text
stringlengths
0
188k
চকুৰ পতা বন্ধ কৰাটো এটা সপোন হৈ পৰিছে
যেতিয়া তেওঁ আন চিকিৎসকসকলক তেওঁৰ সমস্যাৰ বিষয়ে কৈছিল, তেওঁ সংশোধনমূলক অস্ত্ৰোপচাৰৰ কথা কৈছিল। পেটে চকু বন্ধ কৰিবলৈ একেখন চিকিৎসালয়তে ৪ ঘণ্টাৰ বাবে সংশোধনমূলক অস্ত্ৰোপচাৰ কৰিছিল। অৱশ্যে, সেই ঘটনাৰ ২ বছৰ পাছতো, তেওঁলোকৰ চকুৰ পতা সম্পূৰ্ণৰূপে বন্ধ নহয়। এইটোৱে তেওঁৰ বাবে দেখাটো কঠিন কৰি তুলিছে আৰু তেওঁ শুই থাকোঁতে তেওঁৰ চকুত গৰম টাৱেল ৰাখে। তেওঁৰ মুখত কোনো অভিব্যক্তি নাই। তেওঁ তেওঁৰ সমস্যা হ্ৰাস কৰিবলৈ তুৰ্কীত চিকিৎসা আৰম্ভ কৰিছে, যাৰ ফলত তেওঁ কিছু সকাহ পাইছে, কিন্তু তেওঁৰ চকু এতিয়াও সম্পূৰ্ণৰূপে বন্ধ হোৱা নাই।
Facebook
Twitter
Post a Comment
0 Comments
Social Plugin
Popular Posts
অজন্তা নেওগৰ বাজেটে চৰকাৰী কৰ্মচাৰীক দিলে ভালখবৰ! মৰগীয়া বানচ আৰু ৩ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত, পেঞ্চনাৰৰ বাবেও বিশেষ সুবিধা!
March 16, 2022
আঙুলি দেখুৱাই কান্দি থকা এই শিশুটো আজি সমগ্ৰ দেশৰে হৃদস্পন্দন, তেওঁৰ সৰলতাই মুগ্ধ কৰে সকলোকে ! চিনিব পাৰিছে নেকি তেওঁ কোন হয় ?<eot>ধনীয়া পাতবোৰে ইয়াৰ গোন্ধৰ বাবে খাদ্যৰ সোৱাদ বৃদ্ধি কৰে৷ কিন্তু বহুলোকে ইয়াৰ স্বাস্থ্যৰ উপকাৰিতা নাজানে৷ বহুলোকে ইয়াৰ আয়ুৰ্বেদিক গুণাগুণো নাজানে৷ ধনিয়া পাতত থকা ৰেচকবোৰৰ বাবে ডায়েবেটিচ নিয়ন্ত্ৰণ কৰা হয়৷ ।
ধনিয়া পাত উচ্চ ৰক্তচাপ আৰু টাইপ 2 ডায়বেটিছত অতি উপকাৰী। এই দুটা ৰোগৰ ক্ষেত্ৰত, ধনিয়া পাত নিয়মীয়াকৈ আহাৰত ৰাখিব।
ধনিয়া পাতত যথেষ্ট আঁহ আৰু এণ্টিঅক্সিডেণ্ট থাকে৷ ই হজম উন্নত কৰে৷ সেউজীয়া ধনিয়া পাতবোৰে বিপাকৰ হাৰ বৃদ্ধি কৰে৷ গেছে পেট ফুলা আৰু কোষ্ঠকাঠিন্য আদিৰ দৰে সমস্যা নিয়ন্ত্ৰণ কৰে৷
ধনিয়া পাতত থকা এণ্টিঅক্সিডেণ্টে চাপ হ্ৰাস কৰে। ধনিয়া পাতবোৰে উদ্বেগ হ্ৰাস কৰি স্মৃতিশক্তি বৃদ্ধি কৰাত সহায় কৰে।
