text stringlengths 0 188k |
|---|
আনৰ কোঠাই কোঠাই আড্ডা মাৰি ৰাতি এঘাৰ বজাৰ পৰা পঢ়িবলৈ আৰম্ভ কৰা ৰিমাক জয়া বাই প্ৰায়ে গালি দিয়ে আনৰ পঢ়া সময়বোৰ নষ্ট কৰাৰ বাবে৷ কিন্তু জয়া বাৰ কথাক ৰিমাই গুৰুত্বই নিদিয়ে৷ |
মই দেখিছোঁ যে অকল ৰিমাই নহয় গীতালী, বিৰিণাহঁতেও ৰাতি এঘাৰ, বাৰ বজালৈকে কিতাপৰ পাত এখিলাও মেলি নাচায়, য’তে সুবিধা পায় ত’তে আড্ডা মাৰি ঘূৰি ফুৰে কিন্তু সিহঁতকেইজনীয়ে যে পিছৰাতি গোগ্ৰাসে পঢ়ে সেইকথা ৰূমমেট বোৰেহে গম পায়৷ গোটেই কেইজনী পঢ়াটো চোকা৷ ৰিমা, গীতালীহঁতৰ দৰে টেঙৰ ছোৱালীৰ পাল্লাত পৰি আঁকৰী কেইজনীৰ পঢ়া-শুনা ভালকৈয়ে ন... |
আমাৰো ৰাতি আড্ডা চলে কিন্তু ৰিমাহঁতৰ দৰে সদায় আড্ডা নচলে৷ |
০০০০০০০০০০০০০০০০ |
সেইদিনা নিশা ন বাজিছিল৷ হঠাৎ মায়াৰ পঢ়া টেবুলখনৰ কাষৰ খিৰিকীখনত কোনোবাই জোৰে জোৰে শব্দ কৰা শুনা পালে মায়াই, লগতে এটি পুৰুষ কণ্ঠ— |
ঃজোনালী, খিৰিকীখন খোলচোন মই দিগন্ত! |
মায়াৰ ৰূমমেট জোনালী৷ জোনালী ৰূমত নাছিল, আছিল মায়া৷ মায়াই ভয় খাই কৰিডৰত চিঞৰ-বাখৰ লগাই দিলে—“হোষ্টেলত ল’ৰা সোমাল ঐ, ল’ৰা সোমাল!” |
মায়াৰ চিঞৰটো শুনি সকলোৱে উধাতু খোৱাদি কৰিডৰলৈ ওলাই আহিল৷ লগে লগে হোষ্টেলত এটা হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হ’ল৷ নাইট চকীদাৰজনে টৰ্চটো হাতত লৈ কোন ফালে ল’ৰা সোমাল মায়াক সুধিলে৷ মায়াই তাইৰ খিৰিকীৰ বাহিৰফালে দেখুৱাই দিয়াত সকলোৱে খিৰিকীৰ বাহিৰৰ দেৱালখনৰ ওচৰ পাওঁতেই দেখা পালে এন্ধাৰতে ছায়ামূৰ্তি এটাই জাপ মাৰি দেৱাল পাৰ হোৱা৷ ... |
হুলস্থূল শাম কটাৰ পিছত হোষ্টেল চুপাৰে মায়া, জোনালী আৰু হোষ্টেল মনিট্ৰেছক মাতি পঠালে লগতে মাতিলে নাইট চকীদাৰজনকো৷ মায়াই চুপাৰৰ আগত ঘটনাটোৰ সকলো কথা বিৱৰি ক’লে৷ জোনালীয়ে তল মূৰ কৰি থাকিল৷ নাইট চকীদাৰজনৰ কৰ্তব্যৰ গাফিলতিৰ বাবে এনে এটা কাণ্ড হোৱাত প্ৰথম বাৰৰ বাবে তেওঁক ক্ষমা কৰি দিয়া হ’ল বুলি জনালে যদিও দ্বিতীয় বাৰ এনে কাণ... |
