text
stringlengths
0
188k
কমনৱেলথ গেমছত স্বৰ্ণপদক বিজয়ী নয়নমণি শইকীয়াকলৈ অৰ্জুন বঁটা
মেধাৱী ছাত্ৰ-ছাত্ৰীক স্কুটী বিতৰণ অসম চৰকাৰৰ
Latest News
মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ হোষ্টেলত থাকিব নোৱাৰিব প্ৰাক্তন ছাত্ৰ-ছাত্ৰী: মুখ্যমন্ত্ৰী December 2, 2022
আজি অসম দিৱস December 2, 2022
প্ৰসূতিৰ মৃত্যুৰ হাৰত পুনৰ দেশৰ ভিতৰতে শীৰ্ষত অসম December 1, 2022
শিলচৰ NIT-ত গৱেষণা সহযোগীৰ পদ সৃষ্টি December 1, 2022
আৰ্জেণ্টিনা (২) বনাম পোলেণ্ড (০) : বিশ্বকাপৰ Tactical Analysis December 1, 2022
YouTube
Facebook
Twitter
Instagram
LINKS
অসম | কলা-সংস্কৃতি | ক্ৰীড়া | জীৱনশৈলী | দেশ-বিদেশ | মনোৰঞ্জন | মুখ্যপৃষ্ঠা | ইষ্ট ম’জ’ বিশেষ | চাকৰি | ভিডিঅ | Grievance Redressal<eot>ডিজিটেল ডেস্কঃ সম্প্ৰতি বিশ্বৰ ফুটবল অনুৰাগী ফুটবল জ্বৰত আক্ৰান্ত। কিয়নো মৰুৰ দেশত চলিছে বিশ্ব ফুটবলৰ সৰ্ববৃহৎ প্ৰতিযোগিতা বিশ্বকাপ ফুটবল। বিশ্বৰ ৩২ খন দেশৰ মাজত বিশ্বকাপ জয়ৰ মৰপণ যুজঁ...
উক্ত প্ৰতিযোগিতাৰ বৃহস্পতিবাৰে এখন মেচত অংশগ্ৰহণ কৰিব ছুইজাৰলেণ্ড আৰু কেমেৰুনে। উল্লেখ্য যে, ছুইজাৰলেণ্ডে বিশ্বকাপৰ যোগ্যতা পৰ্বৰ মেচত ইউৰো চেম্পিয়ন ইটালীক অতিক্ৰম কৰি কাটাৰ বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিছে।
সেই অনুসৰি আজিৰ খেলত দলটোক কেমেৰুনে সহজভাৱে ল'লে নহ'ব। কিয়নো ছুইজাৰলেণ্ড দলত আছে জৰ্ডান ছাকিৰিৰ দৰে খেলুৱৈ।<eot>নগাঁও কলেজৰ প্ৰতিষ্ঠা দিৱস উদযাপনঃ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ গুৰুত্বপূৰ্ণ ঘোষণা…
Home
E-Paper
অসম
ৰাষ্ট্ৰীয়
আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
অর্থনীতি
গুৱাহাটী
বিনোদন
Home
E-Paper
অসম
ৰাষ্ট্ৰীয়
আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
অর্থনীতি
গুৱাহাটী
বিনোদন
অসম
নগাঁও কলেজৰ প্ৰতিষ্ঠা দিৱস উদযাপনঃ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ গুৰুত্বপূৰ্ণ ঘোষণা…
asomiyapratidin
Published on :
7 Aug, 2022, 1:28 pm
ডিজিটেল সংবাদ নগাঁও : "কেৱল আনুষ্ঠানিক শিক্ষাই এজন ব্যক্তিক প্ৰকৃত মানুহ হিচাপে গঢ়ি তুলিব নোৱাৰে ।আনুষ্ঠানিক শিক্ষাৰ লগতে অন্তৰৰ পৰাও এজন লোক মানৱীয় গুণৰাজিৰে সমৃদ্ধ হ'ব লাগিব।আত্মানুসন্ধানৰ জৰিয়তে নিজকে নিজে প্ৰশ্ন কৰিব লাগে যে প্ৰকৃততে মই মানুহ হৈছোঁ নে নাই ৷" এই বক্তব্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰতাপ চন্দ্...
