title
stringlengths
13
148
header
stringlengths
0
3.13k
footer
stringlengths
0
2.16k
body
stringlengths
0
46k
quality
stringclasses
2 values
url
stringlengths
58
1.01k
পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/২২
{{rh|৮|অশ্বক্ৰান্ত দেৱালয়ৰ ইতিবৃত্ত|}}
মহিমা” (কা. বু. ১২০)। এই পাহাৰত বাস কৰিলে ক্ষয়ৰোগ হয় বুলি শাস্ত্ৰত নিৰ্দেশ আছে (যো. ত.)। {{gap}}বায়ুকূট আৰু চন্দ্ৰকূটৰ মাজত গোদন্ত পৰ্বত, অৰ্থাৎ অশ্বক্ৰান্তৰ উত্তৰে সৰু সৰু চাৰিটি পৰ্বতৰে এটি গোদন্ত। “তাৰ তিনিখনি পৰ্বত এৰি সীতাকুণ্ডৰ ওচৰত যি পৰ্বতখনি আছে তাতে জটাধৰ গোসাঁই আছে। অশ্বক্ৰান্ত আৰু সীতাকুণ্ড দুইৰ মধ্যত এ...
VALIDATED
https://upload.wikimedia…llection.pdf.jpg
পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/২৩
{{rh||অশ্বক্ৰান্ত দেৱালয়ৰ ইতিবৃত্ত|৯}}
{{center|'''বিগ্ৰহৰ মন্দিৰ : আন আন মন্দিৰ আদি'''}} {{gap}}অশ্বক্ৰান্ত পাহাৰত দেৱালয় দুখন। নামনিত কূৰ্ম জনাৰ্দন পীঠ আৰু ওপৰত অনন্ত শয্যাত নাৰায়ণ। সেই হিচাপে ইয়াৰ ঘাই মন্দিৰো দুটা। {{gap}}এই মন্দিৰ দুটা পোনতে কেনে ধৰণৰ আছিল তাক জনা নাযায়। জনাৰ্দন পীঠৰ ওপৰত দৰঙী ৰজাই সজাই দিয়া বৰ্তমানৰ মণিকূটটো বেছ ডাঙৰ আৰু আহল-বহল...
VALIDATED
https://upload.wikimedia…llection.pdf.jpg
পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/২৪
{{rh|১০|অশ্বক্ৰান্ত দেৱালয়ৰ ইতিবৃত্ত|}}
{{gap}}মন্দিৰৰ গাত বিষ্ণুৰ দশৱতাৰৰ মূৰ্তি খোদিত কৰা আছে। বাহিৰফালে খাজকটা আৰু ১৫' ফুটমান ওপৰৰপৰা ক্ৰমে জোঙা। ভিতৰখন মিহি আৰু দিনতে আন্ধাৰ হৈ থাকে। বৰ্তমানে অৱশ্যে ইয়াত বিজুলী বাতিৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ চাৰিওফালে ওপৰত বাৰটা অংগমঠ আছে। মন্দিৰটোৰ ব্যাস ১২' ফুটমান আৰু ওখ ৩০' ফুটমান হ’ব। {{Css image crop |Image = Aswa...
VALIDATED
https://upload.wikimedia…llection.pdf.jpg
পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/২৫
{{rh||অশ্বক্ৰান্ত দেৱালয়ৰ ইতিবৃত্ত|১১}}
{{gap}} এই দুই মন্দিৰৰ উপৰিও অশ্বক্ৰান্ত দেৱালয়ত আৰু এটি মন্দিৰ আছে। সেইটো ‘কূৰ্ম জনাৰ্দনৰ ফল্গুৎসৱৰ মন্দিৰ’। এই মন্দিৰটো উপৰ দেৱালয়ৰ ঘাই মন্দিৰৰ অলপ আঁতৰত দক্ষিণ-পূব কোণত অৱস্থিত। মন্দিৰটো আন দুটা ঘাই মন্দিৰতকৈ কিছু সৰু আৰু চাপৰ। কিছু বছৰ আগতে এই মন্দিৰটো ভাঙি- ছিঙি গৈছিল যদিও, বৰ্তমানে মেৰামতি কৰি লোৱা হৈছে। এই মন্...
VALIDATED
https://upload.wikimedia…llection.pdf.jpg
পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/২৬
{{rh|১২|অশ্বক্ৰান্ত দেৱালয়ৰ ইতিবৃত্ত|}}
{{gap}} (গ) পাণ্ডুনাথ নামে ভৈৰৱ এজনৰ আকৃতিত ৰক্ষকূটত মাধৱৰ পূজা কৰা হৈছিল। (কালিকা পুৰাণ, ৮২/৬৫)। {{gap}} (ঘ) পাণ্ডুৰ পূবে চিত্ৰবহ পৰ্বতত বৰাহৰূপী বিষ্ণুৰ পূজা হৈছিল। (কালিকা পুৰাণ, ৮২/৭৪)। {{gap}} (ঙ) দিক্কৰবাসিনী অঞ্চলত বাসুদেৱ বিষ্ণুৰ পূজা চলিছিল। {{gap}} এইবোৰৰ ভিতৰত হয়গ্ৰীৱ আৰু বাসুদেৱৰ পীঠেই প্ৰধান। হয়গ্ৰীৱৰ...
VALIDATED
https://upload.wikimedia…llection.pdf.jpg
পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/২৭
{{rh||অশ্বক্ৰান্ত দেৱালয়ৰ ইতিবৃত্ত|১৩}}
বা একেশ্বৰবাদ; কিন্তু পঞ্চৰাত্ৰ পদ্ধতিত যদিও বাসুদেৱৰ পূজা বিহিত আছে, আৰু যদিওবা ভক্তি উভয়তে বৰ্তমান, তথাপি পঞ্চৰাত্ৰ পদ্ধতি আৰু ভগৱদ্‌গীতাৰ মাজত কোনো মৌলিক সম্বন্ধ দেখা নাযায়”। (R. G. Bhandarkar: Vaisnavism, Saivism, and Minor Religious Systems: 1913, P 39). {{gap}} ‘কালিকা পুৰাণ’ত ব্যাখ্যা কৰা বিষ্ণুপূজাৰ পদ্ধতি ও...
VALIDATED
https://upload.wikimedia…llection.pdf.jpg
পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/২৮
{{rh|১৪|অশ্বক্রান্ত দেৱালয়ৰ ইতিবৃত্ত|}}
দেউৰী, পূজাৰীয়ে ওচৰ-পাজৰৰ লোকেৰে সৈতে নিতৌ সন্ধিয়া নামপ্ৰসংগ কৰে। সন্ধিয়াও ভোগ দিয়াৰ নিয়ম আছে। সন্ধিয়া দিয়া ভোগ কেচা, আৰু নিৰ্দিষ্ট পৰিমাণৰো নহয়। নামদেৱালয়ৰ জনাৰ্দন প্ৰভু আগতে এই কেচা ভোগ দিয়া হয়। মাহ-প্ৰসাদ আৰু চাউলৰ গুড়ি ঘিউত ভাজি পুৰিৰ ভোগ দিয়া বিশেষ নিয়ম ইয়াত চলি আহিছে। {{center|'''আন আন পৰ্বঃ উৎসৱ ...
VALIDATED
https://upload.wikimedia…llection.pdf.jpg
পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/২৯
{{rh||অশ্বক্রান্ত দেৱালয়ৰ ইতিবৃত্ত|১৫}}
{{Block center|<poem> ওঁ ব্ৰহ্মপুত্ৰ মহাভাগ শান্তনোঃ কুলনন্দন। অমোঘাগৰ্ভসম্ভূত পাপং লৌহিত্য মে হৰ॥ </poem>}} {{gap}} অশোকাষ্টমীৰ দিনাই বহুলোকে পিতৃ-পুৰুষ, পূৰ্বপুষসকলৰ মুক্তিৰ বাবে বিষ্ণুপদত পিণ্ডদান, তৰ্পণ আদি আৰু লৌহিত্যত অস্থি ক্ষেপণ কৰে। পিণ্ডদান অস্থিক্ষেপণ, শ্ৰদ্ধাদি বছৰৰ বাৰ মাহতে, তিথি মতে ইয়াত কৰিব পাৰি। {{...
VALIDATED
https://upload.wikimedia…llection.pdf.jpg
পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/৩০
{{rh|১৬|অশ্বক্রান্ত দেৱালয়ৰ ইতিবৃত্ত|}}
{{gap}} এই প্ৰসংগত ডঃ বাণীকান্ত কাকতিদেৱে তেখেতৰ ‘পুৰণি কামৰূপৰ ধৰ্মৰ ধাৰা’ত লিখা ‘তীৰ্থাচাৰ’ আৰু ‘বিষ্ণুমাহাত্ম্য’ৰ কথাখিনি উল্লেখ কৰা হ'ল— {{gap}} তীৰ্থাচাৰ— ‘যোগিনীতন্ত্ৰ’ৰ প্ৰথম খণ্ডত সাধনাৰ নানা মাৰ্গৰ সন্ধান দি উত্তৰ খণ্ডত কামৰূপ ৰাজ্যৰ প্ৰায় ১৬০টি মুখ্যতীৰ্থৰ উল্লেখ কৰিছে। কোন তীৰ্থত কি ব্ৰত কৰিলে কি ফল লাভ হয...
VALIDATED
https://upload.wikimedia…llection.pdf.jpg
পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/৩১
{{rh||অশ্বক্রান্ত দেৱালয়ৰ ইতিবৃত্ত|১৭}}
{{gap}} কিন্তু দুয়োখন গ্ৰন্থৰ সমাপ্তি হৈছে বিষ্ণুৰ শ্ৰেষ্ঠত্ব কীৰ্তনত। দুয়ো গ্ৰন্থকাৰ নিজা দৃষ্টিৰ ফালৰপৰা বৈষ্ণৱ মতাৱলম্বী আছিল যেন লাগে যদিও, গ্ৰন্থকাৰ হিচাপে নানান অবৈদিক প্ৰক্ৰিয়াৰ বৰ্ণনা কৰিব লগা হৈছিল। {{gap}} ‘কালিকা পুৰাণ’ ৰচয়িতাই বশিষ্ঠৰ মুখেৰে কোৱাইছে যে কামৰূপত ম্লেচ্ছাচাৰ চলিব আৰু দেৱীও বাম্য পূজাহে ভো...
