title
stringlengths
13
148
header
stringlengths
0
3.13k
footer
stringlengths
0
2.16k
body
stringlengths
0
46k
quality
stringclasses
2 values
url
stringlengths
58
1.01k
পৃষ্ঠা:Bilati Pitha.pdf/২
{{center|{{Xx-larger|'''বিলাতী পিঠা'''}}}} {{center|{{X-larger|মাণিকিমধুৰি বৰদলৈ (নেওগ)}}}} {{Block center|<poem> নন্দন প্ৰকাশ 'আজলীতল' গুৱাহাটী - ৫</poem>}}
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/৩
{|style="height:600px;width:400px;" |- |{{Dhr|1em}} "'''BILATI-PITHA'''": A collection of stories in Assamese by Sri Maniki Madhuri Bardoloi (Neog) and published by Nandon Prakash, 'Ajaleetara' Guwahati- 781005. তৃতীয় প্ৰকাশঃ ডিচেম্বৰ ১৯৯৭ প্ৰকাশকঃ নন্দন প্ৰকাশ
{{gap|3.5em}}আজলীতৰাঃ গুৱাহাটী- ৫ চিত্ৰাঙ্কণঃ সপোন মাধুৰী দত্ত (নেওগ) মূল্যঃ পকাবন্ধাঃ ৩৫.০০ টকা
{{gap|2em}}কেঁচাবন্ধাঃ ২৫.০০ টকা মুদ্ৰাকৰঃ শৰাইঘাট ফটোটাইপচ্
{{gap|3em}}উদ্যোগ পাম,
{{gap|3em}}বামুণীমৈদাম, গুৱাহাটী-৭৮১০২১ |}
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/৪
{|style="border: 3px solid black; border-radius: 12px;" |- | {|style="border: 3px solid black; border-radius: 12px; padding: 5px;height:600px;width:400px;" |- |style="border-bottom: 3px solid black;"| {{center|{{X-larger|আশীৰ্ব্বাদ}}}} {{gap}}ৰামায়ণ, মহাভাৰত আৰু পুৰাণসমূহৰ ধৰ্ম্মমূলক সাধুকথাবিলাক বাদ দিলে পঞ্চতন্ত্ৰৰ সাধুকথাবিলাকেই সভ্য জগতৰ আদি সাধুকথা। এই পঞ্চতন্ত্ৰৰ পাছৰে পৰা সাধুকথা, উপকথা, চুটিগল্পই সভ্যদেশসমূহৰ সাহিত্যত আসন লাভ কৰিবলৈ ধৰে; আৰু গ্ৰীচ, ফ্ৰাঞ্চ, ইংলণ্ড আদিত গল্প-সাহিত্যৰ আসন আৰু জাকত জিলিকা হয়। {{gap}}পাশ্চাত্য সাহিত্যৰ লগত সম্পৰ্ক ঘটাৰ পাছৰে পৰা ভাৰতীয় ভাষাৰ লেখকসকলেও মানৱৰ প্ৰাণৰ সুখ-দুখ, হৰ্ষ-বিষাদ আদি অনুভূতিবিলাকক গল্পৰ সাজন-কাচনেৰে সজাই-পৰাই সাহিত্যলৈ এটি নতুন অৱদান দিবলৈ ধৰে। ফল স্বৰূপে, গল্প, সাধুকথা আদি পুৰণি হৈয়ো আমাৰ এটি বিশিষ্ট আৰু নতুন সম্পদ হৈ পৰিছে। {{gap}}শিশুমতি লেখিকাৰ এই সাধুকথা কেইটি উপাদানত বিলাতী হৈয়ো পৰিবেশনত একেবাৰে ঘৰুৱা, জতুৱা আৰু নিভাজ অসমীয়া। হবৰেই কথা। লেখিকাৰ লেখনীৰ কৌশল অভিমন্যুৰ বেহুভেদী কৌশলৰ দৰে “জন্মগত স্বত্ব,” “জন্মগত শিক্ষা।” {{gap}}কল্যাণীয়া শ্ৰীমতী জীউ-মাৰ “বিলাতী পিঠা” অসমৰ ঘৰে ঘৰে লাগ দিয়ক, মোৰ এয়ে কামনা। {| {{ts|wa|mc}} | width=30% |সৰ্ব্বাইবন্ধা, যোৰহাট
২৩। ১২। ৫৪ | width=30% |শ্ৰীশ্ৰীমিত্ৰদেৱ মহন্ত |} |- | {{center|দ্বিতীয় সংস্কৰণৰ ‘আশীৰ্ব্বাদ’টিয়েই তুলি দিয়া হল।
{{gap}}{{gap}}{{gap}}{{gap}}{{gap}}{{gap}}{{gap}}{{gap}}{{gap}}প্ৰকাশক}} |} |}
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/৫
{|style="border: 3px dashed black;" |- | {|style="border: 3px solid black; padding: 5px;height:600px;width:400px;" |- | {{center|'''{{Xx-larger|উছৰ্গা}}'''}} {{Block center|<poem> {{X-larger|পৰম আৰাধ্যা মাতৃদেৱী}} {{X-larger|স্বৰ্গীয়া আজলীতৰা নেওগৰ}} {{X-larger |পৱিত্ৰ সোঁৱৰণত}} </poem>}} {{Right|{{X-larger|'''“জীউ-মা”'''}}}} |} |}
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/৬
{|style="border: 3px solid black;" |- | {|style="border: 3px solid black; padding: 5px;height:600px;width:400px;" |- |'''মোৰ কথা—''' {{gap}}এই সৰু কিতাপখনিত থকা সাধুকেইটি মই মোৰ শৈশৱতে ভাঙনি কৰিছিলো। সেই সময়তে সাধুকেইটা পঢ়ি স্বৰ্গীয় মিত্ৰদেৱ মহন্ত বৰদেউতা আৰু স্বৰ্গীয় ডিম্বেশ্বৰ নেওগ পিতাদেৱে কণ কণ ল'ৰা-ছোৱালীয়ে পঢ়ি ভাল পাব বুলি ভাবি কিতাপৰ আকাৰে ছপা কৰি উলিয়াবলৈ মোক উৎসাহিত কৰিছিল। পুথিখনিৰ দুটি তাঙৰণ ইতিমধ্যে প্ৰকাশ হৈ গৈছে। পাঠকৰ অভূতপূৰ্ব সঁহাৰিৰ প্ৰমাণ পাইছিলো— অতি কম সময়ৰ ভিতৰতে আকৌ ছপাব লগা হোৱা বাবে। পিচে, বহুতো কাৰণত কিতাপখনিৰ তৃতীয় সংস্কৰণ প্ৰকাশ কৰা হোৱা নাছিল। {{gap}}এতিয়া মোৰ সৰু ভনীটি শ্ৰীমতী জীৱন মাধুৰীয়ে নিজে প্ৰকাশ কৰিবলৈ লোৱাত আৰু মোৰ সৰু-মাজু ভনীটি শ্ৰীমতী সপোন মাধুৰীয়ে নানান অসুবিধাৰ মাজতো ভিতৰৰ ছবিখিনি আঁকি দিয়াত তেওঁলোক দুয়োলৈ মোৰ আন্তৰিক শলাগ জনালোঁ। {{Right|মাণিকি মধুৰি বৰদলৈ (নেওগ)
গণেশগুৰি: গুৱাহাটী}} |} |}
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/৭
{|style="height:600px;width:400px;" |- |{{Dhr}} {{center|সূচী}} {{Dhr}} {| style="margin-left: auto; margin-right: auto; border: none;" width="100%" |- | width="70%" | | width="10%" | | width="10%" | | width="10%" style="text-align:right" | পৃষ্ঠা |- | বিলাতী-পিঠা || … || … | style="text-align:right" | ১ |- | নমুলী || … || … | style="text-align:right" | ৪ |- | নিজে খোজকঢ়া জোতা || … || … | style="text-align:right" | ৯ |- | চাহপানী-খোৱা বাঘ || … || … | style="text-align:right" | ১১ |- | জন্মতিথি || … || … | style="text-align:right" | ১৫ |- | এধানমান কুজাটি || … || … | style="text-align:right" | ১৮ |- | এদিনীয়া ৰাজা || … || … | style="text-align:right" | ২৪ |- | “মহাৰাজ, মইহে আগতে মৰিছিলো” || … || … | style="text-align:right" | ৩১ |- | ভোদাৰাম ভাগ || … || … | style="text-align:right" | ৩৬ |- | জোলাৰ লৰা || … || … | style="text-align:right" | ৩৯ |- | শিয়াল বন্ধু || … || … | style="text-align:right" | ৪৩ |} {{Dhr}} |}
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/৮
{{dhr}} {{c|{{X-larger|বিলাতী পিঠা}}}} {{dhr}} {{gap}}কোনো এখন গাঁৱত এজনী ভাবলী ছাগলী আছিল। তাইৰ সাতোটি পোৱালী। এই আঠোটি প্ৰাণী একেলগে এটি জুপুৰী ঘৰত কোনোমতে টোক্-টোক্-টাক্-টাককৈ খাই-লৈ আছিল। {{gap}}এদিনাখন ভাবলীয়ে তাইৰ পোৱালীকেইটিৰ গা চেলেকি চেলেকি কলে,- “পোনাহঁত, মই ওলাই যাওঁ। তোমালোকে দ্বন্দ-হাই নকৰিবাহঁক দেই! বে-এ-এ!!’ {{gap}}পোৱালীকেইটিয়ে মাকক বেৰি ধৰিলে- “আমিও লগতে যাম, আই! আমাকে নিব লাগিব। নহলে, কোৱা, ঘুৰি আহোঁতে আমালৈ আনিবা কি? কি-ই-ই!!” {{gap}}ভাবলীয়ে কলে,- “তোমালোক থাকাঁ। ঘূৰি আহোঁতে তোমালোকলৈ গাইপতি একেটাকৈ বিলাতী পিঠা আনিম।” পোৱালীকেইটিয়ে ৰাঙত জপিয়াই নাচি নাচি গালে— {{gap}}বিলাতী পিঠা, বিলাতী পিঠা।
{{gap}}খাই দিম একোটি, লাগিব মিঠা!! {{gap}}ভাবলী ওলাই গ’ল। অলপ বাট গৈয়ে উলটি আহি কলে,— “মোক কেনেবাকৈ ওলাই যোৱা দেখিলে কুকুৰ-নেচীয়া বাঘটো ওলাবহি পাৰে। দুৱাৰখন খুন্দি খন্দি মাৰি আটাইকেইটি ভিতৰ সোমাই থাকিবাহঁক। মই উলটি নহালৈকে দুৱাৰ নেমেলিবা। পোৱালীবোৰে সুধিলে,— “কুকুৰ-নেচীয়া যে আহিছে আমি জানিম কেনেকৈ?” ভাবলীয়ে কলে,— “কুকুৰ-নেচীয়াৰ মাত হুটা, হাঁতোৰা ক’লা। বে-এ-এ!” {{gap}}ভাবলী ওলাই গল। মনে মনে জোপ লৈ থাকি পিছ তলকতে কুকুৰ-নেচীয়া ভাবলীৰ ঘৰ ওলালহি। সি দুৱাৰখন হেচুকিলে। “কোন সেয়া?” —বৰ ছাগলী পোৱালীটোৱে মাত লগালে। “তোমালোকৰ আয়েৰা। মোক দুৱাৰ মেলি দিয়াহঁক।” —কুকুৰ-নেচীয়াই উত্তৰ দিলে—। “আমাৰ আই যদি মাতটো ইমান হুটা কেলেই।”
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/৯
{{gap}}কুকুৰ-নেচীয়া মিছা পৰিল। মুখেৰে একো নামাতিলে। সি শেনটোৰ দৰে গৈ ফেঁচাটোৰ দৰে উলটি আহিল। পোনছাটেই সি এখন গোলালৈ গ'ল। তাৰ পৰা আধেৰ মাখন কিনি আনিলে। আটাইখিনি মাখন সি তেতিয়াই খাই পেলালে। {{gap}}দুনাই সি ভাবলীৰ ঘৰৰ দুৱাৰখনত হেচোক মাৰিলে। “কোন সেয়া?” —মাজু ছাগলী পোৱালীটোৱে সুধিলে। "মই আয়েৰা, মোক দুৱাৰখন মেলি দিয়া।” “ওঁ, তোমাৰ মাতটি মিহি। বাৰু, তোমাৰ হাতোৰা চাওঁ, দেখুওৱাচোন।” দুৱাৰৰ চুকেদি সি তাৰ হাতোৰাটো দেখুৱালে। {{gap}}“ওঁহো তুমি আমাৰ আই নোহোৱা!” —ছাগলী পোৱালী আটাইকেউটাই মাত লগালে। সি দুনাই লাজত পৰিল, জোকৰ মুখত চুণ দিয়াৰ দৰে হ’ল। সি বাহিৰে বাহিৰে আকৌ এখন গোলালৈ গ'ল। তাত সি এসেৰ ময়দা গুড়ি কিনিলে। তাৰ সোঁ-হাতোৰাটো ময়দা গুড়িত জুবুৰিয়াই দিলে। {{gap}}তিনিবাৰ নিবাৰ। শেষবাৰ সি ভাবলীৰ দুৱাৰত হেঁচোক দিলে। “কোন সেয়া?”--- নুমলীয়া ছাগলীপোৱালীটোৱে সুধিলে। মই আয়েৰা, মোক দুৱাৰখন মেলি দিয়া৷” “ওঁ, তোমাৰ মাতটি মিহি। বাৰু, তোমাৰ হাতোৰাটি চাওঁ, দেখুওৱাচোন?” সি সোঁ-হাতোৰাটো দেখুৱালে। সিহঁতে বগা হতোৰাটো দেখিলে। ভাবিলে এইবাৰ সঁচাকৈয়ে মাক আহিছে। সিহঁতে দুৱাৰৰ ডাং মেলি দিলে। আগত দেখে— কুকুৰ-নেচীয়া! {{gap}}কুকুৰ-নেচীয়াক দেখি বেচেৰা ছাগলীপোৱালীকেইটিৰ কেনি যাওঁ কি কৰোঁ লাগিল। সিহঁতৰ পলাবলৈ তৎ হেৰাল। যেয়ে যেনিয়ে পাৰে পলাল। দুটা সোমাল মেজৰ তলত, আৰু দুটা সোমাল চাঙৰ তলত, আৰু দুটা লুকাল দুৱাৰ চুকত। এটাই ঠাই নাপাই বেৰৰ ডাঙৰ ঘৰীটোৰ ভিতৰত সোমাল। {{gap}}কুকুৰ-নেচীয়া অলপ ৰৈ সিহঁতৰ ধেমালি চালে। তাৰ পাছত সি লাহেকৈ মেজৰ তললৈ হাতোৰা ভৰালে৷ তাত থকা পোৱালী এটা- এটাকৈ তাৰ পেটত সোমাল৷। আকৌ সি চাঙৰ তললৈ চকু দিলে। তাত লুকুৱা পোৱালী দুটাও সি এটা-এটাকৈ গিলি থলে। আকৌ সি দুৱাৰ চুকত চকু ফুৰালে। তাত পলোৱা পোৱালী দুটিৰো একে দশাই হল। কিন্তু ঘৰীত সোমোৱা পোৱালীটোত তাৰ চকু নপৰিল।
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/১০
{{gap}}কুকুৰ-নেচীয়াৰ পেটত সোমাই ছাগলী পোৱালীকেইটাই বৰ আন্ধাৰ দেখিলে। তাৰপৰা ওলাই আহিবলৈ বুলি কুকুৰনেচীয়াৰ পেটত যিমান পাৰে সিমান জপিয়াবলৈ আৰু গুৰিয়াবলৈ ধৰিলে। কুকুৰনেচীয়াই যন্ত্ৰণাত ছট্ ফটাবলৈ ধৰিলে— “ঔ ঔ ঔ!” {{gap}}ভাত বা চাউল নোচোবোৱাকৈ গিলি থলে সেইবোৰ যেনেকৈ লৰা-ছোৱালীৰ পেটত গিজ্‌গিজাই খুন্দিয়া-খুন্দি কৰে, তাৰো সেয়ে হৈছিল। সি তৎ নাপাই মাটিত বাগৰি ফুৰিবলৈ ধৰিলে। ঠিক এনেতে ভাবলী ওলালহি।-- {{gap}}‘‘ক’ত আছা, মোৰ পোনাহঁত!”—পোৱালী এটিও নেদেখি কাতৰ হৈ ভাবলীয়ে মাতিলে। বেৰৰ ঘৰীটোৰ ভিতৰৰ পৰা মুখ উলিয়াই সৰু পোৱালীটিয়ে মাত দিলে— “আই, মই অকলে ইয়াতে আছো। বাকী ছয়োটি কুকুৰনেচীয়াই গিলি থলে।” {{gap}}এই কথা শুনি ভাবলী শোকত বিহ্বল হ’ল। তাৰ পাছত তাই এটা বুদ্ধি বিচাৰি পালে। চোকা কটাৰি এখন লৈ তাই মাটিত বাগৰি ফুৰা কুকুৰ-নেচীয়াটোৰ তলপেটটো অতি সাৱধানে কাটি পেলালে আৰু ছয়োটা ছাগলী পোৱালী ওলাই আহিল, যেন সিহঁতে নতুন জনমহে পালে। {{gap}}ভাবলীয়ে কলে,-“পোনাহঁত, তোমালোক সাতোটি এতিয়া সৌ জুৰিটিৰ পাৰলৈ লৰ মাৰা। তাৰ পৰা গাইপতি এটাকৈ ডাঙৰ শিল আনা। ছাগলী-পোৱালী কেইটাই সেইমতে সাতোটা শিলগুটি আনিলে। ভাবলীয়ে সেই সাতোটা শিলগুটি কুকুৰ-নেচীয়াৰ পেটত ভৰালে আৰু তাৰ পেটটো সী পেলালে। এতিয়া ভাবলী আৰু সাতোটি পোৱালীয়ে ধৰি চোচোৰাই নি তাক জুৰিৰ সোঁতত পেলাই দিলে। ঘৰলৈ উলটি আহি ভাবলী আৰু সাতোটি পোৱালীয়ে পোৰা টেকেলীত চাহ-পানী তপতালে আৰু ভাবলীয়ে অনা বিলাতী পিঠা গাইপতি একোটিকৈ লৈ ঘৰতে এখন চুৰচুৰিয়া চাহমেল পাতি খালে। খাই উঠি সাতোটি পোৱালীয়ে আকৌ ৰঙতে জপিয়াই গালে- {{Block center|<poem>বিলাতী পিঠা, বিলাতী পিঠা। খাই দিম একোটি, লাগিব মিঠা॥০ ০</poem>}}
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/১১
{{center|<poem>'''নুমলী''' "অকণমান তাই {{gap}}{{gap}}নুমলী ছোৱালী বাটত উমলি ফুৰে, কেকোৰা-কেকুৰি{{gap}}{{gap}} চুলিটাৰি আহি গালে-মুখে ঢাকি ধৰে।”</poem>}} {{gap}}ওঁ, তাই অকণমানি! নাম নমুলী। ৰঙচুৱা বাবৰি চুলিকুছি তাইৰ, গাল-মুখ ঢাকি ধৰিলে ওপৰ-মুখ হৈ জোকাৰ মাৰি তৰা যেন চকু দুটি মুকলি কৰি লয়। বাটে-পথে য’তে-ত’তে উমলিবলৈকে বৰ ভাল পায় তাই। {{gap}}ডাঠ হাবিখনৰ সিপাৰে নুমলীৰ অকলশৰীয়া বুঢ়ীমাকৰ টোকোৰা পঁজাটি, নিমাওমাওকৈ তাতে বুঢ়ী নৰীয়া পাটিত পৰি আছে। খৰাহি এটা কোঁচত গুজি দি মাকে নুমলীক ক'লে, “বুঢ়ী আয়েৰ পৰি আছে। এয়া এফেৰা মাখন, চাইটা কণী আৰু অকণ মৌ দিছো, তয়ে দি আহগৈ। ঘৰত আৰু কেও নাই। চাবি, বাটত উমলি ৰাতি নকৰিবি। সাঁজ লাগাতে হাবিত বনৰজা ওলায় একা! {{gap}}হাবিতলীয়া লুঙলুঙীয়া বাটটি। দুয়ো কাষে কতনো চৰায়ে উমলিছে, গীত জুৰিছে। সিহঁত আটায়ে যেন নুমলীক মাতিছে, ‘আহ, ওমলোগৈ!' কেইপাহমান অতিকৈ ধুনীয়া বনৰীয়া ফুল বতাহত হালি- জালি থকা তাই মন কৰিলে। নিমিষতে মাকৰ হাক, বনৰজাৰ ভয় সকলো পাহৰিলে। খৰাহিটো মাটিত থৈ তাই ফুল ছিঙিবলৈ লাগিল। সেইদৰে থাকোতে তাতে সন্ধ্যা লাগিলহি। তাইৰ পেটত ভয় লাগিল। ছাঁটোকে বনৰজা যেন দেখিবলৈ ধৰিলে আৰু মাকৰ কথালৈ মনত পৰিল। খৰাহিটো কাষত লৈ তাই কোবাকুবিকৈ কিৰ ঘৰৰ ফালে যাবলৈ ধৰিলে। {{gap}}‘হওম! হওম!!’ হাবিৰ পৰা এটি বনৰজা ওলাই আহিল। তাক
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/১২
{{Css image crop |Image = Bilati_Pitha.pdf |Page = 12 |bSize = 464 |cWidth = 249 |cHeight = 341 |oTop = 96 |oLeft = 107 |Location = center |Description = }} {{center|<poem>‘হওঁম! হওঁম!!’ হাবিৰ পৰা এটি বনৰজা ওলাই আহিল। তাক দেখি নুমলীৰ বুকু কঁপিল।</poem>}}
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/১৩
দেখি নুমলীৰ বুকু কঁপিল। তাই ভিৰাই ধৰি লৰ মাৰিব খোজোতেই বনৰজাই আগচি ধৰি ক'লে- নুমলী! সেই বাটে আন মানুহৰ লগত বুঢ়ীমাকৰ ঘৰলৈ যোৱা সি নুমলীক আগেয়েও দেখিছে। ‘ভয় খাইছা কেলেই, নুমলী? মই তোমাক একো নকৰো নহয়।” ‘সঁচাকৈয়েনে?’ নুমলীয়ে হেঁপাহকৈ সুধিলে। ‘ওঁ, তোমাৰে শপত, ভনীটী। পিছে তুমিনো ক-ল-ই যোৱা?’ বনৰজাই লেন লগাই মাতিলে। চল পাই নুমলীয়ে কলে- ‘বুঢ়ী আইৰ ঘৰলৈ।’ {{block center|<poem>{{gap}}বনৰজা - ‘অ’ নুমলী!{{gap}}অ’ নুমলী। {{gap|6em}}খৰাহিত সেয়া কি? {{gap}}নুমলী – “বুঢ়ী আইলৈ {{gap}} পঠাইছে আয়ে {{gap|6em}}মাখন এফেৰা দি।” {{gap}}বনৰজা – ‘অ’ নুমলী! {{gap}} অ’ নুমলী। {{gap|6em}}খৰাহিত সেয়া কি? {{gap}}নুমলী : ‘বুঢ়ী আইলৈ {{gap}} পঠাইছে আয়ে {{gap|6em}}কণী চাইটা দি।’’ {{gap}}বনৰজা - ‘অ’ নুমলী! {{gap}} অ’ নুমলী! {{gap|6em}}আৰু কি আনিছ ঔ!’ {{gap}}নুমলী :- ‘বুঢ়ী আইলৈ {{gap}} দিছে আয়ে {{gap|6em}}পঠাই অকণ মৌ।’</poem>}} বনৰজাৰ জিভাৰ পানী পৰিল। সি সুধিলে- ‘তোমাৰ বুঢ়ীমাৰ ঘৰনো কেনেকুৱা?’
{{gap}}নুমলীয়ে হাঁহি হাঁহি অঙ্গি-ভঙ্গি কৰি আঙুলিয়াই দেখুৱালে— ‘সৌটি, সৌটি! হাতী দাঁতৰ ৰুৱা; ৰদ জিলিকে পুৱা।”
{{gap}}বনৰজাই ‘বা-ৰু' বুলি শলাগি বেগাবেগিকৈ আন এটা বাটে গৈ নুমলীৰ বুঢ়ীমাকৰ ঘৰ ওলালগৈ। সি লাহে লাহে দুৱাৰত টুকুৰিয়াবলৈ ধৰিলে। নুমলীৰ বুঢ়ী মাকে পাটিত পৰি থাকি সুধিলে ‘কোন সেয়া?
{{gap}}বনৰজাই কলে—‘মই নুমলী।’
{{gap}}বুঢ়ী- ‘ক’ৰ নুমলী?
{{gap}}বনৰজা— তোমাৰ নাতিনীয়েৰা।
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/১৪
{{gap}}বুঢ়ী— ‘কেলেই আহিছ?’
{{gap}}বনৰজা—‘তোমাৰ গা বেয়া বুলি শুনি আয়ে পঠিয়াইছে’।
{{gap}}বুঢ়ী— ‘মোলৈ কি আনিছ?’
{{gap}}বনৰজা— ‘কণী, মৌ আৰু মাখন।’
{{gap}}বুঢ়ী— ‘ওঁ, দুৱাৰ মেলা আছে, সোমাই আহ।’
{{gap}}দুৱাৰ মেলি সোমাই গৈয়ে বনৰজাই “হওম্” বুলি বুঢ়ীক খাবলৈ মুখ মেলি খেদি গল।
{{gap}}বুঢ়ীয়ে ভয়তে একে লৰেই ৰান্ধনী ঘৰত দুৱাৰ দাং মাৰি সোমালগৈ।
{{gap}}বনৰজা নিৰাশ হৈ উলটি আহি মূৰে-গায়ে বুঢ়ীৰ ফটাকঠাখন লৈ পাটিত শুই পৰিল। এনেতে নুমলী আহি দুৱাৰত টুকুৰিয়ালে।
{{gap}}বনৰজা— “কোন সেয়া?”
{{gap}}নুমলী— ‘মই নুমলী!’
{{gap}}বনৰজা— ‘ক’ৰ নুমলী?’
{{gap}}নুমলী— 'তোমাৰ নাতিনীয়েৰা।
{{gap}}বনৰজা— ‘কেলেই আহিছ?’
{{gap}}নুমলী— ‘তোমাৰ গা বেয়া বুলি শুনি আয়ে পঠাইছে।
{{gap}}বনৰজা— ‘মোলৈ কি আনিছ?’
{{gap}}নুমলী— ‘মৌ, মাখন আৰু কণী।’
{{gap}}বনৰজা- “ওঁ, দুৱাৰ মেলা আছে, সোমাই আহ।”
{{gap}}নুমলী দুৱাৰ মেলি সোমাই গ'ল। বনৰজাক বুঢ়ী বুলি ভাবি তাই কলে— “বুঢ়ী আই, তোমাৰ চকু দুটা ইমান ডাঙৰ কিয়?”
{{gap}}বনৰজা— “তেহে তোক ভালকৈ দেখিম।”
{{gap}}নুমলী— “তোমাৰ হাত দুখন ইমান দীঘল কিয়?”
{{gap}}বনৰজা- “তেহে তোক ধৰিব পাৰিম।’’
{{gap}}নুমলী— “তোমাৰ দাঁতকেইটা ইমান ডাঙৰ কিয়?”
