text
stringlengths
0
188k
দুলীয়াবাম চাহ বাগিচাৰ দুগৰাকী কিশোৰীৰ সৈতে বাৰ্তালাপ
অলপতে ডিব্ৰুগড় জিলাৰ দুলীয়াবাম চাহ বাগিচাৰ দুগৰাকী কিশোৰীৰ সৈতে লগ ধৰি তেওঁলোকৰ স্বাস্থ্য পৰিস্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত বিভিন্ন কথা বতৰা পতা হৈছিল। প্ৰথমতে তেওঁলোকৰ সৈতে হোৱা পৰিচয়ৰ পিছত জানিবলৈ পালো দুয়োগৰাকী কিশোৰীয়ে বৰ্তমান পঢ়া-শুনা কৰি আছে আৰু তাৰে এগৰাকী কিশোৰীয়ে সদ্যস্নাতক ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে। কথা বতৰাৰ প...
মাহেকীয়া হোৱাৰ সময়ত খোৱা-বোৱাৰ ক্ষেত্ৰত কিবা বাধ্যবাধকতা আছে নেকি বুলি সোধাত কয়, আগতে টেঙা জাতীয় খাদ্য তথা আন বহুতো খাদ্য খাবলৈ দিয়া নাছিল যদিও বৰ্তমান তেনে নহয় আৰু আইৰণ যুক্ত খাদ্য বেছি গ্ৰহণ কৰে বুলিও জানিবলৈ দিয়ে। এই কিশোৰীসকলে নিজৰ লগতে আনবোৰ মানুহকো এইক্ষেত্ৰত সজাগ কৰিবলৈ আগবাঢ়ি আহিছে আৰু নিজৰ অত্যাৱশ্যকীয় সামগ্ৰ...
মহাসভাই ডঃ দিব্যজ্যোতি শইকীয়াক অতি কমেও আগন্তক দুটা কার্যকালৰ বাবে মুখ্য উপদেষ্টা হিচাপে থাকি যুৱ তীর্থক মার্গ দশনেৰে আগুৱাই নিবৰ বাবে দায়িত্ব অর্পণ কৰিছে। উল্লেখনীয় যে অসম সত্ৰ মহাসভাৰ হিতৈষী সদস্য, আজীৱন সদস্য,”সমন্বিত যুৱ তীর্থৰ প্রতিষ্ঠাপক, সত্ৰ যুৱ বন্ধু উপাধিৰে বিভুষিত, অসম সত্ৰ মহাসভাৰ সেতুবন্ধ মানৱৰ্তা বঁটাৰ...
প্রতিস্থাপক সাধাৰণ সম্পাদক তথা এগৰাকী ব্যুৎপত্তি সম্পন্ন ব্যক্তি হিচাপে সত্ৰৰ ভূমি বেদখলমুক্ত কৰা, বান খহনীয়া, ৰাজ্যৰ সীমা সমস্যা সমাধান, সত্ৰ সঞ্চালাকালয়, সত্র সমূহৰ লগতে বিভিন্ন জাতি জনগােষ্ঠীৰ বৃহত্তৰ অসমীয়া সমাজৰ হকে ডঃ দিব্যজ্যোতি শইকীয়াৰ বহু উল্লেখযােগ্য অৱদান আছে। অসম সত্ৰ মহাসভাই গভীৰ প্ৰত্যয়পূর্ণভাৱে ডঃ দ...
0 Share
Share Tweet
Sangbad 365
Defining a fresh perspective towards news
You may also read!
Dibrugarh University : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কতৃপক্ষই বহিস্কাৰ কৰিলে ১৮ জন ছাত্ৰক
November 28, 2022 5 0 CommentsBy: Sangbad 365
Shivani Saikia গুৱাহাটী : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত (Dibrugarh University) ভয়ংকৰ ৰেগিংৰ ঘটনা। পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰাবাসত সংঘটিত হৈছে এই ভয়ংকৰ ৰেগিংৰ
Read More...
