title
stringlengths
13
148
header
stringlengths
0
3.13k
footer
stringlengths
0
2.16k
body
stringlengths
0
46k
quality
stringclasses
2 values
url
stringlengths
58
1.01k
পৃষ্ঠা:Chalachitra.pdf/৩৯
{{rh||৩২|}}
ছবিখনে দৰ্শকৰ মনত বিশেষ একো প্ৰভাৱ পেলাব নোৱাৰিলে, মাথোন বোম্বাইৰ চিনেমাৰ শিল্পীৰ অংশগ্ৰহণৰ চমক আৰু চিত্ৰগ্ৰহণৰ সুন্দৰতা দৰ্কশৰ মনত থাকিল। {{gap}}''অপৰূপা''ৰ পৰাই জাহ্নুবৰুৱাই কাহিনীৰ সলনি বিষয়বস্তুক গুৰুত্ব দি ছবি নিৰ্মাণ কৰিবলৈ ধৰিলে। ফলস্বৰূপে চমকপ্ৰদ বিষয় একোটাক ছবিৰ মাজলৈ টানি আনিবলৈ ধৰিলে। {{gap}}একমাত্ৰ ''পা...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৪০
{{rh||৩৩|}}
অগতানুতিক ছবি এখন নিৰ্মাণ কৰা পৰিচালক সাগৰ সংগম চৰকাৰে। পুনাৰ ফিল্ম ইন্সটিটিউটৰ পৰা পৰিচালনা বিভাগত স্নাতক হৈ এইগৰাকী তৰুণ পৰিচালকৰ প্ৰথম ছবি ''তৃষ্ণা''ত দেখা যায় কাৰিকৰী নৈপুণ্য, চিত্ৰভাষাৰ বিষয়ৰ সংবেদনশীলতা, বিষয়বস্তুৰ গভীৰতা আৰু দাৰ্শনিক চিন্তাৰ আভাস। এইগৰাকী বুদ্ধিদীপ্ত পৰিচালকৰ পৰা আমি ভালেখিনি আশা কৰিব পাৰোঁ। ...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৪১
{{rh||৩৪|}}
<small>{{gap}}২। In order to write scripts. you must first study the great novels and dramas of the world. You must consider why they are great. Where does the emotion come from that you feel as you read them? What degree of passion did the author have to have, what level of meticulousness did he have to command in ord...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৪২
{{c|{{x-larger|'''চিনেমাৰ দৰ্শক'''}}}} {{dhr}} {{gap}}দূৰদৰ্শনৰ ব্যাপক প্ৰচলন, ভিচিপি-ভিচিআৰৰ আধিক্য, ভিডিঅ' কেছেটৰ জনপ্ৰিয়তা আদিয়ে হিন্দী ছবিৰ দৰ্শকৰ সংখ্যা বঢ়াই তুলিছিল। কিন্তু সেই দৰ্শক আছিল ড্ৰইংৰূমৰ ভিতৰৰ। ছবি চোৱাৰ নতুন আহিলাবোৰৰ প্ৰচলনে এই নতুন দৰ্শক বঢ়াই তোলাৰ লগতে পুৰণি দৰ্শকবোৰকো প্ৰেক্ষাগৃহৰ পৰা টানি আনি...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৪৩
{{rh||৩৬|}}
{{gap}}প্ৰেক্ষাগৃহত দৰ্শক কমি যোৱাৰ লগে লগে কিছুসংখ্যক চিত্ৰনিৰ্মাতাই এনেকুৱা কৌশল আৱিস্কাৰৰ সন্ধানত ব্ৰতী হ’ল যিবোৰ কৌশলৰ প্ৰয়োগত দৰ্শকে ছবি এখন সৰু পৰ্দাত উপভোগ কৰিবলৈ সক্ষম নহয়। তেনেকুৱা কেইটিমান কৌশল হ’ল- বিশাল কেনভাছৰ প্ৰচুৰ জাকজমকতাপূৰ্ণ ছবি নিৰ্মাণ- টিভিৰ সৰু পৰ্দাত যাৰ আবেদন প্ৰায় শূণ্য হৈ পৰে, ছাঁ-পোহৰৰ সূক...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৪৪
{{rh||৩৭|}}
কাহিনী নিৰ্ভৰ ছিৰিয়েল চোৱাৰপিছত ‘কাহিনী’ থকা চিনেমাৰ প্ৰতি দৰ্শকৰ আগ্ৰহ বাঢ়িল, মেলডিয়াছ গীতৰ প্ৰতি দৰ্শক অধিক সহানুভূতিশীল হৈ পৰিল আৰু দৰ্শকৰ আগ্ৰহ-অনাগ্ৰহ অধিক স্পষ্ট হৈ পৰিল। যোৱা কেইবছৰমানৰ বক্স অফিচ ৰেকৰ্ড চালে দেখা পাম যে যিবোৰ ছবি দৰ্শকে আদৰিছে, তাক ভালকৈ আদৰিছে আৰু যিবোৰ ছবি বেয়া পাইছে তাক একেবাৰে নাকচ কৰি দ...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৪৫
{{rh||৩৮|}}
কলা-কুশলীসকলে। অৰবিন্দ স্বামীৰ দৰে প্ৰায় নতুন অভিনেতা আৰু মণিষা কৈৰালাৰ দৰে বাতিল প্ৰায় অভিনেত্ৰিৰে মণিৰত্নমে নিৰ্মাণ কৰি উলিয়ালে ‘বোম্বে’ৰ দৰে হিত ছবি। বহু হিট ছবিৰ অংশ বিশেষৰ সংকলনেৰে ৰাকেশ ৰোচনে নিৰ্মাণ কৰিলে ‘কৰণ-অৰ্জুন’— যিখনো বিৰাট হিট ছবি। আৰু সুৰজ বৰজাত্য? চলমন খান আৰু ভাগ্যশ্ৰীৰ দৰে নতুন নায়ক-নায়িকাক লৈ ন...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৪৬
{{rh||৩৯|}}
প্ৰত্ৰিয়াত অনুপস্থিত। ছবি ৰিলিজৰ দুসপ্তাহমানৰ পিচত ভিডিঅ’ কেছেট ৰিলিজ কৰা হৈছিল, ধৰিলোৱা হৈছিল ভিডিঅ’ কেছেট ৰিলিজ হোৱাৰ পিচতেই প্ৰেক্ষাগৃহত দৰ্শকৰ ভিৰ কমি যাব। এই অনুমান প্ৰমাণ কৰি দিছিল যশ চোপ্ৰাৰ ‘লম্‌হে’ ছবিয়ে। প্ৰেক্ষাগৃহত এই ছবি দৰ্শকে আদৰি লোৱা নাছিল, কিন্তু ভিডিঅ’ চাৰ্কিটত এই ছবিৰ ব্যৱসায় আছিল ভাল। {{gap}}পু...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৪৯
{{rh||৪০|}}
পৰিবেশকে কৰি লৈছিল। {{gap}}‘প্ৰেম’ ছবি প্ৰযোজকে বীণ কাপুৰেও পিচত এই কাৰ্যৰ যুক্তিযুক্ততা স্বীকাৰ কৰিছিল। ‘প্ৰেম’ ছবিখনে আশানুৰূপ সাফল্য লাভ নকৰাৰ অন্যতম কাৰণ হিচাবে তেওঁ চিত্ৰগৃহৰ দুৰৱস্থাৰ কথা আঙুলিয়াই দিছিল। তেওঁ কৈছিল যে প্ৰায়বোৰ চহৰৰ শ্ৰেষ্ঠ চিত্ৰগৃহটোত ৰাজশ্ৰীৰ ‘হাম আপকে হ্যে কৌন’ চলি আছে। এই ছবিখনে চিত্ৰগৃহৰ প...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৫০
{{rh||৪১|}}
{{gap}}যোৱা দুবছৰমান দেখা গৈছে যিমানবোৰ অসমীয়া ছবি সম্পূৰ্ণ হৈছে তাৰ অধিকাংশ ছবিয়েই গহীন বিষয়ৰ ছবি। এই ছবিবোৰে প্ৰেক্ষাগৃহত আত্মপ্ৰকাশ কৰা নাই, কিন্তু এই ছবিবোৰে আত্মপ্ৰকাশৰ বেলেগ পথ বাচি লৈছে আৰু তাৰে এখন দুখনে প্ৰযোজকৰ অৰ্থভাণ্ড স্ফীততৰ কৰি তুলিব নোৱাৰিলেও- মোটামুটিভাবে বিনিয়োগ কৰা টকা ওভোতাই আনিছে। ব্ৰেক ইভেন পৰ...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৫১
{{rh||৪২|}}
কৰে অসমীয়া ছবিয়ে। এই চিত্ৰগৃহবোৰৰ অৱস্থা, চিত্ৰগৃহৰ চৌপাশে থকা অসামাজিক লোকৰ সমাবেশ আদিয়ে অসমীয়া পৰিয়ালবোৰক চিত্ৰগৃহলৈ অহাত বাধা দিয়ে। অসমীয়া ছবিৰ ব্যৱসায়িক সাফল্যৰ বাবে পৰিয়াল হিচাবে দৰ্শকৰ আগমন হোৱাটো অতি জৰুৰী। অসমীয়া ছবিয়ে মুক্তিলাভ কৰা চিত্ৰগৃহবোৰৰ অৱস্থা ইমানেই বেয়া, অকণমান সংবেদনশীল লোকেও নিজৰ পৰিয়া...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৫২
{{rh||৪৩|}}
হিন্দী ছবিয়ে গড়ে যিমান দৰ্শক পায়- অসমীয়া ছবি একোখনেও তাতকৈ খুব কম দৰ্শক নাপায়। চিত্ৰগৃহবোৰলৈ চালে আমি দেখা পাম সাধাৰণ মানৰ হিন্দী ছবি একোখন যিমান দৰ্শকৰ উপস্থিতিতো চলোৱা হয়, অসমীয়া ছবি একোখন সিমান সংখ্যক দৰ্শকত চলোৱা নহয়। অসমীয়া ছবি ‘ৰি-ৰান’ অৰ্থাৎ দ্বিতীয়বাৰ প্ৰদৰ্শন কৰাৰ অকণো উৎসাহ কাৰো নাথাকে। কিন্তু পৰিবে...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৫৩
{{rh||৪৪|}}
‘মোহৰা’ৰ দৰে ভায়লেন্স সৰ্বস্ব ছবিয়েই হওক বা ‘কৰণ অৰ্জুন’ৰ দৰে যৌনতা প্ৰধান ছবিয়েই হওক। ছেক্স-ভায়োলেন্স বা মিউজিক- আটাইবোৰ উপাদানেই দৰ্শকে সমানেই গ্ৰহণ আৰু হজম কৰে। কথা হ’ল পৰিবেশন পদ্ধতি। {{gap}}অসমীয়া ছবিৰ পৰিবেশন পদ্ধতিত পৰিবৰ্তন আনিব বিচৰা হৈছে, কিন্তু তাত কোনো চিন্তা-ভাৱনা নাই, পেছাদাৰী দক্ষতা নাই। এই দিশবোৰৰ...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৫৪
