text
stringlengths
0
188k
ধৰ্মগুৰুৰ ‘পৰমাত্মা’ স্বীকৃতি বিচৰা আবেদনকৰ্তাক দৃষ্টান্তমূলক শাস্তি স্বৰূপে ১ লাখ টকাৰ জৰিমনা বিহিলে উচ্চতম ন্যায়ালয়ে
বংগত গাড়ীৰ স্পেয়াৰ টায়াৰৰ ভিতৰত উদ্ধাৰ ৯৪ লাখ টকা: বিজেপিলৈ অভিযোগৰ আঙুলি মমতা বেনাৰ্জীৰ
সংবাদ মাধ্যমে বৰ্জন কৰিছে ভাৰত জোড়ো যাত্ৰা, কৰা নাই কাৰ্যসূচীৰ সম্প্ৰচাৰ! অভিযোগ অশোক গেহলটৰ
লুডুৰ জুৱাত হেৰুৱালে সৰ্বস্ব: শেষত নিজকে বাজী ৰাখি ঘৰৰ মালিকৰ ওচৰত পৰাস্ত হ’ল মহিলা
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
এটা গুৰুত্বপূর্ণ বিষয়ত মনোযোগ দিয়াৰ সময় পাৰ হৈছে। জনজীৱন চহকী কৰা ব্যক্তিৰ সম্পদসমূহ সংৰক্ষণৰ গুৰুত্ব আমাৰ উপলব্ধি হোৱা নাই।
ৰাজ্যখনৰ বহুতো চহকী মনৰ ব্যক্তিৰ সমলবোৰ সময়ত ৰাখি থোৱা হোৱা নাই। পৰিয়ালবোৰত থকা ছপা কামবোৰেই একমাত্ৰ সমল নহয়। পৰিয়ালৰ ফালৰ পৰা উলিয়াওৱা স্মৃতিগ্ৰন্থবোৰেই নতুন প্ৰজন্মৰ বাবে চানেকি হ'ব নোৱাৰে।
টোকা বহী, একোটা মুহূৰ্তৰ চিন্তা, ডায়েৰী, পৰিকল্পনা সকলো সমল। সৌৰভ চলিহা দেশৰ এগৰাকী শ্ৰেষ্ঠ গল্পকাৰ আছিল। নতুন প্ৰজন্মই নাজানে। তাতে আকৌ শকত-আবত দামী সংকলনবোৰে পদচিহ্ন পুথিভঁৰালতে সুমুৱাই থ'লে। আৰু অনেক উদাহৰণ ওলাব।
ৰাজ্যখনৰ বহুতো পদচিহ্ন সংৰক্ষণৰ ব্যৱস্থা লোৱা নহ’ল। এতিয়াও কামত হাত দিব লাগিব। চৰকাৰৰ চিন্তাত এনে প্ৰয়োজনীয়তা ফুটি উঠা নাই। ব্যক্তিগত খণ্ডত এনে উদ্যোগ ল'ব পাৰি। কামবোৰেই জাতিটোৰ ইতিহাস ৰচনাত উৎস হৈ পৰিব।।<eot>লোকগীত লোকসাহিত্যৰ এটা প্ৰধান অংগ৷ লোকসাহিত্যক মৌখিক সাহিত্য বুলিও কোৱা হয়৷ যুগযুগ ধৰি মানুহৰ মুখে মুখে প্ৰচল...
অসমীয়া সাহিত্যৰ সমালোচকসকলে লোকগীতক তিনিটা শ্ৰেণীত বিভক্ত কৰিছে৷ সেইবোৰ হ’ল: অনুষ্ঠানমূলক লোকগীত, আখ্যানমূলক লোকগীত আৰু বিবিধবিষয়ক লোকগীত৷ বিহু-বিয়া-সবাহ বা অসমীয়া জনমানসত প্ৰচলিত যিকোনো অনুষ্ঠানৰ লগত সংগতি ৰাখি যিবোৰ গীত গোৱা হয় সেইবোৰ অনুষ্ঠানমূলক লোকগীত৷ আকৌ আখ্যানমূলক লোকগীতত লাচিত বৰফুকন, মণিৰাম দেৱান, জয়মতী কুঁৱৰ...
