text stringlengths 0 188k |
|---|
ইপিনে, দুমাহ আগলৈ ৰাজ্য তোলপাৰ লগাই থকা নাগৰিকত্ব সংশোধনী বিধেয়কবিৰোধী আন্দোলনে এই নিৰ্বাচনত বিশেষ প্ৰভাৱ পেলাব নোৱাৰিলে বুলিও প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে স্বীকাৰ কৰে। ইয়াৰ কাৰণ এই আন্দোলনক গাঁৱে-ভূঞে লৈ যোৱাত বিধেয়কবিৰোধী দল-সংগঠন আৰু কংগ্ৰেছৰ ব্যৰ্থতা বুলিও তেওঁ প্ৰকাশ কৰে। |
‘নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ কিছু সজাগতাৰ সৃষ্টি কৰিলো যদিও এই আন্দোলনক গাঁৱে-ভূঞে তৃণমূল পৰ্য্যায়লৈ আমি নিব নোৱাৰিলে। জাতীয় দল-সংগঠনসমূহো এইক্ষেত্ৰত সফল হ’ল বুলি মই নাভাবো। এই আন্দোলনক যি ধৰণে নিব লাগিছিল সেই ধৰণে নিয়া নহ’ল’, তৰুণ গগৈয়ে কয়। |
অৱশ্যে নাগৰিকত্ব সংশোধনী বিধেয়কবিৰোধী আন্দোলনে নিৰ্বাচনত কিছু পৰিমাণে প্ৰভাৱ পেলাব বুলিও তেওঁ কয়। |
আনহাতে, দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰো গগৈয়ে অভিযোগ আনে। নিৰ্বাচনী প্ৰচাৰত দেশৰ সেনাৰ নামত ভোট বিচৰা কাৰ্য্যত নিষেধাজ্ঞা আৰোপ থকাৰ পাছতো সেয়া উলংঘা কৰাৰ কথাও কয় প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে। |
‘নিৰ্বাচন আয়োগৰ কামিহাড় নাই। নিৰ্বাচন আয়োগে প্ৰধান মন্ত্ৰীক ভয় কৰে। দেশৰ নিৰ্বাচন আয়োগৰ গুৰুত্ব নাইকিয়া কৰিলে গণতন্ত্ৰ কেনেকৈ ৰক্ষা পৰিব?’ প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীৰ মন্তব্য। |
মোদীৰ আমোলত দেশৰ চি বি আইকে ধৰি সকলো স্বতন্ত্ৰ সংস্থাৰ স্বতন্ত্ৰতা নাইকিয়া হোৱা বুলিও তেওঁ সৰৱ হয়। |
ইয়াৰ উপৰিও উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে হোৱা ষড়যন্ত্ৰৰ প্ৰসংগ উত্থাপন কৰি ‘ন্যায়পালিকাৰ বিৰুদ্ধে এনে ষড়যন্ত্ৰ হ’লে ন্যায়পালিকাৰ ওপৰত ৰাইজৰ বিশ্বাস নাইকিয়া হ’ব’ বুলিও তেওঁ কয়। |
Recent News |
শিহৰণকাৰী দৃশ্য! ১০০ ফুট ওপৰৰ বিদ্যুৎ লাইনত ওলমি ৰ’ল দুৰ্ঘটনাগ্ৰস্ত বিমান |
মৰ্মান্তিক! ডিঙিত চকলেট লাগি ধৰি মৃত্যু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰৰ; পৰিয়ালত শোকৰ ছাঁ |
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ড: কোন দায়ী? |
কিয় ক্ষমা বিচাৰিলে কিংবদন্তী গায়ক বব ডিলানে? |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