{{c|{{x-larger|'''অসমীয়া চলচ্চিত্ৰৰ ৰূপৰেখা'''}}<br/>'''১৯৮১-১৯৯৩'''}} {{dhr}} {{gap}}১৯৮১ৰ পৰা ১৯৯৩ চন— এই তেৰ বছৰত এসময়ৰ ৰাজনৈতিক আৰু অৰ্থনেতিক জীৱনে নানান পৰিৱৰ্তনৰ মাজেৰে অতিবাহিত কৰিছে। বিদেশী বিতাৰণ আন্দোলনৰ উত্তাল অৱস্থা, ইয়াৰ লগে লগে মানুহৰ মনত জন্ম লোৱা নানান ধৰণৰ পৰিৱৰ্তনৰ আশা আৰু আকাংক্ষা, ৰাজনৈতিক সচেতনত...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৫৫
{{rh||৪৬|}}
{{gap}}বিদেশী বিতাৰণ আন্দোলনৰ ফলাফল যিয়েই নহওক কিয়, এই আন্দোলন যে অসমীয়াৰ মনলৈ এটি সজাগতাৰ ভাব আনি দিছিল তাত কোনো সন্দেহ নাই। স্বভাবসুলভ সংকোচ আৰু দ্বিধা এৰি অসমীয়াই মুখ খুলি স্পষ্ট কথা কোৱাৰ সাহস পাইছিল এই আন্দোলনৰ পৰাই। এই সামাজিক পৰিবৰ্তনৰ প্ৰভাবে অসমীয়া ছবিজগতকো স্পৰ্শ কৰি গৈছিল। তাৰ উদাহৰণ হ'ল ড॰ ভবেন্দ্ৰনাথ ...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৫৬
{{rh||৪৭|}}
মধ্যবিত্তীয় সমাজত সৃষ্টি কৰা নানান সমস্যা আৰু প্ৰশ্ন উত্তৰ ইয়াত বিচৰা হৈছে। সন্দেহ নাই, আন্দোলনটি অতি আবেগিক আছিল, কিন্তু সেই আবেগপূৰ্ণ আন্দোলনৰ ভেটিত নিৰ্মাণ ‘সংকল্প’ যুক্তি প্ৰধান ছবি। {{gap}}আলফাৰ অভ্যুত্থানৰ লগত বাহ্যিক মিল থকা বা আলফাৰ দ্বাৰা অনুপ্ৰাণিত ছবি হ’ল ‘সূৰ্য্য তেজৰ অন্য নাম’। সমকালীন বাস্তৱৰ প্ৰতিচ্ছব...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৫৭
{{rh||৪৮|}}
নিৰ্মাণ কৰাৰ দক্ষতা প্ৰমাণ কৰা মুনিন বৰুৱাৰ দৰে পৰিচালকৰ হাতত অসমীয়া ছবি নিৰাপদ বুলি বিশ্বাস কৰিব পাৰি। মুনীন বৰুৱাৰ এই দুয়োখন ছবিৰেই কাহিনী আছিল অমূল্য কাকতিৰ। {{gap}}অতুল বৰদলৈয়ে পৰিচালনা কৰা ‘গ্ৰহণ’ (কাহিনী নিজৰ) আৰু ‘দৃষ্টি’ (কাহিনী- দেবব্ৰত দাস)- এই দুয়োখন ছবিতেই সামাজিক সমস্যাৰ প্ৰতিফলন ঘটিছে। চাৰুকমল হাজৰিক...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৫৮
{{rh||৪৯|}}
{{gap}}’৮১-৯৩, এই কালছোৱাত ব্যাৱসায়িক দিশত সফল হোৱা কেইখনমান ছবি আছিল ‘ককা দেউতা নাতি আৰু হাতী’ (’৮৩) পুলক গগৈৰ ‘সেন্দুৰ’ (’৮৪), শিৱপ্ৰসাদ ঠাকুৰৰ ‘সোণমইনা’ (’৮৪), আৰু ‘মন-মন্দিৰ’ (’৮৫), দাৰা আহমেদৰ ‘পূজা’ (’৮৫) আৰু ব্ৰজেন বৰাৰ ‘ৰঙানদী’ (’৯০)। এই জনপ্ৰিয় ছবিকেইখনৰ কাহিনী আৰু পৰিবেশন ৰীতি চালেই ধৰা পৰিব যে দৰ্শকৰ ৰুচিব...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৫৯
{{rh||৫০|}}
হাতী’ হিট ছবি আছিল, কিন্তু একে গৰাকী পৰিচালকৰ, একে ইউনিতৰ দ্বাৰা নিৰ্মিত ‘শকুন্তলা আৰু শংকৰ যোছেফ আলি’ (’৮৩), ‘এন্টনি মোৰ নাম’ (’৮৬) আৰু ‘আই মোৰ জনমে জনমে’ (’৮৮) এই চাৰিখন ছবিয়ে ক্ৰমাগতভাবে আকৰ্ষণী শক্তি হেৰুৱাই পেলাইছিল। দৰ্শকৰ মনোজগতৰ যি পৰিবৰ্তন, সেই পৰিবৰ্তনৰ লগত খাপ খুৱাব নোৱাৰা বাবেই নিপ বৰুৱাৰ দৰে বিনোদন ছবিৰ স...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৬০
{{rh||৫১|}}
ঠাকুৰৰ ‘বোৱাৰী’ (’৮২), নিপ বৰুৱাৰ প্ৰেক্ষাগৃহবোৰৰ দূৰৱস্থাইও অসমীয়া ছবিৰ দৰ্শক লাহে লাহে কমাই আনিছে। পৰিবেশক চক্ৰৰ অসহযোগিতাতো আছেই। তাৰ লগতে যদি দৰ্শকে বিচৰা উপাদান ছবিবোৰত নাথাকে, তেন্তে ছবিৰ দৰ্শকৰ সংখ্যা হ্ৰাস পোৱাতো নিশ্চিত। {{gap}}বিগত তেৰ বছৰৰ অসমীয়া ছবিবোৰত কাহিনীৰ বৈচিত্ৰতা লক্ষ্য কৰা যায়, নতুন নতুন পৰিচাল...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৬১
{{c|{{x-larger|'''সময়-বিৰোধী চলচ্চিত্ৰ মহোৎসৱ'''}}}} {{dhr}} {{gap}}‘ট্ৰেড-ফেয়াৰ’ এই শব্দ দুটা আজিৰ ব্যৱসায়িক পৃথিৱীত অতি চিনাকি আৰু পৰিচিত। ‘ট্ৰেড-ফেয়াৰ’ত হয় কি? একে ব্যৱসায়ৰ লগত জড়িত ব্যক্তিৰ আলাপ-আলোচনা, ভাব বিনিময়, উৎপাদিত সামগ্ৰীৰ প্ৰচাৰ-প্ৰদৰ্শন-বিক্ৰী ইত্যাদি। ব্যৱসায়ৰ বৰ্দ্ধন আৰু উন্নতিৰ বাবে এই ধৰণৰ ম...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৬২
{{rh||৫৩|}}
{{gap}}চলচ্চিত্ৰ মহোৎসৱ আয়োজন কৰাৰ কাৰণ হ’ল দেশৰ মানুহক আন্তৰ্জাতিক চলচ্চিত্ৰৰ ধাৰণা দিয়া, দেশৰ উৎকৃষ্ট ছবিবোৰক বিদেশী প্ৰতিনিধিৰ আগত প্ৰদৰ্শন কৰি দেশৰ ছবিক পৃথিৱীৰ পথলৈ আগবঢ়াই দিয়াৰ সুবিধা দিয়া, চলচ্চিত্ৰৰ স্ৰষ্টা আৰু ৰসগ্ৰাহীৰ মাজত ভাব- বিনিময়ৰ সুবিধা দিয়া। {{gap}}এটা সময় আছিল, যি সময়ত বিদেশৰ ছবি চাবলৈ পোৱা...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৬৩
{{rh||৫৪|}}
{{gap}}বিদেশী প্ৰতিনিধিসকলক আমন্ত্ৰণ কৰি আনি ৰাজকীয় আপ্যায়ণ দি ৰখাৰ কাৰণ হ’ল সেইসকলৰ সৌজন্যত ভাৰতীয় ছবিয়ে বিদেশৰ এখন বজাৰ লাভ কৰাৰ আশা। এৰা সম্পূৰ্ণ ব্যৱসায়িক আচৰণৰ বাহিৰে আন একো নহয়। চলচ্চিত্ৰ উদ্যোগৰ স্বাৰ্থত এনে ব্যৱসায়িক আচৰণৰ প্ৰয়োজন আছে; কিন্তু তাক মহোৎসৱৰ অংগ কৰাৰ প্ৰয়োজন কি? তাকতো সম্পূৰ্ণ ‘বিজনেচ টুৰ’...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৬৪
{{rh||৫৫|}}
বিদেশী ছবিপ্ৰদৰ্শনেৰে দৰ্শকৰ চলচ্চিত্ৰ ভাবনা উন্নত কৰাৰ এই যি চৰকাৰী প্ৰয়াস তাৰ সাফল্য বক্তৃতাৰ মাজতেই আবদ্ধ হৈ আছে। চলচ্চিত্ৰ সম্পৰ্কত চৰকাৰৰ যি নীতি, সেই নীতিয়ে দৰ্শকৰ ৰুচিবোধ উন্নত কৰাত সহায় কৰাৰ সলনি তাৰ বিপৰীতহে কৰি আছে। {{gap}}বিদেশী ছবি আমদানি কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ নীতি কি তাক জনা নগ’লেও সাধাৰণ দৰ্শকে অন...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৬৫
{{rh||৫৬|}}
এই ধৰণৰ আচঁনিবোৰৰ মাজত এটি আদৰ্শগত মিল বিচাৰি পোৱাটো সহজ হ’লহেঁতেন। {{gap}}সমগ্ৰিকভাৱে, চলচ্চিত্ৰ মহোৎসৱে ছবিৰ লগত জড়িত কিছুলোক আৰু এখন চহৰৰ দৰ্শকৰ বাবে আনন্দৰ বাৰ্তা বহণ কৰি আনিলেও বৃহত্তৰ সাধাৰণ দৰ্শকৰ বাবে এই মহোৎসৱবোৰ ফলপ্ৰসু হৈ উঠা নাই আৰু এই প্ৰচেষ্টাত নুঠিবও। মহোৎসৱ কেন্দ্ৰীয়ভাৱে এঠাইত উদ্‌যাপিত হ’ব পাৰে, কিন...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৬৬
{{c|{{x-larger|'''জাহ্নু বৰুৱাৰ চিনেমা'''}}}} {{dhr}} {{gap}}ছয়খন পূৰ্ণদৈৰ্ঘ্যৰ কাহিনী চিত্ৰৰ পৰিচালনাৰ কৃতিত্ব, সেই ছবিবোৰে সংগ্ৰহ কৰা বিভিন্ন বঁটা, বিভিন্ন দেশী-বিদেশী মহোৎসৱত ছবিবোৰ যোগদান আৰু বিভিন্ন সাক্ষাৎপ্ৰসংগত প্ৰদৰ্শন কৰা উপদেশ বৰ্ষণৰ ভংগীমা আদিৰে জাহ্নু বৰুৱা আজিৰ অসমত এজন বহু চৰ্চিত পৰিচালক। এবাৰ বছৰৰ শ্ৰে...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৬৭
