text
stringlengths
0
188k
লোকপিয়ল
জনসংখ্যা
১৯৫১ 6,06,000 —
১৯৬১ 7,69,000 26.9%
১৯৭১ 10,12,000 31.6%
১৯৮১ 13,36,000 32.0%
১৯৯১ 17,75,000 32.9%
২০০১ 23,19,000 30.6%
২০১১ 29,64,007 27.8%
Source: Census of India[1]
মেঘালয়ৰ মুঠ জনসংখ্যাৰ অধিকাংশই হৈছে জনগোষ্ঠীয় লোক। খাচীসকলৰ জনসংখ্যা সকলোতকৈ অধিক। মেঘালয়ত বাস কৰা আন জনগোষ্ঠীসমূহ হৈছে: গাৰো, জয়ন্তীয়া, কোচ, বড়ো, হাজং, ডিমাছা, কুকি, লাখাৰ, মিকিৰ, ৰাভা, নেপালী আৰু মাৰ (Hmar)।
পূব খাচী আৰু জয়ন্তীয়া হিলছৰ অধিকাংশ লোকেই হৈছে নেপালী। কৃষি আৰু পশু-পালনেই হৈছে তেওঁলোকৰ মূল জীৱিকা। বহু সংখ্যক ভাৰতীয় সেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত সৈনিক (গোৰ্খা) শ্বিলঙত বাস কৰে। তুৰা আৰু শ্বিলঙৰ নেপালী লোকসকল মূলতঃ ব্যৱসায়ৰ লগত জড়িত। নেপালীসকলৰ অধিকাংশই হৈছে হিন্দু ধৰ্মৰ লোক আৰু আন কিছুমানে খ্ৰীষ্টান ধৰ্ম মানি চলে।
মেঘালয়ৰ মুঠ জনসংখ্যাৰ প্ৰায় ৭০.৩% লোক হৈছে খ্ৰীষ্টান ধৰ্মৰ লোক[2]। মুঠ জনসংখ্যাৰ ১১.৫% লোকে পৰম্পৰাগত animist ধৰ্ম মানি চলে (লোকপিয়লত অন্যান্য বুলি উল্লেখ কৰা হৈছে)[2] আৰু ৪.৩% লোক হৈছে ইছলাম ধৰ্মৰ[2]।
২০০১ চনৰ লোকপিয়ল অনুসৰি মেঘালয়ৰ লিংগ অনুপাত হৈছে ৯৮৬। নগৰ অঞ্চলৰ লিংগ অনুপাত (৯৮৫) গ্ৰাম্য অঞ্চলৰ লিংগ অনুপাত (৯৭২)তকৈ বেছি।
ধৰ্ম[সম্পাদনা কৰক]
মেঘালয়ৰ ধৰ্মসমূহ
ধৰ্ম শতকৰা হাৰ
খ্ৰীষ্টান ধৰ্ম
৭০.২৫%
হিন্দু ধৰ্ম
১৩.২৭%
অন্যান্য ধৰ্মসমূহ (Animist)
১১.৫২%
ইছলাম ধৰ্ম
৪.২৭%
শিখ ধৰ্ম, জৈন ধৰ্ম, বৌদ্ধ ধৰ্ম
০.৭১%
গাৰো জনগোষ্ঠীৰ প্ৰায় ৯০% শতাংশ আৰু খাচী জনগোষ্ঠীৰ প্ৰায় ৮০% শতাংশ লোক হৈছে খ্ৰীষ্টান ধৰ্মীলোক। হাজং সকলৰ ৯৭% শতাংশৰো অধিক লোক আৰু কোঁচ সকলৰ ৯৮.৫৩% শতাংশ লোকেই হৈছে হিন্দু ধৰ্মৰ।
২০০১ চনৰ লোকপিয়ল মতে ৬৮৯,৬৩৯ জন জীৱিত গাৰো জনগোষ্ঠীৰ লোকৰ ভিতৰত মাত্ৰ ৪৯,৯১৭ জন লোকেহে তেওঁলোকৰ মূল ধৰ্ম "চংগচাৰেক" (Songsarek) মানি চলে। আন গাৰো লোক সকলৰ ভিতৰত ৯,১২৯ জন হিন্দু ধৰ্মৰ লোক, ৯৯৯ জন বৌদ্ধ ধৰ্মৰ আৰু ৯,৯৮০ জন ইছলাম ধৰ্মৰ লোক।
