text
stringlengths
0
188k
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
এই অভিযানৰ নেতৃত্ব দিয়ে খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যাপক পদ্মশ্ৰী ডা৹ কুশল কোঁৱৰ শৰ্মাই৷
ডা৹ শৰ্মাৰ নেতৃত্বত কাজিৰঙাৰ পাণবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰ আৰু বিশ্ব প্ৰকৃতি নিধিৰ পশু চিকিৎসকৰ এটা দলে পুৱা ১১ মান বজাত চেতনা নাশক প্ৰয়োগ কৰি দুজনী গঁড় কৰায়ত্ত কৰে৷
ইয়াৰ লগে লগে ইণ্ডিয়ান ৰাইনো ভিচন ২০২০ আঁচনিৰ অধীনত মানাহলৈ ২০টা গঁড় প্ৰেৰণ কৰিবলৈ সক্ষম হ’ল বন বিভাগ৷
এই আঁচনিৰ অধীনত ২২টা গঁড় কৰায়ত্ত কৰাৰ অনুমতি প্ৰদান কৰিছিল কেন্দ্ৰীয় চৰকাৰে৷ আৰু ২টা গঁড় কৰায়ত্ত কৰিব পাৰিব বন বিভাগে৷
বাকী থকা দুটা গঁড় পবিতৰা বা কাজিৰঙাৰ পৰা কৰায়ত্ত কৰি লাওখোৱা বুঢ়াচাপৰিলৈ প্ৰেৰণ কৰা হ’ব বুলি সাংবাদিকক জনায় বন্যপ্ৰাণী শাখাৰ প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱে৷
কাজিৰঙাৰ বাগৰি বনাঞ্চলৰ অতিথিশালাত আয়োজিত সংবাদমেলত বিষয়াগৰাকীয়ে কয় যে অসম চৰকাৰৰ বনবিভাগে ২০২০ চনৰ ভিতৰত ব্ৰহ্মপুত্ৰ উপত্যকাত গঁড়ৰ জনসংখ্যা ৩০০০ কৰাৰ লক্ষ্যৰে ২০০৫ চনতেই আৰম্ভ কৰিছিল ইণ্ডিয়ান ৰাইন’ ভিচন ২০২০ নামৰ এক অভিলাষী আঁচনি৷
গঁড় থকা অঞ্চলৰ পৰা গঁড় নোহোৱা হৈ যোৱা বনাঞ্চলত পুনৰ গঁড় সংস্থাপিত কৰাৰ বাবে সিধান্ত লোৱা হয় এই আচঁনিৰ অধীনত৷
২০০৮ চনৰ পৰা ২০১২ চনলৈকে পবিতৰা অভয়াৰণ্যৰ পৰা ১০টা আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ৮টা গঁড় মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়া হৈছিল৷
মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ এই ১৮টা গঁড়ৰ জনসংখ্যা বৃদ্ধি হৈ সম্প্ৰতি ৪০ হৈছেগৈ বুলি জনায় বিষয়াগৰাকীয়ে৷
সংবাদ মেলত এম কে যাদৱৰ উপৰিও অভিযানৰ নেতৃত্ব লোৱা মুখ্য বন সংৰক্ষক উৎপল বৰা আৰু কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰো উপস্থিত থাকে৷
এই অভিযানত বিশ্ব প্ৰকৃতি নিধি, ইন্টাৰনেচনেল ৰাইন’ ফাউণ্ডেচন, আৰণ্যক, অসম চৰকাৰৰ বন বিভাগ আৰু বড়ো স্বায়ত্ত শাসিত পৰিষদে বিশেষ সহযোগিতা আগবঢ়ায়৷
সম্প্ৰতি কটকটীয়া নিৰাপত্তাৰে এদল অভিজ্ঞ পশু চিকিৎসকৰ সৈতে দুখন ট্ৰাকেৰে গঁড় দুজনীক মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ পঠোৱা হৈছে৷
দেওবাৰে পুৱা মানাহত গঁড় দুজনী মুকলি কৰি দি কিছুদিনলৈ পৰ্যৱেক্ষণত ৰখা হ’ব।
