text stringlengths 0 188k |
|---|
ড° প্ৰবীণ শইকীয়া – আপদীয়া পদ্য নামটো মোৰ নিজা সৃষ্টি৷ অসমীয়া সাহিত্যত প্ৰথম লিমাৰিক লিখিছিল ড° মহেন্দ্ৰ বৰাদেৱে৷ তেখেতৰ লিমাৰিকে মোক আকৰ্ষণ কৰে৷ বৰ ভাল পাওঁ লিমাৰিকবোৰ৷ লিমাৰিকৰ প্ৰতি আকৰ্ষিত হৈ মই ‘কেয়াৰ অব লিমাৰিক’ বুলি ব্যংগভাৱে কেইটামান পদ্য লিখি প্ৰান্তিক লৈ পঠালোঁ৷ প্ৰান্তিকত কাৰ্টুনসহ পদ্যবোৰ প্ৰকাশ হ’ল৷ তাৰপাছত... |
তাৰপাছত আকৌ ব্যংগ পদ্য লিখি ভাবিলো যে কেয়াৰ অব লিমাৰিক বুলি লিখিলে পুনৰ বিতৰ্ক হ’ব৷ সেইবাবে নিজাববীয়াকৈ আপদীয়া পদ্য বুলি পুনৰ প্ৰান্তিকলৈ পঠালো৷ ভবেন্দ্ৰনাথ শইকীয়াদেৱেও প্ৰকাশ কৰিলে৷ পাছত তেখেতেও এই নামেৰে পদ্য লিখিছিল৷ আপদীয়া পদ্য লিখা আৰু অনুপ্ৰাণিত হোৱাৰ আঁৰৰ কথা সেইটোৱেই যে বিতৰ্ক হোৱাৰ বাবেই আপদীয়া পদ্যৰ নামকৰণ৷ |
১২) সাহিত্য ডট অৰ্গ- আমি জানিব পাৰিছোঁ, আপোনাৰ কিছুমান আপুৰুগীয়া বস্তুৰ এটা সংগ্ৰহালয় আছে৷ সেই সংগ্ৰহালয়টোৰ বিষয়ে দুআষাৰ জানিব বিছাৰিছোঁ৷ |
ড° প্ৰবীণ শইকীয়া – হয়, মোৰ এটা নিজা প্ৰচেষ্টাৰে গঢ়ি তোলা সংগ্ৰহালয়ৰ এটা পুথিভঁৰালো আছে, সেইটো শিশু প্ৰকল্পৰে এটা শাখা৷ বৰ্তমান মোৰ সংগ্ৰহালয়ত ৭৫খন তুলাপাত আৰু সাঁচিপাতৰ পুথি আছে৷ |
ইয়াৰ উপৰি বৰ্তমান সময়ত লুপ্ত হ’ব ধৰা আমাৰ শিশুসকলে নেদেখা বা চিনি নোপোৱা জপা, দুণৰি, তাঁতশালত ব্যৱহৃত বস্তু, প্ৰাচীন বাদ্যযন্ত্ৰও আছে৷ যিবোৰ কৈ শেষ কৰিব নোৱাৰিম৷ মোৰ এই সংগ্ৰহালয় ৰাইজৰ বাবে সদায়ে খোলা থাকে৷ আৰু কিছুমান সংগ্ৰহ কৰিবলৈ বাকী আছে৷ |
১৩) সাহিত্য ডট অৰ্গ- বৰ্তমান সময়ত জীৱকুল তথা গছ-গছনিয়ে সন্মুখীন হোৱা প্ৰচণ্ড প্ৰত্যাহ্বানৰ ফলত ভবিষ্যত প্ৰজন্ম ক্ষতিগ্ৰস্ত হোৱাৰ সংশয় সৰ্বদা বিদ্যমান৷ এই ক্ষেত্ৰত আমাৰ কৰণীয় কি? |
ড° প্ৰবীণ শইকীয়া – এটা সুন্দৰ প্ৰশ্ন যদিও উত্তৰ জটিল৷ এই প্ৰত্যাহ্বানৰ পৰা ৰক্ষা পৰিবলৈ আমি আৰ্দ্ৰভূমিক সুৰক্ষা দিব লাগিব৷ আৰ্দ্ৰভূমি যাক বসুমতীৰ হাঁওফাঁও বুলি কোৱা হয়৷ আৰ্দ্ৰভূমি ওপৰতে জীৱকূল নিৰ্ভৰশীল৷ |
কিন্তু ডাঙৰ কথা, প্ৰকৃতিৰ আৰ্দ্ৰভূমিক চৰকাৰে ৰক্ষা কৰাৰ ব্যৱস্থা নল’লে ব্যক্তিগতভাৱে কোনেও নোৱাৰে৷ ইয়াৰ বাবে বেদখল হৈ থকা চাপৰিসমূহ উচ্ছেদ কৰি বহলভিত্তিত অৰণ্যৰ গঢ় দিব লাগিব৷ |
