text
stringlengths
0
188k
মেঘালয়ৰ মুঠ মাটিকালিৰ প্ৰায় ১০% অঞ্চল কৃষিৰ বাবে ব্যৱহাৰ কৰা হয়। কৃষি কাৰ্য্যত কোনো ধৰণৰ আধুনিক পদ্ধতি ব্যৱহাৰ কৰা নহয়। বহু ঠাইত ঝুম খেতি কৰা হয়। সেয়ে বহুতো খেতিয়কৰ অৰ্থনৈতিক অৱস্থা ভাল নহয়।
খাদ্য শস্যই হৈছে মেঘালয়ৰ মূল খাদ্য শস্য। মেঘালয়ৰ মুঠ খেতিমাটিৰ প্ৰায় ৬০% অঞ্চলত (প্ৰায় ১৩৩০ বৰ্গ কিঃমিঃ) এইবিলাক শস্যৰ খেতি কৰা হয়। এইবিলাক শস্যৰ ভিতৰত ধানেই প্ৰধান। আন আন শস্যবিলাক হৈছে: গোমধান, ঘেঁহু আৰু মাহজাতীয় শস্য।
প্ৰায় ১০০ বৰ্গ কিঃমিঃ অঞ্চলত তেলৰ বীজ যেনে সৰিয়হ, তিচিৰ বীজ (linseed), soybean, castor আৰু sesameৰ খেতি কৰা হয়। গাৰো হিলছত প্ৰধানকৈ কপাহ, মৰাপাট আৰু Mesta খেতি কৰা হয়।
মেঘালয়ৰ জলবায়ুত বিভিন্ন ধৰণৰ ফল-মূল, মচলা, ফুল, ঔষধিয় গছ, পাচলি আৰু কাঠফুলা খেতি কৰা হয়। মেঘালয়ত উৎপাদিত হোৱা কেইবিধমান উল্লেখযোগ্য ফল-মূল হৈছে: চাইট্ৰাছ জাতীয় ফল, মাটিকঁঠাল, অমিতা, কল ইত্যাদি। ইয়াত উৎকৃষ্ট মানৰ mandarin orange উৎপাদন হয়। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ পাচলি যেনে: ফুলকবি, বন্ধাকবি আৰু মূলা উৎপাদন কৰা...
ৰাজ্যখনৰ প্ৰায় সকলো ঠাইতে তামোলৰ গছ দেখা পোৱা যায়, বিশেষকৈ গুৱাহাটীৰ পৰা শ্বিলঙলৈ অহাৰ পথত। সাম্প্ৰতিক কালত চাহ, কফি আৰু কাজু বাদাম (Cashew)ৰ খেতিও ইয়াত আৰম্ভ কৰা হৈছে। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ মচলা, ফুল, ঔষধিয় গছ আৰু কাঠফুলা মেঘালয়ত উৎপাদন কৰা হয়।
পৰিবহণ[সম্পাদনা কৰক]
বিমান পথ[সম্পাদনা কৰক]
শ্বিলঙৰ পৰা প্ৰায় ৪০ কিঃমিঃ দূৰত উমৰৈ বিমানবন্দৰ অৱস্থিত। ইয়ালৈ কলকাতা আৰু প্ৰতিৱেশী ৰাজ্য ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাৰ পৰা নিয়মিতভাৱে বিমান চলাচল কৰে।
ৰেলপথ[সম্পাদনা কৰক]
মেন্দিপথাৰত মেঘালয়ৰ একমাত্ৰ ৰেলষ্টেচন অৱস্থিত। পূৰ্বতে Cherra Companyganj State Railways নামৰ mountain railway মেঘালয়ত আছিল[7]।
পথ[সম্পাদনা কৰক]
ৰাজ্যখনৰ পৰিবহণৰ একমাত্ৰ মাধ্যম হৈছে পথ। ৰাজধানী শ্বিলংলৈ পৰিবহণৰ সু-ব্যৱস্থা আছে যদিও অন্যান্য অঞ্চললৈ পৰিবহণ ব্যৱস্থা ভাল নহয়। অধিকাংশ ৰাস্তাই পকী নহয়। সাধাৰণতে অসমৰ গুৱাহাটী হৈ মেঘালয়ত প্ৰৱেশ কৰা হয়। গুৱাহাটীৰ পৰা শ্বিলঙলৈ দূৰত্ব প্ৰায় ১০৩ কিঃমিঃ। ৰাজ্যখনত বহুতো পুৰণি কাঠৰ দলং আছে।
শিক্ষা[সম্পাদনা কৰক]
আই আই এম শ্বিলং
উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ কাৰ্য্যক্ৰম অনুসৰি, মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে ভাৰতৰ সপ্তমখন Indian Institute of Management শ্বিলঙত স্থাপন কৰে। এই প্ৰতিষ্ঠানটো পিছত ৰাজীৱ গান্ধী ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট নামেৰে নামাংকন কৰা হয়। ২০০৮ চনৰ পৰা ইয়াত পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে। কিছুদিনৰ পূৰ্বে শ্বিলঙত নেচনেল ইনষ্টিটি...