সাহিত্যিক বিভাজনৰ দিশলৈ নগৈ ভাষাৰ ভিত্তিত লোকগীতসমূহক আমি দুটা ভাগত বিভক্ত কৰিব পাৰোঁ: কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীত৷ লোকগীতসমূহৰ বিষয়বস্তুৰ পাৰ্থক্য থাকিলেও এইবোৰৰ প্ৰকাশভংগীৰ সাদৃশ্য বিশেষভাবে মনকৰিবলগীয়া৷ লোকগীতবোৰ হ’ল চহাজীৱনৰ মনৰ ভাবৰ অকপট স্বীকাৰোক্তি৷ সহজ-সৰল চহালোকৰ দৰেই এইবোৰৰ ভাষাও সহজ-সৰল৷ স্থানীয় লোক...
মূলতঃ নামনি অসমৰ কামৰূপ, বৰপেটা আৰু নলবাৰী অঞ্চলত প্ৰচলিত আৰু সমাদৃত কামৰূপী লোকগীতবোৰক বিষয়বস্তুৰফালৰ পৰা আমি দুটা শ্ৰেণীত বিভক্ত কৰিব পাৰোঁ: ভক্তিমূলক আৰু সামাজিক৷ ভক্তিমূলক কামৰূপী লোকগীতবোৰত কৃষ্ণভক্তিৰ নিদৰ্শন পোৱা যায়৷ কেতবোৰ ভক্তিমূলক কামৰূপী লোকগীতত বৈৰাগ্য ভাবৰো প্ৰকাশ হোৱা দেখা যায়৷ এনেধৰণৰ লোকগীতসমূহ বৈষ্ণৱ ...
এই লেখাটোত কামৰূপী লোকগীতসমূহতনো সমাজ, ৰীতি-নীতি, সংস্কাৰ, নাৰীৰ মমতা-দুখ-ইৰ্ষা আদি কিদৰে প্ৰকাশ হৈছে তাকে কেইটিমান লোকগীতক প্ৰসংগ হিচাপে লৈ বিশ্লেষণ কৰিবলৈ প্ৰয়াস কৰা হৈছে৷
আমাৰ সমাজত বিবাহযোগ্য কন্যাসন্তান থকা পিতৃ-মাতৃৰ বাবে তেওঁলোকৰ কন্যাৰ বিয়াই একমাত্ৰ চিন্তাৰ কাৰণ হৈ পৰে৷ আনকি ছোৱালীজনী জন্ম হোৱাৰ দিনৰে পৰা তাইৰ পিতৃ-মাতৃয়ে নিজকে তাইৰ বিয়াৰ বাবে প্ৰস্তুত কৰি তোলে৷ একেদৰে ছোৱালীজনীকো বুজা হোৱাৰ দিনৰে পৰা বিয়া হৈ এঘৰলৈ ওলাই যাবলৈ মানসিকভাবে প্ৰস্তুত কৰি তোলে৷ পাকে-প্ৰকাৰে ছোৱালী যে পৰৰ...
