text stringlengths 0 188k |
|---|
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
অৱশেষত সোমবাৰে সোণাপুৰ আৰক্ষীয়ে মহানগৰীৰ নুনমাটিত থকা ‘স্নেহালয়’ নামৰ অনাথ আশ্ৰমখনত কণমানিজনীৰ আশ্ৰয়ৰ ব্যৱস্থা কৰে। |
সোণাপুৰ আৰক্ষীৰ সহকাৰী উপ-পৰিদৰ্শক ঘনকান্ত দাসে জানিবলৈ দিয়া মতে কালি কণমানিজনীক গুৱাহাটীৰ কামৰূপ মহানগৰ জিলাৰ শিশু কল্যাণ কেন্দ্ৰলৈ নিয়ে আৰু তাত সকলো নিয়মমাফিক কামকাজ সম্পাদন হোৱাৰ পাছত তাইক স্নেহালয়লৈ প্ৰেৰণ কৰে। |
উল্লেখ্য যে, যোৱা ৭ জুলাইত সোণাপুৰৰ নাজিৰাখাটৰ কমল বৰদলৈ নামৰ লোকজনৰ ঘৰত ৰহস্যজনকভাৱে অগ্নিদগ্ধ হোৱাৰ পাছত বিনা চিকিৎসাই ছদিন ধৰি পৰি আছিল এই কণমানিজনী। পৰিয়ালটোৱে সম্পূৰ্ণ অনাদৰ কৰি তাইক ঘৰৰ বাৰাণ্ডাত এখন বস্তা পাৰি পেলাই থৈছিল। চিকিৎসা নোপোৱাৰ বাবেই তাইৰ শৰীৰৰ পোৰা ঘাবোৰ ক্ৰমাৎ বাঢ়ি গৈ গোন্ধাবলৈ আৰম্ভ কৰিছিল। |
পৰবৰ্তী সময়ত অসম মহিলা সংঘ নামৰ সংগঠনটোৱে স্থানীয় আৰক্ষীৰ সহযোগত কণমানিজনীক উদ্ধাৰ কৰি সোণাপুৰৰ কামৰূপ মহানগৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰাইছিল। তাত প্ৰায় ডেৰ মাহৰো অধিক সময় তাই চিকিৎসাধীন হৈ থাকে। |
কণমানিজনীৰ এই মৰ্মান্তিক কাহিনী যোৱা ১৮ আগষ্টত নৰ্থ-ইষ্ট নাওত সবিস্তাৰে প্ৰকাশ পাইছিল। |
কণমানিজনীক কালি ‘স্নেহালয়’ত ভৰ্তি কৰোৱাৰ পাছতেই অসম মহিলা সংঘৰ ৰাজ্যিক সম্পাদিকা অসমী গগৈয়ে নৰ্থ-ইষ্ট নাওক কয়, “কণমানিজনী এতিয়া সুস্থ হৈ উঠিছে। অৱশ্যে কিছু দিনলৈ তাইৰ নিয়মিতভাৱে স্বাস্থ্য পৰীক্ষা কৰাই থাকিব লাগিব। তাই আগতে থকা নাজিৰাখাটৰ সেই ঘৰখনলৈ যাব বিচৰা নাছিল। গতিকে তাইৰ ভৱিষ্যতৰ কথা চিন্তা কৰি তাইক অনাথ আশ্ৰমতে ৰ... |
উল্লেখ্য যে, কণমানিজনী নাজিৰাখাটৰ এখন প্ৰাথমিক বিদ্যালয়ত চতুৰ্থ শ্ৰেণীত পঢ়ি আছিল। এতিয়া তাৰ পৰা তাইৰ বিদ্যালয় বদলি কৰোৱাৰ ব্যৱস্থা কৰা হ’ব বুলিও অসমী গগৈয়ে জানিবলৈ দিয়ে। অৱশ্যে তাইৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ‘স্নেহালয়’ কৰ্তৃপক্ষই কিছু দিনলৈ তাইক পঢ়াৰ বোজাৰ পৰা আঁতৰাই ৰখিব বুলি জনোৱা বুলিও তেওঁ প্ৰকাশ কৰে। |