ভিটামিন আৰু প্ৰ'টিনৰ উপৰিও ধনিয়া পাতত কেলচিয়াম, আইৰণ আৰু মেঙ্গানিজ থাকে৷ ফলস্বৰূপে ৰক্তচাপ নিয়ন্ত্ৰণ কৰা হয় আৰু কলেষ্টেৰলৰ মাত্ৰা কম হয়৷ ধনিয়া পাত নিয়মীয়াকৈ খালে হৃদৰোগৰ আশংকা হ্ৰাস হয়৷ ।
ধনিয়া পাতৰ পৰা ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰে৷ ই সংক্ৰমণক শৰীৰৰ পৰা ওপৰলৈ ৰাখে৷ ধনিয়া পাতৰ এণ্টিমাইক্ৰোবাইল পদক্ষেপে যকৃতৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰে৷ ধনিয়া পাত মূত্ৰনলীৰ সংক্ৰমণ বা ইউটিআই নিৰাময়ৰ ক্ষেত্ৰতো উপকাৰী৷
Tags:
গজব খবৰ
Facebook
Twitter
Post a Comment
0 Comments
Social Plugin
Popular Posts
অজন্তা নেওগৰ বাজেটে চৰকাৰী কৰ্মচাৰীক দিলে ভালখবৰ! মৰগীয়া বানচ আৰু ৩ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত, পেঞ্চনাৰৰ বাবেও বিশেষ সুবিধা!
March 16, 2022
আঙুলি দেখুৱাই কান্দি থকা এই শিশুটো আজি সমগ্ৰ দেশৰে হৃদস্পন্দন, তেওঁৰ সৰলতাই মুগ্ধ কৰে সকলোকে ! চিনিব পাৰিছে নেকি তেওঁ কোন হয় ?<eot>আকাশবাণী (ইংৰাজী: All India Radio; হিন্দী: आकाशवाणी) ভাৰতৰ এটা অনাতাঁৰ সম্প্ৰচাৰ সেৱা আৰু প্ৰচাৰ ভাৰতীৰ এটা অংশ। ১৯৩০ চনত,[2] প্ৰতিষ্ঠা হোৱা অল ইণ্ডিয়া ৰেডিঅ'ক ১৯৫৬ চনত আধিকাৰিকভাবে আকাশবাণী নামকৰণ কৰা হয়। আকাশবাণী বিশ্বৰ অন্যতম বৃহৎ অনাতাঁৰ সম্প্ৰচাৰক। ইয়াৰ প্ৰধান কাৰ্যালয় নতুন দিল্লীৰ আকাশবাণী ভৱনত অৱস্থিত। এইটো ভৱনত দূৰদৰ্শনৰ কাৰ্যালয়ো আছে।
ইতিহাস[সম্পাদনা কৰক]
নতুন দিল্লীত অৱস্থিত আকাশবাণীৰ মুখ্য কাৰ্যালয়
১৯২৭ চনত কেইটামান ৰেডিঅ' ক্লাবৰ সহযোগত ব্ৰিটিছ ভাৰতত প্ৰথম অনাতাঁৰ সম্প্ৰচাৰ আৰম্ভ হৈছিল। ১৯২৬ চনত হোৱা এখন চুক্তি মৰ্মে বেচৰকাৰী ইণ্ডিয়ান ব্ৰ'ডকাষ্টিং কোম্পানীক (IBC) দুটা অনাতাঁৰ কেন্দ্ৰ স্থাপন কৰাৰ বাবে কৰ্তৃত্ব প্ৰদান কৰা হৈছিল। সেই অনুসৰি ১৯২৭ চনৰ ২৩ জুলাইত বোম্বাই কেন্দ্ৰ আৰু একে বছৰৰে ২৬ আগষ্টত কলকাতা কেন্দ্ৰৰ কাৰ্যসূচী আৰম্ভ হয়। ১৯৩০ চনৰ ১ মাৰ্চত ইণ্ডিয়ান ব্ৰ'ডকাষ্টিং কোম্পানীৰ কাম-কাজ বন্ধ হৈ যোৱাত চৰকাৰে ১৯৩০ চনৰ ১ এপ্ৰিলত 'ইণ্ডিয়ান ষ্টেট ব্ৰ'ডকাষ্টিং চাৰ্ভিচ' গঠন কৰি অনাতাঁৰ সম্প্ৰচাৰ আৰম্ভ কৰে। দুবছৰ পৰীক্ষামূলকভাৱে কাৰ্যসূচী সম্প্ৰচাৰ কৰাৰ অন্তত ১৯৩২ চনৰ মে মাহৰ পৰা স্থায়ীভাৱে কাৰ্যসূচী সম্প্ৰচাৰ আৰম্ভ হয়। ১৯৩৬ চনৰ ৮ জুনৰ পৰা এই কোম্পানীটো অল ইণ্ডিয়া ৰেডিঅ' বুলি নতুন নামকৰণ হয়।[2]
