title stringlengths 13 148 | header stringlengths 0 3.13k | footer stringlengths 0 2.16k | body stringlengths 0 46k | quality stringclasses 2 values | url stringlengths 58 1.01k |
|---|---|---|---|---|---|
পৃষ্ঠা:Akhoror Rail Gari.pdf/৫ | {{Dhr|3em}}
{{center|{{larger|'''অপৰ্ণ'''}}}}
{{Block center|<poem>মুঙ্কু, নাইনা
::মামু, মাইনা
::::লাকী, দীপ, শিখা, জুলি;
আখৰৰ ৰেলগাড়ী
::দিলো হাতত তুলি
::::সকলোকে দিবা বুলি।
::::::::—'''লেখিকা'''
</poem>}}
{{Dhr|3em}} | VALIDATED | |||
পৃষ্ঠা:Akhoror Rail Gari.pdf/৬ | {{dhr}}
{{Css image crop
|Image = Akhoror_Rail_Gari.pdf
|Page = 6
|bSize = 464
|cWidth = 114
|cHeight = 131
|oTop = 89
|oLeft = 168
|Location = center
|Description =
}}
{{dhr}}
{{Block center|<poem>{{Xxxx-larger|অ}} কণি এধানি আমি ভাই-ভণী।
{{Xxxx-larger|আ}} ইৰ জুৰাওঁ নিতে বুকু খনি॥
{{Xxxx-larger|ই}} মান চেনেহ ইমান যে দয়া।
{{Xxxx-larger|ঈ}} শ্বৰে লবলৈ দিছে ছঁয়া॥
{{Xxxx-larger|উ}} ম্ পাওঁ আইৰ কোলাতে বিচাৰি।
{{Xxxx-larger|ঊ}} স্ বুলিলেও আই আহে লৰি॥
{{Xxxx-larger|ঋ}} তু বৰষাৰ বৰষুণৰ দৰে।
{{Xxxx-larger|এ}} বুকু আইৰ মৰম উপচি পৰে॥
{{Xxxx-larger|ঐ}} দেহি! ই যে কেনে মৰম-ভাৰ।
{{Xxxx-larger|ও}} লোমাও আইৰে চেনেহ হাৰ॥
{{Xxxx-larger|ঔ}} গহত মৌচাক ভৰে যিদৰে।
::আইৰ মাততো মৌ সৰে সিদৰে॥</poem>}} | VALIDATED | |||
পৃষ্ঠা:Akhoror Rail Gari.pdf/৭ | {{Dhr|1em}}
{{Css image crop
|Image = Akhoror_Rail_Gari.pdf
|Page = 7
|bSize = 464
|cWidth = 197
|cHeight = 104
|oTop = 108
|oLeft = 132
|Location = center
|Description =
}}
{{Block center|<poem>{{X-larger|'''অ'''}}কণমান অংশুমান
::খেলাত বৰ খ্যাতিমান
::::লুটি বাগৰ মাৰি মাৰি খেলে,
বিছনাকে ‘পিট্চ’ কৰি
::মাৰে বল টুপ্ কৰি
::::বেট্-টেট্ নহ’লেও চলে॥
হাত দুখন মুঠি মাৰি
::যেনেকৈহে উফাল মাৰি
::::(যেন) বল ‘কেট্ছ’ ধৰিবলৈ নিয়ে,
নিজেও বলৰ দৰে
::ঘূৰি ঘূৰি বাগৰ মাৰে
::::কল্কলাই ‘কমেন্টেৰি’ও দিয়ে॥
কপিলৰ দৰেই হাঁহে
::দাঁতবোৰহে নাই পিছে
::::দেখিলেই মৰম লাগি যায়,
আঠমহীয়া অংশুমান
::যেতিয়াই তেতিয়াই অভিমান
::::কান্দিবলৈও বৰ ভাল পায়॥
</poem>}}
{{Dhr|1em}} | VALIDATED | |||
পৃষ্ঠা:Akhoror Rail Gari.pdf/৮ | {{Dhr|1em}}
{{Css image crop
|Image = Akhoror_Rail_Gari.pdf
|Page = 8
|bSize = 464
|cWidth = 225
|cHeight = 152
|oTop = 108
|oLeft = 126
|Location = center
|Description =
}}
{{Block center|<poem>{{X-larger|'''আ'''}}ই ঐ দেহিটি {{gap|4em}} জিষ্ণু বোপাটি
{{gap|4em}}কেনেকৈ চোৱা হাঁহিছে,
চুৰিয়া পঞ্জাৱী {{gap|4em}} যেনেকৈহে পিন্ধি
{{gap|4em}}দৰা হৈ যেন সাজিছে!
অফুট্ মাতেৰে {{gap|4em}} অবুজ ভাষাৰে
{{gap|4em}}কিবাবোৰ কৈ বহিছে,
থুপুক্ থাপাক্ {{gap|4em}} খোজৰ পাকত
{{gap|4em}}কিমানবাৰ যে পৰিছে!
জোন যেন শুৱনী {{gap|4em}} এধানি মুখনি
{{gap|4em}}হাঁহিত জেউতি চৰে,
চকুত ‘চছ্মা’ {{gap|4em}} হাতত ঘড়ীৰে
{{gap|4em}}কত কিনো ভাও ধৰে।
</poem>}}
{{Dhr|1em}} | VALIDATED | |||
পৃষ্ঠা:Akhoror Rail Gari.pdf/৯ | {{block center/e}} | {{Dhr|1em}}
{{Css image crop
|Image = Akhoror_Rail_Gari.pdf
|Page = 9
|bSize = 464
|cWidth = 168
|cHeight = 128
|oTop = 104
|oLeft = 164
|Location = center
|Description =
}}
{{block center/s}}<poem>{{X-larger|'''ই'''}}মান মন যায় ৰুঙ্কুমণিৰ
::::::পুলিচ হ’বল’ই,
পেহাকৰ ফটো মেজত থৈ
::::::‘চেলুট্’ মাৰে গ’ই।
পেহাক পুলিচৰ লাঠি ডাল লৈ
::::::টুপীও খুজি নিলে,
পেহাৰ বন্দুক ল’ব নোৱাৰিহে
::::::‘লিঅ’ পিষ্টলকে ল’লে।
এতিয়া আকৌ ‘ইউনিফৰ্ম’ নাই
::::::পেহাক কুটুৰিলে,
পেহাৰ চোলাৰে নহব বুলিলতো
::::::সি হ’লে নুবুজিলে।
উপায় নাপাই পেহাই ৰুঙ্কুক
::::::চোলাটোকে দিয়ে,
পেণ্ট নিপিন্ধিলেও হ’ব বুলিলে
::::::‘এইটো’ যদি নিয়ে।
</poem> | VALIDATED | ||
পৃষ্ঠা:Akhoror Rail Gari.pdf/১০ | {{block center/s}} | <poem>ৰুঙ্কুৱে হাঁহি পিন্ধি চাই দেখিলে
::::::পেণ্টলৈ ঠাই নাই,
মাকক সাৱটি ফেকুঁৰি ক’লে
::::::‘পেহা কেনেকুৱা পাই!
পুলিচ মই নহওঁ আৰু জানা
::::::অকণো দয়া নাই,
বন্দুকধাৰী এনে পুলিচক
::::::কোনে নো ভালপায়?’
মাকে বুজালে ‘পুলিচ নহ’লে
::::::শান্তি কেনেকৈ হ’ব?
চোৰ, ডকাইত, ঠগ আদিৰে
::::::দেশ পূৰণ হ’ব।
লোৱা এইটো ইউনিফৰ্ম তুমি
::::::দৰ্জীয়ে দিছিল সী,
এতিয়াই পিন্ধি হাঁহি দিয়া তুমি
::::::চেলুট্ এটাকে দি।
পেহাক এনেকৈয়ে সুধি আহাগৈ
::::::চেলুট্ এটা মাৰি,
পঢ়াশুনা কৰি কেতিয়াকে নো
::::::অফিচাৰ হব পাৰি?’
</poem>
{{block center/e}}
{{Css image crop
|Image = Akhoror_Rail_Gari.pdf
|Page = 10
|bSize = 464
|cWidth = 84
|cHeight = 86
|oTop = 411
|oLeft = 200
|Location = center
|Description =
}}
{{Dhr|2em}} | VALIDATED | ||
পৃষ্ঠা:Akhoror Rail Gari.pdf/১১ | {{block center/e}} | {{Dhr|1em}}
{{Css image crop
|Image = Akhoror_Rail_Gari.pdf
|Page = 11
|bSize = 464
|cWidth = 183
|cHeight = 110
|oTop = 131
|oLeft = 158
|Location = center
|Description =
}}
{{block center/s}}<poem>{{X-larger|'''ঈ'''}}শ্বৰক সেৱা {{gap|4em}} পিম্পুৱে কৰে
{{gap|4em}}হাত যোৰ নিতে কৰি,
সন্ধিয়া পৰত {{gap|4em}} গোসাঁই ঘৰত
{{gap|4em}}নাম-ঘোষা সুৰ ধৰি।
পুৱা সোনকালে {{gap|4em}} ঢাৰি পাটি এৰে
{{gap|4em}}দাঁত মুখ নিকা কৰে,
পঢ়াশালিৰ পাঠ {{gap|4em}} আওৰাঁও বুলি
{{gap|4em}}নিজ পুথি মেলি ধৰে।
“মহাপুৰুষৰ {{gap|4em}} মহাজীৱনৰ
{{gap|4em}}মহান চানেকি ল’বা।
সেই চানেকিৰে {{gap|4em}} জীৱন গঢ়িলে
{{gap|4em}}বৰ লোক তেহে হবা।”
শুনিয়ে লাটুৱে {{gap|4em}} বিছনাতে ক’লে
{{gap|4em}}“মহান চানেকি ল’ম,
মহান পুৰুষৰ {{gap|4em}} মহান বাণীৰে
{{gap|4em}}শঙ্কৰৰ দৰে হ’ম।</poem> | VALIDATED | ||
পৃষ্ঠা:Akhoror Rail Gari.pdf/১২ | {{block center/s}} | <poem>বৰ লোক হ’লে {{gap|4em}} ময়ো তেনেহলে
{{gap|4em}}ঈশ্বৰক দেখা পাম,
তেতিয়াহে মই {{gap|4em}} ঈশ্বৰক পাই
{{gap|4em}}কিমান দয়ালু চাম!”
পিম্পুৱে ক’লে {{gap|4em}} “আইতাকে ক’বা
{{gap|4em}}বৰ হবৰ যদি মন,
বেয়া কেতিয়াও {{gap|4em}} নহওঁ বুলিয়ে
{{gap|4em}}প্ৰথমে কৰিবা পণ।
আমাক ঈশ্বৰে {{gap|4em}} মানুহ সাজিলে
{{gap|4em}}পৰম দয়ালু যেনে,
আইতাই কৈছে {{gap|4em}} মৰম কৰিবলৈ
{{gap|4em}}আই পিতা দিলে তেনে।
ফল, ফুল, পখী, {{gap|4em}}নৈ, জান, জুৰি
{{gap|4em}}ঈশ্বৰেই সজা ধৰা,
জোন, বেলি, পশু {{gap|4em}} সকলো ঈশ্বৰে
{{gap|4em}}সাজে আকাশৰো তৰা।
এতিয়া উঠি গৈ {{gap|4em}} আইতাক কোৱা গৈ
{{gap|4em}}ভাল ল’ৰা তেনে হবা,
ইস্কুলৰ পৰা {{gap|4em}} আহিলেই আইতা
{{gap|4em}}ঈশ্বৰৰ কথা ক’বা।”
লাটুৱে বোলে {{gap|4em}} “বাইদেউ তেনে
{{gap|4em}}তোমাৰ দৰে হ’ম চাগে,
ঈশ্বৰেও চাব {{gap|4em}} আটায়েই ক’ব
{{gap|4em}}‘ইমান মৰম লাগে’!!”
</poem>
{{block center/e}}
{{Dhr|1em}} | VALIDATED | ||
পৃষ্ঠা:Akhoror Rail Gari.pdf/১৩ | {{Dhr|1em}}
{{Css image crop
|Image = Akhoror_Rail_Gari.pdf
|Page = 13
|bSize = 464
|cWidth = 206
|cHeight = 143
|oTop = 105
|oLeft = 132
|Location = center
|Description =
}}
{{Block center|<poem>{{X-larger|'''উ'''}}ৰি ফুৰা চৰাইৰ দৰে
::::::ফুৰে চুমুজান,
কথা পাতে চৰাইৰ স’তে
::::::গাই মিঠা গান।
পখিলাৰ দৰে হাত মেলি
::::::নাচি নাচি ফুৰে,
ভোমোৰাৰ দৰে গুণ্গুণাই
::::::কিবা বোৰ কৈ ঘূৰে।
বনগুটিৰে চোলা ভৰাই
::::::কত ফুল বাচে,
মৰম সনা মুখ খনিৰে
::::::মৰমকে যাচে।
অ’ৰ বস্তু ত’ত থই
::::::বৰ বন কৰে,
খং কৰিলেও হাঁহি মাৰে
::::::বনফুলৰ দৰে।
</poem>}}
{{Dhr|1em}} | VALIDATED | |||
পৃষ্ঠা:Akhoror Rail Gari.pdf/১৪ | {{block center/e}} | {{Dhr|1em}}
{{Css image crop
|Image = Akhoror_Rail_Gari.pdf
|Page = 14
|bSize = 464
|cWidth = 194
|cHeight = 113
|oTop = 105
|oLeft = 129
|Location = center
|Description =
}}
{{block center/s}}<poem>{{X-larger|'''ঊ'''}}নৰ নতুন চোলা পিন্ধি
::::::শান্তুৱে গহীন সুৰে
ছবি চাই চায়ে ৰমিক সুধিলে
::::::“মইনো কাৰ দৰে?”
ৰমিও আছিল ছবি চাই
::::::ক’লে—“ইয়াৰে দৰে,”
শান্তুৱে জুপি দেখিলে ভাগত
::::::সিংহ এটাহে পৰে।
খঙ্ত শান্তু একো নাই হৈ
::::::দিলে ‘ধুচুম্’ মাৰি,
ৰমিয়েও কান্দি শান্তুক ক’লে
::::::“ময়ো নাযাওঁ হাৰি।”
শান্তু আছিল মিঠা মাতৰ
::::::শান্তও আছিল বৰ
অতিপাত মৰম আদৰে
::::::কৰিলে লৰফৰ।
</poem> | VALIDATED | ||
পৃষ্ঠা:Akhoror Rail Gari.pdf/১৫ | {{block center/s}} | <poem>কথাই পতিয়ে ঠেহ্পেচ্
::::::কৰিব নোৱাৰে শান্ত,
নিচুকাওঁতেই সকলোৱে
::::::হয় একেবাৰে ক্লান্ত।
লাগ বোলাঁতেই বস্তু যদি
::::::লগে লগে নাপায়,
কাণ তাল মৰা একোটাকৈ
::::::চিঞৰকে লগায়।
সেই চিঞৰত বুবি, নিতু
::::::ভয়তে সাৰ পায়,
হাত ভৰি মাৰি কান্দি কান্দি
::::::গছৰ পাত সৰায়।
লাহেকৈ ৰমিক শান্তুৱে কয়
::::::‘সাহ এনে দেখা নাই,
মই মৰা দৰে মোকো ইহঁতে
::::::মাৰিব নে কি পাই!’
মই নাকান্দো কাকো নামাৰো
::::::শান্তুৱে মনতে ভাৱে,
বুবি, নিতুৰ সঁচাই মই
::::::ককাইদেউ হলো বাবে।
</poem>
{{block center/e}}
{{Css image crop
|Image = Akhoror_Rail_Gari.pdf
|Page = 15
|bSize = 464
|cWidth = 65
|cHeight = 69
|oTop = 422
|oLeft = 198
|Location = center
|Description =
}}
{{Dhr|1em}} | VALIDATED | ||
পৃষ্ঠা:Akhoror Rail Gari.pdf/১৬ | {{block center/e}} | {{Dhr|1em}}
{{Css image crop
|Image = Akhoror_Rail_Gari.pdf
|Page = 16
|bSize = 464
|cWidth = 203
|cHeight = 102
|oTop = 102
|oLeft = 135
|Location = center
|Description =
}}
{{block center/s}}
<poem>{{X-larger|'''ঋ'''}}তু, গীতু, বুবু, দেবু,
::::::চিনু, জু, ৰলি,
ঝক্ ঝক্ সৌ ৰেলখন
::::::গৈ আছে চলি।
ডিব্লু, ৰাহুল, টিনা,
::::::জিৎ, গুৰীয়া,
ডবাবোৰ দেখিবলৈ
::::::বৰ ধুনীয়া।
চাইলু, পাল্কি, মিলি,
::::::সুজাতা, জুনা,
আৰু ডবা লগালেহি
::::::বাব্লি, মুন্না।
অসমীয়া, হিন্দী, বাংলা
::::::যি যাৰ ভাষা,
ক’ই যায়, খেলি যায়
::::::খেলাতেই আশা।
ৰেলৰ ইঞ্জিন যিটো
::::::সদায় বাবু।</poem> | VALIDATED | ||
পৃষ্ঠা:Akhoror Rail Gari.pdf/১৭ | {{block center/s}} | {{block center/e}} | <poem>সৱকে চলাই ফুৰা
::::::তীখৰ ডাবু।
বেগাই যি ৰেল চলে
::::::দিল্লীলৈ বুলি,
‘তা-তা’ ‘বাই’ চিঞৰিলে
::::::হাত তুলি তুলি।
কাণ তাল মৰা উকিৰে
::::::মাতে কু-কু-কু,
হঠাৎ কান্দোনৰ ৰোল
::::::উঠে উ-উ-উ।
ডবা চিঙি পৰে চিটিকি
::::::কান্দিলে ফেকুঁৰি,
নপৰিব কিয়? বাটহে যেনে
::::::কেকোঁৰা-কেঁকুৰি!
কান্দি কান্দি ডবা উঠি
::::::ধূলি মোহাৰে,
ইঞ্জিনকে আটায়ে ধৰি
::::::চুলি জোকাৰে।
খঙেৰে ক’লে ইঞ্জিনে—
::::::“তাপৰ হেঁচা যি,
গ’ল জোৰে ৰেল চলি
::::::মই কৰোঁ কি?
মাকহঁতচোন ল’ৰি আহিল।
::::::ক’ৰবাৰ পৰা,
লাহেকে হাঁহি বুজাই ক’লে,
::::::“ভালকৈ ধৰা।
</poem> | VALIDATED | |
পৃষ্ঠা:Akhoror Rail Gari.pdf/১৮ | {{block center/s}} | <poem>পৰি ধৰি এনেকৈয়ে
::::::ডাঙৰ হয়,
ৰেল লাহেকৈ চলে বুলি
::::::কোনে নো কয়?
এনেকৈনো কেনেকৈ বাৰু
::::::দিল্লী আজি পাবা,
সময় কিন্তু কালৈকো নৰয়
::::::সেই কথা চাবা”
ডবা উঠি হাঁহি মাৰি
::::::চকুপানী মুচি,
গ’ল পুনু কু কু কৰি
::::::দিল্লীলৈ গুচি।
</poem>
{{block center/e}}
{{Dhr|2em}}
{{Css image crop
|Image = Akhoror_Rail_Gari.pdf
|Page = 18
|bSize = 464
|cWidth = 81
|cHeight = 74
|oTop = 390
|oLeft = 192
|Location = center
|Description =
}}
{{Dhr|1em}} | VALIDATED | ||
পৃষ্ঠা:Akhoror Rail Gari.pdf/১৯ | {{Dhr|1em}}
{{Css image crop
|Image = Akhoror_Rail_Gari.pdf
|Page = 19
|bSize = 464
|cWidth = 182
|cHeight = 87
|oTop = 120
|oLeft = 158
|Location = center
|Description =
}}
{{Block center|<poem>{{X-larger|'''এ'''}}য়া দেখিছা গৰুজনীৰ
::::::পিঠিত ভালকৈ বহি,
বুনি কৰবালৈ যাব খোজে
::::::থাকিব নোৱাৰে সহি।
“হাঁহে কোনে স্কুটাৰ নাই বুলি
::::::দেখুৱাম মই আজি,
কিমান বেগেৰে যাব পাৰোঁ
::::::পখী-ঘোঁৰা নিজে সাজি।”
ৰাজকোঁৱৰ হৈ বহি ল’ই
::::::শিঙত লেকাম ধৰে,
পঘা ছিঙি গৰুজনী
::::::খালত ভয়তে পৰে।
খালৰ পৰা লেতেৰ পেতেৰ
::::::বুনি উঠি আহে,
দূৰৰ পৰা স্কুটাৰত বহি
::::::বাবা, বাব্লাই হাঁহে।
</poem>}}
{{Dhr|1em}} | VALIDATED | |||
পৃষ্ঠা:Akhoror Rail Gari.pdf/২০ | {{block center/e}} | {{Dhr|1em}}
{{Css image crop
|Image = Akhoror_Rail_Gari.pdf
|Page = 20
|bSize = 464
|cWidth = 149
|cHeight = 141
|oTop = 101
|oLeft = 146
|Location = center
|Description =
}}
{{block center/s}}
<poem>{{larger|'''ঐ,'''}} উ, ই, ঋ, ঈ
::::::আখৰবোৰ দেখি,
জিতুৱে পঢ়ি চালে
::::::মনে মনে লেখি।
ইমানবোৰ আখৰ
::::::পঢ়িব নোৱাৰি,
ঋ, ঈ কে ফুটালে
::::::পেঞ্চিলেৰে ধৰি।
আখৰবোৰ তেনেকৈয়ে
::::::তাকৰ কৰি লৈ
বেগাই সামৰি পুথি
::::::যায় খেলিবলৈ।
হাতত বল-বেট লৈ
::::::ওভতে গধূলি,
সোমায়ে ভাওনা কৰে
::::::পায়েই পদূলি।
</poem> | VALIDATED | ||
পৃষ্ঠা:Akhoror Rail Gari.pdf/২১ | {{block center/s}} | <poem>আইতাকে হাঁহি হাঁহি
::::::চাই ভোল যায়,
মাকৰ পিছে জিতুৱে
::::::ভাল ডাবি খায়।
“সোণৰ শৈশৱ কাল
::::::গ’লে আৰু নাহে”
জিতুক শিকালে নীতি
::::::মাকে লাহে লাহে।
প্ৰথমতে জিতুমণি
::::::ঠেহ পাতি ৰ’ল,
পিছত বুজি শুনি
::::::পাঠ পঢ়া হ’ল।</poem>
{{block center/e}}
{{Dhr|2em}}
{{Css image crop
|Image = Akhoror_Rail_Gari.pdf
|Page = 21
|bSize = 464
|cWidth = 93
|cHeight = 74
|oTop = 395
|oLeft = 197
|Location = center
|Description =
}}
{{Dhr|1em}} | VALIDATED | ||
পৃষ্ঠা:Akhoror Rail Gari.pdf/২২ | {{block center/e}} | {{Dhr|1em}}
{{Css image crop
|Image = Akhoror_Rail_Gari.pdf
|Page = 22
|bSize = 464
|cWidth = 176
|cHeight = 114
|oTop = 111
|oLeft = 158
|Location = center
|Description =
}}
{{block center/s}}<poem>{{larger|'''ও'''}}ৰাঙৰ ৰসগোল্লা ল'ই
::::::খাইছে সানিছে,
মিঞ্চুৱে চোৱাচোন পাই
::::::কিনো যে কৰিছে!
ৰ’দৰ তাপত থোৱা পেহীৰ
::::::বটলৰ আচাৰ,
মুখত ভৰালেগৈ পাই
::::::টপৰ্ টাপাৰ্।
পেহীয়ে খঙতে এদিন
::::::কৈছিলেই চাগে,
আচাৰ খালে জলকীয়া
::::::সানি দিব লাগে।
দিম বুলি আজিও কেলেই
::::::দিয়া নাই জানি,
সেয়ে মিঞ্চুৱে জলকীয়া লৈ
::::::দিলে নিজে সানি।
</poem> | VALIDATED | ||
পৃষ্ঠা:Akhoror Rail Gari.pdf/২৩ | {{block center/s}} | <poem>পোৰণিত কান্দিলে ঐ দেহি
::::::চিঞৰি চিঞৰি,
পেহীয়ে আহি ক’লে— “জলকীয়া
::::::খাইহে মোহাৰি!”
শুনিয়ে জলকীয়া আৰু এটি
::::::মুখত ভৰালে,
পোৰণিত হাত ভৰি মাৰি
::::::আকউ বিনালে।
পেহীয়ে দেখি ‘মৰিলোঁ’ বুলি
::::::কৰে “হৰি! হৰি!”
চকু মুখকেই এহাতেৰে
::::::ঢাকি দিয়ে ধৰি।
পেহীৰ ইহাতত থকা
::::::ৰসগোল্লা পাই,
মিঞ্চুৱে খালেও সানিলেও
::::::ততকে নাপায়।
পেহীয়ে মিচিকাই ক’লে —
::::::কাণ্ডবোৰ দেখি,
“ৰসগোল্লা লাগে বুলি মামালৈ
::::::দিওঁ নে কি লিখি?”
পোৰণি পলালেই তেওঁৰ
::::::ৰসগোল্লা পাই,
“ও” বুলি শলাগিলে
::::::আৰু এটা খায়।
</poem>
{{block center/e}}
{{Dhr|1em}} | VALIDATED | ||
পৃষ্ঠা:Akhoror Rail Gari.pdf/২৪ | {{block center/e}} | {{Dhr|1em}}
{{Css image crop
|Image = Akhoror_Rail_Gari.pdf
|Page = 24
|bSize = 464
|cWidth = 168
|cHeight = 120
|oTop = 90
|oLeft = 153
|Location = center
|Description =
}}
{{block center/s}}<poem>“{{larger|'''“ঔ'''}}ৰে গছতে মৌৱে বাঁহ ললে”
::::::বিয়া নাম গায়,
গপচত আনৰ মঞ্চত উঠি
::::::চুম্কি যিহে যায়!
কালৈকো ভয় নকৰে সমূলি
::::::যেনেকৈহে চাই,
কেৰাহিকৈ যি মিচিকাই হাঁহে
::::::চকু পিৰিকাই।
‘তই’ বুলিলেই জঁয় পাৰি যায়
::::::মুখ ওফন্দাই।
তলমূৰ কৰি চকুপানী মচি
::::::হব খোজে ঘাই।
ডাঁৰত কাপোৰ এখনি কাৰো
::::::থবকে নোৱাৰি,
টোপোলা কৰি সোপাকে ধোৱে
::::::‘চাৰ্ফ’ত মোহাৰি।
আলহি গ’লে সোধ-পোছ কৰে
::::::লচ্পচ্ ক’ই,
‘প্লেট্’ ভৰাই বিস্কুট-টফিকে
::::::যাচি দিয়ে গৈ।
</poem> | VALIDATED | ||
পৃষ্ঠা:Akhoror Rail Gari.pdf/২৫ | {{block center/s}} | <poem>গহীনত বহি লৈ কথা পাতে
::::::কত ভাবি গুণি,
ভৰি তুলি লৈ হাত গালত থৈ
::::::যেন মহাৰানী।
দেউতাকৰ ভাওৰে চুম্কি
::::::গদ্গদ্ মাতে,
মাককো কাষত পাবলৈকে
::::::‘হেৰা’ বুলিহে মাতে।
চাদৰ মেখেলা পিন্ধি এদিন
::::::ভৰি চৰি ঢাকি,
আইনা চাই ৰঙা সেন্দুৰেৰে
::::::ফোঁট ললে আঁকি।
শিৰতো লগতে দীঘলিয়াকৈ
::::::দিলে ৰেখা টানি,
ৰিমি, লিমিক দেখুৱাব বুলি
::::::কইনা সাজি আনি।
“মাৰ নিচিনাকৈ কৰিছোঁ বোলে
::::::কেনে ‘ষ্টাইল’ আজি,
আঁহা বেগাই, চোঁৱা তোমালোকে
::::::মই কেনে কাজী।”
গোলাপ যদিহে ফুলৰ মাজত
::::::হ’ব পাৰে ৰানী,
ঘৰৰ ভিতৰত সৌ {{SIC|মহৰানী|মহাৰানী}}
::::::চুমকি অভিমানী।
</poem>
{{block center/e}}
{{Dhr|1em}} | VALIDATED | ||
পৃষ্ঠা:Alibaba Aru Dukuri Dokait.pdf/১ | {{overfloat image
| image = [[File:Alibaba Aru Dukuri Dokait (page 1 crop).jpg|400px|center]]
|width=400
|item1= {{color|transparent|{{Xx-larger|আলিবাবা}}<br/>{{Xx-larger|আৰু}}<br/>{{Xx-larger|দুকুৰি ডকাইত}}}}
|x1 =70
|y1 =70
|item2= {{color|transparent|<big>আজলীতৰা নেওগ</big>}}
|x2 =250
|y2 =570
}} | VALIDATED | |||
পৃষ্ঠা:Alibaba Aru Dukuri Dokait.pdf/২ | আলিবাবা আৰু দুকুৰি ডকাইত | {{center|<poem><b>{{Xxx-larger|আলিবাবা
আৰু
দুকুৰি ডকাইত}}</b></poem>}}
{{center|{{larger|'''আজলীতৰা নেওগ'''}}}} | VALIDATED | ||
পৃষ্ঠা:Alibaba Aru Dukuri Dokait.pdf/৩ | ALIBABA ARU DUKURI DOKAIT : Adopted from Arabian
Nights in Assamese by Ajaleetara Neog and published by Xuwani
Prakash, Guwahati-781005.
