title
stringlengths
13
148
header
stringlengths
0
3.13k
footer
stringlengths
0
2.16k
body
stringlengths
0
46k
quality
stringclasses
2 values
url
stringlengths
58
1.01k
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৩১
{{rh|মইনা|২২১|মথুৰা-পাগ}}
মানুহ হব"। বাপেকে উত্তৰ দিলে “মই মৰিলে মোৰ মোৰ পো ৰজা হওক। ” (অৰ্থাৎ এই মৰাৰ পাচত যদি মোৰ পো ডাঙ্গৰ মানুহ নালাগে ৰজাই হয়, তেনেহলেও মোৰ লাভ নাই, কিয়নো মই নিজে তেতিয়া কোনো সুখভোগ কৰিবলৈ নাপাম’। ) এতেকে,— ভোগ কৰিবলৈ নোপোৱা সৌভাগ্য পোৱা. to have a fortune too late for personal enjoyment. '''মইনা চৰাই পঢ়ুওৱা দি পঢ়ুওৱা'''—ক্ৰি,মইনা চৰায়ে মানুহৰ মাত লয়, কিন্তু তাক বহু কষ্ট কৰি পঢ়ুৱালে হে কোনো কথা শিকিব পাৰে। এতেকে,— বহু কষ্টেৰে শিকোৱা, to teach labouriously. '''মকৰা হিচাব'''— বিং, মকৰাই এডাল এডাল কৰি সূতা পাৰি জাল প্ৰস্তুত কৰে। এতেকে,—একৰ পৰিমাণলৈ নমাই তাৰ গুণ ধৰি বঢ়াই নি উলিওৱা হিচাব, the unitary Method of Arithmetic. '''মঙ্গহ গোন্ধোৱা'''—ক্ৰি, একে বংশৰ মানুহৰ ভিতৰত একে মঙ্গহৰ সঁচ থাকে। কোনো কোনো জন্তুৱে আঁতৰত থাকিলেও মঙ্গহৰ গোন্ধ পায়। বংশৰ মানুহ অচিনাকি হলেও, মঙ্গহৰ গোন্ধৰ দ্বাৰা চিনি পোৱা যায় বোলা হৈছে। এতেকে,--কোনো আত্মীয় মানুহক চিনি নাপালেও আত্মীয় বুলি অনুভৱ কৰা, to suspect relationship intuitively. '''মজা পোকে কামোৰা'''—বিণ, মজা পোকে কামুৰিলে তাৰ বিষত তত হেৰায়। এতেকে,—বিতত, ধৈৰ্য্যহীন, impatient '''মণি পিন্ধোৱা'''—ক্ৰি, বিয়াৰ বন্দবস্ত হলে দৰাৰ ঘৰৰপৰা ছোৱালীক মণি পিন্ধোৱা হয়। এতেকে,—বিয়াৰ বৰ পকা হল বুজাবৰ নিমিত্তে ছোৱালীক মণি পিন্ধোৱা, to ratify a proposal of marriage. '''মতা চিন চোৱা'''—ক্ৰি, মতা মানুহৰ চিন অৰ্থাৎ পুৰুষালি চোৱা, বীৰত্বৰ পৰীক্ষা চোৱা, to subject one's bravery to a severe test. '''মথুৰা-পাগ'''—বিং , [ মথুৰাপুৰীয়া পাগ] পূৰ্ব্বে আসামলৈ মথুৰাপুৰৰ পৰা ভোজপুৰীয়া মানুহবিলাক সৰকৈ আহিছিল। ভোজপুৰীয়া- বিলাকে মূৰত ডাঙ্গৰ পাগ বান্ধে। এতেকে,— ডাঙ্গৰ পাগ, a big turban.
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৩২
মদাৰ গছৰ পৰ পৰা-- ক্ৰি,, মদাৰ গছ কাঁইটীয়া৷ কাঁইটত ধৰি বগাবলৈ চল পায় দেখি মদাৰ গছত পাণ লগোৱা হয়৷ কিন্তু ইপিনে কাঁইটৰ নিমিত্তে তাৰ পান পাৰিবলৈ বৰ টান হয়। এতেক,-কোনো জঞ্জলীয়া কাৰ্য্য কৰা to do a piece of troublesome work. মন ওফৰা- ক্ৰি, কোনো বস্তু উফৰিলে সি গৈ যতে ততে এঠাইত পৰে। সইৰুেপে মানুহৰ মন গৈ হঠাৎ কহবাতি পৰে গৈ বোলা হৈছে। এতেকে, হঠাৎ কিহবালৈ মন যোৱা , to have one's attention fitfully drawn towards anything. মন গা উধোয়া -ক্ৰি, (উধোৱা= উৰ্দ্ধ হোৱা) মানসিক আৰু শাৰীৰিক শক্তি বৃদ্ধি হোৱা, উৎসাহিত হোৱা, to be inspirited. মন পতিওৱা—ক্ৰি, (মনক পতিওৱা) মনে যাতে পতিয়ায় এনেভাৱে তাক নিজে নিজে বুজোৱা, to cause the mind to believe a thing by some sort of reasoning which though not strictly logical affords relief to it. মন-বলী--বিণ, ডাঙ্গৰ কাৰ্য্য কৰিব পাৰিম বুলি মনত বল থকা অৰ্থাৎ সাহি য়াল, spirited. মন হলে ছন কৰিব পৰা—ক্ৰি, (ছন=উচ্ছন্ন) কোনো ঠাই উচ্ছন্ন কৰিবৰ নিমিত্তে যদি প্ৰৱল ইচ্ছা হয়, তেনেহলে সেই কাৰ্য্য নিশ্চয় কৰিব পৰা যায় বোলা হৈছে। এতেকে-একান্ত ইচ্ছা হলে কাৰ্য্য কৰিবলৈ বাট ওলোৱা, to find a way to do a thing if one has the will to do it. মনে খনা পুখুৰিত পানী খাবলৈ নোপোৱা—ক্ৰি, যি পুখুৰি দৰাচলে খনা হয়, তাত মানুহে পানী খাবলৈ পায়। কিন্তু যি পুখুৰি খানিম বুলি মনেৰে প্ৰস্তাৱ কৰা হয়, সেই পুখুৰি পাচত কাৰ্য্যতঃ খনা হৈ নুঠে৷ কাজেই তাত পানী খাবলৈ পোৱা নাযায়। এতেকে-কল্পনা বা কাৰ্য্য সিদ্ধি কৰবি নোৱৰা, not to be able to enjoy the fruit of a scheme built up by the imagination. মন্ত্ৰ পঢ়ুওৱাদি পঢ়ুওৱা--ক্ৰি, পুৰোহিতে মন্ত্ৰ পঢ়ুৱায় আৰু যজমানে সেই মতে অবিকল গাই যায়৷ এই কাৰ্য্য আহুকলীয়া। এতেকে,-- আহুকালেৰে শিকোৱা, to teach with care and trouble,
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৩৩
{{rh|মৰ-আঁউসী|২২৩|মৰা}}
'''মৰ-আঁউসী'''—বিং, জোন মৰা পক্ষৰ আঁউসী অৰ্থ্যাৎ কৃষ্ণপক্ষৰ অমাৱস্যা তিথি the darkest night of a lunar month. '''মৰ-জাহ দিয়া'''— ক্ৰি, কীট পতঙ্গ আদি প্ৰাণীয়ে জুইত পৰি জাহ গৈ মৰে। এতেকে,—জানি-শুনি বিপদ-সঙ্কুল কাৰ্য্যত হাত দি নষ্ট হোৱা, to be ruined by running in to a dangerous situation deliberately. '''মৰ নৈ—'''বিং , মৰা নৈ, সোঁত ববলৈ এৰা নৈ, a silted up stream. '''মৰ সাহ কৰা'''—-ক্ৰি, যাৰ দ্বাৰা মৰণ মিলে তেনে সাহ কৰা, অতিৰিক্ত সাহ কৰা , to be over-bold. '''মৰণত শৰণ দিয়া'''—ক্ৰি, মৰণৰ কালত শৰণ অৰ্থাৎ দোহাই দিয়া হয়। ’শৰণ’ শব্দে প্ৰকৃততে ‘আশয়’ বুজায়। বিপদত পৰিলে বলৱন্তৰ শৰণ লোৱা হয়। এতেকে,—প্ৰাণপণ কৰা, to make effort to the utmost limit. '''মৰমৰ চুমাই নাকটি ছিঙ্গা'''—ক্ৰি, কপট-মিত্ৰ মানুহে গাত মৰমেৰে চুমা খোৱাৰ ছলত নাকৰ আগটি কামুৰি ছিঙ্গে। ( নাকটি=নাক আগটি। ) এতেকে,—মিত্ৰভাৱে শত্ৰুতাচৰণ কৰা, to aot hostility under cover of friendship. '''মৰা গৰু'''—বিং, মৰা গৰুতকৈ হিন্দুৰ অপবিত্ৰ বস্তু একো নাই। এতেকে,— অতি অপবিত্ৰ বস্তু, a very impure or loathsome object. '''মৰাৰ ছাল টনা'''—বিণ, কোনো মানুহে পৰৰ সৰ্ব্বস্ব হৰণ কৰে। পাচত তাক বধ কৰে। শেষত মৰা-শটোৰ গাৰপৰা ছালখন টানি আনে। এতেকে,—আন মানুহক অত্যাচাৰ কৰি স্বাৰ্থসিদ্ধি কৰা; তাৰ- পৰা—দুৰ্ঘোৰ কৃপণ, acting selfishly by outrangeous means; hence, extremely miserly. '''মৰা গৰুৰ ছালে বেবোৱা'''— মৰা গ{{বঙালী ৰু}}ৰ ছালেৰে ঢোল ছোৱা হয়। গৰুৱে বেবায় অৰ্থাৎ শব্দ কৰে। এতেকে,—-ঢোলে শব্দ কৰা অৰ্থাৎ ঢোলৰ বাদ্য হোৱা, the sounding of drums '''মৰা মুখত চুমা নিদিয়া—''' ক্ৰি, জীয়া মানুহৰ মুখত চুমা দিয়ে, কিন্তু মৰা মানুহৰ মুখত চুমা নিদিয়ে। এতেকে,—দুখীয়া মানুহক মৰম চেনেহ নকৰা, to have no love for one who is poor.
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৩৪
{{rh|মৰা|২২৪|মৰো-জীওঁ}}
'''মৰা মেকুৰী'''—বিণ, মেকুৰীক ধৰা বৰ টান। কেতিয়াবা ধৰিব পাৰিলে তাক বৰকৈ মৰিওৱা হয়। তেতিয়া সি মৰাতুল্য হয়। এতেকে,— নিৰ্বীৰ্য্য মানুহ, an imbecile. '''মৰাৰ দিন বঢ়া'''— ক্ৰি, মৰা মানুহৰ দিন অৰ্থাৎ মৰাৰ পিচৰপৰা কাল নিৰ্ণীত হয়। সেই কাল ক্ৰমশঃ বাঢ়ি যায়। এতেকে,— মৃত্যুকাল ক্ৰমশঃ অতীতৰ ফালে আগুৱান হোৱা অৰ্থাৎ মৃত্যুকাল পুৰণি হৈ যোৱা, the passing away of the time of death more and more n to the womb of the past.) '''মৰা মুৱা'''—ক্ৰি দাহৰ সময়ত চিতাৰ ওপৰত মৰা মানুহৰ মুখ উত্তৰ পোনে থাকিব লাগে। এতেকে,—উওৰ দিশ, the north. '''মৰি পৰি ধৰ''' —ক্ৰি, [ মূৰে পূৰ দি ধৰা ] ডাঙ্গৰ গছ খুজিলে হাতীয়ে মূৰেৰে পূৰ দি ধৰে। এতেকে,—কোনো কাৰ্য্য পূৰা বল দি কৰিবলৈ চেষ্টা কৰা, to attempt to do a thing with might and main. '''মৰিবলৈ জীবলৈ'''—ক্ৰি-বিণ, শপথৰ বাক্য। নিশ্চয়তা বুজাবৰ নিমিত্তে ব্যৱহৃত হয়। ''মৰিবৰ নিমিত্তে আৰু জীবৰ নিমিত্তে প্ৰতিজ্ঞা কৰি কৈছোঁ অৰ্থাৎ যদি মিছাকৈ কৈছোঁ তেনেহলে মৰিম আৰু যদি সঁচাকৈ কৈছোঁ তেনেহলে জীম”, a form of s lemn oath. '''মৰিলে গাতে অঁটা, জীলে ভাতে অঁটা''' —ক্ৰি, মৰা-শ গাঁতত পোতা হয়। এই স্থলত কোৱা হৈছে, যে মৰিলে গাঁতে আঁটিব অৰ্থাৎ পুতিবলৈ গাঁতৰ নাটনি নহয়, আ{{বঙালী ৰু}} জীলে ভাতে আঁটিব অৰ্থাৎ খাবলৈ ভাতৰ নাটনি নহয়। এতেকে,—জীৱন-মৰণৰ নিমিত্তে ভয় নোহোৱা, to live an indifferent life. '''মৰিলেও মৰ-কামোৰ নেৰা'''—ক্ৰি , কাছই কোনো মানুহক কামুৰিলে তাক এৰি নিদিয়ে। কাছক যদি কাটি মাৰি পেলোৱা হয়, তথাপি সি কামোৰ নেৰে। সেই কামোৰেই কাছৰ মৰ-কামোৰ হয় অৰ্থাৎ তাৰ মৃত্যু আনে। এতেকে,— প্ৰাণ গলেও কোনো কাৰ্য্য কৰিবলৈ নেৰা, not to give up doing a thing till the bitter end. '''মৰো-জীওঁ সোঁ-আধিকৈ'''—ক্ৰি-বিণ, ( সোঁ-আধি=সম আধি বা সমান আধা)
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৩৫
{{rh|মলুৱা|২২৫|মহলৈ}}
মৰোঁ বা জীওঁ বুলি মৰণ আৰু জীৱনৰ সামানে আধা স্থলত অৰ্থাৎ মৰণ আৰু জীৱনৰ সন্ধি-স্থলত জীৱনৰ আশা নাৰাখি আৰু মৰণৰ ভয় এৰি, desperately. '''মলুৱা বান্দৰ'''—বিং, মলা-পাত্ৰৰ নিচিনা ঘুৰণীয়া আৰু ওফোন্দা মুখৰ বান্দৰক মলুৱা বান্দৰ বোলে। এই বিধ বান্দৰে যাৰে তাৰে বাৰীয়ে ঘৰে— সোমাই মানুহক অনেক প্ৰকাৰেৰে আহুকাল কৰি ফুৰে। এতেকে,— লোকক আহুকাল কৰি ফুৰা দুষ্ট মানুহ, a mischief-maker. '''মহঙ্গীয়া লোণ'''—বিং, আহোম ৰজাৰ দিনত লোণ সহজে পোৱা নগৈছিল। বহু কষ্টেৰ মানুহবিলাকে মহঙ্গপৰা লোণ আনি বছেৰেকৰ ব্যৱহাৰৰ নিমিত্তে আটায়ে অলপ-অলপকৈ বঁটাই লৈছিল। এতেকে,— আপুৰুগীয় বস্তু, a rare and valuable thing '''ম'হ টোকোন'''——বিং, ম'হ-গুৱালে লৈ ফুৰা টোকোন, শকত-ডাঙ্গৰ টোকোন, a heavy club. '''ম’হত কৈ শিং চৰা'''—ক্ৰি, ম'হতকৈ শিং চৰা হলে অৰ্থাৎ ম’হে শিং জোৰ বলে নোৱৰা হলে, সি মুৰটো তললৈ দোঁৱাই থাকে। তেনে স্থলত, শিং জোৰ তাৰ লাভৰ নিমিত্তে নহৈ অসুবিধাৰ কাৰণ মাথোন হয়। এতেকে,—চম্ভালিব নোৱৰা বস্তু বা বিভূতিৰ গৰাকি হোৱা, to have a burden which is too much for one to bear. '''মহন্তৰ চিন মাহনীত ওলোৱা'''—ক্ৰি, মহন্তই বাহিৰত নোমোছা ঠাইত কাপোৰে- কানিয়ে নাখায়। মাহনীত মানুহ সোমালে, মাহ-গছৰ আঁৰত আনে দেখা নাপায়। তেনে স্থলত মাহ খাবৰ নিমিত্তে লোভ স্বভাৱতে প্ৰৱল হয়। যি প্ৰকৃত মহন্ত, তেওঁৰ মাহনীত চিন ওলায়, অৰ্থাৎ সদাচাৰী হলে মাহ নাখায় কিন্তু কপটীয়া হলে মাহ কোনেও নেদেখা- কৈ খায়। কোনো মানুহ প্ৰকৃততে ভাল নে, এই কথা, তেওঁ যেতিয়া বেয়া ঠাইত পৰে, তেতিয়া হে বুজিব পৰা যায়। এতেকে,—সজ মানুহৰ চিন অসজ ঠাইত ওলোৱা, the testing of the true mettle of a good man by putting him in place where the temptation is very great. '''মহলৈ নমৰি যহলৈ মৰা'''—ক্ৰি, (যহ= যশস্যা। ) দুখীয়া মানুহে মহৰপৰা ৰক্ষা পাবৰ নিমিত্তে সৰু আঁঠুৱা তৰি ঢাৰীপাটীৰ চাৰিও-পোনে
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৩৬
{{rh|মহে|২২৬|মহাদেৱ}}
আঠুৱাৰ বেৰ খুচি দিয়ে। চহকী মানুহে ডাঙ্গৰ আঁঠুৱা ওখকৈ তৰে। তাকে দেখি দুখীয়া মানুহেও তাৰ চাপৰ আঠুৱাকে যহ কৰি ওখকৈ তৰে। তেনে কৰাত আঁঠুৱা দাং খাই থাকি মহ আঁঠুৱাৰ ভিতৰলৈ সোপা-সোপে সোমায়। এতেকে,—প্ৰকৃত আৱশ্যকতাৰ ফালে চকু নাৰাখি যশস্যাৰ কথা ভাবি কোনো কাৰ্য্য কৰা, to do a thing with an eye to what others would think of it without taking care to set as to how it would serve one's purpose, to act from the stand point of beauty instead of utility. '''মহে তেজ এটোপা নোখোৱা মানুহ'''—বিং , মহে কামুৰি তেজ খায়। সি এই কাৰ্য্যৰ দ্বাৰা যৎসামান্য অপকাৰ কৰিব পাৰে। এই স্থলত কোৱা হৈছে, যে মহে তেজ এটপাোও খোৱা নাই। এতেকে,— যৎসামান্য অপকাৰো নোহোৱা মানুহ অৰ্থাৎ যি মানুহে এতিয়াও জীৱন সংগ্ৰা- মত সোমোৱা নাই আৰু তাৰ ভীষণতা বুজিব পৰা নাই তেনেকুৱা ডেকা মানুহ; বিপদত নপৰা জীৱনৰ প্ৰথম অৱস্থাৰ মানুহ, a per- son in full vigour and health who has not yet suffered in the battle of life. '''মহাদেৱে কৃষি কৰা'''—ক্ৰি, মহাদেৱ ভিক্ষাৰী আছিল। পাৰ্ব্বতীয়ে কৃষি কৰিবলৈ কোৱাত, তেওঁ এনে একান্ত মনেৰে কৃষি কৰিবলৈ ধৰিলে যে, ভাত- পানী খাবলৈ পাহৰি গল। এতেকে,—সাধাৰণতঃ অমনোযোগী মানুহে কোনো এসময়ত অতিৰিক্ত মনোযোগেৰে কাৰ্য্য কৰা, to work with the utmost zeal in a particular matter, being ordinarily given to do things in a slipshod manner. '''মহাদেৱ ভিক্ষালৈ নগলে টেকেলি কাতি হোৱা'''—ক্ৰি, ভিক্ষান্নৰ দ্বাৰা মহাদেৱৰ আহাৰ চলে। ভিক্ষান্ন টেকেলিত থোৱা হয়। টেকেলিত অন্ন থাকিলে টেকেলি থিয় হৈ থাকে, অন্ন নাথাকিলে সি কাতি হৈ পৰে। যি দিনা মহাদেৱে ভিক্ষালৈ নাযায়, সেই দিনা কাজেই টেকেলি কাতি হৈ থাকে। এতেকে,—দিনে ভিক্ষা কৰি দিনে প্ৰাণ ধাৰণ কৰা অৰ্থাৎ অতি কষ্টেৰে জীৱন ধাৰণ কৰা, to live from hand to
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৩৭
{{rh|মাকতকৈ|২২৭|মাতৰ}}
mouth, to lead a wretched life. '''মাকতকৈ জীয়েক কাজী হোৱা''' — ক্ৰি, মাকৰপৰা হে জীয়েকে শিক্ষা পায়। এতেকে, - ওজাতকৈ ছাত্ৰ অধিক পাৰ্গত হোৱা, (ব্যঙ্গাৰ্থ), the outstripping of the master by the pupil, (used ironi cally). '''মাকালে খোৱ'''— ক্ৰি, [ মহা-আকালে পোৱা ] ডাঙ্গৰ অভাৱত কষ্ট পোৱা, to be afflicted with dire want. '''মাকো মৰা'''— ক্ৰি, তাঁত বওঁতে মাকোটো ইফালৰপৰা সিফালে আৰু সিফালৰপৰা ইফালে এই দৰে মাৰি থকা হয়। এতেকে,—ঘনাই অহা যোৱা কৰি থকা, to go backward and forward. '''মাগুৰ কচা দিয়া'''—ক্ৰি, মাগুৰ মাছ যি{{বঙালী ৰূ}}পে কচে সেইৰূপে কচা, ক্ষত-বিক্ষত কৰা, ভীষণ অত্যাচাৰ কৰা, to mutilate, to torture horribly. '''মাছ খোৱা উদ'''—বিং, উদে মাছ দেখিলে তাৰ লোভ সামৰিব নোৱাৰে। লুভীয়া মানুহক উদেৰে তুলনা কৰা হৈছে। এতেকে,—লুভীয়া মানুহ, a glutton. '''মাছ বুলি নাই জিজি বুলি খোৱা'''—ক্ৰি, কেঁচুৱা লৰাই মাছক জিজি বোলে। এতেকে,—একেটা কাৰ্য্যকে বেলেগ নামেৰে কৰা, কোনো কাৰ্য্য পোনপটীয়াকৈ নকৰি আওপাকে কৰা, to do the same thing under a different name. '''মাজ সাগৰত নাও বুৰা'''—ক্ৰি, সাগৰৰ মাৰ ঠাইত নাও বুৰিলে ৰক্ষাৰ উপায় নাথাকে। এতেকে,—সাৰিব নোৱৰা বিপদত বা দুৰ্ঘোৰ সংকটত পৰা, to be shipwrecked in mid-sea, to fall into the greatest disaster. '''মাণিকী-মাকৰ কঁৰিয়া'''—বিং, (মাণিকী=জীয়েকৰ নাম। মাণিকীৰ মাক = ঘৈণীয়েক। কঁৰিয়া-=কাণত পিন্ধা অলংকাৰ। ) গিৰিয়েকে ঘৈণীয়েকৰ কাণৰ কঁৰিয়া জোৰ বৰ শুৱনী দেখে। এতেকে,—অতি শুৱনী মানুহ। (ধেমেলীয়া প্ৰয়োগ) a very beautiful person (used playfully). '''মাতৰ হেনা-হুচাঁ—''' বিং, (হেনা-হুচাঁ= হেনা-হেচাঁ, হেনা অনুৰূপ শব্দ। )
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৩৮
{{rh|মাত|২২৮|মাৰি}}
কোনো মানুহে কথা কওঁতে হেঁচা দি কথা কয়। এতেকে,— অস্পষ্ট বা বিকৃত মাত, defective tone. '''মাত হৰা'''—-ক্ৰি, মাত-হৰণ হোৱা অৰ্থাৎ উত্তৰ নাইকিয়া হোৱা, to be dumb-founded. '''মাতৰ তিতা'''—বিং, তিতা মাত অৰ্থাৎ কেটেৰা-জেঙ্গেৰা মাত, an acrimonious tongue. '''মাধমৰীয়া মাৰ'''—বিং, [ মাধৱমৰীয়া মাৰ ] কোনো ডাঙ্গৰ কাম কৰিবলৈ হলে “মাধৱ” বুলি আৰম্ভ কৰা হয়। এতেকে,—মাধৱ বুলি আৰম্ভ কৰা প্ৰহাৰ অৰ্থাৎ ডাঙ্গৰ প্ৰহাৰ, a severe beating. '''মান্ধাতাৰ দিনত'''— ক্ৰি-বিণ,মান্ধাতা সত্যযুগৰ ৰজা আছিল। এতেকে,— বহুকাল পূৰ্ব্বে, in times of yore, in remote past, long ago. '''মানিলে ধান হোৱা, নামানিলে পতান হোৱা'''-ক্ৰি, (ধান=সাহ থকা বস্তু। পতান=সাহ নথকা বস্তু। ) মনেৰে যেনে ভাব কৰে তেনে মূল্যবান বা মূল্যহীন বস্তু-স্বৰূপ হোৱা, to be as a valuable or a worth- less thing according as it is looked at from this or that point of view. '''মানুহৰ লগৰ মানুহ'''—বিং , প্ৰকৃততে যাক মানুহ বুলিব পৰা যায়, সেই মানুহৰ লগৰ মানুহ অৰ্থাৎ যোগ্য মানুহ, a worthy man. '''মানে যহে থকা'''— কোনো কাৰ্য্য কৰিলে মান আৰু যশস্যা নষ্ট হবৰ সম্ভাৱনা থকা স্থলত সেই কাৰ্য্য নকৰি মান আৰু যশস্যাৰে থকা অৰ্থাৎ মান আৰু যশস্যা অটুট ৰখা , to maintain one's reputation unimpaired. '''মাম'''—বিং, মাত নুফুটা কেঁচুৱা লৰাই 'মাম’ এনে শব্দ উচ্চাৰণ কৰে; মাকে তাৰপৰা ধৰি লয়, যে লৰাই ভোক লাগি ভাত খুজিছে। এতেকে,—ভাত, (কেঁচুৱা লৰাৰ মাত ), boiled rice (used by baby). '''মাৰি যাওঁ মৰি যাওঁ কৰি ধৰা'''—ক্ৰি, ’তোকো মাৰি যাওঁ, মইও মৰি যাওঁ’ এই বুলি যুঁজ কৰিবলৈ ধৰে বোলা হৈছে। এতেকে,—জীৱনৰ আশা এৰি দি কোনো কাৰ্য্য কৰিবলৈ ধৰা , to take to doing a
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৩৯
{{rh|মাৰি|২২৯|মাহৰ}}
thing desperately. '''মাৰি খোৱা হাঁহক ঢাৰী পাৰি বহুওৱা'''--ক্ৰি, যি হাঁহক অলপতে মাৰি খোৱা যাব, সেই হাঁহক মৰম কৰি বহিবলৈ ঢাৰী পাৰি দিয়া হয় বোলা হৈছে। এতেকে,— যাৰ প্ৰতি কোনো অপকাৰজনক কাৰ্য্য কৰা সুনিশ্চিত তাৰ প্ৰতি দয়া প্ৰকাশ কৰা, to be compassionate to a person whom one feels bound to punish in some way. '''মাৰিলে যম জীয়ালে ঈশ্বৰ'''—বিং , যমে মাৰে, ঈশ্বৰে জীয়ায়। এতেকে,—মৰণ- জীৱনৰ গৰাকি, সুখ-দুখ বিলাওঁতা , a dispenser of fortune. '''মালিনীয়ে ফুলৰ শোক নাপাহৰা'''—ক্ৰি, ফুলেই মালিনীৰ সৰ্ব্ব-সম্পত্তি। কেনেবাকৈ ফুল নষ্ট হলে, মালিনীয়ে তাৰ শোক কেতিয়াও পাহৰিব নোৱাৰে। এতেকে,—জীবিকাৰ প্ৰধান উপায় নষ্ট হলে তাৰ শোক সদাই মনত জাগৃত ৰখা, not to be able to forget the lose of one's principal means of livelihood. '''মালৌৰ চাব'''—বিং, জোৰহাটৰ অন্তৰ্গত মালৌ নামৰ ঠাইত গাখীৰৰ চাব সকলোৰে জনা জাত। এতেকে,—অতি উপাদেয় বস্তু, a delicacy. '''মাহ-খোৱা বান্দৰ'''—বিং, মাহ বান্দৰৰ অতি প্ৰিয় বস্তু। বান্দৰে যাৰে তাৰে মাহনীত সোমাই মাহ খাই ফুৰে। এতেকে,—টটাটিঙা মানুহ, a knave. '''মাহৰ মাৰ দেখি তিলে বেত মেলা'''—ক্ৰি, মাহ পকিলে টাঙ্গোনেৰে মৰিয়াই গছৰ- পৰা গুটি উলিওৱা হয়। তিলৰ চেঁইবিলাক আপোনা-আপুনি বেত মেলি গুটি ওলাই পৰে। এই স্থলত কোৱা হৈছে, যে মাহৰ মাৰ দেখি তিলে মাৰৰ ভয়ত নিজেই বেত মেলি ওলাই পৰে। এতেকে,— পৰৰ শাস্তি দেখি বলবন্তৰ অভিলাষ অনুযায়ী আগৈয়ে নিজে শাস্তি নৌ পাওঁতেই কাৰ্য্য কৰা, to act according to the wishes of a powerful person without being told to so act by taking warning for the cases of those persons who were recalcitrant and therefore punished. '''মাহৰ শাক বৰাৰ ভাত'''—বিং, মাটি-মাহৰ আঞ্জা আৰু বৰা-চাউলৰ ভাত আগৰ
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৪০
{{rh|মিছা|২৩০|মুখ}}
দিনত গাৱঁলীয়া মানুহৰ সুখাদ্য আগৰ আছিল। এতেকে,— অত্যন্ত তৃপ্তিজনক আহাৰ, a sumptuous repast. '''মিছা কথাই সিঁচা পানীয়ে সমান হোৱা'''--ক্ৰি, পানী সিঁচিলে মাছ ওলাই পৰি ধৰা পৰে। সেইৰূপে পানী সিঁচিলে অৰ্থাৎ মিছা কথাৰ ঢাকনী আঁতৰালে মিছা কথা ওলাই পৰি ধৰা পৰে। এতেকে,—মিছা কথা সহজ ধৰা পৰা, the detecting of a lie without much diffculty. '''মিছা কথাৰ ঠেং চুটি হোৱা'''—ক্ৰি, যি মানুহৰ এটা ঠেং চুটি অৰ্থাৎ যি মানুহ লেঙ্গেৰা, সি বহুদূৰ খোজ কাঢ়ি যাব নোৱাৰে। মিছা কথাক তেনে মানুহেৰে তুলনা কৰা হৈছে। এতেকে,—মিছা কথা বেছি দূৰ যাৰ নোৱৰা। অৰ্থাৎ অলপতে ধৰা পৰা, the detecting of a lie without very much delay. '''মিছাত ফুৰা'''—ক্ৰি, মিছাৰ ওপৰত ফুৰে মাটিৰ ওপৰত নুফুৰি মিছাৰ ওপৰত ফুৰে বোলা হৈছে। এতেকে,—সদাই মিছা, কথা, কৈ ফুৰা, to speak lies habitually. '''মিছাৰ ভঁৰাল'''—বিং, ভঁড়ালত বস্তু পূৰ্ণ থাকে। এই স্থলত বস্তুৰ সলনি ’মিছা’ পূৰ্ণ থাকে বোলা হৈছে। এতেকে,—মিছা কথাৰ পূৰ্ণ-পাত্ৰ অৰ্থাৎ বহু-মিছলীয়া মানুহ, a liar of the first water. '''মিছাৰ বাহ'''—বিং, বাহত বস্তু থাকে। এই স্থলত বস্তুৰ সলনি ‘মিছা’ থাকে বোলা হৈছে। এতেকে,—মিছা কথাৰ বাসস্থান অৰ্থাৎ ঘাই মিছলীয়া মানুহ, a principal liar. '''মুকুতা নহৈ সোকোতা হোৱা'''—ক্ৰি, মুকুতা মূল্যবান বস্তু, কিন্তু সোকোতা পাতৰ একো মূল্য নাই। এই দুই শব্দৰ উচ্চাৰণৰ সাদৃশ্য আছে, কিন্তু মূল্যৰ সম্পৰ্কে একো মিল নাই। এতেকে,—বহুমুলীয়া বস্তু নহৈ একো মূল্য নাইকিয়া বস্তু হোৱা, to turn out to be a trifle instead of a precious thing. '''মুখ ওলোমোৱা—'''ক্ৰি, মানুহৰ অসন্তোষ হলে মুখ গধুৰ হয় অৰ্থাৎ মুখৰ আনন্দৰ চিন নাথাকে। গধুৰ হলে বস্তু তলৰ ফাললৈ ওলমি যায়। এতেকে,—অসন্তোষৰ ভাব ধাৰণ কৰা , to assume a sorrowful attitude.
