text
stringlengths
0
188k
শেহতীয়া
জনপ্ৰিয়
গুৱাহাটীত উত্তৰ-পূবৰ প্ৰথমটো ডাইৰেক্ট ছাৰ্ভিচ চেণ্টাৰ মুকলি এলজি ইলেকট্ৰ'নিক্সৰ
W7s news ষ্টাফৰিপোৰ্টাৰ ঃ ভাৰতৰ আগশাৰীৰ উপভোক্তা বহনক্ষম ব্লেণ্ড এল জি ইলেকট্রনিক্সে মঙলবাৰে গুৱাহাটীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ প্ৰথমটো ডাইৰে...
ব্ৰহ্মকুমাৰী'জৰ উদ্যোগত কাঁহিকুছিত আত্মনির্ভৰ কৃষক অভিযান ; কৃষক -কৃষি বিজ্ঞানীক সম্বৰ্ধনা
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ আৰ্থিক সাহায্যত , ব্ৰহ্মকুমাৰীজ'ৰ ৰাজযোগ শিক্ষা আৰু গৱেষণা ফাউণ্ডেশ্যনৰ কৃষি আ...
গুণোৎসৱ ২০২২: গুণগত আৰু উন্নত শিক্ষাৰ দিশত এক সবল খোজ
১১ মে'ৰপৰা ৪ জুনলৈ ৰাজ্যজুৰি অনুষ্ঠিত হ'ব গুণোৎসৱ ২০২২ W7s news ষ্টাফৰিপোৰ্টাৰ: ক'ভিড-১৯ পৰিস্থিতিয়ে প্ৰভাৱান্বিত কৰা অসমৰ শিক...
চাৰিদিনীয়া INTCON এক্সপ’ গুৱাহাটী ২০২২ ৰ শুভাৰম্ভ
W7s news গুৱাহাটী: ইন্টেৰিঅ’ৰ ডিজাইন আৰু নিৰ্মাণ খণ্ডৰ বাবে আৰম্ভ হ’ল চাৰিদিনীয়া (২৫-২৮ আগষ্ট, দিনৰ ১১ বজাৰ পৰা ৭ বজালৈ) অনন্য INTCON এক্স...
আই এ এছ এছ টিত অত্যাধুনিক যন্ত্ৰপাতিৰ প্ৰশিক্ষণ আৰু প্ৰদৰ্শন কাৰ্যসূচী আৰম্ভ
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনৰ গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত ইনষ্টিটিউট অফ এডভান্স চায়েন্স এণ্ড টেকন&#...
মন্তব্য
Archive
Archive November (55) October (116) September (171) August (129) July (140) June (134) May (116) April (103) March (103) February (81) January (44) December (106) November (84) October (128) September (149) August (157) July (182) June (110) May (148) April (107) March (44) February (2)
Sponsor
AD BANNER
সাহিত্য
Tags
অসম আন্তঃৰাষ্ট্ৰীয় উত্তৰ-পূৰ্বাঞ্চল ক্ৰীড়া গুৱাহাট গুৱাহাটী গুৱাহাটী- গুৱাহাটী-ব্যবসায়-বাণিজ্য গুৱাহাটী-ব্যৱসায়-বাণিজ্য গুৱাহাটী' চিত্ৰ-আলোকচিত্ৰ পৰ্যটন ফেশ্বন ফেশ্যন বৰাক বলিউড বসায়-বাণিজ্য ব্যবসায়-বাণিজ্য ব্যৱসায় ব্যৱসায়-বাণিজ্য ভাৰত ভিডিঅ’ মনোৰঞ্জন ৰাজনীতি ৰাষ্ট্ৰীয় শিক্ষা সাহিত্য স্বাস্থ্য<eot>বাসুদেৱ থান লখিমপুৰ জ...
