text
stringlengths
0
188k
তথ্য আৰু জনসংযোগ সঞ্চালকালয়, অসম চৰকাৰৰ দ্বাৰা প্ৰচাৰিত Jansanyog/6585/18 বিজ্ঞাপন নং জৰিয়তে প্ৰকাশ কৰা বিজ্ঞাপনটোত তলত সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী, অসম বুলি উল্লেখ কৰা হৈছে।
এতিয়া কথা হ’ল হাস্যকৰভাৱে অসম চৰকাৰে এদিন আগতে শিশু দিৱসৰ এই বিজ্ঞাপনটো প্ৰকাশ কৰিব লগা হ’ল কিয়? তাকো এদিন আগতে ‘আজি’ বুলি উল্লেখ কৰি প্ৰকাশ কৰা বিজ্ঞাপনটোৱে চৰকাৰখনকে হাহিয়াতৰ পাত্ৰ কৰি তোলা নাইনে?
প্ৰকৃততে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ চৰকাৰৰ মিডিয়া মেনেজাৰৰ এনে কাণ্ডজ্ঞানহীন কাৰ্যই চৰকাৰখনৰ লগতে মুখ্যমন্ত্ৰীকো তুচ্ছ কৰি তুলিলে।
উল্লেখযোগ্য যে অসম চৰকাৰৰ মিডিয়া মেনেজাৰৰ এনে দায়িত্বহীন কাৰ্যৰ এইটো একমাত্ৰ উদাহৰণ নহয়। ইয়াৰ আগতে যোৱা অক্টোবৰ মাহতো বন্য প্ৰাণী সপ্তাহ পালনক লৈ এনে বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰকাশ কৰি চৰকাৰখনক লজ্জানত কৰাৰ ঘটনা সংঘটিত কৰিছিল।
সেইবাৰ সমগ্ৰ দেশতে বিভিন্ন ৰাজ্যই অক্টোবৰৰ ২ তাৰিখৰ পৰা ৮ তাৰিখলৈকে ৬৪ সংখ্যক বন্যপ্ৰাণী সপ্তাহ উদযাপন কৰাৰ বাবে সাজু হোৱাৰ সময়তে একমাত্ৰ ব্যতিক্ৰম হিচাপে অসমে অক্টোবৰৰ ১ তাৰিখৰ পৰা ৭ তাৰিখলৈ বন্যপ্ৰাণী সপ্তাহ পালন কৰাৰ কথা অসম চৰকাৰৰ জনসংযোগ বিভাগৰ বিজ্ঞাপন যোগে প্ৰকাশ কৰিছিল।
ৰাজ্যখনৰ প্ৰধান দৈনিক বাতৰি কাকতসমূহত ১ অক্টোবৰত এক সম্পূৰ্ণ পৃষ্ঠাৰ বিজ্ঞাপনত মিচিকিয়াই হাঁহি থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফটোৰ লগতে অসম গৌৰৱ এশিঙিয়া গঁড় তথা অন্য বন্যপ্ৰাণীৰ ফটোসহ বন্যপ্ৰাণী সপ্তাহ ১ অক্টোবৰৰ পৰা ৭ অক্টোবৰলৈ প্ৰকাশ পাইছিল।
উক্ত বিজ্ঞাপনটো তথ্য আৰু জনসংযোগ সঞ্চালকালয়ে বিজ্ঞাপন নং জনসংযোগ/ডি /৫৩১৫/১৮ নং যোগে প্ৰকাশ পাইছিল।
ৰাজ্য চৰকাৰৰ মিডিয়া মেনেজমেন্ট বিষয়ৰ দায়িত্বত থকা লোকসকলৰ চৰম অজ্ঞতা আৰু দায়িত্বহীনতাৰ বাবে সংঘটিত হোৱা এনে মাৰাত্মক বিভ্ৰান্তিৰ পাছতো মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট ব্যক্তিসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতেই তেওঁলোকে বাৰে বাৰে এনে ভুলৰ পুনৰাবৃত্তি কৰাৰ আসৈ পাইছে।
