text
stringlengths
0
188k
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবা...
কোকাকোলা
প্ৰকাৰ
Cola
প্ৰস্তুতকৰ্তা
কোকাকোলা কোম্পেনী
উৎপত্তিৰ দেশ
আমেৰিকা যুক্তৰাষ্ট্ৰ
প্ৰচলন হয়
১৮৮৬
ৰং
Caramel E-150d
সোৱাদ
Cola, Cola Cherry, Cola Vanilla, Cola Green Tea, Cola Lemon, Cola Lemon Lime, Cola Lime, Cola Orange and Cola Raspberry.
ৱেবছাইট
www.coca-cola.com
কোকাকোলা (ইংৰাজী: Coca-Cola) বিশ্বৰ জনপ্ৰিয় শীতল পানীয়বোৰৰ ভিতৰত অন্যতম।[1] এই পানীয়বিধ জৰ্জিয়াৰ আটলাণ্টাত অৱস্থিত কোকাকোলা কোম্পেনী (The Coca-Cola Company)য়ে প্ৰস্তুত কৰে। এই পানীয়বিধক প্ৰায়ে 'ক'ক'( 'Coke') নামেৰে জনা যায়। ই হৈছে ১৯৪৪ চনৰ ২৭ মাৰ্চত আমেৰিকা যুক্তৰাষ্ট্ৰত কোম্পেনীয়ে পঞ্জীভূত কৰা ট্ৰেডমাৰ্ক।
ইতিহাস[সম্পাদনা কৰক]
কোকাকোলাৰ আৱিষ্কাৰ হৈছিল আমেৰিকাত, ১৮৮৬ চনত। সেই বছৰৰে ৩ মে'ৰ দিনা আমেৰিকাৰ আটলাণ্টা নগৰৰ চিকিৎসক ডা: জন পেম্বাৰটনে কিবা এটা গৱেষণা কৰাৰ বাবে চেনি আৰু আন এবিধ খাৰৰ পৰা ৰাসায়নিক দ্ৰব্যৰে প্ৰস্তুত তৰল মিস্ৰ্ণ এটা ষ্টভৰ ওপৰত উতলাই আছিল। তেনেতে তেওঁৰ কপালৰ পৰা কেইটোপালমান ঘাম মিশ্ৰণটোত পৰিল। পেনস্তৰ্ণে অলপমান মিশ্ৰণ চেলেক...
চিত্ৰ-বিথিকা[সম্পাদনা কৰক]
কোকাকোলা বটল
কোকাকোলাৰ আৱিষ্কাৰক জন পেম্বাৰটন
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
↑ Stafford, Leon (September 9, 2012). "Coca-Cola to spend $30 billion to grow globally". The Atlanta Journal-Constitution. http://www.ajc.com/news/business/coca-cola-to-spend-30-billion-to-grow-globally/nR6YS/। আহৰণ কৰা হৈছে: January 24, 2013.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত কোকাকোলা সম্পৰ্কীয় মিডিয়া ফাইল আছে।
আধিকাৰিক ৱেবছাইট
Kinescope of a live 1954 TV commercial for Coca-Cola (Internet Archive)
Coca-Cola Advertising History
Coca-Cola: Refreshing Memories — slideshow by Life magazine
China Advisory: Avoiding the Wax Tadpole – Effective Chinese Language Trademark Strategy Chinese language trademark for Coca-Cola
"https://as.wikipedia.org/w/index.php?title=কোকাকোলা&oldid=273663"ৰ পৰা অনা হৈছে
শ্ৰেণী:
পানীয়
অদৃশ্য শ্ৰেণীসমূহ:
বিস্তাৰযোগ্য প্ৰবন্ধসমূহ
অনা অসমীয়া ভাষা সমৃদ্ধ প্ৰবন্ধ
এই পৃষ্ঠাখন 7 মে' 2021 তাৰিখে ১৫:৫৯ বজাত অন্তিম সংশোধন কৰা হৈছিল।
লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।<eot>শিৱসাগৰত সোমবাৰে হিমন্ত হিশ্ব শৰ্মাৰ ৰোডশ্ব'ত এগৰাকী প্ৰাক্তন ছাত্ৰনেতাৰ প্ৰতিবাদ। ফটো : নৰ্থইষ্ট নাও