ইতিহাস আৰু প্ৰবাদ[সম্পাদনা কৰক]
পূৰ্বতে সত্ৰৰ ভূমি (য'ত এইখন মূলতে অৱস্থিত আছিল) ১৩৯২ খ্ৰীষ্টাব্দত সদধাপুৰ/শদিয়া ৰাজ্যৰ চুতীয়া ৰজা সত্যনাৰায়ণে বিষ্ণু পূজা কৰিবলৈ নাৰায়ণ দিজিক দান কৰিছিল আৰু লগতে মন্দিৰ এটা নিৰ্মাণ কৰা হৈছিল। কিন্তু, বানপানীৰ কাৰণে মন্দিৰভাগৰ স্থান পৰিত্যক্ত হয় আৰু ১৪০১ খ্ৰীষ্টাব্দত ৰজা লক্ষ্মীনাৰায়ণে (সত্যনাৰায়ণৰ পুত্ৰ) এভাগ ন...
চৰিত পুথিৰ মতে, ঠাকুৰৰ আগমনৰ দিনা ৰাতি স্বৰ্গদেউ জয়ধ্বজ সিংহই ৰাতি সপোনত চতুৰ্ভূজৰূপী বিষ্ণুৰ অৱতাৰ দৰ্শন কৰি পাছদিনা ঠাকুৰৰ আগত ব্যক্ত কৰে আৰু নিজ ৰাজ্যত সত্ৰাদি পাতিবলৈ কুণ্ডিলৰ(শদিয়া) পৰা বাসুদেৱ মূৰ্ত্তি আনিবলৈ ৰাজবিষয়া প্ৰেৰণ কৰে। মূৰ্ত্তি অনাৰ পাছত সোৱণশিৰি নদীৰ কাষৰ চাৰিভাগী নামৰ ঠাইৰ বাসুদেৱ মন্দিৰৰ ভূমিত সত...
প্ৰথম অৱস্থাত এই সত্ৰখনৰ নাম "নৰোৱা সত্ৰ। ” এতিয়াৰ সত্ৰখনৰ নামকৰণক লৈ বহুতৰে মতবিৰোধ হোৱা দেখা যায়। বহুতেই কয় যে, দামোদৰ আতা উজনিৰ পৰা আহিছিল আৰু তেখেতেই এই লাউমূৰি সত্ৰ স্থাপন কৰিছিল। বাহুদে নামৰ এজন ব্ৰাহ্মণে দামোদৰ আতাক সত্ৰখনৰ মাটিটুকুৰা উপহাৰ হিচাবে দিছিল। ১৭০৭ চনত আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহই ইয়ালৈ আহিছিল, কি...
বিৱৰণ[সম্পাদনা কৰক]
এই থানৰ মাতি প্ৰায় ২০০ বিধা আৱৰা। প্ৰায়ভাগেই গছ-গছনিৰৰে ভৰা। এই থানৰ ওচৰৰ অনেক গ্ৰামতো বিভিন্ন মূৰ্তি উদ্ধাৰ হৈছে, যি মূৰ্তি লোকে এই থানত অৰ্পণ কৰিছে।[4][5]
জন বিশ্বাস[সম্পাদনা কৰক]
লোকবিশ্বসানুসৰি ৰুক্মিণীয়ে বাসুদেৱ থানৰ মূৰ্তি নিৰ্মাণ কৰিছিল, বাসুদেৱক নিজৰ পতি হিচাপে পাবলৈ। সেয়ে এই থানত ইচ্ছা পূৰ্ণ কৰাৰ শক্ৰি আছে বুলি বিশ্বাস কৰা হয়।[6]
যোগাযোগ[সম্পাদনা কৰক]
লখিমপুৰ জিলাৰ নকাড়ী আৰু ধেমাজি জিলাৰ গোগামুখ সমীপতম্‌ ৰেলৱে ষ্টেচন আৰু লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰ হৈছে সমীপতম্‌ বিমান বন্দৰ।
শাখা থান[সম্পাদনা কৰক]
সত্ৰাধিকাৰ মুক্তিনাথদেৱ গোস্বামীৰ দিনত লখিমপুৰৰ বিহপুৰীয়া আৰু পথালি পাহাৰত দুখন শাখা থান প্ৰতিষ্ঠা কৰা হয়।[7] এই দুখন ক্ৰমে-
কাচি কটা বাসুদেৱ থান