{{gap}}বনৰজা— “তেহে তোক কামুৰিব পাৰিম।”
{{gap}}এইবুলি বনৰজাই একে জাপে পাটিৰ পৰা নামি গৈ তাইক খাব খুজিলে।
{{gap}}নুমলীয়ে ভয়ত “খালে ঔ” বুলি চিঞৰ মাৰিলে আৰু তাৰ লগে লগে খৰাহীৰ পৰা কণী দুটা লৈ তাৰ দুইটা চকুলৈ মাৰি দিলে।
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/১৫
কণী দুটা ভাগি বনৰজাৰ চকু দুটা খন্তেকলৈ কণা হল। সি কাণি-মুনি খাই নুমলীক ধৰিব নোৱাৰিলে। ৰান্ধনী ঘৰৰ পৰা আইতাক ওলাই হয় আহিল আৰু ওচৰ-চুবুৰীয়া মানুহবোৰ চাপি-কুচি হাতে হাতে টাঙোন টোকোন লৈ বনৰজাক মৰিয়াই মাৰি পেলালে। তাৰ পাছত নুমলীয়ে আটাইকে সকলো কথা কলে। বুঢ়ীমাকে ৰং পাই নুমলীক মৰম কৰিলে। জা-জলপান খাবলৈ দিলে আৰু তেওঁলৈ অনা মাখন আৰু মৌৰো অকণ অকণ দি মৰম কৰি পাছদিনা ঘৰলৈ পঠাই দিলে। <poem>{{gap}}কলে মেলিলে থোৰ। আমাৰ কথাৰ পৰিল ওৰ॥ {{gap}}তামোলে মেলিলে ডাবি। কোন কলৈ যাবি॥ {{gap}}কঠালে পেলালে মুচি। যাওঁ ঘৰঘৰি গুচি॥ ০০ </poem>
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/১৬
{{Xx-larger|'''নিজে খোজকঢ়া জোতা'''}} {{gap}}গোলাই আছিল নামজুলা যাদুকৰ। তাৰ আপোন বুলিবলৈ সংসাৰত একেটি মাথোন পুতেক ভোলাই। গোলাই মৰিবৰ সময়ত পুতেক ভোলাইক মাতি আনি কলে— “বোপাই, মোৰ মৰণৰ সময় চাপি আহিছে। তোক দিবলৈ মোৰ আন একো সম্পত্তি নাই। এই জোতাযোৰ তোক দিছো। তই এই জোতাযোৰ পিন্ধি যলৈকে যাওঁ বোল, তলৈকে ই লৈ যাব।” এই বুলি কৈয়েই গোলায়ে শেষ উশাহ ললে। ভোলায়ে পিতাকৰ শৱটো নি খৰি দিলেগৈ। পিতাক মৰাৰ পাছৰপৰা এই বহল সংসাৰখনত সি একেবাৰে অকলশৰীয়া হল। {{gap}}সেইদিনা তাৰ পোন্ধৰ বছৰীয়া জন্মতিথি। গধূলি সেইদিনা সি তাৰ নলে-গলে লগা বন্ধু নদাইক খাবলৈ মাতিছে। নদায়ে বাতৰি পঠিয়ালে— “মই ইমান দূৰ বাট খোজকাঢ়ি যাব নোৱাৰো। তোমাৰ জোতাযোৰ পঠাই দিবা। তেহে যাব পাৰিম।” নদাইৰ কথামতে ভোলায়ে নদাইৰ ঘৰলৈ জোতাযোৰ যাবলৈ দি, সি নিজে ৰন্ধা বঢ়া কামত লাগিল। ভোলায়ে ভালকৈ ৰান্ধিব জানে। সি পোলাও, খিচিৰি, আলুগুটিৰ ডম্, মাছৰ টেঙা, আদখৰীয়া, খৰিকা দিয়া, অলপমান খাৰৰ আঞ্জা, বিধে বিধে বহালে আৰু সেইদৰে বাঢ়ি ভাগে ভাগে নমাই থৈ নদাইলৈ বাট চালে। {{gap}}ৰাতি বহুত হ’ল, নদাই নাহিল। ইবাৰ এটা শব্দ শুনি নাই আহিছে বুলি উঠি গৈ চায়, নদাই নাই। সিবাৰ দুৱাৰত খিৰিক্‌ কৰা শুনি উঠি গৈ চায়, নদাই নাই। ৰৈ ৰৈ তাৰ ৰান্ধনি ঘৰতে টোপনি আহিল, আৰু সি পিৰা এখন পাৰি তাতে শুলে। এনেতে এটা চোৰ আহিল, বিধে বিধে ৰন্ধা-বঢ়া বস্তুবোৰ দেখি তাৰ বৰ লোভ লাগিল। সি হাতত সাৰে ভৰিত সাৰে আহি পোলাও, খিচিৰি আদি সকলো বস্তু ভাগে ভাগে দাঙি লৈ তাৰ জোলোঙাত সুমুৱালে, আৰু ততালিকে পলাই পত্ৰং দিলে। অলপ পিছত ভোলাই সাৰ পাই উঠি মুৰে কপালে হাত দিলে। ইমানবোৰ বস্তু কি হল, কোনে নিলে বুলি সি দেও পাৰিবলৈ ধৰিলে। এবাৰ ভাবিলে, জানোচা নদায়ে আহি তাক
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/১৭
টোপনিয়াই থকা দেখি ৰন্ধা-বঢ়া বস্তুবোৰ লুকুৱাই থৈ তাৰ লগত ধেমালি কৰিছে। সি সেইদেখি তাতকৈ টেঙৰালি কৰি মাত লগালে— “সেইটি ঘৰৰ চুকত কোন? দেখিছোহে তেওঁ! আহা নদাই, আঁহা, মোৰে চুপতি নামাৰিবা, বুইছা?তোমালৈ বুলি বাট চাওঁতেই মোৰ ইমান নিশা হল আৰু বহি বহি টোপনি আহিল। বোলা ভালে ভালে ওলাই আঁহা।” -কিন্তু শূন্য ঘৰ; তাৰ মাতৰ পাছত আৰু অধিক গহীন হল। নদাই হলেহে সি ওলাই মাত দিব। বেচেৰা ভোলাই দুখে- ভাগৰে লাজে-বেজাৰে মৰা যেন হৈ আকৌ পিৰাখনতে ঘোৰমোকোতা মাৰি শুলে। {{gap}}বাৰু, সঁচাকৈয়ে নাদাইৰ কি হ’ল? সি কিয় নাহিল? জোতযোৰ ঠিক সময়ত গৈ নদাইৰ ঘৰ পালেগৈ আৰু সিও তাকে পিন্ধি ভোলাইৰ ঘৰলৈ বুলি আহি আছে। বাটত এখন নৈ পাৰ হব লাগে। নদায়ে নৈখন পাৰ হব খোজোতে হঠাৎ ভৰিৰ পৰা জোতাযোৰ পিছলি আগবাঢ়ি গ'ল। জোতাযোৰ পানীৰ ওপৰে গৈ ইপাৰ উঠিলেগৈ; নদাই সিপাৰতে থাকিল। সি লাজ পালে, আৰু ভাবিলে—“খোজ কাঢ়িনো কি যাম? ৰাতি হল, ঘৰলৈকে উলটি যাওঁ।” নদাই উলটিল, কিন্তু জোতাযোৰ ভোলাইৰ ঘৰলৈ বুলি হাবিৰ মাজেদি আহিয়ে থাকিল। {{gap}}কিনো ভাগ্যৰ ফেৰ! চোৰটোৱেও ভোলাইৰ ঘৰৰ পৰা ৰন্ধা- বঢ়া বস্তুবোৰ লৈ প্ৰাণ টাকি লৰি লৰি আহি হাবিৰ মাজত সেই বাটটোতে বহি পোলাও খিচিৰি আদি চাই হাঁহিছে, আৰু তাৰ মুখৰ পৰা লোভৰ পানী পৰিছে। তাৰ মনত ভাব হল- “হাবিৰ মাজত নো ৰাতি এইবোৰ বস্তু খাই কি সুখ পাম? এতিয়া ঘৰত ভালকৈ লেপেতা কাঢ়ি বহি লবলৈ পাব লাগিছিল, তেহে! এহাতলৈকে চেলেকিলোহেঁতেন নহয়! তালৈকে এতিয়া লৰি লৰি হাত ভৰি ছিগি আহিছে, এখোজ লৰচৰ কৰিবলৈ গাত শক্তি নাই। এনে সময়ত যদি নিজে খোজ কঢ়া জোতা এযোৰ কেনেবাকৈ পালোহেঁতেন!” ঠিক সেই সময়ত ভোলাইৰ জোতাযোৰ নদাইক এৰি আহি ঘৰৰ ফালে খোজ লৈ সেইখিনি পাইছিলহি। টোপোলাত ৰন্ধা-বটা বস্তুখিনি ভৰাই চোৰটো উঠি থিতাতে জোতাযোৰত তাৰ ভৰি সুমুৱালে, আৰু জোতাযোৰ তাৰ ভৰিত একেবাৰে কাপ খাই পৰিল৷ {{gap}}কিন্তু কি আচৰিত৷ চোৰটো যেনি যাব সেইপিনে নগৈ
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/১৮
{{Css image crop |Image = Bilati_Pitha.pdf |Page = 18 |bSize = 464 |cWidth = 245 |cHeight = 324 |oTop = 104 |oLeft = 101 |Location = center |Description = }} নদায়ে নৈখন পাৰ হব খোজোতে হঠাৎ ভৰিৰ পৰা জোতাযোৰ পিছলি আগবাঢ়ি গ'ল৷
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/১৯
জোতাযোৰে তাৰ বিপৰীত ফালে যাবলৈ ধৰিলে। সি পোনতে চিঞৰিব খুজিলে কিন্তু পিছ মুহূৰ্ত্ততে সি নিজৰ কি সৰ্বনাশ কৰিব খুজিছে বুজি উঠিল! চোৰ বুলিলে ওৰ পৰে, গতিকে সি চিঞৰা মানে বলিশালৰ দাৰ আগত তাৰ টেটু পাতি দিয়া। সি তাৰ পাছত জোতাযোৰ জোকাৰ মাৰি বাওঁ হাতেৰে এৰুৱাবলৈ চালে, কিন্তু সাধ্য কি? জোতাযোৰ যে খন্তেকো নৰয়! গতিকে বলে নোৱাৰা শিলক পৰি নমস্কাৰ কৰিবলৈ সি বাধ্য হল। জোতাযোৰে যেনিয়ে নিয়ে সি সেইপিনেই যাবলৈ ধৰিলে। {{gap}}কিন্তু হৰি, হৰি! জোতাযোৰে চোৰটোক নি ভোলাইৰ ঘৰ পোৱালেগৈ। সি ভয়ত চিঞৰ মাৰি উঠিল! “কি হল!” বুলি ভোলায়ে টোপনিৰ পৰা চকমকখাই উঠি দেখে, তাৰ ৰন্ধা-বঢ়া বস্তুৰ টোপোলাটো হাতত লৈ ভৰিত ভোলাইৰ জোতাযোৰেৰে চোৰটো তাৰ আগত সশৰীৰেৰে বৰ্ত্তমান! কি কথা, কি বাৰ্ত্তা! ভোলায়ে ভাবি নৌ ওৰ পাওঁতেই, চোৰটো ভোলাইৰ ভৰিত দীঘল দি পৰিল আৰু সেই ৰন্ধা-বঢ়া বস্তুখিনি চুৰ কৰি নিয়াৰ বাবে ক্ষমা-প্ৰাৰ্থনা খুজিলে। ভোলায়ে তেতিয়াহে উৰহী গছৰ ওৰটো পালে, আৰু গহীনভাৱে চোৰটোক ক্ষমা কৰি এৰি দিলে। তাৰ জোতাযোৰ ঘৰত থাকিল, আৰু তাৰ দুটালৈ বুলি ৰন্ধা-বঢ়া বস্তুখিনি আকৌ অলপ তপতাই লৈ সি ভোকত এলাই-পেলাই অকলে খাবলৈ ধৰিলে। খাই থাকোঁতেই দূৰৰ পৰা ৰামপাৰই মতা শুনিলে ‘লঙ্কাপুৰ ক’ত? ক'ত?’ ভোলায়ে চক-মুখ মোহাৰি দেখে, বেৰৰ জলঙাই বেলিৰ পোহৰ তাৰ মজিয়াত পৰিছে। হওক তেওঁ তাৰ পোন্ধৰ বছৰীয়া জন্মতিথিৰ নিমন্ত্ৰণ নদাইৰ হৈও সি নিজেই ভালকৈ ৰক্ষা কৰিলে!০০
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/২০
{{Xx-larger|'''চাহপানী খোৱা বাঘ'''}} {{gap}}সি কোনোবা সত্য যুগৰ কথা! তেতিয়া গৰু-ছাগলী নালাগে গছ-গছনিয়েও কথা কব পাৰিছিল। কোন কালতে এঠাইত তিনটি ছাগলী পোৱালী আছিল। তিনিওটি ঘাটমাউৰা, মাক-বাপেক কেও নাই। পোৱালীকেইটি এনে ধুনীয়া আৰু এনে ৰঙিয়াল। তাৰে এটা বগা, এটি পখৰা আৰু এটি পহু বৰণীয়া। সিহঁত তিনটাৰ ভিতৰত বৰ মিল, ইটিক নেদেখিলে সিটিয়ে এখন্তেকো থাকিব নোৱাৰে। {{gap}}লোকৰ পিৰালিয়ে চাঙতলে পৰি থাকি বেয়া লাগি সিহঁতৰ মন গল নিজা এটি ঘৰ সাজি লবলৈ। তিনিও নানা কথা পাতিলে, নানা উপায় আলচিলে, ক’তনো কেনেকৈ ঘৰ সাজিব, ক'ত বয়-বস্তু পাব! কেইবাদিনো নানা কথা পাতিলে, নানা কথা পাঙিলে— নিজৰ বাৰীখন আছেনে তাৰ পৰা বেত-বাঁহ আনিব? নিজৰ নাওখন আছেনে চাপৰিলৈ গৈ খেৰ কাটি আনিব? নাইবা ধনৰ থুনুপাকটিয়েই ভৰি আছেনে ধনেৰে বস্তু কিনি মানুহ ধৰি কাম কৰাব? {{gap}}পিছে ঘৰ সাজিবলৈ বা সংসাৰত কোনো কাম কৰিবলৈ বাৰীও নাথাকক, নাৱো নাথাকক, ধনো নাথাকক, বুধি থাকিলেই সকলো হয়। ছাগলী পোৱালীকেইটি আছিল বৰ বুধিয়ক। এদিন বগা পোৱালীটো আলিলৈ যাওঁতে এটা মানুহে গৰু-গাড়ীৰে এগাড়ী শৰণ খেৰ নিয়া দেখিলে। সি গাড়ীখনৰ আগলৈ গৈ মাত লগালে— “ককাই, মোক কেইডালমান খেৰ দিব পাৰিবানে?” “তোমাক আকৌ খেৰ কি কৰিবলৈ?” মানুহটোৱে আচৰিত হৈ সুধিলে। ঘৰ সাজিবলৈ, —বে-এ-এ’ বুলি সি লেন লগাই কলে। মানুহটোৰ হাঁহি উঠিল, দুমুঠি খেৰ সি পেলাই দিলে। খেৰখিনি কান্ধতকৈ লৈ বগা পোৱালীটো ঘৰলৈ লৰ দিলে। {{gap}}পখৰা পোৱালীটিয়েও এদিন বাটত এটা মানুহক দুটামান বজাল বাহঁ নিয়া দেখি কলে- ‘ককাই, মোক বাহঁ এটা দিব পাৰানে?’ “তোমাক আকৌ বাঁহ কেলেই?”—আচৰিত হৈ সি সুধিলে। “ঘৰ সাজিবলৈ, —হোঁ-ওঁ-ওঁ”! মানুহটোৱে হাঁহি সামৰিব নোৱাৰিলে। সি বাহঁ এটা ছাগলী পোৱালীটোৰ কান্ধত তুলি দিলে। পখৰায়ো তাকে লৈ ঘৰ ওলালহি।
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/২১
{{gap}}পহু-বৰণীয়া পোৱালীটো এদিন বাটেদি কেনিবা যাওঁতে দেখিলে এটা মানুহে বহুত বেত লৈ গৈছে। সি মানুহটোৰ কাষ চাপি গৈ কলে, “ককাই, মোক একাপমান বেত দিব পাৰিবনে?” তাক পেংলাই কৰা বুলি ভাবি খঙেৰে মানুহটোৱে কলে, ‘বেতেৰে কি কৰিবি?’ পোৱালীটোয়ে ক’লে- “আমি এটা ঘৰ সাজিব খুজিছো, --বে-এ- এ!” মানুহটোৰ এইবাৰ হাঁহিত পেটু-নাড়ী ছিগিল! ছাগলী পোৱালীয়ে আকৌ ঘৰ সাজে! তথাপি সি মৰমতে পহুবৰণীয়াৰ পিঠিত একাপ বেত দিলে। পোৱালীটোৱে বেত কাপ লৈ ইকেইটা পোৱালীৰ ওচৰ পালেগৈ। এতিয়া অলপ যত্নতে সিহঁতৰ ভিতৰত আটাইখিনি বস্তু যোগাৰ হল। {{gap}}এতিয়া সিহঁতে আকৌ কেইবাদিনো আলচ কৰিলে— ঘৰটোনো কোনখিনিত সাজিব। ঠাই ঠিক হল এটি সৰু টিলাৰ ওপৰত। পাৰৰ টঙিৰ দৰে দুমহলীয়া ধুনীয়া সৰু ঘৰটি সজা হলত তিনিও তাত সুখেৰে থাকিবলৈ ললে। ওচৰৰ ঘাঁহনিত দিনটো পেট ভৰাই চৰি গধূলি ঘৰলৈ আহি শোৱে। এইদৰেই সিহঁতৰ ৰঙেৰে দিন যাবলৈ ধৰিলে। {{gap}}পিছে, “আলচা কথা নহয় সিধি। বাটত আছে কণা বিধি। সিহঁতৰ দিন সদায় এইদৰে যাবলৈ নাপালে। সিহঁতৰ ঘৰ সজা টিলাটো আছিল এখন হাবিৰ ওচৰত। সেই হাবিত এটি লুভীয়া ঢেকীয়াপটীয়া বনৰজা পোৱালী আছিল। কোমল মঙহৰ এই ছাগলী পোৱালীকেইটিক দেখি তাৰ কেতিয়াবাৰ পৰাই জিভাৰ পৰা লোভৰ পানী পৰিছিল। এতিয়া কিদৰেনো সি ছাগলী পোৱালী তিনটিক দিহা লগাব, তাৰ বাবে নানা ধৰণৰ বুদ্ধি সাজিবলৈ ধৰিলে। কিন্তু সকলো পানীৰ ঔটেঙা। সাজে আৰু ভাগি যায়। {{gap}}এদিন গধূলি বনৰজা পোৱালীটি আহি সিহঁতৰ ঘৰৰ তলৰ মহলাত উপস্থিত হ’ল। “অ’ পোৱালী, পোৱালী! পোৱালী ঘৰত আছনে?” বেৰৰ জলঙাই জুমি চাই পোৱালী কেইটাৰ চুলিৰ আগে জীৱ গ'ল! সিহঁতে ভয়তে চেপেটা মাৰিলে। “অ’ পোৱালী, পোৱালী, ওলাই আহচোন।” “কেলেই?’’ — ভিতৰৰ পৰা কঁপা মাতেৰে সিহঁতে সুধিলে। “ওচৰচুবুৰীয়া, মাত লগাবলৈ আহিছোঁ।” ‘দিনত নাহা কেলেই?” “আহৰি নাপাওঁ।” সিহঁতে ভালকৈ দুৱাৰ দাং মাৰি সোমাই থাকিল। কোনেও নমতা দেখি বনৰজাই আকৌ কলে—
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/২২
{{rh|||১৫}}
“পোৱালী, ওলাই আহচোন, কথা এটা কওঁ। নহলে তহঁতৰ ঘৰটো ফুৱাই ফুৱাই উৰাই দিম, সঁচাকৈয়ে কৈছোঁ৷’’ সিহঁত তেতিয়াও তলকা মাৰি থাকিল। {{gap}}বনৰজা পোৱালীয়ে সঁচাকৈয়ে ঘৰটো ফুৱাবলৈ ধৰিলে। ইমান গাৰ বলেৰে ফুৱালে যে সিহঁতৰ ঘৰটো ঘট্ ঘট্ কৰে লৰিবলৈ ধৰিলে। বগা পোৱালীটোৱে বেৰৰ ওপৰেদি বাঘটোক জুমি চাই আছিল। আৰু এইবাৰ জোকাৰত সি থলপ কৰে সৰি মাটিত পৰিল। বনৰজাটিয়ে লাহেকৈ কামোৰ মাৰি পোৱালীটো ধৰি লৈ আকৌ হাবিত সোমাল। {{gap}}কেইদিন মানৰ পিছত এদিন গধূলি বাঘটো আকৌ আহিল— “পোৱালী, পোৱালী, অ' পোৱালী! পোৱালী আছনে?” আকৌ সেই আগৰ দৰে মাতিলে। পখৰা আৰু পহুবৰণীয়াৰ গাৰ কঁপনি উঠিল “-কে-লে-ই?” “বৰ ডাঙৰ কথা এটা আছে, নামি আহচোন।” “এতিয়া ওলাই যাব নোৱাৰো, দিনত আহিবি।” “দিনত আজৰি নাই।” “তেনে কি কব লগা আছে তাৰ পৰাই কোৱা।” আন উপায় নেদেখি বাঘে ক'লে-- “কাইলৈ গধূলি সাত বজাত সৌ মুকলি পথাৰতে এখন ডাঙৰ সভা বহিব, তালৈকে মই তোক মোৰ লগত লৈ যাম; তই ওলাই থাকিবি।” {{gap}}পোৱালীহঁতে কথাটো তৎক্ষণাত বুজি পালে। তথাপি “বাৰু’’ বুলি শলাগি থলে৷ {{gap}}পিছদিনা দিনতে পখৰা আৰু পহুবৰণীয়া দুয়ো ঘৰ এৰি মনে মনে অইন ঠাইলৈ গুচি গল। বাঘটো ছাগলি পোৱালীকেইটা নোযোৱা দেখি সি সিহঁতৰ ঘৰলৈকে আহিল আৰু ‘পোৱালী, পোৱালী, অ পোৱালী, পোৱালী ঘৰত আছনে?” বুলি বহুত পৰ মাতিলে। তথাপি তাৰ কোনো মাত নুশুনিলে, আৰু ভিতৰত থকাৰো কোনো গম নাপালে। তেতিয়া সি ভাবিলে পোৱালীহঁত কিজানি তাতোকৈ আগেয়ে কৰবালৈ পলাই গল। যিহওক সিহঁত ঘূৰি আহিলে জাপ মাৰি ধৰিবলৈ বুলি সি বহুত পৰলৈকে জোপ লৈ আছিল। ছাগলী পোৱালীকেইটাও আছিল অতি টেঙৰ। সিহঁতেও বাঘটো নাযায় মানে ঘৰলৈ উলটি নাহিল। বাঘটোৰ ৰৈ ৰৈ আমনি লাগিল আৰু সি লাহে লাহে এখোজ দুখোজকৈ পিছলৈ ঘূৰি ঘূৰি চাই যাবলৈ ধৰিলে। ইফালে ছাগলী পোৱালী কেইটায়াে বাঘটো গৈছে বুলি ভাবি লাহেকৈ দুৱাৰখন মেলি সোমাব খুজিছে, এনেতেই বাঘটো ঘূৰি লৰ মাৰি
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/২৩
{{Css image crop |Image = Bilati_Pitha.pdf |Page = 23 |bSize = 464 |cWidth = 246 |cHeight = 341 |oTop = 98 |oLeft = 113 |Location = center |Description = }} {{gap}}পহুবৰণীয়া পোৱালীটো সোমাবলৈ নৌ পাওঁতেই বনৰজাই তাৰ ডিঙিটোত কামোৰ মাৰি ধৰি হাবিলৈ টানি নিলে৷
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/২৪
{{rh|||১৭}}
আহিল। পখৰা পোৱালীটো কথমপি ভিতৰ সোমাল, কিন্তু পহুবৰণীয়া পোৱালীটো সোমাবলৈ নৌ পাওঁতেই বনৰজাই তাৰ ডিঙিটোতে কামোৰ মাৰি ধৰি হাবিলৈ টানি নিলে। {{gap}}এতিয়া বাকী ৰল তিনটাৰ ভিতৰত পখৰা পোৱালীটো৷ বনৰজাৰ চকুত টোপনি নাই, তাক কেনেকৈ গতি লগায়। সি নানা বিধ বুধি পাঙিলে, কিন্তু “আলচা কথা নহয় সিধি, বাটত আছে কণা বিধি।” লগৰ দুটাক খোৱা দেখি পখৰা বৰ টেঙৰ হল। গতিকে বনৰজাই যি বুধিকে সাজক পখৰাই ততালিকে তাক ধৰা পেলায়। {{gap}}এদিন পখৰাই ভোকত তৎ নাপাই তাৰ দুমহলা ঘৰৰ পৰা জখলাৰে নামি চৰিবলৈ গ'ল। সি জখলাটো তুলি থবলৈ পাহৰি গল। সি ঘূৰি আহি দেখে বনৰজাটো তাৰ ঘৰত সোমাই আছে। পখৰা ভয়ত বিবুদ্ধি নহল। সি লৰমাৰি গৈ জখলা মাটিত পেলাই দিলে আৰু বনৰজাক কলে— “ককাই, তুমি কেতিয়া আহিলা? বাৰু, তুমি আমাৰ ঘৰতে অলপ শোৱা; মই তোমালৈ চাহপানী এটোপাকে তপতাওঁ।” এই বুলি পখৰাই বৰ ডাঙৰ টৌ এটাতে এটৌ পানী দিলে আৰু ওচৰৰ খৰি-খেৰ দমাই লৈ একুৰা প্ৰকাণ্ড জুই ধৰিলে। জুই দপ দপকৰে জুলি ওপৰ চাল পালেগৈ আৰু পানী টো বক্‌বক্‌কৈ উতলিবলৈ ধৰিলে। {{gap}}পখৰাৰ বঙলাৰ ওপৰ মহলাত বনৰজাই ছট্‌ফট্ ধৰফৰ কৰি খঙত গুজৰিবলৈ ধৰিলে। শেষত ওপৰ মহলাত জুই লাগি বনৰজা থলপ কৰে চাঙৰ পৰা সৰি পানী টোৰ ভিতৰত পৰি এটৌ হলহি আৰু পখৰাই লৰালৰিকৈ সাফৰখন মাৰি ধৰিলে। উতলা পানীত চাহপাত সিজাৰ দৰে চাহপানী খাবলগা বনৰজা নিজেই ভালকৈ সিজিলে; আৰু পখৰাই সেই দিনাই ঠাই এৰি আন ঠাইত ঘৰ ললেগৈ। ০০
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/২৫
{{center|{{X-larger|জন্ম-তিথি}}}} {{gap}}ধুনীয়া বাবৰি চুলি আৰু মাখনসুপি যেন মঙহাল গাটিৰে থেলোকা লৰাটি। নাম তাৰ অৰুণ। সি দোকমোকালিতে উঠিছে। সেই দিনা তাৰ সাত বছৰীয়া জন্মতিথি। এটা পুৰণিকলীয়া কাৰেং। তাত সি থাকে। লগত এহাল বুঢ়া-বুঢ়ী। বুঢ়ীয়ে তাক সেইদিনা এগচ সোণৰ হাৰ দিছে, তাৰ গাৰ বৰণৰ লগত মিলি যোৱা ধুনীয়া লৰাটিৰ কাৰণে ধুনীয়া হাৰগচি। পিছে হলে হব কি? তাৰ যে সমনীয়া কেওঁ নাই! সি কাৰে উমলিব? তাৰ চাৰিওফালে অলৰ বুঢ়া সংসাৰখন৷ বুঢ়া-বুঢ়ী এহাল। জনমত সিহঁতে হাঁহিৰ নামে মুখখনকে বিদৰোৱা সি দেখা নাই। সদায় সিহঁতৰ গোমোথা মুখ। ঘৰৰ কুকুৰটো বুঢ়া, মেকুৰীজনী বুঢ়ী, আৰু সেই কৌটিকলীয়া বুঢ়া অট্টালিকাটো ডাঙৰ মৰা হাতী এটাৰ জকা এটাৰ দৰে পৰি আছে৷ {{gap}}হাজাৰ হওক, সেইদিনা তাৰ বৰ হেঁপাহৰ সাত বছৰীয়া জন্মতিথি৷ বুঢ়ীয়ে দিয়া হাৰডাল পিন্ধি সি ওচৰৰ বিলখনৰ কাষলৈ গল, মনটো ভাল লগাবলৈ বুলি। কিন্তু কি হব? সেই বিলখনো বুঢ়া। তাতে বুঢ়া গছ এজোপা পৰি আছে। সি আমন-জিমনকৈ তাৰ ওপৰতে বহিল। লগ নাই, সঙ্গ নাই, উমলিবলৈ সমনীয়া নাই! হাবিৰ মাজেদি এটা সুৰুঙালি যেন বাট। এই বাটটোনো বাৰু কলৈ গৈছে? এই পিনে গলে তাৰ সমনীয়া কৰবাত ওলাবনে? কোনে কব? এটি সৰু ধুনীয়া বালিমাহী চৰাই আহি তাৰ ওচৰত নাচি-বাগি ফুৰিছে। অৰুণৰ বেয়া লাগিল। তাক মনৰ দুখেৰে ক'লে, “তই যে মোৰ আগত এইদৰে নাচি-বাগি আছ, তই মোৰ লগত কথা পাতিব পাৰ?” “ওঁ, পাৰোতো। নোৱাৰো কেলেই?” “পাৰ যদিনো ইমান দিন কথা পতা নাই কিয়?’’ “তুমি জানো পাতিছা?’’ অৰুণে অলপ থমকি ৰৈ কলে—“বাৰু, তই মোক কচোন হাবিতলীয়া এই সুৰুঙা বাটটো কলৈ গৈছে? এই পিনে গলে মোৰ লগৰীয়া কাৰবাক পামনে?’’ বালিমাহীটিয়ে কলে— “পাবা। কিন্তু সাহ লাগিব।” “কি সাহ?” “বৰ ভয় লগা টান কাম কৰিবলৈ আগবঢ়াকে সাহ বোলে। পাৰিবা?” অৰুণে অলপ ভাবি-চিন্তি চাই কলে, ‘পাৰিম’। “তেনেহলে তুমি মোৰ পিছে পিছে আহা।” {{gap}}এনেতে বুঢ়া-বুঢ়ী হাল ওলালহি। অৰুণে বুঢ়ীক কলে—
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/২৬
{{Css image crop |Image = Bilati_Pitha.pdf |Page = 26 |bSize = 464 |cWidth = 231 |cHeight = 312 |oTop = 137 |oLeft = 125 |Location = center |Description = }} বুঢ়াগছ এজোপা পৰি আছে। সি আমন-জিমনকৈ তাৰ ওপৰতে বহিল৷
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/২৭
{{rh|||২০}}
“হাবিতলীয়া এই সুৰুঙা বাটটোৱেদি কলৈ যাব পাৰি?” বালিমাহীটিয়ে খং কৰি কলে, “থোৱা, বেগাই আহাঁ।” অৰুণে লাজ পাই আকৌ তাৰ পিছে পিছে গল। অলপ দুৰ গৈ বালিমাহীটিয়ে কলে—“তোমাক কৈছো নহয়, বুঢ়া-বুঢ়ীক কোনো কথা নুসুধিবা৷ যদি তোমাক তোমাৰ সমনীয়া লাগে মোৰ কথা শুনা আৰু সেইমতে কাম কৰা।” “কি কাম?”—অৰুণে সুধিলে। “যেতিয়া সৌ ক'লা ডাৱৰছটাই জোনটো ঢাকি পেলাব আৰু সকলো মানুহ শুই নিহপালি দিব, তেতিয়া তুমি ইয়ালৈ আহিব পাৰিবা?” ‘পাৰিম।’ “কিন্তু সাৱধান, টোপনি নাযাবা। বুঢ়া-বুঢ়ীয়ে তোমাক শোৱা চাবলৈ গলে তুমি টোপনিৰ ভাও জুৰিবা। যোৱা এতিয়া।” আশাভৰা —হিয়াৰে অৰুণ ঘৰলৈ গুচি আহিল৷ {{gap}}ৰাতি বুঢ়া-বুঢ়ীয়ে সজমতে অৰুণক শোৱা এবাৰ চাই গলহি৷ অৰুণে টোপনি ভাও জোৰোতেই সেইপিনে তাৰ চিলমিলকৈ টোপনি আহিল। সি সমাজিক দেখিলে যেন সেই হাবিতলীয়া বাটটোৱেদি গৈ এটা নতুন উজ্জ্বল কাৰেং পালেগৈ। তাত সকলোৱেই তৰুণ, সকলোটি ৰাংঢালি। তাৰ ডেকা ৰজা আৰু গাভৰু ৰাণীয়ে তাক হাঁহিমুখে আদৰি নিছেহি। তাৰ সমনীয়া লৰা-ছোৱালী জাকে তাক উলাহৰ কিৰিলিৰে সম্ভাষণ জনাইছে। আৰু তাৰ চিনাকি যেন সৰু মৰমিয়াল ছোৱালী এজনীয়ে তাক মৰম কৰিছে!—এনেতে সেই বালিমাহী চৰাইটি আহি অৰুণৰ চুলি কেডাল আলফুলকৈ জোকাৰি তাক জগাই দিলে —“ছিঃ। কি কৰিছা? ডাৱৰৰ মাজৰ পৰা জোন ওলাবই এতিয়া! সকলো নষ্ট হব। বেগাই উঠি আহাঁ। মোৰ পিছে পিছে আহাঁ।” {{gap}}আৰু এটি কথা, এটি মুহূৰ্তও নকটোৱাকৈ অৰুণ বালিমাহীটিৰ পিছে পিছে সেই বিলৰ পাৰ পালেহি। বালিমাহীটিয়ে কলে—“আৰু সৰহ সময় নাই। এই হাবিতলীয়া সুৰুঙা বাটেদি কলৈ যায় আৰু তোমাৰ ওমলাৰ লগৰীয়া ক’ত পায়, এই কথা জানিবলৈ হলে তুমি এই বৰ গছ জোপা যে দেখিছা, তাত যে কিছুমান লতা বগাইছে, সেই লতাবোৰতে ধৰি ওপৰলৈ বগাই উঠি যোৱা। উঠি গৈ এই বৰ গছজোপাৰ একেবাৰে আগত এটা ফেঁচা পাবা। তাক তোমাৰ এই সোণৰ হাৰগচ উপহাৰ দিব আৰু সিয়ে তোমাক তাৰ উপায় দিব। খৰ কৰা।” অৰুণে লতা বোৰেদি বগাই গৈ গৈ বৰ গছ জোপালৈ উঠি গছজোপাৰ আগতে ফেঁচাটো লগ পালে। সি তাৰ সোণৰ হাৰডাল
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/২৮
{{rh|||২১}}
ফেঁচাটোক পিন্ধাই দিলে। ফেঁচাটোৱে ৰঙতে কেবাপাকো নাচিলে। অৰুণে তাক তাৰ প্ৰশ্ন সুধিলে। ফেঁচাটোৱে অৰুণৰ হাতত এটা সঁচাৰ কাঠি গুজি দি কলে—“এই গছজোপাৰ তলতে এটা শহা পহু আছে। সিয়েই তোমাক বাট দেখুৱাই দিব। তুমি সেই বাটে গৈ এটা আনন্দময় অট্টালিকা পাবা, এইটো তাৰে সচাৰকাঠি। {{gap}}ফেঁচাটোৰ কথামতে হাতত সঁচাৰ কাঠিটি লৈ অৰুণ শহাটোৰ ওচৰ চাপিল। শহাটোৱে ক'লে— “তুমি এই বাটেই গৈ থাকাঁ, গৈ থাকাঁ। বাটত কিন্তু বহুত ভয় লগা জন্তুৱে খেদি আহিব। সেই বোৰলৈ কেৰেপ নকৰি গৈ থাকিবা, কেতিয়াও উলটি নাচাবা। গৈ গৈ এটা অতি ধুনীয়া অট্টালিকা পাবা। ডাৱৰৰ মাজৰ পৰা জোনে নৌ মুখ উলিয়াওতেই তুমি কাৰেঙৰ দুৱাৰখন মেলিবা৷ তেতিয়াই তুমি তোমালৈ বাট চাই থকা বহুত লগৰীয়া লগ পাবা। সাৱধান, খৰ কৰা।” {{gap}}পিছলৈ নাচাই অৰুণ গৈ আছে। সেই বুঢ়া-বুঢ়ী আৰু সেই ঘৰৰ বুঢ়া কুকুৰটো আৰু বুঢ়ী কুকুৰজনীয়ে তাৰ পিছে পিছে অহা সি গম পাইছে; কিন্তু সি প্ৰাণ টাকি লৰিছে। আৰু ডাৱৰৰ আঁৰৰ পৰা জোন ওলোৱাৰ আগতে সি সেই উজ্জ্বল অট্টালিকাৰ দুৱাৰত সচাৰ কাঠি লগালে। “সুন্দৰ!” সেই ধুনীয়া কাৰেঙৰ পোহৰে যেন তাৰ চকু চাট মাৰি ধৰিলে। সি সমাজিকত দেখা সেই বিতোপন অট্টালিকা! সেই ডেকা ৰজা আৰু সেই গাভৰু ৰাণী, সেই সৰু সৰু লৰা-ছোৱালীৰ জাক, পোৱালী কুকুৰ-মেকুৰী সকলো সি দেখা পালে। সেই চিনাকি চিনাকি যেন লগা সৰু ছোৱালীজনীয়ে হাঁহি হাঁহি অৰুণক সাৱটি ধৰিলে। “তুমি কোন?’’- অৰুণ সুধিলে। “কিয় তুমি আনবোৰক জানো চিনি পাইছা?” “ওঁহো’—অৰুণে লাজত মূৰ খজুৱালে। “বাৰু, তেন্তে কওঁ শুনা। কোনোবা বেয়া অপ্সৰীৰ শাওপাতত আমাৰ ৰাজকাৰেং, আই-বোপাই সকলো বুঢ়া হৈ আছিল। কিন্তু আন এগৰাকী ভাল অপ্সৰীয়ে আশীৰ্ব্বাদ দিছিল, তোমাৰ সাত বছৰীয়া জন্মতিথিৰ দিনা তুমি যদি অদ্ভুত সাহসেৰে সচাৰ কাঠি বিচাৰি আজি কাৰেঙৰ দুৱাৰ মুকলি কৰিব পাৰা, তেনেহলে সেই শাওপাত যাব। এতিয়া তোমাৰ সাহৰ কাৰণেই আমি সেই শাওপাতৰ পৰা ৰক্ষা পৰিলো। এয়া আমাৰ পিতৃ-মাতৃ, বুঢ়া-বুঢ়ী হৈ আছিল। এয়া মই; মোৰ নাম কিৰণ, তোমাৰ ভনীয়েৰ। ময়ে সেই সৰু বালিমাহীটি হৈ তোমাক এই কামলৈ উদ্গাই দিলো। ০০
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/২৯
{{center|{{X-larger|এধানমান কুজাটি}}}} {{gap}}তাহানিৰ মহা টাৰ্টাৰীৰ কাছগড় নগৰত এজন দৰ্জ্জী তেওঁৰ ঘৈণীয়েকৰ সৈতে বাস কৰিছিল। এদিন সন্ধিয়া সময়ত দৰ্জ্জীজনে দোকানত কাম কৰি আছে, এনেতে কৰবাৰ পৰা এধানমান কুজা মানুহ এটা ধেমেলীয়া গীত গাই গাই সেই দোকানখন সোমালহি। দৰ্জ্জীজনে তাক পাই বৰ ভাল পালে আৰু তাক নি ঘৈণীয়েকক দেখুৱাবলৈ বুলি দোকানখন জপাই সেই এধানমান কুজা মানুহটো লগত লৈ ঘৰলৈ বুলি খোজ ললে। {{gap}}ঘৰ পাই দেখে যে তেওঁৰ ঘৈণীয়েকে গধূলি আহাৰৰ বাবে সকলো ঠিক কৰি মজিয়াত সুন্দৰকৈ সজাই থৈছে৷ তেতিয়া তিনিওজন খাবলৈ বহিল৷ দুৰ্ভাগ্যক্ৰমে ভাত খাই থাকোতে হঠাতে মাছৰ কাঁইট এটা এধানমানি কুজা মানুহটোৰ ডিঙিত লাগি ধৰিল৷ সি নিজে আৰু দৰ্জ্জীয়েও ঘৈণীয়েকৰ সৈতে বহুত যত্ন কৰিও সেই মাছৰ কাঁইটটো এৰুৱাব নোৱাৰিলে। অলপ পাছতে তেওঁলোক দুয়োৰো আগতে এধানমানি কুজাই চিৰকাললৈ চকু মুদিলে। তেওঁলোক দুয়ো সেই ঘটনাত বৰ ভয় খালে, জানোচা আন মানুহে ভাবিব বোলে তেওঁলোকেই তাক মাৰিলে। সেই কু-নামৰ হাত সাৰিবলৈ দৰ্জ্জী আৰু তেওঁৰ ঘৈণীয়েকে এটা উপায় উলিয়ালে৷ {{gap}}দৰ্জ্জীজনৰ ঘৰৰ ওচৰতে এজন ইহুদী বেজ আছিল। দৰ্জ্জীজন আৰু ঘৈণীয়েক সেই মৰা শৱটো এজনে ভৰিত আৰু আনজনে মুৰত ধৰি দাঙি নি ইহুদী বেজৰ ঘৰ পোৱালেগৈ। শৱটো লৈ খটখটিয়েদি দৰ্জ্জী আৰু ঘৈণীয়েক ওপৰলৈ উঠি দুৱাৰত টুকুৰিয়ালেগৈ। খটখটিয়েদি গোটেই বাটটো বৰ আন্ধাৰ৷ অলপ পৰৰ পাছতে এজনী লিগিৰী ওলাই আহিল; তায়ো হাতত চাকি এটা অনা নাই। দৰ্জ্জীয়ে তাইৰ হাতত অলপ ধন গুজি দি কলে- “তুমি বেজবৰুৱাক কোৱাগৈ বোলে আমি এজন নৰিয়া মানুহ আনিছো আৰু এয়া আগধন অলপ দিছো।’’ লিগিৰীজনী হাতত ধন লৈ ভিতৰলৈ গল। সেই ছেগতে শৱটো বেজবৰুৱাৰ দুৱাৰ মুখতে এৰি ঘৈণীয়েকৰ সৈতে দৰ্জ্জীজন কোবা-কুবিকৈ খটখটিয়েদি নামি ঘৰলৈ উলটিল৷ {{gap}}ইফালে লিগিৰীজনী গৈ বেজবৰুৱাক সকলোবোৰ কথা কলে।
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/৩০