নিজৰ কোঠাত সোমায়েই জোনালী কান্দোনত ভাগি পৰিল৷ জোনালীৰ খবৰ লবলৈ ইটো সিটো কোঠাৰ পৰা ছোৱালী আহি তাইৰ কোঠা ভিৰ কৰিলেহি৷ |
ঃজোনালী, দিগন্তই কেনেকৈ গম পালে এইটো তোৰ ৰূম বুলি? —- মায়াই সুধিলে |
ঃসি মোক সুধিছিল আৰু মই তাক দেখুৱাই দিছিলোঁ দূৰৰ পৰাই, কিন্তু মইটো তাক হোষ্টেললৈ এনেকৈ মতা নাছিলোঁ৷ সি নিজৰ লগতে মোৰো বদনাম কৰি দিলে৷ – জোনালী উচুপি থাকিল৷ |
হোষ্টেল মনিট্ৰেছ বাইদেউ গৰাকী আগবাঢ়ি আহি জোনালীক সান্ত্বনা দিলে— |
ঃচিন্তা নকৰিবি, যি হ’ব লগা আছিল হ’ল আৰু৷ এতিয়া শুই থাক৷ |
ছোৱালীহঁত, তোমালোক নিজৰ নিজৰ ৰূমলৈ যোৱা৷ আৰু শুনা, কোনোৱে যাতে নিজৰ নিজৰ বয়ফ্ৰেণ্ডক নিজৰ ৰূমবোৰ দেখুৱাই নিদিয়া, অ’কে? |
জোনালীৰ কান্দোন দেখি মোৰো বেয়া লাগিছিল যদিও ছোৱালী হোষ্টেলত ল’ৰা সোমোৱা বুলি মই ভিতৰি ভিতৰি অলপ অস্থিৰতা অনুভৱ কৰিছিলোঁ৷ মায়া আৰু জোনালীক তেনেকৈ এৰি সকলো ছোৱালী নিজৰ নিজৰ কোঠাত সোমাই পৰিল৷ |
বিছনাত পৰি সেইদিনা মই “জোনালী-দিগন্ত”ৰ যুটিটোৰ কথাই ভাবি থাকিলোঁ৷ সিহঁতক পুখুৰীৰ পাৰত, কেতিয়াবা কেণ্টিনত, কেতিয়াবা উডলেণ্ড ৰেষ্টুৰেণ্টত খুব ঘনিষ্ঠ হৈ কথা পাতি থকা প্ৰায়ে দেখিবলৈ পোৱা যায়৷ এইখন মহাবিদ্যালয়ত এনেকুৱা প্ৰেমিক যুটি বহুতো আছে৷ এৰা, যৌৱনত প্ৰেম নকৰিলে কেতিয়ানো কৰা হয়? যৌৱন মানেইটো সপোনৰ পৃথিৱী! —এইবোৰকে ভাবি ... |
০০০০০০০০০০০০০০০০০০০০ |
সকলোৱে কয় আমাৰ বেটচৰ আটাইতকৈ ধুনীয়া ছোৱালীজনীয়েই মণিমালা৷ ল’ৰাবোৰে তাইৰ প্ৰেমত পৰিবলৈ হাবুডুবু খাই ফুৰে বোলে৷ আমিও দেখিছোঁ এতিয়ালৈ কিমানটা ল’ৰাই যে তাইক প্ৰ’পজ কৰিছে ঠিক নাই, পিছে তাই কাকো “য়েছ” বুলি কোৱা নাই৷ অৱশ্যে আজি তাই সেই ৰেকৰ্ড ভংগ কৰিলে৷ একেলগৰ প্ৰসেনজিতক হিয়া দিয়াৰ খবৰ গোটেই ছোৱালী হোষ্টেলত বিয়পি পৰিল৷ কেইজনী... |
মণিমালা-প্ৰসেনজিতে কাইলৈ “এংগেজমেণ্ট পাৰ্টি” দিব৷ নিজৰ বেটচৰ সকলো ছোৱালীকে নিমন্ত্ৰণ কৰিলে মণিমালাই৷ |