ভাষণ প্ৰসঙ্গত তেখেতে উল্লেখ কৰে যে, ২০২৩ চনৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি কাৰ্যকৰী হ'ব ৷ ৪ বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম আৰম্ভ হ'ব। ক'লা, বিজ্ঞান, বাণিজ্য বুলি কোনো শাখা কলেজত নাথাকিব। এবছৰ পঢ়িও চাৰ্টিফিকেট লাভ কৰিব পাৰিব। লগতে দুবছৰ পঢ়ি ডিপ্লমা আৰু তিনি বা চাৰিবছৰ পঢ়ি ডিগ্ৰী লাভ কৰিব পাৰিব। নতুন...
ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি তেওঁ কয়, ছাত্ৰ-ছাত্ৰীসকলে বিশ্ববিদ্যালয়ত কোনো সমস্যাৰ সন্মুখীন হ'লে তেওঁলোকে আন্দোলনৰ পথ লোৱাৰ পৰিৱৰ্তে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰে পোনপটীয়াকৈ যোগাযোগ কৰিব লাগে। ছাত্ৰ-ছাত্ৰীসকলৰ সমস্যা বিশ্ববিদ্যালয়ে মীমাংসা কৰিবলৈ সাজু থকা বুলি উল্লেখ কৰে।
নগাঁও কলেজৰ পৰিচালনা সমিতিৰ সভাপতি ড০ শৰৎ কুমাৰ দত্তই সভাপতিত্ব কৰা আৰু ড০ ভুৱন চন্দ্ৰ চুতীয়াই আঁত ধৰা এই মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক তথা নগাঁও কলেজৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সভাপতি ৰূপক শৰ্মাই কয় যে, নগাঁও কলেজ বুলি ক'লে গৌৰৱ, প্ৰাপ্তি আৰু খ্যাতিৰ কথা আহে।কলেজখনত পঢ়াটো এটা সপোন...
সভাৰ আৰম্ভণিতে আদৰণি ভাষণত আগবঢ়াই অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে ৷ নগাঁও কলেজত অহা বছৰৰ পৰা নতুন শিক্ষা নীতি প্ৰৱৰ্তন হব বুলি তেওঁ উল্লেখ কৰে।পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ কৰে নগাঁও কলেজৰ পৰিচালনা সমিতিৰ সভাপতি ড০ শৰৎ কুমাৰ দত্তই।
ড০ দত্তই কলেজ প্ৰতিষ্ঠাপকসকলক স্মৰণ কৰে। লগতে বৰ্তমানৰ অধ্যাপক-অধ্যাপিকা, অৱসৰপ্ৰাপ্ত অধ্যাপক-অধ্যাপিকা, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী সকলোকে কলেজৰ গৰিমা বৃদ্ধি কৰাত সকলোকে ধন্যবাদ জ্ঞাপন কৰে।
এই প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানতে নগাঁও কলেজৰ টাইম বেংকলৈ বিধায়ক ৰূপক শৰ্মাই এটা অক্সিজেন কনচেনট্ৰেটৰ প্ৰদান কৰে। নগাঁও কলেজৰ প্ৰাক্তন ছাত্ৰী তথা শিক্ষাবিদ মনিকা শইকীয়াই নগাঁও কলেজলৈ এহেজাৰৰো অধিক কিতাপৰ এটা টোপোলা আগবঢ়ায়।
এই অনুষ্ঠানতে সতীৰ্থৰ পুঁজিৰে প্ৰকাশিত দৰ্শন বিভাগৰ পত্ৰিকা এখন উন্মোচিত কৰা হয় ৷ এই সভাত উপস্থিত থাকে অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ তাৰিণীপ্ৰসাদ শৰ্মাৰ পুত্ৰ, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ শৈল্য চিকিৎসা বিভাগৰ অধ্যাপক ডাঃ দীপক কুমাৰ শৰ্মা। তেওঁ অসমীয়া বিভাগৰ শ্ৰেষ্ঠ স্নাতক দুগৰাকী ছাত্ৰীক 'তাৰিণী প্ৰসাদ শৰ্মা স...