বৰ্তমান মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাতৰ মূল কাৰণ হৈছে অৰণ্যৰ ধ্বংস৷ তাৰবাবে জন্তুৰ খাদ্য নাটনি হৈছে৷ খাদ্যৰ সন্ধানত মানুহৰ ঘৰত উপদ্ৰৱ কৰিছে৷ |
এইখিনিতে বিশেষ তথ্যৰ পৰা পোৱা এষাৰ কথা ক’ব বিচাৰোঁ৷ আগৰ দিনত অৰণ্যত সহজতে পোৱা মৌ-ডিমৰু গছৰ গুটিয়ে বন্যপ্ৰাণী বিশেষকৈ বান্দৰৰ জন্ম নিয়ন্ত্ৰণৰ কাম কৰিছিল৷ মৌ-ডিমৰু গছৰ এটা বিশেষত্ব আছে৷ |
সেই গছ চৰাই-চিৰিকটি, জীৱ-জন্তুৰ বিষ্ঠাৰ পৰা গজে৷ গুটি ধৰি পচাই ইয়াৰ পুলি উলিয়াবলৈ টান৷ গতিকে ধ্বংস কৰা অৰণ্যক পুনৰ গঠন কৰি, অৰণ্যবোৰক সুৰক্ষিত কৰিলে জীৱকূল ৰক্ষা হ’ব বুলি ভাবোঁ৷ |
১৪) সাহিত্য ডট অৰ্গ- আপোনাৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে অলপ জানিব বিচাৰোঁ৷ |
ড° প্ৰবীণ শইকীয়া – ভৱিষ্যতৰ পৰিকল্পনা আছে৷ কিন্তু তাৰ আগতে মোৰ পুথিভঁৰাল আৰু সংগ্ৰহালয়ৰ কিছুমান কাম আধৰুৱা হৈ আছে৷ প্ৰথমতে সেইখিনি সম্পূৰ্ণ কৰি লোৱাৰ কথা ভাবিছোঁ৷ বস্তুও সংগ্ৰহ কৰিব লগা আছে৷ |
মই অসমৰ যিবোৰ থলুৱা ধানৰ প্ৰজাতি আছে, সেইবোৰো সংগ্ৰহ কৰি আছোঁ৷ এইখিনিতে মই জনাব বিচাৰোঁ, কোনো আগ্ৰহী লোকে বা প্ৰকাশনে প্ৰকৃতিৰ আপুৰুগীয়া এই গছসমূহৰ বিষয়ে |
গ্ৰন্থ লিখিব বা প্ৰকাশ কৰিবলৈ বিচাৰে সেই ক্ষেত্ৰত মই সম্পূৰ্ণ সহায় কৰিম৷ আৰু এইখিনি কৰাৰ পাছত নতুন পৰিকল্পনা হাতত লম৷ |
সাহিত্য ডট অৰ্গ- ছাৰ বহুত ভাল লাগিল আপোনাৰ লগত কথা পাতি৷ বহু নজনা কথা জানিলো আপোনাৰ পৰা৷ আপুনি সঁচাকৈয়ে অসমীয়াৰ গৌৰৱ, অসমৰ সম্পদ৷ আপোনাৰ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে আপোনাক আমি ধন্যবাদ জনালোঁ৷ |
সাহিত্য ডট অৰ্গৰ তৰফৰ পৰা আমি আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ৷ লগতে আপোনাৰ পৰিকল্পনাবোৰে অতি শীঘ্ৰেই বাস্তবত ৰূপায়িত হওক তাকেই কামনা কৰি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷ ধন্যবাদ৷ |
← আশা নিৰাশাৰ মাজত দোদুল্যমান মানৱ সভ্যতা- ড° মদন তাপৰীয়া: |
সম্পাদকীয়- মণ্টু কুমাৰ ডেকা → |
You May Also Like |
গীতিকাৰ, সংগীত পৰিচালক আৰু শব্দযন্ত্ৰী ইবচন লাল বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰ-মীনাক্ষী বৰুৱা |