485
VIEWS
Share on FacebookShare on Twitter
সোমবাৰে শিৱসাগৰৰ ৰংঘৰ বাকৰিৰ পৰা অসমৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশ লৈছিল এখন ৰ’ডশ্বোত। যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ অংশ হিচাপে উলিওৱা এই ৰ’ডশ্বোত কেইবাহাজাৰ বিজেপি আৰু মিত্ৰজোঁট অগপৰ নেতা-কৰ্মীয়ে অংশ লৈছিল।
কিন্ত এই ৰ’ডশ্বোৰ মাজতে ঘটিল এক অঘটন। শিৱসাগৰৰ প্ৰাক্তন আছু নেতা সুমেশ ডেকাই নিজৰ ঘৰৰ সন্মুখত হাতত এখন বেনাৰ লৈ এককভাৱে প্ৰতিবাদ কৰি আদৰণি জনায় নেডাৰ আহ্বায়ক তথা প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।
মন্ত্ৰী জনে পদযাত্ৰা কৰি আহি থাকোতে তেখেতৰ সন্মুখত থিয় হৈ হাতত এখন কাগজত ‘মিছা কথা নকব’ বুলি লিখি প্ৰতিবাদ জনায়। মন্ত্ৰীজনেও প্ৰাক্তন আছুৰ নেতাজনৰ বেনাৰখন পঢ়িলে, আৰু বেকাকৈ হাঁহি এটা মাৰি আঁতৰি আহিল। হয়তো এইদৰে ৰ’ডশ্বোত প্ৰতিবাদৰ সন্মুখীন হ’ব বুলি ভৱাই নাছিল।
প্ৰাক্তন আছু নেতা গৰাকীয়ে পাছত সাংবাদিকৰ আগত কয়, ‘’আমি অসম আন্দোলন কৰা মানুহ, সেই আন্দোলনত আমাৰ বহু সতীৰ্থ শ্বহীদ হৈছিল আৰু আমিও বহু নিৰ্যাতনৰ সন্মুখীন হৈছিলো। আমাৰ লগত আন্দোলন কৰা বহু লোক এতিয়া নেতা বা মন্ত্ৰী হৈ আছে।”
তেওঁ পূৰ্বৰ প্ৰতিশ্ৰুতিৰ কথা সোঁৱৰাই কয়, ‘’মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ চৰকাৰৰ দিনত ১৫ বছৰ স্বাস্থ্য মন্ত্ৰী হৈ থাকোতে তেওঁ মোক কৈছিল, ‘সুমেশদা মই শিৱসাগৰত মেডিকেল কলেজ দিম’। কিন্তু মেডিকেল কলেজ শিৱসাগৰলৈ নাহিল।‘’
প্ৰাক্তন ছাত্ৰনেতাগৰাকীয়ে নিজৰ ক্ষোভ উজাৰি লগতে কয়,‘’আজি নিৰ্বাচনী সভাত কোৱাৰ দৰে আগতেও কৈছিল শিৱসাগৰ অসমৰ প্ৰাণ কেন্দ্ৰ। কিন্তু অসমৰ এই প্ৰাণ কেন্দ্ৰ শিৱসাগৰত আজি কোনো এটা ভাল অনুষ্ঠান নাই। সেইবাবে আজি মন্ত্ৰীজনক এজন জ্যেষ্ঠ নাগৰিকক মিছা কথা কোৱাৰ বাবে আমাৰ ঘৰৰ সন্মুখত তেখেতক স্বাগতম জনাই হাতত পেষ্টাৰ লৈ প্ৰতিবাদ কৰিল...
উল্লেখযোগ্য যে সুমেশ ডেকা সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলাৰ এগৰাকী প্ৰাক্তন সম্পাদক।
ইপিনে, হাজাৰ হাজাৰ জনতাৰ মাজত এজন ব্যক্তিয়ে এককভাৱে কৰা এই সাহসী প্ৰতিবাদে এতিয়া জিলাখনত ব্যাপক চৰ্চা লাভ কৰিছে আৰু প্ৰাক্তন আছু নেতাজনক ধন্যবাদ জ্ঞাপন কৰিছে।
Tags: নিৰ্বাচন ২০১৯
Recent News
শিহৰণকাৰী দৃশ্য! ১০০ ফুট ওপৰৰ বিদ্যুৎ লাইনত ওলমি ৰ’ল দুৰ্ঘটনাগ্ৰস্ত বিমান
মৰ্মান্তিক! ডিঙিত চকলেট লাগি ধৰি মৃত্যু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰৰ; পৰিয়ালত শোকৰ ছাঁ
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ড: কোন দায়ী?
