text
stringlengths
0
188k
ৰেগিং কৰাৰ বাবে শিলচৰৰ ১৪ জন দন্ত চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীক হোষ্টেলৰ পৰা বহিস্কাৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
যোৱা জুলাইত মুকলি কৰা “cVigil” নামৰ এন্দ্ৰইদ ম’বাইল এপটোৰ জৰিয়তে যিকোনো লোকে তৎকালে অভিযোগ দাখিল কৰিব পাৰিব আয়োগক।
অভিযোগ দাখিলৰ ২০ মিনিটৰ ভিতৰত ভ্ৰাম্যমাণ নিৰ্বাচনী বিষয়া নিৰাপত্তাৰক্ষীসহ ঘটনাথলীত উপস্থিত হ’ব আৰু ১০০ মিনিটৰ ভিতৰত অভিযোগটো নিষ্পত্তি কৰা হ’ব, আয়োগৰ বিবৃতিত প্ৰকাশ।
cVigil এপটো আপোনাৰ ম’বাইলত পোনপটীয়াকৈ পাবলৈ ইয়াত ক্লিক কৰক
অৱস্থান ত্ৰেক কৰিব পৰা এই এপটোৰ জৰিয়তে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰা ঘটনাৰ লাইভ ফট’ বা ভিডিঅ’ও আপল’দ কৰিব পাৰিব অভিযোগকাৰীয়ে।
দেশৰ প্ৰতিটো লোকসভা সমষ্টিতে এনে অভিযোগৰ মোকাবিলা কৰাৰ বাবে থাকিব ৫৬টাকৈ বিশেষ গোট।
নিৰ্বাচনত ধন বিতৰণ বা গুণ্ডাগিৰিৰ দৰে অভিযোগ প্ৰায়েই উত্থাপিত হয়। কিন্তু প্ৰমাণৰ অভাৱ বা তৎকালে দাখিল কৰিব নোৱাৰাৰ ফলত পূৰ্বে অপৰাধী নিৰাপদে সাৰি যোৱাৰ বিপৰীতে ৰাইজৰ যথোচিত সঁহাৰিয়ে আয়োগৰ এই উদ্যোগ ফলপ্ৰসূ কৰি তুলিব পাৰে বুলি আশা কৰা হৈছে।
Recent News
আজি অসম দিৱস; বৰ অসমৰ ভেটি গঢ়োতা স্বর্গদেউ চাওলুং চুকাফাক সুঁবৰিছে ৰাজ্যবাসীয়ে
আফগানিস্তানলৈ গৈছে লস্কৰ-জৈশৰ দৰে পাকিস্তানী সন্ত্ৰাসবাদী গোট: দাবী প্ৰাক্তন আফগান সুৰক্ষা প্ৰধানৰ
পঞ্জাৱী গায়ক সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড গোল্ডি ব্ৰাৰক কেলিফৰ্ণিয়াত আটক
বিশ্ব ফুটবলত এছিয়াৰ মহাশক্তি! স্পেইনক হৰুৱাই জাৰ্মানীকো বিশ্বকাপৰ বাহিৰ কৰিলে জাপানে
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
কৃষক শ্ৰমিক উন্নয়ণ পৰিষদ নামৰ সংগঠনটোৱে ৰহাৰ টোলগেটত কৰ সংগ্ৰহৰ কাম আৰম্ভ নকৰিবলৈ চৰকাৰক দাবী জনোৱাৰ লগতে তাৰ বিপৰীতে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণৰ ভাবুকি দিছে। সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মুকুল বৰা আৰু সাধাৰণ সম্পাদক উৎপল বৰুৱাই সংবাদ মাধ্যমক জনোৱা মতে চৰকাৰে এই টোলগেটটো পৰিচালনাৰ দায়িত্ব এটা বহি:ৰাজ্যৰ প্ৰতিষ্...
ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ দ্বাৰা ফ’ৰলেন যুক্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ কৰা এই টোলগেটটো মুকলি কৰি দিবৰ বাবে সময়ে সময়ে চৰকাৰে চেষ্টা চলাই আহিছে যদিও কৃষক মুক্তি সংগ্ৰাম সমিতি, কৃষক শ্ৰমিক উন্নয়ণ পৰিষদ আদি সংগঠনে প্ৰতিবাদ কৰাত এই কাৰ্যত সফল হোৱা নাছিল চৰকাৰ। কিন্তু শেহতীয়াকৈ পুনৰ এই টোলগেটটো মুকলি কৰাৰ প্ৰস্তুতি চল...