ললিতৰ পৰিয়ালে বহু চিকিৎসকক দেখুৱাইও কোনো সুফল লাভ কৰিব পৰা নাই। চিকিৎসকে ইয়াক এক বিৰল তথা দুৰাৰোগ্য ৰোগ বুলি অভিহিত কৰিছে। |
লগতে পঢ়ক: বিকৃত হোৱা ইতিহাস পুনৰ নতুনকৈ লিখাৰ আহ্বান কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ |
জানিব পৰা মতে, ললিত মধ্য প্ৰদেশৰ ৰাটলাম জিলাৰ নন্দলেট গাঁৱৰ বাসিন্দা। তেওঁৰ পিতৃ বক্তলাল পাটিদাৰ এগৰাকী খেতিয়ক। চাৰিগৰাকী ভগ্নীৰ একমাত্ৰ ভাতৃ ললিত। ললিতে গাঁৱৰ চৰকাৰী বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ। ভৱিষ্যতে এগৰাকী ইউটিউবাৰ হ’বলৈ বিচাৰে ললিতে। |
ললিতে মুখমণ্ডলত থকা চুলিবোৰৰ বাবে খোৱাবোৱাতো অসুবিধা পায়। ললিতৰ পৰিয়ালে জজানিবলৈ দিয়া মতে ললিতৰ মুখত সৰুৰে পৰাই দীঘল চুলি আছিল। |
বৰোদাৰ এগৰাকী চিকিৎসকে ললিতৰ ২১ বছৰ সম্পূৰ্ণ কৰাৰ পিছত প্লাষ্টিক চাৰ্জাৰী কৰাৰ কথা কৈছে। এতিয়া ললিতে ২১ বছৰ হোৱালৈ অপেক্ষা কৰাৰ বাহিৰে কোনো উপায় নাই। |
লগতে পঢ়ক: ৰাষ্ট্ৰীয় ঘাইপথত মৃত্যুৰ কিৰিলি ! গোৱালপাৰাত পুনৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে এজন যুৱকৰ |
ললিতৰ পৰিয়ালে এই বিৰল ৰোগৰ বাবে সকলো ভগৱানৰ ওপৰত এৰি দি কেবল চিকিৎসকৰ পৰামৰ্শ মতে ২১ বছৰত প্লাষ্টিক চাৰ্জাৰী কৰিবলগীয়া দিনটোৰ বাবে অপেক্ষা কৰিছে। |
Recent News |
নেটফ্লিক্স ৱেব ছিৰিজ ‘খাকী: দ্য বিহাৰ চেপ্টাৰ’ৰ মূল আধাৰ আই পি এছ বিষয়াৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰ |
ভুলৱশত: সোমাল পাকিস্তানৰ ভূখণ্ডত: পাকিস্তান সেনাৰ হাতত বন্দী বি.এছ.এফ জোৱান |
হৃদয় বিদাৰক! ক্ৰিকেট খেলি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ |
মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ’ব কোন? |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
ৰাজ্যখনৰ উজ্জয়িন জিলাৰ নাগদা অঞ্চলত ব্যক্তিগৰাকীক স্থানীয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ইন্দোৰ আৰক্ষীক গতাই দিয়ে। ধৃত অভিযুক্ত গৰাকীক দয়া ওৰফে নৰেন্দ্ৰ সিং বুলি চিনাক্ত কৰা হৈছে। |
অভিযোগ অনুসৰি যোৱা ১৮ নৱেম্বৰত চলি থকা ভাৰত জোড়ো যাত্ৰাৰ বাবে মহাৰাষ্ট্ৰৰ পৰা ইন্দোৰত উপস্থিত হোৱাৰ লগে লগে ৰাহুল গান্ধীক বোমাৰে হত্যা কৰা হ’ব বুলি ভাবুকি দিয়া এখন চিঠি লিখিছিল ধৃত দয়াই। |
