text
stringlengths
0
188k
National
International
Business
Entertainment
Sports
Lifestyle
Technology
Politics
Health
Live TV
Home
News
আঞ্চলিক
গৌৰৱান্বিত পিতৃ : ৰান্ধনিৰ পুত্ৰ হ’ল চেম্পিয়ন
আঞ্চলিক
Image Credit: Internet
Aug 30, 2021 | Deleted
চণ্ডীগড়ঃ ‘মই যিখিনি পৰিচালনা আৰু সঞ্চয় কৰিব পাৰিছিলো, সেইখিনি মই ৰোহিতৰ প্ৰশিক্ষণত ব্যয় কৰিছিলো। ৰোহিতৰ কঠোৰ পৰিশ্ৰমে মোক অধিক উত্‍সাহিত কৰিছিল। বিবাহ অনুষ্ঠানত ৰান্ধনি হিচাপে কাম কৰাৰ লগতে অতিৰিক্ত ধন উপাৰ্জনৰ বাবে মই সাহস গোটাইছিলো। আংশিক সময় উলিয়াই অইন অনুষ্ঠান সমূহতো কাম কৰিবলৈ প্ৰেৰিত কৰিছিল মোৰ পুত্ৰ ৰোহিতৰ ...
জীৱনৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় ইভেণ্টত খিতাপ দখলৰ পাছতে সংবাদ শিৰোনাম দখল কৰিছে পিতা-পুত্ৰ। উল্লেখ্য যে, ১৬ বছৰীয়া চণ্ডীগড়ৰ বক্সাৰ ৰোহিত চামোলীয়ে ইউএইৰ ডুবাইত অনুষ্ঠিত এছিয়ান জুনিয়ৰ বক্সিং চেম্পিয়নশ্বিপত ল'ৰাৰ ৪৮ কিলোগ্ৰাম শাখাত স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হৈছে। জুনিয়ৰ এছিয়ান চেম্পিয়নৰ খিতাপ অৰ্জন ৰোহিতৰ। স্বৰ্ণজ...
ৰোহিতৰ সাফল্যৰ ছিটিকনিত উজ‌লি উঠিছে পিতৃৰ মুখমণ্ডল। এৰি অহা অতীতৰ স্মৃতিত বাৰে বাৰে উথলি উঠিছে পিতৃৰ মনৰ কোঠালি। উল্লেখ্য যে, চলিত বৰ্ষৰ জুলাই মাহত সোনেপত অনুষ্ঠিত হোৱা জুনিয়ৰ ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপৰ ৪৮ কিলোগ্ৰাম শাখাত ৰাষ্ট্ৰীয় জুনিয়ৰ চেম্পিয়ন হোৱাৰ পূৰ্বে যুৱকজনে চণ্ডীগড় ৰাজ্যিক বক্সিং টুৰ্ণামেণ্টত খিত...
Share :
Sponsor Ad
Click Here To Advertise With Us
Instagram Feed
Follow Us
Sponsor Ad
Click Here To Advertise With Us
Prag News is one of the oldest and best news channels in Assam as well as Northeast India. With over 20 years of dedication and hardwork, we continue to bring to you ground-breaking news and updates from every corner of Assam and beyond.<eot>মুম্বাইৰ কামাথিপুৰাত চনি আৰু অন্যান্য যৌনকৰ্মীয়ে লকডাউনৰ সময়ত আৰ্থিক ক্ষতিৰ ...
Aakanksha
Translator : Manoranjan Majumder
Language
Assamese
English
Odia
Urdu
Hindi
Gujarati
Marathi
Bengali
Tamil
Malayalam
Assamese
Read the story in pictures
Share
Print this story
Central Mumbai , Maharashtra
See more from this region
“এইখন নৰক
এক চাকনৈয়া
দুৰ্বিসহ এক কুৎচিত যাতনা
নৰ্তকীৰ বেদনাক্লিষ্ট নূপুৰ...”