এই অনুষ্ঠানতে এক সম্বৰ্ধনা কাৰ্যসূচী লোৱা হয়।এই অনুষ্ঠানত কৃতি ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২০২১ বৰ্ষৰ বিজ্ঞানৰ শ্ৰেষ্ঠ স্নাতক অলিম্পিকা বৰুৱা, ভূগোল বিজ্ঞান বিভাগৰ শ্ৰেষ্ঠ স্নাতক ত্ৰিদিপ বৰা, ২০২২ বৰ্ষত উচ্চতৰ মাধ্যমিকৰ কলা শাখাত ৫ম স্থান প্ৰাপ্ত প্ৰত্যুষ প্ৰতিম বৰা, ৮ম স্থান প্ৰাপ্ত চি...
এই সভাখনত উপস্থিত থাকে কলেজৰ উপাধ্যক্ষদ্বয়- বন্তি নেওগ আৰু ড০ ৰাম প্ৰসাদ পৰেল, অধ্যাপক বিশ্বজিৎ ভূঞা আৰু ড০ মানস জ্যোতি নিৰ্মলীয়া সমন্বিতে সকলো অধ্যাপক-অধ্যাপিকা আৰু সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী। ৭৯ গছি চাকিৰে সন্ধিয়া বন্তি প্ৰজ্বলন কৰি প্ৰতিস্হা দিবসৰ বৰ্ণাঢ্য কাৰ্যসূচীৰ সামৰনি পেলোৱা হয় ৷<eot>অসমত বসবাস কৰা বিভিন্ন জাতি, জ...
অসমত বসন্ত কালত উদযাপিত প্ৰধান উৎসৱ হৈছে ৰঙালী বিহু। উল্লেখযোগ্য, অসমৰ দ্ৰাবিড়, অষ্ট্ৰিক, মংগোলীয়, আৰ্য– সকলোবোৰ জনগোষ্ঠীৰ লোকেই বিহু পালন কৰে। বসন্তৰ আগমণৰ লগে লগে প্ৰকৃতিয়ে ৰূপ সলনি কৰে। গছে পাত সলায়, আমে মলিয়ায়, কঁঠালে মুচি পেলায়, পলাশ-মদাৰ-শিমলুৰ ৰংবোৰে চৌপাশ জাতিষ্কাৰ কৰে। বৰষুণৰ আগমনৰ লগে লগে শস‍্য-সম্ভৱা পৃথিৱীৰ...
চ’তৰ সংক্ৰান্তিৰ দিনা গৰু বিহু উদযাপনেৰে ৰঙালী বিহুৰ আৰম্ভণি কৰা হয়। পুৰণি কালত কৃষিয়েই মানুহৰ প্ৰধান জীৱিকা আছিল আৰু গৰুৱেই আছিল খেতিৰ ঘাই আহিলা। সেইবাবেই ৰঙালী বিহুৰ ৰং-ৰহইছ আৰম্ভ কৰাৰ পূৰ্বে গৰুক আদৰ-সাদৰৰ এই ৰীতি আৰম্ভ হৈছিল আৰু কালক্ৰমত ইয়েই গৰু বিহুৰ ৰূপ লৈছিল। সেইদিনা গৰুৰ গাত মাহ-হালধি সানি গৰুক গা ধুৱাই, দীঘলত...
“দীঘলতী দীঘল পাত
গৰু কোবাও জাত জাত,
লাউ খা, বেঙেনা খা,
বছৰে বছৰে বাঢ়ি যা।
মাৰ সৰু, বাপেৰ সৰু
তই হ’বি বৰ গৰু।”
কোনো কোনো অঞ্চলত গৰুৰ খুৰাত মিঠাতেল সানি দি পাছত অৱশিষ্ট তেলখিনি মানুহেও গাত সানে। এনে কৰিলে বিভিন্ন চৰ্মৰোগৰ পৰা হাত সাৰিব পৰা যায় বুলি কোনো কোনো অঞ্চলৰ লোকে বিশ্বাস কৰে। সেইদিনা কোনো কোনো অঞ্চলত বছৰটোলৈ ৰোগ-ব‍্যাধিৰ পৰা মুক্ত হৈ থাকিবলৈ এশ এবিধ শাক খোৱাৰ পৰম্পৰা আছে। গৰু বিহুৰ দিনা গৰুক নতুন পঘা দিয়া হয়। কোনো কোনো অঞ...