ইন্দোৰৰ জুনি থানা এলেকাৰ অন্তৰ্গত এখন মিঠাইৰ দোকানৰ বাহিৰত উদ্ধাৰ হৈছিল এই ভাবুকি পত্ৰ। |
পত্ৰখন উদ্ধাৰৰ পিছতে আৰক্ষীয়ে অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি দোকানখনৰ বাহিৰত চিঠিখন এৰি থৈ যোৱা ব্যক্তিগৰাকীৰ সন্ধান আৰম্ভ কৰিছিল। |
ইয়াৰ পাছতো আৰক্ষীয়ে প্ৰায় ২০০ টা চিচিটিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰি কেইবাখনো চহৰৰ হোটেল, লজ, ৰেল ষ্টেচনত অভিযান চলাইছিল। |
অৱশেষত নিৰন্তৰ অভিযানৰ পাছত আৰক্ষীয়ে নৰেন্দ্ৰ সিঙক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত নৰেন্দ্ৰ সিং উত্তৰ প্ৰদেশৰ ৰায়বাৰেলীৰ বাসিন্দা বুলি জানিব পৰা গৈছে। |
লক্ষণীয়ভাৱে নৰেন্দ্ৰ সিঙে পূৰ্বেও বহু লোকক চিঠি আৰু ফোন কলৰ জৰিয়তে এনে ভাবুকি প্ৰদান কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে। |
Recent News |
নেটফ্লিক্স ৱেব ছিৰিজ ‘খাকী: দ্য বিহাৰ চেপ্টাৰ’ৰ মূল আধাৰ আই পি এছ বিষয়াৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰ |
ভুলৱশত: সোমাল পাকিস্তানৰ ভূখণ্ডত: পাকিস্তান সেনাৰ হাতত বন্দী বি.এছ.এফ জোৱান |
হৃদয় বিদাৰক! ক্ৰিকেট খেলি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ |
মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ’ব কোন? |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
নৰ্থ ইষ্ট নাও-ত বৃহস্পতিবাৰে এই বজ্ৰ সংকল্প ঘোষণা কৰিছে আলফা নেতা দত্তই। |
“মই অসমত তেওঁলোকক কোনোধৰণৰ সমাৱেশ পাতিবলৈ নিদিওঁ। যিয়ে যি উদ্দেশ্য লৈ আছে মোৰ দৰকাৰ নাই, প্ৰথম কথা মই এই ব্ৰহ্মপুত্ৰ উপত্যকাত হিন্দু বাংলাদেশীৰ সমৰ্থনত কোনো দল-সংগঠনকে ধৰি আনকি চৰকাৰকো গণ সমাৱেশ অনুষ্ঠিত কৰিবলৈ নিদিওঁ,’‘ স্পষ্ট ভাষাৰে এই মন্তব্য আলফা নেতাজনৰ। |
অসমৰ ২৭টা বাঙালী সংগঠনৰ উমৈহতীয়া মঞ্চ বুলি দাবী কৰি অহা চি আৰ পি এফ (Citizens’ Rights Protection Forum) নামৰ মঞ্চটোৱে আগবঢ়োৱা আলোচনাৰ প্ৰস্তাৱো পোনপটীয়াকৈ নাকচ কৰিছে দত্তই। |
“হিন্দু বাংলাদেশীৰ পক্ষত থকা কোনো সংগঠনৰ সৈতে কোনো আলোচনা নহয়,” আলোচনাৰ বাবে কোনেও “যোগাযোগ” কৰা নাই বুলি স্পষ্ট কৰি এই কথা জনালে আলফা নেতাজনে। |
