text
stringlengths
0
188k
আনহাতে সমদলৰ সময়ত কংগ্ৰেছকৰ্মীসকলে ‘প্ৰিয়ংকা গান্ধী জিন্দাবাদ’, ‘কংগ্ৰেছ জিন্দাবাদ’ ধ্বনি দিয়াৰ লগতে ‘চকীদাৰ চৌৰ হ্যেয়’ ধ্বনিও দিয়ে।
শিলচৰৰ পৰা অপৰ্ণা লস্কৰৰ সংযোজন
আজি দুপৰীয়া আহি উপস্থিত হোৱা প্ৰিংয়কা গান্ধীয়ে প্ৰথমেই সুস্মিতা দেবৰ সৈতে উধৰবন্দত থকা কাচাকান্তি মন্দিৰ দৰ্শন কৰে। তাৰ পৰা পোনপটীয়াকৈ ৰোড শ্ব’লৈ যায়।
সমদলৰ সময়ত মাইক হাতত লৈ প্ৰিয়ংকাই সুস্মিতাক ইন্দিৰা গান্ধীৰ সৈতে তুলনা কৰি প্ৰশংসা কৰে। “সুস্মিতা দেব মোৰ আইতাৰ দৰে। তেওঁৰ যুঁজাৰু মানসিকতা আছে। আপোনালোকৰ সমস্যাবোৰ দাঙি ধৰিব পৰাকৈ তেওঁৰ এটা কণ্ঠ আছে। আপোনালোকে তেওঁক জয়ী কৰক আৰু সংসদত আপোনালোকক সবলভাৱে প্ৰতিনিধিত্ব কৰিবলৈ দিয়ক”, গান্ধীয়ে কয়।
তেওঁ মোদী চৰকাৰে উত্তৰ-পূবক কৰা বঞ্চনাৰ উল্লেখ কৰি কয়, “মোদী নেতৃত্বাধান চৰকাৰখনৰ দিনত কংগ্ৰেছৰ লুক ইষ্ট নীতিক অকামিলা কৰা হ’ল আৰু আনকি উত্তৰ-পূবৰ ৰাজ্যবোৰৰ থকা বিশেষ ৰাজ্যৰ মৰ্য্যাদা কৰ্তন কৰিলে।”
প্ৰধান মন্ত্ৰী মোদীক কটাক্ষ কৰি কয়, “মই যোৱা দুমাহ ধৰি উত্তৰ প্ৰদেশৰ বিভিন্ন ঠাই ঘূৰিলো। প্ৰধান মন্ত্ৰী মোদীয়ে যোৱা ৫ বছৰত গোটেই পৃথিৱী ঘূৰি ফুৰে আৰু বিভিন্ন দেশনেতাসকলক আলিংগন কৰি ফুৰে। কিন্তু তেওঁ ৫ বছৰত তেওঁ বাৰানসীত পাঁচ ঘণ্টা কটাবলৈও সময় নাপালে।”
নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ জৰিয়তে বিজেপিয়ে সংবিধানৰ প্ৰতিও অশ্ৰদ্ধা প্ৰদৰ্শন কৰা বুলি অভিযোগ কৰে।
Recent News
শিহৰণকাৰী দৃশ্য! ১০০ ফুট ওপৰৰ বিদ্যুৎ লাইনত ওলমি ৰ’ল দুৰ্ঘটনাগ্ৰস্ত বিমান
মৰ্মান্তিক! ডিঙিত চকলেট লাগি ধৰি মৃত্যু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰৰ; পৰিয়ালত শোকৰ ছাঁ
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ড: কোন দায়ী?
কিয় ক্ষমা বিচাৰিলে কিংবদন্তী গায়ক বব ডিলানে?
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
গ্ৰামাঞ্চলৰ সমাজ জীৱন পংগু কৰাৰ বাবে চৰকাৰখনে গাঁৱে-ভূঞে মেলি দিছে দেশীয় সুৰাৰ বিপনী। যাৰ পৰিণতিত একো একোটা অঞ্চলৰ পৰিৱেশ ধ্বংস হৈছে আৰু একো একোখন সংসাৰত সৃষ্টি হৈছে অশান্তি। ৰাজ্যৰ গ্ৰামাঞ্চলত দেশীয় সুৰাৰ বিপনী অনুঞ্জাপত্ৰ দিয়া আবকাৰী বিভাগক ধিক্কাৰ দিয়াৰ লগতে দেশীয় সুৰাৰ দোকান বন্ধ কৰাৰ দাবীত বৃহস্পতিবাৰে বৰপেটা জিলা...
বৃহস্পতিবাৰে দিনৰ প্ৰায় ১১ বজাৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদৰ ফলত উক্ত পথচোৱাত প্ৰায় ১ ঘণ্টা ধৰি ব্যাহত হৈ পৰে যান-বাহন চলাচল। ইফালে, প্ৰতিবাদস্থলীত আৰক্ষী দণ্ডাধীশ উপস্থিত হোৱাৰ পাছতহে শাম কাটে এই প্ৰতিবাদৰ। আনহাতে, দেশীয় সুৰাৰ দোকান বন্ধ কৰাৰ দাবীত কেওঁটকুছি মহিলা সমিতিয়ে মুখ্যমন্ত্ৰীলৈ লিখা স্মাৰকপত্ৰ বৰপেটাৰ খণ্ড উন্...
প্ৰতিবাদকাৰী মহিলাসকলে চৰকাৰ তথা জিলা প্ৰশাসনক ৩ দিনৰ ভিতৰত দেশীয় সুৰাৰ দোকান বন্ধ কৰাৰ সময়সীমা বান্ধি দিয়ে। উল্লেখ্য যে, সত্ৰনগৰী বৰপেটাত সুৰাৰ বিপনী নিষিদ্ধ কৰাৰ সিদ্ধান্ত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰীয়ে কেবিনেটত লৈছিল। সেয়ে আবকাৰী বিভাগে বৰ্তমানলৈকে বৰপেটা চহৰত সুৰাৰ বিপনী দিব পৰা নাই। কিন্তু সত্...
বৰপেটা সত্ৰৰ পৰা কেওঁটকুছি গাঁৱৰ দূৰত্ব ৫ কিলোমিটাৰ। যি স্থানত সুৰাৰ বিপনী খোলা হৈছে তাৰ নিচেই কাষতে আছে কেওঁটকুছি হাইস্কুল আৰু সন্মুখৰ ভাগত আছে বৰপেটা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়। আবকাৰী বিভাগে সকলো নীতি-নিয়ম উলংঘা কৰি গুৰুজনাৰ শিষ্য মহাপুৰুষ মুকুন্দদেৱ স্থাপিত সত্ৰ থকা কেওঁটকুছি গাঁৱত দেশীয় সুৰাৰ দোকান স্থাপন কৰি অঞ্...
