text stringlengths 0 188k |
|---|
তেওঁলোকে সংযম তথা দায়বদ্ধতাৰে সৈতে বাতৰি পৰিৱেশন কৰাৰ বাবে বিষয়টো সংবাদমাধ্যমৰ ওপৰতে এৰি দিছে। |
Recent News |
ভুলৱশত: সোমাল পাকিস্তানৰ ভূখণ্ডত: পাকিস্তান সেনাৰ হাতত বন্দী বি.এছ.এফ জোৱান |
হৃদয় বিদাৰক! ক্ৰিকেট খেলি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ |
মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ’ব কোন? |
গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ? |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
টুচু পূজাৰ আৰম্ভি |
টুচু পৰব মাঘ বিহুৰ উৰুকাৰ দিনা আৰম্ভ হয় আৰু মাঘ বিহুৰ অৰ্থাৎ মকৰ সংক্ৰান্তিৰ দিনা সমাপ্ত হয়।“পুহ মাহ আৰম্ভ হোৱাৰ লগে লগে কোনোবা এঘৰৰ এজনী অকুমাৰী ছোৱালীক ‘মা’ সাজি লয়। তেওঁক ‘টুচুমা’ বোলে। এই টুচুমাৰ ঘৰতে টুচুদেৱীক প্রতিষ্ঠা কৰা হয়। এখন দোলাৰ ভিতৰত টুচুদেৱীৰ চৌড়ল আৰু মূর্তি সাজি ৰখা হয়। দোলাখন সাধাৰণতে গছৰ পাতেৰে... |
উপৰে পাতা নিচে পাতা |
তাৰ ভেতৰে টুচু গো।” |
চাহ জনগোষ্ঠীৰ লোকসকলে টুচুক শস্যৰ দেৱী হিচাপে জ্ঞান কৰে। ‘টুচুমা’ গৰাকীয়েই এই পূজা পৰিচালনা কৰে। এই মূৰ্তিটো পূজাৰ সময়ত গোবৰেৰে তৈয়াৰ কৰি লোৱা হয়। টুচু পৰবৰ গীতত আছে এনেদৰে— |
অশোক বনে পাতেৰ ঘৰে |
সীতাকে ৰামে ৰাখেছে, |
যোগীৰ বেশে ৰাৱন আসে |
সীতা হৰণ কৰেছি |
টুচু পূজাৰ পৰম্পৰা |
টুচু পূজাৰ পৰম্পৰাৰ লগত বিভিন্ন কিংবদন্তিমূলক কাহিনী জড়িত হৈ আছে। দুটা পৰ্বৰ মাজেৰে টুচু পূজা সম্পন্ন হয়। এটা পৰ্ব ঘৰত আৰু আনটো নৈৰ ঘাটত অনুষ্ঠিত হয়। টুচু দেৱীক নৈৰ ঘাটলৈ লৈ যোৱা হয় আৰু নদীত টুচু দেৱীক বিসর্জন দিয়া হয়। দুগৰাকীমান তিৰোতাই দেৱীক নদীত বিসর্জন দিয়াৰ আগেয়ে পানীত ডুব মাৰি কলহত পানী ভৰাই আনে। সেই পানী... |
“এক আনা দুই আনা পইচা |
জলে দিলে হয় দুইটা |
চখৈ চ’খে দেখা হ’লে |
মনে হয় আগৰ কথা |
টুচুৰ ঘাগৰা কাছে থাকে।” |
কোনোবাই ইচ্ছা কৰিলে টুচু দেৱীক নদীত বিসর্জন দিয়াৰ আগেয়ে নিজৰ ঘৰত পদার্পণ কৰাবও পাৰে। শনিবাৰ আৰু মংগলবাৰে টুচুদেৱীক বিসর্জন দিয়া নহয়। টুচু পৰৱৰ লগত বিভিন্ন লোকবিশ্বাস জড়িত হৈ আছে। |
“টুচু পূজাৰ দিনাখন সূর্যোদয়ৰ লগে লগে স্নান নকৰিলে পৰজনমত গাহৰি হৈ জন্মিব লাগে বুলি তেওঁলোকে বিশ্বাস কৰে। যি ঘৰে মানস কৰি টুচু পূজা পাতে, তেওঁলোকে একেৰাহে অতি কমেও তিনি বছৰ ধৰি এই পূজা পাতিব লাগে।” |
টুচু গীত গোৱাৰ নিয়ম |