August 21, 2018 0 |
কৰ্বি (CoRBiE)ৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ |
September 15, 2015 1 |
শিৱসাগৰৰ “উত্তৰণ যাদুঘৰ”ৰ প্ৰতিষ্ঠাপক তথা ভাস্কৰ্য-শিল্পী শ্ৰীযুত দুৰ্লভ বড়াৰ স’তে আলাপ |
August 20, 2016 0 |
3 Comments |
Oldest |
Newest Most Voted |
Inline Feedbacks |
View all comments |
বিমান কটকী , যোৰহাট |
2 years ago |
মোৰ সহপাঠী বন্ধু ড০ প্ৰবীণ শইকীয়াদেৱৰ সৈতে হোৱা সাক্ষাতকাৰটি পঢ়ি ভাল লাগিল , সাক্ষাৎকাৰটিয়ে বহুতকে উপকৃত কৰিব বুলি আশা কৰিলোঁ *** |
0 |
Anonymous |
2 years ago |
সাক্ষাৎকাৰটি পঢ়ি বহু কথাই জানিব পাৰিলোঁ।ড°শইকীয়া ছাৰ আমাৰ সকলোৰে গৌৰৱ। |
0 |
ৰীতা দাস |
2 years ago |
ড০ প্ৰবীণ শইকীয়াদেৱৰ সাক্ষাৎকাৰটো পঢ়ি বহুত ভাল লাগিল । |
0 |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানত লেখাৰ সংখ্যা |
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)... |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>অসম কৃষি বিশ্ববিদ্যালয়ৰ ডীন ড০ জয়ন্ত ডেকাই কৈছে যে বৰ্তমানৰ কৃষিক্ষেত্ৰত প্ৰয়োগ হোৱা নানা আধুনিক প্ৰযুক্তিয়ে কৃষিখণ্ডক অতীতৰ কেবল ধান, শাক-পাচলি আদি খাদ্য উৎপাদন কৰা আওপুৰণি পদ্ধতিৰ পৰ... |
শুকুৰবাৰে দৰং জিলাৰ মহলীয়াপাৰা গাঁৱত কৃষি বিজ্ঞানৰ স্নাতক অন্তিম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ ৪ মহীয়া ‘গ্ৰাম্য কৰ্ম অভিজ্ঞতা কাৰ্যসূচী’ৰ অন্তৰ্গত আয়োজন কৰা কৃষি প্ৰদৰ্শনী-২০১৮ত উপস্থিত থাকি এই মন্তব্য কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ৰ ডীন গৰাকীয়ে। |
ৰাজ্যখনৰ যুৱ সমাজে শেহতীয়া প্ৰযুক্তি প্ৰয়োগ কৰি বাণিজ্যিকভাৱে কৃষিকাৰ্যত মনোনিৱেশ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দি ড০ ডেকাই কেন্দ্ৰীয় চৰকাৰ বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰে। ড০ ডেকাই উল্লেখ কৰা আৰু যুৱ সমাজক আকৰ্ষণ কৰিব পৰা আঁচনিকেইখন মান হৈঠছে গ্ৰাম্য ঔদোগিক সজাগতা উন্নয়ন যোজনা (Rural Entrepreneurship Awareness Development ... |