অ’ আইৰ বুকুৰ মাজত থাকিব নাপালোঁ
বিমলা-মধুৰী অ’
কিন্তু ফুল ফুলিলে গোন্ধ ওলোৱাৰ দৰে গাভৰু ছোৱালী থকা ঘৰলৈ প্ৰাৰ্থীৰ আগমন হ’বলৈ আৰম্ভ কৰে৷ গীতটোতো ইতিমধ্যে তাইক নিবলৈ দুৱাৰদলিত বিবাহযোগ্য প্ৰাৰ্থীয়ে আহি ভীৰ কৰিছেহি:
ৰামে নেউ ৰামে নেউ কৰে না লো
আমি আপীছ’লি জ্বলা জুই অ’
মাক-পিতাকৰ লগতে ছোৱালীজনীৰ গোটেই জীৱন থাকিবলৈ মন গ’লেও কিন্তু আমাৰ সমাজ ব্যৱস্থাই সেইটো সমৰ্থন নকৰে আৰু সমাজৰ নিয়মকে সাৰোগত কৰি মাক-পিতাকেও ছোৱালীৰ ইচ্ছাক অগ্ৰাধিকাৰ নিদি একাষৰীয়া হৈহে থিয় হয়৷
আইও কান্ধ্যা হয়, বোপাইও কান্ধ্যা হয়
বিমলা-মধুৰী অ’
দুগালে চকুলো সৰে না লো
আমি আপীছ’লি জ্বলা জুই অ’
(লাইজাৰ ভাঙিলোঁ উৰুঙা বতাহে)
শেষত যেন ছোৱালীজনীয়ে মানি লয় যে নিজৰ ঘৰখন এৰি, লগ-সমনীয়াক এৰি আনৰ ঘৰখন আপোন কৰি ল’বলৈ তাই যাবই লাগিব৷ বিবাহযোগ্য ছোৱালী এজনীৰ মনৰ ব্যাথা ইমান সুন্দৰকৈ ফুটাই তোলালৈ চাই এই লোকগীতটোৰ ৰচক কোনোবা অনামী নাৰীও হ’ব পাৰে বুলি মনত একোটা ভাবৰ উদ্ৰেক হয়৷ কিন্তু এই গীতটিৰ ৰচক কোনোবা নাৰী বুলিয়ে আমি ডাঠি ক’ব নোৱাৰোঁ৷ বহুতো স্বভাৱসি...
বিয়াৰ বাবে প্ৰস্তুত হোৱা ছোৱালীজনীক সখীয়েকে “বুকুৰ লগৰী” বুলি সম্বোধন কৰি ঘৰৰ মায়া এৰি, গাঁৱৰ মায়া এৰি, বুকুত জ্বলা জুই একুৰা লৈ কিদৰেনো আনৰ ঘৰলৈ যাব পাৰিব তাকে প্ৰশ্ন কৰে৷ পিতাকৰ ঘৰত সদায় মাক-পিতাকৰ আশ্ৰয়ত, কোনো বাধা-বিঘিণি নোপোৱাকৈ ডাঙৰ-দীঘল হোৱা ছোৱালীজনীয়ে সংসাৰৰ আও-ভাও নোপোৱাকৈ পৰৰ ঘৰত কিদৰে জীৱন কটাব বুলি সখীয়েক ...
মাছকে গৈছিলি পানীত নানামিলি
কাইটে বিন্ধিব বুলি
নাজানি-নুশুনি সংসাৰৰ জালতে
কেংকে পেলাবি ভৰি
ফুলেশ্বৰী বুকুৰে লগৰী অ’
(অ’ ফুলেশ্বৰী বুকুৰে লগৰী অ’)
অৱশেষত সখীয়েকেও মানি লয় যে মাক-পিতাকৰ ঘৰ শুদা কৰি পৰক আপোন আৰু আপোনক পৰ কৰাটোৱেই ছোৱালীৰ জীৱন৷
আমাৰ সমাজত বিয়া দিবলৈ সাজু হোৱা ছোৱালীজনীক তাইৰ মাক-পিতাকে বিয়াৰ পাছত সংসাৰ চলাবলৈ প্ৰস্তুত কৰিছিল৷ সকলো মাক-পিতাকৰ মনত নিজৰ সন্তান অজলা আৰু বিশেষকৈ পুষ্পিতা হোৱাৰ পাছতে বিয়া হোৱা ছোৱালীজনীৰ বয়সেইনো কিমান হয়! গতিকে সাংসাৰিক দায়িত্ব পালন কৰিবলৈ ওলোৱা সেই সৰু ছোৱালীজনীৰ মনটো সৰলতাৰে ভৰি থকাটোৱেই স্বাভাৱিক৷ আগৰ সমাজখন যৌথ...