{{rh||৫৮|}}
শিল্পৰ মহত্ব অনুভৱ কৰা যায়। {{gap}}চলচ্চিত্ৰ পৰিচালক এগৰাকীৰ বাবে অইনে কাহিনী ৰচনা কৰে, অইনে চিত্ৰনাট্য, সংলাপ ৰচনা কৰিব পাৰে, অভিনেতা-অভিনেত্ৰীয়ে সেইবোৰ অভিনয় কৰে, যান্ত্ৰিক দিশৰ কাৰিকৰসকলে চেলুলয়ডৰ বুকুত কাহিনীটোক প্ৰতিষ্ঠা কৰে। তেন্তে, এই কাৰিকৰসকলক নিৰ্দেশ দিয়া আৰু সেষ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাহিৰে পৰিচালক এজনৰ...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৬৮
{{rh||৫৯|}}
নতুন ব্যাখ্যাৰ পৰশ পোৱা নগ’ল যিয়ে দৰ্শক হৃদয় আলোড়িত কৰি তুলিব পাৰে। {{gap}}ইয়াৰ তুলনাত ‘পাপৰি’ত আছিল জাহ্নু বৰুৱাৰ মৌলিক চিন্তাৰ প্ৰতিফলন। এটা সাক্ষাৎ প্ৰসংগত পঢ়িবলৈ পোৱা মতে এটা সত্য ঘটনাই আছিল এই ছবিৰ বীজ। অসম আন্দোলনৰ এটা গুৰুত্বপূৰ্ণ অধ্যায়ক লোৱা হৈছিল এই কাহিনীৰ পটভূমিৰ সময় হিচাবে। সামগ্ৰিক ভাৱে এই ছবিখনেও...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৬৯
{{rh||৬০|}}
কৰিছিল। কিন্তু এই বঁটাইতো ছবিখনৰ শিল্পগত গাম্ভীৰ্য আৰু মূল্য বৃদ্ধি কৰিব নোৱাৰে। ৰাষ্ট্ৰীয় পুৰষ্কাৰ প্ৰাপ্ত বহু ছবি আমাৰ স্মৃতিপটৰ পৰা আঁতৰি গৈছে। হালধীয়া চৰায়ো.. এতিয়া ধূসব স্মৃতি মাথোন। {{gap}}‘বনানি’ ছবিখন নিৰ্মাণৰ আগত জাহ্নু বৰুৱাক লগ পাওতে তেওঁ কৈছিল যে অসমৰ বনাঞ্চলত চলি থকা ধ্বংসলীলাই তেওঁক এই ছবি নিৰ্মাণৰ ব...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৭০
{{rh||৬১|}}
অসমৰ গাওঁত ৰিক্সা, ভেনিটি বেগ, পইচাখোৱাই এটকা দাবী কৰা, হাতধৰা লিগিৰীৰ কুৰি টকা দৰমহা আদি প্ৰায় অকল্পনীয়। থলুৱা বহিৰাগত-বিচ্ছিন্নতাবাদ আদিৰ ধাৰণাও সেই সময়ৰ অসমত নাছিল। অসমৰ বাহিৰৰ দৰ্শক হিচাবে নিতে কল্পনা কৰি ল’ব পাৰিলে এইবোৰ খুটিনাটিয়ে আমাক বিৰক্ত নকৰিব। কিন্তু অসমৰ পটভূমিৰ অসমীয়া ছবি এখন চাই থাকোতে নিজকে অনা-অসম...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৭১
{{rh||৬২|}}
পাৰো ‘শ্বোলে’ ছবিখনৰ পিনে। এই ছবিত এটা বা দুটা দৃশ্যত ভুমুকি মৰা চৰিত্ৰ একোটিয়েও দৰ্শকৰ মনত স্থায়ীভাৱে ৰেখাপাত কৰি যাব পাৰিছিল। চিত্ৰনাট্যকাৰ আৰু পৰিচালক উভয়ৰে দক্ষতাৰ সম্মিলিত প্ৰচেষ্টাইহে এনে ফলৰ জন্ম দিব পাৰে। {{gap}}জাহ্নু বৰুৱাৰ ছবিৰ আন এটি পীড়াদায়ক অভিজ্ঞতা হ’ল ছবিবোৰত দেখা পোৱা আন ছবিৰ প্ৰতিফলন। অপৰূপা ছবি...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৭২
{{rh||৬৩|}}
আছে, কিন্তু তাৰ বাহিৰে দৃশ্য ৰচনাত আন পাৰ্থক্য বিশেষ নাই। {{gap}}এয়া দুটামান উদাহৰণ মাত্ৰ। ছবি চোৱাৰ অভিজ্ঞতা আমাৰ সীমিত, এই সীমিত অভিজ্ঞতাতেই ইমানবোৰ সাদৃশ্য চকুত পৰাটোত দৰ্শক হিচাবে আমি অকণো আনন্দিত হ’ব নোৱাৰো। এইটো ঠিক যে সাদৃশ্যগত উদাহৰণৰ বাবে আমি যিকেইখন ছবিৰ যি কেইটা দৃশ্যৰ কথা ক’লো সেই কেইটাই মন চুই গৈছিল বাবে...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৭৩
{{rh||৬৪|}}
সাধনাই আমাক উৎফুল্লিত আৰু তেওঁৰ প্ৰতি শ্ৰদ্ধাশীল কৰি তুলিছে। বক্স অফিচৰ চোতাল আন্দোলিত কৰাত বাৰে বাৰে তেওঁ ব্যৰ্থ হৈ আহিছে। তথাপিতো তেওঁ কেতিয়াও নিজ পথৰ পৰা বিচ্যুত হোৱা নাই। ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা বুটলি অনা বঁটাবোৰে তেওঁৰ কিৰিটিত একোটি সোণালী পাখি গুজি দিছে। কিন্তু যি ঠাইৰ মানুহৰ মুখৰ ভাষা আৰু অন্...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৭৪
{{c|{{x-larger|'''সাৰথি'''}}}} {{dhr}} {{c|'''এক'''}} {{gap}}সন্দেহাতীত ভাবেই ‘সাৰথি’ অসমীয়া ছবিৰ ইতিহাসৰ শ্ৰেষ্ঠতম ছবি। শিল্পৰ স্থায়িত্ব, মহত্ব আৰু গুৰুত্ব নিৰূপিত হয় মাত্ৰ এটা দিশেৰে- সেই দিশটো হ’ল শিল্পৰ মাজেৰে প্ৰতিভাত হোৱা জীৱন দৰ্শন। স্ৰষ্টাই জীৱনক কি ধৰণে গ্ৰহণ কৰিছে, দেখা পাইছে আৰু ব্যাখ্যা কৰিছে, সেই কথাটো ...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৭৫
{{rh||৬৬|}}
আহি আজি এইখিনি পালেহি। এনে প্ৰশ্ন প্ৰতিজন মানুহেই জীৱনত একোবাৰকৈ কৰে অন্ততঃ অতীতৰ পিনে উভতি চোৱাৰ সময়ত। ভৱিষ্যতৰ কথা মানুহে যিমানেই ভাৱে, সিমানেই অতীতলৈ উভতি চোৱাৰ প্ৰৱণতাই জুমুৰি মাৰি ধৰেহি, জীৱনৰ পোৱা-নোপোৱা হিচাব কৰোঁতে সদায়েই অতীতৰ কথাকেই তুলনাৰ ভিত্তি হিচাবে ধৰি লয়। ‘সাৰথি’ৰ নায়কৰ জৰিয়তে ড॰ শইকীয়াই এই গুৰুত্...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৭৬
{{rh||৬৭|}}
পৰা আহি নিজকে প্ৰতিস্থিত কৰিছে, পত্নী-পুত্ৰ-কন্যাৰ সুখ স্বাচ্ছন্দ্যৰ বাবে অপ্ৰাণ চেষ্টা কৰিছে, প্ৰত্যেককে সন্তুষ্ট কৰিব পৰাকৈ ঘৰটো সাজিছে, চাদ ঢালাই কৰা কামটোৰ আৰম্ভণি কৰিছে নিজৰ ধৰণে এটা মাংগলিক কাৰ্য আৰম্ভ কৰাৰ দৰেই আৰু অথচ চাদ ঢালাই, কাম চলি থাকোঁতেই মাজতে আহি তেওঁক খুন্দিয়াইছেহি মৃত্যু ভাৱনাই। আপাত দৃষ্টিত হাস্যৰস...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৭৭
{{rh||৬৮|}}
তীব্ৰতৰ কৰি তুলিছে। {{gap}}নিৰঞ্জন দত্তৰ স্বপ্নৰ ঘৰখননো কেনে আছিল সেই কথাটোৱে ছবিখনৰ এটি গুৰুত্বপূৰ্ণ অংশ আৱৰি আছে। যৌৱন কালত গাঁৱৰ হাইস্কুল এখনত শিক্ষকতা কৰি থাকোঁতে নিৰঞ্জন দত্তৰ যুৱতী সহকৰ্মী এজনীয়ে তেওঁৰ বাবে যথেষ্ট চিন্তা কৰিছিল, জীৱনৰ যাত্ৰা পথত সফলতা লাভ কৰাৰ বাবে সহায় কৰিছিল। কিবা কাৰণত দুয়োৰে মিলন সম্ভৱ হৈ...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৭৮
{{rh||৬৯|}}
এই ধাৰণা মানি চলা নাই। বাহ্যিক দৃষ্টিকোণৰ পৰা চালে হঠাৎ মানসিক প্ৰয়োজনত এই নাৰীৰ কল্পনা নিৰঞ্জন দত্তৰ বাবে সম্ভৱ যেন লাগে। কিন্তু অলপ গভীৰ ভাবে চালেই দেখা যাব যে মানসিক শূন্যতা পূৰণৰ সলনি দ্বিতীয় সুযোগৰ কল্পনাৰ বাবেই যে নিৰঞ্জন দত্তৰ মনলৈ এই নাৰী গৰাকীৰ আগমন ঘটিছে। হৈ যোৱা কোনো এটা কাম পুনৰ যদি নতুনকৈ আৰম্ভ কৰিব পৰা ...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৭৯
{{rh||৭০|}}
এই জটিল ছবিখন অতি সহজ সৰল ৰূপত প্ৰস্ফুটিত কৰিব পাৰিছে। ড॰ ভবেন্দ্ৰনাথ শইকীয়াৰ স্বৰচিত চিত্ৰনাট্যই এই সাফল্যত বৰঙণি যোগাইছে। {{gap}}ছবি আৰম্ভ হৈছে গুৱাহাটী মহানগৰী ঢাকি ধৰা সন্ধিয়াৰ দৃশ্যৰ মাজত। চাদ ধালাই কৰিবলৈ লোৱা ঘৰটোৰ চোতালত আমি নিৰঞ্জন দত্তৰ লগত মুখামুখি হৈছো তেওঁ পিচদিনাৰ কামৰ আয়োজনখিনি শেষবাৰৰ বাবে চকু ফুৰাই...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৮০
{{rh||৭১|}}