Sukur Ali : শুকুৰ আলীক লপা-থপা দি আৰক্ষীক গতাই দিলে ৰাইজে
November 28, 2022 15 0 CommentsBy: Sangbad 365
Basiruddin Ahmed ধুবুৰী : (Sukur Ali) শুকুৰ আলী বিপদত। ধন আত্মসাৎ কৰি বিপদত পৰিছে শুকুৰ আলী। কেইবাঘণ্টা ধৰি ৰাইজে আটক
Read More...
Salon Azure : গুৱাহাটীত মুকলি হ’ল আমেৰিকাৰ চেলুন ব্ৰেণ্ড আজুৰৰ প্ৰথমটো আউটলেট
November 27, 2022 18 0 CommentsBy: Sangbad 365
গুৱাহাটী : আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বনামধন্য আন্তঃৰাষ্ট্ৰীয় চেলুন ব্ৰেণ্ড, চেলুন আজুৰে (Salon Azure) ২৭ নৱেম্বৰত গুৱাহাটীৰ উলুবাৰীত পূব ভাৰতৰ প্ৰথমটো<eot>ঢোল অসমৰ জনসংস্কৃতিৰ এবিধ গুৰুত্বপূৰ্ণ বাদ্য যন্ত্ৰ। অসমৰ সকলো জনগোষ্ঠীৰে যিকোনো উৎসৱত ঢোল অপৰিহাৰ্য্য। সেইবাবে অসমৰ বিভিন্ন ঠাইত ভিন ভিন প্ৰকাৰৰ ঢোল লগতে বৈশিষ্টগত ব...
ব্যৱহাৰ[সম্পাদনা কৰক]
যুক্তিসন্মত ভাবেই ঢোল অসমীয়া বিহুৰ আটাইতকৈ প্ৰয়োজনীয় বাদ্যযন্ত্ৰ। বিহু আৰু হুঁচৰিত ঢোলৰ চেৱে মূল দ্বায়িত্ব লৈ ইয়াক আগবঢ়াই নিয়ে। বিহু নৃত্যৰ লগতে গীত বা আন পেঁপা , গগনা আদি বাদ্য বজাওতেও ঢোল সংগত কৰিব লাগে। বিহু বা হুঁচৰিৰ আৰম্ভণিৰ পৰা শেষলৈকে কেৱল ঢোল আৰু তাল হে একেৰাহে বজোৱা হয়। বাকী বাদ্যযন্ত্ৰবিলাক মাজে মাজে...
ইয়াৰ বাহিৰেও কিছুদিনৰ আগলৈকে বিয়া সবাহ আদিত ওজা ঢোল এক অপৰিহাৰ্য্য অনুষ্ঠান আছিল। ওজাঢোল বাদন এক স্বয়ংসম্পূৰ্ণ একক ঢোল বাদনৰ অনুষ্ঠান। ওজাসকলৰ ঢোলৰ চেও সাধাৰণ বিহু ঢোলতকৈ কঠিন আৰু আৰু তেওঁলোকে ঢোলত বিভিন্ন শব্দ ফুটাই দৰ্শকক আমোদ দিয়ে। ঢোলক এবিধ মাংগলিক বাদ্য হিচাপে গণ্য কৰা হয় আৰু সেয়ে বিবাহ, অসমৰ সত্ৰসমূহৰ ৰ বিভ...
অসমীয়া সংস্কৃতিত ঢোলক জনপ্ৰিয় কৰি তোলাত চুতীয়া আৰু আহোম ৰজা সকলৰ অৱদান আটাইতকৈ বেছি। ঢোলৰ মালিতাত ৰতনপুৰৰ উল্লেখ কৰা হয় যিতো এটা সময়ত চুতীয়া ৰাজ্যৰ সাংস্কৃতিক কেন্দ্ৰ আছিল। তাৰ বাহিৰেও প্ৰায় বোৰ বিহু মালিতাত শিৱ-পাৰ্বতীৰ কথা কোৱা হয় যি চুতীয়া সকলৰ আৰাধ্য দেৱ-দেৱী গিৰা-গিৰাছিৰ আন এটি নাম আছিল। ঢোলৰ আন আন মালিতা...