VALIDATED
https://upload.wikimedia…llection.pdf.jpg
পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/৩২
{{rh|১৮|অশ্বক্রান্ত দেৱালয়ৰ ইতিবৃত্ত|}}
“সৰ্বশ্ৰেষ্ঠো যথা বিষ্ণুৰ্লক্ষ্মী: সৰ্বোত্তমা যথা” (৬০।৪১) ইত্যাদি। কিন্তু মহাপুৰুষে কোন তিনি ঠাইলৈ আঙুলিয়াইছিল সেইটো নিৰ্ণয় কৰিবৰ জ্ঞান আমাৰ নাই। {{gap}} মুঠতে কামৰূপী প্ৰজাৰ উদ্ধাৰৰ বাবে বশিষ্ঠই ‘স্বয়ং বিষ্ণু’লৈ বাট চাব দিছে। বিষ্ণু নাহে মানে সকলো পীঠ শাপযুক্ত হৈ থাকিব আৰু বিষ্ণু আহিলতো পীঠবোৰ শাপমুক্ত হৈ যাতে দে...
VALIDATED
https://upload.wikimedia…llection.pdf.jpg
পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/৩৩
{{rh||অশ্বক্রান্ত দেৱালয়ৰ ইতিবৃত্ত|১৯}}
{{Block center|<poem> স কামৰূপমখিলং পীঠমাপ্লাব্য বাৰিণা। গোপয়ন্ সৰ্ব্বতীৰ্থানি দক্ষিণং যাতি সাগৰম্॥</poem>}} {{Float right|(৮৫।৩২—৩৪)।}}<br/> {{gap}} তীৰ্থবোৰ বেলেগে জানিবৰ উপায় নাই। মানুহে কেৱল লৌহিত্য বুলি জানি স্নান কৰিলেই লৌহিত্য স্নানৰ ফল পায়। আৰু কোনোবাই যদি বেলেগ বেলেগ তীৰ্থৰ বিশেষত্ব জানি ব্ৰহ্মপুত্ৰত স্না...
VALIDATED
https://upload.wikimedia…llection.pdf.jpg
পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/৩৪
{{rh|২০|অশ্বক্রান্ত দেৱালয়ৰ ইতিবৃত্ত|}}
{{Block center|<poem>উৰ্ব্বশীং কৃত্তিকাযোগে গত্বা চৈব সমাহিতঃ। লৌহিত্যে বিধিবৎ মাত্বা পুণ্ডৰীকফলং লভেৎ॥</poem>}} {{Float right|(অনুশাসন ২৫।৪৬)।}}<br/> {{gap}} এইদৰে স্বয়ং বিষ্ণুৰদ্বাৰা অৱতাৰিত লোহিত্যৰ পুণ্যজলৰ কাহিনীৰে ‘কালিকা পুৰাণ’ৰ সমাপ্তি হৈছে।” {{gap}} এতিয়া আমি ইয়াত থানেশ্বৰ শৰ্মা ভিষগ্‌ৰত্নৰ দ্বাৰা ৰচিত ‘...
VALIDATED
https://upload.wikimedia…llection.pdf.jpg
পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/৩৫
{{rh||অশ্বক্রান্ত দেৱালয়ৰ ইতিবৃত্ত|২১}}
{{Rule|}} {{gap}} {{smaller|১. পঞ্চগব্য— ঘি, দধি, দুগ্ধ, গোমুত্ৰ, গোময়}} {{Dhr|}}
তীৰ্থ আৰু কতো নাই। অশ্বক্ৰান্তলৈ গ'লে মেৰুমন্দৰ সমান পাপো ক্ষয় হয়। যদি দুষ্ট কৰ্ম কৰা পাপীও হয়, তথাপি অশ্বক্ৰান্তৰপৰা বোৱা বতাহ গাত লাগিলে, সি পৰম গতি লাভ কৰে।” {{gap}} মহাদেৱে পুনৰ পাৰ্বতীক ক'লে— {{Block center|<poem>কৃতে যুগে পুষ্কৰাণি ত্ৰেতায়াৎ নৈমিষং মতম্। দ্বাপৰেতু কুৰুক্ষেত্ৰং অশ্বতীৰ্থং কলৌযুগে॥</poem>}} {...
VALIDATED
https://upload.wikimedia…llection.pdf.jpg
পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/৩৬
{{rh|২২|অশ্বক্রান্ত দেৱালয়ৰ ইতিবৃত্ত|}}
পাপৰপৰা মুক্ত হ’ব পাৰি। ব্ৰাহ্মণ, ক্ষত্ৰিয়, আৰু বৈশ্যসকলে ইয়াত ত্ৰিৰাত্ৰ বা একৰাত্ৰ উপবাস কৰি সকলো তীৰ্থৰ সেৱা কৰিব পাৰে। যাৰ প্ৰাণবায়ু বশীভূত আৰু যাৰ হাত-ভৰি সংযত, যিয়ে চন্দনাদি পিন্ধে, আৰু যিসকল ব্ৰহ্মচাৰী, তেনেকুৱা লোকেহে তীৰ্থৰ ফল পায়।” {{Block center|<poem> পশ্চিমে তস্যতীৰ্থস্য কিঞ্চিৎ বায়ব্য গোচৰে। চতুঃষষ্...
VALIDATED
https://upload.wikimedia…llection.pdf.jpg
পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/৩৭
{{rh||অশ্বক্রান্ত দেৱালয়ৰ ইতিবৃত্ত|২৩}}
{{Block center|<poem> তত্ৰাভিষেকমাত্ৰঞ্চ বিজয়ী সৰ্বদা ভবেৎ। তীৰ্থানাৎ পৰমং তীৰ্থ বিজয়ো নাম শোভিতং॥</poem>}} {{gap}} অৰ্থাৎ— “সীতাতীৰ্থৰ দক্ষিণে ১০ ধনুমান ডাঙৰ বিজয়তীৰ্থ। ইয়াত বাস কৰিলে মানুহ জয়যুক্ত হ'ব পাৰে। ই সকলো তীৰ্থৰ ভিতৰতে প্ৰধান তীৰ্থ।” {{Block center|<poem> তীৰ্থানাং পৰমং তীৰ্থৎ যোগতীৰ্থেতিবিশ্ৰুতং। সৰ্...
VALIDATED
https://upload.wikimedia…llection.pdf.jpg
পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/৩৮
{{rh|২৪|অশ্বক্রান্ত দেৱালয়ৰ ইতিবৃত্ত|}}
সৰ্পবিষ নাশক। শাওণ মাহৰ পঞ্চমীৰ দিনা যেয়ে ইয়াত স্নান কৰে, তেওঁৰ সাপৰ ভয় নাথাকে। যি মৰ্ত্যবাসী লোকে ভক্তিপূৰ্বক শাওণ মাহৰ নাগ পঞ্চমী তিথিত এই তীৰ্থত স্নান কৰে, তেওঁৰ বংশত কোনো লোকৰে কোনো সময়তে সৰ্প দংশনলৈ ভয় নাথাকে।” {{Block center|<poem> চন্দ্ৰাদুত্তৰতঃ শৈলশ্চতুঃষষ্টি প্ৰমাণতঃ। তত্ৰজলে গয়াকুণ্ডং ক্ষেত্ৰং তীৰে তদ...
VALIDATED
https://upload.wikimedia…llection.pdf.jpg
পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/৩৯
{{rh||অশ্বক্রান্ত দেৱালয়ৰ ইতিবৃত্ত|২৫}}
{{Block center|<poem> চন্দ্ৰতীৰ্থং মহাতীৰ্থং তীথং পিণ্ডাৰকং সমম্। স্নাত্বা চানেন মন্ত্ৰেন ব্ৰহ্মহত্যাং ব্যাপোহতি॥ </poem>}} {{gap}} অৰ্থাৎ— “ইন্দ্ৰশৈলৰ মাজত অলপমান দক্ষিণফালে, চন্দ্ৰশৈলৰ উত্তৰে ৬ ধনু বাদ দি ৩ ধনু বহল আৰু ১২৫ ধনু দীঘল চন্দ্ৰকুণ্ড নামে এটি সৰোবৰ আছে। ইয়াত স্নান, পান কৰিলে কৈবল্য লাভ হয়। চন্দ্ৰতীৰ্থমিত...
VALIDATED
https://upload.wikimedia…llection.pdf.jpg
পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/৪০
{{rh|২৬|অশ্বক্রান্ত দেৱালয়ৰ ইতিবৃত্ত|}}
<center>এতেকে হে দেৱি—</center> {{Block center|<poem> কৃতেযুগে পুষ্কৰাণি তেত্ৰায়াং নৈমিষং মতম্‌। দ্বাপৰেতু কুৰুক্ষেত্ৰং অশ্বতীৰ্থং কলৌযুগে॥ </poem>}} <center>'''ৰজাঘৰৰ পৃষ্টপোষকতা— স্বৰ্গদেউসকল :'''</center> {{gap}} অশ্বক্ৰান্ত দেৱালয়ৰ কূৰ্ম জনাৰ্দন, অনন্তশায়ী নাৰায়ণতকৈ বহু আগৰ হ'লেও, নাৰায়ণমূৰ্তি স্থাপন হোৱাৰ প...
VALIDATED
https://upload.wikimedia…llection.pdf.jpg
পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/৪১
{{rh||অশ্বক্রান্ত দেৱালয়ৰ ইতিবৃত্ত|২৭}}
পূজা-পাতল, ভোগ-প্ৰসাদ, চাকি-বন্তি, দেৱালয়ৰ আন আন উৎসৱ-পৰ্ব আৰু উন্নয়নমূলক কামত খৰচ কৰা হৈছিল। সেই কাৰণে এই মাটিক ‘ভোগধনী মাটি’ও বোলে। ভোগধনী মাটি ভোগ কৰি থকাসকলে বছৰি প্ৰতি পুৰা মাটিৰ বাবৰ দেৱালয়ত একোটাকৈ ভোগ দিব লাগিছিল। পূৰ্বতে এই ভোগৰ পৰিমাণ নিৰ্দিষ্ট আছিল। একোটা ভোগৰ পৰিমাণ— {{Block center|<poem> চাউল— এঘাৰ সেৰ...
VALIDATED
https://upload.wikimedia…llection.pdf.jpg
পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/৪২
{{rh|২৮|অশ্বক্রান্ত দেৱালয়ৰ ইতিবৃত্ত|}}
{{gap}} (ক) সেৱাইত— এওঁলোকৰ কেবাটাও ফৈদ— (১) পূজাৰী, (২) গীতা- পাঠক, (৩) ভাগৱত পাঠক, (৪) সুপকাৰ আদি। এওঁলোক আটাইকে একেলগে বৰদেউৰী বোলা হয়। পূজাৰীয়ে দেৱালয়ৰ বিগ্ৰহৰ পূজা আদি কৰিব আৰু সুপকাৰে বিগ্ৰহলৈ দিয়া ভোগ ৰন্ধা কাম কৰিব লাগে। গীতাপাঠক আৰু ভাগৱত-পাঠকে যথাক্ৰমে গীতা-ভাগৱত পাঠ কৰিব লাগে। তাৰ উপৰি দেৱালয়ৰ মুখ্য পৰি...
