text stringlengths 0 188k |
|---|
গণিত কুইজ – ২ |
গণিত কুইজ – ১ |
ফাৰ্মা সংখ্যা: এবিধ সুন্দৰ সাজৰ সংখ্যা |
Gonit Sora গণিত চ’ৰা is a multi lingual (English and Assamese) web magazine devoted to publishing well written and original articles related to science in general and mathematics in particular. Gonit Sora is an attempt to bridge the gap between classroom math teaching and real life practical and fun mathematics. We str... |
নালন্দা বিশ্ববিদ্যালয়ৰ শৌৰ্য্য বীৰ্য্য হ্ৰাস হৈ অহাৰ সময়তেই ওদন্তপুৰী বা ওদন্তপুৰাত গোপাল বা লোকপাল নামৰ এজন ৰজাই এটা বিহাৰ নিৰ্মাণ কৰিছিল। এইজন ৰজা গোপাল আনুমানিক ৭৩০ খ্ৰীষ্টাব্দত বেঙ্গলৰ সিংহাসনত বহিছিল। নালন্দাৰ পাছতেই এই ওদন্তপুৰী বিহাৰক আটাইতকৈ প্ৰাচীন বুলি ধৰা হয়। এই বিহাৰেটা সম্ভৱতঃ বৰ্তমান বিহাৰৰ পাটনাত স্থাপন ... |
কথিত আছে যে ওদন্তপুৰীৰ মঠটো সোণেৰে নিৰ্মিত আছিল আৰু ইয়াৰ বিষয়ে এটা পৰম্পৰাগত কাহিনী আছে। |
কাহিনীটো এনেধৰণৰঃ (এই কাহিনীটো দেৱী প্ৰসাদ চট্টোপাধ্যায় সম্পাদিত লামা চিম্পা আৰু অলকা চট্টোপাধ্যায়ৰ দ্বাৰা তিব্বতী ভাষাৰ পৰা অনুদিত Taranath’s History of Buddhism in India আৰু দীপক কুমাৰ বৰুৱাৰ Viharas in Ancient India ৰ পৰা লোৱা হৈছে।) |
গোপাল (আনুমানিক শাসনকাল ৭৫০-৭৭০ খ্ৰীষ্টাব্দ) আৰু দেৱপালৰ (আনুমানিক শাসনকাল ৮১০-৮৫০ খ্ৰীষ্টাব্দ) ৰাজত্বৰ মাজৰ সময়চোৱাত ওদন্তপুৰী মহাবিহাৰৰ নিৰ্মাণ হৈছিল। মগধত নাৰদ নামৰ এজন অতি সৎ চৰিত্ৰৰ আলৌকিক শক্তিৰ অধিকাৰী তীৰ্থিক যোগী আছিল। তেওঁ এবাৰ শৱ-সাধনা কৰিব বিচাৰিছিল আৰু তাৰবাবে তেওঁক এজন শাৰীৰিকভাবে শক্তিশালী, নিৰোগী, ন-বিধ... |
উপাসকে উত্তৰ দিলে, ‘তেন্তে মই মোৰ গুৰুৰ অনুমতি ল’ব লাগিব।’ |
উপাসক তেওঁৰ গুৰুৰ কাষলৈ গ’ল আৰু তেওঁৰ অনুমতি অনুসাৰে নাৰদৰ সহকাৰী ৰূপে কাম কৰিবলৈ মান্তি হ’ল। শৱ-সাধনা অনুষ্ঠানৰ অন্তিম পৰ্য্যায় প্ৰাপ্তি কালত নাৰদে উপাসকক ক’লে, ‘এতিয়া মৃতদেহটোৰ জিভাখন বাহিৰলৈ ওলাব, এনে অৱস্থাত প্ৰথমবাৰতেই যদি জিভাখন থাপ মাৰি ধৰিব পাৰা, তেন্তে তুমি মহাসিদ্ধি লাভ কৰিবা। যদি দ্বিতীয়বাৰত থাপ মাৰি ধৰিব পা... |
