text stringlengths 0 188k |
|---|
↑ "Diabetes Blue Circle Symbol". International Diabetes Federation. 17 March 2006. http://www.diabetesbluecircle.org. |
↑ Williams textbook of endocrinology (12th সম্পাদনা). প্ৰকাশক Philadelphia: Elsevier/Saunders. পৃষ্ঠা. 1371–1435. ISBN 978-1-4377-0324-5. |
↑ doi:10.1383/medc.30.1.1.28264 |
This citation will be automatically completed in the next few minutes. You can jump the queue or expand by hand |
↑ অসমীয় খবৰ, তাং: ২৮/০৭/২০১১ |
↑ Davidson’s Principles & Practice of Medicine |
↑ Gale, Jason (November 7, 2010). "India’s Diabetes Epidemic Cuts Down Millions Who Escape Poverty". Bloomberg. http://www.bloomberg.com/news/2010-11-07/india-s-deadly-diabetes-scourge-cuts-down-millions-rising-to-middle-class.html। আহৰণ কৰা হৈছে: 8 June 2012. |
বাহ্যিক সংযোগ[সম্পাদনা কৰক] |
Diabetes at the Open Directory Project |
American Diabetes Association |
IDF Diabetes Atlas |
National Diabetes Education Program |
কৰ্তৃপক্ষ নিয়ন্ত্ৰণ |
সাধাৰণ |
Integrated Authority File (Germany) |
ৰাষ্ট্ৰীয় পুথিভঁৰাল |
United States |
Japan |
Czech Republic |
Croatia |
অন্যান্য |
Microsoft Academic |
2 |
3 |
4 |
"https://as.wikipedia.org/w/index.php?title=বহুমূত্ৰ_ৰোগ&oldid=312627"ৰ পৰা অনা হৈছে |
শ্ৰেণী: |
আন্তঃশ্ৰাৱী ৰোগ |
অদৃশ্য শ্ৰেণীসমূহ: |
Pages with incomplete DOI references |
ৰচনাশৈলীৰ সম্পাদনাৰ প্ৰয়োজন থকা প্ৰবন্ধসমূহ |
অনা অসমীয়া ভাষা সমৃদ্ধ প্ৰবন্ধ |
Articles with GND identifiers |
Articles with LCCN identifiers |
Articles with NDL identifiers |
Articles with NKC identifiers |
Articles with NSK identifiers |
Articles with MA identifiers |
Articles with multiple identifiers |
এই পৃষ্ঠাখন ০২ ফেব্ৰুৱাৰী, ২০২২ তাৰিখে ১৪:১২ বজাত অন্তিম সংশোধন কৰা হৈছিল। |
লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।<eot>২০১৬ চনৰ জুলাই মাহত আমাৰ ছোৱালীজনী আমেৰিকাৰ ৱাশ্বিংটন ষ্টেট ইউনিভাৰ্চিটিত গৱেষণা কৰিবলৈ আমেৰিকালৈ গ’ল। ছোৱালীজনীয়ে হায়াৰ চেকেণ্ডাৰি পাচ কৰাৰ পিছৰে পৰা আমাৰ পৰিয়ালটোৰ প... |