ইতিমধ্যে কৃষক শ্ৰমিক উন্নয়ণ পৰিষদে নগাঁও জিলাৰ উপায়ুক্তক এই সম্পৰ্কত এখন স্মাৰক-পত্ৰ প্ৰদান কৰিছে।কৃষক শ্ৰমিক উন্নয়ণ পৰিষদৰ নেতৃদ্বয়ে জনোৱা মতে ৰহাৰ ৰণথলীৰ টোলগেটেৰে উজনি- নামনিৰ পাহাৰীয়া জিলা কেইখনৰ লগতে বহি:ৰাজ্যলৈও দৈনিক শ-শ যান বাহন চলাচল কৰে। কিন্তু যাতায়াতৰ সকলো সুবিধা উপলব্ধ হ’ব পৰাকৈ ৰাষ্ট্ৰীয় ঘাইপথৰ অধিকাংশৰে ...
অতি লেহেমীয়া গতিত চলা এই অংশৰ নিৰ্মাণকাৰ্য চলিত বৰ্ষত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা একেবাৰেই নাই।তদুপৰি ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱা অংশতো বাৰিষা জমা হোৱা পানী উলিয়াই দিব পৰাকৈ কোনো নলা-নৰ্দমাৰ কাম বৰ্তমানেও সম্পূৰ্ণ হোৱা নাই। যাৰ ফলত উক্ত ৰাষ্ট্ৰীয় ঘাইপথটোত দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা অধিক। সেয়েহে উক্ত টোলগেট...
সংগঠনটোৰ নেতাদ্বয়ে এই প্ৰসংগত কয়— ‘আমি জিলা উপায়ুক্তৰ জৰিয়তে টোলগেটটো মুকলি নকৰিবলৈ চৰকাৰক আহ্বান জনাইছো।অন্যথা কৃষক শ্ৰমিক উন্নয়ণ পৰিষদে তাৰ বিৰুদ্ধে ৰাইজৰ সহযোগত জংগী আন্দোলন গঢ়ি তুলিব।
Recent News
মুম্বাই বিমানবন্দৰত জব্দ ৫০ কোটি টকা মূল্যৰ হেৰ’ইন: ইথিওপিয়ান নাগৰিকক গ্ৰেপ্তাৰ
ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত কিংবদন্তি স্প্ৰিণ্টাৰ পি টি উষা
বিয়াত বহাৰ প্ৰস্তাৱ অস্বীকাৰ: কিশোৰীক টুকুৰা-টুকুৰকৈ কটাৰ ভাবুকি দিলে যুৱকে
লকডাউনৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ চীন, ৰাজপথত জিনপিঙৰ বিৰুদ্ধে ধ্বনি
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
উল্লেখযোগ্য যে ধনৰ বিনিময়ত চাকৰি সংগ্ৰহ কৰাৰ অভিযোগত ২৭ জন কৃষি উন্নয়ন বিষয়াৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে তদন্ত চলাই আছে। ভঙাগড় থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত পূৰ্বে দিছপুৰ থানাত মহানগৰ আৰক্ষীয়ে ৮জন বিষয়াক প্ৰাৰম্ভিক জেৰা কৰাৰ পাছত এইবাৰ দ্বিতীয় পৰ্যায়ত ১৯জন বিষয়াক জেৰাৰ বাবে তলব কৰিছে।
জানিব পৰা মতে দ্বিতীয় পৰ্যায়ৰ জেৰা সম্পূৰ্ণ হোৱাৰ পাছত কেইবাজনো বিষয়া গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে। কিয়নো কেইবাজনো বিষয়াৰ পৰীক্ষাৰ উত্তৰবহীত জালিয়াতি ধৰা পৰাৰ কথা আৰক্ষীয়ে সদৰী কৰিছিল। ফৰেনছিক পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পিছতে জেৰা কৰাৰ বাবে বিষয়াসকলক তলব কৰা হৈছে।
অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীৰ তালিকাত ব্যাপক কেলেংকাৰি সংঘটিত হোৱাৰ দৰে কৃষি উন্নয়ন বিষয়া বাছনিতো সমান্তৰালভাৱে কেলেংকাৰি সংঘটিত হৈছিল। এই কেলেংকাৰিতে অভিযুক্ত হৈ ইতিমধ্যে কাৰাবন্দী হৈ আছে অসম লোকসেৱা আয়োগৰ তদানীন্তত অধ্যক্ষ ৰাকেশ পাল আৰু সদস্য বসন্ত কুমাৰ দলে।
উল্লেখযোগ্য যে এজন বঞ্চিত প্ৰাৰ্থীয়ে ভঙাগড় থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত তদন্ত চলাই আৰক্ষীয়ে ব্যাপক খেলিমেলি ধৰা পেলাবলৈ সক্ষম হৈছে। সেয়ে পৰীক্ষাৰ উত্তৰবহীত কেইবাজনো প্ৰাৰ্থীৰ ব্যাপক খেলিমেলি ধৰা পৰাৰ পিছত তদন্ত আগবঢ়াৰ লগে লগে পাল আৰু দলেৰ লগতে ধনেৰ বিনিময়ত চাকৰি ক্ৰয় কৰা কেইবাজনো কৃষি উন্নয়ন বিষয়া গ্ৰেপ্তাৰ হোৱাটো ন...