১৯৩৯ চনৰ ১ অক্টোবৰৰ পৰা পুষ্টু ভাষাৰ কাৰ্যসূচীৰে অল ইণ্ডিয়া ৰেডিঅ'ই বহিঃসেৱা আৰম্ভ কৰে। প্ৰকৃততে আফগানিস্থান, ইৰান আৰু আৰৱীয় দেশসমূহক উদ্দেশি জাৰ্মানীয়ে কৰা উদ্দেশ্যধৰ্মী (propaganda) অনাতাঁৰ সম্প্ৰচাৰক প্ৰতিহত কৰিবলৈ এই বহিঃসেৱা কাৰ্যসূচী আৰম্ভ কৰা হৈছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ আগলৈকে দেশখনত মাত্ৰ ৬টাহে অনাতাঁৰ কেন্দ্ৰ আছিল। এই কেইটা হ'ল- দিল্লী, বোম্বাই, মাদ্ৰাজ, লক্ষ্ণৌ, কলকাতা আৰু টিৰুচী। অনাতাঁৰ গ্ৰাহক যন্ত্ৰৰ সংখ্যা আছিল ২,৭৫,০০০। ১৯৫৬ চনত অল ইণ্ডিয়া ৰেডিঅ'ৰ আধিকাৰিক নাম আকাশবাণী কৰা হয়। ১৯৫৭ চনৰ ৩ অক্টোৱৰ তাৰিখে ৰেডিঅ' চিলোনৰ (Radio Ceylon) সৈতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বিবিধ ভাৰতী সেৱা উন্মোচন কৰা হয়। ১৯৫৯ চনত আকাশবাণীয়ে দিল্লী মহানগৰত দূৰদৰ্শন সেৱা আৰম্ভ কৰে। ১৯৭৬ চনৰ ১ এপ্ৰিলত[3] দূৰদৰ্শন আকাশবাণীৰ পৰা পৃথক হৈ যায়। প্ৰথম এফ এম সেৱা বৰ্তমানৰ চেন্নাইত আৰম্ভ হয় ১৯৭৭ চনৰ ২৩ জুলাইৰ দিনা।[4]
১৯৩৬ চনত এম ভি গোপালাস্বামীয়ে তেওঁৰ বাসস্থান "বিত্তাল বিহাৰ"ত (বৰ্তমান মহীশূৰৰ আকাশবাণী চৌহদৰ পৰা ২০০ গজ আঁতৰত ) দেশৰ প্ৰথমটো ব্যক্তিগত অনাতাঁৰ কেন্দ্ৰ স্থাপন কৰা সময়তে "আকাশবাণী" শব্দটোৰ উদ্ভাৱন কৰিছিল।[5] ই এটা সংস্কৃত ভাষাৰ আৰু হিন্দু পৌৰাণিক কথাৰ সৈতে জড়িত শব্দ।[6]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
↑ Mission
↑ 2.0 2.1 Milestones Official website. allindiaradio.org. Retrieved:2013-01-13.
↑ AIR Manual, Chapter 1: History of All India Radio[সংযোগবিহীন উৎস]
↑ [1][সংযোগবিহীন উৎস]
↑ Mysore Akashavani is now 75 years old
↑ BabLa dictionary Retrieved 2011-10-15.