VALIDATED
https://upload.wikimedia…llection.pdf.jpg
পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/৪৩
{{rh||অশ্বক্রান্ত দেৱালয়ৰ ইতিবৃত্ত|২৯}}
ধৰিছিল। প্ৰথমতে কঁহৰা গাঁওতে এওঁলোক বাস কৰি দেৱালয়ৰ মাটি ভোগ কৰিছিল। {{gap}} (৬) সোণাৰী— এওঁলোকে দেৱালৰত বিগ্ৰহৰ কাৰণে আৱশ্যক হোৱা অলংকাৰ পাতি গঢ়ি দিব লাগিছিল। {{gap}} (৭) আঠপৰীয়া— দেৱালয়ৰ ঘৰ-দুৱাৰ সাৰা-মচা, চৌহদ পৰিষ্কাৰে ৰখা, পূজাৰ যা-যোগাৰ কৰা, এওঁলোকৰ কাম। তদুপৰি দিন-ৰাতি আঠোপৰে দেৱালয়ত পহৰা দিব লাগিছিল। কেত...
VALIDATED
https://upload.wikimedia…llection.pdf.jpg
পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/৪৪
{{rh|৩০|অশ্বক্রান্ত দেৱালয়ৰ ইতিবৃত্ত|}}
{{gap}} * সৰু বঙ্গেসৰ = সৰু বংগৰ মৌজা। বৰ্তমান পুব+পশ্চিমবংগৰ মাটি পৰ্বত শুৱালকুচিৰ এটা চুবুৰী।<br/>
{{Block center|<poem> ও পাটোৱাৰি ও তালুকদাৰ ঠাকু— ৰিয়া আনো সকলে সাবধানে জা— নিবেক সৰু বঙ্গেসৰ পৰ গণাৰ মাটি পৰ্ব্বত গাঞঁৰ কৈল্যান ও ৰামভদ্ৰ এহি দুই সোনাৰিক ভাই ভাগি সহি ত ৺৺ ৰ পূন্যে চকি হাট ফাট দা ন খুত আদানি কৰি ৺ ৰ দেৱাল য়ত পত্ৰ মোহৰ কৰি আগে দিচিল সেই প্ৰত্ৰ জিন্ন হৈল কাৰণ সম্প্ৰতি তাম্ৰপট্টক পত্ৰ কৰি দিয়া গঁল ইহা...
VALIDATED
https://upload.wikimedia…llection.pdf.jpg
পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/৪৫
{{rh||অশ্বক্রান্ত দেৱালয়ৰ ইতিবৃত্ত|৩১}}
{{gap}} পূৰ্বতে সা-সম্পত্তি দেৱালয়ৰ নামতে আছিল; দানপত্ৰও দেৱালয়ৰ নামতেই। দলৈয়ে তাক পৰিচালনাহে কৰিছিল। দেৱালয়ৰ মাটিৰ খাজনাও দলৈয়ে সংগ্ৰহ কৰিছিল, আৰু সেই সমুদায় সংগৃহীত ধন দেৱালয়ৰ পুঁজিত জমা হৈছিল। দেৱালয়ৰ যাৱতীয় খৰচ এই পুঁজিৰপৰাই কৰা হৈছিল। {{gap}}পৰ্যায়ক্ৰমে অসম চৰকাৰে লোৱা ব্যৱস্থাৰ ভিতৰত, অসমৰ আটাইবোৰ দেৱা...
VALIDATED
https://upload.wikimedia…llection.pdf.jpg
পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/৪৬
{{rh|৩২|অশ্বক্রান্ত মেৱালয়ৰ ইতিবৃত্ত|}}
বাৰে নাইকিয়া হ'ল। গতিকে বিগ্ৰহক দিয়া ভোগৰ পৰিমাণ আৰু দেৱালয়ৰ জাকজমকতা কমি আহিল। ফলত দেৱালয়ত কৰ্মীৰো অভাৱ ঘটিল। {{gap}} এটি কথা উল্লেখ কৰিব পাৰি যে, সমাজ আৰু সংস্কৃতিৰ মাজত ঘনিষ্ঠ সম্পৰ্ক। সমাজ নাথাকিলে সংস্কৃতি থাকিব নোৱাৰে; আকৌ সংস্কৃতি নোহোৱা সমাজৰো কোনো পৰিচয় নাই। মঠ-মন্দিৰ, দেৱালয় সত্ৰ আদি অসমীয়া সমাজৰ পৰম্...
VALIDATED
https://upload.wikimedia…llection.pdf.jpg
পৃষ্ঠা:Aswakranta Devalayar Itibritta Hem Chandra Sarma Shashi Mohan Bhattacharyya 1982 Jayanta Sarma Collection.pdf/৪৭
{{rh||অশ্বক্ৰান্ত দেৱালয়ৰ ইতিবৃত্ত|৩৩}}
{{center|বৰ্তমানৰ সমিতিৰ সদস্যসকল :—}} {| style="border: none;" |- | width="40%" | | width="10%" | | width="10%" style="text-align:right" | |- | শ্ৰীশশীমোহন ভট্টাচাৰ্য, || দলৈ | style="text-align:right" | (ননৰা) |- | শ্ৰীমোহিনীমোহন শৰ্মা || … | style="text-align:right" | (টঙাৰকুৰ) |- | শ্ৰীকুমুদচন্দ্ৰ দেৱ শৰ্মা || … |...
VALIDATED
https://upload.wikimedia…llection.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/১
{{overfloat image | image = [[File:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook (page 1 crop).jpg|center|350px]] | width = 350 | item1 = {{Transparent|{{Xxxx-larger|<big>বিজ্ঞান আৰু বোলছবি</big>}}<br/><big>বিজ্ঞান-প্ৰযুক্তি আৰু বোলছবি বিষয়ক দহখন ছবিৰ কথাৰে</big>}} | x1 =30 | y1 = 108 | item2 = {{Transparent|{{Xx-larger|ঈ...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/২
{{Dhr|5em}} ©২০১৭, ঈশান জ্যোতি বৰা {{Dhr|1em}} {{Css image crop |Image = Bigyan_aru_Bolsobi_Ishan-Jyoti-Bora-ebook.pdf |Page = 2 |bSize = 464 |cWidth = 107 |cHeight = 44 |oTop = 144 |oLeft = 53 |Location = left |Description = <!-- This work is licensed under a Creative Commons Attribution-ShareAlike 4.0<br/>Internation...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৩
{{overfloat image | image = [[File:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook (page 3 crop).jpg|center|350px]] | width = 350 | item1 = {{Transparent|{{center|{{Xxx-larger|উছৰ্গা}}}}}} | x1 =135 | y1 = 105 | item2 = {{Transparent|{{center|<poem>যাৰ আকাশলংঘী উৎসাহ, অন্তহীন তাগিদা আৰু সহযোগিতাৰ ফলত ই-বুকখনে ধৰাপৃষ্ঠত অৱতৰণ...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৪
{{Css image crop |Image = Bigyan_aru_Bolsobi_Ishan-Jyoti-Bora-ebook.pdf |Page = 4 |bSize = 464 |cWidth = 410 |cHeight = 114 |oTop = 9 |oLeft = 11 |Location = center |Description = }} ''“Every science fiction movie I have ever seen, any one that's worth its weight in celluloid, warns us about things that ultimately co...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৫
আমি চাগে আৰু কেইটামান দশক ৰ’ব লাগিব। আশা কৰিছোঁ সেই দিনটো সোনকালে আহক। অনতিপলমে এখন বিশুদ্ধ কল্প-বিজ্ঞানধৰ্মী বলিউদী ছবি ভাৰতীয় দৰ্শকে চাবলৈ পাওক। {{gap}}এতিয়া আহোঁ আচল কথালৈ। মানে এই ই-বুকখনৰ কথালৈ। ‘বিজ্ঞান আৰু বোলছবি’ শীৰ্ষক নামধাৰী এই ই-বুকখনৰ জন্ম-কাহিনীৰ বিষয়ে ক’বলৈ হ’লে ২০১৬ চনৰ শেষৰফাললৈ আমি ওভতনি-যাত্ৰা কৰ...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৬
{{gap}}তাৰপিছত কাহিনী শেষ। ‘হ’ব’ বুলি কোৱাৰ পিছদিনাই ই-বুকৰ কামত ধৰিলোঁ। মৰণপণ কৰিলোঁ- এইবাৰ শেষ কৰিমেই। {{gap}}হ’লগৈ যেনিবা। কিবাপ্ৰকাৰে কামটো হ’লগৈ। এতিয়া দুটামান ঘাঁই কথা। ছবিবোৰৰ বিষয়ে লিখোঁতে ইণ্টাৰনেটত উপলব্ধ কেইবাটাও প্ৰবন্ধৰ সহায় লোৱা হৈছে (বিশেষকৈ ৱিকিপিডিয়াৰ)। বিজ্ঞানীসকলৰ বিষয়ে অধ্যয়ন কৰোঁতে এ.এন.কোঠ...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৭
{{overfloat image | image = [[File:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook (page 7 crop).jpg|center|370px]] | width = 370 | item1 = {{Xxxx-larger|'''<big>সূ</big>চীপত্ৰ'''}} | x1 =30 | y1 = 40 | item2 = {{কুসুমমালা|<poem> ◾আইনষ্টাইন এণ্ড এডিংটন ◾গুড উইল হাণ্টিং ◾লুচি ◾ছামথিং দা লৰ্ড মেইড ◾দা ইণ্ডিপেণ্ডেন্স ডে' ◾দা ইম...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৮