তৰাজুলি বাসুদেৱ থান
বাসুদেৱ নামৰ অৰ্থ আৰু তাৎপৰ্য[সম্পাদনা কৰক]
"কৃষ্ণ বাসুদেৱ” নামৰ আভিধানিক ব্যুৎপত্তি আৰু অৰ্থ হৈছে-
ৱসুদেৱ+ষ্ণ (অপত্যাৰ্থে) = বাসুদেৱ;
অৰ্থঃ বসুদেৱৰ পুত্ৰ পূৰ্ণব্ৰহ্ম দৈৱকীনন্দন কৃষ্ণ, অৰ্থাৎ বসুদেৱ আৰু তৎপত্নী দৈৱকীৰ পুত্ৰৰূপে অৱতাৰ হোৱা পৰমব্ৰহ্ম কৃষ্ণই হৈছে "বসুদেৱ”
মহাপুৰুষ মাধৱদেৱৰ ঘোষাৰ নামান্বয় অংশৰ ভাঙনি কৰিলেও পোৱা যায় যে, পৰমব্ৰহ্মৰ ‘কৃষ্ণ’ আৰু ‘বাসুদেৱ’ এই দুয়োটি নামেৰে ব্যহ্মাৰ একৰূপতাকেই প্ৰকাশ কৰি এটি টীকাৰ দুটি পিঠিৰূপে জগতত বিৰাজ কৰিছে। কৃষ্ণৰূপে সমস্ত পৃথিৱীকে আনন্দ সাগৰত দ্ৰৱিত কৰি, বাসুদেৱৰূপে সমস্ত জগততে বাস কৰিছে আৰু সমস্ত জগতো তেওঁতে নিবাস কৰিছে। সেই নিমিত্তে...
নৰোৱা নামৰ তাৎপৰ্য[সম্পাদনা কৰক]
ৱেড চাহাবৰ "অসমৰ বিৱৰণ” পুথিৰ মতে, ছাঁপৰা নৈৰ পাৰত নৰোৱা নামৰ ঠাইত এখন থান আছে বুলি উল্লেখ আছে আৰু তালৈ বছৰি সহস্ৰাধিক দৰ্শনাৰ্থী আহি বাসুদেৱ মূৰ্ত্তি দৰ্শন কৰেহি।[9]
"NAROA is much smaller district, which does not exceed eight miles in length and six in breadth. It is chiefly noted for a temple or Takoorbari. The waters of Sowpurra (Champora) river contribute to enrich the estate of the NAROA GOSAIN or GOSWAMI. --- P. Wedd"
দামোদৰ ঠাকুৰে আই কনকলতাৰ সৈতে আহি বৰদোৱা থান পুনৰুদ্ধাৰ কৰি নতুনকৈ এখনি সত্ৰ প্ৰতিষ্ঠা কৰে আৰু নতুনকৈ প্ৰতিষ্ঠা কৰাৰ নিমিত্তে সত্ৰখনিক নৰোৱা সত্ৰ বোলা হ’ল[10]। আনহাতে বাসুদেৱৰ মূৰ্ত্তি বিৰাজ কৰা থানখনত নৰোৱা বংশৰ গোঁসাই থকাৰ কাৰণে ইয়াক নৰোৱা সত্ৰও বুলি জনা যায়[11]
বাসুদেৱ থানৰ মূৰ্ত্তি[সম্পাদনা কৰক]
বাসুদেব থানৰ মূৰ্ত্তিসমূহ ভালেমান কালৰ পুৰণি। পুৰণি বাসুদেৱ থানৰ মূৰ্তিভাগ চুতীয়া ৰজা সত্যনাৰায়ন দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল। বৰ্তমান থানৰ(সত্ৰৰ) বৃহৎ শিলৰ মূৰ্ত্তিখন কুণ্ডিলৰ চুতীয়া ৰজাৰ হাতত আছিল আৰু পৰ‌বৰ্তি কালত দামোদৰ দেৱৰ দিনত নৰোৱা সত্ৰলৈ স্থানান্তৰ কৰা হৈছিল। এনেদৰে বাসুদেৱ থান আৰু নৰোৱা সত্ৰৰ সংযোগ ঘটে। ‘ঠাক...