উত্তৰ প্ৰদেশৰ গোলা গোকৰ্ণনাথ, বিহাৰৰ গোপালগঞ্জ, উৰিষ্যাৰ ধামনগৰ আৰু হাৰিয়ানাৰ আদমপুৰত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীয়ে জয় লাভ কৰিছে। আনহাতে আৰে জি ডিৰ প্ৰাৰ্থী নীলম দেৱীয়ে মোকামা সমষ্টিত বিজয় সাব্যস্ত কৰাৰ লগতে তেলেংগানাৰ এটা সমষ্টিত টি আৰ এছ, মহাৰাষ্ট্ৰৰ এটা সমষ্টিত উদ্ধৱ থাকৰেৰ দলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছে।
উত্তৰ প্ৰদেশত বিজেপি প্ৰাৰ্থী অমন গিৰিয়ে লখিমপুৰ খেৰীৰ গোলা গোকৰ্ণনাথ আসনত জয় লাভ কৰিছে। তেওঁ সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থী বিনয় তিৱাৰীক ৩৪,২৯৮ টা ভোটৰ ব্যৱধানত পৰাজিত কৰিবলৈ সক্ষম হৈছে। হাৰিয়ানাৰ হিছাৰ জিলাৰ আদমপুৰ বিধানসভা সমষ্টিত জয় লাভ কৰিছে বিজেপিৰ প্ৰাৰ্থী ভৱ্য বিষ্ণো। তেওঁ ১৬,৬০৬ টা ভোটৰ ব্যৱধানত জয়ী হৈছে।
বিহাৰৰ উপ-নিৰ্বাচনত আকৌ মহাজোট আৰু বিজেপিৰ মাজৰ যুঁজ আছিল অতি আকৰ্ষণীয়। ৰাজ্যখনৰ মোকামা সমষ্টিত আৰ জে ডি প্ৰাৰ্থী আৰু গোপালগঞ্জ সমষ্টিত বিজেপি প্ৰাৰ্থী জয়ী হৈছে।
মোকামাত, বাহুবলী অনন্ত সিঙৰ পত্নী নীলম দেৱীয়ে বিজেপিৰ সোনম দেৱীক ১৬,৭০৭ টা ভোটত পৰাস্ত কৰিছে। এই সমষ্টিত আৰ জে ডিয়ে ৭৯,৬৪৬ টা আৰু বিজেপিয়ে ৬২,৯৩৯ টা ভোট লাভ কৰিছিল। গোপালগঞ্জ সমষ্টিত, বিজেপিৰ কুসুম দেৱীয়ে অন্তিম ৰাউণ্ডত আৰ জে ডিৰ মোহন গুপ্তাক ২১৮৩ টা ভোটত পৰাস্ত কৰিছে।
শিৱসেনা-উদ্ধৱ গোটৰ ঋতুজা লাটকেয়ে আন্ধেৰী পূব আসনত জয়লাভ কৰিছে। লাটকেক কংগ্ৰেছ আৰু এনচিপিয়ে সমৰ্থন কৰিছিল। ৰমেশ লাটকেৰ আকস্মিক মৃত্যুৰ পিছত এই আসনখন খালী হৈ আছিল।
শিৱসেনাৰ উদ্ধৱ গোটে ৰমেশ লাটকেৰ পত্নী ঋতুজা লাটকেক উপ-নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। আনহাতে এই সমষ্টিত বিজেপিয়ে ব্যৱসায়ী মুৰ্জি পেটেলক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল।
একে সময়তে, একনাথ সিন্দে গোটেও মুৰ্জী পেটেলকে সমৰ্থন কৰাৰ কথা ঘোষণা কৰিছিল। অৱশ্যে পৰৱৰ্তী সময়ত বিজেপিয়ে এই আসনখনত প্ৰতিদ্বন্দিতা কৰাৰ পৰা বিৰত থাকে। তেওঁলোকে মুৰ্জী পেটেলৰ মনোনয়ন প্ৰত্যাহাৰ কৰে আৰু কয় যে, এগৰাকী বিধৱাৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি মহাৰাষ্ট্ৰৰ সংস্কৃতিক বদনাম কৰিব নিবিচাৰে।
তেলেংগানাৰ মুনুগোডে বিধানসভা আসনত আকৌ টি আৰ এছে বিজেপি প্ৰাৰ্থীক পৰাজিত কৰিছে। কংগ্ৰেছ বিধায়ক কোমাটিৰেড্ডী ৰাজ গোপাল ৰেড্ডীয়ে দলৰ পৰা পদত্যাগ কৰাৰ পিছত আসনখন খালী হৈছিল।
গোপাল ৰেড্ডী এতিয়া বিজেপিৰ সদস্য। তেওঁ বিজেপিৰ টিকটত এই সষ্টিত পুনৰ প্ৰতিদ্বন্দিতা কৰিছিল যদিও টি আৰ এছৰ প্ৰাক্তন বিধায় কুচুকুন্তলা প্ৰভাকৰ ৰেড্ডীৰ হাতত উপ-নিৰ্বাচনত পৰাজিত হয়।
উৰিষ্যাৰ ধামনগৰ বিধানসভা আসনত জয়লাভ কৰিছে বিজেপিৰ প্ৰাৰ্থীয়ে। বিজেপি বিধায়ক বিষ্ণু চৰণ চেঠীৰ মৃত্যুৰ পিছত ইয়াত উপ-নিৰ্বাচনৰ প্ৰয়োজন হৈছিল। বিজেপিয়ে প্ৰয়াত বিধায়ক বিষ্ণু চৰণ চেঠীৰ পুত্ৰ সূৰ্যবংশী সুৰজক এই আসনখনৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। একে সময়তে, বি জে ডিয়ে অবন্তী দাসক ইয়াত প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল।<eot...
অমৃত দেওৰা, অধ্যক্ষ, ইয়ং ইণ্ডিয়ান (Yi) গুৱাহাটী অধ্যায়, অনুষ্ঠানটোত সকলো বিশিষ্ট ব্যক্তিক আদৰণি জনাই গৰাকীয়ে উল্লেখ কৰে, “কুইজৰ উদ্দেশ্য হৈছে জলবায়ু পৰিৱৰ্তন সম্পৰ্কে শিশুসকলৰ মাজত সজাগতা সৃষ্টি কৰা আৰু তেওঁলোকক পৰিৱেশ সম্পৰ্কে সচেতন কৰা। কুইজটো একেটা বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে য’ত বহনক্ষম জলবায়ু প্ৰচেষ্টা...
