text
stringlengths
0
188k
ইফালে ঈশাৰ গোচৰত দোষী সাব্যস্ত হোৱাজনক ৫ জুলাইৰ পৰা পকচোৰ অধীনত আটক কৰা হৈছে, আনহাতে সহ-অভিযুক্তৰ বিৰুদ্ধে (অপহৰণ কৰাৰ বাবে, তেওঁৰ সহযোগী, ‘ঘৰৱালি’ আৰু প্ৰাক্তন যৌনকৰ্মীৰ বাবে) এতিয়াও অভিযোগনামা দাখিল কৰা হোৱা নাই। তেওঁলোকক এতিয়াও আটক কৰা হোৱা নাই। পকচো আইনৰ অধীনত মুখ্য অভিযুক্তক কমেও দহ বছৰৰ কাৰাদণ্ড দিয়া হয় কিন্ত...
বেংগালুৰুৰ নেচনেল ল স্কুল অব্ ইণ্ডিয়া বিশ্ববিদ্যালয়ৰ শিশু আৰু আইন কেন্দ্ৰৰ ফেব্ৰুৱাৰী ২০১৮ ৰ প্ৰতিবেদনত কোৱা হৈছে যে শোষণৰ বলি হোৱা লোকসকলৰ পৰিয়ালৰ প্ৰাথমিক প্ৰত্যাহ্বান হৈছে (যিসকলে পকচো আইনৰ অধীনত গোচৰ ৰুজু কৰিছে) যে তেওঁলোকৰ "আইনী ব্যৱস্থাকে ধৰি অন্যান্য প্ৰণালীৰ ওপৰত সম্পূৰ্ণ বিশ্বাস নাই।" প্ৰতিবেদনত কোৱা হৈছে য...
চালদানহা ইয়াৰ সৈতে সন্মত। "[শিশুটোৰ] বিবৃতি চাৰিবাৰ লিপিবদ্ধ কৰা হয়, প্ৰথমে আৰক্ষী চকীত, তাৰ পিছত চিকিৎসা পৰীক্ষাৰ সময়ত আৰু দুবাৰ আদালতত [দণ্ডাধীশৰ ওচৰত আৰু ন্যায়াধীশৰ সন্মুখত]। কেতিয়াবা শিশুসকল ইমান আতকিংত হয় যে তেওঁলোকে সকলো অভিযুক্তৰ নাম ল'ব নোৱাৰে যি ঈশাৰ ক্ষেত্ৰতো ঘটিছিল। তেওঁ অলপতে ‘ঘৰৱালি’ [যিয়ে অপৰাধটো প...
ইয়াৰ উপৰিও আইনী প্ৰক্ৰিয়াটোত গোচৰ ৰুজু কৰাৰ পৰা চূড়ান্ত সিদ্ধান্তলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হয় বুলিও তেওঁ আঙুলিয়াই দিয়ে। ২০১৯ৰ জুনৰ শেষলৈকে আইন আৰু ন্যায় মন্ত্ৰালয়ৰ তথ্য অনুসৰি, পকচো আইনৰ অধীনত মুঠ ১৬০,৯৮৯ টা গোচৰৰ শুনানি বাকী আছিল, যাৰ ভিতৰত মহাৰাষ্ট্ৰ (উত্তৰ প্ৰদেশৰ পিছত) ১৯,৯৬৮ টা গোচৰৰ সৈতে দ্বিতীয় স্থানত আছে।
PHOTO • Aakanksha
কামলৈ উভতি অহা স্বত্বেও এই মহিলাসকলৰ উপাৰ্জন এতিয়া বেছি হোৱা নাই
"বোজা বহুত বেছি আৰু প্ৰতিদিনে আৰু বহুতো বিবাদ যোগ হৈ গৈ আছে," চালদানহাই কয়। আমি সকলোৱে বিচাৰো যে এই প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰা হ'ব যাৰ বাবে অধিক ন্যায়াধীশৰ প্ৰয়োজন হ'ব বা সম্ভৱতঃ কামৰ সময় বৃদ্ধি হ'ব লাগিব।" বিগত ছয় মাহৰ গোচৰবোৰ আদালতে কেনেদৰে নিষ্পত্তি কৰিব তাক লৈ তেওঁ চিন্তিত। ইয়াৰ উপৰিও, ২০২০ৰ মাৰ্চৰ পূৰ্বে কি...
