text
stringlengths
0
188k
এই সংস্কৰণত কিতাপখনত থকা প্ৰয়খিনি উদ্ধিতিৰেই অসমীয়া ৰূপ দিয়া হৈছে। তদুপৰি অসম গণিত শিক্ষায়তনৰ ‘গণিত বিকাশ’ত ইতিমধ্যে প্ৰকাশ পোৱা আমাৰ ‘লীলাৰ ডিঙিৰ মণি সৰি পৰি’ শীৰ্ষক প্ৰবন্ধটিও এই সংস্কৰণত সংযোজন কৰা হৈছে। এই আপাহতে ‘গণিত বিকাশ’লৈ আমাৰ সৌজন্যতা প্ৰকাশ কৰিছোঁ।
কনিংচ-বাৰ্গ সমস্যাৰ চিত্ৰ দুটি আৰু অতুলনীয় অনুপাতৰ দুটি চিত্ৰ অন্য উৎসৰ পৰা স্কেন কৰি নতুনকৈ সংযোজন কৰা হৈছে।
আমাৰ বিশ্বাস গণিত- এটি বিৰক্তিকৰ বিষয়(!)ৰ মাজত দিব বিচৰা গণিতৰ কলাসুলভ অ-বিৰক্তিকৰ তথা মোহনীয় কলাসুলভ ব্যাপ্তিখিনিক পাঠক সমাজে আগৰদৰেই তাৰিফ কৰিব। শেষত দ্বিতীয় সংস্কৰণৰ প্ৰকাশৰ সতে জড়িত সদৌটিলৈ আমাৰ হিয়াভৰা কৃতজ্ঞতা লগতে ধন্যবাদ জ্ঞাপন কৰিলোঁ।
খনীন চৌধুৰী
পাতনি
বহুত দিন আগতে (১৯৭৫-৭৬) Social Scientist নামৰ আলোচনীখনৰ Vol-6 (১৯৭৬) সংখ্যাত “Marxism and Mathematics” শীৰ্ষক এটা প্ৰবন্ধ পঢ়িছিলোঁ, পঢ়ি কলেজৰ সহকৰ্মীকেইজনমানৰে আলোচনা কৰিছিলোঁ। সেই সময়ত বিজ্ঞানী আইনষ্টাইনৰ “Ideas and opinion” পঢ়ি আছিলোঁ। লগতে R. Stollঅৰ “Mathematical Logic” আৰু অন্য এখন “ক্লাছিক” বাৰ্ট্ৰাণ্ড ৰাছেলৰ ...
কলেজ-বিশ্ববিদ্যালয়ত গণিত পঢ়াওতে ছাত্ৰ-ছাত্ৰীক পাৰ্যমানে যুক্তিৰ শিকলি নিছিগাকৈ বুজাবলৈ (নিজেও বুজিবলৈ) চেষ্টা কৰোঁ। সেয়ে “কোৰ্ছ” আগবঢ়াত কিছু দেৰি হয়। গণিতৰ ক্লাছত নোটচ নিদিওঁ বাবে, প্ৰশ্ন কৰোঁ বাবে ছাত্ৰ-ছাত্ৰীৰপৰা জোৰ কৰি হ’লেও প্ৰশ্ন বিচাৰি, তেওঁলোকক বিষয়বস্তুৰ লগত জড়িত (involve) কৰি ল’ব খোজো বাবে কোনোৱে ভাল পায় আ...
ছাত্ৰাৱস্থাৰপৰা আজিলৈকে, গণিতৰ পাঠ্যক্ৰমৰ কিতাপৰ লগতে গণিত সম্পৰ্কীয় (পাঠ্যক্ৰমৰ বাহিৰৰ) যি দুই-এখন কিতাপ পঢ়িলো- সেইবোৰৰ কিবাকিবি কথা গণিতপ্ৰেমী সাধাৰণ পাঠকৰ (গণিতৰ ছাত্ৰ হওক বা নহওক) কিবা কামত আহক বুলিয়েই প্ৰবন্ধৰ এই সংকলনটিৰ কল্পনা!
