text
stringlengths
0
188k
মহাভিযোগত অপসাৰিত ৰাষ্ট্ৰপতি পেদ্ৰো কাষ্টিলো; পেৰুৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হ’ল দিনা বোলুয়াৰ্ট
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
নিৰ্দেশনাত কোৱা হৈছে যে- পঞ্চাশোৰ্দ্ধৰ মহিলা অভিযুক্ত, যি সকলে কাৰাবাসৰ নিৰ্দ্ধাৰিত সময়ৰ ৫০% পাৰ কৰিছে তেওঁলোকক মুকলি কৰি দিয়া হ’ব। লগতে পঞ্চাশোৰ্দ্ধৰ উভয়লিংগৰ কয়দী, ৬০বছৰৰ উৰ্দ্ধৰ পুৰুষ অভিযুক্তসকলৰ লগতে কাৰাবাসৰ নিৰ্দ্ধাৰিত সময়ৰ আধা সময় অতিবাহিত কৰা কয়দী সকলক কাৰাবাস ৰেহাই দিব ৰাজ্য চৰকাৰে।
আনহাতে, ৰোগীয়া, ৭০% বিশেষভাৱে সক্ষম কয়দী, ১৮-২১ বছৰৰ ভিতৰত কম বয়সত অপৰাধ কৰা আৰু তেওঁলোকৰ বিৰুদ্ধে আন কোনো অপৰাধমূলক গোচৰ নথকা লগতে যিসকলে তেওঁলোকৰ শাস্তিৰ ম্যাদৰ ৫০% সম্পূৰ্ণ কৰিছে তেওঁলোকক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছে চৰকাৰে।
আৰ্থিকভাৱে প্ৰভাৱিত দৰিদ্ৰ কয়দী, যিসকলে তেওঁলোকৰ মুঠ শাস্তিৰ দুই তৃতীয়াংশ সম্পূৰ্ণ কৰিছে কিন্তু জৰিমনা প্ৰত্যাহাৰ কৰি আৰোপ কৰা জৰিমনা পৰিশোধ নকৰাৰ বাবে এতিয়াও কাৰাগাৰত আছে তেনে কয়দী সকলক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছে চৰকাৰে।
যিসকল কয়দীক মৃত্যুৰ শাস্তি বিহিছে তথা মৃত্যুৰ শাস্তিক যাৱজ্জীৱন কাৰাদণ্ডলৈ পৰিৱৰ্তন কৰা হৈছে তেনে কয়দী সকলে এই ৰেহাই লাভ নকৰিব। অভিযুক্ত যদি সন্ত্ৰাসবাদী , যৌতুক সম্পৰ্কীয় হত্যাকাৰী হয় তেনেহ’লে তেনে কয়দীয়েও ৰেহাই নাপাব।
তদুপৰি, নকল টকা বনোৱাৰ অপৰাধত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৪৮৯(এ ই) ধাৰাত গ্ৰেপ্তাৰ হোৱা , মানৱ সৰবৰাহকাৰী,ধৰ্ষণকাৰী, শিশু ধৰ্ষণকাৰী, কলা টকা, ড্ৰাগছ সম্পৰ্কীয় গোচৰত 1985 (NDPS) ৰ অধীনত গ্ৰেপ্তাৰ হোৱা, কৰ সম্পৰ্কীয় গোচৰত কাৰাদণ্ড বিহা, অস্ত্ৰ-শস্ত্ৰ সৰবৰাহৰ লগত জড়িত, দুৰ্নীতি প্ৰতিৰোধী আইন,১৯৮৮ চনৰ অধীনত গ্ৰেপ্তাৰ হো...
Related
পাঠ্যপুথিত লাচিত বৰফুকনৰ পাঠ সন্নিৱিষ্ট কৰিবলৈ দেশৰ মুখ্য মন্ত্ৰীসকললৈ হিমন্ত বিশ্বৰ অনুৰোধ
বৃহৎ নিযুক্তি: ২১টা বিভাগত নিযুক্তি প্ৰদান কৰিলে ৰাজ্য চৰকাৰে
অসম চৰকাৰে অতি শীঘ্ৰেই বন্ধ কৰি দিব ৰাজ্যৰ ৩৪খন চৰকাৰী বিদ্যালয়
Subscribe to EastMojo Assam
Enter your email address to receive notifications of new stories by email.