টুচুৰ গীতবোৰ কেৱল টুচু পৰবতহে গোৱা হয়। আন সময়ত বা অনুষ্ঠানত গালে গাত খৰ খজুৱতি হয় বুলি তেওঁলোকৰ মাজত বিশ্বাস আছে। টুচু পৰবৰ লগত জড়িত লোকবিশ্বাসবোৰ মানি নচলিলে ঘৰত অপায়-অমংগলে দেখা দিয়ে বুলি বিশ্বাস কৰা হয়। টুচু উৎসৱ মূলতঃ কৃষক জীৱনৰ লগতেই জড়িত। |
টুচু পূজাৰ উৎপত্তি |
“টুচুৰ উদ্ভৱক লৈ কেইবাটাও ‘মিথ’ জনগোষ্ঠীটোৰ মাজত প্ৰচলিত। মিথসমূহে টুচুক ঐশ্চর্যৰ বাহক আৰু পতিব্ৰতা নাৰী বুলি পতিয়ন নিয়ায়। টুচু পূজাক বংগত প্রচলিত ‘তুচলা’ বা ‘চুচলী’ পূজাৰ ৰূপান্তৰ বুলিও কিছুমানে মত প্রকাশ কৰিছে। এতিয়াও বংগদেশত এই পূজা অতি ধুমধামেৰে পালন কৰা হয়। টুচু পৰবক কিছুমানে কৃষি লক্ষ্মী বা নৱন্না উৎসৱ বুলিও... |
টুচু পূজাত গোৱা গীত |
টুচুত ব্যৱহাৰ হোৱা গীতবোৰক কেইবাটাও ভাগত ভাগ কৰিব পাৰি। সেইবোৰ হ’ল— টুচু পূজাৰ বন্দনা গীত, টুচুৰ আদৰণী গীত, জাগৰণী গীত, টুচু ঘুমোৱা গীত, যোৰানামৰ গীত, টুচুৰ ৰূপ-যৌৱন গুণানুকীৰ্তন কৰা গীত, আই-বোপাই, শাহু-শহুৰ, দেওৰ-ননদ আদিক লৈ গোৱা গীত, ফুলশয্যা বিষয়ক গীত, টুচু যাত্ৰাৰ ভাঁচান গীত আদি। টুচু পৰবে জনগোষ্ঠীটোৰ জাতীয় জীৱনৰ... |
টুচু পুজাৰ বৈশিষ্ট্য |
এফালে জনগোষ্ঠীটোৰ মাজত সমন্বয়ৰ বতৰা আৰু আনফালে নাৰীসকলক আদর্শময়ী হোৱাৰ বাবে যোগোৱা অনুপ্ৰেৰণা আদিয়ে টুচু পৰবক বৈশিষ্ট্যপূৰ্ণ কৰি তোলে। টুচু পৰবৰ সময়ত জনগোষ্ঠীটোৰ মাজত বাগিচাই বাগিচাই কুকুৰা যুঁজ অনুষ্ঠিত কৰাৰ পৰম্পৰাও আছে। তেওঁলোকৰ সমাজ জীৱনত এই খেলবিধৰ বিশেষ স্থান আছে। টুচু পৰব অনুষ্ঠিত কৰা মাহটোত তিল পিঠা খোৱা দে... |
আগৰজন স্বৰ্গদেউৰ সময়ত মোগলৰে হোৱা পৰাজয়ৰ গ্লানি নাশ কৰিবলৈ আৰু দেশৰ হেৰুৱা সন্মান উদ্ধাৰ কৰিবলৈ পণ লোৱা স্বৰ্গদেউ চক্ৰধ্বজ সিংহই কথোপকথনত দোলাকাষৰীয়া বৰুৱা লাচিতৰ আগত যুদ্ধৰ কাৰণে বৰসেনাপতিৰ যোগ্য কোনোবা প্ৰাৰ্থী দেশত থকা সন্দৰ্ভত সন্দেহ প্ৰকাশ কৰাত লাচিতে স্বৰ্গদেউক আত্মবিশ্বাস ৰাখি কথাষাৰ ক’লে। |
আচলতে স্বৰ্গদেৱে ইতিমধ্যে লাচিতকেই বৰসেনাপতিৰ কাৰণে মনতে বাছি থৈছিল। এয়া মাত্ৰ ভাবী বৰসেনাপতিৰ যেন আত্মবিশ্বাসৰ পৰীক্ষা। প্ৰাচীন চীনৰ সমৰকলা গ্ৰন্থ “চুন ঝু পিং ফা”ৰ প্ৰণেতা চুন ঝুৰ মতে বিজয়ী সেনানায়কে যুদ্ধৰ আগতেই যুদ্ধত জয়লাভ কৰে, কিন্তু পৰাজিত সেনাপতিয়ে যুদ্ধৰ সময়তহে জয়লাভৰ কাৰনে চেষ্টা কৰে।এয়াই বিজেতা আৰু বিজিতৰ মাজ... |
আত্মসন্মান হেৰুৱা যেন পাই লাচিতে খঙত তৰোৱাল লৈ লিগিৰাক খেদি গ’ল। সিংহাসনৰ তলত সোমোৱা লিগিৰাক কাটিবলৈ উদ্যত হোৱা লাচিতক অৱশ্যে ৰজাই ক্ষান্ত কৰিলে। ৰজাই জানিছিল যে এনে এক তীব্ৰ আত্মসন্মান থকা সেনানায়কেহে অসমৰ হৃত গৌৰৱ ওভতাই প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ব। সমৰকলাৰ গুৰু চুন ঝু ৰাজসভাত উপস্থিত থকা হ’লে নিশ্চয়কৈ অন্যান্য ডা-ডাঙৰ... |