নামদেৱ দশালৰ কবিতা ‘কামাথিপুৰা’ৰ পৰা
বহু বছৰৰ পিছত প্ৰথমবাৰলৈ কোলাহলপূৰ্ণ পথটোলৈ নিৰৱতা নামি আহিছিল। কিন্তু তাত বাস কৰা মহিলাসকলে বেছি দিন কামৰ পৰা আঁতৰি থাকিব নোৱাৰিলে। ঘৰৰ ভাৰা পৰিশোধ কৰিবলগীয়া আছিল, লকডাউনৰ সময়ত তেওঁলোকৰ ল'ৰা-ছোৱালীবোৰ তেওঁলোকৰ হোষ্টেলৰ পৰা ঘৰলৈ উভতি আহিছিল আৰু দৈনিক খৰচ বাঢ়ি গৈছিল।
জুলাইৰ মাজভাগত প্ৰায় চাৰি মাহৰ ব্যৱধানৰ পিছত ২১ বছৰীয়া চনিয়ে প্ৰতি সন্ধিয়া মধ্য মুম্বাইৰ কামাথিপুৰা অঞ্চলত ফকলেণ্ড ৰোডৰ ফুটপাথত আকৌ এবাৰ থিয় হ'বলৈ আৰম্ভ কৰিছিল। তেওঁ নিজৰ পাঁচ বছৰীয়া জীয়েক ঈশাক এগৰাকী ঘৰৰ মালিকনীৰ ওচৰত ৰাখি কাষৰ সৰু হোটেল বা বন্ধুৰ কোঠাত গ্ৰাহকসকলক লগ কৰিবলৈ যাব। ঈশাৰ কাৰণে তেওঁ সিহঁতক নিজৰ কোঠা...
৪ আগষ্টত, যেতিয়া চনি নিশা প্ৰায় ১১ বজাত কামৰ পৰা উভতি আহিছিল আৰু নিজৰ কোঠালৈ গৈছিল, তেওঁ দেখিছিল যে ঈশাই কান্দি আছে। চনিয়ে এইদৰে কয়: "মই প্ৰতিদিনে তাইৰ ওচৰ পোৱাৰ সময়ত তাই শুই পৰিছিল, কিন্তু [সেই নিশা] তাই তাইৰ শৰীৰৰ ফালে আঙুলিয়াই বিষাইছে বুলি কৈছিল।" এই সকলোবোৰ বুজিবলৈ মোক অলপ সময় লাগিছিল..."
সেইদিনা সন্ধিয়া চনি কামত থকা অৱস্থাত ঈশাক ধৰ্ষণ কৰা হৈছিল বুলি অভিযোগ কৰা হৈছে। কেইঘৰমান দূৰৈত বাস কৰা এগৰাকী যৌনকৰ্মীয়ে ঈশাক বিস্কুট দিয়াৰ অজুহাতত নিজৰ কোঠালৈ লৈ গৈছিল৷ মানুহগৰাকীক সংগীয়ে তাত অপেক্ষা কৰি আছিল। "তেওঁ সুৰাপান কৰিছিল আৰু মোৰ ছোৱালীক তাইক এৰি যোৱাৰ পূৰ্বে কাকো এইবোৰ একো নক'বলৈ সতৰ্ক কৰি দিছিল’’, চনিয়ে ...
PHOTO • Aakanksha
PHOTO • Aakanksha
‘ময়েই মুৰ্খ যিয়ে বিশ্বাস কৰিছিলো যে আমাৰ দৰে মানুহে কাৰোবাক বিশ্বাস কৰিব পাৰে’ চনিয়ে কয়, ঘটনাটোৰ পিছত তেওঁ নাগপড়া আৰক্ষী থানাত এক অভিযোগ দাখিল কৰিছিল। সোঁফালে: কাপোৰবোৰ তেওঁলোকৰ কোঠাৰ বাহিৰত ওলমি আছে
অঞ্চলটোৰ এগৰাকী প্ৰাক্তন যৌনকৰ্মী ডলীয়ে ঘটনাটোৰ পিছত বিষয়টো নিষ্পত্তি কৰিবলৈ চনিক সৈমান কৰিবলৈ চেষ্টা কৰিছিল, তেওঁ ঈশাক প্ৰলোভিত কৰাৰ পৰিকল্পনাৰ বিষয়ে জানিছিল। "ইয়াত ছোৱালীবোৰৰ কি হয় সকলোৱে জানে। কিন্তু মানুহে এনে অৱস্থাত চকু বন্ধ কৰে আৰু বহুতো লোক আছে যিয়ে আমাৰ মুখ বন্ধ কৰিবলৈ আহে। কিন্তু মই নিশ্চুপ হৈ থাকিব নোৱা...