বিধেয়কখনক লৈ অসমৰ দল-সংগঠনৰ ভুল ধাৰণা হৈছে বুলি দাবী কৰি যোৱা ১৫ অক্তোবৰত বাঙালী সংগঠনৰ মঞ্চটোৱে সংবাদমেলযোগে আলোচনাৰ প্ৰস্তাৱ আগবঢ়াইছিল। তাৎপৰ্য্যপূৰ্ণভাৱে সেই সংবাদমেলৰ দুদিন পূৰ্বে মঞ্চটোক “সাৱধান” কৰি দিবলৈ গুৱাহাটীৰ পাণবজাৰত এক বোমা বিস্ফোৰণ কৰিছিল আলফা (স্বাঃ)এ। |
বাঙালী সমাৱেশক “মৈত্ৰী সন্মিলন’’লৈ নাম পৰিৱৰ্তন কৰিলেও লাভ নাই বুলি মন্তব্য কৰি দত্তই লগতে কয়, ‘‘তেওঁলোকৰ ইয়াত কোনো অনুষ্ঠান পতাৰ অধিকাৰ নাই। অসমৰ ৰাইজে নিজৰ চিন্তা নিজে কৰিব। কোনোবা হিন্দু বাংলাদেশী সমৰ্থকে আমাৰ জাতিটোৰ কথা চিন্তা কৰাৰ প্ৰয়োজন নাই।‘’ |
জিতেন দত্তৰ এই সকীয়নিৰ পূৰ্বে অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়েও ১৭ নৱেম্বৰত বাঙালী সংগঠনসমূহে আহ্বান কৰা সমাৱেশে “সংঘাত”ৰ সৃষ্টি কৰিব বুলি মন্তব্য কৰি ইয়াৰ বাবে অনুমতি নিদিবলৈ সোণোৱাল চৰকাৰক আহ্বান জনাইছিল। |
তাৰোপৰি ৰাজকুমাৰ বৈশ্য নেতৃত্বাধীন জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতি আৰু অসম সংগ্ৰামী মঞ্চয়ো এই সমাৱেশত বাধা দিয়াৰ হুংকাৰ দিছিল। |
Recent News |
পথাৰৰ মাজতে মহিলাক এছিড আক্ৰমণ সন্যাসীৰ বেশধাৰী দুৰ্বৃত্তৰ: আক্ৰমণকাৰীৰ সম্ভেদ লাভত ব্যৰ্থ আৰক্ষী |
শ্ৰেণীকোঠাত নাই ব্লেকবৰ্ড, ব্লেকবৰ্ডৰ বিকল্পৰ ৰূপত শ্ৰেণীকোঠাৰ দুৱাৰ! তদন্তৰ ঘোষণা |
এইবাৰ আম্বেদকাৰক গেৰুৱাকৰণ! হিন্দুত্ববাদী সংগঠনৰ আজৱ কাণ্ডত হতভম্ব দেশ |
কুকুৰ হত্যাৰ অভিযোগত আইনী ৰোষত পঞ্চায়ত সভানেত্ৰী: অভিযোগ ৰুজু আৰক্ষীৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
এই ঘটনাত দুখ প্ৰকাশ কৰি আজি সদৌ অসম অ’লা উবেৰ অপাৰেটৰ ইউনিয়নৰ সভাপতি ইছমাইল আলীয়ে নৰ্থ ইষ্ট নাওক কয় যে অ’লা উবেৰ কৰ্তৃপক্ষই আগতে দি অহা ইনচেনটিভ বন্ধ কৰি দিয়াৰ ফলত আৰ্থিক সংকটত ভূগী সোণমনি কলিতাই আত্মহত্যাৰ পথ বাছি ল’লে বুলি সন্থাই সন্দেহ প্ৰকাশ কৰিছে। |
কেব চালক তথা মালিক সকলৰ উপাৰ্জন হ্ৰাস হৈছে যাৰ ফলত তেওঁলোকে পৰিয়াল চলোৱাৰ লগতে বেংকৰ EMI পৰিশোধ কৰিবলৈ ব্যৰ্থ হৈছে বুলি উল্লেখ কৰি তেওঁ কয়, ‘যোৱা ১৭ মে’ত ডি চি কাৰ্যালয়ত অ’লা উবেৰ কৰ্তৃপক্ষ, ডি টি অ’ কামৰূপ (মহানগৰ) আৰু কামৰূপ (গ্ৰাম্য), যান-বাহন আৰক্ষী উচ্চপদস্থ বিষয়া উপস্থিত থকা সভাত অল আচাম কেব অপাৰেটৰ ইউনিয়নৰ সভাপত... |