এইখিনিতে মহান সমৰকলাবিদ চুন ঝুৰ বিষয়ে অলপ আভাস দিয়া ভাল হ’ব। খ্ৰীষ্টপূৰ্ব পাঁচশ বছৰৰ আগৰ চীন। দেশখন আছিল বিভিন্ন সৰু-বৰ ৰাজ্যত বিভক্ত। অন্তঃকলহৰ সময় (Warring States Period)। চি ই নামৰ ৰাজ্যৰ বাসিন্দা চুন ঝুৰ বিষয়ে ঊ নামৰ চীনৰ পূব প্ৰান্তৰ ৰাজ্যৰ ৰজা হু লু অবগত হ’ল ৰজাৰ হাতত পৰা সমৰকলাৰ কিতাপ চুন ঝু পিং ফা (বা চুন ঝু বি... |
কিন্তু কেইবাবাৰো শিকোৱাৰ পাছতো মহিলাসকলে হাঁহি-খিকিন্দালি কৰি ৰৈ থাকিল। চুন ঝুৱে ক’লে, ‘যদি সেনাপতিয়ে আদেশ স্পষ্টকৈ দিয়া নাই আৰু সেয়ে সৈন্যই নিৰ্দেশ পালন কৰিব পৰা নাই তেন্তে সেনাপতি দোষী। কিন্তু যদি সেনাপতিৰ আদেশ স্পষ্ট তথাপি সৈন্যই নিৰ্দেশ পালন কৰিব পৰা নাই তেন্তে সেনাৰ বিষয়া দোষী”। সেয়ে দুয়োটা দলৰ মূৰব্বী দুগৰাকীক ৰজ... |
লাচিত বৰফুকন সেনাপ্ৰধান হৈ থকা কালত অসমীয়া আৰু মোগলৰ মাজৰ সংঘাত প্ৰায় চাৰি বছৰ কাল (১৬৬৭ ৰপৰা ১৬৭১ চনলৈকে) ধৰি চলিছিল। ইমান এটা দীৰ্ঘকাল সেনাৰ মাজত বিসম্বাদ বা বিশ্বাসঘাটকতাৰ থলি নিৰ্মাণ হোৱাৰ অবকাশ নিশ্চয়কৈ থাকিব। ইবিলাকৰ উদ্ভৱ নোহোৱাকৈ ৰাখিবলৈ হ’লে নিয়মানুবৰ্ত্তীতা আৰু সহযোদ্ধাসকলৰ সহযোগিতা নিতান্তই প্ৰয়োজনীয়। লাচিতে... |
সেই সময়ত মৃত্যুদণ্ড বিহাৰ অধিকাৰ কেৱল ৰজাৰহে আছিল। কিন্তু লাচিত বৰফুকনে এখোপ আগুৱাই গৈ কৈছিল যে কোনোবাই বিশ্বাসঘাটকতা কৰিলে তেৱেঁই শেষ বিচাৰ কৰিব, স্বৰ্গদেৱে কি কয় পাছতহে দেখা যাব। চুন ঝুৰ কাহিনী আৰু লাচিতৰ কথাৰ যেন একো পাৰ্থক্য নাই ইয়াত। লাচিতৰ বাবেও চুন ঝুৰ দৰেই যুদ্ধ জাতিৰ জীৱন আৰু মৃত্যুক নিৰ্ণয় কৰা এটা গভীৰ বিষয়। ... |
চুন ঝুৰ মতে শত্ৰু সৈন্যৰ বাবে স্বদেশীৰ বল বা শক্তি অনুধাবন কৰিব নোৱাৰা হ’ব লাগে, যাক ক’ব পাৰি পূৰ্ণতা বা শূন্যতা। অৰ্থাৎ দেখাত শূণ্য কিন্তু ওচৰ চাপিলে অভেদ্য আৰু পূৰ্ণ। ৰামসিংহৰ কথাতেই লাচিতৰ এই কৌশলৰ বিষয়ে পাকে প্ৰকাৰে উপস্থাপন হৈছে, “মই হেন ক্ষত্ৰিয়ই যুদ্ধৰ কামত একো কৰিব পৰা নাই |
কিয়? আহোমৰ ৰণকৌশল কেনে?....” শৰাইঘাটৰ ৰণৰ মূল যুঁজৰ সময়ত মোগল সৈন্যই বহুদূৰ ব্ৰক্ষ্মপুত্ৰইদি বাধাহীনভাৱে আগবাঢ়ি আহিছিল। ভাবিছিল অসমীয়াৰ প্ৰতিৰোধ শক্তি নিঃশেষ হৈ গ’ল। চুন ঝুৰ মতে সেয়াই বাহ্যিক শূন্যতা। কিন্তু অসমীয়া সৈন্য অশ্বক্ৰান্ত (উত্তৰপাৰে), আন্ধাৰুবালি (দক্ষিণ পাৰ, পশ্চিমে নীলাচল পাহাৰৰ পাদদেশত) আৰু ইটাখূলি (দক্ষি... |