ভগবানৰ কৃপাত আৰু হায়দৰাবাদৰ BITS Pillaniত M Tech কৰোঁতে, তাই কৰা কিছুমান ভাল কামৰ পৰিপ্ৰেক্ষিতত আমেৰিকাৰ বিশ্ববিদ্যালয়খনৰ কেইজনমান প্ৰফেছৰে তাইৰ লগত স্কাইপ যোগে এটা সাক্ষাৎকাৰ লৈ, কিছু কথা আলোচনা কৰি পাঁচবছৰৰ বাবে সম্পূৰ্ণ খৰচেৰে সৈতে গবেষণাৰ ছাত্ৰী হিচাপে মনোনীত কৰিলে। |
তাৰপিছতো অৱশ্যে ‘ভিছা’ আদি প্ৰক্ৰিয়া হৈ যোৱাৰ পিছত, আমেৰিকাত তাইৰ বাবে থকা ঘৰ আদিৰ যোগাৰ কৰাকে লৈ বিভিন্ন কথাত ই-মেইলযোগে আগতীয়াকৈয়ে সকলোবোৰ গত লগাই ল’বলগীয়া হ’ল। অৱশ্যে কোৱা বাহুল্য যে এই বিষয়ত আমেৰিকানসকলৰে হওক বা সেই বিশ্ববিদ্যালয়খনৰ পুৰণি ছাত্ৰ-ছাত্ৰী সকলৰ বন্ধুত্বপূৰ্ণ ব্যৱহাৰৰ বাবে তাই কোনো সমস্যা অনুভৱ নকৰিলে। ল... |
নিৰ্দিষ্ট দিনত তাইক বিদায় দিবলৈ যোৱাৰ সময়ত, বিমান বন্দৰত ট্ৰলীখনত বাকচকেইটা লৈ হাতখন জোকাৰি ভিতৰলৈ সোমাই যোৱাৰ লগে লগে, মোৰ বুকুৰ ভিতৰখনত ‘ঢক’কৈ মাৰিলে। তেতিয়ালৈকে তাইক প্ৰথম স্কুলত নাম লগোৱাকে ধৰি, প্ৰতিটো কথাতে, তাই ক’ত থাকিব, কি কৰিব, কি খাব আদি সকলো কথা মই বা পবিত্ৰাই নিজ চকুৰে চাই নিজৰ মনতে সন্তুষ্ট হৈ লৈছিলোঁ। এই... |
তথাপিও মনে নামানে! তাই আমেৰিকালৈ যোৱাৰ প্ৰায় এবছৰৰ পিছত আমি বাকী পৰিয়ালটো আমেৰিকা ফুৰিবলৈ ওলালোঁ। ‘ভিছা’ আদি হৈ যোৱাৰ পিছত বাকীখিনি তেনেই সহজ। আকাশী জাহাজত বৰ আদৰ-সাদৰকৈ নি আমাক আমেৰিকাৰ চিয়াটেলত নমাই দিলে। ছোৱালীজনী চিয়াটেলৰ পৰাও বিমানেৰে এঘণ্টাৰ আঁতৰৰ ‘স্পকেন’ নামৰ ঠাইত থাকে। তালৈকে আন্তৰ্জাতিক বিমান নেযায়, ঘৰুৱা বিম... |
চিয়াটেলৰ পৰা স্পকেনলৈ সৰু বিমান এখনত বহিলোঁ। বিমান বন্দৰত সকলোবোৰ কথা ইমান সুন্দৰকৈ নিৰ্দেশ দিয়া থাকে যে অলপো অসুবিধা নহল। বিমানত বহি থাকোঁতেই দেখিলো, এগৰাকী বেছ হৃষ্টপুষ্ট আদহীয়া মহিলাই ট্ৰেলাৰ জাতীয় গাড়ী এখন চলাই আনি, বিমানখনৰ কিছু ওচৰত ৰখালে। কেইবাটাও প্লাষ্টিকৰ খুটা দি ঠাইডোখৰ বেঢ়ি ল’লে। বিমানৰ বাকচ-পত্ৰ থোৱা অংশটো... |
তাৰাণা(আমাৰ জীয়ৰীৰ নাম)ই আমেৰিকাত থাকিবলৈ আহোঁতেই হলি অলিভাৰ এলমাৰ নামৰ মহিলা এগৰাকীৰ ঘৰৰ ওপৰ মহলাৰ এটা অংশ ভাৰালৈ বন্দৱস্ত কৰি আহিছিল। সেই মহিলা গৰাকীয়েই তাৰাণাক প্ৰথম দিনা বিমান বন্দৰৰ পৰা লৈ আহিছিল। তাৰাণাক আমেৰিকাৰ বহুতো কথা-বতৰাৰ উমান তেঁৱে দিছিল। আনকি, তাৰাণাই নিজাকৈ গাড়ী কিনাৰ আগলৈকে, প্ৰতিদিনে পুৱাতে তেওঁৰ অফিছ... |
