text
stringlengths
0
188k
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
দিচাংমুখ চুমনী গাঁৱৰ যুৱক সকলে মুৰুং ঘৰ নিৰ্মাণত ব্যস্ত হৈ পৰাৰ উপৰিও ডেকা – গাভৰু, পুৰুষ মহিলা , শিশু সকলোৱে জনগোষ্ঠীটোৰ গীত নৃত্যৰ আখৰাত এইদৰে ব্যস্ত হৈ পৰা দেখা গৈছে।
আলি- আই- লিগাঙত পৰিৱেশন কৰিব পৰাকৈ কণ কণ শিশু সকলকো গুমৰাগ নৃত্যৰ অনুশীলন কৰাইছে জেষ্ঠ্য সকলে।
অহা ১৫ ফ্ৰেব্ৰুৱাৰীত অনুষ্ঠিত হব মিচিং জনগোষ্ঠীৰ কৃষি প্ৰধান উৎসৱ আলি আই লিগাং। প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথমটো বুধবাৰত মিচিং জনগোষ্ঠীয় লোক সকলে আলি আই লিগাং পালন কৰে।
Recent News
ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ড: চাৰি ছাত্ৰক বহিষ্কাৰ, নিলম্বন তিনি হোষ্টেল ৱাৰ্ডেনক
ত্ৰিপুৰাত পুনৰ ৰাজনৈতিক সংঘৰ্ষ: বিজেপি কৰ্মীৰ আক্ৰমণত চিপিআই-এমৰ এগৰাকী কৰ্মী নিহত, আহত কেইবাগৰাকীও
যৌতুকৰ দাবীৰে পত্নীক হত্যা: হত্যাকাৰী পতিক ১৪ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে
Assam Government Holiday List 2023:২০২৩ বৰ্ষৰ অসম চৰকাৰৰ সম্পূৰ্ণ চৰকাৰী বন্ধৰ তালিকা
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
সোমবাৰে নলবাৰী জিলাৰ কৈঠালকুছিত এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ অভিযোগ উত্থাপন হৈছে। টুটুমনি বৰ্মন নামৰ এজন ২৯ বছৰীয়া যুৱকৰ মৃতদেহ উদ্ধাৰ হয় কৈঠালকুছি ৰে’ল ষ্টেচনৰ সমীপত। যুৱকজনৰ মৃতদেহ ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ হোৱাত যুৱকজনৰ পৰিয়ালৰ লোকৰ যুৱকজনক ড্ৰাগছ আসক্ত সতীৰ্থই হত্যা কৰি ৰে’ল লাইনত পেলাই দিয়াৰ অভিযোগ উত্থাপন কৰিছে।
মৃত ২৯ বছৰীয়া টুটুমনি বৰ্মন নামৰ যুৱকজন পেছাত এজন গাড়ী চালক। ৰে’ল লাইনৰ কাষত মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ পাই ঘটনাস্থলীত টিহু আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। ইফালে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ মাজতে নলবাৰী জিলাৰ বিভিন্ন অঞ্চলত ড্ৰাগছ আসক্তৰ সংখ্যা ভয়াবহভাৱে বৃদ্ধি পোৱা বুলি একাংশ লোকে জানিবলৈ দিয়ে।
0 Share
Share Tweet
Sangbad 365
Defining a fresh perspective towards news
You may also read!
Royal Enfield : জু ৰোডৰ ৪ এচেছ শ্ব’ৰুমত ৰয়েল এনফিল্ড হিমালয়ান তিনিটা ৰঙৰ মুকলি
December 8, 2022 5 0 CommentsBy: Sangbad 365
গুৱাহাটী : গুৱাহাটীৰ দূৰদৰ্শন কেন্দ্ৰৰ বিপৰীতে থকা ৪ এচেছ এনফিল্ড বিটেইল প্রাইভেট লিমিটেডত তিনিটা নতুন ৰঙৰ ৰয়েল এনফিল্ড (Royal
Read More...
Gate Hospital : গেট হস্পিতালত সাংবাদিকক হেলঠ কাৰ্ড প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভণি
December 7, 2022 18 0 CommentsBy: Sangbad 365
গুৱাহাটী : গেট হস্পিতালত (Gate Hospital) সাংবাদিকক হেলঠ কাৰ্ড প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভণি। গঠন কৰা হ'ল "গেট হস্পিতাল জনকল্যান সমিতি"।
Read More...