{{Rule}}
© শুৱনী প্ৰকাশ
<poem>
প্ৰথম তাঙৰণ : ১৮৫৩ শক
দ্বিতীয় তাঙৰণ : ১৮৬২ শক
তৃতীয় তাঙৰণ : ১৮৭৫ শক
চতুৰ্থ তাঙৰণ: ১৯৩০ শক</poem>
মূল্য: ২৫.০০ টকা
বেটুপাত আৰু অঙ্গসজ্জা: শ্ৰীঅতুল বৰুৱা
{{Float left|প্ৰকাশক:}} <poem>শুৱনী প্ৰকাশ
{{gap|3em}}গুৱাহাটী-শ্বিলংপথ
{{gap|3em}}ভঙাগড়, গুৱাহাটী-৭৮১০০৫</poem>
{{Float left|মুদ্ৰক}}: অন্বেষণ পাব্লিকেচন<br/>
{{gap|3em}}ৰাজগড় ৰোড, ভঙাগড়<br/>
{{gap|3em}}গুৱাহাটী-৭৮১০০৭ | VALIDATED | |||
পৃষ্ঠা:Alibaba Aru Dukuri Dokait.pdf/৪ | {{center|<poem>'''<big>অৰ্পণ</big>'''
{{larger|পৰম পূজনীয় পিতৃদেৱতা
শ্ৰীযুত বেণুধৰ ৰাজখোৱা, বি, এৰ
শ্ৰীচৰণ-কমল-যুগলত
{{gap|8em}}শুৱনীকণ}}</poem>}} | VALIDATED | |||
পৃষ্ঠা:Alibaba Aru Dukuri Dokait.pdf/৫ | {{center|৫}} | {{gap}}“শ্ৰীমতী আজলীতৰ নেওগৰ দ্বাৰাই ৰচিত আৰৱৰ 'এহেজাৰ এনিশা'ৰ সাধুৰ ভিতৰত এই সুবিখ্যাত সাধুটো পৃথিৱীৰ ভিতৰত সকলোবোৰ প্ৰধান ভাষাত অনুবাদিত হৈ বহুকালৰ পৰা প্ৰচাৰিত হৈছে। এনে শিক্ষিত মানুহ আৰু ল'ৰা-ছোৱালী কম যে এই সাধুটোৰ বিষয়ে অলপ নহয় অলপ নাজানে। আমাৰ অসমীয়া ভাষাত তাক উলিয়াই দি শ্ৰীমতী নেওগে বৰ ভাল কাৰ্য্য কৰিলে। কিতাপৰ ভাষা ভাল, গঢ় ভাল।
গ্ৰন্থকৰ্ত্ৰী আমাৰ শ্ৰদ্ধাস্পদ বন্ধু শ্ৰীযুত ডিম্বেশ্বৰ নেওগৰ সহধৰ্মিনী আৰু বন্ধুবৰ ৰাজখোৱা ডাঙৰীয়াৰ কন্যা। পিতৃ আৰু স্বামী দুই ফালৰ পৰা তেওঁৰ গাত সাহিত্যৰ প্ৰেৰণা আছে। এনেকুৱা বস্তু আমাৰ আইটিৰ পৰা আমি আৰু বিচাৰিলোঁ। ”
{{Right|'''শ্ৰীলক্ষ্মীনাথ বেজবৰুৱা, ’বাহী’ কাতি ১৮৫৩ শক। '''}}
{{gap}}“শ্ৰীযুতা আজলী নেওগ ৰচিত। ছপা, বন্ধা ভাল...এই এধানমান পুথিখনত সুবিখ্যাত আৰবোপন্যাসৰ “এহেজাৰ এৰাতিৰ” এটা সাধু সহজ সৰল ভাষাৰে অসমীয়ালৈ ভাঙি অসমীয়া ৰাইজৰ শলাগৰ পাত্ৰী হৈছে। আশাকৰোঁ লেখিকাই তেওঁৰ সুযোগ্য পিতৃ আৰু স্বামীৰ পথ অনুসৰণ কৰি ভৱিষ্যতলৈও নিঃস্বাৰ্থভাৱে মাতৃ-ভাষাৰ সেৱা কৰিব। ”
{{Right|'''শ্ৰীপদ্মধৰ চলিহা, 'অসমীয়া’ পুহ- ১৮৫৩ শক। '''}}
{{gap}}“সাহিত্যত উপন্যাস আৰু গল্পৰ কাব্য আৰু নাটকৰ লগত সমান অধিকাৰ। গল্প সাহিত্যৰ সমাদৰ সকলো ঠাইতে আছে। গতিকে আৰব্যোপন্যাসৰ নিচিনা বিশ্ববিখ্যাত গ্ৰন্থৰ অনুবাদ যে সৰ্বজনপ্ৰিয় হ'ব ই ধুৰূপ। শ্ৰীমতী নেওগ আইদেউৰ লেখনীৰ পৰা ওলোৱা এই পুথিখনি অসমীয়া গল্প-সাহিত্যলৈ এটি নতুন দান। ৰচনাৰ সৰল প্ৰাঞ্জল আৰু সুন্দৰ ভাষালৈ চাই নেওগ আইদেউৰ “আলিবাবা” উৎকৃষ্ট শিশু-পাঠ্য হৈছে। স্বনামধন্য প্ৰধান সাহিত্যিক শ্ৰদ্ধাস্পদ শ্ৰীযুত বেনুধেৰ ৰাজখোৱা ডাঙৰীয়াৰ কন্যা আৰু সাহিত্যক্ষেত্ৰত সুপৰিচিত সুকবি শ্ৰীযুত ডিম্বেশ্বৰ নেওগদেৱৰ সহধৰ্মিনী শ্ৰীমতী আজলীতৰ নেওগ (শুৱনীকণ) আইদেউৰ সুৱলা ৰচনাই ভৱিষ্যতলৈও আমাৰ সাহিত্য ভৰাল পুষ্ট কৰাত সহায় কৰিব বুলি আশা কৰিছোঁ। জগদীশ্বৰক খাটিছো যেন নেওগ দম্পত্তী অসমৰ 'ব্ৰাউনিং দম্পতী’ হওক। ”
{{Right|'''শ্ৰীকীৰ্ত্তিনাথ বৰদলৈ, “বাতৰি”-১২ আঘোণ, ১৮৫৩ শক। '''}} | VALIDATED | ||
পৃষ্ঠা:Alibaba Aru Dukuri Dokait.pdf/৬ | {{center|৭}} | {{center|{{X-larger|'''চিনাকি'''}}}}
{{gap}}'আৰবীয় নিশা'ৰ সাধুবোৰ অতি পুৰণি। এই গল্পখিনি পূবৰ ঘাইকৈ মুছলমান
জীৱনৰ সাধুকথাৰ কুঁকি। সম্ভৱতঃ প্ৰায় ১৪৫০ খৃষ্টাব্দত, আফ্ৰিকাৰ কেইৰো
ছহৰত আৰবী ভাষাত যি গঢ়েৰে এই সাধুবোৰ লিখা হৈছিল, সেইদৰেই বৰ্তমান
পোৱা হৈছে। মূল আৰবী নাম মতে এই গল্পপুঞ্জৰ নাম “এহেজাৰ এনিশা”।
সাধুবোৰৰ পৰাই বুজিব পাৰি, সিহঁতৰ মূল কিছুমানৰ পাৰশ্যয়ী, আন কিছুমানৰ
ভাৰতবৰ্ষীয়, অলপ মানৰ ইজিপ্তীয় আৰু সৰহখিনিৰ আৰবীয়।
{{gap}}সেই কালত আৰু আজিকালিও ঠায়ে ঠায়ে এই প্ৰাচ্য নগৰবোৰৰ ৰাজআলিৰ
চুকত আৰু বজাৰত সাধুকওঁতাক শুনা মানুহবোৰে বেৰি ধৰে সাধুটো যিমান
আচৰিত হ'ব, কওঁতাজনলৈ মানুহে সিমান খৰকৈ তাম বা পইছা দলিয়াব। সেইদেখি
এই সাধুবোৰৰ অতি সম্ভৱবোৰতো নানা ভুল-ভ্ৰান্তি আছে, কিন্তু ৰীতি-নীতি বৰ্ণন
বিষয়ত সাধুবোৰৰ খুত প্ৰায়ে নাই। “আল্লাউদ্দিন’ৰ সাধুত কুঁৱৰী গা ধুবলৈ যোৱাৰ
কথা চীন দেশত হ’বই নোৱাৰে, কিয়নো মুছলমানৰ দৰে চীনা মানুহে আগেয়ে কি
এতিয়াও গা নোধোৱে। আকৌ মূলত সম্ৰাটজনক “ছুলটান” বোলা হৈছে, কিন্তু
চীন দেশত কেতিয়াও “ছুলটান” নাছিল। কিন্তু মুখে মুখে চলি অহা কথাত এনেবোৰ
অসংলগ্নতা হবই। ইউৰোপৰ আখৰ ৰজা আদিৰ বুৰঞ্জীমূলক কাহিনীও গায়ক-
কথকৰ মুখত ইংলণ্ড, ফ্ৰান্স আদি দেশত এইদৰেই অনেক কাল চলি আহিছিল,
আৰু মধ্য যুগত ছাপাকল ওলালত বা তাৰ বহুত পাছতহে সেইবোৰ লিখি ৰখা
হৈছে।
{{gap}}প্ৰায় ১৭০৪ আৰু ১৭১৭ খৃষ্টাব্দৰ ভিতৰতে এণ্টইন্ গেলাণ্ড নামে এজন
গ্ৰন্থকাৰে মূল আৰবীৰ পৰা ফৰাছী ভাষাত এই সাধুবোৰ প্ৰকাশ কৰি ইউৰোপৰ
পাঠক−সমাজৰ আগত প্ৰচাৰ কৰে। তেওঁৰ সেই ভাঙনি বৰ খুঁত থকা আৰু মূলৰ
লগত অমিল, কিন্তু সাধাৰণ সকলোবোৰ ইংৰাজী অনুবাদত এওঁৰ সহায় লৈয়ে
লিখা। ১৮৪০ খৃষ্টাব্দত ই, ডবলিউ, লেন ছাহাবে “আৰবীয় নিশা"ৰ সাধুবোৰৰ | VALIDATED | ||
পৃষ্ঠা:Alibaba Aru Dukuri Dokait.pdf/৭ | {{center|৮}} | সেই কালৰ ৰীতি-নীতিৰ টীকা-টিপ্পনীৰে সৈতে এটি বিশেষ পাণ্ডিত্যপূৰ্ণ অনুবাদ
উলিয়ায়। ১৮৮৫-১৮৮৭ খৃষ্টাব্দৰ ভিতৰত ছাৰ ৰিচাৰ্ড কৰ্টনে এখনি শাব্দিক
অনুবাদ আৰু ১৮৮৮ খৃষ্টাব্দত তেওঁৰ ঘৈণীয়েকে ঘৰুৱা পাঠৰ উপযোগী কৰি
তাৰে আন এটি সংস্কৰণ উলিয়ায়। কিন্তু ডক্তৰ জনাথন স্কট্ (১৭৫৪-১৮২৯)
ছাহাবৰ ১৮১১ খৃষ্টাব্দত প্ৰকাশিত সেই ফৰাছীৰ পৰা কৰা অনুবাদে এই সাধুৰ
ইংৰাজী গঢ় স্থিৰ কৰি দিয়ে।
{{gap}}এই সাধুবোৰ মুঠতে দুই শ্ৰেণীত ভগাব পাৰি। কিছুমান অলপ-অচৰপ
বুৰঞ্জীমূলক আৰু বাকীবোৰ আচৰিত আৰু অসম্ভৱ কাহিনীপূৰ্ণ বা দৈত্য-দানৱ
নাইবা যাদু−বিদ্যাৰ কৌশলে সাধুবোৰৰ নায়কজনক সহায় কৰে। “আল্লাউদ্দিন
আৰু এটি আচৰিত বাতি” এই পাছৰ শ্ৰেণীৰ সাধু।
{{gap}}“এহেজাৰ এনিশা”ৰ সকলো সাধুৰ ভিতৰত ল'ৰা-ছোৱালীৰ অতিকৈ সৰবৰহী
সাধু “আল্লাউদ্দিন আৰু এটি আচৰিত বাতি”,“নাবিক সিন্দবাদ” আৰু “আলিবাবা। ”
আলিবাবাৰ মূল আৰবী সাধুটো হেৰাল। চীনাসকলৰ হেনো সাইলাখ এনেকুৱা এটা
সাধু আছে আৰু গ্ৰীকসকলৰো বোলে “দুই ভাই আৰু ঊনপঞ্চাশটি উৰণীয়া সাপ”
নামে এটা সাধু আজিও প্ৰচলিত, আৰু ছিনাই পৰ্বতৰ আৰৱসকলেও এনে এটা সাধু
কয়। মুঠতে ইয়াৰ মূল যিয়েই হওক, সাধুটো যে প্ৰাচ্য তাত সন্দেহ নাই।
{{gap}}এই “আলিবাবা” সাধুৰ ইংৰাজী গঢ় অনুসৰণ কৰি আৰু অলপীয়া লিখা-
পঢ়া জনা অসমীয়া ল'ৰা-তিৰোতায়ো যাতে এই জগত-বিখ্যাত সাধুবোৰ সহজে
পাব আৰু পঢ়িব পাৰে, ইয়াকে ভাবি শ্ৰীমতী লেখিকাই এই কাম হাতত লয়। মাত-
কথাৰ দৰে, কাম-কাজ, ভাব-চিন্তা সকলোতে তিৰুতাৰ কোমল আঁহ ওলাই পৰে,
এইদেখি ল’ৰা-তিৰোতাৰ উপযোগী পুথি ৰচনা কৰিবলৈ তিৰুতাৰ হাত, মন, কল্পনা
অধিক কাজুৱা বুলি মোৰ বিশ্বাস। এতিয়া এই কাম সকলোৱে আদৰ আৰু উৎসাহৰ
যোগ্য বুলি বিবেচনা কৰিব পাৰিলে, ইয়াৰ লগৰীয়া বাচকবনীয়া আন সাধুবোৰ
লিখা কামো লেখিকাই হাতত ল'বলৈ আশা কৰিব পাৰে।
উত্তৰ লখিমপুৰ</br>ব’হাগ, ১৮৫৩ শক
{{Right|'''শ্ৰীডিম্বেশ্বৰ নেওগ'''}} | VALIDATED | ||
পৃষ্ঠা:Alibaba Aru Dukuri Dokait.pdf/৮ | {{center|৯}} | {{center|{{X-larger|'''আলিবাবা আৰু এটি নিজান গুহা'''}}}}
{{gap}}পাৰস্য দেশৰ এখন নগৰত দুজন ককায়েক-ভায়েক আছিল। এজনৰ নাম
কাছিম আৰু আনজনৰ নাম আলিবাবা। বাপেকে মৰাৰ আগতে তেওঁৰ যি অলপীয়া
ধন-সম্পত্তি আছিল, তাকে দুইৰো মাজত সমানে ভাগ বঁটাই দিলে।
{{gap}}কাছিমে এজনী বৰ ধনী মানুহৰ ছোৱালী বিয়া কৰালে আৰু তেওঁ অলপ
দিনৰ ভিতৰতে সেই ঠাইৰ এজন বৰ ধনী সদাগৰ হৈ পৰিল। তেওঁৰ একোৰে
নাটনি নাছিল। আলিবাবাই নিজৰে নিচিনা দুখীয়া মানুহৰ এজনী ছোৱালী বিয়া
কৰালে। তেওঁ ল'ৰা-তিৰোতাক পোহপাল দিবৰ কাৰণে বৰ দুখ কৰিব লগা হৈছিল।
তেওঁ ৰাতিপুৱাই কাঠ কাটিবলৈ হাবিলৈ ওলাই যায়, গধূলি হ'লে নিজৰ গাধ
{{Css image crop
|Image = Alibaba_Aru_Dukuri_Dokait.pdf
|Page = 8
|bSize = 383
|cWidth = 288
|cHeight = 246
|oTop = 287
|oLeft = 54
|Location = center
|Description =
}} | VALIDATED | ||
পৃষ্ঠা:Alibaba Aru Dukuri Dokait.pdf/৯ | {{center|১০}} | তিনিটাৰ পিঠিত কাঠৰ বোজা দি ঘৰলৈ উলটি আহে, আৰু তাৰ পাচত সেইবিলাক
নগৰত বেচেগৈ।
{{gap}}এদিন আলিবাবাই কাঠ কাটি লৈ তেওঁৰ গাধবোৰৰ পিঠিত জোখাৰে কাঠ
তুলি দিছে, ঠিক এনে সময়তে তেওঁ তেওঁৰ ফাললৈ লৰি অহা এচপৰা ধূলিৰ ডাৱৰ
যেন দেখিলে। তেওঁ সেইফাললৈ অলপ পৰ মন কৰি দেখিলে কেইজনমান মানুহ
ঘোঁৰাত উঠি তেওঁ থকা ঠাইলৈ বৰ বেগেৰে আহিছে। সেই ঠাইত কোনো সৈন্য
নাছিল। গতিকে আলিবাবাই জানিছিল, সেই ঘোঁৰাত উঠা মানহবোৰ নিশ্চয় ডকাইত।
সেই দেখি তেওঁ ততালিকে লুকাবলৈ এডোখৰ ঠাই বিচাৰিলে।
{{gap}}তেওঁ লৰালৰিকৈ এজোপা জোপোহা গছত উঠিল। তেওঁ তাৰ পৰা তলেদি
অহা-যোৱা কৰা মানুহ সকলোকে দেখি আছিল। গছ জোপাৰ কাষতে এটা বৰ
ডাঙৰ শিল আছিল, তাৰ ওপৰত উঠিবৰ কোনো মানুহৰ সাধ্য নাই। মানুহকেইটা
এই শিলটোৰ তললৈ আহি তাতে নামিল। আলিবাবাই ভালকৈ লেখি চালে সিহঁত
চল্লিশটা। মানুহকেইটাই একোজোপা জোপোহা গছত নিজৰ নিজৰ ঘোঁৰাৰ লেকাম
বান্ধিলে আৰু ধনৰ মোনাবোৰ ঘোঁৰাৰ পৰা নমাই নিজৰ নিজৰ পিঠিত ল'লে।
{{gap}}আলিবাবাই সেই দলটোৰ মুখিয়াল বুলি ভবা ডকাইতটো তাৰ পিঠিত মোনাটো
লৈ আলিবাবা লুকাই থকা গছ জোপালৈ আহি শিলটোৰ সমুখত ৰৈ এইবুলি মাত
লগালে- “ছিছেম ফাঁক!” তাতালিকে শিলটোত এখন দুৱাৰ মেল খালে। তাৰ
পিছত এই মানুহবোৰ সেই দুৱাৰেদি এটা এটাকৈ সোমাই গ'ল। মুখিয়ালটোও
সিহঁতৰ পিছতে গ'ল। আৰু তাৰ পাছতে দুৱাৰখন নিজে নিজে জাপ খালে।
{{gap}}ভালেমান পৰৰ মূৰত দুৱাৰখন আকৌ মেল খালে আৰু মানুহবোৰ শুদা
মোনাবোৰ হাতত লৈ ওলাই আহিল। তেতিয়া আলিবাবাই এই কথা কোৱা শুনিলে
‘ছিছেম বন্ধ্' আৰু তৎক্ষণাত শিলটোৰ দুৱাৰ নিজেই জাপ খালে। আকৌ সিহঁতে
নিজ নিজ ঘোঁৰাৰ লোম ধৰিলে আৰু ডিঙিৰ পৰা ধনৰ মোনাবোৰ সোলোকালে।
ঘোঁৰাবোৰ বন্ধা জৰীৰেই সিহঁতে নিজৰ মোনাবোৰ আঁটি আঁটিবান্ধিলে, মুখিয়ালটো
আগ হ'ল আৰু ঘোঁৰাবোৰে চেকুৰ ধৰিলে।
{{nop}} | VALIDATED | ||
পৃষ্ঠা:Alibaba Aru Dukuri Dokait.pdf/১০ | {{center|১১}} | {{gap}}তেতিয়াও আলিবাবা গছৰ পৰা নামি অহা নাই। তেওঁ ভাবিলে, যদি সিহঁতৰ
কোনোবাই কিবা বস্তু পাহৰি এৰি থৈ গৈছে, তেনেহ'লে সিহঁত উলটি আহিব আৰু
তেতিয়া তেওঁ ধৰা পৰিব। সেইদেখি সিহঁত চকুৰে নমনা নহয়গৈ মানে লুকায়ে
থাকিল, আৰু তাৰ পাছতহে গছৰ পৰা নামিবলৈ তেওঁৰ সাহ হ'ল। তেওঁ মুখিয়ালটোৱে
কোৱা কথাকেইটা মনত ৰাখিছিল, আৰু আনে ক’লে তাৰ ফল হয়নে নহয় চাবৰ
মনেৰে সেই শিলটোৰ কাষ চাপি তেওঁ কথাকেইটা ক'লে— “ছিছেম ফাঁক”।
ততালিকে দুৱাৰখন মুকলি হ'ল।
{{gap}}আলিবাবাই তাৰ ভিতৰত এটা ঘোপমৰা আন্ধাৰ গুহা দেখিব বুলি ভাবিছিল,
কিন্তু তাৰ সলনি তেওঁ তাত এটা আহলবহল পোহৰ পৰা কোঠালি দেখা পাই বৰ
বিচূৰ্ত্তি হ'ল। এই শিলটো কোনোবা কাৰিকৰৰ হাতেৰে বিতোপনকৈ কটোৱা; ওপৰৰ
গাত এটাৰ পৰা ইয়ালৈ পোহৰ পৰিছিল। এটা ডাঙৰ কোঠালিত নানা ৰকমৰ
আহাৰ, পাটৰ আৰু আন আন বস্তুৰ দম, আৰু জাপে জাপে দলিছা আছিল। ছালৰ
মোনাবোৰ ধন-সোণেৰে ভৰি আছিল। সেইবোৰ দেখি আলিবাবাই ভাবিছিল যে
সেই গুহাত থকা ঘৰটো ডকাইতবোৰৰ বহুমূলীয়া পুৰণি ঘৰ।
{{gap}}তেওঁ তাৰে কিছুমান বস্তু ল’বলৈ মন কৰিলে। তেওঁ গুহাটোৰ ভিতৰলৈ
সোমোৱা মাত্ৰেই দুৱাৰখন আপোনা-আপুনি জাপ খালে। দুৱাৰখন মেলাৰ মন্ত্ৰকেইটা
জানিছিল দেখি তেওঁ আৰু ভয় নাখালে। তেওঁ তাৰে সোণৰ মোহৰ ভৰা ভালেমান
মোনা ল'লে আৰু সেইবোৰ কঢ়িয়াই নি গাধকেইটাৰ পিঠিত বান্ধিলেগৈ। তাৰ
পিছত কাঠেৰে সৈতে মোনাবোৰ তেওঁ এনেদৰে ঢাকি দিলে যাতে তাৰ লগত কি
আছে কোনেও গমকে নাপায়। শেষত তেওঁ ওলাই আহিল আৰু দুৱাৰখনৰ বাহিৰে
ঠিয় হৈ কথাকেইটা ক'লে— “ছিছেম বন্ধ”। দুৱাৰখন জাপ খালে, আৰু গাধকেইটা
বেগাই নগৰমুৱা হ'ল। | VALIDATED | ||
পৃষ্ঠা:Alibaba Aru Dukuri Dokait.pdf/১১ | {{center|১২}} | {{center|{{X-larger|'''আলিবাবাৰ ঘৈণীয়েক আৰু ধন-সোণবোৰ'''}}}}
{{gap}}ঘৰ পাই আলিবাবাই গাধকেইটা ভিতৰৰ চোতাললৈ খেদাই দি দুৱাৰখন বৰ
সাৱধানে জপালে। তাৰ পাছত ঢাকি থোৱা কাঠবোৰ পেলাই দি ধন-সোণৰ মোনাবোৰ
ভিতৰলৈ কঢ়িয়ালে আৰু ঘৈণীয়েকৰ সন্মুখত দম কৰিলে।
{{gap}}ঘৈণীয়েক এখন খাটৰ ওপৰত বহি আছিল। সেই মোনাবোৰতনো কি
আছিল জানিবলৈ তেওঁৰ বৰ হেঁপাহ হ’ল। পাছত ধন-সোণবোৰ দেখি তেওঁ বিচূৰ্তি
হ’ল আৰু তেওঁৰ মুখৰ পৰা এটা কথাও সৰি নপৰিল। তেওঁ জীৱনত কেতিয়াও
{{Css image crop
|Image = Alibaba_Aru_Dukuri_Dokait.pdf
|Page = 11
|bSize = 344
|cWidth = 279
|cHeight = 279
|oTop = 264
|oLeft = 39
|Location = center
|Description =
}} | VALIDATED | ||
পৃষ্ঠা:Alibaba Aru Dukuri Dokait.pdf/১২ | {{center|১৩}} | ইমানখিনি ধন-সোণ দেখা নাছিল আৰু ইয়াকে তেওঁ সঁচাকৈয়ে গোটেই পৃথিৱীৰ
ধন-সোণ বুলি ভাবিছিল।
{{gap}}যেতিয়া জিভা ডোৰোল খালে তেতিয়াহে তেওঁ গিৰিয়েকক সুধিলে—
“এইবোৰ ক'ৰ পৰা আনিছা? কত পালা? এইবোৰৰ গিৰিহঁত কোন? আলিবাবাই
কলে— “লৰালৰি কৰা, সময়মতে সকলো বুজিবা। ”
{{gap}}তেতিয়া তেওঁ থৈলাবোৰৰ পৰা ধন-সোণবোৰ উলিয়াই মেজৰ ওপৰত
দমাই থ’লে। ধন-সোণৰ এটা ডাঙৰ দম হ’ল। সেই ধন-সোণবোৰ দেখি তেওঁৰ
ঘৈণীয়েকৰ চকুত জলক লাগিল, মন মৰি গ'ল আৰু বিষাদৰ চকুলো ওলাবলৈ
ধৰিলে। তেওঁ ক'লে— “এইবোৰ আমাৰ নিজা হোৱা হলে কেনে সুন্দৰ হ'লহেঁতেন।
তেতিয়া হাবিলৈ গৈ এইদৰে ওৰে দিনটো কাঠ কাটি মৰিব নালাগিলহেঁতেন। নগৰলৈ
গৈ খৰি বেচিবলৈ ঘূৰি ফুৰিবৰ সকাম নহ'লহেঁতেন। আমি আটাইবোৰ বস্তুকে
পালোহেঁতেন আৰু কেতিয়াও ইমান টান কাম কৰিব নালাগিলহেঁতেন।
{{gap}}তাৰ পাছত দুয়ো বহিল আৰু এই ধন-সোণবোৰ কেনেকৈ পালে আলিবাবাই
ঘৈণীয়েকক সকলো ভাঙি-পাতি ক’লে। “ইয়াৰে আমি এটা ডাঙৰ কাৰবাৰ কৰিম।
কিন্তু সাৱধান, ইয়াৰ যেন কোনেও ফুটকে নাপায়। ”
{{gap}}যেতিয়া সেই ধন-সোণবোৰ তেওঁলোকৰ নিজা বুলি শুনিলে, তিৰোতাগৰাকীৰ
আনন্দৰ সীমা নাথাকিল। তেওঁ ততালিকে বহা ঠাইৰ পৰা উঠিল আৰু লিৰিকি-
বিদাৰি লাহে লাহে লেখিবলৈ লাগিল।
{{gap}}আলিবাবাই ক'লে— “ৰবা; কেলেই তুমি সেইবোৰ কৰিছা? লেখিব নালাগে,
তুমি এইবোৰ লেখি শেষ কৰিব নোৱাৰা। মই বাৰীত এটা গাত খানো। তাতে
এইবোৰ পুতি থওঁ। আমাৰ যেতিয়া যি সকাম হয়, তেতিয়া সেইদৰে তাৰ পৰা
আনিম। তেও ধন-সোণ কিমান আছে আমি জনাটো ভাল হব। ” ঘৈণীয়েকে উত্তৰ
দিলে, “হয়, ঠিক কৈছা; ময়ো ভাবিছো আমাৰ কিমান ধন-সোণ আছে আমি জনা
উচিত। সেইদেখি সেইবিলাক জুখিবলৈ মই ওচৰ-চুবুৰীয়া মানুহৰ পৰা এখন তুলাচনি
আনো। তুমি গাতটো খানিবা, মই সোণবোৰ জুখিম। ” আলিবাবাই ক'লে—“বাৰু, | VALIDATED | ||
পৃষ্ঠা:Alibaba Aru Dukuri Dokait.pdf/১৩ | {{center|১৪}} | এতিয়া তাকে কৰোঁ। কিন্তু সাৱধান, তুমি এই কথাটো অতি গুপুতে ৰাখিবা, ধন-
সোণবোৰৰ বিষয়ে কাৰো আগত এটা কথাও নুলিয়াবা। ”
{{gap}}ওচৰতে আলিবাবাৰ ককায়েক কাছিমৰ ঘৰ। ঘৈণীয়েক কাছিমৰ ঘৰলৈ
গ’ল। কাছিম তেতিয়া ঘৰত নাছিল। তেওঁ কাছিমৰ ঘৈণীয়েকক সুধিলে—“বাইদেউ,
তোমালোকৰ তুলাচনিখন অলপমান সময়ৰ কাৰণে দিব পাৰিবানে?” কাছিমৰ
ঘৈণীয়েকে ক'লে— “কিয় নোৱাৰিম? তোমাক সৰুখন লাগেনে, ডাঙৰখন লাগে?”
আলিবাবাৰ ঘৈণীয়েকেক'লে—“সৰুখনেই হব। ” “বাৰু খন্তেক ৰোৱা; মই এতিয়াই
আনি দিম। ” এইবুলি কাছিমৰ ঘৈণীয়েক ভিতৰলৈ গ'ল।
{{gap}}আলিবাবা কিমান দুখীয়া কাছিমৰ ঘৈণীয়েকে বঢ়িয়াকৈ জানে। এতিয়া
তেওঁ জানিব খুজিলে, কি উদ্দেশ্যেনো তেওঁলোকে তুলাচনিখন নিয়ে। সেই কথা
জানিবৰ কাৰণে তেওঁ বৰ সাৱধানে তুলাচনিখনৰ তলীত অলপমান আঠা লগাই
দিলে। তাৰ পিছত তেওঁ ওলাই আহি আলিবাবাৰ ঘৈণীয়েকৰ হাতত তুলাচনি দি
ক'লে— “তুলাচনিখন দিয়াত পলম হোৱা বাবে বেয়া নাপাবা দেই। তুলাচনিখন মই
থোৱা ঠাইত নাছিল দেখি বিচাৰোঁতে পলম হল। ”
{{gap}}তুলাচনিখন লৈ আলিবাবাৰ ঘৈণীয়েক ঘৰলৈ গ'ল আৰু ধন-সোণবোৰ
জুখিবলৈ ধৰিলেগৈ। তেওঁ তুলাচনিখন ভৰাই জুখি এখন খাটৰ ওপৰত সৰু সৰু
দম পাতিলে। তাৰ পিছত তেওঁ তাৰে এটা দ'ম লেখিলে, আৰু তাৰে পৰাই
গোটেইখিনি দ'মত কিমান সোণৰ মোহৰ আছে লেখ কৰি উলিয়ালে। এই লেখটো
তেওঁ তেতিয়াই আলিবাবাক জনালেগৈ।
{{gap}}আলিবাবাই বাৰীত গাততো খানি ধন-সোণখিনি পোতে মানে ঘৈণীয়েকে
কাছিমৰ ঘৰত তুলাচনিখন ঘূৰাই দিবলৈ গ'ল। তুলাচনিখনৰ তলত থকা আঠাখিনিত
যে সোণৰ মোহৰ এটা লাগি গৈছিল সেইটো তেওঁ মন কৰাই নাছিল। তেওঁ
কলে—“বাইদেউ, মই তুলাচনিখন সৰহ পৰ ৰখা নাই। তুমি যে মোক তুলাচনিখন
দিলা, সেইবাবে মই বৰ ভাল পালোঁ।
{{gap}}কাছিমৰ ঘৈণীয়েকে ভাবিছিল, জা-কে ধান বা কিবা খোৱা বস্তু জুখিবলৈ | VALIDATED | ||
পৃষ্ঠা:Alibaba Aru Dukuri Dokait.pdf/১৪ | {{center|১৫}} | তুলাচনিখন খুজি নিছিল। আলিবাবাৰ ঘৈণীয়েক যোৱা মাত্ৰে তেওঁ তুলাচনিখনৰ
তলীলৈ চালে আৰু সেই আঠাখনিত এটা সোণৰ মোহৰ লাগি থকা পালে। নিছলা
দেওৰেক কাঠকটীয়াটিয়ে অলপ ধন-সোণ পোৱাত ৰং পাওক ছাৰি কাছিমৰ ঘৈণীয়েক
ঈৰ্ষাত দেই-পুৰি মৰিবলৈ ধৰিলে। আলিবাবা আৰু তেওঁৰ ঘৈণীয়েক যে কাছিম
আৰু কাছিমৰ ঘৈণীয়েকৰ সমান বা তেওঁলোকতকৈ অধিক ধনী হ'ব, এইটো
তেওঁৰ অসহনি হ’ল। তেওঁ আপোনা-আপুনি ক'লে, “কি! আলিবাবাহঁতৰ ইমান
ধন-সোণ যে সিহঁতে হাতেৰে লেখিব নোৱাৰে, জুখিলেহে হয়? মই বিচূৰ্ত্তি হৈছো,
সেইবোৰ সি ক’ত পালে?