সম্প্ৰতি কৃষকসকলে ট্ৰেক্টৰ, পাৱাৰ টিলাৰকে ধৰি কৃষিৰ নানা ধৰণৰ অত‍্যাধুনিক সা-সঁজুলি ব‍্যৱহাৰ কৰিবলৈ লোৱাৰে পৰা গৰুৰ গুৰুত্ব বহুখিনি হ্ৰাস পাইছে। কোনো কোনো গাঁৱৰ গোহালিতো এতিয়া আৰু বলদ গৰু দেখা নাযায়, বহুতে গাই পুহিবলৈও এৰিছে। তথাপিও অসমীয়া লোকসকলে উলহ-মালহেৰে গৰু বিহু পালন কৰে। নগৰীয়া লোকসকলে ঘৰত গৰু নাথাকিলেও মাহ-হালধ...
ৰঙালী বিহুৰ দ্বিতীয় দিনা মানুহ বিহু। সেইদিনা গা-পা ধুই সৰুৱে ডাঙৰক সেৱা জনায়, ডাঙৰে সৰুক আশীৰ্বাদ দিয়ে, বিহুৱানৰ আদান-প্ৰদান কৰা হয়। ভোগালী বিহুৰ সমান নহ’লেও ৰঙালী বিহুতো সকলোৱে সাধ‍্যানুসাৰে নানা ধৰণৰ পিঠা-পনা, জলপানৰ যা-যোগাৰ কৰে। অঞ্চলবিশেষে ডেকা-গাভৰুৱে মুকলি পথাৰত দলবান্ধি বিহুগীত গাই, বিহুনৃত‍্য কৰি আনন্দ কৰে। কো...
অসমত বসবাস কৰা ভালেমান জনগোষ্ঠীয়ে নিজস্ব ৰীতি-নীতিৰে বসন্ত কালত বিহুকে ধৰি বিভিন্ন উৎসৱ পালন কৰে।
অসমৰ এক প্ৰধান জনগোষ্ঠী বড়ো-কছাৰী সম্প্ৰদায়ৰ লোকসকলে পালন কৰা ব’হাগ বিহুক বৈশাগু বুলি জনা যায়। গৰু বিহু আৰু মানুহ বিহু দুয়োটা বিহুৱেই তেওঁলোকে পালন কৰে। চ’ত মাহৰ সংক্ৰান্তিৰ দিনা গৰুক পুখুৰী বা নৈলৈ গা ধুৱাৱলৈ নিয়াৰ পূৰ্বে গৰুক ধান খাবলৈ দিয়া হয়, শিং আৰু খুৰাত সৰিয়হৰ তেল ঘঁহাৰ উপৰিও ভাতৰ চৰুৰ ক’লা ছাই সৰিয়হৰ তেলৰ লগত ম...
মানুহ বিহুৰ দিনা, অৰ্থাৎ নৱবৰ্ষৰ প্ৰথমদিনা ৰাতিপুৱাই খেৰাই পূজাৰ ছত্ৰাওলি সুৰৰ বাঁহী বজাই নৱবৰ্ষক আদৰণি জনায়। সেইদিনা পাকঘৰৰ চৰু-হাড়ী ধুই-পখালি, ঘৰ-দুৱাৰ মচি চোতালৰ বাথৌ থানত বাথৌ বুঢ়া মহাৰাজ আৰু কামাখ্যা গোঁসানীক পূজা দিয়ে। তাৰ পাছতে চোতালৰ দক্ষিণ দিশে পৰিয়ালৰ মৃত পূৰ্বপুৰুষসকলক উদ্দেশ‍্য কৰি পূজা আগবঢ়ায়। এই পূজাৰ পাছ...
অসমৰ ভৈয়াম অঞ্চলৰ আন এক বৃহৎ জনগোষ্ঠী সোণোৱাল কছাৰীসকলৰ বিভিন্ন উৎসৱ-পাৰ্বণৰ ভিতৰত ব’হাগ বিহুৱেই প্ৰধান। বিহুৰ সময়ত গাঁৱৰ নামঘৰত আনুষ্ঠানিক ভাৱে হুচৰি আৰম্ভ কৰি পাছত ঘৰে-ঘৰে হুচৰি গায়। হুচৰি দলটোৱে লগত লৈ যোৱা দীঘল বাঁহডাল গৃহস্থৰ চোতালত তিনিটা খুটাৰ ওপৰত ৰাখি বিহু নামৰ তালে তালে বজায়। ব’হাগ বিহুৰ সাতদিনৰ আগতে সোণোৱাল ...