প্ৰস্তুত তাক অনুধাৱন কৰিব নোৱাৰিছিল মোগল সেনাপতিয়ে। হয়তো ইয়াৰ আগতে হোৱা আলাৱৈ ৰণত অসমীয়াৰ কঁকাল ভঙা বুলি মোগলে ধৰি লৈছিল। মোগলৰ সৈন্য অসমীয়া সৈন্যৰ এই তিনিকোণীয়া চক্ৰবেহুৰ মাজত সোমোৱাৰ পাছতেই সৈন্য সঞ্চালন কৰি মোগলক শোচনীয়ভাৱে পৰাভূত কৰে বুলি যুদ্ধৰ বৰ্ণনাই আমাক কয়। অৱশেষত মোগল সেনাপতি পলায়ন কৰিব লগা হ’লগৈ। এটা পৰাক্ৰম... |
চুন ঝুৱে লাচিতৰ এই নীতি একেআষাৰেই সমৰ্থন কৰিলেহেঁতেন। লাচিতেও চুন ঝুৰ সমৰকলাৰ এটি উপপাদ্য যে যুদ্ধ ৰাজনৈতিক শান্তিৰ আহিলাহে, আৰু যুদ্ধৰ কাৰণে যে যুদ্ধ কৰা নাযায় তাক অন্তঃকৰণেৰে যেন বিশ্বাস কৰিছিল। শৰাইঘাটৰ ৰণৰ আগত আলাৱৈত অসমীয়া সৈন্যই আগবাঢ়ি গৈ যুদ্ধ কৰাৰ পক্ষে নাছিল লাচিত। এই ৰণত চুন ঝুৱে সমৰকলাৰ যি নিৰ্দেশনা দিছে তাক... |
চুন ঝুৱে সমৰকলাৰ কিতাপ চুন ঝু পিং ফা (বিং ফা)ত উল্লেখ কৰা প্ৰধান পাঠসমূহৰ প্ৰথমটো এনেধৰণৰ: ১) যুদ্ধৰ আঁচনি – ইয়াত কোৱা হৈছে যে যুদ্ধৰ কলা এখন দেশৰ বাবে অত্যন্ত প্ৰয়োজনীয়। ই জীৱন আৰু মৃত্যু, নিৰাপত্তা বা ধ্বংসৰ নিৰ্ণায়ক। সেয়েহে ইয়াক অৱহেলা কৰা অনুচিত। সমৰকলা পাঁচতা মূলৰ ওপৰত প্ৰতিস্থিত। সেইকেইটা হৈছে ক) নৈতিক আইন (যি ৰজ... |
হ’ব পৰা সময়, সম্পদ, খৰচ, তাৰ উৎসৰ অনুসন্ধান), ৩) কৌশলপূৰ্ণ আক্ৰমণ (যি শত্ৰুৰ সকলো কৌশল অতিক্ৰম কৰাৰ জ্ঞান), ৪) কৌশলপূৰ্ণ অৱস্থান (যিকোনো পৰাজয়ৰপৰা দূৰত থাকি শুদ্ধভাৱে অৱস্থান), ৫) সৈন্যশক্তি (চুন ঝুৰ মতে সৈন্যৰ সংখ্যা কম হওক বা বেছি সেয়া আচল কথা নহয়, সৈন্যৰ সমস্ত শক্তি |
শুদ্ধভাৱে পৰিচালিত হ’ব লাগিব), ৬) দুৰ্বল দিশ আৰু সবল দিশ (বুদ্ধিমত্তা থকা যুজাৰুৱে নিজৰ ইচ্ছাশক্তি শত্ৰুৰ ওপৰত আৰোপ কৰি পৰাভূত কৰিব পাৰে), ৭) সৈন্যসঞ্চালনা (নিয়মৰ ইফাল সিফাল কৰি যুদ্ধ পৰিচালনা কৰা, প্ৰয়োজনত শত্ৰুক পলাই যবলৈ সুবিধা দিয়া), ৮) কৌশলৰ পৰিৱৰ্তন কৰা (ঠাই আৰু পৰিস্থিতি সাপেক্ষে, ক্ষণিকৰ উত্তেজনাত বা লোভৰ বসৱৰ্... |
পৰিস্থিতি, ১২) জুইৰে বা আগ্নেয় আক্ৰমণ, আৰু ১৩) চোৰাংচোৱাৰ নিয়োগ আৰু ব্যৱহাৰ (শত্ৰুৰ বিষয়ে জানিবলৈ বিভিন্ন ধৰণৰ মানুহক উৎস হিচাপে লোৱা)। |
ওপৰত উল্লেখ কৰা পাঠসমূহৰ প্ৰায়বিলাকেই শৰাইঘাটৰ ৰণৰ সময়ত অসমীয়া সেনাই কামত খটুৱাইছিল, কিন্তু লাচিত বৰফুকন বা সমসাময়িক সহযোদ্ধাসকলে চুন ঝুৰ সমৰকলাৰ কিতাপখনৰ বিষয়ে জানিছিল নে নাই তাক আমি এতিয়ালৈকে ঠাৱৰ কৰিব পৰা নাই। সমসাময়িক বা তাৰ আগৰ চীনত প্ৰয়োগ হোৱা যুদ্ধৰ সমল হয়তো অসমীয়াই পূৰ্বপূৰুষৰপৰা নাইবা অন্যান্য আদান-প্ৰদান যোগে... |