পৰ্যটন[সম্পাদনা কৰক]
শ্বিলং পিক (Shillong peak)ৰপৰা শ্বিলঙৰ দৃশ্যাৱলী
মেঘালয়ত কেইবাখনো ঘন অৰণ্য আছে। এই সমূহত বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু আৰু উদ্ভিদ পোৱা যায়। মেঘালয়ত ২খন ৰাষ্ট্ৰীয় উদ্যান আৰু ৩খন অভয়াৰণ্য আছে। সেয়ে মেঘালয়ক ভাৰতৰ ভিতৰত এখন উল্লেখযোগ্য পৰ্যটনৰ কেন্দ্ৰ বুলি ধৰা হয়।
শ্বিলঙ গ’ল্ফ ক’ৰ্ছ, ভাৰতৰ আটাইতকৈ পুৰণি গ’ল্ফ ক’ৰ্ছ সমূহৰ ভিতৰত অন্যতম
মেঘালয়ত পৰ্য্যটকৰ বাবে পৰ্বতাৰোহণ, rock climbing, trekking and hiking আদিৰ সুবিধা কৰি দিয়া হৈছে। ইয়াৰ উপৰিও উমিয়াম হ্ৰদত water sportsৰ সুবিধা কৰি দিয়া হৈছে।
ৰাজ্যখনৰ বিভিন্ন ঠাইত প্ৰায় ৫০০টা মান চূণশিল আৰু sandstone ৰ গুহা আছে। জয়ন্তীয়া হিলছত অৱস্থিত Krem Liat Prah হৈছে আটাইতকৈ দীঘল গুহা আৰু Synrang Pamiang হৈছে আটাইতকৈ গভীৰ গুহা। কিন্তু ইয়াৰ ভিতৰত বহুতো গুহা উল্লেখযোগ্য পৰ্যটন কেন্দ্ৰ স্বৰূপে গঢ়ি তুলিবলৈ পৰ্যাপ্ত পৰিমাণৰ সা-সুবিধা নাই।
উল্লেখযোগ্য পৰ্যটক স্থান[সম্পাদনা কৰক]
Nohkalikai জলপ্ৰপাত
Standing stones, (Maw bin nah) below Cherrapunji.
চেৰাপুঞ্জী হৈছে উত্তৰ-পূব ভাৰতৰ এখন উল্লেখযোগ্য পৰ্যটক স্থান। ই Tree Root Bridgesৰ বাবে জনাজাত। ই শ্বিলঙৰ দক্ষিণ দিশে অৱস্থিত।
ৰাজ্যখনৰ কেইটামান উল্লেখযোগ্য জলপ্ৰপাত হৈছে এলিফেণ্ট জলপ্ৰপাত, Shadthum Falls, Weinia falls, Bishop Falls, Nohkalikai Falls, Langshiang Falls আৰু Sweet Falls। বিশ্বাস কৰা হয় যে, মৌচিনৰামৰ ওচৰৰ জাকৰেম (Jakrem)ত থকা গৰম পানীৰ উঁহৰ পানীত ঔষধিয় গুণ আছে।
মেঘালয়ৰ "পৱিত্ৰ উপবন" (Sacred Groves)ৰ বাবেও জনাজাত। এইবোৰ প্ৰাচীন কালৰ পৰা পৰম্পৰাগত ধাৰ্মিক অনুমোদনৰ দ্বাৰা সংৰক্ষিত হৈ আহিছে। পৱিত্ৰ উপবন সমূহৰ ভিতৰত উল্লখযোগ্য হৈছে মওফ্লাঙ পৱিত্ৰ বনাঞ্চল (Mawphlang sacred forest)। ইয়াক "Law Lyngdoh" নামেৰেও জনা যায়। ই শ্বিলঙৰ পৰা প্ৰায় ২৫ কিঃমিঃ দূৰত অৱস্থিত।
পশ্চিম খাচী হিলছত অৱস্থিত Nongkhnum Island হৈছে মেঘালয়ৰ আটাইতকৈ ডাঙৰ নদী-দ্বীপ আৰু এছিয়াৰ দ্বিতীয় বৃহত্তম নদী-দ্বীপ। Nongstoin পৰা ই প্ৰায় ১৪ কিঃমিঃ দূৰত অৱস্থিত। ইয়াৰ উপৰিও ফানলিয়াঙ নদীখনে প্ৰায় ৬০ মিটাৰ উচ্চতাৰ Shadthum Fallটো সৃষ্টি কৰিছে।