Recent News
বাংগালুৰুত যুৱকক শিলেৰে আক্ৰমণ কৰি হত্যা ছয়জনীয়া দলৰ: কেমেৰাত বন্দী নৃশংস আক্ৰমণৰ দৃশ্য
খোৱাঙত বাঘৰ আতংক: বাগিচাত কৰ্মৰত অৱস্থাত নাহৰফুটুকীৰ আক্ৰমণত দুই মহিলা আহত
গুজৰাটৰ মৰ্বি দলং দুৰ্ঘটনা সন্দৰ্ভত ভুৱা টুইট: ৮ ডিচেম্বৰলৈ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ তৃণমূল নেতা চাকেত গোখলেক
২১ হাজাৰ শিক্ষক পদৰ নিযুক্তিত ভয়ংকৰ জালিয়াতি :: CBI তদন্তত ওলাই পৰিল কোন কোন নেতা জড়িত
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
‘বৰাকৰ মাত্ৰ তিনিখন জিলাত বানপানী হোৱাৰ অজুহাত লৈ অহা ৩০ জুনত তালিকাখন ঘোষণা কৰিব নোৱাৰাৰ কাৰণ কি?’ গগৈৰ প্ৰশ্ন।
অসমৰ ৰাইজে বাট চাই থকা এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা ‘বঞ্চিত’ নকৰিবলৈআহ্বান জনাই গগৈয়ে প্ৰশ্ন কৰে ‘হাইলাকান্দি, কৰিমগঞ্জক বাদ কৰি বাকীকেইখন জিলাৰ এন আৰ চি তালিকা ঘোষণা কৰাত আপত্তি কি?’
এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলা বিজেপি চৰকাৰৰ দ্বাৰা ‘মটিভে’টেড’ হোৱা বুলি আশংকা প্ৰকাশ কৰি প্ৰাক্তন মুখ্য মন্ত্ৰীজনে কয় যে যোৱা ৫ বছৰ ধৰি বিষয়াজনে ‘অদক্ষতা’ প্ৰদৰ্শন কৰি আহিছে।
শুদ্ধ এন আৰ চি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত বিজেপি চৰকাৰে একো বিশেষ ব্যৱস্থা হাতত লোৱা নাই বুলিও গগৈয়ে দাবী কৰে।
অসমৰ গৃহ বিভাগে কেন্দ্ৰৰ পৰা নিৰাপত্তা বাহিনীৰ ১৫০টা বেটেলিয়ান বিচৰাক লৈয়ো গগৈয়ে সন্দেহ প্ৰকাশ কৰে। ‘১৫০ টা বেটেলিয়ন কিয় বিচাৰিব লগীয়া পৰিস্থিতি হৈছে,’ গগৈৰ প্ৰশ্ন।
এন আৰ চিত যদি প্ৰকৃত ভাৰতীয়ৰ নাম নাথাকে, তেন্তে তেওঁলোক ক্ষুণ্ণ হোৱাটো স্বাভাৱিক বুলি মন্তব্য কৰি গগৈয়ে লগতে কয় ‘যদি বিদেশীৰ নাম নাথাকে, তাত আপত্তি কৰিবলগীয়া কি আছে?’