ঢোলৰ প্ৰকাৰ[সম্পাদনা কৰক]
বিভিন্ন উপলক্ষত, অসমৰ বিভিন্ন জনগোষ্ঠীয়ে বেলেগ বেলগ ধৰণৰ ঢোল ব্যৱহাৰ কৰে। এই ঢোল বিলাকৰ মূল নিৰ্মাণ প্ৰক্ৰিয়া একে হলেও, আকাৰ, বাদন আৰু ব্যৱহাৰৰ ক্ষেত্ৰত অনেক প্ৰভেদ দেখা যায়।
বিহু ঢোল বা পাতি ঢোল আৰু ওজা ঢোল[সম্পাদনা কৰক]
বিহু নৃত্য আৰু গীতৰ লগত সংগত কৰা সৰু আকৃতিৰ ঢোল। ওজা ঢোলৰ আকৃতি আৰু নিৰ্মাণ প্ৰণালী বিহু ঢোলৰ দৰেই, কিন্তু ই বিহু ঢোলতকৈ সামান্য ডাঙৰ। ঢুলীয়া ওজাই একক বাদ্য হিচাপে এই ঢোল বজায়। ঢোলৰ ওজা সকলে বিভিন্ন জীৱ-জন্তু , চৰাই, যন্ত্ৰ-পাতি আদিৰ মাত এই ঢোলত ফুটাই তুলিব পৰা বাবে ইয়াক কথা কোৱা ঢোল বুলিও কয়।
খ্ৰাম আৰু খাম[সম্পাদনা কৰক]
অসমৰ ডিমাছা আৰু তিৱা সকলে ব্যৱহাৰ কৰা ঢোলৰ নাম হ’ল খ্ৰাম, আনহাতে বড়ো আৰু ৰাভাসকলে বজোৱা দীঘলীয়া আকৃতিৰ ঢোলটোক খাম বুলি কোৱা হয়। খ্ৰাম আৰু খাম আকৃতি প্ৰায় অনুৰূপ হোৱা বাবে এই দুইটাকে একে শিতানত ৰখা হৈছে। খ্ৰাম সাধৰণতে ধৰ্মীয় উপলক্ষ্যতহে বজোৱা হয়।
ঢেপাঢোল[সম্পাদনা কৰক]
অসমৰ দৰং-মঙ্গলদৈৰ ফালে ঢেপাঢু্লীয়া অনুষ্ঠানত ব্যৱহাৰ হোৱা এই ঢোলৰ নিৰ্মাণ প্ৰণালী আদি বজোৱাৰ কৌশল সম্পূৰ্ণ পৃথক। ছাগলিৰ ছালেৰে দুতৰপীয়াকৈ ছোৱা, দীঘলীয়া আকৃতিৰ এই ঢোলৰ মাজত পানী ভৰাই বজোৱা হয়। ঢেপাঢুলীয়া অনুষ্ঠান, নৃত্য গীতৰ সমহাৰেৰে এক স্বয়ংসম্পূৰ্ণ আমোদজনক পৰিবেশন।
জয়ঢোল[সম্পাদনা কৰক]
বৃহৎ আকাৰৰ, আৰু ডাঙৰ শব্দ কৰা ঢোল, সাধাৰণতে দেওধনী নৃত্যৰ লগত সংগত কৰা হয়। দৰং-মঙ্গলদৈৰ ফালে জয়ঢুলীয়া নামৰ অনুষ্ঠানত আৰু লগতে মনসা বা মাৰৈ পূজাত একক ভাবে জয়ঢোল বজোৱা হয়।
মাদল[সম্পাদনা কৰক]
মাদল অসমৰ চাহ জনগোষ্ঠীৰ লোকে ঝুমুৰ গীতৰ লগত ব্যৱহাৰ কৰা ঢোল। অসমৰ বাদে ভাৰতৰ বিভিন্ন জনগোষ্ঠীৰ মাজত মাদলৰ ব্যৱহাৰ দেখা যায়।
বৰঢোল[সম্পাদনা কৰক]
অসমৰ ঢোল বিলাকৰ মাজত বৰঢোলেই আটাইতকৈ আকাৰত ডাঙৰ, প্ৰায় দেৰ মিটাৰ মান দৈৰ্ঘ্যৰ বৰঢোলৰ দুইমুৰৰ ব্যাস আধা মিটাৰৰ পৰা এক মিটাৰৰ মানলৈকে হোৱা দেখা যায়। ইয়াৰএটা মুৰ হাতেৰে আৰু আনটো মুৰ এডাল ভাজ থকা মাৰিৰে কোবাই বজোৱা হয়। দৰং-মঙ্গলদৈ আৰু কামৰূপত পৰম্পৰাগত নৃতা গীত আভিনয়েৰে সংপৃক্ত বৰঢুলীয়া অনুষ্ঠান আতি আকৰ্ষণীয়। পুতলা ...