সত্ৰাধিকাৰ তথা ধৰ্মাচাৰ্যসকল[সম্পাদনা কৰক]
প্ৰতিষ্ঠাতা শ্ৰী শ্ৰী দামোদৰ ঠাকুৰ
ৰমাকান্ত ঠাকুৰ
ৰামচন্দ্ৰ ঠাকুৰ
ৰামদেৱ
ভদ্ৰদেৱ
লক্ষ্মীদেৱ
বামদেৱ
অচ্যুৎ চন্দ্ৰদেৱ
মুক্তিনাথদেৱ
মহেশ চন্দ্ৰদেৱ
শ্ৰী শ্ৰী ৰূপেন্দ্ৰ দেৱ[12]
শ্ৰী শ্ৰী ভূপেন্দ্ৰ দেৱ গোস্বামী
অতিথিশালা[সম্পাদনা কৰক]
বাসুদেৱত এটা অতি সুন্দৰ অতিথিশালা আছে। দূৰণিৰ ভক্তসকলৰ বাবে ইয়াত থকা আৰু খোৱাৰ সু-ব্যৱস্থা আছে।
যোগাযোগ[সম্পাদনা কৰক]
বাসুদেৱলৈ আহিবলৈ দুটা ৰাস্তা আছে। এটা ঘিলামৰাৰ বৰদৈবামৰ পৰা আৰু আনটো ঢকুৱাখনা পৰা।
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
↑ http://www.assaminfo.com/tourist-places/27/shri-shri-basudev-than.htm
↑ www.cic.nic.in/cicwebpages/Assam/dakhuakhana/basudevthan1.htm
↑ * শ্ৰী শ্ৰী বাসুদেৱথান নৰোৱাসত্ৰৰ ইতিবৃত্ত, লেখক- প্ৰফুল্লনাৰায়ণ গোস্বামী শাস্ত্ৰী (প্ৰকাশকঃ শ্ৰীযুত মোহন চন্দ্ৰ দেৱ গোস্বামী, প্ৰথম প্ৰকাশঃ ফেব্ৰুৱাৰী ২০১৫)
↑ 6th para Assaminfo.com
↑ http://www.cic.nic.in/cicwebpages/Assam/dakhuakhana/basudevthan1.htm cic
↑ cicwebpages, Assam, Dhakuakhana, Basudevthan1 Para 6
↑ * শ্ৰী শ্ৰী বাসুদেৱথান নৰোৱাসত্ৰৰ ইতিবৃত্ত, লেখক- প্ৰফুল্লনাৰায়ণ গোস্বামী শাস্ত্ৰী (প্ৰকাশকঃ শ্ৰীযুত মোহন চন্দ্ৰ দেৱ গোস্বামী, প্ৰথম প্ৰকাশঃ ফেব্ৰুৱাৰী ২০১৫)
↑ * শ্ৰী শ্ৰী বাসুদেৱথান নৰোৱাসত্ৰৰ ইতিবৃত্ত, লেখক- প্ৰফুল্লনাৰায়ণ গোস্বামী শাস্ত্ৰী (প্ৰকাশকঃ শ্ৰীযুত মোহন চন্দ্ৰ দেৱ গোস্বামী, প্ৰথম প্ৰকাশঃ ফেব্ৰুৱাৰী ২০১৫)
↑ ড॰ মহেশ্বৰ নেওগৰ সংকলিত আৰু সম্পাদিত ‘পবিত্ৰ অসম’ গ্ৰন্থৰ পৃষ্ঠা নং ১৪-১৫
↑ শ্ৰী শ্ৰী বাসুদেৱ থান- অতীত আৰু বৰ্তমান, লেখক- প্ৰফুল্লনাৰায়ণ গোস্বামী শাস্ত্ৰী (প্ৰকাশকঃ শ্ৰীযুত মোহন চন্দ্ৰ দেৱ গোস্বামী, প্ৰথম প্ৰকাশঃ ফেব্ৰুৱাৰী ২০১৫)
↑ ১৯৮৫ চনৰ অসম সাহিত্য সভাৰ স্মৃতিগ্ৰন্থত অধ্যাপক শ্ৰীহৰেন্দ্ৰদেৱ গোস্বামীয়ে লিখা প্ৰবন্ধ