{{Css image crop |Image = Bilati_Pitha.pdf |Page = 30 |bSize = 464 |cWidth = 255 |cHeight = 344 |oTop = 114 |oLeft = 95 |Location = center |Description = }} দুৰ্ভাগ্যক্ৰমে ভাত খাই থাকোঁতে হঠাতে মাছৰ কাঁইট এটা এধানমানি কুজা মানুহটোৰ ডিঙিত লাগি ধৰিল।
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/৩১
{{rh|২৪||}}
আৰু ধনখিনি গুজি দিলে। ধনখিনি পাই বেজবৰুৱাই বৰ ৰং পালে। আন্ধাৰত বাট দেখুৱাবলৈ বুলি লিগিৰীজনীক এটা চাকি আনিবলৈ কলে। কিন্তু ধন পাই ৰঙত তৎ নোহোৱা হৈ তেওঁ তাইলৈ বাট নাচাই আগধৰি আহিল আৰু আন্ধাৰে-মোধাৰে আহি কিবা এটাত উজুটি খালে। কিহতনো উজুটি মাৰিলে বুলি লৰালৰিকৈ লিগিৰীজনীক মাতি আনিলত চাকিৰ পোহৰত দুৱাৰ মুখত একো দেখা নাপালে। নামি আহি খটখটিৰ তলত দেখে এধানমান মানুহৰ শৱ এটা তলত পৰি আছে। বেজবৰুৱাৰ চুলিৰ লাগে জীৱ গল। লাভৰ মুৰত বেমাৰী চাবলৈ আহি তেওঁ এটা মানুহ গুৰিয়াই মাৰিলে। তেতিয়া বেজবৰুৱাই লিগিৰীজনীক পাৰেমানে গালি-শপনি পাৰিলে, আৰু তায়েই মানুহটো মাৰিলে বুলি কলে। বেজবৰুৱাই নিজ দোষত মানুহ মাৰি ঘুৰাই তাইক বদ্‌নামৰ ভাগী কৰিব খুজিছে বুলি তায়ো চিঞৰ-বাখৰ লগাব খুজিলে। সেই সময়তে বাটেদি কোনোবা মানুহ যোৱা যেন দেখি দুয়ো মনে মনে থাকিল আৰু দুৱাৰখন মাৰি ভিতৰ সোমাল। বেজবৰুৱাই গুৰিয়াই মানুহ মৰা কথা কোৱাত ঘৈণীয়েক মূৰ্চ্ছা যোৱাৰ দৰে হল। কিন্তু চাপৰিলে মেঘ নেৰায়৷ গতিকে বেজবৰুৱাই ঘৈণীয়েকৰ সৈতে বিপদৰ হাত সাৰিবৰ উপায় চিন্তিবলৈ ধৰিলে। {{gap}}বেজবৰুৱাৰ ঘৰৰ গাত-গা লগা-লগিকৈ এঘৰ মুছলমান আছিল। তেওঁৰ কাম আছিল ছুলতানৰ বাবে, তেল, ঘিউ, মাখন আৰু আন আন খোৱা বস্তুৰ যোগান ধৰা। তেওঁৰ ভৰাল ঘৰটো আছিল থকা ঘৰৰ লগালগি৷ গতিকে বহুত এন্দুৰ আৰু নিগনিয়ে তেওঁৰ ঘৰত নিজানে নিজানে নিজ ৰাজ্য পাতিছিল। বেজবৰুৱানীৰ দিহা মতে বেজবৰুৱাই শেষত সেই এধানমান কুজা মানুহটোৰ শৱটো মি মুছলমান জনৰ ঘৰটোৰ বেৰত ঠিয়কৈ থৈ আহিবলৈ ঠিক কৰিলে৷ তেওঁলোকে সেই শৱটো এনেভাৱে ঠিয়কৈ থৈ আহিছিল যে আঁতৰৰ পৰা বেৰত অউজি থকা এটা জীয়া মানুহ যেন দেখি৷ অলপ পাছতে মুছলমান যোগনিয়াৰজনে হাতত এটা চাকি লৈ কাৰবাৰ ঘৰৰ ভোজ এটাৰ পৰা ঘৰলৈ আহিছে। তেওঁ সেইদৰে এটা মানুহ আঁউজি থকা দেখি সেইটো চোৰ বুলি ভাবি নিজে নিজে কলে— “অ’! এৱেঁই সদায় আহি মোৰ ইয়াৰ এই মাখন-ঘিউ আদি উদং কৰেহি। মই আকৌ নিগনিয়ে খায় বুলিহে ভাবিছিলো। বাৰু! ৰবা; এসেকা পাবা এতিয়া। তুমি মোক আৰু দেখা নিদিবা।” এই বুলি কৈয়েই তেওঁ
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/৩২
{{rh|||২৫}}
পোনচাটেই হাত কোঁচাই লৈ এধানমান কুজাক ওপৰাউপৰিকৈ দুটামান খকৰা-মুকুটি মাৰিলে আৰু এধানমান কুজাৰ শৱটো তেতিয়াই তলমুখ কৰি মাটিত পৰিল। সেইদৰে বাগৰি পৰা দেখি যোগনিয়াৰজনে দুগুণ খঙেৰে গুৰিয়াবলৈ আৰু চৰিয়াবলৈ ধৰিলে। খঙ জামৰিলত তেওঁ ভাবিবলৈ ধৰিলে কিয় সিমান মাৰ-কিল খায়ো চোৰটোৱে মুখেৰে একো মতা নাই। অলপ ৰৈ লিৰিকি-বিদাৰি চাই তেওঁ দেখে যে চোৰটোৱে সমূলি কাতি-কুতাও কৰা নাই৷ নিশ্চয় তেওঁৰ গোৰ-চৰতে মানুহটো মৰিল বুলি তেওঁ ঠিৰাং কৰিবলৈ বাধ্য হল, আৰু বেচেৰাই বৰ ভয় খালে। “আহ! মই কি গৰ্হিত কাম কৰিলো! হায়, হায়! কি বিপদ চপাই ললো। এতিয়া নগৰৰ আৰক্ষকবিলাক আহি মোক ধৰি নিব।” {{gap}}তাৰ পাছত লৰালৰিকৈ তেওঁ সেই মৰা শৱটো কান্ধত লৈ কোঠাটোৰ পৰা বাহিৰলৈ ওলাই আহিল আৰু আলিবাটৰ এখন দোকানত আকৌ আওজাই থৈ কোনেও নেদেখাকৈ ঘৰলৈ বেগাই গুচি আহিল। {{gap}}ইফালে দোকমোকালিতে এজন খৃষ্টান সাউদ সেইপিনে গা- বোৱা ঘাটলৈ যাওক। কিবা কাৰণত তেওঁ সাপৰ নেগুৰ ছিগা বেগেৰে এনেকৈ খোজ দিছিল যে মন নকৰাকে হঠাৎ এধানমান কুজাৰ শৱটোৰ আগত থিয় হলহি। সাউদজনে হঠাৎ সেইটো ডকাইত বুলি ভাবি তৎক্ষণাত তাক আক্ৰমণ কৰিলে আৰু ওপৰা-উপৰিকৈ কেইবাটাও খকৰা-মুকুটি মাৰি শেষত ‘ডকাইত, ডকাইত’। বুলি চিঞৰিবলৈ ধৰিলে। {{gap}}এইদৰে চিঞৰ-বাখৰ কৰা শুনি চাৰিও ফালৰ মানুহ আৰু আৰক্ষকসকল চাপি-কুচি আহিল। তৎক্ষণাত ঘটনাটোৰে বেলেগ গঢ় ললে আৰু মানুহবোৰে চিঞৰ-বাখৰ লগালে বোলে এজন খৃষ্টানে এধানমান কুজা মুছলমান এটিক মাৰি মাৰি আধামৰা কৰিছে৷ মানুহবিলাকে চিঞৰি চিঞৰি ক'লে— “হেৰা, তুমি কি কৰিছা? বেচেৰা এধানমান কুজা মুছলমানটোক কিয় আধা মৰা কৰিলা?’’ সাউদজনে ক'লে— ’‘ই মোক ডকাইতি কৰিব খুজিছিল। আৰু মই তাক আক্ৰমণ নকৰা হলে সি মোক পিছ ফালৰপৰা ডিঙিত টিপা দিলেহেঁতেন।” তেতিয়া মানুহৰ ভিৰ ঠেলি আহি আৰক্ষকাধীক্ষকে দেখে যে মানুহটো আধা মৰা কিয়, একেবাৰে মৰিল! তৎক্ষণাত
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/৩৩
{{rh|২৬||}}
নৰহত্যা অপৰাধত সাউদজনক ধৰি-বান্ধি বিচাৰকৰ ওচৰলৈ লৈ গ’ল। বিচাৰকে তেওঁক সাম্প্ৰতিকভাবে কাৰাগাৰত থবলৈ আদেশ দিলে। {{gap}}তাৰ পাছত বিচাৰকজনে আৰক্ষৰকৰ পৰা ঘটনাৰ সকলো বিৱৰণ শুনিলে। তেওঁ তেতিয়ালৈকে সাউদ জনৰ প্ৰাণদণ্ডৰ আদেশ দিয়া নাছিল। বিষয়ৰ গুৰুত্ব বুজি বিচাৰকে সেই কথা ছুলতানক জনালে। ছুলতানে গোটেই ঘটনাটো শুনি কলে— “যোৱা, তোমাৰ বিচাৰ মতে আৱশ্যকীয় কৰ্ত্তব্য কৰাগৈ।” বিচাৰকজন গৈ সাউদজনক প্ৰাণদণ্ড দিবলৈ ঠিক কৰি গোটেই ৰাজ্যতে ঢোল পিটি শুনাই দিলে বোলে এজন মুছলমান মানুহক হত্যা কৰা অপৰাধত এজন খৃষ্টানক ৰাজহুৱাভাৱে ফাঁচি দিয়া হব। {{gap}}তাৰ পাছত সাউদজনক বন্দীশালৰ পৰা উলিয়াই ফাঁচিশাললৈ নিয়া হল। সেই ঠাই লোকেৰে লোকাৰণ্য। খৃষ্টান সাউদজনৰ ডিঙিত ডোল লগাইছে মাত্ৰ, এনেতে সেই মুছলমান যোগনিয়াৰজনে মানুহৰ ভিৰ ঠেলি আহি বিচাৰকৰ ওচৰ চাপি কলে— “ধৰ্ম্মাৱতাৰ, ৰ’ব ৰ’ব। লৰালৰি নকৰিব! ভুল নকৰিব!! খৃষ্টান সাউদজনে মানুহটো মৰা নাই। মইহে মাৰিছিলোঁ।’’ তেতিয়া সকলো মানুহ আচৰিত হল। মুছলমান যোগনিয়াৰজনে কেনেকৈ শৱটো আনি সেই দোকানখনৰ বেৰতে জীয়া মানুহ যেন দেখাকৈ ঠিয়কৈ আওজাই থৈছিল সকলো কথা কলে আৰু তেওঁৰ অপৰাধৰ বাবে এনেকৈ এজন নিৰ্দোষী খৃষ্টান সাউদৰ প্ৰাণদণ্ড হ’বলগা বাবে তেওঁ ঘোৰ অনুতাপ কৰি নিজে সেই ফাঁচি কাঠত উঠিবলৈ গ’ল। {{gap}}তেতিয়া বিচাৰকে খৃষ্টান সাউদজনক ফঁচি-কাঠৰ পৰা নমাই মুছলমান যোগনিয়াৰজনক তাত তুলি দিলে৷ মুছলমান যোগনিয়াৰজনৰ ডিঙিত ডোল লগাইছেহে মাত্ৰ, এনেতে ঈহুদী বেজবৰুৱাজন বিচাৰকৰ আগলৈ আহি কলে— “ধৰ্ম্মাৱতাৰ! ৰ’ব, ৰ’ব! অন্যায় নকৰিব। সেই মুছলমান যোগনিয়াৰজনে এধানমান কুজাক মৰা নাই। মইহে তাক হত্যা কৰি তেওঁৰ ঘৰৰ খুটাত আওজাই থৈ আহিছিলো। তাৰ বাবে মোৰেহে প্ৰাণদণ্ড হ’ব লাগে।” তেতিয়া সকলো মানুহ আচৰিত হৈ ঈহুদী বেজবৰুৱাজনৰ বিবৃতি শুনিলে। মুছলমান যোগনিয়াৰজনক ফঁচি-কাঠৰ পৰা নমাই সেই ঈহুদী বেজবৰুৱা-জনক ফাঁচি-কাঠত তুলিবলৈ আদেশ দিবলৈ বিচাৰকজন বাধ্য হ’ল। ঈহুদী বেজবৰুৱাজনৰ ডিঙিত ডোল লগাবলৈ ধৰোতেই
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/৩৪
{{rh|||২৭}}
আগৰ দৰেই জনতাৰ ভিৰ ঠেলি সেই মুছলমান দৰ্জ্জীজনে “ৰ’ব ৰ’ব!” বুলি চিঞৰি চিঞৰি বিচাৰকৰ কাষ চাপি আহি কলে— “ধৰ্ম্মাৱতাৰ’ আপুনি অনাহকত এই নিৰ্দ্দোষ ঈহুদী বেজবৰুৱাজনক প্ৰাণদণ্ড দিব খুজিছিল। এই এধানমান কুজাৰ ঘাই হত্যাকাৰী মইহে।” সকলোৱে আচৰিত হৈ তেওঁৰ বিবৃতি শুনিলে। বিষ্মিত জনতাই আচৰিতৰ ওপৰতে আচৰিত হৈ চতুৰ্থ কাহিনী শুনিলে। বিচাৰকো অতি আচৰিত হৈ চতুৰ্থবাৰত এই দৰ্জ্জীজনক ফাঁচি-কাঠত তুলিবলৈ আদেশ দিলে। ইফালে এই সকলো অদ্ভুত কাহিনী গৈ ছুলতানৰ কাণত পৰিল। ফাঁচি-কাঠত তুলি দৰ্জ্জীজনৰ ডিঙিত ডোল লগাই ওলমাব খুজিছে, এনেতে দূৰৰ পৰা চিঞৰি চিঞৰি আহি ছুলতানৰ এজন বিষয়াই কলে— “ৰবা, ৰবা, দৰ্জ্জীজনৰ ডিঙিত ডোল নলগাবা। ছুলতানে আদেশ দিছে যে শৱটো আৰু বিচাৰকজনে সৈতে চাৰিওজন অপৰাধী ছুলতানৰ আগলৈ নিব লাগে।’’ এইবাৰ বিচাৰকৰ সৈতে সকলো মানুহৰ বুকু কঁপিবলৈ ধৰিলে আৰু সকলো গৈ ছুলতানক সেৱা জনালে। ছুলতানে অপৰাধীকেইজনক এজন এজনকৈ তেওঁৰ আগত ঠিয় কৰালে আৰু শেষত সেই শৱটো চাব খুজিলে। শৱটো আগলৈ অনাত ৰজা বিচূৰ্ত্তি হল যে তেওঁৰ ঘৰৰ পৰা এদিনৰ আগতে হঠাৎ অন্তৰ্দ্ধান হোৱা তেওঁৰ আদৰৰ সেই এধানমান কুজাৰেই এইটো মৰা শৱ! ঘটনাৰ আদ্যোপান্ত শুনি আচৰিত হৈ ছুলতানে নিজে কলে— “পৃথিৱীত এনে আচৰিত ঘটনা কোনোবাই কৰবাত দেখিছানে?’’ {{gap}}এনেতে মানুহৰ ভিৰ ঠেলি এজন বুঢ়া মানুহ ছুলতানৰ আগলৈ আহি তেওঁক প্ৰণাম জনালে৷ মানুহজনক আটায়ে চিনি পায়, “বাগদাদৰ বোবা নাপিত” বুলি তেওঁ সদৌৰে ওচৰত জনাজাত। তেওঁৰ বয়স প্ৰায় চাৰি কুৰি দহ বছৰ। গোটেই ডাড়ি-চুলি পকা। তেওঁ এধানমান কুজাৰ শৱটোৰ ওচৰলৈ গৈ হঠাতে মাটিত বহিল আৰু তেওঁৰ আঠু দুটাৰ মাজত কুজা মানুহটোৰ মূৰটো সুমুৱাই বৰ মনযোগেৰে চাবলৈ ধৰিলে। অলপ পৰৰ পাছতে সি এনে অদ্ভুতভাৱে হাঁহিবলৈ ধৰিলে যে কাছগড়ৰ খোদ ছুলতান আগত থকা কথাও সি পাহৰি পেলালে। সকলো মানুহ আকৌ আচৰিত হল। ছুলতানে নিজে সুধিলে- “বোবা নাপিত, এনে দুখ লগা ঘটনাত আমি সকলো মৰ্ম্মাহত হৈছো। তুমি কিয় ইমানকৈ হাঁহিছা, মোক কোৱা।” ইমান
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/৩৫
{{rh|২৮||}}
কালৰ মূৰত বোবাৰ মুখত মাত ওলাল— “মহাৰাজ! মই ঈশ্বৰৰ ওচৰত শপত খাই কৈছো, এধানমান কুজা কেতিয়াও মৰা নাই। ইয়াৰ এতিয়াও জীৱ আছে।” ছুলতানকে আদি কৰি কোনেও তাৰ কথাত বিশ্বাস নকৰিলে। তথাপি ছুলতানে কলে বোলে যদি তেওঁৰ মৰমৰ এই এধানমান কুজাক কোনোবাই কেনেবাকৈ জীয়াই দিব পাৰে, তেওঁ তাক এহেজাৰ সোণৰ মোহৰ বঁটা দিব। বোবা নাপিতে এইবাৰ একো নামাতি তেওঁৰ হাতৰ মোনাৰ পৰা অলপ ঔষধ উলিয়াই লৈ এধানমান কুজাৰ ডিঙিত ঘঁহি দিলে। তেতিয়াই এধানমান কুজাই খক্ খক্ কৰিবলৈ ধৰিলে। তাৰ পাছত বোবা নাপিতে তেওঁৰ হাতৰ চেপেনা এডালেৰে লাহেকৈ তাৰ ডিঙিৰ পৰা কাঁইটটো উলিয়াই আনিলে। তৎক্ষণাতে কুজা মানুহটোৱে হাঁচিয়াই দিলে আৰু চকু মেলিলে। সকলো মানুহ স্তম্ভিত হল। ছুলতানে তেওঁৰ মৰমৰ ধেমেলীয়া মানুহটো এইদৰে চাৰিটা মানুহে হত্যা কৰাৰ পাছতো আকৌ জীয়া দেখি বৰ ৰং পালে আৰু আটাইকেইজন দোষীক মুক্তি দিলে। ছুলতানে ৰংমনে সেই বাগদাদৰ বোবা নাপিতক এহেজাৰ সোণৰ মোহৰ বঁটা দি এধানমান কুজাৰ ধেমেলীয়া গীত শুনি মহাসুখত কাল কটাবলৈ ধৰিলে। ০০
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/৩৬
{{center|{{x-larger|'''এদিনীয়া ৰজা'''}}}} তেতিয়া হাৰুণ-আল-ৰছিদৰ ৰাজত্ব কাল। সেই সময়ত বাগদাদ্ চহৰত আছিল এজন বৰ ধনী সদাগৰ। তেওঁৰ একেটি মাত্ৰ পুতেক— আবু হাছান। আবু হাছানে ডেৰ কুৰি বছৰ বয়সত ভৰি দিওঁতেই তেওঁৰ পিতাকে অজস্ৰ ধন-সম্পত্তি এৰি থৈ শেষ নিশাহ পেলালে। তেতিয়াৰে পৰা এই সম্পত্তিৰ গৰাকী হয় তেওঁৰ একেটি পুতেক আবু হাছান। কিন্তু পিতাকে জীৱিত কালত তেওঁৰ পুতেকক আৱশ্যকীয় ব্যয়ৰ বাহিৰে এটি পইছাও সৰহকৈ নিদিছিল। সেইবাবে তেওঁ এই সম্পত্তিবিলাক পাই অবাবতে ব্যয় কৰিবলৈ ধৰিলে। আবু হাছানে সদায় গধূলি তেওঁৰ লগৰ কিছুমান ডেকাক ভোজ-ভাত খাবলৈ নিমন্ত্ৰণ কৰি অবাবতে সেই সম্পত্তি দুদিনতে শেষ কৰিলে। যেতিয়াই সেই সম্পত্তি নোহোৱা হল আৰু আবু হাছানে বন্ধুসকলক আগৰ দৰে ভোজ-ভাত খুৱাব নোৱৰা হল, তেতিয়াৰে পৰা তেওঁৰ বন্ধুসকলে আবু হাছানক দেখিলেও নামাতি অচিনাকি মানুহৰ দৰে গুচি যায়। আৰু তেওঁৰ এই বিপদতো ৰক্ষা কৰিবলৈ কোনো নাহিল। তেতিয়াহে আবু হাছানে বুজি উঠিল যে বিপদৰ বন্ধুহে প্ৰকৃত বন্ধু। তেতিয়া তেওঁ খঙত একো নাই হৈ তেনে বন্ধুৰ লগ কেতিয়াও নলবলৈ শপত খালে। তাৰ লগে লগেই তেওঁ ঠিক কৰিলে যে তেনে বন্ধু মতাতকৈ সদায় সন্ধিয়া বেলিকা এজন অচিনাকিক তেওঁৰ লগত খাবলৈ মাতি আনিব আৰু সূৰ্য্য দেৱতাই পোহৰ দিয়াৰ লগে লগেই তেওঁক পঠাই দিব আৰু পিছ দিনাৰ বাবে আন এজন আলহী মাতি আনিব। ইয়াকে মনতে পাঙি আবু হাছানে সদায় সেৱা শুশ্ৰষাৰ যোগাৰ কৰি দিনমণিয়ে মেলানি মগাৰ লগে লগেই বাগদাদৰ দলংখনৰ ওপৰতে বহি থাকে আৰু কোনো অচিনাকি লোক দেখিলে সেই ৰাতিটোৰ বাবে তেওঁৰ পজাত আলহী হবৰ বাবে অনুৰোধ জনাই আহে। এদিন সেইদৰে সন্ধ্যা দেৱীৰ আগমনিৰ অলপ আগতে আবু হাছানে সেই দলঙতে বহি তেওঁৰ আলহীৰ বাবে বাট চাই আছে। এনেতে হাৰুণ-আল-ৰছিদ সেইখিনিতে উপস্থিত হলগৈ। যদিও ৰাজ্যৰ
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/৩৭
{{Css image crop |Image = Bilati_Pitha.pdf |Page = 37 |bSize = 464 |cWidth = 260 |cHeight = 377 |oTop = 89 |oLeft = 110 |Location = center |Description = }} {{center|বাগদাদৰ দলংখনৰ ওপৰতে বহি থাকে}}
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/৩৮
{{rh|||৩১}}
অভাৱ-অভিযোগবিলাকত চকু দিবলৈ এই জনা ৰজাৰ অনেক বিষয়া আছিল। তথাপি প্ৰজা বিলাকে কেনেবাকৈ কষ্ট পায় বুলি তেখেতে প্ৰত্যেক মাহৰে প্ৰথম দিনত ছদ্ম বেশেৰে গোটেই ৰাজ্যত ফুৰিছিল। সেইদিনা তেওঁ ছদ্ম বেশ ধৰিছিল মছুলৰ এজন সদাগৰৰ আৰু যেন তেওঁ সেই সময়ত দলঙৰ ওচৰ পাইছেহি মাত্ৰ। তেওঁৰ লগত আছিল এটা লগুৱা। {{gap}}আবু হাছানেও তেওঁক মছুলৰ পৰা অহা এজন সাউদ বুলি বিশ্বাস কৰি তেওঁক নমস্কাৰ কৰিলে আৰু ৰাতিটোৰ বাবে তেওঁক তেওঁৰ ঘৰত আলহী হবলৈ অনুৰোধ জনালে। ছদ্মবেশী সাউদেও তাত কি ৰহস্য আছে তাক জানিবৰ বাবে আলহী হবলৈ মান্তি হল। {{gap}}আবু হাছানে জনাই নাই যে তেওঁ যাক সাধাৰণভাৱে ব্যৱহাৰ কৰিছে, তেখেত হৈছে সেই দেশৰ অধীশ্বৰ। যেতিয়া খোৱা-লোৱা শেষ হল, তেতিয়া আবু হাছানে আলহীক সকলো কথা বহলাই কলে কেনেকৈ সদায় একোজন অচিনাকিক মাতি তেওঁ খুৱাব লগা হল। {{gap}}এইদৰে তেওঁলোকে কথা-বাৰ্তা হোৱাৰ পাছত ৰজাই ক'লে— “তোমাৰ কথা-বাৰ্তা, সেৱা-শুশ্ৰূষাত মই বৰ সুখী হৈছোঁ। তোমাৰ কিবা উপকাৰ কৰিবলৈ মই সাজু আছোঁ৷ কিবা অভাৱ বা আকাঙ্ক্ষা আছে যদি কোৱা।” {{gap}}তেতিয়া আৰু হাছানে কলে— “মোৰ তেনে কোনো অভাৱ বা আকাঙ্ক্ষা নাই। মাত্ৰ মোৰ ঘৰৰ ওচৰতে থকা ইমামে মোক বৰ কষ্ট দিয়ে আৰু ওচৰৰ মানুহবিলাককো বৰ দুখ দিয়ে। যদি মই কেনেবাকৈ এদিনৰ কাৰণে হলেও ৰজা হওঁ, তেন্তে সকলো ঠিক কৰিম।” {{gap}}ৰজাই মনতে হাঁহি ক'লে— “তেতিয়া তুমি কি কৰিবা বাৰু?” হাছানে ক'লে— “মই এনে এটা দিহা কৰিম যাতে সকলো মানুহৰে উপকাৰ হয়।’’ {{gap}}ৰজাই হাছানৰ কথাখিনি শুনি বৰ আনন্দ পালে আৰু তাৰ বাবে এটা দিহা কৰিবলৈ মনতে ঠিক কৰিলে। {{gap}}এইদৰে কথা-বাৰ্তা পাতি যেতিয়া শুবৰ সময় হল তেতিয়া আবু হাছানে এগিলাছ পানী খাবলৈ থৈছিল। ৰজাই তাতে বুদ্ধি কৰি লালকাল টোপনি অহা ঔষধ এটা মিহলাই দিলে। হাছানে সেই পানী গিলাছ খায়েই নিদ্ৰা দেৱীৰ কোলাত অচেতন হৈ পৰিল। তেতিয়া
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/৩৯
{{rh|৩২||}}
ৰজাই আবু হাছানক নি ৰাজ-কাৰেঙত থবলৈ আৰু কোনডোখৰ ঠাইৰ পৰা নিছে তাক মনত ৰাখিবলৈ তেওঁৰ লগুৱাটোক কলে। লগুৱাটোৱেও ৰজাই কোৱা মতে কৰিলে আৰু ৰজাও তাৰ পাছে পাছে গল। লগুৱাটোৱে নি আবু হাছানক ৰাজশয্যাত শুৱাই দিলে। ৰজাই গৈ সকলোকে আদেশ দিলে বোলে তেওঁক যেনেকৈ আনকালে মান-সৎকাৰ কৰে, সেই আবু হাছানকো পিছদিনা সেইদৰে মান- সত্কাৰ কৰিব। ৰজাই সেইদৰে আদেশ দি নিজে ওচৰৰ কোঠাটোত লুকাই ৰহস্যটো চাবলৈ বুলি ৰল। {{gap}}সকলো মানুহে ৰজাৰ আদেশ মতে আবু হাছানক পাছ দিনাৰ পৰা ৰজাৰ দৰে মান-সংকাৰ আৰু ব্যৱহাৰ কৰিবলৈ সাজু হল। আবু হাছানে পিছদিনা সাৰ পোৱা মাত্ৰে সকলোবোৰ দাস-দাসী তেওঁৰ ওচৰলৈ আগবাঢ়ি অহা দেখি তেওঁ সেইবিলাক সপোন নে দিঠক ঠিক কৰিব নোৱাৰা হল। বহুত পৰৰ পাছত তেওঁক সকলোৱে সেইবিলাক সপোন নহয় বুলি বিশ্বাস জন্মালে আৰু পাছত ৰাজ-সাজ পিন্ধাই ৰাজ-সভালৈ লৈ গল। তাত বহুত আমোদ-প্ৰমোেদ উপভোগ কৰিলে। {{gap}}তাৰ পাছত কেইজনমান বিষয়ক আদেশ দিলে— “তোমালোক এই বাটটোৱেদি গৈ থাকাঁ, তাতে এটা মছজিদ পাবা। তাতে এজন ইমাম আৰু চাৰিজন বুঢ়া ডঢ়ীয়া মানুহ আছে। সেই বুঢ়া চাৰিজনক প্ৰত্যেককে ভৰিত পাঁচ কুৰিকৈ বেত দিয়াগৈ আৰু ইমামজনক চাৰিশ কোব দিবা। তাৰ পাছত তেওঁলোক পাঁচজনক বান্ধি প্ৰত্যেক ঘৰৰ আগেদি লৈ ফুৰিবা। তেতিয়া সকলো মানুহে বুজি উঠিব তেনে অত্যাচাৰী মানুহৰ কেনে শাস্তি হয়।” {{gap}}বিষয়া কেইজনেও ৰাজ আদেশ পালন কৰিবলৈ গ'ল। তাৰ পাছত আবু হাছানে ধন-ভৰালীক আদেশ কৰিলে এহেজাৰ সোণৰ মোহৰ নি সেই নগৰৰে আবু হাছানৰ মাকক দি আহিবলৈ; আৰু কলে সেই আৰু হাছান বোলা মানুহজনক সকলোৱে চিনি পায়, তেওঁৰ কথা সুধিলে যেয়ে সেয়ে কৈ দিব পাৰিব। বেগাই গৈ বেগাই ঘূৰি আহিবলৈ তেওঁ সিহঁতক আদেশ দিলে। প্ৰণাম জনাই ৰজাৰ ওচৰৰ পৰা সিহঁতে বিদায় ললে। ইফালে মাকে সিমান টকা ৰজাই তেওঁক উপহাৰ দিয়া। বুলি জানি আচৰিত হল৷ {{gap}}হাছানক ৰাজ-সভাৰ পৰা উঠি এযোৰ সোণ-ৰূপ খটোৱা খৰম পিন্ধিবলৈ দিলে। কিন্তু বেচেৰা আবু হাছানে কেতিয়াও সেইবিলাক
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/৪০
{{rh|||৩৩}}
দেখাই নাই, পিন্ধিব কেনেকৈ! সেই বাবে পিন্ধোতে হঠাতে পৰিব খুজিছিল। তেতিয়া বিষয়াবোৰে মনে মনে হাঁহিবলৈ ধৰিলে আৰু পিন্ধিবলৈ দেখুৱাই দিলে। {{gap}}সেইদৰে আবু হাছানে সেইদিনা বহুত আনন্দ উপভোগ কৰিলে। শেষত যেতিয়া গধূলি হল তেতিয়া ৰজাৰ আদেশ মতে আবু হাছানক এগিলাছ পানী দিয়া হল আৰু তাতে লালকাল হৈ টোপনি অহা অলপ ঔষধ মিলাই দিলে। পানী গিলাছ খোৱা মাত্ৰকে তেওঁ অচেতন হৈ পৰিল। তেতিয়া ৰজাই তেওঁ লুকাই থকা কোঠাটোৰ পৰা ওলাই আহিল আৰু হাছানক ৰজাৰ সাজপাৰ সলাই, আগৰ কাপোৰ পিন্ধাবলৈ কলে। সাজ সলোৱা হলত নি নিজ ঘৰৰ বিছনাত শুৱাবলৈ আদেশ দিলে আৰু সেইদৰে লগুৱাটোৱে নি থৈ আহিলগৈ। {{gap}}তেতিয়া ৰজাই ইবিলাক মানুহক কলে— “আবু হাছানে এদিনৰ বাবে ৰজা হৈ ইমামক শাস্তি দিব খুজিছিল। মই তেওঁক তাৰ সুযোগ দিলো। এতিয়া তেওঁ অৱশ্যে সন্তুষ্ট হব পায়।” {{gap}}পিছদিনা পুৱা নিজ ঘৰত সাৰ পাই হাছানে তেওঁৰ দাস-দাসী বিলাকক চিঞৰি চিঞৰি মাতিবলৈ ধৰিলে। তেওঁ সেইদৰে চিঞৰি থকা দেখি ওচৰৰ কোঠাটোত শুই থকা তেওঁৰ আয়েক শেষত ওলাই আহিল আৰু সুধিলে- “মোৰ পোনা! তুমি কিয় এনেদৰে চিঞৰিছা? কি হল?” তেতিয়া হাছানে আয়েকলৈ চাই কলে-- “তুমি ক’ৰ তিৰুতা, ইয়ালৈ আহি যে পুতেৰাক মাতিছা?” মাকে ক'লে— “মই তোমাকে মাতিছো, তুমি মোৰ পোনা আবু হাছান নোহোৱা নে? এইটো বৰ আচৰিত কথা যে তুমি মোক চিনি পোৱা নাই।” হাছানে ক'লে— “কি মই তোমাৰ পুতেৰা! ই কেতিয়াও হব নোৱাৰে। তুমি মিছা মাতিছা। মই এজন অধীশ্বৰ।” মাকে বাধা দি কলে— “মোৰ সোণ, তুমি এনে কথা নকবা। আন মানুহে শুনিলে তোমাক পগলা বুলি ধৰি নিব।” হাছানে কলে— “মই কেতিয়াও পগলা হোৱা নাই। তোমাৰ হে অলপ মগজৰ দোষ হৈছে। মই এজন ডাঙৰ ৰজা।’’ মাকে কলে—“মোৰ পোনা! তুমি এনেকৈ নকবা। মই বুজিছো তোমাক ভূতে পালে। তুমি মোৰ পো আবু হাছান আৰু মই তোমাৰ আয়েৰা।” {{gap}}তাৰ পাছত বহুত সময় ৰৈ আবু হাছানে মাত লগালে— “আই, তুমি সঁচা কৈছা। মই এতিয়া বুজিছোঁ মই আবু হাছান আৰু
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/৪১
{{rh|৩৪||}}
তুমি মোৰ আই।’’ তেতিয়া মাকে ভাবিলে যে পুতেকে কিবা সপোন দেখিছিল আৰু এতিয়া ভাল হৈছে। কিন্তু অলপ পাছতে আবু হাছান উঠি আকৌ চিঞৰি কলে— “মই তোমাৰ পুতেৰ কেতিয়াও নহয় আৰু তুমি মোৰ আই নোহোৱা। তৎক্ষণাত ইয়াৰ পৰা আঁতৰ হোৱা। মই এজন ডাঙৰ ৰজা।’’ {{gap}}তেতিয়া মাকে কবলৈ ধৰিলে কেনেকৈ ৰজাই তেওঁলৈ এহেজাৰ সোণৰ মোহৰ পঠাই দিছিল আৰু কেনেকৈ ৰজাৰ আদেশ মতে সেই মানুহ কেইজনক কোবাইছিল, তেতিয়া আবু হাছানে কলে-- মই যে এজন ৰজা হয় তাত কোনো সন্দেহ নাই। কাৰণ এই সকলোবোৰ ময়েই দিছিলো।” {{gap}}বেচেৰী মাকে হাছানক নানান ধৰণে বুজালে। কিন্তু একোতেই তেওঁ বুজনি নামানিলে, শেষত গালি পাৰি মাকক মাৰিবলৈ আহিল। মাকে নিৰুপায় হৈ চিঞৰিবলৈ ধৰিলে। চিঞৰ-বাখৰ শুনি ওচৰ- চুবুৰীয়াবিলাক লৰি আহিল আৰু তেনে কাম কৰাৰ বাবে হাছানক তিৰস্কাৰ কৰি কলে—“আবু হাছান, তুমি কি কৰিছা? লাজ নালাগেনে? তোমাক আয়েৰাই ইমান ভাল পায় আৰু মৰম কৰে।” {{gap}}তেতিয়া হাছানে তেওঁলোককো বহুত বেয়া কথা কৈ খেদাই দিলে। সকলোৱে ভাবিলে নিশ্চয় আবু হাছানৰ মগজৰ দোষ হৈছে। {{gap}}অলপ পাছতে মানুহবিলাকে গৈ আৰক্ষকত (পুলিছত) বাতৰি দিয়াত কিছুমান আৰক্ষক আহি আবু হাছানক মৰিয়াই মৰিয়াই পগলা-শালত সুমুৱাই থৈ আহিল। তাত সি বলেৰে এৰাই আহিব খোজাত, ৰখীয়াবোৰে তাক মাৰিবলৈ ধৰিলে। শেষত তাত ৰাখিব নোৱাৰি, লোহাৰ বেৰাত ৰাখিবলৈ ললে। {{gap}}মাকে দিনৌ তালৈ গৈ পুতেকক চাই আহেগৈ। লাহে লাহে হাছানৰ আগৰ ভ্ৰমবিলাক আঁতৰিবলৈ ধৰিলে আৰু মাক আৰু ওচৰ- চুবুৰীয়াক বেয়া ব্যৱহাৰ কৰা বাবে সি মাকক এদিন ক্ষমা-প্ৰাৰ্থনা কৰিলে আৰু সেই আলহীজনে দুৱাৰখন মেলি থৈ যোৱাৰ বাবে এনে হল বুলি কলে। {{gap}}মাকে গৈ তাৰ ৰখীয়াক হাছানৰ কথা কোৱাত তাক মুকলি কৰি দিলে। তেওঁ ঘৰলৈ আহি আকৌ আগৰ দৰে থাকিবলৈ ধৰিলে। কিন্তু গধুলি তাৰ অকলে খাবলৈ বেয়া লগা হল। {{gap}}এদিন গধূলি আগৰ দৰে দলংখনতে বহি আছে এজন অচিনাকি
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/৪২
{{rh|||৩৫}}
আলহীৰ বাবে। এনেতে তেওঁৰ চকুত পৰিল মছুলৰ পৰা অহা সেই সাউদজন। তেওঁ ভাবিছিল সেই সাউদজনকেই সকলোখিনি দুখ কষ্টৰ মূল বুলি। ছদ্মবেশী ৰজায়ো তাক চিনি পালে। {{gap}}তেতিয়া ৰজাই তেওঁক আকৌ ৰাতিটোৰ বাবে হাছানৰ ঘৰত খাবলৈ মাতিবলৈ কলে। হাছানে কিন্তু মাতিবলৈ মান্তি নহল আৰু তেওঁৰ গাত আৰক্ষকে কোবোৱা চিনবিলাক দেখুৱালে। {{gap}}ৰজাই বহুত কথা কৈ হাছানক ফুচুলালে আৰু নানা বুজনি দিলে। শেষত হাছানৰ ঘৰলৈ বুলি দুয়ো খোজ ললে। তেওঁলোকে ঘৰ পায়গৈ মানে সন্ধিয়া লাগিল আৰু আহাৰ খাবৰ সময় হল। দুয়ো খাই-লৈ উঠি বহুত কথা-বতৰা হল। তাৰ পাছত হাছানে খাবলৈ লোৱা পানী গিলাছত ৰজাই আগৰ দৰে মনে মনে ঔষধ মিহলাই দিলে আৰু সেয়া খায়েই হাছান টোপনিত অচেতন হৈ পৰিল। ৰজাই লগুৱাটোক আদেশ দিলে— হাছানক ৰাজকাৰেঙলৈ নিবলৈ আৰু নিজে দুৱাৰখন আগৰ দৰে জপাই গুচি গ'ল। {{gap}}লগুৱাটোৱে হাছানক নি ৰজাৰ কাপোৰ পিন্ধাই ৰাজ-শয্যাত শুৱাই দিলে। পিছদিনা সাৰ পাই হাছানে আকৌ সেই জাকজমকীয়া দৃশ্য দেখি আচৰিত হল। ৰজাই আগৰ দৰে ওচৰৰ কোঠাটোৰ পৰা সকলো কথা কাম মনে মনে চাই আছে। হাছানে নিজে কবলৈ ধৰিলে-- “মই সেই এমাহৰ আগতে দেখা সপোনটোকে আকৌ দেখিছো“। {{gap}}এইদৰে হাছানে বহুতপৰ সেইটো সপোন নে দিঠক ঠিক কৰিব পৰা নাই। এবাৰ ভাবিছে সপোন, আকৌ ভাবিছে দিঠকহে। ওচৰতে থকা এজন বিষয়াক হাছানে মাতিলে আৰু কলে- “হেৰা! এইপিনে আহাঁচোন। মোৰ এই কাণখন কামোৰ মাৰি দিয়া। এইবোৰ সপোন নে দিঠক মই ঠিক কৰো। বিষয়াজনে বৰ টানকৈ কামুৰি দিলে আৰু হাছানে দুখ পাই এটা আচৰিত ধৰণৰ চিঞৰ মাৰিলে। {{gap}}সেই চিঞৰটো মৰা মাত্ৰে সকলোবোৰ বাদ্যযন্ত্ৰ বাজি উঠিল আৰু নাচনীবিলাকে নাচিবলৈ ধৰিলে। হাছানেও সিহঁতৰ লগতে গান গাবলৈ ধৰিলে আৰু লগে লগে ৰাজ-সাজ সোলোকাই পেলালে। শেষত মূৰৰ পৰা টুপীটো সোলোকাই থৈ চকিৰ পৰা জাপ মাৰি গৈ আনবিলাক মানুহৰ লগত নাচিবলৈ ধৰিলে। {{gap}}ৰজাই ইমান সময় মনে মনে ভিতৰৰ পৰা সকলো চাই আছিল।
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/৪৩
{{rh|৩৬||}}
শেষত এই দৃশ্য দেখি তেওঁ আৰু থাকিব নোৱাৰা হল। ওলাই আহি হাঁহি হাঁহি কলে— “আবু হাছান! আবু হাছান!! তুমি মোক এইদৰে হাঁহি হাঁহি মৰিবলৈ দিব খুজিছানে?” {{gap}}ৰজাৰ মাতটো শুনি সকলোবোৰ বাদ্য-যন্ত্ৰ আৰু নাচ লাহে লাহে নোহোৱা হল। যি ফালৰ পৰা মাতটো আহিছিল হাছানে সেইফালে চাই দেখিলে সেইজন ৰজা আৰু একেজনেই মছুলৰ পৰা অহা সাউদজন! ৰজাই সকলো কথা ভাঙি-পাতি কলে। তেতিয়া হাছানে গোটেই ঘটনাটো ভালদৰে বুজিলে। {{gap}}অলপ পাছতে ৰজাই হাছানক ভাল কাপোৰ-কানি পিন্ধিবলৈ দিলে আৰু কলে- “তুমি মোৰ ভাই! তোমাক মই কি সহায় কৰিব পাৰিম কোৱা, হাছান।” হাছানে কলে— “মোক আৰু নো কি লাগিছে? মই গোটেই জীৱন আপোনাৰ গুণ আৰু স্নেহৰ কথাকে সুঁৱৰি থাকিম।’’ {{gap}}হাছানৰ এই শেষৰ কথাৰ প্ৰমাণ পাই ৰজাই বৰ আনন্দত কলে— ‘হাছান, তোমাৰ কথা-বাৰ্তাবোৰ মোৰ বৰ ভাল লাগিল। মই তোমাক মোৰ কাৰেঙৰ এটা কোঠা দি দিছোঁ। তুমি তাতে সদায় থাকিবা। কিছুদিনৰ পাছত ৰাণী জুবেদাৰ লগতো হাছানক চিনাকি কৰি দিলে। ৰাণীয়ে হাছানৰ কথা-বাৰ্তাত বৰ ভাল পালে। {{gap}}এদিন ৰাণীয়ে ৰজাক কলে তেওঁৰ লিগিৰী নুজহাটৰ লগত বিয়া পাতি দিবলৈ। কাৰণ হাছানে হেনো নুজহাটক বৰ ভাল পায়। ৰজায়ো সেই কথা শুনি হাছানক কৈ বিয়াৰ যো-জা কৰিবলৈ ধৰিলে। ০০