খাচী জনগোষ্ঠীৰ লোক সকলৰ ভিতৰত বহুতো লোকে তেওঁলোকৰ মূল ধৰ্ম "নিয়াম শ্নঙ/ নিয়ামত্ৰে" (Niam Shnong / Niamtre) মানি চলে। ১,১২৩,৪৯০ জন খাচী লোকৰ ভিতৰত ২০২,৯৭৮ জন লোকে স্থানীয় ধৰ্ম মানি চলে। আন খাচী জনগোষ্ঠীৰ লোক সকলৰ ভিতৰত ১৭,৬৪১ জন হিন্দু ধৰ্মৰ লোক আৰু ২,৯৭৭ জন ইছলাম ধৰ্মৰ লোক।
ইয়াৰ উপৰিও মেঘালয়ত বিভিন্ন জনগোষ্ঠীৰ লোকে বসবাস কৰে। যেনে: হাজং (৩১,৩৮১ - ৯৭.২৩% হিন্দু), কোঁচ (২১,৩৮১ - ৯৮.৫৩% হিন্দু), "চিনটেং" (Synteng) (১৮,৩৪২ - ৮০% খ্ৰীষ্টান), ৰাভা (২৮,১৫৩ - ৯৪.৬০% হিন্দু), মিকিৰ (১১,৩৯৯ - ৫২% খ্ৰীষ্টান আৰু ৩০% হিন্দু), আৰু কুকি-চিন (১০,০৮৫ - ৭৩% খ্ৰীষ্টান আৰু ২৬% হিন্দু)।
মেৰি হেল্প অৱ ক্ৰিষ্টিয়ান কেথেড্ৰেল,শ্বিলঙ
ভাষা[সম্পাদনা কৰক]
মেঘালয়ৰ ভাষাসমূহ[3]
ভাষা
ভাষাৰ পৰিয়াল
ভাগ
খাচী অষ্ট্ৰো-এছীয় (ইং ৱিকি: Austro-Asiatic languages) 45.05 %
গাৰো তিব্বতীয়-বাৰ্মীজ (ইং ৱিকি: Tibeto-Burman languages) 31.41 %
বেংগলী ইণ্ডো-আৰ্য্য (ইং ৱিকি: Indo-Aryan languages) 8.04 %
নেপালী ইণ্ডো-আৰ্য্য 8.26 %
হিন্দী ইণ্ডো-আৰ্য্য 2.17 %
মাৰাঠী ইণ্ডো-আৰ্য্য 1.67 %
অসমীয়া ইণ্ডো-আৰ্য্য 1.58 %
মৰম[দ্ব্যৰ্থতা দূৰীকৰণৰ প্ৰয়োজন ] তিব্বতীয়-বাৰ্মীজ ভাষা 1.53 %
ৰাভা তিব্বতীয়-বাৰ্মীজ ভাষা 0.97 %
কোঁচ তিব্বতীয়-বাৰ্মীজ ভাষা 0.90 %
মেঘালয়ৰ প্ৰধান ভাষাসমূহ হৈছে খাচী, Pnar, গাৰো আৰু চৰকাৰী ভাষা হৈছে ইংৰাজী[4]।
খাচী মেঘালয়ৰ এটা প্ৰধান ভাষা। ৰাজ্যখনৰ প্ৰায় ৯০০,০০০ লোকে খাচী ভাষা ব্যৱহাৰ কৰে। খাচী ভাষাৰ বহুতো শব্দ ইণ্ডো-আৰ্য্য ভাষা যেনে নেপালী, বাংলা আৰু অসমীয়া (ইং ৱিকি: Indo-Aryan languages)ৰ পৰা আহিছে। খাচী ভাষাৰ কোনো লিখিত লিপি নাই। এতিয়াও ব্যৱহৃত হোৱা Mon–Khmer ভাষাৰ ভিতৰত খাচী ভাষা অন্যতম।
গাৰো ভাষাৰ কোচ আৰু বড়ো ভাষাৰ লগত মিল দেখা যায়। বহুতো লোকে গাৰো ভাষাতো বিভিন্ন উপভাষা (যেনে: Abeng বা Ambeng, Atong, Akawe (বা Awe), Matchi Dual, Chibok, Chisak Megam বা Lyngngam, Ruga, Gara-Ganching আৰু Matabeng ) হিচাপে ব্যৱহাৰ কৰে[5]।
