text stringlengths 0 188k |
|---|
জনবিহীন, কৰ্মীবিহীন কাৰ্য্যালয়টো দেখি বিজেপি প্ৰতিদ্বন্দ্বীগৰাকীৰ বিৰুদ্ধে এটা বিৰলতম সুযোগ হাততে পায় নিৰ্দলীয় প্ৰাৰ্থীজনে। তেওঁ তাৎক্ষণিক আৰু বুদ্ধিদীপ্ত সিদ্ধান্তৰে বিজেপিৰ শূন্য কাৰ্য্যালয়টোত প্ৰৱেশ কৰে আৰু দলটোৰ প্ৰতিশ্ৰুতিবোৰক ‘শূন্য’ৰ সৈতে ৰিজনি কৰাৰ সুযোগ লয়। |
“এই শূন্য কাৰ্য্যালয়টো যেনেকৈ শূন্য, বিজেপিৰ প্ৰতিশ্ৰুতিবোৰো শূন্য”, বিজেপিৰ কাৰ্য্যালয়টোত বহি লৈ হাজৰিকাৰ তাৎপৰ্য্যপূৰ্ণ মন্তব্য। |
আনহাতে নৰ্থ-ইষ্ট নাওলৈ প্ৰেৰণ কৰা এটা টোকাত প্ৰাৰ্থীজনে কয়, “বিজেপিৰ নিৰ্বাচনী কাৰ্য্যালয়টোত এজনো কাৰ্য্যকৰ্তা উপস্থিত নথকাটোৱে প্ৰমাণ কৰে যে খিলঞ্জীয়াৰ বৃহত্তৰ স্বাৰ্থক প্ৰতাৰণা কৰা বাবে কেৱল যে অসমৰ জনতাই বিজেপিক পৰিত্যাগ কৰিছে এনে নহয়, বৰং দলীয় কৰ্মীৰো দলৰ ওপৰত আস্থা নোহোৱা হৈছে।” |
নিৰ্দলীয় হিচাপে ৭ নং গুৱাহাটী লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা হাজৰিকা প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক। খিলঞ্জীয়াৰ সুৰক্ষাৰ বিষয়ত সততে সৰৱ হৈ অহা হাজৰিকা পেচাত উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা। |
আজিৰ ঘটনাটোৱে ৰাজ্যৰ ৰাজৈনতিক মহলত আমোদৰ সৃষ্টি কৰাৰ লগতে এই ৰৱ উঠা দেখা গৈছে যে প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ কাৰ্য্যালয়ৰ পৰা নিৰ্বাচনী প্ৰচাৰ চলোৱা হাজৰিকাই সম্ভৱতঃ একমাত্ৰ প্ৰাৰ্থী। |
Recent News |
উবাচ আহমেদ ছিদ্দিকী! মুছলমান মহিলাক নিৰ্বাচনৰ টিকট দিয়াসকল ইছলাম বিৰোধী! |
বিহাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড: ৰাজহুৱা বজাৰত চোকা অস্ত্ৰৰে স্তন, হাত, ভৰি, কাণ কাটি মহিলাক হত্যা কৰিলে দুৰ্বৃত্তই |
মধ্য প্ৰদেশত ভয়াৱহ দুৰ্ঘটনা: দ্ৰুতবেগী ট্ৰাকে মহতীয়াই নিলে বাছ ষ্টপেজত ৰৈ থকা লোকক; ৬ গৰাকী নিহত, আহত কেইবাগৰাকীও |
ধোঁৱাচাঙত নাৰী সুৰক্ষা: যোগীৰ উত্তৰ প্ৰদেশত কিশোৰীক অপহৰণ কৰি কেইবাদিন ধৰি ধৰ্ষণ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
উল্লেখযোগ্য যে সোমবাৰে বন বিভাগে মাটিয়া আৰক্ষীৰ সহযোগত অভিযান চলাই শিমলীতোলাৰ ভাটিপাৰাৰ পৰা কাঠ সহ অবৈধ কাঠফলা মিল জব্দ কৰে। ৰংজুলি আঞ্চলিক বন বিষয়া বলেন কুমাৰ দাসৰ নেতৃত্বত এই অভিযান চলোৱা হৈছিল। |