Email Address
Subscribe
{{#message}}{{{message}}}{{/message}}{{^message}}Your submission failed. The server responded with {{status_text}} (code {{status_code}}). Please contact the developer of this form processor to improve this message. Learn More{{/message}}
{{#message}}{{{message}}}{{/message}}{{^message}}It appears your submission was successful. Even though the server responded OK, it is possible the submission was not processed. Please contact the developer of this form processor to improve this message. Learn More{{/message}}
Submitting…
Join 6,578 other subscribers
Tagged: assam police
Leave a comment
Leave a Reply Cancel reply
Show more
Search for:
Search
Sort by Relevance Newest first Oldest first
Trending News
কিতাপৰ পৰিৱৰ্তে হাতত কাচি লৈ পথাৰত ব্যস্ত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী
পথ নিৰ্মাণৰ বাবে লখিমপুৰত বিশাল গণ সমাবেশ
জনপ্ৰিয় কাৰ্টুনিষ্ট চিৰঞ্জীৱ দত্তৰ দেহাৱসান
‘সংগীত নাটক অকাডেমী বঁটা’ৰ বাবে অসমৰ ৭ গৰাকী শিল্পী নিৰ্বাচিত
আৰ্জেণ্টিনা (২) বনাম মেক্সিকো (০) | বিশ্বকাপৰ Tactical Analysis
Latest News
মঙলদৈত বাঘৰ মুক্ত বিচৰণ November 27, 2022
লখিমপুৰত আলি আঃয়ে লৃগাং উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি November 27, 2022
অইল কৰ্তৃপক্ষৰ হেমাহিত পথচাৰীয়ে ভোগিছে দূৰ্ভোগ November 27, 2022
আৰ্জেণ্টিনা (২) বনাম মেক্সিকো (০) | বিশ্বকাপৰ Tactical Analysis November 27, 2022
বান্দৰদেৱা আৰক্ষীৰ জালত কেইবা লক্ষাধিক টকাৰ হেৰ’ইন সহ তিনিজনক আটক November 27, 2022
YouTube
Facebook
Twitter
Instagram
LINKS
অসম | কলা-সংস্কৃতি | ক্ৰীড়া | জীৱনশৈলী | দেশ-বিদেশ | মনোৰঞ্জন | মুখ্যপৃষ্ঠা | ইষ্ট ম’জ’ বিশেষ | চাকৰি | ভিডিঅ | Grievance Redressal<eot>২০১৯ৰ চাৰিটা মাহৰ ভিতৰতে ওড়িশাৰ বালাংগীৰ জিলাৰ এগৰাকী দিনহাজিৰা কৰা শ্ৰমিক সুপাৰি পুটেলে স্বামী-পুত্ৰ দুয়োজনকে হেৰুৱাইছিল, এতিয়া অন্তহীন ধাৰ আৰু আধৰুৱা ঘৰটোৰে তেওঁ শোকে-বেজাৰে অকলশৰে ...
Anil Sharma
Translator : Pankaj Das
Language
Assamese
English
Urdu
Hindi
Odia
Malayalam
Marathi
Punjabi
Kannada
Gujarati
Tamil
Assamese
Bengali
Read the story in pictures
Share
Print this story
Balangir , Odisha
See more from this region
সুপাৰি পুটেলে কিমান বছৰ কিমানখন হস্পিতালৰ ভিতৰত কটাবলগীয়া হৈছে তাৰ হিচাপ তেওঁ ৰখা নাই।
বহুবছৰ ধৰি সুপাৰিয়ে ১৭ বছৰীয়া ৰুগীয়া পুত্ৰৰ চিকিৎসাৰ বাবে ওড়িশা আৰু ছত্তীশগড়ৰ হস্পিতাললৈ গৈ থাকিবলগীয়া হৈছিল। তাৰপিছত খুব কম দিনৰ বাবে মুম্বাইত নিজৰ স্বামীৰ কাৰণে হস্পিতালত থাকিল।
চাৰি মাহৰ ভিতৰতে, ২০১৯ত সুপাৰিক দুখৰ অথাই সাগৰত পেলাই দুয়োজনেই ঢুকাল।
তেওঁৰ স্বামী সুৰেশ্বৰৰ বয়স আছিল মাত্ৰ ৪৪ বছৰ। ২০১৯ৰ ছেপ্টেম্বৰত তেওঁ আৰু সুপাৰিয়ে ওড়িশাৰ বালাংগীৰ জিলাৰ নিজ ঘৰৰ পৰা ১৪০০ কিলোমিটাৰ দূৰৰ মুম্বাইলৈ কাম কৰিবলৈ গ’ল। শ্ৰমিক যোগান ধৰা স্থানীয় এজেণ্ট এজনে তেওঁলোকক নিৰ্মাণৰ ছাইট এটাৰ কামৰ বাবে নিয়োগ কৰিলে। “আমাৰ ধাৰবোৰ মাৰি ঘৰটো (নিৰ্মাণ)ৰ কাম সম্পূৰ্ণ কৰিবলৈ কিছু টকা গোটাম ...