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/৪৪
{{Dhr|1em}} {{center|{{X-larger|'''“মহাৰাজ! মইহে আগতে মৰিছিলো”'''}}}} {{gap}}হাছান আৰু নুজহাটৰ বিয়া ৰজা হাৰুণ-আল্ -ৰছিদৰ ৰাজ- কাৰেঙত বৰ জাকজমক আৰু আনন্দৰ মাজেদি সুকলমে সমাধা হৈ গল। ৰাণী জুবেদাই তেওঁৰ লিগিৰী নুজহাটক ভালেমান বহুমূলীয়া উপহাৰ দিলে আৰু ৰজায়ো হাছানক সেইদৰে অনেক দুৰ্মূল্য বঁটা দিলে। {{gap}}সেই কাৰেঙৰে এটা ডাঙৰ কোঠাত হাছান আৰু নুজহাটক থাকিবলৈ ৰজাই অনুমতি যাচিলে। হাছান আৰু নুজহাটেও ইমানবিলাক ধন-সম্পত্তি পাই বৰ সুখেৰে আৰু আড়ম্বৰেৰে কাল কটাবলৈ ধৰিলে। হাত ধৰি নচলিলে কুবেৰৰ ভৰালো ক্ষয় হয়। এইদৰে উধাই-মুধাই ধন-সোণ ভাঙোতে ভাঙোতে তেওঁলোকৰ টকা- কড়িৰ নাটনিয়ে দেখা দিলে। {{gap}}এদিন সেই নাটনিৰ কথা ভাবি-চিন্তি দুয়ো মূৰ ঘমাই বহি আছে। শেষত হাছানে বহুত পৰ গালা-গপা কৰি এটা উপায় উলিয়ালে আৰু সেইমতে নুজহাটক সকলোখিনি কাম কৰিবলৈ দিহা দিলে। {{gap}}হাছানৰ দিহা মতে নুজহাটে হাছানক কোঠাটোৰ মাজতে শুৱালে আৰু গায়ে-মুখে এখন কাপোৰেৰে ঢাকিলে। তাৰ পাছত তেওঁ গিৰিয়েক মৰিল বুলি হুৰাৱ-ৰাৱে কান্দিলে, আৰু সেইদৰেই ইনাই- বিনাই ৰাণী জুবেদাৰ ওচৰ পালেগৈ। হাছান এনেকৈ হঠাতে মৰিল বুলি শুনি ৰাণী অতি আচৰিত হল আৰু তেওঁ বৰ বেজাৰ পালে। এনে বিপদত ৰাণীয়ে নুজহাটক পুতৌ কৰি এশটা সোণৰ মোহৰ যাচিলে আৰু লগতে শৱ ঢাকিবলৈ বহুমূলীয়া কাপোৰ এখনো দিলে। নুজহাটে পেটৰ হাঁহি পেটতে সামৰি বাহিৰে তেতিয়াও বেজাৰৰ চিন দেখুৱাই সোণৰ মোহৰখিনি আৰু কাপোৰখন লৈ ঘৰলৈ খোজ ললে। ঘৰ পাই হাঁহি হাঁহি গিৰিয়েকক কাপোৰ আৰু সোণৰ মোহৰখিনি দিলেগৈ আৰু কেনেকৈ হাছান মৰিল বুলি কান্দি-কাটি কথা কৈ ৰাণীৰ পৰা সেইখিনি সৰকালে, তাকে দেখুৱাই দুয়ো বাগৰি বাগৰি হাঁহিলে।
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/৪৫
{{Css image crop |Image = Bilati_Pitha.pdf |Page = 45 |bSize = 464 |cWidth = 240 |cHeight = 291 |oTop = 129 |oLeft = 132 |Location = center |Description = }} গিৰিয়েক মৰিল বুলি হুৰাও-ৰাৱে কান্দিলে
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/৪৬
তাৰ পাছত নুজহাটক সেই ঠাইতে শুবলৈ দিলে আৰু কাপোৰ এখনেৰে গায়ে-মুৰে ঢাকি ঘৈণীয়েক মৰিল বুলি এইবাৰ হাছানে ৰাওচি জুৰি কান্দি কান্দি ৰজাৰ কাষ পালেগৈ। ৰজা সেই সময়ত ৰাজকাৰ্য্যত বৰ ব্যস্ত আছিল। অকস্মাতে এই বাতৰিটো শুনি তেওঁ বৰ দুখ পালে আৰু সকলো কথা সুধি-পুছি লৈ হাছানক এশ সোণৰ মোহৰ আৰু এখন শৱ ঢকা বহুমূলীয়া কাপোৰ দিবলৈ ধন-ভৰালীক আদেশ দিলে। আবু হাছানে সেই বস্তুখিনি সামৰি-সূতৰি লৈ পেটে পেটে হাঁহি হাঁহি, কিন্তু বাহিৰে তেতিয়াও চকুপানী টুকি টুকি, ৰজাৰ কাষৰ পৰা আঁতৰিল। নুজহাটৰ আগত সেই সোণৰ মোহৰবোৰ আৰু কাপোৰখন মেলি দেখুৱাই মাটিত বাগৰি বাগৰি হাঁহি হাঁহি হাছানৰ আৰু নুজহাটৰৰ পেটু-নাড়ি সোপাই ছিগা যেন হল ৷ {{gap}}ইফালে সেইদিনাৰ বাবে ৰাজকাৰ্য্য সামৰি থৈ ৰজাই বৰ দুখেৰে ৰাণীৰ ওচৰত নুজহাট মৰাৰ বাতৰি দিলেগৈ। ৰাণীয়ে অতি আচৰিত হৈ কলে"-- “মহাৰাজ আপুনি কি কৈছে মই বুজিব পৰা নাই। নুজহাট মৰা নাই নহয়! হাছানহে মৰিছে, আপুনি ইমান ভুল কৰা দেখি মই আচৰিত নামানি পৰা নাই।’’ {{gap}}ৰজাই ক'লে— “ৰাণী তোমাৰহে ভুল হৈছে। হাছান কেতিয়াও মৰা নাই। তোমাৰ হাত-ধৰী লিগিৰী নুজাহাটহে মৰিছে।’’ ৰাণীয়ে ক'লে— “মহাৰাজ! আপোনাৰ প্ৰমাদ দেখি মই দুখ পাইছোঁ। হাছান মৰিছে আৰু সেই কথা নুজহাটে নিজে কান্দি কান্দি আহি মোক জনাই মোৰ পৰা এশ সোণৰ মোহৰ আৰু এখন বহুমূলীয়া শৱ ঢকা কাপোৰ নিছে।” ৰজাই ক'লে— “ৰাণী! তোমাৰ ভ্ৰম দেখিহে মই বিচূৰ্তি হৈছোঁ। নুজহাট মৰিছে আৰু সেই কথা মোক জনাই হাছানে নিজে আহি মোৰ পৰা এশ সোণৰ মোহৰ আৰু এখন বহুমূলীয়া শৱ ঢকা কাপোৰ নিছে।’’ {{gap}}এইদৰে ৰজা-ৰাণী দুইৰো ভিতৰত লাহে লাহে বৰকৈ খকা-খুন্দা লাগিবলৈ ধৰিলে৷ শেষত দুইৰো উখনা উখনিও হল। তাৰ এটা প্ৰতিকাৰ কৰিবলৈ বুলি ৰজাই ক'লে-- “ৰাণী, আমি ঘাই ঘটনাটো আকৌ এবাৰ বিচাৰ নকৰোৱাকৈ ইয়াকে লৈ এইদৰে গলা-গপা কৰা ভাল হোৱা নাই। মই এতিয়াই এজন মানুহ পঠাওঁ। তেওঁ হাছানৰ কোঠালৈ গৈ কোন মৰিছে চাই আহক। তেতিয়া নিশ্চয় বুজিবা যে
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/৪৭
{{rh|৪০||}}
“মোৰ কথাই ঠিক।” ৰাণীয়ে কলে— “মানুহ পঠিয়াওক, হানি নাই। কিন্তু মোৰ কথাত যে এফেৰিও আঁৰ নাই, এই বিষয়ে মই নিঃসন্দেহ।’’ {{gap}}ৰজাৰ ঘৰৰ পৰা মানুহ যোৱা দেখিয়েই ধূৰ্ত হাছানে কথাটো বুজি পালে আৰু নুজহাটক তৎক্ষণাত কাপোৰেৰে গা-মুখ ঢাকি মৰা ভাও জুৰি পৰি থাকিবলৈ কলে; ওচৰতে বহি হাছানেও ইনাই-বিনাই কান্দি থাকিল। ৰজাৰ মানুহ আহি দেখে সঁচাকৈয়ে নুজহাট মৰি আছে। তথাপি ঢকা কাপোৰখন এবাৰ দাঙি চালে আৰু হাছানক বুজনি দি গুচি গল। ৰজাৰ মানুহ গৈ বাতৰি দিলে বোলে নুজহাট মৰিল হয় আৰু হাছান ওচৰতে বহি কান্দি আছে। এইবাৰ ৰাণীয়ে অভিযোগ কৰিলে বোলে তেওঁক মিছাত পেলাবলৈহে ৰজাই সেই মানুহটো পঠাই এইবোৰ ষড়যন্ত্ৰ কৰিছে। নিৰুপায় হৈ ৰজাই ৰাণীক নিজেই মানুহ পঠাবলৈ কলে। ৰাণীয়ে তেওঁৰ বুঢ়ী লিগিৰীজনীক সকলো কথা নিজ চকুৰে চাই আহিবলৈ পঠিয়ালে। {{gap}}হাছানে নিজ কোঠাৰ পৰাই সকলো মন কৰি আছিল। বুঢ়ীজনী অহা দেখিয়েই নিজে তৎক্ষণাত শুই গায়-মুখে কাপোৰখন পেলাই লৈ মৰা ভেশ ধৰিলে আৰু নুজহাটক ওচৰত বহি ইনাই-বিনাই কান্দি থাকিবলৈ কলে। ৰাণীৰ পাচনি মতে বুঢ়ী আহি কাপোৰখন দাঙি চাই দেখে, সঁচাকৈয়ে হাছান মৰিল। বুঢ়ীয়েও নুজহাট বাঁৰী হোৱাত তাইৰ দুখত চকুলো টুকি টুকি পুনৰ ৰাণীৰ কাষ পালেহি। বুঢ়ীয়ে ৰাণীৰ আগত হাছান মৰা আৰু নুজহাটে শৱটো আগত লৈ কান্দি থকা দেখি অহা অনুসাৰে হুবহু সকলো কথা কলে। ৰজাই কিন্তু বুঢ়ীৰ কথা বিশ্বাস কৰিব নোৱাৰিলে। ৰাণীৰ বৰ খং উঠিল। ৰজা আৰু ৰাণীৰ তৰ্ক লাগিছে আৰু ইফালে ৰাণীয়ে চাবলৈ পঠোৱা বুঢ়ী লিগিৰীজনী আৰু ৰজাই পঠোৱা মানুহটোৰ ভিতৰত গালি পৰা-পৰি লাগিছে। কোনেও কাৰো কথা বিশ্বাস নকৰে। {{gap}}শেষত ৰজাই ক'লে— “ৰাণী। এনেকৈ অনাহক তৰ্ক কৰি থাকি লাভ নাই। দুয়ো গৈ কথাটো নিজ চকুৰে চাই আহোঁগৈ। এই বুঢ়ীজনী বা মানুহটো যেয়ে মিছা কৈছে, তাকে ঘোৰ শাস্তি দিম।’’ {{gap}}ৰজা ৰাণী তেওঁলোকৰ কোঠাৰ ফাললৈ অহা দেখি পোনতে পেপুৱা খালেও মৰণত শৰণ লৈ দুয়ো বেলেগে বেলেগে মৰা ভাও জুৰি কাপোৰেৰে গা-মুখ ঢাকি পৰি থাকিল। ৰজা-ৰাণী আহি এইবাৰ
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/৪৮
{{rh|||৪২}}
দুইটাকে মৰি থকা দেখি আৰু আচৰিত হল; আৰু নতুন সমস্যাত পৰিল। পাছত তেওঁলোকে থিৰ কৰিলে, নিশ্চয় আগতে এটা মৰিছে আৰু ইটোৰ দুখত সিটো মৰিছে। এতিয়া পুনৰ তৰ্ক উঠিল— আগতে কোন মৰিল? আগৰ দৰেই ৰজাই ক'লে— যি হেতুকে হাছান গৈ ঘৈণীয়েক মৰিছে বুলি তেওঁৰ পৰা এশ সোণৰ মোহৰ আনিছে; তেতিয়া নিশ্চয় নুজহাট আগতে মৰিল, আৰু ঘৈণীয়েক মৰাৰ দুখত পাছত হাছান মৰিল। ৰাণীয়ে ডাঠি ক'লে—যি হেতুকে গিৰিয়েক মৰা বুলি নুজহাটে তেওঁৰ পৰা এশ সোণৰ মোহৰ আনিছে; তেতিয়া নিশ্চয় হাছান আগতে মৰিছে আৰু গিৰিয়েক মৰাৰ দুখত নুজহাট পাছত মৰিল। শেষত কোনো উপায় নাপাই ৰজাই ঘোষণা কৰিলে, নুজহাট আৰু হাছানৰ ভিতৰত কোন আগতে মৰিছে যেয়ে সঠিককৈ কব পাৰিব, তাকে তেওঁ সত্যে সত্যে এহেজাৰ সোণৰ মোহৰ বঁটা দিব॥ {{gap}}ইয়াৰ ভিতৰতে ঘটনা-স্থলত বহুত লোক উপস্থিত হল। ৰজাৰ ঘোষণা শুনি সকলো মানুহ তলকা মাৰিলে। কিয়নো নুজহাট আৰু হাছানৰ কোন আগতে মৰিল, কোন পাছত মৰিল কোনেও কব নোৱাৰে। ইফালে ৰজাই ঘোষণা কৰা এহেজাৰ সোণৰ মোহৰ কোনে কেনেকৈ পাব বিচূৰ্তি হল। {{gap}}এনেতে কাপোৰৰ তলৰ পৰা মুখ উলিয়াই লাহেকৈ হাছানে মাত লগালে— “মহাৰাজ! মইহে আগতে মৰিছিলো, মোক এতিয়া এহেজাৰ সোণৰ মোহৰ দিয়ক।” মৰা মানুহটোৱে নিজে মুখ উলিয়াই এইদৰে কথা কোৱাত ৰজা-ৰাণী, সকলো মানুহ স্বৰগ পৰাৰ দৰে হল। কি কওঁ, কি নকওঁ কৰোঁতেই নুজহাটো মৰাৰ পৰা উঠিল আৰু দুয়ো ৰজা-ৰাণীৰ ভৰিত দীঘল দি পৰি ক্ষমা-প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। ৰাণীয়ে তেতিয়াও বিশ্বাসকে কৰিব পৰা নাই যে হাছান সঁচাকৈয়ে মৰা নাই। ৰজাই আচৰিত হৈ হাছানক এই ৰহস্যৰ কথা সুধিলে। হাছানে হাতযোৰ কৰি ক'লে— “মহাৰাজ! দাস-দাসীক মাৰকেই বা কাটকেই, গুৰিৰ কথা কওঁ। মহাৰাজ-মহাৰাণীয়ে আমাক মৰম কৰি বহুত ধন-সোণ দিলেও আমি সেইবোৰ উধাই-মুধাই খৰচ কৰি খাস্তাং কৰিলো। সেইবাবে মহাৰাজ মহাৰাণীৰ ওচৰলৈ আকৌ ধন বিচাৰি যাবৰ সাহ নহল। এদিন দুয়ো মূৰ ঘমাই বহি থাকি শেষত এইটো উপায় উলিয়ালো। পোনেই নুজহাট মহাৰাণীৰ ওচৰলৈ আহি মই
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/৪৯
{{rh|৪২||}}
মৰিলো বুলি কৈ এশ সোণৰ মোহৰ নিলে। তাৰ পাছত মই মহাৰাজৰ ওচৰলৈ আহি নুজহাট মৰিল বুলি এশ সোণৰ মোহৰ নিলো। গতিকে মহাৰাজ মই যে আগতে মৰিছিলো, ই নিশ্চয়। গতিকে মহাৰাজে নিজে ঘোষণা কৰা এহেজাৰ সোণৰ মোহৰ মই পাব লাগে।” {{gap}}হাছানৰ মুখৰ পৰা এই কাহিনী শুনি ৰজা-ৰাণী আৰু উপস্থিত সকলো মানুহৰ হাঁহিত পেটু নাড়ি ছিগা যেন হল। সকলোৱে হাছানৰ সেই ধেমালিত বৰ আমোদ উপভোগ কৰিলে। ৰজাই নিজে ঘোষণা কৰা অনুসাৰে হাছানক ৰংমনে এহেজাৰ সোণৰ মোহৰ দিলে আৰু গোটেই ধেমালিটো বুজি ৰাণীয়েও নুজহাটক এহেজাৰ সোণৰ মোহৰ দিলে। তেতিয়াৰে পৰা ধন-সোণৰ বাবে কোনো আলৈ-আহুকাল নোহোৱাকৈ হাছান-নুজহাট দুয়ো দিন নিয়াবলৈ ধৰিলে। ৰজা হাৰুণ- আল্-ৰছিদ্ আৰু ৰাণী জুবেদায়ো এওঁলোকক লৈ নানা ৰং-ধেমালিত কাল কটালে। ০০
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/৫০
{{Dhr|1em}} {{center|{{X-larger|'''ভোদাৰামৰ ভাগ্য'''}}}} {{gap}}বুদুৰাম আছিল ভোদা; এই কাৰণেই গাঁৱৰ মানুহে তাৰ নাম দিছিল ভোদাৰাম। বুদ্ধি কৰি কোনো কাম ভোদাৰামে কৰিব নোৱাৰিছিল। তাৰ বুদ্ধি মতে কাম কৰিলে তোমাৰ সকলো কাম পণ্ড হবই হব। ভোদাৰামক দেখিলেই সৰু সৰু লৰা-ছোৱালী বিলাকে চিঞৰি চিঞৰি জোকাবলৈ ধৰে। {{gap}}এদিন ভোদাৰামৰ মাকে ভোদাৰামক পইছা চাৰিটা দি ক’লে— “যি সস্তা পাৱ, তাকে আনিবি; কিন্তু দৰ দাম কৰিহে বস্তু কিনিবি।’’ “কিছু সময়ৰ পাছত ভোদাৰাম বজাৰৰ পৰা আহিছে—তাৰ মূৰত এটা ডাঙৰ বোজা। সকলো অবাক্- ভোদাৰামে এপাচি গোবৰ আনিছে। মাকে ক'লে— “এইবোৰ কি আনিছ?’ ভোদাৰামে কলে—“কিয়, তুমি কৈছিলা নহয় সস্তা বস্তু আনিবলৈ? চাৰি পইছাৰ ইমানখিনি বস্তু পালো দেখি তাকে আনিলো।” ভোদাৰামৰ কথা শুনি। মাকে কলে— “মই তোক শাক পাচলিৰ যি সস্তা হয় তাকেহে আনিবলৈ কৈছিলোঁ?” {{gap}}আৰু এদিন মাকে ভোদাৰামক ক'লে— “বেগতে অলপমান মিঠাই কিনি আনচোন, পলম নকৰিবি।” ভোদাৰামে একে লৰে দোকানৰ পৰা কেইডোখৰ মান মিচিৰি আনি দিলে। {{gap}}আৰু এদিন আবেলি ভোদাৰামে কাপোৰেৰে ঢাকি কিবা এটা বস্তু ঘৰলৈ আনিছে। তাৰ মাকে আচৰিত হৈ ক'লে— “এইবোৰ কি অ’, কাপোৰেৰে ঢাকি কি আনিছ?” ভোদাৰামে মিচিকিয়াই কলে-- “অশ্বত্থ ফল।” মাকে কলে— “অশ্বথ ফলনো কেনেকুৱা?” মাকৰ কথা শুনি ভোদাৰামে কলে- “হু, তোমালোকে মোক ভোদা, ভোদা বোলা; অথচ তোমালোকে অশ্বত্থ ফলৰ নামকে নাজানা। অথনি মই পুখুৰীত বৰশী বাই আছিলো, হঠাৎ দেখিলো পুখুৰীৰ পাৰত এজোপা প্ৰকাও অশ্বত্থ গছত ডাঙৰ ডাঙৰ ফল লাগি আছে। মই বহুত কষ্টেৰে।
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/৫১
কাপোৰেৰে ঢাকি এইবোৰ আনিছে। তথাপি তোমালোকে মোক কোৱা—বুদুৰাম ভোদা!” {{gap}}এই বুলি ভোদাৰামে কাপোৰখন গুচাই দিলে। কিন্তু যেই কাপোৰখন সোলোকালে, তৎক্ষণাৎ ভো ভো কৰে হাজাৰ বিজাৰ বৰল ওলাই ভোদাৰামক কামুৰিবলৈ ধৰিলে। মাকে দেখিলে সৰ্ব্বনাশ! ভোদাৰামে ফল বুলি ভাবি বৰলৰ বাহ ভাঙি আনিছে। শেহত জানিবা বহুত কষ্টেৰে বৰলৰ হাতৰ পৰা সাৰিল। {{gap}}ভোদাৰামৰ মনত বৰ দুখ যে সদায় সকলো মানুহে তাৰ বুদ্ধিৰ দোষ ধৰে। এদিন কিবা এটা কাৰণত পিতাকে ভোদাৰামক বৰ কোবালে। ভোদাৰামে মনৰ বেজাৰত ঘৰ এৰিলে আৰু স্থিৰ কৰিলে যে সি কেতিয়াও এই গাঁৱত নাথাকে। যি ঠাইত তাক সকলোৱে বিদ্ৰুপ কৰে, ঘৰৰ মানুহে কথায় কথায় মাৰে, এনেকুৱা ঠাইত কোন থাকে? {{gap}}যি ফালেই তাৰ ভৰি দুটা যায় সি সেই ফালেই গৈ আছে। যেতিয়ালৈকে সি গাঁৱৰ ভিতৰত আছিল, তেতিয়ালৈকে লৰাবোৰে তাক পিছে পিছে হাঁহি-খিকিন্দালি কৰি খেদি গৈছিল। সিহঁতক কোনো কথা নকৈ একমনে গৈ আছে। {{gap}}গধূলি সময়ত এটা সৰু পৰ্বত পালেগৈ। ভাগৰত তত নাপাই সি তাৰে এটা শিলৰ ওপৰত বহি জিৰাইছে, এনেতে সি শুনিবলৈ। পালে— কৰবাত যেন দুটা কেঁচুৱাই কান্দিছে! {{gap}}এই নিৰ্জন পৰ্বতত লৰাৰ কান্দোন ক’ৰ পৰা ওলাল। বিচাৰি গৈ গৈ ভোদাৰামে দেখা পালে যে সেই পৰ্বতৰ গুহাত দুটা কেঁচুৱা লৰা পৰি আছে। {{gap}}ভোদাৰাম সঁচাকৈয়ে ভোলা হলেও তাৰ মনটো আছিল বৰ কোমল। সি লৰা দুটাক কোলাত লৈ মানুহৰ ঘৰৰ ফালে যাবলৈ ধৰিলে। {{gap}}পৰ্বতটোৰ সিপাৰে এজন ৰজাৰ ৰাজ্য৷ ৰাজ্যত মহা হুলস্থুল। ৰজাৰ যঁজা লৰা দুটাক ধায়ে তেল-কুৰ ঘঁহি ৰদত থৈছিল, এনেতে দুটা বান্দৰে লৰা দুটাক লৈ পলাল। আৰু কোনেও বিচাৰি পোৱা নাই৷ {{gap}}গোটেই ৰাজ্যৰ মানুহে বিচাৰিছে। ৰজাই নগৰত ঢোল পিটি
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/৫২
{{Css image crop |Image = Bilati_Pitha.pdf |Page = 52 |bSize = 464 |cWidth = 263 |cHeight = 345 |oTop = 99 |oLeft = 102 |Location = center |Description = }} তৎক্ষণাত ভোভো কৰে হাজাৰ বিজাৰ বৰল ওলাই ভোদাৰামক কামুৰিবলৈ ধৰিলে৷
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/৫৩
{{rh|৪৬||}}
শুনালে- “যি ৰজাৰ লৰা দুটাৰ কোনো সন্ধান দিব পাৰে— তাকে আধা ৰাজ্য দিব আৰু ৰাজ কন্যাক বিয়া দিব।” {{gap}}ভোদাৰামে এইবোৰ একো নাজানে। লৰা দুটাক আশ্ৰয় দিবলৈ নি, সি সেই ৰাজ্য পালেগৈ। ভোদাৰামৰ কোলাত যুঁজা ল’ৰা দুটাক দেখি সকলোৱে চিনিব পাৰিলে যে সেই দুটাই ৰজাৰ হেৰোৱা যঁজা লৰা হাল। {{gap}}সকলোৱে ভোদাৰামক ৰজাৰ ওচৰলৈ লৈ গল। লৰা দুটা পাই ৰজাই স্বৰ্গ ঢুকি পোৱা যেন পালে। তাৰ পাছত এদিন শুভ দিনৰ শুভ লগ্নত ৰাজ-কন্যাক বিয়া কৰাই ভোদাৰামে আধা ৰাজ্যৰ ভাৰ পালে। {{gap}}ভোদাৰামৰ ভাগ্যৰ বলত তাৰ মাক হল আজি ৰাজমাও, আৰু তাৰ পিতাক ৰজাৰ পিতাক হৈ শ্ৰদ্ধা আৰু সন্মান পাইছে। ০০
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/৫৪
{{center|{{X-larger|'''জোলাৰ ল'ৰা'''}}}} {{gap}}প্ৰকাণ্ড ৰাজ্যৰ ৰজা। একোৰে অভাৱ নাই। হাতীশালত হাতী, ঘোৰাশালত ঘোৰা; গোটেই ৰাজ্যত মানুহৰ সমাগম। কিন্তু কাৰো মুখত হাঁহি নাই, সকলোৰে মুখত বেজাৰৰ চিন। {{gap}}এই বেজাৰৰ কাৰণ হৈছে ৰজাৰ একমাত্ৰ পুতেকৰ বৰ টান নৰীয়া। আৰু জীয়াই থাকিবৰ আশা নাই। {{gap}}ৰাজ্যত যিমান বিলাক বেজ, কবিৰাজ আছিল সেই আহি শেষ চিকিৎসা কৰি গৈছে; এতিয়া ঈশ্বৰৰ হাতত। {{gap}}ৰজাৰ ৰাজকাৰ্য্যত মন নবহা হ'ল। মাথোন দিনে-ৰাতিয়ে মূৰে- কপালে হাত দি হুমুনিয়াহ কাঢ়ি থাকে। ৰাণীৰ যে কথাই নাই; কান্দি- কাটি খীণাই-শুকাই গৈছে। নাখাই-নবই কান্দি থাকে আৰু মাজে মাজে চিঞৰি চিঞৰি ঈশ্বৰক কাকুতি কৰি মাতি থাকে। {{gap}}লৰাটোৰ আৰু কোনো ৰকমেই জীৱনৰ আশা নাই। তথাপি এই বাৰ শেষ চেষ্টা কৰি চাব খুজিছে--“নমৰে মানে চাবা। নুবুৰে মানে বাবা॥’’ {{gap}}ৰজাৰ আদেশ মতে মন্ত্ৰীয়ে গোটেই ৰাজ্যত ঢোল পিটি শুনাই দিলে—“যি ৰাজপুত্ৰক ভাল কৰি দিব পাৰিব তাকে ৰাজ্যৰ আধাখিনি দিব।” {{gap}}ৰজাৰ আন কোনো ল'ৰা-ছোৱালী নাছিল। যদি কোনো ছোৱালী থাকিলহেঁতেন, ৰাজ্যৰ লগতে সেই জীয়েককো বিয়া দিলেহেঁতেন। {{gap}}ৰাজ্যৰ এচুকত এটা ভগা পঁজাত এটা জোলাৰ ল'ৰা আছিল। বেচেৰা লৰাটি ইমান দুখীয়া যে সি কেতিয়াবা আধাপেটী, আকৌ কেতিয়াবা লঘোণে দিন কটাব লাগিছিল। {{gap}}আজি কেইবা দিনো বেচেৰাই একো খাবলৈ পোৱা নাই। সেইদিনা সি ভাবিলে- “ইমান কষ্ট কৰি জীয়াই থকাতকৈ ডিঙিত চিপ লগাই মৰাই ভাল।’’ {{gap}}ইয়াকে থিৰ কৰি জোলাৰ ল'ৰাটোৱে হাতত জৰী এডাল লৈ আপোনঘাটী হবলৈ বুলি এজোপা ওখ গছ বিচাৰি গৈছে, এনেতে শুনিবলৈ পালে নগৰত ঢোল পিটি শুনাই দিছে— “যি ৰাজপুত্ৰক
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/৫৫
{{rh|৪৮||}}
ভাল কৰি দিব পাৰিব, তাকে আধা ৰাজ্য দিব আৰু যদি নোৱাৰে তেতিয়া প্ৰাণদণ্ড দিব।” {{gap}}জোলাৰ ল'ৰাটোৱে ভাবিলে এতিয়া কি কৰো? যদি পাৰো তেতিয়া হলে এখন ৰাজ্যৰ ৰজা হব পাৰিম আৰু নোৱাৰিলে প্ৰাণদণ্ড দিব। এনেয়ে ৰজাৰ মন বেয়া, তাতে জোলাৰ লৰাৰ মুখখন দেখি তেওঁৰ টিক্‌চি-বিক্‌চি খং উঠিল। ৰজাই তাক ক'লে- “হেৰা ছালছিগা ভিকহুৰ লৰা, কি হেঁ? তুমি ক’ৰ পৰা আহিছা হেঁ? তোমাৰ সাহটো দেখোন বাৰুটোৱেই। আওমৰণেৰে মৰিবলৈ আহিছা কিয়, বোপাই? ঘৰৰ লৰা ঘৰলৈ যোৱাগৈ। এইটো পটেৰে তুমি ৰাজপুত্ৰক ভাল কৰিব নোৱাৰা। কিয়, অনাহকত পৈতৃক প্ৰাণটো বলি দিবলৈ আহিছা?” {{gap}}জোলাৰ লৰাই যে নিজেই জানি-শুনি মৰিবলৈ আহিছে! এতেকে সি অলপো কটাহিত নকৰি কলে-- “স্বৰ্গদেউ, মোক সাতদিন সময় দিয়ক। ইয়াৰ ভিতৰতে যদি আপোনাৰ পুতেকক ভাল কৰি দিব নোৱাৰো, মোক প্ৰাণদণ্ড দিব।’’ ‌{{gap}}ৰজাই অলপ ভাবি চাই কলে—“বাৰু, তোমাক সাত দিন সময় দিছোঁ। কিন্তু মনত ৰাখিবা, হয় অৰ্দ্ধ ৰাজ্য, নহয় প্ৰাণদণ্ড।” {{gap}}জোলাৰ লৰাই ৰজাৰ পৰা বিদায় লৈ এটা সৰু বাটেদি যাবলৈ ধৰিলে আৰু গৈ গৈ সন্ধ্যা সময়ত এখন নৈ পালে৷ {{gap}}নিজান নৈ। তাৰ ওচৰত কোনো গাঁও বা মানুহৰ ঘৰ নাই। এফালে বিশাল নদী আৰু আনফালে গভীৰ অৰণ্য। {{gap}}তাতেই ৰাতিটো কটাব লাগিব। তলত থাকিলে বাঘ-ভালুকৰ মুখত পৰিব লাগিব, সেইবাবে সি এজোপা গছত উঠি ৰাতি কটাবলৈ ঠিক কৰিলে। {{gap}}নৈৰ পাৰতে এজোপা প্ৰকাণ্ড গছ আছিল। জোলাৰ লৰাটো গছজোপাৰ আগত বহি আছিল। হঠাৎ সি বহুত দূৰত এটা ঘৰৰ নিচিনা দেখিলে আৰু দেখিলে তাৰ পৰা বৰকৈ ধোঁৱা ওলাইছে। {{gap}}জোলাৰ ল’ৰাই ভাবিলে, নিশ্চয় তাৰ নিচিনা কোনোবা দুখীয়াৰ ঘৰত জুই লাগিছে। {{gap}}সি লৰালৰিকৈ গছৰ পৰা নামি সেই ঘৰটোৰ ফালে লৰ ধৰিলে। সি খিৰিকিয়েদি জুমি চাই দেখে যে দপ্ দপ্ কৰে জুই একুৰা জ্বলিছে আৰু তাৰ মাজতে এজন সন্ন্যাসী বহি আছে। ওচৰতে তেওঁৰ
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/৫৬
পূজাৰ বস্তুবোৰ। ঘৰটোৰ বাৰাণ্ডাতে মৰা ল'ৰা এটা পৰি আছে। তাৰ ওচৰতে এজন কণা মানুহ বহি আছে। {{gap}}এইবোৰ দেখি জোলাৰ লৰা একেবাৰে অবাক হল। কথাটো কি হৈছে একোকে নুবুজিলে। শেষত নো কি হয় তাকে চাবলৈ বুলি খিৰিকিৰ ওচৰতে সি মনে মনে থিয় হৈ ৰৈ থাকিল। {{gap}}জুইৰ মাজতে সন্ন্যাসীয়ে কিবা মন্ত্ৰ গাই আছিল। অলপ সময়ৰ পাছত হাতখন ওপৰলৈ তুলি তিনিবাৰ কিবা কলে, তৎক্ষণাৎ সেই দপদপ কৈ জুলা জুই নুমাই গল। তেতিয়া সন্ন্যাসীয়ে তাৰ ছাইখিনি আনি মৰা লৰাটোৰ গাত সানি দিলে৷ {{gap}}কি আচৰিত। সেই মৰা লৰাটো তেতিয়াই গা মূৰি দি উঠি বহিল। {{gap}}এইবিলাক দেখি জোলাৰ লৰাৰ আনন্দত তত নোহোৱা হ'ল। কোনো উপায়েৰে যদি এই সন্ন্যাসীক ৰজাৰ ওচৰলৈ নিব পৰা হয়, তেতিয়া যে কথাই নাই! মৰা লৰাকে যদি জীয়াব পাৰিছে, নৰীয়া লৰাক ভাল কৰিবলৈ কিমান পৰ লাগিব? {{gap}}জোলাৰ লৰা আৰু মনে মনে থাকিব নোৱাৰিলে। সি গৈ সন্ন্যাসীৰ ভৰিত ধৰি বহুত পৰ কাকুতি-মিনতি কৰি সন্ন্যাসীক সন্তুষ্ট কৰিলে। {{gap}}এইদৰেই চাওঁতে চাওঁতে ছদিন পাৰ হৈ গ'ল। কাইলৈ সাত দিন। কাইলৈকেই ৰাজকোৱৰ জোলাৰ লৰাই ভাল কৰিব লাগিব, নোৱাৰিলে তাৰ প্ৰাণদণ্ড। {{gap}}এইবিলাক ভাবি ভাবি ৰজা অস্থিৰ হৈ পৰিছে। ৰাজপুত্ৰৰ অৱস্থা ক্ৰমে বেয়া হৈ আহিছে। এতিয়াও সেই জোলাৰ লৰাক দেখা নাই। আজি বাৰ বজাৰ ভিতৰতে যদি নাপায়হি তেনেহলে তাক যেনেতেনে বিচাৰি অনাই প্ৰাণদণ্ড দিব লাগিব। {{gap}}সেইদিনা কি হয়, কি নহয় তাকে চাবলৈ ৰাজ সভাত মানুহ ভৰি আছে। এনেতে সকলোৱে এটা বিকট চিঞৰ শুনিবলৈ পালে-- “বম্ বম্ হৰ হৰ!” {{gap}}এই ভয়ঙ্কৰ শব্দ শুনি সকলো মানুহে চক্ খালে আৰু কোনে চিঞৰিছে চালে। সকলোৱে দেখিলে যে এজন সন্যাসীৰ লগত জোলাৰ ল'ৰা আহিছে। {{gap}}সন্ন্যাসীৰ কথা মতে ৰজাৰ লৰাক ৰাজ সভালৈ অনা হ'ল।
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/৫৭
{{Css image crop |Image = Bilati_Pitha.pdf |Page = 57 |bSize = 464 |cWidth = 263 |cHeight = 353 |oTop = 95 |oLeft = 104 |Location = center |Description = }} সন্ন্যাসীৰ আদেশমতে জোলাৰ ল'ৰাই জুইৰ পৰা ভষ্মখিনি আনি ৰাজপুত্ৰৰ গাত সানি দিলে।
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/৫৮
ৰাজপুত্ৰক দেখি বুজা গ’ল যে তেওঁৰ আৰু প্ৰাণ নাই—অকল বুকুখন ধপধপ কৰি আছে। ৰাজপুত্ৰৰ এই অৱস্থা দেখি সকলোৱে চকুৰ পানী টুকিবলৈ ধৰিলে৷ {{gap}}সন্ন্যাসীয়ে সভাৰ মাজত বহি কিবা এটা মন্ত্ৰ মাতিলে। তেতিয়া তেওঁৰ চাৰিওফালে দমদম্ কৈ একুৰা জুই জ্বলি উঠিল। অলপ পৰৰ পাছত তেওঁ আকৌ মন্ত্ৰ মাতিলে, আৰু জুইকুৰা নুমাই গ'ল। {{gap}}সন্ন্যাসীৰ আদেশমতে জোলাৰ লৰাই জুইৰ পৰা ভষ্মখিনি আনি ৰাজপুত্ৰৰ গাত সানি দিলে। তৎক্ষণাৎ ৰাজপুত্ৰ উঠি বহিল। সভাৰ মানুহবোৰ আচৰিত হ'ল। {{gap}}ৰজা আৰু ৰাণী আনন্দত আপোন-পাহৰা হ’ল। ৰাণীয়ে নিজৰ পুতেকক আৰু ৰজাই জোলাৰ পুতেকক সাবট মাৰি ধৰি মৰম কৰিলে। ৰাণীয়ে ক'লে— “আগতে আমাৰ এটা ল'ৰা আছিল, আজিৰ পৰা দুটা ল'ৰা হ’ল।’’ {{gap}}তাৰ পাছত বৰ ৰং পাই জোলাৰ ল'ৰাক আধা ৰাজ্য দান কৰিলে৷ {{gap}}জোলাৰ ল'ৰাক ৰজা হোৱা দেখি সন্ন্যাসীয়ে বৰ ভাল পাই তেওঁক আশীৰ্বাদ দি হিমালয় পৰ্বতৰ ফালে গুচি গ'ল। যাবৰ সময়ত সন্ন্যাসীক কেতিয়াও নাপাহৰিবলৈ তেওঁক কৈ গ'ল। {{gap}}জোলাৰ ল'ৰা এতিয়া ৰজা হৈছে, তেওঁৰ এতিয়া ৰজাৰ নিচিনা আচাৰ-ব্যৱহাৰ। তেওঁ গান-বাজনা কৰে, চিকাৰ কৰে-সকলো ৰজাৰ দৰে। কিন্তু তেওঁৰ গুৰুক কেতিয়াও পাহৰা নাই। {{gap}}এদিন চিকাৰ কৰিবলৈ যাওঁতে জোলাৰ ল'ৰাই এটা হৰিণা খেদি খেদি এখন গভীৰ হাবিত সোমাল। তেতিয়া সন্ধ্যা লাগিছে। বাট-পথ বিচাৰি নাপাই তেওঁ হাবিতে বহি সৰু লৰাৰ দৰে হাও-হাওকৈ কান্দিবলৈ ধৰিলে। চাৰিওফালে ভীষণ জন্তুবোৰে চিঞৰিছে। হঠাৎ ওচৰৰ ঠাইখন উজ্বল হৈ উঠিল। জোলাৰ ল'ৰাই চাই দেখে ওচৰতে তেওঁৰ গুৰুদেৱ থিয় হৈ আছে। {{gap}}গুৰুদেৱৰ ভৰিত পৰি জোলাৰ ল'ৰাই ক'লে, “গুৰুদেৱ, ৰজাতকৈ আপোনাৰ ক্ষমতা অনেক অধিক; সেই কাৰণেই মই আপোনাৰ লগ নেৰো৷’’ {{gap}}সেই দিনাই জোলাৰ ল'ৰাই ৰাজ্য এৰি সন্ন্যাসীৰ লগত হিমালয়লৈ গুচি গ'ল। ০০
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/৫৯
{{center|{{X-larger|'''শিয়াল বন্ধু'''}}}} {{gap}}সাত সমুদ্ৰ তেৰ নদীৰ সিপাৰে আছিল এখন বিশাল ৰাজ্য। সেই ৰাজ্যৰ ৰজাজনৰ বয়স বহুত হৈছিল। চকুৰে ভালকৈ মনিব নোৱাৰে, কাণেৰেও নুশুনে। এইবিলাক কাৰণতে ৰজাই ৰাজকাৰ্য্য ভালকৈ চলাব নোৱাৰিছিল। {{gap}}সেই কাৰণে এইবোৰ কথা ভাবি-চিন্তি ৰজাৰ খাৱন-শোৱন নোহোৱা হ’ল। তেওঁ সদায় সিংহাসনত বহি বিচাৰ কৰিব লাগে, নহলে ৰাজ্যত বেমেজালি ঘটিব। {{gap}}প্ৰধান মন্ত্ৰীজনো আছিল বুঢ়া মানুহ আৰু ৰজাৰ বৰ বন্ধু৷ তেৱোঁ আকৌ ইমান বুঢ়া যে মূৰত এডালো চুলি নাই আৰু খোজ কাঢ়িলে থক্ থক্‌কৈ কঁপিবলৈ ধৰে। বুঢ়া ৰজা, বুঢ়া মন্ত্ৰী এওঁলোকেনো কেনেকৈ ৰাজ্য চলায়? {{gap}}ৰাজ্যৰ মুখিয়াল মানুহ কিছুমানে ৰজাক ক'বলৈ ধৰিলে— “মহাৰাজ, যুৱৰাজক বিয়া-বাৰু কৰাই দি ৰাজ্যভাৰ দিয়ক, আৰু আপুনি নিচিন্ত মনেৰে ধৰ্ম-চৰ্চা কৰক। প্ৰজাবিলাকৰ এই কথা শুনি ৰজাই হুমুনিয়াহ কাঢ়ে আৰু চকুৰ পানী ওলাবলৈ ধৰে। {{gap}}বুঢ়া ৰজাৰ একেটি মাথোন পুতেক মদনকুমাৰে যৌৱনত ভৰি দিছে। ৰূপে গুণে তেওঁৰ সমান সেই ৰাজ্যত আৰু কোনো নাই। কিন্তু মদনকুমাৰে প্ৰতিজ্ঞা কৰিছিল যে তেওঁৰ যোৰৰ ৰূপৱতী আৰু গুণবতী কন্যা নাপালে তেওঁ বিয়াও নকৰায় আৰু সিংহাসনতো নবহে৷ {{gap}}গোটেই পৃথিৱীত ইমূৰৰ পৰা আৰম্ভ কৰি সিমূৰলৈকে যিমান বিলাক ৰাজ্য আছিল, সেই সকলোবোৰ ৰাজ্যৰ ছোৱালী চালে। কিন্তু মদনকুমাৰে যিমানবিলাক ছোৱালী চালে কোনো এজনী তেওঁৰ মনৰ জোখাৰে নহ’ল। {{gap}}যিবিলাক ছোৱালীৰ ৰূপ দেখি ৰাজ্যৰ আন মানুহৰো মন মুগ্ধ হৈছিল, সেইবিলাক ছোৱালীকো মদনকুমাৰে বিদায় দিলে। ৰজা আৰু মন্ত্ৰীয়ে এইবোৰ কথাকে ভাবি-গুণি অস্থিৰ হ'ল। ৰজা মৰিলে এই ৰাজ্য বা কাৰ হাতলৈ যায়!