স্নান কৰি দিছে। {{gap}}দৃশ্য আৰু সংলাপ ৰচনাত মিতব্যয়ী আচৰণে যেনেদৰে চিত্ৰনাট্যখন নিৰ্মেদ আৰু আটিল কৰি তুলিছে, তেনেদৰে বিভিন্ন বিপৰীত সুৰৰ দৃশ্য ৰচনাই চিত্ৰনাট্যখন বহুমাত্ৰিক কৰি তোলাত সহায় কৰিছে। পক্ষপাতহীন বৰ্ণনা, ঈষৎ ব্যঙ্গ আৰু অনুৰণন তুলিব পৰা দৃশ্যৰ সমাবেশে চিত্ৰনাট্যখনক জীৱন্ত কৰি {{SIC|তলিছে|তুলিছে}}। {{gap}}...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৮১
{{rh||৭২|}}
লাগিছিল। কিন্তু পৰিচালক ড॰ ভবেন্দ্ৰনাথ শইকীয়াই ইয়াকে নকৰি ইয়াৰ বিপৰীতটো কৰোৱাৰ কাৰণ হ’ল বৈপৰীত্যৰ মাজেৰে চৰিত্ৰটিক অধিক সংবেদনশীল কৰি তোলা। এই বৈপৰীত্যৰ মাজেৰে মানৱ জীৱনৰ আৰু এটি গভীৰ সংকট প্ৰকাশ পাইছে, যিটো চেক্সপিয়েৰৰ অথেলো নাটৰ ইয়াগোই কৈছিল- I am not what I am আজিও এইটোৱেই সত্য। বাহিৰৰ পৰা দেখা মানুহজন আচল মানু...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৮২
{{rh||৭২|}}
নিৰঞ্জন দত্তৰ ঘৰটোৰ চাদ ঢালাই কৰা কাম শেষ হ’ল। কাম শেষ হোৱাৰ পিচত তেওঁৰ মনটো মুকলি মুকলি লাগিল। ঘৰলৈ আহি হঠাৎ তেওঁ অনুভব কৰিলে যে দিনটোত তেওঁৰ একোকে খোৱা নহ’ল। ৰাতিপুৱা কামলৈ যাওঁতে তেওঁ নিজে টিফিন কেৰিয়াৰ এটা বিচাৰি উলিয়াই থৈ গৈছিল, দুপৰীয়া টিফিন কেৰিয়াৰটোত খোৱা বস্তু ভৰাই তেওঁলৈ পঠিয়াই দিয়াৰ কথা আছিল কিন্তু নিজ...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৮৩
{{rh||৭৪|}}
{{c|{{x-larger|'''‘আৱৰ্তন’'''}}}} {{dhr}} {{c|'''এক'''}} {{gap}}ভাৰতৰ নব্যধাৰাৰ ছবিৰ অধিকসংখ্যক পৰিচালকেই কেইখনমান ছবি নিৰ্মাণ কৰি উঠিয়েই স্থবিৰ অৱস্থাত উপনীত হয়। শিল্পী এজনে গতিশীল অৱস্থাত থাকিবলৈ যি ধৰণৰ বৰ্ধনৰ প্ৰয়োজন হয়, তাৰ অভাবেই এই স্থবিৰতা আনি দিয়ে। জীৱনৰ গভীৰ সত্য সন্ধান স্পৃহাইহে এই গতিশীলতা অক্ষুন্ন ৰাখ...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৮৪
{{rh||৭৫|}}
বাবেই কাহিনী কথনৰ উপৰুৱা আৱৰণ এটি পৰিত্যাগ কৰা নাছিল। ‘আৱৰ্তন’-এ এই ধৰাণা অধিক দৃঢ় ৰূপত প্ৰতিষ্ঠিত কৰিলে। {{gap}}‘আৱৰ্তন'ৰ বাবে ডঃ শইকীয়াই কোনো পুৰণি গল্পৰ আশ্ৰয় লোৱা নাই। তেখেতৰ অলেখ সুলিখিত গল্পৰ মাজত চলচ্চিত্ৰ উপযোগী গল্পৰ নিশ্চয় অভাৱ হোৱা নাই। তেন্তে কিয় ‘আৱৰ্তন'ৰ বাবে সম্পূৰ্ণ নতুন কাহিনীৰ চিত্ৰনাট্য ৰচনাৰ ক...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৮৫
{{rh||৭৬|}}
তেওঁক থিয়েটাৰৰ পৰা বাদ দিব নিবিচাৰিলে। নিজৰ স্বাৰ্থত আঘাত লাগিব পাৰে বাবে ইমান দিনে সহজ-সৰল ভদ্ৰলোকৰ স্বৰূপ দেখুৱাই অহা প্ৰযোজকে ৰুদ্ৰমূৰ্তি ধাৰণ কৰি উঠিল। বাধা আহিল থিয়েটাৰৰ মূল অভিনেতা গৰাকীৰ পৰা— যিগৰাকী বিবাহিত অভিনেতাই এই অভিনেত্ৰী গৰাকীক মাজে-সময়ে ৰক্ষিতাৰ দৰে ব্যৱহাৰ কৰি আছিল; বাধা আহিল অভিনেত্ৰী গৰাকীৰ পৰিয়...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৮৬
{{rh||৭৭|}}
ক্ষমতাৰ দ্বাৰা পৰিয়ালটিৰ প্ৰতিজন সদস্য উপকৃত হৈছে, নিজৰ পৰিয়ালৰ সদস্য হলেও তেওঁৰ লগত ঘৰৰ কাৰো আত্মিক সম্পৰ্ক নাই, সম্পৰ্ক মাথোন তেওঁ উপাৰ্জন কৰা টকাকেইটিৰ লগতহে। অৰ্থনৈতিক সম্পৰ্কই যে পাৰিবাৰিক সম্পৰ্কৰ বান্ধোনৰ ওপৰত বিচৰণ কৰিছে এই ক্ৰুৰ সত্য হয়তো সকলোৱে সহজে হজম কৰিবলৈ টান পাব, কিন্তু ই কাহিনীকাৰ, চিত্ৰনাট্যকাৰৰ ব...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৮৭
{{rh||৭৮|}}
মানুহক সহায় কৰিব পাৰে— এই আশাবাদী ধাৰণাৰ প্ৰকাশেৰে ছবিখনৰ সামৰণি মৰা হৈছে। {{dhr}} {{center|'''দুই'''}} <br/> {{gap}}‘আৱৰ্তন’ৰ সৰ্বাধিক শক্তিশালী অংগটো হ’ল চিত্ৰনাট্য। {{gap}}এটা বাছ যাত্ৰাৰে ছবি আৰম্ভ হৈছে। গুৱাহাটীৰ পাঞ্জাবাৰী বাছ আস্থানৰ পৰা পাঠশালা অভিমুখে যোৱা বাছত ওচৰা-ওচৰি আসনত বহিছে অভিনেত্ৰীগৰাকী আৰু অভিযন্ত...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৮৮
{{rh||৭৯|}}
অবিৰ্ভাৱ ঘটিছে⸺ আখৰাই গতি লৈছে⸺ তাৰ লগে লগে নানান সমস্যাই নায়িকাক বিব্ৰত কৰিছে ⸺ থিয়েটাৰৰ প্ৰস্তুতি শেষ পৰ্যায়ৰ ষ্টেজ ৰিহাৰ্চেলৰ সময়তে নায়িকাই প্ৰথম বাৰৰ বাবে প্ৰযোজকৰ লগত মুখামুখি দ্বন্দত অবতীৰ্ণ হৈছে ⸺ এয়াই চূড়ান্ত দ্বন্দ। {{gap}}চৰিত্ৰ চিত্ৰায়ণৰ ক্ষেত্ৰত চিত্ৰনাট্যকাৰে অদ্ভুত পৰিমিতি বোধৰ পৰিচয় দিছে। চিত্ৰ...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৮৯
{{rh||৮০|}}
দক্ষতাৰ কথা পুনৰ কোৱাৰ প্ৰয়োজন নাই। এই ছবিৰ সংলাপত সেই দক্ষতাই পূৰ্ব কৃতিত্বক চেৰ পেলাই গৈছে। {{gap}}বহু সমালোচকে আপত্তি কৰে যে ডঃ শইকীয়াৰ ছবিৰ শেষ দৃশ্যৰ সংলাপৰ প্ৰয়োগে ছবিৰ দৃশ্যগত সৌন্দৰ্য ম্লান কৰি পেলায়। এই অভিযোগ অস্বীকাৰ কৰিব নোৱাৰি; কিন্তু ‘আৱৰ্তন’ সংলাপেৰে শেষ হোৱা নাই, শেষ হৈছে চেকভৰ গল্পৰ দৰে চমৎকাৰ চমক...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৯০
{{rh||৮১|}}
চৰিত্ৰ, আচল স্বৰূপ। ‘আৱৰ্তন’ ছবিৰ চৰিত্ৰবোৰো এই দৰ্শনৰ পোহৰেৰে বিচাৰ কৰা হৈছে। প্ৰতিজন মানুহৰে বাহ্যিক ৰূপটো বেলেগ, আচল ৰূপটো বেলেগ, বাস্তবৰ মুখামুখি হওঁতেহে মানুহবোৰৰ আচল ৰূপটো বাহিৰলৈ ওলাই আহে। নাট্যদল এটি কাৰ্যকলাপ কাহিনীৰ পটভূমি হিচাবে নিৰ্বাচন কৰাৰ ফলত চিত্ৰনাট্যকাৰে বক্তব্য প্ৰকাশ কৰোতে আন এটি যাত্ৰাৰ সংযোজন ঘটাব...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৯১
{{rh||৮২|}}
প্ৰকাশ কৰিব পৰা অভিনেত্ৰী একোগৰাকীয়ে এই চৰিত্ৰটি স্মৰণীয় অভিনয়ৰ পৰ্যায়লৈ লৈ যাব পাৰিলেহেঁতেন। {{gap}}তুলনামূলকভাবে অভিযন্তা গৰকীৰ চৰিত্ৰত তপন দাসৰ অভিনয় অধিক গভীৰ। পৰ্দাত অতি কম সময় থাকিও দৰ্শকৰ মনত চাপ ৰাখি যাব পৰা অভিনয় কৰি তপন দাসে নিজৰ দক্ষতা প্ৰতিপন্ন কৰিব পাৰিছে। আগৰ বহু ছবিত দেখা ‘মেনাৰিজম’ৰ পৰা তপন দাস ...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৯২
{{rh||৮৩|}}
{{gap}}বক্তব্যৰ ক্ষেত্ৰত আধুনিক আৰু প্ৰথাবিৰোধী হ’লেও ছবিৰ কাৰিকৰী দিশত ডঃ শইকীয়াৰ আচৰণ সদায়েই সংৰক্ষণশীল। ছবিৰ দৃশ্যগ্ৰহণ, সম্পাদনা আদিৰ ক্ষেত্ৰত যি পৰিবৰ্তনৰ বতাহ বলিছে, ডঃ শইকীয়াৰ দৰে আধুনিক মনৰ মানুহে তাৰ আমন্ত্ৰণ আৰু কিমান দিন নেওচি থাকিব পাৰিব? {{gap}}এটা কথা ঠিক যে শিল্পৰ স্থায়িত্ব নিৰ্ভৰ কৰে শিল্পৰ মাজেৰে ...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৯৫