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৪১
{{rh|মুখ|২৩১|মুখ}}
'''মুখ চন্দৰি ভঙ্গা'''—ক্ৰি, (মুখ চন্দ্ৰিকা ভঙ্গা। ] ( ভঙ্গ = গুচোৱা। ) বিয়াৰ পিচত দৰা-কন্যা একে লগ কৰি মুখ-চন্দ্ৰিকা গুচোৱা নিয়ম আছে। এতেকে,—মুখৰ লাজ গুচোৱা, to remove the delicacy which is felt by one at the first sight of another. '''মুখ চাই কথা কোৱা'''—ক্ৰি, মানুহক চিনিবৰ নিমিত্তে মুখলৈ চাব লাগে। কোনো কথা কবৰ সময়ত মানুহৰ মুখলৈ চোৱা হয় অৰ্থাৎ মুখ চিনি লৈ যাৰ সম্পৰ্কে যেনেভাৱে কোৱা ভাল তাৰ সম্পৰ্কে তেনেভাৱে কয় বোলা হৈছে। এতেকে,—পক্ষপাত আচৰি কথা কোৱা, to speak with a bias. '''মুখ চাই দাপোন'''—বিং, মুখ ভাল হলে দাপোণত তাৰ প্ৰতিবিম্ব ভাল হয় আৰু মুখ বেয়া হলে প্ৰতিবিম্ব দেয়া হয়। এতেকে,— গুণ অনুযায়ী কাৰ্য্য, action according to quality. '''মুখ জুৰোৱা'''—ক্ৰি, একে লগে থাকিবলৈ লগৰীয়া পালে বুকু জুৰায়। তেনে লগৰীয়া নাই, কিন্তু মুখ জুৰাব পৰা যায় অৰ্থাৎ মুখেৰে কথা পাতি শান্তি পাব পৰা যায়, এনে ভাব বুজোৱা হৈছে। এতেকে,—দুখৰ কথা কবলৈ মানুহ পোৱা অৰ্থাৎ সহানুভূতি দেখুওৱা মানুহ পোৱা, to find a sympathetic person to whom a heavy heart can be emptied. '''মুখ বজোৱা'''—ক্ৰি, তাল বজালে যেনেকৈ হাই হয়, দন্দ্বৰ অভিপ্ৰায়েৰে মুখ মেলি কথা কলেও সেইৰূপে হাই হয়। এতেকে,— দন্দ্বৰ অভিপ্ৰায়েৰে কথা কোৱা, to speak with a view to picking a quarrel. '''মুখ ভঙ্গা—'''ক্ৰি, [ মুখ লগা ভঙ্গা ] মন্ত্ৰেৰে জাৰি মুখ-লগাৰ চিকিৎসা কৰা, to treat an ailment induced by “evil mouth” by means of incantation: '''মুখ মৰা'''—ক্ৰি, মুখ মৰাৰ নিচিনা দেখা যোৱা, মুখ নিস্তেজ হোৱা, to lose freshness of countenance. '''মুখ মৰা'''—ক্ৰি, [ মুখক মৰা] মুখ বন্ধ কৰা, নিমাত কৰা, উত্তৰ কাটিব নোৱৰা অবস্থা কৰা, to leave no room for reply. '''মুখ মেলি থকা'''—ক্ৰি, বন-বাৰি কৰিবলৈ হাত মেলিব লাগে, খাবলৈ মুখ মেলিব
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৪২
{{rh|মুখ|২৩২|মুখতে}}
লাগে। এই স্থলত হাত নেমেলাকৈ মুখ মেলি থাকে, এই ভাব বুজোৱা হৈছে। এতেকে,— নিজে কাম-বন নকৰা কৈ আনৰ ওপৰত নিৰ্ভৰ কৰি আশা পালি থকা, to expect gain without labour. '''মুখ শুকাই টেমিৰ মুৰ যেন হোৱা'''—ক্ৰি, টেমিৰ মূৰ সৰু। বৰকৈ ভয় পালে মুখ শুকায় অৰ্থৎ নিৰস বুজায়। এতেকে,—বৰকৈ ভয় পাই সমূলি নিৰানন্দ ভাব ধাৰণ কৰা, to assume a sorry and miserable look on account of great fear. '''মুখ হাত ধোৱা'''—ক্ৰি, মূত্ৰ ত্যাগ কৰিলে মুখ আ{{বঙালী ৰু}} হাত ধুব লাগে। এতেকে,— মুত্ৰ ত্যাগ কৰা, to discharge urine. '''মুখত মৌ''' —বিং, মৌ মিঠা বস্তু। এতেকে,—মুখত মিঠা মাত, a sweet tongue. '''মুখত সোপা দিয়া—''' ক্ৰি, মুখত সোপা দিলে মাতিব পৰা নাযায়। এতেকে,— নিমাত কৰ, উত্তৰ দিবলৈ বাট নাইকিয়া কৰা, to stop one's mouth, to leave no room for reply. '''মুখত হৰি নাম, হাতত কৃত্য কাম''' —বিং, মুখত হৰি নাম থাকিব লাগে কিন্তু হাতত কৃত্য-কাম থাকিব লাগে অৰ্থাৎ মুখেৰে হৰি-কীৰ্ত্তন কৰিব লাগে কিন্তু হাতেৰে কৃত্য-কাম কৰিবলৈ এৰি দিব নালাগে। এতেকে,—একে লগে ঈশ্বৰ-চিন্তা আৰু কৰ্ত্তব্য-পালন, the observance of religion and the performance of duty at the same time. '''মুখতে ঘিঁউ-মৌ সোপাকে দিয়া'''—ক্ৰি, ঘিঁউ-মৌ ভাল বস্তু। মুখতে অৰ্থাৎ মুখেৰে কথা কওঁতে ঘিঁউ-মৌ সোপাকে দিম বুলি কয়। পিচত প্ৰকৃততে দিব পাৰিব নে নোৱাৰিব সেই কথা ভাবি নাচায়। এতেকে,—বহু ভাল বস্তু দিবৰ নিমিত্তে নভবা-নিচিন্তাকৈ তৎক্ষণাৎ অঙ্গীকাৰ কৰা , to promise to give many good things without thinking for a moment whether one would be able to give them or not, to make smooth promises unthinkingly. '''মুখতে বঁটা পোৱা; মুখতে কটা যোৱা'''— ক্ৰি, মুখেৰে ৰজাৰ গুণ-কীৰ্ত্তন কৰিলে
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৪৩
{{rh|মুখতে|২৩৩|মুখে}}
৩০
বঁটা পায়। মুখেৰে ৰজাৰ অপ্ৰিয় কথা কলে সেই মানুহ কাটিবলৈ আদেশ কৰা হয়। এতেকে,—মুখৰ দ্বাৰা মঙ্গল আৰু অমঙ্গল দুইকো লাভ কৰিব পৰা, to attain good or evil by the manner in which a man talks. '''মুখতে ধৰা'''—ক্ৰি, এজনে মুখেৰে কথা কৈ থাকোঁতে তাৰ মুখতে ধৰা অৰ্থাৎ তাক কবলৈ আন এজনে বাধা দি সেই কথাৰ ওপৰতে কোৱা, to speak when another person is speaking and thus to interrupt him in the midst of his speech. '''মুখৰ খজুৱতি মৰা'''—ক্ৰি, মুখেৰে কথা কৈ মুখৰ খজুৱতি অৰ্থাৎ কথা কোৱাৰ স্পৃহা গুচোৱা, to give the reins to the tongue. '''মুখৰ ছাই মাটি গুচোৱা'''—ক্ৰি, মৃত্যুৰ পাচত প্ৰেত-যোনিৰপৰা উদ্ধাৰৰ অৰ্থে শ্ৰাদ্ধাদি ক্ৰিয়া কৰা হয়। পাৰ্থিব মলিনতা নুগুচে মানে আত্মা প্ৰেতস্বৰূপ হৈ থাকে। খৰি দিলে মৰা-শ ছাই হয় আৰু মাটি দিলে মৰা-শ মাটি হয়। ( ছাই মাটি =পাৰ্থিব মলিনতা। ) প্ৰেতে শ্ৰাদ্ধৰ বস্তু খাই শুদ্ধ হয়। সেই দেখি 'মুখ’ শব্দ ব্যবহৃত হৈছে। এতেকে,—মৃতকৰ প্ৰথমে কৰিব লগীয়া শ্ৰাদ্ধাদি ক্ৰিয়া কৰা, to perform the preliminary funeral ceremonies of a dead person. '''মুখৰ মাহিলা'''—বিং, [ মুখৰ মহলা ] লেখা-পঢ়াত পাৰ্গত হৈছে নে নাই বুজাৰৰ নিমিত্তে মুখেৰে মহলা দিয়া হয়। মহলা দিওঁতে যিমানখিনি পঢ়োৱা হৈছে, সকলো কথাৰ বিষয়ে কব লাগে। এতেকে,—মুখেৰে বহু কথাৰ প্ৰকাশ অৰ্থাৎ যি কথা কাৰ্য্যত পৰিণত কৰা নহয় তেনে কথাৰ প্ৰকাশ, much empty talking. '''মুখৰ ভাত কাঢ়ি নিয়া—'''ক্ৰি, কেঁচুৱা লৰাই ভাত খাওঁতে কাউৰীয়ে ভাত কাঢ়ি লৈ যায়। সেই কথাৰপৰা এই বাক্যৰ সৃষ্টি হৈছে। (মুখৰ ভাত=খাবৰ নিমিত্তে মুখৰ আগত বঢ়া ভাত ) এতেকে,— বৰকৈ ডকা দিয়া, to deceive downright. '''মুখলৈ চোৱা'''—ক্ৰি, মুখলৈ চালে মৰম লাগে। এতেকে—মৰম কৰা, to, pity. '''মুখে মুখে উত্তৰ কটা'''—ক্ৰি, এজনে মুখেৰে প্ৰশ্ন কৰে, আন এজনে তাৰ উত্তৰ
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৪৪
{{rh|মূখেৰে|২৩৪|মূৰ}}
দি সেই কথা কাটি দিয়ে। এতেকে,—উত্তৰা-উত্তৰি কৰা, to engage in altercation. '''মুখেৰে সাত হাল বোৱা'''—ক্ৰি, সাতখন হালেৰে মাটি চহাব বুলি মুখেৰে কয়, কিন্তু কাৰ্য্যত একো কৰা নহয় বোলা হৈছে। এতেকে,—ফিতাহি মাৰি কথা কোৱা, to speak vauntingly, to boost. '''মুচৰি সামৰি খালৈত থোৱা'''—ক্ৰি, জকাই বাওঁতে মাছ পালে জকাই দাঙ্গি আনোতে মাছে দুমদুমাবলৈ ধৰে। তেতিয়া জাকৈয়া মানুহে সেই মাছ হাতেৰে খামোচা মাৰি ধৰি মুচৰি সামৰি খালৈৰ ভিতৰত সুমাই থয়। তেতিয়া মাছৰ দুমদুমনি নাইকিয়া হয়। এতেকে,—শক্তি- ৰহিত কৰা, to make powerless for anything. '''মুঠিতে লুকোৱা'''—বিণ, হাতৰ মুঠিতে লুকাই থকা অৰ্থাৎ সৰু, চিঁয়া, slender, small. '''মুদা মৰা'''—ক্ৰি, [ মুধা মৰা] ( ''মূৰ মৰা” চোৱাঁ ) '''মুধা ফুটা'''—বিণ, ( ''শিৰ ফুটা” চোৱাঁ। ) '''মূৰ খজুওৱা'''—ক্ৰি, মানুহে কোনো কথা ভাবি ঠিক নাপালে মূৰ খজুৱায়। এতেকে,—বিবুদ্ধি হোৱা, নিৰুপায় হোৱা, কোনো বিষয়ে একো স্থিৰ কৰিব নোৱৰা, to be at one's wit's end, to be donfounded. '''মূৰ চোবাই খোৱা'''—ক্ৰি, যাৰ মূৰ চোবাই খোৱা হয় , তাৰ প্ৰাণবধ হয়। এতেকে,—বিশেষ হানি কৰা, ডাঙ্গৰ অপকাৰ কৰা, to injure fatally, to harm seriously. '''মূৰ দঙ্গা মানুহ'''—বিং, অধীন মানুহে মূৰ দোৱাঁই থাকে। অধীনতাৰ ভাব যিমান গুচে, সিমান ওপৰলৈ মানুহে মূৰ দাঙ্গি যায়। এতেকে,— ডাঙ্গৰ মানুহ, a great man. '''মূৰ পাতি লোৱা'''—ক্ৰি, নিৰ্ম্মালী দিলে মূৰ দোৱাঁই তাক শ্ৰদ্ধাৰে মূৰত লোৱা হয়। এতেকে,—শ্ৰদ্ধাৰে গ্ৰহণ কৰা , to accept reverentially. '''মূৰ পুতি কাম কৰা'''—ক্ৰি, অতি মনোযোগেৰে কাৰ্য্য কৰিবলৈ হলে, মূৰ পুতি অৰ্থাৎ মূৰটো তললৈ গোঁজা মাৰি লোৱা হয়। এতেকে,—অতি মনোযোগেৰে কাৰ্য্য কৰা , to work with closest attention.
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৪৫
{{rh|মূৰ|২৩৫|মূৰত}}
'''মূৰ ভাঙ্গি—'''ক্ৰি, খহু পকিলে এপিনে মূৰ ওলায়। সেই মূৰ ভাঙ্গি দিলে পূঁজ- পানী ওলাই গৈ লাহে লাহে খহু জামৰি ভাল হয়। এতেকে,— কোনো কাৰ্য্যৰ আৰম্ভণ কৰা, to commence a thing. '''মূৰ মৰা''' —ক্ৰি, (মূৰ=সীমা; মৰা=শেষ পৰা) কোনো অৱস্থাৰ সীমা অন্ত হোৱা, the coming to the end. '''মূৰ মাৰি কন্দা'''—ক্ৰি, মানুহে অতিকৈ কান্দোতে মূৰে মাৰে অৰ্থাৎ হাতেৰে মূৰ ভুকুৱায়। এতেকে,—অতিকৈ কন্দা, to lament bitterly. '''মূৰ সুমোৱা'''—ক্ৰি, গৰুৱে জেওৰা ভাঙ্গিব খুজিলে আগৈয়ে জেওৰাৰ বাটে মূৰটো সুমাই লয়। তাৰ পিচত বল দিবলৈ চল পাই হেঁচা মাৰি জেওৰা ভাঙ্গি ভিতৰলৈ সোমায়। এতেকে,—কেনো কাৰ্য্য পিচত সুচাৰুৰূপে নিষ্পন্ন কৰিব পৰাকৈ প্ৰথমতে কোনোমতে সেই কাৰ্য্যত অলপ সোমাই লোৱা, ভবিষ্যতে পূৰ্ণ অধিকাৰৰ বাট ৰাখি প্ৰথমে আংশিক অধিকাৰ হস্তগত কৰা, to enter an office or busi- ness with a view to securing its full privileges in course of time. '''মূৰত আকাশী চৰগ ভাগি পৰা'''—ক্ৰি, (চৰগ=স্বৰ্গ অৰ্থাৎ স্বৰ্গৰাজ ইন্দ্ৰৰ বজ্ৰ। আকাশী=আকাশত অথাৎ ওপৰত থকা। ভাগি পৰা=খহি পৰা, এৰাই পৰা। ) মূৰত বজ্ৰপাত হোৱা অৰ্থাৎ সাংঘাতিক বিপদপাত হোৱা, to be stuck down as if by a bolt from the blue. '''মূৰত উঠা'''—ক্ৰি, মূৰত অৰ্থাৎ ওপৰত উঠা, প্ৰভুত্ব চলোৱা, to exercise authority. '''মূৰত চলুৱে চলুৱে পানী লোৱা'''—ক্ৰি, শোকাতুৰ মানুহে জুৰণীস্বৰূপে মূৰত চলুৱে চলুৱে পানী লয়। এতেকে,— বৰকৈ বেজাৰ-অসন্তোষ পোৱা, to be affected deeply with grief, to be mortified. '''মূৰত চাউল দিয়া'''—ক্ৰি, বিয়াত মূৰত চাউল চটিওৱা নিয়ম আছে। এতেকে,— বিয়া হোৱা, to be wedded. '''মূৰত টাঙ্গোন মৰা'''—ক্ৰি, মূৰত টাঙ্গোন মাৰিলে মানুহ তৎক্ষণাৎ লুটি খাই পৰে। এতেকে,—ডাঙ্গৰ অপকাৰ কৰা, to do a great harm. '''মূৰত থলে ওকণীয়ে খোৱা, মাটিত থলে পৰুৱাই খোৱা'''—বিণ, পৰুৱা, ওকণী
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৪৬
{{rh|মূৰৰ|২৩৬|মেখেলাৰ}}
ইত্যাদিয়ে সোৱাদ বস্তু পালে খায়! অতি চেনেহত মানুহক সোৱাদ বস্তুৰে তুলনা কৰা হৈছে। তেনেকুৱা মানুহক কেনে যত্ন কৰি থোৱা যাব, যাতে তেওঁৰ লেশ মাত্ৰও অপকাৰ হব নোৱাৰে, সেই বিষয়ে উপায় নাপায়। এই স্থলত কোৱা হৈছে যে মূৰত থবলৈ ভয় লাগে, জানোচা ওকণীয়ে খায় আৰু মাটিত থবলৈ ভয় লগে, জানোচা প{{বঙালী ৰু}}ৱাই পায়। এতেকে,—অতি প্ৰিয়, tenderly beloved. '''মূৰৰ চুলিৰ সমান আয়ুস'''—বিং, মূৰৰ চুলি অপৰিমিত। এতেকে,—বহু দীঘল আয়ুস, a very long life. '''মূৰৰ বীজ নুগুচা লৰা'''—বিং, ওপজোঁতে লৰাৰ মূৰত বীজ লাগি থাকে। এই স্থলত ইমান সৰু বোলা হৈছে, যে মূৰৰ বীজ গুচা নাই। এতেকে, — নিচেই সৰু লৰা, a mere child. '''মূৰে কপালে হাত দিয়া'''—ক্ৰি, অধিক বেজাৰ পালে মানুহে মুৰে কপালে হাত দি ভাবি থাকে। এতেকে,--অধিক বেজাৰ পোৱা, to be deeply afflicted with grief. '''মূৰে ভৰি কঢ়া''' —ক্ৰি, [ মূৰেৰে ভৰিৰ খোজ কঢ়া ] ভৰিৰে খোজ নাকাঢ়ি মূৰেৰে খোজ কঢ়া অৰ্থাৎ বিপৰীতভাৱে কাৰ্য্য কৰা, to act topsy- turvy. '''মূৰে শপথোৱা'''—ক্ৰি, [মূৰেৰে শপথোৱা ] ‘মোৰ মুৰ খাবা’ এই বুলি শপথ লবলৈ কোৱা, to make one take a selemn oath. '''মৃত্যু-কালত ঔষধ নোহোৱা'''—ক্ৰি, যেতিয়া মৃত্যুকাল উপস্থিত হয়, তেতিয়া ঔষধে গুণ নিদিয়ে। এতেকে,—অৱশ্যম্ভাবী বিপদৰ প্ৰতীকাৰ নোহাৱা, the existing of no means of relief for a pre-ordained calamity. '''মেখেলা-ভাৰী—'''বিং, তিৰোতাৰ মেখেলা অশুচি। তাক যি ভাৰ বৈ নিয়ে, সেই মানুহ অতি অধম বুলি গণ্য হয়। এতেকে,—অতি অধম মানুহ, a disreputable person of the worst type. '''মেখেলাৰ বন গুটি'''—বিং, গছবিলক ওখ, তাৰ গুটিও ওখ হৈ থাকে। বন- বিলাক চাপৰ, তাৰ গুটিও চাপৰ হৈ থাকে। বনগুটিবিলাক চাপৰত থকাৰ নিমিত্তে তিৰোতাৰ মেখেলাত লাগি ধৰে। মতা মানুহে
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৪৭
{{rh|মেঘ|২৩৭|মোমাই}}
বননীত খোজ কাঢ়োঁতে চুৰিয়া উজাই ধৰি যায়, কিন্তু তিৰোতা মানুহে তেনে নকৰে। চুটি-চাপৰ মানুহক এনে বিধৰ বনগুটিৰে তুলনা কৰ হৈছে। এতেকে,—চুটি-চাপৰ মানুহ, (বিদ্ৰুপ ), a pigmy (used ironically ). '''মেঘ দেৱতা প্ৰসন্ন হোৱা'''—ক্ৰি, খেতিয়কবিলাকে অনাবৃষ্টি হলে এইৰূপে স্তুতি কৰে “হে মেঘ দেৱতা, প্ৰসন্ন হোৱা’’ (মেঘ দেৱতা = মেঘৰ গৰাকি দেৱতা অৰ্থাৎ ইন্দ্ৰ। ) এতেকে,—বৰষুণ দিয়া, to rain. '''মেঘে গাজিলে এৰা'''—ক্ৰি, কাছই কামুৰিলে মেঘে নাগাজে মানে কামোৰ এৰি নিদিয়ে বুলি প্ৰবাদ আছে। এতেকে,—নেৰানেপেৰাকৈ ধৰা, to adhere tenaciously. '''মেটমৰা ভাৰ'''—বিং, ভাৰ ডাঙ্গৰ হলে মেটমেট্-কৰে শব্দ মাৰি যায়। এতেকে,—বৰ ডাঙ্গৰ ভাৰ, a very heavy burden. '''মেনী ম'হ খীৰোৱা''',—ক্ৰি, মেনী ম’হ যিমান খীৰায়, সিমান গাখীৰ ওলায়। সম্পত্তিশালী মানুহক মেনী ম’হেৰে তুলনা কৰা হৈছে। এতেকে,— আঢ্যৱন্ত মানুহৰ পৰা ধন চোঁচা, to extract any amount of money from a rich man. '''মেৰ-গোম'''—বিং , (মেৰ খোৱা গোম) গোম সাপে অতিৰিক্ত আহাৰ কৰি লৰিব-চৰিব নোৱৰা হৈ পৰি থাকে। খকুৱা মানুহেও সেইৰূপে অধিক ভোজন কৰি পৰি থাকে। এতেকে,—অতিৰক্তি ভোজনৰ ফলত লৰি-চৰি ফুৰিব নোৱৰা এলেহুৱা মানুহ a sluggish, lazy, indolent person. '''মেহ-মন'''—বিং, ( মেহ-মেহীয়া মন ] যাৰ মন মেহ-মেহীয়া তেনে মানুহ, উৎসাহ নাইকিয়া মানুহ, কামত ঢিলা মানুহ ('মেহ-মেহ’ আৰু 'লেহেম’ এই দুই শব্দ মূলত একে। ) a person of depressed spirits, a slow worker. '''মোনা সি থোৱা'''—ক্ৰি, ধন পোৱাৰ আগৈয়ে ধন ভৰাবৰ নিমিত্তে মোনা সি থয় বোলা হৈছে। এতেকে,—ধন পাবৰ আশা এৰি দিয়া। (ব্যঙ্গাৰ্থ ), to give up all hope of receiving payment of a sun of money. '''মোমাই মৰিলে ভুতক পোৱা'''—ক্ৰি, মোমাইক ভূতে ধৰিলে, যদি সেই ভূতক
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৪৮
{{rh|মোৰ|২৩৮|মৌ}} খেদিব পৰা নাযায়, তেনেহলে মোমাই মৰি যাব পাৰে। এই স্থলত কোৱা হৈছে, যে আগৈয়ে মোমাই মৰক, পিচত ভূতক পোৱা যাব অৰ্থাৎ তাক উপযুক্ত দণ্ড দিয়া যাব। এতেকে,—কোনো কাৰ্য্য নষ্ট হোৱাৰ পিচত প্ৰতীকাৰৰ চেষ্ট কৰা, to contrive a means of meeting a danger after the danger has actually come and done the mischief. মোৰ ধৰা—ক্ৰি, [ মূৰ ধৰা ] আঁত ধৰা, কোনো বিষয়ৰ মূল বুজি লোৱা, to discover the main point of anything. মোৰ হাক গুৰুৰ ডাক—বিং, ওজাই মন্ত্ৰ গাওঁতে ‘মোৰ হাক গুৰুৰ ডাক’ বুলি মন্ত্ৰৰ বান্ধনি দিয়ে। ‘হাক’ আৰু ‘ডাক’ এই দুই শব্দে চিঞৰি কোৱা বাক্য বুজায়। এতেকে,—মহাধৰ্ম্মক চিন্তি প্ৰকাশ কৰা গহীন আজ্ঞা, a solemn charge, mandate, command. মোৱামৰীয়া মটক—বিং, মোৱামৰীয়াবিলাক বলিষ্ঠ আৰু দুৰ্দ্দান্ত আছিল। মোৱামৰীয়া বিদ্ৰোহৰ সময়ত সিহঁতে অসমীয়া মানুহবিলাকক বিষম অত্যাচাৰ কৰিছিল। ( মোৱামৰীয়া শব্দে মোৱামৰীয়া সত্ৰ বুজায়। মটকবিলাক মোৱামৰীয়া সত্ৰৰ শিষ্য। আজি কালি ‘মোৱামৰীয়া’ আৰু ‘মটক' এই দুই শব্দ সমাৰ্থক। ) এতেকে,— দুৰ্দ্দান্ত মানুহ, a ruffian. মৌ-চেপা বৰষুণ—বিং, পকা মৌৰ ৰহ-ঘৰা চেপিলে হোৰ-হোৰ-কৰে মৌ- জোল ওলায়। এতেকে,—হোৰ-হোৰ-কৰে দিয়া বৰষুণ, ডাঙ্গৰ বৰষুণ, incessant rain. মৌ বৰষা—ক্ৰি, মৌ-বিচনী চেপিলে মৌ-জোল বৰষুণ আকাৰেৰে পৰে। মানুহৰ মুখৰ শিষ্ট ভাষা মৌৰে তুলনা কৰা হৈছে। এতেকে,—মিঠা কথা ব্যৱহাৰ কৰা to talk sweetly. {{center|⸻⸻}}
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৪৯
{{rh|যুজৰ|২৩৯|যমকাল}}
{{center|{{Xxxx-larger|য। }}}} '''যুঁজৰ কুকুৰা যুঁজত মৰা'''—ক্ৰি, (যুঁজৰ কুকুৰা =যুঁজৰ নিমিত্তে অৰ্থাৎ যুঁজাৰু কুকুৰা। ) কুকুৰা-যুঁজত যেতিয়ালৈকে কুকুৰাটো মৰি নাযায়, তেতিয়ালৈকে সি যুঁজ নেৰে। এতেকে,—যুঁজাৰু মানুহে যুঁজ কৰি মৰা অৰ্থাৎ প্ৰাণহানিৰ আশঙ্কা থাকিলেও বীৰত্ব প্ৰকাশ কৰিবলৈ নেৰা, to act the part of a hero in a fight even to the point of death. '''য'ত ৰাজ ত'ত কাজ'''—বিং , [ য’ত ৰাজ্য ত’ত কাৰ্য্য ] যি য’ত থকাৰ বাব, তাৰ কাৰ্য্য সেই ঠাইত অৰ্থাৎ সি সেই ঠাইত থাকি কাৰ্য্য চলাব লাগে, এই ভাব বুজায়। এতেকে,—স্বক্ষেত্ৰত সম্পাদিত কাৰ্য্য, work in one's own field of action. '''যতে ৰাতি ততে কাতি'''—বিং, যি ঠাইতে ৰাতি হয়, সেই ঠাইতে কাতি হৈ শুই থাকে বোলা হৈছে। এতেকে,-- থকা ঠাইৰ অনিশ্চয়তা, uncertainty of residence. '''য তৰা ভঙ্গা'''—ক্ৰি, ( যতৰা =যাত্ৰা। ] যাত্ৰা বুলিলে কোনো কাৰ্য্যৰ আৰম্ভ বুজায়। এতেকে,—বহনি কৰা, to make a begining. '''যথা থিয় সদাশিৱ'''—বিং, সদাশিৱই তপ কৰোঁতে লৰচৰ নকৰাকৈ থিয় দি থাকে। এতেকে,— লৰচৰ নোহোৱা অৱস্থা নিশ্চেষ্ট, উদ্যোগহীনতা হীনতা, motionlessness, inactivity, laziness. ''''যথা দৃষ্টং তথা লিখিতং’ কৰা'''—ক্ৰি, (সংস্কৃত বাক্য) পুথি নকল কৰোঁতে নজনা মানুহে কোনো ঠাইত আখৰ পঢ়িব নোৱাৰিলে আচলত যেনে আকাৰেৰে থাকে তাক ঠিক তেনে আকাৰেৰে তুলি থয়। এতেকে, নুবুজাকৈ নকল কৰা, to copy a writing without understanding it. '''যৰে-স্থৰে'''—ক্ৰি-বিণ,—[ যো বা সো বা ] সংস্কৃত ‘যো বা সো বা ভবতু’ এই বাক্যে যি হওক সি হওক’ বুজায়। এতেকে, ভাল হওক বেয়া হওক নোচাৱাকৈ যেনে তেনে মতে, by any means, in a clumsy way. '''যমকাল'''—বিং, যম আৰু কাল একাৰ্থবোধক। 'কাল’ শব্দে সময়ো বুজায় সেই
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৫০
{{rh|যমপুৰী|২৪০|যাৱত||}}
দেখি,তাৰ আগত এই স্থলত ‘যম’ শব্দ ব্যৱহৃত হৈছে। এতেকে— যমৰ নিচিনা শত্ৰু, মহাশত্ৰু, a bitter foe. '''যমপুৰী নিজান ঠাই'''—বিং , যমপুৰীত কোনো বস্তু দি সাহায্য কৰোঁতা মানুহ নাই। কিন্তু এই পৃথিবীত যি বস্তু পৰক দান কৰা যায়, সেই বস্তু মাথোঁন যমপুৰীত পোৱা যায়। এতেকে,—সহায়-সাৰথীহীন যমনগৰ, the hell where there is none to help. '''যমৰ দক্ষিণ দুৱাৰ'''—বিং, যমৰ নগৰৰ দক্ষিণ দুৱাৰত মহাপাপীবিলাকক দুৰ্ঘোৰ শাস্তি দিয়া হয়। এতেকে,—দুৰ্ঘোৰ শাস্তিৰ ঠাই, a place of pitiless punishment, a hellish place. '''যমৰ দুৱাৰৰপৰা অহা'''—ক্ৰি, মৃত্যুপ্ৰায় অৱস্থাৰপৰা আৰোগ্য লাভ কৰা, পুনৰ্জ্জীৱন পোৱা, to return from portal, of death. '''যমৰ যাতনা'''—বিং, [যমৰ বিহিত যাতনা] উগ্ৰ শাস্তি, hellish torments. '''যাচি কীল খোৱা'''--ক্ৰী, যাচক হৈ কীল খোৱা অৰ্থাৎ নিজে খুজি পৰৰ হতুৱাই নিজৰ অপকাৰ সাধন কৰোৱা, to pretend danger by foolish action. '''যাচি দিলে মাণিকত দৰ নোহোৱা'''—ক্ৰি, মাণিক বহুমূলীয়া বস্তু, কিন্তু যদি এনেই দিয়া যায়, তেনেহলে তাৰো দৰ নাইকিয়া হয়। এতেকে, সহজে পোৱা বস্তুক অনাদৰ কৰা, to slight any thing which is got without an effort. '''যাৰ বল তাৰ চল হোৱা'''--ক্ৰি, বলী মানুহে কোনো কাৰ্য্য কৰিবলৈ সুবিধা পোৱা, the attaining of an advantage by a powerful person. '''যাৰ বুঢ়া গৰু মৰে সি নেগুৰত ধৰা'''-- ক্ৰি, বুঢ়া গৰু মৰিলে গিৰিহঁতে হে নেগুৰত ধৰি তাক পেলাবলৈ টানি নিয়ে, আন মানুহে নোছোৱে। এতেকে-- গৰজী মানুহে নকৰিব লগীয়া কাৰ্য্য কৰা কিন্তু আনে তেনে কাৰ্য্য নকৰা , the doing of a thing by a person who is responsible to do it and by none else when the thing happens to be an unpleasant one. '''যাৱত চন্দ্ৰ দিবাকৰ'''--ক্ৰি,বিণ, যাৱত চন্দ্ৰ সূৰ্য্য বৰ্ত্তমান থাকে, তাৱত কাল অৰ্থাৎ চিৰকাল, for ever.
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৫১
{{rh|যেতেকে|২৫১|যি}}
৩১
'''যি মুলা বাঢ়িব তাৰ দুপাততে চিন ওলোৱা'''—ক্ৰি, পুলি দুপতীয়া হওঁতেই, তাৰ শ্ৰী দেখি মুলা বাঢ়িব বুলি জনা যায়। মানুহক মুলাৰে তুলনা কৰা হৈছে। এতেকে,—যি মানুহ ভবিষ্যতে বৰ লোক হব তাৰ চিন লৰা-কালতে ওলোৱা, the appearing of the signs of greatness during infancy in the case of a person who will become a great man during maturity. '''যুগ তল যোৱা'''—ক্ৰি, এটা যুগ তললৈ যোৱা অৰ্থাৎ অতীত হোৱা, বহুকাল অতিবাহিত হোৱা, the passing away of a considerable period of time. '''যুগ ধৰ্ম্মৰ বল'''—বিং, প্ৰত্যেক যুগত ধৰ্ম্মৰ বল বেলেগ, যেনে:-- সত্যযুগত ধৰ্ম্ম ৪ পাদ, পাপ শূন্য , ত্ৰেতাযুগত ধৰ্ম্ম ৩ পাদ, পাপ ১ পাদ; দ্বাপৰযুগত ধৰ্ম্ম ২ পাদ, পাপ ২ পাদ; কলিযুগত ধৰ্ম্ম ১ পাদ, পাপ ৩ পাদ। এতেকে,—কোনো যুগত ধৰ্ম্মৰ যেনেকুৱা বল হব লাগে তেনেকুৱা বল অৰ্থাৎ যুগৰ প্ৰকৃতি-গত ধৰ্ম্ম, the characteristic virtue of a particular aeon. '''যেই বাটে অহা সেই বাটে যোৱা'''—ক্ৰি, আহি থিত হোৱা মাত্ৰকতে নোৰোৱাকৈ অহা বাটেই উভতি যোৱা, যি কাৰ্য্যৰ নিমিত্তে আহে সেই কাৰ্য্য সিদ্ধি নোহাৱাকৈ উভতি যোৱা, বিফল-মনোৰথ হোৱা, to go back disappointed. '''যেত কূটৰ ঘাই'''—বিং , .[ যেতেক কুটৰ মাজত ঘাই ] যিমান কূটবুদ্ধিৰ মানুহ আছে, সেইবিলাকৰ মাজত ঘাই অৰ্থাৎ প্ৰধান। এতেকে,—জঞ্জালৰ মুল, the root of all trouble. '''যেত লৰাৰ তেত বুদ্ধি'''—বিং, লৰা যেতেক ডাঙ্গৰ, তাৰ বুদ্ধিও তেতেক ডাঙ্গৰ। এতেকে— লৰাৰ বয়স অনুযায়ী বুদ্ধি, the understanding of a. boy according to his age. '''যেতেকে ৰঙ্গা দেখা তেতেকে খেদি যোৱা''' — ক্ৰি, কেঁচুৱা লৰাই ৰঙ্গা বস্তু দেখিলে ধৰিব খোজে। যি বস্তু যিমান বেচিকৈ ৰঙ্গা হয়, সি তাক সিমান বেচিকৈ খেদে। বাহিৰে ধুনীয়া কিন্তু ভিতৰে অসাৰ বস্তুক ৰঙ্গা বস্তুৰে তুলনা কৰা হৈছে। এতেকে,— বাহ্যিক সৌন্দৰ্য্য বিমান বেচি মানুহে সিমান তাক পাবলৈ হেঁপাহ কৰা অৰ্থাৎ, আভ্যন্তৰিণ অসাৰ
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৫২
{{rh|যেনি|২৪২|যোৱা}}
ত্বৰ বিষয়ে ভাবি নাচাই বাহ্যিক সৌন্দৰ্য্যত মানুহ মোহিত হোৱা, to hunt after anything unreal being attracted by the outward glamour of it. '''যেনি জোল যোয়া তেনি ভেঁটা দিয়া'''—ক্ৰি, কলৰ পাতত টেঙ্গা কাটি খোৱা হয়। কাটোঁতে টেঙ্গাৰ জোল পাতত বৈ যায়। যেনি জোল যায়, সেই পিনে পাতখন দাঙ্গি দি, জোল বাগৰি মাটিত পৰিব নোৱৰাকৈ ভেঁটা দি ৰখা হয়। তেনে কৰোঁতে আন এপিনে জোল বাগৰিলে, তেতিয়া ঘূৰি সেই পিনে পূৰ্ব্বৰ দৰে ভেঁটা দিয়া হয়। সেই{{বঙালী ৰূ}}পে মানুহে কোনো কথা যেই পোনে বেয়ালৈ ঢাল লয়, সেই পোনে ভেঁটা দি ঠিক্ কৈ ৰাখে অৰ্থাৎ নিজৰ সিদ্ধান্ত মতে কাৰ্য্য নকৰি, সুবিধা বুজি কাৰ্য্য কৰি অমঙ্গল নিবাৰণ কৰি, নিজৰ স্বাৰ্থ অটুট ৰাখে। এতেকে,—সুবিধা বুজি মত সলাই কাৰ্য্য কৰা, to adapt oneself to expediency. '''যেনিয়ে যাওঁ ভেঁট ভেঁট'''—বিং, (উপকথা ) শিয়ালক দেখিলে মানুহে তাক মাৰিবলৈ অগা-ভেঁটা কৰে। বৰলোক যেনিয়ে যায়, তেনিয়ে মানুহ- বিলাকে তেওঁৰে ভেঁট হবলৈ আহে। শিয়ালে শিয়ালিৰ আগত কয়: —“তই হে মোক গণিতা নকৰ। বাহিৰলৈ ওলাই গলেই, যেনিয়ে যাওঁ ভেঁট ভেঁট। ” এতেকে,— সৰ্বত্ৰ আদৰ-সমাদৰ। (বিদ্ৰুপ ), a triumphal public reception everywhere (used ironically). '''যোৱা থোৱা হোৱা'''—ক্ৰি. ( যোৱা থকা হোৱা ] এবেলি যায় এবেলি থাকে এনে হোৱা অৰ্থাৎ মৃতপ্ৰায় হোৱা, to be in a precarious condition. {{center|⸻}}
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৫৩
{{rh|ৰং-শিঙ্গা|২৪৩|বজাৰ}}
'''ৰং-শিঙ্গা বজোৱা''' —ক্ৰি, (উপকথা) মেনী ম’হে হাবিত মানুহৰ লৰা এটা হেৰোৱা পাই তুলি লৈছিল। ম’হ নিলগত চৰি থাকোঁতে, লৰাটোৱে এটা, ৰং শিঙ্গা বজাই থাকে। তেতিয়া লৰাৰ কোনো অপায়-অমঙ্গল হোৱা নাই বুলি ম’হে জানিব পাৰে। এতেকে,—আনন্দৰ জাননী দিয়া, to publish a good news. '''ৰঙ্গৰ কীল গু{{বঙালী ৰু}}লা-গুৰুল হোৱা'''—ক্ৰি, (গুৰুলা-গুৰুল=গেৰেলা-গেৰেল অৰ্থাৎ ডাঙ্গৰ। ) ৰঙ্গৰ ওপৰত ডাঙ্গৰ মাৰ-কীল হলেও দন্দ নালাগে। এতেকে,—ধেমালিত কৰা ডাঙ্গৰ প্ৰহাৰো। অকাতৰে সহ্য কৰা, not to be offended even by a severe assault if it is committed only playfully. '''ৰঙ্গা ঠঙ্গা পাৰি দিয়া'''—ক্ৰি, মানী লোকক বহিবলৈ ৰঙ্গা ঠঙ্গা পাৰি দিয়া হয়। এতেকে,—মান-সম্ভ্ৰম কৰা, to show reverence. '''ৰঙ্গা ৰদ ওলোৱা পৰ'''—বিং, ৰাতিপুৱা প্ৰথমতে বেলি ওলোৱা পৰত ৰদৰ বৰণ ৰঙ্গা দেখা যায়। এতেকে,—সূৰ্যোদয় কাল, sun-rise. '''ৰজাৰ আগত কথা কোৱা'''—ক্ৰি, ৰজাৰ আগত কথা কবলৈ হলে অতি সাৱধানে কব লাগে। এতেকে,—ডাঙ্গৰ মানুহৰ আগত অতি সাৱধানে কথা কোৱা, to talk with a great man in a very guarded manner. '''ৰজাৰ জী আইদেও'''—বিং, আহোম ৰজাৰ দিনত ৰজাৰ জীয়েকক ‘আইদেও’ বোলা হৈছিল। এতেকে, বন-বাৰী কৰিব নোৱৰা সুকোমল ছোৱালী, a delicate girl who is unaccustomed to do any labour. '''ৰজাৰ ধনৰ ওপৰত ভোট গিৰিহঁত ওলোৱা'''—ক্ৰি, (ভোট=ভোটা, ডাঙ্গৰ। ) ৰাজ-ভঁৰালত ভঁৰালী থাকে। ৰজাৰ আদেশ মতে ভঁৰালীয়ে আয়- ব্যয় চলায়। এই স্থলত কোৱা হৈছে, যে ভঁৰালীয়ে নিজেই প্ৰকৃত গিৰিহঁত বুলি ভাব কৰে। এতেকে--এজনৰ বস্তুত আন এজনে গিৰিহঁত বোলাই কাৰ্য্য কৰা, to play the role of the master of a thing being in fact only the keeper of it.
