text
stringlengths
0
188k
ভুলৱশত: সোমাল পাকিস্তানৰ ভূখণ্ডত: পাকিস্তান সেনাৰ হাতত বন্দী বি.এছ.এফ জোৱান
হৃদয় বিদাৰক! ক্ৰিকেট খেলি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ
মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ’ব কোন?
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
ৰাইজৰ দলৰ উপ সভাপতি পদৰ লগতে প্ৰাথমিক সদস্য পদো ত্যাগ কৰে কমল কুমাৰ মেধিয়ে।
যোৱা ১২ এপ্ৰিলৰ দিনাই মেধিয়ে পদত্যাগ কৰে যদিও ফেচবুকযোগে আজিহে কথাটো ৰাজহুৱা কৰে।
পদত্যাগ কৰা কথাটো ৰাজহুৱা নকৰাৰ কাৰণটো ফেচবুক পোষ্টৰ জৰিয়তে উল্লেখ কৰি মেধিয়ে কয় “মোৰ পদত্যাগৰ বিষয়টো দলৰ বাবে এটা নেতিবাচক ইছ্যুত পৰিণত নহওক ৷ মই মনে মনে আঁতৰি দিম, দিন যোৱাৰ পিছত মানুহে গম পালেও দলৰ একো ক্ষতি নহয় তেতিয়া ৷ মোৰ মনৰ ভিতৰত থকা অভিযোগবোৰো আৰু ৰাজহুৱা নকৰোঁ, যদিও ক’বলৈ বহু কথাই আছে ৷ মই সম্পূৰ্ণ ইতিবাচক দৃ...
ইপিনে, ৰাইজৰ দলৰ কৰ্ণধাৰ কমিটিয়ে কমল কুমাৰ মেধিৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰা নাছিল বুলি ফেচবুকযোগে তেওঁ সদৰী কৰে।
“মই যিহেতু পদত্যাগ কৰিছিলোঁ, গতিকে মই মিটিঙলৈ যোৱাৰ প্ৰশ্নই নুঠে ৷ কিন্তু কালিৰ কৰ্ণধাৰ সমিতিৰ সভাই মোৰ পদত্যাগ পত্ৰ গ্ৰহণ নকৰাৰ সিদ্ধান্ত লয় আৰু সভাৰ শেষত সভাপতি অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত কৰ্ণধাৰ সমিতিখন আমাৰ ঘৰলৈ আহে ৷ তেওঁলোকে মোৰ পদত্যাগ পত্ৰখন গ্ৰহণ নকৰাৰ প্ৰস্তাৱটো সন্দৰ্ভত মোক জনায় আৰু পিছদিনাৰ অৰ্থাৎ আজিৰ বিষয়...
লগতে মই এই কথাও স্পষ্ট কৰি দিওঁ যে সভাপতিকে ধৰি কৰ্ণধাৰৰ সদস্যসকলৰ আহ্বানৰ প্ৰতি সন্মান জনাই মই আজিৰ সভাত উপস্থিত হৈছোঁ যদিও মই পদত্যাগ পত্ৰখন প্ৰত্যাহাৰ নকৰোঁ ।“ ফেচবুকত কমল কুমাৰ মেধিয়ে লিখি এইদৰে কয়। ইপিনে, আজি কৰ্ণধাৰ সমিতিৰ বৈঠক অনুষ্ঠিত হোৱাৰ সময়তে এটা বিষয়ক কেন্দ্ৰ কৰি কমল কুমাৰ মেধি আৰু অন্য এজন নেতাৰ মাজত যুক্...
এই সম্পৰ্কত তেওঁ কয় “মই ভাবি আছিলোঁ যে সভাত বিশেষ বক্তব্য নিদিয়াকৈ কিছু সময় বহি সভাপতিক মাত লগাই মই উঠি আহিম ৷ কিন্তু সেই সময়তে এটা বিষয়ক লৈ একপ্ৰকাৰ বিতৰ্ক আৰম্ভ হৈছিল ৷ এগৰাকী নেতাই বিষয়টো সন্দৰ্ভত অলপ বেলেগকৈ ব্যাখ্যা আগবঢ়াই থকাত মই আচল কথাটো সভাত উল্লেখ কৰি দিলোঁ ৷ লগে লগে বিষয়টোক লৈ যুক্তি-তৰ্ক আৰম্ভ হ’ল ৷ একেলগে ...