আনহাতে, এতিয়াও ৰহস্যৰ আৱৰ্ততে আছে কণমানিজনী অগ্নিদগ্ধ হোৱাৰ বিষয়টো। অসম মহিলা সংঘই এই ঘটনাৰ তদন্তৰ বাবে দিয়া এজাহাৰৰ ভিত্তিত সোণাপুৰ আৰক্ষীয়ে কমল বৰদলৈ আৰু তেওঁৰ পৰিয়ালৰ সদস্যক সোধা-পোছা কৰা বুলি সহকাৰী উপ-পৰিদৰ্শক ঘনকান্ত দাসে জানিবলৈ দিয়ে। লগতে এই ঘটনাৰ তদন্ত চলি থকা বুলিও তেওঁ প্ৰকাশ কৰে। |
Recent News |
ধৰ্মগুৰুৰ ‘পৰমাত্মা’ স্বীকৃতি বিচৰা আবেদনকৰ্তাক দৃষ্টান্তমূলক শাস্তি স্বৰূপে ১ লাখ টকাৰ জৰিমনা বিহিলে উচ্চতম ন্যায়ালয়ে |
বংগত গাড়ীৰ স্পেয়াৰ টায়াৰৰ ভিতৰত উদ্ধাৰ ৯৪ লাখ টকা: বিজেপিলৈ অভিযোগৰ আঙুলি মমতা বেনাৰ্জীৰ |
সংবাদ মাধ্যমে বৰ্জন কৰিছে ভাৰত জোড়ো যাত্ৰা, কৰা নাই কাৰ্যসূচীৰ সম্প্ৰচাৰ! অভিযোগ অশোক গেহলটৰ |
লুডুৰ জুৱাত হেৰুৱালে সৰ্বস্ব: শেষত নিজকে বাজী ৰাখি ঘৰৰ মালিকৰ ওচৰত পৰাস্ত হ’ল মহিলা |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
ভাৰতৰ ‘ইণ্ডিয়া ফাউণ্ডেশ্যন’ আৰু বাংলাদেশৰ ‘ফ্ৰেণ্ডছ অফ বাংলাদেশ’ৰ যুটীয়া উদ্যোগত এই অনুষ্ঠানটোৰ আয়োজন কৰা হৈছে। উল্লেখ্য যে ‘ফ্ৰেণ্ডছ অফ বাংলাদেশ’- নামৰ বাংলাদেশৰ এই সংস্থাটোৱে চুবুৰীয়া অঞ্চলসমূহৰ সৈতে বাংলাদেশৰ উন্নত সম্পৰ্ক গঢ়ি তোলাৰ বাবে প্ৰচেষ্টা চলাই আহিছে। |
উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ প্ৰতিগৰাকী মুখ্যমন্ত্ৰী আৰু বাংলাদেশৰ প্ৰতিনিধিসকলৰ লগতে দেশৰ কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে এই উৎসৱত অংশগ্ৰহণ কৰিব বুলি আয়োজকসকলে জানিবলৈ দিছে। |
শিলচৰৰ বিজেপি সাংসদ ৰাজদীপ ৰয়ে অনুষ্ঠানটোৰ সন্দৰ্ভত মন্তব্য কৰি কয় যে এই অনুষ্ঠানটো দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে অসমত অনুষ্ঠিত হ’বলগীয়া প্ৰথমটো বিশাল আন্তঃদেশীয় উৎসৱ হ’ব। |
তেওঁ লগতে কয়, “অনুষ্ঠানটোৰ জৰিয়তে আমি কলা, সংস্কৃতি আৰু খাদ্যৰ সহযোগিতামূলক সম্পৰ্ক স্থাপন কৰাৰ উপৰিও দুয়োখন দেশৰ মাজত থকা ব্যৱসায়-বাণিজ্য, নদী ভাগ-বতৰাকে ধৰি বিভিন্ন সমস্যাসমূহৰ সমাধানৰ প্ৰচেষ্টা চলোৱা হ’ব।” |
ৰয়ে লগতে তিনিদিনীয়া এই অনুষ্ঠানটোত বাংলাদেশৰ প্ৰায় ১০ গৰাকী সাংসদ আৰু কেইগৰাকীমান মন্ত্ৰীও উপস্থিত থকাৰ আশা কৰা হৈছে বুলি জানিবলৈ দিয়ে। |
বাংলাদেশৰ অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল চামছুল আৰফিনে অনুষ্ঠানৰ আয়োজনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে বৰ্তমান ভাৰত ভ্ৰমণত আছে। এই উৎসৱে ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰিব বুলি তেওঁ মন্তব্য কৰে। |
