text stringlengths 0 188k |
|---|
শ্ববে ক্বদৰ বিষয়ে বহুতো হাদিছ আছে।তাৰে মাজত শেষ ১০ দিন বা শেষ ১০ দিনৰ বেযোৰ ৰাতিত শ্ববে ক্বদৰৰ অনুসন্ধান কৰিবলৈ কোৱা হৈছে….। হাদিছত আহিছে যে, ৰমজানৰ শেষ ১০ দিন ক্বদৰৰ ৰাতি অনুসন্ধান কৰিব লাগিব। গতিকে সকলোৰে উচিত শেষৰ গোটেই ১০ দিনেই বেছি বেছি ইবাদত কৰা। আৰু প্রতি ৰাতিই আমল কৰা। যিকোনো ৰাতিয়েই শ্ববে ক্বদৰ হ’ব পাৰে। এই ... |
এই ৰাতিৰ কৰণীয় আমল : |
হাদিছত আছে, আয়শা (ৰাঃ) কৈছে-হে আল্লাহৰ নবী! যদি মই লাইলাতুল ক্বদৰ পাই যাও তেতিয়া কি ক’ম(পঢ়িম)? ৰাছূলুল্লাহ (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম) ক’লে…ক’বা- |
‘ ﺍﻟﻠَّﻬُﻢَّ ﺇِﻧَّﻚَ ﻋَﻔُﻮٌّ ﻛَﺮِﻳﻢٌ ﺗُﺤِﺐُّ ﺍﻟْﻌَﻔْﻮَ ﻓَﺎﻋْﻒُ ﻋَﻨِّي، (আল্লাহুম্মা ইন্নাকা আফুউন, তুহিব্বুল্ আফওয়া ,ফাফুআন্নি |
এই ৰাতিত যিকোনো আমল কৰিব পাৰিব। শ্ববে কদৰৰ নির্দিষ্ট পদ্ধতিৰ কোনো নামাজ নাই। |
তাৰাবিৰ পিছত দুই দুই ৰাকআত কৰি যিমান ইচ্ছা নফল নামাজ পঢ়িব পাৰে। শেষ ৰাতিত তাহাজ্জুদৰ নামাজ পঢ়িব পাৰিব। লগতে যিকোনো জিকিৰ, দৰূদ আৰু বেছি বেছি ইস্তিগফাৰ কৰিব লাগে। এই ৰাতিত বেছি বেছি দুআ কৰিব লাগে। |
আল্লাহ তাআলাই আমাক শ্ববে ক্বদৰ নছীব কৰক। (আমিন) |
1000 daylailathul qadrShane qadr |
You May Also Like |
Current Affairs, Education, History, Prophet, Sharia October 8, 2022 |
হজৰত মোহাম্মদ(ছাঃ) পৃথিৱীৰ শ্ৰেষ্ঠ মানৱগৰাকী |
Current Affairs, Education, History September 5, 2022 |
আমি শিক্ষক দিৱস কিয় পালন কৰোঁ ? |
Show CommentsClose Comments |
Leave a comment Cancel reply |
Your Name * |
Your Email * |
Save my name, email, and website in this browser for the next time I comment. |
Comment * |
I agree that my submitted data is being collected and stored. For further details on handling user data, see our Privacy Policy<eot>অসম চৰকাৰৰ পৰিবহন বিভাগৰ গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহন বিষয়াৰ কাৰ্য্যালয়ে ৩ ১মাৰ্চত সামৰণি পৰা ২০১৮ – ২০১৯ বিত্তীয় বৰ্ষত ৰাজ্যৰ ভিতৰতে সৰ্বাধিক অভিলেখ পৰিমাণৰ ১৯৩,... |
জুবিন গাৰ্গ এগৰাকী ভাৰতৰ প্ৰসিদ্ধ কণ্ঠশিল্পী, সংগীত পৰিচালক, গীতিকাৰ, চলচ্চিত্ৰ পৰিচালক তথা অভিনেতা। তেখেতে অসমীয়া, হিন্দী, বঙালী, বড়োকে ধৰি কেইবাটাও ভাষাত কণ্ঠদান কৰিছিল। যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ'বগৰাকীৰ জন্মদিনটো বিভিন্ন স্থানত উদযাপনৰ প্ৰস্তুতি চলোৱাৰ লগতে যোৰহাটতো বৰ্ণাঢ্য কাৰ্যসূচীৰে জুবিন গাৰ্গ ফেন ক্লাৱে উদযাপনৰ ব... |