Recent News
মুম্বাই বিমানবন্দৰত জব্দ ৫০ কোটি টকা মূল্যৰ হেৰ’ইন: ইথিওপিয়ান নাগৰিকক গ্ৰেপ্তাৰ
ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত কিংবদন্তি স্প্ৰিণ্টাৰ পি টি উষা
বিয়াত বহাৰ প্ৰস্তাৱ অস্বীকাৰ: কিশোৰীক টুকুৰা-টুকুৰকৈ কটাৰ ভাবুকি দিলে যুৱকে
লকডাউনৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ চীন, ৰাজপথত জিনপিঙৰ বিৰুদ্ধে ধ্বনি
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
ইয়াৰ বাবে দায়ী কোন বুলি প্ৰশ্নৰ অৱতাৰণা কৰি তেওঁ কয় যে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ হেঁচাত এন আৰ চি কৰ্তৃপক্ষই ভাৰতীয় নাগৰিকৰ নাম বাদ পেলোৱাৰ চেষ্টা অব্যাহত ৰাখিছে। অকল সংখ্যালঘূয়েই নহয়, ভাষিক সংখ্যালঘু নাগৰিকৰ ক্ষেত্ৰতো ইচ্ছাকৃতভাৱে এন আৰ চি কৰ্তৃপক্ষই এই কাৰ্য কৰিছে।
গগৈয়ে কয় যে এই অভিযোগ সৰু সুৰা নহয়, যাৰ বাবে চৰকাৰে নিজেও ভয় খাইছে। ইতিমধ্যে চৰকাৰে অসমত অতিৰিক্তভাৱে ১৫০টা চি আৰ পি এফৰ কোম্পানী আনিব বিচাৰিছে। অসমত আইন-শৃংখলা পৰিস্থিতি অধিক অৱনতি ঘটা বুলি উল্লেখ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নাৰীজনিত অপৰাধৰ দিনক দিনে বাঢ়িছে, ৰেৱতী ফুকনৰ এতিয়ালৈকে কোনো সন্ধান ওলোৱা নাই, কোকৰ...
গগৈয়ে পুনৰ এন আৰ চিৰ প্ৰসংগ টানি আনি কয়, ‘’২০১৪ আৰু ২০১৬ চনৰ ভোটাৰ তালিকা অনুসৰি এন আৰ চিৰ কাম কৰিব লাগে।‘’ ভোটাৰ তালিকাক চৰকাৰে গুৰুত্ব দিয়া নাই বুলি অভিযোগ কৰি গগৈয়ে কয় যে যিহেতু নিৰ্বাচন আয়োগে প্ৰস্তুত কৰি দিয়া ভোটাৰ তালিকা মতে এম এল এ আৰু এম পি হৈছে। সেয়ে সেই ভোটাৰসকলে নিৰ্বাচন কৰি দিয়া এখন চৰকাৰে কেনেকৈ এন আৰ চিৰ ...
কোনো ভাৰতীয় নাগৰিকৰ নাম এন আৰ চিত বাদ পৰিলে কংগ্ৰেছে ৰাজনৈতিক আৰু আইনগতভাবে শেষ মুহূৰ্তলৈকে যুঁজি যাব বুলি উল্লেখ কৰি তেওঁ কয়, ‘’এই প্ৰক্ৰিয়া আজি নগাঁৱৰ পৰা আৰম্ভ হৈছে আৰু ৰাজ্যজুৰি অব্যাহত থাকিব।‘’
অসমত বিজেপি চৰকাৰ অহাৰ ক্ষেত্ৰত এ আই ইউ ডি এফ দল দায়ী বুলি অভিযোগ উত্থাপন কৰি তেওঁ কয় যে এই দলটোয়ে পূৰ্বৰে পৰা ডাবল গেম খেলিছে। আজমলে সহায় নকৰা হ’লে সৰ্বানন্দ মুখ্যমন্ত্ৰী আৰু হিমন্ত মন্ত্ৰী হ’ব নোৱাৰিলেহেঁতেন।