কিন্তু ‘এই ক্ষেত্ৰত তেওঁ কোনোধৰণৰ গুৰুত্ব প্ৰদান কৰা দেখা ন’গল।’ ইয়াৰ পিছত একে সংক্ৰন্তত ২৭ জুনত এ ডি চি পি মহন্তক লগ ধৰা হৈছিল যদিও মহন্তও বিষয়টোত কোনো ধৰণৰ গুৰুত্ব নিদি দাবী ধমকি দিবলৈ আৰম্ভ কৰে বুলি আলীয়ে অভিযোগ কৰে। |
আনহাতে সোণমনি কলিতাৰ সন্ধানত ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে ব্ৰহ্মপুত্ৰ নদীত অভিযান চলাই আছে যদিও বাতৰি লিখা পৰলৈকে তেওঁৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। |
অল আচাম কেব অপাৰেটৰ ইউনিয়নে আত্মহত্যা কৰা সোণমণি কলিতাৰ পৰিয়ালবৰ্গলৈ অ’লা কৰ্তৃপক্ষক বিশ লাখ টকাৰ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিবলৈ দাবী জনাইছে। |
Recent News |
বৰপেটা জিলা কাৰাগাৰত চাঞ্চল্য: কাৰাগাৰ চৌহদৰ ভিতৰত উদ্ধাৰ কয়দীৰ মৃতদেহ |
ভাৰত জোড়ো যাত্ৰা হৈছে ‘লুট-তন্ত্ৰ’ৰ বিৰুদ্ধে ‘লোকতন্ত্ৰ’ৰ কণ্ঠ: মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ ৰাহুল গান্ধী |
ভুৱা আছিল আৰক্ষী কৰ্মীলৈ শিলগুটি নিক্ষেপৰ অভিযোগ! ওমৰ খালিদক দোষমুক্ত ঘোষণা আদালতৰ |
যোগীৰ উত্তৰ প্ৰদেশত চাঞ্চল্যকৰ কাণ্ড: দলিত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা দুৰ্বৃত্তৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
চ’ৰিয়াচিছৰ কাৰণ:- |
১/ বিৰুদ্ধ আহাৰ:-আয়ুৰ্বেদ মতে নতুনকৈ উৎপাদন হোৱা খাদ্য শস্য, দৈ, সাগৰীয় খাদ্য, লবণযুক্ত খাদ্য, মাটি মাহ, টেঙা বস্তু, মছলাযুক্ত খাদ্য বস্তু, কিণ্বিত ভোজন, ময়দা আৰু বেকাৰীৰ খাদ্য বস্তু, জাংক ফূড, ফাষ্ট ফূড্, ফ্ৰীজত ৰখা খাদ্য বস্তু আৰু শীতল খাদ্য বস্তু অধিক পৰিমানে সেৱন, ভালকৈ নৰন্ধা খাদ্য সেৱন আৰু আগৰ ভোজনৰ খাদ্যবস্তু হজ... |
২/ মিথ্যা বিহাৰ(অশুদ্ধ জীৱনশৈলী): অশুদ্ধ জীৱনশৈলী যেনে অত্যধিক গৰম আৰু গধুৰ খাদ্য গ্ৰহণৰ পিছত ব্যায়াম কৰা, বমি আদি অধাৰণীয় বেগ দমণ কৰা, অতিপাত গৰমৰ পৰা আহি লগে লগে ঠাণ্ডা পানী ব্যৱহাৰ কৰা, দিবা শয়ন আদিৰ ফলত আমাৰ খাদ্য পাচন প্ৰক্ৰিয়াত ব্যঘাত জন্মে যাৰফলত শৰীৰৰ প্ৰক্ৰিয়া বিলাককৰ অসমতুল্যতা ঘটে আৰু চ’ৰিয়াচিছৰ নিচিনা ৰোগৰ... |
৩/ অদৃষ্য হেতু(নজনা কাৰণ) |
৪/ অত্যধিক শাৰীৰিক আৰু মানসিক চাপ ।। অন্য কিছুমান কাৰণ যিয়ে চ’ৰিয়াচিছ্ হোৱাত উদ্গনি যোগায়। যেনে——— |