বাৰাবতী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক ফাইনেল খেলখনত বিজয়ী দলৰ হৈ ৪৪ মিনিটত অধিনায়িকা বালা দেৱীয়ে প্ৰথমটো আৰু ৫০ মিনিটত প্ৰেমেশ্বৰী দেৱীয়ে দ্বিতীয়টো গ’ল কৰে। ইফালে মেচ শেষ হ’বলৈ মাত্ৰ কেই মিনিটমান বাকী থকা অৱস্থাত ঘৰুৱা দল উৰিষ্যাৰ হৈ একমাত্ৰ গ’লটো দিয়ে আৰতী শেঠীয়ে। |
২৪ সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ মহিলা ফুটবলত ফাইনেললৈ অগ্ৰসৰ হোৱাৰ বাবে দুয়োটা দলে ছেমি ফাইনেলত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হয়। প্ৰথমখন ছেমি ফাইনেলত মণিপুৰে শেষ পৰ্যায়ত ৰে’লৱেক টাইব্ৰেকাৰত ৪-৩ আৰু উৰিষ্যাই যোৱাবাৰৰ চেম্পিয়ন তামিলনাডুক অতিৰিক্ত সময়ত গ’ল দি ৪-৩ ব্যৱধানত পৰাস্ত কৰিছিল। |
উল্লেখ্যযোগ্য যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মানীয় প্ৰতিযোগিতাখনত মণিপুৰে এই পৰ্যন্ত অভিলেখ সংখ্যক ১৯ বাৰৰ বাবে বিজয়ীৰ সন্মান অৰ্জন কৰিছে। |
Recent News |
নতুন ৰূপত উচ্চতম ন্যায়ালয়ৰ ডিজিটেল সংস্কৰণ: উচ্চতম ন্যায়ালয়ৰ মোবাইল এপ্লিকেচনৰ এণ্ড্ৰইড সংস্কৰণ 2.0 মুকলি |
অসম কেবিনেটৰ বৃহৎ সিদ্ধান্ত: এ পি এছ চি- ৰ পৰা আঁতৰিল ঐচ্ছিক বিষয়ৰ প্ৰশ্ন কাকত |
পান্না বাঘ সংৰক্ষিত বনাঞ্চলত চাঞ্চল্য: গছত ওলমাই থোৱা অৱস্থাত উদ্ধাৰ বাঘৰ মৃতদেহ |
মৰহিছে পদুম! দিল্লী পৌৰ নিগম নিৰ্বাচনত আপৰ বিজয় ধ্বজা |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে থকা নিম্ন আদালতৰ নিৰ্দেশ বাতিল কৰে। যৌন কেলেংকাৰি গোচৰৰ সকাহ বিচাৰি ৰাজেন গোহাঁই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। আৰু আজি গোচৰীয়া পক্ষই ভুল বুজাবুজি হোৱা বুলি উচ্চ ন্যায়ালয়ক জনোৱাৰ পিছতে উচ্চ ন্যায়ালয়ে নিম্ন আদালতৰ নিৰ্দেশ বাতিল কৰি সাংসদ গ... |
উল্লেখযোগ্য যে বিজেপিৰ সাংসদ তথা মন্ত্ৰীজনে নগাঁও জিলাৰ দেউৰী গাঁৱৰ বিজেপিৰ যুৱ মৰ্চাৰ এজন সদস্যৰ পত্নীক দীৰ্ঘদিন ধৰি যৌন নিৰ্য্যাতন চলাই আহিছিল বুলি যোৱা বৰ্ষৰ ২ আগষ্টত যুৱ মৰ্চাৰ সদস্যজনৰ পত্নীয়ে নগাওঁ সদৰ থানাত এজাহাৰ দাখিল কৰিছিল। |
আনহাতে মন কৰিবলগীয়া যে সাংসদ গোহাঁইয়ে আদালতত চলি থকা গোচৰটোৰ বাবেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা আঁতৰি যোৱাৰ কথা ঘোষণা কৰিছিল। নগাঁও সমষ্টিত বিজেপিৰ প্ৰাৰ্থীৰ নিৰ্বাচনক লৈ বিজেপিয়ে এতিয়াও আনুষ্ঠানিকভাৱে কোনো প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই। ইয়াৰ মাজতে গোঁহাই পত্নীৰ নামো সমষ্টিটোৰ প্ৰাৰ্থী হিচাপে চৰ্চালৈ আহিছিল। |
