text
stringlengths
0
188k
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানত লেখাৰ সংখ্যা
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)...
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>শনিবাৰে ধেমাজি মহাবিদ্যালয়ৰ প্ৰাংগনৰ শিশু শিক্ষা ও উৎকৰ্ষ সাধন কেন্দ্ৰৰ প্ৰেক্ষাগৃহত এখনি সাধাৰণ সভা অনুষ্ঠিত হয়
dhemaji meeting
Asomiya Pratidin
Published on :
30 Oct, 2022, 2:08 am
ডিজিটেল সংবাদ , ধেমাজি ঃ পুৰণি পেঞ্চন ব্যৱস্থা (অ. পি.এচ) পুনৰ প্ৰৱৰ্তনৰ দাবীত পদযাত্ৰা দিছপুৰলৈ বলক কাৰ্য্যসূচী সফল ৰূপায়নৰ প্ৰস্তুতি সম্পৰ্কত শনিবাৰে দুপৰীয়া ১২ বজাত ধেমাজি মহাবিদ্যালয়ৰ প্ৰাংগনৰ শিশু শিক্ষা ও উৎকৰ্ষ সাধন কেন্দ্ৰৰ প্ৰেক্ষাগৃহত এখনি সাধাৰণ সভা অনুষ্ঠিত হয় ৷
সদৌ অসম চৰকাৰী এন.পি.এচ কৰ্মচাৰী সংস্থাৰ ধেমাজি জিলা সমিতিৰ সভাপতি গোবিন দত্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সদৌ অসম চৰকাৰী এন .পি.এচ সংস্থাৰ ধেমাজি জিলা সমিতিৰ সহকাৰী সম্পাদক মুনৰঞ্জন লাগাছুৱে ৷ উদ্দেশ্য ব্যাখ্যাৰ পিছতেই সদৌ অসম চৰকাৰী এন .পি. এচ সংস্থাৰ ধেমাজি সমিতিৰ সাধাৰণ সম্পাদক ডিম্বেশ্বৰ পে...
সাধাৰণ সম্পাদক গৰাকীয়ে এন.পি.এচৰ সমস্যাক লৈ বিগত ২০১৯ চনৰ পৰাই সংস্থাটোৱে আন্দোলন কৰি থকা কথা উল্লেখ কৰি এই এন.পি.এচৰ নামত চৰকাৰে কৰ্মচাৰী সকলক আভুৱাভাৰি পুৰণা পেঞ্চনৰ ঠাইত নতুন পেঞ্চনৰ ব্যৱস্থা কৰি ২০০৪ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰাই নিয়োজিত বিষয়া কৰ্মচাৰী সকলক মাধমাৰ সোধাইছে বুলি অৱগত কৰে ৷
একে দৰে সভাত অতিথি হিচাপে উপস্থিত থকা সদৌ অসম চৰকাৰী এন.পি.এচ কৰ্মচাৰী সংস্থাৰ ৰাজ্যিক সমিতিৰ কোষাধ্যক্ষ আব্দুল ৰৌফৱে বক্তব্যত পেঞ্চনৰ সমস্যাক লৈ অহা ৮ নৱেম্বৰত দিছপুৰলৈ বলক “ পদযাত্ৰা”ৰ প্ৰস্তুতিৰ সম্পৰ্কে সভাত উপস্থিত ৰাইজক বিৱৰি কয়।
প্ৰসংগ ক্ৰমে ৰাজ্যিক বিষয়-ববীয়া গৰাকীয়ে সদৌ অসম এন.পি.এচ চৰকাৰী কৰ্মচাৰী সংস্থাক ৰাজ্যখনৰ ১২২ টা সংগঠনে সহযোগ কৰিছে বুলি উল্লেখ কৰি এইখনেই এন.পি.এচ কৰ্মচাৰী সকলৰ বাবে শেষ ৰণ হওক বুলি সদৰি কৰে ৷
ইয়াৰ উপৰিও সভাত ধেমাজি ঢকুৱাখনা কলেজ শিক্ষক সংস্থাৰ সম্পাদক ড° বসন্ত মঙ্গল দত্ত, ধেমাজি জিলা প্ৰাথমিক শিক্ষক সন্মিলনী সম্পাদক দিপাংকৰ শৰ্মা, ধেমাজি জিলা মধ্য ইংৰাজী সন্থাৰ হৈ নিৰ্মল বৰা, ধেমাজি জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি ধীৰেন গগৈ, জিলা এন. পি . এচ সন্থাৰ উপ- সভাপতি দিলীপ কোচে বক্তব্য ৰাখে ৷<eot>ঈশান আৱস্থি।...