{{gap}}কাছিমে দিনৰ দিনটো তেওঁৰ দোকানত কটাই সাঁজ লাগি ভগাত ঘৰলৈ
ওলটে। তেওঁৰ ঘৈণীয়েকে জানিছিল, আজি তেওঁৰ মুখে এই নতুন কথাটো শুনি
কাছিম বৰ আচৰিত হ'ব। তেওঁৰ ইমান তত্ নাইকিয়া হ’ল যে গিৰিয়েক অহালৈ
বাট চাবলৈকো টান পাইছিল, আৰু তেওঁৰ মানত সেই দিনটো ইমান লাহে লাহে
গৈছিল, যেন ইমান লাহে লাহে আগেয়ে দিন কেতিয়াও যোৱা নাছিল।
{{nop}} | VALIDATED | ||
পৃষ্ঠা:Alibaba Aru Dukuri Dokait.pdf/১৫ | আলিবাবা আৰু দুকুৰি ডকাইত | {{center|১৬}} | {{center|{{X-larger|'''কাছিম আৰু আলিবাবা'''}}}}
{{gap}}তাৰ পাছত যেতিয়া কাছিম ঘৰলৈ আহিল, তেওঁৰ ঘৈণীয়েকে তেওঁক
ক'লে, “বোধকৰোঁ তুমি ভাবা, তুমি আলিবাবাতকৈ ধনী। কিন্তু সেইটো তোমাৰ
সম্পূৰ্ণ ভুল। সি তোমাতকৈ বহুত ধনী। সি তাৰ ধন-সোণ হাতেৰে লেখি অঁতাব
নোৱাৰে, সেইবোৰ জুখিলেহে হয়। ” কাছিমে সুধিলে— “তুমি কি কৈছা, মই
তোমাৰ কথা একো বুজিব পৰা নাই। ”
{{Css image crop
|Image = Alibaba_Aru_Dukuri_Dokait.pdf
|Page = 15
|bSize = 356
|cWidth = 284
|cHeight = 282
|oTop = 216
|oLeft = 50
|Location = center
|Description =
}} | VALIDATED | |
পৃষ্ঠা:Alibaba Aru Dukuri Dokait.pdf/১৬ | {{center|১৭}} | {{gap}}তেতিয়া কেনেকৈ আলিবাবাৰ ঘৈণীয়েক তেওঁলোকৰ ঘৰলৈ আহি তেওঁক
তেওঁলোকৰ তুলাচনিখন খুজি নিছিল, তাক জানিবৰ কাৰণে তেওঁ কি ফন্দি কৰিছিল,
সকলো কথা তেওঁ গিৰিয়েকক জনালে; আৰু তাৰ পিছত তেওঁ মোহৰটো কাছিমক
দেখুৱালে। সেইটো ইমান দিনৰ পুৰণি মোহৰ আৰু সি ইমান ক্ষয় গৈছিল যে তাত
কোন ৰজাৰ মোহৰ মৰা আছিল সিহঁতে তাকে তত্ ধৰিব নোৱাৰিছিল।
{{gap}}কাছিমে সম্পত্তিশালিনী ঘৈণীয়েকক বিয়া কৰোৱাৰ পাছৰ পৰা ছাল-ছিগা
ভায়েকক সমূলি মৰমৰ চকুৰে নাচাইছিল আৰু কোনো প্ৰকাৰে সহায় নকৰিছিল।
এতিয়াও ভায়েকৰ সৌভাগ্য দেখি ৰং পাওক ছাৰি তেওঁ ঘৈণীয়েকৰ দৰে ঈৰ্ষাত
দেই-পুৰি মৰিবলৈহে ধৰিলে আৰু সেই কথাকে ভাবি ভাবি গোটেই ৰাতি তেওঁৰ টোপনি নাহিল।
{{gap}}পাছদিনা দোকমোকালিতে উঠি তেওঁ কাঠ-কটীয়া ভায়েকৰ ঘৰলৈ গ'ল।
গৈ পোনছাটেই তেওঁ আলিবাবাক ক'লে— “আলিবাবা, তুমি মানুহক ভুৱা দিয়া
যেন তুমি বৰ দুখেৰে ল'ৰা-তিৰোতা লৈ কোনোমতে মাগি-খুজি টোক্-টোক্-
টাক্টাক্কৈ খাই কাল কটাইছা। কিন্তু আচলতে তুমি ইমান ধনী যে তোমাৰ ধন-
সোণ তুমি হাতেৰে লেখিব নোৱাৰা, সেইবোৰ জুখিলেহে হয়। ”
{{gap}}আলিবাবাই ক'লে— “ককাইদেউ, মই সঁচাকৈয়ে কৈছো, তুমি কি কৈছা, মই একো বুজা নাই। ” কাছিমে ক'লে— “তুমি এতিয়া নজনাৰ ভাও জুৰিলে নহয়। ” এইবুলি তেওঁৰ ঘৈণীয়েকে তেওঁৰ হাতত দিয়া মোহৰটো দেখুৱাই ক'লে—“কালি তোমাৰ ঘৈণীয়েৰাই অনা তুলাচনিখনৰ তলীত এইটো সোণৰ মোহৰ লাগি আহিছিল। এতিয়া মোক কোৱা, তোমাৰ হাতত আৰু এনেকুৱা মোহৰ কিমান আছে?” এই কথা শুনি তেওঁৰ ঘৈণীয়েকৰ অসাৱধানতাৰ বাবেই যে ইমান গোপনে ৰাখিব খোজা কথাটো কাছিমৰ পৰিয়ালে ভূ পালে, এই কথা আলিবাবাৰ বুজিবলৈ বাকী নাথাকিল। কিন্তু হোৱা কথা হৈ গ'ল, এতিয়া তাক নোহোৱা কৰিব কেনেকৈ? আলিবাবাই অকণো কষ্ট পোৱা বা আচৰিত হোৱাৰ চিন নেদেখুৱাই ককায়েকৰ আগত সকলো কথা ভাঙি ক'লে—“মই আগেয়ে যিমান দুখীয়া আছিলো, এতিয়া | VALIDATED | ||
পৃষ্ঠা:Alibaba Aru Dukuri Dokait.pdf/১৭ | {{center|১৮}} | সিমান দুখীয়া নহওঁ সঁচা। মই ইমান ধনীহ'ম বুলি আগেয়ে ভাব্বিও পৰা নাছিলো। ”
কাছিমে ক'লে, “সেইটো সঁচা তাত সন্দেহ নাই। কিন্তু তুমি কেনেকৈ হঠাৎ ইমান
ধনী হ’লা, মই তাকেহে সুধিছো। ” ভায়েকে ক'লে— “শুনা, তেন্তে কওঁ। ”
{{gap}}এইবুলি আলিবাবাই সেই হাবিত থকা গুহা আৰু তাৰ সকলো কথা আপোন-
পেটীয়া ককায়েকৰ আগত ভাঙি পাতি ক'লে। তাৰ পাছত আলিবাবাই প্ৰতিজ্ঞা
কৰিলে যে কাছিমে যদি কথাটো গোপনে ৰাখে, তেনেহ'লে তেওঁ তাৰ আধাখিনি
ধন-সোণ কাছিমক দিব।
{{gap}}কাছিমে গহীনাই মাত লগালে—“সেয়া অৱশো পাম। কিন্তু গুহাটো ক'ত
আছে আৰু কি চিনেৰে তাক উলিয়াব পাৰি সেইটোও মোক ক'ব লাগিব। যদি
নোকোৱা তেনেহ'লে মই এতিয়াই বিচাৰকক এই সকলো কথা জনামগৈ। তেতিয়া
তোমাৰ সেইখিনি ধন-সোণ যে হেৰাবই, লগতে তোমাৰ আগৰ যিখিনি আছে সিও
যাব; আৰু মই তাৰ বাবে বিচাৰকৰ পৰা এটা ডাঙৰ পুৰস্কাৰ পাম। ”
{{gap}}আলিবাবাই ককায়েকৰ কথাত অলপো ভয় নাখালে। তথাপি কাছিমে যিখিনি
কথা জানিব খুজিছিল, সৰল-চিতীয়া আশাশুধীয়া ভায়েক আলিবাবাই তেওঁক সেই
সকলোখিনি কলে। আন নালাগে, গুহাটোৰ ভিতৰলৈ সোমোৱা আৰু ওলোৱা মন্ত্ৰ
দুটাও আলিবাবাই ককায়েকক ক'বলৈ বাকী নথ'লে।
{{gap}}পিছদিনা কাছিম নিছেই দোকমোকালিতে উঠিল আৰু কিছুমান ঢাকনি থকা
পেৰাৰ বোজা দি দহোটা খচ্চৰ লগত ল'লে। তেওঁ ভাবিলে, তেওঁ প্ৰথমবাৰ
যাওঁতে সেই পেৰাবোৰ ভৰাই আনিব। যদি তাত তেতিয়াও আৰু ধন-সোণ থাকে
তেনেহ'লে তেওঁ সেইখিনি পিছৰ বাৰত নিবহি আৰু আলিবাবা আকৌ এবাৰ
গুহাটোলৈ অহাৰ আগতে তেওঁ সকলো ধন-সোণ আনি শেষ কৰিব। আলিবাবাই
যে তেওঁক সেই ধন-সোণৰ এভাগ দিওঁ বুলিছিল, তাৰ বাবে তেওঁ সমুলি কৃতজ্ঞ
নহ'ল। আলিবাবাৰ দিহা মতেই তেওঁ গ'ল আৰু লৰালৰিকৈ গৈ আগেয়ে ভায়েক
উঠি ডকাইতবিলাকক লুকাই চোৱা শিলটোৰ ওচৰৰ গছজোপাত উঠিল।
{{nop}} | VALIDATED | ||
পৃষ্ঠা:Alibaba Aru Dukuri Dokait.pdf/১৮ | আলিবাবা আৰু দুকুৰি ডকাইত | {{center|১৯}} | {{center|{{X-larger|'''ডকাইতৰ গুহাত কাছিম'''}}}}
{{gap}}দুৱাৰখন পায়েই কাছিমে বাহিৰৰ পৰা মাতিলে— “ছিছেম ফাঁক!” তৎক্ষণাত
দুৱাৰখন মেল খালে। কাছিম গুহাটোৰ ভিতৰলৈ সোমাই গ'ল আৰু দুৱাৰখন
আকৌ আপোনা-আপুনি জাপ খালে। যেতিয়া তেওঁ ডাঙৰ গুহাটোৰ চাৰিওফালে
চাবলৈ ধৰিলে, ভায়েকে কোৱাতকৈও তেওঁ সৰহ ধন-সোণ দেখিবলৈ পালে। ধন-
সোণবোৰ চাই-চায়েই তেওঁ গোটেই দিনটো কটাই দিব পাৰিলেহেঁতেন, কিন্তু তেওঁৰ
মনত আছিল তেওঁ সেইবোৰ চাই থাকিবলৈ অহা নাই; তেওঁ দহোটা খচ্চৰেৰে
সৈতে সেইবোৰ কঢ়িয়াই তেওঁৰ ঘৰলৈ নিবলৈহে আহিছে।
{{Css image crop
|Image = Alibaba_Aru_Dukuri_Dokait.pdf
|Page = 18
|bSize = 387
|cWidth = 305
|cHeight = 261
|oTop = 276
|oLeft = 42
|Location = center
|Description =
}} | VALIDATED | |
পৃষ্ঠা:Alibaba Aru Dukuri Dokait.pdf/১৯ | {{center|২০}} | {{gap}}তেওঁ ভালেখিনি ধন-সোণৰ থৈলা গুহাটোৰ দুৱাৰ মুখলৈ আনিলে। কিন্তু দুৱাৰ বন্ধ। সেই অপাৰ ধন-সোণবোৰ দেখি তেওঁ ইমান মুগ্ধ হৈছিল যে তেওঁ ইফালে দুৱাৰখন মেলিবলৈ কি মন্ত্ৰ মাতিব লাগে, তাক তেনেই পাহৰি গ'ল। তেওঁৰ মনত আছিল, কথাকেইটা কোনোবা এবিধ ধানৰ নামেৰে; কিয়নো 'ছিছেম্' নাতিশীতোষ্ণ মণ্ডলৰ তিল বা সৰিয়হ শ্ৰেণীৰ পুলি। সেইদেখি তেওঁ কেইবাবিধো ধান আৰু শস্যৰ নাম ধৰি মাতিলে, কিন্তু দুৱাৰখন তেতিয়াও ভালকৈয়ে জাপ খাই থকা দেখি তেওঁ বৰ বিচূৰ্ত্তি হ'ল। তেওঁ নানা প্ৰকাৰে যত্ন কৰিলে, তথাপি আছিল কথাটো কোনোমতে তেওঁৰ মনত নপৰিল। তেওঁ ডকাইতৰ গুহাৰ পৰা ওলাব নোৱাৰি কি বিপদত পৰিছে বুজি পালে আৰু বৰ ভয় খালে। তেওঁ দুৱাৰমুখত দমাই থোৱা ধন-সোণৰ থৈলাবোৰ তললৈ দলিয়াই পেলাই দিলে আৰু গুহাটোৰ তলৰ পৰা ওপৰলৈ অহা-যোৱা কৰি ওলোৱা মন্ত্ৰফাকি মনত পেলাবলৈ যত্ন কৰিলে; কিন্তু শব্দটো তেতিয়াও কেতিয়াও নুশুনাৰ নিচিনাকৈয়ে তেওঁৰ মনত নেখেলালে।
{{gap}}দুপৰীয়া ডকাইবিলাক সিহঁতৰ গুহালৈ উভতি আহিল। নিলগৰে পৰা কেবাটাও খচ্চৰ পিঠিত ঢাকনি থকা পেৰাৰে সৈতে শিলটোৰ ওচৰত ইফাল-সিফালকৈ ঘূৰি ফুৰা দেখি সিহঁত বৰ আচৰিত হ'ল, আৰু গুহাটোৰ ফালে খুব কোবেৰে ঘোঁৰা চলালে। আহি পায়েই সিহঁতে ততালিকে খচ্চৰকেইটা খেদাই দিলে, আৰু সিহঁত তাৰ পাছত ক'লৈ গ'ল তাৰ ভূ নাৰাখিলে। ডকাইতকেইটাই সেই খচ্চৰকেইটাৰ গৰাকী কেন, তাকেহে উলিয়াবলৈ যত্ন কৰিলে। সিহঁত ঘোঁৰাৰ পৰা নামিল আৰু তাৰোৱাল উলিয়াই লৈ কিছুমানে গছজোপাত আৰু কিছুমানে শিলটোৰ চাৰিওফালে বিচাৰিবলৈ ধৰিলে। তাৰ পিছত মুখিয়ালটো লাহে-লাহে গুহাটোৰ দুৱাৰখনৰ ওচৰলৈ গ'ল।
{{gap}}কাছিমে গুহাটোৰ ভিতৰৰ পৰা ঘোঁৰাবোৰৰ ভৰিৰ দপ্দপনি শুনি আছিল আৰু ডকাইতবিলাক উভতি আহিছিল বুলি অনুমান কৰিছিল। তেওঁ ভাবিলে, নিশ্চয় তেওঁৰ সিহঁতৰ হাতত মৰণ হ'ব; তথাপি মৰণত শৰণ লৈ তেওঁ থিৰ কৰিলে, সেই সেই উপায়েৰে এডোখৰ নিৰাপদজনক ঠাইলৈ সাৰি যাবলৈ যত্ন | VALIDATED | ||
পৃষ্ঠা:Alibaba Aru Dukuri Dokait.pdf/২০ | {{center|২১}} | কৰিবই লাগিব। সেইদেখি দুৱাৰখন মেলা মাত্ৰে তেওঁ বেগাই যাবলৈ সাজু হ’ল
আৰু দুৱাৰখনৰ নিছেই গাতে ঠিয় হৈ ৰ'ল।
{{gap}}যি শব্দটো কাছিমে ইমান যত্ন কৰিও মনত পেলাব নোৱাৰিছিল, সেই
শব্দটো মনত পেলাই ডকাইতহঁতৰ মুখিয়ালটোৱে দুৱাৰখনৰ বাহিৰত ৰৈ মাত
লগালে—“ছিছেম্ ফাঁক!” আৰু ততালিকে দুৱাৰখন মেল খালে। তৎক্ষণাত কাছিমে
বৰ কোবেৰে মুখিয়ালটোক ঠেলা মাৰি মাটিত পেলাই বাহিৰলৈ ওলাই গ’ল। কিন্তু
তেওঁ বাকীবোৰৰ হাতৰ পৰা সাৰিব নোৱাৰিলে। সিহঁতে তৰোৱাল দাঙিলে আৰু
চকুৰ পচাৰতে এটাই একে ঘাপেই কাছিমক দুছোৱা কৰিলে।
{{gap}}তাৰ পাছত ভিতৰলৈ সোমাই গৈ ডকাইতবোৰে চাৰিওফালে ভালকৈ চাবলৈ
ধৰিলে। কাছিমে নিবলৈ থোৱা ধন-সোণৰ থৈলাবোৰ সিহঁতৰ চকুত পৰিল আৰু
সেইবোৰ সিহঁতে আকৌ আগৰ ঠাইত থৈ দিলে। কিন্তু আলিবাবাই আগেয়ে
নিয়াবোৰৰ সিহঁতৰ লেখত নপৰাকৈ নাছিল।
{{gap}}তাৰ পিছত সিহঁতে সেই বিষয়ে মেল পাতিলে। কাছিমে গুহাটোৰ ভিতৰৰ
পৰা ওলাব নোৱাৰিছিল সঁচা, কিন্তু গুহাটোলৈ কেনেকৈ সোমাল? সেইটোহে মন
কৰিব লগা ঘাই কথা। গুহাটোৰ ওপৰেদি পোহৰ সোমোৱা এটা বাট আছিল, কিন্তু
শিলটো ইমান ওখ আৰু তাৰ দুই দাঁতি ইমান ঠিয় যে সেইফালে আহিব পৰা
অসম্ভৱ। যদি সি জখলাৰে গুহাটোলৈ উঠিছিল, তেন্তে জখলা কত পালে? তাত
নিশ্চয় জখলা নাছিল।
{{gap}}সিহঁতে শেষত থিৰ কৰিলে, মানুহটো নিশ্চয় দুৱাৰেদি সোমাইছিল, আৰু
সেয়ে হলে সি কেনেবাকৈ সিহঁতৰ গুপ্ত মন্ত্ৰটো জানিব পাৰিছিল। কিন্তু আলিবাবাই
যে গুহাটোলৈ আহি সিহঁতৰ কথা শুনি গৈছিল, সেইটো সিহঁতে নাজানিছিল। যি
হওঁক এই বিষয়ে সিহঁত একমত হৈছিল যে সিহঁতৰ ধন-সোণবোৰ আৰু কোনেও
এইদৰে চোৰকে মোৰে পোৱা কৰিব নালাগিব।
{{gap}}সেইকাৰণে সিহঁতে কাছিমৰ গাটো চাৰি টুকুৰা কৰিলে। তাৰ পাছত দুৱাৰৰ বাহিৰফালে দুছোৱা আৰু ভিতৰফালে দুছোৱা ওলোমাই থ’লে। সিহঁতে ভাবিলে | VALIDATED | ||
পৃষ্ঠা:Alibaba Aru Dukuri Dokait.pdf/২১ | {{center|২২}} | যদি আৰু কোনোবাই কাছিমৰ নিচিনা কাম কৰিবলৈ সাহ কৰি আহে তেনেহলে
তেওঁ জানিব লাগিব যে ইয়ালৈ আহিলেই ডকাইতৰ হাতত মৰণৰ বাহিৰে ৰক্ষাৰ
উপায় নাই।
{{gap}}দুৱাৰখন ভালদৰে বন্ধ হোৱাৰ পাছত সিহঁত গুহাটোৰ পৰা ধন-সোণ লুটিবলৈ ওলাই গ'ল। সিহঁতে উটৰ শাৰীবোৰত জুমবান্ধি যোৱা ডাঙৰ সদাগৰবিলাকক মাৰি আৰু নগৰৰ ধনী মানুহবিলাকৰ ঘৰত ডকাইতি কৰি এই ধন-সোণবোৰ ইয়াত গোটাইছিলহি। | VALIDATED | ||
পৃষ্ঠা:Alibaba Aru Dukuri Dokait.pdf/২২ | {{center|২৩}} | {{center|{{X-larger|'''কাছিমৰ মৰাশ আৰু আলিবাবা'''}}}}
{{gap}}ৰাতি হ’লতেও কাছিম ঘৰলৈ উভতি অহা নাই। ঘৈণীয়েক অতি অস্থিৰ
হ’ল আৰু বৰ ভয় খাই তেওঁ দেওৰেকৰ ঘৰলৈ গৈ ক'লে— “আলি, তুমি জানিব
পোৱা, ককায়েৰা আজি ৰাতিপুৱাই হাবিলৈ গ'ল। কিয় গৈছে তাকো তুমি জানাই
ছাগৈ। কিন্তু এতিয়াও উলটি অহা নেদেখি মোৰ বৰ ভয় লাগিছে। কি অপায়-
অমঙ্গল মিলিছে একো ক'ব পৰা নাই। ”
{{gap}}ককায়েক কিমান আপোনপেটীয়া আলিবাবাই তাক বঢ়িয়াকৈ জানিছিল।
তেওঁ ভাবিলে কাছিমে সেই গুহাৰ পৰা ধন-সোণবোৰ চুঁচি-পাচি আনিবলৈ গৈছে।
{{Css image crop
|Image = Alibaba_Aru_Dukuri_Dokait.pdf
|Page = 22
|bSize = 378
|cWidth = 290
|cHeight = 263
|oTop = 258
|oLeft = 47
|Location = center
|Description =
}} | VALIDATED | ||
পৃষ্ঠা:Alibaba Aru Dukuri Dokait.pdf/২৩ | {{center|২৪}} | আৰু ইচ্ছা কৰিয়েই সোনকালে অহা নাই। শুহাটোত থকা ধন-সোণ আটাইখিনি
ককায়েকে আনিলেও আলিবাবাই তাত অকণো বেয়া নাপায়। কিয়নো আলিবাবাই
যিখিনি আনিছিল সেয়ে বহুত; তাতকৈ সৰহ পাবলৈ তেওঁ বাঞ্চা নকৰিছিল।
{{gap}}আলিবাবাই ক'লে— “বৌদেউ, ককাইদেৱে ৰাতি নোহাৱালৈকে নগৰ
সোমোৱা অনুচিত হ'ব বুলি ভাবিহে এতেপৰলৈকে অহা নাই বুলি মই বুজিছো।
তুমি চিন্তা নকৰিবা, তেওঁ সময়মতে উলটি আহিব। ”
{{gap}}ধন-সোণৰ কথাটো গোপনে ৰখা কিমান আৱশ্যক, কাছিমৰ ঘৈণীয়েকে
বঢ়িয়াকৈ জানিছিল। এতিয়া তেওঁ আলিবাবাৰ কথাত আশ্বাস পাই ঘৰলৈ উলটিল
আৰু মাজ নিশালৈকে ধৈৰ্য ধৰি বাট চালে। পিছে কাছিম তেতিয়াও উলটি নাহিল।
তেতিয়া তেওঁৰ মনৰ চিন্তা আৰু বাঢ়িল। ধন-সোণৰ কথাটো গোপনীয় বাবে, দুখ
পাতলাবলৈকো তেওঁ কোনো কথা ওচৰ-চুবুৰীয়াৰ আগত ক'ব নোৱৰা হ'ল।
তেতিয়া, আলিবাবা আৰু তেওঁৰ ঘৈণীয়েকেনো তুলাচনিখন কি জুখিবলৈ নিছে,
সেই কথা জানিব খুজিবলৈনো তেওঁক কিহে পাইছিল, তাকে ভাবি তেওঁ ৰাতিৰে
ৰাতিটো অকলে ডেও পাৰি থাকিবলৈ ধৰিলে। তেওঁ গোটেই ৰাতি এইদৰে ভাবি-
চিন্তি কান্দি-কাটি ছাটি-ফুটি কৰি থাকিল। ৰাতি পুৱাবলৈ নৌপাওঁতেই উঠি তেওঁ
আকৌ দেওৰেকৰ ঘৰলৈ গ'ল। সৰলচিতীয়া আলিবাবা আৰু তেওঁৰ ঘৈণীয়েকে
কাছিমৰ ঘৈণীয়েকৰ মুখ দেখিয়েই জানিলে যে তেওঁৰ গিৰিয়েক তেতিয়াও উলটি
অহা নাছিল।
{{gap}}আলিবাবাই তেওঁক সুধিবলৈ আৰু বাট নাচালে। তেওঁ গাধ তিনিটা ল'লে আৰু হাবিলৈ ওলাল। যোৱাৰ আগতে কাছিম ভালে-কুশলে আছে বুলি বৌৱেকক বুজনি দিলে। কিন্তু বাটত ককায়েকৰ খচ্চৰকেইটাৰ কোনো চিন নাপাই আলিবাবাই ভাবিলে গতি বিষম। ককায়েকৰ কিবাহে হ’ল। তেওঁ গৈ গৈ শিলটোৰ ওচৰ পালে। গৈয়ে দুৱাৰমুখত তেওঁ তেজৰ চিন দেখিবলৈ পালে। এইবাৰ তেওঁ দৃঢ়কৈ ভাবিলে, কায়েক নিশ্চয় ডকাইতৰ হাতত মৰিল। তেওঁ গুহাৰ দুৱাৰৰ মুখত ঠিয় হৈ সেই মন্ত্ৰকেইটা উচ্চাৰণ কৰিলে, আৰু দুৱাৰখন মেল খালে।
{{nop}} | VALIDATED | ||
পৃষ্ঠা:Alibaba Aru Dukuri Dokait.pdf/২৪ | {{center|২৫}} | {{gap}}ককায়েকৰ মৰাশটো দেখি আলিবাবাৰ যে গাৰ নোম শিয়ঁৰি উঠিছিল তাক
সহজে অনুমান কৰিব পাৰি। কিন্তু উপস্থিত কৰ্তব্য থিৰ কৰাত তেওঁৰ পলম নহ’ল,
