text stringlengths 0 188k |
|---|
শিহৰণকাৰী দৃশ্য! ১০০ ফুট ওপৰৰ বিদ্যুৎ লাইনত ওলমি ৰ’ল দুৰ্ঘটনাগ্ৰস্ত বিমান |
মৰ্মান্তিক! ডিঙিত চকলেট লাগি ধৰি মৃত্যু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰৰ; পৰিয়ালত শোকৰ ছাঁ |
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ড: কোন দায়ী? |
কিয় ক্ষমা বিচাৰিলে কিংবদন্তী গায়ক বব ডিলানে? |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
কিন্তু মনকৰিবলগীয়া যে পঞ্চায়ত প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতাত গুৰুত্ব দিয়া ৰাজ্যত শাসনত থকা বিজেপি দলেই এতিয়া দেশৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী বাচনিৰ ক্ষেত্ৰত শিক্ষাগত অৰ্হতাৰ দিশটো আওকাণ কৰিলে। সেই কথা স্পষ্ট হৈ পৰিল গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী কুইন ওজাৰ ক্ষেত্ৰত। |
বিজেপি চৰকাৰে প্ৰণয়ন কৰা আইন মতে কুইন ওজাই পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদৰ সদস্য পদৰ বাবেও অৱতীৰ্ণ হ’ব নোৱাৰে। কাৰণ জিলা পৰিষদৰ সদস্য পদৰ সাধাৰণ বৰ্গৰ প্ৰাৰ্থী ন্যূনতম উচ্চতৰ মাধ্যমিক বা সমপৰ্য্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব। তাৰ বিপৰীতে কুইন ওজা মেট্ৰিক পাছহে। |
ওজাৰ শিক্ষাগত অৰ্হতাক বিভিন্ন ধৰণৰ চৰ্চা চলি থকাৰ মাজতে এই লৈ মন্তব্য কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে। শনিবাৰে দিচপুৰৰ হোটেল ৰাইবিয়েৰিয়াত এখন সংবাদমেল সম্বোধন কৰি গগৈয়ে বিজেপিয়ে কুইন ওজাক কিয় দিল্লীলৈ পঠিয়াব বিচাৰে সেই বিষয়েও কয়। |
‘পঞ্চায়তত জিলা পৰিষদৰ প্ৰাৰ্থী হ’বলৈ হায়াৰ চেকেণ্ডাৰী পাছ হ’ব লাগে। সেই আইনখন সৰ্বানন্দ সোণোৱাল চৰকাৰেই কৰিছিল। এতিয়া তেওঁলোকৰ আইন মতেই জিলা পৰিষদৰ সদস্যৰ বাবেও উপযুক্ত নহয় কুইন ওজা। অৰ্থাৎ কুইন ওজাই দিল্লীলৈ গৈ গুৱাহাটীৰ হৈ মাত মাতিবলৈ নহয়, মোদী ডাঙৰীয়াই উঠ বুলি ক’লে উঠিব, বহ বুলি ক’লে বহিব, CAB ৰ বিৰুদ্ধে ক’ব নোৱাৰে,... |
একেদৰে তেওঁ কংগ্ৰেছৰ গুৱাহাটীৰ প্ৰাৰ্থী ববিতা শৰ্মাকে ধৰি দলটোৰ আটাইকেইগৰাকী প্ৰাৰ্থীয়েই শিক্ষা-দীক্ষাকে ধৰি সকলোপিনৰ পৰাই যোগ্য বুলি মন্তব্য কৰে। |
ইয়াৰ উপৰিও প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে এ আই য়ু ডি এফ প্ৰধান বদৰুদ্দিনৰ প্ৰসংগ আনি কয়, ‘তেওঁ মোৰ প্ৰধান শত্ৰু, মই তেওঁক হৰুৱাব বিচাৰোৱেই’। আজমলৰ দলৰ লগত কংগ্ৰেছে কোনো ধৰণৰ বুজাবুজি নকৰাৰ কথা পুনৰ দোহাৰি তৰুণ গগৈয়ে বদৰুদ্দিন আজমলৰ লগত বিজেপিৰহে সু-সম্পৰ্ক আছে বুলিও কয়। |
‘পাঁচবছৰত আজমলৰ আয় ৮০ শতাংশ বাঢ়ি গ’ল। বিজেপিৰে সম্পৰ্ক নাথাকিলে এয়া কেনেকৈ হ’ব পাৰে?’ তৰুণ গগৈয়ে কয়। |