এনেবোৰ কথা মনতে পাঙি থাকোতেই জন্ম হওক অসম গণিত শিক্ষায়তনৰ- ‘গণিত বিকাশ’। গণিত বিকাশৰ পাতত ‘এটা অতুলনীয় অনুপাত’, ‘সৃষ্টিশীল কলাৰ মানসিকতাৰে অবিৰত ভগ্নাংশ’, ইউক্লিডৰ দশম কিতাপখনৰ প্ৰসংগত- এই তিনিটা প্ৰবন্ধ প্ৰকাশ পায়।
গণিতৰ বিভিন্ন প্ৰাথমিক ধাৰণা, যেনে: মৌলিক সংখ্যা, অপৰিমেয় সংখ্যা, কাল্পনিক সংখ্যা সম্পৰ্কে জানিবলগীয়াখিনি বা এনেবোৰ ধাৰণাই গণিতৰ বিকাশত কেনে ধৰণে, কোন দিশত, কি নতুন বতৰা দিছে, সেইবোৰ খৰচি মাৰি আলোচনা কৰাৰ চেষ্টা কৰা হৈছে। এটা অতুলনীয় অনুপাত বা ইয়াৰ লগত জড়িত ফিব’নাচি শ্ৰেণী এনে এটা বিষয় যি সাধাৰণ পাঠকেও জনাতো নিতান্তই ...
‘জ্যামিতিক ধাৰণা আৰু স্বীকাৰ্যৰ প্ৰসংগত’ আলোচনাখিনি কোনো পাঠ্যক্ৰমৰ আদিপাঠ অৱশ্যেই নহয়। সেয়ে, স্বীকাৰ্য বা স্বতঃসিদ্ধ আৰু জ্যামিতি সম্পৰ্কীয় ন্যূনতম ধাৰণাখিনি লৈহে আমাৰ আলোচনাৰ অংশীদাৰ হ’লে বেছি ভাল হ’ব। জ্যামিতিৰ এই আলোচনা প্ৰসংগতো প্লেট’ৰ একাডেমীৰ প্ৰৱেশ পথত লিখি থোৱা কথাষাৰ মনত পেলাই থোৱাই শ্ৰেয়ঃ “Let no man ignoran...
জীৱনৰ বহুতো সময় (আমাৰ কথা বাদেই) মহা মহা বিজ্ঞজনেও অযথা অবান্তৰ কথাত খৰচ কৰে। এনেবোৰ চিন্তা কোনোপধ্যেই অৱসৰ বিনোদনো নহয় বা প্ৰকৃত চিন্তা-চৰ্চাৰ সপক্ষত দিয়া এটা খোজো নহয়- এক গাজাখুৰী আলোচনাহে! ঠিক এনে এক, এৰাব নোৱাৰা গাজাখুৰী আলোচনাৰেই মূৰ্তৰূপ হ’ল- প্ৰায়োগিক (applied) আৰু মৌলিক (pure) গণিতৰ (গণিতজ্ঞৰ?) বিৰোধ! এই বিৰোধক...
গণিত যে প্ৰকৃততে হিচাব-নিকাচ (calculations) নহয়, এই কথাটো, এনে ধৰণৰ আলোচনামূলক প্ৰবন্ধই বুজাত নিশ্চয় সহায় কৰিব। “গণিত সাধাৰণতে ধাৰণা (idea) সম্পৰ্কেহে।” এইখিনিতে মনত লগা ঘটনা এটা জনাই থোৱাৰ ইচ্ছা হ’ল। এবাৰ এজনে মৌলিক সংখ্যা সম্পৰ্কীয় এটা উপপাদ্যৰ সন্দৰ্ভত ক’লে যে- ইয়াক প্ৰমাণ কৰিব নোৱাৰি, কাৰণ মৌলিক (prime)ৰ ভাল(যথোপযু...
গতিকেই, গণিত হ’ল idea সম্পৰ্কেহে। বিশেষতঃ ভিন্ন ধাৰণা কেনেদৰে সংযোজিত(unified)- সেই সম্পৰ্কে, কোনো খবৰ জনাৰ পিছত তাৰ নিশ্চিত ফলশ্ৰুতি কি হ’ব সেই সম্পৰ্কে। গণিতৰ লক্ষ্য হ’ল এনেধৰণৰ সমস্যা বুজাটো- অদৰকাৰীখিনি বাদ দি, সমস্যাৰ গভীৰলৈ প্ৰৱেশ কৰি। “ভাল গণিতৰ মাজত আছে মিতব্যয়িতাৰ বাতাবৰণ আৰু আছে এক আশ্চৰ্যৰ ৰেশ। পিছে সবাতোকৈ ...