শটো মেৰিয়াবৰ কাৰণে কিবা বিচাৰি তেওঁ গুহাটোৰ ভিতৰলৈ গ'ল। তাৰ পিছত
তেওঁ এটা গাধৰ ওপৰত সেইবোৰ বোজাই কৰি দিলে আৰু তাৰ ওপৰত কাঠ
জাপি নিলে। আন এটা গাধত ধন-সোণৰ থৈলাবোৰ বোজাই কৰিলে আৰু সেইবোৰ
থৈলাও কাঠেৰে ঢাকি দিলে। তাৰ পাছত দুৱাৰখন জাপ খোৱা মন্ত্ৰকেইটা মাতি
তেওঁ ঘৰমুৱা হল। কিন্তু হাবিখন পাৰ হয় মানে যাতে তেওঁ দিনতে নগৰ নাপায়,
তাৰ বাবে বিশেষ সাৱধান হৈছিল।
{{gap}}ঘৰ পাই আলিবাবাই ধন-সোণৰ থৈলা বোজা দিয়া গাধকেইটা তেওঁৰ ঘৰৰ
চোতাললৈ খেদাই দিলে আৰু ঘৈণীয়েকে সেইবোৰ থান-থিত্ লগাব পাৰিব দেখি
ইটো গাধ তেওঁৰ বৌৱেকৰ ঘৰলৈ খেদি লৈ গ'ল। তেওঁ দুৱাৰখন খুন্দিয়ালে।
কাছিমৰ ঘৰত মৰ্জিনা বোলা বৰ জ্ঞানী আৰু বুদ্ধিমতী এজনী বেটী আছিল। তায়েই
দুৱাৰখন মেলি দিলে। আলিবাবাই গাধটোৰ পিঠিৰ পৰা বোজাটো নমাই চোতাললৈ
নিলে, আৰু তাইক ফুচ্ফুচাই কথা এটা ক'লে।
{{gap}}"মই তোক এটা কথা কম এই কথাটো মোৰ আৰু তোৰ ঘৰৰ গিৰিহঁতনী
উভয়ৰ মংগলৰ কাৰণে তই বৰ গোপনে ৰাখিব লাগিব। তোৰ ঘৰৰ গৰাকী ঢুকাল।
তেওঁৰ মৰাশৰ এই দুটা টোপোলা মই আনিছো। কিন্তু এতিয়া কামটো এনেদৰে
দিহা লগাই কৰিব লাগিব, যাতে তেওঁ এটা সাধাৰণ বেমাৰত ঢুকাল বুলিহে যেন
সকলোৱে জানে। মই তোক যি পাৰো সহায় কৰিম। এতিয়া যা, ঘৰৰ গিৰিহঁতনীক
কগৈ, মই তেওঁৰে সৈতে কথা হওঁ। কথাটো ভালকৈ মনত ৰাখিবি আৰু যি
কথাটো গোপনে কৈছো নাপাহৰিবি। ”
{{gap}}মৰ্জিনা তাইৰ গিৰিহঁতনীৰ ওচৰলৈ গ'ল। আলিবাবাও তাইৰ পিছে পিছে গ’ল। তেওঁ ওলাই আহি অস্থিৰ হৈ ক'লে, “আলি, মোৰ গিৰিহঁতৰ বাতৰি কি? তোমাৰ মুখখন শুকান দেখিছোঁ কিয়?” আলিবাবাই ক'লে, “বৌদেউ, তুমি অস্থিৰ নহ’বা। তুমি মনৰ শোক পাতলালেহে মই কথা কম। মই কথা কৈ যাওঁতে তুমি | VALIDATED | ||
পৃষ্ঠা:Alibaba Aru Dukuri Dokait.pdf/২৫ | {{center|২৬}} | মাজত কান্দি-কাটি বাধা দিব নোৱাৰিবা। এটা কথা অতি গোপনীয়। ” তেওঁ কলে,
“দেহি ঐ মোৰ স্বামী তেন্তে আৰু ইহ সংসাৰত নাই। ” এইবুলি ভালেমান পৰৰ
পিছত শোক সামৰি তেওঁ আকৌ ক'লে, “বুজিছো, আলি, এই কথা গোপনে ৰাখিব
লাগিব। বাৰু, এতিয়া মোৰ কথাটো কোৱা; মই ধৈৰ্য ধৰি শুনিম, কোনো ভয়
নকৰিবা। ”
{{gap}}তাৰ পাছত তেওঁ কাছিমৰ মৰা শটো গুহাৰ ভিতৰত কি অৱস্থাত পালেগৈ,
আৰু সেইবোৰ মেৰিয়াই কেনেকৈ ঘৰলৈ আনিলে, সকলো কথা আলিবাবাই
বৌৱেকক বিৱৰি জনালে। শেষত ক'লে, “এতিয়া চোতালত গাধৰ পিঠিত থকা
টোপোলাকেইটা ভালকৈ দিহা লগাই থ'ব লাগিল, আৰু যাতে সকলোৱে তেওঁক
স্বাভাৱিকভাৱে বেমাৰ হৈ মৰা বুলি ভাবে তাৰো উপায় কৰিব লগা হ'ল। মোৰ
মনেৰে মৰ্জিনাই সেই সকলোবোৰ থানথিত লগাব পাৰিব। ” ইয়াকে কৈ আলিবাবাই
নিজ ঘৰলৈ উলটিল।
{{nop}} | VALIDATED | ||
পৃষ্ঠা:Alibaba Aru Dukuri Dokait.pdf/২৬ | {{center|২৭}} | {{center|{{X-larger|'''মৰ্জ্জিনা আৰু বাবা মুস্তাফা'''}}}}
{{gap}}পিছদিনাই নিছেই ৰাতি পুৱাতে মৰ্জিনা উঠিল আৰু ওচৰত থকা তাইৰ
চিনাকি বেজ এটাৰ ঘৰলৈ গ'ল। তাই বেজটোক ক'লে— “বৰ টান বেমাৰী ভাল
হোৱা দৰৱ এটা মোক দিয়াচোঁন, এয়া তাৰ বেচ লোৱাঁ। বেজজনে তাইক দৰৱটো
দি সুধিলে— “তোমাৰ গিৰিহঁতৰনো কি বেমাৰ হৈছে? মৰ্জ্জিনাই ক'লে—“দেহি
ঐ, মোৰ গিৰিহঁতৰনো কি হৈছে, কোনেও চিনিব পৰা নাই। একো খাবও নোৱাৰে,
শুবও নোৱাৰে। ”
{{Css image crop
|Image = Alibaba_Aru_Dukuri_Dokait.pdf
|Page = 26
|bSize = 380
|cWidth = 293
|cHeight = 273
|oTop = 252
|oLeft = 30
|Location = center
|Description =
}} | VALIDATED | ||
পৃষ্ঠা:Alibaba Aru Dukuri Dokait.pdf/২৭ | {{center|২৮}} | {{gap}}তাই আবেলি চকুৰ পানী টুকি টুকি আকৌ বেজজনৰ ওচৰলৈ গ'ল আৰু
মৰা-মুছা বেমাৰীক খুৱালেও ভাল হোৱা এটা ঔষধ খুজিলে। তাই ক'লে, “এই
ঔষধটোৱে যে আগৰটোতকৈও কিবা ভাল গুণ দিব মোৰ তেনে মনে ধৰা নাই।
নৰিয়া ইমান টান, কিজানি আমি গিৰিহঁতক অলপতে হেৰুৱাবই লাগিব। ”
{{gap}}মানুহক বেমাৰ টান বুজাবলৈ আলিবাবা আৰু ঘৈণীয়েকে কাছিমৰ ঘৰলৈ
দিনটো অহা-যোৱা কৰি আছিল আৰু কাছিম মৰিল বুলি বুজাবলৈ কাছিমৰ ঘৈণীয়েক
আৰু মৰ্জ্জিনাই ইনাই-বিনাই কান্দিবলৈ ধৰিলে।
{{gap}}সেই নগৰৰে এটা বুঢ়া মুচিক মৰ্জ্জিনাই চিনি পায়। সি পুৱা আটাইতকৈ
আগেয়ে তাৰ দোকান মুকলি কৰে। তাই পিছদিনা নিছেই সোনকালে উঠি মুচিটোৰ
ঘৰলৈ গ'ল আৰু মাত লগাই তাৰ হাতত এটা সোণৰ মোহৰ গুজি দিলে। মুচিটোৰ
নাম বাবা মুস্তাফা। যি কামকে কৰিবলৈ দিয়া হয় সি তাকে খুব ভালকৈ কৰি দিয়ে।
{{gap}}সি সোণৰ মোহৰটো পাই অতি ৰং পালে আৰু কলে, “বৰ ভাল বতৰা
কাম নৌ কৰোঁতেই বানচ্! আজি মোৰ বৰ ভাল দিন। তোমাক কি কৰি দিব লাগে,
কৰিবলৈ মই সাজু আছোঁ। মৰ্জ্জিনাই ক'লে, “বাবা মুস্তাফা, তোমাৰ জোতা সীয়া
বেজীটো হাতত লৈ মোৰ লগত আহাঁ। পিছে, এটা কথা ইয়াতে কৈ থৈছে, মই
যি ঠাইলৈ নিম, সেই ঠাইলৈ যাবলৈ তোমাক পোনতেই মই চকু বান্ধি দিম। ”
{{gap}}মুচিটো তেতিয়া বৰ দোধোৰ-মোৰত পৰিল। সি ক'লে—“মোৰ মন আৰু
বিবেচনাই বেয়া বোলা কোনো কাম কৰিবলৈ তুমি নোকোৱা নহয়?” মৰ্জ্জিনাই ক'লে— “তেনে কাম কৰিবলৈ ক’বলৈ পৃথিৱীত আটাইতকৈ শেষ প্ৰাণী হ'ম মই। ”এইবুলি তাই আৰু এটা সোণৰ মোহৰ তাৰ হাতত গুজি দিলে। “তুমি মোৰ লগত আহা। একো শংকা নকৰিবা। ”
{{gap}}মুচিটো তাইৰ পিছে পিছে গ'ল। অলপ দূৰ গৈয়েই এড়োখৰ ঠাইত মৰ্জ্জিনাই মুচিটোৰ চকু বান্ধি দিলে। এইদৰে অলপ দূৰ যোৱাৰ পাছত তাই তাৰ চকুৰ বান্ধ মোকলাই দিলে। চকু মেলিয়েই সি আগত এটা মৰাশ পৰি থকা দেখিলে। ততালিকে মৰ্জ্জিনাই ক'লে—“বাবা মুস্তাফা, তুমি এই গা কেইছোৱা একেলগে সী পেলোঁৱা। | VALIDATED | ||
পৃষ্ঠা:Alibaba Aru Dukuri Dokait.pdf/২৮ | {{center|২৯}} | সীয়া হ'লেই তুমি এয়া আৰু এটা সোণৰ মোহৰ পাবা। ”
{{gap}}মৰ্জ্জিনাই কোৱামতে মুচিটোৱে সীবলৈ বহিল আৰু কাম শেষ হোৱাৰ
পাছত সি তাৰ পুৰস্কাৰ তৃতীয় সোণৰ মোহৰটো পালে। মৰ্জ্জিনাই আকৌ তাৰ চকু
বান্ধি দি তাক আগৰ ঠাইলৈ লৈ গ'ল। কথাটো গোপনে ৰাখিবলৈ তাক দঢ়াই দঢ়াই
কৈ তাই চকু মুকলি কৰি দিলে। তাৰ পিছত সি আঁতৰি একেবাৰে চকুৰে নমনা
নোহোৱালৈকে মৰ্জ্জিনাই তাক চাই আছিল।
{{gap}}সেই দেশৰ নিয়মমতে কাছিমক কবৰ দিয়া হ’ল। ওচৰ-চুবুৰীয়া মানুহেও
জানিলে কাছিম কিবা ৰোগতহে মৰিল।
{{gap}}তিনি-চাৰিদিনৰ পিছত আলিবাবাই তেওঁৰ সকলো বস্তু লৈ কাছিমৰ ঘৰলৈ গ'ল। ধন-সোণবোৰ মানুহে কেনেবাকৈ দেখে বুলি ৰাতি ৰাতি কঢ়িয়ালে। অলপ দিনৰ পাছত সেই দেশৰ নিয়ম অনুসৰি কাছিমৰ ঘৈণীয়েকক আলিবাবাই বিয়া কৰালে। কানিৰ দোকানখন আলিবাবাই বৰ পুতেকক দিলে আৰু সংসাৰত উন্নতি কৰি সুখেৰে কাল কটাবৰ জোখাৰে পুতেকক ধন-সোণ দিলে।
{{nop}} | VALIDATED | ||
পৃষ্ঠা:Alibaba Aru Dukuri Dokait.pdf/২৯ | {{center|৩০}} | {{center|{{X-larger|'''এক বিফল ষড়যন্ত্ৰ'''}}}}
{{gap}}দুদিন কি তিনিদিনৰ পাছত ডকাইতবিলাক সিহঁতৰ গুহালৈ উভতি আহিল।
তাত ভালেমান ধন-সোণৰ থৈলা তাকৰ পাই সিহঁত বৰ আচৰিত হ’ল। আৰু
তাতোকৈ, সিহঁতে কাছিমৰ মৰা শটো তাত নেদেখি বৰ বিবুদ্ধিত পৰিল।
{{gap}}মুখিয়ালটোৱে ক'লে, “এই কথাই কথা নহয়। আমি সেই মৰা শটোৰ
সন্ধান উলিয়াবই লাগিব। আমাৰ ভিতৰত এজনে ইয়াৰ উহ উলিয়াবলৈ গাত লৈ
নগৰলৈ যাব লাগিব; কিন্তু যদি তেওঁ কামত সফল নহয়, তেনেহলে তেওঁৰ তাৰ
{{Css image crop
|Image = Alibaba_Aru_Dukuri_Dokait.pdf
|Page = 29
|bSize = 365
|cWidth = 279
|cHeight = 278
|oTop = 234
|oLeft = 69
|Location = center
|Description =
}} | VALIDATED | ||
পৃষ্ঠা:Alibaba Aru Dukuri Dokait.pdf/৩০ | {{center|৩১}} | বাবে প্ৰাণদণ্ড হ'ব। ” এই কথাত সকলো ডকাইত একমত হ’লআৰু তাৰে এটাই
পোনতে তাৰ বাবে আগবাঢ়ি ওলাল।
{{gap}}পিছদিনা নিছেই পুৱাতে ডকাইতটো নগৰলৈ গ'ল। তেতিয়া কোনো মানুহ
শুই উঠাই নাই, কেৱল সেই মুচিটো উঠি জোতা সীবলৈ ধৰিছে। ডকাইতটো
মুচিটোৰ ঘৰত সোমাল, আৰু তাৰে সৈতে কথা পাতিলে। “তুমি ইমান ৰাতিপুৱাই
উঠিলানে? আৰু ইমান ৰাতিপুৱাই তুমি জোতা সীবলৈ বুঢ়া চকুৰে দেখিছানে?”
মুচিটোৱে ক'লে, “ভালকথা কৈছা। মই এই চকু আৰু বেজীৰেই এটা মৰাশ
সীছোঁ। ” ডকাইতটো বৰ আচৰিত হ'ল আৰু সি ক’ৰ মৰাশ, কি কথা, আটাইবোৰ
সুধিলে। মুচিটোৱে তেতিয়া ক'লে—“সেই বিষয়ে আৰু ক'ব নোৱাৰোঁ। তেতিয়া
ডকাইতটোৱে তাৰ হাতত এটা সোণৰ মোহৰ গুজি দি ক'লে, “বাৰু, তুমি মোক
মুঠেই ঘৰটো দেখুৱাই দিয়া। ” তেতিয়া মুচিটোৱে ক'লে, “মই কেনেকৈ দেখুৱাম?
মোক চকু বান্ধি নিছিল নহয়?” তেতিয়া ডকাইতটোৱে ক'লে, “বাৰু, ময়ো তেনেকৈ
চকু বান্ধি দিওঁ। তুমি কিমান খোজ কাঢ়িছিলা?” “সেইটো জানো মনত ৰাখিছো। ”
“বাৰু নালাগে। ” এইবুলি মুচিটোৱে দেখুৱাই দিয়া ঠাইতে ডকাইতটোৱে তাক চকু
বান্ধি দিলে আৰু তাৰ পিছে পিছে গ'ল। মুচিটোৱে অনুমানতে খোজ কাঢ়ি গৈ ঠিক
সেই আলিবাবাৰ ঘৰৰ আগত ৰ'লগৈ। তেতিয়া ডকাইতটোৱে আলিবাবাৰ ঘৰৰ
দুৱাৰতে এটা কটা চিন দিলে। আৰু মুচিটোৰ চকুৰ বান্ধ মোকলাই দিলে। তাৰ
পাছত তাৰ কামত যে সি সফল হৈছে এই কথা তাৰ দলত জনাবলৈ সি গুহালৈ
গ'লগৈ।
{{gap}}ইফালে কৰবাৰ পৰা আহি মৰ্জ্জিনাই দুৱাৰত সেই চিনটো দেখি ততালিকে কিবা সন্দেহ কৰি এডোখৰ বগা মাটি লৈ ওচৰ চুবুৰীয়া ঘৰৰ আটাইবোৰ দুৱাৰতে অবিকল তেনেকুৱা চিন দি দিলে। পিছদিনা সেই ডকাইতটোৰ কথামতে ভেশচন কৰি ডকাইতবোৰ বেলেগ বেলেগ জুম পাতি আহিল। কিন্তু সেইখিনিৰ ভিতৰত কোনটো ঘৰত সি চিন দিছিল, সঠিককৈ দেখুৱাই দিব নোৱাৰিলে। সকলো ডকাইত | VALIDATED | ||
পৃষ্ঠা:Alibaba Aru Dukuri Dokait.pdf/৩১ | {{center|৩২}} | তেতিয়া বিফল হৈ গুহালৈ উলটিল, আৰু আগৰ কথামতে ডকাইতটোৰ প্ৰাণ-দণ্ড
হ'ল।
{{gap}}পিছৰ বাৰ আন এটা ডকাইত আহিল, আৰু সিও আগৰটোৰ দৰেই আহি
আলিবাবাৰ ঘৰৰ দুৱাৰত সতকাই চকুৰে মনিব নোৱাৰা এটা চিন দিলে। মৰ্জ্জিনাৰ
চকুত সিও সাৰি নগ’ল, আৰু মৰ্জ্জিনাই আকৌ সেইদৰে আটাইবোৰ মানুহৰ
দুৱাৰতে চিন দিলে। আগৰ বাৰৰ দৰে এইবাৰো ডকাইতবোৰ বিফল-মনোৰথ হৈ
উলটিল। পূৰ্বৰ দিহামতেই এই ডকাইতটোকো সিহঁতে কাটি পেলালে। এতিয়া
মুখিয়ালটো আৰু ৩৭টা ডকাইত বাকী থাকিল।
{{gap}}বৰ দুখ আৰু লাজ পাই তাৰ পাছত মুখিয়াল ডকাইতটোৱে এইবাৰ নিজেই যত্ন কৰি চাবলৈ ওলাল। কৃতকাৰ্য নহলে এইবাৰ তাৰ নিজৰো প্ৰাণ-দণ্ড। সি পোনতে আলিবাবাৰ ঘৰটোৰ ভালকৈ চিন লৈ গৈছিল; কিন্তু ক’তো একো অঁকা নাছিল। | VALIDATED | ||
পৃষ্ঠা:Alibaba Aru Dukuri Dokait.pdf/৩২ | {{center|৩৩}} | {{center|{{X-larger|'''তেল-সদাগৰ'''}}}}
{{gap}}এদিন এই মুখিয়ালটো এটা তেল-সদাগৰৰ বেশ ধৰি আহিল। চালৰ এটা
ডাঙৰ মোনাত তেল আৰু সাতত্ৰিশটা মোনাত সেই সাতত্ৰিশটা ডকাইত ভৰাই লৈ
সি তাৰ উনৈশটা খচ্চৰ বোজাই কৰিলে, এই মোনাবোৰতো ওপৰত তেল বিৰিঙাৰ
দৰে দেখুৱাবলৈ সি অলপ তেল সানি দিলে। সাজ লাগি ভগাৰ পাছত সি আলিবাবাৰ
পদূলি পালেহি, আৰু ৰাতিটোৰ বাবে তেওঁৰ আগ-চোতালতে পৰি থাকিবলৈ মাথোন
এডুখৰি ঠাই খুজিলে। সৰল-চিতীয়া আলিবাবাই সহজে অনুমতি দিলে আৰু সেই
{{Css image crop
|Image = Alibaba_Aru_Dukuri_Dokait.pdf
|Page = 32
|bSize = 378
|cWidth = 291
|cHeight = 284
|oTop = 239
|oLeft = 29
|Location = center
|Description =
}} | VALIDATED | ||
পৃষ্ঠা:Alibaba Aru Dukuri Dokait.pdf/৩৩ | {{center|৩৪}} | তেলসদাগৰে তেওঁৰ খচ্চৰকেইটা ভিতৰ চোতাললৈ খেদি দিলে। অলপ পৰ
কথা-বাৰ্তা হৈ ভাল পাই আলিবাবাই তাক ভিতৰলৈ মাতি নিলে, তেতিয়া তেওঁলোেকৰ
খোৱা-লোৱা হৈ গৈছিল, তথাপি আলিবাবাই তেল সদাগৰক ন-কৈ ৰন্ধাই-বঢ়াই
খুৱালে।
{{gap}}তাৰ পাছত ৰাতি ভালেমান পৰলৈকে কথা-বাৰ্তা পাতি আলিবাবা শুবলৈ
ওলাল আৰু তেল-সদাগৰকো ভালকৈ শুবৰ দিহা কৰাই দিলে। শোৱাৰ আগতে
আলিবাবাই মৰ্জ্জিনাক ক'লে, তাই যেন পুৱালৈ তেওঁৰ বাবে অলপ চুৰুহা ঠিক
কৰি ৰাখে আৰু ঘৰৰ লগুৱা আবাদুল্লাৰ হতুৱাই তেওঁৰ গা ধোৱা সাজটো দিহা কৰি
থোৱায়।
{{gap}}অলপপৰ তলকা মাৰি থাকি হাতত সাৰে তেল সদাগৰ উঠি আহিল আৰু
ডকাইতবোৰ সোমাই থকা ছালৰ মোনাবোৰৰ মুখবোৰ অলপ উশাহ ল’বৰ জোখাৰে।
মেলি দি ক'লে বোলে আৰু অলপ সময়ৰ পাছতেই সকলোে যোগাৰ কৰি উঠি সি
সিহঁতলৈ এটা দলি মাৰি সিহঁতক মাতিব, তেতিয়া সকলোটি মিলি আলিবাবাৰ ঘৰৰ
সকলো মানুহকে কাটি-মাৰি ধন-সোণ সকলো লুটি নিব। ইয়াকে কৈ সি আকৌ
শোৱা ঠাইলৈ গ'ল।
{{gap}}ইফালে মৰ্জ্জিনাই আবদাল্লাৰে সৈতে আলিবাবাই কোৱা মতে সকলো যুগুত কৰিবলৈ লাগিল। চুৰুহা কৰিবৰ বাবে সকলো যতাই লৈ দেখে, জুই জ্বলাবলৈ ষ্টভ্টোত তেল নাই। সিহঁতে ঘৰত ক’তো তেল বিচাৰি নাপালে। তেতিয়া মৰ্জ্জিনাই ভাবিলে, তেল সদাগৰৰ মোনাবোৰৰে এটাৰ পৰা অলপ তেল আনি বৰ্তমান কাম চলাব আৰু পুৱা হ'লে তাৰ বেচফেৰা দি লেঠা মাৰিব। এইবুলি মৰ্জ্জিনাই পোনে পোনে যিটো মোনাৰ পৰা তেল আনিবলৈ গ'ল, তাৰ ভিতৰৰ পৰা কোনোবাই ফুচ্ফুচাই মতা শুনিলে—“সময় হৈছেনে?” তাই অতি আচৰিত হ'ল; কিন্তু ততালিকে কথাৰ গতি বুজি উত্তৰ দিলে, “নৌ। অলপ ৰবা। ” এইদৰে এটা-এটাকৈ সাতত্ৰিশটা মোনাৰ গুৰিলৈ গৈ একে কথাকে পালে আৰু তায়ো একে সমিধানকে দি আহিল। শেষৰটো মোনাত তেল পাই এটা বৰ কেট্লিত ভৰাই আনি জুই ধৰি তেতিয়াই তেলখিনি উতলালে, আৰু সেই উতলা তেলখিনি নি এটা এটাকৈ সাতত্ৰিশটা | VALIDATED | ||
পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১ | {{center|<poem>'''অষ্টাদশ পৰ্ব'''
{{Xxxx-larger|'''অসমীয়া মহাভাৰত'''}}
'''দ্বিতীয় খণ্ড'''</poem>}}
{{Dhr|4em}}
{{center|{{smaller|[ ৰাম সৰস্বতী, গোপীনাথ দ্বিজ, পৃথুৰাম দ্বিজ, দামোদৰ দাস আদি বিৰচিত ]}}}}
{{Dhr|4em}}
{{center|<poem>'''সম্পাদক⸺'''
{{Xxxx-larger|''হৰিনাৰায়ণ দত্ত বৰুৱা''}}
{{center|{{gap|15em}}সাহিত্যৰত্ন}}
{{larger|দেবীৰাম পাঠশালা : নলবাৰী}}
</poem>}} | VALIDATED | |||
পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/২ | {{center|<poem>প্ৰকাশক :
শ্ৰীমুনীন্দ্ৰনাৰায়ণ দত্তবৰুৱা, এম. এ.