প্ৰাপ্ত তথ্য মতে জলজলী নদীৰ পাৰত কাঠফলা মিলটো চোৰাং ব্যৱসায়ীয়ে স্থাপন কৰিছিলহে কিন্তু স্থাপনৰ কাম সম্পূৰ্ণ নৌহওঁতেই উচ্ছেদ বন বিভাগে অবৈধ মিলটো জব্দ কৰিবলৈ সক্ষম হয়। লগতে থেৰোপাৰাত জলাশয়ত লুকুৱাই ৰখা অৱস্থাত অপৈনত শাল গছৰ কুণ্ডাও উদ্ধাৰ কৰে। |
আঞ্চলিক বন বিষয়া গৰাকীয়ে জনোৱা অনুসৰি জব্দকৃত কাঠফলা মিলটোৰ মূল্য প্ৰায় ১ লাখ ২৫ হাজাৰ হোৱাৰ বিপৰীতে কাঠখিনিৰ মূল্য প্ৰায় ২৫ হাজাৰ হ’ব বুলি জানিবলৈ দিয়ে। |
আনহাতে স্থানীয় ৰাইজে বন বিভাগৰ এনে পদক্ষেপক শলাগ লয়। |
Recent News |
ভুলৱশত: সোমাল পাকিস্তানৰ ভূখণ্ডত: পাকিস্তান সেনাৰ হাতত বন্দী বি.এছ.এফ জোৱান |
হৃদয় বিদাৰক! ক্ৰিকেট খেলি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ |
মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ’ব কোন? |
গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ? |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
বাইবেল ফৰ চিলড্ৰেনৰ কাম হ’ল প্ৰত্যেক ভাষাৰ শিশুসকলৰ মাজত ওৱাৰ্লড ওৱাইড ওৱেব, চেলফোন/পিডিএ, ৰঙীণ ছপা ধৰ্ম পুস্তিকা আৰু ৰঙীণ কিতাপ ইত্যাদি বিভিন্ন প্ৰকাৰ আৰু মাধ্যমত বাইবেলৰ সচিত্ৰ সাধুকথা আৰু আনুষংগিক সামগ্ৰীৰ প্ৰচাৰ কৰাৰ জৰিয়তে শিশুসকলক যীচু খ্ৰীষ্টৰ বিষয়ে অৱগত কৰা।. |
এই পৃথিৱীৰ 180 কৌটি শিশুৰ মাজত য’তেই সম্ভৱ হয় তাতেই বিনামূলীয়াকৈ বাইবেলৰ সাধুকথা বিনামূলীয়াকৈ প্ৰচাৰ কৰা হ’ব।. |
নিউজলেটাৰৰ বাবে চাইন আপ |
Name |
E-mail |
দান কৰক |
এই ওৱেবচাইটত থকা সকলো বিষয়ক অ-বাণিজ্যিক উদ্দেশ্যত বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব পৰা যাব আৰু এইবোৰৰ কপিৰাইট ধাৰক 2016-2018 বাইবেল ফৰ চিলড্ৰেন ইনকৰ্পোৰেশ্বন।; 2006 - 2022 Bible for Children Inc. | অন্যান্য ভাষা | Privacy Policy<eot>আবেলিৰ বেলিটো ৰঙচুৱা হৈ ভাগৰুৱা যেন হৈ পৰিছে। ওখ ওখ গছবোৰৰ পৰা হেঙুলীয়া বৰণৰ ৰ’দজাকে আলসুৱা... |
নদীখনেদি দুখন মেচিন নাও অগা-পিছাকৈ গৈ আছিল। অদূৰত নদীখনে এটা পাক লৈছে। প্ৰথম নাওখন চলাই থকা, দলটোৰ নেতা ৰাজীৱ গৌতম শইকীয়াই নাওখনৰ বেগ অলপ কমাই দিলে আৰু পিছে পিছে সিখন নাও চলাই আহি থকা কল্যাণক হাত দাঙি বেগ কমাবলৈ ইংগিত দিলে। ৰাজীৱৰ উদাস মুখখন ডুব যাব খোজা বেলিটোৰ পোহৰত আৰু উদাস দেখা গৈছে। ৰাজীৱৰ কাষতে থিয় হৈ আছিল গৌৰৱ... |