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৫৪
{{rh|ৰণত|২৪৪|ৰাইজৰ}}
'''ৰণত পৰি কলিয়া হোৱা'''—ক্ৰি, ৰণ কৰিবলৈ গলে দুখ কষ্ট সহিব লগীয়া হোৱাত চেহেৰা ক’লা হয়। এই স্থলত বুজোৱা হৈছে, যে সাধাৰণ অৱস্থাত চেহেৰা ভাল আছিল, কিন্তু আকস্মিক ঘটনাত চেহেৰা বিগৰিছে। এতেকে, — আকস্মিক বিপদত পৰি অৱস্থাহীন হোৱা, to be ill off on account of all unforeseen adverse circumstance. '''ৰণ-শিঙ্গা বজোৱা''' — ৰণত ৰণ-শিঙ্গা বজোৱা হয়। এতেকে-ৰণলৈ আহ্বান কৰা, to challenge to fight. '''ৰসতে নাম থোৱা'''—ক্ৰি, সবাহৰ শেষত উৎসাহেৰে খৰকৈ চাপৰি বজোৱা হয়। তেতিয়া নাম-গোৱাৰ ৰস ওলায়। কিন্তু খৰ চাপৰি যদি বহু পৰ ৰখা হয়, তেনেহলে হাত বিষাই চাপৰি ঢিলা আৰু লেটি-পেটি লাগি পৰে। তেতিয়া নাম-গোৱাৰ ৰস নাইকিয়া হয়। তেনে অৱস্থা নৌ হওঁতেই নাম থব লাগে, এই ভাব বুজোৱা হৈছে। এতেকে,— কোনো কাৰ্য্যৰ নিমিত্তে উৎসাহ প্ৰবল থকা অৱস্থাতে সেই কাৰ্য্য সমাধা কৰা, to finish a thing before the interest begins to wane. '''ৰহ-ৰহী তিৰোতা'''— বিং, (‘ৰস’ শব্দ দিত্ব হৈ এই শব্দৰ উৎপত্তি হৈছে। ) ৰসাল আলাপ কৰা তিৰোতা, a woman who talks humorously, a mirthful woman. '''ফলা-বাঁহৰ চেপা'''—বিং, [ ফাড়া বাঁহৰ চেপা] (হিন্দী-ফাড়া’ শব্দৰপৰা অসমীয়া “ফলা’ শব্দ ওলাইছে। ) ফলা বাঁহেৰে দিয়া চেপা অৰ্থাং উগ্ৰ-শাস্তি, excruciating torture. '''ৰাইজ ঔ ৰজাৰ শৰণ'''—বিং, আতুৰত মানুহে এই বুলি চিঞৰি কয়:— ঔ ৰাইজ ঔ ৰজা, আপোনালোকৰ শৰণাগত হৈছোঁ, বিপদৰপৰা ৰক্ষা কৰক। এতেকে ৰাইজ আৰু ৰজাৰ দোহাই, adjuration by the people and the king. '''ৰাইজৰ লগত নমৰিলেও চকুমুদা'''—ক্ৰি, সমাজৰ সকলো মানুহ যদি মৰে, তেনে- হলে কোনো এজন মানুহ যদি নমৰাকৈ থাকে, তেনেহলে সিও মৰা উচিত, তাকে কৰিব নোৱাৰিলে, অন্ততঃ চকুমুদি মৰাৰ দৰে থাকিব লগে, এই ভাব বুজোৱা হৈছে। এতেকে, —ৰাইজৰ মতৰ বিৰুদ্ধে
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৫৫
{{rh|ৰাইজে|২৪৫|ৰাজহুৱা}}
কাৰ্য্য নকৰা, not to run counter to the wishes of the majority. '''ৰাইজে নখ জোকাৰিলে নদী হোৱা'''—ক্ৰি, বহু মানুহৰ নখৰ পানী এটোপা এটোপা পৰিলেই পানী সৰহ জমি নৈৰ দৰে বৈ যায়। এতেকে— প্ৰত্যেক মানুহে অলপ মাথোন কাৰ্য্য কৰিলেও বহু মানুহৰ মিলনত বহু কাৰ্য্য হোৱা, the doing of a great thing by small individual efforts of many people ,working in co- operation. '''ৰাও বান্ধি কন্দা'''—ক্ৰি, [ৰাৱ বান্ধি কন্দা] পদ-বন্ধে ৰাৱ বান্ধি কন্দা, ডাঙ্গৰ সুৰেৰে নেৰানেপেৰাকৈ কন্দা, to lament loudly. '''ৰাওমুৱা'''—বিং,[ ৰাওমুখীয়। ] মুখেৰে ৰাৱ কঢ়া, হুতাশীন, howling, noisy, boisterous. '''ৰাগ’টনা'''—ক্ৰি, (ৰাগ = গীতৰ ৰাগ। ) ৰাগ টানি অৰ্থাৎ দীঘলীয়াকৈ চিঞৰি গোৱা হয়। এতেকে-চিঞৰি গোৱা, to speak loudly. '''ৰাঙ্গলী ঘোঁৰাত উঠা'''—ক্ৰি, ঘোঁৰাত উঠি মানুহে চেকুৰি ফুৰে। মদ খালেও তাৰ জাল লাগি মুৰ ফুৰাই চেকুৰি ফুৰাৰ নিচিনা ভাব হয়। মদৰ বৰণ ৰঙ্গা দেখি তাক ৰাঙ্গলী ঘোঁৰাৰে তুলনা কৰা হৈছে। এতেকে,মদ্যপানৰ দ্বাৰা মতলীয়া, হোৱা, to ride a red mare i.c. to be intoxicated with wine(which is red-coloured). '''ৰাজ ভগনৰ কথা কওঁতে কল-থোকা বাদুলিয়ে খোৱা কথা উলিওৱা'''—ক্ৰি, (ৰাজ- ভগন=ৰাষ্ট্ৰবিপ্লৱ। ) এজনে ৰাষ্ট্ৰবিপ্লৱৰ নিচিনা ভয়ানক ঘটনাৰ বিষয়ে কথা কওঁতে আন এজনে সেই কথাৰ ওপৰতে কল-থোকা বাদুলিয়ে খোৱাৰ নিচিনা এটি অতি সামান্য ঘটনাৰ বিষয়ে উল্লেখ কৰে বোলা হৈছে। এতেকে—গুৰুতৰ বিষয়ৰ আলাপৰ মাজত অতি লঘু বিষয়ৰ প্ৰস্তাৱনা কৰা, to refer to a worthless incident in the midst of a conversation on a momentous subject. '''ৰাজহুৱা কথাই ফটা জালে সমান হোৱা'''—ক্ৰি, ফটা জালত মাছ নৰয়। সেই {{বঙালী ৰু}}পে ৰাজহুৱা কথাতো কোনো এটা মত নৰয় অৰ্থাৎ এজনে এটা মত দিলে আন এজনে সেই মত ভাঙ্গি পেলায়। এতেকে—ৰাজহুৱা কাৰ্য্য
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৫৬
{{rh|ৰাতি-খোৱা|২৪৬|ৰান্ধনী}}
নিস্ফল হোৱা, the coming to nought of a joint business. '''ৰাতি-খোৱা ভকত'''—বিং, কোনো কোনো ভকতবিলাকে সাধাৰণ মানুহে নেদেখাকৈ কোনো বিশেষ ধৰ্ম্মপন্থা অনুযায়ী নিয়ম-কাৰণেৰে মাজ- ৰাতিৰ পিচত ভোজ ভাত খায়। সকলো ভকতে তাত জাতি-বৰ্ণ নিৰ্বিশেষে একে লগে বহি খায় আৰু তেনে ভোজত অখাদ্য বস্তুও চলে। এতেকে,—অনাচাৰী মানুহ, a heretic. '''ৰাতিক দিন কৰি'''—-ক্ৰি-বিণ, দিনত যেনে{{বঙালী ৰূ}}পে কাৰ্য্য কৰা হয়, ৰাতিও সেইৰূপে কাৰ্য্য কৰা হয়, এই ভাব বুজোৱা হৈছে। এতেকে,—কায়-ক্লেশে, অত্যন্ত পৰিশ্ৰমৰ দ্বাৰা, with great efforts, lalouriously. '''ৰাতিটোকে হাতীটো দেখ'''—ক্ৰি, ৰাতি ক’লা, হাতীও ক’লা। দুইটা শব্দৰে উচ্চাৰণৰো সাদৃশ্য আছে। হাতী ডাঙ্গৰ জন্তু। এই স্থলত কোৱা হৈছে, যে ৰাতিটো হাতীটো। অৰ্থাৎ হাতীটোৰ সমান ডাঙ্গৰ। এতেকে,—ৰাতিৰ ভিতৰতে ডাঙ্গৰ ঘটনাৰ দ্বাৰা আক্ৰান্ত হোৱা, একেটা ৰাতিতে বহু দুৰ্ঘটনাৰ দ্বাৰা অভিভূত হোৱা, to be confronted with the dark night which may hold in its womb ally calamity of unforeseen character. '''ৰাতিৰ পাচত দিন হয় বুলি অজান ফকিৰেও জনা'''—ক্ৰি, ফকিৰে ভবিষ্যৎ কথা জানে। অজান ফকিৰ এই বাক্যে ‘ভবিষ্যৎ কথা নজনা ফকিৰ’ বুজায়। ৰাতিৰ পাচত দিন হয়, সেইটো কথা কবলৈ ভবিষ্যৎ বক্তা নালাগে, এই ভাব বুজোৱা হৈছে। এতেকে,—স্বতঃসিদ্ধ কথাকে ভবিষ্যৎ উক্তি-স্বৰূপে কোৱা, to prophesy a fact which is self-evident to the meanest intelligence. '''ৰাতি সেৱা'''—বিং, [ ৰাতি দেৱতা সেৱা ] কোনো বিশেষ ধৰ্ম্ম-পন্থাৰ মানুহে দেৱতা-সেৱা কৰিৰৰ নিমিত্তে গুপ্তভাৱে সবাহ পাতে। এতেকে,— গুপ্ত মেল, a secret assembly. '''ৰাধাপটি বাট—'''বিং, পূৰ্ব-কালত শ্ৰীকৃষ্ণই গৰু চৰাওঁতে ৰাধাই তেওঁৰ ওচৰলৈ ইমান সঘনে অহা-যোৱা কৰিছিল, যে হাবিৰ মাজত বহল মুকলি পটি হৈ গৈছিল। এতেকে,—বহল মুকলি বাট, a wide open path. '''ৰান্ধনী উচটাই জোল খোৱা'''— ক্ৰি, ৰান্ধনী ভাল বুলি কলে উচটনি পাই তেওঁ শলাগোঁতাজনক অধিককৈ আঞ্জা ও জোল দিয়ে। এতেকে,—
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৫৭
{{rh|ৰান্ধনী|২৪৭|ৰামে}}
উচটাই স্বাৰ্থসিদ্ধি কৰ, to induce a person to give some thing away by means of fattery. '''ৰান্ধনী বেলি ওলোৱা পৰ'''-—বিং, ৰাতিপুৱা ৰান্ধনীয়ে যেতিয়া ভাত ৰান্ধিবলৈ সোমায় তেনে সময় অৰ্থাৎ দিনৰ এপৰীয়া সময়, the part of the day in which a house wife enters into the kitchen for cooking the mid-day meal i.e. forenoon. '''ৰাম গঙ্গা একো নমত'''— ক্ৰি, কথা-বাৰ্ত্তা পাতোঁতে কোনো কোনো মানুহে ‘ৰাম গঙ্গা' “হৰি হৰি’’ “বিষ্ণু’’ ইত্যাদি কথা উচ্চাৰণ কৰে। এই স্থলত বুজোৱা হৈছে, যে আন কথা যে একো কোৱাই নাই, 'ৰাম গঙ্গা’ এই কথা পৰ্যন্ত উচ্চাৰণ কৰা নাই। এতেকে,—সমূলি মাত নমতা, not to speak a word. '''ৰাম টাঙ্গোন জোকৰা'''—ক্ৰি, ৰাম ডাঙ্গৰ বীৰ আছিল। এতেকে,বীৰৰ ডাঙ্গৰ টাঙ্গোন জোকৰা অৰ্থাৎ মৰিয়াবলৈ উদ্যত হোৱা, to brandish a heavy stick, to intimidate. '''ৰাম নহৈ যম হোৱা'''—ক্ৰি, অগ্নি-পৰীক্ষাৰ পাচত সীতা দেবীয়ে এই বুলি আক্ষেপ কৰিছিল, যে ৰামক সকলোৱে ভাল বুলি শলাগে, কিন্তু তেওঁৰ মানত তেওঁৰ {{SIC|স্বমী}} ৰাম নহৈ যম হল। সীতা দেবীৰ উল্লিখিত উক্তিৰপৰা এই বাক্যৰ উৎপত্তি হৈছে। এতেকে,—সাধু পুৰুষ হৈও ঘোৰ অপকাৰ কৰা, to act evilly though reputed to be a good man. '''ৰাম ৰাৱণৰ যুদ্ধ'''—বিং, ৰাম আৰু ৰাৱণৰ ভিতৰত ভয়ঙ্কৰ যুদ্ধ হৈছিল। এতেকে,—ঘোৰতৰ যুদ্ধ, a terrible war. '''ৰামৰ ৰাজ'''—বিং, ৰামৰ ৰাজ্য শান্তিময় আছিল। এতেকে,—শান্তিময় ৰাজ্য- শাসন, reign of peace. '''ৰামে মাৰিলেও মৰা, ৰাৱণ মাৰিলেও মৰা'''—ক্ৰি, ৰাম ৰাৱণৰ যুদ্ধত ৰাৰণৰ সেনাবিলাকে যুদ্ধ,কৰিবলৈ বৰ ভয় পাইছিল। কিন্তু ৰাৱণ অতি দুৰন্ত ৰজা আছিল। কোনো ৰণুৱাই যুদ্ধলৈ আওহেলা কৰিলে, তৎক্ষণাৎ ৰাৱণে তাৰ, প্ৰাণ-বধৰ দণ্ড দিছিল। সেইবিলাকে নিৰুপায় হৈ যুদ্ধলৈ ওলাওঁতে এই কথা কয়—ৰামে মাৰিলেও মৰিম ৰাৱণে মাৰিলেও মৰিম। ” এতেকে,—কোনো কাৰ্য্য কৰিলেও বিপদ নকৰিলেও বিপদ এনে অৱস্থা পোৱা, একো পোনে
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৫৮
{{rh|ৰাৱণৰ|২৪৮|ৰূপতী}}
নিস্তাৰ নোপোৱা, to be confronted with danger on either way. '''ৰাৱণৰ চিতা জ্বলা'''— ক্ৰি, প্ৰবাদ আছে যে ৰাৱণৰ চিতা আজিলৈকে জ্বলি আছে, আৰু সি কোনো কালে নুনুমায়। এতেকে,—সৰ্ব্বতিকাল জ্বলি থকা, চিৰকাল স্থায়ী হোৱা, to last for all time, to be perpetual. '''ৰাৱতে শিয়াল পখৰা বুলি চিনা'''—ক্ৰি, ( উপকথা) শিয়ালে আঁচু-কাঠৰ পানীত জোবোৰা খাই পখৰা হল। হাবিৰ জন্তুবিলাকে তেতিয়া শিয়ালক চিনিব নোৱাৰি ভয়ত বিহ্বল হ’ল। শিয়ালে চেলু পাই নিজকে ৰজা বুলি পৰিচয় দিলে। অৱশেষত অন্যান্য শিয়ালে হোৱা দিলত, স্বভাৱ- সিদ্ধ ধৰ্ম্ম অনুসৰি পখৰা শিয়ালেও ‘হোৱা’ ’হোৱা’ ৰাৱ কাঢ়িবলৈ ধৰিলে। সি প্ৰকৃততে শিয়াল, গাত ৰং সানি পখৰা হৈ ৰজা বুলি মিছাকৈ পৰিচয় দিছিল, এই কথা তাৰ ৰাৱতে ধৰা পৰিল। এতেকে,—কোনো মানুহৰ স্বৰূপ তাৰ স্বভাৱৰ দ্বাৰা চিনি পোৱা, to know a person by his conduct. '''ৰাহিয়ে ৰাহিয়ে অহা'''—ক্ৰি, ( ৰাহি = ৰাশি। অহা =মিল হোৱা। ) মতে মতে মিল হোৱা, to be of one mind in any matter. '''ৰিণিকি ৰিণিকি দেখা'''—ক্ৰি, ( ৰিণিকি ৰিণিকি =ৰিণি ৰিণি অৰ্থাৎ ৰিঙ্গি ৰিঙ্গি বা অলপ ৰঙ্গা হৈ। ) বহু দূৰৰ বস্তু বেলিৰ পোহৰ পৰি অলপ মাথোন ৰঙ্গচুৱাভাৱে দেখা যায় বোলা হৈছে। এতেকে,—বহু দূৰৰ- পৰা যৎকিঞ্চিৎ পৰিমাণে দেখিবলৈ পোৱা, to see indistinctly at a long distance. '''ৰুকুণী'''—বিং, [ ৰুক্মিণী] ৰুক্মিণী শ্ৰীকৃষ্ণৰ ভাৰ্য্যা। তেওঁ অতি ৰূপবতী আছিল। এতেকে, —অতি ৰূপৱতী তিৰোতা, a very beautiful woman. '''{{বঙালী ৰূ}}পত ৰাং চৰোৱা'''—ক্ৰি, ৰূপ ধুনীয়া বস্তু। তাৰ ওপৰত ৰাং চৰালে সি দেখি- বলৈ আৰু ধুনীয়া হয়। এতেকে,—ধুনত ধুন বঢ়োৱা, to add beauty to what is already beautiful. '''ৰূপতী দেখি চুপতি কৰা'''—ক্ৰি, (ৰূপতী= ৰূপৱতী। ) ৰূপৱতী তিৰোতা দেখিলে মানুহে চুপতি কৰে। এতেকে—সুন্দৰ বৰ দেখি লোভ
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৫৯
{{rh|ৰেচত|২৪৯|ৰৌটোকে}}
৩২
কৰা, পৰৰ ভাল বস্তু দেখি পাবৰ আশা কৰা, to desire to possess a thing on account of its attractive appearance. '''ৰেচত পেঁচ'''—বিং, [ ৰেচ-পেঁচ ] (’ৰেচ' অনুৰূপ শব্দ। ) তিৰোতাৰ সাজ- পাৰৰ কমনীয় আকৃতি, niceties in a woman's habiliment. '''ৰেপি কটা'''—ক্ৰি, যন্ত্ৰণা দি বধিবলৈ হলে, দাৰে লাহে লাহে ৰেপ দি দি কাটে। এতেকে,—লাহে লাহে বহুক্ষণ যন্ত্ৰনা দিয়া, to put to slow torture. '''ৰেৱত ৰজাৰ দিনত'''—ক্ৰি. বিণ, ৰেৱত সত্যযুগৰ ৰা আছিল। তেওঁৰ জীয়েক, ৰেৱতীক দ্বাপৰযুগত বলভদ্ৰে বিয়া কৰিছিল। এতেকে,—বহুকাল পূৰ্ব্বে, long time ago. '''ৰৈ বৈ যোৱা'''—ক্ৰি, (ৰহি বৈ যোৱা ] ( ৰহি=ৰস। ) উপচি যোৱা, অপৰিমিত হোৱা, to be over-plentiful. '''ৰোহ-ঘৰত সোমোৱা'''—ক্ৰি, আগৰ দিনত বৰলোক সকলৰ একোটা ৰোহ-ঘৰ, আছিল। তেওঁবিলাকৰ পৰিয়ালৰ কোনো জনে ঠেহ পাতিবলৈ হলে, ৰোহ-ঘৰত সোমাই থাকে। এতেকে, — ঠেহ পতা, ওফোন্দ পতা, to be offended. '''ৰৌ-জাল বৌ-জাল কৰা'''—ক্ৰি, [ ৰৌ-জাল বাহু-জাল কৰা ] ৰৌ মাছ আৰু বাহু মাছ মৰা জাল ডাঙ্গৰ। সেই জাল পেলাওঁতে বহু দূৰলৈকে মেলি পৰে। এই স্থলত কোৱা হৈছে, যে ডাঙৰ জাল বহু দূৰলৈ মেলাৰ দৰে কথা বহু দূৰলৈ মেলি দিয়ে। এতেকে,—কথা বহু দূৰলৈ প্ৰচাৰ কৰা, কথা ৰাষ্ট্ৰ কৰা, to publish a fact widely. '''ৰৌ ৰৌ নৰক'''—বিং, [ৰৌৰৱ নৰক] যমপুৰীত যিবিলাক নৰক আছে, তাৰ ভিতৰত ৰৌৰৱ নৰক সকলোতকৈ জঘন্য। এতেকে,—অতি জঘন্য ঠাই, the worst place. '''ৰৌ-ৰৌ-কৈ ধৰা'''—ক্ৰি, কুকুৰে অচিনাকি মানুহ বা জন্তু দেখিলে ৰৌ-ৰৌ-কৈ ভুকি ধৰে। এতেকে,—কোনো মানুহক কোনো বিষয়ে টান কথা কৈ ধৰা, to make an insistent demand for anything. '''ৰৌটোকে ঢৌটো কৰা'''—ক্ৰি, নৈত নাও বাই যাওঁতে ৰৌ মাছে নাও বাৰত আহি কেতিয়াবা কোবায়। নাৱৰীয়াবলািকে জল-যাত্ৰাৰ ভীষণতা পিচত আনক বুজাবলৈ বৰাইকৈ কয়, যে ঢৌৱে ধাউম-ধাউম-কৰে
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৬০
{{rh|লখিমী|২৫০|লফা}}
নাওৰ বাৰত কোবাইছিল, আ{{বঙালী ৰু}} সিহঁতে সুনিপুণতাৰে নাও চলাই তেনে বিপদ অতিক্ৰম কৰি আহিছে। এতেকে,—সৰু কথাকে ডাঙ্গৰ কথা বুলি কোৱা, কথা বঢ়াই কোৱা, to exaggerate. {{center|⸻⸻}} {{center|ল। }} '''লখিমী তিৰোতা'''—ক্ৰি, (লখিমী=লক্ষ্মী। ) লক্ষ্মী ঐশ্বৰ্য-বিভূতিৰ অধিষ্ঠাত্ৰী দেবী। এতেকে,—দেবী-তুল্য তিৰোতা, a woman of excellent accomplishments. '''লগত যোৱা নৰিয়া'''—বিং, যি নৰিয়া মানুহটো মৰিলে তাৰ লগত যায় অৰ্থাৎ মৃত্যু-কাল পৰ্য্যন্ত থাকে তেনে নৰিয়া, চিৰস্থায়ী নৰিয়া, a permanent disease. '''লগুণ-গাঁথি দিয়া'''—ক্ৰি, বিয়াত এখন কাপোৰেৰে দৰা আৰু কন্যাক সংলগ্ন কৰি দিয়া হয়। এতেকে,—স্বামী ভাৰ্য্যা-সম্বন্ধেৰে আবদ্ধ কৰা। ('লগ্ন- গাঁথি' শব্দৰপৰা 'লগুণ-গাঁথি' শব্দৰ উৎপত্তি হৈছে। ), to unite a couple in wedlock. '''লঘু হোৱা'''— পাতল হোৱা অৰ্থাৎ লাঞ্ছনা পোৱা, অপমানিত হোৱা, to be put out of countenance, to be insulted. '''লতাপতা লগা'''—ক্ৰি, [ লতা-পাত লগা] (লগা=সম্বন্ধ লগা। ) লতা বগাই- জোগাই তাৰ আগটোত থকা পাতখনে গৈ কোনো বস্তু ছোৱে গৈ। এতেকে,—বহু দূৰণীয়া সম্বন্ধ লগা, to be connected by distant relationship. '''লফা দোৱা'''—ক্ৰি, লফা নিচেই কোমল শাক, আৰু তাক দাবলৈ অতি সহজ। এতেকে,—সহজ কাটি- ছিঙি খয়ঙ্কৰ কৰা, to out up easily, to destroy completely without difficulty.
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৬১
{{rh|লমো|২৫১|লল–সস}}
'''লমো লমে দাড়ি'''—বিং, [ লম্বা লম্বা দাড়ি। ] ( উপকথা ) বাঘে হাবিত ছাগলীক দেখি কলে 'লমো লমে, ডাড়ি ঘনে কৰে বিণা, এই জন পুৰুষে খাটে বনবাস। ” বাঘে ছাগলী কেনেকুৱা জন্তু আগৈয়ে দেখা নাছিল। ছাগলীয়ে বাঘৰ অজ্ঞতা বুজিব পাৰি উত্তৰ দিলে-“বাঘ খালোঁ ছাগ খালোঁ আৰু খালোঁ হাতী, আঁকা-বকা খাবলৈ নাপাই খপিছোঁ হি ৰাতি। ” বাঘ নিজে আঁক-বাক। তাকে খাবলৈ ছাগলীয়ে খাপ দিছে বুলি ভাবি ভয়ত অস্থিৰ হৈ পলাই লৰ মাৰিলে। টেঙ্গৰ ছাগলীয়ে বুদ্ধিৰে বাঘৰ মুখৰপৰা সাৰিল। এতেকে,—দীঘল দাড়ি, a long beard. '''লৰত ফেঁটী সাপৰ মূৰ ছিগা'''—ক্ৰি, ফেঁটী সাপ বৰ খঙ্গাল। সি ফেঁট তুলি মানুহক খোঁটে। এই স্থলত ইমান বেগেৰে লৰ মাৰে বোলা হৈছে, যে ফেঁটী সাপে ফেঁট তোলোঁতেই তাৰ মূৰ ছিগি যায়, সি খুটিবলৈ সময় নাপায়। এতেকে,—অতি কোবেৰে লৰ দিয়া, to run too fast. '''লৰা পোৱা'''—ক্ৰি, সন্তান প্ৰসৱ কৰা। ( পোৱা=লাভ কৰা। ) to be delivered of a child. '''লৰা-ছোৱালীৰ পেঁপেঁ-জেঁজেঁ''' —বিং , (পেঁপেঁ=পেঁপাৰ মাত। জেঁজেঁ= জিলিৰ মাত। ) লৰা-ছোৱালীৰ হাই-কোঢ়াল, confused noise made by children. '''লৰা ভুৰুকিওৱা'''—ক্ৰি, মানুহে লৰাক ফাঁকটি কথাৰে ভুৰুকিয়ায় অৰ্থাৎ ছলনা কৰে। ( ‘ভাড়ে’ আৰু ভুৰুকিয়ায় মূলত একে। ) এতেকে,— লৰাক যেনেকৈ ফাক্-ফুক্ কথাৰে ফুচুলায় সেইৰূপে ফুচুলোৱা, লৰালি ফাঁকি কৰা, to play a childish trick. '''লৰাহঁতৰ মাক'''—বিং, লৰা-ছোৱালীবিলাকৰ অৰ্থাৎ পুতেক-জীয়েকবিলাকৰ মাক, অৰ্থাৎ ঘৈণীয়েক, the mother of one's children i.e. a wife. '''লৰ্ব্বাং লাখুটি'''—বিং, [ লৰবৰ লাখুটি ] লাখুটি লৰবৰ কৰি ফুৰে। এতেকে,— আত্মীয়-স্বজনবিহীন লৰি ফুৰা অকলশৰীয়া মানুহ, a vagabond. '''লল-সস কৰা'''—ক্ৰি, (লল কৰা=জিবা লল কৰা অৰ্থাৎ খৰকৈ লৰোৱা। সস কৰা=সস কৰে কথা কোৱা অৰ্থাৎ বহু আলাপ কৰা। ) অতি
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৬২
{{rh|লহোৱা|২৫২|লাওৱে}}
মিত্ৰ মানুহৰ ভিতৰত খৰাখৰিকৈ বহু আলাপ হয়। এতেকে,— অতি মিত্ৰতা বুজাই আলাপ কৰা। (বিদ্ৰুপ), to talk like a very intimate friend ( used in a depreciative sense). '''লহোৱা বহোৱা'''—ক্ৰি, [লাহোৱা বিলাহোৱা ] লাস-বিলাস কৰা, to flirt, to coquet. '''লাংখা-লিংখি'''—বিং, (লাংখা, = লাং খোৱা অৰ্থাৎ মাৰিৰ দৰে পৰি থকা। লিংখি অনুৰূপ শব্দ। ) পৰি থকা বস্তু-বেহানি, কম মূল্যৰ সৰু-সুৰা বস্তু, odds and ends. '''লাং খাই পৰা'''—ক্ৰি, ( লাং = ডাং, মাৰি। ) লঙ্গৰ নিচিনাকৈ পৰি থকা অৰ্থাৎ মাটিত দীঘল হৈ পৰি যোৱা, to lie down at full length, to fall prostrate. '''লাংলাং-ঠাংঠাং'''—বিং, [ “লৈলৈ-থৈলৈ’’ চোৱাঁ। ] '''লাই পালে কুকুৰে গললৈ জঁপিওৱা'''—ক্ৰি, হিন্দুৱে কুকুৰক অশুচি জন্তু বুলি ধৰে। কুকুৰে ছুলে গা ধুব লাগে। অসমীয়া হিন্দুৱে কুকুৰক ওচৰ চাপিবলৈ নিদিয়ে। এই স্থলত কোৱা হৈছে, যে লাই পালে তেনে অস্পৃশ্য কুকুৰেও গললৈকে জঁপিয়াই লেঙ্গেৰা-লেঙ্গেৰি কৰে। এতেকে,— লাই পালে নীচ মানুহেও ঘনিষ্ঠতা-ভাব দেখুওৱা, the showing of undue familiarity by a mean person to a great man if allowed too much indulgence. '''লাই লেচাই'''— বিং, আসামৰ ৰজা গদাধৰ সিংহৰ দুজন পুতেক আছিল। এজনৰ নাম লাই আৰু আন এজনৰ নাম লেচাই। এতেকে,—যেই সেই দুজন মাথোন, two persons, neither more nor less. '''লাই লেজু'''—বিণ, [লাহি লেজু] লেজু দীঘল কিন্তু লাহি। এতেকে,—গা- গাৰি নাইকিয়া দীঘল, thin and tall. '''লাওৱে লাওৱে পানী খোৱা'''—ক্ৰি, দুখীয়া মানুহে লাওৰ ভিতৰটো গেলাই, গেলা অংশ উলিয়াই পেলাই, লোটা-কলহৰ নিচিনা পানী-পাত্ৰ-স্বৰূপে তাক ব্যৱহাৰ কৰে। ডাঙ্গৰ বিপদ হলে পিয়াহ লাগে। তেতিয়া লাওৱে লাওৱে অৰ্থাৎ অধিককৈ পানী খাবলগীয়া হয়। এতেকে,—ঘোৰ বিপদগ্ৰস্ত হোৱা, মহা কষ্টত পৰা, to be involved in great difficulty, to be highly embarrassed.
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৬৩
{{rh|লাও-পাত|২৫৩|লাভলৈ}}
'''লাও-পাত, কচু পাত''' —বিণ, [ লাও-পাত কচু পাত খোৱা ] ছাগলীয়ে লাও-পাত, কচু-পাত যিহকে পায়, তাকে জিভা লপ-লপাই খাই ফুৰে। যি মানুহে ভাল-বেয়া নাবাছি যিহকে পায় তাকে কয়, সিও সেই{{বঙালী ৰূ}}পে জিবা লপ্ লপাই থাকে। এতেকে,—বহুবল্কী, talkative, prattling, garrulous. '''লাখ-টকীয়া'''—বিণ, বহুমূলীয়া, of high value. '''লাখুটিৰ খুণ্ডা খোৱা'''—বিণ, যি মানুহ দুষ্টালি কৰি ফুৰে সি যাৰে তাৰে লাখুটিৰ খুণ্ডা খাই ফুৰে। এতেকে,—দুৰন্ত, অশিষ্ট, rascally, roguish. '''লাগ বুলিলে পোৱা'''—ক্ৰি, [ লাগে বুলিলে পোৱা ] বিচৰা মাত্ৰে পোৱা, to get immediately on demand. '''লাগ-বান্ধ নাইকিয়া'''—বিণ, চকুত নলগা আৰু বান্ধ নাইকিয়া অৰ্থাৎ দেখাত আশুৱনী আৰু কাৰ্যত অনুপযুক্ত, unseemly and useless. '''লাগিলে ভগা'''—ক্ৰি, কাঁহী-বাটি লাগিলে অৰ্থাৎ ঠেকা-ঠেকি হলে ভাগে। এই স্থলত লাগিলে অৰ্থাৎ দন্দ-কাজিয়া লাগিলে ভাগে অৰ্থাৎ বন্ধ হয় বোলা হৈছে। ‘লগা’ আৰু ’ভগাৰ’ দুই অৰ্থ বুজোৱা হৈছে। এতেকে,—দন্দ লাগিলে কিছু কালৰ পাচত অন্ত হোৱা, the com- ing of quarrel to an end after lapse of some time. '''লাঙ্গে-পাতে'''—ক্ৰি-বিণ. (লাং= ডাং, দীঘলীয়া মাৰি। ) কোনো গছ লাঙ্গে লাঙ্গে অৰ্থাৎ ছেও নিদিয়াকৈ, আৰু পাতেৰে অৰ্থাৎ পাত গুচাই নোলোৱাকৈ ঘৰলৈ অনা কথাৰপৰা এই বাক্যৰ উৎপত্তি হৈছে। এতেকে,—কোনো অংশ বাদ নিদিয়াকৈ অৰ্থাৎ সমুদায়ে, তেনেই, entirely, wholly. '''লাজ বন্ধ যোৱা'''—ক্ৰি, পানী নচলি বন্ধ হৈ থাকিলে অধিক পানী জমে। সেই- ৰূপে কোনো কথাত লাজ লাগি বহু দিন গলে-লাজ বন্ধ যায় অৰ্থাৎ অধিক লাজ জমে। এতেকে,—লাজ পুৰণি হৈ লাজৰ মাত্ৰা বৃদ্ধি হোৱা, the increasing of bashfulness by lapse of time. '''লাজৰ লাখুটি'''—বিং, লাজৰ আশ্ৰয়। লাজ ৰাখিবৰ নিমিত্তে অৱলম্বন, a feeble support on which a person in disgrace relies in the last resort, a mask of shame and humiliation. '''লাভলৈ চাওঁতে মুলৰ হতাহতি হোৱা'''—ক্ৰি, হতাহতি=এবেলি হাতলৈ অহা আৰু
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৬৪
{{rh|লাল|২৫৪|লেকাত}} এবেলি হাতৰপৰা এৰাই যোৱ। ) মানুহে লাভ পাবৰ নিমিত্তে মূল মেলি দিয়ে। এই স্থলত কোৱা হৈছে, যে লাভ পোৱা দূৰত থাকক, মূল পোৱা যাব নে নাযাব, তাৰে নিশ্চয়তা নোহোৱা হয়। এতেকে,— অধিক বস্তু পাবৰ আশা কৰোঁতে পূৰ্ব্বৰ হাতৰ বস্তুও নষ্ট হবৰ আশঙ্কা হোৱা, to run the risk of losing all by concerning oneself in any affair in the hope of getting more. লাল কাগজ—বিং, পূৰ্বে আসামলৈ যিবিলাক আখৰ-টোকা আগজৰ আমদানি হৈছিল, সেইবিলাক ৰঙ্গা আছিল। এতেকে,—আখৰটোকা কাগজ, blotting paper. লালুকিলৈ তপত পানী নলগা,—ক্ৰি, লালুকি এনে অলপ-ধতুৱা প্ৰাণী যে পানীৰ- পৰা তাক তুলি আনিলেই সি মৰি যায়। এক বধিবলৈ গাত তপত পানী ঢালিবৰ আৱশ্যকতা নাই। তুচ্ছ মানুহক লালুকিৰে তুলনা কৰা হৈছে। এতেকে,—তুচ্ছ মানুহৰ অপকাৰ কৰিবলৈ ডাঙ্গৰ . আয়োজনৰ আৱশ্যকতা নোহোৱা, the existing of no necessity for making vast preparations to injure an insigni- ficant enemy. লীলামালা স্যামন্তহৰণ পঢ়া—ক্ৰি, আগৰ দিনত 'লীলামালা’ আৰু ‘স্যামন্ত-হৰণ' পুথি পঢ়িব পৰা হলেই সাধাৰণ শিক্ষা পোৱা হয় বুলি ধৰা হৈছিল। এতেকে,—সাধাৰণ শিক্ষা পোৱা, to be fairly educated. লুইতে হে ব’ঠাৰ কোব জনা—ক্ৰি, লুইতত নাও বাওঁতে ব’ঠাৰ কোব কিমান দকৈ বহে, তাক লুইতে নিজে হে জানে, জানে তাক জানিব নোৱাৰে। এতেকে,—কোনো কাৰ্য্যৰ কষ্ট ভুক্ত-ভোগীত বাজে আনে নজনা, the knowing of the nature and extent of incon- venience in any affair by a person who is the actual sufferer and none else. লেক্ লৌ পৰুৱা—বিং, লেক্ লৌ পৰুৱাৰ লানি নিছিগে। এতেকে,—ক্ৰমাগত আহি থকা লানি নিছিগা মানুহবিলাক, a continuous stream of people. লেকাত লগা—ক্ৰি, [ লেকেতীয়া লগা ] কোন কাৰ্য্যত লেকেতীয়া হৈ অৰ্থাৎ নেৰানেপেৰাকৈ লাগি থকা, to be engaged in anything
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৬৫
{{rh|লেখত|২৫৫|লেলাই}} with patience and perseverence. লেখত হোৱা জোখত নোহোৱা— ( লেখ = গণনা। জোখ=পৰিমণ। ) কোনো বস্তু হিচাবত আছে, কিন্তু জোখত সি সমূলি পাতল বোলা হৈছে। এতেকে,—কোনো বস্তু বা মানুহ হিচাবত ধৰ পৰা কিন্তু কাৰ্য্যৰ অনুপ- যুক্ত গণ্য হোৱা, the taking of anything as swelling the number without adding to the value or importance of it. লেজু—বিং, সাপ দেখিবলৈ লেজুৰ নিচিনা। এতেকে,—সাপ, a snake. লেজুত ধৰি বল নিদিয়া—ক্ৰি, কোনো গধুৰ বস্তু নিবলৈ হলে, লেজু লগাই বহু মানুহে ধৰি টানে। বহু মানুহৰ ভিতৰত কোনে বল দিছে আৰু কোনে বল দিয়া নাই বুজিব পৰা নাযায়। টেঙ্গৰ মানুহে লোকৰ লগত লেজুত ধৰি টনাৰ ভাৱ কৰে, প্ৰকৃততে বল নিদিয়ে। এতেকে,—কোনো কাৰ্যত লাগি অমনোযোগিতাৰে সেই কাৰ্য কৰা, to work half-heartedly. লেজুৱা কাম—বিং, লেজু দীঘলীয়া বস্তু। এতেকে,—দীঘলীয়া কাম, বেগতে শেষ নোহোৱা কাম, নেৰানেপেৰাকৈ লাগি থাকি কৰিব লগীয়া কাম, a tedious work, a protracted affair. লেধাই শামুকে পাঞ্চজন্য শঙ্খৰ বংশ বুলি কোৱা—ক্ৰি, লেখাই শামুক যতে ততে পানীত পৰি থাকে। পাঞ্চজন্য শঙ্খ সাগৰত থাকে, আৰু সি দুপ্ৰাপ্য বস্তু। এই স্থলত কোৱা হৈছে, যে লেধাই শামুকে নিজক পাঞ্চজন্য শঙ্খৰ বংশ-সম্ভূত বুলি চিনাকি দিয়ে। এতেকে,—ইতৰ মানুহে ফিতাহি কৰি বৰ ডাঙ্গৰ মানুহেৰে সৈতে সম্বন্ধ থকা বুজোৱা, the attempting of a mean person to connect himself in some way with a very great man. লেনী ভাদৈ— বিং ভাদৈ কোনো ছোৱালীৰ নাম। এতেকে,—লেনীয়াই কথা কোৱা ছোৱালী, আলসুৱা মৰমৰ ছোৱালী, a sweet girl. লেবাই যোৱ—ক্ৰি , [ লাল বোৱাই যোৱা ] অতি কষ্টকৰ কাৰ্য্য কৰোঁতে মুখৰ লাল বৈ যায়। এতেকে,—অতি কষ্টকৰ কাৰ্য কৰা, to do any work with the greatest effort. সেলাই ঘেলাই থকা—ক্ৰি, ( লেলাই=লাল উলিয়াই। ঘেলাই=গা ঘেলাই
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৬৬
{{rh|লেলাট|২৫৬|লোণ}} অৰ্থাৎ পেলাই। ) বৰকৈ দুখ ভাগৰ হলে গা পেলাই দি অৰ্থাৎ অবশ হৈ মুখেৰে শেহাবলৈ ধৰি লালতিয়ায়। এতেকে— দুখে-ভাগৰে কাল কটোৱা, অতি কষ্টেৰে জীৱনধাৰণ কৰা, to live very miserably. লেলাট ভুঞ্জা—ক্ৰি, [ ললাট লিখন ভুঞ্জা ] পূৰ্ব্ব-জন্মৰ আৰ্জ্জন অনুযায়ী কষ্ট ভোগ কৰা, to suffer misery as a punishment for sin in the previous birth. লৈ লৰ মৰাও নহয়, দলিয়াই পেলোৱাও নয়—বিণ, কোনো বস্তু অতি ভাল হলে মানুহে তাক লৈ লৰ মাৰে অৰ্থাৎ হেঁপাহেৰে লৈ যায় আৰু অতি বেয়া হলে তাক দলিয়াই পেলায় অৰ্থাৎ ঘিণ কৰি নিনিয়ে। এতেকে,—বৰ ভালো নহয় আৰু বৰ বেয়াও নহয় অৰ্থাৎ মজলীয়া গুণ- বিশিষ্ট, neither too good nor too bad i. e middling. লৈলৈ-থৈথৈ—বিং, [ লৈ যোৱা থৈ যোৱা দ্বিত্ব ] আটাইবিলাক মানুহক নিব নোৱাৰি, কিছুমান লৈ যায় আৰু কিছুমান থৈ যায়। এতেকে,— বেমেজালি, বহু-দুৰ্গতি, chaos, disorder, distress. লোকৰ ওপৰত উশাহ লোৱা—ক্ৰি, উশাহ নিজে লব লাগে। এই স্থলত লোকৰ উশাহৰ দ্বাৰা উশাহৰ দ্বাৰা উশাহ লয় বোলা হৈছে। উশাহৰ দ্বাৰা জীয়াই থাকে। এতেকে,—পৰৰ অনুগ্ৰহৰ ওপৰত প্ৰাণধাৰণ কৰা, to be dependent on others' bounty. লোকলৈ হুল পুতি নিজে ফুটিমৰা—ক্ৰি, দুষ্ট মানুহে লোকক অপকাৰ কৰিবৰ নিমিত্তে বাটত হুল পুতি থয়। এই স্থলত কোৱা হৈছে, যে মন কৰিব নোৱাৰি কেতিয়াবা সেই হুলতে সি নিজে পৰি সাংঘাতিক আঘাত পায়। এতেকে,—পৰৰ অনিষ্ট চিন্তা কৰোঁতে নিজৰ তদ্ৰূপ অনিষ্ট হোৱা, to full a victim oneself to a trap laid for other people. লোকে লোকে কোৱা কথা—বিং, [ লোকে লোকক কোৱা কথা ] উৰা বাতৰি, a gossip, a rumour. লোণ খুটি ভাত খোৱা—ক্ৰি, কঙ্গাল মাহে লোণ খুটি ভাত খায়, ভাতৰ লগত আঞ্জা-পাচলি নাথাকে। এতেকে--নিচেই দুখীয়া খাৱনেৰে খোৱা, to eat a very poor meal.