{{rh||৭|}}
{{Css image crop |Image = Bigyan_aru_Bolsobi_Ishan-Jyoti-Bora-ebook.pdf |Page = 8 |bSize = 464 |cWidth = 453 |cHeight = 245 |oTop = -1 |oLeft = -1 |Location = center |Description = }} {{center|{{larger|“Proof is the idol before whom the pure mathematician tortures himself.”}}}} {{Right|'''Arthur Eddington'''}} {{ga...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৯
{{rh||৮|}}
আৰ্থাৰ ষ্টেনলি এডিংটনে যৌৱনৰ প্ৰথম সময়ছোৱাতে ৰয়েল গ্ৰিনৱিছ বীক্ষণাগাৰত মুখ্য সহকাৰী হিচাপে নিযুক্তি পাইছিল। সেইসময়ত জ্যোতিৰ্বিজ্ঞানীৰ আকাল নাছিল। কিন্তু প্ৰখৰ মেধাসম্পন্ন এডিংটনক যিটো বিষয়ৰ শিক্ষাই সমসাময়িক জ্যোতিৰ্বিজ্ঞানীসকলৰ পৰা পৃথক কৰিছিল সেই বিষয়টো আছিল ‘অংক’। প্ৰথম বিশ্বযুদ্ধৰ বিভীষিকাময় পৰিৱেশৰ মাজত ইংলে...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/১০
{{rh||৯|}}
সময়ত, যেতিয়া সূৰ্যৰ পোহৰৰ তীব্ৰতা যথেষ্ট পৰিমাণে হ্ৰাস পাব আৰু সূৰ্যৰ চৌদিশে থকা নক্ষত্ৰকেইটা দৃশ্যমান হ’ব। {{gap}}নক্ষত্ৰৰ পোহৰ বেঁকা হৈ যোৱা দৃশ্য ফটোগ্ৰাফিক প্লেটত ধৰি ৰখাৰ আকাংক্ষাৰেই আৰ্থাৰ এডিংটন আৰু তেওঁৰ বন্ধু ডাইছন উপস্থিত হৈছিলগৈ পশ্চিম আফ্ৰিকাৰ প্ৰিন্সিপেই (PRINCIPE) নামৰ ঠাইডোখৰত। তেওঁলোকৰ কষ্ট সাৰ্থক হ...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/১১
{{rh||১০|}}
গৱেষণা আৰম্ভ কৰে। অৱশ্যে এডিংটনে গৱেষণাত আকাংক্ষিত ফল নাপালে। {{gap}}এডিংটনৰ জীৱনৰ এটা সোণালী অধ্যায়ৰ সূচনা ঘটাইছিল জ্যেষ্ঠ সহকৰ্মী ই.টি হুইটেকাৰে (E. T. Whittaker)। তেওঁ গ্ৰীণৱিছ ৰয়েল বীক্ষণাগাৰলৈ এখন পৰামৰ্শসূচক পত্ৰ প্ৰেৰণ কৰিছিল যত এডিংটনৰ কথা বিশেষভাৱে উল্লেখ কৰা হৈছিল আৰু বীক্ষণাগাৰৰ এটা বিশেষ পদত এডিংটনক মকৰ...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/১২
{{rh||১২|}}
{{Css image crop |Image = Bigyan_aru_Bolsobi_Ishan-Jyoti-Bora-ebook.pdf |Page = 12 |bSize = 464 |cWidth = 179 |cHeight = 186 |oTop = 48 |oLeft = 239 |Location = right |Description = }} ‘ফিলচফি অৱ ফিজিকেল চায়েন্স’ ইত্যাদিকে ধৰি কেইবাখনৌ মননশীল, বিজ্ঞানধৰ্মী গ্ৰন্থৰ লেখক এডিংটনে তৰাৰ অভ্যন্তৰভাগৰ তাত্ত্বিক অনুসন্ধান আ...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/১৩
{{rh||১২|}}
আপেক্ষিকতাবাদৰ তত্ত্বৰ ধাৰণাক সন্মিলিত কৰি এটা যুগান্তকাৰী নতুন ধাৰণা বিশ্ববাসীৰ সন্মুখত প্ৰতিষ্ঠা কৰাৰ অসামান্য কামটোত। সেইজন এডিংটন এইবাৰ আগুৱাই আহিল চন্দ্ৰশেখৰৰ দ্বাৰা আৱিষ্কৃত ধাৰণাটোক সমৰ্থন কৰিবলৈ। কেৱল সমৰ্থন কৰাতে ক্ষান্ত নাথাকি এডিংটনে অশ্বিাস দিলে যে ৰয়েল ছ’ছাইটিৰ সভাত তেওঁ চন্দ্ৰশেখৰৰ মতটোক ৰাজহুৱা কৰিব। স...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/১৪
{{rh||১৩|}}
চন্দ্ৰশেখৰৰ মাজৰ পৰা প্ৰকৃত বিজয়ীজনক বাছি উলিউৱাটো তেতিয়াহে সম্ভৱ হ’ব যেতিয়া এই বিতৰ্কিত বিষয়টোৰ সত্যতা জানিবলৈ কোনোবাই এক পৰীক্ষামূলক অধ্যয়ন কৰিব। কিন্তু তেনে কোনো পৰীক্ষা এতিয়ালৈকে হোৱা নাই। পিছে এডিংটনৰ অনুমানক ভুল প্ৰমাণিত কৰিলে সেই স্থানতে উপস্থিত থকা প্ৰখ্যাত জ্যোতিৰ্বিজ্ঞানী গেৰাৰ্ড কুইপাৰে। কুইপাৰ আছিল ‘...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/১৫
{{rh||১৪|}}
এলিছাৰ সৈতে এৰাএৰি, আপেক্ষিকতাবাদৰ তত্ত্বৰ সত্য প্ৰতিষ্ঠিত হোৱাৰ পিছতে আইনষ্টাইনৰ জীৱনলৈ এলিছাৰ পুনৰাগমন আইনষ্টাইনৰ প্ৰত্যাহ্বানপূৰ্ণ পাৰিবাৰিক জীৱনৰ মিলন-সংঘাত-বিৰহক একাদিক্ৰমে ছবিখনত দেখুউৱা হৈছে। বিজ্ঞানী মেক্স প্লেংকৰ লগত আইনষ্টাইনৰ বন্ধুত্বসুলভ সম্পৰ্ককো ছবিখনত চিত্ৰিত কৰা হৈছে। প্ৰথম বিশ্বযুদ্ধৰ বিভীষিকাময় জাৰ্ম...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/১৬
{{rh||১৫|}}
দৃষ্টিভংগী ছবিখনৰ জৰিয়তে সুন্দৰকৈ উপস্থাপিত কৰ্মপ্ৰেম, দায়িত্ববোধ আৰু বিশ্বস্নেহৰ জীৱন্ত নিদৰ্শন বুলি ক’ব পাৰি-''We have to do the best that we are capable of. That is our sacred human responsibility. Anything less is unforgivable. I had to do the work. My theory is too beautiful to be wrong. Somebody will prove it....
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/১৭
{{rh||১৬|}}
''national boundaries. It takes us beyond hatred and anger and fear.'' {{gap}}পশ্চিম আফ্ৰিকাৰ যুগান্তকাৰী অভিযানটোৰ সফল সমাপ্তি ঘটাই এডিংটন আৰু বন্ধু ডাইছনে কেমব্ৰিজৰ এটা প্ৰেক্ষাগৃহত গণ্যমান্য ব্যক্তিসকলৰ সন্মুখত প্ৰকৃত সত্য উন্মোচন কৰে৷ আইনষ্টাইনৰ আপেক্ষিকতাবাদক সমৰ্থন কৰি এডিংটনে তেওঁৰ চিৰপৰিচিত সাৱলীল কথনভংগীৰে প্...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/১৮
{{rh||১৭|}}
{{Css image crop |Image = Bigyan_aru_Bolsobi_Ishan-Jyoti-Bora-ebook.pdf |Page = 18 |bSize = 464 |cWidth = 456 |cHeight = 261 |oTop = 2 |oLeft = -3 |Location = center |Description = }} {{gap}}বিশ্বখ্যাত মাছাছুছেটছ্ ইনষ্টিটিউট্ অৱ টেকন’লজিৰ এজন অংকৰ অধ্যাপকে শিক্ষাৰ্থীসকলৰ মেধা আৰু বুদ্ধিমত্তাৰ উমান লোৱাৰ উদ্দেশ্যে এটা...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/১৯
{{rh||১৮|}}
{{gap}}যিটো শেহতীয়া অপৰাধত হাণ্টিং জড়িত হৈ পৰিছিল, সেই গোচৰৰ ৰায়দান শুনিবলৈ প্ৰফেচাৰ গেৰাল্ডো ন্যায়ালয় পালেগৈ। আদালতত অধিবক্তা আৰু বিচাৰকৰ সন্মুখত হাণ্টিঙে নিজকে নিৰ্দোষী প্ৰমাণ কৰিবলৈ যিবোৰ তথ্য, যুক্তি দাঙি ধৰিলে;সেইবোৰ দেখি-শুনি প্ৰফেচাৰ বিস্ময়াভিভূত হ’ল৷ যুৱকজনৰ অসাধাৰণ পাণ্ডিত্যই প্ৰফেচাৰ গেৰাল্ডক মুহূৰ্ততে...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/২০
{{rh||১৯|}}
মন-বিবেক আগ্ৰহী হয় আৰু এসময়ত অমূল্য জীৱনটোক বুটলি ল’বলৈ হাণ্টিঙৰ মন সুদৃঢ় আৰু পৰিপক্ক হৈ উঠে। {{gap}}এইয়া আছিল ১৯৯৭ চনত মুক্তি লাভ কৰা বহুসমাদৃত,সফল আৰু মননশীল ছবি ‘গুড উইল হাণ্টিঙ’ৰ কাহিনীৰ চমু বৰ্ণনা। ১২৬ মিনিট দৈৰ্ঘ্যৰ বাণিজ্যিকভাৱে সফল এই ছবিখনৰ পৰিচালক গাছ ভান ছাণ্ট। মেট ডেমন আৰু বেন এফলেকে ৰচনা কৰা কাহিনীটো...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/২১
{{rh||২০|}}