সকলো ছোৱালীয়ে এংগেজমেণ্ট পাৰ্টিলৈ যাবলৈ বুলি সাজি-কাচি ওলাইছে৷ সকলোকে দেখাত সৰগৰ পৰী যেন লাগিছে৷ ময়ো উলাইছোঁ মণিমালাৰ পাৰ্টিলৈ যাবলৈ৷ মই সাজি-কাচি ওলাই প্ৰিয়াৰ কোঠা পালোগৈ৷ প্ৰিয়া তেতিয়াও ওলোৱাই নাই, মন মাৰি বিছনাত বহি আছে৷ |
ঃপ্ৰিয়া, তুমি এতিয়াও ৰেডি হোৱা নাই? — মই সুধিলোঁ |
ঃমই নাযাওঁ প্ৰাপ্তি, তোমালোকেই যোৱা৷ |
ঃকিন্তু কিয়? |
ঃমোৰ তোমালোকৰ দৰে পাৰ্টি ড্ৰেছ নাই, তোমালোকৰ আগত মই হীনমন্যতাত ভুগো৷ সেয়ে মই নাযাওঁ বুলি সিদ্ধান্ত ল’লো৷ |
ঃতেনেকৈ কিয় কৈছা? মোৰ পৰা পিন্ধিবা আকৌ৷ মোৰ কাপোৰ তোমালৈ হৈ যাব৷ ব’লা মোৰ ৰূমলৈ৷ |
ঃনাই অ’, নাযাওঁ প্ৰাপ্তি, মোৰ মনটোও বেয়া |
ঃনহ’ব, নহ’ব, সকলোৱে যাব আৰু তুমি নাযাবা, এনে কথা হ’ব নোৱাৰে৷ |
— এইবুলি কৈ মই প্ৰিয়াক টানি মোৰ ৰূমলৈ লৈ গ’লোঁ৷ |
হোটেল পেৰেডাইজত আমাৰ বেটচৰ সকলো ল’ৰা-ছোৱালী একগোট হ’ল৷ কথা-বতৰা, ফূৰ্তি-তামাচাৰে মণিমালা-প্ৰসেনজিতে দিয়া এংগেজমেণ্ট পাৰ্টি বেছ জমি উঠিল৷ পাৰ্টিত বহি মই কিয় জানো অনুভৱ কৰি থাকিলোঁ এযুৰি চকুৰ চাৱনিয়ে মোক যেন আমনি কৰি আছে৷ কিন্তু সেই চকুৰ চাৱনিৰ গৰাকীলৈ চাবলৈ মোৰ সাহস নহ’ল৷ |
পাৰ্টি শেষ কৰি কলেজ বাছত উভতি আহোঁতে সেই একেটা অনুভৱে মোক পিছ এৰা নিদিলে৷ সকলোৱে গান-বাজানা, অন্তাক্ষৰী খেলি হুলস্থূল কৰি আহি থাকিল কিন্তু মই গান বাজনাত ভাগ ল’ব নোৱাৰিলোঁ৷ |
হোষ্টেললৈ আহি বাথৰূমৰ আইনাত মই নিজৰ মুখখন চালোঁ৷ ভাৱিলোঁ চকুযুৰিৰ কথা৷ পিছে সেই চাৱনিৰ কথা মই নিজৰ মাজতে ৰাখি থ’লো৷ |
০০০০০০০০০০০০০০০০০০০ |
সেইদিনা মণিমালাই উচুপি আছিল আৰু আমি সকলোৱে মণিমালাক বেৰি আছিলোঁ৷ |
ঃপ্ৰসেনজিতে যে এনেকুৱা কৰিব পাৰে সপোনতো ভবা নাছিলোঁ মই! তাক লৈ মই বহুত সপোন দেখিছিলোঁ, প্ৰসেনক মোৰ ভাল লাগিছিল৷ সেয়ে মই তাৰ প্ৰেমত পৰিছিলোঁ৷ সি যে ইমান শস্তিয়া কাম কৰিব পাৰে! ছিঃ |
ঃ সঁচাকৈ, সি এনে কৰিব নালাগিছিল৷ – ঈপ্সিতাই দুখেৰে ক’লে |
ঃ বহুত লাজ লাগিছে মোৰ! সকলোৱে তাৰ আৰু মোৰ কথা জানিলে৷ সকলোৱে তাৰ আচল ৰূপটো দেখা পালে৷ —মণিমালাই কৈ উঠিল৷ |
মই ক’লোঁ — |
