text
stringlengths
0
188k
ভিডিঅ’
LIVE TV
#CryptoKiSamajh
Home
»
News
»
crime
»
Assam Fake Teacher Racket| ভুৱা TET উত্তীৰ্ণৰ প্ৰমাণপত্ৰৰে চাকৰি লোৱা BTRৰ ৩৬ গৰাকী শিক্ষকৰ বিপদঘণ্টা, ৰাজ্যৰ অন্য প্ৰান্ততো একেই জালিয়াতিৰ আশংকা
Assam Fake Teacher Racket| ভুৱা TET উত্তীৰ্ণৰ প্ৰমাণপত্ৰৰে চাকৰি লোৱা BTRৰ ৩৬ গৰাকী শিক্ষকৰ বিপদঘণ্টা, ৰাজ্যৰ অন্য প্ৰান্ততো একেই জালিয়াতিৰ আশংকা
News18 Assam
Last Updated : October 05, 2021, 10:07 IST
Share this:
News18 Assam
অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই (CID) শেহতীয়াকৈ ভুৱা TET উত্তীৰ্ণৰ প্ৰমাণপত্ৰৰে চাকৰি লোৱা ২১জন প্ৰৱঞ্চক শিক্ষকক গ্ৰেপ্তাৰ কৰিছে। জালিয়াতিৰে শিক্ষকতাৰ দৰে মহান বৃত্তিৰ নিযুক্তিকো কলুষিত কৰা এইসকল ভুৱা শিক্ষকৰ অধিকাংশই বিটিআৰ এলেকাৰ। বিটিআৰত ৫২জনকৈ ভুৱা শিক্ষকে বক্ৰ পন্থাৰে চাকৰি লোৱাৰ অভিযোগ লাভ কৰাৰ পিছত মুখ্যমন্ত্ৰ...
চাকৰি পোৱাসকলে ভুৱা প্ৰমাণপত্ৰৰ সৈতে আৱেদন কৰিছিল বিটিআৰৰ শিক্ষা সঞ্চালকালয়ত। চিআইডিয়ে পৰৱৰ্তী সময়ত অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA)ৰ সৈতে যোগাযোগ কৰাৰ পিছতে জোলোঙাৰ মেকুৰী ওলাই পৰে। ইয়াৰ পিছতে আনুষ্ঠানিক গোচৰ ৰুজু কৰি তদন্ত চলায় চিআইডিয়ে।
এইপৰ্যন্ত মুঠ ২১জন ভুৱা শিক্ষকক চিআইডিয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ইয়াৰে তামুলপুৰ এলেকাৰ ১০জন, হাজো এলেকাৰ ৬জন, ছয়গাওঁ এলেকাৰ এজন, মাটিয়াৰ ২জন, চিৰাঙৰ এগৰাকী শিক্ষয়িত্ৰী থকাৰ কথা প্ৰকাশ। অৱশ্যে চিআইডিৰ আনুষ্ঠানিক বিবৃতি এতিয়াও বাকী। ইতিমধ্যে অভিযুক্তসকলক জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ নিৰ্দেশমৰ্মে সোমবাৰে চিআইড...
কেনেকৈ কৰিছিল জালিয়াতি (How Assam Fake Teacher Scam was done):
তদন্তকাৰী সংস্থাটোৱে প্ৰকাশ কৰা মতে ভুৱা শিক্ষকসকলৰ জালিয়াতি ইমানেই নিখুঁট যে তাক সহজে ধৰিব পৰা নাযায়। অনুসন্ধানত ওলায় যে এইসকল শিক্ষকে চৰকাৰে আয়োজন কৰা টেটত অনুত্তীৰ্ণ হৈছিল। কিন্তু পৰৱৰ্তী সময়ত এইসকলে প্ৰমাণ পত্ৰত ভুৱা ৰোল নম্বৰ সন্নিবিষ্ট কৰি অথবা আন টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ ৰোল নম্বৰ সন্নিবিষ্ট কৰি TET উত্তীৰ্ণৰ ভুূৱ...