লগতে চাওক[সম্পাদনা কৰক]
আকাশবাণী গুৱাহাটী
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত আকাশবাণী সম্পৰ্কীয় মিডিয়া ফাইল।
All India Radio Official web-site
All India Radio Commercial Broadcasting Service Vividh Bharati On Line
Know India: Radio
All India Radio (AIR) Station Frequencies (National/International)
Children's wing of All India Radio
"https://as.wikipedia.org/w/index.php?title=আকাশবাণী&oldid=281607"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
গণমাধ্যম
ভাৰতৰ চৰকাৰী সংস্থা
অদৃশ্য শ্ৰেণীসমূহ:
সংযোগবিহীন উৎস উল্লেখিত প্ৰবন্ধ
অনা অসমীয়া ভাষা সমৃদ্ধ প্ৰবন্ধ
এই পৃষ্ঠাখন ১০ জুন, ২০২১ তাৰিখে ১৬:১৮ বজাত অন্তিম সংশোধন কৰা হৈছিল।
লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।<eot>আমাৰ লোকসমাজত অতীতৰে পৰা বিবিধ প্ৰকাৰৰ গীত-মাত প্ৰচলিত হৈ আহিছে৷ তদুপৰি অতীতৰে পৰা লোকসমাজৰ ক্ষেত্ৰখনত গীত আৰু কবিতাই এক সুকীয়া স্থান অধীকাৰ কৰি আহিছে৷ ইয়াৰ ভিতৰত ধৰ্মীয় গীতসমূহ উল্লেখযোগ্য৷ এই গীতসমূহ বিশ্বাস, প্ৰাৰ্থনা, আস্থা আৰু কাৰুণ্যৰে ভৰা৷ যিয়ে লোকমনক প্ৰতিফলিত কৰে৷ লোকসমাজত প্ৰচলিত এই গীতবোৰে শ্ৰোতাৰ মন সহজে জয় কৰে আৰু এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ প্ৰৱাহিত হৈ গৈ থাকে৷ আমাৰ লোকসমাজত প্ৰচলিত নাম-কীৰ্তনৰ ভিতৰত আইনাম, বহানাম, ছেও-চাপৰিৰ নাম, অপেশ্বৰী সবাহৰ গীত, দুৰ্গানাম, থিয় নাম, ভাগৱত পাঠচক্ৰ, জগন্নাথৰ নাম, ইত্যাদি উল্লেখযোগ্য৷
অঞ্চলভেদে নাম-কীৰ্তনৰ বিশেষত্বৰ পাৰ্থক্য থকা দেখা যায়৷ বিশেষকৈ অসমৰ উজনি আৰু নামনি অঞ্চলত ভাষা, সামাজিক ৰীতি-নীতি, আচাৰ-অনুষ্ঠান, উৎসৱ-পাৰ্ৱন আদিৰ ক্ষেত্ৰত পাৰ্থক্য থকা দেখা যায়৷ নাম পুৰুষ আৰু মহিলা উভয়ৰে আছে৷ দৰঙত পুৰুষৰ বহা নাম আৰু থিয় নাম দুয়োটাই আছে৷ অতীতত মহিলাৰ কেৱল বহা নাম আছিল, যদিও সাম্প্ৰতিক সময়ত মহিলাসকলে থিয় নামো গোৱা দেখা যায়৷ দৰঙৰ পুৰুষৰ নামক বাহিৰত দৰঙী নাম বোলে৷ বৰপেটাৰ উগ্ৰ ওজঃপূৰ্ণ নাম আৰু উজনিৰ মিহি নাম দুয়োৰে মধ্যাৱস্থা হৈছে দৰঙী নাম৷ আলোচনা কৰিলে সেই কথা সহজে বুজিব পাৰি৷