{{c|{{x-larger|'''তৃষ্ণা'''}}}} {{dhr}} {{gap}}গুৱাহাটী দূৰদৰ্শনৰ দ্বাৰা প্ৰযোজিত প্ৰায় পঞ্চলিছ মিনিট দৈৰ্ঘৰ ‘তৃষ্ণা’ নামৰ ছবিখনৰ পৰিচালকগৰাকী হ’ল সাগৰ সংগম চৰকাৰ। সম্ভৱতঃ বয়সৰ জোখেৰে সাগৰ সংগম চৰকাৰেই অসমৰ সৰ্বকনিষ্ঠ চলচ্চিত্ৰ পৰিচালক আৰু কলাগত নৈপুণ্যৰ দিশৰ পৰা প্ৰথম শাৰীৰ মুষ্টিমেয় পৰিচালককেইগৰাকীৰ এজন। নিজৰ অন্ত...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৯৬
{{rh||৮৫|}}
বয়স পাৰ হৈ যাব খোজা এগৰাকী যুৱতীৰ বিয়াৰ সমস্যা। অসমৰ পটভূমিৰ এটা চিনাকি সমস্যা। “নাই, এই সমস্যাটো মই ছবিত দাঙি ধৰিব খোজা নাই। মই দাঙি ধৰিলে ইচ্ছা কৰিছোঁ সেই ছোৱালীজনীৰ মনৰ গোপন কামন-বাসনাবোৰৰ দ্বন্দ্ব”⸺ সাগৰে কয়। — “মই গল্পৰ মূল সমস্যা আৰু চৰিত্ৰবোৰ একেই ৰাখি ছোৱালীজনীৰ মনৰ দুৱাৰবোৰ এখন এখনকৈ খুলি যাবলৈ চেষ্টা কৰিছো...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৯৭
{{rh||৮৬|}}
পোৱাৰ লগে লগে যুৱকৰ সমগ্ৰ মন আৰু দেহ সমৰ্পিত হৈছে যুৱতীৰ ওচৰত। অথচ তাৰ আগলৈকে যুৱক প্ৰায় উদাসীন, যুৱতীৰ মৃদু ইংগিতবোৰ যেন তেওঁৰ অনুভূতিৰ স্পৰ্শৰ বাহিৰৰ। {{gap}}এই সম্পূৰ্ণ দৃশ্যটোত আদিৰসৰ প্ৰাধান্য আছে। পৰিচালকে এই আদিৰসক দেহসৰ্বস্ব কৰি তোলা নাই। অভাৱনীয় সংযমেৰে পৰিচালকে এই দৃশ্যবোৰ উপস্থাপন কৰিছে আৰু এই সংযমৰ নেপথ্...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৯৮
{{rh||৮৭|}}
এটুকুৰাৰ প্ৰয়োজন হ’ল। নায়িকাই গাত লৈ থকা শ্বালখন আঁতৰাই নিজৰ দেহৰ চাদৰৰ আচলটোৰে লাইটটো ঢাকি দিলে। দেহৰ পৰা চাদৰৰ আচল নমোৱাটো যথেষ্ট অৰ্থবহ। সামান্যতম অশালীন নকৰাকৈ নায়িকাই আচলটো নমাইছে, নমোৱাৰ আগতে ভাবিছে;- নমাব নে ননমাব। এই ভাবটো প্ৰকাশ কৰা হৈছে মাথোন অংগীভংগীৰ মাজেৰে। নায়িকাই চাদৰ নমাই লাইটটো ঢাকি দিছে;- কিছু সময...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৯৯
{{rh||৮৮|}}
তুলিবলৈ নায়ক যাবলৈ ওলায়, সংক্ষিপ্ত সংলাপত নায়িকাই কয়— ঘটনাটো মনত নাৰাখিবলৈ, যান্ত্ৰিকভাবে নায়ক গুচি যায়। {{gap}}ওপৰত আলোচনা কৰা দৃশ্যটো পৰিচালকে দুভাগত বিভক্ত কৰি লৈছে। প্ৰথম ভাগটোত চৰিত্ৰ আৰু কেমেৰাৰ যথেষ্ট মুভমেণ্ট আছে আৰু দ্বিতীয় ভাগটো আৰম্ভ হৈছে স্থিৰ শ্বটেৰে। দৃশ্যগ্ৰহণৰ এই আংগিকতাত কৌশলেৰে পৰিচালকে তেওঁৰ ...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/১০০
{{rh||৮৯|}}
সৰু দৃশ্য আৰু সংক্ষিপ্ত সংলাপেৰে পৰিচালকে দাঙি ধৰিছে। এক কথাত, তৃষ্ণা হ’ল সামাজিক নৈতিকতাবোধ আৰু ব্যক্তিগত কামনা- বাসনাৰ দ্বন্দ্বৰ ছবি। {{gap}}যুৱতীগৰাকীৰ চৰিত্ৰত মলয়া গোস্বামীয়ে কৰা অভিনয় ছবিখনৰ অন্যতম সম্পদ। সীমিত মুভমেণ্টৰ মাজত থাকিও মলয়া গোস্বামীয়ে চকুৱে মুখে অনুভূতি যি তীব্ৰতা সংবেদনশীল ৰূপত প্ৰকাশ কৰিছে তাৰ...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/১০১
{{c|{{x-larger|'''ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ’৯১'''}}}} {{dhr}} {{gap}}দুবছৰমান আগতে, চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা ঘোষণা কৰাৰ আগতেই আমি আশংকা প্ৰকাশ কৰিছিলো যে এই প্ৰতিযোগিতাত স্বাৰ্থপৰ মানুহৰ হাতত আদুৰ গোপালকৃষ্ণনৰ ছবি উপযুক্ত মৰ্যদাৰ বাহিৰত ৰৈ যাব পাৰে। আমাৰ অনুমান পাছত সত্য বুলি প্ৰমাণিত হৈছিল। চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁ...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/১০২
{{rh||৯১|}}
প্ৰতিযোগিতাত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ মুখামুখি হৈয়ো, শেষত জুৰিব'ৰ্ডৰ অযুক্তিকৰ যুক্তিৰ বাবে তেওঁ বঁটা লাভৰ পৰা বঞ্চিত হয়। এইবাৰ কিন্তু মলয়া গোস্বামীয়ে কোনো প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন নোহোৱাকৈয়ে পুৰস্কাৰ অৰ্জন কৰে। জুৰিব'ৰ্ডৰ এগৰাকী সদস্যৰ মতে ‘অগ্নিস্নান’ৰ সেই অভিনয় স্মৃতিয়েও জুৰিৰ সদস্যসকলক প্ৰভাৱিত কৰিছিল। {{g...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/১০৩
{{rh||৯২|}}
মোহনলালে। যোৱা বছৰেই মোহনলালে 'বাস্তুহাৰা’ ছবিত কৰা অভিনয়ৰ বাবে এই বটাৰ বাবে বিবেচিত হ'ব লাগিছিল যদিও যোৱা বছৰৰ জুৰিব’ৰ্ড সভাপতি অশোক কুমাৰৰ হস্তক্ষেপত সেই বঁটা অৰ্জন কৰে অমিতাভ বচ্চনে। অৱশ্যে এটাই সান্তনা যে মলয়া গোস্বামীয়ে অগ্নিস্নানেৰে কৰা আলোড়নৰ ফল পাছত লাভ কৰাৰ দৰে সাৰথিৰ অৰুণ নাথেও ভৱিষ্যত সম্ভাৱনাৰ বীজ ৰোপণ ...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/১০৪
{{rh||৯৩|}}
গুৰুত্বহীন কৰি পেলাইছে। পংকজ পৰাশৰ ইন্সটিটিউটৰ কৃতী ছাত্ৰ হ'লেও তেওঁৰ যোগাযোগ ‘কমাৰ্ছিয়েল' ছবিৰ লগতহে! কমাৰ্ছিয়েল ছবিৰ পক্ষত থকা বাবেই ‘নায়কন’ খ্যাত মণিৰত্নমৰ 'দলপতি' ছবিখনকো কোনো ধৰণৰ গুৰুত্ব দিয়া নহ'ল। অথচ অইন হলেও অভিনয় আৰু কাৰিকৰী দিশত মণিৰত্নমৰ ছবিয়ে সহজে পুৰস্কাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ যোগ্যতা বহন কৰে।...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/১০৫
{{rh||৯৪|}}
নামৰ ছবি দুখন প্ৰতিযোগিতাৰ প্ৰথম বাছনিতেই নাকচ কৰা হয়। আন্তৰ্জাতিক শিশু ছবি মহোৎসৱত প্ৰদৰ্শিত ছবিও প্ৰথম বাছনিত নাকচ হোৱা উদাহৰণ এইবাৰ স্থাপিত হয়। তেনেদৰে জুৰিৰ সদস্যৰ প্ৰভাৱৰ বাবে প্ৰথম বাছনিত নাকচ হৈ যোৱা ছবিকো পুনৰ প্ৰদৰ্শন কৰি পুৰস্কাৰ দিয়া ঘটনাও এইবাৰ ঘটিছে। {{gap}}এতিয়া প্ৰবন্ধৰ আৰম্ভণিতেই উল্লেখ কৰা অভিযোগট...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/১০৬
{{rh||৯৫|}}
নায়াৰৰ সংক্ষিপ্ত চিনাকি দিয়াটো উচিত হ’ব বুলি ধাৰণা হ’ল। সাহিত্য একাডেমিৰ পুৰস্কাৰ বিজেতা সাহিত্যিক বাসুদেৱন নায়াৰ বৰ্তমানে কেৰালাৰ বিখ্যাত সংবাদপত্ৰ প্ৰতিষ্ঠান ‘মাতৃভূমি’ৰ তিনিখন আলোচনীৰ সম্পাদক। ত্ৰিছখনৰো অধিক চিত্ৰনাট্য ৰচনা কৰা বাসুদেবন নায়াৰে প্ৰথম ছবি ‘নিৰ্মালম্য’ৰে শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। পৰি...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/১০৭
{{c|{{x-larger|'''ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ’৯৪'''}}}} {{dhr}} {{gap}}ইণ্ডিয়ান পেন’ৰামাৰ ছবিসমূহ আৰু ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত ছবিসমূহৰ মাজত সাধাৰণতে কিছু মিল দেখা যায়। ইণ্ডিয়ান পেন’ৰামাৰ বাবে ছবি নিৰ্বাচন কৰা হয় এটা বছৰৰ এক ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰি পিচৰ বছৰটোৰ ৩১ আগষ্টৰ ভিতৰত চেন্সৰ হোৱা ছবিসমূহৰ মাজৰ পৰা। ৰাষ্ট্ৰ...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/১০৮