ঃমণিমালা, তুমি ভগৱানক ধন্যবাদ দিব লাগিব যে তুমি ইমানতে বাচি গ’লা৷ ভাবাচোন, তোমালোকৰ সম্বন্ধটো বহুত বেছি আগবঢ়াৰ পিছতহে যদি তাৰ আচল ৰূপটো দেখা পালাহেঁতেন তেতিয়া তোমাৰ কি অৱস্থা হ’লহেঁতেন৷ |
ঃতুমি ঠিকেই কৈছা প্ৰাপ্তি, সম্বন্ধ গঢ়াৰ আৰম্ভণিতে জোলোঙাৰ মেকুৰী ওলাই পৰিল৷ – মণিমালাই ক’লে |
ঃ অ’ই, তহঁতে এনেকৈ জুম পাতি কি কথা পাতিছ? – এইবুলি কৈ কল্পনা বাইদেউ সোমাই আহিল আৰু মণিমালাৰ মুখলৈ চাই ক’লে— |
ঃ আৰে, তোৰ চকুত পানী যে? কান্দিছ নেকি? কিবা হ’ল? কি হ’ল কচোন? |
ঃকল্পনা বা, আজি প্ৰসেনজিতে বয়জ হোষ্টেলত বেয়াকৈ মাৰ খালে৷ তাৰ তলৰ পাৰিৰ গোটেই কেইটা দাঁত সৰি থাকিল৷ |
ঃহে হৰি, কিয় ল’ৰাবোৰে এনে কৰিলে? |
ঃ আচলতে বা, সি এটা চোৰ৷ সি বোলে প্ৰায়েই ল’ৰাবোৰৰ পৰা ইটো সিটো চোৰ কৰে৷ সিদিনা যে প্ৰসেনজিত আৰু মই পেৰেডাইজত পাৰ্টি দিছিলো, সি তাৰ ৰূমমেটৰ পৰা টকা চুৰ কৰি সেই টকাৰে মোক গিফ্ট দিয়াৰ উপৰিও পাৰ্টিত খৰচ কৰিলে৷ আজি সি ধৰা পৰিল হোষ্টেলত৷ কেইবাটাও ল’ৰাই মিলি তাক উধাই-মুধাই এনেকৈ পিটিলে যে তাৰ অৱস্থা একেবাৰে বেয়া হৈ গ’ল৷ তাৰ স’... |
মণিমালাৰ কথাখিনি শুনি কল্পনা বা ও গহীন হৈ পৰিল, ক’লে– |
ঃভালেই হ’ল দে, তাৰ চৰিত্ৰটো যে ওলাই পৰিল৷ |
০০০০০০০০০০০০০০০০০০০০০০০০ |
ছোৱালী হোষ্টেলত লুকাই চুৰকৈ সোমোৱাৰ বাবে কলেজৰ পৰা দিগন্ত নামৰ ল’ৰাটোক এবছৰৰ বাবে ৰাষ্টিকেট কৰিলে৷ আচলতে সেইদিনা দিগন্তই লগৰ ল’ৰাকেইটামানৰ লগত মদ খাইছিল৷ মদৰ পাৰ্টিত সিহঁতৰ মাজত প্ৰেমৰ কথা চলিল আৰু নিচা লাগি সি জোনালীৰ বাবে ইমানেই আৱেগিক হৈ পৰিল যে হঠাতে চাইকেলখন চলাই জোনালীক লগ কৰিবৰ বাবে ছোৱালী হোষ্টেল পালেগৈ আৰু দেৱ... |
এটা মাথোঁঁ ভুলৰ বাবে দিগন্তই তাৰ পঢ়া-শুনাৰ এটা বছৰ হেৰুৱাব লগা হ’ল৷ জোনালীৰ প্ৰেম সি ঘূৰাই পালেনে, সেইকথা পিছে মোৰ জনা নহ’ল৷ |
প্ৰসেনজিতো মাৰ-কিল খাই ঘৰ পালেগৈ৷ সি আৰু পঢ়িবলৈ উভতি নাহিল৷ আমি পিছত শুনা পালোঁ সি বোলে গুৱাহাটীৰ অসম ইঞ্জিনীয়াৰিং কলেজলৈ ট্ৰান্সফাৰ ল’লে৷ |