“বিহানে উঠিয়া আই তই কৰিবি ছিলান”- দোকমোকালিতে উঠি গা ধুব লাগিব বুলি কৈ, তাৰ পাছত গোহালি-ভড়াল সূচী কৰা অৰ্থাৎ পবিত্ৰ কৰাৰ দায়িত্বও যে ঘৰৰ ন-বোৱাৰীজনীৰ এই কথাও মাক-পিতাকে ছোৱালীজনীক শিকাই পঠিয়ায়৷ গোহালি-ভড়াল পবিত্ৰ কৰা আদিও অসমীয়া সমাজৰে একোটি সংস্কাৰ৷
আগৰ সমাজখনত গা ধোৱাৰ বাবে স্নানাগাৰ বা গাধোৱা ঘৰৰ ব্যৱস্থা নাছিল৷ সেয়ে কাপোৰ-কানি সলাওতে ইফালে-সিফালে চাই সাৱধানে সলাবলৈ মাক-পিতাকে ছোৱালীজনীক সকীয়াই দিয়ে৷ শহুৰেক-শাহুৱেকৰ মন জয় কৰিবলৈ লগতে নিজকে পিতৃ-মাতৃ সদৃশ কোনো বয়োজ্যেষ্ঠজনৰ তত্ত্বাৱধানত ৰাখিবলৈ, তেওঁলোকৰ কথা মানি চলি কাম-বন কৰিবলৈ ছোৱালীজনীৰ মাক-পিতাকে পৰামৰ্শ দি...
শাহু-শহুৰৰ কথা কৰিবি পালন
সম্পূৰ্ণকে দিবি আই তই কামতে মগন”
(অ’ জীৱেৰ বেউলা অ’)
তদানীন্তন সমাজৰ প্ৰচলিত এক ধাৰণা হ’ল, নাৰীৰ বাবে স্বামীয়েই সৰ্বস্ব৷ স্বামীয়েই প্ৰভু, পৰমেশ্বৰ, গৰাকী৷ গতিকে নিজৰ প্ৰভুৰ ওচৰত সকলো সমৰ্পণ কৰিবলৈয়ো মাক-পিতাকে ছোৱালীজনীক শিকাই পঠিয়ায়:
পতি পৰভূ বুলি আই তই ৰাখিবি মনত
সৰ্বখেনি সপি দিবি তাহাৰ পাৱত
(অ’ জীৱেৰ বেউলা অ’)
সংসাৰ চলাবলৈ মাক-পিতাকৰ উপদেশ মানি চলি প্ৰায়ভাগ ছোৱালীৰ সংসাৰ সুখৰ হয়৷ কিন্তু মাক-পিতাকৰ উপদেশ মানি চলাৰ পিছতো কিছুমানৰ ক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰম হোৱা দেখা যায়৷ কোনো কোনো পৰিয়ালত ছোৱালীজনী বিয়া হৈ অহা ঘৰখনত শাহুৱেক-নন্দেকে লগ হৈ বোৱাৰীজনীক অত্যাচাৰ কৰে৷ নিজৰ মাক-পিতাকৰ ঘৰত সুখেৰে আৰামত জীৱন কটোৱা সৰু ছোৱালীজনীৰ ওপৰত যথেষ...
টুপুনি টুপুনি অ’ আই টুপুনি
টুপুনিৰ কলৰ তলত ঘৰ
অ’ আমাৰে ঘৰকে নাহিবি টুপুনি
শাহু-ননান্দৰ ডৰ হেৰ টুপুনি
হালিয়া-জালিয়া পৰে গাৱ
(টুপুনি টুপুনি অ’ আই টুপুনি)
নতুনকৈ বিয়া হোৱা প্ৰতিজনী ছোৱালীৰে মাকৰ ঘৰখনলৈ যোৱাৰ গৈ কিছুসময় থাকি অহাৰ বৰ হেঁপাহ৷ লোকগীততো চহাকবিয়ে তেনে ছবি অংকন কৰিবলৈ পাহৰা নাই:
ধানপাচি বানিলোঁ
চাউলপাচি চৰিলোঁ
ভাবছিলোঁ আইথেৰ ঘৰক যাম
(টুপুনি টুপুনি অ’ আই টুপুনি)
ধান বনা, চাউল জৰা আদি অসমৰ যিকোনো গাঁৱৰে এটি চিনাকি দৃশ্য৷ ঘৰৰ সমস্ত কাম কৰি উঠি মাকৰ ঘৰলৈ যাবলৈ বিচাৰিলেও বোৱাৰীয়েকক শাহুৱেকে যাবলৈ অনুমতি নিদিয়াত বোৱাৰীয়েকে মনে মনে শাহুৱেকক ‘নাককাটি’ বুলি গালি পাৰি ভোৰভোৰাইছে:
অ’ শাহু নাককাটি
যাবাকে নেদিলা
ঘৰতে তাইৰ মূৰাটো খাম হেৰ টুপুনি
(টুপুনি টুপুনি অ’ আই টুপুনি)
আকৌ ব’হাগৰ দোমাহীৰ দৰে শুভ ক্ষণতো শাহুৱেক-নন্দেকে তাইক গৰু পঘাৰে বন্ধাৰ দৰে অমানুষিক আৰু মানসিক অত্যাচাৰ কৰা বাবে খঙত অতিষ্ঠ হৈ বোৱাৰীয়েকে “শাহু-ননন্দিনী দুয়ো কালবাঘিণী” বুলি গালি পাৰিছে৷ গালি-গালাজো এখন সমাজৰে, এখন সমাজৰ সংস্কৃতিৰে অংগ৷ লোককবিয়ে সাধাৰণ মানুহৰ অৱস্থাৰ লগত, পৰিবেশ-পৰিস্থিতিৰ লগত খাপ খাই পৰাকৈ গীতৰ চৰিত্...