উপাসকজনে প্ৰথম আৰু দ্বিতীয়বাৰত জিভাখন থাপ মাৰি ধৰিবলৈ সক্ষম নহ’ল। সেইবাবে তেওঁ মৃতদেহটোৰ মুখৰ ওচৰতে নিজৰ মুখখন ৰাখি বহি পৰিল যাতে জিভাখন ওলালেই কামোৰ মাৰি ধৰিব পাৰে। তৃতীয়বাৰত মৃতদেহটোৰ জিভাখন বাহিৰলৈ ওলোৱাৰ লগে লগে উপাসকে কামোৰ মাৰি ধৰিলে আৰু লগে লগে জিভাখন এখন তৰোৱাললৈ আৰু মৃতদেহটো সোণলৈ পৰিবৰ্তিত হ’ল। উপাসকজনে তৰোৱা... |
উপাসকজনে সুমেৰুৰ ওপৰলৈ উৰা মাৰিলে আৰু চাৰিটা দ্বীপ আৰু তাৰ উপদ্বীপৰ চাৰিওফালে পাক মাৰিলে। ক্ষন্তেক পাছতে তেওঁ উলটি আহি তৰোৱালখন তীৰ্থিকৰ হাতত গটাই দিলে। তীৰ্থিকে উপাসকক ক’লে, ‘তুমি সোণৰ শৰীৰটো গ্ৰহণ কৰা। যেতিয়ালৈকে তুমি ইয়াৰ হাড়বোৰ স্পৰ্শ নকৰা, তেতিয়ালৈকে ইয়াৰপৰা সোণ ওলাই থাকিব। কিন্তু নাৰী আৰু সুৰাৰ দৰে অশুভ কৰ্মত সো... |
আন এক কাহিনী মতে, পাল বংশৰ ৰজা ধৰ্মপালৰ (আনুমানিক শাসনকাল ৭৭০-৮১০ খ্ৰীষ্টাব্দ) দ্বাৰা ওদন্তপৰী বিহাৰ নিৰ্মাণ কৰা হৈছিল। এই কাহিনীৰ লগত ওপৰত উল্লেখ কৰা পৰম্পৰাগত কাহিনীৰ সংগতি দেখা নাযায়। ৰজা গোপালে এদিন শুভ ক্ষণত তেওঁৰ পুত্ৰ ধৰ্মপালৰ কল্যাণাৰ্থে এক ধাৰ্মিক অনুষ্ঠানৰ আয়োজন কৰিছিল। সেই সময়তে এডাল সাপে মূৰ ডাঙি উঠাত ৰজাই ... |
কালক্ৰমত ধৰ্মপালৰ বয়স বাঢ়ি অহাত তেওঁ সকলোতকৈ সুন্দৰ আৰু বিশাল মঠ এটা নিৰ্মাণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিলে। সেইবাবে তেওঁ সেই বিষয়ৰ ভৱিষ্যৎ বক্তা এজনৰ সন্ধান কৰিলে। ভৱিষ্যৎ বক্তাজনৰ উপদেশ মতে সাধু আৰু ব্ৰাহ্মণৰ ঘৰৰ কপাহেৰে শলিতা প্ৰস্তুত কৰিব লাগিব, ৰজা আৰু সদাগৰৰ ঘৰৰ তেল সংগ্ৰহ কৰিব লাগিব, চাকি আনিব লাগিব তপস্বীৰ ঘৰৰ পৰা।... |
এই মঠটো নিশ্চিতভাবে অষ্টম শতিকাৰ আগভাগতেই স্থাপিত হৈছিল। কিয়নো ৭৪৯ খ্ৰীষ্টাব্দত ওদন্তপুৰী বিহাৰৰ অনুকৰণ কৰি তিব্বতত অতিন্ত্য বিহাৰ নামেৰে এটা বৌদ্ধ মঠ নিৰ্মাণ হৈছিল। ওদন্তপুৰী বিহাৰৰ সৈতে জড়িত থকা বিখ্যাত পণ্ডিত সকলৰ ভিতৰত আছে অটিচ বা দীপাঙ্কৰ শ্ৰীজ্ঞান (৯৮০-১০৫৪ খ্ৰীষ্টাব্দ)। তেওঁ ওদন্তপুৰীৰ হীনযান পন্থাৰ শিক্ষক ধৰ্ম... |