আমি যাওঁতে স্পকেনত থাকিবৰ বাবে হোটেল আদিৰ খা-খবৰ লোৱা দেখি হলিয়ে তাৰাণাক কলে, “যদি তোমাৰ মা-পাপাই থাকিবলৈ বেয়া নেপায়, মোৰ ঘৰতে থাকিব পাৰিব।” আমি কথাষাৰত আগ্ৰহেৰে সন্মতি জনোৱা বাবে তেওঁ আমাৰ বাবে দুটা কোঠাৰ কাৰ্পেট, পৰ্দা আদি সকলো নতুনকৈ কিনি লগাইছিল। |
এই লক-ডাউনৰ মাজতে আমেৰিকাত পাতিবলগীয়া হোৱা তাৰাণাৰ বিয়াত তেৱেঁ আমাৰ হৈ অভিভাৱকৰ কামবোৰ কৰিলে। অকল নিয়মবোৰহে যে কৰিছে, তেনে নহয়; তাৰ বাবে ভাৰতীয় পৰম্পৰাৰ লগত খাপখোৱা সাজ-পোছাকৰ ব্যৱস্থা কৰিছিল এই মহিলাগৰাকীয়ে। মগাই আনি পিন্ধিছিল। এতিয়া তাৰাণা গুচি গলে, “ঘৰৰ মানুহ এজনী যোৱাৰ দৰে দুখ লাগিব” বুলি কৈ মাজে মাজে বেজাৰহে কৰে। |
আমেৰিকাত চৰকাৰী কৰ্মচাৰীসকলৰ যদিও কিছু চৰকাৰী ধৰণৰ ভেম এটা আছে, তথাপিও প্ৰয়োজনত সহায় কৰিবলৈ পিছ নোহোঁহকে। তাৰাণাই প্ৰথম দিনা চৰকাৰী বাছত উঠি ঘৰলৈ আহিবৰ সময়ত, বাছৰ ড্ৰাইভাৰ(আমেৰিকাত এক বৃহৎ সংখ্যক বাছৰ ড্ৰাইভাৰ মহিলাহে)ক বাছৰ পথটোৰ সম্পৰ্কে সোধোঁতে, ড্ৰাইভাৰ গৰাকীয়ে বুজাই দিয়াৰ উপৰি, ‘সেইটো পথত প্ৰথম যাত্ৰা’ বুলি সেইদিন... |
আমি স্পকেনত থকা কেইদিনত ৰাস্তাত খোজকঢ়াৰ কিছুমান নিয়ম শিকি ল’বলগীয়া হৈছিল। ব্যস্ত পথবোৰত ৰাস্তা পাৰ হ’বলৈ হলে, জেব্ৰা ক্ৰচিঙত এটা খুটাত থকা চুইচ এটা টিপি ৰৈ থাকিব লাগে। এটা নিৰ্দিষ্ট সময়ত, তেতিয়াহে ৰাস্তা পাৰ হ’ব পৰা সংকেতৰ লাইট জ্বলে। তেনে ব্যৱস্থা নথকা ক্ৰচিংবোৰত গাড়ীবোৰে পদাচাৰীক প্ৰথম পাৰ হৈ যাবলৈ দি ৰৈ দিয়ে। ৰাস্তা... |
স্কুললৈ ল’ৰা-ছোৱালী যোৱাৰ সময়ত বাটে-ঘাটে কিছুমান বয়সিয়াল মহিলাই হাতত পতাকা লৈ ৰাস্তাৰ গাড়ী মটৰ ৰখাই, সৰু ল’ৰা-ছোৱালীবোৰ সুকলমে ৰাস্তা পাৰ হোৱাত স্বেচ্ছাসেৱকৰ কাম কৰে। গাড়ী মটৰবোৰে হৰ্ণ নবজায়। কোনোবাই গাড়ী চলোৱাত ভুল কৰিলে পিছৰ গাড়ীখনে এবাৰ হৰ্ণ বজাই সংকেত দিয়ে। |
কিছুমান লোকৰ ঘৰৰ সন্মুখত একো একোটা সৰু কিতাপৰ আলমাৰি থাকে। যাৰেই মন যায় তাৰপৰা কিতাপ নি পঢ়িবগৈ পাৰে। যিমানখন কিতাপ পঢ়িবলৈ নিব, তেওঁ নিজৰ ওচৰত থকা সিমানখন অইন কিতাপ তাত থৈ যোৱাৰ নিয়ম। আলমাৰিটোত কোনো তলা-চাবিৰ ব্যৱস্থা নাই। সেইবোৰ তদাৰক কৰাৰো কোনো মানুহ নাই। সকলোৱে এইবোৰ ৰাজহুৱা নিয়ম বুলি পালন কৰে। |