******
যেতিয়া চনিৰ বন্ধুৱে তেওঁক কলকাতাত বিক্ৰী কৰিছিল, সেই সময়ত চনিৰ বয়স মাত্ৰ ১৬ বছৰ আছিল। মাত্ৰ ১৩ বছৰ বয়সতে তেওঁ বিবাহপাশত আৱদ্ধ হৈছিল। "মোৰ স্বামীৰ সৈতে সদায়ে কাজিয়া হৈছিল [যি কাপোৰৰ কাৰখানাত সহায়ক হিচাপে কাম কৰিছিল] আৰু মই মোৰ মা-দেউতাৰ ঘৰলৈ পলাই গৈছিলো। এবাৰ তেনেধৰণৰ কাজিয়াৰ পিছত মই ষ্টেচনত বহি আছিলো আৰু মোৰ বন্ধ...
চনি চাৰি বছৰ আগেয়ে মুম্বাইৰ কামাথিপুৰালৈ গুচি গৈছিল। তেওঁ কয়, "মোৰ ঘৰলৈ যাবলৈ মন যায়। কিন্তু মই ইয়াৰো নহয় বা তাৰো নহয় ৷ ইয়াত [কামাথিপুৰাত] মই এটা ঋণ লৈছো যিটো মই ঘূৰাই দিব লাগিব আৰু মোৰ গৃহ চহৰৰ মানুহে মোৰ ব্যৱসায়ৰ বিষয়ে জানে, যাৰ বাবে মই তাৰ পৰা গুচি আহিবলগীয়া হৈছিল।"
যেতিয়াৰে পৰা ঈশাক শিশু শুশ্ৰুষা প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা হৈছিল, তেওঁ তাইক দেখা কৰিব পৰা নাছিল (ক’ভিড সম্পৰ্কীয় নিষেধাজ্ঞাৰ বাবে) আৰু ভিডিঅ' কলতহে তাইৰ সৈতে কথা পাতিছিল। তেওঁ কয়, "মোৰ সৈতে যি ঘটিছে সেয়া মই ইতিমধ্যেই সহ্য কৰি আছোঁ। মই এগৰাকী ধ্বংস হোৱা মহিলা, কিন্তু অন্ততঃ তেওঁলোকে মোৰ ছোৱালীৰ জীৱন ধ্বংস কৰা উচিত নহয়। ...
যৌন উৎপীড়নকাৰীক গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা, তেওঁৰ সংগীয়ে (যি ছোৱালীজনীক যৌন শোষণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল) চনিক হাৰাশাস্তি কৰি আহিছে। "তেওঁ কাজিয়া কৰিবলৈ মোৰ কোঠাত প্ৰৱেশ কৰে আৰু তেওঁৰ ‘মানুহ’জনক কাৰাগাৰলৈ পঠোৱাৰ বাবে অভিশাপ দিয়ে," চনিয়ে কয়। তেওঁলোকে কয় যে মই তেওঁৰ ওপৰত প্ৰতিশোধ লৈছো, কিছুমান লোকে কয় যে...
প্ৰচ্ছদ আলোকচিত্ৰ: চাৰু আৰু তেওঁৰ জীয়েক শীলা (ফটো: আকাংক্ষা)
অনুবাদ: মনোৰঞ্জন মজুমদাৰ
Aakanksha
[email protected]
Share
Aakanksha (she uses only her first name) is a Reporter and Content Editor at the People’s Archive of Rural India.<eot>এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব...