ভাৰত-বাংলাদেশ সীমান্তত অৱস্থিত Mawlynnong গাঁওখন পৰিষ্কাৰ-পৰিচ্ছনতাৰ বাবে জনাজাত[8]। ভ্ৰমণ সম্বন্ধীয় আলোচনী ডিস্ক'ভাৰ ইণ্ডিয়া (Discover India)ই এই গাঁওখনক ২০০৩ চনত এছিয়াৰ আটাইতকৈ পৰিষ্কাৰ আৰু ২০০৫ চনত ভাৰতৰ ভিতৰত আটাইতকৈ পৰিষ্কাৰ গাঁও বুলি ঘোষণা কৰিছে[9]। কেইটামান উল্লেখযোগ্য বৈশিষ্ট্য হৈছে Living Root Bridges আৰু প...
মেঘালয়ত বহুতো প্ৰাকৃতিক আৰু মানৱ নিৰ্মিত হ্ৰদ আছে। গুৱাহাটী-শ্বিলং পথত অৱস্থিত উমিয়াম হ্ৰদ (বৰাপানী নামেৰে জনাজাত) হৈছে এটা উল্লেখযোগ্য পৰ্যটক স্থল। মেঘালয়ত কেইবাখনো উদ্যান আছে: Thangkharang Park, the Eco-park, the Botanical Garden and Lady Hydari। শ্বিলঙৰ পৰা প্ৰায় ৯৬ কিঃমিঃ দূৰত Dawki অৱস্থিত। ইয়াৰ পৰা বাংলাদেশল...
বালপাক্ৰাম ৰাষ্ট্ৰীয় উদ্যান হৈছে মেঘালয়ৰ আন এটা এটা উল্লেখযোগ্য পৰ্যটক স্থল[10]। গাৰো হিলছত অৱস্থিত নক্ৰেক ৰাষ্ট্ৰীয় উদ্যান ( Nokrek National Park)তো বহু ধৰণৰ জীৱ-জন্তু পোৱা যায়।
সমস্যাসমূহ[সম্পাদনা কৰক]
পৰিবহণৰ সমস্যা: ৰাজ্যখনত পৰিবহণৰ বাবে বাট-পথসমূহ অৱস্থা সন্তোষজনক নহয়, বিশেষকৈ ৬২ নং ৰাষ্ট্ৰীয় ঘাইপথ। শ্বিলঙ-জোৱাই, শ্বিলং-তুৰা আৰু শ্বিলং-ছহৰা পথসমূহ উন্নতজনক যদিও ৰাজ্যখনৰ অভ্যন্তৰীণ বাট-পথ সমূহ উন্নত নহয়। ইয়াত সীমিত পৰিমাণৰ বেংকৰ সা-সুবিধা সমূহ পোৱা যায়।
বিদ্ৰোহী সমস্যা: উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্ৰোহী সংগঠন সমূহে ইয়াৰ পৰ্যটন বিভাগটোত বেয়াকৈ প্ৰভাৱ পেলাইছে। ইয়াৰ ফলত বহুতো দেশী-বিদেশী পৰ্যটকে অসুৰক্ষিত অনুভৱ কৰে। কিন্তু উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত মেঘালয়তে বিদ্ৰোহী সংগঠন সমূহৰ প্ৰভাৱ আটাইতকৈ কম।
চৰকাৰ আৰু ৰাজনীতি[সম্পাদনা কৰক]
ৰাজ্য চৰকাৰ[সম্পাদনা কৰক]
মেঘালয়ৰ বিধানসভাৰ প্ৰকাৰ হৈছে এককক্ষীয়। বৰ্তমান মেঘালয় বিধানসভাৰ মুঠ সদস্য হৈছে ৬০ জন। মেঘালয়ত লোকসভাৰ দুখন আসন আছে: শ্বিলং আৰু তুৰা। ইয়াৰ উপৰিও ৰাজ্যসভাত এজন প্ৰতিনিধি আছে। ৰাজ্যখনৰ আনুষ্ঠানিক মুখ্য ব্যক্তিজন হৈছে ৰাজ্যপাল। আনহাতে, ৰাজ্যখনৰ প্ৰকৃত প্ৰশাসনিক ক্ষমতাসমূহ মুখ্যমন্ত্ৰীৰ হাতত থাকে। মেঘালয়ৰ কোনো নিজস্ব...