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৬৭
{{rh|লোণ-পাত|২৫৭|লৌলৌ}} লোণ-পাত চেলেকোৱা—ক্ৰি, নতুন গৰু ঘৰলৈ আনিলে কিছুমান দিন তাক লোণ- লগোৱা কল-পাত চেলেকিবলৈ দিয়া হয়। লোণ-পাত চেলেকিবলৈ পাই, সেয়েই তাৰ ঘৰ বুলি জানি, সি সেই ঘৰতে থাকিবলৈ ধৰে, আন ঠাইলৈ নাযায়। এতেকে,—স্বাৰ্থ-সিদ্ধিৰ নিমিত্তে খুৱাই-খুৱাই ঘৰলৈ আহ-যাহ কৰোৱা, to tempt a person to visit a house too often with an ulterior motive. লোণ-ভাৰ পেলাই মাটি-ভাৰ অনা— ক্ৰি, আগৰ দিনত লোণ পাবলৈ টান আছিল। মানুহে বহু কষ্টেৰে মহঙ্গৰৰপৰা লোণ আনিছিল। এই স্থলত কোৱা হৈছে, যে লোণ-ভাৰ পেলাই তাৰ সলনিত মাটি-ভাৰ লৈ আহে। এতেকে,—বহুমূলীয়া বস্তুৰ সলনিত অকামিলা বস্তু অনা, to get a worthless thing in exchange by giving away a valuable thing. লোৰ গুৰি-কৰাই গালে গালে খোৱা—ক্ৰি, চাউল ভাজি গুৰি-কৰাই তৈয়াৰ কৰা হয়। লোৰ গুৰি খোৱা অসম্ভৱ। এই স্থলত কোৱা হৈছে, যে লোৰ গুৰিকে চাউলৰ গুৰি-কৰাই-স্বৰূপে গালে গালে খোৱা হয়। এতেকে,—অপৰিসীম টান কাৰ্য্য সামাধা কৰা, to perform a Herculean task. লৌলৌ বিঢ়া ওকণী—বিং, [ লৌলৌ-কৰে যোৱা বিঢ়া ওকণী ] মুৰৰ চুলিত বিঢ়া আৰু লেখি ওকণী আছে। মূৰৰ ওকণী চাওঁতে লেখিয়ে চুলিৰ গুৰিত এনেভাৱে কামোৰ মাৰি লাগি থাকে যাতে মানুহে তাক উফি বুলি ভাবি নমৰাকৈ এৰি দিয়ে। বিঢ়া ওকণী ডাঙ্গৰ। সি লেখিৰ দৰে লুকাই থাকিব নোৱাৰি, মানুহৰ হাতত গম পোৱা মাত্ৰেই, লৌলৌ- কৰে যেনিয়ে তেনিয়ে লৰ মাৰে; আৰু ওকণী চোৱা মানুহ জন সাৱধান নহলে তাক ধৰিব নোৱাৰে। কোনো কোনো মানুহে বিঢ়া ওকণীৰ দৰে যেনিয়ে তেনিয়ে যায়, একে ঠাইতে শান্তিৰে নাথাকে, এই ভাব বুজোৱা হৈছে। এতেকে,—ছটফটীয়া মানুহ, a smart man. ৩৩
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৬৮
{{rh|শ|২৫৮|শত্ৰু}} {{center|শ। }} শ খোৱা শগুন—বিং, মৰাশ ঘৃণনীয় বস্তু। শগুন ইমান লোভী, যে সি গেলা- পচা মৰা-শকো নোখোৱাকৈ নাথাকে। এতেকে,—অতি লোভী মানুহ, a greedy fellow. শকুনিৰ মন্ত্ৰণা লোৱা—ক্ৰি, কুৰু-পাণ্ডৱৰ যুদ্ধত শকুনি কুট-মন্ত্ৰণাৰ ওজা আছিল। এতেকে,—ফুট মন্ত্ৰণা লোৱা, আওপকীয়া বুদ্ধি লোৱা, to follow a cunning advice. শক্তি চাই ভক্তি—বিং, যি মানুহৰ যেনেকুৱা শক্তি অৰ্থাৎ আৰ্থিক অবস্থা, সেই মানুহে তেনেকুৱা সম্ভাৰ গোটাই পূজা কৰি ভক্তি দেখুৱাব পাৰে। এতেকে,—যাৰ যিমান সাধ্য সেই পৰিমাণে কৰা কাৰ্য্য, action commensurate with one's capacity. শগুনৰ শাওত বুঢ়া গৰু নমৰা—ক্ৰি, মৰা-শ খাবলৈ পাম বুলি শগুনে বুঢ়া গৰু মৰিবলৈ শাও দিব পাৰে, কিন্তু তাৰ শাওতে বুঢ়া গৰু নমৰে বোলা হৈছে। স্বাৰ্থপৰ মানুহক শগুনেৰে তুলনা কৰা হৈছে। এতেকে,— স্বাৰ্থপৰ মানুহৰ অহিত-চিন্তাৰ নিমিত্তে কোনো মানুহৰ অপকাৰ নোহাৱা, the occurring of no evil to one merely because a selfish person wishes it. শঠা মিতিৰ পতা—ক্ৰি, [ শঠে মিতিৰালি পতা ] অসৰলভাৱে স্বাৰ্থসিদ্ধিৰ উদ্দেশেৰে বন্ধুতা-স্থাপন কৰা, to entreat friendship with a view to serve one's own ends. শত্ৰু যেন বন্ধা, মিত্ৰ যেন নিয়া— ক্ৰি, ভাৰ বান্ধিবলৈ হলে শত্ৰুক যেনেকৈ বান্ধে, তেনেকৈ বান্ধিব লাগে, অৰ্থাৎ ভাৰ এনে টানকৈ বান্ধিব লাগে, যাতে সি বাটত নোসোলকে। তেতিয়া সেই ভাৰ মিত্ৰৰ নিচিনাকৈ অৰ্থাৎ ভাল মতে নিব পৰা যায়। এতেকে,—যাতে ভবিষ্যতে অমিল হবৰ আশঙ্কা নাথাকে সেই মতে কোনো কাৰ্য্যৰ বন্দবস্ত পকা কৰি লোৱা, to lay down the terms of an agreement strictly and unalterably so that the parties may work on in perfect amity and concord. শত্ৰু শলা—ক্ৰি, শত্ৰু যেনেকৈ শালত দিয়ে তেনেকৈ দিয়া অৰ্থাৎ শত্ৰু-ভাৱেৰে
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৬৯
{{rh|শত্ৰুক|২৫৯|শহুৰৰ}} অহিত চৰণ কৰা, to play the part of an enemy. শত্ৰুক বৰ পিৰা দিয়া—ডাঙ্গৰ মানী লোকক বহিবলৈ বৰ পিৰা দিয়া হয়। এই স্থলত শত্ৰুক বৰ পিৰা দিয়ে বোলা হৈছে। এতেকে,— শত্ৰুক বিশিষ্ট মান-সম্ভ্ৰম দেখুওৱা, to show high regard to an enemy. শনাইত সুতীক্ষ্ণ শৰ—বিং, ( শনাইত=শানিত, শানত-দিয়া। ) শৰৰ মুখ শানত দি চোকা কৰি লোৱা হয়। এতেকে,—চোক অস্ত্ৰ , an effective weapon of attack (used figuratively). শনিয়ে পোৱা—ক্ৰি, জ্যোতিষৰ মতে শনি দুষ্ট গ্ৰহ। এই গ্ৰহৰ দ্বাৰা অভিভূত হলে, নানা প্ৰকাৰ দুৰ্গতি ঘটে। শনিৰ ফল ১২ বছৰলৈকে থাকে। এতেকে,—দিন-কাল অতি অশুভ হোৱা, to be fallen on evil times শৰাধ চাৰিখনীয়া কৰা—ক্ৰি, চাৰিখনীয়া শৰাধ ডাঙ্গৰ। যদি পুতেক অনাচাৰী হয়, তেন্তে শৰাধ নকৰে। এই স্থলত বিদ্ৰুপভাৱে কোৱা হৈছে, যে পুতেক এনে অনাচাৰী, যে সি চাৰিখনীয়া শৰাধ কৰে; অৰ্থাৎ সি মূলেই শৰাধ নকৰে। এতেকে, —অতি অনাচাৰী হোৱা, (পুতেক খাটে ), to lead a sinful life (said of a son). শল-ঠেকত পৰ— ক্ৰি, [ শলৰ দৰে ঠেকত পৰা ] ঠেক পানীত পৰিলে হে শল মাছ ধৰা পৰে। এতেকে,—সাৰিব নোৱৰা ঠাইত আবদ্ধ হোৱা, ডাঙ্গৰ বিপদত পৰা, to fall into a scrape. শলাগোঁতে শলা-গাঁথি লগা—ক্ৰি, জঁতৰৰ শলাত গাঁথি লাগিলে শলা ডাল নুঘুৰে। এতেকে,—শলাগনি পাই অকৰ্মণ্য হোৱা, to be spoilt by over-praise. মাৰি ভঙ্গা—ক্ৰি, [ শলমাৰি ভঙ্গা ] দুষ্ট গৰুৱে যুঁৱলিৰ শলমাৰি ভাঙ্গি হাল এৰি পলাই যায়। দুষ্ট মানুহক এনে গৰুৰে তুলনা কৰা হৈছে। এতেকে,—বন-বাৰী কৰিব নোখোজা, to shirk work. শহা কণীয়া—বিণ, খিৰিক্-খাৰাক্ শব্দ শুনা মাত্ৰে শহাই লৰ মাৰে। এতেকে,— কাণ জাগি থকা অৰ্থাৎ সদাই সতৰ্ক হৈ থকা, wakeful,, vigilant. শহুৰৰ জীয়েক—বিং, ঘৈণীয়েক, a father-in-law's daughter i.e. wife.
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৭০
{{rh|শহুৰৰ|২৬০|শালক}} শহুৰৰ পুতেক—বিং , গিৰিয়েক, a father-in-law's son, i. e. husband. শাঁকে সেন্দুৰে যোৱা—ক্ৰি, আয়তী মানুহে শঙ্খৰ খাৰু পিন্ধে আৰু সেন্দুৰৰ ফোঁট লয়। এতেকে,—আয়তী হৈ কাল প্ৰাপ্ত হোৱা, to die before husband. শাকত লোণ নোখোৱা— ক্ৰি, ( শাক = শাকৰ আঞ্জা। ) লোণ ঢুকাব বুলি আঞ্জাত লোণ নিদিয়ে, কিন্তু কোষত পিটিকাত লোণ দি তাৰ সোৱা- দেৰে লোণ-নিদিয়া আঞ্জা সানি ভাত খায়। এনে কৰা, আঞ্জাত যিমান লোণ ব্যয় হলহেঁতেন, তাতকৈও অধিক লোণ ব্যয় হয়, এই ভাৰ বুজোৱ হৈছে। এতেকে,—অনৰ্থক কৃপণালি কৰা, to act miserly for nothing. শাকে কচুৱে খোৱা— ক্ৰি, ইতৰ লোৰুে শাক, কচু এনে বিধ পাচলিৰে আঞ্জা ৰান্ধি ভাত খায়। এতেকে,—ইতৰ লোকৰ খাৱন খোৱা অৰ্থাৎ সাধাৰণভাৱে কাল যাপন কৰা, to lead a plain life. শাপে বৰ হোৱা— বিং, শাপ দিলে তাৰ ফল বৰ-স্বৰূপ হোৱা অৰ্থাৎ ইচ্ছা কৰি কৰা অমঙ্গল গ্ৰহীতাৰ পক্ষে মঙ্গল-স্বৰূপ হোৱা, the converting of a curse into a blessing. শাম কটা—ক্ৰি , শান্ত ভাৱ ধৰ, to be sober, to wane. শামুকৰ সাহ—বিং, ( শাহ= ভিতৰৰ পদাৰ্থ, সাহ =সাহস। ) 'শাহ’ আৰু 'সাহ’ এই দুই শব্দৰ খেল বুজোৱা হৈছে। সামুকৰ শাহ নাইকিয়া। এতেকে,—সাহৰ অভাৱ, want of courage. শাৰী পূৰোৱা—ক্ৰি, যোগ্য মানুহৰ শাৰী অপূৰ্ণ থাকিলে এজন অযোগ্য মানুহ গৈ সেই শাৰীত বহি শাৰী পূৰ্ণ কৰে বোলা হৈছে। এতেকে,— সাধাৰণ মানুহে বৰলোক বুজাবলৈ বৰলোকৰ দয়-দস্তুৰ অনুৰকণ কাৰা, to take rank with the great men i.e. to show oneself as a great man. শালক শিঙ্গীয়ে ঘিণোৱা—ক্ৰি, শাল আৰু শিঙ্গী দুইটা মাছ অসমীয়া হিন্দুৰ অখাদ্য। এই দুইটা ঘৃণনীয় মাছ। এই স্থলত শালে শিঙ্গীক ঘৃণনীয় বুলি অৱজ্ঞা কৰে বোলা হৈছে। এতেকে,—নিজে ঘৃণনীয় হৈ পৰৰ প্ৰতি ঘৃণা-ভাব দেখুওৱা, the despising of a con- temptible person by another who is equally
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৭১
{{rh|শালৰ|২৬১|শিয়নিত}} contemptible. শালৰ মাজত শিঙ্গী—বিং, শিঙ্গী মাছে শিঙ্গেৰে বিন্ধে। শাল মাছৰ মাজত শিঙ্গী সোমালে শিঙ্গীয়ে তাকে বিন্ধি ফুৰে। এতেকে—লোকৰ লগত মিল হৈ থাকিব নোৱৰামানুহ, one who is always at loggerheads with others. শালৰ হাতী মুকলি হোৱা—ক্ৰি, আহোম ৰজাৰ দিনত কোনো ডাঙ্গৰ উৎসৱ হলে বন্দী বেটী, হাতী-ৰখীয়া ঘোঁৰা-চোৱা সকলোকে মেলানি দিয়ে। কাজেই হাতী আৰু ঘোঁৰাক চৰিবলৈ বাজত থোৱা হয়। এতেকে,—ডাঙ্গৰ উৎসৱ উপলক্ষে কাকো, বাদ নিদিয়াকৈ যাৱতীয় কম্মচাৰীক মেলানি দিয়া, the granting of holiday to every one without exception on the occasion of a grand festivity. শাস্ত্ৰ-সমস্তকৈ—ক্ৰি-বিণ, [ শাস্ত্ৰ-সম্মত কৰি ] শাস্ত্ৰ-বিহিত কাৰ্য্য মাথোন কৰি অৰ্থাৎ যৎসামান্যৰূপে, in a humble way. শিং গজা—ক্ৰি, শিং আত্মৰক্ষাৰ উপায়। জন্তুৰ শিং গজিলে তাৰ প্ৰকৃত উপকাৰ হয়। এতেকে, —বিশেষ লাভ হোৱা, (ব্যঙ্গাৰ্থ), to be armed with a weapon of defence i. e. to have a real benefit. শিঙ্গৰা-মূৰীয়া মানুহ—বিং, শিঙ্গৰা মাছৰ মুৰটা চিঁয়া আৰু তাৰ খং খেচি। এতেকে খাঙ্গাল চিঁয়া মূৰৰ মানুহ, বেগতে খং উঠা মানুহ a man of irritable temperament. শিঙ্গৰি ঘৰত উঠা—ক্ৰি, অহোম-ৰজা সকলে ৰজা হোৱাৰ পিচত শিঙ্গৰি-ঘৰত উঠাৰ নিয়ম আছিল। ৰজা শিঙ্গৰি-ঘৰত উঠিলে তেওঁ ৰাজ্যত নিষ্কন্টকভাৱে প্ৰতিষ্ঠিত হল বুলি গণ্য হৈছিল। এতেকে,—বিধি- অনুযায়ী ৰাজ্যভাৰ গ্ৰহণ কৰা, to assume formally the sovereignty of a country. শিপা গজা—ক্ৰি, গছৰ শিপা আছে আৰু সেই দেখি সি লৰ-চৰ কৰিব নোৱাৰে। এতেকে,—লৰ-চৰ কৰিব নোৱৰা, to take root i.e. to be unable to move. শিয়নিত শোৱা—ক্ৰি, (উপকথা) দুটা অজলা আৰু এটা টেঙ্গৰ মানুহ ফুৰিবলৈ
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৭২
{{rh|শিয়াল-পোৱালি|২৬২|শিল}} গৈছিল। অজলা দুটাৰ কাপোৰ আছিল, টেঙ্গৰটোৰ নাছিল। কাপোৰ দুখন দীঘলে দাঁতীয়ে দাঁতীয়ে সি জোৰালে। টেঙ্গৰে কলে:—"মোৰ কাপোৰ নাই। তহঁতে নিজৰ নিজৰ কাপোৰ লৈ শুবি। মোৰ নিমিত্তে কষ্ট পাব নালাগে। মই শিয়নিতে শুম। ” দুই অজলাৰ মাজতে জোৰোৱা কাপোৰৰ শিয়নিত টেঙ্গৰে শুলে। কপোৰ দুখন ঠেক পুতলৰ আছিল। ৰাতি জাৰত অজলা দুটাই এবেলি ইফালে এবেলি সিফালে টনটনি কৰোঁতে, এবেলি এটাৰ গা উদং হয়, এবেলি আনটোৰ গা উদং হয়, কিন্তু টেঙ্গৰৰ জাপ কেতিয়াও নুগুচে। এতেকে —পৰৰ শ্ৰম বা অৰ্থৰ ওপৰত তাতকৈ অধিক সুখ ভোগ কৰা, to live comfortably at the expense of others. শিয়াল-পোৱালি—বিং, শিয়াল নীচ জন্তু বুলি প্ৰখ্যাত। এতেকে,—নীচ মানুহ (বাপেক ‘শিয়াল’ নাছিল কিন্তু 'পুতেক' শিয়াল হল, এই ভাব বুজাবলৈ 'পোৱালি' শব্দ ব্যৱহৃত হৈছে। ), a wily son. শিয়াল-বাগি দিয়া—ক্ৰি, শিয়ালৰ দৰে ধৰিবলৈ চল নিদি বাগি দি ফুৰা, ফাঁকি- ফুঁকা দিয়া, to try to deceive by cunning. শিয়ালৰ জাক জাক--বিং শিয়াল অপদাৰ্থ জন্তু। শিয়ালৰ সংখ্যা অধিক হলেও সিহঁতে ডাঙ্গৰ কাৰ্য্য সাধিব নোৱাৰে। এতেকে,— বহুসংখ্যক অপদাৰ্থ মানুহ, a host of unworthy persons. শিয়ালৰ ডিঙ্গিত মঙ্গহৰ ভাৰ দিয়া—ক্ৰি, শিয়ালে মঙ্গহ দেখিলে নাখাই থাকিব নোৱাৰে। শিয়ালৰ ডিঙ্গিত মঙ্গহৰ ভাৰ দিলে সি বাটতে মঙ্গহ খাই অন্ত কৰে, ভাৰ নিব লগীয়া ঠাই নাপায় গৈ। এতেকে,—কোনো বস্তু বা কাৰ্য্য ধ্বংস কৰা যাৰ প্ৰকৃতি তেনে মানুহকে সেই বস্তু বা কাৰ্য্যৰ ভাৰ দিয়া, to put a thing or action in charge of a person for protection whose very nature seeks the destruction of it. শিৰ চাই টোকৰ মৰা—ক্ৰি, শিৰত টোকৰ মাৰিলে বেচিকৈ দুখ পায়। বেচিকৈ দুখ দিবলৈ হলে মঙ্গহৰ ওপৰত টো নামাৰি, শিৰ চাই তাৰ ওপৰত টোকৰ মাৰিব লাগে, এই ভাব বুজোৱা হৈছে। এতেকে,—যেনেৰূপ আচৰণ কৰিলে কাৰ্য্য-উদ্ধাৰৰ সুচল হয় তেনে-
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৭৩
{{rh|শিৰ-ফুটা|২৬৩|শিলৰ}} ৰূপ আচৰণ কৰা, to strike one at a vulnerable point. শিৰ-ফুটা—বিণ, (শিৰ = মূৰ, এই স্থলত ঘৰৰ মুধা। ) মানুহ বৰ ডাঙ্গৰ হলে অৰ্থাৎ অতি দীঘল হলে মূৰটো মুধা ফুটাই চালৰ ওপৰে দি ওলাব, এনে ভাব বুজোৱা হৈছে। (ডাঙ্গৰ বুলিলে 'দীঘল-ডাঙ্গৰ’ অৰ্থাৎ— ‘আকৃতিত দীঘল’ আৰু ’মানত ডাঙ্গৰ’ দুয়ো বুজায়। 'ডাঙ্গৰ’ শব্দৰ খেল কৰি ’শিৰ-ফুটা’ বাক্য উলিওৱা হৈছে। কোনো কোনো গছ-গছনি চালৰ তলত পৰিলে সিও মুধা ফুটাই ওলায়, ‘শিৰ-ফুটা’ বাক্যৰ লগত এই কথাৰো সাঁচ আছে। ) এতেকে,—সুপ্ৰসিদ্ধ, renowned. শিৰশিৰাই উঠা—ক্ৰি, চেঁচা পানী লাগিলে গা শিৰশিৰাই উঠে। এতেকে,— বৰকৈ অসুখ আঁশাতি বোধ কৰা, to feel very uncomfort- able. শৰত তুলি লোৱা—ক্ৰি, নিৰ্ম্মালি বা প্ৰসাদ ভক্তিৰ চিনস্বৰূপে মানুহে শিৰত তুলি লয়। এই স্থলত, কোনো মানুহক ইমান ভক্তি কৰে বোলা হৈছে, যে তেওঁক শিৰত তুলি লয়। এতেকে,—অতিপাত মান-সম্ভ্ৰম দেখুওৱা, to show to high regard to a person. শিলত মূৰ আফাল—ক্ৰি, অত্যন্ত বেজাৰ হলে মানুহে নিজৰ শৰীৰৰ প্ৰতি আদৰ নাৰাখে আৰু মৰি যাওঁ বুলি যিহতে তিহতে মূৰ আফালে। এই স্থলত, শিলত মূৰ আফালে বোল হৈছে, অৰ্থাৎ এনেৰূপে আফালে যাতে সি ফাটি যাবৰ আশঙ্কা থাকে। এতেকে,—মৰণান্তিক বেজাৰ পোৱা, to be mortified. শিলক চিকুটি ক্ষয় নিয়াব নোৱৰা—ক্ৰি, নখেৰে চিকুটিলে শিল ক্ষয় নাযায়। বৰলোকক শিলেৰে তুলনা কৰা হৈছে। এতেকে,—তুচ্ছ মানুহে বৰলোকৰ অহিত চিন্তি একো কৰিৰ নোৱৰা, not to be able to harm a powerful person by insignificant hostile acts. শিলৰ খুঁটি—বিং, শিলৰ খুঁটি লৰাব পৰা নাযায়। এতেকে,—লৰাব নোৱৰা অৰ্থাৎ অচল-অটল মানুহ, বস্তু, গুণ, ইত্যাদি, anything fixed, unalterable or determined. শিলৰ ৰেখা—বিং, শিজৰ ৰেখ লৰাব নোৱাৰি। এতেকে,—লৰ-চৰ হব নোৱৰা মত বা কাৰ্য্য, an opinion or action which is not
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৭৪
{{rh|শিলেৰে|২৬৪|শূদিৰৰ}}
liable to be altered or modified on any consideration. শিলেৰে খুণ্ডা—ক্ৰি, বৰকৈ মাৰকীল কৰা, to beat severely. শিশুপাল খেদা—বিং, শ্ৰীকৃষ্ণে শিশুপালৰ প্ৰতি যিৰূপ খেদা দিছিল সেইৰূপ খেদা অৰ্থাৎ কোবাল খেদা, a hot pursuit. শীতল সন্নিপাত—বিং, শীতল সন্নিপাত এবিধ সাংঘাতিক জ্বৰ। এই জৰত বাহিৰে গাটো চেঁচা হৈ থাকে, ভিতৰে দাহ হয়। এতেকে,—বাহিৰে শিষ্ট-শান্ত কিন্তু ভিতৰে অঘাইটং মানুহ, an innocent-looking knave. শুকান জেওৰা খৰি—বিং, জওৰা ৰদত থাকি শুকই যায়। কেঁচা বাঁহৰ ৰস থাকে, কিন্তু জেওৰাৰ বাঁহত ৰস নাথাকে। সেই দেখি শুকান জেওৰাৰ বাঁহ আনি মানুহে খৰি পোৰে। ৰস-পম নোহোৱা মানুহক তেনে খৰিৰে তুলনা কৰা হৈছে। এতেকে,—নি:কিন, a pauper. শুকান বালি তিয়াব নোৱৰা—ক্ৰি, শুকান বালিত পানী ঢালিলে পানী শুহি যায়, আৰু বালি তিতি তেতিয়াই আকৌ পূৰ্ব্বৰ দৰে শুকান হৈ পৰে। দুখীয়া মানুহক পৰে ধন-বস্তু দিলেও, সেই ধন ব্যয় হৈ, সি পূৰ্ব্বৰ দৰে দুখীয়া হৈ পৰে। এতেকে,—নিজৰ উপাৰ্জ্জনৰ বাট নাথাকিলে পৰে সাহায্য কৰি সদাই তাৰিব নোৱৰা, to be unable to keep in comfort by providing outside relief a person who has no independent source of income. শুকানী অপেচৰাই পোৱা—ক্ৰি, শুকানী অপেচৰাই পালে মানুহ দিনে দিনে ক্ষীণাই-শুকাই যায়। এতেকে,—ক্ৰমশঃ দুৰ্ব্বল হোৱা, to lose strength slowly and steadily. শুদাশুদি মানুহ—বিং, গাত গুণ নোহোৱা শুদা মানুহ, সাধাৰণ লোক, a person without accomplishments, an average person. শুদ্ধে-অশুদ্ধে—ক্ৰি-বিণ, আধা-শুদ্ধকৈ আৰু আধা-অশুদ্ধকৈ অৰ্থাৎ অসম্পূৰ্ণভাবে, imperfectly. শুহুৰি খটা—ক্ৰি, ( শহুৰ শাহুৰীক খটা ] স্বামীৰ সহবাসত থকা, to live in the husband's home. শূদিৰৰ পঢ়ুৱা--বিং, আগৰ দিনত শূদিৰৰ বিষয়-বাসনা আছিল, বামুণৰ বিদ্যা- চৰ্চ্চা আছিল। এতেকে,—নিয়মৰ বহিৰ্ভূত কাৰ্য্য কৰা মানুহ, a
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৭৫
{{rh|শেনটো|২৬৫|খাৱন-শোৱন}}
{{rh||৩৪|}}
'''শেনটো যোৱাদি যোৱা, ফেঁচাটো অহাদি অহা'''— ক্ৰি. শেনে বৰ কোবেৰে উৰি যায়৷ ফেঁচাই দিনত নেদেখে বাবে ভালদৰে উৰিব নোৱাৰে৷ এই স্থলত কোৱা হৈছে যে দুৰ্ব্বল কিন্তু অহংকাৰী মানুহে শত্ৰুৰ প্ৰতি শেনৰ দৰে বেগেৰে খেদি যায়, কিন্তু শত্ৰুৰ ওচৰ পালে ভয়ত আক্ৰমণ কৰিব নোৱাৰি লাজ পাই ফেঁচাৰ দৰে লাহে লাহে এখোজ-দুখোজকৈ আঁতৰি আহে৷ এতেকে,—কোবেৰে শত্ৰুৰ প্ৰতি খেদি গৈ ওচৰ পালে বলেৰে নোৱাৰা যেন দেখি হটি অহা, to advance defiantly but retreat ignominiously. '''শেনৰ এজাত'''—বিং, আহোম ৰজাৰ দিনত শেন মেলোৱা ৰীতি আছিল৷ শেন-চোৱা খেলৰ মানুহে শেন পুহিছিল। আকাশে দি উৰি যোৱা বনৰীয়া শেনেৰে যুদ্ধ কৰিবলৈ পোহনীয়া শেন মেলি দিয়া হয়। ৰজাৰ আগত এই খেল দেখুওৱা শেনচোৱা বৰুৱাৰ বাব আছিল। তেওঁ শেন উৰাই দিলেই ৰজাই সোধে যে “শেনে জিকিব নে হাৰিব?’’ শেনচোৱা বৰুৱাই উত্তৰ দিয়ে :— “শেনৰ এজাত” (অৰ্থাৎ “শেনৰ একৰমক ভাব দেখা গৈছে।’’) শেহত শেনে জিককেই বা হাৰকেই, শেনচোৱা বৰুৱাই কব পৰা হয়, যে তেওঁ কোৱা মতেই কাৰ্য্য হল। এতেকে,—দ্ব্যৰ্থবোধক কথা, দুভঁজীয়া কথা, an ambiguous language. '''শেহন্তৰত'''-ক্ৰি,বিং, (শেহত-অন্তত) আটাইতকৈ পিচত, in conclusion, finally. '''শেহাই-ফোঁপাই অহা'''—ক্ৰি, বৰকৈ লৰিলে মানুহে শেহায় আৰু ফোঁপায়। এতেকে,—কোনো বস্তু পাবৰ নিমিত্তে আশা কৰি কোবেৰে অহা, to come with high expection. '''শোধ সোৱঁৰোৱা''',— [শোধ দি পূৰ্ব্বদান সোৱঁৰোৱা] প্ৰতিশোধ দিয়া, to take revenge. '''শোধনী ভাৰ''',—বিং, ছোৱালী দিয়ে নে নিদিয়ে সুধিবলৈ বুলি কন্যা-ঘৰলৈ নিয়া ভাৰ, gift to a bride's guardian on the occasion of formal proposal of marriage. '''খাৱন-শোৱন নোহোৱা,'''—ক্ৰি, শোৱন আৰু খাৱনৰ সময় নোহোৱা অৰ্থাৎআজৰি নোহোৱা
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৭৬
{{rh|শোহনি|২৬৬|বড়}} নোহাৱা, to have absolutely no rest. শোহনি থকা—ক্ৰি, চহকী মানুহে পগোৱা গাখীৰ ৰূপৰ পিলাত লৈ শোহা মাৰি খায়। যেতিয়া সেই মানুহৰ আৰ্থিক অবস্থা বেয়া হয়, তেতিয়া তেওঁৰ তেনেকুৱা আয়ম নচলে। এই স্থলত কোৱা হৈছে, যে যদিও পগোৱা গাখীৰ আৰু ৰূপৰ পিয়লা দুইও নাইকিয়া হয়, তথাপি তেওঁৰ পূৰ্ব্বৰ নিচিনা শোহা মাৰি খোৱা অভ্যাসটো থাকে। পূৰ্ব্বে ৰূপৰ বাটিত পগোৱা গাখীৰ শোহা মাৰি খাইছিল, এতিয়া সেই দুইৰ অভাৱত কাঁহৰ বাটিত চেঁচা পানী শোহা মাৰি খায়। কিন্তু শোহ- নিটো অৰ্থাৎ শোহা মাৰি থোৱা ধৰণটো অবিকল পূৰ্ব্বৰ দৰে থাকে। এতেকে,—আৰ্থিক অৱস্থাহীন হোৱা সত্বেও পূৰ্ব্বৰ বৰলোকালি ধৰণ ৰৈ যোৱা, (বিদ্ৰুপ), the lingering of the ways of a rich man on the part of a person who was once a rich man but has now lost his property. {{center|⸻⸻⸻⸻}} {{center|'''ষ। '''}} ষাঁড় মেলা—ক্ৰি, বৃষোৎসৰ্গ পূজাত ষাঁড় উছৰ্গা কৰি মেলি দিয়া যায়। ইচ্ছা অনুসাৰে সেই ষাঁড় যতে ততে ফুৰি ফুৰে। যতে ততে ঘুৰি ফুৰা দুষ্ট মানুহক ষাঁড়েৰে তুলনা কৰা হৈছে। এই স্থলত অভিভা- বকে সেই মানুহক ষাঁড়ৰ দৰে মেলি দিয়ে অৰ্থাৎ তত্ত্বাবধান নলয় এই ভাব বুজোৱা হৈছে। এতেকে,—কোনো মানুহৰ তত্ত্বাবধান নলৈ ইচ্ছানুসাৰে কাৰ্য্য কৰিবলৈ তাক এৰি দিয়া, to allow person to act according to his own will and not to take care of him at all. বড় ৰস পঞ্চামৃতেৰে খোৱা—ক্ৰি, ৰস ছয় প্ৰকাৰ; যেনে:⸻ মিঠা, টেঙ্গা, তিতা,
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৭৭
{{rh|সইত|২৬৭|সত্ৰ}} কেহা, জলা, লুণীয়া। ] অমৃত পাঁচ প্ৰকাৰ। যেনে:—দৈ গাখীৰ, এৱাঁ গাখীৰ, ঘিঁউ মৌ, চেনি। এতেকে,—খাৱন খোৱা, to eat the choicest food, to partake of delicacies. {{center|'''স। '''}} সইত খোৱা—ক্ৰি, [ সত্য খোৱা ] সত্য কৈছোঁ বুলি শপথ লোৱা, to swear. সংসাৰৰ লীলা-খেলা—বিং, জীৱনৰ কাৰ্য্য-কলাপ, worldly activities. সঁচি ধন—বিং, [ সঞ্চিত ধন ] ভবিষ্যতৰ ব্যৱহাৰৰ নিমিত্তে যাক সাঁচি থোৱা যায় তেনে ধন, reserve fund. সতৰামৰ নাঙ্গল—বিং, সতৰাম নামেৰে কোনো মানুহ আছিল। হাল বাওঁতে তাৰ নাঙ্গল এঠাইত লাগে, এঠাইত নালাগে। এতেকে,—এলেবাংকৈ কৰা কাৰ্য্য, a work clumsily done. সতিনীৰহীয়া পৈ—বিৎ, সতিনীৰ প্ৰেম-ৰসপায়ী পতি অৰ্থাৎ দুজনী ঘৈণীয়েক থকা গিৰিয়েক, (চহা), a husband with two wives. (slang). সত্য-নাৰায়ণৰ ভতিজা—বিং, সত্য-নাৰায়ণ বিষ্ণুৰ এক অৱতাৰ। যি মানুহে সদাই সত্য কথা কয়, তেওঁক সত্য-নাৰায়ণৰ অংশ বোলা হৈছে। এতেকে,—অতি সত্যবাদী মানুহ, (বিদ্ৰুপ), one who habitually speaks truth, (used ironically). সত্যযুগৰ কথা—বিং, অতি পুৰণি কালৰ কথা, a thing of remote past. সত্ৰ একওৱা— ক্ৰি, ভকতবিলাক সত্ৰৰ ভিতৰত থাকে। কোনো গুৰুতৰ অপৰাধ কৰিলে তাক সত্ৰৰপৰা বাজ কৰি দিয়া হয়। এতেকে,—ঘৰ-
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৭৮
{{rh|সন্নিপতীয়া|২৬৮|সৰসতী-বাণ}} বাৰী এৰুৱাই দূৰলৈ খেদাই দিয়া, দেশান্তৰ কৰা, to drive a person away from hearth and home. সন্নিপতীয়া মানুহ—বিং, সন্নিপাত দুষ্ট জ্বৰ, ই সোনকালে আৰোগ্য নহয়। এতেকে,—দুষ্ট মানুহ, wicked person. সন্ধিৰ বাঁহ বুদ্ধিৰে উলিওৱা—ক্ৰি, জোপাৰ মাজৰ বাঁহ সন্ধিত থাকে, তাৰপৰা তাক কাটি উলিওৱা টান। এই স্থলত কোৱা হৈছে, যে বুদ্ধিৰ দ্বাৰা তেনে বাঁহো উলিয়াব পৰা যায়। এতেকে,—কোনো জটিল কাৰ্য্য বুদ্ধিৰে উদ্ধাৰ কৰা, to perform a difficult operation tact- fully. সবাহৰ কল—বিং , সবাহৰ কল সকলোকে বিলাই দিয়া যায়। এতেকে,—যাকে তাকে বিলাই দিব পৰা অলপীয়া মুল্যৰ বস্তু, a thing of trifling value. সভা-শুৱনী—বিণ, সভাৰ শোভা বঢ়োৱা থুলন্তৰ, grand. সময়ৰ শৰ—বিং, যি সময়ত শৰ মাৰিলে শত্ৰু ৰক্ষা নপৰে, চল চাই ঠিক সেই সময়তে শৰ মাৰে বোল হৈছে। এতেকে,—কালোচিত কাৰ্য, an act in the right moment. সম্পদীয়া পাৰ—বিং, প্ৰবাদ আছে যে কোনো মানুহৰ সম্পদৰ সময়ত পাৰবিলাকে নানা ঠাইৰপৰা ভাগি আহি তাৰ ঘৰত বাহ লয়। কিন্তু তাৰ বিপদৰ সূচনা হোৱা মাত্ৰেই, একে সময়তে জাঁকি মাৰি আটাইবিলাক পাৰ উৰি পলায়। এতেকে,—সম্পদৰ কালত লগ লোৱা আৰু বিপদৰ কালত আঁতৰি যোবা বন্ধু-বান্ধৱ, ইষ্ট-মিত্ৰ আদি মানুহ, a friend in prosperity but not in adversity. সৰকি যোৱা—ক্ৰি, কোনো মানুহক আবদ্ধ কৰি থলে সি কেনিবা অলপ সুৰুঙ্গা পালেই, সেই পোনে দি সৰকি পাই লৰ মাৰে। এই, স্থলত, সংসাৰত আবদ্ধ আৰু সুৰুঙ্গাই দি সৰকি সংসাৰৰ পৰা পলাই যায় বোলা হৈছে। এতেকে,—মৃত্যু প্ৰাপ্ত হোৱা, to die. সৰগৰ তৰা—বিং, [ স্বৰ্গৰ তৰা ] তৰা ওখ ঠাইত জ্বলি থাকে। এতেকে,—ওখ খাপৰ মানুহ, প্ৰখ্যাত মানুহ, a person of high order, a distinguished person. সৰসতী ৰাগ—বিণ, [ সৰস্বতী-ৰাণী ] কথকী, garrulous.