উন্নয়নৰ ক্ষেত্ৰত চূড়ান্তভাৱে বিজেপি চৰকাৰ ব্যৰ্থ হোৱা বুলি উল্লেখ কৰি তৰুণ গগৈয়ে কয় যে ইতিমধ্যে জাগীৰোডৰ কাগজ কল বন্ধ হৈছে, ৰাস্তা ঘাটৰ উন্নয়নো কৰিব পৰা নাই। আনকি কংগ্ৰেছৰ দিনত বনাই থোৱা ৰাস্তা কেইটা মেৰামতি কৰিবলৈ সমৰ্থ হোৱা নাই বুলি তীব্ৰ সমালোচনা কৰি গগৈয়ে লগতে কয় যে এইখন চৰকাৰে কেৱল আধাৰশিলাতে উন্নয়ন সীমিত ৰাখিছে।
‘’মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিজৰ সমষ্টি মাজুলীতে উন্নয়ন মন্থৰ গতিত চলিছে। এই সন্দৰ্ভত দুবছৰ পাৰ হৈ যোৱাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে খবৰ পোৱা নাই। এতিয়াহে তেওঁৰ সমষ্টিৰ কাম ক্ষীপ্ৰতৰ কৰিবলৈ বিষয়া-বৰ্গক নিৰ্দেশ দিছে। মাজুলীৰ উন্নয়নৰ ছবিয়ে অসমৰ উন্নয়ন কিমান হৈছে, তাক প্ৰমাণ কৰিছে,’’- গগৈয়ে কটাক্ষ কৰে।
ইপিনে, প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমক আটাইতকৈ বেছিকৈ মাহী আইৰ চকুৰে চোৱা চৰকাৰখন হৈছে কেন্দ্ৰীয় বিজেপি চৰকাৰ। কেন্দ্ৰ-ৰাজ্যৰ চৰকাৰ দুখনক বিশ্বাসঘাতক আৰু প্ৰৱঞ্চক আখ্যা দি তৰুণ গগৈয়ে আৰু কয় যে জাতি-মাটি-ভেটিৰ শ্ল’গান দিয়া চৰকাৰখনৰ দিনত ৰাজ্যখনৰ উন্নয়ন স্থৱিৰ হৈ পৰিছে।
কংগ্ৰেছ চৰকাৰৰ দিনত হোৱা উন্নয়নৰ কথা উল্লেখ কৰি তেওঁ কয় যে পৰিবৰ্তন আমি আনিছোঁ। তেওঁলোকে শ্ল’গানহে দিছে। আমাৰ চৰকাৰৰ দিনৰ আঁচনিসমুহ সলনি কৰি তেওঁলোকে বাহ বাহ লৈ আছে। বিজ্ঞাপনৰ ওপৰতহে এইখন চৰকাৰ চলিছে বুলি গুৰুতৰ অভিযোগ কৰি গগৈয়ে কয় যে বিজেপিয়ে পৰিবৰ্তনৰ নামত অসমখন ধ্বংসৰ মুখলৈ ঠেলিছে।
আনহাতে, এথলেটিকচ ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ অফিচিয়েল টুইটত হিমা দাসে ইংৰাজী কোৱাত দুৰ্বল বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গগৈয়ে ই অতি নিন্দনীয় বুলি কয়। ভাষা নজনাটো কোনো ডাঙৰ কথা হ’ব নোৱাৰে বুলি মন্তব্য কৰি তেওঁ কয় যে বহু দেশৰ প্ৰধানমন্ত্ৰীয়ে ভালকৈ ইংৰাজী নাজানে। গগৈয়ে হিমা দাসৰ বিৰল কৃতিত্বক লৈ অতি আনন্দিত বুলি উল্...