Two Arrested : ওৰাং আৰক্ষীৰ জালত বৃহৎ পৰিমাণৰ নগদ ধনসহ দুজন
December 6, 2022 29 0 CommentsBy: Sangbad 365
Jatin Nath ওৰাং : ওৰাং আৰক্ষীৰ বৃহৎ সাফল্য। বৃহৎ পৰিমাণৰ নগদ ধনসহ দুজন লোকক গ্ৰেপ্তাৰ ওৰাং আৰক্ষীৰ (Two Arrested)।<eot>তোমাক বিয়া পতাৰ আগেয়ে মই অফিচৰ পৰা অহাৰ পিছত মায়ে সদায়ে মোলৈ ফোন কৰিছিল৷ কিন্তু তুমি মোৰ জীৱনলৈ অহাৰ পিছত মায়ে মোলৈ ফোন কৰা বন্ধ কৰি দিলে হয়তো তোমালৈ দায়িত্ব এৰিলে বুলি ভাবিলে৷ সেয়ে মই ভাবিবলৈ ল’লো যে ...
ইতি
তোমাৰ ৰাগ
চিঠিখন পঢ়ি উঠি তাই অনুৰাগলৈ ফোন লগালে৷ ফোনৰ ইটো পাৰে অনুৰাগ উচুপি উঠিল৷
০০০০০০০০০০০
কোনো এক অলস আবেলি এটাত অৰুন্ধতীয়ে প্ৰাপ্তিৰ ডায়েৰীখন পঢ়িবলৈ বুলি মেলি ল’লে৷
ঃহোষ্টেলত থাকি ভালেই লাগিছে চোন ফৰিডা৷ মই ভাবিছিলোঁ কেনেকৈ যে থাকিম? সকলোবোৰ অচিনাকি হ’ব- দিনবোৰ চাগৈ ভয়ানক হ’ব!
মোৰ কথা শুনি ফৰিডাই হাঁহিলে আৰু ক’লে—
ঃমোৰো ভাল লাগিছে৷ ভিন্ন ঠাইৰ পৰা অহা ছোৱালীৰে হোষ্টেল ভৰি পৰে আৰু সকলোৱে এটা পৰিয়ালৰ দৰে একতাৰ ডোলেৰে বান্ধ খাই পৰে, নহয়নে প্ৰাপ্তি? হোষ্টেলত থাকি প্ৰতিজনী ছোৱালীৰে ৰুচিবোধ, স্বভাৱ-চৰিত্ৰ আদিৰ বিষয়ে জানিবলৈ বুজিবলৈ সুযোগ পোৱা যায় আৰু সৰু-বৰ বিভিন্ন অভিজ্ঞতাই ক্ৰমান্বয়ে চহকী কৰি গৈ থাকে জীৱন৷
ফৰিডাৰ কথাত মই মূৰ দুপিয়ালোঁ৷
ঃবাৰু ফৰিডা, কোৱাচোন? তোমাৰ টেবুলত যে যীশুৰ ফটো! ডিঙিত যীশুৰ লকেট?
ঃমোৰ মা খ্ৰীষ্টান! মোৰ মা আৰু দেউতাৰ প্ৰেম বিবাহ!
হঠাতে আমাৰ কোঠাৰ দুৱাৰ খুলি ঈপ্সিতা, মণিমালা, জুৰি আৰু প্ৰিয়া হুৰমুৰকৈ সোমাই আহিল৷
ঃতহঁত দুজনী কি কৰিছ? আমি আড্ডা মাৰিবলৈ আহিছোঁ – প্ৰিয়াই ক’লে
ঃআহ, আমিও কথা পাতিয়েই আছিলোঁ – মই ক’লো
“হাঃ হাঃ হাঃ হুঃ হুঃ হুঃ”
কৰিডৰত কৰিণা আৰু ৰেস্মা বাইদেউৰ বিকট অট্টহাস্য৷
ঃবাপৰে কেনেকৈ যে হাঁহে! বৰ বেলেগ ধৰণৰ হাঁহি ন’? তেনেকৈ হাঁহিব পাৰিবি তহঁতে?
মণিমালাৰ কথা শুনি আমি গোটেই কেইজনী হাঁহি উঠিলো আৰু হাঁহি চালোঁ এবাৰ এবাৰ৷
আমি কথা পাতি থকাৰ মাজতে হঠাতে প্ৰিয়াই নিজৰ দীঘল চুলিকোছা মুখৰ আগলৈ লৈ আহিল আৰু চুলিৰে ঢাকখোৱা মুখখনৰ ওপৰত চছমা এযোৰ লগাই মনে মনে বহি থাকিল৷ মই হঠাতে প্ৰিয়াক দেখি ভয়তে চিঞৰ এটা মাৰিলোঁ আৰু মোৰ চিঞৰ শুনি বাকীকেইজনীও চকখাই চিঞৰি উঠিল৷ আমাৰ এনে প্ৰতিক্ৰিয়া প্ৰিয়াৰ খুব ভাল লাগিল৷ প্ৰিয়াই ফূৰ্তিতে মূৰটো জোকাৰি জোকাৰি হাতেৰে ...