সেইদিনাই, অৰ্থাৎ ৪ আগষ্টত, চনিয়ে নিকটৱৰ্তী নাগপাড়া আৰক্ষী থানাত এটা অভিযোগ দাখিল কৰিছিল। পিছদিনা, যৌন উৎপীড়নৰ পৰা শিশুৰ সুৰক্ষা আইন (পকচো), ২০১২-ৰ অধীনত এখন এজাহাৰ দাখিল কৰা হৈছিল। আইনৰ ব্যৱস্থা অনুসৰি আৰক্ষীয়ে ৰাজ্যখনৰ শিশু কল্যাণ সমিতিৰ কাষ চাপিছিল য’ত এক সুৰক্ষিত পৰিৱেশত আইনী সাহায্য, পৰামৰ্শ আৰু পুনৰ্সংস্থাপনৰ দ...
******
অৱশ্যে এনে ঘটনা অতি সাধাৰণ হয়। ২০১০ চনত কলকাতাৰ ৰেড লাইট এলেকাত কৰা এক অধ্যয়নত সাক্ষাৎকাৰ গ্ৰহণ কৰা ১০১ টা পৰিয়ালৰ ৬৯ শতাংশই ভাবিছিল যে তেওঁলোকৰ অঞ্চলৰ পৰিৱেশ সন্তানৰ বাবে ভাল নহয়, মুখ্যতঃ ছোৱালীৰ বাবে। প্ৰতিবেদন অনুসৰি, "... মাতৃসকলৰ সৈতে হোৱা বাৰ্তালাপে প্ৰকাশ কৰিছিল যে যেতিয়া এজন গ্ৰাহকে তেওঁলোকৰ ছোৱালীক স্পৰ্শ...
কামাথিপুৰাত আমাৰ কথোপকথনৰ চলি থকাৰ সময়ত ওচৰতে বহি থকা এগৰাকী যৌনকৰ্মীয়ে কয়, "আমাৰ ছোৱালীৰ সৈতে এনে কৰা বা ওচৰ চাপিবলৈ চেষ্টা কৰা বা তাইক অশ্লীল ভিডিঅ’ চাবলৈ বাধ্য কৰোৱা বুলি শুনিবলৈ পোৱাটো আমাৰ বাবে নতুন কথা নহয়। ই কেৱল ছোৱালীৰ মাজতেই সীমাবদ্ধ নহয়, সৰু ল'ৰাবোৰৰ ক্ষেত্ৰতো এনে হয়। কিন্তু কোনেও মুখ খুলিব নোৱাৰিব।"
২০১৮ চনত প্ৰকাশিত আন এক প্ৰতিবেদনত কোৱা হৈছিল যে "কিছুমান লোকৰ ক্ষেত্ৰত শিশু যৌন উৎপীড়নৰ আশংকা যথেষ্ট বেছি, যাৰ ভিতৰত আছে বাণিজ্যিক যৌনকৰ্মীৰ সন্তান, মানসিক সমস্যাৰ সৈতে যুঁজি থকা ছোৱালী, আৰু বিদ্যালয় এৰি যোৱা আৰু শ্ৰমিক হিচাপে কাম কৰি থকা কিশোৰ ল'ৰা আৰু ছোৱালী।"
PHOTO • Aakanksha
PHOTO • Aakanksha
চাৰুৱে আগষ্টত পুনৰ কাম আৰম্ভ কৰিছিল , যেতিয়া তাই কামলৈ ওলাই যায়, তেওঁ নিজৰ তিনি বছৰীয়া জীয়েক শীলাকো ঘৰত এৰি থৈ যাবলগীয়া হয়। তাই প্ৰশ্ন কৰে , 'মো ৰ হাতত আন উপায় আছে জানো ?'
লকডাউনে তেওঁলোকক বিপদত পেলোৱাটো সম্ভৱ। ইউনিচেফৰ জুন ২০২০-ৰ 'শিশুৰ বিৰুদ্ধে হিংসা সমাপ্তিৰ কাৰ্য্যনীতি' শীৰ্ষক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে এপ্ৰিলত লকডাউনৰ দুসপ্তাহৰ ভিতৰত মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত জৰুৰীকালীন সেৱা চাইল্ডলাইনলৈ অহা ফোনৰ সংখ্যা ৫০ শতাংশ বৃদ্ধি পাইছে। প্ৰতিবেদনখনত পৃথকে এইটোও কোৱা হ...