ড০ ডেকাই কৈছে, ‘‘চৰকাৰে পৰ্যৱেক্ষণ কৰা অনুসৰি, কৃষকসকলৰ নতুন প্ৰজন্মই কৃষিৰ ফালে পিঠি দি অন্য বৃত্তিলৈকে আকৰ্ষিত হৈছে। নতুন প্ৰজন্মক পুনৰ কৃষিকাৰ্যলৈ আকৰ্ষিত কৰিবলৈ এই আঁচনি প্ৰৱৰ্তন কৰা হৈছে।’’ |
তেওঁ আৰু কৈছে যে কৃষিকাৰ্যক আওপুৰণি পদ্ধতি বুলি ধৰি ল’ব নালাগে। আধুনিক কৃষিত হালবোৱা, কঠিয়া ৰোৱাৰ পৰা শস্য চপোৱালৈকে সকলোতে যন্ত্ৰৰ ব্যৱহাৰ হৈছে। |
অসমৰ কেইগৰাকীমান উচ্চ শিক্ষিত যুৱকে বেংক আৰু বহুজাতিক কোম্পানীৰ লোভনীয় দৰমহাৰ চাকৰি ত্যাগ কৰি কেনেদৰে ফাৰ্মিং আৰু কৃষিখণ্ডৰ সৈতে জড়িত কামত নিয়োজিত হৈ বছৰি ২কোটি টকালৈকে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে তাৰ উদাহৰণ দাঙি ধৰে। |
অনুষ্ঠানত বক্তব্য ৰাখি মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে সংহত কৃষিৰে অতি কমেও নেমু, জলকীয়া, অমিতা আদিৰ খেতিৰে নিজৰ আৰ্থিক অৱস্থা টনকীয়াল কৰাৰ বাবে উপস্থিত ৰাইজক অনুৰোধ জনায়। বিধায়কগৰাকীয়ে ধ্ৰুবজ্যোতি শইকীয়া, মানৱ চলিহা, নীলম দত্ত, নৱনীতা বৰা আদি ৰাজ্যখনৰ প্ৰগতিশীল আৰু সফল কৃষকসকলৰ উদাহৰণ ডাঙি ধৰে আৰু তেওঁলোকক আদৰ্শব্যক্তি ... |
Recent News |
গৌৰৱান্বিত ৰাজ্য: ৰাষ্ট্ৰপতিৰ হাতৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰিলে কমনৱেলথ স্বৰ্ণজয়ী নয়নমণিয়ে |
ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ড: চাৰি ছাত্ৰক বহিষ্কাৰ, নিলম্বন তিনি হোষ্টেল ৱাৰ্ডেনক |
ত্ৰিপুৰাত পুনৰ ৰাজনৈতিক সংঘৰ্ষ: বিজেপি কৰ্মীৰ আক্ৰমণত চিপিআই-এমৰ এগৰাকী কৰ্মী নিহত, আহত কেইবাগৰাকীও |
যৌতুকৰ দাবীৰে পত্নীক হত্যা: হত্যাকাৰী পতিক ১৪ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
ইপিনে, এই অভিযোগ সন্দৰ্ভত স্বয়ং মুখ্য ন্যায়াধীশগৰাকীৰ নেতৃত্বৰ তিনিজনীয়া বিচাৰপীঠে গ্ৰহণ কৰা এক শুনানিৰ পাছত ৰঞ্জন গগৈয়ে কয় যে ন্যায়পালিকা এতিয়া গভীৰ সংকটত। অৱশ্যে, উক্ত বিচাৰপীঠখনে গোচৰটোক লৈ কোনো নিৰ্দেশনা জাৰি কৰা নাই। |
আনহাতে, মুখ্য ন্যায়াধীশগৰাকীয়ে স্পষ্ট কৰিছে যে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত তেওঁ নহয়, আন জ্যেষ্ঠ ন্যায়াধীশেহে কৰিছে। |