ঃকি হৈছে এইবোৰ? কাৰোবাৰ যে পঢ়া-শুনাত ডিষ্টাৰ্ব হ’ব পাৰে সেইবোৰলৈ তহঁতৰ মন-কাণ নাই নেকি? এইবাৰলৈ বাচি গ’লি আকৌ যদি কেতিয়াবা এনে হুলস্থূল শুনোঁ তেন্তে চুপাৰক ৰিপৰ্ট কৰিম, এতিয়াই সকিয়াই দিলোঁ৷
— এইবুলি কৈ ৰূপালী বাইদেউ ফোঁ-ফোৱাই আঁতৰি গ’ল৷ ৰুপালী বাইদেউ যোৱাৰ পিছত গোটেইকেইজনীয়ে ইজনীয়ে সিজনীৰ মুখলৈ চাই চকুটিপ মাৰি হাঁহিলো৷
ঃ এ, হ’ব অলপ বেচি বেচি কৰে৷ এনে পণ্ডিতনীজনী ওলাইছে! —প্ৰিয়াই ক’লে৷
০০০০০০০০০০০০০০০০
মোৰ আৰু ফৰিডাৰ ৰূম সলনি হৈছিল৷ ইতিমধ্যে আমি অভিযান্ত্ৰিক মহাবিদ্যালয়ত এবছৰ অতিক্ৰম কৰিছিলোঁ৷ ফৰিডাই পিছে শিলচৰ এন. আই. টিলৈ চিট পাই গুচি গৈছিল৷ মই আজিও অনুভৱ কৰোঁ মোৰ প্ৰতি থকা ফৰিডাৰ আন্তৰিকতা আৰু মৰম৷ ফৰিডাই শিলচৰৰ পৰা চিঠি পঠাইছিল মোলৈ, চিঠিত কথাৰ মাজে মাজে হিন্দী গানৰ কলিও লিখি পঠাইছিল তাই৷ প্ৰথম চিঠিত লিখিছিল— “খি...
নতুন ছিনিয়ৰ হৈছিলোঁ আমি৷ নতুন চিনিয়ৰ হৈ নতুনকৈ অহা ছাত্ৰীসকলক ৰেগিং কৰাৰ অধিকাৰকণ লাভ কৰিছিলোঁ৷ আমাৰ বেটচটোৱেও নৱাগতা সকলক ৰেগিং কৰিবৰ বাবে কমন ৰূমলৈ মাতিছিল৷
সেইদিনা কমন ৰূমত আমি নতুন চিনিয়ৰ হৈ চোফাত বহিছিলোঁ আৰু নৱাগতা সকলে মজিয়াত বহিছিল৷ আমি নৱাগতা সকলক এজনী এজনীকৈ মাতি মাতি নাম কি, ঘৰ ক’ত, মেট্ৰিকত চিঠি কেইখন পাইছিল, হবি কি ইত্যাদি ইত্যাদি সুধি গৈছিলোঁ কিন্তু পয়মাল লাগিল তেতিয়া যেতিয়া সবিতা নামৰ ছোৱালীজনীয়ে এইবোৰৰ একো এটাৰে প্ৰশ্নৰ উত্তৰ দিব নিবিচাৰিলে৷ তাই তেনে কৰাত সকল...
০০০০০০০০০০০০০০০
মই থকা কোঠাটোৰ নম্বৰ এফ-৫৷ মোৰ অতি মৰমৰ কোঠা! কোঠাটো চাৰিজনীয়া–চাৰিখন বিছনা, চাৰিখন টেবুল-চকী, চাৰিটা ৱাৰড্ৰৱ৷
সেইদিনা আমাৰ কোঠাত সকলো পঢ়াত ব্যস্ত আছিল৷ মই কিতাপখন মেলি বহি আছোঁ যদিও বেলেগ কথাহে ভাবি আছিলোঁ৷ আজি মই আৰ-তাৰ মুখত শুনিছোঁ কাইলৈ বোলে “ভেলেণ্টাইন ডে” মানে “প্ৰেমৰ দিৱস”৷ মই ৰূমমেট জয়া বাইদেউক সুধিলোঁ —
ঃজয়া বা, ভেলেণ্টাইন ডে’ৰ দিনা অফিচ-চফিচ, কলেজ আদি বন্ধ থাকে নেকি?”