প্ৰবন্ধকেইটাৰ ৰচনাৰ বিভিন্ন ক্ষেত্ৰত উৎসাহ দিয়াসকলৰ ভিতৰত প্ৰথমেই নাম ল’ব লাগিব আশীৰ দশকতে কবি ৰূপে চকুত পৰা, কেইবাটাও মননশীল প্ৰবন্ধৰ লেখক, সংবাদসেৱী মনোজ বৰপূজাৰীৰ। তাৰ পিছতেই, কেইবাটাও প্ৰবন্ধৰ খুতি-নাটি চাই উৎসাহেৰে উপদেশ দিয়া আৰু গণিত সাহিত্যৰ প্ৰয়োজনীয়তা সম্পৰ্কত দুষাৰ লিখি কিতাপখনৰ মান বঢ়াই উদগণি দিয়া, গুৱাহাটী...
সংকলনটিৰ পাণ্ডুলিপি সাজু কৰোঁতে, আৰম্ভণিৰপৰা শেষলৈকে বিভিন্ন ধৰণে সহায় কৰি দিয়া বাবে মোৰ ছাত্ৰ হেমধৰ দাস আৰু বৰ্ণাশুদ্ধি আদিৰ কামত বিশেষভাৱে সহায় কৰি দিয়া মোৰ সহোদৰ গুণিনৰ নামো এই সুযোগতে লৈ থওঁ।
বেটুপাতৰ কামত সহায় কৰি দিয়া বাবে প্ৰণৱ ডেকা আৰু গীতা ডেকালৈ মোৰ ধন্যবাদ ৰ’ল।
শেষত, আধুনিক ছপাশালাৰ মালিক আৰু কৰ্মচাৰীবৃন্দক অশেষ ধন্যবাদ জনাইছোঁ- বিভিন্ন ব্যস্ততাৰ মাজতো উৎসাহ আৰু মনোযোগেৰে কিতাপখনৰ ছপা কামৰ দায়িত্ব লোৱা বাবে।
কিতাপখনে পাঠকৰ মন আকৰ্ষণ (মনোৰঞ্জন নহয়) কৰিব, গণিত সাধাৰণ পাঠক-পাঠিকাই ভাল পোৱা হ’ব, গাণিতিক চিন্তা মধুৰ হ’ব- এই আশাৰে।
খনীন চৌধুৰী।
প্ৰবন্ধকেইটিৰ ৰচনাত প্ৰত্যক্ষ বা পৰোক্ষভাৱে ব্যৱহাৰ কৰা পুথিকেইখনমান
Adler, I. : A New Look at Geometry, New York : John Day Co. 1966.
Beck, A.M.B. : Excursion into Mathematics, New York : Worth Crowe, D. 1969.
Beiler, A.H. : Recreation in the theory of Numbers – The queen of mathematics entertains, Dover, New York, 1964.
Bell, E.T. : (i) The Search for Truth, New York Reynal and Hitchcock, 1934. (ii) Development of Mathematics, Mc Graw Hill, New York, 1945. (iii) Men of Mathematics, New York : Simon and Schuster, 1961. (iv) Father and Son : Wolfgans and John Bolyai, in Memorable Personalities in Mathematics : Nineteenth Century, Staubo...
Borissavlievitch, M. : The Golden Number, Philosophical Library, 1958.
Courant, R. : What is Mathematics? Oxford University Press, Robbins, H. 1961.
Coxeter, H.S.M. : (i) The Golden Section and Phyllotaxis in Introduction to Geometry, John Wiley and Sons Ltd. 1961. (ii) Geometry Re-visited, New York, Random House, 1967.
Davenport, H. : The Higher Arithmatic, Cambridge University Press, 1982.
De Long, H. : A Profile of Mathematical logic Reading Mass, Addison Wisley, 1970.
Edwards, H.M. : Farmat’s Last Theorem – a genetic introduction to algebraic number theory, Springer, New York, 1977.
Einstein, A. : Idea and Opinions, Rupa Co. 1981.
Gamow, G. : One, Two, Three….Infinity, Bantam Science and Mathematics, 1967.
Ghyka, M. : The Geometry of Arts and Life, New York, Dover, 1977.
Golos, E.B. : Foundation of Euclidian and Non-Euclidian Geometry, New York, Holf, Renehart and Kinston, 1968.
Hadamard, J. : The Psychology of Invention in the Mathematical Field, Princeton, N. J. : Princeton University Press, 1968.
Hardy, G.H. : A Mathematician’s Apology, New York, Cambridge University Press, 1940.
Hellman, M.E. : The Mathematics of Public-key Cryptography, Scientific American, Aug. 1979.
Benkin, L.P.S. : The Axiomatic Method, Amsterdam, North Tarski, A. Holland, 1959.
Hilbert, D. : Geometry and Imagination, New York Chelsa, Cohen Vosseu, S. 1952.
Kline, M. : (i) Mathematical Thought from Ancient to Modern Times, Oxford University Press, 1972. (ii) Mathematics – The loss of certainly, Oxford University Press, 1980.