“এদিনাখন গধূলি মুম্বাইৰ ছাইটত কাম কৰি থকা সময়ত স্বামীৰ তীৰকঁপে জ্বৰ উঠিল,” টুৰুকেলা ব্লকৰ ৯৩৩ জন বাসিন্দাৰ হিয়াল গাঁৱৰ মাটিৰ ঘৰটোৰ বাৰান্দাত মাটিতে বহি থকা ৪৩ বছৰীয়া সুপাৰিয়ে মনত পেলালে। তেওঁলোকৰ পৰিয়ালটো মালি সম্প্ৰদায়ৰ, অনান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভূক্ত।
সুপাৰি আৰু নিৰ্মাণ ছাইটৰ তত্ত্বাৱধায়কজনে সুৰেশ্বৰক অটোৰিক্সা এখনত আৰু পিছত এম্বুলেঞ্চ এখনত উঠাই চহৰখনৰ উপকণ্ঠীয় তিনিখন হস্পিতাল ঘূৰোৱাৰ পিছত উত্তৰ-মধ্য মুম্বাইৰ চিয়নস্থিত লোকমান্য তিলক মিউনিচিপাল জেনেৰেল হস্পিতালত ভৰ্ত্তি কৰিবলৈ সক্ষম হ’ল।
“আমাৰ আধাৰ কাৰ্ড আৰু আন কাগজ-পত্ৰ (সেই সময়ত) নথকাৰ বাবে ইখনৰ পিছত সিখন হস্পিতালে আমাক ভৰ্ত্তি নকৰিলে,” সুপাৰিয়ে কয়। “তেওঁৰ জণ্ডিচ (লক্ষণ) হৈছিল। তেওঁৰ কঁকালৰ তলৰ অংশ বিকল হৈ পৰিছিল, মই তেওঁৰ ভৰিৰ পতা মালিচ কৰি আছিলো,” কি হৈছিল নাজানি তেওঁ তাকেই কৰিছিল বুলি কয়। তাৰে পিছদিনাই, ২০১৯ৰ ৬ নৱেম্বৰত সেইখন হস্পিতালতে সুৰেশ্বৰৰ ...
PHOTO • Anil Sharma
PHOTO • Anil Sharma
মাটিৰ ঘৰটোৰ সন্মুখত সুপাৰি পুটেল আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত পোৱা পৰিয়ালৰ আধৰুৱা ঘৰটোঃ “ এই ঘৰটোৰ কাৰণেই মই মোৰ স্বামীক হেৰুৱালো ”
“ওড়িশালৈ আনিলে খৰছ বহুত হ’ব বুলি কৈ তত্ত্বাৱধায়কজনে সুৰেশ্বৰৰ শেষকৃত্য মুম্বাইতে কৰিবলৈ মোক কৈছিল। মই তাকেই কৰিলো,” সুপাৰিয়ে কয়। “তত্ত্বাৱধায়কজনে শেষকৃত্যৰ খৰছ বহন কৰিলে আৰু মোৰ দেয়খিনি দি ঘৰলৈ পঠিয়ালে। এহাতে মোৰ স্বামীৰ অস্থি আৰু আনখন হাতত তেওঁৰ মৃত্যুৰ প্ৰমাণপত্ৰ,” তেওঁ কয়। ২০১৯ৰ ১১ নৱেম্বৰত তেওঁ মজুৰি হিচাপে পোৱা ট...