মোৰ প্ৰশ্নত জয়া বাইদেউ হাঁহিত থাকিব নোৱাৰা হ’ল আৰু হাঁহি হাঁহি ক’লে –
ঃ বন্ধ নাথাকে অ’ আইজনী! এইজনী সঁচাই আজলী হৈ আছে দেই৷
জয়া বাইদেউৰ কথাত বাকী ৰূমমেট কেইজনীয়েও হাঁহিত যোগ দিলে৷
হঠাতে মোৰ একে ব্ৰাঞ্চৰ বান্ধৱী ৰুবীয়ে আমাৰ কোঠাৰ দুৱাৰখনৰ এপাট খুলি মুখখন উলিয়াই মোক উদ্দেশ্যি ক’লে —“প্ৰাপ্তি কাইলৈ এনেকুৱা এযোৰ কাপোৰ পিন্ধিবা য’ত অলপ হ’লেও নীলা ৰংটো থাকিব লাগিব৷”
মই ৰুবীৰ ফালে চাই সুধিলোঁ –কিয়?
ঃকাইলৈ ভেলেণ্টাইন ডেৰ বাবে আমাৰ বেটছটোৱে নীলা ৰং ড্ৰেছ ক’ড ৰাখিছোঁ
ঃঠিক আছে, হ’ব বাৰু – মই ক’লো৷
ইয়ালৈ আহিহে ভেলেণ্টাইন ডেৰ কথা শুনা পালোঁ৷ স্কুলত থাকোঁতে কোনোদিন ভেলেণ্টাইন ডেৰ ভ টোও শুনা পোৱা নাছিলো! – মই ভাবিলোঁ৷
পিছদিনা আমাৰ ব্ৰাঞ্চৰ সকলোৱে নীলা ৰঙৰ কাপোৰপিন্ধি কলেজলৈ গ’ল৷ ময়ো এযোৰ নীলা ৰঙৰ চুৰিডাৰ পিন্ধিলোঁ৷ প্ৰতিজনী ছোৱালীকে যৌৱনে ৰং সানি দিয়া এজনী চিতপখিলীৰ দৰে লাগিল৷ “টি ব্ৰেক”ত আমি সকলোৱে “ভেলেণ্টাইন ডে”ৰ নামত ফটো উঠিলোঁ৷ কলেজৰ প্ৰেমিক-প্ৰেমিকা যুটিবোৰে চকু-মুখত লাজ লাজ আভা সানি ধুনীয়াকৈ ঘূৰি ফুৰা দেখা গ’ল৷ “টি ব্ৰেক”ৰ বে...
“বেছিক ইলেক্ট্ৰনিক্স”ৰ ক্লাছ৷ ডেকা চাৰ সোমাই আহিল৷ তেওঁ পি এন জাঙ্কচনৰ ছবি আঁকিলে আৰু ৱৰ্কিং প্ৰিঞ্চিপল ক’লে৷ চাৰে দিয়া নোটচ নিজৰ বহীত লিখিলে সকলোৱে৷ চাৰে মাজতে “ওম’চ ল’” কাক বোলে মোক সুধিলে৷ অসমীয়া মিডিয়ামৰ পৰা পঢ়ি অহা মই ক’লো – “চাৰ, ওমৰ সূত্ৰটো আছিল-” পিছফালৰ পৰা দুজনমান দুষ্ট ল’ৰাই খুকখুকাই হঁহা শুনা পালোঁ৷ মই শুদ্...
ঃ“প্ৰাপ্তি, ওমৰ সূত্ৰটো কি আছিল অ”?
মই সিহঁতলৈ খঙেৰে চাই ক’লো—
ঃহ’ব, ঠাট্টা কৰিব নালাগে, অসমীয়া ছোৱালী, শুদ্ধ অসমীয়াত কৈছো আকৌ৷
০০০০০০০০০০০০০০০০০০০০
অৰুন্ধতীয়ে প্ৰাপ্তিৰ ডায়েৰিখন সামৰি থৈ চকু মোহাৰিলে আৰু সেউজীয়া পাহাৰটোলৈ দৃষ্টি নিক্ষেপ কৰিলে৷ তেনেকুৱাতে কলিং বেলটো বাজি উঠিল৷ তাই বহাৰ পৰা উঠি গৈ দুৱাৰখন খুলি দিলেগৈ৷ বাহিৰত ঠিয় হৈ আছিল পুষ্পা — অৰুন্ধতীৰ কোৱাৰ্টাৰত পাৰ্ট টাইম কাম কৰে তাই৷ পুষ্পাক দেখা পাই অৰুন্ধতী সুখী হ’ল, ক’লে —
“দুকাপ চাহ কৰচোন, একাপ তোৰ বাবে আৰু একাপ মোক দিবি দেই!”