”তাৰ প্ৰত্যুত্তৰত কমল কুমাৰ মেধিয়ে কয় “মই বোলো কোনো কাৰণ নোহোৱাকৈ মই যদি বিজেপিৰ এজেণ্ট হ’ব পাৰোঁ- তেন্তে আপুনি এআইইউডিএফ বা অলকায়দাৰ এজেণ্ট ৷”অৱশ্যে তাৰ পিছৰ পৰিস্থিতিৰ কথা উল্লেখ কৰাৰ পৰা বিৰত থাকিল কমল কুমাৰ মেধি। তেওঁ বৰ্তমানলৈকে কোনো ৰাজনৈতিক দলত যোগদান কৰাৰ পৰিকল্পনা কৰা নাই বুলি পোষ্টযোগে উল্লেখ কৰে।
Recent News
জিম কৰি থাকোতেই হঠাতেই ঢলি পৰি আকস্মিক মৃত্যু যুৱতীৰ! (ভিডিঅ’)
বিচাৰিলেই অদৃশ্য হ’ব পাৰিব আপুনি! চীনত আৱিস্কাৰ নিজকে ভেনিছ কৰা জেকেট
তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পোৱা নাযাব কলেজিয়াম বৈঠকৰ কাৰ্য বিৱৰণী: উচ্চতম ন্যায়ালয়
আমেৰিকাত গৃ্হীত হ’ল সমলিংগ বিবাহ সুৰক্ষা আইন
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
অৱশ্যে এই তৃপ্তিৰ এজন অংশীদাৰ হ’ল মাননীয় ত্ৰিদীপ কুমাৰ বৰুৱা মহোদয়। বৰুৱাই উদ্ভাৱন কৰা কনৰ্ভাটাৰটো মোৰ হাতত নপৰা হ’লে মই হয়তো লেপটপৰ ফাইলৰ মাজত নীৰৱে বিচৰণ কৰি ফুৰা এই লেখাবোৰৰ মাজত কেতিয়াও ভ্ৰমণ নকৰিলোহেতেন (revisit)!
সেয়ে ভাৱিলোঁ বৰুৱা মহোদয়ৰ বিষয়ে এই চেগতে একলম লিখা যাওঁক।
‘ৰামধেনু’ নামৰ ছফ্টৱেৰটোৰ উদ্ভাৱনৰ যোগেদি কম্পিউটাৰত অসমীয়া লিখাটো সম্ভৱ কৰি তোলা ব্যক্তিজনেই হ’ল ত্ৰিদীপ কুমাৰ বৰুৱা। ‘ৰামধেনু’ এনে এটা উদ্ভাৱন, যাৰ বিষয়ে নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। অসমীয়া লিখন পৰম্পৰালৈ এক সুদূৰপ্ৰসাৰী পৰিবৰ্তন অনা ‘ৰামধেনু’ উদ্ভাৱনৰ ঠিক পিছতে যেন এটা যুগৰ অৱসান ঘটিল আৰু আৰম্ভ হ’ল কম্পিউটাৰৰ কী-ব’ৰ্ডত...
বৰুৱাক মই এতিয়ালৈকে মাত্ৰ দুবাৰ ওচৰৰ পৰা লগ পাইছোঁ। প্ৰচাৰ-বিমুখ এই মানুহজন অতি অমায়িক, ভদ্ৰ আৰু নতুন চিন্তাৰ আলোকেৰে উজ্বল। শেষৰবাৰ লগ পাওঁতে তেখেতে মোৰ লেপটপত থকা ‘ৰামধেনু’ৰ সংস্কৰণটো সলাই তাৰ ঠাইত নতুন আৰু সংৰ্বদ্ধিত (updated) সংস্কৰণ এটা নাড়ী-সংযোগ (install) কৰি দিয়ে। এই সংস্কৰণটোৰ লগতে সংযোজিত হৈছে আলোচিত কনৰ্ভাটা...
সমান্তৰালকৈ, বৰুৱা সম্প্ৰতি অন্য এটা কনৰ্ভাটাৰৰ কামতো ব্যস্ত হৈ আছে। খুব সোনকালে বজাৰলৈ আহিবলগীয়া এই কনৰ্ভাটাৰটোৰ সহায়ত একোখন বহু পৃষ্ঠাৰ অসমীয়া বাতৰি কাকত নিমিষতে আৰু আয়াসতে ইউনিক’ডলৈ ৰূপান্তৰ কৰিব পৰা যাব।
১৯৬৯ চনৰ ১৫ ফেব্ৰুৱাৰীত বৰুৱাৰ জন্ম হয় গুৱাহাটীত। ১৯৯১ চনত কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেখেতে গুৱাহাটীত এটা কম্পিউতাৰ প্ৰতিষ্ঠান খুলি ছফ্টৱেৰ নিৰ্মাণ কৰাৰ কামত মনোনিৱেশ কৰে। উল্লেখযোগ্য যে, সেই সময়ত বজাৰত উপলব্ধ অসমীয়া লিখা ছফ্টৱেৰবোৰৰ মূল্য অতি চৰা (প্ৰায় ৩৫ হাজাৰ টকা) আছিল। ফলত সাধাৰণ মানুহে সেইবোৰ ক্ৰয় কৰি...