উদ্বেগজনক বিষয় যে তদন্তকাৰী সংস্থাটোৱে আশংকা কৰা মতে কেৱল BTRৰ এলেকাতেই নহয় ৰাজ্যৰ আন প্ৰান্ততো এনেধৰণে ভুৱা শিক্ষক নিযুক্তিৰ তথ্য পোৱাৰ সম্ভাৱনা আছে।
First published: October 05, 2021, 10:05 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|
Fake teacherRacketTET
ফটো
...
...
...
শেহতীয়া বাতৰি
...
...
...
...
...
LIVE TV
শাখা
অসম
খবৰ
দেশ
বিশ্ব
জীৱন শৈলী
ফটো
ভিডিঅ
লাইভ টিভি
শেহতীয়া বাতৰি
Himachal Pradesh Assembly Elections 2022: হিমাচল প্ৰদেশত কোন হ’ব মুখ্যমন্ত্ৰী! মহিলাৰ হাতত থাকিব নেকি শাসনৰ বাঘজৰী?
হিমাচল-গুজৰাট নিৰ্বাচনৰ ফলাফলৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি সন্ধিয়া উপস্থিত হ'ব বিজেপিৰ মুখ্য কাৰ্যালয়ত
অমানৱীয়! পাষণ্ড পুত্ৰই দাৰে উপৰ্যুপৰি ঘপিয়ালে বৃদ্ধ পিতৃক
পুনৰ দিল্লীত চুটকেছত উদ্ধাৰ মহিলাৰ মৃতদেহ! এতিয়ালৈকে পৰিচয় কৰিব পৰা নাই চিনাক্ত, অপৰাধ শাখাৰ তদন্ত অব্যাহত
নেডাৰলেণ্ডে এক বিশেষ ৰণনীতি গ্ৰহণ কৰিছে, আৰ্জেণ্টিনাৰ সপোন ভাঙিব পাৰে যদিহে এই ফান্দত পৰে ...
আমাৰ বিষয়ে
আমাক যোগাযোগ কৰক
ব্যক্তিগত নীতি
কুকি পলিচী
চাইট মেপ
NETWORK 18 SITES
News18 India
CricketNext
News18 States
Bangla News
Gujarati News
Urdu News
Marathi News
TopperLearning
Moneycontrol
Firstpost
CompareIndia
History India
MTV India
In.com
Burrp
Clear Study Doubts
CAprep18
Education Franchisee Opportunity
CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the int...
বোকাখাতৰ জ্যেষ্ঠ সাংবাদিক ভৱেশ শইকীয়াই নগৰখনৰ শ্বহীদ কমলা মিৰিৰ উদ্যানত থকা স্মাৰকত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ ইয়াৰ পিছতেই বোকাখাতৰ ৰাজহুৱা খেল পথাৰত আয়োজিত মুল অনুষ্ঠানত মহকুমাধিপতি গৰাকীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। পতাকা উত্তোলন কৰি দিয়া ভাষণত তেওঁ বোকাখাত মহকুমাত কৃষি, স্বাস্থ্য, পশুপালন, গ্রামােন্নয়ন, জলসম্পদ, জনস...
ইয়াৰ পাছতে মহকুমাধিপতি গৰাকীয়ে আৰক্ষী আৰু বিভিন্ন বিদ্যালয়ৰ শিক্ষার্থী সকলৰ কুছ-কাজৰ অভিৱাদন গ্ৰহণ কৰে। অনুষ্ঠানত ৰাষ্ট্রীয় সংগীত প্রৰিৱেশন কৰে ৰঙাবাৰী হাইস্কুল ছাত্ৰ ছাত্ৰী সকলে ৷
উক্ত অনুষ্ঠানতে সাহিত্যিক তৰুণ ৰাজখােৱা, সাংস্কৃতিক কর্মী ৰফিকুল হুছেইন, নীৰেন কাকতি, সমাজ সেৱক নুমলীয়া কার্ডং, জীৱেশ্বৰ বৰা, সাংবাদিক নীলু আচার্য্য, মল্লযুদ্ধা চম্পা মৰাং, নয়নজ্যোতি দলে, তাপূৰ দাস, সীমা দাস, বিজয় পেগু, বাবুল ওৰাং টাইকোৱানডাে খেলুৱৈ প্রিয়ঙ্কা দাস,পল্লবী দাস, আফ্রিন মল্লিক আৰু মহিলা ক্রিকেট খেলুৱৈ ম...