{{Xxx-larger|'''দত্তবৰুৱা এণ্ড কোম্পানী'''}}
নলবাৰী : অসম</poem>}}
{{Dhr|3em}}
{{Css image crop
|Image = Asomiya_Mahabharat_Vol._2.pdf
|Page = 2
|bSize = 444
|cWidth = 89
|cHeight = 95
|oTop = 188
|oLeft = 171
|Location = center
|Description =
}}
{{Dhr|3em}}
{{center|<poem>দ্বিতীয় সংস্কৰণ
ইং ১৯৬৩ চন
দ্বিতীয় খণ্ডৰ মূল্য- কুৰি টকা</poem>}}
{{Dhr|3em}}
{{center|<poem>ছপা কৰোঁতা :
শ্ৰীযোগেশচন্দ্ৰ গোস্বামী
উমা প্ৰেছ
নলবাৰী : অসম</poem>}} | PROOFREAD | |||
পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৬ | {{rh|১২৭৪|মহাভাৰত|}} | {{Rule|}}
{{Multicol|line=1px solid black}}
<poem>যি ৰাজ্যে বঞ্চিবো এৰাইবো দুখভাৰ।
বৈৰৰ মুণ্ডত যেন পৰে ছাৰখাৰ॥ ১৮৭৭৮
ৰাজাৰ বচন শুনি অৰ্জ্জুন বদতি।
ধৰ্ম্মৰে ঋষিৰ বৰে এৰাইৰো দুৰ্গতি॥
তথাপি কহিবো ৰাজ্য জানো যত মানে।
বাছি লৈবা আপুনি বঞ্চিবা যিবা স্থানে॥১৮৭৭৯
শূৰসেন পটেশ্বৰ দশাৰ্ণ পাঞ্চাল।
সৌৰাট অবন্তি মল্ল বিদিশল শাল্ব॥
যুগন্ধৰ কুস্তেলাট সৰিৰ বন্ধল।
বাছি লবা ৰাজা যেহি মনে অনুকূল॥ ১৮৭৮০
যুধিষ্ঠিৰে বোলন্ত শুনিয়ো ভ্ৰাতৃগণ।
মৎস্যনগৰীত মোৰ থাকিবাক মন॥
ধৰ্ম্মৱন্ত কুলৱ্ন্ত বৃদ্ধ মৎস্যৰাজ।
তাঙ্ক সেৱা কৰিলে নাহি কিছু লাজ॥’৮১
আনো এক কথাখানি পুছোহো সবাতে।
কৰ্ম্ম কৰিবাক লাগে পৰৰ সেৱাতে॥
কোনে কোন কৰ্ম্ম কৰিবাহা বিৰাটৰ।
হেন শুনি ধনঞ্জয়ে বুলিলা উত্তৰ॥ ১৮৭৮২
আমাক লাগিয়া তুমি নকৰিবা মৰ্ম্ম।
তোমাক সেৱিলো কৰি আছো তব কৰ্ম্ম॥
তুমি কোন কৰ্ম্ম জানা ৰাজা ৰাজেশ্বৰ।
কেনমতে সেৱা কৰিবাহা বিৰাটৰ॥ ১৮৭৮৩
যুধিষ্ঠিৰে বোলন্ত বঞ্চিবো দুখ কাল।
বিৰাট নৃপতি শুনো বৰহি পাশাল॥
পাশা খেলি কৌতুক কৰাইবো ৰাত্ৰি দিন।
মোহমস্ত হৈবে মোক নেদেখিবে ভিন॥ ১৮৭৮৪
সাজি পাশা-বাৰি দিবো হস্তীৰ দন্তৰ।
কৃষ্ণ-ৰক্ত চিহ্ন বৈদুৰ্য্যৰ সুৱৰ্ণৰ॥
পাশা জিনি আনিবোহো সুৱৰ্ণৰ লস।
এহি কৰ্ম্মে নৃপতিকো কৰিবোহে৷ বশ॥ ১৮৭৮৫
চাপ সমে সাজিবোহো কৰি বিতোপন।
পাঞ্চগুটি পাশৱটি হস্তীৰ দশন॥
চাৰিৰ পিঠিত চাৰি চাৰি ঠাইত চিহ্ন।
খেলাইবাৰ বেলা যেন দেখি ভিন্ন ভিন্ন॥ '৮৬</poem>
{{Multicol-break}}
<poem>বৈদুৰ্য্য শ্যামল বৰ্ণ সুৱৰ্ণ ৰচিত।
ইন্দ্ৰলৰ কৃষ্ণবৰ্ণ প্ৰবালে লোহিত॥
পাশা খেলিবল চৰ্ম্ম সাজিবো কুশল।
চকত লগাইবো তাত সুৱৰ্ণৰ জল॥ ১৮৭৮৭
যেৱে মোত পুছে তেৱে কহিবো ৰাজাত।
কঙ্ক নামে দ্বিজবৰ জগতে প্ৰখ্যাত॥
মোৰ প্ৰিয় সখা যুধিষ্ঠিৰ ধৰ্ম্মৰাজ।
আমাক এৰিলে তেৰে তৈত বনমাজ॥ ১৮৭৮৮
এহিৰূপে খ্যাত হৈবো বিৰাট ৰাজ্যত।
একোজনে নিচিনিব অজ্ঞাত বাসত॥
ভীমে কোন কৰ্ম্ম কৰিবেক বিৰাটৰ।
তেতিক্ষণে ৰাজাক মাতিলা বৃকোদৰ॥ ১৮৭৮৯
বিৰাট ৰাজাৰ মঞি হৈবো সুপকাৰ।
ৰান্ধিবোহো অন্ন সুপ ব্যঞ্জন সম্ভাৰ॥
আৱটিবো বহুবিধ দুগ্ধ নিতে নিত।
সাজিবো দুগ্ধৰ পিণ্ড কৰি দিব্য ঘৃত॥ ১৮৭৯০
পৰ্ব্বত সমান ভাৱে আনিবোহো খৰি।
তেৱে হৈবো অন্ন ব্যঞ্জনৰ অধিকাৰী॥
অন্ন ব্যঞ্জনক মই পেট ভৰি খাইবো।
বিস্তৰ কালৰ খক তেৱে পাসৰিবো॥ ১৮৭৯১
সিংহ বাঘ সমে যদি যুজাৱে আমাক।
তাহাক যুজিয়া তুষ্ট কৰাইবো ৰাজাক।
এহি কৰ্ম্ম দেখি দায়া কৰিবেক মোক।
যেন নৃপতিক দায়া কৰে সৰ্ববলোক॥ ১৮৭৯২
ৰাজাৰ শত্ৰুক যদি যুজাৱয় মোক।
তেতিক্ষণে তাহাক পঠাইবো যমলোক॥
কৌতুকে যুজয় নৃপতিৰ মন্ত্ৰী পাত্ৰ।
খলে নমাৰিবো যুদ্ধে জিনিবোহো মাত্ৰ॥ '৯৩
নৃপতিক কহিবো বল্লভ মোৰ নাম।
যুধিষ্ঠিৰে শিখাইলন্ত সুপকাৰ কাম॥
এহিমতে থাকিবো বিৰাট নগৰত।
কোন কৰ্ম্ম কৰিবন্ত পুছা অৰ্জ্জুনত॥ ১৮৭৯৪
অৰ্জ্জুনক লাগি ধৰ্ম্মে কৰিবন্ত শোক।
এহিৰূপে গুণে ভাই কৈত লুকায়োক॥</poem>
{{Multicol-end}} | PROOFREAD | ||
পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১০২ | {{rh|১৩৬০|মহাভাৰত|}} | {{Rule|}}
{{Multicol|line=1px solid black}}
সত্বৰে আসোক যত আছে মোৰ ঘৰে।
দুতেয়ো জঁনাইলে সবে মন্দিৰে মন্দিৰে॥
সুৰসেন কাশীৰাজ নৃপতি দুতয়।
যুধিষ্ঠিৰ ৰাজাৰো প্ৰাণৰ আতিশয়॥ ২০০৬১
সেহি দুই ৰাজা লৰি গৈলা প্ৰথমতে।
দুই অক্ষৌহিণী সেনা লৰিল তুলতে॥
দ্ৰুপদ নৃপতি পাঞ্চালক নাম জানি।
তান তুলে লৰি গৈলা এক অক্ষৌহিণী॥৷ ২০০৬২
দ্ৰুপদৰ পুত্ৰ আইলা এক শত চাৰি।
তাহাৰ বলক সুৰাসুৰেয়ো নোৱাৰি॥
ধৃষ্টদ্যুম্ন দুৰ্ব্ববিশ অনিৰ্ব্বাৰ ৰণে।
সমৰে সমুখ নাহিবন্ত গুৰু দ্ৰোণে॥ ২০০৬৩
শিখন্দী অপৰাজিত সমস্তে পাঞ্চাল।
মহাগুণে গুণৱন্ত সমস্তে ভুপাল॥
আৰো আনো যত ৰাজা বংশত প্ৰচুৰ।
অভিমন্যু সহিতে যে আসিল অক্ৰূৰ॥ ২০০৬৪
বীৰকেশী চেকিতান সমে মহাধৃতি।
সবে চলি আসিলাহা বিৰাটৰ ভীতি॥
নাৰায়ণ সমে মত বৃষ্ণি ভোজৰাজে।
সবে চলি গৈলা অৰ্জ্জুনৰ প্ৰিয় কাৰ্য্যে॥ ২০০৬৫
অনেক নৃপতিগণ ভৈল একথান।
বিৰাট নগৰী ভৈলা অম্ৰাৱতী মান॥
নট ভাট অনেকে বাহাৱে কতো শঙ্খ।
চিহ্ন ছত্ৰদণ্ড আনো তুৰঙ্গ মাতঙ্গ॥ ২০০৬৬
আনে৷ বাদ্যভণ্ড কৌতুহল নৃত্য-গীত।
বিৰাট নগৰে ভৈলা আতি বিপৰীত॥
সাৰাৎসাৰ ময়মত্ত সহস্ৰেক নাগ।
দশাযুত তৰুণ ঘোটক চলে আগ॥ ২০০৬৭
তিনি খৰ্ব্ব পদাতি যে অযুতেক ৰথ।
চতুৰঙ্গ দলে আইল যাহাব লগত॥
হেন দেখি বিৰাটে হৰিষ ভৈল মনে॥
মোৰ ঠাৱে মাজি আসিলন্ত ৰাজাগণে॥ ২০০৬৮
আপুনি গোবিন্দ আসিলন্ত মোৰ ঠাই৷
বিবাটে কৰিল ৰঙ্গ আনন্দ বঢ়াই॥
{{Multicol-break}}
আচমনি আসনক মধুপৰ্ক দিল।
সবাহাঙ্কে বিভাগি বিচিত্ৰ বাসে থৈল। ২০০৬৯
দুৰস পায়স অন্ন দিলা মধুপানে।
সবাহাঙ্কে বিৰাটে তুষিলা ভিনে ভিনে॥
সুভদ্ৰা আসিলা পুত্ৰ বিবাহক প্ৰতি।
তান তুলে আইলা দশ সহস্ৰ যুৱতী॥ ২০০৭০
শৰীৰত অলঙ্কাৰে শোভে নাৰীগণে।
আঙ্গুষ্ঠি কুণ্ডল হাৰ বিচিত্ৰ বসনে॥
হৰিষ বদনে এহিমতে বহুদিনে।
সবাকে বিৰাটে তুধিলন্ত ভিনে ভিনে॥ ২০০৭১
কথামাতে ৰাজা কতোদিন আছিলন্ত।
কৃষ্ণে পাণ্ডৱক সতকাৰ কৰিলন্ত।
আঙ্গুষ্ঠি বাহুৰি আভৰণ কণ্ঠহাৰ।
সুৱৰ্ণৰ মণিময় হাৰ মুকুতাৰ॥ ২০০৭২
হেন অলঙ্কাৰে সবে কৰি গাৱ সাজ।
পিন্ধিলে দীপিতি কৰে প্ৰভাতৰ সূৰ্য্য॥
গুভলগ্ৰে দিলা জোৰা বান্ধিয়া দৈৱজ্ঞ।
মৎস্যৰ নগৰে মিলি গৈল মহাযজ্ঞ॥ ২০০৭৩
সুগন্ধ চন্দনে অধিবাস দুই ঠাৱ।
কন্যাগণে কৰিলেক উৰুলি আৰাৱ॥
আসন বসন মধুপৰ্ক দান ভৈলা।
সবাহাঙ্কে নিয়া যে বিচিত্ৰ থানে থৈলা॥২০০৭৪
কুমাৰীক সাজি পাৰি নিল মৎস্যৰায়।
বিনয়ে বুলিলা কৰা যেহেন যুৱায়॥
কুমাৰীক প্ৰদক্ষিণ কৰাই বাৰেবাৰ।
মুখচন্দ্ৰি কৰাইয়া ফুৰাইলা সাতবাৰ॥ ২০০৭৫
মৎস্যে অলঙ্কাৰ নিয়া উত্তৰে ধৰিল।
অভিমন্যু বীৰে তাক হাততে বৰিল॥
কুমৰো কৰিলা যত বিস্তাৰ আচাৰ।
স্বৰ্গতো নাহিকে হেন দিলা অলঙ্কাৰ॥ ২০০৭৬
কৰ্ণক লাগিয়া দিলা ৰত্নৰ কুণ্ডল।
দীপ্তি জ্যৌতি জ্বলে যেন সূৰ্য্যৰ মণ্ডল॥
হীৰ্ম্মাণি মাণিক্যে নিৰ্ম্মিলন্ত অষ্ট নিধি।
শিখত ত্ৰিশিখ চড়াইলন্ত যেন বিধি॥ ২০০৭৭
{{Multicol-end}}
{{Rule|}} | VALIDATED | ||
পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৩৮ | {{rh|১৩৯৬|মহাভাৰত|}} | {{Rule|}}
{{Multicol|line=1px solid black}}
<poem>তথাপিতো তুমি সবে নিন্দা ছল পাই।
ইকালত জানিলো ভালৰ ভাল নাই॥
ৰাজ্যভাৰ হাৰি সন্ন্যাসীৰ ধৰি বেশ।
তপস্যাক মনে বনে ভৈলেক প্ৰবেশ॥ ২০৫৮১
ভীম ধনঞ্জয় আদি যত ধনুৰ্দ্ধৰ।
পাণ্ডৱক লাগি মোৰ কিছো নাহি ডৰ॥
শকুনিত খুজি মই লৈলো সামৰাজ।
এবে তাক পাশুৱে খোজয় কোন কাজ॥ ’৮২
যদি ৰণ জিনো মই পাণ্ডৱক মাৰি।
সকল পৃথিৱী পাইবো অকণ্টকা কৰি॥
বৈৰক নিডলি ঘোৰ সমৰত ছেদো।
অঙ্গুষ্ঠ প্ৰমাণ ৰাজ্য পাণ্ডৱক নেদো॥ ২০৫৮৩
যদি সমৰত মৰো তভো হানি নাই।
সমুখ ৰণত পৰি স্বৰ্গলোক পাই॥
শুনিয়োক কহো মই সত্য অঙ্গীকাৰ।
মোত ৰাজ্য খোজয় পাণ্ডৱ দুৰাচাৰ॥ ২০৫৮৪
সূচি অগ্ৰে যত ভূমি পাৰি ভেদিবাক।
সিয়ো মানে ভূমি এৰি নেদো পাণ্ডৱক॥
মাধৱে বোলন্ত ৰাজা বুলিলাহা ভাল।
পাণ্ডৱক হিংসা নতু কৰা একো কাল॥ ২০৫৮৫
পাণ্ডৱক পাশা খেলি জিনিলে শকুনি।
তুমি দ্ৰৌপদীক দুখ দিলা কোন গুণি॥
সভাযাজে বিবস্ত্ৰা কৰিলা কোন কাজে।
ঊৰুত বৈসাইলা দেখিলেক সামৰাজে॥ ২০৫৮৬
দ্ৰৌপদীৰ ক্ৰন্দনত কম্পিলেক ভূমি।
হুইতো পাণ্ডৱক নতু কিছো কৰা তুমি॥
বিষ খুৱাই ভীমক মাৰিবে চাইলা ছলে।
জোগৃহে যে পুৰিবাক পুজিলা সকলে॥ ২০৫৮৭
ৰাজাগণে ধন আনে তাকে চাই চাই।
ৰাজসূয় দেখিয়া পোৰয় সৰ্ব্ব কায়॥
দেখিবে জুৱাৰি পাচে আসিলি ঘৰক।
হুইতো তুমি কিছো নতু কৰ পাণ্ডৱক॥২০৫৮৮
যদি যুদ্ধ খোজস সাজিয়ো যত লাগে।
জীৱন্তে নেৰিবে সিটো ভীম কালবাঘে॥</poem>
{{Multicol-break}}
<poem>ভীমৰ প্ৰহাৰে হৃদয়ত পাইবি শোক।
সিবেলাত কিছো মান হুমৰিধি মোক॥২০৫৮৯
দুঃশাসনে বোলে শুনা ৰাজা দুৰ্য্যোধন।
ভীষ্ম দ্ৰোণ বিদুৰৰ বুজিলাহা মন॥
আণ্টিবাক পাৰিলে এসম্বে বন্দী কৰি।
এখনে তোমাক পাণ্ডৱক দিয়ে ধৰি॥'৯০
শুনি ৰাজা দুৰ্য্যোধনে ক্ৰোধ কৰি বৰ।
কৰ্ণৰ হাতত ধৰি গৈল অভ্যন্তৰ॥
দেখি ৰাজাগণ গিৰিসিত কৰি ভাগি।
শকুনি সহিতে গৈলা ভিতৰক লাগি॥ ২০৫৯১
দেখিলাহা কৃষ্ণে মোক অৱহেলা বৰ।
ভীষ্মৰ মুখক চাই দিলেক উত্তৰ॥
এসে পাপী আছিলেক মন্দমতি কংস।
উপদ্ৰৱ কৰিলে যতেক জ্ঞাতিবংশ। ২০৫৯২
তাৰ আগে বাপ মাৱ নৰহিল ভাই।
পাচে আলোচিয়া নিলা আমাক মতাই॥
মই যাই দুৰ্জ্জনক বধিলো সমৰে।
সেহিদিনা ধৰি সুখী মথুৰা নগৰে॥ ২০৫৯৩
তোৰা সেহিমতে দুৰ্য্যোধনে বন্দী কৰি।
মহাসুখে থাকা পাণ্ডৱক দিয়া ধৰি॥
এতহস্তে গান্ধাৰিণী সমজ্যাক গৈল।
দুৰ্য্যোধন তনয়ক বুজাইবাক লৈল॥ ২০৫৯৪
শিখাইলেক যত ৰাজনীতিৰ প্ৰমাণ।
কৃষ্ণৰ বচন বেদবাক্য সম জান॥
ভীষ্ম দ্ৰোণ বিদুৰে বুলিলে যত যত।
যদি নকৰস বাপু মোহোৰ শপত॥ ২০৫৯৫
বাপৰ শপত দশ কপিলা মাৰস।
যদি তই কৃষ্ণৰ বচন নকৰস॥
শুনি ৰাজা দুৰ্য্যোধনে ক্ৰোধমনে উঠি।
গান্ধাৰী মাৱৰ বচনক দিলে পিঠি॥ ২০৫৯৬
{{gap}}{{smaller|দুৰ্য্যোধনৰ শ্ৰীকৃষ্ণক ধৰাৰ চেষ্টা}}
হেন দেখি ৰোষ কৰি গান্ধাৰিণী গৈল।
দুঃশাসন কৰ্ণে সমে আলোচিবে লৈল।</poem>
{{Multicol-end}}
{{Rule|}} | PROOFREAD | ||
পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১১৪২ | {{rh|২৩৭৬|মহাভাৰত|}} | {{কুসুমমালা|midline=2px solid black|<poem>বিষ্ণু মূৰ্ত্তি শালগ্ৰাম পুজে ঘৰে ঘৰে।
একাদশী ব্ৰত বিনে স্থান নাহি কৰে॥ ৩৪৯১২
ঘৰে ঘৰে সুৱৰ্ণৰ পতাকা নিৰ্ম্মাণ।
নানা পুষ্প শোভে নানা ফুলৰ উত্থান॥
নানা জাতি পুষ্প তাত আছে গুল্মলতা।
অহৰ্নিশে দ্বিজে পঢ়ে ভাগৱত গীতা॥৩৪৯১৩
যজ্ঞধুম্ৰে সকলে দেশত তমোময়।
ঋক্ যজুঃ সাম অথৰ্ব বেদক ভাষয়॥
নদী নদ সৰোবৰে নিৰ্ম্মল কমল।
হংস চক্ৰবাক বক চুৰয় সকল॥ ৩৪৯১৪
নাৰীগণ দেখি তথা বিনোদ নাগৰী।
ৰূপে লক্ষ্মী অৱতাৰ যেন বিদ্যাধৰী॥
উৎকল নগৰ দেখ৷ দেৱৰ নিৰ্ম্মাণ।
নানা ৰত্নে দিব্যপুৰী শোভে ধনে ধান্য॥৩৪৯১৫
বাৰসিংহ নৰপতি উৎকল ঈশ্বৰ।
বিষ্ণুপৰায়ণ ৰাজা নানা গুণধৰ॥
অৰ্জ্জুনৰ ঘোৰা প্ৰবেশিলা তান পুৰে।
দুসাদু দেখিলা তাঙ্ক ভ্ৰমন্তে নগৰে॥ ৩৪৯১৬
নৃপতিৰ আগে গৈয়া দুসাদু কহিলা।
নজানি কোথাৰ দুই ঘোটক আসিলা॥
এহিৰূপ ঘোটক দেখা নাহি কোনো কালে
বিচিত্ৰ সুৱৰ্ণ পত্ৰ শোভয় কপালে॥ ৩৪৯১৭
শুনিয়া ঘোৰাৰ কথ৷ বীৰসিংহ ৰাজ।
বোলে ঢাক বাৰী দিয়া সৈন্য হৌক সাজ॥
ৰাজাৰ আদেশে বীৰে ঢাকে দিলা শান।
শুনিয়া সকলে৷ বীৰ আইলা বিদ্যমান॥৩৪৯১৮
ৰথী ৰথ গজ বাজী পদাতি অপাৰ।
সেনাপতি বীৰসবে কৰি নমস্কাৰ॥
বীৰসিংহে বোলে শুনা যত বীৰগণ।
এথা আসি কাৰ ঘোৰা ভৈলা উপসন্ন॥৩৪৯১৯
ঘোৰা ধৰিবাক সবে চলো কাচি পাৰি।
এহি বুলি চলে ৰাজা সৈন্য সঙ্গে কৰি॥
সুৱৰ্ণে ভূষিত গজস্কন্ধে চৰি ৰাজা।
চলিলা পশ্চিম দিশে সঙ্গে কৰি প্ৰজা॥৩৪৯২০</poem>|<poem>
ৰথী ৰথ গজ বাজী চলে সেনাগণ।
চতুৰঙ্গ দলে ৰাজা কৰিলা গমন॥
সসৈন্যে মিলিলা গৈয়া দুই ঘোৰা যথা।
আদেশিল ৰাজা ধৰি ঘোৰা আন এথা।৩৪৯২১
নৃপতিৰ বচনে বেঢ়িয়৷ চাৰিভিত।
যত্ন কৰি ধৰিলেক ঘোৰাৰ শিখাত॥
সত্বৰে ধৰিলা ঘোৰা নৃপতি গোচৰ।
কপালৰ পত্ৰ লৈয়া পঢ়ে নৃপবৰ। ৩৪৯২২
হস্তিনানগৰে যুধিষ্ঠিৰ নৰপতি।
জ্ঞাতি বধহেতু যজ্ঞ কৰে মহামতি॥
সেহি যজ্ঞঘোৰ৷ ৰাখে আপুনি অৰ্জ্জুন।
গোবিন্দ সাৰথি যাৰ সমৰে নিপুণ॥ ৩৪৯২৩
প্ৰদ্যুম্ন সাত্যকি কৃতবৰ্ম্মা অনিৰুদ্ধ।
যৌৱনাশ্ব অনুশাল বীৰ মহাযুদ্ধ ॥
সুবেগ কুমাৰ নীলধ্বজ হংসধ্বজ।
তাম্ৰধ্বজ শিখীধ্বজ যেন মত্তগজ॥ ৩৪৯২৪
বব্ৰুবাহা চন্দ্ৰহাস বীৰবৰ্ম্মা বীৰ।
জয়দ্ৰথসুত বীৰ প্ৰকৃতি গম্ভীৰ॥
ইসকল বীৰগণ কৰিয়া সঙ্গতি।
ঘোটক ৰাখয় ধনঞ্জয় মহামতি॥ ৩৪৯২৫
ঘোৰা ধৰিবাক পাৰে শক্তি আছে কাৰ।
ঘোৰা ধৰে যিবা তাৰ নাহিকে নিস্তাৰ ॥
যদি মদগৰ্ব্বে ৰণ কৰে দুৰাচাৰ।
অৰ্জ্জুনৰ বাণে তাৰ নাহিকে নিস্তাৰ॥ ৩৪৯২৬
পত্ৰ পঢ়ি নৃপতি চিন্তিলা মনে মনে।
মোহোৰ সদৃশ বীৰ নাহি ত্ৰিভুৱনে ॥
ভাগ্য ফলোদয় মোৰ সাফল বিধাতা।
সিকাৰণে নৃপতিৰ ঘোৰা আইলা এথা॥৩৪৯২৭
অৰ্জ্জুনৰ সহিতে আছয় নাৰায়ণ।
চক্ষুভৰি চাইবো আজি কৃষ্ণৰ চৰণ ॥
অনেক জন্মৰ ফলে দেখিবো শ্ৰীহৰি।
এহি বুলি নৃপতি চলিলা ঘোৰা ধৰি॥ ৩৪৯২৮
ঘোটক পূজিলা ৰাজা বিবিধ বিধানে।
কৃষ্ণ চিন্তি নদীতীৰে ৰৈলা সবে সৈন্যে॥</poem>}} | PROOFREAD | ||
পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১১৪৩ | {{rh||অশ্বমেধপর্ব|২৩৭৭}} |
{{কুসুমমালা|midline=2px solid black|<poem>তৈত বীৰ ধনঞ্জয় ঘোটক নাপাই।
খোজক নিহালি চলে সৰ্ব্ব সৈন্য লই॥ ৩৪৯২৯
কৰে ধনু ধৰি সবে বীৰ চলি যায়।
পশ্চিম দিশক চলে পদচিহ্ন চাই॥
অশ্ব গজ ৰথসব পদাতি বিশেষ।
উৎকল দেশত সবে ভৈলন্ত প্ৰবেশ॥ ৩৪৯৩০
অসংখ্য পদাতি ৰথধ্বজ সেনাগণ।
পথে যান্তে এক নদী পাইল৷ দৰশন॥
চন্দ্ৰহাস বব্ৰুবাহা ৰাজা নীলধ্বজ।
বীৰবৰ্ম্মা প্ৰভৃতি সকলে ভৈল৷ সাজ॥ ৩৪৯৩১
দেখিয়া নিৰ্ম্মল জল গৈল৷ কৃষ্ণস্থানে।
কৰযোৰে ৰাজাগণে পুছিলা তেখনে॥
চাৰু নদী দেখিলো সুন্দৰ মনোহৰ।
কোন পুণ্যকাৰী নদী কহা দামে৷দৰ॥ ৩৪৯৩২
দিব্যপুৰীগোট প্ৰভু দেখি চন্দ্ৰকান্তি।
এহিদেশে কোন বীৰ হৱে নৰপতি॥
ভক্তি কৰি বীৰগণে বুলিলা বচন।
শুনিয়া উত্তৰ দিলা দেৱ নোৰায়ণ॥ ৩৪৯৩৩
উৎকল নগৰ এহি আতি দিব্যপুৰী।
বীৰসিংহ ৰাজা এহি ৰাজ্যে অধিকাৰী॥
ধৰ্ম্মৱন্ত বলৱন্ত প্ৰধান নৃপতি।
দানশীল গুণৱন্ত বিষ্ণুত ভকতি॥ ৩৪৯৩৪
ক্ষমায়ে ধৰণী সম ৰণে কালযম।
প্ৰজাসব পালে ৰাজা কৰে ধৰ্ম্ম কৰ্ম্ম॥
একাদশী ব্ৰতভঙ্গ নকৰন্ত দেশে।
গন্ধে পুষ্পে ধূপে দীপে পুজে হৃষীকেশে॥৩৪৯৩৫
বাল্য বৃদ্ধ যুৱা যত যত নাৰীগণ।
কায়বাক্যে অহৰ্নিশে চিত্তে নাৰায়ণ॥
হৰি মাতা হৰি পিতা হৰিলে বিধাতা।
হৰি বিনে স্বপ্নেও নভাষে আন কথা॥ ৩৪৯৩৬
অহৰ্নিশে চিন্তে ৰাজা মোহোৰ চৰণ।
সত্যবাদী জিতেন্দ্ৰিয় আতি শুদ্ধ মন॥
পৰম বৈষ্ণৱ ৰাজা পৃথিৱীতে সাৰ।
কোন কালে ৰণভঙ্গ নাহিকে তাহাৰ॥ ৩৪৯৩৭</poem>|<poem>
দেৱাসুৰ নৰ যক্ষ গন্ধৰ্ব্ব কিন্নৰ।
বীৰসিংহ নামে সবে কাম্পে থৰথৰ॥
দাৰুণ সমৰে যদি লৱে ধনুশৰ।
স্বৰ্গ মৰ্ত্ত্য পাতাল কাম্পয় থৰথৰ॥ ৩৪৯৩৮
বিষ্ণুপতি গঙ্গা এহি পাপ বিনাশিনী।
দৰশনে মোক্ষ পাৱে শুনা কদাচিনী॥
অৰ্জ্জুন প্ৰভৃতি সবে বাজা কৰি সঙ্গে।
স্নান কৰি জলত কৰন্ত নানা ৰঙ্গে॥ ৩৪৯৩৯
স্নান কৰি তটত উঠিলা নাৰায়ণে।
হৰি পূজা বিধিৱতে কবে সৰ্ব্বজনে॥
বীৰসিহে নদী স্নান কৰিলা তেখনে।
কৃষ্ণে বোলে ৰাজাগণ শুনা সাৱধানে॥৩৪৯৪০
ভক্তিভাৱে দৃঢ়জ্ঞানে পূজন্ত বাজনে।
গন্ধ পুষ্প ভাসি আসে মোহোৰ চৰণে॥
মোহোক পূজন্ত বাজ সুগন্ধ চন্দনে।
সেহি পুষ্প আসে দেখা মোৰ বিদ্যমানে॥৩৪৯৪১
চল চল ৰাজাগণ আমাৰ সহিতে।
পৰম বৈষ্ণৱ বীৰসিংহক দেখন্তে॥
বৈষ্ণৱ দেখন্তে পুণ্য হৱে বহুতৰ।
গীতা ভাগৱত শাস্ত্ৰ পঢ়িছে বিস্তৰ॥ ৩৪৯৪২
কৃষ্ণৰ বচনে ভেবে চলে সৰ্ব্বজন।
বাদ্যে ভাঙে চমকিত ইতিনি ভুৱন॥
যৈতে আছে বীৰসিংহ কৃষ্ণক ধিয়াই।
কৃষ্ণ পাৰ্থ আদি চাৱে নদীতীৰে যাই॥ ৩৪৯৪৩
সেহিৰূপে হৃদয়ে চাৰে দৃঢ় ভক্তি ভাৱে।
সেহিৰূপে সাক্ষাতে দেখন্ত সেহি ঠাৱে॥
কৃষ্ণক দেখিয়া বাজা হৰিষ আপাৰ।
অষ্টাঙ্গে ভূমিত পৰি কৰে নমস্কাৰ॥ ৩৪৯৪৪
কৰযোৰে ভুতি কৰে কৃষ্ণৰ চৰণে।
অনাথৰ নাথ তুমি শ্ৰীমধুসুদনে॥
পতিত পাৱন প্ৰভু অনাথৰ নাথ।
বহু পুণ্যফলে প্ৰভু দেখিলো সাক্ষাত॥ ৩৪৯৪৫
আজিসে সাফল মোৰ জীৱন যৌৱন।
আজিসে সাফল মোৰ যত ৰাজ্য ধন॥</poem>}} | PROOFREAD | ||
পৃষ্ঠা:Assam Buranji.djvu/১ |
<center>{{Xxxx-larger block|'''ASSAM BURANJI'''}}</center>
<center>'''BY'''</center>
<center>{{Xxx-larger|KASI NATH TAMULI PHUKAN.}}</center>
{{rule|13em}}
<center>''Reprinted and Published by Authority.''</center>
{{rule|13em}}
{{Css image crop
|Image = Assam_Buranji.djvu
|Page = 1
|bSize = 369
|cWidth = 74
|cHeight = 54
|oTop = 378
|oLeft = 164
|Location = center
|Description =
}}
<center>CALCUTTA.</center>
<center>PRINTED AT THE MAJUMDAR PRESS,</center>
<center>155, Bow B{{x-smaller|AZAR}} STREET,</center>
<center>1906.</center>
{{gap}}''Price Rs. 2/R.'' | VALIDATED | |||
পৃষ্ঠা:Assam Buranji.djvu/৩ | {{overfloat image
| image = [[File:Assam Buranji (page 3 crop).jpg|center|350px]]
| width = 350