অসমৰ ৰাভা সম্প্ৰদায়ৰ লোকসকলে ব’হাগ বিহুটো ‘বিছুৱা’ হিচাপে পালন কৰে। বিছুৱাৰ উৰুকাত কেইবিধমান বনৰীয়া গছ-পাত আৰু আলু (জাব্ৰে) ঘৰে-চোতালে বান্ধি দি বতাহ-বৰষুণ আৰু অপায়-অমংগলৰ পৰা হাত সাৰিবলৈ প্ৰাৰ্থনা কৰে। গৰু বিহুৰ দিনা সেই জাব্ৰেৰে কোবাই গৰুক গা ধুৱায়। ঘৰৰ গৃহিণীগৰাকীয়ে সেই দিনাই বাহী চোতাল সৰা-মচা কৰি পুৰণি খদা এটাত এখ...
অসমৰ দেউৰী জনগোষ্ঠীৰ লোকসকলেও তিনিওটা বিহুৱেই পালন কৰে। “জামা চাজেবা বিচু” বুলি জনাজাত ব’হাগ বিহুৰ উৰুকা পালন কৰা হয় ব’হাগৰ সংক্ৰান্তিৰ পাছৰ প্ৰথমটো বুধবাৰে। এসপ্তাহ জুৰি অতি উলহ-মালহেৰে এই বিহু পালন কৰি পাছৰটো বৃহস্পতিবাৰে বিহুৰ সামৰণি মৰা হয়। এই বিহুৰ কালত ডেকা-গাভৰুসকলে ঘৰে ঘৰে গৈ হুঁচৰি গায় আৰু বিহু নাচে। দেউৰীসকলৰ...
হাজং জনগোষ্ঠীৰ লোকসকলেও তিনিওটা বিহুৱেই পালন কৰে। হাজংসকলৰ ব’হাগ বিহুক “চৈত চংগ্ৰানী” বুলি জনা যায়।
অসমৰ আন এটা উল্লেখযোগ্য জনগোষ্ঠী হৈছে ডিমাছা। ডিমাছা সকলে অৱশ্যে মাঘ বিহুকহে বৰ বিহু হিচাপে পালন কৰে। খেতি চপোৱাৰ পাছত ব্ৰাই শিব্ৰাই (ভগৱান শিৱ) আৰু আই গামাডী (পাৰ্বতী)ৰ প্ৰাৰ্থনাৰে আৰম্ভ হোৱা এই বিহুত ডেকা-গাভৰুহঁতে ঘৰে ঘৰে গৈ বিহু গায়। প্ৰথমে গাঁৱৰ গাওঁবুঢ়াৰ ঘৰত বিহু গোৱাৰ পাছতহে আন মানুহৰ চোতালত বিহু গোৱা হয়। বিহুৰ ...
অসমৰ তিৱা সম্প্ৰদায়ৰ লোকসকলেও নিজস্ব ৰীতি-নীতিৰে বিহু বা ‘বিচু’ উৎসৱ পালন কৰে। ব’হাগ বিহুৰ দিনা নাঙল, যুঁৱলি, মৈ আদি কৃষিৰ সঁজুলিবোৰ ভালকৈ ধুই প্ৰতিটো বংশৰ এজন বিশিষ্ট লোকৰ ভঁৰালৰ সমুখত জমা কৰি থয় আৰু গধূলি কুকুৰা কাটি পূজা দি কুকুৰাৰ তেজ সেই সঁজুলিবোৰৰ ওপৰত ছটিয়াই দিয়ে। আনহাতে, ফেব্ৰুৱাৰী মাহৰ শেষত বা মাৰ্চ মাহৰ আৰম্ভ...
টাই জনগোষ্ঠীৰ লোকসকলেও ব’হাগ মাহত দ-খেতিত নামিবলৈ এটা উৎসৱ পাতে। “পয়-চাং-কেন” বা ” পয়-চায়-নাম” বুলি জনাজাত এই উৎসৱ বিহুৰ সৈতে একে বুলি বিশিষ্ট লোকসংস্কৃতিবিদ লীলা গগৈয়ে মন্তব্য কৰিছে। অসমৰ বিভিন্ন অঞ্চলত বসবাস কৰা টাই-খামতি, টাই-ফাকে, টাই-আইতন, টাই-তুৰুং আৰু টাই-খাময়াঙ লোকসকলে উলহ-মালহেৰে এই উৎসৱ পালন কৰা দেখা যায়। বৌদ...