০০০০০০০০০০০০০০০০০০০০০০০০০ |
মহন্ত চাৰৰ “ডিজিটেল চিষ্টেম” ক্লাছ৷ চাৰৰ ক্লাছত সাধাৰণতে ছাত্ৰ-ছাত্ৰী নাথাকেই৷ অতি কম যদি এজন আৰু অতি বেছি যদি দহজনহে থাকে৷ চাৰে ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিক লৈ কোনোদিন কোনোধৰণৰ প্ৰতিক্ৰিয়া দেখুওৱা নাই৷ এজন ছাত্ৰও যদি বহি থাকে সেইজনক লৈয়েই ক্লাছটো কৰাত ব্যস্ত হৈ পৰে৷ আজি চাৰৰ ক্লাছত মাথোঁ পাঁচজন ছাত্ৰ-ছাত্ৰী৷ পাঁচজন ছাত্ৰ-ছ... |
ক্লাছটো চলি থকাৰ মাজতে বিৰিণাই মোৰ কাণত ফুচফুচাই ক’লে – |
ঃআজি প্ৰাচুৰ্যৰ উপস্থিতি মই দিম৷ সি কোনেনো তাৰ উপস্থিতি দিলে বুলি আচৰিত হৈ থাকিব! — এইবুলি কৈ নিজেই ফূৰ্তি পাই নিজেই খুকখুকাই হাঁহিলে আৰু পুনৰ ক’লে– |
ঃমই তাক টাৰ্গেট কৰিছোঁ তাক মই মোৰ জালত পেলাই হে এৰিম৷ |
ঃহ’ব, হ’ব কি কৰ’ কৰি থাকিবি, ব্লেকবৰ্ডলৈ চা, নহ’লে দুইজনীয়ে গালি খাম এতিয়া৷ – মই চাৰৰ পৰা গালি খোৱাৰ ভয়ত কৈ উঠিলোঁ৷ |
বিৰিণাজনী যে আৰু! কিমান ল’ৰাক জালত নেপেলাই তাই! প্ৰেম তাইৰ বাবে চিৰিয়াছ বিষয় নহয়৷ তাই কয় – |
ঃ ধুৰৰ, হোষ্টেল জীৱনৰ প্ৰেম টাইম পাছ বুজিছ? যিকোনো প্ৰকাৰে মক্কেল এটা পতাই ল’ব লাগে তাৰপিছত ভাল ভাল ৰেষ্টুৰেণ্টত বিনা টকাত কিমান খাৱ খাই থাক, ধুনীয়া ধুনীয়া গিফ্ট পাই থাক৷ আমোৱালে সেই মক্কেলটোক এৰি দিলেই হ’ল বচ! |
বিৰিণাৰ কথা শুনি আমাৰ চকু কপালত উঠে৷ তাই যেনেকৈ কৈ তেনেকৈ কৰেও৷ এতিয়ালৈকে কাপোৰ সলোৱাদি দুই তিনিটা বয়ফ্ৰেণ্ড সলালেই৷ এইবাৰৰ টাৰ্গেট প্ৰাচুৰ্য৷ বিৰিণাৰ বয়ফ্ৰেণ্ড হোৱা ল’ৰাকেইটাও ক’ম নহ’ব – সিহঁতো চাগৈ একে পানীৰে মাছ৷ |
“টি ব্ৰেক”ত আমি এজাক ছোৱালী বাৰাণ্ডাত থিয় হৈ কথা পাতি থাকিলোঁ৷ বিৰিণা ব্যস্ত হৈ পৰিল প্ৰাচুৰ্যক লাইন মৰাত৷ হঠাতে সেই চিনাকি চকুৰ চাৱনিয়ে মোক আমনি কৰিব ধৰিলে৷ মই দেখিলোঁ আমি ৰৈ থকা বাৰাণ্ডাখনৰ বিপৰীতে থকা আনখন বাৰাণ্ডাৰ পৰা এটা ল’ৰাই মোলৈকে চাই আছে৷ বিৰিণাই প্ৰাচুৰ্যক লাইন মৰাৰ দৰে সেই ল’ৰাটোৱেও মোক লাইন মাৰিছে নেকি? মই... |