অধ্যাপক ড০ ননী গোপাল মহন্ত, অসম চৰকাৰৰ উপদেষ্টা ,শিক্ষা বিভাগ, অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কয়, “এই সহযোগিতাৰ বাবে মই ছেবা, ইয়ং ইণ্ডিয়ান গুৱাহাটী অধ্যায় আৰু ভাৰতীয় উদ্যোগ পৰিষদক (CII) ধন্যবাদ জনাইছো। এনে ধৰণৰ প্ৰতিযোগিতা সূক্ষ্ম পৰ্যায়ত অনুষ্ঠিত কৰিব লাগিব আৰু ইয়াক অসমিয়া মাধ্যমৰ প্ৰতিষ্ঠানসমূহলৈ...
অধ্যাপক ড০ ননী গোপাল মহন্তই বিজয়ীসকলৰ নাম ঘোষণা কৰিছিল। বৰপেটাৰ পৰা বাডছ একাডেমীৰ হালিমা আহমেদে প্ৰথম পুৰস্কাৰ লাভ কৰিছিল, ৭২ পইণ্ট অৰ্জন কৰি আৰু ১০,০০০ টকাৰে পুৰস্কৃত কৰা হৈছিল। ডন বস্কো হাই স্কুলৰ বিকাশ চুটে ৫৪ পইণ্টৰ সৈতে দ্বিতীয় পুৰস্কাৰ লাভ কৰে। তেওঁক ৬০০০ টকা প্ৰদান কৰা হৈছিল। তৃতীয় স্থানটো কামৰূপৰ ৰয়েল গ্লোব...
অনুষ্ঠানটোত উপস্থিত সকলক সম্বোধন কৰি ৰমেশ চি জৈনে কয়, ” ইয়ং ইণ্ডিয়ান আৰু চিআইআইৰ সৈতে সম্পৰ্ক স্থাপন কৰি মই কৃতজ্ঞ। ছেবা য়ে তেওঁলোকৰ সৈতে সহযোগিতা কৰাৰ বাবে এইটো দ্বিতীয় বছৰ, মই আশা কৰো যে এই সংস্থাটো বহুদূৰ আগুৱাই যlব।” তেওঁ প্ৰতিযোগিতাখন পৰিচালনা কৰাৰ বাবে নেক্সাছ কনচাল্টিংৰ মুখ্য কাৰ্যবাহী বিষয়া কুইজ মাষ্টাৰ ভ...
কামৰূপ আৰু বৰপেটা জিলাৰ পৰা সৰ্বাধিক সংখ্যক পঞ্জীয়নৰ সৈতে প্ৰতিযোগিতাখনৰ দ্বিতীয় সংস্কৰণত অংশগ্ৰহণ কৰিবলৈ মুঠ ৩৮৮০ জন শিক্ষাৰ্থীয়ে অনলাইন পঞ্জীয়ন কৰিছিল। শীৰ্ষ ১০ জন অংশগ্ৰহণকাৰীয়ে পিছত ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছিল। আন শীৰ্ষ ১০ জন ফাইনেলিষ্টে প্ৰতিজনে ১০০০ টকা লাভ কৰিছিল।<eot>কোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি ন...
পূজাৰ সময়ছোৱাত গুৱাহাটীৰ পথৰ নিৰ্দেশনা সন্দৰ্ভত যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত অমনজিৎ কৌৰে আজি এক সংবাদমেল অনুষ্ঠিত কৰে।
সেই অনুসৰি প্ৰতিটো দুৰ্গা পূজা মণ্ডপতে ৱাকিং জ’নৰ ব্যৱস্থা থাকিব। তদুপৰি পূজা মণ্ডপৰ পৰা ৫০০ মিটাৰ দূৰলৈ ন’পাৰ্কিং ঘোষণা কৰাৰ লগতে পূজা মণ্ডপ বা চৌহদৰ ভিতৰলৈ কোনো ধৰণৰ বাহনৰ প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰা হৈছে।
ইয়াৰ উপৰি জি এছ ৰোড, জু ৰোড, জি এন বি ৰোডত ন’ পাৰ্কিঙৰ ব্যৱস্থা কৰাৰ লগতে গণেশগুৰিৰ পৰা লাষ্টগে’টলৈ আৰ পি ৰোড হ’ব ৱান ৱে’। পাণ্ডুৰ পূজাথলীৰ পৰা মালিগাঁৱলৈ গাড়ীৰ চলাচল নিষিদ্ধ কৰা হ’ব যাৰ বাবে আদাবাৰী হৈ বাহনসমূহ ঘূৰিব লাগিব। আনহাতে ১৯ অক্টোবৰত এম জি ৰোডত যান-বাহনৰ চলাচল নিষিদ্ধ।
নিৰ্দেশনাটোত লগতে জনোৱা মতে পূজাৰ সময়ত মহানগৰীত অতিৰিক্ত বাহিনী নিয়োগ কৰাৰ উপৰি সুৰাসক্ত চালকৰ বিৰুদ্ধেও আৰক্ষীৰ অভিযান অব্যাহত থাকিব।
Recent News
উবাচ আহমেদ ছিদ্দিকী! মুছলমান মহিলাক নিৰ্বাচনৰ টিকট দিয়াসকল ইছলাম বিৰোধী!
বিহাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড: ৰাজহুৱা বজাৰত চোকা অস্ত্ৰৰে স্তন, হাত, ভৰি, কাণ কাটি মহিলাক হত্যা কৰিলে দুৰ্বৃত্তই
মধ্য প্ৰদেশত ভয়াৱহ দুৰ্ঘটনা: দ্ৰুতবেগী ট্ৰাকে মহতীয়াই নিলে বাছ ষ্টপেজত ৰৈ থকা লোকক; ৬ গৰাকী নিহত, আহত কেইবাগৰাকীও
ধোঁৱাচাঙত নাৰী সুৰক্ষা: যোগীৰ উত্তৰ প্ৰদেশত কিশোৰীক অপহৰণ কৰি কেইবাদিন ধৰি ধৰ্ষণ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
১) সাহিত্য ডট অৰ্গ: আপুনি আপোনাৰ কৰ্মৰাজিৰ জৰিয়তে ইতিমধ্যেই অসমীয়া ৰাইজৰ মাজত এক সুকীয়া পৰিচিতি লাভ কৰিছে। নকৈ আপোনাক চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই বুলিয়েই আমি অনুভৱ কৰোঁ। তথাপিও আপুনি সাধাৰণ মানুহৰ মাজৰ এজন হিচাপে নিজৰ পৰিচয় কিদৰে দিবলৈ ভাল পাব?