| item1 = {{Xxx-larger|<center>'''আসাম বুৰন্জি পুথি।'''</center>}}
| x1 = 40
| y1 = 80
| item2 = {{center|⸻⸻}}
| x2 = 140
| y2 = 150
| item3 = {{center|{{larger|ইন্দ্ৰবংসি আসাম মহাৰজা সকলৰ বিবৰন।}}}}
| x3 = 40
| y3 = 210
| item4 = {{center|শ্ৰীৰাধানাথ বৰ বৰুআ দ্বাৰা সংসোধিত মতে<br/><br/>কাসিনাথ তামুলি ফুকন কৰ্ত্ৰিক<br/><br/>গ্ৰন্থ প্ৰস্তুত হৈ।}}
| x4 = 60
| y4 = 380
}} | VALIDATED | |||
পৃষ্ঠা:Assam Buranji.djvu/৫ | {{center|{{Xx-larger|'''আসাম বুৰন্জি।'''}}}}
{{Css image crop
|Image = Assam_Buranji.djvu
|Page = 5
|bSize = 369
|cWidth = 74
|cHeight = 24
|oTop = 132
|oLeft = 150
|Location = center
|Description =
}}
{{Block center|<poem>নানাসামবুৰঞ্জিশাস্ত্ৰপঠনেভ্ৰান্তিৰ্য্যতোজায়তে।
তস্মাত্তান্যৱলোক্যসংসয়ভিদংসাৰংবুৰঞ্জেৰিদং।
শাস্ত্ৰংশ্ৰীলপুৰন্দৰাখ্যনৃপতেৰাদেশতস্তম্মুদে।
তাম্বূলীফুকনদ্বিজোবিতনুতেদেশীয়ভাষান্বিতং।।
শ্ৰীৰাধানাথদাশাভিধবৰবডূ্ৱাসামশাস্ত্ৰাৰ্থবেত্তা।
তত্পাৰ্শ্বস্থৌবুৰঞ্জিজ্ঞফুকনবডুৱাখুত্চিঙ্গাখুত্চিঙ্গাখ্যৌ।
বাইলুংবান্দুমুপাধিদ্বিতয়পৰিগতৌশাস্ত্ৰসম্মৰ্ম্মবিজ্ঞা।
বেতেচাস্মিম্বুৰঞ্জিপ্ৰকৰণবিষয়েপোষকাশ্চাভৱন্তে।</poem>}}
{{Css image crop
|Image = Assam_Buranji.djvu
|Page = 5
|bSize = 369
|cWidth = 116
|cHeight = 29
|oTop = 360
|oLeft = 128
|Location = center
|Description =
}}
{{gap}}পুৰ্বে কোনো এক সময়ত সৰগ দেও অৰ্থাত ইন্দ্ৰে জাচিংফা
অৰ্থাত সৰস্বতিক আস্ৰই কৰি এই ৰুপ বুধি স্থিৰ কৰিলে, জে
প্ৰিথিবিত চন্দ্ৰবংসি সুৰ্য্যবংসিৰ অনেক্টি ৰজা হৈ গৈচে; আমি
সকলো দেৱতাৰ মধ্যে ৰজা, তথাপি আমাৰ সন্তানৰ প্ৰিথিবিত
ৰাজত্ব নাই; অতএব মোৰ সন্তানকো প্ৰিথিবিত ৰজা হবলৈ
পঠাঁও; এই বুলি ৰাজ পুজাৰ জন্ত্ৰ কৰিবলৈ লাউখে অৰ্থাত
বিশ্বকৰ্ম্মক আজ্ঞা দিলে। পাচে বিশ্বকৰ্ম্মই চোম দেও নামে | VALIDATED | |||
পৃষ্ঠা:Assam Buranji.djvu/৬ | {{rh||২|}} | ইন্দ্ৰৰ মনোগত ৰুপে জন্ত্ৰ তৈয়াৰ কৰি দিলে। পৰে ইন্দ্ৰে
লুংচাইনেত অৰ্থাত বায়ুক পঠাই ইন্দ্ৰৰ পুত্ৰ থেন্খামক
মতাই আনি প্ৰিথিবিত ৰজা হবৰ নিমিতে জাবলৈ
বোলাত নিজে জাবলৈ কবুল নকৰি থেন্খামৰ পুত্ৰ
খুন্লুঙ্গ খুন্লাই দুইকে পঠাইবলৈ জনালত ইন্দ্ৰে স্বিকাৰ
কৰি এই আজ্ঞা কৰিলে বোলে, খুন্লুঙ্গ, তই বৰ, তয়ে
ৰজা হবি; খুন্লাই সৰু, তোৰ লগত জুবৰাজ ৰুপে থাকিব।
আৰু এই চোম দেওক দিচোঁ; এই দেৱতাক নিত্য পুজাত
বাজে বচেৰেকত মাঘ মাহত এক বাৰ, চতৰসংক্ৰান্তিৰ সময়ত
এক বাৰ, সুকুলা কাপৰ পিন্ধি নিতি মতে উলিয়াই দুগ্ধ গন্ধ
গাঠিয়ন সহিতে ধুআই ভালকৈ পুজা দি চাবি; তেতিয়া আঠ
লক্ষ দেৱতা নামিব, ময়ো এখেৰে পৰা চাম; আৰু দেৱতা
ধুওআ জল সকলোএ গাত চটিয়াবি খাবি। সততে নুচুবিও
নেচাবি, এবং অন্য কাকো চুব চাব নিদিবি; অন্যে চুলে চালে
দেসত বিভ্ৰাট ও মাৰি মৰক হব। আৰু খান্খাম্ফাফা
অৰ্থাত আদ্যাসক্তিত খুজি এই হেঙ্গদান খনি দিচোঁ;
ইয়াকে তই আওজা খুটাতে বান্ধি থবি; জি লোকে তোক
দ্ৰোহ কৰে সেই লোকক সেৱা কৰাবি; জদি তাৰ ফাললৈ
হেঙ্গদান আপুনি ঘুৰি সমুখ হই, অৰ্থাত তাৰ ফাললৈ জদি
ধাৰ ভাগ হই, তেতিয়াহে তাক কাটিবি; এয়ে নহলে নে
কাটিবি; আৰু জি জি আবৰি তালৈ এই হেঙ্গদান টোআঁই | VALIDATED | ||
পৃষ্ঠা:Assam Buranji.djvu/৭ | {{rh||৩|}} | দিবি; ভই পাই বৰিব। আৰু বব সৰু দুটা ঢাক দিলে বোলে
সত্ৰু বাৰ্হিলে পুজা দি কোবাই মোলৈ জাননি দিবি, সত্ৰু নাস,
হব। এই ক্ৰমেই খৰত কৰিলে ববখিব, ও বৰখুনত খৰ হব,
ও ৰাজসিংহাসনত বজা হৈ বহাতো ঐ ক্ৰমেই কোবাই মোলৈ
জাননি দিবি, তেহে বাজ সক্তি হব। আৰু কাইচেঙ্গমুঙ্গ নামে
দুজুৰি কুকুৰা দিলে বোলে, ইয়াৰ ঠেঙ্গেৰে মঙ্গল চাবি, সেই
মঙ্গলৰ মতে চলিবি; পাখি খনি মঙ্গল কম্মত পিন্ধিবি, তোৰ
বাজ শক্তি বাহিব; মুবটকে ডৌকা দুখনকে খাবি, অসেস বুধি
হব, ও চক্ৰবৰ্তি বাজা হবি, এবং প্ৰধান বাহুবলি হবি। ঐ
কাইচেঙ্গমুঙ্গকেই কাইবাকফাও বোলে। আৰু খুন্তন খনবান
অৰ্থাত চন্দ্ৰ সুৰ্য্য এই দুইৰ সন্তানক মন্ত্ৰি ৰুপে লগত দি অনেক
নিতি নিবন্ধ সিকাই বুজাই, দেৱপণ্ডিত বৃহস্পতিৰ অংস লাউখি
ও পুজাকজিব সন্তান পণ্ডিত আদি সকলো দেৱাংস প্ৰজা
সহিতে বিদাই দিলে।
{{gap}}পাচে সকলো জ্ঞাতি সহিতে চেমি দেওক মুৰত লৈ
খুনলুঙ্গ খুনলাই দুয়ো ভায়েক হিন্দু মতৰ ৪৯০ সঁকৰ আঘোনত
চবগৰ পৰা লোহাৰ সিকলিৰে নামি আহি অৰাজক একস্থান
পালেহি। ঐ স্থানকে অহম মতে মুংৰিমুংৰাম বোলে;
তাতেই প্ৰিথিবিৰ লোকে পৰম্পৰে লগ ললেগৈ। এনেতে
খুনলুঙ্গে কাইচেঙ্গমুঙ্গক বিচাৰ কৰিলে; পাচে কোনেও আচে
বুলি কব নোআৰাত খুনলাইত সোধাত বোলে, আনিবলৈ | VALIDATED | ||
পৃষ্ঠা:Assam Buranji.djvu/৮ | {{rh||৪|}} | পাহৰা হল। পাচে খুনলুঙ্গে কাইচেঙ্গামুঙ্গৰ অঙ্গপ্ৰত্যঙ্গৰ ঐ
গুনবোৰ কৈ খেদ কৰি বোলে, এতিয়াও আনাগৈ।
পাচে খুন্লায়ে বোলে, পাহৰি এৰি অহাত জগৰিয়া
হৈচো, কেনেকৈ ওলামগৈ। এনেতে প্ৰিথিবিৰ লোক লঙ্গো
নামে এক জনে এই সকল কথা সুনি থাকি বোলে, আজ্ঞা
কৰিলে বন্দিএ জাব পাৰোঁ। পাচে খুন্লুঙ্গে আজ্ঞা কৰিলে;
পুনৰলঙ্গোএ খেহ দেস খন খুজিলত দিম বুলিলে। পাচে
লঙ্গো গৈ ইন্দ্ৰত জনালত বোলে, অঁ হেঙ্গদান ঢাক ইয়াকো
এৰি গল, ইমানতে এনেকৈ পাহৰিব লাগিলে; আগলৈ বা
আৰু কি হই? এনে বুলি খুন্লুঙ্গ খু্ন্লাইক বহু খঙ্গ কৰি ঐ
তিনিওটা দ্ৰব্য লঙ্গোৰ হাতত দি পঠালে। পাচে লঙ্গো
আহি সেই তিনিওটা দ্ৰব্য খুন্লুঙ্গৰ আগত দি জনালে বোলে,
পাহৰি অহাত ইন্দ্ৰই বৰ খঙ্গ কৰিলে, আৰু কব দিচে বোলে,
কাইচেঙ্গমুঙ্গক মাৰি তাৰ মঙ্গহ খনি খাব, ঠেঙ্গেৰে মঙ্গল চাব,
পাখি পিন্ধিব, মুৰটো ও ডৌকা দুখন তই খাবি। আৰু সিহঁতে
জে ইমানতে পাহৰি এৰি গল, এতেকে হেঙ্গদান খন
তোক দিচোঁ; তই জে খেহ দেস খন খুজি আহিচ,
সি বৰ দেস, তেহে তই সেই দেস বস কৰিব পাৰিবি।
এনেকৈ জনোআত ইন্দ্ৰৰ আজ্ঞা বুলি পুৰ্ব আজ্ঞাৰ বিপৰ্য্যই
বুজি ও তাকে সত্য মানি হেঙ্গদান খন লঙ্গোক দিলে; আৰু
কাইচেঙ্গমুজকো মাৰি লঙ্গোক কোআ দৰে খালে ও তাকো | VALIDATED | ||
পৃষ্ঠা:Assam Buranji.djvu/৯ | {{rh||৫|}} | দিলে। পাচে সেই কাইচেঙ্গমুঙ্গৰ ঠেঙ্গেৰেই মঙ্গল চালে, এখন মঙ্গলত পালে, খুনলুঙ্গৰ ফালে খোজ কৰ্হা হল, লোকৰ ফালে আগ বৰ্হোআ হল। এখন মঙ্গলত পালে, খুনলুঙ্গৰ ফালে সেন হল, লোকৰ ফালে চৰাই হল। এখন মঙ্গলত পালে, খুনলুঙ্গৰ ফালে ৰজা হৈ বহি খোআ ও হাতিত উঠি ফুৰা ও লালিগিৰিৰে ঘৰ ভৰা হল।
{{gap}}পাচে আটাইকে বস কৰিব পাৰিম হেন বুলি, খুনলুঙ্গে সেই মুংৰিমুংৰামতে নগৰ কৰিবলৈ দুই মন্ত্ৰিক আজ্ঞা কৰিলে। পাচে নগৰ হলত তাতে খুনলুঙ্গে আয়ুবৰ বাটবৰ কৰি প্ৰধান ৰজা ও ভায়েক খু্নলাই জুবৰাজ, এইক্ৰমে হৈএই খুনলায়ে সোনৰ গুন কৰাই আয়ুবৰ সিপাতে ৫ মেৰ মেৰাই, খুনলুঙ্গে নজনাকৈ থৈ ককায়েকেৰেই ৰাজ পদৰ আৰি কৰিলে বোলে, আয়ুবৰ সিপাত জদি তুমি দিয়া কিবা চিন আচে, তেহে তুমি মুলৰ ৰজা, নতুবা তুমি দুঅলিয়াহে। পাচে খুনলুঙ্গে ভায়েকত সংসই নকৰি ও মিচা কথা কব নোআৰি বোলে, মই গচৰ সিপাত একো চিন দিয়া নাই। পাচে খুনলায়ে বলে, খানি চক, মই সিপাতে তেতিয়াই সোনৰ গুনাৰে বন্ধাইচোঁ। পাচে খনালত সিপাতে সেই সোনৰ গুনা ওলালত খুনলায়ে বোলে, মইহে মুলৰ ৰজা, তুমি দুঅলিয়াহে। এনে বুলি ককায়েকক দ্ৰোহ কৰি ৰজা হবৰ ইচা কৰাত, চুৰকৈ চোম দেওক হাতত লৈ পলাই খুনলুঙ্গ গৈ ইন্দ্ৰত জনালেগৈ। | VALIDATED | ||
পৃষ্ঠা:Assam Buranji.djvu/১০ | {{rh||৬|}} | বুলি, বহু সাপ দি খুনলুঙ্গক বুলিলে বোলে, সি জে চলকৈ পাচে ইন্দ্ৰে চিৰকাল খুনলাই ৰজা হৈ থাকিবলৈ নেপাই তাত ৰজা হল, তই মুংখুমুংজাও দেসত ৰজা হগৈ। এনে বুলি পঠোআত চোম দেও সহিতে খুনলুঙ্গ আহি মুংখুংমুংজাওতে ৰজা হলহি। তাতে অনেক্টি সন্তান হল; ৪০ বচৰ ভোগ কৰি পুতেকহঁতক দেস বাঁটি দি পুনৰ স্বৰ্গলৈ গল। এঁওৰে প্ৰথম পুত্ৰ আইখুনলুঙ্গ নামক তেঁওকে চোম দেওক দি তাইতুংকং অৰ্থাত মুংকং দেসৰ ৰজা পাতিলে; ও খুনফা নামক পুত্ৰক ভাটি দেসৰ ৰজা পাতি বচৰি দহ লাখ দহ লাখ ঘোৰা সোধাই থাকিব দিলে; ওখুনঙ্গু নামক পুতেকক লামুংতাই অৰ্থাত জিউত্ৰা দেসৰ ৰজা পাতি বচৰি তিনি স তিনি স হাতি সোধাই থাকিব দিলে; ও খুনখকফা নামক পুতেকক জুনলুঙ্গ অৰ্থাত মুংজং দেসৰ ৰজা পাতি বচৰি এক লাখ সেৰ এক লাখ সেৰ সোন সোধাই থাকিব দিলে; ও খুনলা নামক পুতেকক মুংকুলা দেসৰ ৰজা পাতি দিহিঙ্গৰ পানি সোধাই থাকিব দিলে; ও খুন্তা নামক পুতেকক আবা অৰ্থাত মান দেসৰ ৰজাপাতি বচৰি
দুসেৰ দুসেৰ বাখৰ সোধাই থাকিব দিলে; ও খুঞ্চু নামক পুতেকক নিজ ৰাজ্যৰ নিমিতে ৰাখিলে; ও পুৰ্ব কথা মতে লঙ্গোক খেহ দেসৰ ৰজা পাতিলে। পৰে খু্নলুঙ্গ চৰগলৈ গলত পিত্ৰি ৰাজ্য মুংখু মুংজওতে খুঞ্চু ৰজা হৈ, ২৫ বচৰ ভোগ কৰি স্বৰ্গি হল। এঁওৰে পুত্ৰ চাউচেঞ্চাও ৰজা হল, ভোগ ১৯ | VALIDATED | ||
পৃষ্ঠা:Assam Buranji.djvu/১১ | {{rh||৭|}} | বচৰ। এঁওৰে পুত্ৰ ত্যাওখুঞ্জাও ৰজা, ভোগ ১৫ বচৰ। এঁওৰে
পুত্ৰ ত্যাওখুঞ্জন ৰজা হল।
{{gap}}সম্প্ৰতি খুনলাইৰ প্ৰস্তাও লিখা জাই। ঐ খুনলাই মুং
ৰিমুংৰামতে ৰজা হৈ, ৭০ বচৰ ভোগ কৰি স্বৰ্গি হল। ইন্দ্ৰৰ
সাপ দ্বাৰাই চৰগলৈ জাব নোআৰিলে। পৰে এঁওৰে পুত্ৰ
ত্যাওআই জেপ্ত্যাত্ফা ৰজা হল; ৪০ বচৰ ভোগ কৰি
অপুত্ৰক হৈ স্বৰ্গি হল। এঁৱেই ৰজা হোআ বচৰৰে পৰা
সঁকাদিত্যৰ সঁকৰ দৰে চলিবলৈ লেংচং অৰ্থাত এক দুই ক্ৰমে
লাক্লি অৰ্থাত সঁক চলাই; এই হেতুকে এই লাক্লিকে আইজেপি
লাক্লি বোলে, ও নৰা এবং মান দেসতো এই লাক্লি চলিত হৈ
আচে।
{{gap}}পাচে অৰাজক হলত পাত্ৰ মন্ত্ৰিএ কটকি পঠাই মুংখুমুংজাও
দেসৰ ঐ তাওখুঞ্জুন ৰজালৈ জনালত তেঁওৰ পুত্ৰ খাম্পংফাক
পঠাই দিলে। পঠোআ কালত ত্যাওখুঞ্জুন ৰজাৰ
ভোগ ১১ বচৰ হৈচিলে। পাচে খাম্পংফা আহি ৰজা হৈ ২৫
বচৰ ভোগ কৰি, জ্যেষ্ঠ পুত্ৰ খাম্ত্যাপ্ফাক নিজ দেসতে ৰজা
পাতি, কনিষ্ঠ পুত্ৰ খাম্ত্যিপ্ফাক মাউলুঙ্গ দেসলৈ ৰজা পাতি
পঠাই স্বৰ্গি হল। পাচে মাউলুঙ্গতে খামত্যিপ্ফা ৰজা ৫০
বচৰ ভোগ কৰি স্বৰ্গি হল। তত্পুত্ৰ নিফামাউ ৰজা হল,
ভোগ ৪০ বচৰ। ততপুত্ৰ চুখুংফা ৰজা, ভোগ ৪১ বচৰ।
তত্পুত্ৰ চুকাইফা ৰজা, ভোগ ৩৪ বচৰ। তত্পুত্ৰ চুহেন্ফা | VALIDATED | ||
পৃষ্ঠা:Assam Buranji.djvu/১২ | {{rh||৮|}} | ৰজা, ভোগ ৩৩ বচৰ। তত্পুত্ৰ চুতাওফা ৰজা, ভোগ ৩২
বচৰ। তত্পুত্ৰ চুপত্ফা ৰজা, ভোগ ২৭ বচৰ। তত্পুত্ৰ
চুঅন্ফা ৰজা, ভোগ ২৩ বচৰ। তত্পুত্ৰ চুহনফা ৰজা, ভোগ
১২ বচৰ। তত্পুত্ৰ চুহাওফা ৰজা, ভোগ ১৯ বচৰ। তত্পুত্ৰ
চুলিপ্ফা ৰজা, ভোগ ২১ বচৰ কৰি অপুত্ৰক হৈ স্বৰ্গি হল।
পাচে পাত্ৰ মন্ত্ৰিএ জুন্লুঙ্গ দেসৰ ৰজালৈ জনাই সেই ৰজাৰ
সন্তান ত্যাওতাইপঙ্গ কোঅঁৰক আনি ৰজা পাতিলে, ভোগ
১৫ বচৰ। ততপুত্ৰ ত্যাওতাইফা ৰজা, ভোগ ১২ বচৰ।
ততপুত্ৰ তাওলুলু ৰজা, ভোগ ১৯ বচৰ। তত্পুত্ৰ ত্যাওতাংমুন
ৰজা, ভোগ ১৫ বচৰ। তত্পুত্ৰ ত্যাওত্যাংজাও ৰজা,
ভোগ ৭ বচৰ। এঁও অপুত্ৰক হেতু ভায়েক ত্যাওতাইপা
ৰজা হল, ভোগ ৯ বচৰ। তত্পুত্ৰ তাওচেন্ঙ্গা ৰজা, ভোগ
১১ বচৰ। এঁও অপুত্ৰক কাৰন ভায়েক তাওলুচু ৰজা, ভোগ
১৪ বচৰ। এঁও অপুত্ৰক নিমিতে ভায়েক তাওঙ্গাচু ৰজা,
ভোগ ৮ বচৰ। ততপুত্ৰ তাওখুন্মেন ৰজা, ভোগ ১৮ বচৰ।
তত্পুত্ৰ তাওখুনকুম ৰজা, ভোগ ৮ বচৰ। তত্পুত্ৰ ত্যাওতাইপুম
ৰজা, ভোগ ১৭ বচৰ। তত্পুত্ৰ ত্যাওতাইলুঙ্গ ৰজা,
ভোগ ১৫ বচৰ। সেস কালত বৰ পুতেক পামেউপুঙ্গক নিজ
ৰাজ্য দি সৰু পুতেক ফুত্যাঙ্গখাঙ্গক মুংমিত্কুপ্কিংনাও দেসৰ
ৰজা পাতি পঠাই স্বৰ্গি হল। ঐ দেসকে অহমিয়াই মুংমিত্কুপ্ক্লিং
বোলে। পাচে পামেউপুঙ্গ ৰজা আঁওৰি ৰোগ হৈ | VALIDATED | ||
পৃষ্ঠা:Assam Buranji.djvu/১৩ | {{center|৯}} | ৭ বচৰ ভোগ কৰি অপুত্ৰক হৈ স্বৰ্গি হল। পাচে পাত্ৰ মন্ত্ৰিএ
মুংখুমুংজাও দেসৰ খু্ঞ্চু ৰজা বংসৰ ত্যাওআইমখামনেঙ্গ
কোঅঁৰক আনি ৰজা পাতি ললে। এঁওৰ ভোগ ১০ বচৰ।
ততপুত্ৰ চুখানফা ৰজা হল। ঐ মুংমিত্কুপকিং নাও দেসতে
ফুত্যাংখাং ৰজা ৭ বচৰ ভোগ কৰি, চুজতফা নামক এক পুত্ৰক
তাইপ দেসৰ ৰজা পাতি পঠালে; চুখামফা নামক এক পুত্ৰক
তাইপং দেসৰ ৰজা পাতি পঠালে; সৰু জনা পুত্ৰ চুকাফাক
নিজ দেসতে ৰজা পাতি স্বৰ্গি হল।
{{gap}}পাচে ঐ চুকাফা ৰজা ১৮ বচৰ বাজ ভোগ কৰাতে ও
চুখানফা ৰজাৰো ভোগ ৮ বচৰ হঁওতেই জুন্লুঙ্গ দেসৰ ৰজাৰে
চুখানফা ৰজাৰে ৰন হোআত, সেই ৰনলৈ চুখানফা ৰজাই
চুকাফা ৰজাক মতাত ন গল। সেই কাৰনেই চুখান্ফা চুকাফা
দুয়ো ৰজাৰ বিৰোধ হৈ, চুখান্ফা ৰজাই চুকাফা ৰজাক ধৰিবৰ
মন্ত্ৰনা কৰা বুজ পাই, বলে নোআৰা হেন জানি মুংকং দেসলৈ
গৈ, সেই দেসৰ নইচানফা ৰজাৰে কথা বাৰ্ত্তা হৈ, ঐ ৰজাৰ
চোম দেওক লুকাই হাত কৰি লৈ অহাত আইজেপি লাক্লিৰ
হাঁ পাক কাউ চিপ অৰ্থাত ৫৯০ বচৰ গত হৈ, হাঁ পাক কাউ
চিপ লেং অৰ্থাত ৫৯১ বচৰৰ প্ৰথম লাক্লিকাপ্ত্যেও সঁক, ও
হিন্দুমতে ১১৫০ সঁকৰ ১৫ আঘোনত ভটিয়াই আহি পালেহি।
১৬ আঘোনৰ পৰা এই সৌমাৰৰ পুৰ্ব এক খণ্ডত ৰজাহলহি।
পৰে লাক্লি তাওঙ্গি ও ১১৯০ সঁকত ঐ চুকাফা ৰজা স্বৰ্গি
{{gap|5em}}২ | VALIDATED | ||
পৃষ্ঠা:Assam Buranji.djvu/১৪ | {{center|১০}} | হল। এতেকে চুকাফা ৰজাৰ সৌমাৰত ভোগ ৩৯ বচৰ ৪
মাহ ১৫ দিন। এই ভোগ খনিৰ ভিতৰত জি জি কৰ্ম্ম কৰিলে,
তাৰ বৃত্তান্ত লিখা জাই। ইতি বুৰঞ্জি সাবে প্ৰথম খণ্ডং॥
{{center|—————}}
{{center|{{Xx-larger|দুতিয় খণ্ড।}}}}
{{gap}}সঁকাব্দা ১১৫০ সঁকৰ ১৬ আঘোন ইংৰেজি ১২২৮
সনে চুকাফা ৰজা দেও আহোঁতে লগত অনা মানুহ ১০৮০ ,
দঁতাল হাতি ১, মাখুন্দি হাতি ১, ঘোৰা ৩০০, থাওমুং ক্লিং লুন্মাং
ৰাই বুৰা গোহাঁই ও থাওমুংকান্ঙ্গন বৰ গোহাঁই, এই
খনি সহিতে চোম দেওক লৈ আহিল। এনেতে দৈবাত মুংকং
দেসৰ নইচানফা নৰা ৰজাই চোম দেওক বিচাৰি নেপাই,
চুকাফাই নিলে জেন ভাবি, চুকাফা ৰজাক ধৰিবলৈ মানুহ
পঠালে। সেই মানুহে খেদি আহি চুকাফা ৰজাৰ লগ নেপাই;
জি ঠাইৰে পৰা উলটি গল, সেই খনি ঠাইকে নৰা-
ওলটা বোলে। পাচে ক্ৰমে চুকাফা ৰজা আহি ওপৰ খামজাঙ্গ
স্থান পাই, তাতে নগা প্ৰভ্ৰিতিক জিনি সিমা পাতি লগৰে বৰ
গোহাঁইৰ ডেকা কাংখ্ৰংমুঙ্গকগাঁওখোআ পাতি,সেই গাঁৱৰে উতপন
দ্ৰব্যেৰে চই সোধাই থাকিবলৈ আজ্ঞা দি পাট্কাই পালেহি।
তাতে নগাৰে ৰন হলত নগাৰ চাঙ্গে সহিতে গৰকি জিনি নাম- | VALIDATED | ||
পৃষ্ঠা:Assam Buranji.djvu/১৫ | {{center|১১}} | ৰুপ পালেহি। তাতে এক বচৰ থাকি তিপাম ও সলগুৰি ও
হাবুঙ্গ ও সিমলুগুবি এই সকল ঠায়ে ঠায়ে দুই তিনি বচৰকৈ
থাকি সেই সেই ঠাইৰ নিতি ধাৰা বুজি চৰাই দেওত নগৰ
কৰিলে। আৰু পুৰ্বে ১৯৬৪ সঁকত মটকৰ বদৌচা ৰজা ও
বৰাহিৰ থাকুমৃথা ৰজা এই দুই ৰজাৰে মিত্ৰ কৰি মিলেৰে বস
কৰি, পৰে ১১৭৩ সঁকত মটকক খৰিভাৰি বাৰিচোআ এনে
ললে। এই মটককে মৰান বোলে। বৰাহিক কাঠ কটিয়া
চাঙ্গমাই ও ৰান্ধনি চাঙ্গমাই ও ভৰালি ও জবাধৰা ও বেজ ও
কুকুৰা চোআ এনে বনুআ কৰি ললে। এই বৰাহি এই
ৰাজ্যত কোআ কৰা কৰিবলৈ ধৰিলে বোলে, এই ৰজা প্ৰজা
খন আহি আমাক চলেৰে বনুআ কৰিএ ললে, তথাপি আমাৰ
মনে বিসম নে লাগে; এই দৰেই খাটি লুটি অহা জোআকৈ
থাকিবৰ মনহে জাই; এতেকে ইহঁত দেও সঁচ মানুহ,
ইহঁতৰ সম কোনো নাই, ইহঁত অসম মানুহ, এইৰুপে ৰাজ্যত
কৈ ফুৰাতে অসম নাম খ্যাত হল দেখি, তেতিয়াৰে পৰা ৰজা
ও লগত অহা প্ৰজা সকলকো অসম বুলিলে। এই অসমৰে
দেস হল কাৰন অসমৰ দেস বোলে। আৰু জোগানৰ নিমিতে
মৰানৰে মানুহ দি ৰজা দেৱে দেও পুজালৈ গচিকলা খাত ও
পিত্ৰি কৰ্ম্মলৈ বৰাখোআ খাত ও নিজ ওপভোগলৈ এঙ্গেৰা
খাত এই তিনি খন খাত কৰিলে। পাচে গাঁও ভুঞি বস বত্তি
কৰি পত্ৰ সন্দেস দি নৰা দেসৰ নইচা্নফা ৰজাত বাৰ্তা কবলৈ | PROOFREAD | ||
পৃষ্ঠা:Assam Buranji.djvu/১৬ | {{rh||১২|}} | কটকি পঠালে। সেই পত্ৰ পাই চোম দেওক অনা বুলি মনেৰে ভবা কথা অস্থিৰ মানি, ঘৰৰে এজনাই দেস মাৰি
লোআ বাৰ্তা সুনি নইচান্ফা ৰজাই হৰ্স পাই, পুনৰ চুকাফা ৰজালৈ সোনোআলি টুপি ও ঘোৰা দি পঠালে। তাৰে পৰা নৰা ৰজাৰে গতাগত চলিত কৰি ৰাখিলে। এই নইচান্ফা ৰজাকে অসমিয়া বুৰঞ্জিত চুখ্ৰান্ফা বোলে। আৰু পুৰ্ব্বত খুন্লুঙ্গ ককায়েক, খুন্লাই ভায়েক, এই হেতুকে খুন্লাইৰ পৰা তোলনিয়া ৰুপেই বা তেঁওৰ পদত স্থিতি হৈএ জি কেই ঘৰ বাৰ্হিল সেই কেই ঘৰক, খুন্লুঙ্গৰ পৰা সেই ক্ৰমে বৰ্হা কেই ঘৰে বয়োধিক হলেও ভাই ৰজাহে বোলে এবং খুন্লাইৰ পৰা বৰ্হা কেই ঘৰেও খুন্লুঙ্গৰ প{{বঙালী ৰা}} বৰ্হা কেই ঘৰক বয়স কনিষ্ঠ হলেও ককাই ৰজা বোলে। কিন্তু এই সমন্ধ ভাই ভাই সমানত্হে দদাই ভতিজা, ককা নাতি, এনে জাৰ জেতিয়া হই, তেতিয়া ঐ দদাই ভতিজা বা ককা নাতি, এই সমন্ধকেই ধৰে; তাতে ককাকক পুথাও, নাতিয়েকক সাজি, বৰ বাপেকক নিচাও, এনে ভাসা মাত্ৰ লৰে। এই হেতুকে অসমৰ সমন্ধ অদ্য পৰ্য্যন্তে গুৰিৰ বৰ ঘৰেই বৰ, গুৰিৰ সৰু ঘৰেই সৰু, এই ৰুপে ভাই ভাই সমান পুৰুসত চলিত হৈ আচে। ইতি। ১।