তদুপৰি ২০১৮ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মহকুমাটোৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰা জোনাক নিবিড় নাথক প্রশংসা পত্রসহ অভিনন্দন জ্ঞাপন কৰাৰ লগতে এইবাৰ বানত তৎপৰতাৰে দূর্গত সকলক উদ্ধাৰ কাৰ্য্যত সাহসিকতাৰে সেৱা আগবঢ়োৱাৰ বাবে বােকাখাতৰ অগ্নিনিৰ্বাপক বাহিনীৰ আস্থান বিষয়া ৰিংহামদাউ কেম্প্ৰাইক সাহসিকতা বঁটা প্ৰদান,সমাজলৈ বি...
আজিৰ এই অনুষ্ঠানতে নৃত্যাঞ্জলি কলা কেন্দ্র, দেৰগাওঁ শিল্পী দলৰ নৃত্যানুষ্ঠান, নিউ হৰিজন একাডেমীৰ শিল্পী দলৰ দেশপ্রেমমূলক নৃত্য পৰিৱেশন, লিটল ষ্টাৰৰ শিল্পী দলৰ সংগীত পৰিবেশন আৰু ঢােলৰ ওজা সূৰ্য্য দত্তৰ নেতৃত্বত আকর্ষনীয় ঢােলবাদন প্রৰিবেশন কৰাৰ লগতে অখিল ভাৰতীয় বিদ্যার্থী পৰিষদৰ দ্বাৰা এখন চিত্র প্ৰদৰ্শন কৰা হয়।
Recent News
Gujarat Election: প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পূৰ্ণ; ভোটদানৰ হাৰ ৬০ শতাংশ অতিক্ৰম
শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি ফুটবল সম্ৰাট পেলে; কেনে আছে কিংবদন্তি খেলুৱৈগৰাকী?
দেশৰ পৰাজয় উদযাপন! ইৰাণত যুৱকক মুকলিকৈ গুলীয়াই হত্যা আৰক্ষীৰ
Gujarat Election 2022: মুচ নেহী তো কুচ নেহী! গোঁফেৰেই নিৰ্বাচনত ওলট-পালট কৰিব বিচাৰে হিচাপ-নিকাচ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
ইয়াৰ পূৰ্বে ২০০৬ চনত তেতিয়াৰ কংগ্ৰেছ পাৰিষদৰ চিইএম প্ৰয়াত পূৰ্ণেন্দু লাংথাচাৰ কাৰ্যকালত আঞ্চলিক দল এএছডিচি ত্যাগ কৰি তেওঁ কংগ্ৰেছ যোগদান কৰিছিল। পৰবৰ্তী সময়ত কংগ্ৰেছৰ মনোনয়নত ২০০৭ চনত হাৰাঙ্গাজাও পৰিষদীয় সমষ্টিৰ পৰা জয়লাভ কৰিছিল।
আনহাতে, ২০০৮ চনত হাফলংবাৰ ডিমা হাচাও জিলা কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপেও মনোনীত হৈছিল। ইয়াৰ উপৰি ২০১০ চনত ছ’মাহৰ কাৰণে তেওঁ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ চিইএম ও হৈছিল।
উল্লেখযোগ্য যে চিভিল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰীধাৰী সমৰজিত হাফলংবাৰ আঞ্চলিক ৰাজনৈতিক দল এএছডিচিৰ প্ৰতিষ্ঠাপক সদস্য আছিল। ১৯৯৬ চনত এএছডিচি দলৰ মনোনয়নত বিধানসভা নিৰ্বাচনত হাফলং আসনত বৰ্ষীয়ান কংগ্ৰেছ নেতা গোবিন্দ চন্দ্ৰ লাংথাচাক পৰাজিত কৰি নিৰ্বাচিত হৈছিল।