{{rh||৯৭|}}
(বিধু বিনোদ চোপ্ৰা) আৰু “সম্মোহনম” (চি, পি, পদ্মকুমাৰ)। ইয়াৰ বিপৰীতে, পেন’ৰামাত অন্তৰ্ভুক্ত নোহোৱা কিন্তু ৰাষ্ট্ৰীয় বঁটা অৰ্জন কৰা ছবি কেইখন হ’ল ‘উনিশ এপ্ৰিল’ (ঋতুপৰ্ণ ঘোষ), ‘সাগৰলৈ বহু দূৰ’ (জাহ্নু বৰুৱা), ‘মোঘামূল’ (জ্ঞান ৰাজশেখৰণ), ‘হম আপকে হ্যে কৌন’ (সুৰজ বৰজাত্য), ‘ক্ৰান্তিবীৰ’ (মেহুল কুমাৰ), ‘নাম্বাৱাৰ’ (কে. চি...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/১০৯
{{rh||৯৮|}}
নিৰ্বাচন। {{gap}}৪২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ তালিকাখনলৈ চালে দেখা যাব যে অধিকাংশ বঁটাই হস্তগত কৰিছে দক্ষিণ ভাৰতীয় ছবিবোৰে। চলচ্চিত্ৰৰ নিৰ্মাণ শৈলী, কাৰিকৰী দক্ষতা আৰু বিশেষকৈ তামিল আৰু মালায়লম ছবিৰ আন ভাৰতীয় ছবিবোৰতকৈ বহু দূৰ আগবাঢ়ি গৈছে তাত কোনো সন্দেহ নাই। গভীৰ জীৱন বোধৰ ছবিয়েই হওক বা বিনোদনধৰ্মী ছবিয়েই হও...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/১১০
{{rh||৯৯|}}
ব্যক্তিত্বই জুৰীব’ৰ্ডৰ সমদস্যসকলক প্ৰভাৱিত কৰাৰ থল নথকা নহয়। জুৰীব’ৰ্ডৰ প্ৰায় সংখ্যক সদস্যৰ লগতেই চিত্ৰনিৰ্মাতাসকলৰ সম্পৰ্ক থাকে, সদস্যসকলৰ অধিকাংশই নিজেও চিত্ৰনিৰ্মাতা-অভিনেতা আদি হোৱা বাবে বহু সদস্যই নিজৰ নিজৰ প্ৰিয় ছবি বা প্ৰিয় পৰিচালকৰ পিনে আগ্ৰহী হোৱাটো অস্বাভাৱিক নহয়। এবাৰ জুৰীব’ৰ্ডৰ সদস্য হোৱা অভিজ্ঞতা থকা ...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/১১১
{{rh||১০০|}}
পুৰস্কাৰ একো আচৰিত নহয়। শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা বিজেতা কেৰালাৰ বিশিষ্ট সাহিত্যিক আৰু সাংবাদিক এম টি বাসুদেবন নায়াৰে ইয়াৰ আগতে বহুবাৰ শ্ৰেষ্ঠ চিত্ৰনাট্যৰ পুৰস্কাৰ অৰ্জন কৰিছে, ‘নিৰ্মালাম’ নামৰ ছবিৰে শ্ৰেষ্ঠ ছবিৰ বঁটা অৰ্জন কৰিছে, তেওঁৰ ‘কাডাভু' নামৰ ছবিখনে দেশ আৰু বিদেশৰ মহোৎসৱত প্ৰশংসা অৰ্জন কৰিছে। {{gap}}তিনিটা ব...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/১১২
{{rh||১০১|}}
অভিনয়ৰ বাবে বিষ্ণু খাৰঘৰীয়াই লাভ কৰা বিশেষ বঁটা সমগ্ৰ উত্তৰ- পূৰ্বাঞ্চলৰ বাবেই আশাৰ বতৰা। শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা বিজয়ীনী দেবশ্ৰী ৰায়ৰ বিষয়েও একেই কথাকে ক’ব পাৰি। {{gap}}‘হাম আপকে হ্যেয় কৌন’ নিসন্দেহে জনপ্ৰিয় ছবি। ইয়াৰ বিনোদন মূল্যও অস্বীকাৰ কৰিব নোৱাৰি। কিন্তু অকল গীত নিৰ্ভৰ, সাধাৰণ বিষয়বস্তুৰ আৰু আওপুৰণি ধৰ...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/১১৩
{{rh||১০২|}}
এতিয়া অভিনয় কৰিব পৰা হিৰোৰ বৰ অভাব—— এই বাবেই নানাই ‘ফিল্মফেয়াৰ’ আৰু ‘স্ক্ৰিন পেনাছনিক এৱাৰ্ড’ পোৱা বুলি অনুমান কৰিছিল। এইবাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰেৰেও বোম্বাইৰ এই নতুন হিৰোৰ গাত {{SIC|মৰ্যদা|মৰ্যাদা}} আৰোপ কৰিব বিচৰা যেনেই লাগে। {{gap}}সহ-অভিনেতাৰ বঁটা বিজয়ী আশীষ বিদ্যাৰ্থীও ছবিজগতত নতুন। এওঁ বঁটা পাইছে গোবিন্দ নিহ...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/১১৪
{{rh||১০৩|}}
বঁটাবোৰ স্পৰ্শ কৰিব পৰা নাই। ইয়াৰ ৰহস্য সাধাৰণ চিত্ৰৰসিকৰ বোধগম্যতাৰ বহু আঁতৰত ৰৈ যায়। ৰাষ্ট্ৰীয় বঁটাৰ ক্ষেত্ৰত প্ৰতিবছৰেই উত্থাপিত হোৱা এনে বিতৰ্কবোৰৰ কিছু হ’লেও অবসান ঘটাবলৈ বিচাৰকসকলৰ বাবে এখন স্পষ্ট নিৰ্দেশনামা থকাটো উচিত বুলি আজি বহু চিত্ৰনিৰ্মাতাই উপলব্ধি কৰিছে। অন্যথাই চলচিত্ৰৰ বাবে প্ৰদান কৰা দেশৰ এই সৰ্বোচ্...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/১১৫
{{c|{{x-larger|'''বিপৰ্যস্ত বলিউড'''}}<br/>'''এক'''}} {{dhr}} {{gap}}পুৰুষ-শাসিত সমাজত যি নাৰীতে কম সময়ৰ ভিতৰতে সাফল্যৰ জখলাৰে ওপৰলৈ যাবলৈ বিচাৰে, তেওঁৰ হাতবেগত দুবিধ টেবলেট সদায় মজুত থাকে; —এবিধ টোপনি অহা টেবলেট, আনবিধ হ’ল গৰ্ভ-নিৰোধক টেবলেট। এই মন্তব্য আছিল এগৰাকী বিখ্যাত মহিলা সাংবাদিকৰ। তেওঁ এই মন্তব্য কৰিছিল চিত...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/১১৬
{{rh||১০৫|}}
হৈ পৰিছিল জনপ্ৰিয় অভিনেত্ৰী। তামিল ছবিত আত্মপ্ৰকাশ কৰা দিব্যাক হিন্দী ছবিজগতলৈ আনিছিল ‘বিশ্বাত্মা’ ছবিৰ পৰচালক ৰাজীৱ ৰায়ে। বক্স অফিচত বিশ্বাত্মাৰ আবেদন আছিল সীমিত; কিন্তু সুগঠিত দেহ আৰু সেই দেহৰ কৌশলী প্ৰদৰ্শনৰ বাবে দিব্যা প্ৰযোজক-পৰিচালক মহলত চৰ্চিত হৈছিল। তেওঁৰ হাতলৈ ছবি আহিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ পাছত ‘শ্বোলে ঔৰ শ...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/১১৭
{{rh||১০৬|}}
যোৱা পাঁচ এপ্ৰিলৰ নিশা আন্ধেৰিৰ তুলসী এপাৰ্টমেণ্টৰ ছয় মহলাৰ ফ্লেটৰ পৰা তললৈ সৰি পৰিছিল। দিব্যাৰ মৃত্যুৰ লগে লগে দিব্যাই কাম কৰি থকা চৈধ্যখন ছবি আৰু সেই ছবিত বিনিয়োগ কৰা বহুকোটি টকাৰ ভৱিষ্যত অনিশ্চয়তাৰ গভীৰতাত ডুবি গৈছিল। আঠখন ছবি আছিল প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত; —যিকেইখন অতি কমেও এক কোটি টকাকৈ পুনৰ খৰচ কৰিব লাগিব— ছব...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/১১৮
{{rh||১০৭|}}
ধন ব্যয় কৰি নিৰ্মাণ কৰিছিল ‘তিসৰী কসম' নামৰ ছবিখন। গুণগত দিশত সম্মান অৰ্জন কৰিলেও ছবিখন বক্স অফিচৰ দিশৰ পৰা আছিল অতি শোচনীয়ভাৱে ব্যৰ্থ। অৰ্থনৈতিকভাৱে বিধ্বস্ত হোৱা শৈলেন্দ্ৰই এই অৱস্থা পাহৰি থাকিবলৈ আশ্ৰয় লৈছিল মদৰ আৰু মদেই তেওঁৰ শেষ আশ্ৰয় হ’লগৈ। {{gap}}প্যাসা, কাগজ কে ফুলৰ গুৰুদত্তৰ পাৰিবাৰিক জীৱন আছিল অশান্তিৰে ...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/১১৯
{{rh||১০৮|}}
{{gap}}সেই দশাই এতিয়া হৈছেগৈ জে. পি. দত্তাৰ। চিত্ৰ পৰিচালক হিচাপে ঈৰ্ষণীয় দক্ষতা প্ৰদৰ্শন কৰাৰ পাছতো জে. পি. দত্তাৰ কেইবাখনো ছবিয়ে বক্স-অফিছত কোনো আলোড়নৰ সৃষ্টি কৰিব পৰা নাছিল। এওঁৰ শেহতীয়া ছবি পাঁচ কোটি টকা ব্যয়ৰ ‘ক্ষত্ৰিয়’ই লাভৰ মুখ দেখুৱাবলৈ আৰম্ভ কৰিছিল। ছবি ৰিলিজ হোৱাৰ আগতেই পৰিবেশকৰ লগত হোৱা লেনদেনতেই ছবিখ...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/১২০
{{rh||১০৯|}}
সূত্ৰই এতিয়াও প্ৰকাশ কৰা নাই। সঞ্জয়ৰ পিতৃ কংগ্ৰেছী নেতা সুনীল দত্তৰ প্ৰভাৱী হাতেও তেওঁক আৰক্ষীৰ হাতৰ পৰা ৰক্ষা কৰিব পৰা নাই। {{gap}}বোম্বাইৰ বোমা বিস্ফোৰণৰ লগত জড়িত মেমনভাতৃ আৰু সেই ঘটনাৰ মূল মস্তিষ্ক ডুবাইৰ অন্ধকাৰ জগতৰ ৰজা ডাউড ইব্ৰাহিমৰ লগত যে সঞ্জয়ৰ ঘনিষ্ঠ সম্পৰ্ক আছে, সেই কথা প্ৰকাশ পোৱাৰ লগে লগেই সঞ্জয়ক ‘দে...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/১২১