তেওঁ কয়, “চিলেট এসময়ত অসমৰ অংশ আছিল। এই উৎসৱৰ সময়ত আমি পুনৰ এবাৰ দুয়োখন ঠাইৰ মাজত থকা পুৰণি সম্পৰ্ক প্ৰত্যক্ষ কৰিবলৈ পাম বুলি আশা কৰিছো।” |
অনুষ্ঠানটোৰ আয়োজকসকলেও এই বিশেষ কাৰ্যসূচীয়ে দুয়োখন দেশৰ মাজৰ ব্যৱধান দূৰ কৰাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰিছে। |
Recent News |
আৰম্ভ হৈছে বিজেপিৰ খেল! আপৰ নৱনিৰ্বাচিত কাউন্সিলাৰক ‘ক্ৰয়’ কৰাৰ চেষ্টা বিজেপিৰ! |
কৰ্তব্যৰত অৱস্থাতে চাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা চি.আই.এছ.এফ জোৱানৰ |
পথাৰৰ মাজতে মহিলাক এছিড আক্ৰমণ সন্যাসীৰ বেশধাৰী দুৰ্বৃত্তৰ: আক্ৰমণকাৰীৰ সম্ভেদ লাভত ব্যৰ্থ আৰক্ষী |
শ্ৰেণীকোঠাত নাই ব্লেকবৰ্ড, ব্লেকবৰ্ডৰ বিকল্পৰ ৰূপত শ্ৰেণীকোঠাৰ দুৱাৰ! তদন্তৰ ঘোষণা |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
হিন্দু ধৰ্মৰ সকলো মাংগলিক কাৰ্যতে কলপাতৰ ব্যৱহাৰ দেখিবলৈ পোৱা যায়। কলপুলি শুভমংগল আৰু আগলতি কলপাত পৱিত্ৰতাৰ প্ৰতীক। অসমীয়া সমাজৰ বিয়া এখনত দৰা-কইনাক নোৱাওঁতে কলপুলিৰ বেই সাজি বা কলপুলিৰ তলত আগলি কলপাতত তামোল-পাণৰ শৰাই দি গা ধুওৱা পৰম্পৰা। কল-পটুৱাৰে চালাঙি ( গোৱালপাৰাত প্ৰচলিত ) বাতি জ্বলাই জোৰোণ , দৈয়ন দিয়া , গাঁঠিয়ন ... |
” চাৰিওপিনে কলৰ পুলি তাতে আমৰ ডালি |
বেইৰ মধ্যে ৰামচন্দ্ৰই কৰিছে ধেমালি।” |
লোক-সংস্কৃতিৰ অন্যতম প্ৰবচন , ফকৰা -যোজনা সমূহ লোক-সাহিত্যত বিশেষভাৱে উল্লেখযোগ্য। ফকৰা -যোজনা , প্ৰবচন সমূহ লোক জীৱনৰ পটভূমিত ৰচিত জনসাধাৰণৰ মুখে মুখে প্ৰচলিত । ইয়াত গাৱঁলীয়া সমাজৰ জীৱনদৃষ্টি , জীৱন ধাৰণৰ প্ৰণালী আদিৰ লগতে গাৱঁলীয়া সমাজৰ চিত্ৰ প্ৰতিফলিত হয়। অসমীয়া ফকৰা-যোজনা , প্ৰৱচন আদিত কল ,কলপাত বা কলগছৰ উল্লেখ দেখ... |
” কল ৰুবা আগে |
বিয়া পাতিবা পাছে |
কলো হ’ব লৰায়ো খাব।” |
” কলা পুতি নেকাটে পাত |
তাতেই কাপোৰ তাতেই ভাত।” |
বতাহত কঁপি থকা কলজোপাৰ কলপাত দেখি সাঁথৰত সোধা হয়— |
” এক মাৰল দুই চাল , নাচি বাগি জয়পাল।” |