বহা নাম-
নামনি অসমৰ বিভিন্ন অঞ্চলত প্ৰচলিত এবিধ জনপ্ৰিয় নাম হৈছে বহা নাম৷ কথিত আছে যে পাল নামৰ আধাৰত মাধৱদেৱে সুন্দৰীদিয়াত বীৰ নাম সৃষ্টি কৰিছিল৷ এই নাম পিছলৈ বিভিন্ন ঠাইলৈ সম্প্ৰসাৰিত ঘটিছিল৷ এই নামৰ আধাৰতে বহা নাম, থিয় নাম বিভিন্ন ৰাগ-পদ আদিৰ সম্প্ৰসাৰিত হোৱা বুলি বহুতে ক’ব বিচাৰে৷ বহা নাম দুই প্ৰকাৰৰ৷ এবিধ হৈছে কীৰ্তন-ঘোষাৰ পুৰণি নাম আৰু আনবিধ হৈছে ছেও-চাপৰিৰে নাচি-বাগি গোৱা নাম৷ এই নাম পৰিৱেশনৰ আগেয়ে সমুখৰ ঠাই মচি-কাচি পৱিত্ৰ কৰি ভগৱানৰ উদ্দেশ্য থাপনা পতা হয়৷ তাত ধূপ-ধূনা জ্বলাই পাঠক আৰু পালিসকলে বহি নাম আৰম্ভ কৰে৷ আৰম্ভণি নামক নাম ডাকা বুলি কোৱা হয় আৰু শেষৰ নামক খোৱা নাম বুলি কোৱা হয়৷ পুৰণি নামৰ সুৰ মিহি৷ ইয়াৰ লগত মজলীয়া বিধৰ তাল আৰু নাগাৰা বজোৱা হয়৷ নাগাৰা দুটি তেনেই সৰু৷ ছেও-চাপৰিৰ নামত ৪ বা ৫জন নহলে ৮ বা ১০ লোকে নামৰ মাজতেই নাচ দি দি অঙ্গী-ভঙ্গী দেখুৱায়৷ এই নামত কেতিয়াবা ৪ বা ৫ যোৰকৈ তাল বজোৱা হয়৷ এইবিধ নামত কীৰ্তন-ঘোষাৰ বাহিৰেও পুৰাণ, মহাভাৰত, ৰামায়ণ আদিৰ পদো দিয়া হয়৷ নামৰ মাজতে ওজা বা পাঠকে তাল, ৰাগ, নাগাৰা, ৰভা আদিৰ জন্মকথা ছন্দ-বন্ধ পদত কৈ শুনায়৷ এইবিধ নাম বহা নাম আৰু থিয় নামৰ সংমিশ্ৰণ৷ ইয়াত ওজা, ভাওৰীয়া, ঢুলীয়া, খুলীয়া আদিৰ সংমিশ্ৰণ দেখিবলৈ পোৱা যায়৷ বৰ্তমান এই নামৰ জনপ্ৰিয়তা বেছিকৈ দেখা গৈছে৷
নাম ডকা-
কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম
প্ৰাণ কৃষ্ণ হৰি ৰাম হৰি ৰাম
নাম- যাদৱ যদু নন্দন মাধৱ মধু নন্দন৷
তুমি নিত্য নিৰঞ্জন, নাৰায়ণ তোমাতে লৈলা শৰণ৷ ৷
থিয় নাম-