কৱিঢোল[সম্পাদনা কৰক]
গোৱালপৰীয়া লোকগীতৰ লগত ব্যৱহাৰ কৰা, বহল মুখৰ, মাৰিৰে কোবাই বজোৱা এবিধ ঢোল।
কেইজনমান ঢোলৰ ওজা[সম্পাদনা কৰক]
ঢোলবাদ্যৰ বিশাৰদ সকলে নিজৰ প্ৰতিভা আৰু চেষ্টাৰে ঢোলক আজিৰ এই মৰ্য্যাদা প্ৰদান কৰিছে। তাৰে কেইজনমান ঢোলৰ ওজাৰ নাম হৈছে:
স্বৰ্গীয় মঘাই ওজা
স্বৰ্গীয় ৰত্ন ওজা
স্বৰ্গীয় বগাই ওজা
স্বৰ্গীয় হলিৰাম ওজা
স্বৰ্গীয় নৰাম ওজা
কৰুণা ওজা
সৰুপাই ওজা ( অসম চৰকাৰৰ দ্বাৰা 'মঘাই ওজা' বঁটা প্ৰাপ্ত)
স্বৰ্গীয় তুলসী ওজা
সোমনাথ বৰা ওজা
প্ৰসেন বৰা ওজা
মহেন্দ্ৰ চুতীয়া ওজা (অসমৰ প্ৰথম ঢোলৰ V.C.D. 'ঢোল বায় ক'ত'ৰ মুখ্যশিল্পী)
পুণ্য দত্ত (অসমৰ প্ৰথম মহিলা ওজা)[1]
সম্পৰ্কীয় গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]
অসমৰ বাদ্যযন্ত্ৰ – ধৰ্মেশ্বৰ দুৱৰা – বাণী প্ৰকাশ
অসমৰ ঢোলবাদ্য – জয় ওজা – অসম সাহিত্য সভা
বাদ্য অভিজ্ঞান – ড: দেবজিৎ শইকীয়া – অসম নাম সমাৰোহ উদযাপন সমিতি- আউনিআটি সত্ৰ
ঢোলত চাপৰ মাৰি – সীমান্ত তামূলী – এ জি কে পাব্লিকেচন – চিলাপথাৰ
বিহুৰে বিৰিণা পাত – জয়কান্ত গন্ধীয়া/ড: নোমল গগৈ – পৃথিৱীৰাজ মেডিয়া
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
↑ 1.0 1.1 1.2 1.3 অভিজিত (২০১১). "ঢোল". http://www.anvesha.co.in/assamese/dhol_as.htm। আহৰণ কৰা হৈছে: August 22, 2012.
লগতে চাওক[সম্পাদনা কৰক]
তিন তাল (তবলা)
"https://as.wikipedia.org/w/index.php?title=ঢোল&oldid=325971"ৰ পৰা অনা হৈছে
শ্ৰেণী:
অসমৰ বাদ্যযন্ত্ৰ
এই পৃষ্ঠাখন ০২ জুলাই, ২০২২ তাৰিখে ১১:৩০ বজাত অন্তিম সংশোধন কৰা হৈছিল।
লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।<eot>চুইট ডিচ অথবা মিঠা আহাৰৰ প্ৰতি সকলোৰে সাংঘাতিক দুৰ্বলতা থাকে।কেতিয়াবা মনটো যদি বেয়া লাগি থাকিলে ও মুখত যদি মিঠাৰ আহাৰৰ সোৱাদ লাগি যায়, মনটো প্ৰফুল্লতাৰে ভৰি পৰে,নহয়নে!...