টুপুনি এ’ শাহুটু মৰি যাওক
দেওটুক বাঘে খাওক
শহুৰটুক খাওক ধৰাসাপে
অ’ গো-চৰণৰ ধূলি লৈ মৰদটু মৰি যাওক
মই যাও ধেমেনাৰ ঘৰে হেৰ টুপুনি
(টুপুনি টুপুনি অ’ আই টুপুনি)
তদানীন্তন সমাজখনত স্বামী-স্ত্ৰীৰ মাজত বয়সৰ ব্যৱধান যথেষ্ট বেছি আছিল৷ সেয়ে গিৰিয়েক-ঘৈণীয়েকৰ মাজত বন্ধুত্বসুলভ সম্পৰ্ক হোৱাটো অস্বাভাৱিক আছিল৷ তেওঁলোকৰ মাজত হয়তো বৰ বেছি কথা-বতৰাও নহৈছিল৷ স্বামী-স্ত্ৰীৰ সম্পৰ্কত প্ৰেমৰ সলনি অনুশাসনৰ প্ৰভাৱহে বেছি আছিল যেন বোধ হয়৷ সেয়ে আহোঁতে যাওতে ভুকুটো, চৰপাত, লাঠটো খোৱাটো বোৱাৰীবোৰৰ ব...
পিঠিতে নধেৰবি পিঠিতে নামেৰবি
পিঠিনো কি দোষ কৰে
অ’ হাততে ধৰিবি মুখতে মাৰিবি
মুখেহে উত্তৰ কৰে হেৰ টুপুনি
(টুপুনি টুপুনি অ’ আই টুপুনি)
সেয়ে গিৰিয়েকৰ মৰমসনা মাত নোপোৱা, সংসাৰৰ জালা ভোগা বোৱাৰীবোৰ দেখিলে আন কোনো পুৰুষে ছলাহী কথা কৈ, মৰমৰ মাত মাতি, সোণৰ অলংকাৰ দিব বুলি ফুচুলাই বোৱাৰীবোৰ লৈ যায় আৰু তেনে ছলাহী কথা কোৱা পুৰুষৰ মৰমৰ মাতষাৰৰ বাবে আৰু সোণৰ গহনাৰ লোভত পৰিয়ালৰ সকলোৰে মৃত্যু কামনা কৰি বোৱাৰীবোৰেও মুকলিকৈ ধেমেনাৰ ঘৰলৈ যাব বুলি ক’ব পাৰিছিল৷ নিজৰ গি...