* সংক্ৰমণ: উদাহৰণ স্বৰূপে শিশুৰ গ’লৰ সংক্ৰমণ ( ষ্ট্ৰেপ্ট’কক্কেল, ভাইৰাচ জনিত) সময়মতে চিকিৎসা নকৰিলে।। |
* চালত হোৱা আঘাত যেনে কটা-চিঙা, জুইয়ে পোৰা, চানবাৰ্ন (sunburn) ইত্যাদিৰ ফলত সেই ঠাইটুকুৰাত বা তাৰ আশেপাশে এইৰোগ হব পাৰে। |
* ধূম্ৰপান আৰু মদ্যপান।। |
* কিছুমান ঔষধৰ পাৰ্শ্চক্ৰিয়া স্বৰূপে। যেনে- বিষনাষক, মেলেৰিয়াৰ ঔষধ ক্ল’ৰ’কুইন, উচ্চ ৰক্তচাপত ব্যবহৃত বিটা ব্লকাৰ ইত্যাদি। |
* মেদবহুলতা- অতি শকত লোকৰ ছালৰ ভাজত চ’ৰিয়াচিছৰ তৰপ পৰা দেখা যায়।। |
* শৰীৰৰ বিপাকজনিত কাৰক । যেনে- কেলচিয়ামৰ অভাব। |
* হৰ্মনযুক্ত কাৰক। যেনে- গৰ্ভাৱস্থা।। |
* বংশগত:- যদি পৰিয়ালৰ কোনো সদস্যৰ এই ৰোগবিধ আছে বা আছিল তেনেহ’লে অন্য সদস্যৰো এই ৰোগবিধ হোৱাৰ আশংকা ৪০% বাঢ়ি যায়। চ’ৰিয়াচিছৰ ক্ষেত্ৰত আন কিছুমান লক্ষণীয় দিশ হ’ল——– |
* ই সোঁচৰা নহয়।। |
* কেঁচুৱাৰ পৰা বৃদ্ধবয়সৰ যিকোনো ব্যক্তিৰ এইৰোগ হব পাৰে।। |
* সাধাৰণতে ২০ ৰ পৰা ৩০ বছৰ বয়সৰ লোকৰ এইৰোগ বেছিকৈ হোৱা দেখা যায়।। |
* এবাৰ আৰোগ্য হৈ পুনৰ ৰোগাক্ৰান্ত হোৱা প্ৰায়ে দেখা যায়। |
* গ্ৰীষ্ম কালৰ তুলনাত শীতকালত ৰোগৰ প্ৰকোপ বেছি হয়। |
চ’ৰিয়াচিছৰ লক্ষণ ——————– |
১/ অনুজ্জল, ৰুক্ষ, ফাটি যোৱা ডাঠ চালৰ(মাছৰ বাকলিৰ নিচিনা) তৰপ দেখা যায়। |
২/ খঁজুৱতি। |
৩/ মূৰত ইয়াক ডাঠ উফিৰ নিচিনা দেখা যায়। |
৪/ চালৰ ডাঠ তৰপটো উঠায় দিলে সামান্য ৰক্ত ওলায়।। |
৫/ হাত আৰু ভৰিৰ নখবিলাকতো এইৰোগ হব পাৰে। চ’ৰিয়াচিছৰ ফলত হাত আৰু ভৰিৰ নখ বিকৃত হয় আৰু ইয়াৰ বৰণ সলনি হব ধৰে আৰু অবশেষত নখবিলাক আঙুলিৰ পৰা উঠি যাব পাৰে।। |
৬/ চ’ৰিয়াচিছ পুৰণি হ’লে গাঠীঁৰ বিষ আৰু গাঠীঁবিলাক ফুলিব (arthritis) পাৰে।। চ’ৰিয়াচিছৰ প্ৰকাৰ —– বেছিভাগ ক্ষেত্ৰতে এজন মানুহৰ এটা সময়তে এটা প্ৰকাৰৰ চ’ৰিয়াচিছ হয়। এই প্ৰকাৰটো ঠিক হোৱাৰ পিচত অন্য প্ৰকাৰৰ চ’ৰিয়াচিছ হব পাৰে। |
বিভিন্ন প্ৰকাৰৰ চ’ৰিয়াচিছ বিলাক হ’ল———– |
ক) Plaque Psoriasis:- সচৰাচৰ দেখা দিয়া চ’ৰিয়াচিছৰ ভিতৰত এইটো প্ৰকাৰ বেছিকৈ দেখা যায়। ইয়াক চ’ৰিয়াচিছ ভালগাৰিচ্ বুলিও জনা যায়। এই প্ৰকাৰৰ চ’ৰিয়াচিছ মূলতঃ কিলাকূটি, আঁঠু, মূৰৰ চাল, কঁকাল, পিঠিত বেছিকৈ দেখা যায়। এই প্ৰকাৰৰ চ’ৰিয়াচিছত চালৰ ওপৰত ৰূপালী ৰঙৰ ডাঠ তৰপৰ সৃষ্টি হয় আৰু চালত কম বেছি পৰিমানে খজুঁৱতি থাকে। তেজো ওলাব প... |
