰ পৰা গম পাইছিলো যে যশস্বী নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰেও এই গল্পটোৰ ছাঁ লৈ "সেই গছজোপা" নামৰ নাটক এখন লিখিছিল। পিছলৈ দূৰদৰ্শন আৰু 'চব' টিভিত প্ৰদৰ্শিত আৰু পংকজ কাপূৰে মূচুদ্দিলাল নামৰ চৰিত্ৰ এটাত অভিনয় কৰা "অফিচ অফিচ" নামৰ টিভি চিৰিয়েলখনৰ আত্মাটো আছিল কৃষণ চন্দৰৰ "জামুন কা পেড়"।\nশ্বেইক্সপীয়েৰৰ "কমেডী অব্ এৰৰছ্" নাটকখনে হলীউড, হিন্দী আৰু দক্ষিনৰ চিনেমাত ডাবল্ ৰোলৰ চিনেমাক আজিও সফলতাৰে প্ৰভাবিত কৰাৰ দৰেই কৃষণ চন্দৰৰ প্ৰহসনমূলক গল্প আৰু উপন্যাস সমূহে সামাজিক বাৰ্তা বহন কৰা ভাৰতীয় উপ মহাদেশৰ ছবি আৰু চিৰিয়েল সমূহক প্ৰভাবিত কৰি আহিছে।\n"জামুন কা পেড়" গল্পটোৰ ৰচনাকাল জানিব নোৱাৰিলো যদিও আনুমানিক পঞ্চাশ বা ষাঠিৰ দশকৰ হব। কিন্তু এই গল্পটোৰ যথাৰ্থতা আজিৰ তাৰিখতো সময় সাপেক্ষিক, পঢ়ি চালে গম পাব।
১৯৬২ চনত বিন্দুৱে প্ৰথমখন ছবিত অভিনয় কৰে। 'অনপড়' নামৰ সেই ছবিখনত কিৰণ শীৰ্ষক চৰিত্ৰ এটাত তেখেতে অভিনয় কৰিছিল। ১৯৬৯ চনত তেখেতে 'ইট্টেফাক' নামৰ চলচ্চিত্ৰখনত ৰেণুৰ ভূমিকা ৰূপায়ণ কৰে। আৰু 'দো ৰাস্তে' নামৰ ছবিখনত নীলা নামৰ চৰিত্ৰটো ৰূপায়ণ কৰে। দুয়োখন ছবিয়েই বক্স অফিচত সফলতা লাভ কৰে আৰু দুয়োখন ছবিৰ বাবেই তেখেতে ফিল্মফেয়াৰৰ মনোনয়ন লাভ কৰে। ১৯৭২ চনত বিন্দুৱে দাস্তান নামৰ ছবিখনত মালাৰ ভূমিকাত অৱতীৰ্ণ হয় আৰু তৃতীয়টো ফিল্মফেয়াৰৰ মনোনয়ন লাভ কৰে। তাৰ পিছৰটো বছৰতেই বিন্দুৱে 'অভিমান' ছবিত চিত্ৰাৰ চৰিত্ৰত অভিনয় কৰে। এইখন ছবিকে ধৰি পৰৱৰ্তী সময়ত বিন্দুৱে 'হাৱাছ' আৰু 'ইমতিহান'ত অভিনয় কৰি ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন লাভ কৰে। ১৯৭৬ চনত 'অৰ্জুন পণ্ডিত' নামৰ ছবিখনত তেখেতে সৰলা চৰিত্ৰটোত অভিনয় কৰে আৰু ফিল্মফেয়াৰৰ সপ্তমটো মনোনয়ন লাভ কৰে। অভিনেত্ৰী অৰুণা ইৰানী, ইন্দ্ৰ কুমাৰ, আদি ইৰানী, আৰু ফিৰোজ খান হৈছে বিন্দুৰ ভাগিন-ভাগিনী। বলিউদৰ যশস্বী অভিনেতা প্ৰেম চোপ্ৰাৰ বিপৰীতে বিন্দুৱে বহুকেইটা চৰিত্ৰত অভিনয় কৰিছে। তাৰে কেইখনমান উল্লেখযোগ্য ছবি হৈছে-লগান, কটি পতংগ, দো ৰাস্তে, দাগ, চুপ্পা ৰুস্তম, প্ৰেম নগৰ, ত্যাগ, নফৰত, গেহৰী চাল আৰু দাস্তান আদি। ১৯৭৯ চনৰ তামিল ভাষাৰ ছবি 'নালান্ধু উড়ো কুদুবাম'ত তেখেতে শিৱাজী গণেশানৰ লগত নৃত্যও কৰে। ১৯৬৯ চনৰ পৰা ১৯৮৯ চনলৈকে বিন্দুৱে বলিউডৰ আন এজন খ্যাতিশীৰ্ষ অভিনেতা ৰাজেশ খান্নাৰ লগত তেৰখন ছবিত অভিনয় কৰিছে। ↑ "Bindu". jointscene.com. http://www.jointscene.com/artists/Bollywood/Bindu/4869। আহৰণ কৰা হৈছেঃ 2 August 2010. ↑ "Shabnam Still Gets Fan Mail". Indian Express. 4 December 2010. http://www.indianexpress.com/news/shabnam-still-gets-fan-mail/720458/0. ↑ "Bindu Desai Biography". bollycurry.com. http://www.bollycurry.com/celeb/bindu-desai/biography/। আহৰণ কৰা হৈছেঃ 2 August 2010. ↑ "Bindu Portrait". bollywood501.com. http://bollywood501.com/classic_f/Bindu/index.html। আহৰণ কৰা হৈছেঃ 2 August 2010. ৱিকিমিডিয়া কমন্সত বিন্দু সম্পৰ্কীয় মিডিয়া ফাইল। বিন্দু সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য। অদৃশ্য শ্ৰেণীসমূহঃ এই পৃষ্ঠাখন ০২ মাৰ্চ, ২০২১ তাৰিখে ২১ঃ২৯ বজাত অন্তিম সংশোধন কৰা হৈছিল। লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।
আজিৰ পৰা চাৰিদিনীয়া কাৰ্য্যসূচীৰে মাজুলীত আৰম্ভ হৈছে সাহিত্য সভাৰ ২৩ সংখ্যক কেন্দ্ৰীয় অধিবেশন। মাজুলীৰ নতুন বজাৰৰ তৰুণ চন্দ্ৰ পামেগাম ক্ষেত্ৰত অনুষ্ঠিত হোৱা মিচিংসকলৰ জাতীয় অনুষ্ঠান 'আগম কেবাং' অৰ্থাৎ সাহিত্য সভাৰ কেন্দ্ৰীয় অধিবেশনখনিক লৈ ইতিমধ্যে স্থানীয় ৰাইজৰ মাজত ব্যাপক উৎসাহ উদ্দীপনাৰ সৃষ্টি হৈছে। অসমৰ এটা উল্লেখযোগ্য জনগোষ্ঠী মিচিং সকলৰ স্বকীয় ভাষা আৰু সংস্কৃতিৰ উন্নয়নৰ বাবে কাম কৰি অহা মিচিং সাহিত্য সভাখন সফলভাবে অনুষ্ঠিত কৰাৰ বাবে উদ্যোক্তা সমিতিয়ে সকলো ধৰণৰ প্ৰস্তুতি প্ৰায় সম্পুৰ্ণ কৰি তুলিছে। আমাৰ স্থানীয় সংবাদ দাতাৰ প্ৰতিবেদন অনুসৰি অধিবেশনস্থলীত সুবৃহৎ মূল মঞ্চৰ লগতে তিনিটা মৃৎ ঘৰ সাজি উলিওৱা হৈছে। প্ৰায় ৩০০ ৰো অধিক স্বেচ্ছাসেৱক দিনে-নিশাই অধিবেশনখন সাফল্যমণ্ডিত কৰি তোলাৰ বাবে জড়িত হৈ থাকিব। আনহাতে, অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰায় ১৫০০ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশৰ পৰাও ভালেসংখ্যক প্ৰতিনিধিয়ে অধিবেশনত অংশগ্ৰহণ কৰিছে। অধিবেশনৰ লগত সংগতি ৰাখি প্ৰতিনিধি সভাৰ লগতে সাংস্কৃতিক কাৰ্য্যসূচী, প্ৰদৰ্শনী আদিৰো ব্যৱস্থা কৰিছে আদৰণি সমিতিয়ে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
মূলা-খোৱা বুঢ়া - ৱিকিউৎস\n(মুলা-খোৱা বুঢ়াৰ পৰা পুনঃনিৰ্দেশিত)\n1379মূলা-খোৱা বুঢ়ালক্ষ্মীনাথ বেজবৰুৱা\nতাহানি এক ৰজাৰ দিনত এহালি বুঢ়া-বুঢ়ী আছিল। দুয়ো গাঁৱৰ এমূৰত সৰু পজা এটিতে টুক্ টুক্ টাক্ টাককৈ কোনোমতে খাই বৈ থাকে; খেতি-বাতি বিশেষ একো নাই; কেৱল ঘৰৰ আগৰ এচমকামান মাটিতে শাকটো-পাচলিটো আৰ্জি তাকেই বেচি কিনি কোনোমতে পেটে ভাতে খাই সাস্ত সমস্তকৈ দিন কটায়। ঘৰখনিৰ ভিতৰত বুঢ়া আৰু বুঢ়ী, তেওঁ বিলাকৰ আগলৈ চাবলৈকো নাই, পাছলৈ চাবলৈকো নাই।\nএইবাৰ বুঢ়াই কৰবাৰ পৰা ভাল মূলাৰ গুটি আনি বৈ গোবৰ-মাটি ছাই-মাকতি সাৰ-জাবৰ আদি দি নিকাই খুচৰি লহ-পহ কৰে বাল মূলা এডৰা কৰিছে; দেখিলেই এনেহে লাগে, যেন মূলাডৰাই "মোক খা" "মোক খা"কৈ হাত বাউলি দি মাতিব লাগিছে।\nকোন কোৱা-চিলাই বতৰা কলেগৈ ক'ব নোৱাৰোঁ, স্বৰ্গত বাতৰি ওলালগৈ, যে অমুক ঠাইত অমুক বুঢ়াৰ শাকনি বাৰীত এনে এডৰা 'মোক খা,'মোক খা' কৰা মূলা হৈছে। লাহে লাহে এই কথাৰ পম বাঢ়ি গৈ ইন্দ্ৰৰ কাণ পালেগৈ। কথাটো লুভীয়া ইন্দ্ৰ বাহাদুৰৰ পেটত 'কেতিয়া মূলাৰ ওচৰ পাওঁ' এই কথাই ধান বানিবলৈ লাগি গ'ল।\nৰাতিপুৱাই কাউৰী-কুকুৰ নৌ উঠোতেই ফটা-কঁথা নিহালিৰ মায়ামোহ এৰি বুঢ়াৰ শাকনি সোমোৱা অভ্যাস। দিনততো দিঠকত মূলাখোচৰা আছেই, ৰাতিও সমাজিকত বুঢ়াৰ মূলা-খোচৰাৰ ক্ৰুটী নাই; আন কি, টোপনীত গাৰু খুদখহুত কেনেবাকৈ হাত পৰি খজুৱালেও বুঢ়াৰ মূলা-খোচৰা যেনহে লাগে। এদিন ৰাতিপুৱা দোকমোকালিতে শাকনিৰ পৰা বুঢ়াই ৰিঙিয়াই মাতিবলৈ ধৰিলে, "বুঢ়ী ঔ বুঢ়ী!"\nবুঢ়াঃ "চাহিচোন বেগাই আহ!"\nবুঢ়ীঃ "ৰাতি এডোখৰ থাকোতেই নো কি হ'ল ঐ! মই জাৰত এতিয়াই নোৱাৰোঁ উঠিব।"\nবুঢ়াঃ "মোৰ মূৰখাতী বুঢ়ী, আহচোন চাই যাহি।"\nবুঢ়ীঃ "মোৰ মূৰখোৱা বুঢ়া, মই নোৱাৰোঁ যাব, কি হ'ল ক?"\nবুঢ়াঃ "বোলো, মূলাকণ কঠীয়া মাৰিলে।"\nবুঢ়ীঃ "কি হ'ল? কোনে ? গৈছো।"\nএই বুলি নিহালি কঁথা তুলি তলিচা যি আছিল সোপাকে গাত মেৰাই লৈ বুঢ়ী শাকনি পালেগৈ।\nবুঢ়াঃ "ই কথাই কথা নহয়, সি মূলা খাই লতা পাইছে যেতিয়া আজিও আহি ওলাবহি। আজি ৰাতি খাপ দি তাক ধৰিবই লাগিব, কি বোল বুঢ়ী? মই অমুকা বুঢ়া হওঁ যদি তাক গৰু-বন্ধা পঘাৰে বান্ধি ঢেকি-ঠোৰা লগাম।"\nবুঢ়ীঃ "মই হবলা আমুকী বুঢ়ী হওঁ যদি মাকতিয়েকে তাক বুঢ়ী বাঢ়নী নলগাম?"\nএইদৰে বুঢ়া-বুঢ়ীয়ে পাঙি-পাতি দীঘল দিনটো কোনো মতে নিয়াই ৰাতি খাই-বৈ উঠি খাপ দি আছে। ফেঁচাই কুৰুলিয়ালে, গ'ল,মূলাচোৰ নাহিল। হঁয়কলিয়ে মাতিলেঃ "হঁয়কলি, হঁয়কলি, অতকবোৰ ধান চাউল কি কৈলি?" হঁয়কলিয়নীয়ে উত্তৰ দিলেঃ "পোৱে খালে, জীয়ে খালে ঠোক্ ঠোক্, থাক্ থাক্", গ'ল মূলাচোৰ নাহিল; গাঁৱৰ সিমূৰে ফেৰুৱাই "ফেউ ফেউ" কৰিলে, গ'ল, মূলাচোৰ নাহিল; কুকুৰে ওচৰতে ভৌ অ-অ-অউ হো-' কৈ আকাল লংঘা কুলক্ষণীয়া চিয়ঁৰ লগালে, গ'ল, মূলাচোৰ নাহিল। মূলা নাইকিয়া মানুহে শোৱাপাটীত পৰি এলুটি দুলুটিকৈ তিনি চাৰি বাৰ লুটি-বাগৰ দি টোপনিটো সলাই লৈ আকৌ শুলে, তেও নাহিল মূলাচোৰ নাহিল।" বুঢ়াই নিৰাশ হৈ বেজাৰ মনেৰে বুঢ়ীক মাত লগালে, "বুঢ়ী কি কৱ! চোৰ দেখোন নাহিল।" বুঢ়ীয়ে কিংকৰ্তব্যবিমূঢ় হৈ কি উত্তৰ দিব, এই কথা ভাবোঁতেই মূলাচোৰ ইন্দ্ৰই গাত ঔ বীজ আৰু তেল জেপজেপিয়াকৈ ঘহি, তেল কলীয়া আঠু মূৰীয়া চুৰিয়া পিন্ধি, আৰু এৰীয়া কাপোৰ গাঁত মাৰি,বুঢ়া মানুহ এটাৰ বেশ ধৰি শাকনি সোমাই কচ্ কচ্ কৰে মূলা খাবলৈ লাগি গ'ল। সহস্ৰলোচন মূলাত ইমান মজি গৈছিল যে তেওঁৰ সহস্ৰ চকুৰ আগতো, হাতত গৰুৰ পঘা, ঢেকীঠোৰা, আৰু বুঢ়ী বাঢ়নী লৈ দুৱাৰ চুকত লুকাই থকা বুঢ়া বুঢ়ী, নপৰিল।\nইন্দ্ৰঃ "হে ককাই, মোক আৰু নিকিলাবা ঔ, এয়ে আঁতিছে। মই এধামৰা হ'লো; তুমিও বুঢ়া মানুহ, ময়ো বুঢ়া মানুহ, অলপ মুখলৈ চোৱাঁ ঔ এই বাৰৰপৰা মই আৰু এনে কাম নকৰোঔ! মোক এৰি দিয়া ঔ! হে বৌ! বাঢ়নী খোচত মোৰ চকু ফুটিবলগীয়া হ'ল, মোক ইমানতে এৰাঔ! বান্ধ মোকোলাই দিয়া, মই দুটি ভৰিত ধৰি চুলি চিঙি কাতৰ কৰি মাতিছোঁঔ! হে বধে চুব আৰু নেমাৰিবাঔ!"\nবুঢ়াঃ "তোৰ মুখেদি মই মূলা এটাইকেইটা উলিয়াইহে এৰিম! মোৰ গুৰুক দিয়া নাই,গোঁসাইক দিয়া নাই, ভকতক দিয়া নাই, মহাজনক দিয়া নাই, সন্ত-সাধুক দিয়া নাই; তই কটা মোৰ মূলা আগেয়ে চুৰকৈ খালি।"\nবুঢ়ীঃ "মোৰ এইটোৰ বাঢ়নী ভাগি ঢুকাল, আৰু এটা আছে সেইটো আনোগৈ ৰ।"\nইন্দ্ৰঃ "ককাই তোমাক যিহকে লাগে তাকে দিম, মোক এৰি দিয়া।"\nবুঢ়াঃ "যিহকে লাগে তাকে দিবি? ওঁ বাৰু অ'। কটা ছাল-ছিগা ভিকহু, তই যিহকে লাগে তাকে দিব নেলাগে, মোৰ ঘৰতে গোলাম হৈ থাকি খেতি-বাতি কৰি দিম বুলি সৈ কাঢ়।"\nইন্দ্ৰঃ "ককাই মই সেইটোৰ বাহিৰে যিহকে কোৱা তাকে কৰিবলৈ গাত লৈছোঁ, সেইটোহে নোৱাৰোঁ। তোমাৰ আগত আৰু কি মিছা কথা কম, মই ইন্দ্ৰ, বেশছন কৰি আহি তোমাৰ মূলা খাইছিলোঁ।"\nবুঢ়াঃ "তই ইন্দ্ৰ যদি ভালেই হ'ল, মইও তোকেইহে বিচাৰি ফুৰিছিলো; বুঢ়াৰ হাতত চেঙেলি পৰিছ। জনমৰ পৰা আমাৰ দুখতে কাল গৈছে, তেও তই চকু মেলি নেচা? বুঢ়ী,সিটোৰ বাঢ়নী আনগৈ, যা বাঘেখাঁতী কৰিছ কি? বেগাই য়া। ইয়াৰ চকু কেটাৰ একে বেলিয়েই চাই-থনীয়া শৰাধ কৰি থওঁ।"\nইন্দ্ৰঃ "মই তিনি শইত খাই কৈছোঁ, ককাই তোমাক যিহকে লাগে তাকে দিম, মোক একো নকৰিবা।"\nবুঢ়াঃ "বাৰু ৰ তেন্তে, আমি বুঢ়া-বুঢ়ী দুয়ো আলচ কৰি কি লাগে কওঁ।"\nএইবুলি পঘাৰ বান্ধটো ঘৰৰ খুটাত ভালকৈ আঁটি দি বুঢ়া-বুঢ়ী অলপ আঁতৰ হৈ ইন্দ্ৰই নুশুনাকৈ আলচ কৰিবলৈ লাগি গ'ল।\nইফালে স্বৰ্গত শেহ ৰাতি টোপনী ভাগি শচীয়ে কাষৰত খেপিয়াই ইন্দ্ৰক নেপাই কান্দি-কাটি মহা হুলস্থুল লগাই দিলে। কি কৰিব নিৰুপায়, ঘৰৰ কোনেও ধৰি শচীক ৰাখিব নোৱাৰে, পানীত পৰি মৰিবলৈ যায়; আৰু গোটেইজনী বাউলী হৈ, গিৰীয়েকৰ স্বভাৱচৰিত্ৰ সোপাকে আগৰ পৰা গুৰিলৈকে উকটি, নানা সুমিষ্ট ভাষাৰে গালি-শপনি পাৰি তলমাটি ওপৰ লগাই দিলে। চন্দ্ৰ-সূৰ্য্য বায়ু-বৰুণ আদি কৰি ত্ৰিদশকোটি দেৱতা আৰু ঘৰৰ চাকৰ-নাকৰ লগুৱা-লিকচৌ বিলাকে দিহাদিহি ইন্দ্ৰক বিচাৰি চলাথ লগাইছে, কিন্তু সকলোৱে ওপৰে ওপৰেহে ফুৰিচে, ঘাই কথাৰ সম্ভেদ কোনেও পোৱা নাই। ইন্দ্ৰ-জোন কেনি বৈ গ'ল, তাৰ উৱাদিহ ধৰিব নোৱাৰি যেয়ে যেনিয়ে পাই তেনিয়েই ভেটা দি ফুৰিছে। ত'ত যে ইফাল আহি বুঢ়াৰ ঢেকী-থোৰাৰ মাৰত চেপেটা লাগি ত্ৰাহি-মধুসুদন দেখিব লাগিছে, এই কথা কাৰো সমাজিকতো নাই।\nবুঢ়াঃ "এটা বৰ-ঘৰ, এটা মাৰল-ঘৰ, এটা চৰা-ঘৰ, এটা বুলনি-ঘৰ, এটা গোহালি-ঘৰ, এযোৰ ভঁড়াল (এটি গুটি, এটা গছী), ঢেকীশাল, তাঁত-শাল, নাম-ঘৰ; তাৰ পাছত এগোহালি গৰু, এখুটি ম'হ; তাৰ পাছত ৰাম-বুলিয়া মোৰ কাপোৰ-কানি; তাৰ পাছত কিবা বোলেনে তোৰ ৰিহা-মেখেলা, অলঙ্কাৰ-পাতি; ইয়াকে কোৱা যাওক; কি বোল বুঢ়ী?"\nবুঢ়ীঃ "কি বোলো, মোৰ মূৰ খোৱা, তোৰ মূৰ বোলো। আগেয়ে মোৰ অলঙ্কাৰ-পাতি, তাৰ পাছতহে তোৰ ঘৰ-দুৱাৰ হাতী-মাখি।"\nবুঢ়াঃ "আগেয়ে ঘৰ-দুৱাৰ নহ'লে তোৰ মূৰ অলঙ্কাৰ পাতি ক'ত থবি বুঢ়ী ঘুগুলী?"\nবুঢ়ীঃ "বুঢ়া ঘুগুলা, তোৰ মূৰ অলঙ্কাৰ পাতি মোৰ গাত থাকিব। ঘৰ-দুৱাৰ, গৰু, ম'হ জুইয়ে পুৰিলে, মৰি থাকিল, আজৰি হ'ল, মোৰ অলঙ্কাৰ সদায় থাকিব। বুঢ়া ঘুগুলা সোলা!"\nবুঢ়াঃ "মোৰ মূৰ খাঁতী বুঢ়ী ঘুগুলী সুলী! তই মৰিলে তোৰ অলঙ্কাৰ তোৰ মূৰ ক'ত থাকিব?"\nবুঢ়ীঃ "মোৰ মূৰ খোৱা বুঢ়া ঘুগুলা হতচিৰি হোৱা, মই মৰিলে মোৰ মূৰটো তয়ে খাবি। বুঢ়া ঘুগুলা, মোৰ মূৰটোলৈ, তোৰ বৰ হেঁপাহ হৈছে, ৰ তাকে তোক দিওঁ।"\nএই বুলি বুঢ়ীয়ে ফোঁ ফোঁ কৰে লৰ মাৰি আহি "বুঢ়াক মোৰ মূৰটো লাগে, তাকে দিয়া" বুলি ইন্দ্ৰক কৈ হাতৰ বান্ধটো মেলি দিলে। বুঢ়া ভেবা লাগি চাই থাকোঁতেই গ'ল; ইন্দ্ৰই বান্ধৰ পৰা মুকলি হৈয়েই বুঢ়ীৰ কথামতেই তত্ক্ষণাত বজ্ৰেৰে কোব মাৰি বুঢ়ীৰ মূৰটো কাটি বুঢ়াৰ আগত পেলাই দি মায়া হৈ গুচি গ'ল। কাণ্ডখন দেখি বুঢ়া বিমূৰ্চ্ছিত হৈ মাটিত পৰিল।\n"https://as.wikisource.org/w/index.php?title=মূলা-খোৱা_বুঢ়া&oldid=7112"ৰ পৰা অনা হৈছে\nএই পৃষ্ঠাটো শেষবাৰৰ কাৰণে ১৯ ছেপ্টেম্বৰ ২০১৪ তাৰিখে ২১ঃ৩৭ বজাত সলনি কৰা হৈছিল।
কংগ্ৰেছ বিধায়কসকলে বিধানসভা গেৰুৱাকৰণ হোৱা বুলি অনা গুৰুতৰ অভিযোগেৰে মঙলবাৰে এক বিশৃংখল পৰিৱেশৰ মাজত আৰম্ভ হৈছে অসম বিধানসভাৰ বাজেট অধিৱেশন। এই প্ৰৱণতাক 'গভীৰ উদ্বিগ্নতাৰ বিষয়'ৰূপে অভিহিত কৰি গগৈয়ে কয় যে 'ইয়াৰ পিছত কাইলে তেওঁলোকে সংসদ আৰু নিৰ্বাচন আয়োগ নিয়ন্ত্ৰণ কৰিব খুজিব'। চৰকাৰ আৰ এচ এচে পৰিচালিত কৰা বুলি অভিযোগ তুলি কংগ্ৰেছ বিধায়কসকলে অধিৱেশনৰ আৰম্ভণিৰ দিনাৰ পৰম্পৰাগত ফটো আৰু চাহ পৰ্ব বৰ্জন কৰে। জেইলত কি কৰি থাকে প্ৰেয়সীক টুকুৰা টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থোৱা আফতাবে ? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
বি.বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধক্ষ্য ড০ দীনেশ বৈশ্য অসমৰ এজন বিশিষ্ট বুদ্ধিজীৱি । অসমীয়া সাহিত্য জগত খনলৈ বহুতো কিতাপ লিখি থৈ যোৱা তেখেত একেধাৰে কবি, গীতিকাৰ, সুৰকাৰ, ঔপন্যাসিক আৰু মননশীল তথা চিন্তনশীল প্ৰবন্ধৰ লিখক ।
মায়ানগৰী মুম্বাইত জিলিকিছে অসমৰ এজন যুৱক। নাম তেওঁৰ কিংশুক মৰাণ। নাহৰকটীয়াৰ আমোলাপট্টিৰ নিৱাসী ৰূপেশ্বৰ মৰাণ আৰু বীণা ভাজনি মৰাণৰ বৰপুত্ৰ কিংশুকে ১০ বছৰৰ আগতে ঢাপলি মেলিছিল মায়ানগৰী মুম্বাইলৈ আৰু সেই সময়তে সানিধ্য লাভ কৰিছিল লেজলি ফাৰ্ণাণ্ডেজ নামৰ এজন ছাউণ্ড ডিজাইনাৰৰ। তাৰ পিছৰে পৰা যেন পিছলৈ ঘূৰি চাব লগা হোৱা নাই কিংশুকে। কিংশুকে লেজলিৰ পৰা কাম শিকি-বুজি বলীউদৰ হিট ছবি আমিৰ খানৰ 'ডংগল', সঞ্জয় লীলা ভাঞ্চালীৰ 'বাজিৰাও মস্তানী'ৰ লগতে 'উৰি', 'পদ্মাৱতী', 'ডাবাং-২ আৰু বহু কেইখন হিট চিনেমাত ছাউণ্ড ডিজাইনিং কৰি বলীউদত নিজৰ বাবে এটুকুৰা ঠাই উলিয়াবলৈ সক্ষম হয়। ইফালে লক ডাউনৰ পূৰ্বে "ভি" নামৰ দক্ষিণ ভাৰতীয় চিনেমা এখনৰ কাম প্ৰায় সমাপ্ত কৰাৰ পিছতেই অমিতাভ বচ্চন আৰু ৰণবীৰ কাপুৰ অভিনীত 'ব্ৰহ্মাস্ত্ৰ' নামৰ চিনেমাখনৰ ছাউণ্ডৰ কামো আৰম্ভ কৰিছে কিংশুকে। মুম্বাইৰ দৰে ৰঙীণ স্বপ্ন নগৰীত জীয়াই থকাৰ অটল সংগ্ৰামখন এতিয়াও শেষ হোৱা নাই তেওঁৰ বাবে। লক্ষ্য আৰু বহুদূৰ আগুৱাই যোৱাৰ। CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the intellectual property rights of Cable News Network in respect of them. © Copyright Network18 Media and Investments Ltd 2016. All rights reserved.