ইফালে নগাঁওৰ বিধায়ক ৰূপক শৰ্মাক দলে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা বুলি বিভিন্ন মাধ্যমত প্ৰকাশ পাই আহিছে। এতিয়া সাংসদ গোহাঁই আদালতৰ পৰা দোষমুক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত দলে গোহাঁইৰ প্ৰাৰ্থিত্ব পুনৰ বিবেচনা কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। যিহেতু দলে একমাত্ৰ নগাঁও সমষ্টিটোতে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিবলৈ বাকী আছে আৰু দলৰ... |
Recent News |
এইবাৰ আম্বেদকাৰক গেৰুৱাকৰণ! হিন্দুত্ববাদী সংগঠনৰ আজৱ কাণ্ডত হতভম্ব দেশ |
কুকুৰ হত্যাৰ অভিযোগত আইনী ৰোষত পঞ্চায়ত সভানেত্ৰী: অভিযোগ ৰুজু আৰক্ষীৰ |
নতুন ৰূপত উচ্চতম ন্যায়ালয়ৰ ডিজিটেল সংস্কৰণ: উচ্চতম ন্যায়ালয়ৰ মোবাইল এপ্লিকেচনৰ এণ্ড্ৰইড সংস্কৰণ 2.0 মুকলি |
অসম কেবিনেটৰ বৃহৎ সিদ্ধান্ত: এ পি এছ চি- ৰ পৰা আঁতৰিল ঐচ্ছিক বিষয়ৰ প্ৰশ্ন কাকত |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
কেন্দ্ৰীয় চৰকাৰৰ কৌশলী নীতিৰ ফলত এইদৰে হৈ থকা পেট্ৰ’ল-ডিজেল জাতীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰোধিতা কৰি আজি সন্ধিয়া শিৱসাগৰ জিলাৰ ডিমৌৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত থাওৰা সমষ্টি যুৱ কংগ্ৰেছৰ সদস্য সকলে প্ৰতিবাদ সাব্যস্ত কৰে। |
প্ৰতিবাদকাৰী সকলে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পুত্তলিকা দাহ কৰাৰ লগতে তেওঁক মন্ত্ৰী পদৰ পৰা পদত্যাগৰ দাবী জনায়। ইয়াৰ উপৰি ‘সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ’, ‘নৰেন্দ্ৰ মোদি হায় হায়’, ‘কামাখ্যা প্ৰসাদ তাচা মূৰ্দাবাদ’, ‘মূল্যবৃদ্ধি ৰোধ কৰক’, ‘বিজেপি চৰকাৰ হায় হায়’ আদি বি... |
থাওৰা যুৱ কংগ্ৰেছৰ সভাপতি-সম্পাদকৰ লগতে আন আন বিষয়-ববীয়া উপস্থিত থকা আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৱে চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰিলে আগন্তুক দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে। |
Recent News |
লাচিতলৈ সন্মান, নে অপমান? |
খাবলৈ দিয়াৰ পইচা নথকাৰ বাবেই নিজৰ কান্দি থকা ২ বছৰীয়া কন্যাক হত্যা অভিযন্তাৰ! |
অসমৰ ১৬ গৰাকী বিশিষ্ট শিল্পী তথা সাংস্কৃতিক কৰ্মীলৈ সংগীত নাটক একাডেমীৰ সন্মান |
অস্কাৰ বিজয়ী সংগীত শিল্পী, অভিনেত্ৰী আইৰিন কাৰা এস্কালাৰাৰ মৃত্যু |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