{{rh||১১০|}}
তুলিছে যদিও চলচ্চিত্ৰ প্ৰযোজক সংস্থাই এই বিষয়ে খাটাং সিদ্ধান্ত ল’ব পৰা নাই। এই ছবিবোৰত বিনিয়োগ হোৱা টকাৰ পৰিমাণ, প্ৰযোজক- সহশিল্পী আদিৰ স্বাৰ্থলৈ চাই প্ৰযোজক সংস্থাই কোনো সিদ্ধান্ত লোৱা নাই যদিও বিচাৰ শেষ নোহোৱা পৰ্যন্ত আত্মপ্ৰকাশ কৰিব পাৰিব তাত সন্দেহ আছে। বোম্বাইৰ বোমা বিস্ফোৰণৰ ঘটনাত সঞ্জয় {{SIC|জৰিত|জড়িত}} বুলি...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/১২২
{{rh||১১১|}}
মস্তানৰ ভৰিৰ ওচৰত বহি আছে হিন্দী ছবি জগতৰ বিখ্যাত অভিনেতা- পৰিচালক-প্ৰযোজক ৰাজকাপুৰ। সেই সময়তে প্ৰচাৰিত এটা সংবাদ আছিল— মেৰা নাম জোকাৰ ব্যৱসায়িক দিশত বিধ্বস্ত হোৱাৰ পাছত ৰাজকাপুৰ অৰ্থবল যেতিয়া শূন্য হৈ পৰিছিল, তেতিয়া হাজী মস্তানৰ অৰ্থ সাহায্যৰে ৰাজকাপুৰে নিৰ্মাণ কৰিছিল ‘ববি’। আনপিনে প্ৰযোজক গুলশ্বন ৰায়ে হাজী মস্তা...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/১২৩
{{rh||১১২|}}
সুযোগ দিয়াৰ বাবে অন্ধকাৰ জগতৰ এই লোকসকল ছবি প্ৰযোজনাৰ বাবে আগবাঢ়ি আহে। তেওঁলোকে নিজৰ নামত ছবি প্ৰযোজনা নকৰিলেও অইন এজেন্টৰ হতুৱাই ছবি প্ৰযোজনা কৰে। ইয়াৰ সুন্দৰ উদাহৰণ হল ডাউড ইব্ৰাহিমৰ সহযোগী সমীৰ হিংগোৰাই প্ৰযোজনা কৰা ছবি ‘চনম’,— যাৰ নায়ক সঞ্জয় দত্ত। {{gap}}লেখক-প্ৰযোজক-পৰিচালক সুভাষ ঘায়ে স্পষ্ট ভাষাৰে অভিযোগ ক...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/১২৪
{{c|{{x-larger|'''হলিউডৰ আকাশত ভাৰতীয় তৰা'''}}}} {{dhr}} {{gap}}খ্যাতনাম চিত্ৰনাট্যকাৰ শচীন ভৌমিকে লণ্ডনৰ পৰা নতুন কিতাপ এখন লৈ আহিছিল, নাম ‘মেন, ওমেন এও চাইল্ড’। লেখক ‘লাভষ্টৰি’ লেখি বিখ্যাত হোৱা এৰিক চেগাল। কিতাপখন পঢ়ি তেওঁ খুব ভাল পালে, স্মিতা পাতিলক কাহিনীটো ক’লে, হৃষিকেশ মুখাৰ্জীক ক’লে। ঠিক হ’ল সেই কাহিনীৰ অৱলম্...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/১২৫
{{rh||১১৪|}}
মাজত তেওঁৰ জীৱন সুন্দৰভাবেই অতিবাহিত হৈছিল। {{gap}}কুন্দন শ্বাহে এবাৰ কৈছিল — মূৰৰ ভিতৰত এটা উন্মাদ পোক নাথাকিলে কোনেও চিত্ৰজগতৰ অনিশ্চিত জগতত ভৰি নিদিয়ে। শেখৰ কাপুৰৰ মূৰৰ ভিতৰতো তেনে এটা পোক আছিল, যিটোৱে তেওঁক কামুৰিবলৈ আৰম্ভ কৰিছিল। তেওঁৰ তিনিজন মামাৱক হিন্দী ছবি জগতৰ বিশিষ্ট ব্যক্তি — আনন্দ, চেতন দেব আৰু বিজয়। এই...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/১২৬
{{rh||১১৫|}}
কাহিনী সংগ্ৰহ কৰিলে, গুলজাৰ, আৰ. ডি. নাচিৰুদ্দিন আদিক একত্ৰিত কৰিলে। আৰম্ভ হ’ল ‘মাচুম’। {{gap}}মাচুমে সমালোচকৰ পৰা প্ৰশংসা পালে, দৰ্শকৰ পৰা মৰম পালে। মাচুমৰ বাবে গোট খাইছিল বহু প্ৰতিভা — সেই আটাইবোৰকেই সুন্দৰভাবে পৰিচালনা কৰিব পাৰিছিল নবীন পৰিচালক শেখৰ কাপুৰে। {{gap}}মাচুমৰ সাফল্যৰ পাছতো শেখৰ কাপুৰ বহু দিন বহি থাকিবল...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/১২৭
{{rh||১১৬|}}
(‘মিঃ ইণ্ডিয়া’ৰ ‘কেলেণ্ডাৰ’), বিবতে হাসান বিজবীৰ প্ৰযোজনাত ‘শ্বোলে’ৰ ৰি-মেক ‘জোচিলে’ৰ নিৰ্মাণ কাম আৰম্ভ কৰিও আধাতেই কম বাদ দিবলগীয়া হ’ল। ধৰ্মেন্দ্ৰৰ প্ৰযোজনাত নিৰ্মাণ কৰিব খোজা ‘টাইম মেচিন’ ছবিৰ কামো আগনবঢ়া হ’ল। {{gap}}এনে সময়তে তেওঁ পুনৰ আত্মপ্ৰকাশ কৰিলে শ্ৰীধৰ ক্ষীৰসাগৰৰ বিখ্যাত টি ভি ছিৰিয়েল ‘খানদান’ত। ডাঙৰ পৰ...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/১২৮
{{rh||১১৭|}}
দুয়োখন ছবিতেই তেওঁ কৰা অভিনয় দৰ্শক-সমালোচলৰ দ্বাৰা প্ৰশংসিত হৈছিল। {{gap}}হাজাৰ বাধা-বিপত্তি থাকিলেও, অৱশেষত তেওঁ সফল অভিনেতাৰ ৰূপত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছিল। কিন্তু {{SIC|পৰিচলাক|পৰিচালক}} হিচাবে ব্যৱসায়িক দিশত সফল হোৱাৰ পিচতো তেওঁ ধাৰবাহিকভাবে ছবি নিৰ্মাণ কৰি যাৰ পৰা নাছিল। বনি কাপুৰৰ প্ৰযোজনাত নিৰ্মাণ ক...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/১২৯
{{rh||১১৭|}}
কোনো অভাৱ নাই, যান্ত্ৰিক সুবিধাৰ কোনো সমস্যা নাই। {{gap}}বিদেশৰ নিলাস-বহুল জীৱন এৰি যিগৰাকী ভাগ্যলক্ষ্মীৰ সন্ধানত শেখৰে বলিউডৰ ৰহস্যময় অনিশ্চিত অৰণ্যত জপিয়াই পৰিছিল, ক্ৰান্তি আৰু হতাশাৰ মাজেৰে ইমান কেইটি বছৰ অতিবাহিত কৰিছিল সেই শেখৰে এতিয়া ইমান দিনৰ সাধনাৰ মূল্য পাবলৈ আৰম্ভ কৰিছে। অহা বছৰৰ প্ৰথম ভাগতে শেখৰৰ পৰিচালন...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/১৩০
{{c|{{x-larger|'''নতুন তাৰকা এ. আৰ. ৰহমান'''}}}} {{dhr}} {{gap}}‘পল্লৱী অনুপল্লৱী’ৰ পৰা আৰম্ভ কৰি ‘থলপতি’লৈকে মণিৰত্নমৰ এই আটাইকেইখন ছবিৰেই সংগীত পৰিচালক আছিল ইল্লায়া ৰাজা। দক্ষিণ ভাৰতৰ সৰ্বাধিক ব্যস্ত আৰু সৰ্বাধিক মাননি লোৱা এইগৰাকী সংগীত পৰিচালকৰ সৈতে মণিৰত্নমৰ যোৰাটো হৈ পৰিছিল প্ৰায় অবিচ্ছেদ্য। কিন্তু এইগৰাকী মণিৰ...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/১৩১
{{rh||১২০|}}
নকল কৰা হৈছিল আৰু সেই সুৰৰ গীতবোৰে জনপ্ৰিয়তা অৰ্জন কৰিছিল। কিন্তু এখন ছবিৰ আটাইবোৰ গীতেই সকলো ধৰণৰ শ্ৰোতাকে আকৰ্ষিত কৰিব পৰাটো প্ৰথম বাৰৰ বাবে ৰোজাৰ ক্ষেত্ৰত সম্ভৱ হৈছিল। ‘ৰোজা’ হিন্দীলৈ ডাব কৰা হৈছিল আৰু ছবিতকৈ ছবিৰ গীতবোৰেহে অধিক আলোড়নৰ সৃষ্টি কৰিছিল। {{gap}}ৰোজাৰ পূৰ্বে ‘অঞ্জলি’, ‘অপূৰ্ব সহোদৰাৰুগাল’ ছবি (সংগীত প...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/১৩২
{{rh||১২১|}}
{{gap}}‘ৰোজা’ৰ সাফল্যই ৰহমানৰ হাতলৈ আনিছিল একেলগে ভালেমান ছবি। হাতলৈ অহা সকলো কাম কিন্তু তেওঁ গ্ৰহণ কৰা নাছিল। কামত কিছু লেহেম গতিৰ ৰহমানে ৰোজাৰ পাছত যিবোৰ ছবি হাতত লৈছিল, সেই আটাইবোৰেই গীতৰ বাবেই জনপ্ৰিয়তা অৰ্জন কৰিছিল। সেই ছবিবোৰৰ উল্লেখযোগ্য কেইখনমান হ’ল ‘জেন্টলমেন’, ‘থিৰুডা থিৰুডা’, ‘যুদ্ধ’, ‘উজহাবান’ আৰু ‘ভান্দিক...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/১৩৩
{{rh||১২২|}}
এছ. পি. বালসুব্ৰমণিয়াম, পি. সুশীলা আদিৰ দৰে কণ্ঠশিল্পীৰ ৰাগাশ্ৰয়ী গীত আৰু কাদৰী গোপীনাথৰ ছেক্সোফোনত প্ৰকাশিত হোৱা সংগীত ৰচনা আছিল ‘ডুৱেট’ৰ মূল অকৰ্ষণ। বিশেষকৈ, এটা গীতত এছ. পি. বালসুব্ৰমণিয়ামৰ কণ্ঠৰ সৈতে কাদৰী গোপীনাথৰ ছেক্সোফোনৰ যুগলবন্দী- এ. আৰ. ৰহমানৰ হৃদয়স্পৰ্শী সুৰসৃষ্টিৰ উৎকৃষ্ট নিদৰ্শন। {{gap}}এ. আৰ. ৰহমানৰ...