নামনি অসমৰ আন এবিধ জনপ্ৰিয় নাম হৈছে থিয় নাম৷ এই নাম চাক পাতি ঘূৰণীয়াকৈ থিয় হৈ ডেকাসকলে নাচি নাচি এই ধৰে৷ ওজাপাঠকজনে প্ৰায়ে তাল এযোৰ বজাই দলটোৰ মাজত থিয় হৈ নাচি নাচি নাম ধৰে৷ ওজাজনে নাম লগাই দিয়াৰ পিছত বাকীবোৰে দিহাৰ দীঘলীয়া ৰাগ টানে৷ তাৰপিছত চাপৰি মাৰি মৰি তালৰ ছেৱেছেৱে নাচিবলৈ ধৰে৷ পদ আৰু তালৰ লগে লগে যিমানে চাপৰি ঘন হবলৈ ধৰে সিমানে নাচ খৰ হবলৈ ধৰে৷ দৰঙত থিয় নামৰ নৃত্যৰ বিভিন্ন নাম আছে যেনে- বতাহী নাচ, মাৰলৈ নাচ, খুঁটি নাচ, লাচগুটি নাচ আদি৷
দিহা – অ’ দেউ গুৰু দেউ …দেউ দেউ
অ’ গুৰু দেউ নমো নমো
চৰণে তোমাৰ গুৰুদেউ৷
পদ – সত্যবাদী ধীৰ ( ৰাম হে হৰি জয়)
ৰাজা যুধিষ্ঠিৰ ( ৰাম হে হৰি জয় )
আই নাম-
অসমীয়া সমাজত লোকবিশ্বাসমতে আই ওলালে আই পাৰ্বতীৰ দোষে পাইছে বুলি বিশ্বাস কৰা হয় আৰু আইৰ সন্তুষ্টিৰ বাবে দেউৰী, মৰাণ মটক, সোণোৱাল ৰছাৰীয়ে গোৱা এবিধ ধৰ্মীয় গীত হৈছে আই নাম৷ আইনামৰ মাজত পিছলা নদী, সাতালি পৰেবত, ফুলবাৰী দেওঘৰ আদি স্থানৰ নাম পোৱা যায়৷ অসমৰ বিভিন্ন অঞ্চলত প্ৰচলিত আইনামৰ মাজত প্ৰচলিত আই শব্দটো শীতলা, দুৰ্গা, কামাখ্যা, পাৰ্বতী আদি দেৱীক বুজাবলৈ ব্যৱহাৰ কৰা হয়৷
চৌফালে গড় আই মাজে অথৌ জল
তোমাৰ থল আছে আই নামে নীলাচল৷
নামনি অসমত দহ বা বাৰগৰাকী আইৰ নামো পোৱা যায়৷ শীতেলী, তিলেনী, পানীমলা, ৰংমমলা, বাঁহামুৰী, লাফামুৰী, লুটিগুটি, পানীচামোৰী, ধনমালা, বাহুৰী আৰু কেতেৰী আদি৷
জগন্নাথৰ নামঃ
প্ৰধানকৈ নামনি অঞ্চলত প্ৰচলিত ৰথ-যাত্ৰাৰ সময়ত মহিলাসকলে গোৱা এবিধ উল্লেখযোগ্য নাম হৈছে জগন্নাথৰ নাম৷ এই নামবোৰ ভক্তি আৰু বিশ্বাসৰ সংমিশ্ৰণ৷ পদবোৰ চুটি চুটি আৰু ভাষা অতি সৰল৷ গীতবোৰত জগন্নাথৰ মহিমা প্ৰকাশ কৰি কৃপা ভিক্ষা কৰা হয়৷
বলভদ্ৰ, জগন্নাথ, সুভদ্ৰা ভগিনী
ভিতৰত এক, বাহিৰত তিনি৷
অপেশ্বৰী সবাহৰ গীত-
লোকসমাজত প্ৰচলিত আন এবিধ গীত হৈছে অপেশ্বৰী সবাহৰ গীত৷ লৰা-ছোৱালী শুকাই-খীণাই গলে বা ছোৱালী পুষ্পিতা হোৱাৰ সময় উকলি গলে অপেশ্বৰীৰ দোষ লগা বুলি ভাৱি অপেশ্বৰী সবাহ পতা হয়৷ নানাধৰণৰ ফুল সংগ্ৰহ কৰি চোতালত মডল সজা হয়৷ তাৰপিছত শৰাই-বন্তি আগবঢ়াই দেৱী অপেশ্বৰীক প্ৰাৰ্থনা কৰা হয়৷ আইনামৰ দৰেই গীতবোৰ নিমজ আৰু কোমল৷ গীতবোৰ সৰল, সুন্দৰ কাব্যিকতা আৰু আন্তৰিকতাৰ বাবে অন্তৰপৰশা হয়৷