মাকাৰনীৰ খীৰ । Macaroni kheer
একেবাৰে সহজ আৰু খাবলৈ সুস্বাদু । এবাটি মাকাৰনী এক লিটাৰ গাখীৰত উতলাব । চেনি দি, ইলাচি দিব। জাইফল গুৰি দিব । উতলি গাখীৰ গাঢ়া হলে নিজৰ ইচ্ছামতে যিকোনো ফ্লেভাৰ এদ কৰিব । মই honey badam drops ব্যৱহাৰ কৰিছো লগতে অলপ saffron flavour হৈ গ’লে ওপৰে ওপৰে Dry Fruits দি নমাই থব ।
কাষ্টৰ্ড
ইয়াৰবাবে দৰকাৰী সামগ্ৰী সমুহ হৈছে–
আধা লিটাৰ গাখীৰ
৪ টা কনী
১ কাপ চেনি
ভেনিলা আৰু কেশৰ বাদাম ফ্লেভাৰ
এই গোটেই বস্তুখিনি ভালকৈ ফিটি লৈ মাইক্ৰোৱেভৰ বাচনত দি মাইক্ৰোৱেভ ট্ৰে খনত দুই ইঞ্চি পানী দি তাতে পুদিঙৰ বাচনটো দি তলত দিয়ামতে সময় আৰু temperature adjust কৰি দিব ।
Microwave – 230c 35-44 min convection mode ..
কেশৰী ফিৰণী
কেশৰী ফিৰণী হৈছে এবিধ সুস্বাদু খাদ্য । ভাৰতৰ উত্তৰ পশ্চিম প্ৰান্তত ইয়াৰ প্ৰসাৰ বেছি। তাৰোপৰি পাকিস্থান আদিতো উৎসৱ পাৰ্বনত খাই । অসমতো ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ কেইটামান গুৰুত্বপূৰ্ণ উৎসৱ আৰু সকাম আদিত বনোৱা হয় । সাধাৰণতে ইয়াক চাউলৰ গুৰিৰে বনাই মাটিৰ পাত্ৰত ঠাণ্ডা কৰি পৰিৱেশন কৰে। কিন্তু মই টুইষ্ট দিছো অলপ মেকাৰণী আৰু ...
এক লিটাৰ গাখীৰ ভালকৈ উতলাই লৈ এক মুঠি মেকাৰণী দি । তাৰপিছত আধা কাপ চুজি দি অলপ ঠাণ্ডা গাখীৰত গুলি লৈ একেলগে উতলিব দিব । দুটা ইলাচি একাপ চেনি অলপ Dry Fruits চব একেলগে দি ভালকৈ উতলাই কেই দ্ৰপ মান ভেনিলা ফ্লেভাৰ আৰু আধা টিন মিল্কমেইদ দিব । মেকাৰণীখিনি কোমল হোৱাৰ পিছত নমাই ওপৰে ওপৰে আগতে তিয়াই থোৱা saffron পানীৰে সৈতে দি গ...
পৰিচয় প্ৰকাশ কৰাত অনিচ্ছুক ইছাক-মুইভা গোটৰ এগৰাকী শীৰ্ষস্থানীয় নেতাই কৈছে, ‘‘তেওঁক ম্যানমাৰৰ পৰা সুৰক্ষা বেষ্টনিৰ মাজত স্বদেশলৈ ওভোতাই অনা হ’ব। এই কথা স্পষ্ট যে তেওঁ তেওঁৰ সমৰ্থক সকলৰ সৈতে ইছাক-মুইভা গোটত যোগদান কৰিব।’’
খাপলাং গোটৰ কিমান সংখ্যক নেতা বা যোদ্ধাই খাংগোৰ পক্ষত আছে এই তথ্যটো অৱশ্যে স্পষ্ট নহয়।
খাপলাং গোটৰ এটা সূত্ৰত কোৱা হৈছে যে ম্যানমাৰৰ ছাংগিং ডিভিজনৰ টাগাস্থ প্ৰধান কাৰ্যালয়ত থকা এনএছচিএনৰ অতি কমেও দুগৰাকী কন্যাক কিলোনছেৰে খাপলাং গোটত থাকিবলৈ মনস্থ কৰিছে। তেওঁলোক হৈছে নামলং কন্যাক আৰু পিয়োং কন্যাক।