কামাথিপুৰাত কাম কৰা কিছুমান বেচৰকাৰী সংগঠনে যৌনকৰ্মীৰ সন্তানসকলৰ মাতৃ কামত ব্যস্ত থকাৰ সময়ত নিশা বা দিনৰ আশ্ৰয় গৃহ পৰিচালনা কৰে। তেওঁলোকে লকডাউনৰ সময়ত শিশুসকলক সম্পূৰ্ণ সময়ৰ বাবে আশ্ৰয়ত থাকিবলৈ প্ৰস্তাৱ দিছিল, কিন্তু চহৰখনৰ অন্যান্য আৱাসিক হোষ্টেলবোৰ বন্ধ থকা হেতুকে শিশুসকলক ঘৰলৈ প্ৰেৰণ কৰা হৈছিল। ঈশা যি আশ্ৰয় গৃহত...
লকডাউনৰ আৰম্ভণিতে, কিছুমান স্থানীয় বেচৰকাৰী সংগঠনৰ পৰা সামান্য ৰেচন আহিছিল যদিও ৰন্ধনৰ বাবে তেতিয়াও কেৰাচিনৰ প্ৰয়োজন আছিল। আৰু যেতিয়া চনিয়ে কাম পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল সেই সময়ত দুমাহৰ ভাড়াও বকেয়া আছিল। (যৌন নিৰ্যাতনৰ ঘটনাৰ পিছত চনি ১০ আগষ্টত ওচৰৰ পথৰ আন এটা কোঠালৈ স্থানান্তৰিত হৈছিল। ইয়াত ভাৰা প্ৰতিদিন...
বিগত বছৰবোৰত, চনিয়ে পৰিয়াল আৰু অঞ্চলটোৰ আন লোকসকলক প্ৰায় ৫০,০০০ টকাৰ ধাৰ অলপ অলপ কৈ পৰিশোধ কৰি আছিল। ইয়াৰ কিছুমান তাইৰ দেউতাকৰ চিকিৎসাৰ বাবে লোৱা হৈছিল; তেওঁ ৰিক্সা চলাইছিল আৰু পিছত উশাহ-নিশাহৰ অসুবিধাৰ বাবে ফল বিক্ৰী কৰা আৰম্ভ কৰিছিল, কিন্তু ২০২০ চনৰ ফেব্ৰুৱাৰীত তেওঁৰ মৃত্যু হয়। "মই পুনৰ কাম আৰম্ভ কৰিবলগীয়া হৈছিল...
******
কামাথিপুৰাৰ আন যৌনকৰ্মীসকলেও একে ধৰণৰ যুঁজ দি আছে। চনিয়ে বাস কৰা গলিটোত থকা ৩০ বছৰীয়া প্ৰিয়াই আশা কৰে যে হোষ্টেলবোৰে সোনকালেই তেওঁলোকৰ সন্তানক উভতাই নিয়া আৰম্ভ কৰিব। নৱম শ্ৰেণীত পঢ়া তেওঁৰ ন বছৰীয়া কন্যা ৰিদ্ধিক লকডাউন আৰম্ভ হোৱাৰ সময়ত মদনপুৰাৰ আৱাসিক বিদ্যালয়ৰ পৰা উভতাই অনা হৈছিল।
PHOTO • Aakanksha
PHOTO • Aakanksha
প্ৰিয়াই আশা কৰে যে আৱাসিক বিদ্যালয় আৰু হোষ্টেলবোৰে সোনকালেই তেওঁলোকৰ সন্তানক (যিসকলে লকডাউনৰ বাবে ঘৰলৈ উভতি আহিছে) পুনৰ উভতাই নিয়া আৰম্ভ কৰিব। ৪x৬ ৰ তিনিটা আয়তাকাৰ বাকচত বিভক্ত ১০x১০ ফুটৰ এটা কোঠাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, 'তেওঁলোকে ইয়ালৈ আহি 'দূৰত্ব মানি চলক' জুমলা আবৃত্তি কৰাৰ পূৰ্বে আমাৰ কোঠাবোৰ চোৱা উচিত।'
প্ৰিয়াই জীয়েকক কঢ়াকৈ কয়, "এই কোঠাৰ পৰা একেবাৰে ওলাই নাযাবা, ইয়াৰ ভিতৰতে যি কৰিব বিচাৰা তাকে কৰা।" ৰিদ্ধিৰ চলাচলৰ ওপৰত নিষেধাজ্ঞা ক’ভিডৰ ভয়ৰ বাবে নহয়। প্ৰিয়াই কয়, "আমি এনে ঠাইত বাস কৰোঁ য'ত এই লোকসকলে আমাৰ ছোৱালীবোৰক খাই পেলালেও কোনেও সুধিবলৈ নাহে," প্ৰিয়াই কয়, প্ৰিয়াই তেওঁৰ নিয়মীয়া গ্ৰাহকৰ পৰা লোৱা কিছু ঋণ...