আকৌ এবাৰ সি নাওখনৰ ড্ৰাইভিং ছিটৰ ঠিক তলতে থকা কেবিনটোলৈ চালে। কেবিনৰ গ্লাচৰ বেৰত আঁউজি বহি আছে বৰ্ণালী। তাইৰ চুলিখিনি আউলী-বাউলী হৈ কেবিনৰ গ্লাচখনত হেঁচা খাই আছে। কেবিনৰ সিপাৰে নাওখনৰ এমূৰত তলমুৱাকৈ বহি আছে পশু চিকিৎসক সংঘমিত্ৰা কাকতি। পিছৰ নাওখনত আহি আছে কল্যাণ আৰু অৰ্ণৱ। লোকালয়ৰ পৰা আঁতৰত, বানপানীয়ে আধা ডুবাই থোৱা ... |
দুপৰীয়া প্ৰায় একমান বজাত ৰাজীৱ গৌতম শইকীয়াৰ মোবাইল ফোনটো বাজি উঠিছিল। সংঘমিত্ৰাৰ ফোন। কিছুসময়ৰ পিছত আবেলি পৰত ৰাজীৱে নিজৰ টীমটো লৈ অৰণ্যলৈ যোৱাৰ কথা আছিল। সি সেইসময়ত সন্মুখৰ টেবুলখনত মেলি থোৱা মেপখনত কেইটামান চিন দি আছিল। সি মেপখনত দি যোৱা প্ৰতিটো চিনতে চোৰাং চিকাৰীয়ে একোটাকৈ গড় নিধন কৰিছিল। মেপখনৰ পশ্চিম দিশত, ... |
বহি থকাৰ পৰা একেজাপে উঠি ৰাজীৱে ক’লে – “হোৱাট? কোনে গুলী কৰিছে?“ |
“নাজানোঁ। মই আৰু বিশ্বজিৎ এতিয়া নাৱত, নদীৰ মাজত। অম্লান আৰু বিজিত হাবিৰ মাজত।“ |
“তোমালোকে নদীৰ পাৰলৈ যোৱা। সিহঁতক লৈ তাৰপৰা আঁতৰি আহা।“ |
“ৰাজীৱদা, কিবা এটা হৈছে। অম্লান……“ |
সংঘমিত্ৰাই ফোনতো কাটি দিছিল। এক চেকেণ্ডো নোৰোৱাকৈ ৰাজীৱে চিঞৰি উঠিছিল “কল্যাণ, অৰ্ণৱ, গৌৰৱ, বৰ্ণালী।“ মুহূৰ্ততে সকলো সাজু হৈছিল আৰু দৌৰি দৌৰি গৈ নাৱত উঠিছিল। ৰাজীৱে পূৰ্ণগতিত নাওখন ভটিয়নি সোঁতত এৰি দিছিল। |
“পিপোল ফৰ জাংগোল” নামৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনটোৰ সদস্য তেওঁলোক। এইখিনি সময়ত ইয়াত বানপানী হয় আৰু এই অৰণ্যখনৰ বেছিভাগ ঠাই পানীত ডুবি থাকে। “পিপোল ফৰ জাংগোল”ৰ সদস্যসকলে যোৱা কিছুদিন ধৰি অতি কষ্টেৰে হাবিৰ মাজে মাজে নাৱেৰে ঘূৰি বানপানীৰ পৰা জীৱ জন্তুক ৰক্ষা কৰি ফুৰিছে। সিদিনা অম্লানে পানীত উটি অহা হৰিণা পোৱালি এটাক ... |
আনদিনাৰ দৰেই সেইদিনাও ৰাতি পুওৱাৰ আগতেই অম্লানৰ নেতৃত্বত বিজিতহঁতৰ চাৰিজনীয়া দলটো নাৱেৰে অৰণ্যলৈ গৈছিল। যোৱা কেইদিনমানৰ পৰা চোৰাং চিকাৰীৰ গতিবিধি বাঢ়িছে। সিহঁতৰ হাতত কেইবাটাও গড়ৰ মৃত্যু হৈছে। এজনী আঘাতপ্ৰাপ্ত গড়ৰ খবৰ আহিছিল। তাইক সুৰক্ষা দি চিকিৎসা কৰিবলৈ অম্লানহঁতে ডা: সংঘমিত্ৰাক লগত লৈ গৈছিল। অসীম সাহসেৰে অম্লানহ... |
ৰাজীৱলৈ কৰা ফোনটো সংঘমিত্ৰাই কাটি দিছিল। তাই দেখিছিল অম্লান দৌৰি দৌৰি নদীৰ পাৰলৈ আহিছে। তাই আৰু বিশ্বজিতে একেলগে চিঞৰি উঠিছিল। অম্লানৰ পিছে পিছে হাতত বন্দুক লৈ দৌৰি আহিছিল দুজন মানুহ। এজনে অম্লানক পিছফালৰ পৰা গুলীয়াই দিছিল। দুয়োখন হাত ওপৰলৈ দাঙি অম্লান আঠুকাঢ়ি বহি পৰিছিল। লাহে লাহে সি একাষে বাগৰি পৰিছিল। আন এটা গুলী... |