“লাঞ্চ ব্ৰেক”ৰ পাছত “মেছিন লেব” আছিল কিন্তু চাৰ ছুটিত থকাত সেইদিনা আমাৰ লেব নহ’ল৷ লেব নথকাৰ বাবে মই, বিৰিণা, প্ৰিয়া, মণিমালা – আটাইকেইজনীয়ে বজাৰ কৰিবলৈ বুলি কলেজ বাছত উঠিলোঁ৷ বাছৰ পিছৰ চিটত প্ৰাচুৰ্যহঁতক বহি থকা আমি দেখা পালোঁ৷ প্ৰাচুৰ্যক দেখা পাই বিৰিণাৰ যেন গা সাতখন-আঠখন হ’ল৷ প্ৰাচুৰ্যহঁতক আকৰ্ষণ কৰিবলৈ বিৰিণাই ডাঙৰ ... |
ঃঅ’ই প্ৰাচুৰ্য, তই বোলে বন্দিতাক হে ভাল পাৱ৷ |
ঃহাঃ হাঃ হাঃ, ভাল পাওঁ, ভাল পাওঁ এইবাৰ ভেলেণ্টাইন ডে’ত মই তাইক প্ৰ’পজ কৰিম বুলি ভাবি থৈছোঁ! |
খিলখিলাই হাঁহি থকা বিৰিণা হঠাতে নীৰৱ হৈ পৰিল৷ তাইৰ দুচকুৰ পৰা দুধাৰি লোতক বৈ আহিল৷ মই বিৰিণাৰ চকুলৈ চালোঁ৷ |
ঃএইজনী কটা, ঘৰিয়ালৰ চকুপানী বোৱাইছে চোৱা! — মুখৰ মাজতে ভোৰভোৰালোঁ মই! |
বাছৰ পৰা নামি গোটেই কেইজনীয়ে বজাৰ-সমাৰ কৰি “কল্পনা”ত দহি বড়া খাই গড়আলিত বাছৰ বাবে আটাইকেইজনীয়ে ৰৈ থাকিলোঁ৷ তেতিয়ালৈ এন্ধাৰ নামিছিল৷ বিৰিণা পিছে ফিউজ হোৱা বাল্বৰ দৰে গোটেই সময়চোৱা মনে মনে ৰ’ল৷ |
০০০০০০০০০০০০০০০০০০০০০ |
সকলো ছোৱালীৱে দেখা সপোনৰ কোঁৱৰজনৰ সপোন ময়ো দেখোঁ৷ যাৰ স’তে বিয়াত বহিম, যি মোৰ প্ৰেমিক হ’ব তেওঁ কেনে হ’ব সেইকথা মোৰো মনলৈ কেতিয়াবা নহাকৈ নাথাকে৷ যদিও মই ইঞ্জিনীয়াৰিং শেষ নকৰালৈকে কাৰো প্ৰেমত নপৰাৰ সিদ্ধান্ত লৈছোঁ৷ প্ৰেমত হাবু-ডুবু খাই, পঢ়া-শুনাতো হাবু-ডুবু খাব লাগিলে সকলো শেষ হ’ব৷ প্ৰেমক পিছত ৰাখি পঢ়া-শুনাক আগস্থান দিয়া... |
তেতিয়া মই ক্লাছ চিক্সত৷ মাৰ স’তে বজাৰলৈ গৈছিলোঁ৷ মই দেখিছিলোঁ মোৰ বয়সৰে এটা শিষ্ট-পুষ্ট ধুনীয়া ল’ৰা, হঠাতে এখন ধুনীয়া গাড়ীৰ দুৱাৰ খুলি গাড়ীৰ ভিতৰৰ পৰা ওলাই আহিছিল৷ মাথোঁ এপলক চাৱনিতে সেই ল’ৰাটোৱে মোৰ বুকুত যেন বিজুলীৰ সঞ্চাৰ কৰি থৈ গৈছিল! ল’ৰাটোক দেখাৰ সেই মুহূৰ্তকণ মোৰ মনত বছৰ ধৰি ৰৈ গৈছিল এনেয়ে৷ |