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/৬০
{{gap}}বুঢ়া ৰজাৰ মুখত হাঁহি নাই। সদায় মন মাৰি এঠাইত বহি থাকে। ইফালে অন্তেষপুৰত ৰাণীৰো সেই একে অৱস্থা। ৰাণীৰো বয়স হৈছে। সেই কাৰণে ঘৰলৈ এজনী বোৱাৰীয়েক আনিবলৈ তেওঁৰ বৰ ইচ্ছা। কিন্তু পুতেকৰ এনেকুৱা অৱস্থা দেখি ৰাণীয়ে বৰ বেয়া পাইছে। ৰাণীয়ে এইবোৰ কথাকে ভাবি-চিন্তি দিনে-ৰাতিয়ে কান্দি থাকে। পুতেকক কত বুজালে, কিন্তু পুতেকে কাৰো কথা নুশুনে। {{gap}}বুঢ়া মন্ত্ৰীৰ ঘৈণীয়েক গৰাকী বৰ দন্দুৰী আৰু মুখখন বৰ চোকা আছিল। সেইবাবে মন্ত্ৰী ঘৰত কেঁচুটো যেন হৈ থাকে। {{gap}}সেইদিনাখন ৰাজ-কাৰ্য্য শেষ কৰি মন্ত্ৰী ঘৰলৈ অলপ পলমকৈ গ'ল। মন্ত্ৰী ঘৰ সোমাইছেহে মাথোন, ঘৈণীয়েকে “বঢ়া ভাত তেনেই চেঁচা হৈ গ'ল। ইমান পৰলৈকে ঘৰলৈ আহিব লাগে বুলি নাজানে।’’ এইদৰে নানা ককৰ্থনা কৰিবলৈ ধৰিলে। {{gap}}মন্ত্ৰীয়ে বহুত বুজাই মেলি শান্ত কৰিলে৷ {{gap}}এদিন মন্ত্ৰীয়ে কথায় কথায় ঘৈণীয়েকৰ আগত ৰজাৰ দুখৰ কথা ক’লে। মন্ত্ৰীৰ মুখে সকলো কথা শুনি ঘৈণীয়েকে কলে—“বাৰু, আপুনি মোক ইমান দিনে এই কথা কোৱা নাই কেলেই?’ মন্ত্ৰীয়ে ক’লে—“তোমাক ক'লে কি হ’ব? ইমান দেশ-বিদেশত ফুৰা ডাঙৰ ডাঙৰ মানুহেই যেতিয়া পৰা নাই, তুমি ঘৰৰ ভিতৰত সোমাই থকা তিতা মানুহজনীয়ে কি পৰিবা?” মন্ত্ৰীৰ কথা শুনি ঘৈণীয়েকে হাঁহি হাঁহি ক'লে— “সেইটোৱেই হে আপোনাৰ ডাঙৰ দোষ। ৰাজ্যৰ ডাঙৰ মানুহবোৰ গাধা হ'ল বুলিয়েই মোৰো অকণমান বুদ্ধি থাকিব নাপায় নে? শুনক, আপোনাক এটা বুদ্ধি দিওঁ। আপুনি যদি সেইদৰে কাম কৰে যুৱৰাজৰ মনৰ জোখায় কন্যাও পাব আৰু আপুনিও এইদৰে একো ভাবিব নালাগিব। {{gap}}“এতিয়া কওঁ শুনক-- এই ৰাজ্যৰ সীমাত যে এটা প্ৰকাণ্ড আছে, তাৰ ওচৰতে হীৰু নামে এটা ল'ৰা থাকে। হীৰুৰ এটা শিয়াল বন্ধু আছে। তাৰ সহায়েৰেই আপুনি যুৱৰাজৰ কাৰণে কন্যা বিচাৰি পাব।'’ {{gap}}ঘৈণীয়েকৰ কথা শুনি মন্ত্ৰীৰ আনন্দৰ সীমা নোহোৱা হ'ল। ৰঙতে ৰাতি টোপনিকে নাহিল। পিছদিনা দোকমোকালিতে উঠি মন্ত্ৰীয়ে হীৰুক বিচাৰি ওলাল। {{gap}}মন্ত্ৰী গৈ আছে, গৈ আছে, গৈয়েই আছে। নগৰ এৰি গাঁও, গাঁও
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/৬১
এৰি নৈ, নৈ এৰি হাবি পালেগৈ। হাবিৰ মাজে মাজে গৈ আছে। শেষত এটা প্ৰকাণ্ড পৰ্বত পালেগৈ। {{gap}}মন্ত্ৰী ভোকে-পিয়াহে আতুৰ হ’ল। পৰ্বতৰ ওচৰতে এটা নিজৰা কুলু কুলুকৈ বৈ গৈছে। মন্ত্ৰীয়ে তাৰে পানী হেঁপাহ পলুৱাই পি শিল এটাৰ ওপৰতে বহি জিৰাইছে। {{gap}}হঠাৎ তেওঁ কোনোবাই গান গাই গাই সেইফালে অহা শুনিলে। {{gap}}মন্ত্ৰীয়ে চাৰিওফালে চাই দেখে এটা সৰু ল'ৰাই শিয়াল এটাৰ লগত ধেমালি কৰি কৰি তেওঁৰ ওচৰলৈকে আহিছে। {{gap}}মন্ত্ৰীৰ আৰু বুজিবলৈ বাকী নাথাকিল যে এই ল'ৰাটোৱেই হীৰু। {{gap}}হীৰুৱেও তেতিয়া বুজিলে এওঁ হৈছে এই ৰাজ্যৰ মন্ত্ৰী। তেতিয়া হীৰুৱে মন্ত্ৰীক অতি ভক্তিৰে সৈতে সেৱা কৰিলে। {{gap}}মন্ত্ৰীৰ মুখে সকলো কথা শুনি হীৰুৱে ক'লে- “মোৰ এই শিয়াল বন্ধু থাকোঁতে আপুনি কোনো চিন্তাকে নকৰিব। আপুনি শিয়ালৰ পিঠিত উঠিলেই সি আপোনাক যুৱৰাজৰ উপযুক্তা কন্যাৰ ওচৰলৈ লৈ যাব। {{gap}}মন্ত্ৰীয়ে ভাবিলে এতিয়া আৰু বেলি কৰা উচিত নহয়। তেওঁ হীৰুক ক'লে—“তেন্তে মই এতিয়াই কন্যা বিচাৰি যাওঁ।” {{gap}}হীৰুৱে ক'লে— “সেইটো কেনেকৈ হ'ব? আপুনি বুঢ়া, মানুহ ইমান দূৰ আহি বৰ কষ্ট পাইছে। তাতে আপুনি ৰাজ্যৰ মন্ত্ৰী। এতেকে কেইদিনমান নিজিৰোৱাকৈ আপোনাক কলৈকো যাব নিদিওঁ। মোৰ ঘৰ এয়া ওচৰতে। আপুনি তাতে থাকিব লাগিব।” {{gap}}মন্ত্ৰীয়ে ক'লে “এতিয়া আৰু জিৰাবৰ সময় নহয়। কাম শেষ হলে চিৰদিন জিৰাব পাৰিম। এতিয়া আৰু এইদৰে সময় নষ্ট কৰিব নোৱাৰি। হীৰু, মানুহৰ ঘৰত যেতিয়া জুই লাগে, তেতিয়া মানুহে জিৰাব পাৰেনে?” {{gap}}হীৰুৱে ক'লে —“ভাল, তেনেহলে আজি ৰাতিটো আমাৰ ইয়াতে থাকি কাইলৈ নিচেই ৰাতিপুৱাই যাত্ৰা কৰিব। মোৰ শিয়াল বন্ধু যেতিয়া আপোনাৰ লগত আছে আপুনি কোনো আশঙ্কা কৰিব নালাগে।” ঠিক এইবুলি কৈ হীৰুৱে শিয়াল বন্ধুক ক'লে—বন্ধু, মন্ত্ৰী ডাঙৰীয়াক গান এটা গাই শুনোৱাচোন?” {{gap}}শিয়ালে আকাশৰ ফালে চাই চাই গান গাবলৈ ধৰিলে। শিয়ালৰ
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/৬২
গলাত ইমান ভাল গান শুনি মন্ত্ৰীৰ বৰ হাঁহি উঠিল। মন্ত্ৰীয়ে জীৱনত অনেক শিয়াল দেখিছে, কিন্তু মানুহৰ দৰে কথা কব বা গান গাব পৰা শিয়াল তেওঁ ক'তো দেখা যি নায়েই, শুনাও নাই। {{gap}}মন্ত্ৰীয়ে শিয়ালৰ পিঠিত চপৰিয়াই ক'লে- “তোমাক ধন্যবাদ দিছোঁ, তোমাৰ অনেক গুণ আছে। তুমি নিশ্চয় মোৰ কামটো সিদ্ধি কৰিব পাৰিবা।” শিয়ালে নেজডাল জোকাৰি জোকাৰি উত্তৰ দিলে— “মই যেতিয়া লগত আছাে, আপোনাৰ কোনো ভয় নাই। হু-ৱা, হু-ৱা, হু-ৱা।” {{gap}}পিছদিনা খুব ৰাতিপুৱা মন্ত্ৰী শিয়ালৰ পিঠিত উঠিল, আৰু শিয়ালটো লৰি যাবলৈ ধৰিলে। বহুত দূৰ বাট গৈ শিয়ালটো এখন প্ৰকাণ্ড সাগৰৰ পাৰত ৰ'লগৈ। {{gap}}মন্ত্ৰীয়ে আচৰিত হৈ সুধিলে “কি হেঁ, এতিয়া কি কৰিব খুজিছা, শিয়াল বন্ধু? এতিয়া এই অপাৰ সমুদ্ৰ কেনেকৈ পাৰ হবা?” শিয়ালটোৱে ক'লে— “আপুনি মোৰ পিঠিত নিৰ্ভয় মনে উঠক।” এইবুলি শিয়ালে মন্ত্ৰীক লৈ পানীত জাপ মাৰি পৰিল। {{gap}}সন্ধ্যা সময়ত শিয়ালে মন্ত্ৰীক এটা দ্বীপত তুলিলেগৈ। মন্ত্ৰীয়ে ক’লে-- “এইখন কি দেশ?’’ শিয়ালে ক’লে—“এইখনেই সেই কন্যাৰ ৰাজ্য। ইয়াতেই যুৱৰাজৰ উপযুক্তা কন্যা পাব। কিন্তু এই কন্যা পাবলৈ মোৰ পৰামৰ্শ মতে কাম কৰক। বোধকৰো আপুনি সৌ নৈখনৰ পাৰত এটা শিৱমন্দিৰ দেখিছে। প্ৰত্যেক পূৰ্ণিমা ৰাতি সেই ৰাজকন্যাই এই মন্দিৰত পূজা কৰিবলৈ আহে। আজিও পূৰ্ণিমা, ৰাজকন্যাই আজিও পূজা কৰিবলৈ আহিব। আপুনি সন্যাসীৰ বেশ ধৰি মন্দিৰৰ ওচৰতে ধ্যান কৰি থাকিব। আপোনাক দেখি ৰাজকন্যাই ওচৰলৈ আহি সেৱা কৰিব। মই আপোনাৰ গুৰিত লুকাই থাকিম। যেতিয়াই কন্যাই সেৱা কৰিবলৈ মূৰটো বেকা কৰিব, আপুনি তৎক্ষণাত তেওঁক ধৰি মোৰ পিঠিত তুলি দিব আৰু আপুনিও উঠি ল’ব। মই লৈ গুচি আহিম।” {{gap}}শিয়ালৰ কথা মতে কাম কৰি মন্ত্ৰীয়ে ৰাজকন্যাক লৈ নিজ দেশলৈ গুচি আহিল। {{gap}}ছোৱালীজনীৰ ৰূপ দেখি সকলো মানুহ আচৰিত হ'ল। যুৱৰাজে ক'লে—,“হয়, মই এই কন্যাকে বিচাৰিছিলো আৰু মই এওঁক সদায়
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/৬৩
{{center| [[Image:Bilati Pitha (page 63 crop).jpg|400px]]
মন্ত্ৰী শিয়ালৰ পিঠিত উঠিল আৰু
শিয়ালটো লৰি যাবলৈ ধৰিলে।}}
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/৬৪
{{rh|||৫৭}}
ৰাতি সপোনত দেখিছিলোঁ।” ইয়াৰ পিছত গোটেই ৰাজ্যত বৰ ডাঙৰ উৎসৱ হ'ল। {{gap}}বহুত দিন ৰাজ্যত মন্ত্ৰী নাই, গোটেই ৰাজ্যত বেমেজালি হৈছে। কোনেও কব নোৱাৰিছিল মন্ত্ৰী কেনি গ'ল। ভাবি-চিন্তি ৰজা অস্থিৰ হৈ পৰিছিল। {{gap}}ইমান দিনৰ মূৰত মন্ত্ৰী ঘূৰি আহিছে আৰু তেওঁৰ লগত যুৱৰাজৰ উপযুক্তা কন্যা আহিছে; সকলোৰে মনত আনন্দ নধৰা হৈছে৷ {{gap}}শুভদিনৰ শুভক্ষণত যুৱৰাজৰ বিয়া হৈ গ'ল। ৰজাই আনন্দত আপোন-পাহৰা হৈ নাচিবলৈ ধৰিলে। এতিয়া তেওঁৰ সকলো দুশ্চিন্তাৰ শেষ হ'ল। {{gap}}এই বিয়াত সকলোতকৈ সৰহ সন্মান পালে কোনে? হীৰু আৰু তাৰ শিয়াল বন্ধুৱে। ০০
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Bilati Pitha.pdf/৬৫
{|style="background: red;height:600px;width:400px;" |- | {|style="border: 3px solid black;height:403px;width:253px;" |- | {|style="border: 3px solid black; padding: 5px;height:400px;width:250px;" |- |{{left| {{gap}}নন্দন প্ৰকাশৰ দ্বাৰা
{{gap}}প্ৰকাশিত পুথিসমূহঃ
{{gap}}জীৱন মাধুৰী নেওগ বৰাৰ {{gap|4em}}ⵙ ৰ’দ জিল মিল
{{gap|4em}}ⵙ ঈশ্বৰলৈ অভিযোগ
{{gap|4em}}ⵙ বনৰ বন্ধুৰ মনৰ খবৰ}} |} |} |}
VALIDATED
https://upload.wikimedia…ti_Pitha.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/২
{{dhr}} {{c|{{xxx-larger|চলচ্চিত্ৰ}}}} {{dhr|12em}} {{c|{{larger|উৎপল দত্ত}}}} {{dhr|12em}} {{c|লয়াৰ্ছ বুক ষ্টল}} {{c|পানবজাৰ : গুৱাহাটী : অসম}} {{dhr}}
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৩
{{dhr}} {{x-larger|'''Chalachitra'''}} An anthology of articles and criticism on Film written in Assamese by Utpal Dutta & published by Shri Khagendra Narayan Dutta Baruah, Lawyer's Book Stall, Panbazar, Guwahati 781001. ❏ প্ৰথম প্ৰকাশ : ১৯৯৬ ॥ ❏ গ্ৰন্থস্বত্ব ॥ নম্ৰতা দত্তৰ দ্বাৰা সংৰক্ষিত ॥ ❏ প্ৰকাশক :শ্ৰীখগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা ॥ লয়াৰ্ছ বুক ষ্টল ॥ :পানবজাৰ ॥ গুৱাহাটী ৭৮১০০১ ॥ অসম ॥ {{dhr|3em}} ❏ চলচ্চিত্ৰ ॥ চলচ্চিত্ৰ বিষয়ক প্ৰবন্ধৰ সঙ্কলন ॥ ❏ লেখক ॥ উৎপল দত্ত ॥ আকাশবাণী ॥ নগাওঁ ॥ {{dhr|6em}} ❏ মুদ্ৰণ ॥ :ৰাধাৰমণ বছাক :শ্ৰীকান্ত প্ৰেছ :৭৫ বৈঠকখানা ৰ’ড :কলিকতা - ৭০০ ০০৯ {{gap|10em}}দাম : ৫০.০০ টকা মাত্ৰ {{dhr}}
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৪
{{dhr|12em}} {{c|{{larger|শ্ৰদ্ধেয় বেণু মিশ্ৰৰ হাতত}}}} {{dhr|12em}}
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৬
{{c|{{larger|'''কৃতজ্ঞতা জ্ঞাপন'''}}}} {{dhr}} {{gap}}যিসকলৰ সহায়-সহযোগত এই সংকলনটি প্ৰবন্ধবোৰ ৰচনা কৰা হৈছিল আৰু প্ৰকাশিত হৈছিল- {{gap}}ড॰ ভবেন্দ্ৰ নাথ শইকীয়া, প্ৰদীপ বৰুৱা, শশী ফুকন, হোমেন বৰগোহাঞি, ধীৰেন্দ্ৰ নাথ বেজবৰুৱা, হেমন্ত বৰ্মন, ৰঞ্জিত কুমাৰ দেৱগোস্বামী, শোণিত বিজয় দাস, দেবকুমাৰ বৰা, কনকসেন ডেকা, গুঞ্জন ফুকন, হেমচন্দ্ৰ দলে, জিতেন শৰ্মা, মানিক বড়া, পবিত্ৰ কুমাৰ ডেকা, অনিল বৰুৱা, চম্পক বৰবৰা, ৰজনী বৰুৱা, জয়ন্ত কুমাৰ চক্ৰবৰ্ত্তী, দেবব্ৰত বৰগোহঞি, স{{বঙালী ৰি}}তা লহকৰ, পবন বুঢ়াগোহাঞি, প্ৰণব কুমাৰ বৰা, অৰুণ লোচন দাস, সত্যেন শৰ্মা, ৰূপজ্যোতি দুৱৰা, কমল (ৰাণা) শৰ্মা, অনিল ফুকন, অসীমা আৰু ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, ঘন হাজৰিকা, বিদ্যুৎ কুমাৰ ভূঞা, দেবজিৎ ভূঞা, দীপ শইকীয়া, প্ৰফুল্ল কুমাৰ দত্ত, কমল কুমাৰ ভাগৱতী, মৃণাল কুমাৰ বৰা, শিবাণু বৰা, ধ্ৰুবজ্যোতি বৰা, সুৰেশ শৰ্মা, নলিনী চক্ৰৱৰ্ত্তী, অধ্যাপক পুলক লাহিড়ী আৰু এই কিতাপখনৰ প্ৰকাশক খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা আটাইৰে প্ৰতি মই গভীৰভাবে কৃতজ্ঞ। {{larger|উৎপল দত্ত}}
আকাশবাণী, নগাওঁ {{dhr}}
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৭
{|style="margin-left: auto; margin-right: auto; border: none;" |- style="vertical-align: top;" ! scope="row" style="width: 10%;" | {{larger|'''সূচীপাত'''}} | :'''আলোচনা''' ❐ [[চলচ্চিত্ৰ/শব্দ, সংগীত আৰু চিনেমা|শব্দ, সংগীত আৰু চিনেমা]] ॥ ১
❐ [[চলচ্চিত্ৰ/সত্যজিতৰ ছবিত সত্যজিৎ|সত্যজিতৰ ছবিত সত্যজিৎ]] ॥ ৯
❐ [[চলচ্চিত্ৰ/অসমীয়া চলচ্চিত্ৰৰ কেইগৰাকীমান পৰিচালক|অসমীয়া চলচ্চিত্ৰৰ কেইগৰাকীমান পৰিচালক]] ॥ ২৫
❐ [[চলচ্চিত্ৰ/চিনেমাৰ দৰ্শক|চিনেমাৰ দৰ্শক]] ॥ ৩৫
❐ [[চলচ্চিত্ৰ/অসমীয়া চলচ্চিত্ৰৰ ৰূপৰেখা ১৯৮১-১৯৯৩|অসমীয়া চলচ্চিত্ৰৰ ৰূপৰেখা’ ৮১-৯৩]] ॥ 8৫
❐ [[চলচ্চিত্ৰ/সময়বিৰোধী চলচ্চিত্ৰ মহোৎসৱ|সময়বিৰোধী চলচ্চিত্ৰ মহোৎসৱ]] ॥ ৫২
❐ [[চলচ্চিত্ৰ/জাহ্নু বৰুৱাৰ চিনেমা|জাহ্নু বৰুৱাৰ চিনেমা]] ॥ ৫৭
:'''চিত্ৰ সমালোচনা''' ❐ [[চলচ্চিত্ৰ/সাৰথি|সাৰথি]] ॥ ৬৫
❐ [[চলচ্চিত্ৰ/আৱৰ্তন|আৱৰ্তন]] ॥ ৭৪
❐ [[চলচ্চিত্ৰ/তৃষ্ণা|তৃষ্ণা]] ॥ ৮৪
:'''অন্যান্য''' ❐ [[চলচ্চিত্ৰ/ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ’৯১|ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ’৯১]] ॥ ৯০
❐ [[চলচ্চিত্ৰ/ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ’৯৪|ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ’৯৪]] ॥ ৯৬
❐ [[চলচ্চিত্ৰ/বিপৰ্যস্ত বলিউড|বিপৰ্য্যস্ত বলিউড]] ॥ ১০৪
❐ [[চলচ্চিত্ৰ/হলিউডৰ আকাশত ভাৰতীয় তৰা|হলিউডৰ আকাশত ভাৰতীয় তৰা]] ॥ ১১৩
❐ [[চলচ্চিত্ৰ/নতুন তাৰকা এ. আৰ. ৰহমান|নতুন তাৰকা এ. আৰ. ৰহমান]] ॥ ১১৯

VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৮
{{c|{{x-larger|'''শব্দ, সংগীত আৰু চিনেমা'''}}}} {{dhr}} {{gap}}মৃত্যুৰ কঠিন হাতোৰাই ধৰি লোৱা এটি পৰিবেশ। ছবিৰ দৰেই সুন্দৰ পৰিবেশটোৰ মাজত থকা ঘৰটোৰ চৌহদত ইতিমধ্যে একাধিক হত্যাকাণ্ড সংঘটিত হৈ গৈছে। জীয়াই আছে মাত্ৰ শিশু এটি। শিশুটোৰ সম্মুখত এখন ঝুলনা- ক্ৰেক ক্ৰেক শব্দ কৰি ঝুলনাখন ইফালৰ পৰা সিফাললৈ গৈ আছে। অনন্ত নীৰৱতাৰ মাজত সেই ক্ৰেক ক্ৰেক শব্দই ভয়াবহ মূৰ্তি ধাৰণ কৰিছে। শিশুটোৰ সন্মুখত, ঝুলনাখনৰ সিপাৰে স্থিৰ হৈ বৈ আছে এটা বন্দুকব নল, তাৰ সম্মুখটো শিশুটোৰ কপাললৈ লক্ষ্য কৰা। বন্দুকটো ধৰি আছে ভয়াবহ ডকাইত গব্বৰ সিঙে। গব্বৰ সিঙে পৰিয়ালটোৰ আন সকলোকে গুলিয়াই শেষ কৰিলে, এইবাৰ শিশুটোৰ পাল। এইমাত্ৰ সংঘটিত হ’বলগীয়া হত্যাৰ অপেক্ষাৰ অসহ্য সময়খিনিৰ ভয়াবহতা বঢ়াই দিছে ঝুলনাৰ ক্ৰেক ক্ৰেক শব্দই। বন্দুকৰ ট্ৰিগাৰত আঙুলি। শিশুটোৰ অসহায় মুখ। {{gap}}হঠাৎ দৃশ্যটোৰ পৰিৱৰ্তন হয়। বিকট শব্দ কৰি ৰেল এখন ৰৈ যায়। পূৰ্বৰ দৃশ্যটোৰ বাবে বিকট শব্দ এটাৰ প্ৰয়োজন আছিল, কিন্তু সেই শব্দটো ব্যৱহাৰ কৰা নহ’ল, বৰং বেলেগ এটা দৃশ্যহে কৌশলী হাতেৰে আৰম্ভ কৰা হ’ল। {{gap}}পাঠকে বুজি পাইছেই— ওপৰত বৰ্ণনা কৰা দৃশ্যটো ‘শ্বোলে’ ছবিৰ। হিন্দী ছবিত গুলিমৰা দৃশ্যৰ আকাল নাই; কিন্তু ৰসোত্তীৰ্ণ দৃশ্যৰ সংখ্যা তেনেই তাকৰ। সেয়ে গুলিমৰাৰ সংবেদনশীল দৃশ্যৰ কথা ক’লেই ‘শ্বোলে’ৰ এই দৃশ্যটিৰ নামেই প্ৰথমে উল্লেখ হয়। {{gap}}দৃশ্যটোৰ প্ৰধান বৈশিষ্ট্য হ’ল ছবিৰ পৰিনিতিবোধ, শব্দৰ কৌশলী ব্যৱহাৰ আৰু চতুৰ সম্পাদনা। দৃশ্যটোৰ মুল বক্তব্য আছিল শিশুটোক গুলিয়াই হত্যা কৰা কাৰ্য। তাৰ প্ৰস্তুতিৰ সকলো দৃশ্য ছবিৰে ধৰি ৰখাৰ পিচতো মূল দৃশ্যটো দেখুওৱা নহ’ল অথচ বেলেগ শব্দৰ সংযোজনেৰে দৃশ্যটোৰ বাণী দৰ্শকৰ বাবে সহজবোধ্য ৰূপত উপস্থাপন
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৯
{{rh||২|}}
কৰা হ’ল। আতংকময় আৰু শ্বাসৰূদ্ধকাৰী পৰিবেশত কিন্তু পৰম্পৰাগত ভয়াবহ সংগীত ব্যৱহাৰ কৰাৰ সলনি গভীৰ নৈঃশব্দ ব্যৱহাৰ কৰা হৈছে আৰু সেই নৈশব্দক ঝুলনাখনৰ ক্ৰেক ক্ৰেক শব্দৰে ভংগ কৰি ঈপ্সিত পৰিবেশৰ সৃষ্টি কৰা হৈছে। দৃশ্যটো চলি থকা সময়ত দৰ্শকে প্ৰতিমুহূৰ্ততে সেই বিকট শব্দটোৰ প্ৰতীক্ষা কৰে, যিটো শব্দৰ লগে লগে শিশুটিৰ দেহ ভূপতিত হৈ যাব। সেই শব্দটো দৰ্শকে শুনে, কিন্তু বেলেগ দৃশ্যৰ আৰম্ভণিৰ শব্দ। এই শব্দটোৰ প্ৰয়োগ ইমান সুন্দৰ আছিল যে ই পূৰ্বৰ দৃশ্যৰ প্ৰয়োজনীয় চাহিদাও পূৰণ কৰিলে আৰু নতুন দৃশ্যটোৰ কৌতুহলউদ্দীপক আৰম্ভণিও কৰি দিলে। {{gap}}‘শ্বোলে’ক পৰিচালক ৰমেশ চিপ্পি আৰু সংগীত পৰিচালক আৰ ডি বৰ্মনৰ এনেকুৱা উদ্ভাৱনী আচৰণ ছবিখনৰ বহু অংশত সিঁচৰিত হৈ আছে। ছবিৰ নায়িকা বাসন্তী (হেমা মালিনী)য়ে টাংগাত উঠি পলোৱা দৃশ্যৰ দৰে উত্তেজনামূলক দৃশ্যটো সংগীত পৰিচালক আৰ ডি বৰ্মনে পৰম্পৰাগত সংগীত ব্যৱহাৰ নকৰি ঘোঁৰাৰ খুৰাৰ শব্দ ব্যৱহাৰ কৰিছিল আৰু বাণীবদ্ধ কৰা আচল শব্দত তেওঁ সন্তুষ্ট নহে খ্যাতিমান তবলা বাদক সান্তা প্ৰসাদৰ তবলা সেই শব্দৰ সলনি ব্যৱহাৰ কৰিছিল। ইয়াত তবলাক তাৰ নিজ বৈশিষ্ট্যৰ সলনি শব্দ উৎপাদক আহিলা হিচাপেহে ব্যৱহাৰ কৰা হৈছিল। {{gap}}নিৰ্বাক ছবিৰ যুগত ছবি প্ৰদৰ্শন কৰোতে প্ৰজেক্টৰৰ পৰা হোৱা শব্দ ঢাকি দিবলৈ প্ৰেক্ষাগৃহবোৰত বাদ্যযন্ত্ৰ পৰিবেশন কৰা স্থায়ী বাদ্যযন্ত্ৰ ৰখাৰ ব্যৱস্থা কৰা হৈছিল। সেই সংগীত ৰচনা ছবিৰ পৰিচালকৰ মতে হোৱা নাছিল, হৈছিল বাদকসকলৰ নিজস্ব ৰুচি-অভিৰুচি আৰু দক্ষতামতেহে। ফলত একোখন ছবিতেই বিভিন্ন প্ৰেক্ষাগৃহত বিভিন্ন সংগীতৰ সংযোজন ঘটিছিল। {{gap}}এই বিশৃংখলতা দূৰ কৰাৰ বাবে প্ৰথম পদক্ষেপ লৈছিল গ্ৰিফিথে। তেওঁ নিজৰ ছবিৰ লগত খাপ খোৱকৈ বিথোভেন, মোজাৰ্ট আদিৰ দৰে সূৰকাৰৰ সংগীত ৰচনা নিৰ্বাচন কৰি লৈছিল আৰু সেই নিৰ্বাচিত ৰচনাৰ সূৰলিপি প্ৰস্তুত কৰি তাক অনুকৰণ কৰাৰ নিৰ্দেশ দিছিল। {{gap}}সবাক ছবিৰ আৰম্ভণিয়ে চিত্ৰপৰিচালকসকলৰ সন্মুখত বিপুল সম্ভাৱনাৰ
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/১০
{{rh||৩|}}
দুৱাৰ মুকলি কৰি দিলে। ছবিত দুই ধৰণৰ শব্দৰ সংযোজন হ’ল। অভিনেতা-অভিনেত্ৰীসকলৰ কণ্ঠৰ সংলাপ, পাৰিপাৰ্শ্বিক শব্দ আৰু আবহ সংগীত। সংলাপ হ’ল বক্তব্য আৰু কাহিনী প্ৰকাশৰ আহিলা আৰু আবহ সংগীত, পাৰিপাৰ্শ্বিক শব্দ হ’ল দৃশ্যটোক অধিক প্ৰাণবন্ত কৰি তোলাৰ উপাদান। {{gap}}ভাৰতীয় ছবিৰ অভিনয় আৰু নৃত্যাংশক প্ৰভাবিত কৰি আহিছিল ভাৰতীয় থিয়েটাৰৰ ঐতিহ্যই। সেয়ে সবাক ছবিৰ ক্ষেত্ৰত এই প্ৰভাব অধিক পৰিস্ফুট হ’ল। শব্দৰ গমনৰ লগে লগেই প্ৰবেশ ঘটিল সংলাপ আৰু গীতৰ। অতি স্বাভাৱিকভাবেই এই সংলাপ ৰচিত হৈছিল নাটকৰ সংলাপৰ আৰ্হিত। মঞ্চৰ লগত জৰিত বহুলোক ছবিৰ লগত জৰিত হৈ পৰা বাবেও নাটকে ছবিৰ প্ৰভাব বিস্তৰ কৰাৰ অধিক সুবিধা পালে। গীত আৰু আৱাহসংগীতৰ ক্ষেত্ৰতো একে কথাই প্ৰযোজ্য হ’ল। ছবিৰ সংলাপ, গীত, আনুষংগিক শব্দ আৰু আৱহসংগীতে নাট্যধৰ্মীতাৰ পৰা মুক্ত হৈ ছবিৰ চৰিত্ৰ গ্ৰহণ কৰিবলৈ বহু বাট বুলিবলগীয়া হ’ল। {{gap}}ছবিত আনুষংগিক শব্দৰ ব্যৱহাৰৰ প্ৰধান কাৰণ দুটি। প্ৰথমটো হ’ল দৃশ্যটোক জীৱন্ত কৰি তোলা। ধৰা হওক- দুজন মানুহে বহি কথা পাতি আছে, লগে লগে টেবিলৰ পৰা চাহৰ কাপটো তুলি লৈছে, চাহ খাইছে, কাপটো পুনৰ টেবিলত থৈছে। এই কামখিনি কৰোতে কাপ-প্লেটৰ ঘৰ্ষণত শব্দৰ উৎপত্তি হ’বও পাৰে নহ'বও পাৰে। কিন্তু সামান্য টুংটাং শব্দই এই সম্পূৰ্ণ দৃশ্যটো যে অধিক বাস্তৱসম্মত কৰিব তাত কোনো সন্দেহ নাই। দ্বিতীয় কাৰণটো হ’ল পৰিবেশগত ধাৰণ দিয়া বা ভৌগলিক ধাৰণা স্পষ্ট কৰি তোলা। এটা কোঠাৰ ভিতৰত লোৱা দৃশ্য এটিৰ লগত ৰেলৰ শব্দ যোগ কৰি দি কোঠাটোৰ ভৌগলিক অৱস্থান সহজেই বুজাব পাৰি। ৰেলৰ শব্দ সঘন হ’লে দৰ্শকে সহজেই বুজি পাব যে কোঠাটো ৰেলষ্টেচনৰ ওচৰৰ কোঠা। এই শব্দৰো বহুত চৰিত্ৰ আছে- সেইবোৰৰ কৌশলী ব্যৱহাৰে কোঠাটোৰ অৱস্থান আৰু অধিক স্পষ্টতৰ কৰি তুলিব। এটা অফিচৰ দৃশ্যত, দশকে পৰ্দাত টাইপ ৰাইটাৰ এটা নেদেখিলেও, তাৰ শব্দৰেই ব্যস্ত টাইপ ৰাইটাৰৰ
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/১১
{{rh||৪|}}