Recent News
কৰ্তব্যৰত অৱস্থাতে সহকৰ্মীৰ গুলীত নিহত দুই অৰ্ধসামৰিক বাহিনীৰ জোৱান
যাত্ৰাপথতে ইন্ধন শেষ হ’ল চিকিৎসালয় অভিমুখী এম্বুলেন্সত: শোকাৱহভাৱে মৃত্যুক সাবটিলে ৰোগীয়ে
হিন্দী আগ্ৰাসনৰ বিৰুদ্ধে চৰম প্ৰতিবাদ: তামিলনাডুত আত্মজাহ ৮৫ বছৰীয়া কৃষকৰ
শ্ৰদ্ধা ৱালকাৰ হত্যাকাণ্ডৰ অভিযুক্ত আফতাব আমিন পুনাৱালাক ১৩ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
দিল্লীৰ বেছিভাগ বাসিন্দাই এতিয়াই কোভিড-১৯ সম্পৰ্কীয় নিষেধাজ্ঞা উঠাই লোৱাৰ পক্ষপাতী নহয় বুলি এক সমীক্ষাত প্ৰকাশ পাইছে।
উপ ৰাজ্যপাল অনিল বাইজালে শুকুৰবাৰে (২১ জানুৱাৰী) সপ্তাহান্তৰ কাৰফিউ উঠাই লোৱা আৰু বজাৰ, দোকান খোলা, অড-ইভেন নিয়ম আঁতৰ কৰিবলৈ দিল্লী চৰকাৰে যি প্ৰস্তাৱ আগবঢ়াইছে সেয়া আজি নাকচ কৰে।
বাইজালে ব্যক্তিগত কাৰ্যালয়সমূহক ৫০ শতাংশ কৰ্মচাৰীৰ উপস্থিতিৰে কাম কৰিবলৈ অনুমতি দিছে।
দিল্লী চৰকাৰে দৈনিক কোভিড-১৯ ত সংক্ৰমিত লোকৰ সংখ্যা হ্ৰাস পোৱা বুলি অনুভৱ কৰি কোভিড সম্পৰ্কীয় বহু নিয়ম প্ৰত্যাহাৰ কৰাৰ সপক্ষে মত দিছিল।
দিল্লী চৰকাৰৰ এনে প্ৰস্তাৱক চহৰ খনৰ প্ৰায় ৬৩ শতাংশ বাসিন্দাই সমৰ্থন জনোৱা নাই।
চহৰ খনৰ মাত্ৰ ৫ শতাংশ বাসিন্দাইহে কোভিড সম্পৰ্কীয় নিষেধাজ্ঞা প্ৰত্যাহাৰৰ সপক্ষে মত দিছে।
দিল্লীত বৃহস্পতিবাৰে ১২,৩০৬ গৰাকী লোক কোভিডত নতুন কৈ আক্ৰান্ত হৈছে। এদিনতে চহৰ খনত কোভিডত মৃত্যু ঘটিছে ৪৩ জনকৈ লোকৰ।
এতিয়াও দিল্লীত ২,৫৩৯ জন কোভিড ৰোগী চিকিৎসালয়ত আছে আৰু তেওঁলোকৰ ১৫২ জন ভেণ্টিলেটৰত আছে।
Recent News
বিশ্বকাপত অংশগ্ৰহণ কৰা দেশৰ ফুটবলাৰসকলৰ পৰিয়ালক ভাবুকি দিছে ইৰানে!
চীনে ইন্ধন সুৰক্ষাৰ ক্ষেত্ৰত ৰাছিয়াৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তুলিব: জি জিনপিং
চাৰ্ভাইকেল স্পণ্ডাইল’ছিছ কি জানো আহক
বিমানৰ ইঞ্জিনত প্ৰথম হাইড্ৰ’জেন ইন্ধন; সফল পৰীক্ষাৰ দাবী ৰোলছ ৰয়েছৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
পুৱা পতাকা উত্তোলন, বৃক্ষ ৰোপণ, বন্তি প্ৰজ্বলন আৰু সাংস্কৃতিক কাৰ্যসূচীৰে আৰম্ভ হোৱা এই যোগদান অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা নেকিবুৰ জামান, খোৱাং মহাবিদ্যালয়ৰ অধ্যাপিকা ড০ চাজমিনা আখতাৰ, বিশিষ্ট লেখক জিতেন্দ্ৰ নাথ শৰ্ম্মা, জ্যেষ্ঠ সাংবাদিক গিৰিন্দ্ৰ শইকীয়া, ঐক্য সেনা অসমৰ কেন্দ্ৰীয় সভা...