সংবাদ মেলত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, কংগ্ৰেছ নেতা বিষ্ণু প্ৰসাদ, বিধায়ক নুৰুল হুদা, প্ৰাক্তন বিধায়ক গুনেশ্বৰ দাস, জিলা কংগ্ৰেছৰ সভাপতি তপন শৰ্মা, কংগ্ৰেছ নেত্ৰী শিৱামনি বৰা, কংগ্ৰেছ নেতা সুৰেশ বৰা, দ্বীপ দাস, বিন্দু গঞ্জু, শচী দাস আদি নেতা উপস্থিত থাকে।
Recent News
ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত কিংবদন্তি স্প্ৰিণ্টাৰ পি টি উষা
বিয়াত বহাৰ প্ৰস্তাৱ অস্বীকাৰ: কিশোৰীক টুকুৰা-টুকুৰকৈ কটাৰ ভাবুকি দিলে যুৱকে
লকডাউনৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ চীন, ৰাজপথত জিনপিঙৰ বিৰুদ্ধে ধ্বনি
পঞ্জাৱত শোকাৱহ দুৰ্ঘটনা: ৰে’লৰ খুন্দাত প্ৰাণ হেৰুৱালে তিনি শিশুৱে, গুৰুতৰভাৱে আহত আন এক শিশু
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
জেষ্ঠ ৰাজনীতিবিদ গৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপনৰ উদ্দেশ্যে প্ৰয়াত গগৈৰ বাসগৃহত বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিৰ লগতে সহস্ৰাধিক গুণমুগ্ধ উপস্থিত হয়।
শিৱসাগৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা জিলা উপায়ুক্ত ডাঃ এম এচ লক্ষ্মীপ্ৰিয়াই শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে বিজেপিৰ জিলা সভানেত্ৰী সুৰভি ৰাজকুৱৰী, পৌৰনেত্ৰী মৃদুস্মিতা সিনহাইও শ্ৰদ্ধাঞ্জলি জনায় বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ গৰাকীক।
আজি ৰাতিপুৱা ৮ বজাত শিৱসাগৰৰ ৰাজীৱ ভৱনত প্ৰণৱ কুমাৰ গগৈক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত আদালত চৌহদত উকীল সন্থাই সন্থাৰ প্ৰাক্তন সভাপতি জনক শেষ শ্ৰদ্ধা নিবেদন কৰিব।
ইয়াৰ পিছত শিৱসাগৰ সমষ্টিৰ অন্তৰ্গত প্ৰয়াত গগৈৰ পৈতৃক গাওঁ কুঁজিবালি হাঁহচৰাৰ জাঠিপতিয়া (মৰাণ গাঁও) গাঁৱত সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে শেষকৃত্য সম্পন্ন কৰা হ’ব।
শিৱসাগৰ জিলা উপায়ুক্ত ডঃ এম এছ লক্ষ্মীপ্ৰিয়াই জানিবলৈ দিয়া মতে ৰাজ্য চৰকাৰৰ নিৰ্দেশ মতে সম্পূৰ্ণ ৰাজ্যিক মৰ্য্যদাৰে সম্পন্ন কৰা হ’ব শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন বিধানসভা অধ্যক্ষ প্ৰণৱ কুমাৰ গগৈৰ।
ইতিমধ্যে শিৱসাগৰ জিলা প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে।
Recent News
আজি অসম দিৱস; বৰ অসমৰ ভেটি গঢ়োতা স্বর্গদেউ চাওলুং চুকাফাক সুঁবৰিছে ৰাজ্যবাসীয়ে
আফগানিস্তানলৈ গৈছে লস্কৰ-জৈশৰ দৰে পাকিস্তানী সন্ত্ৰাসবাদী গোট: দাবী প্ৰাক্তন আফগান সুৰক্ষা প্ৰধানৰ
পঞ্জাৱী গায়ক সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড গোল্ডি ব্ৰাৰক কেলিফৰ্ণিয়াত আটক
বিশ্ব ফুটবলত এছিয়াৰ মহাশক্তি! স্পেইনক হৰুৱাই জাৰ্মানীকো বিশ্বকাপৰ বাহিৰ কৰিলে জাপানে
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
এই জলপানি লাভ কৰা ডেকা হৈছে অসমৰ প্ৰথমগৰাকী মহিলা মূকাভিনেত্ৰী।
নতুন দিল্লীস্থিত সাংস্কৃতিক গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰই ‘দেশৰ যুৱ প্ৰতিভাশালী’ বুলি চিনাক্ত কৰাসকলক উৎসাহিত কৰিবলৈ বুলি প্ৰতি বছৰে এই জলপানি প্ৰদান কৰি আহিছে।
ডেকাই ২০১৬ চনৰ পৰা অসমৰ বিশিষ্ট মূকাভিনেতা, সংগীত নাটক একাডেমি বঁটাপ্ৰাপক মইনুল হকৰ গুৱাহাটীস্থিত মাইম একাডেমিত মূকাভিনয়ৰ শিক্ষা গ্ৰহণ কৰি আছে।
উল্লেখযোগ্য যে যোৱা ২০১৬-১৭ বৰ্ষত এই জলপানি পোৱা মিনাংক ডেকাও মূকাভিনেতা মইনুল হকৰে শিষ্য।
ডেকা বাক্সা জিলাৰ তামুলপুৰৰ স্বৰ্গীয় দীপক ডেকা আৰু গীতাঞ্জলী তালুকদাৰৰ দ্বিতীয় কন্যা।
মূকাভিনয়ৰ উপৰিও নন্দিতাই অসম স্কুল অৱ জাৰ্নেলিজম নামৰ প্ৰতিষ্ঠানটোৰ পৰা ইতিমধ্যে সাংবাদিকতাৰ পাঠ্যক্ৰমো সমাপ্ত কৰিছে।
Recent News
দুৰাৰোগ্য ৰোগত আক্ৰান্ত টাইটানিকৰ গায়িকা চেলিন ডিয়ন; চিৰদিনৰ বাবে হেৰুৱাব পাৰে কণ্ঠ
দুৰ্ভাগ্য! বিপক্ষৰ বেটাৰক পেভিলিয়নমুখী কৰাৰ প্ৰচেষ্টাত চাৰিটা দাঁত হেৰুৱালে শ্ৰীলংকাৰ ক্ৰিকেটাৰে
এজন কয়দীৰ বিনিময়ত মুকলি কৰি দিয়া হ’ল আন এজন কয়দীক
স্কুটীত উঠি নিৰ্দলীয় বিধায়কৰ সন্ধানত ওলাল শ্বাহ! বিজেপিলৈ ‘ব্যঙ্গশেল’ নেটিজেনৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
অৰুণাচল প্ৰদেশ কংগ্ৰেছ কমিটিয়ে অভিযোগ কৰে যে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত ৰাজ্যখনলৈ আহি যুটীয়া সংসদীয় সমিতিয়ে বিভিন্ন দল-সংগঠনৰ লগতে ৰাইজৰ মতামত গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ নজনালে।
প্ৰদেশ কংগ্ৰেছে লগতে অভিযোগ কৰে যে উত্তৰ-পূৰ্বাঞ্চলত হিন্দু বাংলাদেশীক সংস্থাপিত কৰিব বিচৰা সমগ্ৰ প্ৰক্ৰিয়াটো সম্পৰ্কত অৰুণাচল প্ৰদেশৰ জনসাধাৰণক অন্ধকাৰত ৰখা হৈছে।
অৰুণাচল প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কয় যে অৰুণাচল প্ৰদেশ শৰণাৰ্থী সমস্যাৰ দ্বাৰা ভাৰাক্ৰান্ত যদিও ৰাজ্যখনক যুটীয়া সংসদীয় সমিতিৰ ভ্ৰমণৰ বাহিৰত ৰখা হ’ল।
প্ৰদেশ কংগ্ৰেছে লগতে দাবী কৰে যে ৰাজ্য চৰকাৰে ৰাজ্যখনৰ শৰণাৰ্থী সমস্যাটোক লৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ সৈতে আলোচনা কৰি বিষয়টো স্পষ্ট কৰা উচিত।
বিষয়টোৰ সমাধানৰ বাবে সংশ্লিষ্ট জিলা কেইখনৰ বেচৰকাৰী সংস্থা, নাগৰিক সংগঠন আৰু জ্যেষ্ঠ নাগৰিকসকলকে ধৰি এখন সৰ্বদলীয় বৈঠক আহ্বান কৰিবলৈ অৰুণাচল প্ৰদেশ কংগ্ৰেছে দাবী জনায়।
অৱশ্যে, কংগ্ৰেছে লগতে সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাই মেঘালয়ত যুটীয়া সংসদীয় সমিতিৰ বৈঠকত অংশগ্ৰহণ কৰাৰ বাবে লোৱা সিদ্ধান্তক আদৰণি জনায়।
বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত পেমা খাণ্ডু চৰকাৰে গ্ৰহণ কৰা মৌনতাৰ নীতি সম্পৰ্কত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পীপলছ পাৰ্টি অফ অৰুণাচল প্ৰদেশে।
দলে কয় যে বিধেয়কখনে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যক খিলঞ্জীয়া লোকৰ অস্তিত্বলৈ ভাবুকি কঢ়িয়াই আনিছে।
দলটোৱে লগতে অসমত এন আৰ চি প্ৰকাশ হোৱাৰ পিছত চুবুৰীয়া ৰাজ্যখনৰ পৰা হ’ব পৰা অনুপ্ৰৱেশ সম্পৰ্কতো সকীয়াই দিছে।
Recent News
ভীমা কোৰেগাঁও গোচৰ: অৱশেষত কাৰামুক্ত হ’ল আনন্দ টেলটুম্বডে
গাহৰি উৎপাদক কোম্পানীৰ বাবে উমৈহতীয়া সুবিধা কেন্দ্ৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন এনএইচপিচিৰ