ঈশানকলৈ চিন্তিত পিতৃ-মাতৃ। সিদ্ধান্ত হ'ল তাক ব'ৰ্ডিং স্কুললৈ পঠিয়াই দিব। ঈশানে বুজাব পৰা নাই তাৰ অসুবিধা। পিতৃ-মাতৃয়েও তাক নুবুজাৰ বাবে সৰু ল'ৰাটো ব্যৰ্থিত মনে মনে।
ব'ৰ্ডিং স্কুলত ঈশানৰ একেই অৱস্থা। বিদ্যালয়খনলৈ এজন নতুন ছবিৰ শিক্ষক আহিল। নাম ৰাম শংকৰ নিকুম্ভ। প্ৰথমটো ক্লাছতেই তেওঁ ছাত্ৰ-সকলৰ সৈতে নাচ-গান কৰি সৰু ল'ৰাবিলাকৰ মনো জগতত প্ৰৱেশ কৰিলে।
লক্ষ কৰিলে নতুন ছবি শিক্ষকগৰাকী ঈশান অলপ পৃথক। খবৰ ল'লে লগৰবোৰৰ পৰা ঈশানৰ সন্দৰ্ভত। কোনেও ঈশানৰ সন্দৰ্ভত বিশেষ ক'ব নোৱাৰিলে। ঈশানে ভাল ছবি আঁকে। সেই উমান ছবি শিক্ষকজনে পাইছিল।
ঈশানৰ ঘৰলৈ গৈ শিক্ষকজনে ঈশানৰ ঘৰত আৰু কিছু তথ্য গোটালে। ঘৰৰ মানুহবোৰে স্বীকাৰ নকৰে বা মানি ল'ব নোখোজে ঈশানৰ ডেভল্পমেণ্ট ডিছএবিলিটিছ আছে। Dyslexia নামৰ ৰোগত ঈশান আক্ৰান্ত।
ছবিৰ মাধ্যমেৰে ঈশানে বুজালে বুজে। বিদ্যালয়খনত এখন ছবিৰ প্ৰতিযোগিতা আয়োজন কৰিলে। অংশ ল'লে ছবি শিক্ষকেও। বিচাৰকসকল দুমোজাত পৰিল। কোনখন ছবিক দিব প্ৰথম পুৰস্কাৰ?
ছবিৰ শিক্ষক ৰাম শংকৰ নিকুম্ভে আঁকিছিল ঈশানক। সেই ছবি দেখি ঈশানো আৱেগিক হৈ পৰিছিল। বুজি পাইছিল কোনোবাইটো অন্ততঃ তেওঁক বুজিছিল, ভাল পাইছিল।
ঈশানে ভাল পোৱা ছবিৰ মাধ্যমে ৰাম শংকৰে ঈশানক সুস্থ কৰি তুলিছিল। পিতৃ-মাতৃয়ে বুজি পাইছিল এই ধৰণৰ শিশুক বিশেষ যতনৰ প্ৰয়োজন। প্ৰয়োজন তেওঁলোকক বিশেষ পদ্ধতিৰ শিক্ষা। এয়া এখন চৰ্চিত হিন্দী ছবিৰ 'তাৰে জমিন পৰ'ৰ থুলমূল কাহিনী।
মঞ্চত এগৰাকী ১০ বছৰীয়া ছোৱালী। হাতত গান গাবলৈ লৈ থকা মাইক্ৰ'ফোনটো। বাদ্যযন্ত্ৰ সংগত কৰা শব্দযন্ত্ৰীসকল সাজু। মাকে ছোৱালীজনীৰ কাষত ৰৈ ক'লে- এই কিদৰে গান গাই আমোদ দিব পাৰে তাৰ নিশ্চয়তা মই দিব নোৱাৰো। কিন্তু বিশেষ কাৰণত তাইৰ হৈ মই এই কথাখিনি ক'বলগীয়া হৈছে।
ছোৱালীজনীক মাকে নমস্কাৰ জনাবলৈ ক'লে। ছোৱালীজনীয়ে নমস্কাৰ বুলি ক'লে। তাৰ পাছত ইটোৰ পিছত সিটো গীত গাই উপস্থিত ৰাইজৰ মন মুহিলে। ৬ অক্টোবৰ ২০২২ ত নিউগুৱাহাটী আঞ্চলিক সাৰ্বজনীন দুৰ্গা পূজাস্থলীত আয়োজন কৰা হৈছিল বিজয়া দশমীৰ পাছত এই সাংস্কৃতিক সন্ধিয়া।
সেই অনুষ্ঠানতেই গীত পৰিৱেশন কৰা এই ছোৱালীজনীৰ নাম নয়দিতা। জাপৰীগোগৰ জয়ন্ত হাজৰিকা পথত ঘৰ। মাতৃৰ নাম গীতিমা দাস আৰু পিতৃৰ নাম কিশোৰ দাস। স্বাভাৱিক ভাৱেই নয়দিতাক বিদ্যালয়লৈ পঠিয়াইছিল।