একেখন সংবাদমেলতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰি দেশত এতিয়া একনায়কত্ববাদ চলিছে বুলি কয়। |
প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে কয়, ‘গণতন্ত্ৰত চৰকাৰ আহে আৰু যায়, কিন্তু একনায়কত্ববাদ অহা নাছিল। কিন্তু মোদীৰ শাসনত একনায়কত্ববাদ চলিছে। জৱাহৰলাল নেহৰু, আনকি ইন্দিৰা গান্ধী প্ৰধান মন্ত্ৰী থাকোতেও কংগ্ৰেছ চৰকাৰ বুলিয়েই কোৱা হৈছিল। এতিয়া মোদী চৰকাৰ বুলিহে কোৱা হয়। এই একনায়কত্ববাদৰ কথা প্ৰাক্তন মন্ত্ৰী যশৱন্ত সিনহাৰ মুখতো প্... |
ইপিনে, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংখ্যালঘু অধ্যুষিত অঞ্চলত নিৰ্বাচনী প্ৰচাৰ সভাত ‘মুছলমানে বিজেপিক ভোট নিদিলে আল্লাই ক্ষমা নকৰে’ বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি এয়া এক সম্প্ৰদায়ক ভীতিগ্ৰস্ত কৰাহে হোৱা বুলি মন্তব্য কৰে। |
কংগ্ৰেছে মুখ্য মন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰো কাষ চাপিব বুলি তেওঁ মন্তব্য কৰে। |
Tags: নিৰ্বাচন ২০১৯ |
Recent News |
চোৰৰ চুৰিকাণ্ডৰ অভিনৱ কৌশল! কোম্পানীৰ বিষয়াৰ ভাও লৈ লুটি নিলে মোবাইল টাৱাৰ |
শিহৰণকাৰী দৃশ্য! ১০০ ফুট ওপৰৰ বিদ্যুৎ লাইনত ওলমি ৰ’ল দুৰ্ঘটনাগ্ৰস্ত বিমান |
মৰ্মান্তিক! ডিঙিত চকলেট লাগি ধৰি মৃত্যু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰৰ; পৰিয়ালত শোকৰ ছাঁ |
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ড: কোন দায়ী? |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
ইতিমধ্যে ৰাষ্ট্ৰীয় দল কংগ্ৰেছে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰি উলিয়াইছে যদিও এইক্ষেত্ৰত কিছু ব্যতিক্ৰম যেন দেখা গৈছে বিজেপিক। নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰাৰ ক্ষেত্ৰত থমকি ৰৈছে বিজেপি। |
প্ৰথম পৰ্য্যায়ৰ ভোট গ্ৰহণলৈ মাজত মাথোঁ এসপ্তাহ তথা অহা ৯ এপ্ৰিলৰ দিনা ৰাজনৈতিক দলসমূহে নিজৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱাৰ অন্তিম দিন। তেনেক্ষেত্ৰত ‘নিজকে অধিক শক্তিশালী দল’ বুলি দাবী কৰা বিজেপিয়ে কিয় নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিব পৰা নাই সেয়া এক বহুমূলীয়া প্ৰশ্ন হৈ পৰিছে। |
ইপিনে, কোন ৰাজনৈতিক দলে কি ইচ্ছ্যু লৈ নিৰ্বাচনত অৱতীৰ্ণ হ’ব, সেয়া জানিবৰ বাবে সকলো ভোটাৰ ৰাইজে আশাৰে বাট চাই ৰয়। তেনেক্ষেত্ৰত বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিবলৈ বা জনসাধাৰণৰ কাষ চাপিবলৈ ইচ্ছ্যুৰ অভাৱ হৈছে নেকি? এই প্ৰশ্নও উত্থাপন হৈছে বৌদ্ধিক মহলত। |