কাৰ্বিসকলৰ গৰু বিহুক দ’মাহীপে (বৰ দোমাহী) বুলি জনা যায়। গৰু বিহুৰ আগদিনা ভালেমান গৰখীয়া লগ হৈ গৰু বিহুৰ বাবে প্ৰয়োজন হোৱা বিভিন্ন গছ-লতা সংগ্ৰহ কৰে। বিহুৰ দিনা গৰুবোৰৰ গাত মাহ-হালধি ঘঁহি দোঙৰ পাৰলৈ গা ধুৱাবলৈ নিয়া হয় । গা ধুওৱাৰ আগতে দোংটোৰ পানী ভেটি ৰখা হয়। বৰ গৰখীয়া আৰু সৰু গৰখীয়াই জলকোঁৱৰ আৰু জলকুঁৱৰীৰ উদ্দেশ্যে তাম...
অসমৰ মিছিং সম্প্ৰদায়ৰ প্ৰধান উৎসৱ “আলি আই লৃগাং” পালন কৰা হয় বসন্ত কালতেই। প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰে উদযাপন কৰিবলৈ লোৱা লৃগাং পাঁচদিন ধৰি চলে। এই সময়ছোৱাত ডেকা-গাভৰুসকলে ঢোল, পেঁপা, গগনা, বৰকাঁহ, তাল আদি বজাই , পৰম্পৰাগত পোচাক পৰিধান কৰি গুমৰাগ নৃত্য কৰে, ঐনিতম গায়। গুমৰাগ নানাচিলে আৰু বৰকাঁহ নবজালে বৰষুণ নহয়...
অসমৰ ঘাইকৈ তিনিচুকীয়া জিলাত বাস কৰা মৰাণ সম্প্ৰদায়ৰ লোকসকলে বহাগ মাহৰ প্ৰথম মংগলবাৰটো উৰুকা আৰু বুধবাৰটোত গৰু বিহু পালন কৰে। মৰাণসকলৰ ৰাতি বিহুৰ এক অনন্য বৈশিষ্ট আছে। মাৰ্জিত আৰু পৰিশীলিত ৰূপত পালন কৰা এই ৰাতি বিহুত গাঁৱৰ ডেকা-গাভৰুসকলে ওৰে নিশা নৃত্য-গীত কৰে। কাষৰীয়া গাঁৱৰ ডেকাসকলেও এই ৰাতি বিহুত ভাগ লব পাৰে।অৱশ্যে মৰ...
ঠেঙাল কছাৰী জনগোষ্ঠীৰ লোকসকলে চ’ত মাহৰ দ্বিতীয় বুধবাৰে তৰা ছিৰা বিহু পালন কৰে আৰু সেইদিনাই বিভিন্ন ৰীতি-নীতি, পৰম্পৰাৰ মাজেৰে গৰুৰ পঘা বাটিবৰ বাবে প্ৰয়োজন হোৱা তৰা গছ সংগ্ৰহ কৰাৰ কাম কৰে। ঠেঙাল কছাৰীসকলে গৰু বিহুও পালন কৰে। আনহাতে, সেইদিনাই গাঁৱৰ মুখিয়ালজনৰ ঘৰৰ চোতালত বয়োজ‍্যেষ্ঠ সকলে কলহে কলহে পানী ঢালি নাচি-বাগি, বোক...
অসম সাহিত্য সভাই ১৯৮৩ চনত প্ৰকাশ কৰা সুশীল কুৰ্মীৰ “চাহবাগিচাৰ অসমীয়া সম্প্ৰদায়” গ্ৰন্থখনত উল্লেখ থকা মতে, অসমৰ চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ লোকসকলেও বিহু পালন কৰে। গ্ৰন্থখনত উল্লেখ আছে, ” চাহ-মজদুৰ ডেকা-গাভৰুৱে বিহুগীত গায়, বিহুনাচ নাচে।” আনহাতে, একেজন লেখকৰে “অসমৰ চাহ শ্ৰমিকৰ অৱদান” গ্ৰন্থত উল্লেখ আছে–”চাহ জনজাতি সমাজৰ লো...