সঞ্জীৱ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা যোগদান সমাৰোহত নেকিবুৰ জামানে কয় যে, ঐক্য সেনা অসম নামৰ সংগঠনটো অসমৰ জাতীয় জীৱনৰ লগত আৰু জাতীয় সমস্যাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থাকিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। অসমৰ বহু সংগঠনৰ দৰে কোনো ৰাজনৈতিক প্ৰভাৱ যাতে এই সংগঠনত নপৰে তাৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ অনুৰোধ জনায় নেতৃত্ববৃন্দক। তেওঁ কয় অসমী...
অসমৰ সকলো জাতি জনগোষ্ঠীৰ সমবিকাশৰ পৰিবেশ গঠন কৰা, অসমৰ বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে চৰকাৰে ঘোষনা কৰা, নিবনুৱা সমস্যা সমাধানৰ বাবে চৰকাৰক সৈমান কৰোৱা, উচ্চতৰ মাধ্যমিকলৈ শিক্ষা ব্যৱস্থা বিনামূলীয়া কৰাৰ দাবী জনোৱা, চাহ মজদুৰ সকলৰ মজুৰি বৃদ্ধিৰ দাবী, সংখ্যালঘুৰ উন্নয়নৰ বাবে ৱাৰ্কাফ বৰ্ডৰ সম্পতি বেদখল ম...
অসমত বহু পূৰ্বে এই সংগঠনটোৰ জন্ম হৈছে যদিও শিৱসাগৰত ইয়াৰ প্ৰভাৱ নাছিল। কিন্তু আজি ফৰিদ ইছলাম হাজৰীকাৰ নেতৃত্বত ৮ সহস্ৰাধিক যুৱক যুৱতীয়ে যোগদান কৰাত উজনি অসমত সংগঠনটোৱে এক গতি লাভ কৰিলে আৰু এক শক্তিশালী সংগঠন হিচাপে অসমত অতি সোনকালে প্ৰতিষ্ঠা লাভ কৰিব পাৰিব বুলি মন্তব্য কৰে সভাত উপস্থিত সকলে।
উল্লেখযোগ্য যে কিছুদিন পূৰ্বে ফৰিদ ইছলাম হাজৰীকাৰ নেতৃত্বত সমগ্ৰ শিৱসাগৰ জিলাৰ কেইবা সহস্ৰাধিক নেতা কৰ্মীয়ে আমছুৰ পৰা পদত্যাগ কৰিছিল। শিৱসাগৰত প্ৰথম অৱস্থাত প্ৰভাৱ নথকা আমছুৱে ফৰিদ ইছলাম হাজৰীকাৰ সবল নেতৃত্বত কম সময়তে এক শক্তিশালী সংগঠন হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু কেন্দ্ৰীয় নেতৃত্বৰ পদবীক লৈ আৰম্ভ হ...
Recent News
বিশ্বকাপত অংশগ্ৰহণ কৰা দেশৰ ফুটবলাৰসকলৰ পৰিয়ালক ভাবুকি দিছে ইৰানে!