লকডাউনে পৰিয়ালটোৰ অৱস্থা কঠিন কৰি তুলিছিল আৰু তাৰপিছতো অৱস্থা উন্নত হোৱা নাই। প্ৰিয়াই কয়, "মোৰ অৱস্থা বেয়া, মই ভাৰা পৰিশোধ কৰিবলৈ অক্ষম আৰু মই কাম আৰম্ভ কৰিব লাগিব। কাম কৰোঁতে মই ৰিদ্ধিক মোৰ লগত ৰাখিব নোৱাৰো, তাই হোষ্টেলত অন্ততঃ সুৰক্ষিত থাকিব।" প্ৰিয়া মহাৰাষ্ট্ৰৰ অমৰাৱতী জিলাৰ বাসিন্দা আৰু এক দশকৰো অধিক সময় ধৰি ...
প্ৰিয়াৰ ১৫ বছৰীয়া পুত্ৰ বিক্ৰমো তেওঁৰ সৈতে আছে। লকডাউনৰ পূৰ্বে সি বাইকুল্লাৰ এখন পৌৰনিগমৰ বিদ্যালয়ত অষ্টম শ্ৰেণীত পঢ়ি আছিল। যেতিয়া তাৰ মাতৃয়ে গ্ৰাহকসকলক লগ কৰিছিল, সি ওচৰৰ কোঠা এটাত শুইছিল বা ঘূৰি ফুৰিছিল নহ’লে বা এনজিঅ'-পৰিচালিত স্বাস্থ্য সেৱা কেন্দ্ৰত সময় কটাইছিল।
ইয়াত মহিলাসকলে জানে যে তেওঁলোকৰ ল’ৰাসন্তানবোৰো শোষণৰ ভুক্তভোগী বা সিহঁত ড্ৰাগছ আৰু অন্যান্য বেয়া আসক্তিৰ সৈতে জড়িত হোৱাৰ আশংকা আছে, সেয়েহে সেই মহিলাসকলৰ কিছুমানে আনকি ল'ৰাবোৰকো হোষ্টেলত ৰাখে। প্ৰিয়াই দুবছৰ আগতে বিক্ৰমক হোষ্টেললৈ পঠিয়াবলৈ চেষ্টা কৰিছিল কিন্তু সি পলাই ঘূৰি আহিছিল। এই বছৰৰ এপ্ৰিল মাহত সি মাস্ক আৰু চ...
১০ x ১০ ফুটৰ এটা কোঠাক ৪x৬ৰ তিনিটা আয়তাকাৰ বাকচত বিভক্ত কৰা হৈছে, এই বিষয়ে প্ৰিয়াই কয়, "তেওঁলোকে ইয়ালৈ আহি 'দূৰত্ব মানি চলক' বুলি ভাটৌ চৰাইৰ দৰে কৈ থকাৰ পৰিৱৰ্তে আমাৰ কোঠাবোৰ চাব লাগে।" প্ৰতিটো গোটত একোখনকৈ বিচনা আছে, যি ঠাইটুকুৰাৰ চাৰিওফালে সম্পূৰ্ণৰূপে আৱৰি থাকে আৰু দুটাকৈ শ্বেল্ফ আছে। এটা কোঠাত প্ৰিয়া বাস কৰে, আ...