পৰিৱৰ্তনৰ নমুনাই এতিয়া অৱস্থা কাহিল কৰি পেলাইছে দেশৰ সাধাৰণ জনতাৰ। খাদ্য সামগ্ৰীকে ধৰি ইন্ধন, দৰৱ, গৃহ নিৰ্মাণত ব্যৱহৃত সামগ্ৰী সকলোতে এতিয়া আকাশলংঘী মূল্যবৃদ্ধি। মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে মোদীৰ চৰকাৰে আজিলৈকে বিশেষ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। দেশৰ সাধাৰণ শ্ৰেণীৰ লোকসকলক মূল্যবৃদ্ধিয়ে এক প্ৰকাৰ আৰ্থিক ভাবে কোঙা কৰি পেলাইছে। দুৰ্দশাগ্ৰস্ত জনতাৰ মূৰত পুনৰ মাধমাৰ শোধাবলৈ সাজু হৈছে পৰিৱৰ্তনৰ সপোন দেখুৱাই ক্ষমতাৰ ৰাজপাট দখল কৰা মোদীৰ চৰকাৰে। অহা বছৰ অৰ্থাৎ ২০২২ চনৰ প্ৰথম দিনটোৰ পৰাই দেশত বৃদ্ধি পাব জোতা-চেণ্ডলকে ধৰি কাপোৰৰ দাম। শেহতীয়াকৈ The Central Board of Indirect Taxes and Customs (CBIC) -এ জোতা-চেণ্ডেল আৰু বস্ত্ৰৰ ক্ষেত্ৰত থকা পূৰ্বৰ জিএছটিৰ পৰিমাণ দুগুণতকৈয়ো অধিক হাৰত বৃদ্ধি কৰিছে। বৰ্তমান জোতা-চেণ্ডেল আৰু বস্ত্ৰৰ ক্ষেত্ৰত থকা জিএছটিৰ পৰিমাণ হৈছে ৫ শতাংশ। কিন্তু ২০২২ চনৰ ১ জানুৱাৰীৰ পৰা সেই জিএছটি ১২ শতাংশলৈ বৃদ্ধি কৰা হ'ব। ফলত জোতা-চেণ্ডেল আৰু বস্ত্ৰৰ দাম জিএছটি বৃদ্ধিৰ লগে লগে অভাৱনীয় হাৰত বৃদ্ধি পাব। সেয়ে জোতা-চেণ্ডেল, কাপোৰ কিনে যদি এতিয়াই কি থওঁক। ইপিনে চৰকাৰৰ এনে সিদ্ধান্তক জন বিৰোধী সিদ্ধান্ত আখ্যা দিছে Clothing Manufacturers Association of India (CMAI)ই। চৰকাৰৰ এনে সিদ্ধান্তই সাধাৰণ জনতাক ক্ষতিগ্ৰস্ত কৰিব বুলিও সংস্থাটোৰ তৰফৰ পৰা কোৱা হৈছে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
প্ৰেমিকাৰ সৈতে বনভোজ খোৱাৰ পাছতে উদ্ধাৰ আছুকৰ্মীৰ মৃতদেহ? ন্যায় বিচাৰি মাতৃৰ কান্দোন -\nHomeআঞ্চলিকপ্ৰেমিকাৰ সৈতে বনভোজ খোৱাৰ পাছতে উদ্ধাৰ আছুকৰ্মীৰ মৃতদেহ? ন্যায় বিচাৰি মাতৃৰ কান্দোন\nপ্ৰেমিকাৰ সৈতে বনভোজ খোৱাৰ পাছতে উদ্ধাৰ আছুকৰ্মীৰ মৃতদেহ? ন্যায় বিচাৰি মাতৃৰ কান্দোন\nডিজিটেল ডেস্কঃ দহদিনে সন্ধান নোলাল বাকসাৰ আছুকৰ্মী কপিল তালুকদাৰৰ হত্যাকাৰীৰ। ন্যায় বিচাৰি থানা ঘেৰাও কৰিলে স্থানীয় ৰাইজে। পুত্ৰহাৰা মাতৃয়ে ন্যায় বিচাৰি কাতৰ আহ্বান জনাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক। উল্লেখ্য যে বিগত ২৮ ডিচেম্বৰত বাকসাৰ জিলাৰ বাগানপাৰা আৰক্ষী চকীৰ অন্তৰ্গত নয়াৱস্তিত আছুকৰ্মীৰ ৰহস্যজনক আত্মহত্যাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল।\nনয়াৱস্তিৰ কপিল তালুকদাৰ নামৰ ছাত্ৰ কৰ্মীজনে প্ৰেমিকাৰ সৈতে বনভোজ খাবলৈ গৈছিল বাকসাৰ চৌকিলৈ। চৌকিৰ পৰা ঘুৰি অহাৰ পাছৰে পৰা নিৰুদ্দেশ হৈ থকাত পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰিও কোনো সন্ধান নাপালে। কিন্তু ২৯ ডিচেম্বৰৰ পুৱা নয়াৱস্তিৰ আশ্ৰাবাৰীত বগৰী গছত ডিঙিত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল ছাত্ৰকৰ্মী কপিল তালুকদাৰৰ মৃতদেহ।\nইয়াৰ পাছতে কপিলৰ পৰিয়ালৰ লোকে ছাত্ৰকৰ্মীকজনক হত্যাৰ অভিযোগ তুলি বৰবৰী আৰক্ষী থানাত এখন এজাহাৰ প্ৰদান কৰিছিল। কিন্তু বিগত দহদিনে আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজ ক্ষোভিত হৈ পৰে। সেয়ে আজি প্ৰায় দুই শতাধিক পুৰুষ-মহিলাই বৰবৰী আৰক্ষী থানা ঘেৰাও কৰি হত্যাকাৰীক কৰায়ত্ত কৰাৰ দাবীত পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীসকলে অসম আৰক্ষী মুৰ্দাবাদ, কপিল তালুকদাৰৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰক, আমাক ন্যায় লাগে আদি শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে। হত্যাৰ বলি হোৱা কপিল তালুকদাৰৰ মাতৃয়েও ন্যায় বিচাৰি কান্দি কান্দি ৰাজ্যৰ মুখ্যমন্ত্ৰীজনক কাতৰ আহ্বান জনায়। উল্লেখ্য যে, মৃত কপিল তালুকদাৰ ধমধমা আঞ্চলিক কলেজৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ আছিল।\nPrevious articleভগবন্ত মান পঞ্জাবৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী! ৭০শতাংশ পঞ্জাৱীয়েই সপক্ষে দিলে মত\nNext article'পুৰি খাওক'- প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অভিলেখ আৰক্ষীৰঃ সন্মুখীন হ'ল ককৰ্থনাৰো!
ডিজিটেল সংবাদ, বোকাখাত : বোকাখাত কুৰুৱাবাহীৰ বিশিষ্ট সমাজকৰ্মী, অৱসৰপ্ৰাপ্ত শিক্ষক শিৱৰাম দাসৰ মৃত্যু। পূৰ্বৰ বোকাখাত বেংগলী প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল প্ৰয়াত দাসে। দীৰ্ঘদিন ধৰি ৰোগাক্ৰান্ত হৈ আছিল অৱসৰ প্ৰাপ্ত শিক্ষক গৰাকী। শুকুৰবাৰে পুনৰ যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসালয়তে মৃত্যু হয়। কুৰুৱাবাহীৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান লগত জড়িত আছিল বিশিষ্ট ব্যক্তি গৰাকী।
কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ গৃহ সমষ্টি বিহালীৰ জিনজিয়া শিঙিৰবিলত আজিকোপতি নিৰ্মিত হোৱা নাই এখন উন্নত দলং। উন্নত ৰাস্তাৰ অভাৱত আজি শিঙিৰবিলবাসীয়ে জীয়াতু ভুগি থাকিবলগীয়া হৈছে। বৰিষাৰ সময়ত এই বিপজ্জনক সাঁকোখনেৰে পাৰ হ'বলগীয়া হয় সাধাৰণ ৰাইজ, ছাত্ৰ-ছাত্ৰীকে আদি কৰি বিভিন্ন বৃত্তিধাৰী লোকসকল। স্বাধীনোত্তৰ কালৰে পৰা কেৱল নিৰ্বাচনৰ সময়তহে জনপ্ৰতিনিধি ৰাইজৰ ওচৰত উপস্থিত হৈ বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে বুলি স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। ৰাইজে দলংখন নিৰ্মাণ কৰি দিবলৈ দীৰ্ঘদিন ধৰি বহুবাৰ আবেদন জনাই আহিছিল যদিও, এইবাৰ পৰিবৰ্তনৰ আশাৰে আদৰিছিল পৰিবৰ্তনৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা বিজেপি নেতৃত্বাধীন সোণোৱাল চৰকাৰক। এইবাৰ স্থানীয় বিধায়ক ৰঞ্জিত দত্তৰ বিধায়কৰ পৰা কেৱিনেট মন্ত্ৰীলৈ পদোন্নোতি ঘটিল যদিও এতিয়াও শিঙিৰবিলৰ অৱস্থাৰ উন্নতি নঘটিল। মন্ত্ৰী ৰঞ্জিত দত্তৰ বাস গৃহৰ পৰা প্ৰায় ১০ কিঃমিঃ ৰ দুৰত্বত থকা এই দলং খনলৈ আজি পৰ্যন্ত চকু নপৰিল কেবিনেট মন্ত্ৰী গৰাকীৰ। সভাই সমিতিয়ে পৰিৱৰ্তনৰ শ্লোগান দিয়া শাসনাধিষ্ঠ চৰকাৰখনে বিহালীৰ জিনজিয়া শিঙিৰবিলৰ অতি প্ৰয়োজনীয় দলংখন নিৰ্মাণ কৰি অঞ্চলটোক আগুৱাই যোৱাত সহায় কৰালৈ বাট চাই আছে অঞ্চলটোৰ ৰাইজে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
ঔদ্যোগীকৰণ নে কেৱল ৰাজসাহায্য! । Asom Live 24\nঔদ্যোগীকৰণ নে কেৱল ৰাজসাহায্য!\nপংগু হ'বলৈ গৈ থকা সংক্ৰমিত মানৱ সম্পদৰ ৰক্ষণাবেক্ষণ, সংগ্ৰাম, মাটি-ভেটি আৰু জাতীয়তাবাদৰ ৰক্ষণাবেক্ষণ ইত্যাদি সামৰি লৈ এটা কথাই মনত আহিছে যে কাক এই সংকটমোচনৰ বিষয়ে সোধা যায় বা দায়িত্ব দিয়া যায়?\nধন, টকা-পইচা, ক্ষমতা আৰু সম্পদৰ হৰাইজন, চকুৰে মণিব নোৱৰা সম্পদৰ সীমা, Reza Pahlavi, Idi Amin, Fernandez Marcoz, Saddam Hussain, Col. Gaddafi, Kenith Kaunda, Robert Mugabe, Russian Zar, আদিৰ দৰে আমাকো সম্পদ লাগে নেকি? কিন্তু ইতিহাসে কয় যে সেই সকলো তিষ্ঠিব নোৱাৰি কৰ্ফাল খাই পৰিল। মহাভাৰত-ৰামায়ণৰ কথা নক'লোৱেইবা। ৰাইজ, জনগণ মূকবধিৰ লেখীয়া হ'ল। কথাই প্ৰতি সংগ্ৰাম, প্ৰয়োজনে প্ৰতি আন্দোলন, জীৱন ধাৰণৰ ন্যূনতম প্ৰয়োজনীয়তাৰ দাবী, বিগত দুকুৰি বছৰে দেখি দেখি আমনি লাগিছে।\nএইবাৰ, থকা মাটি-ভেটিকণো অ-খিলঞ্জীয়াৰ হাতত, মৃতকৰ পিণ্ড দিয়াদি, বহু আশা-আকাংক্ষিত সন্তান হিচাপে প্ৰদান কৰিব বুলি বাটে-পথে, কাকতে-পত্ৰই, সংবাদ মাধ্যমেৰে প্ৰচাৰ কৰা হ'ল। বিশ্বৰ হঠাৎ মানৱ শক্তিৰ প্ৰত্যাহ্বান হিচাপে প্ৰতিটো মানৱ জীৱক স্পৰ্শ কৰি যোৱা বিজ্ঞান-প্ৰযুক্তি, মানৱতা সকলোকে প্ৰত্যাহ্বান জনোৱা ক'ৰোনা বা COVID-19 ক'ৰবাতে পৰি ৰ'ল। হঠাৎ অগ্ৰাধিকাৰ পালে এখন অৰ্ডিনেন্সে। গুৰু-গোসাঁই নামানি, আইন-আদালত আঁতৰত ৰাখি, আমি সকলোৱেই মিলি অতি সহজে Reform, Perform & Transform কৰিবৰ কাৰণে, উদ্যোগ বিভাগক আগবঢ়াই নিবলৈ ৰাতিটোৰ ভিতৰতে সংগ্ৰামী হৈ উঠিলো।\nচৌদিশে ক'ৰোনাৰ বিভীষিকাৰ মাজতে সকলোবোৰ ইতিবাচক কাম চলি থকা সময়তে ভাৰত চৰকাৰৰ 'উদ্যম ৰেজিষ্ট্ৰেচন' বিষয়টোৰ ওপৰত গইনা লৈ ৰাজ্যৰ উদ্যোগ বিভাগে নাভূত-নাশ্ৰুত এক অৰ্ডিনেন্স জাৰি কৰিছে। আমি হাজাৰবাৰ কৈছো যে সমন্বয় অবিহনে মিঠা ফল খাবৈল চেষ্টা কৰা বৃথা। ভূমি বিভাগ, ৰেভিনিউ বিভাগ, Land use Board, কৃষি বিভাগ, DLR, EIF ইত্যাদি বিভাগসমূহৰ নীতি-নিয়ম সকলো নেওচি একাংশ মুষ্টিমেয় অ-খিলঞ্জীয়াৰ হাতত উদ্যোগ গঢ়াৰ নামত ৰাইজৰ প্ৰতিনিধিয়ে দেশৰ শেষ সম্বল ভেটিটো ত্যাগ কৰি, সংগ্ৰামী বুলি হেং-দাং লৈ উদ্যোগ গঢ়াৰ বাট মুকলি কৰিছে।\nআমি অনুমান কৰিছো No Industry লেখীয়া এখন ৰাজ্যত হঠাৎ ঔদ্যোগীকৰণৰ বাবে কেৱল মাত্ৰ মাটিকণকে আগবঢ়াই দি বেংক, বিত্তীয় প্ৰতিষ্ঠান, কেন্দ্ৰীয় চৰকাৰৰ ৰাজসাহায্য ইত্যাদিবোৰ একগোট কৰি দেশহিতৈষী হিচাপে কাক সহায় কৰিবলৈ গৈছে বুজা টান। বিগত দুকুৰি বছৰত ২০ হাজাৰৰ পৰা ৬০ হাজাৰ উদ্যোগ গঢ়াৰ নামত লাখ লাখ কোটি ৰাজসাহায্য বিভিন্ন উৎসৰে 'ৰেকেটীয়াৰ'সকলে উপভোগ কৰিলে। ঠগ-প্ৰৱঞ্চক, ঠগিসকল একাকাৰ হ'ল। খিলঞ্জীয়া লোকক ঋণ দিবলৈ এশ শতাংশ বন্ধকী দিলেও ঋণৰ অভাৱ হ'ল। ঋণ দিবলৈ ৩ শতাংশৰ পৰা ১০ শতাংশ উপঢৌকন বিচাৰিলে অসমত উদ্যোগ গঢ়িব বিচৰা অসমীয়া উদ্যোগীৰ পৰা। আৰু অ-খিলঞ্জীয়াক ৩০০ কোটিলৈকে বিনা জামিনে দিয়া হ'ল। সেই প্ৰতিষ্ঠানবিলাকৰ ঘোচৰ পৰিমাণ হ'ল ৩ শতাংশৰ পৰা ১০ শতাংশ আৰু সেইসকলৰ পৰা ঘূৰাই নোলোৱা ধনৰ NPA (অ-ফলপ্ৰসূ সম্পদ) হ'ল ২৭ শতাংশ। একো একোটা ৰাষ্ট্ৰীয়কৃত বেংকৰ আকাশলংঘী NPA আৰু আমাৰ ধনেৰে Bad Debts সৃষ্টি কৰি ১০ কোটিৰ পৰা ৩০০ কোটিলৈকে ঋণ দিয়া অ-খিলঞ্জীয়া তথাকথিত উদ্যোগপতিৰ কাৰখানাৰ ভিতৰত ৩ হাজাৰ টকাৰো সম্পদ নাই। এয়া মাথোঁ দুটা উদাহৰণ। মাটিৰ অধিকাৰ আৰু স্বৰ্গপ্ৰাপ্তি লাভ অ-খিলঞ্জীয়াৰ বাবে একে কথা। এতিয়া প্ৰশ্ন হৈছে যে হঠাৎ কিয় কোনোধৰণৰ জনমত অবিহনে এই আঁচনি ফলপ্ৰসূ হ'ব বুলি ঠিৰাং কৰা হ'ল?\nলক্ষণীয় বিষয় হ'ল যে লাখ লাখ কোটি টকা ঔদ্যোগীকৰণ আৰু ৰাজসাহায্যৰ নামত বিগত ডেৰকুৰি বছৰে যাক বিতৰণ কৰা হ'ল, সেই হিতাধিকাৰীসকল কোন? উদ্যোগবোৰ ক'ত আছে? উদ্যোগ পঞ্জীয়ন কৰি কেৱল মাত্ৰ ২-৩ লাখ ঋণ লৈ বিয়া-বাৰু কৰোৱা, মটৰচাইকেল কিনাসকলেই এইসকল উদ্যোগীনে? ১০ কোটিৰ পৰা ৬০০ কোটিলৈকে ঋণ লোৱা আৰু ৰাজসাহায্যৰ নামত বিজুলী আৰু পৰিবহণৰ নামত যিবোৰ ধন বিতৰণ কৰা হ'ল, সেইবিলাকৰ ৰেকৰ্ড ক'ত? এইবাৰ জনসাধাৰণে ভালদৰে বুজিব 'ঔদ্যোগিক সংগ্ৰাম' কাক কয়!\nফিজি ৰাষ্ট্ৰৰ বেংকবোৰ ভাৰতীয় নাগৰিকে দেউলীয়া কৰিলে। ঠিক সেইদৰে মাটিৰ অধিকাৰ, উদ্যোগ গঢ়াৰ ক্ষমতা স্বয়ম্ভূ God Of Industry হোৱাৰ লগে লগে মৰিচাচ দেশৰ DODO চৰাইৰ দৰে আমিও নিঃশেষ হৈ যাম। তাৰেই ই এক শেষ সংগ্ৰাম হ'বলৈ গৈ আছে।\nএইবাৰ সংগ্ৰামৰ দাবী ৬০ হাজাৰ উদ্যোগ (?) গঢ়িবৰ বাবে নহয় বা ঘৰৰ ভিতৰৰ পৰা নিগনি পঁইতাচোৰা খেদিবৰ বাবেও নহয়। এইবাৰ সংগ্ৰাম প্ৰকৃতাৰ্থত 'ৰেকেটিয়াৰিং' বন্ধ কৰা আৰু বেংকৰ টকা আত্মসাৎ কৰাৰ বিৰুদ্ধাচৰণ কৰা। যদিওবা মাটি-ভেটি একান্ত উদ্যোগ আদিৰ কাৰণে দিব বিচাৰিছে, Soft Window যোগেদি খিলঞ্জীয়াক অৰ্পণ কৰক।\nক'ভিড আক্ৰান্ত হৈ বিধ্বস্ত হোৱা, পশ্চিমৰ ৰাজ্য কেইখনৰ পৰা খেদা খোৱা আৰু বহুমুখী প্ৰতিভাৰে ভৰপূৰ লোকসকলৰ Data Base প্ৰস্তুত কৰি সেইসকলৰ প্ৰশিক্ষণৰ শিক্ষাৰে লক্ষ্য স্থিৰ কৰি, একো একোটা উদ্যোগ বিনা নথি-পত্ৰৰে (সাময়িকভাৱে) খিলঞ্জীয়াৰ উদ্যোগ গঢ়াৰ বাবে প্ৰস্তুতি চলোৱা হওক আৰু কোনো কাৰণতে অ-খিলঞ্জীয়াক মাটি আৰু সম্পদৰ বিভাজন ঘটাই সহজলভ্য চৰকাৰী ধনেৰে হেতালি খেলিবলৈ দিয়া অসমৰ জনগণে উদ্যোগ গঢ়িব, জনমূৰী আয় বাঢ়িব, ৰাজ্যৰ ৰাজভঁৰাললৈ ৰাজহ আহিব, নিবনুৱাৰ চাকৰি হ'ব, লগতে সামাজিক বিশৃংখলতা হ্ৰাস পাব বুলি ভাবিয়েই কোনো কোনো বিত্তীয় প্ৰতিষ্ঠানে একো একোজন ব্যৱসায়ীক ২৫ৰ পৰা ৩০ কোটিলৈকে বিনা বন্ধকীয়ে ঋণ দি এক টকাও উদ্ধাৰ কৰিব পৰা নাই। আচৰিত কথা, ঋণ দিয়া বিষয়াসকলক নিলম্বিত কৰা দূৰৰ কথা, ওলোটাই বিদেশত প্ৰমোদ ভ্ৰমণৰ কাৰণে অনুমোদন জনোৱা হ'ল আৰু প্ৰমোচন দিয়া হ'ল। তদুপৰি 'House-Building' ঋণ হিচাপে সেইসকল বিষয়াক লাখ লাখ টকা গৃহ ঋণো দিয়া হ'ল। এতিয়া হ'ব লগা উদ্যোগবোৰতো অপাত্ৰত কন্যাদান দিয়াদি ভূমি আৰু ধন বিতৰণ কৰিলে আমাৰ অৱস্থা তথৈবচ হ'ব।\nধিং, চাৰোগালা, বৰুৱা বামুণগাঁও, চন্দ্ৰপুৰ (AIA) আৰু (WBABO), ডাবিডুবি, জাগীৰোড, বৈতামাৰি, তুলসীবাৰী, পাঁচগ্ৰাম, নালকাটা, যোগীঘোপা ইত্যাদি লাখ লাখ কোটি টকা ঔদ্যোগীকৰণৰ নামত, খেনো হেমন্ত ব্যাস, খেনো গান্ধী, খেনো মতিলাল, খেনো মালহোট্ৰা আদিৰ উদৰ পূৰাবলৈ ব্যৱস্থা লোৱা হৈছিল। বিভিন্ন সূঁতা কল, স্পান চিল্ক মিল, চেনিকল, সাৰ-কাৰখানা আৰু কেলঢোপ কেলঢোপ কৰি থকা প্ৰায় ৩৫টা চৰকাৰী উদ্যোগৰ এলেকাবিলাকত উদ্যোগ পাম, বাছ টার্মিনেল, মাল্টি পাৰপাছ ষ্ট'ৰ, শস্য গুদাম, ধানকল, সাৰৰ গুদামৰ লগতে বিশেষভাৱে ব্যক্তিগত উদ্যোগ পামৰ কাৰণে মুকলি কৰি দিব লাগে। তেতিয়া হয়তো যিমানখিন ধন বিনিয়োগ আৰু অপব্যয় কৰা হৈছিল সেইখিনিৰ অন্ততঃ এটা অংশ হ'লেও ওলাই আহিলে, COVID আক্ৰান্ত হৈ প্ৰব্ৰজিত হোৱা থলুৱা, প্ৰশিক্ষিত লোকসকলৰ দ্বাৰা কিছু উদ্যোগ গঢ়ি তুলিব পৰা যায়। ব্যতিৰেকে, নতুন অৰ্ডিনেন্সখন সাময়িকভাৱে বাতিল কৰা হওক।\n'অশোক ব্ৰহ্মপুত্ৰ' হোটেলৰ কাৰণে আমি বহুবাৰ প্ৰস্তাৱ দিছিলো আৰু আজিলৈকে কোনো ধৰণৰ সিদ্ধান্ত নহ'ল। এনেধৰণে জহি-খহি যোৱা উদ্যোগৰ লগতে শেহতীয়াভাৱে প্ৰায় হাজাৰ কোটি টকাৰ দুর্নীতি আৰু লোকচানেৰে বন্ধ হৈ যোৱা জাগীৰোড আৰু পাঁচগ্ৰামৰ কাগজ কলৰ পিছে পিছে এইবাৰ নাম লিখিব 'BCPL'-এ। অর্থাৎ 'Brahmaputra Cracker and Polymer Limited'.\nTags: amal k borpujaribcplnew land ordinance assam\nNHPCৰ গুদামত উত্তপ্ত পৰিস্থিতি\nসীমান্তত শান্ত হোৱা নাই পৰিস্থিতি। লেহত হঠাত্ উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
চেলিব্ৰিটি ফিটনেছ ট্ৰেইনাৰৰ নুপুৰ শিখাৰে কেইমাহমান পূৰ্বে ইটালীত অনুষ্ঠিত হোৱা চাইকেলিং ইভেণ্টৰ এটাত ইৰা খানক প্ৰেমৰ প্ৰস্তাৱ দিছিল। কিছুদিনৰ পৰা ডেটিং কৰি থকা দম্পতীহালে নিজৰ নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত নিজৰ ভিডিঅ' শ্বেয়াৰ কৰে। ৰ সৈতে প্ৰথম পত্নী ৰীনা দত্তৰ আমিৰ খানৰ কন্যা হৈছে ইৰা খান। শেহতীয়াকৈ আমিৰ খানে নিজৰ পৰিয়ালৰ সৈতে সময় কটাবলৈ ডেৰ বছৰৰ বাবে ছবিৰ পৰা বিৰতিৰ কথা ঘোষণা কৰিছিল। এই ঘোষণাৰ কেইদিনমান পিছত ইৰাই বাগদান অনুষ্ঠান আয়োজন কৰে। প্ৰতি বছৰে ১৯ নৱেম্বৰত কিয় পালন কৰা হয় বিশ্ব টইলেট দিৱস? সন্তানৰ মাচুল আদায় দিবলৈ শাক-পাচলিৰ ব্যৱসায়ীৰ বাবে ধন ধাৰলৈ লৈছিল প্ৰখ্যাত সংগীতশিল্পী মুকেশে, কিদৰে তেওঁ যুঁজিছিল দাৰিদ্ৰ্যৰে ? প্ৰতি বছৰে ১৯ নৱেম্বৰত কিয় পালন কৰা হয় বিশ্ব টইলেট দিৱস? "ভইচ ২৪×৭" হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।