স্বায়ত্ত্ব শাসিত পৰিষদ[সম্পাদনা কৰক]
মেঘালয়ত বৰ্তমান তিনিটা স্বায়ত্ত্ব শাসিত জিলা পৰিষদ আছে। সেইকেইটা হৈছে:
খাচী হিলছ স্বায়ত্ত্ব শাসিত জিলা পৰিষদ (ইং ৱিকি: Khasi Hills Autonomous District Council)
গাৰো হিলছ স্বায়ত্ত্ব শাসিত জিলা পৰিষদ (ইং ৱিকি: Garo Hills Autonomous District Council)
জয়ন্তীয়া হিলছ হিলছ স্বায়ত্ত্ব শাসিত জিলা পৰিষদ (Jaintia Hills Autonomous District Council)
তথ্য সংযোগ[সম্পাদনা কৰক]
↑ "Census Population" (PDF). Census of India. Ministry of Finance India. http://indiabudget.nic.in/es2006-07/chapt2007/tab97.pdf। আহৰণ কৰা হৈছে: 2008-12-18.
↑ 2.0 2.1 2.2 Indian Census
↑ Percentages for the India's 2001 census
↑ "Department of Tourism Government of Meghalaya -About Meghalaya". Megtourism.gov.in. 1972-01-21. http://megtourism.gov.in/aboutmeghalaya.html। আহৰণ কৰা হৈছে: 2010-07-18.
↑ "The People". Westgarohills.gov.in. http://www.westgarohills.gov.in/people.htm। আহৰণ কৰা হৈছে: 2010-07-18.
↑ "Basic facts of Meghalaya". http://megipr.gov.in/basic_facts.htm। আহৰণ কৰা হৈছে: January 13, 2012.
↑ http://zeenews.india.com/news/north-east/a-mountain-railway-that-existed-125-years-ago_763894.html
↑ Mawlynnong - The Cleanest Village of Asia Neblog.in
↑ Eco Destination, Department of Tourism, Government of Meghalaya
↑ Choudhury, A.U. (2008) Balpakram –Meghalaya’s heritage IBA. Mistnet 10 (4): 11-13
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
ভাৰত ৱিকিচ'ৰা
ৱিকিমিডিয়া কমন্সত মেঘালয় সম্পৰ্কীয় মিডিয়া ফাইল আছে।
আধিকাৰিক ৱেবছাইট
Tourism of Meghalaya (Official)
মেঘালয় বিষয়ে Curlie (DMOZ)-ত থকা তথ্য
Meghalaya ভ্ৰমণ নিৰ্দেশিকা, ৱিকিভয়াজৰ পৰা
Strangler fig trees made into "living bridges" in Meghalaya
অসম
বাংলাদেশ অসম
মেঘালয়
বাংলাদেশ
প্ৰ • আ • স
ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ
ৰাজ্য
অন্ধ্ৰপ্ৰদেশ
অৰুণাচল প্ৰদেশ
অসম
উত্তৰ প্ৰদেশ
উত্তৰাখণ্ড
ওড়িশা
কৰ্ণাটক
কেৰালা
গুজৰাট
গোৱা
ছত্তীছগঢ়
ছিক্কিম
জম্মু আৰু কাশ্মীৰ (৩১ অক্টোবৰ ২০১৯ লৈ)
ঝাড়খণ্ড
তামিলনাডু
তেলঙ্গানা
ত্ৰিপুৰা
নাগালেণ্ড
পঞ্জাব
পশ্চিমবংগ
বিহাৰ
মণিপুৰ
মধ্য প্ৰদেশ
মহাৰাষ্ট্ৰ
মিজোৰাম
মেঘালয়
ৰাজস্থান
হাৰিয়ানা
হিমাচল প্ৰদেশ
কেন্দ্ৰীয় শাসিত অঞ্চল
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ
চণ্ডীগড়