তিব্বতী উৎসৰ মতে ওদন্তপুৰী মহাবিহাৰত ১২,০০০ ছাত্ৰই বাস কৰিছিল। (Page No. 1031, The Blue Annals, Vol II by George N. Roerich) ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে ই অত্যন্ত বৃহৎ আকাৰৰ আছিল। কিন্তু অতিশয় দুখৰ বিষয় যে এই মহাবিহাৰ সুদীৰ্ঘ কালৰ বাবে টিকি নাথাকিল। একাদশ শতিকাৰ শেষ ভাগলৈ এই বিহাৰত মাথো একাৱন্ন জন ভিক্ষুহে বাস কৰি আছ... |
১১১৯ খ্ৰীষ্টাব্দত ইখিটয়াৰ উদ্দিন খিলজি আৰু তেওঁৰ সেনাবাহিনীয়ে ওদন্তপুৰী বিহাৰত লুণ্ঠন চলাইছিল। তাৰানাথৰ মতে মগধৰ সম্ৰাটে বিহাৰটোৰ সুৰক্ষাৰ বাবে কিছু সৈন্য মোতায়েন কৰিছিল আৰু তাত বসবাস কৰি থকা ভিক্ষু সকলেও আক্ৰমণকাৰীসকলক প্ৰতিৰোদ কৰাত সহায় কৰিছিল। অৱশ্যে গোবিন্দপালদেৱে সিংহাসন আৰোহণ কৰাৰ ৩৮ সংখ্যাক বছৰত অৰ্থাৎ ১১১৯ খ্ৰী... |
আন এজন গ্ৰন্থকাৰৰ বৰ্ণনাৰ পৰা, "They were fast sweeping down south. These mid-Asian tribesman had seen no edifices in their desert homeland and knew but little about architectural styles and distinctions. The tall towers of the monasteries, soaring above the circuit walls, arrested attention that easily caused the buil... |
এই ঘটনাৰ সাক্ষী এজনৰ বৰ্ণনা অনুসাৰে, "When Bakhtyar (Ikhtiar Khilji) reached the gate of the fort and the fighting began, these two wise brothers were active in that army of Heros. Mahammad Bakhtyar (Ilhtiar Khilji) with great vigour and audacity rushed in at the gate of the fort and gained possession of the place. Gre... |
এই ধ্বংস কাৰ্য্যৰ মাজত যি দুই এজন ভিক্ষু বাচি গৈছিল তেওঁলোকে নিজৰ সাধ্যানুসাৰে কিছু ধৰ্ম গ্ৰন্থ লগত লৈ পলাবলৈ বাধ্য হৈছিল। কোনো কোনো ভিক্ষু সাগৰ পথেৰে গৈ আৰাকান বা ব্ৰহ্মদেশত উপস্থিত হ’লগৈ। বহু সংখ্যক ভিক্ষু উত্তৰৰ দিশলৈ গৈ হিমালয়ৰ পাদদেশৰ নেপাল আৰু তিব্বতত উপস্থিত হ’লগৈ। নালন্দাৰ অৱনতিৰ লগে লগে ওদন্তপুৰীৰ সমসামিয়ক ৰূপ... |
টোকাঃ ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত তাইবানৰ পৰা অহা ৩০ জনীয়া প্ৰতিনিধি মণ্ডলীৰ দ্বাৰা চলোৱা অনুসন্ধানৰ অন্তত ওদন্তপুৰীৰ প্ৰাচীন অৱস্থিতিৰ চিনাক্ত কৰিবলৈ সক্ষম নহ’ল। |
সহায় লোৱা গ্ৰন্থঃ |
(1) History of Buddhism by Bu-ston |
(2) The Blue Annals, Vol II by George N. Roerich |
(3) The Blue Annals, Vol I by George N. Roerich |
(4) The Cambridge History of India, Volume- III |
(5) Viharas in Ancient India by Dipak Kumar Barua |
(6) Taranath's History of Buddhism in India |
Heritage Foundation is a registered Charitable Trust founded on 11th day of Kartik (Shukla Paksha), Shakabda 1922/ the 8th November 2000.<eot>মাহ হালধিৰ আমোলমোল সুবাসেৰে সুবাসিত হৈ, দুটি অঞ্জনত নানাৰঙী সপোন আঁকি এগৰাকী যুৱতীয়ে জীয়ৰীৰপৰা বোৱাৰী জীৱনত খোজ পেলায়৷ মনৰ মাজত অযুত ভাৱৰ হেন্দোলনি,নানান কথাৰ উক্মুকনিৰ মাজেৰেই ন... |
নতুনকৈ পোৱা জীৱনটোত সহচৰ হিচাপে স্বামী থাকে,থাকে পৰিয়ালৰ বাকী সদস্যসকল৷ কিন্তু এগৰাকী বোৱাৰীয়ে শুই উঠাৰেপৰা ৰাতি বিচনাত পৰালৈকে আটাইতকৈ বেছি সময় যাৰ ছত্ৰছায়াত থাকিবলগীয়া হয় সেয়াই হৈছে শাহুআই৷ পাকঘৰৰপৰা আৰম্ভ কৰি সকলোতেই শাহুআইৰ হাতৰ আঙুলিত ধৰি যিগৰাকী বোৱাৰীয়ে ন- জীৱনটিত বাট বোলে, সেইগৰাকী বোৱাৰীৰ বাবে বাকী দিনবোৰো সহজ... |
সাধাৰণতে কোৱা হয় যে শাহুৱেকক মাতৃ জ্ঞান কৰি নাইবা শাহুৱেকেও নিজৰ ছোৱালীৰ দৰে ভাবি আগবাঢ়িলে সম্পৰ্কটো মধুৰ হৈ পৰে৷ কিন্তু ঠিক এনেকুৱা নহ’লেও অৰ্থাৎ মাক জীয়েকৰ দৰে নহ’লেও কিন্তু পৰস্পৰ বুজাবুজি তথা সমিল- মিলেৰে শাহু- বোৱাৰীৰ সম্পৰ্কটোৰ মাধুৰ্য বজাই ৰাখিব পৰা যায়৷ কিয়নো মাক- জীয়েকৰ দৰেই শাহু- বোৱাৰীৰ সম্পৰ্কৰো আছে সুকীয়া ... |
এইখিনিতে নিজৰ ব্যক্তিগত অনুভৱ ব্যক্ত কৰিবলৈ পালে সখীৰ আগত সুখী হ’মঃ |
মোৰ বিয়াৰ কথা-বতৰা পাতিবলৈ যেতিয়া আমাৰ ঘৰৰপৰা দৰাঘৰলৈ মানুহ গৈছিল, তেতিয়া ইমান এটা ডাঙৰ পৰিয়াল দেখি মোক সকলোৱে কৈছিল,”চাবি কিন্তু, মিলিব নোৱাৰিলে বৰ বেয়া কথা হ’ব৷ ইমান এটা ডাঙৰ পৰিয়াল৷” কথাটো হওঁতে সঁচা৷ কিয়নো আমাৰ দেউতাৰ ফালৰ তিনিজন ককাই-ভাই আৰু দুগৰাকী জা-জোৱালী (এজন খুড়া অবিবাহিত)ৰ বিপৰীতে মোৰ স্বামীগৃহত পাঁচজন ভাই... |