এই সন্দৰ্ভত মুখ্য ন্যায়াধীশ গৰাকীয়ে মন্তব্য কৰি কয়, ‘’এইদৰে লক্ষ্য হৈ পৰিলে ভাল মানুহ কেতিয়াও ন্যায়াধীশ হ’ব নোৱাৰে। ন্যায়পালিকা এতিয়া গভীৰ সংকটত। মই সৰ্বোচ্চ আসনৰ পৰা এই কথা কোৱাৰ বাবে বিচাৰপীঠ গঠন কৰিবলগীয়া হৈছে।‘’ |
বাতৰি অনুসৰি অভিযোগকাৰী মহিলাগৰাকীয়ে দাখিল কৰা শপতনামাখন কিছু তথ্য প্ৰমানসহ উচ্চতম ন্যায়ালয়ৰ ২২ গৰাকী ন্যায়াধীশৰ হাতত অৰ্পণ কৰিছে। |
সম্পূৰ্ণ অনাকাংক্ষিত এই ঘটনাটোৰ বাবেই উচ্চতম ন্যায়ালয়ে আজি পুৱাই বিশেষ বিচাৰপীঠ বহুৱাবলৈ বাধ্য হয় য’ত মুখ্য ন্যায়াধীশগৰাকীয়ে দৃঢ়তাৰে বিষয়টো অস্বীকাৰ কৰে। |
অতি মৰ্মাহত হৈ পৰা মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে মন্তব্য কৰে যে ইয়াৰ আঁৰত এক বৃহৎ শক্তি আছে যিয়ে মুখ্য ন্যায়াধীশৰ কাৰ্যালয়ক নিষ্ক্ৰিয় কৰিব বিচাৰিছে। তদুপৰি, তেওঁ উল্লেখ কৰে যে টকাৰ প্ৰলোভনেৰে তেওঁক বলে নোৱাৰি এতিয়া মানুহে এনে বাট বিচাৰি উলিয়াইছে। |
মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে পৰৱৰ্তী সপ্তাহত কেইটামান গুৰুত্বপূৰ্ণ গোচৰৰ শুনানি থকাৰ পূৰ্বেই এই অভিযোগ অনা হৈছে। |
‘’মই এই আসনত বহিয়েই কোনো শংকাহীনভাৱে মোৰ ন্যায়িক কামকাজ চলাই যাম। … ঘটনাবোৰ বহু দূৰলৈ গতি কৰিছে। ন্যায়পালিকাক বলিৰ পঠা সজাব নোৱাৰি,’’-গগৈয়ে কয়। |
‘ন্যায়াধীশ হিচাপে ২০ বছৰীয়া নিঃস্বাৰ্থ সেৱাৰ অন্তত আজি মোৰ বেংকত জমা টকা মাত্ৰ ৬ লাখ ৮০ হাজাৰ। মোৰ পিয়নজনৰ মোতকৈ সম্পত্তি আৰু টকা বেছি। ২০ বছৰ সেৱাৰ পাছত মুখ্য ন্যায়াধীশ গৰাকীৰ বাবে এয়া কি এক পুৰস্কাৰ,’’-ৰঞ্জন গগৈয়ে লগতে কয়। |
আনহাতে, মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে তেওঁৰ বিৰুদ্ধে অভিযোগ অনা মহিলাগৰাকীৰ অপৰাধৰ নজিৰ আছে আৰু তেওঁৰ বিৰুদ্ধে আৰক্ষীৰ দুটা গোচৰো আছে। |
এই সন্দৰ্ভত মহাধিবক্তা তুষাৰ মেহতাই কয় যে অভিযোগসমূহ ব্লেকমেইলৰ কৌশল যেন দেখা গৈছে। |
এই অভিযোগৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ অৰুণ মিশ্ৰ আৰু সঞ্জীৱ খান্নাই কয়, ‘’যদি ন্যায়াধীশসকলক এনেদৰে আক্ৰমণ চলাই থকা হয়, তেন্তে ন্যায়ালয়ে কেতিয়াও সূচাৰুৰূপে কাম কৰিব নোৱাৰিব।‘’ |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.