মুম্বাইলৈ যোৱাৰ আগতে সুপাৰি আৰু সুৰেশ্বৰে তেওঁলোকৰ নিজ গাওঁ, বালাংগীৰৰ কাণ্টাভাঞ্জি চহৰ বা ছত্তীশগড়়ৰ ৰায়পুৰ চহৰত দিনহাজিৰা কৰি দিনে গাইপতি ১৫০ টকা উপাৰ্জন কৰিছিল। (ওড়িশা চৰকাৰে ২০২০ৰ জুলাই মাহৰ এক অধিসূচনাৰ জৰিয়তে ‘অকৌশলী’ শ্ৰেণীৰ কৰ্মীৰ দিনহাজিৰা ৩০৩.৪ টকা কৰাৰ নিৰ্দেশ দিছিল)। তেওঁলোকে সুৰেশ্বৰৰ ছয় ভাই (নিজৰ নামত ক...
২০১৬ আৰু ২০১৮ৰ মাজত তেওঁলোকে ইটাৰ ভাতীত কাম কৰিবলৈ দুবাৰ ‘মাদ্ৰাছ’লৈ গৈছিল, সুপাৰীয়ে কয়। “আমাৰ সন্তানটো ডাঙৰ হ’বলৈ ধৰিছিল, আকৌ ইফালে বিদ্যাধৰ সঘনাই অসুখত পৰিবলৈ ধৰাত আমাক টকাৰ প্ৰয়োজন হৈছিল। তাৰ ১০ বছৰ ধৰি অসুখ হৈ আছিল।”
বিদ্যাধৰ তেওঁলোকৰ মাজৰটো সন্তান আছিল। সুপাৰীৰ এগৰাকী কন্যা ২২ বছৰীয়া জননী আৰু এজন পুত্ৰ ১৫ বছৰীয়া ধনুধৰ। তেওঁৰ ৭১ বছৰ বয়সীয়া শাহুৱেক সুফুলেও পৰিয়ালটোৰ সৈতে থাকে। সুফুলে স্বামী লুকনাথ (প্ৰয়াত)ৰ সৈতে খেতিপথাৰত কাম কৰিছিল আৰু এতিয়া বৃদ্ধ পেঞ্চনেৰে চলে। জননীৰ ১৮ বছৰ বয়সতে ২০১৭ত নৌপাড়া জিলাৰ চিকুৱান গাঁৱত বিয়া হৈছিল। দশমমা...
সুপাৰিয়ে নাজানে যে কি ধৰণৰ কৰ্কট ৰোগে তাইৰ ১৭ বছৰীয়া সন্তানটোক কাঢ়ি নিলে। বিদ্যাধৰে ১০ বছৰ ধৰি সেই ৰোগৰ বিৰুদ্ধে যুঁজিছিল। পৰিয়ালটোৱে চিকিৎসাৰ বাবে ইখনৰ পিছত সিখন হস্পিতাল ঘূৰি ফুৰিছিল। “আমি তিনি বছৰ বুৰ্লা হস্পিতাল (সম্বলপুৰ জিলাত থকা)ত চিকিৎসা কৰালো, বালাংগীৰৰ এখন হস্পিতালত তিনি বছৰ কটালো আৰু ৰামকৃষ্ণ হস্পিতাললৈও গ’...
পৰিয়ালটোৱে বিগত বছৰবোৰত বন্ধুবৰ্গ, আত্মীয়-কুটুম আৰু স্থানীয় সুতখোৰৰ পৰা বিদ্যাধৰৰ চিকিৎসাৰ বাবে টকা ধাৰলৈ লৈছিল। সুপাৰিয়ে আনকি জননীৰ গহনাও কাণ্টাবাঞ্জিৰ এখন দোকানত বন্ধকত থৈ পুত্ৰৰ চিকিৎসাৰ নামত হোৱা খৰছৰ বাবে ৫০,০০০ টকা গোটাইছিল।
PHOTO • Anil Sharma
PHOTO • Anil Sharma
সুফুল পুটেলে (বাওঁফালে) এতিয়াও শোকত আছে , সুৰেশ্বৰ কেনেকৈ ঢুকাল সেই বিষয়ে সঁচা কথা তেওঁৰ বোৱাৰী সুপাৰিয়ে লুকুওৱা বুলি তেওঁ ভাৱেঃ ‘ মোৰ ল ’ ৰাটোৱে ফোনত মোৰ সৈতে কথা পাতিছিল আৰু সি ভালে থকা যেন লাগিছিল... ’
ধাৰৰ বোজা যেতিয়া গধুৰ হৈ আহিল, পৰিশোধৰ তাগিদা বাঢ়িল। তেতিয়া উপায়ন্তৰ হৈ ২০১৯ৰ মাৰ্চত দম্পত্তিহাল মুম্বাইলৈ গ’ল। কিন্তু সেই বছৰৰে জুন মাহত পুত্ৰৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰাত সুপাৰি হিয়াললৈ ঘুৰি আহিল আৰু জুলাই মাহত সুৰেশ্বৰো ঘৰলৈ উভতিল। “তেওঁ ভালেকেইমাহ ধৰি নৰিয়াপাটিত আছিল আৰু ৰথযাত্ৰা (জুলাইত)ৰ সময়ত ঢুকাল,” সুপাৰিয়ে ম...