সাধুকথা সমূহ লোক-মনৰ লগত জড়িত। সাধুকথাত সমাজ আৰু সমাজৰ লগত জড়িত হৈ থকা ব্যক্তিৰ নিজা মানসিকতাৰ সম্ভেদ পোৱাৰ লগতে লোক-বিশ্বাস , প্ৰেম -ভালপোৱা , খাদ্য , সাজ- পাৰ , স্বাৰ্থপৰতা , চহা মনৰ চিন্তা-ভাৱনা , আদিৰ প্ৰতিফলন দেখা যায়। তদুপৰি সাধুকথাত নিহিত হৈ থকা তৰপটো আঁতৰাই দিলে চিৰসত্য ছবি এখন দেখিবলৈ পোৱা যায়। |
বান্দৰ আৰু শিয়ালে মিতিৰ পাতি ‘কল খাই বাকলি যচা’ আৰু নানা ধৰণে পোতক তোলা আদি সাধু কথাত কলৰ উলেখ আছে। আলসুৱা চিলনীৰ জীয়েক জনীৰ সাধু সকলোৱে জানে—— |
” আগলি কলপাত লৰে কি চৰে |
চিলনী আই মোৰ আগতে পৰে।” |
বিহু উৎসৱ আচলতে ঋতু উৎসৱ। বসন্তৰ আগমনৰ লগে লগে প্ৰকৃতি পূৰ্ণ যৌৱন ধাৰণ কৰে। কৃষিজীৱী লোকেও প্ৰকৃতিৰ লগত সংগতি ৰাখি ঋতু উৎসৱ পালন কৰি নৃত্য-গীতেৰে নতুন বছৰক আদৰণি জনায়। এই বিহুগীত সমূহত বিভিন্ন কলৰ নামেৰে সৈতে কলগছৰ দ্ৰুতবৃদ্ধিতা , ঔষধিধৰ্মিতা আৰু কলাবাৰীৰ সৌন্দৰ্যও অতি সুন্দৰ ভাৱে প্ৰকাশ পাইছে—- |
” কল বুঢ়া হ’ল থোকতঐ মইনা |
কল বুঢ়া হ’ল থোকত |
তই বুঢ়া হ’লি হাবি -বননিয়ে |
মই বুঢ়ী হ’লো ঘৰত।” |
” এ ভণ্টি আঠিয়া কলৰে— |
এ ভণ্টি পাতে নেকাটিবা |
এ ভণ্টি চিটিকিনো পৰিব এঠা–।” |
সকলো মাংগলিক কাৰ্যতে কল প্ৰসাদ হিচাপে ব্যৱহাৰ কৰাৰ উপৰিও ‘কলপুলি’ , ‘কলদোনা’ , নাইবা কলপাত অপৰিহাৰ্য। ডিঙা উটুওৱা উৎসৱত কলপটুৱাৰে ডিঙা সাজি নৈবেদ্য সহকাৰে আইৰ নামত উটুৱাই দিয়া হয়। ঠিক সেইদৰে লখিমি আদৰা , আই সবাহ , মৃতকলৈ টোপোলা দিয়া ‘ন’ খোৱাত গৰুক ভাত খাবলৈ দিয়া আদি বিভিন্ন লোকাচাৰ আৰু মাংগলিক অনুষ্ঠানত আগলতি কলপাতৰ ব্... |
বাৰমাহী গীততো কলাপাতত ন’ভাত খোৱাৰ কথাৰ বিৱৰণ পোৱা যায়—- |
“আঘোণৰ মাহতে নেকাটিলা পাত |
খাবলৈ নাপালো প্ৰভু নবীন ধানৰ ভাত।” |
কিছুমান অঞ্চলত কোনো কোনো জনগোষ্ঠীয়ে কলৰ লগত জড়িত কেতবোৰ যাদু ধৰ্মীয় লোকাচাৰ পালন কৰি ৰোগ আৰোগ্য কৰাৰ বিধান আছে। পিঠা গৰল বা যদুমণি আই ওলালে সূৰ্য উদয় হোৱা সময়ত দুৱাৰৰ এচুকত বহি কলপাত পাৰিলৈ তাতে মাটিৰ চাকি জ্বলাই পিঠাগুড়ি, এঁৱা গাখীৰ আৰু ভীমকলৰ নৈবেদ্য আগ বঢ়াব লাগে। প্ৰসাদৰ কিছু অংশ খাই , কিছু অংশ ফুলা গালত সানি , বাকী... |
নামনি অসমৰ লোক-উৎসৱ মহোহো খেদা , গোৱালপাৰাৰ অৰি মাগা আদি অনুষ্ঠানত কলপাতৰ চোঁচনি পিন্ধি এজনক ভালুক সজোৱা হয় । এনে গীতবোৰত কলপাতৰ চোঁচনিৰ উল্লেখ আছে—- |
” ওৰি ওৰি আত দিবা নোৰি |
কলৰ চোঁচনি বাঁহৰ ঢোল |
ভাল ভালুকাই নাচোন দেই |
এ হৰি বোল।” |