ইয়াত উল্লেখ কৰিব লাগিব যে তাহানিৰ দক্ষিণ চীনৰ তাই বা ডাইসকলৰ লগত মূলসুতিৰ চীনাসকলৰ সৈতে বিভিন্ন ধৰণৰ আদান প্ৰদান হৈছিল। সেয়েহে চুন ঝু পিং ফা বা সমৰকলাৰ জ্ঞানৰ অপভ্ৰংশ হিচাপেও আহি তাই জাতি আহোমৰ জ্ঞাত হোৱাৰ অৱকাশ আছে। চুন ঝুৱে অনুমোদন কৰা চলনা কৌশল (Deception) আৰু ছাঁয়াযুদ্ধ বা দগাযুদ্ধ (গেৰীলাযুদ্ধ)ৰ বিস্তৃত প্ৰয়োগ মোগ... |
অসমীয়া সেনাপতিয়ে ভূখণ্ডৰ জ্ঞান আৰু উন্নত চোৰাংচোৱাৰ ব্যৱস্থাৰেও ৰণত নিজকে আগত ৰাখিব পাৰিছিল। মুঠৰ ওপৰত চুন ঝুৰ সমস্ত সমৰজ্ঞান যেন অসমীয়া সেনাপতিৰ কণ্ঠস্থ আছিল। চুন ঝুৰ সমৰকলাৰ কিতাপ আৰু কৰ্মক আধুনিক বিশ্বৰ আগশাৰীৰ সেনা, ব্যৱসায়িক প্ৰতিস্থান আদিয়ে নতুন দৃষ্টিৰে চাই বিভিন্ন প্ৰকাৰে উপকৃত হৈছে। মহাশক্তিধৰ ফ্ৰান্স, আমেৰিকা... |
ঠিক তেনেদৰে আমাৰ পুথাও লাচিত বৰফুকন আৰু আতন বুঢ়াগোহাঞিয়ে কেনেকৈ সেই সময়ৰ মহাপৰাক্ৰমী মোগলক আজিৰপৰা তিনিশ সাতচল্লিছ বছৰ আগতে পৰাভূত কৰিছিল তাতেই হয়তো অসমীয়াৰ ভৱিষ্যতৰ যুদ্ধজয়ৰ সঁচাৰকাঠি লুকাই আছে। আমি অসমীয়ায়ো আমাৰ লাচিতক নিশ্চয় নতুন দৃষ্টিৰে গৱেষণা কৰাৰ সময় সমাগত৷ কাৰণ অসমৰ দৰে এখন ৰাজ্যত আমি পদে পদে লাচিতৰ দৰে নেতৃত্ব... |
[সহায় লোৱা গ্ৰন্থ: ১) "লাচিত বৰফুকন”, ড° সূৰ্য্য কুমাৰ ভুঞা, ১৯৭১, অসম প্ৰকাশণ পৰিষদ, ২) “The Art of War”, Sun Tzu, Translated by Thomas Cleary, 2005, Shambhala, Boston & London, ৩) ”The Art of War”, Sun Tzu, Translated by Lionel Giles, Amazon Classics, Seattle, ৪) The Comprehensive History of Assam, (Volume II) H.... |
[লেখকৰ ঠিকনা: Head - Gabon Project, Oil India Ltd., Gabon, Libreville, P.O. BOX : 23134, Mobile: +(241) 04 51 51 08 (Gabon), +(91) 9435038366 (Ind)] |
লেখকৰ ঠিকনাঃ Head - Gabon Project, Oil India Ltd., Gabon, Libreville, P.O. BOX : 23134, Mobile: +(241) 04 51 51 08 (Gabon), +(91) 9435038366 (Ind) |
(এই লেখাটো আমাৰ অসম কাকতত ইতিমধ্যে প্ৰকাশ পাইছে। ---- সম্পাদক) |
Troilokya Borgohain's blog |
আমাৰ লক্ষ্য 'News Next One’ক মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা। কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ। সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক। আমাৰ বেংক একাউণ্ট নম্বৰঃ NEWSNEXTONE.COM, A/C No: 50200046365374, IFS... |
Contact |