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৭৯
{{rh|সৰিয়হৰ|২৬৯|সৰ্গদেৱ}} সৰিয়হৰ জনম ধৰি বেটেৰিৰ চেপালৈ ভয় কৰিব নলগা—ক্ৰি,সৰিয়হ বেটেৰিত ভৰাই তাক চেপি তেল উলিওৱা হয়। এই স্থলত কোৱা হৈছে, যে সৰিয়হক ভৰাই চেপিবই, সৰিয়হ-স্বৰূপে জন্ম ললে বেটেৰিৰ চেপালৈ ভয় কৰা নিৰৰ্থক। এতেকে,—যি কাৰ্য্যৰ যি ফল নিশ্চিত সেই কাৰ্য্য কৰি এঁটাই সেই ফাললৈ ভয় কৰিব নলগা, not to shrink from facing the consequences of an action after the particular action has been deliberately performed. সৰু সূতা কটা—ক্ৰি, সৰু সূতা কাটিবলৈ টান। এতেকে,—মিহি বা টান বন কৰা, to do a piece of fine or difficult work. সৰু হৈ সৰকা— ক্ৰি, ভূতে মেকুৰী বা আন জন্তুৰ নিচিনা সৰু আকাৰ ধাৰণ কৰি মানুহৰ দুই ভৰি মাজে দি সৰকি যায়। সেইৰূপে সৰকি যাব পাৰিলে, সি মানুহটো ছলিব পৰা শক্তি শক্ত কৰে। 'সৰুৰ আন অৰ্থ নম্ৰ’ এতেকে,—সৰু বুজাই স্বাৰ্থসিদ্ধি , to serve one's ends by pretending to be obedient, hum- ble or modest. সৰুৰ দোষে খুচৰি খোৱ—ক্ৰি (সৰু= ইতৰ মানুহ। ) কোনো কোনো ছালৰ ৰোগে ৰোগীক খুঁ চৰি খায় অৰ্থাৎ ৰোগ ক্ৰমশ: বিয়পি গৈ ৰোগীৰ গুৰুতৰ যন্ত্ৰণাদায়ক হয়। এতেকে,—ইতৰ মানুহক কোনো অপ- ৰাধৰ নিমিতে গুৰুতৰ দণ্ড দিয়া, the punishing of a weak person relentlessly. সৰু পানী ছোৱা—ক্ৰি, মুত্ৰত্যাগ কৰিলে অলপ পানী লৈ হাত ভৰি ধুব লাগে। এতেকে,—মুত্ৰত্যাগ , to discharge urine. সৰু নাওত বৰ ভৰা দিয়া— ক্ৰি, সৰু নাওত সৰু ভৰা দিব লাগে, বৰ ভৰা দিলে নাও বুৰি যায়। এতেকে,—নিশকতীয়া মানুহক সহিব নোৱৰা ভাৰ দিয়া, to over-burden a week a person. সৰু সূতাৰ তাঁত বোৱা—ক্ৰি, সৰু সূতাৰ তাঁত ববলৈ টান, কিয়নো সূতাবিলাক বেগতে ছিগি যায়। এতেকে,—মিহি বা টান বন কৰা, to do a piece of fine or difficult work. সৰ্গদেৱ ঈশ্বৰ—বিং, আহোমবিলাকে তেওঁলোকৰ আদি ৰজা খুনলুং আৰু খুনলাই স্বৰ্গৰ পৰা নামি আহিছিল বুলি কয়। 'সৰ্গদেৱ’ শব্দে
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৮০
{{rh|সৰ্ব্বভক্ষ|২৭০|সাত}} 'সৰ্গৰ দেৱতা' আৰু ঈশ্বৰ শব্দে ‘ঐশ্বৰ্যশালী' বা 'প্ৰভু' বুজায়। আহোম-ৰজাক সম্বোধন কৰোঁতে 'সৰ্গদেৱ ঈশ্বৰ' বোলা হৈছিল। এতেকে,—প্ৰধান অধিপতি, an overlord. সৰ্ব্বভক্ষ হুতাশন—বিং, হুতাশন অৰ্থাৎ জুইয়ে কেঁচা পকা একো নেৰে, সকলোকে খায়। এতেকে,—বাছ বিচাৰ নকৰাকৈ যিহকে তিহকে খোৱা মানুহ, an indiscriminate eater. সহস্ৰ-গাঁথি—বিং, সহস্ৰ গাঁথি অৰ্থাৎ বেতৰ অসংখ্য গাঁথিৰ দ্বাৰা ঘৰ নিৰ্ম্মিত হয়। এতেকে,—ঘৰ, a house. সাঁচত মৰা—বিণ, কোনো বস্তু সাঁচত তৈয়াৰ কৰিলে ধুনীয়া হয়। এতেকে,— ধুনীয়া, গঢ়িত, well proportioned, handsome. সাগৰত কাঠি জাল মৰা— কাঠি জাল সৰু পানীত মাৰে। এতেকে,—মহৎ কাৰ্য্যত নগণ্য চেষ্টা কৰা, to employ an altogether in- adequate means to do a thing of vast importance. সাজ চাই চাপৰি বোৱা—ক্ৰি, সবাহত হাতেৰে চাপৰি বজোৱা হয়। সবাহৰ সাজ যদি অধিক থাকে, তেনেহলে নাম গোৱা মানুহে উৎসাহেৰে চাপৰি বজায়। সাজ কম থাকিলে, চাপৰি বৰকৈ নুফুটে। এতেকে,— লাভ অনুযায়ী কাৰ্য্য কৰা অৰ্থাৎ অধিক লাভৰ আশা থাকিলে অধিক অনুৰাগেৰে আৰু কম লাভৰ আশা থাকিলে কম অনুৰাগেৰে কাৰ্য্য কৰা, to labour according to the amount of gain which is expected সাজ হলে দেউৰি লগা— ক্ৰি, দেউৰিয়ে সাজ বিলায়। সাজ নাথাকিলে দেউৰিৰ আৱশ্যকতা নাই, এই ভাব বুজোৱা হৈছে। এতেকে,—ধন হলে ধন বিলাবলৈ বিলনীয় লগা অৰ্থাৎ ধন হলে হে ধন ভগা কাৰ্য্য সাধিবৰ নিমিত্তে সক্ষম হোৱা, to be able to do any business only if the requisite fund is available and not otherwise. সাত ঘাটৰ চেঙেলি—বিং, চেঙেলি মাছ একে ঘাটতে নাথাকে, ঘাটে ঘাটে চৰি ফুৰে। এতেকে,—টেঙ্গৰ মানুহ, a cunning person. সাত ঘাটৰ পানী খোৱা মানুহ— বিং, সাত ঠাইত বসতি কৰিলে সাত ঘাটৰ পানী খোৱা হয়। এতেকে,—বহু ঠাই ফুৰা মানুহ, person of vari-
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৮১
{{rh|সাত|২৭১|সাতকুৰা}} ous experiences. সাত ঠাই বাগৰা—ক্ৰি, সততে ঠাই সলাই ফুৰা, (গালিৰ জাত), to change residence too often, ( a term of abuse ). সাত পানী—বিং, (পানী= পানী থকা ঠাই, নৈ। ) বহু জলাশয়পূৰ্ণ দেশ, a flooded country. সাত বিহুৰ সৈয়া—বিং, সৈয় কণী বিহুৰ কণী-যুঁজত জিকি আহে। এই স্থলত সেই কণী ইমান সৈয়া বোলা হৈছে, যে সি সাত বছৰত সাতোটা কণী-যুঁজত জিকি আহিছে। যি মানুহে সংসাৰৰ বহু ঠেকা পাই বিতত হৈছে, সেই মানুহক তেনে কণীৰে ৰিজোৱা হৈছে। এতেকে,—প্ৰবীণ লোক, a vetaran. সাত ভতৰাৰ বল—বিং, নবন্ধোৱ গৰুক ভতৰা বোলা যায়। তেনে সাতোটা গৰুৰ বলৰ সমষ্টি অৱশ্যে অসাধাৰণ হব। এতেকে,—অসাধাৰণ বল, extraordinary strength. সাত শত্ৰু—বিং সাত গুণ শত্ৰু অৰ্থাৎ মহাশত্ৰু, an implacable enemy, a bitter foe. সাত সাগৰ তেৰ নৈ পাৰ হোৱা—ক্ৰি, হিন্দু মতে পৃথিবীত সাত সাগৰ আছিল। তেৰনৈ=বহু নৈ। অতি দূৰ দেশৰপৰা আহিলে বাটত কেইবাখনো সাগৰ আৰু তাতকৈ বহুগুণে অধিক নৈ পাৰ হৈ আহিব লাগে, এই ভাব বুজোৱা হৈছে। এতেকে,—অতি দূৰবৰ্তী দেশৰপৰা অহা, to come from an immense distance. সাত সাগৰ পাৰ হৈ গৰু-খোজৰ পানীত বুৰি মৰা— ক্ৰি, ডাঙ্গৰ বিপদক সাগৰেৰে আৰু নিচেই সৰু-সুৰা বিপদক গৰু-খোজৰ পানীৰে তুলনা কৰা হৈছে। এতেকে,—অনেক মহা-বিপদ নিৰাপদে অতিক্ৰম কৰি শেষত কোনো এটা নিচেই সৰু-সুৰা বিপদত ধ্বংস পোৱা, to be ruined in a trifling danger having successfully overcome great many dangers of vast magnitude. সাতকুৰা অগ্নিমূৰ্ত্তি হোৱা—ক্ৰি, অগ্নি জলে। সাতকুৰা অগ্নিৰ মূৰ্ত্তি অতি উজ্জল। মানুহৰ বৰকৈ খং উঠিলে মুখত তেজ উঠে, তেতিয়া মুখখন জুইৰ নিচিনা ৰঙ্গা দেখা যায়। এতেকে,—অতি ক্ৰোধান্বিত হোৱা,
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৮২
{{rh|সাতখন|২৭২|সাতাম-পুৰুষীয়া}} to be profoundly agitated by feeling anger. সাতখন গাওঁলৈকে যোৱা—ক্ৰি, ক্ৰমান্বয়ে সাতখন গাঁও বহু দূৰলৈকে বিস্তৃত হৈ থাকে। এতেকে,—দূৰলৈকে যোৱা অৰ্থাৎ সৰ্বত্ৰ প্ৰচাৰিত হোৱা, to be published far and wide. সাত-খলপীয়া সৰু—বিণ, ( খলপ= খট্ খটীৰ খলপ ) সাত খলপৰ অন্তৰ সৰু অৰ্থাৎ বহু সৰু ( 'বয়স’ আৰু 'মান’এ দুইতো ‘সৰু’ বুজোৱা হয় ), disproportionately smaller, highly inferior. সাত-তৰপীয়া জেওৰা—বিং, যাতে পাৰ হৈ যাব নোৱাৰে, এনে ভাৱেৰে সাত- তৰপীয়াকৈ জেওৰা দিয়া হয় বোলা হৈছে। এতেকে,—কোনো কাৰ্য্যত ডাঙ্গৰ ভেঁটা, as insuperable obstacle. সাত হাল মেঘে বৰষুণ দিয়া—ক্ৰি, প্ৰবাদ আছে যে মেঘ সাত হাল অৰ্থাৎ সাত জনা পুুৰুষ আৰু সাত জনা তেওঁবিলাকৰ ভাৰ্য্যা। এতেকে,—ডাঙ্গৰ বৰষুণ দিয়া, to rain heavily. সাতি গুণা—বিং , (সাতি=সাত বহুগুণ, , a great number of time. সাতি জোখা—বিং, (সাতি=সাত) বহু পৰিমাণ, a great quantity. সাত পাঁচে—ক্ৰি-বি, কোনো কাৰ্য্য কৰিব লাগে নে নালাগে ভাবিলে কৰবি লগা পোনে সাতোটা আৰু কৰিব-নলগা পোনে পাঁচোটা কথা পাই কৰি লগা-পোনে অলপ ভাল দেখি সেই কাৰ্য্য কৰিবৰ নিমিত্তে ঠিক কৰা হয়, এই ভাব বুজোৱা হৈছে। এতেকে,—বহু কথা গুণি-ভাবি মনত আশংকাৰে, hesitatingly. সাতো দ্বিপ ফুৰা—ক্ৰি, হিন্দু দ্বিপ সাতোটা যেনেঃ- জম্বু, শাল্মলী, কুশ, পুকৰ,, শাক, ক্ৰৌঞ্চ। এতেকে,—বহু ঠাই ফুৰা, to travel widely. সাতো সাগৰত স্নান কৰোৱা—ক্ৰি, আগৰ দিনত বালিয়ে ৰাৱণক নেগুৰত আঁৰি লৈ সাতো সাগৰত স্নান কৰাইছিল। এতেকে,—বহু কষ্ট দিয়া, to harass in various way. সাতৰি সোণ—বিং, [ সাদৰি সোণ ] সোণ আপুৰুগীয়া আৰু মানুহৰ অতি প্ৰিয় ধাতু। এতেকে,— আপুৰুগীয়া চেনেহৰ বস্তু, a rare and beloved thing. সাতাম-পুৰুষীয়া ৰীতি—বিণ, [সাতাম পুৰুষীয়া ৰীতি ] সপ্তম পুৰুষৰ পৰা চলিত
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৮৩
{{rh|সাদৰক|২৭৩|সাপে}} ৰীতি, চিৰকলীয়া ৰীতি, a time-honoured custom. সাদৰক নেওচা—ক্ৰি, ‘সাদৰ’ আৰু 'আদৰ’ তুল্যাৰ্থ শব্দ। 'নেওচা’ শব্দে ‘নিচ- স্থান কৰা’ (অৰ্থাৎ তললৈ নিয়া বা তুচ্ছ জ্ঞান কৰা) বুজায়। এতেকে,—যাৰপৰা মৰম পোৱা যায় তেমে মানুহক তুচ্ছ জ্ঞান, to treat the benefactor with intentional neglect or superciliousness. সাধি অহা—ক্ৰি, পূৰ্ব-জন্মৰ সাধনাৰ দ্বাৰ সৌভাগ্যৰ অধিকাৰী হৈ জন্ম গ্ৰহণ কৰা, to be possessed of good luck as a reward of virtue in the previous existence. সান্দহ-খোৱা বালি তল যোৱা—ক্ৰি, নৈৰ বালিত ভোজ-খোৱাৰ প্ৰথাৰপৰা এই বাক্য ওলাইছে। যি বালিত সান্দহ খোৱা হয়, বাৰিষ কালত সি পানীৰে তল যায়। এতেকে—সুখৰ ঠাই নাইকিয়া হোৱা অৰ্থাৎ সুখ-ভোগ অন্ত হোৱা, the coming to an end of the days of pleasure. সাপ মাৰি নেগুৰত বিষ থোৱা—ক্ৰি, সাপৰ নেগুৰতো বিষ থাকে, আৰু মানুহক সি নেগুৰেৰে ছাটি মাৰিলেও বিষ লাগি মানুহ মৰে বুলি কয়। সাপক কোবাই মাৰিলেও নেগুৰ ডাল বহু পৰলৈকে লৰফৰাই থাকে। সি মৰিলেও নেগুৰ ডাল জীয়াই থাকিলে বিপদৰ আশংকা থাকিব পাৰে, এনে ভাব বুজোৱা হৈছে। এতেকে,—শত্ৰুক বশীভূত কৰা কিন্তু নিৰ্ম্মূল নকৰা, not to vanquish a foe after having brought him under control. সাপে কঁকালৰ কোব নাপাহৰা—ক্ৰি, সাপৰ ক্ৰূৰ স্বভাৱ। যদি কোনো মানুহে তাৰ কঁকালত কোব মাৰে, আৰু সি যদি সিমানতে পলাই সাৰিব পাৰে, তেনেহলে অপৰাধীৰ প্ৰতিশোধ লবৰ নিমিতে সি সদাই চেলু চাই ফুৰে, এনে প্ৰবাদ প্ৰচলিত আছে। এতেকে,—ক্ৰূৰ মানুহে অপৰাধীক প্ৰতিশোধ দিবৰ নিমিত্তে সদাই চেষ্টিত থকা, the harbouring of feelings of revenge by a crooked person towards his malefactor. সাপে তিনিবাৰ হাঁচিওৱা—ক্ৰি, মানুহক খুঁটিবৰ আগতে সাপে তিনিবাৰ হাঁচিয়ায়, এনে প্ৰবাদ আছে। যদি তেতিয়াও মানুহটো আঁতৰি নাযায়, ৩৫
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৮৪
{{rh|সাপে|২৭৪|সীতাৰ}} তেতিয়া হে সি তাক খোঁটে। এতেকে,— মহাশত্ৰুৱেও দণ্ড দিয়াৰ পূৰ্ব্ৱতে তিনিবাৰ সতৰ্ক কৰি দিয়া, the warning to a person thrice before punishing him even by an enemy of the worst type সাপে সাপৰ ঠেং দেখা—ক্ৰি, প্ৰবাদ আছে যে সাপৰ ঠেং আছে, কিন্তু তাক মানুহে নেদেখে। এই স্থলত, দুষ্ট মানুহক সাপেৰে তুলনা কৰা হৈছে। এতেকে,—দুষ্ট মানুহে দুষ্ট মানুহক চিনি পোৱা, the knowing of the ways of a wicked person only by a person who is himself wicked. সিংহ পুৰুষ—বিং, সিংহ জন্তুৰ ভিতৰত শ্ৰেষ্ঠ। এতেকে,—শ্ৰেষ্ঠ পুৰুষ, a grand person. সিংহৰ এটা—বং , সিংহৰ অৰ্থাৎ শ্ৰেষ্ঠ পুৰুষ এজন হলেও দেশৰ বহু উপকাৰ হয়, এনে ভাব বুজোৱা হৈছে। এতেকে,—অকলশৰীয়া যোগ্য মানুহ, a single worthy man. সিংহৰ পোৱালি—বিং, সিংহ মহানুভৱ জন্তু। ইয়াৰ পোৱালিতো তদ্ৰূপ মহানুভৱতা প্ৰকাশ পায়। এতেকে,—মহানুভৱ বাপেকৰ মহানুভৱ পুতেক, a worthy son of a worthy father. সিপৰীয়া হোৱা—ক্ৰি, সিপাৰলৈ যোৱা অৰ্থাৎ মৃত্যুপ্ৰাপ্ত হোৱা, ('কাল নদীৰ' ইপাৰে 'জীৱন' আৰু সিপাৰে 'মৰণ' ), to go to the other bank i. e. to die. সিপুৰী—বিং, পৰলোক, the next world. সিফলীয়া হোৱা—ক্ৰি, সিফাললৈ যোৱা অৰ্থাৎ মৃত্যুপ্ৰাপ্ত হোৱা, to go to the other side i. e. to die. সিলিখা-বুলীয়া— বিং, সিলিখাৰ বোল ক’লা। এতেকে-ৰুশ, মলিযুক্ত, dark-coloured, soiled. সীতাৰ হৈ মাতোঁতা নোহোৱা—ক্ৰি, ৰাৱণে সীতাক হৰি নি লক্ষাৰ অশোক-বনত লুকাই থৈছিল। ৰামে সসৈন্যে গৈ লংকা অবৰোধ কৰিলে। ৰামৰ সৈন্য-সামন্ত বান্দৰ আছিল। সেইবিলাকে গৈ জুৰি পেলালে কিন্তু ৰাৱণক শীঘ্ৰে পৰাস্ত কৰিব পৰা নাছিল। ৰাৰণে অশোক বনত সোমাই সীতাক নানা-প্ৰকাৰ প্ৰলোভন দেখুৱায়। সীতাই
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৮৫
{{rh|সু-তিৰী|২৭৫|সেৱা-জাননী}} মনৰ আবেগত কৈছিল :--- 'ৰামৰ পৰিয়ালে লঙ্কা জুৰি আছে, সীতাৰ হৈ মাতোঁতা নাই!” এতেকে,— ভাগ্য মন্দ হলে আত্মীয়-পৰিয়ালৰ পৰাও সাহায্য নোপোৱা, not to receive help even from the nearest relations when one falls on evils times সু-তিৰী ফেদেলী--বিং, ফেদেলী তিৰোতা ভাল তিৰোতা, অৰ্থাৎ তেনে তিৰোতা ৰূপৱতী নোহোৱা বাবে যত্ন কৰি গুণৱতী হয়, এই ভাব বুজোৱা হৈছে। এতেকে,—গুণবতী কুৰূপা তিৰোতা # perfectly qualified but ugly-looking woman. সু বাট দূৰ-গম হোৱা—ক্ৰি,, সু-বাট হলে দূৰ-গম হয়, অৰ্থাৎ ভাল বাট হলে দূৰণীয়া হয়। ( এই স্থলত শব্দ খেলৰ দ্বাৰা 'দুৰ্গম’ এই অৰ্থ মনত উদিত হয়। ) এতেকে,—ভাল কাৰ্য্য ধন সময়-সাপেক্ষ হোৱা, the taking of time for a work to be done well. সুৰসুৰীয়া হোৱা—ক্ৰি, মানুহে ভয়ত চলাওঁতা জনে যেনি যাবলৈ কয় সুৰসুৰ কৰে তেনি যায়। এতেকে,—ভয়ত সম্পূৰ্ণ বশীভূত হোৱা, to submit completely under the influence of fear. সুৰুকা মৰা—ক্ৰি, সুৰুক-কৰে যোৱা অৰ্থাৎ সংসাৰৰ লেঠা সাৰি পলোৱা, মৃত্যু- প্ৰাপ্ত হোৱা, to flee away from this world of cares and anxieties, i. e. to die. সূৰ্য্যৰ মুখত সোপা দিব নোৱৰা—ক্ৰি, সুৰ্যে চাৰিও পিনে ৰশ্মি প্ৰকাশ কৰে। সূৰ্য্যৰ মুখত কোনোৱে সোপা দিব নোৱাৰে, অৰ্থাৎ সূৰ্য্যক কোনোৱে ৰশ্মি প্ৰকাশ নকৰাকৈ ৰাখিব নোৱাৰে। ৰাইজক সূৰ্য্যেৰে ৰিজোৱা হৈছে। ৰাইজৰ মুখত কোনোৱে সোপা দিব নোৱাৰে, অৰ্থাৎ ৰাইজক কোনোৱে গুপ্ত কথা প্ৰকাশ নকৰাকৈ ৰাখিব নোৱাৰে। এতেকে,— গুপ্ত কথা ঢাকি ৰাখিব নোৱৰা, to be unable to prevent a secret from leaking out. সেৱা-চুৰ কৰা— ক্ৰি, (চুৰ কৰা= অপৰাধ কৰা। ) সেৱা-সৎকাৰ সম্বন্ধীয় অপ- ৰাধ কৰা, ভক্তিৰ ক্ৰুটি কৰা, to transgress. সেৱা-জাননী—বিং, যি বস্তু গুৰু-গোঁসাইক দি সেৱা কৰি কোনো কথা জনোৱা যায় সেই বস্তু, a gift made to a high priest on the occasion of formally communicating to him any
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৮৬
{{rh|সোঁ-মৰণেৰে|২৭৬|সোণে-পোৱালে}} important event. সোঁ-মৰণেৰে মৰা—ক্ৰি, [ সম-মৰণেৰে মৰা ] বিষম অৰ্থাৎ অপঘাত জনিত মৰণেৰে নমৰি সম অৰ্থাৎ স্বাভাবিক মৰণেৰে মৰা, to die a natural death. সোটমোচ ধোপোচ—বিং, কোনো অলাগতিয়াল বস্তু সোটমোচ কৰি ধোপোচ- কৰে পেলাই দিয়া হয়। এতেকে,—কোনো অকামিলা বস্তু বা মানুহ, a useless thing or person. সোণ হলে দঁতাল হাতী পোন হোৱা--ক্ৰি, সোণ অথাৎ ঐশ্বৰ্য্য হলে হাবিৰ দঁতালহাতীকো ধৰি আনি শিকাই পোন অৰ্থাৎ বশীভূত কৰিব পৰা যায়। এতেকে,—ঐশ্বৰ্য্য-বিভূতি হলে সৰ্ব্ব কাৰ্য্য সমাধা হোৱা, the making of everything easy by money. সোণতকৈ জেউতি চৰা—বিণ, সোণৰ জেউতি অতি বেচি। এই স্থলত, সেই জেউতিতকৈও চৰা বোলা হৈছে। এতেকে,—অনুপম সুন্দৰ, exceedingly bright. সোণৰ-{{বঙালী ৰ}}ূপৰ কলচী—বিং, কলচী দ’ল আদিৰ ওপৰত জিলিকি থাকে। তাতে যদি সি সোণৰ বা ৰূপৰ হয়, তেনেহলে তাৰ তিৰবিৰণি আ{{বঙালী ৰ}} বেচি হয়। এতেকে,—সৰ্বশ্ৰেষ্ঠ পুৰুষ, an illustrious personage. সোণ-{{বঙালী ৰ}}ূপৰ মুখেৰে কোৱা—ক্ৰি, সোণ আৰু ৰূপ বিখ্যাত ধাতু। এতেকে,— বিখ্যাত মুখেৰে কোৱা অৰ্থাৎ যাতে বাক্যৰ খণ্ডন হব নোৱাৰে এনে- ভাৱে বিখ্যাত মানুহে আপোন মুখেৰে কথা কোৱা, to speak out anything irrevocably or unalterably. সোণৰ ষোলেং—বিং, ষোলেং এবিধ টেঙ্গা। সোণেৰে ষোলেঙ্গৰ আকৃতিৰে বস্তু তৈয়াৰ কৰা হয়। এতেকে,— যেই সেই বহুমূলীয় বস্তু, a valuable thing. সোণে-পোৱালে গঁথাঁ—ক্ৰি. সোণে-পোৱালে গাঁথি সুন্দৰ গলমণি তৈয়াৰ কৰা হয়। অকল সোণেৰে নাইবা অকল পোৱালেৰে ভাল গলমণি কৰিব নোৱাৰি। ভাল আৰু বেয়া দুইৰো মিহলি হলে হে কামিলা বস্তু হয়। এতেকে,—ভাল আৰু বেয়া মিহলাই কোনো লাগতিয়াল কাৰ্য কৰা, to make anything useful and permanent by blending the good and the evil harmoniously.