↑ শ্ৰী শ্ৰী বাসুদেৱথান নৰোৱাসত্ৰৰ ইতিবৃত্ত, লেখক- প্ৰফুল্লনাৰায়ণ গোস্বামী শাস্ত্ৰী (প্ৰকাশকঃ শ্ৰীযুত মোহন চন্দ্ৰ দেৱ গোস্বামী, প্ৰথম প্ৰকাশঃ ফেব্ৰুৱাৰী ২০১৫)
↑ শ্ৰী শ্ৰী বাসুদেৱথান নৰোৱাসত্ৰৰ ইতিবৃত্ত, লেখক- প্ৰফুল্লনাৰায়ণ গোস্বামী শাস্ত্ৰী (প্ৰকাশকঃ শ্ৰীযুত মোহন চন্দ্ৰ দেৱ গোস্বামী, প্ৰথম প্ৰকাশঃ ফেব্ৰুৱাৰী ২০১৫)
↑ শ্ৰী শ্ৰী বাসুদেৱ থান- অতীত আৰু বৰ্তমান, লেখক- প্ৰফুল্লনাৰায়ণ গোস্বামী শাস্ত্ৰী (প্ৰকাশকঃ শ্ৰীযুত মোহন চন্দ্ৰ দেৱ গোস্বামী, প্ৰথম প্ৰকাশঃ ফেব্ৰুৱাৰী ২০১৫)
↑ ড॰ মহেশ্বৰ নেওগৰ সংকলিত আৰু সম্পাদিত ‘পবিত্ৰ অসম’ গ্ৰন্থৰ পৃষ্ঠা নং ১৪-১৫
↑ ১৯৮৫ চনৰ অসম সাহিত্য সভাৰ স্মৃতিগ্ৰন্থত অধ্যাপক শ্ৰীহৰেন্দ্ৰদেৱ গোস্বামীয়ে লিখা প্ৰবন্ধ
"https://as.wikipedia.org/w/index.php?title=বাসুদেৱ_থান&oldid=311263"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
অসমৰ ধৰ্মীয় স্থান
হিন্দুধৰ্মৰ মঠ-মন্দিৰ
এই পৃষ্ঠাখন ১৭ জানুৱাৰী, ২০২২ তাৰিখে ১৯:৪৬ বজাত অন্তিম সংশোধন কৰা হৈছিল।
লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।<eot>আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই ...
ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
ৱিকিপিডিয়াৰ বিষয়ে অলপ
সম্পাদনাৰ থুলমুল আভাস
ৱিকিপিডিয়া সম্পাদনাৰ বিষয়ে প্ৰয়োজনীয় আভাস
প্ৰবন্ধ এটা কেনেকৈ আৰম্ভ কৰিব?
সততে উদিত প্ৰশ্নসমূহ
ৱিকিপিডিয়াৰ সম্পাদনাৰ নিয়ম নীতি
ৱিকিপিডিয়াৰ পঞ্চশীল নীতি
ৱিকিপিডিয়া কি নহয়
ইয়াৰ উপৰিও ফে'চবুকত Assamese Wikipedia Community বুলি আমাৰ এটা আলোচনা গোট আৰু অসমীয়া ৱিকিপিডিয়া নামৰ এটা পৃষ্ঠা আছে। ৱিকিপিডিয়ানসকলক লগ পাবলৈ আৰু ৱিকিপিডিয়াৰ বিষয়ে জানিবলৈ আপুনিও সেইবোৰৰ সদস্য হৈ ল'ব পাৰে।
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব।
গীতাৰ্থ বৰদলৈ 17:05, 21 ফেব্ৰুৱাৰী 2012 (UTC)
২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বানসম্পাদনা কৰক
প্ৰিয় Dr Bhupendra Saikia,
২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।