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Dihanamorhombhar2010.pdf/২
{{center|{{Xx-larger|'''দিহা নামৰ সম্ভাৰ'''}}}} {{Dhr|3em}} {{center|<poem>''এ ৰাধিকা মাই কানাই এ মাতিছে যাবা ৰাধিকা মাই বলাই এ মাতিছে যাবা।।''</poem>}} {{Dhr|5em}} {{center|''সংকলকঃ শ্ৰীমতী মনােমতী বড়া''}}
VALIDATED
https://upload.wikimedia…bhar2010.pdf.jpg
পৃষ্ঠা:Dihanamorhombhar2010.pdf/৩
{{Dhr}} {| {{ts|wa|mc}} | width=30% |{{center|©}} | width=3% rowspan=2|:- | width=30% |{{Block center|শ্ৰীমতী মনােমতী বড়া}} |} {{Dhr}} {| {{ts|wa|mc}} | width=30% |{{center|প্রকাশক}} | width=3% rowspan=2|:- | width=30% |{{Block center|<poem>শ্ৰীমতী মনােমতী বড়া গাঁও – বান্দমাৰী (ডিমৌ)</poem>}} |} {{Dhr}} {| {{ts|wa|...
VALIDATED
https://upload.wikimedia…bhar2010.pdf.jpg
পৃষ্ঠা:Dihanamorhombhar2010.pdf/৪
{{center|{{Xx-larger|'''উচৰ্গা'''}}}} {{center|<poem>''মোৰ পৰম আৰাধ্য স্বামী দেৱতা, যাক অকালতে হেৰুৱাই বৈধব্য জীৱন যাপন কৰিও যাৰ সাংস্কৃতিক অনুপ্ৰেৰণাৰ ছাঁত আজিওপৰমানন্দ লাভ কৰিবলৈ সমৰ্থ হৈ আছো, যাৰ অমূৰ্ত্ত আশীষ শিৰত লৈ এই বাৰ্দ্ধক্য জীৱনতো শ্ৰেয় সাধনাৰে বাট বুলিব পাৰিছো- সেইজন মোৰ সেৱাৰ পাত্ৰ জীবনানন্দ নবীন চন্দ্ৰ ...
VALIDATED
https://upload.wikimedia…bhar2010.pdf.jpg
পৃষ্ঠা:Dihanamorhombhar2010.pdf/৫
{{Dhr|10em}} {{gap}}কিতাপভাগিত নামষাৰ ঘোষা বুলি উল্লেক কৰাৰ লগতে ভাঙনিতো একোষাৰকৈ ঘোষা সন্নিবিষ্ঠ কৰা হৈছে। পাঠকে প্ৰয়োজনবোধে ভাঙনিৰ ঘোষাভাগো মূলঘোষাৰূপে ব্যৱহাৰ কৰিব পাৰিব। স্বৰূলিপি সন্নিবিষ্ট কৰাৰ চেষ্টা কৰা নহ’ল। কমা, চেমি কলন, ডাৰি আদিৰে কিছু আভাস ৰখা হৈছে যাতে সুৰ প্ৰয়োগ কৰাত পাঠক সমাজ সফল হয়। পাঠকসমাজে নিজেও...
VALIDATED
https://upload.wikimedia…bhar2010.pdf.jpg
পৃষ্ঠা:Dihanamorhombhar2010.pdf/৬
{{center|{{Xx-larger|'''-ⵓপাতনিⵓ--'''}}}} {{center|{{X-larger|'''জয় গুৰু শঙ্কৰ।'''}}}} {{gap}}মন, এক অপাৰ জলধি। স্বভাৱতে, মনে বিচৰা মতে সকলাে হৈ উঠাটোও সম্ভৱৰ আওতাৰ বাহিৰত। তথাপি, জগতৰে গুৰুৰূপে পৰিচিত অসমৰ জাতীয় জীৱনৰ কাণ্ডাৰীস্বৰূপ শ্রীমন্ত শঙ্কৰদেৱৰ দৰ্শন সংস্কৃতিৰ পথাৰখনত পৰম্পৰা ৰূপত চলি অহা দিহানামৰ মাধ্যমেদি...
VALIDATED
https://upload.wikimedia…bhar2010.pdf.jpg
পৃষ্ঠা:Dihanamorhombhar2010.pdf/৭
{{rh||দিহা নামৰ সম্ভাৰ|৬}}
অহা ধাৰা অনুযায়ী দিহানামৰ ঐতিহ্য আৰু বৈশিষ্টৰ প্ৰতি গুৰুত্ব আৰোপ কৰি নিম্ন লিখিত সিদ্ধান্তসমূহক প্ৰাধান্য দিয়া হৈছে।<br/> ১। সৰ্ব্ব প্ৰথম ভকত-বৈষ্ণৱক সেৱা জনাই অ' হৰি অ’ ৰাম হৰ্ষ ধ্বনি দি “কৃষ্ণ-শঙ্কৰ গুৰু হৰি ৰাম” বুলি গুৰু স্মৰণ কৰিব লাগে।<br/> ২। গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ আৰু তেখেতৰ প্ৰপন্ন শিষ্য শ্ৰী শ্ৰী মাধৱদেৱে এ...
VALIDATED
https://upload.wikimedia…bhar2010.pdf.jpg
পৃষ্ঠা:Dihanamorhombhar2010.pdf/৮
{{rh||দিহা নামৰ সম্ভাৰ|৭}}
৯। মূল ঘোষা সামৰি ভাঙনি ঘোষালৈ যোৱাৰ আগতে ‘দিহা যোজনা” এফাকিৰে দিহানামৰ সৌষ্ঠৱ বৃদ্ধি কৰিব পাৰিলে সোণত সুৱগা চৰাৰ দৰে হয়।<br/> ১০। মূল ঘোষাৰ পদ যথাসম্ভৱ চমু কৰি ভাঙনি ঘোষালৈ অহাৰ লগে লগে হাত চাপৰি বা বাদ্য-যন্ত্ৰৰ গতি খৰ কৰা উচিত, তাকে এক যথাবিহিত শৃঙ্খলাৰ মাজতহে।<br/> ১১।বহা আসনৰ পৰা কেৱল নামতিগৰাকীয়েহে উঠি সংযতভাৱে...
VALIDATED
https://upload.wikimedia…bhar2010.pdf.jpg
পৃষ্ঠা:Dihanamorhombhar2010.pdf/৯
{{rh||দিহা নামৰ সম্ভাৰ|৮}}
অকালতে ইহলোক ত্যাগ কৰা মোৰ স্বামী প্ৰয়াত নবীন চন্দ্ৰ বড়া (হেলদাৰ)দেৱৰ প্ৰেৰণাই কিতাপ ভাগিৰ মূল ছাবি কাঠি। {{gap}}“কম্পিউটাৰ পইণ্ট এণ্ড প্ৰিন্টাৰ্ছ" প্ৰেছৰ কৰ্ম্মচাৰী সমন্বিতে স্বত্বাধিকাৰিৰ একান্ত সহযোগত অতি কম সময়ৰ ভিতৰতে প্ৰকাশ হৈ ওলোৱাত তেখেত সকললৈ কৃতজ্ঞতাৰ শৰাই যাচিলোঁ। সকলো অনিচ্ছাকৃত ভুল-ত্ৰুটিৰ বাবে ক্ষমা প...
VALIDATED
https://upload.wikimedia…bhar2010.pdf.jpg
পৃষ্ঠা:Dihanamorhombhar2010.pdf/১০
{{rh||দিহানামৰ সম্ভাৰ|৯}}
{{center|{{Xxx-larger|ⵓঅভিমতⵓ}}}} {{gap}}সংস্কৃতি মানুহ নামৰ প্ৰজাতিটোৰ এটা আপুৰুগীয়া সম্পদ। ই এটা সামুহিক শব্দ। ই জীৱন শৈলী। ই ব্যক্তিৰ জীৱন পুষ্ট কৰে, জাতীয় জীৱন গঢ় দিয়ে, মানৱ জাতিৰ মহত্ব প্ৰকাশ কৰে। সংস্কৃতি আমাৰ চিনাকি, কেৱল পিন্ধন-উৰণ, জীৱন-যাপন, খাৱন-গাৱনৰ ওপৰতে ই সীমাবদ্ধ নহয়। এই সংস্কৃতিয়ে আমাৰ আবেগ-অনু...
VALIDATED
https://upload.wikimedia…bhar2010.pdf.jpg