{{gap}}এঁওৰ মৰনান্তে এঁওৰ ৩ পুত্ৰৰ মধ্যে চুতেউফা ১১৯০ সঁকত ৰজা হৈ পিত্ৰাৰ্জিত ৰাজ্য খনিকে মাত্ৰ ভোগ কৰি | VALIDATED | ||
পৃষ্ঠা:Assam Buranji.djvu/১৭ | {{rh||১৩|}} | ১২০৩ সকত স্বৰ্গি হল, ভোগ ১৩ বচৰ। এঁওৰ দিনতে ঐ ক্লিংলুন্মাংৰাই মৰিলত পুতেক থাওৰুৰু বুৰা গোহাঁই হল, ও কান্ঙ্গন ম{{বঙালী ৰি}}লত পুতেক চাওবিন বৰ গোহাঁই হল। ইতি।২।
{{gap}}এঁওৰ মৰনান্তে এঁওৰ চাৰি পুত্ৰৰ মধ্যে চুবিন্ফা ১২০৩ সঁকত ৰজা হৈ সেই ৰাজ্যকে মাত্ৰ ভোগ কৰি, ১২১৫ সঁকত স্বৰ্গি হল, ভোগ ১২ বচৰ। এঁওৰ দিনতে ঐ থাওৰুৰু বুৰা গোহাঁই স্থানান্তৰ হৈ মৰিলগৈ। ইতি। ৩।
{{gap}}এঁওৰ মৰনান্তে এঁওৰ ২ পুত্ৰৰ মধ্যে চুখাংফা ১২১৫ সঁকত ৰজা হল। এঁওলৈকে কমতেস্বৰে দুই জিয়েকক দি মিত্ৰ কৰিলে। এই দুই জিয়ৰিৰে বৰ জনাৰ নাম ৰাজনি, সৰু জনাৰ নাম ভাজনি; এঁওৰ সন্তান নেথাকিল, ৰাজনিৰ গৰ্ভে তাওচুলাই নামে এটি কোঁঅৰ হল। আৰু অন্য এজনা কুঁঅৰিৰ গৰ্ভে ৩ জনা কোঁঅৰ হল; আৰু বৰ জনাৰ নাম চুখ্ৰাম, মধ্যম জনাৰ নাম চুতু, সৰু জনাৰ নাম ত্যাওখামথি। পাচে ১২৫৪ সঁকত স্বৰ্গি হল, ভোগ ৩৯ বচৰ। ইতি। ৪।
{{gap}}এই জনাৰ মৰনান্তে এঁওৰ বৰ পুতেক চুখ্ৰামখা ১২৫৪ সঁকত ৰজা হৈ পিত্ৰি ৰাজ্যকে ভোগ কৰি, ১২৮৬ সঁকত স্বৰ্গি হল, ভোগ ৩২ বচৰ। এঁওৰ দিনত ঐ থাওৰুৰুৰ পুত্ৰ চাউ-ফ্ৰংডাম বুৰা গোঁহাই হল, ও চাওবিন মৰিলত খুন্তালাকৰ তাফ্ৰিখিন বৰ গোহাঁই হল। ইতি। ৫।
{{gap}}এঁওৰ মৰনান্তে এঁওৰ ভায়েক চুতুফা ১২৮৬ সঁকত ৰজা | VALIDATED | ||
পৃষ্ঠা:Assam Buranji.djvu/১৮ | {{rh||১৪|}} | হল। পাচে চুটিয়াৰ ৰজাই সখি কৰি চৰা নাও খেলাবলৈ নি, ১২৯৮ সঁকত মাৰিলে; ভোগ ১২ বচৰ। ইতি। ৬।
{{gap}}এঁওৰ মৰনান্তে মন্ত্ৰি লোকেই কোঁঅৰ কাবো আসই ভাল নেপাই, ১২৯৮ সঁকৰ পৰা ১৩০২ সঁকলৈকে ৰাজ্য সাসন কৰে; এই হেতুকে অৰাজক বোলা জাই ৪ বচৰ। ইতি।
{{gap}}পৰে মন্ত্ৰি লোকে আসই পাই ১৩০২ সঁকত ত্যাওখাম্থিক ৰজা পাতি ললে। এঁওৰ দিনতে চাউথাইখুম বুৰা গোঁহাই হল, ও বৰ গোঁহাই পৰিয়া ত্যাতান্বিঙ্গ বৰ গোঁহাই হল। এইজনা ৰজাৰে বৰ সৰু দুজনা কুঁঅৰি; সৰু জনাৰ গৰ্ভ হৈচিলে। এনেতে বৰ কুঁঅৰিকে ৰজা দেৱে নিজ ৰাজ পাটৰ অধিকাৰ পাতি থৈ ভাত্ৰিবধি চুটিয়া ৰজাক ধৰিবলৈ গল। পাচে চুটিয়া ৰজা পলাই পৰ্বতলৈ গল। ৰজা দেও নগৰলৈ আহি নগৰ নৌ পাঁওতেই, এখেত বৰ কুঁৱৰিএ সতিনিৰ খেপত থাকি মিচা দাই এটা উলিয়াই সৰু কুঁৱৰিক কাটিবলৈ দিলে। পাচে কাটিবলৈ নিওতে বাটৰ পৰা বুৰা গোহাঁই ডাঙ্গৰিয়াই সগৰ্ভা দেখি নকটাকৈ ৰাখি, ভুৰঁত তুলি সেই কুঁঅৰিক দিহিঙ্গত উটাই দিলে; উটি গৈ হাবুঙ্গ পালেগৈ। তাতে হাবুঙ্গিয়া ব্ৰাহ্মন এটাই দেখি তুলি নি, তাৰ ঘৰেতে প্ৰতিপাল কৰি ৰাখিলে। কালক্ৰমে তাতে কোঁঅৰ এটি জন্মিল, কুঁৱৰি মৰিল; ব্ৰাহ্মনিএ আপোনাৰ পুতেকহঁতে সহিতে প্ৰতিপাল কৰি কোঁঅৰক তুলিলে। এখেত ৰজা দেও নগৰলৈ আহি কিছু কাল আচিলে, | VALIDATED | ||
পৃষ্ঠা:Assam Buranji.djvu/১৯ | {{rh||১৫|}} | পৰে পাত্ৰ মন্ত্ৰি সকলে ১৩১১ সঁকত ৰজা ভাঙ্গি প্ৰকাৰান্তৰে মাৰিলে; ভোগ ৯ বচৰ। ইতি। ৭।
{{gap}}পাচে মন্ত্ৰি সকলে আসই ভাল নেদেখি তাউচুলাই কোঁঅৰক ৰজা নেপাতি, ১৩১১ সঁকৰ পৰা ১৩২০ সঁকলৈকে ৰাজ্য সাসন কৰি আচিল; এই হেতুকে অৰাজক বোলা জাই, ৯ বচৰ। ইতি।।
{{gap}}পাচে ৰজা হবলৈ নোপোআ বেজাৰত তাউচুলাই কোঁঅৰে উজাই নৰা দেসলৈ গৈ, চুৰুন্ফা নৰা ৰজাত জনালেগৈ বোলে, অসম দেসত তোমাৰ বংস নাই কিয়া হল। এই কথা কবলৈ তাউচুলাই জাঁওতেই এখেত গৰু সলাবলৈ জোআ মানুহে ঐ হাবুঙ্গিয়া বামুনৰ ঘৰত বৰ মানুহৰ সন্তান জেন দেখি পৰস্পৰে সুধি আদ্যুপান্ত বুজি আহি, কোঁঅৰটিৰ বাৰ্তা জনোআত ডাঙ্গৰিয়া সকলে কোঁঅৰক আনিবলৈ মানুহ পঠালে। সেই মানুহে গৈ আনিবলৈ ধৰাত কোঁঅৰে বোলে, আই ভাইবোৰ ন গলে অকলে নেজাঁও। এনে বোলাত বামুনৰ ঘৰোআহকে তুলি আনিলে। পাচে ১৩২০ সঁকত সেই কোঁঅৰক চুডাঙ্গফা নাম দি ৰজা পাতিলে। ৰজা হৈ বামুনৰ লৰাহঁতক আপোনাৰ ককাই ভাই হেন বুলি ৰ্কোঁঅৰ কৰি দিহিঙ্গত পাতিলে। সেই বামুনৰ ৺ লক্ষ্মিনাৰায়ন সালগ্ৰাম এখনি আচিল। সেই সালগ্ৰাম ভিতৰত ৰাখিলে, তাৰে পৰা চাঙ্গত লক্ষ্মিনাৰায়ন চলিল;আৰু এই জনা ৰজাকো এবং বামুনৰ সেই লৰাহঁতকো এই | VALIDATED | ||
পৃষ্ঠা:Assam Buranji.djvu/২০ | {{rh||১৬|}} | হেতুকেই বামুনি কোঁঅৰ বুলিলে । পাচে ঐ তাউচুলাই কোঁঅৰৰ মুখে অসমত বংস নাই হেন জানি, নৰা ৰজা চুৰুন্ফাই তেঁওৰ ফালৰ তাচিন্পৌ বৰ গােহাঁইক সেনাপতিকৈ দেস লােআৰ মনেৰে পঠালে। সেই বৰ গােঁহাই আহি কুঁহিয়াৰ বাৰিত কোঠ দিলেহি । আমাৰ ৰজা দেও বাৰ্হি গৈ জুধৰ আৰম্ভন কৰাত নৰাহঁতে বােলে, আমাৰ ৰজাৰ বংসৰ ৰজা নাই বােলাত্হে আমি আহিলোঁ; এতিয়া আমাৰে ৰজাৰে একো বিবাদ নাই, এই বুলি হুহকি গল। এনেতে আমাৰ ফালৰ ত্যাতান্বিঙ্গ বৰ গােহাঁই বাৰ্হি গৈ পাটকাইতে দুয়াে দল মিলা মিলি হল। পাচে দুয়াে ফালৰ ৰাজ আজ্ঞাৰে দুয়াে দলে পাট্কাইৰ ওপৰৰ নঙ্গঞাঙ্গ পানিতে হাত জোবৰাই, এবং কুকুৰাকো কাটি সপত কৰি লাক্লি ডাপমাও ১৩২৩ সঁকত পাট্কাই পৰ্বতকে সিমা কৰি দুয়াে বৰ গােহাঁইৰ দুটা মুর্তি সিলতে
কটালে। নঙ্গঞাঙ্গৰ অৰ্থ এই, নঙ্গ বিল, ঞাঙ্গ আচে। আৰু বুলিলে বােলে, এই পর্বতকে আমি সিমা কৰিলোঁ; এতেকে দুইৰো মুর্তি এই চিন থাকিব, অৰু এই সিমা এৰি কোনেও বাৰ্হি কোনাে ফাললৈ আক্রমন কৰিব নেপাই। এই ৰুপে মিলা মিলি কৰি সিমা পাতি উভয়েই আপােন ঠায়ে ঠায়ে গল।এই পাটকাই পর্বতক চুকাফা ৰজা দেও অসম দেসলৈ অহা কালত ডইকাউৰঙ্গ বুলিচিলে। তাৰ অৰ্থ এই, ডই পর্বত,কাউ ৯টা, ৰঙ্গ গােট খোআ। পাচে এই সিমা কৰাৰ পৰা | VALIDATED | ||
পৃষ্ঠা:Assam Buranji.djvu/২১ | {{rh||১৭|}} | {{Left|{{gap}}৩}} | জলিল। ঐ পাট্কাইচেঙ্গকানৰ অৰ্থ এই, পাট কাটি, কাই
কুকুৰা, চেঙ্গ সপত, কান লগালে, সেই ঠাইতে। পৰে
চুডাঙ্গফা ৰজা দেও দিহিঙ্গৰ কোসৰ চৰগুআত নগৰ কৰি সিঙ্গৰি
ঘৰ পাট ঘৰ উঠি, ঐ উজনি ফালৰ সিমাৰ কিচু ওচৰ হোআকৈ
আপোনাৰ মাটিত গৰ বাহৰ এনে নিবন্ধ কৰি ৰাখিলে।
পাচে কাল ক্ৰমে ১৩২১ সঁকত স্বৰ্গি হল, ভোগ ৯ বচৰ।
ইতি। ৮।
{{gap}}এঁওৰ মৰনান্তে এঁওৰে ৩ পুত্ৰৰ মধ্যে চুজাঙ্গফা ১৩২৯
সঁকত ৰজা হল। পিত্ৰিৰাজ্যকে মাত্ৰ ভোগ কৰি ১৩৪৪
সঁকত স্বৰ্গি হল। ভোগ ১৫ বচৰ। এঁওৰ দিনতে নাংচুখাম্
বৰ গোহাঁই হল। ইতি। ৯।
{{gap}}এঁওৰ মৰনান্তে এঁওৰ ৪ পুত্ৰৰ মধ্যে চুফকফা ১৩৪৪
সঁকত ৰজা হৈ পিত্ৰিৰাজ্য মাত্ৰ ভোগ কৰি, ১৩৬১ সঁকত
স্বৰ্গি হল। ভোগ ১৭ বচৰ। এঁওৰ দিনত খেনলুঙ্গ বুৰা
গোহাঁই হল, ও নাঙ্গনিম বৰ গোহাঁই হল। ইতি। ১০।
{{gap}}এঁওৰ মৰনান্তে এঁওৰ ২ পুত্ৰৰ মধ্যে চুচেনফা ১৩৬১
সঁকত ৰজা হল। এঁওৰ দিনত টঙ্গচু নগাৰে ৰন হল। নগাৰ
চাঙ্গে সহিতে গৰকি ৰন জিকিলে। পাচে ১৪১০ সঁকত
ৰজা দেও স্বৰ্গি হল। ভোগ ৪৯ বচৰ। ইতি। ১১।
{{gap}}এঁওৰ মৰণান্তে এওঁৰে পুত্ৰ চুহান্ফা ১৪১০ সঁকত
ৰজা হল। এঁৱেই ত্যাওকাংবান্ৰেকক বৰ গোহাঁই পাতিলে, | VALIDATED | |
পৃষ্ঠা:Assam Buranji.djvu/২২ | {{rh||১৮|}} | আৰু কচাৰিৰে জুধ হল। জুধত কাৰো পৰাজই নোহোআত
মিলা মিলি কৰি আমাৰ ৰজাই চোআলি দি মিত্ৰ কৰাত
কচাৰিএ মৰঙ্গিলৈকে অমাৰ ৰজাক এৰি দিলে। পুনৰ টঙ্গচু
নগাৰে আকও ৰন হল। সেই ৰনতে আমাৰ ফালৰ ত্যাও-
কাংবানৰেক বৰ গোহাঁইৰ মুৰ নগাই নিলে। পাচে নঙ্গা-
ৰাঙ্গ বৰ গোহাঁই হৈ গৈ চাঙ্গ গৰকি নগাক মাৰি নগাৰ লবা
চোআলি জাঠি ফৰ এনে আনিলে; আৰু সেই নগাৰে গোষ্ঠি
টঙ্গচু ১ ঘৰ, লেফেৰা ১ ঘৰ, মৌপিয়া ১ ঘৰ, এই কেই ঘৰ
ঘৰোআহিকৈ আনিলে। পাচে ঐ খেনলুঙ্গ বুৰা গোহাঁইৰ
অনুমতিৰে লানতু্ৰুনবান নামক খুন্তাই অহমে চাঙ্গৰ চঁচ
আওঁতাবলৈ গৈ, ১৪১৫ সঁকত জোঙ্গলা বাঁহেৰে ৰজা দেওক
খুচি মাৰিলে। ভোগ ৫ বচৰ। ইতি। ১২।
{{gap}}এঁওৰ মৰনান্তে এওঁৰ ৩ পুত্ৰৰ মধ্যে চুপিম্ফা ১৪১৫
সঁকত ৰজা হল। পাচে পিত্ৰি বধি লান্তুৰুন্বানক ঘৰো-
আহিকৈ সুলত দিলে। তাৰ বংসৰ সকলো লোকক দৰিয়াত
পাতিলে। ঐ বুৰা গোহাঁইকো দোসানুৰুপ দণ্ড কৰি ফনলুঙ্গ-
খামপেঙ্গক ৰাজমন্ত্ৰি বাব দি বুৰা গোহাঁই পাতিলে। পাচে
১৪১৯ সঁকত স্বৰ্গি হল। ভোগ ৪ বচৰ। ইতি। ১৩|
বুৰঞ্জি সাৰে দ্বিতিয় খণ্ডং।
{{center|———}} | VALIDATED | ||
পৃষ্ঠা:Assam Buranji.djvu/২৩ | {{center|{{Xx-larger|'''ত্ৰিতিয় খণ্ড।'''}}}}
{{gap}}এঁওৰ মৰনান্তে এঁওৰে পুত্ৰ চুহুম্মুঙ্গ ১৪১৯ সঁকত ৰজা
হল। দিহিঙ্গৰ চৰগুআৰ ঐ বৰ নগৰত সিঙ্গৰি ঘৰ উঠিল।
কেঁঅৰৰ দিহিঙ্গিয়া ফৈদৰ মাজত প্ৰধান ৰজা হল দেখি,
এওঁকে দিহিঙ্গিয়া ৰজা বোলে। এঁৱেই দিহিঙ্গৰ মথাউৰি
বন্ধালে; এবং তিপমিয়া ও চাৰিঙ্গিয়া এই দুখন মেল পাতিলে।
এঁওৰ দিনৰে পৰা সঁকাদিত্যৰ সঁক চলাই; আৰু প্ৰথমে
চুকাফা ৰজা দেৱে বৰাই অহা খামজাঙ্গত থকা আইতনিয়া ও
পানি নৰাৰেই জুধ হল। সিহঁত ঘাটিলত বৰ কাঁহ জাঙ্গফাই
নৰা দা, এই সকল দ্ৰব্যেৰে পাল সেৱা কৰি থাকিবলৈ নিবন্ধ
কৰি দিলে। আৰু চুটিয়াৰ ৰজা ধিৰনাৰায়ন মন্ত্ৰি কাচিতাৰা
এই দুইৰে লাক্লি কাপচিঙ্গা ১৪২২ সঁকত দিখৌ মুখতে জুধ
হল। পাচে চুটিয়া ভাগি চন্দনগিৰি পৰ্বত উঠিলগৈ; তালৈকে
আমাৰ সেনাই খেদি গল। তাৰে কিছু সেনা পৰ্বত উঠাত
সিল বগৰাই মাৰিলে। অৱসেস ৰনুআ পৰ্বত উঠি চুটিয়াৰ
ৰজা মন্ত্ৰি হালৰে মুৰ দুটা কাটি আনি দেখালেহি। পাচে সেই
মুৰ দুটাকে চৰাই দেও ও সৰগ দেও এই দুই দেও ঘৰৰ বৰ
জখলাৰ মুৰতে পুতি তাৰ ওপৰত সিল দিলে; সেই সিলতে
ভৰি দি দেও ঘৰলৈ ৰজাদেও সকল উঠে। এই ৰন জিকি
হাতি ঘোৰা সোন ৰুপ অস্ত্ৰ সস্ত্ৰ অনেক দ্ৰব্য পালে; সোনৰ | VALIDATED | |||
পৃষ্ঠা:Assam Buranji.djvu/২৪ | {{rh||২০|}} | হাতি ও সোনৰ মেকুৰি ও জৰা ও বেলা ও মাইহাঙ্গ ও
সোনোআলি তিনি চুকিয়া সিংহাসন ও খাট, এই সকল দ্ৰব্য
পাই সৰগ দেও ঘৰলৈ উচৰ্গি দিলে। আৰু তলে কেকোৰা
দোলা আৰোআন দবা কালি হিলৈ তোলা চৰা নাও, এই
সকল দ্ৰব্য পাই ৰজা ও ডাঙ্গৰিয়াই বেৱহাৰলৈ ললে; আৰু
সদিয়াৰ দেও ঘৰত মানুহ নিবন্ধ কৰি দি, সদিয়া খোআ নামে
বিসই নিবন্ধ কৰি, বুৰা গোহাঁই পৰিয়াৰ সদিয়াখোআ
পাতিলে। পৰে চুটিয়া ৰজাৰ পো ভাই সহিতে চুটিয়াক
পাকৰি গুৰিত পাতিলে। পাচে লাক্লি কাতকেউ ১৪২৭ সঁকত
বাৰভুঁয়াক বৰালে; সিহঁতৰ বচোআল টঙ্গালি হাচটি এই
সকলৰ আদৰ্স ললে; সিহঁতৰ লৰা কিচু সৰ্গদেৱে তামুলি
পাঁচনিকৈ লগত ললে: আৰু ফ্ৰাচেঙ্গমুঙ্গক ৰাজমন্ত্ৰি বাবটি
সহিতে বৰ গোহাঁই পাতিলে। পাচে এই বৰ গোহাঁই
ডাঙ্গৰিয়াই ঐ তলে কেকোৰা দোলাকে লুটিয়াই ওপৰে
কেকোৰামাৰি দি তলে কাপৰৰ পৰ্হি ও নালৰ পৰা চুটিকে
ঢেকৰ দাপন লগাই, নক্সা লৰাই কেকোৰা দোলা কৰিলে।
{{gap}}আৰু ১৪৫৮ সঁকত নগা জিনি মহঙ্গৰ লোন পুঙ্গ ললে।
আৰু সৰ্গদেৱে ওপৰ কেই জনা ৰজা দেৱৰ জি জি কোঁঅৰ-
বোৰ আচিলে, সেই সকলক ফৈদ ফৈদ কৰি দিহিঙ্গ ও চাৰিঙ্গ
ও তিপাম ও তুঙ্গখাঙ্গ এই সকল ঠাইত পাতিলে। সেই
সেই ঠাইৰ নামেৰেই ফৈদৰ নাম হল; আৰু নাম ভেদকৈ | VALIDATED | ||
পৃষ্ঠা:Assam Buranji.djvu/২৫ | {{rh||২১|}} | ফুকন ও ৰাজখােআ পাতি গাঁও দিলে। বকতাত নগৰ
কৰিলে ; আৰু মৰঙ্গিতে কচাৰিৰে জুধ হল ; ৰনত কচাৰি
ঘাটি ডেমেৰা খাচপুৰলৈ ভাগি গল ; কাজলি মুখলৈকে আমাৰ
দেস হল। পাচে তুৰবক সহিতে কলিয়াবৰতে প্রধান জুধ
হল। এই বনতে আমাৰ ফনলুঙ্গখাম্পেঙ্গ বুৰা গােহাঁই
ও ফ্ৰাচেঙ্গমুঙ্গ বৰ গােহাঁই সহিতে ৮ খন হেঙ্গদানৰ ৮ জনা
সেনাপতি সেনা সহিতে পৰিল। পাচে ত্যাওচাঙ্গৰাই বুৰা
গোহাঁই ও কিলিঙ্গখাম বৰ গোহাঁই এই দুই জনা ডাঙ্গৰিয়া হৈ
সেই ৰনলৈ গৈ, সত্রু পক্ষেৰে মিলিব খােজে হেন সুনি, দুয়াে
জনাক আনি ডাঙ্গৰিয়া ভাঙ্গি লাঙ্গিধুপুৰাক বুৰা গােহাঁই
পাতিলে, ও তন্খামক বৰ গােহাঁই পাতিলে।
{{gap}}আৰু পুর্বে এক সময়ত চুপিমফা ৰজা দেৱক নগাৰ খুন-
বাৱে পালসেৱা কৰোঁতে চমুআ কুঁঅৰি এজনাই ভিতৰ ফালৰ
পৰা জুমি চাই থাকি খুনবাওক ভাল দেখি, ৰজা দেও ভিতৰলৈ
আহিলত খুনবাওটো ভাল মানুহ বুলি, ৰজা দেৱৰ আগত
সলাগিলত, মােতকৈও নগাকহে ভাল দেখিলে বুলি, ৰজা
দেৱে সগর্ভা সেই চমুআ কুঁঅৰিক সেই নগাৰ খুনবাওলৈকে
দিলে। পচে নগা চাঙ্গত গৈ লৰা এটি জন্মিল। সেই লৰাই
পালসেৱাত অহাত কথােপকথনত ঐ চমুআ কুঁঅৰিৰ গৰ্ভত
জোআ লৰা বুলি জনা জনি হলত, এই জনা ৰজা দেৱে পিত্রি
বিৰ্য্য দেখি বিচাৰ পুৰ্বকে ৰাখি আচল কুঁঅৰিৰ সন্তান নহই | VALIDATED | ||
পৃষ্ঠা:Assam Buranji.djvu/২৬ | {{rh||২২|}} | কাৰনে, সেই লৰাটিকে কনচেঙ্গ নাম দি বৰ পাত্ৰ গোহাঁয়ে
ডাঙ্গৰিয়া পাতিলে। এই কাৰন নগা বৰপাত্ৰৰ ঘৰ বোলে;
এবং তেতিয়াৰে পৰা বৰ পাত্ৰ গোহাঁয়ে সহিতে তিনি জনা
ডাঙ্গৰিয়া হল। পাচে তুৰবকৰ সেই ৰনলৈকে এই কনচেঙ্গ
বৰ পাত্ৰ গোহাঁই ও ঐ তনখাম বৰ গোহাঁই দুয়ো সৰ্গদেৱৰ
আজ্ঞাৰে ডেকা ৰজা সহিতে গৈ তুৰবকক মাৰি খেদি নি কৰ-
তোয়া নদিত অস্ত্ৰ ধুই, তাতে ১৪৫৪ সঁকত সিমা পাতি দৌল
ও পুখুৰি কৰি চিন ৰাখিলে। ঐ দৌল ও পুখুৰি অদ্যাপিও
থাকিব পাই। এই আপাহতে কনচেঙ্গ বৰ পাত্ৰ গোহাঁইক
ৰাজমন্ত্ৰি পাতিলে; আৰু এই ৰন মাৰি অস্ত্ৰ সস্ত্ৰ বম বৰ
তোপ হাতি ঘোৰা অনেক দ্ৰব্য পালে। পাচে হাজাৰ ফৌজে
সহিতে ভৰালি চেটিয়াক পত্ৰ সন্দেস দি গৌৰ বাদসাহৰ
ঠাইলৈ প্ৰিতিৰ নিমিতে পঠালে। বাদসাহে পুৰ্বাপৰ সুধি
পত্ৰ সন্দেস দি পঠালে; তাৰে পৰা গৌৰ বাদসাহেৰে প্ৰিতি
হল।
{{gap}}পাচে কোচানৰ বিস্বসিংহ ৰজা কোনো এক কথাৰ পৰা
আহি আস্ৰিত হলহি; সৰ্গদেৱে মোৰ স্থাপিত হল বুলি, হাতি
হেঙ্গদান দি ৰাজ মৰ্জদা দিলে। পাচে কচাৰি ৰজাই ডেকা
ৰজাক পঠাই বৰিল। কলঙ্গকে সিমা পাতি, বচৰি ৫ টা দৰে
ঘোৰা সোধাবলৈ নিবন্ধ কৰিলে। পাচে তুৰবকৰ বন জিকি
অনা সেনা খনিক হাতি ঘাঁহি দিলে। হাতিৰ নেজৰ ফালে | PROOFREAD | ||
পৃষ্ঠা:Assam Buranji.djvu/২৭ | {{rh||২৩|}} | ঘাঁহ দিয়াত নেজানে বুলি, খাতত দিলে। নিলগৰ বােকা
আনি কঠিয়াৰ গুৰিত দিয়াত একো নেজানে বুলি আদানি
কৰি ধনি কৰিলে। ইহঁতকে মৰিয়া বােলে। হিন্দু মতে এঁও
ৰজাকে স্বৰ্গনাৰায়ন বােলে। এঁওৰ দিনতে কমতেস্বৰে
কোনাে সংসয়াপন হৈ স্বাধিপত্য চাৰি কচাৰি দেস সােমালগৈ ।
আৰু এই চুহুম্মুঙ্গ ৰজা দেৱৰে পুতেক ৪ জনা; বৰ পুত্ৰ চুক্লেন
এঁৱেই ডেকা ৰজা; আৰু দেও ৰজা চুৰেঙ্গ এঁৱেই ঐ চাৰি-
ঙ্গিয়া মেলৰ ৰজা ; দুপ ৰজা চুখ্ৰেঙ্গ এঁৱেই ঐ তিপমিয়া মেলৰ
ৰজা ; আক চুতেঙ্গ নামে সৰু এজনা কালক্ৰমত ডেকা
ৰজাৰে ঘাই ৰজাৰে বিৰােধ হল। পাচে ডেকা ৰজাই ৰহস্যে
ডাঙ্গৰিয়া সকলক বস কৰি লৈ, লেহেতিয়া লিগিৰাক উপদেস
কৰি ১৪৬১ সঁকত ৰাতি প্রান বিজোগ কৰালে, ভােগ ৪২
বচৰ। ইতি। ১৪।
{{gap}}এঁওৰ মৰনান্তে এঁওৰে পুত্ৰ ঐ ডেকা ৰজা ১৪৬১ সঁকত
ৰজা হৈ গৰগাঁৱত নগৰ কৰি সিঙ্গৰি ঘৰ উঠি চুক্লেনমুঙ্গ নাম ললে
দেখি, হিন্দু মতে এঁৱেই গৰগঁয়া ৰজা। পাচে ভিতৰতে চোম
দেও ও লক্ষ্মিনাৰায়ন দুয়াে দেৱতা হল দেখি, বাজত বৰদুআৰৰ
ভিতৰতে দেৱালই পতা দৰে ঘৰ কৰি চোম দেওক বাজলৈ নি,
দেৱতাৰ পৰে পালিএ থাকিবলৈ ডাঙ্গৰিয়া সকলৰ লৰা লুৰিকে
অর্থাত গােহাঁই চেটিয়া দিলে। প্রথমে ডাঙ্গৰিয়া সকলেই দিন
চাৰেক পৰ দিচিলে; সেই হেতুকে চটাই চৰা কৰিলে, ও | PROOFREAD | ||
পৃষ্ঠা:Assam Buranji.djvu/২৮ | {{rh||২৪|}} | নগা আলি বন্ধালে। আৰু এঁওৰ দিনতে লাজান বুৰা গোহাঁই
হল; এঁওৰ পাচত লাপেত ত্যাও্ফ্ৰংডাম বুৰা গোহাঁই হল;
এঁওৰ পাচত আইখেক বুৰা গোহাঁই হল; ও কনচেঙ্গৰ পুত্ৰ
কনজাঙ্গ বৰ পাত্ৰ গোহাঁই হল; আৰু ঐ আইখেক বুৰা গোহাঁই
ৰাজমন্ত্ৰি হল; এঁও মন্ত্ৰিৰ পৰে ঐ তনখাম বৰ গোহাঁই ৰাজ
মন্ত্ৰি হল। পাচে ১৪৭৪ সঁকত স্বৰ্গি হল, ভোগ ১৩ বচৰ।
ইতি। ১৫।
{{gap}}এঁওৰ মৰনান্তে এঁওৰ দুই পুত্ৰৰ মধ্যে চুখাম্ফা ১৪৭৪
সঁকত ৰজা হল। হাতিএৰে ফুৰাত ভৰি এটিত পুৰ্বৰে দুখ
পোআ আচিলে কাৰনে, এঁওকে খোৰা ৰজাও বোলে।
এঁওৰে সোনাৰি জিয়ৰি সৰু মেচুলৌ বৰ মেচলৌ নামে
দুজনা কুঁঅৰি; সোনাৰি লৰা নাহৰক দুয়ো কুঁঅৰিএ পো
বোলাত নাহৰে কুঁঅৰিত বলেৰে তাৰ নামে আলি ও
পুখুৰি কৰি, আনো অনেক সকতালি কাম কাজ কৰিবলৈ
ধৰিলে। এদিন কুঁঅৰিহঁতে ৰজাত কলে বোলে, আমাৰ
বঙ্গই সৰহ, তোমাৰ বঙ্গহহে নাই, এনে বোলাত ৰজাই
ভাবিলে, মোৰ বঙ্গহ নাই হেন বুলি তোলনিয়া লৰা নাহৰ-
লৈহে টানিচে; এনে ভাবি পৰ দিনা ৰজা দেৱে আপুনি ফুৰি,
জাকে ভাল পালে তাক আনি বঙ্গহ বুলি সোনোআলি হিলৈ দি
লগত ললেহি। পাচে ৰজাত অনুমতি লৈ ডাঙ্গৰিয়া সকলে
নাহৰক মাৰিলে। পাচে আমাৰ লৰা মাৰিলে বুলি, নাহৰৰ | PROOFREAD | ||
পৃষ্ঠা:Assam Buranji.djvu/২৯ | {{rh||২৫|}} | {{rh|{{gap|5em}}৪||}} | বেজাৰত দুয়ো জনা কুঁঅৰি আপোনা আপুনি কটাৰি হানি মৰিল। এঁওৰ দিনতে চাওপেত বুৰা গোহাঁই হল, ও বলিয়া বৰ পাত্ৰ হল। এঁও বুৰা গোহাঁয়ে কেকোৰা দোলাৰে নকচা লৰাই ওপৰে চালি মাৰি পোনাই দি ঢেকৰ দিঘলাই পহি চাঙ্গি নাম দি, চৰাৰ ফুকন কেই জনাক দিয়ালে।
{{gap}}পাচে মানৰ অপদ্ৰৱত নৰা ৰজা আহি নামৰুপত থাকি, ভাই ৰজা কিচু অনুকুল কৰক বুলি কৈ পঠালে। পাচে আমাৰ ৰজা দেৱে অতি সমাদৰ পুৰ্বকে সোধ পোচ কৰাত নৰা ৰজাই আপোনাৰ বৰ গোহাঁইৰ জিএকক অনেক জৌতক সহিতে আমাৰ ৰজা দেৱলৈ দিলে। জৌতকত অহা মানুহ নৰা কোঁঅৰ ও নৰাবাইলুঙ্গ ও নৰা এক হাজাৰ। আৰু এঁও ৰজা দেৱেই সলাল গোহাঁই নামে বিসই নিবন্ধ কৰি, বৰ গোহাঁই পৰিয়া মাদুৰিয়াল ফৈদৰ লেচাই ডাঙ্গ গোহাঁইক সলাল গোহাঁই পাতিলে।