মুখ্যমন্ত্ৰী আৰু চৰকাৰক বাৰে বাৰে লজ্জানত হ’বলৈ বাধ্য কৰোৱা এই মিডিয়া মেনেজাৰসকলৰ এনে উদ্ধত স্বভাৱৰ বাবেই এদিন মুখ্যমন্ত্ৰী যে লোকচক্ষুত হেয় প্ৰতিপন্ন হ’ব লাগিব তাৰ উমান ইতিমধ্যে পোৱা গৈছে।
ৰাজ্য চৰকাৰৰ মিডিয়া মেনেজাৰৰ লবী সৃষ্টিকাৰী এইসকল ব্যক্তিৰ জ্ঞান, বিচক্ষণতা আৰু দায়িত্বহীনতাই চৰকাৰখনৰ বাবে আহুকালৰ সৃষ্টি কৰাৰো অভিযোগ আছে। দিক্দৰ্শীহীন, প্ৰাক্তন সতীৰ্থ তথা ক্ষমতাই মূৰত ধৰা মিডিয়া মেনেজাৰৰ বেপেৰোৱা কাৰ্যই আগন্তুক দিনত মুখ্যমন্ত্ৰীক যে বিপদত পোলাব সেয়া ধুৰূপ।
Recent News
আন এক নিদৰ্শন দাঙি ধৰিলে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে: ইতিহাসত তৃতীয়বাৰৰ বাবে উচ্চতম ন্যায়ালয়ত সৰ্বমহিলা ন্যায়াধীশৰ বিচাৰপীঠ
কাৰ হাতলৈ গুজৰাট! আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, চকু নিবদ্ধ দেশবাসীৰ
পাঁচ ডিচেম্বৰত বৃক্ক সংৰোপণ কৰা হ’ব লালুৰ শৰীৰত, তাৰ পাছত চাব বিচাৰে বিজেপিৰ পৰাজয়: নিৰ্বাচনী সভাত অনুৰাগীক জনালে লালুপুত্ৰ তেজস্বীয়ে
ছয় বছৰ পূৰ্বে যুৱতীক এছিড নিক্ষেপ কৰা দুৰ্বৃত্তক শাস্তি বিহিলে আদালতে: যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে দুৰ্বৃত্তক
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
চহৰ দুখনৰ মাজত চলিবলগীয়া বিমানসেৱাই নেপাল আৰু ভাৰততৰ উত্তৰ পূৰ্বাঞ্চলৰ মাজত যোগাযোগ, বাণিজ্য আৰু সাংস্কৃতিক সম্পৰ্ক বৃদ্ধিত সহায় কৰিব।
বুদ্ধ এয়াৰে ইতিমধ্যে কাঠমাণ্ডু আৰু বাৰাণসীৰ মাজত দুখন সাপ্তাহিক বিমান চলাই আছে আৰু অহা ২৭মেৰ পৰা কাঠমাণ্ডু আৰু কলকাতাৰ মাজত তিনিখন সাপ্তাহিক বিমানৰ যাত্ৰা আৰম্ভ কৰিব।
এই বুদ্ধ এয়াৰলাইন উচ্চতম ন্যায়ালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশ তথা প্ৰাক্তন মন্ত্ৰী সুৰেন্দ্ৰ বাহাদুৰ বাছনেট আৰু তেওঁৰ পুত্ৰ বীৰেন্দ্ৰ বাহাদুৰ বাছনেটে ১৯৯৬ চনৰ ২৩ এপ্ৰিলত এটা প্ৰাইভেট লিমিটেড কোম্পানী হিচাপে প্ৰতিষ্ঠা কৰিছিল।
নেপালৰ ললিতপুৰ জিলাৰ জ্বালাখেলত কোম্পানীটো অৱস্থিত আৰু ১৯৯৭ চনৰ ১১ অক্টোবৰৰ পৰা ইয়াৰ বিমানসেৱা আৰম্ভ কৰা হৈছিল।
বুদ্ধ এয়াৰে ইয়াৰ টুইটাৰ একাউন্টৰ জৰিয়তে গুৱাহাটী আৰু কাঠমাণ্ডুৰ মাজত বিমানসেৱা চলোৱাৰ কথা ঘোষণা কৰিছে।