আন এটা উল্লেখযোগ্য ভাষা হৈছে জয়ন্তীয়া হিলছ জিলাৰ লোকসকলে ব্যৱহাৰ কৰা ভাষাটো। এই ভাষাটো খাচী ভাষাৰ লগত বহু মিল আছে। Khynriam, Bhoi, Pnar আৰু War জনগোষ্ঠীৰ লোকসকলে জয়ন্তীয়া ভাষাৰ লগতে খাচী ভাষাও ব্যৱহাৰ কৰে।
ইয়াৰ উপৰিও ৰাজ্যখনৰ ব্বহুতো ঠাইত নেপালীভাষা ব্যৱহাৰ কৰা হয়।
জিলাসমূহ[সম্পাদনা কৰক]
মেঘালয়ত মুঠ ১১খন জিলা আছে।
জয়ন্তীয়া হিলছ:
জিলা
সদৰ
পশ্চিম জয়ন্তীয়া হিলছ জোৱাই
পূব জয়ন্তীয়া হিলছ Khliehriat
খাচী হিলছ:
জিলা
সদৰ
পূব খাচী হিলছ শ্বিলং
পশ্চিম খাচী হিলছ Nongstoin
দক্ষিণ পশ্চিম খাচী হিলছ Mawkyrwat
ৰি-ভৌই (Ri-Bhoi) Nongpoh
গাৰো হিলছ:
জিলা
সদৰ
উত্তৰ গাৰো হিলছ Resubelpara
পূব গাৰো হিলছ Williamnagar
দক্ষিণ গাৰো হিলছ Baghmara
পশ্চিম গাৰো হিলছ তুৰা
দক্ষিণ পশ্চিম গাৰো হিলছ Ampati
জয়ন্তীয়া হিলছ জিলা[সম্পাদনা কৰক]
১৯৭২ চনৰ ২২ ফেব্ৰুৱাৰীত জয়ন্তীয়া হিলছ জিলা গঠন কৰা হয়। ২০০১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ মাটিকালি হৈছে ৩৮১৯ বৰ্গ কিঃমিঃ (১৪৭৫ বৰ্গ মাইল) আৰু জনসংখ্যা হৈছে ২৯৫,৬৯২। জিলাখনৰ সদৰ হৈছে জোৱাই। ৰাজ্যখনৰ আটাইতকৈ বেছি কয়লা ইয়াতেই পোৱা যায়।
জয়ন্তীয়া হিলছৰ কয়লাখনিৰ বাহিৰত শ্ৰমিক
মেঘালয়ৰ পাহাৰ
পূব খাচী হিলছ জিলা[সম্পাদনা কৰক]
১৯৭৬ চনৰ ২৮ অক্টোবৰ তাৰিখে খাচী হিলছ জিলাৰ পৰা পূব খাচী হিলছ জিলাখন গঠন কৰা হয়। জিলাখনৰ মাটিকালি হৈছে ২৭৪৮ বৰ্গ কিঃমিঃ (১০৬১ বৰ্গ মাইল) আৰু ২০০১ চনৰ লোকপিয়ল মতে মুঠ জনসংখ্যা ৬৬০,৯২৩ জন। পূব খাচী হিলছ জিলাৰ সদৰ হৈছে শ্বিলং।
ৰি ভৌই জিলা[সম্পাদনা কৰক]
১৯৯২ চনৰ ৪ জুনত পূব খাচী হিলছ জিলাখনক পুনৰ বিভাজিত কৰি ৰি ভৌই জিলা গঠন কৰা হয়। জিলাখনৰ মাটিকালি হৈছে ২৪৪৮ বৰ্গ কিঃমিঃ (৯৪৫ বৰ্গ মাইল)। ২০০১ চনৰ লোকপিয়ল মতে, জিলাখনৰ মুঠ জনসংখ্যা ১৯২,৭৯৫ জন। ৰি ভৌই জিলাৰ সদৰ হৈছে Nongpoh। ইয়াৰ ভূ-ভাগ পাহাৰীয়া আৰু অধিকাংশ অঞ্চল অৰণ্যৰে ভৰা। ৰি ভৌই জিলা মাটিকঁঠালৰ বাবে জনাজাত আৰু ৰাজ্...