কিয় ক্ষমা বিচাৰিলে কিংবদন্তী গায়ক বব ডিলানে?
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
এই আঁচনিৰ অধীনত লাহৰীঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত গাঁও পঞ্চায়ত সমূহত বিভিন্ন প্ৰকল্প নিৰ্মাণৰ নামত বিয়াগোম কেলেংকাৰী সংঘটিত কৰি এচাম কনিষ্ঠ অভিযন্তাকে ধৰি একাংশ পঞ্চায়ত প্ৰতিনিধিয়ে বৃহৎ পৰিমাণৰ ৰাজহুৱা ধন আত্মসাৎ কৰা বুলি স্থানীয় ৰাইজে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।
উল্লেখ্য যে জবকার্ড প্ৰাপ্ত শ্ৰমিকৰ সলনি জে চি বি আৰু ট্ৰেক্টৰেৰে নিৰ্মাণকাৰ্য সম্পন্ন কৰি একাংশ দালালে বেংক কৰ্তৃপক্ষৰ সৈতে বুজাবুজিৰে ভুৱা জব কাৰ্ডৰ সহায়ত ধন উলিয়াই আহিছে। এনে ধৰণৰ কাৰ্যৰ ফলত এতিয়া প্ৰাপ্যৰ পৰা বঞ্চিত হৈছে প্ৰকৃত দৰিদ্ৰ শ্ৰমিকসকল।
অতি স্পৰ্শকাতৰ বিষয় যে, এই সমগ্ৰ দুৰ্নীতিত লাহৰীঘাট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া, সংশ্লিষ্ট কনিষ্ঠ অভিযন্তা আৰু গ্ৰামীণ বিকাশ বেংকৰ বিষয়া প্ৰত্যক্ষভাৱে জড়িত থকা বুলি ভূক্তভোগী ৰাইজে সংশ্লিষ্ট খণ্ড উন্নয়ন বিষয়াক অৱগত কৰাৰ পাছতো আজি পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই।
অকল জব কাৰ্ড কেলেংকাৰীয়ে নহয় বৃহত্তৰ অঞ্চলটোত ভুৱা নামফলক লগাইও লাখ লাখ টকা আত্মসাৎ কৰা বুলি স্থানীয় সচেতন ৰাইজে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।
ইফালে দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ স্থিতি গ্ৰহণ কৰা পৰিৱৰ্তনকামী বিজেপি চৰকাৰখনে ৰাজ্যত সংঘটিত হৈ থকা এনে লুণ্ঠনৰাজ তথা বিয়াগোম কেলেংকাৰী সমূহ ৰোধ কৰিবলৈ সক্ষম হ’বনে নাই তাক লৈ এতিয়া সকলো ৰাইজৰ মনতে প্ৰশ্ন উত্থাপন হৈছে।
Recent News
উবাচ আহমেদ ছিদ্দিকী! মুছলমান মহিলাক নিৰ্বাচনৰ টিকট দিয়াসকল ইছলাম বিৰোধী!
বিহাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড: ৰাজহুৱা বজাৰত চোকা অস্ত্ৰৰে স্তন, হাত, ভৰি, কাণ কাটি মহিলাক হত্যা কৰিলে দুৰ্বৃত্তই
মধ্য প্ৰদেশত ভয়াৱহ দুৰ্ঘটনা: দ্ৰুতবেগী ট্ৰাকে মহতীয়াই নিলে বাছ ষ্টপেজত ৰৈ থকা লোকক; ৬ গৰাকী নিহত, আহত কেইবাগৰাকীও
ধোঁৱাচাঙত নাৰী সুৰক্ষা: যোগীৰ উত্তৰ প্ৰদেশত কিশোৰীক অপহৰণ কৰি কেইবাদিন ধৰি ধৰ্ষণ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
গোলাঘাটৰ ৰাজনৈতিক পৰিৱেশ ২০১৬ চনৰ বিধানসভা নিৰ্বাচনতকৈ পৃথক নহয়। গোলাঘাটত ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ যুঁজখন পুনৰ দেখিবলৈ পোৱা যাব। পুনৰ দুই প্ৰাৰ্থী গোলাঘাটত সন্মুখৰ পৰা যুঁজিব নিৰ্বাচনী যুঁজত। প্ৰাৰ্থী একে, সলনি হৈছে মাত্ৰ দলৰ।
২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ বিজেপিৰ গোলাঘাটৰ প্ৰাৰ্থী এতিয়া কংগ্ৰেছৰ প্ৰাৰ্থী আৰু কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকী ২০২১ ত হৈছে বিজেপি দলৰ প্ৰাৰ্থী। বিতোপন শইকীয়া আৰু অজন্তা নেওগ দল সলনি কৰি যুঁজিব গোলাঘাটত।