অস্তিত্ব অনুভৱ কৰিব পাৰিব। এনেদৰেই আনুষংগিক শব্দ প্ৰয়োগ ছবিৰ দৃশ্য গঠনৰ বাবে প্ৰয়োজনীয় হৈ পৰে। অৰ্থাৎ ছবিৰ বাস্তৱতাৰ বাবেই আনুষংগিক বা পাৰিপাৰ্শ্বিক শব্দ এৰাব নোৱৰা অংগ। {{gap}}এই আনুষংগিক শব্দক অকল প্ৰয়োজন পূৰণৰ বাবেই ব্যৱহাৰ নকৰি তাক সৃজনীশীল ৰূপত ব্যৱহাৰ কৰাতহে পৰিচালকৰ সংবেদনশীলতাৰ উমান পোৱা যায়। এই আলোচনাৰ প্ৰথমতে উল্লেখ কৰা দৃশ্যটোৰ শব্দৰ কথা এনেকুৱা প্ৰয়োগৰ ভাল উদাহৰণ। আৰু এখন জনপ্ৰিয় ছবিব এটা দৃশ্যৰ কথা- ‘শক্তি’ ছবিত অমিতাভ বচ্চন আৰু দিলীপ কুমাৰে পুত্ৰ আৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰিছিল। পিতা-পুত্ৰৰ মাজত মত-বিবোধ, দুয়োৰে হৃদয়ৰ বহু সঞ্চিত ক্ষোভ সাগৰৰ গৰ্জনৰ দৰেই গৰ্জি আছে। ছবিৰ এটি নাটকীয় মুহূৰ্তত দুয়ো একেলগ হ’ল কথা পতাৰ বাবে। মত-বিৰোধৰ বাবেই পিতৃৰ ঘৰ এৰি গুচি যোৱা পুত্ৰই পিতৃৰ মুখৰ পিনে চাব পৰা নাই আৰু অপৰাধবোধত ভোগা পিতৃয়েও পুত্ৰৰ মুখৰ পিনে চাব পৰা নাই। এই দৃশ্যটোৰ বাবে পটভুমি নিৰ্বাচন কৰা হ’ল সাগৰৰ পাৰত এনে এটি অঞ্চল য’ত সাগৰৰ ঢৌবোৰ বিৰাট শব্দ কৰি আহি পাৰত খুন্দা মাৰেহি। দুই চৰিত্ৰৰ কথোপকথনৰ মাজে মাজে সাগৰৰ ঢৌৰ শব্দ কৌশলেৰে ব্যৱহাৰ কৰি দৃশ্যটো সংবেদনশীল কৰি তোলা হৈছে। দুই চৰিত্ৰৰ মনৰ অশান্ত অৱস্থাৰ প্ৰতিফলন ঘটোৱাত এই পৰিবেশ আৰু পৰিবেশৰ শব্দই যথেষ্ট সহায় কৰিলে। এই ধৰণেই পৰিবেশনত শব্দই নিজৰ অবয়ব আৰু শত্তিৰ পৰিবৰ্দ্ধন ঘটায়- তীক্ষ্ণধী পৰিচালকৰ হাতত। (শক্তি ছবিৰ পৰিচালক আছিল ৰমেশ চিপ্পি আৰু সংগীত পৰিচালক আছিল আৰ ডি বৰ্মন)। {{gap}}এনেকুৱা আৰু এটি সুন্দৰ উদাহৰণ পোৱা যাব ড॰ ভবেন্দ্ৰ নাথ শইকীয়াৰ ‘সাৰথি’ ছবিত। তথাকথিত চৌখিন মধ্যবিত্ত পৰিয়ালটিৰ মূল মানুহজন সন্ধিয়া কৰ্মক্লান্ত হৈ উভতি আহিছে- দিনটো তেওঁ ব্যস্ত হৈ আছিল ঘৰ বন্ধা কামত, দুপৰীয়া ঘৰৰ পৰা খোৱা বস্তু লৈ যোৱাৰ কথা আছিল, কিন্তু পুত্ৰ-কন্যা-পত্নী কোনো নগ’ল। সন্ধিয়া মানুহজন আহি ঘৰ সোমোৱা সময়ত ঘৰত টি ভি চলি আছে আৰু চিনেমাৰ আগতে দিয়া বিজ্ঞাপনবোৰৰ শব্দ ভাহি আহিছে। বিজ্ঞাপনৰ এই
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/১২
{{rh||৫|}}
শব্দবোৰে সময়ৰ ধাৰণা এটি দিয়ে। কিন্তু এই ধাৰণা দিয়াৰ বাবে আন বহু উপাদান পৰিচালকৰ হাতত আছিল। তেন্তে এই বিশেষ শব্দটো কিয়? টেলিভিচনত বহুল প্ৰচাৰিত বৰ্ণবিচিত্ৰ বিজ্ঞাপনবোৰ যি এক ভাসমান ফোপোলা জীৱনৰ ছবি দাঙি ধৰে, তেনে এক মুল্যবোধহীন জীৱনৰ বলি হৈছে ছবিৰ এই চৰিত্ৰটি। ছবিৰ শেষ দৃশ্যত যেতিয়া পৰাজিত চৰিত্ৰটোৱে এই অভিজ্ঞতাৰ মুখামুখি হয়, তেতিয়াই নেপথ্যত ব্যৱহাৰ হোৱা বিজ্ঞাপনৰ শব্দবোৰ দৃশ্যটিৰ আবেদন আৰু অধিক গাঢ় কৰি তোলে। {{gap}}পাৰিপাৰ্শ্বিক শব্দক এনেদৰে শিল্পসম্মত ৰূপত সন্নিবিষ্ট কৰাৰ বাবে প্ৰয়োজন হয় পৰিচালকৰ সংগীত আৰু শব্দচেতনা। শব্দৰ অৰ্থ, ব্যঞ্জনা আৰু ঘনত্বৰ সঠিক ব্যৱহাৰ নহ’লে এই শব্দবোৰ কোলাহললৈ ৰূপান্তৰিত হোৱাৰ আশংকাই অধিক। দৃশ্যৰ মূল সুৰৰ লগত এই শব্দবোৰৰ আত্মিক সম্পৰ্ক অভিন্ন ৰূপত প্ৰকাশ পাবই লাগিব। {{gap}}প্ৰখ্যাত গায়ক কিশোৰ কুমাৰে তেওঁৰ এখন ছবি ‘দুৰ বাদিয়ে মে কঁহী’ত নেপথ্যসংগীত একেবাৰেই বৰ্জন কৰিছিল। তাৰ সলনি প্ৰয়োগ কৰিছিল কেৱল পাৰিপাৰ্শ্বিক শব্দ। ছবিখনে ব্যাপক ৰূপত মুক্তিলাভ নকৰা বাবেই কিশোৰ কুমাৰৰ এই পৰীক্ষা সমাদৃত নোহোৱাকৈ ৰৈ গ’ল। {{gap}}বাস্তৱধৰ্মী ছবিৰ ক্ষেত্ৰত এটা প্ৰশ্ন সহজেই উদয় হয়- আমাৰ বাস্তৱ জীৱনৰ নেপথ্যত অহৰহ অৰ্কেষ্ট্ৰা এটা বাজি থাকে নেকি? নাথাকে। তেনেহ’লে ছবিত আৱহসংগীত কিয়? {{gap}}সংগীত মানুহৰ আদিমতম কলা। মানুহৰ বিভিন্ন কাম আৰু অনুভূতিৰ ছন্দই সংগীতৰ জন্ম দিয়ে। সহজ কথাত মানৱ মনৰ বিভিন্ন অনুভূতি আৰু প্ৰতিক্ৰিয়া প্ৰতিফলন ঘটে ছন্দবদ্ধ শব্দৰ মাজেৰে। এদল বনুৱাই একেলগে কাম কৰোতে ছন্দ ৰক্ষাৰ বাবে মুখেৰে কিছুমান অৰ্থহীন শব্দ ছন্দবদ্ধ ৰূপত উচ্চাৰণ কৰি থাকে, অথচ একে কাম অকলে কৰোতে মানুহ এজনে সেই একে মুখেৰে শব্দ উচ্চাৰণ নকৰে। অকলে বাথৰুমত গা ধুই থাকোতে বা নিৰ্জন ৰাস্তাৰে অকলে আহি থাকোতেও এজন মানুহৰ মুখৰ পৰাই গুণগুণকৈ গীতৰ কলি ওলাই
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/১৩
{{rh||৬|}}
থাকে। এই গীতৰ কলি কোনো পৰিকল্পিত নহয়, মনৰ ভিতৰত গোট খাই থকা চিনাকি গীতৰ কলিয়েই সচাৰচৰ উচ্চাৰিত হয়। ইয়াৰ কাৰণ হ’ল মনৰ অৱস্থাৰ স্বাভাৱিক প্ৰতিফলন। ছবিত আৱহ সংগীত ব্যৱহাৰৰ মূল কাৰণো এইটোৱেই। সত্যজিৎ ৰায়ে লেখিছে- ‘দৃশ্যবস্তু, কথা আৰু ধ্বনিৰ সহযোগেৰে ছবিত যেনেদৰে বৰ্ণনা কৰা হ’ল, তাৰ ওপৰত সংগীতৰ প্ৰলেপ দি বত্তব্যক আৰু অধিক পৰিস্ফুট বা আৰু আবেগময় কৰাৰ প্ৰয়োজনবোধ কৰিলেই পৰিচালকে আৱহ সংগীতৰ আশ্ৰয় লয়।’ {{gap}}এই আৱহ সংগীতক সাধাৰণভাবে দুই ভাগত বিভক্ত কৰিব পাৰি- ধাৰণাকৰ্মী- অৰ্থাৎ যিয়ে কোনো ইন্দ্ৰিয়গ্ৰাহ্য বাহ্যিক ধাৰণাৰ ইংগিত দিয়ে- যেনে ধুমুহাৰ সংগীত, আৰু প্ৰকাশধৰ্মী- যিয়ে অন্তৰৰ অনুভূতি ব্যক্ত কৰে, যেনে- পথেৰ পাঁচালী ছবিৰ মুল সুৰটি। {{gap}}সকলো ছবিৰ ক্ষেত্ৰতেই আৱহ সংগীতৰ এই ব্যাখ্যা সমানেই প্ৰযোজ্য। সেয়ে ছবিৰ দৃশ্যৰ লগত সম্পৰ্ক ৰাখি বিয়োগাত্মক দৃশ্যত কৰুণ সংগীত, অতি নাটকীয় মুহূৰ্তত ‘ক্ৰেচ’ সংগীত আদিৰ প্ৰয়োগ ছবিৰ আৱহ সংগীত ৰচনাৰ ক্ষেত্ৰত স্বাভাৱিক নিয়মৰ দৰেই চলি আহিছিল। এই প্ৰক্ৰিয়াত আৱহ সংগীত ৰচনা কৰোতে কিছুমান সীমাবদ্ধতা আহি পৰিছিল, তাৰ প্ৰথমটো আছিল বিভিন্ন ধৰণৰ ছবিৰ বাবে একেই ধৰণৰ সংগীত ব্যৱহাৰ কৰাৰ প্ৰৱণতা। {{gap}}এই সীমাবদ্ধতাৰ বাহিৰলৈ যোৱা প্ৰথমখন উল্লেখযোগ্য ছবি হ’ল সত্যজিৎ ৰায়ৰ ‘পথেৰ পাঁচালী’। এই ছবিত আৱহ সংগীত ৰচনাক সৰলতম পৰ্যায়লৈ লৈ যোৱা হৈছিল আৰু এই সংগীতক ছবিৰ দৃশ্যৰ মূল সুৰৰ সহায়ক হিচাপেহে ব্যৱহাৰ কৰা হৈছিল। ছবিৰ সংলাপহীন অংশবোৰ সংগীতেৰে ভৰাই ৰখাৰ যি প্ৰৱনতা, তাক পথেৰ পাঁচালীত সম্পূৰ্ণৰূপে বাদ দি ছবিৰ দৃশ্যৰ মূল সুৰটো আৱহ সংগীতৰ যোগে পুনৰ ব্যাখ্যা কৰা হৈছিল। উদাহৰণ হিচাপে ‘অপুই হাতত চিঠি লৈ দৌৰি অহাৰ পৰা আৰম্ভ কৰি অপু-দূৰ্গাই বৰষুণত তিতালৈকে যি পৰ্যায়- তাতে ছবিৰ পৰাই দৰ্শকৰ মনত মানুহ আৰু প্ৰকৃতিৰ নিবিড় সম্পৰ্কৰ অনুভূতিৰে এটি আনন্দ ভাবৰ উদয় হয়। ঠিক সেই ভাবটোৱেই আবহ সংগীতত প্ৰতিফলিত হয়। আৰু ছবি আৰু সংগীতৰ এই সমান্তৰাল
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/১৪
{{rh||৭|}}
গতিৰ ফলত আনন্দৰ ভাব অধিক ঘনবদ্ধ হয়’ (চিদানন্দ দাসগুপ্ত)। {{gap}}‘পথেৰ পাঁচালী’য়ে আৰম্ভ কৰা এই নতুন পথেৰে বাস্তৱধৰ্মী চিত্ৰনিৰ্মাতাসকল আগবাঢ়িল। বাস্তৱধৰ্মী ছবিত গানৰ ব্যৱহাৰো যথাসম্ভৱ স্বাভাৱিক হ’বলৈ আৰম্ভ কৰিলে। {{gap}}আৱহ সংগীতৰ ক্ষেত্ৰত দেখা দিয়া এই পৰিবৰ্তনে সম্পূৰ্ণ ব্যৱসায়কেন্দ্ৰিক ছবিৰ পৰিচালক, সংগীত পৰিচালককো আকৃষ্ট কৰিলে। ইয়াৰ প্ৰথম উল্লেখযোগ্য উদাহৰণ দেখা পোৱা গ’ল ‘আৰাধনা’ ছবিত। সংগীত পৰিচালক শচীন দেব বৰ্মনে আৱহ সংগীতৰ শক্তিৰ বিষয়ে সন্দেহমুক্ত হৈছিল আৰু আৰাধনা ছবিত বহু নাটকীয় মুহূৰ্তৰ আবেদন অকল আৱহ সংগীতেৰেই বৃদ্ধি কৰি দিছিল। ‘আৰাধনা’ ছবিৰে এচ ডি বৰ্মনে ব্যৱসায়কেন্দ্ৰিক ছবিৰ আৱহ সংগীতত পৰিবৰ্তন অনাৰ যি চেষ্টা কৰিছিল, অকল আৰ ডি বৰ্মনহে সেই পৰিবৰ্তনক আগ্ৰহেৰে স্বাগতম জনাইছিল। আৰু কিছুদিন জীয়াই থাকিলে এচ ডি য়ে হয়তো এই ধৰণৰ ছবিৰ আৱহ সংগীতৰ ধাৰা সলনি কৰি দিলেহেঁতেন, কিন্তু মৃত্যুই তেওঁক সেই অভিজ্ঞতাৰ পৰা বঞ্চিত কৰিলে। {{gap}}মেহবুবা, দীৱাৰ, শ্বোলে, ইজাজৎ আদি ছবিত আৰ ডি বৰ্মনে আৱহ সংগীতক সৃজনীশীল ৰূপত ব্যৱহাৰ কৰিছিল। কিন্তু, স্বাস্থ্যজনিত কাৰণত আৰ ডি ছবিত অংশগ্ৰহণৰ পৰা বিৰত থকা হ’ল। এতিয়াৰ অতিমাত্ৰা ব্যৱসায়িক পৰিবেশত কোনেও আৱহ সংগীতক লৈ মুৰ নঘমায়। {{gap}}সুভাষ ঘাইয়ে তেওঁৰ ছবিত আৱহ সংগীত অলপ বেলেগ ধৰণে ব্যৱহাৰ কৰে। সংলাপহীন অংশবোৰত তেওঁ আৱহ সংগীত ইমান ‘লাউড’ কৈ ব্যৱহাৰ কৰে যে প্ৰেক্ষাগৃহত দৰ্শকৰ কাণ অতিষ্ঠ হৈ উঠিবলৈ বাধ্য হয়। এইধৰণৰ শাৰীৰিক চাপে মানসিক ক্ৰিয়া কৰে আৰু ছবিৰ দৃশ্যবোৰৰ প্ৰতি অমনযোগী হ’বলৈ বাধ্য হয়। আৰু এই অৱস্থা হোৱাৰ ঠিক পাছতেই আৱহ সংগীতৰ শব্দ কমাই দি দৰ্শকক সকাহ দিয়ে আৰু ফলত ছবিৰ দৃশ্যৰ প্ৰতি দৰ্শকৰ মনযোগ বৃদ্ধি পায়। এই প্ৰক্ৰিয়াত ছবিৰ সৌন্দৰ্যৰ প্ৰতি কোনো শ্ৰদ্ধা প্ৰদৰ্শন কৰা নহয়, ‘যেন তেন প্ৰকাৰেণ’ দৰ্শকক চিত্ৰগৃহত বহুৱাই ৰখাৰ বুদ্ধিহে প্ৰয়োগ
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/১৫
কৰা হয়। {{gap}}শ্ৰুতিমধুৰ গীতৰ বাবে বিখ্যাত, দক্ষিণ ভাৰতৰ সংগীত পৰিচালক ইলিয়া ৰাজাইও প্ৰথাগত পদ্ধতিৰ বাহিৰলৈ গৈ ছবিৰ আৱহ সংগীত ৰচনা কৰি আহিছে। শ্ৰুতিমধুৰ থিম মিউজিক, নৈঃশব্দৰ ব্যৱহাৰ আৰু যন্ত্ৰ-সংগীতৰ লগত অইন শব্দৰ প্ৰয়োগ তেওঁৰ সংগীত ৰচনাৰ চকুত পৰা দিশ। {{dhr}}
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/১৬
{{c|{{x-larger|'''সত্যজিতৰ ছবিত সত্যজিৎ'''}}}} {{dhr}} {{gap}}.......and that comes from observation, your personal experiences, although the story may be somebody else's.....’ {{Right|'''Satyajit Ray to Shyam Benegal.'''}} {{gap}}শিল্প জীৱনৰ প্ৰতিবিম্ব। কাৰ জীৱনৰ প্ৰতিবিম্ব? শিল্প-স্ৰষ্টাগৰাকীৰ নিজৰ নে আনৰ জীৱনৰ পৰা আহৰণ বা উপাদানৰ প্ৰতিবিম্ব! এগৰাকী স্ৰষ্টাই অকল তেওঁৰ নিজৰ জীৱনৰ ঘটনা-অভিজ্ঞতা-অনুভৱকেই পৰিশোধিত ৰূপত প্ৰকাশ নকৰে, তেওঁ আনৰ অভিজ্ঞতাকো আত্মস্থ কৰি লৈ তাক পুনৰ পৰিবেশন কৰে। {{gap}}অইনৰ অভিজ্ঞতা নিজৰ সৃষ্টিৰ মাজেৰে প্ৰকাশ কৰাটো আন এটা প্ৰক্ৰিয়া। প্ৰতিগৰাকী শিল্পীৰেই সাৰ্থক সৃষ্টিসমূহ বিশ্লেষণ কৰি চালে এই কথাটো প্ৰতীয়মান হয় যে শিল্পী গৰাকীৰ ব্যক্তিগত অভিজ্ঞতা, অনুভূতি, কল্পনা, মনোজগতৰ বিভিন্ন স্তৰত থূপ খাই থকা উপাদানবোৰ তেতিয়াই শিল্পৰ মাজেৰে আত্মপ্ৰকাশ কৰে। তেতিয়াই শিল্পৰ সেই অংশবোৰ অন্য এটি মাত্ৰা অধিগ্ৰহণ কৰে। {{gap}}গীত-গল্প-উপন্যাস-কবিতা বা চিত্ৰৰ মাজেৰে এই উপাদানবোৰ প্ৰকাশ কৰা যিমান সহজ, বহু কলাৰ উপাদানৰ সমাহাৰৰ শিল্প মাধ্যম চলচ্চিত্ৰৰ মাজেৰে সেই প্ৰকাশ সিমান সহজ নহয়। এই কৰ্ম আৰু অধিক জটিল হয় যেতিয়া চলচ্চিত্ৰৰ বাবে লোৱা কাহিনী আনৰ দ্বাৰা ৰচিত হয়। {{gap}}চলচ্চিত্ৰ এখন নিৰ্মাণ কৰিবলৈ অইনৰ ৰচিত কাহিনী এটা বিচাৰি উলিয়াওতে চলচ্চিত্ৰ নিৰ্মাতাগৰাকীৰ ৰুচিবোধ, জীৱন-দৰ্শন আদিয়ে নিঃসন্দেহে প্ৰথম স্থান লাভ কৰে। তাৰ লগতে থাকে কাহিনীটোৰ চলচ্চিত্ৰ ৰূপান্তৰৰ সম্ভাবনীয়তা, আনুষংগিক সুবিধা আৰু সুযোগৰ কথা। কিন্তু তাৰ লগতে চিত্ৰ নিৰ্মাতা গৰাকীয়ে কাহিনীটোৰ মাজত বিচাৰে,
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/১৭
{{rh||১০|}}
আত্মজৈৱনিক উপাদানৰ উপস্থিতি। এই উপাদান অকল ঘটনাই নহয়, ঘটনাৰ প্ৰতিক্ৰিয়া, অভিজ্ঞতা, অনুভৱ অথবা কল্পনা আনকি জীৱনত নঘটা ঘটনা যিবোৰ ঘটিলে হয়তো তেওঁ ভাল পালেহেঁতেন⸺ সেইবোৰো হ’ব পাৰে। এই উপাদানবোৰৰ পুনৰ নিৰ্মাণ যে অকল অনুভূতিৰ দিশৰ পৰাই ঘনবদ্ধ হৈ উঠে সেয়া নহয়—— ই স্ৰষ্টালৈ বহন কৰি আনে ‘কেথৰচিচি’ আস্বাদ—— যি ‘কেথৰচিচ’ শিল্পী গৰাকীৰ সৃষ্টি প্ৰক্ৰিয়াৰ ধাৰাবাহিকতা অক্ষুন্ন ৰখাৰ বাবে অতি প্ৰয়োজনীয়। প্ৰতিগৰাকী শিল্পীয়েই হৃদয়ৰ গভীৰত কঢ়িয়াই লৈ ফুৰে অলেখ আশা-সপোন আৰু আকাংখা যিবোৰ হয়তো বাস্তবলৈ ৰূপান্তৰিত নহ'বও পাৰে। ফলত সৃষ্টিৰ মাজতেই সেই সপোনক বাস্তৱত দেখাৰ কল্পনাই শিল্পীক আকুল- ব্যকুল কৰাটোই স্বাভাৱিক। এই কল্পনাবোৰৰ বৰ্হিপ্ৰকাশ পাতলাই দিয়ে শিল্পীৰ মনৰ গধুৰবোজা, মগজুত খালি ঠাইৰ সৃষ্টি কৰে নতুন চিন্তাৰ প্ৰবেশৰ বাবে। {{gap}}সত্যজিৎ ৰায়ে নিৰ্মাণ কৰা মুঠ ৩৬খন তথ্যচিত্ৰ, কাহিনী-চিত্ৰৰ কাহিনী-বক্তব্য-বিষয়বস্তু, পটভূমি, চৰিত্ৰ, ৰস, আদিৰ মাজত ব্যাপক বিচিত্ৰতা আছে। কিন্তু তাৰ মাজতো কেতিয়াবা স্পষ্ট, কেতিয়াবা গধূলিৰ শেষ পোহৰৰ দৰেই ৰহস্যময় অস্পষ্ট হৈ আত্মপ্ৰকাশ কৰিছে সত্যজিৎ ৰায়ৰ বংশ-ঐতিহ্য, পাৰিবাৰিক-সামাজিক অৱস্থা, ব্যক্তিগত জীৱনৰ নানান ঘটনা-অনুভূতি, অভিজ্ঞতা, সপোন আৰু কল্পনাৰ বিচিত্ৰ উপাদান। ইয়াৰে বহু প্ৰতিফলনক পোনপতীয়াকৈ আত্মজীৱনী বুলি কৈ দিব নোৱাৰি, কিন্তু গভীৰভাবে চালেই কাণৰ ওচৰত স্পষ্টকৈ বাজি উঠে যে ছবিৰ দৃশ্য আৰু তাৰ সামাজিক ব্যক্তিগত ঘটনাৰ নেপথ্যত ঝংকৃত হৈ থকা সুৰৰ গঠন আৰু আবেদন সম্পূৰ্ণ একে। {{gap}}‘জলসাঘৰ’ আৰু ‘সতৰঞ্জ কি খিলাৰী’⸺ এই দুয়োখন ছবিৰ মাজত থকা মুল সাদৃশ্যটি হৈছে বিশালত্বৰ অৱক্ষয়, পতনৰ কাৰুণ্যৰ এক বিষাদ ৰূপ। ‘জসসাঘৰ’ নিৰ্মাণৰ কাৰণ আছিল—— “The fact was that in late 1956, after the failure of 'Aporajita' at box-office, Satyajit Ray knew that he needed a winner. As he put it then in a letter 'I am more or less back
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/১৮
{{rh||১১|}}
where I started from. Bank balance is low and the future looks none too rosy.... One thing is certain— I have to make money on it (his next film). I am to continue as film-maker and not revert advertising.” {{gap}}আন এঠাইত সত্যজিৎ ৰায়ে কৈছে⸺ "......Aporajita was a failure at Box-office. Since it was a failure I had to think of doing something completely different... and I decided to make a film about music and dancing, the conventional the sort of formula that the Bengali public was used to, although in developing it, it became a completely different kind of film." {{gap}}এই দুটা উদ্ধৃতিৰ পৰা বুজি পোৱাত অকণো কঠিন নহয় যে নৃত্য- গীতৰ সমাবেশ ঘটুৱাই দৰ্শকৰ মনোৰঞ্জন কৰি দুপইচা অৰ্জন কৰিব পৰা ছবি এখন নিৰ্মাণ কৰা সত্যজিতৰ মূল লক্ষ্য আছিল। {{gap}}‘সতৰঞ্জ কি খিলাড়ী’ নিৰ্মাণৰ ক্ষেত্ৰত কি কি দিশে বাৰু সত্যজিৎ ৰায়ক উৎসাহী কৰি তুলিছিল? 'I saw the king as an artist, a composer who made some contributions to the form of singing that developed in Locknow. In fact he was a great parton of music— that was one redeeming feature about the king.' {{gap}}‘সতৰঞ্জ কি খিলাড়ী’ৰ কাহিনীভাগৰ সময় হ’ল লক্ষ্ণৌৰ শেষ নবাব ৱাজিদ আলি শ্বাহৰ ৰাজত্ব কাল। নৃত্য আৰু গীতত মগ্ন থকা ৱাছিদ আলি শ্বাহৰ ৰাজ্য বৃটিছে কৌশলেৰে লৈ যোৱা এই চক্ৰান্ত আৰু ইয়াৰ পটভূমি ভাৰতৰ ইতিহাসৰ এটি গুৰুত্বপূৰ্ণ অংগ হ’লেও এই দিশটোৱে সত্যজিৎ ৰায়ক প্ৰভাৱিত কৰা নাই। নবাবৰ ব্যক্তিগত জীৱনৰ আশা- আকাংক্ষা-হতাশা আৰু তাৰ সমান্তৰালভাবে দুজন ডবামগ্ন উজীৰৰ ব্যক্তিগত কথাকহে সত্যজিতে গুৰুত্ব দিছে। পৰিবৰ্তিত সামাজিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটত ব্যক্তিমনৰ চিত্ৰ অংকনৰ এই প্ৰয়াসৰ বিষয়ে সত্যজিৎ ৰায়ে নিজে এনেদৰে কৈছে— "also, to establish the idea of obsession— which is the basic development of the story— with a game which is basically abstract and
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/১৯
{{rh||১২|}}
intellectual. If it had been gambling, there'd be no problem. But, the beauty of the story lies in the parallel that Prem Chand draws between the game and the moves of craftly Raj, leading to capture of the king." {{gap}}দুয়োখন ছবিৰ নৃত্যগীতৰ অংশবোৰেই সত্যজিৎৰ আকৰ্ষণৰ মূল বিন্দু আছিল বুলি বিভিন্ন উদ্ধৃতিৰ পৰা প্ৰমাণ হয়। বিশাল জমিদাৰী আৰু সাম্ৰাজ্যৰ অবক্ষয় আৰু পতনৰ দিশটোৰ প্ৰতি সত্যজিতৰ বিশেষ মনোযোগ থকা বুলি তেওঁৰ কথাৰ পৰা অনুমান কৰিব নোৱাৰি যদিও দুয়োখন ছবিৰ আঁহে আঁহে গ্ৰথিত হৈ থকা বিষাদ আৰু কাৰুণ্যইহে ছবি দুখনৰ মূল আবেদন। {{gap}}‘সতৰঞ্জ কি খিলাড়ী’ৰ মূল কাহিনীতেই অবক্ষয় আৰু কাৰুণ্যই গধূৰ বেদনা নিহিত হৈ আছে। কিন্তু নাচ-গান থকা ছবি কৰিবলৈ ওলাওতে বিষাদ-অবক্ষয়ৰ গল্প ‘জলচাঘৰ’এ কিয় প্ৰাধান্য পালে? সত্যজিতৰ জীৱনৰ বিভিন্ন পৰ্যায়ৰ পিনে ভালদৰে চালে এই প্ৰশ্নৰ সহজ উত্তৰ বিচাৰি পোৱা যায়। {{gap}}এক আঢ্যৱন্ত, ঐতিহ্যমণ্ডিত পৰিয়ালত জন্ম হৈছিল সত্যজিতৰ। উপেন্দ্ৰ কিশোৰ ৰায়চৌধুৰীৰ দিনত চাৰিওদিশৰ পৰা বিকশিত হৈ উঠা এই পৰিয়ালটোলৈ অৰ্থনৈতিক অবক্ষয় নামি আহিছিল অতি কম সময়ৰ ভিতৰতে। উপেন্দ্ৰ কিশোৰৰ মৃত্যুৰ মাত্ৰ কেইবছৰমান পিচতে অকাল মৃত্যুই সাৱটি লয় তেওঁৰ পুত্ৰ আৰু সত্যজিৎ পিতৃ সুকুমাৰ ৰায়ক। তাৰ পিচতেই সেই বিশাল সাম্ৰাজ্যলৈ পতন নামি আহে, আনকি শেষত শিশু সত্যজিতে মাকৰ লগত গৈ মোমায়েকৰ ঘৰত আশ্ৰয় ল’বলৈ বাধ্য হয়। আঢ্যৱন্ত অৱস্থা এটিৰ এই কৰুণ পৰিণতিৰ নেপথ্যত কাৰণবোৰ শিশু সত্যজিতে অনুধাৱন কৰিব নোৱাৰটো অতি স্বাভাৱিক, কিন্তু সেই সমৃদ্ধতাৰ বহু অংশই যে তেওঁৰ মনৰ বুজন অংশ অধিকাৰ কৰি আছিল তাত অকণো সন্দেহ নাই (দ্ৰষ্টব্য : যখন ছোট ছিলাম/ সত্যজিৎ ৰায়)। বৰ্দ্ধিত বয়সে সত্যজিতক উপলব্ধি কৰাইছিল তেওঁৰ পৰিয়ালৰ ঐতিহ্য আৰু সমৃদ্ধি। সেই উপলব্ধি আৰু স্মৃতিৰ সঞ্চয়ে তেওঁৰ মনত জন্ম দিছিল বিষাদ আৰু কৰুণাৰ অনুভূতিৰ। মন-গহনত
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/২০
{{rh||১৩|}}
পুঞ্জীভূত এইভাবে প্ৰকাশৰ বাট বিচাৰি পালে ‘জলচাঘৰ’ আৰু ‘সতৰঞ্জ কি খিলাড়ী’ ছবিৰ মাজত। দুয়োখন ছবিৰ মাজত বিচাৰি পোৱা নাছিল সাদৃশ্য হ’ল— সত্যজিতে এখন ছবিতো অৱক্ষয়ৰ কাৰণ বিচাৰি যোৱা নাই। যেনেদৰে তেওঁ নিজে বিচাৰি পোৱা নাছিল নিজৰ পৰিয়ালৰ অৰ্থনৈতিক অৱক্ষয়ৰ কাৰণ (Then the business folded up for reasons which I never found out— Satyajit Ray to Shyam Benegal.) {{gap}}‘পথেৰ পাঁচালী’ ছবিৰ সেই দৰিদ্ৰ ব্ৰাহ্মণ, অপুৰ পিতৃ হৰিহৰে এটি দৃশ্যত পদ্য লেখি যশ অৰ্জন কৰা মনোভাব প্ৰকাশ কৰিছে। আপাত দৃষ্টিত কথাটো বৰ সৰু আৰু মূল কাহিনীৰ লগত এই কথাটোৰ বিশেষ সম্পৰ্ক নাই— কাৰণ এই কথাটোৱে ছবিখনৰ আন ক’তোৱেই গুৰুত্ব লাভ কৰা নাই। তেন্তে, সত্যজিৎ ৰায়ৰ দৰে মিতব্যয়ী পৰিচালক এগৰাকীয়ে এই সৰু সংলাপটিত গুৰুত্ব দিয়াৰ প্ৰয়োজন কি? সত্যজিৎ এনে এটা পৰিয়ালৰ বংশধৰ, য’ৰ তেওঁৰ পূৰ্বৰ দুটি প্ৰজন্মই ব্যৱসায় আৰু প্ৰাচুৰ্যৰ মাজতো সাহিত্য চৰ্চাৰ বাবে প্ৰচুৰ সময় আৰু শ্ৰম ব্যয় কৰিছিল। আনকি তেওঁৰ পিতৃ সুকুমাৰ ৰায় ক’লাজ্বৰত আক্ৰান্ত হৈ শয্যাশায়ী হৈ থকা সময়ত— যি সময়ত তেওঁৰ পাৰিবাৰিক ব্যৱসায়ৰ অৱস্থা ক্ৰমাৎ বেয়া হৈ আহিছিল, সেই সময়তো তেওঁ ৰচনা কৰি গৈছিল বাংলা সাহিত্যৰ বহু স্মৰণীয় ৰচনা, ব্যস্ত আছিল নিজৰ কিতাপ ‘হয়বৰল’ৰ ছপা কামত তদাৰক কৰাত। সুকুমাৰ ৰায়ৰ এই কৰ্মস্পৃহা সত্যজিতৰ জীৱনতো প্ৰতিফলিত হৈছে, সুকুমাৰ ৰায়ৰ সাহিত্য-প্ৰীতিৰ স্পিৰিট প্ৰকাশিত হৈছে ‘পথেৰ পাঁচালী’ৰ হৰিহবৰ সেই সংলাপটিৰ মাজত। {{gap}}সত্যজিতৰ ছবিবোৰৰ এটি লক্ষ্যণীয় বৈশিষ্ট্য হ’ল নাৰী চৰিত্ৰৰ চিত্ৰায়ণ। সামগ্ৰিকভাবে সত্যজিৎ-ছবিত নাৰী চৰিত্ৰৰ সংখ্যা কম। সোণাৰ কেল্লা, জয়বাব ফেলুনাথ, গোপী-বাঘাৰ ছবি দুখন— এইবোৰত নাৰী চৰিত্ৰ প্ৰায় শূন্যপ্ৰায়। সংখ্যাত কম হলেও সত্যজিৎ ৰায়ৰ সৃষ্ট প্ৰতিটো নাৰী চৰিত্ৰৰ মাজেৰে প্ৰকাশ পাইছে নাৰীৰ প্ৰতি পৰিচালকৰ সম্মান, আন্তৰিকতা আৰু গভীৰ মমত্ববোধ। আনকি সামাজিক
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/২১
{{rh||১৪|}}