২. দিল্লীত গ্ৰেপ্তাৰ দুজন লোক। ৰাজ্যখনৰ গাৰ্গী কলেজৰ এগৰাকী ছাত্ৰীক বলাৎকাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ লোক কেইজনক। ৩. নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ। শুকুৰবাৰে অসমত কেবাটাও সংগঠনে বিভিন্ন স্থানত সাব্যস্ত কৰে প্ৰতিবাদ। ৪. জয়পুৰত 'কা'ৰ বিৰুদ্ধে অব্যাহত প্ৰতিবাদ। ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটেও সাব্যস্ত কৰে 'কা'ৰ বিৰুদ্ধে প্ৰতিবাদ। ৫. মুম্বাই আৰক্ষী কৰে জন ৪০ বছৰীয়া বৃদ্ধক। এগৰাকী ২৭ বছৰীয়া যুৱতীক বলাৎকাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় লোকজনক। ৬. দিল্লীৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল'ব অৰবিন্দ কেজৰিৱালে। লগতে মণীষ ছোচিদিয়া, সত্যেন্দৰ জৈন, গোপাল ৰায়, কৈলাস গেহলটকে ধৰি কেইবাজনো নেতাই মন্ত্ৰী হিচাপে ল'ব শপত। ৭. ১৫ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'ব ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান। সাজু কৰা হৈছে সৰুসজাইত বৃহৎ মণ্ডপ। ৯. 'মই ছোনিয়া গান্ধীক সাক্ষাৎ কৰিছো। আৰু বহু গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনাত বহিছো।'- এই মন্তব্য মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কমল নাথে। ১০. পৰ্টুগলৰ ৰাষ্ট্ৰপতি মাৰ্চেলো ৰেবেলো ডে ছৌছাই সাক্ষাৎ কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক। দিল্লীত সাক্ষাৎ কৰে তেওঁক। ১১. পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত ৪০ শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন। চণ্ডীগড়ৰ পঞ্জাৱ বিশ্ববিদ্যালয়ত মম বাতি জ্বলাই জনোৱা হয় শ্ৰদ্ধাঞ্জলি। ১৩. ২৮ ফেব্ৰুৱাৰীত মুক্তি পাব নতুন হিন্দী ছবি থপ্পড়। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী তাপসী পান্নুৱে। ১৫. বিমান বন্দৰত বলীউডৰ তাৰকাক উষ্ম আদৰণি। বিমান বন্দৰত আদৰণি জনোৱা হয় ফিল্মফেয়াৰত অংশ ল'বলৈ অহা শিল্পীসকলক। ১৯. আহোম নহয়, মিঞা-মুছলমানহে অসমৰ খিলঞ্জীয়া বুলি মন্তব্য কৰি বিপদত এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলাম। শুকুৰবাৰে তেওঁ খোজে ক্ষমা। ২০. উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু মিলিত হয় পৰ্টুগলৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে। দিল্লীতৈ মিলিত হয় দুয়োখন দেশৰ প্ৰতিনিধিদ্বয়। ২১. মাৰ্ঘেৰিটাৰ ইনথেমত অনুষ্ঠিত হৈছে চিংফৌ জাতীয় উৎসৱ স্বপং য়ং মানাও। শুকুৰবাৰে উপস্থিত থাকে বহু লোক। ২২. মধ্যপ্ৰদেশৰ গোৱালিয়াৰত গ্ৰেপ্তাৰ কৰা হয় দুজন লোকক। প্ৰায় ২ লাখ টকাৰ নকল নোটসহ গ্ৰেপ্তাৰ কৰা হয় ধৃত লোক দুজনক। ২৫. অখিল গগৈক শুকুৰবাৰে সাক্ষাৎ কৰিলে সমাজকৰ্মী যোগেন্দ্ৰ যাদৱে। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাজনক সাক্ষাৎ কৰে যাদৱে।
একে সময়তে কমেও ৪৮ খন বাহনক খুন্দা মাৰে এখন টেংকাৰ। দেওবাৰে নিশা প্ৰায় ৮.৩০ বজাত পুনেৰ নাভালে ব্ৰীজ এলেকাত এই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটোত বহুলোক আহত হোৱাৰ খবৰ পোৱা গৈছে। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, টেংকাৰখনৰ ব্ৰেক বিকল হোৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনী আৰু এম্বুলেন্স ঘটনাস্থলীত উপস্থিত হয়। এতিয়ালৈকে দুৰ্ঘটনাটোত কিমান জন লোক আহত হৈছে সেয়া জানিব পৰা হোৱা নাই যদিও কমেও ৩০ জন মান লোক আহত হোৱা বুলি অনুমান কৰা হৈছে। কেইবাজনো লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অগ্নি নিৰ্বাপক বাহিনীৰ এজন বিষয়াই জানিবলৈ দি কয় যে ব্ৰেক ফেইল হোৱাৰ বাবে টেংকাৰখনে ৪৮ খন বাহনক খুন্দা মাৰে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
প্ৰাগজ্যোতিষ বাৰ্তা, লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ৭ অক্টোবৰ ২০ঃ আগ্ৰহ, একাগ্ৰতা,সাধনা থাকিলে যে মানুহে হাজাৰ ব্যস্ত থাকিলেও নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে তাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিলে লংকাৰ শংকৰদেৱ নগৰৰ এগৰাকী বিৱাহিত মহিলাই। লংকাৰ শংকৰদেৱ নগৰৰ উপায়ুক্ত কাৰ্য্যলয়ৰ সমীপৰ নিজ গৃহৰ সম্মুখত পাকঘৰ নামেৰে এখন ভাতৰ হোটেল খুলি জীৱন-নিৰ্বাহ কৰা বিবাহিত মহিলা ববী বৰকটকী সৰুৰ পৰাই সংগীত চৰ্চাৰ প্ৰতি আছিল আগ্ৰহী। নিজৰ সাধনা আৰু একাগ্ৰতাৰ বলত ববীয়ে NJ PRODUCTIONৰ বেনাৰত বাণীবদ্ধ কৰি উলিয়াই "আদৰেৰে বন্ধু" শীৰ্ষক এটি বেংগলী গীত। গীতটি বানীবদ্ধ কৰাৰ লগতে অসমৰ অভিনয় জগতৰ জনপ্ৰিয় অভিনেতা কিশোৰ দাস আৰু অভিনেত্ৰী জয়শ্ৰী দ্বাৰা অভিনিত এক ভিডিঅ' গীতো বনাই ৰাইজক উপহাৰ দিয়ে ববীয়ে। গীতটো উন্মোচন কৰি বিগতো দিনটো আৰু ন ন গীত বাণীবদ্ধ কৰি ৰাইজক উপহাৰ দিয়াৰ বাবে চেষ্টা অব্যাহত থাকিব বুলি ববী বৰকটকীয়ে জানিবলৈ দিয়ে।
কি নিয়ম মানি চলিব লাগিব দুৰ্গা পূজাত? ৰাজ্য চৰকাৰে জাৰি কৰিলে SOP । UB24x7 Live\nকি নিয়ম মানি চলিব লাগিব দুৰ্গা পূজাত? ৰাজ্য চৰকাৰে জাৰি কৰিলে SOP\nৰাজ্যত এতিয়া শাৰদীয় দূৰ্গাপূজা, কালীপূজা, দীপাৱলীৰ উৎসৱৰ বতৰ আহিছে।\nআগন্তুক উৎসৱৰ বতৰৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে এই সময়ছোৱাত ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণত ৰখাৰ বাবে কেতবোৰ জৰুৰী সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণেৰে আগন্তুক দূৰ্গাপূজা তথা শাৰদীয় বতৰৰ উৎসৱক সামৰাকৈ এখন নতুন মানক সঞ্চালন প্ৰক্ৰিয়া (এছঅ'পি) কাৰ্যকৰী কৰিছে ৰাজ্য চৰকাৰে।\nশাৰদীয় দুৰ্গোৎসব, কালীপূজা, দীপাৱলী কিছু নীতি নিয়মৰ মাজেৰে পালন কৰিব পাৰিব। পূজা কমিটিযে উপায়ুক্তৰ পৰা অনুমতি অনুমতি লোৱাৰ লগতে ক'ভিডবিধি সম্পূৰ্ণ পালন কৰি আয়োজন কৰিব পাৰিব।\n(১) প্ৰত্যেক জিলা প্ৰশাসনে নিজ নিজ জিলাত নিয়মীয়াকৈ দূৰ্গাপূজা পালন কৰি অহা পূজা কমিতি/আয়োজক সমিতিৰ সৈতে আগতীয়াকৈ বৈঠক অনুষ্ঠিত কৰি পূজা সম্পৰ্কীয় ক'ভিড প্ৰট'কলৰ বিষয়ে অৱগত কৰিব।\n(২) জিলা প্ৰশাসনৰ আগতীয়া অনুমতিৰে আৰু ক'ভিড বিধি সম্পূৰ্ণ পালন কৰি আয়োজন কৰিব পাৰিব। একোখন পূজাত কিমান জনসমাগমৰ সম্ভাৱনা আছে, সেই বিষয়ে আয়োজক সমিতিয়ে অনুমতি বিচৰাৰ সময়তে জিলা প্ৰশাসনক আগতীয়াকৈ আভাষ দিব লাগিব।\n◆ পূজাস্থলীত ল'ব লগা বিশেষ ব্যৱস্থাৱলীঃ\n(১) পূজাস্থলী যথেষ্ট আহল-বহল হ'ব লাগিব আৰু কেউফালৰ পৰা মুকলিমূৰীয়াকৈ ৰাখিব লাগিব। দৰ্শনাৰ্থীৰ মাজত ন্যূনতম শাৰীৰিক ব্যৱধানৰ ক'ভিড বিধি অনুসৰণ কৰিব পৰাকৈ প্ৰতিখন পূজাস্থলী/পূজামণ্ডপত যথেষ্ট ঠাই থাকিব লাগিব।\n(২) পূজামণ্ডপলৈ প্ৰৱেশ আৰু প্ৰস্থানৰ সুকীয়া ব্যৱস্থা থাকিব লাগিব। প্ৰৱেশ পথৰ পৰা প্ৰস্থানলৈকে উপযুক্ত ফলক দৰ্শনাৰ্থীৰ চকুত পৰাকৈ আয়োজকে আঁৰি ৰাখিব লাগিব।\n(৩) পূজামণ্ডপত একে সময়তে মাত্ৰাধিক জনসমাগম হ'বলৈ দিব নোৱাৰিব।\n(৪) দৰ্শনাৰ্থীয়ে ক'ভিড প্ৰট'কল মানি পূজামণ্ডপত সুশৃংখলিত ভাৱে সোমাব পৰাকৈ আয়োজকসকলে পৰ্যাপ্ত স্বেচ্ছাসেৱক নিয়োজিত কৰিব লাগিব।\n(৫) পূজাস্থলীত কোনো লোকৰ শৰীৰত সন্দেহজনক ক'ভিড সংক্ৰমণৰ লক্ষণ পৰিলক্ষিত হ'লে আয়োজক সমিতিয়ে ততালিকে এই বিষয়ে জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ কৰাৰ লগতে সংশ্লিষ্ট লোকজনক নিকটৱৰ্তী ক'ভিড পৰীক্ষা কেন্দ্ৰলৈ স্থানান্তৰিত কৰিব লাগিব।\n(১) আয়োজক সমিতিৰ প্ৰতিগৰাকী বিষয়ববীয়া-সদস্য, স্বেচ্ছাসেৱক, পূজাৰীৰ লগতে ভক্ত-দৰ্শনাৰ্থীসকলে কমেও এপালি ক'ভিড প্ৰতিষেধক লোৱা হ'ব লাগিব।\n(২) জিলা প্ৰশাসনে অনুমতি প্ৰদানৰ সময়তে আয়োজক সমিতিৰ পৰা বিষয়ববীয়া-সদস্য, স্বেচ্ছাসেৱক, পূজাৰীয়ে কমেও এপালি ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰাটো Random Checkingৰ দ্বাৰা সুনিশ্চিত কৰিব। অন্যথা অনুমতি দিব নোৱাৰিব।\n(৩) কমেও এপালি ক'ভিড প্ৰতিষেধক লোৱা লোকেহে পূজা দৰ্শনৰ বাবে আহিব পাৰিব। এপালিও প্ৰতিষেধক নোলোৱা ১৮ বছৰৰ ঊৰ্দ্ধৰ কোনো লোকেই পূজাস্থলীত প্ৰৱেশ কৰিব নোৱাৰিব। এইক্ষেত্ৰত ১৮ বছৰৰ তলৰ সকলৰ বাবে ৰেহাই থাকিব।\n(৪) প্ৰতিখন পূজাস্থলীৰ প্ৰতিগৰাকী আয়োজক, স্বেচ্ছাসেৱক আৰু পূজাৰীৰ ক্ষেত্ৰত পূজা আৰম্ভণিৰ পূৰ্বে পঞ্চমীৰ দিনা ক'ভিড পৰীক্ষা কৰাটো বাধ্যতামূলক। একাদশীৰ দিনা প্ৰতিমা বিসৰ্জনৰ পাছতো তেওঁলোক প্ৰত্যেকেই পুনৰ ক'ভিড পৰীক্ষা কৰাব লাগিব।\n(২) অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে পূজামণ্ডপ দৰ্শনাৰ্থীৰ বাবে মুকলি ৰখাৰ বাবে নিৰ্ধাৰণ কৰি দিয়া সময়সীমা সকলো পূজা সমিতিয়ে কঠোৰ ভাৱে মানি চলিব লাগিব। নিশা নিৰ্ধাৰিত সময়ত পূজা মণ্ডপৰ প্ৰৱেশ দ্বাৰ বন্ধ কৰি আয়োজক সমিতি সেইদিনাৰ বাবে পূজামণ্ডপৰ কাৰ্যসূচী সামৰাটো জিলা প্ৰশাসনে সুনিশ্চিত কৰিব।\n◆ পূজাত সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন আদি বিষয়ত প্ৰযোজ্য হ'ব লগা নিয়মঃ\n(১) ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ৰাজহুৱা জনসমাগমৰ ক্ষেত্ৰত জাৰি কৰা নিৰ্দেশনা অনুসৰি দূৰ্গাপূজাৰ আগে-পাছে বা পূজাৰ কেইদিনত সাংস্কৃতিক সন্ধিয়া আদি কাৰ্যসূচীৰ আয়োজনত কঠোৰ বাধানিষেধ প্ৰযোজ্য হ'ব।\n(৩) পূজামণ্ডপৰ সমীপৰ পথত দোকান আদি খুলিবলৈ জিলা প্ৰশাসনৰ পৰা আগতীয়া অনুমতি ল'ব লাগিব। ক'ভিড বিধি কাৰ্যকৰী কৰিহে প্ৰশাসনে অনুমতি দিব।\n(১) আয়োজক সমিতিয়ে ক'ভিড প্ৰট'কল ৰক্ষা কৰি দূৰ্গাপূজা মণ্ডপৰ উদ্বোধনী অনুষ্ঠান আৰু প্ৰতিমা বিসৰ্জন পৰ্ব তেনেই সাধাৰণ ভাৱে সম্পন্ন কৰিব লাগিব। পৰাপক্ষত ভাৰ্চুৱেল পদ্ধতিৰেই মণ্ডপ উদ্বোধন কৰাটোৱেই হ'ব সুৰক্ষিত পন্থা।\n(৩) প্ৰতিমা বিসৰ্জনৰ বাবে ঘাটসমূহ আগতীয়াকৈ ছেনিটাইজ কৰি ৰাখিব লাগিব আৰু আয়োজক সমিতিয়ে মণ্ডপৰ প্ৰতিমা উলিয়াই নি আন ক'তো নৰখোৱাকৈ পোনে পোনে নিৰ্দিষ্ট ঘাটতত বিসৰ্জন দিব লাগিব।\n(৪) বিসৰ্জনৰ বাবে জিলা প্ৰশাসনে আগতীয়াকৈ যথোচিত পৰিকল্পনা প্ৰস্তুত কৰিব আৰু প্ৰত্যেক আয়োজক সমিতিক আগতীয়াকৈ বিসৰ্জনৰ সময় নিৰ্ধাৰণ কৰি দিব। পূজা মণ্ডপৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰয়োজন হ'লে বিসৰ্জন পৰ্ব দুদিন বা ততোধিক দিনত সম্পন্ন কৰাৰ বাবে আগতীয়া সিদ্ধান্ত ল'ব প্ৰশাসনে।\n(৫) ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে পূজা আয়োজক সমিতিসমূহৰ বাবে ধাৰ্য কৰা সীমিত সংখ্যক লোকেহে প্ৰতিমা বিসৰ্জনত ভাগ ল'ব পাৰিব।\n(৬) বিসৰ্জনস্থলীত নিয়োজিত স্বেচ্ছাসেৱক আৰু শ্ৰমিকসকলৰ সকলোৱেই ক'ভিড প্ৰতিষেধক লোৱা লোক হ'ব লাগিব।\nউল্লেখ্য যে অহা ১৭ ছেপ্তেম্বৰত ৰাজ্যত পুনৰ 'মেগা ক'ভিড ভেক্সিনেছন' কাৰ্যসূচী হাতত ল'ব স্বাস্থ্য বিভাগে। সেইদিনা কমেও ৭ লাখ লোকক প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা ।\nআনহাতে অহা ১০ অক্টোবৰৰ ভিতৰতে ৰাজ্যখনৰ ১৮ বছৰৰ ঊৰ্দ্ধৰ সকলো লোককে প্ৰথম পালি ক'ভিড প্ৰতিষেধক প্ৰদানৰ পৰিকল্পনা লৈছে স্বাস্থ্য বিভাগে।
আমাৰ মাতৃ সকলে জানে যে তেওঁলোকৰ ক্ষমতা কি অথবা তেওঁলোক কি কৰিবৰ কাৰণে সক্ষম হৈ আছে ।গতিকে এনেকৈয়ে মহিলা সকলৰ সৱলীকৰণৰ সন্দৰ্ভত মন্তব্য দিয়ে কংগনা ৰানাউটে লগতে নাৰী দিৱসৰ শুভেচ্চা জনায় সকলো নাৰীক । অন্যহাতে কংগনাৰ ছবি মণি কৰ্ণিকাই বিশেষ ধুমুহাৰ সৃষ্টি কৰিছিল । সেয়া বিতৰ্কতেই হওঁক বা বক্স অফিচত উপাৰ্জনৰ ক্ষেত্ৰতেই হওঁক । The Sentinel Building, © 2019-20. All rights reserved under Omega Printers & Publishers Pvt. Ltd.
প্ৰাগজ্যোতিষ বাৰ্তা, হাজোৰ পৰা কিশোৰ ডেকা, ১১ জানুৱাৰীঃ হয়গ্ৰীৱ সেনাৰ উদ্যোগত আৰম্ভ হোৱা নিচামুক্ত জুৱামুক্ত হাজোৰ দাবীত গণ আন্দোলনৰ বাতৰি অন্য বাতৰি কাকত, নিউজ চেনেলত প্ৰকাশ পাই থকাত আৰু শেহতীয়াভাৱে যোৱাকালি ইলেক্ট্ৰ'নিক সংবাদ মাধ্যম 'প্ৰাগজ্যোতিষ'ত প্ৰচাৰ হোৱাৰ পিছতে প্ৰশাসন অবৈধ নিচা বেপৰীৰ ক্ষেত্ৰত কঠোৰ হৈ পৰিছে । হাজো ৰাজহ চক্ৰৰ চক্ৰবিষয়া কমল বৰুৱা আৰু হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ বৰ্মনৰ নেতৃত্বত অবৈধ নিচাৰ ঘাটি উচ্ছেদ অভিযান চলায় আজি ১১ জানুৱাৰীত । হাজোৰ নিচা ৰাজধানী ৰূপেখ্যাত হয়গ্ৰীৱ মাধৱ মন্দিৰৰ সমীপত থকা মহাদেৱ টোলাৰ কুখ্যাত লেডি ভাং মাফিয়া পৰ্দা দাস (৭০)ক ভাং সহ গ্ৰেপ্তাৰ কৰে । প্ৰশাসনৰ অবৈধ নিচাৰ বিৰুদ্ধে লোৱা এই পদক্ষেপৰ ধাৰাবাহিকতা কিমান দিনলৈ অক্ষুন্ন থাকে সেইটো মন কৰিবলগীয়া বিষয় ।
শিৱসাগৰৰ গৃহত অস্মিতাই কৰিছে শাৰীৰিক কচৰৎ - Olympia Sports\nHomeNewsশিৱসাগৰৰ গৃহত অস্মিতাই কৰিছে শাৰীৰিক কচৰৎ\nৰাজ্যৰ প্ৰতিভাৱন শ্বাটলাৰ অস্মিতা চলিহা। শেহতীয়াকৈ নেপালত অনুষ্ঠিত হোৱা ত্ৰয়োদশ দক্ষিণ এছিয় ক্ৰীড়া সমাৰোহত এইগৰাকী প্ৰতিভাৱান শ্বাটলাৰে স্বৰ্ণপদক জয় কৰি ৰাজ্যখনৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল। দেশৰ বেডমিণ্টন জগতৰ নবতম চাঞ্চল্য হিচাপে পৰিগণিত হোৱা এইগৰাকী অসমীয়া কন্যা এতিয়া অনুশীলন এৰি আছেহি শিৱসাগৰৰ নিজৰ বাসগৃহত।\nক'ৰনা ভাইৰাছৰ সংক্ৰামণ ৰোধ কৰাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশক ২১ দিন লকডাউন ঘোষণা কৰিছিল। এইসময়চোৱাত স্তব্ধ হৈ পৰিছে সমগ্ৰ ভাৰত। স্তব্ধ হৈ পৰিছে দেশৰ ক্ৰীড়া জগত। এইসময়চোৱাত নাই কোনো ক্ৰীড়া প্ৰতিযোগিতা, হোৱা নাই ক'তো অনুশীলন। সকলো ক্ৰীড়াবিদ বৰ্তমান নিজৰ ঘৰতেই গৃহবন্দী হৈ আছে। সমগ্ৰ দেশত লকডাউন ঘোষণা কৰাৰ বাবে অনুশীলন বন্ধ হৈ যোৱাত অসমৰ প্ৰতিভাৱান শ্বাটলাৰ অস্মিতাও নিজ ঘৰলৈ আহিবলৈ বাধ্য হয়।\nএই লকডাউনৰ সময়চোৱাত নিজৰ ঘৰৰ ভিতৰতে আৱদ্ধ হৈ থাকি আপোনাৰো নিশ্চয় আমনি লাগিছে। আপোনাৰ বাৰু জানিবলৈ মন নাযায় নে অসমৰ এই প্ৰতিভাৱান শ্বাটলাৰ গৰাকীয়ে বৰ্তমান ঘৰত কি কৰি সময় অতিবাহিত কৰিছে? অস্মিতাইয়ো বৰ্তমান আপোনাৰ দৰেই সাধাৰণ জীৱন যাপন কৰি আছে। অৱশ্যে তাৰ মাজতেই কৰি গৈছে নিজৰ কৰিবলগীয়া বিভিন্ন শাৰীৰিক কচৰৎ।\nশিৱসাগৰৰ মেলাচকৰস্থিত তেওঁৰ বাসগৎহত বৰ্তমান স্কিপিং, চাইক্লিং আৰু দৌৰি নিজৰ ফিটনেচ ধৰি ৰখাৰ উপৰিও গান শুনি, টিভি চাই সময় পাৰ কৰিছে। মাজে মাজে আকৌ মেলি লৈছে ঘৰতেই থকা যিকোনো এখন কিতাপ।\nনিজৰ ঘৰৰ চৌহদত নিতৌ পুৱা-গধূলি নিজৰ ফিটনেচ ধৰি ৰখাৰ বাবে বিভিন্ন শাৰিৰীক কচৰৎ কৰাৰ উপৰিও ৰেকট লৈ ৱাল প্ৰেক্টিছ কৰিছে। নিজৰ জিম ট্ৰেইনাৰে দিয়া পৰামৰ্শ অনুসৰি আকৌ অস্মিতাই প্ৰায় ঘণ্টাজুৰি চাইক্লিং, স্কিপিং আদি কৰিছে। নিজৰ কেৰিয়াৰক লৈ সদা সচেতন অস্মিতাই চলিত বছৰতে বিশ্ব ক্ৰমৰ শীৰ্ষ ৫০ টা স্থানৰ ভিতৰত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হোৱাৰ উপৰিও ২০২৪ চনৰ অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰাৰ সপোন পুহি ৰাখিছে।\nAshmita chaliha at sivsagar\nPrevious articleদীপিকা পাড়ুকন, প্ৰকাশ পাড়ুকন আৰু এজন অসমীয়া!!\nNext articleপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কি ক'লে অসম কন্যা হিমা দাসক!!