নোৰা মাৰ্গাৰেট পোলী
ব্যক্তিগত তথ্যাৱলী
জন্ম নাম
নোৰা মাৰ্গাৰেট পোলী
জন্ম
২৯ জুলাই, ১৮৯৪
বেংগল, ভাৰত
মৃত্যু
১৯৮৮ (বয়স ৯৩–৯৪)
লেয়মিনষ্টাৰ, গ্ৰেট ব্ৰিটেইন
ক্ৰীড়া
দেশ
ভাৰত
ক্ৰীড়া
টেনিছ
নোৰা মাৰ্গাৰেট পোলী (ইংৰাজী: Nora Margaret Polley, ২৯ জুলাই ১৮৯৪-১৯৮৮) গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰথম মহিলা আছিল, যেতিয়া তেওঁ ১৯২৪ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত টেনিছ প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিতা কৰিছিল।[1][2]
জন্ম পৰিচয়[সম্পাদনা কৰক]
নোৰা পোলীৰ জন্ম ভাৰতৰ বেংগলত হৈছিল, ৰেকৰ্ডে দেখুৱায় যে, তেওঁ ১৯০১ চনত ইষ্টবোৰ্ণৰ বৰ্ডিং স্কুললৈ যোৱাৰ আগতে স্কটলেণ্ডত বাস কৰি আছিল, পিছত ১৯১৫ চনত সিডনী ট্ৰেপছ পোলীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল, যি ১৯০২ চনৰ পৰা ভাৰতীয় সেনাত সেৱা কৰি আছিল আৰু পিছত মেজৰ পদলৈ পদোন্নত হৈছিল।[3]
পোলীয়ে ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত হোৱা ১৯২৪ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত মহিলা একক আৰু মিশ্ৰিত ডাবলছ টেনিছ দুয়োটা প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিতা কৰিছিল। তেওঁ কানেছৰ এখন প্ৰতিযোগিতাত ছেমি ফাইনেলত উপনীত হৈ অনুষ্ঠানটোৰ বাবে সাজু হৈছিল। অলিম্পিক মহিলা এককত তেওঁ দ্বিতীয় ৰাউণ্ডত গ্ৰীক খেলুৱৈ লেনা ভালাওৰিটৌ-স্কাৰামাগাক প্ৰতিদ্ব...
অলিম্পিকৰ পিছত একে গ্ৰীষ্মকালতে, পোলীয়ে ইংলেণ্ড ভ্ৰমণ কৰিছিল আৰু টুনব্ৰিজ ৱেলছ টেনিছ টুৰ্ণামেণ্টকে ধৰি ইংলেণ্ডৰ দক্ষিণত আৰু কেইটামান টুৰ্ণামেণ্ট খেলিছিল,[6] আৰু বেক্সহিল-অন-চিৰ এটা অনুষ্ঠানত খেলিছিল।[7] ইয়াৰ পিছত তেওঁৰ আৰু কোনো ৰেকৰ্ড পোৱা নাযায়।
মৃত্যু[সম্পাদনা কৰক]
১৯৮৮ চনত যুক্তৰাজ্যৰ হেৰফৰ্ডশ্বায়াৰৰ লেয়মিনষ্টাৰত নোৰা পোলীৰ মৃত্যু হয়।[3]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
↑ "When Polley made history in Paris". thehindu.com. http://www.thehindu.com/sport/tennis/when-polley-made-history-in-paris/article3635901.ece। আহৰণ কৰা হৈছে: 13 May 2017.
↑ "First female competitors at the Olympics by country". Olympedia. https://www.olympedia.org/lists/99/manual। আহৰণ কৰা হৈছে: 26 June 2020.
↑ 3.0 3.1 "Nora Polley". Olympics at Sports-Reference.com. https://www.sports-reference.com/olympics/athletes/po/nora-polley-1.html। আহৰণ কৰা হৈছে: 13 May 2017.
↑ "Tennis at the 1924 Paris Summer Games: Women's Singles Round Two". Olympics at Sports-Reference.com. https://www.sports-reference.com/olympics/summer/1924/TEN/womens-singles-round-two.html। আহৰণ কৰা হৈছে: 13 May 2017.