কোম্পানীটোৱে টুইট কৰিছে : ‘’আমাৰ পৰৱৰ্তী লক্ষ্যস্থান : গুৱাহাটী। আমি প্ৰতি মঙলবাৰ আৰু শনিবাৰে ৰাতিপুৱা ৭ বজাত গুৱাহাটী আৰু কাঠমাণ্ডুৰ মাজত দুখন বিমান চলাম। আমি আপোনালোকক আমাৰ বিমানসেৱালৈ আমন্ত্ৰণ জনাইছো।‘’
Recent News
ধৰ্মগুৰুৰ ‘পৰমাত্মা’ স্বীকৃতি বিচৰা আবেদনকৰ্তাক দৃষ্টান্তমূলক শাস্তি স্বৰূপে ১ লাখ টকাৰ জৰিমনা বিহিলে উচ্চতম ন্যায়ালয়ে
বংগত গাড়ীৰ স্পেয়াৰ টায়াৰৰ ভিতৰত উদ্ধাৰ ৯৪ লাখ টকা: বিজেপিলৈ অভিযোগৰ আঙুলি মমতা বেনাৰ্জীৰ
সংবাদ মাধ্যমে বৰ্জন কৰিছে ভাৰত জোড়ো যাত্ৰা, কৰা নাই কাৰ্যসূচীৰ সম্প্ৰচাৰ! অভিযোগ অশোক গেহলটৰ
লুডুৰ জুৱাত হেৰুৱালে সৰ্বস্ব: শেষত নিজকে বাজী ৰাখি ঘৰৰ মালিকৰ ওচৰত পৰাস্ত হ’ল মহিলা
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
ভাৰতৰ অন্যতম ৰাজ্য মধ্যপ্ৰদেশ এনে এখন ৰাজ্য য’ত এনে বহু ঠাই আছে যি ঠাইলৈ এবাৰ ভ্ৰমণ কৰিবলৈ যোৱাৰ ইচ্ছা হয়তো প্ৰতিজন ভাৰতীয়ৰে থাকে । য’ত বহুতো দুঃসাহসিক অভিযান কৰিব পৰা ঠাইৰ লগতে ৰোমান্টিক ঠায়ো আছে আৰু যি ঠাইলৈ গ’লে ইয়াৰ ইতিহাসৰ বিষয়ে বহুকথা জানিব পাৰি।
খাজুৰাহো ৰাজ্যখনৰ এনে এখন ঠাই যি সমগ্ৰ বিশ্বতে বিখ্যাত আৰু সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰপৰা মানুহ ইয়ালৈ ফুৰিবলৈ আহে। খাজুৰাহোৰ মন্দিৰত থকা কামসূত্ৰৰ ৰহস্যময় জগতখনে মানুহক আকৰ্ষণ কৰে। যি মধ্যপ্ৰদেশৰ ছাটাৰপুৰ জিলাৰ এখন সৰু গাঁৱত অৱস্থিত ।
পাচমৰহি এনে এখন আকৰ্ষণীয় ঠাই য’ত শীতকালত এক ৰোমান্টিক সময় উদযাপনৰ বাবে যাব পাৰে সকলো । হোছাংগাবাদ জিলাত অৱস্থিত ই অতি সুন্দৰ পাহাৰীয়া ষ্টেচন। ইয়াৰ একাধিক জলপ্ৰপাত, ছানচেট পইণ্ট, ধূপগড় ভ্ৰমণৰ বাবে সুন্দৰ ঠাই।
নিজৰ সংগীৰ সৈতে দুঃসাহসিক ভ্ৰমণলৈ যাব বিচাৰে কানহা ৰাষ্ট্ৰীয় উদ্যান এক উপযুক্ত ঠাই। মণ্ডল জিলাত অৱস্থিত এই উদ্যানত আছে বহুতো বিলুপ্ত প্ৰজাতিৰ প্ৰাণী । আনহাতে সূৰ্যাস্ত, চৰাই আৰু বাঘ হ’ল ইয়াত উপভোগ কৰিবলগীয়া অন্যতম আকৰ্ষণ।
ঝাঁচীৰ পৰা ১৬ কিলোমিটাৰ নিলগত বেতোৱা নদীৰ কাষত অৱস্থিত অৰ্ছা অতি সুন্দৰ ঠাই। শনিবাৰ-দেওবাৰে নিজৰ সংগীৰ সৈতে ইয়ালৈ যাব পাৰে আপুনিও। চিচাৰ মহল, ফুলবাগ, ৰায় প্ৰবীণ মহল, জাহাংগীৰ মহল আদি ইয়াৰ বহুকেইটা আকৰ্ষণীয় কেন্দ্ৰ।
ওমকাৰেশ্বৰ-মধ্যপ্ৰদেশৰ ভূমিত দুটা জ্যোতিৰ্লিংগ নিৰ্মাণ কৰা হৈছে। ইয়াৰে এভাগ হৈছে ওমকাৰেশ্বৰ। তীৰ্থস্থান হোৱাৰ উপৰিও ইয়াত প্ৰাকৃতিক সৌন্দৰ্য্য আৰু ইতিহাস সম্বলিত বহুতো কথা দেখা যায়।