Thank you for contacting us! |
House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-781021, Assam, India |
6000654673, 9954203298 |
editor@newsnextone.com |
https://www.facebook.com/newsnextone/ |
© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Powered by: Rongjeng Technologies.<eot>ডিজিটেল সংবাদ ধুবুৰীঃ আজি বোলছবি পৰিচালক গৌৰীপুৰৰ ৰাজপলিয়াত জন্মগ্ৰহণ কৰা প্ৰমথেশ চন্দ্ৰ বৰুৱাৰ জন্ম দিৱস। সেয়েহ তেওঁৰ জন্মদিন আজি দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। |
উল্লেখ্য যে, ২৪ অক্টোবৰ ১৯০৩ চনত ধুবুৰীৰ গৌৰীপুৰৰ ৰাজপলিয়াত জন্মগ্ৰহণ কৰা প্ৰমথেশ চন্দ্ৰ বৰুৱা ভাৰতৰ প্ৰাক্-স্বাধীনতা যুগৰ এজন অভিনেতা, চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ সুলেখক আছিল । আজি তেওঁৰ জন্মৰ দিনটোৰ লগত সংগতি ৰাখি গৌৰীপুৰৰ প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ত স্থাপিত তেওঁৰ আৱক্ষ মূৰ্তিত মাল্যদান, প্ৰদীপ প্ৰজ্বলন,পুষ্... |
বেঞ্জেমাই যোৱা চিজনত ৰিয়েল মাদ্ৰিদৰ হৈ ৪৬ খন খেলত ৪৪ টা গল স্ক’ৰ কৰাৰ লগতে চেম্পিয়নছ লীগ আৰু লা লিগাৰ খিতাপ অৰ্জন কৰিছিল। তদুপৰি ফ্ৰান্সৰ হৈ উৱেফা নেশ্যনছ লীগ জয় কৰিছিল তাৰকাগৰাকীয়ে। |
এই সন্মান লাভৰ পিছতে বেঞ্জেমাই কয়, “বেলন ডি’অৰ ব্যক্তিগত সন্মান হ’ব পাৰে, কিন্তু ই এতিয়াও এক সামূহিক পুৰস্কাৰ। এয়া হৈছে দলীয় বেলন ডি’অৰ।” |
বেঞ্জেমাৰ সৈতে বেলন ডি’অৰৰ দৌৰত দ্বিতীয় স্থানত থাকে লিভাৰপুলৰ প্ৰাক্তন খেলুৱৈ তথা বৰ্তমান বেয়াৰ্ন মিউনিখৰ সদস্য চেনেগালৰ তাৰকা ছাদিঅ’ মানে। ম্যানচেষ্টাৰ চিটিৰ কেভিন ডি ব্ৰুইন তৃতীয় স্থানত আৰু বাৰ্চিলোনাৰ ষ্ট্ৰাইকাৰ ৰবাৰ্ট লেৱানডস্কি চতুৰ্থ স্থানত থাকে। |
আনহাতে মহিলাৰ শাখাত শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয় স্পেইনৰ এলেক্সিয়া পুটেলাছে। বাৰ্চিলোনাৰ হৈ উজ্জীৱিত প্ৰদৰ্শন আগবঢ়াই মহিলা চেম্পিয়নছ লীগত সৰ্বাধিক গল স্ক’ৰাৰ হিচাপে পৰিগণিত হোৱা পুটেলাছ স্পেনিছ ক্লাৱটোক ফাইনেলত উপনীত কৰাত মুখ্য ভূমিকা লৈছিল। |
কালি পেৰিছত অনুষ্ঠিত হোৱা এই বঁটা প্ৰদান অনুষ্ঠানত স্পেনিছ মিডফিল্ডাৰ তথা বাৰ্চিলোনাৰ নৱ চাঞ্চল্য গাভিয়ে শ্ৰেষ্ঠ যুৱ খেলুৱৈ হিচাপে কোপা ট্ৰফী, লেৱানডস্কিয়ে যোৱা ছিজনৰ শীৰ্ষ গলদাতাৰ বাবে গাৰ্ড মুলাৰ ট্ৰফী লাভ কৰে। |
আনহাতে ৰিয়েল মাদ্ৰিদৰ থিবাউট কৰ্টৱাই বছৰটোৰ শ্ৰেষ্ঠ গ’লৰক্ষকৰ পুৰস্কাৰ লাভ কৰাৰ বিপৰীতে মানচেষ্টাৰ চিটিক বৰ্ষশ্ৰেষ্ঠ ক্লাৱৰ সন্মান দিয়া হয়। |