প্ৰায়বোৰ লোকৰ ঘৰতে পোহনীয়া জন্তু আছে। এই কুকুৰ মেকুৰীবোৰেও বৰ জ্ঞানীৰ দৰে আচৰণ কৰে। কাৰোবাৰ এনে পোহনীয়া কুকুৰে ৰাজহুৱা স্থানত মলত্যাগ কৰিলে মালিকে নিজে পৰিষ্কাৰ কৰি ডাষ্টবিনত পেলোৱাটো নিয়ম। আন পেলনীয়া বস্তুবোৰো সকলোৱে ডাষ্টবিনতহে পেলায়। |
তাৰাণাই আমাক বিশ্ববিদ্যালয়খন দেখুৱাবলৈ লৈ গৈছিল। তাৰাণাৰ গাইডজনৰ নাম অধ্যাপক জন ক্লাৰ্ক। আমেৰিকাত সকলোৱে ইজনে সিজনক নাম কাঢ়ি মতাহে নিয়ম। ‘ছাৰ’ আদি সম্বোধন কোনেও নকৰে, বা ‘ছাৰ’ নোকোৱা বাবে কোনেও মনত অসন্তোষ নকৰে। জনৰ ঘৰলৈ তাৰপিছদিনা আমাক নিশাৰ আহাৰ খাবলৈ নিমন্ত্ৰণ কৰিছিল। আমি বিশ্ববিদ্যালয়ত সোমাই ইফালে সিফালে চাই থাকোঁত... |
তাৰাণাই কলে, “এতিয়া জনে কাম কৰি থাকোঁতে বোধহয় চিলিণ্ডাৰ শেষ হ’ল, সেয়ে জনে নিছে। মোৰ হাতত শেষ হোৱা হলে, মই নিলোঁহেতেন।” |
মই তেতিয়াই বুজিলোঁ, তেওঁলোকে জীৱনটো অতি সাধাৰণ সিদ্ধান্তৰে সৈতে পালন কৰি আহে, সেয়ে তেওঁলোকৰ কিছুমান অশান্তি নেথাকে। বিশ্ববিদ্যালয়ৰ অধ্যাপকে লেবৰেটৰীৰ চিলিণ্ডাৰ কঢ়িয়াই অনাটোত কোনো লাজ পাবলগীয়া বা সন্মান হানিকৰ কথা বুলিও নেভাবে। |
তাৰাণাই আমাক কেণ্টিনত কফি খুৱাবলৈ লৈ গ’ল। দুজনী ছাত্ৰীয়ে সেই সময়ত কেণ্টিন চলাই আছে। পইচা লোৱাৰে পৰা খোৱাবস্তু ট্ৰেত সজাই দিয়ালৈকে, সকলোখিনি কাম, সেই ছোৱালী দুজনীয়ে কৰিছে। তাৰাণাৰ লগত কোনো চিনাকি নাই যদিও তাৰাণাৰ আইডেণ্টিটি কাৰ্ডৰ পৰা চিনি পাই কথা পাতিলে। আমি তাৰাণাৰ মা-দেউতা কাৰণে আমাক কাউণ্টাৰৰ পৰাই হাত জোকাৰি ‘হেল্ল’... |
আমি কফি খাই থাকোঁতে এগৰাকী দেখাত গহীন গপচ ধৰণৰ বয়সিয়াল ভদ্ৰমহিলা কেণ্টিনলৈ কফি খাবলৈ আহিল। আমাক দেখি নিজে উপযাচি আহি তাৰাণাৰ লগত কথা পাতি সুধিলে, “তোমাৰ মা-দেউতা আহিবলগীয়া আছিল যে আহিল, এইয়া নহয় জানো?” |
আমাৰ লগত নামটো কৈ চিনাকি হৈ কৰমৰ্দন কৰি তেখেতে কাউণ্টাৰলৈ গৈ কফি ল’লেগৈ। মই তাৰাণাক “তেখেতনো কোন আৰু আমি তোৰ মা-দেউতা ইয়ালৈ আহিম বুলি তেওঁ কেনেকৈ জানিলে”, সুধিলোঁ। তাৰাণাই দিয়া উত্তৰত মই বিস্ময় মানিলোঁ। তেখেত হেনো বিশ্ববিদ্যালয়ৰ ৰেজিষ্ট্ৰাৰ! ‘আমি যাম’ বুলি তাৰাণাই ছুটী বিচাৰি দৰ্খাস্ত দিছিল। ৰেজিষ্ট্ৰাৰ গৰাকীয়েই তাৰাণা... |