বৰুৱাৰ উদ্ভাৱনৰ তালিকাত আছে Batch Weighing System নামৰ এটা চাহ জোখা যন্ত্ৰ আৰু photogoniometer নামৰ কম্পিউটাৰ পৰিচালিত যন্ত্ৰ। তদুপৰি বৰ্ণানুক্ৰমিকভাৱে শব্দ শৃংখলিত কৰিব পৰা বা তালিকা সাজিব পৰা ‘ত্ৰিকুব’ নামৰ এক ছফটৱেৰ উদ্ভাৱন কৰিও বৰুৱাই ৰাইজক প্ৰভূতভাৱে সহায় কৰিছে। বৰুৱাই জনোৱামতে photogoniometer নামৰ যন্ত্ৰটো নিৰ্মা...
মন কৰিবলগীয়া যে, ইউনিক’ডত অসমীয়া যুক্তাক্ষৰ লিখোতে বঙালী আখৰৰ সৈতে থোতা-মোজা এখন লাগে কেতবোৰ বৰ্ণক লৈ। অতি সুক্ষ্ম (delicate) এই বিভ্ৰান্তিকৰ যুদ্ধখন লিখোতাৰ চকুত নপৰে, কিন্তু কম্পিউটাৰে ঠিকেই বুজি পায় আৰু সেইমতে লিপিবদ্ধ কৰে। এই সংকটৰ পৰা উদ্ধাৰ কৰিবলৈয়ো বৰুৱাই এটা বিশেষ ছফ্টৱেৰ উদ্ভাৱন কৰে।
বৰুৱাৰ ‘ৰামধেনু’ৰ শেহতীয়া সংস্কৰণটোত ইউনিক’ডত অসমীয়া লিখাৰ সুবিধা আছে। তদুপৰি, AutoFont আৰু AutoLayout প্ৰদ্ধতিৰ সংযোজনেৰে এই সংস্কৰণটোক কৰি তোলা হৈছে অত্যাধুনিক আৰু সহজ-ব্যৱহাৰক্ষম। এতিয়া আৰু অসমীয়া লিখি থকাৰ মাজতে ইংৰাজী লিখিবলৈ হ’লে বা ইংৰাজী লিখি থকাৰ মাজতে অসমীয়া লিখিবলৈ হ’লে লিখোতাই কী-ব’ৰ্ড সলনি কৰি থকাৰ দৰকাৰ ন...
এই সকলো বিশিষ্ট উদ্ভাৱনৰ বাবে আমাৰ সকলোৰে শ্ৰদ্ধাৰ পাত্ৰ হ’ল ত্ৰিদীপ কুমাৰ বৰুৱা।
← সুনীল গংগোপাধ্যায়ৰ নীৰাৰ প্ৰসংগৰে (টুনুজ্যোতি গগৈ)
পাশ্চাত্যৰ দৃষ্টিৰে আমাৰ সমাজ, সংস্কৃতি, আৰু শিক্ষা : কিছু বাস্তৱভিত্তিক অনুভৱ (পঙ্কজ বৰা) →
You May Also Like
জীৱ-জন্তুৰ পৰা মানুহৰ শৰীৰলৈ সংক্ৰমিত হোৱা ৰোগ -(দিগন্ত যাদৱ শৰ্মা)
March 16, 2014 March 10, 2021 0
ব’হাগ আৰু কিছু অনুভৱ : জ্যোতির্ময় দত্ত
April 15, 2012 0
উৰণীয়া তৰা : নৱকান্ত বৰুৱা
August 14, 2012 March 10, 2021 0
Subscribe
Login
Notify of
new follow-up comments new replies to my comments
Label
Name*
Email*
Website
Δ
Label
Name*
Email*
Website
Δ
0 Comments
Inline Feedbacks
View all comments
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানত লেখাৰ সংখ্যা
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)...
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>“আপুনি যদি অতি উত্তপ্ত জ্বলন্ত চৌকা এটাৰ ওচৰত এক মিনিট সময় অতিবাহিত কৰে, আপোনাৰ এই এক মিনিট সময় এঘণ্টা যেন লাগিব৷ আনহাতে আপুনি এঘণ্টা সময় যদি এগৰাকী অপৰূপা যুৱতীৰ সৈতে কটায়, আপোনাৰ এই ...