কলগছ হাবিতলীয়া ঠাইত আপোনা -আপুনি গজে আৰু বংশ বৃদ্ধি হয়। গতিকে কলগছৰ সুকীয়াকৈ বাৰী পতাৰ প্ৰয়োজন নাই যদিও উজনি অসমৰ জনজাতীয় গৃহস্থই পদুলিমুখত বা পিছপিনে বা চোতালৰ কাষতে কল এজুপি হ’লেও ৰুই থোৱাটো শুভকাৰ্য বুলি ভাৱে। |
” পদুলি মুখতে সোন্দাকল এজুপি |
কাউৰী পৰিলে ভাগে , |
আমাৰ পীৰিতি সৰুৰে পৰা |
এৰিলে তিৰীবধ লাগে।” |
প্ৰাচীন কালৰে পৰা কলৰ উৎপাদনে অসমীয়া আৰু অসমৰ থলুৱা জনগোষ্ঠীক কৰ্ম নিৰ্ভৰশীল কৰি তুলিছে। কলৰ খেতিয়ে বহুতকে জীৱন নিৰ্বাহৰ পথ মুকলি কৰি দিয়াৰ লগতে বহুতো নিবনুৱা যুবকে সংস্থাপন পাইছে । গোৱালপাৰা জিলাৰ দৰংগিৰিৰ কলে আন্ত-ৰাষ্ট্ৰীয় বজাৰ দখল কৰিবলৈ সক্ষম হৈছে , এয়া অসমীয়াৰ বাবে গৌৰৱৰ বিষয়। কল এবিধ স্বাস্থ্যকৰ ফল হোৱাৰ উপৰিও ক... |
মুঠতে কলগছ অসমীয়াৰ অতি প্ৰয়োজনীয় এবিধ গছ। কল আৰু কলপাতৰ লগত জড়িত বিভিন্ন মাংগলিক অনুষ্ঠান সমূহে অসমীয়াৰ ঐতিহ্য বহন কৰি আহিছে আৰু এই পৰম্পৰা সমূহ সদায় জীয়াই থাকিব প্ৰতিজন অসমীয়াৰ মনে প্ৰাণে। |
Previous Post |
পোহনীয়া জন্তুৰ মালিকৰ জীৱন সহজ কৰি তুলিবলৈ ভাৰতত ‘ডাইছন’ৰ ‘পেট গ্ৰুম কিট’ |
Next Post |
মধ্যপ্ৰদেশত এনে বহু ঠাই আছে হয়তো যি ঠাইলৈ যোৱাৰ ইচ্ছা থাকে প্ৰতিজন ভাৰতীয়ৰে |
Related Posts |
অভিমত |
পাক্ঘৰ ফ্ৰেণ্ডলি পুৰুষ |
November 24, 2022 |
অভিমত |
আঘোণ মাহত সোণালী ধান থাকে পথাৰ ভৰি |
November 16, 2022 |
অভিমত |
বিদ্যালয়লৈ নোযোৱা শিশুক ও শিকাওক শিশু দিৱসৰ তাৎপৰ্য |
November 14, 2022 |
অভিমত |
” মেলিলো প্ৰথম চকু তোমাৰ কোলাতে আই ” —– অকল চকু মেলাটোৱে নহয় প্ৰতিটো সন্তানৰ প্ৰথম মুখৰ মাত হ’ল ‘মা’ । অঞ্চল ভেদে প্ৰয়োগ হোৱা মা-দেউতাৰ বেলেগ বেলেগ শব্দবোৰৰ বিষয়ে জানো আহক |
November 13, 2022 |
অভিমত |
পতি-পত্নীৰ সম্বোধনবোৰ কিমান মধুৰ। অঞ্চল ভেদে প্ৰয়োগ হোৱা বেলেগ বেলেগ শব্দবোৰৰ বিষয়ে জানো আহক |
November 6, 2022 |
অভিমত |
শিঙি মাছৰ জোলকণ আৰু সামাজিক নিয়ম |
November 4, 2022 |
Next Post |
মধ্যপ্ৰদেশত এনে বহু ঠাই আছে হয়তো যি ঠাইলৈ যোৱাৰ ইচ্ছা থাকে প্ৰতিজন ভাৰতীয়ৰে |
No Result |
View All Result |
সম্পৰ্কত বন্ধুত্বৰ ভূমিকা |
0 shares |
Share 0 Tweet 0 |
অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.