অ’ সৰুমাই আমাৰ সোণৰ অসম
অ’ সৰুমাই লাগে বহুত মৰম
অসমীয়া বঙালী
নকৰিবা ধেমালি
অ’ সৰুমাই অসম ৰসাতলে যায়।”
চাহবাগিচাৰ লোকসকলে বিহুক আদৰি লোৱাৰ কথা ইয়াৰ পৰাই বুজিব পাৰি। এসময়ত বিহাৰ, মধ‍্যপ্ৰদেশ, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ আদি বিভিন্ন প্ৰান্তৰ পৰা বৃটিছ চাহখেতিয়কৰ দালালসকলে নানা প্ৰলোভনেৰে অসমলৈ অনা এই লোকসকলে সময়ৰ সোঁতত স্থানীয় সমাজৰ সৈতে মিলি গৈ অসমীয়া সংস্কৃতিকেই আঁকোৱালি লৈছে। সেয়ে চাহবাগিচাসমূহতো অনুষ্টুপীয়াকৈ ...
ওপৰত উল্লেখ কৰি অহা জনগোষ্ঠীসমূহৰ বাদেও অসমৰ বিভিন্ন ঠাইত বসবাস কৰা সৰু-বৰ বিভিন্ন জনগোষ্ঠীয়ে বসন্তকালত নানা ধৰণৰ উৎসৱ-অনুষ্ঠানৰ আয়োজন কৰে।
অসমৰ ইছলামধৰ্মী লোকসকলেও বসন্তোৎসৱ হিচাপে ৰঙালী বিহু পালন কৰি আহিছে। বিভিন্ন সূত্ৰত উল্লেখ থকা অনুসৰি, উনৈশ শতিকাৰ শেষৰফালে একাংশ সম্ভ্ৰান্ত অসমীয়া
লোকে বিহুটোক নিম্নশ্ৰেণীৰ অশিক্ষিত লোকৰ লজ্জাজনক উৎসৱ বুলি গণ্য কৰাৰ লগতে ইয়াৰ বিৰোধিতা কৰিছিল। তদুপৰি, ১৮৯৮ চনত এজন লোকে ৰাষ্ট্রীয় পর্যায়ৰ এখন কাকতত প্রৱন্ধ লিখি বিহু নিষিদ্ধ কৰাৰ ব্যৱস্থা ল’বলৈ আবেদন জনোৱাৰ পাছত বৃটিছ চৰকাৰে বিহু নিষিদ্ধকৰণৰ ব্যৱস্থা গ্রহণ কৰিছিল। অৱশ্যে সেই সময়ৰ নগাঁও আদালতৰ তৰণী আনন্দ দাসৰ উদ্যোগত ...
অসমীয়া সমাজৰ আন বিভিন্ন ধৰ্মাৱলম্বী লোকসকলেও বসন্ত কালৰ প্ৰধান উৎসৱ ৰঙালী বিহু পালন কৰে। ইন্টাৰনেটৰ এক শেহতীয়া সূত্ৰত আনকি খ্ৰীষ্টীয় বিহুগীতৰো তথ্য লাভ কৰা হৈছে।
১৯৩৪ চনত গোলাঘাট জিলাৰ বেতিয়নী অঞ্চলত সৰ্বপ্ৰথমে মঞ্চবিহু আয়োজন কৰাৰ কথা জনা যায়। তাৰ পাছত ১৯৫২ চনত সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ উদ্যোগত গুৱাহাটীৰ লতাশিল খেলপথাৰত মঞ্চ বিহুৰ আয়োজন কৰা হয় । তাৰ পিছৰে পৰা লাহে লাহে সমগ্ৰ অসমৰ বিভিন্ন ঠাইত মঞ্চবিহুৰ সূচনা হয় আৰু তাত অসমৰ সকলো জনগোষ্ঠী, ভাষা-ভাষী তথা ধৰ্মাৱলম্বী লোকে ভাগ ল...