এই কথাষাৰ স্বয়ং আইনষ্টাইনে অতি সৰসভাৱে এবাৰ আপেক্ষিকতাবাদৰ অৰ্থ বুজাবলৈ কৈছিল৷ এলবাৰ্ট আইনষ্টাইন আছিল আপেক্ষিকতাবাদ (Theory of Relativity) আৰু মাত্ৰা যান্ত্ৰিকীৰ (Quantum Mechanics) আদিৰ সৈতে জড়িত, এগৰাকী বিশ্ববিশ্ৰুত পদাৰ্থবিজ্ঞানী৷
“আমি সকলোৱে ভাৰতীয় সভ্যতাৰ ওচৰত ঋণী, তেওঁলোকৰ পৰাই আমি গণণা কৰিবলৈ গণিত শিকিছোঁ আৰু গণিতৰ অবিহনে কোনো বৈজ্ঞানিক আৱিষ্কাৰ সম্ভৱ নহয়৷”
এইষাৰো বিংশ শতিকাৰ জনপ্ৰিয় তথা সৰ্বকালৰ শ্ৰেষ্ঠ বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰে উক্তি৷
বিজ্ঞানৰ ছাত্ৰ হৈও তেওঁ একাধাৰে এগৰাকী মানৱতাবাদী, দাৰ্শনিক আৰু ৰসবোধ সম্পন্ন ব্যক্তি আছিল৷ সৰুৰে পৰা স্বল্পভাষী এই গৰাকী মহান বিজ্ঞানীয়ে শৈশৱ কালত প্ৰায় চাৰি বছৰ বয়সলৈ কথা কবলৈ শিকা নাছিল৷ কথা কবলৈ শিকাৰ পিছতো তেখেতে ইমানেই কম কথা কৈছিল যে মাক দেউতাকে আইনষ্টাইনৰ মুখৰ মাত এষাৰ শুনিবলৈ অধীৰ হৈ পৰিছিল৷
কালক্ৰমত কম কথা কোৱা এই শিশুটি এদিন জীৱন দৰ্শনৰ প্ৰজ্ঞাৰে পৰিপূৰ্ণ হৈ পৰিছিল আৰু সুন্দৰ আৰু সৰল কথাৰে অগণন জ্ঞানমুগ্ধ শ্ৰোতা আৰু পাঠকক উজ্জীৱিত কৰি তুলিছিল৷
তেখেতৰ আন এষাৰ বৰ সুন্দৰ কথা…
“আপুনি যদি ছবছৰীয়া শিশু এটাক সাৱলীলভাবে, কোনো এটা বিষয়বস্তু বুজাই কব নোৱাৰে, তেতিয়াহ’লে আপোনাৰ সেই বিষয়বস্তুৰ ওপৰত থকা, অগাধ জ্ঞানৰ কোনো মূল্য নাই৷”
আৰু আক্ষৰিক অৰ্থত, তেখেতে পদাৰ্থ বিজ্ঞানৰ বহু জটিল আৰু নীৰস তত্ত্ব, সাধুকথাৰ দৰে মনোগ্ৰাহী আৰু আকৰ্ষণীয় কৰি, ছবছৰীয়া শিশু এটাক সাৱলীলভাৱে বুজোৱাৰ দৰে বুজাই থৈ গৈছে৷
এলবাৰ্ট আইনষ্টাইন, ষ্টীফেন হকিং, মাৰ্ক টোৱেইন, অস্কাৰ ৱাইল্ড আদি বিভিন্ন ক্ষেত্ৰৰ বিখ্যাত লোকসকলৰ মাজত থকা এক সামঞ্জস্য হৈছে, এওঁলোকৰ জীৱনৰ প্ৰতি থকা এক গভীৰ দৰ্শন, অসামান্য উপলব্ধি৷ আইনষ্টাইনে সাফল্যৰ শিখৰ স্পৰ্শ কৰাৰ পিছতো নিজৰ জ্ঞান আৰু গৰিমাক লৈ কেতিয়াও উচ্চবাচ্য নকৰিছিল বাবেই তেখেতে কৈছিল,
“আচলতে ম‌ই যে বৰ বুধিয়ক বা চোকা, এনেকুৱা নহয়৷ হব পাৰে ম‌ই হয়তো অইনতকৈ ’সমস্যা’বোৰৰ সৈতে অকণমান বেছি সময় কটাইছিলো৷”
জীৱন, দৰ্শন, প্ৰেম, শিক্ষা, ধৰ্ম্ম, বিজ্ঞান আদি বিষয়ৰ ওপৰত তেখেতে বহু মনোগ্ৰাহী আৰু আকৰ্ষণীয় টিপ্পণী দি থৈ গৈছেঃ
“বুদ্ধিজীৱীসকলে সমস্যা সমাধান কৰিবলৈ বিচাৰে আনহাতে প্ৰকৃত প্ৰতিভাৱান ব্যক্তিয়ে সমস্যা প্ৰতিৰোধ কৰে৷”
“মহৎ চিন্তাৰ অধিকাৰীসকলে চিৰকাল, নিম্ন চিন্তাধাৰাৰ মানুহৰ পৰা তীব্ৰ প্ৰতিৰোধৰ সন্মুখীন হৈ আহিছে৷”