ৰঞ্জন বেজবৰুৱা: প্ৰথম কথাটো হ’ল, মই সাহিত্য-সংগীত ভালপোৱা এজন সাধাৰণ মানুহ। ভাৰতীয় কাব্য-ঐতিহ্যত এষাৰ বৰ গুৰুত্বপূৰ্ণ কথা আছে- ‘কবিজন যিদৰে স্ৰষ্টা, সেইদৰেই কবিতাৰ পাঠকজনো স্ৰষ্টা। গীত কেৱল গায়কজনৰে নহয়, সি শ্ৰোতাৰো সৃষ্টি। ৰৱীন্দ্ৰনাথেও কৈছে ‘একাকী গায়কেৰ নয় তো গান’। কথাষাৰ বৰ তাৎপৰ্যপূৰ্ণ। আমিও তেনেকৈ নিজকে মূলতঃ শিল...
চাবলৈ গ’লে আপুনি, মই আচলতে নিজে একো কৰা নাই। কৰিব‌ও নোৱাৰোঁ। জাতিৰ মহৎ ঐতিহ্যৰ উত্তৰাধিকাৰী হিচাপে নিজৰ মাজত থকা বিশেষ ‘আস্বাদন ক্ষমতা’ৰ সৃষ্টিশীল বিস্তাৰ কৰি যাওঁ মাত্ৰ। আমি যি কৰিছোঁ, সিয়ো অপ্ৰমাদী পূৰ্বপুৰুষৰ চিন্তা-কৰ্মৰে ধ্বনি-প্ৰতিধ্বনি মাথোন। আমাৰ আখৰকেইটা, শব্দকেইটা, ৰং-ৰেখা, সুৰ-সঞ্চাৰ সকলো আচলতে লোকপৰম্পৰাৰ দ...
২) সাহিত্য ডট অৰ্গ: আপোনাৰ পৰিয়ালৰ বিষয়ে অকণমান ক’ব নেকি? লগতে আপোনাৰ শৈশৱ আৰু শৈক্ষিক জীৱনৰ বিষয়েও আমাক কিছু আভাস দিব নেকি?
ৰঞ্জন বেজবৰুৱা: মোৰ জন্মস্থান নগাঁৱৰ হাতীচোং চকলাঘাটত। মা-দেউতা আৰু বাইদেউ দুগৰাকীৰে আমাৰ সৰু পৰিয়াল। দেউতা শিক্ষাবিদ, সাহিত্যিক প্ৰয়াত ৰোহিত চন্দ্ৰ বেজবৰুৱা আৰু মা শিক্ষয়িত্ৰী, শিল্পী শ্ৰীসুভদ্ৰা বেজবৰুৱা। ২০০২ চনত তেজপুৰ- জামুগুৰিহাটৰ বৰ্ণালী পৰাশৰৰ সৈতে যুগ্মজীৱন আৰম্ভ হয়। বৰ্তমান আমি ময়ূখী আৰু জিষ্ণু নামেৰে দুটি সন...
অৱশ্যে শিল্পী হিচাপে মোৰ গানৰ সংসাৰখন বেচ ডাঙৰ। মোৰ গীতৰ অনুৰাগী, প্ৰেমিক-প্ৰিয়জনেৰে আৱৰি থকা মোৰ বিস্তৃত পৰিয়াল। পৃথিৱীখনেই যেন মোৰ ঘৰ, প্ৰতিজনেই মোৰ স্বজন। আৰৱৰ ড’হাত মোৰ সংস্কৃত গীত গাই প্ৰথম হোৱা ৱিশাকা বোলা ছোৱালীজনী মোৰেই সৰু ভনী নহয় নে? চিডনি, ৱাশ্বিংটন ডি চি, মস্কো, আলমোৰা, উজনি অসমৰ সংস্কৃত ‘গঙ্গা’ৰ আধাৰত নচা ...
শৈক্ষিক জীৱনৰ বিষয়ে ক’বলৈ গ’লে- নগাঁৱৰ এ ডি পি কলেজ আৰু কটন কলেজত কলেজীয়া শিক্ষা লৈছিলোঁ আৰু পাছত গুৱাহাটী বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰিলোঁ। ১৯৯৭ চনত সংস্কৃত সাহিত্যত এম এ কৰিলোঁ আৰু তাৰপাছত অন্যান্য সাহিত্য-ডিগ্ৰীও ল’লোঁ। পঢ়া-শুনাত ভালেই আছিলোঁ, আৰু ভাল কৰিব হয়তো লাগিছিল। যদিও কাৰো কামত নলগা এইবোৰ কথা ইমানতে সা...
১৯৯৯ চনত মই নগাঁৱৰ এডিপি কলেজত অস্থায়ী শিক্ষকৰূপে যোগদান কৰোঁ। পাছত ‘নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়’ত সংস্কৃত বিষয়ৰ স্থায়ী শিক্ষক হিচাপে যোগদান কৰোঁ। কলংপাৰ বিদ্যাপীঠৰ দৰে অসমৰ আগশাৰীৰ শিক্ষানুষ্ঠানলৈও মোৰ সামান্য সেৱা প্ৰসাৰিত। ইয়াতকৈ ভিন্ন জীৱিকালৈ যোৱাৰ চেষ্টা কৰিব পাৰিলোঁহেঁতেন, কিন্তু বহুমূলীয়া, অথচ ...
সৰুৰেপৰাই সংস্কৃত আৰু সংগীত আছিল মোৰ প্ৰিয় বিষয়। সেয়েহে এই দুই বিষয়কে লৈ কিবা এটা কৰিম বুলি সদায় ভাৱি আছিলোঁ। মনতে এটি ভাৱ পুহি ৰাখিছিলোঁ- ‘সমাজৰ বাবে কেতিয়াবা কিবা যদি কৰোঁ, তেনেহ’লে সংস্কৃত আৰু সংগীতক লৈয়েই কৰিম’। তাৰো কিন্তু শিপাডাল থাকিব লাগিব নিজা সংস্কৃতিৰ মাটিত। জাতিক ‌এৰি একো নকৰোঁ। সংস্কৃতৰ মাধ্যমেৰে ভাৰতীয় সং...
৩) সাহিত্য ডট অৰ্গ: সঙ্গীত আপোনাৰ তেজত প্ৰৱাহিত হৈ আছে নিশ্চয়! সঙ্গীত-সাগৰৰ অমৃত-মন্থনৰ এই যাত্ৰা আপুনি কিদৰে আৰম্ভ কৰিছিল?
ৰঞ্জন বেজবৰুৱা: সংগীত মোৰ অন্তৰৰ সুপ্ত অনুৰাগ, এদিন সি গভীৰ প্ৰেমত পৰিণত হ’ল। সংস্কৃতো এক প্ৰকাৰ সংগীতেই। সুৰীয়া মাতৃভাষাটিৰ দৰেই। সৰুৰে পৰা সংগীতত মোৰ ৰাপ আছিল। মনত পৰে, ৰেডিঅ’ বা ৰেকৰ্ডত গান বাজিলেই মই য’তে থাকোঁ, তাৰপৰাই লৰ ধৰিছিলোঁ। মা সত্ৰৰ জীয়ৰী। তেওঁৰ কণ্ঠও আছিল শুৱলা। মাৰ কণ্ঠত বৰগীত-লোকগীত শুনিয়েই মই সংগীতৰ প্...
কিতাপ পঢ়া আৰু গান শুনাই আছিল মোৰ নিচা। জীৱনৰ আদিছোৱাত মই মাত্ৰ শুনিছিলোঁ, গাবলৈ লৈছিলোঁ বহু পলমকৈ। সংগীতো সঁচা অৰ্থত ভৰ যৌৱনতহে শিকিছিলোঁ, বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতে। এজন শুনোতাৰ পৰা এজন গায়কলৈ তেতিয়াহে পৰ্যৱসিত হৈছিলোঁ, যেতিয়া শিক্ষক হিচাপে যোগদান কৰিলোঁ। ক্লাছৰুমত ছাত্ৰ-ছাত্ৰীক সংস্কৃতৰ প্ৰতি আগ্ৰহ জন্মাবৰ বাবেই কালজ...
৪) সাহিত্য ডট অৰ্গ: আমি প্ৰথমেই উল্লেখ কৰি আহিছো- আপুনি এক ব্যতিক্ৰমী সাংস্কৃতিক কৰ্মৰে নিজৰ পৰিচয় সুদৃঢ় কৰাত সফলতা লাভ কৰিছে। সম্পূৰ্ণ এক পৃথক পথেদি আগবঢ়াৰ সাহস আৰু অনুপ্ৰেৰণা কাৰ পৰা কিদৰে লাভ কৰিছিল? সেই বিষয়ে আমাক কিছু কওকচোন।
ৰঞ্জন বেজবৰুৱা: প্ৰকৃত প্ৰেৰণা আহে ভিতৰৰ পৰা। সকলো কলাই আচলতে ‘অন্তৰ্ধ্বনি’। অন্তৰৰ নিঃশব্দ হাহাকাৰ। এই হাহাকাৰেই হ’ল কলা-চৰ্চাৰ ঘাই প্ৰেৰণা‌। এদিন দেখিলোঁ, অসমীয়া গীতে সংস্কৃতৰূপ ল’বলৈ মোৰ ভিতৰত যেন উকমুকাইছে। সংস্কৃতীয়া প্ৰকাশ পাবলৈ সুৰবোৰে হাহাকাৰ কৰিছে। উদ্বাউল কৰি তুলিছে মোক। তাৰ পিছতে হয়তো মই অন্তৰত ধাৰণ কৰিম, জন...
কোনো এটা বিষয় বা বস্তুত লাগিবলৈ হ’লে মানুহে প্ৰথমে অন্তঃকৰণেৰে বস্তুটো ভাল পাব লাগিব। যিকোনো এটা গুৰুত্বপূৰ্ণ কাম কৰিবলৈ মানুহে নিজৰ ভিতৰৰ পৰা তাৰ বাবে এক স্বতঃস্ফূৰ্ত তাড়না অনুভৱ কৰিব‌ই লাগিব। সৰুৰে পৰা মই সংগীতৰ প্ৰতি তেনে এক তাড়নাকেই কঢ়িয়াই ফুৰিছিলোঁ।
কৈশোৰত মোক যেতিয়া আৰ্টস্কুলত নাম লগাই দিছিল, দেওবাৰবোৰ মোৰ বাবে হৈ পৰিছিল একো একোটা ‘দৈত্য’। ছবি আছিল বোজা। কাৰণ দেওবাৰে ছবিৰ ক্লাছ হৈছিল। মই ছবি চাই ভাল পাইছিলোঁ, আজিও পাওঁ, কিন্তু আঁকিবলৈ কাহানিও আগ্ৰহী নাছিলোঁ। সেয়েহে মনে মনে দেওবাৰ দিনটো নহাটোৱেই কামনা কৰিছিলোঁ। কিন্তু তেতিয়াই যদি মোৰ সংগীতৰ প্ৰতি থকা ব্যাকুলতাক ঘৰ...
৫) সাহিত্য ডট অৰ্গ: জন্মগত প্ৰতিভাৰ লগতে কৰ্মযোগী হোৱাটো সফলতা লাভৰ অন্যতম অপৰিহাৰ্য কাৰক। অভিজ্ঞতাই আপোনাক ভৰুণ কৰি তুলিছে। আপুনি আজি এই পৰ্যায়লৈ উপনীত হোৱাৰ আঁৰৰ কাহিনী জানিব খুজিছোঁ।
ৰঞ্জন বেজবৰুৱা: এই কথা ইতিমধ্যে কৈছোঁৱেই যে মই মূলতঃ এজন ভাল শ্ৰোতা বা ৰসিক। কিন্তু আগলৈ যেতিয়া নিজে সংস্কৃতলৈ অনুবাদ কৰা বা লিখা সংস্কৃত গীতৰ নিজেই গায়ক হ’বলৈ মন কৰিলোঁ, তেতিয়া ভাবিলোঁ যে নিজৰ ভিতৰত মাথোঁ এটা ফিৰিঙতি থাকিলেই নহ’ব, তাত ইন্ধন যোগাবও লাগিব। নিজৰ ভিতৰত থকা হেঁপাহটোক সাধনাৰ হবিৰে জ্বলাই তুলিব পাৰিব লাগিব।
‘জানো জানো জানো, বিফলে নাযায়, মোৰ গানো’- জ্যোতিপ্ৰসাদৰ এই বিখ্যাত গীতটো আছিল মই সংস্কৃত অনুবাদ কৰা প্ৰথমটো গীত। মোৰ গান যদি বিফলে যাব নালাগে, তেনেহ’লে মই মোৰ লক্ষ্যত উপনীত হ’বলৈ আপ্ৰাণ চেষ্টা কৰিব‌ই লাগিব। কলেজত শিক্ষকতা কৰি থাকোঁতেই এই গীতটো অনুবাদ কৰি শিক্ষক-সভা এখনত প্ৰথম গাইছিলোঁ আৰু এই গীত শুনি পিছত মোৰ শিক্ষাগুৰু...
২০০২ চনৰ কথা। মই ভূপেনদাক তেখেতৰ দুটিমান গীতৰ অনুবাদ গাই শুনাইছিলোঁ। তেখেতে মোৰ কামক প্ৰশংসা কৰিছিল আৰু কৈছিল, ‘ভাৰতত ইমানবোৰ সংস্কৃত পণ্ডিত আছে, কোনেও নাভাবিলে, ভাবিছা তুমি। কোনেও চিন্তা নকৰা কথা এটা অসমৰ ল’ৰা এজনে কৰি দেখুৱাইছা’- ভূপেনদাৰ এই কথাই মোক বৰ উৎসাহিত আৰু আৱেগিক কৰিছিল। ভূপেনদা আছিল মোৰ বাবে ‘সূৰ্য’। ‘জীৱনৰ...
তেখেতৰ গীতসমূহেই বেছিকৈ অনুবাদৰ বাবে লোৱা হৈছিল, অন্যান্য কালজয়ী গীতৰ উপৰি। এনে লাগে, অসমীয়া সংগীতৰ ভিতৰত ভূপেনদাৰ গীতেই হয় সংস্কৃতত অধিক সফল, অধিক সুন্দৰ। ভাব হয়, লক্ষ্মীনাথ-জ্যোতি-বিষ্ণু-পাৰ্বতিপ্ৰসাদৰ পিছতেই ভূপেন হাজৰিকাৰ গীতৰ মাজতেই ঘটিছে অসমীয়া গীতিসাহিত্যৰ সৰ্বোত্তম প্ৰকাশ। আৰু সেই গীতেই সংস্কৃতত হয় অনবদ্য। এইদৰ...
৬) সাহিত্য ডট অৰ্গ: আপুনি দিল্লী দূৰদৰ্শনৰ সংস্কৃত বিভাগৰ বিশেষ আমন্ত্ৰিত শিল্পী। সেইখন জগতত জড়িত হোৱাৰ বাবেই আপুনি পাছৰ কালত আপোনাৰ ব্যতিক্ৰমী কৰ্মধাৰাৰ প্ৰতি অধিক উৎসাহিত হৈছিল বুলি ভাৱিব পাৰোঁ নেকি?
ৰঞ্জন বেজবৰুৱা: কথাটো হয়। মই অসমীয়া গীতৰ ‘সংস্কৃত গায়ক’ বুলি ইতিমধ্যেই এক অদ্ভুত পৰিচয় লাভ কৰিছিলোঁ। কেতিয়াবা উপহাসো পাইছিলোঁ- ‘ভূপেন হাজৰিকাৰ সংস্কৃত version’ বুলি। এইবোৰ পৰিচয়েই মই ১৯৯৯ চনৰ পৰা ২০১৫ চনলৈকে প্ৰায় দেড় দশক কঢ়িয়াই লৈ ফুৰিছিলোঁ। হঠাতে ২০১৬ চন জুন মাহত মই এটা ডাঙৰ ‘ব্ৰেক’ পালোঁ দিল্লী দূৰদৰ্শনৰ পৰা। এটা সং...
৭) সাহিত্য ডট অৰ্গ: বৰ্তমান সময়ত সংস্কৃত ভাষাৰ চৰ্চা যথেষ্ট পৰিমাণে কমি যোৱা যেন বোধ হয়। এই সম্পৰ্কে আপোনাৰ মতামত জনাবনে? এনে এটা পৰিবেশত আপুনি আপোনাৰ কৰ্মৰাজি সম্পাদন কৰাৰ ক্ষেত্ৰত কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি? বিশ্বায়নৰ ধামখুমীয়াত বিভিন্ন ভাষা প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে আন ভাষাবোৰ জন...
ৰঞ্জন বেজবৰুৱা: সংস্কৃত ভাষা স্কুলীয়া পৰ্যায়ত বাধ্যতামূলক নহয় যদি চৰকাৰে সংস্কৃতৰ গুৰুত্ব বঢ়াব বুলি শেহতীয়াকৈ শুনিবলৈ পাইছোঁ। আচলতে সংস্কৃত পঢ়া আৰু সংস্কৃতৰ মোল বুজা মানুহৰ সংখ্যা অসমত বৰ কম। ইয়াৰ কাৰণ হ’ল মানুহে বা অভিভাৱকে ভাৱে যে, বিজ্ঞান পঢ়ি ডাক্তৰ বা ইঞ্জিনীয়াৰ হ’ব পাৰি বা ইংৰাজী-ভূগোল পঢ়ি প্ৰফেচৰ হ’ব পাৰি। ‘কিন্ত...
আমাৰ মানুহৰ ভুলটো এইখিনিতেই হয়। ভুল বুলি এইবাবেই কৈছোঁ অনেকে ভবাৰ দৰে সংস্কৃত কেৱল এটা ভাষা নহয়, ই আমাৰ মহান সাংস্কৃতিক ঐতিহ্য‌ও। ঐতিহ্যমূলক ভাষা এটাৰ পৰা কিমানখিনি দাবী কৰিব পাৰোঁ? অধ্যয়ন কৰিলে অৱশ্যে ইয়াৰ দ্বাৰাও ভাল চাকৰি পাব পাৰি। তাৰ বাবে সকলোৰে চেষ্টা লাগিব। সৰ্ৱভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাসমূহতো সংস্কৃত বিষয়টো...
৮) সাহিত্য ডট অৰ্গ: কিছুদিনৰ পৰা অসমীয়া সঙ্গীতৰ মান নিম্নগামী হোৱা যেন বহুতেই অনুভৱ কৰে। এই সন্দৰ্ভত আপোনাৰ মতামত জনাওকচোন?
আধুনিকতাৰ ধামখুমীয়াত অসমীয়া সঙ্গীতৰ ভৱিষ্যৎ সম্পৰ্কে সন্দিহান হয় নেকি আপুনি?
ৰঞ্জন বেজবৰুৱা: কথাটো হয়ো আৰু নহয়ো। আচলতে আমি বহুদিন বহু তৰল গীত শুনি থাকিলোঁ। সন্দেহ হয়, এইখন অসমতে এদিন মঞ্চত ভূপেনদা, জয়ন্ত হাজৰিকা, দীপালি বৰঠাকুৰে গীত গাইছিল নে? বৰ্তমানৰ গোলকীকৰণৰ যুগত মানুহে ‘হঠাৎ জনপ্ৰিয়তা’ক অধিক গুৰুত্ব দিবলৈ লৈছে। ইউটিউব আদিত গীত এটি আপলোড কৰি ৰাতিটোৰ ভিতৰতে অসংখ্য লাইক, কমেণ্ট, ভিউজ গোটাবলৈ ...
কথা হ’ল, ‘এন্ধাৰক অভিশাপ দি মৌন হৈ থকাৰ পৰিবৰ্তে নিজেই এগছি চাকি জ্বলোৱা ভাল’। ’সস্তীয়া’ বুলি গালি পাৰি থকাৰ পৰিৱৰ্তে সঠিক পথ দেখুৱাই দিয়াটোহে অধিক প্ৰয়োজন। আনন্দৰ কথা অতি সীমিত সংখ্যাত হ’লেও কিছু চিৰিয়াছ, গুণী শিল্পী ওলাইছে- সংগীতৰ ভাল উপকৰণ লৈ। সুস্থ পৰীক্ষা-নিৰীক্ষা চলিছে তাৰ মাজতেই। সামগ্ৰিকভাৱে সাম্প্ৰতিক অসমীয়া স...
৯) সাহিত্য ডট অৰ্গ: আজিকালি এচাম শিল্পীয়ে যে সক্ৰিয় ৰাজনীতিত যোগদান দিছে, শিল্পীসকলে ৰাজনীতিত যোগদান দিয়াটো কিমান যুক্তিসংগত হৈছে? আপোনাৰ এই বিষয়ত মতামত?
ৰঞ্জন বেজবৰুৱা: এই সন্দৰ্ভত মই একো ক’বলৈ নাযাওঁ। সেয়া সকলোৰে নিজা নিজা চিন্তা আৰু ৰুচিবোধৰ কথা। কিন্তু এটা কথা ঠিক, শিল্পীসকলক মানুহে অলপ বেলেগ দৃষ্টিৰে চায়। সমাজত আগস্থান দিয়ে আৰু আদৰ্শনীয় বুলি ভাবে। কোনো ৰাজনৈতিক দৰ্শনত শিল্পীয়ে বিশ্বাস ৰাখিব পাৰে হয়তো। কিন্তু মানুহৰ কাম কৰিবলৈ সকলোৱে মন্ত্ৰী-এম এল এ হ’ব‌ই লাগিব বুলি...
১০) সাহিত্য ডট অৰ্গ: আপুনি নতুন প্ৰজন্মৰ মাজত সমন্বয়ৰ সাঁকো হৈ কেনেদৰে দায়িত্ব পালন কৰিছে?
ৰঞ্জন বেজবৰুৱা: ‘সমন্বয়ৰ সাঁকো’ৰ দৰে ডাঙৰ শব্দ মই উচ্চাৰণ কৰিব নোখোজোঁ। আচলতে ‘সমন্বয়ৰ সাঁকো’ নহয়, ৰুচিবোধৰ সাঁকোহে। মই গঢ়িবলৈ চেষ্টা কৰিছোঁ- তোমালোকে যিবোৰ শুনিছা, তাৰ বাহিৰতো কিবা থাকিব পাৰে। তোমালোকে সেই গান শুনা, যিবোৰৰ পৰা তোমালোকৰ উচ্চাৰণ, প্ৰকাশভঙ্গী, চিন্তাশক্তি উন্নত হ’ব, জ্ঞান বৃদ্ধি হ’ব। এনেধৰণৰ কথাৰে ৰুচিবো...
১১) সাহিত্য ডট অৰ্গ: সমাজলৈ আপোনাৰ বৰঙনি অনস্বীকাৰ্য। সমাজখনক শৃংখলিত আৰু সুন্দৰ কৰি ৰাখিবৰ বাবে আপোনাৰ কিবা ভৱিষ্যত পৰিকল্পনা আছে নেকি?
ৰঞ্জন বেজবৰুৱা: মই আচলতে সমাজলৈ বৰঙনি আগবঢ়াব পৰাকৈ, শৃংখলিত কৰিব পৰাকৈ নিজকে ইমান ডাঙৰ ব্যক্তিত্ব বুলিও নাভাবোঁ। মই ৰবীন্দ্ৰনাথৰ ‘একলা চলো ৰে’ত বিশ্বাসী। কিবা যদি ভাল কৰিব খুজিছোঁ, মূলতঃ অকলেই কৰিছোঁ, অকলেই কৰি যাম। পাৰিলে নিজৰ মাজৰ সেই ‘মই’টোক নিৰন্তৰ ‘আমি’লৈ পৰিণত কৰি যাম। সকলোৰে সৈতে ধনাত্মক চিন্তাৰ দায়ত লগ হ’ম। সংস...
১২) সাহিত্য ডট অৰ্গ: সংগীত আপোনাৰ তেজত প্ৰৱাহিত। তাৰ বাদেও আপোনাৰ অন্য কিবা অভিৰুচিৰ বিষয়ে জনাব নেকি?
ৰঞ্জন বেজবৰুৱা: মই কিতাপ পঢ়িবলৈ ভালপাওঁ। বিশেষকৈ ভাল কবিতা আৰু মননশীল গল্প আৰু প্ৰবন্ধ- পঢ়ি ভালপাওঁ। তদুপৰি ভাল পিন্ধিবলৈ, খাবলৈ আৰু প্ৰকৃতিৰ মাজত ঘূৰি ফুৰিবলৈ ভালপাওঁ। লিখা-মেলাৰ কথাটো আছেই।
১৩) সাহিত্য ডট অৰ্গ: আপুনি কণ্ঠদান কৰা ছবিসমূহৰ লগতে আপুনি জন্ম দিয়া সংস্কৃত বেণ্ড ‘প্ৰাচ্যা’ৰ বিষয়ে কিছু ক’ব নেকি?
ৰঞ্জন বেজবৰুৱা: উত্তৰ-পূৱ ভাৰতৰ প্ৰথমটো সংস্কৃত বেণ্ড ‘প্ৰাচ্যা’ আমি ২০১৭ চনৰ জানুৱাৰী মাহত মুকলি কৰিছিলোঁ। গুৱাহাটীৰ বালাজী মন্দিৰৰ মঞ্চতে আৰম্ভ হোৱা বেণ্ডটোৱে কেইটামান উল্লেখযোগ্য মঞ্চ পৰিৱেশনাও সম্পন্ন কৰিছে। পিছে বিভিন্ন কাৰণত বেণ্ডটোক এতিয়াও পূৰ্ণৰূপ দিব পৰা নাই। ৰাইজক অধিক জনাব‌ও পৰা নাই। তাৰ বাবে বৰ্তমানেও যথেষ্...