শালীনতাবোধৰ দৃষ্টিভংগীৰে অশালীন বুলি চিহ্নিত কৰা চৰিত্ৰ অংকন কৰোতেও সত্যজিতে সেই চৰিত্ৰবোেৰৰ প্ৰতি প্ৰদৰ্শন কৰিছে গভীৰ সহানুভূতি আৰু আন্তৰিক মৰম। এনে চৰিত্ৰবোৰক সত্যজিতে কেতিয়াও নৈতিকতাৰ তুলাচনীৰে বিচাৰ কৰা নাই অথবা সমালোচনাৰ বাণেৰে ক্ষত-বিক্ষত কৰা নাই। সত্যজিতৰ নাৰী চৰিত্ৰবোৰ সাধাৰণতে হয় স্থিৰমনা, সহনশীল, দৃঢ়চেতা আৰু জীৱনৰ দুখ-কষ্ট, হাঁহি-কান্দোনৰ লগত খাপখুৱাই ল’ব পৰা বিধৰ। এই নাৰী চৰিত্ৰবোৰ জীৱন যুদ্ধত পৰাজয় স্বীকাৰ কৰাৰ পৰিবৰ্তে সাহসেৰে সম্মুখ সমৰত অৱতীৰ্ণ হয়। {{gap}}দুগৰাকী নাৰীয়ে সত্যজিতৰ জীৱনক গভীৰ ভাবে প্ৰভাৱিত কৰি আহিছে। এগৰাকী তেওঁৰ মাক আৰু আন গৰাকী তেওঁৰ পত্নী। এই দুই নাৰীৰ জীৱন আৰু কৰ্মই তেওঁক এনেদৰে আবিষ্ট কৰি ৰাখিছিল যে সত্যজিৎ ৰায় সৃষ্ট আলেখ নাৰী চৰিত্ৰৰ মাজত এই নাৰী দুগৰাকীৰ উপস্থিতি লক্ষ্য কৰা যায়। {{gap}}অপুৰ মাক সৰ্বজয়াৰ চৰিত্ৰটি ‘পথেৰ পাঁচালী’ত নহয়, ‘অপৰাজিত’ত যিধৰণে প্ৰকাশিত হৈছে, গভীৰ অনুভূতিৰ বান্ধোনেৰে সাঙোৰ খাই থকা মাতৃ-পুত্ৰৰ যি সম্পৰ্ক প্ৰতিভাত হৈছে, তাৰ লগত মিল বিচাৰি পোৱা যায় সত্যজিৎ আৰু তেওঁৰ মাতৃ সুপ্ৰভা দেবীৰ সম্পৰ্কৰ লগত। {{gap}}সুকুমাৰ ৰায়ৰ মৃত্যুৰ পিচত মাতৃগৃহলৈ উভতি যাবলৈ বাধ্য হোৱা সুপ্ৰভা দেবীৰ একমাত্ৰ চিন্তা আছিল পুত্ৰ সত্যজিতৰ পঢ়া-শুনাৰ সুব্যৱস্থা কৰা। ইয়াৰ বাবে সকলো ধৰণৰ কষ্ট আৰু দায়িত্বকে তেওঁ মূৰ পাতি লৈছিল। স্বামীহাৰা হোৱাৰ পিচত একমাত্ৰ পুত্ৰকে অৱলম্বন হিচাপে লৈ জীয়াই থকা সুপ্ৰভা দেবীয়ে পুত্ৰক শান্তিনিকেতনত থৈ মানসিকভাবে নিসংগ হোৱাৰ অনুভূতি যেন সম্পূৰ্ণ অবিকৃতভাবে প্ৰতিফলিত হৈছে সৰ্বজয়াৰ চৰিত্ৰৰ মাজত। শৈশৱতে পিতৃহাৰা হোৱা, মাতৃৰ চেনেহৰ মাজত কৈশোৰ অতিবাহিত কৰা, মাতৃৰ সহযোগৰ বাবেই জ্ঞান-তৃষ্ণা পূৰণ কৰিব পৰা সকলো সুবিধা সংগ্ৰহ কৰি অনন্ত কৌতুহলী হৈ উঠা আৰু যৌবনত শিক্ষা গ্ৰহণৰ বাবে মাতৃৰ ওচৰৰ পৰা দূৰলৈ আঁতৰি যাবলগীয়া হোৱা সত্যজিতৰ জীৱনৰ লগত ‘অপৰাজিত’ৰ অপুৰ কোনো
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/২২
{{rh||১৫|}}
পাৰ্থক্য নাই। এনেদৰেই সত্যজিতে নিজৰ জীৱনৰ এটি অধ্যায় অপু- সৰ্বজয়াৰ মাজেৰে পুনৰ ৰচনা কৰিছে চলচ্চিত্ৰ মাধ্যমত। {{gap}}জীৱনৰ কঠোৰ অৰ্থনৈতিক প্ৰয়োজন পূৰণ কৰিবলৈ পাৰিবাৰিক আৰু সামাজিক প্ৰতিকুল পৰিস্থিতি-পৰিবেশকো প্ৰত্যাহ্বান জনাই চাকৰি কৰিবলৈ বাহিৰলৈ ওলাই অহা এগৰাকী মধ্যবিত্তীয় নাৰী ‘আৰতি’ৰ সংগ্ৰামৰ কাহিনী ‘মহানগৰ’ যেন সত্যজিতৰ নিজৰ মাতৃ-পত্নী আৰু খুৰীয়েক ডঃ কাদম্বিনী গাংগুলীৰ প্ৰতি শৈল্পীক উপহাৰ। আৰতিয়ে চাকৰি কৰিবলৈ ঘৰৰ চাৰিবেৰৰ মাজৰ পৰা বাহিৰলৈ ওলাই অহা ঘটনাৰ সময় ১৯৫৫ চন— যি সময়ত সম্ৰান্ত ঘৰৰ বোৱাৰী সাধাৰণ কামৰ বাবে বাহিৰলৈ ওলাই যোৱাটো তাকো যৌথ পৰিয়ালৰ মাজৰ পৰা— আছিল এটা অভাবনীয় ঘটনা। {{gap}}‘মহানগৰ’ৰ নায়িকাৰ এই ৰূপ সত্যজিত মাতৃ সুপ্ৰভা দেবীৰ জীৱনৰ লগত মিলি যায়। সত্যজিতে নিজে কৈছে— 'I remember her as working. She was a very hard worker.. She was very particular that I should be sent to a good school and eventually to a good college so that I had the best education. She herself took a job later...... সত্যজিতৰ মাতৃৰ কষ্ট, সংগ্ৰাম, দৃঢ়-বিশ্বাস আৰু আত্মমনা স্বভাৱৰ প্ৰভাবেই যে তেওঁক ‘মহানগৰ’ ছবি কৰিবলৈ উদ্বুদ্ধ কৰিছিল তাত অকণো সন্দেহ থাকিব নোৱাৰে। অকল সুপ্ৰভা দেবীয়ে নহয়, তেওঁৰ পৰিয়ালৰ আন এগৰাকী বোৱাৰী কাদম্বিনী গাংগুলী আৰু সত্যজিৎ পত্নী বিজয়া বায়ও জীৱন নিৰ্বাহৰ বাবে চাকৰিৰ আশ্ৰয় লৈছিল। নাৰীৰ এই আত্মবিশ্বাসী ৰূপে সত্যজিতৰ নাৰী চৰিত্ৰবোৰক প্ৰভাবিত কৰিছে। ‘মহানগৰ’ৰ কাহিনী নৰেন্দ্ৰ নাথ মিত্ৰৰ। সেই কাহিনীৰ মাজত নিজৰ ভাবনাৰ প্ৰতিফলন বিচাৰি পোৱা বাবেহে যে ‘মহানগৰ’ৰ প্ৰতি সত্যজিৎ আকৃষ্ট হৈছিল তাক অনুমান কৰাটো {{SIC|আকণো|অকণো}} কঠিন নহয়। {{gap}}সত্যজিৎ মাতৃৰ যি স্নেহময়ী, আৰু (Protective) প্ৰকৃতি, পুত্ৰৰ লগত বন্ধুসম সম্পৰ্ক— সেই গুণবোৰ যে অকল সৰ্বজয়াৰ মাজেৰে প্ৰকাশিত হৈছে সেয়া নহয়, ‘জন-অৰণ্য’ ছবিৰ নবৌয়েকৰ চৰিত্ৰ,
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/২৩
{{rh||১৬|}}
‘শাখা-প্ৰশাখা’ ছবিৰ মাজু বোৱাৰীয়েকৰ চৰিত্ৰ, ‘কাঞ্চনজংঘা’ ছবিৰ মাকৰ চৰিত্ৰ, ‘সীমাবদ্ধ’ ছবিৰ পত্নীৰ চৰিত্ৰ, ‘গণশত্ৰু’ ছবিৰ ডাক্তৰৰ পত্নী আৰু কন্যাৰ চৰিত্ৰ আদিৰ মাজতো প্ৰকাশ পাইছে। ‘জন-অৰণ্য’ ছবিৰ নায়কৰ নবৌয়েক আৰু ‘শাখা-প্ৰশাখা’ ছবিৰ মাজু বোৱাৰী— যিগৰাকী সৰু পুত্ৰৰ নবৌয়েক আৰু দেওৰেকৰ সম্পৰ্কৰ মাজত স্পষ্ট হৈ বন্ধুত্বৰ সম্পৰ্ক আৰু আছে নবৌয়েকে দেওৰেকৰ প্ৰতি প্ৰকাশ কৰা Protective আৰু মাতৃসম আচৰণ। সত্যজিত আৰু তেওঁৰ মাকৰ মাজত থকা সম্পৰ্কৰ মূল Spirit এনেদৰেই বিভিন্ন চৰিত্ৰৰ মাজেৰে বিভিন্ন ৰূপত প্ৰকাশিত হৈ আহিছে। {{gap}}‘সত্যজিৎ ছবি’ৰ অধিকাংশ সমালোচকে দ্বিধাহীনভাবে কয় যে অপুৰ চৰিত্ৰটি সত্যজিতৰ বাহিৰে আন কোনো নহয়। অপুৰ জীৱন, ভাৱনা, চিন্তা আৰু আচৰণ সত্যজিতৰ জীৱনৰ লগত ইমানেই মিলি যায় যে বিভূতিভূষণ সৃষ্ট এই চৰিত্ৰটি সত্যজিতৰ কেমেৰাত, অবিস্মৰণীয়ভাবে জীৱন্ত হৈ উঠিছে। শ্যাম বেনেগালৰ সৈতে হোৱা কথোপকথনত সত্যজিৎ ৰায়ে কৈছে— {{gap}}'''Shyam''' : Was there a kind of autobiographical resonance in this film (APORAJITA)? {{gap}}'''Ray''' : Well, not in 'Pather Panchali' frankly, because I know hardly anything about village. I was a city-born and city-bred person and I did not know the village at all till the age of thirty-twenty five of thirty- but in the second part the fact of Apu's adolescence and the mother being a widow- the mother and the son relationship that can have autobiographical elements in it certainly because I was in a similar situation. {{gap}}'''Benegal''' : Did you identify with APU? {{gap}}'''Ray''' : I suppose one does. One has to do, particularly when you deal with a character through three films right from the childhood to adulthood. You do identify. Otherwise the no getting under the skin of the character. {{gap}}অপুৰ মনৰ জগতখনৰ লগত সাদৃশ্য বিচাৰি পোৱা সত্যজিতে অপুৰ
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/২৪
{{rh||১৭|}}
দৈহিক অবয়বো নিজৰ অবয়বব লগত সাদৃশ্যপূৰ্ণভাবে ৰাখিবলৈ চেষ্টা কৰিছিল। সেয়ে অপুৰ চৰিত্ৰৰ বাবে অভিনেতা হিচাপে নিৰ্বাচন কৰিছিল সৌমিত্ৰ চট্টোপধ্যায়ক। কাহিনীৰ দিশৰ পৰা অপু এজন সাধাৰণ, দৈহিক ৰূপৰ বিশেষত্বহীন বাঙালী যুৱক। এই চৰিত্ৰৰ বাবে সত্যজিতে নিৰ্বাচন কৰা সৌমিত্ৰৰ দৈহিক উচ্চতা সহজে চকুত পৰা বিধৰ, সাধাৰণ বাঙালী যুৱকৰ গড় উচ্চতাতকৈ অধিক। সৌমিত্ৰৰ উজ্জ্বল চকুৰ বুদ্ধিদীপ্ত আবেদন, মুখমণ্ডলত বিৰাজ কৰা গভীৰ নিসংগতা আৰু অন্তৰ্মুখী ভাবৰ প্ৰতিফলন অপুৰ চৰিত্ৰৰ লগত যিমানখিনি মিলি যায়, তাতকৈ অধিক সাদৃশ্য প্ৰতিফলিত হয় সত্যজিতৰ নিজৰ চেহেৰাৰ লগত। {{gap}}প্ৰতিগৰাকী পৰিচালকেই যিদৰে নিজৰ মনোজগতৰ নানান অনুভূতি- অভিজ্ঞতা ছিনেমাৰ ঘটনাৰ মাজেৰে প্ৰকাশ কৰি এক মুক্তিৰ পবিতৃপ্তিৰ সন্ধান কৰে, সেই পৰিতৃপ্তি অধিক নিবিড় কৰাৰ বাবে একো একোগৰাকী অভিনেতা-অভিনেত্ৰীৰ সন্ধান কৰে যাৰ মাজেৰে পৰিচালক গৰাকীয়ে নিজকে প্ৰকাশ কৰাৰ উপযুক্ত বাহন বুলি বিবেচনা কৰে। সেয়ে বহু পৰিচালকৰ ক্ষেত্ৰত দেখা যায় যে তেওঁলোকে নিজৰ ছবিৰ মাজৰে উপস্থাপন কৰি থাকে। আকিৰা কুৰোশ্বাৱাৰ ছবিত টচিৰো মিফুনো, ইংমাৰ বাৰ্গমেনৰ ছবিত মেক্স ভন চিডো, জাঁ লুক গডাৰৰ ছবিত জাঁ- পল-বেলমেন্দো, ষ্টিভেন স্পিলবাৰ্গৰ ছবিত হেৰিচন ফ’ৰ্ড ইত্যাদি ইয়াৰ সহজ উদাহৰণ। পৰিচালক একো গৰাকীয়ে একো একোটি চৰিত্ৰৰ মাজত নিজৰ প্ৰতিফলন আৱিষ্কাৰ কৰে আৰু সেই প্ৰতিফলন প্ৰকাশ কৰিবলৈ সেই বিশেষ অভিনেতা গৰাকীক ৰূপালী পৰ্দালৈ লৈ আহে। {{gap}}সত্যজিৎ-সৌমিত্ৰৰ ক্ষেত্ৰত এই কথাটো খাটাংকৈ কৈ দিব নোৱাৰি যে সৌমিত্ৰ অভিনীত প্ৰতিটো চৰিত্ৰই সত্যজিতৰ প্ৰতিফলন। তথাপিতো সৌমিত্ৰ অভিনীত অধিকাংশ চৰিত্ৰৰ মাজতেই সত্যজিতৰ প্ৰতিফলন দেখা যায়। এই সৌমিত্ৰ প্ৰিয়তাই সত্যজিতক এবাৰ বিপদতো পেলাইছিল। ‘অভিযান’ ছবিৰ ৰুক্ষ ৰাজপুত্ৰ টেক্সি ড্ৰাইভাৰ নৰসিংহৰ ভুমিকাত সৌমিত্ৰ কোনোমতেই খাপ খোৱা নাছিল। প্ৰখ্যাত সমালোচক চিদানন্দ দাসগুপ্তৰ মতে অভিনেতা নিৰ্বাচনৰ এই ভুলৰ বাবেই ছবিখন ‘সম্পূৰ্ণ বিফল’ ৰূপে চিহ্নিত হৈছিল।

VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/২৫
{{rh||১৮|}}
{{gap}}সৌমিত্ৰক যে সত্যজিতে ‘অল্টাৰ ইগো’ৰ ৰূপত কল্পনা কৰি ভাল পাইছিল তাৰ প্ৰমাণ পোৱা যায় তেওঁৰ ৰহস্য উপন্যাসখনিৰ মাজত। এই ৰহস্য কাহিনীলানিৰ মূল চৰিত্ৰ ডিটিকটিভ ফেলুদাৰ আচৰণ, কৌতুহল আৰু জ্ঞান-তৃষ্ণাৰ মাজত দেখা যায় সত্যজিতৰ প্ৰতিফলন। শৈশৱ আক যৌবনত সত্যজিতে ভাৰতৰ বিভিন্ন স্থানত কৰা ভ্ৰমণৰ অভিজ্ঞতা আৰু ভ্ৰমণৰ প্ৰতি থকা আকৰ্ষণ ফেলুদা কাহিনীবোৰত প্ৰকাশিত হৈছে। প্ৰায় প্ৰতিখন উপন্যাসতেই থাকে ফেলুদাৰ ভ্ৰমণৰ পৰিকল্পনা আৰু শেষত ৰহস্য অনুসন্ধানৰ কামতেই তেওঁ বিভিন্ন স্থানত ভ্ৰমি ফুৰিবলগীয়া হয়। ফেলুদাৰ ৰহস্য কাহিনীবোৰত ভ্ৰমণে এটি গুৰুত্বপূৰ্ণ অংশ অধিকাৰ কৰে আৰু বহু ক্ষেত্ৰত মূল কাহিনীৰ সৈতে বিশেষ সম্পৰ্ক নথকা সত্বেও ভ্ৰমণৰ খুটি-নাটিয়ে উপন্যাসৰ কলেবৰ বৃদ্ধি কৰে। অকল ভ্ৰমণেই নহয়, ফেলুদাৰ কাহিনীৰ মাজেৰে প্ৰকাশিত হয় পুনৰ্জন্ম, ই. এচ. পি, অতিন্দ্ৰীয়বাদ আদিৰ দৰে অলেখ কৌতুহল উদ্দীপক বিষয়। এনে বিষয়ৰ প্ৰতি গভীৰ আগ্ৰহ প্ৰকাশ কৰা সত্যজিতে কৈছে— {{gap}}I don't disbelieve in things like spiritualism, or seance or planchette or extrasensory perception.... I have been reading a great deal about dreams, about memories, about ESP, and rebirth and memories of previous birth and all that I can't bush it all aside (S. R. in Sight and Sound, summer '70). {{gap}}এই অধ্যয়ন অভিজ্ঞতাবোৰ, প্ৰকাশৰ বাবে সত্যজিতে ছবিৰ আশ্ৰয় নলৈ কলমৰ আশ্ৰয় লৈছে, এই কথাবোৰ প্ৰায়েই প্ৰকাশ কৰা হৈছে ফেলুদাৰ মুখেৰে। আচলতে, ফেলুদাৰ ৰূপতে সত্যজিতে নিজকে প্ৰকাশ কৰিছে। (পিচত অৱশ্যে সত্যজিতে ফেলুদাৰ কাহিনীৰে দুখন ছবি নিৰ্মাণ কৰিছিল)। {{gap}}ফেলুদাৰ কাহিনীবোৰ ছপা আখৰত প্ৰকাশ কৰোতে তাৰ লগত সংযোজিত ব্যাখ্যাচিত্ৰবোৰত ফেলুদাৰ যি ছবি অংকন কৰা হৈছিল তাৰ লগত সৌমিত্ৰৰ সাদৃশ্য বিচাৰি পোৱা যায়। চলচ্চিত্ৰত ফেলুদাৰ চৰিত্ৰ ৰূপায়িত কৰিবলৈ অনিবাৰ্যভাৱে আহ্বান কৰা হৈছিল সৌমিত্ৰক। ফেলুদাৰ চেহেৰাৰ লগত নিজৰ চেহেৰাৰ সাদৃশ্য থকাৰ বিষয়ে সত্যজিতে কৈছে—

VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/২৬
{{rh||১৯|}}
{{gap}}I am sure there is a lot of me in him, but I can't tell you to what extent. সত্যজিতৰ নিজৰ লগত ফেলুদাৰ সাদৃশ্য, ফেলুদাৰ লগত সৌমিত্ৰৰ সাদৃশ্য, সৌমিত্ৰৰ লগত সত্যজিতৰ সদৃশ্য— এই বৃত্তিয় সম্পৰ্কৰ পৰা সহজেই প্ৰতীয়মান হয় যে সত্যজিতে নিজকে প্ৰকাশ কৰাৰ বাবে সৌমিত্ৰকে নিৰ্বাচন কৰিছিল অথবা সৌমিত্ৰৰ মাজৰেই সত্যজিতে পৰ্দাত আবয়বিক ৰূপত আত্মপ্ৰকাশ কৰিছিল। {{gap}}কলাগত দিশৰ সীমিত সাফল্যৰ বাবে ‘নায়ক’ ছবিখন প্ৰায়েই আলোচনাৰ বাহিৰত ৰৈ যায়। সংলাপ প্ৰধান এই ছবিখনত Ray's magic, the simple poetry of his images and their emotional impact (Martin Scorses) বিচাৰি পোৱা নাযায়। অথচ এই ছবিখনে বিশেষ তাৎপৰ্য বহন কৰে চিত্ৰনিৰ্মাতা সত্যজিৎ ৰায়ৰ শৈল্পিক জীৱনৰ চিন্তা-ভাৱনা-আশা-আকাংক্ষা-হতাশা-ক্ষোভ আদিৰ প্ৰকাশ হিচাবে। চলচিত্ৰ জগতখন পৰ্দাৰ ওপৰত আৰু ভিতৰৰ মানুবোৰৰ প্ৰতি, তেওঁলোকৰ কাম- কাজৰ প্ৰতি সত্যজিতৰ কি ধাৰণা তাক {{SIC|প্ৰকশ|প্ৰকাশ}} কৰাৰ বাবেই যেন এই ছবিখন নিৰ্মাণ কৰিছিল। {{gap}}‘{{SIC|নয়ক|নায়ক}}’ ছবিৰ মূল চৰিত্ৰ বা নায়ক অৰিন্দম মূলতঃ ব্যৱসায়িক ছবিৰ লগত জড়িত। গতিকে স্বাভাৱিকভাৱেই ছবিৰ ব্যৱসায়িক জগতৰ বিভিন্ন দিশে আহি ‘নায়ক’ত ভিৰ কৰিছেহি। ছবিজগতত সত্যজিৎ ৰায়ৰ অৱস্থান বিপৰীত মেৰুত হ’লে ‘নায়ক’ ছবিখনৰ ক’তোৱেই তেওঁ ব্যৱসায়িক ছবি জগতক ব্যঙ্গ কৰা নাই, সমালোচনা কৰা নাই অথবা ক্ষুদ্ৰ ৰূপতো প্ৰদৰ্শন কৰা নাই। মাথোন বাহিৰৰ যিবোৰ অনুঘটকে আহি ব্যৱসায়িক ছবি জগতৰ ভিতৰখন কলুষিত কৰি পেলাইছে সেইবোৰৰ প্ৰতিহে তেওঁ নিৰ্মম দৃষ্টি নিক্ষেপ কৰিছে। {{gap}}ব্যৱসায়িক আৰু জনপ্ৰিয় ছবিৰ প্ৰতি সত্যজিতে কেতিয়াও বিৰোধ মনোভাৱ প্ৰকাশ কৰা নাই। তেওঁ নিজে দৰ্শকৰ মনোৰঞ্জন কৰি অৰ্থাগম সহজ কৰিব পৰা ছবিৰ পৃষ্ঠপোষকতা কৰি আহিছে, সেই আদৰ্শৰে নিজেও ছবি নিৰ্মাণ কৰিছে। কিন্তু ছবিক শিল্পৰ পৰা পণ্যবস্তুৰ সামগ্ৰীলৈ ৰূপান্তৰিত কৰাৰ মানসিকতাৰ বিৰুদ্ধাচৰণ কৰাৰ বাবে, জনপ্ৰিয় ছবিৰ নিৰ্মাতা-কুশীলৱসকলক অইন সুবিধাভোগী মানুহে ব্যৱহাৰ কৰাৰ বিৰুদ্ধে
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/২৭
{{rh||২০|}}
আৰু ছবিৰ যোগেৰে জনপ্ৰিয় হোৱা লোকে জনপ্ৰিয়তাৰ কিমান মূল্য আদায় দিবলগীয়া হয় তাকে কোৱাৰ বাবে সত্যজিতে ‘নায়ক’ ছবিখন নিৰ্মাণ কৰিছিল। {{gap}}জনপ্ৰিয় শিল্প বা শিল্পীৰ প্ৰতি তথাকথিত ‘এলিট’ শিল্পৰসিক আৰু বুদ্ধিজীৱীসকলৰ দৃষ্টি সদায়ে উন্মাষিক। তীক্ষ ব্যঙ্গৰে সত্যজিতে এই কথা প্ৰকাশ কৰিছে এনেদৰে— ট্ৰেইনৰ ডাইনিং কাৰত নায়ক অৰিন্দমক দেখা পায় নাৰীবাদী আলোচনীৰ সম্পাদিকাই। আলোচনী বা নিজৰ পেছাৰ স্বাৰ্থত সম্পাদিকাই নায়কক লগ পোৱাৰ সুবিধা গ্ৰহন কৰিব বিচাৰে। কথা আৰম্ভ কৰাৰ বাবে তেওঁ চেলুলয় অটোগ্ৰাফ বিচৰা তেওঁ নিজৰ বাবে অটোগ্ৰাফ বিচৰাটো যেন সন্মান হানিকৰ কাম হ’ব— সেয়ে তেওঁ সেই অটোগ্ৰাফটো ভাগীনিয়েকৰ বাবে লাগে বুলি ক’বলৈকো নাপাহৰে! {{gap}}পথেৰ পাচালী নিৰ্মাণৰ সময়ত ভালেকেইজন প্ৰবীন পৰিচালকে সত্যজিতক বাধা দিয়াৰ চেষ্টা চলাইছিল; ষ্টুডিঅ’ত অন্তৰ্দৃশ্য গ্ৰহণ কৰি থাকোতে তেওঁৰ কৰ্ম পদ্ধতিক লৈ বহু প্ৰবীণ পৰিচালকে তেওঁক ঠাট্টা মস্কৰাও কৰিছিল। এই ঘটনা নায়ক ছবিত প্ৰকাশ পাইছে এনেদৰে- এক প্ৰবীণ অভিনেতাই নবীন অভিনেতা গৰাকীক (নায়কক) অভিনয়ৰ ভুল ধৰি ‘ঘৰ ভৰ্তি’ মানুহৰ সন্মুখত ঠাট্টা-মস্কৰা কৰে। ভদ্ৰলোক প্ৰবীণ অভিনেতা, সেয়ে নায়কে তেওঁক মানুহৰ সন্মুখত একো নক’লে। পিচত এই ঘটনাৰ ৰোমন্থন কৰি নায়কে কয়- ‘ভদ্ৰলোক বয়সত প্ৰবীণ সেইবাবে মই একো নক’লো। কিন্তু জানো যে তেওৰ অভিনয়ৰ ধাৰাটো পুৰণি, আজি অচল।’ উত্তেজিত হৈ পৰা নায়কে টেবিলত চাপৰ মাৰি কৈ উঠে— I'll go to the top... to the top...to the top, নায়কৰ এই প্ৰতিক্ৰিয়া যে সত্যজিতে ‘পথেৰ পাচালী’ৰ সময়ত লাভ কৰা ঠাট্টা-মস্কৰাৰ প্ৰতিক্ৰিয়া সেই কথা বুজাত অকণো কষ্ট নহয়। {{gap}}সত্যজিতৰ কিছু বন্ধু আছিল বামপন্থী ৰাজনীতিৰ লগত জড়িত। তাৰে কেইজনমানে আহি সত্যজিতক অনুৰোধ কৰিছিল শ্ৰমিকৰ জীৱনক লৈ ছৱি এখন নিৰ্মাণ কৰাৰ বাবে। শ্ৰমিকৰ জীৱনৰ বিষয়ে পৰ্যাপ্ত জ্ঞান নথকাৰ বাবেই সেই ছবি নিৰ্মাণৰ অনুৰোধ সত্যজিতে ৰক্ষা কৰিব
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/২৮
{{rh||২১|}}
নোৱাৰিলে। বহুদিন মনৰ মাজত এই ঘটনাই খুন্দিয়াই থকাৰ পিচত ইয়াৰ বহিৰ্প্ৰকাশ ঘটিল ‘নায়ক’ ছবিৰ মাজত। এটি দৃশ্যত নায়ক এঠাইৰ পৰা আহি আছে, অতিক্ৰম কৰিছে কাৰখানা এটা- কাৰখানাৰ শ্ৰমিকবোৰে ধৰ্মঘট কৰি আছে- নায়কক দেখা পালে শ্ৰমিক নেতা এজনে যিজন নায়কৰ পুৰণি বন্ধু। তেওঁ আহি নায়কৰ ওচৰ পালে আৰু ধৰ্মঘটকাৰী শ্ৰমিকসকলৰ ওচৰত এবাৰ থিয় হ’বলৈ নায়কক অনুৰোধ কৰিলে। নিজৰ সামাজিক স্থিতি, চলচ্চিত্ৰ যোগে লাভ কৰা গ্লেমাৰৰ দেহত আঘাত লগাৰ ভয় আদিয়ে নায়কক বাধা দিলে বন্ধুৰ অনুৰোধ ৰক্ষা কৰিব নোৱাৰা যন্ত্ৰণাত নায়কৰ এই প্ৰত্যাক্ষান দৃশ্যৰ মাজত বাহ্যিক সাদৃশ্য নাই, কিন্তু মানসিক যন্ত্ৰণাৰ সাদৃশ্য আছে। আপাতদৃষ্টিত নায়কৰ চৰিত্ৰৰ এটি সূক্ষ্ম অংশ প্ৰকাশ কৰাৰ বাবে ব্যৱহৃত এই দৃশ্যটি সত্যজিতৰ অনুভূতিৰ দিশৰ পৰা চালে যথেষ্ট গুৰুত্বপূৰ্ণ। {{gap}}‘নায়ক’ ছবিত এনেকুৱা অলেখ দৃশ্য-সংলাপ আছে, যিবোৰ চলচ্ছিত্ৰ নিৰ্মাতা সত্যজিত ৰায়ৰ নানান অভিজ্ঞতা প্ৰতিফলিত কৰে। আত্মজৈৱনিক এই ঘটনাবোৰে সত্যজিতক ইমানেই আচ্ছন্ন কৰি ৰাখিছিল যে এনেকুৱা অলেখ দৃশ্যই ছবিখনৰ মূল বক্তব্যক বিশেষ সহায় নকৰাত ছবিখনৰ গাঁঠনি শিথিল হ’বলৈ বাধ্য হৈ পৰিছিল। সেয়ে শিল্পৰ দিশৰ পৰা এই ছবিখন সত্যজিতৰ আন বহু ছবিৰ সমান স্তৰলৈ উন্নীত নহ’ল। শিল্পৰ দিশৰ সলনি সত্যজিতৰ জীৱন আৰু ব্যক্তব্যৰ দিশৰ পৰা চালে এই ছবিখনে সত্যজিতক আগ্ৰহীসকলৰ অভিজ্ঞতা আৰু অনুভবৰ নতুন দুৱাৰ উন্মোচিত কৰিব। {{gap}}শৈশবৰ দিনবোৰ মানুহৰ জীৱনলৈ বাৰে বাৰে উভতি আহে। আচলতে শৈশৱ নাহে, আহে শৈশৱব সেইবোৰ স্মৃতি — যিবোৰ খোদিত হৈ ৰৈ যায় মনৰ মণিকোঠাত। উভতি আহে আৰু প্ৰতিফলিত হয় জীৱন আৰু শিল্পৰ মাজত। {{gap}}সত্যজিতৰ শৈশৱৰ দিনবোৰ অতিবাহিত হৈছিল গড়পাৰ ৰোডৰ সেই ঘৰটিৰ তিনি মহলাৰ চাদত— য’ত তেওঁ আনন্দ মনেৰে {{SIC|উভভোগ|উপভোগ}} কৰিছিল চিলা উৰোৱা দৃশ্য। প্ৰৌঢ় সত্যজিতে নিৰ্মাণ কৰা ‘সতৰঞ্জ কা খিলাড়ী’ত লক্ষ্ণৌ চহৰৰ আনন্দ-উচ্ছল মুড প্ৰকাশ কৰাৰ বাবে বিচাৰি
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/২৯
{{rh||২২|}}
{{gap}}গড়পাৰ ৰোডৰ সেই ঘৰটোত আছিল উপেন্দ্ৰ কিশোৰ ৰায়চৌধুৰীৰ বিখ্যাত প্ৰেছটা— য’ত শিশু সত্যজিতে অতিবাহিত কৰিছিল অলেখ আবেলি। "I think the most vivid memory is of the printing press and block making department. because I used to spend my afternoons there..... the department of the compositors and I would just walk in ... and there was a process camera which used to fascinate me a great deal..." {{gap}}অপৰাজিত ছবিত অপূক প্ৰেছত কাম কৰা দেখুৱাবলৈ সত্যজিতে প্ৰেছৰ অলেখ উপাদানৰ পৰা বিচাৰি উলিয়াইছিল অপুই ট্ৰেডেল মেচিনত কাম কৰি থকা দৃশ্য। {{gap}}সত্যজিতে পুনৰ কৈছে— '.....and the smell of turpentine which I had forgotten, but I smell it again when I went to a press. When I was in advertising and, immediately all the memories of Garpar came rusting back. লগে লগে মনলৈ ‘চাৰুলতা’ ছবিৰ ভূপতিৰ সেই সংলাপটি— ‘মোৰ খুব প্ৰিয় এটি গোন্ধ! ছপাশালৰ চিয়াহীৰ গোন্ধ! (ইংৰাজীৰ পৰা অনুদিত)। {{gap}}শৈশৱত সত্যজিতে মাকৰ লগত ফুৰিবলৈ গৈছিল.......we used to spend holidays...very exicting holidays in hill-stations in Bihar, and we spent long holidays in Darjilling and the first sight of Kunchanjangha was really just unforgetable.....' এই স্মৃতিয়েই সত্যজিতক দাৰ্জিলিঙৰ বুকুলৈ টানি নিছিল ‘{{SIC|কাঞ্চলজংঘা|কাঞ্চনজংঘা}}’ ছবি নিৰ্মাণৰ বাবে। ছবিৰ শেষৰ কাঞ্চনজংঘা শ্বটটি সম্পূৰ্ণ মিলি যায় সত্যজিতে কৈশৰতে দেখা সেই কাঞ্চনজংঘাৰ লগত– 'There were the snows, red pink, with the sunlight, with the snow catching the sunlight'. {{gap}}ফেলুদা চৰিত্ৰটোত— যিটোক আমি সত্যজিতৰ Model role বুলি ক’ব পাৰে, সেই ফেলুদা সক্ষম- সমৰ্থ যুৱক হ’লেও তেওঁ নাৰীৰ লগত ক’তো সামান্যতমো ঘনিষ্ঠতা প্ৰকাশ কৰা নাই। এজন স্বাভাৱিক যুৱকৰ ক্ষেত্ৰতো এই কথা সম্ভৱনে? সম্পূৰ্ণ বাস্তববাদী শিল্পী হৈয়ো