কেইদিনমান পিছত বিদ্যালয় কৰ্তৃপক্ষই তাইৰ আচৰণৰ সন্দৰ্ভত পিতৃ-মাতৃক অৱগত কৰিছিল । তাৰ পাছতহে কথাবোৰ লক্ষ্য কৰিছিল ঘৰৰ লোকে। কাষ চাপিছিল চিকিৎসকৰ।
চিকিৎসকে কৈছিল তাই অ'তিজিমৰ স্বীকাৰ হৈছে। অ'তিজিম এনে এক ৰোগ যি ৰোগত আক্ৰান্তসকলে মানুহৰ মাজত থাকি ভাল নাপায়। নিজাকৈ কোনো কথা ভাবিব নোৱাৰে।
নয়দিতাৰো সেয়াই হ'ল। সংগীতৰ প্ৰতি কেৱল নয়দিতাৰ বিশেষ ৰাপ। বিভিন্ন থেৰাপি, মানুহৰ সৈতে কথাৰ আদান-প্ৰদান, নতুন নতুন ঠাই ভ্ৰমণ কৰি চকুৰে দেখি যি শিকে সেয়াই কেৱল ভাটৌৰ দৰে দোহাৰে।
ঘৰত সেয়েহে নয়দিতাৰ বাবে সংগীতৰ বিশেষ ব্যৱস্থা। ৬/৭ ঘণ্টা ৰেয়াজ কৰে নয়দিতাই। গানৰ সংগীত বাজিলেই তাই সলসলিয়াকৈ গাই দিব পাৰে গীতটো। নয়দিতাৰ জাপৰীগোগৰ ঘৰলৈ যাওঁতে তাই গান গাব বিচাৰিলে।
দেউতাকে ইউটিউবৰ পৰা কেইবাটাও গানৰ ট্ৰেক বজাই দিলে। তাই প্ৰাণঢালি গীতবোৰ গালে। কিছুমান কথা এতিয়া লাহে লাহে নয়দিতাই ক'বলৈ শিকিছে। সংগীতৰ ক্ষেত্ৰখনত উজলি উঠা নয়দিতাৰ বাবে গানেই প্ৰাণ।
সুধাকণ্ঠৰ গীত নয়দিতাৰ অতিকৈ প্ৰিয়। বিশেষভাৱে সক্ষম নয়দিতাই খুব ফুৰ্তি পালেহে কেতিয়াবা হাঁহে। ভকেলত বিশাৰদ পাছ কৰি থৈছে নয়দিতাই। এতিয়ালৈকে ভূপেন হাজৰিকাৰ ৮০ টাতকৈ বেছি গান নয়দিতাই গাব পাৰে।
নয়দিতাৰ মাতৃ-পিতৃ আৰু ককাক আইতাকে তাইৰ সকলো যতন ৰাখে। সেই যতনে নয়দিতাক সুখী কৰি ৰাখিছে। নয়দিতাই বিভিন্ন মঞ্চত গীত গাবলৈ আগ্ৰহ কৰে। মানুহে ভাল পালে হাত চাপৰি বজাই।
কেতিয়াবা নয়দিতাৰ গায়কি বেয়া হ'লে দেউতাকক মঞ্চৰ পৰা নামি আহি সাৱটি ধৰে। নয়দিতাই প্ৰথমে যি বুজে সেয়াই সত্য বুলি ভাৱে। নিজেই খাবলৈও শিকা এতিয়ালৈকে তাই। কিন্তু নয়দিতাই চিপছ খাই খুব ভাল পায়।
নয়দিতাৰ ঘৰত নয়দিতাৰ গান শুনি কিছু সময় অতিবাহিত কৰাৰ পাছত নয়দিতাই ক'লে তাই ফুৰিবলৈ যাব। এনেদৰেই বিশেষ মানসিক ভাৱে সক্ষম নয়দিতাক ফুৰাবলৈ লৈ গ'লো। তাই দোকানত ওলমি থকা চিপছৰ পেকেটলৈ দেখুৱাই ক'লে- তাই খাব।
নয়দিতাৰ মুখত আনন্দৰ আভা। বহু কথা তাই মনত ৰখাই থয়। বহু কথা তাই নুবুজে বা ক'ব নোৱাৰে। ঘূৰি আহি নয়দিতাই গাড়ীৰ পৰা নামি ক'লে তাইৰ বৰ হাঁহি উঠিছে। তাৰ পাছত তাই প্ৰাণ খুলি হাঁহিলে। দেউতাকে ক'লে তাই আজি খুছ।
নয়দিতাৰ সংগীতৰ সাধনা অব্যাহত থাকক। লাহে লাহে নয়দিতাই সকলো কথা বুজি উঠক। পিতৃ-মাতৃ আৰু শুভাকাংক্ষীসকলৰ আন্তৰিকতাপূৰ্ণ ব্যৱহাৰ, কথা-বতৰা নয়দিতাৰ বাবে মহৌষধ।