মাক-পিতাকৰ ঘৰত কাম কৰাৰ অভ্যাস নথকা ছোৱালীৰ বোৱাৰীকালৰ প্ৰথমভাগত কাম-বন কৰিবলৈ এলাহ লাগে বাবে গা অসুখ বুলি ন-বোৱাৰীয়ে শেতেলী লয়৷ কিন্তু গুণীজনে আহি তাই সুস্থ বুলি কোৱাত তাই প্ৰকৃত কাৰণটো বুজি পায় যে এলাহৰ বাবেই তাই সাউতকৈ ঢাৰি-পাটী পাৰিলৈ শুই থাকিবলৈহে ভাল পায় আৰু ৰাতি শুলে বেলি মূৰৰ ওপৰলৈ উঠিলেহে সাৰ পায়:
কহে দ্বীজ ভট্টদেৱে
মোদ্দেহাটু ভালে আছে
মোদ্দেখোন কাম কৰিব হেলা
অ’ ঢাৰাখান পাৰিলোঁ হিৰিতকে পৰিলোঁ
পুৱা হয় ডেৰপৰ বেলা হেৰ টুপুনি
(টুপুনি টুপুনি অ’ আই টুপুনি)
এই গীতটোৰ শেষৰ স্তৱকটত ভট্টদেৱৰ নামৰ উল্লেখ আছে৷ কিন্তু এইগৰাকী ভট্টদেৱেই “কথা-গীতা”, “কথা-ভাগৱত”ৰ ভট্টদেৱ হয় নে নহয় অনুমান কৰাটো কঠিন৷ শংকৰদেৱ, মাধৱদেৱে ৰচনা কৰা বৰগীতৰ ভাব আৰু জনপ্ৰিয়তালৈ লক্ষ্য ৰাখি যিদৰে কোনো অখ্যাত কবিয়ে নিজৰ ৰচনাত তেখেতসকলৰ নামটো ব্যৱহাৰ কৰিছিল ঠিক একেদৰে কোনো চহাকবিয়ে ভট্টদেৱৰ নামত নিজৰ ৰচনা প্ৰ...
আজিৰ সমাজখন বহুক্ষেত্ৰত আগবাঢ়ি গ’লেও আজিও সমাজত জাত-পাতৰ বিচাৰ-খোচাৰ কৰা লোকৰ সংখ্যা কম নহয়৷ অনাক্ষৰী চহাকবিৰ মুখে মুখে লোকগীতৰ প্ৰচাৰ হোৱাৰ সময়তো সমাজত জাতি-ভেদ প্ৰথা, জাতি-কুলৰ বাচ-বিচাৰ আদি আছিল৷ লোকগীতত ইয়াৰো নিদৰ্শন পোৱা যায়৷ বেহা-বেপাৰ কৰিবলৈ সদাগৰবিলাকে নাৱেৰে নদীত ভটিয়াই গৈছিল৷ বণিজ কৰিবলৈ যোৱা সময়ছোৱাতে সদাগৰহ...
জল আনি দিলা তুমি প্ৰাণক তাৰিলোঁ আমি
কন্যাহে নাজানিলোঁ কিবা জাতি-কুল
জানিতে মোৰ পৰাণ আকুলহে
(হাততে চেৰেন্দা লৈ)
কোঁৱৰৰ এনে প্ৰশ্নত কন্যাগৰাকীয়ে নিজৰ জাতি-কুলৰ পৰিচয় দিয়াৰ লগতে নিজে আগভাগ লৈ প্ৰেম নিবেদনো কৰিছে:
মাগুৰীয়া দেশে থাকোঁ খাওঁ নদীৰ পানী
মাৱৰ নাম লীলাবতী পিতা মহাজ্ঞানী
কোঁৱাৰ হে দান লোৱা আমাৰ জীৱন
তোমাৰ আমাৰ নাই ভিন-পৰ হে
(হাততে চেৰেন্দা লৈ)
কামৰূপী লোকগীতবোৰত ৰূপকৰ ব্যৱহাৰো মন কৰিবলগীয়া৷ গীতবোৰৰ বিষয়বস্তুলৈ লক্ষ্য ৰাখি ইমান বছৰ আগতে ৰচিত লোকগীতসমূহত ৰচকে ৰূপকৰ ব্যৱহাৰতো দক্ষতা দেখুৱাইছে৷
আইৰ শালৰ তলত একতেলী খুতুৰা
বিমলা মধুৰী অ’
তুলি খাউ তুলি খাউ কৰে না লো
আমি আপীছ’লি জ্বলাজুই অ’
(লাইজাৰ ভাঙিলোঁ উৰুঙা বতাহে)