চীনে ইন্ধন সুৰক্ষাৰ ক্ষেত্ৰত ৰাছিয়াৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তুলিব: জি জিনপিং
চাৰ্ভাইকেল স্পণ্ডাইল’ছিছ কি জানো আহক
বিমানৰ ইঞ্জিনত প্ৰথম হাইড্ৰ’জেন ইন্ধন; সফল পৰীক্ষাৰ দাবী ৰোলছ ৰয়েছৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
অনুষ্ঠানৰ আৰম্ভণিত ঐতিহাসিক তলাতল ঘৰৰ পৰা প্ৰতীকি স্বৰ্গদেউক হাতীত উঠাই এক বৃহৎ সাংস্কৃতিক শোভাযাত্ৰাৰে ৰংঘৰৰ বাকৰিলৈ অনা হয়। সমাজকৰ্মী গংগাপ্ৰসাদ বুঢ়াগোহাঁইয়ে এই সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্ধোধন কৰে।
ইয়াৰ পিছতে ৰংঘৰত প্ৰতীকি স্বৰ্গদেউক আসনত বহুৱাৰ লগে লগে ৰঙালী বিহু সন্মিলনীৰ বাৰেৰহনীয়া সাংস্কৃতিক কাৰ্যসূচীৰ আৰম্ভ হয়। বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানৰ উদ্ধোধন কৰে অসমৰ প্ৰখ্যাত বোলছবি অভিনেতা প্ৰাঞ্জল শইকীয়াই।
সাংস্কৃতিক অনুষ্ঠানত হুঁচৰি পৰিৱেশন কৰাৰ লগতে অসমৰ তাই আহোম, মিচিং, মেছ কছাৰী আদি বিভিন্ন জাতি জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শনে ৰংঘৰৰ বাকৰি জীপাল কৰি তোলে।
ইয়াৰোপৰি জনপ্ৰিয় শিল্পী মানস ৰবিন, দেৱজিত বড়া, জোন জোনাকে গীত পৰিৱেশন কৰাৰ লগতে প্ৰাঞ্জল শইকীয়া, অমৃতা গগৈ, সুনীতা কৌশিকৰ লগতে আন বহু শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰে।
আজি অনুষ্ঠিত এই মুকলি বিহু উপভোগ কৰিবলৈ লোকেলোকাৰণ্য হৈ পৰে ৰংঘৰ বাকৰি। অসমৰ লগতে দেশ-বিদেশৰ পৰা অহা বহু পৰ্যটকেও উপভোগ কৰে অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু।
Recent News
বিশ্বকাপত অংশগ্ৰহণ কৰা দেশৰ ফুটবলাৰসকলৰ পৰিয়ালক ভাবুকি দিছে ইৰানে!
চীনে ইন্ধন সুৰক্ষাৰ ক্ষেত্ৰত ৰাছিয়াৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তুলিব: জি জিনপিং
চাৰ্ভাইকেল স্পণ্ডাইল’ছিছ কি জানো আহক
বিমানৰ ইঞ্জিনত প্ৰথম হাইড্ৰ’জেন ইন্ধন; সফল পৰীক্ষাৰ দাবী ৰোলছ ৰয়েছৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
আছুৰ অভিযোগ, এন আৰ চিৰ খচৰাত সোমাই থকা সন্দেহযুক্ত নাগৰিকৰ নাম কৰ্তনৰ বাবে চৰকাৰে নিজে একো নকৰি ৰাইজলৈ দায়িত্ব ঠেলি দি হাত সাৱটি বহি আছে। লগতে মুখ্য মন্ত্ৰীজনে কিছুমান প্ৰৰোচনামূলক মন্তব্য কৰি আহিছে।
গুৱাহাটীৰ চহিদ ন্যাসত আজি এখন সংবাদমেলত আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই দুৰ্বল ভূমিকাৰ বাবে চৰকাৰ আৰু মুখ্য মন্ত্ৰী সোণোৱালক কঠোৰ সমালোচনা কৰে।