এই পদাৰ্থ বিজ্ঞান সম্পৰ্কীয় চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে প্ৰবন্ধটো বিস্তাৰ কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। মহাকৰ্ষণ (ইংৰাজীঃ gravitation) হৈছে এক প্ৰাকৃতিক পৰিঘটনা, যাৰ দ্বাৰা ভৌতিক পদাৰ্থসমূহে ইয়াৰ ভৰৰ সমানুপাতিক এক বলৰ জৰিয়তে আন পদাৰ্থক আকৰ্ষণ কৰিব পাৰে। দৈনন্দিন জীৱনত মহাকৰ্ষণ এক অতিকে পৰিচিত পৰিঘটনা, ইয়ে ভৰযুক্ত বস্তুৰ ওজনৰ কাৰক, আৰু যেতিয়া কোনো এটা বস্তু ওপৰৰ পৰা এৰি দিয়া হয় তেতিয়া বস্তুটো ঘূৰি আহি মাটিত পৰাৰ কাৰণো এই মহাকৰ্ষণেই । মহাকৰ্ষণৰ ফলতেই বিশৃংখলিত (ইংৰাজীঃ dispersed) পদাৰ্থ সংগঠিত (ইংৰাজীঃ coalesce) হ'ব পাৰে আৰু সংগঠিত পদাৰ্থ অক্ষত (ইংৰাজীঃ intact) অৱস্থাত থাকিব পাৰে । এই প্ৰক্ৰিয়াৰ দ্বাৰাই পৃথিৱী আৰু সূৰ্যকে ধৰি বিশ্বব্ৰহ্মাণ্ডৰ সকলোবোৰ পদাৰ্থ আৰু বস্তু বৰ্তি আছে । মহাকৰ্ষণৰ প্ৰভাৱতেই সূৰ্যৰ চৰিওফালে পৃথিৱীকে ধৰি অন্যান্য গ্ৰহসমুহে নিৰ্দিষ্ট কক্ষপথত প্ৰদক্ষিণ কৰি আছে, সেই একেই প্ৰক্ৰিয়াৰে চন্দ্ৰই পৃথিৱীৰ চৌপাশে পৰিভ্ৰমণ কৰে। সাগৰত জোৱাৰৰ সৃষ্টি, প্ৰাকৃতিক তাপ পৰিচলন ( যাৰ জৰিয়তে ঘনত্ব নতি (বা নতিমাত্ৰা) (ইংৰাজীঃ density gradient) আৰু মধ্যাকৰ্ষণৰ প্ৰভাৱত তৰল প্ৰবাহিত হয়), উত্তাপনৰ জৰিয়তে সংগঠিত তৰা আৰু গ্ৰহৰ অৰ্ন্তভাগৰ উচ্চ উষ্ণতা, আৰু পৃথিৱীত সংঘটিত আন বহুতো পৰিঘটনাৰ মূলতে হৈছে মহাকৰ্ষণ । Hammer and Feather Drop - এপ'ল ১৫ ৰ মহাকাশচাৰী ডেভিদ স্কট চন্দ্ৰৰ পৃষ্ঠত গেলিলিঅ' গেলিলিৰ বিখ্যাত মধ্যাকৰ্ষণৰ পৰীক্ষা প্ৰত্যাপন কৰা অৱস্থাত। (১.৩৮ এম বি, অ' জি জি/থেওৰা বিন্যাসত) ৱিকিমিডিয়া কমন্সত Gravitation সম্পৰ্কীয় মিডিয়া ফাইল আছে। Wikisource has the text of the 1911 Encyclopædia Britannica article Gravitation. এই পৃষ্ঠাখন ০৭ ফেব্ৰুৱাৰী, ২০১৭ তাৰিখে ১৮ঃ৪১ বজাত অন্তিম সংশোধন কৰা হৈছিল। আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 3.0 ৰ আওতাত উপলব্ধ। এই পৃষ্ঠাটোৰ সংক্ষিপ্ত ইউ.আৰ.এল. : https://as.wikipedia.org/?curid=4422।
তিনিচুকীয়া জিলাৰ তালাপ আৰক্ষী চকীৰ অন্তৰ্গত তালাপ চাহ বাগিচাৰ সমীপত বাইপাছত আজি বিয়লি সংঘটিত এক পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত এজন লোক নিহত আৰু আন এজন গুৰুতৰভাৱে আহত হয়। তালাপ চাহ বাগিচাৰ ট্ৰেক্টৰসহ এখন ট্ৰেইলাৰে বাইপাছত উঠাৰ সময়তে এখন পাইকে প্ৰচণ্ড খুন্দা মাৰে। দুজন আৰোহী আছিল বাইকখনত।
ফ্ৰেম সলনি কৰাৰ ক্ষেত্ৰত, উপলব্ধতাৰ ওপৰত আধাৰিত কৰি একেটা ফ্ৰেম সলনি কৰা হ'ব। ফ্ৰেমটো উপলব্ধ নোহোৱাৰ পিছত, মজুত থকা লেন্সবোৰৰ সৈতে খাপ খাব পৰা এক বৈকল্পিক ফ্ৰেম প্ৰদান কৰা হ'ব যি একে মূল্যৰ হ'ব। সলনি কৰাৰ বাবে নিম্নতম ৭টা ব্যৱসায়িক দিনৰ প্ৰয়োজন। ক্ৰয়ৰ তাৰিখৰ পৰা নিৰ্মাণ ত্ৰুটীৰ বাবে লেন্সৰ ওপৰত এক বছৰৰ চৰ্তহীন ওৱাৰেণ্টি প্ৰদান কৰা হয়। ওৱাৰেণ্টিয়ে দুৰ্ঘটনাজনিত ক্ষতি, আঁচোৰ, অৱহেলা, টেম্পাৰিং, স্বাভাৱিক ক্ষয়-ক্ষতিৰ ফলত হোৱা ক্ষতি সামৰি নলয়। যদি এক বছৰৰ ভিতৰত যিকোনো আৱৰণ বাকলি ওলাই যায়, কেৱল ওৱাৰেণ্টি ম্যাদৰ অধীনত আৱৰা লেন্সবোৰৰ বাবে কোনো অতিৰিক্ত ব্যয় নকৰাকৈ পুনৰ-কোট প্ৰস্তুত কৰা হ'ব। লেন্সৰ যিকোনো অভিযোজন/শক্তিৰ সমস্যাৰ বাবে গ্ৰাহকে ক্ৰয়ৰ তাৰিখৰ পৰা ১৫ দিনৰ ভিতৰত জনাব লাগে। গ্ৰাহকৰ নিজা ফ্ৰেম বা গ্ৰাহকৰ আন যিকোনো সামগ্ৰীৰ সৈতে দিয়া অৰ্ডাৰবোৰ গ্ৰাহকৰ নিজা বিপদাশংকাত কৰা হ'ব আৰু ফ্ৰেম বা আন কোনো সামগ্ৰী সলনি কৰা বা যিকোনো ধন ঘূৰাই দিয়াৰ বাবে কোম্পানী দায়বদ্ধ নহ'ব। পৰীক্ষাগাৰত সামগ্ৰী প্ৰাপ্ত কৰাৰ সময়ৰ পৰা প্ৰতিস্থাপনৰ বাবে নিম্নতম ৭টা ব্যৱসায়িক দিনৰ প্ৰয়োজন। ই.আৰ.ক্লেন্সৰ দায়বদ্ধতা প্ৰেছক্ৰিপশ্বন অনুসৰি বিত-চকুৰ লেন্স / প্ৰেছক্ৰিপচনৰ ৰঙীন চছ্মা কঠোৰভাৱে প্ৰদান কৰাত সীমাবদ্ধ (বাহিৰৰ প্ৰেছক্ৰিপচন / ই.আৰ.ক্লেন্সৰ অপ্টোমেট্ৰিষ্ট) গ্ৰাহকে দিয়া ক্ৰমত নিৰ্ধাৰিত প্ৰেছক্ৰিপশ্বন অনুসৰি বিত-চকু লেন্সবোৰ প্ৰক্ৰিয়া কৰা হ'ব। গ্ৰাহকে বাছনি কৰা প্ৰেছক্ৰিপশ্বন আৰু লেন্সৰ প্ৰকাৰৰ ওপৰত আধাৰিত কৰি লেন্সৰ ডাঠ যথেষ্ট পৰিৱৰ্তন হ'ব। ফিটিংৰ সময়ত গ্ৰাহকৰ নিজা ফ্ৰেম বা গ্ৰাহকৰ নিজা লেন্স ভাঙিলে বা হেৰুওৱাটো গ্ৰাহকৰ নিজৰ বিপদাশংকাত থাকে। এই ফ্ৰেম বা লেন্স হেৰুওৱাৰ বাবে ইআৰ ক্লেন্স দায়বদ্ধ নহ'ব। সকলো ৰঙীন চছমাই ক্ৰয়ৰ তাৰিখৰ পৰা এবছৰৰ এক চৰ্তহীন ওৱাৰেণ্টি বহন কৰে। ৰঙীন চছ্মাৰ আঁচোৰ বোৰ ওৱাৰেণ্টিৰ অধীনত ঢাকি ৰখা নহয়। অৰ্ডাৰ এবাৰ কৰা হ'লে, বাতিল কৰিব নোৱাৰি। বিবাদৰ ক্ষেত্ৰত, গ্ৰাহকক ইআৰ ক্লেন্স ক্ৰেডিট নোটৰ ৰূপত ধন ঘূৰাই দিয়া হ'ব, নগদ ধন, ভাৰ্চুৱেল ধন বা বেঙ্ক স্থানান্তৰৰ ৰূপত নহয়। অৰ্ডাৰ স্থাপনৰ দিনৰ পৰা ৬০ দিনৰ ভিতৰত অৰ্ডাৰ সংগ্ৰহ কৰিব লাগে আৰু অৰ্ডাৰ সংগ্ৰহ কৰাত বিফল হ'লে, অৰ্ডাৰটো স্বয়ংক্ৰিয় ভাৱে বাতিল কৰা হ'ব আৰু আগতীয়াকৈ পৰিশোধ ঘূৰাই দিয়া নহ'ব। সকলো সামগ্ৰীৰ মূল্যত আনুষঙ্গিক সামগ্ৰী, পেকেজিং আনুষঙ্গিক সামগ্ৰী আৰু পেকিং সামগ্ৰীৰ মূল্য অন্তৰ্ভুক্ত থাকে।
আজি বিয়লি প্ৰায় ৩ বজাত ধুবুৰীৰ পানবাৰীৰ সাতাবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ষ্টেটিক ছাৰভেইলেন্সৰ দলে ১,১১,০০০ টকা জব্দ কৰিবলৈ সক্ষম হয়। এ এছ ১৭ বি ৯৩৫০ নম্বৰৰ এখন চাৰিচকীয়া বাহনত তাপশ ভট্টাচাৰ্য নামৰ এজন ব্যক্তিয়ে আনি থকা অৱস্থাতে দলটোৱে এই টকাখিনি জব্দ কৰিবলৈ সক্ষম হয়। গাড়ীখন বিলাসীপাৰাৰ পৰা ধুবুৰী অভিমুখে গৈ আছিল। উল্লেখযোগ্য যে নিৰ্বাচনী আচৰণ বিধি বলবৎ হোৱাৰ পিছৰে পৰা কোনো এজন লোকে ৫০ হাজাৰতকৈ বেছি টকা সৰবৰাহ কৰিব নোৱাৰে যদিও ৰাজ্যখনৰ বিভিন্ন স্থানত একাংশ লোকে এই নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি লাখ লাখ টকা সৰবৰাহ কৰি আহিছে। ধুবুৰী জিলা কাৰ্য্যবাহী দণ্ডাধীশৰ নেতৃত্বত ষ্টেটিক ছাৰভেইলেন্সৰ দলে অঞ্চলটোত অভিযান অব্যাহত ৰাখিছে। আনহাতে জব্দ কৰা টকাখিনি লৈ ইতিমধ্যে জিলা প্ৰশাসনে তদন্ত অব্যাহত ৰাখিছে। শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি ফুটবল সম্ৰাট পেলে; কেনে আছে কিংবদন্তি খেলুৱৈগৰাকী? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
আজি দেশৰ ৰাজধানী দিল্লীৰ বিধানসভা নিৰ্বাচন। কোনে বহিব শাসনৰ গাদীত, কোনে মাৰিব শেষ হাঁহি, কোনে কিমান লাভ কৰিব আসন, জল্পনা কল্পনাৰ অন্ত নাই। ঝাড়ু, পদুম, হাত সমানে বাঢ়িছে আগ। মুঠ ৭০খন বিধানসভা আসনৰ কাৰণে পুৱা ৮বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ। সন্ধিয়া ৬ বজা পৰ্যন্ত চলিব এই ভোট গ্ৰহণ কাৰ্যসূচী। ৰাজধানীখনৰ ২৬,৮৯টা স্থানত মুঠ ১৩,৭৫৭ ভোটকেন্দ্ৰ নিৰ্মাণ কৰা হৈছে। মুঠ ১কোটি ৪৭লাখ ভোটাৰে আজি দিল্লীৰ ভাগ্য নিৰ্ধাৰণ কৰিব। এইবাৰ নিৰ্বাচনত মূল যুঁজ আম আদমী পাৰ্টী আৰু বিজেপিৰ মাজতে হৈছে। বিগত বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টীয়ে ৭০খন আসনৰ ৬৭খনতে জয়ী হৈছিল। আজি ভোটগ্ৰহণৰ কাৰণে মেট্ৰ' সেৱা পুৱা ৪বজাৰ পৰা আৰম্ভ কৰা হৈছে। দিল্লীত ৭৫হাজাৰৰো অধিক সুৰক্ষা বাহিনীৰ সদস্যই ৰাখিছে তীক্ষ্ণ নিৰীক্ষণ। আনহাতে সুৰক্ষাজনিত কাৰণত ভোটগ্ৰহণৰ বাবে ৰাজধানী দিল্লীত ৬ ফেব্ৰুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ সকলো সুৰাৰ দোকান বন্ধ থাকিব।
আকৌ খেলপথাৰতে উঠিল ধোনীৰ খং!।why-mahendra-singh-dhoni-is-getting-angry-on-field- News18 Assam\nআকৌ খেলপথাৰতে উঠিল ধোনীৰ খং!\nUpdated:May 9, 2019, 3:49 PM IST\nকাৰ ওপৰত খং মহেন্দ্ৰ সিং ধোনীৰ?\nLast Updated: May 9, 2019, 3:49 PM IST\nসদায় 'মিষ্টাৰ কুল' হিচাপে জনা যায় ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীক । কিন্তু ২০১৯ বৰ্ষৰ আইপিএলত বহুবাৰ খঙাল ৰূপত দেখা গ'ল ধোনীক । আইপিএলৰ Qualifier 1 মেচত নিজ দলৰে মুৰুলী বিজয়ৰ ওপৰত খঙত একো নাই হৈ পৰিল চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক ধোনী ।\nকেদাৰ যাদৱৰ আঘাতৰ বাবে চলিত আইপিএলৰ Qualifier 1 মেচত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে দলত স্থান দিয়া হৈছিল অপেনাৰ মুৰুলী বিজয়ক । কিন্তু গুৰুত্বপূৰ্ণ খেল খনত বিজয়ে ২৬ টা বলত ২৬ ৰাণ কৰি ধোনীৰ ৰোষত পৰে।\nপ্ৰথম কোৱালিফায়াৰ খেলত মুম্বাই ইণ্ডিয়ানছৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল সূৰ্যকুমাৰ যাদৱে । মুম্বাই ইণ্ডিয়ানছৰ ইনিংছৰ পঞ্চম অভাৰত দীপক চহৰৰ বলত মুৰুলী বিজয়ে সূৰ্যকুমাৰ যাদৱৰ কেচ এৰাত ধোনীয়ে খঙতে খেলপথাৰতে মুৰুলী বিজয়ক চিঞৰি চিঞৰি গালি পৰা দেখা পোৱা গৈছিল ।ধোনীৰ খং উঠা এই খেলুৱৈজনকে মুম্বাই ইণ্ডিয়ানছৰ হাতত চেন্নাই ছুপাৰ কিংছৰ পৰাজয়ৰ অন্যতম কাৰক হিচাপে অভিহিত কৰা হৈছে ।\nউল্লেখ যোগ্য যে Qualifier 1 মেচ খনত মুম্বাই ইণ্ডিয়ানছে চেন্নাই ছুপাৰকিংছক ৬ উইকেটত পৰাস্ত কৰি চলিত বৰ্ষৰ আইপিএলৰ ফাইনেলত প্ৰৱেশ কৰে ।\nইয়াৰ পূৰ্বেও এখন খেলত মহেন্দ্ৰ সিং ধোনীয়ে খেল চলি থকাৰ মাজতে এটা ভুল সিদ্ধান্তৰ বাবে খেল পথাৰত প্ৰৱেশ কৰি এম্পায়াৰৰ সৈতে তৰ্কা তৰ্কিত লিপ্ত হৈছিল । যাৰ বাবে বিতৰ্কতো সোমাই পৰিছিল মহেন্দ্ৰ সিং ধোনী।
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 দানিয়েল 1 অধ্যায়\nএই পুস্তকখনক লিখকৰ নামেৰে পাছত জনা যায়, দানিয়েল পুস্তকখন হ'ল ইস্রায়েলৰ পৰা ইহুদিসকল নির্বাসনত থকাৰ দৰে তেওঁৰ সময়ত বেবিলনৰ এটা উৎপাদিত ফল। "দানিয়েল" নামৰ অর্থ হ'ল "ঈশ্বৰ আমাৰ বিচাৰক"। এই পুস্তক খনৰ বিভিন্ন অধ্যায়ে ইংগিত দিয়ে যে ইয়াৰ লিখক দানিয়েল, যেনে 9:2; 10:2। দানিয়েলে তেওঁৰ অভিজ্ঞতা লিপিবদ্ধ কৰিছিল আৰু বেবিলনৰ ৰাজধানীত তেওঁৰ সময়ত থকা নির্বাসিত ইহুদিসকলৰ বাবে ভাববাণী কৰিছিল, য'ত ৰজাৰ ওচৰত তেওঁৰ সেৱাই তেওঁক সমাজৰ সর্বোচ্চ স্তৰত প্রৱেশৰ সুযোগ দিছিল। দেশত প্রভুৰ প্রতি তেওঁৰ বিশ্বাসযোগ্য সেৱা আৰু মাত্র তেওঁ সংস্কৃতিয়ে তেওঁক বিশেষ কৰি তোলা নাই, কিন্তু শাস্ত্রৰ সকলো লোকতকৈ তেওঁ অনন্য।\nলিখাৰ সম্ভাব্য সময় প্রায় 605-530 খ্রীষ্টপূর্বৰ ভিতৰত।\nবেবিলনত থকা নির্বাসিত ইহুদিসকল আৰু পাছত বাইবেলৰ সকলো পাঠক।\nদানিয়েল পুস্তক খনে লিপিবদ্ধ কৰিছে, কর্ম, ভাববাণী, আৰু ভাববাদী দানিয়েলৰ দর্শন। এই পুস্তক খনে শিকাই যে, ঈশ্বৰ তেওঁৰ অনুসৰণকাৰীসকলৰ প্রতি বিশ্বস্ত। লোভ আৰু চাপ সত্ত্বেও, বিশ্বাসীসকলে তেওঁলোকৰ পার্থিব দায়িত্ব পালন কৰাৰ সময়ত ঈশ্বৰৰ প্রতি বিশ্বস্ত থাকিব লাগে।\n1. সপোনত দেখা বৃহৎ মূর্তিটোৰ বিষয়ে দানিয়েলৰ বাখ্যা - 1:1-2:49\n2. বিশাল অগ্নিৰ মাজৰ পৰা চদ্রক, মৈচক আৰু ওবেদ নগোগক উদ্ধাৰ কৰা - 3:1-30\n3. নবুখদনেজৰৰ সপোন - 4:1-37\n4. চলন্ত আঙুলিয়ে লিখা আৰু দানিয়েলে কৰা বিনাশৰ ভাববাণী - 5:1-31\n5. সিংহৰ গাতত দানিয়েল - 6:1-28\n6. চাৰি প্রাণীৰ দর্শন - 7:1-28\n7. এটা ভেড়া, ছাগলী আৰু এটা ক্ষুদ্র শিঙৰ দর্শন - 8:1-27\n8. দানিয়েলৰ প্রার্থনাৰ উত্তৰৰ সৈতে 70 (সত্তৰ) বছৰ - 9:1-27\n9. দানিয়েলৰ চূড়ান্ত যুদ্ধৰ দর্শন - 10:1-12:13\nদানিয়েল আৰু তেওঁৰ তিনি জন বন্ধুৰ বিষয়।\n1 যিহূদাৰ ৰজা যিহোয়াকীমৰ ৰাজত্ব কালৰ তৃতীয় বছৰত, বাবিলৰ ৰজা নবূখদনেচৰ যিৰূচালেমলৈ আহিল, আৰু সকলো দিশৰ পৰা যোগান বন্ধ কৰিবলৈ নগৰখন বেৰি ধৰিলে।2প্ৰভুৱে নবুখদনেচৰক যিহূদাৰ ৰজা যিহোয়াকীমৰ ওপৰত জয়যুক্ত কৰিলে, আৰু তেওঁ ঈশ্বৰৰ গৃহৰ পৰা কিছুমান পবিত্র বস্তু তেওঁক দিলে। নবুখদনেচৰে সেই বস্তুবোৰ চিনাৰ দেশত থকা নিজৰ দেৱতাৰ গৃহলৈ লৈ গ'ল; আৰু তেওঁ সেই বস্তুবোৰ নিজৰ দেৱতাৰ ভঁৰালত হ'ল।\n3 তাৰ পাছত ৰজাই তেওঁৰ নপুংসকসকলৰ অধ্যক্ষ অস্পনজকক কৈছিল, "ৰাজ-বংশৰ আৰু প্ৰধান লোকসকলৰ মাজৰ কিছুমান4কলঙ্ক নথকা, দেখাত আকৰ্ষণীয়, সকলো বিদ্যাত নিপুণ, জ্ঞান আৰু বিবেচনাৰে পৰিপূৰ্ণ, আৰু ৰাজগৃহত পৰিচৰ্যা কৰিবলৈ যোগ্যতা থকা ইস্রায়েলী যুৱকসকলক মাতি আনা। তেওঁ তেওঁলোকক কলদীয়া সাহিত্য আৰু ভাষা শিকাইছিল।5ৰজাই তেওঁৰ বিশেষ উত্তম খাদ্যৰ পৰা আৰু তেওঁ পান কৰা দ্ৰাক্ষাৰসৰ পৰা তেওঁলোকক প্রতিদিনৰ ভাগ দিছিল। এই যুৱক সকলক তিনি বছৰৰ বাবে প্ৰশিক্ষণ দিয়া হ'ব, আৰু তাৰ পাছত তেওঁলোকে ৰজাৰ আগত পৰিচৰ্যা কৰিব পাৰিব।\n6 তেওঁলোকৰ মাজত যিহূদা-বংশৰ দানিয়েল, হননিয়া, মীচায়েল, আৰু অজৰিয়াও আছিল।7নপুংসকসকলৰ অধ্যক্ষই তেওঁলোকৰ নাম সলনি কৰি দানিয়েলক বেলটচচৰ, হননিয়াক চদ্ৰক, মীচায়েলক মৈচক, আৰু অজৰিয়াক অবেদ-নগো নাম দিলে।\n8 কিন্তু দানিয়েলে ৰজাৰ উত্তম খাদ্য আৰু পান কৰা দ্ৰাক্ষাৰসেৰে সৈতে নিজকে অশুচি নকৰিবলৈ তেওঁ চিন্তিত আছিল; সেই বাবে দানিয়েলে নপুংসকসকলৰ অধ্যক্ষৰ অনুমতি বিচাৰিছিলে, যাতে তেওঁ এইবোৰ খাদ্য গ্রহণ কৰি অশুচি নহয়।9তেতিয়া ঈশ্বৰে দানিয়েলক নপুংসকসকলৰ সেই অধ্যক্ষৰ আগত দয়া আৰু অনুগ্ৰহ প্ৰাপ্ত কৰিলে। 10 তাতে নপুংসকসকলৰ সেই অধ্যক্ষই দানিয়েলক ক'লে, "মোৰ প্ৰভু মহাৰাজক মই ভয় কৰোঁ। তোমালোকে কি খাবা আৰু কি পান কৰিবা সেই বিষয়ে ৰজাই মোক আদেশ দিছে, কিয়নো তেওঁ তোমালোকৰ মুখ তোমালোকৰ সমবয়সীয়া যুৱকসকলতকৈ নিকৃষ্ট দেখিব? তোমালোকৰ কাৰণে মোৰ ওপৰত ৰজাৰ প্রতাপ আছে।"\n11 তাৰ পাছত দানিয়েল, হননিয়া, মীচায়েল, আৰু অজৰিয়াৰ ওপৰত নিযুক্ত কৰা তত্ত্বাবধায়কৰ সৈতে দানিয়েলে কথা পাতিলে। 12 তেওঁ ক'লে, "আপুনি অনুগ্ৰহ কৰি, দহ দিন আপোনাৰ এই দাস সকলক পৰীক্ষা কৰি চাওক; আমাক খাবলৈ কেৱল শাক-পাচলি, আৰু পান কৰিবলৈ পানী দিয়ক। 13 তাৰ পাছত আমাৰ, আৰু ৰজাৰ উত্তম খাদ্য খোৱা যুৱকসকলৰ চেহেৰাৰ পৰীক্ষা কৰি চাওক; আপুনি যি দেখিব, সেইদৰে আপোনাৰ এই দাসবোৰলৈ ব্যৱহাৰ কৰিব।"\n14 সেয়ে তেওঁ তেওঁলোকৰ সেই কথাত মান্তি হৈ দহ দিনলৈকে তেওঁলোকক পৰীক্ষা কৰিলে। 15 দহ দিনৰ পাছত দেখা গ'ল, ৰজাৰ উত্তম খাদ্য খোৱা যুৱকসকলতকৈ তেওঁলোকৰ চেহেৰা অধিক স্বাস্থ্যৱান, আৰু অধিক পৰিপুষ্ট হ'ল। 16 সেয়ে তত্বাৱধায়কে তেওঁলোকক উত্তম আহাৰ, আৰু দ্ৰাক্ষাৰসৰ সলনি তেওঁলোকক শাক-পাচলি দিবলৈ ধৰিলে।\n17 ঈশ্বৰে সেই চাৰি জন যুৱকক সকলো আভ্যন্তৰীণ বিষয়ৰ শিক্ষা, জ্ঞান আৰু প্রজ্ঞা দিলে। তাতে দানিয়েলে সকলো প্রকাৰৰ দৰ্শন আৰু সপোনৰ কথা বুজিব পৰা হ'ল। 18 তাৰ পাছত ৰজাৰ দ্বাৰাই নিৰ্ণয় কৰা যি সময়ত সকলোকে আনিবলৈ ৰজাই আজ্ঞা দিছিল। সেই সময়ত নপুংসকসকলৰ অধক্ষ্যই ৰজা নবূখদনেচৰৰ আগত তেওঁলোকক উপস্থিত কৰালে।\n19 ৰজাই তেওঁলোকৰ লগত কথা পাতিলে, আৰু তেওঁলোকৰ সকলো দলৰ মাজত, দানিয়েল, হননিয়া, মীচায়েল, আৰু অজৰিয়াৰ তুলনাত আন কাকো পোৱা নগ'ল। সেয়ে তেওঁলোকে ৰজাৰ আগত পৰিচৰ্যা কৰিবলৈ প্রস্তুত হ'ল। 20 ৰজাই তেওঁলোকক সোধা জ্ঞান আৰু বিবেচনাৰ প্রতিটো প্রশ্নৰ বিষয়ত, তেওঁৰ ৰাজ্যত থকা শাস্ত্ৰজ্ঞ আৰু গণকসকলতকৈ তেওঁলোকক দহগুণে শ্রেষ্ঠ পালে। 21 দানিয়েল ৰজা কোৰচৰ ৰাজত্বৰ প্ৰথম বছৰলৈকে সেই ঠাইতে থাকিল।
সমগ্ৰ শিলচৰ চহৰক জোঁকাৰি যোৱা দেবজিৎ ৰয় নামৰ ১৬ বছৰীয়া কিশোৰজনৰ মৃত্যুৰ কথা এতিয়াও আলোচিত হৈ আছে। যিটো ছাত্ৰাৱাসত ৰহস্যজনক পৰিস্থিতিত ছাত্ৰজনৰ মৃত্যু হৈছে, সেই ছাত্ৰাৱাসটোৰ তেওঁ আৱাসী নাছিল। নিচাযুক্ত ঔষধ মাত্ৰাধিকভাৱে সেৱন কৰাৰ ফলত কিশোৰজনৰ মৃত্যু হৈছিল। যোৱা মঙলবাৰে কিশোৰজনৰ পিতৃ-মাতৃয়ে তেওঁক হত্যা কৰা হৈছে বুলি এখন এজাহাৰ দাখিল কৰিছে। পুত্ৰৰ মৃত্যুৰ পাছত প্ৰথমবাৰৰ বাবে সাংবাদ মাধ্যমৰ মুখামুখি হোৱা মৃত কিশোৰজনৰ পিতৃ-মাতৃ গোপাল চন্দ্ৰ ৰয় আৰু ববিতা ৰয়ে শিলচৰৰ ৰাধামাধৱ ৰোডস্থিত তেওঁলোকৰ বাসগৃহত আওপকীয়াকৈ কৈছে যে দেবৰাজ নিচাযুক্ত ঔষধ সেৱনকাৰী নাছিল যাৰ বাবে তেওঁৰ মৃত্যু হ'বলগীয়া হ'ল। মঙলবাৰে নিশা দাখিল কৰা এজাহাৰখনত এই বিষয়টো ভালদৰে অনুসন্ধান কৰাৰ বাবে কোৱা হৈছে। আৰু নিশাল আৰু নিশালৰে কেইজনমান সহোযগীয়ে দেবৰাজৰ শৰীৰত জোৰকৈ মাৰাত্মক ঔষধ বেজীৰে সুমুৱাই দিছিল। নৰ্থ-ইষ্ট নাওৰ আগত গোপাল চন্দ্ৰ ৰয়ে কৈছে, "পকেটত ৪০০ টকা লৈ আমাৰ ঘৰৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ পাছত সেইদিনা দুপৰীয়া ১২-০০ বজাৰ পাছৰ চিচিটিভিৰ ফুটেজ আমাক আৰক্ষীয়ে দেখুওৱাৰ আশ্বাস দিছে।তাৰে ৩৫০ টকাৰে দেবৰাজে তাৰ মোবাইলটো মেৰামতি কৰোৱাইছিল আৰু তাৰ হাতত মাত্ৰ ৫০ টকা আছিল। আৰম্ভ হৈছে বিজেপিৰ খেল! আপৰ নৱনিৰ্বাচিত কাউন্সিলাৰক 'ক্ৰয়' কৰাৰ চেষ্টা বিজেপিৰ! Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
নিউজ ডেস্ক। কাৰ কেতিয়া কেনেকৈ সৌভাগ্য উপস্থিত হয়, সেইয়া কোনেও ক'ব নোৱাৰে। বাটৰ ভিক্ষাৰীও কেতিয়াবা হ'ব পাৰে কোটিপতি। সেইয়া যেন সময়েহে নিৰ্ধাৰণ কৰে। তেনে এক ঘটনা হৈছে কেৰেলাত। দক্ষিণ কেৰেলাৰ কল্লাম জিলাৰ পথানপুৰম গাওঁ পঞ্চায়তত প্ৰায় ১০ বছৰ কাল অংশকালীন ছুইপাৰ হিচাপে কৰ্মৰত এ আনন্দাভালী নামৰ ৪৬ বছৰীয়া মহিলা গৰাকী হলগৈ সেই পঞ্চায়তৰে সভানেত্ৰী। পুৱা সোনকালে গৈ কাৰ্যালয়ৰ চকী মেজৰ ধূলি আঁতৰাই সকলো চাফ চিকুন কৰা আনন্দাভালী এতিয়াৰে পৰা কাৰ্যালয়লৈ যাব সভানেত্ৰী হিচাপে। পূৰ্বতে মাহে ২০০০ টকা দৰমহা লাভ কৰা আনন্দাভালীয়ে এতিয়াৰ পৰা মাহে লাভ কৰিব ৬০০০ টকা। ভাৰতীয় সাম্যবাদী দল (মাৰ্ক্সবাদ) ৰ পৰা বুধবাৰে নিৰ্বাচিত হৈছে আনন্দাভালী। উল্লেখ্য যে কেৰেলাতে বিগত সপ্তাহত দেশৰ ভিতৰতে কনিষ্ঠতম মহিলা মেয়ৰ হিচাপে আৰ্য্য ৰাজেন্দ্ৰনে তিৰোৱনন্তপুৰম পৌৰ সভাত নিযুক্তি লাভ কৰিছিল। ইয়াৰোপৰি মুঠ ৪ গৰাকী ২১/২২ বছৰীয়া প্ৰতিনিধি এইবাৰ কেৰেলা পৌৰ সভা নিৰ্বাচনত নিৰ্বাচিত হৈছে। কেউগৰাকীকে নিৰ্দিষ্ট পদবীত নিযুক্তিও দিয়া হৈছে।