এটা কথা মানিবই লাগিব যে মৰম দিলেহে মৰম পায়৷ হ’লেও কেতিয়াবা- কেতিয়াবা এনে কিছুমান ঘটনা আমাৰ দৃষ্টিগোচৰ হয় য’ত শাহুৰদ্বাৰাই বোৱাৰী অথবা বোৱাৰীয়েকৰ দ্বাৰাই শাহুৰ নিৰ্যাতন চলে৷ আকৌ কেতিয়াবা শাহুগৰাকীয়ে কথাইপতি মানসিক নিৰ্যাতন চলায় বোৱাৰীয়েকৰ ওপৰত৷ এইক্ষেত্ৰত অলপ বুজাপৰা,সহনশীলতা তথা ধৈৰ্যশীল স্বভাৱে পৰিস্থিতি নিয়ন্ত্ৰণলৈ অ... |
সৰ্বশেষত এটি গীতৰ কলিৰে লেখাটোৰ মোখনী মাৰিছোঃ |
“শাহু- বোৱাৰীৰ জ্যোতিৰে মহিমা |
দেৱতাই ৰ লাগি চায় |
আই অ’ শাহুআই৷” |
← সাহস – ডিম্পল কলিতা |
বৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ সত্ৰনগৰী মাজুলী দৰ্শন – বন্তি বৰঠাকুৰ বৰুৱা → |
You May Also Like |
এটা “ফে’চবুক ষ্টেটাছ আপডেট” আৰু চিন্তাৰ প্লাৱন (-পংকজজ্যোতি মহন্ত) |
June 14, 2014 0 |
জীৱনৰ বাটে-ঘাটে – হিমাংশু ভাগৱতী |
February 15, 2019 0 |
শেৱালি ফুলাৰ বতৰত সখিলৈ চিঠি (-মৌচুমী বৰি) |
October 15, 2012 March 10, 2021 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
0 Comments |
Inline Feedbacks |
View all comments |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানত লেখাৰ সংখ্যা |
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)... |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>“নিশ্চয়ই মই অৱতীৰ্ণ কৰিছো এই কুৰআন শ্ববে ক্বদৰত। আৰু আপুনি জানেনে শ্ববে ক্বদৰ কি? শ্ববে ক্বদৰ হাজাৰ মাহতকৈয়ো শ্ৰেষ্ঠ। সেই ৰাতিত ফিৰিস্তাসকল আৰু ৰূহ তেওঁলোকৰ প্ৰতিপালকৰ অনুমতিক্ৰমে যা... |
ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে- যি ব্যাক্তি ঈমানৰ সৈতে ছোৱাবৰ আশাত লাইলাতুল ক্বদৰৰ ৰাতি জাগি থিয় হৈ নামাজ আদায় কৰে, তাৰ পূৰ্বৰ (ছগীৰাহ) গুনাহবোৰ মাফ কৰি দিয়া হয়। |
আনাছ ইবনু মালিক (ৰাঃ) পৰা বর্ণিত, তেখেতে কৈছে, ৰমজান মাহ আৰম্ভ হ’লে ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে : |
‘তোমালোকৰ ওচৰত এই মাহ সমুপস্থিত। এই মাহত এনেকুৱা এটা ৰাতি আছে, যি হাজাৰ মাহৰ অপেক্ষা উত্তম। এই মাহৰ পৰা যি ব্যক্তি বঞ্চিত হ’ল, সি সকলো কল্যাণৰ পৰাই বঞ্চিত হ’ল। কেৱল বঞ্চিত ব্যক্তিসকলেই তাৰ পৰা বঞ্চিত হয়। শ্ববে ক্বদৰ কোন ৰাতিত?? |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.