বিশেষ মানসিকভাৱে সক্ষম এই শিশুসকলৰ এখন পৃথক মনোজগত আছে। সুস্থ সকলে সেই মনোজগতখনত প্ৰৱেশ কৰি তেওঁলোকে ভালপোৱা ধৰণে কাম কৰিলে তেওঁলোক সুখী হয়।
নয়দিতাৰ পিতৃ-মাতৃ এনে বিশেষ মানসিকভাৱে সক্ষম সকলৰ আদৰ্শ হ'ব পাৰে। নয়দিতাৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা প্ৰেৰণাদায়ক। আৰু নয়দিতাৰ সুকণ্ঠই মানুহৰ হৃদয় জিনক। নয়দিতাক অনুকম্পা নালাগে, লাগে আন্তৰিক যতন আৰু ভাললগা কামবোৰ কৰিব পৰা এক পৰিবেশ। যিটো কাম কিশোৰ দাস আৰু গীতিমা দাসে কৰি গৈছে।<eot>পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্যত ৰাজনৈতিক দলবো...
নন্দিতা তালুকদাৰ নামৰ এই প্ৰাৰ্থীগৰাকীৰ বয়স মাত্ৰ ২২ বছৰ। তেওঁ হাজো সমষ্টিৰ ১নং পঞ্চতীৰ্থ জিলা পৰিষদৰ ভাৰতীয় জাতীয় কংগ্রেছৰ প্ৰাৰ্থী হিচাপে টিকট পাইছে।
সম্ভৱতঃ নন্দিতা তালুকদাৰেই হ’ব আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ কনিষ্ঠতম প্ৰাৰ্থী। অৱশ্যে এই কথা তেতিয়াহে নিশ্চিত হ’ব, যেতিয়া দুয়োটা পৰ্য্যায়ৰ মনোনয়ন পত্ৰ দিয়া সমাপ্ত হ’লেহে এই কথাটো নিশ্চিত হ’ব।
মন কৰিব লগীয়া যে নন্দিতা তালুকদাৰ এতিয়াও গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত। অধ্যয়নৰত সত্ত্বেও তেওঁ ৰাজনীতিত ভৰি দিবলৈ মন কৰি নৱ প্ৰজন্মৰ বাবে দৃষ্টান্ত স্থাপন কৰিব বিচাৰে।
উল্লেখযোগ্য যে হাজোত কংগ্ৰেছৰ নেতৃত্বত বহন কৰি থকা দুলু আহমেদৰ পৃষ্ঠপোষকতাতে নন্দিতা তালুকদাৰ দলটোৰ পৰা প্ৰাৰ্থিত্ব পাবলৈ সক্ষম হৈছে।
বিশ্ববিদ্যালয়ৰ ছাত্ৰীগৰাকীয়ে জনোৱামতে, তেওঁ ৰাজনীতিত খোজ দিয়াৰ জৰিয়তে সন্মুখৰ পৰাই যুৱ প্ৰজন্মক আগুৱাই নিয়াৰ সংকল্প লৈছে।
যিটো সময়ত বিভিন্ন দলৰ পৰা টিকট পাবলৈ অভিজ্ঞ ৰাজনৈতিক নেতাৰ হেতা-ওপৰা লাগিছে সেই সময়ত এগৰাকী ২২ বছৰীয়া যুৱতীয়ে এইদৰে এটা প্ৰধান ৰাজনৈতিক দলৰ পৰা টিকট পোৱাটোত সন্তোষ প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে।
Recent News
ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত কিংবদন্তি স্প্ৰিণ্টাৰ পি টি উষা
বিয়াত বহাৰ প্ৰস্তাৱ অস্বীকাৰ: কিশোৰীক টুকুৰা-টুকুৰকৈ কটাৰ ভাবুকি দিলে যুৱকে
লকডাউনৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ চীন, ৰাজপথত জিনপিঙৰ বিৰুদ্ধে ধ্বনি
পঞ্জাৱত শোকাৱহ দুৰ্ঘটনা: ৰে’লৰ খুন্দাত প্ৰাণ হেৰুৱালে তিনি শিশুৱে, গুৰুতৰভাৱে আহত আন এক শিশু
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
প্ৰকাশিত খবৰ অনুসৰি, শ্ৰমিকগৰাকী ভৰালুমুখ অঞ্চলৰ গুৱাহাটী-উত্তৰ গুৱাহাটী দলঙৰ নিৰ্মাণক্ষেত্ৰত নিয়োজিত হৈ আছিল।
নিৰ্মাণৰত দলংখনৰ এটা খুটাত উঠি থকাৰ সময়তে পিছলি নদীত পৰি যায় শ্ৰমিকগৰাকী।
সন্ধানহীন শ্ৰমিকগৰাকীৰ পৰিচয় এই পৰ্যন্ত প্ৰকাশ কৰা নাই নিৰ্মাণখণ্ডৰ দায়িত্বত থকা বিষয়াসকলে।
ইতিমধ্যে সন্ধানহীন শ্ৰমিকগৰাকীৰ সন্ধানৰ বাবে উদ্ধাৰকাৰী দল মোতায়েন কৰা হৈছে আৰু উদ্ধাৰ অভিযান চলাই থকা হৈছে।
Recent News
বৰপেটা জিলা কাৰাগাৰত চাঞ্চল্য: কাৰাগাৰ চৌহদৰ ভিতৰত উদ্ধাৰ কয়দীৰ মৃতদেহ
ভাৰত জোড়ো যাত্ৰা হৈছে ‘লুট-তন্ত্ৰ’ৰ বিৰুদ্ধে ‘লোকতন্ত্ৰ’ৰ কণ্ঠ: মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ ৰাহুল গান্ধী
ভুৱা আছিল আৰক্ষী কৰ্মীলৈ শিলগুটি নিক্ষেপৰ অভিযোগ! ওমৰ খালিদক দোষমুক্ত ঘোষণা আদালতৰ
যোগীৰ উত্তৰ প্ৰদেশত চাঞ্চল্যকৰ কাণ্ড: দলিত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা দুৰ্বৃত্তৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
১৯৭৮ চনৰ ১২ মাৰ্চৰ পৰাই অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰবৰ্তনৰ দাবীত চলাই নিয়া সংগ্ৰামখনিৰ ওপৰত নগাঁও জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি-সাধাৰণ সম্পাদকদ্বয় ৰূপক চন্দ্ৰ বৰা আৰু প্ৰাগজ্যোতিষ বনিয়াই বক্তব্যত প্ৰকাশ কৰে। তেওঁলোকে কয় যে আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা কেৱল মাত্ৰ দাবীয়েই নহয়, ই খিলঞ্জীয়াৰ অধিকাৰ।
উত্তৰ-পূবৰ দুৱাৰ মুখ অসমত কেন্দ্ৰীয় চৰকাৰে আজিকোপতি কিয় আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰবৰ্তন নকৰিলে তাত গভীৰ ৰহস্য ঘণীভূত হৈ আছে বুলিও সংবাদ মাধ্যমৰ আগত নেতাদ্বয়ে মন্তব্য কৰে।
আনহাতে নেতাদ্বয়ে আৰু কয় যে অসমত এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়া চলি থকাৰ মাজতে অবৈধ লোক সকলে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, নগালেণ্ড আৰু মিজোৰামলৈ অবাধ প্ৰব্ৰজন কৰাত সংশ্লিষ্ট ৰাজ্যৰ দল-সংগঠনে আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থাৰ জৰিয়তে উক্ত লোক সকলক চিনাক্ত কৰি ৰাজ্যৰ বাহিৰলৈ এক কথাত অসমৰ সীমান্তত এৰি থৈ গৈছে।
আনহাতে, সংগঠনৰ কেন্দ্ৰীয় নেতা-কৰ্মীৰ লগতে জিলা আৰু আঞ্চলিক সমিতিৰ প্ৰায় দুই শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰা অৱস্থান ধৰ্মঘটৰ অন্তত উক্ত বিষয় উল্লেখ কৰি দেশৰ প্ৰধান মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
Recent News
শিহৰণকাৰী দৃশ্য! ১০০ ফুট ওপৰৰ বিদ্যুৎ লাইনত ওলমি ৰ’ল দুৰ্ঘটনাগ্ৰস্ত বিমান
মৰ্মান্তিক! ডিঙিত চকলেট লাগি ধৰি মৃত্যু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰৰ; পৰিয়ালত শোকৰ ছাঁ
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ড: কোন দায়ী?
কিয় ক্ষমা বিচাৰিলে কিংবদন্তী গায়ক বব ডিলানে?
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
বৃহস্পতিবাৰে গুৱাহাটীৰ হোটেল ৰাইবেৰিয়াত এখন সংবাদমেল সম্বোধন কৰি প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে ক’লে এই নিৰ্বাচনে হেনো সোণোৱাল চৰকাৰ কিমান দুৰ্নীতিপৰায়ণ প্ৰমাণ কৰি দিলে।
গগৈয়ে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ দুৰ্নীতি পৰায়ণতাৰ কথা উল্লেখ কৰি কয়, ‘তেওঁলোকে আমাক ভ্ৰষ্টাচাৰী বুলি কৈছিল, কিন্তু নিৰ্বাচনে প্ৰমাণ কৰিলে যে তেওঁলোক বেছি ভ্ৰষ্টাচাৰী। এই চৰকাৰখনে সকলোতকৈ বেছি দুৰ্নীতি পৰায়ণ। আজি মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়টো দুৰ্নীতি আৰু চিণ্ডিকেটৰ কেন্দ্ৰ হৈ পৰিছে’।
সংবাদ মাধ্যমত প্ৰকাশ পোৱা বিভিন্ন চিণ্ডিকেটৰ বাতৰিৰ প্ৰসংগ উত্থাপন কৰাৰ উপৰিও গগৈয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিয়ুক্তি কেলেংকাৰিৰ অভিযোগৰ কথাও উল্লেখ কৰে। লগতে শেহতীয়াভাৱে গোলাঘাট আৰু যোৰহাট জিলাত সংঘটিত হোৱা সুৰা ত্ৰাজিদিৰ প্ৰসংগও সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
‘আমি সকলো দুৰ্নীতিৰ চিবি আই তদন্তৰ দাবী কৰি আছো। সৰ্বানন্দ সোণোৱালক কৈছো যদি তেওঁ যদি নিৰ্দোষী, চি বি আই তদন্ত নিদিয়ে কিয়?’ তৰুণ গগৈৰ মন্তব্য। মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়ৰ লগতে বিত্ত বিভাগৰ কাৰ্য্যালয়কে ধৰি সকলো মন্ত্ৰী আৰু বিভাগসমূহ দুৰ্নীতিৰ কেন্দ্ৰ হৈ পৰিছে, যাৰ ফলত অসমৰ উন্নয়নত বাধা আহিছে বুলিও গগৈয়ে মন্তব্য কৰে।