সপ্তম আধ্যা বিৰলে মন্ত্ৰণা "Let us seek some desolate shade, and there weep our sad bosoms empty" --Macbeth\nৰঘু :-কাইলৈ নো বাট চাবৰ সকাম কি মই কব নোৱাৰোঁ ; আজিয়েই দেউতাই মোক হুকুম দিয়ক মই বৰফুকনক ধৰি লৈ আহোঁগৈ। কালি কালিকৈ থাকিয়েই দেউতাই সকলো ভ্ৰষ্ট কৰিছে। আমাৰ অতবোৰ ফৌজেৰে সৈতে বৰফুকন এটা কি কুৰিটা ধৰি আনিব পাৰোঁ।\nবীৰদত্ত :-ঠিক কৈছে, ঠিক কৈছে, বীৰদত্তৰ সেই কথাত সম্পূৰ্ণ মত। হেলাত কাৰ্য্য নাশ। আপুনি পিছ হুহুকি হুহুকিয়েই সকলো মাটি কৰিছে ; আপোনাৰ সহায় বীৰদত্তৰ দুটা বীৰবাহু থাকোতে ভয় কি ? কাইলৈ কিয়, আজিয়েই এতিয়াই আমুকাই কলীয়া ভোমোৰাক ধৰি আনি আপোনাৰ ভৰিত দীঘলকৈ পেলাব পাৰে। কেৱল আপোনাৰ আজ্ঞা লাগে। তাৰ বাহিৰে কোচবেহাৰ ৰাজকোঁৱৰ স্বয়ং আপোনাৰ সোঁ হাত। তাৰ উপৰি যত ডাঙৰ ডাঙৰ চৌধুৰী, বুজৰবৰুৱা, বৰুৱা প্ৰভৃতি লোক আপোনাৰ সাহায্যকাৰক। কি কথা আছে, এই মুহূৰ্ত্ততে বীৰদত্তই কলীয়া ভোমোৰাক হাতীৰ ফয়েৰে বান্ধি আনি আহোম বংশৰ আলুৱে কলা-পুলিয়ে তুলিব পাৰে।\nহৰদত্ত :-ৰবা এথোন, হুৰা মুৰা কৰিলে একো কাৰ্য্য নহয়। এনেবিলাক গুৰুতৰ কাৰ্য্য কৰিবলৈ বহুত ভাবিব, বহুত চিন্তিব, বহুত গুণিব লাগে ; অৱশ্যে তোমালোকৰ উৎসাহ আৰু বল অতি প্ৰশংসনীয়। বীৰৰ নিচিনা ভাই আৰু ৰঘুৰ নিচিনা পো যে মই পাইছোঁ এইটোত মই বৰ অহংকাৰ কৰিব লগীয়া। মোৰ মন্ত্ৰীসকলৰ মন্ত্ৰণা আৰু বন্ধুসকলৰ সাহায্য মোৰ পক্ষে অমূল্য বস্তু। তথাপি সকলো কাৰ্য্যতে ধৈৰ্য্যৰ আৱশ্যক। পাপীষ্ঠ আহোমবিলাকৰ অত্যাচাৰ মই অতদিন পাৰোঁতে সহি আছোঁ বুলি তোমালোকে ভাবিছা নে ? স্বদেশৰ স্বজাতিৰ দুৰ্গতিত মোৰ বুকু ফাটি চিটাচিট হোৱা নাই বুলি আছা নে? পাষণ্ডহঁতৰ দৌৰাত্ম্যত মোৰ গাৰ তেজ বকবককৈ এতিয়াও উতলা নাই বুলি জানিছা নে? সতী তিৰোতাই সতীত্ব ৰত্ন ৰাখিব নোৱাৰি কন্দা চিঁয়ৰ মোৰ কাণত এতিয়াও সোমোৱা নাই বুলি ভাবিছা নে ? ধনীৰ ধন, মানীৰ মানৰ লগত মোৰ নিজৰ ধন-মান হেৰোৱা নাই বুলি তোমালোকে জানিছা নে ? উস ! যদিও আজিলৈকে মোৰ আহোমে অলপো অপকাৰ কৰা নাই, তথাপি মোৰ দেশী ভাইসকলৰ অপকাৰক মই মোৰ নিজৰ অপকাৰ হেন বুলি ভবা নাই বুলি তোমালোকে বোধ কৰিছা নে ? হা ঈশ্বৰ ! মোৰ দেশৰ দুৰৱস্থাত মোৰ চকুত টোপনি নাই, পেটত আহাৰ নাই, মনত শান্তি নাই-তথাপি এনেস্থলতো মই হঠাৎ হুৰামূৰাকৈ আহোমৰ বিপক্ষে উঠিব পৰা নাই কেলৈ ? হঠাৎ কোনো কাম কৰিলে সি সিদ্ধ হল যদি হলেই নহল যদি তেনেকৈ ভ্ৰষ্ট হয়। বিশেষকৈ ৰজাৰ বিপক্ষে যুঁজিবলৈ উঠাৰ নিচিনা এটা ডাঙৰ কাৰ্য্য হঠাৎ কৰা কাৰ্য্য নহয়। আগেয়ে ভাবিছিলো পদুমৰ বিয়াৰ পাচত এই কাৰ্য্য কৰা যাব ; কিন্তু এতিয়া পদুমৰ বিয়া স্থগিত ৰাখি এই কাৰ্য্যতহে আগেয়ে লাগিব লগীয়া হল যেন দেখিছোঁ। ঈশ্বৰ আছে, তেওঁৰ ওপৰতে সম্পূৰ্ণ নিৰ্ভৰ ; তেওঁ অৱশ্যে আমাৰ কাৰ্য্য সফল কৰিব।\nৰাজকোঁৱৰ :-এই কথা অৱশ্যে অতি সুন্দৰ ; ইয়াক আমি সম্পূৰ্ণৰূপে সমৰ্থন কৰোঁ।\nহৰদত্ত :-বীৰ, এতিয়াই তুমি সেনাপতিক যুদ্ধৰ সকলো আয়োজন কৰিবলৈ কৈ দিয়া ; কাইলৈ ৰাতি দুপৰত বৰফুকনক ঘৰ বেৰা দি ধৰি বন্দী কৰি আনিব লাগিব।
বহু প্ৰত্যাশিত এখন অসমীয়া ছবি "অনু'ৰ Eyes On the Sunshine" ৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে শ্বুটিং চিড্যুল। এটা পৰিয়ালে সন্মুখীন হোৱা সমস্যাসমূহক এক নতুন দৃষ্টিৰে দেখুৱাবলৈ প্ৰয়াস কৰা এই ছবিখনৰ মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে ইয়াত মূখ্য চৰিত্ৰ ৰূপায়িত অভিনেতা বলীউডৰ খ্যাতিসম্পন্ন ৰজত কাপুৰ। অনুৰাধা শৰ্মা পূজাৰীৰ কাহিনীৰ আধাৰত এই ছবিখন নিৰ্মাণ কৰি উলিয়াইছে মঞ্জুল বৰুৱাই। শ্বুটিং চিড্যুল সম্পূৰ্ণ হোৱা এই ছবিখনৰ বিভিন্ন আপডেট ইতিমধ্যে চচিয়েল মিডিয়া যোগে পৰিচালক গৰাকীৰ লগতে ছবিখনৰ সৈতে জড়িত সকলোৱে জনসাধাৰণক দি আহিছে। সংবেদনশীল চিত্ৰনাট্যৰে আগবঢ়া ছবিখনে আগন্তুক সময়ত যে চলচিত্ৰ প্ৰেমী জনসাধাৰণক আকৰ্ষণত সক্ষম হ'ব সেয়া একাষাৰে কৈ দিলেও হয়টো অতিৰঞ্জিত নহ'ব। ছবিখনৰ চিত্ৰনাট্য তথা সংলাপৰ দায়িত্বত আছে পৰিচালক মঞ্জুল বৰুৱা নিজেই। ছবিখনত ৰজত কাপুৰৰ সৈতে অভিনয় কৰিছে ক্ৰমে , ডাঃ জাহানাৰা বেগম, বলোৰাম দাস, উদয়ণ দুৱৰা, বিভূতি ভূষণ হাজিৰকা, ডাঃ জয়ন্ত দাস, অমূল্য কাকতি, ৰাজশ্ৰী শৰ্মা, মানস দাস, বিদ্যা ভাৰতী, ৰয়ন্তী ৰাভা, ঋতুপণ চৌধুৰী, শ্ৰুতিমালা শইকীয়া, অঞ্জনাভ ৰাজেখাৱা, দিবাকৰ ৰাভা, ময়ুৰ গোপেন্দ্ৰ দাস, দ্ৰুপদ দাস, নন্দিতা ডেকা, শ্যামিলমা দাস, মিতু কাশ্যপ, কুল-কুলদ্বীপ আৰু কনমাণি আখ্যা জে কাশ্যপে। সুমন দুৱৰাৰ চিত্ৰগ্ৰহণেৰে ছবিখনৰ সংগীতৰ দায়িত্বত আছে তৰালী শৰ্মা; চাউণ্ড ডিজাইন কৰিছে অমৃত প্ৰীতম লগতে সাজ-সজ্জা গৰীমা শইকীয়া গাৰ্গ আৰু ৰূপসজ্জা তীব্ৰজ্যোতি বৈৰাগীৰ। সহকাৰী পৰিচালক হৈছে ক্ৰমে ৰোনাল্ড হুচেইন আৰু সমৰজ্যোতি সৰকাৰ আনহাতে পৰিচালকৰ সহাকাৰী আৰু চিত্ৰনাট্য পৰিদৰ্শকৰ দায়িত্বত আছে অন্বেষা কটকী; মূখ্য সহকাৰী পৰিচালক ঘনশ্যাম কলিতা। ছবিখনৰ শব্দগ্ৰহণ দেৱজিৎ গায়নৰ আৰু ৰি-ৰেকৰ্ডিং কৰিছে দেৱজিৎ চাংমাইয়ে। সম্পাদনা টুৱেনচাঙৰ লগতে কলা নিৰ্দেশনা পনজিৎ চাংমাইৰ। ছবিখনক লৈ আগ্ৰহী প্ৰত্যেকেই বৰ্তমান "অনু'ৰ Eyes on the Sunshine" ৰ মুক্তিৰ অপেক্ষা কৰি ৰৈছে।
উপন্যাসখনৰ প্ৰধান চৰিত্ৰ কেইটি হ'ল আত্মকেন্দ্ৰিক,কৰ্মানুৰাগী গাভৰু এছলী পেটাৰছন,গান গাই আৰু নাচি ভাল পোৱা তেওঁৰ সহকৰ্মী ট'নী প্ৰেছকট আৰু ছবি আঁকি ভাল পোৱা লাজকুৰীয়া এলেট পীটাৰ্ছ তথা এছলীৰ দেউতাক। ইয়াৰে তিনিওজনী মহিলাৰ স্বভাৱ চৰিত্ৰ সম্পূৰ্ণ বেলেগ। অৱশ্যে ট'নী আৰু এলেটৰ মাজত কিছু বন্ধুত্বপূৰ্ণ ভাৱ আছে যদিও ট'নীয়ে এছলীক খুব বেয়া পায় আৰু প্ৰায়ে সমালোচনা কৰে। অৱশ্যে তিনিওৰে মাজত এটাই সাদৃশ্য আছে,সেয়া হ'ল তিনিওৰে মাকে সিহঁতে কেতিয়াও একো হৈ দেখুৱাব নোৱাৰে বুলি কোৱা মনত আছে। এছলীৰ সমস্যা হ'ল তাইৰ এনেকুৱা লাগে যেন কোনোবাই তাইক অনুসৰণ কৰি আছে। কামৰ পৰা আহি তাই ঘৰৰ লাইটবোৰ জ্বলি থকা দেখা পায়,কেতিয়াবা তাইৰ কাপোৰবোৰ সিঁচৰতি হৈ থাকে আৰু এদিন কোনোবাই তাইৰ আইনা এখনত লিপষ্টিকেৰে "তই মৰিবি" বুলি লিখি থয়। শংকিত হৈ তাই পুলিছৰ সুৰক্ষা বিচাৰে,কিন্তু তাইৰ সুৰক্ষাত নিয়োজিত পুলিছ বিষয়াজনৰ মৃতদেহ পাছদিনা তাইৰ ঘৰৰ পিছফালে উদ্ধাৰ হয়। ইতিমধ্যে এই একেই ধৰণত আৰু দুটা হত্যাকাণ্ড সংঘটিত হয়। তিনিওটা হত্যাণ্ডতেই মৃত ব্যক্তিকেইজনৰ অণ্ডকোষ কাটি পেলোৱা হয় আৰু মৃত্যুৰ আগত সংগমৰত হোৱাৰ প্ৰমাণ পোৱা যায়। প্ৰমাণ সমূহে দাবী কৰে যে এয়া একেজনী মহিলাৰেই কাম। যেতিয়া মৃত ব্যক্তি এজনে ট'নীক দিয়া উপহাৰ এটা এছলীৰ তাত উদ্ধাৰ হয় তাইক হত্যাকাৰী বুলি কৰায়ত্ব কৰা হয়। আৰু এইখিনিতেই আৱিষ্কাৰ হয় যে সেই তিনিওজনী মহিলা দৰাচলতে "মাল্টিপল পাৰ্চনেলিটী ডিজৰ্ডাৰ"ত ভুগি থকা এজনী মানুহৰেই সত্তা। শ্বেৰিফ ডলিঙে এটি গভীৰ উশাহ ললে.... "এছলী পেটাৰছন...ট'নী প্ৰেছকট...এলেট পীটাৰ্ছ এই গোটেইবোৰ একেজনীয়েই অসভ্য মহিলা। " এছলীৰ দেউতাকে ডেভিদ ছিংগাৰ নামৰ উকীল জনক এছলীৰ কেছৰ দায়িত্ব অৰ্পণ কৰে। এক গভীৰ নিৰাশাৰ অন্তত অৱশেষত ট'নীৰ হিংস্ৰ ৰূপ দেখি বিচাৰসকলো পতিয়ন যায় যে এছলী মানসিক ভাৱে অসুস্থ আৰু তাইক এখন মানসিক চিকিত্সালয়ত ভৰ্ত্তি কৰোৱা হয়। বিভিন্ন চিকিত্সা প্ৰয়োগৰ অন্তত আৱিষ্কৃত হয় যে শৈশৱতে এছলীক দেউতাকে যৌন আতিশৰ্য্য চলাইছিল আৰু সেই ঘটনাই এছলীৰ দেহতেই ট'নী নামৰ সত্তাক জন্ম দিয়ে যাৰ মনত পুৰুষৰ প্ৰতি তীব্ৰ ঘৃণা লুকাই আছে। এই কাৰণতেই মাকেও তাইক বেয়া পোৱা হয়। আকৌ ইটালীত থাকোঁতে তাইক দেউতাকে ধৰ্ষণ কৰে আৰু এই ঘটনাই এলেট নামৰ লাজকুৰীয়া,ভয়াতুৰ সত্তাক জন্ম দিয়ে। ট'নীয়ে এক সুৰক্ষাদাত্ৰীৰ ভূমিকা লয় আৰু পিছত এছলীয়ে আকৌ তেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হোৱাত হত্যাকাণ্ড সমূহ সংঘটিত কৰে। আনহাতে দুখিত আৰু লাজকুৰীয়া এলেটে এক সান্ত্বনাদাত্ৰীৰ কাম কৰি থাকে। এছলীৰ চিকিত্সা পূৰ্ণগতিত চলি থাকে আৰু লাহে লাহে এছলী ভাল হ'বলৈ ধৰে। কিন্তু এদিন বাতৰি কাকতত দেউতাকে সৰু ছোৱালী এজনী থকা মহিলা এগৰাকীক বিয়া কৰাব বুলি খবৰ পায় ট'নী বিদ্ৰোহী হৈ উঠে। তাই ভাবে যে সেই সৰু ছোৱালীজনীৰো তাইৰ দৰে অৱস্থা হ'ব। ডাক্তৰ সকলে এই খবৰটো সদায় দেখুৱাই দেখুৱাই ট'নীৰ খংটো ক্ৰমাত্ কমাই আনে। কিন্তু ট'নীয়ে বুদ্ধি কৰিহে শান্ত হোৱা যেন দেখুৱাইছিল যাতে তাই বাহিৰলৈ গৈ খ্ৰীষ্টমাছ উপলক্ষে হেম্পটনছত থকা দেউতাকক হত্যা কৰিব পাৰে। শেষত এছলীক চিকিত্সালয়ৰ পৰা ৰেহাই দিয়া হয়। কিন্তু হঠাত্ ট'নীয়ে এছলীক নিয়ন্ত্ৰণলৈ আনি লয় আৰু তাই হেম্পটনছলৈ যাত্ৰা কৰে।
গুৱাহাটী,২৪ অক্টোবৰঃ অসম ভাৰতৰ বাবে দক্ষিণ-পূৱ এছিয়া তথা এছিয়ান দেশ সমূহৰ দুৱাৰমুখস্বৰূপ। অসমৰ ভৌগলিক অৱস্থিতিৰ এইক্ষেত্ৰত বিশেষ গুৰুত্ব আছে। এই মন্তব্য দেশৰ চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱটৰ। আজি গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অসম আৰক্ষীয়ে আয়ােজন কৰা প্ৰথম ৰবি কান্ত সিং সোঁৱৰণী বক্তৃতাৰ মূল বক্তৃতা প্রদান কৰি জেনেৰেল ৰাৱটে এইদৰে কয়। 'আছাম এট ক্ৰছৰডছঃ জিঅ'পলিটিকেল ইভেণ্টছ ইন ইটছ নেইবাৰহুড ইমপেক্টিং নর্থ ইষ্ট ইণ্ডিয়া' শীর্ষক বক্তৃতাৰ আৰম্ভণিতে জেনেৰেল ৰাৱটে ৰবি কান্ত সিঙলৈ শ্রদ্ধা নিবেদন কৰি কয় যে সিঙৰ দৰে বীৰ সন্তানসকলে দেশৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে প্রাণ বিসর্জন দিছে। তেওঁলােকৰ এই ত্যাগ আমি পাহৰিব নালাগে। ভাষণত জেনেৰেল ৰাৱটে কয় যে এছিয়া ২০৩০ চনৰ ভিতৰত বিশ্বৰ প্রধান কেন্দ্ৰ হৈ পৰিব। এই প্রসংগত তেওঁ ভাৰত, চীন, জাপানৰ দৰে এছীয় শক্তিসমূহৰ দ্রুত উত্থানৰ কথা উল্লেখ কৰে। ভাৰতে চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ বাবে গ্ৰহণ কৰা 'সাগৰ' আৰু 'এক্ট ইষ্ট পলিচী'ৰ দৰে নীতিৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে অসমৰ এই ক্ষেত্ৰত বিশেষ গুৰুত্ব আছে। এছিয়ান তথা পূব আৰু দক্ষিণ-পূব এছীয় দেশসমূহৰ সৈতে ভাৰতৰ বাণিজ্যিক সম্পর্ক উন্নত কৰাৰ পথৰ দুৱাৰমুখেই হৈছে অসম। জেনেৰেল ৰাৱটে তেওঁৰ বক্তৃতাত ভাৰতৰ সৈতে বাংলাদেশ,বভূটান আৰু নেপালৰ সু-সম্পর্কৰ বিভিন্ন দিশৰ ওপৰতাে আলােকপাত কৰে। তেওঁ নিজৰ ভাষণত অঞ্চলটোৰ প্রাকৃতিক সম্পদৰাজি আৰু বৰ্তমানৰ জলবায়ু পৰিৱৰ্তনত ইয়াৰ ভূমিকাৰ কথাও উল্লেখ কৰে। চীনে ম্যানমাৰত খােপনি পােতা, পাকিস্তানক সহায় কৰা, এক অঞ্চল এক পথ আঁচনি আদিৰ প্রসংগইও তেওঁৰ ভাষণত স্থান পায়। পাকিস্তানৰ সন্ত্রাসবাদী কার্যকলাপ, চীনৰ গতিবিধি আৰু আফগানিস্তানৰ শেহতীয়া পৰিস্থিতিৰ ওপৰতাে ভাৰতে চোকা দৃষ্টি ৰাখিছে বুলি জেনেৰেল ৰাৱটে তেওঁৰ ভাষণত উল্লেখ কৰে। জেনেৰেল বিপিন ৰাৱটে তেওঁৰ ভাষণত অসমৰ মানুহ, প্রকৃতি আৰু অসমীয়া সংস্কৃতিৰ উচ্চ প্রশংসা কৰে। মা কামাখ্যাৰ আশীবাদেৰে ধন্য ৰাজ্যখনৰ ইতিহাসৰ ওপৰত আলােকপাত কৰি তেওঁ আহােমৰ ছশ বছৰীয়া শাসনৰ গৰিমাৰ কথা উল্লেখ কৰে। শৰাইঘাটৰ যুদ্ধৰ প্ৰসংগত তেওঁ অসমৰ মানুহৰ বীৰত্ব, ৰণনীতি আৰু কূটনীতিৰ উচ্চ প্রশংসা কৰে। তেওঁ কয় যে আধুনিক বিশ্বত উন্নয়নৰ বাবে উন্নত যােগাযােগ ব্যৱস্থা অপৰিহাৰ্য। তেওঁ এই প্রসংগত ভাৰত-ম্যানমাৰ-থাইলেণ্ড ত্রিদেশীয় ৰাজপথৰ কথা উল্লেখ কৰে। জেনেৰেল ৰাৱটে কয় যে এনে যােগাযােগৰ ক্ষেত্ৰত অসমৰ ভৌগলিক স্থিতিৰ সুকীয়া গুৰুত্ব আছে। অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ জলপথেৰে বাংলাদেশৰ বন্দৰৰ যােগাযােগে বহন কৰা প্ৰচুৰ সম্ভাৱনীয়তাৰ কথা উল্লেখ কৰি জেনেৰেল ৰাৱটে কয় যে এনে উন্নত যােগাযােগৰ পৰা ভূটান, নেপালৰ দৰে চুবুৰীয়া দেশসমূহ লাভান্বিত হ'ব। অসমৰ শিক্ষিত মানৱ সম্পদৰ প্রশংসা কৰি তেওঁ কয় যে বর্তমান সময়ৰ চাহিদাৰ সৈতে খাপখুৱাই দক্ষতাসম্পন্ন মানৱ সম্পদৰ বিকাশ ঘটালে ৰাজ্যখনৰ লগতে দেশে লাভান্বিত হ'ব। অসমৰ নৱ প্ৰজন্মৰ প্রতিভা প্রসংগত তেওঁ অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোঁহাইৰ সফলতাৰ কথা উল্লেখ কৰে । অনুষ্ঠানত উদ্বোধনী ভাষণ প্রদান কৰে অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই। বৰুৱাই তেওঁৰ ভাষণত চীন, ম্যানমাৰ আদি চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে ভাৰতৰ সম্পৰ্কৰ ইতিহাসতল সম্পৰ্কে আলােকপাত কৰে। চীনা পৰিব্রাজক হিউৱেন চাঙৰ অসম ভ্ৰমণ আৰু পৰিব্রাজকগৰাকীয়ে এই ভ্রমণকালত অসমৰ সৈতে চীনৰ পুৰণি সম্পৰ্কৰ সমল বিচাৰি পােৱাৰ কথাও তেওঁ উল্লেখ কৰে। ভাষণ প্রসংগত মুখ্য সচিবগৰাকীয়ে বৃটিছৰ শাসনকালত চীনৰ সৈতে পথ যােগাযােগৰ বাবে চলা অভিযান, চীনৰ আন্তঃ আঞ্চলিক আর্থিক বৈষম্য, ম্যানমাৰত চীনৰ প্ৰভাৱ বৃদ্ধি আৰু এই ক্ষেত্ৰত ভাৰতৰ কৰণীয় আদিৰ বিষয়ে কয়। অনুষ্ঠানত বাংলাদেশস্থিত ভাৰতৰ উচ্চায়ুক্ত বিক্ৰম কুমাৰ দোৰাইস্বামীয়ে ভাৰত আৰু বাংলাদেশৰ সুসম্পর্কৰ পৰা দেশ দুখনৰ লাভ আৰু এই সম্পর্কই বহন কৰা সম্ভাৱনীয়তাৰ ব্যাখ্যা আগবঢ়ায়। দোৰাইস্বামীয়ে তেওঁৰ ভাষণত বাংলাদেশৰ স্বাধীনতা সংগ্রামত ভাৰতৰ ভূমিকাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে বাংলাদেশক তিনিফালৰ পৰা ভাৰতে আগুৰি আছে। স্বাধীনতাৰ পূর্বে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সৈতে বর্তমান বাংলাদেশৰ সু-যােগাযােগ ব্যৱস্থা আছিল। দেশ বিভাজনৰ ফলত এই যােগাযােগ ব্যাহত হােৱা আৰু বাংলাদেশৰ সৈতে উন্নত যােগাযােগে বহন কৰা সম্ভাৱনীয়তাৰ প্রসংগইও তেওঁৰ বক্তৃতাত স্থান লাভ কৰে। অনুষ্ঠানত আদৰণি ভাষণ প্রদান কৰে অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই। অনুষ্ঠানত জেনেৰেল বিপিন ৰাৱট, মুখ্য সচিব জিষ্ণু বৰুৱা, আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰ জ্যোতি মহন্ত, বাংলাদেশস্থিত ভাৰতৰ উচ্চায়ুক্ত বিক্ৰম কুমাৰ দোৰাইস্বামীয়ে ৰবি কান্ত সিঙৰ প্রতিচ্ছবিত শ্রদ্ধা নিবেদন কৰে। উল্লেখ্য যে ১৯৮৭ চনৰ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া ৰবি কান্ত সিঙে ১৯৯৬ চনত তিনিচুকীয়াত উগ্রপন্থীৰ আক্ৰমণত নিহত হৈছিল। অনুষ্ঠানত প্রয়াত ৰবি কান্ত সিঙৰ জীয়ৰী নুপুৰ সিঙো উপস্থিত আছিল। Save my name, email, and website in this browser for the next time I comment. গুৱাহাটী,১ ডিচেম্বৰঃ কামৰূপ মহানগৰ জিলাত ভেকচিন নোলোৱাকৈ এজনো লোক যাতে বাদ যাব নোৱাৰে তাৰ বাবে 'হৰ ঘৰ দস্তক'ৰ দ্বিতীয় পৰ্যায়ৰ অভিযানত ভোট কেন্দ্ৰৰ ভোটাৰ ট্ৰেক কৰি সন্ধান বিচাৰি প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা লোৱা হৈছে। দ্বিতীয় দিনা কামৰূপ মহানগৰ জিলাত 'হৰ ঘৰ দস্তক'ৰ নীৰিক্ষক হিচাপে নিয়োজিত মুখ্য সচিব জিষ্ণু বৰুৱাই পাটৰকুছিৰ পাহাৰীয়া এলেকাত কেইজনমান লোকে ক'ভিড প্ৰতিষেধক ল'বলৈ দ্বিধাগ্ৰস্ত হৈ আছে বুলি জানিব পাৰি উপায়ুক্ত পল্লৱ গোপাল ঝা, অতিৰিক্ত উপায়ুক্ত গৌৰী শংকৰ দাস, দিছপুৰৰ চক্ৰ বিষয়া (ভাৰপ্ৰাপ্ত) চিন্ময় নেওগ তথা চিকিংসক, স্বাস্থ্যকৰ্মীৰ সৈতে পাহাৰত বাস কৰা কেবাজনো ব্যক্তিক পুৱাতে ক'ভিড প্ৰতিষেধক প্ৰদান কৰোৱায়। হেঙেৰাবাৰী ক'ভিড প্ৰতিষেধক কেন্দ্ৰৰ কাম-কাজ নীৰিক্ষণ কৰাৰ উপৰি মুখ্য সচিবগৰাকীয়ে বৰবাৰীস্থিত কেবাখনো দোকানত সোমাই কৰ্মচাৰীসকলৰ ক'ভিড প্ৰতিষেধক লোৱাৰ বিষয়ে সোধ-পোচ কৰাৰ উপৰি অঞ্চলৰটোৰ ঘৰত গৈ দীৱাংগসহ ২২ গৰাকী পুৰুষ-মহিলাক প্ৰথম পালি আৰু ২৪ গৰাকীক দ্বিতীয় পালি প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰে। অনুৰূপ ধৰণে জিলাখনত নিয়োজিত আন এজন নিৰীক্ষক, সচিবালয়ৰ প্ৰশাসনিক বিভাগৰ আয়ুক্ত সচিব এম এছ মণিৱন্ননে আজি অতিৰিক্ত উপায়ুক্ত মুনীন্দ্ৰ বৰদলৈ, সোণাপুৰৰ চক্ৰ বিষয়া (সংলগ্ন) হিমাদ্ৰি বৰা আৰু স্বাস্থ্যকৰ্মীৰ সৈতে সোণাপুৰৰ ভড়াগাঁও, টেঘেৰিয়া, খমাৰ, কিলিং, টালনি আদি গাঁৱত গৈ মানুহৰ ঘৰত প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰে। সেইদৰে অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাসে আজাৰা, গড়ল আদি স্থানত, ড° ধ্ৰুৱ জ্যোতি হাজৰিকাই জালুকবাৰী, পাণ্ডু, কামাখ্যা কলনি আৰু চাৰিওটা ৰাজহ চক্ৰত সংশ্লিষ্ট চক্ৰ বিষয়াসকলে 'হৰ ঘৰ দস্তক' কাৰ্যসূচীৰ তদাৰক কৰে। গুৱাহাটী,২৭ নৱেম্বৰঃ চাইবাৰ ছিকিউৰিটীৰ ক্ষেত্ৰত ক্ৰমবৰ্ধমান ভাবুকিৰে মোকাবিলা কৰিব পৰাকৈ অসমতো তথ্য-প্ৰযুক্তিৰ সুৰক্ষা কবচ শক্তিশালী কৰাৰ লগতে চাইবাৰ ছিকিউৰিটী বিশেষজ্ঞৰ দল বিকশিত কৰাৰ ভৱিষ্যদৰ্শী উদ্দেশ্যৰে ৰাজ্য চৰকাৰৰ তথ্য প্ৰযুক্তি বিভাগে গুৱাহাটী টেক চিটীত স্থাপন কৰিবলৈ লৈছে এটা 'ষ্ট্ৰেটেজিক চাইবাৰ ইণ্টেলিজেন্স চেণ্টাৰ অব এক্সেলেন্স'। তথ্য-প্ৰযুক্তি আধাৰিত বিত্তীয় তথা ব্যৱসায়িক সেৱা সুনিশ্চিতকাৰী বিশ্বৰ অগ্ৰণী বহুৰাষ্ট্ৰীয় প্ৰতিষ্ঠান 'মাষ্টাৰকাৰ্ড এচিয়া পেচিফিক' আৰু চাইবাৰ সুৰক্ষা পৰীক্ষণকাৰী সংস্থা 'আই-ছেক ছিকিউৰিটী ছাৰ্ভিচেজ প্ৰাইভেট লিমিটেড'ৰ কাৰিকৰী সহযোগিতাত অসম চৰকাৰৰ অধীনৰ 'আছাম ইলেকট্ৰনিকছ ডেভেল'পমেণ্ট ক'ৰ্পোৰেচন লিমিটেড' (এমট্ৰন)-এ টেক চিটীত এই ষ্ট্ৰেটেজিক চাইবাৰ ইণ্টেলিজেন্স চেণ্টাৰটো বিকশিত কৰিব। এই সন্দৰ্ভত গুৱাহাটীত আজি ৰাজ্যৰ তথ্য প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত তিনিওটা পক্ষৰ মাজত এখন বুজাবুজি চুক্তি সম্পাদিত হয়। এমট্ৰনৰ অধ্যক্ষ তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু ৰাজ্য চৰকাৰৰ তথ্য প্ৰযুক্তি বিভাগৰ সচিব তথা গুৱাহাটী বায়'টেক পাৰ্কৰ সঞ্চালক আকাশদীপে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত এমট্ৰনৰ হৈ পৰিচালন সঞ্চালক এম কে যাদৱ, মাষ্টাৰকাৰ্ড এছিয়া পেচিফিকৰ হৈ কোম্পানীটোৰ ভাৰতস্থ শীৰ্ষ কাৰ্যবাহী নিখিল চাহানী আৰু আই-ছেক ছিকিউৰিটী ছাৰ্ভিচেজৰ হৈ সঞ্চালিকা অমৃতা সিঙে বুজাবুজি চুক্তিখনত স্বাক্ষৰ কৰে। এই ত্ৰিপাক্ষিক বুজাবুজি চুক্তিৰ জৰিয়তে গুৱাহাটী টেক চিটীত স্থাপন কৰিবলৈ লোৱা অত্যাধুনিক তথা বিশ্বমানৰ চাইবাৰ ছিকিউৰিটী চেণ্টাৰটোৰ দ্বাৰা ভৱিষ্যতে অসম তথা দেশৰ চাইবাৰ ছিকিৰিটী এক্সপাৰ্টাইজৰ চাহিদা পূৰাব পৰাকৈ চাইবাৰ সুৰক্ষা প্ৰযুক্তি বিকাশৰ লগতে উপযুক্ত মানৱসম্পদ (চাইবাৰ ছিকিউৰিটী স্পেচিয়েলিষ্ট) গঢ়ি তোলাৰ উপৰি ইয়াক দক্ষিণ-পূৱ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ বাবেও নিৰ্ভৰযোগ্য চাইবাৰ ছিকিউৰিটী এক্সপাৰ্টাইজৰ হাব ৰূপে প্ৰতিষ্ঠা কৰিবলৈ বিচৰা হৈছে বুলি অনুষ্ঠানত ৰাজ্যৰ তথ্য প্ৰযুক্তি মন্ত্ৰী মহন্তই উল্লেখ কৰে। বৰঝাৰৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নাতিদূৰৰ বঙৰাত ইতিমধ্যে ৰাজ্যৰ তথ্য-প্ৰযুক্তি বিভাগে স্থাপন কৰা টেক চিটীত এই চাইবাৰ ছিকিউৰিটীৰ চেণ্টাৰ অব এক্সেলেন্সৰ বাবে প্ৰয়োজনীয় আন্তঃগাঠনি সাজু হৈ থকা বুলিও তেওঁ প্ৰকাশ কৰে। মন্ত্ৰী মহন্তই কয় যে চাইবাৰ নিৰাপত্তাৰ দিশত দিনে দিনে বিপদাশংকা-ভাবুকি বৃদ্ধি পাইছে। গতিকে আগন্তুক দিনত অসমেও এনে ভাবুকিৰে মোকাবিলা কৰিব পৰাকৈ পূৰ্ণ কাৰিকৰী সামৰ্থ আৰু বিশেষজ্ঞ মানৱসম্পদেৰে সাজু হৈ উঠিব পাৰিবই লাগিব। এই ষ্ট্ৰেটেজিক চাইবাৰ ইণ্টেলিজেন্স চেণ্টাৰে আগন্তুক দিনত অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লগতে দেশৰ আন ৰাজ্য চৰকাৰসমূহ, ভাৰতৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, ভাৰতীয় কৰ্পোৰেট গোষ্ঠীক ক্ৰমবৰ্ধমান চাইবাৰ ছিকিউৰিটীৰ ভাবুকি প্ৰতিহত কৰিবলৈ প্ৰয়োজনীয় চাইবাৰ ইণ্টেলিজেন্স সেৱা উপলব্ধ কৰিব। গুৱাহাটী,২৬ নবেম্বৰঃ অসম চৰকাৰৰ ৰাজ্যিক কেবিনেটত অসম লোক সেৱা আয়োগৰ পৰীক্ষাত ভাষা বিষয়ক বাধ্যতামূলক প্ৰশ্নকাকত প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্তই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। কেবিনেটৰ এই সিদ্ধন্তক চৰম দুৰ্ভাগ্যজনক আখ্যা দিছে প্ৰদেশ কংগ্ৰেছে। শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ভৰত চন্দ্ৰ নৰহে বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে। অসম লোক সেৱা আয়োগৰ পৰীক্ষাত অসমীয়া ভাষা প্ৰত্যাহাৰ কৰাৰ কেবিনেটৰ সিদ্ধান্ত বাতিল কৰাৰ বাবে চৰকাৰক ৭২ ঘণ্টাৰ সময়সীমা বান্ধি দিলে প্ৰদেশ কংগ্ৰেছে। লগতে জাতিদ্ৰোহী এই সিদ্ধান্ত গ্ৰহণৰ বাবে মুখ্যমন্ত্রীকে ধৰি মন্ত্রী পৰিষদক অসমবাসীৰ ওচৰত ক্ষমা খোজাৰ দাবী জনালে প্ৰদেশ কংগ্ৰেছে। সংবাদমেলত ভৰত নৰহে কয় যে বঙাইগাঁৱত চৰকাৰে কেবিনেট পাতি বহু সিদ্ধান্ত ল'লে । তাৰে এ পি এছ চিৰ পৰীক্ষাৰ পৰা ভাষাৰ কাকত প্ৰত্যাহাৰ কৰা সিদ্ধান্ত অত্যন্ত দুৰ্ভাগ্যজনক। ইয়াৰ দ্বাৰা অসমীয়া ভাষাক চূড়ান্ত অপমান কৰা হৈছে। তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে অসমত অসমীয়া ক'ব নাজানিলে চাকৰি কৰিব নোৱাৰিব বুলি কৈছিল। কিন্তু এতিয়া এ পি এছ চি পৰীক্ষাৰ পৰা ভাষাই প্ৰত্যাহাৰ কৰিলে। কি কাৰনে চৰকাৰে এই হঠকাৰী আৰু ভাষা বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিলে সেই কথা ৰাইজক জনাওক। কাক সন্তুষ্ট কৰাৰ বাবে তথা কাৰ নিৰ্দেশত চৰকাৰখনে এই সিদ্ধান্ত গ্ৰহণ কৰিলে বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে। তেওঁ লগতে কয় যে ১৫ ডিচেম্বৰৰ পৰা ১৭ ডিচেম্বৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত কংগ্ৰেছৰ ৰাজ্যিক পৰ্যায়ৰ দলীয় কৰ্মীৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হ'ব। এই প্ৰশিক্ষণ কাৰ্যসূচীত ৰাহুল গান্ধীয়ে অংশগ্ৰহণ কৰিব। সংবাদমেলত দলৰ কেইবাজনো নেতা উপস্থিত আছিল।
মহানগৰীৰ পাশ্বৱৰ্তী ক্ষেত্ৰীৰ বাঁহতলা-চতাইপথাৰ সংযোগী পথত আজি সংঘটিত এটা ভয়ংকৰ পথ দুৰ্ঘটনাৰ ফলত এজন লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। উল্লেখযোগ্য যে আজি পুৱাৰ ভাগতে ক্ষেত্ৰীৰ বাঁহতলা-চতাইপথাৰ সংযোগী পথত থকা কাঠৰ দলঙখন ভাঙি তলত পৰে এখন চাউলভৰ্তি ট্ৰাক। ট্ৰাকখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত খাইৰুল হক নামৰ এজন লোক থিতাতে নিহত হোৱাৰ লগতে আহত হয় মইনুল হক আৰু বিশ্বজিৎ টেৰণ নামৰ আন দুজন লোক। উল্লেখযোগ্য যে আহত দুয়োজনকে উন্নত চিকিৎসাৰ বাবে লগে লগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। বাৰম্বাৰ দিছপুৰীয়া বিধায়কক আবেদন নিবেদন কৰাৰ পাছতো আজিলৈকে কাঠৰ দলঙখন মেৰামতি নকৰাৰ বাবে আজিৰ এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হ'বলৈ পালে বুলি অভিযোগ উত্থআপন কৰিছে স্থানীয় লোক সকলে। দুৰ্ঘটনাটো সংঘটিত অঞ্চলত সম্প্ৰতি তীব্ৰ উত্তেজনাই বিৰাজ কৰাৰ উপৰি ইয়াৰ ফলত এজন লোকে অকালতে প্ৰাণ হেৰুওৱাত গভীৰ শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
বনকৰা শিশু নিৰ্যাতনকাৰী চিকিৎসক সিদ্ধি প্রসাদ দেউৰী আৰু মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা মিতালী কোঁৱৰক আৰক্ষীয়ে নগাঁও জিলাৰ ৰহা পৰা শনিবাৰে নিশা গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড়লৈ অনা পাছতে উত্তাল হৈ পৰে ডিব্ৰুগড়ৰ সদৰ থানা। চাহ জনজাতি ছাত্ৰ সন্থাৰ, মহিলা সমিতি, কৃষক মুক্তি ছাত্ৰ সমিতিয়ে চিকিৎসক সিদ্ধি প্রসাদ দেউৰী আৰু মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা মিতালী কোঁৱৰৰ শাস্তিৰ দাবীত ডিব্ৰুগড় সদৰ থানা ঘেৰাও কৰে। উল্লেখ্য যে এগৰাকী ১২ বছৰীয়া শিশুক ঘৰত বনকৰা হিচাপে ৰাখি শিশুটিৰ শৰীৰত উতলা পানী ঢালি নিৰ্মম অত্যাচাৰ চলাইছিল চিকিৎসক সিদ্ধি প্ৰসাদ দেউৰীয়ে। এই ঘটনা পোহৰলৈ অহা পাছত শিশু কল্যাণ সমিতিয়ে ডিব্ৰুগড় সদৰ আৰক্ষী চকীত চিকিৎসক সিদ্ধি প্রসাদ দেউৰী আৰু মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা মিতালী কোঁৱৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। ইয়াৰ পাছতে আৰক্ষী পৰা পলাই আত্মগোপন কৰি আছিল দেউৰী দম্পতিয়ে। যোৱা সাত় দিনৰ মূৰত শনিবাৰে নগাঁও ৰহা টোল গেটৰ পৰা দেউৰী দম্পতিক আৰক্ষীয়ে গ্ৰেপ্তাৰ ডিব্ৰুগড়লৈ আনে। ইফালে দেউৰী দম্পতীক উচিত শাস্তি প্ৰদানৰ দাবীত বিভিন্ন সংগঠনে দেওবাৰে ডিব্ৰুগড় সদৰ আৰক্ষী চকীৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বনকৰা শিশু নিৰ্যাতনৰ ঘটনা সংক্ৰান্তত ডিব্ৰুগড় আৰক্ষীয়ে দেউৰী দম্পতীক পুত্ৰ-কন্যাসহ মুঠ চাৰিজন অভিযুক্ত গ্ৰেপ্তাৰ কৰিছে। You may also read! গুৱাহাটী : গেট হস্পিতালত (Gate Hospital) সাংবাদিকক হেলঠ কাৰ্ড প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভণি। গঠন কৰা হ'ল "গেট হস্পিতাল জনকল্যান সমিতি"। Jatin Nath ওৰাং : ওৰাং আৰক্ষীৰ বৃহৎ সাফল্য। বৃহৎ পৰিমাণৰ নগদ ধনসহ দুজন লোকক গ্ৰেপ্তাৰ ওৰাং আৰক্ষীৰ (Two Arrested)।
মোক মাত্ৰ এজন সুস্থ শৰীৰৰ মানুহ দিব লাগিব; চকুলো টুকি নেদেখুৱাও : অখিলৰ পত্নী গীতাশ্রী\nঅকলে আছোঁ, জীৱনৰ কঠোৰ অভিজ্ঞতাই এই বয়সতে ক্ষিপ্ত কৰি তোলা ল'ৰাটোক বুকুত সাৱটিঃ গীতাশ্রী\nগুৱাহাটী , July 12, 2020 10:08 am\nকৃষক নেতা অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলী। ফাইল ফটো।\nদুদিন পূৰ্বে নিগেটিভ তথা দুদিন পাছত পজিটিভ ওলোৱা অখিল গগৈৰ পত্নী গীতাশ্রী তামুলী এতিয়া অধিক চিন্তিত হৈ পৰা দেখিবলৈ পোৱা গৈছে।\nনিৰুপায় অখিল পত্নীয়ে ফেচবুক পোষ্টযোগে নিজৰ মনৰ ভাৱখিনি দাঙি ধৰা পৰিলক্ষিত হ'ল।\nনিশা দিয়া এটা ফেচবুক পোষ্টত তেওঁ লিখি কয়, "অৱশেষত অপেক্ষাৰ অন্ত হ'ল। তেওঁলোকে নিজৰ পৰা জনাব নোৱাৰিলে। আমাৰ অধিবক্তাই সোধাত উত্তৰ আহিল, 'পজিটিভ'! আগৰেই পজিটিভ আছিল নেকি? দিল্লীৰ ৰিপৰ্টত কি আহিল? জনাব নোৱাৰিলে। শুনামতে, পৰহিৰ পৰা জি এম চি এইচৰ বিচনা পাৰিয়েই আছে। কৃতজ্ঞ!অতি কৃতজ্ঞ!"\nইপিনে, তামুলী ৰাজনীতি কৰা মানুহ নহয় বুলি উল্লেখ কৰি তেওঁ লগতে কয়, "শিক্ষকতা কৰোঁ। মই আন সাধাৰণ মানুহবোৰৰ দৰে কাৰোবাৰ জী, পত্নী আৰু মাতৃ। মোক মাত্ৰ এজন সুস্থ শৰীৰৰ মানুহ দিব লাগিব। আপোনালোকৰ দায়িত্বত আছিল, হে মহামহিম কাৰাগাৰ কৰ্তৃপক্ষ, হে মাননীয় গৃহমন্ত্ৰী মহোদয়!"\nতদুপৰি "চকুলো টুকি নেদেখুৱাওঁ" বুলি উল্লেখ কৰি তামুলীয়ে লগতে কয়, "মানৱীয় আবেগৰ দোহাই, অধিকাৰৰ দোহাই। মাতৃ, ভগ্নী, জী, পিতৃ, সন্তান, আৰু সকলো সমব্যথী মানুহৰ শুকাই শিল হোৱা চকুপানীবোৰৰ দোহাই!"\nআনহাতে, উক্ত ফেচবুক পোষ্টৰ জৰিয়তে কয়দীসকলক উপযুক্ত চিকিৎসা দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় অখিলৰ পত্নীয়ে।\n"হয়তো জনমত গঠন নোহোৱা হ'লে, NIAৰ আদালতত আবেদন নজনোৱা হ'লে গোটেই কাৰাগাৰখনৰ মানুহবোৰ অন্ধকাৰ ভৱিষ্যতলৈ গতি কৰিলেহেঁতেন!" পোষ্টটোত এইদৰে লিখিছে তামুলীয়ে।\nইপিনে, অখিলৰ কথা কি ক'ম? বুলি উল্লেখ কৰি তেওঁ কয়, "বহু পুৰণা চিকিৎসকে জানে। সাধাৰণ ভাইৰেল জ্বৰতো বছৰি এবাৰ বা দুবাৰ চিকিৎসালয়ত থাকিব লগা হয়। ২০০৩ৰ পৰা চলি থকা 'য'তে ৰাতি ত'তে কাটি' জীৱনে শৰীৰ ভংগুৰ কৰি পেলাইছে।"\n"লকডাউন! অকলে আছোঁ। জীৱনৰ কঠোৰ অভিজ্ঞতাই এই বয়সতে ক্ষিপ্ত কৰি তোলা ল'ৰাটোক বুকুত সাৱটি। এতিয়া ওলাই যাব নোৱাৰো। মানুহজনক ভালকৈ চাব! অনুনয় নহয়, মানৱীয়তাৰ দাবী, অধিকাৰৰ দাবী!" চৰকাৰৰ স্বাস্থ্য বিভাগলৈ আহ্বান জনাই তামুলীয়ে এইদৰে কয়।
বিহু, মঞ্চবিহু আৰু জাতীয় ব্যৱসায় ( ডঃ ছবি গগৈ ) - বৌদ্ধিক বিচাৰ\nচ'ৰাঘৰ / সমকাল / বিহু, মঞ্চবিহু আৰু জাতীয় ব্যৱসায় ( ডঃ ছবি গগৈ )\nএপ্ৰিল 30, 2017\tসমকাল কেৱল এটা মন্তব্য 860 দৰ্শন\nবিহু কি আৰু ইয়াৰ পৰম্পৰা কেনে, এই বি্ষয়ে ক'বলগীয়া নতুন কথা কিবা আছেনে নাই চিন্তা কৰিছোঁ । অসম আৰু অসমীয়াৰ জাতীয় উৎসৱ হিচাবে সকলো অসমীয়াৰ প্ৰাণত, তেজত "বিহু"ৰ ধাৰণা আৰু অনুভৱ সোমাই আছে বুলি নভবাৰ যুক্তি বিচাৰি পোৱা নাই । মুখে মুখে সেয়ে আমি উচ্চাৰণ কৰোঁ বিহু আমাৰ হিয়াৰ আমঠু বুলি । বিহু অসমীয়াৰ কলিজা বুলি । বিহু অসমীয়াৰ আয়ুসৰেখা বুলি ভূপেন হাজৰিকাই কৈ যোৱাৰ পাছত আমিও সকলোৱে আওৰাই আহিছোঁ সেই বাণী । কিন্তু, হিয়াৰ অনুভৱ সলনি হয়, আয়ুস কমি যায়, কলিজাও ৰোগগ্ৰস্ত হয় আদি কথাবোৰ যেনেদৰে আমি অস্বীকাৰ কৰিব নোৱাৰোঁ, ঠিক তেনেদৰে যেন বিহুও সলনি হৈছে, বিহুৰ আপোন গৰিমাৰ আয়ুস কমি আহিছে, বিহুৰ কলিজাত ৰোগে বাহ লৈছে জাতীয় ধাৰণাবোৰকো উলাই কৰিব নোৱাৰোঁ । সেইদৰেই সময়, নৈ, জীৱনধাৰা, জীৱনশৈলী আৰু সংস্কৃতিও পৰিৱৰ্তনশীল বোলা কথাষাৰো আমি উলাই কৰিব নোৱাৰোঁ । বিহুও সংস্কৃতি আৰু সেইবাবেই ইয়াৰ মাজলৈ পৰিৱৰ্তন অহাটো স্বাভাৱিক প্ৰক্ৰিয়া । আমি তাক বাধা দি ৰাখিব নোৱাৰোঁ গতিশীলতা আৰু বিকাশৰ স্বাৰ্থতেই । কিন্তু আমি ভাবিব নিশ্চয় পাৰোঁ । ভবাত আমাৰ বাধাও নাই, সীমাবদ্ধতাও নাই । ভবাটো আমাৰ এটা জাতীয় দায়িত্বও । এই কথাটোহে আমি পাহৰি যাওঁ । ভাবিবলৈও আকৌ শিকিব লাগে, শিকাব লাগে, অনুশীলন কৰিব লাগে। এক কথাত দিকদৰ্শন । সময়ে সময়ে গৰিমা ৰক্ষাৰ দিকদৰ্শন মানি চলিব লাগে । তেতিয়া সকলো নিয়ন্ত্ৰণত থাকে। অন্যথা, সকলোৱেই নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাটোও এটা উলাই কৰিব নোৱৰা সত্য । এই সত্যৰ ফলাফল কেতিয়াও ইতিবাচক নহয় ।\nবিহু এটা জাতীয় উৎসৱ মাথোন হৈ থকা নাই । বিহু এক মাল্টি-কাল্চাৰেল (multi-cultural) ব্যৱসায় হৈ উঠিছে । এই কথা আমি কোনোপধ্যেই নুই কৰিব নোৱাৰোঁ । কেনেকৈ চাওঁ আহক । বিহু আৰু ব্যৱসায়ৰ লগত জড়িত হৈ থকা দিশসমূহ ...\nক. পৰম্পৰাঃ পৰম্পৰাৰ লগত সংযুক্ত হৈ থকাৰ স্বাৰ্থতেই গাঁও, চহৰ, নগৰ সকলোতে বিহুত প্ৰয়োজন হোৱা সামগ্ৰীৰ বজাৰ এখন গঢ় লৈ উঠিছে । এই বজাৰখন গঢ় লৈ উঠাটো একো বেয়া কথা হোৱা নাই । বৰঞ্চ পৰম্পৰাক বিস্তাৰ কৰি ৰখাত বজাৰখনে সহায়হে কৰিছে । আমি মাথোঁ ভাবিব লাগে, কেনেকৈ আমাৰ থলুৱা সামগ্ৰীৰে আৰু থলুৱা ব্যৱসায়ীৰে বজাৰখন সমৃদ্ধ কৰি ৰাখিব পাৰোঁ । এই সমৃদ্ধিয়ে দুটা কামসিদ্ধি কৰিব । এহাতে, পৰম্পৰাক পালন কৰিবলৈ সকলোৰে বাবে সহজ ক্ষেত্ৰ এখন সুগম কৰিব। আনহাতে, থলুৱা ব্যৱসায়ীসকলক উৎসৱকালীন আৰ্থিক মুনাফাৰে সচ্ছল কৰাতো ভূমিকা ল"ব । এই সুযোগ যাতে কেৱল থলুৱা ব্যৱসায়ীয়ে লাভ কৰে তাৰ কাৰণে আমি ভাবিব পাৰোঁ । পৰিৱৰ্তিত জীৱনশৈলীৰে বাস কৰা আধুনিক জাতীয় জীৱনত ই এটা ডাঙৰ সমস্যা আৰু গুৰুত্বপূৰ্ণ প্ৰসংগ । আমদানিকৃত সামগ্ৰীৰে পৰম্পৰা পালন নকৰাৰ কথা আমি ভাবিব পাৰোঁ । থলুৱা প্ৰকৃতিত থলুৱা সামগ্ৰী, থলুৱা ব্যৱসায়ী, থলুৱা লোকে....পৰিৱৰ্তনৰ মাজতো বিহুৰ আপোন গৰিমাক স্বকীয় বৈশিষ্ট্যৰে সৈতে গতিশীল কৰি ৰাখিব পাৰে । এই ধৰণৰ কথা আমি ভাবিবৰ হ'ল । প্ৰকৃতিত পোৱা সামগ্ৰীখিনিৰ বাহিৰে আন সামগ্ৰী থলুৱাভাৱে যোগানৰ ব্যৱস্থা কৰিবলৈ আহ্বান কৰোঁ আহক । তেনে পৰিৱেশ সৃষ্টিত আমাৰ প্ৰত্যেকৰে দায়িত্ব আছে । চোলা-চুৰীয়াৰপৰা গামোচাখনলৈকে, তিল-নাৰিকলৰপৰা পুখুৰিৰ মাছলৈকে সকলো থলুৱা সামগ্ৰী থলুৱা লোকৰ হাতৰ হওক । তাৰ বাবে এখন উপযুক্ত বজাৰ, উপযুক্ত কাৰিকৰী প্ৰশিক্ষণেৰে উপযুক্ত উৎপাদনকাৰী, জাতীয় আৰু প্ৰশাসনিক আগ্ৰহ, ক্ষুদ্ৰ উদ্যোগ, চৰকাৰী মনোযোগিতা আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ জাতীয় চেতনাৰ প্ৰয়োজন । ৰজাৰপৰা প্ৰজালৈকে সকলোৰে । জাতীয় উৎসৱক জাতীয় ব্যৱসায়ৰ লগত জড়িত কৰিব পাৰিলে ভাল । অন্যথা আমদানি এদিন ৰঘুমলা হৈ ছানি ধৰিব । আমি এনেবোৰ কথালৈ আমাৰ জাতীয় উচ্ছল আৱেগৰ ঢল বোৱাব পাৰিলে সকলো পক্ষৰে লাভ।\nখ .মঞ্চবিহুঃ মঞ্চ এখন বিহুৰ লগত বিংশ শতিকাৰ ষাঠিৰ দশকতেই সংযুক্ত হ'ল। এতিয়া সেই কথা পুৰণি হৈ পৰিল । এটা এৰাব নোৱৰা অংগ হৈ উঠিল । মঞ্চবিহু নালাগে বুলি কোৱাটো বৰ্তমান বিজ্ঞানসন্মত চিন্তা নহয় বুলিয়েই পৰিগণিত হ'ব । এনে এটা পৰ্যায়লৈ অহাৰ পাছত আমি কি কৰিব পাৰোঁ সেয়াহে ভবা উচিত । মঞ্চবিহুত জড়িত হৈ থকা বিভিন্ন উপাদানসমূহ চোৱা যাওক ।\n• মঞ্চঃ আটক ধুনীয়া আৰু সকলো সুবিধা থকা ব্যয়বহুল মঞ্চ এটা আজিকালি মঞ্চবিহুৰ প্ৰাথমিক কথা । ইয়াত যথেষ্ট খৰচ হয় । বিহুৰ বতৰত মঞ্চসজ্জাৰ ঠিকা লোৱাসকলে কষ্ট যেনেকৈ কৰে , তেনেকৈ যথেষ্ট পইচাও লয় ।এই ঠিকাটো কিমানজন থলুৱা মানুহে লয় , সেই তথ্য আমাৰ হাতত নাই । ইয়াতে দুটা কথা আছে । প্ৰথম কথাটো হ'ল , জাকজমকতাৰ কিমান প্ৰয়োজন বিহুৰ বাবে ? কিমানখন মঞ্চবিহুৰ প্ৰয়োজন ? প্ৰতিখন গাঁও বা প্ৰতিটো চুবুৰিতে মঞ্চবিহু লাগেনে ? আকৌ একেটা অঞ্চলতে বেলেগ বেলেগ গোষ্ঠীয়ে পতা কেইবাখনো মঞ্চবিহুৰ কিবা যুক্তি আছেনে ? এইখিনি কথাতো আমি ভাবিব পাৰোঁ ! এটা অঞ্চলত যদি এখনেই মঞ্চবিহু পতা হয় তেন্তে কি সকলোৱে তাত ভাগ ল'ব নোৱাৰিব নেকি ? প্ৰয়োজন হ'লে পাঁচদিনীয়াকৈ পাতোঁ । তেতিয়া মঞ্চৰ খৰচটো বহুত কমি আহিব । যদি এইটো সম্ভৱ নহয় , তেন্তে দ্বিতীয় কথা্টো ভাবিব লাগিব । সেইটো হ'ল , মঞ্চ সাজিবলৈ থলুৱা লোকক দায়িত্ব দিব লাগে । বহু নিবনুৱা যুৱক আছে , তেওঁলোকে এই উৎসৱকালীন ব্যৱসায়বোৰত জড়িত হৈ সু্ন্দৰকৈ অলপ ধন ঘটি ল'ব পাৰে এই সময়তে । গাঁওবোৰৰ বাঁহ বাৰীবোৰত বাঁহ গছবোৰ কাটি চাহ পুলি লগোৱাৰপৰা বাঁহৰ দাম বহুত বেছি হ'ল । যিকেইখন বাঁহবাৰী আছেগৈ এইকেইখনৰ বাঁহবোৰ কিনি আনিলে বাঁহৰ গৰাকীৰো লাভ হ'ল, লগতে ভালেখিনি লোকৰ উপাৰ্জনৰ বাটো ওলাল । মঞ্চ এখন সাজিবলৈ ভালেকেইজন লোকৰ প্ৰয়োজন হয় । ৰাইজৰ টকা ৰাইজৰ মাজতে খৰচ কৰাৰ এটা ব্যৱস্থা গঢ় লৈ উঠিব পাৰে এনেকৈ । অনা-অসমীয়া ব্যৱসায়ী ঠিকাদাৰক মঞ্চৰ ঠিকা দিয়াৰ সলনি এই কামটো কৰিব পাৰিলে কেইবাটাও পক্ষ লাভৱান হ'ব পাৰে । কাপোৰ, চকী, পোহৰ, শব্দ আদি মঞ্চৰ লগত জড়িত আন উপাদান কেইটাৰো এটা ভাল ব্যৱসা্য এইকেইদিনতে হয় । এইবোৰতো অসমীয়া ব্যৱসায়ীক দায়িত্ব দিয়াটো প্ৰতিখন বিহু কমিটিৰ দায়িত্ব হওক আৰু উদ্যোগী যুৱকসকল আগবাঢ়ি আহক এই বোৰ ব্যৱসায় কৰিবলৈ । তেতিয়াহে মঞ্চবিহুৱে জাতীয় মৰ্যাদা লাভ কৰিব । অন্যথা আন সাংস্কৃতিক অনুষ্ঠান আৰু মঞ্চবিহুৰ মাজত একো প্ৰভেদ নাথাকিব । যদি প্ৰভেদ নাথাকেই তেন্তে তাৰ নামত ইমান টকা বছৰি খৰচ কৰি থকাৰ কোনো যুক্তি নাই ।