{{gap}}আৰু পুৰ্বে কোচানৰ বিস্বসিংহে আস্ৰই লোআৰে পৰা বচৰি মানুহ পঠাই দ্ৰব্য জাত দি আচিলে। পৰে সেয়ে কম হবৰ দেখি অৱহেলা হেন বুজি সুধি পঠালত, লাজ পাই অসমৰ কৰতলিয়া নামটো গুচা বুলি পুতেক চিলাৰাইত কলে। পাচে ১৪৮৪ সঁকত চিলাৰাই জুধলৈ আহিলত বামুন নে মাৰে হেন জানি, অনেক সুদ্ৰক লগুন পিন্ধাই ৰনৰ আগত দিয়াত, বামুন দেখি চিলাৰাই হুহকি গল। পাচে এই ৰুপ চল কৰিলে বুলি | VALIDATED | |
পৃষ্ঠা:Assam Buranji.djvu/৩০ | {{rh||২৬|}} | সুনি, ১৪৮৫ সঁকত আকও চিলাৰাই আহিলত আমাৰ দেওৰজা সহিতে প্ৰধান জুধ হল। দুয়ো সমান জোধা, কাৰো পৰাজই নাই। পাচে এক দিন গা ধোআ সময়ত দেও ৰজাৰ ঔসধ ও জন্ত্ৰৰ বিৰি ডিঙ্গিৰ পৰা খহাই থোআৰ পৰা চিলনিএ থাপ মাৰি নি, চিলাৰাইৰ ফৌজৰ মাজত পেলাই দিলেগৈ। দেও ৰজাই সুনি ইস্বৰৰ নিগ্ৰহ হল বুলি, চাৰিঙ্গলৈ গৈ মৈদাম কৰি লগৰ মানুহে সহিতে আপুনি মৈদামত সোমালগৈ। আমাৰ ৰজা দেও ভাগি পৰ্বত উঠিলগৈ; চিলাৰায়ে ৰাজ্যলৈ কৈ পঠালে বোলে, পাত্ৰ মন্ত্ৰি সকলোৰে লৰা একোটা তুলি দি বৰে জদি, দেস এৰি দিম। পাচে এই কথাতে চুগম কোঁঅৰ ও বৰ গোহাঁইৰ ভতিজাক আপচু গোহাঁইকে মুখ্য কৰি সকলোৰে ঘৰৰ লৰা একোটা দিলত লৈ চিলাৰাই দেসলৈ গল। এই আপচু গোহাঁই দেখিবলৈ সুন্দৰ আচিলে দেখি, ভাটিৰ সকলো লোকে সোন্দৰ গোহাঁই বুলিলে। পাচে আমাৰ ৰজাই নগৰ ললেহি; লগত জোআ খনি মানুহক বঁটা বাহন ও
ব্ৰিতি বিধান দিলে, এবং মঙ্গল চোআ গনক সুৰ্য্যবৰক সোনাৰ মুখ দিলে; এই কাৰন সোনামুআৰ ঘৰ বোলে। আৰু সেই কালতে তাবলুঙ্গিয়া নগাই আপাহ কৰাত সুকটি খাবলৈ বিল ও ডোম বহতা ঐ নগাক দিলে; আৰু সোনাপুৰ নামে নগৰ কৰিলে। পাচে ১৫৩৩ সঁকত ৰজা দেও স্বৰ্গি হল, ভোগ ৫৯ বচৰ। ইতি। ১৬। | VALIDATED | ||
পৃষ্ঠা:Assam Buranji.djvu/৩১ | {{rh||২৭|}} | {{gap}}এঁওৰ মৰনান্তে এঁওৰ ৩ পুত্ৰৰ মধ্যে চুচেঙ্গফা ১৫৩৩ সঁকত
ৰজা হল। বুৰা কালত ৰজা হল দেখি, এঁওকে বুৰা ৰজা
বোলে; আৰু এঁও ৰজা মহা বুধিমন্ত আচিল দেখি, হিন্দু মতে
এঁওকে বুধি স্বৰ্গনাৰায়নো বুলিচিলে। এঁওৰ দিনতে থকবক
বুৰা গোহাঁই হল, ও লেজোআ বৰ পাত্ৰ গোহাঁই হল; এঁওৰ
পাচত মৰানৰ লাকু বৰ পাত্ৰ হল। খামপেত ১, চেনমুন-
সুনিয়াদ্তা ১, খামচিন ১, গুঁইমেলা সোলা ১, বেকা ১, পৰ্ব-
তিয়া সৰু বুৰা ১, পিলিঙ্গা ১, এঁওকে ভাঙ্গি আকও ঐ সৰু
বুৰাই ১, এই ৮ জনা বৰ গোহাঁই হল। আৰু থকবক বুৰা
গোহাঁয়েই প্ৰথমে ৰাজমন্ত্ৰি হল; এঁওৰ পাচত লাকু ব
পাত্ৰ ৰাজমন্ত্ৰি হল। এঁও ৰজা দেৱেই প্ৰথমে পৰ্বতত নগৰ
ও পুখুৰি কৰি সিঙ্গৰি ঘৰ উঠিল; তালৈকে গৰগাঁৱৰে পৰা
আলি বন্ধালে। পৰে আঙ্গেৰাত বাহৰ, এবং তাওকাকত
নগৰ ও পুখুৰি কৰিলে; ও দলৌ গুৰিতো বাহৰ কৰিলে।
আৰু মহঙ্গৰে পৰা পৰ্বতলৈ গৰ বন্ধাই মুৰকটা ফাটত লগা-
লেনি; এবং চিনাতলিতো গৰ বন্ধালে; আৰু পৰ্বতৰে পৰা
লুইতলৈকে তিয়কৰ কটাৰিখামৰ গৰ বন্ধালে।
{{gap}}পাচে কোচানৰ নৰনাৰায়ন ৰজাই এক সময়ত চিলাৰায়ে
তোলনিয়া আমাৰ সোন্দৰ গোহাঁয়ে সহিতে বৰ পাস খেদি-
চিল। তাতে সোন্দৰ গোহাঁইক বুলিলে বলে, ২০ ঢাল
জিকিলে তোমাৰ দেসৰ অনা মানুহ খনিএ সহিতে তোমাক | PROOFREAD | ||
পৃষ্ঠা:Assam Buranji.djvu/৩২ | {{rh||২৮|}} | এৰি দিম; এই বুলি খেদাত ১৯ ঢাল সোন্দৰ জিকিল, পাচৰ
ঢালৰ জোৰ দহত লাগিল। ৰজাই বোলে, এই জোৰ দহ
ঢালিব পাৰিলে মোৰ দেসৰো জি জি মানুহ জাই তাকো এৰি
দিম। পাচে গোহাঁয়ে একে জোৰ দহে গল বুলি, বিমুখে
জোৰ দহ ঢালি পাস জিকিলে। পাচে আমাৰ নিয়া সকলো
মানুহ খনিক বঁটা বাহন দি গজসিংহকা জিক লগত দি বিদাই
দিলে। তাৰ দেসৰো তাতি সোনাৰি অনেক ব্ৰিতিয়াল মানুহ
আহিল। আমাৰ খনি মানুহ আপোন খেলে খেলে নিলে;
কোচানৰ দেসৰ অহা খনি মানুহক নামডাঙ্গতে পাতিলে।
ভাটিৰ মানুহ বহিল দেখি, সেই খনিকে ভটিয়াপাৰ বোলে।
পৰে সোন্দৰ গোহাঁইৰ মুখে সেই দেসৰ বেৱহাৰ বুজি, পৰ-
দেসি কটকি তোলাত ডাঙ্গৰিয়া সকল তিনি খনিয়াকৈ চন্দো-
আৰ তৰি বহিবলৈ আজ্ঞা দিলে। আৰু পৰদেসলৈ মৰঙ্গিয়াল
মানুহ পঠাই খনিকৰ সিকোআই আনি, কোচানৰ দেসৰ দৰে
ম্ৰিন্মই মুৰ্তি কৰি দুৰ্গোত্সও পুজা চলালে। আৰু কোচানৰ
ৰজাই নিজ নামেৰে হিন্দু আখৰুআ মোহৰ কৰা সুনি, সেই
আখৰুআকৈ মোহৰ কৰিবলৈ কেনে ঠানৰ মোহৰ কৰা হব
বুলি, হিন্দু পণ্ডিত আদিত সোধাত পণ্ডিত সকলে জোগিনি
তন্ত্ৰ সাস্ত্ৰ চাই কলে বোলে,
{{Block center|<poem>অষ্টকোণঞ্চসৌমাৰংযত্ৰদিক্বৰবাসিনী।
তস্মিন্বিশন্তিযেলোকাজ্ঞানাদজ্ঞানতোপিবা।
</poem>}} | PROOFREAD | ||
পৃষ্ঠা:Assam Buranji.djvu/৩৩ | {{rh||২৯|}} | {{Block center|<poem>তেপিদেব্যাঃপ্ৰসাদেনসিদ্ধিংগচ্ছন্তিনান্যথা।</poem>}}
{{gap}}এই বচনেৰে বুজাত সৰ্গদেও আঠ চুকিয়া সৌমাৰৰ অধিপতি
হৈচে, এবং অন্য ৰজাৰ এনে মোহৰ দেখাও নাই,
এতেকে আঠচুকিয়া মোহৰকে সকলোএ ভাল দেখোঁ; এনে
বোলাত সেই ৰুপেই ৰুপ সোনৰ চাকলি কৰাই বুধিস্বৰ্গনাৰায়ন
নামৰে কেৱল স্বৰ্গনাৰায়ন নামেৰেই হিন্দু আখৰুআকৈ
মোহৰ মৰালে। পাচে কোচানৰে ৰঘুদেৱে মঙ্গলদৈ নামে
কন্যাক সৰ্গদেৱলৈ দি মিত্ৰ কৰিলে। এবং সিহঁতৰে বলিনাৰায়ন
ৰজা আহি সগদেৱৰ সৰনাগত হোআত ধৰ্মনাৰায়ন নাম
দি, দোলা আৰোআন দি ৰাজ মৰ্জদাৰে থলে। আৰু হেডম্বেস্বৰৰ
অপদ্ৰৱত জয়ন্তাৰ ধনমানিক ৰজাই আমাৰে ভেদ লগাবৰ
মনেৰে এটি কন্যা উদেস কৰি, কচাৰিৰ সাত গাঁৱৰ মাজে
নিবলৈ ভাল বাট বুলি কৈ পঠালে। কচাৰিএ জয়ন্তা আমাৰ
সত্ৰু বুলি বাট নি দিঁও বোলাত, আমাৰ ফৌজ গৈ সেই
বাটেই কন্যা আনি দি পঠালে। পাচে ভিমবল কোঁঅৰে
ৰাতি দগা মাৰি সকলো ফৌজ খন মাৰিলে; বৰ গোহাঁই ও
সোন্দৰ গোহাঁই দুইৰো মুৰ কাটি নিলে। পাচে জয়ন্তাৰ
জসমানিক ৰজাৰ অপদ্ৰৱত ডিমৰুআৰ মঙ্গল ৰজা আহি আমাৰ
ৰজাৰ সৰনাগত হলাহি। সৰ্গদেৱে মোৰ সৰনাগত স্থাপিত
হল বুলি, হাতি ও হেঙ্গদান দি মৰ্জদা দি ৰাখিলে; তাৰে পৰা
ডিমৰুআ কৰতলিয়া হল। পাচে হাজোৰ পৰা বাদসাহব | PROOFREAD | ||
পৃষ্ঠা:Assam Buranji.djvu/৩৪ | {{rh||৩০|}} | তৰফৰ বঙ্গাল চৈয়দ বাবকৰ ও সত্ৰাজিতে আমাৰ দেসৰ চলা
চল বুজিবলৈ, বেপাৰৰ চলে এক গোমাস্তা পঠাই দিলে।
কলিয়াবৰত থকা আমাৰ ফৌজে সুনি, সিঙ্গৰিত ধৰি সেই
গোমাস্তাক কাটি নাও লুটিলে। সত্ৰাজিত আহি কলিয়াবৰৰ
আমাৰ ভৰালৰ আহিলা পাতি লুটি, বিস্বনাথৰ নটিনি ধৰি
নিলে। আমাৰ মানুহ তাকৰ দেখি হুহকিল। পাচে কচাৰিৰ
ভিমবল ৰজালৈ কন্যা ও পত্ৰ সন্দেস দি পুনৰ মিলাই
আহিলা পাতি ফৌজ সকলো জো কৰি, ডাঙ্গৰিয়া সকলক
ৰনলৈ পঠালে; ভৰলিতে সত্ৰাজিতে সহিতে ১৫৪৯ সঁকত
প্ৰধান জুধ হল। এই ৰনতে চৈয়দ বাবাকৰ নবাব পৰিলত
তাৰ লগৰ মিৰা সেনচোআক কুঁহি সেনে সহিতে ধৰি ৰাখিলে;
তাৰে পৰা সৰু সেনৰ খেল চলিল। এই ৰনতে সত্ৰাজিতো
ঘাটিল ; গুআহাটি পৰ্জন্তে আমাৰ হল; তাৰ অস্ত্ৰ সস্ত্ৰ নাও
মানুহ অনেক ধৰা পৰিল।
{{gap}}পাচে সৰ্গদেৱে দাৰিকাত নগৰ কৰি, ১৫৫১ সঁকত ঐ ধৰ্মনাৰায়নক
দৰঙ্গৱ ৰজা ও ভায়েক গজনাৰায়নক বেলতলাৰ ৰজা
পাতি পঠালে। আৰু অহম কটকি হোজা কাৰন, দেসান্তৰলৈ
চলাবলৈ ভাল জেন দেখি ব্ৰাহ্মন কটকি পাতিলে, ও
নাঙ্গটা ববাগিৰ খেল পাতিলে। পাচে উতৰে চামধৰা গৰ
বন্ধালে, মেচাঘৰত পুখুৰি খনালে। আৰু হাজোৰ তনয়া
পৰ্বতৰ ওচৰতে ১৫৩৮ সঁকত বঙ্গালেৰে ৰন হোআত, সেই | PROOFREAD | ||
পৃষ্ঠা:Assam Buranji.djvu/৩৫ | {{rh||৩১|}} | ৰনতে থকবক বুৰা গোহাঁই পৰিলত, সুকুলা হুদুক বুৰা
গোহাঁই পাতি, লাঙ্গি পানিসিয়াক বৰ ফুকন পাতি পঠালে;
তাৰে পৰা বৰ ফুকন নাম ও বিসই হল। পাচে ক্ৰমে এই জনা
ৰজাৰ দিনতে নেওগ ১, লানমাখ্ৰুৰ হালধিঠেঙ্গা ১, পিকচাই
চেটিয়া ১, বুৰা গোহাঁই পৰিয়া সৰুচকুআ ১, আকও পিকচাই
চেটিয়াই ১, ঐ লাঙ্গিএ সহিতে ৬ জনা বৰ ফুকন হল। এবং
ৰানি ৰজা হল; আৰু লুকি ১, বকো ১, বনগঁয়া ১, চইগঁয়া
১, বগাই ১, পানতনিয়া ১, বৰ দুঅৰিয়া ১, ভোলাগঁয়া ১,
মৰুআ পুৰিয়া ১, এই ৯ জনক ৰজা পোআলি নাম দিলে।
পৰে বাঁহ গৰা ও সেই গৰতে ৮ খন দুআৰ কৰিলে। সলালৰ
গৰ কৰি সলাল ফাট পাতিলে, ও বিস্বনাথৰো দৌল বন্ধালে।
পাচে জামিৰ গুৰিত ৰুপহি নামেৰে পুখুৰি ও নগৰ কৰি, হাতি
গৰ বান্ধি হাজাৰ হাতি ধৰিলে; কিন্তু হাজাৰ পুৰ হৈ হাতি
জিয়াই নে থাকিল হেতুকে, নগৰৰ হস্তিনাপুৰ নাম দিয়া মনস্থ
ভঙ্গ হলত গজপুৰ নাম দিলে। আৰু ঐ নগৰৰে পৰা গৰগাঁৱলৈকে
বৰ আলি, ও তাৰে পৰা গাঁৱলৈ চটাই আলি বন্ধালে;
আৰু পৰ্বতৰে পৰা মেকুৰিখোআলৈ আলি বন্ধালে, ও ডঁৰিকাত
সিল সাকো বন্ধালে। পাচে মোমাই তামুলিক বৰ
বৰুআ পাতিলে; তাৰে পৰা বৰ বৰুআ নামে বিসই হল।
পাচে উতৰে দখিনে জুৰি ৰাজ্য খনকে মেৰাই ৰাজ গৰ
বন্ধালে; এই গৰকে দখিন পাৰে লাহদৈ ও কোটোহা গৰ | PROOFREAD | ||
পৃষ্ঠা:Assam Buranji.djvu/৩৬ | {{rh||৩২|}} | বোলে; মাজালি পাৰে মেৰা গৰ বোলে, উতৰ পাৰে চোআতল
গৰ বোলে; এবং দোপ গৰ হাট কৰিলে। জবকাৰ আলি
বকতাৰ আলি, পৰ্বতৰ আলি, হাৰিপৰা আলি, এই কেইটা
আলি কৰিলে। আৰু নুমলি গৰ, নুমলি বাহৰ, ৰাঙ্গলু গৰ,
ৰাঙ্গলু বাহৰ, সোনাৰি নৈৰ বাহৰ, এই সকল কৰালে। আৰু
লোনপুৰিয়া কাটলুআ দি নাম্চাঙ্গ বৰ্হাটৰ নিবন্ধ কৰিলে।
আৰু ৰৌমুৰিয়া গনক ভৰালি বৰুআই জনাই, হাট ফাটৰ দান
পহাৰে পতি মাহে ৪ কৰা দৰে লগালে। আৰু লুইতৰে পৰা
পৰ্বতলৈকে দখিন পাৰে চামধৰা গৰ বন্ধালে। বাৱভুঁয়াই
পুনৰ মঠ ধৰাত ১৫৫৬ সঁকত ভাঙ্গি আনি স্থানান্তৰ কৰি
বিলাতত পাতিলে। আৰু ডফলা গৰ বন্ধাই গৰুমুৰিয়া পাতি,
মিৰি ডফলালৈ পঁচা লগাই, আবৰ ও মিৰি ও ডফলাৰ দুআৰ
ভেদকৈ মাটি বিল বহতা কটকি দি, বচৰি পাল সেৱা নিবন্ধ
কৰিলে; পাল সেৱাত দিব লগা দ্ৰব্য, জকা মেঠন মজাঠি।
আৰু উতৰে দখিনে বচা দৈয়াঙ্গ মৰঙ্গি এনে নাম ভেদ কৰি
ডাগি হাজাৰ স এক কুৰি নিবন্ধ কৰি, দেস পাতিলে। এবং
১৫৫৫ সঁকত কচাৰি দেসৰে ও আমাৰ দেশৰে মাজত
ন নৈকে সিমা কৰি, মৰঙ্গিত ভাৰ্ধৰ চেটিয়াৰ মৰঙ্গি খোআ
পাতিলে; ও নগা গৰ বন্ধাই নগাৰ দুআৰ ভেদকৈ পোহনি
মাটি কটকি চৌতাঙ্গ দি, বচৰি পাল সেৱা নিবন্ধ কৰিলে;
পাল সেৱাত দিব লগা দ্ৰব্য, মেঠন, বোলোআ চাগ, ৰঙ্গা চুলি, | VALIDATED | ||
পৃষ্ঠা:Assam Buranji.djvu/৩৭ | {{rh||৩৩|}} | বঙ্গা বেত, লোন, আত বাজে জি জি দুআৰত জি জি উতপন
দ্ৰব্য তাকো দিএ।
{{gap}}পৰে কিচু উতপাত অমঙ্গল হল, এবং ৰাজ মাঁও দেৱো
ম্ৰিত্যু হল। এই হেতুকে সান্তি ও স্ৰাদ্ধ কৰিবলৈ সৰ্গদেও
বাৰুকটা ঘাটলৈ গৈ, সান্তি সস্থিয়ন স্ৰাদ্ধ কৰি অনেক ব্ৰাহ্মনক
সোন ৰুপ মাটি বহুত দান কৰিলে; এবং দেৱৰগাঁও দেৱালয়ৰ
দৌল কৰি মাটি মানুহ উচৰ্গ কৰি দিলে। সেই দিনৰে পৰা
দেৱোতৰ ব্ৰহ্মোতৰ চলে। পাচে কামৰুপৰ পৰিক্ষিত
ৰজাৰে বিৰোধ লগাই, ভায়েক মালসিংহ আহি সৰনাগত
হলহি। ৰাজ গোষ্টি দেখি দোলা আৰোআন দি, সিংহ নাম
গুচাই মাল ৰজা নাম দি নামৰুপত পাতিলে। আৰু
কোবোকা খহাই ফুটুকা তলিত জইখামৃডাঙ্গ খাত কৰালে,
আৰু চৈয়নাৰ গৰ বন্ধালে। এবং পূৰ্বে চুখামফা ৰজা দেৱে
বঙ্গহ বুলি সোনোআলি হিলৈ দিয়া মানুহ খনিকে বামুনি
কোঁঅৰহঁতকে গোটাই, কেঁঅৰ হিলৈদাৰি খেল পাতিলে;
গিয়াতি পাতি কোঁঅৰ নাম দিলে। আৰু পুৰ্বে ৰনলৈ পতা
বামুনবোৰৰ লগুন তেনেই আচিলে; সেই লগুনবোৰ গুচাবলৈ
লেকাই চেটিয়াক আজ্ঞা কৰিলে। আজ্ঞা মতে সকলো বামুনবোৰৰ
লগুন গুচালে, তাৰে ৮ ঘৰ মানুহৰ লগুন ৰাখিলে;
কিন্তু আগলৈ চিন থাকিবৰ নিমিতে আল অন্তত লগাই, ৮
ঘৰৰ ৮ টা নাম দিলে। এই কাৰণ লগুনৰ গুৰি লেকাই-
{{rh|{{gap|5em}}৫||}} | PROOFREAD | ||
পৃষ্ঠা:Assam Buranji.djvu/৩৮ | {{rh||৩৪|}} | চেটিয়া বোলে। আৰু ৰহাত কচাৰিব ফালৰ বাৰ্তা জনাই
থাকিবলৈ নগৰত জেতিয়া জাৰ ঘবৰ বৰ বৰুআ হৈ থাকে,
সেই বঙ্গহৰে এটা থাকিবলৈ দিলে; এঁওকে ৰহিয়াল বৰুআ
বোলে। এবং জয়ন্তাৰ বাৰ্তা বুজি জনাই থাকিবলৈ জাগিত
বুৰা গোহাঁই পৰিয়া জাগিয়াল গোহাঁই দিলে। ও কাজলিত
ঐ জয়ন্তাৰো কিচু, এবং ডিমৰুআ গাৰোৰ ফালৰো বাৰ্তা
জনাই থাকিবলৈ বৰ পাত্ৰ ও বৰ গোহাঁই দুয়ো ঘৰৰ বঙ্গহৰ
দুজন কাজলি মুখিয়া গোহাঁই দিলে। এই বৰুআ গোহাঁইহঁতৰ
পানি জাপিত ৰুপৰ চুলা ও ঢেকৰ লগা চাঙ্গি ও ৰাজ
খোআ মৰ্জদা দিলে। জি হেতু অনেক প্ৰধান প্ৰধান কৰম
কৰিলে, সেই হেতুকে হিন্দু মতে এঁও ৰজা দেওকে প্ৰতাপ-
সিংহো বোলে।
{{gap}}পাচে দেসত ক্ৰমে অনেক উতপাত হবলৈ ধৰিলে।
মনুস্যত গাহৰিৰ আকাৰ জম্মিল, উসুআ ধান গজিল, উতৰে
ফুল বাৰিত তিনি চকুআ মানুহ জম্মিল, দেস চানি কপুতিয়া
সেন ওলাল, ইত্যাদি নানা উতপাত হল। ক্ৰমে সৰ্গদেৱৰ
সৰিল বিসম পাই দেৱৰগাঁও দেৱালয়লৈ মানুহ পঠালে বোলে,
বুপাত সোধগৈ, মোৰ কিমান দিন আচে? পাচে মানুহ গৈ
দেৱতাত জনালত ৰাতি স্বপনত কলে বোলে, দেৱালয়ৰ
ভিতৰতে ফুলনিত চাই নাহৰ ফুল এটা পাব; তাকে নি
ৰজাক দিলেই বুজিব। পাচে পৰ দিনা ফুলনিত চাই আবত- | PROOFREAD | ||
পৃষ্ঠা:Assam Buranji.djvu/৩৯ | {{rh||৩৫|}} | ৰতে তিনি পহিয়া নাহৰ ফুল এপাহ পাই, সৰ্গদেৱক দিলত
ৰজা দেৱে বােলে, বুপাৰ আজ্ঞা হল, মােৰ তিনি পসহে ভােগ
আচে ; এতেকে সকলাে ৰাজ্য আহক, মই চাঁও, মােকো
চাওক। এই কথা সুনি সকলাে ৰাজ্য আহিল। সৰ্গদেও
নাৱেৰে গৈ, দিখৌৰ দুয়াে পাৰে আহি থকা প্ৰজাক গা দেখাই
বােলে, মােৰ কাল হল ; সকলাে লােকে মােক চাহক, ময়ো
চাঁও; এই বুলি ব্রাহ্মন বুৰা লৰা তিৰতা এই সকলক দান
দখিনা দিলে। পাচে ৰজা দেৱলৈ প্ৰজাব মােহ জন্মাত,
সৰ্গদেৱৰ সলনি আমাবে এক স নৰবলি সদিয়াৰ আইলৈ দিমহক,
তেও সৰ্গদেও কুসলে থাকক, এই বুলি হৰিধনিকৈ
কোলাহাল কৰিবলৈ ধৰিলে। পাচে সর্গদেৱে বোলে, মােৰ
কাল হল, কেনেকৈ বাখিবিহক, এই বুলি প্ৰজাক প্রবোধ দি
নগৰলৈ আহি, ১৫৭১ সঁকত স্বর্গি হল ; ভোগ ৩৮ বচৰ।
এঁওৰে ৩ পুত্র ; প্রথম চুৰম, দুতিয় চুত্যিঙ্গ, ত্রিতিয় আৰু
এজনা। ইতি। ১৭।
{{gap}}এঁওৰ মৰনান্তে এঁওৰ বৰ পুত্ৰ চুৰমফা ১৫৭১ সঁকত ৰজা
হল। এঁৱেই সলগুৰিৰ আলি কৰালে ; ও লাকু বৰ পাত্ৰৰ
পুত্র লাহােক বৰ বৰুআ পাতিলে। এঁওৰ কুঁঅৰিএ তােল-
নিয়াকৈ কোঁঅৰ এটি তুলিচিলে ; সেয়ে মৰিলত মােৰ লৰাই
কাৰে উমলিব, অকলে কেনেকৈ থাকিব, এই বুলি কুঁঅৰিএ
সৰ লগত লৰা কিচুমান দিবলৈ ৰজা দেৱত জনালত, বৰুআ | PROOFREAD | ||
পৃষ্ঠা:Assam Buranji.djvu/৪০ | {{rh||৩৬|}} | ফুকনক লৰা একোটা দে বুলি বন্দি কৰিলে। ডাঙ্গৰিয়া
সকলে জনোআতো এৰিবলৈ নুবুলিলে। এনে আৰু অনিতি
কৰিবলৈ ধৰিলে দেখি নসহি, ডাঙ্গৰিয়া সকলে এঁওৰে ভায়েক
চুত্যিঙ্গক আনি ১৫৭৪ সঁকত চুৰমফাক ৰজা ভাঙ্গি, চুত্যিঙ্গফাক
বৰ চৰাতে ৰজা পাতি সেৱা কৰি, ভগা জনাক নগৰৰ পৰা
উলিয়াই পৰ্বতত বাহৰ কৰি, তাতে জোগান দি থলে। এই
হেতুকে এঁওকে ভগা ৰজাও বোলে। পাচে চাঙ্গমাইৰ হতুআই
বিস ক্ৰিয়া কৰাই মৰালে। এঁওৰ ভোগ ৩ বছৰ।
ইতি। ১৮।
{{gap}}পাচে চুত্যিঙ্গফা ৰজা দেও সিঙ্গৰি ঘৰ উঠিল। এঁও
সততে নৰিয়া দেখি, এঁওকে নৰিয়া ৰজা বোলে। এঁৱেই
সুকুলা হুদুক ভাঙ্গি টেপৰ তলিয়াৰ সৰিয়হক বুৰা গোহাঁই
পাতিলে; এঁওক গুচাই বৰ বৰুআ হৈ থকাৰ পৰা আনি,
হাতিপোআলিক বুৰা গোহাঁই পাতিলে। পাচে আকও সুকুলা
হুদুকে বুৰা গোহাঁই পাতিলে; লাকুক মাৰি বানচঙ্গিয়া টেমাক
বৰ পাত্ৰ পাতিলে; সৰু বুৰাক ভাঙ্গি চপৰাখোআক বৰ
গোহাঁই পাতিলে। এঁওৰ পাচত আকও সৰু বুৰাকে ৰাজ
মন্ত্ৰি বাবে সহিতে বৰ গোহাঁই পাতিলে। বুৰা গোহাঁই
পৰিয়া হাতিপোআলিক বৰ বৰুআ পাতি, পাচে বুৰা গোহাঁই
পাতিলেনি দেখি, সন্দিকৈৰ টঙ্গচুক বৰ বৰুআ পাতিলে।
আৰু বদৰ তাপ সহিব নোআৰি আৰোআনত সকুলা গিলিপ | PROOFREAD | ||
পৃষ্ঠা:Assam Buranji.djvu/৪১ | {{center|৩৭}} | দিলে ; তাৰে পৰা আৰোআনত গিলিপ হল ; ও সুকুলা পইজাৰো
হল। ডাঙ্গৰিয়া সকলেও লবলৈ ধৰাত ৰজা দেৱে
বােলে, ভেদ হলেহে ভাল ; তেঁও জদি লই মাজতে গামচা
একো খনি লওক, এই আজ্ঞা কৰিলে। তাৰে পৰা ডাঙ্গৰিয়া
সকলে আৰোআনৰ মাজত নালতে গামচা ললে ; এবং পইজাৰৰ
ভিতৰতো সুকুলা কাপব ললে। পাচে চুঙ্গিৰ ৰাজ্য
ভাঙ্গিবলৈ ডাঙ্গৰিয়া সকলক আজ্ঞা কৰিলে। চুঙ্গিৰ ঘঁৰিয়াল-
পৰা ৰজাই সুনি ভই পাই আপুনি ১৫৭৫ সঁকত বৰিলহি।
পাচে ভাঙ্গি আনি অভইপুৰত চুঙ্গিক পাতিলে। আৰু খাম্জঙ্গিয়া
নৰাই আহি নাম্ৰুপৰ ভৰাল পুৰি আহিলা পাতি খনি
নিলে। পাচে বনলৈ তিপাম ৰজাক দিলে ; ৰনত নৰা ভাগি
গল। পুনৰ নকৈ ভৰাল কৰিলে, আৰু সকলাে দেও ঘৰত
১৫৭৬ সঁকত মানুহ দি নিবন্ধ কৰিলে, এবং মিচিমি গব
বন্ধালে। আৰু ১৫৭৪ সঁকত সিঙ্গৰি ঘৰত কুনবিন্ কুনখা
পাট ঘৰত পাগজেমা, ৰজা পতাত বচোআল টঙ্গালি, এই
ৰুপে বঁটাৰ নিবন্ধ কৰিলে। পাচে ১৫৭৬ সঁকত এঁওৰে ৩
পুতেকৰ মধ্যে বৰ পুতেক চুতামলাই সুকুলা হুদু বুৰা গােহাঁইবে
মন্ত্রনা কৰি ৰজা ভাঙ্গিলে। পাচে ভগা ৰজাই হােআ
ৰজা পুতেকলৈ কৈ গল বােলে, এনে কথা কৰা পুৰনি পাত্র
মন্ত্ৰি খনি ভাঙ্গি নকৈ জদি পাতি লই, তেহে ভালে থাকিব
পাৰিব ; এই কথা হােআ জনাই সলাগিলে। পৰে মন্ত্রি | VALIDATED |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.