“সংঘমিত্ৰা, হেল্ল’ সংঘমিত্ৰা, তোমালোকৰ অৱস্থান ক’ত?“ – ৰাজীৱৰ ফোনৰ উত্তৰত সংঘমিত্ৰাই মাত্ৰ কান্দিছিল। তাইৰ সন্মুখত পৰি আছিল বিশ্বজিত আৰু অম্লানৰ প্ৰাণহীন দেহা। অলপ আগতে তাই নাওখন উভোতাই আনি এইখিনি পাইছিল। অম্লানৰ মৃতদেহ পাৰৰ পৰা চোঁচৰাই আনি তাই কেনেকৈ নাৱত উঠাইছিল সেইটো তাই নাজানে। বিজিতক বিচাৰি হাবিলৈ যাবলৈ তাইৰ সাহস ... |
“কাম অন, ফাষ্ট। সৌখন অম্লানৰ নাও।“ দূৰৈত অম্লানহঁতৰ নাওখন দেখি ৰাজীৱ অধৈৰ্য্য হৈ পৰিছিল। |
ওচৰ চপাৰ লগে লগে ৰাজীৱে অম্লানহঁতৰ নাৱলৈ জপিয়াই দিছিল। নিজৰ চকুকে বিশ্বাস কৰিব পৰা নাছিল সি। “আই কান্ট বিলিভ দিচ। কান্ট।“ – দুয়োখন হাত বিশ্বজিত আৰু অম্লানৰ মূৰত থৈ সি চিঞৰি দিছিল। |
নদীৰ পৰা প্ৰায় ২০০ মিটাৰ দূৰত অৰণ্যৰ মাজত কল্যাণ আৰু অৰ্ণৱে বিজিতৰ মৃতদেহ বিচাৰি পাইছিল। |
আৰু বৰ্ণালী? অম্লানৰ মৃতদেহৰ কাষত এটা মূৰ্ত্তিৰ দৰে বহি পৰিছিল তাই। নিতাল, নিস্তব্ধ, বিধস্ত। তাইলৈ চাই সংঘমিত্ৰা আৰু ৰাজীৱহঁতে বুজিবলৈ চেষ্টা কৰিছিল তাইৰ কি আছিল আৰু আজি তাই কি হেৰুৱালে। |
দুয়োখন নাও ওচৰা ওচৰিকৈ গৈ আছিল। |
দূৰ দিগন্তৰ পৰা দৃষ্টি নমাই আনি ৰাজীৱে লাহে লাহে কেবিনটোলৈ সোমাই গ’ল। বৰ্ণালী একেদৰেই বহি আছে। সন্মুখত কাপোৰেৰে আধা ঢাকি থোৱা আছে অম্লানৰ মৃতদেহ। তাৰ মুখখন ওলাই আছে । শেতা পৰি আছে। ৰাজীৱ বহি পৰিল বৰ্ণালীৰ ওচৰতে। |
সোঁতৰ বিপৰীতে নাও দুখন গৈ আছে। চহৰ পাবলৈ এতিয়াও আৰু দুঘণ্টাৰ বাট। চৌদিশে মাথোঁ হতাশা। |
(স্থান, কাল, পাত্ৰ সকলো কাল্পনিক ।) |
← তীখৰ (সুস্মিতা দাস) |
চকুযুৰি (স্যামন্ত কুমাৰ গোস্বামী) → |
You May Also Like |
ঘূণে ধৰা চকী |
August 17, 2021 August 17, 2021 0 |
দায়িত্ববোধ |
June 15, 2022 June 16, 2022 1 |
ইজেলৰ আধৰুৱা ছবিখন (দীপাঙ্ক বৰা) |
October 14, 2014 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
0 Comments |
Inline Feedbacks |
View all comments |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানত লেখাৰ সংখ্যা |
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)... |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.