\n• প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান : মঞ্চবিহুত বিহুৰ বিভিন্ন শাখাৰ প্ৰতিজোগিতাসমূহ আৰু সাংস্কৃতিক অনুষ্ঠানবোৰ পাতিব লাগে নে নালাগে ? নে কেৱল প্ৰদৰ্ষনীমূলক বিহুহে পাতিব লাগে ? এই বিষয়েও তিনিটা কথা ক'ব লাগিব । প্ৰথমতে, বিহু কমিটিয়ে সামৰি লোৱা অঞ্চলটোৰ সকলোৱে ভাগ লৈ নাচি বাগি গাই মঞ্চখন একান্তভাৱে নিজৰ কৰি থ'ব পাৰে । পইচা দি, কষ্ট কৰি নিজে যদি মঞ্চত এপাক নাচিবলৈকে নাপায়, গাবলৈ নাপায়, তেন্তে এই বিহু কিয় পাতিব লাগে ? নিজৰ উৎসৱ বুলি পাতিলে নিজেই আনন্দ কৰিব লাগে । দ্বিতীয়তে, আনৰ নাচ-গান যদি চাবলৈ মন যায়, তেন্তে প্ৰতিযোগিতা নাপাতি প্ৰদৰ্ষণীমূলকভাৱে আন ঠাইৰ বিহুৱা, নাচনী আৰু আন শিল্পীক মাতিব পাৰি । মাতিলেই এটা মাননী দিবই লাগিব । জাকজমক নকৰাকৈয়ো এনে প্ৰদৰ্ষণীমূলক অনুষ্ঠান আয়োজন কৰিব পাৰে । এসাজ লগেভাগে খাই, এখনকৈ গামোচা পিন্ধাই সন্মান যাচি, অহা-যোৱাৰ খৰচটো দি মাতিলে প্ৰদৰ্ষণ কৰিবলৈ কোনো নাহিবনে ? যদি নাহে, তেতিয়াহে তিনি নম্বৰৰ কথাটোৰ প্ৰয়োগ হ'ব পাৰে । কি্তু এই মাননী আৰু একোখনকৈ গামোচাৰে সন্মান জনালে যিমান খৰচ হয়, তাতকৈ বহুত বেছি খৰচ বৰ্তমান সকলো বিহু কমিটিয়ে কৰি আছে। সেই খৰচ হৈছে প্ৰতিযোগিতা পাতি দিয়া প্ৰাইজমাণিত আৰু বিখ্যাত গায়কক দিবলগীয়া বৃহৎ মাননীত । প্ৰাইজমাণীবোৰে বিহুৱা দলবোৰক ব্যৱসায়ীলৈ পৰিণত কৰিছে । শিল্পীসকলকো । এইটোৱেই তিনি নম্বৰৰ কথা । গায়ক সকলক শুনাৰ আন ব্যৱস্থা থকাৰ পাছতো তেওঁলোকক চাবৰ বাবে আৰু তেওঁলোকৰ গানত নাচি-বাগি আনন্দ কৰিবৰ বাবেই কেইবালাখৰ ঘৰত টকা দি মাতি অনা হয় । লাখৰ ঘৰত পুৰস্কাৰ দি বিহুৱা দলবোৰৰ বিহুৰ প্ৰতি থাকিবলগীয়া জাতীয় ভাবক নোহোৱা কৰি টকাৰ মোহত বন্দী কৰা হৈছে । তাৰ পৰিণাম স্বৰূপে গাঁৱৰ হুঁচৰি বিহুৰ দিনাই গাঁওখনক এৰেহা পেলাই চহৰৰ ধনী ব্যক্তিৰ ঘৰলৈ যোৱাৰ দৰে ঘটনাও ঘটিছে । ইয়াৰ সলনি আন কিবা কৰিব নোৱাৰিনে ? তাতকৈ কম পইচা খৰচ কৰি স্থানীয় উঠি অহা ন শিকাৰুসকলক মাতি আনি মঞ্চখন দিব পাৰি । স্থানীয় শিল্পীসকলক মঞ্চ দিলেও পইচা দিয়াৰ দৃষ্টান্ত বিৰল । অনুষ্ঠান এটা খুজি খুজিহে লোৱাৰ দৃষ্টান্ত হয়তো বহুত ওলাব ! তেনে ব্যৱহাৰেৰে অসমৰ ভৱিষ্যত প্ৰজন্মৰ প্ৰতি বিহু কমিটিবোৰে কিমানখিনি দায়বদ্ধতা পালন কৰিছে ভাবিবলগীয়া কথা । দৰ্শকসকলেও মেগা-ফাংচনৰ তাড়ণাটো এৰিব নোৱাৰিলে এই মঞ্চবিহুৱে এদিন অসমৰ আৰ্থ-সামাজিক আৰু সাংস্কৃতিক দিশত ভয়ংকৰ প্ৰভাৱ পেলাবলৈ গৈ আছে । স্থানীয় বোলা ধাৰণাটোক মঞ্চবিহুত সংলগ্ন কৰি ৰাখিব নোৱাৰিলে মঞ্চবিহুৱে জাতীয় বিকাশৰ ক্ষেত্ৰ এখন কেতিয়াও দিব নোৱাৰে । প্ৰতিযোগিতাই কেৱল বিকাশ সম্ভৱ কৰি তুলিব পাৰিবনে ? সেই প্ৰতিযোগিতাই কাক পুৰস্কৃত কৰে ? পুৰস্কাৰ নোপোৱাসকলৰ গাত বিহু কি নালাগে ? মঞ্চবিহুৰ উদ্দেশ্য কি কেৱল প্ৰতিভাৰ সন্ধান ? মঞ্চখন কি কেৱল দামী শিল্পীৰ বাবে ? নহয় । কেৱল সেয়া হ'ব নোৱাৰে । সেয়াই হ'লে এইখন মঞ্চৰ লগত বিহুৰ কোনো সম্পর্ক নাথাকিব । আমাক মঞ্চবিহুও লাগিব আৰু তাৰদ্বাৰা স্থানীয় বিকাশো লাগিব ।\n• পৰিৱেশ্যকৰণ : মঞ্চবিহুৰ ইতিবাচক দিশটো হ'ল , সামগ্ৰিকভাৱে বিহুৰ এটা পৰিৱেশ্যধৰ্মী ইউনিফৰ্ম তৈয়াৰ হৈছে । পৰিৱেশ্য কলাৰ অন্তৰ্ভূক্ত কৰি বিহুক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উপস্থাপন কৰিবৰ বাবেই এনে ইউনিফৰ্মৰ প্ৰয়োজন আছে । কিন্তু এই ইউনিফৰ্মটো যাতে পাৰম্পৰিক হয় তালৈ চকু ৰখাটোও সমানে গুৰুত্বপূৰ্ণ । বিভিন্ন কৰ্মশালা, বিভিন্ন গোষ্ঠীয়ে পতা প্ৰতিযোগিতাসমূ, বহিঃৰাজ্য আৰু আন্তঃৰাষ্ট্ৰীয় আমন্ত্ৰণবোৰে বিহুক এটা ইউনিফৰ্মত সোমাবলৈ বাধ্য কৰিছে । এই ইউনিফৰ্মটোৱে কেইবাটাও কথাক সাঙুৰি পেলাইছে । সাজ-পোছাক, বাদ্য, গহণা, প্ৰশিক্ষণ, প্ৰশিক্ষক আদিৰে এখন ভাল বজাৰ(উপাৰ্জন ক্ষেত্ৰ) সৃষ্টি হ'ব পাৰে । এই বজাৰখন অসমীয়া জাতীয় ব্যৱসায়ৰ লগত জড়িত হ'লে অসমৰ আৰ্থ-সামাজিক দিশটোও কিছু পৰিমাণে আগবাঢ়িব পাৰিব । মাথোঁ সু-পৰিকল্পনাৰ প্ৰয়োজন । বহুসময়ত আমদানিকৃত সামগ্ৰীৰ ব্যৱহাৰ পৰিলক্ষিত হোৱাটোৱে সচেতনতা আৰু পৰিকল্পনাৰ অভাৱকে সূচায় । নাচনীৰ বাবেই এপাহ কপৌ ফুলৰ দাম যদি দেৰশ টকালৈকে উঠিব পাৰে, তেন্তে আমি কিমানজনে কপৌফুলৰ খেতিৰ কথা ভাবিছোঁ ? কেইগৰাকী নাচনীয়ে দেৰশ টকাত কপৌফুল কিনিব ? প্লাষ্টিকৰে লগাব দহ বাৰ টকাত কিনি ! কথাবোৰ এনেকৈও ভাবিব পাৰি চাগৈ ! প্ৰতিখন বিহুৰ মঞ্চৰ কাষত যদি এখন কপৌফুলৰ দোকান বহে আৰু বিশ টকাকৈও দাম নিৰ্ধাৰণ কৰে, তেন্তে কি বেয়া হ'ব নেকি ? তাৰ বাবে কপৌফুলৰ উৎপাদন লাগিব । এই উৎপাদনৰ বাবে কিন্তু ব্যয় তেনেই সামান্য । এতিয় কি হৈ আছে ? হাবিৰ পৰা কপৌ ফুল আনি বজাৰত উলিয়ায় আৰু এঠালত তিনিৰ পৰা পাঁচশ টকালৈকে দাম লয় । এইবোৰ একপ্ৰকাৰৰ সাংস্কৃতিক শোষণ নহয়নে ? বিহুৰ লগত জড়িত ব্যক্তিসকলে এইবোৰো চকু দিলে কিনো ক্ষতি হয় ? কেৱল আৰ্টিষ্টৰ পাছত দৌৰি থকাৰ মাননসিকতা এৰিবৰ হ'ল ।\n• গামোচা : বিহুত বেছিকৈ প্ৰয়োজন হোৱা সামগ্ৰীসমূহৰ ভিতৰত গামোচাখনো এপদ । স্থানীয় মহিলাসকলে আত্ম-সহায়ক গোটৰ আধীনত বা নিজাববীয়াকৈ গামোচাসমূহ বৈ উলিয়াবলৈ আৰু তেঁওলোকৰপৰা পাৰিশ্ৰমিক দি কিনি ল'বলৈ বিহুকমিটিসমূহে পদক্ষেপ ল'ব পাৰে । দোকানৰ আমদানিকৃত গামোচা ব্যৱহাৰ নকৰি অসমীয়া মানুহে আৰু বিহু কমিটিসমূহে বোৱনীসকলক উৎসাহ আৰু আৰ্থিক সকাহ দিব পাৰে । আগতীয়াকৈ উদযাপনৰ পৰিকল্পনাৰ লগতে এইবোৰৰো পৰিকল্পনা হ'ব পাৰে । গামোচাৰ ইমান চাহিদা আছে বাবেইতো আমদানি হয় ? অসমৰ বিহু সুৰক্ষা সমিটি, বিহু উদযাপন সমিটি, ৰূপালী, সোণালী বৰ্ষ অতিক্ৰম কৰা বিহুমঞ্চবোৰে কিয় আজিলৈকে গামোচাৰ এখন স্থানীয় বজাৰ সৃষ্টি কৰিব পৰা পৰিৱেশ আনিব পৰা নাই ? আমি কিয় সামাজিক অসহযোগ কৰি গামোচাৰ আমদানি নিজে নিজে বন্ধ হ'বলগীয়া এটা অৱস্থাৰ সৃষ্টি কৰিব পৰা নাই ? সকলো কথাৰ বাবে আন্দোলন নালাগে । ব্যৱহাৰ বন্ধ হ'লেই আন্দোলনৰ প্ৰয়োজন নাথাকিব । অসমৰ ইমানবোৰ বিহু কমিটিয়ে কিমান গামোচা অসমীয়া শিপিনীৰপৰা কিনিছে আৰু কিমান আমদানিকৃত গামোচা কিনিছে তাৰ তথ্যও সদ্যহতে আমাৰ হাতত নাই । কিন্তু এইখন এখন ভাল বজাৰ হৈ উঠিব পাৰে ।\n• শিল্পীৰ ৰোজগাৰ : আটাইতকৈ জটিল প্ৰসংগ এটাই হ'ল বিহুৰ লগত জড়িত হৈ পৰা শিল্পীসকলৰ ৰোজগাৰৰ প্ৰসংগটো । মঞ্চৰ লগত বহু শিল্পীৰ আয়-ব্যয় জড়িত হৈ পৰিছে । এইসকল কিন্তু ব্যৱসায়িক দৃষ্টিভংগীৰ লোক । উৎসৱকালীন মুনাফা আদায় কৰাত এওঁলোকৰ সৰহভাগে এৰাধৰা নকৰে । আমি গাত বিহু লগাই আনন্দ কৰোঁ, তেওঁলোকে গাত বিহু লগাই পইচা উপাৰ্জন কৰে । তাকো বছৰটোলৈ বুলিও বহুতে নিজেই যুক্তি দিয়ে । কাক দুষিব পাৰি ? আমি বিচাৰোঁ বাবে তেওঁলোক আহে । তেওঁলোক আহে বাবে আমি বিচাৰোঁ । এজন গায়কৰ লগত বজাবলৈ অহা বাদক সকলৰ কি হ'ব ? বহুতকে এই মঞ্চবোৰেই জীয়াই ৰাখিছে । এই সত্যটোক আমি আওকাণ কৰি চলিব নোৱাৰোঁ । এনেকৈ গোটোৱা পইচাৰেই বহুতে বছৰটোৰ পৰিকল্পনাবোৰ ৰূপায়ন কৰে, বহুতে ঘৰ চলায় । গতিকে মঞ্চ এখন তেওঁলোকক লাগে, অনুৰাগী দৰ্শক শ্ৰোতা লাগে । ৰোজগাৰৰ বাবেই লাগে । এই শিল্পীসকলেও বাৰু একোখন বিহু কমিটিৰ কথা কিমান ভাবে ? তেওঁলোকে বিচৰা টকা কমিটিবোৰে কাৰ পৰা আনে ? এজন শিল্পীক ছয়-সাত লাখ দিব পৰা অসমীয়া মানুহৰ সঁচাকৈ কেইজনৰ সাধ্য আছে ? যদি নাই , তেন্তে ক'ৰপৰা আৰু কাৰপৰা সংগ্ৰহ কৰে ? সেয়া সকলোৱে জনা এক অপ্ৰিয় সত্য । ইমান দামী আৰু নামী বাদ্য আৰু বাদক লগত নল'লে কি তেওঁলোকে অনুষ্ঠান পৰিৱেশন কৰিব নোৱাৰে ? আগতে খগেন মহন্ত, ভূপেন হাজৰিকাই কেৱল হাৰমোনিয়াম আৰু তবলা-গিটাৰ লৈয়ে মঞ্চ উত্তাল কৰি ৰাখিছিল । তেন্তে আজিৰ শিল্পীয়ে কি কণ্ঠতকৈ শব্দৰ মায়াজালহে ৰচে বুলি ভাবিব পাৰি নেকি ? সেই মায়াজালৰ ভেল্কীকে চাবলৈ আমি লক্ষাধিক টকা দি বহি থাকোঁ ? তৰাং কথাৰ গীত-মাতৰ কথা নকলোৱেই বা ! দৰ্শকৰ দাবী মতেই শিল্পীয়ে ৰুচি প্ৰদৰ্শন কৰিবলৈ যদি বাধ্য, তেন্তে এনেধৰণৰ তৰাং গীত-মাতৰ বাবে কি আমি দৰ্শকসকলেই দায়ী নেকি ? যদি দৰ্শক বাধ্য তেওঁলোকে যি গায় তাকে শুনিবলৈ, তেন্তে ইমান পইচা দিয়াৰ কি যুক্তি ? আমি প্ৰত্যেকেই বিকৃতিৰ অংশীদাৰ হৈ পৰা নাইতো ? তাৰ বিপৰীতে স্থানীয় আৰু লোক শিল্পীসকলক উপেক্ষা কৰি অহা বুলি সদায় এটা অভিযোগ শুনা যায় ।\nএনেবোৰ কথাক নিৰ্মোহভাৱে বিচাৰ-বিশ্লেষণ কৰাৰ সময় সমাগত । বিজ্ঞানসন্মতভৱে সময়, সমাজ, পৰম্পৰা আৰু পৰিৱৰ্তনৰ প্ৰতি সচেতন দৃষ্টি নাৰাখিলে বিভিন্ন বিকৃতিয়ে খোপনি লৈ এদিন বিজতৰীয়া কৰি পেলোৱাৰ ভয় সকলোতে থাকে । অথচ আমি পৰিৱৰ্তনক এৰাই চলিবও নোৱাৰোঁ । সমাধান সূত্ৰ উলিওৱাটোৱেই হ'ল সময়ৰ দাবী । বিহুক যেনেকৈ জাতীয় উৎসৱ বুলি গৌৰৱ কৰোঁ, তেনেকৈ বিহু জাতীয় ব্যৱসায়ৰো গৌৰৱময় ক্ষেত্ৰ হৈ উঠক । বিহুপ্ৰেমী প্ৰতিজন অসমীয়াই নতুনকৈ কথাবোৰ ভাবক ।\nপূৰ্বৱৰ্তী লেখা আলিফাঃ এক ৰসোত্তীৰ্ণ বাস্তৱবাদী কথাছবি ( ডাঃ অজিত কুমাৰ পটঙ্গীয়া)\nপৰৱৰ্তী লেখা শিল ভঙা মানুহজন ( অনিতা গগৈ )\nমে 1, 2017 at 9:17 পূর্বাহ্ণ\nইমান সুন্দৰ বিশ্লেষণ, ভাল লাগিল পঢ়ি।
নেচনেল ডেস্ক, প্ৰথম খবৰঃ আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। আজি সন্ধিয়া ৬ বজাত এই বৈঠকত মিলিত হ'ব দেশৰ দুই মন্ত্ৰীয়ে। সোমবাৰে অসমৰ পৰা বঙালী-বিহাৰীক খেদাৰ ষড়যন্ত্ৰ কৰা বুলি মন্তব্য কৰাৰ পিছত এন আৰ চি সন্দৰ্ভতে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰে মমতা বেনাৰ্জীয়ে বৈঠকত বহাৰ সম্ভাৱনা।
শিৱসাগৰ জিলাৰ বিভিন্ন সামাজিক কামৰ লগতে গড়গাঁও মহাবিদ্যালয়ৰ (Gargaon College) প্ৰাক্তন অধ্যক্ষ,অসম সাহিত্য সভাৰ শিৱসাগৰ জিলাৰ প্ৰাক্তন সভাপতি,পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ উপদেষ্টা আছিল দিলীপ বুঢ়াগোহাঁই । অজন্তা নেওগৰ বাজেটে চৰকাৰী কৰ্মচাৰীক দিলে ভালখবৰ! মৰগীয়া বানচ আৰু ৩ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত, পেঞ্চনাৰৰ বাবেও বিশেষ সুবিধা! আঙুলি দেখুৱাই কান্দি থকা এই শিশুটো আজি সমগ্ৰ দেশৰে হৃদস্পন্দন, তেওঁৰ সৰলতাই মুগ্ধ কৰে সকলোকে ! চিনিব পাৰিছে নেকি তেওঁ কোন হয় ?
শাৰদ পাৱাৰৰ পিছত ফাৰুক আব্দুল্লাই নাকচ কৰিলে প্ৰাৰ্থিত্বঃ ৰিপুন বৰা-সুস্মিতা সেনে পাৰিব নেকি তৃণমূলৰ ভেটি মজবুত কৰিব ? পেগাচাছ ম'বাইল ফোন স্পাইৱেৰ : ই কেনেদৰে কাম কৰে : পিঠিৰ বিষ কিয় হয় ? 'আই এম ডি টি আইন ৰচনাৰ ক্ষেত্ৰত মজুমদাৰৰ ভৱিষ্যৎ দৰ্শনৰ ক্ষমতা নিহিত আছিল। বিদেশী আইনত নাগৰিকত্ব প্ৰমাণৰ দায়িত্ব আছিল অভিযুক্তৰ; ...কিন্তু এই আইনৰ ফলত বিদেশী হিচাপে কাৰোবাক সন্দেহ কৰিলে তাৰ প্ৰমাণৰ দায়িত্ব দিয়া হৈছিল আৰক্ষীৰ কান্ধত। ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুসকলক হাৰাশাস্তিৰ পৰা মুক্তি দিয়াই আছিল মজুমদাৰৰ একমাত্ৰ উদ্দেশ্য। অসম চুক্তি যেতিয়া প্ৰণয়ন কৰা হ'ল, তেতিয়া আৰু এবাৰ তেওঁ নিজৰ দূৰদৰ্শিতা প্ৰদৰ্শন কৰে। ইয়াত এটা দফা অন্তৰ্ভুক্ত কৰি কোৱা হ'ল যে আই এম ডি টিক লৈ কিবা সমস্যাই দেখা দিলে ইয়াৰ সংশোধন কৰা যাব। ইয়াৰ অৰ্থ হ'ল অসম চুক্তিত আই এম ডি টিক মানি লোৱা হ'ল। ...অসম চুক্তিক তেওঁ 'মেগনা কাৰ্টা' বুলি অভিহিত কৰিছিল। তেতিয়া আমি এচামে অসম চুক্তিৰ বিৰোধিতা কৰি ইড× এম এফ গঠন কৰিছিলো। পিছত দেখা গ'ল, তেৱেঁই শুদ্ধ আছিল; আমাৰেই ভুল হৈছিল। এতিয়াতো আমি সকলোৱে কৈছো যে অসম চুক্তিয়ে আমাক সুৰক্ষা দিছে।... আমি আবেগিক হৈ অসম চুক্তিৰ বিৰোধিতা কৰিছিলো; কিন্তু তেওঁ বাস্তৱক অনুধাৱন কৰিব পাৰিছিল। প্ৰয়াত মজুমদাৰৰ দৰে দূৰদৰ্শী ব্যক্তিত্বসঁচাকৈ বিৰল। তেওঁৰ মৃত্যুত কেৱল মুছলমানসকলেই নহয়; বৰং ভাষিক সংখ্যালঘুসকলেও এজন ত্ৰাতা তথা মুক্তিদাতাক হেৰুৱাইছে।' (সাময়িক প্ৰসংগ, ৪নৱেম্বৰ)। লিখক হিচাপে মজুমদাৰ ছাৰ ঃ মই জনামতে শেষ বয়সত আব্দুল মুহিব মজুমদাৰে তেওঁৰ সামাজিক, ৰাজনৈতিক আৰু বৃ¿Mধাৰী জীৱনক লৈ 'ডাউন দ্য মেম'ৰী লেন' নামেৰে দুখন অতি মূল্যৱান গ্ৰন্থ প্ৰণয়ন কৰে। ইয়াৰ প্ৰথম খণ্ডত তেওঁ অসমৰ নৃগোষ্ঠীয় সমস্যাৰ (Ethnic problem in Assam) পৰা আৰম্ভ কৰি My days at AMUলৈ চৈধ্যটা অধ্যায় লিপিৱদ্ধ কৰিছে। বাকী পোন্ধৰটি এনেক্সাৰ সংযোজন কৰা হৈছে। ইয়াত আইন সম্পৰ্কীয় শব্দকোষ, ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাসহ কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ মাজত লিপিৱদ্ধ বিভিন্ন চুক্তি অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে, দ্বিতীয় খণ্ডত তেওঁৰ পিতৃ আব্দুল মতলিব মজুমদাৰ সম্পৰ্কে ত্ৰিশ পৃষ্ঠাজোৰা ঘটনাবহুল সামাজিক আৰু ৰাজনৈতিক জীৱনৰ ওপৰত আলোকপাত কৰিছে। ইয়াৰ পিছত তেওঁ এনআৰআৰ, এন আৰ চিৰ পৰা আৰম্ভ কৰি সপ্তম অধ্যায়লৈ ইছলাম আৰু সন্ত্ৰাসবাদ সম্পৰ্কে আলোচনা কৰিছে। বাকী বাৰটি পৰিশিষ্ট বিভিন্ন চুক্তি আৰু অনুসূচীসমূহ লিপিৱদ্ধ কৰিছে। আইনৰ এজন কৰ্মৰত ব্যক্তি তথা এজন ভাল ৰাজনীতিবিদৰ কাৰণে আৰু বুদ্ধিজীৱীসকলৰ বাবে এই গ্ৰন্থ দুখন খুবেই প্ৰয়োজনীয়। ইয়াৰ ভাষা সহজ-সৰল আৰু প্ৰাঞ্জল তথা ৰসাল। তেওঁৰ এই গ্ৰন্থ দুখনৰ পৰা কিছুমান লাগতিয়াল উক্তি উদ্ধৃত কৰাৰ প্ৰয়াস কৰিছো। 'When the D-voters are identified and deported, the Government of Bangladesh refuses to accept them as citizens. When asked about their residential address in Bangladesh, they say that they donন্ডt have one. So where does the question ন্ডBangladeshisন্ড ariseঞ্জন্ড (Down the Memory Lane,p-371). অসমৰ 'ডি' ভোটাৰসকলৰ বিষয়টিয়ে যে দৰাচলতে মানৱাধিকাৰ খণ্ডন কৰিছে, সেয়া তেওঁ মৰ্মে মৰ্মে উপলব্ধি কৰিছিল। সেয়ে সংখ্যালঘু কমিছনৰ অধ্যক্ষৰ চকীত বহিয়েই তেওঁ প্ৰকৃত সত্যটি 'ইষ্টাৰ্ন ক্ৰনিকেল' পত্ৰিকাৰ পাতত এইদৰে উদাত্তকণ্ঠে কৈছিল ঃ ন্ডThese impoverished people, who are mostly daily wage labourers, are being picked up by the authorities and dropped in the midst of the jungle along the Indo-Bangla border. None of the governments approve their identity. This is a gross violation of human rights as every individual has a right to live and survive in a decent surrounding.ন্ড(Ibid,p-371). চৰৰ পৰা উেচ্ছদিত মানুহবোৰ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ কবলত পৰি মাটি-বাৰী হেৰুওৱা সৰ্বস্বান্ত স্থানান্তৰিত লোক। তেওঁলোক কৃষি কামৰ লগত জড়িত দুখীয়া মানুহ। তেওঁলোকক পুনৰ্সংস্থাপিত কৰা চৰকাৰৰ নৈতিক কৰ্তব্য। সেয়া নকৰি চৰকাৰে তেওঁলোকক অবৈধ প্ৰব্ৰজনকাৰী হিচাপে বিবেচনা কৰে। সংখ্যালঘু মানুহখিনিয়ে চৰকাৰৰ এই অবৈধ ঘোষণা কেতিয়াও মানি নলয়। যদি সঁচা অৰ্থত তেওঁলোক বাংলাদেশী, তেন্তে ভাৰত চৰকাৰে বাংলাদেশ চৰকাৰৰ লগত আলোচনা কৰি তেওঁলোকক আইনী প্ৰক্ৰিয়াৰ মাজেৰে পঠিয়াই দিয়ক। অন্যথা ন্ডtheir life will be under serious threat.ন্ড - এইদৰে কৈছিল মজুমদাৰ ছাৰে। আনহাতে, এন আৰ চি সন্দৰ্ভত ক'বলৈ গৈ আব্দুল মুহিব মজুমদাৰে তদানীন্তন চৰকাৰক এইদৰে পৰামৰ্শ আগবঢ়াইছিল বুলি তেওঁৰ গ্ৰন্থখনত লিখিছে। তেওঁৰ ভাষাত ঃ ন্ডI also suggested that the preparation of the NRC was not a solution because AASU or any other organisation would say that it contained names of foreigners. That apart, without identifying and segregating the illegal foreigners, the NRC cannot be prepared.ন্ড(Ibid,p-374). বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে ১,৬০০ কোটি টকা খৰচ কৰি নিয়াৰিকৈ এন আৰ চি সম্পন্ন কৰাৰ পিছতো কিছুমান সংগঠনে মজুমদাৰ ছাৰে ভৱিষ্যদ্বাণী কৰাৰ দৰেই আপত্তি কৰা পৰিলক্ষিত হয়। এইক্ষেত্ৰত তেওঁ কিমান দূৰদৰ্শী আছিল সেয়া তেওঁৰ ভাষ্যৰ পৰাই প্ৰমাণ পোৱা যায়। ন্ডMy Days at AMUন্ড অধ্যায়ত তেওঁ বহু ধুনীয়া ধুনীয়া কথা বৰ্ণনা কৰিছে। বিশ্ববিদ্যালয় জীৱনৰ অভিজ্ঞতাৰ ৰসাল কথাবোৰ কৈছে। ছাৰ ছৈয়দ আহমদ খানে প্ৰতিষ্ঠা কৰা আলিগড় মুছলিম বিশ্ববিদ্যালয়খনত অতীত আৰু বৰ্তমানৰ দৰে তেওঁৰ সময়তো পঞ্চাশ শতাংশ হিন্দু ছাত্ৰই অধ্যয়ন কৰিছিল। আইন বিভাগত পঞ্চাশ শতাংশৰো বেছি ছাত্ৰই পঢ়া-শুনা কৰিছিল বুলি তেওঁ কৈছে। তেওঁৰ প্ৰশ্ন - তাৰ পিছতো কিছুমানে এইখন বিশ্ববিদ্যালয়ক লৈ কিয় অবান্তৰ কথা-বতৰাৰ অৱতাৰণা কৰে, সেয়াহে বুজিবলৈ টান। বোধহয় 'মুছলিম' শব্দটি সংযোজনৰ বাবে। সি যি নহওক, তেওঁৰ কাৰণে ইয়াত অধ্যয়ন কৰিব পৰা আছিল - এটি অতি গৌৰৱৰ বিষয়। তেওঁৰ ভাষাত ঃ ন্ডIt is not only the pride of every Muslim, but any student passing out from Aligarh Muslim University maintains an air of superiority and pride. I tell you, it holds good for me even today after long 48 years.