“মুখ্য মন্ত্ৰীয়ে নিজে একো দায়িত্ব পালন নকৰি আনৰ গাত দোষ জাপি দিব বিচাৰিছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ আধাৰত মুখ্য মন্ত্ৰী আৰু অসম চৰকাৰে সন্দেহযুক্ত বিদেশীৰ নাম কৰ্তন বাতিল কৰিবলৈ নিজৰ ফালৰ পৰা ক্ষমতা প্ৰয়োগ কৰিব পাৰে। কিন্তু তাকে নকৰি মুখ্য মন্ত্ৰীগৰাকীয়ে কিছুমান প্ৰৰোচনামূলক মন্তব্য কৰি আহিছে।” সমুজ্জ্বলে কয়।
উল্লেখ্য যে যোৱা কেইদিনমানত মুখ্য মন্ত্ৰীয় সৰ্বনন্দ সোণোৱালে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ সভাবোৰত এন আৰ চিত সোমাই থকা বিদেশী নাগৰিকৰ বিৰুদ্ধে আপত্তি দাখিল কৰিবলৈ ৰাইজক আহ্বান জনাই আহিছে। ইয়াক এক প্ৰকাৰৰ প্ৰৰোচনামূলক বুলি অভিহিত কৰে আছুৱে।
আনহাতে আছুৱে কয়, “মুখ্য মন্ত্ৰী আৰু অসম চৰকাৰে কৰিব লগীয়া কামৰ দায়িত্বৰ পৰা হাত সাৰিবলৈ আনৰ ওপৰত এই দায়িত্ব ঠেলি দিব বিচাৰিছে।”
আছুৰ মতে, শুদ্ধ নাগৰিকপঞ্জী প্ৰস্তুত কৰাৰ দায়িত্ব চৰকাৰৰ আৰু এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ।
“মুখ্য মন্ত্ৰীগৰাকীয়ে নিজৰ দায়িত্ব পালন নকৰাৰ বাবে তেওঁক সময় আৰু জাতিয়ে ক্ষমা নকৰিব।” আছুৰ নেতৃত্বই কয়।
উল্লেখযোগ্য যে মুখ্য মন্ত্ৰীয়ে এখন নিৰ্বাচনী সভাত কৈছিল, “এন আৰ চিত বিদেশীৰ নাম থাকি গ’লে পাছত হায়ৈ বিয়ৈ কৰি লাভ নাই।”
কিন্তু মুখ্য মন্ত্ৰীৰ এই মন্তব্যত সমুজ্জ্বল ভট্টাচাৰ্যই কয়, “মুখ্য মন্ত্ৰীয়ে উচ্চতম ন্যায়ালয়ে দিয়া নিজৰ দায়িত্বখিনিয়ে পালন নকৰিলে।”
আছুৱে আজি সংবাদমেলত স্পষ্ট কৰি দিয়ে যে এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটো উচ্চতম ন্যায়ালয়ে তদাৰক কৰিলেও ন্যায়ালয়ে বান্ধি দিয়া আইনৰ আধাৰত প্ৰশাসন যন্ত্ৰটো মুখ্য মন্ত্ৰী আৰু অসম চৰকাৰৰ নিৰ্দেশত চলিব লাগে। মুখ্য মন্ত্ৰী আৰু চৰকাৰে আগ্ৰহ দেখুৱালে এখন শুদ্ধ নাগৰিকপঞ্জী পোৱাত সহায়ক হ’ব।
ছাত্ৰ সন্থাৰ নেতৃত্বই ইয়াকো কয় যে অসম চুক্তি ৰূপায়ণৰ বাবে নাগৰিকত্ব আইনত বিশেষ ধাৰা অন্তৰ্ভুক্ত আছে। এই ধাৰা প্ৰয়োগ কৰি অসম চৰকাৰৰ বিষয়াসকলে সন্দেহযুক্ত নাগৰিকৰ নাম চূড়ান্ত খচৰাৰ পৰা বাদ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।