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৮৭
{{rh|সোণ-খটোৱা|২৭৭|স্বৰ্গৰ}} সোণ-খটোৱা—বিণ, ৰূপৰ অলঙ্কাৰত সোণ খটালে সি মূল্যবান হয়। এতেকে,— মুল্যবাণ, valuable. সোণ-সেৰীষা—বিণ, সোণৰ সেৰাৰ নিচিনা, বহুমূলীয়, precious. সোণাৰি-গঢ়ী—বিণ, সোণাৰিৰ ছোৱালীবিলাক দেখিবলৈ ধুনীয়া। এতেকে,— সুশ্ৰী, শুৱনী। ( ছোৱালীত খাটে ), handsome, pretty (said of a girl). সে'পায়ং নমঃ কৰা —ক্ৰি, পূজাৰিয়ে লৰালৰিকৈ পূজা শেষ কৰিবৰ নিমিত্তে বেল-পাত তুলস-ীপাত আদি পূজাৰ বস্তু এপাত-এপাতকৈ নিদি একে- বেলিতে সোপাকে দি দিয়ে। বস্তু দেৱতাত লগাওঁতে ‘নমঃ’ শব্দ উচ্চাৰণ কৰা হয়। 'সোপাকে দিয়া হৈছে’ এই ভাব বুজাবলৈ বিদ্ৰুপৰ ছলেৰে ‘সোপায়ং নমঃ’ বোলা হৈছে। এতেকে,—প্ৰণালী মতে এটা-এটাকৈ কাৰ্য্য নকৰি সকলো কাৰ্য্য একেবেলিতে লেটি- পেটিকৈ কৰা, to do the whole thing at once in confusion instead of serially in due form. সোলা মুখৰ চৰ—বিং, দাতলগা মুখত চৰিয়ালে মানুহে বৰ দুখ নাপায়, কিয়নো তাৰ দাঁতৰ পাৰিয়ে চৰৰ কোব অনেক পৰিমাণে ৰাখে। সোলা মুথত চৰিয়ালে সি বৰ দুখ পায়। এতেকে,—বিপদ নিচেই সহিব নোৱৰা মানুহৰ পক্ষে বিপদ, a misfortune to one who is least able to endure it. স্বৰ্গৰ অপেচৰা—বিং, স্বৰ্গৰ অপেচৰা অতি শুৱনী। এতেকে,—অতি গুণী তিৰোতা, a paragon of beauty. {{center|⸻⸻}}
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৮৮
{{rh|হনুমন্ত|২৭৮|হৰিণৰ}} {{center|'''হ। '''}} হনুমন্ত জাঁপ—বিং, ( হনুমন্ত = হনুমান। ) হনুমানে জাঁপি মাৰি সাগৰ পাৰ হৈ লঙ্কালৈ গৈছলি। এতেকে, ডাঙৰ জাপ, a big leap. হয় দিয়া—ক্ৰি, [ 'হয়' বুলি মত দিয়া ] সম্মতি প্ৰকাশ কৰা, to consent, to agree. হৰি হৰি কৰা—ক্ৰি, কোনো আচৰিত কাৰ্য্য দেখিলে হৰি হৰি শব্দ উচ্চাৰণ কৰা হয়। এতেকে,—আচৰিত মনা, to be struck with wonder, to marvel, to be amazed. হৰি হৰি দেখা—ক্ৰি, [ “দেও দেও দেখা” চোৱাঁ ] হৰি কথাতকৈ চাউল কঠা টান হোৱা—ক্ৰি, ( হৰি কথা =ঈশ্বৰ ভক্তি চাউল কঠা = পেট প্ৰবৰ্ত্তনৰ উপায়, উপজীবিকা। ) পৰকালৰ পাৰমাৰ্থিক আত্মাৰ কল্যাণৰ চিন্তাতকৈ ইহকালৰ ভৌতিক জীৱণৰ কল্যাণৰ চিন্তা টান হোৱা, the thinking of the preservation of the life in this world more deeply than the salvation of the soul in the next world. হৰিভৰ দিয়া— [ হৰিয়ে জগতৰ ভৰ দিয়া ] সৰ্ব্বতোভাৱে সম্মতি দিয়া, to give full support to any measure, opinion or sugges- tion. 'হৰিয়ে গোবৰ্দ্ধন ধৰি ৰখা—ক্ৰি, হাতেৰে গোবৰ্দ্ধন পৰ্ব্বত দাঙ্গি ধৰি শ্ৰীকৃষ্ণে গোকুলত বাত-বৃষ্টিৰপৰা গোপ-বালকসকলক ৰক্ষা কৰিছিল এতেকে,—ঈশ্বৰে যথোচিত উপায় উদ্ভাবন কৰি ৰক্ষা কৰা, the keeping of a person from danger by the Merciful God. হৰিণৰ মাংসই বৈৰী হোৱা— ক্ৰি, যদিও হৰিণ নিৰপৰাধী, তথাপি তাৰ মাংস খাবলৈ সোৱাদ বাবে তাক মানুহে বধ কৰে। সম্পত্তিশালী মানুহক হৰিণাৰে লনা কৰা হৈছে। তেওঁৰ সম্পত্তি দেখি পৰে তেওঁৰ অপকাৰ চিন্তে। এতেকে,—সম্পত্তিশালী মানুহৰ নজিৰ সম্পত্তিয়েই শত্ৰু হোৱা, the turning out of a person to be enemy to self on account of his wealth which by its very nature
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৮৯
{{rh|হৰিণে|২৭৯|হস্তীৰ}} arouses jealousy and a desire to harm in the breast of other people. হৰিণে বাঘৰ গাল চেলোকা—ক্ৰি, বাঘে হৰিণক বধি তাৰ মাংস খায়। হৰিণে নিলগতে বাঘৰ গম পালেই পলাই ফুৰে। এই স্থলত, হৰিণে ওচৰলৈ চাপি বাঘৰ গাতে লাগি তাৰ গালখন চেলেকি দিয়ে বোলা হৈছে। জন্তুবিলাকে চেলেকা-চেলেকি কৰি ইটোৱে-সিটোৱে মৰম বুজায়। এতেকে,—অসম্ভৱ কাৰ্য্য ঘটা, the happening of the im- possible. হৰ্ষ-বিষাদ লগা—ক্ৰি, আনন্দত বেজাৰ লগা, আনন্দ আৰু বেজাৰৰ মিহলি অবস্থা পোৱা, to feel pleasure mingled with pain. হ’ল বিয়াত উৰুলি দিয়—ক্ৰি, প্ৰস্তাৱ ঠিক্ ঠাক্ হৈ বিয়াৰ সময় উপস্থিত হল, উৰুলি দি উৎসৱ সমাধা কৰিব লাগে। তৰ্ক-বিতৰ্কৰ সময় পাৰ হৈ কাৰ্য্য-কাল উপস্থিত হল, এই ভাব বুজোৱা হৈছে। এতেকে,— কাৰ্য-কাল উপস্থিত হলে তৰ্ক-বিতৰ্ক এৰি কাৰ্য্য সুকলমে সমাধা কৰিবলৈ চেষ্টা কৰা, to try to finish a work quickly after it has actually been commenced without delaying it by discussions which are too late. হলা গছত আটায়ে বাগি কুঠাৰ মৰা—ক্ৰি, পোন হৈ থকা গছ কাটিবলৈ টন। কিন্তু যি ডাল গছ হলি থাকে তাত কুঠাৰ মাৰিবলৈ চল, আৰু সি নিজৰ ভৰতে সহজে পৰি যায়। এই স্থলত কোৱা হৈছে, যে হলা গছ দেখিলে আটায়ে বগিয়াবগিকৈ কুঠাৰ মাৰে অৰ্থৎ প্ৰত্যেকে পাল বাটি কাটে, কোনেও পাল এৰি নিদিয়ে। পোন হৈ থকা কাঠ কাটিবলৈ হলে, প্ৰত্যেকে আনক কাটিবলৈ কৈ নিজে আঁতৰি থাকিব খোজে। বিপদত পৰা মানুহক হলা গছেৰে তুলনা কৰা হৈছে। এতেকে,—বিপদত পৰা মানুহক সকলোৱে অপকাৰ কৰিবলৈ আগ- বঢ়া, the harassing of a person who is already in trouble by everybody who meets him. হস্তীৰ পাৱ পিছলা—ক্ৰি, হস্তী ডাঙ্গৰ জন্তু। খোজ কাঢ়োঁতে আচলত কেতিয়াবা কেতিয়াবা তাৰে ভৰি পিছলি যায়। এতেকে,—ডাঙ্গৰ মানুহৰে কেতিয়াবা ভুল হোৱা, the taking of a false step
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৯০
{{rh|হাঁ|২৮০|হাঁহৰ}} even by a great man occasionally by error of judgment. হাঁ বোলোঁতেই হুমুনিয়াৰ বাতৰি পোৱ —ক্ৰি, বেজাৰত মানুহে হুমুনিয়া কাঢ়োঁতে ‘হাঁ’ এনে মাত উচ্চাৰিত হয়। এই স্থলত কোৱা হৈছে, যে হাঁ বোলোঁতেই হুমুনিয়াৰ বতৰি পোৱা যায়, অৰ্থাৎ কিহৰ নিমিত্তে হুমুনিয়া কঢ়া হৈছে, তাৰ বৃতান্ত কব পৰা যায়। এতেকে,—কথা উলিয়াওঁতেই আদ্যোপান্ত বৃত্তান্ত বুজিব পৰা, সামান্য আভাষৰপৰা সমস্ত ঘটনা অনুমান কৰিব পৰা, to be able to infer the whole fact from the mere monition of it. হা-হাঁ কা-কা কৰা—ক্ৰি, ( হাঁয় হাঁয় কা কা কৰা ] কাউৰীয়ে কা-কা কৰি ৰম- লিয়ায়। এতেকে,—হাঁয় হাঁয় কৰি ৰমলিওৱা অৰ্থাৎ আৰ্ত্তনাদ কৰা, দুখ-কষ্টত পৰি চিঞৰ-বাখৰ কৰি ফুৰা, to bewail one's lot on account of heavy pecuniary embarrassments. হাঁ-তে শুকোৱা—ক্ৰি, হাঁ এই ভাবতে ক্ষীণাই-শুকাই যায় অৰ্থাৎ হাঁ ধন হাঁ বন্তু বুলি থাকোঁতে চিন্তাত শৰীৰ দুৰ্ব্বল হৈ যায়, এই ভাব বুজোৱা হৈছে। ( 'হাঁ’ হাঁয় শব্দৰ অপভ্ৰংশ। ) এতেকে,—নাটনিত কাতৰ হোৱা, to be distressed always with feeling of want. হাঁচটি বজা—ক্ৰি, হাঁচটিত টেমিকটাৰি থোৱা হয়। কটং কাটাংকৈ টেমি- কটাৰি বাজে, কিন্তু হাঁচটি নাবাজে। এই স্থলত, হাঁচটি বাজে বোলা হৈছে। কোনো কাৰ্য্যৰে সৈতে সম্পৰ্ক নথকা মানুহে সেই কাৰ্য্যৰে বিষয়ে মুখ বজায় অৰ্থাৎ কোৱা-মেলা কৰে, এই ভাব বুজোৱা হৈছে। এতেকে,—অসম্পৰ্কিত বিষয়ত হস্তক্ষেপ কৰা, to interpose or interfere in other men's affairs, to meddle in any thing in which one has no concern. হাঁবা-কাবা কৰা—ক্ৰি, [ হাঁয় হাঁয় কাওবাও কৰা ] হাঁয় হাঁয় কৰি কাওবাও কৰি ফুৰা, দুখ-কষ্টত পৰি অস্থিৰ হৈ ফুৰা , to be unmanned by dire pecuniary need. হাঁহৰ ওপৰত শিয়াল ৰজা হোৱা—ক্ৰি, হাঁহৰ বল নাই, শিয়ালে তাক অনায়াসে ধৰি লৈ যায়। প্ৰজাৰ ওপৰত ৰজাৰ ক্ষমতা অসীম। হাঁহৰ ওপৰতো শিয়ালৰ ক্ষমতা ৰজাৰ সমান সমান বোলা হৈছে। দুৰ্ব্বল
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৯১
{{rh|হাঁহ-চোৰৰ|২৮১|হাড়}} মানুহক হাঁহেৰে আৰু শালী মানুহক ৰজাৰে তুলনা কৰা হৈছে। এতেকে,—নিচলাৰ ওপৰত বাহতালি দেখুওৱা, to show power to the weak. হাঁহ-চোৰৰ মূৰত পাখি লাগি থকা—ক্ৰি, হাঁহ চুৰ কৰিলে চোৰৰ মূৰত দুটা এটা পাখি লাগি থাকে, আৰু সেয়েই পিচত তাক ধৰা পেলাই দিয়ে। এতেকে,—বেয়া কামৰ নিদৰ্শন ৰৈ যোৱা, the leaving behind of evidence of dime by a wrong-doer. হাঁহিত পেটু-নাড়ী ছিঙ্গা—ক্ৰি, বৰকৈ হাঁহিলে পেটত খুচি ধৰি নাড়ী ছিগি যোৱা যেন বোধ হয়। এতেকে,—অতিপাতকৈ হঁহা to laugh a side- splitting laughter, to laugh outright. হাই হাই খাই খাই কৰা—ক্ৰি, [ হাঁয় হাঁয় খায় খায় কৰা ] 'হাঁয় হাঁয়, লোকে, লোকে খায়” এই দৰে কৰা অৰ্থাৎ সদাই দন্দ-খৰিয়াল কৰি থকা, to engage in petty squabble due to jealousy. হাইঠা মাটিত পৰা—ক্ৰি, প্ৰবাদ আছে যে হাইঠা চৰাই ৰাটিত নপৰে। দৈবাৎ— মাটিত পৰিলে সি চাকোলা হয়। এতেকে,—যি মানুহৰ মাটিত ভৰি দিয়া অভ্যাস নাই অৰ্থাৎ যি মানুহে সদাই ওখ বাহনত ফুৰে বা ওখ আসনত থাকে তেনে মানুহে মাটিলৈ নমা, the appearing of a. great man on the ground who is accustomed to keep in a high story of a house or travel in a carriage. হাট-বাট কৰা⸺ [ হাট-বাটত দেখাদেখি কৰা ] লুকাই-চুৰকৈ মীলা-প্ৰিতি হোৱা, to meet clandestinely (applied to lovers). হাটে বাটে—ক্ৰি-বিণ, যতে ততে প্ৰকাশ্য ঠাইত, anywhere and every where. হাড়-ছাল ওলোৱা—বিণ, মানুহ অতিকৈ ক্ষীণালে হাড়বিলাক ওলায় (দেখা যায়) আৰু ছালখন ওলায় (বহলি যায় অৰ্থাৎ সোতোৰা- সোতোৰ হয়। ) এতেকে,—অতি ক্ষীণ, emaciated. হাড় শুচি কৰা—ক্ৰি, বিয়া নকৰাকৈ মৰিলে মানুহ অশুচি হয়। তেনে মানুহৰ হাড় প্ৰায়শ্চিত্তৰ দ্বাৰা শুচি কৰিলৈ শ্ৰাদ্ধাদি ক্ৰিয়া কৰা হয়। বিয়া কৰিলে হাড় শুচি হৈ থাকে; মৰিলে সেই হাড় প্ৰায়শ্চিত্তৰ দ্বাৰা শুচি কৰিব নালাগে। দুখীয়া ভাবেৰে বিয়া কৰি কোনো মতে হাড়
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৯২
{{rh|হাড়ক|২৮২|হাত}} শুচি কৰি থোৱা হয়, এনে ভাব বুজোৱা হৈছে। এতেকে,—দুখীয়া ভাৱেৰে বিয়া কৰোৱা, to celebrate the ceremony of marriage in a poor style. হাড়ক মাটি কৰা—ক্ৰি, মৰা-শ পুতিলে হাড় মাটি হৈ যায়। অতিৰিক্ত পৰিশ্ৰম কৰিলে মানুহ মৰে। এতেকে,—অতিৰিক্ত পৰিশ্ৰম কৰা, to labour too hard. হাড়ত বন গজা—ক্ৰি, মৰাশ মাটিত পুতি থলে মঙ্গহ গেলি-পঁচি মাটি হৈ যায়, আৰু হাড়ৰ ওপৰত বন গজে। মৰা-শৰ এনে অৱস্থা হৱলৈ বহুকাল লাগে। এতেকে,—বহুকাল পূৰ্ব্বে প্ৰাণ ত্যাগ কৰা, to be dead and gone long since হাড়লৈকে চিনা—ক্ৰি , হাড় শৰীৰৰ অন্তৰত থাকে। এতেকে,—অন্তৰ পৰ্য্যন্ত জনা, to know to the core i. e. thoroughly. জাড়ে কণ্ কণোৱা—ক্ৰি, (কণ্ কণীয়া = শুকান। ) বয়স বেচি হলে হাড়তে ৰস। মৰি সি কণ্ কণীয়া হয় অৰ্থাৎ বেচি কামিলা হয়। এতেকে,— বয়সত অভিজ্ঞতা বঢ়া, to become a veteran by age and experience. হাড়-নাইকিয়া জিবা—বিং, জিবাৰ হাড় নাইকিয়া দেখি সি আপোনা-আপুনি যেনিয়ে তেনিয়ে লৰং-ফৰং কৰি থাকে অৰ্থাৎ নভবা নিচিন্তাকৈ ভাল- বেয়া কথাকৈ থাকে। এতেকে,—স্বভাৱতে বিবেচনাহীন জিবা the tongue which is by nature inconsiderate. হাড়-ভঙ্গা বন—বিং , বলে নোৱৰা বন কৰোঁতে হাড় ভাগে। এতেকে,—কঠিন পৰিশ্ৰমৰ দ্বাৰা সাধ্য কাৰ্য্য, an arduous task. হাড়ে-ছালে লগা—বিং, হাড়ৰ ওপৰত মঙ্গহ থাকে আৰু মঙ্গহৰ ওপৰত ছাল থাকে। এই স্থলত কোৱা হৈছে, যে মঙ্গহ নাইকিয়া হৈ হাড়ে ছালে লগ হৈছে। এতেকে,—অতি ক্ষীণ, emaciated. হাত অহা— ক্ৰি, (অহা = চলি অহা। ) কোনো কাৰ্য্য কৰিবৰ নিমিত্তে হাত যেনে- ভাৱে চলিব লাগে, অভ্যাস কৰি থাকিলে তেনেভাবে চলে বোলা হৈছে। এতেকে,—হাতৰ অভ্যাস হোৱা, to be good at performing a thing by habit. হাত উঠা— ক্ৰি, (কড়ি-খেলৰ বাক্য ) কড়ি-খেলত ক্ৰমশ: দানি-পৰিবলৈ ধৰিলে
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৯৩
{{rh|হাত|২৮৩|হাত}} ‘হাত উঠে’ বোলে। এতেকে,—ক্ৰমশঃ আৰ্থিক অৱস্থা ভাল হোৱা, to be continually better off. হাত এৰি হেতালি খেলা—ক্ৰি, (হেতালি=হাতৰ ওপৰত গুটি লৈ খেলা এবিধ খেল। ) হাত এৰি হেতালি খেলা অসম্ভব। এতেকে,—কোনো কাৰ্য্যৰ প্ৰধান উপাদান এৰি দি সেই কাৰ্য্য কৰিবলৈ চেষ্টা কৰা, to do a work leaving out the principal part of it. হাত কৰা—ক্ৰি, হস্তগত কৰা, চুৰ কৰা, to steal. হাত ছিগা—ক্ৰি, বন-বাৰি কৰিবলৈ কৰোঁতা বা সঁজুলি নাইকিয়া হোৱা, to be deprived of help in men, money or material. হাত টান—বিণ, হাতৰ মুঠি টান, চিকটা close-fisted, miserly. হাত দঙ্গা—ক্ৰি কীলাবৰ নিমিত্তে হাত দঙ্গা, কিলাবলৈ উদ্যোগ কৰ, to attempt to beat. হাত দীঘল মানুহ—বিণ, যাৰ হাত দীঘল সি দূৰলৈকে টুকি পায়। (মহাপুৰুষ সকলৰ হাত আজানুলম্বিত বুলি ধৰ্ম্মপুথি আদিত লিখা আছে, সেই কথাৰপৰা এই বাক্য লোৱা গৈছে। ) এতেকে,—বহু কাম সাধিৰ পৰা বৰলোক, an influential man. হাত-দেৰি মন-দেৰি—বিং, ( দেৰি=অধিক, বেচি। ) বিলনীয়াই কোনো জনক হাতেৰে প্ৰকৃততে বেচি দিয়ে আৰু কোনো জনক মনেৰে বেচি দিবলৈ আলচে, সেই কথাৰপৰা এই বাক্যৰ উদ্ভৱ হৈছে। এতেকে,—পক্ষপাত দোষ, bias. হাত ধৰি দিয়া—ক্ৰি, [ হাত টানি ধৰি দিয়া ] হাত আগলৈ বঢ়াই পিচলৈ টানি ধৰি দিয়া, তাকৰকৈ দিয়া, to give sparingly. হাত ধৰি শিকোৱা—ক্ৰি, [ হাতত ধৰি শিকোৱা ) কেনেকৈ কাম কৰিব লাগে শিক্ষাৰ আদিতে হাতত ধৰি শিকোৱা, আদি-শিক্ষা দিয়া, to teach the first lessons in anything. হাত পৰা—ক্ৰি, (কড়ি-খেলৰ বাক্য) কড়ি-খেলত কেতিয়াবা বাৰে বাৰে দানি পৰে। যেতিয়া দানি পৰিবলৈ এৰে, তেতিয়া ’হাত পৰে’ বোলে। এতেকে,—আৰ্থিক অৱস্থা ভালৰপৰা বেয়ালৈ অহা, to be worse off. হাত বলী—বিণ, হাতৰ দ্বাৰা তুলি বস্তু দান কৰা হয়। ডাঙ্গৰ বস্তু দান কৰিবলৈ
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৯৪
{{rh|হাত|২৮৪|হাতত}} হাতত বল লাগে। এতক,—দানী, charitably-disposed. হাত ভৰি ধোৱা—ক্ৰি, ভাত খাবৰ নিমিত্তে গা ধোৱা হয় কিন্তু জলপান খাৰৰ নিমিত্তে হাত আৰু ভৰি মাথোন ধোৱা হয়! এতেকে,—পান খোৱা, to eat tiffin. হাত মুকলি—বিণ, হাতৰ মুঠি মুকলি, দানী, charitable, beneficent. হাত মেলি মেলি নচা—ক্ৰি, অতিৰিক্ত আনন্দ হলে ইতৰ মানুহে হাত মেলি মেলি নাচে। এতেকে,—অতিৰিক্ত আনন্দ প্ৰকাশ কৰা, to express an excess of mirth. হাত-মোছা কানি—বিং, (কানি= কাপোৰ। ) মানুহে বেয়া কাপোৰত তিতা বা মলিযুক্ত হাত মোছে। অপদাৰ্থ মানুহক এনে কাপোৰেৰে তুলনা কৰা হৈছে। এতেকে,—অপদাৰ্থ মানুহ, a col. contemptible person. হাত ৰাখি দিয়া—ক্ৰি, [ হাতত ধৰি ৰাখি দিয়া ] হাত আগলৈ যাবলৈ নেৰি ধৰি ৰাখি দিয়া, তাকৰ কৈ দিয়া, to give sparingly. হাত লগোৱা—ক্ৰি, হাত লগাই অৰ্থাৎ হাতৰে চুই কীলাৱো, to lay hands on, to assault. হাত লৰ—বিণ, হাতে গিৰিহঁতৰ বস্তু ভিতৰতে আবদ্ধ নাথাকি লৰ-চৰ কৰি সুবিধা পালে পৰৰ বস্তু দাঙি ধৰে বোলা হৈছে। এতেকে,—পৰ দ্ৰব্য অপহৰণকাৰী, thievish. হাত লেচাৰি যোৱা—ক্ৰি, মনত অচিন্তা হলে খোজ কাঢ়োঁতে মানুহে হাত লেচাৰি যায়। এতেকে,—অচিন্তা-ভাৱেৰে যোৱা, to walk leisurely. হাত সৰা—ক্ৰি, [ হাতৰপৰা সৰা ] হাতৰ পৰা এৰাই যোৱা, পলাই যোৱা, আঁতৰ হোৱা, to get out of hand. হাত সাবটি থকা—ক্ৰি, এলেহুৱা মানুহে জাৰত হাত সাবটি বহি থাকে। এতেকে,—এলাহ লাগি কাম-কাজ নকৰাকৈ থকা, to sit with folded hands, to waste time in idleness. হাতত ধৰা— ক্ৰি, হাতেৰে কোনো কাৰ্য্য কৰিব খুজিলে হাতত ধৰি বাধা দিয়া যায়। এতেকে,— বাধা দিয়া, to resist, check, hinder. হাতত ধৰি ভৰিত ধৰাৰ সমানে কোৱা—ক্ৰি, হাত আৰু ভৰি দুইটা একে শৰীৰৰ বিভিন্ন অঙ্গ। হাতত ধৰি কোনো বিষয়ে অনুৰোধ কৰা
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৯৫
{{rh|হাততে|২৮৫|হাতৰ}} হয়। হাতত ধৰিলে ভৰিত ধৰিৰলৈ বাকি নাথাকে, এই বুঁজোৱা হৈছে। এতেকে,—দৃঢ়ভাবে ঈষৎ-বিনীত প্ৰাৰ্থনা জনোৱা , to make an earnest and not far from abject request. হাততে স্বৰ্গ পোৱা—ক্ৰি, (হাততে পোৱ = হস্তগত হোৱা। স্বৰ্গ=স্বৰ্গৰ বিভৱ। ) অতুল ঐশ্বৰ্য্য-বিভৱৰ গৰাকি হোৱা, to attain great prosperity, to feel extreme joy or pleasure. হাততে হেৰোৱা—ক্ৰি,হাতেৰে ধৰি থাকোতেই হেৰোৱা, হঠাৎ নাইকিয়া হোৱা, to slip off the hand, to disappear suddenly. হাতৰ তলত ৰখা—ক্ৰি, এজন মানুহে আন এজনৰ হাতৰ তল হৈ থাকিলে তাক হেঁচুকি দমাই ৰাখিব পাৰে। এতেকে,—দমাই ৰখা, to keep in subjection. হাতৰ মুঠিত ৰখা—ক্ৰি, কোনো বস্তু হাতৰ মুঠিত ৰাখিলে সি লৰচৰ কৰিব নোৱাৰে। এতেকে,—লৰচৰ কৰিব নোৱৰাকৈ ৰখা অৰ্থাৎ সম্পূৰ্ণ তলতীয়া কৰি ৰখা, to keep under absolute control. হাতৰ কাণৰ বেচা—ক্ৰি, ( হাতৰ অলঙ্কাৰ কাণৰ অলঙ্কাৰ বেচা ] তিৰোতাই মহা-কষ্টত পৰিলে অলঙ্কাৰ বেচি ধন উলিয়ায়। এতেকে,—মহা- কষ্টৰ অৱস্থা পোৱা, to be reduced to the last straits. হাতৰ তলুৱা—বিং, হাতৰ তলুৱাত কি কি আছে তাক ভালকৈ দেখা পোৱা যায়। এতেকে,--যি মানুহৰ বস্তু বা কাৰ্য্যৰ বিষয়ে সকলো কথা সুক্ষ্মৰূপে জনা আছে তেনে মানুহ, বস্তু বা কাৰ্য্য, anything thoroughly known. হাতৰ তলুৱা খজুওৱা—ক্ৰি, হাতৰ তলুৱাত কোনো বস্তু থলে খজুওৱাৰ নিচিনা অনুভৱ হয়। এই বাক্যে ’আদিতে কোনো বস্তু পোৱা হৈছে’ বুজাই- ছিল। তাৰপৰা পিছলি কোনো বস্তু ’অলপতে পোৱা যাব’ এই অৰ্থ হল। এতেকে,—কোনো বস্তু পাবৰ আগন্তুক হোৱা, লাভৰ আশা হোৱা, to expect gain. হাতৰ তলুৱাত নোম গজোৱা—ক্ৰি, নোম হাতৰ তলুৱাত নগজে, আন আন অংশতহে গজে। এই স্থলত হাতৰ তলুৱাত নোম গজায় বোলা হৈছে। এতেকে, — অসম্ভৱক সম্ভৱ কৰা, to perform a miracle.
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৯৬
{{rh|হাতৰ|২৮৬|হাতে}} হাতৰ মলি—বিং, বন-বাৰী কৰিলে হাতত মলি লাগে। বন বাৰী কৰি যি বস্তু পোৱা যায়, সেই বস্তু তুচ্ছ বস্তু এনে ভাব বুজোৱা হৈছে। এতেকে,— পৰিশ্ৰমৰ দ্বাৰা উপাৰ্জ্জন কৰিবপৰা অপদাৰ্থ বস্তু, a thing of very little value or importance. হাতৰ শাৰে ভৰিৰ শাৰে যোৱা—ক্ৰি, কোনো মানুহে ইমান চোৰাংকৈ যায় বোলা হৈছে, যে যাওঁতে হাতৰ শব্দ হৈছে নে নাই হোৱা আৰু ভৰিৰ শব্দ হৈছে নে নাই হোৱা সেই বিষয়ে কাণ শাৰে ৰাখি যায় অৰ্থাৎ যাতে তেনে শব্দ নহয় তাৰ নিমিত্তে যত্ন কৰি খোজ কাঢ়ে। এতেকে,— অতি নিস্তব্ধভাৱে যোৱ, to walk stealthily. হাতলৈ চোৱা-- ক্ৰি, কিবা বস্তুহা তত আনিছে নে নাই অনা বুলি হাতলৈ চোৱা যায়। এতেকে কোনো বস্তু পাবৰ নিমিত্তে আশা কৰা, to expect a gift. হাতে কাণে অঁৰা—ক্ৰি, ধন-সম্পত্তি থকা তিৰোতাই হাতে কাণে অলঙ্কাৰ পিন্ধি সজ্জিতা হয়। এতেকে,—সম্পত্তিশালিনী হোৱা, to be posses- sed of great wealth, (said of a woman). হাতে কাপে ধৰা পৰা—ক্ৰি, কোনো দূষণীয় কথা হাতেৰে কাপৰ দ্বাৰা লিখা অবস্থাতে ধৰা পৰা বোলা হৈছে। এতেকে,—অপৰাধ কৰি থকা অৱস্থাতে ধৰ পৰা, to be caught red handed. হাতে হতে পোৱা--ক্ৰি, ( হাতে দি হাতে পোৱা ] দিওঁতাই হাতেৰে দিয়ে আৰু লওঁতাই হাতত পায়, এই ভাব বুজোৱা হৈছে। এতেকে,—তদ্দণ্ডে পোৱা, to get then and there. হাতে কাষে আজোৰা—ক্ৰি, কোনো তিৰোতাই বাওঁ ফালে বাওঁ হাতেৰে ধৰি কাষত লৰা দাঙ্গি লৈ ফুৰায় আৰু সোওঁ ফালে সোওঁ হাতেৰে আন লৰাক মাটিয়ে টানি লৈ ফুৰায়। দুইটা লৰাকে একেলগে দাঙ্গি লৈ ফুৰাৰ নোৱাৰে বাবে এনে কৰা হয়। এতেকে,—পৰৰ সাহায্য নোহোৱাকৈ জোটা-পোটাকৈ নিজে বহু শ্ৰমেৰে কাৰ্য কৰা, (তিৰোতাত খাটে ), to manage household affairs with utmost effort single-handed (said of a woman). হাতে নামাৰি ভাতে মৰা--ক্ৰি, ভাত খাবলৈ নিদিলে মানুহ মৰে। হাতেৰে মাৰিলেও মানুহ মৰে। এই স্থলত হাতেৰে নামাৰি ভাতেৰে অৰ্থাৎ
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৯৭
{{rh|হাতে-পাতে|২৮৭|হাতীয়ে}} ভাত নিদিয়াকৈ মাৰে বোলা হৈছে। এতেকে,—দেখা-শুনাকৈ নামাৰি নেদেখাকৈ কৌশলেৰে মৰা, বুজিব নোৱৰাকৈ ফিকিৰেৰে মৰা, to destroy indirectly by policy and not directly by physical force. হাতে পাতে ধৰা—ক্ৰি, [ হাতে প্ৰতি ধৰা ] আটাইবিলাক মানুহে একেলগে মিলি-জুলি ধৰা, to work in no operation. হাতে ভৰিয়ে ধৰা--ক্ৰি, কোনো মানুহে আন এজনৰ হাতে ভৰিয়ে ধৰে অৰ্থাৎ কেতিয়াবা তেওঁৰ হ'তত ধৰি দৃঢ়ভাৱে অনুৰোধ কৰে আৰু তাত ফল নহব বুলি আশঙ্কা কৰি তেওঁৰ ভৰিত ধৰি কাবৌ কৰে। এতেকে,—কাবৌ-কোকালি কৰা, কাকূতি-মিনতি কৰা, to beseech abjectly. হাতে হাতে ধৰা—ক্ৰি [ হাতেৰে হাতত ধৰা ] চোৰে চুৰ কৰি থাকোঁতে গিৰিহঁতে মনে মনে গৈ হাতেৰে ফচ্-কৰে চোৰক ধৰি লয় বোলা হৈছে। এতেকে,—কোনো বেয়া কাম কৰি থকা অৱস্থাতে ধৰা পেলোৱা, to catch red handed. হাতেৰে ৰুই ভৰিৰে মোহৰা— ক্ৰি, গছ পুলি হাতেৰে মাটিত ৰোৱা হয়। নষ্ট কৰিবলৈ হলে খঙ্গত ভৰিৰে মোহাৰি পেলোৱা হয়। নিজৰ শৰীৰৰ এটা অঙ্গেৰে ৰুই আন এটা অঙ্গেৰে তাক নষ্ট কৰে, এই ভাব বুজোৱা হৈছে। এতেকে,—নিজে পাতি নিজে ভঙ্গা, to make a thing and then to mar it. হাতী-খাৱনেৰে খোৱা—ক্ৰি, হাতীয়ে অপৰিমিত আহাৰ কৰে। এতেকে, অপৰিমিত আহাৰ কৰ, to eat super-abundantly. হাতী-পৰা দিয়া—ক্ৰি, হাতীৰ ৰোগ হলেও সি মানুহৰ নিচিনাকৈ নেশোৱে, থিয় অৱস্থাতে থাকে। যদি সি পৰে তেনেহলে আৰু উঠিব নোৱাৰে। কিছু দিন সেই অৱস্থাতে থাকি মৰি যায়। এতেকে,—সাংঘাতিক ৰোগত পৰা, to be confined to bed on account of an attack of fatal disease. হাতীয়ে ওডালৰ গুৰিত কন্দা—ক্ৰি, প্ৰবাদ আছে যে হাতীৰ বেজাৰ লাগিলে সি ওডাল গছৰ তলত গৈ কান্দে। ওডাল প্ৰকাণ্ড গছ, তাৰ ছালেৰে ফঁই বাটি হাতীক বন্ধা যায়। এতেকে,—উপায়হীন মানুহে
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৯৮
{{rh|হাতীয়ে|২৮৮|হাতী-শুড়েৰে}} অমঙ্গল দিওঁতা জনৰ আগতে অমঙ্গল নিৰাকৰণৰ নিমিত্তে প্ৰাৰ্থনা জনোৱা, the representing of a grievance by a helpless person to the very person who has caused the grievance. হাতীয়ে মহে যুঁজা—ক্ৰি, বনৰীয়া হাতী আৰু বনৰীয়া মই দুয়ো সমান বলী। কেতিয়াবা হাবিত সিহঁতৰ ভিতৰত যুদ্ধ হলে বহু পৰ নেৰানেপেৰাকৈ যুদ্ধ চলি থাকে। এতেকে,--দুজন সমান বলী মানুহৰ ভিতৰত নেৰানেপেৰাকৈ ডাঙ্গৰ কাজিয়া লগা, the struggling of two equally powerful combatants in all obstinate manner. হাতীয়ে মাউতে থাউনি নেপোৱা—বিণ, পানী ইমান দ বোলা হৈছে, যে হাতী আৰু মাউত দুয়ো গোট খাইও থাউনি নাপায় অৰ্থাৎ হাতীৰ ওপৰত থিয় হৈ মাউতে থাউনি নাপায়। এতেকে,—বৰ দ, unfathom- able. হাতীয়ে মাখিয়ে সমান হবলৈ যোৱা—ক্ৰি, হাতী ডাঙ্গৰ, মাখি সৰু। এই স্থলত মাখিয়ে হাতীৰ সমান হবলৈ যায় বোলা হৈছে। ডাঙ্গৰ মানুহক হাতীৰ আৰু সৰু মানুহক মাৰি তুলনা কৰা হৈছে। এতেকে,— তুচ্ছ মানুহে বৰলোকৰ জোৰ লবলৈ যোৱা, the aping of a great mall by an insignificant person. হাতীৰ দাঁত—বিং, হাতীৰ দাঁত কট্ কটীয়া। এতেকে,—লৰচৰ নোহাৱা কথা বা কাৰ্য্য on unalterable word or act. হাতীৰ গালৈ তৰাৰ ফৰ্ম্মুঠি মৰা--ক্ৰি, ফৰ্ম্মুঠি মাৰি হাতীক খেদিব পৰা নাযায়। এই স্থলত তৰা গছৰ ফৰ্ম্মুঠি লোৱা হয় বোলা হৈছে। তৰাৰ ফৰ্ম্মুঠি নিচেই অকামিলা, এনে অকামিলা যে হাতীয়ে তালৈ এফেৰিও ভয় নকৰে, বৰং ৰং পাই তৰা গছ মুখত সুমাই খাই থয়, এনে ভাব বুজোৱা হৈছে। বৰলোকক হাতীৰে তুলনা কৰা হৈছে। এতেকে,— বৰলোকৰ প্ৰতি অকামিলা অস্ত্ৰ নিক্ষেপ কৰা, to direct a useless weapon against a powerful enemy. হাতীৰ শুড়েৰে বৰষুণ দিয়া— ক্ৰি,জাতীয় শুড়েৰে পানী টানি শুড় ওপৰলৈ তুলি সেই পানী এৰি দিলে যেনেভাৱে পৰে তেনেভাবে বৰষুণ দিয়ে বোলা হৈছে। এতেকে,-- ডাঙৰকৈ বৰষুণ দিয়া, to rain in
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৯৯
{{rh|হামৰাও|২৮৯|হিয়াৰ}}
৩৭