↑ "Tennis at the 1924 Paris Summer Games: Mixed Doubles Round Two". Olympics at Sports-Reference.com. https://www.sports-reference.com/olympics/summer/1924/TEN/mixed-doubles-round-two.html। আহৰণ কৰা হৈছে: 13 May 2017.
↑ "Tunbridge Wells Tennis Tournament". Sevenoaks Chronicle and Kentish Advertiser. 1 August 1924. http://www.britishnewspaperarchive.co.uk/viewer/bl/0001068/19240801/059/0005। আহৰণ কৰা হৈছে: 13 May 2017.
↑ "Chief Trophies". Bexhill-on-Sea Observer. 6 September 1924. http://www.britishnewspaperarchive.co.uk/viewer/bl/0001530/19240906/102/0005। আহৰণ কৰা হৈছে: 13 May 2017.
"https://as.wikipedia.org/w/index.php?title=নোৰা_পোলী&oldid=292529"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
পোখালি
ভাৰতৰ ব্যক্তি
মৃত ব্যক্তি
ভাৰতৰ টেনিছ খেলুৱৈ
ভাৰতীয় অলিম্পিক প্ৰতিযোগী
অদৃশ্য শ্ৰেণী:
অনা অসমীয়া ভাষা সমৃদ্ধ প্ৰবন্ধ
এই পৃষ্ঠাখন ২৬ আগষ্ট, ২০২১ তাৰিখে ২০:৩২ বজাত অন্তিম সংশোধন কৰা হৈছিল।
লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।<eot>সমাজবাদী পাৰ্টীৰ নেতা প্ৰয়াত মুলায়ম সিং যাদৱক দেশৰ সৰ্বোচ্চ সন্মান দিয়াৰ দাবী জনাইছে এগৰাকী কংগ্ৰেছ নেতাই।
mulayam singh yadav
Asomiya Pratidin
Published on :
3 Nov, 2022, 5:18 am
ডিজিটেল ডেস্ক: সমাজবাদী পাৰ্টীৰ নেতা প্ৰয়াত মুলায়ম সিং যাদৱক দেশৰ সৰ্বোচ্চ সন্মান দিয়াৰ দাবী জনাইছে এগৰাকী কংগ্ৰেছ নেতাই। এই সন্দৰ্ভত মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতা মহম্মদ আৰিফ নাছিম খানে ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মুলৈ এক পত্ৰ প্ৰেৰণ কৰিছে। তেওঁ দাবী কৰিছে যে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন মৰণোত্তৰভাৱে সমাজবাদী পাৰ্টিৰ...
তেওঁ কয় যে সমাজবাদী পাৰ্টিৰ প্ৰয়াত নেতাজনে সমাজৰ বঞ্চিত শ্ৰেণীৰ বেদনা বুজি পাইছিল যাৰ বাবে তেওঁ অহৰহ সংগ্ৰাম কৰিছিল।
লগতে কয় যে "সমাজবাদী পাৰ্টিৰ নেতাজনৰ মৃত্যুত সমগ্ৰ দেশে শোক প্ৰকাশ কৰিছে। মই অনুৰোধ জনাইছো যে তেওঁক প্ৰশংসা কৰা কোটি কোটি লোকৰ অনুভূতিৰ স্বীকৃতিস্বৰূপে তেওঁক ভাৰত ৰত্ন প্ৰদান কৰা উচিত''। এই সন্দৰ্ভত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈও তেওঁ পত্ৰ প্ৰেৰণ কৰিছে নেতা গৰাকীয়ে।
উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুলায়ম সিং যাদৱৰ স্মৃতিত এটি প্ৰেক্ষাগৃহ নিৰ্মানৰ বাবে বিজেপিৰ সাংসদ বীৰেন্দ্ৰ সিঙে বিগত মাহত এমপি ফাণ্ডৰ পৰা ২৫ লাখ টকাৰ অনুমোদন আগবঢ়াইছিল। এই প্ৰেক্ষাগৃহটোৰ নাম ৰখা হ'ব ''ধৰতিপুত্ৰ মুলায়ম সিং যাদৱ সম্বাদ ভৱন"।<eot>শিৱসাগৰ : ঐতিহাসিক শিৱসাগৰত ভোগালী বিহুৰ দিনা উদুলি ম...