সময়ৰ লগে লগে বসন্ত কালত উদযাপিত অসমৰ প্ৰধান উৎসৱ বিহুৰ তথা আন আন জনগোষ্ঠীৰ বসন্তোৎসৱসমূহৰ ৰূপৰ নানা ধৰণৰ পৰিবৰ্তন ঘটিছে। তথাপিও, বসন্ত কালত পলাশ, মদাৰ, শিমলুৰ ৰঙে চৌপাশ ৰাঙলী কৰি তোলাৰ পৰত, ধূলিয়ৰি পৃথিৱীত প্ৰথমজাক বৰষুণ পৰি ওলোৱা মন মতলীয়া কৰা গোন্ধত, গছে ন কুঁহিপাত সলোৱাৰ পৰত, কুলিয়ে আকুলতাৰে লগৰীজনীক মাতি থকাৰ পৰত, ...
(লেখিকাৰ টোকাঃ তলত উল্লেখ কৰা গ্ৰন্হসমূহ, ইন্টাৰনেটত কিছু পোৱা তথ্যৰ লগতে কেইগৰাকীমান সহৃদয় তথ‍্যদাতাৰ সহায় লৈ এই লেখাটো প্ৰস্তুত কৰা হৈছে। ইয়াত সংযোজন/ সংশোধনৰ অৱকাশ নিশ্চয় আছে। কোনো ভুল-ভ্ৰান্তি দেখিলে পাঠকসকলে ক্ষমা কৰাৰ লগতে অনুগ্ৰহ কৰি মন্তব্যৰ জৰিয়তে প্ৰয়োজনীয় তথ‍্য সংযোজন কৰিলে বাধিত হ’ম। )
সহায়ক গ্ৰন্থসমূহঃ
১. বড়ো-কছাৰীৰ সমাজ আৰু সংস্কৃতিঃ ভবেন নাৰ্জী, প্ৰথম প্ৰকাশঃ ১৯৬৬ চন, প্ৰকাশকঃ বীণা লাইব্ৰেৰী
২. ৰাভা লোক-সংস্কৃতিঃ ডঃ উপেন ৰাভা হাকাচাম, প্ৰথম প্ৰকাশঃ ২০০৬ চন, প্ৰকাশকঃ অসম প্ৰকাশন পৰিষদ
৩. চিত্ৰ-বিচিত্ৰ অসমঃ প্ৰদীপ বৰুৱা, প্ৰথম প্ৰকাশঃ ২০০৩ চন, প্ৰকাশকঃ জ‍্যোতি প্ৰকাশন
৪. ডিমাছাসকলৰ গীত-মাতঃ নগেন্দ্ৰ নাথ বৰুৱা, প্ৰথম প্ৰকাশঃ ১৯৮২ চন, প্ৰকাশকঃ অসম প্ৰকাশন পৰিষদ
৫. টাই সংস্কৃতিৰ ৰূপৰেখাঃ লীলা গগৈ চতুৰ্থ সংস্কৰণ, ১৯৯৪ চন, প্ৰকাশকঃ বনলতা
৬. ভৈয়াম কাৰ্বিৰ লোক পৰম্পৰা আৰু গীত-পদঃ মুৰুলীধৰ দাস, প্ৰথম প্ৰকাশ ২০০৭ চন, প্ৰকাশকঃ অসম জনজাতি আৰু অনুসূচিত জাতি গৱেষণা প্ৰতিষ্ঠান
৭. অসমৰ চাহ শ্ৰমিকৰ অবদানঃ সুশীল কুৰ্মী, প্ৰথম সংস্কৰণঃ ডিচেম্বৰ ২০০৭, প্ৰকাশকঃ অসম প্ৰকাশন পৰিষদ
৮. চাহবাগিচাৰ অসমীয়া সম্প্ৰদায়ঃ সুশীল কুৰ্মী, প্ৰথম প্ৰকাশঃ ১৯৮৩, প্ৰকাশকঃ অসম সাহিত্য সভা
৯. অসমৰ সংস্কৃতি কোষ, মুখ্য সম্পাদকঃ ডঃ নাৰায়ণ দাস, দ্বিতীয় প্ৰকাশ ২০১৪ চন, প্ৰকাশকঃ জ‍্যোতি প্ৰকাশন (প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ হৈ)
১০. আহোমসকলৰ উৎসৱ-অনুষ্ঠানঃ ডঃ সুখ বৰুৱা, প্ৰথম প্ৰকাশঃ মাৰ্চ, ২০০৭, প্ৰকাশকঃ কল্পতৰু প্ৰকাশন
অন্যান্য শিতান