torrents. '''হামৰাও কঢ়া'''—ক্ৰি, [ হাম্বা ৰৱ কৰা ] গাই-গ{{বঙালী ৰ}}ৰুৱে পোৱালি হেৰালে হাম্বা ৰৱ কৰি ফুৰে। এতেকে,--ব্যাকুলভাৱে কোনো বস্তুৰ নিমিত্তে অভিলাষ কৰা, অতিকৈ হেঁপাহ কৰা, to hanker, to have a longing desire. '''হামিয়াই হেঁকটিয়াই থকা'''—ক্ৰি, অধিক চিন্তা হলে মানুহে হামিয়াই হেঁকটিয়াই থাকে। এতেকে,—চিন্তা-ব্যাকুলিত হোৱা, to live in anxiety. '''হায়ৌবিয়ৌ কৰা'''—ক্ৰি, [ ‘হে আই ঔ' বাই ঔ’ কৰা ] বেজাৰত বিহ্বল হৈ কোঢ়াল কৰা, to lament distressfully. '''হাৰলী আই'''—বিং, [ ‘সাত ভাই চম্পা' সাধুকথাৰপৰা লোৱা বাক্য ] (’হাৰলী’ শব্দ ‘সৰল’ শব্দৰপৰা ওলাইছে। আজলী আই, a simple loving mother. '''হাৰামৰ নেগুৰ'''—বিং, 'হাৰাম’ যাৱনিক শব্দ, ইয়াৰ অৰ্থ 'অশুচি বস্তু। নেগুৰ জন্তুৰ শৰীৰৰ বেয়া ভাগ। এতেকে,—নিকৃষ্ট মানুহ, the vilest person. '''হালত যোড়া'''—ক্ৰি, গৰুক যেনেকৈ হালত যোড়ে তেনে কৰা অৰ্থাৎ সেও কৰি নিজৰ কামত লগোৱা, to reduce to slavery. '''হালে হালে সাঙ্গোৰা'''—ক্ৰি, অধিক বন্দী মানুহক নিবলৈ হলে দুটা-দুটাকৈ সাঙ্গুৰি লয়, যাতে সিঁহতে লৰি পলাবলৈ চল নাপায়। এতেকে,—সমূলি তলতীয়া কৰা, সাৱশেষকৈ ঘটুওৱা, to subdue thoroughly. '''হিয়া ধাকুৰা'''—ক্ৰি, অতিৰিক্ত বেজাৰ হলে মানুহে হিয়া ধাকুৰি অৰ্থাৎ ভুকুৱাই কান্দে। এতেকে,— কান্দি ব্যাকুল হোৱা, to lament loudly, to grieve bitterly. '''হিয়া ধুনা'''— ক্ৰি, ধেনুৰে যেনেকৈ তুলা কোবাই ধুনে, হাতেৰে তেনেকৈ হিয়া কোবাই জৰ্জ্জৰিত কৰে, এই ভাব বুজোৱা হৈছে। অতিকৈ কান্দিলে মানুহে হাতেৰে বুকু চপৰিয়ায়। এতেকে,—কান্দি ব্যাকুল হোৱা, to lament loudly, to grieve bitterly. '''হিয়া ভুকুওৱা'''—ক্ৰি, [ "হিয়া ধাকুৰা’’ চোৱা। ] - '''হিয়াৰ আমঠু'''—বিং, ( আমঠু=হিয়াৰ মাজৰ কলাডিল। ) হিয়া মৰমৰ বাসস্থান। কোনো মানুহ ইমান প্ৰিয়তম যে তেওঁ সেই স্থানৰ
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩০০
{{rh|হতাশীন|২৯০|হেঁকটীয়া}}
কেন্দ্ৰ-স্বৰূপ, এই ভাব বুজোৱা হৈছে। এতেকে,—প্ৰিয়তম মানুহ, a dearly beloved person.<br/> হতাশীন মানুহ—বিং , (হুতাশীন = হুতাশন, জুই। ) জুইয়ে যি বস্তু পায় তাকে পুড়ি পেলায়। এই সুলত বুজোৱা হৈছে, যে কোনো মানুহৰ যি বস্তুৰে বা কাৰ্যেৰে সম্পৰ্ক ঘটে, সেই বস্তু বা কাৰ্যই নষ্ট হৈ যায়। এতেকে-ধ্বংসকাৰী মানুহ, a person of destructivo toudei.cies.<br/> হনু বৰ্ত্তা—বিং, ‘শুনো’ ( অৰ্থৎ মই নিজে নাজানো লোকৰ মুখে শুনো) এনে বোলা কথা, উৰা-বাতৰি, a hearsay, a rumour.<br/> হুৰমুৰ যাত্ৰা—বিং, কোনো ঠাইলৈ যাবলৈ হলে শুভ ক্ষণ চাই সেই মতে যাত্ৰা কৰিব লাগে। এই স্থলত, সেইবিলাক নিয়ম-কাৰণ একো নকৰি হৰমুৰ-কৰে ওলাহ গুচি যায় বোলা হৈছে। এতেকে,—হৰমুৰ-কৰে কৰা কাৰ্য্য, anything done in great hast or impulsively.<br/> হুৰ্​হুৰ্​-টক্​টক্​—বিং , কোনো মানুহে হুৰ্​হুৰ্​​-কৰে যায় আৰু মুখেৰে টকাৰ দৰে টক্​টক্​ কৰে অৰ্থাৎ কথা কয়। এতেকে,-ধুমধাম-হাই-উ{{বঙালী ৰু}}মি , bustle and noise.<br/> হুল চাঁচা—ক্ৰি, ( হুল= শূল। ) আহোম-ৰজাৰ দিনত শূল চাঁচি জোঙ্গা কৰি মাটিত পুতি অপৰাধীৰু অৰ ওপৰত তুলি প্ৰাণদণ্ড কৰা হৈছিল। এতেকে,—আনৰ অহিত চিন্তা কৰা, to plot, to design.<br/> হুলে হুল কঢ়া— ক্ৰি, গাত হুল সোমালে আন এভাল হুলেৰে তাক খুঁচি উলিওৱা যায়। এতেকে—উগ্ৰ ৰোগ উগ্ৰ ক্ৰিয়াৰ দ্বাৰা আৰোগ্য হোৱা, the curing of a cruel disease by means of an equally cruel treatment (often used figuratively).<br/> দুৱ.দুৱা লগা—ক্ৰি, [ হোৱ দিয়া লগা] শিয়ালবিলকে হোৱা দিলে বৰ হাই হয়। এতেকে,-কন্দা-কটা কৰি হাই-উ{{বঙালী ৰু}}মি কৰা, to raise a hue and cry.<br/> হেঁকটীয়া মাছ—বি, শৰীৰৰ কোনো ঠাইৰ মঙ্গহ কাঠ বান্ধিলে তাকে হেঁকটীয়া বন্ধা' বোলে। কোনো মাছ সিজালে সি কাঠৰ নিচিনা টাল মাৰি থাকে, কেতিয়াও নিসিজে। তেনে মাইকে হেঁকটীয়া মাছ বোলা যায়। নিসিজা মানুহক হেঁকচীয়া মাছেৰে তুলনা কৰা হৈছে।
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩০১
{{rh|হেঁচ-টেপ|২৯১|হেদানি}}
এতেকে,—নিসিজা মানুহ, unyielding, obstinate. '''হেঁচ-টেপ কৰা'''—ক্ৰি, [ হেঁচা-টেপা ] অলপ-অচৰপ চেপ দিয়া অৰ্থাৎ ঠাইয়ে ঠাইয়ে কিছু অসুবিধা দিয়া, to show bias in trifling matters. '''হেঁচি-ঠেলি কৰা'''---ক্ৰি, কোনো কাৰ্য গাৰ বলেৰে হেঁচা আৰু ঠেলা দিলে হে কৰিব পৰা যায়, এই ভাব বুজোৱা হৈছে। এতেকে,—কষ্ট কৰি কৰা, to do a thing labouriously. '''হেঁচুকি গছত তোলা'''—ক্ৰি, গছত উঠিবলৈ নিজৰ ইচ্ছা নাই, আনে তলৰপৰা হেঁচুকি তাক ওপৰলৈ তুলি দিয়া হয় বোলা হৈছে। এতেকে,— ইচ্ছাৰ বিৰুদ্ধে আনে বলেৰে কাৰ্য্য কৰোৱা, to compel a person to do a work against his will. '''হেকাই টিলিকি বাওঁ কৰা'''—ক্ৰি, [ ’হে ককাই টিলিকি বাওঁ’ এনে কৰা ] বৰকৈ আনন্দ হলে বন্ধুবৰ্গক সম্বোধন কৰি টিলিকি বজাই ’হেকাই টিলিকি বাওঁ’ বোলা হয়। এতেকে,—ৰঙ্গত উধাৱ হোৱা, to be over- jubilant. '''হেঙ্গেৰা ভাঙ্গি পকা ধান খোৱা'''—ক্ৰি, পথাৰত গৰুৱে ধান নেখাবৰ নিমিত্তে হেঙ্গেৰা দিয়া হয়। ধান যেতিয়া পকে, সেই সময়ত হেঙ্গেৰা ভাঙ্গি পকা ধান গৰুৱে খালে গিৰিহঁতৰ মহৎ হানি আৰু অসন্তোষৰ কাৰণ হয়। এতেকে,—মহৎ হানিকাৰক আৰু অসন্তোষজনক কাৰ্য্য কৰা, to do a serious mischief. '''হেজাৰ হওক'''—ক্ৰি-বিণ, [ হেজাৰ ভাল হওক তথাপি ] হেজাৰ গুণ থকা স্বত্তেও notwithstanding many good qualities. '''হেতা-ওপৰা কৰা'''—ক্ৰি, [ হাতা-ওপৰা কৰা] এজনে কোনো বস্তুত হাত দিলে আন এজনে সেই হাতৰ ওপৰতে আকৌ হাত দিয়ে বোলা হৈছে। এতেকে,— কোনো বস্তু পাৰৰ নিমিত্তে জোটা-পোটা কৰা, to scramble for anything. '''হেদানি মেলা'''—ক্ৰি, [হাত দাঙ্গি মেলা ] ধান শুকাবৰ নিমিত্তে চোতালত মেলি দিয়া হয়। বহু দূৰলৈকে মেলি দিবলৈ হলে হাত দাঙ্গি মেলি দিব লাগে। অপৰ পক্ষে, 'মেলা’ শব্দে ’যাবলৈ এৰি দিয়া’ বুজায়। এতেকে,—বৰ দূৰলৈ যাবলৈ এৰি দিয়া অৰ্থাৎ স্বেচ্ছাচাৰী হবলৈ
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩০২
{{rh|হেন্দোল-দোপ|২৯২|হোল-গোজ}}
দিয়া। (হেদাঙ্গি মেলা’ বাক্যও চলিত আছে। ), to allow a ward to knock about aimlessly. '''হেন্দোল-দোপ দল-দোপ'''—বিং, দলনী আৰু দোপনীৰ এঠাইত ভৰি দিলে গোটেই ঠাই হেন্দুলিবলৈ ধৰে। কোনো ঠাইত বহু মানুহৰ সমাগম হৈ ধুম-ধাম হলেও সেই ঠাই লৰি যায় বোলা হয়। এতেক,--মহা, আড়ম্বৰ, অতিপাত ধুম-ধাম, pomp and grandeur. '''হেপোৰ পিটা'''—ক্ৰি, পিঠিত এছাৰিৰে পিটি মুখেৰে একেৰাহে ‘হেপোৰ’ শব্দ উচ্চাৰণ কৰি থকা এবিধ খেলৰ নাম ‘হেপোৰ পিটা’। তাৰপৰা এই বাক্যৰ উৎপত্তি হৈছে। এতেকে,—একেটা কামকে একেৰাহে বহু পৰ টানি-আজুৰি কৰি থকা, to engage in drudgery. '''হেলাই-হেপাই মৰা'''—ক্ৰি, [ হেলাই-ফোঁপাই মৰা ] হেলাই =কাতি কৰি অৰ্থাৎ গা পেলাই। ) বৰকৈ ভাগৰ লাগিলে মানুহে গা পেলাই দি ফোঁপাই-জোপাই মৰাৰ নিচিনা হয়। এতেকে,— কোনো টান কাৰ্য্য কৰি ভাগৰত অবশ হোৱা, to be exhausted by hard labour. '''হেলৌ-হেচৌ কৰা'''—ক্ৰি, ডাঙ্গৰ বস্তু টানোতে মানুহে মুখেৰে ‘হেলৌ- হৈচৌ” বুলি চিঞৰে। সেইৰূপে বহু-পৰ চিঞৰ-বাখৰ কৰি বহুটো অলপ-অলপ- কৈ মাথোন টানি নিব পৰা যায়। এতেকে,—কোনো কাৰ্য্য বহু পৰ লাগি থাকি অলপ-অলপকৈ কৰা, to do anything by drudgery. '''হৈ-ঔ হৈ-ঔ কৰি ফুৰা'''—ক্ৰি, হৈ-ঔ হৈ-ঔ কৰি গৰু মহ আগুৰে। এতেকে,— অনবৰত কোঢ়াল কৰি ফুৰা, to move about noisily. '''হোঁ-হেকো একো নমতা'''— ক্ৰি, মানুহে কেতিয়াবা সম্পূৰ্ণ ভাষা প্ৰয়োগ নকৰি 'হোঁ’ 'হেকোঁ’ ইত্যাদি মাত উচ্চাৰণ কৰি ভাব প্ৰকাশ কৰে। হোঁ=সম্মতিসূচক অব্যয়। হেঁকো =আনন্দসূচক অব্যয়। ) এতেকে,—সমুলি মাত নমতা, to keep perfect silence. '''হোৰোষাই তললৈ যোৱা'''—ক্ৰি, ভূঁইকঁপ হলে কোনো ঠাই হোৰোষাই তললৈ যায়। ঘৰ-বাৰী বস্তু-বেহানি তাত যি থাকে সকলে সমূলি নষ্ট হৈ যায়। এতেকে,—সমূলি নষ্ট হোৱা, to be completely ruined. '''হোলগোজ ভকত'''— বিং, ’হোল’ শব্দ ‘সৰল’ শব্দৰ অপভ্ৰংশ। এতেকে,—
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩০৩
{{rh|হোলাৰ|২৯৩|হোৱাতো-নোহোৱাতো}}
সৰল গোজৰ নিচিনা মানুহ অৰ্থাৎ সৰল চিত্তৰ মানুহ, a sincere man. '''হোলাৰ ভাই মোলা'''—বিং, ‘হোল’ শব্দ 'সৰল’ শব্দৰ অপ্ৰত্ৰংশ। 'ব্যক্তি’ বুজাবৰ নিমিত্তে ‘হোলা' ( হোলাই) ব্যবহৃত হৈছে। 'মোলা’ বা মোল্লা( মোলোনা ) যাৱনিক শব্দ। মৌলোনা সকল সৰল স্বভাৱৰ মানুহ বুলি প্ৰখ্যাত। এই স্থলত কোৱা হৈছে, ককায়েক ভায়েক দুয়ো জন সৰল। এতেকে,—সৰল পৰিয়ালৰ সৰল মানুহ। নিচেই সৰল মানুহ, a sincere man of a sincere family, a very sincére man. '''হোলোঙ্গাৰে কাণ বিন্ধোৱা'''—ক্ৰি, বেজীৰে বা কাঁইটেৰে কাণ বিন্ধোৱা যায়, হোলোঙ্গাৰ নিচিনা ডাঙ্গৰ মাৰিৰে কাণ বিন্ধাব পৰা নাযায়। এই স্থলত হোলোঙ্গাৰে কাণ বিন্ধায় বোল হৈছে। এতেকে,—অসম্ভব কাৰ্য্য কৰিবলৈ চেষ্টা কৰা, to attempt to do the impossible. '''হোৱা কথা'''— বিং, (হোৱা =হব-লগীয়া) উচিত কথা , the right thing '''হোৱা দিয়া'''—ক্ৰি, এটা শিয়ালে হোৱা দিলে আটাইবিলাক শিয়ালে হোৱা দিবলৈ ধৰে। এতেকে,—নভবা-নিচিন্তাকৈ লোকৰ মনতে মত দিয়া, to echo other’s opinion u thinkingly. '''হোৱাতে-নোহোৱাতো''' —ক্ৰি-বিণ, (হোৱা = হবলগীয়া, উচিত) নোহোৱা = নহ’ব-লগীয় , অনুচিত। ) উচিত কথাতো অনুচিত কথাতো, যেতিয়াই। তেতিয়াই কাৰণ নিবিচৰাকৈ, সময় অসময় নোচোৱাকৈ, অযথা, at any time u thinkingly, in season and out of season. {{center|⸺ ⸺}}
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩০৪
{{rh|ক্ষুদ্ৰ|২৯৪|ক্ষেণ-ভেন}}
{{center|{{X-larger|ক্ষ। }}}} '''ক্ষুদ্ৰ শৌচ কৰা'''—ক্ৰি, মুত্ৰত্যাগ কৰা, to discharge urine. '''ক্ষুৰৰ সাঁকোত বগোৱা'''—ক্ৰি, সাঁকো বাঁ বাহ কাঠৰ দ্বাৰা নিৰ্মিত। এই স্থলত সাঁকো ক্ষুৰৰ দ্বাৰা নিৰ্ম্মিত বোলা হৈছে। এনে সাঁকোত বগোৱা বিপজ্জনক। এতেকে,—বিপজ্জনক কাৰ্য্য কৰা, to embark on a hazardous undertaking. '''ক্ষুৰে নাকে দন্দ কৰা'''—ক্ৰি, ক্ষুৰে অনায়াসে নাকক কাটি পেলাব পাৰে। সেই দেখি নাকে ক্ষুৰেৰে দন্দ কৰিলে নাকৰ বিপদ অৱশ্যম্ভাবী। অতি বলী মানুহক ক্ষুৰেৰে আৰু অতি দুৰ্ব্বল মানুহক নাকেৰে তুলনা কৰা হৈছে। এতেকে,—অতি বলী মানুহে আৰু অতি দুৰ্ব্বল মানুহে দন্দ কৰা, the fighting of two persons in a wholly unequal match. '''ক্ষেণ-ভেন দেহা'''—বিং, [ ক্ষণ-ভঙ্গুৰ দেহা ] মানুহৰ দেহা ক্ষণেকতে ভাগি যায় অৰ্থাৎ ধ্বংস পায়। এতেকে,—নশ্বৰ দেহা, this mortal frame. {{center|⸻⸺}}
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩০৫
{{rh|অঁকৰা|২৯৫|আঘোণ-মহীয়া}}
{{center|{{Xxxx-larger|ওপৰঞ্চি। }}}} {{center|{{X-larger|অ। }}}} '''অকৰা গাহৰি'''—বিং বনৰীয়া গাহৰি অঁকৰা অৰ্থাৎ সি যেই পোনে যাব খোজে, সেই পোনেই গুমগুমাই যায়, একে বাধা-বিঘিনিলৈ কাণশাৰ নকৰে। এতেকে,-আকোঁৰ্গোজ মানুহ (নিন্দা প্ৰয়োগ ), an obstinate fellow. '''অধিক ওজা হলে গুড় ধমনা হোৱা'''—ক্ৰি, গুড় প্ৰস্তুত কৰিবলৈ পাৰদৰ্শিতা লাগে। কিন্তু ওজা যদি অধিক হয়, তেনেহলে গুড় ভাল নহৈ ধমনা হয় অৰ্থাৎ গুড় সমভাৱে নাথাকি ঠাইয়ে ঠাইয়ে কটকটীয়া টান মাৰে। এতেকে,— অতিৰিক্ত-সংখ্যক মানুহৰ দ্বাৰা পৰিচালিত কাৰ্য্যৰ ফল হীন হোৱা, the coming of an action to be poor in its result if it is directed by too many experts. {{center|{{X-larger|আ। }}}} '''আঘোণ-মহীয়া ধান চপোৱা দি চপোৱা'''—ক্ৰি, আঘোণ মাহত পথাৰত ধান পকে। সেই ধান কোবা-কুবিকৈ দাই ভঁড়ালত চপাই থব লাগে, নহলে বা- বৰষুণত বা অন্যান্য কাৰণত ধান নষ্ট হবৰ আশঙ্কা থাকে। এতেকে,— কোবা-কুবিকৈ বহল পৰিমাণে কোনো কাৰ্য্য কৰা, to do any thing hastily and plentifully.
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩০৬
{{rh|একেখন|২৯৬|ওপৰ-ভাগৰ}}
{{center|<big>'''এ। '''</big>}} '''একেখন মেখলাৰে ভাই ককাই'''— বিং , মেখেলা তিৰোতাৰ পৰিধানীয় বস্ত্ৰ। এতেকে,—একে মাকৰ পৰা জন্ম পোৱা ভাই ককাই, সহোদৰ ভাই ককাই, uterine brothers. '''এদোন খুজিলে একঠা পোৱা'''— ক্ৰি, কোনো মানুহক যিমানখিনি বস্তু খোজা যায়, সিমানখিনি বস্তু সচৰাচৰ পোৱা নাযায়। এই স্থলত কোৱা হৈছে, যে যদি এদোন খোজা যায, তেন্তে একঠা পোৱা যায়। (১ দোন= ১০ কঠা। ) এতেকে,—বহু পৰিমাণ খুজিলে অলপ পৰিমাণ পোৱা, to obtain a trifle of anything if one asks for a good deal of it. '''এশ জালুকৰ মূল'''— [এশ জালুকৰ সমান মূল] এনে বিশিষ্ট মূল অৰ্থাৎ ঔষধৰ শিপা বোল হৈছে যে এশ জালুক গোটালে যিমান গুণ হয়, তাৰ অকলৈ সিমান গুণ আছে। এই স্থলত, অতি উগ্ৰ মানুহক তেনে শিপাৰে তুলনা কৰা হৈছে। এতেকে,—অতি উগ্ৰ, প্ৰতাপী বা কাৰ্য্যদক্ষ মানুহ, one who is exceedingly sharp, resourceful, competent {{center|⸻⸻}} {{center|<big>'''ও। '''</big>}} '''ওপৰ-ভাগৰ দোষ'''— বিং, [ওপৰ-ভাগৰ বিপক্ষে দোষ] ওপৰ-ভাগত থকা অথাৎ স্বৰ্গবাসী দেৱতাৰ বিপক্ষে কৰা দোষ, transgressions against the deities of the heaven. {{center|⸻⸻}}
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩০৭
{{rh|কল|২৯৭|খাই}}
{{center|৩৮}}
{{center|{{X-larger|ক। }}}} '''কল খাই বাকলি পেলোৱা'''—ক্ৰি, নিজে কল খাই বাকলিটো আনে খাবলৈ পেলাই দিয়ে বোলা হৈছে। এতেকে,—কোনো বস্তুৰ প্ৰধান অংশ নিজে উপভোগ কৰি অকামিলা অংশ লোকক দিয়া, to give away to another the useless portion of a thing by enjoying the essential portion oneself. '''কচু লৰা'''—বিং, অসমীয়া প্ৰসূতীয়ে কচুৰ জাল খায়। কচু চোকা হলে লৰা চোকা হয়, এনে বিশ্বাস আছে। এই বাক্যত কচু চোকা, এই ভাব নিহিত আছে। এতেকে,—টটাটিঙ্গা লৰা, a naughty boy. '''কমোৱা তুলা'''—বিং, কমোৱা তুলা নিচেই কোমল। এতেকে,—সুকোমল মানুহ, a very delicate person '''কমোৱা তুলা থোৱা দি থোৱা'''—ক্ৰি, কমোৱা তুলা নিচেই পাতল, অলপ বতাহতে উড়ি যায়। সেই দেখি তাক অতি যতনেৰে থোৱা হয়। এতেকে,— অতি যতনেৰে থোৱা, to keep with utmost care. '''কীলৰ কুটুম'''—বিং, [ কীলৰ ভয়ত কুটুম ] কুটুম=(এই স্থলত) বন্ধু। কীলাৰ বুলি মনত ভয় পাই হোৱা বন্ধু , a person who turns out to be a friend under the influence of fear. '''কেপে খোৱা'''—ক্ৰি, সাপে ধৰিলে ভেকুলীয়ে কেপ্-কেপ্ কৈ মাতে। কিছুমান চৰাইয়ে কেপ্ কেপ্ শব্দকৰে। এনেৰূপ শব্দ অন্যান্য ঠাইৰপৰাও শুনা যায়। মানুহে কেঁচুৱা লৰাক নিচুকাবলৈ কেপে খাব বুলি মিছা ভয় দেখুৱায়। এতেকে,—মিছা ভয়ৰ দ্বাৰা অভিভূত হোৱা, to be overcome with unreal fear. {{center|⸻⸻}} {{center|{{X-larger|খ। }}}} '''খাই গাহৰি'''—বিং, [ খাই হোৱা গাহৰি ] জন্মৰ দ্বাৰা নহৈ খাৱনৰ দ্বাৰা গাহৰি হৈছে বোলা হৈছে। গাহৰি লেতেৰা জন্তু। এতেকে,—খকুৱা
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩০৮
{{rh|খালৰ|২৯৮|গৰুৰ}}
লেতেৰা মানুহ, a slovenly glutton. '''খালৰ পানী বাঁহ-পাতে শোহা—'''ক্ৰি, বাৰীৰ ধাপত বাঁহ গছ থাকে। তাৰ দাঁতিতে খাপৰ পানী থাকে। অসংখ্য বাহ-পাত খালত পৰি থাকে। খালতে পানীও থাকে। এই স্থলত কোৱা হৈছে, যে সেই অলপীয়া পানী বাঁহ-পাতেই শুহি নিয়ে। অলপীয়া সম্পত্তি খালৰ পানীৰে আৰু সেই সম্পত্তি-ভোগী মানুহবিলাকক বাঁহ-পাতেৰে তুলনা কৰা হৈছে। এতেকে,—কোনো লোকৰ অলপীয়া ধন সম্পত্তিক পৰিবাৰ- ভুক্ত আৰু আশ্ৰিত বহু মানুহে ভোগ কৰি অন্ত কৰা, the drain- ing off of the scanty resources of a person by a host of people some of whom are members of his own family while others are dependent on him. '''খুটি-তাল বোৱা'''—ক্ৰি, দুখীয়া মানুহে জীবিকাৰ একো উপায় উলিয়াব নোৱাৰি খুটি-তাল বজাই নাম গাই ঘৰে ঘৰে মাগি ফুৰে। এতেকে,—সমূলি উপায়-ৰহিত হোৱা, to have absolutely to means left to do any thing. '''খোৱাৰ বোন্দা—'''বিং, [ খোৱাৰ বিষয়ে বোন্দা ] বোন্দা-মেকুৰী মাছৰ মহা- খকুৱা। এতেকে,—মহা-খকুৱা মানুহ, all excessively greedy fellow. {{center|⸻⸻}} {{center|{{X-larger|গ। }}}} '''গৰুৰ আগত টোকাৰি বোৱা'''—ক্ৰি, মানুহৰ আগত টোকাৰি বজালে সি তাৰ ৰস বুজি আনন্দ উপভোগ কৰে। গৰুৱে বাদ্যৰ ৰস একো নুবুজে। গৰুৰ আগত টোকাৰি বজোৱা অসাৰ্থক। এতেকে,—মোল-নুবুজা মানুহৰ আগত কোনো ভাল কাৰ্য্য কৰা , to do a certain good act in the presence of a person who is too dull to appreciate the real worth of it. {{center|⸺⸻}}
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩০৯
{{rh|গালিৰে|২৯৯|চৰাইৰ}}
'''গালিৰে কুকুৰ-পিটা কৰা'''—ক্ৰি, কুকুৰে চৰু ছুলে তাক ধৰি নথৈ পিটা হয়। এই স্থূলত ইমানকৈ গালি পাৰে বোলা হৈছে, যে মানুটোক নথৈ পিটাৰ তুল্য কৰে। এতেকে, --নথৈ গালি পৰা, to abuse vilely. '''গা জোকাৰি ফুৰা'''—ক্ৰি, উলহ-মালহ কৈ ফুৰিলে গা বৰকৈ জোকাৰ খায়। এতেকে,—উলহ-মালহকৈ ফুৰা, তৰলভাৱে কাৰ্য্য কৰা, to walk about merrily, to conduct oneself lightheartedly. '''গুৰু এৰা ভক্তি'''—বিং, প্ৰত্যেক অসমীয়া হিন্দু মানুহৰ নিৰ্দিষ্ট গুৰু আছে। এই স্থলত কোৱা হৈছে, যে নিজ গুৰু এৰি পৰ গু{{বঙালী ৰু}}ত শৰণ লৈ ভক্তি কামনা কৰা হৈছে। এনে ভক্তি নিসিজে, এই বাক্যৰ দ্বাৰা এই ভাব বুজোৱা হৈছে। এতেকে,—নিজ গুৰু এৰি পৰ গুৰুত লোৱা ভক্তি। '''গুৰু-বাক্যৰ ভিতৰ মানুহ'''—বিং , (বাক্য = ধৰ্ম্মৰ গূঢ়-তত্ত্ব বুজোৱা বাক্য। ) গুৰুৱে ধৰ্মৰ গূঢ়-তত্ত্ব সাধাৰণ শিষ্য-বৰ্গক জানিবলৈ নিদিয়ে। ভক্তিমান প্ৰিয়শিষ্য মাথোন তেনে শিক্ষা দিয়া হয়। এতেকে,— ধৰ্ম্মপন্থত বিশেষৰূপে দীক্ষিত মানুহ, one within the inner circle of a religious denomination, a person who is initiated in the esoteries of a particular system of religious life. {{center|⸻⸻}} '''চৰাইৰ লগৰ মানুহ'''—বিং , চৰাইয়ে যলৈ তলৈ যেতিয়াই তেতিয়াই গৈ থাকে, কেতিয়া ক’ত থাকে আৰু কেতিয়া কলৈ যায় একো স্থিৰতা নাই। মন গলে কেতিয়াবা সি বহু দূৰলৈকো গুচি যায়। এতেকে,—থকা- ঠাইৰ স্থিৰতা নোহোৱা মানুহ, a person who is an constant move from place to place. {{center|⸻⸻}}
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩১০
{{rh|ছত্ৰ|৩০০|টাকুৰী}}
{{center|<big>'''ছ। '''</big>}} '''ছত্ৰ ধৰা'''—ক্ৰি. (ছত্ৰ = ছাতি। ) ৰদে-বৰষুণে নোপোৱাকৈ ছাতিয়ে মানুহক আবৃত কৰি ৰাখে। এতেকে,—আবৃত কৰি ৰখা অৰ্থাৎ বিপদ-দুৰ্ঘটনা-অশাস্তি-দুৰৱস্থা-আদিৰপৰা আঁৰ কৰি ৰখা, সুখ স্বচ্ছন্দতাৰে ৰখা, to provide ease and comfort. {{center|⸻⸻}} {{center|<big>'''জ। '''</big>}} '''জয়দেৱ কাকুতি'''—বিং, পূৰ্ব্বকালত জয়দেৱে দুৰ্ঘোৰ ৰোগৰপৰা মুক্তি পাবৰ নিমিত্তে অত্যন্ত ব্যাকুলিত হৈ একান্ত চিত্তে জগন্নাথক কাকুতি-মিনতি কৰিছিল। এতেকে,—অত্যন্ত ব্যাকুলিত হৈ একান্ত চিত্তে জনোৱা কাকুতি, most earnest entreaty. {{center|⸻⸻}} {{center|<big>'''ট। '''</big>}} '''টাকুৰী ঘূৰা দি ঘূৰা'''—ক্ৰি, টাকুৰীৰ দ্বাৰা সূতা পকোৱা হয়। টাকুৰী কোবেৰে ঘূৰি থাকে। অতিপাত কাম-বন কৰিলেও মানুহে এবেলি ইফালে এবেলি সিফালে নোৰোৱাকৈ ঘূৰি ফুৰে। এতেকে,—অতিপাত কাম-বন কৰা, to toil uninterruptedly '''টাকুৰী ঘূৰা দি ঘূৰা'''—ক্ৰি, টাকুৰী বৰকৈ ঘূৰে। কোনো মানুহৰ মূৰত গুৰুতৰ আঘাত কৰিলেও তাৰ মূৰ বৰকৈ ঘূৰে। এতেকে,—বৰকৈ মাৰ-কীল খোৱা, to receive a violent beating.
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩১১
{{rh|টিলিক|৩০১|টিলিকি}}
'''টিলিকি কিন''' —ক্ৰি, (উপকথা) কোনো এটা মানুহে এটা গৰু কিনি আনিছিল। গৰুটোৱে বাটতে মুত্ৰত্যাগ কৰিলে। সি ভাবিলে :- গৰুটোৰ পেটটো ফুটা, সেই দেখি তাৰ পেটৰপৰা পানী পৰিছে। মোক বেচোঁতাই প্ৰবঞ্চনা কৰিলে। বাৰু, মইও বাটত কাৰোবাক পালে এই দৰে ঠগিম। ” সিফালৰপৰা এটা বাটৰুৱাই উলাহত নাম গাই টিলিকি বজাই আহি আছিল। গ{{বঙালী ৰু}}ৰ গৰাকিয়ে আগৈয়ে টিলিকি শুনা নাছিল। এনে অদ্ভূত বাদ্য শিকিবৰ নিমিত্তে তাৰ হেঁপাহ হল। সি বাটৰুৱাক সেই বাদ্যৰ বেচ কিমান সুধিলে। বাটৰুৱাই ভাবিলে :- “ই মহা মূৰ্খ, ইয়াক ঠগি গৰুটো নিব পাৰিলে ভাল। ” সি কলে :- “বাৰু ধন নালাগে। তোমাৰ গৰুটো দিয়া, মই অপূৰ্ব্ব বাদ্য তোমাক শিকাই দিম। ” গৰুৰ গৰাকিয়ে ভাবিলে:-''এই বেলি ইয়াক ঠগিলোঁ। ই বেটালিয়ে গৰুটো পেট-ফুটা বুলি নাজানে। ” সি প্ৰস্তাৱত মান্তি হল। বাটৰুৱাই এফেৰিমান পৰ তাত থাকি বুঢ়া আঙ্গুলীৰ আগত অনামিকা আঙ্গুলীৰ আগটো পিছলাই কেনেকৈ টিলিকি বজাব লাগে তাক ভালকৈ শিকাই দিলে। বাটৰুৱাই গৰু লৈ গুচি গল। ইটোৱে টিলিকিটো শিকি আনন্দত উধাৱ হৈ ওৰে বাটটো টিলিকি বজাই গৈ গৈ ঘৰ পালে গৈ। ঘৈনীয়েকে উলহ-মালহ- কৈ নতুনকৈ কিনি অনা গৰু চাবলৈ আহিল। তাই গৰু নেদেখি তধা লাগিল। “গৰু আনিছা নে?” বুলি ঘৈণীয়েকে সোধাত সি টিলিকিটো বজাই কয় -“এইটি?” তাই সোধে “গ{{বঙালী ৰু}} কি কৰিলা?” সি টিলিকি বজাই কয় “এইটি কত পালা?” বহু পৰ সোধা-পোছা কৰি ঘৈণীয়েকে বুজিব পাৰিলে যে এমুঠি ধন দি মহামুৰ্খ গিৰিয়েকে টিলিকিটো কিনি আনিলে। এতেকে,—বহুব্যয় কৰি কোনো অসাৰুৱা কাৰ্য্য কৰা, to do at a great expense anything which turns out to be absolutely useless. {{center|⸻⸻}}
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩১২
{{rh|ঢৌ-লেটিপেটি|৩০২|দাঁত}}
{{center|{{X-larger|ঢ। }}}} '''ঢৌ-লেটিপেটি—'''বিং, নৈত অসংখ্য ঢৌ দেখিবলৈ পোৱা যায়। ঢৌবিলাক লগ লাগি লেটিপেটি হৈ পৰে। 'ধেই খেতিনেতি', বাদ্যৰ এটি চেও। সাদৃশ্য-নীতি অনুযায়ী এই খণ্ড-বাক্য গঠিত হৈছে। এতেকে,— অতিপাত লেটিপেটি, বিষম খেলিমেলি, utter confusion, extreme disorder. {{center|⸻⸻}} {{center|{{X-larger|ত। }}}} '''তিৰোতাৰ এফাল সাহ'''—বিং, তিৰোতাৰ সাহ কম। এই স্থলত তিৰোতাৰ সাহৰ এফাল ( সমানে এফাল, আধা ) বোলা হৈছে। এতেকে,— নিচেই কম সাহ, কাপুৰুষালি , 'very little courage, cowardice. '''তুলসী-পতীয়া বামুণ'''—বিং, বামুণে তুলসী-পাতেৰে শান্তিয়নী পানী চেটিয়াই মানুহ বা বস্তু শুদ্ধ কৰে। এই স্থলত কোনো মানুহৰ সম্পৰ্কে বিদ্ৰূপ- ভাৱেৰে বুজোৱা হৈছে, যে তেওঁ সকলোকে এইৰূপে তুলসী-পাতেৰে শুদ্ধ কৰি লব-লগীয়া অৰ্থাৎ অশুচি যেন দেখে। এতেকে,—অতি ৰিক্ত নৈষ্ঠিক বামুণ, an excessively orthodox Brahmin. {{center|⸻⸻}} {{center|{{X-larger|দ। }}}} '''দাঁত দেখিলে আঁত দেখা'''—ক্ৰি, হাঁহিলে দাঁত দেখা পোৱা যায়। 'আঁত’ শব্দে 'আন্তৰিক স্বভাৱ’ বুজাইছে। এতেকে,—কাৰ্য্যৰ স্বভাৱৰ দ্বাৰা আন্তৰিক স্বভাৱৰ নিৰ্ণয় কৰিবৰ নিমিত্তে সমৰ্থ হোৱা, ( বিশেষকৈ তিৰোতাত খাটে ) to be able to ascertain the inward
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩১৩
{{rh|দাও দাওকৈ|৩০৩|নকৰিবৰ}}
character of a person from his or her outward conduct (especially applies to a woman). '''দাও-দাওকৈ অহা'''—ক্ৰি, [ দাও-দাওকৈ উঠি অহা ] ঢোলৰ চেও প্ৰথমে দাও- দাওকৈ বাজি পাচে ক্ৰমশ: উঠি আহে। এতেকে,—ক্ৰমশ: উগ্ৰ ভাব ধাৰণ কৰা, to grow more and more violent. {{center|⸻⸻}} {{center|{{X-larger|ধ। }}}} '''ধদুৱাৰ কীল'''—বিং, ( ধদুৱা =চপনীয়া ) চপনীয়া মানুহ ক্ষমতাহীন। তেনে মানুহে ঘৈণীয়েকক টানকৈ কীলাব নোৱাৰে। এতেকে,—ক্ষমতাহীন মানুহে দিয়া দণ্ড, a punishment awarded by a person having almost no authority. '''ধান বঢ়োৱা দি বঢ়োৱা'''—ক্ৰি, টেকী দিওঁতে থোৰাৰ খুন্দাত ধানবিলাক সিঁচিৰতি হৈ পৰে। অনবৰত সেই ধান বঢ়াই খুবলিত পেলাই থাকিব লাগে। এতেকে,—অনবৰত কোনো মানুহৰ আগুৰি থকা, to keep a person from straying away by unremitting vigil- ance. {{center|⸻⸻}} {{center|{{X-larger|ন। }}}} '''ন-ভগনীয়া মানুহ'''—বিং , এঠাইৰপৰা আন ঠাইত ন-কৈ বসতি কৰা মানুহ, a new settler. '''নকৰিবৰ চকৰি কৰা'''—ক্ৰি, চকৰি কৰা=চকৰিৰ নিচিনা কৰা অৰ্থাৎ চকৰিৰ দৰে ঘুৰাই লৈ ফুৰোৱা। নকৰিবৰ = নকৰিব-লগীয়া। এতেকে,— অত্যন্ত দুৰ্দ্দশাগ্ৰস্ত কৰা, to put to immense trouble.