Lenstra, Jr. W.H. : Fast Prime Number Test, Nieuw Archiv voor Wishunde (40) I (1983).
Maschkowski, H. : (i) Non-Euclidian Geometry, New York, Academic Press, 1964. (ii) Evalution of Mathematical thought, San Francisco : Holden-Day, 1963.
Niven, I.M. : Numbers : Rational and Irrational, Raadom House, New York, 1963.
Olds, C.D. : Continued Fractions, L.W. Singer Company, New Mathematical Library, 1963.
Poincare, H. : Science and Hypothesis, New York : Dover, 1952.
Polanyi, M. : Personal Knowledge, New York, Harper and Row, 1964.
Pomerance, C. : The Search for Prime Numbers, Scientific American Dec, 1982.
Prenowitz, W. : Basic Concepts of Geometry, New York, Jordan, M. Blaisdell, 1965.
Renyi, A. : Dialogues on Mathematics, San Francis Co. Holden Day, 1967.
Riesel, H. : Prime Numbers and Computer Methods for Factorization, Birkhauser, Boston, 1985.
Russell, B. : Introduction to Mathematical Philosophy, Simon and Schuster, New York.
Scholfield, P.H. : The Theory of Proportion in Architecture, Cambridge University Press, 1958.
Schroder, M. : Nember Theory in Science and Communication, Springer, New York, 1984.
Simmons, G.J. : Cryptology : The Mathematics of Secure Communication, Mathematical Intelligencer I No 4 (1979).
Steen, L.A. : Mathematics To-morrow, Springer, New York, 1981.
Stewart, I. : Complex Analysis, Cambridge University Press, Tall David, 1983.
Stoll, R. : Set Theory and Logic.
Thecadeth, K.K. : Marxism and Mathematics, Monthly Journal of the Indian School of Social Science Social Scientist V 1, N 6, 1973, January.
Thomas, S.T.L. (Ed.) : Euclid : The Thirteen Books of the Elements (3 Vols), Dover, New York, 1956.
Vander Warden, B.L. : Science Awakening, Oxford University Press, 1961.
[ad#ad-2]
সূচীপত্ৰ
গণিত- এটা বিৰক্তিকৰ বিষয়!
এটা অতুলনীয় অনুপাত
(ফাই)
সৃষ্টিশীল কলাৰ মানসিকতাৰে অবিৰত ভগ্নাংশ
কাল্পনিক সংখ্যা
অপৰিমেয় সংখ্যা আৰু ইউক্লিদৰ দশম কিতাপখন
মৌলিক সংখ্যা আৰু ইয়াৰ গোপন বতৰা
জ্যামিতিক ধাৰণা আৰু স্বীকাৰ্যৰ প্ৰসংগত
সমান্তৰাল স্বীকাৰ্যৰ উজুটিত!
প্ৰায়োগিক আৰু মৌলিক গণিতৰ বিৰোধ-এটি আলোচনা
লীলাৰ ডিঙিৰ মণি সৰি পৰি…
[ad#ad-2]
পংকজ জ্যোতি মহন্ত
pankajjyoti.com
WhatsApp
Tweet
More
Email
Print
Tags:
অসমীয়া গ্ৰন্থ
No Comments
Post A Comment
Cancel Reply
Save my name, email, and website in this browser for the next time I comment.
Δ
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.
Please submit your article by email to : [email protected]
বিনামূলীয়া ই-বুক
More »
আৰ্কাইভ
আৰ্কাইভ Select Month August 2022 December 2021 November 2021 September 2021 June 2021 May 2021 January 2021 September 2020 August 2020 July 2020 May 2020 April 2020 March 2020 February 2020 January 2020 December 2019 November 2019 October 2019 September 2019 August 2019 July 2019 June 2019 April 2019 March 2019 August ...
শিতানসমূহ
শিতানসমূহ Select Category “গণিত বিকাশ” Fun Facts অলিম্পিয়াড ইতিহাস কাৰ্টুন কুইজ কেৰিয়াৰ গণিত পাঠ গল্প গ্ৰন্থ চিত্ৰ-সংগ্ৰহ জীৱনী নিবন্ধ পৰ্যালোচনা বিজ্ঞান-প্ৰযুক্তি বুদ্ধি পৰীক্ষা সঁফুৰা সমস্যা আৰু সমাধান সাক্ষাৎকাৰ
https://www.facebook.com/http://gonitsora
Recent Posts
গাণিতিক ক্ৰিয়াপ্ৰণালী আৰু কেৰিয়াৰ