ইয়াৰ পৰবৰ্তী সময়ত দলৰ মজিয়াত সৃষ্টি হোৱা বিশৃঙ্খল পৰিস্থিতিৰ কাৰণে হাফলংবাৰে এএছডিচি (ইউ) নাম দি নতুন এটা দল গঠন কৰে। কিন্তু এইক্ষেত্ৰত তেওঁ সফল নহ’ল। তাৰ পাছতে তেও যোগ দিয়ে কংগ্ৰেছত।
আনহাতে, ২০১৫ চনত তেওঁ কংগ্ৰেছ এৰি গেৰুৱা দল বিজেপিত যোগ দিয়ে। অৱশ্যে বিজেপি দলত বেছি দিন স্থান নহ’ল তেওঁৰ। দলৰ বিৰুদ্ধে মাত মতা কাৰণে ২০১৭ চনত দলৰ পৰা তেওঁক বহিস্কাৰ কৰা হয়। ইয়াৰ পাছত তেওঁ যোগ দিয়ে মেঘালয়ৰ এনপিপি দলত। কিন্তু সদ্যহতে সমাপ্ত হোৱা স্বায়ত্ত শাসিত পৰিষদ নিৰ্বাচনত এনপিপি দলে এখন আসনতো প্ৰতিদ্বন্দ্বিতাত নাহিল...
ইপিনে,সমৰজিত হাফলংবাৰৰ লগত যোগাযোগ কৰাত তেওঁ নৰ্থ ইষ্ট নাওক জনায় যে গণতন্ত্ৰ বিৰোধী চৰকাৰক ক্ষমতাৰ গাদীৰ পৰা আঁতৰাই পেলোৱাৰ উদ্দেশ্যেৰে মই সাংসদ বীৰেন সিং ইংতিৰ আহ্বানত সঁহাৰি জনাই কংগ্ৰেছ দলত যোগদান কৰিছো। হাফলংবাৰে লগতে উল্লেখ কৰে যে এনপিপি আমাৰ কাৰনে ভাল। আনহাতে বিজেপি দলে মোক দলৰ পৰা বহিস্কাৰ কৰিছিল কিয়নো আমি নাগাল...
তেওঁ লগতে প্ৰশ্ন কৰে যে বিজেপি দলত একাধিক যোগ্য প্ৰাৰ্থী থকাৰ পাছতো প্ৰাক্তন উগ্ৰপন্থী নেতা হৰেন সিং বে’ক কিয় টিকিট দিয়া হ’ল ? হাফলংবাৰে বিজেপি দলক সাম্প্ৰদায়িক দল বুলি আখ্যা দি কয় যে এই দলে অসমীয়া-বঙালী, হিন্দু-মুছলমানৰ মাজত সংঘাত লগাই ৰাজনীতি খেলিব বিচাৰিছে।
হাফলংবাৰে ডিমা হাচাও জিলাৰ সচেতন ৰাইজক এতিয়াৰে পৰা বিজেপি দলৰ কামকাজক লৈ সজাগ হোৱাৰ আহ্বান জনায়। তেওঁ এই দল ষষ্ঠ অনুসূচীৰ কাৰনেও ভয়ানক হ’ব বুলি ব্যক্ত কৰে।
Recent News
Gujarat Election: প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পূৰ্ণ; ভোটদানৰ হাৰ ৬০ শতাংশ অতিক্ৰম
শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি ফুটবল সম্ৰাট পেলে; কেনে আছে কিংবদন্তি খেলুৱৈগৰাকী?
দেশৰ পৰাজয় উদযাপন! ইৰাণত যুৱকক মুকলিকৈ গুলীয়াই হত্যা আৰক্ষীৰ
Gujarat Election 2022: মুচ নেহী তো কুচ নেহী! গোঁফেৰেই নিৰ্বাচনত ওলট-পালট কৰিব বিচাৰে হিচাপ-নিকাচ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...