Recent News |
ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ বিৰুদ্ধে থিয় দিবলৈ ইউৰোপ যথেষ্ট শক্তিশালী নহয়: ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী |
দিল্লীত পুনৰ লিভ-ইন সংগীক নৃশংস হত্যা! দেহ কাটি টুকুৰা-টুকুৰ কৰাৰ চেষ্টা |
বিশ্বকাপ খেলিবলৈ অহা তাৰকাৰ সতীৰ্থৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্কৰ অভিযোগ |
বাছ চলাই থাকোতেই হাৰ্ট এটেক চালকৰ; খুন্দিয়ালে এখনৰ পিছত আনখন গাড়ীত, নিহত ২ জন |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
আজি বিশ্বনাথ চাৰিআলিৰ ধূলি চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত বিজেপি আৰু মিত্ৰজোঁটৰ বিজয় সংকল্প সমাৰোহত মন্ত্রী শৰ্মাই কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয় যে কংগ্রেছৰ দিনত পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে ভাৰতৰ ভিতৰত সোমাই সন্ত্ৰাসবাদ চলাইছিল। কিন্তু বিজেপিয়ে পাকিস্তানৰ এই সন্ত্ৰআসবাদক প্ৰশ্ৰয় নিদিয়ে। ইয়াৰ উদাহৰণ চার্জিকেল ষ্টাইক। |
বিশ্বনাথ জিলা বিজেপিৰ সভাপতি পৰেশ বৰকাকটিৰ সভাপতিত্বত অনুষ্ঠিত সভাত স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে আৰু কয় যে পাকিস্তানে আমাক আক্ৰমণ কৰিলে আমি পাকিস্তানৰ ভিতৰলৈ গৈ ইয়াৰ উচিত প্ৰত্যুত্তৰ দিম। |
ইয়াৰ উপৰি প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈক তীব্ৰ সমালোচনা কৰি কয় যে তৰুণ গগৈয়ে আগতে ‘হু ইজ বদৰুদ্দিন’ বুলি বৰ কথা মাতিছিল। কিন্তু এতিয়া পুতেকক জিকোৱাৰ বাবে তেওঁৰ চিন্তা হৈছে। সেয়ে নিজৰ পুতেকক জিকোৱাৰ স্বাৰ্থত বদৰুদ্দিনৰ লগত হাত মিলাইছে। কিন্তু বিজেপিয়ে কেতিয়াও বদৰুদ্দিনৰ ওচৰত আত্মসমৰ্পণ নকৰে। বদৰুদ্দিনৰ দৰে সাম্প্ৰদায়ি... |
তেওঁ আৰু কয় যে বিজেপিয়ে বটদ্ৰৱাৰ সুৰক্ষা, গঁড় হত্যা, কাজিৰঙাৰ বেদখল, বিশ্বনাথৰ সুৰক্ষা আদিৰ বাবে শেষ বিন্দু তেজ থকালৈকে যুঁজ দি যাব বুলি উল্লেখ কৰে। তৰুণ গগৈৰ সংখ্যালঘু প্ৰীতিৰ কথা উল্লেখ কৰি তেওঁ কয় যে অদূৰ ভৱিষ্যতে পাৰিলে কংগ্ৰেছৰ হাতৰ চিনটোক লুঙীৰ চীন কৰি পেলাব। |
বিজেপিয়ে চাহ শ্ৰমিকৰ বাবে লোৱা আঁচনিৰ বিষয়েও আজিৰ সভাত মন্ত্ৰী শৰ্মাই উল্লেখ কৰে। বিজেপিয়ে চাহ শ্ৰমিকক উজ্বলা গেছ, ২০২২ত সকলোৰে পকী ঘৰ, শিক্ষাৰ আঁচনি, কলেজত নামভৰ্তি বিনামূলীয়া, বিনামূলীয়া পাঠ্যপুথি, ৯ম আৰু দশম শ্ৰেণীৰ পিছত একাদশ শ্ৰেণীৰ বিনামূলীয়া পাঠপুথি, এইবাৰৰ পৰা ডিগ্ৰী লৈ বিনামূলীয়া পাঠ্যপুথি আদি আঁচনিৰ বিষয়েও উল... |