বহু বছৰ ধৰি গোলাঘাটত বিজেপি দলৰ হৈ কাম কৰা বিতোপন শইকীয়া এতিয়া গোলাঘাটৰ বজাৰে বজাৰে, দোকান দোকানে প্ৰচাৰ চলাইছে কংগ্ৰেছৰ হৈ। বিজেপি দলৰ হৈ বহু বছৰ কাম কৰিও টিকট লাভৰ পৰা বঞ্চিত হৈ বিতোপন শইকীয়াই যোগদান কৰিছিল কংগ্ৰেছত। কংগ্ৰেছেও বিতোপন শইকীয়াক দললৈ আদৰি আনি প্ৰদান কৰিলে প্ৰাৰ্থীত্ব।
ইফালে অজন্তা নেওগ গোলাঘাটৰ কংগ্ৰেছ দলৰ বিধায়িকা হৈও ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে গেৰুৱা টুপী পৰিধনা কৰি দলটোৰ হৈ পৰিছিল। ২০১৬ চনত কংগ্ৰেছৰ হৈ বিজেপি দলৰ প্ৰাৰ্থী বিতোপন শইকীয়াৰ বিৰুদ্ধে যুঁজা অজন্তা নেওগ এইবাৰ পুনৰ বিজেপিৰ হৈ কংগ্ৰেছৰ একেজন বিতোপন শইকীয়াৰ বিৰুদ্ধে যুঁজিব। প্ৰাৰ্থী একেজন, কেৱল সলনি হৈছে দলৰ।
যোৱাবাৰ অজন্তা নেওগৰ হাতত পৰাস্ত হৈছিল যদিও এইবাৰ পুনৰ অজন্তা নেওগক সন্মুখৰ পৰা প্ৰত্যাহ্বান জনাবলৈ প্ৰস্তুতি চলাই থকা দেখিবলৈ পোৱা গৈছে বিতোপন শইকীয়াক। ইতিমধ্যে বিতোপন শইকীয়াই আৰম্ভ কৰিছে ব্যাপক প্ৰচাৰ অভিযান। গোলাঘাটৰ বজাৰে বজাৰে, দোকানে দোকানে গৈ বিতোপন শইকীয়াই প্ৰচাৰ চলাই থকা পৰিলক্ষিত হৈছে।
Related
হিমন্ত বিশ্ব শৰ্মা জীৱনত মুখ্যমন্ত্ৰী হ’ব নোৱাৰে,তেওৰ ভাগ্যও নাই,যোগ্যতাও নাই: হাগ্ৰামা
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল অখিল লুৰীণ, অজন্তা , অতুল বৰা সহ বহুজনৰ
গোলাঘাটত ৰাজ্যিক পৰ্যবেক্ষকৰ সন্মুখতে অজন্তা নেওগৰ বিৰুদ্ধে প্ৰতিবাদ
Subscribe to EastMojo Assam
Enter your email address to receive notifications of new stories by email.
Email Address
Subscribe
{{#message}}{{{message}}}{{/message}}{{^message}}Your submission failed. The server responded with {{status_text}} (code {{status_code}}). Please contact the developer of this form processor to improve this message. Learn More{{/message}}
{{#message}}{{{message}}}{{/message}}{{^message}}It appears your submission was successful. Even though the server responded OK, it is possible the submission was not processed. Please contact the developer of this form processor to improve this message. Learn More{{/message}}
Submitting…
Join 6,593 other subscribers
Leave a comment
Leave a Reply Cancel reply
Show more
Search for:
Search
Sort by Relevance Newest first Oldest first
Trending News
ছাত্ৰ ৰাজনীতি আৰু বিশ্ববিদ্যালয়; জীৱনৰ মানসপতত ক’লা অধ্যায় হিচাপে ৰৈ যোৱা এক বৰ্ণিল যাত্ৰাৰ কাহিনী
শ কিঃ মিঃ দূৰৈৰ বজাৰলৈ কৃষি ফচল লৈ শদিয়াৰ নাৰী
আৰ্জেণ্টিনা (২) বনাম পোলেণ্ড (০) : বিশ্বকাপৰ Tactical Analysis