{{Css image crop |Image = Bigyan_aru_Bolsobi_Ishan-Jyoti-Bora-ebook.pdf |Page = 21 |bSize = 464 |cWidth = 456 |cHeight = 245 |oTop = 0 |oLeft = -3 |Location = center |Description = }} {{center|{{larger| The average person uses 10% of their brain capacity. Imagine what she could do with 100%.}}}} {{gap}}২০১৪ চনত মুক্...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/২২
{{rh||২১|}}
Enzyme) হৈছে CPH-4। কোৰা (Quora) নামৰ জনপ্ৰিয় ৱেবছাইটটোত চিপিএইচ্ছ-ফোৰ আৰু ‘লুচি’ সম্পৰ্কীয় সম্পৰ্কীয় এলানি আলোচনাত ভাগ লৈ পেনছিলভেনিয়া ষ্টেট ইউনিভাৰ্ছিটিৰ প্ৰাক্তন ছাত্ৰ আৰু জীৱবিজ্ঞানী ব্ৰায়ান ষ্টিফেনছনে মন্তব্য কৰে যে - "6-Carboxy-5, 6, 7, 8-Tetrahydropterin CPH4 in the body, involved in the process of biosynth...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/২৩
{{rh||২২|}}
মগজুৰ অপৰিসীম শক্তিৰে অন্বেষণ কৰে৷ তাৰপিছত সংগ্ৰহিত তথ্যৰাজিৰ সমস্ত ভাণ্ডাৰ এটা অত্যাধুনিক ছুপাৰ কম্পিউটাৰ নিৰ্মাণ কৰে। কম্পিউটাৰটোৰ সমস্ত তথ্য এটা ক’লা বৰণীয়া সৰু ফ্লেছ ড্ৰাইভত জমা কৰি সৰ্বশেষত প্ৰফেছাৰ ছেমুৱেল নৰমানৰ হাতত সেইটো অৰ্পণ কৰে। তাৰপিছত লুচি অদৃশ্য হৈ পৰে৷ ড্ৰাগ মাফিয়া মিষ্টাৰ জেঙক সিপুৰীলৈ পঠিয়াই কোঠাল...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/২৪
{{rh||২৩|}}
{{Css image crop |Image = Bigyan_aru_Bolsobi_Ishan-Jyoti-Bora-ebook.pdf |Page = 24 |bSize = 464 |cWidth = 452 |cHeight = 275 |oTop = 0 |oLeft = 2 |Location = center |Description = }} {{gap}}‘ছামথিং ডা লৰ্ড মেড’ হৈছে ২০০৪ চনত নিৰ্মিত এখন বহুসমাদৃত ছবিৰ নাম। আধুনিক চিকিৎসা বিজ্ঞানৰ এটা যুগান্তকাৰী অস্ত্ৰোপচাৰ আৰু নেপথ...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/২৫
{{rh||২৪|}}
শিশুৰ শৰীৰত দৃষ্টিগোচৰ হোৱা ‘ব্লু বেবি ছিনড্ৰম’ (Blue Baby Syndrome) নামৰ বিসংগতিটো, যাক টেট্ৰাল’জি অৱ ফেল’ট (Tetralogy of Fallot) বুলিও জনা যায়; তাক নিৰ্মূলৰ অৰ্থে ভিভিয়ান থ’মাছে লেবৰটৰীত সাজি উলিয়াইছিল এক অনন্য সঁজুলি। অকল সেয়াই নহয়, সেই সঁজুলিৰ ব্যৱহাৰ কৰি আমেৰিকাৰ আগশাৰীৰ চিকিৎসকৰ সন্মুখত, আলফ্ৰেড ব্লালাকৰ সৈ...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/২৬
{{rh||২৫|}}
ভিভিয়েন থ’মাছক জন্স হপকিন্স বিশ্ববিদ্যালয়ে কৰ্মনিষ্ঠা আৰু অতুলনীয় মেধাক আনুষ্ঠানিকভাৱে সন্মান যাঁচে। ভিভিয়েন থ’মাছলৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী আগবঢ়োৱা হয়। চিকিৎসালয়ৰ বেৰত তেওঁৰ এখন প্ৰতিকৃতি আলফ্ৰেড ব্লালাকৰ প্ৰতিকৃতিৰ কাষতেই আঁৰি ৰখা হয়। সেইয়া আছিল ভিভিয়েন থ’মাছৰ জীৱনৰ সবাতোকৈ গৌৰৱোজ্জ্বল ক্ষণ। দৰ্শকৰ প্ৰথম ...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/২৭
{{rh||২৬|}}
{{Css image crop |Image = Bigyan_aru_Bolsobi_Ishan-Jyoti-Bora-ebook.pdf |Page = 27 |bSize = 464 |cWidth = 452 |cHeight = 221 |oTop = 0 |oLeft = 0 |Location = center |Description = }} {{center|{{larger|'''“Curiosity has its own reason for existing.”'''}}}} {{Right|—Albert Einstein}} {{gap}}আইনষ্টাইনৰ উক্তিৰ ভেটিত থিয...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/২৮
{{rh||২৭|}}
তেওঁলোকৰ চিন্তাশক্তিক প্ৰত্যাহ্বান জনোৱা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ পাইছে। তথাপিতো যেন মানুহৰ কৌতূহল স্তিমিত হোৱা নাই। মনৰ অনুসন্ধিৎসু আৰু উৎসুকতা মাৰ যোৱা নাই। কিছুমান বিচিত্ৰ প্ৰশ্নই মানুহক অহৰ্নিশে খেদি ফুৰিছে, সঘনাই আমনি কৰিছে। কৌতূহলী মানুহৰ মনত যুগে যুগে জাগ্ৰত হোৱা তেনে এটা প্ৰাচীন প্ৰশ্ন, যিটো প্ৰশ্নৰ ...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/২৯
{{rh||২৮|}}
কেইবাখনো মহাকাশযানে পৃথিৱীৰ প্ৰখ্যাত চহৰবোৰৰ ওপৰত অৱস্থান গ্ৰহণ কৰে৷ কেতিয়াও মুখামুখি নোহোৱা এই বিস্ময়কৰ পৰিঘটনাই চহৰবাসীৰ মাজত সৃষ্টি কৰে চেপা উত্তেজনা আৰু পৰম উৎকণ্ঠাৰ। কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে লাভ কৰা এটা বিচিত্ৰ সংকেতৰ অৰ্থোদ্ধাৰ কৰি উঠি আতঙ্কিত হৈ পৰা ডেভিড লেভিনছন নামৰ মানুহজনে হোৱাইট হাউচত থকা তেওঁৰ প্ৰাক্তন পত...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৩০
{{rh||২৯|}}
ভাইৰাছ সংস্থাপিত কৰিব লাগিব। পৃথিৱী ৰক্ষাৰ এই গুৰুত্বপূৰ্ণ অভিযানৰ মুখ্য দায়িত্ব অৰ্পণ কৰা হয় পাইলট ষ্টিভেন হিলাৰৰ ওপৰত। তেওঁৰ নেতৃত্বত যাবলগীয়া দলটোৱে বৰ্হিজগতৰ প্ৰাণীৰ মুখ্য যানখনত সেই ভাইৰাছটো সংস্থাপিত কৰিব আৰু তাৰ পিছত নিউক্লিয়াৰ অস্ত্ৰ নিক্ষেপ কৰি যানখন ধ্বংস কৰিব। সামৰিক বাহিনীৰ শক্তি বঢ়োৱাৰ উদ্দেশ্য উৰাজাহ...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৩১
{{rh||৩০|}}
{{Css image crop |Image = Bigyan_aru_Bolsobi_Ishan-Jyoti-Bora-ebook.pdf |Page = 31 |bSize = 464 |cWidth = 449 |cHeight = 245 |oTop = -6 |oLeft = 2 |Location = center |Description = }} {{center|{{larger|"I believe that at the end of the century the use of words and general educated opinion will have altered so much th...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৩২
{{rh||৩১|}}
হ’ব, সেইয়া তেওঁলোকে বুজি উঠিছিল। সেইবাবেই জাৰ্মানীৰ বিপক্ষে যুদ্ধ ঘোষণা হোৱাৰ পিছদিনাই নৌসেনাৰ কমাণ্ডাৰ এলাষ্টেয়াৰ ডেনিষ্টনে এলান টুৰিং (Alan Turing) নামৰ তীক্ষ্ণধী গণিতজ্ঞজনক তেওঁৰ কক্ষলৈ আমন্ত্ৰণ কৰিলে। {{gap}}আধুনিক পৃথিৱীৰ কম্পিউটাৰ বিজ্ঞানৰ পিতৃস্বৰূপ তথা কৃত্ৰিম বুদ্ধিমত্তাৰ (Artificial Intelligence) পথপ্ৰদৰ্শ...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৩৩
{{rh||৩২|}}
কৰে। গতিকে ‘এনিগ্‌মা ক'ডৰ অৰ্থোদ্ধাৰ কৰিবলৈ দলটোৰ হাতত সময় থাকে সম্পূৰ্ণ ওঠৰ ঘণ্টা। ওঠৰ ঘণ্টাৰ ভিতৰতে যদি কিবাপ্ৰকাৰে সংকেতৰ পাঠোদ্ধাৰ কৰিব পাৰি, তেন্তে শত্ৰুপক্ষৰ বহুতো কূট-কৌশল প্ৰতিহত কৰিব পৰা যাব। অন্যথা মাজনিশা বাৰ বজাত পুনৰ ‘এনিগ্‌মা’ৰ ছেটিঙছ সলাই শত্ৰু জাৰ্মানীয়ে নতুন ৰণকৌশল ৰচনা কৰিব। দুৰ্ভাগ্যজনকভাৱে এই কাম...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৩৪
{{rh||৩৩|}}
পাতি, সংকেত গোপনে যন্ত্ৰ নিৰ্মাণত ব্যস্ত হৈ থকা টুৰিঙৰ হাতত গটাবলৈ ধৰিলে। {{gap}}সপোনৰ যন্ত্ৰটোক বাস্তৱ ৰূপ দিবলৈ টুৰিঙ ইমানেই ব্যাকুল আৰু মনোযোগী হৈ পৰিছিল যে হতাশাগ্ৰস্ত সতীৰ্থৰ অনাকাংক্ষিত ব্যৱহাৰেও টুৰিঙৰ মন ভাঙিব পৰা নাছিল। দিন-ৰাতি অহৰ্নিশে টুৰিঙৰ মাত্ৰ এটাই লক্ষ্য আছিল-যন্ত্ৰটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰি তোলা আৰু দে...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৩৫