PHOTO • Aakanksha
PHOTO • Aakanksha
আনকি লকডাউনৰ পূৰ্বে চনি প্ৰিয়া , চাৰু আৰু অন্যান্য মহিলাসকল ব্যক্তিগত ঋণ দাতা আৰু মালিকিনীৰ ঋণৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল আছিল ; বিগত কেইমাহমানৰ পৰা তেওঁলোকৰ ঋণ বৃদ্ধি পাইছে আৰু তেওঁলোকৰ সন্তান বোৰ বিদ্যালয় আৰু হোষ্টেলৰ পৰা এই সৰু কোঠাবোৰলৈ ঘূ ৰি অহাৰ বাবে তেওঁলোকৰ বাবে কাম কৰাটো বাধ্যতামূলক হৈ পৰিছে
প্ৰিয়াই এই সৰু ঠাইটুকুৰাৰ বাবে বিগত ছয় মাহ ধৰি মাহিলী ৬,০০০ টকা ভাৰা পৰিশোধ কৰিবলৈ সক্ষম হোৱা নাই, কেৱল তেওঁ অলপতে ঋণৰ ধনৰ পৰা লোৱা সৰু অংশ এটাৰ বাহিৰে। "প্ৰতি মাহে, মই কিবা-কিবি কামৰ বাবে ৫০০ টকা আৰু কেতিয়াবা ১,০০০ টকা ল'বলগীয়া হৈছিল। এনে পৰিস্থিতিত বিক্ৰমৰ উপাৰ্জনে সহায় কৰিছিল। বহু সময়ত আমি ঘাছলেট [কেৰাচিন] কিনি...
প্ৰিয়াই ২০১৮ চনত ৪০,০০০ টকাৰ ঋণ লৈছিল, সেইখিনি সূতৰ সৈতে ৬২,০০০ টকালৈ বৃদ্ধি হৈছে। আৰু এই পৰ্যন্ত তেওঁ ইয়াৰ মাত্ৰ ৬,০০০ টকা ঘূৰাই দিবলৈ সক্ষম হৈছে। প্ৰিয়াৰ দৰে বহুতো লোক এই অঞ্চলৰ ব্যক্তিগত ঋণদাতাৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল।
"প্ৰিয়াই বেছি কাম কৰিব নোৱাৰে, তেওঁৰ পেটত সংক্ৰমণৰ তীব্ৰ বিষ অব্যাহত আছে। তেওঁ কয়, "মোৰ ইমানেই গৰ্ভপাত হৈছে যে মই ইয়াৰ বাবে পৰিণাম ভুগি আছো, মই চিকিৎসালয়লৈ গৈছিলো, কিন্তু তেওঁলোক ক’ৰোনাত ব্যস্ত আৰু জৰায়ুৰ অস্ত্ৰোপচাৰৰ বাবে ২০,০০০ টকা বিচাৰিছিল।’’ আগষ্ট মাহত তেওঁ দৈনিক ৫০ টকা মজুৰীত তেওঁৰ এলেকাত ঘৰুৱা শ্ৰমিক হিচাপে...
প্ৰিয়াই এতিয়া হোষ্টেল পুনৰ খুলিব বুলি কিছু আশা বান্ধি ৰাখিছে। তেওঁ কয়, "মই ৰিদ্ধিৰ ভৱিষ্যত নষ্ট হোৱা চাব নোৱাৰো।"
আৰু লকডাউনৰ সময়ত তেওঁ আৰু চনিৰ ছোৱালীয়ে তেওঁলোকৰ মাতৃৰ ওচৰলৈ উভতি অহাৰ লগে লগে অঞ্চলটোত কাম কৰি থকা বেচৰকাৰী সংগঠন প্ৰেৰণাৰ শেহতীয়া প্ৰতিবেদনত উল্লেখ কৰিছে যে যৌনকৰ্মীৰ ৭৪ টা সন্তানৰ ভিতৰত ৫৭ জন (৩০ টা পৰিয়ালৰ সাক্ষাৎকাৰ লোৱা হৈছিল) লকডাউনৰ সময়ত তেওঁলোকৰ পৰিয়ালৰ সৈতে বাস কৰি আছিল। আৰু ভাৰা কোঠাত বাস কৰা ১৮ টা পৰিয...