পশ্চিম খাচী হিলছ জিলা[সম্পাদনা কৰক]
মাটিকালি ফালৰ পৰা, পশ্চিম খাচী হিলছ জিলা হৈছে মেঘালয়ৰ আটাইতকৈ ডাঙৰ জিলা। মুঠ মাটিকালি ৫২৪৭ বৰ্গ কিঃমিঃ (২০২৬ বৰ্গ মাইল)। ১৯৭৬ চনৰ ২৮ অক্টোবৰত খাচী হিলছ জিলা বিভাজন কৰি এই জিলাখন গঠন কৰা হৈছিল। জিলাখনৰ সদৰ হৈছে Nongstoin।
পূব গাৰো হিলছ জিলা[সম্পাদনা কৰক]
১৯৭৬ চনত পূব গাৰো হিলছ জিলা গঠন কৰা হৈছিল। ২০০১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ মুঠ জনসংখ্যা হৈছে ২৪৭,৫৫৫। জিলাখনৰ সদৰ হৈছে ৱিলিয়ামনগৰ (পূৰ্বতে Simsangiri নামেৰে জনা গৈছিল)। জিলাখনৰ মুঠ মাটিকালি হৈছে ২৬০৩ বৰ্গ কিঃমিঃ (১০০৫ বৰ্গ মাইল)। জিলাখনৰ Nongalbibra নামৰ নগৰখনত বহুতো কয়লাখনি আছে।
পশ্চিম গাৰো হিলছ জিলা[সম্পাদনা কৰক]
পশ্চিম গাৰো হিলছ জিলাৰ মুঠ মাটিকালি হৈছে ৩৭১৪ বৰ্গ কিঃমিঃ (১৪৩৪ বৰ্গ মাইল) আৰু ই ৰাজ্যখনৰ পশ্চিম দিশত অৱস্থিত। ২০০১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ মুঠ জনসংখ্যা হৈছে ৫১৫,৮১৩। পশ্চিম গাৰো হিলছ জিলাৰ সদৰ হৈছে তুৰা।
দক্ষিণ গাৰো হিলছ জিলা[সম্পাদনা কৰক]
১৯৯২ চনৰ ১৮ জুনত পশ্চিম গাৰো হিলছ জিলাক বিভাজিত কৰি দক্ষিণ গাৰো হিলছ জিলা গঠন কৰা হয়। মুঠ মাটিকালি হৈছে ১৮৫০ বৰ্গ কিঃমিঃ (৭১০ বৰ্গ মাইল)। ২০০১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ মুঠ জনসংখ্যা হৈছে ৯৯,১০০। দক্ষিণ গাৰো হিলছ জিলাৰ সদৰ হৈছে বাঘমাৰা (Baghmara)।
জলবায়ু[সম্পাদনা কৰক]
চেৰাপুঞ্জীৰ এখন ফলক
মেঘালয় পৃথিৱীৰ আটাইতকৈ সেমেকা ঠাই। ইয়াৰ কিছুমান অঞ্চলত বাৰ্ষিক গড় বৃষ্টিপাত ১২০০ ছেঃমিঃ। মালভূমিৰ পশ্চিম দিশে, গাৰো হিলছ অঞ্চলত বছৰৰ সকলো সময়তে গৰম অনুভৱ কৰা যায়। উচ্চতা বেছি হোৱা বাবে, শ্বিলং অঞ্চলৰ উষ্ণতা সাধাৰণতে কম আৰু ইয়াৰ সৰ্বাধিক উষ্ণতা হৈছে ২৮ ডিগ্ৰী ছেলছিয়াছ (৮২ ডিগ্ৰী ফাৰেনহাইট)[6]।
শ্বিলঙৰ দক্ষিণৰ খাচী হিলছত অৱস্থিত চেৰাপুঞ্জীত এটা মাহত পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হোৱাৰ ৰেকৰ্ড আছে। চেৰাপুঞ্জীৰ ওচৰৰ মৌচিনৰামত এটা বছৰত আটাইতকৈ বেছি বৰষুণ হোৱাৰ ৰেকৰ্ড আছে। মেঘালয় ভ্ৰমণ কৰাৰ উত্তম সময় হ'ল মাৰ্চৰ পৰা জুলাই মাহ।
অৰ্থনৈতিক ব্যৱস্থা[সম্পাদনা কৰক]
মেঘালয়ৰ অৰ্থনৈতিক অৱস্থা মূলতঃ কৃষিৰ ওপৰত নিৰ্ভৰশীল। খেতিয়ক সকলে পুৰণি কৃষি পদ্ধতি ব্যৱহাৰ কৰা হেতু গ্ৰাম্য অঞ্চলত দৰিদ্ৰ লোকৰ সংখ্যাও অধিক। কৃষি ক্ষেত্ৰত বহুও লোক জড়িত থকাৰ পাছতো ৰাজ্যখনলৈ খাদ্য সামগ্ৰী (যেনে: মাংস, কণী ইত্যাদি) আমদানি কৰা হয়। আন্তঃগাঁথনিত থকা বিভিন্ন ধৰণৰ সমস্যা থকাৰ বাবে ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থ...
মেঘালয়ত বহুতো প্ৰাকৃতিক সম্পদ পোৱা যায়। ইয়াৰ ভিতৰত কয়লা, চূণশিল, গ্ৰেণাইট, Kaolin, sillimanite য়েই প্ৰধান। মেঘালয়ৰ বহুতো অঞ্চল ঘন অৰণ্যৰে আৱৰা। ইয়াত বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু আৰু উদ্ভিদ পোৱা যায়। কিছুবছৰৰ পূৰ্বে মেঘালয়ত দুটা চিমেণ্ট কাৰখানা প্ৰতিষ্ঠা কৰা হৈছে। মেঘালয়ৰ বহুতো অঞ্চল প্ৰাকৃতিক সৌন্দৰ্য্যৰ বাবে প...
জয়ন্তীয়া হিলছত অৱস্থিত এম চি এল চিমেণ্ট কাৰখানা
কৃষি[সম্পাদনা কৰক]