{{rh||৩৪|}}
ত্যাগ কৰিছিল। জাৰ্মান সৈন্যজনে এক সাংকেতিক ভাষাৰে তেওঁৰ গোপন প্ৰেমিকালৈ বাৰ্তা প্ৰেৰণ কৰিছিল যাৰ অৰ্থ হেলেনে উদ্ধাৰ কৰিছিল। এই বিশেষ কথাটোৱেই এলেন টুৰিঙৰ মগজুত বিজুলীৰ দৰে ঢৌ খেলাই গ’ল। বিদ্যুৎসাহী এলান টুৰিঙে ততালিকে হেলেনৰ কাষ চাপিল আৰু কিদৰে তেওঁ সংকেতটোৰ পাঠোদ্ধাৰ কৰিছিল, তাৰ বিষয়ে জানিব বিচাৰিলে। হেলেনে তেতিয়া ক...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৩৬
{{rh||৩৫|}}
নতুন কূট-কৌশলৰ ৰচনা হ’ব, আক্ৰমণৰ স্থান-কাল- পৰিৱেশ ভিন্ন হ’ব। আৰু জাৰ্মানীৰ নতুন ৰণকৌশল ফাদিল কৰিবলৈ এলেনহঁতে পুনৰ পশুশ্ৰম কৰিব লাগিব। {{gap}}এই দোদুল্যমান পৰিস্থিতিৰ পৰা উদ্ধাৰ পাবলৈ এলেনহঁতে তেওঁলোকৰ সফলতা গোপনে ৰখাৰ সিদ্ধান্ত ল'লে। এলেন আৰু জোৱান ক্লাৰ্ক কাষ চাপিল মেজৰ জেনেৰেল ষ্টুৱাৰ্ট মেঞ্জিছৰ। এলেন আৰু জোৱানে ম...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৩৭
{{rh||৩৬|}}
বুদ্ধিমত্তাৰে এটা জটিল ক্ষণত সঠিক সিদ্ধান্ত গ্ৰহণ কৰি শত্ৰুৰ ৰণকৌশলক যথোপযুক্ত প্ৰত্যুত্তৰ দিছিল। {{gap}}“দা ইমিটেছন গেইম” ছবিখনৰ সবাতোকৈ সৌন্দৰ্যশালী উপাদানটো হ'ল এলান টুৰিঙৰ চৰিত্ৰত বেনেডিক্ট কাম্বাৰবেটছে্ প্ৰদৰ্শন কৰা উৎকৃষ্টতম অভিনয়। তাৰ প্ৰমাণ-২০১৪ বৰ্ষৰ শীৰ্ষ দহটা অভিনয়ৰ ‘টাইম’-এ কাম্বাৰবেটছৰ অভিনয়ক প্ৰথম স্...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৩৮
{{rh||৩৭|}}
{{Css image crop |Image = Bigyan_aru_Bolsobi_Ishan-Jyoti-Bora-ebook.pdf |Page = 38 |bSize = 464 |cWidth = 452 |cHeight = 267 |oTop = -4 |oLeft = 0 |Location = center |Description = }} '''"Srinivasa Ramanujan was the strangest man in all of mathematics, probably in the entire history of science."''' {{Right|''Michio ...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৩৯
{{rh||৩৮|}}
নিউ ইন্ফিনিটি” (The Man Who Knew Infinity)। ১৯৯১ চনত প্ৰকাশিত হোৱা ৰবাৰ্ট কানিগেলৰ জীৱনীমূলক উপন্যাস “দা মেন হু নিউ ইন্‌ফিনিটি”ৰ আধাৰত কাহিনীৰ চিত্ৰনাট্য ৰচনা। কৰিলে মেথিউ ব্ৰাউনে। এডৱাৰ্ড আৰ. প্ৰেছমেন, জিম ইয়ং, জিঅ' থ’মাছ আৰু মাৰ্ক মন্টেগ’মেৰিয়ে প্ৰযোজনা কৰা মননশীল চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছে মেথিউ ব্ৰাউনে। {{gap}}...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৪০
{{rh||৩৯|}}
কৰিছিল। অংকয়েই আছিল ৰামানুজনৰ প্ৰথম প্ৰেম। অংকৰ মাজতেই সোমাই আছিল ৰামানুজনৰ সমগ্ৰ সত্ত্বা আৰু শক্তি। {{gap}}‘ৰামানুজন’ শব্দৰ অৰ্থ হ'ল ভগৱান ৰামচন্দ্ৰৰ ভায়েক। শ্ৰীনিবাসৰ শ্ৰীয়ে প্ৰতিনিধিত্ব কৰিছে ভগৱানৰ শক্তিৰ স্ত্ৰী ৰূপটোক, আনহাতে ‘নিবাস’-এ বুজাইছে বসতিস্থল। শ্ৰীনিবাস শব্দটোৰ আক্ষৰিক অৰ্থ হৈছে “ঈশ্বৰীয় শক্তিৰ স্ত্...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৪১
{{rh||৪০|}}
মাদ্ৰাছৰ শিক্ষানুষ্ঠানত পঢ়িবলৈ ভাল নোপোৱা ৰামানুজনে প্ৰায়ে শিক্ষাগ্ৰহণৰ পৰা বিৰত আছিল। বিদ্যালয়ত ৰামানুজনৰ উপস্থিতি নিয়মীয়া কৰাৰ সংকল্পেৰে আমোদজনকভাৱে নিয়োগ কৰা হৈছিল এজন কনিষ্টবলক। যাতে কনিষ্টবলজনে ৰামানুজনৰ গতিবিধিৰ ওপৰত কাঢ়া চকুৰ ৰাখিব পাৰে আৰু ৰামানুজনৰ উপস্থিতিৰ নিশ্চয়তা প্ৰদান কৰিব পাৰে। অৱশ্যে তাৰ ঠিক ছম...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৪২
{{rh||৪১|}}
ঠাহ খাই থকা জি.এছ.কাৰৰ এই বিশেষ কিতাপখনেই ৰামানুজনৰ অন্তৰ্নিহিত প্ৰতিভা আৰু বুদ্ধিমত্তাৰ উত্তৰণ ঘটাই মানৱীয় উৎকৃষ্টতাৰ নৱতম শীৰ্ষত উপনীত কৰোৱাত অন্যতম ভূমিকা ল'লে। তাৰ পৰৱৰ্তী বছৰতেই ৰামানুজনে বাৰ্ণোলিৰ সংখ্যাৰ সম্বন্ধে নিজাবৱীয়া অন্বেষণ আৰম্ভ কৰিলে আৰু পোন্ধৰ দশমিক পৰ্যন্ত ‘ইউলাৰ-মেছকেৰ’ণিৰ ধ্ৰুৱকৰ মান নিৰূপণ কৰিলে।...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৪৩
{{rh||৪২|}}
ভূমিকা আছে। ৰাজহৰ কাৰ্যালয়ত চাকৰি এটা বিচাৰি যেতিয়া ৰামানুজনে তেওঁৰ টোকাবহীখন আয়াৰক দেখুৱাইছিল, তেতিয়া ৰামাস্বামী আয়াৰত পৰম বিস্ময়ত হতভম্ব হৈ পৰিছিল। পিছত তেওঁ মন্তব্য কৰিছিল-“টোকবিহীত সন্নিৱিষ্ট হোৱা অংকৰ অসাধাৰণ ফলাফলসমূহে মোক শিহৰিত কৰিছিল। ৰাজহ বিভাগৰ তল খাপৰ এটা চাকৰিত নিয়োগ কৰি এইজন জিনিয়াছক সীমিত কৰি ৰাখ...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৪৪
{{rh||৪৩|}}
ৰাও আৰু ৰামানুজনৰ সহকৰ্মী তথী ভাৰতীয় গাণিতিক সমাজৰ কোষাগাৰিক নাৰায়ণ আয়াৰে। “''অংকত ৰামানুজনৰ দক্ষতা আছে যদিও প্ৰয়োজনীয় আনুষ্ঠানিক শিক্ষাৰ অভাৱত ৰামানুজনৰ প্ৰতিভাই সঠিক দিশত অগ্ৰসৰ হোৱা নাই আৰু তেওঁৰ সূত্ৰসমূহো ত্ৰুটিপূৰ্ণ।''” লণ্ডনৰ অংকৰ অধ্যাপকৰ পৰা অহা এনেধৰণৰ মন্তব্যই প্ৰাৰম্ভিক পৰ্যায়ত তেওঁলোকক নিৰাশ কৰিছিল য...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৪৫
{{rh||৪৪|}}
উৎপত্তিত্ত্বৰ (Population Genetics) ক্ষেত্ৰত উদ্ভাৱণ কৰা “হাৰ্ডি-ৱেনবাৰ্গ” নীতিৰ বাবেও বিখ্যাত। লিখক হিচাপে সুপৰিচিত হাৰ্ডিৰ অন্যতম কৃতিত্ব হ’ল ১৯৪০ চনত তেওঁৰ দ্বাৰা ৰচিত বহুল জনপ্ৰিয় গ্ৰন্থ A Mathematician's Apology'.(1) স্মিথ পুৰস্কাৰ, ৰয়েল পদক, ডি মৰ্গান পদক, ছিলভেষ্টাৰ পদক, ক’পলি পদককে ধৰি কেইবাটাও বঁটা- সন্মানেৰ...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৪৬
{{rh||৪৫|}}
নহৈ এখন প্ৰকাণ্ড কাগজহে। নামগিৰি দেৱীৰ মন্দিৰত মজিয়ৰ সৰ্বত্ৰ ঠাই সংখ্যাৰে পূৰ্ণ কৰি পেলোৱা সেইজন আন কোনো নহয়-গাণিতিক বিস্ময় শ্ৰীনিবাস ৰামানুজন। {{gap}}সেইখিনি সময় আছিল ৰামানুজনৰ জীৱনৰ প্ৰত্যাহ্বানপূৰ্ণ বছৰ। পৰিয়াল পোহ-পাল দিবৰ বাবে চাকৰি বিচাৰি হায়ৰাণ হৈ পৰা ৰামানুজনৰ এটা চিন্তাগ্ৰস্ত বিমৰ্ষ ৰূপক খুব সতৰ্কতাৰে প...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৪৭
{{rh||৪৬|}}
{{gap}}ৰামানুজনক হাৰ্ডিয়ে বিশ্ববিখ্যাত গণিতজ্ঞ ইউলাৰ আৰু জাকোবিৰ সমপৰ্যায়ৰ বুলি অভিহিত কৰিছিল আৰু প্ৰতিমুহূৰ্ততে কলেজৰ পাঠদান কাৰ্যত মনোনিৱেশ কৰিবলৈ আন্তৰিক অনুৰোধ কৰিছিল। অংকত প্ৰমাণ অবিহনে যে সকলো নিস্ফল-সেই কথা বাৰম্বাৰ হাৰ্ডিয়ে ৰামানুজনৰ কাণত পেলাই আছিল। হাৰ্ডিয়ে ৰামানুজনক ট্ৰিনিটি কলেজৰ বিখ্যাত ৰেইন পুথিভঁৰালট...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৪৮
{{rh||৪৭|}}