বিদ্যাধৰ ঢুকোৱাৰ পিছতে পৰিয়ালটোৱে প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত এটা ঘৰ পায়। তেওঁলোকে নতুন ঘৰটো নিৰ্মাণৰ বাবে ১,২০,০০০ টকাৰ প্ৰথমটো কিস্তি পাবলগীয়া আছিল। কিন্তু পুত্ৰৰ চিকিৎসাৰ বাবে ইতিমধ্যে লোৱা ঋণ পৰিশোধৰ বাবে সেই টকাৰ এটা অংশ দিবলগীয়া হ’ল, ফলত ঘৰটোৰ নিৰ্মাণ আধৰুৱা হৈ থাকিল। “মই তিনিটা ভাগত টকাখিনি পাইছিলো...
টুৰুকেলাৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ পৰা যেতিয়া ২০১৯ৰ আগস্টত বিষয়াই ঘৰটো পৰিদৰ্শনৰ বাবে আহিল, তেওঁলোকে অৰ্ধনিৰ্মিত ঘৰটো দেখি দম্পত্তিহালক ভৰ্ৎসনা কৰিলে। “ঘৰটো সম্পূৰ্ণ নকৰিলে আমাৰ ওপৰত গোচৰ তৰিব বুলিও তেওঁলোকে ক’লে। তেওঁলোকে ক’লে যে ঘৰটো সম্পূৰ্ণ নকৰিলে আমি শেষৰটো কিস্তিৰ ধন নাপাম,” সুপাৰিয়ে কয়।
“মোৰ সন্তান ঢুকোৱাৰ এমাহমান হৈছিলহে, কিন্তু ঘৰটো সম্পূৰ্ণ কৰাৰ বাবে কিছু টকা গোটাবলৈ আমি মুম্বাইলৈ (২০১৯ৰ ছেপ্টেম্বৰ) পুনৰ যাবলৈ বাধ্য হ’লো,” মাটিৰ ঘৰটোৰ পৰা ২০ মিটাৰমান আঁতৰত থকা অৰ্ধনিৰ্মিত ঘৰটোলৈ আঙুলিয়াই সুপাৰিয়ে কয়। ঘৰটোৰ ওপৰত টিনপাত নাই, খিৰিকী বা দৰ্জাও নাই আৰু বেৰবোৰ এতিয়াও প্লাষ্টাৰ কৰিবলৈ বাকী আছে। “এই ঘৰটোৰ ...
সুফুল পুটেলে (বাওঁফালে) এতিয়াও শোকত আছে, সুৰেশ্বৰ কেনেকৈ ঢুকাল সেই বিষয়ে সঁচা কথা তেওঁৰ বোৱাৰী সুপাৰিয়ে লুকুওৱা বুলি তেওঁ ভাৱেঃ ‘মোৰ ল’ৰাটোৱে ফোনত মোৰ সৈতে কথা পাতিছিল আৰু সি ভালে থকা যেন লাগিছিল। সি কেইদিনমান আগতে ঢুকাইছে বুলি মোৰ বিশ্বাস নহয়,’ তেওঁ কয়। সুফুলে ভাৱে যে তেওঁৰ পুত্ৰ নিৰ্মাণ ছাইটত কাম কৰি থকা সময়ত দূৰ্ঘটন...