অসমৰ চহা গ্ৰাম্য জীৱনৰ চানেকিৰে অসমীয়াৰ ঐতিহ্য, সংস্কৃতিৰ আৰু পৰম্পৰাৰ লগত উঠি অহা নৱ প্ৰজন্মক চিনাকি কৰি দিয়াৰ প্ৰয়াস কৰিছে বাণমুখৰ চানৰাইজ ক্লাবে।দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ত্রয়োদশ বাৰ্ষিক ভোগালী উৎসৱৰ প্ৰথম দিনা মেজি স্থাপন আৰু যুৱক-যুৱতী সকলে সামূহিক চাফাই অভিযান চলায়।
ভোগালী বিহুৰ পৰম্পৰা অনুসৰি উৰুকাৰ নিশা হাঁহে-মাহে ভেলা ঘৰত সম্প্ৰীতিৰে এসাঁজ খাই সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে পুৱাৰ ভাগত মেজি আৰু ভেলা ঘৰ জ্বলোৱা হয়। শিৱসাগৰৰ বাণমুখ অঞ্চলত পুৱাই অঞ্চটোৰ ৰাইজ মেজিৰ বাকৰিত একত্ৰিত হৈ মেজি জ্বলাই অগ্নিক সেৱা জনাই সকলো অপায়-অমংগল দূৰ কৰাৰ লগতে মানৱ জাতিৰ মংগল কামনা কৰে।
কাঠমেজি আৰু কলা মেজিৰ জুইৰ উত্তাপত উমাল হৈ পৰে কাথপাৰ। গাঁওবাসীৰ ভোগালীৰ আনন্দ। ম’হৰ এঠা দৈ, মালভোগ ধানৰ চিৰাৰে গাঁওবাসীয়ে খালে ভোগালীৰ জলপান। জ্যেষ্ঠ সকলক কণিষ্ঠৰ বিহুৰ সেৱাই এক আধ্যাত্মিক পৰিৱেশ গঢ়ি দিয়ে অঞ্চলটোত।
বছৰটোৰ বাবে সমাজৰ পৰা অপায়-অমংগল নাশ হোৱাৰ কামনা কৰি গায়ন বায়নৰ খোল তলৰ মংগল ধ্বনিৰ মাজত ভকত সকলে ভগৱানৰ ওচৰত সেৱা লৈ মেজিঘৰত অগ্নি সংযোগ কৰে। পুৱা গাঁৱৰ ভকত বৈষ্ণৱ সকলক শৰাই অৰ্পণৰ পৰম্পৰা ৰক্ষা কৰাৰ পিছতে মেজি প্ৰজ্বলন আৰু মাহপ্ৰসাদ বিতৰণ কৰা হয়।
0 Share
Share Tweet
Sangbad 365
Defining a fresh perspective towards news
You may also read!
Sukur Ali : শুকুৰ আলীক লপা-থপা দি আৰক্ষীক গতাই দিলে ৰাইজে
November 28, 2022 2 0 CommentsBy: Sangbad 365
Basiruddin Ahmed ধুবুৰী : (Sukur Ali) শুকুৰ আলী বিপদত। ধন আত্মসাৎ কৰি বিপদত পৰিছে শুকুৰ আলী। কেইবাঘণ্টা ধৰি ৰাইজে আটক
Read More...
Salon Azure : গুৱাহাটীত মুকলি হ’ল আমেৰিকাৰ চেলুন ব্ৰেণ্ড আজুৰৰ প্ৰথমটো আউটলেট
November 27, 2022 13 0 CommentsBy: Sangbad 365
গুৱাহাটী : আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বনামধন্য আন্তঃৰাষ্ট্ৰীয় চেলুন ব্ৰেণ্ড, চেলুন আজুৰে (Salon Azure) ২৭ নৱেম্বৰত গুৱাহাটীৰ উলুবাৰীত পূব ভাৰতৰ প্ৰথমটো
Read More...