ইন্দোৰ ভাৰতৰ ভিতৰতে আটাইতকৈ পৰিষ্কাৰ চহৰ। পৰিষ্কাৰ-পৰিচ্ছন্ন এই চহৰৰ খাদ্য, বুলিয়নৰ বজাৰ আৰু ইয়াৰ বজাৰ-সমাৰ পৰ্য্যটক সকলৰ আকৰ্ষণ।
কেৱল এইয়াই নহয় ,মধ্যপ্ৰদেশত আৰু বহুকেইখন আকৰ্ষণীয় ঠাই আছে য’ত প্ৰতিদিনেই পৰ্য্যটকৰ সোঁত বয় ৷ বিশেষকৈ ৰাজধানী চহৰ ভূপাল ইয়াৰ অন্যতম এক আকৰ্ষণ ৷
Previous Post
অসমীয়া সমাজ জীৱনত কলপাতৰ ভূমিকা
Next Post
‘বয়স মাত্ৰ এটা সংখ্যা’ বুলি প্ৰমাণ কৰিলে দুটি সন্তানৰ মাতৃ ৪৫ বছৰীয়া এগৰাকী মহিলাই
Related Posts
সংস্কৃতি
হাৰিয়ানাক সংগীতেৰে মুহিলে শৰৎ ৰাগে
December 5, 2022
সংস্কৃতি
যোৰহাট টীয়কৰ পীড়াকটা আঞ্চলিক সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত, বৃহত্তৰ পীড়াকটা বাসী ৰাইজৰ সহযোগত শ্ৰী শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা
December 2, 2022
সংস্কৃতি
বাওঁহাতৰ অনামিকা আঙুলিতহে বিয়াৰ আঙঠি কিয় পিন্ধোৱা হয় ? কোন দেশত কি বিশ্বাস কৰা হয় !!
December 2, 2022
সংস্কৃতি
‘কথাত কটা যায়,কথাত বঁটা পায়’
December 1, 2022
সংস্কৃতি
একেটা শিলতে খোদিত ২৪ ফুট ওখ অন্ধ্ৰ প্ৰদেশৰ বীৰ অঞ্জনেয় স্বামীৰ এই মন্দিৰ
November 29, 2022
সংস্কৃতি
‘উত্তৰ পূৰ্বাঞ্চল সাংস্কৃতিক মঞ্চ’ৰ উদ্যোগত গুৱাহাটীত প্ৰথমবাৰৰ বাবে আমন্ত্ৰণমূলক ভাওনা প্ৰতিযোগিতা
November 28, 2022
Next Post
‘বয়স মাত্ৰ এটা সংখ্যা’ বুলি প্ৰমাণ কৰিলে দুটি সন্তানৰ মাতৃ ৪৫ বছৰীয়া এগৰাকী মহিলাই
No Result
View All Result
সম্পৰ্কত বন্ধুত্বৰ ভূমিকা
0 shares
Share 0 Tweet 0
অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি
0 shares
Share 0 Tweet 0
এটি কলি দুটি পাত
0 shares
Share 0 Tweet 0
বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা
0 shares
Share 0 Tweet 0
শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য
0 shares
Share 0 Tweet 0
“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।
সংবাদ শ্ৰেণীসমূহ
অভিমত
অৰ্থনীতি
আইন
কবিতা
ক্ৰীড়া
চুটিগল্প
জীৱন
প্ৰবন্ধ
বতৰ
বিজ্ঞান
ভিডিঅ’
মনোৰঞ্জন
মুখ্য সংবাদ
ৰাজনীতি
ৰাশিফল
শাৰদ বিশেষ
সংবাদ গুঞ্জন
সমাজ
সংস্কৃতি
পলকতে