{{gap}}ৰামানুজনৰ শাৰিৰীক অৱস্থা ক্ৰমাৎ জটিলৰ পৰা জটিলতৰ হ’বলৈ ধৰে। স্বাস্থ্য-পৰীক্ষাৰ অন্তত পোহৰলৈ আহে যে ৰামানুজনৰ আয়ুস ক্ৰমাৎ টুটি আহিছে। হতাশ-বিমৰ্ষ ৰামানুজনৰ চকুৰে অন্ধকাৰৰ বাহিৰে অইন একো চিনি নোপোৱা হ’ল। জীৱনৰ সকলো আশা-আকাংক্ষা যেন ধূলিস্যাৎ হৈ গ’ল। হঠাতে যেন নিশ্চিহ্ন হৈ গ’ল অংকৰে জগত জিনাৰ সপোন। পোৱা-নোপোৱাৰ আল...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৪৯
{{rh||৪৮|}}
গাড়ীখনৰ নম্বৰটো (১৭২৯) দুৰ্ভাগ্যপূৰ্ণ বুলি কৈছিল। কিন্তু হাৰ্ডিৰ ৰগৰক নস্যাৎ কৰি ৰামানুজনে ততালিকে কৈ উঠিছিল-“এইটো দুটা বেলেগ বেলেগ উপায়েৰে দুটা ঘনাঙ্কৰ যোগফলস্বৰূপে প্ৰকাশ কৰিব পৰা আটাইতকৈ সৰু সংখ্যা।” হাৰ্ডিৰ ওঁঠৰে এটা হাঁহি সৰকি পৰিছিল। ৰামানুজনৰ প্ৰতিভা আৰু মেধা হাৰ্ডিৰ কাৰণে সদায়েই আছিল বিস্ময়কৰভাৱে অসামান্য। ...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৫০
{{rh||৪৯|}}
{{Dhr|2em}} {{Css image crop |Image = Bigyan_aru_Bolsobi_Ishan-Jyoti-Bora-ebook.pdf |Page = 50 |bSize = 464 |cWidth = 450 |cHeight = 248 |oTop = 2 |oLeft = 3 |Location = center |Description = }} {{center|{{larger| “The ultimate measure of a man is not where he stands in moments of comfort and convenience, but where h...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৫১
{{rh||৫০|}}
সজোৰে খুন্দিয়ালে আৰু আপোনাক পলকতে নি আঁতৰত পেলালেগৈ। মুহূৰ্ততে আপুনি দলটোৰ পৰা বিচ্ছিন্ন আৰু সংযোগহীন হৈ পৰিল। আপোনাৰ বিশেষ পোছাকযোৰত সংযোজিত এণ্টেনাডাল ধুমুহাই ছিঙি পেলালে যাৰ ফলত আপোনাৰ সাম্প্ৰতিক অৱস্থান সম্বন্ধীয় কোনো তথ্যয়েই আপোনাৰ সংগীবৃন্দই উদ্ধাৰ কৰিব নোৱাৰিলে। ধুমুহাত আপোনাৰ মৃত্যু হৈছে বুলি তেওঁলোকৰ মনত শং...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৫২
{{rh||৫১|}}
শক্তিশালী বাসনাই ক্ৰমশঃ আপোনাৰ মন-মগজু অধিকাৰ কৰিব আৰু ৰঙা গ্ৰহ মংগলৰ এই চৰম বিপদজনক, সংকটজনক আৰু নিসংগ অৱস্থাত থাকিও আপোনাৰ মুখৰ পৰা সৰকি পৰিব সংকল্পসূচক শব্দকেইটা—‘I’m not gonna die here.’ {{gap}}আপুনি এতিয়া কোনটো বিকল্প আদৰি লয়- সেই কথা মোতকৈ বেছি ভালদৰে জানিব আপুনি। কিন্তু ৰিডলি স্কটে পৰিচালনা কৰা ২০১৫ চনৰ বিখ্য...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৫৩
{{rh||৫২|}}
পৰিচালনা কৰা অন্যতম ব্যক্তি ভিনচেণ্ট কাপুৰ আৰু ছেটেলাইট কমিউনিকেশন বিভাগৰ কৰ্মী মিন্দি পাৰ্কে মঙল গ্ৰহত মাৰ্ক ৱাটনিৰ গতিবিধি লক্ষ্য কৰিলে। মুহূৰ্ততে এক উৎকণ্ঠামিহলি প্ৰৱল চাপে নাছাৰ অভ্যন্তৰ তোলপাৰ লগলে। কাৰণ নাছাই ইতিমধ্যেই মাৰ্কৰ মৃত্যু হোৱা বুলি ভাবিছিল। এতিয়া মাৰ্কৰ সম্ভেদ পাই তেওঁৰ লগত কিদৰে যোগাযোগ কৰিব পাৰি, তে...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৫৪
{{rh||৫৩|}}
বিজ্ঞানী, কাৰিকৰী শাখাৰ ব্যক্তিসকল আৰু ৰাস্তাই- ঘাটে ওলমি থকা ডিজিটেল পৰ্দালৈ পৰম কৌতূহলৰে চাই থকা অগণন মানুহৰ মুখত আনন্দ আৰু বিজয়ৰ উজ্জ্বল জ্যোতি বিয়পি পৰিল। {{gap}}মাৰ্ক ৱাটনি উদ্ধাৰ হ’ল। মিছন কমাণ্ডাৰ লিউছৰ স্পষ্ট আৰু আত্মবিশ্বাসী কণ্ঠৰে নিগৰি অহা অবিস্মৰণীয় খবৰটোৱে, নাছাৰ এই দুঃসাহসী অভিযানে পৃথিৱীবাসীৰ সন্মুখত...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৫৫
{{rh||৫৪|}}
{{Css image crop |Image = Bigyan_aru_Bolsobi_Ishan-Jyoti-Bora-ebook.pdf |Page = 55 |bSize = 464 |cWidth = 453 |cHeight = 260 |oTop = -1 |oLeft = 0 |Location = center |Description = }} {{center|{{larger|“However bad life may seem, there is always something you can do and succeed at. While there is life, there is hope....
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৫৬
{{rh||৫৫|}}
বাধা-নিষেধ ওফৰাই তেওঁ নিজ লক্ষ্যাভিমুখে খোজ কাঢ়ি থাকিল। আৰু এদিন তেওঁ লক্ষ্যত উপনীত হ’ল। জীৱনে তেওঁৰ শিৰত বিজয়ৰ গৌৰৱোজ্জ্বল মুকুট পিন্ধালে। পৃথিৱীৰ লক্ষ-লক্ষ সাধাৰণ মানুহৰ বাবে এই মানুহজন মুহূৰ্ততে হৈ উঠিল অসাধাৰণ। তেওঁৰ অদম্য মনোবল আৰু অপ্ৰতিৰোধ্য ইচ্ছাশক্তি হৈ পৰিল বিশ্ববাসীৰ বাবে অপাৰ বিস্ময় তথা অন্তহীন কৌতূহলৰ ব...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৫৭
{{rh||৫৬|}}
{{gap}}ষ্টিফেন হকিঙৰ জীৱনত যেতিয়া মটৰ নিউৰন নামৰ ভয়ংকৰ দুৰাৰোগ্য ৰোগটোৱে প্ৰৱেশ কৰিছিল তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ একৈশ বছৰ। শৰীৰৰ স্নায়ু এফালৰ পৰা ধ্বংস কৰি মানুহজনক এসময়ত মৃত্যুৰ শীতল কোলাত শোৱাই দিয়াটোৱেই এই ৰোগটোৰ প্ৰধান উদ্দেশ্য। বেমাৰৰ সমুখত পৰাজয় বৰণ কৰি চিকিত্সকে ক্ষমাহীন ঘোষণা কৰিলে,মাত্ৰ দুই-আঢ়ৈ বছৰৰ...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৫৮
{{rh||৫৭|}}
{{Css image crop |Image = Bigyan_aru_Bolsobi_Ishan-Jyoti-Bora-ebook.pdf |Page = 58 |bSize = 464 |cWidth = 353 |cHeight = 168 |oTop = 32 |oLeft = 54 |Location = center |Description = }} ওচৰ চপাই নিছিল। আৰু ক্ৰমাৎ সেই আকৰ্ষণে প্ৰেমৰ ৰূপ পৰিগ্ৰহ কৰিছিল। {{gap}}মৃত্যু সংবাদ লৈ মটৰ নিউৰন নামৰ ৰোগটোৱে প্ৰেমিক ষ্টিফেনৰ জীৱ...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৫৯
{{rh||৫৮|}}
সময়ৰ ভিতৰতে জনাথনে তেওঁৰ স্বভাৱসুলভ সহৃদয়তা আৰু উদাৰ মানৱতাবাদী দৃষ্টিভংগীৰে সকলোৰে মন মুহি পেলালে। মন মুহিলে জেনৰো। ক’ৰবাত অন্তৰ্হিত হোৱা জীৱনৰ প্ৰতি সেই কৌতূহল, সেই আকৰ্ষণ, সেই মৰম-আকলুৱা অনুভূতিবোৰে জেনে আৱিষ্কাৰ কৰিলে জনাথন নামৰ পুৰুষজনৰ ভিতৰত। জেনৰ অন্যতম সহায়কাৰীৰ ৰূপত অৱতীৰ্ণ হ’ল জনাথন জ’নছ। {{gap}}কিন্তু ষ্...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৬০
{{rh||৫৯|}}
অধিকাংশ সময় অতিবাহিত কৰা ইলেইনৰ প্ৰতি থকা এই দুৰ্বাৰ আকৰ্ষণ পোনপ্ৰথমবাৰৰ বাবে পত্নী জেনে আৱিষ্কাৰ কৰিলে তেতিয়া যেতিয়া আমেৰিকাত হ’বলগীয়া এটা বঁটা-প্ৰদান অনুষ্ঠানলৈ ষ্টিফেন হকিঙে জেনৰ পৰিৱৰ্তে ইলেইনক লৈ যোৱাৰ কথা ব্যক্ত কৰিলে। সীমাহীন বিষাদ আৰু দুখে সেইদিন জেনৰ হৃদয় উপচাই পেলাইছিল। আলফুলেৰে গঢ় দিয়া বৈবাহিক সম্বন্ধ...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৬১
{{rh||৬০|}}
{{Css image crop |Image = Bigyan_aru_Bolsobi_Ishan-Jyoti-Bora-ebook.pdf |Page = 61 |bSize = 464 |cWidth = 452 |cHeight = 245 |oTop = -3 |oLeft = 2 |Location = center |Description = }} {{center|{{larger|“The present is theirs; the future, for which I really worked, is mine."}}}} {{Right|Nikola Tesla}} {{gap}}কোঠাত প...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৬২