উল্লেখযোগ্য যে, বিগত লোকসভা তথা বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপিয়ে বহুতো প্ৰতিশ্ৰুতি দিছিল যদিও শাসনৰ বাঘজৰী পোৱাৰ পাছত সেয়া যেন এক প্ৰকাৰে ফুটুকাৰ ফেনত পৰিণত হ’ল। |
২০১৪ চনৰ বিজেপিৰ প্ৰথম প্ৰতিশ্ৰুতি আছিল মূল্যবৃদ্ধি ৰোধ তথা মুদ্ৰাস্ফীতি ৰোধৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা। কিন্তু এই প্ৰতিশ্ৰুতি পূৰণত বিশেষ সফলতা লাভ নকৰিলে বিজেপিয়ে। অত্যাধিক হাৰত বৃদ্ধি পালে পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য। |
বিজেপিৰ দ্বিতীয় প্ৰতিশ্ৰুতি আছিল দুৰ্নীতি ৰোধ অৰ্থাৎ ভাৰতীয় সমাজ ব্যৱস্থাৰ পৰা দুৰ্নীতি পুলিয়ে পোখালিয়ে উভালি পেলোৱা। এই ক্ষেত্ৰতো যেন বিফল হ’ল ৰাজ্যিক তথা কেন্দ্ৰীয় বিজেপি চৰকাৰ। এপিএচছি কেলেংকাৰিৰ তদন্ত কিছু পৰিমাণে আগ বাঢ়িছিল যদিও হঠাৎ যেন থমকি ৰৈছে তদন্ত প্ৰক্ৰিয়া। তদুপৰি ৰাজ্য জোকাৰি যোৱা পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভ... |
বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰৰ তৃতীয় প্ৰতিশ্ৰুতি আছিল ‘কোটিয়ে কোটিয়ে বিদেশৰ পৰা ক’লা ধন ঘূৰাই অনা তথা সকলোৰে একাউন্টত ১৫ লাখ টকাকৈ জমা কৰোৱা।‘ কিন্তু ৫ বছৰীয়া শাসনকালত এই ক্ষেত্ৰত সফল হ’ল নে বিজেপি? ঘূৰি আহিল নে বিদেশৰ পৰা ক’লা ধন? |
ইপিনে, দৰিদ্ৰতা নিৰ্মূল কৰাৰ বাবে বহু আঁচনি হাতত লোৱাৰ কথা বিগত লোকসভা নিৰ্বাচনৰ পূৰ্বে ঘোষণা কৰিছিল বিজেপিয়ে। কিন্তু কিমান সংখ্যক আঁচনিৰ পৰা লাভাম্বিত হৈছে দেশৰ দৰিদ্ৰ ৰাইজ? লগতে বহু কৃষকে যোৱা ৫ বছৰত আত্মহত্যা কৰা বুলি বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে। দেশৰ ভিন্ন প্ৰান্তত বঞ্চিত কৃষকে নিজৰ প্ৰাপ্যৰ অধিকাৰ বিচাৰি প্ৰতিবা... |
অসমৰ প্ৰেক্ষাপটত ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰাটো লোকসভা নিৰ্বাচনৰ পাছত মূল ইচ্ছ্যু আছিল বিজেপিৰ। শাসনলৈ আহিলে ৬ মাহৰ ভিতৰত বিজেপিয়ে ৬ জনগোষ্ঠীক প্ৰদান কৰাৰ কথা আছিল জনজাতিকৰণৰ মৰ্য্যদা। বহুবাৰ ৰাজপথ উত্তাল কৰিলে তথা অৰ্ধ উলংগ প্ৰতিবাদ কৰিলে জনগোষ্ঠীয় সংগঠনসমূহে। ২০১৯ ৰ নিৰ্বাচনলৈ দুমাহ থকাৰ সময়তে জনজাতিকৰণৰ নামত চৰকাৰে মন্... |
তদুপৰি, নিবনুৱা সমস্যা সমাধানৰ বাবে বছৰি নতুন পদ সৃষ্টি কৰি বিভিন্ন বিভাগত ২ কোটি নিবনুৱা যুৱকক চাকৰি দিয়াটো অন্যতম প্ৰতিশ্ৰুতি আছিল বিজেপিৰ। প্ৰকৃততে দেশৰ পৰা নিৰ্মূল হৈছে নে নিবনুৱাৰ সমস্যা? |
আনহাতে, অসম চুক্তিৰ ৬ নং দফা কাৰ্য্যকৰী তথা অসম চুক্তিৰ সফল ৰূপায়ণো অন্তৰ্ভুক্ত হৈছিল বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত। কিন্তু প্ৰকৃততে হৈছে কি? নাগৰিকত্ব সংশোধনী বিধেয়কে অসম চুক্তিৰ ৬ নং দফাত আঘাত হানিব বুলি অসমবাসী ৰাইজে কৈ আহিছে যদিও বিধেয়ক গৃহীত কৰাত বদ্ধ পৰিকৰ বিজেপি। লগতে বিদেশী বহিস্কাৰো অন্যতম নিৰ্বাচনী ইচ্ছ্যু আছিল... |
তদুপৰি, বান-গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানকে ধৰি অন্য বহুকেইটা নিৰ্বাচনী ইচ্ছ্যুৰে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত ৰণডংকা বজাইছিল বিজেপিয়ে। কিন্তু পূৰ্বতে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাত পুনৰবাৰ সেই একেবোৰ প্ৰতিশ্ৰুতি দিবলৈ কুন্ঠাবোধ কৰিছে শাসকীয় দল বিজেপি। বিৰোধীৰ মত ‘সেয়েহে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰাৰ ক্ষেত্ৰত থমকি ... |
এই সম্পৰ্ক নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত বিৰোধী দলপতি দেবব্ৰত শইকীয়াই কয়, ‘বিজেপিৰ কোনো সৃজনশীলতা নাই। এইবাৰো তেওঁলোকে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰালৈ বাট চাই আছিল। চকীদাৰ, ধৰ্মীয় মেৰুকৰণ আৰু বিভাজনমূলক ৰাজনীতিয়ে বিজেপিৰ মূল এজেণ্ডা। এই এজেণ্ডাসমূহ ঢাকিবৰ বাবে বিজেপিয়ে চেষ্টা কৰি আছে, সেয়েহে তেওঁলোকে ইস্ত... |
তদুপৰি কৃষক নেতা অখিল গগৈয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰাটো বিজেপিৰ বাবে গুৰুত্বপূৰ্ণ নহয়। তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ জনসাধাৰণৰ মাজত টকা বিলাই দিয়া।মোৰ অনুমান হয় এটা এটা সমষ্টিত বিজেপিয়ে ৩০-৪০ কোটি টকা খৰচ কৰিছে।‘ |
আনহাতে, এই বিষয়ত উদ্বিগ্নতা প্ৰকাশ কৰি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসে নৰ্থ ইষ্ট নাওক কয়, ‘যোৱা ৫ বছৰে অসম তথা ভাৰতৰ জনসাধাৰণক প্ৰৱঞ্চনা কৰি অহা বিজেপি চৰকাৰৰ হাতত কোনো নতুন ইচ্ছ্যু নাই। নিৰ্বাচনী ইস্তাহাৰত বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথা উল্লেখ কৰি জনৰোষৰ বলি হোৱাৰ ভয়ত বিজেপিয়ে ইস্তাহাৰ প্ৰকাশ ... |
Tags: নিৰ্বাচন ২০১৯ |
Recent News |
চোৰৰ চুৰিকাণ্ডৰ অভিনৱ কৌশল! কোম্পানীৰ বিষয়াৰ ভাও লৈ লুটি নিলে মোবাইল টাৱাৰ |
শিহৰণকাৰী দৃশ্য! ১০০ ফুট ওপৰৰ বিদ্যুৎ লাইনত ওলমি ৰ’ল দুৰ্ঘটনাগ্ৰস্ত বিমান |
মৰ্মান্তিক! ডিঙিত চকলেট লাগি ধৰি মৃত্যু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰৰ; পৰিয়ালত শোকৰ ছাঁ |
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ড: কোন দায়ী? |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
দিল্লীৰ এই প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতাকলৈ দৰাচলতে কৌতুহল নহয়, দলৰ বাবে চিন্তাৰ কাৰণহে হোৱা দেখা গ’ল। কিন্তু কিয়? |
দেখাত কাকতালীয় সংযোগ হ’লেও দিল্লী বিধানসভা নিৰ্বাচনত এইবাৰ প্ৰাৰ্থী হৈছে ইমৰান খান। |
পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰাণ খান নহয়, দিল্লীৰে বাসিন্দা দুজন যুৱক। ৰাজধানীৰ দুখন আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা অৱতীৰ্ণ হৈছে দুই ইমৰান খান। |
ইমৰান খানক প্ৰাৰ্থিত্ব দিছে টিপু চুলতান পাৰ্টি নামৰ সৰু দল এটিয়ে। ইয়াৰে এজনক কাৰোল নগৰৰ পৰা আৰু আনজনক মুস্তাফাদৰ পৰা। |
কেবল সেয়াই নহয়, ৱাজিপুৰৰ সমষ্টিৰ পৰা চিপিএমৰ প্ৰাৰ্থী গৰাকী হৈছে নাথুৰাম। গান্ধীৰ হত্যাকাৰী নহয় এই নাথুৰাম। তেওঁ হৈছে দিল্লীৰ এগৰাকী চিপিএমৰ নেতাহে। |
নাম বিভ্ৰাটৰ এই পৰ্বক বাদ দিও আৰু মজাৰ ঘটনা ঘটিছে দিল্লী বিধানসভাৰ নিৰ্বাচনত। এইটোৱে আম আদমি পাৰ্টিকে সংকটত পেলাইছে। |
দিল্লীত এইবাৰ এটা নতুন ৰাজনৈতিক দল গঠন হৈছে ‘আপকি আপনি পাৰ্টি’ চমুকৈ ‘আপ’। |
আপকি আপনি পাৰ্টিয়ে নিৰ্বাচনত বহুকেইজন প্ৰাৰ্থীক টিকট দিছে। এই একেই নামৰ পাৰ্টিৰ ফলত কিছু সমস্যাৰ সন্মুখীন হয় কেজৰিৱালৰ দল। |
আনহাতে, দিল্লীৰ সদৰ বজাৰত আপৰ প্ৰাৰ্থী সোম দত্তৰ একে নামৰ আৰু দুগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। ঝাড়ুৰ বিপৰীতে তেওঁলোক দুজনে ক্ৰমে ব্ৰাছ আৰু আইচক্ৰীমৰ প্ৰতীকত অৱতীৰ্ণ হৈছে। |
দিল্লীত মুঠ ৭০খন আসনৰ বাবে মুঠতে ৬৭০ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। |
Recent News |
হিমাচলত ‘পৰম্পৰাগত’ নিৰ্বাচনী যুঁজ: ক্ষমতা পুনৰুদ্ধাৰৰ লক্ষ্যৰে বিজেপিৰ বিপক্ষে তুমুল ভোট যুঁজত কংগ্ৰেছ |
কাৰ হাতলৈ গুজৰাট! মচনদ দখলৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে বিজেপি, অসাৰ হোৱাৰ দিশে আপৰ চমক |
আৰম্ভ হৈছে বিজেপিৰ খেল! আপৰ নৱনিৰ্বাচিত কাউন্সিলাৰক ‘ক্ৰয়’ কৰাৰ চেষ্টা বিজেপিৰ! |
কৰ্তব্যৰত অৱস্থাতে চাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা চি.আই.এছ.এফ জোৱানৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
Home |
about |
contact |
404 |
Breaking News |
অসম |
গুৱাহাটী |
উত্তৰ-পূৰ্বাঞ্চল |
ব্যৱসায়-বাণিজ্য |
ৰাজনীতি |
মনোৰঞ্জন |
সাহিত্য |
Breaking |
Home Top Ad |
Responsive Ads Here |
Post Top Ad |
Responsive Ads Here |
Saturday, 22 May 2021 |
Home গুৱাহাটী পিতাইৰ কামিহাড়' ৰ অন্যতম প্ৰণেতা, অসম কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি কৰুণাকান্ত বৰ্মনৰ মৃত্যু |
পিতাইৰ কামিহাড়' ৰ অন্যতম প্ৰণেতা, অসম কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি কৰুণাকান্ত বৰ্মনৰ মৃত্যু |
W7S News May 22, 2021 গুৱাহাটী, |
' |
W7s, News ষ্টাফৰিপোৰ্টাৰ : |