একেদিনাই মোৰ বহুত অভিজ্ঞতা আৰু শিক্ষা হ’ল। অৱশ্যে, মই তেতিয়াই ভাবিছোঁ যে আমেৰিকান সকলৰ দৰে সুসভ্য জাতি এটাই এইদৰেই ইমান সহজ সৰল সিদ্ধান্তৰে নিজকে সুখী কৰি ৰাখিব পাৰিছে। অথচ এইবোৰ কথা আমাৰ ভাৰতবৰ্ষৰ দৰে দেশত অতি বিৰল৷ |
আমেৰিকাত আমি গাড়ী এখন ভাৰাত লৈ প্ৰায় কুৰি দিনৰ বাবে ফুৰিবলৈ ওলাইছিলোঁ। আমি আমেৰিকালৈ গৈ পোৱাৰ পিছদিনাহে তাৰাণাৰ ড্ৰাইভিং লাইচেঞ্চখন আহি পাইছিল। আমেৰিকাত ড্ৰাইভিং লাইচেঞ্চ পোৱাটো বেছ জটিল প্ৰক্ৰিয়া। অৱশ্যে মই ভাৰতৰ পৰা ‘আন্তৰ্জাতিক ড্ৰাইভিং পাৰ্মিট’ উলিয়াই নিছিলোঁ। আমেৰিকাত আমি লোৱা ভাৰাৰ গাড়ীখন আমি নিজে চলাব লাগিব। কোন... |
আমেৰিকাৰে টেক’মা নামে ঠাইত, হিব্বেন উপাধিৰ তাৰাণাৰ বান্ধৱী এগৰাকীৰ ঘৰলৈ আমাক এদিন থকাকৈ নিমন্ত্ৰণ কৰিলে। প্ৰথমে আমি চাৰিটাকৈ মানুহ আলহী হ’বলৈ অসুবিধা হব বুলি ভাবি নেযাওঁ নথওঁ বুলি নিজৰ মাজতে গুণা-গঁথা কৰিছিলোঁ। তাকে বোধহয় তেওঁলোকে অনুমান কৰি, বান্ধৱীজনীৰ মাকে তাৰাণাৰ পৰা পবিত্ৰাৰ ফোন নম্বৰ লৈ “আপোনালোক আহিলে অতি আনন্দি... |
একেদৰেই মই আমেৰিকাৰ ঘৰবোৰ কাঠৰ খুটা বা বেৰবোৰ কাঠেৰে কেনেকৈ নিৰ্মাণ কৰে সোধাত মিঃ হিব্বেনে আমাক সাজি থকা ঘৰ এটালৈ নি কথাবোৰ তন্ন-তন্নকৈ বুজাই দিলে। আমেৰিকাত পশ্চিম আৰু মাজভাগত কাঠৰ ঘৰহে বেছি। অবশ্যে, পূবৰ ফালে আমি যোৱা নহ’ল। |
আমি ফুৰিবলৈ গৈ থকা অৱস্থাত চান-ফ্ৰাঞ্চিস্কোৰ ওচৰৰ ছান হ’জে (San Jose) নামৰ ঠাইত এটা Air bnbত আছিলোঁ। Air bnb ধাৰণাটো আমেৰিকাত বেছ জনপ্ৰিয়। আজিকালি অসমতো হৈছে। সেই Air bnbটোৰ গৃহস্থ জনৰ নাম জোচেফ। প্ৰায় ষাঠি বছৰীয়া জোচেফ বৰ ৰঙিয়াল মানুহ। পৰিবাৰৰ নাম লিলি। অতি সোনকালেই জোচেফ আৰু মোৰ আড্ডা জমি উঠিল। জোচেফৰ লগত মোৰ শৈশৱৰ ব... |
আমেৰিকাত আমি পোৱা এই মধুৰ অনুভৱবোৰৰ কথা কৈ থাকিবলৈ হ’লে সতকাই অন্তই নপৰিবগৈ। তথাপিও আকৌ কেতিয়াবা, কিবাকিবি দুটামান কথা মনত পৰিলে, আপোনালোকক কৈ শুনাম। |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক |
অভিমানী হাফলং |
September 18, 2022 September 19, 2022 0 |
হাফলং নামঘৰ |
September 18, 2022 September 19, 2022 0 |
মোৰ তুৰ্কী যাত্ৰা |
August 21, 2022 August 21, 2022 0 |
আকৌ এবাৰ – মুম্বাই মেৰি জান |
July 18, 2022 July 18, 2022 0 |
গুৰুদংমাৰ হ্ৰদ |
May 22, 2022 May 22, 2022 0 |
কেঙ্গেৰু দেশৰ বতৰা |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.