পুষ্পাই “হ’ব ডিডি” বুলি সঁহাৰি দিলে৷
অনুৰাগলৈ ফোন লগালে তাই৷ ক্ষন্তেক সময় ৰিং কৰাৰ পিছতে অনুৰাগে ফোনটো ৰিচিভ কৰিলে —
ঃ কোৱা
ঃ চাইটৰ পৰা ঘূৰিবলৈ হৈছে নে?
ঃ নাই অ’, মেকানিকেলৰ কাম চলি আছে, তাৰপিছতহে ইলেক্ট্ৰিকেলৰ কাম আৰম্ভ হ’ব৷ আজি ঘৰ পাওঁতে মোৰ ৰাতি হ’বগৈ বুজিছা৷
ঃমই এটা কথা ভাবিছোঁ ৰাগ, আমি এইবাৰ পূজাত দাৰ্জিলিং ফুৰিবলৈ যাম দেই
ঃ ঠিক আছে বাৰু, আমি এইবাৰ চেকেণ্ড হনিমুনত যাম!
ঃ ধ্যেৎ, তুমিও যে আৰু! হ’ব, ফোন থোৱা এতিয়া, মই চাহ খাওঁ, তুমি কিবা খালা নে?
ঃ ওচৰৰ কেণ্টিনত ৰুটী খালোঁ
এইবুলি কৈ অনুৰাগ মনে মনে থাকিল৷
ঃ কি হ’ল ৰাগ?
ঃনাই একো হোৱা নাই, ফোন ৰাখিছোঁ
অনুৰাগে ফোনটো কাটি দিলে৷ অনুৰাগৰ যে অভিমানী জগৰ লাগিল অৰুন্ধতীৰ বুজিবলৈ বাকী নাথাকিল৷ তাই আকৌ ফোন লগালে৷
ঃ কোৱা
ঃ আও মহাশয়ৰ চোন সৰু সৰু কথাতে জগৰ লাগে!
ঃ অৰু, তোমাক লগ নোপোৱা সময়খিনি মোৰ কিমান বেয়া লাগি থাকে তুমি জানো বুজিবা…..
অনুৰাগৰ কথাত অৰুন্ধতীৰ মনটো কুমলি গ’ল৷ তাই গভীৰ মমতাৰে কৈ উঠিল —
ঃতোমাৰ মৰমেৰে মই জীয়াই আছো, মোৰ ৰাগ!
অনুৰাগে আৰু একো নক’লে৷ ফোনতে চুমা দিলে অৰুন্ধতীক৷
ঃডিডি, চাহ
পুষ্পাৰ মাতত অৰুন্ধতী অনুৰাগৰ মৰমৰ জগতখনৰ পৰা ঘূৰি আহিল৷
*******************
৪
দেওবাৰৰ আবেলি এটাত অৰুন্ধতীয়ে প্ৰাপ্তিৰ ডায়েৰীখন পঢ়িবলৈ বুলি মেলি ল’লে –
মোৰ ৰূমমেট ৰিমা, জেৰিনা আৰু জয়া বা৷
ৰাতি এঘাৰ বজাৰ পাছত মোৰ আৰু জেৰিনাৰ পঢ়িবলৈ ধৈৰ্য নাথাকে, আঁঠুৱা লগাই শুই যাওঁ দুইজনীয়ে৷ ৰিমাই আকৌ গোটেই হোষ্টেলটোৰ কোঠাই কোঠাই ঘূৰি ঘূৰি এঘাৰ বজাতহে নিজৰ কোঠালৈ আহি পঢ়িবলৈ আৰম্ভ কৰে৷ জয়া বাই গধূলীৰ পৰা একেলেঠাৰিয়ে পঢ়িয়েই থাকে ৰাতি তিনি বজালৈকে, মাথোঁ ৰাতিৰ ভাত সাজ খাওঁতে অলপ জিৰণি লয়৷ জয়া বাৰ সমান কষ্ট কৰা মই আজিলৈ কাক...