জয়া বাইদেউৰোতো কোনো বয়ফ্ৰেণ্ড নাই৷ জয়া বাৰ এইবাৰ ইঞ্জিনীয়াৰিঙৰ শেষৰ বছৰ৷ জয়া বাইদেউৰ বাবে কেৱল পঢ়া, পঢ়া আৰু পঢ়া৷ ছাত্ৰাৱাসত যি ল’ৰাই পঢ়াৰ বাদে একো চিনি নাপাই তেনেকুৱা ল’ৰাক “কবিৰাজ” বুলি কয়৷ আমাৰ জয়াবাইদেউও বয়জ হোষ্টেলত থকা হ’লে কবিৰাজ নামেই পালেহেঁতেন৷ |
ঃ ঐ মেচিনৰ এচাইনমেণ্ট কৰিলি নেকি? – ৰুবীয়ে কৈ কৈ আমাৰ কোঠালৈ হুৰমুৰকৈ সোমাই আহিল |
সেইসময়ত প্ৰেম-ট্ৰেমৰ কথা ভাবি থকা মই মেচিনৰ যে এচাইনমেণ্ট কৰিব লগা আছিল পাহৰিয়েই আছিলোঁ৷ |
ঃ অ’ নাই কৰা নহয়! |
ঃব’ল, প্ৰিয়াৰ ওচৰলৈ যাওঁ, তাই কৰিছে কিজানি! |
দুইজনীয়ে হাতত বহী এখন এখন লৈ প্ৰিয়াৰ ৰূম পালোঁগৈ, তেতিয়ালৈ মণিমালা, বিৰিণাহঁতে প্ৰিয়াৰ পৰা এচাইনমেণ্ট কপি কৰাত ব্যস্ত হৈ পৰিছে৷ |
ঃঐ তহঁতে এচাইনমেণ্ট কৰিলিয়েই, আমাকো কপি কৰিব দেনা – ৰুবীয়ে চিঞৰি ক’লে৷ |
ঃনিজৰ মগজ নচলাৱ, লোকৰ পৰা কপি কৰিবলৈ লাজ নাই – প্ৰিয়াই কৈ উঠে |
ঃহ’ব, তোৰ মগজটো চলিলেই হ’ল! – ৰুবীয়ে কৈ উঠে৷ |
আটাইকেইজনী এচাইনমেণ্ট কপি কৰাত ব্যস্ত হৈ পৰিলোঁ, তেতিয়াহে মনত পৰিল আমাৰ পিছদিনা মেথছৰ টেষ্ট আছে৷ আটাইকেইজনীয়ে কম্বাইন ষ্টাডি কৰাত লাগি গ’লো পিছদিনাৰ টেষ্টটোৰ বাবে৷ পঢ়ি থকাৰ মাজতে মণিমালাই বিৰিণাক জোকালে – |
ঃঐ বিৰিণা, প্ৰাচুৰ্যৰ কি খবৰ? |
ঃহেই ৰহ, মই এইবাৰ বেলেগ এটা ল’ৰাৰ কথা ভাবিছো, ফৰ্থয়েৰৰ ল’ৰা, বিৰাট হেণ্ডছাম জান৷ — বিৰিণাই কৈ উঠিল৷ |
বিৰিণাৰ কথাত আমি আটাইকেইজনী গিৰ্জনি মাৰি হাঁহি উঠিলোঁ৷ |
ঃআমাকো দেখাই দিবি হাঁ – মণিমালাই ক’লে |
ঃদেখিবিয়েই নহয় মই ডেটিং মাৰিবলৈ গ’লে — বিৰিণাই বিশ্বাসেৰে কৈ উঠিল৷ |
(আগলৈ) |
← শেষ বিদায়- নাজিফ হাজৰিকা |
পোহৰৰ বৰ্ণময় ইতিহাস- ড° প্ৰণৱজ্যোতি চেতিয়া → |
You May Also Like |
বিশ্ব ইতিহাসৰ চুকে-কোণে (২) (– ৰক্তিম গোস্বামী) |
October 15, 2012 0 |
মৌ-সনা সোঁৱৰণি (নলিনীধৰ ভট্টাচাৰ্য) : দ্বিতীয় খণ্ড |
March 14, 2013 March 10, 2021 0 |
বাগানীয়া’ জীৱনৰ কিছু মধুৰ-গধুৰ স্মৃতি (খণ্ড ৩): সুৰজিত্ নেওগ |
May 14, 2013 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.