চোৰাংচোৱা সূত্ৰত প্ৰকাশ পাইছে যে গোটটোৰ দুৰ্ধৰ্ষ কামাণ্ডাৰ নিকি ছুমি আৰু গোটটোৰ প্ৰচাৰ সচিব ইছাক ছুমিয়ে কেইগৰাকীমান ভাৰতীয় নাগা যোদ্ধাসহ খাংগোৰ সৈতে যোগগান কৰিছে।
খাপলাং গোটৰ সৈতে এসময়ত লেনদেন থকা এগৰাকী অৱসৰপ্ৰাপ্ত সামৰিক চোৰাংচোৱা বিষয়াই জনাইছে যে খাংগোৰ সৈতে যথেষ্ট সংখ্যক যোদ্ধাই দলত্যাগ নকৰে বাবে গোটটোৰ শক্তি কমি নাযায়। নিজৰ সমৰ্থকৰ সংখ্যা গোটত যথেষ্ট নোহোৱা বাবে খাংগোৱে গোটটোৰ পৰা ফালৰি কাটি ইছাক-মুইভা গোটত নিজৰ তাকৰীয়া সমৰ্থকসকলৰ সৈতে যোগ দি বৰ্তি থকাৰ প্ৰয়াস কৰিছে বুলি অৱ...
কিন্তু ইছাক-মুইফা গোটে এই পৰ্যন্ত খাংগোই গোটটোত যোগদান কৰাৰ বিষয়ত কেন্দ্ৰীয় চৰকাৰক অৱগত কৰা নাই।
এই পৰ্যন্ত ভাৰতীয় সেনাই এই বিষয়ত কোনো নিৰ্দেশ লাভ কৰা নাই। সেনা বাহিনীৰ মতে এনএছচিএন-খাপলাং গোটটো এটা যুদ্ধংদেহী গোট, ই ২০১৫ চনত যুদ্ধ বিৰতি ঘোষণা কৰি ভাৰতীয় সেনাৰ ওপৰত আক্ৰমণ কৰিছিল।
গতিকে শীৰ্ষ মহলৰ পৰা বিশেষ নিৰ্দেশ নাথাকিলে এই গোটৰ সদস্যসকল ভাৰতীয় সেনা বাহিনীৰ মাৰণাস্ত্ৰৰ স্বাভাৱিক লক্ষ্য।
উল্লেখ্য যে কিংবদন্তী বাৰ্মিজ-নাগা বিদ্ৰোহী এছএছ খাপলাঙৰ মৃত্যুৰ পাছত চীনত প্ৰশিক্ষণপ্ৰাপ্ত গেৰিলা যোদ্ধা খাংগো কন্যাক যোৱা বছৰ খাপলাং গোটৰ অধ্যক্ষৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল।
শুকুৰবাৰে গোটটোৰ সাধাৰণ পৰিষদে তেওঁৰ বিৰুদ্ধে মহাভিযোগ উত্থাপন কৰিছিল কিন্ত তেওঁক পৰিষদৰ প্ৰধান কাৰ্যালয় নিৰাপদে ত্যাগ কৰাৰ অৱকাশ প্ৰদান কৰিছিল।
খাপলাঙৰ নাতি উং আঙে তেওঁৰ স্থানত কাৰ্যকৰী অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিছিল।
Recent News
আৰম্ভ হৈছে বিজেপিৰ খেল! আপৰ নৱনিৰ্বাচিত কাউন্সিলাৰক ‘ক্ৰয়’ কৰাৰ চেষ্টা বিজেপিৰ!
কৰ্তব্যৰত অৱস্থাতে চাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা চি.আই.এছ.এফ জোৱানৰ
পথাৰৰ মাজতে মহিলাক এছিড আক্ৰমণ সন্যাসীৰ বেশধাৰী দুৰ্বৃত্তৰ: আক্ৰমণকাৰীৰ সম্ভেদ লাভত ব্যৰ্থ আৰক্ষী
শ্ৰেণীকোঠাত নাই ব্লেকবৰ্ড, ব্লেকবৰ্ডৰ বিকল্পৰ ৰূপত শ্ৰেণীকোঠাৰ দুৱাৰ! তদন্তৰ ঘোষণা
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...