মই কণ্ঠদান কৰা কথাছৱি:
‘মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ’ (গুৰু শংকৰদেৱ চৰিত্ৰৰ কণ্ঠ, ২০১২), ‘যুগদ্ৰষ্টা’ (সংস্কৃত শ্লোকাদি ৰচনা আৰু পৰিৱেশন, ২০১৫); ‘সৰ্বগুণাকৰ শ্ৰীমন্তশঙ্কৰদেৱ’ (এনিমেশ্যন ছবি, শংকৰদেৱৰ কণ্ঠ, শ্লোক-গীত, ২০১৬); ‘মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ’ (এনিমেছন ছবি, মাধৱদেৱৰ কণ্ঠ ২০২০)
১৪) সাহিত্য ডট অৰ্গ: ভাৰতৰ বৰেণ্য সাহিত্য-সঙ্গীত কাণ্ডাৰীসকলৰ শতাধিক জনপ্ৰিয় গীত সংস্কৃত ভাষালৈ অনুবাদ কৰি স্বকণ্ঠে পৰিৱেশন কৰাৰ যি ধাৰা আপুনি সৃষ্টি কৰিলে, সেয়া অসমীয়া সঙ্গীত জগতখনলৈ একক আৰু অনন্য অৱদান। সংস্কৃত সঙ্গীতৰ এই বিস্তাৰৰ এনে এক ব্যতিক্ৰম পৰিকল্পনা আপোনাৰ মনলৈ কেনেকৈ আহিল। সেই সন্দৰ্ভত অকণমান জনাব নেকি?
ৰঞ্জন বেজবৰুৱা: এই বিষয়ে ইতিমধ্যে কৈছোঁৱেই। ভাৰতীয় সুগম সংগীতক সংস্কৃতৰ মাধ্যমেৰে আৰু সংস্কৃতক সুগম সংগীতৰ মাধ্যমেৰে ৰাইজলৈ আগবঢ়াই দিয়াটোৱেই মোৰ উদ্দেশ্য। মোক অসীমে টানে। কেইবা হেজাৰ বছৰীয়া ভাৰতীয় সভ্যতাই টানে। উপনিষদৰ বাণী- ‘ন স্বল্পে সুখমস্তি, ভূমৈৱ সুখম্। সীমাত সুখ নাই, স্বল্পত আনন্দ নাই। ভূমাই সুখ। এই বিশালক আৰু বি...
১৫) সাহিত্য ডট অৰ্গ: জীৱন পৰিক্ৰমাৰ বহু পথ অতিক্ৰম কৰি সফলতাৰ চূড়ান্ত শিখৰত আৰোহণ কৰিছে বুলি ভাবেনে? আমি ভাবোঁ আপোনাৰ ভালেমান সপোনেই সাকাৰ হৈছে ইতিমধ্যে। বাস্তৱায়িত নোহোৱা সপোন আছে নেকি?
ৰঞ্জন বেজবৰুৱা: মুঠেই নাভাৱো। আচলতে কথাটো এনেকুৱা, আলেকজেণ্ডাৰে বিশ্ববিজয় কৰি যি আনন্দ লাভ কৰিছিল, শ্ৰেণীকোঠাত ক্লাছ-কেপ্তেইনজনেও সেই একেধৰণৰ আনন্দই লাভ কৰিব পাৰে। এইধৰণৰ কথাবোৰ প্ৰকৃততে আপেক্ষিক। কামখিনি কৰি যি মানসিক পৰিতৃপ্তি পাইছোঁ, সেইখিনি সুখ মই ধন দি কিনিব নোৱাৰোঁ। মোৰ বাবে সেই সুখেই মূল। সফলতাৰ উচ্চতম শিখৰত আৰো...
১৬)সাহিত্য ডট অৰ্গ: ‘সাহিত্য ডট অৰ্গ’ৰ পাঠকবৃন্দলৈ আপুনি কেনেধৰণৰ ‘বাৰ্তা’ প্ৰেৰণ কৰিবলৈ বিচাৰে?
ৰঞ্জন বেজবৰুৱা: নিজৰ ঐতিহ্যক সন্মান কৰিব লাগে। ঐতিহ্যৰ ভেঁটিতেই এজন গায়ক বা শিল্পীৰ ঠিয় দিব পাৰে। পাৰিলে সমাজৰ বেয়া ৰুচিৰ, বেয়া দস্তুৰৰ সংস্কাৰ সাধি নৱপ্ৰজন্মক আগুৱাই নিবলৈ চেষ্টা কৰিব লাগে। কেৱল গতানুগতিক পথেৰেই নহয়, গতানুগতিক পথেৰেও আগুৱাব লাগে। চলি থকা বেয়াবোৰ মানি ল’ব নালাগে। এয়াই মোৰ নতুন প্ৰজন্মৰ প্ৰতি আহ্বান। উঠ...
১৭) সাহিত্য ডট অৰ্গ: আপোনাৰ গৱেষণাসমৃদ্ধ কৰ্মৰাজিয়ে উত্তৰ-প্ৰজন্মক যথেষ্ট সহায় কৰিব বুলি আমাৰ বিশ্বাস আছে। আপুনি সফলতাৰ উচ্চতম শিখৰত আৰোহণ কৰক। ‘সাহিত্য ডট অৰ্গ’ তৰফৰ পৰা আমাৰ আন্তৰিক শুভেচ্ছা থাকিল।
ৰঞ্জন বেজবৰুৱা: অশেষ ধন্যবাদ। সকলোকে প্ৰণাম। সৰ্ৱেভ্যো নমো নমঃ।
← অসমীয়া ভৌতিকসংস্কৃতি –ড° মৃণাল জ্যোতি গোস্বামী ড° জোনমণি গগৈ
সম্পাদকীয় →
You May Also Like
সাক্ষাৎকাৰ: সমাজতত্ত্ববিদ ড০ বিকাশ ডেকাৰ সৈতে সাহিত্য ডট অৰ্গৰ প্ৰতিনিধি
July 17, 2020 1
নৃত্যাচাৰ্য যতীন গোস্বামীৰ সৈতে এটি সাক্ষাৎকাৰ
May 14, 2015 0
সাক্ষাৎকাৰ: অসমৰ ভিন্ন প্ৰজন্মৰ বিশিষ্ট নাট্যকৰ্মীৰ মনৰ ভাৱ