PHOTO • Aakanksha
'শোষণে তেওঁলোকক ইমা নেই আঘাত কৰে যে তেওঁলোকে আনকি কি শুদ্ধ সেয়াও নাজানে। যদি যৌনকৰ্মী বা তেওঁলোকৰ সন্তানৰ ক্ষেত্ৰত কিবা হয় , তেন্তে এনে অঞ্চলৰ লোকসকলে সাধাৰণতে ভাবে: কি ডাঙৰ কথাটো হ ' ল ? যদি শিশুসকলৰ অধিকাৰ উলংঘন হয় তেন্তে তেওঁলোকে মাতৃক দোষ দিয়ে'
চাৰুৰ তিনি বছৰীয়া জীয়েক শীলাকো তাই অসুস্থ হৈ পৰাৰ সময়ত মে’ মাহত কামাথিপুৰাৰ এটা বেচৰকাৰী সংগঠনৰ দ্বাৰা পৰিচালিত এটা আশ্ৰয় গৃহৰ পৰা ঘৰলৈ ঘূৰাই পঠোৱা হৈছিল। ৩১ বছৰীয়া চাৰুৱে কয়, "তাইৰ কিছু এলাৰ্জী আছে আৰু খজুৱতি আছে। মই তাইৰ মুণ্ডন কৰিব লগীয়া হৈছিল," চাৰুৰ আৰু চাৰিটা সন্তান আছে; এজনী ছোৱালীক কোনোবাই তুলি লৈছে আৰু তা...
সেয়েহে, চাৰুৱেও কামলৈ যোৱাৰ সময়ত ‘ঘৰৱালি’ৰ সৈতে শীলাক থ’ব লাগিব। তেওঁ আগষ্টত পুনৰ কাম কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ সুধিছিল, "মোৰ হাতত আৰু কি বিকল্প আছে?"
অৱশ্যে, এই মহিলাসকলে অধিক উপাৰ্জন কৰিব পৰা নাই। "এসপ্তাহত মই মাত্ৰ এজন বা দুজন গ্ৰাহক পাইছো," চনিয়ে কয়। এসময়ত চাৰি বা পাঁচজন আছিল কিন্তু এতিয়া এয়া কঠিন হৈ পৰিছে। আগতে ইয়াত মহিলাসকলে দিনে ৪০০ৰ পৰা ১,০০০ টকাৰ ভিতৰত উপাৰ্জন কৰিব পাৰিছিল আৰু কেৱল ঋতুস্ৰাৱ হ'লে, অসুস্থ হ'লে বা তেওঁলোকৰ সন্তান ঘৰলৈ উভতি অহাৰ সময়তহে কাম...
******
মজলিচ আইনী কেন্দ্ৰৰ এগৰাকী অধিবক্তা আৰু কেন্দ্ৰৰ সাহায্য প্ৰকল্পৰ প্ৰগ্ৰাম মেনেজাৰ যচিন্তা চালদানহাই কয়, "আমি সুবিধাৰ পৰা বঞ্চিত বহু পৰিয়াল বিচাৰিছো যিসকলে বাহিৰলৈ ওলাই আহি তেওঁলোকৰ সমস্যা উত্থাপন কৰিলেও সেইবোৰ বিবেচনা কৰা নহয়।" জেচিন্তা আৰু তেওঁৰ দলটোৱে এতিয়া ঈশাৰ গোচৰটো চম্ভালি আছে। "চনি সঁচাকৈয়ে সাহসী আছিল, তেওঁ...
PHOTO • Aakanksha
ওপৰৰ বাওঁফালে: প্ৰিয়াৰ কোঠা ; বিচনাখনৰ ঠিক ওপৰেৰে , লাগেজৰ বাবে দুটা শ্বেল্ফ আছে। ওপৰৰ সোঁফালে: তিনিটা সৰু গোট থকা প্ৰতিটো কোঠাত পাকঘৰৰ বাচন-বৰ্তন আৰু খোৱা পানীৰ বটল ৰখাৰ এক উমৈহতীয়া স্থান আছে আৰু ইয়াৰ পিছফালে গা ধোৱাৰ বাবে এটা সৰু স্থান আছে য ' ত পৰ্দাৰ হিচাপে শা ড়ী বা স্কার্ফ ব্যৱহাৰ কৰা হয় । তলত: মধ্য মুম্বাইৰ ক...
তেওঁ কয় যে যৌনকৰ্মীৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ বেচৰকাৰী সংগঠন, উকীল, পৰামৰ্শদাতা আৰু অন্যান্যৰ এক বৃহৎ নেটৱৰ্ক একত্ৰিত হোৱা উচিত। "তেওঁলোকৰ ওপৰত কৰা উৎপীড়নে তেওঁলোকক ইমান বেদনা দিয়ে যে তেওঁলোকে আনকি কি শুদ্ধ সেয়াও নাজানে," চালদানহাই কয়। যদি যৌনকৰ্মী বা তেওঁলোকৰ সন্তানৰ ক্ষেত্ৰত কিবা হয় তেন্তে এনে অঞ্চলৰ লোকসকলে সাধা...