{{rh||৬১|}}
ঘটে তেওঁৰ বিষয়ে সৰৱ তথা প্ৰশংসাসূচক চৰ্চা হৈছিল। তেওঁৰ সোঁৱে-বাঁৱে সমাৱেশ ঘটিছিল অসংখ্য গুণমুগ্ধৰ। সমাজৰ নেতৃস্থানীয় ব্যক্তিসকলেও এডিছনক যথেষ্ট সমীহ কৰি চলিছিল। ক’ব পাৰি, এডিছন আৰু তেওঁৰ যুগান্তকাৰী আৱিষ্কাৰসমূহে তেতিয়াৰ সমাজখনক একপ্ৰকাৰে সন্মোহিত কৰি ৰাখিছিল। ক’ব পাৰি, এই সন্মোহন আৰু আকৰ্ষণেই এডিছনক সমাজৰ এজন ক্ষমত...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৬৩
{{rh||( ৬২ )|}}
মুক্তিপ্ৰাপ্ত ছবিখনৰ পৰিচালকৰ নাম ক্ৰষ্টেী পাপিক (Krsto Papié)। আইভ’ ব্ৰেছনান (Ivo Bresan), ইভান কুছান (Ivan Kusan) আৰু ক্ৰষ্টো পাপিকৰ (Krsto Papić) দ্বাৰা ৰচিত আত্মজীৱনীমূলক কাহিনীটোৰ মুখ্য ভূমিকাত জীৱন্ত অভিনয় কৰিছে অভিনেতা পিটাৰ ব’জ’ভিকে (Petar BoZovic)। {{gap}}লেখাৰ আৰম্ভণিতে উল্লেখ কৰা এডিছন আৰু টেছলাৰ বিশেষ যুদ...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৬৪
{{rh||৬৩|}}
অসাধাৰণ কাৰুকাৰ্যই তেওঁৰ শিক্ষকসকলক বিস্ময়াভিভূত কৰিছিল। তেওঁলোকে সন্দেহ কৰিছিল যে টেছলাই শিক্ষকসকলক ঠগি আছে। অৱশ্যে সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ বৈদ্যুতিক অভিযন্তা নিক’লা টেছলাক বিদ্যুতক্ষেত্ৰখনৰ প্ৰতি আকৃষ্ট কৰিছিল এজন পদাৰ্থ বিজ্ঞানৰ অধ্যাপকেই৷ তেওঁৰ মুখত শুনি থকা বিদ্যুতৰ আশ্বৰ্যকৰ ক্ৰিয়া-প্ৰক্ৰিয়াবোৰেই টেছলাক বিদ্যু...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৬৫
{{rh||৬৪|}}
পাইছিল। আহিলা নাইবা সঁজুলি এটাৰ নাম শুনাৰ মুহূৰ্ততে টেছলাই তাৰ ব্যৱহাৰিক ৰূপটো কল্পনা কৰিবলৈ সক্ষম হৈছিল। টেছলাৰ কল্পনাশক্তি আছিল অবিশ্বাস্যভাৱে বিস্ময়কৰ। নতুন আৱিষ্কাৰৰ নিৰ্মাণকাৰ্যত মনোনিৱেশ কৰাৰ আগতেই তেওঁ সেই বস্তুবিধৰ জোখ-মাখকে ধৰি সমস্ত নিৰ্মাণশৈলী সম্পূৰ্ণ নিখুঁতভাৱে মনৰ মাজতে গঢ় দিব পাৰিছিল। তেওঁ কাগজ-পাতিত ন...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৬৬
{{rh||৬৫|}}
জীৱনৰ অন এক গুৰুত্বপূৰ্ণ দিশ। তৰ্কৰ বিষয়টো আছিল-গ্ৰামে ডাইনাম’। ডাইনাম’ হৈছে একমুখী প্ৰৱাহত চালিত হোৱা বিদ্যুৎ যান্ত্ৰিক যন্ত্ৰ। সাধাৰণতে এইলেখীয়া যন্ত্ৰত কমুটেটৰ (Commutator) নামৰ অংশ থাকে যি বিদ্যুৎ-চুম্বকীয় বৰ্তনীত উৎপন্ন হোৱা পৰিৱৰ্তী প্ৰৱাহক একমুখী প্ৰৱাহলৈ ৰূপান্তৰিত কৰে। টেছলাই যুক্তি দৰ্শাইছিল যে-এই যন্ত্ৰটো...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৬৭
কৰ্মজীৱনৰ পাতনি মেলে। টেছলাক বিজুলী-বাঁতি সংযোগ কৰাৰ (বৈদ্যুতিকীকৰণ) গুৰু দায়িত্ব অৰ্পণ কৰা হয়। বৈদ্যুতিকীকৰণৰ এই কামটোৱেই টেছলাৰ অভিজ্ঞতা আৰু জ্ঞানৰ ভঁৰালটো টনকিয়াল কৰে বুলি ক'ব পাৰি। টেছলাৰ উদ্যম আৰু একাগ্ৰতাই কোম্পানীৰ উচ্চবৰ্গীয় সদস্যসকলক যথেষ্ট প্ৰভাৱান্বিত কৰে আৰু তেওঁলোকে টেছলাক ডাইনাম’ আৰু মটৰৰ আৰ্হি প্...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৬৮
{{rh||৬৭|}}
নাম নিৰ্বাচন কৰাত ব্যস্ত আছিল। মানুহৰ মাজত অপাৰ কৌতূহল আৰু তীব্ৰ জিজ্ঞাসাৰ সৃষ্টি কৰা সেই যন্ত্ৰটোৰ নাম ৰখা হৈছিল ফ’ন’গ্ৰাফ; যিটো আছিল এডিছনৰ জীৱনৰ অন্যতম উল্লেখযোগ্য আৱিষ্কাৰ। {{gap}}তেনে এক ক্ষণতেই এডিছনৰ কাৰ্যালয়ত উপস্থিত হৈছিলগৈ নিক’লা টেছলা৷ টেছলাৰ লগত আছিল তেওঁ প্ৰস্তুত কৰা মটৰৰ এখন নক্সা৷ এইখিনিতে দুটা উল্লেখ ...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৬৯
{{rh||৬৮|}}
বিপৰীতটোও সম্ভৱ অৰ্থাৎ বিভৱ ভেদৰ পৰিমাণ কমাই আনি প্ৰৱাহৰ মান বঢ়াব পাৰি। এই সুবিধাৰ কাৰণেই আধুনিক যুগত A.C.ৰ জৰিয়তে দীৰ্ঘ দূৰত্বৰ বিদ্যুৎ পৰিবহন সম্ভৱ হৈছে। D.C.ত যিদৰে জৰিয়তে বিদ্যুৎ সৰবৰাহ কৰিলে বিদ্যুৎ শক্তিৰ যিমান অপচয় হয়, D.C.ৰ যোগেদি পৰিবহন কৰিলে বিদ্যুতৰ তাতকৈ অধিক গুণে অপচয় হয়। {{gap}} পৰিৱৰ্তী প্ৰৱাহৰ এ...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৭০
{{rh||৬৯|}}
নিৰ্মাণ কৰা মটৰটোৰ মাজত এইটোৱেই আছিল বিশেষ গুণগত পাৰ্থক্য। ১৮৮৮ চনৰ মে’ মাহত টেছলাৰ এই বিশেষ মটৰটোৱে ‘পেটেণ্ট’ লাভ কৰে। ‘টেছলা ইলেক্ট্ৰিক কোম্পানী’ৰ কাৰখানাৰ উদ্ভাৱন হোৱা এই নতুন যন্ত্ৰটোৰ বিষয়ে কোম্পানীয়ে বিভিন্ন মহলত প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিলে। ১৮৮৮ চনৰ ১৬ মে’ত ‘দা আমেৰিকান ইনষ্টিটিউট অৱ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰছ’ৰ ...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৭১
{{rh||৭০|}}
{{gap}}ইয়াতেই ক্ষান্ত নাথাকি এডিছনে তেওঁৰ প্ৰতিষ্ঠানৰ সন্মুখত একাধিক সাংবাদিক আৰু ব্যক্তি গোট খোৱাই পৰিৱৰ্তী প্ৰৱাহৰ ভয়াৱহতা আৰু নিৰাপত্তাহীনতাৰ প্ৰমাণ দাঙি ধৰিলে। বান্ধি থোৱা এটা কুকুৰৰ শৰীৰেৰে তেওঁলোকে পৰিৱৰ্তী প্ৰৱাহৰ সোঁত পাৰ কৰোৱালে। কুকুৰটোৱে তৎমুহূৰ্ততে প্ৰাণবায়ু এৰিলে। এজন চতুৰ ব্যৱসায়ীলৈ ৰূপ ধাৰণ কৰা বিজ্ঞ...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৭২
{{rh||৭১|}}
আকৰ শোধন কৰাৰ প্ৰকল্প এটাৰ সৈতে জড়িত হৈ পৰিল। {{gap}}পৰিৱৰ্তী প্ৰৱাহৰ ধাৰণাটোৰ জৰিয়তে লাভ কৰা ‘পেটেণ্ট’ আৰু উপাৰ্জন কৰা ধনৰ সহায়ত টেছলাই ব্যক্তিগত কেতবোৰ আকাংক্ষা পূৰণৰ দিশে আগবাঢ়িল। মানহাট্টানৰ একাধিক ঠাইত টেছলাই নিজৰ গৱেষণাগাৰ সাজি কেইবাটাও অভিনৱ আৱিষ্কাৰ কৰিলে। এইবোৰৰ ভিতৰত টেছলা কয়ল, তাঁৰবিহীন বৈদ্যুতিকীকৰণ, ...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৭৩
{{rh||৭২|}}
{{gap}}‘দা ছিক্ৰেট অৱ নিক’লা টেছলা’ৰ ছবিখনত টেছলাৰ জীৱনৰ এই সময়ছোৱালৈকে উপস্থাপিত কৰা হয়। আচলতে ছবিৰ সমগ্ৰ কাহিনী হোটেলৰ কোঠাত বহি বৃদ্ধ টেছলাই কৰি থকা অতীত- সোঁৱৰণহে। ছবিখনত নেদেখুউৱা বহুকেইটা ঘটনা- পৰিঘটনাই টেছলাৰ জীৱনৰ গুৰুত্বপূৰ্ণ অংশ দখল কৰি আছে। {{gap}}টেছলাৰ ব্যক্তিত্বত কিছুমান এনে বৈশিষ্ট্য আছিল, যিবোৰ আন মা...
VALIDATED
https://upload.wikimedia…ra-ebook.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/১
{{overfloat image | image = [[File:Bilati Pitha (page 1 crop).jpg|center|350px]] | width = 350 | item1 = {{Xxxx-larger|বিলাতী পিঠা}} | x1 = 120 | y1 = 40 | item2 = {{larger|''শ্ৰীমাণিকি মধুৰি বৰদলৈ (নেওগ)''}} | x2 = 70 | y2 = 460 }}
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg