text
stringlengths
0
188k
Archive December (3) November (61) October (116) September (171) August (129) July (140) June (134) May (116) April (103) March (103) February (81) January (44) December (106) November (84) October (128) September (149) August (157) July (182) June (110) May (148) April (107) March (44) February (2)
Sponsor
AD BANNER
সাহিত্য
Tags
অসম আন্তঃৰাষ্ট্ৰীয় উত্তৰ-পূৰ্বাঞ্চল ক্ৰীড়া গুৱাহাট গুৱাহাটী গুৱাহাটী- গুৱাহাটী-ব্যবসায়-বাণিজ্য গুৱাহাটী-ব্যৱসায়-বাণিজ্য গুৱাহাটী' চিত্ৰ-আলোকচিত্ৰ পৰ্যটন ফেশ্বন ফেশ্যন বৰাক বলিউড বসায়-বাণিজ্য ব্যবসায়-বাণিজ্য ব্যৱসায় ব্যৱসায়-বাণিজ্য ভাৰত ভিডিঅ’ মনোৰঞ্জন ৰাজনীতি ৰাষ্ট্ৰীয় শিক্ষা সাহিত্য স্বাস্থ্য<eot>টীয়কৰ লাহিং লক্ষীবাৰী...
উল্লেখযোগ্য যে আজি কেইবা বছৰো ধৰি মাথো এখন ভগ্ন প্ৰায় চালিৰ তলতে ৰ’দে বৰষুণে অতি কষ্টেৰে জীৱন নিৰ্বাহ কৰি আহিছিল লাহিঙৰ কানু নামৰ মানসিকভাৱে অসুস্থ যুৱকজনে।
লাহিং অঞ্চলত বিভিন্ন ইতিবাচক কাম কৰি ,লক ডাউনৰ সময়চোৱাত প্ৰায় ২৬৩ টা অভাৱী পৰিয়াললৈ সাহাৰ্য্য আগবঢ়োৱা,ধুমুহাত বিধ্বস্ত হোৱা এগৰাকী অসহায় মহিলাৰ ঘৰ নিৰ্মাণ কৰা প্ৰয়াস নামৰ এটা সামাজিক গোটে সহায় কৰিবলৈ আগবাঢ়ি আহে আৰু তেওঁলোকে হাতে-কামে লাগি ঘৰটো নিৰ্মাণ কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰে৷<eot>আজিৰপৰা প্ৰায় আঠ বছৰৰ আগৰ এটা সন্...
“জোনবাইটো ভিতৰলৈ সোমাই আহিবলৈ সোণ”, তাই আশ্বস্ত হ’বপৰাকৈ উত্তৰ দিছিলোঁ৷
“ঠিক আছে, যেতিয়া সোমাই আহিব মোক মাতি দিবাগৈচোন দেই৷” গুচি গৈছিল তাই, সৰল অন্তৰ এখনৰ অকুণ্ঠিত প্ৰত্যয়ৰ কুঁকি এটা মোৰ হাতত গুজি থৈ, একে আষাৰতে বিশ্বাস কৰিছিল তাই সেই কথাষাৰ, খুলি থোৱা খিৰিকীখনেদি জোনবাইটো সোমাই আহিব আৰু মাহীয়েকৰ সৈতে লগলাগি তাই কথা পাতিব৷
এয়াই শৈশৱ, যাৰ সৈতে জড়িত থাকে শিশু মনৰ স্নিগ্ধতা, নিষ্কলুষ হৃদয়ৰ সৰলতা, আৰু অবোধ মনৰ শুভ্ৰতা, য’ত কপটতা নাই, কৃত্ৰিমতা নাই, নাই কোনো জটিল প্ৰশ্নৰ সহজলভ্য সমাধান বিচাৰি কৰা হাঁহাকাৰ৷ যি শুনে সেয়া মানে, যি দেখে সেয়া কৰে, আৰু যিটো নুবুজে বিনাদ্বিধাই সন্মান- আত্মসন্মান, গৌৰৱ, অহংকাৰৰ ঠুনুকা বৰ্মক লৈ সংকোচ নকৰাকৈ সুধি লয়, শ...
জীৱনৰ বোকা- পানী খচকি সুদীৰ্ঘ বাট অতিক্ৰম কৰি বিয়লি- বেলাত থিয় হোৱা এজন ব্যক্তিক সৰ্বাধিক ব্যথিত কৰে এৰি অহা দিনবোৰৰ সোঁৱৰণীয়ে, আৰু এই স্মৃতিপটৰ প্ৰাৰম্ভিক অধ্যায়তে থাকে তেওঁৰ সোণোৱালী শৈশৱৰ ৰূপোৱালী কথকতা৷ দৰাচলতে শৈশৱত এনে কি আছে যাক লৈ যিকোনো ব্যক্তিৰেই অভ্যন্তৰ স্মৃতিকাতৰ হৈ পৰে? আজিৰ শিশুৱে যি শৈশৱক হাতৰ মুঠিত পাই...
‘বৃদ্ধি’ আৰু ‘বিকাশ’ দুয়োটাই ভিন্ন অৰ্থ বহন কৰে৷ ‘বৃদ্ধি’ৰ জৰিয়তে মানৱ শৰীৰৰ দৈহিক পৰিপক্বতাক বুজোৱাৰ পৰিৱৰ্তে ‘বিকাশ’ এক সামগ্ৰিক ধাৰণা যিয়ে দৈহিক, মানসিক, আৱেগিক আৰু সামাজিক আটাইকেইটা দিশ সামৰি লয়৷ ৰুচো, ৰাইবাৰ্ণকে প্ৰমুখ্য কৰি অন্যান্য মনোবৈজ্ঞানিক দাৰ্শনিকসকলে আগবঢ়োৱা মানুহৰ বিকাশৰ স্তৰীয় বিভাজনসমূহৰপৰা এটা কথা স্প...
শৈশৱ কাল বুলি ক’লে নষ্টালজিক হৈ নপৰা ব্যক্তি খুব কমেইহে আছে৷ আজিৰ তাৰিখত ‘শৈশৱ’ বুলি ক’লেই এটা নিৰ্দ্দিষ্ট প্ৰজন্মৰ মনবোৰ এক বিশেষ আৱেগে চুই যায়৷ এই আৱেগ প্ৰজন্মটোৱে পাৰ কৰি অহা নিজৰ সোণোৱালী শৈশৱৰ স্মৃতিকাতৰতাৰ ফলতেই কেৱল উদ্ভূত নহয়, বৰঞ্চ অনুজ প্ৰজন্মই সেই নিৰ্ভেজাল আনন্দ খিনিৰপৰা বঞ্চিত হৈ যান্ত্ৰিক দিন নিওৱাৰ দুখবো...
দ্ৰুতগতিত পৰিবৰ্তনৰ দিশে প্ৰবহমান সময়ৰ সৈতে সোঁত মিলাই সমাজেও পৰিবৰ্তনৰ বসন এখন পিন্ধি লৈছে৷ তাৰ অনুৰূপ ৰং সলনি হৈছে আমাৰ জীৱনৰ, আৰু নিঃসন্দেহে অতিশয় স্বাভাৱিক প্ৰক্ৰিয়া এটাৰে জীৱনৰ এক এৰিব নোৱাৰা স্তৰ হিচাপে শৈশৱেও ৰং সলাইছে৷ আজি স্কুল বাছ, স্কুল ভেনত বিদ্যালয়লৈ অহা যোৱা কৰা শিশুবোৰক কংক্ৰীটৰ পৃথিৱীখনত পিঠিৰ গধুৰ স্কু...
এই যে আমি আক্ষেপ কৰোঁ, আজিৰ ‘শৈশৱ’ আগৰ দৰে সৰল হৈ থকা নাই বুলি, তাৰ কাৰণসমূহ ফঁহিয়াই চালে বহুত কথাই স্পষ্ট হৈ পৰে৷ এইক্ষেত্ৰত প্ৰথমেই আমি উনুকিয়াব লাগিব একালৰ গাঁৱৰ মানুহখিনিৰ নগৰমুখী জীৱন- যাত্ৰাৰ কথা৷ জীৱন- জীৱিকাৰ তাড়নাত, উচ্চশিক্ষাৰে সু- শিক্ষিত হৈ এটা স্বাৱলম্বী আৰু স্বচ্ছল জীৱন পাৰ কৰাৰ বাসনা লৈ অনেকেই শিপা এৰি ন...
আজিকালি পূৰ্বৰ যৌথ পৰিয়ালসমূহ বিভাজিত হৈ একক পৰিয়াললৈ সংকুচিত হৈছে৷ ইয়াৰ পৰিপ্ৰেক্ষিতত কিছুমান সম্বোধন আৰু সেই সম্বোধনৰ ভেঁটিত হৃদয় দখল কৰি ৰখা চেনেহৰ সম্পৰ্ক পাহৰণিৰ গৰ্ভত হেৰাই যোৱাৰ উপক্ৰম হৈছে৷ ককাক- আইতাক আৰু নাতি- আজোনাতিৰ মাজৰ নিকপকপীয়া সম্বন্ধ আজিকালি কাচিৎহে দেখিবলৈ পোৱা যায়৷ এটা সময় আছিল, যেতিয়া আমাৰ শৈশৱৰ সম...
শিক্ষাৰ জাগৰণ আৰু আত্ম- সচেতনতাৰ প্ৰসাৰৰ লগে- লগে মানুহৰ মাজত প্ৰতিযোগিতামূলক মনোভাৱ বৃদ্ধি পাই আহিছে৷ অহৰ্নিশে আনতকৈ আগুৱাই যোৱাৰ তীব্ৰ ইচ্ছাক ‘নিচা’লৈ পৰ্যবসিত কৰা অভিভাৱকে নিবিচাৰে যে নিজৰ সন্তানটি আনতকৈ পিছ পৰি ৰওক৷ সেয়েহে যুগৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আজিকালি শিশুহঁতক পিতৃ- মাতৃয়ে বিভিন্ন প্ৰশিক্ষণ দিয়ায়৷ বিদ্যাল...
আগৰ দিনত ‛গৰম বন্ধ’ বুলি ক’লেই শিশুহঁতৰ কোমল হিয়া আনন্দই নধৰা হৈছিল৷ একান্তই নিজাববীয়াকৈ পোৱা সেই সময়ছোৱাত ল’ৰা- ছোৱালীহতে নিজৰ জগতখনত নিৰ্ভয়ে আৰু নিৰাপদে উমলিব পাৰিছিল৷ সেই সময়ছোৱাত গাঁৱে- ভূঞে থকা মইনা পাৰিজাত বা মইনা- মেলসমূহ শিশুৰ বিকাশৰ অন্য এক গুৰুত্বপূৰ্ণ কাৰক আছিল৷ এক কথাত ক’ব পাৰি, এই অনুষ্ঠানটি শিশুক সামাজিক ...
এইটো অনস্বীকাৰ্য যে বিজ্ঞান আৰু তথ্য- প্ৰযুক্তিৰ গগনচুম্বী আহৰণসমূহে এখন হৃদয়ৰপৰা আনখন হৃদয়লৈ নিঃস্বাৰ্থ সাঁকোডালৰ দৈৰ্ঘ বঢ়াই গৈ আছে৷ তাৰ উপৰিও শিশুহঁতক ক্ৰমাৎ আগবঢ়াই লৈ গৈছে এক যান্ত্ৰিক প্ৰত্যহিকতাৰ দিশে৷ উৎসৱ পাৰ্বন, সামাজিক বা ঘৰুৱা অনুষ্ঠান এটাত আনন্দৰ ভাগ ল’বলৈ যাওঁতে যেতিয়া সৰু ল’ৰা- ছোৱালী দেখা পাওঁ, তেতিয়া খুব...
কেৱল সেয়াই নহয়, আজিৰ শিশুৱে তথ্য- প্ৰযুক্তিপ্ৰসূত আহিলাসমূহত ব্যস্ত থকাৰ অজুহাততে হেৰুৱাই পেলাইছে কিতাপ পঢ়াৰ আনন্দ৷ গ্ৰন্থ সমুদ্ৰ মন্থন কৰি প্ৰজ্ঞা আৰু নিৰ্মল আনন্দৰ ৰত্ন লাভৰ পৰা বঞ্চিত হৈছে আজিৰ শৈশৱ৷ এটা সময় আছিল, যেতিয়া সঁফুৰা, মৌচাক, নতুন আৱিষ্কাৰ, সাৰথি আদি শিশু আলোচনী মাহটোৰ আৰম্ভণিতেই অভিভাৱকে নিজৰ সন্তানৰ বাবে...
বিজ্ঞান জগতৰ কালজয়ী নায়ক আৰু বিশ্ববিশ্ৰুত পদাৰ্থ বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে শিশুৰ বুদ্ধিদীপ্ততাৰ বাবে সাধুকথা পঢ়িবলৈ দিয়াৰ ওপৰত জোৰ দিছিল৷ মনোবিশ্লেষকসকলেও মন্তব্য আগবঢ়ায় যে শিশুৰ কোমল মনত এই সাধুকথা আখ্যানবোৰে কেৱল আনন্দ দিয়াই নহয়, চিন্তাৰ কৰ্ষণ কৰায়, মনস্তাত্বিক বিশ্লেষণত অৰিহণা যোগায়, সাধুকথাৰ বিভিন্ন চৰিত্ৰ সমূহৰ ...
কিন্তু আজিৰ শিশুৰ বিনোদনৰ উৎস ড’ৰেমন, ছোটা ভীম, টম এণ্ড জেৰীতে সীমাবদ্ধ৷ হয়, এই উপাদান সমূহেও আনন্দ যোগায়, শিশুৰ মনবোৰ ৰঙিয়াল কৰিয়েই তোলে৷ কিন্তু আজিৰ বিনোদনৰ উৎসসমূহৰ অত্যধিক কল্পনা প্ৰৱণতাই সিহঁতক এখন অস্বাভাৱিক জগতৰ বাসিন্দা কৰি তোলে৷ তাকো ব্যৱহাৰিক পৃথিৱীৰ সৈতে খোজ দিব নোৱাৰাকৈ৷ আগৰ সাধুকথাবোৰত হিত- অহিত ভাল- বেয়াৰ...
কিন্তু, বিচাৰ্য বিষয় হ’ল যে, আজিৰ ‘শৈশৱ’ আগৰ শৈশৱৰ দৰে হৈ থকা নাই বুলি অভিযোগ- অনুযোগ কৰি থকাতেই জানো জ্যেষ্ঠসকলৰ দায়িত্ব শেষ হৈ যাব?
প্ৰশ্ন হয়, এইক্ষেত্ৰত আমাৰ কৰণীয় কি?
এটা কথা ধুৰূপ যে, বিৱৰ্তন সদায় অৱধাৰিত৷ নিঃসন্দেহে যুগৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ জীৱন আৰু জগতলৈ স্বতঃস্ফূৰ্তভাবে অহা পৰিৱৰ্তনক আমি সম্পূৰ্ণ ৰূপে উলাই কৰি বন্ধ পানীৰ দৰে আবদ্ধ হৈ ৰ’ব নোৱাৰোঁ৷ তথাপি এইটোও নুই কৰিব নোৱাৰি যে পৰিৱৰ্তনৰ বোৱতী সোঁতত পুৰণাখিনিক লগত কঢ়িয়াই লৈও আমি নতুনত্বক আদৰিব পাৰোঁ৷ যিহেতু শৈশৱতেই ব্যক্তিৰ বি...
অভিভাৱকৰ মুখ্য দায়িত্বই হ’ল সন্তানৰ সামগ্ৰিক বিকাশৰ ওপৰত গুৰুত্ব দিয়া, আৰু এই সামগ্ৰিক বিকাশ যে শিশুৰ স্বাভাৱিক, স্বতঃস্ফূৰ্ত আৰু প্ৰাকৃতিক গতি- প্ৰকৃতিয়েহে নিৰ্মাণ কৰিব পাৰে সেয়া তেওঁলোকে যিমান সোনকালে অনুধাৱন কৰিব পাৰে সিমানেই সন্তানৰ বাবে মংগল৷ ৷ নগৰ- মহানগৰৰ যান্ত্ৰিক জীৱনৰ সৈতে অভ্যস্ত অভিভাৱকে ব্যস্ততাৰপৰা সময় উল...
অভিভাৱকসকলে নিজৰ শৈশৱৰ কথাবোৰ সাধুকথাৰ দৰে সন্তানক শুনাব পাৰে৷ ইয়াৰ জৰিয়তে শিশুটিৰ মনত কৌতূহল আৰু আগ্ৰহৰ সৃষ্টি হ’ব৷ পুৰণি কথাবোৰৰ অৱতাৰণাৰ জৰিয়তে আজিকালি প্ৰকৃতিৰ বুকুৰপৰা হেৰাই যোৱা আৰু সমাজ তথা সাংস্কৃতিক জীৱনৰপৰা বিচ্ছিন্ন হৈ যোৱা কেতবোৰ উপাদানৰ সৈতে শিশুটিৰ পৰিচয় ঘটাৰ অৱকাশ আছে৷ শিশুৰ মন মানেই কৌতূহল, কৌতূহলবোৰৰপৰ...
অৱশ্যে যি ঠাইত প্ৰাকৃতিক সমলসমূহ পোৱা নাযায়, তাত এয়া কিদৰেনো সম্ভৱ বুলিও প্ৰশ্ন নুঠা নহয়৷ এইখিনিতে অভিভাৱকৰ নিষ্ঠা আৰু সদিচ্ছাৰ কথাটো আহি পৰে৷ মহানগৰৰ সভ্যতাৰ সৈতে একাত্ম হোৱা আৰু ব্যস্ত দিনপঞ্জীয়ে হেঁচা মাৰি ৰখা এনেধৰণৰ প্ৰতিষ্ঠিত ব্যক্তিকো ব্যক্তিগতভাৱে লগ পোৱাৰ সৌভাগ্য ঘটিছে যি নিজৰ সন্তান ধানৰপৰা চাউল হোৱাৰ প্ৰক্ৰি...
শিশুৰ বিকাশত ঘৰখনৰ সামাজিক আৰু সাংস্কৃতিক পৰিৱেশে পূৰামাত্ৰাই প্ৰভাৱ পেলায়৷ শিশুৱে কিতাপৰ প্ৰতি সৌহাৰ্দ্য ঘৰখনতেই অনুভৱ কৰিব পাৰিব লাগিব আৰু অভিভাৱকেই শিশুক কিতাপৰ সৈতে এই বন্ধুত্ব গঢ়ি তুলিবলৈ শিকাব লাগিব৷ ইয়াৰ বাবে এটা কথা মনত ৰখা বাঞ্ছনীয় যে ঘৰখনত অহৰহ ভোজমেল- নৈশপাৰ্টীত ব্যস্ত থকা অভিভাৱক, এক- ঘেয়ামী ব্যস্ত দৈনন্দিন...
শিশুৰ সাৰ্বিক বিকাশৰ বাবে প্ৰয়োজন এখন মুকলি আকাশৰ; ধাতৱীয় ব্যস্ততা, যান্ত্ৰিকতা, বিৰামহীনতা আৰু পুৰণি সোঁৱৰণীবোৰৰ প্ৰতি অভিভাৱকৰ উন্নাসিকতাই শৰবিদ্ধ কৰা আকাশে শিশুক সেই পৰিৱেশ দিব নোৱাৰে৷ এই শাৰদীয় বতৰত হয়তো প্ৰত্যেক অভিভাৱকৰে মনত দোলা দি যায় নিৰ্মলপ্ৰভা বৰদলৈৰ কথাকেইষাৰে,
“আহিনৰ পথাৰৰ গোন্ধ
কেনেবাকে নাকত আহি লাগিলে
মই হেৰাই পাওঁ মোৰ দেউতাক
,
মোৰ সন্তানৰ কাৰণে
দোকানৰ জাপ ভঙা গামোচাৰ সুবাসত
হেৰাই পাওঁ মোৰ আইক
মই মোক ক’ত থৈ যাম,
ক’ত?”
সময়ৰ অদমনীয় শক্তিক প্ৰত্যাহ্বান জনাই আমি নিজৰ ল’ৰালিৰ সেই দিনবোৰলৈ হয়তো ঘূৰি যাব নোৱাৰোঁ, কিন্তু সামান্য সদিচ্ছা আৰু প্ৰচেষ্টাৰে আমাৰ সন্তানৰ হাতত তুলি দিব পাৰোঁ তাৰেই কিয়দংশ৷ সমাজৰ অভিভাৱকসকলৰ মাজত এই সন্দৰ্ভত সজাগতা অনাৰ উদ্দ্যেশ্যে ‘শৈশৱৰ লেছেৰি বোটলা’ক মূল বিষয় হিচাপে লৈ ‘সাহিত্য ডট অৰ্গ’ৰ সপ্তম বৰ্ষৰ ষষ্ঠ সংখ্যাটো...
আমি আশাবাদী যে জীৱনমুখী অনুভৱৰ বাংময় সমাহাৰেৰে আজিৰ শিশুৰ শৈশৱ আকৌ সংৰচিত হ’ব৷ ■■
ৰাজশ্ৰী ধনদিয়া
সম্পাদক
সাহিত্য ডট অৰ্গ
আহিন, ১৯৪০ শক
বিঃ দ্ৰঃ আলোচনীখনৰ বিভিন্ন শিতানত প্ৰকাশিত লিখনিসমূহ লেখক- লেখিকাৰ স্বকীয় মতামত আৰু চিন্তাধাৰাৰ ওপৰত আধাৰিত৷
← নীলিম কুমাৰৰ সৈতে ‘সাহিত্য ডট অৰ্গ’ৰ অন্তৰংগ আলাপ
তিৱা ভাষাৰ হাতেলিখা ব্যাকৰণ: মহীৰাম বৰদলৈ →
You May Also Like
সম্পাদকীয় (প্ৰিয়ংকা দাস)
December 15, 2015 1
সম্পাদকীয় – পুহ, ১৯৩৯ শক (ডিচেম্বৰ, ২০১৭)
December 18, 2017 1
সম্পাদকীয় : ডা° গীতাৰ্থ বৰদলৈ
July 15, 2012 3
Subscribe
Login
Notify of
new follow-up comments new replies to my comments
Label
Name*
Email*
Website
Δ
Label
Name*
Email*
Website
Δ
0 Comments
Inline Feedbacks
View all comments
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানত লেখাৰ সংখ্যা
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)...
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!