পিতাইৰ কামিহাড়' ৰ অন্যতম প্ৰণেতা,অসম কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি, কাব্য প্ৰবৰ কৰুণাকান্ত বৰ্মনৰ শনিবাৰে পুৱা ১০-৪৫ বজাত মৃত্যু হয়। ক'ভিডত আক্ৰান্ত হৈ থকা কবি কৰুণাকান্ত বৰ্মনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। তেওঁ বিগত প্ৰায় ১০ দিন ধৰি ক'ভিডত আক্ৰান্ত হৈ আছিল। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলি বেলতলা সংযোগী ... |
কামৰূপ মহানগৰ জিলা কবি সন্মিলনৰ প্ৰাক্তন প্ৰতিষ্ঠাপক সভাপতি , কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক , অসম সাহিত্য সভাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য আছিল। লগতে ভেটপাৰা সাহিত্য সভাৰ সক্ৰিয় কর্মী আছিল। |
কাব্য- সাহিত্যজগতৰ সু-সংগঠক, অসম কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি, কামৰূপ জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক কৰুণাকান্ত বৰ্মনৰ মৃত্যুত সাহিত্য জগতত এক গভীৰ শোকৰ ছা পৰিছে। তেওঁৰ মৃত্যুত অসম কবি সন্মিলনে গভীৰ শোক প্রকাশ কৰিছে। অসম কবি সন্মিলনৰ প্ৰতিখন জিলা সমিতিয়ে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি বিদেহী আত্মাৰ চিৰশান্তি কাম... |
এক শোক বার্তাত |
কামৰূপ জিলা সাহিত্য সভাৰ সাংগঠনিক সহকাৰী সম্পাদক অংকুৰ ৰায়মেধিয়ে কয়' বিশিষ্ট কবি কৰুণাকান্ত বৰ্মনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ লগতে শোক সন্তপ্ত প্ৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। তেওঁৰ মৃত্যুত হাটীগাঁওৰ নবাৰুণ শাখা সাহিত্য সভাই গভীৰ শোক প্ৰকাশ কৰে। |
এক শোক-বাৰ্তাত ৰ "বহুবাক" (বহুভাষিক সাহিত্য মঞ্চ, অসম) ৰ প্ৰধান সম্পাদক দীপক শৰ্মাই কয়- আমি এজন কৰ্মদক্ষ সাহিত্যকৰ্মীক হেৰুৱাবলগীয়া হ'ল। সততে কাব্য-সাহিত্য জগতত নিৰলসভাৱে কাম কৰা মানুহ বিৰল। তাৰ পৰিবৰ্তে বৰ্মনে বৰ নিষ্ঠাৰে কাম কৰিছিল।" কবি-সাহিত্যিক কৰুণাকান্ত বৰ্মনৰ বিয়োগত বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপত... |
এক শোক বার্তাত |
অসম সাহিত্য সভাৰ মুখপাত্র |
ড০ সঞ্জীব কুমাৰ শৰ্মাই কয় ' |
কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক,অসমৰ প্ৰগতিশীল কবি সকলৰ অন্যতম কৰুণাকান্ত বৰ্মনৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছোঁ। "পিতাইৰ কামিহাড়" শীৰ্ষক কবিতা পুথিৰে জনপ্রিয় ,এগৰাকী সক্ৰিয় সাহিত্য সংগঠক কৰুণাকান্ত বৰ্মনৰ পুণ্য আত্মাৰ সদ্গতি কামনা কৰি নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ লগতে শোকসন্তপ্ত পৰিয়াল ব... |
Tags # গুৱাহাটী |
Share This |
About W7S News |
গুৱাহাটী |
By W7S News at May 22, 2021 |
Email ThisBlogThis!Share to TwitterShare to FacebookShare to Pinterest |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.