ফুলৰ আসনে ফুলৰ বসনে
ৰভাতল আমোল মোলায়৷
আই অপেশ্বৰী ফুলাম পাখি মেলি
দেও দি পূজা লৈ যায়৷ ৷
ভাগৱত পাঠচক্ৰ-
অতীতৰে পৰা ভাগৱত পাঠচক্ৰৰ প্ৰচলন হৈ আহিছে৷ সাধাৰণতে চহা সমাজত বাৰিষা কঠীয়া তুলি আহি সন্ধিয়া ভাগৰ পলাবৰ বাবে গাঁৱৰে কোনো এঘৰৰ চোতালত বহি বিভিন্ন ধৰণৰ পুথিসমূহ পাঠকে পদ, ছবি, দুলৰী, ঝুমুৰি আদি নানা ছন্দৰ পদ সুৰ লগাই পাঠ কৰে৷ এই পাঠচক্ৰ নামঘৰ বা কোনো লোকৰ গোঁসাইঘৰত অনুষ্ঠিত হলে কেইবাদিন ধৰি চলে৷ যেতিয়ালৈকে ভাগৱত শেষ নহয় তেতিয়ালৈকে এই পাঠচক্ৰ সমাপ্ত নহয়৷ এই অনুষ্ঠানত পাঠকে ওজাৰ দৰে পুথি ৰাগ দি পঢ়ে আৰু তেওঁৰ লগত থকা ২, ৩ বা ৪ জনে তেওঁৰ মুখৰ পৰা শেষ অংশ টানি নি ঢেক দি ওজাপালিৰ দৰে গায়৷ এই ভাগৱত চক্ৰৰ লগত ’চেৰাঢেক’ৰ সাদৃশ্য মনকৰিবলগীয়া৷ বৰ্তমান সময়ত ভাগৱত চক্ৰ অনুষ্ঠান সকলো ঠাইতে হোৱা দেখা যায়৷ দূৰ-দূৰণিৰ পৰা মানুহৰ সমাগম হয়৷
লখিমী সবাহৰ নাম-
লখিমী আইক আদৰা অনুষ্ঠান লখিমী সবাহত এই নাম পৰিৱেশন কৰা হয়৷ কৃষিৰ অধিষ্ঠাত্ৰী দেৱী হৈছে লক্ষ্মী৷ লক্ষ্মী দেৱীক সোণোৱাল-কছাৰীসকলৰ আন আন জনগোষ্ঠীৰ লোকেও অতীতৰে পৰা অতি ভক্তিভাৱে পূজা-পাতল কৰি আহিছে৷ তাৰ ভিতৰত –
কুবেৰক কঠীয়া খোজাগৈ মহাদেউ
সাগৰক খোজাগৈ মাটি
আপোনাৰ থানলৈ আহা ঐ লখিমী আই
সুখিলীৰ কঠতে উঠি৷
দেউৰীসকলে কাতিমাহত লখিমী দেৱীক সন্তুষ্ট কৰিবলৈ এঠাইত একগোট হৈ পাণ-তামোল, কল, চাউল, পিঠা আগবঢ়ায়৷ মৰাণসকলৰ পুৰুষ-মহিলা উভয়ে এই সবাহত ভাগ লয়৷
গোঁসাই নামঃ
সোণোৱাল সমাজত প্ৰচলিত আন এবিধ গীত হৈছে গোঁসাই নাম৷ অৱশ্যে এইবিধ গীত সোণোৱালসকলৰ বন্দনা গীত নহয়৷ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিবলৈ যোৱা সত্ৰাধিকাৰ কেশৱদেৱ মহন্তৰ সৰল ভাৱমূৰ্তিৰ বাবে প্ৰভাৱিত হোৱা লোকসকলৰ মাজত প্ৰচলিত এবিধ ভক্তিমূলক গীতহে৷
মুকলি পথাৰত নামঘৰ সাজিলে, বৰুণ খেৰ মেলিয়ে চায়
মুগাৰ বতিয়া ছাতিব ধৰিলে, সৰিয়হ বাগৰি যায়৷