text
stringlengths
0
188k
মহাভাৰতৰ পৰিশিষ্ট হৰিবংশই কাশ্যপ আৰু সুৰভিক পতি-পত্নী হিচাপে চিত্ৰিত কৰিছে আৰু ৰুদ্ৰসকলৰ পিতৃ-মাতৃ ৰূপত তুলি ধৰিছে।[2][6] মহাভাৰতৰ আন এটা দৃষ্টান্তত ধৰ্ম (সম্ভৱতঃ যমৰ সৈতে চিনাক্ত) হৈছে ৰুদ্ৰ আৰু মৰুতৰ পিতৃ।[1]
বিষ্ণু পুৰাণত বৰ্ণনা কৰা হৈছে যে ৰুদ্ৰ (ইয়াত শিৱ বুলি চিনাক্ত কৰা হৈছে) ক্ৰোধিত ৰুদ্ৰ অৰ্দ্ধনাৰী ৰূপত আছিল। ইয়াৰে পুৰুষৰূপক তেওঁ এঘাৰটা স্বৰূপত বিভক্ত কৰি এঘাৰটা ৰুদ্ৰ গঠন কৰে। এইসমূহৰ কিছুমান শুভ্ৰ আৰু কোমল আছিল; আনহাতে আন কিছুমান আছিল আন্ধাৰৰ দৰে ক'লা আৰু উগ্ৰ। সেই অনুসৰি এই একাদশ ৰুদ্ৰ হৈছ:
মন্যু
মনু
মহংস
মহন
শিৱ
ঋতুধ্বজ
উগ্ৰৰেতা
ভৱ
কাম
বামদেৱ
ধৃতব্ৰত
আনহাতে নাৰী স্বৰূপৰ পৰা জন্ম হৈছিল এঘাৰগৰাকী ৰুদ্ৰানী আৰু তেওঁলোক আছিল ৰুদ্ৰসকলৰ পত্নী। তেওঁলোক হৈছে:
ধী
ব্ৰত্তি
উসানা
উৰ্না
নিযুতা
সাৰ্পিস
ইলা
অম্বিকা
ইৰাবাতল
সুধা
দীক্ষা
ব্ৰহ্মাই ৰুদ্ৰসকলক হৃদযন্ত্ৰৰ এঘাৰটা অৱস্থান আৰু পঞ্চ ইন্দ্ৰিয় অংগ, পঞ্চ ক্ৰিয়া অংগ আৰু মন হিচাপে বিভক্ত কৰিছিল।[4][2] আন আন পুৰাণত এইসকলক অজ, একপদ (একপাত), অহিৰবুধন্য, ত্বস্তা, ৰুদ্ৰ, হৰ, সম্ভু, ত্ৰ্যম্বক, অপৰাজিতা, ঈশান আৰু ত্ৰিভুবন বুলি কোৱা হৈছে।[4][2]
মহাভাৰত মহাকাব্যৰ এটা দৃষ্টান্তত ৰুদ্ৰসকলৰ সংখ্যা এঘাৰ আৰু তেওঁলোকৰ নাম হৈছে:
মৃগবধ
সৰপ
নিৰিতি
অজাইকাপদ
অহি
বুধনিয়
পিনাকিন
দহন
ঈশ্বৰ
কাপালি
স্থানু
ভগ
ইয়াত কপালিনক ৰুদ্ৰসকলৰ ভিতৰত আগশাৰীৰ বুলি বৰ্ণনা কৰা হৈছে যদিও[1] ভাগৱতত শংকৰকেই ৰুদ্ৰসকলৰ ভিতৰত শ্ৰেষ্ঠ বুলি গণ্য কৰা হৈছে।[7] কপালিন আৰু শংকৰ দুয়োটা শিৱৰ উপনাম।[1] আন এটা দৃষ্টান্তত তেওঁলোকক ত্বষ্ট্ৰৰ পুত্ৰ বুলি বৰ্ণনা কৰা হৈছে আৰু নাম দিয়া হৈছে:[1]
বিশ্বৰূপ
অজাইকাপদ
অহিবুধ্যা
বিৰূপাক্ষ
ৰাইৱত
হৰ
বহুৰূপ
ত্ৰ্যম্বক
সবিত্ৰ
জয়ন্ত
পিনাকিন
সাধাৰণতে ৰুদ্ৰসকলক এঘাৰজন বুলি বৰ্ণনা কৰা হৈছে যদিও মহাভাৰতৰ এটা দৃষ্টান্তত; তেওঁলোকক এঘাৰ হাজাৰ বুলি কোৱা হয় আৰু এইসকলে শিৱক আগুৰি আছে। যিটো ৰুদ্ৰৰ আন এটা নাম। [1][2] এই এঘাৰটা গোটৰ নাম দিয়া হৈছে:[1]
অজাইকাপদ
অহিবুধ্যা
পিনাকিন
ঋত
পিতৃৰূপ
ত্ৰ্যমাবাক
মহেশ্বৰ
বৰ্ষকাপি
শম্ভু
হাবান
ঈশ্বৰ
ভাগৱত পুৰাণ পৰ্ব ৩ অধ্যায় ৩-ত উল্লেখ আছে যে ব্ৰহ্মাৰ ক্ৰোধৰ ফলত ৰুদ্ৰৰ জন্ম হয়। পৰ্ব ৩ অধ্যায় ৩ আৰু ১২ পদত নামবোৰ তলত উল্লেখ কৰা হৈছে:
মন্যু
মনু
মহিনাস
মহন
শিৱ
তমধ্বজ
উগ্ৰৰেতা
ভৱ
কাল
বামদেব
ধৃতব্ৰত
ভাগৱত পুৰাণ পৰ্ব ৬ অধ্যায় ৬-ত এঘাৰজন ৰুদ্ৰক সৰুপা আৰু ভূতৰ সন্তান বুলি কোৱা হৈছে। সৰুপা দক্ষৰ কন্যা আছিল। পৰ্ব ৬ অধ্যায় ৬-ৰ ১৭-১৮ পদত দিয়া এঘাৰজন ৰুদ্ৰৰ নাম হ’ল-
ৰাইৱত
অজ
ভৱ
ভীম
বাম
উগ্ৰা
বৃষাকপি
অজাইকাপাত
অহিৰব্ৰধন
বহুৰূপ
মহন
মৎস্য পুৰাণত উগ্ৰ এঘাৰ ৰুদ্ৰৰ উল্লেখ আছে:
কাপালি
পিঙ্গল
ভীম
বিৰূপাক্ষ
বিলোহিতা
অজেশ
শাসান
শাস্ত
শম্ভু
ছন্দা
ধ্ৰুৱ
দানৱৰ বিৰুদ্ধে যুদ্ধত বিষ্ণুক সহায় কৰা এইসকলে সিংহৰ চাল, জটা চুলি আৰু ডিঙিত সৰ্প পিন্ধে। এইসকলৰ ডিঙি হালধীয়া, ত্ৰিশূল আৰু মূৰত খোলা আৰু কপালত অৰ্ধচন্দ্ৰ থাকে। কাপালিৰ নেতৃত্বত দুয়ো মিলি হাতী দানৱ গজাসুৰক বধ কৰে।[5]