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩১৪
{{rh|নগাটো|৩০৪|নিকিনা}}
নগাটো চাই হোৰাটো লোৱা—ক্ৰি, নগাটো সৰু হলে হোৰাটো সৰু লয়, ডাঙ্গৰ হলে হোৰাটো ডাঙ্গৰ লয়। এতেকে,—শক্তি-আনুযায়ী কাৰ্য্য কৰা, to act according to one's capacity. '''নগা-শোৱন দিয়া'''—ক্ৰি, অসমীয়া মানুহে এজনৰ মুৰৰ ফালে আন জনে ভৰি দি, নোশোৱে। কিন্তু নগাবিলাকে যেনিয়ে মন যায় তেনিয়ে ভৰি দি শোৱা। এতেকে,—ওলোট-পোলোটাকৈ শোৱা, to sleep pell- mell. '''নৰক পৰচেষ্টা দেখুওৱা'''—ক্ৰি, ( পৰ=ভূত, চেষ্ট = কাৰ্য্য , পৰচেষ্টা =মায়া। ) ভূতে মানুহক মায়া-জড়িত ঘটনা দেখুৱায়। এতেকে—মায়ামুৰ্ত্তি ধাৰণ কৰা, ইতৰ লোকৰ বোধৰ অগম্য হোৱা, অসাধাৰনস্বৰূপ হোৱা, to appear mysterious, esoteric, incomprehensible, unin- telligible. '''নাচি অহা'''—ক্ৰি, [ নাচি উঠি অহা ] নাচনীয়ে নাচ কৰোঁতে প্ৰথমে অলপীয়া নাচ ধৰি ক্ৰমশঃ উঠি আছে অৰ্থাৎ নাচৰ প্ৰকোপ বাঢ়ি আহে। এতেকে,--ক্ৰমশঃ উগ্ৰভাব ধাৰণ কৰা, to grow more and more violent. '''নাচিব নেজানিলে চোতালখন হেৰেম-গৰীয়া বোলা'''—ক্ৰি, ভালৰূপে নাচিবলৈ হলে চোতাল সমতল হব লাগে। নহলে চাৰিও পোনে অবাধে ভৰি চলাবলৈ চল নালাগে। হেৰেম-গৰীয়া চোতালত ভালৰূপে নাচিব পৰা নাযায়। এই স্থলত কোৱা হৈছে, যে কোনো নাচনীয়ে প্ৰকৃততে নাচিব নাজানে, কিন্তু তেওঁ অজ্ঞতা লুকাই থৈ মানুহৰ আগত কয় যে চোতালখন হেৰেমে-গৰীয়া বাবে তেওঁ ভালৰূপে নাচিব পৰা নাই। এতেকে,—অজ্ঞতাবশতঃ কোনো কাৰ্য্য কৰিব নাজানিলে নিজৰ অজ্ঞতা গোপন কৰি কোনো বাহিৰা আসোঁৱাহৰ নিমিত্তে সেই কাৰ্য্য কৰিবলৈ অপাৰগ বুলি বুজোৱা, to explain a bad perform- ance by saying that it is due to some external defect in the thing done and not to the real cause vis want of the requisite qualification to do it. '''নিকিনা গোলাম—'''বিং, আগৰ দিনত ধন দি গোলাম কিনি লোৱা হৈছিল। এই স্থলত কোনো মানুহৰ সম্পৰ্কে কোৱা হৈছে যে সি গোলাম হৈছে,
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩১৫
{{rh|নিখকুৱা|৩০৫|পঞ্চ-প্ৰেত}}
৩৯
অৰ্থাৎ গোলামৰ দৰে জঘন্যভাৱে খাটিছে—দুইৰো প্ৰভেদ এয়ে যে গোলামে ধন পাইছিল, এই মানুহে তাকো পোৱা নাই। এতেকে,— বানচ নিদিয়াকৈ যাক অতিপাত খটোৱা যায় তেনে , an extremely hard-worked person in a situation which is absolutely devoid of redeeming feature whatsoever. '''নিখকুৱাই মাটিতে চাৰি গাল মৰা'''—ক্ৰি, (উপকথা) এটা খকুৱা আৰু এটা নিখকুৱা দুটা মানুহ আছিল। সিহঁতে ভাত ৰান্ধি খাবৰ নিমিত্তে দিহা কৰিলে। কল-পাতত ভাত খোৱা হয়। ভাত খাবলৈ বুলি খকুৱাই কল-পাত কাটিবলৈ গল। নিখকুৱাই লোভ সামৰিব নোৱাৰি মাটিতে ভাত বাঢ়ি লৈ চাৰি গাল মাৰিলে অৰ্থাৎ চাৰি গৰাহ খালে। তেতিয়া হে তাৰ কিছু তত আহিল। এতেকে,—বাহিৰে নিলোভী বুলি বুজোৱা মানুহে কাৰ্য্যত অত্যন্ত লোভী মানুহৰ দৰে চলা, to hanker over-much after anything while pretending to be above temptation. outwardly. '''নোৱাই-তোলনীৰ আখৈ-পিঠা'''—বিং, নোৱাই-তোলনী বিয়াত প্ৰচুৰ পৰিমাণে আখৈ আৰু পিঠা চেটিওৱা ৰীতি আছে। এতেকে,—পেলাই দিব পৰা অৰ্থাৎ মূল্যহীন বা অপদাৰ্থ বস্তু, a useless thing. {{center|⸻⸻}} {{Xx-larger|{{center|প। }}}} '''পঞ্চ-প্ৰেত'''—বিং, যি মানুহৰ ধন-বস্তুলৈ অতিৰিক্ত মায়া-মোহ, সেই মানুহ মৰিলে সদগতি নাপাই প্ৰেত হৈ থাকে বুলি কয়। মানুহৰ শৰীৰ পঞ্চভূতৰ ৰা নিৰ্ম্মিত। মৰিলে পঞ্চ-ভূত গৈ পঞ্চ-প্ৰেত হয়, এনে ভাব বুজোৱা হৈছে। এতেকে,— ধন-বস্তুলৈ অতিৰিক্ত হেঁপাহ থকা মানুহ, মহাকৃপন, a very great miser.
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩১৬
{{rh|পাল|৩০৬|বাঘৰ}}
'''পাল খোৱা'''--ক্ৰি, [ পালত খোৱা) (খোৱা =সম্ভোগ কৰা। ) জন্তুৱে সম্ভোগ কৰিবলৈ হলে পালত অৰ্থাৎ জাকত ফুৰে গৈ। এতেকে,—সঙ্গম কৰা, (জন্তুত খাটে), to have sexual intercourse ( said of animals ). '''পাতি-দিয়াক খীৰোৱা'''—ক্ৰি, যিজনী গাইয়ে গাটো পাতি দিয়ে অৰ্থাৎ থিৰ হৈ থাকে, তাইক খীৰোৱা হয়। কিন্তু যি জনী গাইয়ে দুপ-দুপাই থাকে আৰু লথিয়ায়, তাইক কোনোৱে নিখীৰায়। এই স্থলত, সেও হৈ দিয়া মানুহক পাতি দিয়া গাইৰে তুলনা কৰা হৈছে। এতেকে,— সেও হৈ দিয়া মানুহৰ পৰা ধন-বস্তু চুচি নিয়া, to extort things from a person who is found to be yielding in nature. '''পানীৰ মাছ''' — বিং জালেৰে পানীৰ মাছ ধৰা হয়। জালত সোমালে মাছ ধৰা পৰে, নোসোমালে সাৰি যায়। কেনো মাছ ধৰিব পৰা যাব বুলি নিশ্চিতৰূপে কব পৰা নাযায়। এতেকে,—অনিশ্চিত ফল, un- certain result '''পেট দিয়া'''—ক্ৰি, পেটৰ কথা জানিবলৈ দিয়া, বিশ্বাসী কথা কোৱা, to un- bosom a secret, to disclose a confidential matter. {{center|⸻⸻}} {{Xx-larger|{{center|ব। }}}} '''বস্তু-কাৰণ লোৱা'''—ক্ৰি, বস্তু=সাৰ-বস্তু অৰ্থাৎ ধৰ্ম্মৰ গূঢ়। কাৰণ আনুষঙ্গিক পদ, ইয়াৰ বেলেগ অৰ্থ নাই। এতেকে,—ধৰ্মপন্থত দীক্ষিত হোৱা, to be initiated in the mysteries of a religious denomination. '''বাঘৰ মাহীয়েক'''—বিং, মেকুৰী আৰু বাঘ দেখিবলৈ একে। বাঘৰ মাক বাঘতকৈ দুৰ্ব্বল। মেকুৰীও দুৰ্ব্বল। তথাপি মেকুৰীক বাঘৰ মাক বুলিব পৰা
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩১৭
{{rh|বাপুৰ|৩০৭|বেটিৰ}}
নাযায়। সেই দেখি তাইক বাঘৰ মাহীয়েক অৰ্থাৎ বাঘৰ মাকৰ ভনীয়কে অৰ্থাৎ বাঘৰ মাকতকৈও সৰু বোলা হৈছে। মেকুৰী প্ৰায় বাঘৰ নিচিনা, বাঘতকৈ কিছু কম, এই ভাব বুজোৱা হৈছে। এতেকে,--মেকুৰী, a cat. '''বাপুৰ চুণ খাই মৰা'''—ক্ৰি, (উপকথা) বামুণে দৈ গাখীৰ আনি, লিতিকাইয়ে চুৰ কৰি খায় বুলি তাক ভাঁৰিবৰ মনেৰে, চূণ থৈছোঁ বুলি কলে। লিতিকাইয়ে প্ৰকৃত কথাৰ গম পাই চল চাই থাকি বামুণে কোনো এটা জগৰত তাক কীলোৱাত সি, “এনেও নাই তেনেও নাই বাপুৰ চূণ খাইয়ে মৰোঁ। ” বুলি কৈ ঘোকা-ঘোকে দৈ-গাখীৰখিনি খাই পেলালে। এতেকে,--কোনো ভাল কাৰ্য্যকে লোকৰ, আগত বেয়া বুলি ফাঁকটি দি বুজাই স্বাৰ্থসিদ্ধি কৰা, to manipulate anything to one's advantage under a pretence of doing it out and out against self-interest. '''বিল ফাটি সোমোৱা'''—ক্ৰি, [ মাটি ফাটি বিলত সোমোৱা] ‘বিল’ সংস্কৃত পদ, তাৰ অৰ্থ ‘গাঁত’। সীতা-দেবীৰ পাতাল প্ৰবেশৰ ঘটনাৰপৰা এই বাক্যৰ উৎপত্তি হৈছে। গাঁতৰ ভিতৰত সোমালে কোনেও দেখা নাপায়। এতেকে,—কোনেও গম ধৰিব নোৱৰাকৈ অকস্মাৎ অন্তৰ্হিত হোৱা to disappear mysteriously. '''বেটীৰ গভুৰা লৰা'''—বিং, গভুৰা লৰা জন্ম হোৱা এটা ডাঙ্গৰ আনন্দজনক ঘটনা। বেটী নিকৃষ্ট আৰু ঘৃণিত মানুহৰ শ্ৰেণীত গণ্য আছিল। এই স্থলত বেটীৰ গভুৰা-লৰা হোৱাটো একো ডাঙ্গৰ ঘটনা নহয়, এই ভাব বুজোৱা হৈছে। সেই লৰাৰ আমনিত ভালকৈ কাম-বন কৰিব নোৱাৰি বেটীয়ে গিৰিহঁতৰ মাৰ-কীল খোৱাৰ হে বাট মুকলি কৰে, এই ভাবো এই বাক্যত লুকাই আছে। আগৰ দিনত বন্দী-বেটী পুৰুষানুক্ৰমিক আছিল। বেটীৰ লৰাই ভবিষ্যতে বয়সস্থ হলেও মাকক উদ্ধাৰ কৰিব নোৱাৰে, এনে এটি ভাবো এই বাক্যত পোৱা যায়। এতেকে,—স্বভাৱতে দুৰ্ভগীয়া মানুহৰ পক্ষে নিস্ফল সৌভাগ্যলাভ, good fortune to a person who must perforce remain unfortunate throughout life under the domineering degree of fate.
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩১৮
{{rh|ভোজৰ|৩০৮|মঠ}}
{{X-larger|{{center|ভ। }}}} '''ভোজৰ আগ, মেলৰ পিচ'''—বিণ, ভোজত মানী সকল আগ শাৰীত বহে। তেওঁ- বিলাকে আনবিলাকতকৈ কিছু বেছি পৰিমাণে আদৰ পায়। মেলত কথকীসকল আগত বহে। তেওঁবিলাকে মেলৰ বিষয়টো ভালৰূপে আলোচনা কৰে। যিবিলাক তৰ্ক-পটু নহয়, সেইবিলাকে মনে মনে পিচত বহি থাকে। এই স্থলত কোনো মানুহৰ সম্পৰ্কে কোৱা হৈছে, যে তেওঁ ভোজৰ আগ কিন্তু মেলৰ পিচ। এতেকে,—খোৱাত পাৰ্গত কিন্তু কামত অপটু, prompt in dinner but slow i work. '''ভোদৰ কচু'''—বিং, [ ভোদা কচু ] ভোদা অৰ্থাৎ চোক নাইকিয়া কচু অৰ্থাৎ কচু- পৰিপুষ্ট সন্তান। অসমীয়া প্ৰসূতীয়ে প্ৰসৱৰ পাচত কচুৰ জাল খায়। সাধাৰণৰ মাজত এনে বিশ্বাস আছে যে এই কচু যিমান চোকা হয়, সন্তান সিমান চোকা হয়। এতেক,—ভোদা লাগি থকা লৰচৰ কৰিব নোখোজা মানুহ, a sluggard. {{center|⸻⸻}} {{X-larger|{{center|ম। }}}} '''মইনা মাত উলিওৱা'''—ক্ৰি, মইনা চৰাইৰ মাত শুৱলা। এই স্থলত ব্যঙ্গাৰ্থত ব্যৱহৃত হৈছে। এতেকে,—গালি-শপনিৰ ভাষা প্ৰয়োগ কৰা, টান মাত উচ্চাৰণ কৰা, to use rude and offensive language. '''মইবৰ মানুহ—''' বিং মই নিজে বৰ আৰু আনবিলাক সৰু এনে ভাব কৰা মানুহ, অহংকাৰী মানুহ, a self-assertive person, a presumptuous person, a vainglory. '''মইমত'''—বিং ‘মই’ ভাবৰ মত, অহংকাৰ, presumption, haughtiness. '''মঠ ধৰা—'''ক্ৰি, [ মুৰ্ত্তি ধৰা ] মূৰ্ত্তি বা প্ৰতিমা একে ঠৰে থাকে, লৰ-চৰ নকৰে। মানুহে ঠেহ পাতিলেও লৰ-চৰ নকৰাকৈ একে ঠাইতে থিয় দি থাকে।
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩১৯
{{larger|{{rh|মতা|৩০৯|মৰ-টোপনি}}}}
এতেকে,—ঠেহ পাতি কোনো কাৰ্য্য সমূলি কৰিবলৈ এৰি দিয়া, to cease doing anything altogether out of a feeling of impaired dignity. '''মতা চাওদাং'''—বিং, মতা চাওদাঙ্গে মানুহ কাটিছিল, মাইকী চাওদাঙ্গে মানুহ নাকাটিছিল। এতেকে,—দুৰ্দ্দান্ত মতা মানুহৰ নিচিনা তিৰোতা, an amazon, a masculine woman. '''মন জুখি চোৱা'''—ক্ৰি, বস্তু গধুৰ নে পাতল জুখি চালে গম পোৱা যায়। এতেকে,—মন গধুৰ নে পাতল কোনো কাৰ্য্যৰ দ্বাৰা তাৰ গম পোৱা, মনৰ ভাবৰ উমান লোৱা, to sound one's mind. '''মন মৰা—'''বিণ, মানুহ মৰিলে তেজ নাইকিয়া হয়। এই স্থলত মানুহৰ মনটো মৰা বোলা হৈছে। এতেকে,—নিস্তেজ, ফুৰ্ত্তিহীন, dispirited, depressed. '''মনৰ বাঘে খোৱা'''—ক্ৰি, বনৰ বাঘে মানুহ খায়। এই স্থলত মনৰ বাঘে খায় বোলা হৈছে, অৰ্থাৎ প্ৰকৃততে বনত বাঘ নাই কিন্তু বাঘ তাতে আছে বুলি মনত ভয় হয়। মনৰ ভয়েই তাক খায় অৰ্থাৎ বিহ্বল কৰে। এতেকে,—কাল্পনিক ভয়ত বিহ্বল হোৱা, to be distracted by imaginary ills. '''মনে পিতে খোৱা'''—বিণ, [ মনে চিতে খোৱা ] ( খোৱা=মিলি যোৱা। ) মনেৰে সৈতে মিল অৰ্থাৎ যাক যেনেকুৱা লাগে তেনেকুৱা, মনোৰঞ্জন, suitable, appropriate, to one's liking. '''মন্ত্ৰ কৰা'''—ক্ৰি, মন্ত্ৰৰ দ্বাৰা কোনো মানুহক নিজৰ বশলৈ অনা যায়। এতেকে,— বশীভূত কৰ, to bring under control. '''মন্ত্ৰ নাইকিয়া'''—বিণ, যাৰ গাত মন্ত্ৰ থাকে অৰ্থাৎ যি মন্ত্ৰ জানে সি শত্ৰুৰ অপকাৰ কৰিব পাৰে। মন্ত্ৰ নাইকিয়া মানুহে তেনে কৰিব নোৱাৰে। এতেকে,—নিৰ্বীৰ্য্য, weak, harmless. '''মৰ-খঁক'''— বিণ, মৰিবৰ সময়ত অতিপাত খাবৰ নিমিত্তে খঁক লাগে। এতেকে,— অতিপাত খঁক, ডাঙ্গৰ হেঁপাহ, extreme greediness. '''মৰ-জাৰ'''—বিণ, মৰিবৰ সময়ত অতিপাত জাৰ লাগে। এতেকে,—অতিপাত জাৰ, extreme chilliness. '''মৰ-টোপনি'''—বিং মৃত্যু-কালত তন্দ্ৰা উপস্থিত হয়। এতেকে,—অতিৰিক্ত
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩২০
{{larger|{{rh|মৰণা|৩১০|মাটিয়ে}}}}
টোপনি, excessive sleep. '''মৰণা মৰা'''—ক্ৰি, গৰুৱে অকাই-পকাই ফুৰি ধানৰ মৰণা মাৰে। এতেকে,— একেটা কথাকে অকাই-পকাই কৈ থকা, to speak the same thing over and over again. '''মাউখে উটিলে গুৰি-পৰুৱাৰো মৰণ নোহোৱা'''—ক্ৰি, (মাউখে = এমখা লগ হৈ। ) অনেক গুৰি-পৰুৱা লগ হৈ চাঙ্গি পাতি পানীৰ সোঁতত বুৰি নোযোৱাকৈ উটি যাব পাৰে। এটা-এটাকৈ গলে আটাইবিলাক মৰি যায়, কিন্তু লগেৰে যোৱাত পৰস্পৰৰ সাহায্যত আটাইবিলাকে নমৰাকৈ থাকিব পাৰে। আন নালাগে, গুৰি-প{{বঙালী ৰ}}ুৱাৰ নিচিনা সৰু সৰু নিঃসহায় প্ৰাণীও একতাৰ গুণত কাৰ্য্য সিদ্ধি কৰিব পাৰে, এই ভাব বুজাইছে। এতেকে,—একতাৰ গুণত দুৰ্ব্বল মানুহে ক্ষমতাশালী হব পৰা, to become powerful when united but weak when divided. '''মাছৰ তেলেৰে মাছ ভজা'''--ক্ৰি, সৰিয়হৰ তেলত মাছ ভজা হয়। এই স্থলত কোৱা হৈছে, যে সৰিয়হৰ তেল খৰচ নকৰি মাছৰ তেলতে অৰ্থাৎ মাছৰ গাৰপৰা ওলোৱ চৰ্ব্বিতে মাছ ভাজে। এতেকে,—মুল ধনত হাত নিদিয়াকৈ লাভৰ ওপৰতে কোনো কাৰ্য কৰা, to launch a business with the extra-money which accrues as profit without spending anything out of the principal. '''মাজ-তালুত সাপে খুঁটিলে ধৰণি ধৰিবলৈ ঠাই নোহাৱা'''—ক্ৰি, সাপে খুঁটিলে ধৰণি ধৰি বিষ নমাই ৰখা হয়। কিন্তু যদি মাজ-তালুত খোঁটে তেনেহলে ধৰণি ধৰিবলৈ ঠাই নোহোৱাত পৰে। এতেকে,—মহা- বিপদত ৰক্ষাৰ উপায় ৰহিত হোৱা, to have absolutely no means of escaping from a momentous calamity. '''মাটি হোৱা'''—ক্ৰি, মাটি সোপাৰ নিচিনা লেউসেউ হোৱা, শক্তিৰহিত হোৱা জাৰমাৰ হোৱা, to be reduced to nothing to be vanquished, to be utterly helpless. '''মাটিয়ে ভেঁটিয়ে খনা'''—ক্ৰি, ( মাটি=বাৰী। ভেঁটি=ঘৰ ) বাৰী আৰু ঘৰ সমূলি নষ্ট কৰা অৰ্থাৎ সৰ্ব্বস্বান্ত কৰি দেশান্তৰ কৰা , to ruin com- pletely.
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩২১
{{larger|{{rh||৩১১|মিঠৈ-কলা}}}}
'''মান দেশৰ বগা হাতী—'''বিং, পূৰ্ব্বে মান দেশৰ ৰজাৰ বগা হাতী আছিল। সেই হাতীৰে কোনো কাম কৰোৱা নহয়। শোভাৰ নিমিত্তে বহু ব্যয় কৰি অতি যতনেৰে তাক ৰখা হয়। এতেকে,—বহুব্যয়-সাপেক্ষ অকামিলা বস্তু বা মানুহ, a thing or person of no utility requiring a large expenditure for up-keep or support, costly encumbrance. '''মাণিকৰ দাঁত'''—বিং, মাণিকৰ নিচিনা দাঁত, চকচকীয়া দাঁত, shining teeth. মান-মৰাণৰ দিন—বিং, মান আৰু মৰাণে আসাম দেশত ঘোৰ অত্যাচাৰ কৰিছিল। এতেকে,—ঘোৰ অত্যাচাৰৰ কাল, days of tyranny and oppression. '''মানুহ বলোৱা,'''—ক্ৰি, বতাহে যেনেকৈ কোনো বস্তু বলাই আনে, সেইৰূপে বহু মানুহক বলাই অনা, কোনো ঠাইলৈ বহু মানুহ যাতে চলাচল কৰে এনে উপায় কৰা, to contrivé to attract people to a certain place. '''মাৰত ককালৰ জোৰা লৰোৱা'''—ক্ৰি, মাৰত কঁকাল ভঙ্গা, বৰকৈ মাৰ-কীল কৰা, to beat severely. '''মাৰত চেলা উলিওৱা'''—ক্ৰি, মৰিয়ালে গাত চেলাৰ নিচিনা দীঘল সাঁচ বহে। এতেকে,—বৰকৈ মাৰ-কীল কৰা, to beat severely. '''মাৰি খোৱা হাঁহৰ মুখলৈ নোচোৱা'''—ক্ৰি, যি হাঁহ মাৰি খাবৰ নিমিত্তে অনা হৈছে, তাৰ মুখলৈ চোৱা অনাৱশ্যক। মুখলৈ চালে মুখৰ কাতৰ ভাব দেখি মৰম লাগে। এতেকে,—বধ্য বস্তুলৈ মৰম নেদেখুওৱা অৰ্থাৎ পৰৰ অপকাৰ অনিবাৰ্য্য হলে তাক কৰিবলৈ কুণ্ঠিত নোহোৱা, not to hesitate to do what is inevitable though un- pleasant. '''মিঠা দিয়া—'''ক্ৰি, মিঠা বস্তু খাবলৈ ভাল। এতেকে,—ভাল ব্যৱহাৰ কৰা, to treat well. '''মিঠৈ-কলা'''—বিং, সবাহত নাম ভাগিলে প্ৰসাদ বিলোৱা হয়। মাহ-চাউল আগৈয়ে পাতত দিয়া হয়। পিচত মিঠৈ আ{{বঙালী ৰ}}ু কলা দিয়া হয়। মিঠৈ আৰু কলা উলিয়াবৰ সময়ত মানুহবিলাকে হেঁতা-ওপৰা কৰে। যেয়ে খোজে বিলনীয়াই তাকে মিঠৈ-কলা দিয়ে। এতেকে,—যেয়ে খোজে
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩২২
{{rh|মুকলি|৩১২|যমৰ}}
তাকে দিব পৰা বস্তু, মুল্য নাইকিয়া বস্তু, things of almost no value. '''মুকলি ফুৰা'''—ক্ৰি, অসমীয়া মানুহে চাপৰিৰ নিচিনা ঠাইত গৈ শৌচাচাৰ কৰে। এতেকে,—শৌচাচাৰ , to evacuate bowels. '''মুখ যুঁজোৱা'''—ক্ৰি, মুখেৰে যুঁজ কৰা অৰ্থাৎ বৰকৈ তৰ্কা-তৰ্কি কৰা, to debate hotly. '''মুখ জুই দিলে নোপোৱা'''—ক্ৰি, জুই চোকা দেখি মুখ পুৰিব পাৰে। কিন্তু এই স্থলত কোৱা হৈছে, যে মুখ জুইতকৈও চোকা বাবে জুইয়ে তাক পুৰিব নোৱাৰে। এতেকে,—মুখ অতি চোকা হোৱা, to be foul- mouthed. '''মেওৱে খোৱা'''—ক্ৰি, কেঁচুৱা লৰাই মেকুৰীক 'মেও’ বোলে। কেঁচুৱা লৰাক ভাত খুৱাই থাকোঁতে নেদেখাকৈ মেকুৰী আহি মাছ চুৰ কৰি লৈ যায়। সেই ঘটনাৰপৰা এই বাক্যৰ উৎপত্তি হৈছে। এতেকে,—কাৰণ বুজিব নোৱৰাকৈ অকস্মাৎ অদৃশ্য হোৱা,( বিদ্ৰূপ ), to disappear suddenly in an unaccountable manner ( used ironically). {{center|⸺⸺}} {{center|<big>'''য। '''</big>}} '''যমৰ বুকুত দিয়া'''—ক্ৰি, পুতেকক মাকে বুকুত সাবটি ধৰি থাকে। এই স্থলত, মাকৰ বুকুত নিদি যমৰ বুকুত দিয়া হয় বোলা হৈছে। এতেকে,— মৰণৰ দ্বাৰা হেৰুওৱা, to lose by death. {{center|⸺⸺}} {{center|}}⸻⸻
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩২৩
{{rh|ৰঙ্গা|৩১২|লোৱাৰ}}
৪০
{{center|<big>'''ৰ। '''</big>}} '''ৰঙ্গা বগা দেখুওৱা'''— ক্ৰি, বৰকৈ মুৰত আঘাত পালে মূৰ ঘূৰি যায়। তেতিয়া কিবাকিবি আঁক-বাঁক চিত্ৰ আকাশত উড়ি ফুৰা যেন দেখা যায়। সেই চিত্ৰৰ কেতবিলাক ৰঙ্গা আৰু কেতবিলাক বগা। এতেকে,— বৰকৈ প্ৰহাৰ কৰা, to give a sound beating. '''ৰাতিপুৱাই দিনটোলৈ'''— ক্ৰি-বিণ, এনে বিশ্বাস আছে যে কোনো লোকৰ ৰাতিপুৱা যদি শুভ হয়, তেনেহলে গোটেই দিনটো শুভ হব; আৰু ৰাতিপুৱা যদি অশুভ হয়, তেনেহলে গোটেই দিনটো অশুভ হব। এতেকে,— গোটেই দিনটোলৈ মঙ্গলসূচক বা অমঙ্গলসূচক ৰাতিপুৱা কালতে, early in the morning which forebodes good or evil for the whole day. {{center|⸺⸺}} {{center|<big>'''ল। '''</big>}} '''লুইত ফুৰিলে গাটি চিকুণ হোৱা'''— ক্ৰি, লুইতৰ পানী পৰিষ্কাৰ। সেই দেখি লুইতৰ মাছৰ গাটি চিকুণ। ঘোলা পানীত ফুৰা মাছৰ গা লেতেৰা হয়। বৰলোকক লুইতেৰে তুলনা কৰা হৈছে। এতেকে,— লোকৰ আশ্ৰয়ত থাকি সুখ-স্বচ্ছন্দতা লাভ কৰা, to obtain case and comfort by living in the shelter of a great man. '''লেদেনা ওকটা'''— ক্ৰি, [ লেদ পানী ওকটা ] লেদ বা লাদ আৰু পানী অৰ্থাৎ মুত উকটি পেলায় বোলা হৈছে। এতেকে,—কোনো মানুহৰ জঘন্য পৰিচৰ্য্যা কৰা, to serve a person vilely. '''লোৱৰ গুৰি-কৰাই গালে গালে চোবোৱা'''—ক্ৰি, চাউল ভাজি গুৰি-কৰাই প্ৰস্তুত কৰা হয়। তেনেকুৱা গুৰি-কৰাই হে গালে গালে চোবাই খাব পৰা
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩২৪
{{larger|{{rh|শদিয়াৰ|৩১৪|সন্ধিৰ}}}}
যায়। এই স্থলত লোৱৰ গুৰি-কৰাই গালে গালে চোবাই খায় বোলা হৈছে। এতেকে,—বিপৰীত টান কাৰ্য্য কৰা, to perform a Herculean task. {{center|⸺⸻}} {{Xx-larger|'''{{center|শ। }}'''}} '''শদিয়াৰ পৰা ধুবুৰীলৈ'''—ক্ৰি-বিণ, শদিয়া আসামৰ পূবৰ সীমা আৰু ধুবুৰী আসামৰ পছিমৰ সীমা। এতেকে,—ইমূৰৰপৰা সিমূৰলৈ, বহু দূৰ পৰ্য্যন্ত, from one end to the other, far and wide. '''শলালৰ শিল'''—বিং, আহোম ৰজাৰ দিনত শলালৰ গোঁহাই অতি ক্ষমতাশালী বিষয়া আছিল। ডাঙ্গৰ অপৰাধীক তেওঁ শিলেৰে খুন্দিছিল। এতেকে;—উগ্ৰ দণ্ড, a severe punishment. '''শুকান জেওৰাৰ ৰস উলিওৱা'''—ক্ৰি, (শুকান = নিৰস। ) গছৰ ৰস আৰু মানুহৰ ধন-সম্পত্তি দুয়ো একে, এনে ভাব বুজোৱা হৈছে। এতেকে,— নিৰস বিষয়কো ৰসাল কৰা , অসমৰ্থ মানুহৰপৰা কোনোমতে ধন- বিত আদায় কৰা, to arouse interest even in the driest subject; to extort money from a person who can ill afford to spare anything. {{center|⸻ ⸻}} {{center|{{Xx-larger|'''স। '''}}}} সন্ধিৰ বাঁহ বুদ্ধিৰে উলিওৱা— ক্ৰি, জোপাৰ ভিতৰৰ কোনো বাঁহ সন্ধিত থাকিলে তাক কাটি গাৰ বলেৰে টানি উলিয়াই আনিব পৰা নাযায়। এই স্থলত কোৱা হৈছে, যে তেনে বাঁহ বুদ্ধিৰ দ্বাৰা মাথোন উলিয়াব পৰা
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩২৫
{{larger|{{rh||৩১৫|সোলাৰ}}}}
যায়। এতেকে,—টান কাৰ্য্য বুদ্ধিৰ দ্বাৰা সিদ্ধি কৰা, to perform a difficult job by means of tact. '''সাত চেউৰীৰ লৰ'''— বিং, চেউৰী গাইয়ে বৰকৈ লৰিব পাৰে। এই স্থলত সাত জনী চেউৰীৰ লৰ মুঠালৈ যিমান হয় সিমান লৰ বুজোৱা হৈছে। এতেকে,—আঁতিপাত লৰ, very fast running. '''সাতে-সোতেৰে'''— ক্ৰি-বিণ, [ সাতে সোতাৰে ] (পাশা খেলৰ মাত) পাশতিত সোতাৰ বেগতে নপৰে। বিপক্ষৰ গুটিয়ে সোতাৰই দেখাকৈ নিজৰ গুটি থব পৰাটো প্ৰশস্ত। কিন্তু কেতিয়াবা গুটি থানিত কোনো মতে পেলাব নোৱাৰি। সময়ত এনে হয়, যে বিপক্ষৰ গুটিয়ে সাতে ছুব পৰাকৈ নিজৰ গুটি থব লগীয়া হয়। তেতিয়া একো উপায় নাপাই খেলুৱাইয়ে ‘সাতে সোতেৰে সমান’ বুলি গুটি তাতে থৈ দিয়ে। এতেকে,—উপায়ান্তৰৰহিত হৈ, finding no other alternative left. '''সীতা নোহোৱা যজ্ঞ পতা'''— ক্ৰি, সীতা দেবকী বনবাসলৈ পঠোৱাৰ পাচত শ্ৰীৰাম- চন্দ্ৰে অশ্বমেধ যজ্ঞ পাতিছিল। পুৰোহিতে সীতা দেবী নহলে যজ্ঞ অসম্পূৰ্ণ হব বুলি কোৱাত ৰামচন্দ্ৰে স্বৰ্ণ-সীতা নিৰ্মাণ কৰাই যজ্ঞ পূৰ্ণ কৰিলে। এতেকে,—কোনো কাৰ্য্যৰ প্ৰধান নায়ক বা উপকৰণ বাদ দি সেই কাৰ্য্য কৰা, to do a business leaving out the chief person or thing necessary for the performance of it in the right way. '''সোলাৰ মুখত মাখি পৰা''' — ক্ৰি, দাঁত-লগা মানুহৰ মুখত মাখি পৰিলে সি মুখৰ ভিতৰলৈ সোমাব নোৱাৰে। কিন্তু সোলা মানুহৰ মুখত মাখি পৰা মাত্ৰকে সি মুখৰ ভিতৰ পায় গৈ। মাখিত নামমাত্ৰ মঙ্গহ থাকে। এই স্থলত বুজোৱা হৈছে, যে সোলাই সিমান ফেৰা মঙ্গহ খাবলৈ পোৱাটোও লাভজনক ঘটনা। এতেকে,—অসমৰ্থ মানুহে যৎকিঞ্চিৎ লাভকো লাভ-স্বৰূপে গণ্য কৰা (বিদ্ৰূপ), the regarding of & trivial receipt as large profit by a person who is incapable of earning anything substantial. {{center|⸻⸻}}
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩২৬
{{rh|হৰি-ভকত|৩১৬|হাঁহ-কণীত}}
{{center|{{X-larger|হ। }}}} '''হৰি-ভকত'''— বিং, হৰি ভক্তিৰ অৰ্থে গুৰুত শৰণ লোৱা হয়। যি কেইজন মানুহে একে লগে শৰণ লয়, তেওঁবিলাকে এজনে আন জনৰ প্ৰতি বিশিষ্ট সম্মান দেখুৱাই। এজনে আনজনক মাতিবলৈ হলে নাম কাঢ়ি নামাতি হৰি-ভকত' বুলি মাতে। এতেকে,—একে লগে গুৰুত শৰণ লোৱা মানুহ; তাৰপৰা,— অতি মিলৰ মানুহ, persons who are initiated in one sitting by the gossain; hance, fast friends. '''হাঁহ-কণীত কুহুম নাহকিয়া হোৱা''' — ক্ৰি, সকলো হাঁহ-কণীত কুহুম থাকে। এই স্থলত হাঁহ-কণীত কুহুম নাইকিয়া বোলা হৈছে। এতেকে,—অৱশ্যম্ভাৱী লাভৰ স্থলতো লাভ নোপোৱা, to derive no profit in a case where profit is inevitable. {{Css image crop |Image = A_Dictionary_Of_Phrases_From_Assamese_To_Assamese_And_English.djvu |Page = 326 |bSize = 381 |cWidth = 114 |cHeight = 33 |oTop = 297 |oLeft = 135 |Location = center |Description = }} {{center|{{X-larger|সমাপ্ত।}} }}
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:Akhoror Rail Gari.pdf/১
{{Css image crop |Image = Akhoror_Rail_Gari.pdf |Page = 1 |bSize = 464 |cWidth = 303 |cHeight = 407 |oTop = 96 |oLeft = 80 |Location = center |Description = }}
VALIDATED
https://upload.wikimedia…ail_Gari.pdf.jpg
পৃষ্ঠা:Akhoror Rail Gari.pdf/২
{{dhr|2em}} {{c|{{Xx-larger|আখৰৰ ৰেলগাড়ী}}}} {{dhr|6em}} {{c|সপোন মাধুৰী দত্ত}} {{dhr|6em}} {{c|<small>পৰিবেশক:</small><br/> {{larger|বীণা লাইব্ৰেৰী}}<br/> <small>কলেজ হোষ্টেল ৰোড্</small><br/> <small>পাণবজাৰ, গুৱাহাটী—৭৮১০০১</small>}} {{dhr|2em}}
VALIDATED
https://upload.wikimedia…ail_Gari.pdf.jpg
পৃষ্ঠা:Akhoror Rail Gari.pdf/৩
{{Dhr}} '''ĀKHARAR RELGĀRI'''— Poems on Assamese vowels for Children written and Published by Smt. Sapan Madhuri Dutta, Sailendra Bhawan, Silpukhuri, Guwahati-781003.<br/> '''Price: Rs 6'00 (Rupees Six only.)''' {{Dhr|2em}} প্ৰকাশিকা : সপোন মাধুৰী দত্ত<br/> {{gap|4em}} শৈলেন্দ্ৰ ভৱণ<br/> {{gap|4em}} শিলপুখুৰী, গুৱাহাটী-৭৮১০০৩ {{Dhr|2em}} লেখিকাৰ দ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত। {{Dhr|2em}} বেটুপাত : ত্ৰৈলোক্য দত্ত<br/> অঙ্গসজ্জা : অভিশ্ৰুতি দত্ত {{Dhr|2em}} প্ৰথম প্ৰকাশ : আগষ্ট, ১৯৮৮ চন। {{Dhr|2em}} মূল্য : ছয় টকা মাত্ৰ। {{Dhr|2em}} মুদ্ৰক :<br/> ইন্দু-নাৰায়ণ প্ৰিন্টিং ওৱাৰ্কচ<br/> ১৫বি, ৰায় বাগান ষ্ট্ৰীট<br/> কলিকতা-৭০০০০৬ {{Dhr}}
VALIDATED
https://upload.wikimedia…ail_Gari.pdf.jpg
পৃষ্ঠা:Akhoror Rail Gari.pdf/৪
{{Dhr|3em}} {{center|{{larger|'''দুৱাৰ দলিৰ পৰা এষাৰ'''}}}} {{gap}}নিজৰ ঘৰুৱা জীৱনৰ আৰু চুবুৰীৰ শিশুসকলৰ বিভিন্ন আৰু বিচিত্ৰ অভিজ্ঞতা সমূহকে চিত্ৰিত কৰিছে শ্ৰীমতী নিজৰা (সপোন মাধুৰী) আইদেৱে, তেওঁৰ এই কৱিতা খিনিত। তেওঁৰ শিশু প্ৰেমৰ পৰিচয় ইয়াৰ পাতে পাতে! ছন্দৰ দুই এটা উজুটি ভাব আৰু বিষয়ৰ বৈচিত্ৰই সাৱলীল কৰি লৈ গৈছে। এতিয়া, যাৰ বাবে এই কিতাপখন লেখা হৈছে তেওঁলোকে কেনে পায় সেইটো চোৱা যাওঁক! দাপোণত মুখ চাই ডাঙৰে ভালপায়, শিশুৱেও নিশ্চয় পাব। {| width="100%" |- | ১৬।১১।৮৭ || আশীৰ্ব্বাদেৰে⸺<br/>'''নৱকান্ত বৰুৱা''' |} {{Dhr|3em}}
VALIDATED
https://upload.wikimedia…ail_Gari.pdf.jpg