Deepor Beel : দীপৰ বিলে হেৰুৱাবলৈ ধৰিছে ৰামচাৰ ক্ষেত্ৰৰ বৈশিষ্ট্য সমূহ
November 27, 2022 22 0 CommentsBy: Sangbad 365
Shivani Saikia গুৱাহাটী : ২০০২ চনৰ নৱেম্বৰ মাহত দীপৰ বিলে ৰামচাৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিল। দীপৰ বিলে অসমৰ একমাত্ৰ<eot>আমিনগাঁও : কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত ‘সজাগ ভোটাৰ ফুটবল প্ৰতিযোগিতা’। ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে সমাগত ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ লগত সংগতি ৰাখি নিৰ্বাচন বিভাগে গ্ৰহণ কৰা ‘সজাগ ভোটাৰ ...
উচ্চতৰ মাধ্যমিক আৰু স্নাতক শ্ৰেণীৰ ছাত্ৰ মিলি দুটা শাখাত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ইয়াৰে উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ প্ৰতিযোগিতাখন পলাশবাৰী অঞ্চলৰ ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰা হয়। আনহাতে স্নাতক পৰ্যায়ৰ খেলসমূহ কমলপুৰ মিনি ষ্টেডিয়ামত অনুষ্ঠিত হয়।
উচ্চতৰ মাধ্যমিক শাখাত মুঠ ৪ টা দলে অংশ গ্ৰহণ কৰাৰ বিপৰীতে স্নাতক পৰ্যায়ৰ প্ৰতিযোগিতাত ৭ টা দলে অংশগ্ৰহণ কৰে। মঙলবাৰৰ প্ৰতিযোগিতাত উচ্চতৰ মাধ্যমিক শাখাত ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে দামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ক ১-০ গ’লৰ ব্যৱধানত পৰাজিত কৰি বিজয়ীৰ সন্মান দখল কৰে। প্ৰতিযোগিতাৰ অন্তত কামৰূপ জিলা নিৰ্বাচনী বিষয়া মান...
আনাহাতে স্নাতক শাখাৰ চূড়ান্ত পৰ্যায়ৰ খেলসমূহ বুধবাৰে অনুষ্ঠিত হ’ব। এই শাখাৰ প্ৰথমখন ছেমি ফাইনেল বিদ্যাভাৰতী মহাবিদ্যালয় আৰু ৰঙিয়া মহাবিদ্যালয়ৰ মাজত আৰু দ্বিতীয়খন ছেমি ফাইনেল নগৰবেৰাৰ বিপিচি মহাবিদ্যালয় আৰু শিঙীমাৰীৰ পূব বংশৰ মহাবিদ্যালয়ৰ মাজত অনুষ্ঠিত হ’ব। এই খেলদুখনৰ বিজয়ী দল দুটাৰ মাজত এই শাখাৰ চূড়ান্ত খেলখনো বুধবা...
0 Share
Share Tweet
Sangbad 365
Defining a fresh perspective towards news
You may also read!
Sukur Ali : শুকুৰ আলীক লপা-থপা দি আৰক্ষীক গতাই দিলে ৰাইজে
November 28, 2022 5 0 CommentsBy: Sangbad 365
Basiruddin Ahmed ধুবুৰী : (Sukur Ali) শুকুৰ আলী বিপদত। ধন আত্মসাৎ কৰি বিপদত পৰিছে শুকুৰ আলী। কেইবাঘণ্টা ধৰি ৰাইজে আটক
Read More...
Salon Azure : গুৱাহাটীত মুকলি হ’ল আমেৰিকাৰ চেলুন ব্ৰেণ্ড আজুৰৰ প্ৰথমটো আউটলেট