PHOTO • Anil Sharma
পিতৃ আৰু ভাতৃক হেৰুওৱাৰ পিছত সুপাৰিৰ সৰুজন ল ’ ৰা ধনুধৰ (বাওঁফালে)ৰ পঢ়া-শুনাত আগ্ৰহ নাইকিয়া হৈছে , সুপাৰিয়ে কয়
পৰিয়ালটোৱে ২০১৯ৰ ডিচেম্বৰত ৰাষ্ট্ৰীয় পৰিয়াল কল্যাণ আঁচনিৰ অধীনত ২০,০০০ টকা পাইছিল। পৰিয়ালৰ মূল উপাৰ্জনকাৰীৰ মৃত্যুত পৰিয়াললৈ এয়া চৰকাৰে দিয়া বিত্তীয় সাহায্য। “মোৰ স্বামীৰ দাচা অনুষ্ঠান (শোক অনুষ্ঠান)ৰ বাবে আত্মীয়ৰ পৰা লোৱা ধাৰ এই টকাখিনিৰে শুজিলো,” সুপাৰিয়ে কয়। ২০১৯ৰ নৱেম্বৰৰ পৰা সুপাৰিয়ে ৫০০ টকাকৈ বিধৱা পেঞ্চন পাই আহি...
নিৰ্মাণ শ্ৰমিক হিচাপে সুৰেশ্বৰৰ পৰিয়ালে ওড়িশাৰ অট্টালিকা আৰু আন নিৰ্মাণ শ্ৰমিকৰ কল্যাণ ব’ৰ্ডৰ পৰা ‘দূৰ্ঘটনাজনিত মৃত্যু’ৰ বাবে ২০০,০০০ টকা পাব লাগে। কিন্তু সুৰেশ্বৰে জিলা শ্ৰম কাৰ্যালয়ত পঞ্জীয়ন নকৰোৱাৰ বাবে পৰিয়ালটোৱে এই ধনৰাশি দাবী কৰাৰ যোগ্য নহয়। “কিছু টকা পালেও আমি ভালেখিনি সকাহ পালোহেঁতেন,” সুপাৰিয়ে কয়। তেওঁলোকৰ ঘৰ...
পৰিয়ালটোৰ এতিয়া সুপাৰিয়েই একমাত্ৰ ভাত মোকলাওতা। তেওঁ হিয়াল গাওঁ আৰু তাৰ আশে-পাশে কাম কৰি দিনে ১৫০ টকা পায়। “মই নিয়মীয়াকৈ কাম নাপাও। কেতিয়াবা ভোকত থাকিবলগীয়া হয়,” তেওঁ কয়। ধনুধৰ ভনীয়েকৰ গাঁৱৰ পৰা হিয়াললৈ উভতিছে। “মোৰ ল’ৰাটোৱে নপঢ়ে। পঢ়া-শুনাৰ প্ৰতি আগ্ৰহ নাইকিয়া হৈছে,” সুপাৰিয়ে কয়। “সি স্কুল এৰিছে আৰু এইবাৰ (২০২১ৰ এপ্ৰ...
আধৰুৱা ঘৰটোৰ বেৰ আৰু মজিয়াত ঘাঁহ-বন গজিছে। ঘৰটো সম্পূৰ্ণ কৰিবলৈ ক’ৰপৰা কেনেকৈ টকা পাব সুপাৰিয়ে নাজানে। “ওপৰত চালি নিদিলে ঘৰটো বাৰিষাৰ দিনত (আৰু বেছি) নষ্ট হ’ব। যোৱা বছৰৰ বৰষুণত ইতিমধ্যে বেৰবোৰ নষ্ট হৈছেই। কিন্তু মোৰ হাতত ধন নাই, মই কি কৰিব পাৰো?”
দ্ৰষ্টব্যঃ স্থানীয় বাতৰি কাকত এখনত সুৰেশ্বৰৰ মৃত্যুৰ খবৰ পাই এই প্ৰতিবেদকে বন্ধু এজনক লৈ হিয়াল গাওঁ সাক্ষাৎ কৰে। অধিবক্তা তথা সমাজকৰ্মী বি পি শৰ্মাৰ সৈতে তেওঁলোকে পৰিয়ালটোৰ দুৰৱস্থাৰ বিষয়ে আলোচনা কৰে আৰু বিত্তীয় সাহায্য বিচাৰি জিলা উপায়ুক্তলৈ লিখে। সঁহাৰি জনাই উপায়ুক্তই ৰাষ্ট্ৰীয় পৰিয়াল কল্যাণ আঁচনিৰ অধীনত সাহায্য আগবঢ...
অনুবাদ: পংকজ দাস
Anil Sharma
Share
Anil Sharma is a lawyer based in Kantabanji town, Odisha, and former Fellow, Prime Minister’s Rural Development Fellows Scheme, Ministry of Rural Development, Government of India.