' বুজিছ বৰুণ, জীৱ জন্তুবোৰৰ লগত সদায়েই একেধৰণৰ ব্যৱহাৰ কৰি থাকিলে সিহঁতবোৰে মানুহজনক চিনি পোৱা হৈ যায়। গুবুঙে মোৰ খোজৰ শব্দও চিনি পাইছিল। ' |
' গোটেই পৃথিৱীত চাগে ভেকুলী পোহা মানুহ অকল তয়েই আছ। ' |
বৰুণে কথাষাৰ পাতলকৈ কৈছিল যদিও তথাগত আচলতে এনেকুৱাই। তথাগত বেলেগ। |
ক'ৰবাৰ পৰা মেও মেও কৰি ফুটফুটি আহিল। বেচেৰী ভৰা পেটেৰে একেবাৰে উফৰি অহাদি আহিছে। তথাগতৰ গাতে গাটো লগাই তাই ৰাউচি জুৰিছে। কালি ৰাতিৰ ৰৈ যোৱা গাখীৰ অকণ বাতিটোতে বাকি সি দিলে তাইক। চপচপাই খাবলৈ লাগিছে। |
ভোকত আছে চাগে ফুটফুটি। |
তথাগতই তুলিৰ তলৰ পৰা টকা দহটা লৈ ওলাই আহিল। বিস্কুট এপেকেট কিনি ভগাই খাব সি। |
মধুৱে আজি বেঙেনাবুলীয়া শাৰী এখন পিন্ধি আহিছে। তাই শাৰী খুব কম পিন্ধে। আজিবা কিয় পিন্ধিছে। |
' আজি তোৰ জন্মদিন নেকি? ' |
' কিয় ? ' |
' শাৰী পিন্ধিছ, চুলি তুলি ভালকৈ ফণিয়াই আহিছ। ' |
মধুৱে তলতলকৈ তালৈ চাইছে। |
' আপুনিও এইবোৰ চাই ? ' |
তথাগতই একো মুখেৰে নামাতিলে। চকুত পৰিলে, সুধি দিলে। তাতে ইমান আচৰিত হ'ব লগা কি আছে। |
বিস্কুটৰ পেকেটটো লৈ সি কোঠালৈ উভতি আহিল। তাৰ কোঠাৰ পৰা মধুৰ দোকানলৈ এটা উশাহৰ বাট। দুবছৰ ধৰি তথাগতই তাইৰ পৰা বিস্কুট আৰু তামোল কিনি আহিছে। সৰু টেবুল এখনতে ফুটপাথৰ ওপৰত তাইৰ দোকান। টুল এখন পাৰি তাই তাতে বহি থাকে। |
ফুটফুটিক বিস্কুট খুৱাই খুৱাই তথাগতই তাইৰ কোমল গাটোত মৰমেৰে হাত ফুৰাই থাকে। মাক হ'বলৈ ওলোৱা মেকুৰীজনীয়ে তাক ভৰষাত লৈছে- এই কথাটোত কিবা এটা সকাহ আছে। এই সকাহে পিড়া নিদিয়ে। কিছুমান সকাহে পিড়া দিয়ে। |
তেতিয়া মধুৱে ফুটপাথৰ ওপৰত তাইৰ দোকান দিবলৈ লৈছে মাত্ৰ। |
ধুনীয়া ছোৱালী। গায়ে গাৰীয়ে চকুত লগা। তাইৰ ওচৰত ডেকা ডঙুৱাৰ ভিৰ লাগিছিল। আচৰিত ধৰণেৰে ৰুক্ষ তাইৰ আচৰণ। কাকোকে খাটিৰ নকৰে। মানুহবোৰে তাইক এনেয়ে লাৰি চাৰি চাবলৈ সহজ বুলি ভাবিছিল যদিও তাই বৰ সচেতন হৈ আছিল। এই বয়সৰ ধুনীয়া ছোৱালী এজনী যিমান সাজি কাছি থাকিব লাগিছিল মধু তেনেকৈ থকা নাছিল। তাই অকণমান জাধলী আছিল। |
এদিন শশাংকই ভাঙৰ নিচাত ভোৰভোৰাই কৈছিল- ' ইমান ওচৰতে এইহেন এটা শৰীৰ। অথচ চুই চাব নোৱাৰি। তয়ো নুচুবি তথাগত । তাইৰ HIV positive. মৰিবি বাপ্পেকে control কৰিব নোৱাৰিলে। ' |
সকলো অবাক হৈছিল। |
শশাংকৰ কথাত আচৰিত হৈছিল। মধু নামৰ ছোৱালীজনী সচাই এটা ডাঙৰ প্ৰশ্নবোধক হৈ পৰিছিল। |
শশাংকৰ নাৰীৰ প্ৰতি দূৰ্বলতা সিহঁত আটাইয়ে জানে। হয়তো সি মধুৰ ওচৰতো মতা পাৰ ঘূৰাদি ঘূৰি চাইছিল। কিন্তু সেইবুলি ইমান ডাঙৰ কথা এটা সি এনেকৈ কৈ দিব পাৰেনে ? |