ন্ড(Ibid,p-207). আব্দুল মুহিব মজুমদাৰ আছিল এগৰাকী তীক্ষ® আইনবিদ, বিচক্ষণ ৰাজনৈতিক ব্যক্তিত্ব, সমাজৰ এজন জনপ্ৰিয় নেতা আৰু এজন বিদ্বান ভদ্ৰলোক। সদায় মুখত এমোকোৰা হাঁহিৰে সকলোকে চুম্বকৰ দৰে আকৰ্ষণ কৰিব পৰা ব্যক্তিত্ব আছিল তেওঁৰ। ন্ডHis humour and pragmatic approach had no parallel. হিন্দু-মুছলিম প্ৰতিজন ব্যক্তি আৰু প্ৰতিগৰাকী আইনবিদে তেওঁৰ জ্ঞানৰ পৰিধি উপলব্ধি কৰি তেওঁক শ্ৰদ্ধা তথা সমীহ কৰিবলৈ বাধ্য হৈছিল। আনকি, ন্যায়ালয়ত তেওঁ উপস্থাপন কৰা মোকৰ্দমাবোৰৰ প্ৰতি ন্যায়াধীশসকলেও গুৰুত্ব প্ৰদান কৰিছিল আৰু তেওঁক উপযুক্ত সন্মান দিবলৈ কাৰ্পণ্য কৰা নাছিল। আইনৰ যিকোনো মোকৰ্দমা তেওঁৰ ওচৰত আছিল পানীৰ দৰে। মোকৰ্দমা যিমানেই জটিল নহওক কিয় তেওঁৰ ওচৰত সেয়া কোনো বিষয়ে নাছিল। মোকৰ্দমাটিৰ সাৰাংশ জানি লোৱাৰ পিছত কি যুক্তি আৰু আইনৰ কোনটি ধাৰা উপস্থাপন কৰি সেই মোকৰ্দমাটিৰ বিজয় সাব্যস্ত কৰিব, সেইবোৰ ক্ষেত্ৰত তেওঁ আছিল সবাতোকৈ পাৰদৰ্শী। তেওঁ মোকৰ্দমা লৈছিল কেৱল বিজয়ৰ বাবে,তাত নাছিল পৰাজয়ৰ অৱকাশ। এনেকুৱা মহীয়ান আইনজ্ঞ আছিল আব্দুল মুহিব মজুমদাৰ। তেওঁৰ মহাপ্ৰয়াণত তেওঁলৈ জ্ঞাপন কৰিছো সশ্ৰদ্ধ আন্তৰিক শ্ৰদ্ধাঞ্জলি। সৃষ্টিকৰ্তাই তেওঁক জান্নাতুল ফিৰদৌছ নছিব কৰক। প্ৰাক্তন মন্ত্ৰী, বিশিষ্ট আইনজ্ঞ আৰু পূৰ্বাঞ্চলৰ কেবাখনো ৰাজ্যৰ প্ৰাক্তন এডভোকেট জেনেৰেলৰ আসন শুৱনি কৰা মৰহুম আব্দুল মুহিব মজুমদাৰে ইহ সংসাৰৰ পৰা বিদায় লোৱা ৪০ দিন পূৰ্ণ হ'ল। মজুমদাৰ চাহাব আছিল অসমৰ বৌদ্ধিক সমাজ বিশেষকৈ আইন সংক্ৰান্তীয় বিষয়সমূহৰ ওপৰত বিশেষ প্ৰজ্ঞা সমৃদ্ধ এগৰাকী নমস্য ব্যক্তি। প্ৰগাড় জ্ঞানৰ অধিকাৰী মজুমদাৰ চাহাব আছিল তেওঁৰ চলন-ফুৰণ, বেশ-ভূষা, থকা-মেলাত অতি সাধাৰণ আৰু সহজ-সৰল তথা বিনয়ী। তেওঁৰ সান্নিধ্যলৈ অহা কোনো লোকক কাহানিও অসন্তুষ্ট হৈ ঘূৰি যোৱা মই দেখা নাই। অতি নম্ৰ আৰু খুহুতিয়া কথাৰ ভঁড়াল মজুমদাৰ চাহাবে মানুহক সহজে আপোন কৰি ল'ব পাৰিছিল। তেওঁতৰ জ্ঞানৰ বিশালতাৰ বাবেই বিৰোধীসকলেও তেওঁক সদায় সমীহ কৰি চলিছিল। ব্যক্তিগতভাৱে মই মজুমদাৰ চাহাবৰ সান্নিধ্যলৈ আহি পৰম উপকৃত হৈছো। মজুমদাৰ চাহাবৰ বাৰম্ববাৰ অনুৰোধ পেলাব নোৱাৰি মই ২০১৬ চনৰ শেষৰ ফালে অসমত অনুপ্ৰৱেশৰ সমস্যাৰ ওপৰত এখন কিতাপ লিখাৰ সিদ্ধান্ত লওঁ। মোৰ ক্সInfiltration জ্ঞ Genesis of Assam Movementক্স নামৰ কিতাপখন তাৰে ফচল। উক্ত কিতাপখনে অসমৰ সংখ্যালঘু মুছলমান সমাজখনৰ বহু কথা - অনুপ্ৰৱেশ, জনসংখ্যা বিস্ফোৰণ, শিক্ষাৰ ক্ষেত্ৰত পশ্চাৎপদতা, স্বাস্থ্য ক্ষেত্ৰৰ পয়ালগা অৱস্থা, নিয়োগ ইত্যাদি বিষয়বোৰৰ ওপৰত আলোকপাত কৰি পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে আৰু অসম তথা জাতীয় আৰু আন্তৰ্জাতিক স্তৰত সমাদৃত হৈছে। মোৰ কিতাপখন সৃষ্টিৰ আঁৰৰ মূল ব্যক্তিগৰাকী আছিল মুহিব মজুমদাৰ চাহাব। আজিৰ এই পৱিত্ৰ দিনটোত তেখেতৰ স্মৰণত মোৰ আন্তৰিক কৃতজ্ঞতা পুনৰবাৰ যাচিছো। অসমৰ ৰাজনীতিত কেইবা দশকজুৰি নিজৰ উপস্থিতিক প্ৰাসংগিক কৰি তুলিবলৈ সক্ষম হোৱা অতি বিচক্ষণ ৰাজনীতিকজনেই আছিল 'আইনবিদ প্ৰয়াত আব্দুল মুহিব মজুমদাৰ' ডাঙৰীয়া। তেখেত একাধাৰে শিক্ষাবিদ, আইনজ্ঞ, ৰাজনীতিক আৰু এজন সমাজ বিজ্ঞানী আছিল। তেখেতে শেষ বয়সত আত্মজীৱনীমূলক যি চাৰিখন গ্ৰন্থ লিখি থৈ গৈছে সেই গ্ৰন্থকেইখনেই তেখেতক চিৰস্মৰণীয় কৰি ৰাখিব আৰু তেখেত যে এজন দূৰদৰ্শী সমাজ বিজ্ঞানী আছিল তাকেই গ্ৰন্থকেইখনে প্ৰতিপন্ন কৰিছে। অসমৰ জনজীৱনক গভীৰভাৱে প্ৰভাৱান্বিত কৰা 'অসম আন্দোলন'ৰ আদিৰে পৰা অন্তলৈকে তেখেতে কেতিয়াবা জননেতা, কেতিয়াবা আইনবিদ, কেতিয়াবা ৰাজনৈতিক নেতা কিম্বা ৰাজ্যিক চৰকাৰৰ মন্ত্ৰী হিচাপে আন্দোলনটোক গ্ৰহণযোগ্য সমাধানসূত্ৰ প্ৰদানেৰে পৰিসমাপ্তিৰ ফালে নিয়াত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। যাৰ বাবে তেখেতৰ প্ৰাসংগিকতা ঐতিহাসিক পটভূমিতো গুৰুত্ব সহকাৰে বিবেচিত হ'ব যদিও তেখেতক আই এম ডি টি আইনখনৰ খচৰা প্ৰস্তুত কৰা বুলি কোৱা হয়, আচলতে গোটেই অসম চুক্তিখনৰে আংশিক খচৰা তেখেতে প্ৰস্তুত কৰি কেন্দ্ৰীয় চৰকাৰক দিছিলে বুলি বহুতে জানিছিল। অসম আন্দোলনৰ সকলো জটিলতাকে সামৰি চুক্তি এখনৰ কাঠামো প্ৰস্তুত কৰাৰ যি বৌদ্ধিক দক্ষতাৰ প্ৰয়োজন সেইখিনি তেখেতৰ আছিল বাবেই তেখেত তদানীন্তন ৰাজীৱ গান্ধী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ আস্থাভাজন এজন ৰাজনীতিক আছিল। সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ নেতৃবৰ্গৰ লগত কেন্দ্ৰীয় চৰকাৰৰ মাজত হোৱা আলোচনাৰ সময়ত তেখেতেৰ সৈতে কেন্দ্ৰীয় চৰকাৰে সততে যোগাযোগ ৰাখি দিহা- পৰামৰ্শ লৈছিল বুলি জনা গৈছিল। তেখেত ১৯৮৩ চনৰ পৰা ১৯৮৫ চনলৈকে প্ৰয়াত হিতেশ্বৰ শইকীয়া নেতৃত্বাধীন মন্ত্ৰীসভাৰ আইন মন্ত্ৰী আছিল। অসম চুক্তি সম্পাদন হৈছিল ১৮৮৫ চনৰ ১৪ আগষ্ট তাৰিখৰ মাজনিশা। তেখেতক নিচেই কাষৰ পৰা লগ পোৱাৰ মোৰ সৌভাগ্য হৈছিল। মই কটন কলেজত পঢ়ি থাকোঁতেই তেখেতক এজন আইনজ্ঞৰ ৰূপত গুৱাহাটী হাইকৰ্টৰ চৌহদত প্ৰথম চিনাকি হৈছিলো আৰু তেখেতৰ লগত আমৃত্যু সম্পৰ্ক বৰ্তাই ৰখাৰ সুযোগ পাইছিলো। তেখেতৰ পৰা নানান বিষয়ৰ ওপৰত জ্ঞান আহৰণ কৰাৰ সুবিধাও পাইছিলোঁ। তেখেতৰ বহুমুখী বিশাল ব্যক্তিত্বই মোক আকৰ্ষণ কৰিছিল। তেখেতৰ স্মৃতিশক্তি বৰ প্ৰখৰ আছিল। মৃত্যুৰ আগলৈকে তেখেত যেতিয়া গুৱাহাটী মেডিকেল কলেজ হস্পিটেলৰ আই চি ইউত চিকিৎসাধীন হৈ আছিল তেতিয়া তেখেতে কিছু স্মৃতিশক্তি হেৰুৱালেও মোৰ মাতত তেখেতে কিন্তু সঁহাৰি দিছিল। যি কথা মোৰ আজীৱন স্মৃতি হৈ থাকি যাব। তেখেতৰ সান্নিধ্যৰ বিষয়ে পাছলৈ বহলাই লিখাৰ ইচ্ছা থাকিল। তেখেতৰ ভিন্নমুখী অৱদান অসমবাসীয়ে স্মৰণ কৰিব বুলি মই আশাবাদী। বিশ্বাস কৰিবলৈ টান পাইছো যে আজি আমাৰ মাজত নাই প্ৰাক্তন কেবিনেট মন্ত্ৰী তথা বিশিষ্ট অধিবক্তা মহৰুম আব্দুল মুহিব মজুমদাৰ। ১৯৯৬ চনৰ তদানীন্তন প্ৰফুল্ল কুমাৰ মহন্ত মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰী থকাৰ সময়ৰে পৰা মুহিব মজুমদাৰ দেৱৰ সৈতে এটা মধুৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। পৰৱৰ্তী সময়তো বিশেষকৈ ২০১৬ চনৰ পৰা আমৃত্যু পৰ্যন্ত বেছিভাগ সময়ত মই তেখেতৰ বাসগৃহলৈ গৈ ৰাজ্যৰ ৰাজনীতি আৰু বৰাক উপত্যকাৰ ৰাজনীতি, গোচৰ, মোকৰ্দমা, বিধানসভাৰ আইন ইত্যাদি বহু কথা শিকিছিলো। বৰাক উপত্যকাৰ মধ্য হাইলাকান্দি সমষ্টি সুদীৰ্ঘ ৪০ বছৰ নিজৰ দখলত ৰাখিছিল পিতৃ আব্দুল মতলেব মজুমদাৰ আৰু পুত্ৰ আব্দুল মুহিব মজুমদাৰে। দুয়োজনে বেলেগ বেলেগ সময়ত অসম চৰকাৰৰ আইন মন্ত্ৰীও আছিল। ছগৰাকী মুখ্যমন্ত্ৰীৰ লগত মন্ত্ৰী হিচাপে আছিল পিতা আৰু পুত্ৰ। দুখন ৰাজ্যৰ মহাধিবক্তা আছিল মুহিব মজুমদাৰ ডাঙৰীয়া। আব্দুল মুহিব মজুমদাৰ ডাঙৰীয়াই ১৯৮৩, ১৯৮৫, ১৯৯৬ আৰু ২০১১ চনৰ নিৰ্বাচনত জয়লাভ কৰি অসম বিধানসভালৈ নিৰ্বাচিত হৈ আহিছিল। আজৰি সময়ত সন্ধিয়াৰ ভাগত তেখেতৰ পৰা ৰাজনৈতিক জ্ঞান লৈছিলো। তেখেতে যে কেৱল ৰাজনীতি কৰিছিল সেয়ে নহয়, ৰাজ্যৰ সমাজ ক্ষেত্ৰত অভূতপূৰ্ব অৰিহণা আছিল আব্দুল মুহিব মজুমদাৰৰ। তেখেতৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰিলো। স্বৰ্গীয় আব্দুল মুহিব মজুমদাৰ মোৰ দ্বিতীয় জ্যেষ্ঠ মামা আছিল। সেয়েহে, সৰুৰে পৰা মই তেওঁৰ সৈতে পৰিচিত আছিলোঁ। আমি তেওঁক মাণিক বুলি মাতিছিলোঁ। যিটো তেওঁৰ আন এটা নাম আছিল। মোৰ খুড়ীয়ে কোৱাৰ দৰে ছাত্ৰ কালত অধ্যয়নৰ বাবে তেওঁ সদায় পৰিয়ালক এক বিশেষ স্থান দিছিল। তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ মিশ্ৰিত আছিল। তেওঁ যথেষ্ট পৰিমাণে সফল হৈছিল, কিন্তু যদি তেওঁ কৌশলেৰে নিৰ্বাচনত তেওঁৰ লোকচান এৰাই চলিলেহেঁতেন কাহিনীটো বেলেগ হ'লহেঁতেন। তেওঁ তেওঁৰ সমষ্টিৰ বহু লোকক সহায় কৰিছিল, কিন্তু কেতিয়াও কাকো কোৱা নাছিল। যোৱা সাধাৰণ নিৰ্বাচনৰ সময়ত প্ৰচাৰ চলাওঁতে মই এইটো নিশ্চিত কৰিব পাৰিছিলো। তেওঁ গ্ৰন্থ সংগ্ৰহ কৰি ভাল পাইছিল আৰু এজন উৎসাহী পাঠক আছিল। মৰহুম আব্দুল মুহিব মজুমদাৰ ছাৰ আমাৰ মাজত নাই। কিন্তু তেওঁৰ কৰ্মৰাজি, তেওঁ থৈ যোৱা জীৱনৰ চানেকি আমাৰ বাবে, নৱাগতসকলৰ বাবে পথ প্ৰদৰ্শক হৈ থাকিব। ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুৰ নাগৰিকত্বৰ প্ৰশ্ন তুলি জাপি দিয়া নিৰ্যাতনৰ পৰা ৰক্ষা কৰিবলৈ প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সহযোগত আই এম ডি টি আইন প্ৰণয়নৰ কাৰীকৰ আছিল প্ৰয়াত মজুমদাৰ ছাৰ। আই এম ডি টি আইন বাতিলৰ পিছত নাগৰিকত্ব গোচৰত খাম-খেয়ালি গোচৰ সৃষ্টি আৰু বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। এই প্ৰক্ৰিয়াক প্ৰতিহত কৰাৰ বাবে অধিবক্তাসকলক গোচৰ পৰিচালনাৰ প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিছিলোঁ আৰু মজুমদাৰ ছাৰক এই সম্পৰ্কে কোৱাৰ লগে লগে প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰ চাহাবৰ হোটেলত প্ৰথমখন সজাগতা সভা মজুমদাৰ ছাৰৰ সভাপতিত্বত অনুষ্ঠিত হৈছিল। একেই উদ্দেশ্য সন্মুখত ৰাখি অৰ্থাৎ বিদেশী গোচৰ পৰিচালনাৰ পথ প্ৰদৰ্শক হিচাবে হাতপুথি, কুৱেষ্ট ফৰ জাষ্টিচ, ন্যায়ৰ অন্বেষণ আদি কৰি কেইবাখনো কিতাপ লিখি অধিবক্তা বন্ধুসকলৰ মাজত বিতৰণ কৰিছিলোঁ। মোৰ কিতাপসমূহ প্ৰকাশ কৰোঁতে মজুমদাৰ ছাৰে মোক বৰকৈ উৎসাহিত কৰিছিল। ছাৰৰ মাতৃভাষা বঙালী হ'লেও তেখেত আছিল অসমীয়া ভাষাৰ প্ৰধান্যতাৰ প্ৰবক্তা। সংখ্যালঘুৰ সমস্যাৰ সমাধান বিচাৰিলেও সামগ্ৰীকভাৱে অসমৰ সকলো সমস্যাৰ ওপৰত দৃষ্টিপাত কৰিবলৈ সক্ষম আৰু অহোপুৰুষাৰ্থ কৰিছিল বাবেই সকলো জনগোষ্ঠীৰ মাজত জনপ্ৰিয় আছিল মজুমদাৰ ছাৰ। মজুমদাৰ ছাৰৰ দৰে ব্যক্তিত্ব সম্পন্ন দ্বিতীয়জন জননেতা আমাৰ মাজত নাই বুলি ক'লে ভুল নহ'ব। Please enter your comment! You have entered an incorrect email address! Save my name, email, and website in this browser for the next time I comment. Please wait while flipbook is loading. For more related info, FAQs and issues please refer to DearFlip WordPress Flipbook Plugin Help documentation. Please wait while flipbook is loading. For more related info, FAQs and issues please refer to DearFlip WordPress Flipbook Plugin Help documentation.
হিংসাত জ্বলিছে ত্ৰিপুৰা। বুধবাৰে চিপিএম-বিজেপিৰ সংঘৰ্ষত ত্ৰিপুৰা এক যুদ্ধক্ষেত্ৰত পৰিণত হয়। সোমবাৰে ধনপুৰত দুয়োটা দলৰ মাজত সংঘৰ্ষৰ পিছত শাসকীয় দলে বুধবাৰে প্ৰতিবাদী সমদলৰ আহ্বান জনাইছিল। সেই পদযাত্ৰাৰ পৰা ৰাজধানী আগৰতলাত পুনৰ সংঘৰ্ষ আৰম্ভ হয়। চিপিএমে অভিযোগ কৰিছে যে ভানু স্মৃতি ভৱন, দশৰথ ভৱন আৰু বৃহৎ সংখ্যক বাহনকে ধৰি কেইবাটাও দলীয় কাৰ্যালয় বিজেপি কৰ্মী আৰু সমৰ্থকে জ্বলাই দিছে। বিশালগড়ৰ চিপিএম পাৰ্টীৰ কাৰ্যালয়ৰ গেটখন প্ৰথমে বুলডোজাৰেৰে ভাঙি পেলোৱা হৈছিল, তাৰ পিছত প্ৰৱেশ কৰি জুই লগোৱা হৈছিল। কেৱল সেয়াই নহয়, চিপিএম সম্পাদকমণ্ডলীৰ সদস্য পাৰ্থপ্ৰতিম মজুমদাৰৰ ঘৰত ওচৰতো আক্ৰমণ কৰা হৈছিল বুলি অভিযোগ কৰা হৈছে। তদুপৰি, আগৰতলাৰ সংবাদ মাধ্যমৰ কাৰ্যালয়সমূহতো আক্ৰমণ কৰা হৈছে বুলি জানিব পৰা গৈছে। আনহাতে, উদয়পুৰৰ চিপিএমৰ দলীয় কাৰ্যালয়ৰ পৰা বোমা বিস্ফোৰণ ঘটোৱাৰ অভিযোগ উত্থাপিত হৈছে। বিজেপিয়ে দাবী কৰিছে যে কেৱল বিজেপি কৰ্মীয়েই নহয় পথচাৰীসকলকো চিপিএমৰ দ্বাৰা আক্ৰমণ কৰা হৈছে। ঘটনাটোত কেইবাজনো বিজেপি কৰ্মী আহত হৈছে।
দক্ষিণ শালমাৰা : ভাৰত-বাংলাদেশ সীমান্তত ভাং আৰু চোৰাং গৰুসহ এজন গ্ৰেপ্তাৰ। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তৰ দুটা পৃথক স্থানত বিএছএফে অভিযান চলাই বৃহৎ পৰিমাণৰ ভাং আৰু এটা চোৰাং গৰুসহ এজন গৰু সৰবৰাহকাৰীক আটক কৰি আৰক্ষীক চমজাই দিছে। মানকাচৰৰ সদৰটিলাত বিএছএফ কেম্প এলেকাত ৬ নং বেটেলিয়ানৰ সীমান্ত সুৰক্ষা বাহিনীয়ে মঙলবাৰে পুৱতি নিশা ৩ বজাত প্ৰায় ৩ কেজি ওজনৰ ভাং জব্দ কৰে। সীমান্তত বিএছএফে টহল দি থকা অৱস্থাত এজন ড্ৰাগছ সৰবৰাহকাৰী ভাংখিনি কাইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি দলিয়াই বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ চেষ্টা চলাওঁতে বিএছএফে ভাংখিনি জব্দ কৰে যদিও ড্ৰাগছ সৰবৰাহকাৰীজন পলায়ন কৰে। বিএছএফে ভাংখিনি জব্দ কৰি মানকাচৰ আৰক্ষীক চমজাই দিছে। ইফালে পুৱতি নিশাই কুকুৰমাৰা-গুদলিগাঁও বিএছএফ কেম্প এলেকাতো কাইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি ঢেকিৰ সহযোগত এটা গৰু সৰবৰাহকাৰী চক্ৰই বাংলাদেশলৈ গৰু সৰবৰাহ কৰি থকা অৱস্থাত বিএছএফে এজন গৰু সৰবৰাহকাৰীক এটা গৰুসহ আটক কৰে। ধৃত গৰু সৰবৰাহকাৰীজনক মানকাচৰ থানাৰ অন্তৰ্গত বোৱালীয়া গাঁৱৰ আব্দুল মতলেব ওৰফে ছফিয়ান বুলি চিনাক্ত কৰা হৈছে।বিএছএফে গৰু সৰবৰাহকাৰীজনক মানকাচৰ থানাত গতাই দিয়াত আৰক্ষীয়ে সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰিছে। You may also read!
আগশাৰীৰ ফেশ্বন আলোচনী ভ'গ ইণ্ডিয়াই যোৱা বছৰৰ পৰা প্ৰদান কৰিছে বছৰটোৰ শ্ৰেষ্ঠ মহিলা বঁটা। চলিত বৰ্ষৰ বাবে ভ'গ ইণ্ডিয়াই এই বঁটা প্ৰদান কৰিছে এথলীট জগতৰ নৱতম চাঞ্চল্য তথা অসম কন্যা হিমাক দাসক। যোৱা শনিবাৰে নিশা নতুন দিল্লীত অনুষ্ঠিত হোৱা ভ'গ ইণ্ডিয়াৰ বঁটা প্ৰদান অনুষ্ঠানত বলিউড জগতৰ বিভিন্ন তাৰকাৰ লগতে অন্যান্য জগতৰ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত স্প্ৰিন্টাৰ হিমা দাসক বৰ্ষশ্ৰেষ্ঠ মহিলা ক্ৰীড়াবিদৰ বঁটা আগবঢ়ায়। ফিনলেণ্ডত অনুষ্ঠিত হোৱা বিশ্ব জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতাত স্বৰ্ণ পদক জয়েৰে হিমাই ইতিহাস সৃষ্টি কৰা বুলি আলোচনীখনৰ তৰফৰ পৰা মন্তব্য কৰিছে। ইফালে বৰ্ষশ্ৰেষ্ঠ মহিলা ক্ৰীড়াবিদ'ৰ বঁটা গ্ৰহণ কৰি প্ৰতিভাৱান যুৱ এথলীট হিমা দাসে ভ'গ ইণ্ডিয়াৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে আৰু অধিক সফলতা অৰ্জনৰ বাবে কঠোৰ পৰিশ্ৰম কৰি যাব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰিছে । শনিবাৰে এই বঁটা গ্ৰহণ কৰা বুলি হিমাই নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে প্ৰকাশ কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডঃ কোন দায়ী? কিয় ক্ষমা বিচাৰিলে কিংবদন্তী গায়ক বব ডিলানে? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
কোকৰাঝাৰঃ ৰাজ্যপাল শাসনক লৈ বিপিএফ দলৰ মূৰব্বী হাগ্ৰামা মহিলাৰী, সাংসদ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম, বিটিচিৰ উপ মুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰীকে ধৰি বিপিএফৰ প্ৰায় প্ৰতিগৰাকী নেতাই তীব্ৰ বিষেদগাৰ কৰি অহাৰ সময়তে আজি বিটিচি সচিবালয়ত উপস্থিত হৈ বিটিচিৰ নৱনিযুক্ত প্ৰশাসক ৰাজেশ প্ৰসাদক সাক্ষাৎ কৰে। ইয়াৰ পিছতে কোকৰাঝাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত প্ৰৱেশ কৰি জিলা উপায়ুক্তৰ সৈতে ক'ভিড ১৯ আৰু নিৰ্বাচন সম্পৰ্কীয় বৈঠকত অংশগ্ৰহণ কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদগৰাকীয়ে। জিলা উপায়ুক্তৰ সৈতে অনুষ্ঠিত হোৱা আলোচনাৰ অন্তত সাংসদ নৱ কুমাৰ শৰণীয়াই সংবাদমাধ্যমৰ আগত বিটিচিত ৰাজ্যপাল শাসন প্ৰৱৰ্তনক সমৰ্থন কৰি অহা ছেপ্টেম্বৰ-অক্টোবৰ মাহত বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত হ'লে সকলোৰে বাবে মংগলজনক হ'ব বুলি মন্তব্য কৰে। ৰাজ্যপালৰ শাসন প্ৰৱৰ্তনৰ বিৰোধিতা কৰি বিপিএফৰ জ্যেষ্ঠ নেতাসকলে অসাংবিধানিক শব্দ, মন্তব্য প্ৰয়োগ কৰাটো মুঠেও সমীচীন হোৱা নাই বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে বিপিএফৰ দুৰ্নীতিৰ বিষয়টোও অৱতাৰণা কৰে। লকডাউনৰ সময়ত সাহায্য সামগ্ৰী আৰু কৃষকৰ এহেজাৰ টকা অকল বিপিএফৰ সদস্যসকলে হে লাভ কৰাৰ অভিযোগ উত্থাপন কৰি সাংসদ নৱ কুমাৰ শৰণীয়াই বিপিএফৰ একাংশ নেতাই এতিয়া তেওঁলোকক তথ্যৰ যোগান ধৰি আছে বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰে। লংকা যেনেকৈ বিভীষণৰ বাবে ছাৰখাৰ হৈছিল ঠিক তেনেদৰে দুৰ্নীতি-অনিয়ম সংঘটিত কৰা বিপিএফৰো তেনে অৱস্থা হ'ব বুলি তাপপৰ্যপূৰ্ণ মন্তব্য কৰি নৱ কুমাৰ শৰণীয়াই ৰাজ্যপাল শাসনৰ পিছতে জিলা উপায়ুক্ত কাৰ্যালয়সমুহো সক্ৰিয় হৈছে বুলি সদৰী কৰে। তদুপৰি ৰাজ্যপালৰ শাসনৰ বিৰুদ্ধে দাখিল কৰা ৰাজহুৱা স্বাৰ্থজনিত আবেদন কাইলৈ হেস্ত-নেস্ত নহয় বুলি মন্তব্য কৰি সাংসদগৰাকীয়ে কয় যে ন্যায়ালয়ে সঠিকভাৱেই ৰায়দান কৰিব। বিপদৰ সময়ত সকলোৱে চৰকাৰী সাহায্য সামগ্ৰী তথা অনুদান পাব লাগে আৰু এইক্ষেত্ৰত ভিচিডিচিসমূহে খেলিমেলি কৰিছে বুলি অভিযোগেৰে ভিচিডিচিসমূহ ভংগ হৈছে বুলি মন্তব্য কৰি যোগানৰ নামত বহু দূৰ্নীতি সংঘটিত হোৱাৰো দাবী উত্থাপন কৰিছে সাংসদ শৰণীয়াই। আমাৰ লক্ষ্য 'News Next One'ক মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা। কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ। সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক। আমাৰ বেংক একাউণ্ট নম্বৰঃ NEWSNEXTONE.COM, A/C No: 50200046365374, IFSC: HDFC0000758, HDFC BANK, Noonmati Branch। প্ৰকৃতাৰ্থত আপোচহীন বাতৰি পৰিৱেশনৰ লক্ষ্যৰে বিশ্বব্যাপী গঢ়ি উঠা Independent & Nonprofit সাংবাদিকতাৰ আন্দোলনত ভাগ লোৱা অসমীয়া ভাষাৰ অনলাইন সংবাদ প্ৰতিষ্ঠান News Next One। সততা আৰু দায়ৱদ্ধতাসহকাৰে সাংবাদিকতা কৰিব বিচৰা প্ৰতিজনেই হ'ব পাৰে News Next Oneৰ এই বিপদসংকুল যাত্ৰাৰ অংশীদাৰ। Thank you for contacting us! © News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Powered by: Rongjeng Technologies.