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৩০
{{rh||২৩|}}
সত্যজিতে বাস্তবতাৰ এই দিশটো কৌশলগতভাবে এৰাই চলাৰ কাৰণ কি? নে তেওঁৰ মডেল ৰোলত নাৰীৰ স্থান নাই? {{gap}}আনহাতে, সত্যজিতৰ ছবিত প্ৰেমৰ কোনো স্মৰণীয় দৃশ্য নাই। বিবাহোত্তৰ জীৱনত স্বামী-স্ত্ৰীৰ মাজৰ সুন্দৰ প্ৰেমময় সম্পৰ্কৰ স্মৰণীয় দৃশ্য সত্যজিতে তীব্ৰ সংবেদনশীল ৰূপত অংকন কৰিছে যদিও প্ৰাক্‌- বৈবাহিক প্ৰেমৰ দৃশ্য সত্যজিতে যেন এৰাই যাব বিচাৰে। ‘জন-অৰণ্য’, ‘কাঞ্চনজংঘা’ আদি ছবিত প্ৰেমৰ দৃশ্য আছে যদিও সেইবোৰৰ কোনো ইতিবাচক পৰিণতি দেখিবলৈ পোৱা নাযায়। {{gap}}{{SIC|ব্যক্তিগক|ব্যক্তিগত}} জীৱনত সত্যজিত ৰায় প্ৰেমত পৰিছিল নিজৰ পৰিয়ালৰ সম্পৰ্কৰে ছোৱালীৰ লগত যিগৰাকী বয়সত আছিল তেওঁতকৈ ডাঙৰ। বিবাহেৰে এই সম্পৰ্ক স্থায়ী কৰিবলৈ যাওঁতে সত্যজিতে যথেষ্ট বাধা অতিক্ৰম কৰিবলগীয়া হৈছিল। ব্যক্তিগত জীৱনত ইমান সাহসৰ পৰিচয় দিয়া সত্যজিতে কিয় ছবিত প্ৰেমৰ দৃশ্য অংকন কৰোতে সাহসৰ পৰিচয় দিব পৰা নাই! নে তেওঁ ব্যক্তিগত জীৱনত লাভ কৰা বাধাৰ স্মৃতিয়ে তেওঁক ইয়াৰ পৰা বিৰত ৰাখিছে? {{gap}}আনপিনে কিয় বিবাহোত্তৰ জীৱনৰ নিষিদ্ধ প্ৰেমৰ ঘটনাই সত্যজিতৰ কেইবাখনো ছবিত গুৰুত্বপূৰ্ণ স্থান গ্ৰহণ কৰিছে। ‘পিকু’, ‘চাৰুলতা’, ‘শাখা-প্ৰশাখা’, ‘ঘৰে-বাইৰে’ ইয়াৰ উদাহৰণ। এই দৃশ্যবোৰত কিন্তু সত্যজিত ৰায় উদাৰ, সাহসী আৰু তেওঁ নৈতিকতাৰ দৃষ্টিৰে এই ঘটনাবোৰ বিচাৰ কৰা নাই। বৰং এটি সহানুভূতিৰ ভাবেহে এই দৃশ্যবোৰ আৱৰি ৰাখিছে। {{gap}}প্ৰশ্ন হয়, সত্যজিতৰ এনেকুৱা কিবা বিবাহোত্তৰ সম্পৰ্ক আছিল নেকি, যিবোৰক তেওঁ বাস্তৱত প্ৰকাশ কৰিব নোৱাৰি ছবিৰ যোগেৰে প্ৰকাশ কৰিব {{SIC|বিছাৰিছল|বিছাৰিছিল}}? ‘চাৰুলতা’ৰ অভিনেত্ৰী মাধবীয়ে এটি বিস্ফোৰক সাক্ষাৎকাৰত প্ৰকাশ কৰিছিল যে সত্যজিতৰ লগত তেওঁৰ প্ৰেমৰ সম্পৰ্ক আছিল। মাধবী মুখাৰ্জীৰ এই দাবীৰ সমৰ্থনত একো তথ্য প্ৰকাশ পোৱা নাই। যদিহে মাধবীৰ কথা সত্য হয়, তেতিয়া হ’লে সত্যজিৎ ছবিৰ বিবাহোত্তৰ প্ৰেমৰ দৃশ্যৰ বিষয়ে আমি কৰা প্ৰশ্নৰ উত্তৰ বিচাৰি পোৱা যাব।

VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৩১
{{gap}}শিল্প সৃষ্টিৰ ক্ষেত্ৰত শিল্পক সদায়েই মনৰ দুটা দিশে প্ৰভাৱিত কৰে। এটি ব্যক্তিগত জীৱনৰ ঘটনাৰ প্ৰতিক্ৰিয়া আৰু দ্বিতীয়তে জীৱনৰ অপূৰ্ণ আকাংক্ষাৰ কল্পিত ৰূপ। সত্যজিতৰ ছবিবোৰত ব্যক্তি সত্যজিতৰ এই দুয়োটা ৰূপেই প্ৰকাশিত হৈছে। {{dhr|2em}} {{gap}}'''লেখকৰ টোকা:'''  {{gap}}ক. এই প্ৰবন্ধটিৰ পৰিকল্পনা কৰি দিছিল ‘একত্ৰিছ জুন’ ছবিৰ পৰিচালক ভাস্কৰ বৰাই। অকল পৰিকল্পনা কৰি দিয়াই নহয়, সত্যজিতৰ কেইবাখনো ছবিৰ ভিডিঅ’ কেছেট, ভিচিপি আৰু কেইবাখনো কিতাপ তেখেতে সংগ্ৰহ কৰি দিছিল। এই সহায়ৰ অবিহনে এই প্ৰবন্ধ ৰচনা হৈ নুঠিলহেঁতেন। {{gap}}খ. প্ৰবন্ধটোত ব্যৱহাৰ কৰা উদ্ধৃতিবোৰ তলৰ উৎসসমূহৰ পৰা লোৱা হৈছে। {{gap}}১. Andrew Robinson Satyajit Ray- The Inner Eye গ্ৰন্থ। {{gap}}২. Sight & Sound পত্ৰিকাৰ Summer '70 সংখ্যা। {{gap}}৩. শ্যাম বেনেগালে নিৰ্মাণ কৰা Satyajit Ray নামৰ সাক্ষাতকাৰ ভিত্তিক তথ্যচিত্ৰ আৰু কিতাপ আকাৰে প্ৰকাশ পোৱা চিত্ৰনাট্যখন। {{gap}}৪. Satyajit at seventy {{dhr}}
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৩২
{{c|{{x-larger|'''অসমীয়া চলচ্চিত্ৰৰ কেইগৰাকীমান
পৰিচালক'''}}}} {{dhr}} {{gap}}এগৰাকী চিত্ৰ পৰিচালকৰ কাম কি? কাহিনীকাৰে কাহিনী ৰচনা কৰে, চিত্ৰনাট্যকাৰে চিত্ৰনাট্য, সংলাপ ৰচোঁতাই সংলাপ লিখে, অভিনেতা-অভিনেত্ৰীয়ে অঙ্গি-ভঙ্গি সহকাৰে লিখিত বচন মাতে, চিত্ৰগ্ৰহণকাৰীয়ে তাকে ছেলুলয়ডত তুলি থয়। তেনেদৰে বিভিন্ন বিভাগৰ বিভিন্নলোকে নিজৰ নিজৰ কাম সম্পূৰ্ণ হয় চিনেমা এখন নিৰ্মাণ কৰে। ইয়াৰ মাজত পৰিচালকৰ কৰিবলগীয়া কাম কি থাকে? {{gap}}প্ৰশ্নটোৰ উত্তৰ দ্বি-বিভক্ত। প্ৰথম— চিত্ৰনিৰ্মাণৰ বিভিন্ন শাখাৰ বিভিন্ন কামবোৰক একেটা পথেৰে পৰিচালিত কৰি নিৰ্ধাৰিত লক্ষ্য স্পৰ্শ কৰোৱাটো পৰিচালকৰ কাম। লক্ষ্য আৰু পথৰ নিৰ্বাচন আৰু পথ নিৰ্দেশনা- এয়ে পৰিচালকৰ কাম। ছবি এখনৰ নিৰ্মাণৰ সৰু-বৰ সকলো কামৰ লগত জড়িত প্ৰতিজনৰ পৰা কাম আদায় কৰি একত্ৰীকৰণ কৰাটো পৰিচালকৰ কাম। এই দ্বায়িত্বৰ বাবেই ছবিৰ পৰিচালক এগৰাকীক সাগৰৰ বুকুৰ জাহাজ এখনৰ কেপ্টেইন লগত তুলনা কৰা হয়; আৰু কোৱা হয়, “A director is a dictator.” {{gap}}পৰিচালকৰ দ্বিতীয় কাম হ’ল— ছবি এখনৰ শিল্পৰূপ নিৰ্ধাৰণ কৰা। পৰিচালকৰ বাহিৰে, ছবি এখনৰ লগত জড়িত আটাইবোৰ শিল্পীয়েই কাৰিকৰী শিল্পী। ছবি এখনৰ মাজেৰে প্ৰকাশ পাবলগীয়া দৰ্শন, সামাজিক দায়বদ্ধতা, মানৱ আচৰণৰ বিভিন্ন ৰূপ- এইবোৰক শিল্পৰূপেৰে মণ্ডিত কৰা দায়িত্ব পৰিচালকৰ। আনৰ কাহিনী-চিত্ৰনাট্য হ’লেও ছবি এখন নিৰ্মাণৰ পিচত বক্তব্যক সদায়েই পৰিচালকৰ বক্তব্য হিচাপেই গণ্য কৰা হয়। ছবি এখনৰ সফলতাৰ কৃতিত্ব বা বিফলতাৰ বিষাদ এই সকলো দায়িত্ব পৰিচালকেই বহন কৰিব লাগে। {{gap}}পৰিচালকগৰাকী অকল ইউনিট বা চিত্ৰনাট্যখনৰ পথ প্ৰদৰ্শকেই নহয়, তেওঁ দৰ্শকৰো পথ নিৰ্দেশক। পুডভ্‌কিনে ‘মন্টাজ’ক ‘দৰ্শকৰ দাৰ্শনিক
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৩৩
{{rh||২৬|}}
পথ নিৰ্দেশক’ হিচাপে দিয়া ব্যাখ্যা চলচ্চিত্ৰ পৰিচালক গৰাকীৰ ক্ষেত্ৰতো প্ৰযোজ্য। পৰিচালকে যেনেদৰে নিজৰ ইউনিটক লক্ষ্যৰ পিনে আগবঢ়াই নিয়ে তেনেদৰে দৰ্শককো তেওঁ ছবিখনৰ মাজেৰে পথ-নিৰ্দেশ কৰি লৈ যায় যাতে দৰ্শকে তেওঁৰ লক্ষ্যত উপনীত হ’ব পাৰেগৈ। অন্যথাই দৰ্শক নিজৰ পথেৰেই আগবাঢ়িব আৰু শেষত য’ত উপনীত হ’ব সেয়া চিত্ৰ-নিৰ্মাতা গৰাকীৰ ইস্পিত লক্ষ্য বিন্দু নহ’বও পাৰে। ছবি নিৰ্মাণৰ কাৰিকৰী লোকসকলক নিজৰ পথেৰে আগবঢ়াই নিয়াৰ বাবে, কাৰিকৰী লোকসকলৰ লগত মানসিক সম্পৰ্ক স্থাপন কৰাৰ প্ৰয়োজনত, পৰিচালক গৰাকী যেনেদৰে কাৰিকৰী জ্ঞানেৰে জ্ঞানী হ’ব লাগিব, তেনেদৰে দৰ্শকক পথ নিৰ্দেশ কৰাৰ বাবে পৰিচালকৰ আয়ত্তত থাকিব লাগিব নিজৰ ইস্পিত লক্ষ্যৰ স্পষ্ট ধাৰণা আৰু দৰ্শকৰ সামাজিক, অৰ্থনৈতিক আৰু মানসিক অৱস্থানৰ সঠিক মানচিত্ৰ।১ {{gap}}এই দিশবোৰ বিবেচনা কৰি চালে দেখা যায় যে অসমৰ অধিকাংশ চিত্ৰ-পৰিচালকেই এই চৰ্তবোৰ ভালদৰে পালন কৰিব পৰা নাই। কোনাবাজনে যদি ছবিৰ মূল বক্তব্য প্ৰকাশত কিছুদূৰ আগবাঢ়িব পাৰিছে, তেওঁ হয়তো নিৰ্মাণ কৌশলৰ দিশৰ পৰা পিচ পৰি আছে। অথবা ইয়াৰ বিপৰীতটোও হোৱা দেখা গৈছে। {{gap}}বক্তব্যৰ দিশত পিচ পৰি থকা মূল কাৰণটো হ’ল জীৱন আৰু জীৱন দৰ্শন সম্পৰ্কে পৰিচালকৰ স্পষ্ট ধাৰণাৰ অভাৱ, অনুভূতিৰ তীব্ৰতাহীনতা, সামাজিক দ্বন্দ্ব আৰু সমস্যাৰ বিষয়ে সজাগতা অভাৱ আৰু শিল্পৰ উদ্দেশ্য, শক্তি আৰু মহত্ত্বৰ বিষয়ে অজ্ঞতা বা এই দিশৰ পিনে আওকাণ কৰা মনোভাৱ। সাহিত্য আৰু অন্য শিল্প-মাধ্যমবোৰৰ লগত দীৰ্ঘদিনৰ আত্মিক সম্পৰ্ক নাথাকিলে এইবোৰ ধাৰণাই ব্যাপ্তি লাভ কৰিব নোৱাৰে।২ {{gap}}নিৰ্মাণ কৌশলৰ দিশত পিচ পৰি থকাৰ কাৰণ ভালেমান। কেমেৰাৰ শক্তিৰ বিষয়ে থাকিবলগীয়া জ্ঞানৰ অভাৱ, অন্য যান্ত্ৰিক অহিলাবোৰৰ উপযুক্ত প্ৰয়োগ আৰু তাৰ পুনৰ প্ৰয়োগৰ জ্ঞানৰ অভাৱ, সম্পাদনাৰ দ্বিমাত্ৰিক সম্ভাৱনীয়তা আবিষ্কাৰৰ প্ৰতি উদাসীনতা- এইবোৰ হ’ল প্ৰধান কাৰণ। চলচ্চিত্ৰ নিৰ্মাণৰ বাবে প্ৰয়োজন হয় নাটক, গদ্য-সাহিত্য,
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৩৪
{{rh||২৭|}}
নৃত্য, অভিনয়, আলোকসম্পাত, স্থিৰচিত্ৰ আদিৰ সূক্ষ্ম জ্ঞান। ইয়াৰ অভাব সহজেই চিত্ৰ নিৰ্মাণত প্ৰতিফলিত হয়। অসমীয়া ছবি একোখনৰ নিৰ্মাণ বাজেট নিৰ্ধাৰণ কৰা হয় অতি কম পৰিসৰৰ মাজত। এই তাকৰীয়া বাজেটো কাৰিকৰী নৈপুণ্য প্ৰকাশৰ এটি অন্তৰায় বুলি বহুতে ধাৰণ কৰে।৩ {{gap}}সীমাবদ্ধতা থাকিলেও অসমীয়া ছবিৰ জগতখন স্পন্দিত কৰি ৰখাত সহায় কৰি আহিছে কেইগৰাকীমান চিত্ৰ-পৰিচালকে। এই তালিকাৰ প্ৰথমটো নাম ড॰ ভবেন্দ্ৰ নাথ শইকীয়া। {{gap}}নাটক ৰচনা, লগতে পৰিচালনা আৰু গদ্য-সাহিত্য ৰচনাত ড॰ শইকীয়াই আত্মপ্ৰকাশ কৰিছিল প্ৰায় একে সময়তে আৰু নিৰৱচ্ছিন্নভাৱে এই দুয়োটাৰে সাধনা অব্যাহত ৰখিছে। এই কাৰ্যই পৰিচালক ড॰ শইকীয়াক কেনেদৰে সহায় কৰিছে তাক আলেচনাৰ আগতে প্ৰথমেই চকু ফুৰাই লওঁ অসমৰ চলচ্চিত্ৰ উদ্যোগলৈ তেওঁ আগবঢ়োৱা অৱদানখিনিত। {{gap}}অসমীয়া ছবিক অসমৰ বাহিৰলে লৈ যোৱা, ৰাষ্ট্ৰীয় পুৰস্কাৰ, দূৰদৰ্শন যোগে প্ৰিমিয়াৰ, ইণ্ডিয়ান পেনোৰামাত অংশগ্ৰহণ, বিদেশৰ চলচ্চিত্ৰ মহোৎসৱ ইত্যাদি ধাৰণাবোৰ ড॰ শইকীয়াৰ ছবিৰ লগে লগেই অসমত পৰিচিত হৈ পৰে। অসমৰ বাহিৰতো যে অসমীয়া ছবিৰ বজাৰ এখন থাকিব পাৰে, বা বজাৰ এখন সৃষ্টি কৰি ল’ব পাৰি, সেই সম্ভাৱনাৰ দুৱাৰ ড॰ শইকীয়াই মুকলি কৰি দিয়ে। ফলস্বৰূপে অসমীয়া ছবি-উদ্যোগৰ সংকটৰ কালতো ড॰ শইকীয়াই নিয়মিতভাৱে ছবি নিৰ্মাণ কৰি গৈছে। ড॰ শইকীয়াই এতিয়ালৈকে পৰিচালনা কৰা ছবি কেইখন হ’ল ''সন্ধ্যাৰাগ'', ''অনিৰ্বাণ'', ''অগ্নিস্নান'', ''কোলাহল'', ''সাৰথি'', ''আৰু আৱৰ্ত্তন'' (এতিয়াও মুক্তি লাভ নকৰা বাবে আৱৰ্ত্তনক এই আলোচনাৰ বাহিৰত বখা হ’ল); আৰু আছে দূৰদৰ্শনৰ বাবে নিৰ্মাণ কৰা হিন্দী ছবি ''দৰ্পহৰণ'' আৰু ‘ক্ষুদ্ৰ সঞ্চয় বিভাগ’ৰ বাবে নিৰ্মাণ কৰা এখন প্ৰচাৰমূলক চুটিছবি। {{gap}}ড॰ শইকীয়াৰ ছবি মূলতঃ কাহিনীপ্ৰধান আৰু বৰ্ণনাত্মক। ''সন্ধ্যাৰাগ''ৰ পৰা ''সাৰথি''লৈকে এই পাঁচোখন ছবিতেই ড॰ শইকীয়াই ছবিৰ
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৩৫
{{rh||২৮|}}
কাহিনীসমূহ লৈছে নিজৰ সুলিখিত বিভিন্ন গল্প আৰু উপন্যাসৰ পৰা আৰু প্ৰতিবাৰেই বেলেগ বেলেগ বক্তব্য তেখেতে চিত্ৰায়িত কৰিছে। ''সন্ধ্যাৰাগ''ত ক্ষুধাজৰ্জৰ নায়িকাই আত্মসমৰ্পণ কৰিছে বীৰ্যহীন পুৰুষৰ ওচৰত যিয়ে ইংগিত দিয়ে জীৱনৰ ধাৰাবাহিকতাৰ সমাপ্তিৰ; ''অনিৰ্বাণ'' ছবিত কিন্তু নায়ক-নায়িকাই জীৱনৰ সকলো বাধা-বিঘিনি, যন্ত্ৰণা নেওচি জীৱনৰ ধাৰাবাহিকতা অক্ষুন্ন ৰখাৰ পোষকতা কৰিছে। ''অগ্নিস্নান'' পুৰুষ শাসিত সমাজৰ দ্বাৰা নিৰ্ধাৰিত মূল্য বোধৰ বিৰুদ্ধে এগৰাকী নাৰীৰ প্ৰতিবাদ। ''কোলাহল'' জীৱন যুদ্ধত নামি পৰা এগৰাকী অকলশৰীয়া নাৰীৰ সংগ্ৰামৰ কাহিনী আৰু ''সাৰথি''ত উত্থাপিত হৈছে এগৰাকী মধ্যবিত্তীয় পুৰুষৰ স্ব-অস্তিত্বৰ প্ৰশ্ন। এই পাঁচোখন ছবিৰ পৰা দেখা যায় যে ড॰ শইকীয়াই কেতিয়াও বক্তব্যৰ পুৰাবৃত্তি কৰা নাই আৰু সেয়া সম্ভৱ হৈছে এগৰাকী কথাশিল্পী হিচাপে তেখেতে অৰ্জন কৰা অসামান্য দক্ষতাৰ বাবে। গল্পকাৰ হিচাপে ড॰ শইকীয়াই কাহিনী- কথনৰ যি নিপুণতা প্ৰদৰ্শন কৰিছে সেই নৈপুণ্যই চিনেমাৰ কাহিনী- কথনকো সাৱলীল কৰি তোলাত সহায় কৰিছে। কিন্তু, এইখিনিতে আন এটি কথা কোৱাৰো প্ৰয়োজন আছে যে চুটিগল্পত ড॰ শইকীয়াই ডিটেইলজ্‌ৰ ক্ষেত্ৰত যি ধৰণৰ গুৰুত্ব প্ৰদান কৰে, ''সন্ধ্যাৰাগ'' আৰু ''অনিৰ্বাণ'' ছবিত ঠিক সেই মানসিকতাৰে প্ৰকাশ ঘটিছিল। ফলস্বৰূপে চিত্তবিনোদক হ’লেও অপ্ৰয়োজনীয় ডিটেইলজ্‌ৰ সংযোজনে ছবিৰ সৌন্দৰ্য কিছু পৰিমাণে হ্ৰাস কৰিছিল। পিচৰ ছবিবোৰত কিন্তু ড॰ শইকীয়া এইবোৰ দুৰ্বলতাৰ পৰা মুক্ত। {{gap}}অনাতাঁৰ আৰু মঞ্চনাট ৰচনাৰ অভিজ্ঞতাই ড॰ শইকীয়াক সহায় কৰিছে চিত্ৰনাট্য ৰচনাৰ ক্ষেত্ৰত। খুব কম পৰিসৰৰ মাজত কাহিনীৰ নাটকীয় মুহূৰ্ত আৰু দ্বন্দ ৰচনা আৰু ঘনবদ্ধ সংলাপ ৰচনাৰ পাৰদৰ্শিতা আয়ত্ত কৰাৰ বাবে নাটকৰ অভিজ্ঞতাই তেখেতক সহায় কৰিছে। সংলাপ ৰচনাৰ এই পাৰদৰ্শিতাই কিন্তু মাজে মাজে ড॰ শইকীয়াক বিশ্বাসঘাটকতাও নকৰা নহয়। {{SIC|আসমীয়া|অসমীয়া}} সংলাপৰ মাধুৰ্য আবেদন আৰু ইংগিতধৰ্মিতা ইংৰাজী ছাব-টাইটেল বহু ক্ষেত্ৰত প্ৰকাশ কৰিব নোৱাৰে। অৱশ্যে এই অসুবিধা সকলো পৰিচালকেই ভো
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৩৬
{{rh||২৯|}}
কৰিব। {{gap}}ড॰ শইকীয়াৰ ছবিৰ আন এটি চকুত পৰা দিশ হ’ল শিল্পীসকলৰ সু-অভিনয়। অকল মূল চৰিত্ৰৰ ক্ষেত্ৰতে নহয়, সূক্ষ্মাতিসূক্ষ্ম চৰিত্ৰত অভিনয় কৰা শিল্পীৰ পৰাও বিশ্বাসযোগ্য অভিনয় আদায় কৰাত ড॰ শইকীয়া সিদ্ধহস্ত। ছবিব অভিনেতা-অভিনেত্ৰীৰ পৰা সু-অভিনয় আদায় কৰাৰ বাবে চিত্ৰনাট্যত চৰিত্ৰটি সুলিখিত হোৱাৰ লগতে পৰিচালকৰ কেইটিমান বিশেষ গুণ থকাটো প্ৰয়োজনীয়। চৰিত্ৰটোৰ কায়িক আৰু আত্মিক ৰূপৰ স্পষ্ট ধাৰণা, অভিনেতা বা অভিনেত্ৰী গৰাকীৰ ঋণাত্মক দিশবোৰ ধনাত্মক দিশেৰে ঢাকি দিব পৰা কৌশল আৰু অংগি-ভঙ্গি (যাক ডেজমণ্ড মৰিছে ইণ্টিমেইট বিহেইভিয়াৰ আখ্যা দিছে)ৰ বিষয়ে থকা সঠিক জ্ঞান। গল্পলেখক হিচাপে আয়ত্ত কৰা সূক্ষ্ম পৰ্যবেক্ষণ আৰু নাট পৰিচালনাৰ অনুশীলনে চিত্ৰ পৰিচালক ড॰ শইকীয়াক এই ক্ষেত্ৰত সহায় কৰিছে। অভিনেতা-অভিনেত্ৰীক মূল অংগ হিচাপে লৈ নিৰ্মাণ কৰা কাহিনী প্ৰধান ছবি এখন জীৱন্ত হৈ উঠাৰ প্ৰধান চৰ্ত হ’ল চৰিত্ৰবোৰৰ মাজেৰে প্ৰকাশ পোৱা অনুভূতিৰ তব্ৰতা। এই প্ৰকাশ বহুমাত্ৰিক হ’লেহে চৰিত্ৰবোৰ আত্মিক ৰূপত নিপোটল হৈ উঠিব পাৰে, যিটোৰ বাবে প্ৰয়োজন হয় পৰিচালকৰ গভীৰ অন্তৰ্দৃষ্টি আৰু উপলব্ধিৰ সততা। এই গুণৰ সাৰ্থক সমন্বয়ৰ বাবে ড॰ শইকীয়াৰ ছবিৰ চৰিত্ৰবোৰ তেজ মঙহৰ মানুহৰ ৰূপত লগ পোৱা যায়। এই দিশত কোনো অসমীয়া পৰিচালকেই ড॰ শইকীয়াক চেৰ পেলাব পৰা নাই বুলিয়েই আমাৰ বিশ্বাস; সৰ্বভাৰতীয় পৰ্যায়তো এই গুণ থকা পৰিচালকৰ সংখ্যা বৰ কম। বক্তব্য আৰু কাহিনীৰ মৌলিকত্ব, গভীৰ অন্তৰ্দৃষ্টি আৰু তাক ছেলুলয়ডত প্ৰকাশ কৰাৰ দক্ষতা -মূলতঃ এই তিনিটা গুণৰ বাবেই ড॰ শইকীয়াই ভাৰতৰ প্ৰথম শাৰীৰ চিত্ৰ নিৰ্মাতাসকলৰ এজন হিচাপে পৰিচয় বহন কৰিছে। {{gap}}দূৰদৰ্শনৰ বাবে কলিকতাৰ এগৰাকী প্ৰযোজক বীৰেশ চেটাৰ্জীৰ প্ৰযোজনাত ড॰ শইকীয়াই পৰিচালনা কৰা হিন্দী ছবি ‘দৰ্পহৰণ’ আছিল ৰবীন্দ্ৰনাথৰ কাহিনীৰ চিত্ৰৰূপ। এই ছবিখনত প্ৰকাশ পাইছে ড॰ শইকীয়াৰ সূক্ষ্ম উইট আৰু হিউমাৰ পৰিবেশনৰ নিজস্ব পদ্ধতি। ক্ষুদ্ৰ
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৩৭
{{rh||৩০|}}
সঞ্চয় বিভাগৰ বাবে অসমীয়াত নিৰ্মাণ কৰা প্ৰচাৰধৰ্মী চুটি ছবিখনৰো বিশেষত্ব হ’ল হাস্যৰস। এই দুখনৰ বাহিৰে ড॰ শইকীয়াৰ আন কোনো ছবিতেই হাস্যৰসৰ প্ৰয়োগ দেখিবলৈ পোৱা নাযায়— দুই এটা সংলাপ বা ডিটেইলজৰ খাতিৰত ব্যৱহাৰ কৰা দুই এটা শ্বটৰ বাহিৰে। {{gap}}কিন্তু ছবি এখনৰ আত্মিক দিশত প্ৰকাশ কৰা দক্ষতা ড॰ শইকীয়াই ছবিৰ কাৰিকৰী দিশত প্ৰদৰ্শন কৰিব পৰা নাই। কাৰিকৰী দিশত প্ৰধানতঃ কেমেৰাৰ কামত ড॰ শইকীয়াৰ আচৰণ সংৰক্ষণশীল, পোনপটীয়া আৰু সৰল। ছবিৰ চাৰিচুকীয়া দ্বিমাত্ৰিক ফ্ৰেইমটোক ত্ৰিমাত্ৰিক গভীৰতা দিয়াৰ প্ৰয়াস, ছাঁ-পোহৰৰ বহুমাত্ৰিক ব্যৱহাৰেৰে ছবিখনৰ texture অধিক আটিল কৰি তোলা, ৰঙৰ বহুমাত্ৰিক প্ৰয়োগ আদি কথাবোৰ ড॰ শইকীয়াই প্ৰায়ে আওকাণ কৰি অহা দেখা যায়। আনকি {{SIC|বুহক্ষেত্ৰত|বহুক্ষেত্ৰত}} কেমেৰাৰ সঠিক দৃষ্টিকোণ নিৰ্বাচন আৰু ফ্ৰেইমিঙৰ সৌন্দৰ্যৰ বিষয়তো সঠিক যত্ন লোৱা নহয়। কেমেৰাৰ আচৰণ কোনো ক্ষেত্ৰতেই আৱিষ্কাৰধৰ্মী নহয়, শব্দ আৰু ছবিৰ জটিল সংমিশ্ৰণৰ প্ৰচেষ্টাও তাত নাথাকে। উদাহৰণ হিচাপে ''সাৰথি'' ছবিখনৰ কথাকে উনুকিয়াব পাৰি: অতীত, বৰ্তমান আৰু কল্পনা— এই তিনিওবিধ উপাদান চিত্ৰনাট্যত যি বুদ্ধিদীপ্ত ৰূপত উপস্থাপিত কৰা হৈছিল, ছবিত কেমেৰাৰ কামৰ মাজেৰে সেই মনৰ বুদ্ধিদীপ্ততা যেন প্ৰকাশ কৰিব পৰা নগ’ল। {{gap}}অৱশ্যে ড॰ শইকীয়া ‘বিকাশশীল’ পৰিচালক। বিষয়বস্তুৰ বৈচিত্ৰ্য, ৰূপবন্ধৰ ক্ষেত্ৰত চলোৱা পৰীক্ষা-নিৰীক্ষা, ছবিৰ দাৰ্শনিক গভীৰতা৪ - ড॰ শইকীয়াৰ ছবিত এই তিনিওটা উপাদানে বিকাশ লাভ কৰি আহিছে। যিকোনো শিল্পৰ স্থায়িত্বৰ বাবে বিষয়বস্তুত যি দাৰ্শনিক গভীৰতা থকা প্ৰয়োজন ''অৰ্নিবাণ''ত অংকুৰিত হোৱা সেই গভীৰতাই নিটোল ৰূপ পৰিগ্ৰহ কৰিছে ''সাৰথি'' ছবিত। এই পৰ্যায়ৰ দাৰ্শনিক গভীৰতা কোনো অসমীয়া ছবিতেই বিচাৰি পোৱা নাযায়। কাৰিকৰী দিশৰ দুৰ্বলতা আঁতৰ কৰিব পাৰিলেই যে ড॰ শইকীয়া অভাৱনীয় উচ্চতালৈ যাব পাৰিব তাত কোনো সন্দেহ নাই। {{gap}}''গঙা-চিলনীৰ পাখি'' ছবিৰে আত্মপ্ৰকাশ কৰা পদুম বৰুৱা অসমীয়া
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg
পৃষ্ঠা:Chalachitra.pdf/৩৮
{{rh||৩১|}}
বাস্তৱধৰ্মী ছবিৰ পথ-প্ৰদৰ্শক। অসমীয়া ছবিক থিয়েটাৰ আৰু গান- বাজানাৰ হতোৰাৰ পৰা মুক্ত কৰি চলচ্চিত্ৰ কলাৰ প্ৰতি প্ৰদৰ্শন কৰা সন্মানৰবাবেই এই ছবিখনে বিশেষ মৰ্যাদা দাবী কৰে। ছবিৰ কাহিনীক ছবিৰ মাজেৰে উপস্থাপন কৰাত বিশ্বাসী পদুম বৰুৱাই ''গঙা চিলনীৰ পাখি''ত বিশেষ সাফল্য দেখুৱাইছিল কেমেৰা আৰু সংগীতৰ ব্যৱহাৰত। ছবিৰ পাত্ৰ-পাত্ৰীক কেমেৰাৰ সন্মুখত নাটকৰ দৰে থিয় কৰোৱাৰ যি পদ্ধতি অসমীয়া ছবিত চলি আহিছিল (আজিও আছে) তাৰ পৰিবৰ্তে এই ছবিত কেমেৰাই মুক্তভাৱে বিচৰণ কৰিছিল। দৃষ্টিনন্দন ভিজ্যুৱেল আছিল এই ছবিৰ অন্যতম আকৰ্ষণ। স্থবিৰ আৱহ- সংগীতৰ ব্যৱহাৰো আছিল বাস্তৱধৰ্মী আৰু কল্পনাসমৃদ্ধ। আনহতে শাখা-প্ৰশাখাহীন একমাত্ৰিক দুৰ্বল কাহিনী, বৰ্ণনাধৰ্মী ছবিৰ ক্ষেত্ৰত থাকিবলগীয়া নাটকীয়া গাঁথনিৰ অভাৱ, অভিনেতা-অভিনেত্ৰীসকলৰ দুৰ্বল অভিনয়— এইবোৰ আছিল ছবিখনৰ দুৰ্বল অংগ। সামগ্ৰিকভাবে ছবিখনৰ কলাগত সাফল্য সীমিত হ’লেও ছবিজগতত বাস্তৱধৰ্মী ছবিৰ ভেটি স্থাপনৰ বাবেই পৰিচালক পদুম বৰুৱাই এখন মৰ্যাদাপূৰ্ণ আসন অধিকাৰ কৰিছে। পৰৱৰ্তী ছবিত আমি হয়তো শ্ৰীবৰুৱাক এজন সফল পৰিচালকৰ ৰূপত আৱিষ্কাৰ কৰিলোহেঁতেন। কিন্তু অসমীয়া ছবিজগতৰ দুৰ্ভাগ্য, তেখেতে দ্বিতীয়খন ছবি নিৰ্মাণৰ সুযোগ আজিও পোৱা নাই। {{gap}}''অপৰূপা'' (হিন্দী ৰূপৰ নাম ''অপেক্ষা''), ''পাপৰি'', ''হালধীয়া চৰায়ে বাওধান খায়'', ''বনানি'' আৰু ''ফিৰিঙতি''- এই পাঁচখন ছবিৰে পুনাৰ ফিল্ম এণ্ড টিভি ইন্সটিটিউটৰ স্নাতক জাহ্নু বৰুৱাই নিজকে এগৰাকী বিশিষ্ট পৰিচালক হিচাপে প্ৰতিষ্ঠিত কৰিব পাৰিছে। ড॰ ভবেন্দ্ৰনাথ শইকীয়াৰ দৰে জাহ্নু বৰুৱাই নিজৰ ছবিক নিজ ৰাজ্যৰ বাহিৰলৈ লৈ গৈ যোগ্যতাৰে দেশ-বিদেশত পৰিচয় কৰাই দিব পাৰিছে। বিষয়বস্তুৰ বৈচিত্ৰ আৰু পৰিচ্ছন্ন নিৰ্মাণ৫ জাহ্নু বৰুৱাৰ ছবিৰ চকুত লগা বৈশিষ্ট্য। {{gap}}''অপৰূপা''ৰ কাহিনীভাগ আছিল সাধাৰণ এগৰাকী বিবাহিত নাৰীৰ জীৱনলৈ পূৰ্বৰ প্ৰেমিকৰ আগমন— এনে কাহিনী নীতি-বায়ুগ্ৰস্থ অসমীয়া দৰ্শকৰ বাবে নতুন হ’লেও অপটু কাহিনী-কথনৰ বাবে
VALIDATED
https://upload.wikimedia…lachitra.pdf.jpg