খ) নিঁয়ৰৰ কণিকা সদৃষ Guttae Psoriasis:- সাধাৰণতে এইবিধ চ’ৰিয়াচিছ কম বসয়ীয়া লোকৰ হয়। গ’লৰ সংক্ৰমণ, মানসিক চাপ বা আঘাত বা কোনো ঔষধৰ পাৰ্শ্চক্ৰিয়াৰ ফলত মূলতঃ বুকু, ভৰি বা বাহুৰ ওপৰত ঘূৰণীয়া আকৃতিৰ পাতল দাগ এইবিধ চ’ৰিয়াচিছৰ বিশেষত্ব। |
গ) নখৰ চ’ৰিয়াচিছ:- চ’ৰিয়াচিছৰ এইটো প্ৰকাৰত হাত আৰু ভৰিৰ নখৰ আকৃতি, বৰণ, গঠনৰ বিকৃতি ঘটে। নখবোৰ ফাঁট মেলিব পাৰে আৰু আঙুলীৰ পৰা এৰি আহিব পাৰে।। |
ঘ) মূৰৰ চ’ৰিয়াচিছ:- ইয়াত মূৰৰ ওপৰৰ চালটো ৰঙা পৰি খঁজুৱাই, চুলি সৰিব ধৰে আৰু মূৰটো বগা উফিৰে ভৰ্তি হোৱা যেন লাগে। |
ঙ) Inverse Psoriasis :- এইবিধ চ’ৰিয়াচিছ বেছিকৈ শকত লোকৰ শৰীৰত হোৱা দেখা যায়। কাষলতিৰ তলত, কৰঙণৰ চুকত, জননেন্দ্ৰিয়ৰ কাষত বা স্তনৰ তলত ৰূপালী ৰঙৰ উজ্জল দাগ বহিব পাৰে। খজঁুৱতিৰ উপৰিও বিষো হব পাৰে। বেছিকৈ ঘঁহনি খালে বা খজুৱালে ই বাঢ়ি যায়। |
চ) Pustular Psoriasis :- অতি কম সংখ্যক মানুহৰ এইবিধ চ’ৰিয়াচিছ হয়। ই এবিধ গম্ভীৰ ধৰনৰ চ’ৰিয়াচিছ য’ত মানুহজনৰ সম্পূৰ্ণ শৰীৰটোত ছাল যোৱাৰ নিচিনা হয় আৰু পুঁজ জমা হয়। কেতিয়াবা জ্বৰ, বিষ, খজুৱতি, দুৰ্বলতা ইত্যাদিও হব পাৰে। |
ছ) Erythrodermic Psoriasis :- এইপ্ৰকাৰৰ চ’ৰিয়াচিছ শৰীৰৰ ৮০ শতাংশ পৰ্য্যন্ত অঞ্চল বিয়পি যাব পাৰে। এইপ্ৰকাৰৰ চ’ৰিয়াচিছত আক্ৰান্ত হলে মানুহজনৰ শৰীৰৰ তাপমাত্ৰা সলনি হব, হৃদযন্ত্ৰৰ ধৰফৰনি বাঢ়ি যায় আৰু শৰীৰৰ চালবিলাক এৰি যাব ধৰে আৰু চালত জ্বলনি পোৰণি হয়। থিকমতে চিকিৎসা নকৰিলে ইয়াৰ ফলত মানুহৰ মৃত্যু পৰ্য্যন্ত হব পাৰে। |
জ) গাঠিৰ হাড়ৰ চ’ৰিয়াচিছ :- একেৰাহে বহুদিন ধৰি (প্ৰায় ১০ বছৰ) চ’ৰিয়াচিছত আক্ৰান্ত হলে শৰীৰৰ গাঠিবিলাক আক্ৰান্ত হৈ গাঠিৰ বিষ হব পাৰে আৰু গাঠিবিলাক ফুলিব পাৰে যাক ইংৰাজীত Arthritis বুলি কোৱা হয়। চ’ৰিয়াচিছৰ ফলত হব পৰা জটিলতা:- চ’ৰিয়াচিছৰ প্ৰকাৰ আৰু হোৱা ঠাইটুকুৰাৰ ওপৰত ভিত্তি কৰি এই বেমাৰৰ পৰা কিছুমান জটিলতা আহিব পাৰে। য... |
← হিচাপ – অমিতাভ মহন্ত |
বৰ্ষাৰ পৰশ, কৃষক আৰু অন্যান্য কথা -অম্লানিকা কলিতা → |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.