এদিন উত্তৰটো লৈ মধু নিজেই আহিছিল তাৰ কোঠালৈ। |
সেইদিনা বহু সময়লৈকে তাই দোকান বন্ধ কৰা নাছিল। তথাগতৰ কোঠাৰ আড্ডা শেষ হোৱালৈ যেন তাই বাট চাই আছিল। সন্ধিয়া তথাগতলৈ বিস্কুট আনিবলৈ যাওঁতে বৰুণে দেখিছিল এগৰাকী ভদ্ৰ মহিলাই মধুৰ কাষত ৰৈ খুব সৰু মাতেৰে কথা পাতি আছে। মাজে মাজে তাইৰ কান্ধত হাত থৈছে। বৰ মৰমেৰে কথা পাতি আছিল তেওঁ। এটা সময়ত গাড়ীৰ পৰা সৰু পেকেট এটা আনি মধুৰ হাতত ... |
সেইদিনা বৰুণ আটাইতকৈ দেৰিকৈ গৈছিল। আনবোৰ গুচি যোৱাৰ পিছত সি তথাগতক কৈছিল - ' এই ছোৱালীজনীৰ লগত নিশ্চয় কিবা এটা ঘটনা হৈছে। তাইক আমি চাব লাগিব। বিপদত পৰিবলৈ দিব নোৱাৰি। তই খাই বৈ টং হৈ থাকিলেও চাবি, তাইক বিপদত পৰিবলৈ নিদিবি। |
বৰুণ যোৱালৈ লাহে লাহে দোকান পোহাৰবোৰ বন্ধ হৈছিল। মম এডাল জ্বলাই মধু টুলখনতে বহি আছিল।বৰুণে সম্বোধন নকৰাকৈয়ে কৈ গৈছিল- ' ইমান ৰাতিলৈ কিয় থাকিব লাগে। দিন কাল ভাল নহয়। ঘৰলৈ যাব লাগে। ' |
তাই একেদৰেই বহি থাকিল অলপ দেৰি। |
তথাগতই তুলিখন পাৰি শুবলৈ লোৱাৰ সময়তে তাই আহি তাৰ দুৱাৰমুখত থিয় দিছিল। সি স্পষ্টকৈ তাইৰ চকুলৈ চাইছিল। |
' কি লাগে ? ' |
তাই সোমাই আহিছিল। |
সি বিচনাতে উঠি বহিছিল। |
' আপুনি ছবি আকে নহয় ? ' |
তাই অকণমান ফোপাইছিল। |
' মোৰ এখন ছবি আকিব পাৰিব।' |
তথাগত দস্তুৰমত অবাক হৈছিল। এই ৰাতিখন ভৰ গাভৰু মানুহ এজনীয়ে আহি যদি তাক এনেকৈ খাৰাংখাছকৈ ছবি এখন আকিবলৈ কয়, সি আচৰিত নোহোৱাকৈ কেনেকৈ থাকে। |
' ছবি? এই ৰাতিখন? ঘৰলৈ যোৱাগৈ ' |
' মই আজি ঘৰলৈ নাযাওঁ। এটা প্ৰস্তাৱ লৈ আহিছো আপোনাৰ ওচৰলৈ। আপুনি মোক সহায় কৰক। ' |
তথাগতৰ মূৰটো টিংটিঙাই গৈছিল। নেভিকাট এটা জ্বলাই লৈছিল সি। |
' মোক অলপ টকা লাগে ' |
এইবাৰ তথাগত যেন আকাশৰ পৰাহে পৰিল।সি ঢেকঢেকাই হাহিবলৈ ধৰিলে। এইজনীয়ে তাকহে গ্ৰাহক পাতিবলৈ আহিব লাগেনে ? |
সি তেনেকৈ হহা দেখিও তাই গোজ পুতি তাৰ কোঠাৰ মজিয়াখনতে বহি পৰিল। |
' কথাটো আপুনি ভবাৰ নিচিনা নহয়। আপুনি এখন ছবি আকক মোৰ। এখন নালাগে দুখন তিনি খন আকক। আৰু সেইকেইখন বিক্ৰী কৰি দিয়ক। বিক্ৰী কৰি পোৱা টকাৰ পৰা মোক কিছু টকা দিয়ক। please. ' |
এইবুলি কৈ তাই তাইৰ শাৰীৰ আচলটো নমাই দিলে। সেইদিনা বোধহয় তাই কলপটিয়া ৰঙৰ শাৰী এখন পিন্ধিছিল। |
(আগলৈ) |
Fiction |
• |
শূন্যতাৰ সিপাৰে তথাগত (উপন্যাস) |
109 views0 comments |
4 likes. Post not marked as liked4 |
Recent Posts |
See All |
শূন্যতাৰ সিপাৰে তথাগত খণ্ড-২৮ |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.