আনহাতে তেজপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী পল্লবৰ নেতৃত্বত বাগিচাৰ কৰ্মচাৰীৰ একাউণ্টত ধন সোমোৱা, চৰ্দাৰক মোবাইল ফোন দিয়া, শিক্ষা, স্বাস্থ্য, পথ পকীকৰণ আদি বহুত আঁচনি লৈছে। নিজৰ সন্তান পল্লৱক ভোট দিবলৈ আহ্বান জনায় মন্ত্ৰী শৰ্মাই। |
ইফালে আজিৰ সভাত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, অগপৰ উপসভাপতি প্ৰবীণ হাজৰিকা, বিজেপিৰ উপসভাপতি দিগন্ত ঘটোৱাৰ, বিজেপি নেতা ডাঃ ৰঞ্জন গগৈ, মোহন মহন্ত,পৰেশ বৰকাকটি, কৃষ্ণ তালুকদাৰ আদিয়ে অংশগ্ৰহণ কৰে। |
Tags: নিৰ্বাচন ২০১৯ |
Recent News |
ধৰ্মগুৰুৰ ‘পৰমাত্মা’ স্বীকৃতি বিচৰা আবেদনকৰ্তাক দৃষ্টান্তমূলক শাস্তি স্বৰূপে ১ লাখ টকাৰ জৰিমনা বিহিলে উচ্চতম ন্যায়ালয়ে |
বংগত গাড়ীৰ স্পেয়াৰ টায়াৰৰ ভিতৰত উদ্ধাৰ ৯৪ লাখ টকা: বিজেপিলৈ অভিযোগৰ আঙুলি মমতা বেনাৰ্জীৰ |
সংবাদ মাধ্যমে বৰ্জন কৰিছে ভাৰত জোড়ো যাত্ৰা, কৰা নাই কাৰ্যসূচীৰ সম্প্ৰচাৰ! অভিযোগ অশোক গেহলটৰ |
লুডুৰ জুৱাত হেৰুৱালে সৰ্বস্ব: শেষত নিজকে বাজী ৰাখি ঘৰৰ মালিকৰ ওচৰত পৰাস্ত হ’ল মহিলা |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
বৃহস্পতিবাৰে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত লীগৰ এখন গুৰুত্বহীন মেচত হায়দৰাবাদ এফ চিয়ে ঘৰুৱা দল নৰ্থ-ইষ্টক ৫-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। |
চন্দহীন খেলেৰে সম্পূৰ্ণ ৯০ মিনিট কটোৱা নৰ্থ-ইষ্টক প্ৰথমটো আঘাত দিয়ে ১২ মিনিটত। গ’লটো কৰে লিষ্টন কলাকল’ৱে। ইয়াৰ ঠিক এক মিনিট পিছতেই মাৰ্চেলিনহ’ৱো দ্বিচতীয়টো গ’লেৰে ২-০ৰ অগ্ৰগতি লয়। |
প্ৰথমাৰ্ধ অন্ত পৰিবলৈ চাৰি মিনিট বাকী থকা অৱস্থাত অৰ্থাৎ ৪১ মিনিটত হায়দৰাবাদ এফ চিয়ে তৃতীয়টো আৰু লিষ্টনে ব্যক্তিগত দ্বিতিয়টো গ’ল কৰি আগ্ৰগতি ৩-০ লৈ বৃদ্ধি কৰে। |
প্ৰথমাৰ্ধৰ দৰে দ্বিতীয়াৰ্ধতো হাইদৰাবাদ এফ চিয়ে অব্যাহত ৰাখে আক্ৰমণ। মেচৰ ৫৫ মিনিটত মহম্মদ য়াছিৰে দলক চতুৰ্থটো আৰু ৮৮ মিনিটত মাৰ্চেলিনহ’ৱে ব্যক্তিগত দ্বিতীয়টো গ’ল কৰি দলক বৃহৎ বিজয় প্ৰদান কৰে। |
ছিজনৰ অন্তিম মেচ খেলা হাইদৰাবাদ এফ চিৰ লীগৰ এয়া দ্বিতীয় জয়। |
পুনৰ এবাৰ ঘৰুৱা দৰ্শক সকলক নিৰাশ কৰা নৰ্থ-ইষ্ট য়ুনাইটেডৰ হৈ মেচখনত একমাত্ৰ গ’লটো কৰে এন্দ্ৰিউ কিঘছে। |
উল্লেখ্য যে প্লে’ অফৰ দৌৰৰ পৰা কেতিয়াবাই বাহিৰ হোৱা এই দল দুটা পইণ্ট তালিকাৰ অন্তিম দুটা স্থানত আছে। |
Recent News |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.