এন আৰ চিখন পূৰ্ণ ৰূপত প্ৰকাশ পোৱাৰ আগলৈ আইনৰ আধাৰত বিষয়াসকলে নিজাববীয়াকৈ অনুসন্ধান চলাব পাৰে। চূড়ান্ত খচৰাত থকা কোনো লোককো বিষয়াসকলে সন্দেহবশতঃ শুনানিৰ বাবে মাতিব পাৰে আৰু তথ্য-পাতি পুনৰ বিচাৰ কৰি চাব পাৰে। কিন্তু সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে তেনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।
ইয়াৰ উপৰি উচ্চতম ন্যায়ালয়ে দাবী আৰু আপত্তিৰ প্ৰক্ৰিয়া চলি থকা সময়তে ৰাজ্য চৰকাৰক নাগৰিকপঞ্জীৰ বাবে আবেদন কৰা সকলো আবেদনকাৰীক বায়’মেট্ৰিক তথ্য-পাতি সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু অসম চৰকাৰে এই পৰ্যন্ত এই দিশটোত এতিয়ালৈ কোনো ৱ্যৱস্থা লোৱা নাই।
ছাত্ৰ সন্থাৰ নেতৃত্বই উপৰোক্ত উদাহৰণসমূহেৰে অসম চৰকাৰৰ লগতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক কঠোৰ ভাষাৰে সমোলাচনা কৰি ‘আনৰ গাত দোষ জাপি দিয়াতকৈ নিজৰ দায়িত্ব পালন কৰিলে ৰাজ্যখনৰ ভৱিষ্যত সুৰক্ষিত হ’ব’ বুলি মন্তব্য কৰে।
লগতে অবৈধ বাংলাদেশীৰ নামমুক্ত এন আৰ চি প্ৰকাশ নোহোৱা পৰ্যন্ত ‘হায়ৈ-বিয়ৈ কৰিয়েই থাকিম’ বুলিও আছু নেতৃত্বই প্ৰকাশ কৰে।
Recent News
ভাৰত মহাসাগৰত দখল শক্তিশালী কৰাৰ চেষ্টা; ভাৰতৰ অনুপস্থিতিত ১৯ খন দেশৰ সৈতে বৈঠক চীনৰ
মোদীৰ “পৰম মিত্ৰ” হোৱাৰ বাবেই আম্বানীৰ ৰিলায়েন্সে নিৰ্মাণ কৰিব পাৰে নেকি Private Zoo?
কিয় খং উঠিছে ছাকিৰাৰ? আইনী প্ৰক্ৰিয়াৰে যুঁজ দিবলৈ সাজু পপ ছুপাৰষ্টাৰগৰাকী!
কাপোৰ নিপিন্ধিলেও মহিলাসকলক ভাল লাগে! সস্তীয়া মন্তব্য কৰি শলঠেকত বাবা ৰামদেৱ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
প্ৰাপ্ত তথ্য মতে, চৰ্ট চাৰ্কিতৰ ফলতে আজি পুৱা দিনৰ ১০:৫৫ বজাত উক্ত অগ্নিকাণ্ডটো সংঘটিত হয় বুলি সন্দেহ কৰা হৈছে।
আনহাতে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনা সংঘটিত হোৱাৰ বহু সময়ৰ পিছতহে ঘটনাস্থলীত উপস্থিত হয়হি বুলি স্থানীয় ৰাইজে অভিযোগ কৰে। উল্লেখযোগ্য ঘটনাস্থলীৰ পৰা মাত্ৰ ২ কি.মি দুৰত থকাৰ পিছতো অগ্নিনিৰ্বাপক গাড়ী ইমান পলমকৈ অহাত অঞ্চলটোৰ লোকসকল ক্ষুভিত হৈ পৰে।
অৱশ্যে পিছত হোজাই শংকৰদেৱ নগৰ আৰু নিলবাগানৰ পৰা অহা ৫খন অগ্নিনিৰ্বাপক গাড়ী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।
Recent News
“ইয়াত ইতিহাসৰ পুন: বিচাৰ কৰা নহয়”: তাজমহলৰ ঐতিহাসিক তথ্য পুনৰ বিচাৰৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ
লখিমপুৰ খেৰী হত্যাকাণ্ডৰ গোচৰত আশীষ মিশ্ৰৰ ডিচচাৰ্জ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ
ভাৰত জোড়ো যাত্ৰাক উদ্দেশ্যি বিজেপি সমৰ্থকৰ ‘মোদী, মোদী’ ধ্বনি: ‘ফ্লাইং কিছ’-এৰে সঁহাৰি ৰাহুল গান্ধীৰ
ছিংগাপুৰত সফলতাৰে সম্পন্ন লালু প্ৰসাদ যাদৱৰ বৃক্ক সংৰোপণৰ অস্ত্ৰোপচাৰ: জনালে পুত্ৰ তেজস্বীয়ে
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
নাৰী দিৱস উপলক্ষে মঙলবাৰে দক্ষিণ-পূব ৰে’লৱেৰ চক্ৰধৰপুৰ (চিকেপি) বিভাগৰ এখন এক্সপ্ৰেছ ৰে’ল কেৱল মহিলা কৰ্মচাৰী সকলে পৰিচালনা কৰে।
দানাপুৰৰ পৰা দূৰ্গলৈ যোৱা ১৩২৮৮ দক্ষিণ বিহাৰ এক্সপ্ৰেছখন মঙলবাৰে মহিলা দিৱস উপলক্ষে চক্ৰধৰপুৰৰ পৰা ৰাউৰকেলা ষ্টেচনৰ মাজত মহিলা বিশেষ ৰে’ল হিচাপে পৰিচালনা কৰা হয়।
ৰে’লখন পৰিচালনা কৰা লোকো পাইলট, গাৰ্ড, টিটিই, নিৰাপত্তাকৰ্মীকে ধৰি সকলো কৰ্মচাৰীৰ ৰূপত কেৱল মহিলা কৰ্মচাৰী নিয়োগ কৰি নাৰী দিৱস উদযাপন কৰে বিভাগটোৱে।
বিভাগীয় ৰে’ল ব্যৱস্থাপক বিজয় কুমাৰ চাহুৱে চক্ৰধৰপুৰত মহিলা বিশেষ ৰে’লখন ফ্লেগ অফ কৰে। তেওঁৰ সৈতে উপস্থিত থাকে দক্ষিণ-পূব ৰে’লৱেৰ মহিলা কল্যাণ সংস্থাৰ অধ্যক্ষ অঞ্জুলা চাহু।
দক্ষিণ-পূব ৰে’লৱেই অৱশ্যে পূৰ্বেও নাৰী দিৱসৰ দিনটো এনেদৰেই পালন কৰি আহিছে যদিও প্ৰথম বাৰৰ বাবে এইবাৰ মহিলা চালকক যে এক্সপ্ৰেছ ৰে’ল চলাবলৈ দায়িত্ব দিয়া হৈছিল।
তদুপৰি ষ্টেচনৰ লগতে ৰে’লখনৰ সুৰক্ষাৰ দায়িত্বত থকা ৰে’ল সুৰক্ষা বাহিনীৰ (আৰপিএফ) ক্ষেত্ৰতো কেৱল মহিলা বিষয়াসকলকেই দায়িত্ব অৰ্পণ কৰে দক্ষিণ-পূব ৰে’লৱেই।
Recent News
ধৰ্মৰ ওপৰত কপিৰাইট আছে বিজেপিৰ! মন্তব্য বিজেপি নেতা ৰাজ্যবৰ্ধন ৰাথোড়ৰ
আমেৰিকাৰ জনপ্ৰিয় গায়িকা, অভিনেত্ৰী লেডী গাগাৰ কুকুৰ চুৰিত অভিযুক্তক ২১ বছৰৰ কাৰাদণ্ড
সোণাৰীত থানাৰ ভিতৰতে আৰক্ষী কনিষ্টবলৰ গুলীত নিহত সতীৰ্থ কনিষ্টবল
কাক ভোট দিলে নৰেন্দ্ৰ মোডীৰ পত্নী যশোদাবেনে?
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
ৰাষ্ট্ৰসংঘত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দাবী যে ৰাছিয়াৰ কূটনীতিকসকলৰ চোৰাংচোৱামূলক কামকাজ তথা গুপ্তচৰবৃত্তি তেওঁলোকৰ দেশৰ বাবে এক ভাবুকিস্বৰূপ।
যুক্তৰাষ্ট্ৰ মিছনৰ মুখপাত্ৰ অলিভিয়া ডেল্টনে কয় যে কেইবামাহো ধৰি ৰাছিয়াৰ কূটনীতিকসকলৰ চোৰাংচোৱা তথা গুপ্তচৰবৃত্তিৰ কামকাজ চলিছে।